————————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
—————————————
বাটচ’ৰা
সম্পাদকীয়...
ভোগালী বিহুৰ বতৰ। পথাৰবোৰত মেজি আৰু ভেলাঘৰৰ আয়োজন ।উৰুকা নিশা গাঁৱে-গাঁৱে ভেলাভোজ খালে। গঞাৰ মন উখল-মাখল। সকলোৰে ঘৰে ঘৰে নানা ৰকমৰ জলপান-পিঠাৰ প্ৰস্তুতি। মুঠতে গাঁৱবোৰত ভোগালীৰ এৰাব নোৱৰা ব্যস্ততা। যিবোৰ গাঁৱত শালিধান নাই, তাত শুকান কলপাতেৰে ভেলাঘৰ ,মেজি সাজিলে।
নগৰবোৰৰ পৰা যিয়ে পাৰিছে গাঁওবোৰলৈ ঢাপলি মেলিছে। যিসকলে সুবিধা মিলাব নোৱাৰিলে ,তেওঁলোকে চহৰতে নিয়মমাফিক মেজি একোটাকৈ সাজি বাপতি সাহোন পৰম্পৰাটি ৰক্ষা কৰিছে। সময়ৰ সোঁতত বহুখিনি পৰিবৰ্তন হৈছে যদিও ভোগালীৰ মাদকতা ম্লান হোৱা নাই।
ভোগালীৰ ব্যস্ততাৰ বাবে এইবাৰৰ সংখ্যাটি বৰ বিশেষ ধৰণে সজাব নোৱাৰিলোঁ।শেষত সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ—
নৱ ৰাজন
সম্পাদক
অসম কাব্য কানন
—————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
খেলপথাৰ এখনত, দুভৰিৰ যাদুত যিদৰে ফুটবলটোৱে ছন্দ লাগি নাচি উঠে -- তেনেদৰে, কবিৰ শব্দ ব্যৱহাৰৰ যাদুত, কবিতাইও পাঠকৰ মনত শিহৰণ জগাই তোলে। খেলুৱৈয়ে খেলে ; উপভোগ কৰে দৰ্শকে। কবিয়ে লিখে, মুগ্ধ হয় পঢ়ৱৈয়ে।
যাদুকৰী খেল নাচালে, প্ৰাণৱন্ত কবিতা পঢ়ি পুলকিত হ'ব নোৱাৰিলে -- জীৱনৰ সৌন্দর্যইবা ক'ত!
ফুললৈ চালেহে, ফুলৰ সৌন্দর্য ৰয়।
———————————————————————
অনুবাদ কবিতা
झील और झरना
ड° लखबीर सिंह निर्दोष
झिलमिलाती झील के पास
बह रहा झर झर एक झरना
नील नभ निर्निमेष निहार रहा
अपना प्रतिबिम्ब सँवार रहा
एक रूप एक रंग एक वरुणा;
उद्दाम उद्वेगमयी उच्छृंखलता
झरने तेरी दुर्दमनीय उदण्डता
फिर किस लिए निनाद करना;
झील तेरी सुरम्य सुष्मिता खींचे
ममत्व के पीयूष से रोमरोम सींचे
तेरी बूंद बूंद में अनंत की करुणा;
एक ही उद्गम, सतत स्रोत्सवनियाँ
विष और अमृत की धारावलियाँ
अश्रुपूरित है सर्जक की सर्जना;
বিল আৰু ঝৰ্ণা
মূল: লখবীৰ সিং ’নিৰ্দোষ’
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
তিৰবিৰীয়া বিলৰ সমীপত
ঝৰ ঝৰ প্ৰবাহিত প্ৰপাত
নীলা আকাশ আপোনমনে অভিসাৰিণী
স্ব প্ৰতিবিম্বত মনমোহিনী
একে ৰূপ এটাই বৰণৰ বৰুণা
উত্তাল উত্তাল উত্তালতা
ঝৰ্ণা তোৰ অদম্য উচ্ছলতা
কিহৰ বাবে ক্ৰন্দনশীলা
পুষ্কৰিণী তোৰ সুৰীয়া সুষমা আকৰ্ষণৰ কাৰণ
মমতাময়ী কৰুণাৰে ৰন্ধ্ৰে ৰন্ধ্ৰে শিহৰে
তোৰ টোপ-টাপবোৰত অনন্ত কৰুণা
এটাই উদ্যম, সততে প্ৰবাহী
অমৃত আৰু গড়লৰ কলকলনি
সৃষ্টিকৰ্তাৰ সৃষ্টিঅশ্ৰুৰে ভৰুণ।
—————————————
এটা একাকী গান
মূল: উদয় কুমাৰ (হিন্দী)
অনুবাদ: অপূৰ্ব ভূঞা
ধন্য প্ৰিয়া তুমি বীৰাঙ্গনা
নাজানো দুখৰ ৰাতি কেতিয়া তুমি টোপনি গ’লা
জীৱন নদী, আকাশ বৈৰী, পাৰত নাই কোনো আত্মীয়
পৰৰ ঘাট, অচিন দেশ , হাট -বাট সকলো সপোন
কি মনৰ , কি দেহৰ , কাহিনী লুণীয়া চকুপানীৰ
আহাৰ-পানী, ঘৰ-বাৰী, আপোন পান্থশালা আছে ক’ত
দিনে ৰাতিয়ে গৈ থকা,পলে-পলে যন্ত্ৰনা,
টোপনিও যেন এক চলনা
সুৰৰো নাই অভিব্যক্তি ,বছৰ বছৰ ধৰি মাথো অপেক্ষা
সঁচা নহ’ল প্ৰেম, প্ৰতিজ্ঞাও হ’ল মিছা, প্ৰতাৰণাই হ’ল সঙ্গী
এটা উশাহৰ সমগ্ৰ জীবন, ব্যৰ্থ এটি পিঞ্জৰা
পিছে জীবনৰ এই ক্ষণত কিয় লাগে
তুমি যেন জন্ম-জন্মান্তৰৰ
ধন্য প্ৰিয়া তুমি বীৰাঙ্গনা
নাজানো দুখৰ ৰাতি কেতিয়া তুমি টোপনি গ’লা ৷
[ টোকা : একেধাৰে কবি আৰু গল্পকাৰ উদয় কুমাৰ সমসাময়িক হিন্দী সাহিত্যৰ এটি প্ৰতিষ্ঠিত নাম ৷ ইংৰাজী, ৰুচ, জাপানী, ডাটচ , জাৰ্মান আদি ভাষালৈ তেওঁৰ কবিতা অনুদিত হৈছে ৷ ]
—————————————
কবিতা
মৌন ক্ৰন্দন
গীতাৰ্থী ঠাকুৰ
নিচলীয়া ভাৱৰ বুৰবুৰণিত
পকনিয়া হামোৰণিত
শব্দ নিমাত
ওলোৱাৰ নাই বাট।।
নৈঃশব্দৰ নদীত
চটফটায় সাগৰমুখী মাছ।
ঘূকুটিয়াই ঘূকুটিয়াই নিশাৰ তালফাল মৌনতা
স্মৃতিৰ জঁপাত শব্দৰ কাতৰতা।
পানী বিচনাত উমলি আছে
গেঁৰ ধৰা এটি পুৰণি সাধু।
জীয়া শিলৰ গান শুনি
শুই পৰিল সাধু।
ৰ লাগি চাই আছে এটা বৰফৰ বেলি
আৰু শীতত শীৰ্ণ চল্লিশটা গধূলি।
—————————————
শিলৰ নদীতহে ফুলে পানীৰ ফুল
(উৎসৰ্গ : এদল পানীৰ পৰা শিল হোৱা লোকৰ হাতত )
সুশান্ত দাস
অনিবাৰ্য !
নীসৰ্গৰ সৌকুমাৰ্য্য
জাংফাইৰ সমতুল্য !
শিলৰ বক্ৰপৃষ্ঠৰ সৰীসৃপাকৃতিৰ ঘুমন্ত চাকনৈয়া
সলজ্জ প্ৰতিমাৰ উৰুলীকৃত সৰণিৰে ফুলাৰ দিশে যাত্ৰা
( এই প্ৰতিমা ধীৰ পানীৰ)
শিলেহে ফুলাৰ দিশ জানে,
পানীৰ সম্ৰাজ্ঞীক সহচৰ হৈ সংগ দিয়ে
পানীৰ ফুলৰ আচ্ছন্ন সুগন্ধি সত্ত্বা
শিলৰ ভুজঙ্গিনীৰ নিভৃত চুকৰ সবিতা
বাঙ্ময় কবিতাৰ সঁজাল পংক্তিৰ সাধনা
কবিতাৰ সাঁৰেৰে ফুলোৱা সাড়ম্বৰ পানীৰ ফুল
শিলে জানো কবিতা লিখে (?)
প্ৰাণোচ্ছল নহয় ই ; নীৰৱতাৰ বেহুহে সাজে
ৰাতি হ’লে চন্দ্ৰাৱলীৰ বুকুলৈ বৈ যায় শিল
আৰু,
তাৰ মাজত ফুলিব ধৰে আশাৰ কল্পদ্ৰুম
নীল কাঁইটৰ বক্ষগহ্বৰত ফুলিব ধৰে পানীৰ ফুল (!)
সান্ধ্য-বিলাসী এমুঠি জ্যোৎস্নাৰ কামুক সমুদ্ৰত
সাব্যস্ত হয় স্বচ্ছন্দৰ নীৰৰ টোপাল,
সিংহাসন-চ্যুত সম্ৰাটৰ অসহ্য নিনাদ
আলোড়িত ক্ষমণীয় সত্ত্বা
শিলৰ নদীতহে ফুলে পানীৰ ফুল
তলে তলে এজাক ধুমুহাৰ হেন্দোলনি
মৰালৰ শান্ত গুঞ্জনত শুনা যায়
ফুলৰ উদ্ৰেক ক্ৰিয়া
আৰু এজাক
জলফাইৰঙী ধুমুহা ।
—————————————
নয়ন উজাৰি চাও
দেৱ দাস
চাও বুলি চাও
আনটো চকুৰেও
বা মনৰ ভিতৰেৰে
কুসুমিত আকাশ
ৰঙচুৱা
চুইও চাও
দোলাদি
মনৰ ভিতৰত
স্মৃতিবোৰ
ৰহঘৰা
এটা চকুৰে
আনটোৰেও
ঠিক তেনেদৰে
জিভাতদি
চাও বুলি
থৰ
চকুৰ পতাত
আনটো থাকে আৰালত
নয়ন উজাৰি চাও
গোটেই দিগন্ত
মনৰ ভিতৰেৰে
পাগলৰ দৰে
চাও বুলি চাও
আনটো চকুৰেও
বা মনৰ ভিতৰেৰে।
———————————————
চাৰিটা স্তৱক
লাৱণ্য নাথ
[১]
সময়বোৰক বৃদ্ধ হ'বলৈ নিদিয়াকৈ
গতিশীল কৰাৰ দুৰন্ত প্ৰয়াস
অথচ প্ৰতিক্ষনে বন্দী যাত্ৰাৰ গতি !
[২]
বুকুৰ সেউজীয়াৰ পাৰতে
প্ৰবল বেগী নৈখন
বিশ্বাসৰ পাৰ খহিলেই
সোমাই আহিব দীৰ্ঘায়ু খহনীয়া।
[৩]
সপোনৰ পৰা সাৰ পাবলৈ
বহুত চেষ্টা কৰিও পৰা নাই।
সুন্দৰ পৃথিৱীৰ এবুকু মৰমে
বাৰে বাৰে মাতিছে
সাধনা সফলতা মনৰ প্ৰত্যয় মাথোন।
[৪]
বাৰে বাৰে বিসৰ্জন দিছো নিজকে
মুক্ত হ'ব খোজোঁ মায়াৰ পৰা
ভুলৰবাবে প্ৰাৰ্থনা জনালোঁ
মিলিব খোজোঁ শূন্যতাত ।
—————————————
বিশ্বাস
চয়নিকা ভূঞা
একুৰা জুই
এটা বিশ্বাস
আৰু এখন সমাজ
বিশ্বাসৰ আঁত ধৰি
হোমৰ জুইত কোনোৱে সম্বন্ধ গঢ়ে
কোনোৱে শ্মশানৰ পৰা আহি
অদৃশ্য শক্তিক খেদায়
কাৰোবাৰ কাৰণে অন্ধবিশ্বাস
কাৰোবাৰ কাৰণে কৌটিকলীয়া নিয়ম
কথাবোৰ তেনেকৈয়ে চলি থাকে
আপুনি মই সেইবোৰকে গ্ৰহণ কৰোঁ
ঠিক গ্ৰহণ নহয়
সেই মেৰপাকত সকলো সোমাই পৰে
বিশ্বাসৰ তুলাচনীত
কেতিয়াবা দাণ্ডিডাল ওপৰলৈ উঠে
কেতিয়াবা তললৈ নামে
আৰু কেতিয়াবা অবিবেচিত ভাবেই সামৰি-সুতৰি লৈ থওঁ
একুৰা জুই
কেতিয়াবা শীতত
অথবা
কেতিয়াবা বুকুত ৷
—————————————
এনেকৈয়ে
মাধুৰ্য প্ৰিয়ম দাস
'আপোনাৰ নাম?'
ক'লা-বগা পোচাক এযোৰে প্ৰশ্ন কৰিছিল
কুঞ্জিত স্বপ্ন এটাৰ পৰা এই মাত্ৰ যেন সাৰ পায় চিঞৰি উঠিম
'ৰাহুল গৌতমে মূৰ নথকা মৃতদেহটোৰ যি নাম দিছিল!'
কোনেও নেদেখাকৈ শুই আছিল
গান্ধাৰীক প্ৰতিনিধিত্ব কৰা তুলাচনীখন
মোৰ আমনি লাগিছিল।
ভিতৰি ফোঁপোলা হোৱা দাঁতকেইটাৰ শব্দত মই টোপনিৰ পৰা সাৰ পালোঁ
'পিয়লত পোঁকে খোৱা দাঁতৰ হিচাব কোনে লয়?'
এইবুলি সামৰি থ'লো।
নীৰৱতাত হেৰাই পোৱা শূন্যতাখিনিয়ে মোক আমনি কৰা নাছিল তেতিয়াও
মই জাঁনিলো
আমাৰ শত্ৰুবোৰে চিৰদিনৰ বাবে জামিন লৈ আহিল
মা ৰ সোমাই খাল হোৱা চকুহালে মোক তেতিয়া আমনি কৰিবলৈ এৰিছিল।
.......
শীতৰ সন্ধিয়াটোত তেওঁ নীলা পোচাক পিন্ধি ওলাই গৈছিল
একুৰা জুইৰ কাষত মই সন্ধিয়াটোৰ জুতি লৈছিলোঁ
হাতত একাপ বিহ
ডিচেম্বৰৰ কোনোবা এটা সন্ধিয়াৰ স্মৃতিখিনিৰ দৰে
সেইমূহুৰ্তত মই বিৰক্ত হোৱা নাছিলোঁ
মই দেখিছিলোঁ পদূলি মুখত ছিগাৰেটৰ ধোঁৱাবোৰে
কুণ্ডলী পকাই মোক বিদ্ৰুপ কৰি আছিল তেতিয়াও...
—————————————
অন্তিম ঠিকনা
দ্বীপজ্যোতি পৰশ
এই যে চিতাখন
এদিন নহয় এদিন
সকলোৱে উঠিব লাগিব
আহোতে যেনেকৈ আহিছিলোঁ শুধা হাতে
যাবও লাগিব উকা হাতে ...
লগত লৈ যাম মাথো
স্মৃতি, সপোন,প্ৰেম-ভালপোৱা আৰু আত্মীয়-স্বজনৰ মৰম
স্মৃতি,
যি একোৱে সাঁচ বহুৱাব নোৱাৰিলো
সপোন,
যি পুৰাবই নোৱাৰিলোঁ
প্ৰেম,
যি কাৰোৱে আপোন হব নোৱাৰিলোঁ...
আত্মীয়-স্বজন,
সিহঁতকো একোৱে সহায় কৰিব নোৱাৰিলো...
দুদিনমান দুখত থাকিব
পিছত সকলোৱে পাহৰি যাব...
এনেকৈ যামগৈ এদিন
চিতাখনৰ ওপৰলৈ...
যি হব মোৰ অন্তিম ঠিকনা।
—————————————
তই নুবুজিলি মোক
ৰশ্মি দলে
মা অ'
তই কিয় নুবুজিলি মোক
তোৰ অবিহনে
আজি মোৰ অন্তৰে কৰে হাহাকাৰ
তই বুজিও নুবুজিলি কিয় ?
মা অ'
তইতো জানই
মোৰ সকলো কথা!
তোৰ অবিহনে মই
একোৱেই কৰিব নোৱাৰো।
সপোনতো তয়ে আছিলি
দিঠকতো তয়েই আছিলি
যেতিয়া তোক
বিচাৰি নাপায় কাষত
মোৰ হৃদয়ে কৰে হাহাকাৰ
অ' মা।
তইয়েই মোৰ আছিলি
সহৃদয়া মাতৃ!
এতিয়া কিয় কৰিলি
মোক নিঠৰুৱা?
সকলোৱে কয় তোমাক
মাতৃত্বৰ নামত এগৰাকী
কলংকিতা।
মা অ' মা
ঘূৰি আহানা মোৰ বাবে
তই ঘূৰি আহানা কেৱল মোৰ বাবে।
—————————————
উপলব্ধিৰ জোলোঙাত
গীতাঞ্জলী হাজৰিকা
বাপতিসাহোন ভোগালী বিহুটিত
ভোগৰ ভোগজৰা মেলাখন টুটি গ’ল
উৰুকাৰ জিভাপানী পৰা ভোজটো
ভেঁটা পৰি ভচহু হ’ল
মেজিৰ উমৰ কাঠআলু মাহকৰাইৰ
ফুৰফুৰীয়া গন্ধ কেক ইডলীত বিলীন হ’ল
চিতলৰ কলচী বুঢ়া বৰালী খাৰৰ মাটিদালি
অতীত হ’ল পোলাও বিৰিয়ানী আদৰৰ হ’ল
তিলপিঠা তেলপিঠা ফেনীপিঠা সুতুলীপিঠা
বকুল বৰাধানৰ চিৰা মাগুৰিৰ সান্দহ
হুৰুম আখৈ মুড়ি
অতীতৰ আদৰ সাদৰ বৰ্তমানৰ এলাগী আথানি হ’ল
এইবোৰ কথা পাগুলি পাগুলি
ককা আইতাৰ ৰোমন্থনৰ ক্ষণত পৰিণত হ’ল
ভোগালীৰ ভোগকথা ক’ব খুজিলেও
নৱপ্ৰজন্মৰ মনত সাধুকথাৰ ৰহঘৰা নহৈ
টমেনজৰী চ’টা ভীমৰ কাহানিহে ৰ’ল
ককা আইতাৰ কথা শুনিবলৈ অনুসন্ধিৎসুও নহ’ল
জেষ্ঠ আৰু মান্যজনক সেৱা কৰা
কনিষ্ঠজনক মৰম কৰা দিনবোৰ
হোৱাতচ এপ ফেচবুকৰ বাৰ্তা হ’ল
সমূহীয়াকৈ খোৱা ভোজ জলপান
সুকীয়াকৈ খোৱা হ’ল চেল্ফি তুলি
সামাজিক মাধ্যমত উপলব্ধ হ’ল
হৃদয়ৰ টানবোৰ কঙালত পৰিণত হ’ল
আহিবনে সুদিন গুচিবনে দুৰ্দিন
সৰভোগৰ আঠা দৈৰ দৰে
আটিবনে
অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰী বাঘজৰী
ভোগালীৰ ভোগজৰাত উজান-ভাটি হ’বনে
হেঁপাহ চেনেহ শ্ৰদ্ধা আব্দাৰবোৰৰ।
—————————————
মই মোৰ সমাপ্তি নেদেখো
পূৰবী শইকীয়া বৰুৱা
আদিৰ পৰা অন্তলৈকে মই মোৰ সমাপ্তিক নেদেখোঁ
অথচ মই তাক আশ্ৰয় দিও
দুৰ্ভাবনা,হাহাকাৰ সকলো পাহৰি
এক অনাহুত অস্থিৰতাৰ পৰা মুক্তি ।
হৃদয় বোৰত অজস্ৰ খালী ঠাই
অথচ আত্মগোপন কৰিব পৰা কৈ শূন্যৰ ঘৰ নাই
অবহেলিত হ'ব নিদিয়াকৈ
তাক আশ্ৰয় দিছো
হয়তো সি অনুভৱ কৰিব পাৰে
মোৰ বুকুত পালিত প্ৰশান্তিৰ বৰষুণ জাক
এতিয়া ক্ৰমান্বয়ে সি পূৰ্ণ আৰু
সন্তুষ্ট হ'ব পৰাকৈ সুখী হৈ উঠাৰ পথত ।
———————————————
হৃদয়ত শব্দৰ বিষণ্ণতা
অঞ্জনা ৰূপা দাস
বাস্তৱৰ বজ্র নিষ্ঠুৰতাত
নিৰুদ্দিষ্ট আশাবোৰে কঁৰাল বান্ধি
হৃদয় শিলাময় কৰে।
হৃদয় কঠিন শিলাত
শব্দৰ তৰোৱালখন
ধৰাই শাণিত কৰিলোঁ।
অহংকাৰী তীক্ষ্ণ শব্দক
খণ্ড বিখণ্ড কৰি
দলিয়াই দিলোঁ কবিতাৰ বাকৰিত।
তীক্ষ্ণ শাণিত তৰোৱালে
আন্ধাৰ হৃদয়ৰ বাট কাটি কাটি
ঘাম আৰু তেজৰ সীৰলুত
ন-পমুৱা জীৱনৰ অনুসন্ধান কৰে।
বুকুত আলিঙ্গিব বিচাৰি
সত্য, শুদ্ধ শব্দৰ শৃংগক।
শৃংগৰ শিলাময় ৰন্ধ্ৰত
গজি উঠা সেউজ কবিতাই
বতাহৰ হো হো ৰুক্ষ শব্দক
ভেঙুচালি কৰি
খিল্ খিলাই হাঁহে।
হাঁহিৰ গিৰ্জনিত
সংকুচিত হৃদয়খনে
সাৰ পাই ফেহুঁজালি দিয়ে।
—————————————
স্পন্দিত পৃথিৱী
উৎপল ভট্টাচাৰ্য
জিৰক'ণৰ চিকমিকনিত বেলিটো নোশোৱে,
ঢেৰেকনিত আকাশ ফাটিলেও
আৰণ্যক উলাহত ৰঘুমলাই হাঁহে।
এই যে,
সভ্যতাৰ আভৰণ কুটি নিগনি এটা দৌৰি পলাল,
ই তাৰ স্বভাৱ।
অথৱা ই হ'ব পাৰে আমাৰ বাবে এটা শিক্ষা,
সচেতনতা আৰু সংৰক্ষণৰ অবিহনে
কোনো সভ্যতাকে আভৰণ পিন্ধাব নোৱাৰি।
নিগনিয়ে কুটা আভৰণৰ ফুটাটোৰে চালেও
এখন পৃথিৱী দেখি।
এখন অন্য পৃথিৱী,
এখন সীমিত পৃথিৱী,
এখন সীমিত ভোগৰ পৃথিৱী।
ৰাজপথত ঠিকনা হেৰুওৱা
লুঙলুঙীয়া বাটটোৱে য'ত প্ৰথম খোপনি পুতিছিল, বোকাপানীৰ সেই পৰিত্যক্ত ঘাটেৰেই
উজনিৰ উমনিত
পৃথিৱীৰ প্ৰথম উশাহ ...
সময়ৰ গছকত
হয়তো হ'ব পাৰে ছন্দহীন ,
তথাপি স্পন্দিত পৃথিৱী..
—————————————
প্ৰকৃত প্ৰেমিক
আমিনুৰ ৰহমান
বিশ্বাস ঘাতকতাত যদিও তাই কৰিছে প্ৰতাৰণা
তথাপি অবুজ হৃদয়ে নুবুজে
চকু কেৰাহি কৈ হলেও দেখে তাইৰ মুখ
প্ৰেমৰ নহয় বুলি বিনিময়
প্ৰেম হৃদয়ৰ নিভৃত কোনত থুপ খাই ৰয়
সেয়াই মনে হয়
প্ৰকৃত প্ৰেমিকে বলিয়া হৈ জীৱন কটায় ।
—————————————
বিষন্ন পৃথিৱী
নিতুমণি দাস
কেতিয়াবা উশাহ লোৱাৰ
প্রয়োজনীয়তা গভীৰ শূন্যতাত
বিচাৰি ভাগৰি পৰো
বাস্তবৰ ব্রজ কঠিনতাত
নিৰুৰ্দিষ্ট হয় জীৱন
দুচকুত দোলি থকা নীলিম সপোনবোৰ
এতিয়া বিষাদৰ জলপ্ৰপাত
মোৰ আপোন অৰণ্যখনো নিৰ্জন
বুলবুলি চৰাইজনী নহা হ'ল
মনৰ কথাবোৰ ক'বলৈ ।
কবিতাত সকলো কথাই লিখিব পাৰি জানো
জুম বান্ধি খেদি ফুৰা এন্ধাৰৰ মাজত
বহু দিন দেখা নাই জোনাকী পৰুৱা এটি
এৰা! বোবা বেদনাত
শব্দ বোৰ গজি উঠিছে আজি
বুলবুলি চৰাইজনী তোক লগ পাবলৈ
সাঁতুৰি আছো অসীম সাগৰত।
—————————————
যাত্ৰা
বিশ্বজিৎ গগৈ
খুটি নোখোৱা হ'লা তুমি চাউল
গিলি থোৱা কিয়?
বেয়া পাওঁ বুলি?
আঘোণ আহিলে দেখোন পথাৰতে পাবা
সোণোৱালী সুবাসত সেউজীয়াৰ বুকুত
সোণগুটি হেঁপাহ পলুৱায়।
পিছে ,গৰুৰ খোজত এতিয়া নভৰে পানী
সেউজীয়াত নেহেৰায় দুষ্ট নয়ন!
কাৰণ এতিয়াও যে অভিমানী তুমি।
জোনাকীৰ তিৰবিৰ আলোকে সজোৱা
স্মৃতিৰ অতীত,
বুকুৰ স্পন্দনে গণনা কৰে,
ঠিকনা বিচাৰে আজি অভিমানৰ নৌকা বেহায়
সময়ৰ ঘড়ীত প্ৰেমৰ মুকুতা।
—————————————
কি যে হৈ গ'ল
নয়নমণি দাস
ধেৎ...
জীৱনটো যে কি হৈ গ'ল?
সেউজীয়াবোৰ হালধীয়া
নদী খনো মৰুভূমি
বিশেষে বুজিলে
বাহিৰত ৰংচং
ভিতৰত খন যে কোৱাভাতুৰী।
ধেৎ ...
জীৱন টো যে কি হৈ গ'ল ?
অস্তগামী সূৰুযে মিচিকিয়াই
উদিত এমুঠি কিৰণ সোঁৱৰাই।
জাতিংগামুখী পক্ষীয়েও নয়ন সেমেকাই
স্মৃতিৰ ডায়েৰি পৃষ্ঠা লুটিয়াই।
শশীয়ে হেঁপাহৰ জৰী চিঙে
খদ্যোতৰ জ্যোতিয়ে নিদ্ৰা হৰে।
—————————————
গান্ধাৰী
গিৰিণ বৰা
যৌনতাৰ বন্দীশালত গান্ধাৰী
মহাকাব্যৰ উপেক্ষিতা নাৰী
ভোকৰ উত্তাপত মাতাল সূৰ্য
জুয়ে পুৰি খায় শিলৰ প্ৰাচীৰ,
তপ্ত বলুকাৰাশীয়ে ৰক্তাক্ত হৈ
মাজনিশা চিঞৰে এইয়া যে অন্যায়
তথাপিও বুকুত বাগৰে এটা সুঘ্ৰাণ
যৌনতা যৌনতা ,
এডোখৰ শিলৰ দৰে মৌনতা,
ঈশ্বৰে লিখা ডায়েৰীত বাঢ়ি গৈছে
কষ্টৰ কায়িক খৰিকাজাই,
চতিয়াই দেহ মনত এপাচি অসুখ
মাজনিশা শত সোণগুটিৰ দেহত
আঙুলি বোলাই ঘৃণা কৰে বীৰ্যৰ স্বৰূপ,
বৃত্তত ওলোমাই অপ্ৰকাশ্য ক্ষোভ
অসুখী মনৰ দুখ,
ভাৰতীয় ইতিহাসৰ
এগৰাকী পৰাজিত মাতৃ
নিৰ্লিপ্ত ভাবে শৰীৰৰ আৱৰণ খহাই ।
—————————————
কৱচ
ৰাজেন অসমীয়া
মোৰ বৰ্ম মৰিশালি
তাৰ বৰ্ম মণিকুট
শংকাকুল সাগৰ-সংঘৰ্ষ জিনি
মৃত্যুকো মহাত্ম্য সাধি
সি এটা শুকান খোলা
মঙ্গল ধ্বনি তাৰ মৃতসঞ্জীৱনী
প্ৰয়াততো অপৰিৱৰ্তিত অভিধা তাৰ
বিপৰীতে
ৰং সলাই, চং সলাই বিধে বিধে সময় সাপেক্ষ মোৰ বৰ্ম
সময়ৰ সমানুপাতিকতাত বাঢ়িছে মাংস মোৰ
বয়সৰ ব্স্তানুপাতিক হৈছে ধীশক্তি নিৰ্যাস
জীৱন্তে নেবাজিলে নুতুলিলে সুৰ
ক্ৰুৰতাই সজালে অসুৰ
মৃত্যুৰ পাছতো পৰিত্যক্ত পৰিত্যজ্য দেখা অদেখা দুয়ো বৰ্ম মোৰ
প্ৰাণ প্ৰয়াত মোৰ মৃতদেহ মৰিশালি
তাৰ মৃতদেহ মণিকুট
মই মানুহ
সি শঙ্খ
জীৱিততো মৃত্যুতো সি এটা অভিধা অপৰিৱৰ্তিত শঙ্খ
জীৱিতত দেহ মোৰ শৰীৰ,মৃত্যুত মৰাশ
পিন্ধিবই লাগে যদি বৰ্ম
অদৃশ্য হ’লেও নিবিন্ধিলোঁ কিয় শৌৰ্য্যবীৰ্য্যৰ অদাহ্য বৈভৱৰ বৰ্ম
চকু দুটা মুদিলেই মই নিৰ্বাক নিস্পন্দ
জীৱন্তত মুকুতা খুজি ডুবুৰীয়ে তাক সাগৰ তলীত সন্ধান কৰে
বালিৰ বুকুৰ পৰা আলফুলে তুলি লয় তাৰ মৃত খোলা
আৰু মই অস্পৃশ্য আৱৰ্জনা
সৰ্বত্ৰে সৰ্বকালে শুনো তাৰ নিৰজনা
মৃত মুখ নিনাদি তাৰ মৃতসঞ্জীৱনী বোল ,বজ্ৰ বিকুল
নিৰন্তৰ নিৰন্তৰ নিৰন্তৰ...
—————————————
মই গাঁৱৰ ল'ৰা
নৈয়ে ক'ব মোৰ কথা ...
চম্পক ভট্টাচাৰ্য্য
১.
মই গাঁৱৰ ল'ৰা ।
মই গাঁৱৰ কথা জানো ,
মই শস্যৰ কথা জানো ,
জনকৰ নাঙলৰ সীৰলুত
সীতাৰ জন্মৰ কথা জানো ,
মই খাটিখোৱা মানুহৰ কথা জানো ।
যি কথা নৈ খনে জানে ।
সেই নৈ খনক সোধা
নৈয়ে ক'ব মোৰ কথা ।
২.
মই গাঁৱৰ ল'ৰা ।
মই মোৰ পূৰ্বপুৰুষৰ কথা জানো
মিছৰৰ কথা জানো ,
গ্ৰীচৰ কথা জানো ,
মহেঞ্জোদাৰোৰ কথা জানো ,
সিন্ধু সভ্যতাৰ কথা জানো ।
যি কথা নৈ খনে জানে ।
সেই নৈ খনক সোধা
নৈয়ে ক'ব মোৰ কথা ।
৩.
মই গাঁৱৰ ল'ৰা ।
মই গাঁওৰ বুকুত জন্মা
নগৰীয়া সভ্যতাৰ ক্ৰমবিকাশৰ কথা জানো ,
মই পাৰমাণৱিক অস্ত্ৰৰ কথা জানো ,
"বুদ্ধই আকৌ হঁহা"ৰ কথা জানো ।
যি কথা সাগৰে জানে
সেই কথা নৈ খনেও জানে ।
সেই নৈ খনক সোধা
নৈয়ে ক'ব মোৰ কথা ।
৪.
যি নৈয়ে মোক জানে
সেই নৈৰ বুকুৰে আজি
নৈ খনৰে তপত চকুলোৰ ঢল আহে ।
নৈৰ চকুলোৱে মোৰ বুকু পোৰে।
যি কথা নৈ খনে জানে
সেই নৈখনক সোধা
নৈয়ে ক'ব মোৰ কথা
মই যে গাঁৱৰ ল'ৰা ।
—————————————
সময়
জোনমণি মহন্ত
সময়বোৰ পাখি মেলি
পলে পলে গৈছে উৰি
ৰাখোঁ বুলি ভাবিলেও ৰাখিব নোৱাৰি
মই মোৰ বুলি ভাবি থাকোতেই যায়নো কেনি
জীৱন এক বোঁৱতি নৈ
নাই কোনো ৰৈ যোৱাৰ সীমা
উভতি চাবৰ সময় নাই
দিন মাহ বছৰ এনেকৈ পাৰ হৈ যায়
একা বেকা বাটেৰে সময়ৰ চাকনৈয়াত
জীৱনৰ গতিবোৰে সোঁত সলাই
মায়া মোহত জাঁজী হৈ
সপোনৰ শেতেলীত আশাবোৰে ৰিঙিয়াই
সময় আহে আৰু যায়
জীৱনৰ গতিধাৰা বৰণ সলাই
গৈ থকাৰ বাটত
হিচাপ নিকাচৰ কেতিয়াও উত্তৰ নোলায়!
—————————————
মৰিশালী চহৰখনে কন্দিছে
তানিয়া মধুকল্য
সেই চহৰখনে আজিও কান্দে
তাৰ কান্দোনবোৰ
আমিও শুনো
কিন্তু কি কৰিম
আমি উপায়হীন
চহৰখন মৰিশালী হ'ল!
মানুহবোৰৰ কংকালবোৰ
এতিয়া য'তে-ত'তে
পৰি আছে
ব্যস্ত চহৰখনে এতিয়া
চিঞৰি চিঞৰি কান্দে।
সদ্যব্যস্ত এখন চহৰ
য'ত যন্ত্ৰৰ দৰে গতি
কৰিছিল মানুহবোৰে
যান্ত্ৰিক যুগৰ এখন
কোলাহলময় পৃথিৱীত
সুখৰে চলি আছিল
চহৰখন
কিন্তু এতিয়া সেই চহৰখন
মৰিশালি হ'ল
মানুহবোৰৰ নাইকীয়া হ'ল।
সেই মানুহবোৰৰ স্মৃতিত
চহৰখনে আজিও বিনাই!
মৰুভূমি হৈ পৰা চহৰখনে
আজি চিঞৰি চিঞৰি কয়
" মানুহবোৰ ঘূৰাই লাগে মোক
সুখৰ চহৰখন উভতাই দে মোক
মই আকৌ জীয়াব বিচাৰিছোঁ।"
—————————————
সংকল্প উৰুকাৰ...
মনোজ এম্
আহক মুঠি মুঠিকৈ পথাৰত নৰা কাটো
ৰ'দাই-অটাই নিজকে প্ৰস্তুত কৰোঁ
নিৰ্মাণ কৰোঁ আহক একো-একোটা
স্ব-প্ৰতীকৃতি
আৰু উৰুকাৰ ৰাতি ভোগৰ
ভোগালী উদযাপন কৰি
পিছদিনা জ্বলাই দিও আহক
নিদ্ৰামগ্ন অসুৰটোক
কলুষতাবোৰ নাশ হয় যদি হওক।
—————————————
বহু দিনেই হ’ল আইৰ খবৰ নোপোৱা
জোনমনি বৰা
বহু দিনেই হ’ল আইৰ খবৰ নোপোৱা
মেটমৰা জঞ্জালৰ দুহাই দি
আইৰ পৰা আতঁৰি থকা ৷
সন্তান আৰু পৰিবাৰে ভাল নাপায়
হজম কৰিব নোৱাৰে আইৰ সানিধ্য আইৰ সৈতে ভাগবতৰা কৰিব নোবাৰে দৈনন্দিন সুখবোৰ ,কিবা এটা অসহ্য লাগে ৷
আই যে পুৰণিকলীয়া মানুহ নাতিৰ ওপৰত দেখুওৱা
মৰমৰ কৰ্তৃত্ব
বোৱাৰী ওপৰত দেখুৱা অনুশাসনমূলক দায়িত্ব । এইবোৰ পুৰণিকলীয়া চিন্তা
ঠিকেই আই বুঢ়ী হ’ল ৷
এসময়ত আয়ো গাভৰু আছিল
আইৰ মৰমত পিতাই পিতাই মৰমত আই
হাবু-ডুবু খাইছিল সাক্ষী আমি এমাদিমা এয়ৰা ল'ৰা ছোৱালী৷
পিতাই সংগসুখে
আইৰ সত্তাটোক উৰ্বৰা কৰি ৰাখিছিল ৷
আইৰ অবিহনে আমাৰ জীৱন দৈনন্দিনো অচল আছিল ৷
বহু কষ্ট হ’লেও আয়ে পিতাইক সহায় কৰিছিল
মানৱ সম্পদ গঢ়াৰ দায়িত্ব কতৰ্ব্য বুলি বিনাদ্বিধাই
মানি লৈছিল ৷
ফলশ্ৰুতিত মই বা সহোদৰ জিলিকি আছোঁ বতৰ্মান জনমানসত
একোটা তৰা হৈ ৷
সময় বাগৰিল আই একেই থাকিল
সলনি হ’লো মই
আইৰ কথা ভাবিবলৈ
সময় আৰু ইচ্ছাৰ অভাৱ৷
পৰিয়ালৰ সুখৰ স্বাৰ্থতেই সহযোগ কৰিলোঁ মোৰ স্বাৰ্থপৰতা৷
আইক লগত ৰাখিবলৈ সাহস কৰিব নোৱাৰিলোঁ ৷
পিছে বিকল্প এটা কৰিলোঁ৷
আইক অকলশৰীয়া কৰি পৈতৃক সম্পত্তিৰ ৰখীয়া পাতিলোঁ ৷
অজুহাত এটাক খামুচি ধৰি
গাঁৱৰে আবিয়ৈ পদুমী বাইক আইৰ লগৰীয়া পাতিলোঁ। বিনিময় এটাই
তেওঁ ভৰণ পোষণ দায়িত্ব হৈ যাব কোনো কথা নাই ৷এতিয়া পৰিবাৰ সন্তান সুখী ৷
কিন্ত মই সুখী হ’ব নোৱাৰিলোঁ সুখী হোৱাৰ অভিনয় কৰি আছো ৷
অপৰাধবোধে মোক অহৰহ খেদি ফুৰে ৷সুৰুঙা পালেই মোৰ অন্তৰ আত্মাই মোৰ প্ৰশ্ন কৰে ৷মই ইমান স্বাৰ্থপৰ অকৃতজ্ঞ কেনেকৈ হ’লো ৷
যি শিক্ষা আইয়ে মোক কোনোকালেই দিয়াই নাছিল ৷
——————————————————————————
0 Comments