পষেকীয়া কাব্যকানন পঞ্চম বৰ্ষ পঞ্চদশ সংখ্যা

———————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা 
সম্পাদকীয়...
   অহা ১৮ ডিচেম্বৰ,দেওবাৰে অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈছে। অসম ভিত্তিত অনুষ্ঠিত হোৱা কবিতাৰ  পাণ্ডুলিপি প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত পাণ্ডুলিপি -"এইফালেও কবি আছে"ৰ বাবে কবি ৰাজীৱ বৰালৈ  এইবৰ্ষৰ  কাব্যম বঁটা আগবঢ়োৱা হৈছে । উক্ত দিনা দিনৰ ১ঃ৩০ বজাত অনুষ্ঠিত হ’বলগীয়া  মুকলি সভাত কবিগৰাকীক বঁটাটি প্ৰদান কৰা হ’ব।উল্লেখ্যে যে, বঁটাৰ লগত এইবাৰ নগদ পঁছিশ হাজাৰ টকা আগবঢ়োৱা হ’ব।
   কবিতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি অহা কুৰিগৰাকী কাব্যানুৰাগীক সেই দিনাই অসম কাব্য কাননৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব। উক্ত সভাতে "আমাৰ কাব্যকানন" নামেৰে অসম কাব্য কাননৰ বাৰ্ষিক মুখপত্ৰ এখনৰ প্ৰকাশৰ দিহাও কৰা হৈছে।তদুপৰি অসম কাব্য কাননৰ প্ৰকাশন গোষ্ঠী "কাব্যম প্ৰকাশ"ৰ দ্বাৰা প্ৰদীপ চন্দ্ৰ শৰ্মা, ডা◦ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী আৰু চন্দন ভাগৱতীৰ তিনিখন গ্ৰন্থও উন্মোচন কৰা হ’ব।
   অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাব্যানুৰাগী সকলৰ মাজত পুৱা ৯ঃ৩০ বজাৰ পৰা 'কবিতাৰ মেল' নামেৰে এক মনোজ্ঞ অনুষ্ঠানো আয়োজন কৰা হৈছে। 
    প্ৰতিগৰাকী কাব্যানুৰাগীৰ প্ৰতিটো কাৰ্যসূচীতে  উপস্থিতি তথা সহযোগিতা  আন্তৰিকতাৰে কামনা কৰিলোঁ।

বিনীত–
নৱ ৰাজন 
সম্পাদক
অসম কাব্য কানন
———————————————————————
কবিতাৰ আড্ডা 

কবিতা সম্পর্কে
উদয় কুমাৰ শৰ্মা

   আমাৰ দৈনন্দিন জীৱনৰ সকলোৰে পৰিচিত কথাবোৰকেই ৰহস্যময় কৰি তুলি -- এটি নতুন কথা, নতুন ধৰণে ক'ব পৰাটোতেই থাকে -- এগৰাকী লেখকৰ সাৰ্থকতা। 
   এই পৃথিৱীত, প্ৰতিটো পখীৰেই কূজন ভিন্ন ; প্ৰতিগৰাকী কবিৰ কণ্ঠস্বৰো সুকীয়া। গছৰ আঁৰত লুকাই, সুললিত কণ্ঠেৰে গীত গাই থকা চৰাই এটিক চাবলৈ আমি যিদৰে ব্যাকুল হওঁ -- তেনেদৰে, কোনো কবিৰ কবিতা পঢ়ি মুগ্ধ হৈ, তেওঁক ওচৰৰপৰাই চাবলৈ আমাৰ কৌতূহল নাজাগি নোৱাৰে! 
   কবিতাৰ কিতাপ এখন হ'ল -- কবিয়ে নিজেই পাচলি আদি কিনি আনি ধুই-বাছি, ৰান্ধি, সুন্দৰকৈ সজাই বাঢ়ি দিয়া একাঁহী ভাত ; যাক দেখিয়েই, পঢ়ুৱৈৰ জিভাৰ আগলৈ পানী নহাকৈ নাথাকে!
———————————————————————
অনুবাদ কবিতা

लावण्य लहर
कवि लखबीर सिंग निर्दोष

अग-जग में तेरा रूप सुन्दर है 
पर तू प्रियतम है सुन्दरतम है

धवल शिखरों में तेरा तारुण्य
चिर श्रृंगार गोचर मेघावलि करे 
कलकल निनाद प्रपात के संग 
अंगड़ाई ले ले नटनी लहर वरे

शाश्वत मिलन नट नटी अन्यतम है;

उपत्यकाओं में चरागाहों में सत्वर 
हरीतिमा तेरी मुक्त मुग्ध हँसी हँसे 
सागर की लोल लहरों का उल्लास 
तेरी सर्जना के अनहद नाद से लसे 

तेरी विरल करुणा का शाश्वत क्रम है; 

निर्द्वन्द्व निर्लिप्त निर्व्याज नियोजन तेरा 
सहस्रातीत विरल नलिन हस्तावलियों से 
समय काल से परे पराभूत नैसर्गिक प्रसु 
प्रकृति संग प्रवहमान ब्रह्माण्ड सरणियों में 

हे!विराटातीत प्रथम पुरुषोत्तम तू शिवम् है;

লাৱণ্য লহৰ
মূলঃ কৱি লখবীৰ সিং নিৰ্দ্দোষ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


তুমি ৰূপহী ধৰণী ধুনীয়া
তুমি প্ৰিয়তমা 

শুভ্ৰ শিখৰত তোমাৰ যৌৱন তলমল
চিৰ শৃঙ্গাৰ মেঘাৱলীয়ে প্ৰকাশে
প্ৰপাতৰস’তে কলকল নিনাদ 
এঙামুৰি কাঢ়ি চলচল কৰে

শাশ্বত মিলন যেন নট-নটীৰ লহৰ

উপত্যকাৰ চৰণীয়া পথাৰত শতাৱৰীৰ আলিঙ্গন
শ্যামলীমাই তোমাৰ মুক্ত মোহিত হাঁহিৰে হাঁহে
সাগৰৰ উচ্ছল জলধি তৰঙ্গৰ উল্লাস
তোমাৰ সৃষ্টিৰ পিৰিকটি অনন্ত শব্দনিনাদ

তুমি কৰুণানিধি দয়াৰ সাগৰ

তোমাৰ নিৰ্লিপ্ত নিস্বাৰ্থ পৰিকল্পনা
সহস্ৰাতীত বিৰল হাতৰ ছাপ
সময়ৰ সিপাৰে পৰাজয় হ’ল প্ৰকৃতিপ্ৰসু
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকৃতিৰস’তে বৈ যোৱা ফল্গু

হে অনাদি ব্ৰহ্মানন্দ! তুমিয়েই পুৰুষোত্তম শৈৱ।
——————————————————————
মূল কবিতাৰ শিৰোনাম : Fire and Ice
কবি : Robert Frost 
ভাৱানুবাদ : ড০ জ্যোতিশিখা দত্ত
অগ্নি আৰু তুষাৰ

কোনোবাই কয় পৃথিৱীখন হেনো অগ্নিত জাহ যাব
কাৰোবাৰ মতে তুষাৰত
অভিলাষৰ পৰা মই যিদৰে আস্বাদিত হৈছো
মই তেওঁলোকৰ সৈতে আছো যি অগ্নিৰ পক্ষপাতিত্বত আছে
কিন্তু যদি ই দ্বিতীয়বাৰৰ বাবে বিনষ্ট হ'বলগীয়া হয়
তেনেহ'লে মই ভাৱো, যথেষ্ঠ ঘৃণাৰ কথা মই জানোঁ
এইটো ক'বলৈ যে ধংসৰ বাবে
তুষাৰো গুৰুত্বপূৰ্ণ
আৰু পৰ্য্যপ্ত হ'ব।
———————————————————————
আহা আকৌ বন্তি জ্বলাওঁ
মূল হিন্দী :- অটল বিহাৰী বাজপেয়ী
অনুবাদ:-  গণেশ বৰ্মন 

আহা আকৌ বন্তি জ্বলাওঁ
ভৰ দুপৰতে নামিল আন্ধাৰ 
নিজৰ ছাঁতেই লুকাল দিবাকৰ
অন্তৰ-নিভৃতৰ স্নেহ নিগৰাই
নুমাই যোৱা চাকিবোৰ জ্বলাওঁ 
আহা আকৌ বন্তিৰে পোহৰাওঁ। 

প্ৰথম স্তৰকেই ভাবোঁ এয়াই  প্ৰাপ্তিৰ শেষ
চকুৰ আঁতৰ হয় লক্ষ্য
বৰ্তমানৰ মোহজালত
সমাগত দিনটোকেই পাহৰোঁ ।
আহা আকৌ বন্তি জ্বলাওঁ ।

আহুতি দিবলে' বাকী , যজ্ঞ আধৰুৱা
নিজৰেই বিঘিনিয়ে ধৰে আৱৰি
অন্তিম জয়ৰ বজ্ৰ প্ৰস্তুত কৰিবলে'
নতুন দধীচিয়ে কৰিছে অস্থিসজ্জা   ।
আহা আকৌ বন্তি জ্বলাওঁ ।
—————————————
মনত ৰাখিবা আমাৰ ভালপোৱা
(শোক কবিতা )
মূল: জুলি এপ (কানাডা)
অনুবাদ: অপূৰ্ব ভূঞা

আজি মোক নিৰ্বাচিত কৰা হ’ল
আজি মই উৰিবলে শিকিছো
পৃথিৱীখনে মোক চাই আছে দূৰৈৰ পৰা
তুমি কিন্তু নাকান্দিবা

মই আজি বিচাৰিছো
তুমি শক্তিশালী হ’বলে চেষ্টা কৰা
তুমি নাকান্দিবা
আৰু মই গুচি আহিলো বুলি নক’বা

যেতিয়া তুমি অকলশৰীয়াবোধ কৰিবা
কেৱল আমাৰ ভালপোৱাৰ কথা মনত পেলাবা
মই তৰাবোৰৰ স’তেই থাকিম
চাই থাকিম তোমাক ওপৰৰ পৰা

 আমাৰ প্ৰেমৰ কথা মনত পেলালেই 
 মোক  কাষতে দেখিবা
 মোক কাষতে পাবা 
 মোৰ কথা যেতিয়া ভাবিবা ৷

[ টোকা : Julie Epp কানাডাৰ মানিটবা প্ৰদেশৰ বাসিন্দা ৷ তেও একেধাৰে ফটোগ্ৰাফাৰ, গ্ৰাফিক ডিজাইনাৰ, কবি আৰু শিল্পী ৷ তেওঁৰ পালিত কুকুৰজনীৰ মৃত্যুত লিখা “Remember Our Love” শীৰ্ষক শোক কবিতাটো সামাজিক মাধ্যমত চৰ্চিত হৈছে ৷ ]
——————————————————————
                         কবিতা 
হাৰামজাদাৰ পদ্য
নীলাভ সৌৰভ

হাৰামজাদাৰ দহটা ঘৰ
এটাতো দহমিনিত বহিবলৈ নহয়
এটাই ঘৰ হোৱা হ'লে লৌৰা-ঢাপৰা কমিলহেঁতেন
মানুহলৈ সময় অকণ ৰয়

হাৰামজাদাৰ দহটা কম্পেনী
কম্পেনী এটাই ভালকৈ চলালে তাৰ টকা কোনে খায়
এটাই কম্পেনী হোৱা হ'লে লৌৰা-ঢাপৰা কমিলহেঁতেন
মানুহলৈ সময় অকণ পায়

হাৰামজাদাৰ দহ ঠাইত বিঘাই বিঘাই মাটি
এঠাইতে দহ বিঘা মাটি কৰিলে খাই বৈ ৰাহি হ'ব ধান
লৌৰা-ঢাপৰাও কমিলহেঁতেন
মানুহলৈকো ৰ'লহেঁতেন সময় অকনমান

হাৰামজাদাৰ
অসূৰৰ দৰে দহটা মূৰ
দহটা চিন্তা লৈ আবোল-তাবোল বকি থকাতকৈ
এটা এটাকৈ চিন্তিলে খেলিমেলিও নহয়
মানুহলৈকো সময় অকণমান ৰয়

হাৰামজাদা ইমান হাৰামী যে
দহটা দগাবাজক গাখীৰ খোৱাই সৈমান কৰি থাকে
দগাবাজ পোহাতকৈ মানুহ পুহিলে
মানুহকো অকলে ঢেৰ সময় দিয়াৰ সকাম নাথাকে

হাৰামজাদাৰ সময় নাই
যি অকণমান পায় ইমানবোৰ মানুহলৈ নেআঁতে
গতিকে বহুৱালি কৰি মানুহৰ সময় খায়।
—————————————
গল্প ভালপোৱা ছোৱালীজনী
বিভা দেৱী

ধ্যানমগ্ন সন্ধিয়া এটাই
গতি লোৱাৰ পথতে
 লগ পাইছিলোঁ তাইক

হেঙুলীয়া সূৰ্যৰ ঔজ্জ্বল্যক
গালে-মুখে সানি 
বিচাৰি আছিল  এটা গল্পৰ খনি

চিন্তাৰ সূঁতিত  নাও বাই
কৈছিল তাই এনেদৰে --

চাওঁক  মহাশয়,
আপুনি ও এটা গল্প হ'ব পাৰে

ঘূৰি যোৱা বাটেৰেই ঘূৰি ঘূৰি
জিৰণি লোৱা চিন্তা বিন্দুটোৰ পৰা আৰম্ভ কৰি
গান আৰু শব্দৰে চৰিত্ৰৰ ছবি আঁকি
ঘাঁহফুলৰ হাঁহিৰে ফুল ফুলোৱা

 বিচৰা ধৰণে নাম দি লোৱা --এটা গল্প

স্বাভাৱিক আৰু অস্বাভাৱিকভাবে
ভবা মতে সকলো হ'ব বুলি
প্ৰকৃতিয়ে নিয়ম নকৰাৰ দৰে

সন্ধিয়াৰ ৰিঙা ৰিঙা ভাববোৰে
চকুৰ পতা গধুৰ কৰি অনাৰ দৰে

নামঘৰত গল্পটো  ভাওনা হোৱাৰ দৰে---
  
সপোন ভালপোৱা ছোৱালীজনীয়ে ও
হালধীয়া  ভাল পাব জানে

গল্প  বোকোচাত বান্ধি
টোকোৰা চৰাইৰ বাঁহত সপোন ৰচিব জানো

এপিয়লা সুৰ হৈ অমৃত পিয়াব জানে।
—————————————
স্বগতোক্তি
গীতাৰ্থী ঠাকুৰ

 মহঙা দিনবোৰত মোৰ
 সোণাৰুৰ  এথোপ হালধীয়া হৈ চুই আছা
 শাওণীয়া আকাশ এখনি হৈ
 গাজি আছা বুকুত
 বিজুলী হৈ চমকি আছা...

চেঁচা পৰা শিলৰ শিতান মোৰ
ৰাতিৰ সূৰ্য হৈ পোহৰ কৰিছা

 সপোন হৈ ওপঙি আছা 
 মোৰ টোপনিৰ পুঙাত
 চকুৰ পতাত ৰাগি হৈ 
 বিয়পি আছা

বেসুৰা সময়বোৰত নিচুকনি গীত হৈ
জগাই আছা অহৰহ

উচ্ছল হাঁহিত চিটিকি পৰা চকুলোক
ৰঙীন গধুলিৰ চিম্ফনী কৰি তুলিছা

সৰি পৰা হুমুনিয়াহবোৰক
নিশ্বাসৰ উষ্ণতাৰে সামৰি থৈছা

ৰ'দত ভিজিবলৈ
বৰষুণত তিতিবলৈ
জোনাকত গলিবলৈ
ধুমুহাক সাৱটি ল'বলৈ 
উদ্বাউল হ'বলৈ...
চুমাবোৰত মলঙিবলৈ তুমিয়েই শিকালা

এয়াই প্ৰেম 
সত্যসূৰ্য্যৰ বাসনা 
পুৰাতন আশা
সৃষ্টিৰ ধাৱমান এষণা।
—————————————
প্ৰতিশ্ৰুতি
মণিকা দাস

কোনোবা এটা দিনৰ সাজ লগা সন্ধিয়াৰ কথা
 গোঁসাই ঘৰৰ বন্তিগছি সেইদিনা 
 তিৰবিৰাই জ্বলি আছিল
 গোলপীয়া হাঁহিৰে সঞ্জীৱনি সুধা পান কৰি
শীতৰ ৰাতিটো পুৱাল
সেমেকা বতাহত
শেৱালিৰ সুবাসে ঢৌ খেলি গৈছে
 
 বিলৰ পাৰত এটি অকলশৰীয়া চৰাই 
 ডালতে পৰি পৰ দি আছে
 উৰিব নোৱাৰি আঘাতীয়া পক্ষী পথাৰকে সুধিছে
আহিনৰ সোণোৱালী পথাৰৰ
থোকবোৰে দেখোন আউলি আছে
এখন সাঁকো সৃষ্টি হোৱা হ'লে
তোৰ পদূলিত পৰি গীত এটি জুৰিলোঁ হয়
 
 সেই চেগতে গল্প এটা আহি তাইৰ হাতত পৰিল 
 কাণিমুণি সন্ধিয়া
 গল্পটো পঢ়িবলৈ প্ৰস্তুতি কৰোঁতে
 দুটি তৰাই ওপৰৰ পৰা মিচিকিয়াই ক'লে
কাহিনীৰ নায়ক নায়িকা তুমি আৰু মই
আৰম্ভণি সেয়া এটা দূপৰবেলা
 ৰ'দালি এ ৰ'দ দে
ৰ'দৰ তাপত আমি পুৰি মৰো
যেনেদৰে চগা পোৰে

বেলিটি আহি মূৰৰ ওপৰত বহিল
প্ৰথম সংলাপ--- নিবেদন
দ্বিতীয় ----বিতৰণ
তৃতীয় -----প্ৰতিশ্ৰুতি
ভাঁহি অহা জাঁজিবোৰ আঁতৰাই
নৈখন কোনোমতে পাৰ হৈ সন্ধিয়াটো আঁকিলোঁ
ঈশ্বৰে অনুমতি নিদিলে কিনো হয়
আমি ভগাই দিলোঁ
বিৰহ,বেদনাবোৰ সন্মুখত থৈ
উদঙাই দিলোঁ সীমান্তৰ বান্ধ
ৰৈ থাক পক্ষী কথা দিলোঁ
পৰজনমত সাজিব পাৰো যদি এখন সাঁকো
আকৌ আহি জিৰাবিহি সন্ধ্যাতৰাক মাতি।
—————————————
ৰ'দালি এ ৰ'দ দে 
চয়নিকা ভূঞা

পুৱাৰ ৰ'দতেই গাটো ৰ'দোৱাৰ কথা আছিল 
"ৰ'দ পাই ৰঙা হ'ল সোৱাদ সুমথিৰা" 

আগ চোতালত আঘোণীয়া ৰ'দ
ইফালে জীৱনৰ ব্যস্ততা 
পুৱাতেই আৰম্ভ হোৱা যাত্ৰাৰ
সামৰণি ঘটে পদূলিৰ সিপাৰে

এখন অসমাপ্ত যুঁজ
ইটোৰ পাছত সিটোৰ লানী নিছিগা খোজ
বিৰিয়াত খোজৰ ভৰ
দীঘলীয়া খোজ

বগুৱাবাই গৈ থকা খোজত আশা
আমৰলি পৰুৱাৰ খোজতো সেই একেই আশা

ঔ টোলা বাটতেই জীৱন 
এই বেলি আঘোণতে 
ৰ'দ পুৱাৰ কথা আছিল 
কথা আছিল 
পথৰুৱা কথাৰে ৰ'দ কাঁচলি বুকুতেই 
এদিন গাম
"ৰ'দালি এ ৰ'দ দে ৰ'দ দে
আলি কাটি জালি দিম বৰ পিৰা পাৰি দিম
তাতে বহি বহি ৰ'দ দে " ৷
—————————————
সাৱধান হোৱা হ'লে
খূৰ্ছীদ আনছাৰী

নীৰুৰ বাঁহীত…
নৃত্যৰত হ'বলৈ কোনে কৈছিল

জুইটো…
নুমুৱাই দিয়া হ'লেই
চহৰখন বাচিলহেঁতেন

আহা—
সাৱধান হওঁ

যাতে…
পুনৰাবৃত্তি নহওক
সেই ঘটনাৰ।
—————————————
ভগৱান, টু পইন্ট অ'
মাধুৰ্য প্ৰিয়ম দাস 

'পাৱে পৰি হৰি/ কৰোহো কাকূতি'
 দিনবোৰ এনেদৰেই গৈ আছে 
 
 কুমজেলেকুৱা গতিৰে  সৰিছে আকাশৰ পৰা
 আমাৰ বিশ্বাস আৰু আকাংক্ষাৰ 
 একোটা ধকধকীয়া বগা চিম্বল।

বিন্দুসম নোহোৱাৰ বাবেই আমাৰ আকাংক্ষা আছিল
গ্ৰেভিটেছনৰ বাহিৰত,
 ফ্ৰেম অৱ ৰেফাৰেঞ্চৰ কথা হাত দুখনে বুজি পাব লাগিছিল।
          
শিল এটাৰ কথা সিদিনা কাণত পৰিছিল আমাৰ
'শিলে শিলে ঠেকা খালে নিজৰাৰে পানী'
  শিলত ঠেকা খোৱাৰ বাবেই নিজৰাৰ পানীবোৰ নীলা বুলি শিলটোৰ দাবী আছিল,
   ঠেকা খোৱাৰ বাবেহে পানীবোৰ পবিত্ৰ।

চিতা জ্বলোৱা জুমুঠিটোৰ পৰা ওলাই আহি
মহাদেৱে মোৰ মূৰটো বিচাৰিছিল
'বজাৰত খালী মূৰৰ জুই ছাঁই দাম'
(ক'ৰবাত লিখিছিলো মই)
যুক্তি দিছিল আদিশক্তিৰ হাতত তাহানিৰে পৰা এটা মূৰ ওলমি আছিল।

ব্ৰহ্মাণ্ডৰ গোপনীয়তাবোৰ খুলিবলৈ আমাক ব্ৰহ্মাৰ প্ৰয়োজন নাই
শূণ্য ছবিঘৰত আমাৰ চাৰিওফালে এটা ধুনীয়া বৃত্ত
যৌনতাৰ কথা আমি আওকাণ কৰিব নোৱাৰোঁ
সৃষ্টিকৰ্তাৰ ছিগা মূৰটোৰ কথাও পাহৰিব নোৱাৰোঁ।
চাৰিওফালে ভগৱানৰ নামতে  আছে অতবোৰ ভালপোৱা।

আইনষ্টাইনৰ মূৰতো লৈ কেতিয়াও ভৱা নাছিলোঁ
এনে কি বিশেষ গুণৰ বাবে কফি প্ৰেমৰ চাইন পোষ্ট হৈ আছে?
মোৰ সমুখত ভগৱানৰ লানি নিছিগা শাৰী
টাইপ টু ডায়েবেটিচৰ কথা বুজি নাপায় ভগৱানে
তেওঁলোকে জানে কফি প্ৰেমৰ প্ৰথম প্ৰকাশ
আৰু ভালপোৱাৰ শেষৰটো শূন্য। —————————————
পৰুৱা
ৰেখা বৰকটকী

দিব্যদৃষ্টি,  ঠিক জুমি চোৱা
অপৰাহ্নৰ বেলিটোৰ  দৰে,
সূক্ষ্ম শৰীৰত বৃহৎ  পৰিকল্পনা , জৰীপ ,
আমদানী অথবা ৰপ্তানীৰ খতিয়ানেৰে  আগুৱান
যুদ্ধকালীন তৎপৰতাত
নেভাগৰা দেহা অযুত সপোন মনত  অঁঁকা  ধূলিকণা হিয়া!
কোন ক'ত আছা আটায়ে ওলাই আহা
"উমৈহতীয়া শ বাহি শ নোহোৱা"
এককথাত
তমসা নিবিড় আন্ধাৰতো  নিপিচলা হাবিয়াহ

ক্ষুদ্ৰাতিক্ষুদ্ৰ অৱয়বত
কোনে দিলে ইমান হিচাপী একোটা প্ৰাণ  সম্পৰীক্ষাত তৎপৰ,
খবৰদাৰ , ভগাই- বিলাই খোৱা কণমান খাদ্যসম্ভাৰ..
শুং ডালৰ আগত সংবাদ সামৰি বন্ধু ,ভাই, আই ,বাই সকলোকে
বাটে পথে দি যোৱা খবৰ ,যাকেই পায়!
একাগ্ৰতা, মৰসাহ ভাৰ কঢ়িওৱা
মাউখে উটাৰ জ্ঞান, জানো ক'ত পায়?

ধীৰ গতিৰে একাগ্ৰ চিত্তে বহু সময়ৰ যুঁজৰ অন্তত গাঁতত নপৰি  
চিকাৰ মুখৰপৰাও যায় আঁতৰি
তথাপি জানো লক্ষ্য ভ্ৰষ্টৰ  কথা থাকিল? 
পুণৰ ঐক্যবদ্ধ হ'ল
নতুন উদ্যমেৰে আগুৱান 
সাহসৰ ভেটিও টনকীয়াল
নীৰৱে, নিমাতে
যুদ্ধবোৰ চলে  
 হাজাৰ হাতীৰ বল সিহঁতৰো আছে
সম্পাদনা ,পুনৰীক্ষণ একতাৰ জয়গান অহৰহ গোৱা
বাহুবলীৰ দৰে প্ৰাণ অতিকে ঠুনুকা জীৱন হায়!

 মানুহৰ ভৰিবোৰৰ তলুৱাতে যে মৃত্যুৰ শলখা!
তথাপি দৈনিক ব্যস্ততা
নাই বিৰাম মাথোঁ তৎপৰতা
আজি নিজিকিলে কাইলৈও যুঁজিব
চেষ্টা জানো  হয় অসাধ্য? 
চৰৈৱেতি জীৱনৰ গতি
কণকণ হাত ভৰিত থাকিবই শকতি...
—————————————
বার্তালাপ
জাহ্নৱী হাজৰিকা

আহিনৰ কুঁৱলীয়ে বাট ভেটাৰ পৰতেই
গো ধূলি উৰুৱাই আহিছিল কাঁচি জোনটি
নাহৰ পাতৰ ফাঁকেৰে।
এই যে তোলৈ মনত পেলাই বহো
ৰাধাচূড়াৰ তলত।
মোৰ জীৱন অভিধানত তই নাই বুলি জানিও 
কল্পনাৰেই যে কৰো তোৰ সতে বার্তালাপ।
জোনেও হাঁহে মোলৈ চাই।
তাইও জানে, বুজে
পাহৰাৰ বৃথা কছৰতত যে বিলীন হয় প্ৰতি গধূলি।

ডৰিয়ঁলি ঘাটেৰে জুমি জুমি চাওঁ
জোনৰ সতে মিতিৰালি কৰি তৰাৱলীক পাওঁ
চন্দ্ৰাৱলী ৰিহা টানি মোৰ বুকুত তোলে 
গুণগুণ সুৰৰ টান
হেৰোৱা সুৰৰ গান।

কোনে পোহৰাই মোৰ শূন্যতাৰ বাট
ৰুণজুন সুৰত নাচে ডৰিয়ঁলি ঘাট
কথাবোৰে বাট ভেটি ধৰাৰ পৰত 
কুঁৱলীয়েওচোন লগাই মাত।
কাজলী চকুৰ অলেখ কথা
অপ্ৰাপ্তিৰ বেদনাৰ গোপন ব্যথা
জীৱন নৈৰ পানীত উতলে দুখৰ সাধু কথা।

বুকুত উজাই বয় ভাটিয়ালী ৰাগ
মুঠি মুঠি ধাননিৰ ৰাগিয়াল পাগ
আঘোণৰ পথাৰে হাঁহে
বিৰিয়াত হাঁহি বান্ধি ৰংমন আহে।
টোকোৰা চৰাই দুজনীও উৰি থাকে কিৰিলিয়াই
তামোল পাতত বার্তালাপৰ আটোমটোকাৰী ঘৰ সাজে।
—————————————
খতিয়ান
ৰুমী সেনাপতি ভূঞা 

সময়ৰ বলুকাত 
স্মৃতিৰ প্ৰচ্ছায়া বিচাৰি ,
বালিচন্দাত বিভ্ৰান্ত সময় ,

হেমন্তৰ শান্ত - সমাহিত 
বোৱতী নৈৰ বুকুত বিচাৰোঁ ,
ভৰ বাৰিষাৰ সমাধিস্থ সপোন !

অস্তাচলৰ লহিয়া বেলিৰ সন্মোহিনী ৰূপত বিচাৰোঁ ,
ভৰপক সময়ৰ চকাচন্দা হাবিয়াস !

কাণিমুনি পৰত সপোন ভাগৰুৱা !
অলস , নিস্তেজ , ভাৰাক্ৰান্ত মন ,
নিস্প্ৰয়োজন প্ৰাপ্তি- অপ্ৰাপ্তিৰ  খতিয়ান !

মাথোঁ অৱসান বিগলিত সময় !
মৌনতাত স্মৃতিৰ কোলাহল !
"ঠিকনা " তে বিলীন হয় -
সুদীৰ্ঘ  " জীৱন পৰিক্ৰমা " !

ৰুমী সেনাপতি ভূঞা 
চাবুৱা  ,  ডিব্ৰুগড় 
—————————————
ভোকে কান্দে
ড০ ইকবাল হোচেইন খান

তেতিয়াও ভোকে কান্দিছিল ইনাই-বিনাই
আজিও ভোকে কান্দে ইনাই-বিনাই ।
অজুহাত চলি আছে 
চলি থাকিব অনাদি অনন্ত 
"ৰাইজেই ৰজা।"

প্ৰতিশ্ৰুতিৰ ন- ন ৰূপ 
ৰঙীন প্ৰতিশ্ৰুতি 
প্ৰতিষ্ঠিত হয় নতুন নতুন সত্তাৰ
আৱেগৰ মূৰ্চনাত  জন্ম লয় নতুন আশা  ।
তাৰবাবেই ৰাজনীতি 
তাৰবাবেই ইতিহাস
তাৰবাবেই ৰচা হয় কূট-কৌশল ।

এতিয়া অৰ্থনীতিৰ কিতাপত 
শিকোৱা হয় বুৰঞ্জীৰ কথা
সাধু কথা
এয়াই সময়ৰ বিভ্ৰাট 
চলি আছে বাটৰ নাট
চলি থাকিব বাটৰ নাট
আন্ধাৰৰ সপোন 
ভোক শিল হৈ আছে 
জনতা মৰি মৰি জীয়াই আছে 
মাৰি মাৰি জীয়াই ৰাখে 
ইয়াৰ নামেই শাসন
ইয়াৰ নামেই শোষণ
এনেকৈ লিখা হয় ইতিহাস
বৰ কৰুণ
বৰ মৰ্মভেদি
ভোকৰ ইতিহাস  ।

ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
ফোন নম্বৰ :9101809942
—————————————
স্বপ্নদোষ
নিৰ্জু বৰগোহাঁই

মই,
মোক ৰুই থৈ আহিছিলোঁ
সেই ৰাতিটোৰ পাৰত

আন্ধাৰ ফালি ফালি
আগুৱাইছিল সেই জোন

সৰি পৰা 
উশাহৰ তালে তালে
অনিমেষ
নাভাগৰা
সপোনৰ সাজোন
নিঃশব্দ ৰাগত
পৃথিৱী মায়াৰ ছাঁত
প্ৰতিপল বাঢ়ে
তৃষ্ণাতুৰ এথোপা ফুল।
—————————————
জীৱনক ভাল পাবলৈ
ৰবিন কুমাৰ চেতিয়া

জীৱনক বুজিবলৈ
জীৱনক জানিবলৈ
কিবা সুত্ৰ আছে নে নাই মই নেজানো 
জীৱনক ভাল পাবলৈ
জীৱন জিন্দাবাদ বুলি ক'বলৈ
মনৰ দুৱাৰ খুলি হেঁপাহেৰে
প্ৰতিপল জোনাকক বুটলিব জানো 

অহংকাৰী বৰদৈচিলাক তুমিও দেখিছা 
ৰ'দ বৰষুণ,বিজুলী গাজনিত
মোৰ দৰে নহ'লেও কোনোবা এদিন
তুমিও ছাগে সাঁতুৰিছা 

কিমান ভালপোৱা থাকিলে
অন্তৰ খুলি কাৰোবাক ক'ব পাৰি 
হৃদয়ৰ পুঞ্জীভূত বেদনা
তোমাক বাৰু কোনোবাই কৈছেনে 
কিমান বিশ্বাস থাকিলে
গভীৰ কোবাল সোঁতৰ তালে তালে 
মেলিব পাৰি জীৱনৰ পালতৰা নাও
সুধিব পৰাকৈ কাৰোবাক লগ পাইছানে 

দুখৰ মাজতো সুখৰ ঠিকনা বিচাৰি
আমি ভালপাও জীৱনক
নিয়ৰৰ চকুলোৰে ধোৱাই দিয়া
সেউজীয়া দূবৰিৰ হৃদয়
ঠন ধৰিব খোজোতেই পলকতে হেৰাই
প্ৰভাতৰ হেঙুলী কিৰণত

চিনাকি বাটবোৰো এদিন
সকলোৰে বাবে অচিনাকি হয়
অচিনাকি বাটবোৰো সজাই পৰাই
সকলোৱে এদিন আপোন কৰি লয়
যি বাটে নামি আহে শুকুলা শৰৎ
সেই বাটেই আহে জানো সঁচাকৈয়ে 
বসন্তৰ গান
যি বাটত জিলিকে তোমাৰ হাঁহি
ফুলে কিয় সেই বাটত নিৰাশাৰ বান 

জীৱন মানেই আহিনৰ এজাক মলয়া
জীৱন মানেই জেঠুৱা মৰমৰ 
হৃদয় দহি নিয়া উত্তাপৰ নিজৰা 
বাৰিষাৰ প্লাৱনত অসহায় জীৱনে 
লুকাভাকু খেলে
বসন্তৰ উন্মাদনাত
হাঁহিৰ আবিৰ সানি জীৱনে
হেঁপাহৰ কাঁচিজোন মেলে 

সপোনৰ দৰেই জীৱন ঠুনুকা
কচুপাতৰ পানীৰ দৰেই জীৱন
একাঁজলি তিৰবিৰ তৰা
প্ৰেমৰ দলিচাত জিলিকি থকা জীৱন 
এটি জোনাকী কবিতা ।
—————————————
আঘোণ মোৰ বুকুৰ আপোন
অনুপমা চৰকাৰ মেধি

শৰৎ আহিলেই পদূলিলৈ ডিঙি মেলি চাওঁ
আহিনৰ হাঁহিয়ে শেৱালিক আদৰা গোন্ধটো
উশাহত উজাই লওঁ
নীলিমাৰ আঁচলত
শৰতে আঁকি থোৱা ছবিখনি
প্ৰাণভৰি চাওঁ

কঁহুৱাৰ শুকুলা হাঁহিত
ঋতুৰ গান বাজে গুণ্ গুণ -গুণ্ গুণ 
বাঢ়ি আহে হেঁপাহ 
বাঢ়ি আহে নতুন আশা
প্ৰাপ্তিৰ প্ৰাচুৰ্য  সপোন 

হেমন্তৰ পৰশত সেউজীয়াত এতিয়া 
সোণালী ৰহণ
কুঁৱলীৰ মায়াজাল ফালি নামি আহে
মুকুতাসৰা হাঁহিৰে ৰাগিলগা আঘোণ 

বলিয়া বানে তচ্ নচ্ কৰাৰ পিছতো
শাওণীয়া দুখবোৰ পাহৰি
শীতৰ নিহালিৰ উমত
পাওঁ মই আঘোণীয়া সুখ
ৰবাব টেঙাৰ টকালি পৰা স্বাদত মুখৰ
ৰৌদ্ৰোজ্জ্বল পথাৰৰ আঘোণৰ দুপৰ

দুখৰ ব্যঞ্জনাৰ মাজতো আহে আঘোণ 
লৈ আহে প্ৰত্যাশাৰ সপোন
আঘোণ  মোৰ  বুকুৰ  আপোন।
—————————————
পতিতাৰে প্ৰেম
মনোজ এম্ 

ঐ ছোৱালী ,দুখৰ পুখুৰী
কিমান গভীৰ ত‌ইতো জান
ময়ো আছোঁ সাঁতুৰি দুখৰ পুখুৰীত, ভোকৰ নদীত।

তোৰেই ভালদে -
সদায় নিশা
সপোন ৰঙীণ কৰ
নিতৌ সজাৱ তই
সুশোভিত গোলাপৰ পাপৰিৰে স্বপ্নৰ ফুলশয্যা...

দে' বাকী দে এপিয়লা
ৰঙীণ হওঁ,
পিন্ধি লওঁ সপোনৰ পোছাক 
উৱলি গৈছে অ'
অতীত, বৰ্তমানৰ চোলাটো
এটায়ে চোলা
সিয়ো ঘামত তিতা, দুৰ্গন্ধ ।

তোৰ তালৈ কিয় আহোঁ  
জান?
দেহৰ উত্তাপ বিচাৰি নহয়
মনৰ ঘ্ৰাণ বিচাৰি... 
ভাল লাগে,
কিবা এটা বুজাব নোৱাৰা প্ৰশান্তি! 
সমাজত তোৰ এটাই পৰিচয় 
পতিতা!
সমাজৰ সভ্য মানুহে আঁকি দিয়া এটা স্বীকৃতি
কিন্তু মই জানো তই কি।
কেনেকৈ সময়ৰ চাকনৈয়াত পৰি 
উটি ভাঁহি আহি এইখিনি পাইছহি
হয়তো হৈছ বাৰেপতি ধৰ্ষিতা
কোনো কামুক প্ৰেমিকৰ
কামনাৰ বহ্নিত।
বাদ দে ঐ ছোৱালী।
ভণ্ড সমাজ ,
ভদ্ৰ মুখাৰ আঁৰত থাকে 
অন্য এখনি ভণ্ড মুখ।

অট্টহাস্য কৰিবলৈ মন গৈছে আজি
সমাজৰ সভ্য মানুহবোৰেই
তোৰ কোঠাত
নিলাম কৰি যায় 
সিহঁতৰ চৰিত্ৰ ।

ৰজাৰ দুলাড়ীয়ে ফটাপেন্টেৰে আধুনিকা সাজি
পাৰ্কত ঘূৰিব,
সিহঁত সতী...
মজনুৰ লগত মচগুল হৈ
ৰাতি চিনেমা চাই বাৰলৈ যাব, 
সিহঁত সতী...সতী...
আৰু ত‌ই..
মই কওঁ ,ত‌ইহে সতী
যোদ্ধা নাৰী...।

কি লাভ! কি লাভ?
তেনেকুৱা সতীৰে প্ৰেমত পৰি, 
তাতকৈ তোৰ দৰে
পতিতাই ভাল ।
পেটৰ তাড়নাত কত লাঞ্ছনা, 
কত যাতনা হেলাৰঙে সহিব পাৰ.. 
হাঁহি হাঁহি সঁপি দিব পাৰ দেহৰ সৰ্বস্ব 
এদল সভ্য মুখাধাৰীৰ হাতত... 

দি দে অ' ছোৱালী 
দে ,বাকি দে তোৰ দুখৰ পিয়লা, 
আহ ভগাই পান কৰোঁ একেলগে, 
পাৰ কৰোঁ এটা গভীৰ ৰাতি
ভোকে অশ্লীল কৰা এটা ৰাতি... 

তোক আজি বৰ ধুনীয়া লাগিছে অ' 
মৰম কৰিবলৈ হাত দুখন 
উদ্বাউল হৈ পৰিছে...
তোৰে-মোৰে ভোকৰ পুখুৰীত
সপোন এটা জীয়াবৰ মন গৈছেও...ছোৱালী...!
—————————————
মোগল আজিও আছে
সত্যজিত দাস

মোগল তাহানিও আছিল আজিও আছে
আপোন দেশত বাঙালৰ লুটপাত আজিও আছে 
নিজৰ দেহত সোমাই কলিজাৰ তেজ শুহি খোৱা
"তেজপিয়া" বোৰ আজিও আছে 

ক্ষমতাৰ ৰাগীত মতলীয়া ঔৰংগজেৱ
মিৰজুমলাৰ ধ্বংসকামী চিন্তাৰ উদ্গীৰণ
অথবা ৰামসিংহৰ সংহাৰী মূৰ্ত্তি
তাহানিও আছিল 
আজিও আছে 

মাথো সলনি হৈছে নাম
মাথো সলনি হৈছে ধাম
সলনি হৈছে শোষণৰ মৈদাম 

মোগল আজিও আছে----

কিন্তু--- 
ৰামসিংহক ৰোধিবলে 
আছে জানো লাচিত ?
নৰিয়া দেহাৰে যুজি , মানাহলৈ শত্ৰুক খেদি পঠোৱা
সেই মহাবীৰ কত ?
কত আছে লাচিতৰ হেংদাং
যি হেংদাঙে নিজ-পৰ নিচিনি
কেৱল কৰিছিল দেশপ্ৰেম ৷

এতিয়াতো কেৱল পূজিপতিৰ পয়োভৰ
বঙহৰ পৰা কাঢ়ি
ওখ দালান সাজি 
মই বৰ ,মই বৰ বুলি কৰিছে অহংকাৰ 

এয়া জানো লাচিতৰ দেশ !
এফালে এমুঠি অন্নৰ হাহাকাৰ
অপুষ্টিৰ অভাৱে কোঙা কৰা 
শিশুৰ অহৰহ চিৎকাৰ 

আনফালে----
ওখ দালানত বাৰ্থ দে ’ পাৰ্টিত
উঠলি উঠিছে মাতাল দুনীয়াৰ জয়-জয়কাৰ 

সেইবাবেই এতিয়া লাচিত লাগে---
সমভাৱে জুখিব জনা
ধনী দুখীয়াৰ বৃহৎ তফাৎ 

সেইবাবেই এজন লাচিত লাগে---
সচাঁ ভালপোৱাৰ প্ৰতিশ্ৰুতি দিয়া
সেইবাবেই এজন মহাবীৰ লাগে ---
শত্ৰুক সমুচিত প্ৰত্যুত্তৰ দিয়া
—————————————
কাব্যকানন সমীপেষু:

কাব্যকাননৰ সুবাদতে আমাৰ দৰে লিখাৰ অ আ ক খ শিকি থকা মানুহে এটা প্লেটফৰ্ম পাইছো।কম দিনৰ ভিতৰতে পষেকীয়া ই আলোচনীখনত কেবাটাও কবিতাই প্ৰকাশৰ মুখ দেখিছে।কবিতা লিখাটো মুখৰ কথা নহয়।লিখো বুলিয়েই লিখিব নোৱাৰি।তথাপি এটা পষেকৰ অন্তত আকৌ এটা কবিতা সৃষ্টিৰ উথপথপখন এই কাব্য কাননেই লগায়।অলসতা আঁতৰাই সৃষ্টিৰ কছৰত কৰায়।ন শিকাৰুৰ বাবে আৰুনো লাগে কি!কৃতজ্ঞ কাব্যকানন।সময়ৰ আৱহনী সোঁতত চিৰপ্ৰবাহিনী শক্তিৰে তুমি বৈ থাকা।লগতে সম্পাদক শ্ৰদ্ধাৰ নবৰাজন লৈও থাকিল মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত কবিতা পঠোৱাৰ পৰাই তেওঁৰ লগত যোগাযোগ।অজানা,অচিনাকি এজনী মানুহৰ প্ৰতি তেওঁৰ যি উৎসাহ ভৰা বাণী,তাৰ বাবে সদা কৃতজ্ঞ।ব্যস্ততাৰ মাজতো তেখেতে যিদৰে সময়মতে পষেকীয়া কাব্যকানন পাঠকৰ হাতত এটা দিন হেৰফেৰ নোহোৱাকৈ তুলি দিয়ে,সেয়া আদৰ্শনীয়, অনুকৰনীয়।মই নিজেই অনুপ্ৰাণিত হৈছো তেওঁৰ কৰ্ম স্পৃহা,কৰ্মপদ্ধতি দেখি।আশা কৰিম তেখেতৰ নেতৃত্বত কাব্যকানন আৰু বহুদূৰ আগুৱাই যাওঁক জয়ৰ গান গাই আৰু জনমানসত আৰু বেছি সবল স্থিতিৰে খোপনি পুতিবলৈ সক্ষম হওঁক।

ধন্যবাদেৰে—
জাহ্নৱী হাজৰিকা
দেওমৰনৈ,দৰং
—————————————
কাব্য কানন আৰু কাব্যিক অনুভৱ
গীতাঞ্জলী হাজৰিকা

কাব্য কানন নামতেই সুগন্ধিময় কবিৰ অনুভৱৰ        শতদ্ৰুনদীৰ বন্যা ৷ কাব্য কাননৰ সন্মানীয় কবিৰ কবিতাই মোৰ মনমোহনা বৰকৈ আচন্ন কৰিছিল ৷ সন্মানীয় সম্পাদকৰ বলিষ্ঠ সম্পাদকীয় আৰু মান্যজনৰ বাক্য শুদ্ধিৰ আভাস অন্য এক বিশেষ অলংকাৰ কাব্য কাননৰ ৷ প্ৰয়াস প্ৰতিটো পষেকত প্ৰবীনৰ লগতে নবীনক প্ৰাধান্য আৰু পৰিচয়ৰ পোচাক পিন্ধোৱাৰ কবিতাৰ মাধ্যমেৰে ৷ কাব্য কানন এনে এখন মঞ্চ য’ত কাব্যিক সৃষ্টিৰ অনুশীলন হয় ৷ অৱশ্যে মোৰ দৰে মূঢ়মতিয়ে অনুশীলনৰ ফচল লভিবলৈ কিমান সফল হৈছোঁ নাজানো !! কিন্তু ভাল লগা ডাঙৰ কথাটো হ’ল , অগ্ৰজ সকলে সৃষ্টিৰ বাটেদি আমাৰ সমাজক সুন্দৰ ৰূপত প্ৰতিফলিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

   সঁচা কথা ক’বলৈ হ’লে কবিতাৰ সংজ্ঞা দিয়াতো অতি দুৰূহ ৷ তাতে মোৰ দৰে মানুহৰ বাবে কঠিনকৈ কঠিন আৰু দুৰূহতকৈ দুৰূহ ৷ তথাপি অনুভৱ হয় , কবিতা হৃদয়ৰ অভিব্যক্তি আৰু স্পন্দনশীল আবেগ ৷ কবিতা এনে এক কলা যি কলাৰ ৰসাত্মক ৰসাস্বাদে আমাক সঞ্জীৱনীৰ সুধা দিব পাৰে ৷
 
সেয়েহে উৰ্দু কবিয়ে হয়তো কৈছিল ---“ য’ত সূৰ্য্যই প্ৰৱেশ কৰিব নোৱাৰে তাত কবিয়ে প্ৰৱেশ কৰিব পাৰে ৷ ”

 কবিতাৰ অনুপম সৃষ্টিৰ বাবে ছন্দোময় শব্দৰ শক্তি অতি প্ৰয়োজন আৰু গুৰুত্বপূৰ্ণ ৷ কবিৰ শব্দৰ সাঁকোৱেদি পাঠকৰ হৃদয়ত ভাবৰ আদান-প্ৰদান হয় ৷ কবিয়ে প্ৰধানকৈ প্ৰকৃতি , প্ৰেম আৰু পীড়িত হৃদয়ৰ সমল বুটলি নীলা বুটা বছা শব্দ বিন্যাস কাব্যিকতাৰ মালা ধাৰি অৰ্পণ কৰে পাঠকক ৷ পাঠকে কবিৰ অনুভৱবোৰ হৃদয়ঙ্গম কৰি ভাল বেয়া বিশ্লেষণ কৰে ৷ কেতিয়াবা পাঠকে কবিৰ অনুভৱবোৰক বুজিয়েই হওঁক অথবা নুবুজি হওঁক নিজৰ মাজতে অস্ত্ৰোপচাৰ কৰে ৷ খেয়ালী কবিৰ মন থকাসৰকা হয় খন্তেক সময় ৷ তথাপি স্থবিৰ নহয় কবিৰ মনোজগত ৷ পুনৰ তৰোৱালৰ দৰে তীক্ষ্ণ হয় শব্দৰ ছন্দোময়তা ৷ কবিতাই লয়লাস সৃষ্টিৰে তমোহৰ দেওধনী গতি লয় ৷ 

    অনেক সৃষ্টিশীল সপোন আৰু সোপানৰ সাঁকো গঢ়াৰ উদ্দেশ্যে ছাগে 'কাব্য কানন'ক পৰিয়ালে অতি হেঁপাহেৰে ভূমিষ্ঠ কৰিছিল ৷ সগৌৰৱেৰে আগুৱাই নিলে পাঁচোটাকৈ বছৰে ৷ গঢ়িলে সৃষ্টিশীল মানুহৰ কাপেৰে নিৰ্গত শিখাৰ আলোকযাত্ৰা ৷ এই যাত্ৰা পথত পলমকৈ হ’লেও , থৌকিবাথৌ মনেৰে  সহযাত্ৰী হোৱাৰ প্ৰয়াসেৰে   ভুমুকিয়াবলৈ চেষ্টা কৰিলোঁ কাব্য কাননত ৷ সঁহাৰি জনালে সন্মানীয় সম্পাদক প্ৰমুখ্যে কাব্য কাননৰ পৰিয়ালে ৷ এই আপাহতে কাব্য কাননৰ সন্মানীয় সম্পাদক আৰু  পৰিয়ালক কৃতজ্ঞতা আৰু ধন্যবাদ নিবেদিছোঁ ৷ 

 এদেও দুদেওকৈ কুঁহিপাত সলাই ধীৰে-ধীৰে বসন্তৰ বা ল’বলৈ গতি শ্ৰদ্ধাৰ 'কাব্য কানন ' আৰু জাতিষ্কাৰ হৈ আগুৱাই যাওঁক শদিয়াৰ পৰা ধুবুৰীলৈ ছন্দোবদ্ধ গতিৰে ৷ পঞ্চম বৰ্ষপূৰ্তিৰ শুভ সময়ৰ শুভক্ষণত মানস কৰিছোঁ --- এই যাত্ৰা শদিয়া ধুবুৰীতে সীমাবদ্ধ নাথাকি , সুদূৰ প্ৰসাৰী হওঁক বিশ্বৰ প্ৰান্তে-প্ৰান্তে গুঞ্জৰিত হওঁক ' কাব্য কানন আৰু কাব্য কানন ৷

জয়তু কাব্য কানন
চিৰ চেনেহী মোৰ ভাষা জননী 
জয় আই অসম 

 শিৱসাগৰ
 দূৰভাষ -- ৯৯৫৭৯৭৩১৫৭
—————————————
কাব্যকানন সম্পৰ্কে অনুভৱ

        সাহিত্যৰে সমৃদ্ধ এখন উৎকৃষ্ট মানৰ ই কাব্যালোচনীৰ নামেই হৈছে 'কাব্যকানন' ৷ নামেই যাৰ পৰিচয় ৷ এখন উৎকৃষ্ট মানৰ কবিতা আলোচনী বুলি এই কাৰণেই ক'ব পাৰি যে ইয়াত সন্নিবিষ্ট প্ৰতিটো কবিতা একো একোটা পূৰ্ণাংগ কবিতা। শব্দৰ ব্যৱহাৰ, বাক্যৰ গঠন প্ৰণালী আদি সকলোবোৰেই সকলো ফালৰ পৰা সমৃদ্ধ বুলিব পাৰি ৷ ইয়াৰ তাৎপৰ্য্য অতি গুৰত্বপূৰ্ণ ৷ বহু বিখ্যাত কবিৰ কবিতাৰ পৰা আৰম্ভ কৰি নৱ প্ৰজন্মৰ বহু উৎকৃষ্ট কবিতাৰে পৰিপুষ্ট হৈ থকা কাব্যালোচনীখনেই হৈছে 'কাব্যকানন' ৷
      কবিতাৰ ওপৰত বিশেষ জ্ঞান নাছিল যদিও মাজে সময়ে দুই এটা কবিতা, ঠিক কবিতা বুলিব নোৱাৰি আচলতে ৷ অকবিতাৰহে সৃষ্টি কৰিছিলোঁ ৷ এদিন হঠাতে মৰিগাঁৱৰ পৰা কবি তথা কাব্যকাননৰ সম্পাদক নৱ ৰাজন দায়ে এটা বাৰ্তা পঠালে যে মৰিগাঁৱৰ পৰা এখন ই কাব্যপুথি প্ৰকাশ কৰিব আৰু তাৰ বাবে মোৰ পৰা এটা কবিতা বিচাৰিলে ৷ সেয়াই আছিল কাব্যকাননৰ বুকুত মোৰ কবিতাৰ প্ৰথম খোজ ৷ প্ৰতি পষেকত নৱদাৰ মোৰ পৰা কবিতা বিচাৰি এটা বাৰ্তা আৰু নৱদাৰ কথাৰ সন্মান জনায় ময়ো সৃষ্টি কৰিবলৈ যত্ন কৰোঁ একো একো কবিতা ৷ তেনেদৰেই প্ৰতি পষেকত মোৰ কবিতা -অকবিতাই স্থান পাবলৈ ধৰিলে কাব্যকাননৰ বুকুত ৷ কবিতাৰ ওপৰত কিছু অভিজ্ঞতা বুটলিবলৈ ময়ো সুযোগ পালোঁ ৷ এই  ক্ষেত্ৰত মই কাব্যকাননৰ সম্পাদকৰ লগতে কাব্যকানন সম্পাদনা সমিতিৰ  ওচৰত চিৰ কৃতজ্ঞ  ৷  জন্ম লগনৰে পৰা বৰ্তমানলৈকে এজন পঢ়ুৱৈ বা লেখক যি হিচাপেই নহওক সাহিত্যৰে সমৃদ্ধ এই  কাব্যপুথিখনৰ লগত জড়িত হ'বলৈ পায় মই যথেষ্ট সুখী ৷ আজি পৰ্য্যন্ত এই কাব্যপুথিৰ লগত জড়িত হৈ মই সাহিত্যৰ ক্ষেত্ৰত যি জ্ঞান আহৰণ কৰিবলৈ সুবিধা পাইছো সেয়াও অনবদ্য ৷ 


    শেষত মোৰ প্ৰিয় কাব্যালোচনী "কাব্যকানন"ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ---

চয়নিকা ভূঞা
চতিয়া 
—————————————
শীত নামিছে
ৰাজীৱ দত্ত

শীত নামিছে 
ধীৰে ধীৰে
বতাহ বৈছে ফিৰফিৰীয়া

যেন এইমাত্ৰ নামি আহিব
জাৰত কঁপি থকা জোনটোৱে 

দূৰৈৰ আকাশত
 মুখটিপি হাঁহি থকা তৰাবোৰে
জোকাই ক’ব

ইচ্ ৰাম কেনেকে ধুৱা গা
ঠাণ্ডা পৰিছে ইমান

কফৰ হেঁচাত 
কাঁহত অস্থিৰ হৈ পৰা
এজাপ কাপোৰ লোৱা
বৃদ্ধৰ দৰে বেলিটোৱে
লাহে লাহে মুৰ তুলি চাব 

নতুন জলাশয়ৰ সন্ধানত
উৰি উৰি ফুৰে
এজাক শৰালি

উৰি যায় দিগন্ত ধিয়াই
কাঢ়ি লৈ যায়  মন

কুঁৱলীয়ে কৰিছে
ধুঁৱলী কুঁৱলী মনৰ চিন্তা

শীত নামিছে
ঠাণ্ডা পৰিছে 
বৈছে বতাহ ফিৰ্ ফিৰিয়া
মনো যে হৈ যায় উৰুঙা উৰুঙা।
—————————————
অপগণ্ড প্ৰেমিক
অংশু কাশ্যপ খাউন্দ
    
"মই"বোৰ 'মই' হৈ নাথাকে
আৰু "তুমি"বোৰ 'তুমি'
জীৱন নদীয়ে
সমকোণী ভাঁজ লয়।

প্ৰেমিকাবোৰ প্ৰেমিকা হৈ নাথাকে
আৰু প্ৰেমবোৰ প্ৰেম।
প্ৰেমবোৰ গলি গলি
মমবাতিৰ দৰে শেষ হৈ যায়,
আৰু
গলি শেষ হৈ যোৱা মমবাতিৰ ধোঁৱা সহ্য কৰিবলৈ
পৃথিৱীয়ে টান পায়।

প্ৰেম নামৰ ঘোঁৰাটোৰ
পিঠিত উঠি গৈ আছো, 
গৈ আছো আৰু গৈয়েই আছো...
হয়টো নিজেই নাজানো,
এই যাত্ৰাৰ লক্ষ আৰু
উদ্দেশ্যই বা কি!
মাথোঁ গৈ আছো, 
গৈ আছো আৰু গৈয়েই আছো...
কাৰণ মই অপগণ্ড প্ৰেমিক!
—————————————
বেদনাৰ মাজত
ভাগ্যশ্রী পাঠক

বুকুৰ মাজত বাজিছে                                  
এক বিৰহ বেদনাৰ শব্দ                          
অলেখ অযুত সপোনবোৰ                           
সামৰি থোৱা বুকুৰ মাজত                         

কি সুন্দৰ আছিল সেই কল্পনা                     
বুকুৰ তেজ ৰঙা আল্পনাও বেকা              
সকলো আজি অচিনাকি হ’ল                    
শূন্যতা এক মাত্ৰ লগৰী হ’ল                       
এতিয়া চকুৰ পানী মচিবও                          
লগৰী নোহোৱা হ’ল                                   

দিন বাগৰি যাই বেদনাৰ মাজত                  
মৌসনা কথা বোৰ পাহাৰিব বিচাৰোঁ 
পহাৰিব যাব নোৱাৰো ।                               

এতিয়া নিৰাশাবোৰ 
অতি আপোন  
অভিমান কৰিবলৈ কোনো নাই ।
—————————————
প্ৰেমৰ এপাহ ৰঙা গোলাপ 
মণীষা ভৰদ্বাজ 

শব্দৰে গঢ়া হৃদয়ৰ সমাধিত 
প্ৰেমৰ এপাহ হাস্নাহানা 

শুনিছোঁ আপুনি হেনো 
পপীয়া তৰা  
সেই যে শুনিছিলোঁ সাধু কথা 
চকা মকাকৈ দেখা দিয়া 
সেই পপীয়া তৰা 

আপোনাক চুই চোৱাৰ
আপোনাৰ ওচৰত ৰোৱাৰ
হেঁপাহ অগণন 

কিন্তু 
আপুনি যে ঠিক
গণিতৰ উত্তৰ নিমিলা অংকটোৰ দৰেই 

প্ৰেম হেনো আপোনাৰ নাই 
আপোনাৰ নিচা হেনো 
মাথোঁ শব্দবোৰ 
নাজানো আপুনি লিখা কবিতাৰ
আঁৰৰ মৰ্মাৰ্থ

কিন্তু 
আপুনি জানেনে 
আপুনি–
এপাহ প্ৰেমৰ ৰঙা গোলাপ । 

মণীষা ভৰদ্বাজ 
ৰঙিয়া
—————————————
প্ৰত্যাশা 
তপোবন

এনেদৰেই এদিন
লগ হ’ম
সিক্ত ৰাতিৰ বুকুত...
তুমি সুৰ তুলি
গাবা জীৱন সংগীত
মই নৈ হৈ বৈ যাম
তোমাৰ সুৰৰ সুঁতিত ।
কুহেলিকাই ঢকা
শীতল সময় বোৰত 
দুহাত মেলি উত্তাপ হ’ম,
বৰেণ্য হুমুনিয়াহবোৰ সামৰি 
কামিজৰ পকেটত ভৰাই থ’ম। 
তুমি কবিতাত ধ্বনি তুলি
মোক, মই হোৱাৰ
অভিমান কাঢ়ি
তোমাৰ কৰিবা মোক ,
কৃষ্ণচড়াৰ দেশত
তেতিয়া ৰঙালী সূৰুযৰ
নতুন আলোক ।
কেনভাছৰ 
বিবৰ্ণ ছবিত 
নিখুঁত বিৱৰণ ,
অশ্লীলতাহীন
প্ৰেমৰ বিবস্ত্ৰ অভৰণ ।
কোনে জানে
প্ৰতাৰণাৰ অন্য নাম যে নহয় মৰম ।

তপোবন
টংলা, ৯৬১৩৭৬৯১৫০
—————————————
নিমাতি ঘাট
ইৰা দেবী

অ'  মৰমৰ নিমাতী ঘাট, 
ভাবি গুণি পোনাবা বাট, 
সহস্র জনৰ হেঁপাহৰ নাম, 
বুকুত অলেখ সপোনৰ দাম। 

চকুৰ পানীত বিষাদৰ গান, 
যদিও তোমাৰ আন এটি নাম, 
অ' মৰমৰ নিমাতী ঘাট, 
পোনেপোনে পোনাবা বাট। 

যৌৱনৰ মধুৰ ৰাগ, 
নয়ন জুৰাও চাই এবাৰ
বাঁহীৰ মাতত নিমাতী সুৰ
উঠক বাজি বুকুত তোমাৰ। 

বৰনৈ বাকৰি, 
কমলা ফেৰী
হৈ পৰক আকৌ 
হেঁপাহৰ  ঘাট, 
দুনাই নাহিবা অভিশপ্ত হৈ
কৰোঁ আৰতি
বজাও বাঁহীত কল্যাণী সুৰ, 
হাঁহি হাঁহি তুমি বুলিবা বাট, 
অ' মোৰ মৰমৰ নিমাতী ঘাট। 
-----+++-----+++-----+++---++
ফাগুন
লাৱণ্য নাথ

তুমি আহিলেই যেন জাতিষ্কাৰ হৈ পৰে-প্ৰত্যাশিত সময়
বতাহৰ সুগন্ধিয়ে উৰুৱাই নিয়ে-
সৰাপাত ধূলিৰ ধুমুহাত...

লঠঙাডালত কুঁহিপাতে সপোনৰ পাহি মেলে
শীতৰ শেষত এজাক 
বৰষুণৰ উমালে
সলনি কৰে সময়...

বহু বাট পাৰ হৈ
বাৰে বাৰে লগপাওঁ
কথা পাতোঁ
আকুলতাৰে
এৰি যোৱা
সুৰ মাথোঁ ৰৈ যায় মনৰ মাজত।
—————————————
সোনগুটিৰ আঘোণ 
জোনমনি মহন্ত

সোনগুটিৰ আঘোণ
কিযে কৃষকৰ সপোন
আঘোণ আমাৰ জীৱনৰ দাপোন
আঘোণৰ সোনগুটিৰ আগমনত
কৃষকৰ জীৱন হয়
সোণগুটিক চপোৱাৰ উগুল-থুগুল

আঘোণৰ সোনগুটি গৃহলৈ আনিবলৈ
কিমান যে হয় ব্যাকুল...
দাৱনীৰ হাটত কাচিৰ আলোড়ন
দেখাত সোনগুটিৰ মুঠিও যেন সোনৰ যতন
কৃষকৰ কান্ধত ডাঙৰীৰ সৈতে বিৰিয়াৰ
হেন্দুলনিত সোনগুটিৰ জিৰিক্ জিৰিক্ মাতত
ভাগৰুৱা দেহাটোত সুখৰ মনোবল ,
সন্ধিয়াৰ আগে আগে গৰু গাড়ীখনত
মেটমৰা ডাঙৰীৰ সৈতে কি যে
লখিমীক  আদৰি অনাৰ আয়োজন 

সঁচাকৈ আঘোণ, তুমি যে প্ৰকৃতিৰ নিয়মেৰে
আহা আৰু যোৱা আৰু লগতে আমাক অমৃত দি যোৱা।
বছেৰেকৰ  পেটৰ ভাত,
জীৱনৰ অভাৱৰ মূল 
আঘোণৰ সোনগুটিক লৈ
কিমান যে মনত বিভোৰ ...

আঘোণ, তুমি যে আমাৰ
জীৱনৰ অতিকে আপোন
সোনগুটিৰ ধাননিৰ নাচোনৰ তালে তালে
আমিও যে হৈ পৰোঁ ব্যাকুল
অ সোনগুটি আঘোণ ,তুমি যে নহ'লে
আমাৰ জীৱনত কোনে দিব পেটৰ ঢাকোন!

জোনমনি মহন্ত  
তেজপুৰ
——————————————————————

Post a Comment

0 Comments