———————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
কবিতাৰ যদিও কোনো সুনিৰ্দ্দিষ্ট সংজ্ঞা নাই ,তথাপি কিবা এটা আছে। সেয়ে কবিতা লিখিলেই কবি বুলিব পৰা নাযায়। গোটেই জীৱনটো কবিতাৰ নামত উচৰ্গা কৰাৰ পাছতো সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱে নিজকে কবি হিচাপে ক’ব বিচৰা নাছিল। মনত দোলা দিয়া ভাবনাক পাঠকৰ হৃদয় কেনভাচত উদ্ভাসিত কৰিব পৰাটোৱে কবিতাৰ সাৰ্থকতা। তাৰ বাবে লাগিব সাধনা,অধ্যয়ন আৰু চৰ্চা।
সীমিত পৰিসৰ ভেদি সৰ্বসাধাৰণ পাঠকৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত হ’বলৈ কবিতাইও সময়ৰ স’তে নিজকে সম্প্ৰৰীক্ষা কৰাৰ প্ৰয়োজন। কবিতাত দুৰ্বোধ্যতা বুলি বিশেষ একো নাই; থাকে মাথোঁ পাঠকৰ বোধৰ সীমাবদ্ধতা। তথাপি সৰ্বসাধাৰণ পাঠকৰ বোধগম্য হোৱাকৈ কলাত্মক ভাবে মনৰ অনুভৱ উপস্থাপন কৰিব পৰাটো—কবিতাৰ এক বিশেষ বৈশিষ্ট্য। এনেয়েও সৰলতাই হৈছে জটিল কলা।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
শ্বেক্স্পীয়েৰৰ হেম্লেটে এখন কিতাপ পঢ়ি থাকোঁতে, পল’নিয়াছে সুধিছিল : What do you read, my lord ? উত্তৰত হেম্লেটে কৈছিল : “Words words words .”
শব্দক ব্ৰহ্মবুলি কোৱা হয় ; কিয়নো, শব্দৰ ক্ষয় নাই ; সঁচা ৷ কিন্তু, অতিব্যৱহাৰত একোটা শব্দ ক্ষয় যায় ; ইও সঁচা ৷ আমাৰ শব্দবোৰেৰেই নিত্যনতুন কৌশলেৰে -- অৰ্থক অনন্য মাত্ৰা দিয়াটোও একপ্ৰকাৰ যাদু ৷
এগৰাকী কবিয়ে -- এন্ধাৰ / আন্ধাৰ / অন্ধকাৰ ; সাগৰ / সমুদ্ৰ ; হাড় / অস্হি ; জুই / অগ্নি ; পৃথিৱী / ধৰিত্ৰী / জগৎ / দুনিয়া ; নৈ / নদী / নদ ; বতাহ / সমীৰ / পৱন ; চৰণ / পদ / ভৰি ; ছাঁ / ছায়া ; সূৰ্য / সূৰুয / বেলি ; উলটি / উভতি ; দূৰৈত / দূৰত / নিলগত ; কাৰণে / বাবে ; এটা / এটি ; এজোপা / এজুপি ; বুৰে / ডুবে আদি শব্দ- ব্যৱহাৰৰ অৰ্থৱহ কিটিপবোৰ জনাটো ভাল ৷
'দে / দিয়ক বৰষুণ'ত এটি প্ৰত্যাহ্বান-ধ্বনি ( দে বৰষুণ, চাই ল’ম তোক ) থাকে ৷ কিন্তু, 'বৰষুণ দিয়ক'ত , সেই প্ৰত্যাহ্বানৰ সলনি -- কোমলতাৰ সুৰহে ( হ’ব, বৰষুণ দিয়ক ) শুনা যায় ৷
'কাৰণে' ( because of, due to )ত এটা কাৰক (cause) থাকে ; যেনে -- দেউতাৰ কাৰণেহে এইখিনি কৰিব পাৰিছোঁহঁক ৷ 'বাবে' (for)ত সেই 'কাৰক’টো নাথাকে ; যেনে -- তোমাৰ বাবে ৷
—————————————
অনুবাদ কবিতা
Five Lines
Nazim Hikmat
Moascow, Russia
To overcome lies in the heart, in the streets, in the books
from the lullabies of the mothers
to the news report that the speaker reads,
understanding, my love, what a great joy it is,
to understand what is gone and what is on the way.
পাঁচটা শাৰি
নাজিম হিকমত
মস্কো, ৰাচিয়া
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
হিয়াত, পথত, কিতাপত নিহিত হৈ আছে
মিঠ্যা জয় কৰাৰ সূত্ৰ
আইৰ নিচুকনিৰপৰা
বক্তাই পঢ়া বাতৰিৰ প্ৰতিবেদনলৈ,
মোৰ প্ৰেম বুজিবলৈ, অনাবিল আনন্দ,
কি নাইকিয়া হৈছে আৰু
কি বাটত আছে সেইটো বুজিবলৈ।
—————————————
Do not stand at my grave and weep
মূল কবিতাটিৰ কবি : Mary Elizabeth Frye,
মেৰী এলিজাবেথ ফ্ৰাই
ভাৱানুবাদ: জ্যোতিশিখা দত্ত
"মোৰ সমাধিত থিয় হৈ চকুলো টুকি নাথাকিবা"
মোৰ সমাধিত থিয় হৈ চকুলো টুকি নাথাকিবা
মই তাত নাই, মই শোৱা নাই
প্ৰবাহমান হাজাৰ অনিল মই
মই বৰফত চিকমিকাই থকা হীৰা
পকা শস্যত পৰি ৰোৱা মই সূৰ্যালোক
মই শৰতৰ মৃদু বৰষুণ
পুৱাৰ নিস্তব্ধতাত তুমি যেতিয়া সাৰ পোৱা
বৃত্তাকাৰে ওপৰলৈ উৰি ফুৰা শান্ত চৰাইৰ সেই জাক মই
মই সেই কোমল তৰাবোৰ যি ৰাতি উজ্বলি থাকে
মোৰ সমাধিত থিয় হৈ চকুলো টুকি নাথাকিবা
মই তাত নাই, মোৰ মৃত্যু হোৱা নাছিল l
—————————————
গীত চতুৰ্বেদীৰ দুটা কবিতা
মূল হিন্দীৰ পৰা অসমীয়ালে অনুবাদ
- অপূৰ্ব ভূঞা
১ কাঁড়
এপাট কাঁড় হৈ যাওঁ
মুক্ত হওঁ, গুচি যাওঁ বহুদূৰলৈ
ইমানেই দূৰলৈ যেন কোনেও
উভতি আহিবলে নকয়, নাভাবেও
কাকো সামান্য বিদ্ধ নকৰাকৈ এনেভাবে
যেন মই কাঁড় হোৱাটো
সমগ্ৰ কাঁড়বোৰৰো আচহুৱা লাগে
এৰি অহা জীৱনটো কঁপি থাকক
ধনুৰ গুণ ডালৰ দৰে
বহু সময়লে ৷
২ আত্মঘাতী বোমাৰু
কবিতাক উপযোগিতাবাদীৰ দৃষ্টিৰে চোৱাটো
মোৰ পচন্দ নহয়
তথাপিও অনেকবাৰ মোৰ মনত ইচ্ছা জাগে
যেন কোনো এটা মানব-বোমাই
বুটাম টিপিবলে পাহৰি যাওঁক
সেই সময়ত কবিতা পঢ়ি থকা বাবে
তাৰ পিছত নিজৰ গাৰ পৰা বোমা আঁতৰাই
নিজেই এক মানব-কবিতা হওঁক
যাতে আন মানব-বোমাই তেওঁক পঢ়িব পাৰে ৷
[ টোকা: ২৭ নবেম্বৰ, ১৯৭৭ চনত মুম্বাইত জন্মলাভ কৰা গীত চতুৰ্বেদী সাম্প্ৰতিক হিন্দী সাহিত্যৰ বহুচৰ্চিত কবি আৰু কাহিনীকাৰ ৷ তেওঁ কবিতাৰ বাবে “ ভাৰতভূষণ অগ্ৰৱাল“ পুৰষ্কাৰ আৰু গল্পৰ বাবে “কৃষ্ণ প্ৰতাপ কথা সন্মান “ পাইছে ৷তেওঁৰ ৰচনা দেশী-বিদেশী ষোল্লটা ভাষালৈ অনুদিত হৈছে ৷২০১৬ চনত তেওঁৰ উপন্যাস “চিমচিম“ৰ ইংৰাজী অনুবাদে আন্তৰাষ্ট্ৰীয় “পেন-হেম ট্ৰেন্সলেচন গ্ৰাণ্ট “ পুৰষ্কাৰ পাইছে ৷ তেওঁ বৰ্তমান ভূপালৰ বাসিন্দা ৷ অনুবাদ কৰা “तीर” আৰু “ सुसाइड बॉम्बर“ শীৰ্ষক কবিতা দুটা তেওঁৰ “ न्यूनतम मैं “ নামৰ কবিতা সংকলন খনৰ পৰা লোৱা হৈছে ৷ - অপূৰ্ব ভূঞা ]
—————————————
-ख्वाहिश नहीं, मुझे-
-हरिवंश राय बच्चन
ख्वाहिश नहीं, मुझे
मशहूर होने की,
आप मुझे "पहचानते" हो
बस इतना ही "काफी" है।
अच्छे ने अच्छा और
बुरे ने बुरा "जाना" मुझे,
जिसकी जितनी "जरूरत" थी
उसने उतना ही "पहचाना "मुझे!
जिन्दगी का "फलसफा" भी
कितना अजीब है,
"शामें "कटती नहीं और
"साल" गुजरते चले जा रहे हैं!
एक अजीब सी
'दौड़' है ये जिन्दगी,
"जीत" जाओ तो कई
अपने "पीछे छूट" जाते हैं और
हार जाओ तो,
अपने ही "पीछे छोड़ "जाते हैं!
बैठ जाता हूँ
मिट्टी पे अक्सर,
मुझे अपनी
"औकात" अच्छी लगती है।
मैंने समंदर से
"सीखा "है जीने का तरीका,
चुपचाप से "बहना "और
अपनी "मौज" में रहना।
ऐसा नहीं कि मुझमें
कोई "ऐब "नहीं है,
पर सच कहता हूँ
मुझमें कोई "फरेब" नहीं है।
जल जाते हैं मेरे "अंदाज" से
मेरे "दुश्मन",
एक मुद्दत से मैंने_
न तो "मोहब्बत बदली"
और न ही "दोस्त बदले "हैं।
एक "घड़ी" खरीदकर
हाथ में क्या बाँध ली,
"वक्त" पीछे ही
पड़ गया मेरे!
सोचा था घर बनाकर
बैठूँगा "सुकून" से,
पर घर की जरूरतों ने_
"मुसाफिर" बना डाला मुझे!
"सुकून" की बात मत कर-
बचपन वाला, "इतवार" अब नहीं आता!
जीवन की "भागदौड़" में
क्यूँ वक्त के साथ, "रंगत "खो जाती है ?
हँसती-खेलती जिन्दगी भी
आम हो जाती है!
एक सबेरा था
जब "हँसकर "उठते थे हम,
और आज कई बार, बिना मुस्कुराए
ही "शाम" हो जाती है!
कितने "दूर" निकल गए
रिश्तों को निभाते-निभाते,
खुद को "खो" दिया हमने
अपनों को "पाते-पाते"।
लोग कहते हैं
हम "मुस्कुराते "बहुत हैं,
और हम थक गए
"दर्द छुपाते-छुपाते"!
खुश हूँ और सबको
"खुश "रखता हूँ,
"लापरवाह" हूँ ख़ुद के लिए
मगर सबकी "परवाह" करता हूँ।
मालूम है
कोई मोल नहीं है "मेरा" फिर भी
कुछ "अनमोल" लोगों से
"रिश्ते" रखता हूँ।
-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-*-
- বাঞ্চা নাই মোৰ-
মূল হিন্দী: হৰিবংশ ৰায় বচ্চন
অসমীয়া ৰূপান্তৰ: প্ৰণৱ ফুকন
বাঞ্চা নাই মোৰ
আৰ্জিবলৈ সুখ্যাতি,
পৰিচিত আপোনাৰ মই
সেয়ে হোক মোৰ খ্যাতি৷
ভালে ভাবে ভাল বুলি
আনে ভাবে কালকূট,
ভাবে যেয়ে যেনেকৈয়ে
তেনেকৈয়ে লয় মোক৷
আশ্চৰ্যৰ খনি এই
দৰ্শন জীৱনৰ,
দিনবোৰ নাযায় নুপুৱায়,
বছৰেহে বাগৰ সলায়৷
কিযে বিচিত্ৰ পথৰ
যাত্ৰা এই জীৱনৰ,
যদি যাওঁ আগুৱাই
আপোনজনৰ সঙ্গ হেৰায়,
যদি ৰওঁ পাছ পৰি,
আপোনেই যায় এৰি৷
ভাল লাগে বহি মোৰ
মজিয়াত মাটিৰ,
দিয়ে মোক মজিয়াই
মোৰ স্থিতি সোঁৱৰাই৷
দিলে এই নীল সাগৰে
বীজ মোক জীৱনৰে,
বৈ থাকা নিশবদে
হিয়াৰ হৰিষেৰে৷
জানো আছে মোৰ
দোষ- ত্ৰুটি বহু,
ছলনাৰ নাই পিছে
মনোভাৱ কোনো৷
শতৰু মৰে দহি-পুৰি
ছাল- চলন মোৰ দেখি,
প্ৰিয়জন আৰু বন্ধুক মই
ৰাখোঁ আটোমটোকাৰীকৈ৷
হাতত পিন্ধি এটা ঘড়ী
যেতিয়া চালোঁ সময় জুখি,
খেদি মোক সময়ে নিলে
সময়হীনতাৰ আবৰ্তলে৷
ভাবিছিলোঁ ঘৰ সাজি
থাকিম আৰামেৰে বহি,
ঘৰৰ বাবেই আজি
হ’লোঁ পুনঃ পথাচাৰী৷
প্ৰশান্তিৰ কথা
কোৱা কিয় বান্ধৈ,
শৈশৱৰ দেওবাৰবোৰ
নাহে ঘূৰি প্ৰশান্তি লৈ৷
কিয় বাৰু পথত জীৱনৰ
সময়ে কাঢ়ে ৰং জীৱনৰ,
জীৱনৰ সকলো আনন্দ
হৈ পৰে নিৰস- নিৰানন্দ৷
কথা যেন সেয়া অন্য যুগৰ
পুৱাবোৰ আছিল হাঁহিমুখৰ,
আজি দেখো হাঁহিৰ বিনে
সন্ধিয়াৰ তমসা নামে৷
আপোনজনক বিচাৰি
পালোঁহি বহু দূৰ আজি,
আপোনজনক কাষত পাই
নিজকে মই দিলোঁ হেৰুৱাই৷
লোকে কয় মোক দেখি
মুখত মোৰ সৰ্বদা হাঁহি,
আৰু মই পৰিছোঁ ভাগৰি
হাঁহিৰ আঁৰত চকুলো ঢাকি৷
ৰং বিলাওঁ ৰংমনে
হিয়া ওপচাই সকলোৰে,
নাভাবি নিজৰ বাবে
ভাবোঁ বাবে সকলোৰে৷
জানো মূল্যহীন মই
আছোঁ ধূলিকণা হৈ,
মনত পাছে মোৰ সদা হৰ্ষ
পাওঁ বহু অমূল্য লোকৰ সঙ্গ৷
—————————————————————
কবিতা
জোনে বেলিক চাব
অৰ্চনা পূজাৰী
কোনোবাই কয় জোনটো দেখিছো
মই কিন্তু দেখিছো তাৰ প্ৰতিফলন
হাজাৰখন আইনাতো কেতিয়াবা
নিজক দেখা পোৱা নাযায়
কেতিয়াবা আকৌ অৰ্ধেকহে দেখা যায়
নিজক চাবজনাৰ কৌশল
আচলতে শিকিবলৈয়ে সময় নহ’ল
#
মন আছিল
তোমাক দেখুৱাবৰ মন আছিল
কেইটামান বেলি
নদীৰ বুকুত বিয়লিৰ বেলি এটা পাই
কলহত ভৰালোঁ
ঢৌৰ উঠা-নমাত বাকীবোৰ হেৰাল
ককাঁলৰ ভাঁজত কলহটিলৈ
ঘৰলৈ উভটিলোঁ
#
পোহৰে ঢৌৱাই আছে
মাটিৰ পৰা আকাশ
হয় ,আজি ৰাতি পূৰ্ণিমা
আজিয়েই তেনে জোনে
বেলিক চাব
#
কলহটো মুকলিলৈ লৈ আনা
ইয়াৰ ভিতৰত ৰৈ আছে বেলি নহয়
বেলিৰ অলপ হেঙুলীয়া।
—————————————
জলফাইবনত গুলীবিদ্ধ কবিৰ দেহ
ৰুদ্ৰ সিংহ মটক
আহত শব্দৰ তেজত আত্মাৰ
অস্ফুট উচুপনি
ঘৰ হেৰুৱাই মই আজি অঘৰী কবি
অচিন পৃথিৱীৰ লৌহ কাৰাগাৰত বন্দী
ক’তো নাই গাওঁ চহৰ চোতাল মোৰ প্ৰিয় ঘৰ
ক’তো নাই উলাহত উৰি ফুৰা ৰ’দৰ বুলবুলি এহাল
ক’তো নাই জীৱনৰ গান গোৱা নৈ বসন্তৰ বতাহ এছাটি
ক’তো নাই মোৰ সপোনৰ শৈশৱৰ সেই শইচ-ধুনীয়া
দেশ
ক’তো নাই মই, সকলো হেৰুৱাইছো আজি
যি দেখিছা তুমি সেয়া মোৰ কায়াহীন কায়া
যি দেখিছা সেয়া অপূৰ্ণ আশাৰ ছায়া মৃত্যুৰ দৰেই ক’লা
পোতাশালৰ জীৱনৰ দৰেই অনিশ্চিত, ধূসৰ !
জোন মৰা নিশা ক’লা ঘোঁৰাৰ হেঁহনি
উচাপ খাই উঠোঁ টোপনিৰ সপোনতে
আকৌ দেখোন গৃহযুদ্ধৰ জুই মোৰ দেশ মোৰ পৃথিৱীৰ মাটিত
আকাশৰ নীলা তৰাবোৰ গিলি শাৰী শাৰী যুদ্ধজাহাজ
মিছাইলৰ জুই-খেল
দুচকু মোহাৰি দেখিলোঁ পুৱাৰ জলফাইবনত
ঘাতকহঁতে পেলাই থৈ গৈছে প্ৰিয় কবিৰ ৰক্তাক্ত দেহ
মই মাথো উচুপিছো; উশাহ ল’ব পৰা নাই
সপোনতো ভবা নাছিলোঁ সপোনো ইমান নিঠুৰ হ’ব
পাৰে
ফ্ৰাঙ্কোহঁতৰ উন্মাদনা বাঢ়ে ৰাতি ৰাতি
সিহঁতে যে ভয় কৰে সেউজীয়া ভায়’লিনখন
ভয় কৰে মানুহক ভালপোৱা লৰ্কা নামৰ কবিজন
পৃথিৱীয়ে নাজানে অঘৰী কবিয়ে বুকুত আজিও কঢ়িয়াই ফুৰে
কোনেও নেদেখা প্ৰভাতৰ ৰঙা গুলপীয়া সপোন--
ৰ’দ-ভালপোৱাৰ সৰু এটি ঘৰ
আৰু ছন্দোজ্বল এখন জলফাইৰঙী পৃথিৱী ।
—————————————
নৈঃশব্দ
সঞ্চিতা বৰা
গছবোৰে কেতিয়াও একো নকয়
কেতিয়াবা ৰ’দজাক দলিয়াই ছিটিকাই দিয়ে
কেতিয়াবা পোহৰ ধৰি ৰাখে
গছবোৰে সামৰি থয়
বহুত কথা
বহুত
গছবোৰে কেতিয়াবা বৰষুণ সিঁচে
ফুলবোৰ ফুলাই সৰাই
তেনেই আঠুৱনীয়া কৰে তলখন
গছবোৰে একোৱেই নকয়
কেতিয়াও
গছবোৰে গুটি ধৰাই ডালে ডালে
ফল পকাই পখীৰ মুখত গোজে
গছবোৰে ভাল পায় মৌনতা
গছবোৰে একোকেই নকয়
কাহানিও।
—————————————
মৃত্যু
জুনু বুঢ়াগোহাঞি
তুমি কালি কৈছিলা
মানুহজন ছাই হোৱাৰ পাছত
জুইৰ পৰা উঠি আহিছিল
পানীঘোঁৰা এটা
ভাপ হৈ নাচিছিল মোৰ চকুৰ মণিত
মৃত্যুৰ সুঁহুৰি এটাই
গোটেই ৰাতিটো শুবলৈ নিদিলে
চৌপাশৰ চেঁচা গাটোত
আম ফুলৰ বতাহৰ গোন্ধ
পাতি থোৱা ডিঙৰাত
উশাহে ধপধপাইছিল ৷
কলহ এটাই কান্ধত উঠি মোক
ঘূৰাই ফুৰাইছিল
য'ত পানী খাবলৈ থওঁ
যাবলৈও থ'ব লাগে ৷
নিজম চহৰখনত
আজোককাকৰ ঘৰখন বচাবলৈ
মানুহক মাতি মাতি ভাগৰি পৰা ল'ৰাটো
এতিয়া শুলে
সি হেৰুৱালে পিতামহৰ কষ্টৰ সকলো ফচল ৷
সমদলত উৰি বিদ্ৰোহ ঘোষণা কৰা
মানুহবোৰ ক'লৈ গ'ল ?
সিহঁতে চাগে' নিজকে ক'ৰবাত সমৰ্পণ কৰিলে ৷
এতিয়া কোৱাচোন
আচলতে কাৰ মৃত্যু হ' ল ?
কায়িকভাবে নোহোৱা হোৱা
আৰু থাকি নথকা
দুইটা একেই কথা নহয় জানো ?
—————————————
বেলিটোক লগত লৈ যাওঁ ব'ল
দাদুল ভূঞা
অলপ পিছতে ইয়াত এন্ধাৰ হ'ব
বেলিটোকে লগতে
লৈ যাওঁ ব'ল
পানী-গাঠী বিষত জুৰুলি-জুপুৰি
চকুৰে একোকে নমনি
জৰা-ব্যাধি সকলোতেচোন আছোঁ
ডাক্তৰৰ দীঘলীয়া পে'পস্ক্ৰিপছন
ছেগুন কাঠৰ পুৰণি টেবুলখনত
ঔষধৰ বিজ্ঞাপন
যোগ, প্ৰাণায়ম, কপাল-ভাটি
মৰ্নিং ৱাক, ইভিনিং ৱাক
সকলোতে ঠেলা হেঁচা
পুৰণি যন্ত্ৰৰ কেঁকনি-ঘেঁহনি
নিৰুপায়
পুৰণি গাড়ীৰ হেন্দিমেন নাই
নাই ওঁঠত এটি সেউজীয়া হাঁহি
বৃদ্ধ পেন্সনৰ দীঘলীয়া শাৰীত থিয় দি
ৰখি থাকোঁ
কঁপা কঁপা হাতেৰে লিখোঁ...
এনে এটা দিনলৈ অপেক্ষাৰত সকলো বেলিঘড়ী।
————————————————————————
ক্ষোভ
প্ৰদীপ চন্দ্ৰ শৰ্মা
তিনিটি আঙুলিৰে নিগৰে
বুকুৰ শোণিত ধাৰ
দুনয়নৰ অশ্ৰুধাৰা
টোপ টোপ শৱদেৰে
গুজৰি গুমৰি আহে
দোকোল-টকা বান
কত আশা ভাঙি চুৰমাৰ
কলা,বোবা আৰু অন্ধ
তিনিৰেই হয়তো ভাল
তিনিৰ কথা ভাবি
তিনিৰেই নিগৰে
বুকুৰ শোণিতবোৰ
এফালে মানুহৰ পোহৰ
আনপিনে মুখাপিন্ধা
লোলুপ আন্ধাৰ ঘোৰ
তিনি আঙুলিৰে নিগৰে
অগনি, ফিৰিঙতি,ছাই
আজি জ্বলা-কলা
আগ দেই দেই কৰা
সিদিনাৰ ভাবনাই ।
—————————————
নাওখনত
দেৱ দাস
নাওখনত ভৰদি আছিলোঁ
নৈ খন খৰস্ৰোতা
পাৰ ওপচি চপৰা চপৰি
খহিছিল
পানীৰ
চনা চটকাদিয়া
ৰূপালী ঢৌ
বাঁহীৰ সুৰত
চৌদিশে
নাচোনৰ নুপূৰ
কিহবাৰ
আয়োজনে
কিদৰে
ভৰ দিয়া নাওখন
মোৰ টুলুং ভুটুং নাও
নাৱৰীয়া মই
নাওখনত
ৰৈ থাকে তাই
—————————————
মহাদেৱ আহে
পংকজ কুমাৰ শৰ্মা
জখলা এডালেদি মহাদেৱ নামি আহে ।
চোৰে চৰ মাৰিলেও নেদেখা ৰাতি
তথাপিও তেওঁ জিলিকি উঠে।
মহাদেৱ জনসমুদ্ৰত মিলি যায়।
মানুহৰ দৰে হাঁহে, মানুহৰ দৰে কান্দে
মানুহৰ দৰেই মাটিতে শোৱে ।
কৃষি কৰিবলৈ শিকে,
ভিক্ষাৰীৰ জীৱন কিবা আমনি লগা ।
অলৌ-তলৌকৈ ঘূৰি ফুৰিবলৈ তেওঁৰ কোনো ঘড়ী নাই,
বহু কাম কৰি থৈও বহু কাম কৰিবলৈ বাকী ৰৈ যায় ।
মহাদেৱৰ সংগ বাঢ়ে,
সংগীসকলেও বৰ বিশেষ নজনাকৈয়ে তেওঁক
ভাল পাবলৈ লয় ।
লাহে লাহে তেওঁৰ কিছু পথ
সংগীসকলৰ সৈতে ভাগ-বতৰা কৰে,
সকলো দুখ একাষৰীয়া কৰি পথাৰতে সুখী হ'বলৈ ধৰে ।
মানুহবোৰে মানুহৰ সংগ বৰকৈ কামনা কৰে,
ইজনে সিজনৰ সূখ-দুখৰ সমভাগী হয়।
মানুহৰ মাজত মানুহ দেখি
মহাদেৱ আকৌ ফৰকাল হৈ উঠে ।
মহাদেৱৰ চকু সদায়েই পৰ্বতৰ পিনে,
কিন্তু নিজ মাটিৰ প্ৰতি মোহ আৰু দায়িত্ব এৰি থাকিব নোৱাৰে ।
জোনাক ৰাতিৰ বুটা বছা আকাশখন চাই
মহাদেৱে বৰ ভাল পায়
প্ৰতিটো পূৰ্ণিমাৰ ৰাতি জখলা বগাই
মহাদেৱ কৈলাশলৈ গুচি যায়।
—————————————
বৈদেহী
গিৰিজা শৰ্মা
এনে কিনো বিষাদ বাকি দিলি
বুকু ধিয়াই
অ' বৈদেহী
শুষ্ক কৰে অতল তলি
অমাতৰ মাতে
ঘনে ঘনে বাট কাটে
কেঁকুৰিত কাতৰ কলিজা
খেপিয়াই চাওঁ মুখৰ হাঁহি
প্ৰেমৰ বাঁহী
অ' বৈদেহী
দ হয় চকুৰ পুখুৰী
ৰিণি ৰিণি তোৰেই সুঁহুৰি।
—————————————
কথা
চয়নিকা ভূঞা
জিকাফুলীয়া গধূলি এটাতে
তেওঁৰ লগত প্ৰথম চিনাকি
সেই নিশা
কথাবোৰ কৰ্ফাল খাই সুদূৰত পৰিছিল
নিৰৱে নিতালে মই চাই আছিলোঁ
কোনোৱে কয় ভটিয়াই যোৱা পানীৰ সোঁতৰ কথা
কোনোৱে কয় গধূলি চুলি ফণিয়াব নেপায়
ভিন্ন জনৰ ভিন্ন কথা
উপদেশতকৈ আৰ্হি ভাল
আথে-বেথে সামৰি ৰখা কথাবোৰেই
সময়ত
এপাত এপাত
ব্ৰহ্মাস্ত্ৰ
ঢল পুৱাতে কৃষ্ণ বন্দনা
এফালে সূৰ্য্যোদয়
আনফালে
মুখ বাগৰা কথা
দুভৰিৰো থাকে বহু গোপন বেথা
নিশাৰ শেতেলিত কথাৰ ভৰ
আলিবাটতো একেই ভৰ
জীৱনে বাট বোলোতেই
গধূলিটো কাষ চাপি আহিছিল
তেওঁৰ লগত সেয়াই প্ৰথম আৰু শেষ চিনাকি ৷
—————————————
শিল হোৱা মানুহৰ কাহিনী
চন্দনা ভাগৱতী
এই যে এদিন নাঙলখন হেৰুৱাইছিল
সেউজীয়াবোৰ নিলাম কৰিছিল
নামতি আইতাজনীকো ইতিকিঙৰ হালধীয়া ৰং সানিছিল
সভ্যতাৰ গছজোপাতো ধোঁৱা বৰণীয়া চাদৰ এখন মেৰিয়াই দিছিল
শিলৰ পোচাকজোৰ যে সিহঁতে নিজেই এদিন পৰিধান কৰিছিল
এতিয়া সিহঁতে শুনে-
শামুকৰ খোলাত মানিক বিচাৰি
শুকান শামুকৰ খোলা হোৱা কাহিনী
শিল হোৱা মানুহবোৰৰ বুকুত এতিয়া আৰ্ত্তনাদৰ ধ্বনি
বহুত কিবা-কিবি হেৰুৱালে সিহঁতে
আৰুনো হেৰুৱাবলৈ আছেই বা কি !
—————————————
বেমাৰ
ৰমেশ চন্দ্ৰ ৰায়
বেমাৰটো বাঢ়িছে
বেমাৰটোৰ শিপা বিয়পিছে সিৰা-উপসিৰালৈ
বেমাৰটোৱে তেজলৈ শিপাই তেজবোৰ পানী কৰিছে
মাংস হাঁড় মজ্জা আগুৰি লৈ
কাবু কৰি গৈছে সমস্ত শৰীৰ
মগজুত বাহৰ পাতিছে বেমাৰটোৱে
আবেগত আঘাত হানিছে
হাতলৈ আগুৱাই আহিছে আৰু আঙুলিবোৰ জথৰ হৈছে
কলম অথবা তৰোৱাল ধৰিবলৈ অসমৰ্থ হাতদুখন কঁপিছে
ভৰিলৈ নামি আহিছে বেমাৰটো
এসময়ৰ অগ্ৰগামী ভৰিদুটা নিথৰ হৈ
চাই ৰৈছে পথটিলৈ
চিকিৎসকৰ সঁজুলিত বেমাৰ ধৰা পৰা নাই
চিকিৎসক নিজেও বেমাৰত ভুগিছে
সমাজখন বেমাৰত পৰিছে
মানুহবোৰ বেমাৰত লেবেজান হৈছে
চিকিৎসকে প্ৰতিবেদন সন্মুখত লৈ বহি ৰৈছে
আৰু ঘোষণা কৰিছে
এয়া স্বাভাৱিক
কোনো বেমাৰ হোৱাই নাই
তেওঁৰ নিজৰো বেমাৰ নাই
সমাজখন সুষ্ঠ হৈ আছে
মানুহবোৰৰ একো হোৱা নাই
সকলো স্বাভাৱিক
সকলো স্বাভাৱিক
যেন বৈ থকা এখন জীয়া নৈ।
---------------------------
ইতিবাচক
উৎপল ভট্টাচাৰ্য
ঝিলি এটাই ওৰেৰাতি
কুটিকুটি খালে মোৰ চিন্তা, চেতনা আৰু স্পৃহা।
নিয়ৰত তিতা ৰ'দজাকে
খিৰিকীত টুকুৰিয়াই ক'লে,
"উঠা, জীৱন জীনিবলৈ যাওঁ।"
—————————————
ঘৰবোৰ ঘৰ হওক
শুৱলা দাস
ঘৰবোৰ অঘৰী হ'ল
সমন্ধবোৰ তুলাচনীত জোখ-মাখ হ'ল
আপোন পৰ হ'ল
মাক-দেউতাক আলহী হ'ল
শৰীৰবোৰ প্ৰতিবিম্ব হ'ল
মৰমবোৰ মৰীচিকা হ'ল
সময় বোৰ দুঃসময় হ'ল
আ্স্থাবোৰ অবিশ্বাসী হ'ল
ঘৰবোৰ অঘৰী হ'ল
পথাৰ বোৰ তৰাং হ'ল
গছৰ পাতত সেউজীয়াৰ অভাৱ হ'ল
সেয়ে উজাগৰে
ওৰে নিশা পোহৰৰ
অন্বেষণত প্ৰাৰ্থনা কৰোঁ;
"হে বেলি এনে পোহৰ দিয়া!
নতুকৈ সালোক সংশ্লেষণ হওক!
গছবোৰ দুগুণে সেউজীয়া হওক!
মানুহবোৰ মানুহ হওক।
মাক-দেউতাকবোৰ পুনৰ
নিজৰ হওক।
আস্থাবোৰ ঘূৰি আহক!
সমন্ধবোৰ ৰসাল হওক!
পৃথিৱীখন
গোলাকাৰ হওক!
আৰু আকাশখন হওক নীলা!
—————————————
কৃত্ৰিম আঘোণ
জোনমণি মহন্ত
সন্মুখৰ পথাৰখনৰ
নাঙল যুঁৱলি ক'লৈনো গ'ল
হালৰ বলধহাল বজাৰলৈ গ'ল
মেচিনৰ বলত কৃত্ৰিম পদ্ধতি
পথাৰখনত সাৰথি হ'ল
হালোৱা ৰোৱনীৰ খোঁচনি
তামোলৰ সোৱাদ নাইকিয়া হ'ল
সোণগুটি আদৰি অনাৰ কথাবোৰ
দেখোন সাধু কথা হ'ল
অললাইনত পোৱা হাতৰ টিপাতে
সকলো সন্মুখতে আয়োজন হ'ল
ধনাই মনাই,লাহৰী
ৰঙিলীহঁতৰ পথাৰত আমনি নলগা হাঁহিবোৰ
এতিয়া সাধু কথা হ'ল
সোণমইনাহঁতৰ লেছেৰিৰ সপোন
গুগলত টিপি আমোদ লোৱা হ'ল
যান্ত্ৰিক পৰিৱৰ্তন দেখি
আঘোণৰ দাৱনীৰ কাঁচি
মামৰে ধৰি ৰ'ল
মৰণাৰ গৰুহালক বোজা বুলি
কৃত্ৰিম মেচিনৰ আয়োজন হ'ল
বিৰীয়া ডাঙৰি শব্দবোৰ
যান্ত্ৰিক যন্ত্ৰৰ কবলত লুপ্ত হৈ ৰ'ল
প্ৰকৃতিৰ পথাৰখনত
কৃত্ৰিম পদ্ধতি প্ৰয়োগ হ'ল ।
—————————————————
হে সুধাকণ্ঠ তোমাক শত নমস্কাৰ
গীতাঞ্জলী হাজৰিকা
আই শান্তিপ্ৰিয়া বোপাই নীলকান্তৰ
মানস সুধাকণ্ঠ তুমি ভাৰতৰত্ন চিৰ পূজ্য
বিশ্বক জিনিলা অসমী আইক বৰপীৰাত বহোৱালা
আই শান্তিপ্ৰিয়াৰ জৰায়ু বোপাই নীলকান্তৰ
ঔৰসত ভুমিষ্ঠ বৰপুত্ৰ তুমি
জগতে জানে বহ্মপুত্ৰ আই সৰস্বতীৰ
মানস সন্তান তুমি ড° ভূপেন হাজৰিকা বুলি
গীত মাত নাট চলচ্চিত্ৰ শিক্ষাবিদ
সকলোতে তোমাৰ দক্ষতাৰ দৰ্শন
মন মোহাচ্ছন্ন অবয়ৱ তোমাৰ
কণ্ঠত যেন গংগা মাৰ বৰলুইতৰ ঝংকাৰ
বিস্তৃৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি---
হাহাকাৰ লগালা গুণীয়ে গুণীৰ মূল বুজা জনৰ হৃদয়ত
আই অসমীৰ সন্তানক তোমাৰ ব্ৰজ নিনাদ কণ্ঠৰে
অন্নহাৰা লক্ষ্মীহাৰা অনাবৃষ্টিৰ
প্ৰবল প্ৰকোপৰ পৰা মাল্যবৰণ কৰালা হাহাকাৰবোৰ হাঁহিলৈ ৰূপান্তৰ কৰি
শ্ৰদ্ধাৰ অটলবিহাৰীৰ আশ্বাস বাণীৰে
ডিগবৈ তেলশোধনাগাৰে
তোমাকে সুঁৱৰে
তেল প্ৰবাহৰ বন্যাৰ সুৰংগত
তোমাৰ গুণ-গৰিমাৰে বন্দিত অসমীয়াৰ
মইয়ো এক নিঃকিন নন্দিনী
তোমাৰ গৰিমা বখানিবলৈ আৰু শব্দহীন
হৃদয়ৰ অৰ্ঘৰে শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ
থাকিবা কুশলে চিৰশান্তিৰে পৰধামত।
( হে আই অসমীৰ ভাৰতৰত্ন ; আপোনাৰ তিৰোভাৱ মাহত সশ্ৰদ্ধাৰে শতকৌটি প্ৰণাম জনাই , একাঁজলি শব্দালঙ্কাৰ পদযুগলত নিবেদন কৰিছোঁ ৷ ৰৈ যোৱা ভুল-ভ্ৰান্তি ক্ষমা কৰিব ৷ )
শিৱসাগৰ
দূৰভাষ - ৯৯৫৭৯৭৩১৫৭
—————————————
ডায়েৰী
জাহ্নৱী হাজৰিকা
বুজিও নুবুজো কেতিয়াবা নিজক
তথাপি লিখি যাম তোৰ পাতে পাতে
মোৰ জীয়া কাহিনী...
সুখতো কিম্বা দুখতো লুটিয়াম তোৰ পাত
দুখত বিচাৰিম সুখৰ উশাহ
আৰু সুখত উমান ল’ম দুখৰ হুমুনিয়াহৰ...
দিনবোৰ যোৱাকালি হ'ব...
মাহ বোৰেও বছৰ সলাব।
তথাপি তই হৈ ৰবি মোৰ জীৱন আকাশী গঙ্গাৰ জীৱন্ত জলপ্ৰপাত।
কাৰণ মই জানো
সকলোৱে মোট সলালেও অতীতৰ নিজ আখৰকেইটাই কেতিয়াও নাপাহৰে মোক।
জীৱন দুখৰ নৈত মন যায় সুখৰ জুলুকী বাওঁ
মন যায় সুখবোৰ জুলুকীৰ পৰিধিত ৰাখি দুখবোৰ নিগৰিব দিবলৈ
সৰকি যাব দিব নিজৰি নিজৰি..
তইতো নুবুজিবি ডায়েৰী
কিয় মই আজিকালি সঘন স্পৰ্শত আহো তোৰ।
চঞ্চলা মেঘৰ ছায়াৰ দৰেই মোৰ জীৱন
চিত্ৰ বিচিত্ৰ মায়াৰে আৱৰা মোৰ প্ৰাণ।
দুখ মোৰ আজন্ম লগৰী...
যিদৰে তয়ো।
অপ্ৰাপ্তিৰ বেদনাই খেদি ফুৰা সময়ত
তয়েতো মোৰ ছাঁ...
তোৰ বুকুত যে কত আখেজেৰে মই
কলমৰ আঁচোৰ বহুৱাও।
সকলোকে ফাঁকি দিলেও মই যে তোক দিব নোৱাৰো অ ফাঁকি।
কাৰণ তই যে ডায়েৰী...
মোৰ জীৱন বাটৰ লগৰী।
জীৱনত হাজাৰটা প্ৰতিঘাটৰ আঁচোৰ খাম হয়তো।
তথাপি মই লিখি যাম
সময় সমীৰণৰ বহুৰঙী স্মৃতিৰ ক’লাজ ।
জীৱনত কি পালোঁ কি হেৰুৱালোঁ
সেয়াতো খুলি ক’ব পৰা এজন বন্ধু আছে
যি উদাৰ আৰু সহিষ্ণু।
পিছে সেয়া আন কোনো নহয়
সেয়া মাথোঁ তুমিয়েই ডায়েৰী।
—————————————
শৰতৰ শিহৰণ
পবিত্ৰ বৰগোহাঁই
শৰতৰ শুভ্ৰ ডাৱৰৰ ভাঁজে ভাঁজে
ঢৌ খেলে মনৰ সেউজীয়া আশা ,
আপোন আপোন লগা শেৱালি সুবাসে
দূবৰিৰ দলিচাত সৃষ্টিৰ বীজ ছটিয়াই
শৰতৰ বুকুত ৰ'দে নিয়ৰৰ মুকুতা পিন্ধায়
হে মেঘমুক্ত নীলা আকাশ
কোনেনো পিন্ধালে তোমাক তৰাফুলীয়া ইমান জোনাক
ৰাতিৰ দুপৰত দুপ্দুপ্ নিয়ৰৰ টোপালত
হৃদয়ত মোৰ কিহৰ যে দুন্দুভি বাজে ;
উখলমাখল আহিনৰ পদূলিত
আদৰিছে দুৰ্গতিনাশিনী আইক ।
শৰত যে সকলোৰে আপোন
শৰতৰ লিহিৰি আঙুলিৰ পৰশত
প্ৰাণ প্ৰায় উঠে নৈৰ চাপৰিৰ কঁহুৱা
নৈৰ শৰালি জাকে আকাশলৈ উৰা মাৰে
সাৰ পাই উঠে বনৰ পশু-পক্ষী,গছ-লতা ,ফুল
আপোন পাহৰা হয় যেন গকুল-বৃন্দাবন ।
—————————————
তোমালৈ
লাৱণ্য নাথ
তোমাক পাহৰা নাই
মইহে মোৰ মাজত
বহুদিনৰ পৰা নাই...
মনৰ মাজতে গঢ়িছোঁ
এখন নেদেখা পৃথিৱী
দগ্ধ হৈছোঁ
প্ৰতিপল
প্ৰতি মুহূৰ্ত।
জুইৰ লেলিহান
দূৰৰ পৰাই দেখি
একুৰা নেদেখা জুইৰ
বৰ প্ৰভাৱী দহন শক্তি।
অভিমন্যুৰ দৰে নিশিকিলোঁ
ওলোৱাৰ বাট
তোমাক পাহৰা নাই
আঁতৰি অহাৰ
অভিপ্ৰায় নাই...
অথচ মই জানো
তোমাৰ নি:কিন মনত
কেনেকৈ উচুপি ৰয়
মাতৃত্বৰ সংবেদন
মাতৃত্বৰ আকুলতা।
—————————————
অপেক্ষা
জানমণি শইকীয়া
হেমন্তৰ শীতল বতাহ
তাৰেই উমান লৈ
ফুলিছে আলফুলকৈ
এপাহি পাৰিজাত।
গোন্ধই চৌপাশ
আলোকিত কৰি
অপৰূপ দৃশ্যবোৰ
উপভোগ কৰি
শুকান ওঁঠত যেন
মৌহে বৰষে !
টোপ টোপ কৰি
বাঃ কি যে
আনন্দৰ সুখানুভূতিৰ লগন !
আশা বোৰে হাতযোৰকৰি ক্ষণিক ভিক্ষা মাগিছে
বাঃ কি যে দৃষ্টি নন্দন
দলদোপ হেন্দোলদোপ
জোন সৰকা ক্ষণ
বাঃ কি যে
অপৰূপ ৰূপৰ সমীকৰণ
উজাগৰে কটাম ওৰে ৰাতি
পাৰিজাত ফুলিব
চাম নয়ন ভৰি !
বাঃ এইয়া বাৰু তোমাৰেই উপস্থিতি নেকি ?
ৰ'বাছোন ৰ'বা ক্ষণিক সময়
সৌৱা চোৱা
জোনটোও শুই পৰিছে
মইহে উজাগৰী
মাথোঁ তোমাৰেই অপেক্ষাত
বাঃ কি যে আচৰিত
অপেক্ষা ও কেতিয়াবা হয় ইমান মায়াময় ।
_________________
জানমণি শইকীয়া
উত্তৰ লখিমপুৰ
—————————————
উপলব্ধি
ৰবিন কুমাৰ চেতিয়া
হাঁহি থকা আবেলি এটিক
কাষতে পাই
হঠাতে গজি উঠিছিল মোৰ বুকুত
এখন সেউজীয়া নদী
চুই চাব খোজোতেই নদীখনে ক'লে
বৰ বেছি তুমিও ন'হবা অভিমানী
চিলা এখনৰ দৰেই আউলী বাউলী হৈ
উৰি ফুৰিছিল মোৰ হৃদয়
বতাহৰ ফাঁকে ফাঁকে বিচাৰিছিল মাথোঁ
আকাশৰ ঠিকনা
মেঘৰ আঁৰত লুকাই আছিলা তুমি
অনুভৱৰ অনুৰাগ হৈ
ভালপোৱাৰ আছু সূঁতাকে বিশ্বাসত লৈ
টোকৰ মাৰিছিলোঁ স্বপ্নময় দুৱাৰত
সোণাৰুবুলীয়া এজাক বৰষুণ হৈ
তোমাৰ দুখবোৰ পখালিব খুজিছিলোঁ
ডাৱৰীয়া এন্ধাৰৰ অচিন বাটত
মোৰ চৌপাশে এতিয়া ঘনে ঘনে
হেজাৰ মৰীছিকাৰ অহা যোৱা ...
—————————————
গীতি কবিতা
অজন্তা তামুলী ফুকন
এটি সুৰৰ স্বৰলিপি
তোমাৰ দুচকুৰ ভাষাৰে
হৃদয়ৰ কেনভাছত
নিগাজিকৈ থিতাপি ল'লে
হৃদয়ৰ গৰাকী তুমিয়েই
চিত্ৰলেখা তুমিয়েই
এটি সুৰৰ আৱাহন
কুহুমবুলীয়া মৰমতে
দুখন সমাজৰ ৰীতি-নীতিৰে
গাওঁ আমি পকোৱা সুঁতাৰ গান
এটি সুৰৰ স্বৰলিপি
তোমাৰ দুচকুৰ ভাষাৰে
কুৰুকি কুৰুকি সংগোপনে
প্ৰজন্মৰ পৰা প্ৰজন্মলে
হেই হেই হু হু হেই হেই হেই
—————————————
তপত চকুলো
ভূমিকা দাস
কিমান অহা-যোৱা
ইমান ঠেলা হেঁচা
অমৃতসৰৰ ৰেল ষ্টেচনত জোনাক গভীৰ নিশা
কত আহিছে কত গৈছে
সকলোৰে মুখত গভীৰ সাগৰ সদৃশ চিন্তা
বাটে -পথেও কিমান দেখো ভিক্ষাৰ জোলোঙা লৈ
পিছে পিছে অহা
কিমানক খেদিও পঠিয়াও
কৈ পেলাওঁ কাম কৰি পেট প্ৰবৰ্তাব নোৱাৰা কিয়...?
কিয় জানো কোনো অচিনাকি হ'লেও
বিলৈ দেখিলে হিয়া দহে
কাৰ বুকুৰ ধনৰ এনে বিলাই বুলি হৃদয়ৰ পৰা
তপত চকুলো সৰে...
আঠু ফটা জিনচ্ পিন্ধি সুদৰ্শন যুবকজনৰ ঢলংপলং দেহা
দোভাগ ৰাতি ক’ত কি জানো দূৰ্ঘটনাত তাৰ
সৰ্বশৰীৰ গোটেই খলা-বমা
দেশী বিদেশীৰ কাৰো অলপো নাই সময়
নিজৰ গন্তব্যস্থলহে লক্ষ
ফটা ছিটা কাপোৰ পিন্ধা ৰিক্সাৱালাজনেহে
নিজৰ কান্ধখন পাতি যুবকজনক দিলেহি সুৰক্ষা..!
ভিৰভাৰৰ মাজত গাড়ীখন কেনেবাকৈ আমাৰ পাৰ হৈ গ'ল
গোটেই নিশা ৰেলষ্টেচনৰ দৃশ্যপটটোৱে
বুকুৰ কোনোবাখিনত এটা কবিতা লিখি থৈ গ'ল ...!
—————————————
যাযাবৰী মনৰ কোঠালি
জোনমনি বৰা
হুৰমূৰকৈ সুমাই অহা আবতৰীয়া বতাহজাকে মোৰ ৰুমটো
যাযাবৰী কৰি পেলালে ৷
শৃংখলাবদ্ধতাৰ শিকলি চিঙি
ৰুমৰ প্ৰতিটো সামগ্ৰী বিশৃংখলতাৰ পোচাক পিন্ধি
উতনুৱা হ’ল ৷
সময়ৰ সোঁতত নিজকে বিলীন কৰি
সিহঁতক বেছ সুখী যেন দেখা গ’ল
সন্তুষ্টিৰ হাঁহিবোৰ সিহঁতৰ মুখত
পূৱাৰ উদিত সূৰুযৰ দৰে সোনসেৰীয়া হৈ জিলিকি পৰিলে ৷
মই হতভম্ব হ’লোঁ অবচেতন মনত
আমি আধুনিকতাৰ নামত বেপেৰুৱা হোৱাৰ কুচকাৱাজ কৰো ৷
আই বোপাইয়ে পৰিচৰ্য্যাৰ নামত
খৰচ কৰা অমূল্য সাৰুৱা সময় উপযোগী নীতি বচনবোৰ অৰ্থহীন কৰিবলৈ উঠিপৰি লাগো
কিয় বাৰু পাহৰি যাওঁ আধুনিকতাৰ ধামখুমীয়াত অতীতৰ
এৰিব নোৱাৰা স্মৃতিৰ মেটমৰা ভাৰ ৷
অতীতৰ বুকুচাত ডাঙৰ হোৱা বতৰ্মানৰ কোলাত একলা দুকলা কৈ বাঢ়ি অহা
ভবিষ্যত ।
—————————————
শেষ নিশাৰ শেৱালিজোপা
তানিয়া মধুকল্য
আকাশী নিয়ৰৰ কণিকাত
শৰৎ আগমনৰ কোনোবা
এটা নিজান, নিস্তব্ধ নিশাত
অপাৰ উদ্যমেৰে লহপহকৈ
ফুলি উঠিছিল শেৱালিজোপা
তাৰ তীব্ৰ গোন্ধত ৰজনজনাই
আছিল চৌদিশ
তাৰ গোন্ধত উজ্জীৱিত হৈ
উঠিছিল মোৰ নিজান পদুলিটো !
সেমেকা শৰতৰ শেষ নিশাত
মোৰ পদুলিটোৰ শেৱালিজোপা শুকাল
তাৰ আমোলমোল গোন্ধবোৰো
শেঁতা পৰিল
পুৱাৰ নিয়ৰৰ দলিচাখন
উদং হ'ল!
যোৱাৰ পৰত শেৱালিজোপাই
মোক দি গ'ল
পুনৰ উভটি অহাৰ প্ৰতিশ্ৰতি!
—————————————
মন বৃন্দাবন
ৰাজেন অসমীয়া
কবিতাৰ বীজ মোৰ প্ৰাণত প্ৰোথিত
দুৰ্বিষহ দুৰ্যোগতো সেয়ে সতকাই নহও ব্যথিত
পাটকাইৰ পাদ দেশৰ অলিয়াবলিয়া মই শব্দৰ খনিকৰ
দিলিহিৰ কালিকা লগা ঘাট
বছৰি বছৰি মানুহ লয় তাত
অথচ নদীৰ কি যে মায়া মাদকতা
চকুৰে জোকাই বুকুৰে লোভাই
হাত বাউলি হাত বাউলি
মাতে মোক কাষলৈ
কি দৰে প্ৰত্যাখ্যান কৰোঁ প্ৰেমময় উদগ্ৰ আহ্বান
মোৰ মন অন্য এক বৃন্দাবন
মনত লাগে মন মহুৱাৰ ৰাগী
চৌপাশ উপচাই মৰুৱা ফুলে
ম’ৰাই ধৰে চালি
জোন জ্বলা জোনাকৰ ৰাতি কিম্বা জোনমৰা আঁউসী
নেথাকিলেও ভোগজৰা কিম্বা জোনাক যামিনী
মোৰ মন কাৰেঙত ৰাশি ৰাশি শব্দ জ্যোতি বাখৰুৱা
যেন তামোলৰ ঢকুৱাত এন্ধাৰত জিলিকি থকা জোনাকী পৰুৱা
মোৰ মন অন্য এক বৃন্দাবন
তাত জুনুকা বাজে ৰাতি ৰাতি
থাকোঁ কাণ পাতি
তাধিনা তাধিনা ছেৱে নিতম্বীনী পৰি নাচে
জোনাক বিধৌত মোৰ আগ চোতালত
মোৰ মন অন্য এক বৃন্দাবন
মন কালিন্দীৰ উচালি কলিয়া পানী
মন মোৰ নাচে যেন কলীয়া গোসাঁই
মোহন মুৰুলী বাই
কাহানিও নপৰে চন ,নহয় উছন
মোৰ মন অন্য এক বৃন্দাবন।
—————————————————
কবিতাৰ জয় হওক
ড০ ইকবাল হোচেইন খান
কবিতাৰ দৰেই সকলোৰে হৃদয় হওক
কোমল কোমল ভাৱনাই ঘেৰি ৰাখক মানুহক ।
বৰকৈ আমনি কৰে কৃত্ৰিমতাই
মৃদু চিন্তা কিয় বৈ নেথাকে
মানুহৰ হৃদয়ে হৃদয়ে ।
মানুহৰ হৃদয় যদি কোমল ,মানুহৰ হৃদয় যদি নৰম
তেন্তে কৃত্ৰিমতা কিয় ? নিষ্ঠুৰতা কিয়?
কিয় বাৰে বাৰে যন্ত্ৰণাৰ মাজত ককবকাই থাকিব লাগে
এই দুদিনৰ পৃথিৱীত
যদি যন্ত্ৰণাই ঘেৰি ৰাখে অবিৰত জীৱনক
কেতিয়া হাঁহিব জীৱনে ।
আহক ,আমি জীৱন উপভোগ কৰোঁ
জীৱন এটা কবিতা হওক
মৃদু মৃদু ভাৱনা কবিতাৰ ছন্দ হওক
শৰতৰ মিঠা মিঠা ভাৱনাৰে
মানৱতাৰ জয় হওক
হৃদয় কোমল হৈ থাকক
আনন্দৰ মাজতেই জীৱন সাৰ্থক হওক ।
————————————————————
তুমি বিহীনতাত
ৰিংকুমণি বড়া
তুমি এৰি থৈ যোৱাৰ পৰাই
দুচকুত ফুলি আছে
বিষাদৰ বেঙুনীয়া ফুল
তুমিময় আবেলিৰ আলসুৱা সুবাস
বুকুত ভৰাই
আজিও বাট চাওঁ একান্তত....
তোমাৰ ওঁঠেদি উফৰি অহা
এটি এটি কথাই
ভোমোৰা হৈ চুমে মোক
বা হৈ নিচুকায়...
তুমি এৰি থৈ যোৱাৰ দিনা
বুকুৰ উখল-মাখল ঢৌবোৰে
তিয়াই পেলাইছিল বুকুৰ আঁচল
খোজবোৰে লয় হেৰুৱাইছিল
দুওঁঠৰ কপনিয়ে বাৰে বাৰে আওৰাইছিল
মাথো এটাই কথা—
ৰৈ যোৱানা... ৰৈ যোৱানা...
কিন্তু কোৱা নহ'ল
ধৰোঁ বুলিও ধৰা নহ'ল
তোমাৰ দুহাত
অঁকা নহ'ল কপালত তোমাৰ সোণবৰণীয়া চুমা
মোক এৰি থৈ যোৱাৰ দিনা
এবাৰলৈ হ'লেও তোমাৰ
কঁপিছিলনে হিয়া?
যিদৰে আবতৰীয়া বানত কঁপে নৈ পৰীয়া চহা।
———————————————————————
0 Comments