——————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
______________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
—————————————
বাটচ’ৰা
সম্পাদকীয়...
'সাম্প্ৰতিক অসমীয়া কাব্য-চৰ্চাৰ পৰিমণ্ডলত নিজা স্থিতি জুখি চোৱাৰ উদ্দেশ্যেহে এই কবিতা কেইটা পঠালোঁ।বঁটাৰ কথা মুখ্য নহয়।আত্ম সন্তুষ্টিৰ বেওটোৰ পৰা ওলাই গ্ৰহণ কৰা এই পৰীক্ষা প্ৰৱণতা মোৰ বাবে অভিনৱ।অৱশ্যে এই পৰীক্ষাই নিৰূপন কৰিব মোৰ দৰে কবিতাৰ চৰ্চাকাৰীৰ আৰু কৰণীয় কি থাকিব পাৰে! মই ভাবোঁ প্ৰতিষ্ঠিত গণ্ডীয়েই কবি এজনৰ নিৰাপদ স্থান নহয়,সময়ৰ সৈতে গতি কৰিব পৰাটোহে উত্তৰণৰ ঢাপ।'
–সদ্যঘোষিত কাব্যম বঁটা-২০২২ প্ৰাপক কবি ৰাজীৱ বৰাই পাণ্ডুলিপিটোৰ লগত আমালৈ উক্ত পত্ৰখন প্ৰেৰণ কৰিছিল। নবীন-প্ৰবীণ প্ৰতিগৰাকী কবিতাৰ 'ছিৰিয়াছ' কাব্যসাধকৰ বাবে বৰাদেৱেৰ এই চিঠিখন তাৎপৰ্য্যপূৰ্ণ। কবিতাৰ দৰে এটি জটিল কলাৰ নিৰলস সাধনাৰে অসমীয়া কাব্য সাহিত্যলৈ বৰঙণি আগবঢ়োৱা এগৰাকীকৈ কাব্যসাধকক প্ৰতি বছৰে 'কাব্যম বঁটা'ৰে সন্মানিত কৰাৰ মানেসেৰে আমি বিগত দুবছৰৰ দৰে এইবাৰো (ত্ৰিশ বছৰৰ ঊৰ্দ্ধৰ) কবিতাৰ পাণ্ডুলিপি আহ্বান কৰিছিলোঁ।
অসমৰ ভিন্ন প্ৰান্তৰ পৰা আমালৈ পঠিওৱা মুঠ ৫৩টা পাণ্ডুলিপিৰ মাজৰ পৰা তিনিজনীয়া বিচাৰক সমিতিয়ে 'এইফালেও কবি আছে' পাণ্ডুলিপিটোক শ্ৰেষ্ঠ বিবেচিত কৰে।এই আপাহতে অসমীয়া কবিতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি অহা আমাৰ প্ৰয়াসক সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী সুহৃদলৈ অসম কাব্য কাননৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
অহা ১৮ ডিচেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম কাব্য কাননৰ পঞ্চম বাৰ্ষিক অধিৱেশনত উক্ত কাব্যম বঁটাটি বিশিষ্ট কথাশিল্পী ড° ধ্ৰুৱজ্যোতি বৰাদেৱে প্ৰদান কৰিব।
আমি আশাবাদী–শ্ৰদ্ধাৰ কাব্য সুহৃদৰ আন্তৰিক সহযোগিতাই আমাৰ এই আয়োজন অধিক সাফল্যমণ্ডিত কৰি তুলিব।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————
কবিতাৰ আড্ডা
কেনে কবিতা পঢ়িম মই ?
উদয় কুমাৰ শৰ্মা
প্ৰাণভৰি কবিতা ভাল পোৱা,এগৰাকী মননশীল (Serious) পঢ়ুৱৈৰ অনুভৱঃ
কোনোটো কবিতাই যদি (ক) মোৰ মনটো টানি নিব পাৰে, (খ) তাৰ বক্তব্যই মোক ভবাই তোঁলে, (গ) তাৰ প্ৰাণটোৱে মোক কিবা বেদনা দি কন্দুৱাব পাৰে অথবা, মোক উৎসাহিত কৰিব পাৰে, (ঘ) আঙ্গিক বা ভাষাৰ অভিনৱত্বই মোক আপ্লুত কৰে, (ঙ) কোনোটো শাৰী বা বাক্যাংশ 'স্মৰণীয় বাক্য’ হৈ মোৰ মনত ৰৈ যায়, (চ) চিন্তাৰ নতুনত্ব বা শব্দ প্ৰয়োগত মুগ্ধতা থাকে, (ছ) নতুন চিত্ৰকল্প, নতুন প্ৰতীক বা শব্দৰ ধ্বনিয়ে মোৰ মনটো কঁপাই তোঁলে, (জ) অযথা মেদেৰে ভৰা নহয় কবিতাটি, অথবা (ঝ) কবিতাটিয়ে সামগ্ৰিকভাৱে এটি কাব্যসুৰ বা কাব্যিক গুণগুণনি (Intonation) ৰ সৃষ্টি কৰিব পাৰে --
তেতিয়াহে, সেই কবিতাটি মই সম্পূৰ্ণকৈ পঢ়িম বা দ্বিতীয়বাৰ পঢ়ি চাবলৈ, মোৰ মনটোৱে মোক ক’ব ।
কালেহে ক’ব -- কোনবোৰ কবিতা জী থাকিব ৷
তৰুণ কবিকুলে কৃষ্ণচূড়া বা সোণাৰু হৈ জিলিকি উঠাৰ লগতে, শেৱালি বা বকুল হৈও সুবাস বিলাই থাকিবলৈ চেষ্টা কৰি যাব লাগিব ৷
তেওঁলোকে মনত ৰখা প্ৰয়োজন, যে কঁহুৱা ফুলি দুমাহতে শেষ হৈ যায় ; কিন্তু, ওক এজোপা ফুলাবলৈ হয়তো এশ বছৰ বাট চাবলগীয়া হয় ৷
—————————————
তুমি মোৰ তেজত গোন্ধাইছা
উৎসৰ্গ: নীলপৱন বৰুৱা
স্বপ্নম জ্যোতি কলিতা
তুমি মোৰ তেজত গোন্ধাইছা
মোৰ বসন্তৰ ক্ষত কলিজাত
(এন্ধাৰৰ অপূৰ্ব স্বাদ
মুঠিতে শুকাই শুকান গোলাপ)
"মোৰ হৃদয়ৰ সমস্ত বিষাদ-গান্ধাৰ
কাৰ বাবে ফুলি উঠে ৰাঙলী-মদাৰ"
মোৰ দেহৰ সকলো ৰং তোমাত থাপিছোঁ
('বিষ্ণু ৰাভা আকৌ তুলিকা নলʼবানে তুলি'!)
অʼ মোৰ বুকুৰ বতাহ নবজাবি বাঁহী
আৱাহনী ফুল হৈ নুফুলিবি আজাৰ!
আন্ধাৰ!
—————————————
অনুবাদ কবিতা
静夜思
床前明月光,
疑是地上霜。
举头望明月,
低头思故乡。
Thoughts in the Silent Night
by Li Bai 701-762 AD
Moonlight reflects off the front of my bed.
Could it actually be the frost on the ground?
I look up to view the bright moon,
And look down to reminisce about my hometown.
নিৰৱ ৰাতিৰ চিন্তা
লি বাইৰ দ্বাৰা ৭০১-৭৬২ খ্ৰীষ্টাব্দ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মোৰ বিচনাৰ সমুখত
জোনৰ পোহৰ প্ৰতিফলিত হয়
এয়া দৰাচলতে ধৰাতলৰ হিম হ’ব পাৰেনে
উজ্জ্বল চন্দ্ৰটো চাবলৈ মুৰ তুলি চাওঁ
আৰু মোৰ জন্মভূমিৰ কথা মনত পেলাবলৈ অধোমুখি হওঁ
—————————————
পৃথিবীলোক
কবি : জীবনানন্দ দাশ
[বঙালী সাহিত্যৰ এগৰাকী বিখ্যাত কবি]
ভাৱানুবাদ: ড° জ্যোতিশিখা দত্ত
পৃথিৱীলোক
দূৰৈত কাষত কেৱল নগৰ, ঘৰবোৰ ভাঙে
গাঁওবোৰ নিঃশেষ হোৱাৰ বিননি শুনা যায়
মানুহবোৰে বহু যুগ এই ধৰাতেই পাৰ কৰিলে
তথাপি দেৱালবোৰত তেওঁলোকৰ ছাঁ
ক্ষতি, মৃত্যু, ভয়
হতবুদ্ধিৰ নিচিনা এক অৱস্থা
আজি কোন দিশে এই সকলোবোৰ শূন্যতা এৰি
সময়ৰ তীৰত একোৱেই নাই
তথাপিও ব্যৰ্থ মানুহৰ গ্লানি, অশুদ্ধ চিন্তা সংকল্পৰ
অবিৰত মৰুভূমি বেৰি ধৰি
বিচিত্ৰ বৃক্ষৰ শব্দত স্নিগ্ধ এক দেশ
এইখন পৃথিৱী, এই প্ৰেম, জ্ঞান আৰু হৃদয়ৰ এই নিৰ্দেশ
———————————————
অৱশেষত আমাৰ চকু মুকলি হৈছে
মূল: প্ৰতিভা ৰাজানন্দ ( মাৰাঠী কবি)
মূল কবিতাৰ ইংৰাজী অনুবাদৰ পৰা
অসমীয়ালৈ ৰূপান্তৰঃ অপূৰ্ব ভূঞা
আমাৰ দেশত আমাৰ বাবে
ৰ’দ অহাৰ দুৱাৰ কেতিয়াও মুকলি নাছিল
শতিকাজুৰি আন্ধাৰৰ এক কলা চামনিয়ে
ঢাকি ৰাখিছিল আমাৰ চকুবোৰ
চকুৰ প্ৰতিটো পচাৰতে জীৱনৰ সপোন
আকাংক্ষাৰ দুৱাৰদলিতে চূৰমাৰ হৈ গৈছিল
আমাৰ দেশত কেতিয়াও
চৰাইবোৰ পিঞ্জৰামুক্ত কৰি দিয়া হোৱা নাছিল
এতিয়া আমাৰ চকুৰ পৰা গভীৰ কলা এক
স্ৰোতস্বিনী নামি আহিব ধৰিছে
উঠলি উঠা সেই জলাধাৰে দিছে বিপদৰ আগজাননী
দুৱাৰৰ শলখা ভাঙি পেলোৱাৰ উপক্ৰম ঘটিছে
ৰাজপ্ৰাসাদৰ দেৱালবোৰ ভাগি পৰিছে
হয় আমাৰ পলম হ’ল
কিন্তু অৱশেষত আমাৰ চকুবোৰ মুকলি হৈছে ৷
[টোকা : প্ৰতিভা ৰাজানন্দৰ জন্ম ১৯৬৮ চনত ৷ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদক কৰ্ম্মক্ষেত্ৰ হিচাপে লোৱা এই বিপ্লবী আৰু নাৰীবাদী লেখিকা গৰাকীয়ে বিশ্লেষণাত্মক আৰু স্পষ্টবাদী লিখনিৰে দলিত নাৰীসকলক উৎসাহিত কৰাই নহয় সংগঠিত কৰাৰ বাবেও কাম কৰি আহিছে।] ———————————————
কবিতা
শিপা হেৰুৱালোঁ আমি
ৰুদ্ৰ সিংহ মটক
কেতিয়াবাই হেৰুৱালো আমাৰ শিপা
হেৰুৱালো পূৰ্বপুৰুষৰ খোজৰ সাঁচ
লাচিতৰ হেংদাং আমাৰ চিনাকি নহয়
লাচিতৰ হৃদপিণ্ডৰ সূৰ্য-শোণিত আমাৰ ধমনীৰে
নবয়
নাঙল আমাৰ হাতত আছে
পথাৰবোৰ পিছে আমাৰ হাতত নাই
বাগিচাবোৰ আৰু বজাৰ আমাৰ হাতত নাই
ফাঁচিকাঠত লাগি থকা মণিৰাম পিয়লিৰ কলিজাৰ কেঁচা তেজ
আমাৰ ফুল পৰা চকুৰ চিনাকি নহয়
আমি চিনি নাপাওঁ ইতিহাসৰ পাতৰ জুইবুলীয়া আখৰ
আমি স্বাধীনতা আৰু স্বাভিমান হেৰুৱাইছো
নীলা শিয়ালৰ দৰে
আমি দেশপ্ৰেমৰ অৰ্থ নুবুজা কেলেহুৱা মোমাইহঁতক
নিচিনিলো কোনোদিন,
গড় মাৰি নুযুঁজিলো লাচিতৰ দৰে নৰীয়া গাৰে
কচুকটা দিব নোৱাৰিলো লালুকসোলা বদনহঁতক
এজনী নাৰীতকৈয়ো দুৰ্বল নেকি আমি; হাঁহি হাঁহি
তুলি ধৰিব নোৱাৰিলো আকাশলে’ কনকলতাৰ হাতৰ
তেজ লগা
পতাকাখন।
ঠিকনাঃ
লাৰিকা গ্ৰীনভেলী
আজাৰা,গুৱাহাটী
ফোন-৭০০২৩০৩৮৮২
—————————————
উলাই
ধীমান বৰ্মন
কুঁৱলীৰ ঘনত্বক উলাই কৰিও
ঘাঁহনিৰ মাজতেই
এচটা ব্যৱহাৰৰ পাছৰ পৰিত্যক্ত কণ্ডম
আগৰাতি সম্ভাৱনা এটা মৰিছিল তাতেই
এনে এটি ৰাতিৰ পাছত
কতটি খোজ পুৱাৰ ভ্ৰমক উলাই কৰি
কুঁৱলীক হেৰায়
অথচ শিল্প হেৰুৱাৰ মাজত নিটিকে
টিকে উলাই কৰা আচৰণত
এনেদৰে শতৰুবোৰক উলাই কৰা হওক যে
সম্ভাব্য যুদ্ধৰ অপেক্ষাত পচি পচি
সাৰ হওক সিহঁত
বকৰা মাটিত বীজ গজাব পৰা
উলাইৰ কলাত নিপুন হৈ তেতিয়ালৈ
আমি থাকিব লাগিব
ব্যবহাৰৰ পাছৰ কণ্ডম এছটাৰ দৰে
নয়নৰ জলত
জীয়ন দিয়াবলৈ সম্ভাব্য পোনা
মৃত্যুৰ পাছৰ
কুঁৱলীয়ে আৱৰা
এই দোকমোকালিত।
—————————————
ছেন্দলৰ গদ্য
পুলেন ৰাজ ডেকা
“ এযোৰ হাৱাইছেন্দেলৰ কথাৰে
আৰম্ভ হৈছিল আমাৰ কথকতা”
১.
আপুনিও লৈ ফুৰেনে মোৰে দৰে এযোৰ হাৱাইছেন্দেল, ক্ষয় যোৱা ৷
মোটোহা আঙুলি , ফটা গোৰোহা
ভৰত বহলি গৈ আছেনে ফুটা তাৰ বুকুৰ? চোৰৰ ভয়ত ৰাখেনে সুমুৱাই বুকুত?
তাৰ সাহসত সাহসী হৈ দেখুৱাই পাইছেনে আনক ভয় ?
যায় নে মন মোৰ দৰে ভোলোৰ চোচোত চাবোন সানি ঘহি-পিহি তাক জিকজাক কৰিবলৈ ?
এযোৰ হাৱাইছেন্দেলৰ কথাৰে
আৰম্ভ হৈছিল আমাৰ কথকতা ৷
২.
(কি ক’লে , আপুনি হাৱাই ছেন্দেল দেখা নাই
এৰাঃ আপোনাৰ বজাৰ মূল্য কিছু চহকী
গাত ৰেছমী কাপোৰৰ গোন্ধ
খাই ভালপোৱা বস্তুবোৰ হাত মেলিলে আহে
নাপাবও পাৰে দিয়ক চিনি এযোৰ হাইৱাই চেন্দেল)
পৃথিৱীৰ সকলো সংস্কাৰৰ প্ৰথম খোজ এজোৰ হাৱাই ছেন্দেলৰ বুকুত
মই বিশ্বাস কৰোঁ এই কথা ৷
মোৰ ভৰিত ওলমি থকা যোৰ পুৰণি হাৱাই বহুদিন, বহুমাহ ,বহুবছৰ ই মোৰ ভৰিত ওলমি আছে ৷ মাজে মাজে তাৰ বেমাৰ হয় ৷ খুব অলপতে ছিঙে ৷ চৰকাৰী ৰাস্তাত চতিয়াই যোৱা এমুঠি শিলৰ ওপৰেৰে পাৰ হ’বলৈ সি কষ্ট পাই ভীষণ ৷ বুজিছে ? তাৰ দুখত মোৰো দুখ লাগে ৷ তাৰ বেমাৰত মই লোঘণ পৰোঁ ৷ সি ন’হলে ক’লৈকে যাব নোৱাৰোঁ ৷ মাৰ ব্লাউজৰ পিন আনি তাক জোৰাও
কেতিয়াবা তুঁহ গজালেৰে ,কেতিয়াবা পুৰণা প্লাষ্টিকৰ ৰছীৰে তাৰ ছিঙা বেমাৰ দুৰ কৰি মই হওঁ ছেন্দেলৰ “ডাক্তাৰ” ৷
মেট্ৰিকৰ দেওনা পাৰ হোৱাৰে পৰাই সি মোৰ সোনৰ গহনা,ৰূপৰ মাদলি ৷
পঢ়াবোৰ এতিয়া আৰু টান হ’ব ৷ খোজবোৰ সাৱধানে দিবি ৷
হুম ল’ সৰু পোনা ৷ তাহানিতে খুলি দিছিল পিতায়ে ভৰিৰপৰা , তেতিয়াৰে পৰা জাৰে-জহে ই মোৰ লগতে আছে ৷ বহু বাৰিষা যোৱাৰ দৰে বহুকেইটা বসন্ত দুয়োৰে মাজেৰে সৰকি গ’ল ৷ আনি সলাব পাৰিলোঁ হয় নতুন এযোৰ ৷ নসলালোঁ ৷ এয়া পিতাইৰ চিন ৷ ময়োঁ দিব লাগিব মোৰ পোণাক ৷
৩.
অলপতে হোৱা তাৰ খোৰা-চিঙা বেমাৰে বিমোৰত পেলাই ৷ পাৰিমনে দিব শো-শৰীৰে গোটাই ৷ নদী আৰু বোকালৈ তাৰ বৰ ভয় ৷ ভিৰৰ মাজত সোমালে সি মোৰ কোলাত আহি বহে ৷ পেটৰ পোৱালিৰ দৰে তাক বুকতলৈ
ভিৰ ঠেলি
ভিৰ ঠেলি
গৈ থকা মই এই দুনিয়াৰ শেষৰ জন নাছোৰবান্দা ৷ লাজ মোৰ মুঠেও নালাগে ৷
উম হু লাজ মোৰ মুঠেও নালাগে ৷
তাক বুকুত ল’ব পালে মই অনুভৱ কৰিব পাৰোঁ পিতাইৰ স্থিতি ৷
সময়ে আমাক মাজত আনি ঠিয় কৰালে ৷
মোৰ দৰে এতিয়া সিওঁ জধলা সেতা আৰু দুৰ্বল ৷ নিজে ছেন্দেলৰ ওপৰত থাকি আনক খহাই থ’ব কোৱাটো তাৰ অপছন্দ বাবেই ভদ্ৰলোকৰ ঘৰলৈ নাযায় তেনেকে ৷ মন্দিৰলৈ গ’লে সি মোৰ ভৰিত “খামুচি” ধৰি থাকে ৷
এইখন চহৰৰে বহু ঠাইত মোৰ ছেন্দেলযোৰৰ দাগ ৰৈ গৈছে ৷ পদপথ, ছিটিবাছ, কোৰ্ট-কাছাৰী আৰু সকলো চৰকাৰী-বেচৰকাৰী চাৰিবেৰৰ মাজত মচ নোখোৱাকৈ এতিয়াও আছে তাৰ বহু কাহিনী, স্পষ্ট দাগ ৷ বহু বুৰঞ্জী সি সলসলীয়াকৈ ক’ব পাৰে ৷ বহু মানুহৰ দাগ লগা, দাঁত লগা কথা অনৰ্গল সি বকিব পাৰে ৷
হে ,নবীন সভ্যতাৰ এৰাল ছিগা মানৱ
আপোনালৈ মোৰ বিনম্ৰ অনুৰোধঃ
পথাৰৰ বোকাৰ পৰা উঠি অহা মোৰ এই উত্তৰসম্পত্তিক আপুনি চিনামাটিৰ বাৰণ্ডাত অপদষ্ট নকৰিব ৷ ই মোৰ সাহস আৰু সুখৰ সংস্কৃতি , ভয় আৰু ক্ষুধাৰ মৌখিক বুৰঞ্জী ৷
হেৰি হেৰি শুনকচোন
হেৰি হে...ৰি শু ন ক চো ন মোৰো এষাৰ।
____________________
ঠিকনাঃ
পুলেন ৰাজ ডেকা, পাগ্লাদিয়াৰ পাৰ
ভ্ৰাম্যভাষ-৮১৩৫৯২৬৭৮৫
—————————————
গছৰ দৰে নাৰী
ৰুবুল দাস
মই ৰ'দ বিচাৰি
গৈ থাকোঁ
মই ছাঁ বিচাৰি
গৈ থাকোঁ
মই ফুল বিচাৰি
গৈ থাকোঁ
মই ফল বিচাৰি
গৈ থাকোঁ
মই কি বিচাৰি
গৈ থাকোঁ
এজোপা গছ
নে নাৰী ?
[কবিৰ ঠিকনা :ৰুবুল দাস, গাঁও -মেদা,
ডাক -চকচকা বজাৰ, জিলা -বৰপেটা,
ডাক সূচাংক -৭৮১৩১৭, ফোন-৭৮৯৬৪৯২১৭১,
email --rubuldas415@gmail.com ]
——————————————
মেছোপটেমিয়া
গায়ত্ৰী দেৱী বৰঠাকুৰ
খুচৰি চাবলৈ কি আছে ইয়াত
পটেম'ছ ?
এখন প্ৰাচীন নগৰৰ ইতিহাস
সুদূৰৈৰ দেৱালয়ৰ ঘন্টাধ্বনি
আৰু এখন অতীতৰ বজাৰ
এখন পুৰাতন নগৰ
বিস্তাৰিত জনবসতি অথবা
সভ্যতাৰ ক্ষুধাৰ্ত জীৱনপঞ্জী
পটেম'ছ !
চলাথ কৰিলে হয়তো পাবও পাৰা
অৱশিষ্ট ধ্বংসাৱশেষ মাজত
সাৰে থকা
এহাল জৈৱিক ৰজা-ৰাণীৰ
কামিহাড়ৰ
পুৰাতাত্বিক প্ৰমাণ...
নদী ।
—————————————
এটা চলন্ত কবিতা
অৰ্চনা ঠাকুৰীয়া
(চলিত বৰ্ষৰ মে' মাহৰ 'গৰীয়সী'ৰ পৃষ্ঠাত 'ডিজিটেল সাহিত্য' শীৰ্ষক নিবন্ধ পঢ়ি হোৱা অনুভৱক কাব্যৰূপ দিয়াৰ প্ৰয়াস...)
এটা চলন্ত কবিতা
য'ৰ পৰা নামি আহে সৰু সৰু একোটা চৰিত্ৰ
এটা চৰিত্ৰই নাচে 'কৃষ্ণা নী বেগানি বাৰো...'
আনটোই হাঁহি হাঁহি চাপৰি বজায়
কবিতাটো চলিয়েই থাকে...
সেই কবিতাৰ প্ৰথম শাৰী
যিটো মই ভাৰ বান্ধি লৈ গৈ আছিলোঁ
তাৰ পৰা দুটা শব্দ টপককৈ সৰি পৰিল
ঘূৰি চালোঁ...
দেখিলো, এজন বলিয়াই শব্দদুটা বুটলি
ৰেপ মিউজিকৰ ষ্টাইলত গাই আছে
শব্দবোৰ সৰি সৰি মোৰ ভাৰখন এসময়ত নোহোৱা হ'ল
বলিয়াজনে পিছে শব্দবোৰ ঠিকেই বুটলি আহিল
এসময়ত সি শব্দবোৰ তাৰ নিজৰ ষ্টাইলত সজাই
নিজেও কিছু শব্দ যোগ দিলে
তাৰপাছত, মনৰ ডেউকা পখালি
শব্দবোৰৰ মালা গাঁঠি
কাহানিও সমাপ্তি নোহোৱা পাতত
সুন্দৰকৈ আঁকি ল'লে
যেতিয়া আখৰৰ ছবি ভালপোৱাৰ মহীৰে
অংকিত হয়
বৈৰাগী মাটিতো নতুনৰ বীজ গজে
আৰু বীজবোৰে আকাশৰ বুকুত ঘৰ সাজে
স্থায়ী ঠিকনা নোপোৱালৈ...
বি: দ্র: 'krishna nee begane baro' is a Kannada song written by A saint Vyasaraja Teertha.
—————————————
সন্ধিয়াৰ জোনাক
প্ৰদীপ চন্দ্ৰ শৰ্মা
সন্ধিয়াৰ জোনাকত
গোহালি চালত
চিকমিক ৰূপালী পোহৰ
তলত ধোঁৱাই থকা যাগ
এইখিনি সময়তে
কলিটিয়ে শেৱালিৰ
বিচাৰে পোহৰৰ বাট
তাহানিৰ ছবিখন
ধূসৰ হ'ব খুজিলেই জানো
কালৰ সোঁতত
এৰি দিব পাৰি
পাখি-সৰাল দিয়া
হাঁহ পোৱালিয়ে
আকাশলৈ চাই ৰাগ জোৰে
খন্তেক পাছতে
তুপাই বুৰ মাৰে
সময়বোৰ এনেকুৱাই
হ'ল বুলিয়েই হাত এৰি
হেতালি খেলিব নোৱাৰি।
—————————————
চকু
দাদুল ভূঞা
চকু মেলি দেখা সেউজীয়া পৃথিৱীত
শত সহস্ৰ ফুলৰ মেলাত জিৰালোঁ
জিৰালোঁ পাহাৰৰ দাঁতিত
সমতল ভূমিত
ঐক্য অনৈক্যৰ মাজত থিয় দি
ৰৈ আছোঁ
ফুলে কেতিয়াও ভুলকৈ নুফুলে
পাহৰি নাযায় আৱাহনী ঋতুৰ সংগীত
ময়ো পাহৰা নাই
শিশু হৈ চোতালত ওমলিছোঁ
শিঙৰজানৰ পাৰত পাৰ কৰিলোঁ
শৈশৱ
যৌৱন
চকুযোৰ ক্ৰমান্বয়ে
সেউজীয়াৰ পৰা তামবৰনীয়া
অথবা হালধীয়া
ৰুগ্ন চকুত আঁৰি লৈছো আন এযোৰ চকু
জীয়াই থকালৈকে যি মোক জীয়াই ৰাখিব
শ্যামলীমাৰ অৱগুন্ঠনে আৱৰি ৰাখিব
গোটেই ৰাতি
বগলীসভাত বগলীভকতৰ দৰেই
জী থাকিম
মেঘবৰণীয়া চকুত
সময়ৰ আলোৱান মেৰিয়াই লৈ
———————————————————
লাচিত
ড° ৰমেশ কুমাৰ কাকতি
যাৰ নাম ল’লে
প্ৰতিজন অসমীয়াৰ উথলি উঠে বুকু
তেঁৱেই লাচিত
শক্তিৰ পানচৈ নিৰবধি সাহসৰ৷
যাৰ নাই ব্যক্তিগত জীৱন
শতৰুক নাশিবলৈ ব্যস্ত সৰ্বক্ষণ
বিশ্বাসত অলৰ-অচৰ
নাভাৱে আপোন-পৰ৷৷
আত্মবিশ্বাস যাৰ ভেটি
দেশৰ সন্মানক অক্ষুণ্ণ ৰাখিব খোজা
নিৰ্ভীক ৰণসূৰ্য্য বিপ্লৱী
দেশমাতৃকাৰ সন্তান৷
বজ্ৰৰ দৰে দৃঢ় মত
লালসাত নেহেৰুৱাই জীৱনৰ পথ
উদীপ্ত যৌৱন গৰকি
দেশক কৰে মহীয়ান৷৷
আপোচবিহীন যাৰ লক্ষ্য
দেশৰ সুৰক্ষাৰ কৰ্মই যাৰ জীৱনৰ মূলমন্ত্ৰ
তেৱেঁই মহাবীৰ লাচিত
উৰ্ধগামী যাৰ শিৰ৷
শৰাইঘাটৰ ৰণুৱা
যাৰ বীৰত্বত মুখ ঠেকেচা খাই, শত্ৰু পিছুৱায়
মোগল বীৰ ৰামসিংহ
পলাবলৈ হ’ল অধীৰ৷৷
নেতৃত্ব দিলে জ্বৰীয়া দেহাৰে
চেতনা জগালে দেশৰ সেনানীৰ
জয় আই অসম বুলি চিঞৰি
আকাশ-বতাহ কঁপালে৷
সিংহৰ দৰে আহি
ফেঁচা হৈ উভতা ৰামসিংহই ঘুৰি চালে,
ভয়-ভীত হৈ উভটনি যাত্ৰাত
অসমীয়াক প্ৰশংসিলে৷৷
স্বাধীনচেতীয়া বীৰ
হাতত হেংদাং বুকুত সাহস মনত সংকল্প লৈ
ছেদেলি-ভেদেলি কৰে
শত্ৰুৰ সহস্ৰ সৈনিকক৷
ৰাখিবলৈ জাতিৰ মান
জ্বৰীয়া দেহাৰেই যুঁজ দিয়ে শতৰুৰ লগত
নাই অকণো অভিমান
প্ৰতিজ্ঞা ৰুধিবলৈ দেশক ৷৷
সোঁৱৰো তোমাক হে মহাবীৰ
তুমিতো জননী অসমীৰ সুযোগ্য সন্তান
অসমীয়া জাতিৰ গৌৰৱ
আদৰ্শ ভৱিষ্যতৰ ৷
গাই যাওঁ তোমাৰ গৰিমা
জাগ্ৰত হওক দেশবাসীৰ জাতীয় চেতনা
সুপ্ত তেজত জাগ্ৰত হওক
অসমীয়া সন্তানৰ৷
—————————————
নোকোৱা কথাবোৰৰ কথাৰে
চয়নিকা ভূঞা
নোকোৱা কথাৰো থাকে
বহু গোপন কথা
গোপন বেথা
দিন যায় কথা উৱলে
বেশ্যালয়ত বেশ্যা বৃত্তি চলি থাকে
কাৰোবাৰ পেটৰ তাড়না
আন কাৰোবাৰ
জীৱন ধাৰণৰ বিলাসী পথ
অসংলগ্ন কথাবোৰতে জীৱন থাকে
ষ্ট'পেজে ষ্ট'পেজে
একঘেয়ামী কথাৰ আড্ডা
যন্ত্ৰণা পি পি অভ্যস্ত জীৱন
কোনে বুজে
বিষালী দেহৰ গোপন বেথা ৷
—————————————
ভোগ
খূৰ্ছীদ আনছাৰী
শুভকামনা জনালোঁ
তুমিয়ে সুখী হোৱা…
তোমাৰেই মঙ্গল হওক 'ঈশ্বৰ'
ৰাজভোগ খাবলৈতো 'মানুহে'
মানুহক ভোগ নিদিয়ে !
------------------------------
এই বলিয়েই অন্তিম বলি হওক
দেৱ দাস
ব্যাসৰ পূণ্য ভূমি
পৰম গুৰু
কৃপাল গুৰু
শ্ৰীমন্ত শঙ্কৰদেৱৰ
ধন্য নৰতনু
কলি কাল
ধন্য ভাৰতবৰ্ষ
ইন্দ্ৰপ্ৰস্থত
বাইশৰ পহিলা অক্টোবৰ
ধৰ্মীয় অন্ধতাত
ছয় বছৰ বয়সৰ
শিশু বলি হ'ল
তাৰ পাছতো
ধন্য ভাৰতবৰ্ষ
আতচবাজী
আকাশ গোলাৰে
অন্ধত্ব
আশা কৰো এই বলিয়েই অন্তিম বলি হওক
এক নিকা দৰ্শন
ভাৰতীয়
দেৱ দেৱীৰ পূজা
অন্ধ বিশ্বাস
বিসৰ্জ্জন হওক
পৃথিৱী মাটি
অমৃত মানুহ ।
[পহিলা অক্টোবৰৰ দিল্লীৰ সমীপত
ছয় বছৰীয়া শিশু
বলি দিয়া বাতৰিৰ পাৰ্শ্বক্ৰিয়া ]
—————————————
দৃশ্যপট
ৰেমী শৰ্মা
ল'ৰাটোৱে চাই থকা কাৰ্টুন চেনেলটো বদলাই
ভাল লগা হলিউড মুভি এখন উলিয়াই ল’লোঁ
সি খঙত গোটেইটো চিনেমাৰ ভিলেইনৰ দৰে
গৰজি আঁতৰি গৈছে
নায়িকাৰ 'ডেদবদী'টো খুব জোৰত সাৱটি ধৰিছে নায়কে
আস বেকগ্ৰাউণ্ড মিউজিকটোত বুৰ গৈ
মনলৈ অহা কিবা কিবিবোৰে অশান্ত কৰি পেলাইছে মোক
এই ধৰক ঘৰলৈ অনা জাৰ্মান স্ফেইদৰ পোৱালিটোয়ে
ল'ৰাটোক কামুৰিলে
ফ্ৰিজত থোৱা পানীৰখিনি খাই ভাইৰেল ইনফেকচনত মই হস্পিটেলত
ইত্যাদি ইত্যাদি অযথা ভাৱবোৰ
মা দিয়াচোন মই চাও
উস ৰাম মানে
দৌৰি আহিছে সি মোক মাৰিবলৈ হাতত হলীত কিনি দিয়া ফিছকাৰীটো
এইবাৰ দৃশ্যপট বেলেগ
ভিলেইনে উৎকোচ দিছে নায়কৰ বন্ধু এজনক কাৰোবাক ধৰ্ষণ কৰিবলৈ
পিছে পিছে দৌৰি গৈছে নায়িকাৰ একপক্ষীয় প্ৰেমিক
ধৰ্ষণ কৰা ডেদবদীটো চুই উছপ খাই উঠিছে
ইমান চেঁচা
কিমান চেঁচা হ'ব পাৰে
খাবলৈ অনা পানীলাওটো ফলি দিওঁতে হাতত লগা চেঁচাখিনিৰ সমান নে
গাখীৰখিনি পুৰি চচটো জ্বলি গৈছে
এওঁ চিঞৰি উঠিছে কিনো কৰি থাকা গাখীৰৰ ইমান দাম
কিমান দাম
নায়কে পিন্ধি থকা কোটটোৰ সমান
নে ভিলেইনটোৰ জোতাযোৰৰ সমান
নে ডেদবদীটোৰ সমান
নে মোৰ যৌতুকত দেউতাই দিয়া ট্ৰাংকটোৰ সমান দাম
কিবা এটা অশান্তিত কপালখন কোঁচ খাই গৈছে
আঠা নাইকীয়া ফোটতো সৰি পৰিছে
থু অকন লগাই আকৌ থেপি থেপি কপালত লগাই থৈছোঁ
এইবাৰ নায়কৰ দেউতাক আহিছে
হাতত এটা গিলাছ
ফিল্মি ষ্টাইলত
কাষে কাষে তেওঁৰ পত্নী
কিবা চিন্তাত কপাল কোঁচ খাইছে
ভালকৈ চাইছো একো সৰি পৰা নাই
কি চিন্তাত আছে তেওঁলোক
বাচন ধোৱাৰ চিন্তা
বিছনা পাৰি বেয়া পোৱা এলাহটোৰ চিন্তা
ঋতুস্ৰাব হৈ থাকিলেও তেওঁ কাষলৈ আহিব নেকি
তেনেকুৱা অযথা যেন লগা বৈধ চিন্তাবোৰ নেকি
মা মা জেমচ (কুকুৰটো) ৰছী খুলি ক’ৰবালৈ গুছি গৈছে
উস ৰক্ষা নাই
আকৌ এটা চিন্তা
ইফালে তুংগত বেকগ্ৰাউণ্ড মিউজিক
নায়কে কুকুৰ এটা লৈ আহিছে
ঠিক জেমছৰ দৰেই
এই যেন অপৰাধীক ধৰিব এতিয়া
ভীষণ চাচপেন্স
—————————————
জেদ
জাহ্নৱী হাজৰিকা
দুটা পৰাক্ৰমী শব্দ
যুক্তাক্ষৰ বিহীন যি কণমানি শব্দ দুটাই
মাত্ৰ এটা স্বৰচিহ্নৰেই
নোহোৱা কৰি দিয়ে
বহু যোগাত্মক শব্দৰ গভীৰ অৰ্থক
মৰমত মৰম বঢ়াৰ দৰে
ভালপোৱাই ভালপোৱাক বিচৰাৰ দৰে
জেদেও জেদকেই আনে
জেদত শুকাই আকাশ
জেদত শুকাই বতাহ
জেদত ভৰে মন
জেদতে ভৰে প্ৰাণ
জেদত মানুহ ভাল হয়
জেদে মানুহৰ উন্নতি আনে
ভাল জেদত মানুহৰ ভাগ্যৰ পট পৰিৱৰ্তনেই হৈ যায়
মাথোঁ জেদবোৰ হ’ব লাগে সদৰ্থক।
জেদ কেতিয়াবা নঞাৰ্থকও হয়
এই ধৰা, কোনোবাই কাৰোবাক চেৰাই আগবাঢ়ি যোৱা ভৰি দুখনকেই মোহাৰি পেলায়
হয়তো কেতিয়াবা আৰু এখোপ আগবাঢ়ি যায় জেদ
য'ত কাৰোবাৰ উশাহকণকেই নাইকীয়া হৈ যায় আজীৱন!
আৰু সেই শৈশৱৰ জেদবোৰ...
উজাগৰ দুচকুৰ পঢ়াৰ হাবিয়াহ
দোভাগ ৰাতিলৈ কিতাপৰ পৃষ্ঠাৰ স’তে মিতিৰালি
সেইযে পঢ়াৰ জেদ
ভাল মানুহ হোৱাৰ জেদ!
আকাশ চুবৰ হেঁপাহত কৰা জেদ আছিল সেয়া।
সেই যে চুবুৰিলৈ অহা
নাম নজনা দামী গাড়ীখন
চুই চুই সপোন দেখাৰ জেদটো!
মনেৰে ভাল লগা ল'ৰাজন বা ছোৱালীজনী...
আ: ভালকৈ খোপনি নুপুতিলে যেন
হেৰাই যাব জীৱন যুঁজত।
সেই আৱৰি ৰাখিব পৰাকৈ কৰা জেদটো!
ঘৰৰ চালেৰে দেখি আকাশৰ তৰা
পিছে মন আকাশখন ৰঙেৰে আৱৰা
আগ্ৰহবোৰ একাগ্ৰতা হয়
একাগ্ৰতাবোৰ ভাল জেদলৈ ৰূপান্তৰিত হয়
আৰু সেই জেদতে
ঘৰৰ ছালেৰে আকাশৰ তৰা দেখা ঘৰখনত
চাদৰ ওপৰত বহি তৰা গণে ল'ৰাটোৱে
তাহানিতে চুই চোৱা গাড়ীখনৰ হুবহু এখন
নিজৰ কৰি লয়।
আৰু মনৰ মানুহজনী!
লঘোনীয়া পেটেৰে গণিতৰ জটিল সূত্ৰ
মুখস্থ কৰা দিনৰ সপোনে
ভাল লগা ছোৱালীজনীক নিজৰ বুকুলৈ চপাই দিয়ে।
জেদে বতৰা আনে আশাৰ সপোনৰ
জেদবোৰ জীপাল হওক
আবতৰীয়া বসন্তৰ পোহাৰ মেলক সমগ্ৰ পৃথিৱীত।
পৃথিৱীৰ সমস্ত জেদবোৰ
নঞৰ্থকক মোহাৰি সদৰ্থক হওক।
—————————————
নক্ষত্ৰ জগতৰ ধ্ৰুৱতৰা
গীতাঞ্জলী হাজৰিকা
আই অসমীৰ নক্ষত্ৰ জগতৰ দুটি ধ্ৰৱতৰা ধৰিত্ৰীৰ বুকুত বিলীন হ’ল
অভিনয়ৰ বৰলুইতত চিৰপ্ৰবহমান সম্ৰাটজনে
এযুগ নিৰলে নিসংগতাত
লাইট , কেমেৰা , এক্সন অকে’ৰ
মিতিৰালিৰ মণিকাঞ্চন কৰি
সংযোগবোৰ বিয়োগ কৰি
হু হু শূন্যতাৰ মহাকাশত থাকি
জীৱন বাটৰ লগৰীৰ আত্মাত থাপি দিলে
নক্ষত্ৰৰ আত্মা
স্মৃতিৰ সৌকাৰ সোপান ধৰিবলৈ শুভাকাংক্ষীৰ
প্ৰচেষ্টা বৰলুইতৰ দৰে চিৰপ্ৰবহমান হওক নিৰিবিচ্ছিন্নতাৰে
হে যুগদ্ৰষ্টা সম্ৰাট আপোনাৰ সেন্দূৰীয়া বাটৰ বাটৰুৱা হ’বলৈ
আই অসমীৰ সন্তানক শুভাশীষ দিব
আপুনি য’তে আছে তৰে পৰা
আই অসমীৰ আন এক ধ্ৰুৱতৰা প্ৰেমিকজনে
সোণৰ খাৰু নালাগে কোৱা প্ৰেয়সীৰ আত্মাত
নিজৰ আত্মাক থাপি
প্ৰেমৰ সংযোগ সেঁতু গঢ়ি ল’লে
তাতে ছাগৈ ৰং-তুলিকাবোৰে কেৰু-মণি-থুৰীয়া আঁকি
ওমলিব
জোন তৰা বেলিক সাক্ষী কৰি
গন্ধৰ্ব বিবাহো কৰিব
জননীৰ বুকুত লালিতা-পালিতা প্ৰজাবোৰে মৌনভাষা অশ্ৰুঅঞ্জলি আৰু
পুষ্পাঞ্জলিৰে আৰতি কৰিম
নক্ষত্ৰ জগতৰ ধ্ৰৱতৰাৰ আত্মা দুটিৰ
মান-অভিমান বেথাৰ নিনাদ পাহাৰ খহি পৰা স্খলনত অসমী আইৰ প্ৰত্যেকৰ আত্মা আজি ক্ৰন্দনশীলা
দিবলৈ একো নাই পুজিবলৈকো একো নাই
আপোনালোক নিজৰ শক্তিৰেই মহীয়ান মহাশক্তিমান
মাথোঁ হৃদয়ৰ অৰ্ঘৰে চৰণযুগলত সেৱিছোঁ আৰু সুঁৱৰিছোঁ
মহাকাশতো যুগদ্ৰষ্টা সম্ৰাট আৰু প্ৰেমিক পূজাৰীহৈ ৰামধেনুৰ ৰং চটিয়াই চিৰশান্তিৰে কুশলে থাকক।
( দুজন মহীৰূহৰ প্ৰস্থানত কাব্যঞ্জলীৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ ৷)
—————————————
কবিতাবোৰ...
ৰেখা বৰকটকী
সৰু সৰু একোটি উপপাদ্য
দুটা বা চাৰিটা শব্দৰ বাক্য
এক চাতুৰ্য্যৰে সক্ষমতা
বুদ্ধিদীপ্ততাৰ কলমৰ হাঁতোৰা
কলা-কুশলীৰ চিন্তাত ওমলা
হাত-পুতলাৰ খেল
যুগ-যুগান্তৰ ধৰি বৈ থকা
শিল্প-মাধুৰ্য্যৰ বতৰা
অনেক জ্ঞানৰ বিশেষ সমাধান
অলেখ পৰিপূৰ্ণতাৰ আধাৰ
নিৰৱধি ভাস্যমান অজস্ৰ ভাবনা
জোৱাৰ-ভাটাৰে অমূল্য বাসনা
পাণ্ডিত্যৰ দক্ষতাৰে গঢ়া সাঁকো
বহুতৰে জ্ঞানে ঢুকি নোপোৱা
সংক্ষিপ্ততাৰ থুলমূল ব্যাখ্যা
গভীৰ একোটি ভাৱৰ উন্মাদনা...
—————————————
কথাবোৰ কোৱাৰ হেঁপাহত ...
ৰবিন কুমাৰ চেতিয়া
লগ পালেই কথাবোৰ খুলি ক'ম বুলি
অৰঙে দৰঙে মাথোঁ তোমাকেই
বিচাৰি ফুৰিছোঁ
যিবোৰ কথা
কোৱাই নহ'ল আজিও কাকোৱেই
অনুভৱৰ চোতালত
দুবৰি গচকি গচকি অকলেই সাজিছোঁ
হুমুনিয়াহৰ দীঘলীয়া বাট
হৃদয়ৰ মৰুভূমিত
মৰীচিকা খেদি চটিয়াব খুজিছোঁ
ভালপোৱাৰ একাঁজলি বৰষুণ
ঠিকনা বিচাৰি সমুখলৈ চাই চাই
অবিৰাম ডেউকা কোবাই
প্ৰগলভা নদীৰ নাভাগৰা সাঁতোৰ
বহুদিন দেখিছোঁ
দুচকুৰ সীমনাত ৰাঙলী ফাগুন সিঁচি
বাউলী মদাৰে গোৱা হিয়াভঙা গান
বহুদিন শুনিছো
তোমাৰ উঠন বুকুৰ উঠা-নমা বোৰ
চুই চাব পৰাকৈ কোনোদিনে মই
নদী হ'ব নোৱাৰিলো
তোমাৰ কথা সুধি আকাশে বতাহে
য'তে ত'তে ভাঙিছো মোৰ
ঠৰক বৰক আলসুৱা হৃদয়
গজালি মেলা নিৰাশাৰ হাঁহিবোৰকে লৈ
প্ৰতিপল মেলিছোঁ আশাৰ পানচৈ
বতাহত ওমলিব পৰাকৈ
আঁজুৰিব নোৱাৰিলো তোমাৰ বাবে
হাচনাহানাৰ সুবাস
ৰিমঝিম প্ৰেমৰ দুষ্ট বৰষুণজাক হৈ
মেঘালী হেঁপাহত গুণগুণাব নোৱাৰিলো
কুহুমীয়া উশাহৰ অভিলাষ
তোমাৰ ওঁঠৰ পদূলিত
লুকাভাকু খেলিব পৰাকৈ
হ'ব নোৱাৰিলো সেউজীয়া সুৰ
সংখ্যাৰ আগত বহা শূণ্যটো হৈ
ওপঙি ফুৰিছোঁ মাথোঁ মই
দিহিঙে দিপাঙে শয়ণে সপোনে
নোপোৱাৰ বেদনাবোৰ লৈ
অজুহাত পালেই যেতিয়াই তেতিয়াই
ঘুৰি ফুৰোঁ তোমাৰ ভাৱনাৰ পৃথিৱীত
তুমি নজনাকৈয়ে জিৰণি লওঁ
অনুৰাগৰ জোনাকী ছাঁত
তুমি ভালপোৱা ৰামধেনু হৈ
জিলিকিব নোৱাৰিলো তোমাৰ আকাশত
শেৱালীৰ শুভ্ৰ দলিচা পাৰি
একুকি নীলাভ মৰম
সানি দিব নোৱাৰিলো তোমাৰ
হৃদয়ৰ চোতালত
তথাপিও সপোনৰ মেজি সাজি
বাট চাওঁ প্ৰতিটো উদাসী নিশা
জোনাকী পুৱাতে কথাবোৰ তোমাক
এবাৰলৈ হ'লেও কোৱাৰ হেঁপাহত ...।
—————————————
জীৱন
লাৱণ্য নাথ
সময়ৰ নিৰ্বাক পৰিধিত
নিজৰ সৈতে কথা দলিয়া-দলি কৰোঁ
নৈসৰ্গিক হৈ...
(অৱশ্যে)নিজৰ সৈতে আলোচনা কৰা
নিৰ্বিচাৰ কথাবোৰ বৰ যন্ত্ৰণাকাতৰ।
সমন্বয়ৰ পথত বহু বাটৰুৱা সৈতে
বান্ধিছোঁ সম্প্ৰীতি শিকলি!
অথচ নিসংগ হৈ পৰোঁ ক্ৰমশঃ ...
সম্প্ৰতি সময় আৰু আত্মিকতা বৰ দুৰন্ত।
অভিজাতহীন আঁউসীৰ আন্ধাৰ;
পৰিপুষ্ট যেন নহয়
"আকাশৰ সংস্কাৰ"
"বতাহৰ পৰিসৰ।"
প্ৰশান্ত নহয় যেন
জোনাকত অহা
বৰষুণৰ ডেউকা।
চিনাকি পৃথিৱীখনত আজি
ভিন্ন ভাৱৰীয়াৰ আদিম নৃত্য।
মাথোঁ ভাবিছোঁ-
সঁচা নে মনৰ ভ্ৰম।
বিচাৰিছোঁ শৈশৱ
বাৰে বাৰে উজুটি খাইছোঁ মনৰ আৰণ্যত।
তৃপ্তিৰ সোঁৱৰণি ফালি
এৰি অহা পথৰ জ্যোৎস্না বিচাৰি
বাৰে বাৰে ঘূৰি চাওঁ-
সঁচাই জীৱন!
জীৱন যেন অনুপম।
—————————————
এমুঠিমান স্তৱক
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
১.
দাপোণখনেহে তাইক ক'লে
চুবুৰীৰ চাৰি আলিত বহি থকা
সুঠাম ডেকাহঁতৰ মাতবোৰ
ইমান মিঠা কিয় !
২.
বানে ভঙা মোৰ
হিয়াৰ মথাউৰিত
মেটেকাফুলীয়া এটুকুৰা ঘা,
প্ৰতিটো বানত দেখোঁ
ই হয় সজীৱ কজলা ।
৩.
এটি দুটি এঘাৰটি তৰা
তাতেই বিচাৰি পাওঁ তোমাক
শুভ্ৰ বৰণীয়া
জোনৰ মুখৰ হাঁহিটো যেন
তোমাৰেই হাঁহি মন মতলীয়া ।
৪.
প্ৰেম জীৱনৰ ঘাত প্ৰতিঘাত
মহাকাব্যিক শৰশয্যা জীৱন বোধৰ ।
৫.
কোনে সংগোপনে আনে
শীতৰ ঠেটুৱৈয়ে ধৰা ৰাতি,
মোৰ দুচকুত অপেক্ষাৰত
নিদ্ৰাহীনতাৰ আমনি;
কোনে সংগোপনে আনে
শেষ নিশা আকাশত
জ্বলি জ্বলি শেষ হোৱা
পুৱতি তৰাৰ কৰুণ বিননি !
৬.
গধুৰ বতাহ ভেদি
আৰু এজাক ধুমুহা আহিব ,
ধুমুহাৰ শেষত
বোবা মানুহৰ মুখত
ন-প্ৰভাতৰ জেউতি চৰিব ।
৭.
যেতিয়াই মই জীৱন-মৰুৰ তপ্ত বালিত
অকলশৰে আগুৱাই যাওঁ
তেতিয়াই মই দুহাত পাতি
ধূসৰ স্মৃতিবোৰ আঁকোৱালি লওঁ ।
৮.
কবিতাৰ জন্ম ক'ত?
মগনীয়াৰ হাতৰ কাঁহীত থকা
খুচুৰা পইচাৰ জনজননিত
নে ,চলন্ত গাড়ীৰ খিৰিকীৰে
দলি মাৰি দিয়া
খুচুৰা পইচাকেইটাৰ
লক্ষ্যহীন উদাৰতাত !
৯.
তেওঁৰ মুখত তুলসীজোপাৰ ছায়া
ধূপ আৰু ধূনাই ধোৱাময় কৰা
ঠাইখিনিত
গভীৰ দুঃখৰ প্ৰচ্ছায়া ।
১০.
ল'ৰাজাকৰ চকুত
জীয়া মাছৰ তিৰবিৰণি
অব্যৰ্থ লক্ষ্যত যেন বনৰীয়া এজাক হৰিণা
মৰা বেলিটো শ্মশানৰ
পোৰা কাঠৰ মাজত কৰবাত হেৰাল।
—————————————
প্ৰেমৰ নীলা চৰাই
ৰূপা গগৈ
মোৰ পদূলিত শৰতৰ আগমণ
হৃদয়ত প্ৰষ্ফুটিত শুকুলা প্ৰেমৰ ৰং
তলসৰা শেৱালি বুটলি
সজাই মনৰ কৰণি
ধূসৰিত সময়ৰ স'তে কৰো সহস্ৰ আলিংগন
অপেক্ষা মাথোঁ তোমাৰ বাবেই
আহিবা কেতিয়া আকৌ ঘূৰি
নিসংগতাৰ সংগী হ'বলে !
এপিয়লা দুখৰ মদিৰাত
ডুব যাব খোঁজে মোৰ সুখৰ সপোন
সূৰ্য আৰু সূৰুযমূখীৰ দৰে
দূৰে দূৰে থাকিও তুমি
মোৰ যে অতিকৈ আপোন...
তোমাৰ দুচকুত যেতিয়া ফুলে কঁহুৱাৰ ফুল
আৱেগৰ পদূলি মোৰ অনুভূতিৰে ভৰে
বুকুৰ নিৰিবিলি বাটত হাজাৰ পখীৰ উন্মনা গীতে
মনমোৰ আকুল কৰে
সময় সৰকি পৰে আঙুলিৰ ফাঁকে ফাঁকে
স্বপ্নৰ সমাধিস্থ হয়
ভালপোৱাৰ ঠিকনা বিচাৰি
শৰৎ নামে ধৰালে...ৰাতিৰ ৰজনীগন্ধাই
নিশব্দতাৰ গীত গাই আশাৰ প্ৰতিশ্ৰুতিৰে
উৰি যায় এজাক প্ৰেমৰ নীলা চৰাই ।
—————————————
ইমান পোহৰ তথাপি ইমান এন্ধাৰ
গকুল চৌধুৰী
ইমান পোহৰ তথাপি ইমান এন্ধাৰ
কিয় ?
কিয় ইমান পোহৰৰ মাজত ইমান এন্ধাৰ ?
উত্তৰ বিচাৰি প্ৰশ্ন কৰিলোঁ
প্ৰশ্ন কৰি প্ৰত্তুত্যৰ পালোঁ
মুখৰ আঁৰত যেনেকৈ এখন
মুখা থাকে
মানৱৰ মাজত যেনেকৈ এজন দানৱ থাকে
মানুহৰ মাজত যেনেকৈ বহুতো অমানুহ থাকে
ঠিক তেনেকৈ তীব্ৰ পোহৰৰ
মাজতো গভীৰ এন্ধাৰ থকে ৷
ইমান পোহৰ তথাপি ইমান এন্ধাৰ
পোহৰৰে আলোকী পথৰ কোনো এন্ধাৰ কেঁকুৰিত
কেনি হেৰাল
কেনি লুকাল
তাহানিৰ সোণালী সুদিন
দুজন মানুহৰ মাজৰ
দুটি মনৰ আন্তৰিকতা ৷
কেনি হেৰাল
কেনি লুকাল
দুজন মানুহৰ মাজৰ
মৰম , চেনেহ আৰু ভালপোৱা
য’ত আছিল কেৱল মিলনৰ মাদকতা
নাই আজি সেই দিন নাই
সকলোৰে মনত মাথোঁ এন্ধাৰৰ
অমানিশা ৷
কেনি হেৰাল
কেনি লুকাল
মাত্ৰ দুই - তিনি দশক পূৰ্বৰ
মাত্ৰ তিনি -চাৰি শতিকা প্ৰাচীন
মনৰ আকুলতাৰে আলফুলে
গঢ়া নিভাজ সম্পৰ্ক
য’ত নাছিল কোনো স্বাৰ্থ
আজি সকলো নিজক লৈ ব্যস্ত
যেন এটি যন্ত্ৰ
চৰ্তাৱলী প্ৰযোজ্য
সম্পৰ্কৰে বান্ধ খাই থাকিবলৈ
হ’লে আখৰে আখৰে পালন
কৰিব লাগিব কিছুমান চৰ্ত ৷
ইমান স্বাৰ্থপৰতা
ইমান যান্ত্ৰিকতা
ইমান আত্মকেন্দ্ৰিকতা
নাই নোৱাৰে
কোনো সহজ-সৰল আবেগিক
মনৰ মানুহে সহিব নোৱাৰে
ইমান যাতনা - যন্ত্ৰণা ৷
বনত পোহৰ
মনত এন্ধাৰ
পৃথিৱীত পোহৰ
জীৱনত এন্ধাৰ
সূৰ্য্যৰ পোহৰেৰে গাওঁখনত
পোহৰে পোহৰ
কিন্তু উচ্চ- নীচ , জাত- পাত
ধনী- দুখীয়াৰ পাৰ্থক্যৰে
সমাজখনত এন্ধাৰে এন্ধাৰ ৷
জোনৰ পোহৰেৰে ঘৰখনত
পোহৰে পোহৰ
কিন্তু মিলা-প্ৰিতি , মৰম
মানৱতাৰ অভাবত মনবোৰত
এন্ধাৰে এন্ধাৰ ৷
ইমান পোহৰ তথাপি ইমান এন্ধাৰ
প্ৰেম , ভাতৃত্ববোধ , মৰম ,মানৱতা
শান্তি ,সম্প্ৰীতি ,একতা ,এনাজৰী
নামৰ তীক্ষ্ণ পোহৰেৰে
নিশেষ কৰোঁ আহক
হিংসা , ঘৃণা, ঈৰ্ষা , অশুয়া
অশান্তি , আক্ৰোশ ,ৰাগ,খং
অভিমান নামৰ গভীৰ এন্ধাৰক ৷
—————————————
নীলা নিশাৰ সপোন
এনী ভূঞা ডেকা
এটা ভঙা সপোনক লৈ
জীয়াই আছোঁ
জানোবা আহে সেই দিনটো!
বুকুত কঢ়িয়াই লৈ ফুৰিছো
সেই হেঁপাহবোৰ...
মোৰ উকা শেতেলিত
তুমি যে এতিয়া পাৰিজাত।
তথাপি হেঁপাহৰ জানো সীমা আছে...?
সপোনৰো আছে এটি দীঘলীয়া বাট
যি বাটে বিলাই যায়
অতীত আৰু বৰ্তমানৰ প্ৰতিচ্ছবি
নীলা নিশাৰ সপোনবোৰত মানৱতাৰ মৃত্যু হৈছে
বাৰে বাৰে
সময় আৰু পৰিবৰ্তনৰ সোঁতত
সপোনবোৰ সলনি হৈছে বাৰে বাৰে
ভয় হয় পৰিবৰ্তন হেঁচাত জাতিটো শেষ হোৱাৰ...
সেয়ে,সাহস আৰু প্ৰেৰণাৰ উৎস হিচাপে
তোমাক বিচাৰোঁ
নিচেই কাষত!
এটা ভঙা সপোন লৈ
জীয়াই আছোঁ
জানোবা আহে সেই দিনটো...
—————————————
উৎস
সুশান্ত দাস
জিহ্বাৰ অবিহনে মাতে জানো পূৰ্ণতা পায়
ৰসনাৰ বিনেতো ৰসৰ সোৱাদ ম্লান হৈ যায়
ৰাতিৰ অবিহনে দিন অহাৰ উদ্বিগ্নতা জানো বৃদ্ধি পায়
শৰ্ব্বৰীৰ বিনেতো সমস্ত সংসাৰ দিনতেই যায় ।
সংগ্ৰাম অবিহনে জানো জীৱনে গতি পায়
যুঁজৰ অবিহনেটো প্ৰাপ্তিৰ আনন্দও নাই !
সন্ধিৎসাৰ অবিহনে জানো আৱিষ্কাৰৰ নৱ-তত্ত্ব পায় ?
সন্ধিৎসু মনৰ অধিকাৰীয়েহে উদ্ভাৱনৰ প্ৰজ্ঞা পায় ।
সন্দৰ্ভ অবিহনে জানো কথাৰ গাড়ী বেগাই যায়
প্ৰসঙ্গৰ অবিহনে জানো আলোচনাই স্থান পায়
সন্মোহিতাৰ অবিহনে জানো সংসাৰ সফল হয়
মোহাচ্ছতাৰ বিনে জানো জীৱন যায় !
স্বাচ্ছন্দ্যতা বাঞ্ছা নকৰা জানো কোনোবা আছে
আৰু যাৰ আছে ;
তাৰ নিজলৈকে নাটে !
নাৰী অবিহনে জানো পৃথিৱী জন্মে !
নাৰী আছে বাবেইটো , মানুহো আছে ।
সংযম অবিহনে জানো স্থিৰতা আছে
সংযমশীলতাৰ বাবেইতো পোৱাৰ আনন্দ আছে ।
সৰ্বোশেহান্তত,
উৎস নহ'লে উৎপত্তি নহয় ,
উৎপত্তি হ'লেও যেন পূৰ্ণ নহয়
উৎস মানেই উৎপত্তিৰ মূল
উৎস মানেই সৃষ্টিৰ ফুল ।
—————————————
প্ৰতিযোগিতা
অজন্তা তামুলী ফুকন
নিতৌ ন ন কৌশল
নিতৌ ন ন চিন্তা
তোমাতকৈ এখোপ
চিৰিৰে বগাই যোৱাৰ
প্ৰতিযোগিতাৰ বজাৰত
নিজকে বিক্ৰী কৰি
নিজৰেই বিবেকক
বন্ধকত থৈ
কলিজাটো
থুকুচি থুকুচি ধুই
অট্ৰহাস্য কৰি থাকোতেই
আকাশখন ৰʼদাই গʼল
তাত নাছিল কৃত্ৰিমতা
আছিল উত্তাপ
চিতাৰ জুমুঠিটোৰ
প্ৰতিযোগিতা সমাপ্তিৰ।
——————————
মৰীচিকা
অমৰদীপ কলিতা
এন্ধাৰে পাহাৰ লুকুওৱাব পাৰে,
ৰাতিবোৰ মায়াবী;
পোহৰতো ধূসৰিত হৈ ৰয়
মুখাৰ আঁৰৰ কত কাহিনী ৷
তেওঁৰ বিদ্যমানতাত জলধিৰ সন্ধান,
তৃষ্ণাতুৰ মই
বাৰে বাৰে ঢপলিয়াই যাওঁ ৷
হায়ৰে পোহৰৰ ধেমালি !
ভ্ৰমৰ আৱৰ্তমানত জীৱন ৷
——————————
বিষন্ন বদন
জোনমনি বৰা
সকৰুণ দৃষ্টি তোমাৰ
আকাশ ধিয়াই ভাব লেখৰ
বিষন্ন বদন
মনৰ মাজত যেন
মৰা আউসী
চিন্তাৰ সাগৰত ঢৌ তুলি
আছা যে স্থিতপ্ৰজ্ঞ হৈ ৷
পাৰ হৈ যোৱা সোনোৱালী অতীত স্মৃতিৰ লেছেৰি বুটলি
অনুতপ্ত আজি তুমি
সোনোৱালী হলেও অতীত
ঘূৰি নহা পথৰ পথিক ৷
—————————————
কি নাম দিম কবিতাৰ
সিৰাজুল হক
তোমাৰ কথাত
কবিতা লিখিলোঁ
তোমাৰেই কবিতা
য'ত আছে ৰঙা শিমলু
আৰু ফাগুনৰ গান
নাকত লগা চুলিকোছাৰ গোন্ধত
নিশা উজাগৰে থাকো
তোমাৰ অনুভৱত
কোৱাচোন
কি নাম দিম কবিতাৰ?
কিন্তু হঠাৎ
চকু দুটি সেমেকি গ'ল
বুকুৰ ধপধপনি বাঢ়ি গ’ল
তোমাৰ কথাত
কবিতা লিখিলোঁ
দেশৰ কবিতা
য'ত কেঁচামাটিৰ গোন্ধ
নাৰীৰ অধিকাৰ
নিবনুৱা আৰু কৃষকৰ কথা
কাণত বাজি উঠে
কনকলতা, মূলাগাভৰু
কুশল কোঁৱৰ, পিয়লি ফুকন
আৰু বীৰ-বীৰাঙ্গনাৰ কথা
কোৱাচোন
কি নাম দিম কবিতাৰ ?
তোমাৰ কথাত
কবিতা লিখিলোঁ
ভাষা সংস্কৃতি
ঐক্যৰ কথা
আজি চোৱাচোন
মাতৃভাষা আৰু সংস্কৃতি সংকটত
নাই কোনো ঐক্য
কোৱাচোন
কি নাম দি কবিতাৰ ?
—————————————
তুমি আহিছিলা যেতিয়া
ৰাহুল কোঁৱৰ
তুমি আহিছিলা শৰতৰ বাটেৰে
তয়া-নয়াকৈ এজাক বৰষুণ আহিছিল
বৰষুণ জাকে গীত গাইছিল চিপ্ চিপ্
কুঁৱলীয়ে আবৰিছিল সুগম পথ ধোঁৱা কোঁৱা কৈ
তুমি আহিছিলা যেতিয়া
শেৱালি ফুলবোৰেও হাঁহিছিল
তুমি কাষ চাপোতে বুকুখন কপিছিল ধিপ্ ধিপ্
ততাতৈয়াকৈ যাওতে দেহৰ কামিহাড় ভাগিল
যিহে কন্টকময় সময়!
তেতিয়াই বিশ্ৰাম কৰিলোঁ
হাৱাই চেণ্ডেলযোৰৰো ফিটা ছিগিল
এতিয়া বাকৰুদ্ধ হৃদয়ে ঐনিতম নাগায়
তুমি অহা উমানত বলে পছোৱা বতাহ
শৰতৰ ৰাতি শেৱালি উটি যায়
তুমি আহিছিলা যেতিয়া...
—————————————
তুমি পাৰিলে বৃষ্টি হৈ আহিবা
ড০আদিল আলী
তুমি নহালৈকে
মই ইয়াতে থাকিম
তোমাৰ মনত পুতি ৰখা প্ৰতিটো ইচ্ছাক
সযত্নে হাতৰ মুঠিত লৈ
মোৰ ওচৰলৈ আহিবা
বিবেকৰ তৰ্জুত জুখি-মাখি চাম
তুমি নহালৈকে
মই ইয়াতে থাকিম
তোমাৰ মনৰ মোনাত থুপি ৰখা জীৱন নাটৰ জয়-পৰাজয়ৰ অলেখ দৃশ্য
মগজুৰ স্মৃতিৰ চন্দুক্ খুলি ভাবনাৰ ৰীলেৰে দৃশ্যমান কৰিবা শব্দ তৰংগৰ ঢৌত
তুমি নহালৈকে
মই ইয়াতে থাকিম
তুমি পাৰিলে বৃষ্টি হৈ আহিবা
মৰুৰ পথাৰত সেউজীয়া জীউৰ সন্ধান কৰিম
তুমি নহালৈকে
মই ইয়াতে থাকিম
তুমি যেনেকৈ নহা কিয়
আহোতে যেনতেনকৈ এপাত ঐশ্বৰিক সন্মোহিনী বাণ লৈ আহিবা
মানৱৰ হিংসা-প্ৰতিহিংসাৰ বুকুত নিক্ষেপ কৰি গঢ়িম এখন হিংসামুক্ত সমাজ
য'ত
নেথাকিব ধৰ্ম আৰু ভাষাৰ দ্বন্দ্ব
তুমি নহালৈকে
মই ইয়াতে থাকিম
তুমি আহিলে
এখন সঞ্জীৱনী নৈ হৈ আহিবা
পিয়াহতুৰ মাটিয়ে পান কৰি সিঁচিব এখন সেউজীয়া ধৰা
তুমি নহালৈকে
মই ইয়াতে থাকিম
আৰু যদি অহা মোৰ ওচৰলৈ
আহোতে এমুঠি তৰা ফুল লৈ আহিবা
তাকে ৰুম মই বুকুৰ বাকৰিত
তাকে দেখি শিশু মনে বিষাদ এৰি গাব প্ৰেমৰ গান।
—————————————
সংগোপনে সেউজীয়া বৰষুণ
প্ৰস্তুতি শৰ্মা
ব্যস্ত চহৰখনত আবেলি এটাৰ বুকুত
চিপচিপিয়া বৰষুণজাকে
লুকা-ভাকু খেলিছিল
কৃষ্ণচূড়াৰ পাহি সৰি ৰঙা হৈ থকা পথটোৱেদি মই আগবাঢ়িছিলোঁ।
উফঃ বৰষুণজাকে মোক চুইছে ।
মই কিন্তু তিতিছোঁ হৃদয়ৰ পৰাও।
তোমাৰ বেঙুনবুলীয়া চাৰ্টটো মোৰ বৰ প্ৰিয়...
আহা, সেই ৰাস্তাটোতে বহো অকনমান
কবিতা কবিতা লগা
মিঠা আবেলিটো পাৰ কৰোঁ।
তুমি কি ভাল পোৱা
পাহাৰ নে ৰ'দ নে বৰষুণ?
তুমি দুআষাৰ কথা ক'বা
শব্দৰ বৰষুণত তিতিম আমি।
কপালত আঁকিবা এটি চুম্বন।
যদি কথাবোৰ দিঠক হয়
শেষত মাথোঁ এটাই প্ৰশ্ন কৰিম
মোৰ সেন্দুৰীয়া আলিটো
তোমাৰ নামেৰে নামাকৰণ কৰিবলৈ দিবানে?
—————————————
আঘোণ
আচমা জাফ্ৰী
আঘোনৰ পথাৰত নৰাৰ মাজত ধিতিঙালি মাৰি
নৰাৰ পেঁপা সাঁজি
সেই সুৰত মগন হোৱাৰ সুখ,
ক'তো আৰু নাই।
বালিচঁহীয়া মাটিত এপৰলৈ খান্দি
পোৱা সেই চেচুৰ সোৱাদ
ক'তো আৰু নাই
হাতৰ লেছেৰি মুঠিয়ে
বুকুত বৈ দিয়া সুখ
ক'তো আৰু নাই
নৰাই কটা ভৰিৰ চেকচেকনিত
মিঠাতেলৰ পৰশে দিয়া অমিয়া সুখ
ক'তো আৰু নাই।
কেঁচাগুটিৰ ভৰত ভৰুণ হোৱা পথাৰখনৰ
উহুমা গোন্ধৰ সুবাস
ক'তো আৰু নাই
আঘোণে ৰিঙিয়ায়।
—————————————
মই এজনীক লাগে
ডলি গোস্বামী
মোক ঠিক মোৰ দৰে
মই এজনীক লাগে
মোৰ যি অপ্ৰকাশিত বেদনাবোৰ
কলিজাৰ পৰা নিগৰি থকা চেঁচা তেজবোৰ
মোৰ দৰেই লুকুৱাই ৰাখিব পাৰিব মোক
মোক ঠিক মোৰ দৰেই
মই এজনীক লাগে
যি ভালপোৱাৰ দৰে
জীৱনৰ ঘৃণাবোৰ
বিষত বিব্ৰত হৃদয়ৰ কেঁকনিবোৰ
মোৰ দৰেই লুকুৱাই ৰাখিব পাৰিব মোক
মোক ঠিক মোৰ দৰেই
মই এজনীক লাগে
যি পোৱা নোপোৱাৰ হিচাপ নকৰি
তৃপ্ত হোৱাৰ প্ৰয়াসত
প্ৰতিদিনে নিজৰ মৃত দেহৰ
বোজা কঢ়িয়াই কঢ়িয়াই হাঁহি থকাৰ
ভঙ্গিমা কৰি ধুনীয়াজনী হৈ থাকিব পাৰিব
মোক ঠিক মোৰ দৰেই
মই এজনীক লাগে।
—————————————
মাপকাঠি
দিপ্তী মনি গোস্বামী
ভাষা সাহিত্য আমাৰ আপোন
ইয়েই একোটি জাতিৰ দাপোণ।
নৱৰূপ নৱ সৃষ্টিৰ অন্বেষণ
ভূত ভৱিষ্যত বৰ্তমানৰ সংমিশ্ৰণ।
সৃষ্টিৰ উত্তৰণৰ গতি প্ৰৱাহমান
দেখি পুলকিত হয় হদয়খন
কিন্তু কেতিয়াবা হওঁ ম্ৰিয়মান
চূৰ্ণ-বিচূৰ্ণ হয় আলসুৱা হৃদয়খন
কোন দিশে ধাৱমান...?
সংস্কৃতিৰ সাধকসকল নহয় নেকি ত্ৰস্তমান?
বাৰ মাহত তেৰটা প্ৰান্তত চলে অনন্য আয়োজন,
সকলোৱে দেখিছোঁ উদৰ ভৰি দিয়ে অভিনন্দন ;
পিতামহৰ লক্ষ্য উদ্দেশ্যৰ সপোন...!
হোৱা নাই নে অপভ্ৰংশৰ আয়োজন?
বাগ্মিবৰ ককাৰ অত বছৰ অপেক্ষাৰ সন্ধিক্ষণ
হৈছিল তেওঁৰ সেউজীয়াৰ সীঁৰলুত শ্যামলীকৰণ!
ৰসৰাজ নটসূৰ্য্য আদি কৰি মামনি ৰয়চম
ইতিহাসৰ সোণালী আখৰত বন্দী কত বৰেণ্যজন;
তাত জানো আছে ভুকুতে কল পকোৱা উদাহৰণ?
বহু ত্যাগ সাধনা প্ৰজ্ঞাৰে কৰিছিল আৰোহণ।
আজিৰ উত্তৰণ,
বাঃ বাঃ বাঃ আজিৰ উত্তৰণ!
পলকতে অনেক উপাধি আভূষণ বিভূষণ।
তৰাৰ দেশতো হয়তো কান্দি আছে বহু বৰেণ্যজন
ক্ষয় হোৱা দেখি তেওঁলোকৰ মূল খুটিৰ নিৰূপণ!
—————————————
দীপাৱলী
ড° ইকবাল হোচেইন খান
পোহৰে মানুহৰ সমস্ত বেদনা
অটল গহব্বৰত গিলি থওক
প্ৰতিদিনেই হওক উৎসৱ পোহৰৰ
আনন্দ হওক জীৱনৰ
জীৱন হওক প্ৰেমৰ
প্ৰেম হওক বিশালতাৰ সুৰ
সুৰে সুৰে বাজি থাকক সাম্যৰ গান
বিবেক হওক তাৰ তান
সকলোৱে ৰক্তিম আভাক জনাও স্বাগতম
আহক আমি
এন্ধাৰ নাশি ভিতৰৰ পৰা
বাহিৰ কৰোঁ পোহৰ
পোহৰ হওক আশাৰ কবিতা
জীৱনৰ কবিতা
শান্তিৰ কবিতা
কবিতা হওক জীৱন দৰ্শন
পোহৰৰ বাৰ্তা বহন কৰি ।
জীৱনৰ বাটে বাটে
উদযাপিত হওক দীপাৱলী
বেদনা নাশি
এয়াই হওক উৎসৱৰ উপলব্ধি
দীপাৱলী ।
—————————————
লুইতলৈ যেতিয়া সন্ধ্যা নামে
তানিয়া মধুকল্য
ৰহণ সনা সেই চিনাকি
আবেলিটোৰ পৰত
লুইতৰ বুকুলৈ ধীৰে ধীৰে
নামি আহিল এটি
জিকাফুলীয়া সন্ধিয়া।
বেলি লহিওৱাৰ লগে লগে
উত্তপ্ত নৈখনো ক্লান্ত হৈ পৰিল
ঘৰমূৱা বেলিৰ ৰঙে
নৈখনো ৰাঙলী কৰিলে
মই আপোন-পাহৰা হৈ
চাই থাকিলোঁ
প্ৰকৃতিৰ সেই মনোমোহা দৃশ্যপট
য'ত বিচাৰি পাওঁ
শান্তি নামৰ এক স্বৰ্গীয় সুখৰ ঠিকনা
কুৰুৱা বতাহৰ বা লাগি
কঁহুৱাবোৰে হালি-জালি নাচিছে
কুলি-কেতেকীৰ মাতত
লুইতৰ উদাৰ বুকুলৈ
আজিও বসন্ত নামে
প্ৰকৃতিৰ এই নান্দনিকতাৰ
সাক্ষী হৈ ৰ'লো মই
সন্ধ্যা নৈৰ বুকুত উপঙি থাকে
এমুঠি সুখৰ জোনাক।
কিয় জানো নৈখনে মোক
বাৰে বাৰে ৰিঙিয়াই!
নৈখনে যেন মোৰ লগত
প্ৰাণ খুলি কথা পাতিব বিচাৰে
কৈ যাব খোজে তাইৰ সমস্ত
দুখ-বেদনা , হৰ্ষ-বিষাদ ইচ্ছা-অনিচ্ছা
নৈখন যেন আজীৱন
মোৰ হৈয়ে ৰ'ব
চিৰদিন এক বিশ্বাসী ছাঁয়া হৈ।
—————————————
সূৰ্যমুখী সপোনৰ আলাপ
নিবেদিতা দাস লাহন
ছাঁ পোহৰৰ আখৰাত
নিমগ্ন দিনটোৰ ভাগৰে
কৈ দিয়ে জীৱনৰ কিছুমান
অপ্ৰিয় সত্যৰ যোৰা নলগা
সময়ৰ কৰুণ বিলাপ।
তুমি আছা বাবেই সপোনে হাঁহে
বুকুত গুণগুণাই
সূৰ্যমুখী সপোনৰ আলাপ।
তোমাৰ বাবেই বেইৰঙী জীৱনৰ
প্ৰতিখিলা পাতত বোলাই লওঁ
মদাৰফুলীয়া ৰঙৰ এসাগৰ বেজাৰ।
বুকুৰ ঈশান কোণত মৰি মৰি জী উঠা
জুইকুৰাক নিচুকাবলৈ
বিচাৰি নাপাওঁ একো অজুহাত ।
অভিমানবোৰ থাকিবলৈ দিয়া
এনেকৈয়ে আজীৱন
অভিমানে হেনো মৰম বঢ়ায়।
———————————————
কন্যা সন্তান
জোনমনি মহন্ত
মা মইতো নাজানো
কিয় জনম ললোঁ
কন্যা সন্তান হৈ
মোৰ জীয়াই থকাৰ অধিকাৰ
নাছিল নেকি বাৰু?
মই পৃথিৱীলৈ অহাৰ বাবে
তুমি সহিব লগা হৈছিল
নানান তিৰস্কাৰ আৰু যন্ত্ৰনা
ষড়যন্ত্ৰৰ বলি হৈছিলা
তেতিয়া তুমি সাহসী হ’বলৈ
ভবা নাছিলা কিয় মা?
নে কন্যা সন্তান বুলি
তুমিও পৰিস্থিতিৰ সন্মুখীন হ'লা?
পৃথিৱীখন চাবলৈ পোৱাৰ আগতে
মোক জাবৰৰ দ’মত
পেলাই থৈ আহিবলৈ সিদ্ধান্ত ল'লা
তোমাৰ একো নিজস্বতা নাছিল নেকি
মোক মুক্ত আকাশৰ তলত
থিয় কৰাই দেখুৱাবলৈ?
ভুল কৰি ভুল লুকুৱাই
নাৰীৰ নামত কি সাহসিকতা
পৰিচয় দিলা?
জীৱনৰ ৰং আঁকিবলৈ নিদি
থিতাতে মোক দলিয়াই দিলা
নাৰীৰ নামৰ নীৰব বিশৃঙ্খলতাত থাকি
কলংকিনী উপাধি ল'লা...
—————————————
বিপন্ন সময়
চুভানা চুলতানা আহমেদ
ভাৰসাম্যহীন আজিৰ উৎসৱ মতলীয়া সমাজ
আনন্দ উল্লাসৰ অহৰহ আতচবাজি
আনফালে প্ৰাণৰ শংকাত জীৱকূল
প্ৰদূষিত আকাশ-বতাহ
উশাহ-নিশাহৰ বাবে বিশুদ্ধ বায়ুৰ অভাৱ।
শাৰী শাৰী প্ৰজ্বলিত বন্তিৰে
তমসা নাশি পোহৰ আদৰি
আলোক সন্ধানী মানৱৰ যাত্ৰা।
এই অবিৰত যাত্ৰাই জ্ঞানৰ আলোকেৰে
উদ্ভাসিত কৰক মানুহৰ মন।
শব্দ প্ৰদূষণেৰে ধৰিত্ৰী কঁপাই
পক্ষীকূলক গৃহহাৰা কৰি
মানৱ সভ্যতাক ধ্বংসৰ কৰাল গ্ৰাসলৈ
ঠেলি দিয়াৰ প্ৰচেষ্টাৰ অৱসান ঘটি
যেন এক নতুন আশাৰ সঞ্চাৰ হয়।
——————————————————
0 Comments