——————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
__________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
—————————————
বাটচ’ৰা
সম্পাদকীয়...
'কেৱল কবিতা মানেই সাহিত্য নহয়'-এই বক্তব্যটো কালি মৰিগাঁও জিলা দিৱস উপলক্ষে মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰত আটাইকেইগৰাকী আলোচকৰে ভাষণত শুনা গৈছিল।
সামাজিক মাধ্যমতে হওক কাকত-আলোচনীতে হওক ,সকলোতে কবিতা(!)ৰ জয়ধ্বনি।বহু প্ৰবীণ সাহিত্যিকেও কবি হিচাপে ভুমুকি মাৰিব লাগিছে। নিতৌ ন ন কবি(!)ৰ জন্ম হ’ব ধৰিছে। কবি সন্মিলনবোৰত কবিতা পাঠ কৰিবলৈ হেতা-ওপৰা লাগে। সেইবোৰ কবিতা হয় নে নহয়,সেই বিষয়ে আলোচনা নকৰো।কিয়নো এতিয়ালৈ কবিতাৰ কোনো সুনিৰ্দিষ্ট সংজ্ঞা নিৰ্ধাৰণ হোৱা নাই। তাৰোপৰি সাধাৰণতে কবিতাৰ মান নিৰূপক মান্য আলোচনীকেইখনেও নিয়মীয়াকৈ এনে কবিতা(!) প্ৰকাশ কৰিব লাগিছে।
কবিতা হওক বা নহওক ,যদিহে সামাজিক দায়বদ্ধতা নাথাকে ,তেনে সেই লেখাৰ অস্তিত্বই বা কি !
সস্তীয়া জনপ্ৰিয়তাতকৈ সামাজিক দায়বদ্ধতা বহু উৰ্ধত। সামাজিক দায়বদ্ধতাৰে কচৰৎ,সাধনা আৰু
অধ্যয়নৰ জৰিয়তে কাব্যচৰ্চাত নিজকে ব্ৰতী কৰিলেহে সময়ৰ বালিত খোজ দৃঢ় কৰিব পৰা যাব।অন্যথা কালৰ বুকুত সকলো লীন হৈ যাব।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————
কবিতাৰ আড্ডা
যতি-চিহ্ন : ঊৰ্ধ্বকমা
উদয় কুমাৰ শৰ্মা
দুটা ঊৰ্ধ্বকমা ( " ... " ) আৰু এটা ঊৰ্ধ্বকমা ( ' ... ' ) ৰ প্ৰয়োগত খেলিমেলি (আনকি, সাহিত্য-বিষয়ক আলোচনীতো) দেখি কষ্ট পাওঁ।
নাটকৰ সংলাপ আৰু, কাৰোবাৰ উক্তি বা উদ্ধৃতিক হুবহু উদ্ধৃত কৰিবৰ বাবে -- দুটা ঊৰ্ধ্বকমা ব্যৱহাৰ কৰাটোহে সঠিক।
কোনো কিতাপ বা বিশেষ বস্তু আদিৰ নাম ; প্ৰসংগক্ৰমে বা উদাহৰণস্বৰূপে তুলি ধৰা শব্দ ,বাক্য, কবিতাৰ শাৰী আৰু, বিশেষ অৰ্থ-বাহক শব্দক উনুকিয়াবলৈ -- এটা ঊৰ্ধ্বকমা ব্যৱহাৰ কৰাটোহে নিয়ম।
——————————————————————
অনুবাদ কবিতা
The Pool
BY H.D. 1915
Source: Poetry Foundation
Are you alive?
I touch you.
You quiver like a sea-fish.
I cover you with my net.
What are you—banded one?
ডোং
কৱিঃ এইচ ডি
১৯১৫ চন
ভাবানুবাদঃ ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
তুমি জীয়াই আছা নে
মই তোমাক চুই চাইছোঁ
সাগৰীয় মাছৰ দৰে কঁপি উঠিছা
মই তোমাক জালেৰে ঢাকি দিওঁ
তুমি কি কৰানো— বিশিষ্টজন
—————————————
কিয়
মূল : অজ্ঞেয় (হিন্দী)
অসমীয়া অনুবাদ : অপূৰ্ব ভূঞা
কিয় মোৰ এই জীৱন
ফুটা পীপাৰ তেলৰ দৰে
টোপাল টোপাল কৈ অজানিতে
সময় বলুকাত বিলীন হ’ল
কিয় তোমাৰ সেই হাঁহি
ঘাঁহৰ আগত ওলমি ৰোৱা নিয়ঁৰকণাৰ দৰে
তিৰবিৰাই তিৰবিৰাই উঠিব খুজিও
কি অনুভৱৰ উষ্মাত উধাও হ’ল
কিয়, যেতিয়া প্ৰেম হেৰাই গ’ল
স্মৃতি মনৰ কোঠালীত বন্দী হৈ ৰ’ল
ৰন্ধা-বঢ়া হৈ গ’ল, অতিথি গুচি গ’ল
মাথো সুস্বাদু খাদ্যৰ গোন্ধ গোটেই ঘৰ বিয়পি ৰ’ল
কিয় মোৰ এই প্ৰশ্নই প্ৰতিআঘাতেৰে
অস্থিৰ কৰি তোলে মোক ৰাতি-ৰাতি
যেনেকৈ আলমাৰিৰ কাকতৰ টোপোলাত লুকাই
নিগনিয়ে কৰি থাকে কুতুৰ- কুতুৰ, খুচুৰ-ফুচুৰ ৷ #
টোকা: ভাৰতীয় হিন্দী সাহিত্যৰ পুৰোধা ব্যক্তি সচ্ছিদানন্দ হীৰানন্দ বাৎসায়ন (১৯১১- ১৯৮৭) ’অজ্ঞেয়’ ছদ্মনামেৰেহে বিখ্যাত আছিল ৷ সংস্কৃত, ফাৰ্চী, বেঙ্গলী আৰু ইংৰাজীত বুৎপত্তি থকা অজ্ঞেয় আছিল একেধাৰে কবি, গল্পকাৰ, উপন্যাসিক, নিবন্ধকাৰ, পত্ৰকাৰ আৰু সম্পাদক, সমালোচক ৷ উত্তৰ প্ৰদেশৰ দেবৰিয়া জিলাৰ কুশীনগৰত জন্মলাভ কৰা এই ব্যক্তিগৰাকীৰ শিক্ষাক্ষেত্ৰ লক্ষ্নৌ, পঞ্জাব, লাহোৰ , মাদ্ৰাজ বিশ্ববিদ্যালয়, দিল্লীলৈ যিদৰে বিয়পি আছিল সেইদৰে কৰ্ম্মক্ষেত্ৰও বৰ্ণাঢ্য ৷ বৃটিছৰ সৈনিক, অল ইণ্ডিয়া ৰেডিঅৰ চাকৰি, পত্ৰকাৰিতাৰ পৰা অধ্যাপনালৈ বিস্তৃত কৰ্ম্মজীৱন অতিবাহিত কৰা এই ব্যক্তি গৰাকীয়ে স্বাধীনতা আন্দোলনৰ ক্ৰান্তিবাহিনীত যোগ দি কেইবাবাৰো কাৰাবাসো খাটিব লগা হৈছিল ৷ অথচ তেখেতৰ প্ৰায়বোৰ কবিতাই কোমল সাঙ্গীতিক লয় যুক্ত আৰু ৰোমান্টিক ৷ তেওঁক ১৯৬৪ চনত সাহিত্য একাডেমী আৰু ১৯৭৮ চনত জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল ৷ তেখেতৰ পত্নী আছিল প্ৰখ্যাত ভাৰতীয় ধ্ৰুপদী নৃত্যবিশাৰদ, শিল্পী,পদ্মবিভূষণ কপিলা বাৎসায়ন ৷
—————————————
কবিতা
ধানে-গানে মোৰ ৰ’দ-জোনাকৰ বাঁহী
ৰুদ্ৰ সিংহ মটক
পোনাকণক কুঁহিপাঠ এখন কিনি দিব নোৱৰা
দুখৰ ডাৱৰবোৰে মোৰ পুৱাৰ আকাশখন ঘোলা
কৰি তোলে
বেলিয়ে আমন-জিমনকে পঢ়ে সৰা শেৱালিৰ
পাহি যেন এফাঁকি কুঁৱলীৰ কবিতা
জোনজনীক বিহু বুলি ফুটুকী ফ্ৰক এটা, মাকলে’
কপাহী বা ভয়েলৰ চাদৰ এখন কিনো বুলিও
কিনিব নোৱৰা দুখৰ গোটমৰা চকুলোৰে
চেঁচাপৰা বুকুখন শিল হেন কিবা গধুৰ-গধুৰ
লাগে
জঠৰ হৈ আহে ঠেঁটুৱৈয়ে ধৰা
হিয়াৰ কজলা জোন এফালি
কেঁচা দেহাৰ ঘামে-তেজে সাৰুৱা ৰূপতলী পথাৰ,
ককাদেউতাৰ দিনৰে মোৰ দুকঠা ৰুপিত মাটি
আঘোণৰ আলি ঢাকি হালি পৰে নিয়ৰ-হেঙুলীয়া
পকাধান
ছঠৰীয়া ডাঙৰিৰে পিছে মোৰ নহয়,
ডাঙৰীয়াৰহে দহোটা ভঁড়াল ভৰে
বুকুখন কিবা কমাৰশালৰ পকা অঙঠাবোৰৰ
দৰেই ভকেভকায়,জ্বলা জুইৰ দৰেই ভমেভমায়
এন্ধাৰ ভাঙি বুকুত আকৌ তুলি ল’ম
ৰহদৈ পথাৰৰ সোণোৱালী পকাধান
গৰখীয়া বাঁহীৰ জোনাক এদোণ, মাণিকী-মধুৰী
আমোলমোল গোন্ধ।
—————————————
বেয়া শিক্ষক
ধীমান বৰ্মন
বেয়া শিক্ষকবোৰ জধলা
নফণিওৱা চুলি,অযত্নৰ চোলা
বেয়া শিক্ষকবোৰ ডুবি থাকে
গণিতৰ মাজত
বেয়া শিক্ষকবোৰে লুকাব খোজে
ছাতৰৰ মাজত
বেয়া শিক্ষকক ভাল শিক্ষকে বেয়া পায়
বেয়া শিক্ষকৰ বাবে বিদ্যালয়ত নাথাকে নিৰ্দিষ্ট চকী
ভাল শিক্ষকৰ থাকে গলগলীয়া কণ্ঠ
ঘোষণা কৰিব পৰাকৈ
বেয়া শিক্ষকৰ ক্ৰুটি
অভিভাৱকৰ মাজত ভাল শিক্ষকৰ আদৰ
অভিনয় সংলাপ ভংগীমা মাতৰ
ভাল শিক্ষক উদিত ভাস্কৰ
পোছাকে আচাৰে ধাতু শংকৰ
বেয়া শিক্ষক ৰুগ্ন ধীমান
বুকুত মাথো মুকুলৰ সোপান
ভাল শিক্ষক শান্তিৰ গৌতম
বেয়া শিক্ষক যুদ্ধ যোগৰ গীতা
ভাল শিক্ষকৰ বাবে বেয়া শিক্ষক
চকুৰ কূটা কিম্বা সোৰোপা জঞ্জাল
বেয়া শিক্ষকৰ বাবে ভাল শিক্ষক
সন্মানৰ মূকূট আনন্দৰ ৰাতুল
এগৰাকী ছাত্ৰীয়ে
যেতিয়া এগৰাকী বেয়া শিক্ষকক সোধে
ডিঙিত বেয়াৰ বিশেষণ আঁৰি
আপোনাৰ নদীত জাপ দিবলৈ মন নাযায়নে
সেঁতা হাঁহিৰে শিক্ষকে কয়-
চৰায়ে খুটি থকা পকা ফলটোলৈ চোৱা
মোৰ মুখনি তুমি তাত নেদেখানে!
—————————————
ৰাতিবোৰ
স্বপ্নালী কলিতা
চহৰৰ উপকণ্ঠত টিউৱ লাইটবোৰৰ
মাজত গুণগুণনি উঠিল ।
ৰাতিবোৰ স্বাধীন হ'ব।
এন্ধাৰে অন্ততঃ মিছাতে পিন্ধিব নালাগিব
বদনামী চেলেং ।
দোকানবোৰত টোপনিক তলা লগাই
চৌখিন একাপ চাহ অথবা কফিয়ে
এটা কবিতাৰ ধোঁৱা উৰুৱাব।
আৰু এখন হেলনীয়া চকীয়ে
এজোপা আঁহত গছৰ শিপাত
এটা ছিঙি যোৱা জীৱন আঁকি থাকিব ।
ঘৰবোৰে ৰাতিৰ বাবে নকৰিব আয়োজন
দিন বুলি নাথাকিব দ'ৰাদ'ৰিৰ সাজোন ।
এটা সাপৰ পিঠিত ৰাতি খেদা আঙুলিবোৰ
উটিভাঁহি ৰাতিৰ বতাহত বহি
হাজাৰ যুগৰ সময় লুটিয়াব ।
চকুৰ আাঙুলি খুলি ওলাই আহিব
কবিৰ ছবি ।
তেতিয়া ৰাতি বুলি নাথাকিব
একোটা বিশেষ বাতি ।
—————————————
পানীৰ ঢৌ
সীমা গগৈ
জাৰণিৰ জঠৰ ভাঙি ভাহি আহিছে
খটীয়া পহুৰ সুহুৰি
এয়াযে সজাগ হোৱাৰ সময়
পৃথিৱী.. আৰু কিমান সময় বাকী !
মোৰ চকুযোৰে বুটলি অনা অস্থিৰতাত মই
এতিয়া ক্লান্ত..
প্ৰতিদিনে দেখিছোঁ মৃত্যুৰ উপত্যকা
যʼত একেলগে মৰিব ধৰিছে
মানুহ
অৰণ্য আৰু
একোখন নদী..
এইবোৰ হেনো একোটা জীৱন্ত কবিতা
কʼৰপৰা আৰম্ভ হৈ কʼত শেষ হʼব এয়া কোনেও নাজানে..!
অথচ্ প্ৰতিদিনে মই কবিতা পঢ়িছোঁ
বিবৰ্ণ বিষাদগ্ৰস্ত মানুহৰ শুকান দুচকুত সংগ্ৰামৰ কবিতা
মৃত সন্তানক বুকুত সাৱটিধৰা মাতৃৰ দুচকুত মমতাৰ কবিতা
আৰু দেখিছোঁ প্ৰেম- অপ্ৰেমৰ একোখন মঞ্চ
যʼত কতজন কতভাৱে ভাৱৰীয়া
ব্যস্ত সময়ৰ পৰিসীমা নেওচি
কোন বাটে আয়ু বাঢ়ি যায়
কোনোৱে গমকে নাপায়...
অসমাপ্ত গল্প এটিৰ দৰে সংকুচিত সময় খেদি
এবাৰলৈ জিৰাও দিয়া তোমাৰ শীতল ছায়াত
সুখৰ বৰষুণ এজাক আহে যদি নামি
উটি যাব এনেও দুখৰ দৰিকণাজাক
সেয়েহে সমাগত সময়ৰ ওৰণি খহায়
এয়াযে নিজকে জুমি চোৱাৰ সময়
জীৱননো কি..
শূন্যৰপৰা আৰম্ভ হৈ
শূন্যত বিলীন হোৱাৰ যাত্ৰা
শূন্যৰ পৰা শূন্যৰ দূৰত্ব
যেন পানীৰ ঢৌ !
—————————————
ব্যাজস্তুতি
নিপন নাথ
তাৰ
জীৱন
কৰুণ
এটা মতা মকৰাৰ গলিত দেহাংগত
শুহি শুহি যন্ত্ৰণাৰ আদিৰস
প্ৰত্যবায়শাণিত অমল নিমন্ত্ৰণত
শণাহী নিসংগতাৰ সৰবন অনুগ্ৰহ
মলপৰ দৰে লৈ থাকে অনামী যাতনা
ইয়াত কোনো কালে বিচৰা হোৱা নাছিল
তোৰ পয়ালগা অস্তিত্ব
যদিহে সহোঢ়তে খূচুৰিলিহেঁতেন
তোৰ যথাৰ্থ প্ৰয়াণ
নাহিলহেঁতেন এই যতএব কুষাৰিত্ব
হওক সি পণ্যাংগণাৰ ভুলক্ৰম ভ্ৰুণ
অথবা অঞ্জলিস্নাতা বোৱাৰীৰ কাংখিত সন্তান
চৌকছহীনতা তাৰ সহোদৰ
ক'ৰবাত যদি শামুকৰ আহি পৰা খোলা
ক'ৰবাত কেঁকোৰাৰ সাগ্ৰহ আত্মত্যাগ
শোগৰ বাট কাটি কাটিহে
উশাহৰ
দুঃসহ
সপোন
—————————————
উত্তৰ পুৰুষ
দাদুল ভূঞা
কোনে কি দি যাব
কোনে কি থৈ যাব
প্লাষ্টিকৰ থৰক-বৰক হাতখন
দুচেওকৈ কাটি
আঁৰি দিলো ন-সভ্যতাৰ নৱৰূপিত কণ্ঠত
সময়ৰ অচিন পতাকা আঁৰি
আমি উত্তৰ পুৰুষক গতালোঁ
সেউজীয়া পৃথিৱী
নৱ উন্মেষ ধ্বনিৰে
দেৱদুন্দুৰ্ভি বাজক
জাগ্ৰত উত্তৰ পুৰুষৰ হাতত
চিৰকাল চিৰনিদ্ৰাত থমকি ৰওঁক
প্লাষ্টিকৰ ভাগৰুৱা পৃথিৱী।
—————————————
সাগৰখনে হাঁহে
দেৱ দাস
মাণিক বিছাৰি
সাগৰ সিঁচিলোঁ
লুণীয়া হ’লোঁ
দুচকু নীলা
আকাশখনো নীলা
তোমাৰ প্ৰেমৰ গড়ালত
সেউজীয়া সুৱাস সনা বৰষুণ
সেউজীয়া সপোনৰ পথাৰ
প্ৰাণৰ কঠিয়া সিচঁৰতি
পথাৰখনে মাতে
ফেনে ফুটুকাৰে সাগৰ
সুনীল আকাশ
সীমনাত
মেঘবোৰ
সাগৰখনে হাঁহে ।
—————————————
জোনাকী আশা
প্ৰদীপ চন্দ্ৰ শৰ্মা
কলমৌশাক বোটলাৰ দিনতেই
শাহ নথকা কোমল মনৰ
বগীজামুতলৰ আলোচনা
তিৰবিৰ দুনয়নৰ অযুত আশা
ভালকৈ বুটলিম লেছেৰি
নৈখনলৈ বহুদূৰ আছিল
পথাৰৰ আলিভঙা ডোবাবোৰ
পানী অলপ কমিল কি নাই
মৰম আকলুৱা জানটিৰ
মাছৰ দলদোপ-হেন্দোলদোপ
নৈখন নিজেই ওচৰচাপি আহিল
এতিয়া পাহাৰৰ নামনিত
ঢেকিয়াৰ আগ মুঠি মুঠিকৈ
কাটিবলৈকে সময়ে নোজোৰে
খোপনি হেৰুৱা মানুহবোৰৰ
টোপনি ভাঙে
ভঙা-গঢ়াৰ খেল চলি থাকে
আৰু নৈ বৈ থাকে নিৰৱধি
আজিও ৰংমন মাছলৈ যায়
মাজতে হেৰাই থাকে
বঠাবিহীন নাৱৰ দৰে
বাউলি ৰহদৈয়ে
ৰণচণ্ডীৰ ৰূপ ধৰি
মহাজনক উভতি ধৰিবলৈ শিকে...
—————————————
শৰতৰ ছবি
গিৰিজা শৰ্মা
মাটিৰ মায়াসনা মদৰুৱা মন
শৰৎ শুৱাই
কেনি উৰে আলসুৱা ক্ষণ
কেনি উৰে মধু লগন
ঘাটত ৰাঙলী বেলি
দুহাতত হেঙুলীয়া পানী একাঁজলি।
—————————————
শীতৰ দিনৰ কবিতা
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
শীতৰ দিনৰ ৰাতিপুৱাটো
সৰীসৃপৰ নেজৰ দৰে
দুপৰীয়াটো
পাল ভাঙি ওলাই যোৱা
দামুৰিটোৰ দৰে
আবেলিটো
মদ খাই পৰি থকা
এজন মাতালৰ দৰে
শীতৰ দিনৰ কবিতাবোৰ
ঠেঁটুৱৈ লাগি
জুইৰ উত্তাপত কোঁচ খোৱা
এটুকুৰা ৰবৰৰ দৰে
কবিতা যেন নালাগে ।
—————————————
হুইল চেয়াৰত ফ্ৰেক্সাৰ প্ৰেম
চয়নিকা ভূঞা
বুকুত গজালি মেলা
এঙামুৰীয়া সপোন
নৈবদ্যত
নিৰৱ প্ৰাৰ্থনা
প্ৰসৱ বেদনাত যন্ত্ৰণাক্লিষ্ট উশাহ
ঘূণে ধৰা সম্বন্ধত আত্মাৰ টান
আৱদ্ধ শৰীৰ আৱদ্ধ প্ৰেম
সকলো সীমাবদ্ধ
সীমাৰ সিপাৰে
পৰিসীমাৰ কাহিনী
প্ৰশ্নবাণ
ক্ৰমে বৃদ্ধি পায় তালিকাৰ দৈৰ্ঘ্য
শৰীৰৰ হিচাপ-নিকাচ
প্ৰেম মানেই শৰীৰ
শৰীৰ মানেই সৌন্দৰ্য্য
সৌন্দৰ্য্যত সকলো বন্দী
তাতে আকৌ নাৰী
তথাকথিত
অথচ সীমাহীন ভালপোৱা
নিয়ম ভঙা নিয়মত শৰীৰৰ বদনাম
কত ভেকো-ভাওনা
কত কাহিনী
এতিয়া
ৰৌজাল- বৌজাল
ওপজিও নোপজা সেই
অবিকশিত কাহিনী ৷
—————————————
নাৱৰীয়া
খূৰ্ছীদ আনছাৰী
সলাওঁ বুলিলেই
ঠিকনাটো সলাব পাৰো
নাৱৰীয়া হৈ
ভৰা নদীত ব’ঠাটো কেনেকৈনো
এৰোঁ…!
—————————————
শব্দ শোক
চন্দনা ভাগৱতী
ঘন বৰষুণ
পিছল মাটি
জীয়া মুৰ্চ্ছনাত
উজাৰি দিয়া
পৰুৱাই পোৱা
একা-বেকা বাটৰ জীৱন
সময়ৰ পানীপোটাত
শব্দবোৰ এটি এটি জীৱাশ্ম ।
–————————————
আহিন
ৰাজীৱ দত্ত
সপোন সনা সন্ধিয়াটিত
কোনে বজাই সুঁহুৰি নে দুখৰ বাঁহী!
ফুটগধূলিৰ মুখনিচিনা এন্ধাৰত
টোপাটোপে সৰে চকুপানী কাৰ !
জোনাকত উচুপি থাকে আকাশ ৷
ধাননি কঁপাই গুচি যোৱা বতাহজাকে
নিচুকাই থৈ যায়
হাঁহি মাৰি সূৰুযৰ ফালে কয়
আহিলোঁ দিয়া কোনোমতে
শেৱালিৰ স’তে
আছা নিশ্চয় কুশলে!
জানাই দেখোন দুৱৰিৰ চকুপানী দেখি
মোৰেই কান্দিবৰ মন যায়৷
অ’ ৰ’বা নামটো কৈ যাওঁ মোৰ
কানে কানে ,মনে মনে ,ফুচফুচাই—
ময়েই আহিন!
লৈ যাওঁ দুখৰ বাঁহী
উজলাই তোলো মুখত
তোমালোকৰ অনাবিল হাঁহি৷
—————————————
কবিতাৰ কথা
ৰেখা বৰকটকী
কবিসকলে কি লৈ জীয়াই থাকে কি বিচাৰে কবিসকলে এইয়া এক বৌদ্ধিক বিষয় হৈ পৰিছে । অতীতৰ কবি সমাজক আমি কিমান সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছো সেইয়া এক চিন্তনীয় বিষয়! সেই সময়ত কবিতাৰ ভাষা আৰু কথকতাৰে অনুভৱৰ স্বকীয়তা ৰক্ষা কৰাত তেখেত সকল স্থিতপ্ৰজ্ঞ আছিল। আমি বৌদ্ধিক জগতখনত কৃত্ৰিমতাৰে আগবাঢ়ো আৰু আমাৰ শব্দ-শৃঙ্খলা আৰু ভাৱ-বন্যাত সেয়ে তাৰতম্য ঘটে । তেনে কবিতা পঢ়ুৱৈৰ একাণে সোমায়, একাণে ওলায় তেনে কবিতাই পাঠকৰ বুকুত ঘৰ নেবান্ধে। জীৱনক একেবাৰে কাষৰপৰা উপলব্ধি কৰিব পৰা সহজ- সৰল অনুভৱবোৰৰ বাবে অলঙ্কাৰীক ভাষাৰ প্ৰয়োজন নাই। এজন কবিয়ে আত্ম- উত্তৰণৰ হকে নিজকে তন্ন তন্নকৈ বিশ্লেষণ কৰে, নিজকে ভাঙি পাতি পুণৰ গঢ়াৰ প্ৰকল্পত প্ৰয়োজন হয় সুক্ষ্ম দৃষ্টি, নিখুট বিশ্লেষণ, নিৰংকুশ সমালোচনা। এজন প্ৰকৃত কবিৰ দৃষ্টি সকলোতে সমানে পৰিব লাগে সাগৰ, নদী, শ্মশান, পৰ্বত -পাহাৰ ,ফুলনি ইত্যাদি। কবিতাৰে খুন্দ খাই থকা হৃদয়ত কবিতাৰ ধুমুহা হয় অকাল বৃষ্টিও হ'ব পাৰে শিল বৰষুণে সকলো তহচ নহচ কৰিব পাৰে তথাপি কবিপ্ৰাণে কাব্যিকতা হেৰুৱাব নোৱাৰে। ফেনে -ফুটুকাৰে নিৰৱধি উটি -ভাঁহি আহিব কবিতাৰ উৰ্মিমালা।
—————————————
এমুঠি স্তৱক
ৰমেন দাস
ক.
খোজ
পিচ হুহুকি নেচাবা জীৱনত
অতীত সদায় চিৰস্মৰণীয়
যি হৈ গ'ল সেয়া জানো বৈভৱ ?
মুলকাঠি---
মনোনিৱেশ ভাল যি অন্ত:কৰণেৰে কৰণীয় ৷
খ.
হেঁপাহ
সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই
কবি-নিকুঞ্জত ফুলি উঠে কবিতাই
তোমাৰ মুখত ফুটে শ্যামকানু বাঁহী
ওঁঠৰ ভাঁজত বিৰিঙে মৌ-সনা হাঁহি ৷
গ.
সুখ
সুখ এক সুযোগ
অতীতৰ পৰা বৰ্তমানলৈ,
লাগে মাথোঁ নিষ্ঠা
আন্তৰিকতা ৷
—————————————
ৰুদ্ৰগিড়িৰ আত্মকথা
জোনালী ডেকা
দেখিছানে সৌ দূৰৈৰ ৰুদ্ৰগিড়ি
সুধিচাবাচোন তাৰ গভীৰ বুকুৰ বেদনা,
শিৰ উন্নত কৰি থিয় দি থকা
সি যেন এক মুমূৰ্ষ শুকান ধ্বংস স্তুুপ ।
নিজৰ বুকুৰ বেথা নিজেই অকলে পান কৰা
নীলকণ্ঠ...
অন্ধকাৰ এটি নিথৰ ছাঁয়া ।
তোমাৰ বুকু খান্দি খান্দি উলংগ কৰো
আচুৰি আচুৰি খামুচি আনো ৰূপ লাৱণ্য
তোমাৰ বুকুৰে বৈ অহা অলকানন্দাক
আঁঁকোৱালি ধৰি ৰাখিব নোৱাৰা !
তোমাৰেই সন্তান জীয়া শিলক
যেতিয়া বাৰুদ বৰ্ষণ কৰা হয়
নকপেনে তোমাৰ কোমল হৃদয় !
কেতিয়াবা তুমি মেঘমল্লাৰ লগত লুকাভাকু
আৰু মেঘপাখীৰ লগত ধেমালি কৰা
ধৱলতুষাৰে যেতিয়া তোমাৰ শিৰৰ মুকুট হয়
দুহাতেৰে আকাশৰ তৰা চোৱা;
তেতিয়াই উমান পাওঁঁ
এসোপা উশাহে তাত
কবিতাৰ মেল পাতিছে ।
—————————————
অজানিতে
জোনমণি মহন্ত
কবিতানো কেনেকৈ হয় নাজানো
মাত্ৰ ভাবৰ বুৰ বুৰণি বোৰ বুটলি ফুৰো
অনুভৱে দোলা দিয়া কল্পনা বোৰ
মনৰ কোঠাত আঁৰি ফূৰো
সুখ দুখৰ মাজতো
আবেগিক মনবোৰ অনুভৱ কৰোঁ
অলৌকিক ভাবনাত ওপঙি ফুৰো
উভতি চাবৰ মন নাযায়
কিমানদূৰ আহিলোঁ
কল্পনাৰ পৰা ভাবনালৈ গৈ গৈ
ভাল লগা দৃশ্য অদৃশ্য আৱৰণক
উপলব্ধি কৰোঁ ,
মন গ'লে সযতনে ভৰাই ৰখা
জোলোঙাৰ অনুভৱক
গাঁথিবলৈ উচপিচ কৰোঁ
মনে ঢুকি পোৱা নীলা আকাশৰ
তৰাবোৰ খুচৰি খুচৰি
সেউজীয়াৰ মাজত কেতিয়া
বিলীন হৈ পৰোঁ কবকে নোৱাৰো...
—————————————
অনুভৱৰ কুঁকিত এপিয়লা শব্দাঞ্জনা
গীতাঞ্জলী হাজৰিকা
অনুভৱৰ অনুৰণ অনুৰাগে অনুৰাধাৰ
মন দুন্দুভিত শৃংগাৰ কৰিছে
মৰমবোৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ দৰে
পালেও পয়মাল নাপালেও পয়মাল
মৰম হেঁপাহৰ বৰষুণজাকে বান্ধি থকা
পুখুৰীৰ চৌপাশত
প্লাৱন বোৱাবলৈ
অপৰাগৰ পানচৈ জুৰিলে
মৰম হেঁপাহবোৰ যেন মানসৰ সিপাৰে
মৰম হেঁপাহ চেনেহৰ লেছেৰি বুটলি
মুঠিমুঠিকৈ বান্ধিব বিচৰাতো অথবা
গঁজালি মেলিবলৈ পথাৰখন চহাব বিচৰাতো
ভুল বা ভ্ৰান্ত ধাৰণা নেকি !
মৰমবোৰ দীঘ চেনেহবোৰ বাণীৰে
সংযোগৰ সেঁতুলৈ ৰূপান্তৰ কৰি
নৱ সংযোজনৰে দিগন্ত গীত ৰচিম
যি গীতত দৃষ্টিহীনৰো দৃষ্টিনন্দন হ’ব
ৰামধেনুৰ সাতোৰঙৰ সমাহাৰ
শৰতৰ খৰালিজাকে স্নিগ্ধ জলত
ডেউকা কোবাই নিজক পখলাৰ দৰে
হৃদয়ৰ সমস্ত বেথাবোৰ পখালিম
অনুভৱ অনুৰনণ অনুৰাগে খলকনিৰ খৰলুটিত
জীৱন জয় আৰু জয়যাত্ৰাৰ
জোনাকবোৰ মনাকাশত পোহৰাব
শৰতৰ স্নিগ্ধ জলৰ দৰে
ৰক্তপ্ৰবাহে ৰজনী বিঢৌত
ৰিমঝিম ৰিমঝিম মলয়াৰ দৰে
অনুভৱৰ কুঁকিত এপিয়লা এপিয়লা
শব্দাঞ্জনাক বাকি বাকি যাওঁতে
শব্দালংকাৰে মন মোহাচ্ছন্ন কৰিব
পাৰ্শ্বক্ৰিয়া পয়মালৰ পয়োভৰ পমি পৰিব
হেঁপাহৰ হাঁহিয়ে খলকনি তুলিব ।
—————————————
নাৱৰীয়াৰ গান
জাহ্নৱী হাজৰিকা
আমলখিৰ ফাঁকেৰে জোনাক বৰষা নিশা
মৈঝেলী চাপৰিত কোনো নাৱৰীয়াই জোৰে গান।
বুকুলৈ উজাই আহে তেওঁৰ বিষাদৰ জীয়া ঢল
বুকুৰ চেনেহীক এৰি অহাৰ বেদনা
কিহৰ সতেনো বাৰু হ’ব পাৰে তুলনা!
কোৱা সখী চন্দ্ৰলেখা!
মাধুৰী দুবাহুৰ অলস ব্যথা
সুবাসী হৃদয়ৰ কৰুণ গাঁথা
বিদায় বেলাৰ কৰুণ চাৱনি
কোনে কয় কানে কানে গুপুত কথা।
নাৱৰীয়াৰ হাতত জোৰ ব’ঠা
ঢৌ ফালি আহি আছে নাৱৰ ডিঙা।
দুওঁঠত নিগৰাই ভাটিয়ালী ৰাগ
দুচকুত ভহাই চেনেহীৰ বিদায় সনা মাত।
ৰিণি ৰিণি ভাহি থকা মৌসনা মাত
"সোনকালেই আহিব"।
উখল মাখল বুকুত হেজাৰটা স্বপ্ন
কেতিয়াকৈ ঘৰ পাব অলেখ অযুত বাসনা
পানী ফালি নাৱৰীয়াৰ ঘৰমুখী যাত্ৰা
থপিয়াব খোজে পদুম তেজীমলা
আ: আচল নে ভ্ৰম চাই লোৱা নাৱৰীয়া...
নাই,সময়েই নাই যেন বিচাৰ কৰাৰ।
ঘৰত যে ৰৈ আছে ব্যাকুলী ৰহিমলা।
মায়াবী জোনাক,মায়াবী পৃথিৱী
মাজে মাজে বঠাৰ চপ্ চপ্ শব্দ...
পাহৰি পাহৰি জোৰে নাৱৰীয়াই গান
নদীতেই প্ৰাণ তেওঁৰ নদীলৈয়ো টান।
আকাশত বিধৌত জোনাক
তলত জোনালী সলিল ৰাশি
মাজতে বতাহৰ মায়াবিনী সুৰ
বিয়াকুল সুৰত বাজে নাৱৰীয়াৰ গান
যি গানে কঁপাই তোলে নৈপৰীয়া কঁহুৱাৰ প্ৰাণ।
—————————————
ভালপোৱাৰ সেউজীয়াত
জোনমনি বৰা
অভিমানী মনটো বুজাব পৰাকৈ
বিচাৰি পোৱা নাই
শব্দৰ সৌষ্ঠৱ ৷
তথাপিও চেষ্টাৰ ক্ৰটি কৰা নাই
য’ত অভিমান থাকে
তাতেই প্ৰেমে আলয় সাজে ৷
অভিমান যেন প্ৰেমৰ অলংকাৰ
অলংকাৰে বঢ়াই সৌন্দৰ্য্য
সৌন্দৰ্য্যৰ অবিহনে প্ৰেমৰ
বিচাৰি পোৱা নাযায়
সাৰ্থকতা মান্যতা ৷
আমাৰ মনবোৰ সদায়
সৌন্দৰ্য্যপিয়াসী
ভালপোৱাৰ সেউজীয়াত ৷
—————————————
গুনগুনৰ কাষলৈ
নিবেদিতা ডিম্পল
শৰতৰ আগমনত আপুনি
এজাক স্নিগ্ন জোনাক হৈ
নামি আহক "গুন গুন"ৰ হৃদয়লৈ
আপুনি আকাশী গংগা হৈ
শুভ্ৰ পোছাক পৰিধান কৰি
সৰগৰ পৰা মৰ্ত্যলৈ
আহক বৈ "গুণগুণ"ৰ কাষলৈ।
—————————————
দেৱাল
পূৰবী শইকীয়া বৰুৱা
দেৱাল এখন সহজে গঢ়ি নুঠে
তাৰো আছে আত্ম অহংকাৰ।
দেৱালৰ কোনো ধৰ্ম নাই
তাৰ উদ্দেশ্যে সদায় আবুৰতা নহয়
পৃথক কৰাৰ,
যিদৰে সময়ৰ কিছুমান ধৰ্ম থাকে
দেৱালৰ নাথাকে,
ধন সম্পত্তিক, চুৰ ডকাইত ইহঁতৰ পৰা ৰক্ষা কৰিবলৈ
গঢ়ি উঠে ওখ ওখ দেৱাল
মানুহৰ জীৱনক জানো পাৰে!
ভালপোৱাৰ বুকুত ঘৰ সাজি জিৰাব পৰাকৈ
প্ৰেমিক চৰাই হ'ব পাৰেনে দেৱাল?
অৱশ্যে ভালপোৱাক মচিবৰ সাধ্য নাই দেৱালৰ ।
দেৱালৰ কোনো ধৰ্ম নাই
ভালপোৱাৰ দৰে কোনেও আশ্ৰয় দিব নোৱাৰে হৃদয়ক,
দেৱালেও ।
দেৱাল এখন নিজে নিজে গঢ়ি নুঠে
অন্যায়, অবিচাৰত আশাহত হয়।
সেয়ে নেকি
দেৱাল বৰ আত্মাভিমানীও ।
—————————————
কবিতা
গকুল চৌধুৰী
অলেখ শব্দৰে অযুত বাক্যৰে
বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত কথাৰে
আদিৰ পৰা অন্তলৈ
আৰম্ভণিৰ পৰা সমাপ্তিলৈ
এটি দুটি কৰি প্ৰতিটো শাৰীতে
আঁকি লিখি থোৱা থাকে
প্ৰেম , প্ৰকৃতি আৰু মানুহৰ
কত কথা ৷
আঁকি লিখি থোৱা থাকে দুখ ,কষ্ট , যন্ত্ৰণাৰ বিষাদগাথা
আঁকি লিখি থোৱা থাকে
খং , ক্ষোভ আৰু প্ৰতিবাদৰ
বিদ্ৰোহগাথা ৷
অন্তৰ - আত্মাৰ কোলাহলত মন - হৃদয়ৰ
আবেগ , অনুৰাগ , মৰম
মানৱতাৰ সংমিশ্ৰণত
কলাৰ খনিকৰৰ কলাশৈলীত
গুঞ্জিত হয়
মন জুৰুৱা ভাগৰ জুৰুৱা
কথাবাৰ্তা ৷
কোনো নিঃসংগ নিশা
নিঃশব্দে নিৰবে
এখিলা সাঁচিপাতত
কবিৰ পাখিকলমে তুলে
ভাষাৰ ফুলপাহ ৷
সাধনাৰ ভেটিত
কল্পনাৰ সাগৰত
ছন্দৰ লহৰত
প্ৰাণ পায় সৃষ্টিৰ মননশীল
কাব্যকলা ৷
সুখত ফুলি
দুখত সৰে
দুখত ফুলি
সুখত সৰে
কবি মনত ফুলি সৰা
অনুভৱ - অনুভূতিৰে
ফুলপাহেৰে কবিয়ে গাঁঠে
শব্দৰ মালিতা
যাৰ নাম কবিতা ৷
—————————————
ভালপোৱাৰ গান
বিশ্বজিৎ গগৈ
আবেগ ঢালি প্ৰেমৰ কবিতা লিখিব নোৱাৰো আৰু
বিষাদ ভৰি হৃদয়ে হুমুনিয়াহ কাঢ়িছে।
আচলতে,
মনবোৰ কমোৱা তুলা
উৰি উৰি যায়।
বতাহৰ গভীৰতাত ক্ষত বিক্ষত সিহঁতৰ জীৱন।
ভাললগা মানেতো প্ৰেম নহয় প্ৰেম মানেও প্ৰাপ্তি নহয়
সেইবুলি মানি ল'ব নোৱাৰি বিচ্ছেদ অথবা বুজাবুজিৰ স্বাক্ষৰ!
য'ত সজোৱা সপোনবোৰ থানবান হয়।
তুমি মই আমি হোৱাৰ আশাবোৰ কোন বননিত নিৰ্বাসিত হ'ল?
বুকুৰ টুকুৰা কি আজি অনাদৰে ৰ'ল!
মৃত্যুও যে জীৱনৰ লক্ষ্য নজনাকৈ গৈয়েতো আছো।
পিছে , এই মৃত্যু আশাত বন্দী, প্ৰেমত অন্ধ
আনেতো নুবুজে।
হৃদয়ে জানিব।
থাকিও নথকা দুৰ্ভিক্ষ নহয় কৰ্মৰ পৰিণতি
আজি মই ভুক্তভোগী ,
পাপে দহা মোৰ হৃদয়ত
তোমাৰ অনুপস্থিতি।
—————————————
অপেক্ষাৰ অন্তত
ঋজু ৰেখা বৰা
এই মাত্ৰ পালোঁ মোৰ পত্ৰোত্তৰ
কিমান যে অপেক্ষাৰ মুৰত!
জানা, তোমালৈ দ্ৰুত সেৱাত
পত্ৰখন প্ৰেৰণ কৰাৰে পৰাই
পুৱাৰ পৰা সন্ধ্যাৰ মুনি-চুনি পোহৰলৈ
মাঁকো মাৰিছিলোঁ আৱেগ-উৎকণ্ঠাৰ
দীঘ-বাণীত
আজিও বিমুখ হৈ পদূলিৰ পৰা ঘৰমুৰা হওতেই
টিলিংকৈ বাজিল চাইকেলৰ বেল।
ঠিক যেন মোৰ বুকুৰ মাজ অংশত!
হুহ ল', এইয়া তোৰ চিঠি
পূজাৰ পৰা গৰম জেলেপি আনি খুৱাবি কিন্তু।
'উমম ,হ'ব খুৰা'–বুলি কৈ
আলফুলে আলসুৱাকৈ হেঁচি ধৰিছিলোঁ
তোমাৰ নাম লিখা আখৰকেইটা
আঙুলিৰ পৰা ক্ৰমে ওঁঠ, বুকুলৈ!
কিমান যে চেগ চাই খুলিছিলোঁ পত্ৰখন!
খুলি মই উৰি ফুৰিছিলোঁ
এটি বন ফৰিঙৰ দৰেই
তোমাৰ সেউজীবুলীয়া হিয়াৰ দাঁতিত।
এটা সু...ন্দ...ৰ... বেলুন
তাত লিখিছিলা মাত্ৰ দুটি বাক্য!
এইখন বাৰু চিঠি হব পাৰেনে?
ঘূৰাই-পকাই তাতেই পাইছিলোঁ উত্তৰ
ৰঙা বেলুনটোতেই মাৰ্কাৰে লিখি দিছিলা
য'ত লিখা আছিল,
"বেলুনটো সিমানেই ফুলিব
যিমান তুমি মুখৰে 'সা'দি বায়ু ভৰাবা।
ঠিক তেনেকৈয়ে ,ময়ো সিমানেই সম্পূৰ্ণ হ'ম
যিমান তুমি মোক প্ৰেৰণা দিবা।"
উফ!কি যে হ'ব তোমাৰ লগত!
এয়া কিবা চিঠি হ'ল নে?
তথাপিও মই আজি সুখী!
জানো, তুমি আৱৰি ৰাখি
ভাল পোৱা নিজকেই।
শামুকৰ খোলাই মুকুতাক
আৱৰাৰ লেখীয়াকৈ!
এইয়া মই চোৱা,
হেঁপাহৰ বেলুনটো এবাৰ ফুলাই
আকৌ এৰি দি চাও তোমাৰ
এবাৰ সৰু এবাৰ ডাঙৰ হোৱা আখৰবোৰ!
এইয়া নিশাৰ প্ৰথম প্ৰহৰ!
মই আৰু মোৰ হেঁপাহৰ বেলুনটো
কামিনীকাঞ্চন জোপাৰ তলত
চৌপাশৰ নিশিগন্ধা ফুলৰ সুৱাসত আচন্ন মন!
কুঁৱলীৰ ঘন পৰশত ডাঠ
হৈ পৰে চকুৰ ভ্ৰু,ওঁঠ
এক অনামী পৰশত!
এইয়া মই মাথোন তোমাৰ অপেক্ষাত!
—————————————
বুকুৱে বিচাৰে
দিপ্তী মনি গোস্বামী
জীৱন কালৰ দিন ৰাতি
অনেক উজাগৰী ৰাতি,
বিশৃংখলিত মোৰ মন
শেতেলিত ইকাটি সিকাটি।
হৃদয়ত তোলপাৰ লগায়
অনেক অনুভৱ অনুভূতি,
নিদ্ৰাবিহীন দোভাগ নিশাৰ
সাৰথি মাথোঁ কলমটি।
বুকুৰ বালিচৰৰ অন্তগৰ্ভা
খোজৰ শব্দবোৰ,
সিঁচি থৈ যাব বিচাৰো
মুকলি বাগিছাৰ এচুকত;
তাতে ফুলিব মাধৈ মালতী
সুঁহুৰিয়াব চৰাই সখীয়তী,
মোৰ অনুপস্থিতিৰ বেলাই
মোৰ উপস্থিতি সোঁৱৰাব
যাযাবৰী মৌবোৰে আনন্দমনে
ফুলৰ ৰসবোৰ চুমি...
—————————————
কথাবোৰ যদি ছন্দৰ দৰেই হয়
ড° ইকবাল হোচেইন খান
কথাবোৰ যদি তেনেকুৱাই হয়
কবিতাৰ ছন্দৰ দৰেই
হৃদয় কেতিয়াও নহ'ব টুকুৰা-টুকুৰ
শান্তিৰ অধ্যায় হৈ
তেতিয়াই আনন্দ হ'ব জীৱনৰ
যেনেকৈ চৰাইৰ ডেউকাৰ শব্দত
আলোড়িত হয় সমুদ্ৰ ।
কথাবোৰ যদি তেনেকুৱাই হয়
কবিতাৰ ছন্দৰ দৰেই
সপোন দিঠকত হ'ব পৰিৱৰ্তন
মানুহ তেতিয়াই পৰিশ্ৰমী হ'ব
ঋণাত্মক ভাৱনাবোৰ চিতাত পুৰি শেষ হ'ব
গতিশীল নিয়মৰ আহ্বান মানি
ছন্দময় হ'ব সকলোৰে জীৱন
মানৱতাৰ শক্তিৰ বাবেই হাঁহিব জগত
শৰতৰ মিঠা মিঠা অনুভৱত
এদিন মানুহে তেনেকৈ ভাবিব
তেতিয়াই মানুহে গাব সাম্যৰ গান
নিয়ৰে দূবৰিক সাৰ্থক কৰাৰ দৰেই
অদৃশ্য শক্তিৰ আৰ্শীবাদত
বহল হৈ পৰিব সকলোৰে হৃদয়
মানুহে মৰমেৰে আঁকুৱালি ল'ব জগতক
অপেক্ষা হয়তো দুদিনৰ
বিশালতাৰ ৰথত যদি উঠিব পাৰে মানুহে
কবিতাই দিব শান্তিৰ সন্ধান
জয় জয় হৈ থাকিব
মানৱ বন্দনা ।
—————————————
গধূলিৰ বৰষুণজাক
তানিয়া মধুকল্য
শীতৰে সেমেকা
বৰ্ষাসিক্ত গধুলিটোত
তিতি-বুৰি আহিছিল তেওঁ
তাইৰ উৰুখা পঁজাটোলৈ।
তেওঁ অহাৰ খবৰ পাই
তাই যেন আনন্দত
আত্মহাৰা হৈ পৰিল।
তাইৰ হেৰুৱা প্ৰেমে
পুনৰ প্ৰাণ পালে।
কিমান যে নিৰুদিষ্ট
নিশাৰ যন্ত্ৰণা তাই
নীৰৱে কটাইছিল
কিমান জোনাকী নিশা
নিজান শেতেলিত বহি
তাই নীৰৱে উচুপিছিল।
কিন্তু
বৰ্ষণমুখৰ গধূলিটোৱে যেন
সজাই তুলিলে তাইৰ জীৱনত
এটি আশাৰ ৰামধেনু।
তাই যেন এটি
নতুন জীৱন পালে।
আজিৰ গধূলিটোৰ প্ৰেমত
সিহঁত নিজতেই মাতাল
নিজতেই ব্যস্ত।
————————————————
0 Comments