পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ১১তম সংখ্যা

———————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
----------------------------------------------------------
                 বাটচ’ৰা 
সম্পাদকীয়...

  পোনপ্ৰথমে সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। চুচুক চামাককৈ শৰতে নিয়ৰৰ জুনুকা পিন্ধি  দূবৰি তিতালেহি।বকুল,শেৱালিৰ সুবাসত চৌদিশ আমোলমোল। নৈ পাৰৰ কঁহুৱাই জুৰিছে সেই সাতামপুৰুষীয়া শৰতৰ গান। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে গুৰুজনাই তাহানিতে বৰ্ণনা কৰি যোৱা সেই শৰতকাল পাবলৈ নাই,তথাপি আহিন-চেঁচা বতাহজাকে আমাৰ সকলোৰে কিছু পৰিমানে হ’লেও গা-মন  শীতলাইছে।
   এনে এক উৎসৱমুখৰ পৰিবেশতে আমিও আপোনালোকৰ স’তে কিছু ভাললগা কথা ভগাই ল’ব খুজিছোঁ। কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি অহা ,২০১৭ খ্ৰীষ্টাব্দত জন্ম লাভ কৰা অসম কাব্য কাননে বিগত বছৰবোৰৰ দৰে এইবাৰো  স্বচ্ছতা আৰু নিৰপেক্ষতাৰে প্ৰদান কৰিবলগীয়া  'কাব্যম-বঁটা-২০২২' ৰ বাবে ত্ৰিছ বছৰৰ  ঊৰ্দ্ধৰ কবিৰ পৰা কবিতাৰ পাণ্ডুলিপি আহ্বান কৰিছিলোঁ। নিৰ্ধাৰিত সময়ৰ ভিতৰত মুঠ ৫৩ টা পাণ্ডুলিপি আমাৰ হাতত পৰিছিল। নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো আৰু ছটা পাণ্ডুলিপি আমাৰ হাতলৈ আহিছিল যদিও সেয়া গ্ৰহণ কৰিব পৰা নগ’ল। সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত কবিৰ পৰা নবীন কবিলৈ, সকলোৰে এই অভূতপূৰ্ব  সঁহাৰিয়ে আমাক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে। ইতিমধ্যে পাণ্ডুলিপিসমূহ  তিনিজনীয়া বিচাৰক সমিতিৰ হাতত অৰ্পণ কৰা হৈছে। অক্টোবৰ মাহৰ ভিতৰতে 'কাব্যম বঁটা'ৰ ঘোষণা কৰা হ’ব । এই বঁটাটি অহা ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম কাব্য কাননৰ বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ’ব।
    আপোনালোকৰ গঠনমূলক সমালোচনা আৰু সু-দিহা পৰামৰ্শ আমাৰ একান্তই কাম্য।
    আহক, আমি হাতত হাত ধৰি আগুৱাই যাওঁ।
 
   নৱ ৰাজন 
   সম্পাদক
   কাব্যকানন 
————————————————————
কবিতাৰ আড্ডা 

ভাষাৰ মসৃণতা বা সাৱলীলতা
উদয় কুমাৰ শৰ্মা

কাব্যভাষা অৰ্থপূৰ্ণ নহ'লে, সি যিদৰে উকা বাক্যহে হয় -- তেনেদৰে, গভীৰ অৰ্থযুক্ত বাক্য এটিও শুৱলা, ৰমণীয় বা মধুৰ নহ'লে, সি পঢ়ুৱৈৰ মন সহজে টানি নিব নোৱাৰে। অৰ্থাৎ, কবিতাৰ ভাবাৰ্থক সুন্দৰভাবে উপস্থাপন কৰি আকৰ্ষণীয় কৰি তোলে ভাষাইহে। এনে ভাষা, বন্ধুত্বসুলভ ( Eco-friendly) হ'লেহে বুজাতো সহজ হয় বাবে -- পাঠকৰো আগ্রহ বাঢ়ে। আনহাতে, সকলো লেখাৰেই আন এক মূল উদ্দেশ্যই হৈছে -- পঢ়ুৱৈক প্ৰভাৱান্বিত কৰা। কবিতাৰ ভাষাই, অৰ্থক মধুৰ কৰি তোলাৰ লগতে শব্দৰো শক্তি বা মাত্রা বঢ়ায়। 
    ভাষাৰ চমকলগা সাৱলীলতাৰ দুটি উদাহৰণ হ'ল : (ক) 'কাৰ পৰশত ফুলিলি বান্ধৈ /
অ' মোৰ সাদৰী ফুলাম পাহি' [ 'গোলাপ', ৰঘুনাথ চৌধাৰী ]
  (খ) 'তুমি আই, লাখুটিত ভৰ দি / খুপি খুপি বিচাৰিছা কি? /
 ...    ...    ... 
মই বিচাৰিছোঁ, বিচাৰিছোঁ কি / তই নুবুজিবি, নুবুজিবি সোণ '
 [ 'আইতা', হেম বৰুৱা : 'মন ময়ূৰী', পৃ: ৩৭ ]

   এতিয়া, তলত উল্লেখ কৰা অমসৃণ বা আখজা ভাষাৰ গাঁথনিয়ে কিদৰে অৰ্থলৈও বিসঙ্গতি আনিছে, চোৱা যাওক :
   ক) ভেকুলীৰ দৰে বৰষুণৰ টোপাল গাত লাগিলেই / অৰ্কেষ্ট্ৰা বজায় থৈয়ানথৈয়াকৈ
   খ) এজাক প্ৰেমৰ বতাহ
   গ) চাৰিটা প্ৰেমৰ স্তৱক
   ঘ) এটা চেকুৰ মেলা ঘোঁৰাৰ পিঠিত... 
   ঙ) মই চালে পানী কটা ঘৰৰ ল'ৰা
   চ) মোৰ শঙ্কৰদেৱৰ পদ এফাকিলৈ / মনত পৰে

   উপৰিউক্ত বাক্যকেইটাৰ -- (ক) 'ভেকুলীৰ দৰে বৰষুণৰ টোপাল' -- এনে কথা অদ্ভুত ; হ'ব লাগিছিল -- বৰষুণৰ টোপাল গাত লাগিলেই / ভেকুলীৰ দৰে অৰ্কেষ্ট্ৰা বজায়... । (খ) 'এজাক প্ৰেমৰ' নহয় ; 'প্ৰেমৰ এজাক বতাহ'হে। (গ) 'চাৰিটা প্ৰেমৰ' ঠাইত --- 'প্ৰেমৰ চাৰিটা স্তৱক' হ'লেহে, সি মিহি হ'লহেঁতেন। (ঘ) 'এটা চেকুৰ' নে 'এটা  ... ঘোঁৰা'  ? ( ঙ) 'চালে পানী কটা ঘৰৰ ল'ৰা মই' অথবা, 'চালে, পানী কটা  ... ' । কিয়নো, 'মই চালে পানী কটা' বুলি উচ্চাৰিত হ'লে -- পাঠক বিমোৰত পৰিব পাৰে। (চ) শঙ্কৰদেৱ কাৰো নিজৰ নহয় বাবে -- বাক্যটিৰ গাঁথনি হ'ব লাগিছিল -- 'মোৰ শঙ্কৰদেৱৰ  ... ' বা, 'শঙ্কৰদেৱৰ পদ এফাকিলৈ / মোৰ  ... ' । 

   এনেদৰে, ভাষাৰ বিন্যাসে যাতে বিৰূপ অৰ্থ প্ৰকাশ নকৰে, তালৈ সতৰ্ক হোৱাটো প্ৰয়োজন।
——————————————————————
                    অনুবাদ কবিতা 

Moritake
Translated by Steven D. Carter

A fallen blossom
returning to the bough, I thought--
But no, a butterfly

জাপানী কৱি মৰিটাকেৰ কৱিতা
ইংৰাজী অনুবাদ: ষ্টিভেন ডি. কাৰ্টাৰ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

এটা ভূপতিত ফুল
ডাললৈ ওভতনি
মই ভাবিলোঁ---
কিন্তু নাই, 
এটা পখিলা।
—————————————
এমিলি ডিকিনচনৰ কবিতা
অনুবাদঃ ড° জ্যোতিশিখা দত্ত 
ৰচনা কাল: ১৮৭৬
প্ৰথম প্ৰকাশ: ১৮৯৪

প্ৰেমৰ আঘাত 'কিয়' 
এইয়াই মাত্ৰ প্ৰেমৰ আলাপ...
নিৰ্মীয়মান কিন্তু মাত্ৰ এটা অক্ষৰ
বিশালতম হৃদয়বোৰ ভগ্নপ্ৰাপ্ত। 

ড০ জ্যোতিশিখা দত্ত 
ই-মেইল : jyotisikhadatta@gauhati.ac.in
—————————————————————
ভাল খবৰ
মূল: অবিনাশ মিশ্ৰ (হিন্দী)
অসমীয়া অনুবাদ : অপূৰ্ব ভূঞা

সেইবোৰ খবৰ বহুত ভাল
য’ত কোনো হতাহতৰ কথা নাথাকে
অগ্নিকাণ্ডক নিয়ন্ত্ৰণলে অনা হয়
আৰু সুৰক্ষাৰ লগতে উদ্ধাৰকৰ্ম্মী 
যথাস্থানত উপস্থিত থাকে

সেইবোৰ খবৰ বহুত ভাল 
য’ত স্বৈৰাচাৰীৰ পতনৰ কথা থাকে
আৰু জনসাধাৰণৰ পৰা উত্তৰণ হৈ
অসম্ভৱক সম্ভব কৰি তোলে 

সেইবোৰ খবৰ বহুত ভাল
বাৰিষা য’ত সঠিক স্থানত
সঠিক সময়ত আহে আৰু
লহপহকৈ বাঢ়ে শস্য

সেইবোৰ খবৰ বহুত ভাল
য’ত পৰিস্থিতি শুধৰোৱাৰ বাৰ্তা হয়
জনজীৱন সামান্য হয় আৰু
ল’ৰা-ছোৱালীবোৰ পঢ়াশালীলৈ উভতে

সেইবোৰ খবৰেই বহুত ভাল
ইমানেই ভাল যে ক’বলৈ একো নাথাকে
সেইবাবে বিতংকৈ কোৱাও নাযায়
পিছে সেইবোৰ বিয়পি পৰে সততে ৷

[টোকা: উত্তৰপ্ৰদেশৰ গাজিয়াবাদত ১৯৮৬ চনত জন্মলাভ কৰা যুব কবি, লেখক, সমালোচক, সাংবাদিক অবিনাশ মিশ্ৰ সাম্প্ৰতিক হিন্দী সাহিত্যত এটি পৰিচিত নাম ৷ “সদানীৰা“ নামৰ বিশ্ব কবিতা তথা শিল্পকলাৰ হিন্দী পত্ৰিকাৰ সম্পাদক মিশ্ৰৰ ইতিমধ্যে দুখন কাব্য সংকলন আৰু এখন উপন্যাস প্ৰকাশিত আৰু চৰ্চিত হৈছে ৷ “হিন্দৱী“, “হিন্দীসময়“, “হিন্দী কবিতাকোষ“ আদি অনলাইন আৰ্কাইভত মিশ্ৰৰ কবিতা উপলব্ধ ৷ ]
—————————————
দুটি অনুবাদ কবিতা 
কবি :  ধৰ্মেন্দ্ৰ উপাধ্যায় 
ভাৱানুবাদ: লীলা উপাধ্যায়

১.
মই বোকা তুমি পদুম

হওক তেন্তে মই বোকা 
তুমি পদুম

মই বোকা
সেইবাবে তুমি পদুম

মই বোকা হৈ দিলোঁ
তাৰ বাবেহে তুমি পদুম হ'ব পৰিলা।

২.
আপেল


তেওঁৰ এখন হাতৰ আলিংগনত মই
এখন হাতৰ মুঠিত চোকা ছুৰী

কিয় লৈ  আছানো 'ছুৰী' 
তেওঁৰ উত্তৰ - আপেল কাটিবলৈ

মই অস্থিৰ চকুৰে ইফাল সিফাল চালোঁ 
ক'ত  আপেল ক'ত আছেনো
 
তেওঁৰ স্থিৰ চকু মোৰ বুকুৰ ওপৰত
তেওঁৰ জিভাৰ পৰা বৈ আছিল পানী
মোৰ চকুত পৰা ।

( নাওবৈচা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰৱক্তা ধৰ্মেন্দ্ৰ উপাধ্যায় নেপালী ভাষাৰ এগৰাকী প্ৰতিষ্ঠিত কবি । )
————————————————————————
                            কবিতা 

নন্দিতা
ৰাজীৱ বৰা

তায়ো কাৰোবাৰ শিতানৰ জোন
প্ৰেমিকাৰো আাই-বোপাই থাকে
সকলো প্ৰেমিকে এই কথা বুজা হ’লে

এইটো দেহৰ ময়েই গৰাকী–
গানটো ঘৈয়াই চয়তানে আটাহ পাৰে
সুৰবোৰ মোৰ মতে বাজিব লাগিব

সেন্দুৰীয়া বস্তুকে চাব পৰা নাই
তেজে তুমৰলি চিঞৰটোৱে
উকটি পেলাইছে চকুৰ স্তব্ধতা

বেটী কেনেকে বচাওঁ বাহাদুৰ!

এটা হত্যা বাৰে বাৰে চলে
তেওঁলোকে যেতিয়া ঘাতক-প্ৰেমিকৰ 
হত্যাৰ বৈধতাও বিচাৰ কৰে৷
—————————————
মাৰ চকুত নপৰাকৈ
ধ্ৰুৱ কুমাৰ তালুকদাৰ 

মোৰ আলমাৰিৰ তিনিটা চোলাৰ মাজত 
এটা চোলা আছিল 
দুখৰ---

এদিন জেপত পইছা নথকাৰ বাবেই 
মই সেই চোলাটো আনিছিলো
ৰাতিৰ বজাৰৰ পৰা
আৰু আলমাৰিত ভৰাই ৰাখিছিলো
মাৰ চকুত নপৰাকৈ

মই যেতিয়াই সেই চোলাটো পিন্ধো
তেতিয়াই মাই কান্দে
আৰু মোক বৰ কৰুণভাবে কয়
এই চোলাটো নিপিন্ধি অ'
এই চোলাটো দেখিলে মোৰ দুখ লাগে

মাৰ কিয় দুখ লাগে
কিয় দুখ লাগে মাৰ
সেই কথাটোকে ভাবি ভাবি
মই বজাৰত চাউল কিনি থাকোতে
দোকানী এজনে মোৰ বাওঁহাতখনতে থাপ মাৰি ধৰিলেহি
এই চোলাটো তই
মোৰ দোকানৰ পৰাই চোৰ কৰিছিলি!
হয়নে?

মই হয়, নহয় কিবা এটা কোৱাৰ আগতেই
দোকানীজনে ক'লে---
যি কৰিলি ভালেই কৰিলি
এই ৰঙা চোলাটো মোৰ দোকানত থকা দিন ধৰি মই বৰ দুখত আছিলোঁ
সেই দুখে এতিয়া হয়তো 
তোক কন্দুৱাই আছে

মই হয়, নহয় কিবা এটা কোৱাৰ আগতেই দোকানীজনে পুনৰ ক'লে---
তই নাকান্দিলেও এই চোলাটো দেখি 
তোৰ মাৰই নিশ্চয় কান্দে...

হয়, নহয় মই কিবা এটা কোৱাৰ আগত
দোকানীজনে মোৰ হাতখন এৰি দিলে
আৰু ভয়ত নে ভ্ৰমত মই 
দৌৰিবলৈ আৰম্ভ কৰিলোঁ---

চোলাটো দেখিলে মাই কান্দে
চোলাটো দেখিলে মাই কিয় কান্দে
এই কথাটোকে ভাবি ভাবি মই 
ঘৰলৈ উভতি আহি দেখিলো
মোৰ মোনাৰ চাউলখিনি
লাহে লাহে শিল হবলৈ আৰম্ভ কৰিছে
মাৰ চকুত নপৰাকৈ।
—————————————
মৃত চহৰখনত শিলৰ ছাঁ
জোনমণি দাস

মৃত চহৰখনত শিলৰ ছাঁ--
পূজাৰ পিছত পথৰ দাঁতিত পেলাই থোৱা মাটিৰ মূৰ্তিবোৰ
(কুকুৰে য'ত ঠেং দাঙি মুতে)
ঠিক তাতেই বতাহে ছটিয়াই
চকুবোৰৰ বীজ।

এডেও-দুডেওকৈ চকুবোৰ গজি উঠে
মৃত চহৰখনত বাঢ়ি যায় ক্ৰমাৎ শিলৰ ছাঁ
সূৰ্য য'ত শৰবিদ্ধ…

দুপৰীয়া দেখোঁ--
মূৰ্তিবোৰে মুক্তি বিচাৰে
(আবাহনৰ পিছত বিৰ্সজনৰ কি বিড়ম্বনা!)
মোৰ চকুত ডেও দি উঠে
শৰবিদ্ধ সূৰ্যৰ ৰেঙণি।

ফুলৰ চমকে তলাব নোৱৰা
মোৰ হৃদয়
বিষণ্ণতাত বুৰ যায়
শিলৰ ছাঁত মাৰ যায় মৃত চহৰখনৰ বিননি

বতাহত ওপঙা উচুপনিবোৰে
সোঁৱাৰাই দিয়ে--
ঐক্যকেন্দ্ৰিক বৃত্তৰ ওপৰত
আকাশ যেন এখন
শ ঢকা কাপোৰ!
—————————————
শেঙুন
দিগন্ত নিবিড়

নাকৰ পৰা ঠপিয়াই
শেঙুনখিনি লৈ গ'ল
এটা কাউৰীয়ে

এনেতে দেখিলোঁ 
এটা কুকুৰে ভুকভুকাই ব্যতিব্যস্ত কৰি তুলিছে 
গৰু পোৱালি এটাক

মোৰ শেঙুনখিনিৰ বাদে
কাউৰী, কুকুৰ আৰু গৰুৰ আজিকালি
বজাৰমূল্য সাংঘাতিক

চহৰৰ অধিকাংশই এতিয়া 
কাউৰী আৰু কুকুৰত ধনী

গাঁৱখন বচাইছে গৰুৱে !

এইবাৰ বহাগত গাবলৈ 
কাউৰীয়ে শিকিছে কুউ কুউ 
কুকুৰে শিকিছে বাবলৈ ঢোল

শেঙুনখিনিৰ দুখত ৰঙা চিঙা হৈ
ৰুমালৰ তলতে 
বিৰহত বিনাইছে নাক

নাক এটা 
ঘেনগঘৰ কাণৰ সমান হ'ব পাৰে নে?
অথবা 
ডালিৰ আঙুলিৰ গলি যোৱা এখন ছবি।

শেঙুন যিদৰে 
পেণ্ডুকনা এটাৰ বাবে মৌ হ'ব পাৰে
হ'ব পাৰেনে আজিৰ দিনত ভোকৰ ভাত?

শেঙুন হ'ব পাৰে নে ভালপোৱাৰ নিভাঁজ বাট?
—————————————
শ্বাবনপ্ৰাছ
অৰ্চনা ঠাকুৰীয়া

হাঁহে -মাহে নাখালেওচোন আহে 
কাঁহেই কাঁহ
লগতে বুকুৱে পিঠিয়ে হান মাৰি ধৰা 
যেন বাঁহৰ আহ
পঞ্চ তুলসীয়ে দুখ- দূৰ  নকৰে
চাওঁতে চাওঁতে দিনো বাগৰে

বিজলুৱা জিভাই চেলেকিব খোজে 
মৌজোল, 
চামনিপৰা দাতে চোবাব বিচাৰে লং অথবা
জেষ্ঠমধুৰ আটিল শৰীৰ
মুঠতে কাঁহৰ কৃপাত নিজৰ লগতে 
আনৰো নিশাৰ টোপনিৰ কাৰ্যসূচী বাতিল

-মোৰ কষ্ট 
ভৱিষ্যত বিপদৰ আগজাননী
ৰূ-ৰুৱাই জ্বলা বনাগ্নি
এচপৰা ক'লীয়া মেঘৰ  বিদ্ৰোহৰ হুংকাৰ
ধুমুহাৰ শিখৰ,দপদপাই জ্বলা চিতাৰ জুই, মন্দোদৰিৰ তাপিত হৃদয়

সময়ে সকলো সলায়
বন্ধুদ্বয় অশ্বিনিকুমাৰৰ কৃপাত আজি মোৰ
হাতত শ্বাবনপ্ৰাছ
নিজেই নিজকে ক'লো,
'আইজনীও চেলেকা এটা মাৰা আৰু অতিথি কাঁহক ভকত সেৱা পাতি বিদায় দিয়া'...

ছন্দ হেৰোৱা জীৱন
মোহৰ তাড়নাই পিছ নেৰা
দিবা -নৈশ
আগলৈ, এখোজ দুখোজ
আৰু বহু খোজ...

বি: দ্ৰ : 'শ্বাবনপপ্ৰাছ'  দেৱতাসকলৰ বৈদ্য সূৰ্যপুত্ৰ অশ্বিনিকুমাৰদ্বয়ৰ অৱদান বুলি জনা যায়।
—————————————
যদি সাৰে থাকে টোপনিও
অংকুৰিতা ফুকন

যদি সাৰে থাকে টোপনিও মোৰ স'তে
থাকক…
উজাগৰী ৰাতিবোৰত সোঁৱৰণিৰ এজাক ধুমুহা বলে
 বলক…

ঘামত ভিজা চুলিৰ আগেৰে নিগৰি আহক 
পিয়াহত আতুৰ পানীপিয়াৰ মাত
এটি ৰিঙতে জাগি উঠক মাটি
তিনিমুনিৰ গজালিত পুৱাতে হেৰোৱা বাট…

ৰাতিবোৰ আৰু এন্ধাৰ হওক
দিনবোৰ পোহৰতকৈয়ো পোহৰ…

মাতৰ আপেক্ষাত
বাট হেৰুওৱা পানীপিয়া চৰাই
এনিশাৰ টোপনিতে আছিল
মৰহা জীৱনৰ শান্তিবোৰ লুকাই...
—————————————
আৰামী চকী
গীতাঞ্জলি বৰকটকী

বাৰাণ্ডাৰ চুক এটাত
বতাহত ডুলি আছে আওপুৰণি  আৰামী চকীখন

কেৰ্‌ কেৰ্‌ কেৰ্‌
দুচকুত মেঘৰ কাজল সানি
চকীখনে আমন-জীৱনকে বহি থাকে

ঘূণে খোৱা দেহাটিৰে 
 ছাঁ-পোহৰৰ খেলা খেলি
সময়বোৰ পাৰ কৰে

চকীখনে যেতিয়া মোলৈ চায়
ময়ো চাই আঁতৰি আহোঁ

উদং কোলা
হাউলি পৰা সময়

নিবিড় স্পৰ্শবোৰ হেৰায়

নিসংগতাৰ পৰিভাষা বুজি 
ৰেলিঙৰ ফাকেৰে বাটলৈ চাই

বৰষুণৰ আছাৰকণিত তিতে
ৰ’দত শুকাই
বতাহত  দোলি থাকে

বিষবোৰ বাঢ়ে
গাটো চেঁচা পৰে
ঘূণে ধৰা শৰীৰৰ পৰা এটা কেকনি বতাহত বিয়পে
—————————————
স্থিতি
সঞ্চিতা বৰা

এই দুখৰ এটাই দুখ 
তোমাৰ লগতেই থাকোঁ 
অহৰ্ণিশে
তত্ৰাচ
হাতৰটোক নেদেখি 
বাটৰটোকহে বিচাৰা
তাকে নাপালেই 
মোক লৈয়েইতো 
দন কাজিয়া।
—————————————
উলাই কৰিব নোৱাৰা কি এই ভংগুৰতা
গিৰিজা শৰ্মা

উলাই কৰিব নোৱাৰা কি এই ভংগুৰতা
শেতেলিৰ শিতানত এথূপ উদ্বিগ্নতা
উজাগৰী কথকতা
এই যে!
তোমাক বুজাব নোৱাৰিলোঁ
সেয়াও কি ব্যৰ্থতা

কিদৰে হ'ব পাৰে ব্যৰ্থ
মই জানো, মই অনিৰুদ্ধ
হতাশা  অৱসাদে কেতিয়াবা বুকু ভাঙে
একধৰণৰ অক্ষমতাই আচ্ছন্ন কৰি ৰাখে মন-মগজু
এনে কি সোণৰ কাঠি তোমাৰ আছে 
যি মোৰ নাই
এনে কি সন্মোহন !

অকপট স্বীকাৰোক্তি
ক'ৰবাত ফাঁক এটা থাকে

ৰৈ যায় বোবা বিষাদ

কি এই অন্তৰায়
অথচ, ভিতৰখন তুমিময়
তুমিময় ৷
—————————————
দুটি কবিতা
গায়ত্ৰী দেৱী বৰঠাকুৰ 

১.
ছ'ডিয়াম 
  
ক'ত জানো 
এৰি আহিলোঁ 
মোৰ সেউজীয়া পথাৰ 
য'ত মিহলি হৈ আছিল 
মোৰ পিতাইৰ ঘাম

এতিয়া আনকি 
বতাহেও নিচিনে সেই ঠিকনা

২.
পটেছিয়াম

মোৰ মগজুৰ জোখৰ
অক্সিজেন 
মোৰ আই

অম্ল আৰু ক্ষাৰৰ 
ভাৰসাম্য ৰক্ষা কৰি 
নিয়ন্ত্ৰণ কৰে 
মোৰ ৰক্তচাপ 
অথবা
ত্ৰিকোণ ছন্দ ।
——————————————
ক্লাইমেক্স
ড০ৰিমঝিম বৰা

হৃদয়ত পুঞ্জীভূত কৰোঁ
বিশ্বাসৰ আধাৰতে বিশ্বাসৰ ভাস্কৰ্য!

নিৰলে ভাবোঁ
সহজ বুলি ভবা কথাবোৰতেই
দেখোন হাজাৰ কথাৰ মকৰাজাল

জুইত পুৰিলে সোণ হয়
বিশ্বাসৰ অপমৃত্যত
সোণ হ'ব পাৰিনে পুনৰ

এনে লাগে কেতিয়াবা
ফুলতকৈ দেখোন কাঁইটেই ভাল!
অন্ততঃ 
জীৱন নাটৰ ক্লাইমেক্স 
প্ৰাৰম্ভতে অনুমান কৰিব পাৰি।

(ড০ৰিমঝিম বৰা
অধ্যাপিকা
গড়গাঁও মহাবিদ্যালয)
—————————————
যাদুকৰ
প্ৰদীপ চন্দ্ৰ শৰ্মা

যাদুকৰৰ যাদু প্ৰদৰ্শন
সদায় চলি থাকে
চিৰন্তন সত্যৰ বাহক
প্ৰভাৱেই যে সৰ্বাত্মক

গিলি গিলি ফু
অদ্ভূত কলাৰ প্ৰদৰ্শন
তুমি হয়তো দেখাই নাই
নহ'লে হয়তো উপভোগ কৰিবলৈ
তোমাৰ আহৰি নাই

সেইযে তাহানিতে শুনিছিলোঁ
এ ৰাম তোমাৰ সীতা নহয় ভাল
দেহতত্বৰ অমিয়া সুৰৰ গান
শিকিলোঁ-বুজিলোঁ গোটেই জীৱন
গালো-বালো খোলাকুটিৰ তাল।
—————————————
দেউতা 
সীমা গগৈ 

দেউতা এটি সত্তা 
দেউতা যুগান্তৰৰ চিনাকি পুৱা 
দেউতা  আদিত্যৰ সোণোৱালী আভা 

দোকমোকালিতে সূৰুযৰ স'তে পাতে যিয়ে 
অনিৰ্বাণ আলোকৰ মেলা

দুপৰৰ ৰ'দেও দহিব নোৱাৰে 
যিজনৰ অদাহ্য কায়া

সেইজনেই মোৰ দেউতা ।
—————————————
নিসংগতা
ভাৰতী চক্ৰৱৰ্তী

মৰি আহিছে ধুনীয়া চহৰ
ক্ৰমে কমি আহিছে
কলিজাৰ চঞ্চল বতাহ
পকেটত ব্যস্ত সময়ৰ টোকা

এইযে সময়
ছাঁ-পোহৰৰ এখন খেল
অতীত বিচাৰি হাঁহাকাৰ
নীৰৱ চকুলো ভাপ হৈ লীন 
কি আশ্চৰ্য যাদু সময়ৰ

এখন চকি
ৰ’দ চোৱা উদাস চাৱনি
এটা শিশুৰ দৰে
নিষ্পাপ।
——————————————————
বাপু
দাদুল ভূঞা


১.
আজি ২ অক্টোবৰ
ফুলেৰে উপচাই দিয়া হ'ল তোমাৰ বেদী

ফুলবোৰ কালিলৈ মৰহিব
ৰ'দ বৰষুণত
বাপু আকৌ তিতিব

২.
বাপু
তোমাৰ দেশত এতিয়া ভীষণ এন্ধাৰ
নাচৰ পুতলা হৈ নাছি আছে সকলোৱে

অহিংস নীতিৰ আজি ওলোটা প্ৰতিবিম্ব
মুখে মুখে প্ৰচলিত 
মাথোঁ কেইটিমান শব্দ।
———————————————————
শিলৰ আকাশ
ড° মন্ জু  হালৈ
(চিকিৎসাধীন নীলপবন বৰুৱাৰ আশু আৰোগ্য কামনা কৰি)

তুমি নীলাৰ দৰে নীলিম
কাঁচিয়লি ৰ'দৰ কোমলতাৰ দৰে সঁচা

তোমাৰ হাতৰ তুলিকাডাল এহেজাৰ এটা কবিতাৰ সৰল খেলপথাৰ

সেই খেলপথাৰবোৰত নাই
জতুগৃহৰ জতু
অথবা
চম্পাৱতীৰ ভনীয়েকৰ লুভীয়া দৃষ্টি
কুটিল হাঁহি
অচিনাকি অজগৰ মাতি

তুমি আঁকা জীৱনৰ ৰামধেনু
বিচ্যুৰিত পোহৰে বকাসুৰৰ দৰে ভাঙি চিঙি গিলি থয় দুখৰ আঙুলি

শিলৰ আকাশ ফুটাই জয় কৰা বেদনাক
ভাষা নেহেৰাবলৈ ৰঙৰ শব্দবোৰক
কৰি তোলা উত্তাল সমুদ্ৰ
পোহৰৰ ফালে থকা দুৱাৰখনৰ তলা সদায় হেৰাই 
শক শতকেৰে পূৰণ অংক কৰি কৰি
জীপ দিয়া নতুন সম্ভৱনাক।
—————————————
প্ৰতীকবাদ আৰু অসমীয়া কবিতাত ইয়াৰ প্ৰভাৱ
চুভানা চুলতানা আহমেদ

কবিতাক নিদিষ্ট সংজ্ঞাৰে আবদ্ধ কৰিব নোৱাৰি। কবিতা উপলব্ধিৰ বস্তু।কবিয়ে নিজা অনুভূতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ কবিতা ৰচনা কৰে। অনুভূতিৰ তীব্ৰতাই কবিৰ ভাৱ জগতক আলোড়িত কৰি বিষয় অনুসৰি কল্পনাৰ সহযোগত প্ৰকাশ লাভ কৰে।এই সমগ্ৰ কবি-কল্পনা আৰু ভাবানুভূতিক ভাষাই বহন কৰিবলৈ যাওতে ভাষাৰ বিশেষ ঠাঁচ এটা অৰ্থাৎ কাব্যিক ভাষাৰ জন্ম হয়।ভাষাৰ এই কৃত্ৰিম ৰূপটোক অৰ্থব্যঞ্জক আৰু সুন্দৰতৰ কৰি তুলিবলৈ কবিসকলে নানা প্ৰক্ৰিয়াৰ সহায় লয়। এইবিলাক প্ৰক্ৰিয়া কেতিয়াবা কবিতাৰ শৰীৰত বা কেতিয়াবা অৰ্থব্যঞ্জনাত প্ৰকাশ পায়।
এনে সম্পদবিলাকক কবিতাৰ উপকৰণ বা প্ৰকৰণ বুলি ধৰা হয়।ছন্দ, ছন্দ-স্পন্দ,ৰস, ধ্বনি, ৰীতি আৰু অলংকাৰ _যেনে-উপমা,উৎপেক্ষা, ৰূপক,শ্লেষ অতিশয়োক্তি,বিৰোধাভাস আদি কবিতাত মূৰ্ত হৈ উঠে। কবিয়ে নিজৰ বিমূৰ্ত ভাৱ কল্পনাক বোধগম্য কৰিবৰ বাবে এই বোৰ সম্পদৰ প্ৰয়োগ ঘটায়। ফ্ৰান্সক প্ৰতিকীবাদী আন্দোলনৰ জন্মভূমি ৰূপে গণ্য কৰা হয় যদিও আধুনিক অসমীয়া কবিতাত প্ৰতীকবাদৰ যি প্ৰভাৱ সেয়া ফৰাছী কবিতাৰ পৰা পোনপটীয়াকৈ নাহি ইংৰাজী কবিতাৰ পৰা অহাৰ সম্ভাৱনা বেছি।
   পৰম্পৰাগত প্ৰতীক ৰমন্যাসিক অসমীয়া কবিতাত বিস্তৰভাৱে পোৱা যায়। কিন্তু দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী আধুনিক অসমীয়া কবিসকলে  নিজস্ব প্ৰতীকৰ ব্যৱহাৰ কৰিছিল। অমূল্য বৰুৱাই "কুকুৰ"কবিতাত প্ৰকাশ কৰা কুকুৰ প্ৰতীক অতি সৰল পৰ্যায়ৰ।' বিপ্লৱী' কবিতাত ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্য্য, মৃত্যুঞ্জয়ী অমৃত,উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ  পূজাৰী আদিৰ প্ৰতিকী অৰ্থ কবিৰ নিজা ধাৰনাপ্ৰসূত। আনহাতে হেম বৰুৱাৰ 'মমতাৰ চিঠি' কবিতাত বগা সাজযোৰ সৰল আৰু পৰম্পৰাগত প্ৰতীক হলেও, তেওঁ তেতিয়া কয়ঃ"আমাৰ আইতাৰ ক'লী ছাগলীজনীৰ দুটা পোৱালি জগিছে।এটা শুধ বগা আৰু আনটো পখৰা।"ইয়াত ক'লী ছাগলী,বগা-পখৰা প্ৰতীকৰ  অৰ্থ সৰল নহয়।ক'লী ছাগলীজনী মনৰ আন্ধাৰ দিশৰ সংশয় বুলি ধৰি ললে আইতাকৰ অস্থিৰ মন কেতিয়াবা শুদ্ধ পথেদি(শুধ বগা) আৰু কেতিয়াবা সন্দেহজনক আশঙ্কাই (পখৰা) প্ৰশান্ত কৰি তোলে।
   ' ৰামধেনু'ৰ পাতৰ(১৯৫০-৬০) দশকটোৰ কবিসকলেই আধুনিক অসমীয়া কবিতাত স্মৰণীয় হৈ আছে। সেই সময়ৰ কবি এলিয়েটৰ দ্বাৰা পোনপটীয়াকৈ প্ৰভাৱিত নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীকৰ প্ৰয়োগ অতি সংবেদনশীল।'মনত পৰেনে অৰুন্ধতী'কবিতাত,"সেমেকা পোহৰে পোহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ "ৰ অৰ্থ হৈছে বয়সে ম্লান কৰাৰ সময়ত প্ৰেয়সীৰ খোপাত বয়সৰ গোন্ধ। নৱকান্ত বৰুৱাৰ নদী, মৰুভূমি,পলস আদি অলেখ প্ৰতীক সহজ যদিও তামৰঙী আকাশ,ফুটছাই বৰনৰ পৃথিৱী আদি প্ৰতীকৰ মাজত তেওঁৰ কবিতাৰ আৰ্কষন আৰু আলোড়ন এতিয়াও ইঙ্গিতময় হৈ আছে।

 " সাপ" হ'ল উগ্ৰ কামভাৱৰ প্ৰতীক। আধুনিক কবিসকলৰ ভিতৰত হেম বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি আদি কবিয়ে সাপক প্ৰতীক ৰূপে লৈছে।
কেশৱ মহন্তৰ 'আঘোণৰ কুঁৱলী' সৰল, কিন্তু অজিত বৰুৱাৰ 'মন কুৱলী' যথেষ্ট কঠিন।অজিত বৰুৱাক যথাৰ্থ 
প্ৰতীকবাদী বুলিব পাৰি। তেওঁৰ কবিতাৰ নাওঁৰ টিং, কামৰূপৰ মেপ, অকলশৰীয়া বতাহ, ব্ৰঞ্জৰ ঢেকীয়া, জুই লগাই চকু আদি অলেখ প্ৰতীক কবিৰ কাব্যিক সম্পদ।

নীলমণি ফুকনৰ নিজস্ব প্ৰতীকবোৰ অতি সুন্দৰ। গোলাপী জামু,হৰিণা পোৱালি, ক'লা ঘোঁৰা, সোণালী ফিচাৰ মাছ আদি মেটমৰা প্ৰতীকৰ দ্বাৰা ফুকনৰ কবিতাসমূহ সৌন্দৰ্য্যলব্ধ হৈ উঠিছে।
  এনেদৰে ৰামধেনু আৰু উওৰ ৰামধেনুৰ প্ৰতিজন কবিৰ কবিতাত প্ৰতীক প্ৰয়োগ দেখা যায়। প্ৰতীক নিৰ্মাণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সময়ে সময়ে ভিন্নতা পৰিলক্ষিত হলেও কবিতা ৰাজ্যত প্ৰতীক সদায়ে আদৰণীয় হৈ আছে।
[সহায় লৈ_গৰীয়সী, চতুৰ্থ বৰ্ষ, পঞ্চম সংখ্যা।]
—————————————
জিক মিক জোনালী
দেৱ দাস

১.
শুকুলা  ৰথেৰে জোন
     
এটি সৰু তৰা
দূবৰিৰ পতত নিয়ৰ

পাখিত পাখি থৈ
জাকপাতি বগলী 

 নীল আকাশত 
 শৰৎ

২।
আহিনে
ভূমুকিয়াই
এডৰা কঁহুৱা ফুলিছে 

দিগন্তটোৱে     
তোলপাৰ 

৩।
সেইযে শেতেলিত 
ৰজনীগন্ধা 

খোপাত কপৌ 
ধুনীয়াকৈ বনকৰা 
গামোছা 

 কবিৰ শেহতীয়া 
 কবিতা 

চোতালৰ
ফৰিংফুটা জোনাক 
তলসৰা শেৱালি 

এতিয়া শৰৎকাল

৪।
স্নিগ্ধ জোনাকত 
শুভ্ৰ ডেউকাৰে শৰৎ

গম নোপোৱাৰ চলে
ৰাতি শেৱালি ফুলে
পূৱা সৰি সৰি মুখৰ

কবিয়ে কবিতাৰ
পোহাৰ মেলে 

শাৰদীয় খামত 
সুৰ শ্বায়েৰী 
         
ইপাৰৰ বগলী 
সিপাৰৰ চকুৱা

হালে জালে
কঁহুৱা 
         
দিগন্তটোৱে 
ফেহুজালি 

শৰতৰ 
—————————————
নৈখনে স্বস্তিৰ উশাহ ল'ব
পংকজ কুমাৰ শৰ্মা

চেঁচা বতাহজাকে অৰণ্যৰ গছপাতবোৰ কোবাই থাকোঁতে
নৈখনে স্বস্তিৰে উশাহ লৈ ভাল পায়

নৈখনে ভালপোৱা কথাবোৰ মাছবোৰক কৈ থাকিলে
মাছমৰীয়াৰ ঘৰত পুৱা-গধুলিবোৰ সৰস হৈ উঠে

মাছমৰীয়াৰ নাওঁবোৰে উজাই পানী ফালি যাওঁতে 
নৈপৰীয়া গাঁৱৰ নামঘৰৰ হৰিনামৰ সুৰটো
বকুল ফুলৰ গোন্ধ হৈ বিয়পি পৰে

বকুল ফুল বোটলা শৈশৱৰ কথাবোৰ পাকঘূৰণি খাই থাকে,
তাহানিৰ গাঁৱৰ নিভাঁজ মৰম 
আৰু আন্তৰিকাবোৰ মনত পৰিলেইচোন
বুকু জুৰ পৰি যায়

কাঁহ পৰি জীণ যোৱা গাঁৱৰ নৈশ যাপন 
বিদ্যুত চুম্বকীয় তৰংগেৰে সহাৱস্থান কৰিছে,
গাঁওবোৰে ৰাতি ৰাতি
গছৰ চকুলোৰ কবিতা শুনি শুনি টোপনি যায়

গছৰ বেদনা শুনি শিহৰিত অৰণ্য,
গাঁৱৰ মানুহবোৰে ৰাতি ৰাতি শান্তিৰে শুবলৈ
বৰ কষ্ট কৰে !

অৰণ্যৰ বাৰু কি দোষ 
গছৰ দুখত দুখী গাঁৱবাসীয়ে ককবকাইছে
একাঠু পানীত 

এজাক চেঁচা বতাহ বলা হ'লে
এজাক ৰিমঝিম বৰষুণ সৰিলহেতেন

নৈখনে স্বস্তিৰে উশাহ ল'ব লাগিব 

অৰণ্যৰ বিৰিখৰ পাতবোৰ চেঁচা বতাহৰ পৰশত
আকৌ কঁপি উঠকচোন

গাঁওবাসী গভীৰভাৱে আশাবাদী,
গাঁৱলৈ জলকোঁৱৰ আহিব, মানুহৰ বুকুৰ 
বতৰা ল'বহি  ।
—————————————
এটা বদনামী আবেলিৰ কথাৰে
চয়নিকা ভূঞা

কথাবোৰে বাট বুলিছিল 
গৰ্ভৱতী আকাশত
সেইদিনা
কথাবোৰ তেনে হোৱাৰ কথা নাছিল 
যদিও হৈ গ'ল 

পূৱে ধল ফাট দিওঁতেই 
আগজাননী দিব লাগিছিল 
বাটৰ বুকুৰ পৰাই বহু বাটৰ জন্ম 

সকলোবোৰ কথা যে সময়তেই হ'ব 
তেনে কোনো কথা নাই 
কোনো আগজাননী দি 
নঘটিবলগীয়া ঘটনা ঘটিব বুলিও 
কোনো বাধ্য নহয় 
তথাপিও 
হৈ যায়
ঘটি যায় 

সূৰ্য্যাস্তৰৰ পৰত
অশনি সংকেত

নোহোৱা-নোপজা কথাত
সকলোৰে হয়ভৰ  
ৰাউচি-জোৰা কান্দোনত 
কলিজা তোল-পাৰ 

কাউৰীয়ে ৰমলিয়াই
আওপুৰণি সম্বন্ধবোৰৰো হেতা -ওপৰা লাগে

গধূলিলৈ বেছি পৰ নাই 
অবিশ্বাস্য কথাবোৰ 
এতিয়া
মুখৰোচক  ৷
—————————————
আমি সকলোৱে ভাও দি আছোঁ
অতুল তামুলী 

আজি
ফটিকাৰ ৰাগিত ভাগি পৰে
মাটি ভেঁটি জাতি ,
হেৰাই আইৰ মুখৰ মাত
- তেওঁলোক ৰাগিত মাতাল ।

সপোন দেখোঁ আমি
ৰূপকথাৰ সাধু শুনো আমি
যাদুকাঠিৰ স্পৰ্শ‌ত
কেউদিশে ফলিব, ফুলিব 
সেউজ সোণালী ফচল ।
আমিও ৰাগিত মতলীয়া
আৰু সপোন বলিয়া,
আমি অবোধ বালক
মন কুমলীয়া ।

সপোন ভাগিলেই
হ'ব হাহাকাৰ, 
এতিয়া আমাৰ 
পানীৰ আকাৰ ।
যাদুকৰৰ আঙুলিৰ ঠাঁৰত
মঞ্চত আমি নাচি থাকোঁ
আমাক নচুৱাই থাকে
এইয়াযে ক্ষণিক বিভ্ৰম 
খেলা শেষ হ'লেই
আৰু একো নাই,
আৰু একো নাই ।

ফটিকাৰ ৰাগিত আমি মতলীয়া
দেশৰ নাটৰ আমি ভাৱৰীয়া ।
—————————————
শৈশৱ
চন্দনা ভাগৱতী

গৰখীয়া সুৰৰ মাতাল আবেলি
সুদূৰৰ পৰা ভাহি আহে এটি বাঁহীৰ সুৰ আৰু
মোৰ বুকুতে আহি শুই পৰে

পদূলি মুখত ফুলি থকা গধূলি-গোপাল 
সুবাসে আচ্ছন্ন কৰে

এবুকু আলসুৱা আবেগত ডুব যাওঁ
আম-লেটেকুৰ গোন্ধেৰে বুৰ যাওঁ

সুৰৰ সাগৰ উত্তাল জোৱাৰ
সেউজীয়া গান এটি আপোনমনে গুণগুণাও
গলি যোৱা সপোন এটাৰ তলত
মোৰ ভাজলগা সপোনবোৰ

বাৰীয়ে-পদূলিয়ে
পথাৰে-সমাৰে
ঘূৰি থকা মোৰ শৈশৱ ।
—————————————
অজুহাত
নিবেদিতা দাস লাহন

দুচকুত ওলমি ৰয়
অৱসাদে কোঙা কৰা এজাক বৰষুণ 
আকাশখনত এজাক পৰিভ্ৰমী চৰাইৰ কোলাহল 
শাৰী শাৰী উশাহবোৰ মাথোঁ উৰিছিল লক্ষ্য ভেদি
বিচাৰি যাত্ৰাৰ সিপাৰে সুখৰ আলয়।

বিদায় বেলাত তোমাক দিবলৈ 
হাতত গুজি লৈছিলোঁ
সোণাৰুবুলীয়া বিষাদ হাঁহি।
বুজা-নুবুজাৰ আলি-দোমোজাত আমি ।
হালধীয়া ৰং প্ৰিয়  বাবেই 
বাৰে বাৰে পৰো সোণাৰুৰ প্ৰেমত। 
আৰু তুমি  বগা হাছনাহানাৰ  গোন্ধত 
বিভোৰ হৈ ৰোৱা ওৰেটো নিশা।

আজি কালি দকৈ শিপাই 
অলাগতিয়াল অজুহাতৰ 
কিছুমান  টুকুৰা অভিমান।
আঁক-বাঁক কৰি ছন্দ মিলাও
ভাল-বেয়াৰ এখন দীঘলীয়া
তালিকা।
নিয়মবোৰ এবাৰ ভাঙো
এবাৰ গঢ়ো ।
অজুহাতে সম্পৰ্কৰ দূৰত্ব বঢ়ায়।
—————————————
জীৱন
জগদীশ নাথ

মেৰুদণ্ডহীন কলমৰ সেই আঁকবোৰ
নিজৰ কৰিব বিচাৰিলেও
কাহানিও নিজৰ নোহোৱা জীবনৰ বাট,
যেন কাৰোবাৰ হাতৰ তালত
সেই শিকলিযুক্ত বান্দৰৰ নাচ।

মইতো কেতিয়াবাই হেৰাই গৈছিলোঁ জীৱন যুঁজত
অ - আ ক - খবোৰ কিন্তু ভালদৰেই শিকিছিলোঁ,
কোনো চাপত নাছিলোঁ তেতিয়া...
যেতিয়া খালী ভৰিৰে লগৰীয়াৰ লগত স্কুল গৈছিলোঁ।
ক - খবোৰ কিন্তু এতিয়াও একেই আছে,
একেই আছে সিহঁতবোৰ ...
মাথোঁ সলনি হৈছে আমাৰ চিন্তা।
—————————————
হৃদয়
অঞ্জনা বৰুৱা 

কিয় জানো উধাতু খায়
 কিঞ্চিত থৰ হৈয়ো ৰয়
 কি যে আকুলিবিকুলি হৃদয়‌।
সদ্ভাৱনাত হাঁহিৰেই জুৰাই
দূৰ্ভাৱনাত আহাম্মকি ৰূপ লয়

হৃদয়ো যে সকলোৰে অজানিতে
অপূৰ্ণ হৈ ৰূ-ৰুৱাই।
পূৰ্ণতাত সুখে হেঁচুকে
বিষাদত  দুপদাপ ধান বানে
হৃদয়ো যে! 
নেজানো কোনদিনা বা থমকি ৰয়
চিৰদিনৰ অবাধ্য হৃদয়।
—————————————
চন্দ্ৰাৱলী শৰত বিধৌত
গীতাঞ্জলী হাজৰিকা 

বাৰিষা ৰাতিৰ ভিজা চুলিৰ গন্ধক নেওচি
চন্দ্ৰাৱলী শৰতত শেৱালিৰ আগমন  
দুবৰিয়ে কাণে-কাণে ক’লে  শেৱালিক 
মোৰ বুকুৰ দলিচাত সহবাস কৰিবানে !
শেৱালিয়ে টুপুককৈ হাঁহিৰ থুনপাকৰে 
 নিয়ৰকণাৰ কথা সুঁৱৰাই দিলে

দুবৰিয়ে ক’লে শেৱালি আৰু নিয়ৰকণা
মোৰ অনন্ত সময়ৰ আজন্ম সমন্ধৰ
কুঁৱলীয়ে শুভ্ৰ আঁচলৰে ঢাকিব 
আমাৰ সুবাসিত সংগম সময়ক
মোৰ বুকুৰ দুবৰিত তুমি শয়ন কৰিবা
নিয়ৰকণাই চুমিব তোমাৰ লাৱনি পাহিবোৰ 

সদ্যস্নাতা শুভ্ৰ সময়তে অৱৰোহণ কৰাহি 
লহৰ তুলি নামি আঁহা হৃদয়ৰ দলিচালৈ
পাছত আকৌ কঁহুৱাই কদৰ ল’ব 
হিয়ালি-জিয়ালি বতাহী আঁচলত ধৰি
বাৰ্তালাপত উত্তপ্ত হৃদয়ত তোমাৰ সুবাস
নিয়ৰকণাৰ সংস্পৰ্শই শীতলাই দিয়া মোক

মোৰ মন প্ৰজাপতিৰ বিধৌত উপকূল
জোনাকে জাগৃত কৰিব নালাগে 
সন্ধ্যাতৰাৰ চকুৰ পলকো  নালাগে 
এই চন্দ্ৰাৱলী শৰত বিধৌত
কুঁৱলী কহুঁৱা শেৱালিৰ ত্ৰিবেণী সংগম
ফেহুজালি আভাৰ আভাসত  
হৃদয়ৰ গংগা - যমুনা গোদাবৰীৰ জলকেলি ৷
—————————————
সম্যব্যথা
জোনমনি মহন্ত

বহুতদিন হ'ল 
অনুভৱৰৰ দলিচাত বহি
ৰ'দ কাচঁলি লোৱা হোৱা নাই
কামৰ অজুহাতৰ বাবে নহয় 
এইয়া সময়ৰ তাগিদা 
সেয়ে চাগে পল পলকৈ জুৰুলা হৈ পৰিছোঁ 

পুৱাৰ পৰা আৰম্ভ হয় মোৰ বাবে সেই তাগিদা
সন্ধিয়ালৈ হৈ পৰো ভাগৰুৱা ভাগৰুৱা আত্মাক কেনেকৈ শুশ্ৰূষা কৰিম 
তাৰেই ভাৱনাত বিভোৰ হৈ পৰোঁ

এধানি যদিও সময় পাওঁ 
বৰকৈ মনত পৰে তোমাৰ সুকোমল দলিচাখনলৈ
কিন্তু হেপাঁহ যে নপলায়  অকণমান  পলে !

দিঠকত সপোন দেখোঁ যদিও উপায় নাই
তাকেলৈ মনতো সদায় ৰাখিছোঁ বোৱাই
আহক বা নাহক আশাভৰা দিন
নাজানো সেই বাট  আৰু কিমান কঠিন

তথাপি তাগিদাৰ মাজতো বিচাৰি ফুৰোঁ
পাওনেকি অনুভৱৰ সোণৰ সুৱগা বাট
তাকে ভাবি মই সুখী হৈ পৰোঁ
লগ নোপোৱা সময়বোৰ তাতেই বিচৰণ কৰোঁ ।
—————————————
শাৰদীয় ৰাতি
মৌচুমী দাস

কিবা কিবি ভাবত
বিভোৰ হৈ থকা মইজনীক
তই অহাৰ বতৰা দিলি
তোৰ সুবাসৰে
মই নেদেখাকৈ,মই নজনাকৈ

গোন্ধত মতলীয়া হৈ মাজনিশা
খিৰিকী খুলি দেখো 
তই দেখোন মোৰ চোতালত
পাৰি দিছ শুভ্ৰ দলিচা
কোনেও নেদেখাকৈ,কাকো নোকোৱাকৈ...

এপদ এপদকৈ খুলি দিছ
সুবাসিত পোছাক
মোক নোকোৱাকৈ,মোক নামাতাকৈ.....

এখুজি দুখুজিকৈ গৈ আলফুলে
তোক কোঁচ ভৰাই তুলি লৈ
চালো চৌদিশে..
শাৰদীয় ৰাতি এটা শুই আছে
নিশব্দে নীৰবে
কোনেও নেদেখাকৈ......

মোৰ পুলকিত পৰাণত
সিঁচৰিত তোৰ মিঠা ঘ্ৰাণ
পুৱাৰ সুৰুযে যে আজুৰিব
তোৰ শুভ্ৰ প্ৰাণ.....

মাজৰাতি,
আকৌ আহি জগাবিহি
প্ৰতিটো শাৰদীয় ৰাতিক
তোৰ সুবাস ঢালি
তই যে নিয়ৰ সনা শুভ্ৰ শেৱালি...
—————————————
হিমসিক্ত আহিনৰ টোপ টোপ নিয়ৰ
ৰম্ভা দেৱী

পুৱাৰ ৰৌদ্ৰস্নাতা আহিনৰ দূবৰি
টোপ টোপ নিয়ৰ  মুকুতা সদৃশ
ওপজা মাটিৰ গোন্ধত ভৰিৰ খোজ ।

এজাক বৰষুণে  ৰোগাক্ৰান্তক মনৰ
পৰা উলিয়াই নিলে
পুৱাৰ বন কুকুৰাই  চিঞৰি দিলে
এঙামুৰিৰে ভাগৰৰ দেহাটি কৈ
 দিব আজি এটা নতুন দিনমনি ।

প্রিয়জনক হেৰুৱাৰ মনোবেদনা
কঠোৰ পৰিশ্ৰমৰ দ্বাৰা পাহৰে
হিমসিক্ত  দূবৰিত  খোজত পোৱা কষ্ট
তুমি জানো বুজিবা কেনেদৰে। 

নিজৰ বাটেৰে আহিলোঁ সিহঁত যে
মিছলীয়া বুলি জানি 
ভাল পোৱাৰ অলপ সুগন্ধি বিয়পাই দিলে শৰতৰ শেৱালি ফুলে ---

আয়ুসৰ সংখ্যাত বাঢ়ে
বৃদ্ধ কালে যায়   বিফলে
সোঁৱৰণি মিঠা সুবাসে সোঁৱৰায় ।
—————————————
উশাহ
ৰেখা বৰকটকী 

নিশাৰ বতাহত টিঘিলঘিলাই ফুৰে 
এজাউৰি তৃষ্ণাতুৰ উশাহ
দিনৰ পোহৰত মানুহৰ হাওঁফাওঁবোৰত সিহঁতৰ কোৰ্হাল
আন্ধাৰৰ গইনাৰে মুকলিলৈ ওলোৱা
সিঁহত হেঁপেহুৱা উশাহ...
নাই সিঁহতৰ পৰিধি 
কিম্বা জঞ্জাল
আকাশৰ সুদীৰ্ঘ  হাঁতোৰাৰে ওপৰলৈ উঠাৰ চখ
চেগ চাই ডাৱৰৰ চকুলোৰে মিতিৰালি
চন্দ্ৰমল্লিকাৰ জোনাকী মেলত
 তৰাৱলীৰ  হাঁহিৰে ওমলা,
সুবিধা বুজি মানুহৰ হৃদয়ত
কুৰুকি সোমোৱা
মায়াবিনী সিহঁত
ব্যাপ্তি বহু যোজনলৈ 
কোনো কালে আয়ুসৰ কাঁঠিৰে নোজোখা পৰমায়ুত  জীৱন জিৰোৱা স্বাধীনতা
বহল বায়ুমণ্ডলত সেয়ে 
আশা নিৰাশাৰ বীণ-বৰাগীৰ দেওধ্বনি...
—————————————
মোৰ যেতিয়া অসুখ হয়
প্ৰণৱ প্ৰিয়াংকুশ দত্ত
              
মোৰ যেতিয়া অসুখ হয় ,
ৰূপ-অৰূপৰ
আকাশ দেখোঁ---

মোৰ নিৰ্বাক মুখৰ মাত
হেৰাই যায়;
হেৰাই যায় চকুৰ লোতক,
শেঁতা ৰুমাল;
কুহুমবুলীয়া হাতৰ দহো আঙুলি!

ৰূপ-অৰূপৰ 
আকাশ দেখোঁ;
নদী আৰু শামুক; ৰূপালী
মাছ দেখোঁ।

তুমি দেখা নে কি
মোৰ ঘৰ আৰু ঘড়ী ?
চৈ দিয়া পথাৰৰ ভাঁজত
মোৰ চুলি আৰু আৰ্চী ;
আৰু দেখা নে কি ফণী ?

মোৰ যেতিয়া অসুখ হয়,
ৰূপ-অৰূপৰ
আকাশ দেখো!
—————————————
আবেলিৰ ৰ'দ
জ্যোতিৰ্ময়ী ডেকা

আবেলিৰ ৰ'দজাক মোৰ
গা-ঢাকি পৰিছে
বেয়া লগা নাই তাৰ
মিঠা আমেজ, যেন
নিশাৰ সুহুৰি এটিৰহে
সুমধুৰ তান।

বেলিৰ স'তে সৰি পৰিছে
তাৰুণ্য সময়।অতি সংগোপনে
কোনো কথা নাই,পিচে মোৰ
মূৰৰ ওপৰৰ প্ৰয়োজনীয়
চালিখনহে নাই।

হ'লেও একো কথা নাই,কিয়নো
তাৰুণ্য ভৰা ৰ'দজাক,
বতাহ বৰষুণৰ কঠিনতাক
সহি সহি সহিব পৰা হৈছোঁ।

এতিয়া আবেলিৰ ৰ'দজাক হেঙুলীয়া
বৰ আমেজ লগা উত্তাপ
কুহুমীয়া।
—————————————
সতেজ শুভ্ৰতা
প্ৰাণ প্ৰতিমা বড়া

গৰবী মনৰ এসাজ পোচাক পিন্ধিলো
অনিত্য চিন্তাৰে বুটাবছা 
সাজযোৰৰ ৰঙ তেনেই মদৰুৱা
জীৱনৰ বিয়লিবেলাত
বুজি উঠিলোঁ
সাজযোৰৰ ভৰেই সহিব নোৱাৰা হ’লোঁ
এপদদুপদকৈ মই মোৰ পৰা আতঁৰি আহিলোঁ
মনৰ ভিতৰত মদৰুৱাই ৰং সলালে
মদৰুৱাৰ ঠাই ল’লে সতেজ শুভ্ৰতাই।
—————————————
এখন নতুন সমাজ 
দামোদৰ বৰুৱা

হয় ! সেইখন সমাজৰ কথা ক’বলৈ খুজিছোঁ
য’ত প্ৰতিজন নাগৰিকে
কষ্টৰ অবিহনে একো লব নিবিচাৰে 
বিনা কষ্টৰে লোৱাটো সেই নাগৰিক সকলে ভাবে
এটা ডাঙৰ অপৰাধ ৷

সেইখন সমাজত একো একো জন বটবৃক্ষৰ
চত্ৰছাঁয়াতেই শজন বটবৃক্ষ জন্ম দিয়ে
যাতে এখন সুন্দৰ পৃথিৱী তৈয়াৰ কৰি
য'ত হাজাৰ পক্ষী বসবাস কৰিব পাৰি ৷

সমাজ সেইখনেই য’ত
 নতুন প্ৰজন্মই
সৰ্বাংগীণ উন্নতি কৰিবৰ কাৰণে সপোন ৰচে
কেনেকৈ নিজৰ লগতেই এতিয়াও হাজাৰজন অন্ধকাৰত থকা লোকক পোহৰলৈ নিব পাৰে ৷

হয়! সেই খন সমাজৰ কথা কোৱা হৈছে
য’ত এজন লহপহকৈ যদি আগ বাঢ়ে
তেখেতক পৰ্যাপ্ত মানে উৎসাহ উদ্দিপনা যোগায়
যাতে তেওঁ এদিন দহ জনক আগবঢ়াই নিব পাৰে ৷

এতিয়া এখন নতুন সমাজ গঢ়িবলৈ সুযোগ দিয়া
য’ত প্ৰথমে পৰিবৰ্তন মনৰ পৰা আৰম্ভ কৰি
সৃষ্টিশীল পৰিবেশৰে চাৰিওপিনে 
শান্তি, শক্তি, ঐশ্বৰ্যৰ গছ ৰুব পাৰে ৷
—————————————
কবিতাৰ পম খেদি 
প্ৰেমদা চহৰীয়া 

কবিতাৰ পম খেদি
কাপ মৈলাম লৈ 
ঘৰামুটি খাই
বিচাৰিছো তলি,
পোৱা নাই থাউনি ,
কবিতা মায়াবিনী !
নাই  তল ,
অতল,তলে পুতল!
বাহিৰৰ পৰা চালে 
কবিতা দেখিবলৈ এটা ধীৰ বিন্দু;
জুমি চালে দেখিবা
গহবৰত বিশাল 
স্ৰোতশ্ৰী সিন্ধু !
কবিতা  অল্পভাষী, সৰু ;
অথচ নিভাঁজ সোণৰ খনি 
শ্ৰোতা,পাঠকৰ চোতালত 
লয়লাস ভংগীমাৰে 
নামি অহা 
স্বৰ্গ-মৰ্ত্য চলাথ কৰি
অজ্ঞানতা,  মলিনতা ,
ধুই অটাই নিয়া- 
সোণসেৰীয়া শব্দৰ-
বৰষুণৰ  নৃত্যৰ ধল
কবিতা জগত  মোহিনী !
নিৰলত সোঁৱৰা
আবেগৰ ধল ,
দুখৰ ৰাতিৰ সহচৰী?
ইয়াৰ  বীজে য'তে পৰে, 
ত'তেই মেলে গজালি ,
পবালি -পবালি...!
মানৱ জীৱনৰ আকাশৰ,
ঢৌতে খৰ দি , নিমিষতে 
থপিয়াই  আনিব পৰা ,
কবিতা
অভিজ্ঞতাৰ  চিক্-মিক্ 
হাতিপটী এচমকা ।
নাপাওঁ  কাহানিও থাউনি,
কবিতাৰ পম খেদি ।
—————————————
কঁহুৱাৰ কাহিনী
জাহ্নৱী হাজৰিকা

কঁহুৱাৰ কাহিনী
শুনিবা জানো ধাননি
শৰতৰ আগমনত হিয়ালি জিয়ালি শেৱালি
দূবৰিৰ শেতেলিত নিয়ৰৰ ছন্দ
উখল মাখল মোৰ নৈ-পৰীয়া গধূলি।
ওৰে ৰাতি জাগি থকা শেৱালিৰ প্ৰেমিকজন
দূবৰিত খোজ দিলে  ভৰি তিতে যাৰ
সুবাসৰ ভৰত আমোলমোল আহিন
শুকুলা মেঘৰ ৰাঙলী সাধু
মনটো দেখোন আহিন আহিন।
শুনিবা জানো ধাননি
কঁহুৱাৰ এহেজাৰ এটা কাহিনী...
নৈ পৰীয়া বালিচৰৰ নিৰ্জনতাৰ 
যি মৌন তপস্বী।
হালি জালি হাঁহি থাকে 
লাহি পাহি কঁহুৱানি...
হাজাৰটা বিষাদ ওৰণিৰে ঢাকি
শুনিবা জানো ধাননি,
শৰতৰ কঁহুৱাৰ হেজাৰটা কাহিনী?
—————————————
মই মহানগৰ
দীপাংকৰ ভূঞা

ঘোঁৰা চেঁকুৰাদি চেঁকুৰিয়ে আছোঁ
সন্মুখলৈ 
কেৱল সন্মুখলৈ
পিছলৈ চোৱাৰ অৱকাশ নাই 
কোন আহিছে কোন গৈছে
কোনো কৌতুহল নাই
মাথো পিছ পেলাই 
দৌৰি আছোঁ
দৌৰিয়ে আছোঁ…
পদপথত অচিনাকিজনৰ টোপনি
হয়তো ক্ষণিক জিৰণি লৈছে
কৰ্ম ব‍্যস্ততাৰ বাবে 
নতুবা চিৰ জীৱনৰ বাবে শুলে
ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে ,
সৌৱা এজনে হামখুৰি খাইছে
হয়তো বয়সৰ ভৰ ল'ব নোৱাৰিছে
নতুবা ফুৰণিয়ে ধৰিছে ,
এজনে নাকত সোপা দিছে
শেৱালি ফুলাৰ বতৰত
কিহৰ সুবাস
কি ফুলিছে
ইমান দূৰ্গন্ধ 
কৰবাত উচ্ছিষ্টৰ দ'ম ,
এইযে মানুহবোৰ
আহিছে গৈছে
তেওঁলোকক নেদেখোঁ
সময়ো নাই
মই যে মহানগৰ
মই মোৰ লক্ষ‍্যত উঠিব লাগে
সেয়ে মই দৌৰি আছোঁ !
—————————————
জোনাক
ৰুমী সেনাপতি ভূঞা

আন্ধাৰ আহিছে নামি 
থাকক দিয়া  
নালাগে জ্বলাব চাকি 
আন্ধাৰতেই আলফুলে বিচাৰিম
জোনাকৰ বিচ্ছুৰিত ঠিকনা !

নিৰ্জন নিশাৰ নিৰৱতাত 
ৰূপালী জোনাকৰ  মায়া 
আহিনৰ নিয়ৰৰ আচ্ছাদনত 
তৰাফুলীয়া অনুভৱে পোহাৰ মেলে 
উত্তাল সময়ৰ প্ৰতিটো লহমা !

নিশাৰ ঐন্দ্ৰজালিক পোহাৰ সামৰি
সেন্দূৰী আকাশত ফেঁহুজালিৰ হাঁহি 
পূৱালি বতাহে বিলাই আশ্বাসৰ আশীষ !
জীৱন জীয়াৰ নৈমিত্তিক আখৰা !
প্ৰৱাহিত সময়ৰ প্ৰেৰণাময় গতি  ৷
—————————————
শব্দ
ৰশ্মি দলে

শব্দ মোৰ দিনৰ পোহৰ
শব্দ মোৰ ৰাতিৰ
জোনাক

শব্দ মোৰ ৰাতিৰ
শেৱালি পাহি
শব্দ মোৰ সূৰ্যৰ কিৰণ

লাস্যময়ী-সাস্যময়ী
তুমিয়েতো মোৰ
অবিৰত দাপোণৰ মণি

শব্দ মোৰ মন
মাধুৰী
শব্দ মোৰ চিপুং 
বাঁ‌হীৰ সুৰ
শব্দ মোৰ প্ৰেমৰ
মদিৰা

শব্দ মোৰ প্ৰেমৰ
ৰাগিণী
শব্দ মোৰ লাস্যময়ী
শব্দ মোৰ অবিৰত
দাপোণৰ মণি।
—————————————
শাৰদীময় জগত জননী
ৰাজশ্ৰী সেনাপতি গগৈ

শৰতৰ পুৱতি পুৱাত
দূৱৰিৰ আঁচলত,  
নিয়ৰৰ কোলাত
সূৰ্য উদয়ে শুভ্ৰ ফালি 
তোমাকে সোঁৱৰাই 
মাতৃ তুমি জগত জননী 

আজি সকলোৰে মন
প্ৰফুল্লিত কৰি 
মনোৰম গধূলি 
পাৰিজাত, শেৱালি 
ফুলৰ গোন্ধই 
সকলোৰে মন চুই যাব
তোমাৰ মাদকতাই 

মন যায় সিক্ত হৈ পৰোঁ 
তোমাৰ অৰ্চনা আৰতিৰে, 
অনন্ত সময়ৰ বাবে 
মই লুপ্ত হ'ব বিচাৰোঁ 
কিন্তু তুমিতো আছা মাতৃ
সকলোৰে হৃদয়তে 
তোমাৰ আগমণে সকলোকে 
জীপাল কৰি তুলক 

ঋতুৰাজ শৰৎ আজি 
যে সকলোৰে পদূলিত 
আহি দিলেহি ঠিয়  
পুৰণি বাট হ'ব যে চিনাকি গোন্ধ
সুৰে ৰিঙিয়াই মাতিছে 
জোনাক সৰা নিয়ৰবোৰেও 
শৰদীৰ দুৰ্গা দেৱীৰ আগমনৰ বতৰা দিছে

কঁহুৱাৰ দৰে কোমল 
নকৰিবা বিচ্ছিন্ন
চিৰসেউজ হয় এই শৰৎ 
য'ত ভাগৰুৱা দেহে 
পোহৰৰ আভাস বিচাৰি পায়।
য'ত নাই এন্ধাৰৰ প্ৰতিশ্ৰুতি ।
—————————————
অকলশৰীয়া অনুভৱৰ কথাবোৰ
ৰবিন কুমাৰ চেতিয়া

জীৱনৰ সুৰ বিচাৰি ঢপলিয়াই ফুৰোঁতে
বাৰে বাৰে কথাবোৰে আহি থমকি ৰৈছিল
তোমাৰ সুগন্ধিত উৰ্বৰা পদূলিত
অনুৰাগৰ চিৰিলি বতাহ লাগি
দহিকতৰা সপোনে হাঁহিছিল
প্ৰতিটো অৰুণাভ পুৱাত

অনুভৱৰ ৰাংঢালী জপনা খুলি
প্ৰতিপল নাচিছিল প্ৰেমৰ পানচৈ
উন্মনা লাজৰ থুপি থুপি বৰষুণত 
জুৰুলি জুপুৰিকৈ তিতিছিল 
আবেগৰ কথাবোৰ
তোমাক কাষত পোৱাৰ অণিৰ্বান আকুলতাত
মই মোক হেৰুৱাইছিলোঁ গোপনে 
ভালপোৱাৰ অবিনাশী অন্ধকাৰত

উজনিমুৱা ৰেলখনলৈ অপেক্ষা কৰি 
ষ্টেচনত বহি থকা বহুপৰেই হ'ল
তুমি আহিবা বুলিয়েই কিজানি 
উবুৰি খাই পৰিছেহি চৌপাশে
এজাক পানীপিয়া প্ৰেমিক
কুঁৱলীৰ ওৰণি আঁতৰাই 
ভটিয়নী বতাহৰ বিউগুল শুনি শুনি
দীঘলীয়া ষ্টেচনটোৰ ব্যস্ত আকাশত
ৰিমঝিম হাঁহিবোৰে পোখা মেলিছে 
প্ৰত্যেকৰে হৃদয়ত সংগোপনে

তোমাৰ হ'ব পৰাকৈ আজিও সদায়ে 
মন গ'লেই খেপিয়াই চাওঁ 
লিহিৰি উশাহবোৰ
তোমাৰ বাবেই চটিয়াব খোজো 
বালিমাহী হাঁহিৰ ৰুণজুন হেঁপাহবোৰ
দিনলিপিৰ প্ৰতিটো বাউলী পৃষ্ঠাত 
সাঁতুৰি থাকে হেজাৰ হুমুনিয়াহ
নীৰৱতাৰ শব্দবোৰতে মই বিচাৰি লওঁ
তোমাৰ ৰামধেনুবুলীয়া ওঁঠৰ চুমা

তুমি ভবাৰ দৰে কথাবোৰ হৈ নুঠিল
অপঁইতা চিন্তাৰ স্নিগ্ধ জোনাকত 
তোমাৰ উশাহৰ কুহুমীয়া পৰশ লাগি 
ঊমাল বুকুৰ সেউজীয়াবোৰ নুফুলিল
তুমি ওচৰত নাই বাবেই এতিয়া 
বহুত কিবা কিবিয়েই নাই
বৰষুণৰ স্বপ্নালী জিৰ্ জিৰ্ গান
ভাল লগা সুৰৰ আলসুৱা অভিমান
মোৰ আকাশত এন্ধাৰ চটিয়াই
ঘনে ঘনে জিলিকে মাথোঁ
নিদাৰুণ সময়ৰ চনকা সপোন
অকলশৰীয়া আঁউসীৰ চিনাকি জোন...
—————————————
সপোনৰ ফুলপাহ
গীতামণি কলিতা

যেতিয়াই তুমি নিয়ৰসিক্ত
দূৱৰি দলিচাৰে আহি
মনৰ গহন কোণত
সিঁচি দিবা 
সেউজ শব্দ...
 
তেতিয়াৰ পৰাই
সেই শব্দৰে মই
উকা কাগজ খিলাত
নীলা ৰঙৰ ফুল তুলি
কবিতাৰ মালা গাঁঠিম
তেতিয়াই সেমেকা 
ৰাতিবোৰ পুৱাব
আৰু
পুনৰ ঠন ধৰি উঠিব
সপোনৰ ফুলপাহ
বিচাৰি পাম
নিৰাশাৰ মাজতো
আশাৰ পাপৰি। 
—————————————
পদূলিটোৰ হাচনাহানাজোপা
তানিয়া মধুকল্য

সন্ধিয়া হ'লেই আমোলমোলাই
হাচনাহানাই 
মোৰ নিজান পদূলিটো 
সুবাসিত হয় তাৰ পৰশত
গধূলি গোপালে নাচি উঠে
সন্ধ্যাৰাগৰ তালে-তালে 
মন্ত্ৰমুগ্ধ হৈ পৰো মই
সিহঁতৰ তালত

হাচনাহানাৰ তীব্ৰ গোন্ধত 
সন্ধ্যাৰাগ নামে আহে ধৰালৈ
মোৰ পদুলিটোত নিৰন্তৰে 
হাঁহি থাকে হাচনাহানাই 
তাৰ আমোলমোলোৱা হাঁহিৰে
উজ্জীৱিত হৈ উঠে চৌপাশ।

তাৰ গোন্ধত বাজি উঠে
এটা চিনাকি সুৰ
সন্ধ্যাৰাগৰ জোনাকী পোহৰে
জিলিকাই তুলে ৰাতিৰ পৃথিৱীখন।
তাৰ গোন্ধত উৎফুল্লিত হয় 
প্ৰাণহীন নিশাবোৰ।

এইয়াই হাচনাহানা
মোৰ প্ৰিয় হাচনাহানা
যাৰ গোন্ধত সুবাসিত হয়
মোৰ নিজান পদূলিটো।
—————————————
হালধীয়া জবা
সুশান্ত দাস

মোৰ মৃত্যু এতিয়া সহজ
যান্ত্ৰিকতাই ধুৱা মোৰ বিহ্বল হৃদয়,
কাম্য মোৰ মাথোঁ এটি জিলমিল আভা
অন্তঃসলিলা নদীৰ পাৰত 
ফুলে মোৰ সপোনৰ হালধীয়া জবা

সেই কল্লোলিনীৰ নাম নাই
সেই ভুজঙ্গিনীৰ দিশ নাই
বৈ যায় নিৰলস...

আজি পৰশুৰামৰ কুঠাৰৰ আঘাত
ৰঞ্জিত অন্তঃসত্ত্বা ধৰিত্রীৰ গৰ্ভত...
যদি উজাই বৈ যাই নদী
এটি অতীতৰ গীতৰ অবিৰাম খেলা,
মোৰ স্বপ্নীল তৰঙ্গিনীৰ কাষত 
মাটিৰ বক্ষ ভেদি,
ফুলে এপাহি হালধীয়া জবা...
—————————————    
 নিশাৰ ৰাণী
পুষ্পাঞ্জলি গোস্বামী

ক্ষন্তেকৰ আলহী তাই
তাইক চাবলৈ ৰৈ ৰৈ আকুলতাৰে
নিশা দুভাগ হয় 
ন-কইনাৰ খোজেৰে চুচুকচামাকৈ
ওলাই আহোঁতে আহোতে
টোপনিত লালকাল হৈ 
সপোনৰ ৰাজ্যত ঘূৰি ফুৰোঁ মই
নিশাৰ ৰাণী আহি 
মোৰ কাষতে বহি 
কথাপাতে 
মোৰ স'তে
হাতত হাত ধৰি
সাৰপাই দেখোঁ 
নিশা ৰাণী নাই
মায়া নে মায়াবিনী তাই...
—————————————
যোদ্ধা
আমিনুৰ ৰহমান

ৰাতিটো পুৱাৰ অপেক্ষাত ৰৈ থাকিলেই নচলে
যুদ্ধ জয় লৈ এতিয়াও বহুত বাকী

যোদ্ধা এজনৰ বাবে
যুদ্ধ জয় 
ৰাতি অথবা দিনৰ মাজত পাৰ্থক্য বিচৰা নহয়

যুদ্ধ জয়েই
যোদ্ধাৰ সপোন হ’লে
যুদ্ধক্ষেত্ৰত কেতিয়াও যোদ্ধাৰ পৰাজয় নহয় ।
—————————————
এন্ধাৰ
অবিনাশ দত্ত

বাৰে বাৰে এন্ধাৰত দেখোঁ
চিনাকী মানুহৰ অচিনাকী মুখ
নিঃসংগতাত আৱদ্ধ ভয়াৰ্ত এন্ধাৰ,
প্ৰকৃততে এন্ধাৰ জানো নিঃসংগ!
এন্ধাৰে সহ্য কৰে এন্ধাৰ
কাৰন এন্ধাৰৰো আছে নিজস্ব অহংকাৰ
ঠিক শিলৰ দৰে,
যি দৰে শিলে সহ্য কৰে
সহস্ৰ আঘাট
বিনা প্ৰতিবাদে ।
—————————————
ঈপ্সিত এটি প্রাণোচ্ছল হাঁহি
অশোক ৰাম ভট্টাচাৰ্য্য

(আই সাহিত্যিক পেঞ্চনাৰ স্বৰ্গীয় সৌজন্যময়ী ভট্টাচাৰ্য'ৰ ইংৰাজী 10/10/2022 তাৰিখে ১০০ বছৰ পূৰ্ণ হ'ব,সেয়েহে এই কবিতাটি আগবঢ়াই আইক শ্ৰদ্ধাঞ্জলি জনাইছোঁ)

আতঙ্কিত, বেদনাময় এক সময়
সময় যে গতিশীল অতিকৈ নিষ্ঠুৰ
একাত্মাৰ দৰে কনিষ্ঠ সন্তানকলৈ
মাতৃৰ চিন্তা সদায়েই বেছি
কিজানিবা দহে বুজি নাপায়
কিজানিবা নেপায় স্বীকৃতি গুণৰ,
জোৰকৈ বতাহ বলিলে –
প্রবল শীতত কিম্বা গ্রীষ্ম প্রবাহত
আইক দেখো থৰ লাগি আছে
সন্তান যে আহা নাই কাষলৈ
চাই থাকে জনাকীৰ্ণ ৰাজপথলৈ;
আই তুমি দেখিছানে আজি
তোমাৰ অপত্যক আজি আদৰিছে সবে
অকণিৰ ৰহঘৰা আৰু আহিছে নেগেৰা,
দেৱশিশুৰ নিৰ্দোষ হাঁহি, নটৰাজলৈ চাই
নিগৰিছে নেকি আনন্দ অশ্রু,
তোমাৰ উজ্বল, সৰল মুখৰ
এটি হাঁহিৰ অপেক্ষাত আমি –
আচম্বিতে বলা মলয়াজাকতে দেখো
ঈপ্সিত প্রাণোচ্ছল সেই সৰগীয় হাঁহি ।
—————————————
সেয়ে শৰত আহে 
অজন্তা তামুলী ফুকন

শেৱালিৰ লয়লাসে
 কুৱঁলীৰ আচ্ছাদনে 
সুগন্ধি পুষ্পৰ  নিৰ্যাসে
বকুল তলৰ সেমেকা 
অপেক্ষাৰত দূবৰিয়ে
শিলিখা আমলখিৰ 
কোঁচভৰা হাঁহিবোৰে
শাৰদী ৰাণীৰ 
আগমনৰ আনন্দৰ 
উৎসৱ সমিলমিলৰ
আকাশ বতাহত 
চঞ্চল যৌৱনৰ
জহা অহাৰ খবৰে
নৈপৰীয়া জীৱনত
উখল-মাখল লগায়

ৰবাবটেঙাৰ বাকলি
ধাননি পথাৰত
ঔটেঙা ওলকচু
আখলৰ পাকত
তুলসী তলত 
মৃগপহু চৰে
ৰামচন্দ্ৰই ধনুকাড় ধৰে

কথা বাগৰি লোক-কথা
আকাশবাঁতি জ্বলাই
কাতিক আদৰা
শিপাৰ পৰা নিঃসৰিত ৰসে
গা-গছ ডালকে সঞ্জীৱনী দিয়ে
শৰতৰ আমেজত বছৰটোলৈ
লক্ষীআইক আদৰাৰ প্ৰস্তুতিত
চহা জীৱনৰ আশাৰ ৰেঙনিয়ে
শৰতক বিদায় দিয়ে আৰুবেলিলৈ।
—————————————
অহেতুক চিন্তাৰ আঁত ধৰি 
জোনমনি বৰা 

দিনবোৰ যায় নিৰবে
ৰাতিটো যায় নিতালে
চৈ দিয়া মনৰ কোঠালিত
আজি মৌন কোলাহল 

অলেখ ভাৱনাৰ পায়চাৰি
চিন্তাত নিমজ্জিত আজি মন
কোনে দিব সমিধান
যাৰ চিন্তা উদাত্ত আকাশৰ
ফালে ধাবমান 

চিন্তাবোৰে কুটি কুটি খাই
মোৰ এমুঠিয়া কলিজাটো 
টোপাল পাতি সৰে তেজ 
চকুলোৱে বৰণ সলায় 

চৌপাশৰ পৃথিৱীখন বৰ 
ভয়াল
নিজস্বতা কাৰোৱেই নাই 
বৰণ সলোৱাটো যে আমাৰ চাৰিত্ৰিক বৈশিষ্ট্য 
অভিনয়তো আমি পৰিপক্ব 
নিস্বাৰ্থ হৈ ভাবিবই নোৱাৰোঁ 
আমাৰ চিন্তাবোৰ স্বাৰ্থলোভী

আনৰ ভাবনাবোৰ যে আমাৰ 
খেলৰ লগৰী 
গছত তুলি গুৰি কটা এতিয়া ল’ৰা-ধেমালি ৷
—————————————
শৰতৰ স্নেপশ্বট
হীৰামণি শৰ্মা উপমন্যু

বৰষাই সিঁচি যোৱা সেউজীয়াত
নীলিম আকাশৰ এচপৰা 
সুখী শুভ্ৰ মেঘৰঞ্জনীৰ ভূমুকি 

ৰূপৰ বিজুলী শেৱালি -নেৱালিৰ
পুৱতিৰ নিয়ৰত জলকেলি দূৱৰিৰ বুকুত
উৰণীয়া সুগন্ধিৰ মায়াছন্দত পাহে পাহে তুলবুল ঢৌ 

শেৱালিৰ আকূলতাত শৰতকুঁৱৰে ৰূপোৱালী জখলাৰে 
নামি আহে  আহিনৰ চেলেং মেৰিয়ায়

নিয়ৰ ,শেৱালি ,আহিনৰ মহামিলনত 
জোনাকৰ পোহৰ সৰে নৈৰ চাপৰিত
 কহুঁৱাই অজানা প্ৰিয়াৰ বুকুত আউলী বাউলীহৈ 
ফটফটীয়া নৈ জুৱলিৰ পানীত জোখে যৌৱন

তাকে চাই 
গাভৰু ঋতুৰাণীয়েও ভুনভুনায় শৰতৰ গুঞ্জন

চৌদিশৰ ফুলৰ কুঞ্জত ভোমোৰাৰ অহা যোৱা প্ৰেমৰ সুগন্ধত  

আকাশত শুভ্ৰমেঘে উলাহত মড়ল সাজে
কঁপাহবুলীয়া স্নিগ্ধ জোনাকৰ  
হৃদয়ে হৃদয়ে নজনা বাসনা ঢালি দিয়ে 
অতৃপ্ত সংগীত ধ্বনিৰ লহৰ তুলি 
প্ৰেমৰ নিচান উৰে আকাশ জুৰি 


কুঁৱলীৰ ফেহুঁজালি ফালি পুৱতিৰ  সুশীতল সুৰৰ তান
স্বপ্নাতুৰ হৃদয়ত গুঞ্জৰিত হয় শৰতৰ অজুহাতত
সুপ্ত সেউজীয়াৰ শিহৰণ 

শুভ্ৰবৰণীয়াই সুৰৰ লহৰ তোলে জোনাকৰ মেহফিলত 
পুৱতিৰ টোপাল টোপাল স্ৰোতস্বিনী শব্দৰ ধ্বনি
শৰতৰ মেহফিলত ।
————————————— 
অন্তৰীক্ষত এপাহ পাৰিজাত ফুলিছে
মৃণালী দেৱী

অন্তৰীক্ষৰ এটি  কোণত
এপাহ পাৰিজাত ফুলিছে ।
সেই আমোলমোল সুৰভি বুটলিব যাবলৈ তেওঁ মোলৈ 
শিলৰ সাঁকো এডাল গঢ়িছে।

বৃত্তৰ পৰিধিৰ মাজত বন্দী মোৰ উশাহবোৰত
তেওঁ দিছে প্ৰাণচঞ্চল তৰংগ ৷
তেওঁৰ পৰশত মই আকৌ এবাৰ
মূৰ তুলি চাইছোঁ ধুনীয়া পৃথিৱীখনৰ চৌপাশ । 

হাজাৰ ধুমুহাই হলাব নোৱৰা এজোপা বটবৃক্ষ হৈ মই
মোলৈ টানি লৈছোঁ ৰৌদ্ৰোজ্বল উষ্ণতা ৷
এই সুখৰ হিমগিৰি আবেগৰ আবাহনী হৈ বৈ গৈছে মোৰ প্ৰতিডাল শিৰা- উপশিৰালৈ।  
বিষাদ-বৈভৱৰে গঁঠা মোৰ জীৱনৰ ক’লা- বগা
স্মৃতিবোৰ আঁতৰাই তেওঁ মোৰ জীৱনৰ উকা কেনভাচত বোলাই গৈছে এক্ৰাইলিক  ৰঙবোৰ

এৰি অহা দিনৰ স্মৃতিৰ সুগন্ধি পাপৰিত 
তেওঁ আঁকিছে মধুলগনৰ স্বপ্ন-বিলাস ।
পোহৰময় পৃথিৱীখনত জ্বলি থকা অনেক
বন্তি শিখাৰ সৌৰভত উদ্ভাসিত হৈ
মৰি মৰিও হাজাৰ প্ৰাৰ্থনাৰ অন্তত তেওঁ 
আকৌ এবাৰ জী উঠিছে পাহ মেলি ৷

কেৱল মোৰবাবে এয়া পৰম প্ৰাপ্তি ৷
নীমিলিত হেঁপাহেৰে মই 
হৃদয়ৰ দুৱাৰ খুলি
ফুল চন্দনেৰে আদৰিছোঁ তেওঁক
তেওঁক পোৱাৰ আনন্দত উদযাপন কৰিছোঁ
এটি সুখৰ দিন
এই দিন হওক- 
প্ৰেম আৰু পোহৰৰ দিন ৷
—————————————
ৰাতি পুৱাইছে
কুলেন ভট্টাচাৰ্য্য 

ৰাতি পুৱাইছে
আঁউসীৰ এন্ধাৰৰ
সেওতা ফালি
নামি আহিছে
এজাক তৰুণ ৰ'দালি

ৰাতি পুৱাইছে
আকৌ পোৱাৰ চিন্তা
নোপোৱাৰ চিন্তা
জীয়াই থকাৰ চিন্তা
মৰণৰ চিন্তা

ৰাতি পুৱাইছে
দিনে দিনে
নতুন আশা জন্মে
পুৰণিবোৰ মৰে।
———————————————
অভাৱ 
দিপ্তী মনি গোস্বামী

অভাৱৰ চাৰিসীমা
অভাৱৰ পৰিসীমা
বিস্তৃত বৃহৎ পৰিসৰ
লগতে সুক্ষ্ম পয়োভৰ।
অৰ্থনীতিৰ ক্লাছত মেডামে  প্ৰশ্ন সুধিলে
অভাৱৰ সংজ্ঞা কি ?
আকুলতাৰে  ছাত্ৰী এগৰাকীয়ে  উত্তৰ দিলে
দীঘলকৈ এটি হুঁমুনিয়াহ এৰি

মায়ে ,বাকছ খুঁচৰি ভাড়া দি কলেজলৈ পঠিয়াই মোক
আধা ৰাষ্টাৰ পৰা ঘূৰি গৈ 
কৰো কলেজ বন্ধৰ নাটক
প‌ইছাটো মাক ঘূৰাই দিওঁ
কলেজত দিয়া নোটখিনি ক'ত কেনেকৈ পাম
সেইটো চিন্তাতে মূৰ মাৰি ৰ‌ওঁ
সেইটো অভাৱ বাইদেউ...!
ফটা ফ্ৰকটো তৰপে তৰপে চিলনি মাৰো,
দেউতাই অভাৰ ডিউটি কৰি আনি দিয়াটো ঘূৰাই দি
পুৰনিটো ভালহৈ আছে কৈ হৃদয়ৰ সুখ সামৰো!সেইটো অভাৱ

লগৰ সকলোৱে পুৱা গধূলি কৰে টিউচন
মায়ে কৰে সস্তীয়া টিউচনৰ অন্বেষণ!
মাক ক‌ওঁ
টিউচন নালাগে ম‌ই সবেই পাৰো
ক্লাছৰ অফ পিৰিয়দত আনৰ বহী বিচাৰি ফুৰোঁ।
সেইটো অভাৱ  বাইদেউ...!
ছাত্ৰীৰ উত্তৰত
অৰ্থনীতিৰ ক্লাছত অভাৱৰ সংজ্ঞাত
সকলোৰে  চকু লোতকত একাকাৰ ।
———————————————————————

Post a Comment

0 Comments