——————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
'জয়ন্তী' আলোচনীৰ পাতত ভবানন্দ দত্তই সূচনা কৰা প্ৰগতিবাদী ধাৰাটো সুন্দৰকৈ আগবঢ়াই নি ,বলিষ্ঠভাবে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল প্ৰগতিবাদী কবি অমূল্য বৰুৱাই। ১৯৪৪ চনৰ 'জয়ন্তী'ৰ দ্বাদশ সংখ্যাত প্ৰকাশিত 'কুকুৰ' কবিতাটিয়ে অসমীয়া কাব্য জগতত তোলপাৰ লগায়।প্ৰগতিবাদী চিন্তাধাৰাৰে দীক্ষিত কবিজনাই প্ৰতিকীৰূপত শোষক আৰ শোষিত দুইশ্ৰেণীক সবলভাবে উপস্থাপন কৰিলে। বিখ্যাত 'কুকুৰ' কবিতাটোৰ জৰিয়তে বৰুৱাদেৱে শ্ৰেণী সংঘাতৰ ছবিখন সুন্দৰকৈ প্ৰতিফলিত কৰিলে।তেখেত 'জয়ন্তী যুগ'ৰ অন্যতম শক্তিশালী কবি।
ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ অৰ্থে তেখেত কলকাতালৈ গৈছিল।সেইসময়ত বাংলা কবিতাই আধুনিকতাৰ উচ্চ শিখৰত আৰোহন কৰিছিল,যাৰ সু-প্ৰভাৱ তেখেতৰ ওপৰত পৰিছিল।প্ৰগতিবাদী চিন্তাধাৰাৰ বাংলা কবিসকলৰ সান্নিধ্যইও বৰুৱাদেৱক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল।যাৰ ফলস্বৰূপে 'কুকুৰ'','বেশ্যা','বিপ্লৱী','কয়লা', 'আন্ধাৰৰ হাহাকাৰ'ৰ দৰে অমৰ কবিতাৰ সৃষ্টি হৈছিল।
'জয়ন্তী'ৰ পাতত প্ৰগতিবাদৰ জয়যাত্ৰা অব্যাহত ৰখা কবিসকলৰ ভিতৰত হেম বৰুৱা, কেশৱ মহন্ত,
অজিত বৰুৱা অন্যতম। নৱকান্ত বৰুৱাই 'আমাৰ পৃথিৱী' নামৰ কবিতাৰে আধুনিক কবি হিচাপে 'জয়ন্তী'তে আত্মপ্ৰকাশ কৰিছিল। 'হাতুৰী' নামৰ কবিতাৰে অজিত বৰুৱাই 'জয়ন্তী'ত ভূমুকি মাৰিছিল। 'বান্দৰ', 'পূজা', 'গুৱাহাটী-১৯৪৪'-
জয়ন্তীত প্ৰকাশ পোৱা হেম বৰুৱাৰ অন্যতম আধুনিক কবিতা।
জয়ন্তী যুগৰ এইবোৰ কবিতা যথেষ্ট সৰল । দুৰ্বোধ্য প্ৰতীকৰ স্থান নাছিল,বৌদ্ধিক সম্পৰীক্ষাও নাছিল। মুঠতে প্ৰগতিবাদী সাহিত্যৰ ধাৰা প্ৰতিস্থা কৰাত 'জয়ন্তী' সফল হৈছিল।
সহায়ক পুথি –ড° হেম বৰাৰ 'আধুনিক অসমীয়া কবিতাৰ ইতিবৃত্ত'
নৱ ৰাজন
সম্পাদক
অসম কাব্য কানন
—————————————
কবিতাৰ আড্ডা
কবিতাৰ ভাষা
উদয় কুমাৰ শৰ্মা
এটা জাতিৰ সভ্যতা, সংস্কৃতি -- ভাষাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। ভাষাৰ বিকাশেই, সেই জাতিটোৰো বিকাশৰ পৰিচায়ক। যি কোনো এটা জাতি, মহৎ হৈ বন্দিত হ'বলৈ হ'লে -- বিজ্ঞান যদি এটি খোজ হয়, আনটি খোজ হ'ল -- সেই জাতিৰ ভাষা। ই, ডোঙাবন্ধা পানী নহয় ; বোৱঁতী সুঁতিহে। উৎকৃষ্ট সৃষ্টিৰ আঁৰৰ ৰহস্যটোও হ'ল -- ভাষাই।
(ক) কবিতাৰ ভাষা :-- কবিতাৰ ভাষা হ'ল, ভাব আৰু ধ্বনি-ব্যঞ্জনাৰ ভাৰ বৈ নিয়া এখন নাও ; যিখনে, কবি আৰু পাঠক -- এই দুটি 'ঘাট'ৰ মাজত ঢৌ খেলি অহা-যোৱা কৰি থাকে।
কবিসকল, ভাষাৰ যাদুকৰ। ভাষাৰ প্ৰকাশভঙ্গী বা সাৱলীলতাৰে, কবিয়ে পোনতে পাঠকৰ মনটো ফুচুলাই মনে মনে টানি লৈ যাব পাৰিব লাগে। ভাষাৰ কালিকা (Spirit) , ঐশ্বৰ্য বা প্ৰাণ লুকাই থাকে -- তাক ব্যৱহাৰ কৰাৰ যাদুকৰী কৌশলত। সিজোৱা কণী এটি -- সূতাৰে নে কটাৰীৰে দুফাল কৰাটো ভাল, তাৰ কিটিপটোত।
ভাষাৰ গভাৰ চৰ্চা অবিহনে, ভাষাৰ পুনৰ নিৰ্মাণ আৰু সৃষ্টি অবিহনে, কাব্য-সৃষ্টি জঠৰ হ'বলৈ বাধ্য। ভাষাক, জাতত তুলি প্ৰণৱন্ত কৰে কবিয়েহে। পুনঃনিৰ্মাণেৰে অৰ্থক নতুন মাত্রা দিয়া ৰূপকীয় চিত্ৰকল্প (Metaphorical image)ৰ দুটি সুন্দৰ উদাহৰণ হ'ল -- (১) 'তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ' -- নৱকান্ত বৰুৱা (২) 'হাড় কঁপোৱা জোনাক' -- নীলমণি ফুকন।
ভাষাৰ সৃষ্টিৰে, কবিয়ে শব্দক নতুন চোক দিব পাৰে। দিব পাৰে -- নতুন জুতিৰ সন্ধান। যেনে : (১) 'কপাহগুটীয়া বৰষুণ' -- হীৰেন ভট্টাচার্য
(২) 'টিপটিপকৈ সৰিপৰা বৰষুণ' -- জোনালী মজুমদাৰ
(৩) 'তগৰ এপাহিৰ... যৌৱনা ৰং' -- কস্তুৰী বৰকটকী।
ভাষাটোক আয়ত্ব কৰিবলৈ হ'লে -- শঙ্কৰদেৱৰপৰা আৰম্ভ কৰি -- আমাৰ এতিহ্য, পৰম্পৰা, জনশ্রুতি, লৌকিক কাহিনী, কিংবদন্তি, আইনাম-বিয়ানাম-বিহুনাম, ফকৰা-যোজনা, বিভিন্ন মালিতা আদিৰো চৰ্চা আমি কৰিবই লাগিব।
নিভাঁজ অসমীয়া ভাষাৰ চমকলগা সাৱলীলতাৰ এটি সুন্দৰ উদাহৰণ হ'ল -- স্পন্দিত গদ্য-ছন্দৰ আধাৰত হেম বৰুৱাদেৱে লিখা 'আইতা' নামৰ ( 'মন ময়ূৰী', পৃষ্ঠা : ৩৭, ১ম প্ৰকাশ : জুলাই, ১৯৬৫) কবিতাটি :
'তুমি আই লাখুটিত ভৰ দি / খুপি খুপি বিচাৰিছা কি? /...মই বিচাৰিছোঁ, বিচাৰিছোঁ কি / তই নুবুজিবি নুবুজিবি সোণ'।
শব্দৰ শক্তি আৰু ভাষাৰ যাদুৰ কাৰণেই -- কেশৱ মহন্তৰ 'আঘোণৰ কুঁৱলী' ( 'আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি / একোকে নেদেখি... '), নলিনীধৰ ভট্টাচার্যদেৱৰ 'কবি' ( 'আজি ৰাতি / মোক তোমালোকৰ কবি কৰা / তোমালোক সূৰ্য / এদিন উদয় হ'বা') আদি কবিতা, চিৰকালৰ বাবেই জনপ্রিয় হৈ ৰ'ব।
কবিতাৰ ভাষা, যিমানখিনি পাৰি -- সৰল-সহজ কৰিবলৈ যত্ন কৰাটো ভাল। কিয়নো, কবিতাৰ ভাষা সদায় বন্ধুত্বসুলভ (Eco friendly) হ'লেহে, কবিতা ভালপোৱা সাধাৰণ পাঠকেও কবিতাৰ ৰস গ্রহণ কৰিবলৈ আগ্রহী হ'ব।
কবিতাত, কবিৰ আন্তিৰক সৰল আৱেদন -- ভাষাৰ চুম্বকীয় আকৰ্ষণ বা যাদুৰে, তীব্র ইঙ্গিতলৈ ৰূপান্তৰিত হ'লেহে -- সি, মননশীল পঢ়ুৱৈৰ মন চুব আৰু, ৰসগ্ৰাহী পাঠকক প্ৰভাৱান্বিত কৰিব।
—————————————
অনুবাদ কবিতা
In a Station of the Metro
By Ezra Pound
The apparition of these faces
In the crowd;
Petals on a wet, black bough.
চহৰৰ এটা ষ্টেচনত
মূলঃ এজ্ৰা পাউণ্ড
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ভিৰৰ মাজত
এই চকুবোৰৰ আবিৰ্ভাৱ;
ক’লা ডালটোত সদ্যস্নাতা পাহি।
—————————————
এমিলি ডিকিনচনৰ কবিতা
ৰচনা কাল: ১৮৫৯
প্ৰথম প্ৰকাশ: ১৮৯১
নম্বৰ: ১০৮
শল্য চিকিৎসকসকল অত্যন্ত সাৱধান হোৱা উচিত
তেওঁলোকে যেতিয়া ছুৰীখন লয়!
তেওঁলোকৰ মসৃণ অস্ত্ৰোপচাৰৰ ক্ষতৰ তলত
অপৰাধী মন্থন কৰা হয় - জীৱন!
ভাবানুবাদ—ড০ জ্যোতিশিখা দত্ত
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
ই-মেইল : jyotisikhadatta@gauhati.ac.in
—————————————
মানসী
[কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কবিতা " মানসী " ৰ অসমীয়ালৈ তৰ্জ্জমা]
অনুবাদঃ ইকবাল হোচেইন খান
কেৱল বিধাতাৰ সৃষ্টি নহয় তুমি নাৰী !
নিজৰ অন্তৰৰ পৰাই
পুৰুষে প্ৰকাশিছে তোমাৰ সৌন্দৰ্য সঞ্চাৰি ।
সোনালী উপমা দি দি কবিকুলে বহি পিন্ধাইছে বসন তোমাক ।
অমৰ কৰিছে শিল্পী তোমাৰ প্ৰতিমা
সমৰ্পিত কৰি তোমাৰ নব্য মহিমা ।
কত বৰ্ণ ,কত গন্ধ, ভূষণ যে কত ----
সিন্ধু নদীৰ পৰা আহে মুকুতা ,খনিৰ পৰা সোণ ,বসন্তত বনৰ পৰা আহে ফুল ,
চৰণ ৰঙাবলৈ চঞ্চল হয় তাৰ প্ৰাণ ।
লাজেৰে ,সাজেৰে ,আৱৰণেৰে ,
তোমাক দুৰ্লভ কৰি ৰাখিছে গোপন ।
পেলাইছে তোমাৰ ওপৰত প্ৰদীপ্ত বাসন ----
অৰ্ধেক মানৱী তুমি ,অৰ্ধেক কাল্পনিক ।
——————————————
ফচল
মূল :- (হিন্দী )
সৰ্বেশ্বৰ দয়াল চাক্সেনা
অনুবাদঃ গণেশ বৰ্মন
নাঙলৰ দৰে
কোৰৰ দৰে
অথবা কাচিৰ দৰে
কলমটো খামুচি ধৰোঁ
তথাপিও ফচল চপাবলৈ
আমাৰ ভাগত নপৰে ।
আমি মাথোঁ পথাৰ চহাব পাৰিম
সংগ্ৰামৰ বীজ সিঁচিবলৈ বিৰল ব্যক্তিত্বৰ কোনোবা আহিব
মোৰ শ্ৰমক তেৱেই কৰি তুলিব সেউজীয়া
মোৰ কাৰ্যক্ৰমবোৰ গতিশীল হ'ব ক্ৰমশঃ
কাইলৈ যেতিয়া শস্যবোৰ লহপহাই বাঢ়িব
মই নাথাকিলেও বতাহত হালিব-জালিব
তেতিয়া মোৰ আত্মাই সোণালী ৰ'দ হৈ জিলিকিব
যি বীজ সিঁচিছিল তেওঁৰে পদৰেণু চুমিব ।
যি ফচল চপাব , তেৱেই পুনৰ বীজ সিঁচিব
আমি তেতিয়া ধৰাতলৰ ক'ৰবাত নিৰৱে শুই থাকিম ।
——————————————————————
সুৱৰ্ণ-আঙুলি
(কাব্যঋষি নীলমণি ফুকন ছাৰলৈ শ্ৰদ্ধাৰে)
দাদুল ভূঞা
ফোনঃ- ৯৮৫৯২৮৯৩২৫
সোণবৰণীয়া ৰ’দৰ আঙুলি কেইটাত শব্দৰ লয়লাস
চেগুণ পাতৰ কুঁহিৰ ৰং বুলাই দুহাতত
শব্দৰ প্ৰতিকী ছবি
যাদুকৰী দুহাতত জীয়ন দিয়া
ৰাতিৰ মালিতা
অশ্ৰুকণাত নিয়ৰৰ মুকুতা
হে’ প্ৰজ্ঞাৰ সাধক
নৱৰূপিত ওঁঠত প্ৰতিদিনে কঢ়িয়াইছিলা
যাতনাৰ জিলমিল জোনাক
নভোমণ্ডল স্পৰ্শ কৰি তিক্ত ছাঁয়াত
বেদনা গধুৰ বৰষুণ
সপ্তসূৰ্য বুকুত জীয়ন দি দিছিলা যি
সেই সাগৰ-সমুদ্ৰৰ অটল অমৃত এতিয়া
বসন্তৰ কেঁহে কোঁহে
গছৰ সেউজীয়া পাতে-পাতে
—————————————
ৰাতিৰ মালিতা
দেৱ দাস
এন্ধাৰ ৰাতি
লুংলুঙীয়া
চহৰ খনৰ আলিবাট
লেম্প পোষ্টৰ পোহৰত
পদ পথতে ৰাতিটো
গুম গুমাই
অহা যোৱা গাড়ীৰ
পোহৰৰ খেলা
আলিবাটৰ
মদৰ দোকানৰ
বটলতে
হাতীবোৰে শুৰেৰে টানে
ৰাতিটো ডাঠহৈ মাতাল
চহৰখনৰ
কাৰ কি আহে যায়
ৰাতিটো মৰাপৰাদি
এৰাতি এন্ধাৰ
ৰাতিবোৰ মদ খাই খাই মৰে ।
—————————————
তেজ
বিভা দেৱী
আজি প্ৰথম দেখিলোঁ
বৰষুণৰ ৰং
তেজ ৰঙা
ক'লা মেঘৰ টোপালবোৰত
দমলা-দমল তেজ
তেজবোৰে ৰং সলাইছিল
এই ক'লা
এই ৰঙা।
—————————————
সময়
বিনীতা গোস্বামী
কাৰ সময়
ক'তনো সময়
মন্দিৰৰ কপাট বন্ধ হ'লেই
ৰুদ্ধ হয় জানো
শিৱৰ বুকুৰ দুৱাৰ
ইতিহাসৰো এক ইতিহাস আছে
অংকৰ পৰীক্ষাত
বহীখনৰ স'তে বহি থাকোঁ মই
বহি থাকে লীলাৱতী
পিতৃৰ বাউসীত আউজি
পতিহাৰা
প্ৰিয়হাৰা
সময়ে লীলাৱতীক বীজগণিতত সুমুৱাই
শাওণত শিৱক উলিয়ায়
দিন,বাৰ,মাহ
পূৰ্ণচন্দ্ৰ
চন্দ্ৰহীন
সোম শিৱ
মংগল গণেশ
বুধ হনুমান
মাছ-মঙহ
কোমোৰা-পিয়াঁজ
তেল-নহৰু
সময়ৰ স'তে প্ৰায়ে মুখামুখি বহোঁ
কেতিয়াবা বৰ্তমানৰ বহু আগত
কেতিয়াবা দুই-এদিনত আগত
কেতিয়াবা বৰ্তমানত
মই এদিন বৰ্তমানতকৈ পিছত বহিম
সময়ৰ স'তে
আৰু আলাপিম
এসময়ত
——————————————
জেব্ৰা ক্ৰছিং
দিলাল আহমেদ
হঠাৎ যেন জেব্ৰা ক্ৰছিংত আহি
ৰৈ গ’ল জীৱন৷
বহু কাম ৰ’ল বাকী
দিনান্তত ঘৰমুৱা উৰিছে ভাগৰুৱা পখী৷
উঁকি মাৰিছে,
ওভতিব লাগিব৷
ক’ত যাম?
সকলোৱেই নিজৰ গণ্ডীত ব্যস্ত ফুল
গধূলিৰ ম্লান পোহৰৰ স্পৰ্শত
বায়ৱীয় হৈ উঠিছে নদীজল ৷
আজি অনুৰাগৰ ঢৌ আহিছে
দোলা আহিছে বতাহত সন্তৰ্পণে
বালিকাৰ ৰাগানুৰাগ আহিছে
বিষাদ আহিছে প্ৰেমৰ মঞ্চে৷
উঁকি মাৰিছে, ওভতিব লাগিব
গধূলিৰ ৰঙা আল্পনাৰ ডেউকাত উৰি
শব্দহীনতাৰ সুৰভিসনা অসীম নীলাভত
কলন-ছেমিকলনৰ মায়া এৰি৷
আজি মাথোঁ সৰল অন্বেষণ
আজি মাথোঁ বিকল্প আয়োজন৷
বিশাল আকাশত সন্ধিয়াৰ অকলশৰীয়া জোন
জেব্ৰা ক্ৰছিং সামৰি ছটিয়াই দিয়ে মায়াবী কৌশল।
—————————————
সাময়িক
প্ৰদীপ চন্দ্ৰ শৰ্মা
[ ১ ]
প্ৰাপ্তিৰ মোহনালৈ সাঁতুৰি চালো বহুবাৰ
জীৱনত, আধৰুৱা হৈয়েই ৰ'ল l
জীৱন স্ৰোতস্বিনিৰ ত্রিবেনী সঙ্গমত সাঁতুৰি
নাকনি কাননি নিশকতীয়া শৰীৰ,
ত্রি-সাগৰ সঙ্গম তীৰত সংকল্প সাধনাৰ
বৃথা চেষ্টা,অপূৰণ হৈয়েই ৰ'ল।
অশান্ত ইলেক্ট্ৰন সদৃশ বক্ষ,
আকাঙ্ক্ষাৰ অফুৰন্ত জোৱাৰ,
চাহিদাৰ সুতীব্ৰ গৰ্জন
হাহাকাৰ মাঁথো নোপোৱাৰ ক্ৰন্দন l
[ ২ ]
দুৰ্বাৰ গতিৰে ধাৱমান পৃথিৱী
ফুল,তৰা,জোনাক
ক'ৰবাত থমকি ৰ'ল l
দাম্ভিক মহাকালৰূপী সময়,
দু:সময়ে স্ৰোতস্বিনিহৈ কালৰূপ ধৰি
বিভীষিকাৰ সৃষ্টিৰে উটোৱাই নিছে
মানৱীয় প্ৰমূল্য,আইতাৰ নিষ্পাপ সৰল হাঁহি l
[ ৩ ]
নামঘৰত আইমাতৃৰ কাকুতি ঘোষা
বাটচৰাত দুশ্চিন্তাগ্ৰস্ত
ভকত,ৰাইজ
নৱচিন্তাৰ উন্মেষণ অৱশেষত,একমুখে
গাইগুটিয়া নহয়,মাউখে উটি
জীয়াই থকাৰ যুঁজৰ সংকল্প l
——————————————
পাঞ্চালিকা
ড০ ৰিমঝিম বৰা
১)
জ্যোৎস্নাবৃক্ষত
জ্বলি আছে এগছি বন্তি
অনৰ্গল মই কৈ আছোঁ
তুমি নিমাত,নিঃশব্দ
অম্লানভূষণ ভাবনাই
ঝংকাৰিত কৰিলেহে
শব্দই পাখি মেলি উৰে
এদিন তুমি অনৰ্গল কৈ যাবা
মই শুনিও নুশুনাৰ
অভিনয় কৰিম
কাৰণ সেই তেতিয়ালৈকে
মোৰ ভাৱনাৰ অম্বুৰাশি
শিলহৈ ওপঙিব ।
২)
কণ্টকাকীৰ্ণ সময়ৰ নামত উৰ্চগিত তোমাৰ নাম
এদিন মোৰেই নামত উৰ্চগিত হ'ব তোমাৰ জাজ্বল্যমান সময়
৩)
প্ৰেমৰ দাগলগা এটি আধৰুৱা কবিতাৰে
এতিয়া মই
আবেগহীন পাঞ্চালিকা
আৰু তুমি
কেৱল যুক্তিৰ প্ৰহেলিকা।
৪)
পাঞ্চভৌতিক সমন্বয়ত
ঠিক এনেকৈয়ে সমাপ্ত হয়
হাজাৰটা
আধৰুৱা কাহিনী!
ড০ ৰিমঝিম বৰা
অধ্যাপিকা, গড়গাঁও মহাবিদ্যালয়
—————————————
অসুখ
চন্দনা ভাগৱতী
ফাগুনে খহাই
যেতিয়া ৰাধাৰ লাজ
তেতিয়াৰ পৰাই
ৰাধাৰ বুকুৰ অসুখ
যমুনা নিমাত
ষোল্ল হাজাৰ গোপীনিৰ
বৰ্ণিল কলাজ
দীঘল হৈ পৰি আছে
কানাই মেলি দিয়া
সুদীৰ্ঘ বাট ।
———————————————
ভ্ৰমৰ চমক
ভাৰতী চক্ৰৱৰ্তী
বাৰে বাৰে বুটলিব খুজিও
জীৱনৰ সুৰীয়া সপোন
দেওলগা ঘোড়াটোৰ দৰে
ছটফটাও
খেপিয়াই স্মৃতিৰ ছায়া
কি এই মায়া
বুকুৰ একোণত ৰৈ বৈ আছে
বিষাদ পুৰাকথা
চকুলোৰ হিম যেন নদী
আৰম্ভ কৰিব নোৱাৰি
জীৱন যাত্ৰাৰ
যতিৰ পিছৰ স্তুতি
পোহৰো হ’ব কৰা নাই
অথবা ৰং
ভ্ৰমৰ চমক সাৱটি যেন মই
বিভ্ৰান্ত পথিক
বাৰে বাৰে হেৰুৱাও
জীৱনৰ ভিতৰৰ জীৱন।
—————————————
শিক্ষাগুৰু
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
হামিংবাৰ্ডবোৰ বায়ুত ভাসমান
জীঁয়াবোৰ বায়ুত ভাসমান
হেলিক'প্টাৰবোৰে উৰিবলৈ শিকিলে
একোটাকৈ গোলাপকলি শিক্ষকৰ হাতত...
—————————————
এজাৰ বুলীয়া সপোন
ড° ৰমেশ কুমাৰ কাকতি
সমগ্ৰ নিশাটোৱে
ফেকুঁৰি ফেকুঁৰি কান্দিছিল
মোৰ বুকুত শব্দহীন ডবা এটাই
দপদপাই উঠিছিল,
নিশাচৰ চৰাই এটাই
নিঃশব্দৰ জড়তা ভাঙিছিল,
তাৰ বিকট চিঞৰে
মোক অসহায় কৰিছিল,
সমগ্ৰ আন্ধাৰবোৰে
মোক মেৰিয়াই ধৰিছিল,
ঝিলিবোৰে কিবা এটা
কৰুণ সুৰৰ বাঁহী বজাইছিল,
মোৰ হাত দুটাই
শীতল শিল এটাৰ স্পৰ্শ কৰিছিল,
হঠাতে শুনিলোঁ, বাহিৰলৈ নিয়া
মোৰ দুচকুৱে অন্ধকাৰ দেখিছিল,
চাকিগছি নুমাই যোৱা কিমান সময় হ’ল
মোৰ অনুভৱে ভৱাই নাছিল,
শংকা নে আশংকা আছিল বাৰু
মানুহবোৰে মোক আৱৰি ধৰিছিল,
আকাশখন শুকুলা হৈ
তেওঁৰ শৰীৰটো ঢাকি ধৰিছিল,
তেতিয়া আকাশত তৰা নাছিল
পূব আকাশত একুৰা জুই জ্বলিছিল,
কোনোৱাই তৰাবোৰ আনি
তেওঁৰ দেহৰ ওপৰত চটিয়াই ফুৰিছিল,
মোৰ মনটোৱে ধৰফৰাই
তেওকেই বিচাৰি ফুৰিছিল,
তেওঁৰ বাখৰ বুলীয়া মাতষাৰ
চিৰকাললৈ তৰাফুলত ডুব মাৰিছিল,
এজাৰ বুলীয়া সপোনৰ তন্দ্ৰা ভাঙি
তেওঁ মোক সাৱতি ধৰিছিল,
মোৰ আৱেগৰ অশ্ৰুকণাই
এটি হাঁহিৰে তেওঁক তিয়াই পেলাইছিল৷
—————————————
খিৰিকীৰ সিপাৰৰ ষ্ট্ৰীট লাইট
চয়নিকা ভূঞা
খিৰিকীৰ সিপাৰে
এটা ষ্ট্ৰীট লাইট
যাক ভেজা দি
ক'ত যে কথা
অশ্লীল সুহুৰি এটা
গাভৰু নিশাটো
কেতিয়াবা মদাহীৰ হাতত
কেতিয়াবা
ভৰ যৌৱনা ৰূপহীৰ নামত
জনসমাবেশত
কথোপকথনৰ হেতা-ওপৰা
কেতিয়াবা অট্টহাস্য
কেতিয়াবা তাচ্ছিল্য
এন্ধাৰ ফালি ফালি আগবাঢ়ে
দুখন হাত
দুটি ভৰি
প্ৰতি ক্ষণে সলনি হয়
আড্ডাৰ বিষয়বস্তু
ভিন্ন বিষয়
ভিন্ন কথা
চিগাৰেটৰ কুণ্ডলী পকাই ধোঁৱাৰ ভাজে ভাজে
যুৱতীৰ দেহৰ পুংখানুপুংখ বৰ্ণনা
ক'ৰবাত ৰাজনীতি
ক'ৰবাত পৰচৰ্চা
ক'ৰবাত বদনাম
বদনামত তোল-পাৰ
বহু গাভৰুৰ নাম
সকলোবোৰ নিয়মমতে চলি থাকে
নিয়ন লাইটৰ নিয়মবিহীন নিয়মাৱলীত
প্ৰতি নিশা
প্ৰতিখন হৃদয়ত
জ্বলি থকা এটা ষ্ট্ৰীট লাইট
খিৰিকীৰ সিপাৰৰ ষ্ট্ৰীট লাইট
—————————————
জয়গান
খূৰ্ছীদ আনছাৰী
বিকিবলৈনো
আৰু বাকী আছে কি
পতাকা
সম্পদ
বিবেক
গণস্তম্ভ
আৰু মই…!
বিজ্ঞাপন
এটা এনেকৈ লিখা হ'ল--
দেশ এতিয়া উন্নতি পথত
ভাৰত মাতা কী জয় বোল।
———————————————————
সময়ে অন্তৰ্বাস নিপিন্ধে
উৎপল ভট্টাচাৰ্য
সময়ে জন্মদিয়ে
সময়ে গতি দিয়ে
নিয়ন্ত্ৰণৰ কোনো আগ্ৰহ নাথাকে
নাথাকে সাধন।
সময়ৰ গৰ্জনত
বৰ্জনত
ঘৰ্ষণত
কৰ্ষণত
তুমি কি হৈ উপজিলা
তাৰ হিচাপ সময়ে নাৰাখে।
কাঠগড়াত উঠাবলৈ
সৃষ্টি কৰ্তাৰো শক্তি নাই।
ভগৱানেও জানে,
সময়েযে অন্তৰ্বাস নিপিন্ধে।
——————————
বাটুল
ৰাজীৱ দত্ত
তুমি সৰু থকা নাই
তুমি এতিয়া ডাঙৰ হৈছা ৷
লাটুমৰ পিছত ঘূৰি
দৌৰি দৌৰি
খাই হাবাথুৰি
পৰিছা জানো ভাগৰি?
কিয় জানো ভাৱ হয়
ডাঙৰ নোহোৱাই
ভাল আছিল ৷
লাটুম নহৈ যদি
হ’লোহেঁতেন বাটুল
লক্ষ স্থানত হানিলোঁহেতেন
আঘাত উপৰ্যুপৰি ৷
বাতুলতা নহয় আমাৰ চেষ্টা
সঁচাকৈয়ে ই বাটুল
ধৰি ৰাখো কৰি আতোঁলতোল৷
তলত আছো পৰি
তথাপি চিন্তা দিগন্ত প্ৰসাৰী
বোকাত পৰি থাকিয়ে দেখো
তৰাৰ সপোন সোঁনোৱালী ৷
কথাবোৰ নহয় সৰু
ভাবি চাবা
হয়তো সৰু মানুহৰ
ডাঙৰ চিন্তা
নহয় দুশ্চিন্তা ৷
এতিয়া তুমি সৰুহৈ থকা নাই
তুমি ডাঙৰ হৈছা
কপাঁলত খুচি লৈছা
সাহসৰ ৰক্তবিজয়ী নিচান৷
যি নিচান লৈ ফুৰিছোঁ
তুমি আৰু মই৷
—————————————
শৰাইঘাট কথাবোৰ কোৱা...
অন্বেষী বৰা
শৰাইঘাট কথাবোৰ কোৱা
এতিয়া পুৱতি নিশা
তোমাৰ হুমুনিয়াহ শুনিবলৈও যে সাৰে নাই কোনো
কৈ যোৱা সেই পুঞ্জীভূত গাথা,
তুমি তুমি হৈ নৰ'লা,
মইনো ক'ত ৰৈ যাব পাৰিলোঁ মইয়েই হৈ।
অকলেই নৌকা চলাব পৰা, অশ্ব দৌৰাব পৰা,
তৰোৱাল ঘূৰাব জনা
বাহুবোৰ এতিয়া নিশকতীয়া হ'ল।
পয়ালগা মনবোৰ পৰজীৱীৰ আশ্ৰয় ভূমি হ'ল।
ৰাতি ৰাতি বিনাই লাচিতৰ মৈদামে,
নিচুকাই শৰাইঘাটে কাহিনী শুনাই...
এখন নিদ্ৰামগ্ন সমাজৰ কাহিনী,
সুৰীয়া মাতষাৰ পাহৰা এজাক ভাষাহীন মানুহৰ কাহিনী,
অসহিষ্ণুতাৰ আফিঙে নষ্ট কৰা
এখন উৰ্বৰা পথাৰৰ কাহিনী।
অসহ্যকৰ! অসহ্যকৰ!
এই কাহিনী ক'ব খোজা নাছিল শৰাইঘাটে,
এই কাহিনী শুনিব নোখোজে লাচিতে।
লাচিতে শুনিব খোজে,
ৰাতিটোৰ ভিতৰতে গড় বান্ধিব পৰা
তেজাল প্ৰাণবোৰৰ কাহিনী।
পিচ হোঁহকা দিয়া এদল ৰামসিংহৰ কাহিনী।
কোৱা শৰাইঘাট,
সেই কাহিনী কোৱা।
উজাগৰে থকা লাচিতৰ মৈদামে
মাথোঁ শুনিব সেই কাহিনী।
এতিয়া পুৱতি নিশা,
তোমাৰ কাহিনী শুনিবলৈও যে
সাৰে নাই কোনো।
—————————————
কোনাৰ্ক
গীতাৰ্থী ঠাকুৰ
কি নৈপুণ্য
তোমাৰ হাতত,
হে শিল্পীপ্ৰাণ ,
হৃদয় কিমান প্ৰেমময় হ'লে
এনেকৈ খোদিত কৰিব পাৰে শিলিভূত ভাস্কৰ্য্য।
কত স্থায়ী-সঞ্চাৰী ৰতি ভাৱৰ
সুনিপুণ মুহূৰ্ত্ত।
কলাত্মক বিপ্ৰলম্ভ শ়ৃঙ্গাৰ।
বিমুৰ্ত !
বিস্ময় !
উদয়াগিৰি প্ৰাচীনতাৰ
সুবাস লৈ মই উৰি ফুৰো।
বুকুত কঢ়িয়াই
প্ৰাগৈতিহাসিক
অশোকৰ কলিংগ ।
গীতাৰ্থী ঠাকুৰ
দেৰগাঁও
—————————————
হে মহান ! এয়া সংকট কাল
(মহান শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে সুঁৱৰি-)
উইল চিদ্দিকুৰ ৰহমান
হে মহান !
অসমীয়া জাতিৰ তুমি আলোক বহ্নিমান
তুমি মহা মনীষাৰ গান
ইতিহাসে সাক্ষী কৰা সময় পাখি ঘোঁৰাত
তুমি অতীত
তুমি বৰ্তমান
জোনাকে পোখা মেলা ৰাতি
তুমি অহাৰ বাটে
সুহুৰিত বাজিছিল একেটি গান,
স্বদেশ স্বকাল।
তুমি অহাৰ বাটে
ৰঙা দলিছাত সী থোৱা আছিল
বিপ্লৱৰ আন এটা নাম,
স্বাভিমান
মাথো স্বাভিমান ;
নাঙলৰ সীঁৰলুত ৰৈ ৰৈ বাজিছিল
মোৰ দেশ মোৰ আইৰ
জাতিক জগোৱা গান,
শত-সহস্ৰ প্ৰণাম
এই গান
কথা আছিল,
তুমি অহাৰ বাটে
সদলবলে গোৱাৰ
মোৰ দেশ মোৰ আইৰ
জাতিক জগোৱা গান
হাতৰ মুঠিত
স্বাধীনতাৰ স্বতন্তৰীয়া নিচান
তুমি অহাৰ বাটে
লুইতপৰীয়া ঘাট,
জন্ম-জন্মান্তৰৰ
অনন্ত বৈকুন্ঠ ধাম ;
আস,
তুমি অবিহনে
কি স'তে আদৰো ব'হাগ ,
এইয়া যে সংকট কাল।
বুকুত দুখৰ দোকোল-টকা বান,
কি সতে গাঁও
স্বাধীনতাৰ চাৰুকলা গান
শ্ৰদ্ধাভাজনেষু,
এইয়া সংকট কাল
হাতত সংকল্প শিখা
পোতাশালত ৰঙা ধ্বজা
চৌদিশে ৰজাঘৰীয়া
পালি-পহৰীয়া
পদচিহ্নত
সভ্যতাৰ সংঘাত,
পলকতে থান বান
কৌটিকলীয়া
লুইতপৰীয়া গান,
থান-বান
সংহতিৰ
সোণ সেৰীয়া প্ৰাণ,
নীতি বাগীশৰ আভজা ভাওত
বিতত নিচলা প্ৰজা;
টিঙিৰি-তুলা ৰজাঘৰীয়া,
গা-ৰখীয়া,দা-ধৰা ;
অথন্তৰত কঁপে থৰ থৰ
ৰজাৰ মছনদ
কি স'তে আদৰো ব'হাগ !
চকুৰ পতাত
দুৰ্যোগৰ দোপালপিটা বৰষুণ এজাক
ঘামে তিতা প্ৰজাক পিন্ধাব খোজে
পানীৰ পোছাক,
মধুচন্দ্ৰিকা ৰাতি
প্ৰতিশ্ৰুতিৰ শ্ৰুতলিপি
শব্দ শিল্পত
প্রলোভনৰ বাকপটু ৰাজনীতি
তুমি অহাৰ বাটে
হৈ-চৈ মাথোঁ হৈ-চৈ,
নপতা ফুকনহঁতে
এৰা সুঁতিয়েদি বোৱাব খোজে
উভতনি নৈ,
জোনাকে পোখা মেলা ৰাতি
তুমি অহাৰ বাটে
সুহুৰিত বাজিছিল একেটি গান,
স্বদেশ স্বকাল।
এইয়া ফুল ফুলাৰ বতৰ ;
তুমি অহাৰ বাটে
বুকুত
ৰুণুক জুনুক
জোনাকৰ নূপুৰ,
মন মগজুত গজে
তোমাৰ গানৰো গান,
পূৰ্ণতাৰ আন এটা নাম
স্বদেশ স্বকাল।
—————————————
পলকতে হালধীয়া হৈ যায় সময়
ভূমিকা দাস
সেউজীয়া পৃথিৱীৰ
পুৱতিৰ কোমল ৰ'দালিবোৰত
শৈশৱ ওমলিবলৈ ন'হল!
ৰৈ গ'ল জীৱনৰ কোনোবা পৃষ্ঠাত
লগৰীয়াৰ সৈতে ওমলাৰ
নষ্টালজিক আবেলিৰ পলবোৰ
বিৰিখৰ আগত
কৈ থাকোঁতেই যেন হালধীয়া হৈ সৰিল পাতবোৰো
দেৰকেজি চাউল আনি প্ৰতিসাজে ৰন্ধা
গাৱঁৰ বৰমাজনীৰ কাহিনী আজি বাৰুকৈয়ে
মনত পৰিছে
সুখেৰে পাৰ কৰা কত হেঁপেহুৱা সময়ৰ
হিচাপ ৰাখি
সজাব নোৱাৰিলোঁ
মোৰ অতীতৰ পজাঁঘৰ।
কিমান কষ্টত দিনপাৰ কৰিলে
হাঁহিৰে চুমিব পাৰি আকাশ
সোধা নহ'ল কাহানিও
ভাদমহীয়া ৰ'দে জুৰুলা কৰা ৰচকী বাইটিহঁতক
কোনেনো বাৰু হিচাপ ৰাখিলে?
খৰাঙত জুৰুলা কৰা
জীৱনৰ অন্তিম সময়ৰ লগ্ন।
আজি নিজক বিচাৰি চাইছিলোঁ
দবা কাঁহৰ ধ্বনিত মায়াসনা
ভদীয়া সুগন্ধি সন্ধিয়াটিত
বিলীন হ'লে
অশান্ত মনত কিমান প্ৰশান্তি নিজৰে...
ফিৰফিৰিয়া বতাহৰ পোছাক পিন্ধা
শীতল সন্ধিয়াটিতে
বৈ আহিছিল নামৰ নিজৰা ...
এচিকুট সময় ভক্তিৰসত বুৰ গৈ
মহিমা আৰু মায়াক অনুভৱৰ চাকনৈয়াত
গভীৰতলৈ গৈ
এপলকৰ বাবে হেৰাই গৈছিলোঁ...
—————————————
চক্ৰ
নিৰুপমা মজুমদাৰ
ঘূৰিবলৈ প্ৰয়াস কৰোঁ
চক্ৰৰ ব্যঞ্জনাময় তাড়নাৰ গতিত
সুকলমে সুকৰ্মৰ সুবাদেৰে
জাতীয়তাৰ সুকীৰ্তিত নিজকে বিনিয়োগ কৰি ৷
তাতেই শান্তিৰ মহুৰা ঘূৰিব
দুলড়ী পাৰি শিতানত জিৰাব
সুৱদি মাতত সপোন ৰচিব
চিৰ চেনেহী আইৰ হৃদয় জুৰাব ৷
—————————————
মায়াবিনী
মনচুমী কলিতা নাথ
সুনীল আকাশৰ সুনিৰ্মল পথেদি
শ্যামলীমা পৃথিৱীত শৰৎ নামিছে
শৰতক বাৰু এই পৃথিৱীলে
কোনে আদৰি আনিছে !
কঁহুৱাই নে শেৱালিয়ে
আহিনে নে নিয়ৰে
তাপিত পৰাণ পৰিছে শাঁত
সেউজ বৰণে ধৰা ধৰিছে আবৰি
বাৰিষাৰ কলিয়া মেঘৰ আচ্ছাদন আঁতৰি
আকাশত শুকুলা মেঘৰ সুবিমল ধেমালি ।
শৰতৰ দৰেই সুকোমল উদাৰ আকাশ
মুৰ তুলি চাই ৰওঁ আকাশৰ শুভ্ৰতা
হৃদয়ত অনুভৱ হয় -
শৰতৰ সুনিৰ্মল আকাশৰ
বিপুল বৈভৱৰ বিস্তৃত বিশালতা
নিমিষতে দূৰ হয় হিয়াৰ দৈন্যতা
খহি পৰে মনৰ সংকুচিত সংকীৰ্ণতা ।
নীলিমাত নৃত্যৰত কপহুৱা ডাৱৰক
শৰতে নমাই আনে ধৰিত্ৰীৰ সেউজ বুকুলৈ
সেউজ পথাৰৰ সুকোমল বক্ষ ঢাকি
পাৰি দিয়ে কঁহুৱাৰ শুকুলা চাদৰ
চৌদিশে মেলি দিয়ে
সুশীতল কুঁৱলিৰ শুভ্ৰ আচ্ছাদন
যেন প্ৰকৃতিক শৰতে পিন্ধাই দিয়া অৱগুণ্ঠন
প্ৰভাতৰ ৰ'দৰ ৰঙীণ চাৱনিৰপৰা
লাজুকী প্ৰকৃতিয়ে মুখ লুকুৱাৰ
কি যে এক বৃথা চেষ্টা
জয় হয় সূৰুযৰ
অৱগুণ্ঠন খহি পৰে নিয়ৰৰ
উন্মোচিত হয় সূৰুযৰ সন্মুখত লজ্জানত প্ৰকৃতি ,
অনিন্দ সুন্দৰী
মনোমোহা মনোৰমা
সুসজ্জিতা সুকুমাৰী
অপূৰ্বা অপৰূপা
মায়াবিনী সাৰদী ।
—————————————
আশা-নিৰাশা
এ আমান
দাম বঢ়াৰ দৰেই দুখো বাঢ়িছে
তেজী ঘোঁৰাৰ দৌৰ গতিত
বৰদৈচিলাই ধাহিমুহি নিয়াৰ দৰে
দুখৰ সদাগৰে মুচৰি মাৰিছে আশাৰ পুলি
যিমান পোহৰ পোহৰ লাগিছে সিমান নহয়
যিমান সুখ সুখ লাগিছে সিমান নহয়
অনুদানত পোৱা পোহৰ আৰু সুখ মায়া
নিজে বাচিলেহে জীয়া, আনে বচালে ভিক্ষা
কবিৰ মনতো আক্ষেপ
ভঙা পতাৰ ভাওনা চাই
সভ্যতাৰ অসভ্য বহুৱালীত
কবি হৃদয়ত চকুলোৰ বন্যা
শিল্পীয়েও হাঁহি থকা নাই
সুৰ তাল ছবিৰে ঢংকা বজাই
এন্ধাৰৰ সতে যুঁজিছে অবিৰাম
জাগ্ৰত হওক জনতা জনাৰ্দন
দুখেৰেই লিখি যোৱা দুখৰ মালিতা
কিজানিবা জ্বলেই আশাৰ শলিতা
এন্ধাৰে গিলা বেলিটি নৱাৰুণ হোৱাৰ দৰে
দুখবোৰো এদিন গোলাপ হৈ বুলিব
—————————————
সাম্প্ৰদায়িকতা
নিৰ্জু বৰগোহাঁই
তুমি মই আমি
আমাৰ একেই উশাহৰ
ভৰত আতোল তোল
এই পৃথিৱী
একেই খোজৰ চাপত
অগ্যস্ত যাত্ৰাৰ প্ৰতিচ্ছৱি
তুমি মই আমি
সৌন্দৰ্য সুষমাৰ
এক অনুপম ভাস্কৰ্য
এই মহান ধৰণীৰ
একেই বতাহৰ জুৰণি
একেই পিয়াহৰ পানী
একেই ৰ'দ, বৰষুণ
মেঘ গাজনি
তথাপি গঢ়ো কিয়
ভেদা ভেদ কপটতা
হিংসা দ্বেষ খিয়লা খিয়লি
যেন ভিন্ন গ্ৰহৰ
দুটা বিপৰীত ইতঁৰ প্ৰাণী।
—————————————
সেউজীয়া সমীকৰণ
গীতাঞ্জলী হাজৰিকা
সেউজীয়া সপোনবোৰ এদিন সময়ৰ সৌকাত ধৰা দিব
যেতিয়া জোন - তৰা আৰু বেলিয়ে স্পৰ্শ কৰিব সিহঁতক
তাপ ,বায়ু ,পানী আৰু উৰ্বৰা ধৰিত্ৰীয়ে চুমিব পত্ৰিকাত
শিপাবোৰে মাতৃগৰ্ভৰ সৰ্বস্ব শক্তি চুহি চুহি পান কৰিব ৷
কি অতুলনীয় শক্তিৰ সমাহাৰ হৰিৎকণাই বিচ্যুৰণ ঘটাব পাৰে
সেউজীয়া সমীৰণৰ
সেউজীয়া সমলয়ত দিগবলয় মানৱতাৰ দিগন্তৰ গান
যি গানত নাচিব পাৰে চিৎ পখিলাই ৰেণুৰ পৰিক্ৰমাত
মানৱতাহীন অমানুহৰ আনুষংগিক কৱলত সেউজীয়াৰ
তমোময় তমোগুণ তচনচ কিয়! ক্ৰন্দনশীলা তপস্বীৰ
নিনাদ ভৰা কৰুণাগাথা কিয় নুশুনা অমানুহ
মনত ৰাখিবা ;
যিদিনা তমোহৰ দেওধনিৰে
তোমাৰ চৌপাশত তমোঘ্ন লীলাৰ লয়লাস গতিৰে মই
নৃত্যৰত নিমগ্ন সেউজীয়াৰ বলিয়ান ৰূপ ৰণাঙ্গনৰ ৰণত
নৱ - নৱ পৰিধিৰ চাকনৈয়াত চক্ৰাকাৰ চক্ৰান্ত চৰিব
অমানুহৰ অমান্য অমানুষিক হাতোৰা অক্টোপাছৰ
লেহিলান হাতোৰাই গ্ৰাস কৰিব আৰু তোমালোক !
মোৰ কাণ্ড ডাল পাতেৰে নিস্তেজ হৈ শয়ন কৰিবা
সময়ক সন্মান কৰা মোক প্ৰতিশ্ৰুতিৰ সবল হাতেৰে
জীৱনৰ আয়ুসৰেখাৰ স্ৰোতস্বিনী স্ৰষ্টা হোৱা ;প্লিজ--
অমানুহৰ বিভূতি বিভূষণ পৰিত্যাগ কৰাচোন !
মোৰ অনুৰোধৰ অনুৰাগ হোৱা আৰু মই অনুৰাধা হওঁ ৷
—————————————
আহিনে জানে শৰতৰ সঠিক খবৰ
গকুল চৌধুৰী
আজি মই মোৰ বন্ধ কোঠালিৰ
খিৰিকীখন খুলি দিলোঁ
আহিন মাহৰ ৰৌদ্ৰজ্বল কোমল
পুৱাত
খিৰিকীৰে জুমি চাই দেখিলোঁ
বাৰিষাৰ অন্তত আহিনৰ হাতত
হাত ধৰি আকৌ আহিল শৰৎ
আকাশত , বতাহত , কবিতাত
গানত মোৰ মন আৰু প্ৰাণত ।
খিৰিকীৰে জুমি চাই আৰু দেখিলোঁ
নৈ চাপৰিত কহুঁৱাই নাচিছিল
সেউজ কোমল দূবৰি দলিচাত
নিয়ৰে মুকুতা আৰিছিল ৷
খিৰিকীৰে জুমি চাই অনুভৱ
কৰিলোঁ
খৰিকাজাঁই,হাচনাহানাৰ সুগন্ধি
পদূলিমুখৰ শেৱালি জোপাত
এপাহ ফুলি এপাহ সৰা তলসৰা
শেৱালিৰ সুবাস ৷
মোৰ সেউজ মন
আহিনৰ পথাৰৰ সৰু-বৰ
আলিয়ে আলিয়ে শৰতৰ
সেউজীয়া বিচাৰি গৈ বিচাৰিলে
শুকুলা মেঘৰ ছাঁ
গেৰ ধৰা ধাননি
লগতে থন ধৰি
উঠা শস্যসম্ভৱা পথাৰ
আৰু বিচাৰিলে শৰৎ ৷
জানেনে আহিনৰ ভাষা বুজেনে
আহিনে কয়
শৰৎ মানে সপোনৰ সম্ভাৱনা
শৰৎ মানে হেঁপাহৰ উন্মাদনা
শৰৎ মানে জীৱন জীয়াৰ প্ৰেৰণা ৷
এখোজি দুখোজি খুজেৰে
সংগোপনে অতি সংগোপনে
এই শৰৎ আহে কত ?
আহিনৰ বুকুত
আৰু আহিন
আহিনে জানে শৰতৰ সঠিক খবৰ ৷
মোৰ মন মুগ্ধ কৰি
এটি - দুটি
সন্ধ্যাতৰা জিলিকিছিল
শাৰদী জোনৰ পোহৰে
জোনাকীৰ আঁচল উৰুৱাই
জোনালী সিঁচাৰ পৰত
শৰতৰ অনুভৱ
শৰতৰ নিগ্ধতা
শৰতৰ শুভ্ৰতা
শৰতৰ প্ৰতি মোৰ ভালপোৱা
বুকুত সামৰি
আজি মই মোৰ বন্ধ কোঠালিৰ
খুলি দিয়া খিৰিকীখন আকৌ
জপাই দিলোঁ
আহিন মাহৰ স্নিগ্ধ জোনাক ভৰা
শৰতৰ শাৰদী কোমল সন্ধিয়াত ৷
—————————————
লিপষ্টিক
আমিনুৰ ৰহমান
ক’লা ওঁঠত সদায় লিপষ্টিক লগায়
প্ৰত্যক ছোৱালীয়ে
নাজানে বাবে নিজৰ ভুল
গুচি গ’লে বসন্ত
কিহৰ ৰূপ , কিহৰ সৌন্দৰ্য
দুচকুত কেৱল
জিলিকি উঠে অশ্ৰু কণা
ব্যস্ততাত চুলিকোছা বান্ধিবলৈ
নুজোঁটে সময়
লিপষ্টিক আৰু নো কি
কোমল ওঁঠ দুটিত ধুলিয়ে ফাঁকুৱা খেলে মাথোন ।
—————————————
শ্বহীদ
অশোক ৰাম ভট্টাচাৰ্য্য
( কৰ্মৰত অৱস্থাতেই ভুমিস্থলন হোৱাত আকস্মিক ভাবে মনিপুৰত মৃত্যু বৰণ কৰা শ্ৰমিক আৰু সামৰিক,অসামৰিক ব্যক্তি সকললৈ উৎসৰ্গিত)-
কণমানি পৰিয়ালটিৰ অৱলম্বন তেওঁ
সংস্থাপনযে নাই,চাকৰিৰ অভাৱ আজি
কৃষিভূমি সংকুচিত নাইযে ম্যাদী মাটি
বাণিজ্যে বসতি লক্ষী কবলৈ মুলধনো নাই,
শ্ৰম কৰিলেহে হবা দক্ষ শ্ৰমিক
গাৱৰ শ্ৰমিক ককাইৰ আহ্বানত
তেওঁ হ'ল আজি দক্ষ শ্ৰমিক;
পাহাৰীয়া জুৰিৰ কাষত কৰ্মৰত তেওঁ
বৰ্ব্ৰূবাহন ,উলুপীৰ দেশতেই জীৱন জীৱিকা
প্ৰকৃতিৰ ৰোষত হয় ভূমিস্খলন
বহু শ্ৰমিকৰযে সন্ধান নাই
মৃতদেহ ঘুৰাই পোৱাও হৈছে বিলাস-
ভায্যা , কণমানি দুটিৰ আৰ্তনাদ
চকুলো মচিব কোনে চৌপাশেযে হতভগা
নহওক অৰণ্যৰোদন আৰ্ত অসহায়ৰ
আৰ্তজনক আঁকোৱালি লোৱা বিপদকালত,
নহ'লে চকুলোৰ মালা পিন্ধি আকাশলৈ চোৱা
চাই আছে তেওঁ দিগন্তৰ পৰা
সংস্থাপন আন্দোলনৰ শ্বহীদ তেওঁ
জয় জোৱান,কিষাণ আৰু শ্বহীদৰ
শ্বহীদক জনাইছো অশ্রু অঞ্জলি মোৰ
স্থান হওক বৈকুণ্ঠত তোমাৰ
—————————————
কৰম পূজাৰ ৰাতি
ৰূপজ্যোতি গগৈ
মাদলৰ মাতত সাৰে থকা কৰম পূজাৰ ৰাতি
মাটিত নহয়
যেন সৰগত নাচি থাকে দুভৰি!
নতজানু ধৰিত্ৰী
জ্বলিব আশাৰ চাকি
ফুলিব অলেখ সপোনৰ গজালি
আখৰা বন্দনা কৰি
ভাগৰি নপৰে কৰমতী
আজি ওৰেৰাতি
বনফুল হৈ ফুলি থাকিব
বৰকাঠনি ববচা বনৰ বাকৰি!!
জা গি জা গিজা
ভাদৰ মাসে কৰম পূজা
আখৰা বন্দনা...!
—————————————
কথনা ফুলৰ সাধু
ববিতা ফুকন
উপহাস নকৰিবা
কেতেকী নিবিচাৰোঁ মই
হাবিয়ে বনে জকমক
কথনা ফুলেই ভাল।
কথনা ফুলেও জানে জীৱনবোধ
সেয়ে মোৰ আগচোতালত এজুপি কথনাফুল
তেজীমলাৰ দৰে বাৰে বাৰে মৰি মৰিও
পুনৰ জী উঠি জাতিস্কাৰ হৈ ফুলে!
—————————————
“গুজৰাট কী গালিব“ ৰূপে খ্যাত গনীভাই দহীৱালা ওৰফে “মৰীজ“ৰ দুটামান শ্যায়েৰী-
মূল গুজৰাটী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ
-- অপূৰ্ব ভূঞা
(১)
তোমাৰ মিঠা প্ৰেমপত্ৰ পঢ়ি সময় কাটে
নাজানো কেনেকৈ দুখবোৰ বিয়পে আখৰে আখৰে
(২)
মোৰ যি স্খলনৰ কথা স্বীকাৰ কৰিছো কোনো প্ৰসঙ্গত
কোনে জানে কেনেকৈ গোটেই জীৱন ই ডুবাব বদনামত
(৩)
জীৱনৰ সুধা পান কৰাত পলম নকৰিবা, মৰীজ
এনেয়ে মদিৰা কম, তাতে পাত্ৰৰ তলিও ফুটা
(৪)
সমুজ্জ্বল কৰি সময়, এখন্তেকৰ বাবে তুমি আহিবা
সেই এটি পল হৈ ৰ’ব জীৱনজোৰা অপেক্ষা
(৫)
কাৰোবাৰ প্ৰেমোন্মাদনা উন্মোচনৰ বাবে সকলো উৎসুক
এনেকৈয়ে মিলন আকুল হয় জগতৰ লোক
[ টোকা: আব্দুলগনী আব্দুলকৰীম দহীবালাৰ জন্ম ২২ ফেব্ৰুৱাৰী, ১৯১৭ ত চুৰাট জিলাৰ পাঠানৱাডাত ৷ গুজৰাটী , হিন্দী আৰু উৰ্দু ভাষাত কাব্যচৰ্চা কৰা গনীভায়ে ভালেমান গজলো লিখিছে ৷ তেওঁ আকাশবাণী বোম্বাই ( মুম্বাই )ৰ কাব্যানুষ্ঠানৰ নিয়মীয়া অংশগ্ৰহণকাৰী আছিল ৷ এসময়ত গুজৰাটৰ কাব্যানুষ্ঠানবোৰ সৰস কৰিতোলো গনীভাই “মৰীজ“ উপনামেৰেহে বিখ্যাত আছিল ৷ ১৯৮৭ চনৰ ১৯ অক্টোবৰত গনীভাইৰ ইন্তেকাল হয় ৷]
—————————————
বাট চাই আছোঁ তোমালৈ ...
ৰবিন কুমাৰ চেতিয়া
কুঁৱলিসনা বাটেৰে
সোণাৰুবুলীয়া হিয়াখন লৈ
সোমাই আহিবা তুমি লাহে লাহে
পদূলিৰ নঙলা খুলি
মোৰ চোতাললৈ
দুওঁঠৰ এসাগৰ সেউজীয়াত
এজাৰবুলীয়া বহমান হাঁহিটো ওলোমাই
হেঁপাহেৰে মই ৰৈ আছোঁ
তুমি অহালৈ
শুকুলা কঁহুৱাই পুৱাতেই দিবহি
তুমি অহাৰ খবৰ
নিয়ৰৰ সেমেকা দুবৰিৰ দলিচাত
এপলক জিৰাব কুমলীয়া বেলিটো
পাতৰ জলঙাৰে সৰকি অহা
থুপি থুপি জোনাকবোৰ
আলফুলে খোপাত পিন্ধিব
লাজুকী গোলাপজোপাই
তোমাৰ মেঘ বৰণীয়া চুলিৰ
টোপ টোপ লহৰত
মেলি দিম হৃদয়ৰ নাও
কলডিলিয়া দেহৰ ঘামবোৰ ধূবলৈ
দৌৰি আহিব চেঁচা বতাহজাক
শেৱালীৰ সুবাস ঢালি পখালিম
আগফালৰ চোতাল
ঊমাল বিচনাত বুলাই দিম
হেজাৰ কামিনীকাঞ্চন
তোমাৰ পৰশেৰে জীপাল হ'ব মোৰ
বসন্তৰ কপৌফুলীয়া উশাহবোৰ ...।
—————————————
শাৰদীয় অনুভৱ
ৰশ্মি দলে
শাৰদীয় জোনাক ফুলিছে তোমাৰ দুচকুত
কঁহুৱাই হালিছে-জালিছে
মেঘালী চুলিটাৰিত।
জোনাক সৰা নিয়ৰ কণিকা
জিলিকি উঠে মুকুতা মনি---
মায়াৱি মৰিচিকা হৈ শুভ্ৰ জোনাকত
নেখেলিবা নিদাৰুণ প্ৰেমৰ খেলা।
আজি কঁহুৱা কোমল
শুভ্ৰ বুকুত মোৰ
নাহিবা আকৌ পুনৰ নিষ্ঠুৰ স্মৃতি হৈ
সুখৰ অৰণ্যত
দুখৰ জোনাক ছটিয়াবলৈ।
—————————————
ফেচবুকৰ বুকুত...
মনোজ এম্
জাউৰিয়ে জাউৰিয়ে সৃষ্টি হয় কবিতা
ফেচবুকৰ বুকুত
বোন্দাপৰ দি থাকো
এটা লাইক-কমেন্টৰ আশাত...
কতজনাৰ হা-হুমুনিয়াহ
কতজনাৰ আকৌ হাঁহিৰ ৰহঘৰা
দিনটোৰ কৰ্মব্যস্ততা
সন্ধিয়াৰ ভাগৰুৱা দেহা
ফেচবুকৰ বুকুতে দিব পাৰি এৰি নিশ্চিন্তে
হাই হেল্ল'ৰেই বঢ়াব পাৰি
বন্ধুত্বৰ দীঘলীয়া লিষ্ট
কোনোবা হৈ পৰে
তেজৰ সম্পৰ্কতকৈয়ো আপোন
কোনো আকৌ হৈ পৰে
সঙ্গী চিৰ জীৱনৰ...
ভাগ-বাটোৱাৰা কৰিব পাৰি দুখবোৰ
উৰুৱাই দিব পাৰি চিগাৰেটৰ ধোঁৱাৰ দৰে...
সুখৰ মুহূৰ্তবোৰো
ৰঙা-নীলা চিলা সাজি
উৰুৱাই দিব পাৰি
ফেচবুকৰ বুকুতে
কেনেকৈনো হয় বাৰু ইমান আপোন ফেচবুকত...!
অথচ এদিনো লগ নোপোৱাকৈয়ে...!
চকু মুদি ভগৱানক বিশ্বাস কৰাৰ দৰে
ই যেন নোহোৱা-নোপোজা
এক্কেবাৰে আঁচহুৱা...।
——––———————————
এই নদী নিৰৱধি
তানিয়া মধুকল্য
নদীখনৰ প্ৰেমত মই মাতাল
তাইৰ উত্তপ্ত বালিচৰ বুকুত
বহি মই তাইৰ সৈতে
প্ৰেমালাপ কৰিছিলোঁ
মই ভাল পাওঁ নদীখনক
কাৰণ নদীখন আছিল নিৰৱধি
বৈ আছিল বৈ আছে
আৰু বৈ গৈছে
নীৰৱে, নিতালে, নিমাত হৈ।
সেই নদীখনতেই মাৰ যায়
আবেলিৰ মহাপশ্চিমৰ
অস্তগামী সূৰুয ।
নদীত বিলীন হয় তাৰ
এখনি সোণবৰণীয়া ছবি।
সূৰুযে হেনো নদীখনক
তাৰ সকলোবোৰ ঘটনাই
বিৱৰি ক'লে
নদীখন নীৰৱ শ্ৰোতা হৈ
শুনি গৈছিল তাৰ কাহিনীবোৰ।
কোনো আপত্তি নোহোৱাকৈ
নদীখনে বুকুপাতি লৈছিল
তাৰ উত্তপ্ত সোণ বৰণীয়া
এটি উজ্জ্বল ৰং
কাৰণ এই নদী নিৰৱধি।
এটা স্থিৰ গতিৰে নৈখন
বৈ আছিল আৰু বৈ গৈছে
অনন্ত কাললৈ।
—————————————
যজ্ঞ
সুশান্ত দাস
তেজৰ এগছি চাকি
সৌ অটব্য বিপিনত ৰক্তাক্ত এটি আভা,
সজাত যেন এটি পক্ষী
অকাট্য
জীৱৰ আত্মাই মৰা অকৃত্ৰিম হাঁহিত
কম্পিত অৰণ্যৰ বক্ষ
এইয়া কি দেখিছোঁ ?
কটমটীয়া নাৰিকলৰ খোলাবোৰো
জ্বলি উঠিছে ...
সেই অগনিত বিপণ্ণতাৰ চিহ্ন ,
কুন্ধচ-কুৰূপী কবন্ধই কৰিছে হেনো
সৰ্ব-বিনাশী যজ্ঞ ...
যজ্ঞলৈ কোন কোন আহিছে?
কাপালিক, বাদুলী, ৰঙা অক্ষিৰ এজাক শিয়াল
কাকতালীয় হৈছে সকলো,
আৰু যজ্ঞত সৰ্ব-বিনাশী মন্ত্ৰ,
মানৱতাৰ দাৰুণ্য বচন দহিছে
দহিছে এজাক স-হৃদয়ৰ পুতলা
গোন্ধ কেঁচা কিম্বা অৰ্দ্ধদাহ্য মঙহৰ !
কি হৈছে যজ্ঞত ?
কিম্ভূত-কিমাকাৰ মুণ্ডৰ ভক্ষণ
হিংসা-দ্বেষৰ গৰল দাহন,
নিৰ্যাতনকাৰীৰ মুণ্ড ছেদন
গৰ্দভ মানৱৰ চিত্ত শুদ্ধিকৰণ
আৰু
গহন বনৰ পিতাল বুকুত,
উলম্ব গহ্বৰত পৰি ৰৈছে
হিংসুক, অপৰাধীৰ পুৰা দেহ,
নদীখন উদ্বাউল হৈছে আৰু হাঁহিছে
গণ্ডকূপত সোমোৱাই নিছে
লেতেৰা মলিয়ন জাৱৰৰ দেশ
ৰক্তিম আভাৰ চাকিগছি নুমাল
অখিল-শৈলাদ্ৰীয়ে পালে নতুন ৰূপ,
যজ্ঞৰ খৰিও শেষ হ'ল
জ্বলিছে উমি উমি নিৰস কংকালৰ ধূপ !
অৱশেষত,
সৰ্ব-বিনাশ হ'ল সকলো পাপী
গৰীয়সী হৈ ৰ'ল কুন্ধচ কবন্ধ,
আকৌ গঢ়িলে সজ মানুহৰ দেশ
সিদ্ধি কৰিলে সেই সৰ্বনাশী যজ্ঞ।
—————————————
স্বাধীনতাৰ বতাহ
ইৰা দেবী
স্বাধীনতাৰ বতাহজাক সোমাই আহিব পৰাকে
ঘৰৰ দুৱাৰ খিৰিকীবোৰ খুলি থ’বা
মুক্ত বতাহজাকে ঘৰৰ লগতে
তোমাৰ মনকো মুক্ত কৰিব।
মুক্ত মনৰ চাবিকাঠিয়েই
মুক্ত বতাহ
মনৰ কলুষিতাবোৰ উৰুৱাই দিব পৰাকে
মুক্ত বতাহত উৰুৱাই দিবা
ভালপোৱাৰ মসৃণ তিৰংগা
উৰি থাকিব দিবা
প্ৰতি হৃদয়ে
প্ৰতি ঘৰে শুভ্ৰ সেউজ সন্যাসী তিৰংগা।
—————————————
স্মৃতিৰ সৰা ফুল বিচাৰি
দিপ্তী মনি গোস্বামী
স্মৃতিৰ সৰাফুল বিচাৰি
উভটি যাওঁ এৰি অহা দিনলৈ,
স্মৃতিৰ মণিকোঠাত সজীৱ সুৰক্ষিত
সেই সোণসেৰীয়া শৈশৱ যৌৱনৰ আবেলিবোৰলৈ।
আজিৰ দৰে নাছিল
তেতিয়াৰ আবেলিৰ পদূলিবোৰ,
মায়া সনা মধুৰ আমেজৰ গধূলিবোৰ
অন্তৰঙ্গতাৰ সুবাসে পৰিপূৰ্ণ সান্নিধ্যৰ সেইদিনবোৰ।
স্কুল ছুটিৰ পিছত
নালাগে ভাতৰ ভাগৰ অথবা
সমনীয়াৰ ভাঙিব নোঁৱাৰা জগৰ
মৰম স্নেহ মিলাপ্ৰীতিৰ আখৰাৰে উভৈনদী
বহল পথাৰৰ ডায়েৰা চেংগুটি কিম্বা কুট কাবাডী ।
জাৰৰ দিনৰ সন্ধ্যাত
ককা আইতাৰ কেঁচা জুহালত
গৰমৰ দিনত বৰ ডলাত বহা বৰ চোতালত
সন্ধিয়াৰ বেলিৰ সৈতে পুৱাৰ প্ৰথম কিৰণৰ মেলাত
সময়ও বাখৰুৱা হৈছিল সেই জীৱন পৰিক্ৰমাত।
তেতিয়া নাছিল
লৰা বুঢ়া ডেকাৰ পৰা
জীয়ৰী বোৱাৰী প্ৰত্যেকৰে হাতে হাতে
এটিকৈ বিজতৰীয়া আপদীয়া স্মাৰ্ট ফোন
সেয়ে সকলোৰে সময়বোৰ সকলোৰে আজৰিবোৰ
আছিল অতিকৈ আপোন আপোন
এতিয়া বৰ্তমানত মাথোঁ স্মৃতিৰ এটি মধুৰ সপোন।
—————————————
কাজল
অমৰদীপ কলিতা
সৰাপাতত লিখি থোৱা চিঠিবোৰ
সামৰোঁতে সামৰোঁতে পাহাৰ হ’ল ৷
পাহাৰৰ অটব্যত মই ৷
সত্তাটো উন্মুক্ত হ’বলৈ কিন্তু বিশেষ নিবিচাৰে-
সেয়া হ’ব পাৰে কাজলেৰে লিখা এটি ফৰমান
হ’ব পাৰে, কাৰোবাৰ ৰঙা অধৰৰ
অনাৱিল সাগৰত ডুব মৰাৰ আমন্ত্ৰণ ৷
——————————————
সংসাৰ
জাহ্নৱী হাজৰিকা
ধনবৰ যায় হাটলৈ
ৰতনীয়ে চায় বাটলৈ
তেল,চেনী,চাবোন প্ৰাপ্তিৰ প্ৰত্যাশাৰে
চকু যায় মোনালৈ।
একো নাই ক'বলৈ
নাই একো চাবলৈ
ধনবৰে ৰতনীক কয়
আজি নিমিলিল পইচা,
সোণজনী
আনি দিম আগলৈ।
—————————————
বিকম্পিত মন আজি বিচলিত
প্ৰাণ প্ৰতিমা বড়া
বিকম্পিত মন আজি বিচলিত
উখৰা মনৰ উৱাদিহ নোপোৱা
বাৰেমিহলি চিন্তাৰে আলয় সাজে
বৰ আলফুলে,সযতনে
অৱসন্ন মনৰ
অৱৰোহণ চিন্তাৰ
অৱসাদ আঁতৰাই
ধাৱমান গতিপথ
প্ৰস্ফুটিত সজপথৰ দিশে...
—————————————
শৰতৰ শেৱালি
জোনমণি মহন্ত
শৰতৰ আগমন
আগফালৰ চোতালত
ৰাতি ফুলা শেৱালিৰ
আমোল-মোল গোন্ধত
কৰে বিতোপন
চালে চকুৰোৱা
শেৱালিৰ সুবাসত
মনলৈ আহে
এইয়া যে প্ৰকৃতিৰ
প্ৰেমৰ নিবেদন
আহিনৰ নিয়ৰ কণা
জোনাকত জিলিকে
শেৱালিয়ে মুক্ত মনে
হাঁহি হাঁহি কথা পাতে
পোহৰ হোৱাৰ আগে আগে
হেপাঁহৰ কথাবোৰ
পুনৰ ৰাতিলৈ
সযতনে সাঁচি ৰাখে
যদিও আন্ধাৰে আৱৰি ধৰে
ফুলি থকা শেৱালিয়ে
ভাগৰি নপৰে
মনৰ সুবাস বিলাই
প্ৰকৃতিৰ নিয়মেৰে
আমাৰ লগত হাঁহি মাৰি
হৃদয়ৰ বতৰা দিয়ে
এইয়াই জানো নহয় !
শৰতৰ শেৱালিয়ে
আমাক মনত পেলাই দিয়ে
প্ৰকৃতি সলনি কৰি
পুনৰ এটি নতুন
জীৱনৰ আদৰণি বুলি...
—————————————————
0 Comments