———————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
'আৱাহন যুগ', 'ৰামধেনু যুগ' ,'জোনাকী যুগ'ৰ বিষয়ে সততে আলোচনা হয়। কিন্তু 'জয়ন্তী যুগ'ৰ বিষয়ে তেনেকৈ আলোচনা নহয়। যদিও আধুনিক কবিতাৰ প্ৰগতিবাদী ধাৰাক বলিষ্ঠ ৰূপ দিয়াত জয়ন্তী যুগৰ ভূমিকা অপৰিসীম। দ্বিতীয় বিশ্বযুদ্ধৰ তীব্ৰতা হ্ৰাস পাই অহাৰ লগে লগে, ১৯৪৩ চনত তিনিগৰাকী বিষয়ে চেতনাৰে দীক্ষিত যুবকৰ প্ৰচেষ্টাত আত্মপ্ৰকাশ কৰিছিল এখন ন আলোচনী-'জয়ন্তী'।
জয়ন্তীৰ আঁৰৰ যুৱকত্ৰয় আছিল-চক্ৰেশ্বৰ ভট্টাচাৰ্য, কমল নাৰয়ন দেৱ আৰু ভবানন্দ দত্ত।চক্ৰেশ্বৰ ভট্টাচাৰ্য আৰু কমল নাৰায়ন দেৱে আলোচনীখন সম্পাদনা কৰিছিল।
'জয়ন্তী'ত সাম্যবাদী চিন্তাধাৰাৰ প্ৰবন্ধ প্ৰকাশিত হোৱাৰ লগতে প্ৰগতিবাদী চেতনাৰ কবিতা প্ৰকাশিত হয়।যদিও ধীৰেন দত্তৰ 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটি প্ৰগতিবাদৰ বাটকটীয়া ,কিন্তু প্ৰকৃত প্ৰগতিশীল কবিতাৰ চৰ্চা 'জয়ন্তী'ৰ পাততে হৈছিল। 'জয়ন্তী'ত প্ৰগতিবাদী কবিতাৰ ধাৰাৰ ধ্বজা বহন কৰিছিল ভবানন্দ দত্তই। ' নাচিকেতা' নামত প্ৰথম সংখ্যাতে প্ৰকাশ পাইছিল-'ৰাজপথ' নামৰ কবিতাটি।
"ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইনপোষ্ট যেন
অৰ্থহীন অধিকাৰহীন
বঞ্চিতৰ বাচিবৰ বাঞ্ছা
তোমাৰ কোলাত প্ৰায় সিযে নিঃশ্ৰেয়স মোক্ষ।"
(ৰাজপথ)
'পাউদাৰ' তেখেতৰ আন এটি উল্লেখযোগ্য কবিতা।প্ৰগতিবাদৰ এই ধাৰাটো আগবঢ়াই নিয়ে চক্ৰেশ্বৰ ভট্টাচাৰ্যই।'এটকীয়া নোট'-তেখেতৰ এটি উল্লেখযোগ্য কবিতা। অমূল্য বৰুৱা-জয়ন্তী যুগৰ শ্ৰেষ্ঠ কবি। তেখেতে 'কুকুৰ', 'বেশ্যা','কয়লা','বিপ্লৱী'
আদি কবিতাৰে 'জয়ন্তী'ৰ প্ৰগতিবাদী ধাৰাক এক অনন্য মাত্ৰা প্ৰদান কৰে।
এইদৰে 'জয়ন্তী'য়ে প্ৰগতিবাদী সাহিত্যৰ ধাৰা প্ৰতিষ্ঠা কৰি গ’ল।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
এগৰাকী লেখকে, লিখিবলৈ নোৱৰা হৈ আহে কেতিয়া ?
১) যেতিয়া, তেওঁ ভাবিবলৈ লয় : 'মোৰ লেখাবোৰ, কোনাবাই পঢ়েনে / পঢ়িবনে? '
২) যেতিয়া, তেওঁৰ মনলৈ একো নতুন চিন্তা নাহে ; নতুনকৈ ক'বলগীয়া বা, নতুন বিষয়বস্তু তেওঁৰ একোকে নাথাকে ।
৩) প্ৰকৃতি, জীৱ-জগৎ, জড়-জগৎ আৰু সমাজত নিতৌ ঘটি থকা নানানটা সংঘাত, দ্বন্দ্ব, বৈষম্য, বৈচিত্র আদিয়ে -- তেওঁৰ মনত, একো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে।
৪) যেতিয়া, তেওঁৰ পৰিবেশ আৰু ব্যক্তিগত দুশ্চিন্তাই, তেওঁক নিৰুৎসাহিত কৰি ৰাখে।
৫) মানুহ আৰু সভা-সমিতিৰপৰা তেওঁ সম্পূর্ণভাৱে আঁতৰি থাকি উদাসীন হ'ব ধৰে।
৬) নতুন নতুন বিষয় আৰু আনৰ সৃষ্টিশীল লেখাবোৰ, তেওঁ পঢ়িবলৈ-শুনিবলৈ এৰে।
৭) নিজৰ লেখাক, ব্যক্তিগত আক্ৰোশৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰিবলৈ লয়।
৮) যেতিয়া, তেওঁ, তেওঁৰ মনলৈ অহা কথাবোৰ ভাবি, পাগুলিয়াই থাকি, টুকি থোৱাৰ আগতেই -- শিল্প আৰু ব্যাকৰণৰ কথা বৰবেছিকৈ ভাবিবলৈ লয়।
পৃথিৱীত এনে কোনো মানুহ নাই -- যাৰ জীৱনলৈ এবাৰো 'কবিতা' অহাই নাই! আহে। অহাৰ ৰূপ ভিন্ন। কাৰোবাৰ মনলৈ পুলক হৈ, বিষ্ময়ভৰা আৱেগ, কৌতুহল হৈ, ৰহস্যময়তা হৈ, ভালপোৱা হৈ, শব্দ, গীত, গোন্ধ, ৰং, যন্ত্ৰণা, চমক হৈ নীৰৱে -- । মাথোঁ, তেনে 'কবিতা'ক কবিতাৰ অৱয়ব দিবলৈ, সকলোৰে মনে, সকলোকে মনত পেলাই নিদিয়ে ; শব্দৰ শক্তি, যাদু আৰু মায়াত মুগ্ধ হ'বলৈ
সকলোৱে আহৰি নাপায়।
———————————————————————
অনুবাদ কবিতা
Lighting One Candle
by Yosa Buson
The light of a candle
Is transferred to another candle—
Spring twilight
এডাল প্ৰজ্বলিত ম’ম
যোছা বুচোঁ
৫-৭-৫ ক্ৰমত সজোৱা
ভাবানুবাদ: ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মমবাতিডালৰ পোহৰ
এডালৰপৰা আনডাললৈ বিয়পি যায়—
বসন্তৰ মুনিচুনি বেলি।
—————————————
এগৰাকী নাৰীক ভাল পাবলৈ
মূল : কে, সৎচিদানন্দন ( কেৰালা)
অনুবাদ–উদয় কুমাৰ শৰ্মা
এগৰাকী নাৰীক ভাল পাবলৈ হ'লে
তাইক শিলৰ তলৰপৰা তুলি আনিব লাগিব,
মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে আদৰ কৰিব লাগিব --
অভিশাপত, খমলা মৰা তাইৰ তেজ
এটি সপোনে, যেতিয়ালৈ তেজাল নকৰে।
এগৰাকী নাৰীক ভাল পাবলৈ হ'লে
তাইৰ নিদাৰুণ দিনবোৰক
এটি চাতক চৰাই কৰিব লাগিব
যিটিয়ে, সৰগৰ ফুলৰ ধূলিৰে উশাহ লয় ;
নিজকে, এজোপা জকমকীয়া গছ কৰিব লাগিব
যাৰ, ডালত বহি তাইৰ ভাগৰুৱা ডেউকাই
ৰাতিটো জিৰাব।
এগৰাকী নাৰীক ভাল পাবলৈ হ'লে
এখন নতুন মহাদেশৰ সন্ধানত
মেঘে ঢকা আকাশৰ তলৰ
আলোড়িত সাগৰত পাল তৰিব লাগিব ;
ৰঙা বালছাম ফুল এজুপি
তোমাৰ পদূলিৰপৰা তুলি নি
নেদেখা উপকূল এটিত ৰুবগৈ লাগিব।
এগৰাকী নাৰীক ভাল পাবলৈ হ'লে
এপাহ ফুলৰ কোমল মৰমৰ লগত
তোমাৰ গাঁঠিৰ বিষ সলাব লাগিব,
যুদ্ধ-সজ্জা আৰু মুকুটৰপৰা তোমাক মোকলাব লাগিব ;
আন এখনি আকাশ পাৰ হৈ, আন এটি নক্ষত্ৰৰ বতাহত
আন এবিধ পানীৰ বাবে
নিজকে এৰি দিব পাৰিব লাগিব।
এগৰাকী নাৰীক ভাল পাবলৈ হ'লে
তাইৰ গাত থকা আঘাতৰ পুৰণি দাগটোৰপৰা
ৰশ্মি-চোকা তৰোৱাল এখনি তুলি আনিবলে'
তাইৰ হাতত হাত থ'ব লাগিব,
আৰু, দেহৰ গোটেইখিনি তেজ নোলোৱালৈকে
তাৰ ধাৰত, তোমাৰ কলিজাটি
পাতি দিব পাৰিব লাগিব।
তাইক, মই কাহানিও ভাল পাব নোৱাৰিলোঁ।
[ মূল TAO TEMPLE ৰপৰা ]
—————————————
লেংষ্টন হিউজৰ কবিতা
কবিতাৰ শিৰোনাম : "Dreams"
অসমীয়া ভাবানুবাদ:ড° জ্যোতিশিখা দত্ত
সপোনবোৰ
সপোনবোৰক সবলভাৱে ধৰি ৰাখা
নিমিত্তে, যদি সপোনবোৰৰ মৃত্যু হয়
জীৱন হৈ পৰে ডেউকা ভঙা পক্ষী
যি উৰিব নোৱাৰে
সপোনবোৰক সবলভাৱে ধৰি ৰাখা
নিমিত্তে, যদি সপোনবোৰ প্ৰস্থান কৰে
জীৱন হৈ পৰে এক অনুৰ্বৰ পথাৰ
বৰফেৰে গোট মাৰি থকা
কবিজনাৰ বিষয়ে দুআষাৰ :
সাহিত্যৰ এক শৈলী "জেজ কবিতা (jazz poetry)ৰ অন্যতম উদ্ভাৱক লেংষ্টন হিউজ হৈছে আমেৰিকাৰ এগৰাকী বিখ্যাত কবি, সমাজকৰ্মী, ঔপন্যাসিক আৰু স্তম্ভ লেখক l ১৯০১ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা হিউজৰ সম্পূৰ্ণ নাম হৈছে জেমছ মাৰচাৰ লেংষ্টন হিউজ l তেখেত হাৰমেন ৰেঁনেছাৰ নেতা হিচাপে বিশ্ব বিখ্যাত l তেওঁৰ লেখাসমূহত আমেৰিকাত বসবাস কৰা কৃষ্ণাংগসকলে অস্তিত্বৰ বাবে কৰা সংগ্ৰাম, তেওঁলোকৰ ওপৰত হোৱা শোষণ, তেওঁলোকৰ দুখ কষ্ট, হাঁহি কান্দোনৰ প্ৰতিফলন স্পষ্টকৈ দেখা পোৱা যায় l হিউজে জাতিগত চেতনা (racial consciousness) আৰু সাংস্কৃতিক জাতীয়তাবাদ (cultural nationalism) ৰ পৃষ্ঠপোষকতা কৰিছিল l "The Negro Speaks of Rivers" তেওঁৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি l উক্ত কবিতাটো তেওঁৰ প্ৰথম কবিতা সংকলন 'The Weary Blues' ত অন্তৰ্ভুক্ত ।
সাহিত্যৰ বাবে হাৰমন গোল্ড মেডেল (Harmon Gold Medal for literature) , গুগনহাইম ফেলশ্বিপ (Guggenheim Fellowship), এনিচফিল্ড উলফ বুক এৱাৰ্ড (Anisfield Wolf Book Award), Spingarn Medal কে আদি কৰি হিউজে বহুতো সন্মান লাভ কৰিছিল l কেইবাখনো বিশ্ব বিদ্যালয়ৰ সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ কৰা লেংষ্টন হিউজে ১৯৬৭ চনত মৃত্যু বৰণ কৰে l
ড০ জ্যোতিশিখা দত্ত
গুৱাহাটী-২৪
দূৰভাষ: 7002120021
—————————————
ক’ৰিডৰ
মূল: মালায়ালম কবি কয়ামপাৰামবাথ সচ্চিদানন্দন
মালায়ালম “ইটানালী“ শীৰ্ষক কবিতাটোৰ ইংৰাজী ৰূপান্তৰ “The Corridor”ৰ অসমীয়া অনুবাদ -
অপূৰ্ব ভূঞা
দীৰ্ঘদিন এক ক’ৰিডৰেৰে মই আহি আছো
কিন্তু কেতিয়াও পোৱাগৈ নাই ইস্পিত কোঠালীটো
এই ক’ৰিডৰটো বিষুবীয় ৰেখাৰ দৰে
যি ঘূৰ্ণীয় পথেৰে মাথো গৈ থাকিবহে পাৰি, পিছে
উত্তপ্ত চাহাৰা কোনেও অতিক্ৰম কৰিব নোৱাৰে খোজেৰে
সাতুঁৰিব নোৱাৰে বৰফীভূত সুমেৰুত
মই জানো, মোৰ বাবে এটা কোঠালী আছে ক’ৰবাত
মই কাহানিও নেদেখা এক বিস্বস্ত বন্ধু আৰু
কাহানিও নিলিখা এটা সঁচা কবিতাই
তাত মোৰ বাবে আছে বাট চাই
মই বাটৰুৱা বোৰক সুধিছো
এই ক’ৰিডৰটোৰ শেষ ক’ত
তেওঁলোকে নাজানে
যদিও তেওঁলোকৰ কোঠালী খোলাৰ চাবি নাই
যদিওবা তেঁওলোকে সেই চাবি বিচাৰি পাইছেও
তেঁওলোকেও বিচাৰি আছে তেঁওলোকৰ কোঠালীবোৰ ৷
( বি. দ্ৰ : ইংৰাজী “Corridor“ শব্দটোৰ উপযুক্ত অসমীয়া প্ৰতিশব্দ নোপোৱাত অসমীয়াতো “ক’ৰিডৰ“ বুলিয়েই লিখা হ’ল )- অপূৰ্ব ভূঞা
——————————————————————
কবিতা
ৰুটী
জুবিলী গগৈ
সকলোৰে হাতত
জোনৰ দৰে ৰুটী এটা
প্ৰাণ পাই নুঠে
কাঁচিজোন এটাই
ভুমুকি মাৰিলেও
আকাশ ফৰকাল
হৈ পৰে
আমি য'ত আছোঁ
তাত অকণমানি পাওৰুটী এটাই
ছাঁ দি থাকে
শুকান জীৱনবোৰ
গিলিব বিচাৰিলেও
জিভাত নাথাকে
এথোপা থু
দুৰ্গন্ধ আৰু ভেনা-মাখিৰ জালত
দুলি থাকে টোপনি
কলমতিয়াই থকা জীৱন এটাত
জোনৰ দৰে ৰুটী এটাই
ছয়াময়া সপোন হৈহে
ভুমুকি মাৰে
বৰফ গলি শেষ হ'লে
সহজ নহ'ব
বগুৱা বাই চুবলৈ যাব
দক্ষিণৰ সু- উচ্চ দ্বাৰ ।
—————————————
ধামা
ধীমান বৰ্মন
ধামাক লৈ কিয় ইমান ব্যংগ
ইমান তাচ্ছিল্য
কাৰোবাক সমীহ কৰিলেই
সমালোচকৰ ধামা ধৰা উপমাৰ ধাৰ
ধামাৰ আয়তননো কিমান
শীতৰ শিশু এটিক গা ধুৱাবলৈ
গৰম পানী ধৰে যিমান
চোৰৰ ডিঙিত ধামা এটি আঁৰি
বজাই থাকোতে ৰাইজখনে
গগনফলা চিঞৰত
পাত সৰুৱাই থকা শিশুক নিচুকাবলৈ
কোনো নাছিল
শূণ্য ধামা এটি পৰি আছিল
জুই নথকা চৌকাৰ ওপৰত।
—————————————
গছক ক’ব পাৰি গোপন
সঞ্চিতা বৰা
কাচৰ চুঙাতেই জীয়ন দি থৈছোঁ সেউজীয়া
অৱসাদ কাটক বুলি হাতত লোৱা চাহ কাপৰ ধোৱাত
ওপঙি থাকে ওফোন্দ এটা
একো একোটা দিনত চেপা খায় প্ৰেমৰ অৰ্থ সন্ধান
পাতত হেঙুলীয়াৰ চিটিকনি পৰিলেহে
গছক ক’ব পাৰি গোপন
বৰষুণীয়া দিন এটাৰ আবেলিত আঙুলি পিচলি সপ্তস্বৰ
পাৰ খহা পুখুৰীত সোণৰ নাওখনৰ সাধু
কাকো ক’ব নোৱাৰাবোৰ পানীকেই কৈ থ’লো।
—————————————
উত্তৰায়ণ
অৰ্চনা ঠাকুৰীয়া
মূহুৰ্তৰ যাতনাই পিষ্ট কৰে মোৰ বুকুৰ
মাটিৰ চপৰা
শুকাই,ভাঙে, গুৰি হয়
পুনশ্চ:
সুদীৰ্ঘ প্ৰাচীন ফুলপাহক
চকু পানীৰে জীয়াই তোলো
ধাৰণ আৰু ৰোপনৰ ক্ষমতা আছে বাবেই হয়তো
নিৰূপিত হয় যৌৱনৰ ভৰ
হাঁহিৰ ৰহস্য অথবা আশাৰ স্বচ্ছতা
নিশব্দতাৰ শব্দবোৰ বৰ মধুৰ
কেতিয়াবা তেজ হৈ বৈ থাকে
কেতিয়াবা ঘাম হৈ তিয়াই দিয়ে মোৰ
সৃষ্টি আৰু ধ্যান-সন্ধানৰ ভাগৰুৱা পথ
ভীষ্ম- খোজেৰে অনিৰ্বাণ যাত্ৰা
সূৰ্যৰ উত্তৰায়্ণ
খোজত দৃঢ়তা
আশাৰ সৌধই আকাশ চুৱে
দূৰৈত শুনো লুইতৰ বিননি
লহৰে কঢ়িয়াই আনে ভাটিয়ালী ৰাগৰ
সুনীল সুৰ
দুৰ্গম বাট
উশাহ গধুৰ
নিয়তি পখীয়ে উৰিবলৈ বাট চাই পোহৰৰ আকাশত
জীৱন,
আৰম্ভণিৰ আখৰটোৰ সমানেই ধুনীয়া।
—————————————
মোৰ জন্মক্ষণ
বিভা দেৱী
মোৰ জন্ম ক্ষণ
নীৰৱতাৰ আঁৰৰ
এবুকু ধুমুহাৰ মাজত
পুহ মাহ
নে
কাতি মাহ?
কাতিমাহৰ দেওবাৰ বৰ অমংগলীয়া
ছোৱালী পুষ্পিতা হ'লে হেনো বিধৱা হয়
আইতাৰ বগা চুলিত কথাবোৰ গুঁঠা থাকে
মোৰ জন্মচন-নীৰৱতাৰ আঁৰত
যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্মই হয়
আলোড়নৰ উচ্চতাত মোৰ জন্ম
স্বচ্চতাৰ সুৰ
বেদনাৰ সুৰ
মোৰ মাৰ হৃদয়ৰ ভাৰ
সমাজৰ শিক্ষাবোৰ পেটত ভৰাই থোৱা
আইতাৰ কথাবোৰে হালধীয়া বৰণ লোৱা
মুখে মুখে চলে কথা
শিক্ষাবোৰ শিক্ষাতে থকা
আওপুৰণি লাউৰ খোলাত
——————————————
নহ'লে ব্যাসৰ জীউ নাযায়
দেৱ দাস
ব্যাসৰ জীউ নাযায়
ধ্যানেহে সৎগুৰু
নাৰদে বোলে
যি কৰিলে ব্যাসে জাহান্নামে পঠিয়াইছে
নাৰদৰ নিৰ্দেশনাত
ব্যাসে
সকলো শাস্ত্ৰৰ সাৰ ভাগৱত প্ৰণয়ন কৰি
আন দেৱ দেৱীৰ
পূজা অৰ্চনা ত্যাগ কৰি
যুগ ধৰ্ম্ম
একশৰণ হৰিনামধৰ্ম'ৰ
অমৃত-বাণী ৰাখিলা
তেতিয়াহে
ব্যাসৰ জীউ যায়
মুক্তি পায়
গুৰু কৃষ্ণ
গ্ৰন্থ ভাগৱত
ধৰ্ম বৈষ্ণৱ
মহান
ড :হৰিনাথ শৰ্মাদলৈৰ
সম্পাদনাৰ
' প্ৰথম স্কন্ধ কথা ভাগৱত 'তেখেতে
শিকাওঁতেই
আমাৰ নমস্য
এতেকে
আন দেৱদেৱীৰ
পূজা অৰ্চনা এৰি
ক'লিৰ ধৰ্ম্ম
প্ৰকাশিলা
নাই ব্যভিচাৰ
নাই পঞ্চমকাৰ
সঁচা সহঁজ উপায়
শুনা সভাসদ
কৃষ্ণ হৰি ৰাম
ধন্য নৰতনু
বৈষ্ণৱ কীৰ্ত্তন ভাল ।
—————————————
এটা প্ৰেমৰ কবিতা
ড° ধ্ৰুৱজ্যোতি দাস
সন্ধিয়াবোৰ সাজি-কাচি ধুনীয়া হৈ
নামি আহে পাহাৰীয়া পথেৰে
পাহাৰখন সন্ধিয়াৰ সুখ
সন্ধিয়াৰ হেঙুলীয়াৰ দাপোনত
পাহাৰখনে চায়
নিজৰ মুখ
অদূৰৰ লুইত সন্ধ্যাৰাণীৰ প্ৰেমিক
লুইতে মাতিলেও
সন্ধিয়াবোৰে
পাহাৰখন এৰি যাব নোৱাৰে
সন্ধিয়াই জানে
বিচ্ছেদ কিমান বলিয়া
লুইতৰ কোবাল ভালপোৱাত
সন্ধিয়াবোৰে নিজক হেৰুৱাৰ ভয়
প্ৰেমিক লুইতৰ বৰ দুখ
গতি এই দুখৰ কাৰণ
এপলক ৰৈ চাব নোৱাৰে
প্ৰিয়তমা সন্ধিয়াৰ ৰূপ!
ধ্ৰুৱজ্যোতি দাস
সহযোগী অধ্যাপক
ইংৰাজী বিভাগ
কটন বিশ্ববিদ্যালয়, গুৱাহাটী
—————————————
উজনিৰ উক্তি
গিৰিজা শৰ্মা
নন্দেশ্বৰ পাহাৰৰ নান্দনিকতাই
শুক্ৰাশাকৰ দলনিত এসোঁতা জিৰায়
কি জানো বিচাৰি কবিতাই কঠিয়া পেলায়
দিনবোৰ বহেমিয়ান
উজাগৰী ৰাজপথেদি উজাই আহে
জাকে জাকে উজানৰ মাছ
সম্ভাৱনাৰ বীজে সমৃদ্ধ কৰে দলনিৰ দলিচা
মাছে পোনা মেলে
কাৰ বুকুৰ বহীত হিচাপে বেহিচাপী খেল খেলে
মন্দিৰৰ শংখধ্বনিৰ স'তে নীৰৱ সংকল্প
সি দুধনৈ নৈক পেঘেনিয়াই
লুকুৱাই ৰখাখিনি ওভতাই দে
সেই যে ৰ'দ বিচৰা দিনৰ আকুতি
বটজোপাই সাক্ষী দিব
সাক্ষী দিব পাহাৰে-পথাৰে
শাওণৰ সেউজীয়া সানি
সখীয়তী কেনি গ'ল
গোবাটৰ ধূলিৰ বেলিত
কাৰ কুমলীয়া কলিজাৰ বোল।
[নন্দেশ্বৰ পাহাৰ:শিৱ দেৱালয়স্থিত দুধনৈ নৈৰ পাৰৰ পূৱ গোৱালপাৰাৰ এখন পাহাৰ ৷
শুক্ৰাশাক:পূৱ গোৱালপাৰাৰ এখন বিল ৷]
—————————————————————
চেনেহৰ ঘৰ, য’ত আছে শান্তিৰ সুবাস
ড°ৰমেশ কুমাৰ কাকতি
জন্মদাত্ৰীৰ আঁচলতে থাকে
নিৰাপত্তাৰ শেষ আশ্ৰয়,
চৰাই পোৱালিয়ে মাকৰ
ডেউকাৰ তলত পোৱাৰ দৰে ৷
ধন জন সন্মান ঐশ্চৰ্য বৈভৱ
তথাপিও মাটিৰ সুগন্ধিয়ে ৰিঙিয়ায়
দুয়োহাতে বাউলি মাতে অকাতৰে
মাতৃভুমিৰ আকলুৱা স্নেহ বন্ধনেৰে ৷
বাসস্থান যাৰ বিদেশৰ মাটিত
নাপায় বিচাৰি দেশৰ মাটিৰ সুবাস,
ধন দৌলত আত্মঅভিমান অহংকাৰ
মাতৃৰ চৰণবিনে সকলো অসাৰ ৷
আপোন মাটিৰ প্ৰতি কিযে বিশ্বাস
আকুলিত তন-মন সান্নিধ্য পাবলৈ,
ৰ’দ-বৰষুণ-বতাহ অজস্ৰ বিঘিণি
তথাপিও জননী জন্মভূমিয়ে ৰিঙিয়ায়।
সেয়ে চাগৈ হাহাকাৰ শত সহস্ৰজনৰ
বিদেশত বন্দীহৈ গণে মাথোঁ ক্ষণ,
স্তব্ধ নহয় মনৰ হাবিয়াহ দুভৰিৰ গতি
চেনেহৰ ঘৰ, য’ত আছে শান্তিৰ সুবাস৷
আইৰ আঁচলৰ শান্তিৰ পৰশ বিচাৰি
মচে নিতে অশ্ৰু পুৱা গধূলি,
মাতৃভূমিৰো চাগে আবেগৰ ঢৌ
সন্তানৰ আবেশত উঠে উথলি৷
সেয়েহে ভাতৃত্ববোধ প্ৰেম আন্তৰিকতা
প্ৰতিজনে গঢ়িব লাগে অতি যতনেৰে,
গাব লাগে জয় জয়কাৰ গীত
য’ত শাঁত পৰিব দেশ মাতৃকাৰ চিত্ ৷
আইৰ দুখৰ বোজা পাতল কৰিবলৈ
সেয়ে আমাক লাগে সজাগতা,
মোৰ দেশ মোৰ মাটি মোৰ অধিকাৰ
ভাতৃত্ববোধেৰে গঢ়িব লাগিব আন্তৰিকতা৷
—————————————
অমিয়া মাত
প্ৰদীপ চন্দ্ৰ শৰ্মা
বকৰাণিত সঞ্চিতহৈ থকা
আইৰ মুখৰ মাত
বুকুত কুঁচি-মুচি সোমোৱাৰ দৰে
খোঁচৰি উলিয়াই
মাতচোন অমাতৰ মাত
মোৰ আইৰ দৰেই
আইৰ অমিয়া মাত
হেৰাই যাব নোৱাৰাকৈ ...
বকৰাণিতে গহৰা গজি
আকাশ চাবলৈ এৰি
হেৰুৱা সুৰটিকে নতুনকৈ ধৰি
গাচোন ঐ ৰ'দৰ গান
সেই সুৰতেই উজলি উঠক
চহা-জীৱনৰ সহজিয়া প্ৰাণ ।
—————————————
কেৰিকেচাৰ
নিয়তি পাঠক
উই চিৰিঙাৰ পাখিৰ কোবত
নুমাও নুমাও
প্ৰদীপ্ত চাকিৰ শাৰী
জানে নে নাজানে
ইয়ে যে মৃত্যুৰ কাৰণ
দম্ভত মতলীয়া
ফোঁচ ফোঁচ কৰি খেদি ফুৰা
ঢোৰা সাপক
বেদ মন্ত্ৰৰে বশীভূত কৰে
যাযাবৰী ঋষি গণে।
বীৰত্বৰ গৌৰৱত ওফন্দি
হাতত ধনু কাঁড় লৈ
যুজিব খোজে ব্যাধে
বুজে কি নুবুজে
সব্যসাচীৰ ধনুৰ টংকাৰত
ত্ৰস্তমান ত্ৰিভূবন।
অনুগামীয়ে নাজানে
শব্দশিল্পৰ বিশালতা--
গভীৰতালৈ
ডুব মাৰিব নোৱাৰি
পাৰতে ককবকায়।
দম্ভ অহংকাৰ
ষড়যন্ত্ৰ অভিমান
কেৰিকেচাৰ নহয় মানবৰ আচৰণ
মানৱীয়তাইহে জীয়াই ৰাখে
মানৱ সমাজক।
—————————————
তুমি আছা ন
ধন দাস
১)
কথাটো সহজ আছিল "ভাল পাঁও"
তুমি ৰাতিৰ পৰা ধাৰলৈ খুজিছা এন্ধাৰ
২)
ফিৰ-ফিৰিয়া দীঘল চুলিৰ প্ৰেমত পৰিছো
তুমি ক'লা লোৱা গোটেইবোৰ এন্ধাৰ
৩) তোমাক লৈ অধৈৰ্য্য মই
ক'লা গিলাচত এন্ধাৰ বাকিছো পি-খোৱা
৪)
মোৰ আঙুলিৰ পাবত গজি উঠিছা
তুমি ভাবুক হৈ সুধিলা কিমান দিনলৈ কোৱা
৫)
তোমাৰ মাতটো ফাটি ফাটি আহিছে
তুমি হাঁহিলা আৰু ক'লা বুকুখনো যে ভগা-চিগা
৬)
ধাৰ খুজিছো আকাশৰ পৰা এটা তৰা
তুমি ক'লা বুকুৰ তিলটো চোৱা কিমান গোমা
৭)
চকুৰপানীত আঙুলি তিয়াই কবিতা লিখিছো
তুমি ক'লা ধৰিব পৰা নাই একোকে বৰফৰ শব্দ
৮)
কালিতকৈ আজি তোমাক ধুনীয়া লাগিছে
তুমি ক'লা ৰঙা কথাবোৰ নক'বা ৰঙালৈ ভয় লাগে
৯)
হেঁপাহ এটাই ৰুকি আছে বুকু
তুমি ক'লা , এন্ধাৰ অলপ ওঁঠত সানি ৰৈ আছো
১০)
তুমি কথা ক'লে ভাল লাগে
সেউজীয়া বাসনাৰে শিপা হৈ খামুচি ধৰিছো মাটি।
—————————————
গান
গীতাৰ্থী ঠাকুৰ
পৃথিৱীৰ গান আছেনে ?
আত্মাৰ গান ?
চেতনাৰ গান ?
বুকুত লৈ সমস্ত বোজা,
কঢ়িয়াই ফুৰোঁ মই শালিকী কুটা।
সৃজনৰ আৱেগত হৃদয় পাষাণ
কবৰত সৌৱা কৃপাণৰ নিচান।
হানি-খুচি উলিয়াই হাৰ মাংস তেজ,
চেপি-চেপি খান্দে মোৰ সেউজীয়া বেশ।
তথাপিও জীয়াই থকাৰ তীব্ৰ বাসনা জাগে...
সেয়ে ভগা বীণখনিত মোৰ
এটা সুৰ উঠে।।
বীণাৰ তাঁৰত শীৰ্ণ আঙুলিৰ বুলন
শেষ-স্বৰ কোমল নি...
নিদানৰ গান।
এন্ধাৰে বাঁকুহা কেঁচা ঘাৰ গান।
তেজৰ গান।
কলিজাৰ উঁহত শুই পৰা গান।
কোনেও নুশুনা,নোগোৱা গান।
পৃথিৱীৰ গান,
হয়, এয়া পৃথিৱীৰ গান।
—————————————
ডাইনী
ইৰা দেবী
সুযোগ বুজি
স্বাৰ্থ সিদ্ধৰ বাট মোকলোৱাৰ
এক নিকৃষ্ট মানসিকতাৰ নাম
—ডাইনী।
অশিক্ষিত এচাম নি:স্ব মানৱ,
অন্ধবিশ্বাস যাৰ বাবে
গ্ৰহণ যোগ্য সংজ্ঞা।
মিছা পহেলিকা
অপ আত্মাৰ স্হিতি
নাৰী ডাইনী
কামাতুৰৰ লুলুপ দৃষ্টি।
ব্যাধি ও মহামাৰীৰ প্ৰাবল্যৰ নাম –ডাইনী,
চতুৰ শোষক শ্ৰেণীৰ
লালসাৰ নাম ডাইনী,
মানৱীয় প্ৰমুল্যৰ আত্মহননৰ নাম–ডাইনী।
—————————————
ৰাজনীতি
খূৰ্ছীদ আনছাৰী
মঞ্চ সলালে…
মঞ্চৰ বেপাৰি কেইটাই
শব্দও সলায়
শব্দ বিচি…
আজি সিহঁত নোদোকা
আমি হাত চপৰীয়াই
হাড়ে-চালে লগা
দেশত কিন্তু বেপাৰটো ৰমৰমীয়া
পাৰা যদি তুমিও কৰা।
—————————————
জৰী
কৃষ্টিঞ্জয় বৰা
এডাল জৰী লৈ
ঘূৰি ফুৰোঁ
মই যলৈকে যাওঁ
জৰী ডাল লগতে যায়
মই শুলে
সপোনতো জৰী ডালে
লগ নেৰে
দু-আঙুল চুটি জৰী ডালতে
পাক লাগে
মোৰ অহা যোৱাৰ বাট
দু- আঙুল চুটি জৰী ডালে
বান্ধিব নোজোৰে টোপোলা
আঁচুৰি আঁজুৰি গোটোৱা
জৰী ডাল জোৰা দিয়াৰ
আপ্ৰাণ চেষ্টাও বিফলে যাই
ভাগৰতে বেলি লহিয়াই
সেই দু-আঙুলৰ নির্ভুল জোখতে
মই মোক চিনাৰ বাট
মোৰ পৰা তোমালৈ সমন্ধৰ বাট
অন্যথা....
বাটেই অবাট
মুঠিৰ পৰা ওলাই যোৱা
লক্ষ্যভ্ৰষ্ট শৰ এপাট।
—————————————
দীঘ পুতলৰ জ্ঞান
ৰেখা বৰকটকী
কোনে শিকায় ইমান পৰিকল্পনা?
সুখৰ সংজ্ঞা ক'ত পায় সিহঁতে
ঘৰ বান্ধি জীয়াই থকাৰ সুখ
ৰ'দ- বৰষুণে বচোৱাৰ সুখ
খেৰ- কূটাবোৰ জোখমতে কাটে
গাঁঠিটোও টানকৈ বান্ধে
কেইটা কোঠালি কোন ক'ত থাকে
হিচাপ মতেই ঘৰখন সাজে
কাকিনি তামোলৰ পাতৰ আগে
ভৰ জানো সহিব পাৰে
এজাক ধুমুহাই তচনচ কৰে
ঘৰটিযে দূৰলৈ ছিটিকি পৰে
কণ কণ মইনাহতে কি---বা ভাৱে
আমাক পেলাই থৈ
মা-হঁত দেখোন উৰা মাৰে
দুষ্ট মানুহে পোৱাৰ ভয়ত আকাশলৈ উৰে
বুকুত হেঁপাহৰ অগণি জ্বলে...
কোনোবা সহৃদয়ে কৰবাত ঘৰটো ওলোমাই দি
আকৌ যদি সুখবোৰ দিয়ে ঘূৰাই আনি...
———————————
পিতাইৰ সেউজীয়া সপোন
তপন কুমাৰ নগঞা
পথাৰৰ প্ৰস্ফুটিত সেউজীয়াই
সতেজ কৰিব পাৰে পিতাইৰ কলিজাক
কৰিব পাৰে তেহাতীমান ডাঠ
কলিজাত সিৰসিৰাই যোৱা
এজাক হিম চেঁচা বতাহে
সাঁত পেলাইছে পিতাইৰ কলিজাক
পিতায়ে জানে,
সেইজাক সপোনৰ নৱাংকুৰিত বতাহ
এইবাৰ নিশাৰীৰ বানৰ বাবে
পাহিকটা আলিবোৰ তেনেদৰেই ৰ'ল
তথাপিও
পিতায়ে সপোনৰ বুটা বাচিছে
আলপনা আকিছে
যাৰ বাবে পিতায়ে
পথাৰে হাহিলে, হাহিব জানিছিল
পথাৰে বিনালে, সান্তনা লভিছিল
পিতায়ে
পথাৰৰ সেউজীয়াৰ লগত প্ৰেমালাপ কৰা
পুৱতি নিশা,
কত বাৰ পথাৰৰ লগত সহবাস কৰাও দেখিছিলোঁ
————————————————
ক্লেশ
চম্পক ভট্টাচাৰ্য্য
দুচকুত প্ৰশান্ত সাগৰৰ
নীলাভ গভীৰতা
অথচ দৃষ্টিৰ পৰিধিত
বিস্তীৰ্ণ মৰুভূ
টোপাটোপে সৰে
তেজৰ লোতক
এতিয়া ক'ত বিচাৰি পাওঁ
অনিৰ্বাণ পোহৰ !
—————————————
ভালপোৱাৰ চাৰিটা স্তৱক
চয়নিকা ভূঞা
(১)
আকাশৰ বুকুত
আজি মেঘফুল ফুলিছে
জোনাকীৰ মেলত মেঘবৰ্ণ সাধু
প্ৰিয় সময়
প্ৰিয় কথোপকথন
কথোপকথনৰ বিষয় - "তুমি"
(২)
সূৰ্য্যোমুখী ফুল ফুলোতেই জানিছিলোঁ
ক'ৰবাত চম্পাৱতী সাধু তেতিয়াও কৈ আছে
তাপে দহা দেহত
আপোন সুবাস
কাৰোবাক ভালপাবলৈ এটি ক্ষণেই যথেষ্ট
(৩)
যাওঁ বুলিয়েই গুচি গ'লা
আখ্যানবোৰো এদিন কাহিনী হ'ব
জীৱন্ত কাহিনী
মৰ - আঁউসীৰ পিছৰ পষেকতে
পূৰ্ণিমা তিথি
(৪)
কথাবোৰ এতিয়া বতাহৰ বুকুত সিঁচৰতি
নোকোৱাকৈয়ো বহু কথা প্ৰতিশ্ৰুতিবদ্ধ
কওঁ বুলি ভাবি থকা বহু কথা
তোমাৰ ঔফুলীয়া হাঁহিত
প্ৰেম হেনো ঈশ্বৰৰ দান ৷
—————————————
ৰেডিঅ' নষ্টালজীয়া
তানিয়া মধুকল্য
সৰুতে যে ৰেডিঅ'টোত
বাজিছিল কালজয়ী গীতবোৰ
মনত আছেনে তোমাৰ?
সেই গীতৰ প্ৰতিধ্বনিবোৰ
ৰিণি-ৰিণিকৈ মই
আজিও শুনা পাওঁ।
ৰেডিঅ'টোলৈ মনত পৰিলে
মই নষ্টালজিক হৈ পৰোঁ
মনত পেলাওঁ পুৰণি দিনবোৰলৈ
সঁচায়ে বৰ ভাল লগা
দিন আছিল সেইবোৰ!
তোমাৰ বাৰু কেতিয়াবা
ৰেডিঅ'টোলৈ মনত পৰেনে?
শুনিবলৈ মন যায়নে
সেই আপুৰুগীয়া গানবোৰ?
সেই গানবোৰ মোৰ
আজিও বৰ প্ৰিয়।
সেই গানবোৰ মই আজিও শুনো
দিনবোৰ পুৰণি হ'লেও
গানবোৰ পুৰণি হৈ নাযায়
নতুন ৰূপত আকৌ সৃষ্টি হয়।
ৰেডিঅ'টো দেউতাৰ বৰ
প্ৰিয় আছিল
পুৱাৰ চাহ কাপৰ লগৰী
আছিল
দেশ-বিদেশৰ খবৰ কঢ়িয়াইছিল
আমনি লগা সময়কণত
মনোৰঞ্জনৰ একমাত্ৰ
শৈলী আছিল ৰেডিঅ'টো
ৰেডিঅ'টো আছিল আমাৰ
জীৱন তৃষ্ণা
তেতিয়াও আৰু বৰ্তমানো!
নষ্টালজিক সময়কণত
সুখৰ এটি ক্ষণ বিচাৰি
আহা
এখন্তেক সেই ৰেডিঅ'টোলৈ
মনত পেলাও।
—————————————
বিষাদৰ তিনিটি স্তৱক
জাহ্নৱী হাজৰিকা
১.
বহু বছৰৰ পিছত সোলোকাই থোৱা দুখৰ চোলাটি
যোৱাকালি হঠাতে উলিয়াই চালোঁ..
মামৰে ধৰা বাকচটোৰ একোণত সোঁতমোচ খাই পৰি আছিল কেনিবাদি কুচিমুচি..
দেখিলো,চিঙো চিঙোকৈ ওলমা বাদুলীৰ দৰে ডুলি আছে
সুখৰ বুটাম তিনিটি
২.
বুকুৰ বাৰিষাৰ জানো দুখ নাথাকে গঙ্গা?
গঙ্গাক সুধিছিলোঁ মই
নাথাকেনে পথৰুৱা আলিবাটৰ দুখ !
হীৰুদাই কোৱাৰ দৰে দুখটো মোৰ কোলাৰ কেঁচুৱা হোৱাৰ কথা কোনোদিনে নাছিল
তেন্তে আহি পৰে কিয় বাৰিষাৰ ন-পানীত দুখৰ জাঁজী...
তাকো পাৰ ভাঙি
কচোন গঙ্গা তই!
গঙ্গাই মূক হৈ মোলৈ চায়...
বাহিৰৰ মানুহজনীক চিকুটি তাই কয়–
দুখবোৰ মেটেকাৰ দৰে...
কোঁচাই ল’লে দম বান্ধিব
এৰি দিয়া সিহঁতক।
সময়ৰ খৰস্ৰোতা নদীত উটি গৈ থাকিব।
এইবাৰ মোৰ থৰ হোৱাৰ পাল
নিজে দুখৰ নৈত ভাহিও
আনৰ দুখৰ সমভাগী হ’ব পৰা হ'লচোন সিদিনাৰ এই অকমানিজনী...
এৰা!গঙ্গাজনী সচাঁই ডাঙৰেই হ'ল...
দুখবোৰক গৈ থাক বুলি কব পৰা হ'ল।
৩.
তোৰ মাখন কোমল হাতত বকুলৰ সুবাস আমোলমোল
বিষাদৰ আভা হিয়াত বোলাই
জাননে ৰাধা
তোৰ মৰমত তোৰ কানাই দেখোন গোটেইজনেই বিয়াকুল।
হাতেই চাও নে তোৰ খাৰুৱেই চাও ৰাধা…
তেজগোৰা মুখনি যে তোৰ
মোৰ জীৱনৰ আধা..
হিয়াৰ গোসাঁনী বাউলী ৰাধা।
বুকুত বিষাদৰ ছাঁ
সপোনবোৰো অগা পিছা
দেও দি দি নাচি যায়
ধৰিবৰচোন ঠেনুৱেই নাই।
তথাপি ৰাধা তোক চাওঁ
তোৰ হাঁহিতেই সাহস পাও
কিজানি শেষ হয়েই মোৰ দুখৰ মাতাল ৰাগী
বাজি উঠে পুনৰ সুখৰ ফুটুকী বাঁহীটি।
—————————————
বিষাক্ত
লক্ষীপ্ৰিয়া বৰা
কোনেও নাজানে ফিৰিঙতি কেনি আহে,
শীতত উম দি জীয়াই তোলা জুয়ে
কলিজা পুৰি ছাই কৰি দিবও পাৰে।
গোপন খবৰবোৰ খৰকৈ বিয়পে,
কাঁইটত লুকাই থকা হলাহলৰ দৰেই
ৰসনাৰ ৰসময়তাত ডুবি থাকে।
হাঁহিবোৰে উপহাসৰ ইতিহাস ৰচে,
দুচকুৰ চাৱনিয়ে শুকুৱাই তৰাং কৰে
নিমিষতে বিশ্বাসৰ নৈ।
সৰীসৃপ সময়বোৰৰ শব্দহীন গতিত
দুপৰতে আন্ধাৰ নামি আহে
অমানিশা মাথোঁ চৌপাশে চৌদিশে।
শব্দৰ উত্তাপ জুইতকৈও বেছি,
বেছি নে বুকুৰ উমতকৈয়ো?
পুৰি ছাই হোৱাৰ পিছতো ৰৈ যায় বিননি,
ৰোল উঠে মৰিশালি জুৰি।
—————————————
ভাল লগা সময়ৰ সপোন তুমি মোৰ
অশোক ভৰালী
ভাল লগা সময়ৰ
সপোন তুমি মোৰ
কাজলসনা দুচকুত দেখোঁ
জীৱন যৌৱনৰ হেজাৰ সপোন
বুকুত সযতনে সাঁচি ৰখা কলিজাটো
নিশাৰ এন্ধাৰত কাঁচি জোন হৈ জ্বলে
মেঘমল্লাৰ আঁৰে আঁৰে মিচিকিয়াই
চুই চাব খোজে তোমাক
ছন্দহীন শব্দৰ তালে তালে
বিমূৰ্ত সময়ৰ সপোন তুমি মোৰ
এদিন হলেওতো মোৰ পদূলিত থমকি ৰব
আমাৰ মিলনৰ ছাঁ
তাৰেই যদি কিছু প্ৰচ্ছায়া
দুবাহুৰ মাজত বন্দী হয়
তাৰ নামেই নহয় জানোঁ ভালপোৱা।
—————————————
জীৱনৰ এটি প্ৰত্যহ্বান
ৰশ্মি দলে
এটি এটিকৈ সপোনবোৰ
অচিন ধুমুহাই আহি
তচনচ কৰিলে।
এদিন মই কান্দিছিলোঁ
মোৰ শক্তি নাই বুলি!
শক্তি মোৰ জীৱনৰ অসূত্ৰ
সিও মোক বিশ্বাসঘাতক কৰিলে
এইয়াই আছিল ভুল মোৰ।
জীৱনে মোক বগৰাৱ পাৰে
কিন্তু!
হেৰুৱাব নোৱাৰে
মই ভাগৰি পৰিলেও
পুনৰ উৎথিত হ'ম
কাৰণ মই জীৱনৰ
ৰণ ভূমি ত্যাগ নকৰো
কাৰণ মই জীৱনৰ মহাৰণ শেষ নকৰো
এইয়াই জীৱন মোৰ।
—————————————
আহিবানে এদিন কৃষ্ণচূড়াৰ তললৈ ...
ৰবিন কুমাৰ চেতিয়া
সময় পালে কোনোবা এদিন
এপলকৰ বাবে হ'লেও আহিবানে তুমি
কৃষ্ণচূড়াৰ তললৈ
বুকুৰ অলিন্দত সযতনে সাঁচি ৰখা
নীলাভ সেউজীয়াবোৰ মুঠি মুঠি দুহাতত লৈ
বৰ্ণিল ওঁঠত বৰহমথুৰীয়া সপোন আঁকি
অনুভৱৰ স্বপ্নীল ফাগুনী বৰষুণজাকত
দুয়ো একেলগে জুৰুলি জুপুৰিকৈ তিতিবলৈ
শাওণীয়া ৰ'দজাক একাষৰীয়া কৰি
কৃষ্ণচূড়াৰ ছাঁতে পাৰি থ'ম তোমালৈ
চিৰিলি পাতৰ শীতল দলিচা
দুষ্ট বতাহজাকে হাঁহি হাঁহি
মাজে মাজে তোমাক জোকাবহি
গালে মূখে দুহাত বুলাই
তুমি কিন্তু বেয়া নাপাবা দেই
হঠাতে কেতিয়াবা আমনিও দিব পাৰে
ঢৌ খেলা তোমাৰ চুলিবোৰ উৰুৱাই
বৰফে সাঁতুৰি থকা এগিলাচ
ইলাচী সনা নেমুৰ মিঠা পানীয় লৈ
তৃষ্ণাতুৰ তৰাং হিয়াখন নিচুকাবলৈ
এবাৰ তুমি আহিবানে কোনোবা এদিন
কৃষ্ণচূড়াৰ ঊমাল বুকুত ওমলিবলৈ
কৃষ্ণচূড়া ফুলিলেই তুমি জানিবা
ৰঙীণ হব এজাৰবুলীয়া হৃদয়
দুচকুত জালিকটা প্ৰেমৰ আবিৰ সানি
জিলিকিব চঞ্চলা মেঘালী আকাশ
আঁতৰৰ পৰাই তুমি দেখিবলৈ পাবা
ৰিঙিয়াই থকা উৎফুল্লিত ৰাঙলী অনুৰাগ
লাজ,ভয়,অভিমান সকলো পাহৰি
কাকো একো নোকোৱাকৈ
মন গ'লেই তুমি গুচি আহিবা সেইদিনা
কৃষ্ণচূড়াৰ গুণগুণ মায়াবী বুকুলৈ
ভালপোৱাৰ এসাগৰ নীলা চৌপাশে চটিয়াই
তুমি অহা বসন্তৰ
উখল মাখল বাটলৈ চাই
উগুল থুগুল মনেৰে দিনে ৰাতি
কৃষ্ণচূড়াৰ তলতে যে মই
উজাগৰে থাকিমেই ৰৈ সদায়
চিনাকি অচিনাকি অনেকেই আহি
ভৰাই তুলিবহি কৃষ্ণচূড়াৰ গাভৰু চোতাল
মিলনৰ গীত গাই হেঁপাহৰ কাচোনমতী চুমাৰে
ডালে ডালে নাচিব এহালি কপৌ
ওচৰা-ওচৰিকৈ বহি তুমি আৰু মই
কোনেও নেদেখাকৈ,নজনাকৈ
আলফুলে বিনিময় কৰিম
সাঁচতীয়া হেঁপাহৰ অলেখ অযুত
ভালপোৱাৰ নিৰিবিলি নৈ
কৃষ্ণচূড়াৰ বাকৰিত
সপোনৰ ৰাংঢালী সুহুৰি এটি
বহু দিন আগৰে পৰা বান্ধিয়েই ৰাখিছোঁ
তুমি আহিলেই একেলগে খুলিম
সেন্দুৰীয়া সূতাৰে বন্ধা আমৰলীয়া গাঁঠিটো
আশাৰ নদীত কাহিলীপুৱাতে মেলিম
জাপিদৈয়া জীৱনৰ সোণোৱালী পানচৈ
শুকুলা জোনাকত এপলক সাঁতুৰিবলৈ
ক্ষণিকৰ বাবে হ'লেও তুমি
আহিবানে এদিন কৃষ্ণচূড়াৰ তললৈ ?
—————————————
শব্দবোৰ বিশাল
জোনমণি মহন্ত
শব্দৰ আদি অন্ত নাই
শব্দই ধৰনীত
লালন কৰি থাকে
শব্দই হৈ পৰে বিষয়
শব্দই সৃষ্টি কৰে বস্তু
শব্দই ভাবক প্ৰকাশ কৰে
শব্দবোৰে কেতিয়াবা হাঁহে
শব্দই কেতিয়াবা কান্দে
শব্দ বোৰৰো নামাকৰণ হয়
পৰ্বত পাহাৰ ভৈয়ামৰ মাজত
নতুন নতুন বীজৰ সৃষ্টি হয়
শব্দই উৰা মাৰি আনে
অলৌকিক মনত টোপোলা
শব্দই আকৌ কেতিয়াবা
পাৰ ভাঙি গতি সলাই
তেতিয়া শব্দ বোৰে মৌন ভেদী
নিগৰি আহিবলৈ চেষ্টা চলায়
নাহে আঙুলি পৰশত
নোলায় ওঁঠত বিচৰা শব্দ
এনে লাগে শব্দই কেতিয়াবা
ইতিকিং কৰে,
শব্দই কেতিয়াবা অভিমান কৰে
শব্দ বোৰ হৈ পৰে অবুজন
খোকোজা লাগে শব্দৰ স্বৰত
কল্পনাই ঢুকি নাপায় শব্দই যেতিয়া
বাকৰুদ্ধ হৈ পৰে
শব্দৰ কেতিয়াও মৃত্যু নাই
আমি যদিও হেৰাই যাওঁ
শব্দই মুখামুখি কৈ গৈয়েই থাকিব
শব্দ অবিহনে সকলো নিৰন্তৰ...
———————————
বিষ
অসীম দত্ত
কুঁহিপাত এটা লেৰেলি যোৱা দেখিলোঁ
বেয়া লাগিল,
হালধীয়া পাত এটা চুচৰি নৰ্দমাত পৰিল
বুকুত বিষ উপজিল,
দুইটা দুখেই ভিন্ন
একেখন বুকুতে দুটা বিষ,
কাইলৈ বা কি?
ক'বলৈ বহুত থাকিল।
—————————————
প্ৰতীক্ষা
গীতাঞ্জলী হাজৰিকা
বিশাল ব্ৰহ্মপুত্ৰৰ সীমনাত ফেৰফেৰীয়া বতাহৰ স্পৰ্শ
সেই স্পৰ্শৰ মিঠা চুম্বনৰ পৰশত মই বাউলি হৈছো
আহাঁনা হিমশীতল পৰিৱেশত নিবিড় হৈ
উত্তপ্ত হওঁ --- শীতল পৰা শৰীৰ
আহানা কিছু মূহূৰ্ত বহি প্ৰেমৰ আস্ৰাদানত
মিতিৰালিৰে প্ৰেমালাপ কৰো
ওহোঁ , কিছুমূহুৰ্ত মন নভৰিব জানা !
মই যদি তোমাক এটা ৰাতিৰ বাবে
আকুলতাৰে আহ্বান কৰোঁ
মোৰ কল্পনাৰ কেনভাচত প্ৰতিচ্ছবিৰ
মধুময় ৰাতিটো উদযাপন কৰিবলৈ
এটা ৰাতি আটিবনে বাৰু তোমাৰ ?
দোমোজাত পৰিছা নহয় !
কিঞ্চিত ধেমালি কৰিছো অ’–
তোমাক দোমোজাৰ চাকনৈয়াত পেলাই
অকণমান ৰঙৰ তামাচা কৰিলো
অনুগ্ৰহ কৰি অভিমান নকৰিবানা !
এতিয়া গণিতৰ সূত্ৰৰ দৰে ফৰ্মূলা এটাৰে
পুনৰ অকণমান ধেমালি কৰো দেই
মোৰ মানসৰ কল্পনাৰ মধুময় ৰাতিটোৰ মিলন হ’ল
আমাৰ আত্মাৰ সহবাসত নিভাঁজ প্ৰেমৰ সাক্ষী হ’ব
বিশাল আকাশৰ জোনবাই
পাৰাপাৰহীন ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত
তন - মন ভৰাই উপভোগ কৰিম
চৈঁ দিয়া নাৱৰ মাছমৰীয়াৰ মৎস্য চিকাৰ পৰ্ব
আমাৰ অবাধ্য দুহাতৰ আলিংগনবোৰতো থাকিবই দিয়া
মাছমৰীয়াৰ হাত লেম্প অথবা জোঁৰ পোহৰত
উজ্জ্বলি উঠা তোমাৰ অবয়ব
নয়ন জুৰাই মন ভৰাই উপভোগ কৰিম
মোৰ হেঁপাহৰ বৰপেটাত ৰঙা দলিচা পাৰি
তোমাৰ আত্মাক মোৰ আত্মাত থাপি ল’ম
সংগোপনে আঁকি দিম
তোমাৰ ৰঙাবোল উঠা দুওঁঠত দুচুমা
মিঠা চুম্বনৰ পৰশ দেখি জোনবায়ে সংগোপনে মিচিকিয়াব আৰু
মৌনসাক্ষী হ’ব বিশাল ব্ৰহ্মপুত্ৰ
শিৱসাগৰ
দূৰভাষ : ৯৯৫৭৯৭৩১৫৭
—————————————
আনন্দ ঈশ্বৰ-আল্লাৰ
ইকবাল হোচেইন খান
এদিন নিশ্চয় আকাশৰ দৰেই বিশাল হ'ব মানুহৰ হৃদয়
হে বিশালতা আঁকোৱালি লোৱা মানুহক
হে মানৱতাৰ সৌৰভ তুমি মানুহৰ চালিকা শক্তি হোৱা, দৰ্শনৰ দৰেই গভীৰ হওক
সেউজ সেউজ সপোন হওক মানুহৰ ।
এনে ভাৱনাত নিমগ্ন হওক পৃথিৱী
সৰল ভাৱনাৰে আগবাঢ়ি যাওক সময়
সৰ্বদিশে আহক পোহৰ
কবিকুল হওক তাৰে অগ্ৰদূত
তেতিয়াই মানুহে পিন্ধিব কোমলতাৰ পোচাক ।
যদি এনে চিন্তা স্থায়ী হয়
পলাতক হ'ব সকলো কোলাহল
মানুহৰ বাবেই জয় হ'ব মানৱতাৰ
ভ্ৰাতৃত্ববোধৰ বাবেই ঢালি দিয়ক মৰম
আনন্দ জীৱনৰ হওক
আনন্দ পৃথিৱীৰ
আনন্দ ঈশ্বৰ-আল্লাৰ ।
—————————————
আঁউসীৰ জোন
পবিত্ৰ বৰগোহাঁই
নিশাৰ অন্ধকাৰত ছটফটাই মৰে দিনৰ
কোলাহল
কাঁহ পৰি জীণ যায় সূৰ্য্যৰ পোহৰ
আন্ধাৰত মুখাপিন্ধা মানুহবোৰ সাৰপায় আৰু
দিনৰ পোহৰ হোৱাৰ আগতে ঘনেপতি মিলিত হয়
নিজৰ কু-চৰিতাৰ্থ পূৰণ কৰে ,
পাৰ্থিৱ ভোগ ,বিলাস সম্পদ লালসাৰ
প্ৰতিযোগিতাৰ দৌৰত মত্ত মন-মগজু ,
ককবকাই মৰে এটা ৰুটিৰ বাবে ভিক্ষাৰী
এখন গাৰ বসন অভাৱৰ বাবে উলঙ্গ হয় সময়
উলঙ্গ হয় এখন দেশৰ নাৰীৰ সতীত্ব ;
নিৰাশ্ৰয় পশু-পক্ষীৰ কল-কাকলি
ৰাতিৰ আন্ধাৰত ভগ্ন হিয়াৰ উচুপনি
কাৰোবাৰ বুকু শুদা কৰি
নলা-নৰ্দমাত কেচুৱাৰ চিঞৰ ,
ৰাজনীতিৰ পথাৰত আবতৰীয়া উৎসৱ
অসম্ভৱো সম্ভৱ হয় ধনৰ লালসাত
মহাত্মা গান্ধীৰ ভক্তসকলৰ চকুত ক'লা চচমা
প্ৰতিবাদী শিবিৰ এটাই পথত চিঞৰে আঁউসীৰ আকাশত জোন ওলাব
অভিশপ্ত সময় পাৰ হ'লেই উদয় হ'ব জোন
আঁউসীৰ জোন ।
—————————————
নিবেদন
দিপ্তী মনি গোস্বামী
শিল ঘঁহাই ঘঁহাই
জুই জ্বলোৱা সেই আদিমতাৰ পৰা
টিপ চাকিৰ পোহৰলৈ ,
সভত্যা সংস্কৃতি আগুৱালে বহুদূৰলৈ ।
উদং আত্মাৰ দেহ ঢাকিবলৈ ,
শ্ৰেষ্ঠতম চোলা পিন্ধিবলৈ
সৌভাগ্য মিলা জীৱকূললৈ
কৰিছো নিবেদন যুগান্তৰলৈ।
জেপ বিলাকত নভৰাবা ,
আন'লৈ বিষাদৰ ঢৌ সিঁচা
হিংসাৰ দাৱানলবোৰ ।
ফালি চিৰি নিঃশেষ কৰা জেপবোৰ ,
যেনি,তেনি আঁৰি লোঁৱা
মৰম বিশ্বাসৰ টোপোলাবোৰ।
তোমাাৰ পৰা তেওঁলৈ
তেওঁৰ পৰা তোমালৈ
সিচি দিয়া জিলমিল জোনাকবোৰ ।
ঢোলে দগৰে আদৰি আনা,
সপোনৰ সেউজীয়া কবিতাবোৰ ।
সভ্যতাৰ পোহৰত
সভ্যতাবোৰ জিলিকি উঠক
অক্ষুন্ন হৈ
সবাৰে মুখত এমোকুৰা হাঁহি লৈ ।
—————————————
এই নদীয়েই সেই নদী...
সুশান্ত দাস
অকুণ্ঠ নিৰলস বোৱাৰ কাম্য
এইয়া জীৱন আৰু ইয়াৰ অনিটোল সত্য ,
কৱন্ধৰ ভৌতিকতাৰ বিভ্ৰান্তিৰ আঁৰত
যুগ আৰু যুগান্তৰৰ বহ্নিমান সখ্য।
অক্লিষ্ট বোৱাৰ অকলঙ্ক সতীত্ব ,
সেইয়াই নাৰী আৰু নিৰৱধিৰ সত্তা,
যি সতী ৰাধিকাৰ অকলুষ কৃতিত্ব...।
এই যে নীৰৱধি (?)
সেয়াই নদী...
বৈ যায় অতীত আৰু বৰ্তমানক সামৰি ...
এই নদীয়েই সেই নদী,
ধ্যানমগ্ন মুনিৰ অনিদ্রাসিক্ত মূৰ্তি দেখা,
সংগম আৰু বিপণ্ণতাৰ চুক্তিৰ জীয়া দলিল ...
এই নদীয়েই সেই নদী,
মাৰ্কণ্ডেয় মুনিক মায়া দেখুওৱাই
সৃষ্টি প্ৰলয়ৰ স্বৰূপ দৰ্শাই
সলিলৰ স্বৰত অতৰ্কে গুণগুণাই
মৃত্যুঞ্জয়ৰ অমোঘ বাণী ...
এই নদীয়েই সেই নদী,
অপূৰ্ব মিলনৰ সাক্ষী হোৱা
কামুন্মক্ত হস্তীৰ কামাগ্নিৰে ধোৱা
বিৰল যোদ্ধাৰ তেজ-মঙহৰ ধাত্ৰী ...
এই নদীয়েই সেই নদী,
বেহুবদ্ধ পাণ্ডৱনন্দনৰ অক্ষিত
প্ৰাণৰ সংশয়দৰ্শী,
মৃত বাসনাৰ উত্তপ্ত জ্বালাপিণ্ড ভক্ষী ...
এই নদীয়েই সেই নদী,
দধীচিৰ অস্থিৰে গঢ়া বজ্ৰৰ ধূলি
অমৃতময় হোৱাৰ অজান ৰহস্যৰ সাক্ষী,
অমৰাৱতীৰ দেৱতাৰ স্পৰ্শত
যি আজি অমৃতাৱতী...।
এই নদীয়েই সেই নদী,
হৰিশ্চন্দ্ৰৰ সততা আৰু
দাৰুণতাৰ পৰশে পুণ্যৱতী,
মৃত্যু আৰু জন্মৰ সখ্যাৱতী ভূজঙ্গিনী ...
এই নদীয়েই সেই নদী,
মৃত্যসূত্ৰা শৈৱালিনীৰ বিশাল দেহক
আঁকোৱালি লোৱা অতিৰক্ষী বাহিনী,
ভূজঙ্গীনিৰ পিতাল বাহুৰ যে অতীৱ শকতি ...
এই নদীয়েই সেই নদী,
প্ৰাণ জুৰুৱা গীতৰ ৰাগি তুলি ,
গীতাৱতী মন্দোদৰী সলিলাৱতী কান্তি,
হিৰণ্ময়ী মহাৰ্ঘ্য প্ৰদানকাৰী মহীয়সী ...
এই নদীয়েই সেই নদী,
মহাদেৱৰ জঁটাৰ সজ্জাৰ ৰূপৱতী,
সৰগৰ বৰকণ্যা বসুন্ধৰাৰ ভাগীৰথী,
অতীত - বৰ্তমান সকলোকে সামৰি
বৈ যোৱা অনায়াস বোৱাৰ যে
কাম্য মৈত্ৰী ...
এই নদীৰ অজস্ৰ সংজ্ঞা
বিৰল দৃষ্টিৰ প্ৰবোদ্ধি,
বৈ যায় অলেখ কাহিনী লৈ
অবিনশ্বৰ এই কল্লোলিনী...
———————————
হৃদয়ৰ সৰসী
তুলিকা বৈশ্য দাস
হ'বা তুমি মহীয়সী
মোৰ হৃদয়ৰ সৰসী
ঢৌতে ঢৌ তুলি খোজ মিলাম
গহীণতাৰে তোমাৰ সোঁতত
ঢৌবোৰে ধুই নিব
হৃদয়ৰ কলুষতা
প্ৰাণত কৰযোৰে
পঙ্কজ ফুলিব ।
দুঃখবোৰ মচি ন ন সপোন ৰচি আগুৱাম ।
গহীণ এন্ধাৰ ৰাতি
নিৰবে নিৰবে দুয়ো
জোনাকত জিৰণি লৈ
দুকুল বাগৰি গৈ--
আইৰ চৰণ ধুৱাম
আয়ে পৰাণ ভৰাই
পলস পেলাব
আমাৰ প্ৰেম পথাৰত
সেউজী সপোন ৰচি হৃদয় জুৰাব ।
হ'বা তুমি মহীয়সী মোৰ হৃদয়ৰ সৰসী
মোৰ হৃদয়ৰ সৰসী ।
—————————————
তুমি স্মৃতি হৈ ৰৈ গ’লা
ৰাহুল কোঁৱৰ
সেইদিনা এনেকৈ আহিছিলা
যেনেকৈ বতাহ বৰষুণ হঠাৎ আহি সকলো ধুৱাই নিয়ে,
আকৌ তেনেকৈ গুচি গ’লা
মোৰ কণমানি হৃদয়ত বেদনাৰ
গভীৰ নৈখন বোৱায়।
সকলো যেন জিন পৰি গৈছিল
মৌনতাই ঠাহ খোৱা হৃদয়ৰ কোঠালি
আৰু স্নেহৰ দোলেৰে বান্ধ খোৱা ঠুনুকা জৰীডাল,
বৰকৈ মনত পৰে নিজানত থাকিলে
নুবুজা সাঁথৰ হৈ ৰৈ গ’লা
আজীৱন বুকুৰ একোণত।
কেতিয়া সেই স্মৃতি নাম দিম সোঁৱৰণি
বাজি উঠিব বৰতাল তোমাৰ হৃদয়তটো
হুমুনিয়াহ কাঢ়ি গুছি যাম
সেই দিনটোতে তোমাৰ স্মৃতিবোৰ বুটলিবলৈ
আৰু গহীন আকাশৰ তৰা এটিও উপহাৰ দিম
হৈ পশ্চিমৰ ধ্ৰুৱতৰা।
————————————————————–––—
0 Comments