সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
অতি উলহ মালহেৰে দেশবাশীয়ে স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি উদযাপন কৰিলে।অসমবাসী তাৰ কোনোগুণে ব্যতিক্ৰম নাছিল।কিন্তু ইয়াৰ আগলৈ বিশেষকৈ অসমত এনে পৰিবেশ দেখা নাছিলোঁ। ৰাইজে "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচীৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে ।তিনিদিনীয়াকৈ জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধা জ্ঞাপন কৰা হয় । গাঁৱে-চহৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰি বীৰ শ্বহীদসকলৰ স্মৃতিচাৰণ কৰা হয়।
বিদ্যালয়সমূহতো স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া বীৰ-বীৰাঙ্গনাৰ বৰ্ণিল গাথা সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীক অৱগত কৰি দেশপ্ৰেম জগাই তোলাতো অতি প্ৰয়োজন। পিয়লি ফুকন,কুশল কোঁৱৰ,কনকলতা,ভোগেশ্বৰী ফুকননী,মুকুন্দ কাকতিৰ দৰে মহান বীৰ-বীৰাঙ্গনা সকলৰ বিষয়ে কিছু চৰ্চা হয় ,যদিও স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বহুতো মুক্তি যুঁজাৰুৱে এতিয়াও যেন উপযুক্ত মৰ্য্যদা পোৱা নাই। সেই বীৰ মুক্তি যোদ্ধাসকলৰ জীৱন-গাথা নিজৰ নিজৰ অঞ্চলৰ মাজতে যেন সীমিত হৈ আছে।
তেনে এগৰাকী মুক্তি যুঁজাৰু, 'মৃত্যুঞ্জয়'ৰ নায়ক মৰিগাঁও জিলাৰ বৃহত্তৰ মায়ং অঞ্চলৰ মহদানন্দ দেৱ গোস্বামী । স্থানীয়ভাবে তেখেতক মহদা গোসাঁই হিচাপে জনা যায়। মহাত্মা গান্ধীক জেলত ভৰোৱাৰ পাছত দেশজুৰি স্বাধীনতা আন্দোলন তীব্ৰতৰ হৈ পৰিছিল।ভাৰতীয়সকল বীৰদৰ্পে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। সেইসময়তে গুৱাহাটীৰ সমীপৰ পাণবাৰীত বৃটিছৰ ৰেলগাড়ী বগৰোৱাৰ পৰিকল্পনা কৰা হৈছিল। সেই অভিযানৰ নেতৃত্ব বহন কৰিছিল মহদানন্দ দেৱ গোস্বামীয়ে। পৰিকল্পনামতে নিৰ্দিষ্ট সময়ত গোস্বামীদেৱৰ নেতৃত্বত ৰেলগাড়ীখন বগৰোৱা হৈছিল। এই দূৰ্ঘটনাত বহু বৃটিছৰ মৃত্যু হৈছিল।
এইগৰাকী মুক্তিযুঁজাৰুৰ জীৱনৰ আধাৰতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে ৰচনা কৰিছিল কালজয়ী উপন্যাস-'মৃত্যুঞ্জয়'।মৃত্যুঞ্জয়–জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাস। বিশিষ্ট শিক্ষাবিদ, ভাষাচাৰ্য ড° গোলোক চন্দ্ৰ গোস্বামী, মহদানন্দ দেৱ গোস্বামীৰ ভাতৃ আছিল।
'মৃত্যুঞ্জয়'ৰ নায়ক এই মহান মুক্তিযোদ্ধা গৰাকীক আমি বাৰু কিমানে জানো? স্বাধীনতা লাভৰ ৭৫ বছৰৰ পাছতো তেখেত অঞ্চলটোতে আবদ্ধ হৈ থাকিল।
স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অৱশ্যে এইবাৰ অসম চৰকাৰৰ হৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তদেৱে ১৪ আগষ্ট তাৰিখে দৈপৰাস্থিত মুক্তিযোদ্ধাগৰাকীৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মহদানন্দ দেৱগোস্বামীৰ দৰে পাহৰণিৰ গৰ্ভত হেৰাই যোৱা বীৰ যোদ্ধাসকলৰ গৌৰৱগাথা নৱ প্ৰজন্মৰ মাজত তুলি ধৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————————
কবিতাৰ আড্ডা
[কবিতা সম্পর্কে]
উদয় কুমাৰ শৰ্মা
কবিতা, সদায় আধা-দেখা, আধা-শুনা, আধা-বুজা হ'ব লাগে -- যিটো দেখি, অন্ধজনৰো চকু মেল খাব পাৰে ; যাক শুনি, কলাজনৰো কাণ থিয় হ'ব পাৰে ; বোবাৰ মুখতো মাত ওলাব পাৰে আৰু, নিৰক্ষৰজনৰো মুখত হাঁহি বিৰিঙি উঠিব পাৰে। কিন্তু, সি ( কবিতা) আধা-খুন্দা অথবা আধা-সিজা হ'ব নালাগে। কবিতা, সদায় মধু-মঙ্গল ; যিয়ে, কবিৰ হৃদয়ৰ বাণী শুনায়।
একো এটাকে নকৈ, নীৰৱে অজস্র কথা ক'ব পৰা -- কবিতা হ'ল একোটা ভাস্কর্য ; তেল পুৰি পোহৰাই ৰখা -- একোগছি মাটিৰ চাকি।
কবিতা পঢ়ি -- হস্পিতালত পৰি থকা ৰোগীও সুস্থ হৈ ঘৰলৈ উভতিব পাৰে ; কোনোবাৰ প্ৰাণে কান্দি উঠিব পাৰে ; কাৰোবাৰ চুলিৰ আগেদি টোপ টোপকৈ বৰষুণ সৰিব পাৰে।
কবিতা, কুঁৱলীৰ দৰে ৰহস্যময় যদিও -- ই, শব্দৰ খেল, কথাৰ পাক, আত্মবিবৃতি বা সাঁথৰ নহয়। কবিতা, সদায়ে আধৰুৱা।
কবিতাই আমাক -- নলাৰ জঘন্য পানীতো সমুদ্ৰৰ গৰ্জন শুনাব পাৰে ; পৰ্বতৰ প্ৰকাণ্ড শিলক, বৰফে সাবটি চুমা খাই থকাৰ দৃশ্য দেখুৱাব পাৰে ; এই পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ প্ৰতি থকা আমাৰ আকুলতাক আৰু দৰদী কৰি তোলাৰ মন্ত্ৰ শিকাব পাৰে।
কবিতা কেনে হ'ব লাগে -- সেই কথা, আজিলৈকে কোনেও ডাঠি ক'ব পৰা নাই ; নোৱাৰেও।
————————————————————————
অনুবাদ কবিতা
Matsuo Basho (1644-1694)
japanese Master Poet
Autumn moonlight-
a worm digs silently
into the chestnut.
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
(৫-৭-৫ ক্ৰমত সজোৱা)
শৰতনিশাৰ স্নিগ্ধ জোনাক
কেচু-কুমটিয়ে নিৰৱধি নিৰৱে খান্দে
বাঙি-চিৰালৰ অন্দৰমহল।
—————————————
ঘৰ আৰু কাৰাগাৰ
মূল : কে, সৎচিদানন্দন ( কেৰালা)
অনুবাদ : উদয় কুমাৰ শৰ্মা
তুমি আনিছিলা সূৰুযমুখী ফুলৰ এটি গুটি
আৰু মই, দিনৰ পোহৰৰ এখিলা পাত।
তুমি আনিছিলা জোনাক এমুঠি
আৰু মই, নাচেৰে ওপচা এটি ৰাতি।
তুমি আনিছিলা হৰিণাৰ চকুপানী
আৰু মই, বনৰীয়া মউৰ মৌ।
তুমি আনিছিলা সৰগৰ এটি পাখি
আৰু মই, ঈশ্বৰৰ এটি শব্দ।
আমি সজা ঘৰটো আছিল ধকধকীয়া
আৰু, তাত ৰখা কেঁচুৱাবোৰ আছিল কিচকিচিয়া।
সিহঁতৰ চিঞৰ-বাখৰ মই যেতিয়া সহিব নোৱৰা হ'লোঁ
ধানগুটি এটিৰ বাবে বেলিৰ কাষলে' উৰা মাৰিলোঁ।
এতিয়া, মোৰ ডেউকা আৰু গানবোৰ আছে জেইলত
ইয়াৰ, এই ক'লা মেঘৰ মাজত।
মোৰ নিঃসঙ্গ জীৱনে
বিজুলীৰ লগতে ঢেৰেকনিৰ কথা কয়
এই অন্ধকাৰৰ মাজেৰে
মই, আমাৰ ঘৰটো বিচাৰি মৰিছোঁ।
যেতিয়া, সি চেঁচা হৈ পৰে
মোৰ গান গলি বৰষুণ হৈ
আমাৰ ধকধকীয়া ঘৰটোত পৰে
আৰু, আমাৰ মাজৰ শূন্য আন্ধাৰখিনি
চপচপীয়া কৰি তোলে।
[ মূল SUMMER RAIN ৰপৰা ]
———————————
লেংষ্টন হিউজৰ কবিতা
হাৰলেম
অসমীয়া ভাবানুবাদ: ড° জ্যোতিশিখা দত্ত
কি হয় যদি এটা সপোনৰ বিলম্বতা আহি পৰে
ৰ'দত থকা কিছমিছৰ দৰে
ই শুকাই যায় নেকি ?
নে ঘা লাগি পচি যায়
আৰু তাৰ পিছত দৌৰি নোহোৱা হৈ যায়?
ই গেলি যোৱা মাংসৰ দৰে
দূৰ্গন্ধময় হয় নেকি?
নে চেনীৰ কঠিন প্ৰলেপ থকা
অতিৰিক্ত মিঠা থকা মিঠাইৰ দৰে?
হ'ব পাৰে গধুৰ ভৰত
ই পোত খাই পৰে
নে ই বিস্ফোৰিত হয়?
কবিজনাৰ বিষয়ে দুআষাৰ :
সাহিত্যৰ এক শৈলী "জেজ কবিতা (jazz poetry)ৰ অন্যতম উদ্ভাৱক লেংষ্টন হিউজ হৈছে আমেৰিকাৰ এগৰাকী বিখ্যাত কবি, সমাজকৰ্মী, ঔপন্যাসিক আৰু স্তম্ভ লেখক l ১৯০১ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা হিউজৰ সম্পূৰ্ণ নাম হৈছে জেমছ মাৰচাৰ লেংষ্টন হিউজ l তেখেত হাৰমেন ৰেঁনেছাৰ নেতা হিচাপে বিশ্ব বিখ্যাত l তেওঁৰ লেখাসমূহত আমেৰিকাত বসবাস কৰা কৃষ্ণাংগসকলে অস্তিত্বৰ বাবে কৰা সংগ্ৰাম, তেওঁলোকৰ ওপৰত হোৱা শোষণ, তেওঁলোকৰ দুখ কষ্ট, হাঁহি কান্দোনৰ প্ৰতিফলন স্পষ্টকৈ দেখা পোৱা যায় l হিউজে জাতিগত চেতনা (racial consciousness) আৰু সাংস্কৃতিক জাতীয়তাবাদ (cultural nationalism) ৰ পৃষ্ঠপোষকতা কৰিছিল l "The Negro Speaks of Rivers" তেওঁৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি l উক্ত কবিতাটো তেওঁৰ প্ৰথম কবিতা সংকলন 'The Weary Blues' ত অন্তৰ্ভুক্ত ।
সাহিত্যৰ বাবে হাৰমন গোল্ড মেডেল (Harmon Gold Medal for literature) , গুগনহাইম ফেলশ্বিপ (Guggenheim Fellowship), এনিচফিল্ড উলফ বুক এৱাৰ্ড (Anisfield Wolf Book Award), Spingarn Medal কে আদি কৰি হিউজে বহুতো সন্মান লাভ কৰিছিল l কেইবাখনো বিশ্ব বিদ্যালয়ৰ সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ কৰা লেংষ্টন হিউজে ১৯৬৭ চনত মৃত্যু বৰণ কৰে l
————————————————————————
কবিতা
ডালিমৰ ফুল এটা হৈ
ধীমান বৰ্মন
ফাগুনেই আমাৰ ইতিহাস আছিল---
অথচ আমাক শিকোৱা হ'ল
মজি থাক
মজি থাক
বসন্তৰ কুঁহিৰ সেউজ বোলত মজি থাক
আৰু কৈ থাক -
মোৰ দেশৰ প্ৰতিঘৰত আল ইজ ৱেল
আমি শিকিলো
বাওঁচকু খুলি
পথাৰৰ শ্ৰমৰ বাবে হিয়া ঢাকুৰি কান্দিবলৈ
আমি শিকিলো
সোঁচকু খুলি
আধাভগা স্থাপত্যক পুতৌ কৰিবলৈ
আমি তৰোৱালৰ পাঠোদ্ধাৰ কৰিলো
আৰু তলা মাৰি হেৰুৱাবলৈ শিকিলো
কবিতাবোৰ বিনাই থকা পুথিভঁৰাল এটাৰ ছাবি
তথাপি
আমাৰ ইতিহাস
আমাৰ ফাগুন
আমাৰ সত্য
ইতিহাসে ঘূৰি ঘূৰি
ডালিমৰ ফুল এটা হৈ ফুলিছে
দুৱাৰ খিৰিকী বন্ধ এটি কোঠাৰ
ভেণ্টিলেশ্যন এখনেৰে আমি তাক দেখিছো
হাত বাউলি মাতিছো
আহ,আহ বাট কুৰি বাই আহ
আমাৰ গালত আবিৰ সানি যা
এই ফাগুনত।
———————————
মোৰ চকুযোৰ
সীমা গগৈ
টোপনি অহাৰ সুযোগতে
এবাৰলৈ মই
মৰি চাওঁ
মৃত্যুৰ অৱয়বত
ভাঙি থৈ মোৰ জীয়া- ঘুমতি
এবাৰলৈ মই
সংজ্ঞাবিহীন হওঁ
টোপনি অহাৰ সুযোগতে..
অৱগুণ্ঠন কৰোঁ
জীৱনৰ
অনাবৃত পৃষ্ঠা
আকৌ কেতিয়াবা..
খেপিয়াই ফুৰোঁ
অৱলুপ্ত চেতনাৰ গহ্বৰত
মোৰ দহো আঙুলিৰ বিষাদ
মৃত্যুৰো হেনো একেটাই কক্ষপথ
এতিয়া..
এন্ধাৰ চিকুটি মই
গৈ আছোঁ..
পোহৰৰ উমান পাবলৈ
চকুযোৰ মোৰ হেৰাল !
——————————
দুঃসময়
দেৱ দাস
১)
মানুহবোৰে দৌৰিয়ে আছে
এপাল বাঘে
মানুহবোৰক
খেদিলৈ ফুৰিছে
মাজে মধ্যে
ইটোৰ সিটোই
নখবোৰ
চেলেকা চেলেকি কৰিছে
জোঁঙাল দাত কেইটা
ওঁঠ নিকটাই
মূৰ জোকাৰিছে
মানুহবোৰ
দৌৰিয়ে আছে
কাৰোবাৰ মাটি বাৰী খহিছে
মানুহৰ কান্দোনৰ ৰোল উঠিছে
নতুন দিন আহিব
মানুহবোৰে
হাঁহিব পাৰিব
বাঘটোৰ চাই লাগেনে
বুঢ়া বাঘ
এটা দিনো যদি মানুহবোৰৰ ভাগত পৰে
নিঃসহায় নিঃশ্চুপ
হে দুঃসময়
২)
বিধাতা
বলিকটা দাখনে লোৱা
মুক্তি দিয়া সমুহ যন্ত্ৰণাৰ
পৃথিৱী প্ৰেমৰ কি পৰিভাষা
কাকোটো
কব পৰা নাযায়
ইয়াত কোনো নাই মৃতকৰ সতগোতিৰো
বিধাতা
বলিকটা দাখনে লোৱা
মুক্তি দিয়া
সমুহ যন্ত্ৰণাৰ।
—————————————
কেতিয়াবা একো ভাল নালাগে
গিৰিজা শৰ্মা
কেতিয়াবা একো ভাল নালাগে
একো কাৰণ নোহোৱাকৈও একো ভাল নালাগে
সকলো থাকিও একো নাই যেন লাগে
কিছু কিছু পৰিঘটিত ইন্ধনৰ পাশ্ববর্তী ক্ৰীড়া
অজ্ঞাতেই কঢ়িয়ায় নেকি মন-মগজুৱে
নিৰ্দোষ আপুনি, অথচ
চিনাকিজনে আপোনাক দেখিও নেদেখাৰ ভাও জুৰি গুচি গ'লে
ভ্ৰূকুটি প্ৰদৰ্শন কৰিলে
ব্যস্ততাৰ অজুহাতে সৰু-সৰু ফাটবোৰো ডাঙৰ কৰিলে
ঈৰ্ষাৰ পৃথিবীত বিশ্বাসীজনো কেতিয়াবা
"ইউ টু ব্ৰুটাছ"
হ'ব পাৰে নেকি ভাল নলগাৰ কাহিনী বিস্বাদ
মই নিজেই নাথাকোঁ কেতিয়াবা নিজৰ মাজত
একো ভাল নলগাৰ সহযাত্রী হৈ
হেৰাই যায় যোগসূত্র
হেৰাই যায় পাৰপত্ৰ
কোনোবাই বিচাৰি হায়ৰাণ হৈও
নাপায় একো শুং-সূত্ৰ।
ভাল নালাগে
কেতিয়াবা একোৱেই ভাল নালাগে।
—————————————
স্থিতি
মেঘালী বৰুৱা শইকীয়া
আজিকালি তাত কোনো নেথাকে
য'ত মোৰ বসতি আছিল
ভৰিৰ পতাই আপোন কৰিছিল
বাৰিষাৰ বোকা পিছল চোতাল
চকুৱে পিন্ধিছিল নাহৰৰ ৰাতিবোৰ
আঘোনীয়া বেলিবোৰো চৌখিন আছিল
দাৱনীৰ কঁকাল খামোচি প্ৰেম কৰিব পৰাকৈ।
আজিকালি তাত কোনো নেথাকে।
নিশকতীয়া ভৰিবোৰে চোতালত ভৰ দিব নোঁৱাৰে
মায়পিয়াত ভোগা চকুবোৰৰ দৃষ্টিশক্তিয়ে ঢুকি নেপায়
আকাশৰ উচ্চতা,
প্ৰত্যুষ কালতেই জাগি উঠা গাওঁখনৰ কথাবোৰ পুৰনি হৈছে,
অত্যাধুনিক হেঁচা এটাত চেপেটা হ'বলৈ আৰম্ভ কৰা
পৃথিৱীখনত এতিয়া নাম নজনা ভীৰ।
প্ৰিয় কথাবোৰ আৰু প্ৰিয় মানুহবোৰ বিচাৰি অহা বেলিটো লাহে লাহে মোৰ পৰম মিত্ৰ হৈ উঠিছে,
মোৰ দুচকুৰ পতাত এতিয়া
এখন ঘাঁহবৰণীয়া ফলক
আৰু তাত জিলিকি আছে
স্বাভিমানৰ সেই পুৰনি ঠিকনা।
———————————
আশাৰ ভঁৰাল
প্ৰদীপ চন্দ্ৰ শৰ্মা
বেঙামুখৰ শেঁতা হাঁহিৰ দৰে
উৰুখা ভঁৰালঘৰটি
একটিয়াহৈ মুজুৰা পৰিল ,
এতিয়া নাই চৰাইৰ কাকলি
কঠালগুটিয়া,দালশলীয়া
আজি নাই --
ভঁৰালতলৰ ছাগলী ।
জপনা খুলিলেই ডেওদি
ওলাই অহা ছাগ-পোণাবোৰ
নোহোৱা হ'ল কাহানিবাই
সপোনবোৰ সেমেকাহৈ
মামৰেধৰা সঁচাৰ-কাঠিৰ দৰে
ভঁৰালৰ গাধৈত পৰি ৰ'ল ।
দুখৰ ভৰত সুখ চেপেটা
সময় নাই ভাবিবলৈ
শকতিও নাই ডাঙিবলৈ
এতিয়া কি কৰোঁ ক'
আইতা অ' আকৌ এবাৰ
গোবৰ - মাটি ল' ... ।
—————————————
উঁইচিৰিঙাৰ মাতত
চন্দনা ভাগৱতী
এজাক উঁইচিৰিঙাৰ চিঞৰত
মোৰ কাণ তাল মাৰি ধৰিছে
দুৰৈত দেখিছোঁ--
নিৰ্জনতাত ডুবা পথাৰ
অণ্ঠ-কণ্ঠ শুকাইছে পানীপিয়া চৰাইৰ
নভবাকৈ বহু কথাই মনলৈ আহে
বনগীতৰ সুৰে তেজত দোলনি তোলে
এজাক শীতল বতাহ বলে আৰু
মোৰ পদুলিৰ গছপাতবোৰ লৰে
ক্ষন্তেকতে মই সেউজীয়া গোন্ধটোৰ বাবে উদ্বাউল হৈ পৰোঁ
বৰষুণ এজাক আহিব নিশ্চয়।
—————————————
বিপ্লৱৰ চিগাৰেট
দাদুল ভূঞা
বিপ্লৱৰ চিগাৰেট এটা জ্বলাই চাই ৰৈছোঁ
জ্বলিছে নিজেই পুৰিছে আমাক
কুণ্ডলি পকাই উৰি যোৱা ধোঁৱাত
চকামকা এচাটি পোহৰ
গলখেকেৰিয়াই বিষাক্ত বতাহত
এৰি দিছোঁ নিৰ্জণ ৰাতিৰ ঘোঁৰা
মুক্ত পৃথিৱীত জীয়াই থকাৰ হুমুনিয়াহ
ক'ৰবাত বেলিডুবা আকাশৰ বিষাদ
ক'ৰবাত উচ্ছেদৰ বিননি
ধৰ্ম-অধৰ্মৰ চাকনৈয়াত ডুলি ডুলি
ৰাজনৈতিক প্ৰচ্ছয়াঁত গুমগুমনি মেঘ
এই যে বৰষুণ আহিব, ধুমুহা আহিব
কালৰাত্ৰী নামি আহিব
জৰাসন্ধৰ দেহ ফালি বৈ পৰিব
তেজৰ নৈ
সভ্যতাৰ সাতামপুৰুষীয়া বেহু ফালি
আৰ্তনাদ কৰিব অভিমন্যুৱে
যুদ্ধ- যুদ্ধ যুদ্ধ - যুদ্ধ
ধৰ্মৰ যুদ্ধ দেশৰ যুদ্ধ
আৰু সেই যুদ্ধ দেখি
ৰৈ আছোঁ আমি
বিপ্লৱৰ চিগাৰেট জ্বলাই
জ্বলিছে নিজেই
পুৰিছে আমাক।
———————————————————
স্বাধীনতা
ভাৰতী চক্ৰৱৰ্তী
কও বুলিও ক’ব নোৱৰা
যাও বুলিও যাব নোৱৰা
বোৰৰ নাম _স্বাধীনতা
ঘৰৰ মুধচত মৰাশৰ বাবে
কাউৰীৰ চিঞৰ স্বাধীনতা
কোনদৰা হাবি ভাঙি
কোনবাটে নামি আহে
কোমল কিশোৰীৰ চিৎকাৰ
স্বাধীনতা নহয়নে তাৰ নাম
ভোকত চেপেটা পেট
পানীত ওফন্দি আমাক উপহাস কৰা শিল্পীজনে
শিকাইছে স্বাধীনতাৰ সংজ্ঞা
কত জীৱন উজাৰি অনাএই স্বাধীনতা
কেনেকৈ কওঁ
স্বাধীনতা_অধিকাৰ
স্বাধীনতা এটি হাঁহিৰ নাম
———————————
বৃদ্ধ কবিজন ঢুকাল
উৎপল ভট্টাচাৰ্য
বৃদ্ধ কবিজন ঢুকাল।
প্ৰথম যিদিনা তেওঁক লগ পাইছিলোঁ,
তেতিয়া তেওঁ চফল ডেকা।
মই তেওঁক সুধিছিলোঁ--
"জীৱন মানে কি?"
উত্তৰত তেওঁ কৈছিল,
"শব্দ...যাৰ আছে প্ৰচণ্ড শক্তি।"
দ্বিতীয়বাৰ লগ পাওতে
তেওঁৰ চুলিত ৰূপালী ৰং।
পুনঃ সুধিছিলোঁ...
" জীৱন মানে কি?"
তেওঁ কৈছিল--
" ছন্দায়িত সময়ৰ লয়লাস গতি।"
শেষৰবাৰ যেতিয়া তেওঁক লগ পাইছিলোঁ
তেতিয়া তেওঁ তিনিমূৰীয়া ।
এইবাৰো মোৰ সেই একেই প্ৰশ্ন,
"জীৱন মানেনো কি?"
অস্তি-চৰ্মসাৰ দেহৰ কবিজনে
সেহাই সেহাই কৈছিল--
" জীৱন এটি কবিতা,
মৃত্যুৰ পিছত যি হয়গৈ এখন অন্তহীন উপন্যাস।"
বৃদ্ধ কবিজনৰ মৃত্যুৰ লগে লগে
চৌদিশে উফৰি পৰিছে মিছা হুমুনিয়াহ।
———————————————————
ৰূপকথা
চয়নিকা ভূঞা
আকাশত আজি মেঘৰ মেল
এখন গুপুত মেলৰ আয়োজন
সাঁজ লগা পৰত
লহিয়া বেলিৰ
নিৰৱ চকুলো
গধূলিৰ আৰতিত ঈশ্বৰক স্তুতি
ঈশ্বৰ নিমাত
তেতিয়াও
এতিয়াও
প্ৰাণবিহীন মূৰ্তি যেতিয়া ঈশ্বৰ হয়
প্ৰাণৱন্ত আত্মা কিয় পূজিত নহয় ?
নিয়মবিহীন নিয়মাৱলীৰ তালিকাভুক্ত
বিলাসী শব্দ
'বিশ্বাস'
মেঘৰ বুকুত দাগ
দাগ শৰীৰত
মনত
ইতিহাসত হেজাৰ সাধুকথা
মেঘবৰ্ণ সাধু
মেঘাবৃত সাধু
সাধু আৰু
সাধু
মেলখন বৰ দীঘলীয়া
বিশালতাত সীমা বিচাৰি
মেঘৰ তচনচ
গলি গলি সৰা
এটা মেঘাচ্ছন্ন সাধু ৷
—————————————
হৃদয়ৰ যন্ত্ৰণা
ড° ৰমেশ কুমাৰ কাকতি
কোনে জানে
কাৰ হৃদয়ত
কিমান দুখ ?
হাঁহিৰ আঁৰত
কিমানে লুকুৱাই
পাতাল গৰকা শোক
নদীৰ দৰেই
দুখ-বেদনা হতাশাক
হৃদয়তে বোৱাই ৷
বুকুৰ অৰঙে-দৰঙে
উদাস বুকুৰ যন্ত্ৰণা
অব্যক্ত হৈয়ে ৰৈ যায়৷
দুখবোৰ ফাগুনৰ দৰেই
লঠঙা হলেওঁ
কুহিপাতেৰে সজায় ৷
উকা বুকুত
ৰঙা ৰঙৰ পলাশ
শিমলু মদাৰ ফুলায় ৷
দুখবোৰ আবিৰৰ ৰঙৰ দৰে
ধুই দিলেই
চিন-চাব নোহোৱা হৈ যায় ৷
অকণমান সহানুভূতিতে
সহস্ৰাধিক দুখ
হাঁহিৰ মাজত লুকুৱায় ৷
সাঁচতীয়া দুখ
মকৰাই সন্তানক
সঁচাৰ দৰে বুকুৰ মাজত ৷
ৰুই থয় হিয়াত
সেউজীয়া হওক বুলি
জীৱন পথাৰত ৷
তথাপিও থাকে জীয়াই
দুখবোৰ আঁতৰি
সুখবোৰ অহাৰ আশাতেই ৷
ৰঁচি ডালৰ শাসনত
চিলাটোৱে আকাশত
নাচিবাগি থকাৰ দৰেই ৷
সাপে মোট সলোৱাৰ দৰেই
বাসনাৰ তাড়নাতেই
দুখবোৰ থাকে উটি-ভাহি ৷
ৰাতিবোৰ দুৰহৈ
দিনবোৰ আহিব বুলি
থাকে হুমুনিয়াহ কাঢ়ি ৷
———————————
চিগাৰেট
খূৰ্ছীদ আনছাৰী
চিগাৰেট…
হোঁপা দি হোপি দিওঁ নে কি
জীৱন
দুখবোৰ…
কোণ্ডলী পকাই উৰি যাওক
আকাশলৈ
আৰু…
মই ছাঁই হৈ পৰি ৰওঁ
মাটিত ।
———————————
কবিতাৰ জয় হওক
ড° ইকবাল হোচেইন খান
জয় হওক কবিতাৰ
জয় হওক জীৱনৰ
কবিতা আৰু জীৱন একাকাৰ কৰি সাম্যৰ গীতেৰে আগবাঢ়ক মানুহ
তেহেহে হাঁহিব জগত
উৎসৰ্গিত হ'ব সময় আলোকিত কৰি জীৱনৰ বাট
শেষ হ'ব হাহাকাৰ ,অন্ধকাৰ
সেউজ সেউজ ভাৱনাৰে জয় হ'ব কবিতাৰ
ইচ্ছাক প্ৰজ্বলিত কৰি জয় হ'ব জীৱনৰ ।
তাৰবাবেই আমি , আহক বিশালতাৰ ভাৱনাৰে আগবাঢ়ি যাওঁ নিজৰ কাষতে
জগাই তুলো নিজক ।
এয়াই হওক হৃদয়ৰ ভাষা
এয়াই হওক কবিতাৰ ভাষা ।
কবিতাৰ ভাষা হওক শান্তিৰ প্ৰতিশ্ৰুতি
মানুহৰ প্ৰাপ্তি হওক আনন্দ
যুগে যুগে শান্তি আৰু আনন্দ হৈ থাকক কবিতাৰ নিবেদন
মানুহৰ আশা হওক সাকাৰ
কবি অংগীকাৰ হওক মানুহৰ হকে ।
———————————
ব্যৰ্থ ভাবনা
জোনমনি মহন্ত
মই ভিতৰে ভিতৰে
সহিব নোৱাৰা হৈ পৰোঁ
কিছুমান ভাবনাৰ লগত
অতীত আৰু বৰ্তমানৰ সৈতে
হিচাপ কৰি চালোঁ
মোৰ আঙুলিৰ মূৰত
যেতিয়া পাঁচোটা আঙুলি
মুঠিৰ পৰা এৰি চাওঁ
নিমিলা অংকৰ মাজত
তেতিয়াই বৰ আবেগিক হৈ পৰোঁ
সংখ্যাবোৰৰ লগত
বিচাৰি চাওঁ ভুলবোৰ
নে ভুলকৈ পাতিলোঁ হিচাপবোৰ ?
বাৰে বাৰে হিচাপৰ আঙুলিত
আন্দোলিত হয় মনৰ নেওঁতাখন
হুমুনিয়াহ আহি বেৰি ধৰে
উশাহবোৰো কষ্টকৰ হৈ পৰে
বুকুত তেজৰ নৈখন
তীব্ৰ গতিৰে বাঢ়ে
আচলতে মইও পাহৰি থাকো
পাঁচোটা আঙুলি সমান নহয়
তথাপিও পাঁচোটা আঙুলি
নিয়মৰ মাজেৰে চলে
সেইদৰে মনৰ অংকবোৰো
খণ্ড-বিখণ্ড হলেও
নিয়মৰ মাজেৰেহে উত্তৰ বিচাৰি পাই
কিন্ত এয়াই হাবাথুৰি খোৱা জীৱন
মনৰ মাজত নিমিলা অংক পাতি লৈ
উত্তৰ বিচাৰি বিচাৰি ব্যৰ্থ হৈ পৰোঁ
পিছে তিতিলে যে সকলো অসাৰ
বুজিও নুবুজিলো।
—————————————
স্বাধীনতা কাৰ বাবে
হীৰামণি শৰ্মা উপমন্যু
স্বাধীনতা কাৰ বাবে
আমি সুধিছিলোঁ ইজনে-সিজনক আলিঙ্গন কৰি
সপোনৰ স্বাধীনতা
মুক্ত মনৰ চিন্তাৰে , ভাৱনাৰে, মুক্ত আকাশ চোৱাৰ হেঁপাহত
হাঁহিৰে চুমা যাঁচিছিলোঁ
মুক্ত স্বাধীনতাৰ বুকুত
উত্তৰপুৰুষে বুকু ফুলাই ফুৰিব স্বাধীন মনেৰে
ৰৈ থকা পথটিয়ে আমালৈ চাই ইতিকিং কৰিছিল
শিকলিৰ বান্ধোনতে পঞ্চভূত হোৱা দৃশ্য দেখি
নেদেখা ভাওযুৰি খৰকৈ পাৰ হওঁ
স্বাধীনতা পোৱাৰ পথেৰে
শ্বহীদৰ সমাধিৰ কাষেৰে
তেজবোৰ তাতেই ডোঙাবান্ধি হিমচেঁচা হৈছিল
আমি নজনাকৈয়ে আমালৈ চাই আছিল নিথৰ চকুবোৰে
যেনেকৈ নদীয়ে চাই থাকে আকাশ
আৰু আকাশে মেঘবোৰ সাৱটি ৰৈ থাকে বাৰিষালৈ ।
ৰ'দত শুকায় প্ৰতিবাদ ,
ৰিণি ৰিণি ভাঁহি আহে
শ্বহীদৰ বিষাদভৰা কেঁকনি
ক'ৰবাত স্বাধীনতা পোৱাৰ মিছা অভিনয়ৰ গান
মোৰ দুচকুত ত্ৰাসৰ ছাঁ
দেহত নিগৰে তেজ-ঘামৰ অশ্ৰুপাত ।
—————————————
মাৰ্গদৰ্শন
ৰেখা বৰকটকী
পথভ্ৰষ্ট পথিকজন বিমোৰত পৰা দেখি
হতবাক শিলৰ প্ৰস্তৰ!
প্ৰাৰ্থনা-উপাসনা দোৱাৰে গদ গদ
যাচিবলে' হৃদয় অঞ্জলি
কিন্তু ক'ত কৰিব প্ৰাৰ্থনা কাকেই বা জনাব অন্তৰৰ বিমল ভাৱনা ?
কাৰ বাবে যাচিব একাঁজলি দৰদী কুসুম বুকুৰ নিৰ্মোহ বাসনা?
মন্দিৰৰ দুৱাৰখন বিচাৰি ভাগৰুৱা পথিক
দেৱ- দেৱীৰ মূৰ্তি দেখি অবাক বিস্ময়!
প্ৰশ্নবাণে থকা- সৰকা কৰে
কোনজন বেছি শক্তিশালী
কোনে বেছিকৈ মনৰ কামনা পূৰায়?
দিগভ্ৰান্ত পথিক উপায় বিহীন
ফুলবোৰে সোধে
আমাৰ স্থান ক'ত?
ধূপৰ ধোঁৱাবোৰ কুণ্ডলি পকাই ইফাল সিফালকৈ ক'ৰবাত লুকাল
প্ৰজ্বলিত বন্তিৰ অধীৰ অপেক্ষা
কাৰ বাবে উচৰ্গিব সুদীপ্ত পোহৰ
পূজাৰীৰ হাতত ঠিকনা নাই
ফুল, চন্দন, তুলসীও মৰহিল
মন্দিৰৰ বাট বাৰু কেনি হেৰাল ...
—————————————
প্ৰেৰণাৰ বাবেই
ভূমিকা দাস
চাই থাকোঁতেই চাৰি-পাঁচটাকৈ বছৰ
সাউতকৈ পাৰ হৈ গ'ল
সৌ সিদিনাখনৰ কথাহে যেন
নালাগেনে বাৰু
মৌন ভাষাৰে লিখা কবিতাটি প্ৰণয়িনীক দিয়াৰ কথা আছিল
প্ৰণয়িনীও আছিল আকুল হৈ
অজুহাতৰ বাবেইনেকি
অমাৱস্যাৰ নিশাটোও
সাৰি যাব পৰা নাছিল
তোৰ মোৰ কথাৰে ভৰুণ হৈ পৰিছিল ৰাতিটো
মৃদুভাষী সুহৃদৰ
স্পষ্টবাদীতা আৰু প্ৰেৰণাক সাবটি
আগবাঢ়ি যাবলৈ মন উত্ৰাৱল
এই কথা নিশ্চিতকৈ তয়োতো জান
কোৱা মনত নপৰেনে?
তই ক'লেহে জনাম স্বাগতম
বাটে বাটে বকুল বুটলিম
বন্ধুত্ব আমাৰ জোনাকী দেশত
জিলিকি ৰ'ব চিৰদিনলৈ
আকাশলৈ হঠাতে আন্ধাৰ নামি আহিছিল
কি মায়াৰ ইন্দ্ৰজালত
অহৈতুকভাৱে সপোনৰ লানি লাগিল
দূৰণিৰ এজাৰজোপা ৰাতি নুপুৱাওঁতেই ফুলিল...
নাই কৰা অ' বেজাৰ!
মনৰ গভীৰত
সেউজীয়া হালধীয়াৰ মেলা পাতিম
আস্ফালন নকৰাকৈ
সপোন কোঁৱৰক সংগোপনে
এমোকোৰা হাঁহিৰ সঁফুৰা বিলাই দিম..
ভাল কবিতা এটি লিখিবলৈ বৰ মন আছিল
ভাল কবিতা এটি !
————————————————————
ভাগ্য
গকুল চৌধুৰী
মই সুধিছিলোঁ হাতৰ ৰেখাক
কোনে জানে কোনে লিখে
ভাগ্যৰ লিখন
হাতৰ ৰেখাই কৈছিল কিবা
মই নুবুজিলোঁ হাতৰ ৰেখাৰ
মৌন ভাষা ৷
মই পুনৰ কৈছিলোঁ হাতৰ
ৰেখাক
মই জনাত মই বুজাত
কোনো মানুহে দুৰ্ভাগ্যৰ
সূতাৰে সী নথয় নিজৰ ভাগ্য ৷
তেন্তে কিয়
দুৰ্ভাগ্যৰ চক্ৰবেহুত সোমাই
মানুহ জী জী মৰে
মৰি মৰি জীয়ে ?
ঘুৰাই-পকাই আকৌ
সুধিছিলোঁ
অকোৱা - পকোৱাকৈ
কোনে আকে তোক
কোনে জানে কোনে লিখে
জীৱনৰ ভৱিষ্যত
ভাগ্যৰ লিখন ?
আজি যদি সুখৰ ৰ’দ-কাঁচলি
কাইলৈ আকৌ দুখৰ
শিল - বৰষুণ ৷
—————————————
গৰ্ভৱতী শাওণ
গীতাঞ্জলী হাজৰিকা
শাওণৰ পথাৰখন গৰ্ভৱতী হৈছে
সেউজীয়া হৰিৎকণাই সোণবৰণীয়া হ’বলৈ
খোজৰ লহৰ তুলিছে
সোণপৰুৱাৰ লানিনিচিঙা কঠিয়াৰ সোণগুটিলৈ ৰূপান্তৰ হৈ
বিৰিয়াত বিৰিঙি উঠিব চৰক -চৰক চৈৰাৱতীৰ কুসুম মাতেৰে
জহা-বৰা , বৰ শলপোনা- মালভোগ , চৈলাহি - কপাহী , মাচুৰী - মাগুৰি মেটমৰা মাণিকীমধুৰি
প্ৰতিযোগিতাৰ প্ৰতিফল
সেউতী - সোণবৰৰ ভঁৰালৰ কোঠৰী
শাওণৰ বৰ পথাৰত পানী ডোঙাত ডৰিকণা , গৰৈ , চেঙেলীৰ চুপতা-চুপতিত
পাটগাভৰুৰ মন উচাতনত
কপাহী সূতাৰ চাদৰৰ আঁচলটো ককালত গুজি
সাউতকৈ ভৰালে
মন হেঁপাহৰ মদিৰা
গৰ্ভৱতী শাওণৰ যৌৱনা ৰূপত ডঙুৱা ডেকাৰ
পমুৱা মন আবতৰীয়া কহুঁৱা জোপাৰ দৰে
পাটগাভৰুৰ মন জেতুকা পাতৰ ৰঙলৈ ৰূপান্তৰ হ’ল
গৰ্ভৱতী শাওণ ! তই সৌভাগ্যৱতী ভবঃ
পঞ্চম মাহতে ভৰুণ হৈ ভৰপকত দোঁৱাই পৰিবি
সেউতী আৰু সোণবৰৰ
কাঁচি আৰু বিৰিয়াৰ সংগমত
গৰ্ভৱতী শাওণ হলাহলে হুৰাই দিলো
ভেটগছ মেটেকা হিদলৰ তললৈ
সেউজীয়াবোৰ সোণবৰণীয়া ৰূপান্তৰত
তই মিচিকিয়াই দিয়
মনৰ অলক্ষিতে অজানিতে
প্ৰসৱৰ বেদনাত আনৰ দৰে চটফটাই নাথাক
ৰ’দ - বৰষুণে মেঘ আৰু গাজনি , বিজুলী -ধুমুহাই চুমি
তোৰ লাৱণি দেহাটো
সৰ্বশক্তিমান ।
—————————————
অস্তিত্ব
ইলুমণি গোহাঁই দত্ত
হঠাৎ এদিন হেৰাই যাম
মাটিৰ লগত মিহলি হৈ
হয়তো এদিন, এসপ্তাহ, এমাহলৈ
পৰিব মনত
তাৰ পিছত নোহোৱা হ'ব অস্তিত্ব ।
এতিয়া সময়, দিন, মাহ গতানুগতিক
সঁচাকৈ জীৱনতো এখন
ৰহস্যময় উপন্যাসৰ দৰে
অন্ধকাৰত আচ্ছন্ন দিন-ৰাতি
ঢুকি পোৱা নোপোৱাৰ দূৰত্বৰে
এৰি দিলোঁ জীৱনৰ নাওখনি
কেতিয়াবা ভাহে ,
কেতিয়াবা ডুবে
কিযে আচৰিত
অন্তিম সময়ত শুকান কাঠেৰে
শৰীৰ সমাধিস্থ কৰিলে অগ্নিৰ শিখাৰে
এয়াই অস্তিত্ব ।
—————————————
ৰিক্ত স্বতন্ত্ৰ
অশোক ভৰালী
পোহৰত দেখো কেঁচা তেজ
আন্ধাৰত ভায়ি আাহে একোটা চিঞৰ
লেলিহান শিখা
চাৰিওফালে মাথো জাল ষড়যন্ত্ৰৰ
কোন কেনি যাব কোনোৱে নেজানে
অন্ধকাৰত বাটবিচাৰি ফুৰে
সম্মুখত যেতিয়া প্ৰতিবিম্ব উঠে
প্ৰত্যেকেই তেতিয়া পোহৰক ভয় কৰে
ক্লান্তি অবাসাদ দুখ-বিষাদ
ভয় আৰু শুন্যতা
জয় -পৰাজয় সংঘাত-সংবেদনা
দুৰ্নীতিৰ স্পৰ্শত সকলো মগ্নতা
অপৰাধ ঘোৰ অপৰাধ
নিজৰ চকুপানী পি-খোৱাৰ
সংকীৰ্ণৰ পোতাশালত
চকুৰ পানীৰে নৈবদ্য আগবঢ়াব লাগিব সেৱাৰ
স্বাধীনতা
এতিয়া এটা শব্দ ,
শুনিবলৈ ভাল লগা
কাৰাৰুদ্ধ কণ্ঠৰ বাকৰুদ্ধ প্ৰতিবাদ
বন্ধ চকুৰ মৌন ভাষা
গল্প, উপন্যাস কিম্বা কবিতা
গণিকালয়ত পুৰুষত্বৰ দাম্ভীকতা
চকুৰ পানীক কৰিব লাগিব
অৰণ্য ৰোদন
প্ৰতিবাদ নচলিব
চকুৰ পানীৰে ধুই থাকিব লাগিব
শাসকৰ ভৰিৰ তলত থকা
ৰিক্ত স্বতন্ত্ৰৰ ।
—————————————
যুদ্ধ
পবিত্ৰ বৰগোহাঁই
যুদ্ধত মানুহ মৰিছে আপুনি দেখিছে টেলিভিছনৰ পৰ্দাতে হওক
বা আন কোনো সামাজিক মাধ্যমতে হওক
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিভীষিকা
য'ত হাজাৰ হাজাৰ নাগৰিকৰ মৃত্য হৈছে
য'ত যুদ্ধৰ নামত লাখ লাখ মানুহৰ সপোন
নিমিষতে বোমা-বাৰুদৰ জুইয়ে পুৰি শেষ কৰিছে
মানুহ নাখাই মৰিছে ,
এটোপ পানীৰ বাবে হাহাকাৰ কৰিছে
সপোনৰ ঘৰখন নিমিষতে ধূলিসাৎ হৈছে
কোনোবাই কল্পনা কৰিব পাৰিছিলনে
জনসাধাৰণৰ ত্ৰাণকৰ্তা বুলি ভবা
এচাম ক্ষমতা লিপ্সা,ক্ষমতা পিপাসু নেতাৰ বাবেই
মানুহৰ এনে দুৰ্দশা হ'ব
দেশ ধ্বংস হ'ব
চীনৰ আগ্ৰাসী নীতিয়ে টাইৱানলৈ মৃত্যুৰ
বিভীষিকা মাতি আনিছে ।
যেন তৃতীয় বিশ্ব যুদ্ধৰহে উকমুকনি !
ইশ্বৰে পাতে মানুহে ভাঙে
বুঢ়া লোকে কয় ।
এনেদৰে এদিন মানৱ সমাজ
শেষ হ'বনেকি ?
সকলো শুই পৰিবনেকি
তেতিয়া হয়তু মানুহৰ হিংসা,দ্বেষ ,ঘৃণা ,ভেদাভেদ
উচ্চ-নীচ ভাববোৰো নাথাকিব।
—————————————
কবিতা
ছিৰখাত হুছেইন
দূৰৈৰ আকাশখন তোমাৰ বাবে নহয়
য'ত ক'লা মেঘে আৱৰি আছে শুভ্ৰতাক,
পাহাৰখনো তোমাৰ বাবে নহয়
য'ত প্ৰতিনিয়ত খনন চলে সৃষ্টিশীলতাত
চৌদিশে মাথোঁ হৃদয় ভঙাৰ প্ৰতিযোগিতা,
কি আছে তোমাৰ বাবে
এই কংক্ৰিটৰ মহানগৰীত?
———————————
নদীৰ গীত
সুশান্ত দাস
কল্প-কল্পান্তৰৰ বিৰল মাধ্যম
যিয়ে মাৰ্কণ্ডেয়ক মায়া দেখুৱালে,
সেইয়া সময়ৰ পৰিৱৰ্তন,
যিয়ে যুগৰ কাকলি তুলিলে ।
সেই নদী...
যিয়ে যুগৰ সলনি কৰিলে,
কক্ষাবদ্ধ তেওঁ, ৰুদ্ৰ পণৰ দৰে...
সৃষ্টি আৰু প্ৰলয়ৰ জীয়া দলিল,
কান্তি আৰু চণ্ডীৰ ৰূপধাৰী সলিল...
যাৰ গীতে ৰচে ললিত স্বৰগম,
যিয়ে বিমুগ্ধ কৰে কাননৰ বিহঙ্গম ।
যাৰ মাজত পূৰ্ণাৱতাৰ সৰোজ
যিয়ে অৰ্তকিতে বজাই সৰোদ,
সেই নদীৰ গীতেই মাধুৰী
সেইয়া সৰ্বোত্তম সৰিতৰ কাকলি ।
প্ৰলয়ে কয় -
“ এই নদীয়ে যদি গীত গাই
কোনেনো ৰাখিব পাৰিব,
এই নদীও অবিনশ্বৰা
মৃত্যুকো বধিব পাৰিব... ”
হৃদয়ৰ নিভাঁজ কোণত বাজে নীৰৰ সংগীত
কল্পান্তৰে ধোৱা এইয়া সলিয়ত নদীৰ গীত ।
———————————
ই-অনুভৱ
ৰমেন দাস
ই-অনুভৱ ই-অনুভূতি
সলাই দিলে জীৱনৰ গতি
জগাই তোলে অন্তৰত
আনৰ প্ৰতি মিলা-প্ৰীতি
ই-অনুভূতিয়ে
বিলাই দিয়ে জ্ঞানৰ জ্যোতি
ই-মেইল ই-মেইল
ৰাজধানী মেইলতকৈ
তীব্ৰবেগী ই-মেইল
তুৰন্তে চলি যায় খবৰ
স্কুল-কলেজ অফিচ-কাছাৰী
সকলোতে ই-মেইলৰ বাহাদুৰি
ই-কমাৰ্চে আৱৰিলে দেশ
ঘৰতে বহি দিয়ো আদেশ
মনৰ জোখ-মাপেৰে সামগ্ৰী
থিতাতে হয় ক্ৰয়-বিক্ৰয়
বাটকুৰি বাব নালাগে বজাৰত
জনপ্ৰিয়তা বাঢ়িছে মানুহৰ মাজত
ই-টিকট ই-টিকট
কিমান যে সহজ কৰিলে কাম
ঘৰতে বহি টিকট পালোঁ
প্ৰেয়সীৰ স'তে বহি চিনেমা চালোঁ
নাই কোনো ব্লেকাৰৰ পাং
ই-টিকট কাটি জাহাজেৰে মাজুলিলৈ যাম
ই-পাচে দিয়ে
যাবলৈ অনুমতি
ভিতৰত গৈ যাতে
নহয় নগুৰ-নাগতি
থাকিব নেলাগে শাৰী পাতি
কৰিব নোৱাৰে দাদাগিৰি
ই-অফিচ ই-অফিচ
ঘৰতে বহি অফিচৰ কাম
ৱৰ্ক ফ্ৰম হোম হিচাপে তামাম
কৰ্মচাৰী বা উপভোক্তাৰ নাম
ই-অফিচৰ যুগত
নাই ধূলিৰে ধূসৰিত ফাইলৰ দম্
পলকতে সকলো সম্ভব
ব্যৱহাৰ কৰি
ইন্টাৰনেট্ কম্পিউটাৰ
প্ৰিন্টাৰ লেপ্টপ্
অযথা সময় নষ্ট নহয়
কৰিব নোৱাৰে গপ্-চপ্
আজি ইন্টাৰনেটৰ যুগ
বিশ্বৰ দেশে দেশে পৰিবৰ্তন
নেওচি সকলো প্ৰত্যাহ্বান
জাগিব লাগিব জগাব লাগিব
স্বাধীনতা দিৱসৰ অমৃত ক্ষণত
দেশৰ অগণন জনগণ ৷
———————————
সপোনৰ ৰং
ৰবিন কুমাৰ চেতিয়া
লাই হালে জালে আবেলি বতাহে বুলি
ফুল,চন্দন,তুলসীৰ হাঁহি চটিয়াই
যিদিনাই মুখৰিত হব তোমাৰ চোতাল
ৰিমঝিম লাজৰ হোঁহকা পিচলা চাৱনিত
সাৰ পাব সিদিনা সাঁচি ৰখা
অলেখ উজাগৰী সপোন
দুচকুত জিলিকিব তোমাৰ সোণালী মন
উৰুলিত বিয়পিব আনন্দৰ সুবাস
উগুল থুগুল হেঁপাহবোৰে আহি
ঘনে ঘনে আঁজুৰিব তোমাৰ দুহাত
হিয়াৰ পথাৰত অনুভৱে গজালি মেলিলেই
বাংময় শব্দবোৰে ডেউকা কোবাই
উৰিব খোজে মতলীয়া হৈ
আকাশৰ নীলাই থপিয়াব খোজে মন
ৰ'দালী হেঁপাহৰ ছাঁ পোহৰত
জাকি মাৰি নাচিব খোজে মোৰ
হিয়াৰ দুবৰিবন
সমুখত আহি গান এটি হৈ
যেতিয়া তুমি বিয়পি থাকা
মতলীয়া ৰাগীত বিচাৰি ফুৰোঁ মই
স্বপ্নীল অনুৰাগৰ সুহুৰি
সেউজীয়া সীমনাৰ প্ৰান্তৰে প্ৰান্তৰে
পলে অনুপলে আশাবোৰে যাব খোজে
ভালপোৱাৰ নিৰিবিলি সপোন চটিয়াই
তোমাৰেই কাষলৈ উৰি উৰি ...
—————————————
স্বাধীন বতাহ
ইৰা দেবী
-স্বাধীন বতাহ জাক সোমাইআহিব পৰাকে
ঘৰৰ দুৱাৰ খিৰিকীবোৰ খুলি থ’বা
মুক্ত বতাহজাকে ঘৰৰ লগতে
তোমাৰ মনকো মুক্ত কৰিব। মুক্ত মনৰ চাবি কাঠিয়েই
মুক্ত বতাহ
মনৰ কলুষিতাবোৰ উৰুৱাই দিব পৰাকে
মুক্ত বতাহত উৰুৱাই দিবা
ভালপোৱাৰ মসৃণ তিৰংগা
উৰি থাকিব দিবা
প্ৰতি হৃদয়ে
প্ৰতিঘৰে শুভ্ৰ সেউজ সন্যাসী তিৰংগা
—————————————
ঈশ্বৰলৈ
দিপ্তী মনি গোস্বামী
মন্দিৰ ,মণিকূটত
জড়ৰ ভিতৰত জীৱন্ত
তুমি জাগ্ৰত বিগ্ৰহ ,
কিছু নাস্তিকবাদীৰ বাদে
তোমালৈ সমস্তৰে
বিপুল আগ্ৰহ ।
তোমাৰ স্থিতি,
অৱস্থিতিৰে
শংখনাদ কৰি
সকলোকে কৰি তোলা আকৃষ্ট ।
সাগৰৰ নীলাবোৰ
নীলা হৈ থাকিব দিয়া,
ভকতৰ অটল ভক্তিত
সপোনৰ আশাবোৰ
ৰোপন কৰা ।
—————————————
তিনিবৰণীয়া জাতীয় পতাকা
ৰুমী দেৱী
কৰ্ম সুখেই সপোন আশা
আমি ভাৰতীয়
আকাশত উৰে ত্ৰিৰংগা পতাকা হৃদয় হৈ
জনতা-জনাৰ্দনৰ আস্ফালন
আমি ভাই-ভনী মিত্ৰ সহোদৰ
পৰাণ ওপচায় দিও আকালৰ মাত
আকালৰ ভাতেই দিয়ে মিঠা মাত
সুৰীয়া সুৰেৰে গীত জুৰে
গছৰ ডালত পৰি
প্ৰকৃতিয়ে হাঁহিছে
হৃদয়েও হাঁহিছে
অষ্ফুত মাতেৰে
পানী দিয়া বৰগছ জোপাই
ছাঁ বিলাওক
অনন্ত অসীমত।
ফুলপাহি কলি হৈয়ে থাকক
ফুলিলেই সৰি পৰিব
গোলাপী হৈ
ওভতগোৰে নাচোনত
খহি পৰিব এটি এটিকৈ তৰা,জোন,সূৰুজ
ত্ৰিৰংগ পতাকাই ভাৰতীয়ৰ সন্মান
আমাৰ সন্মান
মোৰ সন্মান চিৰযুগমীয়া
অসমী আইৰ সন্মান
তিনিবৰণীয়া জাতীয় পতাকা।
—————————————
এটি গানৰ সৃষ্টি হওক
প্ৰাণ প্ৰতিমা বড়া
এটি গানৰ সৃষ্টি হওক
মিলনৰ গান,
পাহাৰ পৰ্বত একাকাৰ কৰি
বৈ আহক মিলনৰ সুৰ,
মলিয়ন ধৰাৰ বুকু
আজি সেউজীয়া হওঁক,
কংক্ৰিটৰ অনুভৱবোৰ
হৈ পৰক আৱেগৰ,
ধনী -দুখীয়া ,ক’লা-বগা
ভেদাভেদৰ অন্ত পৰক,
হত্যা,ধৰ্ষণ,লুণ্ঠনৰ
অৱসান হওক,
সপোন দেখো মাথোঁ
এখনি সুন্দৰ ধৰণীৰ,
আইমাতৃৰ বুকু উজলি উঠক,
পুষ্পিত হওক এপাহি সতেজ
যিপাহিয়ে সুবাস বিলাব
আৱেগৰ,চেনেহৰ,মিলনৰ !
—————————————
ঠুনুকা আবেলি
অবিনাশ দত্ত
সেইদিনা বৰষুণ আহিছিল চিপ চিপ কৈ
তিতিছিলোঁ মই
মনৰ বাহিৰে ভিতৰে,
তোমাকো তিয়াইছিল বৰষুণ জাকে
তিয়াইছিল তোমাৰ ৰঙা হৃদয়ক;
মই কঁপিছিলোঁ ভিতৰি ভিতৰি
তুমি অনুভৱ কৰিছিলা নে নাই নাজানোঁ!
এটি বৰ্ষাসিক্ত আবেলিত
খোজকাঢ়ি গৈ আছিলো তুমি আৰু মই
কিন্তু ক'ৰ পৰা ক'লৈ
না তুমি জানা
না মই বুজোঁ!
মুঠৰ ওপৰত তোমাৰ পৰা তুমি
আৰু মোৰ পৰা মই;
এদিনাখন মই মোৰ পৰা হেৰাই গৈছিলো
এন্ধাৰত বিচাৰিছিলোঁ নিজৰ ছাঁ
কোনো নাই
একো নাই
অস্ত ৰাতিৰ শেষ প্ৰহৰত
হেৰোৱাইছিলোঁ অস্তিত্ব
যেন
যেন নিজকে শেষ কৰিম লাহে লাহে,
কিন্তু ঠুনুকা আবেলিৰ
ৰঙীণ আভাত
তোমাক ৰিনিকি ৰিনিকি দেখা মনত পৰে
মই প্ৰেমত পৰিছোঁ ছাগে তোমাৰ
তোমাৰ ছাঁটোৰ
তোমাৰ উশাহটোৰ
তুমি মোক জীয়াবলে শিকালা
খৰিকাজাইৰ সুৱাসত
বিশ্লেষণ কৰিবলে শিকালা জীৱন
মই বিচাৰি পাইছোঁ নিজক
আঁকিব জানিছোঁ সপোন
যি সপোনৰ পিঠিত উঠি
মোৰ পৰা তোমালৈ মোৰ অবিনাশী যাত্ৰা;
মই উশাহ ল'ব খোজোঁ তোমাৰ উশাহত
তোমাৰ চকুৰে চাব খোজোঁ ৰঙা পৃথিৱী
সেই ৰঙাবোৰ সানি দিম তোমাৰ কপালত
দগমগ কৈ জিলিকব মোৰ নামৰ সেন্দুৰ।
—————————————
এতিয়াও বাকী আছে সন্ধ্যাৰাগৰ বহু কাহিনী
তানিয়া মধুকল্য
বেলিমুৱা আবেলি এটাত
নৈৰ বালিচৰ বুকুত
ৰৈ আছোঁ মই
মহাপশ্চিমৰ অস্তগামী
বেলিটো মাৰ যোৱালৈ।
ক্লান্ত নৈখনে দুবাহু মেলি
মোক পুনৰ আকোৱালি ল'লে
নৈত যেন মই বিলীন হৈ পৰিছোঁ
আবেলিটোৰ শেষত আৰম্ভ
হ'ল এটি নতুন কাহিনীৰ।
সন্ধ্যাৰাগৰ কাহিনী
আকাশত কপাহী মেঘৰ আহ-যাহ
ফেৰফেৰীয়া শীতল বতাহজাকে
কাণে-কাণে কৈ গ'ল
সন্ধ্যাৰাগৰ বহু গোপন কাহিনী।
কাহিনীটোৰ কিছু অংশ
মাৰ যোৱা বেলিৰ
লগত লুকাই গ'ল
পাহৰণিৰ গভীৰ গৰ্ভত!
লুকাই গ'লেও কথাবোৰ
শেষ হৈ নাযায়।
এটা নতুন ৰূপত
সি আকৌ জন্ম হয়।
হয়!
এতিয়াও বাকী আছে সন্ধ্যাৰাগৰ বহু কাহিনী।
প্ৰতিবাৰেই মই সন্ধ্যাৰাগৰ
প্ৰেমত পৰোঁ।
যি মোৰ মন-মগজুত
আঁকি তুলিছিল প্ৰেমৰ মানচিত্ৰ।
কিন্তু সন্ধ্যাৰাগে এতিয়াও
গম নেপায়
বেলিয়ে যে মোৰ মনত আঁকি
গ'ল এখন ৰাঙলী ছবি।
কাহিনীবোৰ এনেকৈয়ে আৰম্ভ হ'ল।
য'ত নায়ক আছিল সন্ধ্যাৰাগ
বেলি লহিয়াৰ লগে-লগে
আৰম্ভ হ'ল কাহিনীটো
কাহিনীৰ অন্ত পৰিল নৈৰ বুকুত।
তাৰ পিছত পুনৰ আহিল সন্ধ্যাৰাগ
এটা নতুন ৰূপত নতুন কাহিনী হৈ।
হয় !
এতিয়াও বাকী আছে সন্ধ্যাৰাগৰ বহু অধ্যায়,
বহু কাহিনী।
—————————————
বিচ্ছেদ
ৰাহুল কোঁৱৰ
কিহৰ চিঠি লেখিলা
তেজৰ চিয়াঁহিয়ে
ছাতৰে গলাই,
বিবাদ নিষ্পত্তি কৰিব খোজা
তুমি যে মোৰ নহয়
প্ৰতিকাৰ কৰিছা নে!একাকাৰ।
এতিয়া...
শূলত দিয়া হিয়াখন চিঁচা দৰে ভাঙিল।
দুয়োজনৰে আধা ফুলা আশা কলিটি জয় হে পৰিল
প্ৰিয়ম!সুখী আছোঁ মই,
তুমি বিচ্ছেদৰ টোপোলাটো দি যোৱা পৰাই।
পুৰন্দৰ কৰিব খোজো বিষাদ আতঁৰাই
সেয়া যে পুনৰ প্ৰাণ নাপাই
ত্যাগী হৃদয়ে সহ্যই নকৰে।
এখন্তেক ৰোৱা যেন কাষত
লাগে...
আছোঁ ছাগে মই জীয়াই
নহ'লেতো নিজকে নিজানৰ মৰিশালি যেনে লাগে।
হয় মই অপৰাধী ঘনিষ্ঠ অধিবক্তা।
চিঠিখন পঢ়ি পঢ়ি আনন্দ লোতক আহি
টোপকৈ পৰি যায় তেজৰ আখৰে লেখা এটি শব্দত
ধুঁই দিয়ে সেই শব্দ"বিচ্ছেদ"
বিচ্ছেদ...
কি আছিল বাৰু বিচ্ছেদৰ কাৰণ!
এইয়া নহয় জানো মই প্ৰথমজন আছিলোঁ তোমাৰ স্বপ্নৰ পাপৰি
তুমি আছিলা দ্বিতীয়,জিৰণি লোৱা পখি;
আৰু তৃতীয়জনকে সমস্ত ভালপোৱা উজাৰি দিছিলা
প্ৰতিশ্ৰুতিবদ্ধ কৰি...
মোক দু:সাহসী কৰি তুলিছিলা
জোৰকৈ চুৰিখন মাৰি মোৰ কলিজাটোত ফালি কেঁচা তেজেৰে
বিচ্ছেদৰ চিঠিখন লিখি দিছিলা।
সাতটাকৈ চিলাই অথালি পথালি কৰি বান্ধ
হয়তো নিজস্ব স্বাৰ্থ আছিল তোমাৰ।
সময় নিৰপেক্ষ আছিল স্বাৰ্থপৰ নহয়
মনতো হতাশাই ঘেৰি ঘেৰি ধৰি কৈছিল
সেইয়া নিৰ্ভৰযোগ্য ভালপোৱা নাছিল
আছিল প্ৰতাৰণা এখন কিতাপ
মৰমবোৰ আছিল একাপ চাহ
শুহা মাৰি দিলেই শেষ হৈছিল।
ভাল পোৱা ঐনিতম আৰু নুশুনো
তেজৰ টোপালে বৈ যোৱাতকৈ বিচ্ছেদৰ ৰঙা নৈ
মোৰ মৰিশালিটো বাৰীৰ ঢাপতে
তাতো শেল পাত আনি খুঁচি খুঁচি তচনচ কৰি দিয়া
প্ৰেমৰ বিচ্ছেদ।
——————————————————————
পষেকীয়া কাব্যকানন
আমাৰ বাবে মোহনীয়
দেৱ দাস
লুটিয়াই লুটিয়াই
কি পঢ়ো
কাক পঢ়াও
এনে লাগে
বেটুপাতটোৰে
কবিতা কবিতা
ন-কবিৰ কাৰণে
মুখ্য হিচাপত চলি থকা
কবিতাৰ আদ্দাত উদয় কুমাৰ শৰ্মা
নপঢ়াকৈ এৰি দিলে
লোকচান হয়
কবিৰ বাবে
শ্ৰবন কীৰ্ত্তনত
অনুবাদ কবিতা
সংখ্যাটোৰ জুটিত
সকলো কবিৰ বাবেই
কবিতা আৰু
ৰহন সনা
সুন্দৰতাৰ
আমাৰ কাব্য কানন।
————————————————————————
0 Comments