পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ৭ম সংখ্যা


————————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়

  চকুৰ পচাৰতে অসম কাব্য কাননে ষষ্ঠ বৰ্ষত ভৰি থ’লে।২০১৭ চনত সামাজিক মাধ্যমত জন্ম লাভ কৰা অসম কাব্য কানন,বিভিন্ন উত্থান-পতনৰ মাজেৰে  আজিও নিজৰ লক্ষ্যত স্থিতপ্ৰজ্ঞ।প্ৰবীণৰ আশীষ শিৰোধাৰ্য কৰি নবীনক কাব্য চৰ্চাৰ এখন মঞ্চ নিৰ্মাণ কৰি দিয়াত কাহানিও আপোচ কৰা নাই।এইকথা অকপটে স্বীকাৰ কৰিবই লাগিব যে সম্প্ৰতি সামাজিক মাধ্যমত কবিতাৰ সেই জোৱাৰ নাই,যি কাব্যকাননৰ  জন্মলগ্নৰ সময়ত আছিল।কাব্যকাননৰ জৰিয়তে কাব্যজগতত প্ৰতিষ্ঠা লাভ কৰি  বহুকেইগৰাকী বৰ্তমান কাব্যকাননৰ লগত নাই। ভবাৰ দৰে বিগত পাঁচবছৰে কাব্যকাননে তেনে কোনো বিশেষ খ্যাতি অৰ্জন কৰিব পৰা নাই যদিও লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰত সকলো বাধা নেউচি আগুৱাই গৈছে;থমকি ৰোৱা নাই। লুংলুঙীয়াকৈ হ’লেও এটি নিজা বাট কাটি আগবাঢ়ি যোৱাৰ প্ৰয়াস প্ৰতি মুহূৰ্ততে অব্যাহত ৰাখিছে।এয়া সম্ভৱ হৈছে কাব্যকাননক হৃদয়ত লালন কৰা এচাম কাব্যসাধকৰ সহায় সহযোগিতা তথা আশীৰ্বাদৰ বাবে।
  ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰতি তিনিমাহৰ মূৰে মূৰে কাব্যকানন আলোচনীখন ছপা আকাৰে (ছশ কপি) প্ৰকাশ পাইছিল। পাঠকৰ সঁহাৰি আছিল সঁচাই
অভূতপূৰ্ব।কিন্তু ক’ভিডৰ বাবে হঠাতে আলোচনীখনৰ ছপা বন্ধ কৰিবলগীয়া হয় । সেই যি বন্ধ হ’ল তাৰপাছত আৰু ছপাৰূপত প্ৰকাশ কৰিব পৰা হোৱা নাই।  পাঠকৰ প্ৰয়োজনীয় সঁহাৰিৰ অভাব ইয়াৰ এক অন্যতম কাৰক ।
  বিভিন্ন চিন্তা-চৰ্চাৰ পাছত ২০২০ চনৰ আগষ্ট মাহত  www.axomkabyakanan.com ৱেবছাইটত ডিজিটেল মাধ্যমৰ জৰিয়তে কাব্যকানন আলোচনীখন পুনৰ  প্ৰকাশ কৰা হয়। সম্প্ৰতি পষেকীয়াকৈ আলোচনীখন ই-মেগাজিন হিচাপে প্ৰকাশ পাই আছে। এই ডিজিটেল সংস্কৰনলৈ পাঠকৰ সঁহাৰি সঁচাকৈয়ে অভূতপূৰ্ব। বৰ্তমান আলোচনীখনৰ মুঠ পাঠকৰ সংখ্যা-১,১৯,৮১৫  ।
  নিৰলস সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে কাব্য সাধনাত ব্ৰতী কাব্যসাধক এগৰাকীক পাণ্ডুলিপি প্ৰতিযোগিতাৰ মাজেৰে বিগত বছৰৰ দৰে এইবাৰো "কাব্যম বঁটা"ৰে সন্মানিত কৰা হ’ব । এইবাৰ বঁটাৰ লগত আগবঢ়োৱা হ’ব নগদ পঁচিশ হাজাৰ টকা।ইতিমধ্যে ভালেসংখ্যক উন্নত মানৰ পাণ্ডুলিপি আমাৰ হাতত পৰিছেহি। অহা ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পঞ্চম বাৰ্ষিক অধিৱেশনত এই বঁটা প্ৰদান কৰা হ’ব।
   কবিতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে কাব্যকাননৰ এই প্ৰয়াস অব্যাহত থাকিব;মাথোঁ লাগিব আপোনালোকৰ আশীৰ্বাদ,সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ।

নৱ ৰাজন
সম্পাদক
কাব্যকানন————————————————————————

কবিতাৰ আড্ডা

[ শব্দ ]

উদয় কুমাৰ শৰ্মা


   শব্দ হ'ল -- অভিধানৰ পাতত শুই থকা অথবা, আমাৰ নিত্য-প্ৰয়োজনত ব্যৱহাৰ কৰা একো-একোটা সংকেত। কবিতাত, সেই শব্দবোৰে সাৰ পাই জাগ্রত হয় ; আৰু, সেই সংকেতবোৰে আন একোটা অৰ্থ প্ৰকাশ কৰিলে অথবা, সেই শব্দবোৰত আন এক অৰ্থ বিৰিঙি উঠিলে -- সি হয় সাংকেতিক। 'নৈ' এটি শব্দ বা আক্ষৰিক-সংকেত। কবিৰ নিপুণ, কৌশলী প্ৰয়োগত -- সি, যেতিয়া ভিন্ন অৰ্থক ইঙ্গিত কৰে, সি হয় সাংকেতিক ; সাংকেতিক-শব্দ । এনে ব্যঞ্জিত অৰ্থইহে, কবিতাক অন্য মাত্ৰা বা ৰস দিয়ে। 

   আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত হৈ থকা মাত-কথা বা ভাষাত, তেনে কোনো ৰস নাথাকে। অথচ, কবিতাৰ কাৰণে, আন কিবা 'কাব্য-ভাষা' আছে বোলাটোও আচহুৱা কথাহে। শব্দ ; শব্দ প্ৰয়োগৰ যাদুকৰী কৌশলেৰেহে, কবিয়ে কবিতাৰ ভাষাক -- ইঙ্গিতপূর্ণ, চেনেহসনা ভাষালৈ ৰূপান্তৰিত কৰিব পাৰে। 

   বুদ্ধি আৰু আন্তৰিকতাৰ স্বতঃস্ফূর্ত মিলনতহে, কবিতাই প্ৰাণ পায়। কবিতাৰ প্ৰাণে (কবিৰ বক্তব্যত, যেতিয়া কবিৰ প্ৰাণৰ স্পন্দন শুনা যায়)ই কবিতাৰ শিল্পৰূপ, শিল্পৰ স্থায়িত্বৰ প্ৰাথমিক কথা। 

   উকা 'কাব্যিক-ভাষা'তকৈ, অৰ্থপূৰ্ণ আৰু আটিল অথচ, নিমজ ভাষাইহে -- কবিতাক, পঢ়ৱৈৰ ওচৰ চপাই নিব পাৰে। 

   নতুন নতুন শব্দৰ সন্ধান আৰু, নতুন চিন্তাৰ উদ্ভাৱন -- চমৎকাৰ সৃষ্টিৰ অন্য এক আকৰ্ষণ।

———————————————————————

                        অনুবাদ কবিতা

'Tis the first snow—

Matsuo Basho - 1644-1694

Translation by William George Aston


’Tis the first snow—

Just enough to bend

The gladiolus leaves!



এয়া গাভৰু তুষাৰ—

মাটছু বাশ্বো - ১৬৪৪-১৬৯৪

ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

(৫-৭-৫) ক্ৰমত সজোৱা


এয়া গাভৰু তুষাৰ—

মাথো মোহাৰি পেলাবলৈ 

গ্লেডিঅ’লাছৰ পাত!

—————————————

মামাং দাইৰ কবিতা "No Dreams"

অসমীয়া ভাবানুবাদ: ড° জ্যোতিশিখা দত্ত


কোনো সপোন নাই


দিনবোৰ বিশেষত্বহীন

গছ পাতবোৰ নীৰৱে বাঢ়ি থাকে 

ৰাতি, এটা তৰা সৰি পৰে 

এটা নাহৰফুটুকী বাঘে তাৰ পদচিহ্ন এৰি যায়


মোৰ চকুত বতাহজাক বলে 

এই ভূখণ্ডক ইমাণ  সৰল আৰু সুন্দৰ কৈ চাবলৈ 

কেতিয়াবা ই মোৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰে 


যদি মই নিচ্ছলভাৱে বহি ৰওঁ 

মই ভাৱো মই এই প্ৰকাণ্ড পৰ্বতখনৰ নিৰ্বাক ব্যগ্ৰতাত সংযুত হ'ব পাৰিম 


য'ত কোনো সূৰ্য্য দৃশ্যমান নহয় 

পাহাৰবোৰ পোহৰেৰে ধোৱা হয় 

নদীখনে গীত জুৰে 

 প্ৰেম উপঙি ফুৰে 

 প্ৰেম উপঙি ফুৰে 


কিন্তু মোৰ কোনো সপোন নাই। 


 : ভাৰতৰ উত্তৰপূৱ প্ৰান্তৰ এগৰাকী প্ৰখ্যাত কবি, ঔপন্যাসিক আৰু সাংবাদিক হৈছে মামাং দাই। তেখেতে ২০১৭ চনত তেওঁৰ The Black Hill উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল l ১৯৫৭ চনৰ ২৩ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা দাই হৈছে অৰুণাচল প্ৰদেশৰ আদি জনজাতিৰ এগৰাকী মহিলা l তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল l ১৯৭৯ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল যদিও সাংবাদিকতাৰ প্ৰতি আছিল তেওঁৰ বিশেষ টান l সেয়ে সাংবাদিক হিচাপেহে তেওঁ নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল l মামাং দায়ে All India Radio, দূৰদৰ্শন, অৰুণাচল প্ৰদেশ, আদিকে ধৰি বহু ঠাইত কাম কৰিছিল l World Wide Fund for nature চমুকৈ WWF ত তেখেতে প্ৰগ্ৰেম অফিচাৰ হিচাপে Eastern Himalayas Biodiversity Hotspots Programme ত কাম কৰিছিল l মামাং দাই অৰুণাচল প্ৰেছ ক্লাৱ, অৰুণাচল প্ৰদেশ লিটেৰেৰী ছচাইটিৰ সম্পাদক থকাৰ লগতে Arunachal Pradesh Union of Working Journalist ৰো সভাপতি আছিল l তেওঁ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ সদস্য হিচাপেও নিজৰ দায়িত্ব পালন কৰিছিল l সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে মামাং দাইক ভাৰত চৰকাৰে ২০১১ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল l তেওঁৰ Arunachal Pradesh -  The Hidden Land গ্ৰন্থখনৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে ২০১৩ চনত Annual Verrier Elwin Prize প্ৰদান কৰে l 

তেখেতেতৰ উল্লেখযোগ্য কিছুমান গ্ৰন্থ হৈছে 

উপন্যাস : The Legend of Pensam(2006)

                 Stupid Cupid (2008) 

                 The Black Hill (2014)

                 Escaping the land (2021)

কবিতা পুথি: River poems(2004)

                    The Balm of Time(2008)

                  Hambreelmai's Loom(2014)

      Midsummer Survival Lyrics(2014)

অন্যান্য : Arunachal Pradesh - The Hidden Land(2003)

Dairy Farming : The Food of Arunachal(2004)

The Sky Queen and Once Upon a Moontime (2003)

—————————————

তোমালোকেই এই ভুল কৰিছা

মূল: বাবুৰাও বগূল (মাৰাঠী)

ভাবানুবাদ : অপূৰ্ব ভূঞা


তোমালোকেই এই ভুল কৰিছা 

যিসকলে বিদেশৰ ভূমিত ভৰি থোৱা

আদৰা অন্য ভাষা আৰু পোচাক 

অচিনাকি সন্মোহনত

পাহৰি যোৱা এই দেশ


মই সেই সকলকহে সন্মান জনাওঁ

যি সকলে পাহৰি যোৱা নাই

শতিকা জুৰি নিষ্পেষণৰ পাছতো 

যি সলনি হোৱা নাই


সেই ভণ্ডসকলক মই সুধিব খোজো

অস্পৃশ্যতা কি বুলি যদি কোনোবাই সোধে

কি উত্তৰ দিবা তোমালোকে

ই চিৰন্তন নেকি ঈশ্বৰৰ দৰে


এজন অস্পৃশ্য কেনেকুৱা দেখিবলে 

কুষ্ঠগ্ৰস্থ মানুহ এজনৰ দৰে নে

শত্ৰু নেকি তেওঁ ধৰ্ম্মযাজকৰ

তেওঁ ধৰ্ম্মপৰায়ণ নে পাপী

চৰিত্ৰহীন নে নাস্তিক


মোক কোৱা, কি হ’ব তোমালোকৰ উত্তৰ

নিঃসংকোচে দিব পাৰিবানে সমিধান

ময়ে নেকি সেই অস্পৃশ্য


সেই কাৰণেই মই কওঁ-

যি সকলে এই দেশত জন্ম লৈ ভূল কৰিলা

তাৰ সংশোধন এতিয়া কৰিবই লাগিব

এই দেশ এৰি যাব লাগিব নতুবা 

ঘোষণা কৰিব লাগিব যুদ্ধ ৷ 

      কবি পৰিচয়: দলিত কবি,লেখক ৰূপে পৰিচিত বাবুৰাও ৰামজী বগূল (১৯৩০- ২০০৮) আছিল মাৰাঠী সাহিত্যৰ এগৰাকী পুৰোধা ব্যক্তি ৷ তেওঁৰ কাব্যভাষা সৰল, সুস্পষ্ট আৰু নিৰ্ভীক ৷ এই কবিতাটি মাৰাঠীৰ পৰা বিলাস চাৰঙ্গে কৰা ইংৰাজী অনুবাদৰ অসমীয়া ৰূপান্তৰ। 

—————————————

ঈশ্বৰ

(মূল নেপালী)কবি : ৰুদ্ৰ বৰাল ।

ভাৱানুবাদ : লীলা উপাধ্যায়


বিশ্বাসৰ মদিৰা পান কৰি নিদ্ৰামগ্ন ভোকৰ বজাৰ

মৃত্যুৰ বাতৰিৰ প্ৰতীক্ষাত সুডানীয় শগুন ।


উশাহ বন্ধ হ'ব লাগিব মোৰ

তোৰ ভোগৰ তৃষ্ণা নাশিবলৈ ।

ক্ষুধাৰ জুই  নুমাবলৈ।


ঘৰৰ সন্মুখৰ বাটেদি প্ৰতিদিনে অহাযোৱা 

এটা  নাঙঠ  নোদোকা  বলধ 

তদ্ৰালসা দৃষ্টিয়ে তাক  ইন্দ্ৰধেনু দেখা পায় !

সম্প্ৰতি ঈশ্বৰে কোনখন ধৰ্ম মঠত গুপ্তবাস কটাইছে?

কোনটো দৰ্শনত তেওঁ বিশ্বাসী ঘোষণা নকৰে কিয় ?

কোনখন দুৱাৰেদি তেওঁ প্ৰৱেশ কৰে নিজ গৃহত ?

এটা নাস্তিকৰ অবৈধ প্ৰশ্ন !


তুমিযে অসহায় মই জানো ঈশ্বৰ 

দূৰলৈকে হাত মেলিব নিদিয়ে তোমাক

ধৰ্মৰ সংবিধানত আৱদ্ধ তুমি

স্বাধীনতা কেতিয়া পাবা, ঈশ্বৰ !


হে ঈশ্বৰ!

তুমি ইমান সৰলো  নহ'বা 

নহলে এদিন কোনোবা কোম্পানীয়ে

তোমাক ব্ৰেণ্ড এম্বেচাদৰ সাজিব 

আৰু

তৎক্ষণাৎ বিক্ৰী কৰিব পাৰে  তাঁহাতৰ অভিপ্ৰায় ।


কবি পৰিচয়:-

 বিগত তিনি দশকৰো অধিককাল ধৰি নিৰবিচ্ছিন্ন ভাবে সাহিত্যচৰ্চা কৰা   ৰুদ্ৰ বৰাল ভাৰতীয় নেপালী সাহিত্যৰ এটি চিনাকি নাম ।  বৰালদেৱৰ পাঁচখনকৈ মৌলিক গ্ৰন্থ  ইতিমধ্যে প্ৰকাশ হোৱাৰ উপৰিও বিভিন্ন ভাষাৰ পাঁচখন  গ্ৰন্থ অসমীয়া আৰু নেপালী ভাষালৈ অনুবাদ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰিছে । তেওঁ এক ডজনৰো অধিক গ্ৰন্থ - আলোচনী সম্পদনাও কৰিছে । নেপালী ভাষাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰালদেৱ পেছাত এগৰাকী  শিক্ষক।

—————————————

তেজ ৰঙা গাখীৰ

মূল—বিকি  মহেশ্ৰী

অসমীয়া  ভাবানুবাদ—কিৰণ দাস 


আকাশখন  কঁপি  উঠিল

বিস্ফোৰণত 

শিশুটিয়ে   মাকক  প্ৰশ্ন  

কৰিলে,

“মা , সেয়া  কিহৰ  উদযাপন?"

 

মাকে  তাক   বুকুত  সুমুৱাই  ল’লে 

আকাশখন , আকৌ  কঁপি  

উঠিল,

কনমাণিটোৱে  সুধিলে,” মা,  দেউতা কেতিয়া  আহিব?”

তাক আৰু  জোৰকৈ  বুকুত  

সুমুৱাই  ল’লে ।


আৰু   এটা   বোমা   ফুটিল,

কণমাণিটোৰ  আকৌ  প্ৰশ্ন  

“মা,  বিকট  শব্দবোৰ  ক’ৰ  পৰা  আহিছে?”

মাকে  আৰু  জোৰকৈ সুমুৱাইল’লে 


আকৌ  বিস্ফোৰনৰ  শব্দ,

আৰু  এটা   বোমা

আৰু  এটা বোমা

আৰু  এটা  বোমা

আৰু  এটা  বোমা।


মেচিনগানৰ  শব্দত

আকাশ  ,বতাহ  কপিল 

ধোঁৱা,  ধোঁৱা ,

চাৰিওঁফালে    ধোঁৱা

আৰ্তনাদ , উশাহৰ  চটফটনি।


কণমানিটোৱে  আৰ্তনাদ   

কৰি   চিঞৰি উঠিল,

“মা,  তোমাক   মই  একেবাৰেই   দেখা  নাই,

“মা,  মই   উশাহ  ল’ব  পৰা   নাই,

“মা, জোৰকৈ   বুকুত   সাৱটি  ধৰাচোন,

“মা , মোক   আঁকোৱালী  লোৱাচোন।”

 

মাকে  তাক  আৰু জোৰকৈ   সাৱটি  থাকিল 

হঠাৎ  গুলী  এটা  তাইৰ  বুকু  ভেদ  কৰি  গ’ল

বুকুৰ   গাখীৰখিনি

ৰঙা   হৈ  পৰিল।


মানুহবোৰৰ   মৃত্যু  হ’ল

মানুহ , কেৱল  মৃত  মানুহ

মৃত্যুৰ   উপত্যাকা  ।

—————————————————————

                        কবিতা 


গছৰ পাতত ৰ’দে লিখা কথাবোৰ ক’বলৈ ৰৈ থাকে কবিজন

চন্দন গোস্বামী


গছৰ পাতত ৰ’দে লিখা কথাবোৰ ক’বলৈ ৰৈ থাকে  কবিজন


ক‘লা পাত্ৰত 

অমৃতময়  ৰস  আধা

গৰলৰ  আধা

আধা

আধা


ডিজিটেল পাত্ৰত 

ফলৰ ৰস নীলকণ্ঠ


সঁচাৰ বাবে আধা

মিছাৰ বাবে আধা


আধলিৰ 

মুদ্ৰাৰো ৰঙ সলনি হয় 

দুখলৈ  নে  সুখলৈ


আধাৰ বাবে সঁচা

আধাৰ বাবে মিছা


সমীকৰণ


সঁচানো কি সত্য

মিছানো কি সত্য


ই এন্ধাৰৰ দৰে নে 

ই পোহৰৰ দৰে নে 


হিচাপ-নিকাচ 

স্বাৰ্থৰ নে নিঃস্বাৰ্থৰ


দৰদাম

হিংসাৰ

জুইৰ

প্ৰেমৰ


সঁচা-সঁচি

মিছা-মিছি বহু কথা মিলিয়েই 

সঁচাৰ


বায়ু পানী নিষেধ

নে পানী বায়ু নিষেধ 


মাটি পানী বায়ু আকাশ কাৰ

নিজে নিজৰ কৰিনো কি দিন কি ৰাতি  


কল্পনাৰ সমকাম

বাহিৰত

ভিতৰত


চিপছ্- ৰ পেকেট খুলিলে বায়ু উৰে

জীউটো


উশাহ - নিশাহ

অনুবীক্ষণ বা

দূৰবীণত চকু থৈ 

পাৰ কৰে কাল

———————————

এটুকুৰা বৰফ হৈ 

কংকনা ঠাকুৰীয়া


পোৰা পোৰা গোন্ধয়ে  খেদি ফুৰিছে


পানী মেটেকাৰ মাজৰপৰা অকণমাণি চৰাই এটাই ভুৰংকৈ 

উৰা মাৰি  ক'লৈ গ'ল


সকলো কথাৰে পোনপটীয়া উত্তৰ নাথাকে 


নোহোৱা সুখখিনিয়ে 

মোৰ ভাগৰ বুলি 

আৰু কৰ্পূৰৰ দৰে উৰি যোৱা পিছত ভগা থোৰাটোৰ নিচিনা  ভাগি দুৱাৰদলিতে পৰি ৰওঁ


বহু সত্যই আমি মানি ল'ব নোৱাৰো


 নোহোৱাখিনিক টানি-টুনি নিজলৈ আনি থাকোতে 

কোন তলকত আমিয়ে আমাৰপৰা নাইকিয়া হৈ থাকো


 স্মৃতি লৈ জীয়াই  

নিজকে দুখৰ ঘৰত 

এনেকৈ বন্ধ কৰি 

শেষত জ্বলি শেষ হোৱা ওঁঠবোৰত গজি উঠিবলৈ কবৰখানা


 যাতনাবোৰ জীয়া শৱৰ দৰে লৈ  ফুৰিব লাগে ইমান গধূৰ  কুঁজা হৈ মূৰটো মাটিতে লাগি ধৰে


এনে সময়তে চকুপানীৰ উম এটুকুৰা বৰফ হৈ গলি থাকে

—————————————

এটা   প্ৰেমৰ কবিতা 

গায়ত্ৰী দেৱী বৰঠাকুৰ

(মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধৰা।----- হীৰুদা।)


আন্তৰ্জাতিক আইনত দেশক

ৰাষ্ট্ৰ বা ৰাজ্য বুলিও 

উল্লেখ কৰা হয় 


কথাটোত আচৰিত হ'লোঁ 


শুনিছোঁ 

ৰাষ্ট্ৰ হ'বলৈ থাকিব লাগিব 


এক -- নিৰ্দিষ্ট জনগোষ্ঠী

দুই-- নিৰ্দিষ্ট ভৌগোলিক সীমা

তিনি -- প্ৰশাসন যন্ত্ৰৰ লগত থাকিব লাগিব সম্পৰ্ক

চাৰি-- অন্যান্য দেশৰ স্বীকৃতিৰ প্ৰমাণ পত্ৰৰ লগতে গঢ়ি তুলিব লাগিব আন্তৰ্জাতিক সম্পৰ্কও


চাৰি নম্বৰ চৰ্তটো হেনো আটাইতকৈ গুৰুত্বপূৰ্ণ 


তোমাক কি নাম দিম 

মই 


এই কথাটোৱে হে

খুলি খাইছে কলিজা


চৰ্ত নং এক অনুসৰি

তুমি + মই = আমি 


চৰ্ত নং দুই অনুসৰি


তোমাৰ হিয়া + মোৰ হৃদয়= কলিজা 


চৰ্ত নং তিনি অনুসৰি 


বিবেক vs  মন = নাজানোঁ কোন জিকে !


চৰ্ত  নং চাৰি অনুসৰি 


আমাৰ প্ৰেমে লাভ কৰিব জানোঁ 

আন্তৰ্জাতিক স্বীকৃতি =হাতৰ  ৰেখা চাই ভাগ্য ধিয়াব আপুনি 


(কিন্তু  , এইয়া ভৱিষ্যৎবাণী নহয়!)


(বি. দ্ৰ.-- কবিতা ভালপায় নে আপুনি ?

প্ৰেমৰ কবিতা?)

—————————————

কবিতা 

দেৱ দাস


১।

সাগৰৰ মানিক বিচাৰোতে 

এসাগৰ ঢৌ সিঁচিলোঁ


লুণীয়া হ’লো


২।

দুচকু নীলা 

আকাশখনো নীলা 


তোমাৰ প্ৰেমৰ গৰালত 

সেউজীয়া সুৱাস সনা   বৰষুণ 


৩।

আকাশত উৰি 

কবিতা এটি

মূৰত আহি জিৰাইছে


বহু যত্নত বহু কষ্টত

সৈমান হৈ থকা কবিতাটো 

বতাহে উৰুৱাই 

গছে পাতে ৰঙচূৱা 


৪।

পদূলিত  ফুলি আছে 

নীল অপেসৰী 


আজি আৰু ক’লৈকো নেযাও


কুঁৱলীয়ে ঢাকি 

ধৰালৈ শীতৰ জিৰণি 


৫।

নৈপৰীয়া শুকুলা পাখিৰে শৰত আহে


নৈ নিৰ্মল 

কহুঁৱা কোমল গীত 


ফুল আৰু তৰাৰে

শৰতৰ কবিতা 


৬।

নিয়ৰসিক্ত ৰ'দালি 

মাণিক মুকুতা 


ফুল ফুলে 

দুৱৰি ধুনীয়া 

—————————————

জীৱন ভূষণ

ড° ৰিমঝিম বৰা 


আপৰাহ্নিক স্বপ্ননগৰীত 

ভাৱনাৰ বিলাসিতা


সময়ে গতি কৰে আগলৈ


অথচ উলুম জুলুম মনৰ

উভতনি সোঁত

এতিয়া মোৰ 

জীৱন ভূষণ


বুকুৰ গভীৰত মন্দ্ৰিত

সন্মোহনী মন্ত্ৰ এফাঁকি-

'গতিয়েই জীৱনৰ প্ৰকৃত ৰং'


কামছায়া এটি হৈ 

নামি আহে

মন্দিৰৰ ঈশ্বৰ


বিচাৰিলেই খোদিত কৰিব পাৰি নে

সৌন্দৰ্যমণ্ডিত প্ৰেমৰ এটি

নিটোল সংজ্ঞা


আন্ধাৰক জোনাকৰ  পোছাক পিন্ধোৱাটো 

কি ইমান সহজ(?)

আচলতে 

অসহজ কথাবোৰেই জীৱনৰ

এৰাব নোৱাৰা অনিৰ্বচনীয় মোহ!


ভাৱাৱিষ্ট হৃদয়ৰ সৌগন্ধী সুবাস!


(ড০ৰিমঝিম বৰা

অধ্যাপক

গড়গাঁও মহাবিদ্যালয়

শিৱসাগৰ

৯১০১৮৮০৯১৬)

—————————————

শিল ভঙা ছোৱালী

অনসূয়া বৰঠাকুৰ


পাহাৰী ছোৱালীৰ

মামৰে ধৰা আঙুলিত

সংগ্ৰামৰ তানপূৰা!


টুক্ টু্ক্ টু্ক্ টু্ক্...

ভাঙে পথৰ শিল,

ৰ'দে চেলেকি যায়,

সুমথিৰা ওঁঠৰ তিল।


কিহৰ তাড়নাত?

ভোকৰ

নে শোকৰ

নে জোকৰ ?

ক'বলৈ নিশিকিলে তাই!


'দেৱাচ্চেন'ৰ এহাল দেৱী-দেৱতাই,

উচুপি থাকিলেও শুনোতা নাই!

ঘাট-মাউৰী, অঘৰী ছোৱালীৰ

জিভাৰ গাঁঠি খোলোঁতা নাই!

শিল ভঙা পাহাৰী ছোৱালীৰ

বুকুৰ শিল ভাঙোতা নাই!!


টোকা: 'দেৱাচ্চেন' -  স্বৰ্গ(ছিকিমিজ /ভুটীয়া)

—————————————

নৈ

সঞ্জীৱ সাগৰ চৌধুৰী


কবিতা এটাৰ আৰম্ভণিতেই


নৈখনৰ ভাঁ‌জটো

এটা পকনীয়াত পৰিছিল


জুখি চাইছিল নিজৰ গভীৰতা

জুখিছিল বেগ


আৰু কিমান ভাঁ‌জ সলালে

বোৱাই ৰাখিব পাৰি নিজক 

কবিতাত


কথাটো  

কেতিয়াবা ইটোপাৰক সুধিছিল 

কেতিয়াবা সিটোপাৰক


আৰু 

নৈ খন 

নৈ হৈয়ে বৈ আছিল

 

কবিতাটো

শেষ হোৱাৰ পিছতো  !

—————————————

মনৰ কথা

প্ৰদীপ চন্দ্ৰ শৰ্মা


বিহু-উৰোৱা গামোচাখন

তাহানিতেই কুমলীয়া মনটিৰ স’তে

জুৰীয়া আঁহতৰ ডালত

বান্ধি আহিলোঁ ।


গামোচাখনত ভাৱস্তিৰে

বান্ধি দিয়া মাননি

কাহানিবাই হেৰাল,

অস্থিৰ মনটিয়েহে

আঁহতৰ ডালত বহি

লাহতীখোপাৰ কপৌফুলৰ

সুবাস বিচাৰে ।


আছেনে সকলো একেই


এই মাটি-বায়ু-পানী

সেই সুন্দৰ নামবোৰ

সেই ঘৰ্মাক্তমাটিৰ সুগন্ধিবোৰ


হয়তো একেই আছে

নোকোৱাকৈ থকা

মনৰ কথাবোৰ ।  

—————————————

স্বগতোক্তি

গীতাৰ্থী ঠাকুৰ


মহঙা দিনবোৰত মোৰ

সোণাৰুৰ  এথোপ হালধীয়া হৈ চুই আছা

শাওণীয়া আকাশ এখনি হৈ

গাজি আছা বুকুত

বিজুলী হৈ চমকি আছা...


চেঁচা পৰা শিলৰ শিতান মোৰ,

ৰাতিৰ সূৰ্য হৈ পোহৰ কৰিছা। 


সপোন হৈ ওপঙি আছা 

মোৰ টোপনিৰ পুঙাত।

চকুৰ পতাত ৰাগি হৈ 

বিয়পি আছা।


বেসুৰা সময়বোৰত নিচুকনি গীত হৈ

জগাই আছা অহৰহ।


উচ্ছল হাঁহিত চিটিকি পৰা চকুলোক

ৰঙীন গধুলিৰ চিম্ফনী কৰি তুলিছা


সৰি পৰা হুমুনিয়াহবোৰক

নিশ্বাসৰ উষ্ণতাৰে সামৰি থৈছা।


ৰ'দত ভিজিবলৈ

বৰষুণত তিতিবলৈ

জোনাকত গলিবলৈ

ধুমুহাক সাৱটি ল'বলৈ 

উদ্বাউল হ'বলৈ...

চুমাবোৰত মলঙিবলৈ তুমিয়েই শিকালা।


এয়াই প্ৰেম 

সত্যসূৰ্য্যৰ বাসনা 

পুৰাতন আশা

সৃষ্টিৰ ধাৱমান এষণা।

—————————————

বৈ যোৱাৰ সুখ

পূৰবী শইকীয়া বৰুৱা

        

 বাৰিষাৰ দৰে জেদ এটাই

 বৰকৈ আজুৰিছিল

 অৱশ্যে  আত্মম্ভৰী নদী হ'ব

নোখোজোঁ 

হাজাৰ ঢৌ বোৰে কুৰুকি কুৰুকি বহে  ।


সাঁথৰ ভঙাৰ খেলত 

তোক এদিন সুধিছিলোঁ,–

কেৱল আখৰতে সীমাবদ্ধ হয় নে শব্দ ?


কথাটো তেনেই সৰল আছিল

তয়েই কৈছিলি–

উদেশ্য বিহীনভাবে  ঘূৰি ফুৰাতকৈ

সপোন এটাক জোৰকৈ 

টানি লবি কোলাত,


 সেয়েহে নেকি 

 বৈ যোৱাৰ সুখ এটাই

এতিয়া  দ -কৈ শিপাইছে

বুকুত। 


ঠিকনাঃ পূৰবী শইকীয়া বৰুৱা

সোনাৰি, চৰাইদেউ জিলা

—————————————

জোনাক

পবিত্র কুমাৰ নাথ


ৰাতিৰ কুঁৱলী ফালি সংগোপনে

নামি আহিছিল তাই


খিৰিকীৰ ভঙা আইনাৰ ফাঁকেৰে

জুমি চাওঁতেই

ন কইনাৰ দৰে লাজতে

দীঘল চুলি কোঁচাৰে ঢাকি ধৰিছিল মুখ,


গছ বিৰিখ, পাহাৰৰ চূড়া আৰু

ওখ ওখ অট্টালিকাবোৰত

মেলি দিছিল তাইৰ জোনাকী চুলি,


টুনীয়াৰ পানীত লাগি থকা চুলিৰ আগেৰে

উজাই আহিছিল ৰূপালী মাছবোৰ


বতাহী সাঁকোৰ সিপাৰে

দেও দি জপিয়াই ফুৰা  জোনাকী পৰুৱাবোৰে

তাইৰ চুলিৰ সৈতে লুকাচুৰি খেলি আছিল ।


কিযে অপৰূপ তাইৰ ৰূপৰ জ্যোতি

যেন উমাল হৃদয়ৰ সপোন জীপাল,

চুই চাওঁ বুলি মেলোতেই দুহাত


আঙুলিত লাগি ৰ'ল মাথো

তপত নিয়ৰৰ টোপাল   !

—————————————

দুটা কবিতা

খূৰ্ছীদ আনছাৰী


১) স্থান


কাৰ ভৱিষ্যৎ গঢ়িবলৈ

আমি বলিৰ পঠা

কাৰ শিৰত মুকুট

অক্ষত ৰাখিবলৈ

শিৰশ্ছেদ

বুজিব লাগিব


২) হাট


হাটত হাত দিব নোৱাৰি

যিহে জুই

ভাবি আছো কি কৰোঁ

শুই শুই ।

———————————

সাতশৰীয়া পদ্য 

ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ


মৰণৰ সিপাৰেও হেনো 

দুখন দেশ,

স্বৰগ আৰু নৰক;

সুন্দৰ নিৰ্লোভ ইচাৰাত

উজ্জ্বলি উঠে স্বৰগৰ বাট;

ঘন-ঘোৰ অন্ধকাৰ নৰক 

য'ত থাকে যন্ত্ৰণাৰ ব্যাঘাত ।

———————————

বিভীষণ

ইৰা দেৱী 


বিভীষণক বিচাৰি যাও আহক, 

কিন্তু ক'লৈ যাব

লংকালৈ

ৰ'ব, ৰ'ব

খৰধৰ নকৰিব

বিভীষণক বিচাৰি লংকা যোৱাৰ কোনো প্ৰয়োজন নাই

বিভীষণক আপুনি আপোনাৰ লগতে পাব, 

কেতিয়াবা মিত্র হৈ

কেতিয়াবা আপুনাৰ

কোনো সম্বন্ধীয় ৰূপে

আপোনাৰ ছাঁৰ দৰে ফুৰে। 


আপুনি কিন্তু সতৰ্ক হৈ থাকিব লাগিব, 

 মন মগজুৰ দ্বাৰ বোৰ খুলি থব লাগিব

 কথাৰ পাক বোৰ বুজিবপৰাকে

নিজক প্ৰস্তুত কৰিব লাগিব। 

নহ'লে আপোনাৰ বিপদ অনিবার্য। 

বিভীষণ বিভীষণেই হয় বন্ধু

তাৰ কোনো জাতি নাই

তাৰ বাবে সম্পর্ক ৰ কোনো মূল্য নাই, 

আপোনাৰ লগত ভালৰি বুলাই

বিভীষণ দানবে আনৰ আগত

আপোনাৰ কটূ সমালোচনা কৰিব

আপোনাৰ কথাবোৰ ৰহন লগাই

ব্যক্ত কৰি

মজা লুটিব। 

ভয় নাখাব, 

বিভিষন বিচাৰি

 লংকা নাযাব

 কাৰণ কবিৰ বিভিষন

 ৰাৱণৰ  ভাতৃ নহয়

 ৰামৰ ভক্তও নহয়

ৰাৱণৰ ভাতৃৰ দৰে  জগত কল্যাণ কৰিব তেও নাজানে

নিজ সৰু সুৰা স্বাৰ্থ সিদ্ধিকেই  এওলোকে  ব্ৰহ্মাণ্ডৰ ঐশ্বর্য বুলিভাবে

এনে লোকে জীৱনৰ মহ্ত্বাকাঙ্খা কি তাক বুজি নাপায়

খাই বহি লোকৰ নিন্দা কৰি

আনৰ সমাৱলোচনাই  গুবৰুৱা বিভীষণ কাম। 

এই বিভীষণ

গৃহ ভেদি 

ঘৰ বিভীষণ।

—————————————

বিষ্ণু ৰাভা

কবিতা তালুকদাৰ


বিষ্ণু ৰাভা --- তুমি দুখ নকৰিবা 

কুৰি শতিকাৰ নগ্ন আধুনিকতা   দেখি

আমিয়েই তোমাক জীয়াই ৰাখিম

নগ্ন আধুনিকতাৰ মাজত থকা

সেই জ্যোতিময়  সেউজীয়া পথাৰত 

গায় যাম ভলণ্টিয়াৰৰ বেশত

তোমাৰ গান --গাঁৱে গাঁৱে,চহৰে-নগৰে

তোমাৰ গানেৰে দ্বীপাৱলী পাতিম

লুইতৰ শুকান পাৰত

তোমাৰ জীৱন জোৰা সাধনাৰ

কঠোৰ তপস্যাত কাগজৰ ফুলতো 

পুষ্প ঢালি দিম -- ভোগবাদী আদৰ্শৰ বিৰুদ্ধে

আৰু জানা--- সেই যে নিবাৰ্চনমুখী  ৰাজনীতি

আৰু উচ্চ বিষয়াৰ ক্ষমতা

তাৰ তলতো সাজিম

গতিশীল ইতিহাসৰ সংস্কৃতিৰ বেদীত

তোমাৰ কবৰৰ নতুন বাহ

বণিকৰ ৰইনাৰে ধন চপোৱা আদৰ্শক

আৰু নৰকৰ সেই জুইকুৰা

দগ্ধ কৰিম তোমাৰ গানেৰে

ৰাজনীতি , অৰ্থনীতি, সাহিত্য কলাৰ

সুৰিয়া সুঁতিৰ সাধনাতো

ঢালি দিম তোমাৰ গান

আশা নিৰাশাৰ পথাৰ খনিও

সেউজীয়া কৰিম তোমাৰ কাব্য বান্ধোনেৰে

তুমি যে এদিন গাইছিলা ---

" বিফলে নাযায় মোৰ গান"

সেই একেটি সুৰতে আকৌ ঢালি দিম

নতুন এক সুৰৰ মূৰ্চনা।


 কবিতা তালুকদাৰ

গুৱাহাটী, পাঞ্জাবাৰী 

কামৰূপ (অসম)

—————————————

বৰষুণ

ড° ৰমেশ কুমাৰ কাকতি


মূষলধাৰ 

এজাক বৰষুণ

তিতিছে মুধচ 

তিতিছে দুয়োচাল ৷


চিপ্ চিপ্ চিপ্ 

অহৰ্নিশে বৰষুণ

তিতিছে চৌপাশ

তিতিছে চোতাল ৷


উৰুলিপুঙা হৈ

আবেগতে তিতিছোঁ

আয়ে বাহিৰলৈ চাই

আছে  ধৰফৰায় ৷


পিতায়ে নাঙললৈ

কঠীয়ানীলৈ যায়

যুঁৱলি মৈৰ সতে

গৰুহালকো তিয়াই৷৷


নাঙলটোৰ দৰেই

একা-বেঁকা জীৱন

ৰাস্তাটোৰ দৰেই 

একাবেকা  পণ৷


আঘোণৰ পথাৰখন

সেউজ কৰিবলৈ

বৰষুণজাকেই পিতাইৰ 

সাঁচতীয়া ধন ৷৷


আকাশৰ তৰাবোৰ

পুঠিখলিহনা সজাই, 

বৰষুণ জাকতে

উতনুৱা হয় নদীখন৷


লাৱনী আইৰ চৰুত

এসাজ ৰান্ধিবলৈ

বৰষুণজাকে ভৰাই 

আইৰ জকাইখন ৷৷


আইৰ সপোন,

ভোক নিবাৰণকাৰী

চৌকাৰ জুইকুৰা

জ্বলাই ৰখাৰ ৷


পিতাই সপোন

আঘোণৰ পথাৰৰ

সোনগুটি ধানেৰে

ভঁৰাল ভৰোৱাৰ ৷৷


বাৰিষাৰ বৰষুণ

ৰুণজুন ৰুণজুন

বাস্তৱ যেন হৈ উঠে

পিতাই সপোন ৷


পথাৰৰ জলাধাৰ

শইচৰ আধাৰ

গোজতে গজালিৰ

সাজোন-কাচোন


হ’ব পাৰে অবাঞ্চিত 

কাৰোবাৰ বাবে 

হব পাৰে তিক্ততাপূৰ্ণ

প্ৰতিকূল পৰিবেশ ৷


বাস্তৱ যেন হৈ উঠে

পিতাই সপোন 

বিচাৰি পাই 

সাহস অশেষ ৷


বাৰিষাৰ বৰষুণ 

ৰুণজুন ৰুণজুন

তিতি শাঁত পৰে 

কৃষকৰ বুকু ৷


ছনপৰা মাটিডৰা

সেউজীকৰণে গঢ়ে

পিতাইৰ বাবে এখন

জীৱনৰ সাঁকো ৷

———————————

আপডেইটেড সম্পৰ্ক

চয়নিকা ভূঞা


সময়ে গঢ় দিয়া সময়ৰ কথা 

কাহিনীৰ আঁৰত কাহিনী 

কেতিয়াবা 

সোঁৱৰণিৰ বুকুত ইতিহাসৰ ইতিকথা

কেতিয়াবা 

আত্মকথা 


সম্পৰ্কতেই সম্বন্ধৰ জন্ম

আত্মাৰ সম্বন্ধ

হৃদয়ৰ সম্বন্ধ  


গঢ়ি পিতি গঢ় লোৱা সম্বন্ধত 

কলিজাৰ ৰং

সম্পৰ্কৰ আঁৰত 

লুকাই থাকে 

তেনে বহু সম্পৰ্কবিহীন সম্বন্ধৰ কাহিনী 


তেজৰ সম্বন্ধত সম্পৰ্ক নগঢ়ে 

আত্মাৰ বান্ধোনত সম্বন্ধ বাঢ়ে 


এফালে এৰাসুঁতিৰ পাৰত 

সম্পৰ্কৰ আড্ডা 

আনফালে    

আপডেট ষ্টেটাচত

ৰিলেশ্বনশ্যিপৰ জোৱাৰ


ক্ৰমাত বাঢ়ে সময়ৰ বয়স 

আৰু সম্পৰ্কৰ তুলাচনীত

পৰিসীমাৰ দৈৰ্ঘ্য


খোজ এতিয়া থৰক-বৰক

উৱলি যোৱা সময়ে কয়

ইতিহাস হোৱা আত্মীয়তাৰ কথা 

ঔ ফুলা বাটলৈ বহু দূৰ

এতিয়া ভৰ বাৰিষা ৷

—————————————

নিৰলা পলকৰ অপেক্ষাৰত

প্ৰাণ প্ৰতিমা বড়া


বিশ্ৰান্ত হৃদয়ৰ আকুল আহ্বান

হিৰন্ময়ী হৰিণীৰ মোহত

সীতাদেৱীও সৰ্বশ্ৰান্ত,

ধৰাৰ বুকুত মায়াৰ ফান্দত বন্দী

আমি একো একোজন পথভ্ৰষ্ট পথিক,

বিৰাগীয়া আশাৰ সন্ধানত,

তমোময় নিশাৰ হেঁপাহত,

নিৰলা পলকৰ অপেক্ষাৰত,

নিৰবধি যাত্ৰা দূৰ দিগন্তলৈ...

———————————

সপোন সন্ধ্যা

মৌচুমী দাস


লিহিৰী বাটেৰে

বাগৰি অহা অশ্ৰুত জিলিকে

মোৰ সপোন সন্ধ্যা

খুপি খুপি যোৱা পথেৰে

গৈ গৈ ভাবো

থাকে জানো জীৱন সিন্ধুত

পোৱা নোপোৱাৰ

হিচাপ নিকাচৰ সংজ্ঞা


তন্দ্ৰা ভঙা শেতেলীত

আলফুলে চুই থাকো

জোনে বাঁহী বজোৱা

এটি হেঁপাহৰ ৰাতি

গণি গণি ভাব সাগৰত জোখো

কিমান সিঁচিলে সুৰুযে

জোনলৈ বুলি

স্নিগ্ধ ৰূপৰ জুমুঠি

বিশাল আকাশত জিলিকক বুলি...


পোৱা নোপোৱাবোৰ

হয়তো মৰীচিকা

নতুবা প্ৰেৰণা

নীল সাগৰৰ বুকুত যদি থাকে

অলেখ ঢৌৰ খেলা

সাগৰ তীৰত বহি কিয় নাপাতিম

শব্দৰ মেলা...


লিহিৰী বাটেৰে বাগৰি আহক

মোৰ অযুত অশ্ৰুৰ খেলা

—————————————————

যি সপোন ৰচিত হয় শাওণৰ পথাৰত

গকুল চৌধুৰী 


মানুহজনক মই চিনি পাওঁ

মানুহজন এজন কৃষক 

মোৰ মৰমৰ কৃষক বন্ধু 

মানুহজনৰ বয়সে তিনিকুৰি অতিক্ৰম কৰিছে 

মানুহজন মোৰ গাঁৱৰ নিচেই কাষৰ গাওঁখনৰ   ৷


শাওণ মাহৰ কোনোবা

এটি ৰৌদ্ৰজ্বল কোমল পুৱাত 

মই গৈছিলোঁ এদিন

মৰমৰ কৃষক বন্ধুৰ ঘৰত 

কৃষিকৰ্মৰ আদিপাঠ শিকিবলৈ  ৷


মই গৈ 

বিচাৰিলোঁ বহুত

বিচাৰি নাপালোঁ

কৃষক বন্ধু ঘৰত নাছিল 

মনতে ভাবিলোঁ

কৃষক বন্ধু কেনি গ’ল  ?


সুধিলোঁ

গম পালোঁ

ফেঁহুজালি দিয়াৰ পাছত

দোকমোকালি হোৱাৰ পৰত 

কাঁচিয়লি ৰ’দৰ পোহৰত 

তেওঁ টোপনিৰ পৰা সাৰ পায় 


নিশাৰ নিহালীখন আতৰাই থৈ

কাহিলি পুৱাই তেওঁ যাত্ৰা কৰে 

তেওঁৰ আশাভূমি

তেওঁৰ কৰ্মভূমি

পথাৰ অভিমুখে   ৷


এখন হাতত নাঙলখন 

আনখন হাতত এচাৰিডাল 

কান্ধত লৈ যায় যুৱলিখন

লগত থাকে সুখ - দুখৰ লগৰী

গৰুহাল  ৷


সৌখন পাহাৰ

সৌখন আকাশ

সৌখন তেওঁৰ আশাভূমি - কৰ্মভূমি পথাৰ  ৷


গাৰ ঘাম মাটিত পেলাই

ৰ’দ , বৰষুণ নেওচি

বোকা , পানী গছকি 

এইখন পথাৰৰ বুকুতে তেওঁ

উদ্‌যাপন কৰে জীৱনৰ অমল

উৎসৱ   ৷


শাওণৰ পথাৰত এখন ছবি আছে

আহিবলগীয়া দিনৰ 

এটি কাহিনী আছে জীৱন সংগ্ৰামৰ 

আলফুলকৈ চহ কৰা এই মাটিতে

কৃষক বন্ধুয়ে কঠীয়া ৰুব 

ৰুই দিয়া কঠীয়া গছ হ’ব

গছত সোণগুটি ফুলিব 

গছত গুটিধান পকিব 

এনেকৈ এদিন ভৰাল ভৰিব 

কৃষক বন্ধুৰ সপোন ফলিয়াব  


এটি

সূৰুযমুখী সপোন

সেউজ সোণোৱালী শইচৰ সপোন

আঘোণৰ সপোন 


যি সপোনৰ ফুলপাহ ফুলে 

প্ৰকৃতিৰ ৰূপত

ৰ’দ , বৰষুণ , বোকা , পানীৰ

মহামিলনত

যি সপোনৰ ফুলপাহ ফুলে 

মোৰ মৰমৰ কৃষক বন্ধুৰ 

কৃষি কৰ্মত 

ত্যাগ , কষ্ট আৰু জীৱন 

সংগ্ৰামৰ বিনিময়ত  


যি সপোন সৃষ্টি হয় মন - মাটিৰ

মাজত

যি সপোন ৰচিত হয় শাওণৰ

পথাৰত  ৷

———————————

শাওণ

মিনু ডেকা


শাওণ বুলিলেই ৰ’দে পোৰা পিতাইৰ 

তাম বৰণীয়া উৱলি যোৱা বনিয়নৰ ঘামৰ সুঘ্ৰাণ,

নাঙলৰ সীৰলুত প্ৰাণ পোৱা গাভৰু পথাৰ ৷

ৰ’দৰ চিঠিত  লিখা থকা পিতাইৰ সপোনৰ আখৰাত আইৰ হাতৰ পৰশত 

সোণত সুৱাগ চৰে ৷

গছী গছী ভুঁই  লানিকৈ

বোকা কোমল মাটিত গুজি 

আকুলতাৰে আঘোণৰ পথাৰৰ 

সোণগুটিৰ সপোন 

দুচকুত আঁকে ৷

শাওণৰ নীলিম আকাশত শুকুলা মেঘৰ সমাবেশ,

হাত মেলিলেই যেন 

চুই চাব পাৰি,

পোনচাতেই কৰপৰা জানো কলীয়া মেঘে মাদল বজাই

আকাশ ধৰে ছানি ,

হুৰহুৰাই  বৰষুণ জাক 

পলকতে আহে নামি ৷

ঘনেঘনে আকাশৰ

কিযে ৰেহৰূপ ,

চিপ চিপ বৰষুণত ৰোৱনীৰ 

হাতৰ পৰশত লয়লাসে হালে জালে খোপনি পোতা ধাননিৰ

লিহিৰি পাত আকাশৰ সীমনা বিয়পি ৷

ৰিব ৰিব মলয়াৰ তালে তালে 

ৰৈ ৰৈ আহে ভাহি 

পকা বেলিটো মূৰত লৈ , ৰোৱনীৰ চুপতিৰ

খিলখিলিয়া হাঁহি ৷

আলিত বহি আই কোমল চাউলৰ জলপান মেলিলেই,

আঘোনা কাই ৰিঙিয়াই সোধে

দাইটি কিমান বাকী ?

পিতাই উকি মাৰি কয় ,

বেলি পৰাৰ আগতেই 

সামৰিম আজি ৷

এয়াই মোৰ পিতা

যুঁজি যুঁজি ভাগৰি নপৰা,

কত দুখ বুকুত সামৰি

বাৰে বাৰে মথাউৰি ভাঙি

তচনচ কৰা সপোনৰ সমাধিত

নকৈ সপোন গোঁজে

প্ৰত্যাহ্বান নেওচি ৷

—————————————

নদী -প্ৰেমৰ অন্য নাম

ৰবিন কুমাৰ চেতিয়া 


স্বোতস্বিনী নদীয়ে কোনোদিনেই নাভাৱে

উভতি অহাৰ কথা 

প্ৰেম বলিয়া পিয়াসী নদীয়ে 

সেইবাবেই কিজানি অবিৰাম ঢালি যায় 

তজবজীয়া গাভৰুৰ কুহুমীয়া বতৰা 


শান্ত শিষ্ট নদীখনো এদিন চঞ্চলা হয় 

দুপাৰ ওপচাই হৃদয়ৰ ভূগোল 

উত্তাল যৌৱনত নদীও কেতিয়াবা 

প্ৰগলভা হয় 


হিংসাকুৰীয়া গ্ৰীষ্মৰ অহংকাৰী চাৱনিত 

নদীয়েও হেৰুৱায় কেতিয়াবা আশা 

জীৱন বাটৰ 

বিগলিত জোনাকক আঁউসীয়ে নেপূৰ পিন্ধাই 

বুকুভঙা এন্ধাৰৰ 


নদীৰো থাকে ভিন্ন আশা ভিন্ন মন 

দুচকুত উৰ্মিমালাৰ চুমা আঁকি 

কুলুকুলু হেন্দোলনিত নদীয়ে ৰচিব খোজে 

অহৰহ বালিমাহি সপোন 


সেইবাবেই কিজানি নদী হয় সকলোৰে 

হেঁপাহৰ জীয়া ধল

কৃষ্ণচূড়াত উচুপে বিৰহীনী ৰাধাৰ 

আবেগ অনুৰাগৰ সোণাৰুবুলীয়া 

প্ৰেমৰ জোনাকী ঢল 


অহৰহ মাথো বৈ যায় উজাগৰী নদী 

উশাহত সুখৰ দুখৰ চকুলো সৰে 

মনত বান্ধি লৈ গুঞ্জৰিত হৃদয় 

লিখি যায় নদীয়ে বেদনাৰ গান 

অৰঙে দৰঙে প্ৰান্তৰে প্ৰান্তৰে 


নদী শুকাই 

নদী মৰে জীৱনৰ দৰে 

নৈ পৰীয়া সপোনবোৰত এটোপ এটোপকৈ 

অহা যোৱাৰ মেহনতী ঘাম সৰে 


সকলো হেৰুৱাইও গাভৰু নদীক 

কোনোৱে কেতিয়াও নেপাহৰে

মৰি মৰি এদিন 

গজালি মেলা নদীখনো আকৌ 

ওপচি পৰে 

একাঁজলি সুখৰ হাঁহিৰে ...

—————————————

বাৰিষাৰ বৰষুণজাক

ৰাহুল কোঁৱৰ 


কিনকিনীয়া পাতলীয়া বৰষুণজাক আবেলি নামিল 

সপোনৰ বৃষ্টি হৈ তুমি অপৰূপা ৰোৱনী আহিছা

হৃদয়ৰ পুখুৰীটোত সেউজে উপচি পৰিল,

খৰাং হোৱা পথাৰত বানে ভৰিছে 

সোণতলিত কঠিয়াই ৰেঙনি মেলে

শাওণ ভৰ যৌৱনত নামিল,

বাৰিষাৰ বৰষুণ পৰিছে।


জাপিটো মূৰত নাঙল কান্ধত

পুৱতি নিশা বলধ লৈ পথাৰত 

হাতত চাহ-জলপান লৈ জপং জপং কৰি 

আহিছা দূপৰত,

সৰু সৰু আলি পথাৰত কোবাল নদী 

তুমিয়ে সেউজীয়া দলিছাৰ গাভৰু ছোৱালী

ময়ো চাও ঘনাই ঘনাই তোমাক 

তুমিয়ে সেউজীয়া পথাৰখনৰ মৰম লগা ৰূপহী।


কঠীয়া বুলাও মুঠি মুঠি কৰি...

তুমি ৰোৱা গুছি গুছি কৰি...

বৰষুণজাক পৰিছে চিপ চিপ কৰি...

মই ছাগে পগলা সেই পাতলীয়া বৰষুণৰত 

তিতি ফুৰা অপৰূপা আৰু সেউজীয়া পথাৰখনৰ 

এবুকু হেঁপাহ,

খেতিয়ক যে মই সেয়ে বছৰৰ সেউজীয়া বাগিছাখন মোৰ প্ৰিয় 

আৰু হালোৱা,বনুৱা,স্নেহৰ ৰোৱনী,খোপনি পতা অন্তৰৰ।


বাৰিষাৰ বৰষুণজাকে দি যায় অফুৰন্ত স্নিগ্ধ জোনাক

ভাল লগা,আৰু ভাল হৃদয়স্পন্দনৰ ঢৌ

বছৰত ৰৈ যোৱা এখনি ছবি সেউজৰ স্মৃতি মৌ ।

—————————————

অপুষ্পিত

ৰাজীৱ দত্ত 


 আজিকালি বৰ অলপতে

বিচলিত নহওঁ৷


বয়সৰ অভিজ্ঞতাই 

শিকাইছে মোক


জানো কেনেকে নৈত

পানী বাঢ়িলে 

শিহুৰ নাচোন বাঢ়ে ৷


কজলা মেঘে নিদ্ৰা হৰে

নৈপৰীয়া বানবিধস্ত জীৱনৰ৷


আজিকালি বৰ অলপতে 

বিচলিত নহওঁ৷


হয়তো নহবও পাৰে অংকুৰিত!

হাতৰ মুঠিত লৈ ফুৰো

এটি বীজ!

জাৰে জহে নজহা নপমা৷

জাবৰৰ দমত হয়তো পৰি ৰৱ

হাতৰ মুঠিৰ সেই বীজ৷


হয়তো এনেকৈয়ে 

পেলাই থৈ যায় বহুতে ৷

অনাংকুৰিত অপুষ্পিত কত বীজ

হাতৰ মুঠিত লৈ থকা ওৰেটো জীৱন ৷


আজিকালি বৰ অলপতে

বিচলিত নহওঁ ৷

—————————————

আগষ্টৰ উপকূলত

ৰমেন দাস


বৰ্ষাৰ আবেলি

উপকূলত

অস্তগামী সূৰুযৰ 

হেঙুলীয়া বৰণ


নয়নাভিৰাম সৌন্দৰ্য

সাগৰ পাৰত

গহীন-গম্ভীৰ খোজত

পুলকিত মন


চকুৰ পলকত 

শান্ত সমাহিত সাগৰ

মন সাগৰত

প্ৰবাহিত শান্তিৰ লহৰ


ৰিমঝিম বৰষুণত

সেমেকিছে উৎফুল্লিত মন

কোবাল বতাহৰ কোবত

আঁতৰিলে ডাৱৰৰ আৱৰণ


মুকলি আকাশৰ তলত 

নামিছে উমাল সন্ধিয়া

তৰাৰ  তিৰ্‌বিৰণিত

জীপাল হিয়া


এক প্ৰচ্ছন্ন হ্ৰদত

ফুলিছে পদুম পাহি মেলি

ৰাজহাঁহ যুৰিয়ে

আপোনমনে কৰিছে কেলি


ছায়াবৃত নৌকাত

নৌকা বিহাৰ

কাণত পৰিছে

সঙ্গীতৰ সুৰ প্ৰিয়াৰ


এয়াই প্ৰশান্তিৰ ৰত্ন

আগষ্টৰ উপকূলত

ভাগৰুৱা জীৱনত

স্মৃতিৰ সৰোবৰত ৷

———————————

কেনেকৈ এৰি যাওঁ এইহেন কপাল পোৰা দিনত 

ৰমণী মোহন কলিতা

          

যাবতো কেতিয়াবাই লাগিছিল

এৰিব পৰা নাই 

আইলৈ মায়া-মোহ

সহিব পৰা নাই 

আইৰ কলিজাত 

জ্বলি থকা দুপৰীয়াৰ ট' ট' এটি সূৰুয


ক'ত দেখিব মদগৰ্বীহঁতে 

দি যে আছে 

প্ৰতিপলে মাতৃ-হৃদয়ত  অকথ্য নিৰ্য্যাতন


যোৱাৰ আগতেই বৰ মন চাবলৈ 

আইৰ ওঁঠত এমোকোৰা যুদ্ধজয়ী হাঁহি 

এনেহেন সুদিন 

আহিব আহিব বুলি ভাবি  

পৰ দি থাকোঁতেই 

জীৱনবৃক্ষৰ সেউজীয়া পাতবোৰো হালধীয়া হ'ল

এটি দুটি সৰি সৰি লঠঙা হ'ল


আইৰ দুঃখবোৰ দিনে দিনে 

বাঢ়িহে গ'ল

কেনেকৈ এৰি যাওঁ

গোটেই জীৱন হাড়ক মাটি

তেজক পানী কৰা আইৰ এইহেন কপাল পোৰা দিনত ! 

-------------------------------------------------

ঠিকনাঃ শ্ৰীভূমিনগৰ, 

ঘৰৰ নংঃ ৮৬, লালগনেশ, গুৱাহাটী-৭৮১০৩৪

ফোন নংঃ ৯৪৩৫১১৬৮৪৩

—————————————

শাওণৰ পথাৰবোৰ ক'ত গ’ল পিতাই

বাস্তৱ শইকীয়া


পিতাই, অ পিতাই

মই তাহানিতে এৰি থৈ যোৱা 

শাওণৰ পথাৰবোৰ কলৈ গল?

 

তোৰ বাৰু মনত আছেনে ?

এই  যে ৰঙানদীৰ কাষৰ বঙিয়াইদি 

ইকৰা ডৰা পাৰ হৈ

বকুল তলৰ মহাজনৰ মেৰণীৰ  কাষত থকা

আমাৰ ৰোপিত মাটি কেইডৰা চহাবলৈ যোৱাৰ কথা ।


পুৱতি নিশাতে উঠি কিনকিনীয়া বৰষুণ জাকত

মূৰত জাপি সাজি

কান্ধত নাঙলৰ ভাৰে

ৰনবন নামৰ গৰু হালৰ টিকাত

হালুৱা এচাৰিৰে মৰমৰ লহৰত 

ঢোলৰ চাপৰ তুলি

আমি দুয়ো জোৰা বিহুগীতৰ কথা।


কাউৰীৰ কথোপকথনত 

পুৱাৰ সেমেকা বতাহ ছাটিত

নামঘৰৰ কেঁকুৰিৰ কঠালজোপাৰ পৰা 

বিকশিত ৰূপত ভাহি অহা পকা কঠালৰ গোন্ধত

আমাৰ ৰনবনে উভটি নাচি

আমাক দিয়া আমনিৰ কথাবোৰ

আজি যে মোক বৰকৈ মনত পৰিছে অ’।


শাওণত গাভৰু হোৱা

সেই বহল পথাৰখনিৰ মাজত

মই....নকৈ দিয়া আঁলিটোত

ভাগৰুৱা দেহা থৈ

আয়ে নিয়া জলপানৰ টোপোলা খুঁচৰি

উগ্ৰমূৰ্তি বেলিটোৰ প্ৰখৰ ৰ'দ চেঙাৰ পৰা

আইৰ আঁচলেৰে এখন্তেক মুখ ঢাকি

কেঁচা মাটিৰ গোন্ধত জীপাল হোৱা সেই সময়বোৰে 

আজি যেন মোক হাতবাউলি মাতি

নাচিব লাগিছে ল'ৰালিৰ ৰূপৰ কান্তি সিঁচি।


পিতাই,

সময়ৰ গতিপথত

জীৱনে সেই সুখবোৰৰ পৰা নিলম্বিত কৰিলেও

আজিও বুকুত কঢ়িয়াই লৈ ফুৰা

অতীতৰ সেই সেউজীয়া সুমধুৰ ক্ষণবোৰে

মন মজিয়াত জুনজুননি তুলি

এমুঠি সুখৰ উপস্থিতিৰে ওভতাই দিয়ে মোক

স্মৃতিভৰা তোৰ সেই অমিয়া পৰশ।


পাহৰিব নোৱাৰা এই হেঁপাহৰ আশাবোৰে

চহৰৰ বন্ধ কোঠালিত আবদ্ধ থাকোতে

এটা সুতীব্ৰ আবেগ হৈ

মগজুত যেতিয়া টোকৰ মাৰে

তেতিয়া জাননে পিতাই

অনুভূতিৰ শীতলতাই মনটোক পখালি

মোৰ শৰীৰত প্ৰৱাহিত হৈ থকা

তোৰ দেওদিয়া খেতিয়কৰ  তেজৰ কোবাল ঢৌবোৰে

মোৰ নীৰৱতা ভাঙি

কল্পনাৰে শুৱনি কৰে

মোৰ আপোন গাঁওখনৰ হেৰাইযোৱা এই শাওণৰ পথাৰ।

———————————

আপাত কালৰ নিনাদ

আবুল হাছেম আল-আমান


আপাতত জীয়াই থকাটোৱেই লক্ষ্য

পোৱা নোপোৱাৰ নকৰো অংক

দুখৰ কথাও কবলৈ নাই

সুখৰ ভাগো দিবলৈ নাই

কাৰণ জীৱনটোৱেই যায় যায় যায়

মৰমৰ পৃথিৱীখনো দেখোন মৃত প্ৰায়


কেৱল জীৱনটোৱেই হোৱা নাই অদ্ভুৎ

এন্ধাৰ পোহৰো হ'ল বিচিত্ৰ

কেতিয়া উঠি কেতিয়া ডুবে 

বেলিটিৰো  নাই সম্ভিত


মনৰ ভাষা প্ৰেমৰ দশাও নাভূত

সৰু বৰ গুৰুজনৰ নাই কোনো ভ্ৰুক্ষেপ

নীতিও নাই ধৰ্ম‌ও নাই নৰ হল যন্ত্ৰ

আকাশ পাতাল আটাই সামৰি লয় নিজত


আনৰ কৰি  হলেও মাটি ভেটি উচ্ছেদ

অধৰ্ম কৰি হলেও খাব লাগে ৰাজপাট

বিধিৰ বিধানকো কৰি অবজ্ঞা

ধৰ্মৰ গ্লানি কৰিও সজাগ বেপৰোৱা

চেতনা বিহীন উদণ্ড মানৱ

জীৱনৰ চিতা জ্বলাই কিসতে জীৱ শ্ৰেষ্ঠ!

—————————————

জীৱন 

দীপাংকৰ ভূঞা


জীৱনটোনো কি !

কান্ধত...

ইকান্ধ সিকান্ধ কৈ

এভাৰ...

ঠিক ওপৰা-উপৰিকৈ ভৰোৱা

এখন মালবাহি মটৰ

এঠাইত উঠাই এঠাইত নমোৱা

গতানুগতিক যাত্ৰা ,

এদিন সকলো মিছা

এদিন যন্ত্ৰপাতি অকামিলা 

এদিন শূন্য বতাহ !

জীৱনটোনো কি !

মগজুত এভাৰ

যেন কম্পিউটাৰ

ইনপুট আউটপুট ,

এখন পাটিগণিত

যোগ বিয়োগ পূৰণ হৰণ

কেতিয়াবা উত্তৰ ওলায়

কেতিয়াবা নোলায় !

—————————————

কবিৰ কলম 

দ্বীপজ্যোতি পৰশ


ইহঁত এনেকুৱাই 

স্বৈৰাচাৰী এওলোকক অস্ত্ৰ

নতুন কিম্বা পূৰণি

চৰিত্ৰ এটাই 


তেজৰ চেকুৰ পাতত..

কলমৰ অগ্নি বিৰিঙিবই

শাসক যেতিয়া হয় শোষক...

বিদ্ৰোহ হ’বই... 

জন্ম ল’বই বিষ্ণুৰাভা কিম্বা ইৰম চৰ্মিলা ৷


এয়াই নহয় জানো গণগন্ত্ৰ! 

একবিংশ শতিকাৰ প্ৰভাতী পুৱা 

এয়াই নহয় জানো সংবিধানৰ ব্যৱস্থা! 

নাগৰিকৰ অধিকাৰ প্ৰশাসনৰ পকেটত...


বিদ্ৰোহ হ’বই কবিৰ কলম।

—————————————

বুকুত এবুকু ব্যথা

ৰম্ভা দেৱী


তুমিতো জানাই বৰ্তমানত মোৰ

একোৱে নাই

হৃদয় জুৰি থকা তুমি নামৰ অনুভূতি

নোৱাৰে বহন কৰিব 

দহনত জ্বলা আৱৰণৰ ।

প্ৰেম নিশ্চয় এনেকুৱাই 

গভীৰতাৰ পৰা গভীৰলৈ প্ৰসাৰিত

অনুকূল বতৰৰ দুখৰ ৰক্তজবা

আবেলিৰ জুৰ মলয়াই চুলিবোৰ

ধীৰে ধীৰে উৰুৱাই ---

সেউজীয়া পাতৰ আঁৰত

সেমেকা  চকুত

তোমাৰ কথাৰে সোঁৱৰাই ।

উজ্বল নক্ষত্ৰ ,যি নিৰ্মাণ কৰাৰ

স্বৰ্ণাভ সৌধটো মাটিৰ গোন্ধৰে

চিৰদিনলৈ ভাস্বত হৈ ৰব

আলোকিত কৰিলে ভঙা কলিজাৰ ।

 ঋতুয়ে আনিব বুকুজুৰি ৰৈ থাকক

জীৱনৰ বাস্তৱতাক সুৰভিয়ে বাট চাই 

পুৱাৰ প্ৰথম ৰেঙণিলৈ ।

—————————————

সুৰক্ষিত হওক ধৰা

ৰুমী দেৱী


একতা অখণ্ডতাৰে

হওক জীপাল ঘূৰি আহক 

অসমৰ পুৰণি বৰঅসম,

দ্বিখণ্ডিত মনোভাৱ পৰিহাৰ কৰি

অসমক কৰা সুৰক্ষিত

ভাৰতৰ এখনি ৰাজ্য 

বিচ্ছিন্নতা ভাৱ নাৰাখি 

মিল আৰু প্ৰীতিৰে

প্ৰয়োজনীয়তা লোৱাচোন আজুৰি

একতাই শান্তি,ভাই-ভনী,গুৰু-শিষ্য

প্ৰেৰণা, উৎসাহ,কৰ্মোদ্যম

উন্নয়ন,প্ৰতিভাত সফলতা

প্ৰাৰ্থনাৰে চোৰাং চিকাৰী

হওক নিশকটীয়া

তন্ত্ৰ, মন্ত্ৰ,যন্ত্ৰেৰে কৰা দুষ্কাৰ্য

খহি মাটিত চিতভঙলা খাওক

   খাদ্য,শস্য,ফল-মূল,বয়-বস্তুৰ

ভেজাল নি:শ্চিন্ন হৈ সুৰক্ষিত হওক বিশ্ব

নিজৰ পাপ দুৰ্নীতিৰ ফল

নিজে নিজেই ভোগক 

আত্মোপলব্ধিৰে পৰিশুদ্ধ

হওক যন্ত্ৰমানৱৰ হৃদয়।

—————————————

প্ৰাণ দিয়াৰ হাবিয়াহ

ভূমিকা দাস


নীল গগনত

কঁহুৱাকোমল বগা ডাৱৰ এচমকাৰ  হাঁহিৰ খলকনি

এৰি যোৱা বাটৰ সোঁৱৰণি থপিয়াই-খেপিয়াই

সুৰবোৰ বাজি‌ উঠিল হঠাতে

ঢপঢপনি উজাই আহিল  নিমিষতে

সেই সুৰৰ লহৰৰ গুণগুণনিত 

অমানিশাৰ সৃষ্টি হৈছিল প্ৰলয়ৰে


কথা নিজৰাৰ সুললিত সুৰ কিমান বেসুৰা হ'লে

জোনে কান্দে


খামতি গাভৰুসদৃশ বুকুৰ নৈখন বাম হ'ল আজি

সততা নথকা কথাৰ তালত  কেতিয়াবা ভটিয়ালি ৰাগৰ নৈ বৈছিল


সময় পালে এসন্ধ্যা

চেনেহৰ এনাজৰীৰে কটকটীয়াকৈ বান্ধিম.

বুকুৰ সেউজীয়াক 

আকৌ প্ৰাণ দিম ।

+++++++++++++++++++++

তৰাফুলৰ বেজাৰত মোৰ ৰিক্ত হিয়া 

দিপ্তী মনি গোস্বামী


নিজান নিস্তব্ধ  কোলাহল শূন‍্য

মোৰ বিনিদ্ৰ নিশাটিত

ভাৱৰ দোমোজাই মোক আমনি কৰে,

গোপনে এটোপাল চকুলোও সৰে!


তৰাবোৰ যে কলীয়া ডাৱৰে ভেটা দি ৰাখে

ধুমকেতুবোৰেহে জোনবাইৰ জোনাকত নাচে,

তাৰেই বিৰহতে মোৰ হৃদয়খন দহে।


প্ৰতিবাদৰ ভাষা বিচাৰিব নজনা নক্ষত্ৰবোৰে

ডাৱৰৰ উৎপাতত কষ্টেৰে  ধৈৰ্য্যৰ  ৰছী টানে,

দিনমণিয়ে সুক্ষণলৈ অপেক্ষাৰ আশ্বাস দিয়ে।


উদিত সূৰ্য্যৰ হেঙুলী আভাই কানে কানে কয়

নীলা আকাশত ডাৱৰৰ ফুলবোৰ নহয় যুগমীয়া

ফৰকালৰ তৰাফুলবোৰহে বিশ্ব মোহনীয়া।


সময়ৰ তিমিৰ ৰাশিত এদিন সূৰ্য্য দেশ সাৰ পাব

বিচ্ছুৰিত ষ্ফুলিঙ্গত সকলো ছাৰ খাৰ হব

তৰাফুলবোৰে নিজৰ আসনত হাঁহি হৈ ফুলিব।


বাট চাই আছো সেই সোণালী শেৱালি সৰা দিনলৈ

স্বকীয় আভাৰে মহিমা মণ্ডিত  জ‍্যোতিষ্কবোৰৰ

সন্তুষৰ উশাবোৰ হেঁপাহেৰে  উপভোগ কৰিবলৈ।

—————————————

উঠা,সুৰৰ যাদুকৰ

অজন্তা তামুলী ফুকন


জুবিন সুৰৰ যাদুকৰ

কোমল হৃদয়ৰ সদাগৰ

দুচকুত কঢ়িয়াই ফুৰে

এজাক উৰণীয়া পক্ষী

শিশুসুলভ মন্তব্যৰে

মনৰ বতৰা কৈ দিয়ে

গাটো জুকাৰি দিয়েই 

নতুন সৃষ্টিৰ তাগিদাত

দিন ৰাতি একাকাৰ কৰে

মনোমোহা কণ্ঠৰে 

সকলোকে অভিভূত কৰে

যুৱপ্ৰজন্মৰ হৃদয়ৰ স্পন্দন

সুৰৰ জগতৰ একছত্ৰী সম্ৰাট

তোমাৰ অসীম অৱদানক

সুৰৰ পুজাৰীয়ে যুগে যুগে

হৃদয়ত কঢ়িয়াই লৈ ফুৰিব

উঠা, তুমিয়েই যুৱপ্ৰজন্মৰ 

প্ৰেৰণাৰ প্ৰতীক


চোৱা, তুমিয়েই বাৰিষাৰ পথাৰ

তুমিয়েই আঘোণৰ ধানৰঙী আশা

অনুপ্ৰাণিত কৰা তুমিয়েই গজালিক

আহা,তুমি সৃষ্টি কৰা নতুন ধাৰা

যʼত মানুহে মানুহৰ বাবে

একোখন হাত আগবঢ়ায়

একোটা জীৱনৰ গান গুণগুণায়।

———————————

যুদ্ধই সমাধান নহয়

সুশান্ত দাস


যুদ্ধ-বিগ্ৰহ নহয় সমাধান

যুযুৎসা এৰা হে মানৱ,

শান্তিৰ বাতাবৰণ অনা ঘূৰাই

তুমিও নহ'বা দানৱ!


জীৱশ্ৰেষ্ঠৰ সন্মান লৈ

সম্ভ্রম লভিলা মনত,

ঈশ্বৰে স্ৰজিলে এই ধৰালৈ

যুগোচিত হোৱা হে মানৱ।


আদিমতাৰ সেই সাজ খুলি লৈ

ৰচিলা অটব্য সৃষ্টি;

প্ৰাচীনতাবোৰ কৰিলৈ ম্লান

সলনি কৰিলা দৃষ্টি।


হে মহান  মানৱ

জীৱ শ্ৰেষ্ঠ তুমি,

দণ্ড-খৰিয়াল সামৰা সৱে

ঐক্যতা কৰা সৃষ্টি।


মন প্ৰাণ খুলি গোৱা সকলোৱে

গীত আনন্দ হৰ্ষৰ;

ধন্য  তুমিহে মানৱ

জীৱশ্ৰেষ্ঠৰ তুল্য।


মহা মহা মানৱে কৰিলে

জ্ঞান সংস্কৃতি প্ৰসাৰ,

এতিয়া আমি কৰিব লাগিব

আকৌ জ্ঞানৰ সঞ্চাৰ।


যুদ্ধ কৰিলে সমাধা নহয়

সকলো অপক্ক কৰ্ম,

শান্তিৰ বৃষ্টি কৰা হে মানৱ

মানৱতাই মূল ধৰ্ম।


যুদ্ধই জানো সমাধান নহয়

যুযুৎসাইহে প্ৰসাৰিব ভেটি,

যৰ্থাথ্যতাৰ দোদুল্যমানতাত 

মানৱী জনম নহ'ব সিদ্ধি।


গৰ্ব-অহংভাৱ এৰা হে মানৱ

সম্যক দৃষ্টিৰে চোৱা;

ঐক্যতাক অভিপ্ৰায় কৰি তুমি

জীৱশ্ৰেষ্ঠ আচৰণ কৰা।


মানৱী জীৱন দুদিনীয়া যেন

কচুপাতৰ পানী,

যিমান দিন জীয়াই থাকা

শান্তিৰে থাকা তুমি।


যুদ্ধই যেন সমাধান নহয়

নহয় বিবাদ মীমাংসা,

আনৰ জীৱন ধ্বংসৰ অস্ত্ৰ

যুদ্ধ মানেই জিঘাংসা।


জীৱশ্ৰেষ্ঠ তুমি হে মানৱ

সংসাৰ যাত্ৰী তুমি,

সৃষ্টি কৰিলে সুন্দৰ ৰূপৰ

ধ্বংস নকৰিব তুমি।


অটব্য অৰণ্য মানৱ সমাজৰ

ঐক্যতাৰ দুলেৰে বন্ধা,

যুদ্ধ বিগ্ৰহে প্ৰসাৰিব অনৈক্য

পাতিব ৰক্তৰ মেলা।


যুদ্ধই কোনো সমাধান নহয়

নকৰা যেন হে মানৱ,

নৃতত্ত্ব জ্ঞান গ্ৰহণ কৰিও

নোহোৱা যেন কোনো দানৱ।


ৰচা ৰচা আনন্দৰ পৃথিৱী

শান্তি কৰা প্ৰতিষ্ঠা,

আমি মানৱ জীৱৰ উত্তম

এৰিব লাগিব যুযুৎসা।

————————————

আহিবছোন এদিন আপোন চহৰখনত লগ হ'ম

তানিয়া মধুকল্য

              

আহিবচোন এদিন

আপোন চহৰখনত লগ হ'ম

পাতিম ইজনে সিজনৰ

মনৰ দুআষাৰ

নিজান নৈৰ ঘাটত 

দুয়ো এখন্তেক বিলীন হ'ম 

প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যক

অলপ উপভোগ কৰি চাম 

আহিবছোন এদিন আপোন 

চহৰখনত কিছুপৰ নিলগে 

লগ হ'ম।


জানেনে?

আপোন চহৰখনৰ

মায়াসনা গাথাবোৰে

মোৰ মনটোক অশান্ত 

কৰি তোলে।

আপোনাৰ লগত কটোৱা 

সেই নিৰিবিলি সময়কণ

প্ৰকৃতিৰ বুকুত বিলীন হোৱা

আমাৰ ভাগৰুৱা আত্মাৰ 

কাহিনীবোৰে মোক আজিও

আমনি কৰে।


কি যে দিন আছিল সেইবোৰ

নৈৰ বুকুত উটি অহা 

ঢৌবোৰ চাই থকা

নাৱৰীয়া ককাইহঁ‌তৰ 

গুণগুণনি শুনা 

মহাপশ্চিমত ডুব যোৱা

ৰান্ধনী বেলিটোৰ আভাবোৰ চোৱা

ভাবিলেই মনটো কিবা এটা

ভাল লাগি আহে

কিন্তু...

পাখিলগা সময়বোৰে 

এতিয়া দুয়োৰে মাজত

আনিলে এক শেষ 

নোহোৱা দূৰত্ব।

ব্যস্ত মহানগৰীৰ যান্ত্ৰিকতাত

সেই নিৰিবিলি সময়বোৰ 

এতিয়া অতীত হ'ল।


অ' পাহৰিছিলোৱেই

সিদিনা মই আকৌ 

সেই আপোন-আপোন লগা

চহৰখনলৈ গৈছিলোঁ‌!

সকলো একেই আছে 

মাথোঁ সলনি হ'ল "সময়"

মহানগৰখন যান্ত্ৰিক হ'ল।

নৈখনো একেই আছে

অকণো সলনি হোৱা নাই।

নাৱৰীয়া ককাইহঁত আজি-কালি চহৰীয়া হৈ পৰিল

এতিয়া তাত নাই কেৱল আপুনি-মই

নাই আমাৰ প্ৰিয় বকুলজোপা!


ব্যস্ততাৰ চক্ৰবেহুৰ পৰা সময় 

পালে আহিবছোন এদিন

নিজান নৈখনৰ ঘাটত বহি

আকৌ দুয়ো এখন্তেক 

বিলীন হ'ম।

সুন্দৰ প্ৰকৃতিক উপভোগ কৰিম 

আহিবছোন পুনৰ বাৰ 

আপোন চহৰখনত 

কিছুপৰ নিলগে লগ হ'ম। 

  

তানিয়া মধুকল্য

বিহপুৰীয়া মহাবিদ্যালয়,

বিহপুৰীয়া,লক্ষীমপুৰ

——————————————————


Post a Comment

0 Comments