পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ৬ষ্ঠ সংখ্যা

———————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
————————————————————————
বেটুপাত-দেৱজিত নাথ 
অলংকৰণ –নৱ ৰাজন 
————————————————————————
বাটচ’ৰা
সম্পাদকীয়...

  জুলাই মাহ।গৰমৰ মাহ।প্ৰসৰ ৰ’দে সকলোকে দহিছে। ক্ৰমশঃ বাঢ়িব ধৰিছে সূৰ্যৰ তাপমান।স্বাভাৱিকভাবে বিদ্যালয়বোৰত ঘোষণা কৰা হৈছে 'গৰম বন্ধ'।
   কিন্তু এই জুলাই মাহটোক, 'দৈনিক অসম'ৰ জনপ্ৰিয় শিতান 'খিৰিকী'ত  ড° অমৰজ্যোতি চৌধুৰী ছাৰে উল্লেখ কৰা অনুসৰি নৱকান্ত বৰুৱাদেৱে কথা প্ৰসংগত 'কবিতাৰ মাহ' হিচাপে অভীহিত কৰিছিল। 
  কবি নৱকান্ত বৰুৱা আৰু  হীৰেন ভট্টাচাৰ্যৰ স’তে ড° অমৰজ্যোতি চৌধুৰী আৰু তেওঁৰ বন্ধু কমল শৰ্মা,জুলাই মাহৰ  কোনোবা এটা ৰাতি কবিতাৰ অনুষ্ঠান এটালৈ গৈ আছিল। হঠাতে নৱকান্ত বৰুৱাদেৱে কৈছিল–'জুলাই মাহটো মোৰ কবিতাৰ মাহ যেন লাগে। মাহটো আৰম্ভ হোৱাৰ আগদিনাই অমূল্য বৰুৱা ঢুকাইছিল। জুলাই মাহতে বিয়োগ হ’ল কবি শ্যেলী।আৰু পাবলো নেৰুডাৰতো এই মাহতেই জন্ম হৈছিল সেয়ে মাজে মাজে ময়ো ভাবোঁ–কোনোবা এটা জুলাই মাহতে সিপুৰি পাবগৈ লাগিব বুজিছা।'      
  তেনেতে স্বভাৱসুলভ ভাৱে হীৰুদাই ভাগিনিয়েক কমল শৰ্মাক কৈছিল –'হেৰা ভাগিন,পাৰিলে জুলাইতেই মোৰো টিকেটটো কৰি থ’বাহে।'

 কাকতলীয়ভাবে দুইগৰাকী বৰণ্য কবি জুলাই মাহতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল।  হীৰুদা চাৰি জুলাইত আৰু  নৱকান্ত বৰুৱাদেৱ  চৈধ্য জুলাইত আমাৰ মাজৰ পৰা আঁতৰি গৈছিল।
   সেয়ে ,জুলাই মাহটোক আমি কবিতাৰ মাহ হিচাপে উদযাপন কৰিব পাৰোহঁক।

নৱ ৰাজন 
সম্পাদক 
কাব্যকানন
———————————————————————
কবিতাৰ আড্ডা 
উদয় কুমাৰ শৰ্মা

'হাল বাওঁতে গান গোৱাজনে / গায়ক বুলি ভাবি নিশ্চয় নাগায়'। লেখক / কবি হ'ম বুলি -- মনলৈ নাহিলে, ময়ো একোকে নিলিখোঁ ; লিখিব নোৱাৰোঁ। 

সকলো লেখাৰেই, আন এক মূল উদ্দেশ্যই হৈছে -- পঢ়ুৱৈক প্ৰভাৱিত কৰা। অন্যায়, অবিচাৰ, নিৰ্যাতন, বৰ্বৰতা দেখি-শুনি কান্দি উঠা মন-প্ৰাণক সৈমান নিয়াবলৈ ; শিল্পৰ তুলিকাৰে, এনে অজস্র নিষ্ঠুৰতাক প্ৰতিবাদ কৰিবলৈ ; পাঠকৰ হৃদয় জাগ্রত কৰিবলৈকে মই লিখোঁ। মই লিখোঁ -- অন্ততঃ আন দহগৰাকীৰ কিবা ভাল হওক বুলি। সেয়াই যে সৃষ্টিৰ আনন্দ : ঘাঁহনিত পৰি ৰোৱা, নিয়ৰৰ টোপাল এটিয়ে, মুকুতা হোৱাৰ আনন্দ! 

মোৰ লেখাবোৰ পঢ়ি, কোনে কিদৰে লয় -- তালৈ, মোৰ কোনো মনোযোগ নাই। কিয়নো, মোৰ কোনো আকাঙ্ক্ষাই নাই ; নাই, খ্যাতি বা সন্মানৰ প্ৰতি অকণ মোহ। 

সকলো 'ল'বি'ৰ বিৰুদ্ধে, কামেৰে বিৰুদ্ধাচৰণ কৰি থাকিম। প্ৰতিভাৱান তৰুণ কবিৰ প্ৰতি থকা মোৰ আগ্ৰহৰ আন নাম 'পক্ষপাতিত্ব' হ'ব পাৰে! 

কবিতা সম্পর্কে মোৰ মত হ'ল -- সমাজৰে এজন হৈ, সোণালী ভৱিষ্যতক সমুখত ৰাখি -- ফলক-কাঁচ (Prism) এডোখৰত নিজে, নিজৰেই বিচিত্র ৰূপ চোৱা ; পখীৰ কণ্ঠৰ গীত শুনি -- পখীটিক চাবলৈ ব্যাকুল হৈ পৰা!
———————————————————————
                 অনুবাদ কবিতা

The cry of the cicada]
Matsuo Basho - 1644-1694
Translation by William George Aston

The cry of the cicada
Gives us no sign
That presently it will die.

কাকতি ফৰিঙৰ ৰাউচি
মাটছু বাশ্বো - ১৬৪৪-১৬৯৪
উইলিয়াম জৰ্জ এষ্টনৰ দ্বাৰা ইংৰাজীলৈ অনুবাদ
ভাবানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
(৫-৭-৫ ক্ৰমত সজোৱা)

কাকতি ফৰিঙৰ ৰাউচি
আমাক কোনো ফুট নিদিয়ে 
বৰ্তমান ইহঁত যে মৰিব।
——————————————
Emily Dickinson's Poem
এমিলি ডিকিনচনৰ কবিতা

ৰচনা কাল: ১৮৬৪
প্ৰথম প্ৰকাশ: ১৮৯০
নম্বৰ: ৯১৯
ভাৱানুবাদ–ড° জ্যোতিশিখা দত্ত

মই যদি এখন হৃদয় 
ভাঙিযোৱাত বাধা দিব পাৰোঁ 
মই কেতিয়াও বৃথাৰ মাজত নাথাকিম 


মই যদি কাৰোবাৰ জীৱন আৰামদায়ক কৰিব পাৰোঁ বা ব্যথাৰ তীব্ৰতাক শীতল কৰিব পাৰোঁ 

বা সেই অজ্ঞান হৈ পৰা টিপচিটোক 
তাৰ বাঁহ পাবলৈ সহায় কৰিব পাৰোঁ 

মই কেতিয়াও বৃথাৰ মাজত নাথাকিম l



টোকা: আমেৰিকান সাহিত্যৰ বিখ্যাত কবিসকলৰ এগৰাকী, এমিলি ডিকিনচনৰ জন্ম হৈছিল ১০ ডিছেম্বৰ, ১৮৩০ চন, এমাৰ্স্টত। জীৱনত পোৱাতকৈ নোপোৱাৰ বেদনাই তেওঁক দহি মাৰিছিল l তেওঁ বহু আত্মীয়, ভাল বন্ধু আনকি প্ৰেমকো হেৰুৱাবলগীয়া হৈছিল l  তেওঁৰ মৃত্যু হয় ১৮৮৬ চনৰ ১৫ মে' ত। এমিলি ডিকিনচনৰ প্ৰতিভা জনাজাত হয় তেওঁৰ মৃত্যুৰ পিছতহে। অবিবাহিত ডিকিনচনে জীৱনৰ বেছিভাগ সময় হতাশা, দুখ, একাকীত্ব আৰু চৰম নিৰ্জনতাত পাৰ কৰিছিল। সেয়েহে তেওঁৰ প্ৰায়বোৰ কবিতাত বিৰহ আৰু বেদনাৰ ছবি প্ৰতিফলিত হয় l জীৱিত কালত তেওঁৰ মাত্ৰ ৭টা কবিতাহে প্ৰকাশ হৈছিল l ১৮৯০ চনত, তেওঁৰ মৃত্যুৰ চাৰি বছৰ পিছত,  ডিকিনচনৰ ভণীয়েক লাভিনিয়াই তেওঁৰ কবিতাবোৰ বিচাৰি পায় আৰু 'আটলাণ্টিক মান্থলি' নামৰ আলোচনী এখনৰ সম্পাদক হিগিনচন আৰু এম. এল টডক গতাই দিয়ে l তেওঁলোকে সেই কবিতাবোৰৰ প্ৰথম খণ্ড প্ৰকাশ কৰে ১৮৯০ চনত। দ্বিতীয় আৰু তৃতীয় খণ্ড প্ৰকাশ হয় ক্ৰমে ১৮৯১ আৰু ১৮৯৬ চনত। ডিকিনচনে ডেৰ হেজাৰতকৈও অধিক কবিতা ৰচনা কৰিছিল l 

এমিলি ডিকিনচনৰ কবিতাসমূহৰ কোনো শিৰোনাম নাথাকে l তেওঁৰ কবিতাবোৰ কবিতাৰ প্ৰথম শাৰীৰে জনা যায় অথবা কিছুমান নম্বৰেৰে জনা যায় যিবোৰ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ কবিতাবোৰ ছপা কৰা সম্পাদকসকলে দিয়া l 
——————————————
এংগ'লাৰ কবি এ'লিণ্ড' বাৰ্বেইট'চৰ ৪টা কবিতা 
ভাৱানুবাদঃ সঞ্জীৱ সাগৰ চৌধুৰী

ছাঁ‌ বিহীন গছ
--------------

ছাঁ‌ বিহীন গছ
যৌনতাহীন নাৰী

ধূলিবিহীন বতাহ
নেজহীন কুকুৰ ।


ঘাঁ‌হনি,নিসংগ ঘাঁ‌হনি
---------------------

ঘাঁ‌হনি,নিসংগ ঘাঁ‌হনি
ঘাঁ‌হনিত নিসংগ বিল

বিলত নিসংগ ফুল
ফুলত নিসংগ মৌ-মাখি

বৰ নিসংগ ।

তেজপিয়া দেখি
----------------------------------

তেজপিয়া দেখি
তেজপিয়া এটাই সলায়
জুইৰ দৰে ৰঙা ৰং

তুমি তাক এই মহাগ্নিত
দলিয়াই দিয়া মোৰ ভাই

বাদামী হৈ যাওক সি
দেই-পুৰি যোৱা।


প্ৰিয়তমা
--------------------

প্ৰিয়তমা!

তোমাৰ দুচকু জামু
যেন খাই পেলাম মই

থাকিব নেলাগে মোৰ
অন্ধতাৰ ভয়

কিন্তু আত্মা
প্ৰিয়তমা!

ভালপোৱা মোৰ
এটা নৰভক্ষী ভয়।
——————————————
স্বাধীনতা
কবি: অনুপম কট্টেল
ভাৱানুবাদ : লীলা উপাধ্যায়।

স্বাধীনতাৰ ডেউকা মেলি আকাশচুম্বী পখীৰ দৰেই
বন্দীত্বৰ  শিকলি চিঙি আকাশ চুবৰ মন l

জানি থোৱা
মোৰ কপালখন কোনো বিধাতাৰ পৈতৃক সম্পত্তি
নহয়  
য'ত প্ৰতিদিনে পোখা মেলিব পৰাধীনতাৰ বীজবোৰে
এলান্ধুকলীয়া সাধুকথা আৰু কিমান  শুনাবা  
লিখিবাচোন  পৰম্পৰাই কাঢ়ি নিয়া  পৰাধীনতাৰ  জীয়া কাহিনীবোৰ ।

ডেউকা কটা জঠৰ স্বাধীনতা
থৰক বৰক যাত্ৰা !


সত্যৰ সাক্ষী সময়  যেতিয়া মৌন হৈ ৰয়
অৰ্ধ সত্যৰ উল্লাসত  পৃথিৱী নগ্ন হয় 
তেতিয়াই মই বিপ্লৱী হওঁ
সকলো পাষণ্ডৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰোঁ।
ইয়াত 
অন্ধই  ৰং বোৰ বৰ্ণনা কৰাৰ দৰে
মনুৰ ঠিকাবোৰে তৰ্জমা কৰা  নপুংসকীয় নিয়মবোৰ
মোৰ বিশ্বাসৰ ক্ষেত্ৰফলত কেৱল
 একো একোটা  ম্যাদ উকলা ঔষধহে ।

(ৰাজনীতি বিজ্ঞান আৰু হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী অনুপমা পেছাত এগৰাকী শিক্ষয়ত্ৰী। তেওঁৰ প্ৰথম কাব্যকৃতি ২০২০ চনত প্ৰকাশিত হোৱাৰ পিছত পাঠকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ উঠে কবিয়ত্ৰীগৰাক। কাব্য সমালোকৰ মতে অনুপমাৰ কবিতা ভাৰতীয় নেপালী সাহিত্যৰ এক তেজস্বী কণ্ঠ।' স্বাধীনতা ' কবিতাটি কবিৰ নাৰীবাদী চিন্তাৰ এক প্ৰতিফলন।)
———————————————————————
                        কবিতা 

ব্যাসৰ প্ৰতিবাদ
দেৱ  দাস

কোনেও নজনাকৈ 
আজিও ব্যাসদেৱ 

কোনোৱে 
নামেই ল’ব নোৱাৰে 
ৰজা আছে 
দণ্ড হ’ব 

কোনে জানে 
কৃষ্ণ ক'ত

থান সত্ৰৰ
মণিকূটতৰ ভিতৰত

ৰজাই হুকুম দিছে
এদিম চেদিম বাই

ব্যাসদেৱৰে আৰম্ভ 
মানুহৰ মুক্তিৰ প্ৰতিবাদ

দুষ্টক দমন
শান্তক পালন 

বুকৰ মাজৰ
ভাগৱত শাস্ত্ৰ 

হে কৃষ্ণ 
আজিও শেষ নহ'ল
ব্যাসৰ প্ৰতিবাদ
——————————————
শিৱসন্ধান
গাৰ্গী ভূঞা

গাখীৰ দৰ প্ৰতি লিটাৰত তিনিটকা বাঢ়োঁতেই
একাজলি ভক্তিয়ে এখন বগা নৈ বোৱাইছিল
বাৰিষাৰ সময় জানি
অন্ধ শৈশবেও শুকান স্তন শুহি পাইছিল 
অনন্য তৃপ্তি

সিহঁতৰ অবাধ্য চকুলোবোৰ ৰুদ্ৰাক্ষৰ ফুলহৈ ফুলি উঠোতেই
এডাল মালায়ে গণ্টি কৰিছিল ১০৮ মন্ত্ৰৰ উচ্চাৰণ

বাটবোৰ শেলুৱৈ ধৰা
হয়তো শাওণৰে বাট !
পিছে মই মন্দিৰলৈ খোজ দিওঁতেই
তিনি-অলিতেই বাটটো দুফাল হয়

প্ৰতিটো বাটৰে গন্তব্য শিৱ!

ঠিকনা: যোৰহাট-১
ভাম্য: ৯৪৩৫০৯৬৫২২
——————————————
বাসৱী সুন্দৰী
অৰ্চনা ঠাকুৰীয়া


সপোনতো লৰাব নোৱৰা ভৰিদুখনে
বাট খেপিয়ায় ।
এমুঠি সেউজ -হালধীয়া কুঁহিপাতে কৌণিক অৱসাদবোৰ লেহন কৰে।
তাইৰ মুখ ৰ'দৰ তাপে দেই নিয়া...তামবৰণীয়া...

অ' মোৰ বাসৱী সুন্দৰী
গান এটি গা -চোন 
আৱাহন কৰ, মৃত্যুৰ গ্লানিয়ে পৰাভূত কৰিব নোৱৰা
জীৱন-গৰিমাক...

এনেতে,
ওম তৎ সৎ ধ্বনিয়ে  আকাশ চুমে,
মাৰ যোৱা বেলিটিয়ে  হেজাৰ ৰং ছটিয়ায়,
নিজানতো শুনে তাই নিজৰ মাত
নিজেই নজনাকৈ...

 লাহেকৈ খোজ দিবি ঐ সখী 
খোজ লাহেকৈ দিবি...

এতিয়া,
নাচোনমতী কপিলীৰ বুকুত 
দক্ষিণা বা' ৰ চুলিৰ লাস 
বুকুত দেওধনীৰ গিৰিপ -গাৰাপ খোজ।

উৰ্বৰা বসুমতীৰ বাবেই তাই হেনো ভালপায় বাৰিষাক
আৰু ঠিক তেনেদৰেই জীৱনকো...
——————————————
সেই পুৰণি কেনভাচখন
সীমা গগৈ

এইখনেই তোমাৰ গাঁওখন নে
যʼত তুমি গুজি আহিছা শৈশৱৰ
এমুঠি কঠিয়া

যʼত মুঠি মাৰিয়েই বন্দী কৰিছিলা 
এমুঠন সুখৰ ছাঁ

কিমান জয়াল এই চেতনাৰ অনুৰণন..

কেনেকৈ পাহৰিবা কোৱা
সপোন বিলাসী সেই সেন্দূৰীয়া নক্সা

ফুঁ মাৰিলেই জানো জ্বলি উঠিব
তিনিকুৰি বছৰ আগৰ আখলৰ জুইকুৰা..

কʼতেই বা সিঁচৰতি হৈ আছে 
এলান্ধুৰে সাৱটা লাইখুঁটাৰ সেই 
সৰু সৰু ফুটাবোৰ..

যʼত সাঁচি ৰাখিছিলা এটি- দুটি সুখৰ আধলি

ভয় আৰু ক্ষোভৰ জ্বালাত নিমগ্ন 
অৰুনাভ আবেলিপৰত ৰৈ 
অতপৰ কি চাই আছানো...

হয়তোবা চোতালখনত বিচাৰিছা 
জোনাক সৰা ঘাঁহনিডৰা..

হাত মেলি চুব খুজিছা
আপডাল নোহোৱা নাঙল-ও-জবকা  !

আজিও বিচাৰি ফুৰা নেকি গো-বাটৰ 
ধেমেলীয়া আবেলিবোৰত লেপন দিয়া 
কেঁচা কেঁচা গন্ধ এটি..

এইখনেই তোমাৰ গাঁওখন নে..
যʼত মানুহে মাটিৰ আদৰ নুবুজা হয়  !
——————————————
ক'লা-জামু
প্ৰদীপ চন্দ্ৰ শৰ্মা
লামডিং

তাহানিৰ জামুজোপা চাগে'
এতিয়া বৰ এজোপা হ'ল
দাইটি অ' আজিকালি বাৰু
ঘঁৰিয়ালে জামু খায়নে ?

জামুবোৰ বোলে আজিকালি
সেৰেকা হ'ল
মনবোৰত উছাহ নথকা বাবে
ক'লা-জিভা দেখা নোপোৱা হ'ল

ঢাপলি মেলা মানুহে
সময়ৰ সতে' ফেৰ মাৰোতে
তেনেই অকলশৰীয়া হ'ল
একাকিত্বৰ যন্ত্ৰণাত
সাধুকথাবোৰ একাষৰীয়াহৈ
নিজানত পৰি ৰ'ল

দাইটি অ' মোৰ অবুজন মনটোক
কেতিয়াবা বাৰীঢাপত
নহ'লে নৈপাৰৰ
বগৰী তলত
তাতো লগ নাপালে
জামু তলত 
বিচাৰি পালে
অকণমান বুজাই দিবাচোন
কলিজাখোৱা ঘঁৰিয়ালৰ কথা !
——————————————
অনুৰণন
গিৰিজা শৰ্মা

সাগৰ সাৱটি
তৃষ্ণাৰ্ত 
কোন তুমি চাতক অঘৰী
আয়োজন সামৰি 
ক'ত তিয়াবাহি  কলিজাৰ কাতৰ কুঠৰী

আজিৰ অতিথি খহি পৰা এটি তৰা
গোটেইখন এন্ধাৰ ঘোপ মৰা

বাকৰুদ্ধ ৰাতিটো উচুপি আছিল

শিতানত একাকিত্বৰ চীল-মোহৰ ৷

গিৰিজা শৰ্মা, বাদিয়াৰপাৰা পথ
কলিতাপাৰা,  গোৱালপাৰা ৷ পো অ + জিলা  গোৱালপাৰা  দূৰভাষ:  7002580976
——————————————
মোৰ জোন 
বিনীতা গোস্বামী

কৈছিলোঁ জোনাক মোৰ প্ৰিয়
তেওঁ জোনৰ গাত কোঁচ ভৰাই কলংক সানি দিলে
তেতিয়াৰে পৰা মই অকল জোনৰ হৈ থাকিলোঁ

প্ৰায়েই‌ জোনৰ ছবিক লৈ টনা-আজোৰা কৰে
ষ্টেটাছ,ষ্টোৰী অথবা ৰীলত
সেই ছবি লোকক দেখুৱায়
মই মোৰ জোনক বুকুত সাঁচি ৰাখোঁ 
ঢৌৱে কোবাই থাকিলেও
বালি খামুচি থকা শামুকৰ দৰে

মোৰ মুখাৰ ভিতৰত জোন
মোৰ পেটৰ ভিতৰত জোন
মোৰ গানৰ সুৰত জোন 

মোৰ আঙুলিত গজি উঠে জোন
মোৰ ডিঙিৰ সাতসৰীত ওলমি থাকে জোন
মোৰ জৰায়ুত উৰি ফুৰে জোন

মোৰ পিয়াহ জোনাক
জোনাকৰ পিঠিত বহি
মোনা সীঁবলৈ‌ বেজী খোজোঁ মই 
জোনৰ দুচকুৰ আলোকত 
মেঘৰ ডেউকাত উঠি উৰি যাওঁ জোনৰ দেশত

বিনীতা গোস্বামী
পাঠশালা
৯৪৩৫৩২০৯৫৬
——————————————
আমি কিয় জীয়াই থাকো
বিভা দেৱী 

আমি কিয় জীয়াই থাকো
গোপন কথাটো মই জানো

ভাৰচুৱেল পৃথিৱীৰ

অলিখিত সংবিধান

অপ্ৰিয় সত্য কথা  নোকোৱাই ভাল

গণেশ চতুদৰ্শীৰ দিনা
ৰিয়েলটি শ্বো চাই
আখৰা আৰম্ভ হয়


হালধীয়া শাৰী
হালধীয়া নাৰী

আমি কিয় জীয়াই থাকোঁ
 মই তাক ভালদৰে জানোঁ

ডিমাচা গাওঁৰ জু-দি-মাৰ পৰা
বড়ো গাওঁৰ লাউপানী লৈকে
শিৱৰাত্ৰি---- নৱৰাত্ৰি

ৰাতিবোৰে
কাঢ়ি আনে
কোনোবা মাতৃৰ অধৰৰ স্মৃতি

মই দিম 
বিনিময়ত
ময়ো বিচাৰিম
 
মন্দিৰৰ বাকৰিত
ৰাজনীতিৰ পথাৰত

একেই অঘোষিত চুক্তি

পিপাসাত বন্দী মন
ইয়াতেই নগ্ন হয় জীৱন


ভাবি চোৱা
       

কাফেত থকা আইচক্ৰীমটো
নীলা আচঁলৰ চাদৰখন
অথবা,
মৃত্যু মুখত লৈ  অহা
জাতিংগাৰ  পাহাৰখন

একেটাই কথা

আমি  কিয় জীয়াই থাকো

সাগৰত থকা নীলাচকুৱা মাছটো
আকাশত উৰি ফুৰা চোঁ লোৱা চিলনীটো 

গোপন কথাটো  জানো মই

নামবিহীন এক আখ্যান

বাথৰূমৰ টেপৰ পানীৰদৰে 
টোপ্ টোপ্ টোপ্ টোপ্

আমি কিয়
জীয়াই থাকোঁ

হয়তো,
ওঠঁ সীঁ থোৱাই ভাল।
———————————————
মাটি মুখৰ শংখধ্বনি
স্বপ্নম জ্যোতি কলিতা

চুমা মৰল

এটা চুমাৰ সমান ৰাতি মোক শুৱাই থোৱা

হেৰাই যোৱা ওঁঠযুৰি ক'ত পাম কোৱা?

শায়িতা শঁয়া

টিপচাকিৰ পোহৰত এটা এটাকৈ গলি থকা তৰা
বাঁহীৰ সুৰ হৈ ঢলি পৰা কোন তুমি নতুন যুগৰ তেজীমলা?

জোনাক দুপৰীয়া

ওপৰে পানীফুটা জলন্ধৰী
টোপনিত লালকাল লালুকী।
——————————————
এসোতা তেজৰ মূল্য কিমান ?
গিৰিণ বৰা 

সপোনৰ বেৰ কাটি মই একেই আছো মিৰ্জা গালিৱ
তোমাৰ কবিতাৰ ছন্দত
ডেউকা কোবাই উৰি গল কাহানিবাই মোৰ উপভোগ্য ৰাতি ,

ভোজন বিলাসত মোৰ লক্ষ্যবিহীন উদাৰতা ,
ওপৰত উলংগ আকাশ
তলত ৰ'দ পোৰাৰ গোন্ধ,
সমাজত ওলমিছে এখন বিজ্ঞাপন
"মাটিৰ মূল্যতকৈ আভিজ্যাত্যৰ শ'বোৰৰ মূল্য বেছি "

বসন্ত ওলমিছে বতাহত
বুকুৰ চুবুৰীত ঢল বাগৰিছে আবেগৰ
কলং কপিলীৰ পাৰত হাজাৰটা দুখৰ সমাধি,

জগত সভালৈ নামাতিবি মোক 
দুৱৰিৰ টোপালত খুচৰি আছো আইৰ হুমুনিয়াহৰ ঝংকাৰ,
সুখৰ মুকুতা হেৰুৱা বহাগত ময়োতো লক্ষ্যবিহীন নাগৰিক প্ৰাপ্তিৰ বুকুত ,

জনসমুদ্ৰত 'দা' ধোৱা পূজাৰীজনক সুধিবা এসোতা তেজতকৈ ভগৱতীৰ মূল্য কিমান বেছি !

গিৰিণ বৰা ,
যোৰহাট ,অসম।
——————————————
অনাকাংখিত
নিপন নাথ

তুমি মুঠেও নহয় তপস্যাৰ ধন

কেলেণ্ডাৰৰ কোনোবা এটা সুৰুঙাৰে
ৰাতিৰ আদিম গহ্বৰত
তই সিঁ‌চিছিলি
জীৱনৰ অমৃত শইচ
----হয়তো তোৰ প্ৰথম বিদ্ৰোহ
কনড'মৰ বিৰুদ্ধে

বাৰীচোঁ‌ৱাৰ অজানিতে
কাঠফুলা এজোপাৰ দৰে বাঢ়িছিল
তোৰ আৱতৰীয়া গা
আৰু যেতিয়া তই
সিঁ‌হতৰ মুখৰ পৰা কাঢ়ি ৰং
সানিছিলি নিজৰ মাজত
সিঁ‌হতে এটা পিশাচৰ কাষ চাপিছিল

তই যে বৰ সোনকালে আহিলি
তোৰ উশাহৰ আদবাটতে
সেয়ে দস্তুৰমত খুলি দিয়া হ'ল
মৃত্যুৰ ৰক্তাক্ত পথ

সিঁ‌হতহালে আজি আকৌ 
একেলগে শুইছে ।
——————————————
দুশাৰীকৈ
ধন দাস

এখন হাত শ্ৰমৰ 
আনখন ঋণৰ

এখন হাত তোমাৰ
আনখন যন্ত্ৰণাৰ

এখন হাত জীৱনৰ
আনখন দোমোজাৰ

এখন হাত ৰাজনৈতিক 
আনখন ভোকে জৰাজৰ

এখন হাত মানুহৰ 
আনখন খবৰৰ

এখন হাত পোহৰৰ
আনখন ৰাতিৰ

এখন হাত বিজ্ঞানৰ
আনখন ধৰ্মৰ

এখন হাত সম্ভাৱনাৰ
আনখন বোকাৰ

এখন হাত আইৰ স্তনত 
আনখন ধৰ্ষণত 

এখন হাত দেশৰ
আনখন তেজপিয়াৰ

এখন হাত বিশ্বাসৰ 
আনখন জেহাদৰ

এখন হাতত জীয়াই থকাৰ হেঁপাহ 
ইখন হাতৰো একেই হেঁপাহ 

শেষ কাৰো কাম্য নহয় 
যুদ্ধ ভোক আৰু জীয়াই থকাৰ  ।
——————————————
অপৰাধবোধ
পংকজ কুমাৰ শৰ্মা

এখনো ছবি আঁকি শেষ কৰিব নোৱাৰিলোঁ
নিজৰ ওপৰতে পুতৌ জন্মে,
ইচ্ছামতে আত্মঘাতী হ'বও নোৱাৰোঁ
সমুখত আই থিয় হৈ থাকে ।
——————————————
বাৰিষাৰ নদীখন মোৰ
প্ৰণৱ প্ৰিয়াংকুশ দত্ত

সৌ ঢৌছিৰা আকাশখন তোমাৰ ;
বুকুত ঘাঁ লৈ বাঢ়ি অহা
বাৰিষাৰ নদীখন মোৰ  !
হিমচেঁচা শেতেলীখন কাৰ ?
যʼত শুই নিপালি দিয়ে
তোমাৰ উশাহে  ;
আমাৰ নিশাহে---
আমাৰ একেখনেই ঘৰ ?
আৰু একেটাই ঘড়ী নে কি?
সৌ ঢৌছিৰা আকাশখন তোমাৰ ;
আৰু তোমাৰ হেঙুলীয়া কিৰণবোৰ !
বুকুত ঘাঁ লৈ বাঢ়ি অহা
বাৰিষাৰ নদীখন মোৰ
আমাৰ একেটাই ঘৰ !
একেটাই ঘড়ী !
বুকুত ঘাঁ লৈ বাঢ়ি অহা 
বাৰিষাৰ নদীখন মোৰ  !
—————————————————————
                  পঢ়ুৱৈৰ অভিমত

ৰেখা বৰকটকী 
যোৰহাট
"কাব্যকানন" একনিষ্ঠ কবিতাৰ আলয়... প্ৰথমে এটা বিহঙ্গম দৃষ্টি দিলোঁ , তাৰ পাছত লাহে লাহে কবিতাৰ ৰিমঝিম ছন্দেৰে বাউলী হ'ম! পোনপ্ৰথমেই  শ্ৰদ্ধাৰ উদয় কুমাৰ শৰ্মা ছাৰৰ সাৰগৰ্ভ কথাকেইটা মোৰো মনৰ কথা বুলি ক'লো। তেখেতে আমাক প্ৰকৃত বাট দেখুৱাই আগলৈ  নিছে ,আমাৰ সৰু- ডাঙৰ ভুলবোৰ আঙুলিয়াই  পথ প্ৰশস্ত কৰিছে।  বঁটা-বাহনে সাহিত্য -সাধনাক বিকৃত কৰাৰ লগতে নিশ্চয় কলূষিতও কৰিছে। আমি মনৰ তাড়নাত কবিতা লিখিছো নে বঁটা পোৱাৰ দূৰ্বাৰ বাসনাত কবি হ'ব খুজিছোঁ?   "উপচি পৰা আৱেগৰ পাৰ ভঙা জোৱাৰে" বঁটা  বিচাৰি হাঁহাকাৰ কৰে নেকি?  অনেক প্ৰশ্নই মূৰ তুলি উঠে। (এইয়া মোৰ মনলৈ অহা কথাহে দেই)
——————————————
নিৰুপমা মজুমদাৰ

 কাব্যকাননৰ প্ৰতিটো কবিতাই পঢ়ি খুবেই ভাল লাগিল ৷ আৰু আলোচনী খনৰ ৰূপসৌন্দৰ্য্যই পাঠকৰ মন আলোকিত কৰিবলৈ মোৰ দৃষ্টিত সক্ষমতা অৰ্জন কৰিছে বুলি ভাৱিছোঁ ৷ লগতে নৱ ৰাজনে সম্পাদক হিচাপে ইমান গধুৰ দায়িত্ব অতি সুন্দৰকৈ পদাৰ্পণ কৰি পাঠক সকলৰ লগতে লিখক সকলক আগুৱাই যাবলৈ যথেষ্ট খিনি উৎসাহ প্ৰেৰণা দিছঃ ৷ বহুতো ধন্যবাদ জনাই সম্পাদনা সমিতিৰ সৈতে আলোচনী খনৰ প্ৰত্যেকটো সদস্যকে আন্তৰিক শলাগ লৈছো ৷
—————————————
জোনমনি মহন্ত 

পষেকীয়া কাব্যকাননৰ প্ৰতিটো লিখনি পাঠক সমাজৰ বাবে অতিকৈ সুবিধাজনক কৰি তুলিছে।প্ৰায়বোৰ লিখনিৰ পঢ়ি ভাল লাগে আৰু মোৰ দৰে বহুতেই উপকৃত হয় নিশ্চয়।আজি প্ৰকাশ পোৱা লিখনি সমূহ সম্পূৰ্ণ পঢ়ি শেষ হোৱা নাই তথাপিও শ্ৰদ্ধাৰ উদয় কুমাৰ শৰ্মা দেৱৰ কবিতা আড্ডাৰ সঁচা অনুভৱ পঢ়ি বহুতো ভাল লাগিল।
—————————————
দীপ্তিমনি গোস্বামী 

  জনপ্ৰিয় পষেকীয়া কাব‍্যকাননৰ প্ৰতিটো সংখ‍্যাৰ দৰেই পঞ্চম বৰ্ষৰ পঞ্চম সংখ‍্যাটিও পঢ়ি আপ্লুত হলোঁ। শ্ৰদ্ধাৰ উদয় কুমাৰ শৰ্মাদেৱৰ হৃদয়গ্ৰাহী অনুভৱে সকলোৰে হৃদয়ত ৰেখাপাত কৰক! 
বৰ্তমানৰ প্ৰেক্ষাপটত যদিও পাঠকৰ কিছু অভাৱ অনুভৱ হয়, তথাপিও কবিসকলৰ নীৰলস সাধনা 
এদিন সত‍্য, শুদ্ধ, নিৰূপনত স্বীকৃতিপ্ৰাপ্ত হ'ব বুলি আমি আশাবাদী!
     জয়তু কাব‍্যকানন।
 ———————————————————————
                        কবিতা 

কিহৰ সন্ধানত আমি
অসীম দত্ত

বুকুৰ অভ্যন্তৰত ৰণাংগন
ধৰ্মতকৈ অধৰ্মৰ যুক্তি এতিয়া সবল
দুৰ্নীতিৰ নীতিত অজস্ৰ হাতচাপৰি
শ'লঠেকত মানৱতা
এতিয়া মুক্তিৰ নাম আত্মহত্যা।
যাৰে বল
তাৰে চল
ভাৰস্ত তললৈ যাওক
মই বাচিব লাগে
চকুমুদা কুলিৰ ভাও ল'ব লাগে
বুদ্ধি আপোনাৰ উপাৰ্জনৰ থল
আপুনি শিয়াল পণ্ডিত
মই স্বাৰ্থপৰ নীৰৱ দৰ্শক।
মানুহ হেৰাই গ'লে বেয়া লাগে
কতজন হেৰাই যোৱাৰ উৎস আমি
চকুপানী টুকু
ঘৰিয়ালৰ বা মানুহৰ,
জীয়াই থকাত সুধিছো কাক কিমান
ভালে আছেনে 
ভালে আছনে
আপুনি বা তই?
এইযে ধৰ্ম অধৰ্ম কৰি ফুৰা আমিবোৰ
এইযে ঠগ প্ৰবঞ্ছনা কৰি ফুৰা আমিবোৰ
এইযে বাতানুকূল সপোন দেখা আমিবোৰ
দেহ বিচাৰি ফুৰা
দৌৰি দৌৰি ভাগৰি পৰা আমিবোৰ
কেতিয়াবা ভাবি চাইছোঁনে
উশাহৰ ঠিকনা আৰু কিমান দূৰ?

অসীম দত্ত
জয়া নগৰ 
পশ্চিম বঙালপুখুৰী
যোৰহাট-১
৮৪৭২৮০৪১৩৩
——————————————
সম্পৰ্ক আৰু এলাগী বতাহ
অবিনাশ দত্ত

ৰাতিপুৱাৰ পৰাই চিপ চিপ কৈ বৰষুণ  
মই আজি তিতা নাই বৰষুণত
তেওঁৰ কথা পিচে নাজানো
তিতিছে,নে নাই তিতা!

আজি বাৰান্দাতে বহি আঁওৰাইছোঁ কবিতা
নৈৰ কবিতা
পাহাৰৰ কবিতা
স্বদেশ আৰু স্বজাতিৰ কবিতা,
তেঁওৰ কথা পিচে নাজানোঁ
চাহত চুমক দিছে, নে নাই!

বহুদিন দুয়ো একেলগে বৰষুণত তিতিছিলোঁ
তেঁও লিখিছিল ধাৰাবাহিক উপন্যাস 
আৰু মই 
মই আধৰুৱা কবিতা,
বিষয় বস্তু সেই একেই
নুমাই যোৱা চাকি গছি;

চাকি কেৱল বতাহতেই নুনুমাই
শলিতাৰ শেষতো চাকি নুমাই

সেই চাকি গছি আছিল সম্পৰ্ক
আৰু মই বতাহ,
তেঁও নুবুজা সম্পৰ্ক আৰু এলাগী বতাহ।
——————————————
অন্ত:প্ৰৱাহ
নিৰুপমা বৰা

অন্ত:প্ৰৱাহত ভাহি থকা আমাৰ জীৱন
সংসাৰৰ প্ৰাত্যহিকতাৰ মাজত আমি          
বিচাৰি ফুৰিছোঁ এটি মায়াবী জীৱন।

জীৱন নদীৰ টুলুঙা নাৱত উঠি
বৈঠা মাৰি-মাৰি সোনাময় দেহাটি
শান্তিৰ সন্ধান বিছাৰি
পৰিছোঁ ভাগৰি।                     
                                                                        
অন্ত:প্ৰৱাহত উটি-বুৰি ফুৰিছোঁ আমি              
উজ্জ্বল ভৱিষ্যতৰ ভাগ-বাটোৱাৰ স্বাৰ্থ লৈ        
ক'লা-বগা কলিজাৰ অৱস
বিষণ্ণতাবোৰ লৈ।                                  

ভিন্ন দেহত, অহৰহ খুন্দা মাৰে অন্ত:প্ৰৱাহে- 
 মানুহৰ মন-মগজুত আৰু গজি উঠে
মনৰ খলা-বমাবোৰ, প্ৰাচুৰ্যবোৰ।                                      
সাগৰ-মহাসাগৰৰো আছে উদাসীনতা
বৈ যাব নোৱাৰে ইচ্ছাকৃত-ভাৱে । 
বিশাল বক্ষ- মেলি , নদী-মহানদীৰ                          মিলনৰ হেতু অপেক্ষা কৰে 
অন্ত:প্ৰৱাহৰ আলিংগণে।                     
                                                                    
জীৱনৰো অন্ত:প্ৰৱাহ চলি থাকে মৃত্যুলৈকে         
ক'ত কেনি যায়, কোনে জানে, 
খোজে লৈ যায়…          
দূৰ-দিগন্তৰ অজান দেশলৈ।                           
সুখক আদৰণি জনাও, সুখে হাত বাউলি মাতে       
সুখত পৰি মায়া-ভাৱে জীৱনত যন্ত্ৰণা উপজে।                            
অপেক্ষা কৰিবলৈ অৱকাশ নাই
সুখ-দুখৰ স্মৃতিক আকুলতাৰে সাৱটি
জীৱন গুচি যাব  শ্মশানলৈ।             
 
নিৰুপমা বৰা
কাকজান,যোৰহাট।
—————————————
সুৰ
অসীম কুমাৰ হাজৰিকা

ওৰে ৰাতি নিজান পৰত
মমৰ শিখাৰ দৰে 
গলি গলি নি:শেষ হৈ গ'লোঁ,
পোহৰৰ ছিটিকনি 
বতাহত ওপঙাবলৈ প্ৰয়াস কৰিছিলোঁ
তথাপিও নিশাৰ অন্ধকাৰৰ যন্ত্ৰণা 
উপলব্ধি নকৰিলোঁ।
 
উদাস ৰাতি জিলিৰ মাতত অশ্ৰু নিগৰিল
জীৱনৰ সুৰত 
বিষাদৰ সুৰে আৱৰি ধৰিলে,
নি:সংগতাৰ বোকোছাত উঠি চলাথ কৰিলোঁ
চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা
অনামী সপোনৰ সুবাসত
নিজকে হেৰুৱাই পেলালোঁ ।

মমৰ শিখাত নিৰ্গত হোৱা 
ঢিমিকি পোহৰৰ মাজত 
আত্মজৰ সন্ধান নাপালোঁ,
আশাৰ পৃথিৱীখনত 
চাপ থ'বলৈ প্ৰয়াস কৰিলোঁ…
তথাপিও বুকুৰ বিষণ্নতাৰ অৱসান নঘটিল
সুৰীয়া সময়বোৰতো দুখৰ ঝুনুকাই পিন্ধিলে নুপূৰ।

অসীম কুমাৰ হাজৰিকা
কাকজান, যোৰহাট
ভ্ৰাম্যভাষ: ৬০০০০৬২১৩৯
——————————————
সাময়িকী
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ

ৰত্নেশ্বৰ ককায়ে কোৱাৰ দৰে 

বুঢ়া মানুহে নাকান্দে, উচুপে 
কালদিয়াৰ গোলাঘাটৰ সমিধ গছজোপা 
এইবাৰ গৰাখহনীয়াই খহাই লৈ গ'ল ।
দেৱেন্দ্ৰ বাপুটিয়ে উচুপিছিল;
সমিধ গছজোপাই বাপু ক ঘাটৰ ওচৰ চপাই আনিছিল,
ঘাটৰ দক্ষিণ দিশটোত
চাপৰ চাপৰ জোপোহা বগৰী গছ বোৰ
ডাল ভৰি লাগে,
পিছে পিতাহঁতে মুখত দিবলৈ দিয়া নাছিল । 
অতীতৰ সেই পুৰণি শ্মশানখন খহনীয়াই নিশ্চিহ্ন কৰি 
মৰা মানুহৰো শেষ আশ্ৰয় নদীৰ বুকুত ।
নৈপৰীয়াৰ জীৱন ,চুক্তি হীন জীৱন যাত্ৰা ।
ৰত্নেশ্বৰ ককায়ে কোৱাৰ দৰে,
নদীৰ বান
দুই পাৰে নামত মথাউৰিৰ বান্ধ
সেয়াই অভিমান;
জীৱন মৃত্যুক বাধা দি ৰাখিব নোৱৰাৰ দৰে,
জলধাৰাকো অগণন টকা পইচাৰে বান্ধি ৰাখিব নোৱাৰি। 
বানত উজান উঠাৰ দৰে
জলবন্দী জীৱনৰো লিখোঁ অলেখ কবিতা ।
মথাউৰি দুৰ্বল হ'লেও ওখ কৰিব পৰা হ'লে !
বান পীড়িত ৰাইজ সুখত থাকিব পাৰিলোঁহেঁতেন ।
—————————————— 
বান
দীপাংকৰ ভূঞা

ঋতু আহে যায় 
বাগৰে বছৰ ,
বসন্ত আহে
গছে-বনে পাত সলায়
নতুনক আদৰি পুৰণিক বিদায়
গতানুগতিক যাত্ৰা
এক চিৰন্তন প্ৰৱাহ !
বাৰিষা আহে
বান আহে
বানে সপোন ভাঙে
চালে পানী কাটে
নোলায় কোনো সমাধান সুত্ৰ
যেন এক জটিল অঙ্ক শাস্ত্ৰ ! 
এনেহেন দুঃসময়ত
এখন্তেক আহিবা
মোৰ হেঁপাহৰ ঠাইলৈ
তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতে
তামোল এখন খোৱাৰ সময় লৈ ,
দেখিবলৈ পাবা
পানী পানী পানী….
কেৱল পানী…..
পানীৰ সাঁতোৰি থকা
ঠিকনা বিচাৰি নোপোৱা ঘৰ
সোণ গুটিৰ বিননী
বুকুৰ কুটুম হেৰুৱাব বেদনা
আৰু তিতা কেহাৰ সোৱাদ !
এতিয়া বিনন্দীয়া গাওঁখন
চন পৰিল
কাঁহ পৰি জিন গ'ল
চালৰ কোমোৰা লাও জিকা ভোল
গোহাঁলীৰ গৰু হেৰাল ,
পিছে কথা এটি কওঁ
কাণ পাতি শুনা
আমাৰ হুমুনিয়াহবোৰৰ
উৎসৱ নাসাজিবা
খেনোক দেখি ৰান্ধি বাঢ়ি
খেনোক দেখি দুৱাৰ নামাৰিবা
ঘঁৰিয়ালৰ চকুপানী নুটুকিবা ,
দেখিলে , লাজ পাব
বানে কাঢ়ি লৈ যোৱা আপানজনে !
যদি সম্ভৱ হয়
এবুকু মৰমকে লৈ
মিঠা মাত এষাৰকে দিবাহি ,
নোৱাৰা যদিও নাই
নিৰৱ দৰ্শকেই হ'বাহি !
———————————
অলিখিত কাহিনী
চয়নিকা ভূঞা 

ভালপোৱা আৰু ভালপোৱা
সকলোতে কেবল আয়োজনৰ প্ৰস্তুতি
ৰাজত্ব ভালপোৱাৰ
ছলনা ও ভালপোৱাৰে 
ভালপোৱাৰে সমৃদ্ধ সময় 
মৰি মৰি
জী উঠা জীৱন

তথাপিও 

ভাল পাওঁ বুলিয়েই জানো 
ভাল পাব পাৰি সকলোকে
হেৰুৱা সময়ক যি দৰে ঘূৰাই পাব নোৱাৰি 
ঠিক সেইদৰে
ঠিক সেইদৰেই, নোৱাৰি মাটিৰ সৈতে 
বিলীন হোৱা আত্মাক স্পৰ্শ কৰিব

সকলো সময়ৰ তাগিদা
সকলো বিশ্বাসৰ এনাজৰী
ৰাজত্ব সময়ৰ
আৰু  
জয়ী হয় অন্যায়ৰ

পাকঘূৰণিত ঠেকা খাই থাকে 
বহু শব্দ
বহু কথা 
বহু কাহিনী

ঘূৰি থাকে 
ঘূৰিয়েই থাকে
অথচ… 
উফাল খাই পৰে শব্দৰ বাণ 
কেতিয়াবা শেল হৈ বিন্ধে আত্মা
আৰু 
কেতিয়াবা 
সেই শব্দ হৈ পৰে 
একো একোটা 
পূৰঠ নিচুকনি গীত 

নিয়মৰ কাৰ্য্যক্ৰমণিকাত
এটাৰ পিছত আন এটা কৌশল
জী থকাৰ অজুহাত
আনফালে 
জীৱনৰ ৰটনা

আৰু কত হিচাপ-নিকাচ
কত খেল 
কত খেলুৱৈ
য'ত গ'লি গ'লি নিঃশেষ হয়
জীৱনৰ
একো একোটা গোপন 
অধ্যায় ।
——————————————
সৰুপোণাৰ মাকলৈ  ...
ৰবিন কুমাৰ চেতিয়া

কথাবোৰ ক'ৰপৰা কেনেকৈ আৰম্ভ কৰোঁ
অ' সৰুপোণাৰ মাক 
জীৱনটোত একোৱেই নহ'ল বুলি 
আনে পোৱাবোৰ একোৱেই নাপালো বুলি 
যাকে তাকে য'তে ত'তে
ক'লো নেকি মিছাতে বাৰু কথাবোৰ খুলি

তোৰ নীলাভ দুচকুৰ হাঁহিতেই চোন 
ফুলি থাকে আলফুলে সদায়
গোলাপ, তগৰ, কেতেকী, শেৱালি
নাহৰবুলীয়া তোৰ কথাৰ অমিয়া সুৰতে
নাচি উঠে নিতৌ মোৰ 
হৃদয়ৰ একাবেঁকা দীঘলীয়া পদূলি
তোৰ লিহিৰি খোজৰ প্ৰতিটো লহৰত 
গজালি মেলে বুকুত সেউজীয়া সপোন
তোৰ উশাহৰ প্ৰতিটো ছন্দত 
হালে জালে মোৰ বুকুৰ আকাশত 
জোনালী প্ৰেমেৰে সিক্ত তিৰবিৰ 
পূৰ্ণিমাৰ জোন

তোৰ কিচকিচিয়া দীঘল ক'লা চুলিটাৰিত
অনবৰতে সাঁতুৰি থাকে ঔটেঙাৰ সুবাস 
এন্ধাৰতো যে দেখা পাওঁ হাঁহিলে তই 
সজাই থোৱা মুকুতা যেন 
ডালিমগুটীয়া দুপাৰী দাঁত .

ওপৰত আকাশ, তলত বোকা পানী 
মূৰত গামোচাখন বান্ধি 
মোৰ আওপুৰণি চোলাটো পিন্ধি 
হাতত মুঠি মুঠি কঠীয়া লৈ
লুতুৰি পুতুৰি হাঁহিৰে জিলিকে যেতিয়া 
তোৰ বোকা লগা উদং কলাফুল 
গাতে গা লগাই পথাৰৰ কোমল আলিত 
ভীমকলৰ স'তে তই দিয়া 
এবাতি ফিকা চাহ আৰু এখনি তামোল 
তোৰ দেহৰ ৰন্ধে ৰন্ধে বিয়পি থকা 
তেনেই চিনাকি এক অনামী সুগন্ধত 
সৰুপোণাৰ মাক অ' জান নে তই 
পথাৰখনেই যে হৈ যায় গোন্ধে আমোলমোল 

কাষত বহি লৈ বিচনীৰে বা দি 
খৰিচা,আলুপিতিকা ,গৰৈ মাছ পুৰি
ৰঙা ভোট জলকীয়াৰে স'তে 
চেনেহ ঢালি দিয়া একাঁহী পঁইতা ভাত
মোৰ ভাগৰুৱা ভাৱনাৰ পথাৰত
সদায়ে যে বৈ থাকে তোৰ 
আলসুৱা দুখনি হাত 
দহৰ আগত এতিয়া চহকী নহয় বুলি
কেনেকৈ বাৰু কওঁ মই 
সৰুপোণাৰ মাক অ' নিজেই ক'চোন তই 

আনৰ বাবে তই যখিনী নে অপেচৰী
সেই কথা মই নেজানো 
তোক লৈ আনে কৰা বু বু বা বা বোৰ
কোনোদিনে কাৰো পৰাই মই 
শুনিবলৈ নিবিচাৰো 
আচলতে কথাটো কি জান নে সৰুপোণাৰ মাক  
সিহঁতবোৰ কিজানি কোনোদিনেই সুখী নহয় 
য'তে ত'তে সেয়েহে লগাই ফুৰে অনবৰতে
কথাৰ ৰহনীয়া পাক 

তোৰ কোলাত মূৰ থলে শয়নে সপোনে 
নামি আহে শীতল শান্তিৰ নিজৰা 
তোৰ কোমল পৰশত নাচি উঠে মোৰ
ভাল লগা হেজাৰ সুখৰ বতৰা 
মোৰ অভাৱী মনৰ পদূলি মূখত
ফুলি থকা তই এপাহি শুভ্ৰ খৰিকাজাই 
তোকে লৈ মই অ' সৰুপোণাৰ মাক 
জনমে জনমে থাকিম জীয়াই 
কাঁইটীয়া হেজাৰ পাহাৰ বগাই 

সঁচাই ক' চোন সৰুপোণাৰ মাক অ'
তই বাৰু কথাবোৰ মোৰ
মন দি শুনিছনে নাই ...
——————————————
ঠিক  তোমাৰ দৰে
সান্ত্বনা শইকীয়া দত্ত

আবেলিটো আজি ভীষণ শান্ত 
ঠিক তোমাৰ দৰে,
দিনান্ত নহয় যেন এয়া
তোমাৰ সৈতে মিলনৰ এক অভিনৱ মুহূৰ্ত ।
বৰষুণে বাট সলাই ।
আবতৰীয়া শেৱালিৰ মৃদু গোন্ধে 
নাকৰ কাষেৰে অহা যোৱা কৰে,
বহুদিন বিৰতিত এখন নীলা আকাশ ,
চৰাই জাকে সেয়ে পাহৰি পেলাই
সময় এতিয়া সিহঁতৰ 
বাহলৈহে গমনৰ। 
গোহালিলৈ বাট বোলা গৰুজাকৰ 
এপেটীয়া গম্ভীৰ খোজ ,
দামুৰি চেলেকা গাই কেইজনীয়ে
ইফালে সিফালে চকু ফুৰাই চাই 
দামুৰিবোৰ নেজৰ কাষত আছেনে নাই। 
আৰু মই অপেক্ষাৰত,
ধুমুহা গাজনিয়ে প্ৰতিহত কৰিব নোৱাৰা
ধীৰ-স্থিৰ দুচকুৰে মোৰ মনৰ মাজত 
নিগাজী আসন অধিকাৰী
তোমাৰ বাবে।
আবেলিটো আজি ভীষণ শান্ত 
ঠিক তোমাৰ দৰে।
—————————————
তিনিটা লিমাৰিক
ৰেখা বৰকটকী

১)
আজি বোলে পানী প্ৰাণীৰ প্ৰাণ নহয়
পানীত মুখ চাই কোনেও গীত নাগায়
পানীয়ে বাট ভেটে
পানীয়ে ঘৰ বেৰে
চৰুত পানী নভৰালেও নিজে নিজে ভৰে

২)
আকাশে তৰা ফুল সদায় জানো বাচে
জীৱনৰ আনন্দবোৰ সদায় নাহে
জীৱনে অলপ হাঁহে  
জীৱনে  অলপ কান্দে
হাঁহি -কান্দোন মিলি গলেই সুখবোৰ আহে...

৩)       
ৰ'দৰ চোলা পিন্ধি আকাশে হাঁহে
 বৰষুণৰ নুপুৰ -যোৰ কাষতে   খুলি ৰাখে
 আকাশ আৰু ডাৱৰৰ
নীলিম আৰু জোনাকৰ
সুবিশাল সীমনাত সুখবোৰ ভাহে...
——————————————
জীৱন বীণাৰ তাঁৰ চিগি যায়
ৰঞ্জন বৰা 

এই যে কাম্য নহয় জীৱনত যিটোক্ষণ 
অদৃশ্য ৰথৰ জঞ্জিৰ কোবাই 
আহে সন্তৰ্পণে সেইক্ষণ 
শোকৰ বন্যাত উপঙে 
নিয়তিৰ পৰিহাসৰ ৰং !

জীৱন এখন আকাশ 
বিশাল 
বহল 
ডাৱৰবোৰ সিপাৰৰ বাট 

শব্দৰ তাজমহল কঁপাই আহে  মৃত্যু __
যেন সুন্দৰ পবিত্ৰ ঠাই __
মাথোঁ উৰি যায় 
কুণ্ডলী পঁকায়।
------------------------------------
চম্পাৱতী
বিশ্বজিৎ গগৈ

বনজুই একোৰাই  অব্যক্ত  কথাবোৰ দহিছে
আৱৰি ধৰিছে হৃদয়ৰ কলয়ব। 
সাধুকথা এটাই  আজিও কয় -মানুহে নৈতিকতাৰ বিসৰ্জনৰ সমদল কৰিছে ।
নহ'লেনো যুগে যুগে, ইতিহাসৰো ইতিহাস
যি মহাইতিহাসে বঞ্চিতৰ সাক্ষ্য দিয়েনে?
অথবা , অত্যাচাৰ, ব্যভিচাৰ, শোষণ ইত্যাদিৰ সন্ত্ৰাসৰ বিষ বাষ্প কিয়?
মই চম্পাৱতীৰ হৃদয়ৰ ঠিকনাত প্ৰেমৰ স্ফুলিংগ গতাই দিলোঁ।
বিনিময়ত তাই মোক এখন শান্ত সেউজীয়া মিশ্ৰিত পৃথিৱী উপহাৰ দিলে।
মই পৰ্বতৰ শিখৰত উচ্চাকাংক্ষা সমূহ  সজাব খুজিলোঁ ,
তাই নীলিম আকাশৰ ঠিকনা বুজালে।
মই বেজাৰবোৰ  প্ৰকাশিব বিচাৰোতে 
তাই সাগৰৰ গভীৰতা দেখালে।
মই  অভিমানবোৰত আউজী থমকিব খোজোতে
তাই নিৰবধি নদীৰে নাও মেলি দিলে।
চম্পাৱতী  মোৰ প্ৰেয়সীৰ নাম
চম্পাৱতী মোৰ হৃদয়ৰ গান
সভ্যতাৰ সাধুকথাইও কব , জোন বেলি তৰাইও জনাব 
তাই মোৰেই উশাহ, পূৰ্ণ জীৱন !
——————————————
বোকাত গজা সপোন  
ৰঞ্জু শইকীয়া 

বোকা বোকা মলমলীয়া গোন্ধ এটা   
তাইৰ বুকুৰে উজাই আহে
ফেনেকি ফেনেকি থকা  চিক-চিঁকিয়া বোকাবোৰেচোন,
তাইৰ আপাদ মস্তক 
বোকা ধেমালি খেলে ।
কঠীঁয়াবোৰৰ ফুৰফুৰীয়া  সুবাসটোত,
চেনাইৰ ঘামৰ গোন্ধ মিহলি হৈ 
এটি অনন্য সুবাসৰ পোখা মেলে ।
পোখাবোৰে সজাল ধৰি 
এক অনন্য সেউজী সপোনৰ পোহৰ মেলে।

বৰ্ষাৰ নদীবোৰে যেতিয়া খেলা কৰে...
পথাৰৰ নৱ গোঁছবোৰে বোবা বেদনাত  চটফট কৰে ,
সপোন মৰহি নাযায়তো!
নিৰ্মম বোকা হৈ ।
পথাৰতেই ওলমি থাকে সমগ্ৰ মানৱ জাতিৰ দাপোণ 
এটি সেউজীয়া জীয়া সপোন।
———————————
সেউজী পথাৰৰ দুখ
প্ৰণীতা হালৈ

সেউজী চিকুণ বুকুত আই তোৰ
জিৰণি ল'ম এপলক 
যন্ত্ৰময় জীৱনৰ কোলাহল সামৰি থৈ
বিলীন হ'ম তোৰ উমাল দুবাহুত
সৰি পৰিব শীতল বৃষ্টি
জুৰ পৰিব কলিজা
তোৰ বুকুতেই বৈ থাকে
সৰগী সুখৰ সুধা
সেউজীয়া পথাৰখনি উকা উকা হ'ল
তোৰ উৰ্বৰা বুকুৰ উম ল'বলৈ
 কাৰো যে আহৰি নোহোৱা হ'ল
দুবাহু মেলি ৰৈ থকা তোৰ উদাৰ বুকুখনি
 চন পৰি ৰ'ল !
নিজৰ চকুপানী তই নিজেই পি পি
দুখবোৰ আচলতে লুকুৱালি! 
ভাবিবলে' দুখ লাগে আই
তোৰ সেউজী দুহাতৰ সোণগুটি এৰি
 অপুষ্টিকৰ, অখাদ্যকে গিলিছোঁ দিনে ৰাতি
কাৰণ আমিবোৰ আজি চিৰৰুগীয়া
তোৰ বুকুত নাঙল কোৰ লগাবলৈ
দেহত এতিয়া শকতি নাইকীয়া
ভয় লাগে আজি ভাবিবলে'
আমাৰ পথাৰ পথাৰ হৈ থাকিবনে !
সেউজী পথাৰৰ সেউজীয়া গান
হ'ব নেকি বাৰু থানবান! 
—————————————
শব্দ বিচাৰি
ৰূপজ্যোতি ৰাভা

এন্ধাৰ ৰাতি মোৰ প্ৰিয়
নিঃশব্দ ঠাই
সৰু পথ
কাষত গছ গছনি। 
আৰু এজাক চেঁচা বতাহ

বতাহ জাকে কঢ়িয়াই
হেঁপাহৰ অযুত মালা
অন্তহীন যাত্ৰাত বহুতো সংগ্ৰাম
প্ৰতিটো খোজতেই উজুটি
তথাপি আগুৱাই যাম। 
শব্দ বিচাৰি
নিঃশব্দ ঠাইৰ পৰা
লিখিবলৈ শব্দৰ কিছু কাহিনী। 
লিখিম কিছু হেঁপাহৰ শব্দ। 
মৰম বিচাৰি।
—————————————
সময় পালে আহিবা এদিন 
গকুল চৌধুৰী 

সময় পালে আহিবা এদিন 
জীৱন-যৌৱনৰ ভৰ দুপৰীয়াত 
আকৌ এবাৰ মোৰ মনৰ মৰমে 
ৰিঙিয়াই মাতিছে তোমাক   ৷

আহিবা এদিন
তুমি আহি 
সোঁৱৰণি গ্ৰন্থৰ পাত লুটিয়াই পঢ়িবা 
তোমাৰ প্ৰেমিকে তোমাৰ স্মৃতিত 
লিখা দুখ , যন্ত্ৰণাৰ এমুঠিমান
জীয়া কবিতা  ৷

আহিবা এদিন
তুমি আহি
তোমাৰ প্ৰেমিকৰ উৰুখা পঁজাত
এখন্তেক ৰৈ শুনিবা ,
বিষাদ , বেদনাৰে ভৰা 
নিঃসংগ নিশাৰ উচুপনি
অথবা
হৃদয় ভঙা প্ৰেমৰ গান  ৷

আহিবা এদিন
তুমি আহি 
অনুভব কৰিবা তোমাৰ প্ৰেমিকৰ 
অশ্ৰুসিক্ত নয়ন 
দগ্ধ মন 
স্তব্ধ সময় , অকলশৰীয়া জীৱন  ৷

পুনৰ ,
তোমালৈ বিনম্ৰ আহ্বান
তুমি শুনিছানে 
সময় পালে আহিবা এদিন 
চাই যাবাহি তোমাৰ প্ৰেমিকক 
তোমাৰ প্ৰেমিক আজি নিঃসংগ
আৰু সংগীবিহীন  ৷
——————————————
খঁক্
দিপ্তী মনি গোস্বামী   
           
ঈশ্বৰ প্ৰদত্ত মানৱী লীলাৰ
ক্ষন্তেকৰ মাঁথো জিৰণি
এই ধুনীয়া ধৰণী,
সকলো চলি আছে চলি থাকিব
বিধিৰ বিধান মানি।
"পেটে আতে চকুৰে নাতে"
এই প্ৰৱচনৰ আঁত ধৰিয়েই
অপূৰণ তৃষ্ণাৰে আৱৰা
অপূৰণীয় খক্  বোৰ..!
অপৰিসীম অভাৱবোৰ...
ফলত,
ধ্বংসমুখী পৃৱিথীৰ ইতিহাস
কঙাল জণগণ
কঙাল প্ৰজাপালক।
বাঢ়ি গৈ থকা সময়ত
বাঢ়ি গৈ থকা তৃষ্ণাৰ কৱলত
এইটোলৈ নাই ভ্ৰূক্ষেপ.....
যে বাঢ়ি গৈ থকা সময়ত 
কমি গৈ থকা আয়ুস ৰেখাৰ 
শৰীৰত বিধস্ত ৰোগ জৰাৰ হস্তক্ষেপ!
সাগৰ সাঁতুৰি যদি জিৰণিৰ অৱকাশ নাই
সাগৰতেই যদি সপোনৰ সমাধি লীণ যায়,
তেনে খ'কবোৰে 
ক্ষণস্থায়ী জীৱন যাত্ৰাত
আত্মিক সুখৰ মাদকতা হে হেৰুৱায়।
——————————————
নাৰী
নিবেদিতা ডিম্পল

এটি সুন্দৰ শব্দ নাৰী
য' ত নিহিত হৈ থকে
এবুকু মৰম - ভালপোৱাৰ নদী  
এগৰাকী নাৰী
কাহানিও নপৰে ভাগৰী
হেজাৰ ধুমুহা - ঢেৰেকণী
আহিলেও তেওঁৰ মুৰৰ ওপৰেদি
নেযায় তেওঁ কেতিয়াও হাৰি 
সদায়ে তেওঁ থাকে হৈ চঞ্চলা নদী
 তেওঁৰ গৰ্ভতেই হয় সৃষ্টি
বিশ্বৰ নৱ নৱ মানৱী
শস্য শ্যমলা কৰি
পোহৰাই তোলে ধৰণী ।
——————————————
সজ কথা
অদিতি খাওন্দ

ভাবি চিন্তি কথা কবা
শুৱলা মাতেৰে
সজ আচৰণে মানুহক
মহান কৰে
সজ বাক্য , সজ কম’
সৎ পথত চলিবা
পৰাপক্ষত আনক
সহায় কৰিবা ৷
খোজ দিবা দৃঢ়তাৰে
আৰু সাহসেৰে
উন্নতিৰ জখলাত
আগুৱাই যাবা সততাৰে ,
সময়ৰ কাম তুমি
সময়ত কৰিবা
জ্ঞান বিদ্যা আজি’বলৈ
যত্ন কৰিবা ৷ 
কণমানি মইনাহঁত
ৰাখিবা মনত
নম্ৰতা , ভদ্ৰতা আৰু শিষ্টাচাৰে
তোমাক পৰিচয় দিব 
সমাজত ।

অদিতি খাওন্দ
জাঁজী জামুগুৰি
——————————
সপোনৰ দুৱাৰ দলিত
গীতাঞ্জলি শইকীয়া

বহুদিনে হ’ল কবিতা লিখা নাই
সদায় যদিও কলমটো হাতত তুলি লও
ঘণ্টা ঘণ্টা ধৰি ভাবোতেই গুচি যায়

ক’ৰ পৰা আৰম্ভ কৰিম ভাবি নাপাওঁ মই
সময়ৰ ব্যস্ততাৰ মাজত কলমটো ল’বলৈও পাহৰোঁ

কবিতা এটা লিখিবলৈও যেন মোৰ সময় নাই
আচলতে মই ব্যস্ত ক’ত হৈ পৰিছো
এটা কবিতা লিখিবলৈও যেন মোৰ সময় নাই !

ভাবিলে নিজৰ ওপৰতে হাঁহি উঠে
যে মই ব্যস্ত 
হাঃ হাঃ হাঃ
কি যে অৰ্থহীন এই মনোভাৱ

সৌসিদিনা লৈকেতো মই অকৰ্মী
মূল্যহীন সময়ৰ গৰাকী আছিলোঁ
আজি কিয় সময়ে ওলোটা খৰ মাৰিলে?

হাতত এখিলা কাগজ আৰু চিয়াঁহীৰ টেমাটো লৈ
অনাই বনাই কোনোবা গছৰ ছাঁত
জিৰণি লয় এটি হাঁহি উঠা কবিতা
দেখিছিলোঁ কি যে এইবোৰ সপোন

অবাস্তৱ বুলি জানিও সপোনৰ দুৱাৰ দলিত
তোমাকে দেখিছোঁ
এটি হাঁহি উঠা কবিতাৰেও যেন মই
তোমাক সমাপ্ত কৰিব নোৱাৰিলোঁ।
———————————
তুমি আহিবা বুলি
পাৰুল গোস্বামী

বন্ধ ঘৰৰ খিৰিকী খুলি
কবি প্ৰাণে ক'লে 
তুমি ওলাই আহা
প্ৰকৃতিৰ মাজলৈ
তেতিয়া তোমাক মই
ভালদৰে চাব পাৰিম
হেঁপাহ পলুৱাই... 
সচাঁ,
তেওঁ এদিন আহিছিল, 
বন্ধ খিৰিকীৰ সুৰুঙাৰে দেখিছিলোঁ
মাথোঁ ৰিণি ৰিণি 
তাৰ পিছতে আন্ধাৰ নামি আহিল 
ধৰাৰ বুকুলৈ 
তেওঁ বা ক'লৈ গ'ল? 
আকাশৰ নীলাৰ মাজলৈ নে
মোৰ খিৰিকীৰ কাষত থকা 
বকুল জোপাৰ তললৈ
নিশ্চয় সৰি পৰা ফুলৰ
মালা গাঁঠি মোক পিন্ধাবলৈ
উত্তপ্ত হৈ থাকিল 
মোৰ হৃদয় আৰু মন
তেওঁ কিয় বা থমকি ৰ'ল!
———————————
ভয়
প্ৰাণ প্ৰতীমা বড়া

ভয় লাগে 
উচ্চ স্বৰত সচাঁ মিছাৰে আলয় সাজিবলৈ,
কোনোবা ভোকাতুৰ আকুলতাৰ হৃদয়ৰ কাষ চাপিবলৈ
ভয় লাগে,
স্নিগ্ধ জোনাকৰ বোকোচাত গভীৰ সুৰৰে 
গীত জুৰিবলৈ ভয় লাগে ,
মাজনিশাৰ সোণাৰু বৰণীয়া নীশাৰ কোলাত
জিৰাবলৈ ভয় লাগে,
সৌ সপোন যেন লগা সেউজীয়াৰ পাহাৰৰ সৈতে
আবেগৰ খেলা কৰিবলৈ
ভয় লাগে,
ভয় লাগে বাবেই
নীলা আকাশৰ গুঞ্জৰৰ পৰা
মোৰ হৃদয়ৰ শুভ্ৰতা বহুদূৰ নিলগত...

প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
———————————
সুৰুযমূখী
প্ৰস্তুতি শৰ্মা

তেওঁ গ'ল গৈ কোনো দিন উভতি নহাৰ প্ৰতিশ্ৰুতিৰে
সময়ৰ বাটেৰে
স্তব্ধ হৈ গ'ল সহস্ৰজন অনুৰাগী
তেওঁৰ সংগী কলমটো আজি পৰি ৰ'ল 
আধালিখা পৃষ্ঠাখনৰ মাজত
এন্ধাৰবোৰ আকৌ আহিল
জোনাকক নহাৰ প্ৰতিশ্ৰুতিৰে
জোনাকে নাজানে তৰাবোৰৰ ঠিকনা 
তথাপিও জোনাক ওলাই
  
মৃত্যুৱে তেওঁক নিব পাৰে
কিন্তু চিৰদিন আকাশত নক্ষত্ৰ 
হৈ ৰওক 

তেওঁৰ হাতৰ পৰশবোৰ 
প্ৰতিজন অনুৰাগী ৰ হৃদয়ত
বৈ যাব লুইতৰ ইমূৰৰপৰা সিমূৰলৈকে....

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
——————————————
স্মৃতি
আজমিন চুলতানা 

আজি বহু দিনৰ মুৰত
মেজৰ বাকচত পৰি থকা
কভাৰ পেজত ধূলি আৰু
পাতবোৰ যেনি তেনি ভাজ হৈ থকা
এখন ডায়েৰি  পালো ,
তাৰ এটা পৃষ্ঠা মেলিলো
মনত কিছুমান প্ৰতিকৃতিৰ জোৱাৰ উঠিল
বিশেষ সেইবোৰেই -
স্কুলৰ ছুটিত সহপাঠীৰ লগত কৰা আদ্দা
শিক্ষকে দিয়া গৃহকৰ্ম কৰাৰ হেঁপাহ ও এলাহ
সেই ভৰা যৌৱন ,
দুগালত এটি দুটি শালমন,
দুওঁঠত মিচিকিয়া হাঁহি ,
জীৱনৰ প্ৰথম প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি
লাজুকীয়া সহাঁৰি ...
এইবোৰেই বিশেষ !
সোঁৱৰণ সেই স্মৃতি
যি আজি এটি কবিতাৰ শাৰী। 
এক দীঘলীয়া বিৰতিৰ পাছত খুলি
আকৌ বন্ধ কৰিলো এখন পুৰণি প্ৰতিচ্ছবি
যি সদাসৰ্বদাই মোৰ জীয়া স্মৃতি ! 
———————————
প্ৰকৃতি
ভাৰ্গৱ কুমাৰ নাথ
চৰাইবাহী, মৰিগাঁও

মাৰ দ্বিতীয় ৰূপ হৈছে প্ৰকৃতি
জীৱন বাটৰ নিস্বাৰ্থ লগৰী।
দানৱ ৰূপী একাংশৰ ক'ত যে অতপালি...
চাৰিওফালে শুনো প্ৰকৃতি ধ্বংসৰ বাতৰি
তথাপিও নিমাত প্ৰকৃতি...
কাৰণ প্ৰকৃতি আমাৰ দ্বিতীয়া মাতৃ।
এতিয়াই যদি আমি সজাগ নহওঁ!
এদিন হয়তো প্ৰকৃতিৰো শেষ হ'ব ধৈৰ্য
সেইদিনা আমিবোৰৰ নাথাকিব কোনো অস্তিত্ব।
—————————————
শিক্ষক
নৱজ্যোতি শইকীয়া

এজোপা গছ হৈ তেওঁ থিয় হৈ থাকে
আমাৰ বুকুৰ মাটিত

তেওঁৰ জ্ঞানৰ পৰিপক্ক ফল খাই খাই
আমি আগবাঢ়ো জীৱনৰ বাটে বাটে
অজ্ঞানতাৰ আন্ধাৰ ফালি ফালি

তেওঁৰ হৃদয়ৰ ডালত গজি উঠে
সেউজীয়া সপোনৰ পাত

তেওঁ মেলি দিয়ে আমাৰ বাবে
উদাৰতাৰ শীতল ছাঁৰ দলিছা
সেই দলিছাত বহি আঠু লৈ
আমি তেওঁক প্ৰণাম কৰোঁ

আমাৰ বুকুৰ মাটিৰ গভীৰলে'
ক্ৰমে বাঢ়ি যায় তেওঁৰ মূল্যবোধৰ শিপা

জীৱনৰ ৰ'দ বৰষুণ মূৰ পাতি লৈ
তেওঁ অপ্ৰেমৰ ধুমুহা বতাহৰ সৈতে যুঁজে

আমাৰ সফলতাত তেওঁ হয় সুখী
আমাৰ বিফলতাত তেওঁ হয় দুখী

এজোপা গছ হৈ তেওঁ থিয় হৈ থাকে
আমাৰ বুকুৰ মাটিত
তেওঁৰ হৃদয়ৰ ডালত পৰি
প্ৰভাতি পখীয়ে মাতে পোহৰৰ মাত।
——————————————
মখমলী সুৰৰ ৰাগ্‌
ৰমেন দাস

হৃদয় জিনিলা চিৰদিন তুমি ----
আন্তৰিকতাৰে মনত পৰি ৰ'ব
ৰুহানী কণ্ঠেৰে মূৰ্ছনা কৰি তোলা
সেই মখমলী সুৰৰ ৰাগ্‌
অজানিতে নীৰৱে গানৰ তালে তালে
বিদায় মাগি আকাশ ঢৌৱালা  
শত সহস্ৰ প্ৰিয় শ্ৰোতাগণক 
মৰম-চেনেহৰ আশাৰ দলিচাৰে 
স্বৰগম লহৰ বিদাৰী 
তোমাৰ সুকোমল কণ্ঠস্বৰ 
বিদায় কেকে ! অলবিদা ৷৷

“হ'ম ৰহে য়া না ৰহে ক'ল,
ক'ল য়াদ আয়েংগে য়ে পল---
চ্চল চোচে ক্যা, চ'টি চি য়ে জিন্দেগী"...
——————————————
শাওণ : এক উৎফুল্লিত প্ৰাণ 
সুশান্ত দাস

মাটি আৰু কৃষকৰ যুগৰ এটা সম্পৰ্কত 
সময়ৰ এটা বিশেষ ক্ষণৰ উপস্থিতি ,
সময়ৰ সেই ক্ষণ কি ?
তাৰ উত্তৰত পাওঁ
শাওণ নামৰ ভৰুণ প্ৰাণ এটি 

শাওণ বৰ উৎফুল্ল 
বৰ উদ্ভ্ৰান্ত 
খেতিয়কৰ এজাক উমাল সপোনক 
ই দিয়ে পূৰ্ণ স্বৰূপ।

শাওণ তোৰ ভৰুণ বুকুত 
জন্ম লয় এহালি শ্যামলা পক্ষী,
তোৰ হাঁহিত
জিলিকে তোৰ উৎফুল্লিত দেহাটি।

তোৰ কি যে নাই 
তোৰ যৌৱনত বহ্নিমান মৰুত, মূষলধাৰ বৃষ্টি।
তোৰটো বাৰ্দ্ধক্যও নাই ,
আছে প্ৰখৰ উত্তাপৰ টোপোলা।

শাওণৰ সেই পাতনি
যেন খেতিয়কৰ এখনি মহাসন্মিলন,
বৰ্ষাৰ আলফুলীয়া ব্যগ্র হৃদয়,
বৃষ্টি আৰু বন্যাৰ পূৰ্বৰাগৰ প্ৰণয়।

অজান ঘটনাই দেখা দিবহি বুলি
কোনেনো জানিছিল
কোনে জানিছিল আদৰৰ পঁজাটি 
হেৰুৱাম বুলি ,
হেঁপাহবোৰ উৰা মাৰিব বুলি
বানে-গৰকা তোৰ ভৰুণ বুকুখনৰ 
তথৈৱচ অৱস্থা হ'ব বুলি।

তাৰুণ্য শাওণ যেন উৎফুল্লিত 
এটি নিৰ্মল প্ৰাণ।

অন্তঃসত্ত্বা শাওণীৰ ভৰুণ বক্ষত 
খেতিয়ক আৰু অনন্তাৰ 
শ্যামলা হোৱাৰ এটি গম্ভীৰ প্ৰত্যাশা...
কাজলী নীৰদৰ নীৰৱ বিননিত 
উৰ্বৰা ধৰিত্রীক চুম্বনৰ আশা..।

বৰ্ষাৰ বৰ্ষণৰ দোপালপিটা সান্নিধ্যত 
ঔপম্যহীন উত্তাপৰ ধল ,
জীৱন আৰু জীৱিকাৰ মাধুৰ্য্যময় প্ৰণয়ত 
নীৰদৰ মাদলৰ স্বৰ।

ডাৱৰৰ অতিৰিক্ত উচুপনিত,
শাওণ তোৰ বুকুত আজি জলপ্ৰলয়,
তই সৃষ্টিৰ ৰেঙনি আনি 
প্ৰণাশৰ কাৰণো আন’।।

সেই স্বপ্নদ্ৰষ্টা খেতিয়কৰ মৌন বুকুত 
স্বপ্নভঙ্গ কৰি উদ্ভণ্ড নৃত্য কৰ’,
তোৰ ভৰুণ দেহৰ উশাহৰ ঘনত্বই 
বিষাদৰ বেলাটো অধিক বিষণ্ণ কৰি তোলে।

হেঁপেহুৱা স্বপ্নৰ বিভংগনৰ ছবিত 
সহস্ৰৰ বিননিৰে পূৰ্ণ সেমেকা চকু,
জলৰ বিপ্লৱৰ প্ৰচণ্ড ঝংকাৰত
কম্পিত শাওণৰ ভৰুণ বুকু ! 
—————————————
কঠিন হৃদয়
জীতাৰাণী ফুকন

লাহে লাহে হৃদয়খন কঠিন হৈ পৰিল 
গ্ৰীষ্মৰ চিৰাল ফটা প্ৰখৰ উত্তাপত ,
কেতিয়ানো ইমান কঠিন হৈ পৰিলোঁ, মই নজনাকৈয়ে 
শেৱালিৰ পাহিৰ দৰে হৃদয়খনে 
উচুপি উচুপি থকা সময়বোৰ 
এতিয়া কাঁইটৰ আৱেষ্টনীত...

হৃদয়খনে এতিয়া কান্দিব নাজানে 
জুইৰ শিখাৰ দৰে উতলিবলৈ ধৰে 
নিৰৱে...  
আবেলিৰ মলয়া বতাহত
আবেগৰ দুহাত জাপ খাই আহে 
নাজানো মোৰ ৰোমাণ্টিক মনটো 
কিয় এনে লাগে 
নজনাকৈয়ে 

সপোনবোৰ এতিয়া বাস্তৱিক
হেঁপাহবোৰো...
লাহে লাহে হৃদয়খন কঠিন হৈ পৰিল 
নজনাকৈয়ে...

এতিয়া তেজত গৰম বতাহ বলে 
সুপ্ত ,সহজ ,সৰল অথচ উত্তেজিত মোৰ হৃদয়
জানা মোৰ মন 
লাহে লাহে হৃদয়খন কঠিনতকৈও কঠিন হৈ আহিছে ।
—————————————
তোমাৰ দুচকুত মই অঘৰী 
ৰাহুল কোঁৱৰ

নীলিমাৰ আকাশত ৰামধেনু আঁকিলা
এছাটি বতাহত পখিলা উৰা দি উৰিছা,
গভীৰ কি বুজিছাই ছাগে!
মৰুভুমি বালিত মৰীচিকা খেদিছাই ছাগে!
পিয়াহত এপিয়ালা পানী পোৱা নাই
সেইয়াও ছাগে বুজা...
নীলা আকাশৰ তৰা ভৰা আকাশতো দেখিছা
নীৰৱ নিবিৰ জোনাকৰ পোহৰতো আধামৰা।
নীলাঞ্জনা তুমিও সেইদৰে...
তোমাৰ দুচকুত মই অঘৰী হৈয়ে আছোঁ 
কিয় নিসংগ হৈয়ে আছো তুমিতো  নুবুজা নীলাঞ্জনা,
প্ৰতাপ নহয় মই প্ৰত্যুত্তৰ দিবলৈ 
হুংকাৰ নিদিও তোমাৰ দৰে নিজৰ ভৰিত কঠোৰ মাৰি 
হয় তোমাৰ দুচকুত মই অস্তিত্বহীন অঘৰী!
হয় তোমাৰ দুচকুত মই প্ৰেমৰ প্ৰহৰী!
জোলাঙা আৰি লৈছোঁ,
বীণ দুহাতত ঠিকেই দেখিছা। 
উৱলি যোৱা চিয়াঁহি মূল্য নাজানা কি!
বিয়পি পৰা উকা কাগজৰ নষ্ট পৃষ্ঠা!
তোমাৰ দুচকুত মই অঘৰী
স্বৰ্গীয় প্ৰেম পূজাৰী...
নীলাঞ্জনা ...
নীলাঞ্জনা...
নীলাঞ্জনা...
অঘৰী হলেও নীলাজী বন নহয় মই জয় পৰি যাবলৈ

হৃদয় মোৰো আছে 
আশা মোৰো আছে 
চেতনা মোৰো আছে 
তোমাৰ দুচকু সলনি কৰি চোৱা মই যে অঘৰী নহয় 
তেজীমলা সাধু শুনিবলৈ পাৰো
তোমাৰ বিষাক্ত মৰম হৃদয়ত উজান দিব নোৱাৰো,
বাগি কুঠাৰ মাৰি নিথৰ কৰিলা 
হৃদয়ৰ যাতনাত শোঁকৰ প্ৰস্তাৱ দিলা।
বিৰহৰ চকু পানী মছি মছি 
তোমাৰ দুচকুত মই অঘৰী হৈয়ে আছোঁ।

ৰাহুল কোঁৱৰ
তিনিচুকীয়া জিলা
ফোন:-৯৬৭৮৯৭২৯৬৭
———————————
চহৰে নগৰে কৃষ্ণচূড়া ফুলিছে
প্ৰণতি গোঁহাই

বাৰিষাৰ ধল নামিছে
মেঘে চকুপানী অহৰহ  টুকিছে 
কিহৰ দুখত  ক’ব কোনেও নোৱাৰে 

মেঘ তুমি নাকান্দিবা
হয়তো সূৰুযে তোমাক লগালে জগৰ
সজল চকুপানীয়ে ধ্বংস কৰিছে 

মন কৰিছানে, কত দিশহাৰা কত নিদ্ৰাহাৰা
পেটত গামোচা বান্ধিছে

দুখীয়া,নিচলা মানুহৰ হৈছে বিলৈ
বুকুত জীয়া ভৰালীৰ সোঁত
প্ৰভু ,তুমি চাই আছানে

ক'ত তুমি?
মনুষ্যৰ বুকুৰ ক্ৰন্দন 
শুনাচোন এবাৰলে...
যদিওবা চহৰে নগৰে কৃষ্ণচূড়া ফুলিছে

শ্যামল সৌন্দৰ্য্য নোহোৱাৰ
বেদনাত সম্ভৱতঃ
চকুলোৰে মহাসাগৰৰ সৃষ্টি হৈছে।

প্ৰণতি গোঁহাই
চাবুৱা, ডিব্ৰুগড়
————————————–———————

Post a Comment

0 Comments