পষেকীয়া কাব্যকানন ৫বৰ্ষ ৫ম সংখ্যা

——————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
———————————————————————
সম্পাদকীয়
বাটচ’ৰা 

  অসমত বৰ্তমান কাব্য সাহিত্য যথেষ্ট জনপ্ৰিয় যদিও কাব্যগ্ৰন্থৰ বিক্ৰীৰ হাৰ যথেষ্ট নিৰাশাজনক।
চিনাকি মুখকেইখনৰ বাদে বাকী প্ৰতিষ্ঠিত কবিসকলৰো কাব্যগ্ৰন্থৰ বিক্ৰী আশানুৰূপ নহয়। নবীন সকলৰ কথা নক’লোৱেবা । 
   এইক্ষেত্ৰত মূল কাৰক-কাব্য পাঠকৰ পৰিবিস্তৃতি।
অপ্ৰিয় সত্য কথাটো-অসমত কবিতকৈ পাঠকৰ সংখ্যা বহু তাকৰ।আৰু কাব্যগ্ৰন্থ পঢ়াৰ হাবিয়াহতকৈ সংকলন ছপা কৰাৰ তাড়না বেছি।নিজৰ কাব্যগ্ৰন্থ ছপা কৰাৰ তাড়না নিশ্চিতকৈ থাকিবই। প্ৰতিষ্ঠিত হোৱাৰ বাসনা কাৰনো নাথাকে ! অতি গভীৰ ভাবে কবিতাৰ সাধনা কৰাৰ পাছত যেতিয়া বিভিন্ন কাৰণত কেৱল সামজিক মাধ্যমতে আৱদ্ধ হৈ থাকিব লগা হয়,উন্নত মানৰ হোৱাৰ পাছতো যেতিয়া কাকত,আলোচনীত প্ৰকাশৰ মুখ নেদেখে,তেতিয়া নবীনজনে নিজৰ জেপৰ ধন খৰছ কৰিয়ে প্ৰতিষ্ঠা লাভৰ চেষ্টা কৰে।  কিন্তু  উন্নতমানৰ হোৱাৰ পাছতো মান্য কাকত -আলোচনীত প্ৰকাশ নোপোৱাৰ বাবেই বহু ছিৰিয়াছ কাব্যসাধক  উপেক্ষিত হৈ ৰয়। আৰু তেনে কবিৰ দ্বিতীয়খন কাব্যসংকলন সহজতে প্ৰকাশ নাপায়। 
  আনহাতে এচাম নবীন আছে,যিসকলে সামাজিক মাধ্যমত লিখা মেলা কৰিয়ে সন্তুষ্ট । তাৰে যিসকল আৰ্থিকভাৱে স্বচ্ছল ,তেওঁলোকে নিজৰ জেপৰ ধন খৰচ কৰি কাব্যসংকলন ছপা কৰে। তেওঁলোকে সেই ধন ঘূৰাই পাম বুলি কাহানিও আশা নকৰে।সেয়ে পৰবৰ্তী সংকলনখন ছপা কৰোতে তেওঁলোকৰ  বেছি সময় নালাগে । তেওঁলোকৰ কাব্যসংকলনখন প্ৰতিষ্ঠিত কবিসকলে আঁকোৱালি লৈছে নে নাই,এইক্ষেত্ৰতো কোনো গুৰুত্ব নিদিয়ে। 
  কিন্তু,গভীৰভাৱে কাব্যসাধনাত ব্ৰতীসকল এটা সময়ত স্থবিৰ হৈ পৰে। বৰ্তমান সময়ত এনে এখন হতাশাৰ ছবিয়ে বহু নবীন ছিৰিয়াছ কাব্য সাধকক গ্ৰাস কৰিছে। অসমীয়া কাব্যসাহিত্যৰ বাবে ই নিশ্চিতকৈ শুভ লক্ষণ নহয়।


 নৱ ৰাজন 
 সম্পাদক
 কাব্যকানন
——————————————————————
কবিতাৰ আড্ডা 
উদয় কুমাৰ শৰ্মা 

       অগ্ৰজ, প্ৰখ্যাত কবি-সমালোচকে -- তৰুণ, প্ৰতিভাৱান কবিৰ মানসম্পন্ন কবিতাকো প্ৰশংসা নকৰা বা 'ভাল কবিতা' বুলি স্বীকাৰ কৰিব নোখোজা অথবা, কাকত-আলোচনীয়ে কবিতাতকৈ কবিৰ নাম-গুণ-যশ-পদবী-সন্মান বা সামাজিক মৰ্যাদাৰ ওপৰতহে অধিক গুৰুত্ব দিয়াৰ কাৰণেই -- কোনো প্ৰতিভাধৰ কবিয়ে 'বঁটা-ব্যৱসায়ী'ৰ ফাণ্ডত পৰাটো, সমূলি সমীচীন নহয়। 

       কবিৰ প্ৰেৰণা আহিব লাগে -- সৃষ্টিৰ প্ৰতি হৃদয়ৰ তান, কবিতাৰ লগতে -- সমাজ, প্ৰকৃতি আৰু মানুহৰ মঙ্গলৰ প্ৰতি থকা নিষ্ঠা, ভালপোৱা আৰু আন্তৰিক আগ্ৰহৰপৰা। 

        সম্প্ৰতি, অসমত থকা কুৰিটামান সাহিত্য-বিষয়ক সংগঠনে লেখক সৃষ্টি কৰিব নোৱাৰিলেও -- লেখকক যে প্ৰেৰণা দি আছে, তাক নুই কৰিব নোৱাৰি। 

      কোনো লেখকেই বঁটা বা সন্মানেৰে প্ৰকৃতাৰ্থত স্বীকৃত নহয় ; কালজয়ী সৃষ্টিয়েহে, লেখক এগৰাকীক কালজয়ী লেখকৰ সন্মানেৰে সন্মানিত কৰিব পাৰে। শঙ্কৰদেৱে কি বঁটা পাইছিল -- এনে প্ৰশ্ন অমূলক। 

     সৃষ্টিৰ প্ৰেৰণা বা তাগিদা হ'ব লাগে -- কুকুৰা এটিয়ে উমনিত বহি থকাৰ অনাৱিল আনন্দৰ দৰে।
———————————————————————
                          কবিতা 
In my eyes he matches the gods
Sappho (615 B.C)
Lesbon

In my eyes he matches the gods, 
that man who sits there facing you--any man whatever--
listening from closeby to the sweetness of your voice as you talk, the sweetness of your laughter: 
yes, that--I swear it-- 
sets the heart to shaking inside my breast, 
since once I look at you for a moment,
I can't speak any longer,
but my tongue breaks down, 
and then all at once a
subtle fire races inside my skin, my
eyes can't see a thing and a whirring
whistle thrums at my hearing,
cold sweat covers me and a trembling takes 
ahold of me all over: I'm greener than the 
grass is and appear to myself to be little short of dying.
But all must be endured, since even a poor---

মোৰ দৃষ্টিত তেওঁ দেৱতা
ছাফ্ফো,  (৬১৫ খ্ৰীষ্টপূৰ্ব)
মূল গ্ৰীক কৱি
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


মোৰ দৃষ্টিত দেৱতাবোৰৰ লগত তেওঁৰ মিল আছে; 
সেই মানুহজন, যিয়ে তোমাৰ ফালে মুখ কৰি বহি থাকে---
তুমি, যি পুৰুষেই নোহোৱা---
ওচৰৰপৰা কথা পাতি থাকোঁতে 
শুনোঁ তোমাৰ মধুৰ কণ্ঠস্বৰ, 
তোমাৰ হাঁহিৰ মধুৰতা: হয়, সেইটো-- 
মোৰেই শপঠ--
মোৰ বুকুৰ ভিতৰত হিয়াখন কঁপিবলৈ পৰিকল্পনা কৰিছে,
যেতিয়াই মই এবাৰ, এখন্তেকৰ বাবে তোমালৈ চাওঁ,
মই একো ক’ব নোৱাৰা হওঁ,
কিন্তু মোৰ জিভাখন খহি পৰে,
আৰু তেতিয়া সকলো একেলগে
মোৰ চালখনৰ তলত অগ্নিশিখা হৈ দৌৰে,
মোৰ চকুৱে সহ্য কৰিব নোৱাৰে আৰু 
মোৰ কাণত হুইচেলৰ গুঞ্জন উঠে,
শীতল শিহৰণে আৰু কঁপনি এটাই মোক আৱৰি থাকে 
মই ঘাঁহনিতকৈও সেউজীয়া আৰু 
নিঃশেষ হোৱাৰ আগত উদ্ভাসিত হওঁ 
কিন্তু সকলো সহ্য কৰিব লাগিব, যিহেতু মই এজন দুখীয়াও---
———————————————————
প্ৰখ্যাত গুজৰাটী কবি চিনু মোদী (১৯৩৯-২০১৭) ৰ এটি কবিতা “হু নে উৎসৱ“ মূল গুজৰাটীৰ পৰা অসমীয়ালে ভাৱানুবাদ কৰা হৈছে ৷

উৎসৱত
মূল : চিনু মোদী
ভাৱানুবাদ : অপূৰ্ব ভূঞা 

আমি কাষ চাপি বহিছো উৎসৱত
একেই পণ দুয়োৰে, উৰালৰ ছন্দায়িত শব্দবোৰৰ  দৰে
শস্যৰ আঁহ ফালি যিবোৰ সৃষ্টি কৰিছে সেই বৃদ্ধাই
যাৰ কাণ গধূৰ, চকুৰ দৃষ্টিও ক্ষীণ

আমাৰ স্বপ্নবোৰ বান্ধি দিছো চৰাইৰ ডেউকাত
সমভাগী হৈছো বিপদে-সম্পদে
আমিযে কাষ চাপি বহিছো উৎসৱত

 আমাৰ উশাহ হ’ব পাৰে স্বকীয়
পিছে একেই চৰ্তত বান্ধ খাইছো 
যি দলিল লিখি দিছো ইজনে সিজনক 
সদায়ে মানিব লাগিব 

আমি এক নিৰবতাৰ সূতাৰে বান্ধ খাইছো 
আমিযে কাষ চাপি বহিছো উৎসৱত ৷ #

[ কবি পৰিচয়: ড° চিনু যদুলাল মোদী (Chinu Modi): গুজৰাটী আৰু হিন্দী দুয়োটা ভাষাৰে স্নাতকোত্তৰ আৰু গুজৰাটী ভাষাৰ ডক্টৰেট ৷ তেওঁ গুজৰাটী, হিন্দীত কাব্য ৰচনা কৰিছে আৰু ইৰচাদ ছদ্মনামেৰে উৰ্দু ভাষাতো কবিতা লিখিছে ৷ বিমল ৰায় উপনামেৰেও তেওঁ লেখা-মেলা কৰিছিল ৷ ২১ খন কাব্যগ্ৰন্হৰ ৰচয়িতা চিনু মোদীয়ে গল্পকাৰ আৰু সাংবাদিক হিচাপেও প্ৰসিদ্ধি লাভ কৰিছিল।]

- অপূৰ্ব ভূঞা , চুৰাট, গুজৰাট
—————————————————————
হিন্দী কবি গজানন মাধৱ মুক্তিবোধৰ কবিতা  
বহুদিনৰ পৰা
ভাৱানুবাদ -- গণেশ বৰ্মন 

মই বহুদিনৰ পৰা
বহুদিনৰ পৰাই 
বহুতো কথাই ক'ব খুজিছিলোঁ তোমাক
অন্যৰ লগতে এইবোৰও
আকৌ বৈ যোৱা ,মাথোঁ বৈ যোৱা
মেঘৰ গাজনিৰে
কুঁৱলিৰ ভাষাৰে
ৰঙৰ উদ্ভাসেৰে যি আকাশৰ কেউদিশে
পৃথিৱীয়ে আছে কৈ
ধৰাৰ পৰা মন মুকলি হৈ
ক'ব খুজিছিলোঁ তেতিয়াই 
উপমা-সংকেতেৰে
ৰূপকেৰে , মৌন প্ৰতীকেৰে

মই বহুদিনৰ পৰাই বহু কথাই
ক'ব খুজিছিলোঁ তোমাক  !
যেন আকাশে পথাৰক ,
কুঁৱলি , মেঘৰ ভাষা এৰি
আকাশে ক'ব খোজে কিছু
ৰূপ সলাই , ৰং সলাই  ।
————————————————————— 
চাকি
জুবিলী গগৈ

তুষাৰকণাৰ দৰে
দুগচি চাকি
অহৰহ জ্বলি থাকে
মোৰ হিয়াৰ দাপোণত
ৰাতিয়ে-দিনে

শয়নে-সপোনে যি মোক
সজীৱ কৰি ৰাখে

শূন্যৰ পৰা বোৱাই আনে
শুদ্ধ শান্তিয়নী 

তুষাৰকণাৰ দৰে চাকি দুগচিয়ে
আন্ধাৰ হ'বলৈ দিয়া নাই 
মোক কাহানিও
আজিও আন্ধাৰে মোক
খেদা নাই ৰাতি

কিবা এক শক্তিয়ে
আন্ধাৰ আঁতৰাই
গাবলৈ প্ৰেৰিত কৰিছে মোক
পোহৰৰ মন্ত্ৰ।
——————————————————
ৰাগি লগা হাঁহি
অৰ্চনা ঠাকুৰীয়া

ছবিখন বুজিবলৈ বহু সময়ৰ প্ৰয়োজন হৈছিল
প্ৰতীক অথবা ব্যঞ্জনাৰ বান্ময় মূৰ্তিৰ ছবিখন আঁকিবলৈ ৰং তুলিকা হাতত একোৱেই নাই
কেনেকৈ আঁকো ছবিখন

যন্ত্ৰণাৰ সমদল এটা আহি মোৰ ঘৰত বাহৰ পাতিছে।সিহঁতক আপ্যায়ন কৰোঁ নে উভতাই পঠাও
ঢাপত গজা চিন্তাৰ পুলি পোখাবোৰ নিৰ্মূল কৰিব নোৱাৰিলে হৃদয় আৰু নাড়ীৰ স্পন্দনত সাৰ পাই নুঠিব প্ৰচণ্ড শক্তিৰে নিৰ্মিত সৃষ্টিৰ বীজ

দ্য ড'লছ হাউচৰ নায়িকা ন'ৰালৈ আজি বৰকৈ মনত পৰিছে
দোধোৰ মোধোৰ অৱস্থা
কোনটো এৰো
কোনটো ধৰোঁ
দুৰ্গম পুৰাণৰ পাতত জীৱনটোৱে যেন  আত্মগোপনৰ প্ৰয়াস কৰিছে

এতিয়া মাজ নিশা
শুকান পাতৰ জঁকাত ওলমি ৰৈছে আমাৰ
পিয়াঁহৰ পানী
আমি গৈ আছোঁ,গৈয়েই আছোঁ
চলাথ কৰিছোঁ উত্তৰাৰ গৰ্ভৰ হাজাৰজন অভিমন্যুৰ ভ্ৰূণ

এনেতে দেখিলোঁ সিজু গছত গান গাই থকা সখিয়তীৰ 'মোক-তোল মোক-তোল ৰাগি লগা হাঁহি'


বি দ্ৰ: ন'ৰা–বিখ্যাত নাট্যকাৰ হেনৰিক ইবছেনৰ দ্য ড'লছ হাউচ নাটকৰ নায়িকা
—————————————————————
বসন্ত
ধ্ৰুৱজ্যোতি দাস

দুখৰ ৰাতিবোৰ জ্বলি জ্বলি
নৈখনৰ ভিতৰলৈ সোমাই যায়

নৈৰ বুকুত এজাপ সৰাপাতক পাই
ৰাতিয়ে সোধে
আছেনে ইয়াতো জীৱন জীয়াই 

পৃথিৱীত এতিয়া দুখৰ ঋতু।

ঠিকনা:
ড০ ধ্ৰুৱজ্যোতি দাস
সহযোগী অধ্যাপক
ইংৰাজী বিভাগ
কটন বিশ্ববিদ্যালয়, গুৱাহাটী
———————————————————
পানীৰ বাট
দীপজিৎ

ইয়াত এখন দলং আছিল
আৰু আছিল
পানীৰ এটা বাট

পানীৰ পৰিক্ৰমাত পতিত 
ঋতুত
শিৱাজীৰ ছাতিটো হেৰাল
লাজত নতজানু লতাজীৰ
ভৰা দুগাল...

পানীৰ মিঠৈ বেচা 
বেপাৰীৰ দেশত
পানীৰ লেলাউটি পৰা হাট।
———————————————————
যুদ্ধৰ ধোঁৱা
পংকজ কুমাৰ শৰ্মা

যুদ্ধৰ ধোঁৱাই চানি ধৰা দেশ,
ঘূণীয়া মানুহৰ কোৰ্হালত 
ককালৰ বিষ
শুই পৰা এটা শামুক 

জুইৰ লেলিহান নাচোন, 
যুদ্ধ বিধ্বস্ত চহৰে
সভ্যতাৰ ওচৰত 
কৰুণা ভিক্ষা কৰে

আতংকই খেদি ফুৰা চকুত 
আইৰ অধীৰ কাতৰ মুখ, 
যুদ্ধই দেশান্তৰিত কৰা
লোকৰ কামিজত 
তেজৰ কৰাল শূল

বাট হেৰুৱাই কান্দি বিয়াকুল হৈ পৰা লোকেৰে
ভৰি পৰে বুকুৰ চোতাল 
উদুলি-মুদুলি মনত
এটা দীঘল পদূলি,
পদূলিৰ কোলাত শুই 
টোপনি যায়
এটা আউসীৰ চৰাই 

কাঁহি কাঁহি শেষ হয়
মুখাৰ অহংকাৰ 

" আমাক শান্তি লাগে
যুদ্ধ আমি নিবিচাৰোঁ "

বিভীষিকাৰ বিজ্ঞাপনেৰে সকলোৱে চাই থাকে 
তুচ্ছ অহংকাৰৰ দামী মহাশয়

আৰু কিমান দিন 
হে সুউচ্চ সভ্যতা !

যুদ্ধৰ ধোঁৱা নীচাত্মিকা শোভা।
———————————————————
বাট হেৰুওৱা নদীবোৰ
ভাৰতী চক্ৰৱৰ্তী

বাট হেৰুৱাই নদীবোৰে
ঢৌ খেলিছে
অজস্ৰ চিৎকাৰ ঠেলি
বুকুত বান্ধিছে
মানুহক কবৰ দিয়াৰ স্থান

কত প্ৰাৰ্থনা উপেক্ষা কৰি
সিঁচি দিছে
আথাউনি শূন্যতা
কুৱলীৰ দৰে
এখন ধুসৰ জাল হৈ
পৰ দি আছে
বিশ্বাসহীন
দেওধনী

কৈ আছে
এন্ধাৰৰ কথা
————————————————————
শৱ ৰখীয়াৰ ঘোঁৰা বজাৰ
ড° মন্ জু  হালৈ

মৃত চহৰ  হস্তীনাপুৰখন আগত লৈ পৰ দি আছিল পাঁচজন তেজাল ডেকা

শিলৰ হাতুৰী মুঠিত বান্ধি পোনাব বিচাৰিছিল বেলিলৈ এটি  হালধীয়া নদীৰ বাট

চেৰেকীত ওলমি ৰৈছিল সন্দিঘ্ন সময়ৰ সূতা,দ্বাৰকাত বহিছিল ঘোঁৰা বজাৰ

দিন ৰাতি একাকাৰ
সন্মুখত ভৱিষ্যতৰ অনিশ্চিত ক'লাজ
লক্ষ অক্ষৌহিণী ল'লে গৌৰৱী সমতয়ে

বাসনা  বিবসনা
স্তব্ধ গান গোৱা চৰাইৰ প্ৰাৰ্থনা
আউললগা সূতাৰ নেচাত জঁট লগা জীৱনৰ ডেউকা 

পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ
মানুহৰ ওঁঠত আখৈফুল 
শৱ ৰখা কেইজনেহে জিকিলে ঘোঁৰা বজাৰ

সময় আৰু বিশ্বাসৰ তুলনাচনীত বহি
আজিও কিয় ৰিঙিয়াই মাতে
পথৰুঘাটে।
———————————————————
পিয়াঁজ -পুৰাণ 
গায়ত্ৰী দেৱী বৰঠাকুৰ

বিশিষ্ট গল্পকাৰ চন্দনা পাঠকে 
পিয়াঁজক লৈ লিখা 
গল্পটো পঢ়িছেনে আপুনি 

ব্যতিক্ৰমী 

বহুদিন ধৰি গল্পটো             
পাগুলি আছিলোঁ  

(দৃশ্যপট= এক )

গল্পটোত
এটকীয়া ৰেচনৰে ভোক পলোওৱা এজাক নিদ্ৰাবিলাসী  মানুহ আছে 

ভোজন বিলাসী মানুহ জাকৰ 
উদৰত 
শ- টকীয়া পিয়াঁজে টোকৰ দিছে

ঘনে- ঘনে 

গল্পটোত
পিঙ্কুজিৎ আছে 
বৰপেটাৰ পিঙ্কুজিৎ 

পিঙ্কুজিতে দিয়া বাহী বাতৰি খনেৰে 

এসময়ৰ সক্ৰিয় ল'ৰা আৰু বৰ্তমানৰ 

দীপক পাগলে শুই থকা 
মানুহ মখাক জগোৱাৰ 
বৃথা  প্ৰয়াস কৰিছে

আন পিনে পিঙ্কুজিতৰ মনত
 দোলা দিছে কবিতাৰ এটাৰ  প্ল'টে 

পিয়াঁজবিহীন জীৱন 

বৃথা 
পিয়াঁজ এতিয়া চিম্বল  ষ্টেটাচ'ৰ

(দৃশ্যপট -- দুই   )
মহঙা দিনত মহঙা  জীৱনৰ ফোপোলা শৈলীৰ 

নেগুৰত ধৰি বজাৰলৈ সোমাই গ'ল শোভা  বাইদেউ 


পিঙ্কুজিৎ  সোমাল নেমু কিনিবলৈ 

হঠাতে ঘটা ঘটনা এটাত অপ্ৰস্তুত হৈ পৰিল  বাইদেউ 

পিয়াঁজ হৰণ কাব্য লিখিবলৈ 
পিঙ্কুজিৎৰ সাজু মন কাগজ 

(দৃশ্যপট = তিনি )
গীতালি ৰেষ্টুৰেণ্টত সখাকবি  প্ৰাঞ্জলৰ লগত পিঙ্কুজিতে কামোৰ দিলে 

চিংৰাত 

হাতৰ মাণিকটো লৈ 
পিঙ্কুজিতে  চিংৰাত 
পিয়াঁজ বিচাৰিছে 

কেঁচু খান্দোতে ওলাল সাপ 
নহয়  
ওলাল  মূলা

কাউৰী নোহোৱা দেশতো ৰাতিপুৱাই দাদা 

পিয়াঁজৰ কাম কৰিব মূলাই 
পোৱালিৰ ৰেডিমেড ডাইল'গ

জিভাৰ জুতি পূৰাই/ বঢ়াই আত্মগৌৰৱত মত্ত  পিয়াঁজ 
পিঙ্কুজিতে চিঞৰি উঠিল 
' কি কাৰবাৰ !'

( দৃশ্যপট = চাৰি )
ৰাতিলৈ পিঙ্কুজিতে সপোন দিখিলে 

সপোনত ব্ৰুটাচৰ ভাওত মূলা 

হঠাতে মহৰ গানত 
খকমমকাই উঠিল 
পিঙ্কুজিৎ 

কেলেণ্ডাৰত নিষ্ক্ৰিয় বেজী - সূতাৰ সময় 

পিঙ্কুজিতৰ টোপনি ভাগিল 

ডাৱৰীয়া বতৰত  
ৰেইনকোট নিপিন্ধা
বাতৰি ধৰিবলৈ হ'লে 
পিঙ্কুজিত আৰু  শুব নোৱাৰে 

শুলেই 
নিদ্ৰা দেৱীয়ে  কাঢ়ি নিব 
জীৱনৰ কবিতা 

চাৰি বাজিবলৈ তেতিয়া 
আঠাৱন্ন মিনিট 
বাকী

পিঙ্কুজিতে 
হাতত তুলি লৈছে 
জয়ন্তী কলম

প্ল'ট=পিয়াঁজ বিৰোধী  
মূলা =খাদ্য / ভাগ্য  
জয় হো জয় হো 

( বি.দ্ৰ .= শোভা বাইদেউ আৰু পিঙ্কুজিতে পাচলিৰ বজাৰত প্ৰত্যক্ষ কৰা ঘটনাটোৰ সবিশেষ  জানিবলৈ আপুনি  পঢ়িব লাগিব  'পিয়াঁজ- পুৰাণ'। ক'ত পাব ? শীঘ্ৰেই  যোগাযোগ কৰক পিঙ্কুজিতৰ সতে।আশা কৰোঁ সোনকালেই  ডায়েল কৰিব পিঙ্কুজিতৰ নাম্বাৰটো। )

গায়ত্ৰী দেৱী বৰঠাকুৰ ,তেজপুৰ
8822943064
—————————————————————
ঠিকনা বিচাৰি
লোকেন্দ্ৰ হাজৰিকা

মই মোৰ ঠিকনা বিচাৰি
চলাথ কৰি ফুৰিছোঁ
ব্ৰহ্মাণ্ড জুৰি

সুমেৰুৰ পৰা কুমেৰু লৈ
মহাসাগৰৰ পৰা মহাকাশলৈ
প্ৰতি অণু পৰমাণুৰ পৰা
বিৰাট বিশালতা লৈ

ক'তো দেখোন বিচাৰি নাপাওঁ মই
মোৰ ঠিকনা

মই কোন 
ক'ত আছিলোঁ
আহিছিলোঁ ক'ৰ পৰা
যামেই বা ক'লৈ
ক'তে গৈ লভিম স্থিৰতা
বিচাৰি নাপাওঁ
মোৰ ঠিকনা

তুমি কোন
ক'ৰ পৰা আহিছা
যাবা ক'লৈ
কি সম্বন্ধ তোমাৰ
মোৰ স'তে
আছেনে তোমাৰ হাতত
তোমাৰেই ঠিকনা

পিতা মাতা
পুত্ৰ পৰিবাৰ
জ্ঞাতি কুটুম
সকলো মাথোন
মিছা মৰীছিকা

অভিনয়
মাথোঁ দুদিনৰ মিছা অভিনয়
মায়াৰ মঞ্চত

কিহৰ তাৰণাত বাৰু বাল্মিকীয়ে গাইছিল
"মা নিষাদ্ প্ৰতিষ্ঠাং তমগম --"
কিহৰ লালসাত বৈছিল
কুৰুক্ষেত্ৰত তেজৰ নৈ
অশোকৰ কলিংগ বিজয়
থমকি ৰ'ল কিয়
চেংগিজখাৰ দূৰন্ত গতি
এনেয়ে ৰুদ্ধ হোৱা নাই
নেপ'লিয়নৰ বিজয় ধ্বজা
শিৱাজীৰ দেও লগা ঘোঁৰা
চিলাৰায়ৰ চিলনী যাত্ৰা
সিও এদিন স্তব্ধ হৈ গ'ল

হিটলাৰ-----
যাওক দিয়া
কিমাননো শুনিবা আৰু
জিঘাংসাৰ ফাকু খেলা গীত

কোন আছিল তেওলোক
ক'ৰ পৰা আহিছিল
বুৰঞ্জীৰ মাথোন এখিলা পাত
ভূগোলৰ কেইডালমান
একা বেঁকা ৰেখা
সিও এদিন মচ খাই গ'ল

কেবল নিৰৱে নিৰলে
ধ্বনিত হৈছে আজিও
"যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত ----"
প্ৰতিধ্বনিত হৈ আছে
"বুদ্ধং শৰণংগচ্ছামি-----"
অথবা
"কৃষ্ণস্তু ভগৱানক স্বয়ম্---"
নামঘৰ মণিকূট
মন্দিৰ মছজিদ
গীৰ্জা গুৰুদ্বাৰ
সকলোতে প্ৰবাহিত 
একেটাই সুৰ
"কাকো হিংসা নকৰিবা
জীৱ হিংসা মহা পাপ"

অথচ ঠিকনা বিহীন
এক বিৰাট সমদল
সকলোকে লাগে ক্ষমতা
তাৰ বাবেই নহয় জানো হিংসা হত্যাৰ
তয়াময়া আখৰা

কিন্তু
আমি নিজেই নাজানো
আমাৰ ঠিকনা কি
এই বিশ্ব নাট্য মঞ্চত 
ভাও দিবলৈ অহা
আমি একোজন নিপুণ ভাৱৰীয়া
কোনোবা সূত্ৰধাৰৰ
বুঢ়া আঙুলিৰ ঠাঁৰত
আমি নাচিব লাগিছোঁ

ভাওনাৰ শেষত আকৌ
হাবাথুৰি খাব লাগিব
আমি আমাৰেই ঠিকনা বিচাৰি
আমাৰ ঠিকনা বা কি?
---------------------———————————
অজান
প্ৰদীপ চন্দ্ৰ শৰ্মা

নক'লেও কিছুকথা এনেয়ে বুজা যায়
ঠাৰেচিয়াৰে কেতিয়াবা
পাঁজিসেৰীয়া আঙুলিৰ
নান্দনিক ভঙ্গিমাত
ফুঁটো নে নুফুঁটোকে'
ৰসাল অধৰৰ হাঁহিটি
কাজলসনা দুনয়নত
নিৰ্লোভ পচাৰ
বুজি পোৱা যায় কিছুকথা
সেয়েতো হেৰায়
সময় চকৰীৰ আঁত
তথাপিতো বহুকথা
নুবুজাকৈয়ে থাকি যায়
সময় ভাঙি শব্দ গঢ়া
জীৱনৰ মনোৰম খেলত
বহুকথা এনেয়ে ৰৈ যায় ।
—————————————————————
কোনেও নক’লে
ইলামণি শইকীয়া

কোনেও নক’লে-
ৰঙীন চশমাখন খুলি পেলোৱা
কোনেও নুবুজালে সেয়া বাট নহয় অবাট
ওভতি ব’ব খোজা নদীখনত এটা বান্ধৰ কথা কোনেও নাভাৱিলে
যেনিয়েই মন যায় গুছি গ’ল-পোহৰবোৰ,চৰাইবোৰ, পানীবোৰ
জীৱন উদযাপন নকৰাকৈ
শেষ হৈ গ’ল-যৌৱন
ৰ’দৰ সপোন নেদেখাকৈয়ে
পাৰ হ’ল-দুৰন্ত সময়
অগ্ৰজ বাটৰুৱা-তোমালোকে শিকাব নোৱাৰিলা
মাটিত ভৰি নথ’লে আকাশ চুব নোৱাৰি
অবাটত দিয়া খোজবোৰে সফলতাৰ সীমা চুবগৈ নোৱাৰে৷
আমাৰ বিফলতাবোৰ তোমালোকৰ বিফলতাৰেই 
 ৰক্তবীজ পথিকৃত
—————————————————————
তোমাৰ ভুলৰ বাবেই
ড°ৰমেশ কুমাৰ কাকতি

ব্যক্তিস্বাৰ্থক 
সাৰোগত কৰি 
পাহাৰখনৰ বুকুফালি 
অট্টহাস্য কৰিছিলা ৷

শিলৰ বুকুত
শেলৰ আঘাট সানি
অজানা তৃপ্তিৰ
সন্ধানত নামিছিলা৷

হয়তো ভাৱিছিলা
শিল নিৰ্জীৱ
পাহাৰ খনৰো নাই 
মান অভিমান ৷

গছ-গছনি কাটি
তহিলং কৰিছিলা
সৃষ্টি কৰি বিভূতি বৈভৱ
গাইছিলা বেসুৰা সুৰৰ গান ৷

তুমি চাগৈ ভাবিছিলা
প্ৰকৃতিক লুটিপুটি
গঢ়ি যাবা দিনেদিনে
আকাশলংঘা অট্টালিকা ৷

সেয়ে চাগৈ পুতিছিলা
খাল বিল জলাশয় 
অনায়াসে একোকে নাভাবি
দেখিছিলা মৰিচিকা ৷

ৰুষ্ট কৰি প্ৰকৃতিক
তুষ্ট কৰিছিলা মন
দানৱীয় চৰিত্ৰৰ
প্ৰতিফলন ঘটায় ৷

কিমান নিদাৰুণ তুমি
বিনন্দীয়া প্ৰকৃতিৰ
সুখ দুখ হাঁহি কান্দোন
ভাৱিবলৈ সময়েই নাই ৷

সেয়ে আজি ৰুষ্ট প্ৰকৃতি
কালান্তক ৰূপ লৈ
কৰিছে সংহাৰ
নাৰাখি উৎস প্ৰতিকাৰ ৷

প্ৰকৃতি ৰুষ্ট হ’লে
নোৱাৰে বাচিব মানৱ
প্ৰযুক্তি বিজ্ঞান শিক্ষা
সকলো অবান্তৰ ৷

সেই কথা ৰাখিবা মনত
তোমাৰ ভুলৰ বাবেই
তোমাৰ ভবিষ্যতে
ভুগিব লাগিব লাঞ্ছনা-গঞ্জনা ৷

নিৰ্বিকাৰ প্ৰকৃতিক
সুৰক্ষা প্ৰদান কৰি
নিজৰো ভবিষ্যতৰ
প্ৰজন্মক দি যাবা সান্ত্বনা ৷

ড°ৰমেশ কুমাৰ কাকতি
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ
———————————————
পিতাই
চন্দনা ভাগৱতী 

পিতাইৰ হাতৰ আঙুলিকেইটাত ধৰি যেতিয়া নিশাৰ আকাশৰ জোনাক চাইছিলোঁ
জোনাকত তিতি মই তেতিয়া নিজে এটি জোনাকী পৰুৱা হৈছিলোঁ
গজি উঠিছিল ক্ৰমশঃ
গুন গুন গানৰে সন্মুখৰ পথাৰত এখন হাঁহিফুলৰ বাগিছা

আজি সকলো হেৰুৱাই আন্ধাৰত মজিছোঁ
উচ্চাৰিত নহোৱা কিছুমান কথা
বুকুত বিষাদ ছাঁ
স্মৃতিৰ ভৰত দো খাই পৰিছোঁ
খিৰিকি সিপাৰে পিতাই
খিৰিকীখনত কেইবাটাও প্ৰশ্ন উবুৰি খাই পৰিছে
উপলব্ধিত পিতাইৰ স্তব্ধতা
শিল যেন চেঁচা ।
———————————————————
ভাস্কৰ 
পবিত্ৰ কুমাৰ নাথ
                 
শব্দৰ স'তে চিনাকি হোৱাৰ
শিহৰিত মুহূৰ্তবোৰে
মোক দিছিল অনুভৱৰ এখন হৃদয়

আৰু তেতিয়াৰে পৰা
মই কবিতাৰ প্ৰেমত পৰিছোঁ,

কবিতাই মোক আৱিস্কাৰ কৰিছে
খোজ কাঢ়িবলৈ শিকাইছে
শব্দৰ কঠিন শিলত
কাটিবলৈ শিকাইছে
জীৱনৰ নবীন ভাস্কৰ

তেওঁ মোক উপহাৰ দিছে
তেওঁৰেই অভিষেকৰ দিনা
হেঙুল হাইতালেৰে বোলোৱা
এটি  কবি সত্তা

যি সত্তাই  মোক দিছে  সংগ
আৰু নিঃসঙ্গ জীৱনৰ নিৰাপত্তা  ।
——————————————————
মোৰ বুকুৰ কলিজাটো
ভগদত্ত ডেকা

ৰক্ত জৱা হৈ ফুলে
মোৰ বুকুৰ কলিজাটো
দুখতো সুখতো
আশাবোৰ আছে বাবেই
সেউজ হৈ থাকে
মোৰ জীৱন
আন্ধাৰতো পোহৰতো।

জীৱন মানেই গতি
সময়ৰ ৰথত উঠি
মাথো গৈ থাকো
লৈ নিজকো আনকো
ৰক্ত জৱা হৈ ফুলে
মোৰ বুকুৰ কলিজাটো
সুখতো দুখতো।
———————————————————
দুটি "বান"ৰ স্তৱক
প্ৰণামী দাস 

১.

মোৰ পদূলি গৰকি 
বান আহিছে 
কাৱৈ, পুঠি, খলিহনাই উজাইছে ভটিয়াইছে
কলৰ ভূৰ লৈ মোৰ শৈশৱে
হাত বাউলি মাতিছে ।

২.

বান অহাৰ দৰেই আহিবিচোন এদিন
উজানৰ মাছেৰে থিয়ৈ টেঙা দি
এসাজ খোৱাম তোক
ভঙা পঁজাটিতে মোৰ সাঁচি থোৱা আছে  
বুকু ভৰি পৰা সমস্ত সুখ ।
———————————————————
বাৰিষাৰ সুমধুৰ ক্ষণ
চিন্ময় ডেকা 

কৃষকৰ মন
উদ্বিগ্নতাৰে ভৰা,
একাগ্ৰতাৰে কৰা
একোটি সপোনৰ 
কঠীয়া ডৰা!
আল-ফুল'কৈ...
মাটি চহ কৰা,
নাঙলৰ মুঠি কিমান কষ্টকৰ?
ইফালে বাৰিষা বতৰ।
বোকাৰ গছকত ভৰি গৈছে পিছলি
পথাৰৰ দীঘলীয়া আলি
হাল, কোৰ হৈছে সাঁৰথি...
কৃষক সকলক সুগন্ধি মাটিত বিলীন
যেন, সাৰুৱা মাটিৰ পথাৰত
সেউজীয়া কৰাৰ দিশে, বদ্ধপৰিকৰ।
'বাৰিষাৰ সুমধুৰ ক্ষণ'
শেলুৱৈ ধৰা জীৱন
চোতাল বোৰ হৈছে পিছল...
অন্য এক দৃশ্যপট্ সেউজীয়া প্ৰলেপ
কিমান যে, 
শৈশৱ স্মৃতিৰ নিভাঁজ কোণত মামৰে ধৰা এই জীৱন।

চিন্ময় ডেকা, 
জলাহ টংলা ওদালগুৰি
দূৰভাষ:- ৬০০২৬৬৬৫৯৩
——————————————————
সপোন-যুগ
গৌতম মালাকাৰ

এয়া সপোন-যুগ।
সপোন দেখুওৱাৰ যুগ,
ইচ্ছামতে সপোন দেখাৰ যুগ!
এতিয়া সকলোৰে সুদিন
"জয় শ্ৰীৰাম" ধ্বনিৰো সুদিন,
"আল্লাহ হু আকবৰ" ধ্বনিৰো সুদিন!
এতিয়া নিতৌ জেঠমহীয়া ৰ'দ
তুঁহ-জুই হৈ দহিছে প্ৰতিটো সপোন,
আন্ধাৰত খিড়িকী খুলি
সূৰ্যোদয় চোৱাৰ বৃথা সপোন!
জিঞাৰ পাখিত 
সূৰুযৰ ৰ'দৰ টলমলনি,
জিঞাই নাজানে 
সূৰুযৰ প্ৰখৰ ৰ'দৰ পোৰণি,
সপোন আৰু বাস্তৱৰ ভঙা সাকোঁৰ কাহিনী!

—————————————————————
জীৱনৰ চাকনৈয়া
মনচুমী নাথ

পাৰাপাৰহীন পানীৰ পকনীয়াত
পথভ্ৰষ্ট পথিক 
 হৃদয় বিদাৰক দৃশ্য ,
পানীৰ হো হোৱনি   মানুহৰ হাহাকাৰ
মনত হাজাৰ প্ৰশ্ন,
কিয়নো হেৰায় যায় জীৱনৰ ছন্দ? 
জীৱন মাথোঁ মায়া মৰীচিকা,
খেদি গ'লে সমুখত পোৱা যায় শূন্যতা।
ক'ত আছে সুখ ?
ক'ত আছে শান্তি ?
ক'ত বাৰু পোৱা যায় জীৱনৰ পূৰ্ণতা ?
ধীৰে ধীৰে উটি যায় জীৱনৰ ৰং
পানীৰ দৰেই 
জীৱন এতিয়া বৰণহীন ।
অন্নহীন বস্ত্ৰহীন আশ্ৰয়হীন ।
পানীৰ তলত ডুব যায় 
আশাৰ চাকি ,
বুকুৰ মাজত হতাশাই লৈছে থিতাপি ।
অনাগত ভবিষ্যতক 
কি দি থৈ যাম আমি 
থাকিবগৈ মাথোঁ এখন 
নিঃশেষ হ'ব ধৰা পৃথিৱী,
পানীপূৰ্ণ পৃথিৱী।
আকাশৰ তলতেই থাকে হেনো 
হাঁহি ভৰা সপোন 
আশা বোৰে হেঁপাহেৰে খেলি থাকে 
কাগজৰ নাও 
একেখন আকাশৰ তলতে 
জীৱন জীয়াৰ কঠোৰ  সংগ্ৰাম
চলি আছে এনেকৈয়ে জীৱনৰ নাও ।
দৃষ্টিৰ সীমনাতো কেৱল জলধি,
সপোনৰ এতিয়া সলিল সমাধি ।
——————————————————
অনুভৱৰ সপোন 
ৰবিন কুমাৰ চেতিয়া 

নদীখন 
নদী হৈ থকালৈকে 
জোনাকবোৰ 
ওমলি আছিল মোৰ 
হৃদয়ৰ দলিচাত 
সোণাৰুবুলীয়া ফাগুনৰ চঞ্চলা চুমাত 
ঠন ধৰি ফুলিছিল লহপহকৈ
আশাৰ 
সেউজীয়া বাট

নদীখনে বাগৰ সলোৱাৰ পৰাই
এন্ধাৰৰ বৰষুণজাকে আহি 
ভালকৈয়ে 
কোবালেহি মোক
দুপৰ নিশাও এতিয়া 
হঠাৎ কেতিয়াবা 
সাৰ পায় উচুপি কান্দে
কুচিমুচি টোপনিৰ গেঁৰমেলা 
সপোনৰ ঠোক 

সেইজাক বৰষুণত আজিও মই 
অহৰহ 
তিতিয়েই আছোঁ 
আশাৰ বন্তি জ্বলাই 
দিনে ৰাতি 
পোহৰৰ প্ৰতীক্ষাত অকলে অকলে 
বিষাদৰ নদীত মাথোঁ
সাঁতুৰিছো

শব্দৰ নীলাত 
উটি ভাঁহি 
ফেহুঁজালি ৰ'দত শুকুৱাব খুজিছো
অনুভৱৰ 
সিক্ত অনুৰাগ
ছাঁ পোহৰৰ অবিনাশী খেলত 
প্ৰতিদিন প্ৰতিপল 
উঠিছে নামিছে 
জীৱনৰ সন্ধ্যালী ৰাগ

নদীখন 
নদী হৈয়ে থাকিবলৈ দিয়া 
সদায়ে
আশাবোৰ 
সাঁতুৰিবলৈ দিয়া ভালপোৱাৰ 
প্ৰথমজাক বৰষুণত
জীপাল হ'বলৈ দিয়া 
হৃদয়ৰ 
দুয়োটি পাৰ
উঠা নমা লহৰবোৰ 
ফুলিবলৈ দিয়া
সুৰীয়া গীতৰ কঁপনি তুলি
সেউজীয়া দেশৰ ...
—————————————
এন্ধাৰ ভাল পাও
প্ৰাণ প্ৰতিমা বড়া

পোহৰ ভালপোৱা সকলে নেজানে
এন্ধাৰৰ গভীৰতাবোৰ,
এন্ধাৰে লুকুৱাব জানে
ভগ্ন হৃদয়ৰ কোলাহলবোৰ,
এন্ধাৰে উমলাব জানে
তিক্ত অনুভূতিৰ দোমোজাবোৰ,
মনৰ ভিতৰৰ বেদনাবোৰে
কুৰুকি কুৰুকি সোমাব খোজে
এন্ধাৰৰ বহল বুকুত,
দুৰ সীমনাৰ সমীৰণৰ উচুপনি
এন্ধাৰে নিচুকাব জানে,
সেয়ে হয়তু এন্ধাৰ ভাল পাওঁ,
ভাল পায় বহুজনে,
পোহৰ ভালপোৱাসকলে নেজানে
এন্ধাৰৰ বিশালতাবোৰ....

প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
—————————————
সেই ক্ষণ মাহেন্দ্ৰ ক্ষণ
ৰেখা বৰকটকী

বিধেয়ক খন মনোনীত
হোৱাৰ সময়  সমাগত!
হিংসা- দ্বেষ বিবৰ্জিত 
এখন শপতনামাৰ
উত্থাপন হওক
য'ত দূৰ্গন্ধ বায়ুৰ
নিষিদ্ধকৰণ হয়,
পক্ষাঘাত মুকলি হৈ
জৰাজীৰ্ণ সত্যবোৰে
মুক্তিৰ পথ  বিচাৰি পায়.. 
সত্যৰ অপমৃত্যুত অসত্যবোৰ
গা কৰি নুঠিব
ক্ষত -বিক্ষত জৰায়ুবোৰৰ 
পুণৰ মেৰামতিৰ আধাৰশিলা, 
পূৰ্ণগতিত চলিব
আৰু তেতিয়াই
উচ্চ মানসিকতাৰ বীজবোৰে
গজালি মেলিব ---
বুভুক্ষ জীৱনেবোৰে
নিৰাপত্তা  পাব
যিহেতু সেইখন কৰ্মশালা যে উত্থাপন...!
সহিষ্ণুতাৰ সেই কৰ্ণধাৰ সমিতিতে
হিংসাৰ বিৰুদ্ধে জেহাদ ঘোষণা হ'ব!

পলকতে  নামি অহা ধুমকেতুবোৰ
ভাঙি চুৰমাৰ হ'ব তাত
হিংসাই ভৰপক দিয়া দূৰ্দান্ত বুকুবোৰ,
নিমিষতে শীতল হৈ পৰিব
আস্থাত বিশ্বাসে সজাঁল ধৰিলেই
শব্দবোৰে  নৈশব্দৰ কোলাত 
জিৰণি ল'ব!

ঠিক তেনেতে
নিৰাশাৰ পাণ্ডুলিপিত ৰম্ ৰমকৈ জ্বলিব
একুৰা হেঁপাহৰ জুই...!
———————————————————
নিঠৰুৱা 
ভূপেন কলিতা

নিঠৰুবা এটি শব্দ নহয়
ই এক বেদনাৰ গহ্বৰ, 
বহুতো ক'লা ৰাতিৰ সমাহাৰ। 
মাজ ৰাতি কামনাৰ
ৰঙা চকুৰ দুৱাৰত টোকৰ। 
নিজক প্ৰতিষ্ঠাৰ এখন যুঁজ,
মুধচ বিহীন এখন ঘৰ! 
বদনাম দিবলৈ কতনো পৰ! 
ভাগি পৰা পঁজাৰ ই হেৰোৱা কণ্ঠস্বৰ। 
আব্দাৰ বিহীন এটি যন্ত্ৰণাৰ
কঠিন শিলত কটা শব্দ ই,
য'ত নাই প্ৰেৰণাৰ স্থল। 
নিঠৰুবা হোৱা ইমান সহজ নহয়,
য'ত নাই মা পিতাৰ চেনেহৰ হাতখন।
———————————————————
নিঃসঙ্গতা
নিৰুপমা মজুমদাৰ

নিঃসংগতা জীৱনৰ অধ্যয়ন 
যিয়েই আনি দিয়ে আলোড়ন
এটা এটা দিনৰ আৰোহণৰ । 

নতুনত্বৰ সন্ধানত মনে নামি যায় 
নৱ লহৰৰ অন্বেষণ নিজকে বিলাই 
সৃষ্টিৰ সূচনাত ঢাপলি মেলি ৰূপান্তৰলৈ ।

মনলৈ অহা যোৱা অতীত ৰোমন্থনত
দুখ সুখৰ ৰূপ ৰহস্যৰ নিঃসৰণত
নিহিত অৰ্থত আকৰ্ষণীয় নিবেদনলৈ । 

তাতেই আমি ৰচনাৰ আঁত বিচাৰো
কত পৰিবৰ্তনৰ মাজেদি জীৱন প্ৰকাশৰ 
বৃত্তৰ পৰিধিত সোমাই সেউজ ঢালিবলৈ ৷

সেয়ে নিঃসঙ্গতা সৃষ্টিৰ যাত্ৰা 
ক'ত কেনেকৈ হয় কেতিয়া সূচনা 
বিভিন্ন সময়ত ভিন্নতাৰ উপলব্ধিৰ মাথোঁ এক মাত্ৰা।
———————————————————
প্ৰাতঃ ভ্ৰমণ
দীপাংকৰ ভূঞা

প্ৰাতঃ ভ্ৰমণত যাওঁতে
মিচিকিয়াই ক'লো , সুপ্ৰভাত
তেওঁ মিচিকিয়াই ক'লে , সুপ্ৰভাত
তেনেতে নতুন আকাশ এখন
আৰু নতুন সূৰ্য এটি দেখিলোঁ
আকাশত ডাৱৰ নাছিল
সূৰ্যত পোহৰৰ কৃৰ্পণালি নাছিল ,
পোহৰত…
দেহত…
নৱজাগৰণৰ সৃষ্টি হৈছিল
এখন নতুন সৰগ ৰচিছিলোঁ !
—————————————————
মই
খূৰ্ছীদ আনছাৰী
        
ৰাষ্ট্ৰৰ প্ৰতি
সংখ্যালঘু সকলৰ অৱদান
শূন্য…

তেওঁলোক অপকাৰী

এনেকৈয়ে প্ৰচাৰ কৰা হৈছিল
জাৰ্মানীত
ইটালীত আৰু
ৰাৱাণ্ডাতো

মই
মোৰ ৰাষ্ট্ৰৰ বাবে অপকাৰী
মোৰ দেশতো এনেকৈয়ে কোৱা হৈছে

কিন্তু
এই মাটি মোৰ বৰ প্ৰিয়
মই মৰিম দেশৰ হিতৰ বাবে এই দেশত।
———————————————————
অৱকাশ
ৰমেন দাস

উশাহবোৰ হওক সুখৰ
মধুৰ মিলন মন্দিৰৰ দুৱাৰ
বিৰাম বিচাৰি হাহাকাৰ
জীৱন বাটৰ নাট ধূসৰ

সময়ৰ শৰ সময়ত মাৰি
আগবাঢ়ি যাও বল ঐ
আগবাঢ়ি যাও বল

নাই কাৰো অৱসৰ
চুটি চুটি সুযোগ ছুটিৰ
আৰোহিত নীলিম আকাশ 
এয়াই হ'ল মেদিনীৰ সাঁথৰ

কৰ্মময় জীৱনৰ কঠিন পথত
সফল হওঁক আমাৰ প্ৰয়াস
সুখ-দুখৰ নাই অৱকাশ ৷
———————————————————
সময়ৰ  আপোন
জোনমনি মহন্ত

প্ৰতিজন মানুহেই নিজস্বতাৰে আকীৰ্ণ এটি সত্তা
মন মিলিলে কোনোবাজনো আপোন হৈ পৰে

তেজৰ সম্বন্ধতেই সম্পৰ্ক গঢ় লৈ নুঠে
সুখ-দুখৰ সমভাগীৰে যিজনে নিজকে বিলাই দিব পাৰে
তেনেজন তেজৰ সম্পৰ্কতকৈও আপোন হৈ পৰে

আনে কয়, তুমিও কোৱা বা সিহঁতেও কয় বাবেই
তেওঁ নিজৰ নহয় 
কোনোবাজনে হয়তো তাকেলৈ গণি পিটি  ফুৰে
উৰুহী গছৰ ওৰটো উলিয়াবলৈ  
সুৰুঙা বিচাৰি ফুৰে
আনৰ ত্ৰুটি খুচৰি খুচৰি উলিয়াই
মূৰপোলোকা মাৰে
বিপদকালত অজুহাত দেখুৱাই
সততে আঁতৰি ফুৰে

ভুল দেখিলেই কেওফালে 
ৰৌজাল বৌজাল কৰি ঢোল পিটি ফুৰে
তেতিয়া যেন তেনেলোকৰহে সোনকালে নাকত লাজ লাগে
সেইবাবে কৈ ফুৰে তেজৰ সম্বন্ধ হলেও
আঁতৰি থকাই ভাল
সহায় কৰিব লাগে বুলি
নিজকে নিলগাই ৰাখে

এইয়াই জীৱনৰ বিপৰীত কাল
বিপদৰ সময়ত যিজনে কৰে এধানি সহায়
সেইজনহে আটাইতকৈ নিকটৰ 
পৰ হলেও তেওঁ কোনোবাজনৰ বাবে
তেজৰ সম্পৰ্কতকৈও বহু গুণে ভাল।

জোনমণি মহন্ত
তেজপুৰ
———————————————————
মাধৈ মালতী
ৰঞ্জিতা হাজৰিকা চেতিয়া

মাধৈ মালতী!
কি অপৰাধত 
ভাঙিলি ত‌ই,
মোৰ ঠুনুকা 
হৃদয় খনি ?

ত‌ই কৈ গৈছ ,
ম‌ই শুনি গৈছো।
তোৰ উগ্ৰতাৰ 
অবিৰত বিষ বাষ্প‌ই,
ঘৰ্ষণ কৰিছে 
মোৰ, মন মগজু।

তোৰ  কৰ্ণ বন্ধ,
মোৰ উশাহ ৰুদ্ধ।
তোৰ দৃষ্টি নিম্ন,
মোৰ চিন্তা উচ্চ।
এনেকৈয়ে উটিছে সময়
পাখি লগা তীড়ৰ দৰে।

কচু পাতৰ পানীৰ দৰে
জীৱন আমাৰ,
নিমিষতে হয় সিফলীয়া।
মাধৈ মালতী! 
নাভাঙিবি মোৰ
ঠুনুকা হৃদয় খনি ।

ঠিকনাঃ ৰঞ্জিতা হাজৰিকা চেতিয়া, ঘিলামৰা
—————————————————————
ফুল বুলি ভুল এটা কৰি ছিঙিব নোৱাৰো তোমাক
ৰশ্মি দলে

ফুল বুলি ভুল এটা কৰি ছিঙিব নোৱাৰো তোমাক
মোৰ হৃদয়ত থাকিবা সদায় ফুলি
আমোল-মোল ৰজনীগন্ধা-হাচনাহানাৰ সুৱাস হৈ।

মোৰ বিকাশিত হৃদয়েৰে তোমাক
ফুল বুলি ফুলৰ মালা গাঁ‌ঠিব নোৱাৰো
আৰু ওলমাই দিবও নোৱাৰো তোমাক
কানোবা অচিনা বুকুত---
মোৰ হৃদয়ত থাকিবা সদায়
 অনুভৱৰ অনুৰাগ হৈ তুমি।

মোৰ সুখ-দুখৰ বাবে
মোৰ পাৰ্থিৱ-অপাৰ্থিৱ
কোনোবা ঈশ্বৰৰ নামতো
তোমাক উচৰ্গাও কৰিব নোৱাৰো।

প্ৰতিটো মোৰ উশাহত---
প্ৰতিটো মোৰ আশাহত---
প্ৰতিটো পলৰ কোঁ‌হে কোঁ‌হে---
মোৰ হৃদয় বিশালতাত তুমিয়েতো আছা
ফুল বুলি ভুলটো নিছি়ঙো তোমাক।

যেতিয়ালৈকে মই 'মই' হৈ থাকিম
তুমিও 'তুমি' হৈ থাকিবা মোৰ বাবে---
যেতিয়ালৈকে মোৰ আত্মাই 
মোৰ পৰা বিচ্ছিন্ন নহয়
তেতিয়ালৈকে তুমি মোৰ আত্মা হোৱা---
ভুলতো তোমাক ফুল বুলি ছিঙিব নোৱাৰো মই।
———————————————————————
নিৰূপণ
দিপ্তী মনি 

চল,চাতুৰী,পাৰ্গতালী...
সতেজ ভেজাল
নিৰ্ভেজাল জনমদায়িনী ।
ভেজালেই বজাৰবোৰ  খুলি খুলি খালে
মানদণ্ড নিৰূপণত বাধা আহি পালে ।
ৰাসায়নিকৰ ৰঙতেই ক্ৰেতা ভুল যায়,
বিক্ৰেতাবোৰেতো সুবিধাই পায় ,
দেখাত নিমজ মসৃন লাউ বেঙেনা বিক্ৰি হৈ যায়
জৈৱিকতাৰে ভৰা  টেতেৰা মেতেৰাবোৰ
গুণাগুণ পুষ্ট হলেও এলাগী হৈ ৰয় ।
শকত ধনৰ জোলোঙাৰ গৰাকীয়ে
চলে বলে কৌশলে 
একেজাপেই উৰাপ্লেনত উৰে,
জ্ঞানোদীপ্ত প্ৰজ্ঞাৰ  সাধকবোৰে
ফটা চেণ্ডেল পিন্ধি কাছৰ খোজ ধৰে
মাটিৰ পৰা আকাশখন জুমি চাই থাকোতেই
হৃদয়ৰ সপোনবোৰ থন্ থন্ কৈ ভাগে...!
———————————————————
ৰোৱনী
পবিত্ৰ বৰগোহাঁই 

তাইৰ বুকুলৈকে উজাই আহিছে
আহাৰ-শাওণে মতলীয়া কৰা গোন্ধ এটাই ,
তাইৰ কলাফুলত সাৱতি ধৰে
কেঁচা মাটিৰ চিনাকি পলস ;
ধৰিত্ৰীলৈ আন্ধাৰ কাটি সুৰ্য নমাই আনিবলৈ
ৰোৱনীবোৰে বান্ধে আহাৰ-শাওণত
সেউজীয়া আলিবাট ।
পথাৰক ভালপোৱাৰ কি যে অমল অনুভৱ
শিহৰিত কৰে কলিজাৰ ৰঙা তেজৰ কণিকা
ৰোৱনীৰ এমুঠি সোণোৱালী যাদুৰ স্পৰ্শত 
শস্য শ্যামলা হয় কঙাল পথাৰ ,
নৃত্যৰতা নদীৰ কোলাহলেও
বুৰাই দিব নোৱাৰে মনৰ সেউজীয়া
কলীয়া ডাৱৰৰ জলঙায়েদি সৰকি অহা আশাৰ
ৰ'দৰ জিলিকনিয়ে বাৰে বাৰে আমনি 
কৰে হেঁপাহৰ অনুভৱী মনক
সেইবাবে বৰ্ষা আহিলেই ৰোৱনীয়ে
গামোছা বান্ধে কঁকালত ।
——————————————————————
স্বপ্নাতুৰ
ৰিংকুমনি বড়া

সেউজীয়া সপোনৰ
মায়াবী কোলাত
বাৰে বাৰে নিজকে হেৰুৱাব খুজিও
ডুব যাওঁ হালধীয়াৰ অৰণ্যত
বিষন্নতাৰ পদূলিত সৰাপাতৰ বুকুত
অলপ সেউজীয়া বিচাৰি
হাবাথুৰি খাওঁ
—————————————————
পঢ়ুৱৈৰ অভিমত 

         মোৰ মৌনতা সৰু সৰু অনুভৱ বোৰ পষেকীয়া আলোচনীত প্ৰকাশিত হৈ উঠে।ইমান সুন্দৰ সজোৱা আলোচনী খন ন-পুৰণি কবিৰ কবিতাৰ ছন্দ,সুন্দৰ গল্প,প্ৰৱন্ধ আদিয়ে মোৰ হৃদয় জয় কৰে।বহুতো কথা জানিব পাৰিছোঁ আলোচনী খনে মোক একো একোটা নতুন কথা জানিব দিয়ে।প্ৰত্যেক গৰাকী বা জনৰ কবি সতীৰ্থ বৃন্দৰ ইমান গভীৰ সাঁচ বহুৱা শব্দ,উচ্চাৰণ কৰি ভাল লাগে।পষেকীয়া আলোচনী খন ইমান সুন্দৰকৈ সজাই পৰাই তোলে আমাৰ অনুভৱক,হৃদয়ৰ পৰা অফুৰন্ত মৰম আৰু স্নেহৰ দোলেৰে আন্তৰিকতাৰে উজ্জ্বল কৰি দিয়ে৷পষেকীয়া আলোচনীত প্ৰকাশিত সকলো কবিৰ কবিতা,প্ৰৱন্ধই মোৰ সংগী হৈ পৰিছে। আলোচনীখনৰ প্ৰতিজন কৰ্মকতাই বহুতো কষ্ট কৰি আমাৰ সপোনবোৰক গজালি মেলিবলৈ দিছে।মই মোৰ সৰু মনৰে সৰু সৰু অনুভৱৰ টুকুৰাবোৰক কবিতা হিচাপে প্ৰকাশ কৰোঁ,পষেকীয়া আলোচনীয়ে আদৰি লৈ সাহিত্য ৰসাল সাগৰত অসংখ্য জনৰ মাজলৈ বিলাই দিয়ে,সম্পাদনা সমিতি কৰ্মকতাক আৰু সম্পাদকলৈ অশেষ ধন্যবাদ জনালোঁ।প্ৰিয় হৈ পৰা মোৰ পষেকীয়া আলোচনীখনৰ সকলো কবিবৃন্দলৈ মোৰ  মৰম,শ্ৰদ্ধা  জনালোঁ। আলোচনীখনে মোৰ হৃদয়ৰ নিভৃত কোণত ঠাহ খাই থকা শব্দ মালিতাক পোহৰ প্ৰতিফলিত কৰিছে।ইমান চেনেহ ন-পুৰণি কবি সকলৰ শব্দৰে সু-সজ্জিত একোটা লেখা ৰূপসজ্জা।সাহিত্য দাপোণ চাবলৈ সাহস দিয়ে,বিভিন্ন ধৰণৰ ভাৱ,আৱেগ,দুখানুভুতি থকা কথাৰ বুজিব পাৰি।মোৰ ভাষা জননীত আগুৱাই নিবলৈ প্ৰতিবাৰে সাহসী কৰি দিয়া পষেকীয়া আলোচনী কথা মই কওঁ,পষেকীয়া আলোচনী খনে যি দিছে যি শিকাইছে যিখনি মই জ্ঞান অৰ্জন কৰিছোঁ তাৰ পৰা মই  নথৈ আনন্দিত হওঁ।ইমান ভাৱগধূৰ লেখাবোৰ,জিলিকি উঠা প্ৰত্যেকৰ লেখাই দি যায় মোক প্ৰেৰণা,আলোচনীখনে উসাৎহ দিয়ে প্ৰতি বছৰে, যাতে আমাৰ দৰে বা মোৰ সৰু সৰু  কবিতা লেখি দিয়াতো প্ৰকাশ কৰি সাহিত্য বুকুত খোজ দিবলৈ দিয়ে পষেকীয়া আলোচনীয়ে,কিমান আশাক পূৰণ কৰি সাহিত্য পৃথিৱীত শব্দ সাঁকো বগালৈ দি যায়।আপুনিওঁ এবাৰ পঢ়িব আৰু এবাৰ চকু ফুৰাই চাব পষেকীয়া আলোচনীৰ বেটুপাতৰ পৰা শেষ পৃষ্ঠালৈকে ইমান গভীৰ সাঁচ বহুৱা কথাৰে পৰিপূৰ্ণ আপুনি আপোনাৰ লেখা দিবলৈ উসাৎহিত হৈ পৰিব,মই মোৰ মনৰ ভিতৰত খুন্দিয়াই থকা কথাবোৰ কবিতা ছন্দ মিলাবলৈ চেষ্টা কৰোঁ,অৱশেষত এটি কবিতা আকাৰ কৰি লেখি পেলাওঁ আৰু পষেকীয়া আলোচনীলৈ পঠিয়াই দিওঁ, নাজানো মই কি লেখিছোঁ কিন্ত পষেকীয়া আলোচনীৰ সম্পাদক মহোদয় মোক সাহস জগাই দিয়ে।হয়তো আমাৰ দৰে সৰু সৰু কবি সকলৰ মনৰ কথা বুজিবলৈ অসুবিধা নহয় তেওঁলোকৰ,আমাক সাহিত্য দিশে আগুৱাই লৈ যায়,অচিনাকী কবিতাৰ ছন্দত মই চিনাকি হ'বলৈ পাহৰি যাওঁ। পষেকীয়া আলোচনীৰ ভিতৰত থকা লেখা সমূহ পঢ়ি পঢ়ি।মোৰ মনৰ দাপোণ সাজি থকা কথাবোৰ প্ৰকাশ কৰা হৈছে, মই কি কি পাইছোঁ এই পূজাৰী পষেকীয়া আলোচনী পৰা তাকেই ভাৱ প্ৰকাশ কৰিছোঁ।অৱশেত পষেকীয়া আলোচনীৰ সতীৰ্থ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সম্পাদনা সমিতিক অতিকৈ চেনেহ আশীষ জনাইছোঁ,পষেকীয়া আলোচনীয়ে আগন্তুক দিনতো আমাক আন্ধাৰৰ পৰা পোহৰ হোৱা সাহস দিব বুলি আশা কৰিলোঁ। 

কবিতা:-

শব্দ লহৰে লহৰে
নামিব ছন্দৰ বৰষুণ,
কলমেৰে নিগৰাই লেখিম 
সাহিত্য গান,
আমি শুভবাদী,শুভতাৰ পোহৰ খেদিম 
কবিৰ নামেৰে পৰিচিত হৈ যাম
সাহিত্য বসুন্ধৰাত
কবিৰ ৰাখিম মান। 

শব্দৰে সাঁকো পাৰিম 
সাহিত্য জগতৰ কথা শিকিম,
ভাঙিম শিকিলি জ্ঞানৰ পোহৰত
মাথোঁ ভাগৰি নোযোৱালৈকে 
দুহাঁতত কলম তুলিম,
ফুলিব ফুল,লাগিব ফল 
সাহিত্য সৃষ্টিত শব্দৰ আঁচল
উকা কাগজত ছপা হ'ব সাহিত্য উত্তম। 

তালে তালে বাজিব কবিতা সুৰ
মাদকতা মাদকতা অনুভৱৰ জুৰ,
শব্দ লহৰে লহৰে
নামিব ছন্দৰ বৰষুণ।
           ======
ৰাহুল কোঁৱৰ 
তিনিচুকীয়া জিলা
ফোন:-9678972967
———————————————————
    
  ' কাব্যকানন'ৰ পূৰ্বৰ সংখ্যাবোৰৰ দৰে ৫ম বৰ্ষৰ ৪ৰ্থ সংখ্যাটোও সুন্দৰ হৈছে । সম্পাদক নৱ ৰাজনে বাটচ'ৰাতে সাম্প্ৰতিক এক ভয়াবহ সমস্যাৰ অৱলোকন কৰিছে ।জলবায়ু পৰিৱৰ্তনৰ সমস্যা সন্দৰ্ভত প্ৰতিজন নাগৰিক সজাগ হোৱা উচিত , এয়া সময় আৰু পৰিস্থিতিৰ সকিয়নি । উদয় কুমাৰ শৰ্মাদেৱে এই সংখ্যাত ভাষা বিষয়ক অতি গুৰুত্বপূৰ্ণ লেখা আগবঢ়াইছে , যিটো বিষয়ত অসমীয়া ভাষা চৰ্চাকাৰী প্ৰতিজনে মনোযোগ দিয়া প্ৰয়োজন। আটাইখিনি কবিতাই সুখপাঠ্য।  ৰেখা বৰকটকীয়ে  অতীজৰ কবি আৰু কবিতা আৰু বৰ্তমানৰ কাব্যিকতা সন্দৰ্ভত আগবঢ়োৱা বিশ্লেষণো ভাল লাগিল  । সুন্দৰ,  ৰুচি সন্মত সম্পাদনাৰ বাবে নৱ ৰাজনক ধন্যবাদ জনালোঁ ।
 
গণেশ বৰ্মন 
নলবাৰী
———————————————————————



Post a Comment

0 Comments