—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
————————————————————————
বেটুপাটৰ ফটো-দেৱজিত নাথ
অলংকৰন-নৱ ৰাজন
————————————————————————
সম্পাদকীয়
বাটচ’ৰা
এতিয়া বাৰিষাকাল।বহুদিনধৰি নেৰানেপেৰা বৰষুণ।
কি চহৰ ,কি মহানগৰ! বৰষুণে সকলোকে ভাৰাক্ৰান্ত কৰি তুলিছে।কৰি তুলিছে জীৱন বিপদাপন্ন।
আধুনিক পদ্ধতিৰে কৰা শ শ বিঘা বড়ো ধানৰ খেতি নষ্ট কৰি পেলাইছে। উচ্চ মূল্যৰ ডিজেল ক্ৰয় কৰি ,ৰাসায়নিক সাৰৰ বাবে দীঘলীয়া শাৰী পাতি অৱশেষত কপালৰ ঘাঁম পানীৰ তলত।
জেঠৰ বাৰ খৰৰ দুটা খৰো জেঠ মাহত দেখা পোৱা নগ’ল। জেঠ গুচি আহাৰ মাহ পালেহি। কিন্তু এতিয়ালৈ বিছনাৰ নিহালীখন আঁতৰি যোৱা নাই।
এয়া কি চিন্তনীয় বিষয় নহয় নে ?
চিন্তনীয় নহয়নে পৰিবেশৰ এই অস্বাভিক পৰিবৰ্তন ?
সম্প্ৰতি প্ৰতিকূল পৰিস্থিতিৰ মাজতো এটি চৰ্চিত বিষয় হৈছে -গুৱাহাটীৰ কৃত্ৰিম বান
স্বাভাৱিক বানৰ দৰেই গুৱাহাটীৰ একাংশ ঠাই বানৰ কৱলত। গুৱাহাটীবাসী ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছে বিভিন্নজনৰ। কিন্তু প্ৰকৃতাৰ্থত এই ভয়াবহ পৰিস্থিতিৰ বাবে দায়ী কোন ?
এয়া,অপৰিকল্পিতভাবে নলা-নৰ্দমাবোৰ ধ্বংস কৰাৰ পৰিণাম নহয়নে ? মানুহৰ দ্বাৰা নলা-নৰ্দমাবোৰ লেটেৰা কৰাৰ কথা নক’লোৱেবা।
সকলো কথাতে আনক সমালোচনা কৰাতকৈ নিজক বাৰু চিকুটি কিয় নাচাও?
বতৰৰ এই অস্বাভাৱিক পৰিবৰ্তনে বাৰু আপোনাক ভবাই তোলা নাইনে ? আমি এতিয়াও নিজৰ পৰিসৰত কৰিব পৰাখিনি কিয় বাৰু কৰা নাই ?
নৱ ৰাজন
সম্পাদক
কাব্যকানন
——————————————————————
কবিতাৰ আড্ডা
(ভাষাক লৈ)
উদয় কুমাৰ শৰ্মা
ভাষা, বোঁৱতী নৈৰ দৰে ; সি, দ'ম বন্ধা বোকা-পানী নহয়। পিচে, ভাষাক বিকৃত কৰাটো ব্যাধিয়েই নহয় -- একপ্ৰকাৰৰ অপৰাধও!
এগৰাকী নামথকা কবিৰ অনূদিত কবিতাত পঢ়িবলৈ পাইছিলোঁ : 'তোমাৰ দেউতা', 'তোমাৰ মাৰ'!
মাতৃভাষাত লিখিত এনে অশুদ্ধ বা বিকৃতৰূপ দেখি চিন্তিত হওঁ! বিশেষকৈ, লেখক বা অসমীয়াৰ অধ্যাপকেই যেতিয়া, জানি / নাজানি এনেকৈ বিকৃত কৰিবলৈ লয় -- সাধাৰণ পঢ়ুৱৈ আৰু, উঠি অহাচামে শিকিব কি !
শুদ্ধৰূপ : মোৰ > মা / আই। তোৰ / তোমাৰ / আপোনাৰ > মাৰা / আয়েৰা। মোৰ > দেউতা। তোৰ / তোমাৰ / আপোনাৰ > দেউতাৰা। মোৰ > মামা। তোৰ / তোমাৰ / আপোনাৰ > মোমায়েৰা। মোৰ মাৰ / আইৰ ভালেই। তোমাৰ মাৰাৰ / আয়েৰাৰ কেনে?
অশুদ্ধৰূপ : (১) যোৰহাট ' আহি' আছো। (২) ডাকঘৰতে তোমাৰ বাবে 'ৰখি' আছো। (৩) 'ভেজাল' মাৰিহে ওলালো। (৪) বাছত গলো (৫) ক'ত যায়?
শুদ্ধৰূপ : (১) যোৰহাটলৈ গৈ আছোঁ
(২)... তোমাৰ কাৰণে ৰৈ আছোঁ
(৩) জঞ্জাল সামৰিহে ওলালোঁ।
(৪) বাছেৰে গ'লোঁ ( বাছত উঠিলোঁ / বহিলোঁ)।
(৫) ক'লৈ যায় ( ক'ত আছে / থাকে)।
————————————————————————
অনুবাদ কবিতা
Dawn
By-Ella Wheeler Wilcox
Day’s sweetest moments are at dawn;
Refreshed by his long sleep, the Light
Kisses the languid lips of Night,
Ere she can rise and hasten on…
This short poem is worthy of inclusion
here simply for its description of the
dawn as the moment when Light ‘kisses
the languid lips of Night’. Quite. A tender
depiction of the moment daylight begins
to take over from the darkness of night,
‘Dawn’ is a little gem of a morning poem.
দোকমোকালি
মূলঃ এলা হুইলাৰ উইলকক্স
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
দোকমোকালিৰ মুহূৰ্ত দিনটোৰ মধুৰ মুহূৰ্ত
তেওঁৰ সুগভীৰ দীৰ্ঘ নিদ্ৰা, পোহৰে
নিশাৰ ক্ষীণ ওঠত চুমা আঁকে
সেয়ে তাই খৰখেদাকৈ উঠিব পাৰে...
এই চুটি কৱিতাটো ইয়াত
অন্তৰ্ভুক্ত কৰাৰ যোগ্য
কেৱল দোকমোকালিক সেই
মুহূৰ্ত হিচাপে বৰ্ণনা কৰাৰ
বাবেই যেতিয়া পোহৰে
‘ৰাতিৰ ক্ষীণ ওঁঠত চুমা
আঁকে’। গভীৰ ৰাতিৰ আন্ধাৰৰপৰা
দিনমনিয়ে ঠাই ল’বলৈ
আৰম্ভ কৰা মুহূৰ্তটোৰ এটা
কোমল চিত্ৰণ, ’দোকমোকালি’
এটা ৰাতিপুৱাৰ কৱিতাৰ
সৰু ৰত্ন।
———————————
কবিতা
ছটা কবিতা
গায়ত্ৰী বৰঠাকুৰ
গ্ৰীষ্ম
তোমাৰ কপালৰ ঘামে
দহিছে মোৰ বুকু
বৰ্ষা
বৰষুণত নানাচিবা ময়ূৰী
তোমাক বৰ ধুনীয়া দেখি
শৰত
কিয় জানো মাজে- মাজে তোমাক শেৱালিৰ দৰে লাগে
হেমন্ত
পকা পাণৰ দৰে মোৰ পৃথিৱী
বতাহে পঢ়িব নোৱাৰে শুকান শিলৰ কাহিনী
শীত
জানো কি কথা পাতে
লঠঙা গছে সৰাপাতৰ সতে
বসন্ত
তোমাৰ পৰশত সেউজীয়া হয়
মোৰ বুকুৰ সুকোমল কবিতা
গায়ত্ৰী দেৱী বৰঠাকুৰ।
তেজপুৰ।
শোণিতপুৰ--784001
8822943064
——————————
ভ্ৰূকুটি
ধ্ৰুৱজ্যোতি দাস
নীৰৱ নদী
নিসংগ ৰাজপথ
জীৱনৰ একাকীত্বৰ একক
তাৰেই জোখা হয়
মৃত্যুশীতল নীৰৱতা
জীৱনৰ
ইমান নিৰৱতাৰ মাজতো
কোলাহলত ডুলি থাকে
জীৱন
জীৱন জীৱনৰ বাবেই
ভ্ৰূকূটি
মাথোন।
———————————
বৈদেহী
গিৰিজা শৰ্মা
এনে কিনো বিষাদ বাকি দিলি
বুকু ধিয়াই
অ' বৈদেহী
শুষ্ক কৰে অতল তলি
অমাতৰ মাতে
ঘনে ঘনে বাট কাটে
কেঁকুৰিত কাতৰ কলিজা
খেপিয়াই চাওঁ মুখৰ হাঁহি
প্ৰেমৰ বাঁহী
অ' বৈদেহী
দ হয় চকুৰ পুখুৰী
ৰিণি ৰিণি তোৰেই সুহুঁৰি।
গিৰিজা শৰ্মা
গোৱালপাৰা
———————————
প্ৰেমৰ বাঁহীৰ ফু মাৰিছিল
দেৱ দাস
মই তাইৰ প্ৰেমত আবদ্ধ
ঘৰে বাহিৰে চমকিত
সুৱাসিত
অলি-গোলি
অপেক্ষাৰত
জামুজোপাৰ তলত
জালিকটা জোনাকৰো তত নাই
আৰু তাইৰ ৰূপৰ
দিঙি শুকাইছিল
জুৰিটিৰ কাষৰ নাওঁখন
আমনি নাই
জিৰাইছিল
জোনাক
জোনাকীৰ
ৰূপৰ দেউকা
আকাশৰ আকুলতা
থেহ
তাই মোৰ
প্ৰেমৰ বাঁহীৰ ফুঁ মাৰিছিল
—————————————
নৈৰ কথা
গীতাৰ্থী ঠাকুৰ
সীমাৰ সিপাৰে ভাটীয়ালীৰ ছৈ
বেথা বাকি যাবি ক'লৈ?
নাও মেলি গৈ আছ দূৰলৈ...
বহু দূৰলৈ...
মই জানো...
ধুমুহা এজাক চকুত লৈ
শাণিত কৃপাণৰ তেজ হৈ
বিধ্বস্ত এখন কলিজা লৈ
চিলনীৰ পাখিত শব্দ বৈ
তই আকৌ ঘূৰি আহিবি
দলফুলনিৰ নৈৰ পাৰলৈ।
ধালি দে তোৰ সমস্ত দুখ
বাকি দে সমুলঞ্চে বিভ্ৰান্তি।
সকলো সামৰি ল'ব পৰাকৈ পুৰঠ নৈ।
এইখন,সেইখনেই নৈ
সকলো ছাই হোৱাৰ পাছতো
যি নিৰৱধি থাকে বৈ।
ঘৰমুখী নৈ
ছৈ দিয়া নৈ ।
গীতাৰ্থী ঠাকুৰ
দেৰগাঁও
———————————
প্ৰতীক্ষা
ৰূপজ্যোতি গগৈ
আয়ে কয়- ' বাট যিমানেই দীঘল হয়
পোহৰ সিমানেই প্ৰবল হয়'
কেৰেলুৱা গতিৰে এচাটি প্ৰবল পোহৰৰ আকূতিৰে
গৈ থাকোঁ নিৰন্তৰে
খুপি খুপি
বিৰ দি বাট নোপোৱা পথটোৰ সোঁৱে বাওঁৱে
সহস্ৰ মুখ। অথচ উজুটিত পিছলি ছিগিলে নখ
ধৰিবলৈ নাথাকে এখনো হাত।
গতি পথত ভীৰ বাঢ়িলে
মুখবোৰে হেতা ওপৰা কৰিলে
পিতায়ে ফুচফুচাই কয় শহা আৰু কাছৰ সেই প্ৰাচীন সাধুকথা।
কাণ মূৰ জোকাৰি থিয় হওঁ এবেলা
নিৰলে খুচৰি চাওঁ - 'এই পথ ভুল নেকি?
বলে নোৱৰা গধুৰ শিল নেকি?'
- কোনো পথেই ফুল নহয়
লেখি জুখি খোজ নিদিলে কোনো অৰণ্যত
বৃশ্চিক, শামুক নাইবা সৰ্প কোনে কেতিয়া দংশে
কোনেও নাজানে।
খুপি খুপি গৈ থাকোঁ
নিৰন্তৰে
স্বভিমানে
হাবি ভাঙি, পাহাৰ অতিক্ৰমি বিয়পি পৰে পোহৰৰ ফিৰিঙতি!
খুউব ধীৰে ধীৰে।
----------------
ৰূপজ্যোতি গগৈ
বৰকাঠনি চাহবাগিচা, গোলাঘাট ।
ফোন নং ৯৬৭৮৭০৭৪০০
———————————
এৰীয়া কাপোৰৰ মৰম
ড° কমল চন্দ্ৰ নাথ
এৰীয়া কাপোৰৰ জেৰিয়া নাভাঙে
চিৰিৰে নোকোবাই মানে
নাচনীৰ ককাঁলটো নেহালে নেভাগে
শিলেৰে নোখোন্দে মানে
বনগীতত গাইছিল এৰীয়াক জানিছিল
সকলোৱে লৈছিল গাত
আজি এৰীয়া হৈছেগৈ এলাগী
বিদেশতহে বাঢ়িছে মান
এৰীখন বৈছিল আদহীয়া শাহু আই
অসমীয়া শালতে বহি
এৰীও কাটিছিল যতনাই পিতনাই
এৰাগছ ৰুইছিল বাৰীত
এৰাও ডাঙৰ হ'ল এৰীও কাপত গ'ল
শাহুআই পেলালে শুলি
সূতাও কাটিলে টাকুৰী ঘুৰালে
ইঘৰে সিঘৰে গৈ
কুঁজাকৈ বুঢ়ী আই বোকোচাত নাতিটো এহাতে টাকুৰী লয়
দীঘলকৈ হাতখন লেনিয়াকৈ দাঙি
কাটিছে সূতা মিহি মিহি কৰি
মুখত ৰাগ পাগ তামোলৰ পাগি
মুখেৰে ওলাই পিক্ হাতে গৈছে মচি
মাজে মাজে ৰাগ দিছে অমলা গীতৰ
ভাগৰৰ পৰিত্ৰাণ হাঁহিৰ জাউৰি
সূতাও কাটিলে নাতিকো শুৱালে
বোৱাৰীক অজৰাই দিলে
চাৰি খুটিৰ ওপৰত কাঠ চতাত বহিলে
সজোৰে মাৰিলে মাকো
অসমীয়া ৰাচেৰে তাৰিব ধৰিলে
ভাতৰ মাৰে কৰিলে ডাঠ
দহ টনিত পৰিলে জোৰ
নাচনী জৰীয়ে কৰে টনা টনি
গৰকা ধৰিলে হেঁচি
এৰীয়া কাপোৰৰ জুতিটো জানিলে
শাহু আই হবগৈ লাগি
দীঘলে সাত হাত পুতলে তিনি
ইমান মলগজ কাপোৰ খন উৰিব কুনি
দুই মুৰে দুটাকৈ বগা চিলা পাৰিলে
দহীৰে বতিলে জৰী
আগৰে গাঁঠিতো টানকৈ বান্ধিলে
মৰমত গলিব ভাবি
দুসেৰ সূতাৰে আহলে বহলে বৈচে নাতি লৈ বুলি
যৌতুকৰ লগত দিবই লাগিব জোৱাঁইৰ মৰমত আনি
এৰীয়া কাপোৰখন গোমাকৈ ৰংটো
মলঙা গোন্ধটো নাকতে লাগে
পুৰণা হলে হে জেউতি চৰিব শাহু আই কৈছে মোকে
হালধি পাতৰে পুৰি সাৰ বনাবা
কাপোৰ খন সিজাবা তাত
কলো ঐ বোৱাৰী তোক এৰীয়া কাপোৰৰ কথা
কণীৰ পিছত পলু পাত খাই পকে
লাত হৈ মেৰিয়াই সূতা কাটি মৰে
মৰমৰ এৰী সূতা সৰ্বজনে জানে
নাই কোনো খৰছ ঘৰত আছে এৰা
কোনো কষ্ট নাই ওপৰতে পোৱা
হাজৰোধিক মূল্য
সেৰে প্ৰতি লোৱা
তাহানিতে শুনা
এতিয়া কিন্তু বিচাৰি নোপোৱা ---!**
(লেখাটিত দুই এটা মৰিগঞা কথিত শব্দ প্ৰয়োগ কৰা হৈছে । আজি কালি এৰীয়া চাদৰ বা কাপোৰক এণ্ডিও বোলে।)
———————————
বীৰ
প্ৰদীপ চন্দ্ৰ শৰ্মা
কাণিমুনি এন্ধাৰত
হাতত টিপচাকিলৈ
কোনেবা কাক বিচাৰি যায়
চৌদিশ নিজান
ৰঙাজান চাপৰি
যুঁজত জিকিল মান ।
মাতৃহৃদয় ব্যাকুল সেয়ে
অকলেই আহিছে লৰি
আহতহৈ ৰঙামুৱা হয়তো
ইয়াতেই আছে পৰি
অ' ৰঙামুৱা, অ' ৰঙামুৱা
সঁহাৰিহে দেখোন নাই
ৰঙামুৱা বীৰে পিতৃৰ সৈতে
সৰগত ললে ঠাই ...
———————————
সাপ
অনিৰুদ্ধ ফুকন
সত্তৰ বছৰৰ আগতে
হয়, সত্তৰ বছৰৰ আগতেই এৰি থৈ যোৱা
বিষধৰ সাপটো এতিয়াও পুহি আছে।
গাখীৰ খুৱাইছে,
কৰিছে পৰিপক্ক।
লালন পালন কৰি
সকলো সময়তে
মানুহক আঘাট কৰিব পৰাকৈ
বিষধৰ দাঁত দুটা
কৰি তোলা হৈছে তীক্ষ্ণ।
দালালবোৰে তাক প্ৰতিপালন কৰিছে,
দিছে প্ৰশিক্ষণ।
ক'ত কেনেকৈ খুটিব লাগিব,
ক'ত কিমান বিষ ঢালিব,
ক'ত কেনেকৈ সন্তৰ্পনে সোমাব,
আদি ইত্যাদি অনন্ত।
সাপটোৰ দাঁত দুটাৰ নাম আছে
এটা ধৰ্ম,
আনটো ৰাজনীতি।
সেই তেতিয়াৰ দিনতে
শ্বেত চৰ্মৰ মানুহবোৰে জন্ম দি যোৱা
"ডিভাইদ এণ্ড ৰুল" নামৰ সাপটোৱে
এতিয়াও মেৰিয়াই মেৰিয়াই আক্ৰমণ কৰে।
আৰু তাৰ আঘাটত ভু-লুন্ঠিত হয়
সমাজ আৰু ভাতৃত্ববোধ।
———————————
ফটাজাল
বিশ্বজিৎ গগৈ
সুৰুঙা কেইটাৰে ককিলা সৰকে
ধোঁৱা সাপে নিচিনি পকাই
মোৰ জালত চেঙেলী পৰিল।
ককাৰ দিনৰে হিচাপ
জীয়া মৰাৰ বেলেগ বেলেগ।
ষ্টেণ্ড বিহীন চাইকেলত বেল নহলেও চলে,
গধূলিলৈ সুখ অকণ লাগে।
দলনী পথাৰৰ বগা সৌন্দৰ্য্যত সুখৰ ৰেঙনি
মোৰ জীৱন সংগ্ৰাম
সাৰথি এখনেই মাথোঁ ফটাজাল।
———————————————————
অতীজৰ কবি আৰু কবিতা আৰু বৰ্তমানৰ কব্যিকতাৰ ওপৰত কিছু আলোকপাত---
ৰেখা বৰকটকী
কবিতা সম্পৰ্কে আজিলৈকে এটা সুস্থিৰ সিদ্ধান্ত কোনোৱে দিব পৰা নাই।ই শাব্দিক খেল বুলি কোৱাৰ ব্যতিৰেকে কবিতা হ'ল মানৱ চেতনাৰ বাহক। যিবোৰ কথা বা ভাৱ গল্প বা প্ৰৱন্ধৰ আকাৰ দিব নোৱাৰি তেনেবিলাক অনুভৱকে কবিতাৰ আকাৰ দিয়া যায়। তথাপিও কবিতাৰ বক্তব্য সদায় আওপকীয়া হয়! বছা বছা শব্দৰ সমাহাৰে যি কথা কয় তাতকৈও যেন বহু কথা ওৰণিৰ তলত থাকে। কবিৰ দৃষ্টি সকলোতে সমানে পৰিব লাগে। যেনে স্বৰ্গ ,মৰ্ত্য, মৰিশালী, পথাৰ ,আকাশ , পাতাল ইত্যাদি।আগৰ সময়বোৰত কবি আছিল কম সংখ্যক তেওঁলোকে যি কবিতাৰ সৃষ্টি কৰিছিল সেইবোৰ কবিতাই সমাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলাইছিল কিন্তু সেই অনুপাতে আজিৰ সময়ত অসংক্ষ্য কবিৰ সৃষ্টি হৈছে কিন্তু যিবোৰ কবিতাৰ সৃষ্টি হৈছে সেইবোৰে সমাজ জীৱনত বা ব্যক্তি সত্তাত প্ৰভাৱ পেলোৱা দেখা নাযায়। ইয়াৰ মূল কাৰণ হ'ল কবিতাৰ সৰলীকৰণৰ অভাৱ আৰু কবিতাক জনমুখী কৰাৰ প্ৰচেষ্টাৰ অভাৱ! উদাহৰণ স্বৰূপে হেম বৰুৱাৰ মমতাৰ চিঠিৰ কথাকে কওঁ।আজি কেইবাটাও দশক জুৰি হাজাৰজনী মমতাই চকুৰ লোতকেৰে তিওৱা এটি সাৰ্থক কবিতা।কবি গৰাকীৰ এক সৰস প্ৰচেষ্টা মোহনীয়া এগৰাকী প্ৰেয়সীক চিৰ দিনৰ বাবে মানৱ অন্তৰাত্মাত সাৰ্থক ভাৱে অংকিত কৰি থৈ গ'ল।সেইয়া কবিৰ অন্তদৃষ্টি, আৱেগ উদ্বাউল চিৰন্তন বাসনা কিম্বা আত্মিক ,স্বৰ্গীয় অনুভূতি । যাক পতি-পত্নীৰ মাজৰ দাম্পত্য পেমৰ মাজেৰে প্ৰতীয়মান কৰাৰ প্ৰয়াস কৰিছে.."জানানে? এতিয়া সোণকণৰ ওপৰপাৰিৰ দাঁত অকণি গজিছে..."মমতাৰ স্নেহ বিগলিত কণ্ঠস্বৰ, আকুলতাৰে প্ৰিয়জনলৈ পঠোৱা বুকুৰ কেছুৱাটোৰ খবৰ। আজি যেন প্ৰত্যেক গৰাকী মমতাময়ী মাতৃৃয়ে যেন বুকুৰ কেছুৱাটোৰ মুখত প্ৰথম দাঁতটি দেখি সেই প্ৰখ্যাত কবি গৰাকীক সুঁৱৰিছে "মমতাৰ চিঠি"ৰে।দেৱকান্ত বৰুৱা দেৱৰ ভাষাৰে ---"উত্তৰে উত্তুঙ্গ গিৰি
, দক্ষিণে সাগৰ
শত নদী বুকুৰে বাগৰে
পাৰে পাৰে সাজে ভাঙে কত ইতিহাস..."
প্ৰখ্যাত এটি কবিতা।কেনে সুন্দৰ শব্দৰ থুনপাক ,ভাষাৰ লালিত্য ...মুখে মুখে আজি বৈ আছে, চিৰ প্ৰৱাহিনী যেন এখনি নৈ...স্ৰোতস্বিনী নৈখন দেখি , বন-লতিকাৰে আবৃত সেউজ পৰ্বত ৰাশিৰ অপৰূপ সৌন্দৰ্য্য দেখি কবি প্ৰাণে আজিও গুণগুণায় উঠে এই মহান কবিতাটি--"-মোৰ দেশ মানুহৰ দেশ"
আজিৰ সময়ত সামাজিক মাধ্যমৰ অনিৰুদ্ধ গতি।কতজনে ল'বী মুক্ত এখন উদাসীন পৃথিৱীতনিজক প্ৰতিষ্ঠা কৰি ফুলে ফলে জাতিষ্কাৰ হৈ পৰিছে। প্ৰত্যেকেই কিবা এটা লিখি আত্মপ্ৰকাশ কৰাৰ চেষ্টা কৰিছে।এনে বিলাক মাধ্যমৰ জৰিয়তে এখন মঞ্চ তৈয়াৰ হৈছে য'ত সৃষ্টিশীলতাই এক প্ৰেৰণা পাই অধিক তৎপৰতাৰে নিজৰ সৃজনীশীলতাক প্ৰৱাহমান কৰিছে। যাৰ প্ৰভাৱত সমাজত কিছু হলেও অধ্যয়ণৰ প্ৰতি আগ্ৰহ সাহিত্য সংস্কৃতিৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছে।বৰ্তমানৰ যান্ত্ৰিক পৃথিৱীখনত দৈনন্দিন ব্যস্ততাই জীৱনক ৰূঢ় আৰু নিৰস কৰি তোলে। সাহিত্যৰ অমল সূধা পান কৰি নিতে নতুন সৃষ্টিৰে নান্দনিক সুখ বোটলা সময়কণ বৰ সুখময়। যেনেকৈ "সদায় কৈ থকা কথাকেইটা গীত হ'লে হিয়া টানি ধৰে সদায় দেখা গছপাতটি ছৱি হলে শুৱনি কৰে"।
ৰেখা বৰকটকী
যোৰহাট
——————————————————————
কবিতা
সেই চিঞৰটো
গণেশ বৰ্মন
এটা চিঞৰক অনুসৰণ কৰি
ওলাই আহিছিল এজাক মানুহ
ক'ব গ'লে এখন ৰাজ্য
দেশ-দেশান্তৰ বিয়পি যোৱা
ৰণভেৰি আছিল চিঞৰটো
ইয়াৰ পিছত বহু ঘটনা-পৰিঘটনা---
চিঞৰটো ক্ৰমাৎ খিনাই আহিল
চিঞৰাবোৰ শকত হৈ পৰিল
শেষৰ চিঞৰটো মাৰি তেওঁলোক
আন কিছুমানৰ হাতত পতাকাখন দি
ঘৰাঘৰি গৈছিল--
ৰাজপথ কঁপাই যোৱা সেই চিঞৰটো
ক'ৰবাত হেৰাল
এতিয়া নুশুনা হ'লোঁ ।
গণেশ বৰ্মন
নলবাৰী
—————————————
লুইত বহ্নিমান
ৰমেন দাস
অসমীয়া জাতি
জিলিকা সংস্কৃতি
পৃথিৱীৰ বুকুত
আমাৰ চকুত
প্ৰকৃতিৰ সৌন্দৰ্য্য
জীৱনৰ মাধুৰ্য্য
প্ৰকৃতিৰ বায়ু-পানী
জীৱৰ অপৰিহাৰ্য্য
গণতন্ত্ৰত আঘাত
মাতৃভূমিক পদাঘাত
নকৰিবা জীৱনত
সদায় ৰাখিবা মনত
শ্বহীদৰ কেঁচা-তেজৰ চেকোৰাবোৰ
নিষ্পাপ প্ৰেমৰ হাঁহিবোৰ
দেশমাতৃৰ বাবে দিয়া বলিদান
আমাৰ জাতীয় স্বাভিমান
সমন্বয়ৰ ভেঁটিত
উণ্নয়নৰ পৃথিৱীত
ধনী-দুখীয়াৰ ভেদাভেদ
কিয় বাৰু এই মাটিত ?
আমাৰ স্বাভিমান
ভাষাৰ জয়গান
কিন্তু কিয় ভাষাৰ বাবে
দিব লাগে প্ৰাণ ?
আচ্ছাদিত স্বাভিমান
কেনেকৈ সহিম এনে অপমান
জ্বলিছে ক্ষোভৰ জুই
অগ্নিশিখা হৈ লুইত বহ্নিমান ৷
—————————————
মুখ
সাগৰিকা নাথ
পূব কামৰূপ মহাবিদ্যালয়।
কোনো কথা বিশ্বাস
কৰিব নোৱাৰি,
কাকো এতিয়া বিশ্বাসত
ল'ব নোৱাৰি।
মুখবোৰ যেন
একো একোখন মুখা,
মুখাৰ আঁৰত লুকাই থাকে
এখন কৃত্ৰিম মুখ।
সুকোমল কণ্ঠৰ অনুভূতিৰ
শিল্পীজনেও নাজানে,
কেনেকৈ যে লুকাই থাকে
কুৎসিৎ মুখৰ আঁৰত মুখ।
———————————
থাকক বৈ ৰঙা নৈ
যোগেশ্বৰ লাগাচু
এতিয়া ভৰ বাৰিষা
ধুমুহা বিজুলী-ঢেৰেকনি , মুষলধাৰ বৰষুণ
জাৱৰ-জোঁথৰ , ধূলি-বোকা
ৰঙা নৈখন তেনেই ঘোলা
পথচাকিৰ পোহৰত জী থকা হৰিণীৰ
কেচেমা-কেচেম ৰঙা নৈত সাঁতুৰী নাদুৰী
ফুটুকী বাঘৰ স্বাভিমান
নিৰৱধি মহিমাময়ী নদীৰ দূৰ্নাম
পিছে তেজৰ বিনিময়ত ৰঙা নৈখন বোৱাইছে
আৰু এটি-দুটি এমা-ডিমা নদ-নদী
ঠিক ৰঙচুৱা টেঙা বগৰী চোবাই
গোটেই বগৰীৰ বদনাম
শিপাধাৰী মিঠা গছৰ অভিমান
ধূলিয়ৰী ফাগুন তাৰেই সাক্ষী
আপুনি আপোনাৰ নাওখন মেৰিয়াই মেৰিয়াই
লোৰ শিকলিৰে টানি টানি বান্ধিছে
পূৰ্বদিশীয়া
পশ্চিমদিশীয়া
পিছে নাওখন চলে নৈৰ পানীত
যাৰ নাম ৰঙা নৈ
একক একতাৰ ৰঙা নৈ
কোনো দিনে ৰঙা নৈৰ অহংকাৰ নাই
প্ৰৱেশদ্বাৰত আঁৰি দিয়া
মহিলা প্ৰৱেশ নিষেধ
পুৰুষ প্ৰৱেশ নিষেধ
অথবা অন্যান্য প্ৰৱেশ নিষেধৰ ফলকৰ দৰে
পূবদিশীয়া নাও চলিব
পশ্চিমদিশীয়া নাও নচলিব
অথবা পশ্চিমদিশীয়া নাও চলিব
পূৱদিশীয়া নাও নচলিব
আপুনি নিজানে নীৰৱে
নাৱৰ এমূৰত বহি
উপলব্ধি কৰিছেনে
ৰঙা নৈৰ কথা
পখৰাহীন
দুৰ্গন্ধহীন
অহংকাৰহীন
কেতিয়াবা গুণগুণাইছেনে
স্ৰোতস্বিনী নিৰৱধি
থাকক বৈ ৰঙা নৈ
———————————
এবাৰলৈ হ'লেও জনা হ'লে কথাবোৰ ...
ৰবিন কুমাৰ চেতিয়া,ধেমাজি
কথাবোৰ জনাতো মোৰ বাবে
খুবেই প্ৰয়োজন আছিল
মৃত্যুৰ আগমুহূৰ্তত হ'লেও এবাৰলৈ
মই যদি জানিলোহেঁতেন কথাবোৰ
যিবোৰ কথাই কঢ়িয়াই ফুৰিছিল সদায়ে
মোৰ পৰিচয়
যাৰ বাবে মই চিনাকি আছিলো বহুতৰ
যিবোৰে মোক টানি ফুৰিছিল সদায়ে
ইফালৰ পৰা সিফাললৈ
সুখ,ঐশ্বৰ্য্য ,শান্তি নে প্ৰেম
হিংসা,অহংকাৰ,স্বাৰ্থ নে ভেম
কি বিচাৰি ক'ৰ পৰা বাৰু
আহিছিলো পৃথিৱীলৈ
ক'ত আছিল মোৰ অস্তিত্বৰ মাগুৰি শিপা
ক'তবা আছে এতিয়াও মোৰ
উশাহৰ সঠিক ঠিকনা
চকুলোৰ চিঞৰে মেলিছিলো কিয় বাৰু
অচিনাকী পোহৰৰ প্ৰথম জপনা
মই যদি জানিলোহেঁতেন মৃত্যুৰ আগতেই
কুঁৱলীৰ সাজ পিন্ধা ধূসৰ কথাবোৰ
সকলো পাই ও মানুহবোৰ কিয় সুখী নহয়
সকলো হেৰুৱাই ও মানুহে পৃথিৱীত
কিহৰ আশাত মৰি মৰি ও জী ৰয়
মানুহক ভালপোৱাৰ দৰেই ভালপাওঁ
আকাশ,নদী,ফুল,বতাহক
নিজক ভালপোৱাৰ দৰেই সাৱতিব খোজো
তোমাক,সেউজীয়াক আৰু আবেগৰ অনুৰাগক
কোনেওতো মোক কোৱা নাই আজিলৈকে
এয়াই যে মোৰ শেষ ঠিকনা
মৃত্যুৰ আগতে যদি মই খোলাখুলিকৈ
জানিব পাৰিলোহেঁতেন কথাবোৰ কেনেবাকৈ
যি বাটে নামি আহে তৃপ্তিৰ বৰষুণ
অথবা মেহগোনি বেলিৰ পোহৰ
আহে জানো সেই বাটে নামি
ভাগৰুৱা হৃদয়ৰ প্ৰেম ভালপোৱা
যি বাটত পৰি ৰয় নোপোৱাৰ বীজ
পাৰি জানো চটিয়াব সেই বাটত
মেঘালী শান্তিৰ নিজৰা
কি বিচাৰি মানুহে ৰঞ্জিত কৰে
সহোদৰৰ তেজেৰে নিজৰ দুহাত
কি পালে মানুহে চিঞৰি ক'ব পাৰে
পৃথিৱীৰ দৰে ক'তো আৰু নাই
জিৰণিৰ ঠাই এই মহাশূণ্যতাত
তুমি মোৰ মই তোমাৰ
অথচ থাকি যায় তাৰ পাছতো সকলোৰে
নোকোৱাকৈ বহু কথা বুকুৰ দলিচাত
কি মন্ত্ৰেৰে দেখুৱাব পাৰি মানুহক
সুখী হোৱাৰ জোনাকী পথ
কি ৰঙেৰে আঁকিব পাৰি অম্লান ভালপোৱা
সকলোৰে হৃদয়ৰ আকাশত
কোনোবাই যদি ক'লেহেঁতেন মোক
এবাৰলৈ হ'লেও অন্তত: মৃত্যুৰ আগমুহূৰ্তত ...
———————————
সময়ৰ লয়ে লয়ে ধাবমান
শর্মীষ্ঠা বর্মন
সিদিনা ৰাতিৰ উন্মাদ ধুমুহাজাকে
মহতিয়াই যোৱা হেঁপাহবোৰ
পুৱতি অৰুণৰ কোমল ঊমত
পুনৰ উজ্জ্বীৱিত হৈ উঠিছে ,
বজ্রধাৰী বৰষুণৰ টোপালবোৰে থেকেচি যোৱা
নকৈ ফুলা জিকাফুলবোৰে
ঠেহ-ভেম , দুখ পাহৰাই
পুৱাৰ ৰ'দকাঁচলিৰ ৰঙত
পুনৰ হলি-গলি কৰি
নিশাৰ আকাশত তিৰবিৰাই থকা
তৰাজাকৰ দৰে ৰ'দৰঙী হৈ ফুলি
মোৰ শাকনিবাৰী জিলিকাই তুলিছে ;
পুৰণি আশাবোৰেও বুকুখনিত
পুনৰ ঢপলিয়াবলৈ আৰম্ভ কৰিছে ৷
আপদীয়া কেইটিমান ক্ষণত
ভেম ধৰা মোৰ চিৰপ্রেয়সী
বৃষ্টিকণিকা এতিয়া
মোৰ ফুলনিবাৰীৰ ফুলবোৰত
নিয়ৰকণিকা হৈ জিৰণি লৈছেহি ৷
প্রচণ্ড ধুমুহাৰ ৰাতি পৰম বিশ্বাসত
আঁহতজোপাৰ খোৰোঙত সোমাই থকা
চৰাইহালৰ চকুকেইযুগলো
একোটি তৰাৰ দৰে উজলি উঠিছে ৷
এনেদৰে সময়ৰ লয়ে লয়ে
ধাবমান হয় সকলো ,
পুৰণিয়ে নতুনলৈ
আঁউসীয়ে পূর্ণিমাৰ জোনটিলৈ
অতীতে বর্তমান গৰকি ভৱিষ্যতলৈ
ল'ৰালিয়ে যৌৱন গৰকি বার্দ্ধক্যলৈ
মোৰ আৰু তোমাৰ পৰা আমালৈ ...
আদিৰ পৰা অন্তলৈ
অন্তৰ পৰা অনন্তলৈ ...
———————————
কোনে দিয়ে বেজাৰ?
আজাৰে?নে আমি?
ঋজু ৰেখা বৰা
আকাশে বতাহে আজি আজাৰৰ বোল।
সোঁতৰ বিপৰীতে যোৱা মইজনী আজি,
আজাৰৰ ৰঙতেই হ'লো আকুল-ব্যাকুল।
বেজাৰ সিঁচে ভাৱি কোনোৱেই,
আজাৰক নিদিয়ে ৰুই চৌহদত।
বাগিচা ৰহিত আজাৰ যেন,
উদঙীয়া ৰূপহী অৰণ্যৰ!
হয় জানো কথাটো সঁচা?
আজাৰে সিঁচেনে বিৰহ-যন্ত্ৰণা ?
নে আজাৰক উলটাই আমি দিছো বেদনা?
শুনিছিলো সৰুতেই ককা-আইতাৰ মুখত,
তেওঁলোকৰ বিয়াৰ খুৱা-খুৱিৰ নিশা
ধেমেলীয়া পিঠাগুৰি খুন্দা কাৰ্যৰ,
ঢেঁকীৰ ঠোঁৰাটো আছিল পথাৰৰ ঢাপৰ
এজোপা বৃহৎ আজাৰ গছৰ কাঠৰ!
ক'তা?ককা-আইতাৰ এদিনো নেদেখিলো
অঁৰিয়া-অঁৰি ,দন্দ-খৰিয়াল!
নিসিঁচিলে দেখোন আজাৰে বেজাৰ?
বিৰহৰ কথাটো নক'লোৱে বা!
কাৰণ,ককা-আইতাৰ বিৰহ হ'বলৈ
নহ'লেই এদিনলৈও এৰা-এৰি লগ।
গ'ল গৈ দুয়ো অগা-পিছাকৈ এবেলাৰ ব্যৱধানত।
নহ'লে?কেনকৈ কওঁ দুখৰ প্ৰতীক বুলি আজাৰক?
আজাৰৰ পাপৰি বুটলি ,ভৰি পৰিল
প্ৰতিবাৰৰ দৰেই এইবাৰো মোৰ,
উৰুঙা খালি-খালি মনটো প্ৰাপ্তিৰ তৃপ্তিত।
আজাৰ মুঠি বুকুত বান্ধি,
বেজাৰ মুঠিকহে এৰি আহিলোঁ নৈ খনিত।
বাগিচাৰ প্ৰেমৰ প্ৰতীক গোলাপে
ৰক্তাক্ত কৰা দুখ বোৰক...!
আজাৰ,তই মোৰ সুখৰ প্ৰতীক
তই মোৰ সাহসৰ প্ৰতীক।
তই মোৰ নিসংঙ্গতাৰ এটি বলিষ্ঠ পৰশ।
ঋজু ৰেখা বৰা(মাতু)
মৰিগাঁও
—————————————
প্ৰেম
ৰাজশ্ৰী সেনাপতি গগৈ
প্ৰেম এনে এক অনুভূতি
য'ত দুয়ো দুয়োৰে
হৈ পৰে চিৰলগৰী
হৃদয়ৰ পৰা হৃদয়লৈ ।
গঢ়ি উঠে গভীৰতা
সেই গভীৰতাই জুখিব
পাৰিব নে প্ৰেমৰ পৰিধি ।
প্ৰেমৰ অনুভূতিয়ে
দেহৰ ৰন্ধে ৰন্ধে
শিপাই মিঠা শিহৰণ ।
এপাহি ফুল দি জানো
প্ৰেম পাব পাৰি ।
সোনৰ অলংকাৰে জানো
প্ৰেম কিনিব পাৰি ।
মৰম যদি নাথাকে
প্ৰেমৰ অনুভূতি
ক'ত বিচাৰি পাবা ।
প্ৰেম এনে এক অনুভূতি
যি সকলোৰে লগতে থাকে
পৃথিৱীৰ সবাতোকৈ
শ্ৰেষ্ঠ উপহাৰ |
অকল হৃদয়ৰ
আপোন জনেহে বুজি পাই ।
ক'ত ঘাট প্ৰতিঘাট নিজে লৈ
দিয়ে অকল প্ৰেম, প্ৰেম, লাগিল।
ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়
—————————————
মানুহ কি আচৰিত
পবিত্ৰী ভৰালী (মণি)
সচাঁ অনুভৱে
কেতিয়াবা হঁহুৱাই
কেতিয়াবা কন্দুৱাই
কেতিয়াবা হৃদয় খন থেকেচি যায়।
থেকেচা খোবা হৃদয়খনে
কেতিয়াবা কঠিন হৈ পৰে।
এই কঠিন হৃদয়খনে কেতিয়াবা
কিছুমান সিদ্ধান্ত
ল'বলৈ বাধ্য হয়।
আচলতে মানুহৰ জ্ঞান থাকিলেহে
শব্দবোৰ বুজি পাই আৰু
অনুভৱ থাকিলেহে অৰ্থ বুজি পাই
সুন্দৰ এজোৰ পোচাক পিন্ধি
কেইটামান শুৱলা ভাষা ক'লেই
জ্ঞানী হৈ নাযায়।
পোহৰে নিজৰ পৰিচয়
কেতিয়াও নিদিয়ে
উজ্জ্বলতাই তাৰ আচল পৰিচয়।
জ্ঞান লোকে কেতিয়াও ৰ্তক নকৰে
নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় দিয়ে।
মানুহবোৰো যে কি আচৰিত
নিজৰ মতে নচলিলে
ভাল মানুহ এজনকো
বেয়া বুলি কয় আৰু
নিজৰ মতে চলিলে বেয়া
মানুহ এজনকো ভাল বুলি কয়
সচাঁ মানুহ বৰ আচৰিত
জীৱ শ্ৰেষ্ঠ মানৱ এয়া।
——————————
এলান্ধু
দিপ্তী মনি গোস্বামী
মান্ধাতা যুগৰ এলান্ধুৰে আৱৰা
আখলৰ ওপৰৰ মকৰাজালবোৰ
অলৰ -অচৰ ভাৱে স্থিতপ্ৰজ্ঞ কিয়..?
চাফা নহলেওঁ নাই....
,কিন্তু ধুতি হোৱাটো প্ৰয়োজন..!
চাবোন- চাৰ্ফৰ নিষ্প্ৰয়োজন
মাথোঁ মলিয়ন বদনে দূৰত অৱস্থান ।
তেনে ভাৱনাৰ কৱলতেই
বগা সাজ পৰিহিতা অভাগীবোৰ অপবিত্ৰ হয়,
মাংগলিক অনুষ্ঠানত বঞ্চিত হয়,
শুভ্ৰতাবোৰ আন্ধাৰৰ গহ্বৰত বন্দী হয়।
কিন্তু
তেনে হাতেৰে তৈয়াৰী মৃষ্টান্ন
বিহ নহৈ অমৃত হে হয় ।
দাঙিব নোঁৱাৰা ব্যস্ততাবোৰ
তুলাপাতৰ দৰে লঘু হয়..!
সভ্যতাৰ বতাহে কোবাই
উৰুৱাব নোঁৱাৰে নে কৰাল মৰা
সেই এলান্ধুবোৰ?
তৃপ্ত কৰিব নোৱাৰে নে
সেই তৃষ্ণাতুৰ হৃদয়বোৰ?
———————————
কালোচিত পৰিৱৰ্তন
সুশান্ত দাস
অনন্তাৰ পুত্ৰ আমি
মুক্তি পথযাত্ৰী ;
অসীম বাহুবলাধিকাৰী
অদ্বৈত শক্তি।
যুগবোৰ পৰিৱৰ্তন হয়
কালাতীত হৈ ৰয় স্মৃতিৰ ক্ষণবোৰ,
মাথোঁ কাম্যবোৰ গৈ থাকে
জীৱন আৰু যুগৰ সতে
যেন অবিচ্ছেদ্য অংগ স্বৰূপ !
কালৰ লগত সঙ্গ দি
আগবাঢ়ি গৈছে সময়ৰ সুতিঁ,
কালান্তক ক্ষণবোৰ অতীত হৈছে
বৈ গৈছে জীৱন সৰিৎ।
যুগবোৰৰ পৰিৱৰ্তনে
আনিছে পৰিৱৰ্তন জন-জীৱনত,
মাথোঁ এই পৰিৱৰ্তনৰ প্ৰভাৱত
পৰিৱৰ্তন হোৱা নাই মানৱী জীৱন।
মহৎ আশয়ৰ লোকেৰে ভৰা
আমাৰ মানৱী অৰণ্য,
মাথোঁ কালৰ বিৱৰ্তন হোৱাৰ লগে লগে
আমাক লাগে কালোচিত পৰিৱৰ্তন !
কালৰ লগত আমি বৈ গৈছোঁ
জীৱন নদীৰ সোঁতত,
কিন্তু বৈ যোৱাৰ স্বাচ্ছন্দ্যতাত
নৈৰ চাকনৈয়াত আৱদ্ধ
হোৱাৰ পৰা বাচিবলৈ
যাব লাগিব,
কালোচিত পৰিৱৰ্তনৰ পথত।
অভাৱৰ ফলত আৱিস্কাৰ হ'ল
বিভাৱন হ'ল
উন্নতিৰ জখলা !
মাথোঁ কালৰ জৰিয়তে
পৰিৱৰ্তন হ'ল
আৱিষ্কাৰৰ তত্ত্ব
হ'ল উদ্ভাৱন।
উদ্রেক হ'ল আশাৰ সূৰুয
সঞ্চাৰ কৰিলে আশাবোৰ মনত,
আৱৰ্তৰ বলক
চেৰ পেলাবলৈ,
মানৱ সভ্যতা আজি
উন্নতিৰ শিখৰত।
যুগ বুলিলেই পৰিৱৰ্তন হোৱাৰ
এটা মাথোঁ বৰ্তুল বিৱৰ্তন,
এতিয়াৰ যুগত মানৱ জাতিয়ে
পথ লোৱাই ভাল,
এটি কালোচিত পৰিৱৰ্তন।
- সুশান্ত দাস
শিৱসাগৰ
———————————
ঠিকনা
জোনমনি বৰা
মোৰ হেপাঁহৰ প্লাৱনৰ ঢৌত
আজি হৃদয়ৰ দুয়োকূল তোলবোল৷
জাগিছে প্ৰেমৰ অতৃপ্ত বাসনা
হৃদয় খন উখন্দি উঠিছে
ভৰ বাৰিষাৰ নদীৰ দৰে
তোমাৰ দুচকুৰ আকুল চাৱনিত
বুজা নুবুজাৰ ভষাত বিচাৰি
অপ্ৰত্যাশিত প্ৰেমৰ বতৰা ৷
তোমাৰ এমুঠিয়া কলিজাত
খুদিত কৰিব বিচাৰো
মোৰ ঠিকনা ৷
———————————
শূন্যতা
ৰশ্মি দলে
শূন্যতাই শূন্যতা
চাৰিওফালে মাথোঁ শূন্যতা
অন্তহীন শূন্যতাৰ মাজতো
বিচাৰি পোৱাৰ আশা
চেষ্টা কৰিছো।
সেই মায়া পৃথিৱীত
কি আছে কি নাই নাজানো
যি আছে শূন্যতাৰ পৰাই আৰম্ভ হয়
এই বিষাদগ্ৰস্ততা,
যি অস্থিৰতা পৰা আৰম্ভ হয়,
সেইয়াই হৈছে নিদ্ৰাহীনতা।
কোনোৱে নহয় ব্যৰ্থতা
নহয় অভিশপ্ত,
জন্মতে লৈ নাহে কোনোৱে
জীৱন বৃথাক,
কাৰোবাৰ দুখৰ জীৱন
হয় কাৰোবাৰ সুখৰ,
নহয় কোনোৱে সহনশীলতা।
———————————
অব্যক্ত
ৰিংকু মনি বড়া
তোমাৰ ওঁঠৰ নিৰক্ষৰতাত
বৈ অহা এটি
সুৰ হ'ম মই,
আঙুলিৰ পাবত গণি
মাহ দিন বছৰ
আকুলতাৰ চাদৰখন পিন্ধি
বহি ৰ'ম মই।
অপেক্ষাৰ এটি কোণত
যুৰীয়া শালিকী লেখি লেখি
গণনা কৰিম সৌভাগ্য,
গোমোঠা ৰাতি এটা বুকুত বান্ধি
উচুপি উঠিম মই।
পংকিল সময়ে ঠেৰেঙা লগোৱা
দুচকুৰ মণি
সপোনৰ জীৱাশ্মৰে পূর্ণ আজি
সেউজীয়াৰ পৰা হালধীয়া।
হালধীয়াৰ পৰা ধূসৰ
সৰাপাতৰ খৰমৰণিত
সাৰ পাই উঠে ফাগুন,
ধুলিয়ৰি আশা বুকুত বান্ধি
হৃদয় ভাগি যায়,
বাজি উঠে থন্ থন্ থন্...
ওঁঠত বুলাই তেজৰঙী হাঁহি
সুখৰ চোলাটোত টাপলি মাৰো
ফিচিকি যায়।
জোনবাইজনীৰ তলত
সুখৰ ঘৰ সঁজাৰ
সপোন বুটলো মই।
———————————
মে' দিৱস
অভিনাশ দাস
দেউতাৰ বুকুৰ কামিহাড় কেইডাল চোৱা
ৰʼদৰ তাপত শিলৰ দৰে হোৱা
পিঠিখন চোৱা।
হেলাৰঙে কষ্টবোৰ সহ্য কৰি
দুবেলা-দুমুঠি খোৱাৰ বাবে যোগাৰ কৰে।
দুহাতৰ কঠিন আঙুলিবোৰে
সন্ধ্যা যেতিয়া কেঁচুৱাটো
স্পৰ্শ কৰে
কেঁচুৱাটোৱে তেতিয়া কান্দে
সিতো নাজানে কঠিন আঙুলিৰ খহটা স্পৰ্শই
তাক নিৰাপত্তা দি আছে...!
মা ও এগৰাকী শ্ৰমিক
ঘৰৰ সমস্ত কাম কৰি ভাগৰি পৰে
যাৰ শ্ৰমৰ পাৰিতোষিক নাই।
অভিনাশ দাস
নগাঁও মহাবিদ্যালয়
———————————
কবিতাবোৰ হেৰাই যাব নেকি
জোনমনি বৰ্মন
মোৰ জীৱন আৰম্ভ হৈছিল
কবিতাৰ মাজেৰে,
কবিতা হৈ পৰিল মোৰ জীৱনৰ নিচা,
মনৰ কথাবোৰ সযতনে সংগোপনে ৰাখিবলৈ কবিতাক কৰি ললোঁ আশ্ৰয়।
হয়তো কবিতাবোৰ কবিতা কবিতা যেন
নালাগিব পাৰে,
তথাপি এই কবিতাবোৰ
মোৰ বাবে মোৰ জীৱনৰ
সোণালী সম্পত্তি।
মোৰ জীৱনৰ প্ৰতিটো সুখ-দুখ
এই কবিতাৰ ৰঙেৰে ৰঙীন হৈ পৰে।
কবিতাবোৰ কবিতা কবিতা যেন
নলগাৰ বাবে কৰ্কথনাও শুনিব লগা হ'ব পাৰে।
হয়তো এই দুৰ্বলতাৰ বাবে কবিতাবোৰ
হেৰাই যাবও পাৰে!
সঁচাকৈয়ে বাৰু হেৰাই যাব নেকি
মোৰ জীৱনৰ এই সোণালী সম্পত্তি?
জোনমনি বৰ্মন
উঃমাঃ প্ৰথম বৰ্ষ।
দিহজাৰী,নলবাৰী।
———————————
বৰষা
পুষ্পাঞ্জলি গোস্বামী
'বৰ্ষা ঋতু ভাল পাওঁ মই
প্ৰতিশ্ৰুতি আছে তাত'
—ডঃ নিৰ্মলপ্ৰভা বৰদলৈ
বাৰিষাই যেতিয়া নূপুৰ বজায়
মোৰ চোতালত
মই হৈ পৰোঁ আত্মহাৰা
মোৰ দুহাত প্ৰসাৰিত কৰোঁ
দূৰ দিগন্তলৈ
বিজুলী-লতা খোপাত গুজি
মাদলৰ ছেৱত মাতাল হওঁ
দুৰন্ত নদীময়তাত
অৱগাহন কৰোঁ
কেঁচা মাটিৰ সুবাসত
পথৰুৱা হেপাহত
নিজকে বিলীন কৰোঁ
ভৰুণ ভৱিষ্যতৰ আশাৰে
নঙলা খুলি থওঁ
বাৰিষাৰ স'তে মই জীপাল হওঁ
পুষ্পাঞ্জলি গোস্বামী
হাতীগাঁও, গুৱাহাটী
———————————
বদৈ
দেবানন্দ পেগু
তাই কাৰোবাৰ গৰ্বৰ পৰা অনিচ্ছাকৃত ভাৱে প্ৰসৱ হোৱা ছোৱালী
তাই ক'ত ভুল কৰিছিল বুজি নাপায়
অনিশ্চয়তা, শংকা,আৱেগত বন্দী
পাপৰ ফলনে,পিতৃ-মাতৃৰ বোজা হোৱাৰ ভয় ?
নে সমাজৰ কলংকিত অধ্যায় ?
তাইৰ কলিজাখন আছে বাবে অনুভৱ কৰিব পাৰে
সহিব পাৰে পৃথিৱাৰ সমস্ত দুখ
নিজৰ উপৰিও আনৰ দুখ বুজি পায়
বাস্তৱে কাণে কাণে শিকাই থৈ যায়
পিতৃ-মাতৃৰ অৱহেলিত বাবে তাইৰ নতুন নাম
মনুষ্যৰ মংসৰে গঢ়া বাবে তাইৰো সপোন আছে
মানুহ হোৱাৰ, বাস্তৱক চিনি পোৱাৰ
আনে স্কুললৈ গ'লে, তাই পথাৰলৈ যায়
গৰু,ছাগলীৰ ভোক, তৃষ্ণা; তাইৰ আপোন
ঘৰৰ মেকুৰীজনীও পেঠৰ তাড়নাত তাইকে বিচাৰে
গাত ৰ'দ নালাগে, বৰষুণো নপৰে
আদেশ, নিৰ্দেশ,কৰ্কশ মাত এইয়া পূৰণা চিনাকী
সমনীয়াৰ লগত খেলাৰ হেঁপাহবোৰ গোট খাইছে গোপন কোঠাত
তথাপিও তাই চিনি পাইছে অ আ, ক খ
কেতিয়াবা পদ্যও মাতে
বেৰৰ ফাঁকেৰে অহা শব্দবোৰতে তাই লুকা ভাকু খেলে
সপোনবোৰ বিচাৰি ফুৰে।
একলব্যৰ দৰে গুৰু দক্ষিণা দিবও নোৱাৰে
আঙুলিকেইটা যে তাইৰ সাহস
————————————————————
0 Comments