পষেকীয়া কাব্যকানন ৪ৰ্থ বৰ্ষ দ্বাদশ সংখ্যা

———————————————————
সম্পাদনা সমিতি


সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ

বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  বাপতি-সাহোন ৰঙালী বিহুটিক "হেপ্পী" কৰি তোলাৰ  সময়তে , এইবেলি ব্যক্তিগত বিদ্যালয়বোৰত (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত) উৰুকা দিনাখন  অতি উলহমালহেৰে চেনেহৰ বিহুটি  উদযাপন কৰা বিষয়টো নেতিবাচকতাৰ  মাজত  এক অত্যন্ত  ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।       
   ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীবোৰ আমাৰ চহকী কৃষ্টি-সংস্কৃতিৰ মূল শিপাৰ পৰা আঁতৰি যোৱা বুলি সময়ে সময়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহুক্ষেত্ৰত এই চিন্তাযে অমূলক নহয়,সেয়াও প্ৰমাণিত হৈছে। ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে  দেউতাকক "পাপা"নাইবা "দেদ্দী"  ,মাকক "মামী" বুলি কোৱাৰ কোনো কথা থাকিব নোৱাৰে।  'আমাৰ ই/এই আছামিজ ভালদৰে লিখিব/পঢ়িব নোৱাৰে'-বুলি গৌৰৱ কৰা একাংশ অভিভাৱক এইক্ষেত্ৰত প্ৰধান জগৰীয়া। 
  মোৰ বোধেৰে সময়ৰ লগত খোজত খোজ মিলাই আগবাঢ়িবলৈ,ইংৰাজী ভাষাটোৰ গুৰুত্বযে অপৰিসীম- সেয়া আমি নিশ্চয় সকলোৱে অনুধাৱন কৰো। অসমীয়া কলা  কৃষ্টি সংস্কৃতিৰে সংপৃক্ত হৈ ,অসমীয়া ভাষাটোক সম্পূৰ্ণকৈ দখলত ৰাখি, ইংৰাজী মাধ্যমত অধ্যয়ন কৰাটো মোৰ বোধেৰে কোনো অপৰাধ বা দোষণীয় কাম নহয়।কিন্তু, এইক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 
   অসমীয়াৰ মূল শিপাৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা সংপৃক্ত কৰাৰ হেতু ব্যক্তিগত বিদ্যালয়বোৰে (বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে) এইবেলি উৰুকাৰ দিনা, বিদ্যালয় বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰাৰ কথাটো সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। আগতেও উদাপন কৰা হৈছিল যদিও এইবেলি প্ৰায়বোৰ বিদ্যালয়ে ,অতি উলহ মালহেৰে প্ৰাক ৰঙালী উৎসৱ আয়োজন কৰিলে। এইক্ষেত্ৰত অভিভাৱকসকলৰ সহযোগিতাও উল্লেখনীয় দিশ হিচাপে পৰিগণিত হৈছে। লগতে ধৰ্ম,ভাষা নিৰ্বিশেষে সকলোৰে সহযোগিতাও এইবেলি ৰঙালী বিহুটিৰ এক বিশেষ ইতিবাচক তথা আশাব্যঞ্জক দিশ হিচাপে চিহ্নিত হৈছে।


নৱ ৰাজন
সম্পাদক 
নৱ ৰাজন 
———————————————————
আত্ম-বিবৃতি-৩
উদয় কুমাৰ শৰ্মা

এই জগতত, মই এটি কণমানি পৰুৱাহে যেনিবা! 
[ চন্দ্ৰধৰ বৰুৱাদেৱে কোৱাৰ দৰে 'এটি মাত্ৰ ধূলি-কণা মই'ৰ দৰে নিৰ্জীৱ নহওঁ। পৰুৱাইতো মুখেৰে একো নকয় ; কয়... ]

বছৰত দহগৰাকী কবি-প্ৰতিভাৰ আৱিষ্কাৰ আৰু, এগৰাকী নীৰৱ-সাধকক তুলি ধৰিব পৰাটো -- মোৰ পৰম সৌভাগ্য, মোৰ গৌৰৱ, আনন্দ আৰু অহঙ্কাৰ! 

এই জগতত, মানুহৰ প্ৰতি মানুহৰ বিদ্বেষ, বিদ্ৰোহ, বৰ্বৰতাৰ শেষ নাই [ 'কুটুমে কুটুমক খায়' : 'বীণ-ব'ৰাগী', চন্দ্র কুমাৰ আগৰৱালা]! তথাপি, আমি মানুহ বিচাৰি মৰো! 

'আমি মাটিৰ পুতলা নাচিব লাগিছো' -- 
('বিশ্ব-ভাৱনা', দুৰ্গেশ্বৰ শৰ্মা) যদিও -- সঁচা-মানুহ শেষ হৈ যোৱা নাই ; নাযায়।
———————————————————
অনুবাদ কবিতা 

SELF-CENSORED TO BE BETTER
Moe Way

All animals are equal,
but some animals
are more equal than others.
This is a futurist sci-fi
titled 2022.
The party campaign of a group of charmless students,
intoxications, losses, and entanglements.
A convict who has wronged others,
an exile who ended up exiled,
Roman Polanski,
the person who’s lived through the murder of his actor wife.
His tour de force –
the men in charge hand out food ration,  
with their moral decay,
to starving people.

A campus flick
built on
a love triangle,  
a young adult novel.
Aren’t we all responsible to protect the world
from the world-wracking witchcraft?
How a life gets attention from many many people!

আৰু ভাল হ’বলৈ অনুশাসন
মূলঃ মো ওয়ে
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

সকলো প্ৰাণীয়ে সমান,
কিন্তু কিছুমান প্ৰাণী
আনবোৰতকৈ বেছি সমান৷
এইটো এটি ভৱিষ্যতবাদী চাই-ফী
শিৰোণাম ২০২২৷
এদল মনোমোহা ছাত্ৰৰ দলীয় প্ৰচাৰ;
নিছা, ক্ষতি, আৰু জটিল অৱস্থা৷
এগৰাকী অপৰাধী, 
যিয়ে অন্যৰ প্ৰতি অন্যায় কৰিছে৷
এজন নিৰ্বাসিত, 
যিয়ে নিৰ্বাসিত হৈছিল৷
ৰোমান পোলাঁস্কি-
যিজন ব্যক্তি তেওঁৰ অভিনেতা স্ত্ৰীক 
হত্যাৰ মাধ্যমেদি বাচি আছে৷
তাৰ ট্যুৰ ডি ফোৰ্চ
সিহঁতৰ নৈতিক অৱক্ষয়ৰেসৈতে,
দায়িত্বত থকা ব্যক্তিসৱে ৰচদপাতি দিয়ে,
ক্ষুধাৰ্ত মানুহৰ ওচৰত৷

কেম্পাচৰ কঁপনি তৈয়াৰ কৰিছিল৷
এটি প্ৰেমৰ ত্ৰিভুজ,
এখন তৰুণ প্ৰাপ্তবয়স্ক উপন্যাস৷
আমি সকলোৱে কি বিশ্বক 
ৰক্ষা কৰাৰ বাবে দায়বদ্ধ নহয়?
বিশ্ব-উদ্ভুত জাদুবিদ্যাৰপৰা?
কেনেকৈ এটি জীৱনে 
অনেক মানুহৰ মনোযোগ পায়!
————————————
স্বাধীনতা, উলঙ্গ কিশোৰ
মূল: বাংলা, নিৰ্মলেন্দু গুণ
অনুবাদ: অনসূয়া বৰঠাকুৰ

মাতৃৰ নাৰী ছিঙি বাজলৈ ওলাই অহা নাঙঠ শিশুৰ দৰেই স্বাধীনতা, 
তুমি দীৰ্ঘজীৱী হোৱা।
তোমাৰ আয়ুস বৃদ্ধিৰ কামনা আমাৰ অস্তিত্বত, সপোনত, দুবাহুৰ পেশীত, জীৱনৰ ৰাজপথত, শোভাযাত্রাত;
তুমি জীয়াই থাকা, তুমি দীৰ্ঘজীৱী হোৱা।
এসময়ত, তোমাৰ 
মেলা মুখখনে সূৰ্যোদয়ৰপৰা সূৰ্যাস্তলৈকে অনশন কৰিছিল,
কৰিছিল ধৰ্মঘট,
মেলা মুখত আছিল কাৰখানাৰ ধূলি।
তুমি জীয়াই আছিলা মানুহৰ 
কোলাহলৰ মাজত।
মাতৃৰ নাভিত আঘাতৰ চিন ৰাখি তুমি নাঙঠ শিশু ৰাজপথলৈ যে ওলাই আহিছা, এনেকৈ আৰু কিমানদিন স্বাধীনতা, স্বাধীনতা বুলি চিঞৰিবা?
ৰজাৰ দৰে উলঙ্গ হৈ বাটে-পথে ঘূৰিবা?
মাতৃৰ নাভিত থকা আঘাতৰ চিন মোহাৰি উদ্ধত দুহাতৰ মুঠিত তুমি নাচি উঠা,
জীয়াই থাকা হে আমাৰ দুখ স্বাধীনতা, তুমিও পোছাক পিন্ধা;
সমাপ্ত কৰা তোমাৰ উলঙ্গ ভ্ৰমণ।
নহ'লে আমাৰ শৰীৰৰপৰাও ফালি পেলোৱা স্বাধীনতা নামৰ পতাকা।
কোৱা, নগ্নতা স্বাধীনতা নহয়,
কোৱা, কাৰো দুখ স্বাধীনতা নহয়,
কোৱা, কাৰো ভোক স্বাধীনতা নহয়,
কোৱা, ঘৃণা স্বাধীনতা নহয়।
মাতৃৰ নাড়ী ছিঙি ওলাই অহা তেজস্বী কিশোৰ তুমি স্বাধীনতা, 
তুমি দীৰ্ঘজীৱী হোৱা। 
তুমি জীয়াই থাকা আমাৰ অস্তিত্বত, সপোনত, প্ৰেমত, 
কলমৰ অসংযত আখৰত,
শব্দত, যৌৱনত, কবিতাত।
———————————————————
                           কবিতা
সেউজীয়া অ’ সেউজীয়া
(জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনদেৱলৈ শ্ৰদ্ধাৰে–)
অপূৰ্ব ভূঞা

এচাটি সেউজীয়াই সাবটিছে আকাশ
ক’ত শুনিছো ৰাগ মেঘমল্লাৰ 
বৰষুণ দিছে
সেউজীয়া বৰষুণ

বৰষুণত ডুবি থকা নদী এখনত সাঁতুৰিছো
মোৰ উশাহ সেউজীয়া
বতাহ সেউজীয়া

এটা প্ৰাচীন মন্দিৰৰ দুৱাৰ খুলিছোঁ
দূৰৈৰ পৰা ভাহি আহিছে শঙ্খ এটাৰ মাত
সেউজীয়া

সেউজীয়া পোহৰত এটা পাতসিয়া
কলিজাৰ নিজানত তাৰ গুণ-গুণ ৷

অপূৰ্ব ভূঞা, 
চুৰাট, গুজৰাট
————————————
ভ্ৰমৰ সিপাৰে
স্বপ্নম জ্যোতি কলিতা

আমি ৰৈ আছিলোঁ
হয়তো
ৰৈ থকাৰ কথা নাছিল
আৰু গৈ থকা কথাবোৰ ! বিভ্ৰাত ।
সুধিলে ঠিক ক'ব নোৱাৰিম 
আমাৰ এই চিৰন্তন অপেক্ষা কিহৰ আছিল?

কʼব নোৱাৰাটোও এটা কথা
ক'ত কথা নোকোৱাকৈয়ে ৰৈ যায় ।

আমাৰ জন্মৰ আগতে
অথবা
জন্মৰ পিছতো
তাৰ বহুদিনলৈ
শূন্য বোধোদয়

অথচ মৰাৰ আগলৈকে
মোৰ ভিতৰি শুই থকা মানুহজনক
মই জগাবই পৰা নাছিলোঁ

ইমান কুম্ভনিদ্ৰা !

ভ্ৰমৰো থাকে অন্য এক ভ্ৰম ।
যিদৰে জীৱনৰ থাকে জীয়াই থকাৰ প্ৰতি অপত্য মোহ

জী থাকোঁতে আমি এবাৰ
মৰাৰ কথা আছিল

প্ৰিয় কবি
জন্মৰ বাবে মৃত্যু অনিবাৰ্য্য নেকি ?

এই আছাভুৱা সময়ৰ
বঞ্চনা নকৰা সত্যক
এন্ধাৰৰ পৰা কেনেকৈ আঁতৰাই ৰাখোঁ
হে শংখগামিনী
চকুৰ পতাত শুৱাই লোৱা 
তোমাৰ সমস্ত ৰাতিৰ মৰণ টোপনি
আৰু আমি কিছু অদেখা চকুপানী টুকো
যাতে শোকবোৰ শিললৈ পৰিণত হয় ।
——————————————————
প্ৰতি, স্বৰ্গদেউ...
উত্তম কুমাৰ কলিতা

স্বৰ্গদেউ ঈশ্বৰ !
প্ৰজাৰ হাতত হেণ্ডকাফ কিয়
স্বৰ্গদেউ ঈশ্বৰ !
আমাৰ উশাহ চুটি হৈ গৈছে কিয়

বিনামূলীয়া চাউল সিজাবলৈ হেজাৰটকীয়া জুই

জুই জুই...

পিতাইৰ বৃদ্ধ - পেঞ্চনৰ পইচা 
গাড়ীৰ ভাড়া দিওঁতেই শেষ
আইৰ  অৰুণোদয়ৰ পইচা 
পোহৰ কিনোতেই শেষ
জব - কাৰ্ডৰ পইচা
চাকৰিৰ আৱেদন কৰোঁতেই শেষ

স্বৰ্গদেউ ঈশ্বৰ !
ভনী এজনী বিয়া দিবলৈ আছিল
চন পৰি থকা মাটিবিঘাত ধান ৰুব লাগিছিল
সৰু ভাইটোৰ হাপানীৰ ঔষধ কিনিব লাগিছিল

অনাময় শৌচাগাৰৰ দৰ্জা বন্ধ 
প্ৰজাৰ মুখ বন্ধ

দেউতা ঈশ্বৰ !
অসমীৰ মুখৰ ভাষাৰে গুণগুণাব দিয়ক গান
আওৰাব দিয়ক কবিতা
____________________

মই যি লিখোঁ সেইয়া নো কি মাধৈ মালতী 
গায়ত্ৰী দেৱী বৰঠাকুৰ

তোমাৰ পৰা যি পালোঁ সেইয়াই
 কবিতা 

শুনিছোঁ 
কবিতা দুখৰ ঋতুৰ এপাহি খৰিকাজাঁই

হীৰুদা 
তোমাৰ কবিতা পঢ়ি প্ৰেমত পৰিছোঁ 
বাঙ্ময় শব্দৰ 

আঁক- বাক কৰা শব্দবোৰ মোৰ নহয়
 তোমাৰ সুগন্ধি পখিলা 
শইচৰ পথাৰ 
উৎসৱৰ   দেউলত তোমাৰ এখনি কবিতাময় ছবি 
তোক বৰ ভালপাঁও বুলি ক'লে কবিতা 
বুকুত বাজে পূৰ্ণিমা ৰাতিৰ বাঁহী
হৰিণী খোজেৰে আগুৱাই 
জানো কোনে খেলে শস্য  শ্যামল                
সন্ধ্যা - দুপৰীয়া- পুৱা 
আৰু নিশা 

তোমাৰ এটা হাঁহিত ফুলে বসন্তৰ হাজাৰ পাহ ফুল 

এনেকৈয়ে বগাই থাকক শব্দবোৰ 
তোমাৰ পৰা মোলৈ
মোৰ পৰা মাধৈমালতী সময়লৈ                    হীৰুদা...
—————————————————
সংস্কৰণ
গিৰিণ বৰা 

আইৰ বুকুত অনিৰুদ্ধ বাসনা 
দুখৰ ইতিহাস মচি 
সম্ভাৱনাৰ মেটমৰা সম্ভাৰ,

দুঃসময়ত 
আইৰ আঁচলৰপৰা
চিটিকি পৰিছিল 
বাটে ঘাটে এডোঙা তেজ
নৱ -জোৱানৰ,

তথাপিও দাম্ভিকতাৰ ভৰত 
আজিও কোনেও নুজুখিলে আইৰ
দুচকুত অস্থিৰতাৰ ওজন কিমান ? 

তোৰ ওঁঠত কোমল গান
সুখৰ কেঁকুৰিত আস্বাদনৰ আলিংগন
আৰু এতিয়াও আয়ে টানে 
মৰসাহেৰে উশাহ,

হৃদয়ত কম্পিত ভগৱান
আইক ৰ'দ লাগে,
আন্ধাৰৰ কোলাত শুই মানুহৰ ছবি 
আৱিষ্কাৰ কৰোতেই আই ভাগৰুৱা
 
হেৰ পদাতিক উঠ মুৰ ডাঙি উঠ
তোৰ কৌশলী হাতেৰে খামুচি ধৰ অভেদ্য কলম
লিখি দে মানৱতাৰ নহয় আৰু স্খলন
এইয়া সময় কঠিন ত্যাগৰ, সংস্কৰণৰ ।

গিৰিণ বৰা 
কেন্দূগুৰি,যোৰহাট 
————————————––––––
প্ৰেমৰ-পতাকা
দাদুল ভূঞা

আহা আমি প্ৰেমৰ-পতাকা উৰুৱাওঁ | খেলোঁ খেল ভালপোৱাৰ
ইজনে-সিজনক সাৱটি ধৰোঁ কোনেও নেদেখাকৈ
আহা আমি মনে মনে পাৰ্কত বহোঁ | পপকৰ্ণ খাওঁ
চুপে-চাপে কথা হওঁ কোনেও নুশুনাকৈ

আহা আমি যুদ্ধ যুদ্ধ খেলোঁ
খেলোঁ খেল ৰাছিয়া বনাম ইউক্ৰেইন
আহা আমি কৰমৰ্দণ কৰোঁ | গাহৰি মাৰি ভোজ-ভাত খাওঁ

প্ৰতিবাদৰ মিছিল সাজি আহা আমি আগুৱাই যাওঁ
সীমান্তত বেই সাজি উটুৱাই দিওঁ তেজৰঙা গোলাপ
উটুৱাই দিওঁ প্ৰেমৰ অচিন পতাকা

জোখ-মাখ কৰোঁ
কোনখিনি তোমাৰ
কোনখিনি মোৰ
প্ৰয়োজন হ'লে ভাঙি দিওঁ
বে-হিচাপী গম্বুজ

আহা আমি দুয়ো ফাকু খেলোঁ— তেজৰ
মোৰ তেজ নে তোমাৰ তেজ
দুয়ো তেজতে ডুবোঁ, সাতুৰি-নাদুৰি
কোনেও গম নোপোৱাকৈ
আহা আমি প্ৰেমৰ পতাকা উৰুৱাওঁ

ঠিকনা
গহপুৰ,বিশ্বনাথ
ফোন:-৯৮৫৯২৮৯৩২৫
————————————
বসন্তৰ মালিতা
দেৱ দাস

১.
পশিমৰ দুৱাৰ মুখত
এপাহ কপৌ
     
কেনেকৈ গম পাই
চৰাইয়ে গীত যুৰিছে
বসন্তৰ গীত

২.
দুষ্ট সময়ত 
শিমলু ফুলে

শিমলু পলাশে
আকাশৰ নীলা আনে
কাৰোযে 
তত নাইকীয়া
বহাগলৈ আৰু পৰ নাই

৩.
ৰাতিটো
বিলাসী ৰাগীত মতলীয়া

 ফুলে তৰাই
 গীতৰ অন্তৰা

 এটিয়ে আনটিৰ
 ঠিকনাত হাহাকাৰ

৪.
ওৰনি আঁতৰাই
 ৰঙচুৱা 
খিৰিকীৰ আয়না

চনা চটকাদি
বাঁহীৰ মাত

৫.
ওৰেটো নিশা
মেঘে মতলীয়া
শিল বৰষুণৰ ৰণ

গছে গছে সেউজীয়া
কুলি কেতেকীৰ
দীঘ- বাণী

ৰাতি পূৱাইছিল

চোতালত চৰাইয়ে
গুন গুনাইছিল
বসন্তৰ গান

৬.
এনেদৰেই
পশিমৰ বেলি

দিন
শুভেইচ্ছা
আমাৰ মানিক সম্ভাৰ
————————————
উচ্ছ্বসিত
চন্দনা ভাগৱতী

মেঘৰ পিঠিত উঠি অহা বৰষুণজাকত এটি সখিয়তী মাত
সাতোৰঙী দিনৰ সুখৰ সংলাপ
বুকুৰ বাহিৰে-ভিতৰে মাটিৰ মাত এটাই মোক তিয়াই থাকে
দুচকুত বসন্তৰ বৈভব
গজি উঠে এখন দীপ্তিমান অৰণ্য ।
_________________
অৰণ্যত চিঞৰ
ৰতন শদিয়াল

বাউসীৰে পাৰ হৈ যায়
সুৰসুৰণি এটা বতাহৰ
জিকাৰ খাই উভতি একোকে নেদেখো

বতাহৰ পাক অৰণ্যতহে চাব পাৰি 
চৰাই কল্লোলণিত গছৰ পাতবোৰ 
কঁপি উঠা দৃশ্য অৰণ্যতহে চাব পাৰি

বহু ছবিৰ আঁৰত অৰণ্যৰ গাঁথা
পখিলাৰপৰা পোকলৈ
বনৰপৰা বৃক্ষলৈ
পশুৰ পৰা পক্ষীলৈ

অৰণ্যত সোমাই কাৰ দহন
কোনে ৰাখে খবৰ
অৰণ্যত সোমাই কাৰণ ৰহন
কোনে কৰে চিন্তন

অৰণ্য থাকিলেহে মানুহ থাকিব 
অৰণ্যই আঁতিলেহে জীৱন বাঢ়িব ।
———————————
বাট
চয়নিকা ভূঞা

এটা দুুুুপতীয়া সপোন 
পাবত গজে 
আশাত বাঢ়ে 
এঢাপ এঢাপকৈ গঢ় লয় 
উচ্চতা, দৈৰ্ঘ্যতা আৰু 
পৰিসৰৰ গভীৰতা

বাটৰ বুকুৰ 
বহু জীয়া কাহিনী 
দূৰণিবটীয়া বাটৰো থাকে 
অবুজ যাতনা 

আইতাৰ সেলেঙিত 
আওপুৰণি কথা
ন-কৈ গাভৰু হোৱা গাভৰুৰ উঠন বুকুৰ কথা
এলাগী আত্মাৰ নিশাৰ উচুপনিৰ কথা
আৰু 
আৰু বেপেৰুৱা হোৱা বাটৰ কথা

সম্পৰ্কতেই সম্বন্ধৰ জন্ম 
বাটতে আৰম্ভ হোৱা বহু কাহিনী 
শেষ হয় বাটৰ বুকুত
তথাপিও
বাটৰ বুকুতেই জন্ম হয় অলেখ বাটৰ ৷
-------------––––––———
সুঁহুৰি
ভাৰতী চক্ৰৱৰ্তী

হিয়াত জাকৰুৱা ঢোলৰ গুমগুমনি
থেকেঁচা খোৱা সপোন এটাৰ
চাটিফুটি
তই উকি এটা মাৰ
মই গুচি যাওঁ
তোৰ পদূলিৰ আন্ধাৰ
নঙলা খুলি
তই হাঁহি এটা মাৰ
বাউলি বতাহ হৈ
উৰি আহিব বকুল তলৰ সুহুৰি
দূৰৈৰ গাওঁখনত পাহাৰ 
এটা হৈ আছে উচুপি
—————————————————
                পঢ়ুৱৈৰ অভিমত

বেটুপাতৰ পৰা আৰম্ভ কৰি শেষপৃষ্ঠা লৈকে সকলোকে সন্মোহিত কৰি ৰখা এটি সংখ্যা ৷ সুখী হলোঁ ৷
-ড° ৰমেশ কুমাৰ কাকতি
——————————————————
বাচকবনীয়া এই সংখ্যাটো পঢ়ি মোহ এৰিব পৰা নাই।বেটুপাতত উপলব্ধ কপৌ ফুলৰ আৰ্হিত মন পাইছোঁ।ভাল পাইছোঁ।শুভেইচ্ছা জনালোঁ।
দেৱ দাস
বৰপেটা
————————————————
' কাব্যকানন' আলোচনীৰ  প্ৰতিবাৰেই শলাগ ল’ব লাগিব ।অতি কম সময়তে সকলো ঠিক কৰি পঢ়ুৱৈ সমাজলৈ এখন মননশীল আলোচনী আগবঢ়াই দিব পৰাটো তেনেই সহজ নহয় !
এই ক্ষেত্ৰত আন্তৰিকতাৰে সম্পাদক নৱ ৰাজনদেৱৰ লগতে সম্পাদনা কক্ষৰ লগত জড়িত প্ৰতিগৰাকী সন্মানীয় সদস্যৰ  নাম ল’বই লাগিব ।
     ' কাব্যকানন'ৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে সম্পাদক নৱ ৰাজনলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
লক্ষ্যহীৰা দাস
——————————————————
সুপ্ৰভাত।বৰ মনঃপুত বাক্য এষাৰ পঢ়িলো ,মন ভৰিল! "খৰকৈ বঢ়া নদীখন সোনকালে শুকায়" সময় উপযোগী হৈছে। ৰঘূমলাৰ দৰে শিপাই অহা বঁটাবাহনে সৃষ্টিশীলতাক অপবিত্ৰ কৰিছে।
 –ৰেখা বৰকটকী
   যোৰহাট
——————————————————
বাৰেৰহণীয়া ৰূপ- ৰসেৰে পৰিপূৰ্ণ ,সৰ্বাংগসুন্দৰ এই সংখ‍্যাৰ কাব‍্যকানন পঢ়ি আপ্লুত হ’লোঁ।এই যাত্ৰা সুদূৰ প্ৰসাৰী হোৱাৰ আন্তৰিক শুভকামনাৰে–

জয়তু কাব‍্যকানন
দীপ্তিমনি গোস্বামী
——————————————————
                     কবিতা
ফুলি থাক জকমকাই
ড° ৰমেশ কুমাৰ কাকতি

ব’হাগক ৰঙীন কৰা
অ’ মোৰ হেঁপাহৰ গোলাপ
থৰ-লাগি মই চাই ৰ’ম
ফুলি থাক জকমকায়।

আদৰৰ পখিলাজনীৰ
বুকুত নিদিবি আঁচুৰ
উৰি-উৰি ঘূৰি-ঘূৰি
থাকিব দে তোকেই জোকায় ৷

ড° ৰমেশ কুমাৰ কাকতি
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ৷
————————————
ব'হাগৰ দুটি স্কেচ্ছ 
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ

        ১.
অতি নিৰলাত
নাচিছিল
যৌৱন 
নচুৱাইছিল
কোনোবাই
মোৰ মন
ব'হাগত
আঁহতৰ তলত
সেই জোপা আঁহত 
ক'ত?ক'ত ?
       ২.
পেপাৰ মাত 
গগনাৰ মাত 
ঢোলৰ ছেওত
হেন্দোলদোপ 
কাৰণো নাচত?
ব'হাগত
নাচনীৰ ছেও 
বিহু নাচত
বিহুতলি
উদুলি -মুদুলি 
বতৰৰ কপৌফুল 
ক'তনো ক'ত?
কাগজৰ ফুল
নাচনীৰ
খোপাৰ ভাঁজত ।

ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ ,গুৱাহাটী
————————————
তেওঁৰ অপেক্ষাত
ৰাজীৱ দত্ত

(চেমুৱেল বেকেটৰ "ৱেইটিং ফ’ৰ গড্ ত"ৰ অনুপ্ৰেৰণাত )
ৰাজীৱ দত্ত 

তেওঁৰ অপেক্ষাত ৰৈ আছো
কি দিন কি ৰাতি 
সমস্ত দিন ৰাতি একাকাৰ কৰি 

অথচ তেওঁ নাহিল!

সমস্ত আশা 
সমস্ত বাসনাক 
পণবন্দী কৰি মাত্ৰ অপেক্ষা কৰিছোঁ

এতিয়াও আশাৰে বাট চাইছোঁ-
তেওঁ আহিব !

তেওঁ আহিলে ফুলি উঠিব
মাধৈ মালতী
উৰি যাব অযুত চৰাই বুলবুলি

হয়তো তেওঁ আহিব 
কিম্বা নাহিবও পাৰে

তথাপি তেওঁ অহাৰ অপেক্ষাতে কৰিছো
দিনক ৰাতি কিম্বা ৰাতিক দিন

তেওঁ আহিব বুলিয়ে ৰৈ আছো
ৰৈ আছে হেজাৰ নিৰন্ন অভুক্ত জনতা
ৰৈ আছে মৃত্যুমুখী প্ৰপন্ন কতজন
ৰৈ আছে বঞ্চিত পীড়িত হেজাৰ জনতা

হয়তো তেওঁৰ সন্ধানত 
আপুনিও আছে ৰৈ!

 কত বিষাদ বিভোৰ হৈ
কিনাম দি মাতিম তেওঁক!
সহস্ৰ নামৰ মালিতা তেওঁৰ 

তেওঁৰ অপেক্ষাত কতজন আছে ৰৈ
মন্দিৰ মছজিদ কিম্বা গীৰ্জা গুৰুদ্বাৰত 

তেওঁৰ নামটো ?
জানেইচোন সকলোৱে
নকলোৱেই বা মই 

তেওঁৰ অপেক্ষাত এতিয়াও সহস্ৰজনে
কাতৰে কৰিছে আৰ্তনাদ

ধৈৰ্য বিশ্বাস আৰু আস্থাৰ পৰীক্ষাত
হয়তো বহুজন উৰ্ত্তীণ হ’ব
কিম্বা নহ’ব 

তথাপিও তেওঁৰ অপেক্ষাত এতিয়াও 
ৰৈ আছে হেজাৰ প্ৰপন্ন জনতা
তেওঁ আহিব নে নাহে
তাৰ কোনো নিশ্চয়তা নাই

এই অপেক্ষা যেন নিৰৱধি সময়ৰ
অনন্তকালৰ যুগ যুগান্তৰৰ 

তথাপিও আছো ৰৈ ধৈৰ্য্য আৰু সাহসক 
সাৰথি হিচাপে লৈ 
কাৰণ এই অপেক্ষা যেন যুগ যুগান্তৰ 

ৰাজীৱ দত্ত
চামতা
নলবাৰী
————————————
শিল বনাম ভাস্কৰ্য
খূৰ্ছীদ আনছাৰী

মৃত্যুক
ভাস্কৰ্য কৰিবলৈয়েই
জীৱন

পৃথিৱীত …
সফল হ'লে ভাস্কৰ্য
অন্যথা শিল !
————————————
এটি স্তৱক
লতিকা শৰ্মা

কলীয়া ডাঁৱৰবোৰ
নীলাভ আকাশৰ বক্ষত

ওলমি দৌৰিছে
যেন এই পৰো
এই পৰো...

এজাক মূষলধাৰ
বৰষুণ হৈ  
ধৰিত্ৰীৰ হিয়া জুৰায়।
—————————
চুপতি
নাচৰিন আখটাৰ

চুপতি কৰি কৰি 
দেশ খাই লুটিপুটি
আধুনিকতাৰ পৰশ লাগি 
কিছুমান মানৱৰ মগজ খালে নিগনিয়ে কুটি কুটি। 
সেইবাবে চাগে ভাবে ধৰ্ম লৈ কাজিয়া কৰিলে 
হ'ব দেশৰ উন্নতি।
সম্প্ৰীতিৰ এনাজৰীত ঘা লগাই লগাই
থাকে ধৰ্ম ধৰ্ম বুলি সংঘাত কৰি।
দেখুৱাই দিয়াচোন দেহৰ এডোখৰ জেগা 
লিখা আছে মই হিন্দু, 
মই মুছলিম বুলি। 

মনৰ ময়লাবোৰ আঁতৰ নকৰিলে
আমাৰ নৱ -প্রজন্ম পথভ্রষ্ট হ'ব।
মানুহ মানুহৰ বাবে শিকাৰ সলনি
হিন্দু হিন্দুৰ বাবে
মুছলিম মুছলিমৰ বাবে কথাষাৰ শিকিব।
দুদিনৰ দুনিয়াত মিছাতে থাকা মুখ চুপতি মাৰি, 
হে মানৱ,তাৰ সলনি চাবা ধর্মগ্ৰন্থবোৰ মেলি মেলি, 
তাৰ পৰা আনিবা অলপ জ্ঞান আজুৰি। 
মুছলিমৰ দেহাটিও  মাটিতে মিলিব
হিন্দুৰ দেহাটিও মাটিতে মিলিব। 
কিনো বেলেগটো হ'ব? 
আধুনিক যুগত এইবোৰ এৰিবৰ হ'ল
অন্য দেশ উন্নতিৰ শিখৰ চুমি চুমি
আগবাঢ়ি গ'ল। 
————————————
পূণ্যভূমি মাজুলী
ৰশ্মি ৰেখা বৰা    

ব্ৰহ্মপুত্ৰৰ মাজত পূণ্যভূমি মাজুলী
এটকা মহন্তৰ স্থান,
জাতি-ধৰ্ম, বৰ্ণ মিলনৰ পূণ্যভূমি
এইয়াই এটকা মহন্তৰ স্থান।

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী 
দুজনা গুৰুৰ দান,
চাৰিওফালে চাৰি হাতী বৈষ্ণৱ বৃন্দৰ 
মাজত চিৰপূজ্য মন্দিৰৰ স্থান,
 
ভকত বৈষ্ণৱে সংস্কৃতি সাধনাৰে 
ৰাখিছে অসমীয়াৰ মান,
পুৱা-গধূলি দবা, কাঁহ, শংখ ধ্বনিৰে 
মুহিছে সকলোৰে প্ৰাণ।

এইয়াই নহয় জানো সত্ৰ নগৰী
এটকা মহন্তৰ স্থান,
জন্ম জন্মান্তৰে চিৰপূজ্য মাজুলীৰ 
চৰণ চুই যাবলৈ যেন পাম।
————————————
ব'হাগ- এটি বাখৰুৱা কবিতা 
মনচুমী কলিতা নাথ 

ফুলি উঠিছে এপাহি দুপাহিকৈ বসন্তৰ ফুল 
ব'হাগ অহাৰ কথা শুনি 
হৃদয়ত বাজিছে ৰুণুক জুনুক নূপুৰ
ব'হাগে সেউজীয়া কৰে নদীৰ উপত্যকা
 ব'হাগে সেন্দুৰীয়া কৰে বুকুৰ উপত্যকা
ব'হাগে মাটিৰ বুকুলৈ প্ৰাণ আনে
 ব'হাগে খেতিয়কৰ মনলৈ আশা আনে 
ব'হাগে অসমীৰ বুকুত সপোন সিঁচে 
 অসমীয়াৰ বুকুত চেনেহৰ বুটা বাচে 
ব'হাগে চহা মানুহৰ ওঁঠলৈ 
কঢ়িয়াই আনে এটি গীতৰ কলি
ব'হাগে দিয়েহি প্ৰতিশ্ৰুতি 
শস্যেৰে ওপচাব হৃদয়ৰ কঠিয়াতলি 
ব'হাগে ৰঙীণ কৰে
 প্ৰেমময় হৃদয়ৰ প্ৰতিটো কোঠা
ব'হাগে সজীৱ কৰে 
এৰি অহা অতীতৰ প্ৰতিটো কথা 
ব'হাগৰ বুকুত আছে উৰ্বৰতা 
আছে প্ৰেম ভালপোৱা মমতা
ব'হাগ মানেই এটি বাখৰুৱা কবিতা ।

মনচুমী কলিতা নাথ 
যোৰহাট
————————————
ব’হাগৰ খোজ
মৌচুমী দাস

এটি সুকোমল পুৱাত
গুণগুণকৈ এটি সুৰ ভাহে
পুৰণি বিহু গীতে
মোৰ তন্দ্ৰা ভাঙে...

সাৰ পাই দেখো
আইৰ ওঁঠৰ ফাঁকেৰে
বিহু গীতৰ সুৰ এটাই ওলাও নোলাওকৈ
হেঁপাহৰ পাৰ ভাঙে...

"হাবিত জুই লাগিলে এ ভনী, কুঁকুহা ঐ উহ উৰিলে"

"বৰ ফুলৰ গামোচা কালৈ ভন্টি সাঁচিছা"

অৰ্থপুৰ্ণ , অনিন্দ্য , সুন্দৰ
সময়ৰ খোজৰ সুৰ

সেইয়া যে বিহুগীতত প্ৰকৃতিৰ সম্ভাৰ
কেঁচা মাটিৰ গোন্ধ
পথৰুৱা গীত
শুনি মন হয় চিত...

আইক সুধিলো, এইবোৰ সাঁচি ৰখা বৰপেৰাটো ক'ত থৈছা ?

আছেনে আৰু তাত ফুৰফুৰীয়া গোন্ধৰ ৰিহা মেখেলা 
কাণত জিলিকা সাতামপুৰুষীয়া  কেৰু থুৰীয়া ...

আইয়ে মোক ক'লে
চেৰেংকৈ...
বুকুতে পৰে নে মনতে পৰে
নাজানো মই বিহুৰ বতৰা

মাথো  জানো
আধুনিকতাৰ গীতৰ তালে তালে
বাপুতিসাহোন বৰপেৰাই মেলানি মাগিলে.....

সময়  বালিৰ খোজ
————————————
থলগিৰি
ৰমেন দাস

থলগিৰি নে বাবুগিৰি
নচলিব দাদাগিৰি
অসমী আইৰ বুকুত 
বৈছে সোঁৱনশিৰি
উন্নতি কল্পে আমি 
আগুৱাই যাবই লাগিব
এলাহ ভাব এৰি

থলগিৰিৰ মহামন্ত্ৰ
আত্মনিৰ্ভৰশীলতা
যথা বিধিমতে তথা

অৰ্থনীতি,আন্তঃগাঁথনি
প্ৰণালী
জনসংখ্যা বিজ্ঞান
চাহিদা

থলগিৰিৰ পঞ্চ স্তম্ভ
কৰিব লাগিব ৰূপান্তৰ
তেহে পাম উন্নতিৰ শিখৰ
বাৰীৰ শাক
খেতিৰ ধান
পুখুৰীৰ মাছ
গাইজনীৰ গাখীৰ
 চাংঘৰৰ পৰ্যটন

হাজো সৰ্থেবাৰীৰ
কাঁহ পিতলৰ ঘটি-লোটা
আশাৰিকান্দিৰ টেৰাকোটা

থলুৱা গামোচা 
মূৰত লৈ আগুৱাই যাম
বিহুৰ বতৰত বিহুৱানলৈ
আমি বিহু গাম

সেয়েহে এতিয়া কোৱা
ভোকেল ফৰ লোকেল
মেইক্‌ ফৰ ৱৰ্ল্ড 
মোৰ আইক আগুৱাম ৷
————————————
নিঃসঙ্গতা
অজিত কুমাৰ বৰদলৈ

নৈ হৈ বৈ যোৱা হ’লে
পাৰত ৰৈ চালোঁহেতেন
বেদনা কিমান গভীৰ,
জুই হৈ জ্বলা হ’লে ক্ষোভবোৰে
পোহৰৰ ডেউকা মেলি
আকাশ সাবটি ধৰাৰ সময়খিনিত
নিঃসঙ্গতাৰ পোছাক খুলি
নাচি বাগি গালোহেঁতেন
আমাৰ মিলনৰ গান।

গভীৰ জলাশয়ত 
সুখৰ বৰকাছজনী শুই থাকে
একান্ত ব্যক্তিগত সময়বোৰত
দেখা পাওনেকি-
চাব খোজোতেই মানুহৰ মিছিলত
হেৰাই যাওঁ নিঃসংগতাৰ পোছাক পিন্ধি।

নৈ হৈ বৈ যোৱা
দুপাৰক আছুৰি দিয়া
শিল খহাই যোৱা
পলস উটুৱাই নিয়া
প্ৰাণভৰি চাওঁ,নিঃসঙ্গতা
বেদনা কিমান গভীৰ।
————————————
বসন্ত
অঞ্জনা বৰুৱা

তোকেই লক্ষ্য কৰিছো অহৰহ
পুৱাৰ পৰা সন্ধিয়ালৈ
ডালত ফুট মেলাৰ পৰাই,
বৃষ্টিৰ ন পানীত জয়পৰা
ঠানিডালত তোৰ আবিৰ্ভাৱ
কণপৰুৱাটোৰ দৰেই এচিকুট,
মোৰ দৃষ্টিতেই তই উপজিলি
লহপহকৈ বাঢ়িলি
আলফুলে চুই চালোঁ তোক
সেউজ সাজত জকমকালি
ন কইনাৰ দৰেই পোহৰালি
প্ৰকৃতিৰ ৰূপৰ গৃহস্থালি।
আস্, মৰমতে জিঞা এটি পৰিল 
মৰমৰ চুমাত ভৰালে তোৰ মন,
তোৰ গাভৰু দেহত লাহবিলাহ
বতাহতে চেনেহৰ বতৰা পালি।

মোৰ দৃষ্টি তোতেই নিবদ্ধ অহৰহ
কুঁহিপাতৰ  গুছিল মই-মতালি
এতিয়া তই  বনগাভৰু
তই নাচিবি, হালিবি জালিবি
পুৰঠ দেহাৰ এখনি সেউজী পাত হৈ,
সময়ে কঢ়িয়াব ভাটি যৌৱন
চানিব অসংখ্য টোকা পৰুৱাই
জয় পৰিবি, বসন্তয়ো নেওচিব
ধুমুহা সহা দেহাত মলয়াই কোবাব
হালধীয়া হৈ সৰিবি চোতালত
উস্
তোক ঠানিতেই চিলাই থবপৰা হ'লে!

অঞ্জনা বৰুৱা
ডিব্ৰুগড়
————————————
সুখত আছা জানো তুমি ?
শুৱলা দাস

কেৱল যান্ত্ৰিকতা,
অহেতুক দৌৰা দৌৰি ,
কাৰোবাক চেৰ পেলোৱাৰ
বিৰামহীন প্ৰতিযোগিতাত !!
সুখেৰে আছানে তুমি ?


নিজৰ অৰ্থ-প্ৰাচুৰ্যক
কাৰোবাক দেখুৱাবলৈ 
চলি থকা অহৰহ প্ৰচেষ্টাত
আৰু
আনৰ চাবলৈ একেবাৰেই অনিহাত।
সুখেৰে আছানে তুমি !

অন্তৰংগতাৰ হয় জানো কৰ্ষণ তাত?
দেখা জানো যায় 
তৰা ভৰা নীলাভ আকাশ?
উদাস নকৰেনে প্ৰাণ?
সেউজীয়া পথাৰ আৰু জীপাল গাওঁখনে ?
কংক্ৰীটৰ কঠোৱা আবেষ্টনীয়ে (?)
সুখেৰে আছানে তুমি ?

আমনি নকৰনে?
ককা -আইতাৰ-দাইটি-পেহিটিৰ
তমোলীয়া ওঁঠে !!
নকৰেনে হাহাকাৰ ভাওনা-সবাহৰ
ৰাগে !
কেতিয়াবা নুতুলেনে হদয়ত অনুৰণ
আইনাম-বিয়ানামে
কেতিয়াবা লাগেনে অকলশৰীয়া
কোলাহ'লৰো মাজে 
যেন চাপি আহক আই মোৰ
একেবাৰে আজলী 
মূৰত হাত ফুৰাই
মুখে লৈ এধাৰি নিচুকনি

সুখেৰে আছানে তুমি ?

যান্ত্ৰীক প্ৰতিযোগিতাই
ধতাসায়ি কৰিছে নেকি জীৱন?

আৰু যদি হয় ,আহাহে সুহৃদ
অতীতত হেৰুৱা মধুৰতম
দিনৰ সোঁৱৰণত
অম্বেষণ কৰোঁ সেউজীয়া দিনৰ
বিচাৰি লওঁ আমাৰ শৈষৱ,
আমাৰ  গাওঁ,আমাৰ আকাশ
আমাৰ সমন্ধ, আমাৰ মৰম   ! 
শুৱলা দাস
যোৰহাট
—————————
প্ৰেম
ৰ'জ্ঐয়াও দলে (ৰশ্মি)

তোমাৰ কথাবোৰ
মনৰ পৰা আঁ‌তৰাও বুলিও
আঁ‌তৰাব নোৱাৰি,

প্ৰতিটো তোমাৰ
দুঃখ-কষ্ট
আৰু হা-হুমুনিয়াবোৰ
উপেক্ষা কৰোঁ‌ বুলিও
কৰিব নোৱাৰো।

তোমাৰ শব্দবোৰত
মোৰ কিহৰ বাবে
ইমান অনুকম্পা?

এইয়া তোমাৰ প্ৰতি
অনুৰাগ নে
অনুৰাগিনী?

যাৰ কথা মনৰ  পৰা
আঁ‌তৰাও বুলিও
আঁ‌তৰাব নোৱাৰা
হৃদয় কোনত যাৰ নামৰ,
গুণ-গুণনি

প্ৰতি ক্ষণে ক্ষণে
নুপূৰ যেন বাজি থাকে
পাহৰিব খুজিও
পাহৰিব নোৱাৰা 
এটি মিঠা সুৰ, 
যি আমনি কৰে

এইয়াই নেকি প্ৰেম?
———————————— 
স্তৱক
ৰূপা গগৈ
১.

বিচাৰিলেও নোৱাৰিম দিব কোনোদিনে পৰিচয়
মই যে এতিয়া পৰিচয় বিহীন !

বহু দিনেই হ'ল ডাল এৰি সৰি পৰা
মই যে এতিয়া এখিলা  সৰাপাত ।

মিছাতে ৰামধেনুৰ ৰঙ সানিব নুখুজিবা 
অচিনা ঘাটৰ ভটিয়নী সোঁতত ।

২.
দিব খুজি আপোনজনক ঠিকনা
ঠিকনা বিচাৰি হ'লো দিশহাৰা 

নাজানো কোন নদীয়ে গতি সলাই এৰি থৈ গ'ল সূঁতি
মৰাসূঁতিত ঠিকনা বিলীন হৈ ৰ'ল ।
————————————
আহ্বান
দিপ্তী মনি গোস্বামী
লখিমপুৰ (লালুক)

কবি ম‌ই নহ‌ওঁ
কিন্তু 
লিখোঁ  কবিতা ,
বৰ্ণ সংযোগেৰে 
এটি এটি শব্দ বিচাৰি
গাথোঁ  ম‌ই অনুভৱৰ মালিতা ।
মুকলি মঞ্চৰ মজিয়ালৈ  বুলি
এৰি দিওঁ মোৰ
ক্ষুদ্ৰ অনুভৱবোৰ মেলি ,
অকনমান সঁহাৰি 
মৰম চেনেহ
সুহৃদ ,সতীৰ্থ ,বিজ্ঞজনৰ পৰা বিছাৰি ।
"সুন্দৰ," "ভাল লাগিল "
এই শব্দবোৰে মোক সন্তোুষ নিদিয়ে
যিয়ে মোৰ নিজক 
জুমি চাব নোৱাঁৰে ।
বিচাৰোঁ ম‌ই এধানি 
সঁচা সঁহাৰি সহযোগ 
মোৰ বাঞ্চিত অবাঞ্চিত ভুলবোৰৰ
শুধৰণিৰ পদক্ষেদ ,
মানুহ মাত্ৰেই ভুল হয়
কেতিয়াবা অজ্ঞতাত
কেতিয়াবা অমনোযোগিতাত,
অভিজ্ঞজনৰ সঁচা সহাঁৰিৰ
এটি ক্ষুদ্ৰ প্ৰয়াসে
চিৰ চেনেহী ভাষা জননী
শুদ্ধ ৰূপে শুৱনি হৈ
প্ৰতিষ্ঠা হ'ব
বিশ্ব দৰবাৰত ।
————————————
নাৰী  মানে 
ৰিঙ্কু বৰুৱা 

নকৰো আৰু হিচাপ
পোৱা নোপোৱাৰ।
নিদিওঁ কাকো হাঁহিৰে
উদ্ভাসিত কৰিবলৈ
হৃদয় সঞ্চিত মৰমবোৰ লৈ।

নাৰী মানে নহয়
ভোগৰ সামগ্ৰী
নাৰী হ'ল এগছি
জ্বলন্ত অগ্নি
নিজৰ সত্ত্বাক সংসাৰৰ 
বুকুত সপি দি 
হাঁহি হাঁহি পান কৰে
সংসাৰৰ তিতা, মিঠা
সকলো উপহাৰ
নিৰ্যাতিতা,ধৰ্ষিতা, আৰু আৰু শোষিতা বেশেৰে

ৰিঙ্কু বৰুৱা
লক্ষীমপুৰ ( অসম)
ফোন - ৮৪১৩৯৩৮৫৮৯
————————————
ব’হাগ
পবিত্ৰ বৰগোহাঁই 

ব’হাগ মানেই যে কুলি-কেতেকীৰ মিঠা  মাত
পথাৰৰ ন-পানীত উজানৰ মাছৰ ইচাত-বিচাত 
কুঁহিপাত কুমলীয়া গছৰ ডালে-ডালে ,ঠালে ঠালে ;
ফুলে-ফলে জাতিষ্কাৰ বিনন্দীয়া প্ৰকৃতি
আম ,কঠাল , লিচু ,লেতেকু ,পনিয়ল আদি বৃক্ষই
বসন্তৰ উষ্ম আলিঙ্গনত প্ৰসৱ কৰে নতুন জাতক জাতিকাৰ ।
ব’হাগ আহিলেই যেন দেহৰ সাজযোৰ সলাই
লোৱাৰ পৰম্পৰা পালন কৰি আহিছে প্ৰকৃতিয়ে ।

সেয়ে, সকলোফালে উথপথপ নিজক সজোৱাৰ
ন-ৰূপত ,ন-সাজত  ন-কইনাজনী
মিচিক-মাচাক , লাজকুৰীয়া হাঁহিৰে পুলকিত বসন্ত
যেন মনৰ অধীৰ আগ্ৰহৰ দৰদী হিয়াৰ ফুলশয্যাৰ ৰাতি ।
ঢোল ,পেঁপা ,গগণাৰ মাতে মুখৰিত আকাশ-পাতাল
স্নেহৰ ভমকা ফুলীয়া বিহুৱানখন যাচিবলৈ
আগ্ৰহেৰে বাট চাই থাকে জীয়াৰি-বোৱাৰী সকলোৱে এই ব’হাগলৈ ।
সকলোফালে দলদোপ-হেন্দোলদোপ দেখোতেই উলাহ
লাও খা ,বেঙেনা খা দিনে দিনে বাঢ়ি যা
মাৰে সৰু বাপেৰে সৰু তই হ'বি বৰ বৰ গৰু
মাহ হালধি ঘঁহি গৰুক গা ধুৱাই বছৰটোলৈ আৰ্শীবাদ
যাতে ঘৰৰ লখিমী ঘৰতে বৃদ্ধি হয় ।

চ'তে গৈ গৈ ব'হাগে পালেহি
বছেৰকত এদল হুঁচৰি আমন্ত্ৰণ কৰি অনা হয়
চোতালৰ দূবৰি গছকিবলৈ আৰু চুলি ছিঙি
আৰ্শীবাদ লোৱা বছৰটোৰ কুশলে যোৱাৰ ।
————————————
বসন্ত
অঞ্জুমনি বৰা 

চ'তৰ ধুলিময় বাটেৰে লাহে-লাহে পাহি মেলে সেউজীয়াই 
অপাৰ সেউজী সম্ভাৰ লৈ 
নামি আহে চিৰসেউজ বসন্ত 
বসন্তৰ আগমনে মানুহৰ জীৱনলৈ বোৱাই আনে
প্ৰশান্তিৰ অনাবিল আনন্দ 

এৰা, 
বসন্ত বুলিলেই মনলৈ আহে
সেউজীয়াৰ সমাহাৰ 
প্ৰকৃতিৰ মিঠা সুৱাস 
কুলি-কেতেকীৰ হিয়া-মন 
উন্মনা কৰা সুমধুৰ মাত
দেহে-মনে সঞ্চাৰিত হয় 
সমীৰণৰ মিঠা সুবাস 

এৰা, বসন্তই লৈ আনে
কবিৰ মনলৈ 
কবিতাৰ বাংময় পংক্তি 
গীতৰ ছন্দৰ লহৰ
কিযে প্ৰকৃতিৰ সৈতে 
বসন্তৰ মহা-মিলন।

অঞ্জুমনি বৰা 
আনন্দ নগৰ  
নগাঁও   অসম
————————————
ৰাংঢালী ৰচকী গাভৰু
স্বপ্না সন্দিকৈ নেওগ

গোলাপী ৰঙৰ ওঁঠৰ ফাঁকেৰে 
জুমি চালোঁ নঙলা মুখলৈ..
সন্মুখত বসন্ত
উতলা উন্মনা মন প্ৰাণ

চৌদিশে ঢোলৰ গুমগুমনি
পেঁপাৰ মাতে আকাশ কঁপায় 
ৰাংঢালী ৰচকীজনীৰ 
গাত তত নাই
ঢপলিয়াব খোঁজে চেনাইৰ কাষলৈ.... 
যৌৱনৰ কুঁহিপাতে আমনি কৰে... 
মন গহনত মৃদু কোমল
পৰশ ল’বলৈ ব্যাকুল চঞ্চল মন.. 
অবুজ শিহৰণত মাদকতাৰে ভৰা
আলোড়ন চৌপাশ... 

কুলি কেতেকীৰ মৌসনা মাতত 
শিপাৰ পৰা ডাললৈ
ডালৰ পৰা শিপালৈ প্ৰাচুৰ্য ৰং
ৰং মোৰ দেহত 
ৰং মোৰ তেজত
থৌকি  বাথৌ দেহত যৌৱনৰ কোলাহল

আহ্ ...কিযে এক মিঠা আহ্বান
এইয়া প্ৰাকৃতিক পৰিবৰ্তনৰ উল্লাস
ঋতু ঋতু লৈ যুগ যুগান্তলৈ
প্ৰবাহিত হৈ ৰ’ব শ্ৰীময়ী
এই শীতল আলোড়ন...
————————————
উপেক্ষিত
জিনা বৰুৱা বৰা

সাগৰহেন গভীৰতাৰে
মনপৰশা শব্দৰ সংস্পৰ্শত
আজীৱন স্বপ্নৰ মালা গাঁঠি
কৰিলা ভীষণভাৱে  উপেক্ষিত।

মধুৰতম  সান্নিধ্যৰ স্মৃতিবোৰ
বিষণ্ণ বাৰুদেৰে সংপৃক্ত কৰি
গঢ়ি গলা প্ৰীতিহীন পাহাৰ।

ব'হাগৰ শিতল বতাহেও 
এতিয়া নি:শেষ কৰিব নোৱাৰে
হিয়া ভৰা যন্ত্ৰণাৰ নিশ্বাস
কিন্তু শব্দৰ ঝংকাৰৰ ছন্দোবদ্ধ আলিংগনে
ঢালিব পাৰে অনাবিল শান্তি
আকাশ জুৰি উৰুৱাব পাৰে
ভালপোৱাৰ অপৰিসীম স্নেহৰ উল্কাপাত
প্ৰেমৰ আলোকেৰে সজাই 
তুলিব পাৰে স্বপ্নময় হৃদয়।
————————————
বসন্ত আহিছে
সুশান্ত দাস

প্ৰকৃতিৰ বুকুত আহিছে পৰিৱৰ্তন 
আনিছে বসন্তৰ জোৱাৰ,
মনৰ বাতায়ন খুলি আদৰিম বসন্তক
সাঁচিম সাৱলীল স্মৃতি টোপাল।

চ'তৰ বিহুৰ আনন্দ আনিছে
বসন্ত ঋতুৱে সামৰি,
নৱ-কিশলয়দলৰ অপৰূপ সৌন্দৰ্য্যক
সাদৰে ল'ম আদৰি।

কুলিৰ মাতে সানিব
ব'হাগৰ আনন্দত,
মিঠা সুৰৰ আবিৰ।
বিধ্বস্ত সুখৰ অৱশেষবোৰ
পৰিপূৰ্ণ হৈ উঠিব,
বিলাব আনন্দ সাৱলীল।

ফাগুনৰ সৰাপাতে
চ'তৰ বুলনিৰে,
মাতিছে ব'হাগৰ বিহু
যাৰ আনন্দৰ নপৰে অন্ত;
সুখৰ ভেটি গঢ়ি
আনন্দৰ ঢৌ তুলি,
প্ৰেম-পৰিমলৰ সুবাস বিলোৱাৰ
বাবেইটো এই ঋতু বসন্ত!...


সুশান্ত দাস
শিৱসাগৰ
————————————
সংগোপনে
দীপামণি দত্ত

এনেদৰেই এদিন আহিছিলা
ভিজা ভিজা গোন্ধ সিঁচৰতি হৈছিল
মনত নতুন আবেগৰ ঢল বাগৰিছিল
এয়াই আছিল হয়তো ভালপোৱাৰ আৰম্ভণি

বৰ্ষাৰ প্ৰথমজাক বৰষুণৰ দৰেই হৃদয় চুই যোৱাকৈ
তোমাৰ আগমন ঘটিছিল মনৰ দুৱাৰ খুলি
প্ৰবেশদ্বাৰ মুকলি কৰিছিলা অতি সংগোপনে,,
কলিজাখন এতিয়াও জীৱন্তে আছে

আজিও বৰ্ষামুখৰ দিনটোত তাকেই খুন্দিয়াই
ভগা মথাউৰি খহি জহি খহি উটি যায়
ন পানী বোৰ বৈ গৈছে পথাৰলৈ
ইতৰ জলচৰ প্ৰাণীৰ যৌৱনে ৰিঙিয়াই মাতিছে

পানীৰ টোপাল বোৰে হৃদয়ৰ নিভৃত কোণত খোচে
কলিজাত তৰাফুল বাচে...
গীতৰ মাদকতাত বুকুৰ ভিতৰত ৰৈ ৰৈ বাজে,,
চিনাকি মনৰ দোলনাত ৰঙীন সপোনবোৰ উজাই আহে।
————————————
দুখৰ মাজতো সুখ
জানমনি শইকীয়া 

পিতাইৰ উৰুখা পঁজাত
তৰাৰ মেল বহে
টোপ-টোপ নিয়ৰ বোৰ
মুকুতা হৈ সৰে।
আইৰ ফটা ছাদৰখনে
আমাক সামৰিলৈ বহে
পিতাইৰ ফটা কামিজটোৰে
ছাতি বনাই দিয়ে।

পিতাইৰ ডিঙিৰ গামোচাখনে
কপালৰ ঘাম মচে
আইৰ বুকুৰ তুঁহৰ জুইকুৰা
কোনে বাৰু দেখে!

জাৰ-জহ, বতাহ -বৰষুণ
আমাৰ পঁজালৈ আহে
সেয়ে আইয়ে বুকু ঢকিয়াই
আমাক সাবটি কান্দে।
পিতায়ে আখলত জুইকুৰা
জ্বলাই আমাক বুজনি দিয়ে।

সৌ যে দেখিছ অট্টালিকাৰ
মানুহ সিহতেও শুৱপৰা নাই
নিশাৰ গভীৰতাত
সিহঁতৰ ঘৰত পুলিছে
পিন পিনাই।

নকৰিবি দুখ এয়ে
আমাৰ সুখ
নাইকোনো বদনাম
জন্মভূমিক বুকুৰ
হেঁপাহেৰে কৰযোৰে
কৰিবি প্ৰণাম।

জানমণি শইকীয়া, লক্ষীমপুৰ
————————————
ব’হাগ 
ৰাজশ্ৰী সেনাপতি গগৈ

এতিয়া যে বসন্তকাল 
আকাশে, বতাহে, গছে বনে, 
পাহাৰে-শিখৰে চৌদিশে 
মাথোঁ বসন্তৰ সুবাস 
 
অসমীয়া বোৱাৰী-জীয়াৰী 
সকলোৰে গাতে তত নাই, 
সকলোৰে দেহত মুগা-ৰিহা,মেখেলা 
বসন্ত আহিলে বুলি দিয়ে সোঁৱৰায় ।

চেনেইৰ হাতৰ ঢোলৰ চাপৰ শুনি 
ব’হাগী নাচনীজনীৰ মন
উখল মাখল কৰি তুলে যৌৱন 
প্ৰকৃতিদৰে ভিন্ন ৰঙেৰে নিজকে সজায়।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো
কিন্তুু বহাগৰ বিহুটি আহিলে 
চেনাই লগত কেনেকৈ নেনাচি থাকোঁ !

আহিবি চেনেইটি এইবেলি
বিহুতে, 
মোৰে ঘৰলৈ বুলি 
দুখনি হাতৰে মোৰ খোপাতে
গুঁজি দিবি কপৌফুল পাহি। 

অসমৰ চিনাকি ব’হাগৰ বিহুটি 
নাপাতি কেনেকৈ থাকোঁ, 
বিহু নাচিবলৈ নাচনী উলালে 
দুহাতত জেতুকাৰে বোল ।

সুতুলি, সুতুলি মাটিৰে সুতুলি 
সাজিলোঁ বিহুলৈ  বুলি,
কঁকালৰ খোঁচনিত সুতুলি নিলোঁ মই 
আঙুলিৰে বোলায়ে বাও |

ঢোলীয়া ককাইটি বিহুলৈ উলালি 
নাচনীক নচোৱাম বুলি |
ঢোলীয়া চেনাই ধনে আনিছে মোলৈ 
হালি- জাপি, কপৌ ফুল এপাহি  ।

মোৰে ঐ চেনাইটি তোলৈ মই থৈছোঁ 
মৰমৰ ফুলামকৈ বিহুৱান এখনি 
তোকে নিপিন্ধালে,
পিন্ধাম কাকেনো মই 
তইয়ে মোৰ চেনাইটি চেনহৰ, মৰমৰ ।

বিহুটি আদৰৰ বিহুটি সদাৰৰ 
অসমৰ মান আৰু প্ৰাণ 
বিহুতে বিহুৱা-বিহুৱতী, ডেকা-বুঢ়া 
ৰাখিছে সকলোৱে বিহুৰ মান ।

ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়
————————————
আকৌ আহিলোঁ
নোৱাৰিলো 
ৰাহুল কোঁৱৰ 

পাতে পাতে বিজ্ঞান 

এটি নিজম জগতৰ ধ্ৰুৱতৰা
আকাশী বনত ফুলি উঠা 
সৌৰ জগতৰ থুপিতৰা
গ্ৰহবোৰ একোটা একোটা ৰূপসজ্জা 
অন্য গ্ৰহ প্ৰাণী এলিয়ান 
দেখিছানে বাৰু কেতিয়াবা 
মানৱৰ পৃথিৱীৰতো কেতিয়াবা দিবহি খুন্দা 
বিজ্ঞানে আনে সফল বতৰা 
বিশ্বব্রক্ষ্মাণ্ড সৌৰ জগতৰ কথা 
যুগ যুগৰ আছিল নেকি ধাৰা
আদিম কালৰ বসতি জানা 
কোনোৱে একো নজনা বেথা 
কুৰি শতিকাৰ ইংৰাজ খেদিল 
স্বাধীন ভাৰতৰ গান্ধীজী আছিল 
বুৰঞ্জী লেখিছিল কোনে বাৰু 
ইতিহাস গঢ়িছিল মহান পুৰুষে জানো 
মহাভাৰত,ৰামায়ণ,কৌৰৱ পাণ্ডবৰ কাহিনী 
এই পৃথিৱীতে হোৱা এটি এটি অবিচ্ছেদ্য 
বিজ্ঞান আছিল নে তেতিয়া 
শিক্ষা হৈছিল অস্ত্ৰ-শস্ত্ৰ,তন্ত্ৰ-মন্ত্ৰ 
যে আছিল আদিম যুগৰ 
এই নিজম জগত একেইখনে জানা 
যুগৰ পৰিবৰ্তন,চিন্তাবিদৰ ঘটন 
জ্ঞানৰ ভঁৰাল চহকী 
বিজ্ঞান সন্মত উত্তৰাধিকাৰী আজি
সৌৰ জগতৰ দৃশ্য চোৱা
এইয়া হৈছে আমাৰ গতানুগতিক 
সময় অধ্যয়ন সঁফুৰা
এই নিজম জগত খনো
বিজ্ঞানে কৰিব অন্য এক যুগান্তৰ  যাত্ৰা।
 
ৰাহুল কোঁৱৰ 
তিনিচুকীয়া জিলা
——————————————————
ব’হাগ,লিখো বুলি লিখিব নোৱৰা এটি কবিতা
নৱ ৰাজন 

ব’হাগ-
লিখো বুলি লিখিব নোৱৰা 
এটি অমৰ কবিতা

ব’হাগ-এটি গান
হিয়া উথলি উঠা 
গাই শেষ কৰিব নোৱৰা

ব’হাগ-
তাঁতপাতত চেনেহীৰ দুচকুত
ডগমগাই উঠা  সপোন 
ডেকা মনৰ হেঁপেহুৱা নাচোন 

কুঁহিপাতেৰে নুৰিয়াই লঠঙা ফাগুন
ব’হাগ-
গছে গছে বোৱা এখনি সেউজ নৈ
হৃদয়ে হৃদয়ে তৰা হেপাঁহৰ ছৈ।

——————————————————

Post a Comment

0 Comments