পষেকীয়া কাব্যকানন ৪ৰ্থ বৰ্ষ ১১তম সংখ্যা

———————————————————
সম্পাদনা সমিতি


সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়

  অসমৰ কাব্য জগতত শেহতীয়াকৈ বঁটা বাহনৰ পয়োভৰ বাঢ়িছে।বাঢ়িছে মানে নিতৌ নিতৌ নতুন নতুন বঁটা বাহনৰ বাৰ্তাই সামাজিক মাধ্যম তোলপাৰ লগাই আছে।  এটি প্ৰতিভাৰ উপযুক্ত বিকাশৰ অৰ্থে অনুপ্ৰেৰণাৰ খুবেই প্ৰয়োজন। সেই অৰ্থত বঁটাপ্ৰাপ্তিয়ে আমাক যথেষ্ট উদ্যম দিয়ে সৃষ্টিশীল জগতত আগুৱাবলৈ। কিন্তু এই স্বীকৃতি হ’ব লাগিব নিৰপেক্ষ।
   হয়, আমাৰ কাইটীয়া জীৱন-বাটত খোজ কাঢ়োতে ,আত্ম-সমালোচনাৰ লগে লগে আত্ম-প্ৰশংসাৰো প্ৰয়োজন।কিন্তু ,আত্ম- প্ৰশংসাৰ পূৰ্বে আত্ম-সমালোচনাৰ প্ৰয়োজন।
    সৰল অৰ্থত ক’বলৈ গ’লে সস্তীয়া জনপ্ৰিয়তাৰ প্ৰতি  আমি লালায়িত হ’ব নালাগিব।কিয়নো, খৰকে বঢ়া নদীখন সোনকালে শুকায়। সময়ৰ বুকুত তেনে উদাহৰণ সুলভ।
    মুঠতে,সময়-বালিত নিজৰ খোজ সুদৃঢ় কৰিবলৈ ,একাগ্ৰতা,সাধনা তথা ঐকান্তিক প্ৰচেষ্টাৰ গত্যন্তৰ নাই। 
    
    নৱ ৰাজন 
    সম্পাদক 
    কাব্যকানন
———————————————————
আত্ম-বিবৃতি-
উদয় কুমাৰ শৰ্মা

   বনজুয়ে আগুৰি ধৰা অৰণ্য এখনৰ মাজেৰে - এটি চৰায়ে, আপোন সন্তানক বচাবলৈ, পাগলৰ দৰে ঢপলিয়াই উৰি গৈছে নিজ বাহলৈ। ... 

 'ভাষাটো ৰ'বগৈনে'বুলি শঙ্কিত হোৱাতকৈ -- নিজ ভাষাটোক ভাল পাই শুদ্ধকৈ ক'ব আৰু লিখিবলৈ ল'লেহে ভাষাটি বাচিব। 

এটা জাতিৰ আপোন সন্তান হ'ল -- ভাষা। 

"For a poet, the real issue is your verse -- your language. This is the poets' ultimate duty to write well. " -- ৰুছ কবি 'ব্ৰডস্কি'। 

[ 'আশীর্বাদ' ( আ-শী-ৰ-বা-দ) ক 'আৰ্শীবাদ' ( আ-ৰ-শী-বা-দ) বুলি ভুলকৈ লিখা  'বেমাৰ'টো কেনেকৈ যে আহিল -- ধৰিবকে পৰা নাই! ]
———————————————————
অনুবাদ কবিতা

Plain love
ADELIA PRADO
Brazilian poet
Translated by-David Coles
 

I just want plain love.
With plain love they don't look at each other.
Once found, like faith,
there's an end to theologizing.
Tough as old boots, plain love is scrawny, sex-mad,
and has as many children as you can imagine.
It makes up for not speaking by doing.
It plants three-coloured kisses all around the house,
purple and white longings,
both the simple and the intense.
Plain love is good because it doesn't grow old.
It concentrates on the essential, what glitters in its eyes is what is:
I am man you are woman.
Plain love has no illusions,
what it does have is hope:
I want that plain love.

সৰল প্রেম
মূলঃ অ্যাডেলিয়া প্রাডো
ব্রাজিলৰ কৱি
ইংৰাজী অনুবাদ- ডেভিড কোলস
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

মই বিচাৰোঁ মাথো সৰল প্ৰেম৷
এনে প্ৰেমত দিয়া-নিয়াৰ খতিয়ান নাথাকে৷
বিশ্বাসৰ দৰেই সনাতন,
ধৰ্মতত্ত্বৰ দৰেই এটি পৰিসমাপ্তি৷
অস্থিসাৰ যেন যৌন বিকৃত এজোৰা পুৰণা বুটজোতাৰ দৰে,
আৰু কল্পনাতীত এগাল শিশু৷
এনে কৰা হয় বিচ্ছেদ প্ৰাপ্তিৰ বাবে৷
ই ৰোপণ কৰে তোমাৰ বাবে তিনি ৰঙী চুমাৰ পৰশণ,
বেঙেনাবুলিয়া আৰু উকা আকাংক্ষা,
উভয়ে তীব্ৰ আৰু সৰল৷
সৰল প্ৰেম পাৰ্থিৱ, কাৰণ ই অজৰ অমৰ৷
তোমাৰ দুনয়নত উজলি উঠে কেৱল প্ৰয়োজনীয় বিষয়:
তুমি পুৰুষ আৰু মই নাৰী৷
সৰল প্ৰেমৰ কোনো মায়া নাই,
আছে মাথোঁ আশা:
মই বিচাৰোঁ সেয়ে সৰল প্ৰেম৷
———————————————————

বগৰীফুল
জুবিলী গগৈ

বগৰীফুলবোৰৰ ভৰত
ডালবোৰে ডাৱৰৰ
বৰণ লৈছে
কিনো লাজত পাতবোৰে
ইচাট্-বিচাট্ কৰি আছে !
————————————
এপাহি সুখ, এপাহি দুখ
গীতাঞ্জলি দেৱী

চ'তৰ শেষৰ বৰষুণ জাকৰ উমান পায়েই আয়ে  থিতাদহে আহি কৈছিল " চপাই দে মাকন, নসলাবি মাকো "

আবেলি বোল লৈ ৰাঁচৰ কাঠিত মোৰ হেঁপাহৰ সূতলাহি কাঁচিজোন 

কলিজাত  চানেকী  দুপহীয়া 
সোঁৱে-বাঁৱে ঘূৰে নাহৰৰ মাকো এটা  ।

তিতা তিয়নী সলাই পিতায়ে নাহৰ-পাতত লিখে  
দেৱ-দেৱ মহা দেৱ , নীল গ্ৰীৱ জঁটা ধৰ …

উৰুখা পঁজাৰ মূধচ  নচুৱাই লৱৰি যায় অৱন্ধনা চুলিৰে বৰদৈচিলাজনী 
ফুলে-তেজে আন্ধাৰ ছটিয়াই । 

এতিয়া  বহুদিনেই হ'ল , শব্দহীন হোৱা তাঁতৰ গৰকা 
আউল নালাগে আৰু  গুটিফুলৰ গামোচা ।

সুহুৰিত নাহৰে আজিও কঁপায় সোঁৱণশিৰিৰ ঘাট , 

ৰৈয়া ৰৈ   ৰৈয়া ৰৈ   ৰৈয়া ৰৈ …

চ'তে চতুৱাই , গুণ-গুণাই যায়   এফাঁকি সুখৰ মালিতা 

মোৰ গধূৰ কলিজাত  অস্ফূট কোলাহল 
নিজানে-নিমাতে সৰে দুচকুৰ দুপাহ গুটিমালি ফুল ।
————————————
বাটে-বাটে
গিৰিজা শৰ্মা

এটা সীমালৈকে
এটা সময়লৈকে
তুমি মোৰ। 
সোঁৱৰণীৰ পৰুৱালানি বৰ কৰ্তব্যপৰায়ণ
বজ্ৰাঘাতো নেওচিব পাৰে

এদিন ময়ো আছিলোঁ আন ক'ৰবাত
সীমা অতিক্রমি
সময় অতিক্ৰমি
জাহ গ'লোঁ তোমাত
অমোঘ বান্ধন
হেঁপাহৰ
সপোনৰ

বগা কাপোৰেৰে ঢাকা
শেষ সীমনাত
কাৰ কি মাত্রা
বুকুৰ বাটৰ পৰুৱালানিৰ
অবিৰত যাত্রা।
————————————
দুটি কবিতা 
দেৱ দাস

১৷জীৱন

পাত মুগা
সোণ ৰূপ

কিবা এটা
অজুহাতত
কাষ চাপিবৰো
লাগে সময়

আকাশৰ তৰা
জোনৰ পোহৰ
বাঁহীৰ সুৰ
ফুলি উঠা ফুল
বসন্তৰ স্তৱক

পদূলি মুখৰ
ৰজনীগন্ধা

তৰপে তৰপে সনা
ৰঙৰ নাচোন

স্মৃতিয়ে সামৰি
চহকী স্ৰোতত
অধিৰ

২৷ সময়

পাত মুগাৰ মোহত
যমেও লাই পায়

কেবল যৌৱন দীপ্ত জনৰহে

ফুল ফুলাৰ পিছত
ফুল মৰহি যোৱাৰ দৰে

পাত মুগাৰ কাপোৰেও
বিলুপ্তিৰ পথ মেৰিয়ায়।
————————————
এটা অকবিতা
বজাৰ

বিভা দেৱী

(১)

বজাৰত জুই লাগিল
বতাহত বাতৰি আহিল

শুকান মেঘৰ চালত জ্বলি উঠা জীৱন

(২)
কৃষ্ণচূড়াই কয়-
এজাক ক'লা কাউৰীয়ে বজাৰখনত ৰমলিয়াই
বজাৰ আমাৰ

পোৰামাটিত
পিয়াঁজৰ বাকলি বখলিয়ায়

(৩)
বজাৰখনে যিটো জানে
সেয়া কুকুৰা চৰাইটোৱে ও জানে

মাথোঁ,
কুকুৰা বেপাৰীৰ গৰালত থকা  কুকুৰাটোৰ 
  
কলিজা  নাথাকে

(৪)
মাছবোৰে কথা পাতিবলৈ 
কেতিয়াবা নামি আহে
বৰফৰ বাকচটোলৈ  যায়
আকাশখনত সা‌ঁতুৰি চায়

যি সকলে সাঁতুৰিব নাজানে
তেওঁলোকে মাছ ধৰিব নোৱাৰে

(৫)
বজাৰখনে জুই লগাই ভালপায়
লেতেৰা ফুটপাথটোৱে নীৰৱে স্বাক্ষী হৈ ৰয়

নেদেখা চকুলোৱে  তুলিছে ধাৰ
পিছল খায়

লুকাওঁ গৈ ব'লা

চুপ!
তাঁৰত ওলমি থকা মৰা বাদুলিটোৰো আছে কাণ।
————————————
কবিতা 
গায়ত্ৰী দেৱী বৰঠাকুৰ

১.
এতিয়া শীত কাল
সৰা পাতেৰে ভৰি আছে চোতাল

২.
চজিনাৰ ফুলবোৰ জানোঁ ক'ত হেৰাল 
এতিয়া ওলমি আছে কিছু সেউজীয়া লগ্ন 

৩.
লঠঙা গছবোৰ দেখিলে এনে লাগে
যেন তপস্যাৰত কোনো প্ৰাজ্ঞই কৰি আছে 
সেউজীয়া হোৱাৰ মৌন প্ৰাৰ্থনা।

৪. 
চোৱাচোন চ'ত অহাৰ লগে-লগে  
অপৰূপ  পলাশৰ অসীম  অহংকাৰ 
কেনেকৈ  বিলীন হ'ল  মাটিত

৫. 
শিমলুৰ তুলাবোৰ 
উৰি- উৰি শুই পৰিল 
জানো বতাহে এতিয়া  কাৰ স’তে কৰিব   
দ্বৈত সংগীতৰ ৰেৱাজ 

৬.
চৰাইবোৰৰ কিচিৰ্- মিচিৰ্ শব্দত 
টোপনি ভাগিল চহৰখনৰ 
কাণ উনাই ৰৈ আছে কুলিৰ মাতেৰে  
আদৰিবলৈ বসন্তক

গায়ত্ৰী দেৱী বৰঠাকুৰ। তেজপুৰ।
————————————
শব্দ
ড০ ৰিমঝিম বৰা

শব্দবোৰ মোৰ বাবে 
ঠিক যেন সৰু সৰু একোটি সুৰুকীয়া বাট,

যিয়ে প্ৰতি পল-অনুপল 
কঢ়িয়াই লৈ যায় মোক
ঐন্দ্ৰজালিক আৰু অসাধাৰণ 
জীৱনৰে সমৃদ্ধ 
গোলকীয় ৰহস্যময় পৃথিৱীলৈ।

শব্দবোৰ মোৰ বাবে 
ঠিক যেন বেদবাক্যৰ দৰে সত্য আৰু 
গাম্ভীৰ্যপূৰ্ণ কথা,
আনকি নিস্তব্ধ নিশাও
শব্দবোৰে মোৰ বাবে আয়োজন কৰে
বিশেষ অভ্যৰ্থনা অনুষ্ঠান
বিমুগ্ধ কৰে
মোৰ মন-হৃদয় আৰু আত্মা।

শব্দবোৰ মোৰ বাবে 
ঠিক যেন চৰ্তবিহীন আৰু অনাৱৃস্কিত 
অনূভূতিৰে পৰিপূৰ্ণ
বহুৰঙীন মূল্যবান পাথৰ,
যি যাদুকৰী পাথৰেৰে
মই গাথিব পাৰোঁ
প্ৰেম-ভালপোৱাৰ এধাৰি মালা 

শব্দবোৰ মোৰ বাবে 
ঠিক যেন এক সপোনপুৰী,
যিয়ে  দিন-প্ৰতিদিন
প্ৰদান কৰে মোক
মানসিক পৰিপুষ্টি

ৰহস্যাবৃত আবেগৰ সৈতে 
সামঞ্জস্যতা ৰক্ষা কৰি
শব্দবোৰে নিচুকাব জানে
মোৰ বিষাদ পূৰ্ণ হৃদয়।

শব্দবোৰ মোৰ বাবে 
ঠিক যেন প্ৰবল সোঁতৰ ধাৰা,
যিয়ে ওলট-পালট কৰি পৰিবৰ্তন কৰে
মোৰ জীৱনৰ ৰং,
প্ৰজ্জ্বলিত কৰে মোৰ এন্ধেৰুৱা মন
আৰু 
ক্ৰমান্বয়ে মোক ৰূপান্তৰিত কৰে 
কোনোদিনে নজহা-নপহা 
এটি  দুৰ্জেয় পাথৰলৈ।

ড০ ৰিমঝিম বৰা
অধ্যাপিকা
গড়গাঁও মহাবিদ্যালয়
শিৱসাগৰ
ভ্ৰাম্যভাষ-৯১০১৮৮০৯১৬
————————————
গাৰু
ৰেখা বৰকটকী

মূৰৰ তলৰ ওখ শেতেলি
আশ্ৰয় থল বহু আশা হেঁপাহৰ...
হেলাৰঙে গাপ দিয়া অজস্ৰ মালিতাৰ ..
জীৱন জিজ্ঞাসাৰো অটল বিলাপৰ
টোপনিৰ ঐন্দ্ৰজালিক মায়াৰে
শ -হাজাৰ যোজনকো স্মৃতি কৰি তোলা আলসুৱা আলাপ
মন মণিকোঠাৰ অলস ভাৱনা
জীপাল কৰা গাৰুটোত
হাজাৰ বিজাৰ উলাহ উন্মাদনা
লেটু সেতু আৱেগক
বৰপীৰা পাৰি সুৱাগুৰি তোলা চেনেহ ভটিমা
এই গাৰুটোতে চকু পানীৰ অনেক ভূগোল
জীয়া শোকে নক্সা আঁকে প্ৰেম ভাৱনাৰ...
বিৰহ শোকগাঁথা  আৰু জীয়া যন্ত্ৰনাৰ...
বহু আকুলতাৰে গাৰুটোৱে বাট চায় প্ৰিয় জনলৈ
পাতলায় শোক, নিৰন্তৰ দুখ
আশাশুধীয়া হিয়াক উজাৰি দিয়ে এবুকু সুখ...
 ————————————
কবিতা
স্বপ্নম জ্যোতি কলিতা

যুটিপুটি। ৰঙা মেখেলাৰ এআওচ
জেওৰাক সম্বৰ্ধনা

গৰুখুটি ডেই যোৱা বেলি
ব্ৰহ্মফাকি মতাকাউৰী।
———————————
সদ্যহতে
ইলামণি শইকীয়া

প্ৰেমিক -প্ৰেমিকা যুগলে চকুত চকু থ’লে, হাতত হাত
নদীৰ বুকুত নাচি থকা হেঙুলীয়াখিনি সিহঁতে নেদেখিলে
মই চাই থাকিলোঁ আৰু হাঁহি দিলোঁ

মৃতদেহটো এজন নেতাৰ আছিল
অগণিত মানুহৰ ক্ৰন্দনে মৃত্যুক প্ৰাণৱন্ত কৰি তুলিছিল
নীৰৱে ক’ৰবাত এবাৰ বানতে দলঙৰ সৈতে উটি যোৱা ল’ৰাটোৱে 
মৃতদেহটোক ভেঙুচালি কৰি শূন্যত নাচি উঠিছিল
মই চাই চাই হাঁহি থাকিলোঁ

মানুহজনে পত্নীৰ ৰূপালী চুলি এডাল দেখুৱাই
প্ৰথম চাৱনিৰ কথা উনুকিয়াইছিল
মানুহজনীৰ বুকুত নষ্টালজিক বিষ এটাই ভৰ কৰিছিল
মই চাই আছিলোঁ
বিয়লিৰ বলিয়ালিবোৰ
আৰু বুকুৰ হাঁহিটো ওঁঠত গুজি লৈছিলোঁ৷

সদ্যহতে ঘটনাবোৰ চাই আছোঁ আৰু হাঁহি আছোঁ
সকলো বিষাদক নিবোকা চামোনৰ বৰ্ম পিন্ধাই
হাঁহি থকাতকৈ নিভাঁজ কাম বজাৰত এতিয়া আন একো নাই
——————————
চাকৰি প্ৰাৰ্থী 
সান্তনা শইকীয়া দত্ত

ছাতিটোৱে এটা বনৰীয়া হাতী হৈ মোক আথানি কৰে।
জাতিটো মোৰ ছাতিটোৰ দৰেই 
সাধাৰণৰ অসাধাৰণত্ব লৈ সকলোতে 
বাৰে বাৰে পিচ পেলাই ।

স্কুলৰ সহপাঠী সি, তাই,  মই
প্ৰমাণ পত্ৰত লিখা থাকে সমান বয়স।
একেলগে টিফিন খাওতে,
পানীৰ বটলটো ভগাই লওঁতে 
জাতৰ কথা নাথাকে।
প্ৰগাঢ় হয় আমাৰ আন্তৰিকতা।
সময়ৰ লগে লগে।

সময় ঢাপে ঢাপে আগবাঢ়ে
জাত পাত ৰৈ যায় ঠাইতে
আধুনিকতা মাথো সাজ-সজ্জাতহে। 
তাহানিৰ শিক্ষা বিহীন জীৱনৰ জাত বিচাৰ 
আজিৰ সুশিক্ষিত সমাজৰ জাত বিচাৰ ।
জাতে আধুনিকতা নামানে।

মোৰ প্ৰমাণ পত্ৰৰ ম্যাদ 
পাচঁ বছৰ আগতে ওকলে 
আবেদনত এশ টকা বেছিকৈ লাগে।
কমি আহে আন্তৰিকতাৰ ম্যাদ 
সি, তাই আৰু মোৰ মাজত। 
সোমাই পৰো আমি আমাৰ জাতৰ সজাত ।

কোনোটো সুবিধা পোৱা জাতি আৰু মই 
সাধাৰণ জাতি হোৱাৰ গুৰুতৰ অপৰাধত দণ্ডিত
চাকৰি প্ৰাৰ্থী।
———————————
প্ৰয়োজন
খূৰ্ছীদ আনছাৰী

অসংখ্য…
আকাংক্ষা

মানুহৰ…
জীৱনত

মৃত্যুৰ পিছত

কিন্তু…
দুগজ কফিনৰ পিছতহে 
মাটিৰ প্ৰয়োজন…!
—————————
কবিতা
ভাৰতী চক্ৰৱৰ্তী

মন চোতালত অবুজ বিষাদ
তুমি গুচি যোৱাৰ বাটেৰে অহা
’মই কেতেকী’সুৰ এটাই
কলিজা খান্দে
——————————————————
জীৱনৰ ত্ৰিকোণমিতি
বিশ্বজিৎ গগৈ

প্ৰযুক্তিৰ প্ৰয়োভৰত  সৃষ্টি নে ধ্বংসৰ আখৰা নাজানো সমূলি!
বিধ্বস্ত বিৰিখে চকুলো টুকিছে আজি
হাঁহি ভৰা জন সমাজ নিৰীক্ষি।
পিছে সময়ে সলাই কেতিয়াবা সময়সূচী
ওপৰলৈ থুৱালে বোলে নিজলৈকে পৰে।
মহামাৰী অতিমাৰী ক'ৰণা সংক্ৰমনত
ধৰাশায়ী জগত সভা।

বিজ্ঞানৰ জয়গানত পৰিৱেশৰ ধ্বংস যজ্ঞ,
মানুহৰ আৰ্তনাদ মৰণ কাতৰ!
বিভীষিকা চাৰিওফালে মানুহৰ সৃষ্টি।

প্ৰযুক্তিৰ জ্যোতিৰে সজ্জিত সমাজক 
আজিও অকণমান প্ৰকৃতিৰ প্ৰয়োজন,
বোধহয় বুজিব জগতে , কিজানিবা বংশ ৰক্ষা হ'ব। 
অথবা সন্তুলিত থাকিব,
বিজ্ঞান প্ৰযুক্তি,প্ৰকৃতি আৰু মানুহৰ মাজত
জীৱনৰ  ত্ৰিকোণমিতি।
————————————
তুমি অহা বাটলৈ চাই
অশোক ভৰালী
নতুন দিল্লী

নতুনকৈ সজাব লগা একো নাই
জীয়াই থকাৰ হেপাঁহত স্মৃতিৰ পাতত ৰং বোলাই
এতিয়াও তোমাক চুই চাওঁ
জীৱনৰ ৰঙীন পাতত

মোৰ প্ৰেমৰ শ্ৰুতলিপিত 
লিপিবদ্ধ তোমাৰ শত সহস্ৰ হৃদয় স্পন্দন
আজি নিগৰিত হয় দিঠকত তোমাক পোৱাৰ অনুভূতি
নিজানত বহি সূহুৰীয়াই চাওঁ
অতীত , বৰ্তমান আৰু ভৱিষ্যত

ভাল পাওঁ , ভাল পাওঁ তোমাক
আকাশক সুধি চোৱা , সাগৰক সুধি চোৱা
সুধি চোৱা জোন বেলি তৰাক
সুধি চোৱা মোৰ কপালত থকা সময়ৰ আচোৰক
লাখুটিতৰ ভৰ দি
কিদৰে জীপাল কৰি ৰাখো
তোমাৰ মোৰ ভালপোৱাৰ হেজাৰ স্মৃতি

উশাহত পাৰ হোৱা তোমাৰ পদূলিত
আজি বেলি ভটিয়াই যায়
ক্ষত বিক্ষত ভাৰক্ৰান্ত দেহৰ
থৰক বৰক প্ৰতিটো খোজে
এতিয়াও থমকি  ৰয় 
তুমি অহা বাটলৈ চাই

বন্ধ হব খোজা উশাহ
বুকুৰ কামিহাড়ত হম হমাই
কপালৰ ঘাম মচি চকুজুৰি থৰ হয়
তোমাৰ জপনা মুখত 
জানোচা খোলখাই বন্ধ খিৰিকীখন।
————————————
মনালিছা
আচমা জাফ্ৰী

মনালিছা!
আজি তোমাক আঁকিম!

তোমাৰ ৰসহ্যময় দুওঁঠত আজি আঁকি দিম
এটি হৃদয় জুৰুৱা হাঁহি।

শুকান পাহাৰটোৰ সুউচ্চ 
চুড়াটোত বহি আজি তোমাৰ সতে
মই বিয়নি মেল পাতিম

জাকৰুৱা চৰাইবোৰ বাহলৈ ঘূৰি যোৱাৰ পৰত
হেঙুলীয়া বেলিটো ডুব যোৱাৰ আগেয়ে
পাহাৰটোৱে ক'লা চাদৰখন গাত মেৰিওৱাৰ আগেয়ে
তোমাৰ বুকুৰ
ৰসহ্যময়তাৰ কথা পাগুলিম। 

মনালিছা!
কি আছিল তোমাৰ হাঁহিত?
বিষাদ!
নে পৰিপূৰ্ণতাৰ আভা!

ভিন্সিৰ ৰসহ্যময় তুলিকাত জড়তা ঢালিম আজি!

জৰৌৰৌৱা কলিজাখন একাষে থৈ
মোৰ তুলিকাত প্ৰাচীন ৰাগ এটাৰ 
ৰাগী তুলিম আজি,
তোমাৰ দুওঁঠত আঁকি দিম হৃদয় জুৰুৱা হাঁহি 
বৈ পৰা চুলিত ঢালি দিম এচাটি পচোৱা বা হেঙুলীয়া আভাৰে
তোমাৰ দুচকুত আঁকিম এখন বাখৰ বুলোৱা নৈ

আউলী-বাউলী চুলিৰে,হৃদয় জুৰুৱা হাঁহিৰে 
ভিন্সিৰ তুলিকাত আজি তুমি মদিৰাৰ ৰাগ তুলিবা।
————————————
সেই সময়
অপূৰ্ব ভূঞা 

গৈ আছো 
গৈ থাকিও ৰৈ আছো
সিদিনাৰ সেই সেউজ সৈকতত
গজি উঠিছিল য’ত সপোনবোৰ
উৰিছিল পাখি মেলি

যৌবনৰ জাক জাক বৰষুণে
জীপাল কৰিছিল
দুৰু দুৰু কঁপি উঠা মন

খোজ দি দি
জীৱনৰ তপত বালিত
আজিও শুনো
সেই সুৰধ্বনি  ৰুণজুণ

বৈ আহে
বৈ আহে সেই সময়
অশ্ৰুমণি হৈ সৰে
দুচকুৰ কোণত ৷ 

অপূৰ্ব ভূঞা, চুৰাট, গুজৰাট
————————————
আবেলিৰ ছবি 
ঋতুস্মিন চেতিয়া 

আকাশে কমলা ৰিহা পিন্ধিলে
দৰিকৰ মাতত ডুব যায়
আবেলি  হেলনীয়া বেলি

উজাই মোহনাত চাপিলে সাউদৰ নাও 
বেৰৰ জলঙাই দীপ শিখাই পোহৰাই 
আশা পজাঁ চালৰ ফুটাইদি 
জোন তৰাক  উজ্জ্বলাই

যদি হ'লোহেঁতেন মুদৈ সন্তান 
বৰনৈ পাৰত বালিভাত খাই 
তৰা তৰাৱলী লৈ চাই 
গালো হেতেঁন ডাৱৰৰ নাও খেলা গান

চিকি মিকি সন্ধ্যাস্নাতাত 
বলুকাত জিৰণীয়া প্ৰতি সন্ধিয়া 
জাকি মাৰি ধৰালৈ নামিলে এজাক তৰা
আই বসুমতাৰী  ক'লা সাজত জিলিকাই মুকুতা 

আলিয়ে আলিয়ে  ম'হে লানি লোৱা বেলা 
ডেকা চাঙত বাজি  উঠা এটা চিফুঙৰ শিঙা 
সুদূৰত শুকুলা পাখি ৰহন চৰে ঘৰ মুৱা  বগলী 
পোহৰ হেৰুৱা এলান্ধুৰ বাট হয়  কানিমুনি 

ঋতুস্মিন চেতিয়া শিৱসাগৰ ৭৯৭৮৫৩৮৫০৩
———————————
জন্মদিন উদযাপনৰ অৰ্থ
ড° জ্যোতিশিখা দত্ত

মমবোৰ জ্বলি উঠা মানেচোন
বসন্তৰ বাটত জ্বলি থকা
এছাটি চাকি নুমাই যোৱা

এন্ধাৰত সকলো ক'লা
ক'লাৰ মাজত ৰঙৰ ভেদা ভেদ কিহৰ?

নিৰ্ঘাত সত্য সন্মুখত
তথাপি ভাল পাওঁ হাঁহি হাঁহি 
এন্ধাৰমুৱা বাট পোনাবলৈ 

সত্য সদায় তিক্ত 
মায়াময় পৃথিৱীখন
সেয়ে ইমান সুন্দৰ! 

ড০ জ্যোতিশিখা দত্ত 
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
————————————
যুদ্ধবোৰ সপোন হওক
দেবানন্দ পেগু, 
জোনাই ,ধেমাজি

যুদ্ধবোৰ সপোন হওক, 
মৃত্যুৰ বিভীষিকাবোৰ
মানৱ তেজৰ পোৰা পোৰা গোন্ধবোৰ
টোপনিৰ পৰা সাৰ পালেই নোহোৱা হওক

যুদ্ধবোৰ নাটকৰ অভিনয় হওক
আঁৰ কাপোৰ টানিলেই
আঘাতবোৰ নোহোৱা হওক 
ভয়-ভীতিবোৰ দূৰ হওক।

অস্ত্ৰ-সস্ত্ৰবোৰ বেজি হওক
দুফাল হোৱা মনবোৰ যোৰা লগাওক
তৰোৱালবোৰ কলম হওক
মানৱ শান্তিৰ গীত লিখক।

কোনোবাজনৰ সিংহ হোৱাৰ হেঁপাহত
গছকত মৰে ক'ত দূৱৰি বন
সৃষ্টি হয় একো নোহোৱা পৃথিৱী
পৃথিৱীখন সেউজীয়া হ'বলৈ দিয়া
সেউজীয়াবোৰক উদ্‌যাপন কৰিম।
————————————
অব্যক্ত
হীৰামনি শৰ্মা উপমন্যু

শীতেধুৱা সন্ধিয়া এটিৰ

কুঁৱলিৰ বৰ্ষাৰণ্যত তিতি আৰণ্যক প্ৰেমজাগে 

হৃদয়ৰ ৰন্ধে ৰন্ধে 

ৰহস্যময় কৰি সন্ধিয়াটিয়ে 
সেউজীয়াৰ চাদৰেৰে মেৰিয়ায়

দেহৰ মাজত কেৰেলুৱা এটিৰ দৰে বগুৱাবায়

মাতাল কৰে একাপ ধোৱা উৰুৱা চাহৰ গোন্ধত 
যন্ত্ৰণাকাতৰ ওঁঠ দুটিয়ে পিয়াপি দি বিচাৰি ফুৰে 
ৰহস্যময়তাৰে সেউজীয়াক সাবটি

যি ৰহস্যৰে ৰচে 
বোবা ওঁঠৰ ভাষাৰে আৰণ্যক কবিতা এটি।


হীৰামণি শৰ্মা উপমন্যু
গুৱাহাটী /চাৰ্ভে
————————————
অপেক্ষা 
চয়নিকা ভূঞা

ৰৈ ৰৈ বাজি থাকে 
সেই সুৰ
সেই লয়

কিমান আকুলতা 
কোনে জানে 
কোনে বুজে
অন্তৰতম সময়ক লৈ 

সৰাপাতৰ উচুপনিত
দূৰত্বৰ হিচাপ-নিকাচ
সীমাহীন ব্যৱধান 
অথচ 
দিনে দিনে বাঢ়ে
আত্মীয়তাৰ ভৰ

কাহিনীৰ বুকুত 
কত কাহিনীৰ চকুলো
শেষান্তৰতো শেষ নাই 
শেষতেই পুনৰ 
নতুনৰ আৰম্ভণি 

হৃদয়ৰ পৰা মগজুলৈ
কথাবোৰে বাট বোলে 
বাট বোলে সময়েও

কথাবোৰ কথা হৈয়ে থাকি যায় 
নৈঃশব্দ্যত শব্দ হেৰায় 

ক্ৰমাৎ বাঢ়ে সময় 
আৰু 
আৰু ক্ৰমশঃ দীঘলীয়া হৈ পৰে 
অপেক্ষাৰ ক্ষণ ৷
————————————
এইয়া সময়ৰ প্ৰত্যাহ্বান
ড° ৰমেশ কুমাৰ কাকতি

দুখ নকৰিবি ফাগুন... 
আহিছিলি যেতিয়া 
যাবই লাগিব৷

তই গ’লেহে 
চ’তৰ গৰকা গচকি
ব’হাগ আহিব ৷

চ’তৰ উমাল পৰশত
গছ-বন কুঁহিপাতে 
সেউজ কৰিব ৷

স্বকীয় ৰূপ লৈ
আহিব ব’হাগ
লঠঙা গছত কুঁহিপাতে ভৰাব ৷

শিপিনীজনীৰ 
তাঁতশালৰ গামোচাত
ফুলবোৰে সাজোন ধৰিব ৷

মাকোৰৰ অহা-যোৱাত
শিপিনীৰ মন-প্ৰাণ
ব’হাগৰ উন্মাদনাৰে ভৰিব।

মনজুৰপৰা সুৰেৰে
কুলিয়ে গাব গীত
কপৌফুলে কৰিব সুবাসিত ৷

ঢুলীয়া ঢোলৰ চেওঁত
নাচনীজনীৰ গা মন দেহত
নেথাকিব হিতাহিত ৷

ফাগুন তই আছিলি
মোৰ অতি আদৰৰ
দিছিলি নাতিশীতোষ্ণৰ সোৱাদ ৷

ৰিব-ৰিব ৰিব-ৰিব
মলয়া চাটিৰ পৰশত
পলাইছিল ভাগৰ অৱসাদ।

তথাপিও তোক
জনালো বিদায় সম্ভাষণ
এইয়া সময়ৰ প্ৰত্যাহ্বান ৷

ৰঙালীক আদৰিবলৈ
প্ৰকৃতিও সাজোনে-কাচোনে
উলাহত উচাটন মন প্ৰাণ।

ড° ৰমেশ কুমাৰ কাকতি
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ ৷
————————————
ময়ো এটি ফাগুনৰ সৰাপাত
টিটন বৰুৱা

মই আৰু মোৰ জুপুৰিৰ সম্পৰ্ক জন্মলগ্নৰ 
খৰাং পঁজাৰ সতে ময়ো এটি সৰাপাত
আছে মাথোঁ দুয়োৰে প্ৰেমৰ মধুৰ সম্পৰ্ক ৷

মোৰ উকা কপালৰ, সৰাপাতৰ জুপুৰিত,
ঝুনুক ঝানাক. ৰুণজুন নূপুৰৰ শব্দ ৷
ফাগুন অহাৰ আগলি বতৰা ৷
সৰাপাতৰ বিচ্ছেদ বেদনাৰ জুই
বুকুত উমি উমি জ্বলিছে ।

খৰাং পঁজাত উন্মাদ পচোৱাৰ নৃত্য  
কেট-কুট শব্দৰ ঝংকাৰৰে
টঙালিৰে বন্ধা মুধচ ডোলা দি 
ফাগুনৰ পচোৱাৰ সতে হালিজালি নাচিছে ৷

চকুত ধূলিৰ আবিৰ চটিয়াই 
চেঙেলীয়া  চঞ্চলা ফাগুনে চুমা দি
জৰাজীৰ্ণ জুপুৰিৰ চালিৰ নৰাৰে  চিলা উৰুৱাই
ল'ৰালিৰ ধেমালিখন কৰিছে ৷

নৰা বিহীন চালিৰ ফাঁকে ফাঁকে তৰাৰ চিক্‌মিক্‌ 
তৰা গণি গণি  উজাগৰী নিশাৰে
পোৱাৰ দিঠকতহে সপোন ভাঙে ৷
মোৰ দুঃখাৰ্ত পঁজাত,
উতনুৱা  ফাগুনৰ জোৱাৰ নামে ৷

চোতালত সৰাপাতৰ দলিচাত.
পলাশ, মদাৰ ফুলৰ ৰঙা পাপৰি চটিয়াই
সৌন্দৰ্যৰ মেলা পাতে শিমলুৰ তুলা উৰুৱাই  
মোৰ জৰাজীৰ্ণ পঁজাটি ন’কৈ  সজাব খোজে
উদাৰচিতীয়া সৌন্দৰ্য প্ৰৱণ ফাগুনে   ৷

মোৰ উকা কপালৰ খৰাং পঁজাত
কুঁহিপাতৰ পোখা মেলি 
সেউজীয়া দুখৰ ৰাতিপুৱা গুচাব খোজে 
ধীৰমনা যুঁজাৰু  ফাগুনে। 

অজলা ফাগুনে জানো জানে
ধূলিয়ৰি মোৰ শৈশৱৰ লগৰী
দৈন্যতাৰ স’তেই মোৰ সংগ্ৰাম
আনিব জানো পাৰিব সেউজীয়া ৰং
আৰ্ত দুখাৱহ পঁজাত
ময়ো যে ফাগুনৰে এটি সৰাপাত ৷

টিটন বৰুৱা
যোৰহাট
মোবাইল নং: ৯৬১৩৮৫১০৭০
————————————
বিজ্ঞাপন
অৰ্পনা নাথ

যোৱা শনিবাৰে হেৰাইছে 
এটা কবিতা, 
ওখ প্ৰায় ছফুট 
আকাশ নীলা কামিজ পৰিহিত
কবিতাটি মিঠা বৰণীয়া, 
দুচকুত সাগৰৰ গভীৰতা 
দৃষ্টিত যেন এক উদাসীনতা
ক্ষণিকতে  এনে লাগিল
যেন সেই দৃষ্টিত 
শিপাই যাওক মোৰ সমস্ত সত্তা। 
এনে লাগিল 
যেন দুচকুৰ গভীৰতাত
লুকাই আছে মোৰ জীৱনৰ 
পূৰ্ণতা...
আৰু ক’বলগা বহু কথা। 
কথাবোৰ কথা হৈ ৰ'ল 
লিখিম বুলিও লিখা ন'হল 
হৃদয়ৰ বহু কবিতা 
জন অৰণ্যৰ মাজত 
যোৱা শনিবাৰে হেৰাইছে
এটি জীৱন্ত কবিতা  । 
————————————
আমাৰ প্ৰেমৰ প্ৰথম সাক্ষী
প্ৰাণ প্ৰতিমা বড়া দাস

আকুল হৃদয়ৰ গহ্বৰত
মৰমৰ পাপৰিবোৰে
গোপনে সাজে এটি পঁজা
তাতেই সুখবোৰে থিতাপি লয়
অতি সংগোপনে,
তই দিয়া হিচাপৰ মাপকাঠিৰে
জুখিব নোৱাৰে মোৰ
হৃদয়ৰ পৰিধি,
আশাৰ সাগৰৰ বিশালতাত
ঢৌ খেলা সপোনবোৰ
সপোন হৈয়ে ৰয়,
দিথকৰ অভিমানৰ প্ৰয়োভৰ!
কোনোবা জোনাক নিশাৰ
সেই জোনবাইহঁতে
কথাপতাৰ সময়বোৰ
বৰ মধুৰ আছিল অ’!
ব্যস্ততাৰ বুকুত উমলিজামলি
কংক্ৰিটৰ ধৰাৰ বুকুত
ভাগৰুৱা হৃদয়ৰ কল্লোল 
শুনাৰ জানো আহৰি হ’ব তোৰ?
কোনোবা এদিন জোনাকী ৰাতি
কলঙৰ পাৰত বহিম দে
পুৰ্ণিমাৰ জোনটিলৈ একেথৰে চাই
মনৰ কথা কম
জোনালীৰ সৈতে খেলা কৰিম ৷
আমাৰ প্ৰেমৰ প্ৰথম সাক্ষী আছিল
পুৰ্ণিমাৰ জোনটি!

প্ৰাণ প্ৰতিমা বড়া দাস
গুৱাহাটী
————————————
নিবনুৱাৰ বেদনা
পংকজ শৰণীয়া

সকলো কঠিন হৈছে
কঠিন হৈছো মই অথবা আপুনি
নিজৰ মাজতে যেন হাৰি গৈছো
সমাধানহীন দায়িত্বৰ ভৰত
সময়ৰ ভাঁজত হেৰাই গৈছোঁ
মাথোঁ নিস্তব্ধতা 

শিক্ষিতৰ চাপ পিঠিত মেৰিয়াই
মাথোঁ দিন গণিছোঁ
পিছে, দিনে দিনে সৰকি গৈছে সময়
হাবিয়াহ আছিল ঘৰখনৰ দায়িত্ব লোৱাৰ

নাই কোনো সুযোগেই নাই
মাথোঁ প্ৰতিশ্ৰুতিৰ বন্যা

চাকৰি চাকৰি এক লাখ চাকৰি
ষাঁ‌ঠি হাজাৰ দিলোয়ে কাহানি
পিছে চাকৰি ক'ত শাসক ?
এই দেশৰ ব্যস্ত ফুটপাথত
বহিছে লাখ লাখ মেধাবী

জীৱনত বহুদূৰ যাবলৈ নদী হ'ব নোৱাৰিলোঁ
সাহস হেৰুওৱা নাই 
মাথোঁ দিক-বিদিক হেৰুৱাইছোঁ
যেন মৰুময় বালিত পানী বিচৰাৰ দৰে
প্ৰেয়সীহীন জীৱনত মৰম বিচৰাৰ দৰে
যদিও জানো বৰঘৰৰ প্ৰতিশ্ৰুতিত
আশাপালি লাভ নাই
আশাৰ শেষ ক'ত ময়ো নাজানো
তথাপিও এবাৰ আই-পিতাইৰ মুখলৈ চাই ,

আজি আকৌ বিচাৰিছোঁ শৈশৱ
যি সময়ত ফাগুন মানে আছিল
মদাৰৰ ৰঙা দলিচা
আজিৰ দৰে নহয় ৰুক্ষ লঠঙা 

মই বেদনাৰ উপস্থাপন কৰোঁট কেনেকৈ
অবৰ্ণনীয় জীৱন যাত্ৰাৰ
সোণালী দিন কেতিয়া?
কেতিয়া আতৰিব মোৰ পিঠিত লাগি থকা
নিবণুৱা নামৰ বোজা ?
------------------------------------
শিল
অমৰদীপ কলিতা

শিল এচটাৰ সমুখত
হৃদয়ে হৃদয়ৰ বেথা দাঙি ধৰিলত
হাঁহিলে ৷

ময়ো হাঁহিলোঁ-
ভাস্কৰ্যটি মূৰ্ত নে কোনোবাৰ হৃদয় শিলৰ !

অমৰদীপ কলিতা
ৰাণী
————————————
মোৰ সমাধি
অসীম দত্ত

মোৰ অনুভৱৰ পৰা তোমাৰ বুকুলৈ 
দূৰত্ব মাত্ৰ এটি উশাহ
প্ৰেম প্ৰেম বুলি নিজক পাহৰি যোৱাৰ দিনাৰ পৰাই
যিমান অশ্ৰু নিগৰালোঁ
এখন নদী হ'ল

পাৰ হৈ আহি পালোঁ
নিজেই বনোৱা সমাধিৰ বাট।
ঘূৰি আহা বুলি কোনেও নকয়
উভতি যোৱাৰ
উভতি চোৱাৰ 
এতিয়া আৰু ইচ্ছা নাই
যদি কোনোবা কাউৰীয়ে
দুপৰ বেলা কিবা সংকেত দিয়ে
"মোৰে শপত"
অশ্ৰু তুমি নুটুকিবা
কাৰো দুখৰ কাৰণ হ'ব খোজা নাই।
————————————
ঐতিহ্যপূৰ্ণ 
ৰাহুল কোঁৱৰ

নৈখনে মুক্তি পাব 
কুলু কুলু কৈয়ে আনন্দত বব 
আমি চিনাকি হ’ম সেই নৈ ঘাট
নাপাম ছাগে নদীৰ বান্ধৰ আঘাত 
সেউজ গৃহ এটাও হ'ব লাগে 
পুৱা চমক দিয়া সেউজ নাথাকিব ছাগে ।

আমি এই নৈৰ দৰে নিষ্ঠাবান হ'ম
সময়ত জাগিম 
বাৰিষা কি
খৰালি কি
নীৰৱতা হৈ বৈ থাকে

আমি অতীত পাহৰি ভৱিষ্যৎ চামে
এতিয়া বাকৰুদ্ধ কৰাৰ সময় নহয় 
যুক্তিক শক্তি কৰা শ্ৰেয় ।

এই একবিংশ সীমাহীন 
স্বভাৱৰ অভাৱ ইমান 
এতিয়া আমিও আশাবাদী 
এদিন কৰিম আনন্দময়ী 
আহি আছে সংকটৰ কফিন 
নৈ খনৰ দৰে আমিও ধৈৰ্যৰ অংশৰ কঠিন। 

শব্দ উচ্চাৰণ কৰোঁতে যদি নৈ দৰে বাখ্যা হোৱা হ'লে 
মানসিক চিন্তাৰ বান সমস্যা কম নহ'ল হেঁতেন 
ছিঞৰ এটা শক্তিশালী 
গৰা জানো নহয় প্ৰভাৱশালী।

নৈখনে মুক্তি পাব
কুলু কুলু কৈয়ে আনন্দত ব’ব 
অথচ কোবাল সোঁত যে 
সোঁত হৈ বৈ যাব 
চহৰ নগৰ হাবি বনৰ হিয়াভৰাই
আৰু বান্ধ নিৰ্মাণ নহ'ব ছাগে তাৰ বুকুতে বুকুতে 
সেউজ গৃহৰ অভাৱ নহ'ব 
চৌদিশে সম্পূৰ্ণকৈ সুষ্ঠ হ'ব ধৰণী ধুনীয়া 
যৱনিকা পৰিব সৃষ্টি সংকটৰ বৃষ্টি 


ৰাহুল কোঁৱৰ ।
তিনিচুকীয়া জিলা। 
----------------------------------
বিয়লি
দিলাল আহমেদ

বহুকাল পিছত আহি
একপ্ৰস্থ বিয়লি আজি একাকাৰ৷
পোহৰৰ আভাত যেন জমি আছে
এক অদ্ভুত আন্ধাৰ৷
আন্ধাৰৰ জ’লঙাৰে ৰ’দৰ ঠিকনা বিচাৰি
মধুময় হৈছে এই পড়ন্ত বিয়লি৷

সেউজী পাতৰ মাজত চৰাইৰ কাকলি
কলৰৱৰ তালে তালে শিথিল ঠালৰ হিন্দোল
বাহলৈ ওভতা শুকুলা বকৰ স’তে
সপোন হেৰাব খোজে উশাহৰ ফুল৷

বনপথ পাৰ হৈ গাঁৱৰ সীমানা এৰি
ধূ ধূ মলয়া মাঠৰ সিপাৰে
আকাশে নীলাভ ছুঁই নক্ষত্ৰ সজায়
আনন্দ মেলাৰ প্ৰান্ত সীমায়৷

ডেউকা মেলি আকাশত ভাঁহে শঙ্খচিল
শাল মহুৱাৰ ফাঁকে ফাঁকে অস্তগামী ৰ’দৰ আভা
চক্ৰাকাৰ মলয়া আৰু স্মিতবাক গীতৰ সুৰত
মন্ত্ৰমুগ্ধ হয় ডাউক-শৰালিয়ে ঢপলিয়া বিল৷

আমাৰ কষ্টগ্ৰামৰ ঘৰবাৰী এৰি
পৰি ৰয় বিষাদময় বৰ্ষাৰ কবিতা৷
শূন্য খেতিডৰা শুই থাকে অকলশৰীয়া
যেন পোৰা দালানৰ গোপন চিলকোঠা৷

সপোন বুলিনো কি কথা আছে?
সকলো মাত্ৰ বলুকা৷

বহু গভীৰত এই কুঁৱাৰ পানী৷
মই এৰি থাকো মানে ৰচী
পিয়াহ বাঢ়ে; বাঢ়ে স্বপ্নৰ জৰী৷
আকাঙক্ষাবোৰে হাত পাতি ৰৈ থাকে
পানী খাব বুলি৷
————————————
অনুভৱ তোমাৰ বাবে---( ৫৯ )
ছানিয়াৰা  ইয়াচমিন

মোৰ ভালপোৱাৰ শক্তি অলপ হ'লেও কম আছিল যিটো শক্তি আছে তোমাৰ ভালপোৱাৰ ,
সেয়ে হয়তো তুমি আজি মোৰ নহয় আৰু মই আজন্ম তোমাৰেই ...
এতিয়া মই তোমালৈ অপেক্ষা কৰি ভাল পাওঁ , 
অপেক্ষাত অভ্যস্ত মই ।
————————————
অন্য এখন মহাযুদ্ধ
কেশৱ বৰুৱা

বুকুত শিল এটা বান্ধি
তুমি, মহাযুদ্ধৰ আখৰাৰে
ধৰ্মযুদ্ধ
নে 
সেই কুৰা প্রতিহিংসাৰ জুই
ক্ৰমশ: উতলি উঠিছে
কুৰুক্ষেত্ৰৰ এটোপাল মৰাতেজ

দুৰ্যোধন-
কিয় পতিছা নিয়তিৰ খেল
এনেই কলিজাত মোৰ
এশপাত শেল।
———————————
তুমি মোৰ সময়
জোনমনি মহন্ত

তুমি মোৰ সময়...
তোমাক সময় বুলিয়েই নাম দিলোঁ
যদিও নাজানো অহা যোৱা কৰা ৰেলখনৰ খবৰ

শুনো মই উজনি নামনিলৈ যোৱা ৰেলৰ শব্দ

যেতিয়া তুমি ৰান্ধনী বেলিৰ পৰত উভতি নাহা
উমান লওঁ ৰেলখন অহাৰ শব্দ
তথাপি সময়ৰ কথা নাজানো !

কিয় জানো মোৰ সেন্দুৰী আলিত তুমি  ব’হাগৰ
কপৌ পাহি হৈ যেতিয়া আহা
পাহৰি পেলাওঁ গধূলি -গোপাল ফুলাৰ সময়ৰ কথা
তুমি মোৰ বাবে সময় হৈ আহিলে সময়ৰ সতে ৰজিতা খোৱা ৰজনী গন্ধা পাৰিজাতৰ  ইতিবৃত্ত মনত নপৰে 

তোমাক সময় বুলি নাম দি মোৰ ভাল লাগে
মোৰ ভোকাতুৰ আত্মাই যেতিয়া সময়ক বিচাৰে
তুমি মোক সময়ৰ ৰেঙনি হৈ দেখা দিয়া
কিন্তু কি জানা মই তথাপি সময়ৰ কথা নাজানো
হলেও তোমাক সময় বুলি নাম দিলোঁ ।
————————————
বালিৰ হাঁহি
ৰমেন দাস

ধূলিবালিৰ মাজত
বিচাৰি ফুৰিছোঁ বালিৰ স্তূপ
মৰুভূমিৰ মাজত মৰূদ্যান
য'ত থাকিব পাৰে এটি প্ৰাণ

জোনাক নিশাৰ স্নিগ্ধতা,
জগাই তোলে মৰুত সপোন
বালিৰ বলিয়া বতাহ জাকে
বুজাই দিয়ে কিমান কঠিন জীৱন

নাহৰ ফুলৰ সুবাসত  উজলি উঠক
এটি নৱজাত দেৱশিশুৰ হাঁহি
সেই নিষ্পাপ হাঁহিত বিচাৰি ফুৰিম
সদ্য প্ৰস্ফুটিত ৰঙা গোলাপৰ পাহি

শিশুৰ হাঁহিত আকাশৰ জোন বেলি
মৰমৰ ছত্ৰছায়া মূৰত ধৰিছে তুলি
ভূৱন ভূলোৱা মিচিকিয়া হাঁহিয়ে
চিকমিকাই তুলিব মৰূদ্যানৰ শুকান বালি

জোনৰ পোহৰত নীল সাগৰ
উপচি পৰিব পানীৰ ঢৌ খেলি
ফুলনিত ফুলিব ফুলৰ কলি,
বসন্তই দিবহি দেখা কুঁহিপাত মেলি ৷
————————————
কেৱল তোমাৰ বাবে
ভাগ্যশ্ৰী পাঠক

মই নজানাকৈয়ে তুমি আহিলা মোৰ হৃদয়ৰ স্পন্দন হৈ 
আহিয়ে মোক মতলীয়া কৰি দিলা
প্ৰথম দিনাৰ পৰা মই তোমাক ৰাখিলোঁ নীৰৱ কোণত
মোৰ জীৱনৰ গতিধৰাই সলনি কৰি দিলা তুমি

এতিয়া নিশাবোৰ কেতিয়াবা গভীৰ হয়
মই যেন তেতিয়াই তোমাৰ বুকুত অভিমানবোৰ সামৰি থওঁ।

তুমিও বুজাৰ পাৰা মোৰ মনত হোৱা মৌন ভাষা

উন্মনা বতাহজাকে আমাৰ প্ৰশান্ত হিয়াৰ কথা কয়
তোমাৰ বুকুৰ মাজত মোৰ অভিমানবোৰেও থিতাপি লয়।

সপোনে দিঠকে তুমি নজনাকৈ আমাৰ প্ৰেমৰ ভেঁটিবোৰ শক্তিশালী হৈ  পৰিব। 
তোমাৰ হাঁহি , তোমাৰ প্ৰশাংসাত মোৰ হৃদয় জুৰ পৰি যায় জানা,
মোৰ যেন আত্মা প্ৰাচুৰ্যতাৰে ভৰি পৰে তোমাৰ মাতত।
তোমাৰ সমস্ত সপোন তোমাৰ উদিগ্ন হৃদয়ৰ সকলো বতৰা 
পূৰণ কৰিম।
আজুৰি আনিম তোমাক মোৰ মাজত।
————————————
ব্যৰ্থ জীৱন
দৰ্শনা কলিতা 

কাৰোবাৰ বাবে হতাশা
কাৰোবাৰ বাবে অমানিশা
কাৰোবাৰ বাবে জোনাক হৈয়ো আন্ধাৰ

হয়তো এয়াই জীৱন,
গতানুগতিক জীৱনৰ অবৰ্ণনীয় কাৰ্যকলাপ 
মানুহ মানুহৰ বাবে

সময়ৰ তাগিদাত এতিয়া মানৱো ব্যৰ্থ
অকনো আক্ষেপ নাই...
যি যেনেকৈ সুখী
তেনেকৈ থাকিব দিয়ক
কাকো নিজৰ কৰিব চেষ্টা নকৰিব
মাথো নিজেই নিজৰ লগত থাকি
নিজক ‌বুজিবলৈ চেষ্টা কৰক!
গতানুগতিক জীৱনত আপুনি কিমান অকলশৰীয়া?

দৰ্শনা কলিতা
ঠিকনা:-গোলাঘাট
ফোন নং:-৯৩৬৫২১৮০৭৬
ডাক:-ধোদাং বৰুৱা বামুন গাঁও
————————————
প্ৰেম
শ্যামলীমা খাউণ্ড শৰ্মা

প্ৰেম এক এনে অনুভৱ য'ত 
সোমাই আছে পৃথিৱীৰ সমস্ত ।

প্রেম এক মাথোঁ শব্দ নহয় 
ই এক জীৱনৰ পৰিতৃপ্তি ।

ই আৱেগ , অনুভূতিৰ আঘাত ।
ই শান্ত,চঞ্চল বতাহ ।

ই দুখৰ নিজৰা আৰু সুখৰ সাগৰ 
ই জ্ঞানৰ পুঁজি আৰু অজ্ঞানতাৰ
সাঁকো ।

ই পোহৰো দিয়ে আৰু আন্ধাৰো ।
ই যদি শান্তি, ই বিৰহো ।

ই সাগৰ মন্থনত যদি অমৃত বিলাই 
নীলকণ্ঠ হৈ বিষো পান কৰে ।

ই নিৰবিছিন্ন ভাবে বৈ অহা 
শান্তিৰ নৈ ।

ইয়াত স্বৰ্গৰ সুখো আছে 
আৰু নৰকৰ শাস্তিও 

মাথোঁ আমি বিচাৰিব জানিব লাগিব ।

প্ৰেমত যদি দূৰত্বও আছে
ইয়াত মহত্বও আছে । 

ইয়াত বিলীন হয় আত্মাৰ লগত আত্মাৰ
নহ’লে দূৰত্ব বাঢ়ে শৰীৰৰ পৰা শৰীৰৰ ।

প্ৰেম হল এনে এক ভঁৰাল 
য'ত সোমাই আছে সমস্ত পৃথিৱী ।

শ্যামলীমা খাউণ্ড শৰ্মা 
মৰাণহাট
চৰাইদেও
————————————
ফাগুন
দীপাংকৰ ভূঞা

ঐ বলিয়া ফাগুন
আকাশে বতাহে তোৰেই সমদল
এনেহেন বতৰত
তোৰ কথা নোকোৱাকৈ থাকোঁ কেনেকৈ !
ফাগুন…
তই যে আহিলি
ৰঙীন ৰঙীন আবিৰ 
চৌদিশে চতিয়ালি !
ফাগুন…
তই যে আহিলি
তোৰ কথা কৈ জানো 
শেষ কৰিব পাৰিম
তই যে অনাদি অনন্ত !
ফাগুন...
তই যে আহিলি
শীতক শেতেলিত শুৱালি
বহাগক আদৰিলি !
ফাগুন…
তই যে আহিলি
তোৰ পৰশত
শিমলু পলাশ মদাৰ নাহৰ ফুলালি !
ফাগুন...
তই যে আহিলি
গছ বিড়িখৰ
পুৰণি সাজ সোলোকাই
নতুন সাজ পিন্ধালি !
ফাগুন...
তই যে আহিলি
ডেকা গাভৰুক চঞ্চল কৰি
প্ৰেমৰ ৰাগিত মাতাল কৰি
হেঁপাহৰ গীত গোৱালি !
ফাগুন…
তই যে আহিলি
তোৰেই পছোৱাত 
গছ বিৰিখৰ
খহিছে পাত 
খবৰ জানো ৰাখিছ তই
গাইছে যে বিষাদৰ গীত !
————————————
ভঁৰাল
অমৰদীপ কলিতা

মোৰ আতিথ্য গ্ৰহণ কৰি চোৱাচোন,
এই ভিকহুৰ প্ৰতিটো লঠঙা ডালত
হেজাৰ কবিতাই কুঁহি মেলিব;
প্ৰতিটো কবিতাই
 তোমাকেই আপ্যায়ন কৰিব ৷
কাৰোবাৰ চুমা পৰশত সৃষ্টিৰ স্ফুলিংগ ৷

অমৰদীপ কলিতা
ৰাণী
————————————
মই প্ৰেমিক হব খোজো তোমাৰ...
ৰবিন কুমাৰ চেতিয়া,ধেমাজি

আচম্বিতে সুৰ এটাই
গজালি মেলিব খুজিছিল যোৱানিশা
মোৰ হৃদয়ৰ চোতালত
অনুৰাগৰ কুমলীয়া নীলাভ হাঁহিটোৱে 
বাট বুলিব খোজোতেই বোকোচাত উঠিছিল 
এটা অৰুণাভ সপোন 
সপোনটোৱে ঘৰ সাজিব খুজিছিল নিগাজীকৈ 
জেতুকাবুলীয়া হৃদয়ত 
গুণগুণকৈ সুৰ এটা উৰিছিল 
কাচোনমতী বতাহত
জোনাকী উন্মাদনাত নাচিছিল মোৰ 
বুকুৰ কলং কপিলী
মৰমৰ দহেঁচীয়া ঢৌ তুলি

সপোনতে এজাক ফাগুনী ধুমুহাৰ বৰষুণত
ভালকৈয়ে তিতিলো মই যোৱানিশা
কেৱল তিতাই নহয়
তচনচ কৰি থৈ গ'ল বৰষুণজাকে মোৰ 
কণমানি আলসুৱা হৃদয় 

গান নে কবিতা 
ফুটবল নে ক্ৰিকেট 
কি বেছি ভাল পাওঁ মই 
পাৰা যদি তুমি মোক এতিয়া নুসুধিবা 
শৰৎ নে বসন্ত 
মৰম নে যুদ্ধ
অনুভৱৰ তুলাচনীত নিজেই জুখি চাবা
মই আজীৱন প্ৰেমিক হব বিচাৰো তোমাৰ
মই জোনাকী ভালপোৱা হব বিচাৰো 
সেউজীয়া মানুহৰ

হিন্দু নে মুছলমান
ৰাছিয়া নে ইউক্ৰেইন
কথাবোৰ যে কোনোদিনেই সুখৰ নহয়
মৰমৰ বৰশীত বিশ্বাসৰ টোপ চটিয়াই
আজীৱন সুখী হব নোৱাৰিম জানো 
একেলগে তুমি আৰু মই

গাজনী আছে বাবেই বিজুলীৰ অহংকাৰ
নিয়ৰৰ জুনুকা পিন্ধি
দুবৰিয়ে পাহৰে আলোকৰ প্ৰহাৰ
সপোনৰ মেজাংকৰি আঁচলত জিলিকে
লাহিপাহি দিঠকৰ তৰাফুল 
পুৱাতেই দুৱাৰ খুলি দেখিলো
মোৰ ফালে চাই চাই
চোতালত হাঁহি হাঁহি ফুলি আছে
এপাহ সূৰ্য্যমূখী ফুল ...
————————————
নাৰী দিবস
ইৰা দেৱী

নাৰী বিষয়ক: 
আজি মোক লৈ
বহুতো গল্প কৰিবা, 
আজি মোৰ বাবে বহুতো গীত লিখিবা, 
দিনটোৰ বাবে
 ন ন বিশেষণেৰে
 বিভূষিতা হৈ ৰ’ম মই। 

জীৰ পৰা ভাৰ্য্যা লৈ
ভগ্নীৰ পৰা জননী লৈ
দুৰ্গা ৰ পৰা
লক্ষ্মী-সৰস্বতী লৈ, 
তোমাৰ গীতৰ সুৰে সুৰে
নাচি উঠিব মোৰ মন
হাততে স্বৰ্গ ঢুকি পোৱা যেন
হৃদয়ত অনুৰণন। 

লাহে লাহে বেলিটো লহিয়াব, 
দিনটোৱে মেলানি মাগিব
গীতৰ সুৰ বোৰে বিদায় জনাব
বনৰজাই
অৱশ্যে নিজৰ  পৰিচয়
ঠিকমতেই দিব। 

কোনোবা নিষিদ্ধ ঠিকনা
গোপন গলি, 
জনশূন্য পদপথ, 
ৰাজআলি, ৰাজমাৰ্গত
আকৌ মোৰ শোষণ হ'ব
আকৌ মোক চাৰিবেৰতে
আৱদ্ধ কৰা হ'ব, 
মোৰ ওচৰে পাজৰে টানি দিয়া হ'ব, 
আন এডাল লক্ষ্মণ ৰেখা। 

বধিৰ হৈ পৰিব মোৰ পৃথিবী । 
পৰিত্যক্ত মোৰ উলংগ দেহত
আকৌ গোপনে দৰ-দাম চলিব। 
ৰক্ত পিপাসুৰ হাতোৰাত
অশুচি হৈ  কলঙ্কিনী আখ্যা ল’ম। 
যুগে যুগে এইদৰে ধৰ্ষিতা হ’ম মই
আৰু তুমি 
এই দৰে আকৌ গীতৰ সুৰ ধৰিবা
 নাৰী তুমি অনন্য।
————————————
নিশান্তত মোৰ সাধনা
সুশান্ত দাস

মই নিশান্তত সাধনা কৰোঁ
নাথাকে কোনো আনন্দ,
যদ্যাপি পাও শান্তিৰ মলয়া
বিশাল পৃথিৱীৰ পূৰ্ণানন্দ।

নীসংগতাই হয় মোৰ সংগী
ছাঁটো হয় মোৰ বন্ধু,
নিশান্ত হয় মোৰ স্বস্ত্বিৰ নিশ্বাস
শান্তিৰ পৰিপূৰ্ণ বিন্দু।

নিশান্ত হয় মোৰ শান্তিৰ প্ৰতীক
যত মই আৰু ময়েই থাকোঁ,
নীসংগতা হয় মোৰ পৰম বন্ধু
যত মই নথকাৰ প্ৰসঙ্গ বিচাৰো।

আহাৰ মাহৰ উন্দুলাই অহা 
কলা ৰঙৰ সেই বাৰিদে,
দিয়ে আনন্দ সময়ৰ সতে
নৈসৰ্গিক শান্তিৰ পৰশে।

নিশান্ত মোৰ খুবেই প্ৰিয়
নিশান্তই মৌনতা সানে,
শান্তিৰ পক্ষীৰ বিভিন্ন গীতে
সুধীৰে নীৰৱতাক আদৰে।

সুশান্ত দাস, শিৱসাগৰ
যোগাযোগ:
9127247519।
————————————
বসন্ত‌ই আনিছে বহাগৰ বতৰা
দিপ্তীমনি গোস্বামী

ফুলো নুফুলোকৈ মিছিকিয়া হাঁহিৰে 
সুগন্ধি  পুষ্পমালাই  বিলালে বসন্তৰ বতৰা ,
বসন্ত‌ই  কাণে কাণে দিলে বহাগ অহাৰ বতৰা ।
কোনে দিব মোক তোমাৰ আগমনৰ  বতৰা ?

মৰমৰ দীঘেৰে  চেনেহৰ বাণীৰে ,
গাঁথি আছো তোমালৈ বুলি বিহুৱান এখনি ।
তোমাৰ পৰশত উমাল হ’ব,
ফুলি উঠিব সেউজীয়া বননি।

বকুল বৰা ধানৰ চিৰাও খুন্দিছো,
আইক লগতে লৈ ।
জাপৰ বান বাতিত  ম’হ দৈ গুৰে দি,
তোমাক সজাই দিবলৈ ।

তুমি আহিবা,
জেতুকা আনিবা 
আনিবা বহমথুৰি ।
ওখ গছ বগাই কপৌ ফুলো আনিবা ,
মোৰ নেঘেৰী খোপাত  পিন্ধাবলৈ বুলি ।

মুগাৰে সাজযোৰ যতনাই ৰাখিছোঁ ,
ভমকা ফুলিয়াত  তেজ ৰঙা পাৰি ।
টকা- গগনাও  বিচাৰি আনিছো ,
বিহুৰ সাজ শুৱনি কৰি ।

সন্ধিয়া পৰতে বকুলৰ তলতে ,
ৰাতি বিহু চাবলৈ যাম ।
দূৰণিৰে পৰা চিনাকি সুহুৰিটি মাৰিবা,
দুয়ো একেলগে  যাম ।

চাদৰৰ মাজতে ,
দেহৰে ভাঁজতে ,
আয়ে নেদেখাকৈ 
লুকুৱাই নিম বিহুৱানখনি।
তোমাৰ ডিঙিত পিন্ধাই  মৰমৰ দোলেৰে ,
ব’হাগীক আদৰিম আমি ।
——————————————————
আঁহতৰ পুলি
অশোক ৰাম ভট্টাচাৰ্য্য

চৌপাশে শিহৰণ কেচপতীয়াৰ
জনাইছে বসন্ত ৰাণীক স্বাগতম
প্ৰকৃতিপ্ৰেমীৰো থৌকি-বাথৌ মনৰ আকাশ
প্ৰকৃতিপ্ৰেমী মঞ্চৰ গছপুলি ৰোপণ,
প্রজ্ঞাৰ, সৌন্দৰ্যৰ সাধকযে মৰিগাঁওবাসী
প্ৰকৃতিপ্ৰেমী বন্ধুগন  আপ্লুত হ’লো
বিনামুল্যে অম্লজান বিলাবা চৌদিশে
উদ্দেশ্য মহান হ'লেই জীৱন সাৰ্থক
প্ৰকৃতিপ্ৰেমীক জনাইছো প্ৰণিপাত
সকলোৱেই সহযোগ কৰিব, প্ৰতিশ্ৰুতি দিলোঁ;
যুদ্ধবাজৰহে অদমনীয় ৰণ তৃষ্ণা
চাৰখাৰ ৰাজপথ ইউক্রেইনৰ
বতাহত সৌৱাযে বিষ কাৰ্বন মনক্সাইড
শিশু, অন্তঃসত্বা কাৰোয়েই ৰক্ষা নাই
ৰক্তাক্ত ৰাজপথ ,চিকিৎসালয় আদি
লক্ষ লক্ষ জনতাৰ মূল্য নাই,
যুজি আছে নৰপিশাচ দুই অভিমানী
দুয়োৰে ভাহি আছে ৰণ উন্মাদ ভাষা
ৰং চাইছে নৰপিশাচে লুকাই লুকাই-
প্ৰকৃতিৰ পৰিৱৰ্তন হৈছে হেৰৌ মূৰুখ
গজাব পাৰিবি জানো বনৰীয়া ফুল
তহঁতো সলনি হ,নেখেলিবি তেজৰ ফাকু
ৰুবি নেকি এটি আঁহতৰ পুলি।

অশোক ৰাম ভট্টাচাৰ্য্য 
আমোলাপট্টি, নগাঁও
————————————
সকলো আপোন হ'ব নোৱাৰে
নাচৰিন আখটাৰ

কেতিয়াবা আপোন
সাপতকৈয়ো বিষাক্ত হৈ পৰে। 
তেজৰ সম্পর্ক থাকিলেও
সকলো আপোন হ'ব নোৱাৰে। 
তেজৰ সম্পর্ক থকা লোকেও নীতি- নিয়ম ভংগ কৰি, 
মানৱ সভ্যতাৰ পৰিপূৰ্ণ বিকাশত বাধাৰ সৃষ্টি কৰি, 
মুখা পিন্ধি, সাংঘাতিক কাম কৰি ফুৰে। 
আত্মীয়ই পিন্ধা মুখাৰ আঁৰৰ মুখখনি
সহজে চিনি নাপাওঁ আমি, 
আপোনপেটীয়ালোকৰ মন কেতিয়াও নভৰে।
আপোন পৰিয়ালক গুৰুত্বহীন কৰি
নিজৰ স্বাৰ্থৰ বাবে লগতে থাকি
বুকুতে চুৰী মাৰে। 
কিছুমান আত্মীয়ই যেতিয়া ঠগ-প্রৱঞ্চনা কৰে
কিছুমান মানৱে চকুৰে সৰিয়হ ফুল দেখে। 
ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে 
বাবে ঢাকনি মাৰি, 
মনৰ দুখবোৰ মনৰ মাজতে হেঁচুকি হেঁচুকি ৰাখে।
ধৈৰ্য্যৰ বান্ধ সুলকি গ'লে
ঢাকনিৰ ফাঁকেৰে কথাবোৰ ওলাই পৰে। 

তেজৰ সম্পর্ক থাকিলেও
সকলো আপোন হ'ব নোৱাৰে।
কেতিয়াবা আপোনজনে আপোনজনৰ 
বুকুত চুৰী মাৰে।
————————————
নাজানো অস্তিত্ব নিজৰ
অসীম দত্ত

প্ৰতিটো আবেলিত এটা গধূলি সোমাই থাকে
প্ৰতিটো গধূলিত এটি পুৱা
প্ৰতিপাহ ফুলতে আছে এটি হাঁহি
কোন কাৰ কিমান চিনাকি
চিনি পাইও অচিনাকি হোৱা।
এটি ফুল ফুলে
হাঁহে,
এটি তৰা জ্বলে
আন্ধাৰে পোহৰে 
কাৰ বাবে?
নদী বয়
মৰা মাছক জানো পানী লাগে?
বাকী সকলো জানো
মই কিয় আছোঁ
তাকহে নাজানো।
————————————
সময়ৰ পৰিক্ৰমা
জিনা বৰুৱা বৰা

শান্তিৰ ফচল ৰোপন কৰি
হৃদয়ৰ পৰা হৃদয়লৈ বোৱাই
শ্যামলীয়া  কৰিব বিচৰা 
সোণালী দিনৰ আশাবোৰ
ক্ষণিকতে  মায়াৰে আবৃত্ত কৰি
মনে পাতেচোন অভাৱনীয় পৰিকল্পনা।

মোহময়ী আবেলিৰ বেলিটোৰ
স্বপ্নিল  ভাৱনাইও 
ক্ষণিকতে দুই পাৰ খহাই
আভিমানী সুৰৰ  ৰাগ তুলি
গাই  যুক্তিহীন মায়াৱিনী বিষাদ।
 
স্মৃতিৰ গহ্বৰৰ সেমেকা সেমেকা গোন্ধৰ
অচিনাকী প্ৰহৰবোৰৰ লয়লাসে
বান্ধে নিষিদ্ধ খেলাৰ আভ্যন্তৰীণ হেতু।

সময়ৰ পৰিক্ৰমাৰ চেতনাই 
চিঞৰি চিঞৰি কয়
অহৰ্নিশে আঁজলী তৰাজনীক নিদিবা প্ৰশ্ৰয়।
————————————
বিগত সংখ্যাৰ 
 পঢ়ুৱৈৰ আলোচনী 

সুন্দৰ আলোচনী। পঢ়ি বৰ ভাল পালোঁ।জয়তু কাব্যকানন।
  —দীপ্তিমনি গোস্বামী
লালুক,লখিমপুৰ
——————————
পষেকীয়া কাব্যলোচনীৰ
 এদিন ঘুৰি আহিব সময় আৰু যুদ্ধ কবিতা পঢি সঁচায়ে বহুত ভাল লাগিল
 কবিলৈ শুভেচ্ছা জনালোঁ।
–ইৰা দেৱী 
ৰাংছালি
——————————
এখন সুন্দৰ আলোচনী। পঢ়ি ভাল লাগিছে।
 -জোনমনি মহন্ত 
তেজপুৰ
——————————
বৰ সুন্দৰকৈ সজাই তোলা হৈছে–এইবাৰৰ সংখ্যাটি।
–ড° জ্যোতিশিখা দত্ত
——————————
এখন সৰ্বাংগ সুন্দৰ আলোচনী। ভাল লাগিছে। জয়তু কাব্য কানন।
–ৰশ্মি দলে।
——————————
পঢ়িলোঁ।ভাল লাগিল।
— ৰঞ্জনা দেৱী।
——————————————————

Post a Comment

0 Comments