———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
আনৰ কেনেকুৱা অনুভৱ হৈছে নাজানো,কিন্তু মোৰ বাবে এয়া এক অনন্য অনুভৱ। মন-প্ৰাণ পুলকিত কৰা মাদকতা।
কিয়নো কাব্যকানন আলোচনীয়ে আজি পঞ্চম বৰ্ষত ভৰি দিলে। এয়া, পঞ্চম বৰ্ষৰ প্ৰথমটি সংখ্যা। ২০১৮ চনৰ ২৯ এপ্ৰিলত কাব্যকানন আলোচনী, গুৱাহাটীৰ পৰা আত্মপ্ৰকাশ কৰিছিল।তিনিমাহৰ মূৰে মূৰে পৰবৰ্তী সংখ্যাবোৰ সময়মতে প্ৰকাশ পাইছিল।কিন্তু, ক’ৰোনাসৃষ্ট প্ৰতিকুল পৰিস্থিতিৰ বাবে বৰ্তমান অনলাইন যোগে প্ৰকাশ হৈ আছে।
অনলাইন আলোচনীৰ প্ৰতি সম্প্ৰতি জাগ্ৰত হোৱা অনীহাৰ মাজতো কাব্যকাননে নীৰবে লাহে ধীৰে হ’লেও নিজৰ বাট এটি কাটি ল’বলৈ সক্ষম হৈছে।আৰু সেয়া সম্ভৱপৰ হৈছে কেৱল প্ৰিয় পাঠক আৰু কবিবন্ধুসকলৰ বাবে।
অনলাইন যোগে প্ৰচাৰ হোৱা বাবে
আৰম্ভণিতে কাব্যকাননৰ জৰিয়তে আত্মপ্ৰকাশ কৰি সম্প্ৰতি প্ৰতিষ্ঠা লাভ কৰা বহু কেইগৰাকী কবিয়ে কাব্যকাননলৈ সম্প্ৰতি কবিতা নপঠিওৱা হ’ল। কিন্তু তাৰমাজতো কেইবাগৰাকী স্বনামধন্য কবিয়ে আমাৰ অনুৰোধ ৰক্ষা কৰি নিয়মীয়াকৈ কবিতা পঠিয়াই কাব্যকাননক ধন্য কৰি আছে। এইছেগতে তেখেতসৱলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আগতেই উল্লেখ কৰাৰ দৰে-কাব্যকানন মূলতঃ নতুনৰ আখৰাথলী।সেয়ে, কাব্যকাননে নতুনকৈ হাতত কলম তুলি লোৱা সকলক যথেষ্ট উৎসাহিত কৰি আহিছে;আৰু অনাগত সময়তো কাব্যকাননে এই পদক্ষেপ অব্যাহত ৰাখিব।
কাব্যকাননৰ এই বৰ্ণিল যাত্ৰাত আমাক সংগ দিয়া প্ৰতিগৰাকী কাব্যপ্ৰাণলৈ জনালোঁ সশ্ৰদ্ধ প্ৰণাম আৰু অপাৰ কৃতজ্ঞতা।
জয়তু অসম কাব্য কানন
জয়তু কাব্যকানন
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
কবিতা, সদায় আধা-দেখা, আধা-শুনা, আধা-বুজা হ'ব লাগে -- যিটো দেখি, অন্ধজনৰো চকু মেল খাব পাৰে ; যাক শুনি, কলাজনৰো কাণ থিয় হ'ব পাৰে ; বোবাৰ মুখতো মাত ওলাব পাৰে আৰু, নিৰক্ষৰজনৰো মুখত হাঁহি বিৰিঙি উঠিব পাৰে। কিন্তু, সি ( কবিতা) আধা-খুন্দা অথবা আধা-সিজা হ'ব নালাগে। কবিতা, সদায় মধু-মঙ্গল ; যিয়ে, কবিৰ হৃদয়ৰ বাণী শুনায়।
একো এটাকে নকৈ, নীৰৱে অজস্র কথা ক'ব পৰা -- কবিতা হ'ল একোটা ভাস্কর্য ; তেল পুৰি পোহৰাই ৰখা -- একোগছি মাটিৰ চাকি।
কবিতা পঢ়ি -- হস্পিতালত পৰি থকা ৰোগীও সুস্থ হৈ ঘৰলৈ উভতিব পাৰে ; কোনোবাৰ প্ৰাণে কান্দি উঠিব পাৰে ; কাৰোবাৰ চুলিৰ আগেদি টোপ টোপকৈ বৰষুণ সৰিব পাৰে।
কবিতা, কুঁৱলীৰ দৰে ৰহস্যময় যদিও -- ই, শব্দৰ খেল, কথাৰ পাক, আত্মবিবৃতি বা সাঁথৰ নহয়। কবিতা, সদায়ে আধৰুৱা।
কবিতাই আমাক -- নলাৰ জঘন্য পানীতো সমুদ্ৰৰ গৰ্জন শুনাব পাৰে ; পৰ্বতৰ প্ৰকাণ্ড শিলক, বৰফে সাবটি চুমা খাই থকাৰ দৃশ্য দেখুৱাব পাৰে ; এই পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ প্ৰতি থকা আমাৰ আকুলতাক আৰু দৰদী কৰি তোলাৰ মন্ত্ৰ শিকাব পাৰে।
কবিতা কেনে হ'ব লাগে -- সেই কথা, আজিলৈকে কোনেও ডাঠি ক'ব পৰা নাই ; নোৱাৰেও।
———————————————————
অনুবাদ কবিতা
I Look into my Glass
Thomas Hardy
I look into my glass,
And view my wasting skin,
And say, ‘Would God it came to pass
My heart had shrunk as thin!’
For then I, undistrest
By hearts grown cold to me,
Could lonely wait my endless rest
With equanimity …
But Time, to make me grieve,
Part steals, lets part abide;
And shakes this fragile frame at eve
With throbbings of noontide.
মই মোৰ দাপোণত চাওঁ
মূল কৱিঃ টমাস হার্ডি
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মই মোৰ দাপোণত চাওঁ,
মোৰ সোতোৰা চালখন দেখোঁ,
কওঁ, ’ঈশ্বৰ এয়া জানো সম্ভৱ
মোৰ হিয়া সঙ্কুচিত হৈ গৈছিল!'
তাৰ পিছত, অশান্তিৰ বাবে
মোৰ বাবে হিয়া চেঁচা পৰি গৈছে,
অকলশৰীয়া নিৰন্তৰ বিশ্ৰাম অপেক্ষা
কৰিব পাৰোঁ
সাম্যৰসৈতে...
কিন্তু সময়, মোক দুখ দিবলৈ,
অঙ্গ ক্ষয় হয়, অঙ্গক চেনেহ কৰিব দিয়ে;
আৰু প্ৰাক কালত শৰীৰ জোকাৰি
অপৰাহ্ণত নিথৰ হৈ পৰে৷
————————————
দুটা অনুবাদ কবিতা
Emily Dickinson's Poem
এমিলি ডিকিনচনৰ কবিতা
অনুবাদঃ ড° জ্যোতিশিখা দত্ত
১)
ৰচনা কাল: ১৮৫৮
প্ৰথম প্ৰকাশ: ১৮৯৬
নম্বৰ: ৪৯
মই দুবাৰতকৈ বেছি কেতিয়াওঁ হেৰুৱা নাছিলোঁ,
আৰু সেয়া আছিল নিজৰ ভূমিত ।
দুবাৰকৈ মই মগনীয়া হিচাপে থিয় দিছিলোঁ
ভগৱানৰ দুৱাৰ মুখত !
পৰীবোৰ- দুবাৰ অৱৰোহণ কৰিছিল
পৰিশোধ কৰিছিল মোৰ আধাৰ
ডকাইত! মহাজন - পিতৃ
মই আকৌ এবাৰ মগনীয়া হৈ পৰিলোঁ
২)
ৰচনা কাল: ১৮৫৮
প্ৰথম প্ৰকাশ: ১৮৯৪
নম্বৰ:৩৩
যদি মনত পেলোৱাবোৰ পাহৰি যোৱা হয়,
তেনেহ'লে মই মনত নেপেলাওঁ l
আৰু যদি পাহৰিযোৱাবোৰ, মনত পেলোৱা,
কিমান কম মই পাহৰি পেলাইছিলোঁ,
আৰু যদি হেৰুৱাবোৰ প্ৰফুল্ল হয়,
আৰু বিলাপ কৰা যদি আনন্দোচ্ছল হয়,
মোৰ আঙুলিবোৰ কিমান ভাৱনাহীন হ'ব,
যি সেইবোৰ গোটালে, আজি!
টোকা: আমেৰিকান সাহিত্যৰ বিখ্যাত কবিসকলৰ এগৰাকী, এমিলি ডিকিনচনৰ জন্ম হৈছিল ১০ ডিছেম্বৰ, ১৮৩০ চন, এমাৰ্স্টত। জীৱনত পোৱাতকৈ নোপোৱাৰ বেদনাই তেওঁক দহি মাৰিছিল l তেওঁ বহু আত্মীয়, ভাল বন্ধু আনকি প্ৰেমকো হেৰুৱাবলগীয়া হৈছিল l তেওঁৰ মৃত্যু হয় ১৮৮৬ চনৰ ১৫ মে' ত। এমিলি ডিকিনচনৰ প্ৰতিভা জনাজাত হয় তেওঁৰ মৃত্যুৰ পিছতহে। অবিবাহিত ডিকিনচনে জীৱনৰ বেছিভাগ সময় হতাশা, দুখ, একাকীত্ব আৰু চৰম নিৰ্জনতাত পাৰ কৰিছিল। সেয়েহে তেওঁৰ প্ৰায়বোৰ কবিতাত বিৰহ আৰু বেদনাৰ ছবি প্ৰতিফলিত হয় l জীৱিত কালত তেওঁৰ মাত্ৰ ৭টা কবিতাহে প্ৰকাশ হোৱা বুলি জনা যায় l ১৮৯০ চনত, তেওঁৰ মৃত্যুৰ চাৰি বছৰ পিছত, ডিকিনচনৰ ভণীয়েক লাভিনিয়াই তেওঁৰ কবিতাবোৰ বিচাৰি পায় আৰু 'আটলাণ্টিক মান্থলি' নামৰ আলোচনী এখনৰ সম্পাদক হিগিনচন আৰু এম. এল টডক গতাই দিয়ে l তেওঁলোকে সেই কবিতাবোৰৰ প্ৰথম খণ্ড প্ৰকাশ কৰে ১৮৯০ চনত। দ্বিতীয় আৰু তৃতীয় খণ্ড প্ৰকাশ হয় ক্ৰমে ১৮৯১ আৰু ১৮৯৬ চনত। ডিকিনচনে ডেৰ হেজাৰতকৈও অধিক কবিতা ৰচনা কৰিছিল l
এমিলি ডিকিনচনৰ কবিতাসমূহৰ কোনো শিৰোনাম নাথাকে l তেওঁৰ কবিতাবোৰ কবিতাৰ প্ৰথম শাৰীৰে জনা যায় অথবা কিছুমান নম্বৰেৰে জনা যায় যিবোৰ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ কবিতাবোৰ ছপা কৰা সম্পাদকসকলে দিয়া l উক্ত কবিতা দুটি "100 Selected Poems of Emily Dickinson" পুথিখনৰ পৰা লোৱা
হৈছে ।
ড০ জ্যোতিশিখা দত্ত
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
ই-মেইল : jyotisikhadatta@gauhati.ac.in
———————————————————
কবিতা
ত্ৰিশঙ্কু ত্ৰিদিপ
অৰ্চনা ঠাকুৰীয়া
ডেউকা নমৰাকৈ চৰাই উৰে
পেডেল নমৰাকৈ চাইকেল চলে
পেঞ্চিল অবিহনেও অঁকা হয় ভূ-চিত্ৰ
গতি জড়তা হ'লেও
য'ত
গতি হেৰাই নাযায়
চৰাই
চাইকেল আৰু
চিত্ৰ
তিনিখন স্নেপশ্বট
এখন মন্তাজ
আজি ত্রিদিপত মগন
মোৰ সেউজ বহ্নি...
ঘামৰ ধাৰ কমিল
আকাংক্ষাকো সীমাৰে বান্ধিলোঁ
সম্ভাৱনা সীমাহীন...
বেৰৰ জলঙাৰে জুমি চাই
অলপ আগেয়ে
ত্রিশংকুৱে সুধিছে
সুখ লাগে
সুখ...?
বি :দ্ৰ : ত্রিদিপ–স্বৰ্গ, আকাশ, সুখ
ত্রিশংকু–মহাদেৱ
————————————
মৰ্ত্যৰ ভগৱান
সীমা গগৈ
তেওঁ যেতিয়া কথা কয়
কথাবোৰ অম্ল হয়
লাহে লাহে
মৃতপ্ৰায় মানুহবোৰ জী উঠে ।
কোনো বেৰা নৰখাকৈ ঘৰ এখন কেনেকৈ বান্ধিব লাগে
সেয়া তেওঁ জানিছিল...
সেয়ে কিজানি
আপোনাৰ তথা মোৰ হৃদয়ৰ বেৰেকত
তেওঁ অধিক নিৰাপদ ।
ঈশ্বৰ অথবা আল্লাক তেওঁ মানে বা নামানে
আমি নাজানো...
আমি জানো কেৱল
জীয়ন দিবলৈ জী উঠা এজোপা বৃক্ষক
একেটি সূৰ্যক
যিয়ে কেতিয়াবা ৰʼদ হৈ নামি আহে
কেতিয়াবা ছাঁ হৈ আৱৰি ৰাখে
আপুনি দেখা নাপায় তেওঁৰ ত্যাগ
তেওঁৰ কষ্ট অথবা ধৈৰ্য্য
কাৰণ তেওঁ নিজেও হিচাপ নাৰাখে
শস্যভৰা পথাৰখনৰ নেপথ্যৰ কাহিনী
বহু ধুমুহাই তেওঁৰ জীৱনকো চুই যায়
তাৰ বাবে তেওঁৰ অভিযোগ নাই
হয়তুবা অগ্নিপৰীক্ষাৰ বাট কাটি কাটি
তেওঁ নিজেও এদিন এটি সূৰ্য্য হয়
যিদৰে বহু বাধা অথবা প্ৰতিৰোধ বগুৱা বাই
নদী এখনি বৈ যায়
এনেকৈয়ে দিনান্তৰ বুকুত গুজি লোৱা
এটি বীজৰপৰা তেওঁ এজোপা বৃক্ষ হয়
তেওঁ ভালপাব জানে নিজক
ভালপাব জানে আপোনাক মোক
ভালপাব জানে আইক
আইৰ চৰণ চুবলৈ আগবঢ়োৱা একেখনি হাতেৰে ছটিয়াই যায়
উৰ্বৰা মৰম ।
সেয়ে কিজানি তেওঁ বুদ্ধ নহʼল
নিপিন্ধিলে কোনো সন্যাসীৰ বসন
কোনো চুক্তিত আবদ্ধ নোহোৱাকৈ
তেওঁ যি কৰিব পাৰিছে
সেয়েই
তেওঁৰ বৈভৱ
তেওঁৰ প্ৰাচুৰ্য
আৰু আমাৰ বাবে
তেওঁ মৰ্ত্যৰ ভগৱান ।
[মানৱ কল্যাণৰ হকে নিৰৱে কাম কৰি যোৱা
প্ৰতিগৰাকী মানৱ হিতৈষীৰ চৰণত ]
————————————
সূৰুযমুখীৰ খোজ
ড০ৰিমঝিম বৰা
সূৰুযমুখী,
উৰ্ধমুখী খোজেৰে
বৰকৈ জিলিকিছে দেখোন
ঢাক,ঢাক
কেঁচেলুৱা এঙাৰে ঢাক,
পানী অলপ ছটিয়াই দে,
পাৰ যদি জোঙা জোঙা
শিলকেইটামান
কোনোবাটি সুৰুঙাৰে গুজি দে।
কাঞ্চনমতী আইৰ আজি
বৰ সুখ,
এঙাৰেও ঢাকিব নোৱাৰা
পানীয়েও নুমুৱাব নোৱাৰা
জোঙা শিলৰ খোচত
তেজে-তুমৰলি হ'লেও
সূৰুযমুখীৰ দেখোন
একেই উৰ্ধমুখী খোজ।
আই, চম্পা বনত মোৰ
মাধৈমালতী ফুলে,
আই, দুভৰিয়ে মোৰ
নিয়ৰৰ নূপুৰ পিন্ধে,
আই ,বুকুত মোৰ
পাৰ্বত্য-বতাহ বলে,
আই,গোপন অন্তেষপুৰত মোৰ
বহ্নিবুকুৱা ফুলকুৱৰীয়ে বাঁহ সাজে
আই, মনাকাশত মোৰ
হাজাৰটা কলীয়া ডাৱৰৰ
মাজত সূৰ্য এটি উজ্জ্বলি থাকে।
সোণক পুৰি শেষ কৰিব নোৱাৰি।
জুইক নো কিহেৰে ঢাকিব পাৰি,
সূৰ্য অহাৰ বাট ৰোধিবলৈ
কাৰনো ইমান সাহ,
সূৰুযমুখী অ'
ফুলি থাক তই নিজা গতিত
উৰ্ধমুখী খোজত কোনোদিনেই
নেপেলাবি যতি
অগ্নিজ্যোতিক এন্ধাৰৰ পোছাক
পিন্ধাবলৈ বৰ সহজ নহয়।
(ড০ৰিমঝিম বৰা
অৰ্থনীতি বিভাগ
গড়গাঁও মহাবিদ্যালয়
শিৱসাগৰ)
৯১০১৮৮০৯১৬
————————————
বৰদৈচিলা নে সৰুদৈচিলা
দাদুল ভূঞা
দৃশ্যপটত চাকি এটা জ্বলি আছিল
ধিমিক ধামাক পোহৰ
বেকগ্ৰাউণ্ডত কিনকিনীয়া বৰষুণৰ
মেলডী সংগীত
হে’ স্থিতপ্ৰজ্ঞ
তোমাক সুধিছোঁ-
হেলজেনৰ পোহৰে পোহৰাব পাৰিবানে
ৰহমতৰ জুপুৰি ঘৰ
আম ফুলিলে বান কঁঠালে আনে ধান
ভাগ্যৰ ফুটাকৰি
শেতেলি সাতুৰি পানীকটা ৰাতি
হে’ স্থিতপ্ৰজ্ঞ
দূৰণিৰ পৰা চাইছা কি...?
তুমি নেদেখা যি
দুখৰ এলান্ধুত পোতযোৱা
শীৰ্ণকায় শৰীৰ
দৃশ্যপটত
নুমাও নুমাও চাকি
বৰদৈচিলা নে সৰুদৈচিলা
মনে মনে যা
উৰি উৰি দূৰ-দিগন্তলৈ।
দাদুল ভূঞা
ফোনঃ-৯৮৫৯২৮৯৩২৫
————————————
এইবাৰ ঢকুৱাখানা ওলাম
দেৱ দাস
এইবাৰ
ঢকুৱাখানা ওলাম
বিহুৰ বতৰত
পাহৰিব নোৱাৰা
তোমাৰ আতিথ্য
হেপাহৰ বিহু
বৰ আশাত ওলাম অনামিকা
চাৰিকড়ীয়াৰ সৌন্দৰ্য চাম
তোমাকলৈ ম'হঘূলি চাপৰিত
কবিতা কবিতা লগা আখৰা
অনুভূতিবোৰ
পূৰঠ হ'ল চাগে
আলফুলে হাত বুলাম
সুৱাস সনা পৰ
অনামিকা
খোপাত গুজিলোৱা গগণা
বিহুৱা পেপাৰ মাত
বাৰেবৰণীয়া
ঢকুৱাখানা ওলাম
গাম নাচিম
কুলি কেতেকীয়ে ৰমলিয়াব
দুয়োৰে ওঠ ক'পি উঠিব
অনামিকা
শইচৰ চিন্তা নাই
খেতিয়কৰ
বিহু বিহুৱান
আৰু চিত বৰ ভাল।
————————————
এসোতা তেজৰ মূল্য কিমান ?
গিৰিণ বৰা
সপোনৰ বেৰ কাটি মই একেই আছো মিৰ্জা গালিৱ
তোমাৰ কবিতাৰ ছন্দত
ডেউকা কোবাই উৰি গল কাহানিবাই মোৰ উপভোগ্য ৰাতি ,
ভোজন বিলাসত মোৰ লক্ষ্যবিহীন উদাৰতা ,
ওপৰত উলংগ আকাশ
তলত ৰ'দ পোৰাৰ গোন্ধ,
সমাজত ওলমিছে এখন বিজ্ঞাপন
"মাটিৰ মূল্যতকৈ আভিজ্যাত্যৰ শ'বোৰৰ মূল্য বেছি "
বসন্ত ওলমিছে বতাহত
বুকুৰ চুবুৰীত ঢল বাগৰিছে আবেগৰ
কলং কপিলীৰ পাৰত হাজাৰটা দুখৰ সমাধি,
জগত সভালৈ নামাতিবি মোক
দুৱৰিৰ টোপালত খুচৰি আছো আইৰ হুমুনিয়াহৰ ঝংকাৰ,
সুখৰ মুকুতা হেৰুৱা বহাগত ময়োতো লক্ষ্যবিহীন নাগৰিক প্ৰাপ্তিৰ বুকুত ,
জনসমুদ্ৰত 'দা' ধোৱা পূজাৰীজনক সুধিবা এসোতা তেজতকৈ ভগৱতীৰ মূল্য কিমান বেছি !
গিৰিণ বৰা ,যোৰহাট
————————————
দুঃখৰ ওচৰত
পংকজ কুমাৰ শৰ্মা
দুঃখৰ চকুলোৱে শব্দক বাৰে বাৰে
বৰফ চেঁচা শিল কৰে
শব্দ হেজাৰ গুণে চহকী হৈও
দুঃখৰ ওচৰত ঋণী
দুঃখৰ আকাশে
এবোজা শোক লৈ ফুৰে
দুঃখত পিষ্ট জীৱন মুক,
ভাষা হেৰায়
শব্দ নিমাওমাও
চকুলোৰ মালা গাঁঠি গাঁঠি
ঘড়ীও বৰ নিনাও ।
————————————
জীৱন-পেণ্ডুলাম
নাছিৰ আহমেদ
গোৱালপাৰা
জীৱন-পেণ্ডুলাম দুলি থাকে অনবৰত জ্যামিতিক হাৰে
শৈশৱ কালৰ পৰা যৌৱন কাললৈকে,
যৌৱন কালৰ পৰা বৃদ্ধ কাললৈকে -------
সমাধান নাই জীৱনৰ জটিল অংকৰ ।
সৰুৰে পৰাই অংকত আছিলোঁ তেনেই কেঁচা :
১+১=২ হয় , তৎক্ষণাৎ লিখোঁ উত্তৰ বহীত ;
কিন্তু, ১+১= ১ৰ যুগ্ম, অযুগ্ম সংখ্যা বা
ক্ৰমশঃ একাত্মাৰ সন্ধান বিচাৰি নেপাওঁ।
জীৱন এক পাৰাপাৰহীন নদীৰ দৰে
পাওঁতে নাপাওঁতে পাৰ হয় সুদূৰ পৰাহত।
জীৱন এক জটিল বীজগণিতৰ দৰে,
গভীৰ ৰাতিৰ এন্ধাৰৰ বুকুত ভৰ দি
কাহিলি কাহিলি পুৱাৰ ৰ'দ কাচলিত জিৰণি লয় ;
ছাঁ -পোহৰৰ খেলাত মত্ত হয় !
হে জীৱন ! কিমান খেলিবা ?
আৰু কিমান খেলিবা
কবিতা কবিতা খেলা ?
সুকুমাৰ কলাৰ ৰং সানি
জীৱনক ৰূপে-ৰসে-সৌন্দৰ্যৰে বুৰাই পেলাবা ?
দক্ষ অভিনেতা, অভিনেত্ৰীৰ দৰে
অপৰূপ ৰূপেৰে নিজক সজাই তুলিবা ?
গানে গানে বুকুৰ মাজত ৰসৰ নিজৰা বোঁৱাই দিবা ?
অবুজ চকুলো মোৰ সৰি সৰি পৰে !
দুখবোৰ হ'ল মোৰ ফুলশয্যা ৰাতিৰ ৰজনীগন্ধা,
সুখবোৰ দুবৰিত নিঁয়ৰৰ মুকুতা হৈ জিলিকি থাকি
সূৰ্যৰ ৰশ্মি পালেই নিমিষতে যায় হেৰাই !
প্ৰতিটো পল আশা-নিৰাশাৰ দোলাত থাকে দুলি ,
জীৱনৰ বাটে বাটে ৰিঙিয়াই যায়
প্ৰেম-অনুৰাগ, কত মান -অভিমান !
লঠঙা গছত নেমেলে ন -কুঁহিপাত
কুলিয়ে নুজুৰে মধুৰ মিলনৰ গান !
জীৱন-পেণ্ডুলাম দুলি থাকে অনবৰত জ্যামিতিক হাৰে
শৈশৱ কালৰ পৰা যৌৱন কাললৈকে,
যৌৱন কালৰ পৰা বৃদ্ধ কাললৈকে ।
————————————
মই যে নাৰী জেতুকাবুলীয়া
অনুস্মিতা ফুকন
মোৰ জন্মৰ দিনা
ককায়ে কৈছিল-নাতিনী পালোঁ
আইতাই কৈছিল- ছোৱালীহে নেকি!
দেউতাই চকুলো লুকাই
গৰ্ব কৰি কৈছিল
ঘৰৰ লখিমী আহিল
আৰু মায়ে...
মায়ে কান্দি কান্দি কৈছিল
কিয় আহিলি অ' এই নৰকলে...!
ইমানবোৰ হা-হুমুনিয়াহৰ পিছত মই এজনী আলফুল ছোৱালী হ'লোঁ
বাঢ়ি অহা বুকুৰ ভাঁজে
মানুহৰূপী দানৱৰ পৰিচয় উলিয়ালে
দুভৰিত পিন্ধাই দিয়া ৰুণুক-জুনুক
পায়েলযোৰে
ছোৱালী জীৱনৰ যতি পেলালে ।
এতিয়া মোৰ মনৰ মাজত এখনি যুঁজ অনবৰত চলি থাকে
নাৰী বনাম মাতৃ !
লিপষ্টিকৰ আঁৰৰ ৰঙা বেদনাবোৰে
বাৰে বাৰে মোক সান্ত্বনা দিয়ে...
"তই নাৰী,তোৰ উশাহৰ পৰাই সৃষ্টি হয়
হিয়াভঙা বুকুৰ হেজাৰ কাহিনী..
মা' মা' শব্দত কাণ ভৰি উঠিলেও
মন নভৰা তই যে জীৱনৰে মাতৃ"
তেন্তে, মই কি ?
কন্যা,ছোৱালী নে এগৰাকী মাতৃ
পৰিচয়ৰ সন্ধানত ভাগি-ভাগিও
ভাঙি নপৰা
জেতুকাবুলীয়া এক নাৰী।
অনুস্মিতা ফুকন
বঙাইগাঁও
——————————————————
পঢ়ুৱৈৰ অভিমত
এখন উচ্চ মানদণ্ডৰ ই- আলোচনী ৷ গোটৰ সন্মান অক্ষুণ্ণ ৰাখিব পৰা সকলো গুণেই আলোচনী খনত বিদ্যমান ৷ আলোচনী খন পঢ়িবলৈ পাই সুখী হলোঁ।
—ড° ৰমেশ কুমাৰ কাকতি
কাৰ্যকৰী সভাপতি
অসম কাব্য কানন
————————————
সৰ্বাংগসুন্দৰ আলোচনীখন পঢ়িবলৈ পাই আপ্লুত হলোঁ।
কষ্টসাধ্য প্ৰচেষ্টাৰে আমাৰ মাজলৈ আগবঢ়াই দিয়া সম্পাদনা সমিতিলৈ আন্তৰিক ধন্যবাদ নিবেদন কৰিছোঁ ।লেখা প্ৰকাশেৰে উজ্বলি উঠা সুকবিসকললৈ অভিনন্দন জনাইছোঁ।
মোৰো ক্ষুদ্ৰ অনুভৱ এটি প্ৰকাশৰ মান্যতা পোৱাত সুখী হৈছোঁ।
জয়তু কাব্য কানন
–দীপ্তিমনি গোস্বামী
————————————
বহুত সুন্দৰ অনুভবেৰে পূৰ্ণ আলোচনী। বহুত ভাল লাগিল। আগলৈও এনেদৰে সমৃদ্ধ লেখা পঢিবলৈ বাট চাই ৰ'লোঁ।
ইৰা দেবী
ৰাংছালী, বিশ্বনাথ
————————————
পঢ়িলো আলোচনী খন । বহুত সুন্দৰ অনুভৱৰ কবিতাৰে সমৃদ্ধ হৈছে ।
–ৰঞ্জু শইকীয়া
————————————
সকলো লিখনি ইমান সুন্দৰ। ভাল লাগিল পঢ়ি।মোৰ ক্ষুদ্ৰ অনুভৱটি প্ৰকাশ পোৱাত ভাল লাগিল। ধন্যবাদ সকলোলৈকে।
–জানমণি শইকীয়া
————————————————
কবিতা
জীৱন
প্ৰদীপ চন্দ্ৰ শৰ্মা
সাগৰত দেখা জাহাজৰ দৰে
ক্ৰমশঃ অকণ অকণকে
আপোনাক দেখা পালোঁ ।
আপোনাৰ ছাঁটোৰ লগত
একো নভবাকৈয়ে মিতিৰালি হ'ল
অভিমানী কথাবোৰ
বৰ মৰমলগাকে
সময়ৰ স’তে আগবাঢ়ি গ'ল
আৰু মই আপোনাক ক্ৰমশঃ
ভাল পাবলৈ ল'লোঁ ।
পৰাজয় - অপৰাজেয়ৰ
দোমোজাৰপৰা ওলাই
আপোনাৰ চৌপাশ
নতুনকৈ দেখা পালোঁ ।
প্ৰদীপ চন্দ্ৰ শৰ্মা
লামডিং
———————————
কুলি
ড° ৰমেশ কুমাৰ কাকতি
পাহাৰতো
ভৈয়ামতো
তই গালি
সুললিত সুৰ ৷
একাকাৰ
কৰিলি
বসন্তৰ সৌৰভ
ইমান মধুৰ ৷
তই
নাহিলে
নাহে বসন্ত
নাহে বৰদৈচিলা ৷
শিপিনী
নাচনী
সকলো হৈ থাকে
তেনেই সোপাঢিলা ৷
তই
আহিলেই
কুঁহিপাত ওলাব
ৰঙিলী নাহৰৰ পাত ৷
গছ-লতা
তৰু-বন
সেউজীয়া হৈ
পেলাব বুকুত শাঁত ৷
সঁচাকৈয়ে
অমীয়া
তোৰ মাত
শুনি থাকিবলৈ মন ৷
শিপিনী
নাচনী
দুয়োৰে মন
হয় উলাহত উচাতন ৷
শিমলু
কলবোৰে
নিজকে পাহৰি
ফুলাই বুকুখন ৷
কমোৱা
তুলাহৈ
উৰি পৰি ধৰণীৰ
তুলাময় হিয়াখন ৷
ঢুলীয়াই
ঢোল
কান্ধত তুলি লৈ
কৰে ধিনচাক ধিনচাক ৷
নাচনীয়ে
পাহৰে
ভাতৰ কাঁহিকো
কোনে দিবনো হাক ৷
শিপিনী
জনীৰো
উখল মাখল মন
চকু পিৰিক-পাৰাক কৰে ৷
তাঁতশালতে
সকলো পাহৰি
বিহুনাম এফাঁকি জুৰে ৷
বিলাই
দিলিহি
একতাৰ গান
কৰি মহীয়ান ৷
সুৱদি
কণ্ঠটোৰ...
গাব পাৰ’
সুমধুৰ গান ৷
গাই যা
গাই যা
তোৰ সেই
সুৰীয়া সুৰেৰে ৷
পাতৰ
আঁৰত
লুকাই লুকাই
থাকিবি দূৰে দূৰে ৷
পৰ্বত
ভৈয়াম
কৰিলি একাকাৰ
জগালি মৰম৷
নাম ল'লি
কুলি
সুৰীয়া সুৰেৰে
মুহিলি জনম জনম ৷
ড° ৰমেশ কুমাৰ কাকতি
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ
————————————
কাইলৈৰ পৰা মই তোমাৰ হ'ম
ৰবিন কুমাৰ চেতিয়া
ধেমাজি
মেলো বুলিয়েই মেলিব পৰা হ'লে
অনুভৱৰ কজলা হাঁচতিখন
বুকুখনে কিজানি কোনোদিনে ইমানকৈ
উচপিচ্ নকৰিলেহেঁতেন
আগ বাৰিষাৰ বতৰতে
গুজিব পৰা হ'লে সাঁচতীয়া কঠিয়াখিনি
দেই পুৰা বিষাদত চাটি-ফুটি কৰি
হেঁপাহবোৰে নেকান্দিলেহেঁতেন
তুমি বিচৰাই বা নিবিচৰা
কাইলৈৰ পৰা মই তোমাৰ হ'ম
তোমাৰ জোনাকী হাঁহিৰে হাঁহিবলৈ শিকিম
জালিকটা বুকুৰ অৰুণাভ অনুৰাগত
মূৰ থৈ চটিয়াম মোৰ উদাসী তৃষা
ভাটৌবুলীয়া লাজৰ বোৱতী নিজৰাত
মেলি দিম মোৰ উশাহৰ পানচৈ
তোমাৰ বিষাদৰ একাঁজলি অশ্ৰুৰে
পুৱা গধূলি নিতৌ পখালিম মোৰ
দুখৰ মজিয়া
তুমি নক'লেও আজি শেষবাৰৰ বাবে
সকলোৱে জনাকৈ এখন
ইচ্ছাপত্ৰ লিখিম
তুমি নিবিচাৰিলেও মোৰ
সুখৰ প্ৰতিটো পল তোমাৰ নামলৈ
ৰূপান্তৰ কৰিম
কাইলৈৰ পৰা মোৰ কোনোটো কথাই
মোৰ হৈ নাথাকিব
তোমাৰ কথাবোৰো কাইলৈৰ পৰা
কেৱল তোমাৰ হৈ নাথাকিব
তোমাৰ নীলাত বিলীন হ’ব মোৰ
ধূসৰ সেউজীয়া
চন্দ্ৰাৱলী জোনাকৰ শুভ্ৰ লহৰত
ঘনে ঘনে নাচিব আমাৰ
দহিকতৰা প্ৰেমৰ উখল-মাখল নিজৰা
বহুতৰ দৰে সপোনৰ টঙি সাজি মই
তোমাৰ হ’ব নিবিচাৰো
উৰণীয়া পখীৰ ঠিকনা বিচাৰি
এদিনৰ বাবেও হাহাকাৰৰ গান
গাব নোখোজো
তুমি নাভাবিলেও কাইলৈৰ পৰা আমি
একেলগে কৰিম দুয়ো মিলি
জীৱনৰ যোগ বিয়োগ
তুমি নক'লেও দুচকুত আঁকি দিম
বৰহমথু্ৰীয়া অনুৰাগৰ সোণালী ভবিষ্যত
ভালপোৱাৰ এসাগৰ সেউজীয়া বৰষুণ হৈ
মন্দাকিনী প্ৰেমৰ জিকমিক সুবাস সানি
অবিৰাম সাঁতুৰিম মই তোমাৰ
সেন্দুৰীয়া আঁচলত
————————————
সময়ৰ প্ৰতিচ্ছবি
ৰমেন দাস
এক স্বৰ্ণিল গাথা
সময়ৰ প্ৰতিচ্ছবি
ৰোমন্থন কৰো
বোৱতী নৈখনিত
সন্তৰ্পণে ভৰি দি
জীৱনৰ আলোকিত যাত্ৰাত
এজন আশাবাদী যাত্ৰী
সন্ধিয়া উৰুলি দিছে
দেৱী সৰস্বতীৰ ৰূপেৰে
বীণখনি বাজিছে-
মধুৰ মিলনৰ সুৰ তুলি
নৱজাতকৰ আগমন বুলি
বসন্তত নাহৰ গছৰ ডালত
কপৌফুল এপাহিৰ স'তে
কোমল কুঁহিপাত
কুলি-কেতেকীৰ সুৱলা মাত
উছৱ মুখৰ পৰিৱেশত
উপজিলে এজনী পৰী
দেখাত সুন্দৰী-সুনয়নী
ম্যেলিছা প্ৰিয়দৰ্শিনী
পল বিপল কৰি
অবিৰত যাত্ৰা দূৰলৈ
কৰ্তব্যৰ পম খেদি
নিজৰ কৰ্মভূমিলৈ
মিলন মাধুৰীৰ সুবাস
মৰমেৰে বুকুতলৈ
চকুপানী টুকি যামগৈ
অলেখ সপোন ৰচি
আশাৰ বন্তি জ্বলাই
সমন্বিতে সপৰিয়ালে থাকিবলৈ ৷
( তলাবন্ধ ২.০ৰ কালত দ্বিতীয় কন্যা ম্যেলিছা প্ৰিয়দৰ্শিনী / পৰীৰ ষষ্ঠ জন্মদিনৰ স্মৃতি ৷ )
————————————
ক'লা পখীৰ মাতত
যোগেশ্বৰ লাগাচু
সেউজীয়া পাতৰ আঁৰত বহি
ক'লা পখী
শাও নে ভাও
কা কা মাতত
শংকিত মোৰ কণমানি টুনী
টুনীৰ একান্ত ইচ্ছা
পূৰ্ণিমাৰ জোনত আলোকিত হোৱা
যেনেকৈ
সূৰ্য্যলৈ মূখ থৈ হালধীয়া সূৰ্য্যমূখী
ভক্ষক ক'লা পখী নিৰ্জীৱ নির্মূল কৰি
কণমানি ঘৰচিৰিকাৰ দুভৰিত
জুনুকা পিন্ধাই যদি
ন-বসন্ত হ'বগৈ বিহগী
————————————
হৃদয়ৰ দিগবলয়ত মাথোঁ তোৰেই পৰশ
প্ৰাণ প্ৰতিমা বড়া
হৃদয়ৰ দিগবলয়ত মাথোঁ তোৰেই পৰশ
মনৰ দস্তাৱেজত তোৰেই স্বাক্ষৰ
কুজঝটিকাৰ আঁচল ফালি
কুৰুকি কুৰুকি সোমাই অহা
আশাৰ পাপৰিবোৰে
আজি আক্ষেপ কৰে,
চেৰেং বেৰেং আশাবোৰে পোখা মেলে
বগোৱা বাই যায়
হৃদয়ৰ পৰা হৃদয়লৈ!
মনৰ ভিতৰখন আজি তেনেই খৰাং
সপোনবোৰে গতি কৰে অহৰ্নিশে
সাজিব খোজে এটি পজাঁ
অতি সংগোপনে,
এসাগৰ মৰমেৰে,
আৱেগেৰে,
হৃদয়ৰ জলাৰণ্যৰ বুকুত...
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
————————————
মাজনিশা সাৰ পালে
নীলকমল চৌধুৰী
মাজনিশা সাৰ পালে
বাজি নুঠে মায়াময় গীতৰ লহৰ,
সপোনবোৰ টোপাল টোপাল হেজাৰ টোপাল বৰষুণ হৈ নামিব খোজে
আকাশী বতৰা লৈ,
তেনেতে মেঘবৰ্ণী নিলাজ হৈ উঠে
নগ্নতাৰ শিকলি ছিঙি,
যাযাবৰ ক্ষণ গণি চঞ্চল হয়
এৰি অহা নীৰৱ সময়বোৰ।
মাজনিশা সাৰ পালে
তপত চকুলো টোপালটোৱে চিঞৰি নুঠে
ভগ্ন হৃদয়ৰ দস্তাবেজ বিচাৰি !
নীলকমল চৌধুৰী বঙাইগাঁও
————————————
নাৰী মানে
ৰিঙ্কু বৰুৱা
নকৰো আৰু হিচাপ
পোৱা নোপোৱাৰ
নিদিওঁ কাকো হাঁহিৰে
উদযাপিত কৰিবলৈ
হৃদয় সঞ্চিত মৰমবোৰ লৈ।
নাৰী মানে নহয়
ভোগৰ সামগ্ৰী
নাৰী হ'ল এগছি
জ্বলন্ত অগ্নি
নিজৰ সত্তাক সংসাৰৰ
বুকুত সপি দি
হাঁহি হাঁহি পান কৰে
সংসাৰৰ তিতা, মিঠা
সকলো উপহাৰ
নিৰ্যাতিতা,ধৰ্ষিতা, আৰু আৰু শোষিতা বেশেৰে...
ৰিঙ্কু বৰুৱা
লক্ষীমপুৰ
————————————
অপেক্ষা
ফুলশ্ৰী বৰুৱা
টংলা
কোনে কয়, মোৰ হেঁপাহ নাই
কোনে কয়, মোৰ হাবিয়াহ নাই
কোনে কয়, মোৰ সপোন নাই!
হেঁপাহ আছে বাবেই থমকি ৰোৱা নাই,
হাবিয়াহ আছে বাবেই
আশা আছে,
সপোন আছে বাবেই
জীৱনো আছে ।
পিছে শুনিছোঁ–
তুমি হেনো আজিকালি ভালপোৱা
অৱগুণ্ঠিত এটা জীৱন !
ভালপোৱা,
অৱগুণ্ঠৰ তলত তুমি
নিজক লুকুৱাই ৰাখি,
নিজৰ সপোনবোৰক জলাঞ্জলি দি ।
কিন্তু, কিয় ?
তুমি ভাবিছা–
তোমাৰ জীৱনে অইনৰ অলক্ষিতে সুন্দৰকৈ গতি কৰিছে
পিছে, সকলো মিছা
ধিক্কাৰ তোমাক,
তুমি আচলতে নিজৰ পৰা
পলাই ফুৰিছা..!
মই অন্তঃকৰণেৰে বিচাৰিছোঁ,
অনুৰোধ কৰিছোঁ,
অৱগুণ্ঠ এৰা–
পোহৰমুখী হোৱা–
জীৱনটোক সঁচা অৰ্থত উপভোগ কৰিবলৈ শিকা–
সময় যে সমাগত...
মাতি আছে তোমাক সময়ে হাতবাউল দি, মাথোঁ, থপিয়াই ধৰা ।
মই অপেক্ষা কৰিছোঁ,
পূৱালী আকাশত উদিত ভাস্কৰৰ
এমুঠি সোণালী কিৰণেৰে তুমি
উজ্বলি উঠিবা,
অৱগুণ্ঠ উদঙাই এটি
মিচিকিয়া হাঁহিৰে
চৌপাশ সুৰভিত কৰিবা
যি হাঁহিয়ে পোহৰ সিঁচিব,
যি হাঁহিয়ে মনৰ হেঁপাহ- হাবিয়াহ-
সপোনবোৰৰ পূৰ্ণতা আনিব,
যি হাঁহিত ন-সপোনৰ
অঙ্কুৰণ হ'ব-অপেক্ষা
ফুলশ্ৰী বৰুৱা
টংলা
ফোনঃ ৮৬৩৮০৯৬৮৬৭
————————————
প্ৰেমিক মই
দীপাংকৰ ভূঞা
সৌ যে সুন্দৰ পাহাৰটো–
বক্ষত যাৰ সেউজীয়া ৰহণ
উশাহৰ সমল
সেই সেউজীয়াৰ
প্ৰেমিক মই !
সৌ যে বিশাল আকাশ
নীলিম সৰগ
সৃষ্টিৰ কৰ্মশালা
জোন বেলি তৰাৰ ঘৰ
সেই বিশালতাৰ
প্ৰেমিক মই !
সৌ যে সীমাহীন সাগৰ
সুগভীৰ পানী
বুকুত যাৰ
মানিক মুকুতা
সেই গভীৰতাৰ
প্ৰেমিক মই !
সৌ যে ৰাতিৰ পৃথিৱী
জোনাকী পৰুৱাৰ মেল
জিক্-মিক্ পোহৰৰ খেল
কবি আৰু কবিতাৰ চোতাল
সেই পৃথিৱীৰ
প্ৰেমিক মই !
সৌ যে গাভৰু নৈখন
পাহাৰে ভৈয়ামে
নিৰৱে বৈ আছে
নিৰবধি জলধাৰা
কঢ়িয়াই পৰিপুষ্টিৰ আকৰ
সেই নৈখনৰ
প্ৰেমিক মই !
সৌ যে মুকলি পথাৰখন
উৰ্বৰতাৰ ভঁৰাল
কৃষকৰ কৰ্মৰ থল
ভোকৰ ভাত পিয়াহৰ পানী
সেই পথাৰখনৰ
প্ৰেমিক মই !
————————————
উজান উঠা মাছবোৰ
ৰেখা বৰকটকী
মাছবোৰৰ লানি নিছিগা সোঁত
উলহে মালহে ন-পানী পাই উঠলি উঠিছে
কোৰ্হাল , তল -ওপৰ
দৌৰা দৌৰি ,খেদাখেদি মাছবোৰৰ চিৰন্তন ৰীতি
সিহঁতৰ যাত্ৰা কোন দিশে?
যৱনিকা পৰিবনে এই যাত্ৰাৰ
নে উন্মাদ হৈ পানীত তোলপাৰ লগায়ে থাকিব?
শান্তি বিচাৰি এপলক ৰ'লেই যদি নৈ খন উভতি বয়!
গৈ থকা পানীবোৰে যদি লগ এৰা দিয়ে
এই খলকনিৰ বাৰু ঊঁহ টো ক'ত?
কিহে দৌৰাইছে অবিৰাম সিহঁতক?
কি বিচাৰি হাহাকাৰ কৰা
ক্ষণস্থায়ী এই জীৱবোৰৰ জীৱন?
ইমান শকতি ইমান একতা
অতদিনে কেনেকৈ সাঁচি ৰাখিলে বাৰু
কিহৰ তাড়নাত হিলদল ভাঙি
পলাব ধৰিছে?
প্ৰতি বছৰে কি এনে সময় আহে প্ৰাণৰ বিভীষিকাৰে
সদলবলে মাৰবান্ধি ঢাপলি মেলে?
ল’ৰা- বুঢ়া ,মাক -পিতেক, অলৰ অচৰ যিবা আছে
বুকুত সাহ বান্ধি একগোট হৈ যুঁজ দিয়ে
মানুহবোৰৰ অভিসন্ধি নুবুজা সিহঁতে চেপা থুহাবোৰত অনায়াসে সোমাই পৰে
মৃত্যুয়ে অগাভেটা কৰে
হাতৰ মুঠিতে জীৱই কান্দে
জ্ঞান- বিবেক থকা মানুহবোৰে
জাগল অহালৈ অপেক্ষা কৰে
উজান আহিলেই মাছবোৰ যে
ফাণ্ডত সোমাই পৰে
ৰেখা বৰকটকী
যোৰহাট
————————————
সন্ধিয়া তোমাৰ নামত
জোনমনি বৰা
সন্ধিয়া সময়কণ
তোমাৰ নামত উৎসৰ্গা কৰি
তোমাৰ ভাবনাবোৰত তন্ময় হৈ ভাল লাগে
গধূলি গোপাল
ফুলে পদূলি শুৱায়
সুবাস ঢালে বতাহ বলাই পৰিমল ঢালি মন জোৰায়৷
মন হয় থৌকি বাথৌ উচাহত
উঠন প্ৰকৃতি বুকুলৈ নামক বা নানামক ফাগুন মোৰ মন সদায়ে
আঘোণ
আঘোণ ৷
————————————
ৰক্তিম
সুশান্ত দাস
ৰঙীন জীৱনৰ সাতোৰঙী ৰামধেনুৰ
ৰঙা মোৰ বাবে সদায়ে বিশেষ,
এক সংজ্ঞাবাহক এই ৰঙা।
ৰংচঙীয়া মনৰ ৰঙাবোৰ বৰ বিশেষ ;
এক অজ্ঞাবাহক এই ৰঙা !
প্ৰকৃতিৰ অবিচ্ছেদ্য অংগ এই ৰঙা !
প্ৰতিটো বস্তুৰ বাবে অংগ এক ৰঙা।
সূৰ্যৰ আভ্যন্তৰে ৰঙা
বাহ্যিকভাৱে দৃশ্য এই ৰঙা,
প্ৰেমৰ চিৰন্তন প্ৰতীক এই ৰঙা;
মানৱৰ সিৰে সিৰে এই ৰঙা,
শোণিতৰ বল এই ৰঙা,
অগনিৰ লেলিহান শিখা এই ৰঙা,
খঙৰ বহ্নিৰ বিৰূপত্ব এই ৰঙা,
ভয়ৰ বাহ্যিকতা এই ৰঙা,
বসন্তৰ অনুভৱ এই ৰঙা,
মাধুৰ্য্যতাৰ অনন্যৰ অন্য ৰঙা,
জীৱনত যেন ৰক্তিম
আদৰৰ এক সম্পদ,
জীৱৰ প্ৰাণময় শৰীৰৰ
সত্তা এই ৰঙা।
মাথোঁ জীৱনৰ কিছু ক্ষণত
নিবিচাৰোঁ এই ৰঙা !
ৰঙাৰ ৰক্তিমতাৰ বাবেইতো এই ৰঙা প্ৰিয় !
ৰঙচুৱা দাগবোৰতো দুখৰ প্ৰতীকি ৰূপ,
ৰক্তিমেই সেই ৰং
যিয়ে জীৱন সূৰুযৰ অস্ত যোৱাটো সূচায়,
মৃত্যু মানেই ৰঙৰ অন্ত
মৃত্যু মানেই ৰঙাৰ অস্ত।
মনৰ অনুভৱবোৰে মাথোঁ এটাই কথা কয় !
ৰক্তিম বুলিলেই ব্যাপক অৰ্থ !...
সুশান্ত দাস
শিৱসাগৰ
————————————
আকৌ সূৰ্য্য উঠিব বিৰাট
ৰাজীৱ দত্ত
আকৌ সূৰ্য্য উঠিব বিৰাট
আঁতৰি যাব এন্ধাৰৰ
ভয় লগা ঘণঘোৰ বিষাদ !
পূৱাকাশত আশাৰ সম্ভাৱনা লৈ
ভূমুকি মাৰিব
ৰঙা ন-সূৰুযে ৷
নাচি উঠিব সমস্ত জগত
ম্ৰিয়মান যত জীৱ ৷
ভয় আৰু হতাশাত ত্ৰস্ত
মূক মানুহৰ মুখত
বিৰিঙিব আশ্বস্তৰ
নিৰ্মেঘ হাঁহি ৷
যেন ক্ষনিকতে পুস্পিত
ফুলৰ অকুঞ্ছিত পাঁহি ৷
ৰ’দ আৰু বতাহতো
হালে জালে পাখিলাহি
এন্ধাৰৰ বিভীষিকা
আছে বাৱেইতো
আছে পোহৰৰ চিৰ আঁকুতি ৷
ভয়াৰ্ত দিনৰ অভিজ্ঞতা
আছে কাৰনেইতো
আছে বাঞ্চিত মুক্তিৰ প্ৰতীক্ষা ৷
যি মুক্তিয়ে তুলি ধৰিব
নিঃস্ব ,মূক, শোষিত ,লাঞ্চিত ,প্ৰৱঞ্চিত
মানুহৰ ৰঙা পতাকাখনি৷
আকৌ উঠিব সূৰ্য্য বিৰাট
নাথাকিব ধুমুহাৰ
তাল ফাল লগোৱা তাণ্ডৱ।
নাথাকিব ধুমকেতু ,পপীয়া তৰা
থাকিব মাত্ৰ আকাশ উজলাই ৰখা
পোহৰৰ অজস্ৰ ফোঁৱাৰা ৷
সেইদিনটোলৈ মাত্ৰ
কৰিব লাগিবঅপেক্ষা
ধৈৰ্য্য আৰু সাহসৰ
গাণ্ডীৱখন লৈ ,
মাত্ৰ সেইদিনটোলৈ ৷
আকৌ উঠিব সূৰ্য্য বিৰাট৷
ৰাজীৱ দত্ত
চামতা
————————————
হাঁহিব ভোক
ইকবাল হোচেইন খান
এদিন পৃথিৱীখন নব্য সাম্যবাদৰ হ'ব
জয় হ'ব মানুহৰ
আকাশে-বতাহে উৰিব প্ৰগতিৰ পতাকা
কৰ্মৰ পতাকা
সকলোৱে প্ৰাপ্তিৰে জীৱন জিনিব
হাঁহিব ভোক
দায়ৱদ্ধতাৰ খোজ ।
এনেকৈয়ে গঢ়ক চোন
নব্য পৃথিৱী মানুহৰ পৃথিৱী
য'ত অপ্ৰাপ্তিৰ হাহাকাৰ ভেদি মানুহে গাব মানুহৰ গান
বেদনাবোৰ নিলাম হ'ব
সেউজ সেউজ সপোন ।
অভাৱৰ বাবেই ধ্বংস হওক
পুঁজিবাদ-সাম্যবাদৰ অহংকাৰ
জয়গান হ'ব মানুহৰ
উন্মুক্ত হৈ থাকিব শান্তিৰ বাতাবৰণ
ন ন চিন্তাৰে নব্য ৰূপত প্ৰতিষ্ঠা হ'ব মানুহৰ সমাজ ধৰ্মনিৰপেক্ষতাৰ সমাজ
তাতে প্ৰাপ্তিৰ কথাই হ'ব মূল কথা
জীৱনৰ কথাই হ'ব কবিতাৰ কথা।
কবিতা মানুহৰ জীৱন হ'ব
হৃদয়ে বৈ থাকিব মানৱতাৰ কথা
তেতিয়াই পৃথিৱীখন হ'ব নব্য সাম্যবাদৰ
সেয়াই শান্তি সম্ভৱা মানৱ সমাজ
দিনবোৰ মানুহৰ হ'ব আৰু সংকীৰ্ণতাবোৰ ফালি পেলাব
আগবাঢ়ি যাব সময় সমন্বয়ৰ গান গাই গাই ।
ইকবাল হোচেইন খান
খন্দকাৰ পাৰা,বৰপেটা
————————————
বিৰহী আকাশ
দিপ্তী মনি গোস্বামী
সাতোৰঙী পাখি মেলা
নীলাভ জেউতিবোৰ
যেতিয়া জোনৰ আকাশলৈ যায়,
আনন্দৰ মদিৰাৰ স’তে
বিষাদৰ ঢৌ কিছুমানেও
মন উপকূলত আবেশ সানি যায় ।
দিনমণিৰ জোনাকত
ফৰিং চিটিকোৱা পাহিবোৰ
বসন্তৰ গীত নোগোৱাকৈয়ে
ভৰপূৰ সুগন্ধি লৈয়েই
অজান দেশত টোপনি যায় ।
হৃদয়খনে বিৰহত দপদপায়
জোনাক নহাৰ বাটেৰে গৈ
হাটিপতিৰ চোতালত
এচপৰা নীলা আকাশ বিচাৰি
বৰঘৰত থাপিবলৈ মন যায়!
দিপ্তী মনি গোস্বামী
লখিমপুৰ (লালুক)
——————————
আভা
ৰাহুল কোঁৱৰ
নৈ পৰিয়া বাটে বাটে
জোলোঙা কান্ধতে
মই বৈৰাগী বহু দূৰত্ব
পেট পূজাৰ কাৰণে কৰিছোঁ শস্য আয়ত্ব
নুবুজে বৈৰাগী মহত্ব
দিকচৌ ৰাস্তা-ঘাট ফুৰিলোঁ
বনৰ গুটিমালী নহ'লো
কুন্দত কটা হৈ আহিলোঁ।
নল,বিৰিণা হালে জালে
ইকৰা,খাগৰি ফুলে
আটোম-টোকাৰি বীণৰ গুণা ছিগা
হেৰা নাৱৰীয়া কাষে চপাই দিয়া
তোমাৰ টুলুঙা নাওঁ
সৌ চিৰিং চাপৰিত যাওঁ
চাপৰি বনতে এই বৈৰাগী উৰুখা পঁজা
তাতে অনুভূতিক জিৰাওঁ।
বনৰ পশু-পখি মোৰ সঙ্গীনী
গাত গেৰুৱা চোলা
প্ৰিয় হৰিণী বাৰুকৈ থগিলা
বৈৰাগী ভেশতে চোৱা
ধতুৱাও খালো বিহগুটিও খালোঁ
অজীন পাতকী হ'লোঁ
কমল ফুল পাহী কাষতে নাপালোঁ
নৈপৰীয়া বাটে বাটে
জোলোঙা কান্ধতে আৰি
ব্ৰক্ষ্মচাৰী জীৱন কটাইছোঁ।
নৈপৰীয়া বাটে বাটে
জোলোঙা কান্ধতে
মই বৈৰাগী বহু দূৰত্ব
নল,বিৰিণা হালে জালে
বনৰ পশু-পখি মোৰ সঙ্গীনী হৈ আছে
ব্ৰক্ষ্মাচাৰী জীৱন এইয়াই যুগ্ম।
ৰাহুল কোঁৱৰ
তিনিচুকীয়া জিলা
ফোন:৯৬৭৮৯৭২৯৬৭
———————————————
মানুহ আৰু মাটি
এ আমান
মানুহবোৰ মাটিৰ দৰে
নানা ৰং ৰূপ কামৰ
মাটি স্বদেশী আৰু বিদেশী হোৱাৰ দৰে
মানুহো আছে পৰ বা স্বজন
কোনো মাটিত আছে মন্দিৰ মছজিদ
কোনো মাটিত শৌচালয়-বেশ্যালয়
কোনো মাটিত আছে গগনচুম্বী মিনাৰ
কোনো মাটিত ঔষোধালয়
মানুহো আছে হৰেক :
কোনো ধাৰ্মিক,কোনো পাপী
কোনো নষ্ট,কোনো সজ
কোনো সৃষ্টিশীল কোনো ধ্বংসমুখী
কোনোবা উত্তম উন্নতশিৰ
কোনোবা মধ্যম
কোনোবা অধম নতশিৰ
কোনো আছে প্ৰশংসিত
কোনোবা লাঞ্চিত
কোনোবা প্ৰাপ্তিৰ শিখৰত
কোনোবা নি:কিন বঞ্চিত
ছন পৰা পতিত মাটিৰ দৰে
সোৰোপা মানুহো আছে ঢেৰ
উৰ্বৰ পলসুৱা মাটিৰ দৰে
গুণৱন্ত স্বজ্জনো আছে বৰ
উৰ্বৰ উপযোগী মাটিৰ দৰে হোৱাই ভাল
উপাসনা উপকাৰ সজ কামত লগা
শৌচালয় বেশ্যালয়ৰ দৰে
নহয় যেন জীৱন
অভিশপ্ত পয়ালগা।
0 Comments