———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
ফেচবুক সাহিত্য চৰ্চাৰ সাম্প্ৰতিক ঘটনাৰাজিয়ে যথেষ্ট উদ্বিগ্ন কৰি তুলিছে। সাহিত্য চৰ্চাৰ সামাজিক মাধ্যমৰ এই ধাৰাটোলৈ হঠাতে বহু পৰিবৰ্তন আহিল। ২০১৫-২০১৬ চনত অসমতো ফেচবুকৰ সৎ ব্যৱহাৰ কৰি সাহিত্য চৰ্চাৰ গোট কেইটামানৰ জন্ম হৈছিল। মূলতঃ কবিতা কেন্দ্ৰীক। সেই গোটবোৰৰ জৰিয়তে নবীন -প্ৰবীণ সকলোৱে কাব্যচৰ্চা কৰিবলৈ ল’লে। সমগ্ৰ অসম জুৰি এক সুস্থ কাব্যিক পৰিৱেশ গঢ়ি উঠিল।গভীৰ কাব্য সাধনাত বৰ্তী সকলে কম দিনৰ ভিতৰতে এই ফেচবুক ব্যৱহাৰ কৰি নিজাকৈ পৰিচিতি পাবলৈ সক্ষম হ’ল। তেখেতসকলৰ কবিতা ,মান্য কাকত আলোচনীত প্ৰকাশ পাব ধৰিলে। লাহে লাহে গোটবোৰৰ সংখ্যায়ো শতকৰ ঘৰ চুলে।
কবি সন্মিলনবোৰৰ সংখ্যা বাঢ়িব ধৰিলে।কবিৰ সংখ্যা আশাতীত ভাবে বাঢ়িব ধৰিলে।কিন্তু পাঠকৰ সংখ্যা তীব্ৰগতিত কমি গ’ল।
বৰ্তমান অসমত কবিয়ে কবি।কিন্তু পাঠক সেই অনুপাতে তেনেই নগন্য।
নিতৌ নতুন নতুন গোটৰ জন্ম হৈ আছে । নতুন নতুন কাব্য সন্মানৰে বিভূষিত কৰা হৈছে। নতুনকৈ কাব্যচৰ্চাকাৰী সকলকো বিভিন্ন বঁটাৰে বিভূষিত কৰা হ’ল। নবীনসকলৰ বেছিসংখ্যকে বঁটা বাহনৰ পাছত দৌৰিবলৈ লাগিল। সাহিত্য জগতত প্ৰতিষ্ঠাৰ বাবে প্ৰশংসাৰ প্ৰয়োজন,কিন্তু অত্যধিক তোষামোদে যথেষ্ট ক্ষতি কৰাহে দেখা যায়। আমি সকলোৱে জনপ্ৰিয়তা বিচোৰো,স্বীকৃতি বিচাৰো।এয়া ধ্ৰুৱ সত্য। কিন্তু চৰ্চা,সাধনা ,
অধ্যয়নৰ অবিহনে সস্তীয়া জনপ্ৰিয়তাৰ পাছত দৌৰাতো অনুচিত। ভাল কামৰ স্বীকৃতি এদিন নহয় এদিন পোৱা যাবই।
সেয়ে ডিজিটেল মাধ্যমক অপপ্ৰয়োগ কৰি সস্তীয়া জনপ্ৰিয়তাৰ ধামখুমীয়াত উটি নগৈ,একাগ্ৰতা,
নিষ্ঠা,অধ্যয়নৰ জৰিয়তে সাহিত্য সাধনাত ব্ৰতী হৈ থকাটোহে শ্ৰেয়।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————
আত্ম-বিবৃতি (এক)
উদয় কুমাৰ শৰ্মা
সৃষ্টিৰ বিশিষ্টতাই এগৰাকী লেখকক 'বিশিষ্ট লেখক' কৰে, নে বিশিষ্ট আলোচনী আৰু সম্পাদিত গ্ৰন্থসমূহত তেওঁৰ লেখা ছপা হ'বলৈ ল'লেই -- তেওঁ নিজে নিজেই 'বিশিষ্ট' হৈ পৰে ?
শঙ্কৰদেৱক 'বিশিষ্ট লেখক' বোলা নহয়। অথচ, তেখেত -- অসমবাসীৰ প্ৰাণে প্ৰাণে (পৃথিৱীৰে এগৰাকী মহাপুৰুষ)।
তেখেতক বঁটাৰ প্ৰয়োজনেইবা কি! এতিয়া, শঙ্কৰদেৱৰ নামত বহুমূলীয়া বঁটা আগবঢ়োৱা হয়।
———————————————————
অনুবাদ কবিতা
Its Own Reward
Kurt Phillip Behm
Bangkok, Thailand
Life,
forever promising more
Death
—its own reward
এয়া স্ব-পুৰস্কাৰ
মূলঃ কার্ট ফিলিপ বেহম
ব্যাংকক, থাইল্যান্ড
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
জীৱন,
সৰ্বকালেই প্ৰতিশ্ৰুতিহে বিচাৰে
মৃত্যু
-এটি স্ব-পুৰস্কাৰ
————————————
কবিতা
সোণাৰুৰ বতৰ
সঞ্চিতা বৰা
দুপৰৰ ৰিঙটোৰ সমুখত অগাদেৱা
চমকা চমক হালধীয়া
পানী গাভৰুজনীয়ে
বাগৰটো সলাওতেই
বুকুৰ কাপোৰ খহিলেও
পাহিবোৰেচোন
লিপিট খায় ধৰিলেহি
সুহুৰি এটাই বাট কাটি কাটি
চিৰিলা চিৰিল কৰিলে
পাতবোৰও
————————————
লীলাৱতী
অৰ্চনা ঠাকুৰীয়া
চকুৰ বৰফবোৰ এদিন গলিল
পোৰা বেঙেনাৰ বাকলিৰ দৰে মোচৰ খোৱা হিয়াখনিত
বিন্দু বিন্দু ঘামৰ বাখৰ
জলঘড়ীত নিৰ্ণিত হয় লীলাৱতীৰ ভাগ্য
গণিতবোৰ নুবুজা শব্দ
সকলো শব্দই সংগীত
সংগীতৰ ৰং আকৌ নীলা
সেই নীলা সৃষ্টিৰো আকৰ
তেওঁ সাৰ পায়
খুলি যায় মন-মগজুৰ দুৰ্দান্ত শিকলি
চিঞৰি চিঞৰি মাতে আকাশক -বতাহক
হৃদয়ৰ ৰুদ্ধ সোপান মেল খায়
ভাগ্যই কেতিয়াও জাগ্ৰত স্বপ্নৰ সমাধি নিৰ্ণয় নকৰে
সেই কথা বুজাই বুজে
চিন্তাবোৰ আকাশ
আকাশত ভাস্বত ভাস্কৰ
আকাশখন দুভাগ হ'ল
এফালে গণিত
আনফালে সংগীত
মাজত আনন্দৰ লহৰ...
বি :দ্ৰ: লীলাৱতী বৈদিক যুগৰ বিখ্যাত গণিতজ্ঞ ভাস্কৰাচাৰ্যৰ কন্যা। তেওঁৰ বিৰচিত গণিতৰ পুথিখনৰ নাম 'লীলাৱতী' যিখন তেওঁ নিজ কন্যাৰ নামত উৎসৰ্গা কৰিছিল।
————————————
এদিন উভতি আহিব সময়
সীমা গগৈ
হেৰাই যোৱা সময়ৰো থাকে
একোটা অকপট স্বীকাৰোক্তি
ইতিহাস খুঁচৰি ফুৰোঁতে
কোনে কাক কবৰ দি যায়..
কত কথা কয় দূৰৈৰ আকাশে
কত কথা কয় এই মাটিয়ে
কথাৰ নদীত উটি যায় প্ৰপঞ্চ সময়
গোলাপৰ পাপৰিৰ দৰে সৰি পৰা কিছু ক্ষণ এতিয়াও যেন কʼৰবাত জীপ লৈ আছে..
বন্ধ কোঠালিত আবদ্ধ বায়ু অথবা জীৱনৰ সাদৃশ্য বিচাৰি ধপলিয়াই ফুৰে
একোটা সাঁথৰ
এজনৰ পৰা আন এজনলৈ
আমি সাৰে আছোঁ নে শুই আছোঁ..
এই কথা কিমান যে পুৰণি !
বʼলা বিচাৰি আনোগৈ
এটি হাঁহি
অলপ ভালপোৱা
আৰু
বিশ্বাসৰ এখনি হাত ।
————————————
চম্পাৱতী অ'
গায়ত্ৰী দেৱী বৰঠাকুৰ
চম্পাৱতী তই
বতা চৰাইক আৰু
দিবলৈ নাযাবি
গোটকৰাই
আৰু নাযাবি
ৰখিবলৈ পিতাইৰ
পথাৰত
সোণালী ধান
চম্পাৱতী অ'
এইবেলি মাহী আয়ে
আৰু কাঢ়িব নোৱাৰে
তোৰ বুকুৰ গোপন সুৰসুৰণি
আৰু তোৰ এধানি সুখকণ
হুৰাই দে চম্পাৱতী
হুৰাই দে
তোৰ লুণীয়া এন্ধাৰ
নূপুৰ পিন্ধোৱা
দুভৰিৰ খচমচনিত
জী থাকক
তোৰ পথৰুৱা লাজ...
গায়ত্ৰী দেৱী বৰঠাকুৰ তেজপুৰ
শোণিতপুৰ--784001
8822943064
————————————
খোলা
কৃষ্টিঞ্জয় বৰা
সূৰ্যোদয় চোৱাৰ মোহত
পশ্চিমৰ খিৰিকীখন খুলি
প্ৰতিটো পুৱাতে থাকোঁ জুমি
ই লাহে-লাহে মোৰ বাবে
এটা খোলা হৈ পৰিছে
য'ৰ পৰা ওলাব নোখোজা হলোঁ
মই যে পশ্চিমৰ খিৰিকী মুখত বহি বহিও
এদিনো সূৰ্যোদয় দেখা নাই
দোষ কি মোৰ নেকি ?
দোষ সূৰ্যটোৰ
দোষ আকাশৰ
দোষ খিৰিকীৰ
চুবুৰিয়ে চুবুৰিয়ে কথাই থোৰ মেলে
মই হেনো সকলো আত্মসাৎ কৰিলোঁ
মিছা...
মই কাহানিও দোষ বোৰ আত্মসাৎ কৰা নাই
আনকে বিলাই ফুৰিছোঁ
সেইবাবেইটো মই খোলাৰ মাজত
সোমাই পৰিছোঁ।
কৃষ্টিঞ্জয় বৰা
নমাটি,নগাঁও।
————————————
অঘৰী-ৰাতি
দাদুল ভূঞা
জ্বলি থকা আগ্নেয়গিৰিৰ পৰা
নিগৰি অহা লাভা
মাটি পোৰা গোন্ধ
শেঁতা পৰা চকুত সাগৰ-সমুদ্ৰ
থৰ-থৰকৈ কঁপি উঠা পৃথিৱী
দেওলগা ৰাতি
কি আছিল কি নাছিল
সকলো ঘূৰণীয়া বৃত্ত
ব্যাসাৰ্ধত দীঘলীয়া
সপোন ৰেখা
জুইফুলৰ আঙনিত স্তিমিত
বেলিফুলৰ হাঁহি
গেজেপনিত জিৰিক জিৰিক
সৰাপাতৰ খৰমৰণি
উচ্ছেদ অভিযানত
অঘৰী-ৰাতি
নিৰ্জনতাৰ দুৱাৰডলিত
কোনে টুকুৰিয়ালে
টক্-টক্ টক্-টক্
বনৰীয়া বতাহত পৰ দি
উৰি থাকিল
সেউতীৰ দীঘলীয়া ৰাতি
****
ঠিকনা
দাদুল ভূঞা
গহপুৰ, মাগনি, বিশ্বনাথ, পিন-৭৮৪১৬৮
ফোনঃ- ৯৮৫৯২৮৯৩২৫
————————————
কথা
ভাৰতী চক্ৰৱৰ্তী
কথাই কথা কয়
কথাই গতি লয়
কথাৰ বতাহত গুচি যায় কথা
মাটি -পানী ভোকৰ কথাত
উজাই আহে বুকুৰ বেথা
কথাবোৰ হৈ পৰে
পাখি ভঙা ধুমুহা
কথাৰ বতাহত উটি যাই সুখ
নিচুকাই কলিজা কথাই ধুই নিয়ে দুখ
কথাই বঢ়াই বুকুৰ ঘা
কথাত হালে- জালে
সোৱঁৰণিৰ ছাঁ।
————————————
হাতবোৰ নাই...মাতবোৰো...
ইলামণি শইকীয়া
হাতবোৰ ক’ত গ’ল
বোকাৰ পদুম তুলি অনা হাতবোৰ
মাতবোৰ ক’ত গ’ল
পিয়ন এৰা দামুৰিবোৰ ঘূৰাই আনিব পৰা মাতবোৰ
নিভাঁজ মানুহবোৰ ক’ত গ’ল
আধুনিক জীৱনৰ
চিন্তন-মননৰ ভাঁজবোৰ পোনাই দিব পৰা নিভাঁজ মানুহবোৰ
বুদ্ধ বতাহজাক এতিয়া বলা নাই ইয়াত
নিমখৰ বেৰাখন বিচাৰি ঘূৰ্মুটিয়াই ফুৰা নাই
বিভ্ৰান্ত পৰ্যটকৰ উদভ্ৰান্ত খোজবোৰ
ক’ত গ’ল বুকুৰ ভিতৰৰ মাত বিচাৰি ফুৰা মাতবোৰ
ক’ত গ’ল
গৈ থাকিব পৰা বাটবোৰ
ক’ত গ’ল উভতি অহাৰ কথা দিয়া খোজবোৰ...
আমাৰ বাবে হাত নাই,মাত নাই,বাট নাই,খোজ নাই
সকলো শূন্যতাই সকলো পূৰ্ণতাৰ আচল আৰম্ভণি
আমাৰ হাতেই আশ্বাসৰ প্ৰথমটো মুঠি হওক
আমাৰ মাতেই প্ৰথম মাতৰ আবাহন হওক
আমি যোৱা বাটেই পথিকৃতৰ প্ৰথমটো খোজ হওক
আমিয়েই হও আহা
সকলো শূন্যাতাৰ পূৰ্ণৰাম্ভ।
————————————
মৌসনা মিঠা মাতে তেওঁ যে মা
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
সুন্দৰ সৌন্দৰ্য,
যেন বাৰৰঙী বৰফ!
গলি-পমি যায় জানিয়ে
প্ৰাপ্তিৰ বাসনাত কান্দিছিলোঁ৷
সৰিয়সফুলিয়া খেতিডৰাত
ৰহঘৰা চম্ভালি ৰ’দে দহা
এগৰাকী কৰ্মৰত মহিলা৷
হাতোৰাৰ চেপনক একাষৰীয়া কৰি
তাই শস্য চপোৱাৰ থুম্ৰি গায়৷
উত্তৰ-পশ্চিমা বায়ুৰ দুষ্টালিয়ে
তাইৰ সপোনৰ জালখন
ফালি-চিৰি পেলায়৷
তলসৰা সোণাৰুৰ জাবৰিৰে
হিয়াৰ কোঁহ পুৰ হয়৷
হিয়ালি-জিয়ালি বৃষ্টিধাৰাত উটি আহে
মন মতলীয়া কৰিব পৰা বিভিন্ন প্ৰতিশ্ৰুতি৷
আকৌ ঠন ধৰি উঠি
সিংহগৰ্জনেৰে হাওৰণী দি উঠে৷
হয়তো আজি ক’ব খোজে যে,
যুগে যুগে সৃষ্টিৰ আধাৰ তাই-
এটি মৌসনা মিঠা মাতে-
মা!
মা!
মা!
————————————
সময়ৰ আঘাত
ড° ৰমেশ কুমাৰ কাকতি
কলমলাই থকা পেটেৰেই
পাৰ হৈছিল
সমগ্ৰ ৰজনী ৷
পাকস্থলীত ভাহিছিল
যন্ত্ৰণাকাতৰ
এটি বিননি ৷
অজান পক্ষীৰ
বুকুভঙা কান্দোনত
ৰাতিটো গভীৰ হৈছিল ৷
অলস দেহাটোৰ
নিদ্ৰাবিহীন যন্ত্ৰণাত
পুৱাটোৱে সাৰ পাইছিল৷
সূৰ্যোদয়ে আকাশ
পোহৰাই তুলিলেও
দুচকুত অন্ধকাৰ নামিছিল।
চৌকাত নাছিল জুই
পেটত জুইকুৰা
দপদপকৈ জ্বলিছিল ৷
বেৰৰ জলঙাইদি
এচাটি ৰ’দৰ আচোৰে
বুকুখন শালি ধৰিছিল ৷
আৰু তেতিয়াই
পিতাই চকুহাললৈ
বৰকৈ মনত পৰিছিল ৷
কাৰণ...
পিতাই দুহাতত
এমুঠি শইচ গজিছিল ৷
ককালৰ গামোচাখনে
ৰ’দেপুৰা পিতাই দেহৰ
ঘামবোৰ বাৰে বাৰে মচিছিল ৷
পিতাই দুখবোৰ
লগনি হৈ জ্বলিছিল
দুবেলা দুসাঁজ ৰান্ধিছিল ৷
মোৰ দুহাতত
এমুঠি সুখৰ সন্ধানৰ
পিতায়ে সপোন ৰঁচিছিল ৷
বেৰৰ জলঙাৰে
সৰকা ৰ’দৰ আঁচোৰে
তাচ্ছিল্যৰ হাঁহি মাৰিছিল ৷
মোৰ দুহাতেৰে
এমুঠি বতাহক
দুখতে আকোঁৱালিছিল ৷
ড° ৰমেশ কুমাৰ কাকতি
উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ
————————————
মইজনী
(নাৰী দিৱসৰ শুভেচ্ছাৰে )
গিৰিণ চন্দ্ৰ বৰা
কাগজৰ নাও,কাঠৰ নাৱৰ
পাৰ্থক্য বুজিব পৰা দিনাই
বুজি পালো
মই যে ডাঙৰ হ'লোঁ ...
নিজৰ মাজতেই নিজেই হেৰাই
যোৱাৰ দিনাই জানিলো
মই গাভৰু হ'লোঁ...
যিদিনাই ''সংসাৰ''' নামৰ এটা
আবেষ্টনিত সোমাই
দুটা হাত প্ৰসাৰিত কৰিবলৈ
কাৰোবাৰ আদেশ ল'বলগা হ'ল
সেইদিনাই গম পালো
মই বোৱাৰী হ'লোঁ...
দুটা চকুৱে যেতিয়া
সকলো সময়তে
মোৰ প্ৰতিটো খোজৰ
হিচাপ ৰখা হ'ল
সেইদিনাই গম পালো
সচাকৈয়ে মইজনী
ক'ৰবাত --
কেতিয়াবাই হেৰাই গ'লোঁ।
————————————
যুদ্ধ
সান্তনা শইকীয়া দত্ত
মাটি সদায় সমানেই থাকে
বঢ়া-টুটা নহয়।
মাটিৰ ওপৰতে থাকে
সমস্ত জীৱ।
সেউজীয়াৰ সমাহাৰ ,
নদী , পাহাৰ, শিল-বালি।
যিমান প্ৰয়োজন সিমান আহৰণ
সমস্ত জীৱৰ এয়াই কাৰণ
মাথোন ব্যতিক্ৰম
মূৰ থকা বুলি জহাই ফুৰা মানুহ ।
আৰু অলপ ...
আৰু অলপ গোটোৱাৰ পৰিক্ৰমাত
এদিন মৃতদেহ হয়।
মাটিয়ে মিচিকিয়াই
আচলতে মানুহক বুজোৱাৰ ধৃষ্টতা কাৰোৰে নাই
সমস্ত পৃথিৱীৰ
সমস্ত জীৱৰ
আটাইতকৈ মূৰ্খ
বিবেকহীন জীৱ
মানুহ।
————————————
সম্পৰ্ক
চয়নিকা ভূঞা
আপোনাৰ পৰা মোলৈ
প্ৰতিদিনে চলি থাকে
এখন এৰাব নোৱাৰা অনুশীলন
এটা দীঘলীয়া কুচকাৱাজ
বিষয়বস্তু এটাই
ভালে ৰখা
ভালে থকা
এফালে
খোৱা-কামোৰা
নিজক লৈ
সুখক লৈ
আনহাতে
দিন যায়
অনুশীলনৰো সময় বাঢ়ে
সময় নাবাঢ়ে জীৱনৰ
সকলো ব্যস্ত
সকলো পাৰ্গত
জীৱন গঢ়াত
জীৱন জীনাত
কিন্তু
আপোনাৰ পৰা মোলৈ
এতিয়াও
বহু যোজন বাট
অনুশীলনৰ উপৰি অনুশীলন
অথচ
সিপাৰে
আজিও অবহেলিত
আপোনাৰ মোৰ
অসুখী জীৱন ৷
————————————
এক সম্যক ধাৰণা
কনচেং বৰগোহাঁই
জীৱন মানেই এক দূৰণিবটীয়া পথ
অজানা দুখৰ গলি
গলিৰ শেষত আমৃত্যু প্রেমৰ বন্যা
দুখ:জনক ভাৱে..
জন্ম আৰু মৃত্যুৰ মাজৰ পথছোৱাত
গর্ব সর্বস্ব এটা মই আৰু
মই-য়ে ভালপোৱা কিছুমান আপদীয়া শব্দ
যাৰ বাবে জীৱনে ৰং হেৰুৱায়
জীৱন মানে কি-
মৃত্যুৱেই যাৰ দুখৰ শেষ বিন্দু ?
জীৱন এটা অবৈজ্ঞানিক ফিল’চ’ফিকেল ধাৰণা হব নোৱাৰে
জীৱন-
আজিৰ ৰঙৰ সমাহাৰে অংকিত আৰু
অ’ত ত’ত পৰি ৰোৱা
অতীতৰ কিছু আঁক-বাঁকেৰে গঁথা,
ভবিষ্যতৰ এক ক’লাজ ৷
জীৱন এক প্ৰতিধ্বনি
হৃদয় সৃষ্ট প্ৰতিটো
শব্দ, কথা আৰু কামৰ আনকি
প্ৰেম, দয়া, ক্ষমা, সচাঁ-মিছা সকলো উভতি আহে
এক উপলব্ধি হৈ,
অপ্রতিৰোধ্য নির্বাক সত্য-বাস্তৱ
অবিসম্বাদী সত্যত জীৱন কাঠামো
উদ্দেশ্য প্রণোদিত এক সৰলৰৈখিক যাত্ৰা
বাটৰুৱা উপপাদ্যবোৰ জীৱনৰ পূৰঠ পূৰক ।
বিশ্বাস আৰু প্রেমেৰে
অন্বেষণ কৰা হৃদয় যাত্ৰা,
তাতো যদি অপাৰগ
এটি প্রার্থনা নিশ্চয় সম্ভৱ..
এটা জোনাকী পথ তোমালৈ বুলি…
————————————
নীলপদ্ম
দিলাল আহমেদ
কেতিয়া বাৰু শেষ পত্ৰ লিখিছিলো আমি
পয়ত্ৰিশ নে চল্লিছ বছৰ পূৰ্বে মানসী?
এতিয়া মই অপেক্ষাৰত অকলশৰে
আবেলিয়ে কেৱল দায় সজায়
বিৰহী ডাকবাকচৰ স’তে৷
নিতৌ সন্ধিয়া তুমি শুনাইছিলা ফুলৰ সাধু৷
নিশাৰ ফুল আৰু তাৰ গোন্ধময়তাৰ কথা
পূৱাৰ ফুল ও তাৰ বৰ্ণময়তাৰ মালিতা৷
ৰঙা-নীলা-হালধীয়া গোলাপৰ কথা
অথবা বতাহত ভাহি ফুৰা পদ্মৰেণুৰ বেথা৷
অলস ৰাতি জাগ্ৰত ঝুমুৰৰ কথা,
অথবা, লোকগীতৰ সুৰত থমকি ৰোৱা জোনৰ মুগ্ধতা৷
শৰতৰ তলসৰা শেৱালি
শুকুলা আৱেশে সজাইছিল
আমাৰ হেঁপাহৰ পদূলি৷
নৈ পৰীয়া কহুঁৱাই আনিছিল প্ৰেমৰ বতৰা
শৰতৰ বা’ লাগি উথলি উঠিছিল প্ৰেমালু হিয়া৷
এতিয়া, ধুুমুহা থমকি মৌন পৃথিৱী
আকাশ আৱৰিছে ডাৱৰে আজি৷
তীৰ্যক বতাহত কঁপিছে আলসুৱা ঘৰ
চোতালত ৰাধাচূড়া কিংবা বকুল
একোৱেই নাই, দিলৱৰ ৷
কেতিয়া যেন শেষ পত্ৰালাপ কৰিছিলো আমি?
আজি আৰু মনত নপৰে দেখোন!
এতিয়া হোৱাটচএপত দুই এটা
স্মাইলি মাথোন৷
দিলাল আহমেদ
ভ্ৰাম্যভাষ ৯৪৩৫২০৯৫০৪
————————————
বিপক্ষে
(দুৰ্দিনত শব্দৰ কচৰৎ)
এ আমান
আমি যুদ্ধৰ পক্ষত নাই
যুদ্ধত উচটনি দিয়াজনৰ পক্ষতো নাই
শান্তিৰ কথা কৈ অশান্তি কৰা জন,
সন্ত্ৰাস দমনৰ নামত সন্ত্ৰাস চলোৱা জনৰ পক্ষতো আমি নাই
এতিয়া কান্দি থকাজনে এসময়ত হাঁহিছিল
মানুহৰ দুখ আৰু উচুপনিক ইতিকিং কৰিছিল
বিশ্বাসৰ নামত কঁচাই সকলক উৎসাহ যোগাইছিল
এতিয়া বাৰুদৰ কোবত বুজিছে - যুদ্ধ বেয়া...
প্ৰাচ্য পাশ্চাত্য বুলি কথা নাই
ভাৰত মিয়ানমাৰ ইজৰাইল বুলি প্ৰভেদ নাই
মাৰ্কিন ৰুছ চীন বুলি বিশেষ নাই
জুই জ্বলা মানেই ধোৱা আৰু ছাঁই
ইতিহাসে কথা সোৱৰায়
হিটলাৰ মুছলিনি আইকমেন কোনো নাই
ছলনাৰে এভাৰেষ্টত উঠাজনো নাই
ধৰ্ম অৰ্থ বাহুবলৰ তেজ সকলো লয়
আমি প্ৰেম আৰু শব্দৰ সতে প্ৰেম কৰোঁ
সাৱটি লওঁ সেউজ ধৰাৰ সুবাস
আকাশৰ দৰে পাৰি দিওঁ অকৃপণ হিয়াৰ চোতাল
সেইয়ে আমি যুদ্ধ আৰু মৃত্যুৰ বিপক্ষে।
————————————
যুদ্ধ
সৌৰভ কুমাৰ বৰুৱা
যুদ্ধ নালাগে ।
নালাগে মানৱতাৰ
বধ্য ভূমি ।
য'ত পোৰা মঙহৰ গোন্ধ
চিৎকাৰ চিৎকাৰ চিৎকাৰ
আৰু সমূহীয়া সৎকাৰ ।
বিধস্ততাৰ নিকটোৱা দাঁত
আনফালে তৃপ্ততাৰ
আসুৰিক অট্টহাস্য ।
এখন যুদ্ধ লাগে ।
কিন্তু ! কাৰ বিৰুদ্ধে ?
মনৰ অভ্যন্তৰত
অতি সংগোপনে
কুৰুকি কুৰুকি
এপাল ঘূনপোক ।
আহক ! আমি নিজেই
নিজৰ ভিতৰলৈ
যুদ্ধ যাত্ৰা কৰোঁ ।
পোকবোৰ বিচাৰি বিচাৰি
বন্দী অথবা বধ কৰোঁ ।
'বহুজন হিতায় বহুজন সুখায়'
বন্দন কৰোঁ ।
————————————
নাৰী
চাজিন ৰহমান
মই নাৰী,
কেতিয়াবা হৈ পৰো কুলিতিৰ দৰে দৰদী,
কেতিয়াবা হৈ পৰো ঈগলৰ দৰে আত্মবিশ্বাসী,
মই নাৰী!
আকলুৱা হৈ কেতিয়াবা হৈ পৰো কুঞ্জলতাজনী,
কেতিয়াবা বাটৰুৱাক ছাঁ দিবলৈ হৈ যাও বটগছ জোপাজনী,
শান্তিত ৰঙা দলিচা,
আবেগত অস্তিৰতা,
মৰমত আকাশ সদৃশ ব্যাপকতা!
ৰাতিপুৱাৰ এগছি চাকিৰে পোহৰাই তুলিব পাৰো পৃথিৱী, ধৰণী,
মই নাৰী!
সুদূৰ প্ৰান্তৰ পৰা জোনাক বিলাই,
মৰুৰ দেশলৈ সেউজ গোটাই
মই নাৰী
শক্তিৰ অধিকাৰীনী,
প্ৰেমত জুলিয়ট,
শক্তিত চিৰিয়াৰ ৰাণী জেনবীয়া,
কনকলতাৰ দৰে দেশপ্ৰেমী,
বেউলাৰ দৰে স্বামীভক্তি,
জয়নব বি আলিৰ দৰে ভাতৃপ্ৰেমী,
জয়মতীৰ দৰে সতী,
মই নাৰী,
সেন্দুৰৰ জোনাক কপালত আঁকি
আলফুলীকৈ সজাব পাৰো আপোন ধৰণী,
ময়েই হৈ পৰো মা দুৰ্গা,
ময়েই হৈ পৰো মা কালী,
ময়েই হৈ পৰো মা সৰস্বতী,
ময়েই হৈ পৰো মা লক্ষ্মী,
ময়েই হৈ পৰো মা ফাতেমা বিবি,
ময়েই হৈ পৰো মেডাম মেৰী
আৰু
হৈ পৰো এগৰাকী মাতৃ,
হয় ময়েই নাৰী
ভগৱানৰ সম্পূৰ্ণ সৃষ্টি।
————————————
সময় অসময়
জোনমনি বৰা
সময়বোৰ দেখুন অসময় হ’বলৈ
আৰম্ভ কৰিছে ,
আকাশ বতাহবোৰো ধূসৰতা
প্ৰলেপ পৰি ,
অস্পষ্ট হৈ পৰিছে ৷
যুদ্ধৰ দাবানলে পৃথিৱী চানি ধৰিছে ৷
বলীয়ে দূৰ্বলীৰ ওপৰত
নিজৰ সাহসিকতাৰ পৰিচয় দি
নিজৰ চৰিত্ৰকেই উদঙাইছে ৷
বিজ্ঞানৰ জয়যাত্ৰাত মানৱতাৰ
আধুনিকতাই আজি কোঁচৰ কটাৰী হৈ আপোনৰে হাত কাটিছে৷
চাৰিওপিনে বিভিষিকাময় বিভস্ব সুলভ ছবি ৷
চাৰিওপিনে এতিয়া মৃত্যুৰ বেহা ৷
শাসনৰ নামত শোষণৰ বাঘজৰী হাতলৈ আনিবলৈ বিশ্ববাসীৰ বাহঃ বাহঃ লবলৈ ক’তজনৰ জীৱন্ত কবৰত মৃত্যুৰ তান্দব নৃত্য
মৃত্যুৰ খেলা খেলি তেজৰ ফাকু চটিওৱা চটিওৱি ৷
এইয়া সচাকৈয়ে বিজ্ঞানৰ সফলতা নে ?
মানবতা ক’লা অধ্যায়ৰ এপিটাফ।
বৰ্তমানৰ বুকুত ভবিষ্যতলৈ খুদিত হ’ব নেকি ?
তিক্ততা ঘৃণাৰ চাৱনিৰ এটা ক’লা অধ্যায় খুদিত হ’ব নেকি সোণোৱালী আখৰৰ লিপি।
————————————
শ্বাসৰুদ্ধ কোঠালিত
নৱজিৎ দাস
গাঁৱখন নিহপালী দি শুই থকা সময়ত
শ্বাসৰুদ্ধ কোঠালিত সাৰে থাকে অসংখ্য সপোন!
ক্ষুধা-বভুক্ষা অথবা জীৱন জীয়াৰ সংগ্ৰামত
অৰ্হতা একেই থাকে, শাসক আৰু শোষকো একেই
নতুন বটলৰ পুৰণি মদ ঢালি নিচাত মাতাল হোৱা সময়ৰ
শ্বাসৰুদ্ধ কোঠালিত সাৰে থকা অসংখ্য সপোনৰ চিৎকাৰত
নিহপালী দিয়া গাঁৱৰ ঘুমটি ভাঙে নে নাভাঙে জনা নাযায়!
কিন্তু ফেঁহুজালিত কোলাহল নামি অহা গাঁৱত
ৰাজহাড় পোনাই থিয় দিব নোৱাৰা অসংখ্য সপোনে
শ্বাসৰুদ্ধ কোঠালিৰ ঘূণে খোৱা আলমিৰাৰ পুৰণি ফাইলত
টিঘিল-ঘিলাই পিয়াপি দিয়ে সংগোপনে
গণতন্ত্ৰৰ কাৰখানাৰ নতুন বটলৰ পুৰণি মদৰ নিচাত
প্ৰতি সন্ধ্যা গাঁৱখন পুনৰ নিহপালী দি শুই পৰে
শ্বাসৰুদ্ধ কোঠালিত কেৱল মাত্ৰ সাৰে থাকে অসংখ্য সপোন!
————————————
সেন্দূৰ
ৰাজশ্ৰী সেনাপতি গগৈ
জোন জ্বলে আকাশত নিবিড় নিশা
সূৰুযে পোহৰাই দিনৰ বেলা ।
তোমাৰ মৰমে দিয়ে সাহস সীমাহীন
মোৰ হৃদয়ত বাজে ঝংকাৰ তোমাৰ চাৱনিত |
তুমি মোৰ জীৱনৰ চানেকিত
বাচি দিলা তৰা ফুলৰ দলিচা
দিলা তুমি মৰমৰ এধানি সেন্দূৰ
লও মই এতিয়া আবিৰ তোমাৰ নামত ।
ৰাতিপুৱা শুই উঠি তোমাৰ
মূখলৈ চাও যেন দিনটো
আৰম্ভ হয় তোমাৰ আশীষ
সেয়েহে তুমি মোৰ চিৰলগৰী |
দাপোনৰ আগত যেতিয়া ঠিয় দিও মই,
শিৰৰ সেন্দূৰে সোঁৱৰাই দিয়ে তোমাৰ উপস্থিতি
আকাশৰ জোন তুমি মোৰ কপালত
তৰাৰ জিকমিকনিৰ দৰে উজ্বলি থাকে ।
তেজাল ৰঙা বিন্দুয়ে মোৰ জীৱন জ্যোতিৰ্ময় কৰে|
মোৰ জীৱনৰ শূন্যতাবোৰ পূৰ্ণতা তোমাৰ পৰশত |
মোৰ কপালৰ ৰঙা বেলিটি হয়নে বাৰু তুমি?
————————————
প্ৰকৃতিৰ লীলা
ৰমেন দাস
প্ৰকৃতিৰ অপৰূপ
শান্তিৰ আলয় স্বৰূপ
প্ৰকৃতিৰ ধ্বংসলীলা
জীৱন মৃত্যুৰ খেলা
আজি কিয় এই তাণ্ডব
উদ্ভাসিত মানৱ হৃদয়ত
জাগিছে নৱ অনুৰাগকান্তি
বৈশ্যতাৰ বিৰুদ্ধে অস্ত্ৰ তুলি
প্ৰগতিৰ পানচৈ মেলি
জন্ম মৃত্যু চিৰন্তন
ৰক্তদানে মানুহ মহান
তথাপিও কিয় মানুহে
মানুহৰ লয় প্ৰাণ ?
সেউজীয়া প্ৰকৃতিৰ বুকুত
নানাৰঙৰ মহামিলন
মানুহৰ একতা সংহতি সম্প্ৰীতি
তথাপিও কিয় হিংসাৰ দাবানল ?
মানৱতাৰ মূল্যবোধ
সুন্দৰ কৰে জীৱন
আনৰ দুখত দুখী হ'লে
সুখৰ নন্দন কানন
সংগীন সময়
বিভীষিকাময় পৰিৱেশ
চৌদিশে মৃত্যুৰ কিৰিলি
ভূমিকম্প বানপানী
প্ৰকৃতিৰ ধ্বংসাৱশেষ
গোলাপৰ পাপৰি
বিলীন হ'ল সুবাস উজাৰি
অজান দেশত হাঁহিৰ বৈভৱ
মাৰ গ'ল অন্তৰ পুৰি
কৃষকৰ আশাৰ
সেউজী ধাননি পথাৰ
নষ্ট কৰিলে বাৰ-বাৰ
কাকতি ফৰিঙৰ জাক ৷
————————————
এনেকুৱা কেতিয়াও হোৱা নাছিল আগে-পাছে
জ্যোতি পবন
পুৰণি চিটিবাছৰ মামৰে খোৱা ইঞ্জিনটোৰ
ঘেৰ ঘেৰ মাতটোৱে আজিকালি
কাণত কামোৰি ধৰি নাথাকে বেছি পৰ
পঁয়ালগা চিটৰ লোহাৰ কেইডালত বহি
অনুভৱ কৰোঁ কপাহি কোমল পৰশ
ভঙা পথৰ শিলগুটিৰ ওপৰেৰে
চকাবোৰ পাৰ হৈ গ'লে আজিকালি
কঁকালৰ বিষটো উজাই নাহে
জুলাইৰ গৰমত যানজঁটত ৰৈ থকা সময়খিনিয়েও
ডায়েৰীৰ পাতত লিখি ৰাখে আমনি নলগা
এটি দুটি শব্দ
আঁকি ৰাখে এহালি চকুৰ পৰা আন এহালি চকুলৈ
শূন্যত ওপঙি থকা এখন নেদেখা সাঁকো
এনেকুৱা কেতিয়াও হোৱা নাছিল আগে-পাছে
এখন বিশেষ চিটিবাছৰ বাবে
ঘণ্টাৰ পাছত ঘন্টা বাছষ্টপেছত ৰৈ থকা
আনকালে কাহানিও মনত নপৰে মোৰ
অথচ আজি সেই বিশেষ চিটিবাছখনৰ অপেক্ষাত
কিমান সময় নীৰৱে পাৰ হৈ গ'ল
সেই কথা বতাহ আৰু বেলিয়েহে জানিব
এনেকুৱা কেতিয়াও হোৱা নাছিল আগে-পাছে ।
মই কাৰ বাবে কিহৰ বাবে ৰৈ থাকোঁ
সেই কথা আপোনাক নকলেও আপুনি বুজিবনে ?
-------------------------------
ঠিকনা-
জ্যোতি পবন
নগাঁও
ফোন- 8134885298
ইমেইল- jyotihopun02@gmail.com
————————————
ভাগৰ
প্ৰণৱ ফুকন
সোণটোৰ আজি বৰ ভাগৰ লাগিছে
ফুটগধূলিতে সি লালকাল শুই,
মাককো সাৱটি ধৰা নাই,
চোৱা নাই মোৰ হাতলে',
তাৰ আজি বৰ ভাগৰ লাগিছে ৷
দিনটো ঢপলিয়াই ফুৰা
বাহনৰ শবদত দৌৰি অহা
সেয়ে যেন তাৰ জীৱন....
খেলৰ সঙ্গী কুকুৰ দুটা বাটৰ
সি যেন তাঁহাতৰো বৰ মৰমৰ ৷
আজি কুকুৰ দুটায়ো চোন
মুৰ পেলাই আছে বহি
তাঁহাতৰো লাগিছে নেকি ভাগৰ?
তিনিওটাই নিতৌ খেলে
দিনৰ দিনটো-
আৰু সন্ধিয়া মোলৈকে বাট চায়,
কেতিয়াওতো দেখা নাই সিহঁতৰ ভাগৰ ৷
সুৰুজৰ প্ৰখৰ উত্তাপ মূৰতলৈ
খেলে তিনিওটাই সন্ধিয়ালৈ ৷
নিৰ্বোধ প্ৰাণীৰ আনন্দত
যেন ফুলে ফুল বসন্তত ৷
বাৰিষা ৰাতি পদপথত কতাওঁ-
তথাপি তাৰ খিল-খিল হাঁহিকে পাওঁ ৷
বৰষুণৰ শবদক লয় আদৰি
সিতো তেতিয়াও নাযায় ভাগৰি ৷
বৰ বৰ মানুহৰ বাহন আহিলে
আইনৰক্ষীয়ে দিয়ে পঠাই দূৰলে' ৷
গছৰ তলত ৰাতিটো কটাওঁ,
তথাপি তাৰ মুখৰ হাঁহিটো পাওঁ ৷
শীতৰ হিমসনা ৰাতি,
থাকে শুই মাকক সাৱটি ৷
পুৱা দেখোঁ তাৰ খিল-খিল হাঁহি,
সিতো কেতিয়াও নাযায় ভাগৰি ৷
আজি কিয় তাৰ লাগিছে ইমান ভাগৰ
কিয় সি কাষ চপা নাই মাকৰ?
শুকান চকুহালেৰে মাকে
মাথোঁ আছে চাই তাকে ৷
বহু প্ৰশ্ন যেন কৰিছে তাৰ ভাগৰে
কৈছে মোক বাৰে বাৰে
দেউতা যোৱা ঘূৰি গাঁৱলে'।
চহৰত মাথোঁ নাম পালা অঘৰী,
তাৰ মায়াই মোক নোৱাৰে ৰাখিব ধৰি,
শীতৰ নিশাত মই আৰু নাথাকোঁ পৰি,
গাঁৱত সাজা এটা সৰু জুপুৰি-
তাত মই আকৌ আহিম ঘূৰি,
বিলাই যাম অনাবিল হাঁহি....
তেতিয়া মই আৰু নপৰো ভাগৰি ৷
————————————
প্ৰেমৰ স্তৱক
মাধুৰ্য প্ৰিয়ম দাস
(১)
তোমাৰ হাঁহিটো মাজুলীত এৰি আহিব পৰা হ'লে
নিচাৰ দাম নুবুজিলোহেঁতেন
নুবুজিলোহেঁতেন যশিনী বোৰে মাজৰাতি কিয় কান্দে
দুকুৰিৰ ধোঁৱা শেষ কৰি বুজি পালো
দুখবোৰ কিদৰে কবিতাৰে হুপিব লাগে
সন্ধিয়াবোৰ কামিজৰ জেপত ভৰাই বুজি উঠিছো
আমি মৰি কিদৰে মানুহ হ'ব লাগে?
(২)
নদীৰ বুকুৰ দৰে আজি
দুখবোৰ ডিঙিলৈকে উজাই আহিছে
ভালপোৱাবোৰ চপৰা চপৰে খহিছে, মোৰ বুকু ভাগিছে
নুবুজিবা...
কিহৰ শোকত এই গধূলিতে
মোৰ আঙুলিকেইটা বলিয়া হৈছে?
ভালপোৱাবোৰ পকনীয়াত দলিয়াই
তুমি ঘৰমুৱা হ'ব খুজিছা কিয়?
(৩)
এই ফাগুনত এতিয়া তোমাৰ হৈ জীয়াই থকাৰ কথা নাভাবো
মই ভাৱিছো শেৱালিবোৰ দিনত কিয় নুফুলে?
শেষত মাজৰাতি মৃত্যু বিচাৰিছোঁ
শেৱালিৰ দুখ বুজি পাবলে।
(৪)
মই মাজৰাতি মৰিব খোজাত নাহাঁহিবা
তোমাৰ প্ৰিয় পুৰুষৰ লগত মুকলি হোৱাৰ আশাত!
.........
যোৱাৰাতি মাজুলীত গৰা খহিছিল
মোৰ বুকু ভাগিছিল
পিয়াহত লুইতৰ পানীবোৰ নিমখীয়া হৈছিল
তোমাক পাহৰি মোৰ চকুপানীবোৰ
ক'ত হেৰাইছিল, ক'ত?
(৫)
'কেনে আছা ?' সুধিবলৈ
তোমাৰ জানো মাত ফুটিল?
(কবিজনক বিচাৰি নাপালোঁ, ফাগুনৰ কবিতা কেতিয়াবা প্ৰেমৰ কেতিয়াবা শোকৰ)
মাধুৰ্য প্ৰিয়ম দাস
মাজুলী
ফোন:৯৮৬৪০৬৭৭৩৩
————————————
বিভিষীকা
দিপ্তী মনি গোস্বামী
বিভৎস বিভিষীকা
উঁই হাঁফলু খন্দাৰ লালসা,
মহাকাশতো ঘৰ সজাৰ হাবিয়াহ
গোটে গোটে গৰৈ মাছ গিলাৰ
কূটিল পয়া লগা ভাৱনাবোৰ...
দুৰু দুৰু কঁপিছে হিয়া,
যৱনিকা পৰা
তেজৰ সোঁতে মজিয়াত ঢৌ তোলা
নাটৰ পুনৰাবৃত্তি দেখি
পুনৰ নকৰো আহ্বান
হিৰোচিমা নাগাচাকিৰ
সেই বিভৎস ধ্বংস স্তূপ ,
ইতিহাসত লিপিবদ্ধ
সেই কলংকিত অধ্যায়
ক্ষমতাৰ পৰিধি চিঙা খক্
সন্তুষ্টিৰ শিকলি চিঙা বেপেৰুৱা
অসন্তুষ্টিৰ উগ্ৰ দাৱানলবোৰ ,
দমাব নোৱাৰা তৃষ্ণাবোৰ !
শান্তিৰ পৃথিৱী আমাৰ কাম্য ,
খোদিত হৈ আছে অতীতৰ ক'লা ইতিহাস।
পুনৰাবৃত্তি নহওক এই ধৰাত
শান্তিৰ সেউজীয়া বৰষুণে
মৌ বৰষক আমাৰ সপোনৰ বসুন্ধৰাত ।
সূদুৰত থকা কলিজাৰ টুকুৰাটোৰ বেজাৰত
হেৰাইছে মুখৰ মাত
এৰিছে পেটৰ ভাত ,
কিমানদিনলৈ
উজাগৰী নিশা ...?
কিমানদিনলৈ থাকিব বুকুৰ বেথা ?
নিয়তিকে আহ্বান
চলে বলে কৌশলে ঘটক অৱসান ।
————————————
চাকৰি এটা পালেই তোমাক ভাল পাম
প্ৰস্তুতি শৰ্মা
চাকৰি এটা পালেই মই তোমাক ভাল পাম
এটা চাকৰিৰ অভাব ...
জানাইচোন মই ও কবিতা লিখা মানুহ
নাপাওঁ দৰমহা
তুমি ডিগ্ৰী পাছ কৰা দিনা
মই দেউতাক কৈছিলোঁ
তুমি চাকৰি এটা পাবা বুলি
কিন্তু আজিকালি চাকৰিৰ অভাৱ।
মই দেউতাক কেনেকৈ বুজাও ।
কেনেকৈ বুজাও শিক্ষিত হ'লেও কৰ্মৰ অভাৱ বুলি।
দেউতাক আজি আকৌ বুজাম !
তুমি দূখ নকৰিবা
মই ......
আকৌ লিখিম আজি কাকতত
কাইলৈ শিৰোনাম হৈ ৰ'ব।
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
————————————
জীৱন জয়ৰ গীত
দীপাংকৰ ভূঞা
জী থকাৰ বাসনাতে
লতাজোপাই আশ্ৰয় বিচাৰে
পালে জীয়ে
নাপালে মৰহে !
আশ্ৰয়ৰ অনুসন্ধানত
ঠাইতে পোৱাকে সাবটে
হেৰুৱাৰ বেদনা পাহৰে
সেউজী বোল সানে
মতলীয়া হয় ঘনে ঘনে
গাই যায় জীৱন জয়ৰ গান !
আহুকলীয়া এজাক ধুমুহাই
গছ লতিকাক কোবাই গ'লে
শিপা উঘালে
লতাবোৰো আশ্ৰয়হীনা হৈ পৰে
ঘূণে ধৰে জীৱন জয়ৰ গীতত
মৰি মৰি জী থাকে জীৱন চক্ৰত
খেপিয়াই পালে নতুনক
আশ্ৰয় দিয়ে নিৰাশ্ৰয়াক
মেৰিয়াই ধৰে পৰস্পৰে
সহমৰ্মিতা প্ৰকাশ কৰে
জীপাল হয় জীৱন
জীৱনে জয়ৰ গীত গায় !
————————————
স্মৃতিৰ মুকুতা মালা
গণেশ বৰ্মন
মই দেখা পাইছোঁ
তোমাৰ মণিকোঠাত জিলিকি থকা
ৰৌদ্ৰোজ্বল মুকুতাৰ মালা
ৰ'দ আৰু ছায়া হৈ
স্মৃতিৰ পাহিবোৰে
অগাদেৱা কৰে
দুখ আৰু সুখবোৰ
একোপাহ সুগন্ধি ফুল হৈ ফুলে
জৰ্ জৰ্ কৈ শব্দবোৰ
নিজৰা হৈ নামি আহে
উপলব্ধিয়ে হঁহুৱায়
অনুভৱে কন্দুৱায়
আন্দোলিত আকাশ তিৰবিৰাই জ্বলে
দূৰ সান্নিধ্যৰ তৰা
স্মৃতিৰ সৰি পৰা পাপৰিবোৰ
সযতনে ৰাখিবা--
অনুভৱে দোলায়িত কৰিব
দিগন্ত ধিয়াই পোহৰ হ'ব
হৃদয় জুৰাই চাই ৰ'ম
আকাশৰ অম্লান নক্ষত্ৰ ।
—————————————
সৰাপাতৰ বুকুত
পবিত্ৰ বৰগোহাঁই
সৰাপাতৰ বুকুত হিয়াৰ উচুপনি
সীমাহীন স্মৃতিৰ খলকনি ,
ফাগুনৰ আকাশত পলাশ-মদাৰৰ উন্মাদনা
ৰিম ঝিম বৰষুণত নামে শব্দময় কবিতাৰ ছন্দ
তোমাৰ হৃদয়ত ভালপোৱাৰ উশাহ
মালা গোঠা শেৱালিৰ সুবাস ;
অবুজন মনে বুজি নোপোৱা
চকুৰ পতাত হেৰুৱা সপোন
ক্লান্ত মনত থিতাপি লয়
পলাশ-শিমলুৱে ৰিঙিয়াই দিয়া
এটি এটিকৈ সৰি পৰা
জীৱন সৰাপাতৰ কাহিনী
য'ত খোদিত আছিল
অলেখ নিয়ৰৰ চকুপানী ।
আকাশৰ ৰঙা সেওঁতা ফলা ফাগুন
এয়া কিহৰ উন্মাদনা
যেন অভিশাপমুক্ত অহল্যা
যাৰ সানিধ্যত যেন এই ফাগুনেই
কৰিছিল ৰাংঢালি-চঞ্চলা ;
সৰাপাতৰ বুকুত খৰখৰণি।
বুকুৰ কুঁহিপাতবোৰ ফুটাই তুলিব পৰাকৈ
উচপখাই উঠে ৰ'দৰ ৰেঙণি ।
—————————————
বিশ্বযুদ্ধ
ইকবাল হোচেইন খান
জাকে জাকে শগুন উৰিছে আকাশত
দুঃচিন্তা দুৰ্ভাৱনা বাঢ়িছে মানুহৰ
হিৰোচিমা নাগাচাকিৰ
অভিশাপৰ বা-মাৰলীত
আজিও সচকিত পৃথিৱী ।
হিৰোচিমা নাগাচাকিৰ কথা মনলে আহিলেই
সভ্যতাই কান্দে মানৱতাই কান্দে
ক্ষমতা পিপাসু নৰখাদক নৰাধমৰ প্ৰতি
মানুহৰ ঘৃণা উপজে ।
ধিক্ ! ক্ষমতা পিপাসু নৰখাদক নৰাধম
ক্ষমতা বলিয়া
উলংগতাৰ প্ৰতীক হৈ
বাৰে বাৰে নমাই আনে পৃথিৱীত অস্থিৰতা
যুগে যুগে বৈ থাকে নীৰৱতা
এটা এটা দীঘল হুমুনিয়াহ হৈ
ক'বলে নেথাকে ভাষা
সহিব নোৱাৰে বেদনা
চিৎকাৰ কোলাহল চাৰিওফালে
আশাৰ বাট চুটি হৈ পৰে
তথাপিও বিশ্বসম্প্ৰদায়ে নকৰে সিহঁতক এঘৰীয়া ।
শান্তি আৰু নিৰাপত্তাৰ নামত ৰাষ্ট্ৰসংঘই কৰে মঞ্চস্থ পুতুলা নাচৰ
শান্তি নিৰাপত্তা মাথোঁ শ্লোগান
যুদ্ধৰ আখৰা সৰ্বত্ৰে
মানুহৰ মুখে মুখে আলোচনা বিশ্বযুদ্ধৰ ।
এনেকৈ দিন প্ৰতিদিন
পাৰ কৰে মানুহে
শংকিত হৈ থাকে মানৱতা
আক্ষেপ কৰি থাকে সভ্যতাই
পঙ্গুত্বৰ ঠিকনা বনাই
ক্ষমতা পিপাসু নৰখাদক নৰধমবোৰে
বাৰে বাৰে নমাই আনে অমানিশা।
তথাপিও ৰাষ্ট্ৰসংঘত আলোচনা হয়
নানা কথা
নিদ্ৰা- অনিদ্ৰাৰ মাজতেই।
ইকবাল হোচেইন খান
খন্দকাৰ পাৰা,বৰপেটা
—————————————
ভাললগা কথাবোৰ
সান্তনা শইকীয়া দত্ত
ঘৰুৱা একঘেয়ামিয়ে খহটা কৰা মনটো
নিমজ কৰিবলৈকে ওলাই আহো
বাটৰ কাষত থিয় দি ৰোৱা
সেউজীয়াৰ আমেজ ল'বলৈ।
এই যে নৈৰ পাৰৰ গছজোপা
কঠনা ফুলৰ দৰে সজাই পেলোৱা বগলীজাক ,
কি জানো যাদুকৰী আজৱ বাৰ্তালাপ
পলকতে সুখী কৰি তোলে মোক।
ব্যস্ত জীৱনৰ ব্যস্ততাত
হাতৰ পৰা খহি পৰা বেগটো দেখি
সেই অচিনাকি বাটৰুৱাই যেতিয়া মাত দিয়ে
নালাগে নামিব ময়ে তুলি দিছো,
আৰু ঠিক তেতিয়াই
মোৰ ভাল লগা পৃথিৱীৰ কোনো এটা কোণত
নিজস্বতাৰে অৱস্থান কৰে তেওঁ।
ব্যতিব্যস্ত জীৱনৰ একঘেয়ামিত
এনে অজস্ৰ টুকুৰা টুকুৰ ভাল লগাৰে
মই নিজকে সতেজ কৰোঁ ঠিক
কম্পিউটাৰৰ ৰিফ্ৰেচ বাটনটোৰ দৰে।
————————————
মই তাতেই থাকো
গকুল চৌধুৰী
মই তাতেই থাকো
জীৱন উদ্যাপনৰ আলিবাট যত প্ৰতিক্ষণত ৰুদ্ধ
হয় ৷
জীয়াই থকাৰ মাদকতা যত প্ৰতিনিয়ত স্তব্ধ হয়৷
মই তাতেই থাকো
মৃত চহৰৰ মৰিশালিৰ নিস্তব্ধতাত
যত প্ৰতিদিনে প্ৰতিপলে অসংখ্য মানুহ
জী জী মৰে
মৰি মৰি জীয়ে ৷
মই তাতেই থাকো
পদপথৰ বহল বুকুত
বিজুলীচাকিৰ তলত
যত এজাক মানুহ
ভোকে , পিয়াহে , লঘোণে
নিঃশব্দে নিৰবে শুই থাকে ।
মই তাতেই থাকো
আনে নোযোৱা আলিবাটৰ কেঁকুৰিত
যত এপাল ভোকাতুৰ শিশুৱে বিচাৰি
ফুৰে আনে খাই পেলাই দিয়া আধাখোৱা খাদ্য ৷
মই তাতেই থাকো
জাবৰৰে ঠাহ খাই থকা আনে নেদেখা এটা
আবৰ্জনা পাত্ৰৰ নিচেই কাষত
যত ৰাতিৰ এন্ধাৰত কোনো হৃদয়হীনে পেলাই
থৈ যায় মানৱভ্ৰন কিম্বা দেৱশিশুক ৷
মই তাতেই থাকো
নিশাৰ দিঘল ৰাজপথত
যত কোনো হৃদয়হীনে নিঠৰুৱা কৰি এৰি
থৈ যায় নিজৰে জন্মদাতা পিতৃ - মাতৃক ৷
মই তাতেই থাকো
যত মই থাকোঁ
তাত আপোনালোক নাথাকে
যত মই থাকো
তাত মোৰ ইশ্বৰ নাথাকে ৷
তথাপি
মই তাতেই থাকো
মহানগৰীৰ আভিজাত্যক ভেঙুচালি কৰি
ক্ৰমশ নিশেষ হ’ব ধৰা হেজাৰ মানুহৰ
আশা আৰু সপোনবোৰৰ মাজত ৷
—————————————
চিৰ নমস্য মাতৃ
ৰশ্মি ৰেখা বৰা
তোমাৰ বাহিৰে আন একোৱেই ভাল নালাগে মোৰ
জীৱনৰ সৰ্বোচ্চ নিৰাপত্তা অনুভৱ কৰোঁ
মূৰ গুজি তোমাৰ বুকুত।
নিচুকনি গীত গাই মোৰ মূৰত হাত বুলাই
সৰগী সুখত বিলীন কৰা মোক।
কিমান যে ভাল লাগে--
প্ৰকাশ কৰিও পেলাব নোৱাৰো ওৰ।
শব্দহীন হৈ পৰে মোৰ দুটি ওঁঠ,
তুমি অবিহনে কল্পনা কৰিব নোৱাৰো একো।
হৃদয়ত মাথোঁ তোমাক ৰাখি তোমাকেই পূজো।
অদৃশ্য জনক তোমাৰ সুখৰ বাবে আশীৰ্বাদ মাগো
ওৰেটো জীৱন তোমাৰ শান্তি কামনা কৰোঁ,
প্ৰতিটো জনমত তোমাকেই মোৰ মাতৃ ৰূপে বিচাৰো।
—————————————
আজন্ম চিনাকি পিতাইৰ চাইকেলখন...
ৰবিন কুমাৰ চেতিয়া,ধেমাজি
টিলিঙ টিলিঙকৈ চোতালৰ সোঁমাজত
টিলিঙাটো বাজিলেই পৃথিৱীখনে এদিন
উমান পাইছিল পিতাইৰ
অহা যোৱাৰ খবৰ
পিতাইৰ তেজেফুটা তজবজীয়া দিনতে
ককাই হেনো আনি ঘৰ লগাইছিলহি
ছৌবিশ ইঞ্চিৰ লাহি পাহি চাইকেলখন
সিদিনাৰ পৰাই 'হাৰকিউলিচ'ৰ দৰেই
ফুলি উঠিছিল বোলে পিতাইৰো
খামিডাঠ বুকুখন
অতীতৰ পৃষ্ঠাবোৰ লাজ লাজ কৈ লুটিয়াই
এদিন মোক আবেলি আয়ে কৈছিল
কেতিয়াবা আগৰ ঢামত
কেতিয়াবা পিছৰ কেৰিয়াৰত
পিতাইৰ স'তে কেনেকৈ আয়ে
চাইকেলখনত উঠি একেলগে ছটিয়াইছিল
হিয়া দিয়া নিয়া কথাবোৰ
হালধীয়া সুবাসৰ মাজে মাজে
চিনাকি নৈখনৰ ইপাৰে সিপাৰে
চুচুক চামাক মানুহবোৰৰ আঁৰে আঁৰে
এদিন মোৰো আছিল চাইকেলখন
নয়নৰ মণি
এবুকু গৌৰৱেৰে মোৰ বুলি কৈ
জয় কৰিছিলো সমনীয়াৰ হৃদয়
সকলোৱে চিনিছিল বাটে ঘাটে মোকো
হাৰকিউলিচ পিতাইৰ একমাত্ৰ যুবৰাজ মই
পিতাই আঁতৰি যোৱাৰ পিছত
বহুজনে কাষ চাপিছিল নঙলা খুলি
চাইকেলখনৰ মৰম পাবলৈ
ওঁঠত পিকৰ বোল সনা হাঁহিৰে
আয়ে দিছিল সকলোকে সমিধান
পাহৰো বুলিও কিছুমান কথা
সহজতে পাহৰিব নোৱাৰি
পুৰণা হ'লেও কিছুমান কথা
হৃদয়ৰ গভীৰত পলসৰ দৰে
আজীৱন সাঁচিব পাৰি
আইৰ দৰেই এদিন চাইকেলখনৰো গাত
ক'ব নোৱাৰাকৈয়ে ফুলিল বয়সৰ ফুল
মটীয়া ৰংবোৰে জিলিকাই আঁকিলে
কাঁড়শলা শেঁতা সময়
হুমুনিয়াহ উজাৰি নিজান পৰত
কেতিয়াবা কাষতে বহি আয়ে কৈছিল
মন গ'লেই বোপাই অ'
চাইকেলখন সলাই পেলাব পাৰি
পাহৰণিৰ নদীত ধূই পখালি
মলিয়ন দুখবোৰো শুৱনি কৰিব পাৰি
কিছুমান আবেগক ওৰেটো জীৱন
কোনোদিনেই যে পাহৰিব নোৱাৰি
চাইকেলখনৰ ৰঙটো উৱঁলি যোৱা আজি
ভালেমান বছৰেই হ'ল
পিতাই নোহোৱা হোৱাৰে পৰা
আইৰ হাঁহিটো হেৰাই যোৱাৰ দৰেই
টিলিঙাটোৱেও হাঁহিবলৈ পাহৰিয়ে গ'ল
আজি মোক কিবা এটা ক'বলৈ
আই অথবা পিতাই
মোৰ কাষত দুজনৰ এজনো নাই
পিৰালিৰ এচুকত অকলে অকলে মাথোঁ
ঠিয় দি আছে অশীতিপৰ চাইকেলখন
আলাই আথানি হৈ
ধূলিৰ চামনিৰে লুকুৱাই ৰাখিছে
চাইকেলখনৰ গোট মৰা অনুভৱৰ
উচুপনি নৈ
বছৰেকত কোনোমতে সময় উলিয়াই
এবাৰমান মই চাইকেলখনলৈ চাওঁ
মানুহক দেখুৱাবৰ বাবে
নে আই পিতাইৰ সন্তুষ্টিৰ বাবে
নেচালে নহয় বাবে নে
পেলাই দিব নোৱাৰাৰ বাবে
সেই কথাহে কোনোদিনে মই
এবাৰলৈও বুজি নেপাওঁ ।
—————————————
নাৰী
পাৰুল ডেকা
হে নাৰী!
তুমি মহিমাময়ী ।
তুমি জানানে?
তোমাৰ কিমান শকতি ...
তুমিয়ে দূর্গা,
তুমিয়ে কালি
তুমিয়েই মা সৰস্বতী।
তোমাৰ বুকুৰে
বৈ আহে মাতৃপ্ৰেম,
তোমাৰ ওঠৰ হাঁহিত
জীৱন যুদ্ধৰ সাহস
পোৱা তুমি ভগ্নী,
তোমাৰ দুচকুত
সৰগী সুখ পোৱা
তুমি দুহিতা।
ঘৰ চম্ভালি পুৰুষাধীন
তুমি আজিৰ
নাৰী নোহোৱা...
তোমাৰ তেজত
বৈ আছে
মূলা গাভৰু,ঝাঞ্চীৰাণী লক্ষ্মীবাঈৰ গান।
তুমিয়ে কল্পনা,
তুমিয়েই হিমা,
তুমিয়েই কিৰণবেদী,
অৰুণিমা সিনহা।
তুমি অপৰূপা,
বিশ্ববিজয়িনী,
দেশৰ ধৰিত্ৰী,
শক্তি দায়িনী....
এবাৰ তৰোৱাল ধৰা,
ৰণৰ হু্ঙকাৰ দিয়া!
শুনা বিজয়ৰ গান
শুনা মুক্তিৰ প্ৰাণ।
কিয়নো,
তুমি নাৰী
নাৰী তুমি অনন্যা।
—————————————
অবাক
শ্যামলিমা কাকতি
কবিৰ হৃদয়ত কবিতা
থাকে জীৱনে মৰণে
আজীৱন জীৱন্ত হৈ।
বাক্য নাথাকিব পাৰে
শব্দও নাথাকিব পাৰে
কবিত কবিতা থাকে
অদৃশ্য অথচ প্ৰবাহিত
দৃশ্য হৈ পৰিলে
আৱৰণ হেৰুৱাৰ ভয়!
এক আত্মাৰ দুটি শব্দ
যেনেকৈ মাতিলেও মাতিবা
কবি বা কবিতাৰ সুখ-দুখ
বিভোৰ মুহূৰ্তৰ মাজত।
————————————
দাপোণ
সোণালী ডেকা দাস
এখন স্বচ্ছ দাপোণৰ সন্ধানত
ইখনৰ পৰা সিখন দোকানলৈ
ধপলিয়াইছো মাথোঁ ধপলিয়াইছো মই
ঘৰত নথকা নহয়
কিন্তু অৱস্থা যে তেনেই তথৈবচ
জাদু জানে দোকানীবোৰে
দোকানত আঁৰি থোৱা
বিজ্ঞাপনৰ হৰ্ডিংবোৰত
সপোনবোৰ ওলমাই থয় সিহঁতে
হঠাৎ এটা মাত্ৰ উজুটি
তৎক্ষণাৎ ঠিকনা বিহীন হ'ল এটা নখ
আৰু সলনি হ'ল ৰক্তস্ৰোতৰ দিশ
অৱশেষত দৰ্শন হ'ল
মোৰ ইপ্সিত দৰ্পণ
জুপি জুপি সোমাই যোৱা মোক দেখি
অট্ট হাস্য কৰি উঠে অজস্ৰ প্ৰতিবিম্বই
সমস্বৰে একেলগে
সিহঁতৰ হাঁহিত কিংকৰ্তব্য বিমূৰ মই
খুটিয়াই খুটিয়াই চালোঁ দাপোণখন
অথচ প্ৰতিবিম্বিত হ'ল অনাকাংক্ষিত কোনোবা
এইয়াতো নহয় মই
ওহো কেতিয়াও নহয়
এইয়াযে কোনোবা পৰাশ্ৰয়ী লতা
ধাৰলৈ লোৱা উশাহেৰে জীৱনৰ গান গোৱা
কোনো পৰজীৱী কায়া
দৃশ্যপট সলনি হয়
চূৰ্ণ বিচূৰ্ণ হয় এটি মোহাচ্ছন্ন আৱেশ
দাপোণে যে মিছা নকয় ।
———————————————————
0 Comments