পষেকীয়া বৰ্ণৰাগ ১ম বৰ্ষ ৪ৰ্থ সংখ্যা

———————————————————
———————————————————
সম্পাদনা সমিতি

উপদেষ্টা 
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
যুগললোচন দাস
ড০ ৰমেশ কুমাৰ কাকতি 
চন্দন ভাগৱতী 
গুণাৰাম শইকীয়া 

সম্পাদক-নৱ ৰাজন

প্ৰকাশক-প্ৰদীপ চন্দ্ৰ শৰ্মা 

কাৰ্যবাহী সম্পাদক-গীতাঞ্জলি বৰকটকী 
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক-সীমা গগৈ 
অনামিকা ৰায় 

সহযোগী সম্পাদক -অৰ্চনা ঠাকুৰীয়া 
অনিতা দেৱী মিশ্ৰ

বিভাগীয় সম্পাদক- ভাৰ্গব কুমাৰ নাথ 
ভূমিকা দাস 

বিশেষ শুভাকাংক্ষী–পবিত্ৰ কুমাৰ নাথ, জয়ন্ত কুমাৰ বৰ্মণ,ৰঞ্জন বৰা, হেমেন নাথ, বিশ্বজিৎ গগৈ, সংগীতা বৰা , বিনীতা গোস্বামী ,আছমা জাফ্ৰি, ৰুমী দেৱী, দীপাংকৰ ভূঞা, গিৰিজা শৰ্মা ।
———————————————————
বেটুপাতৰ অংকনঃ কাশ্যপী কাশ্যপ
বেটুপাতৰ ডিজাইনঃ নৱ ৰাজন
———————————————————
সূচীপত্ৰ

বেটুপাত(সম্পাদকীয়) 

প্ৰবন্ধঃ
ৰাসলীলাৰ আধ্যাত্মিক তাৎপৰ্য  
অৰ্চনা ঠাকুৰীয়া
◆শিশু দিৱস আৰু শিশুৰ বাবে এখন পৃথিৱী 
ড° বিৰিঞ্চি কুমাৰ দাস 
বৰাক উপত্যকাৰ খিলঞ্জীয়া অসমীয়া  
অজন্তা চৌধুৰী 
আবৃত্তিঃ এক শিক্ষণীয় বিষয়   তৃষ্ণা দেৱী 
বিবাহ-নাৰী আৰু হিন্দু সমাজ  জিতা ৰাণী ফুকন 
শিল্পকৰ্ম আৰু সাহিত্য সৃষ্টিৰ অন্তৰালত নান্দনিক দৃষ্টিবোধ  ৰেখা বৰকটকী 
পকীপথ   বিশ্বজিৎ গগৈ 

সংস্কৃত শিকাৰ সহজ পাঠ-২  চিন্ময়ী দাস 

নিদানৰ ভুৰুকাঃ-
কাহৰ পাৰ্শ্চক্ৰিয়াহীন নিদান  ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

নষ্টালজিয়াঃ-
ক’লাহীৰা পেলে, পল ৰবচন ইত্যাদি–
ড° অৰ্চনা পূজাৰী 
হেৰোৱা শৈশৱ বিচাৰি   গণেশ বৰ্মন 

ইতিহাসৰ জলঙাৰে কোঁচ সাম্ৰাজ্য-৪
জাহ্নৱী কাকতি 

অ’ মোৰ হোজাই...    পপী কলিতা 

গল্পঃ-
এনেকৈয়ে ভাঙেনে সপোন  পল্লবী কৌশিক শৰ্মা 
জন্মদিনৰ উপহাৰ   ৰাজীৱ দত্ত 
হঠাৎ এদিন     এনী ভূঞা ডেকা 

জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাৰ সৈতে ভাৰ্গৱৰ  আলাপ 

পাঠকৰ দৃষ্টিৰে 
ফ্লবিয়া এগনেছৰ মোৰ কাহিনী আমাৰ কাহিনী
ড° জ্যোতিশিখা দত্ত

অণুগল্পঃ-
সহজাত   হেমেন নাথ
বিশ্বায়ন   খূৰছিদ আনছাৰী 
আদৰ (চুটি গল্প)   ঝুনা বৰঠাকুৰ 

শিশুৰ ৰহঘৰা 

দূবৰি নিয়ৰ শইকীয়া, চিত্ৰানুগ বৰকটকী আৰু ধৃষ্টি হাজৰিকাৰ আঁক-বাঁক 
পোহৰৰ উৎসৱ দেৱালী  অনুভৱ চন্দন পৰাশৰ
পুখুৰীৰ দ’ত (গল্প)  ননী বৰদলৈ 
বন্ধুত্ব (সাধু)  হিৰণ ভূঞা 
এজন বুদ্ধিয়ক খেতিয়ক (সাধু ) ত্ৰৈলোক্য শৰ্মা 

পাহি আৰু কণমানি জলকুঁৱৰী (শিশু-উপন্যাস)    ৰিঞ্জুমণি নেওগ বৰা 

অনুভৱৰ পৃষ্ঠা লুটিয়াই...
ল’কেল ট্ৰেইনৰ ডুখৰীয়া ছবি  মৌচুমী দাস
মিঠা সোঁৱৰণি  ভূমিকা দাস 
এনজাইটি(Anxiety)    প্ৰকাশ  শ্ৰাৱন ঋষি 

ধেৎতেৰি (ৰসৰচনা )  
ৱান ডে ইন অমৰাৱতী  দেৱজিৎ শইকীয়া

গ্ৰন্থ উদ্ধৃতি  অনিতা মেধি মিশ্ৰ
পঢ়ুৱৈৰ অভিমত 

আখল 
মানসী বৰঠাকুৰৰ ৰৈ যোৱা ভাতৰ কাতলেট 
ভাস্বতী দাসৰ কলকাতাৰ আৰ্হিত ছাগলী মাংসৰে বিৰিয়ানি 

মৌচুমী শৰ্মা কাশ্যপৰ সৌন্দৰ্য চৰ্চা 

পত্ৰলেখা, পত্ৰ এখন লিখা না... ডিম্পামনি পাঠক 

শেষপৃষ্ঠা   
——————————————————
      বেটুপাত 
(সম্পাদকীয়)

   সংস্কৃতি,এটা জাতিৰ প্ৰাণ।এটি সমৃদ্ধিশালী জাতিৰ সংস্কৃতিও চহকী।সংস্কৃতি চিৰপ্ৰৱাহমান।ড° লীলা গগৈৰ মতে, "সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী সুঁতি।নৈৰ গতিয়েই সংস্কৃতিৰ গতি। নৈয়ে যেনেকৈ নিৰৱচ্ছিন্ন গতিৰে চিৰদিন বৈ থাকে,সংস্কৃতিও তেনেকৈ ধাৰাবাহিক গতিৰে চলি থাকে।"
   সংস্কৃতি হৈছে এটা জাতিৰ লোকসকলৰ জীৱন প্ৰণালী,জন-বিশ্বাস,পৰম্পৰাগত ৰীতি-নীতি ,আচৰণ, মূল্যবোধৰ সমষ্টি। 
সংস্কৃতি,উত্তৰাধিকাৰী সূত্ৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰৱাহিত হয়। যিহেতু সংস্কৃতি গতিশীল,সেয়ে পৰবৰ্তিত সময়ৰ স’তে সংস্কৃতিৰো পৰিবৰ্তন তেনেই স্বাভাৱিক। 
    অসমীয়া সংস্কৃতি বিশ্বৰ ভিতৰতে এটি চহকী সংস্কৃতি। এই ঐতিহ্যময় সংস্কৃতিলৈ বিভিন্ন সময়ত বিভিন্ন সংস্কৃতিৰ আমদানি ঘটিছে। যাক লৈ বহু বিতৰ্কৰো সূচনা হৈছে।
"ব’ল ব’ম" আৰু "কৰবাচ’থ",অসমীয়া সংস্কৃতিলৈ শেহতীয়া আমদানি। যাক এচামে  অসমীয়া সংস্কৃতিৰ স’তে সংপৃক্ত কৰাবলৈ অহৰহ চেষ্টা কৰি আছে। 
    সাংস্কৃতিক অভিযোজন, বৰ্তমানৰ গোলকীকৰণৰ যুগত এক সাধাৰণ পৰিঘটনা।তেনেদৰে আমদানি-ৰপ্তানিও সংস্কৃতিৰ বহল পথাৰখনত তেনেই সুলভ আৰু স্বাভাৱিক। সংস্কৃতিৰ আমদানিত , আধুনিকতা তথা বিশ্বায়নৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়।
   সংস্কৃতিৰ পৰিবৰ্তন অৱধাৰিত।হ’বই।কিন্তু নিজৰ শিপা পাহৰি আকাশীলতা হ’বলৈ যোৱাটো জানো সমীচীন ? 
   এই সম্পৰ্কে আৰু বিশেষ আলোচনা নকৰোঁ। এতিয়া আহো আন এক প্ৰসঙ্গলৈ ।
   প্ৰকৃতি আৰু সংস্কৃতি ,পৰস্পৰ ওতঃপ্ৰোতঃ ভাৱে সম্পৰ্কিত।বৰ্ণিল অসমীয়া সংস্কৃতি অতীজৰে পৰা প্ৰকৃতিৰ সৈতে সংপৃক্ত।ঐতিহ্যময় এই সংস্কৃতি কাহানিও প্ৰকৃতি বিদ্বেষী নাছিল। বৰঞ্চ আমাৰ পূৰ্বপুৰুষসকল যে পূৰ্বৰে পৰা পৰিৱেশৰ প্ৰতি সচেতন আছিল, তাৰ প্ৰমাণ–অসমৰ বিভিন্ন স্থানত ডাঙৰ ডাঙৰ বৃক্ষক কেন্দ্ৰ কৰি গঢ়ি উঠা পূতস্থানসমূহ।প্ৰধানতঃ শিৱ দেৱতাৰ আৰাধনাৰ অৰ্থে প্ৰকাণ্ড আঁহত-জৰী গছবোৰৰ তলত গঢ়ি উঠা শিৱস্থানসমূহ।কিয়নো, এই পূতস্থানসমূহৰ বাবেই এই প্ৰকাণ্ড গছবোৰ কোনেও কটা নাছিল।  আমাৰ চহকী সনাতন সংস্কৃতি যে অতীজৰে পৰা প্ৰকৃতিৰ প্ৰতি সচেতন আছিল,তাকে প্ৰমাণিত কৰে।
   তেনেকৈয়ে পাঁচশ বছৰৰ পূৰ্বে গুৰুজনাৰ নেতৃত্বত সমগ্ৰ অসম জুৰি গঢ়ি উঠা বৈষ্ণৱ সংস্কৃতিতো পৰিৱেশ সচেতনতাৰ বহু উদাহৰণ পোৱা যায়। "এক বৃক্ষ ,শত পুত্ৰ সম"-তেখেতৰ অমোঘ বাণী, ইয়াৰ এক উদাহৰণ। মাহ-প্ৰসাদ গ্ৰহণৰ বাবে কলপাত ব্যৱহাৰৰ প্ৰচলনো,তেখেতৰ প্ৰকৃতি প্ৰেমৰ আন এক নিদৰ্শন।
   কিন্তু, সম্প্ৰতি আধুনিকতাৰ দোহাই  দি ,সংস্কৃতিৰ ৰক্ষাৰ নামত আমি প্ৰকৃতি বিৰোধী বিভিন্ন কৰ্মত লিপ্ত হৈছোঁহঁক। যিবোৰে প্ৰাকৃতিক ভাৰসাম্যতা বিনিষ্ট হোৱাত 
ইন্ধন যোগাইছে।
   উদাহৰণস্বৰূপে দীপাৱলীৰ কথাই ল’ব পাৰোঁ।দীপাৱলী যেন পোহৰৰ উৎসৱ নহয়,শব্দৰ উৎসৱহে। কোনে কিমান প্ৰদূষণ সৃষ্টি কৰিব পাৰে, আমি যেন তাৰ অঘোষিত প্ৰতিযোগিতাতহে নামিছোঁ! 
   কাতি মাহতো  প্ৰচণ্ড গৰমত ছটফটাই সামাজিক মাধ্যমত প্ৰাকৃতিক ভাৰসাম্যতা বিঘ্নিত হোৱাৰ কথা ঠিকেই চৰ্চা কৰিলোঁ ,কিন্তু তাৰ দুদিন পাছতে ,দীপাৱলী উদযাপনৰ নামত ,মূল্যবৃদ্ধিত জুৰুলা হৈও, ফটকা-ব’ম-নানা ৰকমৰ  আতচবাজীৰে টকাৰ শৰাধ পাতিলোঁ। ক’ত গ’ল আমাৰ সেই প্ৰকৃতি সত্তা ? ক’ত গ’ল সেই প্ৰকৃতি প্ৰেম ? 
   
   ফটকাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক আওকান কৰি দিল্লীত উদযাপন কৰা  দীপাৱলীৰ কু-প্ৰভাৱ দিল্লীৰ জনতাই হাতে হাতে পাইছে।কিন্তু, ইমানৰ পাছতো আমাৰ কোনো পৰিবৰ্তন নাই।
   ধৰ্ম-সংস্কৃতিৰ দোহাই দি , প্ৰকৃতিবিৰোধী কাৰ্যকলাপৰ সংখ্যা নিতৌ বাঢ়িব ধৰিছে।
   প্ৰকৃতিৰ অবিহনে সংস্কৃতি অৰ্থহীন।প্ৰকৃতিবিৰোধী সংস্কৃতিক আমি সময় থাকোতেই জলাঞ্জলি দিয়া উচিত। অন্যথা প্ৰকৃতিবিৰোধী সংস্কৃতিয়ে আমাৰ জীৱন দুৰ্বিষহঃ কৰি তুলিবলৈ বেছিপৰ নালাগিব।

নৱ ৰাজন 
সম্পাদক
বৰ্ণৰাগ
৯৮৫৪৭৭৬১১৯
———————————————————
                                    প্ৰবন্ধ
ৰাসলীলাৰ আধ্যাত্মিক তাৎপৰ্য
অৰ্চনা ঠাকুৰীয়া

             শ্ৰীমদ্ভাগৱত গ্ৰন্থৰ দশম স্কন্ধৰ অন্তৰ্গত ২৯নম্বৰ অধ্যায়ৰ পৰা ৩৩ নম্বৰ অধ্যায়ত ৰাস- ক্ৰীড়া অথবা ৰাসলীলাৰ বৰ্ণনা আছে। ইয়াক 'ৰাস-পঞ্চাধ্যায়ী' বোলা হয়। ভাগৱত অনুসৰি গোপী-কৃষ্ণৰ সম্পৰ্কৰ মাজেদি ইয়াত সৰ্বোৎকৃষ্ট ভক্তিৰ নিদৰ্শন চিত্ৰিত হৈছে। গোপীসকলে কেৱল কৃষ্ণৰ নাম শ্ৰৱণ-কীৰ্তনেই নহয় তেওঁলোকে কৃষ্ণক অৰ্চনো কৰিছে ,তেওঁৰ পদসেৱাও কৰিছে,নিজকে দাসীৰূপে বিবেচিত কৰি দেহ-মন সৰ্বোচ্চ কৃষ্ণতেই অৰ্পণ কৰিবলৈ দ্বিধাবোধ কৰা নাই। ৰাসলীলাৰ  মাজেদি নৱবিধ ভক্তিৰ পূৰ্ণ বিকাশ ঘটা দেখা যায়। ভক্ত সমাজৰ মনত গোপীসকল সৰ্বতোকৃষ্ট ভকতৰ  নিদৰ্শন।
               অসমৰ নৱবৈষ্ণৱ আলোড়ণৰ প্ৰবৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ব্ৰজাৱলী ভাষাত ভাগৱতৰ ১০ম স্কন্ধৰ আদি ভাগ ৰচনা কৰিছিল। এই দশম স্কন্ধৰ মাজেদি ৰূপায়িত হৈছে কৃষ্ণৰ সমগ্ৰ মানৱী লীলা। আদি দশমত ঘাইকৈ কৃষ্ণৰ ১)শিশুলীলা ২)নানা অসুৰ নিধন কাৰ্য্য ৩)বৰ্ষা বৰ্ণন ৪) শৰৎ বৰ্ণন ৫) গোপীসকলৰ কাত্যায়নী ব্ৰত ৬) ৰাসলীলা ৭)গোপী-উদ্ধৱ সংবাদ অন্তৰ্ভুক্ত।
ব্ৰজগোপীসকলে শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ শৰৎ কালত কাত্যায়নী দেৱীক পূজা কৰিছিল। কাত্যায়নী ব্ৰতৰ মাজেদি স্বামী লাভেই আছিল গোপীসকলৰ মূল অভীপ্সা।সেই স্বামীক পৰম স্বামী কৃষ্ণলৈ ৰূপান্তৰ কৰা হৈছে আৰু কৃষ্ণক অৰ্থাৎ সু সংস্কৃতিক আয়ত্ত কৰিবলৈ হ'লে সম্পূৰ্ণৰূপে সংকীৰ্ণতা আৰু অকৃত্ৰিম ভাবাপন্ন হোৱা অতিকৈ যে প্ৰয়োজনীয় সেই কথাও বস্ত্ৰহৰণৰ মাজেদি ফুটাই তোলা হৈছে। উপৰুৱাকৈ চালে গোপী-কৃষ্ণৰ ৰাসলীলা পৰনাৰীৰ লগত পুৰুষৰ যৌন মিলনৰ আনন্দ অনুভূতি ৰূপেই চিত্ৰিত হোৱা যেন লাগে।কিন্তু আধ্যাত্মিক দৃষ্টিৰে বিবেচনা কৰিলে মিলন আকাংক্ষাৰ সেই উত্তেজনা হ'ল ভক্তৰ ভগৱানৰ লগত তীব্ৰ মিলন আকাংক্ষাৰ উত্তেজনা। ভাগৱতৰ ৰাসলীলাৰ অধ্যয়নে এই তত্ত্ব অনুভৱ কৰাত সহায় কৰে।

শাৰদীয় জোনাকী নিশা।
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত।।
পুৰিয়া পঞ্চম নাদ বঢ়াইলা মদন।
শুনি কামে বিমোহিত ভৈল গোপীগণ।।
চিতক ধৰিলা কৃষ্ণে এৰি কৰ্ম আন।
মধুৰ মূৰ্তিক মাত্ৰ মনে কৰৈ ধ্যান।।
কৃষ্ণক দেখিতে উত্তাৱল হুয়াবৰ।
ধ্বনি নিৰীক্ষণে সবে দিলেক লৱৰ।।
                         (আদি দশম,১২১২-১২১৪)
অসমৰ বৈষ্ণৱ সাহিত্যৰ অগ্ৰণী সমীক্ষক তথা সমালোচক লক্ষ্মীনাথ বেজবৰুৱাই ৰাসলীলাক অটল আধ্যাত্মিকতাৰ চানেকি ৰূপে প্ৰতিপন্ন কৰিছে। ঈশ্বৰ ভগৱান কল্পতৰু সদৃশ। যিয়ে যি বিচাৰে বা যিদৰে পাবলৈ বিচাৰে,একান্ত ভক্তিৰ বলত ভগৱানক তেনেদৰেই পাব পাৰি। ব্ৰজবধু-গোপীসকল ভগৱানৰ একান্ত ভক্ত।শ্ৰীকৃষ্ণক পাবলৈ তেওঁলোকে নিজৰ ঘৰ-সংসাৰ, লাজ-মান-ভয়-অহংকাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিলে।অৰ্থাৎ সংসাৰৰ বিষয় বাসনাৰ পৰা বন্ধনমুক্ত হৈ প্ৰেমময়ী ভক্তিৰ বান্ধোনেৰে তেওঁলোক সম্পূৰ্ণ বান্ধ খাই পৰিল।তেওঁলোকৰ চিত্ত সম্পূৰ্ণৰূপে ভগবানময়ী হৈ পৰিল। ভগৱান কৃষ্ণ পৰম ব্ৰহ্ম,পৰমেশ্বৰ।বিশ্বব্ৰহ্মাণ্ডৰ সকলো যশ, জ্ঞান, বৈৰাগ্য আদিৰো তেৱেঁই অধিপতি।তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ,বিশ্বব্ৰহ্মাণ্ড তেওঁৰ শৰীৰহে। গতিকে তেওঁ গোপীসকলক ৰমণ কৰাৰ প্ৰশ্নই নুঠে;কাৰণ গোপীসকলৰ চিত্তত তেওঁ আত্মাৰূপে বিৰাজমান।গোপীসকলৰ লগত কৃষ্ণই কৰা ৰাস এক লীলাহে মাথোন। ৰাসলীলা স্বৰূপাৰ্থত ভাৰতীয় জনগণৰ অধ্যাত্মিকতাৰ চূড়ান্ত নিদর্শন। ইয়াত তুচ্ছতা,হীনতা, নীচতাৰ স্থান নাই; আছে মানৱীয় মহামুক্তিৰ পৰম সম্ভেদ।

অৰ্চনা ঠাকুৰীয়া 
পাঞ্জাবাৰী,গুৱাহাটী 
———————————————————
শিশু দিৱস আৰু শিশুৰ বাবে এখন পৃথিৱী
ড° বিৰিঞ্চি কুমাৰ দাস

      ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল, শিশুসকলৰ বাবে তেওঁ 'চাচা' বা খুড়াসদৃশ আছিল বাবেই তেওঁৰ জন্মদিনটোত অৰ্থাৎ ১৪ নৱেম্বৰত ভাৰতবৰ্ষত শিশু দিৱস উদযাপন কৰা হয় যদিও শিশুৰ বাবে পৃথককৈ এটা দিৱস উদযাপনৰ গুৰুত্ব ইয়াতেই সীমাবদ্ধ হৈ থকা নাই। শিশুসকলৰ বাবে বছৰটোত আছুতীয়াকৈ এটা দিন ৰখাৰ প্ৰয়োজননো কিয় আহি পৰিল, বছৰৰ সকলো দিনেইতো শিশুক গুৰুত্ব দিবলগীয়া দিন -- এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ গ'লে আমি এনে কিছু কথাৰ মুখামুখি হওঁ, যিবোৰে নেহৰুৰ শিশুপ্ৰেমক যুগমীয়া কৰাতকৈ অধিক গুৰুত্বপূৰ্ণ কেতবোৰ কাৰণ উত্থাপন কৰে তেওঁৰ জন্মদিনটোত শিশু দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত। 
       প্ৰথমে বিষয়টোক অলপ আন্তর্জাতিক পটভূমিত আলোচনা কৰিব বিচাৰিছোঁ। কিছু আগুৱাই গ'লে আমি পাম যে ১৯৭৯ বছৰটোক 'আন্তর্জাতিক শিশু বৰ্ষ' হিচাপে বিশ্বজুৰি উদযাপন কৰাৰ বাবে ইউনেস্কো’ই ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সেই বছৰৰ ১ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ তদানীন্তন সচিব প্ৰধান কুৰ্ট ৱাল্ডহেইমে এই সম্পৰ্কীয় ঘোষণাটো আগ বঢ়াইছিল। সেই অনুসৰি বিশ্বৰ বিভিন্ন দেশত সেইটো বছৰত চৰকাৰী আৰু বেচৰকাৰী উভয় পৰ্যায়তে শিশুৰ বাবে উপযোগী বুলি ভবা বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।সেই সময়ত মই নিজে শিশু আছিলোঁ কাৰণে আন্তর্জাতিক শিশু বৰ্ষ উপলক্ষে অসমত আয়োজন কৰা অনুষ্ঠানসমূহৰ বিষয়ে কিছু অৱগত হৈছিলোঁ। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে আজিকালি বিভিন্ন উপলক্ষত শিশুক উদ্দেশ্য কৰি যিমান অনুষ্ঠান আয়োজিত হৈ থাকে, তাৰ তুলনাত আন্তর্জাতিক শিশু বৰ্ষত আমাৰ ইয়াত আয়োজিত অনুষ্ঠানৰ সংখ্যাটো বৰ ডাঙৰ বুলি ক'ব নোৱাৰি; কিন্তু লগতে এইটোৱো ক'ব খোজোঁ যে আন সময়ত সামাজিক প্ৰেক্ষাপটত কোনো গুৰুত্ব নোপোৱাকৈ থকা আমি শিশুসকলে সেই বছৰটোত প্ৰথমবাৰৰ বাবে নিজকে বেচ প্ৰিভিলেজড বুলি অনুভৱ কৰাৰ সুযোগ পাইছিলোঁ বুলি মোৰ এতিয়া ধাৰণা হয়। ১৯৭৯ চনত ৰাষ্ট্ৰসংঘৰ শিশু সম্পৰ্কীয় এই উদ্যোগৰ বিশটা বছৰৰ পূৰ্বে অৰ্থাৎ ১৯৫৯ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত 'ডিক্লেয়াৰেশ্যন অৱ দ্য ৰাইটছ অৱ দ্য চাইল্ড' গৃহীত হৈছিল, আৰু শিশুসকলে লাভ কৰিবলগীয়া অধিকাৰসমূহৰ সম্পর্কে সেই তেতিয়াহে বিশ্বত এক ব্যাপক ধৰণৰ সজাগতা দেখা গৈছিল। এইখিনিতে উল্লেখনীয় যে ভাৰতবৰ্ষত শিশু দিৱস নেহৰুৰ জন্মদিন ১৪ নৱেম্বৰত  পালিত হয় যদিও ৰাষ্ট্ৰসংঘৰদ্বাৰা আন্তর্জাতিক শিশু দিৱস উদযাপিত হয় ২০ নৱেম্বৰতহে, কাৰণ এই দিনটোতে আমি ওপৰত উল্লেখ কৰা শিশুৰ অধিকাৰ সম্পৰ্কীয় উল্লিখিত 'ডিক্লেয়াৰেশ্যন' ৰাষ্ট্ৰসংঘৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল। অৱশ্যে তাৰ বেছি আগলৈকে উভতি গ'লে দেখিবলৈ পাওঁ যে ৰাষ্ট্ৰসংঘৰ পূৰ্বসুৰী সন্মিলিত জাতিসংঘই ১৯২৪ চনতেই পাঁচটা মূল কথাৰ আধাৰত 'ডিক্লেয়াৰেশ্যন অৱ দ্য ৰাইটছ অৱ দ্য চাইল্ড' গ্ৰহণ কৰিছিল আৰু ১৯৫৯ চনত ৰাষ্ট্ৰসংঘই লোৱা 'ডিক্লেয়াৰেশ্যন'খনৰ মূল ভিত্তি আছিল প্ৰকৃততে জাতিসংঘই লোৱাখনেই । আকৌ ১৯৭৯ চনত আন্তর্জাতিক শিশু বৰ্ষ উদযাপনৰপৰা  দহটা বছৰ অতিক্রম কৰাৰ পাছত অৰ্থাৎ ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰদ্বাৰা 'কনভেনশ্যন অন দ্য ৰাইটছ অৱ দ্য চাইল্ড' গৃহীত হয় আৰু শিশুৰ অধিকাৰৰ বিষয়টোক আৰু অধিক সবল ভিত্তিলৈ অনা হয়। ইয়াৰ তাৎপৰ্য এয়ে যে সুদীৰ্ঘকাল ধৰি শিশুৰ সমস্যা আৰু শিশুৰ অধিকাৰক কেন্দ্র কৰি আন্তর্জাতিক পৰ্যায়ত বিভিন্ন কাৰ্যকলাপ চলি আছিল; ইয়াৰ কাৰণ হৈছে শিশুৰ সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথা সৰ্বত্ৰ স্বীকৃত হৈছিল। 
      এই ধৰণেৰে যে শিশুক উদ্দেশ্য কৰি এই উদ্যোগবোৰ লোৱা হৈছিল, শিশুৰ অধিকাৰক লৈ যে বিশ্বজুৰি সচেতনতা গঢ়ি তোলাৰ এনে সুদূৰপ্ৰসাৰী প্ৰয়াসবোৰ কৰা হৈছিল, তাৰ অন্তৰালত নিঃসন্দেহে কিছু সবল কাৰক নিহিত আছিল। এই ক্ষেত্ৰত  মন কৰিবলগীয়া কেইবাটাও কথা আছে।  সুদীৰ্ঘকাল জুৰি বিশ্বৰ বিভিন্ন দেশত, বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশবোৰত শিশুসকলে পীড়িত হৈ অহা বহুকেইটা ডাঙৰ সমস্যাৰ দুটা হ'ল পুষ্টিহীনতা আৰু  শিক্ষাৰ অভাৱ আৰু ১৯৫৯ চনৰ 'ডিক্লেয়াৰেশ্যন'ত এই সমস্যাবোৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। উল্লেখনীয় যে  জাতিসংঘৰ ১৯২৪ চনৰ 'ডিক্লেয়াৰেশ্যন অৱ দ্য ৰাইটছ অৱ দ্য চাইল্ড'ৰ মূল পাঁচটা কথা আছিল এনেকুৱা --
১) শিশুসকলক বস্তুগত আৰু আধ্যাত্মিক উভয় ধৰণেৰেই স্বাভাৱিকভাবে বিকশিত হোৱাৰ সুযোগ দিয়া। 
২) ভোকাতুৰ শিশুক খাদ্য দিয়া, বেমাৰী শিশুক পৰিচৰ্যা কৰা, অনগ্ৰসৰ শিশুক সহায় কৰা, অপৰাধত লিপ্ত শিশুক পুনৰুদ্ধাৰ কৰা, আৰু পিতৃমাতৃহাৰা আৰু গৃহহাৰা শিশুক আশ্ৰয় দিয়া আৰু সহায় কৰা। 
৩) বিপদ-আপদৰ সময়ত প্ৰথমতে শিশুৰ বাবে উপশমৰ ব্যৱস্থা কৰা। 
৪) শিশুক জীৱিকা অৰ্জন কৰিব পৰাকৈ সক্ষম হোৱাৰ অৱস্থালৈকে লৈ অনা আৰু সকলো ধৰণৰ শোষণৰপৰা সুৰক্ষিত কৰা। 
৫) শিশুসকলৰ মনত এনে এক চেতনাৰ বিকাশ ঘটোৱা যে সিহঁতে নিজৰ প্ৰতিভাখিনি আনৰ সেৱাৰ বাবে উৎসৰ্গিত কৰাটো উচিত বুলি বিবেচনা কৰিবলৈ লয়। 
       ইয়াৰ দ্বাৰা এই কথাটো স্পষ্ট হয় যে শিশুক ক্ষুধা, ৰোগ, শোষণ আদিৰপৰা মুক্তি আৰু উপযুক্ত বিকাশৰ বাবে সুযোগৰ অধিকাৰ দিয়াৰ কথাটো ১৯২৪ চনতো গুৰুত্বপূৰ্ণ আছিল। শিশু সম্পৰ্কীয় পৰৱৰ্তী ব্যৱস্থাসমূহৰ মূল আধাৰো এই কথাটোৱেই আছিল। 
        দেখা যায় যে আন্তর্জাতিক পৰ্যায়ত লোৱা এই ব্যৱস্থাবোৰৰ আগতে শিশুকেন্দ্ৰিক বিষয়সমূহক পৃথকে চোৱাৰ বাবে কোনো সবল সামাজিক দৃষ্টিভঙ্গী গঢ়ি উঠা নাছিল। শিশুৰ সমস্যাসমূহ যে ডাঙৰতকৈ পৃথক, আৰু সেয়ে সকলোকে সাঙুৰি লোৱা ব্যৱস্থাৰ পৰিৱৰ্তে সেই সমস্যাসমূহে যে পৃথক মনোযোগ দাবী কৰে, সেই কথাটো এই ব্যৱস্থাবোৰৰ মাজেৰে স্বীকৃত হ'ল। এতিয়াতো শিশুৱে প্ৰায়ে সম্মুখীন হোৱা মানসিক সমস্যাসমূহক লৈয়ো বিশ্বজোৰা সজাগতাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ই নিঃসন্দেহে এটা ভাল কথা। কিন্তু ইমানৰ পাছতো বিশ্বৰ বিভিন্ন দেশত শিশুৰ অৱস্থাৰ বিশেষ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি কোৱাটো টান; বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ শিশুসকলৰ সমস্যা কমক চাৰি বাঢ়িছেহে। এতিয়াও পৃথিৱীৰ বিভিন্ন দেশত যুদ্ধ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ক্ষেত্ৰত বেছিকৈ দুখ-যন্ত্ৰণাৰ চিকাৰ হ'বলগীয়াসকল হৈছে মহিলা আৰু শিশু। সন্ত্ৰাসবাদী সংগঠনৰ কামকাজ বা আন অপৰাধমূলক কামত শিশুৰ ব্যাপক ব্যৱহাৰ, শিশুৰ ওপৰত যৌন আতিশয্যৰ ঘটনাৰ ক্ৰমবৰ্দ্ধমানতা আদি এতিয়া বহু দেশৰে প্ৰাত্যহিক বাস্তৱতা। আনকি ভাৰতৰ দৰে বিশ্বৰ অৰ্থনৈতিক নেতৃত্বৰ ভাগীদাৰ হ'বলৈ আগ বঢ়া দেশ এখনৰো শিশুৰ পুষ্টিহীনতা আৰু শিক্ষাৰ অভাৱৰ ক্ষেত্ৰত কৰিবলগীয়া বহুখিনি বাকী আছে। শিশুক যৌন আতিশয্যৰপৰা সুৰক্ষিত কৰিবলৈ ভাৰতত POCSO আইন থকা সত্বেও শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা এই দেশত ভয়াবহভাবে বাঢ়ি আহিছে। 
        আধুনিক সমাজত শিশুৰ বাবে আন এক ভয়াবহ সমস্যাৰ আবিৰ্ভাৱ হৈছে আৰু সেয়া হৈছে শিশুৰ একাকীত্ব আৰু নিঃসংগতাৰ সমস্যা। অনুমান কৰিবলৈ টান নহয় যে এতিয়াই যথেষ্ট চিন্তাৰ বিষয় হৈ পৰা এই সমস্যাই পৰৱৰ্তী সময়ত সামাজিক ক্ষেত্ৰত অভাবনীয়ভাবে সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। সাম্প্রতিক কোভিডৰ আগ্ৰাসনে গোটেই বিশ্বকে এক স্থৱিৰতালৈ ঠেলি দিয়াৰ পৰিপ্ৰেক্ষিতত শিশুৰ এই সমস্যাৰ ভয়াবহতা নিয়ন্ত্রণহীনভাবে বাঢ়ি যোৱাৰ সম্ভাৱনা দেখা গৈছে যদিও এই সমস্যাৰ মূলতে আছে উগ্ৰ পুঁজিবাদৰ বিকাশৰ এই সময়ছোৱাত মানুহৰ জীৱন-ধাৰণলৈ অহা পৰিৱৰ্তনসমূহ। কিছুদিন আগতে এই অসমতে পৰ্ন'গ্ৰাফীৰদ্বাৰা আকৃষ্ট দুটা শিশুৱে আন এটা শিশুক নৃশংসভাবে হত্যা কৰাৰ ঘটনাটো ঘটাৰ পাছত শিশুক যৌনশিক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ কথা বহুলভাৱে চৰ্চিত হৈছে। শিশুক নীতিশিক্ষা দিয়াৰ বাবে আগতে থকাৰ দৰে এতিয়াও বিদ্যালয়ৰ পাঠ্যক্ৰমত ব্যৱস্থা থাকিব লাগে বুলিও বহুতে কৈছে। কিন্তু এনে ধৰণৰ শিক্ষা তেতিয়ালৈকে কাৰ্যকৰী নহ'ব যেতিয়ালৈকে শিশুক ইয়াৰ একাকীত্বৰ খোলাটোৰপৰা উলিয়াই আনি মানৱীয় সান্নিধ্যৰ উত্তাপ দিয়া নাযায়,আৰু তাৰ বাবে আমাৰ সামগ্ৰিক জীৱনধাৰালৈকো কিছু পৰিৱৰ্তন আহিবই লাগিব। মানৱীয় সংস্পৰ্শৰ বাহিৰত অৱস্থান কৰা কোনো শিক্ষাই পূৰ্ণৰূপত কাৰ্যকৰী ফল দিব নোৱাৰে বুলি আমি প্ৰযুক্তিনিৰ্ভৰ সমাজত বাস কৰা লোকসকলে উপলদ্ধি কৰাটো প্ৰয়োজনীয়।উগ্ৰ পুঁজিবাদে আগ বঢ়োৱা সুবিধাখিনি গ্ৰহণ কৰাৰ সময়ত আমি ই কঢ়িয়াই অনা বিপদসমূহলৈ আওকাণ কৰা উচিত নহয়। এটা কথা আমি মন কৰা ভাল যে বহুতে চাব খুজিলেও অসমৰ কলিয়াবৰত সংঘটিত ঘটনাটোক কোনো বিচ্ছিন্ন ঘটনা হিচাপে চাব নোৱাৰি। 
         এনেবোৰ কথাক বিচাৰ-বিশ্লেষণ কৰি শিশুৰ বাবে এক সঠিক পৃথিৱী গঢ়ি তোলাৰ দিশত আমাৰ চিন্তাক ধাবিত কৰাৰ উপলক্ষ হিচাপেই শিশু দিৱসৰ প্ৰয়োজন। 

লেখকৰ ঠিকনাঃ 
অধ্যক্ষ, বি, এইচ, বি, মহাবিদ্যালয়
সৰুপেটা -৭৮১৩১৮
জিলা - বৰপেটা
————————————
বৰাক উপত্যকাৰ খিলঞ্জীয়া অসমীয়া
অজন্তা চৌধুৰী 

   বৰাক উপত্যকা-অসমৰ দক্ষিণ প্ৰান্তত অৱস্থিত ।এই অঞ্চলৰ মূখ্য চহৰ শিলচৰ , অসমৰ কেন্দ্ৰবিন্দু গুৱাহাটীৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।বৰাক নদীৰ পৰাই এই উপত্যকাৰ নামাকৰণ কৰা হৈছে বুলি কোৱা হয় ।কাছাৰ ,কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিখন জিলাক লৈ বৰাক উপত্যকা গঠিত হৈছে ।বৃটিছৰ দখললৈ যোৱাৰ আগতে, কাছাৰ আৰু হাইলাকান্দি কছাৰী ৰাজ্যৰ আৰু কৰিমগঞ্জ তেতিয়াৰ অসম প্ৰদেশৰ অন্তৰ্গত চিলেট জিলাৰ অন্তৰ্ভূক্ত আছিল ।কিন্তু ১৯৪৭ চনৰ পাছত মত ভোটৰ জৰিয়তে কৰিমগঞ্জৰ বাহিৰে চিলেট জিলাৰ বাকী অংশ পূৱ পাকিস্থান  (বৰ্তমানৰ বাংলাদেশ) ৰ লগত সংযুক্ত হয় ।                                                                                        ২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাৰ জনসংখ্যা ৩৬,২৪,৫৯৯  জন ।ইয়াৰ চৰকাৰী ভাষা বঙালী যদিও সৰহ সংখ্যক লোকে চিলেটিয়া বঙালী ভাষাটোকে ব্যৱহাৰ কৰে ।বঙালী,হিন্দী,মণিপুৰী,ভোজপুৰী,বিষ্ণুপ্ৰিয়া মণিপুৰী,ডিমিচা,খাচী ,মাৰ্‌,উড়িয়া কাছাৰ জিলাৰ ,বঙালী ,হিন্দী,ত্ৰিপুৰী, মণিপুৰী,ভোজপুৰী হাইলাকান্দি আৰু বঙালী ,হিন্দী হৈছে কৰিমগঞ্জ জিলাৰ মূল ভাষা ।(লোকপিয়ল ২০১১)                                                
                                                          
বহুতো ৰজা মহাৰজাই খোজ পেলোৱা বৰাক উপত্যকাত বহুতো বীৰত্ত্বৰ ইতিহাস লুকাই আছে ।এই ইতিহাসৰ লগতে ইয়াৰ খিলঞ্জীয়া মানুহখিনিও জড়িত হৈ আছে ;যিবোৰ হয়তো গতিশীল সময়ৰ সৈতে বিলুপ্ত হৈ যাবলৈ ধৰিছে ।                             
                                                           
       বৰাক,সুৰমা উপত্যকাৰ অখণ্ড কাছাৰত বহুতো ৰজাই ৰাজত্ব কৰিছিল ।এই ৰাজ্যবোৰ কুকি ৰাজ্য ,নগা ৰাজ্য,চাকমা ৰাজ্য ,ত্ৰিপুৰা ৰাজ্য ,কামৰূপ ৰাজ্যৰ অংশ বিশেষ ইত্যাদি ।পঞ্চাদশ ষোড়শ শতাব্দীত কামৰূপৰ কোঁচ ৰজা নৰনাৰায়ণৰ সেনাপতি বীৰ চিলাৰায় আহোম ৰাজ্য জয় কৰি দ্বিগবিজয় হবলৈ আগবাঢ়িছিল ।প্ৰথমতে,মাইবং আক্ৰমন কৰি কছাৰী ৰজাক পৰাস্ত কৰে ,তাৰ পিচত ক্ৰমে আগবাঢ়ি গৈ জিৰি নৈৰ ওচৰৰ লক্ষীছড়া নামৰ ঠাইত খোপনি পুতে।বৰ্তমানৰ কাছাৰ জিলা সেইসময়ত ত্ৰিপুৰা ৰাজ্যৰ অধীনত আছিল ।বীৰ চিলাৰায়ে তিনিদিনৰ যুদ্ধৰ অন্তত ত্ৰিপুৰী ৰজাক পৰাজয় কৰি লক্ষীছড়াৰ পৰা শিৱিৰ উঠাই  আনি শিলচৰত শিৱিৰ পাতে ।শিলচৰত শিৱিৰ পতাৰ পিছত চিলাৰায়ে শ্ৰীহট্টৰ ৰজাৰ সন্ধিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত দুয়োপক্ষৰ মাজত যুদ্ধ হয় ।যুদ্ধত শ্ৰীহট্টৰ ৰজাৰ মৃত্যু হয় ,তেওঁ ভায়েক আসিৰায় চিলাৰায়ৰ কৰতলীয়া ৰজা হৈ থাকে ।পিছত চিলাৰায়ে শিলচৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ  দূৰত থকা বড়াইল পৰ্বতৰ কাষত ব্ৰহ্মপুৰ নামৰ ঠাইত ৰাজধানী পাতি লয় ।ব্ৰহ্মপুৰ ৰাজধানী হোৱাত সেই ঠাইত থকা ত্ৰিপুৰী সম্প্ৰদায়ৰ লোকসকলে হাজাৰ হাজাৰ বিঘা মাটি এৰি থৈ যোৱাত সেই ঠাইখিনি খাচ  (পতিত) হৈ থাকে ।

সেই ঠাইতে চিলাৰায়ে কোঁচ সৈন্য-সামন্তক বহুৱাই প্ৰথমতে কোঁচপুৰ আৰু তাৰ পিচত খাচপুৰ নামেৰে নামাকৰণ কৰি ৰাজধানী পাতি লয় ।                                                                 ৰজা নৰনাৰায়ণৰ পৰামৰ্শ মতে গোঁহাই কমলক চিলাৰায়ে পতা খাচপুৰত সিংহাসনত বহুৱাই ।প্ৰথমে কোঁচ ৰজা গোঁহাই কমলে বৰ পৰাক্ৰমেৰে ৰাজকাৰ্য চলাইছিল ।ইয়াৰ লগে লগে গৌৰ দেশৰ পৰা কাৰিকৰী সৈন্য আনি ৰাস্তা ঘাট মন্দিৰ আদি সঁজায় ।গোঁহাই কমলে কামৰূপৰ পৰা বহুতো কোঁচ ,কাকিয়াল,হিতলাল ,ডোম,চাড়াল,পাটনী,নাথ,ভূঞা,গৌড়ীয় প্ৰজা,ব্ৰাহ্মণ সকলক আনি বসতি প্ৰদান কৰে ।                                                                                                গোঁহাই কমলে নিজৰ শাসনৰ সুবিধাৰ স্ব-জাতীয় প্ৰজাক অষ্টাদশ শ্ৰেণীত বিভক্ত কৰিছিল ।ৰজাৰ প্ৰতিনিধি হিচাপে প্ৰতিখন গাঁৱত এজনকৈ পাইক নিযুক্ত কৰাৰ লগতে বিশজন পাইকৰ ওপৰত ঠাকুৰীয়া,এশ ত্ৰিশজন ঠাকুৰীয়াৰ ওপৰত শইকীয়া ,এহেজাৰৰ ওপৰত হাজাৰী,তিনিহাজাৰৰ ওপৰত উম্ৰাহ আৰু ছয় হাজাৰ ছয় শ জনৰ ওপৰত নবাব উপাধি প্ৰদান কৰিছিল ।ৰাজগুৰু,বাহ্মণ,ডেকাপাত্ৰ ,সেনাপতি,যুৱৰাজ ,উজীৰ মন্ত্ৰী ,শ্যামা ,ভাণ্ডাৰী লস্কৰ দেউৰী আদি বিভিন্নজনে ৰজাৰ ৰাজসভাত স্থান পাইছিল ।
  খাচপুৰ ৰাজ্যত বিভিন্ন সম্প্ৰদায়ৰ লোক বাস কৰিছিল ।যেনে- নগা,কাচাঁ নগা,কুকী ,চিৰু,খাংচাই,গুজ্জ,গুচুং,কোচ,কচাৰী ,লুচাই(মিজো),মাৰ ,উৰাং ,চাওতাল,মাঝি,কামৰূপৰ পৰা অহা কোঁচ,কাবিয়াল,ভূঞা,গাৰো,লালুং,খাছিয়া,কলিতা,দলৈ ,নাথ,হিতলাল,বামুণ ,কায়স্থ,ভট্ট,ভাট,সাউদ,দম,দেৱ,মিত্ৰধৰ,বৰা ,সোণাৰী ,ইত্যাদি।ৰজাৰ ৰাজধানী খাচপুৰক কেন্দ্ৰ কৰি বহুতো বসতি সম্পন্ন গাওঁ গঢ়ি উঠিছিল -কাপিৰবন্দ,লেবুৰবন্দ,গড়েৰবন্দ,থালীগ্ৰাম,উদাৰবন্দ,লক্ষীপুৰ ,জিৰিঘাট,লক্ষীছাড়া,গড়েৰভিতৰ,শিলচৰ ,হাইলাকান্দি,কনকপুৰ,বাশকান্দি,দুধপাতিল,ভৰাখাল,ৰংপুৰ,সোনাপুৰ,মাজঘাট,গোবিন্দপুৰ,বাঘপুৰ,বনবাঘ,যাত্ৰাপুৰ,আলগাপুৰ,ধলাই,জয়নগৰ,বড়খলা,ৰামপুৰ,তাৰাপুৰ,তেৰাপুৰ,ৰামনগৰ আদি।                                       
                               ৰজা গোঁহাই কমলৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ গম্ভীৰ সিংহই ১৬১৪ চনত     সিংহাসনত বহে ।তেওঁৰ ৰাজত্বকালত
খাচপুৰৰ চাৰিসীমা আছিল পূৱে লক্ষীছড়া,জিৰিঘাট,মণিপুৰৰ সীমা,উত্তৰে মাইবং,ডিমাপুৰ ৰাজ্য ,পশ্চিমে লাংখাই পাহাৰ,কৰিমগঞ্জ,আৰু দক্ষিণে লুচাই পাহাৰ (বৰ্তমানৰ মিজোৰাম)আৰু  ব্ৰহ্মদেশ ।                                                                                                    প্ৰায় ৭৫বছৰ ৰাজত্ব কৰাৰ পাছত ,১৬৮৯ চনত ৰজা গম্ভীৰ সিংহৰ মৃত্যু হয় ।তেওঁৰ মৃত্যু পিছত পুত্ৰ ৰণসিংহ সিংহাসনত অধিস্থিত হয় ।কিন্তু ৰণসিংহক তেওঁৰ অপকৰ্মৰ বাবে ষড়ষন্ত্ৰ কৰি হত্যা কৰা হয় আৰু ৰণসিংহৰ মৃত্যুৰ পাছত কোঁচ ৰাজ্যৰ অন্ত পৰে ।ৰজা অবিহনে সেনাপতি ৰামসিংহই ১৭৪৫ চনলৈকে শাসন কাৰ্য চলাই থাকে ।কিন্তু পিছত ভীমসিংহই মাইবঙত থকা কছাৰী ৰজাৰ পুত্ৰ লক্ষীচন্দ্ৰৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি খাচপুৰলৈ কছাৰী ৰজা লক্ষীচন্দ্ৰক আনি সিংহাসনত বহুৱাই ।এইদৰে ১৭৪৫ চনত কোঁচ (খাচুছা)আৰু ডিমিছা(কছাৰী)
মিলন হয়।ৰজা লক্ষীচন্দ্ৰই ৩৬ বছৰ ৰাজত্ব কৰাৰ পাছত তেওঁৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰ ক্ৰমে কৃষ্ণচন্দ্ৰ আৰু গোবিন্দ চন্দ্ৰই ৰাজকাৰ্য চম্ভালি লয়। 
অজন্তা চৌধুৰী
গুৱাহাটী

(আগলৈ...)
—————————————
আবৃত্তিঃ এক শিক্ষণীয় বিষয় 
তৃষ্ণা দেৱী  

ওম আবৃত্তি
আবৃত্তি শ্ৰেষ্ঠঃ
আবৃত্তি সৰ্ব 
আবৃত্তি নমো নমঃ।।

 আবৃত্তি এক অতি প্রাচীন পৰিবেশ্য কলা। আবৃত্তি হৈছে আটাইতকৈ পুৰণি বাকশিল্প। পুৰণি কালত ঋষি-মুণি সকলে বিভিন্ন শ্লোক মুখেৰে উচ্চাৰণ কৰিছিল আৰু তেতিয়াৰে পৰাই এই বাকশিল্পৰ প্ৰচলন আৰম্ভ হৈছিল বুলি গুণীসকলে কয়। ‘আবৃত্তি’ শব্দটো মূলত ‘সংস্কৃত’ ভাষাৰ পৰা অহা। ইয়াৰ ব্যুৎপত্তি ভাঙিলে আমি এনেদৰে ক’ব পাৰো যে, আবৃত্তি = আ + বৃৎ + ত্তিন্ । অৰ্থাৎ, ছন্দ, ভাব প্ৰভৃতি বজাই ৰাখি উচ্চস্বৰে পাঠ কৰা কাৰ্যকে আবৃত্তি বোলে। 
        আবৃত্তি হৈছে ভাব প্ৰকট উচ্চাৰণ। আবৃত্তি মানেই কেৱল কবিতা পাঠ নহয়। শুদ্ধ উচ্চাৰণেৰে সুললিত আৰু উদাত্ত কণ্ঠেৰে নিৰ্দিষ্ট লয় তথা প্ৰয়োজন সাপেক্ষে সুৰত নিবদ্ধ কৰি মুখেৰে উচ্চাৰণ কৰা প্ৰতিটো ভাব ব্যঞ্জক ধ্বনিয়েই হৈছে আবৃত্তি। আবৃত্তি আৰু পাঠৰ মাজত যথেষ্ট প্ৰভেদ আছে। ‘পাঠ' কৰা কাৰ্যত সাধাৰণতে ভাব নাথাকে। কিন্তু আবৃত্তি সম্পূৰ্ণ ৰূপে ‘ভাব প্ৰকট উচ্চাৰণ'। 
                                        আবৃত্তিক আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰা পূজাৰ বিভাজনৰ ‘চিন্ময় পূজা' (নাম-কীৰ্ত্তন) ৰ সৈতে তুলনা কৰিব পাৰো। শ্ৰীমন্ত শংকৰদেৱে কৰা পূজাৰ বিভাজনৰ আন দুবিধ হৈছে – মৃন্ময় (প্ৰতিমা পূজা) আৰু তন্ময় (ধ্যান) । এই তিনিবিধ পূজাৰ ভিতৰত চিন্ময় পূজাকেই সৰ্বশ্ৰেষ্ঠ বুলি মানি লোৱা হয়। কিয়নো, চিন্ময় পূজাৰ জৰিয়তে অৰ্থাৎ নাম-কীৰ্ত্তনৰ জৰিয়তে ভক্তিৰ জ্ঞান-গৰিমা একে সময়তে বহুজন শ্ৰোতালৈ প্ৰসাৰিত হ’ব পাৰে। ঠিক একেদৰেই এজন আবৃত্তিকাৰৰ জৰিয়তে কোনো এটা কবিতা বা পংক্তিত থকা অন্তৰ্নিহিত ভাব একে সময়তে বহুজন শ্ৰোতাৰ বোধগম্য হ’ব পাৰে। সেয়েহে আবৃত্তিক চিন্ময় পূজাৰ লগত তুলনা কৰা হৈছে। 

আবৃত্তিৰ প্ৰয়োজনীয়তাঃ
              বৰ্তমান সময়ত আবৃত্তিৰ প্ৰয়োজনীয়তা অধিক হৈ পৰিছে । যিটো সময়ত আমি আধা ইংৰাজী আৰু আধা অসমীয়া ভাষা কৈ বাৰ্তালাপ কৰা আৰম্ভ কৰিছো, এনে সময়ত অসমীয়া ভাষাৰ শুদ্ধ কথনশৈলী অনুশীলন কৰিবলৈ আবৃত্তিৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে। আবৃত্তিৰ প্ৰয়োজনীয়তা ছাত্র-ছাত্ৰীসকলৰ জীৱনত অপৰিসীম। কণ কণ শিশুসকলক নিজৰ মাতৃভাষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ তথা শুদ্ধকৈ ভাষাটো ক'বলৈ বা শিকাবলৈ আবৃত্তি এক উপযুক্ত মাধ্যম। কিয়নো, শিশুসকলে অ, আ, ক, খ পঢ়িবলৈ বা লিখিবলৈ জনা হোৱাৰ আগতেই প্ৰথমে আয়ত্ব কৰিবলৈ আৰম্ভ কৰে ওমলা কবিতা আবৃত্তি কৰিবলৈ । শুদ্ধ উচ্চাৰণেৰে সুৰ লগাই কণ কণ মইনাহঁতক কবিতা আবৃত্তি কৰিবলৈ শিকালে তেওঁলোকে নিশ্চয়কৈ লাহে লাহে ভাষাটোৰ প্ৰতি টান অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। ভাষা শিক্ষাৰ ক্ষেত্ৰতো আবৃত্তিৰ ভূমিকা অসীম। পদ্যই হওঁক বা গদ্যই হওঁক সুললিত কণ্ঠেৰে শুদ্ধ উচ্চাৰণেৰে পাঠদান কৰিলে ছাত্র-ছাত্ৰীসকলে নিশ্চয়কৈ আমাৰ ভাষাটোৰ প্ৰেমত পৰিব, লগতে তেওঁলোকৰ কথনশৈলীও মনোমোহা হ’ব । “গদ্যক সৰোবৰ আৰু পদ্যক বোঁৱতি নৈৰ সৈতে তুলনা কৰিব পাৰি। কাৰণ, লয়-ছন্দ সমাদৃত।'' (আবৃত্তি চয্যা) 

এজন ভাল আবৃত্তিকাৰ হ’বৰ বাবে কি কি দিশত অনুশীলনৰ প্ৰয়োজনঃ
                         এজন ভাল আবৃত্তিকাৰ হ'বলৈ হ'লে আবৃত্তি কৰিবলগীয়া কবিতা অথবা যিকোনো পংক্তিৰ বিষয়বস্তুৰ গভীৰতা আবৃত্তিকাৰ জনে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিব লাগিব। তাৰ বাবে আবৃত্তিকাৰ জনে আবৃত্তি কৰিবলগীয়া কবিতাটো কেইবাবাৰো পঢ়ি লোৱাটো অতিকৈ প্ৰয়োজন। কিয়নো, কবিতাটিৰ অন্তৰ্নিহিত ভাব আবৃত্তিকাৰ জনে ভালদৰে উপলব্ধি কৰিব পাৰিলেহে সেয়া শ্ৰোতাৰ মাজলৈ নি শ্ৰোতাৰ বোধগম্য কৰাব পাৰিব। 
                     
  এজন সু-আবৃত্তিকাৰ হ’বলৈ অনুশীলন কৰিবলগীয়া দিশবোৰ/প্ৰয়োজনীয় গুণবোৰ হ'ল–
১) কণ্ঠস্বৰৰ মধুৰতা
২) শুদ্ধ আৰু স্পষ্ট উচ্চাৰণ
৩) ভাব প্ৰকট উচ্চাৰণ
৪) বিৰতি
৫) ভাবব্যঞ্জনা
৬) লয়/সুৰ


আবৃত্তিৰ উপকাৰিতাঃ
১) কথনশৈলী শুদ্ধ হ’ব। 
২) ব্যাকৰণৰ লগত পৰিচয় হ’ব। 
৩) কণ্ঠস্বৰ সুন্দৰ হ’ব। 
৪) অসমৰ কাব্যজগতৰ লগত চিনাকি হ’ব পাৰিব। 
৫) নতুন নতুন শব্দ শিকিব পাৰিব। 
৬) এগৰাকী ভাল বক্তা হ’ব পাৰিব। 
৭) আত্মবিশ্বাস বাঢ়িব। 
৮) এগৰাকী ভাল মঞ্চ সঞ্চালক হ’ব পাৰিব। 
৯) এগৰাকী ভাল বাতৰি পৰিবেশক হ’ব পাৰিব। 
১০) এগৰাকী ভাল মঞ্চশিল্পী হ’ব পাৰিব। 
১১) এগৰাকী ভাল শিক্ষক হ’ব পাৰিব। 
             সেইবাবেই কোৱা হয় –" আবৃত্তি সৰ্বাশাস্ত্ৰানাং বোধাদপি গৰিয়সী।" অৰ্থাৎ, সকলো শাস্ত্ৰ জ্ঞানতকৈ আবৃত্তি শাস্ত্ৰ জ্ঞান শ্ৰেষ্ঠ। 
বৰ্তমান সময়ত ছাত্র-ছাত্ৰীসকলৰ বাবে আবৃত্তি এটা শৈক্ষিক বিষয় হোৱাটো নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে  । 
             
[সহায়ক পুথিঃ আবৃত্তি চয্যা 
(উপম শইকীয়া)]

তৃষ্ণা দেৱী
সহকাৰী শিক্ষয়িত্ৰী 
চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়
————————————
বিবাহ- নাৰী আৰু হিন্দু সমাজ 
জিতা ৰাণী ফুকন 

        বিবাহ আমাৰ হিন্দু ধর্ম সমাজত এক ধাৰ্মিক বন্ধন ; যি আমাৰ সমাজত Rig Vedic যুগৰ পৰাই চলি আহিছে । আৰু এই ধাৰ্মিক বন্ধন "মন স্মৃতিৰ(Manu Smiriti) ৰ পৰিঘটনা ।

(  I hold your hand for Saubhagya that you may grow old with your husband , you are given to me by the just , the Creator ,the Wise and by the learned people.)

    (তোমাৰ দুহাত খামুচি ধৰিলোঁ ওৰে জীৱন তোমাৰ স’তে থকাৰ প্ৰতিশ্ৰুতিৰে,তোমাক ভগৱানে মোলৈ দাঙি ধৰিছে মোৰ জীৱনৰ সৃষ্টিকৰ্তা ৰূপে, কাহানিও নাপাহৰাৰ শিক্ষাৰে।)

ভাৰতীয় হিন্দু সমাজৰ এই ধাৰ্মিক বন্ধনক পৰিপাতিকৈ প্ৰতিস্থাপন কৰিবলৈ আমাৰ সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় আইন ব্যৱস্থাই এখন আইন প্ৰতিপন্ন কৰিলে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা পিছত ___Marriage under the Hindu marriage Act 1955 .

    যদিও "হিন্দু বিবাহ"অনুষ্ঠানক এক ধৰ্মীয় উৎসৱ বুলি অভিহিত কৰা হয় ,কিন্তু হিন্দু বিবাহ আইনে ১৯৫৫ এ আমাৰ সমাজত কিছুমান বৈশিষ্ট্য সাঙুৰি লোৱা পৰিলক্ষিত হৈছে ,যি মই পিছলৈ বহলাই আলোচনা কৰিম ।
      অতীজত বৈদিক যুগৰ বেলিকা বিবাহ উৎসৱক আঠোটা ভাগত ভাগ কৰা চকুত পৰে ----আৰু তাৰেই সহায়ত নাৰীয়ে পুৰুষৰ ওচৰত অধিকাৰ গ্ৰহণ কৰিছিল।
      অতীজৰ বৈদিক  যুগত আঠবিধ বিবাহ এনেধৰণৰ— (১)ব্ৰহ্মা Brahma
 (২)দৈৱ (Daiva)
 (৩)আৰ্চ(Arsha)
(৪)প্ৰজাপ্ৰতি (prajapatya)
(৫)অচ্চোৰা (Asura)         (৬)গন্ধৰ্ব(Gandhrava)         (৭)ৰক্ষাচ্ছ(Rakshasa)
 (৮) পেস্বাচ্ছ
(Paishacha)

  এই আঠোটা পন্থাৰে অতীতত হিন্দু বিবাহ সম্পন্ন হৈছিল আৰু ইয়াৰে আলম লৈ আমাৰ সমাজত নাৰী পুৰুষৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল আৰু ইয়াৰ ৰক্ষনাবেক্ষণ দিবলৈ আমাৰ হাতত আইন আনি কোঁচত তুলি ধৰিছে, যাৰ  সৎ ব্যৱহাৰ কেনেকৈ  কৰিব পৰা যায় সেই সম্পৰ্কে অধিক তথ্য যোগান ধৰিম ।
বৈদিক যুগৰ এই আঠোটা বিবাহ উৎসৱৰ প্ৰথম চাৰিটা ভাগৰ 1) Brahma, 2)Daiva , 3)Arsha,  and 4)Prajyapatya ----ভগৱানৰ সৃষ্টিৰ আঁৰৰ বুলি অভিহিত কৰি পুৰস্কাৰ ৰূপে দৰা পক্ষলৈ দান হিচাপে আগবঢ়োৱা পৰিলক্ষিত হয় ।এনেকুৱা ধৰণৰ বিবাহ উৎসৱক সাধাৰণ বিবাহ হিচাপে গণ্য কৰিছিল বৈদিক যুগৰ বেলিকা ।
       আকৌ আন চাৰিবিধক
 1) Asura 
2) Gandharva 
3) Rakshasa আৰু  4)paishacha ----অসাধাৰণ বা অধৰ্মী বিবাহ হিচাপে পৰিগণিত হোৱা পৰিলক্ষিত হয় ।
     1) অচোৰা (Asura)এই বিবাহত কন্যা ঘৰৰ পৰা অভিভাৱকে সাধাৰণ ভাৱে দৰাৰ ঘৰলৈ  উলিয়াই দিয়াৰ পৰিলক্ষিত হয় ।
       ২)গন্ধৰ্ব বিবাহ (Gandharva)ঃ এই বিবাহ হ'ল প্ৰেম বিবাহ ,দুয়ো পক্ষৰ সমিলমিলৰ ।   ৩)ৰাক্ষস
(Rakshasa)এই বিবাহত  দৰা পক্ষই কন্যাৰ অমতত যোৰ কৰি বিবাহ সম্পন্ন কৰা দেখা পোৱা যায় ।
       ৪)পেচচ্ছাচ্(Paishacha) এনে বিবাহ বৰ ভয়ানক ,ইয়াত দেখা যায় কন্যাই অত্যাধিক মাদক দ্ৰৱ্য  সেৱন কৰি ক’ব নোৱাৰা হৈ থাকোতেই বিবাহ সম্পন্ন হয় ।
        এই বৈদিক যুগৰ বৈবাহিক পৰিঘটনা আজি হিন্দু সমাজত ১৯৫৫ চনৰ আইনে সম্পূৰ্ণৰূপে পৃথক কৰা পৰিলক্ষিত হয়।এনে বৈদিক যুগৰ বিৱাহক এই আইনে সম্পূৰ্ণৰূপে অত্যাধুনিক কৰা দেখা যায় । বৰ্তমান সমাজত আমাৰ পৰিলক্ষিত হয় --প্ৰেম বিবাহ আৰু দুয়োখন ঘৰৰ মতত হোৱা বিবাহ ।যেনে 1)Love marriage আৰু 2) Arrange marriage   । 
       বৰ্তমানৰ সমাজত আমাৰ মাজত প্ৰেম বিবাহক বেছি গুৰুত্ব দিয়া হয় সেই বৈদিক যুগৰ গন্ধৰ্ব বিবাহৰ দৰে ।

হিন্দু বিবাহ আইন ,১৯৫৫
----------------------------------
অনুচ্ছেদ ৫ অনুসৰি দুজন হিন্দু ব্যক্তিৰ মাজত‌ এখন বিবাহ সম্পন্ন হবলৈ এনেধৰণৰ ৰীতি -নীতি বাধ্যতামূলক -------
 ১)যিকোনো বিবাহ প্ৰাৰ্থীয়ে বিবাহ সম্পন্ন কৰা হেতুকে পুৰুষে অন্য নাৰীৰ সʼতে আৰু নাৰীয়ে অন্য পুৰুষৰ সʼতে সহবাস কৰা নিষিদ্ধ 
২) বৈধ বিবাহ সম্পন্ন কৰা হেতুকে বিবাহ প্ৰাৰ্থীৰ মানিব লগা ৰীতি ----ক)শাৰীৰিক ভাবে সক্ষম হব লাগিব
  খ) মানসিকভাবে সক্ষম হব লাগিব 
  গ)মানসিক ৰোগী হব নোৱাৰিব 
    ৩) দৰাৰ ২১ বছৰ আৰু কন্যাৰ ১৮ বছৰ সম্পূৰ্ণ হব লাগিব 
     ৪) কোনো সাম্প্ৰদায়িক সংঘৰ্ষ থাকিব নোৱাৰিব 
     ৫) বংশধৰৰ (Sapinda relationship)
মাজত হিন্দু ধৰ্মত বিবাহ সম্পন্ন হোৱা বাধা ।
এনে ধৰণৰ ৰীতি- নীতি ১৯৫৫ ৰ হিন্দু বিবাহ আইন অনুসৰি এখন হিন্দু বিবাহ  সম্পন্ন কৰিব পাৰি ।


জিতা ৰাণী ফুকন 
চৰকাৰী অধিবক্তা 
শিৱসাগৰ, অসম
—————————————
শিল্পকৰ্ম আৰু সাহিত্য সৃষ্টিৰ অন্তৰালত  নান্দনিক দৃষ্টিবোধ
ৰেখা বৰকটকী

     সাহিত্য হ'ল জীৱন বীক্ষা! জীৱন আৰু জগতৰ অভিজ্ঞতা কেনেকৈ প্ৰকাশ কৰিব সেইয়া লেখক জনৰ ওপৰতে নিৰ্ভৰ কৰিব সেই অভিজ্ঞতাৰ প্ৰকাশ নাটকৰ ৰূপতো হ'ব পাৰে চুটিগল্পৰ ৰূপতো হ'ব পাৰে নতুবা কবিতাও হ'ব পাৰে ।আজি পৰ্য্যন্ত কোনেও নিৰ্দ্দিষ্ট কৰি ক'ব পৰা নাই,কেনে ধৰণৰ লেখাক সাহিত্য বুলি কয়!  লিখিলেই সাহিত্য নহয় যেনেদৰে আঁকিলেই ছৱি নহয়। সকলো ধৰণৰ শিল্প কৰ্মতে উপযুক্ত কৰ্ষণৰ প্ৰয়োজন ।যেনেকৈ আৱেগৰ নদীখনে হৃদয় তন্ত্ৰীত তোলপাৰ লগাই পাৰ ভাঙি উপচি আহিলেই কবিতা নহ’বও পাৰে যদিহে তাত উপযুক্ত শব্দৰ সমাহাৰেৰে  ভাৱবন্যা আৰু চিত্ৰকল্পৰ  সু-সমন্বয় নঘটে;  ঠিক তেনেকৈ এজন লেখকে তেওঁৰ শিল্পকৰ্ম বা সৃষ্টি সমূহ কোন দিশে প্ৰকট কৰিব সেইয়া তেওঁৰ ৰুছি -অভিৰুছি অথবা ইচ্ছা- অনিচ্ছাৰ ওপৰতো নিৰ্ভৰ কৰিব ।আমি দেখা পাওঁ- সুন্দৰ গল্পকাৰ
এগৰাকীয়ে এটা নিটোল কবিতাৰ সৃষ্টি কৰিব নোৱাৰিবও পাৰে। পাৰ হৈ যোৱা দুটি মান দশকৰপৰা আমি লক্ষ্য কৰিলে দেখা পাওঁ- সাহিত্যৰ অন্যান্য বিভাগতকৈ কবিতাৰ প্ৰতি মানুহৰ আসক্তি তুলনামূলকভাৱে বৃদ্ধি পোৱাৰ দৰে অনুমান হয় । কিয়নো কবিতা সৃষ্টিৰ বাবে যিখিনি গৱেষণা চৰ্চা বা অনুশীলনৰ দৰকাৰ সেইখিনিৰ অবিহনেই আমি কবিতাৰ সৃষ্টিত মনোনিবেশ কৰো। ফলত পৰিপক্কতাহীন কবিতাৰ জন্ম হয় তেনেবোৰ কবিতাই কবিতা বুলি নামাকৰণটো পায় কিন্তু সমালোচনা নোপোৱাৰ হেতু কবিতাৰ প্ৰকৃত গুণাগুণ পোৱাৰপৰা  সেইসমূহ কবিতা বঞ্চিত হয়।
       মানৱ হৃদয়ৰ দাপোন স্বৰূপ কবিতাবোৰ প্ৰকৃততে মানৱ চেতনাৰ বাহক। মানুহ জীয়াই থাকে মানে কবিতা জীয়াই থাকিব মানুহৰ বুকুত। উম দিয়া কষ্টসাধ্য যাতনাৰ ফল এই কবিতাক কাব্যপ্ৰাণে তেজেৰে লিখে। উন্মাদ চিত্ৰ কল্পৰ পোহাৰ মেলা বহুজন কাব্যকাণ্ডাৰী যুগে যুগে চিৰ স্মৰণীয় হৈ আহিছে। কবিতাৰ ব্যাপ্তি বহুযোজন সীমনালৈ সম্প্ৰসাৰিত হোৱাৰ বাবে মানৱ চেতনাক ই কোনোকালেই প্ৰতিহত কৰিব নোৱাৰে । সেয়েহে কোৱা হয়- "কবিতা তুমি শানিত বুকুৰ ধাৰ ,জনম দিব পাৰা অনেক চানেকি...!
 যিদৰে সোণ পুৰিলে উজ্বলতা বৃদ্ধি পায় তেনেকৈ সাহিত্যকো উচিত সমালোচনাই উৎকৃষ্টতা প্ৰদান কৰে  ।    
আমি দেখিছো আজিকালি প্ৰায় সকলেই কিবা নহয় কিবা লিখাৰ মানসিকতা পুহি ৰাখে কিন্তু সেই অনুপাতে পাঠকৰ সংখা কম দেখা যায়। ইয়াৰ মূল কাৰণ হ'ল আমি খুউব কম সময়ৰ ভিতৰতে কোনো সাধনা নকৰাকৈ  খুউব সহজতে কিবা এটা সৃষ্টি কৰাৰ প্ৰৱণতা ৰাখো ,যাৰ কাৰণে আমি নিজক অভিজ্ঞতা পুষ্ট কৰি তোলাৰ বিপৰীতে আমাৰ সীমিত জ্ঞানেৰে পাহাৰ বগোৱাৰ প্ৰয়াস কৰোঁ ।অধ্যয়ণ এক  তপস্যা যি তপস্যাই  মস্তিষ্কৰ অলসতা আঁতৰাই  আমাৰ মগজুৰ পেশীসমূহক    কৰ্মক্ষম কৰি তোলে!  তেনে ক্ষেত্ৰত সাহিত্য সৃষ্টিত মাদকতা অক্ষুন্ন ৰূপত থকাত সুন্দৰ সৃষ্টি সম্ভৱ হ'ব পাৰে!
   আমাৰ সাহিত্যিক সত্তাৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ একমাত্ৰ হেঙাৰ হ'ল আমি প্ৰশংসাত  উটি- ভাঁহি যাও! প্ৰশংসা শুনি ভাল পোৱাটো আমাৰ সকলোৰে সহজাত প্ৰবৃত্তিৰ দৰেই বুলিব পাৰি। কিন্তু এই  আত্মতৃপ্তিয়ে এগৰাকী শিল্পীৰ উত্তৰণৰ বাটত এক প্ৰতিবন্ধকতাৰ হে উদ্ৰেক ঘটায় ফলত মস্তিষ্ক উৰ্বৰ হ'লেও সাৰ-পানীৰ অভাৱত সুস্থ-সৱল ফচল আশা কৰা নাযায়!
   সফলতা এজোপা উৎকৃষ্ট গছৰ ফলস্বৰূপ। ব্যক্তি এজন জ্ঞানী হ'ল বুলিয়েই সফল ব্যক্তিত্বৰ ব্যক্তি এজন নহ'বও পাৰে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ আগ্ৰাসনে আজিৰ পৃথিৱীখনক  নি উৰ্ধতম স্তৰত উপনিত কৰালেও আমাৰ মন- মগজুবোৰ এতিয়াও কু-সংস্কাৰ মুক্ত হ'ব পৰা নাই। শিক্ষাৰ অৰ্থ হ'ল সুদূৰ প্ৰসাৰী।শিক্ষিত  মনবোৰ যুক্তিবাদী। আজিৰ ক্ৰমাগতভাৱে উন্নীত  দেশত বিশ্বায়নৰ সৈতে হাতে হাত ধৰি ফেৰ মাৰিব পৰাকৈ আমাৰ মস্তিষ্কও উৰ্বৰ কৰি ল'ব পাৰিব লাগিব।আমাৰ মনত কৰাল মাৰি ধৰি থকা অন্ধবিশ্বাসৰ বদ্ধমূল ধাৰণাক ধুই নিকা কৰাৰ পাছতহে সমাজৰ হিতৰ বাবে চিন্তা কৰিব পাৰো।
     এইখিনিতে উল্লেখ কৰিব পাৰি ---ভাৰতীয় নন্দন তত্বৰ গাত আউজি ঋষি অৰবিন্দই কৈছে" সাহিত্য হ'ল নান্দনিক দৃষ্টিবোধ আৰু পৰিপূৰ্ণ সম্পাদন দক্ষতাৰ পৰিবেশত চেতনাৰ স্বাভিবক্তি"  সহজভাষাত কবলৈ গ'লে সত্য আৰু সুন্দৰৰ বোল সনা জীৱন অভিজ্ঞতাৰ প্ৰকাশেই সাহিত্য  ঠিক তেনেকৈ প্ৰত্যেকজন সাহিত্যিকৰ জীৱনৰ অভিজ্ঞতাও একান্তভাৱেই ব্যক্তিগত ।সদৌশেষত ড° মহেন্দ্ৰ বৰাদেৱৰ ভাষাৰে কওঁ  সাহিত্যিক, বৈজ্ঞানিক, দাৰ্শনিক তিনিও  স্বপ্নদ্ৰষ্টা ! কিন্তু প্ৰত্যেকৰে সত্য উপলব্ধি কৰাৰ পদ্ধতিটো পৃথক।পুৱাৰ বেলিটো দেখি দাৰ্শনিক জনে প্ৰশ্ন কৰে এই বেলিটোৰ অস্তিত্বটো তাৰ নিজৰ নে আমাৰ মনৰ ভ্ৰান্তি? 
বৈজ্ঞানিকজনে অনুসন্ধান কৰে বেলিটোৱে সিঁচি দিয়া পোহৰখিনিত কেইটা ৰং আছে আৰু এই পোহৰখিনি বেলিটোৰপৰা তৰংগ হৈ আহিছে নে কণিকা হৈ আহিছে...
কবি- সাহিত্যিকে আকৌ পুৱাৰ ৰান্ধনি বেলিটো দেখি মন-প্ৰাণ পুলকিত হৈ এক অনাবিল আনন্দত আত্মবিভোৰ হৈ পৰে!
—————————————
পকীপথ
বিশ্বজিৎ গগৈ

       প্ৰগতিৰ সোপান বগাই যাত্ৰা কৰা যাত্ৰী সকলেই মানুহ। মানুহেই নিজৰ সুবিধাৰ বাবে সৃষ্টি কৰে নানান সামগ্ৰী আৰু নিৰ্মাণ কৰে ৰাস্তা , দলং , ঘৰ  ইত্যাদি ইত্যাদি। উন্নয়নৰ গতিশীলতাই এদিন গো-বাটক  পথলৈ ৰূপান্তৰ কৰি এটা দিনত অত্যধুনিক প্ৰক্ৰিয়াৰে পকীপথ কৰিলে। পকীপথ এটাৰ লগত মানুহৰ বহুত কথাই জড়িত হৈ থাকে। জড়িত থাকে জীৱ-জন্তু, পোক-পৰুৱা, গছ-গছনিৰো । এটা পকীপথত  সংগোপনে সাঙোৰ খাই থাকে বহুতৰ ঘাট-প্ৰতিঘাত, হৰ্ষ-বিষাদ, হাঁহি আৰু চকুলোৰ কথা। সূক্ষ্ম ভাবে মন কৰিলে দেখা পোৱা যায় পকীৰাস্তাৰ লগত হাজাৰ বিজাৰ কাহিনী নিহিত হৈ থাকে। এটা পকীপথৰ ওপৰত এখন নতুন মটৰ চাইকেল অথবা গাড়ীৰ ভিতৰৰ আনন্দৰ কোলাহলৰ গিৰ্জনি থাকে। বেদনা ক্লিষ্ট চকুলোৰ জোৱাৰত হেৰুৱা সপোনৰ ভগ্নাৱশেষ থাকে। উল্কাৰ দৰে কলিতে মৰহা ফুলৰ পাপৰি বোৰৰ বেথা , চিনাকি অচিনাকি মানুহৰ ৰক্তাক্ত দেহা অথবা মা বুলি হেৰুৱা মুখৰ মাত শাৰীৰ কৰুণ গাঁথাও থাকে । চাকৈ-চকুৱা সদৃশ প্ৰেমিক প্ৰেমিকাৰ যৌৱনৰ ৰং, জীৱন জীয়াৰ প্ৰতিশ্ৰুতি  অথবা  ৰং বিহীন বিষাদ বোৰ যেন  অহৰ্নিশে পকিৰাস্তাৰ বুকুত খোদিত হৈ থাকে। দিনৰ ব্যস্ততা ভৰা মানুহৰ ভৰ সহি ৰাতিৰ বুকুত এডাল সাপৰ দৰে পৰি থাকে পকীৰাস্তা টো অথচ কেতিয়াও যেন প্ৰশান্তিৰ এখন্তেক জিৰাবলৈ নাপায় পকীৰাস্তাটোৱে। হাজাৰ দুখ কষ্টকো স্বীকাৰ কৰি কেতিয়াবা কোনো কোনো সময়ত কোনো আদৰ্শ ব্যক্তিৰ গহীন খোজৰ পৰশত অথবা মধুৰ সু- বাৰ্তালাপত শান্তিৰ যেন ঠিকনা বিচাৰি পাই পকীপথে। অন্যথা কোনো দিনেই নুগুচে পকীপথৰ দুখ। এটা সাপৰ দৰেই পকীপথৰ জীৱন।

    এডাল ক'লা সাপ হৈ পৰি থাকে সি
তাৰ ওপৰেৰে পাৰ হৈ যায় মানুহৰ বৰ্বৰ!
আধুনিক নোহোৱাহ'লে মানুহে নগচকে সাপৰ পিঠিত
সাপে নকৰিলে হয় দুৰ্ঘটনা।
কাৰণ সাপ থাকিল হয় হাবিত
মানুহ ফুৰিলে হয় মাটিত।

     দুদিনমান সাপটোৱে ভালকৈয়ে জিৰাইছিল
কাৰণ, জাৰৰ দিন আছিল 
এতিয়া গৰম বেছি হৈছে ক্ৰমাৎ 
মানুহৰ খোজবোৰ , বৰ্বৰতা পুনৰ বাঢ়িল।
সাপটোৱে আকৌ সহিব লাগিব যন্ত্ৰণা
বঢ়াব লাগিব বহন ক্ষমতা।

     নিশাৰ বুকুত পঢ়িব পাৰি পকীপথৰ জীৱনী।
কিঞ্চিত হ'লেও বোধগম্য হ'ব তাৰ বেদনাৰ কাহিনী
তাৰ বুকুত খোদিত হয় জীৱনৰ বহু জীয়া ঘটনা
সুখৰ -দুখৰ,ভোগ-বাসনাৰ, ন্যায়-অন্যায়, প্ৰাপ্তি-অপ্ৰাপ্তি আৰু ধনী- দুখীয়াৰ জীৱন ধাৰণাৰ।
সাপটোৰ দুখন জিভা; বিষাক্ত আৰু অবিষাক্ত।
            পকীপথ এটাৰ জীৱন বিচিত্ৰ।  যদিও দুখৰ বোজা কঢ়িয়াই ফুৰে আজীৱন তথাপি যাত্ৰীৰ শান্তিৰ হাঁহি বিলোৱাত ক্ৰুটি কৰা নাই কোনোদিন। জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত জীৱন পোৱা পকীৰাস্তাই কেতিয়াবা ৰুদ্ৰ মূৰ্তি ধৰে।  য'ত দুৰ্ঘটনাৰ পাতনি মেলে । কিন্তু পকী ৰাস্তাৰ কোনো দোষ নাই। এই দোষ  মানুহৰ, এই দোষ জীৱনৰ, সময়ৰ। পকীৰাস্তাৰ  ৰূপ মানুহেই দিয়ে বিপৰীতে ভাঙি গাঁতত ৰূপান্তৰ মানুহেই কৰে। গতিকে পকীৰাস্তাৰ ওপৰত সুখ শান্তি মানুহেই লভিছে আৰু দুৰ্দশাময় দুখ মানুহেই ভুগিছে। মানুহেই পকী ৰাস্তা এটাক সুন্দৰ সবল কৰি গঢ়িছে মানুহেই দুৰ্নীতিও কৰিছে। মানুহৰ সুখত পকীৰাস্তা; মানুহৰ দান। মানুহৰ দুখত পকীৰাস্তা; মানুহৰ কাম। সীমিত আৰু ঢিমি গতিত সুস্থিৰ যোগাযোগ ব্যৱস্থা নিয়মিত পৰিচালিত হোৱাৰ বিপৰীতে অসীমিত আৰু মাদকদ্ৰৱ্য সেৱন কৰি তীব্ৰ গতিত ভ্ৰমণৰ ফলত পকীৰাস্তাত দুৰ্যোগ দুৰ্ঘটনা অনিবাৰ্য ভাৱেই ঘটিছে। সেয়েহে আজি সময়ত মটৰ দুৰ্ঘটনা অধিক হৈছে। এইক্ষেত্ৰত যুৱ প্ৰজন্মৰ মাজত বেছি দুৰ্ঘটনা হোৱা পৰিলক্ষিত হয়। কিয়নো  যুৱ প্ৰজন্মৰ অধিকাংশই বিভিন্ন ধৰণৰ সুৰা, মাদকদ্ৰৱ্য সেৱন  কৰি মটৰ , গাড়ী চলাই। দুৰন্ত গতিত ড্ৰাইভ কৰে, চৰকাৰী নীতি নিয়ম উলংঘা কৰে, ফলস্বৰূপে আকস্মিক ভাৱে দুৰ্ঘটনা হয় আৰু পতিত হয়। দুখৰ কথা এইটোও যে তেওঁৰ মৃত্যুৰ লগতে বিপদ চপাই আনে বিপৰীত মুখী চালক জনৰ বা সহযাত্ৰী সকলৰো। হয়তো বিপৰীত দিশৰ চালকজনে কোনো ভুল কৰাই নাছিল। এনেকৈয়ে অযুত দুৰ্ঘটনা নিজৰ বুকুৰ ওপৰত পকী ৰাস্তাই দেখে। বহুতৰ চকুলো, ৰক্ত স্পৰ্শ কৰে পকী ৰাস্তাই। কিমান যে কাহিনী দুখৰ, সুখৰ শুনিছে সীমা সংখ্যা নাই। নীৰৱ দৰ্শক পকী ৰাস্তা। কিন্তু  সি যেন মানুহৰ সুখ দুখৰ প্ৰতিটো বোজা মূৰ পাতি গ্ৰহণ কৰিলেও নিশব্দে নীৰৱে এটা কথা অহৰ্নিশে কৈ যায় দোষ মোৰ নাই..."যি সুখৰ আনন্দত মতলীয়া অথবা যি দুখত খহনীয়া সকলো,  মানুহ আৰু মানুহৰ কৰ্ম।"
——————————————————
সংস্কৃত শিকাৰ সহজ পাঠ (২) 
----------------------------------------

চিন্ময়ী দাস
কামৰূপ, অসম
(ফোন - ৮৪৭৪৮২৫৩১১)

(আগৰ সংখ্যাৰ পৰা ...)

সহজ সংস্কৃত শব্দ : (উচ্চাৰণ আৰু অৰ্থসহ )

    শব্দ          উচ্চাৰণ              অৰ্থ
  
ग = गज:        (গজ:)              =  হাতী
घ = घट :        (ঘট:)                = ঘটী
ङ = अङकुरः    (অংকুৰ:)         = অংকুৰ বা গজালি
च = चक्रम्        (চক্ৰম)            = চকা বা চক্ৰ
छ = छत्रम्         (ছত্ৰম)            = ছাতি
ज = जटा          (জটা)             = জঁটা
झ = झष :          (ঝশ্)               = মাছ
ञ = चञ्चुः          (চঞ্চু)               = ঠোঁট
ट = टङ्कः           (টঙ্ক:)              = কুঠাৰ
ठ = पीतम्            (পিতম্)          = পিঠি
ड = डमरुः            (ডমৰু)            = ডমৰু
ड = ढक्का            (ঢক্কা)             = ঢোল
ञ = कोणः            (কোণ:)  ‌‌        = কোণ
त = तक्षकः            (তক্ষক:)         = কাঠমিস্ত্ৰী
थ = प्रथम:            (প্ৰথম:)           = প্ৰথম
द = दर्वी                (দৰ্বী)              = চামুচ/হেতা
ध = धनुः                  (ধনু:)            = ধনু
न = नक्षत्रम्             (নক্ষত্ৰম্)         = তৰা 
प = पत्रम्               (পত্ৰম্)             = চিঠি
फ = फणा               (ফনা)             = সাপৰ ফনা
फ = बकः                 (বক:)            = বগলী
भ = भल्लुकः            (ভল্লুক:)         = ভালুক
म  =  मर्कटः              (মৰ্কট:)          = বান্দৰ
य  = यज्ञः                 (যজ্ঞ:)              = যজ্ঞ 
र  = रथः                    (ৰথ:)              = ৰথ
ल = लता                    (লতা)            = লতা
व = वनम्                     (বনম্)          = বন/ জংঘল
श = शकटः                   (শকট:)।       = গৰুগাড়ী
ष = षष्टिः                       (ষষ্টি)            = ষাথি
स = सर्पः                       (সৰ্প)            = সাপ
ह = हरिणः                     (হৰিণ:)        = হৰিণা

যুক্তাক্ষৰ :
----------------
সংস্কৃত ভাষাত স্বৰবৰ্ণৰ চিহ্নসমূহৰ হিন্দী বা অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ চিহ্নসমূহৰ দৰেই ব্যৱহাৰ কৰা হয় । যেনে -
স্বৰ      মাত্ৰা প্ৰয়োগ         শব্দ
 अ = क् + अ = क        कमलम् (কমলম)
आ = क् + आ = का       काकः (কাক:)
 इ = क् + इ = कि          किञ्चन (কিঞ্চন)
 ई = क् + ई = की          कीर्तिः (কীৰ্তি)
 उ = क् + उ = कु           कुमारः (কুমাৰ)
 ऊ = क् + ऊ = कू         कूर्माय (কূৰ্মায়)
 ऋ = क् + ऋ = कृ         कृत्वा (কৃত্বা)
 ए = क् + ए = के           केन्द्रः (কেন্দ্ৰ)
 ऐ = क् + ऐ = कै           कैवल्यं (কেৱল্য়ং)
ओ = क् + ओ = को        कोणः (কোণ:)
औ = क् + औ = कौ        कौशलं (কৌশলং)
 अं = क् + अं = कं           कंस (কংস)
 अः = क् + अः = कः       काकः (কাক:)
সংস্কৃত ভাষাত স্বৰবৰ্ণৰ চিহ্নসমূহৰ ব্যৱহাৰ তুলনামূলকভাৱে সহজ সৰল হ'লেও ‌কিন্তু ব্যঞ্জনবৰ্ণৰ যুক্তাক্ষৰ হিন্দী বা আন ভাষাসমূহতকৈ কিছু জটিল। সংস্কৃত ভাষাত বহুল পৰিমাণে যুক্তাক্ষৰ প্ৰচলন আছে।  দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ হৈ থাকিলে তাক সংযুক্তবৰ্ণ বোলা হয় আৰু যি আখৰেৰে তাক লিখা হয় তাক যুক্তাক্ষৰ বোলা হয়।  দেৱনাগৰী লিপিৰে লিখা হ'লেও সংস্কৃত ভাষাৰ যুক্তাক্ষৰৰ উচ্চাৰণ হিন্দী ভাষাৰ যুক্তাক্ষৰৰ উচ্চাৰণতকৈ কিছু পৰিমাণে বেলেগ । সংস্কৃত ভাষাৰ যুক্তাক্ষৰৰ উচ্চাৰণত প্ৰতিটো বৰ্ণৰে উচ্চাৰণ সম্পূৰ্ণকৈ উত্তোলিত হʼব লাগিব। 
তলত সংস্কৃত ভাষাৰ সংযুক্ত বৰ্ণসমূহ আৰু ইয়াৰ ব্যৱহৃত শব্দ দিয়া হʼল -
क् + ष = क्षं      (क्षत्रियः) 
त्  + र = त्र       (त्रिंशूलम्)
ज् + ञ = ज्ञ       (ज्ञानं)

চিন্ময়ী দাস
কামৰূপ, অসম
(ফোন - ৮৪৭৪৮২৫৩১১)
(আগলৈ ...)
——————————————————
              নিদানৰ ভুৰুকা 
কাহৰ পাৰ্শ্চক্ৰিয়াহীন নিদান
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী 

           নিদ্ৰাহানিকৰ কাহৰ বাবে এটি সুখদায়ক পাৰ্শ্বক্ৰিয়াহীন এইটো কফিৰে তৈয়াৰী এটি নিদান---
*যিকোনো ডাক্তৰি ঔষধৰ সমকক্ষ এই ঔষধবিধ তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় উপাদানসমূহ হ’ল-
১) যি কোনো কফিৰ পাউদাৰ
২) দালচেনিৰ হাতেপিছা গুড়ি
৩) অৰ্গেনিক মৌজোল
  তৈয়াৰ কৰাৰ প্ৰণালীঃ
+একাপ পানী উতলাই গাখীৰ চেনি নিদিয়াকৈ ব্লেক কফি তৈয়াৰ কৰি লওক৷                                                
+ দুচামোচ মৌজোল মিহলাওক৷
+দুই তিনি চিকুট দালচেনিৰ গুড়ি মিহলাই লওক৷
সেৱন বিধি:
* এতিয়া এই ঔষধী কফিকাপ গৰমে গৰমে এঘোট এঘোটকৈ পি খাওক৷ দিনত দুবাৰকৈ পি খাব৷ এসপ্তাহ খালেই হ’ব৷ 
বি.দ্ৰঃ যদি আপোনাৰ কাহটোৰসৈতে আন কোনো জটিল ৰোগৰ উপসৰ্গ জড়িত হৈ নাথাকে অৰ্থাৎ ঋতু সলনি হোৱাৰ কাৰণেহে হৈছে তেনে ক্ষেত্ৰত এই কফিকাপ যিকোনো ৰোগীয়ে নিশ্চিন্তমনে ব্যৱহাৰ কৰিব পাৰিব৷
আনকি কাৰোবাৰ যদি অতি পুৰণি কাহৰ সমস্যা আছে তেনে ৰোগীয়ে কিছু দীঘলীয়াকৈ ব্যৱহাৰ কৰিলে কাহটো সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব৷
আপোনালোকে এই নিদানটো নিৰ্ভয়ে আন দহজনক ব্যৱহাৰ কৰিব দিব পাৰিব৷ শুভমস্তু।

ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী 
সভাপতি
অসম কাব্য কানন
——————————————————
                             নষ্টালজিয়া 

ক’লাহীৰা পেলে ,পল ৰবচন ইত্যাদি...
ড° অৰ্চনা পূজাৰী 

     আমি পঢ়াৰ পৰা আজৰি পালেই যিদৰে আহাৰ-শাওণ মাহৰ পথাৰত কাম কৰা সকলক পুৱাৰ জলপান দিবলৈ যাওঁ, ঠিক তেনেদৰেই আঘোণমহীয়া আবেলি 
পিঠিত শেঁতা ৰ’দ লৈ দাৱনীবোৰৰ লগত পথাৰত বহি ৰবাব টেঙা খাবলৈ যাওঁ৷খুৰাহঁতে টঙাল তুলি ডাঙৰি বান্ধিবলৈ যায়৷আমিও লগতে যাওঁ৷ সকলোৱে ঘৰৰ বাৰীৰ পৰা নিয়া টেঙা , ৰান্ধনিঘৰৰ পৰা নিয়া নিমখ,জলকীয়াৰে শীতৰ কোমল ৰ’দত বহিলৈ ৰবাব টেঙাৰ জুতি লওঁ৷সেই সুযোগতে আমাৰ খুৰাদেৱে আমাক আফ্ৰিকান প্ৰবাদ পুৰুষসকলৰ কথাবোৰ কয় ৷ফুটবলৰ কিম্বদন্তি পুৰুষ পেলে খেলত ইমান নিখুঁত আছিল যে তেওঁৰ ভৰিত বল পৰিলে প্ৰতিপক্ষৰ আৰু ৰক্ষা নাই। পেলেৰ হেনো সোঁ ভৰিখন বাওঁভৰিৰ তুলনাত অলপ দীঘল আছিল ৷ভগৱানে যেন খেলিবৰ বাবেই তেনেদৰে সৃষ্টি কৰিছিল ৷ পেলেক আফ্ৰিকাৰ Black Diamond অৰ্থাৎ ক’লা হীৰা বুলিছিল ৷আমাৰ সৰু সৰু মনবোৰে সেইবোৰকে শুনি আচৰিত হৈছিলোঁ৷ শৈশৱতে ৰবাব টেঙাৰ বল খেলা ভাইহঁতক খুৰাদেৱে সদায় কৈছিল— "যি কামেই কৰ অতি মনোযোগেৰে কৰিবি ৷কষ্ট কৰিলে ৰত্ন পায় ৷"

    পল ৰবচনৰ কাহিনীও কৈছিল৷আমেৰিকাত থাকিও অৰ্থাৎ বগা মানুহৰ পৃথিৱীত থাকিও  যিয়ে ক’লা মানুহৰ দুখৰ কথা কৈ প্ৰতিবাদ কৰিছিল৷গান গাই প্ৰতিবাদ কৰিছিল ৷অভিনয় কৰি প্ৰতিবাদ কৰিছিল৷
আমেৰিকা ক’ত, আফ্ৰিকা ক’ত সেইবোৰ ভালদৰে ভূচিত্ৰাৱলীত চাব নাজানোতেই কাহিনী শুনি অভিভূত হৈছিলোঁ৷বহু বছৰৰ পিছত কলেজৰ পাঠ্যক্ৰমত কেশৱ মহন্ত “সোনজিৰা মাহীৰ নাড়ী“ নামৰ কবিতাটো পঢ়োতে এঠাইত ৰৈ গৈছিলোঁ ৷ কবিতাটো কাহিনীধৰ্মী আছিল ৷কবিয়ে  অনাখৰী মাহীয়েকৰ কথা কওঁতে এনেদৰে কৈছিল-“কংগো ক’ত লুমুম্বা কি খাই নে কাণত পিন্ধে “ সেইবোৰ মাহীয়েকে নাজানিছিল। ৷
কিন্তু নিজৰ ল’ৰাৰ পঢ়াৰ খৰছৰ বাবে ৰখা সাঁচতীয়া টকাকেইটা খৰছ কৰি ভাগিনীয়েকৰ ঘৰলৈ গৈ ৰেডিঅ’ত  আফ্ৰিকাৰ কংগোৰ কোনোবা শিশুৰ মৃত্যুৰ কথা শুনি কান্দি পেলাইছিল ৷আমাৰো তেনে অৱস্থাই হৈছিল৷কিন্তু আমাৰ সৰু সৰু মনবোৰত  সেইবোৰ দুখৰ কাহিনীয়ে বাৰুকৈয়ে ৰেখাপাত কৰিছিল। চুবুৰিৰ ভিতৰত আমাৰ ঘৰখন কিছু স্বচ্ছল আছিল যদিও আমাৰ লগৰীয়া এজনৰ ঘৰো ভাল নাছিল ৷পেটে ভাতে কিবাকৈ চলি আছিল ৷দুই এঘৰে দিনত খালে ৰাতিলৈ টেকেলি কাটি অৰ্থাৎ ৰাতিৰ সাজ পানী খায়েই কটাব লগা হৈছিল। মোৰ মায়ে তেনেবোৰ দিনত কাৰোবাক আধাকেজি চাউল, কাৰোবাক নিজৰ ভাগৰে অলপ ভাত খাবলৈ দিয়া দেখিছিলোঁ। আনকি দেউতাই ঘৰ চলিবলৈ দিয়া টকাকেইটাৰ পৰাই চান কাঢ়ি মায়ে খুৰাদেউক চুবুৰীত কৰা  পুথিভঁৰালৰ বাবে কিতাপ কিনিবলৈ কিছু টকা দিছিল ৷সেই কথা খুৰাই আজিও শ্ৰদ্ধাৰে সোঁৱৰে ৷আমিও লেখা মেলা কৰিবলৈ আৰম্ভ কৰাৰ সময়ত বিভিন্ন কিতাপ  -আলোচনী কিনিবৰ বাবে   মায়ে যি পাৰে কিছু টকা দিছিল ৷
 কিন্তু বৰ বেছি বুজি নাপালেও আনৰ দুখত দুখীত হৈ সেই দুখৰ সমভাগী হ’বলৈ, তেতিয়াই শিকিছিলোঁ৷ নেলছন মেণ্ডেলাৰ বিপ্লৱী জীৱনৰ কাহিনীও শৈশৱতে
শুনিছিলোঁ৷ নামবোৰহে মনত ৰৈ গ’ল ৷ বহু কথা স্মৃতিৰ মণিকোঠাত  ৰৈ নগ’ল৷

ড° অৰ্চনা পূজাৰী
অৱসৰপ্ৰাপ্ত অধ্যাপক
আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়
———————————————
হেৰোৱা শৈশৱ বিচাৰি 
গণেশ বৰ্মন

    হিন্দী সাহিত্যৰ খ্যাতনামা কবি সুভদ্ৰা কুমাৰী চৌহানৰ বহু পঠিত এটি কবিতা  " মেৰা নয়া বচপন " অৰ্থাৎ  " মোৰ নতুন শৈশৱ "। এই কবিতাটিত কবিয়ে নিজৰ মধুৰ শৈশৱক ৰোমন্থন কৰিছে আৰু শেষত হেৰোৱা শৈশৱ নিজৰ শিশু কন্যাৰ ৰূপত উভতাই পোৱা বুলি অনুভৱ ব্যক্ত কৰিছে ।কবিয়ে  অতীত শৈশৱক নিজৰ ছোৱালীজনীৰ ৰূপত পাই মনত অপাৰ আনন্দ লাভ কৰিছে । এয়া কবিতাটিৰ বিষয়-বস্তু ।
         এতিয়া আমি আহিছোঁ আমাৰ হেৰোৱা শৈশৱক বিচাৰি । আমাৰ অনুভৱ এই যে বৰ্তমান নতুন প্ৰজন্মৰ মাজত পুৰণি চামে নিজৰ মধুৰ শৈশৱৰ জিলিঙনি দেখা নাপায় ।আজিৰ পৰা বিশ ,ত্ৰিশ বছৰ বা তাতোকৈ আগৰ সকলৰ শৈশৱৰ আৰু আজিৰ প্ৰজন্মৰ কাৰ্যকলাপৰ আকাশ-পাতাল পাৰ্থক্য বিৰাজমান । 
          ইয়াত আমি কিছু পুৰণি স্মৃতি ৰোমন্থন কৰোঁহক ।আমি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ । চতুৰ্থ-পঞ্চম শ্ৰেণীত পঢ়াৰে পৰাই কৃষি কাৰ্যৰে সংপৃক্ত  ।ঢলফাট দিয়াৰ আগতে পিতাই হাল বাবলৈ যায় । আমি শুই উঠাৰ পিছত চাহ-জলপান দিবলৈ পথাৰলৈ যাওঁ । তাৰ পৰা আহি গৰু এৰাল দিবলৈ যাওঁ । সেইখিনি কাম কৰি আহি গা ধুই পঁইতা বা কৰ্কৰা ভাত খাই, চাৰি-পাঁচ কিলোমিটাৰ বাট খোজ কাঢ়ি স্কুললৈ যাওঁ । আবেলি চাৰে তিনি বা চাৰি বজাত স্কুলৰ পৰা আহি ভাত-পানী খাই পুনৰ গৰু চৰাবলৈ যাওঁ । তাৰোপৰি জাকৈৰে মাছ মৰা বা খাল সিঁচা কাম থাকে ।আজৰি হৈ নদীত সাঁতুৰি-নাদুৰি গা ধুই ঘৰ পাওঁ । সান্দহ বা পিঠাৰে চাহ খাই  কেৰাচিনৰ লেম্পৰ পোহৰত পঢ়িবলৈ  বহোঁ । দিনৰ ভাগত মাজতে আকৌ সমনীয়াৰ লগত টেঙাৰ বল খেলা , বতৰৰ ফল মধুৰীআম, বগৰী ,আম ,জাম ,লেতুক ,ৰবাৱ টেঙা , কৰদৈ ,অমৰা আদি পাৰি খাওঁ ।
    মনোৰঞ্জনৰ মাধ্যম--ৰেডিঅ'।ৰবিবাৰৰ দুপৰীয়া "কল্পতৰু" , "নাটক" আৰু বুধবাৰৰ "ৰাতিৰ নাটক" শুনো ।বাহিৰা কিতাপ বুলিবলৈ বুঢ়ী আইৰ
সাধু ,হিতোপদেশৰ সাধু ,ইছপৰ সাধু আদি ।সমনীয়াৰ লগত খেলা বিবিধ খেলৰ কথা বিতংকৈ নক'লোৱেইবা ।
         এতিয়া আহিছোঁ আজিৰ প্ৰজন্মৰ কথালৈ ।স্কুলত মাক-দেউতাকে জোতা-মোজা পিন্ধাই থৈ আহিব , সময়ত আনিব ।খোৱা-বোৱাতো নানা যতন । আবেলিলৈ নাচ-গান ,ছবি অঁকা , খেল বা অন্যান্য বিষয়ত শিক্ষাদান । পিতৃ-মাতৃৰ ব্যস্ততাৰ অন্ত নাই  ।গাঁৱৰ বোকা-পানীৰ লগত এই প্ৰজন্মৰ সম্পৰ্ক নাই  ।শেহতীয়া ভাবে তথ্য-প্ৰযুক্তিয়ে আনি দিছে মনোৰঞ্জনৰ নিত্য নতুন সম্ভাৰ।  বাতৰি কাকতখন বাৰান্দাতে পৰি থাকে ,ছাত্ৰ-ছাত্ৰীয়ে তুলি নলয়  ( অৱশ্যে দুই-এক ব্যতিক্ৰম থাকিব পাৰে ) ।বৰ্তমান স্কুল-কলেজৰ শিক্ষাৰ্থীৰ হাতে-হাতে অত্যাধুনিক মোবাইল ফোন  ।সম্প্ৰতি সিহঁত মোবাইলত এনেকৈ ব্যস্ত থাকে যে ৰেডিঅ' দূৰৰ কথা , টিভিলৈও পিঠি । ঘৰৰ মানুহৰ লগত কথা পতাৰেই সময় নাই। ঘৰলৈ কোনোবা আলহী আহিলেও মাত দিবলৈ ঘৰৰ ডাঙৰ সকলে ক'ব লগীয়া হয় । আগতে আলহীৰ ল'ৰা-ছোৱালী আহিলে আনন্দ-ফুৰ্তিৰ যি কোৰ্হাল-মুখৰ পৰিবেশ হৈছিল ; চোৰ-পুলিচ , লুকা-ভাকু , চোৱা-চুই , লুডু ,কেৰম আদি খেল খেলা সেই পৰিবেশটো এতিয়া দুৰ্লভ হৈ পৰিছে । এতিয়া কেঁচুৱাৰ মাকেও মোবাইল হাতত দিয়ে , নিচুকণি গীত গোৱাৰ পৰিৱৰ্তে । এনে পৰিবেশ অৱশ্যে বিগত বছৰৰ পৰা প্ৰাদুৰ্ভাৱ ঘটা ক'ৰোণা অতিমাৰীৰ ফলত বেছিকৈ গা কৰি উঠিছে ।
         এতিয়াৰ প্ৰজন্ম স্ক্ৰীণ মিডিয়াত ব্যস্ত বা আসক্ত । ইয়াৰ অৱশ্যে ভালেমান ইতিবাচক দিশো আছে যদিও অধিক সংখ্যক মনোৰঞ্জনক লৈয়ে ব্যস্ত। লোক কলা ,কৃষ্টি - সংস্কৃতিৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ কমি আহিছে বা একেবাৰে নাই ।  বাৰীৰ ফল-মূল ,পাচলি ,বাৰীৰ পৰা  ছিঙি অনাৰ আগ্ৰহো নাই এওঁলোকৰ।  
  এনে প্ৰেক্ষাপটত আমি ক'ত পাম আমাৰ হেৰোৱা শৈশৱ  ?

গণেশ বৰ্মন 
নলবাৰী 
——————————————————
ইতিহাসৰ জলঙাৰে কোঁচ সাম্ৰাজ্য
(অন্তিম খণ্ড)
জাহ্নৱী কাকতি

     চিলাৰায় তেওঁৰ বীৰত্বৰে কোঁচৰাজ্যক উন্নতিৰ শিখৰলৈ লৈ যায়।চিলাৰায়ৰ মৃত্যুৰ পাছতো নৰনাৰায়ণে কেইবাবছৰ সুকলমে ৰাজত্ব কৰে।চিলাৰায়ৰ বীৰত্বৰে নৰনাৰায়ণৰ ৰাজ্য বিস্তৃত হৈছিল যদিও মহাৰাজ নৰনাৰায়ণ এজন শিক্ষিত শাসক আছিল।সাহিত্য চৰ্চাৰ বাবে তেওঁ সু-পণ্ডিত ৰজা হিচাপে পৰিগণিত হৈছিল।তেওঁৰ দিনত সাহিত্যচৰ্চা, শাস্ত্ৰ আদি অধ্যয়নৰ লগতে বেপাৰ বাণিজ্যৰো উন্নতি হৈছিল।"ৰত্নমালা" ব্যাকৰণ তেওঁৰ দিনতে ৰচনা কৰা হয়।নিজে শাক্ত হ'লেও তেওঁ বৈষ্ণৱ ধৰ্মৰ উন্নতিতো গুৰুত্ব প্ৰদান কৰিছিল।শঙ্কৰদেৱ,মাধৱদেৱ,দামোদৰদেৱ আদি মহাপুৰুষসকলে তেওঁৰ দিনতে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি অসমীয়া মানুহৰ মাজত শান্তি-সম্প্ৰীতিৰ পোহৰ বিলায়।নৰনাৰায়ণ আৰু চিলাৰায় দুয়োজনে মিলি কালাপাহাৰে লণ্ডভণ্ড কৰি থৈ যোৱা কামাখ্যা মন্দিৰৰ পুনঃ উদ্ধাৰ কৰে।ভগ্ন মূৰ্তিবোৰৰ ঠাইত নতুনকৈ মূতি সজাই স্থাপিত কৰে।পাছলৈ কামাখ্যা মন্দিৰৰ ভিতৰত নৰনাৰায়ণ আৰু চিলাৰায়ৰ দুটা শিলৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়।

     মহাৰাজ নৰনাৰায়ণে বহু দেৰিকৈ বিয়া পাতিছিল আৰু বহুবছৰলৈকে তেওঁৰ কোনো সন্তান নাছিল বাবে তেওঁৰ ৰাজ্যভাৰ চিলাৰায়ৰ পুতেক ৰঘুদেৱকে দিয়াৰ কথা ভাবিছিল।পিছে বুঢ়া বয়সত তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হয়।নৰনাৰায়ণৰ পুত্ৰ হোৱা দেখি ৰঘুদেৱে ৰাজপাটৰ আশা এৰি ঘিলানদীৰ পাৰত বিজয়পুৰ নামে এখন নগৰ পাতি থাকিবলৈ লয়।মৃত্যুৰ সময়ত মহাৰাজ নৰনাৰায়ণে ৰঘুদেৱক মতাই আনি তেওঁৰ ৰাজ্যৰ দুভাগ কৰি এভাগ তেওঁৰ পুত্ৰ লক্ষ্মীনাৰায়ণক আৰু আনভাগ ভতিজাক ৰঘুদেৱক দিয়ে।
       কমতা ৰাজ্য দুভাগত বিভক্ত হয়।কোচবিহাৰ আৰু কোচহাজো।ৰজা নৰনাৰায়ণে চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক কোচহাজোৰ শাসক পাতে।১৫৮৪ চনত মহাৰাজ নৰনাৰায়ণৰ মৃত্যু হয়।
     ৰঘুদেৱনাৰায়ণৰ বহুকেইজন পুত্ৰ আছিল।তাৰ ভিতৰত পৰীক্ষিত নাৰায়ণ,ইন্দ্ৰনাৰায়ণ,যদুৰায়,বলিনাৰায়ণ,গজনাৰায়ণ,মানসিংহ অন্যতম।ৰঘুদেৱ নাৰায়ণ ধাৰ্মিক ৰজা আছিল।কালাপাহাৰে কামাখ্যা মন্দিৰৰ পাছতে হাজোৰ হয়গ্ৰীৱ মন্দিৰ ভাঙি চুৰমাৰ কৰিছিল।ৰঘুদেৱ নাৰায়ণে গনেশ,কেদাৰ,গোকৰ্ণ,
কামেশ্বৰ আদি তীৰ্থভ্ৰমণ কৰি আহি হয়গ্ৰীৱ মন্দিৰৰ পুনৰ নিৰ্মাণ কৰে।১৬০৩ চনত ৰঘুদেৱনাৰায়ণৰ মৃত্যু হয়।ৰঘুদেৱৰ মৃত্যৰ পাছত লক্ষ্মীনাৰায়ণৰ সহায়ত পৰীক্ষিত নাৰায়ণে পিতাকৰ সিংহাসন লাভ কৰে।কিন্তু ৰাজপাটত উঠি পৰীক্ষিতনাৰায়ণে লক্ষ্মীনাৰায়ণে কৰা উপকাৰ পাহৰি তেওঁৰেই বিৰোধী হৈ উঠে।ফলত তেওঁলোকৰ নিজৰ মাজতেই যুদ্ধ আৰম্ভ হয়।লাহে লাহে ভায়েক ভায়েকৰ মাজতে খাম খেয়ালি আৰম্ভ হয়।পৰীক্ষিত নাৰায়ণৰ মৃত্যুৰ পাছত ঢাকাৰ নবাবে তেওঁৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়ে।
     ১৬১৩ চনত মুছলমানে আক্ৰমণ কৰি কোঁচৰাজ্য নিজৰ দখললৈ আনে।পৰীক্ষিত নাৰায়ণৰ ভায়েক বলিনাৰায়ণে উজনিলৈ গৈ সেই সময়ৰ আহোম ৰজা প্ৰতাপসিংহৰ সহায় বিচাৰে।সেইমতে স্বৰ্গদেৱে কলিয়াবৰত মুছলমানক যুদ্ধত হৰুৱাই বলিনাৰায়ণক ধৰ্মনাৰায়ণ নাম দি ১৬১৪ চনত আহোম ৰজাৰ কৰ-কাটলীয়া ৰজা পাতে।বলিনাৰায়ণৰ মৃত্যুৰ পাছত মুছলমান নবাবে  পৰীক্ষিত নাৰায়ণৰ পুতেক বিজিতনাৰায়ণক মানাহ আৰু সোণকোষ নদীৰ মাজৰ ৰাজ্যত জমিদাৰ পাতে। 

     কোঁচহাজোত আহোমে আক্ৰমণ কৰি পৰাস্ত কৰে আৰু নিজৰ অধীনলৈ আনে।কোচবিহাৰত মোগলে আক্ৰমণ কৰে।পিছলৈ ব্ৰিটিছৰ অধীনলৈ  গৈ কোচবিহাৰ কৰতলীয়া ৰাজ্যৰূপে পৰিগণিত হয়।স্বাধীন আৰু পৰাক্ৰমী কোঁচ সাম্ৰাজ্য এনেদৰেই আহোম আৰু মোগলৰ তলতীয়া হৈ সময়ৰ সোঁতত সকলো হেৰুৱাই পেলায়।
যদিও বৰ্তমান সময়ত অসমত কোঁচপৰিয়ালৰ নিজা বংশ হেৰাই গ'ল তেওঁলোকৰ পৰাক্ৰমৰ কাহিনী,আভিজাত্যৰ কথা আজিও মানুহৰ মুখে মুখে বিদ্যমান।

জাহ্নৱী কাকতি
নতুন  দিল্লী
———————————————————
অ’ মোৰ হোজাই 
পপী কলিতা 


      নগাঁও চহৰৰ পৰা প্ৰায় ৫৫ কিমি. নিলগৰ এখনি অনুপম চহৰ হৈছে হোজাই। 

         প্ৰাচীন কামৰূপৰ ইতিহাসত বৰ্তমানৰ হোজাই জিলা আৰু ইয়াৰে আশে-পাশে থকা ঠাইসমূহক একেলগে কপিলী উপত্যকা বুলি কোৱা হৈছিল। বিভিন্ন সূত্ৰ অনুসৰি এই ঠাইখিনিক 'ডবক', 'কপিলী' আৰু  'ত্ৰিবেগ' নামেৰেও জনা গৈছিল। মধ্যযুগীয় ঐতিহাসিক সূত্ৰ অনুসৰি বৰাহী, পাল ৰাজবংশৰ কাশ্যপৰ ৰাজত্বকালত কছাৰী আধিপত্যই কপিলী-যমুনা উপত্যকাত এক নতুন যুগৰ সূচনা কৰিছিল। ব্ৰহ্মপুত্ৰ পাৰৰ বেহালি এলেকাৰ ৰজা ভৌমপাল আৰু কছাৰী বংশৰ ৰজাৰ মাজত বিভিন্ন বিবাদৰ ফলত কছাৰী বংশই বেহালি এলেকা ত্যাগ কৰি ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণ পাৰত এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই কছাৰী ৰাজ্যই পিছলৈ কপিলী- যমুনা উপত্যকালৈ ৰাজ্য বিস্তাৰ কৰি ঠাইখিনি 'কছাৰীপাৰ' নামেৰে জনাজাত হৈ পৰিছিল।কিন্তু কছাৰী ৰজা তাম্ৰধ্বজ নাৰায়ণৰ শাসনকালত কছাৰী শাসিত অঞ্চল স্বৰ্গদেউ গদাধৰ সিংহৰ অধীনত আহোমৰ হাতলৈ যায়।
     বিভিন্ন তথ্যৰ পৰা জানিব পৰা যায় যে হোজাই শব্দটোৰ উৎপত্তি ডিমাছা লোকসকলৰ পৰা। ডিমাছাৰ পুৰোহিত শ্ৰেণীটো " হোজা আই " বা " হোজাইসা" নামেৰে পৰিচিত আছিল। এই "হোজা আই" বা " হোজাইসা" শব্দটোৰ পৰাই হোজাই শব্দটোৰ সৃষ্টি হোৱা বুলি বহুতে বিশ্বাস কৰে। আৰু কিছু কিছুৰ মতে  এই ঠাইখিনিত হেনো "হোজা" মানুহ বেছি  আছিল বাবে ঠাইখনৰ নাম হোজাই হৈছিল।
       হোজাই জিলাৰ যোগীযান এলেকাটোত প্ৰত্নতাত্বিক কালৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়। এই অঞ্চলটোত বিশেষকৈ বিভিন্ন ভংগীমাত থকা দেৱ-দেৱতাৰ ভাস্কৰ্য শিলত খণ্ডিত কৰা আৰু কিছুমান মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ হোৱা দেখিবলৈ পোৱা যায়।
      কপিলী উপত্যকাৰ পুৰাতাত্ত্বিক সমলসমূহ  সীমিত যদিও ইয়াৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। এই পুৰাতাত্ত্বিক সমলসমূহ কেৱল এটা অঞ্চলতেই থুপ খাই থকা কথাই  এটা সময়ত ইয়াত সমৃদ্ধিশালী ৰাজ্য থকাৰ ইংগিত বহন কৰে। ৰাজমোহন নাথে উল্লেখ কৰা মতে ৰত্নপালে নিৰ্মাণ কৰা ৰাজধানী "দুৰ্যয়া" যদি যোগীযানেই হয় তেন্তে যোগীযান আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহৰ অৰ্থাৎ হোজাই জিলাৰ বিভিন্ন মঠ মন্দিৰৰ প্ৰাসাদসমূহ এই গৰাকী ৰজাৰ আমোলতে নিৰ্মাণ হৈছিল বুলি অনুমান কৰিব পাৰি।

       যোগীযানৰ মঠ-মন্দিৰৰ ভগ্নাৱশেষৰ ভিতৰত প্ৰথমেই ৰাজবাড়ীৰ পুৰাতাত্ত্বিক সমলকেই ধৰিব পাৰি। ৰাজবাড়ী আৰু ন-নাথ এই দুই ঠাইতেই বিভিন্ন পুৰাতাত্ত্বিক সমল পোৱা দেখা গৈছে। বৰ্তমানলৈকে ৰাজবাড়ীত উদ্ধাৰ হোৱা ৬ টা  মন্দিৰৰ আটাইকেইটা মন্দিৰ যে একেসময়তে নিৰ্মাণ কৰা হোৱা নাছিল সেয়া মন্দিৰসমূহৰ অৱস্থিতিয়ে উল্লেখ কৰে। মন্দিৰসমূহৰ প্ৰাংগনৰ চৌপাশে থকা ইটাৰ গাঁথনি নিখুঁত আৰু পৰিকল্পিত। ৬ টা মন্দিৰৰ দুটা মন্দিৰ  উত্তৰা- দক্ষিণাকৈ নিৰ্মিত আৰু মন্দিৰৰ দুৱাৰ সমূহ পৰস্পৰ মুখামুখি। পুৰাতাত্ত্বিক জৰীপৰ মতে আটাইকেইটা মন্দিৰৰ ভিতৰত উত্তৰ-পশ্চিম দিশৰ মন্দিৰটো সুন্দৰ অংগীকাৰ সমৃদ্ধ আৰু পশ্চিমৰ শাৰীৰ মাজৰ মন্দিৰটো আকাৰত ডাঙৰ। উচ্চ কাৰিকৰী জ্ঞানেৰে সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা এই মন্দিৰৰ আন নিদৰ্শন অঞ্চলটোত সাধাৰণতে পোৱা নাযায়। ৰাজবাড়ীত উদ্ধাৰ হোৱা আন এক সমল হ'ল খণ্ড খণ্ড হৈ থকা এটা ত্ৰিপুৰা ভৈৰৱীৰ মূৰ্তি।এই মূৰ্তিয়ে সেই সময়ৰ অঞ্চলটোত তান্ত্ৰিক সাধনমাৰ্কৰ প্ৰচলনৰ ইংগিত দিয়ে।
২০১১ চনৰ লোকপিয়ল অনুসৰি  হোজাই জিলাৰ মুঠ জনসংখ্যা আছিল ৯৩১,২১৮ জন।ইয়াৰে ১৮,৭৬২ জন পুৰুষ আৰু ১৭,৭৬২জনী মহিলা আছিল। লোকপিয়ল অনুসৰি ৫২.৬৭% জনসাধাৰণৰ বাংলা ভাষা, ৩৩.৭২% জনসাধাৰণৰ অসমীয়া ভাষা, ৪.৩১% জনসাধাৰণৰ হিন্দী ভাষা,১.৩১% জনসাধাৰণৰ বড়ো ভাষা  আৰু জাতি - জনগোষ্ঠীৰ প্ৰথম আৰু প্ৰধান ভাষা হিচাপে ব্যৱহাৰ হয়।
        ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে  হোজাই ঠাইখন জিলাৰূপে স্বীকৃতি পাইছিল।

হোজাই চহৰখন ব্যৱসায়িক ক্ষেত্ৰত অত্যন্ত গতিশীল  চহৰ। হোজাই চহৰৰ পৰাই দাঁতি-কাষৰীয়া কাৰ্বি আংলং, হামৰেণ জিলা আৰু ডিমা হাছাও জিলাৰ বিভিন্ন অঞ্চলৰ খুচুৰা বজাৰসমূহ নিয়ন্ত্ৰিত হৈ আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত হোজাইৰ অগৰু ব্যৱসায়ে শক্তিশালী স্থিতি লাভ কৰিছে।হোজাইৰ গ্ৰাম্যাঞ্চলত নানা তৰহৰ শস্য , শাক- পাচলিৰ খেতি প্ৰচুৰ পৰিমাণে হয়।অসম বিখ্যাত চিৰা আৰু মুড়িৰ ক্ষেত্ৰত হোজাই জিলাই এক বিশেষ স্থান অধিকাৰ কৰিছে।

শিক্ষা- দীক্ষাৰ ক্ষেত্ৰতো হোজাই জিলা যথেষ্ট আগবঢ়া। বিভিন্ন মাধ্যমৰ বিদ্যালয়সমূহকে ধৰি কনিষ্ঠ মহাবিদ্যালয়কেইখনেও এক বিশেষ স্থান লাভ কৰিছে। হোজাই জিলাত উচ্চ শিক্ষাৰ প্ৰসাৰত হোজাই মহাবিদ্যালয়ৰ ভূমিকা লক্ষণীয়। হোজাই মহাবিদ্যালয়খনেই ২০১৯ চনত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।

উক্ত লিখনিটো পঢ়া সকলো পঢ়ুৱৈয়ে এই সুন্দৰ ঠাইখন এবাৰলৈ হ'লেও যেন ফুৰিবলৈ আহে আৰু হোজাই জিলাৰ সুকীয়া আমেজবোৰৰ যেন সোৱাদ সকলোৱে লয়! মই নিজকে হোজাই জিলাৰ এগৰাকী স্থানীয় বাসিন্দা হিচাপে ক’বলৈ পাই গৰ্বিত।
              
পপী কলিতা 
(ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰী) 
হোজাই, অসম।
———————————————————

                                                 গল্প

এনেকৈয়ে ভাঙে নে সপোন
পল্লৱী কৌশিক শৰ্মা

      শৈশৱৰে বন্ধু দুয়ো । শুকান ঢকুৱা পাতত উঠি ইটোৱে সিটোক চোঁচৰাই নিয়াৰে পৰা পুৰণা চাইকেলৰ টিউবটো চুটি লাঠি এডালেৰে ঘূৰাই ঘূৰাই আগলৈ চলাই নিয়ালৈকে দুয়ো দুয়োৰে লগৰী । দিনৰ দিনটো লোকৰ বাৰীয়ে বাৰীয়ে ঘূৰি শিলিখা , জলফাই বুটলি খোৱা নাইবা কাৰোবাৰ ঘৰৰ পৰা কুমলীয়া নেমু কলিবোৰ চুৰ কৰি পথাৰৰ বুঢ়া আঁহতজোপাৰ তলত লেপেটা খাই বহি টেঙাৰ কোবত মুখখন ভেঙুচাই খোৱাৰে লগ ইটোৰে সিটোৰ ।

          এৰা , নিভাঁজ অন্তৰ দুখনৰ মাজত গঢ়ি উঠা এক আত্মিক সম্পৰ্কৰে বান্ধ খাই আছে সিহঁত দুটা। সোণালী শৈশৱৰ সোণসেৰীয়া দিনবোৰ সিহঁতৰ বন্ধুত্বই যেন আৰু বেছি মধুৰ কৰি তুলিছিল । জটিলতাৰ আও-ভাও নোপোৱা কোমল অন্তৰ দুখনেৰে সেই তাহানিয়েই যে ইটোৱে সিটোৰ হাত দুখন খামুচি ধৰিলে, সময়ৰ লগে লগে সেই হাতৰ মুঠিটোও দেখোন আৰু বেছি সৱল হৈ পৰিল ! মুঠৰ ওপৰত অভিন্ন হৃদয়ৰ দুটা শৰীৰ সিহঁত দুটা ।

         শৈশৱ , কৈশোৰ পাৰ হৈ এইয়া যৌৱনৰ দুৱাৰ দলিত ভৰি দিছে আৰোহী আৰু আকাশে ।সিহঁতৰ ল'ৰালিৰ বন্ধুত্ব আজিও একেই আছে নে বাৰু !
সেই যে তাহানি সৰু সৰু কথাতে আকাশৰ লগত কাজিয়া কৰি কান্দি কাটি বাউলি হোৱা আৰোহীজনী.. তাই বাৰু আজিও তেনেদৰে চকুপানী বোৱাই নে ? বসন্তৰ আগমনত কুলিৰ মাত কাণত পৰিলেই বিহু বলিয়া ছোৱালীজনীয়ে কপৌফুল এপাহ বিচাৰি আকাশক যে বলিয়া কৰি দিয়ে , আজিও সেইবোৰ আব্দাৰ ৰাখে নে আৰোহীয়ে তাৰ ওচৰত ? মাকৰ যৌতুকীয়া মুগাৰ সাজযোৰেৰে নিজকে সজাই আকাশে আনি দিয়া কপৌ ফুলপাহ চুটি চুলি কেইডালত ক্লিপ এটাৰে লগাই তাই যে তাৰ ওচৰলৈ দৌৰি যায় , আজিও ব’হাগৰ আগমনে তাইক সেইদৰে চঞ্চল কৰি তোলে নে ? আকাশৰ ঢোলৰ চেৱত এতিয়াও তাই টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি নাচে নে ? নাচৰ চেৱত খোচনিৰ পৰা মেখেলাখন খুলি পৰিলে তাই আজিও চিঞৰে নে..

:- ঐ আকাশ এইফালে আহচোন । পিন্ধাই দেচোন মেখেলাখন ।খুলি গ'ল দেখোন ।
     
   -----------------
পিছে দিন বাগৰাৰ লগে লগে কথাবোৰচোন সলনি হৈছিল । অবুজ অনুভৱ এটাই যেন চুই গৈছিল দুয়োকে ।বসন্তৰ ন-কুঁহিপাতৰ দৰেই সেউজীয়া সপোন কিছুমানে হঠাতে আহি বাহৰ পাতিছিল সিহঁতৰ হৃদয়ত । তগৰ ফুলৰ মিঠা সুগন্ধিৰ দৰেই , সিহঁতৰ মনাকাশতো বিয়পি পৰিছিল প্ৰেমময় সুবাস অলপ । পলাশ , শিমলু মদাৰৰ দৰেই ৰঙীন হৈ পৰিছিল সিহঁতৰ মনবোৰ। 

 ফাগুনৰ পছোৱাজাকে উৰুৱাই আনিলে প্ৰেমময় সুবাস ।
    সৰাপাতবোৰৰ আঁৰ লৈ অচিনা অনুভৱ এটা ,
থুপুককৈ সৰি পৰিল ।
অনুভৱটিক আলফুলে বুকুতে গুজি থ'লো মই।
লাহে লাহে ই শিপাই গ'ল ..
হৃদয়ৰ পৰা হৃদয়ৰ গভীৰলৈ ।
অংকুৰিত হ'ল প্ৰেমৰ গঁজালি ।
মই তোমাৰ আৰু তুমি মোৰ হৈ পৰিলা ।

     আকাশৰ চকুত চকু পৰিলে লাজুকী বনৰ দৰে জঁই পৰিছিল আৰোহী । তাৰ স্পৰ্শত অবুজ শিহৰনেৰে শিহৰিত হৈ উঠিছিল । তাই অনুভৱ কৰিছিল ,সেই স্পৰ্শবোৰ যেন আগৰদৰে নাছিল । সেই স্পৰ্শৰ তীব্ৰতা যেন সুকীয়া ! কেতিয়াবা দুয়ো নৈৰ পাৰত বহি একান্ত সময় কিছুমান উপভোগ কৰোতে কিবাকৈ আকাশে অকণমান অৱজ্ঞা কৰা যেন অনুভৱ হ'লেই তাইৰ বুকুখনত দেখোন অভিমান এসোপাই সাৰ পাই উঠিছিল । তেতিয়া গোমা অকাশখনৰ দৰে তাই যেতিয়া মুখখন ওন্দোলাই বহি আছিল সি যে কিমান যত্ন নকৰিছিল তাইৰ ওঁঠৰ হাঁহিটো ঘূৰাই আনিবলৈ ।

:- এনেকৈ নাথাকিবি অ' ৰোহী । তই মনটো মাৰি থাকিলে বৰ দুখ পাওঁ মই । তোৰ মাতষাৰ নুশুনিলে ভাত গৰহাও পেটলৈ নাযায় দেখোন । প্লিজ ৰোহী , এবাৰ হাঁহি দে না ।

নাই .. আৰোহীয়ে নাহাঁহে। ইমান সহজে কিয় মানি ল'ব তাই আকাশৰ কথা ? তাইক দিয়া দুখখিনি কিয় ইমান সহজে পাহৰিব । নাহাঁহে তাই। আকাশে হাজাৰ ক'লেও নাহাঁহে ।

:- ঐ তই কি এনেকৈ থাকিবি । বেলি ডুবিবৰ হ'ল । অলপপৰৰ পিছতে আমিও এৰা এৰি হ'ম । মই কেনেকৈ থাকিম ক'চোন ।
( ক্ষণিক মৌনতা । )
আচ্ছা... তই সঁচাকৈ নাহাঁহ' । নালাগে যা। মোক আৰু কেতিয়াও নামাতিবি তই। কেতিয়াও ন'কবি আৰু  কপৌফুল আনি দিবলৈ । আৰু কেতিয়াও তোক বিচাৰি নাহো মই ।

আকাশৰ কথাত বৰফ গলা দি গলিবলৈ ধৰিছিল আৰোহীৰ অভিমানৰ পাহাৰটো । তাৰ বুকুতে মুখখন গুজি উচুপি উঠিছিল তাই।

:- এনেকৈ নক'বি আকাশ। তোৰ পৰা আঁতৰি থাকিব পাৰিম জানো মই ?

      -----------------

সময় বৰ প্ৰভাৱী। সময়ৰ কঠিন হাতোৰাই তচনচকৈ ভাঙি থৈ যায় আলফুলীয়া সপোনবোৰ। সময়ে ঝৰঝৰকৈ খহাই পেলাই বুকুতে অযুত আশাৰে সজাই লোৱা হেঁপাহৰ ঘৰ এখন। সময়ে সুখৰ বাটচোৱাত কাঁইটৰ দলিচা পাৰি ৰং চাবও জানে।
আকাশ আৰু আৰোহীৰ সু-খবৰোতো নজৰ লাগিছিল । সিহঁতৰ সেউজীয়া সপোনবোৰে পূৰ্ণতা পোৱাৰ আগতেই নিয়তিয়ে অন্য এখন খেলৰ হে সূত্ৰপাত ঘটাইছিল ।

  ---------------–---

 আকৌ ব’হাগ আহিছে , পুনৰ কুলিয়ে তাৰ সুললিত কন্ঠেৰে বসন্তৰ আগমনৰ খবৰ বিলাইছে। এইবাৰ আকাশৰ ঘৰৰ কপৌজোপাতো বহুত ফুল ফুলিছে । ফাগুনৰ লঠঙা ডালবোৰেও সেউজ বৰণ ধৰি হালি জালি যেন ব’হাগক আমন্ত্ৰণ 
জনাইছে ।

     কেইদিনমানৰ পিছতে ৰঙালী বিহুৰ উল্লাসত মতলীয়া হৈ পৰিব সকলো। সৰু সৰু ল'ৰা ছোৱালীবোৰে ঘৰে ঘৰে হুঁচৰি গাবলৈ ওলাই আহিব । আকাশৰ লগৰ প্ৰবীণ , মৃণালহঁতৰ গাঁৱত প্ৰতি বছৰে আয়োজন কৰি অহা বিহু ফাংচনখনক লৈ কিমান যে পৰিকল্পনা ! আৰোহীৰ বান্ধৱী শেৱালি , সুৰভিহঁতে ইতিমধ্যে বিহুৰ আখৰা আৰম্ভ কৰিলেই। 

আৰু আৰোহী ! 

তাইৰ মনত এইবাৰ বিহুক লৈ অলপো স্ফূৰ্তি নাই । এইবাৰ তাই কপৌফুল এপাহ আনি দিবলৈও আকাশক এবাৰো কোৱা নাই। দূৰৈৰ পৰা ভাঁহি অহা কুলি চৰাইৰ মাতটো আৰু ঢোলৰ চেওটোয়ে এইবাৰ দেখোন তাইৰ কাণখনত হুলে বিন্ধা দি  বিন্ধিছে হে।

        -------------------

এটা নিৰ্জীৱ পুতলাৰ দৰে কেন্সাৰ ডিপাৰ্টমেণ্টৰ ৰুম নম্বৰ 409ৰ অত্যাধুনিক বিছনাখনত পৰি আছে আৰোহী । ক্ষন্তেক আগতে তাইক কেম' দিয়া হৈছে । আৰোহী ক্লান্ত আজি । জোৰ কৰিও তাই চকু দুটা মেলিব পৰা নাই । আকাশে আৰোহীৰ হাতখনতে খামুচি ধৰি তাইৰ কাষতে বহি আছে। আৰোহীয়ে চকু মেলালৈ সি আজি অপেক্ষাৰত । 

বিছনাখনৰ লগতে থকা সৰু টেবুলখনত বিশৃংখলভাৱে পৰি থকা ঔষধবোৰৰ মাজত, আৰোহীলৈ বুলি আকাশে লৈ অহা ৱিগটো আৰু গুলপীয়া কপৌপাহলৈ একেথৰে চাই ৰৈছে আকাশে । আৰোহীয়ে সাৰ পালেই খোপা এটা বান্ধি কৃত্ৰিম খোপাটোত কপৌপাহ গুজি দিব লাগিব  । বিহুবলিয়া ছোৱালীজনীক এপাক নচুৱাবও লাগিব । যিকেইটা দিন জীয়াই থাকে আৰোহীয়ে ভালপোৱাবোৰে দি তাইক আৱৰি সামৰি ৰাখিব লাগিব । তাইৰ ওঁঠযুৰিত হাঁহি এটা বোলাই দিবলৈ সিও প্ৰদীপ্ত মমডালৰ দৰেই জ্বলি জ্বলি নিঃশেষ হ'ব লাগিব ।

পাৰিব সি। পাৰিবই লাগিব ।

আৰোহীৰ দেহত দুৰাৰোগ্য ব্যাধিয়ে ধৰা দিছে বুলি গম পোৱাৰ দিনাও কেইটামান মুহূৰ্তৰ বাবেহে স্থানুৰ দৰে থিয় হৈ ৰৈছিল আকাশ । তাৰ পিছতে নিজকে সি প্ৰস্তুত কৰি তুলিছিল শেষ উশাহটো লোৱালৈকে আৰোহীৰ আস্থা , বিশ্বাস আৰু সাহস হৈ তাই জীয়াই থকা দিনকেইটা অন্তত প্ৰাণময় কৰি তুলিবলৈ যত্ন কৰিব সি ।

কি ঠিক এয়াই কিজানি আৰোহীৰ জীৱনৰ শেষ বিহু ! কি ঠিক সেই সৰুতে খামুচি ধৰা হাতখন অলপ দিনৰ পিছতেই  কিজানি চিৰদিনৰ বাবে হেৰাই যায় !
বুকুখনত তীব্ৰ বিষ এটা অনুভৱ কৰিলে আকাশে । আবাধ্য চকুলোবোৰে পলকতে বিবৰ্ণ কৰি তুলিলে সি একেথৰে চাই ৰোৱা কপৌপাহৰ কোমল গুলপীয়া ৰঙবোৰ।

ক'ৰবাৰ দূৰণিত কুলি চৰাই এটাই কুউ..কুউকৈ....  কি জানো ক'ব বিচাৰিছিল! বিৰক্তিৰে কাণ দুখন হেঁচি ধৰিলে আকাশে  ।

       ---------------
                             
পল্লৱী কৌশিক শৰ্মা
ডিমৰুগুৰি,নগাঁও

———————————————

জন্মদিনৰ উপহাৰ 
ৰাজীৱ দত্ত

     মদ খাই মাতাল হৈ ওচৰ চুবুৰীয়াক গালি গালাজ পাৰি চুবুৰীয়াৰ শান্তি ভঙ্গ কৰা গোবিন ঢোকা ইমান সহজতে যে  লাইনত আহি যাব সেই কথাটো কোনোৱে ভাবিব পৰা নাছিল ৷

   বিয়াৰ দুই তিনি বছৰ পিছতে শহুৰেকৰ ঘৰৰ উত্তৰাধিকাৰী নথকা সূত্ৰে আহি শহুৰেকৰ ঘৰত থাকিব লোৱা গোবিন ঢোকাৰ যে অইন কিবা উপাধি আছিল সেয়া বহুতেই নাজানে ৷ৰাইজে দিয়া এই বিখ্যাত উপাধিৰে বিভূষিত হৈ মদাহী নামে কুখ্যাত হৈ পৰিলগোবিন ঢোকা ৷ দিনে ৰাতিয়ে টেটুৰ গুৰিলৈ এসোপা খাই আহি হকে বিহকে ওচৰ চুবুৰীয়াক অশ্লীল গালি পৰাটো তাৰ একপ্ৰকাৰ অভ্যাসতে পৰিণত হৈছিল ৷ঘৈণীয়েক ফুলমতি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত বন্ধ হৈ পৰা বেমাৰী৷ ডাঙৰ ছোৱালী ৰীনা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী ৷ঘৰৰ সকলোখিনি কৰিও তাই মদাহী পিতৃৰ উদ্ভাণ্ডালিৰ বাবে পঢ়া শুনা কৰাৰ পৰিৱেশ অকণো নাপায়৷এই পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব তাই ভাবি চিন্তি সিদ্ধান্ত লৈ পেলালে ৷অইনবাৰ এই সময়তে তাইৰ জন্মদিনত পেহীয়েক খুড়াকহঁত আহি তাইৰ লগতে ঘৰৰ খা খবৰলৈ গৈছিল তাইক পঢ়া শুনাৰ বাবে উৎসাহ দিছিল৷এইবাৰ তাইৰ পৰীক্ষাৰ বাবে জন্মদিনত তেওঁলোক আহিব ইচ্ছা কৰা নাছিল৷কিন্তু ৰীনাই নিজে ফোন কৰি অহাৰ বাবে জোৰ দিয়াত আতাইবোৰ আহি সিহঁতৰ ঘৰত ভৰি পৰিল৷গোবিনে জীয়কৰ জন্মদিন বুলি আজি এপেগ বেছিকৈয়ে ধৰি আহিছে৷
সন্ধিয়া সময়ত ওচৰ চুবুৰীয়া আৰু দুই এগৰাকী আমন্ত্ৰিত ব্যক্তিৰ উপস্থিতিত তাই নিজে অনা কেকটো কটাৰ বাবে তাইৰ দেউতাক গোবিনক অনুৰোধ জনালে ৷সি প্ৰথমে আপত্তি কৰি ক’লে "তোৰ জন্মদিনত তইহে কেক্ কাটিব লাগে৷মোকনো কেলেই টানিছ।" পিছে তাই নাচোৰবান্দা৷অৱশেষত গোবিনে হাতত কেক্ কটা চুৰিখন লৈ সাজু হ’ল৷কেক্ টো পেকিং হৈ আছে৷মম বাতি বিলাক জ্বলাই দিলে ৰীনাই নিজে৷
সকলোৱে কেক্ কটাৰ পিছত হাততালি দিবৰ বাৱে সাজুহৈ থাকিল থিয়হৈ৷
গোবিনে জীয়েকৰ জন্মদিনৰ কেক্ কাটিবলৈ অতি গৰ্বৰে পেকিংটো খোলাত লাগিল৷
অইনবাৰতকৈ বাৰ্থডে কেক্ টো এইবাৰ যথেষ্ট ডাঙৰ৷ৰীনাই নিজে অৰ্ডাৰ দি অনা৷পেকিং বৰ মজবুতকৈ দিয়া আছে৷অৱশেষত যেনিবা খোল খালে৷কিন্তু এয়া কি ? 
গোবিন আচৰিত হৈ ৰৈ গ’ল৷সকলোৰে 
চকু গোবিনে খোলা ব্যৰ্থদে কেক্ টোত৷
গোবিনে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে৷ 
ৰীনা কিন্তু নিৰ্বিকাৰ৷তাই হয়তো এনেকুৱা এটা পৰিস্থিতিৰ বাবে সম্পুৰ্ণ সাজুহৈয়ে আছিল৷
তাই লাহে লাহে পেকিংটো সকলোৱে দেখাকৈ মেলি ধৰিলে৷পোহৰত সকলোৱে দেখিলে পেকিংটোৰ ভিতৰত কেক্ ৰ সলনি কেইটামান মদৰ বটল ৷সকলোৰে দৃষ্টি তেতিয়া গোবিনৰ ওপৰত ৷সি তেতিয়া কি কৰিব কি নকৰিব একো ঠিৰাং কৰিব নোৱাৰিলে৷
ৰীনাই হাতজোৰ কৰি তেতিয়া সকলোকে ক’লে " আপোনালোকে মোক ক্ষমা কৰিব৷মোৰ জন্মদিনত মোৰ পিতৃয়ে আনন্দতে খাৱলৈ অনা মদৰ বটলৰ পেকেটটোহে কেকৰ ঠাইলৈ আহিল ৷কেকৰ পেকেটটো আনি থোৱা ঠাইতে ৰৈ গ’ল৷" ৰীনাৰ প্ৰতিটো শব্দ গোবিনৰ গালত একোটা চৰ যেন লাগিল ৷এৰা কেকৰ পেকিংটো সিয়ে আনি ইয়াত থৈছিল ৷জন্মদিন বুলি দুটামান মদৰ বটল অইনে নেদেখাকৈ সি আনিছিল পেকিং কৰি কিন্তু কেকৰ সলনি এনেকৈযে মদৰ বটলৰ পেকেটটো ইয়ালৈ আহিব সি ভাবিৱই পৰা নাছিল৷ এনে বিষম পৰিস্থিতিত গোবিনৰ মদৰ নিচা ফাটি গ’ল৷সি বৰ লাজ পালে ৷ইমান সোপা মানুহৰ আগত যে তাৰ আচল স্বৰূপটো ধৰা পৰি গ’ল তাৰবাবে সি নিজৰ গালত নিজে চৰ মাৰিব মন গ’ল৷কোনৱে এনে পৰিস্থিতিৰ বাৱে সাজু নাছিল৷ সকলোৱে তাৰ ফালে চাই থাকিল৷"মোক ক্ষমা কৰক৷এনে অৱস্থাৰ বাবে ময়ে দায়ী৷আজিৰ পৰা মই 
আৰু কোনোদিনে মদ নাখাওঁ৷সচা কৈছো ৷মোৰ ছোৱালীৰ জন্মদিনৰ বাবে ময়ে কেকটো যথাস্থানত থৈছিলো আৰু মদৰ বটলৰ পেকেটও ময়ে মনে মনে আনি লুকাই থৈছিলো ৷পিছত খাম বুলি ৷কিন্তু এনে পৰিস্থিতি হ’ব বুলি মই কল্পনাও কৰা নাছিলো৷ জন্মদিনত নিজৰ ছোৱালীজনীক একোদিৱ নোৱাৰিলো৷
বৰং তাইক লাজতহে পেলালো ৷"এইবুলি হাতজোৰ কৰি  গোবিন চৰম অপৰাধবোধত ফেঁকুৰি থাকিল৷ এনে এক মূহুৰ্তৰ বাবেই যেন ৰীনা ৰৈ আছিল৷তাই লাহে ক’লে " দেউতা মোৰ জন্মদিনত একো দিৱ নোৱাৰা বুলি তুমি মুঠেই দুখ নকৰিবা৷তুমিযে মদ আজিৰ পৰা নাখাওঁ বুলি প্ৰতিজ্ঞা কৰিলা ৷সেইটোতকৈ মোৰ জন্মদিনত আৰু ডাঙৰ উপহাৰ কি হ’ব পাৰে?" গোবিনৰ লগতে ফুলমতিৰো চকু চলচলীয়া হৈ পৰিল৷ ৰীনা সৰু ছোৱালী যদিও বুদ্ধিমতী৷আচলতে এনে এক পৰিস্থিতি তায়ে সৃষ্টি কৰিছিল ৷তাই জানে যে এক সাংঘাতিক ধৰণৰ লাজ দিব পৰা পৰিৱেশতহে দেউতাকক মদ খোৱা এৰাৱ পৰা যাৱ৷সেইবাৱে দেউতাকে আনি লুকুৱাই থোৱা মদৰ বটলৰ পেকেটটো তাই মনেমনে কেক ৰখা ঠাই খিনিত  থৈ দিছিল যাতে দেউতাকে নিজ হাতে কেক বুলি মদৰ বটলৰ পেকিংটো সকলোৰে সমুখলৈ লৈ আহে৷ তাই সফল হ’ল৷জন্মদিনত সচাকৈয়ে তাই এটি ডাঙৰ উপহাৰ লাভ কৰিলে ৷

ৰাজীৱ দত্ত
চামতা
নলবাৰী ৭৮১৩০৬
#Emailঃrajibdutta98642@gmail.com
————————————————
হঠাৎ এদিন...
এনী ভূঞা ডেকা 

   কিতাপ খন পঢ়ি থাকোঁতেই কেতিয়া টোপনি আহিল অনুপমৰ , গম নাপালে। হঠাৎ হুলস্থূল শুনি তাৰ টোপনি ভাঙিল, সম্ভৱ নিউ-জলফাইগুৰি ষ্টেচন,শুই থকাৰ পৰাই বাহিৰৰ 'চাইনবৰ্ড ' দেখা পালে ।এনেতে ঠেলা-হেঁচা কৰি কান্ধত বেগ এটা লৈ এগৰাকী মহিলা সোমাই অহা দেখিলে ।              ইমান চিনাকি মুখ... হয়,চন্দনা...
     মুখৰ ভিতৰতেই সি বহুত বাৰ নামটো উচ্চাৰণ কৰিলে । তাই আগৰ দৰেই ধুনীয়া হৈ আছে , মাথো কানৰ কাষৰ চুলি কেইডাল মানত ৰূপালী ৰং লাগিছে। চকুত সোনালী ফ্ৰেমৰ চশমা যোৰে তাইক অধিক আকৰ্ষণীয় কৰি তুলিছে । অনুপমে চায়েই থাকিল কিছু সময় । চন্দনাই বেগ কেইটা ঠিক মতে ৰাখি বহা ঠাইৰ পৰা চাৰিওফালে চাই ল'লে , সকলো ঠিকেই পাই তাই স্বস্তিৰে উশাহ ল'লে।
     হঠাৎ তাইৰ অনুভৱ হ'ল ওপৰৰ পৰা যেন তাইক কোনোবাই চাই আছে । তাই ওপৰলৈ চাওঁতেই অনুপমৰ চকুৱে চকুৱে পৰিল---ক্ষন্তেক সময়ৰ বাবে তাই কিবা এটা ভাবিলে আৰু মনে মনে এটা সিদ্ধান্তও ল'লে।
     সি ওপৰৰ পৰা তললৈ নামি আহি চন্দনাৰ সন্মূখত বহি থকা যাত্ৰীজনৰ অনুমতি লৈ তাইৰ  সন্মূখত বহি দুয়ো দুয়োকে অভিবাদন জনালে। সুদীৰ্ঘ ২৩বছৰৰ পিছত দেখা দেখি । অথচ এটা সময় আছিল এবেলা নেদেখিলেই ব্যাকুল হৈ পৰিছিল...! 
    সেই পুৰণি স্মৃতি ৰোমন্থন কৰি এতিয়া আৰু লাভ নাই । বিদেশলৈ যোৱাৰ সুযোগটো হেৰুৱাব নোখোজাৰ বাবেই সি চন্দনাৰ পৰা আঁতৰি গৈছিল ।  কথাবোৰ মনত পৰিলেই অন্তৰখনে হাহাকাৰ কৰি উঠে। আজি সেইবোৰ কথালৈ তাইৰ আপচোঁচ নাই,তাই নিজৰ কৰ্ম জীৱনক লৈ ভীষণ ব্যস্ত আৰু সুখী।
         গুৱাহাটীৰ প্লেটফৰ্মত নামিয়েই অনুপমে তাইক একাপ কফি খাবৰ বাবে টানি অনুৰোধ কৰিলে । উত্তৰ দিবলৈ যেন তাই বহুত বছৰৰ পৰাই সাজু হৈ আছিল । অনুপমলৈ চাই তাই তৎক্ষণাৎ ক'লে--
"ন' থেঙ্কচ্ "।

এনী ভূঞা ডেকা
মঙলদৈ ,দৰং
———————————————————
                             আলাপ 

"YouTube" - বৰ্তমান সময়ৰ প্ৰতিভা বিকাশৰ এক সুন্দৰ প্লেটফৰ্ম।  YouTube এ যিজন মানুহৰ জীৱনত বহুত কিবাকিবি দিছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি নুশুৱালৈকে যাৰ মনত এটাই সপোন সেইটো হৈছে YouTube । যিজনৰ  মনত YouTube ক লৈ অলেখ সপোন সঞ্চিত হৈ আছে। যিজনে YouTubeৰ জৰিয়তে বেলেগতকৈ অলপ বেলেগ কৰাৰ প্ৰয়াস কৰি আহিছে। আহক, এইবাৰৰ বৰ্ণৰাগ আলোচনীৰ সাক্ষাৎকাৰ শিতানত এনে এজন YouTuber ৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ—
 
আলাপৰ
এইবাৰৰ অতিথি
জনপ্রিয় YouTuber দিম্পু বৰুৱা
সাক্ষাৎগ্ৰহণঃ ভাৰ্গৱ কুমাৰ নাথ 

ভাৰ্গৱ:- পোন প্ৰথমে আপোনাক বৰ্ণৰাগ আলোচনীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। Dimpu Baruah ই পোন প্ৰথমে কেনেকৈ  YouTube জগতখনত ভৰি দিছিল?
দিম্পু বৰুৱা:- হয় মই দিম্পু বৰুৱা চেনেলটো ২০১৭ চনৰ শেষৰ পিনে খুলিছিলো যেতিয়া জিঅ' চিম মই লৈছিলো। বহুতে ইউটিউবত অহা দেখি ময়ো ভাবিলো কি ইউটিউবত ভিডিঅ' বিলাক চোৱাৰ উপৰিও যদি  ময়ো দিব পাৰো ভিডিঅ' আৰু নেটৰ দামো বহুত কম হৈ গৈছিল জিঅ'ৰ ফলত। সেইবাবে মই সেইসময়ত ইউটিউব চেনেল খুলি কিছুমান টেকনিকেল টপিক লগতে কিছুমান বস্তুৰ সৰু-সুৰা আনবক্সিং , ম'বাইল কিয় গৰম হয়‌ বা এনেকুৱা কিছুমান সৰু-সুৰা ম'টিভেচনেল ভিডিঅ'ও  দিবলৈ চেষ্টা কৰিছিলোঁ।

ভাৰ্গৱ:- এক ৰ পৰা আৰম্ভ কৰি এক মিলিয়ন Subscribers লৈ এক দীঘল পৰিক্ৰমা। আপুনিয়ে হয়তো একমাত্র অসমীয়া যিয়ে ইতিমধ্যে Vlogs চেনেলত ১ মিলিয়ন Subscribers গোটাবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা?
দিম্পু বৰুৱা:- হয় ,ময়েই একমাত্ৰ অসমীয়া নহয় যিজনে ১মিলিয়ন ছাবস্ক্ৰাইবাৰ
গোটাবলৈ সক্ষম হৈছে। মোৰ আগতেও বহুত নিউজ চেনেলৰ লগতে টেলচোৰা  যি ভিডিঅ' দেখিবলৈ পাই আপোনালোকে ভইচ আছাম চেনেলটোৱেও 1M কৰিছিল। আৰু ময়ো 1M কৰিলোঁ এইক্ষেত্ৰত বহুত বহুত ধন্যবাদ । ৰাইজে যিখিনি মৰম দিলে আৰু ৰাইজৰ এই মৰমৰ প্ৰতিদান মই সদায় দিবলৈ চেষ্টা কৰিম ভাল ভাল ভিডিঅ'‌ বনায়।

ভাৰ্গৱ:- শেহতীয়াকৈ আপোনাৰ Dimpu's vlogs YouTube চেনেলত চুইজাৰলেণ্ড, ইটালী, আমেৰিকা আদি বিভিন্ন দেশৰ ক'ৰনা পৰিস্থিতি আৰু পৰিৱেশ অসমৰ ৰাইজে চাবলৈ পাৰিছে, যিটো  এটা খুবেই সুন্দৰ পদক্ষেপ। প্ৰশ্নটো হ'ল এই গোটেই পৰিকল্পনাটো কেনেকৈ আহিছিল আপোনাৰ মনলৈ?
দিম্পু বৰুৱা:-হয়, যিবিলাক মই বাহিৰৰ ভিডিঅ' বনাইছিলো ভাৰ্চুৱেল এপ এটাত, যেতিয়া লকডাউন হৈ আছিল তেতিয়া ভাবিলো যে সকলোৱে ঘৰত আছে ময়ো ওলাই যাবলৈ পৰা নাছিলোঁ ভিডিঅ'‌ বনাবলৈ।সেয়ে মই তেনেকেই মোৰ কণ্চেপ্টটো মনলৈ আহিল যে বাহিৰৰ মানুহখিনিৰ লগত কানেক্ট কৰি তেওঁলোকে দিয়া ভিডিঅ'খিনি যাতে মই দিব পাৰো আৰু তেনেকৈয়ে দি আহিছোঁ। এতিয়াও দিম বুলি ভাবিছো আৰু দুটা-এটা ভিডিঅ' এতিয়াও দিবলৈ আছেই।

ভাৰ্গৱ:- নৱপ্ৰজন্মৰ এজন YouTuber  হিচাপে আপুনি নবাগত YouTuber   সকলক উদ্দেশ্যি কি ক'ব?
দিম্পু বৰুৱা:-হয় নতুন ইউটিউবাৰ সকলে যাতে ভাল ভাল ভিডিঅ' দিয়ে বাকী কোনো প্ৰমোচনৰ নামত দৌৰিব নালাগে, একো কৰিব নালাগে ‌অট'মেটিকেলি ভাল ভিডিঅ' এটা ৰাইজৰ মাজত গৈ পাইয়েই। ভাল ভাল ভিডিঅ' দি মানুহক আকৰ্ষণ কৰিব পৰা ভিডিঅ' বনালেই হ'ল।

ভাৰ্গৱ:- YouTube ক  লৈ আপোনাৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে অলপ জনাব,হৃদয়ৰ পাঠকসমাজে জানিব বিচাৰিব?
দিম্পু বৰুৱা:-
হয় মোৰ পৰিকল্পনা বাৰু বহুতেই আছে ভগৱানে যদি সহায় কৰে নিশ্চয় মই বহুতেই কৰিব বিচাৰিছোঁ। মই ইউৰোপলৈ যাব বিচাৰোঁ, মই আমেৰিকালৈ যাব বিচাৰোঁ আৰু গৈ  নিজৰ এক্সপিৰিয়েন্সৰ লগতে ৰাইজকো সেইখিনি দিব বিচাৰোঁ।

ভাৰ্গৱ:- বৰ্তমান আপুনি YouTube ৰ উপৰি কি কি কাম কৰি আছে?
দিম্পু বৰুৱা:-হয়, ইউটিউবৰ বাহিৰে  মই বৰ্তমান বিশেষ একো কৰি থকা নাই , কৰি আছিলোঁ শিক্ষকতা  কিন্তু লকডাউন কাৰণে স্কুলখন বন্ধ হৈ আছে বাবে ইউটিউবেই বৰ্তমান কৰি আছোঁ। 

ভাৰ্গৱ:- প্ৰত্যেকৰে জীৱনত তিতা-মিঠা অভিজ্ঞতা থাকে। আপোনাৰো হয়তো নথকা নহয়! এইক্ষেত্ৰত তিতা অভিজ্ঞতা বোৰ বাদ দি  মিঠা অভিজ্ঞতাবোৰ ধৰি ৰাখিব পৰাৰ বাবেই হয়তো আজি আপুনি বৰ্তমানৰ দিম্পু বৰুৱা। এইক্ষেত্ৰত আপুনি মিঠা অভিজ্ঞতা বোৰ কঢ়িয়াই নিয়াৰ ক্ষেত্রত কেনেকৈ নিজকে প্ৰস্তুত কৰি তোলে?
দিম্পু বৰুৱা:- প্ৰত্যেকৰে জীৱনত কিছুমান তিতা-মিঠা অভিজ্ঞতা থাকে আপোনাৰো হয়তো নথকা নহয় এইক্ষেত্ৰত   তিতা-মিঠা অভিজ্ঞতা বহুতেই আছে। ৰাস্তাৰে গ'লে ৰাইজে মাতে, খুব ভাল লাগে। তেনেকুৱা অভিজ্ঞতা বহুতেই আছে মই বহুত ঠাইলৈ গৈছো ।ভাৰতৰ ভিতৰতে চেন্নাই, দিল্লী, গোৱা। এইবিলাক ঠাইলৈ গ'লেও অসমীয়া মানুহ লগ পাওঁ আৰু বাহিৰৰ মানুহখিনিয়ে খুব ভাল দৰে মৰম কৰে লগতে অসমৰো বিভিন্ন ঠাইত গৈছো মৰম কৰে এইখিনিয়ে আৰু ভাল লাগে।

ভাৰ্গৱ:- আপোনাক যদি এদিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী বনোৱা হয়, তেন্তে কি কি কাম কৰিব সেই দিনটোত?
দিম্পু বৰুৱা:- হয়, একদিনৰ কাৰনে মূখ্যমন্ত্রী বনালে  কি কৰিম আৰু যিমান গোপন তথ্য আছে চৰকাৰৰ সকলো মুকলি কৰি দিম ৰাইজৰ আগত মানে যিমান য'ত কেলেংকাৰী, ভুৱা কেলেংকাৰী যিমান যি আছে সমস্যা চৰকাৰৰ ভিতৰখনত সকলোতো মোৰ লগত থাকিবই সেই সকলো মুকলি কৰি দিম ৰাইজৰ আগত। পাছদিনাৰ পৰা মই নাই আৰো যি কৰা কৰা। 

ভাৰ্গৱ:- শেষত আপোনাৰ ভৱিষ্যৎ জীৱন উজ্জ্বল কামনা কৰাৰ লগতে  YouTube জগতখনত উত্তৰণ কামনা কৰিলোঁ আৰু বৰ্ণৰাগ আলোচনীলৈ আপোনাৰ এটা শুভেচ্ছাবাৰ্তা?
দিম্পু বৰুৱা:-শেষত আপোনালোকলৈ  ধন্যবাদ মোৰ সাক্ষাৎকাৰ লোৱা বাবে। 
ধন্যবাদ।

সাক্ষাৎকাৰ গ্ৰহণ
ভাৰ্গৱ কুমাৰ নাথ
৬০০১৮৭৫৫৭৮
——————————————————
পাঠকৰ দৃষ্টিৰে 
মোৰ কাহিনী আমাৰ কাহিনী

মূল লেখিকা: ফ্লাবিয়া এগনেছ
অনুবাদক: ননী চহৰীয়া বৰা
প্ৰকাশক: অন্বেষা পাব্লিকেশ্যনছ
প্ৰথম প্ৰকাশ: ২০১৬
পৃষ্ঠা: ১০৪
দাম: ১১০ টকা

ড° জ্যোতিশিখা দত্ত 

      ফ্লাবিয়া এগনেছ ভাৰতৰ এগৰাকী জনপ্ৰিয় মহিলা অধিকাৰ আইনজীৱী। তেখেতে আইন, লিংগ, গাৰ্হস্থ্য হিংসা, নাৰীবাদ আইনশাসন, সংখ্যালঘুৰ অধিকাৰৰ ওপৰত কাম কৰাৰ লগতে তেনে বিষয়ৰ ওপৰত লেখা মেলাও কৰে l নাৰী আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ (১৯৮০ চন মানৰ পৰা) পৰাই তেওঁ মহিলাৰ বিভিন্ন সমস্যা আৰু তাৰ আইনগত ব্যৱস্থাৰ ওপৰত কাম কৰা আৰম্ভ কৰিছিল l বৈবাহিক অধিকাৰ সম্বন্ধীয় কথাত মহিলাৰ প্ৰতিনিধিত্বৰ বাবে মধুশ্ৰী দত্তৰ লগ লাগি তেখেতে ১৯৮৯ চনত 'মজলিছ' নামৰ এক সংগঠনৰ জন্ম দিছিল l জন্ম লগ্নৰে পৰা বৰ্তমানলৈকে মজলিছে প্ৰায় ৫০,০০০ গৰাকী মহিলাক আইনী পৰিসেৱা প্ৰদান কৰিছে l 

ফ্লাবিয়া এগনেছৰ বৰ্তমান সময়লৈ উন্নিত হোৱাৰ যাত্ৰা আছিল কন্টকময়। তেওঁ নিজেই গাৰ্হস্থ্য হিংসাৰ বলি হৈছিল। অপ্ৰত্যাশিত ঘটনাবোৰৰ বাবে দিগ-বিদিগ হেৰুৱা এগনেছে  বীৰংগনাৰ দৰে জীৱনৰ নানা ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ নিজকে জুয়ে পোৰা উজ্জল সোণ লৈ ৰূপান্তৰিত কৰিছিল । এগৰাকী দুৰ্বল নাৰীৰ পৰা সবল, সাহসী নাৰীলৈ হোৱা তেওঁৰ উত্তৰণৰ এটি এটি ঘটনা লিপিবদ্ধ কৰিছে তেওঁৰ আত্মজীৱনী 'My Story.. Our Story' ত । আত্মজীৱনীখনৰ শেষ খণ্ডটিত এগনেছে নিজেই কৈছে যে কিতাপখনত এগৰাকী নাৰীৰ আভ্যন্তৰীণ শক্তি, নৈতিক বিস্বাস আৰু সাহস দৃঢ়তৰ কৰি পোহৰৰ বাট দেখুৱাৰ প্ৰয়াস কৰা হৈছে য'ত তেওঁ তেওঁৰ মুক্ত আৰু সুস্থ চিন্তা আৰু কামেৰে এখন সুস্থ, সবল, পাৰ্থক্যহীন সমাজ গঢ়িব পাৰে । 

শক্তিশালী অথচ সাৱলীল অনুবাদে গ্ৰন্থখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে l এনে এখন অনুপ্ৰেৰণামূলক গ্ৰন্থৰ সাৰ্থক তৰ্জমা কৰা ননী চহৰীয়া বৰাৰ প্ৰয়াস শলাগিবলগীয়া l 



ড° জ্যোতিশিখা দত্ত 
ঘৰ নং :৪০, শান্তি পথ 
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী: ৭৮১০২৪ 
দূৰভাষ : ৭০০২১২০০২১ 
ই-মেইল : jyotisikhadatta@gauhati.ac.in
——————————————————
অণুগল্প

সহজাত
হেমেন নাথ

 'আমাৰ কি হ'ব? আমাক জানো চবেই গ্ৰহণ কৰিব?'- মোৰ বুকুৰ মাজত সোমাই প্ৰণামী উচুপি উঠে।
 মই তাইৰ মুখখন তুলি ধৰি কপালত চুমা আঁকি দি ক'লোঁ- 'চব ঠিক হৈ যাব।'

 তাইৰ কপালত জিলিকি উঠে মোৰ ওঁঠৰ টিকটিকিয়া ৰঙা লিপষ্টিকৰ উজ্বল দাগ।

———————————————
বিশ্বায়ন
খূৰ্ছীদ আনছাৰী
-----------------------
ৰাজদৰবাৰৰ সন্মুখত মানুহৰ চিঞৰ-বাখৰ শুনি ৰজা ৰামচন্দ্ৰই ভাতৃ লক্ষ্মণক সুধিলেঃ--ৰাজদৰবাৰৰ সন্মুখত এইয়া কিহৰ ভিৰ ?

লক্ষ্মণৰ উত্তৰঃ--মহাৰাজ বিশ্বায়নৰ প্ৰভাৱত দেশৰ প্ৰজাই ঋণ আৱেদন কৰিব বিচাৰিছে।যাতে এই ঋণৰ টকাৰে ধনু ক্ৰয় কৰি সোণৰ হৰিণা চিকাৰ কৰিব পাৰে।

খূৰ্ছীদ আনছাৰী
শোণিতপুৰ,ৰঙাপৰা।
———————————————
আদৰ
(চুটি গল্প)
ঝুনা বৰঠাকুৰ

-- মেঘা , কিবা help কৰি দিম ?
-- নালাগে বহা ! কফি খাবা ?
-- why not ? খাম ।
   অকাৰণ হাঁহি এটি মাৰি গাখীৰ উতলোৱাত ব্যস্ত হয় মেঘালী ।
     মেঘা , ওৰফে মেঘালী শৰ্মা । এখন ব্যক্তিগত কলেজৰ ইতিহাস বিষয়ৰ প্ৰবক্তা । পৰিয়াল চলোৱাত প্ৰশান্তৰ লগতে তাইৰো হাত আছে । তথাপি তাইৰ পৰিশ্ৰম দেখি মনটো বাধ্য হয় ভাবিবলৈ সেই আও-পুৰণি  গইনা বোৰে যেন আজিও আধুনিক মানসিকতাক হেচি ৰাখিছে।
" লাও যিমানে ডাঙৰ হওঁক ,সদায় পাতৰ তল।" ... নাৰীয়ে পাৰে । ঘৰ-পৰিয়াল , টকা ,সন্তান চম্ভালি নিজকো পাহৰে নাৰীয়ে।

     কিন্তু মেঘাই পাহৰা নাই নিজক । প্ৰশান্তই নিদিয়ে তাইক পাহৰিবলৈ। সি আও পুৰণি চিন্তাৰ মানুহ নহয় । সি জানে মেঘাক তাৰ সহায়ৰ প্ৰয়োজন নাই। তাই অকলেই পাৰে অকলেই কৰে । তথাপি সদায় একে প্ৰশ্নই কৰে প্ৰশান্তই ..অভ্যাসগতভাৱে
"মেঘা কিবা help কৰি দিম ?"
          আচলতে সেইখিনি যথেষ্ট এগৰাকী নাৰীৰ বাবে । এখন অনুভৱী হৃদয় , অলপ মৰম , অলপ আদৰ..।

     একে প্ৰশ্নৰ উত্তৰত সদায় একে হাঁহি এটি মাৰি মনৰ মানুহজনৰ সান্নিধ্য বিচাৰে মেঘালীয়ে দিনটোৰ বিদায় বেলাত । সেই একে হাঁহিটোত সদায় নতুন কাৰণ বিচাৰি পায় প্ৰশান্তই । তাৰ প্ৰতি থকা বিশ্বাসবোৰে মেঘাই নজনাকৈ তাক মিচিকীয়াই আকৌ লুকাই পৰে মেঘাৰ মাজত । প্ৰশান্তৰ প্ৰিয় .. তাৰ অভ্যাসগত প্ৰশ্নৰ উত্তৰত মেঘাৰ ওঁঠত লাগি ধৰা গৌৰৱ আৰু সন্তুষ্টি মিহলি ভাগৰুৱা হাঁহিটোৰ মিঠাখিনি ..! সদায় প্ৰিয়। 

ঝুনা বৰঠাকুৰ 
ঢেকীয়াজুলি, শোণিতপুৰ 
———————————————————
                                     শিশুৰ ৰহঘৰা 
——————————————————
পোহৰৰ উৎসৱ দেৱালী
অনুভৱ চন্দন পৰাশৰ
পঞ্চম শ্ৰেণী
লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
হাতীগাঁও, গুৱাহাটী

দেৱালী হৈছে পোহৰৰ উৎসৱ । এই উৎসৱ হিন্দু ধৰ্মৰ লোকসকলে পালন কৰে । দেৱালীক দীপাৱলী বা দীপান্বিতা বুলিও কোৱা হয় । দেৱালী পালন কৰাৰ উদ্দেশ্যক লৈ পুৰণি কালৰ পৰাই কেইবাটাও কাহিনী প্ৰচলিত হৈ আহিছে । এটা কাহিনী মতে অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ ৰাম, লক্ষ্মণ আৰু বোৱাৰী সীতাই চৈধ্য বছৰ কাল বনবাসত কটাই অযোধ্যালৈ উভতি অহাত অযোধ্যাবাসীয়ে আনন্দতে প্ৰত্যেকৰে ঘৰৰ পদূলিত মাটিৰ চাকি জ্বলাই জকমকাই তুলিছিল । তেতিয়াৰে পৰাই এই দিনটোত দেৱালী পালন কৰি অহা হৈছে বুলি কোৱা হয় । দেৱালীত চাকি-বন্তি জ্বলোৱাৰ লগতে আতচবাজী আৰু ফটকা ফুটোৱাও হয় । ফটকা আৰু আতচবাজীৰ বাবে আজিকালি বৰকৈ বায়ু আৰু শব্দ প্ৰদূষণ হয় । ভাৰতবৰ্ষৰ কোনো কোনো অংশত দেৱালীৰ দিনা শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ আৰু আন কোনো কোনো অংশত শ্ৰীশ্ৰী কালী দেৱীৰ পূজা কৰা হয় । দেৱালী উপলক্ষে আটাইকে শুভেচ্ছা জনালোঁ ।
———————————————————
 পুখুৰীৰ দ’ত 
(গল্প)
ননী বৰদলৈ                                
                              

          এদিন বাট ভুল কৰি সৰু বগা শহা পোৱালি এটা " জয়াল " নামৰ বৰ ডাঙৰ হাবি এখনৰ ওচৰ পালেহি ৷ লগৰ কেইটাক বিচাৰোঁতে বিচাৰোঁত বেলি বহুত হ’ল ৷ অলপ পাছতে বেলি বুৰিব ৷ আন্ধাৰ হ’ব ৷ উভতি যাবলৈও এতিয়া সময় নাই ৷ তাৰ অকণমানি বুকুখন  খৰখৰকৈ ঢপঢপাবলৈ ধৰিলে ৷ তাৰ নিজৰ বুকুৰ ঢপঢপনি সি নিজেই শুনিবলৈ পালে ৷ 
             এখোজ দুখোজকৈ ভয়ে ভয়ে সি আগবাঢ়িল ৷ সৰু জোপোহা এটা যদি পায় তাতে নিশাটো কটাব পাৰিব ৷ 
             অলপ দূৰ আগুৱাই যোৱাৰ পাছতে সি সৰু জোপোহা এটা পাই ওচৰতে থমকি  ৰ’ল ৷ জোপোহাৰ ভিতৰত ইতিমধ্যে কোনো সোমাই থকা নাইতো ! কিছু সময় চুপেচাপে থাকি লাহে লাহে সি জোপোহাটোৰ ফালে আগবাঢ়ি গ’ল ৷ জোপোহাৰ ভিতৰলৈ মূৰটো সুমুৱাই পৰীক্ষা কৰি ল’লে ৷ নাই , কোনো নাই ৷ স্বস্তিৰে দীঘলকৈ উশাহ এটা ল’লে সি ৷ 
            সি এতিয়াহে গম পালে , তাৰ বৰ ভাগৰ লাগিছে ৷ ভোকটোৱেও আমনি কৰিছে ৷ ভোকে-ভাগৰে লালকাল হৈ তাৰ কেতিয়ানো টোপনি গ’ল সি গমেই নাপালে ৷
      গভীৰ নিশা বাঘৰ গোঁজৰণি এটাত সি খকমককৈ সাৰ পাই উঠিল ৷ বৰ ভয় লাগিল তাৰ ৷
        তাৰ আৰু টোপনি নাহিল ৷
        কাহিলি কাহিলি পুৱাৰ জান-নাজান পোহৰ হওঁতেই  সৰু বগা পোৱালি শহাটো ভয়ে ভয়ে জোপোহাটোৰ পৰা বাহিৰলৈ ওলাই আহিল ৷ মুকলিত দীঘলকৈ উশাহ এটা  লৈ কাষতে পোৱা সৰু সৰু বন কেইডালমান আঁজুৰি আনি খাই ল’লে ৷ 
           ইটো সিটো খাই আঁহোতে আঁহোতে কেতিয়ানো সি হাবিৰ মাজৰ প্ৰকাণ্ড পুখুৰীটোৰ পাৰ পালেহি সি গমেই নাপালে ৷ পুখুৰীৰ আশে পাশে সি কাকো দেখা নাপালে ৷ বৰ নিজান ৷ পুখুৰীৰ পানীত গছৰ পাত এটা পৰিলেও শব্দ শুনা নিৰ্জনতা ৷ 
             হঠাতে পানীত হোৱা এটা প্ৰচণ্ড শব্দত সি উচপ খাই উঠিল ৷ একেকোবে সি দৌৰি  গছ এজোপাৰ আঁৰত লুকালগৈ ৷ 
            গছজোপাত থকা বান্দৰ এটাই শহা পোৱালিটোক দেখি আচৰিত হ’ল ৷ ইমান সৰু শহা পোৱালিটো ! বৰ মৰম লাগিল তাৰ ৷ শহাপহুটো সৰু তাতে অচিনাকিও ৷ বান্দৰটোৰ তাৰ সতে চিনাকি হ’বলৈ আৰু কথা পাতিবলৈ মন গ’ল ৷ সি গছৰ পৰা জাপ মাৰি নামি আহিল ৷ সন্মুখত হঠাতে বান্দৰটোক দেখি শহা পোৱালিটো উচপ খাই উঠিল ৷
         : ভয় নকৰিবা ৷ মই একো নকৰোঁ ৷ তোমাক নতুন দেখিছোঁ ৷ কি নাম তোমাৰ ?
         : মিমি ৷ এই হাবিখন মোৰ একেবাৰে অচিনাকি ৷ বাট ভুল কৰি এইখিনি পালোহি ৷
         : চিন্তা নকৰিবা ৷ মোক তোমাৰ বন্ধু বুলি ধৰি লোৱা ৷ মোৰ নাম মলু ৷
          দুয়োটাই কথা বতৰাৰে ইটো সিটোৰ বন্ধু হৈ পৰিল ৷ 
           মলুৱে মিমিক লগত লৈ হাবিখনৰ বাকীবোৰ জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ লগত চিনাকি কৰাই দিলে ৷ হাবিখনত সকলো জন্তুৰে পৰস্পৰৰ লগত খুব মিলাপ্ৰীতি ৷ খুব কম দিনৰ ভিতৰতে মিমি সকলোৰে প্ৰিয় আৰু আদৰৰ হৈ পৰিল ৷
           "জয়াল" হাবিখনৰ প্ৰতিটো চুক-কোণ মলুৱে মিমিক দেখুৱাই দূৰৈৰ পৰাই আঙুলিয়াই ক’লে : মিমি , সৌযে ডাঙৰ পুখুৰীটো দেখিছা , তাত কেতিয়াও নানামিবা ৷ আনকি তাৰ পাৰলৈও নাযাবা ৷ তাত এটা বৰ ডাঙৰ দ’ত আছে ৷ যি তালৈ যায় , তাৰ পৰা আজিলৈকে কোনো উভতি অহা নাই ৷ দ’তটোৱে খাই পেলায় ৷
              মিমিৰ মনত পৰিল , সিদিনা পুখুৰীটোত বৰ ডাঙৰ শব্দ এটা হৈছিল ; যিটো শব্দ শুনি সি উধাতু খাই লৱৰ মাৰিছিল ৷ 
           মিমিৰ মনত তথাপিও এটা কৌতূহল জাগিল ৷ সঁচাকৈয়ে সেইটো দ’তনে !
           কাকো জানিবলৈ নিদিয়াকৈ মিমিয়ে মনে মনে পুখুৰীটোৰ পাৰলৈ যাবলৈ ধৰিলে ৷ সি নিচেই অকণমানি কাৰণে সৰু জোপোহা এটাতে লুকাব পাৰে ৷ কোনেও নেদেখে ৷ এদিন সি দেখিলে এটা দীঘলীয়া মুখৰ প্ৰকাণ্ড জীৱ পুখুৰীৰ পৰা পাৰলৈ আহি ৰ’দ লৈছে ৷ মিমিয়ে সৰু সৰু জাপ দুটামান মাৰি জীৱটোৰ বহুখিনি কাষ পালেহি ৷ 
               মিমিৰ সন্দেহ হ’ল , এইটো দ’ত নহয় , কিবা জীৱহে ! দীঘল মুখখনৰে ডাঙৰ মাছ এটা চোবাই আছে ৷
             মিমিয়ে প্ৰায়েই কদাকাৰ জীৱটোৰ আলেখলেখ চাবলৈ কাকো নোকোৱাকৈ পুখুৰীৰ পাৰলৈ আহিবলৈ ধৰিলে ৷
              এদিন বহু সময় মিমিক নেদেখি মলুৰ চিন্তা হ’ল ৷ ক’লৈ গ’ল মিমি ? গছবোৰৰ একেবাৰে আগলৈকে উঠি উঠি মলুৱে যিমানলৈকে দেখে , চাই চাই বিচাৰি ফুৰিল ৷ এবাৰ দেখিলে পুখুৰীটোৰ নিচেই কাষত মিমি ৷ হায় ভগৱান ! মিমিৰ আজি একো নহ’লেই হয় ! দ’তটোৱে যদি মিমিক খাই পেলায় ! তাৰ বুকুখন চিৰিংকৈ উঠিল ৷ এতিয়া মিমিৰ ওচৰলৈ সি যায় কেনেকৈ ? 
              মলুৱে ইফালেসিফালে চাওঁতে হঠাতে দেখিলে গছৰ ডালত কলী ৷ কলী নামৰ কাউৰীজনীৰ লগতো  সিদিনা মিলিক চিনাকি কৰি দিছিল ৷ মলুৱে তাইক দেখি ভাবিলে , তায়েই নিশ্চয় মিলিক মাতি আনিব পাৰিব ৷ ভবাৰ লগে লগেই মলুৱে কলীক সকলো বিৱৰি ক’লে আৰু যিমান পাৰে সোনকালে মিলিক আনিবলৈ পঠিয়াই দিলে ৷
             কিছু সময়ৰ পাছতে মিলি আহি মলুৰ ওচৰ পালেহি ৷ পুখুৰীত দেখা সকলো কথা মিলিয়ে মলু আৰু কলীক ক’লে ৷ 
           : এটা কাম কৰা ৷
           : কি ? মলু আৰু কলীয়ে একেলগে সুধিলে ৷
            : আজিয়েই হাবিৰ সকলো বন্ধুকে খবৰ দিয়া ৷ একেলগে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ সকলো একেলগ হ’লে আলোচনা কৰিম ৷
             মিলিৰ কথামতেই মলু আৰু কলীয়ে হাবিৰ সকলো জীৱ-জন্তুক খবৰ দিলে ৷ 
         গধূলি হাবিৰ প্ৰকাণ্ড চামকঠালজোপাৰ তলত সকলো একগোট হ’ল ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা মলুৱে কৰিলে ৷ হাতীয়ে সুধিলে - " আমি পাছে এতিয়া কি কৰিম ?"
           মিলিয়ে ক’লে - " মই দেখা সেই বিশাল কিম্ভুতকিমাকাৰ জীৱটোৱে পুৱা পুখুৰীটোৰ পৰা উঠি আহি পাৰত সদায় ৰ’দ পুৱায় ৷ আমি সকলো একগোট হৈ তালৈ গ’লে আমাক সি অকলে একো কৰিব নোৱাৰে ৷ সিযে দ’ত নহয় , মই বুকুত হাত থৈ ক’ব পাৰোঁ ৷ আমি সকলোৱে একেলগে তাক ধৰা পেলাব পাৰিম ৷ আমি খুব মনে মনে যাম আৰু সি কিবা ভাবিব পৰাৰ আগতেই তাক সকলোৱে ঘেৰি ধৰিম ৷
         মিলিৰ কথাত সকলোৱে হয়ভৰ দিলে ৷
         পাছদিনা পুৱা মিলিৰ কথা মতেই আটাইবোৰ জীৱজন্তু  চামকঁঠালজোপাৰ তলত পুনৰ লগ হ’ল ৷ খুব সন্তৰ্পণে আৰু পৰিকল্পনা মতে আটাইবোৰে পুখুৰীটো ঘেৰি ধৰিলে ৷ হঠাতে সমুখত বিপদ দেখি ৰ’দ পুৱাই থকা জীৱটো পানীত জপিয়াই দিলে ৷ কিন্তু সি সম্পূৰ্ণ লুকাব নোৱাৰিলে ৷ তাৰ পিঠিটো পানীৰ ওপৰত ওলাই থাকিল ৷
          সকলো জীৱজন্তুয়ে সমস্বৰে চিঞৰি উঠিল - আমি তোক দেখিলোঁ ৷ এতিয়া লুকাই লাভ নাই ৷ তই এটা কুৎসিত ঘাতক ঘঁৰিয়াল ৷ দ’ত বুলি সকলোকে ভয় খুৱাইছিলি ৷ প্ৰৱঞ্চনা আৰু ছলনা বেছি দিন টিকি নাথাকে ৷ আজিৰপৰা তই ইয়াত এখন্তেকো থাকিব নোৱাৰ ৷ এতিয়াই ওলা ৷ জীৱজন্তুবোৰৰ উগ্ৰমূৰ্তি দেখি ঘঁৰিয়ালটো পুখুৰীৰ পৰা ওলাই আহিল ৷ সকলোকে হাতযোৰ কৰি ক’লে - মোক তোমালোকে ক্ষমা কৰা ৷ তোমালোকৰ ওচৰত মই অপৰাধী ৷ যি শাস্তি দিয়া মই মূৰ পাতি ল’ম ৷ মাথোন তোমালোকৰ লগত থাকিবলৈ দিয়া ৷ মই বন্ধুৰ দৰে আচৰণ কৰিম ৷
         : এই দগাবাজটোৰ কথা আমি নুশুনো ৷
ইয়াক এতিয়াই ইয়াৰ পৰা বাজ কৰা হওক ৷
          সকলোৱে আকৌ সমস্বৰে চিঞৰাত লাগিল ৷
           তেনেতে মিমিয়ে হাত দুখন দাঙি সকলোৰে আগলৈ আহি চিঞৰি চিঞৰি ক’বলৈ ধৰিলে : ধৈৰ্য ধৰক ! ধৈৰ্য ধৰক ৷ দোষীয়ে শাস্তি পাব লাগে ৷ সেয়া সকলোৱে বিচাৰে ৷ ঘঁৰিয়ালেও শাস্তি পাব ৷ আমাৰ বন্ধুত্বৰ বান্ধোনেই হ’ব এওঁৰ কাৰণে বন্দীত্ব  ৷ আমাৰ মৰম আৰু ভালপোৱাই হ’ব এওঁৰ কাৰণে কঠোৰ শাস্তি ৷ এতিয়াৰ পৰা তেওঁ আমাৰ লগতে থাকিব ৷ তেওঁক এটা সুযোগ দিয়া হওক ৷ তাৰপাছতো যদি তেওঁ কাৰোবাৰ অনিষ্ট কৰিবলৈ যায় , আমি সকলোৱে তেওঁক হাবিৰ বাহিৰ কৰি থৈ আহিম ৷
               মিমিৰ কথাত সকলো মান্তি হ’ল ৷
               ঘঁৰিয়ালটোৱেও কাৰো কেতিয়াও আৰু অনিষ্ট নকৰে বুলি সকলোকে কথা দিলে ৷
            অকলে নোৱৰা কাম আমি সকলোৱে মিলি একতাৰ বলেৰে সমাধা কৰিব পাৰোঁ ৷ আৰু কেতিয়াবা সৰু বুলি ভবাজনেও একোটা ডাঙৰ কাম কৰিব পাৰে ৷

ননী বৰদলৈ                                                  
ম’বাইল : ৭৫৭৫৯৬৭৩৭২
৯৪৩৫১৩৫৮৫০
———————————————
বন্ধুত্ব
(সাধু)
হিৰণ ভূঞা

শুনা হে  মইনাহঁত,
 কওঁ এটি সাধু - - -

এখন দেশত এজন সম্ৰাট আৰু  আছিল এজন খেতিয়ক।
দুয়োৰে আছিল দুটি ঘোঁৰা ....
সম্ৰাট আৰু খেতিয়কৰ নাই কোনো মিল
কিন্তু দুয়ো ঘোঁৰাৰ আছিল সমিল - মিল। আজৰি সময়ত দুয়ো কৰে মেল মিটিং।

এদিনাখনৰ কথা - -
কিনো হ'ল সম্ৰাটৰ ঘোঁৰাৰ –––বন্ধুক ক'ব ধৰিলে , মই তোমাতকৈ বেছি ধুনীয়া।
চোৱা চোৱা মোৰ শৰীৰটো কিমান নিমজ
ৰ'দত জিলমিল কৰে।
মই যেতিয়া দৌৰোঁ
ৰ’ লাগি চায় সকলোৱে। 
পাতল পাতলকৈ দৌৰোঁ মই যেন পৃথিৱীখন মোৰ ভৰিৰ তলত। 
মই খাওঁ বাৰ্লি, তুমি খোৱা খেৰ।
 তুমি থকা খেতি পথাৰত  ৰ' দে - বৰষুণত ভিজি।
সম্ৰাটৰ ঘোঁৰাৰ কথা শুনি খেতিয়কৰ ঘোঁৰাই বুজিছিল বন্ধুৰ অধপতন ধুৰূপ ।
অহংকাৰে পতনৰ মূল।
আন এদিনৰ কথা কওঁ শুনা মইনাহঁত।
সম্ৰাটৰ ঘোৰাই কলে বন্ধু, এবাৰ শক্তি জুখি চাওঁ---

কথামতে কাম - - -
ঠিক কৰা হ' ল - - -
চৰণীয়া পথাৰখনত দুয়ো একেলগে দৌৰা কৰিব আৰম্ভ
আৰু একেলগে কৰিব শেষ।
প্ৰতিযোগিতা আৰম্ভ হ' ল।
দুয়ো বন্ধু আৰম্ভ কৰিলে দৌৰাৰ। 
সম্ৰাটৰ ঘোঁৰা আছিল আগত। 
পিছলৈ ঘূৰি চাই ক’লে বন্ধুক, - জিৰণি লোৱা বন্ধু। 
খেতিয়কৰ ঘোঁৰাই ক'লে - - মই ভয় খোৱা নাই। 
ভাগৰো লগা নাই। 

ক্ষন্তেক পিছত খেতিয়কৰ ঘোঁৰাই দেখিলে - - - 
সম্ৰাটৰ ঘোঁৰা  আছে বহি। 
আগলৈ দৌৰি গৈ আকৌ উভতি আহি খেতিয়কৰ ঘোঁৰাই সম্ৰাটৰ ঘোঁৰাক সুধিলে - - বন্ধু তুমি  আছানে ভালে? 
সম্ৰাটৰ ঘোঁৰাই বুজিছিল তাৰ বন্ধু তাতকৈ  বহুত শক্তিশালী আৰু কৰ্মক্ষম। 
দিন গৈ মাহ বাগৰিল 
দুয়ো বন্ধু আছে মিলা প্ৰীতিৰে - - 
সম্ৰাটৰ ঘোঁৰাই বুজিলে 
বন্ধুৰ সমান আন কোনো নাই। 
বন্ধুৰ লগত নহয় তুলনা, জেদ, অহংকাৰ। 
বন্ধুটো বন্ধুৱে নাই কোনো জাত - পাত।

হিৰণ ভূঞা
মুম্বাই
———————————————
এজন বুদ্ধিয়ক খেতিয়ক
ত্ৰৈলোক্য শৰ্মা
            ৰুছ দেশৰ এখন গাঁৱত এখন পান্থশালাত খেতিয়কসকলে গধূলি পৰত প্ৰায়ে আদ্দা মাৰিছিল!দিনটোৰ পৰিশ্ৰমৰ অন্তত এওঁলোকে তাতে বহি চাহ ৰুটি খাইছিল।এদিন এজন ব্যৱসায়ী তাত উপস্থিত হ'লহি।তেওঁ খেতিয়কসকলৰ আগত বৰ ফুটনি মাৰিবলৈ ধৰিলে।তেওঁ ক'লে,''গাঁৱৰ মুখিয়াল মোৰ পৰম আত্মীয়।তেওঁ মোক বৰ মৰম কৰে,ভালো পায়।আমি দুয়ো একেলগে বহি প্ৰায়ে দুপৰৰ আহাৰ গ্ৰহণ কৰো।"
          ব্যৱসায়ীজনৰ ফুটনি মৰা কথাবোৰ শুনি তাত থকা খেতিয়কসকলে মুঠেই ভাল নেপালে।তেওঁলোকৰ মাজত টুৰ্গেনিভ নামৰ এজন দৰিদ্ৰ খেতিয়কো উপস্থিত আছিল।তেওঁ আত্ম গৌৰৱী,নিজৰ বৰঢোল বজাই ভাল পোৱা অহংকাৰী ব্যৱসায়ীজনৰ কথাবোৰ শুনি টুৰ্গেনিভে স্পষ্টকৈ সাহসেৰে  ক'লে,--'ভেমপুৰীয়াদেউ, আপুনি যে কঠাঁলৰ সমান পেটটো মুহাৰি মুহাৰি  ফুটনি মাৰি কথাবোৰ কৈ আছে সেইটোনো কি ডাঙৰ কথা!গাঁৱৰ মুখীয়ালৰ লগত একে লগে ভাত খোৱাটোত ফুটনি মৰাৰ অৰ্থ নাই। ভাত-ৰুটিৰ লগত পানী খোৱাৰ লেখিয়া। গপত গঙ্গাটোপ  হ'বলৈ ঠাই বিচাৰি নেপালে হ'বলা?
       টুৰ্গেনিভৰ দৰে ডাল দৰিদ্ৰ এজনৰ পৰা এনে কথা শুনিব লগা হোৱাটো গৰ্বিত ব্যৱসায়ীজনৰ বাবে আছিল কল্পনাতীত। সেইবাবে ভিতৰি ভিতৰি খঙতে অগ্নিশৰ্মা হৈ পৰিল। তথাপিও খং দমন কৰি ক'লে,--'তুমি এনে সৌভাগ্যৰ অধিকাৰী হ'ব পাৰিবা জানো?তোমাৰ সাত পুৰুষৰ ভাগ্যতো নহ'ব।তোমাৰ দৰে কেলেহুৱাৰ মুখত বৰকথা শোভা নেপায় বুজিছা। চুপে-চাপে বহি থাকা'।
         টুৰ্গেনিভো এলা পেচা মানুহ নহয়।তেওঁ ব্যৱসায়ীজনক মুখ পাতি ধৰি ক'লে,  'মোৰ  সৌভাগ্য লাভৰ কথাই নাই,মুখীয়ালে মোক দেখিলে স--সন্মানেৰে আদৰিহে ভিতৰলৈ নিব।'
       টুৰ্গেনিভৰ প্ৰত্যুত্তৰ শুনি ব্যৱসায়ীজন ক্ষন্তেক তভক মাৰি ৰ'ল। তথাপিও ক'লে,' আমাৰ সন্মানীয় মুখীয়ালে তোমাৰ দৰে ফপহুৱা এজনৰ লগত কথাকে নেপাতে।একেলগে আহাৰ খোৱাটো গছত গৰু উঠা, হোলোঙাৰে কাণ খজুৱাৰ লেখীয়া কথাহে।'
     টুৰ্গেনিভে অকণো থেৰো গেৰো নকৰাকৈ তৎক্ষণাত উত্তৰ দিলে---'তুমি অপেক্ষা কৰা! মোৰ কথাৰ জোৰ কিমান দেখুৱাই দিম!'টুৰ্গেনিভে পুনৰ ক'লে-'মই যদি মোৰ কথা ৰাখিব নোৱাৰোঁ,--'মই তোমাৰ ঘৰত বন্ধকী বনুৱাৰ দৰে গেবাৰী খাটিম'। ব্যৱসায়ীজন টুৰ্গনিভৰ কথাৰ প্ৰতি সন্মতি প্ৰকাশ কৰি ক'লে-'ঠিক আছে, তুমি যদি মুখীয়ালৰ লগত একেলগে আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা।তেতিয়া মই তোমাক দুটা ঘোঁৰা আৰু এটা বলধ দিম। ইয়াত উপস্থিত থকা সকলো আমাৰ চুক্তিৰ সাক্ষী হৈ ৰ'ব।'
    পিছদিনা কৃষক টুৰ্গেনিভ মুখীয়ালৰ ঘৰত উপস্থিত হ'লগৈ। মুখীয়ালে তেওঁক তেওঁৰ ঘৰলৈ অহাৰ কাৰণ  সোধাৰ আগতে টুৰ্গেনিভে  প্ৰথমেই পাতনি মেলিলে---'মই আপোনাক কিছু কথা সুধিব বিচাৰোঁ!অনুগ্ৰহ কৰি ভালদৰে সঁহাৰি জনালে কৃতাৰ্থ হ'ম। এইবুলি পাতনি মেলি ক'লে-' মোৰ পিন্ধি থকা টুপিটোৰ বাবে সোণেৰে অলংকৃত এডাল ফিটাৰ বাবে কিমান সোণ লাগিব বাৰু?
      'সোণ'   শব্দটো শুনাৰ লগে লগে মুখীয়ালৰ কাণ দুখন সতৰ্ক হ'ল। তেওঁ ভাৱিলে এইজন ব্যক্তি নিশ্চয় ধনী ব্যক্তি।এওঁৰ ওচৰত বহুত সোণ আছে। যদি এওঁক ভালদৰে ব্যৱহাৰ কৰোঁ, তেওঁ মোকো কিছু সোণ দিব পাৰে।' মুখীয়ালৰ লোভী মনটো জাগ্ৰত হৈ পৰিল। তেওঁ ঘৰুৱা লগুৱা চাৰিজনৰ দুজনক মাতি আনি ক'লে-" ভালদৰে শুন মোৰ বন্ধুৰ বাবে ভাল পানীয় পৰিৱেশনৰ ব্যৱস্থা কৰ।বাকী দুটাকো ক'লে বন্ধু আৰু মোৰ দুয়োৰে বাবে একেখন টেবুলতে ৰাজকীয় আহাৰ যোগাৰ কৰ।
        যেনে আদেশ তেনে কাম। তেওঁলোকৰ বাবে একেলগে একেখন টেবুলতে বিভিন্ন ব্যঞ্জনেৰে সুস্বাদু আহাৰ যোগাৰ কৰিলে। দুয়ো একেলগে বহি আনন্দৰে বিভিন্ন ৰসাল কথা পাতি দুপৰৰ আহাৰ আৰু পানীয় গ্ৰহণ কৰিলে। সুস্বাদু আহাৰ খোৱাৰ পিছত মুখীয়ালে টুৰ্গেনিভক ঘৰলৈ নিবলৈ বিবিধ ফলমূলৰে ভৰাই এটা মোনা দিলে। সৰ্বশেষত  সুধিলে– "তোমাৰ কিমান সোণ আছে, কোৱাচোন। তুমি যদি মোক এডাল সোণৰ মাৰি দিয়া, মই তোমাক দুদাল ৰূপৰ মাৰি দিম। দৰিদ্ৰ খেতিয়ক টুৰ্গেনিভৰ কথাৰ আঁট হেৰাল।"
        তেওঁ ক'লে ,"মোৰ হাতত অলপো সোণ নাই। মই মাত্ৰ সুধিছিলোঁহে মোৰ টুপিটোত এডাল সোণৰ ফিটা লগাবলৈ কিমান সোণ লাগিব?" টুৰ্গেনিভৰ পৰা আচল কথা জানি মুখীয়ালজন  খঙত টিঙিৰি তুলা হ'ল। তেওঁ মুখেৰে
ভোৰভোৰালে--
"এটা মুৰ্খৰ লগত অযথা সময় অপব্যয় কৰিলোঁ!'

খঙত গা কঁপি উঠিল আৰু ডাঙৰ মাতেৰে  টুৰ্গেনিভক ক'লে,'মোৰ দৃষ্টিৰ পৰা আঁতৰ হ মুৰ্খ।' টুৰ্গেনিভে হাঁহি ক'লে-মই মুঠেই মুৰ্খ নহয় ডাঙৰীয়া, মই পেট ঠিহ ঠিহাই যোৱা ভোজেই খোৱা নাই। দুটা ঘোঁৰা,এটা বলধো এইখন নাটকৰ বাবে লাভ কৰিলোঁ! টুৰ্গেনিভে হাঁহি হাঁহি পান্থশালাৰ ফালে আহিল আৰু গধূলিলৈ সকলোৰে বাবে অপেক্ষা কৰিলে! ফুটনি মৰা ব্যৱসায়ীজনো আহিল আৰু চুক্তি অনুসৰি টুৰ্গেনিভক দুটা ঘোঁৰা আৰু এটা বলধ দিব লগা হ'ল।
-------------
ত্ৰৈলোক্য শৰ্মা
শিক্ষক ,দহোটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়।যোৰহাট। ফোন নং-৯৮৫৪৬৭৫৭২৫
———————————————————
পাহি আৰু কণমানি জলকুঁৱৰী
শিশু উপন্যাস
ৰিঞ্জুমণি নেওগ বৰা

 চতুৰ্থ অধ্যায়

     অফিচৰ পৰা অহাৰ পাছত মাক-দেউতাকে তাইৰ মুখত মাত্ৰ সোণালী মাছজনীৰ কথাহে শুনিছে । কথা
 মানে ! কথা নহয় যেন কথাৰ আখৈহে ফুটিছে ।
ঃ জানানে মা ! মাছজনী ইমান ধুনীয়া তুমি দেখিছানে ? যেন মাছৰ পোচাক পিন্ধা এজনী তেনেই টিলিকা ছোৱালীহে । ককাই কৈছে, তেওঁ জীৱনত দলনি পথাৰত ইমান মাছ মাৰিলে । কিন্তু আজিলৈকে এনে ধুনীয়া মাছ দেখাই নাই বোলে । 
 অ' দেউতা ! মাছজনীক চাগৈ হৰি ভগৱানে মোৰ বাবেই দি পঠিয়ালে নহয়নে? নহ'লেনো দলনি পথাৰত এনেকুৱা ধুনীয়া মাছ ক'ৰ পৰা ওলাব?
দেউতাকে তাইৰ কথাত ৰস পালে ।তেওঁ ক'লে ,
ঃ হয়তো ! মাছজনী আমাৰ পাহিৰ বাবেই ভগৱানে দলনি পথাৰত এৰি থৈ গৈছিল । নহ'লেনো দেউতাৰ হাতত পৰেনে ! চাবাচোন তাইৰ পাখিও থাকিব পাৰে । কিজানি উৰি উৰি আহি আমাৰ দলনি পথাৰত পৰিলহি আৰু আমাৰ দেউতাই তাইক ধৰি পেলালে !
ঃ অ!! হয়তো কথাটো ! মই চাওঁ ৰ'বা তাইৰ পাখি আছে নেকি ! কিন্তু 
 দেউতা ! তাইৰ ফিছাবোৰো কম দীঘল নহয় !  ফিছাবোৰো পাখিৰ নিচিনা দীঘল । তুমি ভবা কথাটো সঁচাও হ'ব পাৰে ।
তাইৰ কথাত দেউতাকে মাকৰ মুখলৈ চালে । দুয়ো মনে মনে হাঁহিলে ।বেছেৰীয়ে কিনো কৰিব বাৰু ! এই লক-ডাউনৰ সময়ত ল'ৰা-ছোৱালীবোৰ কিহক লৈ ব্যস্ত হ'ব ? বাহিৰলৈ ওলাব নোৱাৰি । কাৰো লগত খেলিব
 নোৱাৰি । হ'ল বুলিনো কিমান অন লাইন ক্লাছত ব্যস্ত থাকিব ! এতিয়া সোণালী মাছটো পাই তাইৰযে কিমান স্ফূৰ্তি !  হওক তেও । কিবা  এটাত ব্যস্ত থাকিব পাৰিলেই হ'ল । অৱশ্যে পাহিয়ে মণিৰ লগ লাগি আগফালৰ বাৰাণ্ডাত এখন সুন্দৰ টাবৰ ফুলনিও পাতিছে । অন লাইন ক্লাছ শেষ হোৱাৰ পাছত তাই সেই ফুলবোৰৰ লগতো ব্যস্ত 
 থাকে । আৰু আজিৰ পৰা তাইৰ আৰু এটা লগ বাঢ়িল ।
আজি ককাদেউতাকে মাছটো আনি দিয়াৰ পাছত তাই একুৰিয়ামটোৰ ওচৰৰ পৰা আঁতৰেই হোৱা নাই । গা ধোৱা ভাত খোৱা আদি কামবোৰ বৰ লৰালৰিকৈ কৰিছে । আবেলিৰ অপূৰ্ৱা বাইদেউৰ অংকৰ ক্লাছটো বিছনাত বহি বহিয়েই কৰিলে । হ'ম-ওৱৰ্কখিনি প্ৰথমে নকৰোঁ বুলিয়েই ভাবিছিল ।পিছে মাকে অফিচৰ পৰা আহি
  সুধিবই । আৰু নকৰিলে চকু পকাই ধৰিব । নাই বুজা বুলি আকৌ কিতাপ বহী উলিয়াবলৈ ক'ব। গতিকে কৰি থোৱাই ভাল । আজৰি হৈ থাকিব। 
       তাই বিছনাতে বহি বহি হ'ম- ওৱৰ্কখিনিও কৰিলে আৰু মাছজনীলৈ চাই থাকিল । মাজে মাজে এবাৰ দুবাৰ উঠিগৈ একুৱাৰিয়ামটোত নাকটো লগাই মাছজনী চাই আহিল । 
 নিশা ভাত-পানী খাই,হাতমুখ ধুই তাইৰ বিছনালৈ গ'ল । মাক-দেউতাক এতিয়া নোশোৱে । টিভিত বাতৰি চাব । আনকালে তায়ো অলপ সময় মাক- দেউতাকৰ লগত বহে। আজি কিন্তু তাই সোনকালে বিছনাত উঠিল । তাইৰ মূৰৰ শিতানৰ টেবুলখনতে মাছৰ একুৱাৰিয়ামটো আছে । তাত
সোণালীৰ বাহিৰে আন মাছ নাই । পাহিয়ে ভাবিলে ,সোণালী বাৰু বৰ অকলশৰীয়া হ'ব নেকি? তাইৰ বাবে আৰু লগৰীয়া মাছ আনিব লাগিব নেকি?  
   অহ্ !!  আন মাছে কাজিয়া কৰি সোণালীক যদি মাৰি পেলায় ? 
অহ !! নাই নাই !! তাই অকলেই 
থাকিব । পাহিয়েই তাইৰ লগ হ'ব । 
তাই যদি কথা ক'ব পাৰিলেহেঁতেন ! কিমানযে ভাল লাগিলহেঁতেন !
  তাই কথা ক'ব নোৱাৰিলেও নাই । পাহিয়ে নিজেই তাইৰ লগত কথা পাতি থাকিব । কথাবোৰ ভাবি থাকোতেই পাহি কেতিয়ানো টোপনি গ'ল তাই ক'বই নোৱাৰিলে । 
 মাজৰাতি  হঠাৎ তাই  তাইৰ হাতৰ কাষত এটা চেঁচা কুটকুটনি অনুভৱ কৰিলে । কোনোবাই যেন তাইৰ সোঁ বাহুটোত পানী লগাই দিছে তাইৰ তেনে লাগিল । চটফট চটফট শব্দ এটাত  তাই সাৰ পাই গ'ল । চকুদুটা মেলি তাই বৰ আচৰিত হ'ল ।  হে হৰি ভগৱান !!তাইৰ কাষত এয়া কোন ? কেনেকৈ আহিল তাইৰ বিছনালৈ ?  তাই চিঞৰি দিব খুজিলে । কিন্তু... !

ৰিঞ্জুমনি নেওগ বৰা 
অধ্যক্ষ 
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

(আগলৈ...)
——————————————————
                          অনুভৱৰ পৃষ্ঠা লুটিয়াই...

ল'কেল  ট্ৰেইনৰ  ডুখৰীয়া ছবি
মৌচুমী দাস

           মুম্বাই  মহানগৰীৰ  অন্যতম আকৰ্ষণ ল'কেল ট্ৰেইন হ'ল মহানগৰীখনৰ জীৱনী শক্তি । পুৱাৰ পৰা মাজৰাতি লৈকে সকলো শ্ৰেণীৰ বাবে উৎকৃষ্ট পৰিবহন সেৱা এই ল'কেল ট্ৰেইনত কৰা যাত্ৰাৰ  এটা সুকীয়া মাদকতা আছে । ছাত্ৰ ছাত্ৰী , কৰ্মচাৰী , ব্যবসায়ীৰ পৰা যিকোনো মানুহকে  অতি কম সময়ত গন্তব্য স্থান পোৱাই  দিব পৰাতো এই ট্ৰেইন বোৰৰ বৈশিষ্ট্য  । ট্ৰেইন সমুহক ৱেষ্ট্ৰান(Western) লাইন , হাৰবাৰ (Harbour ) লাইন আৰু (Central )লাইনত ভাগ কৰা হয় ।

      মোৰ কাৰণে প্ৰথম ট্ৰেইন যাত্ৰা বৰ আমোদজনক লগতে ভীতিবিহ্বলো  হৈছিলোঁ । সিদিনা শাহুমা  আৰু মোৰ মাক লৈ আমাৰ পৰিয়ালটো এঠাইৰ পৰা আনএঠাইলৈ যাবলগীয়া হোৱা সময়তে শাহুমা হঠাত মাত্ৰ  আধা মিনিটৰ কাৰণেহে  ৰোৱা ৰে'ল ষ্টেচন এটাত ট্ৰেইনত সাউৎকৈ  উঠি দিলে । আমি বোৰে  উঠিবলৈ সময়ে নাপালো । আমাৰ পৰিয়ালৰ  মাজত হাহাকাৰ  লাগিল । পাঁচ/সাত মিনিটৰ ব্যৱধানত অহা পিছৰ ট্ৰেইনখনত আমি উঠি দিলোঁ মাক বিচাৰি যোৱাৰ উদ্দেশ্যৰে।
প্ৰথম যাত্ৰা যিহেতু একো আও ভাও নোপোৱা আমিবোৰ  বৰ চিন্তিত হৈ পৰিছিলোঁ মা হেৰাই যোৱাৰ  ভয়ত । কিন্তু  দুটা মান ষ্টেচন যোৱাৰ পিছত ট্ৰেইনখন ৰওতে দেখিলোঁ শাহু মা  ঘপহকৈ উঠি  আহিল  আমাৰ ট্ৰেইনখনলৈ ।মাক সুধোতে গম পালোঁ তেওঁও পৰিয়ালৰ কাকো নেদেখি ভয় খাই দুটামান ষ্টেচন যোৱাৰ পিছতেই ট্ৰেইনৰ পৰা নামি দিছিল আৰু  হাতত থকা টিকেট কোনোবা যাত্ৰীক দেখুৱাই আমি গৈ থকা ট্ৰেইনখনতে পুনৰ  উঠি দিছিল  গন্তব্যস্থান পোৱাৰ আশাত আৰু আমাকো তাতে লগ পাম বুলি  ধাৰণা কৰিছিল । এই অভিজ্ঞতাই  মোক আজিও ভীতিবিহ্বল কৰি তোলে । 
      
       ট্ৰেইনৰ  মহিলাডবা সুকীয়াকৈ থাকে। ট্ৰেইনৰ ভিতৰখনত  এখন বজাৰো দেখিবলৈ পোৱা যায় । নানা তৰহৰ বস্তু , খাৰু মনি , ফল মুল , খেলা বস্তু , মিঠাই , শাক পাচলিৰ পৰা দৈন্ন্দিন ব্যবহৃত  অলেখ বস্ত কিছুমান সৰু লৰা ছোৱালীৰ পৰা বয়সীয়া লোককো বিক্ৰেতা ৰূপত দেখা যায় । ইটো ষ্টেচনৰ পৰা সিটো স্টেচনলৈ বিক্ৰেতাৰ সীমা ধাৰ্য কৰা থাকে । অবশ্যে  এনেকৈ ট্ৰেইনৰ  ভিতৰত যি কোনো বস্ত বেচিবলৈ অহাতো বে আইনী । 
       
       পুলিচৰ নিৰীক্ষণ শক্তিশালী এই ট্ৰেইনৰ যাত্ৰীসকলৰ  মাজে মাজে টিকেটৰ সন্ধান লোৱা যায় । বিনা টিকেটৰ যাত্ৰীয়ে  পইচা ভৰিব লগা হয়। 
       টিকেট ঘৰৰ সুব্যবস্থা  থকা ষ্টেচনবোৰত টিকেটৰ মুল্যও  বহু কম  কাৰণে কম খৰচত বহু দীঘলীয়া  যাত্ৰা কৰিব পৰাতো সৰ্বসাধাৰণৰ কাৰণে  এটা সুন্দৰ ব্যবস্থা  এই ল'কেল ট্ৰেইনবোৰ। 
       
          ট্ৰেইনৰ মহিলা কক্ষত যাত্ৰা কৰা বৰ সুকীয়া আমেজ আছে । ইজনীয়ে সিজনীক চিনি নাপাই যদিও পলকতে বন্ধুত্বপুৰ্ণ অনুভব যেন । কোনোবা জনী গুজৰাটী, কোনোবাজনী পান্জাবী , কোনোবাজনী দক্ষিণ ভাৰতীয় , কোনোবাজনী উত্তৰ প্ৰদেশ কোনোবাজনী আকৌ মধ্যপ্ৰদেশৰ। মুঠতে শৰীৰৰ গঠন , ভাবভংগীত , কথা বতৰাত সহজে অনুমান কৰিব পাৰি ভিন্ন ৰাজ্যৰ প্ৰতিবিম্ব । অনুভব হয় যেন এখন সৰু ভাৰত ক্ষন্তেকতে ট্ৰেইনৰ ভিতৰত গঢ় লৈ উঠে । অনৈক্যৰ মাজত ঐক্য । কোনোবাগৰাকীৰ  কবৰিত গুজি লোৱা ৰজনীগন্ধাই গোটেইখন আমোলমোলাই । 
          
          তাৰোপৰি  একেবাৰে পুৱা কিছু ট্ৰেইনযাত্ৰীয়ে প্ৰাৰ্থনা গীত , কীৰ্তন পাঠ কৰি গন্তব্য স্থানলৈ যোৱা দেখা যায় ।  সৰু সৰু বাদ্য যন্ত্ৰও তেওঁলোকে ব্যবহাৰ কৰা দৃশ্যই  গোটেই পৰিবেশটোৱেই এক আধ্যাত্মিকভাবে বিৰাজ কৰে । এনে প্ৰাৰ্থনাসমুহত যাৰ মন যায় সকলোৱে ভাগ ল'ব পাৰে । কোনো বাধ্যবাধকতা নাথাকে ।
          সন্ধিয়া আঠবজাৰ পিছত মহিলা কক্ষত পুলিচৰ নিৰাপত্তা ব্যবস্থা থকা এই ল'কেল ট্ৰেইনত মহিলা সকলে ৰাতি বহু দেৰিলৈকে ইঠাইৰপৰা সিঠাইলৈ যাবলৈ অসুবিধা নাপাই ।
          
         তাৰোপৰি  মাছৰ ব্যবসায়ী , শাকপাচলিৰ ব্যবসায়ীৰ  এটা সুচল পথৰ ভুমিকা লয় এই ট্ৰেইন সমুহে  ইঠাইৰ পৰা সিঠাইলৈ বস্তুবোৰ সৰবৰাহ কৰিবলৈ । এনে বস্তুবোৰ নিবলৈ ট্ৰেইনত আছুতীয়াকৈ ডাবা থাকে ।

এইদৰেই  দৈনন্দিন জীৱনত  মুম্বাইৰ ল'কেল ট্ৰেইনৰ অপৰিসীম প্ৰভাব পৰে সকলো শ্ৰেণীৰ লোকৰ ওপৰত ।

মৌচুমী দাস 
মুম্বাই
———————————————
মিঠা সোঁৱৰণি
ভূমিকা দাস

 দীপান্বিতা-পোহৰৰ উৎসৱ । লোকসমাজত দেৱালী বুলিও কোৱা হয়।প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাৱস্যা তিথিত
দীপাৱলী পালন কৰা হয়।এই উৎসৱ অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ,অসূয়া শক্তিৰ বিৰুদ্ধে শান্তি স্থাপন আৰু অজ্ঞানৰ  বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। এই উৎসৱ পালনৰ কেইবাটাও আখ্যান পোৱা যায়।
ৰামায়ণত উল্লেখ আছে যে ত্ৰেতা যুগত ভগবান ৰামচন্দ্ৰই বনবাসৰ সময়তে ৰাক্ষস ৰাজ লংকাধিপতি দশাননক বধ কৰি অযোধ্যালৈ উভতি আহোঁতে  ৰাজ্যৰ প্ৰজাগনে আনন্দতে চাকি বন্তি জ্বলাই চৌদিশে পোহৰেৰে  আলোকিত কৰি আনন্দ উৎসৱ কৰিছিল। তেতিয়াৰ পৰাই এই দিনটোত পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হয় ।
আকৌ অন্য এটা প্ৰবাদমতে দ্বাপৰ যুগত ভগৱান কৃষ্ণ আৰু ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰপৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিওলোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল। নৰকাসুৰৰ অত্যাচাৰত  তিষ্ঠিব নোৱাৰি  দেৱতাসকলে  শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল। শ্ৰীকৃষ্ণই  নৰকাসুৰক বধ কৰি  পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল।
অত্যাচাৰী নৰকাসুৰ নিধনত সকলোৱে আনন্দিত হৈ তিনিওলোকতে চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল। 
তেতিয়াৰ পৰাই দিপান্বীতা  পালন কৰা কৰি অহা বুলি  প্ৰবাদ প্ৰচলিত   
হৈ আহিছে।
আজিৰ সমাজত দীপাৱলীৰ বিশেষত্বতকৈ  জাকজমকতা তথা প্ৰদৰ্শনকামিতাকহে আঁকোৱালি লোৱা  হয়।
দীপাৱলী বৰ্তমান শব্দ বাৰুদৰ উৎসৱ হৈ পৰিছে। বৰ্তমান ৰং বিৰঙী
বিজুলী বাতিৰে চৌদিশে পোহৰাই আলোকিত কৰি তোলা হয় যদিও তাহানিৰ সেই  দীপান্বিতাৰ মাদকতা আজি পাবলৈ নাই।
           আমাৰ শৈশৱত পালন কৰি অহা  সেই দীপাৱলীৰ দিনবোৰত ঘৰে ঘৰে কলগছ পুতি ,চাকি দিবৰ বাবে  তাত বাঁহ ফালি খূছি লগোৱা হৈছিল। চাকিবোৰ ভালকৈ ৰাখিবৰ বাবেও তাত মাটিৰ প্ৰলেপ দিয়া হৈছিল। চাকিৰ পোহৰত মন পবিত্ৰতাৰে ভৰি যি আনন্দ তথা সুখনাভূতি  লভিছিলোঁ।এতিয়াৰ  বৈদ্যুতিক আলোক সজ্জাইয়ো
মনত সেই আনন্দৰ জোৱাৰ তুলিব নোৱাৰে।
সেই স্মৃতি আজি  মাথোঁ মিঠা সোঁৱৰণি।
আহক আমি মাটিৰ চাকি জ্বলাই , সেই চাকিৰ পোহৰেৰে আমাৰ কলুষিত মনবোৰ পবিত্ৰ কৰোঁ।
সকলোৱে মিলি এক প্ৰদূষণ মুক্ত দীপাৱলী পালন কৰোঁহক।
দীপাৱলীৰ আলোকে লৈ আহক সকলোৰে বাবে  শুভ সময় ,শুভ দিন...

ভূমিকা দাস
গুৱাহাটী
—————————————
ANXIETY 
প্ৰকাশ শ্ৰাৱন ঋষি 

      বহুতৰে বাবে অচিনাকি শব্দ যেন লাগিলেও , আজিকালি যুৱপ্ৰজন্ম আৰু শিশু সকলৰো মাজত দেখা পোৱা এটা মানসিক সমস্যা এই "ANXIETY"।

কিন্তু কি এই ANXIETY? 

 ANXIETY হৈছে এক প্ৰকাৰৰ ভয়। সকলোৰে মনত যিকোনো বিষয় এটাক লৈ চিন্তা বা বেছি চিন্তা অহাটো স্বাভাৱিক,আমাৰ সকলোৰে চিন্তা হয় কিন্তু সেই চিন্তাৰ পৰা পুনৰ স্বাভাৱিক অৱস্থালৈ আহিবলৈ আমাৰ বেছি সময় নালাগে। কিন্তু সেই চিন্তাই যদি আমাৰ মনত বাঁহ সাজি লৈ আৰু সেই চিন্তাই মনত এক প্ৰকাৰৰ ভয়ৰ সৃষ্টি কৰে সেই ভয়ৰে আধুনিক নাম "ANXIETY" 

   কেনেদৰে ইয়াৰ আক্ৰান্ত হোৱাৰ বিষয়ে জানিব পাৰিব:-
   প্ৰথম অৱস্থাতেই আমাৰ মনত অত্যাধিক ভয়ৰ সৃষ্টি কৰে, ধৰি লওঁক আপুনি আপোনাৰ ভাইটিলৈ ফোন কৰি আছে ধৰা নাই। কিন্তু সেই যে এবাৰ নাইধৰা তেতিয়াই আপোনাৰ মনত আহিল....
●ৰাস্তাত কিবা হ'ল নেকি!
●তাৰ কিবা বিপদ হৈছে নেকি!
●এক্সিডেন্ট হ'ল নেকি!
ধৰি লওঁক আপোনাৰ সন্তানৰ পৰীক্ষা আছে,সি তাৰ বাবে সম্পূৰ্ণ সাজু। অধ্যয়ন সম্পূৰ্ণ কৰি থৈছে কিন্তু তাৰ কিছুমান অটভূত কাণ্ড যেনে
●পৰীক্ষা ভাল হ'ব নে বাৰু!
●পঢ়াবোৰ নাহিলে কি হ'ব!
●একো লিখিব নোৱাৰিলে কি হ'ব!
●মই যদি ফেইল কৰোঁ,মানুহে কি ভাবিব! 

 এয়া মাথোঁ কেইটামান উদাহৰণহে । 
মুঠতে বেয়া কিবা চিন্তাই আপোনাক প্ৰতি ক্ষেত্ৰতে হেঁচা মাৰি ধৰিব। অৰ্থাৎ আমাৰ অশান্ত মনেই হৈছে ANXIETY ৰ লক্ষণ। 

এই ANXIETY হোৱাৰ কাৰণঃ-
◆সৰুৰে পৰা সন্তানক বিশেষ  কিদৰে কথা পাতিব লাগে সৰুৰে পৰা শিকাব। কিয়নো বহুতো লৰা ছোৱালী মানুহৰ আগত কি পাতিম...কি নেপাতো আদি ভাবি ওলাব লাজ কৰে যি সময়ত ANXIETY ৰ সৃষ্টি কৰে। 

◆ পৰীক্ষা, পঢ়া ইত্যাদি বস্তুৰ নাম লৈ সিহঁতৰ মাজত ভয়ৰ সৃষ্টি নকৰিব।
সৰুৰে পৰা সিহঁতক এইদৰে শিকাব যে  পঢ়া...পৰীক্ষা ইত্যাদি আমাৰ  জীৱনৰ এটা এনে অংশ যত নেকি কেতিয়াবা আমি জিকিম আৰু কেতিয়াবা হাৰিম।

ANXIETY ৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব:
◆দৈনিক ব্যায়াম কৰক।
◆যুগ আৰু মেডিটেছন কৰক।
◆নিজৰ খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক।
◆যদিহে নিচা খালেহে মনটো শান্তি লাগে,তেন্তে সেই নিচা ত্যাগ কৰক আৰু নিজৰ মনটো নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰক।
◆পৰিয়ালৰ লোকক সময় দিয়ক আৰু পৰিয়ালৰ লোকেও তেওঁ লোকক সময় দিয়ক যাতে তেওঁলোকে অকলশৰীয়া অনুভৱ নকৰে।

মই কোনো মনো বিজ্ঞানী নহয়,এই সমূহ তথ্য বিভিন্ন জন চিকিৎসকৰ বিভিন্ন video সমূহ চাই আহৰণ কৰা তথ্য হে। আৰু এই তথ্য খিনি শুনি পৰা নিশ্চয় গম পালে যে বহু ক্ষেত্ৰত আপোনাৰ সন্তানৰ ANXIETY বাবে আপুনি নিশ্চয় দায়ী।সেয়েহে নিজেও সজাগ হওঁক আৰু আনকো সজাগ কৰক।

প্ৰকাশ শ্ৰাৱন ঋষি
যোৰহাট, চিৰতীয়া গাঁও
6002938210
———————————————————
ধেৎতেৰি 
(ৰস ৰচনা)
ৱান ডে ইন অমৰাৱতী
(ব্যংগ ৰচনাহে কাৰো ধৰ্মীয় আবেগক আঘাত দিয়া লেখকৰ উদ্দেশ্য নহয়)
দেৱজিৎ শইকীয়া 

      আজিৰ পৰা বহু বছৰ আগৰ কথা৷ ৯২-৯৩ চন মান হ'ব চাগে৷ স্বৰ্গত এদিন গুৰুত্বপূৰ্ণ বিষয় এটা লৈ দেৱৰাজ ইন্দ্ৰই ইমাৰজে়ঞ্চী মিটিং এখন দিলে৷ কোনোবা নতুন অসুৰে আক্ৰমণ কৰিলে বুলি যি যেনেকৈ আছিল ৰাজসভালৈ দৌৰ মাৰিলে৷ সকলোৰে ভয় কাৰণ কেইদিনমান আগত ভাৰতৰ বম্বেত বম্ব ব্লাষ্ট হৈছে৷ সেই টেৰ’ৰিষ্ট কেইটা অমৰাৱতী পালেহি বুলি সকলোৱে ভয়তে উধাতু খাই দৌৰি আহিল৷

নাৰদে দিয়া তামোলখন খাই দেৱৰাজ ইন্দ্ৰই লাহেকৈ মাইকটো অন কৰিলে৷ পৰম শ্ৰদ্ধেয় মোৰ ৰাজসভাৰ তেত্ৰিশকোটি দেৱ দেৱী, আঠচল্লিছ হাজাৰ ঋষিগণ লগতে উপস্থিত সকলো অপ্সৰা আৰু নৰ্তকীগণ৷ আজি মই বৰ গুৰুত্বপূৰ্ণ বিষয় এটা আপোনাসৱৰ আগত ডাঙি ধৰিব লৈছো৷ আপোনালোকে জানে যে বিশ্বৰ ভিতৰত নেপাল আৰু দুই এখন সৰু দেশৰ বাহিৰে আমাক মুলতে পূজা ভাৰতবৰ্ষৰ মানুহে হে দিয়ে৷ মোৰ, ব্ৰহ্মা তথা নাৰদ আদিৰ দৰে কেইজনমানক বাদ দি আপোনালোক সকলোকে বছৰটো ভাৰতৰ মনুষ্যগণে পূজা অৰ্চনা কৰে৷ কিন্তু অন্যদেশৰ তুলনাত ভাৰতবৰ্ষ আগুৱাব পৰা নাই কিয়? বৰ চিন্তাৰ বিষয়৷ যি সকল ভক্তই দিনে নিশাই আমাৰ বিভিন্ন বিভাগৰ দেৱ দেৱী সকলক পূজা অৰ্চনা, হোম যজ্ঞ দি যিকোনো প্ৰকাৰে সন্তুষ্ট কৰি আহিছে আমি তেওঁলোকক আজিও তৃতীয় বিশ্বৰ দেশৰ নাগৰিক কৰি ৰাখিছো৷ সকলোৱে মতামত দিয়ক কি দৰে অন্যদেশৰ দৰে আমাৰ পৰম ভক্ত সকলৰ দেশখনো আগুৱাব পাৰি৷

ইমান পৰে মনে মনে কথা শুনি থকা ব্ৰহ্মাই বোলে মোৰ কাম স্ৰজন কৰাহে দেই৷
ইন্দ্ৰই বোলে পৰমপিতা আপোনাৰ ডিপাৰ্টমেন্টো ফ্লপ মাৰিছে৷ এইবাৰৰ চেনচাচ ৰিপৰ্ট মতে কিন্তু আমাক পূজা দিয়া সকলৰ জনসংখ্যা কমিছে আৰু আমাক পূজা নকৰা সকলৰহে জনসংখ্যা বাঢ়িছে৷ এনেকুৱা হ'লে লাহে লাহে আমাৰ দেৱ দেৱী সকলে পূজা বিছাৰি ঘূৰি ফুৰিব লাগিব৷

ব্ৰহ্মাদেৱে বোলে ইয়াত মোৰ অকণো দোষ নাই, সকলোৱে আজি কালি ফেমিলি প্লেনিং কৰে৷ আৰু মোৰ দিব্য দৃষ্টিৰে চাই দেখিছো আৰু কিছু দশক পিছত দুটাতকৈ বেছি সন্তান জন্মদিলে মনুষ্য সকলে মানি চলা চৰকাৰৰ চৰকাৰী সা- সুবিধাৰ পৰাও বঞ্চিত হোৱা নিয়ম আহিব৷ ইয়াত ব্ৰহ্মাক দোষ দি লাভ নাই৷

সকলোৱে বোলে হয় হয় ঠিক কৈছে৷

বাৰু জনসংখ্যাৰ টপিকটো বাদ দিলোঁ, টেকনলজি ডিপাৰ্টমেন্টৰ বিশ্বকৰ্মাই এষাৰ কওঁকচোন৷ আপুনিটো গোটেই পৃথিৱীৰ আৰ্কিটেক্ট ডিজাইন কৰে৷ সৌযে ডুবাইৰ দৰে আমাক কোনেও নোপোচা ঠাইত "বুৰ্জ খলিফা"ৰ দৰে পৃথিৱীৰ আটাইতকৈ ওখ ঘৰ বনালে আমাৰ ভাৰতত কিয় তেনে বনাব নোৱাৰিলে৷ আপোনাকটো প্ৰতিবছৰ সোতৰ তাৰিখে পূজাটো ঠিকেই দিয়ে৷

বিশ্বকৰ্মাই বোলে চাওক মই হ'লোঁ ইঞ্জিনিয়াৰ মানুহ৷ মোক মেটেৰিয়েলচ দিলে আৰু ফাণ্ড চেংচন কৰিলে মই আজিও বনাই দিব পাৰো৷

ফান্দ কোনে চেংচন কৰে? লক্ষ্মী নে গনেশে?

নাৰদে বোলে কৰাত দুইজনেই কৰে৷ কিন্তু কোনে কাক কি ফান্দ এৰি দিয়ে অলপ কনফিউজড। মানে এটা ফাইনে়ঞ্চ ডিপাৰ্টমেন্টটো দুজনে চাই যে৷

লক্ষ্মীয়ে বোলে গনেশে হে জানিব৷ গনেশে বোলে মোৰ বিত্ত বিভাগৰ উপৰিও বিঘিনি নাশক মানে ইমাৰজেঞ্চি চিকিউৰিটি বিভাগটোও আছে নহয়৷ তাতে আজি কালি কি কি নিয়ম মানুহে উলিয়াইছে যে যাক এগুণ দিও কৰবাত কিবা ইনভেষ্ট কৰি এগুণক দুগুণ কৰি পেলাই৷ সেয়ে ধনী ধনী হৈ গৈ আছে আৰু দুখীয়াবোৰ বিল' প্ৰভাৰ্টি লাইনতে পৰি আছে৷

ইন্দ্ৰই বোলে বিল' প্ৰভাৰ্টি লাইনৰ পৰা ওপৰলৈ নিয়া কিবা ব্যৱস্থা লৈছেনে নাই৷ গনেশে বোলে মনুষ্য সকলে কিবা এম এনৰেগা, কল্পতৰু এনেকুৱা কিবা কিবি আচনি লোৱাত লৈছে ৷ আঁচনি যদি মনুষ্যই ল'ব লাগে তেন্তে আপুনি কি শ্ৰী গনেশ কৰি আছে৷

গনেশে বোলে ইয়াৰ মুল সমস্যাটো শিক্ষা৷ ভাৰতত শিক্ষা বিভাগটো বৰ কেলেংকাৰী বিভাগ৷

ইন্দ্ৰই বোলে সৰস্বতী ক'ত গ'ল?

সৰস্বতীয়ে বোলে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, তাকে যাক যাক পাৰি পাচ কৰাই আছো৷

ইন্দ্ৰই বোলে যোৱাবাৰ মেট্ৰিকত উৰ্ত্তীণৰ হাৰ 29% আছিল মানে শতকৰা সত্তৰটাই ফেল৷ পূজাটো সকলোৱে কৰে, তেনেহ'লে এইজাক ফেইল কেনেকৈ হয়? সৰস্বতীয়ে বোলে মোক পূজা কৰিলেই নহ'ব নহয়, পঢ়িবওটো লাগিব৷ ল'ৰাছোৱালী স্কুললৈকে নাযায়, তাতে চৰকাৰী স্কুল, প্ৰাইভেট স্কুল এইবোৰৰ কেজেং আছেই৷ মাষ্টৰে দৰমহা নাপাই ৰাষ্টাত ধৰ্ণা দিয়া জেংবোৰ আছেই৷ অন্য দেশত এইবোৰ নাই নহয়৷

ইন্দ্ৰই বোলে কিবা কৰি সকলোকে পাছ কৰি দিব নোৱাৰিনে?
স্বৰস্বতীয়ে বোলে DPEP বুলি আঁচনি এখন লৈছে বৰ্তমান, এইখনৰ পিছত সৰ্ব শিক্ষা আঁচনিও আহিব৷ চাওচোন কি হয়৷ হপ ফৰ দ্যা বেষ্ট৷ সকলোকে ক্লাচ এইট মানলৈকে মোক পূজা নিদিয়াকৈও পাচ কৰি দিয়াৰ ব্যৱস্থা এটা আহিব দহ বছৰ মান পিছত, তাৰ পিচত দেখা যাওক আৰু কি আঁচনি লোৱা যায়৷

ইন্দ্ৰই বোলে সকলো দেখোন মনুষ্য সকলে নিজেই কৰি আছে৷ চৰকাৰ আৰু আপোনালোক দেৱ দেৱী সকলে কৰিছে কি?

সকলোৱে বোলে দেশৰ জনগণৰ যি নহওক কিয়, চৰকাৰে চৰকাৰৰ মতে চলাই আছে আমি আমাৰ মতে৷ নহ'লে সকলোকে বিল গেটচ কৰি দিলে আমাক পিছত কোনে চাব৷ আৰু এনেও পৃথিৱীৰ চহকী দেশ আৰু তাৰ জনসাধাৰণে আমাক পূজা নিদিয়ে৷ চৰকাৰ চলিবলৈ যি দৰে ভোটাৰ লাগে, আমাকোতো ভক্ত লাগে৷

ইন্দ্ৰই বোলে তেনেহ'লে উন্নতি কি দৰে হ'ব?

সকলোৱে একে মুখে বোলে ভগৱান ভৰোচা...

———————————————————
গ্ৰন্থ উদ্ধৃতিঃ
__________
▪️কিতাপ এখন নি ওভোটাই নিদিয়াটো শিক্ষাজগতৰ এক কলংক স্বৰূপ।                              __চক্রেটিছ

▪️কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল, মোৰ মনত নাই। পিতৃ-মাতৃৰ মুখৰ পৰা সেইটো সৰুতে শুনিছিলোঁ যদিও পাহৰিলোঁ।—
মোৰ জীৱন-সোঁৱৰণ                             (আত্মজীৱনী)  লক্ষ্মীনাথ বেজবৰুৱা
 (প্ৰথম বাক্যাংশ) 

▪️মোৰ জীৱনৰ সকলো অভিজ্ঞতাৰ লগতে প্রথম পৰিচয় ঘটিছে কিতাপৰ যোগেদি। 
 __জৰ্জ লুই বাৰ্জেছ

যুগুতালেঅনিতা মেধি মিশ্ৰ ,বঙাইগাঁও
———————————————
                       পঢ়ুৱৈৰ অভিমত 

বৰ্ণৰাগৰ সম্পাদকীয় অতি সময় উপযোগী হৈছে ৷ঘৰখনেই শিশুৰ প্ৰথম পাঠশালা ৷আমাৰ চৌপাশে সঘনাই ঘটি থকা ঘটনাবোৰ সঁচাই চিন্তনীয়।
ড° অৰ্চনা পূজাৰী
অৱসৰপ্ৰাপ্ত অধ্যাপক
আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়
———————————————
    ভাল লাগিল নৱ । বৰ্ণৰাগৰ উজ্বল ভবিষ্যত কামনা কৰিছোঁ । বস্তুবোৰ পৰিপাতিৰে সজাই পৰাই পাঠকক পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে বৰ্ণৰাগৰ কৰ্মকৰ্তালৈ  পুনৰ ধন্যবাদ থাকিল ।
        সকলোকে শাৰদীয় বতৰত দূৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
ড° কমল চন্দ্ৰ নাথ
—অধ্যক্ষ 
চৰাইবাহী মহাবিদ্যালয়
——————————————
আন্তৰিক ধন্যবাদ। আলোচনীখন চকু ফুৰালো। সুন্দৰ হৈছে।ভালকৈ পঢ়িম।ভাল লেখা বহুকেইটা আছে।এটা ভাল কাম কৰিছে। শুভেচ্ছা থাকিল।

ডা° প্ৰাঞ্জল জ্যোতি দত্ত
যোৰহাট
——————————————
এই সংখ্যাৰ বৰ্ণৰাগ  বৰ্নিল  বুলি ক'লেহে শুৱাব । ইমান  গাম্ভীৰ্যপূৰ্ণ ,অধ্যয়ন পুষ্ট সুন্দৰ  লেখাৰে সমৃদ্ধ ...। কোনটো  লেখাৰ  নাম ল'ম । সম্পাদকীয়  পঢ়িলোঁ ... সচাঁকৈয়ে  আজি আমাৰ  নৱ প্ৰজন্মক  আমি কোন ফালে লৈ গৈছো ! ম'বাইলটোত  গেম খেলিবলৈ দিহে  শিশুক ভাত খুৱাব পৰা এটা অৱস্হা পাইছেগৈ । সাধু শুনিবলৈ  এৰিলে ,আমি  কবলৈ ও যে পাহৰি গ'লো । সম্পাদকীয়  পঢ়িলোঁ  ভাল লাগিল । 
তাৰ পিছতে  গুৰু জনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ,   ক্ৰিপ্টো কাৰেঞ্চী  আৰু ব্লক চেইন,  সূধা কণ্ঠৰ শৰৎ বন্দনা  কে  আৰম্ভ কৰি  সকলো লেখাৰে প্ৰতি গৰাকী  লেখক- লেখিকা কে  অভিনন্দন জনাইছো ,অন্তৰেৰে ধন্যবাদ জনালো ইমান সুন্দৰ লেখা উপহাৰ দিয়াৰ বাবে  ।  
বৰ্ণৰাগ উজ্জ্বলতৰ হৈ উঠক  । দীৰ্ঘায়ু কামনা কৰিলোঁ  আলোচনী খনৰ।
ৰঞ্জু শইকীয়া 
নগাঁও 
——————————————
মোৰ এটি গল্প “বৰ্ণৰাগ” ৰ বুকুত দেখা পাই সুখী হ’লোঁ ৷
সময়োচিত সম্পাদকীয় পঢ়ি উপকৃত হ’লোঁ ।
সম্পাদক মহোদয়ক অশেষ ধন্যবাদ জনালোঁ ৷
কৃষ্ণা ময়ুৰী হাজৰিকা 
যোৰহাট
——————————————
খুব ভালকৈ লিখিব পৰা নাই যদিও কাব্য কাননৰ পাতত লগতে বৰ্ণৰাগত মোৰ কবিতা আৰু ৰস ৰচনা প্ৰকাশিত হোৱাত লিখিবলৈ কিছু উৎসাহ পাইছো। আলোচনীখনৰ সম্পাদক নৱ ভাইটিৰ লগতে সন্মানীয় সম্পাদনা সমিতিৰ সমূহ বিষয় ববীয়ালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। জয়তু অসম কাব্য কানন।
অৰ্পনা নাথ 
বাক্সা 
———————————————
বৰ্ণৰাগৰ সম্পাদকীয় অতি প্ৰাসঙ্গিক এক বিষয়। কেইবাটাও বলিষ্ঠ লেখনীৰে সমৃদ্ধ এখন সুন্দৰ আলোচনী
সঞ্চিতা বৰা 
সহযোগী অধ্যাপক
নগাঁও ছোৱালী মহাবিদ্যালয়
——————————————
'বৰ্ণৰাগ'ৰ সম্পাদকীয় অতি  প্ৰসংগিক । অভিভাৱকৰ আত্মবিশ্লেষনৰ সময় সমাগত ।
অজন্তা চৌধুৰী
গুৱাহাটী 
———————————————
এই সংখ্যাৰ বৰ্ণ ৰাগৰ সম্পাদকীয় পৃষ্ঠাত জিলিকি উঠিছে বাস্তৱৰ এখন জীৱন্ত ছবি।আধুনিকতাৰ খোজত খোজ মিলাই আমি যিমানেই আগবাঢ়ি গৈ আছো।সিমানেই আমি আমাৰ নৱপ্ৰজন্মৰ ওপৰত থকা আমাৰ দায়িত্ব বিলাক যেন পাহৰি পেলাইছো।সঁচাকৈয়ে বৰ চিন্তনীয় বিষয় হৈ পৰিছে।
—ৰঞ্জনা দেৱী
গোলাঘাট
——————————————
"বৰ্ণৰাগ " বৰ ধুনীয়া হৈছে। প্ৰায়বোৰ বিষয়েই পঢ়িলোঁ।
—পাৰিজাত বৰুৱা 
———————————————————

                    আখল 

ৰৈ যোৱা ভাতৰ কাতলেট
মানসী বৰঠাকুৰ

উপকৰণ :
১)আগদিনা ৰাতি বেছিকৈ থকা ভাত নাইবা দিনৰ থাকি যোৱা ভাত নাইবা লগালগ বনাই ও লব পাৰে যদি নাথাকে
২) দুটা পিয়াজ(ভাতৰ পৰিমাণ অনুযায়ী লব)
৩) অলপমান নহৰু আৰু আদা বটা
৪)কেঁচা জলকীয়া (নিজৰ ইচ্ছা অনুযায়ী)
৫) এছামুচ (নিমখ ,হালধি,গৰম মচলা,ৰঙা জলকীয়া গুৰি,জীৰা গুৰি,ধনীয়া গুৰি)সকলো মচলা আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব।

প্ৰণালীঃ-
    প্ৰথমে ভাত খিনি অলপ মিক্সীৰ সহায়ত পিচি লব আৰু তাত ওপৰত উল্লেখ কৰা সকলো মচলা দি দিব আৰু একেলগে বান্ধিব কাৰণে অলপ বেচন নাইবা ময়দা নাইবা কৰ্ণ ফ্লৌৰ নাইবা চাউলৰ গুৰি দি ভালকৈ আটা মথা নিচিনাকৈ এটা লাডু বনাই ল’ব। 
     তাৰ পাছত হাতত অলপ তেল সানি লৈ কাতলেতৰ আকাৰত কৰি ১০মিনিট সময় ঠাণ্ডা ঠাই বা ফ্ৰিজত থৈ দিব।
তাৰ পাছত কেৰাহীত ৰিফাইন বা যিকোনো কুকিং তেল (নিজৰ আন্দাজ অনুযায়ী) দি প্ৰথমে জুই তাপটো বহাই তেলখিনি ভালকৈ গৰম কৰি পুনৰ কম জুইত এটি সুন্দৰ ৰং আহালৈকে ভাজিব আৰু যিকোনো জ্বলা চাটনি বা বিলাহী তক নাইবা গৰম চাহৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।

মানসী বৰঠাকুৰ 
যোৰহাট 
——————————————————
ক’লকাতাৰ আৰ্হিত ছাগলী মাংসৰে বিৰিয়ানি
ভাস্বতী দাস

উপকৰণঃ-
১ kg ছাগলী মাংস
৫  টা আলু
৫০০ গ্ৰাম বাস্মতি চাউল
বিৰিষ্টা বনোৱা সামগ্ৰী 
১৫০ গ্ৰাম পিয়াজ
১৫০ গ্ৰাম তেল
বিৰীয়ানি মছলা 
১.২৫ গ্ৰাম সেউজীয়া ইলাছি
.৭৫ গ্ৰাম ক’লা ইলাছি
১.৫ গ্ৰাম লং
১.২ গ্ৰাম জাইফল
১.৭৫ গ্ৰাম জাভিত্ৰি
২ গ্ৰাম চাহি জীৰা
১.২৫ গ্ৰাম কলা জালুক
মাংস মেৰিনেচন ৰ সামগ্ৰী
১০০ গ্ৰাম  দৈ
১০ গ্ৰাম আদা
১০গ্ৰাম নহৰু
২০ গ্ৰাম বিৰিষ্টা
৪ গ্ৰাম বিৰীয়ানি মছলা
৫ গ্ৰাম কেৰৱা water
১/২ টেবুল চামূচ ৰঙা জলকীয়া পাউদাৰ
২০ গ্ৰাম নিমখ
১/২ টেবুল চামূচ জালুক মচলা
১৫০ গ্ৰাম পানী
চাউলৰ বাবে মচলা সামগ্ৰী
 ৬ টুকুৰা সেউজীয়া ইলাছি
২ টুকুৰা কলা ইলাছি
৭ গ্ৰাম লং
১ গ্ৰাম দালচিনি
৩ টা তেজপাট
আৰু নিমখ খোৱাদ অনুযায়ী
এৰোমাৰ কাৰণে সামগ্ৰী
২০ গ্ৰাম বাটাৰ (গলাই লোৱা)
৩০ গ্ৰাম ঘি
৫ গ্ৰাম কেৰৱা পানী
আৰু ১৪০ গ্ৰাম গাখীৰ
চেফ্ৰন ১গ্ৰাম

প্ৰণালীঃ-
    প্ৰথমতে গাখীৰখিনি উতলাই লৈ চেফ্ৰণ খিনি মিহলাই থৈ দিব। আলু কেইটা বাকলি গুচাই লৈ  ফুড কালাৰ দি ভাজি লওক। পিয়াজখিনি দীঘল আৰু মিহিকৈ কাটিলৈ তেলত ৰঙচুৱা হোৱাকৈ ভাজি লওক। বিৰীয়ানি মচলাৰ কাৰণে ওপৰত উল্লেখ কৰা সামগ্ৰী খিনি খালি পেন এখনত গৰম কৰি মিক্সিত পিছি লওক। ঠিক একেদৰে ওপৰত উল্লেখ কৰা মাৰিনেচনৰ সামগ্ৰী খিনিৰে এটা ডাঙৰ পাত্ৰত লৈ মাংস মেৰিনেত কৰি কমেও ১ ঘণ্টাৰ কাৰণে ফ্ৰিজত থব লাগিব। অধাঘণ্টাৰ কাৰণে চাউল খিনি তিয়াই থৈ পানীখিনি ড্ৰেইন কৰি লওক। প্ৰেছাৰ কুকাৰত মেৰিনেত কৰা মাংসখিনি আৰু আলু কেইটা দি ১৫০ গ্ৰাম পানী দি কম জুই ত ৬-৭ ত হুইছেল আহিবলৈ দিব। কুকাৰৰ ঢাকনিখন আতৰাই পানী খিনি চেকি লব। এতিয়া ডাঙৰ পাত্ৰ এটাত পানী লৈ ওপৰত উল্লেখ কৰা মচলা (চাউলৰ কাৰণে) খিনিৰে পানী উতলি অহাৰ পিছত চাউলখিনি ৩/৪ সিজি যোৱাকে বইল কৰি লব।
   এতিয়া layering ৰ কাৰণে ডাঙৰ পাত্ৰ এটা লৈ প্ৰথমে ঘি বা তেলেৰে পাত্ৰটো অইলিং কৰি লব।
প্ৰথম লেয়াৰত তেজপাত , সিজাই লোৱা মাংস,আলু , বিৰিষ্টা,  khoya, আৰু বিৰীয়ানি মচলা দি লব। মাংসৰ সিজুৱাৰ পিছত চেকি ৰখা পানীখিনি আৰু নেমূ ৰখ চেপি দি লব। তাৰ ওপৰত চাউল খিনি লেয়াৰিং কৰি দিব।  এতিয়া বাকী থকা বিৰীয়ানি মচলা আৰু বিৰিষ্টা খিনি ওপৰত দি দিব। এৰোমাৰ কাৰণে ওপৰত উল্লেখ কৰা সামগ্ৰী খিনি দি দিব। পাত্ৰটি ঢাকনি খন ভাপ যাব নোৱাৰা কৈ লগাই থৈ ৩০ মিনিটৰ কাৰণে কম জুইত সিজিবলৈ দিয়ক। আধা ঘণ্টাৰ পিছত জুই নুমাই দি ১৫ মিনিট পিছত পাত্ৰটো খুলি mutton biriyani পৰিবেশন কৰক।

ভাস্বতী দাস
গুৱাহাটী
——————————————————
মৌচুমী শৰ্মা কাশ্যপৰ 
সৌন্দৰ্য চৰ্চা 

Hair Mask ৰ বিষয়ে জানো আহক-

  Hair Mask হ’ল কিছুমান প্ৰাকৃতিক উপাদান আৰু পুষ্টিকৰ তলেৰে নির্মিত এনে এটা মিশ্ৰণ, যিয়ে চুলিৰ যত্ন লোৱাৰ উপৰিও চুলিৰ বিভিন্ন সমস্যাৰ পৰাও মুক্তি  দিয়ে।বজাৰত বহুতো ধৰণৰ hair mask উপলব্ধ। কিন্তু আমি ঘৰুৱা সামগ্ৰী কিছুমান ব্যৱহাৰ কৰি ইয়াক ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰো।
    মনত ৰাখিব hair mask চুলিত ব্যৱহাৰ কৰিলে ৩০-৪৫ মিনিট সময় ৰাখিব লাগে আৰু যিবোৰ বস্তুৰ পৰা আপোনাৰ এলাৰ্জী আছে সেইবোৰ চুলিত ব্যৱহাৰ নকৰিব। ইয়াক প্ৰস্তুত কৰা প্ৰণালীৰ বিষয়ে জানো আহক-
◆পকা কল এটা,মৌজোল দুচামুচ, কণী দুটা কেৱল বগা অংশ  আৰু olive oil দুচামুচ এই সকলোবোৰ ভালদৰে মিহলাই লৈ চুলিত সানি ল'ব। অলপ সময়ৰ পাছত mild shampoo ৰে ধুই দিব।

◆ছালকোঁৱৰী(aloe vera) তিনিচামুচ, olive oil চাৰি চামুচ,কেঁচা গাখীৰ আধা কাপ আৰু জবাফুল ২-৩পাহ ভাল দৰে mixer grinderত পিহি লব আৰু চুলিৰ গুৰিৰ পৰা আগলৈ ভালদৰে সানি লব অলপ সময়ৰ পাছত mild shampooৰে ধুই দিব।

◆দৈ আধা কাপ আৰু কণীৰ বগা অংশ ভালদৰে ফেটি লৈ চুলিত লগাব আৰু অলপ সময়ৰ পাছত mild shampooৰে ধুই দিব।

●যিসকলৰ চুলিবোৰ শুকান, খহটা আৰু মৰহি যোৱাৰ দৰে হয় তেওঁলোকে ওপৰত দিয়া hair mask কেইটা ব্যৱহাৰ কৰিলে সুফল পাব। 

◆দৈ আধা কাপ, নেমুৰ ৰস দুচামুচ, জবাফুলৰ পাত ৪-৫খিলা আৰু নাৰিকল তেল দুচামুচ ভাল দৰে ফেটি লৈ চুলিৰ গুৰিৰ পৰা ভাল দৰে সানিব । অলপ সময়ৰ পাছত mild shampoo দি ধুই দিব।

◆পিহি লোৱা নিমপাত তিনিচামুচ, পুদিনাৰ পাত তিনিচামুচ,নেমুৰ ৰস তিনিচামুচ,দৈ চাৰিচামুচ আৰু বাদাম তেল এচামুচ ভালদৰে মিহলাই চুলিৰ গুৰিৰ পৰা সানিব আৰু অলপ সময়ৰ পাছত mild shampooৰে ধুই দিব।

ওপৰত দিয়া hair mask কেইটা ব্যৱহাৰ কৰিলে যিসকলৰ চুলিত উফিৰ সমস্যা আছে তেওঁলোকে উপকৃত হ'ব।

◆দৈ দুচামুচ,কমলাৰ ৰস চাৰিচামুচ, কণীৰ বগা অংশ,নাৰিকল তেল এচামুচ আৰু নেমুৰ ৰস দুইচামুচ ভালদৰে মিহলাই লৈ চুলিত সানিব অলপ সময়ৰ পাছত mild shampoo ৰে ধুই দিব।
ওপৰত দিয়া hair maskটোৰ ব্যৱহাৰ কৰিলে যিসকৰ চুলিবোৰ oily hair হয় তেওঁলোকে উপকৃত হ'ব।

◆তিয়াই থোৱা মেথিগুটিৰ pest এচামুচ,মৌজোল দুচামুচ, ছালকোঁৱৰী(aloe vera) তিনি চামুচ আৰু নাৰিকল তেল তিনি চামুচ ভাল দৰে মিহলাই ল'ব আৰু চুলিত সানিব অলপ সময়ৰ পাছত mild shampoo ৰে ধুই দিব।

●যিসকলে চুলি ফটা সমস্যাত ভুগি আছে সেইসকল ওপৰত দিয়া hair maskটো ব্যৱহাৰ কৰিলে সুফল পাব।

মৌচুমী শৰ্মা  কাশ্যপ
তিনিচুকীয়া
——————————————————
পত্ৰলেখা
    পত্ৰ এখন লিখা না...

মৰমৰ...

   পোনপ্ৰথমে হিয়াভৰা অজস্ৰ মৰম যাচিলোঁ। আশা কৰোঁ তুমি ভালেই আছা ৷মইও ভালেই আছোঁ দিয়া তোমাৰ মৰম আৰু আশাৰ সীমনাত। চাৰিওফালৰ ৰোগৰ সংক্ৰমন খুউৱ বাঢ়িছে সাৱধানে থাকিবা ।ভয়াৰ্ত মোৰ মন। এই অসুস্থ পৃথিৱীয়ে কেতিয়া পৰিত্ৰাণ পাব মহামাৰীৰ কবলৰ পৰা !ঈশ্বৰৰ ওপৰতেই সমস্তবোৰ ...কথাৰ ভিৰত পাহৰিয়ে থাকিলোঁ,তুমি পঠোৱা মোলৈ পূজাৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে ৷মোক হেনো ৰঙটোৰেই বৰকৈ শুৱাইছে ৷পিছে তুমি অহাৰ বাবে বাট চাই ৰৈছিলোঁ মনটোক মনাব নোৱাৰিলোঁ ৷তুমি অবিহনে সকলোবোৰ আধৰুৱা যেন লাগে অ’ ৷তথাপিও মনটোক কথমপি সন্তুষ্ট কৰি লওঁ তোমাৰ আৰু মোৰ ভৱিষ্যতৰ সপোনবোৰক লৈ ৷দূৰ সীমান্তত দিন-ৰাতি একাকাৰ কৰি জীৱন-মৰণৰ সৈতে তোমাৰ যুদ্ধ সফল হোৱাৰ বাবেই ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ ৷দেশৰ এজন সৈনিক হিচাপে তোমাক লৈ মই গৰ্বিত। এইবাৰ মাঘৰ বিহুত তুমি ভালপোৱা কলপাতত দিয়া পিঠা আৰু গুৰৰ লাড়ু বনাই থ’ম ৷তুমি আহিবা বুলি মনত বহুত আশাৰে ৰৈ আছোঁ ৷আৰু তোমালৈ এখন ডাঙৰ ফুলৰ বুটা বচা গামোচা  তাঁতত লগাইছোঁ ৷তোমাৰ এই আঁকৰীজনীয়ে এতিয়া বহু কাম জনা হৈ গ’ল জানানে!
 ...বাৰু এতিয়া আৰু বেছি নিলিখোঁ দেই নহ’লে আকৌ লগ পালেই কেনেকৈ কথাৰ মহলা মাৰিম?  আৰু অভিমানবোৰতো আছেই....

    আজিলৈ এৰিলোঁ দেই। সময়মতে খোৱা-লোৱাবোৰ কৰিবা ।ব্যস্ততাৰ মাজতো নিজৰ স্বাস্থ্যৰ যত্ন ল’বা ।অতি কম সময়ৰ ভিতৰত লগ পোৱাৰ আশাৰে....

তোমাৰ মৰমৰ আঁকৰীজনী
'মাইনা'

ডিম্পামনি পাঠক
টিহু (নলবাৰী)
——————————————————
—————————————————————

Post a Comment

0 Comments