———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
মাজে মাজে ভাবো-মই কিয় লিখো? এই লেখাৰ পৰা আনৰ কি লাভ ? কেৱল আত্মসন্তুষ্টিৰ বাবেই নেকি এই লেখা ? হৃদয়ত লালন কৰি ৰখা অনুভৱক ম’বাইলৰ স্ক্ৰীণত সিঁচৰতি কৰি দিব পাৰিলেই যেন ৰক্ষা!
কোন লেখকেনো নিবিচাৰে নিজৰ লেখা কাকত-আলোচনীত প্ৰকাশ হোৱাতো! নীৰব সাধক সকলৰ কথা সুকীয়া।কিন্তু সৰহসংখ্যক লেখকেই নিজৰ লেখাই মান্যতা পোৱাতো,জনপ্ৰিয় হোৱাতো অন্তৰেৰে কামনা কৰে। তেখেতসবে চৰ্চা কৰে । সাধনা কৰে। অধ্যয়ন কৰে। লেখাৰ মান্যতা নাপাই প্ৰকাশৰ মুখ নেদেখাৰ বাবে হতাশ নহৈ দুগুণ উদ্যমৰে সাধনাত ব্ৰতী হয়। লেখাৰ উত্তৰণ হয় ঠিকেই কিন্তু আলোচনী-কাকতত লেখা প্ৰকাশিত নোহোৱাত হতাশাত ভাগি পৰে। (সস্তীয়া জনপ্ৰিয়তা পাবলৈ হাতত কলম তুলি লোৱা সকলৰ কথা আলোচনালৈ আনিব খোজা নাই।)
এতিয়া কথা হ’ল-প্ৰকাশেই নেকি এগৰাকী লেখকৰ মূল উদ্দেশ্য ? মান্য আলোচনীত লেখা প্ৰকাশ নাপালে বুলিয়ে তেখেতে কলম সামৰি থ’ব নেকি ?
কোনো প্ৰকাশক তেখেতৰ পাণ্ডুলিপি ছপাবৰ বাবে আগ্ৰহী নহয়; নিজেও প্ৰকাশকক টকা দি ছপা কৰাব নোৱাৰে-সেই বুলিয়ে তেখেতে সৃজনীসত্তাক কবৰ দিব নেকি ?
সামাজিক মাধ্যমত চৰ্চা কৰি তেখেতে, নিজৰ সামৰ্থ্যৰে এখন পাঠক-সমাজ গঢ়ি তুলিছে।তথাপি, তথাকথিত বৌদ্ধিক সমাজে তেখেতৰ লেখাক মান্যতা নিদিয়ে । তেখেত এলাগী।কাৰণ তেখেতৰ লেখাই মান্য আলোচনী কাকতত প্ৰকাশৰ মুখ দেখা নাই। তেখেতে এতিয়া কৰিব কি?
নিশ্চিতকৈ চৰ্চা,সাধনা আৰু অধ্যয়ন। লগতে আশাহত নহৈ নেৰানেপেৰা প্ৰচেষ্টা । কিন্তু, কেতিয়ালৈ ?
সৃষ্টিৰ উচিত মূল্যায়ন,যথোচিত অনুপ্ৰৰেণাৰ অবিহনে,এজন লেখকে বাৰু সৃজনীসত্তাক কিমান দিনলৈ জীয়ন দি থ’ব পাৰিব?
সময়তকৈ শ্ৰেষ্ঠ সমালোচক আন কোনো নাই যদিও বহু লেখক প্ৰচুৰ সম্ভাৱনাৰ পাছতো সময়ৰ বুকুত হেৰাই যায়।সময়বালিত নিজৰ খোজ সুদৃঢ় কৰিবলৈ,চৰ্চা,অধ্যয়ন আৰু সাধনাৰ স’তে হয়তো একোডাল জখলাৰো(!) প্ৰয়োজন—সাম্প্ৰতিক ঘটনাপ্ৰবাহে শেহতীয়াকৈ এই কথাটিকে ভাবিবলৈ বাধ্য কৰিছে।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
কবিতাত তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ
'তৎসম শব্দ' মানে হ'ল -- সংস্কৃতৰপৰা অবিকৃত অৱস্থাত আধুনিক ভাৰতীয় ভাষাত প্ৰচলিত হোৱা শব্দ। যেনে -- স্বপ্ন, শৃগাল। 'তদ্ভৱ শব্দ'ৰ অৰ্থ হ'ল -- সংস্কৃতৰপৰা প্ৰাকৃত ভাষা (যেনে -- 'বংক', 'ব'গন' ; যাৰ অসমীয়াৰূপ হ'ল -- 'বোকা', 'বেঙেনা') ৰ মাজেদি পৰিৱৰ্তিত হৈ আধুনিক ভাষালৈ অহা শব্দ। যেনে -- 'সপোন', 'শিয়াল' ।
ভাষাক মিহি-সৰল কৰিবৰ বাবে -- কবিতাত, আমি সাধাৰণতে তদ্ভৱ শব্দহে ব্যৱহাৰ কৰো ; যেনে -- মাকৰ গাখীৰ, মাকৰ মৰম / চেনেহ ; 'মাতৃৰ গাখীৰ' বা 'মাতৃৰ মৰম' বুলি নকওঁ আৰু, নিলিখোও। কওঁ -- 'মাতৃ-দুগ্ধ', 'মাতৃ-স্নেহ'। ইয়াত, 'মাতৃ', 'দুগ্ধ', 'স্নেহ' শব্দকেইটা তৎসম শব্দহে। অৰ্থাৎ, তৎসমৰ লগত তদ্ভৱ শব্দ লগাই নিলিখি -- তৎসমৰ লগত তৎসম আৰু, তদ্ভৱৰ লগত তদ্ভৱ শব্দৰহে ব্যৱহাৰ উপযোগী বুলি মানি লোৱা হয় -- ধ্বনিৰ কাৰণেও। কিয়নো, আমি শিয়াল খেদো, 'শৃগাল' নেখেদো ; সপোনহে দেখো, 'স্বপ্ন' দেখো বুলি নকওঁ।
অৰ্থৰ খাতিৰত বা প্ৰচলিত মাত-কথা অনুযায়ী, কেতিয়াবা এনে কথাকো নিৰ্ঘাত সত্য বুলি সততে মনা নহয়। যেনে -- মৃতকৰ 'অস্থি' ( 'হাড়' নহয়) হে উটুওৱা হয় ; কুকুৰে 'হাড়' ( 'অস্থি' নহয়) হে চোবায়।
'তই কি বাঁহী বজালি' নামৰ কবিতাটিত নীলমণি ফুকনদেৱে লিখিছে :
'বাঁহী নে ওঁঠত তোৰ
অনুভূত সান্তনাৰ পৃথ্বী'
ইয়াত, মূল সংস্কৃত শব্দ (তৎসম) 'সান্তনা'ৰ লগত -- তৎসম শব্দ 'পৃথ্বী'হে ব্যৱহাৰ কৰিছে। তদুপৰি, এই দুয়োটা সব্দই যুক্তাক্ষৰযুক্ত ('পৃথিৱী'ৰ সলনি) হোৱাহেতু ধ্বনি-সুন্দৰ হৈছে।
একেদৰে, হীৰেন ভট্টাচার্যদেৱে লিখিছিল :
'ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য / ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষ / অন্ধকাৰত জ্বলে কালপুৰুষৰ তৰোৱাল অনিবার্য'
ইয়াতো, 'ত্ৰস্ত' তৎসম শব্দটোৰ লগত -- ( 'আকাশ'ৰ ঠাইত) 'অন্তৰীক্ষ' তৎসম শব্দটিহে প্ৰয়োগ কৰা হৈছে।
সুৰৰ প্ৰয়োজনত, গীতৰ ক্ষেত্রত, এনে কথা নাখাটিবও পাৰে। যেনে --
'বৰষা, তোমাৰ চকুত মেঘৰ অঞ্জন / বিজুলীলতাৰে তোমাৰ কৱৰী বন্ধন'
কবিতাত, 'মেঘৰ অঞ্জন'ৰ ঠাইত -- 'মেঘৰ কাজল' বুলি নিলিখিম জানো? এই গীতৰ কলিটিত, সুৰৰ প্ৰয়োজনতহে ('বন্ধন'ৰ লগত মিলাবলৈ) 'মেঘ' তদ্ভৱ শব্দটোৰ লগত 'অঞ্জন' তৎসম শব্দটি ব্যৱহাৰ কৰা হৈছে।
আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত মাত-কথাকে, কবিতাত ৰহস্যময় কৰি তুলিবৰ বাবে -- আমি সাধাৰণতে তদ্ভৱ শব্দৰহে যথাসম্ভৱ প্ৰয়োগ কৰিবলৈ যত্নপৰ হওঁহঁক।
———————————————————
কবিতা
ৰগৰ
চন্দন গোস্বামী
ৰগৰৰ
ৰং চকুৱে-মুখে
বুকুয়ে-পিঠিয়ে
যিমান পাৰি সিমান মদিৰা পি পি
দেশৰ কথা
দহৰ কথা
পুজিপতি
মধ্যবিত্ত
নিন্মবিত্ত
কৃষক
ব্ৰয়লাৰ
হৰিজন
ভেটাৰখীয়া
বেশ্যা
বহুৱা
কবি
ৰোগীয়া
সকলোৱে এখনেই আইন বুলি কোৱাটোও ৰগৰ
গায়ে মূৰে বোকা লগাই
মূৰৰ ঘাম মাটিত পেলাই
সেইয়া এমখাৰ বাবে আকৌ
ঋণ ৰেহাই দিয়াৰ ৰগৰ
চাওঁতেই পাৰ হয়
হাহাকাৰ
ধুমুহা
বানপানী
চুনামি
ভূমিকম্প
বহু কবিতাই ৰগৰ কৰাৰ নামত
পৃথিৱীত লিখা হ‘ল বা নহ‘ল
কোনোৱে সঁচা কয়
কোনোৱে মিছা কয়
কোনোৱে সঁচা নকয়
কোনোৱে মিছা নকয়
এৰাল দিয়া সকলো
ভাওনাৰ গৃহত
চিনেমাৰ গৃহত
বজাৰত
পথে পথে
সিৰায়ে সিৰায়ে
পৃথিৱীৰ প্ৰতিটো মানুহ ৰগৰ কৰাৰ আশাতে
জী থকা বা নথকাটো
তেনেই মামুলি হেন
চন্দন গোস্বামী
বাৰপূজীয়া
মৰিগাঁও
৯৮৫৪৬৯০১৬৭
——————————————————
কবিতা
গুণাৰাম শইকীয়া
গুণ-গুণনি এটি শুনিছোঁ অথচ কোনেও গোৱা নাই গান
ঝৰ্ ঝৰণি শুনিছোঁ অথচ কোনোকালে বৈ অহা নাই এই বননিৰে পাহাৰীয়া নৈ- জান
এই বননিত নুশুনাকৈ শুনিব পাৰি নোচোৱাকৈ চাব পাৰি
মাথোঁ নুশুঙাকৈ শুঙিব নোৱাৰি অকটা বিষ ফুল
এই বননিৰ যি বাটেৰে তুমি খোজকাঢ়ি যোৱা
সেই বাটৰ কোনো দিশ নাই
তুমি যি দিশেৰে গুচি যোৱা
সেই দিশৰ চাৰিসীমা নাই
তুমি নথকা দেশ নাই মাটি- পানী -বায়ু সৰ্বব্যাপী তোমাৰ তেজ
তোমাৰ উত্তাপেৰে আমাৰ দিন
আমাৰ দিনৰ ৰাতি নাই- ৰাতিবোৰক পোহৰ কৰা তুমি উত্তাপৰ চুমা খায়
সেই বাবেই তোমাক চুই চাই ৰ'দে
আজীৱন বুৰাই ৰাখে বৰষুণে
উমান নোপোৱাকৈ
তোমাক খুলি খুলি খায় হালধীয়া জোনটোৱে...
——————————————————
প্ৰথম স্তৱক
স্বপ্নম জ্যোতি কলিতা
বতাহত
বসন্তৰ গোন্ধ বিয়পোতে'
গছৰ আগত ফাগুন
দুলি থাকে অহৰহ ।
ৰ'দে শুহি যোৱা চহৰখনৰ পৰা
বসন্ত কেনি গ'ল কোনেও নাজানে
খাৰুৱা মাটি
শুষ্ক জলবায়ু
অশান্ত বাট-পথ
নিজানত আহত ভৰিৰ খোজ...
ক্ৰমাগত
এইবাৰ কংকালসাৰ চহৰখনলৈ
জাৰ আহিল
অলপ আগতীয়াকৈ
বসন্ত নুফুলাকৈ !
স্বপ্নম জ্যোতি কলিতা
জিলা : গোলাঘাট
ফোন : ৬০০১৬০৯৩৫৯
——————————————————
বাট
দেৱ দাস
(১)
এৰি অহা দুখে নুকুলায়
জানাএ জীৱনৰ বাট
আই
তুমি প্ৰবোধ দিয়া
আটাইবোৰ সঁচা
কিমান জোৰা টাপলিৰে
পুহি ৰাখিবা
জীৱনে নসহে
কাৰো বাট
সুগম নহয়
আই তুমি
প্ৰবোধ এৰা
দুখে ভাগৰে
এৰিব নোৱাৰা বাট
(২)
নৈ খন
সিপাৰত তেওঁ
আৰু সুখে দুখে মই
অহা যোৱা কৰা
এখনি নাও
দুপৰৰ বেলি
ৰঙচূৱা
তিৰ বিৰ
তিৰ বিৰায়
ইবাটৰ বেলি
সিবাটে লহিয়ায়
এটিয়ে বাট
তেওঁৰ মুখে
নামঘোষা পাঠ
নৈৰ
সিপাৰৰ পৰা তেওঁ
তেওঁৰে অমাতৰ মাত
——————————————————
স্তূপ
উত্তম কুমাৰ কলিতা
বহুদিন আগতে তাই আওঁৰাইছিল
ৰবাৰ্ট ফ্র'ষ্টৰ কবিতা--
'শুই পৰাৰ আগতে বহুদূৰ যাবলৈ বাকী'
বিধিৰ বিড়ম্বনা–
আজি যাত্রা অসমাপ্ত কৰি
চাৰিজনৰ কান্ধত উঠি
গুচি যাব ওলাইছে
নৱগ্ৰহৰ পাহাৰতলি
বাঁহেৰে সজোৱা সৰু বিছনাখনৰ সমুখত
লহলহীয়া জিহ্বাৰ কালৰ চাকি
খেৰৰ ভুতাত কঁপি কঁপি জ্বলিছে অনল
ধূনাৰ ধোঁৱাই খামুচি ধৰিছে
জুই বৰষা আকাশ, নিৰ্বাক মাটি
এইযেন চিৰাচিৰ হৈ সুদূৰত সৰি পৰিল
এখনি ৰঙীন চিলা
পদপথত অনুচ্চ কণ্ঠস্বৰ
'মৃত্যু নৱজন্মৰ আখৰা'
সময়ে দাগ কটা দেউতাকৰ বুকুত
উত্তাল সাগৰৰ গর্জন
অভ্ৰভেদী ঢউৱে উটুৱাই নিলে জীৱনৰ আৰ্ঘা
অজস্ৰ হাতে চুই গৈছে তেওঁৰ দেহ- মূৰ
জীৱনটো পকা পাত
ভাঙি গ'ল জুনুকা
শূইন হৈ পৰিল বহাগৰ চোতাল
মাৰ্কিন কাপোৰ পিন্ধা ককায়েকৰ কুঁ-কোৱনিয়ে
আটি-আটি বান্ধিছে সময়ৰ শুকান কলিজা
ক্ৰমশঃ
স্তূপ এটা হৈ পৰিছোঁ
মই...
(এজনী ফুলকমলীয়া ছোৱালীৰ মৃত্যুত)
উত্তম কুমাৰ কলিতা
মোবাইলঃ-৯৯৫৭৬৬৮৪৭৯
—————————————————
এমৎ কল্যাণ
অৰ্চনা ঠাকুৰীয়া
পটঃ- এক
ইন্দ্ৰৰ ইন্দ্ৰজালখনে মোক মেৰিয়াই ধৰিব
মই পাৰো মানে নিজকে মুক্ত কৰাৰ প্ৰয়াস কৰিম
প্ৰকৃতি আৰু পুৰুষৰ স্বৰূপ চিনি
নিজকে আওবাটে যোৱাৰ পৰা ৰক্ষা কৰিম
পটঃ-দুই
এদিন ভাওনাৰ ছোঁ ঘৰত ভাৱৰীয়াৰ ৰূপত
অগ্নিগড়ৰ মাজেৰে ৰংগমঞ্চত প্ৰৱেশ ঘটিছিল
সূত্ৰধাৰে মোক নচুৱাই গ'ল
মই নাচিলোঁ
নাচি থাকোতে দুপৰৰ বেলিটি
হঠাতে সৰিল
বুটলিব খোজোঁতে
দুঃশাসনে মোৰ চুলিত থাপ মাৰি ধৰিলে
মই ভালেই পালোঁ
বিশ্বাস দৃঢ় হ'ল
পাঞ্চালীৰ চুলি মেল নাখালে সত্য ৰক্ষা হ'ব কেনেকৈ?
পটঃ-তিনি
ছোঁ ঘৰত ডবা -খোল -তালৰ যুগলবন্দী
চিঞৰি চিঞৰি মাতিছোঁহে মাতিছোঁ
কানাইৰ প্ৰৱেশ নঘটেহে নঘটে
হঠাৎ
দুঃশাসনৰ গালত পাঞ্চালীৰ পূৰ্ণহতীয়া চৰ
মূৰ ঘূৰাই পৰিল দুঃশাসন
আৰু
যিমানবোৰ গালি অতদিনে উকমুকাই আছিল
সভাসদলৈ চাই বতিয়াই দিলে
পটঃ-চাৰি
এনেতে কান্দি কান্দি গান্ধাৰীৰ
মঞ্চ প্ৰৱেশ
সভাসদে জুৰিলে ৰাও
কান্দোনৰ উঠিল ৰোল
পিছে কোনে কিয় কান্দিলে
নুবুজিলে কেও
বায়নে বজালে জ্যোতি তাল
গায়নে গালে ৰাগ–
এমৎ কল্যাণ।
——————————————
কাঠফুলাৰ-পৃথিৱী
দাদুল ভূঞা
গাৰুৰ গিলিপত হঠাৎ সৰি পৰে চকুলো
নজনাকৈ নাইবা নেদেখাকৈ
উমি উমি বুকুত জ্বলি উঠে একুৰা জুই
কাঠফুলাৰ পৃথিৱীত ময়ো কাঠফুলাৰ দৰেই
বুকুত গুজি লওঁ সময়ৰ আলোৱান
আৰু বৈ যোৱা নৈৰ দৰে কঢ়িয়াই ফুৰোঁ
প্ৰাচীনতাৰ একাঁজলি ঢৌ
বগুৱা বাই যোৱা সমময়ক ধৰি ৰখাটো সহজ নহয়
যিদৰে সহজ নহয় হঠাৎ গজি উঠা এখন কাঠফুলাৰ পৃথিৱী
যোৱা ৰাতি সপোন এটা হাতেৰে সাবটি ধৰোঁতে
সময়ৰ চকৰীত সি যেন হেৰাই গৈছিল
আৰু হেৰুৱা সপোনটো খেপিয়াই খেপিয়াই
পুনৰ মই ধৰিব খুজিছিলোঁ-
‘সপোনটো বগা নে ক’লা
নে কাঠফুলাৰ দৰে সিও হঠাতে গজি উঠা’
সপোনৰো থাকে নোকি কিবা ৰং...?
সতেজ কিম্বা হালধীয়া!
শিতানত নুৰিয়াই থোৱা এখিলা কাগজত লিখা আছিল নেকি
ভালপোৱাৰ ঠিকনা
দীঘলীয়া ৰাতি এটা পৰ দি মোৰ কাষত টোপনি যোৱা
চেতাৰখনেও
বুজি নাপায় নাইবা শুনি নাপায় নিজৰে গুণ-গুণনি
যিদৰে ময়ো বুজি নাপাওঁ সপোন অথবা
কাঠফুলাৰ দৰে গজি উঠা এখন অসতেজ পৃথিৱী
মাথোঁ সময়ৰ চকৰীত উঠি
মকৰাৰ দৰে বগাই বগাই
প্ৰতিদিনে কাঠফুলাৰ পৃথিৱীত
সাজি আছোঁ নেকি সময়ৰ অলেখ মকৰাজাল !
ঠিকনাঃ-
দাদুল ভূঞা
গাঁও-মাগনি
ডাকঘৰঃ-মাগনি
জিলাঃ-বিশ্বনাথ
ডাক সূচাংকঃ-
৭৮৪১৬৮
——————————————————
কথা হাঁহি ইত্যাদি...
জুৰি ভট্টাচাৰ্য
কথা...
মৌনতা এতিয়া
এবাহ
মৌ ডিমৰু ৷
হাঁহি...
লোণৰ পুঙত
তৃষ্ণাৰ
পানী ৷
মই ...
অস্ত্ৰোপচাৰ কক্ষৰ
নিৰ্বাক ছন্দ ৷
———————————————————
চিঠি
পংকজ কুমাৰ শৰ্মা
চিঠি বুকুত জাগে
বুকুত শোৱে
চিঠিৰ ভাঁজত গুপুত মৰমৰ উঁহ ।
সুখৰ চিঠিয়ে দুখ হৰে,
দুখৰ চিঠিৰ বতৰা শুনি
সমভাগী হ'বলৈ ল'ৰি আহে ওচৰ-চুবুৰীয়া।
———————————————————
অসম কাব্য কাননৰ অনন্য অনুষ্ঠান
কথোপকথন
আজিৰ অতিথি --একাধাৰে এগৰাকী গল্পকাৰ,কবি,কম বয়সতে তিনিখনকৈ উপন্যাস লিখি জনপ্রিয় হোৱা আমাৰ সকলোৰে পৰিচিত ঔপন্যাসিক— ৰশ্মিৰেখা ভূঞা
সাক্ষাৎগ্ৰহণ— অৰ্চনা ঠাকুৰীয়া
প্ৰকাশিত গ্ৰন্থ:
◆মেঘে ঢকা আকাশৰ জোন
আত্মজীৱনীমূলক এই উপন্যাসখন 2013 চনত আসাম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে।এই উপন্যাসখন আমাৰ অসম কাকতত ধাৰাবাহিকৰূপে প্ৰকাশ হৈছিল।
◆জীৱন বীণাৰ সুৰ
তিনিটা প্ৰজন্মৰ তিনিগৰাকী নাৰীৰ জীৱনক লৈ লিখা এখন সামাজিক উপন্যাস।
◆জিগলো
◆এজনী বেশ্যাৰ আত্মকথা(গল্প সংকলন)
লেখিকাগৰাকীৰ লগত হোৱা কথোপকথনটি আপোনালোকলৈ আগবঢ়ালোঁ....
■অসম কাব্য কানন: নমস্কাৰ। অসম কাব্যকাননৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ।প্ৰথমতে আপোনাৰ পৰিচয়টো দিবলৈ অনুৰোধ কৰিলোঁ।
●ৰশ্মিৰেখা ভূঞা: ধন্যবাদ। অবিভক্ত শোণিতপুৰ জিলাৰ আৰু বৰ্তমানৰ বিশ্বনাথ জিলাৰ চতিয়াৰ বাৰভূঞা গাঁৱত মোৰ জন্ম। মোৰ দেউতা প্ৰয়াত থানেশ্বৰ ভূঞা, মা শ্ৰী যুতা কুঞ্জলতা দাস ভূঞা আৰু মোৰ জীৱনসংগী প্ৰশান্ত ফুকন । মোৰ মা আৰু দেউতা দুয়োজন শিক্ষক-শিক্ষয়িত্ৰী
আছিল ।
মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল মায়ে শিক্ষকতা কৰা নাগশংকৰ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত ৷ প্ৰাথমিক শিক্ষা গ্ৰহণৰ পাছত মই দেউতাই শিক্ষাদান কৰা চতিয়া বালিকা মজলীয়া বিদ্যালয়ত সপ্তম শ্ৰেণীলৈকে পঢ়ো ৷ চতিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পিছত মই কুসুমতলাস্থিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত পঢ়ো আৰু চতিয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষাৰ অধীনত মই ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লওঁ ৷
মই পেছাত এগৰাকী শিক্ষয়িত্ৰী ৷ বৰ্তমান নদুৱাৰ খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়, সৰ্বশিক্ষাত সমল ব্যক্তি হিচাপে কৰ্মৰত ৷ মই প্ৰধানকৈ উপন্যাস আৰু গল্প লিখো যদিও মাজে-মধ্যে কবিতাও লিখো।
■অসম কাব্য কানন: ফেচবুকত কবিতা চৰ্চাৰ ধণাত্মক আৰু ঋণাত্মক দিশবোৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
●ৰশ্মিৰেখা ভূঞা: ফেচবুকত কবিতা চৰ্চাৰ ধণাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই আছে ৷ ফেচবুকৰ জড়িয়তেই বহু নতুন লেখক আমি পাবলৈ সক্ষম হৈছো ৷ ফেচবুকত কিছুমান খুব উন্নতমানৰ লেখা পঢ়িবলৈ পোৱা যায়। বহু কবিতাই বুকুত দাগ কাটি যায় ৷ যদি সামাজিক মাধ্যমত তেওঁলোকে লিখাৰ সুযোগ নাপালেহেঁতেন, তেনেহ'লে হয়তো আমাৰ অগোচৰেই ৰৈ
গ'লহেঁতেন ৷
আনহাতে ফেচবুকত কিছুমান নিম্ন মানৰ লেখাও পঢ়িবলৈ পোৱা যায় ৷ অথচ তেনে লেখাও লাইক আৰু কমেন্টৰে উপচি পৰে ৷ যিটোৱে লেখকজনৰ বৌদ্ধিক বিকাশত যথেষ্ট ক্ষতি কৰে ৷
■অসম কাব্য কানন: সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনে কবিতাত প্ৰভাৱ পেলাইনে?যদি পেলাই কেনেকৈ আৰু কিয়?
●ৰশ্মিৰেখা ভূঞা: সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰভাৱ সাহিত্যত অস্বীকাৰ কৰিব নোৱাৰি ৷ যিহেতু কবিতাও সাহিত্যৰে এটা ভাগ গতিকে সেই প্ৰভাৱৰ পৰা কবিতাও মুক্ত নহয় ৷ যেতিয়া কোনো এটা সামাজিক সমস্যাই আমাৰ পৰিবেশটোক অস্থিৰ কৰি তোলে তেনে সময়ত কবি-লেখক সকলে নিজৰ লেখাৰ মাজেদি তেওঁলোকৰ অনুভৱ, সেই সমস্যাই সৃষ্টি কৰা ক্ষোভ-প্ৰতিবাদ আদি প্ৰকাশ কৰে ৷ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰথম আখৰা সাহিত্যৰ জড়িয়তেই হয় বুলি ক'লেও ভুল কোৱা নহ'ব ৷
■অসম কাব্য কানন: আপোনাৰ এগৰাকী প্রিয় সাহিত্যিকৰ নাম আৰু তেখেতৰ পৰা আপুনি কিদৰে অনুপ্ৰাণিত হৈছে?
●ৰশ্মিৰেখা ভূঞা: এজন প্ৰিয় সাহিত্যিকৰ নাম ল'বলৈ হ'লে মই জ্ঞানপীঠ বিজয়ী মামণি ৰয়চম গোস্বামী বাইদেউৰ নাম ল'ম ৷ তেখেতৰ বিষয়বস্তুক বিশ্লেষণ কৰাৰ দক্ষতা, সাহস, কষ্ট কৰিব পৰা ক্ষমতা এইবোৰে মোক মুগ্ধ কৰে ৷
■অসম কাব্য কানন: লাইক -কমেন্টৰ ভিত্তিত কবিতা এটাৰ গুণাগুণ নিৰ্ণয় কৰাটো কিমান যুক্তিসংগত?লগতে পাঠক এজনে কবিতা এটাত মন্তব্য দিয়াৰ সময়ত কোনবোৰ দিশত সচেতন হোৱা উচিত বুলি আপুনি ভাৱে?
●ৰশ্মিৰেখা ভূঞা: লাইক-কমেন্টৰ ওপৰত ভিত্তি কৰি কবিতা এটাৰ গুণাগুণ নিৰ্ণয় কৰাতো সম্ভৱ নহয় ৷ কিয়নো কেতিয়াবা কবিতাটোৰ বিষয়বস্তু নুবুজাকৈয়েই বহুতে লাইক বা কমেন্ট কৰে ৷ কেতিয়াবা হয়তো কবিজনে বেয়া পাব বুলিও বহুতে কমেন্ট কৰে অথচ কবিতাটোৱে কি ক'ব বিচাৰে সেই কথা তেওঁৰ বোধগম্যই নহয় ৷ তাৰোপৰি আমি কেতিয়াবা কেতিয়াবা দেখিবলৈ পাওঁ, এটা নিম্নমানৰ কবিতাকো ইমান বেছি উচ্চ প্ৰশংসা কৰা হয় যে লিখোতাজনে নিজৰ ভুলবোৰ দেখা নাপায়।
পাঠক এজনৰ এই ক্ষেত্ৰত যথেষ্ট দায়িত্ব থাকে ৷ কবিতাটো পঢ়াৰ লগে লগে "সুন্দৰ", "ভাল লাগিল", "অপূৰ্ব" জাতীয় মন্তব্য দি হাত সৰাতকৈ কবিতাটো সঁচাকৈ সুন্দৰ হয় নে নহয় সেই কথাটো লক্ষ্য কৰা বেছি প্ৰয়োজন।পাঠকৰ শুদ্ধ সমালোচনাই লেখক এজনক সমৃদ্ধ হ'বলৈ সুযোগ দিয়ে ৷
■অসম কাব্য কানন: বহুতৰে অভিযোগ যে কবিতা ক্ৰমান্বয়ে দুৰ্বোধ্যৰ দিশলৈ গতি কৰিছে।কবিতাৰ বিষয়বস্তু সাধাৰণ পাঠকে বুজিবলৈ যেন অপাৰগ হয়।এই ক্ষেত্ৰত আপুনি কি ভাৱে?
●ৰশ্মিৰেখা ভূঞা : কিছুমান কবিতা কিছু সংখ্যক পাঠকে বুজিবলৈ টান পায়, সেইটো সঁচা ৷ তেওঁলোকে হয়তো সেই কবিতাটো সহজ-সৰল ভাৱে পঢ়িবলৈ বিচাৰে ৷ কিন্তু বিষয়বস্তুৰ ফালৰ পৰা কবিতাটোৱে জটিলতা দাবী কৰিব পাৰে ৷ সেইটো নিৰ্ভৰ কৰে সম্পূৰ্ণৰূপে কবিজনৰ ওপৰত ৷ তেওঁ কথাখিনি কেনেদৰে তুলি ধৰিব খুজিছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে কবিতাটোৱে নিজৰ আকৃতি লয় ৷
■অসম কাব্য কানন: অসম কাব্য কাননত চৰ্চা কৰি থকা নবীন কবি সকলক আপুনি কি ক'ব?
●ৰশ্মিৰেখা ভূঞা : পৰামৰ্শ বা উপদেশ দিব পৰাকৈ মই যোগ্য হৈ উঠা নাই ৷ নিজকে এতিয়াও শিকাৰু বুলিয়েই ভাবোঁ ৷ ময়ো শিকিহে আছোঁ ৷ তথাপিও কওঁ, সাধনা লাগিবই ৷ সাধনা অবিহনে কবিতা বুলিয়েই নহয় কোনো ক্ষেত্ৰতেই সফলতা লাভ সম্ভৱ নহয়
■অসম কাব্য কানন: ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে অসম কাব্য কাননৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনাৰ জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।
ধন্যবাদ ।
———————————————————
কবিতা
উমিয়ামৰ এসন্ধ্যা
সঞ্চিতা বৰা
ইজাক সিজাক কিনকিনীয়া বৰষুণ
বাঁহৰ আগেৰে তোমাৰ ধোৱা ধোৱা বুকুত
টুপ্ টুপ্ টুপ্ টুপ্
লচপচী বতাহে
ঘনাই মাকো মাৰে
বৈ থাকে
নেদেখা সূতাৰ চেলেং
চপৰা চপৰ মেঘ
মন গ’লেই হ’ল
লেটি লয়
তোমাৰ দুয়োপাৰে
জোনাক জিলমিল এসন্ধ্যা
মোৰ বাটৰুৱা মনে
তোমাকেই চাই চাই
থৰ লাগে
শেলুৱৈ ধৰা প্ৰেম
শিপা শুকাই যোৱা সপোনলৈ
সাঁতুৰি নাদুৰি
শিলত মুৰথৈ জিৰাই
মৎস্যকন্যা!
——————————————
শূন্যসাৰ সময় কাৰো নহয়
গিৰিজা শৰ্মা
শূন্যসাৰ সময় কাৰো নহয়
অজুহাত অলেখ থাকে
দিনবোৰ সৰিছিল
অজুহাত হৈ
নাহৰ ফুলা নাছিল
তগৰো
পলাশ-শিমলুৰ ৰঙা ৰঙবোৰ
ফাগুনৰ প্ৰথমজাক বৰষুণে ধুই নিছিল
বাকৰিত বন গজিছিল
বতাহে সন্ধি কৰিছিল
শূন্যত ওলমি ৰোৱা সময়ৰ স'তে
বিলীয়মান সৰাপাত সন্ধান
হয়তো হ'ব পাৰে সময়ৰে
নিস্ফল প্ৰয়াস।
গিৰিজা শৰ্মা
কলিতাপাৰা,গোৱালপাৰা মোবাইল—৭০০২৫৮০৯৭৬
——————————————
পিতাই
ৰূপজ্যোতি শইকীয়া
আন্ধাৰৰ আখলত ঘামৰ নৈখন
আইৰ চিনাকি
কৈফিয়ৎ বিচাৰি দুখবোৰ গাভৰু হোৱাৰ দিনা
নাহৰ কাঠত ভৰি পিচলা টোকোনা বলধে
চিঞৰি উঠিল
পিতাই মোৰ বুঢ়া হ'ল
সেই দিন ধৰি
ছন পৰি ৰ'ল কপালৰ এমা-ডিমা সীঁৰলু।
কলঙৰ সোঁহাতে উজানৰ গৰৈ-কাৱৈ
মোট সলাই বহি পৰিল
কেঁচা মজিয়াৰ পকী দেৱালত
পিতাই মোৰ বুঢ়া হ'ল
সেয়েতো ইমান যতন
পাকঘৰৰ ধোৱাত মৈয়াই
জীৱনৰ শেষ পাণ্ডুলিপি
ৰূপজ্যোতি শইকীয়া
টীয়ক
——————————————
সূৰ্য্যটো আজিও ডুবে দিহিঙৰ বুকুত
প্ৰণৱ ফুকন
শৈশৱ আৰু কৈশোৰৰ
সেই বালিচৰবোৰ,
সেই নাম নজনা চাপৰি,
সেই বিভোড় গধূলিৰ
নদীৰ পাৰ ৷
সূৰ্য্যৰ হেঙুল বৰণেৰে
উদ্ভাসিত সেই দিনবোৰ
যেতিয়া সূৰ্য্য হেৰাইছিল
দিহিঙৰ বুকুত ৷
আজিও আছেনে সেই আভা?
সেই নদীৰ সুবাস?
সূৰ্য্যটো আজিও ডুবেনে
দিহিঙৰ বুকুত?
যান্ত্ৰিকতাৰ প্ৰেক্ষাগৃহৰ
অনতি দূৰৰ পৰা
দিহিঙে মোক মাতে ৷
নাৱৰীয়াই মৰমতে
নদী দিয়ে কৰি পাৰ,
আৰু পুৰণি গাঁৱৰ ককাইদেৱে
দেখুৱাই নিজৰ গাওঁ -
মাথোঁ এৰি থৈ যায়
নদীৰ পাৰৰ সেইখন গাওঁ।
উভতিব খুজি নদীৰ পাৰৰ পৰা
দেখোঁ মচি থোৱা সেই ঘৰ
আৰু দেখোঁ গোঁসাইঘৰৰ পৰা অহা...
:সেয়া দেখোন আই ৷
:নহয় মইনা, সেয়া মাছ বেচা বাই ৷
:দেউতাক মোৰ বাবে এটুকুৰা মাছ
সৰহকৈ দিয়ে, তেওঁ নহয় জানো মোৰ আই?
আইৰ সতে আহোঁ ঘূৰি ৷
মাক কৈ থৈ যায়-
:মইনাটোক ভালকৈ ৰাখিব সদায় ৷
মোক সাৱটি মায়ে কান্দে
: তই কিয় ইমান স্বপ্নাতুৰ?
জীৱনৰ বাটত সপোনবোৰ
যায় হেৰাই ৷
যমুনাৰ কলুষিত পানীত
সূৰ্য্যটোৱে বৰ কষ্ট পায়,
হেঙুলীয়া ৰঙবোৰ হেৰাই যায়,
আৰাৱল্লীৰ মাজত গৈ লুকাই ৷
কিন্তু আজি দূৰৰ সেই গছবোৰ
হেঙুলীয়া কিয়?
কিয় মোক দিয়ে সোঁৱৰাই,
কিয় মোক নিয়ে ওভোটাই,
সূৰুযে কিয় মাতে ৰিঙিয়াই ৷
দিহিঙখন চাগে' তাতে বৈ যায়...
মোৰ মনত তোলপাৰ লগাই
সূৰ্য্যটো আকৌ দিহিঙত ডুব যায় ৷
———————————————
আত্মীক প্ৰেম
মনচুমী কলিতা নাথ
পূৰ্ণতা পাবলৈ
প্ৰেম হ'ব লাগে কিমান গভীৰ
অথবা মৰমবোৰ বৈ থাকিবলৈ
হৃদয়খন হ'ব লাগে কিমান বিশাল !
নাজানো ভালপোৱাৰ তুলাচনীত
কাৰ কিমান হ'ব লাগে প্ৰেমৰ ওজন!
কিমান ভালপোৱা থাকিলে বাৰু
বান্ধ খায় প্ৰেমৰ বন্ধন !
আছেনে বাৰু তোমাৰ কিবা অনুমান ?
হয়তো তুমি ক'বা সমান সমান ।
নাৰী মই সপোন পিয়াসী
আশা মোৰ প্ৰেম বিলাসী
হাতত হাত থৈ
চাব খোজো বিশাল আকাশ
চকুত চকু থৈ
জুখিব খোজো গভীৰ সাগৰ
ওঁঠত ওঁঠ থৈ
জিনিব খোজো প্ৰেমিক হৃদয় ।
মই হেৰাই যাব খোজো
প্ৰেমাষ্পদ উন্মাদনাত
যি উন্মাদনাই হেৰুৱাই পেলাব
মোৰ ৰাতিৰ টোপনি
যি উন্মাদনাই মোক মোৰ পৰা
লৈ যাব পাৰে তোমাৰ কৰি।
কোনে কয় আমাৰ প্ৰেম
অসাৰ্থক অসম্পূৰ্ণ ?
ৰাধাকৃষ্ণৰ প্ৰেম চোন
যুগে যুগে সাৰ্থক,সম্পূৰ্ণ ।
হ'ব পাৰে দুটি দেহ ,দুটি মন
তথাপি হৃদয় অভিন্ন
একেই আশা,একেই স্মৃতি,একেই স্বপ্ন ।
ৰাধাৰ মানসপটত চিৰকাল
কেৱল কৃষ্ণৰ প্ৰতিচ্ছবি
কৃষ্ণৰ হৃদয়তো কেৱল ৰাধাৰেই অস্তিত্ব ,
প্ৰেম অবিনাশী,অবিনশ্বৰ
আত্মা সৰ্বদা সংপৃক্ত ।
মনচুমী কলিতা নাথ
যোৰহাট
——————————————
খোজ
কনচেং বৰগোহাঁই
জীৱন দলিচাত
এখুজি দুখুজি কত খোজ,
এটি খোজত জন্ম হয়
অন্য এটি খোজ,
জীৱনক বিছাৰি
জীৱনক চাবলৈ
জীৱনক আগুৱাই নিবলৈ
খোজৰ শব্দ হয়
প্ৰতিটো পলতে
খোজবোৰ আগলৈ যায়,
খোজবোৰ বৰষুণৰ দৰে
য’ত উভতি যোৱাৰ কোনো সুৰুঙা নাথাকে
খোজবোৰ নৈ দৰে নিৰৱিচ্ছিন্ন,
খোজত খোজ মিলাই যোৱা জন
আগবাঢ়ি যায়,
জীৱন জিনি যায়;
খোজে খোজৰ লগ বিছাৰে
জীৱন জীয়াই থকাৰ প্ৰতিশ্ৰুতিৰে
একেলগে খোজ দিয়ে,
খোজে আঁকে প্ৰতিটো খোজৰ তেজাল ছবি,
বেলি ডুবিলে ছবিবোৰ আন্ধাৰৰ ছাঁ হৈ পৰে
এদিন মচ খাই যায়
আৰু
খোজৰ শব্দ নিশব্দ হয়
নতুন খোজৰ সন্ধানত !
———————————————
বটবৃক্ষ
কৃষ্ণাময়ুৰী হাজৰিকা
কিছু মানুহ
বিশ্বাসৰ বটবৃক্ষ
হৈ উঠে ৷
চকু মুদি
দুহাত মেলি
জিৰাব পাৰি
সেই ছাঁত ৷
এনে বটবৃক্ষই
স্নেহৰ বৰষাৰে
জীপাল কৰে
চৌকাশ৷
কজলা হিয়াবোৰ
সেউজীয়া হোৱাকৈ
এনে বটবৃক্ষই
ৰামধেনু
আঁকিব জানে
আপোনাৰ , মোৰ
এজাৰফুলীয়া আকাশত ...
সঁচাই
কিছু মানুহ
বটবৃক্ষ হৈ উঠে
বিশ্বাসৰ ,স্নেহৰ
আদৰৰ ৷
কৃষ্ণাময়ুৰী হাজৰিকা
তিতাবৰ
যোৰহাট ৷
———————————————
চক্ৰৱৎ পৰিৱৰ্তন্তে
ড° মঞ্জু হালৈ
সকলো পথ ৰুদ্ধ হোৱাৰ পিছতো
কৃষ্ণকায় খলপা বগাই
খোল খায় নতুন কপাট
প্ৰতিটো অন্তই
উন্মোচিত কৰে
নৱ পল্লৱীত এক জালিকটা বাট
নৱ সূৰুযৰ নৱ আলোকৰ আগমনি মন্ত্ৰ
সোণালী সৃষ্টিৰ সেউজীয়া ঘাট।
——————————————
কমৰেড
কুলেন ভট্টাচার্য্য
বুকু পাতি দিলি যে!
কলিজা চিৰি যাব,
অশ্লীল শব্দৰ বুলেট।
চিনাকী মানুহে,
অচিনাকী মুখা পিন্ধে।
মহাসাগৰলৈ ঠেলি দি,
সিহঁতে পাহাৰৰ টিংত বহে।
কমৰেড,
যুদ্ধৰ নাই শেষ।
——————————————
ভগা ডেউকাৰ ধপ্ ধপনি
ৰাজীৱ দত্ত
ৰুদ্ধতাৰ ঘন্টা বাজে
স্তব্ধ হয় প্ৰাণ গঙ্গাৰ ঝংকাৰ ৷
চাৰিওফালে অস্বস্তি !অশান্তি !
নাই কোনোদিশে আশ্বস্ততাৰ বতাহ৷
বিশ্বাসহীনতাৰ দাৰুণ সময়ে
গ্ৰাস কৰি নিছে জীৱনৰ সকলো সম্ভাৱনা
আহত সময় নিহত আশা
জীৱনৰ কি বিড়ম্বনা !
এক নিৰ্জন দ্বীপৰ দৰে জয়াল
অথচ চৰম উত্তেজনাময় ট্ৰেজেদী ৷
সপোনতো অহৰহ খেদি ফুৰে
এক মুদ্ৰাৰাক্ষসে!
নুমাই অহা শলিতাৰ দৰে
যন্ত্ৰণাত চত্ ফতাই থাকে জীৱন৷
ঈগলৰ চকুৰ দৰে ৰক্তবৰ্ন
এজুৰি ক্ৰুড় চকুই চেলেকি থাকে অনবৰত ৷
অনুভূতিৰ বন্ধ্যা আকাশত ফুলি উঠে
হেজাৰ কেক্ টাছ সাগৰফেনা৷
পানীৰ অভাৱত উৰিফুৰে দিশহাৰা বনহাঁহ এজুৰি
ভগা ডেউকাৰ ধপ্ ধপনিত ভাগিবনে কাল ঘুমটি ?
ৰাজীৱ দত্ত
চামতা
নলবাৰী ৭৮১৩০৬
Email—rajibdutta98642@gmail.com
——————————————
হেঁপাহৰ আঘোণ
মনি ডেকা
আঘোণ আঘোণ গোন্ধেৰে
আমোল মোলাই থকা হালধীয়া আবেলিটোত
তোমাৰ মৰমবোৰে বৰকৈ আমনি কৰে জানা!
হেঁপাহবোৰে আজুৰি আনে বুকুৰ মাজলৈ
তোমাক পোৱাৰ এটি ঔফুলীয়া সপোন।
দূৰৰ পৰা ভাহি অহা কোনোবা গৰখীয়াৰ
চিফুং বাঁহীৰ সুৰত ৰৈ যায় দাৱনীৰ হাতৰ কাঁচি
লিহিৰি আঙুলীৰ ফাঁকেৰে
সময়ে গতি কৰে দিনান্তলৈ বুলি
আবেলিৰ বেলিটিয়ে দাৱনীৰ গালে মুখে
সানি থৈ যায় পশ্চিমৰ হেঙুলী আভা
পিতাইৰ ঘামবোৰ সোণগুটি হৈ জিলিকে
আঘোণৰ পথাৰত।
কান্ধত মেটমৰা ভাৰখনলৈ আনন্দ মনেৰে
ঘৰলৈ অহা পিতাইৰ গাত ভাগৰ নালাগে
ৰ’দে পোৰা দেহত আনন্দৰ জোৱাৰ উঠে।
আপোন মাটিৰ বুকুত গজি উঠা
কষ্টৰ ফচলে বছৰটোলৈ বুলি
ভৰাই দিয়ে গুটি ধানৰ ভড়ালটি
আনন্দেৰে আই লখিমীক আদৰি
গুণগুণাই হৰিনাম এফাকি।
———————————————
শীত
ভাগ্যশ্ৰী পাঠক
এই বাটেৰে আজি প্ৰচণ্ড শীত নামিব
শীতে মোক কাণে কাণে ক’লে
গাঁৱৰ মাজেৰে যাব শীত
চহামাটিৰ গোন্ধ লৈ
গছে বনে বিৰিখে ওলমি থকা নিয়ৰৰ টোপালৰ দৰে
এই ফালে যাব শীত
সকলোৱে চাব আজি ৰ' লাগি
শীতৰ প্ৰকোপ।
হেৰাই যোৱা দিনবোৰ শীতৰ
আকৌ আলহী হ'ব আমাৰ
এমুঠি জোনাক আহিব
নিজৰ গতি পথত শীত
নিজৰ প্ৰত্যয়ৰ বাট বিছাৰি
মোৰ অনুভৱৰ শীতত দুৱাৰখন
সেউজ সুবাসত বুৰ যাব
হ'ব হেঁপাহৰ উচ্ছ্বাসিত
অনুভৱৰ দুহাত
আগন্তুক দি একাঁজলি শীতৰ
সূৰ্যমূখী সপোন।
শীত আৰু শীত।
——————————————
উকা বিচনাত কবিৰ শব্দ হেৰাল
আৰিফা হুছেইন বৰা
চেঙেলীয়া দুটাই চানা খাই দলিওৱা কাগজত
কবিৰ কবিতা।
ফাঁহি যোৱা কাগজখনৰ শব্দবোৰ
জোৰা দিয়াত ব্যস্ত কবি।
ইহঁতক পিঙত তোল –কবিৰ বিলাপ !
যিয়ে মোৰ সৃষ্টিক হত্যা কৰিলে।
আনৰ দৃষ্টিত কবি পাগল।
কবিয়ে কয়–
সমাজৰহে নৰীয়া হৈছে।
নহ'লেনো চানাৱলাৰ কাগজত
কবিৰ সন্তানে উচুপেনে !
নিশা দুপৰলৈ অভিধানৰ শব্দৰ স’তে
মিতিৰালি কবিৰ–
অতীষ্ঠ হ'ল ধৰমপত্নী।
কবিক উপলুঙা কৰি ভুটুংকৈ উৰিল।
উকা বিচনাত কবিৰ শব্দ হেৰাল ...
কবিয়ে দোহাৰিলে ,
সঁচাকৈয়ে সমাজৰ নৰীয়া হৈছে।
বীজাণুবোৰ উৰুৱাই নিবলৈ
এজাক পছোৱাৰ প্ৰয়োজন ।
Alas !!
A mad man ... am I ?
আৰিফা হুচেইন বৰা
গুৱাহাটী
——————————————
অক্লান্ত সাধনা
ৰুমী দেৱী
জীৱনে হহুৱাই
জীৱনে কন্দুৱায়
তথাপি জীৱন আগবাঢ়ি যায়
সত্য শিৱ সুন্দৰৰ বাটেৰে
প্ৰশ্নৰ সমিধান বিচাৰি
বাটকুৰী-বাই পৰ্বতৰ
শিখৰত বহিও
অক্লান্ত সাধনা
আলোকিত হৃদয়ত
স্বস্থিৰ নিশ্বাস
শান্তিৰ প্ৰবাহ
সুশীতল কাতিৰ কঙালী।
——————————————
তিক্ততা
সংগীতা বৰা
যোৰহাট
নৈখন উজাই অহাৰ দিনা
তুমি দিয়া কথাবোৰত
তোমাৰ চলনা আছিল।
মৌসনা কথাবোৰ
এতিয়া শ্মশানৰ ছানি।
উঠন পাহাৰখনৰ বুকুত
মৈয়াই সিঁচি দিলা
এলানি তিক্ততাৰ বীজ।
কোনোবা আপোনৰ চিনাকী চিফুঙৰ সুৰে
বুকুত সিঁচিছিল প্ৰত্যয়ৰ আপোনত্বৰ সৌধ।
সেই চিফুঙৰ সুৰ আজি বেসুৰা
শব্দবোৰ আজি ধৰ্ষিতা।
নল মৰিলে গজালি ওলাই
সপোন ভাঙিলে সপোনে পোখা মেলে।
সৃষ্টি হয় দাবানল।
ফিৰিঙতিবোৰে ছাই কৰি দিয়ে
সুখৰ সৌধ।
——————————————
কবিতাবোৰ কুশলে ৰাখ
মাধুৰ্য প্ৰিয়ম দাস
সোন মই উভতি চাব খুজিছোঁ
তই লিখি থোৱা তোৰ কবিতাত
মোৰ কাব্যিক ইতিহাস ।
মই বোলে আকাশৰ সৰি পৰা ধুমকেতু
নিজেই নাজানো কিমান দূৰ আহিলো ?
তই দেখিছিলি সোন
মৰুণোত্তৰ পৰীক্ষাৰ বাবে নিয়া দেহত মোৰ
আঘাতৰ চিন ।
মই বোলে বাৰবেৰিয়ানৰ উত্তৰ পুৰুষ আছিলোঁ !
উপায় নাছিল মোৰ
চাৰিওফালে সিহঁতৰ মানুহ
মই শুনিব খুজিছিলোঁ মাথো এবাৰ
তই যে কৈছিলি সোন, 'জীৱন জিন্দাবাদ '।
সিদিনা প্ৰথম বাৰৰ বাবে মৃত্যুৰ খবৰ দিবলৈ
হাবিলদাৰজন হাঁহি মুখে আহিছিল
সি বোলে কবিতা বৰ ভাল পাই।
তই সোন বুজাবি তাক
কবিতাবোৰ মই জ্বলোৱা নাই !
মুখ থাকিও মই বোবা হ'লোঁ তেতিয়া
সেইবাবে মাতেই নাই এতিয়া ।
সোন তই কবিতাবোৰ কুশলে ৰাখ ।
মাধুৰ্য প্ৰিয়ম দাস
বাহনা মহাবিদ্যালয়
ফোন : ৯৮৬৪০৬৭৭৩৩
———————————————
সপোন দেখা মনটো মই সামৰি থওঁ
ড০ জ্যোতিশিখা দত্ত
হালধীয়া আবেলিটো বুকুত লৈ
আগ চোতালত বহি
সপোনৰ আলি বাট এটি মুকলি কৰোঁ
খৰিকাজাঁই ফুলা মনটোৱে
কোলা কোলা কৈ এৰি দিয়ে সপোনবোৰ
সপোনৰ পাখিৰ কোব
দিঠকৰ দিশে
পাখি ভঙা পখীৰ
থাকে দিশহীন ৰাতিপুৱা
ৰাউচি জুৰি গোৱা গীতে
পাহাৰটোত কেৱল বৰষুণ আনে
ড০ জ্যোতিশিখা দত্ত
সম্পূৰ্ণ ঠিকনা: ঘৰ নং :৪০, শান্তি পথ
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
দূৰভাষ :৭০০২১২০০২১
ই-মেইল : jyotisikhadatta@gauhati.ac.in
——————————————
অচিন চিনাকি
ভাৰ্গৱ কুমাৰ নাথ
উশাহ থকা মানে আশা আছে
জীৱন আছে মানে সপোননো কাৰ নাথাকে?
এইক্ষেত্ৰত ময়ো ব্যতিক্ৰম নহয়
আন দহজনৰ দৰেই মোৰো সপোন আছিল...
আধৰুৱা আশা
আধালেখা কাহিনী
লগত হাজাৰ অভিজ্ঞতা
কোনোটো পৃষ্ঠা যদি প্ৰেমালাপৰ
আন কোনোটো আকৌ বিষাদ গধুৰ মৌনতাৰ
এতিয়া সকলো পৃষ্ঠাত পৰিছে ধূলিৰ চামনি
মুমূৰ্ষ অৱস্থাত প্ৰতিটো কাহিনী
আজি তাইৰ চিনাকি
মাথোঁ ভিৰৰ মাজত হেৰাই যোৱা মুখ এখনি
ভাৰ্গৱ কুমাৰ নাথ
চৰাইবাহী, মৰিগাঁও
৬০০১৮৭৫৫৭৮
————————————
কুৰি শতিকাৰ চন্দুক
কংকন জ্যোতি ৰাজকুমাৰ
খুচুৰা বিক্ৰেতাবোৰৰে ভাল,
অন্তৰখন গধুৰ হৈয়ে থাকে!
হিচাপ অনুযায়ী সন্ধি হয়,
বিনিময়ত পাইকাৰী অনুৰোধৰ
এবস্তা টোপোলা।
কিছু চিন্তা, এবস্তা মৰমেৰে,
ঘৰখন চলিব কেনেকৈ?
দোমোজা, আবেগৰ তুলাচনীত !
মৰমবোৰ যদি বেছি হয়!
তেনেহলে, সুখৰ ভৰ কমিব
হৃদয়খন উৰুঙা হ'বওতো পাৰে।
যদিহে, সুখবোৰ ধনৰ চন্দুক!
তথাপিও, প্ৰতিশ্ৰুতি থাকে সৰগ জিনাৰ।
খুচুৰা বিক্ৰেতাবোৰৰে ভাল!
বস্তাৰ ভাঁজত কত সপোনৰ উকমুকনি!
সপোনবোৰ পাখি মেলিব খুজিলেও,
আবেগৰ ভাঁজত বন্দী!
তথাপিও সপোন নিৰৱধি।
খুচুৰা বিক্ৰেতাবোৰৰে ভাল!
——————————————————
সৰু সুখৰ চিনাকি-হাইকু
শ্যামলীমা কাকতি
সাধাৰণতে দেখা যায় যে প্ৰতিজন ব্যক্তিয়েই ডাঙৰ ডাঙৰ সুখৰ পিছত দৌৰি ফুৰে। প্ৰতিজনৰ বাবে সুখৰ পৰিভাষা বেলেগ হ'ব পাৰে। সুখ মানুহৰ ইচ্ছা-আকাংক্ষাৰ ওপৰত ভিত্তি কৰিয়ে সৃষ্টি হয়। সৰু সৰু সুখৰ সমাহাৰতে যে জীৱনৰ মূল কথা লুকাই থাকে, সেই কথা কিমান জনে বুজে! যেন ধৰক, চিটি বাছত বহু সময় থিয় হৈ থকাৰ পিছত বহিব পোৱাৰ সুখ, ৰাতিৰ গভীৰ টোপনিৰ পিছত পুৱতি নিশা দেখা পোৱা কণমানি সপোনৰ সুখ,পাচলি বজাৰত বেপাৰীৰ লগত কাজিয়া কৰি দুপইছা ৰাহি কৰাৰ সুখ অথবা শিশুৱে ভেম ধৰি মাকৰ মৰম বেছিকৈ পোৱাৰ সুখ আদি। সুখানুভূতিৰ অনুভৱৰ কাৰণে খন্তেকীয়া মুহূৰ্তই যথেষ্ট। দীঘলীয়া বাট নিবিচাৰি কেতিয়াবা সৰু বাটেই গতি কৰে সুখে। হয়তো সৰু সৰু সুখৰ মাজতে জীৱনটো পাকঘূৰণি খাই থাকে। কেতিয়াবা দীঘলীয়া লেখাৰ মাজতো বিচাৰি নোপোৱা সন্তোষ দুটামান শব্দৰ মাজতে পোৱা যায়। ছন্দ মিলক বা নিমিলক, শব্দ গধুৰ বা পাতল অৰ্থপূৰ্ণ হোৱাটোৱেই যথেষ্ট খন্তেকীয়া সুখৰ বাবে। জাপানৰ 'হাইকু' কবিতাবোৰ এই সৰু সৰু সুখৰ পৰিচয় যেন লাগে!
হাইকু এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু জাপানৰ বাহিৰেও বৰ্তমান অন্যান্য ভাষাটো ৰচনা কৰা হয়। মূল জাপানী ভাষাৰ শব্দ-বিন্যাসৰ নিয়মবিলাক অইন ভাষাত কঠোৰ ভাৱে মানি চলাটো সম্ভৱ নহয়। কিন্তু প্ৰকৃতিৰ উল্লেখ আৰু ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি মানি চলা হয়। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য দেখা পোৱা যায়।
হাইকুৰ প্ৰথম বৈশিষ্ট্য হৈছে, 'কিৰু' (আক্ষৰিক অৰ্থঃ কটা) দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ , যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক 'কিৰেজি' (kireji) বোলা হয়। 'কিৰেজি'য়ে চিত্ৰকল্প বা ধাৰণা দুটাক লগ কৰাৰ উপৰিও নিৰ্ণয় কৰে সেই উপাদান কেইটা কি অৰ্থত সাঙোৰা হৈছে।
দ্বিতীয়তে হাইকুৰ পৰম্পৰাগত ৰূপত সোতৰটা 'মাত্ৰা' থাকে। জাপানী ভাষাত 'অন' (ধ্বনি) আৰু 'জি' (বৰ্ণ) লগ লাগি এটা 'উচ্চাৰিত বৰ্ণ' (phonetic character) গঠিত হয়। ইংৰাজী অনুবাদত ইয়াক আখৰ (letter) বুলি কোৱা হৈছে, মূলত: এই ৰূপটো সংস্কৃতৰ 'মাত্ৰা'ৰ সমস্থানীয়। এই সোতৰটা 'মাত্ৰা' তিনিটা শাৰীত ৫, ৭, ৫-টাকৈ ভগোৱা থাকে। যিকোনো এটা শাৰীৰে শেষত 'কিৰেজি' এটা থাকিব পাৰে।
তৃতীয়তে হাইকুত এটা ঋতুবাচক শব্দ থাকে। ইয়াক 'কিগো' (kigo) বোলা হয়। এই 'কিগো' সাধাৰণতে ঋতুবাচক শব্দৰ এখন বৃহৎ তালিকাৰ পৰা লোৱা হয়। তালিকাখনক 'ছাইজিকি' (saijiki) বোলা হয়। 'কিগো' শব্দটো প্ৰকৃতিৰ মাজৰ পৰা লোৱা হয়। সেইবাবেই হাইকু সমূহক মূলত: প্ৰকৃতিৰ কবিতা বুলি কোৱা হয়।
আধুনিক জাপানী হাইকু সমূহত ১৭ মাত্ৰাৰ নিয়মটো সদায়ে মানি চলা নহয়। প্ৰকৃতিৰ উল্লেখো সদায়ে নহয়। কিন্তু দুটা ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি এতিয়াও মানি চলা হয়। অতি সম্প্ৰতি চিত্ৰকল্পবিলাক সাধাৰণতে দেখি থকা ঘটনা বা দৃশ্য হ'ব লাগে বুলি কোৱা হৈছে।
জাপানত হাইকু সমূহক ওপৰৰপৰা তললৈ লিখা হয়। ইংৰাজী বা অন্য ভাষাত ইয়াক তিনিটা শাৰী হিচাপে লিখা হয়। হাইকুক আগতে হক্কু (hokku) বুলি কোৱা হৈছিল। হাইকু নামকৰণ প্ৰথমে কৰিছিল উনবিংশ শতাব্দীত মাশ্বাওকা শ্বিকিয়ে।
হাইকু কবিতাৰ উদাহৰণ দিবলৈ প্ৰয়াস কৰিলোঁ--
১)
শিশুৰ ক্ৰন্দনত
মাতৃ শোকাতুৰ
সাৱটে বুকুত
২)
কুলিয়ে বিনালে
আঁহতৰ আঁৰত
পেঁপাটি কোনে বায়
কবিতা নাথাকিলে সুৰ নাহিব আৰু গানৰো উদ্ভাৱন নহ'ব। জীৱনৰ ৰাগিণী হেৰুৱাই যোৱাৰ দৰে! অৱশ্যে বৰ্তমান সময়ত কবিতা অথবা গভীৰ ভাৱনা নথকা, কেৱল শব্দ সৰ্বোচ্চ গানৰ বাগিচাখনৰ উন্নতি হোৱা দেখা পোৱা গৈছে। সেয়া যিয়েই নহওক কিয়, সুখী জীৱনৰ বাবে সুখবোৰ সুক্ষ্মতম কৰাটোৱেই হয়তো বুধিয়কৰ কাম!
আজিচোন খন্তেকীয়া সুখ বিচাৰি নিজেই এখন দীঘলীয়া ধাৰাপাত গালোঁ। মোৰ বক্তব্যৰ লগত ৰাইজ সহমত নহ'বও পাৰে। তথাপি কথাখিনি কৈ দিনটোলৈ সুখ অকণ গোটাবলৈ প্ৰয়াস কৰিলোঁ।
শ্যামলিমা কাকতি
নতুন দিল্লী
———————————————————
কবিতা
নিঃশ্বাস
ৰূপা গগৈ
শান্তিকামী এজাক চৰাই
আকাশেদি উৰি যায়
বিচাৰি
শান্তিৰ সুবিমল আচ্ছাদন.…
নীলিমতাৰ শেষত বিচাৰি পাই
মাথোঁ শূন্যতা
শূন্যতাৰে আৰম্ভণি শূন্যতাতে জীৱন বুলি আছে জানো কিবা বিশেষ?
সকলো মাথোঁ এটি
নিশ্বাস ।
ৰূপা গগৈ
গুজৰাট
——————————————
নদীখনৰ দুটি পাৰ
অজন্তা তালুকদাৰ
বৈ যোৱা নদীখনৰ দুটি পাৰ
দুয়োটি পাৰ সমান্তৰালভাৱে থাকে
নদীখনৰ সংগী হৈ !
ইটো পাৰে
আনটো পাৰলৈ ৰ' লাগি চাই থাকে ।
ক'ব খোজে বহুতো নোকোৱা কথা ।
কত ঘটনা পৰিঘটনাৰ,
কত প্ৰেমিক প্ৰেমিকাৰ কথোপকথন
হৃদয় ভঙা পতাৰ
সাক্ষী দুয়োটা ,
দুয়োটা পাৰে শান্ত নৈখন আকৌ
ওফন্দি আউলি বাউলিকৈ বোৱা
নৈখনোযে দেখিছে ।
সন্ধিয়া মলয়াজাকৰ ,
বসন্তত কুলিৰ মাতৰ আৰু কিমানৰ যে প্ৰহৰি হৈছে
দুয়োটি পাৰ লগালগি নহয় !
মাথো সংগী হৈ ৰয়।
দূৰৈৰ পৰাই এটাই আনটোক সঁহাৰি জনায় । মাজেদি নৈখন মাথো বৈ যায়! নিৰবে দূৰদূৰনিলৈ ।
অজন্তা চৌধুৰী
গুৱাহাটী
——————————————
হুমুনিয়াহ
ৰিংকু বৰুৱা
ছাই বৰনীয়া আকাশে যেতিয়া
ডাৱৰ ফালি পৰিব
খোজে এচেৰেঙা ৰ'দ
ভৰ যৌৱনৰ সপোনে
তেতিয়া পাখি মেলি
উৰি যাব খোজে
তুমি থকা দূৰনিত
বেদনা সিক্ত হুমুনিয়াহ হৈ।
সপোনে সপোনে আজি কাৰেং সাজিছে
তোমাক পোৱাৰ
হেঁপাহ জাগিছে
জীৱনতো ৰঙীন নহয়
ৰঙা সেন্দুৰৰে
জীৱনতো ৰঙীন হয়
সঁচা
আৰু ভালপোৱাৰে।
——————————————
তুমি অহাৰ বাবেই
অজয় ডেকা
আজি আকৌ বঢ়িছো কবিতাৰ শিতানত
তুমি আহিবা বুলি
এইয়া তুমি আহি পালাহিয়ে
মোৰ ভঙা জুপুৰি
চকু জুৰি মুদি দিয়া মাত্ৰকে
তুমি সেই আগৰ দৰে
আজিও আজলী জনীয়ে হৈ আছা
মোৰ কলিজাৰ প্ৰতিটো কুঁহে কুঁহে
অনুভবী সিহৰণ বোৰ
গোলাপ হৈ ফুলিছে
মাথোঁ তুমি অহাৰ বাবে
এই.....
এইয়া চোৱা মই তিতিছোঁ
তোমাৰ অভিমানী চাৱনিত
আৰু...
তুমি কাষত ৰোৱা বাবেই
কলিজাৰ কপনিটো বাঢ়ি গৈছে
এইয়া শুনা...ধ্প ধ্প ধ্প
———————————————
তোমাৰ ঠিকনা
ৰিতু ভৰালী
শব্দবোৰেও আজিকালি তোমাকে বিচাৰি ফুৰে
তোমাৰ বাৰু ঠিকনা কি ?
দিবানে ঠিকনা তুমি শব্দবোৰক !
ছবিবোৰেও আজিকালি তোমাকে আঁকি থাকে
তুমি বাৰু ছবিৰ দৰেই নে ?
তুমি আহিবানে
তোমাক তোমাৰ দৰে আঁকিবলৈ !
গোলাপ তগৰ শেৱালি চম্পা কিবা ফুলবোৰো আজিকালি
তুমি তুমি গোন্ধাই
তুমি বাৰু এনেকুৱাই নেকি ?
মোৰ ওঁঠেও অহৰ্নিশে হাঁহে
তোমাৰ কথাকে কৈ
তুমি হাঁহিবানে
মোৰ ওঁঠৰ কুঁহিপাতত ৰৈ !
আজিকালি সপোনবোৰেও সপোন ৰচে
তোমাৰ নামত তোমাৰ বাবে
তুমি বাৰু কি সপোন দেখা ?
দেখানে সপোনত মোক !
শব্দবোৰেও আজিকালি তোমাকে বিচাৰি ফুৰে
তোমাৰ বাৰু ঠিকনা কি ?
দিবানে ঠিকনা শব্দবোৰক !
ৰিতু ভৰালী
যোৰহাট
—————————————————
পঢ়ুৱৈৰ অভিমত
কবিতা লিখিছোঁ বুলি মুঠেই নহয় । মনৰ ভাব , চিন্তাক জুমুঠি এটা কৰি ভাল পাওঁ বাবেই ভালপোৱা কাম কৰি থাকোঁ। " কাব্যকানন" পঢ়িবলগীয়া ই-- আলোচনী । সম্পাদকীয় শিতানে স্পৰ্শ কৰিছে । বিশিষ্ট সাহিত্যিক ,কবি জনাৰ্দন গোস্বামীৰ সৈতে কথোপকথন আন এক সফল সংযোজন ।
—পাৰিজাত বৰুৱা
——————————————
কবিতা মনৰ কথা আৰু মনৰ সুখৰ বাবেই কাব্য কানন অৰ্থাৎ কাব্যৰ বাগিচাখনত এপাক ফুৰি আহিলোঁ। কাব্যকাননৰ ৪ৰ্থ বছৰৰ ৫ম সংখ্যা পঢ়ি কবিসকলৰ মনৰ কথা বুজিবলৈ যোৱা নাছিলোঁ, কাৰণ মনৰ কথা বুজাটো সাগৰত মুকুতা বিচৰাৰ দৰেই অথবা তাতকৈ বহু বেছি কঠিন। তথাপিও সন্মানীয় কবিসকলৰ অভিজ্ঞতাৰে প্ৰকাশিত প্ৰতিটো শব্দই মনক নিজৰ স্থানৰ পৰা স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছিল। সেই অনাবিল আনন্দ হয়তো একমাত্ৰ কবিতাইহে দিব পাৰে, কাৰণ কবিতাই হ'ল শব্দ আৰু সুখৰ মাজৰ একমাত্ৰ সেঁতুখন।
শ্যামলিমা কাকতি
নতুন দিল্লী
——————————————
আলোচনীখন সুন্দৰ হৈছে, প্ৰতিজন কবিৰ কবিতাই ভাল লাগিছে , সম্পাদকীয় অতি সুন্দৰ হৈছে, আলোচনীখনৰ সম্পদ যেন অনুভৱ কৰিছো। আলোচনীখনৰ লগত জড়িত সকলোৰে লগতে সকলো সাহিত্য সাধকক অভিনন্দন জনাইছোঁ। সত্য সুন্দৰৰ এই যাত্ৰা অব্যাহত থাকক তাকে আন্তৰিকতাৰে কামনা কৰিছোঁ
—অশোকৰাম ভট্টাচাৰ্য
——————————————
পষেকীয়া কাব্য কাননৰ বৰ্ষ ৪ৰ্থ সংখ্যা টো বৰ সুন্দৰ ভাৱে সজাই তোলাৰ চেষ্টা কৰিছে । সম্পাদকীয় শিতানৰ কথা খিনি সঁচাকৈয়ে বৰ্তমান সময়ৰ বাবে অতি প্ৰাসংগিক । সঁচাকৈয়ে সম্প্ৰতি আধুনিকতাৰ দোহাই দি সংস্কৃতিৰ নামত প্ৰকৃতিৰ ওপৰত যি অত্যাচাৰ হ'ব ধৰিছে তাৰ প্ৰতিফলো আমি পাইছোঁ ।
শিল্পী সমাজ এই ক্ষেত্ৰত দায়বদ্ধ হোৱাৰ সময় সমাগত ।
তাৰ লগতে আলোচনী খনৰ অন্যান্য তথ্য সমৃদ্ধ লেখা সমুহ পঢ়ি ভাল লাগিল। সকলো লেখক লেখিকাৰ এই যাত্ৰা অব্যাহত থাকে যেন।
আমাৰ বিশ্বাস এই আলোচনীখনে
ইয়াৰ লেখা সমুহে এই দৰে সমৃদ্ধ হৈ অসমীয়া সাহিত্যৰ ভঁৰাল এদিন চহকী কৰিব । আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
—পূৰবী শইকীয়া
——————————————
খুবেই সুন্দৰকৈ সজাই তোলা হৈছে সংখ্যাটি
—ড° জ্যোতিশিখা দত্ত
——————————————
সম্পাদকীয় অতি সুন্দৰ
—অৰ্চনা ঠাকুৰীয়া
——————————————
এই সংখ্যাটিও খুব ভাল হৈছে ৷ পঢ়ি আছোঁ ৷ কাব্যকানন দীৰ্ঘজীৱি হওক ৷
—জুনু বুঢ়াগোঁহাই নাথ
——————————————
কাব্যকানন বৰ সুন্দৰ হৈছে।
— গণেশ বৰ্মন
——————————————
বৰ সুন্দৰ হৈছে "কাব্যকানন "এফালে পৰা পঢ়ি আছোঁ
—মৌচুমী দাস
মুম্বাই
——————————————
সুন্দৰ বেটুপাতেৰে কাব্য কানন আলোচনীখনে মনো মোহা হৈ দেখা দিছে।লগতে বাট চ'ৰা শিতানত সম্পাদক মহোদয়ে শেষৰ ফালে এক গুৰুত্বপূৰ্ণ কথা সংযোগ কৰিছে তেখেতে লিখিছে যে কবিতা যিহেতু এক জটিল কলা সেয়ে চৰ্চা, সাধনা আৰু অধ্যয়নৰ অবিহনে এই জগতত নিজৰ খোজ দৃঢ় কৰিব নোৱাৰে।
এই বাৰৰ অতিথি জনাৰ্দন গোস্বামী দেৱৰ সাক্ষাৎ কাৰটো পঢ়ি ভাল লাগিল ।কবিতাৰ আড্ডা শিতান টোও মোৰ প্ৰিয় শিতান কবি উদয় কুমাৰ শৰ্মা মোৰ এজন প্ৰিয় কবি।
শেষত , সকলোৰে কবিতা সমুহ পঢ়িলো। সকলো কবিৰে সুন্দৰ সুন্দৰ অনুভৱ প্ৰকাশ পাইছে
কাব্য কাননৰ দীৰ্ঘায়ু কামনা কৰিলো।
—ৰঞ্জনা দেৱী
——————————————
আজিহে সময় পাইছোঁ চাবলৈ ,ঘৰুৱা কৰি মত ব্যস্ততাৰ বাবে চোৱা দেৰি হ'ল।
কবলৈ গ'লে বেটুপাতৰ স’তে বৰ সুন্দৰ প্ৰকাশ কৰিছে লগতে মোৰো ক্ষুদ্ৰ অনুভৱ এই আলোচনীৰ মাজত প্ৰকাশ পোৱাৰ বাবে অতিকৈ সুখী অনুভৱ কৰিছোঁ।
কবিতা মোৰ বৰ প্ৰিয়।
—জোনমনি মহন্ত
——————————————
বিদ্যৎৰ বেটুপাতটো সচাঁই বৰ ধুনীয়া হৈছে । সম্পূৰ্ণকৈয়ে পঢ়িলোঁ নৱ , মোৰ প্ৰিয় কবিতাৰ শিতানটো প্ৰতি বাৰৰ দৰে এইবাৰো বহুত ভাল লাগিল পঢ়ি ।
—এনী ভূঞা
———————————————————
কাব্য কানন কাব্যালোচনী খনৰ প্রতিটো কবিতাই মননশীল। মোৰো এটি মনৰ ভাব প্রকাশ হোৱাত মই অত্যন্ত সুখী। আলোচনী খনৰ দীর্ঘায়ু কামনা কৰিলোঁ।
—গীতামনি কলিতা
———————————————————
কবিতা
স্বদেশ প্রেম
(পিতাইলৈ চিঠি)
শ্যামলীমা খাউণ্ড শৰ্মা
পিতাই অ'
আজি তোলৈ বৰ মনত পৰিছে ।
জাননে তই ঠিকেই কৈছিলি
পঢ়া -শুনা কৰা শিক
শিকিবলৈ বহুত কথাই আছে ।
পঢ়াশুনা ডিগ্ৰীৰ বাবে নহয়
শিকিবৰ বাবেহে...
তই ঠিকেই কৈছিলা পিতাই
পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱাতকৈ
সদায় ভাল মানুহ হ’বি ।
নতুনত্বক আঁকোৱালি ল
কিন্তু পুৰণিক নাপাহৰিবি।
বিদেশত যা কিন্তু বিদেশী নহ’বি ।
পিতাই অ'
মই তেতিয়া বুজা নাছিলোঁ তোৰ কথাবোৰ ।
কিন্তু আজি উপলব্ধি কৰিছোঁ ।
তই ঠিকেই কৈছিলি বিদেশত থাকিও
মই আজিও পাহৰিব পৰা নাই আমাৰ শুৱনি গাঁওখন ।
জাননে পিতাই
ইয়াৰ ৰাস্তা ঘাটবোৰ
বৰ আহল -বহল বৰ চাফা ,
কিন্তু কিয় জানো মোৰ যে আজিও প্রিয় আমাৰ গাঁৱৰ কেঁচা মাটিৰ লুংলুঙীয়া আলিটো ।
আজি দেখোন ঘৰৰ পুখুৰীৰ
পানীটুপিলৈহে বৰকৈ মনত পৰিছে ।
ৰাতিপুৱা হ'লেই যে ডাউক চৰাই কেইজনীৰ উৎপাত!
মাছৰোকাজনীলৈ তেতিয়া
বৰকৈ খং উঠিছিল ।
আমাৰ পুখুৰীৰ সকলো মাছ
তাই খাই শেষ কৰিছিল
কিন্তু আজি যে মোৰ সেই মাছৰোকাজনীলৈও বৰকৈ মনত পৰিছে ।
কলি গাইজনীয়ে মোক বিচাৰেনে বাৰু ?
আমাৰ শুৱনি পথাৰখনত বগলী ,বৰটোকোলা , হাড়গিলা ,শৰালি হাঁহ আদি চৰাইজাক এতিয়াও আহে নে ?
নাহৰ,তগৰ ,কপৌৰ গোন্ধ বহু দিন হ'ল নোপোৱা ।
মই ৰোৱা কৃষ্ণচূড়া জোপাত
ফুল ফুলিছেনে বাৰু পিতাই ।
বিহু আহিলেই মোৰ মনটোৱে
উচাট্-বিচাট্ কৰে ।
মাৰ হাতৰ খৰিছাৰে বনোৱা পুঠীমাছৰ জোল খাবলৈ মই এতিয়াও লুভীয়া
পিতাই অ '
মাক কবি মোক ভাবি চকুলো নোটোকিবলৈ এইবাৰ ব’হাগত ঘৰলৈ যাম ।
সেউতীয়ে বোৱা গামোছাখন মূৰতে মেৰিয়াই বিহুগীত জুৰি হুঁচৰি মাৰিম ।
হেঁপাহ পলুৱাই তিল পিঠা , নাৰিকলৰ লাৰু খামগৈ
আৰু পিতাই —
তই আৰু মই মেৰ বিলত গৈ মাছ ধৰিমগৈ ।
পিতাই অ'
তই মোক ভুল নুবুজিবি ,
কামৰ বাবেহে মই এই বিদেশত বন্দী ।
আজিও মই খেতিয়কৰ পুতেকেই ।
মই আজিও গাঁৱলীয়া ।
"মোৰ প্ৰেম মোৰ গৌৰৱ মোৰ স্বদেশ " !
শ্যামলীমা খাউণ্ড শৰ্মা
ঠিকনা : মৰাণহাট
জিলা: চৰাইদেও
মোবাইল নম্বৰ : ৯১০১১৯৪০৫৩
—————————————————
তোমাক ভালপাওঁ বাবেই আজিও ...
ৰবিন কুমাৰ চেতিয়া
শৰৎ আহিলেই আউলী বাউলী হয়
আলেঙে আলেঙে
সেউজীয়া অনুৰাগৰ লঠঙা হৃদয়
পলাশ মদাৰৰ প্ৰেমৰ চুমাই
সাবটিব খোজে উতলা যৌৱন
বৰদৈচিলা আহি থানবান্ কৰিবহি
কাৰোবাৰ আশাৰ সেন্দুৰীয়া জোন
তথাপিও জানো পাহৰিব পাৰি
ধূলিয়ৰী কুঁৱলীৰ চঞ্চলা ফাগুন
নতুনৰ গীত গাই গাই
নামি আহে অপৰূপা সেউজী বসন্ত
উলাহৰ গুমগুমনিত থৌকিবাথৌ মনবোৰ
প্ৰতি পলে হয় দুৰন্ত
ব’হাগৰ বতাহে ৰং সানে হৃদয়ৰ পদূলিত
প্ৰচণ্ড প্লাৱনে উটুৱাব এদিন আহি
কাৰোবাৰ সাঁচতীয়া অলেখ সপোন
সেইবুলিয়ে জানো নিবিচাৰে কোনোবাই
বাৰিষাৰ মেঘক কৰিবলৈ আপোন
সময়ৰ নদীত একেলগে মেলিম বুলিয়েই
এজাৰৰ নাওখনি হেঁপাহেৰে সাঁজিছিলোঁ
বিস্তীৰ্ণ নীলাত ৰামধেনুৰ দলিচা পাৰি
হাঁহিবোৰ চটিয়াম বুলিয়েই
মনে প্ৰাণে জোনাকৰ বৰষুণত তিতিছিলোঁ
জীৱন নদীৰ উঠা-নমাৰ লহৰত
আপোন মনে ব’ঠা বাই থাকোঁতেই
হঠাতে ঘূৰি চাই দেখিলোঁ
তুমি কাষত নাই
দুকোলটকা পানী ভাঙি ভাঙি
সাবটি ৰাখিম বুলিও নোৱাৰিলোঁ
আশাবোৰ উৰি গ'ল ডেউকা কোবাই
হিয়াৰ তানপুৰাত আজিকালি মোৰ
অবিৰাম বাজি থাকে
হেজাৰ কেতেকীৰ বুকু ভঙা গান
নিজম নিশা ভাঁহি অহা বাঁহীৰ সুৰত
সাৰ পাই বিচাৰি ফুৰে অনুভৱে
এৰি অহা অতীতৰ সোণালী আহ্বান
তথাপিও কিয় জানো মই
পাহৰিব পৰা নাই তোমাক এবাৰলৈ
মৰীচিকাৰ ঘৰ সাঁজি ইপাৰে সিপাৰে
আজিও জীয়াই আছোঁ অকলশৰে
গজালি মেলা আমাৰ সপোনকে লৈ ...
——————————————
বৰষুণ এৰাৰ পিছতো
দিগন্ত বৈশ্য(মুনু)
বৰষুণ এৰাৰ পিছতো টোপালবোৰ
পৰিবলৈ এৰা নাই
তুমি মোক ভাল নোপোৱা বুলি জনাৰ পিছতো
মোৰ মনটোৱে তোমাৰ কাষৰ পৰা
আঁতৰি আহিবলৈ
তোমাৰ বুকুৰ মাজত সপোন
খেদিবলৈ এৰা নাই।
———————————————
বিচ্ছদৰ বিপৰীতে
গণেশ বৰ্মন
ইমান ডেই-পুৰি যোৱাকৈ
নক'বাচোন কথাবোৰ--
কেলেইনো লাগিছে
সৰাপাতৰ কথা ?
আঘোণৰ কুঁৱলীৰ
এই মায়াসনা লগনত
চ'তৰ নিৰসতানো কিয় ?
ছিৰাল ফটা ছবিবোৰে
ধূলি-ধূসৰিত কৰে
আলফুল সুবাসেৰে
আটোম-টোকাৰিকৈ সঁজা
সেউজৰ ঘৰ
বিচ্ছেদৰ ৰাগিনীৰে
কিয়নো গাব লাগে গীত
তাতোকৈ আঁতৰাই দিয়া
বিষাদৰ শিলৰ ছায়া
ফটিক স্ফূৰিত হওঁক
সুকোমল ৰ'দৰ কবিতা ।
——————————————
মই আপোনাৰ প্ৰেমিক
পাৰ্শ্ব নাৰায়ণ গোস্বামী
আপুনি সঁচাই ধুনীয়া
মোৰে শপত
আপুনি সচাঁই ধুনীয়া।
আপোনাৰ হাঁহিটোৱে
মোৰ নিৰস চহৰখনলৈও ফাগুন আনে।
আপোনাৰ প্ৰসাধনহীন মুখখন
প্ৰভাতী সূৰ্য্যৰ আৱিৰে পোহৰ হৈ থাকে।
আপোনাৰ দুচকুত থাকে
এজাক সেউজীয়া সপোনৰ ঠিকনা।
কেতিয়াবা অনুভৱ হয়,আপোনাৰো আছে নেকি
এসাগৰ দুখ।
অৱশ্যে আপুনি পিন্ধা ডাঙৰ ফুলিযোৰলৈ
মোৰ বৰ ঈৰ্ষা হয়,
ফুলিযোৰে আপোনাৰ গালৰ স্পৰ্শত
প্ৰাণ পাই উঠে।
বিশ্বাস কৰক আপুনি সচাঁই ধুনীয়া।
আৰু এটা কথা-
আপোনাৰ মাতটোত বিচাৰি পাঁও
নিয়ৰ সৰা শীতলতা।
মোৰে শপত বিশ্বাস কৰক।
মোৰ আশাৰ সিপাৰে থকা
হেপাঁহৰ জাঁজী নৈখনলৈ আপোনাক স্বাগতম।
সোনকালে নিশ্চয় আহিব।
এই নিমন্ত্ৰণৰ যোগ্য মই নহ'লেও আহিব
অৱশ্যে এইয়া দাবী নহয় আহ্বান হে মাত্ৰ।
আপুনি নাহো বুলি ক'লে,
হয়টো ছাঁইৰঙী হৈ পৰিব সূৰ্য্যটো।
তথাপিও এটা অন্তিম আশাৰেমই বাট চাম।
মোৰ স্মৃতিৰ বেদীত আপুনি দিয়াএপাঁহ ৰক্তজবা নাইবা তেজৰঙা গোলাপ পাঁহিলৈ।
——————————————
জীৱন
দীপালী মহন্ত গোস্বামী
কাৰ বাবে তোক ব্যাকুলতাৰে মোহনীয় কৰি তুলিলে?
কাৰ বাবে সংগ্ৰামৰ বেদীত ওৰেটো নিশা আৰতি কৰিলে
জীৱন! ৰক্তজবাৰ ৰঙেৰে ৰঙাই
সুহুৰিটো ক'ত শুনালি
ন নৈৰ বাঢ়নিত, পাহাৰৰ নামনিত
বেলিটো কিয় অভিমানীহৈ ঠেঁহ পাতে? জীৱন!
যৌৱনক ইমান অনুভবী কৰিলি!
শোকাহত এৰেহা একাল তোক এৰি জোনবাইৰ হুমুনিয়াহ! পৰা হ'লে অ' জীৱন!
সামৰি প্ৰেমৰ আকুতি
সপোনকে সজাবলে'
এই নদীয়েদি সাগৰ বিচাৰি
অন্বেষণ
সেয়েহে অব্যাহত
আজীৱন।
————————————
ব্যস্ত
ঝুনা বৰঠাকুৰ
বহুদিন হ’ল
কবিতাৰ মুখ নেদেখা
বতাহে জোকোৱা চুলিৰ সুবাস সামৰি
দেখুওৱা ব্যস্ততাৰ কৃত্ৰিমতা
তাইৰ চকুত বন্দী হাজাৰ জীৱন
কাজল গলিলেই যেন বৈ যাব হাঁহিবোৰ!
চঞ্চল পলকবোৰ সৰে
নিয়ৰসনা শেৱালিৰ দৰে আলাসত...!
ঝুনা বৰঠাকুৰ
ঢেকীয়াজুলি ,শোণিতপুৰ
———————————————
চন্দন নগৰ
এ আমান
চন্দন নগৰত বিশ্বাসৰ চিতা জ্বলিল
যি বিশ্বাসে বৃদ্ধ ওঁঠত হাঁহি বিৰিঙাইছিল
চকু ভৰাই টোপনীয়ে সপোন ৰচিছিল
জীৱনৰ ক্ষণবোৰ সুখৰ পানচৈত বিলাস কৰিছিল
এদিন বিশ্বাস অবুজন হ'ল
যাৰ ডেউকাত উৰা এহাল চৰাই
তেজস্নাতা হৈ বিশ্বাসৰ ভোগ হ'ল
অবিশ্বাসৰ প্ৰহাৰত ভৰষা নিহত হ'ল
বিশ্বাসৰ বাবে পৃথিৱী পোৰাৰ সময়ত
ধৰ্মৰ বাবে ধৰ্মস্থলী ছাঁই হোৱাৰ পৰত
ধৰ্মৰ বাবে ধাৰ্মীক অধাৰ্মীক হোৱাৰ ক্ষণত
বিশ্বাস অবিশ্বাস একাকাৰ হয় সমাজত
বাংলাত পোৰা মন্দিৰ মঠৰ যি দুখ
ভাৰতত জ্বলা মছজিদৰো একেই দুখ
ৰাখাইন আফগানিস্থান পেলেষ্টাইনত এঙাৰ হোৱা মাংসবোৰ
উইঘুৰ চেচনীয়া বচনীয়াৰ ধৰ্ষীতাৰ চিয়ঁৰবোৰো একেই
সকলো বিশ্বাসৰ অপমৃত্যুৰ সাক্ষী
মানুহে মানুহে অবিশ্বাসৰ পৰিনতি
নৰৰূপী পৈশাচীক পাপাত্মাৰ উদ্ধতালি
মনুষ্য মগজুত মানৱতাৰ ইতি
এতিয়া ভৰষাৰ থল নাই
আশাৰ খেৰকুটা নাই
জীৱনৰ আয়ু মাথোঁ এদল ভোকাতুৰ শগুনৰ ভোগ
এতিয়া মানুহ মানেই অভিশাপ
কেতিয়াবা কামাতুৰ ধৰ্ষণকাৰী
কেতিয়াবা হিংস্ৰ হত্যাকাৰী
কেতিয়াবা ধাৰ্মিক ব্যাভিচাৰী
কেতিয়াবা ক্ষমতা লুভীয়া অত্যাচাৰী
কেতিয়াবা শান্তিকামী মুখাৰ আঁৰৰ অশান্তিৰ খনি
এতিয়া পৃথিৱীখনেই চন্দন নগৰ
যত পুন: পুন: বিশ্বাস হয় অপঘাতী
মানুহে মানুহে বিভাজনৰ হিমালয় সাজি
সভ্যতাৰ(!) ঢোল বজায় তেজৰ সৌধ সাজি
চন্দন নগৰত বিশ্বাসৰ মৃত্যু ক্ষণতেই
মনুষ্যত্ব অন্তৰ্ধান হ'ল
এতিয়া যি দৃশ্যমান
সেয়া মাথোন বিশ্বাসক গিলি খোৱা এজাক মানুহ(!)
যাৰ হাতত উভৈনদী মৃত্যুৰ উপচাৰ
যাৰ মুঠিত সঞ্চিত জ্বলন্ত এঙাৰ
যাৰ লক্ষ্য মাত্ৰ ধৰ ধৰ মাৰ মাৰ...
এ আমান
অধ্যক্ষ
কপাহেৰা মাধ্যমিক বিদ্যালয়
মৰিগাঁও
———————————————
লখিমী ৰূপে
গীতামনি কলিতা
ৰোৱনীৰ হাতৰ পৰশত
প্রাণ পাই উঠা
সেউজবুলীয়া ধাননিডৰাও
আজি সোনোৱালী ৰঙেৰে ভৰযৌৱনা হ'ল
সিহঁতেও যৌৱনৰ গোন্ধ পাই
আনন্দত আত্মহাৰা হৈ
খিলখিল হাঁহিৰে
বতাহত হালি-জালি
নাচি-বাগি
সুখ উপভোগ কৰিছে।
আৰু
কেতিয়াবা আনন্দত
চঞ্চলা হৈ
বতাহত হালি-জালি
কৃষকক মূৰ জোঁকাৰি মাতিছে
আহাচোন কৃষক বন্ধুহঁত
হাতত কাঁচিখন লৈ
দাঁই নিয়াহি আমাক
লখিমী ৰূপে
তোমাৰ ভড়াল শুৱনি কৰিবলৈ।
——————————————
জুই
ইৰা দেবী
তুমি তেজ, তুমি আকাশ, তুমি বতাহ,
তুমি সৃষ্টিৰ প্ৰথম নায়ক,
পৃথিৱীৰ নৱ আলোক সন্ধানী মানৱৰ
শ্ৰেষ্ঠ উপহাৰ।
যুগ যুগৰে পৰা মানুহৰ
ৰৌদ্ৰৰূপ,
প্ৰজ্বলিত মানুহৰ
লালসাত,
উষ্ণ হৈও ধাৰণ কৰা
শান্ত সমাপ্ত ৰূপ।
কুটিল মানুহৰ কুঅভিসন্ধিত লুকাই থাকা দাবানল হৈ...
ৰাগ, দ্বেষ, ঘৃণা কিম্বা
বিদ্ৰোহ ,
তোমাৰ বৰ্হিৰূপ।
প্ৰাচীন হওক কিম্বা
আধুনিকতা
ভোক-তৃপ্তি-যজ্ঞ
কিম্বা আহুতিৰ
হৱনকুণ্ডত,
তোমাৰ বিচিত্র ৰূপ
——————————————
শৰতৰ কবিতা
জোনমনি বৰা
শৰতৰ সন্ধিয়া
শব্দৰ বৰষুণ
মোৰ উকা কাগজ ভৰায়
বৰষুণৰ টোপালবোৰৰ ৰং ৰঙা নীলা
কিম্বা ক’লা
টোপোলাবোৰে
কাগজৰ সৈতে
আত্মীয়তা গঢ়ি
এইয়া সৃষ্টি কৰিছে
একো একোটা শব্দ
শব্দৰ ঝংকাৰত
বাক্যই প্ৰাণ পায়
জন্ম হয় একোটি কবিতা
এইয়া আলফুলীয়া
আলসুৱা, মোৰ অনুভৱী
হিয়াৰ বতৰা ৷
——————————————
বিচ্ছেদৰ যাতনা
কল্পনা হাজৰীকা
সৰাপাতক সুধিছানে
কেতিয়াবা
কিমান দিনলৈ
ব'ব লাগে
বিচ্ছেদৰ সেই
বিষাদ বেদনা?
কাষতে থাকিও
পৰ হৈ পৰাতো
জানো ইমান সহজ !
পাহৰিব খুজিও
বুকুতে ৰখা হয়
আপোনজনক।
বুকুত এচটা
শিল বান্ধি
হাঁহিবলৈ শিকাজনক
সুধিবা.....
সৰাপাতৰ
কিমান যাতনা !
——————————————
সোণালী আঘোণ
জোনমনি বৰা
কুঁৱলীৰ ফাঁকে ফাঁকে
আঘোণৰ ধাননিৰ থোকে
মন পুলকিত কৰি
মুখত হাঁহি বিৰিঙায়
সাঁচি ৰখা কাঁচিখন
পুনৰ হাতত লৈ
ৰংমনে ধাননিৰ স’তে
আশাবোৰ জুকিয়ায়
কোমল ৰ'দৰ কেঁচা ঘাম
কেতিয়ানো শুকায়
ভাগৰবোৰেও গমকে নাপায়
হিচাপ কৰি ৰখা আশাবোৰ
মনতে গমি পিতি
আশাভৰা ৰংবোৰ
সোণালী ধানৰ মাজত
এটি এটিকৈ খেপিয়ায় ।
আদৰৰ সোণগুটিক যতনেৰে
আদৰি লৈ
ভঁৰালত বিধে বিধে সজায়
মনৰ জোখাৰে বছৰটোলৈ পেট পুৰাই
আশাভৰা জীৱনৰ
এৰিব নোৱৰা কল্পনাবোৰ
আঘোণৰ সতে ভাগৰ জুৰায় ।
সচাকৈ সোণালী আঘোণ
আমাৰ জীৱনৰ দাপোন
সময়মতে কৰি থোৱা
আঘোণৰ অন্নমুঠি নহ'লে
পেটৰ পোৰণি কেতিয়াও নমৰে দেখোন...
জোনমণি মহন্ত
তেজপুৰ পুলিচ ৰিজাৰ্ভ
———————————————
কোলাহল
ঋতুস্মিন চেতিয়া
ক'লা চাতিটো,
ৰাতিৰ চাকিটো
বৰষুণ আৰু আন্ধাৰৰ সাৰথি
আকাশৰ চকুলো সৰাৰ পিছতে
মেঘৰ জলঙাৰে ওলাব তৰা জোন
এজাক মূষলধাৰ বৰষুণ আকৌ হোৱা হ'লে
বৰষা শুনানিত বৰষুণৰ চিয়াঁহীয়ে
লিখিলোঁহেঁতন এটি প্ৰেমৰ গান
এতিয়া পূৰঠ পাতবোৰে ফাগুনলৈ আছে ধিয়াই
হালধীয়া হাঁহিৰে ঠিকনাত লিখিবলৈ
ফাগুনৰ পছোৱা
এটি গুণ গুণ নাম
বসন্ত উকলিলেও
সদায় নতুন
কোলাহলে আৱৰা মনটিক নেওচি
বাট চাই আছোঁ
আলি দোমোজাত
আঘোনে ফাগুন ৰং সানি ব’হাগৰ এফাঁকি গান গাবলৈ ।
ঋতুস্মিণ চেতিয়া
শিৱসাগৰ ,নাজিৰা ৭৯৭৮৫৩৮৫০৩
———————————————
লাহৰী কনেং
অম্লান পাংগিং
তাঁতৰে শালতে বহি কিনো সপোন ৰচিছা
অ' মোৰে লাহৰী কনেং ঐ
কাঁচিয়লি ৰ'দৰে পোহৰত বহি
কালৈনো বাটে চাই আছা
সোণালী চুলিটাৰি মেলি
অ’ মোৰে লাহৰী কনেং ঐ
নেমেলিবা তোমাৰ ফাঁটমেলা চুলিটাৰি
কৰিব আমনি ওকণিয়ে
নিব পাৰে উৰুৱাই ওৰণি
দুষ্ট ফাগুনৰ চঞ্চল বতাহজাকে
চকুত চকু থৈ কিনো ফুলৰ বুটা তুলিছা চেনেহৰ মিঃবু গালোকখনিত
কিনো বহি ভাবিছা সৰিয়হৰ তলিত
হালধীয়া নহয় মন সোণাৰু পাহি
অ মোৰে লাহৰী কনেং ঐ,
কেতিয়াকৈ দিবাহি ব’য় লিঃনে পাঃৰি দুমেৰখনি
যাওঁ বুলি যাবও পৰা নাই জংকি পানৈৰ নাওত বহি
দিও বুলি দিবও পৰা নাই বালিমাহী চৰাইৰ ঠোঁটত গুজি
শীতৰে সেমেকা ৰাতি তোমালৈ বুলি
মই লিখা নীলা খামৰ চিঠিখনি
——————————————
পোছাক
কৰবী ভূঞা
অচিনাকি বাটটোত নঙলাডাল পৰি ৰ’ল
বিৱৰ্ণ সন্ধিয়াটোত জোনাকীৰ ৰহন
বাঢ়নীডৰাত ফেঁচাৰ উৎকট চিঞৰত
এজাক বাঁহসজা পখীয়ে কলৰৱ কৰে।
গো-ধন উলটি অহা দীঘলীয়া বাটতোত
গধূলিগোপালৰ সুগন্ধ বিয়পে,
এজোৰ পোছাকে ৰিঙিয়াই,
সেই পোছাকযোৰ অতি চিনাকীটি
বগা বনিয়ন আৰু মূৰত গামোচাৰ পাগুৰি
আঁঠু মূৰত চুৰিয়াখন,
এযোৰ অসাধাৰণ পোছাক।
সভ্যতাৰ পোকে নধৰা পোছাকযোৰত
ইতিকিঙৰ শব্দ ভাঁহি আহে আধুনিকতাৰ নামত।
এই পোছাকযোৰ অতি আপোন
এই পোছাকৰ গোন্ধটো জীৱনৰ অমোঘ মন্ত্ৰ।
এদিন বন্ধুৱে সুধিলে–
'এই সাজযোৰ এতিয়া অতীত হ’ল!
মই সমস্ত আবেগেৰে উত্তৰ দিলো–
"এই পোছাকযোৰেই মই মোক বৰ্তমানত
থিয় কৰোৱা এক দিগন্তমুখী কচৰৎ কৰিছিল।
যাৰ সীমনাত আছিল ঘমাক্ত দেহৰ অহিয়া গোন্ধ।"
কৰবী ভূঞা
মুৰফুলনি বাগান গাঁও গোলাঘাট
———————————————
ছাৰ
ৰিংকু সমাদ্দাৰ
(আদিগুৰু মহেশ্বৰ বৰ্মন ছাৰৰ চৰণ কমলত)
"অ" মানে অমিতা
"ক" মানে কল
"এ" ফৰ এপল, এক দহ এক এঘাৰ।
বট গছৰ তলত স্কুলৰ দুপৰীয়া
সমনীয়াৰ স'তে চিঞৰি চিঞৰি,
পাঠ পঢ়াৰ সোণসেৰীয়া গাথা।
তিমিৰ কুঠৰীত আমাৰ ধূলিৰ ধেমালি,
ৰঙা চকু,হাতৰ এচাৰি,
আপুনিয়েইতো আমাৰ সাগৰ দুষ্টামিৰ
সহনশীলতাৰ ছবি
আপুনি জ্বলি আছিল
আজিও জ্বলি আছে,
বিগলিত মমৰ কৰুণা হৈ
হাইস্কুলৰ দেওনা পাৰ হওঁতে সুধিছিলোঁ–
"ছাৰ,
'ছাৰ' শব্দটোত "চ" নে "ছ" লিখিম?
আপুনি কৈছিল–
"ছ"টোকে লিখ...।"
ঠিক যেন তাহানিৰ মৰমৰ বুজনি
"অকণৰ ঘৰ নগৰত
নগৰত বৰ গৰম..."
নাইবা
"ৰহদৈ মাছলৈ গৈছে,
জাকৈৰে কাৱৈ মাছ ধৰিছে..."।
——————————————
কৰ'না
ইন্দু দত্ত অধিকাৰী
অ'ই ক’ৰোনা ,
সৰ্বগ্ৰাসী বীজাণুৰ সঁচ,
তোৰ জন্মস্থান চীনদেশ,
কাবু কৰিছ তই সমগ্ৰ বিশ্ব,
বিষবাষ্প ছটিয়াই
মানৱৰ জীৱন কৰিছ বিধ্বস্ত।
চৌদিশে বিয়পাইছ তোৰ
বজ্ৰ আঘাত ,
দেখুৱাইছ মৃত্যু উপত্যকাৰ
বিভীষিকা কেনে ভয়াবহ !
অমৃতৰ সন্তান মানুহ
অমিত শক্তিধৰ যি ,
তাৰ শেষ নাই কদাপি।
মানুহৰ হাততেই তোৰ পৰাজয় নিশ্চিত!
ইন্দু দত্ত অধিকাৰী বৰপেটা
সুন্দৰীদিয়া( কলয়াহাটী )
মো: -- 7002277428
~~~~~~~~~~~~~~~~~
অভিমানী মনৰ হিচাব
আশা কাকতি দাস
এন্ধাৰৰ কোমল বুকুৰ আদৰবোৰ
তোমাৰ প্ৰয়োজন কাহানিবাই শেষ
সেয়ে,
বিশৃংখলতাই আগুৰি ধৰিলে জীৱন
আৰু
অভিমানবোৰ খঙলৈ ৰূপান্তৰিত হ’ল
এতিয়া সেইয়াও নুমাই গ’ল
সুধিবলৈ মন গ’ল তোমাক
সজল চাৱনিৰে আপোনত্বৰ
ৰং লগাই হৃদয় জ্বলাই
কিনো পালা তুমি?
নষ্টালজিয়া ভাৱত বিভোৰ
সেয়ে,
নিজান দুপৰীয়াবোৰ
আপোন এতিয়া৷
অভিমানী মই আছিলো
তুমিও নাছিলানে?
ভালপোৱাবোৰ হ’লে মোৰ আছিল
সেয়েহে আজি
ভয় লাগে তোমাৰ গাওঁ
তোমাৰ ঘৰত নিশ্বাস ল’বলৈও
স্তব্ধ হৈ যাব নেকি এই
উশাহবোৰ৷
নিঃশেষ হৈ ৰ’ব নেকি
এটি আধৰুৱা জীৱন
———————————————
প্ৰেম বিষাদ আনন্দ
বিস্তীৰ্ণা হাজৰিকা
তুমি চাগে' দেখিছা
কোনোবা আধৰুৱা প্ৰেমিকৰ
জীৱন গাথা
তুমি হয়তো শুনিছা
প্ৰেমত ভাগি পৰাৰ
কৰুণ কাহিনী
হয়তো বুজিছা
অসফল প্ৰেমৰ বিননি
কিন্তু
কেতিয়াবা জানো অনুভৱ কৰিছা
ফাগুন নাহোঁতেই মৰহি যোৱা
মদাৰ ফুলৰ বেদনা
কেতিয়াবা জানো ৰিজাইছা
বসন্তৰ শেষৰ এজাৰজোপাক
আৰম্ভ নোহোৱা নিজৰেই প্ৰেম কাহিনীক
সৰা পাতে পাতে
ফাগুন আহিও বিষাদেৰে গুচি
যোৱা
কেতিয়াবা জানো গাইছা
বিষাদৰ এফাকি গান
এবাৰ গাই চাবাচোন
এবাৰ শুনি চাবাচোন
নিজৰেই কন্ঠত
নিজৰেই বিষাদৰ সুৰ
অনুভৱ কৰি চাবাচোন
প্ৰেম বিষাদৰ আনন্দ।
——————————————
প্ৰতিপল
ভূমিকা দাস
ভাল লাগে মোৰ
কবিতা কবিতা লগা তোমাৰ
কথাবোৰৰৰ মাজৰে নিগৰি অহা
মৰমৰ টানবোৰ
ভাল লাগে মোৰ হেমন্তত তিতি
সোণোৱালী সোনগুটিৰ
মাজে মাজে খোজকাঢ়ি যেতিয়া অনুভব কৰো
তোমাৰ বুকুৰ ভালপোৱাবোৰ...
নাজানো কোন তুমি,ক'ত তুমি
তথাপিও আপোন তুমি
তুমিযে কৈ থাকা জীৱনৰ শেষ মুহূৰ্তলৈকে তুমিয়েই মোৰ
ভাল লাগে মোৰ কবিতা কবিতা লগা এই কথাবোৰ
কিয় দিলা ইমান মৰম
কিয় কাঢ়ি নিলা কলিজাৰ কেঁচা উম
পল প্ৰতিপল ৰাখিবা হিয়াত
কবিতা কবিতা লগা কথাবোৰ...
শোকৰ শেতেলিত মুখ গুজিব নিদিবা
প্ৰেমৰ সুগন্ধি বিলাই দিবাহি হৃদয়ত...
_____________________
আঘোণৰ সুবাস
কিৰণ দাস
সোণোৱালী পথাৰত
এতিয়া সোণগুটিৰ সুবাস।
সপোনৰ হাঁহি এমোকোৰাৰে
কৃষকৰ উচ্ছাস
শয়নে সপোনে।
দাৱনীৰ মুখত ৰঙাবুলীয়া ওঠ,
সিহঁতৰ হাঁহিত যেন ,
ৰঙতে নাচিছে
আঘোণৰ পথাৰ।
শীতৰ কুঁৱলীয়েও যেন দিছেহি
এটি মিঠা চুম্বন
সোণোৱালী পথাৰক
পাহৰণিৰ পথাৰত কৃষকৰ,
বোকা পানীৰ লগত খেলা
ঘামৰ আলিঙ্গন ।
চোতালত, ভঁৰালত এতিয়া
আঘোণৰ গোন্ধ ।
আঘোণ এতিয়া মনৰ মাজত।
আঘোণ হেঁপাহত।
আঘোণ এমুঠি অন্নৰ সন্ধানত।
আঘোণ এতিয়া সকলোৰে হাড়ে হিমজুৱে।
কিৰণ দাস
গুৱাহাটী
———————————————
আহানা... ভূপেন দা এবাৰ নামি
ৰঞ্জু শইকীয়া
তোমাৰ গীতৰ হেজাৰ শ্ৰোতা...
তোমাৰ অপেক্ষাত অপেক্ষাৰত
ভূপেন দা
তথাপি,তুমি কিয় নামি অহা নাই?
কিয় ?
আকাশী গংগাৰ ধাৰ বোৱায় ।
তোমাৰ অসম মাতৃভূমিৰ অহংকাৰ
লুইতৰ বিস্তীৰ্ণ দুটি সোনোৱালী পাৰ
হৈ জানো আছে !
"মানুহে মানুহৰ বাবে ",
সৰগৰ পৰা নামি আহি চোৱাহি এবাৰ ।
এতিয়া
ৰিম্জিম্ বৰষুণে নূপুৰ বজাইনে ?
মৰমৰ এষাৰি মাত কোনোবাই... কাৰোবাক দিবলৈ আহৰি আছেনে ?
অণু - পৰমাণু ফুলৰ ৰেণু হৈ
আহানা ভূপেন দা,
অগ্নি যুগৰ ফিৰিঙতি হৈ ।
তোমাৰ স্বপ্নৰ নতুন অসম গঢ়িবলৈ
নামি আহা
তেজাল পক্ষীৰাজ ঘোঁৰা চেকুৰাই...
হে,,দিগন্ত পিয়াসী মহা শিল্পী তুমি
পদুমৰ পানচৈত উঠি আহি...
ঊষা নগৰীৰ চিত্ৰলেখী ক কোৱানা..
অসম ভূমিৰ... মহা মিলনৰ এখন
চিত্ৰ-পট আঁকি দিবলৈ কোৱানা !
————————————————
সময় সকলোৰে
ইকবাল হোচেইন খান
এতিয়াৰ সময় তোমালোকৰ নহয়
পৰিৱৰ্তন হৈ লোৱা
সঞ্চিত কৰা শক্তি।
দিন আহিব ভাল দিন
তেতিয়া স্বাগতম জনাব সময়ে
সময় সকলোৰে
হয়তো কিছুদিন হৈ থাকে ধূসৰিত
ভাল দিন আহিবই
জানিবা এন্ধাৰৰ বাবেই এন্ধাৰ
পোহৰৰ বাবেই পোহৰ।
যদি আছে দৃঢ়তা
ভাল দিন আহিবই
সময়ৰ তাগিদা বুজি ললেই হয়
পৰিৱৰ্তন অতি জৰুৰী
সুযোগ হাতৰ মুঠিত আহিবই
অপেক্ষা মাথোঁ দুদিনৰ ।
ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
——————————————
বৰ্ণালী
ৰঞ্জু শইকীয়া
কিয় কৰো ?
প্ৰতি পলে সন্ধান অনুভৱৰ...
সংগ্রাম বিহীন জীৱনৰ কিনো আছে আদৰ !
হেৰুওৱাৰ বেদনা নাথাকিলে
পোৱাৰনো কি সমাদৰ !
তমসাবৃত গহ্বৰ সাহসেৰে নহ'লোঁ
যদি পাৰ
কিদৰেনো সন্মুখীন হ'বা
আশা ভৰা প্ৰত্যাশাৰ বৰ্ণালীৰ !
নিজম নিথৰ ৰাত্ৰিৰ উমাল স্পৰ্শ ন'ললে
কিদৰেনো আশা কৰা
ৰ'দ ফুলা আকাশৰ ।
জীৱন নহয় মাথোঁ
ফুলৰ সুকোমল শয্যা
সময় সোঁতত বলা শুকুলা পাল তৰা নাও
তথাপি অ' জীৱন নাজানো...
তোক কিয়
হিয়া ভৰি ভালপাওঁ !
——————————————
মানুহ মানুহৰ বাবে
এনী ভূঞা ডেকা
ক্ষমতাৰ পিছত দৌৰা
মানুহবোৰ প্ৰকৃততে
মানুহ নে ?
অনুভৱ কৰাই নহয়,
দেখিছোঁ, শুনিছোঁ
দিনক দিনে
পৃথিৱীত জনসংখ্যা বাঢ়িছে
যদিও প্ৰকৃত মানুহৰ
সংখ্যা কমিছে ।
ক্ষমতা আৰু লালসাৰ
মোহত অন্ধ হৈ মানুহৰ
আকৃতি সলনি হৈছে।আছোঁ বা কিমান দিন
নাজানো দিনৰ লেখ,
জীয়াই থাকিব বিচাৰোঁ
প্ৰকৃত মানুহৰ মাজত
এজন মানুহ হৈ ।
———————————————————
আহিন অহাৰ পৰত
প্ৰস্তুতি শৰ্মা
আহিন মানে কি
তুমি তেওঁক সুধিছিলা নেকি?
আহিন মানে চিনাকি সুবাস
নে প্ৰেমৰ এক অনুৰণন!
পদূলি পালেহি চিনাকি আহিন
সুখৰ দলিচা পাৰি
শেৱালি ফুলে যেন হাঁহিছে
তোমাৰ পদূলিত ৰৈ।
তুমি হয়তো ভাবিছা
আহিন তোমাৰ প্ৰেয়সী
আৰু মই তোমাৰ
উপন্যাসৰ এটি পৃষ্ঠা
আহিন মানে জীয়া প্ৰত্যাশা
দুচকুত সপোন ৰচা
চিনাকি অচিনাকি সুবাসৰ
আন এটি নাম শাৰদী।
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
———————————————————
অনুবাদ কবিতা
Vatnaskil
Magnús Sigurðsson
iceland
Hugarfljótið
hefur skolað mér
á þurrt.
Úr kallfæri.
Undir nýjum
himni.
Og ég sái
í nýjan
akur.
Watershed
Translated from Icelandic poetry by
Meg Matich
A flood of thoughts
has washed me
ashore.
Out of earshot.
Beneath a new
sky.
And now I plant
In an untouched
field.
জলাশয়
মূলঃ মেগনাচ চিগাৰ্ডচন
আইচলেণ্ডৰ কৱিতা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ভাৱনাৰ বন্যা
মোক পলসুৱা কৰিছে উপকূলে
ৰিং এটাৰ ব্যৱধান
তলত এখন নতুন আকাশ
এতিয়া মই ৰোপণ কৰোঁ
এখন কুমাৰী ক্ষেত্ৰৰ কোঁহেকোঁহে
——————————————
कवि - गुलजार
रिश्तों की अहमियत समझा करो जनाब
इन्हें जताया नहीं निभाया जाता है।
अच्छा किया तुमने मुझे गलत समझ कर
मैं भी थक गया था ,
खुद को सही साबित करते - करते।
जिन्दगी की राह में मिलेंगे तुम्हे
हजारों हमसफ़र
लेकिन उम्र भर भूल न पाओ जिसे
वो मुलाकात हूं मैं।
ताक में दुश्मन भी थे और मेरे अजीज भी
लेकिन पहला तीर किसने मारा
ये कहानी फिर कभी।
जब कोई गुस्से में कहता है
मुझे तुम्हारी जरूरत नहीं
तो समझ जाना कि उस वक्त उसे
आपके प्यार की सख्त जरूरत है।
अभी तो बस चंद लफ्जों में
समेटा है तुम्हें
अभी तो मेरी किताबों में
तेरा सफर बाकी है।
ভাৱানুবাদ - জাহ্নৱী কাকতি
সম্পৰ্কৰ মূল্য বুজিবলৈ চেষ্টা কৰা
ইয়াক ব্যক্ত কৰা নাযায়,
পালন কৰা যায়।
ভালেই কৰিলা তুমি
মোক ভুল বুজি…
ময়ো ভাগৰি পৰিছিলোঁ,
নিজক শুদ্ধ প্ৰমাণিত কৰি কৰি।
জীৱনপথত পাবা তুমি
হাজাৰজন সংগী
কিন্তু আজীৱন পাহৰিব নোৱাৰা যাক
সেই সাক্ষাতেই মই।
চকু ৰাখি আছিল শত্ৰুবোৰেও
আৰু মোৰ প্ৰিয়বোৰেও
কিন্তু প্ৰথম বাণপাত কোনে মাৰিলে
এই কাহিনী আকৌ কেতিয়াবা।
যেতিয়া কোনোবাই খঙতে কয়
মোক তোমাৰ প্ৰয়োজন নাই
তেতিয়াহ'লে বুজিবা
যে সেই সময়ত তেওঁক
আপোনাৰ মৰমৰ বহুত বেছি প্ৰয়োজন।
এতিয়াতো মাত্ৰ কিছু শব্দতে
সামৰিছো তোমাক
এতিয়াতো মোৰ কিতাপত
যাত্ৰা বাকী আছে তোমাৰ।
——————————————
যাবতীয় ভালোবাসাবাসি
কবি:নীরেন্দ্রনাথ চক্রবর্তী
এক-একবার মনে হয় যে
এই জীবনের যাবতীয় ভ্রমণ বোধহয়
ফুরিয়ে এসেছে। কিন্তু
ঠিক তখনই
আমার চোখের সামনে হঠাৎ খুলে যায়
সেই রাস্তা,
যার ধুলো উড়িয়ে আমি কখনও হাঁটিনি।
এক-একবার মনে হয় যে,
যাবতীয় ভালবাসাবাসির ঝামেলা বোধহয়
মিটিয়ে ফেলতে পেরেছি। কিন্তু
ঠিক তখনই আবার
হৃৎপিণ্ড মুচড়ে দিয়ে হঠাৎ
জেগে ওঠে অভিমান।
যাদের চিনি না, তাদের কথা আমি
কী করে বলব? কিন্তু
যাদের চিনেছিলুম, তাদের কথাও যে
বলতে পারিনি,
মধ্যরাতে এই কথাটা ভাবতে-ভাবতে আমি
বিছানা ছেড়ে
বারান্দায় গিয়ে দাঁড়াই।
আমি দেখতে পাই যে,
আধডোবা জাহাজের মতো এই শহরটা
ঘুমের মধ্যে
তলিয়ে যাচ্ছে, আর
স্থির হয়ে দাঁড়িয়ে আছে ঝুপ্সি যত গাছ। অথচ
ঠিক তখনই
আকাশ জুড়ে ঝড় বইছে, আর
হাওয়ার ঝাপটে কেঁপে উঠছে লক্ষ-লক্ষ তারা।
কলকাতার এক রাজপথে
যাকে একদিন দেখতে পেয়েছিলুম,
ভাদ্রমাসের আকাশ জুড়ে
উলঙ্গ সেই দৈবশিশুর মুখচ্ছবি তখন আমার
চোখের সামনে ভাসতে থাকে।
মূল বাংলা কবিতাৰ অসমীয়া তৰ্জমা:
অৰুণিমা শৰ্মা মহাপাত্ৰ
শীৰ্ষক: যাৱতীয় ভালপোৱা-ভালপোৱি
একো একোবাৰ এনে ভাব হয় যে
এই জীৱনৰ যাৱতীয় ভ্ৰমণ বোধহয় ক্ৰমশঃ শেষ হৈ আহি আছে,
ঠিক তেতিয়াই
মোৰ চকুৰ সন্মুখৰ বাট বোৰ মুকলি হৈ গৈছিল,
যি বাটৰ ধূলি উৰুৱাই মই কাহানিও খোজ কঢ়া নাই।
একো একোবাৰ এনেহেন লাগে যেন যাৱতীয় ভালপোৱা-পোৱি বোৰৰ ঝামেলা শেষ কৰি পেলোৱাই ভাল ছাগৈ।
ঠিক তেতিয়াই হৃদপিণ্ড মুচৰি মুচৰি জাগি উঠে এবুকু অভিমান।
যিবোৰ মানুহক চিনি নাপাওঁ তেওঁলোকৰ কথা মই বাৰু কেনেকৈ ক'ম?
কিন্ত যাক চিনি পাওঁ সিহঁতৰ কথাও কিয় যে ক'ব পৰা নাই!
মাজনিশা এইবোৰেই ভাবি ভাবি
মই বিছনাখন এৰি
বাৰান্দাত গৈ থিয় দি ৰওঁ।
মই দেখিবলৈ পাওঁ যে আধা বুৰ যোৱা জাহাজৰ দৰে এই চহৰখনো টোপনিতেই ক্ৰমশঃ তললৈ বুৰ গৈ আছে,
স্থিৰ হৈ থিয় দি আছে মাথোন জোপোহা গছ বোৰ।
অথচ ঠিক তেতিয়াই আকাশ জুৰি ধুমুহা বতাহ বলিবলৈ লৈছিল,
বতাহৰ কোবত কপি কপি উঠিছিল লক্ষ লক্ষ তৰা।
কলকাতাৰ ৰাজপথত এদিন যাক দেখিবলৈ পাইছিলো,
ভাদমাহৰ আকাশজুৰি উলঙ্গ সেই দেৱশিশুৰ মুখচ্ছবি তেতিয়া মোৰ চকুৰ আগত ভাঁহিবলৈ লৈছিল ।
———————————————————
কাব্যকাননৰ নৱ সংযোজন
তিনিটা বাংলা কবিতা
সংগ্ৰাহকঃ ডা° হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
খাম বন্দী চিঠি
ইভা আলমাস
উত্তরা,ঢাকা
খাম বন্দী চিঠি হাতে ঠায় দাঁড়িয়ে
যে চিঠিতে লেখা আছে 'ভালবাসি'
দেইনি,খাম ছিঁড়লেই চাপা ঠোঁটে আসতে পারে ভাষা।
ঠোঁটের ফাঁকে যতটুকু কলরোল
ভুরুর উঠোন জুড়ে অমাবস্যার মধ্যরাতে যতটা নীরবতা নত হয়
যেভাবে গভীর গোপন রাত্রি
খেলা করে ছিন্ন পরিতাপে
তেমন করেই ভালবাসা জমে আছে চিঠির পাতা জুড়ে।
চিঠির পাতায় লেপ্টে আছে
স্বপ্নময় ঘোরতর অন্ধকার
খুললেই ক্রমশ ছড়িয়ে পড়বে
প্রগলভ দূর সমুদ্রের গাঢ় কন্ঠস্বরে,
তোমার চোখ বেয়ে পড়তে পারে
অদ্ভুত বৃষ্টির লাবণ্য ধারা
নীলিম বরণ মুগ্ধতায় ভাসতে পারো উচ্ছ্বসিত অরণ্যের মহা প্লাবণে,
তাইতো সিল গালা করেও তাকে নিয়ে অলস প্রহর যাপন করছি।
ভয় হয় যদি ভালবাসা দলে যাও
যদি হারিয়ে যাও স্মরণের দেশে
দুঃখের সুগন্ধ ছড়িয়ে দাও
সোনালি রোদ্দুরের অচেনা বাগানে
ডুবো জাহাজের মতো তলিয়ে যাও অতল গহবরে,
কে জানে!
তাইতো খাম বন্দী চিঠিখানি
হাতে ঠায় দাঁড়িয়ে
চিঠি থেকে নেমে আসে প্রেম
চারটি অক্ষর 'ভালবাসি' ক্রমশঃ ছড়িয়ে পড়ে চাপা ঠোঁটের আঙিনায়।
ভালবাসা যেন লেবু ফুল,
লেবুর নির্জন ঘ্রাণে সুবাসিত মন।
খাম বন্দী চিঠি হাতে দাঁড়িয়ে
কয়েকটা লাইন চিঠি থেকে
কেটে দেয়া চাই...
——————————————
শুভ কামনা
ফারহানা শারমীন
মুরাদপুর,কুমিল্লা, বাংলাদেশ
দেখো,ছেড়ে গিয়ে কি হাল করেছো
গ্রীষ্মের প্রচণ্ড তাপদাহে কেমন চৌচির বুকের জমিন।
অথচ তুমি চাইলেই ভিজিয়ে দিতে পারতে শ্রাবণের অঝোর ধারায়,
কিন্তু তার বদলে
তোমার জীবন জুড়ে এখন অন্য এক সুখের মাতম
আর
আমি ভুগছি অযাচিত এক অসুখে।
এখন আমার কোনকিছুই ভাললাগেনা,
ভাললাগেনা জ্যোৎস্নার জোয়ার নক্ষত্রের রাত
পরন্ত বিকেলের সোনালি রোদ
ভাললাগেনা শিশির ভেজা নরম দূর্বাঘাসও।
আজ আমায় যতখানি একা করে গেলে
জেনে রেখো ভয়ংকর একাকিত্ব একদিন তোমাকেও গ্রাস করবে
তোমার সমস্ত যশ খ্যাতি কুড়ানো ভালবাসা একসাথে করলেও তা থেকে রেহাই পাবেনা কোনদিন,
এটাই তোমার জন্য আমার রেখে যাওয়া আশীর্বাদ,আমার প্রেম...
——————————————
মাটির কন্যা
আয়েশা সীমা
রূপগঞ্জ, বাংলাদেশ
সূর্য দেবতায় অষ্টাঙ্গে প্রণাম করে
শুরু হয় আমার প্রতিটি দিন
অতটা দিক্বিদিক জ্ঞান আমার নেই ( বাপু)
উদর পূরতে খবর করি ভগবানের।
তোমাদের মতোই রক্ত মাংসে গড়া
আমারও মান আছে, অভিমান আছে
তোমাদের মতো ছোট একটা মনও আছে
সময়ে অসময়ে ভালোবাসতেও জানি।
কিন্তু ব্যবধান কোথায় জানো ?
তোমাদের মতো ভাব প্রকাশ করতে
মনের মানুষের প্রেয়সী হওয়ার
কৌশল আমার জানা নেই ( গো )
গায়ের সুবাস ছড়াতেও শিখিনি।
আমি কেবল রুক্ষ হাতের কাছে
হতে পারি একদলা কাদামাটি,
দুঃখ তাপের ভাগি হয়ে
শুষে নিতে পারি চোখের জল
প্রচণ্ড খরায় মাটি যেমন করে
বুক পেতে নিয়ে যায় সূর্যের তাপ
যেমন করে শুষে নিয়ে যায়
গড়িয়ে চলা বৃষ্টির জল
তেমনই মাটি যেখানে পাথুরে পথে
চলতে থাকা মানুষের কাছে
আকাঙ্ক্ষার হয়ে ওঠে দূর্বাঘাস।
আমার লাবন্য লুকায় বন্যতায়
সন্ধ্যা ঘনালে শূন্যতায় চোখ মেলে
খুঁজি প্রশান্তি, অনুভবে পাই ভালোবাসা
এঁটেল মাটির মতো, আমি মাটির কন্যা
ধুলোর মতো করে আমার কষ্ট উড়াই
তোমাদের সাথে কোন মিল আমার নেই।
———————————————————
তিনিটা হিন্দী কবিতা
সংগ্ৰাহকঃ ডা° হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
कविता
ड° लखबीर सिंह निर्दोष
कलकत्ता, पश्चिम बांग्ला
शिव धनुष के खंडित होते ही
शुभारम्भ हुआ था पूर्वनियोजित
युगानुयुगों के चिरंतन आख्यान का
प्रथम अमर महाकाव्य रामायण का
अयोध्या के सूर्यवंश के सूर्य श्री राम
सीता के साथ महल में प्रविष्ट हुए तब
भव्य आरती उतारी होगी उनकी मां ने
अयोध्या गूंज उठी होगी मंगलगीतों से
नियति नियोजित चौदह वर्षों का बनवास
भोगा श्रीराम ने सीता जी लक्ष्मण के संग
राक्षसों और रावण का संहार कर मुक्तकिया
सीता जी को महापापी की मायावी कारा से
अयोध्या लौटे तो ज्योर्तिमय हुई नगरी दीपों सेः
शिव धनुष खंडित होने का औचित्य तो समझे
विजय हुई सत्य की और पराजय हुई असत्य की
पर इस जीवन का हर रिशता मोहभंग होते ही
पराया हो जाता है, तिनका तिनका बिखर जाता
प्रेम समर्पण और विश्वास से सिंचित प्यारा उद्यान
मिथ्या आडम्बरों संदेह की चिंगारी से राख हो जाता।
————————————————
हमदर्दी
कविः भारती मेहता
कलकत्ता, पश्चिम बांग्ला
मुझे तोडने वाले
उस हथौडे से भी हमदर्दी है
क्योंकि कुछ चोट तो
उसने भी झेली है ।
———————————————
लम्हे
कविः सुश्री प्रेम शर्मा
कलकत्ता, पश्चिम बांग्ला
अनगिनत अनुभव जीवन में
करातेहैं आते जाते लम्हे
जिंदगी का रुख बदल देते
नए एहसास कराते लम्हें।
अकस्मात आ पैगाम सुना कर
गुजर गए कुछ यूं ही लम्हे
अनचाहे अनजान पथिक से
हैरान कर गए कुछ लम्हे।
सुर संगीत के प्रदीप्त दीप
बन गए कुछ अनमोल लम्हे
जीवन में खुशियों की बहार
बिखर गए मधुर कुछ लम्हे।
सुहाने पल जो पाए जीवन में यादगार बन गए वह लम्हे
कड़ियां एक एक जोड़ जोड़ कर
कहानी गढ़ गए कुछ लम्हे।
व्यथा से सराबोर करते कुछ पल असाध्य बन गए वह लम्हे
अस्पष्ट झलक दिखा छुप गए जो
हसरतें जगा गए वह लम्हे।
जिंदगी यूं ही गुजरती रही
लम्हे बस यूं ही गुजरते रहे
अहमियत भुला उन लम्हों की
गुजरती लम्हों को तकते रहे।
—————————————————
0 Comments