আনে নোযোৱা বাট
(এগৰাকী নাৰীৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস)
নৱ ৰাজন
চতুৰ্থ অধ্যায়
চতুৰ্থ খণ্ড
ঘৰ পায়েই, প্ৰথমে ফ্ৰেচ হৈ ল’লোঁ। ভূটানৰ
সেউজীয়া আৱেশে তেতিয়াও মোহাচ্ছন্ন কৰি ৰাখিলে মোক। নীলমৰ আৱেশে একা?
গা ধুই ধুই ,নীলমৰ সেই উমাল সান্নিধ্যৰ কথা মনত পেলাই ,পুনৰ ৰোমাঞ্চিত হৈ পৰিলোঁ।
" আজিতো অলপ খৰ ধৰ কৰা । মই আকৌ চেম্বাৰ যাব লাগিব। সোনকালে আহা"
—বিবাহ বাৰ্ষিকীৰ কেকটো আগত লৈ অমিতাভে একপ্ৰকাৰে চিঞৰিয়ে মাতিলে।
অমিতাভে তাৰ বিষয়ে গম পোৱা বুলি ,অনুমান কৰিছে নেকি ? নহ’লে আজি ইমান আগ্ৰহেৰে কিয় এই আয়োজন ? বিগত তিনিবছৰততো দেখা নাছিলোঁ। তেনে, আজি হঠাৎ ?
পুৱা পল্লবীয়ে কোৱা কথাখিনি আৰু ফাইলৰ সেই প্ৰবন্ধটোৱে মোক পুনৰ হুলে বিন্ধা দি বিন্ধিলে। মই ভবাটোৱে যদি সঁচা হয়,তেনে কোন পুৰুষৰ লগত বাৰু অমিতাভে সম্পৰ্ক ৰাখিছে?
অমিতাভৰ চিঞৰত খৰ খেদাকৈ গাটো পখালি আহিলোঁ।
"যোৱা, সোনকালে ড্ৰেচআপ কৰি আহা।মই অথনিৰে পৰা ৰেডী হৈ আছো।"–অতি বিনয়েৰে অমিতাভে ক’লে।
ড্ৰেচ আপ কৰি ডাইনিং হললৈ আহিলোঁ। পোনপ্ৰথমে অমিতাভে এটা ছেল্ফি ল’লে।আৰু গালত এটি চুমা আঁকি দিলে।আৰু কেকটো কাটিবলৈ আগবঢ়াই দিলে।
কেকটো কাটি অমিতাভক এডোখৰ খুৱাই দিলোঁ। অমিতাভেও মোক খোৱাই দিলে।অমিতাভৰ মনত আজি বহু স্ফুৰ্তি।
অমিতাভে, মোক প্ৰথম চাবলৈ যোৱাৰ দিনটো ৰোমন্থন কৰিলে।...আৰু বহুকথাই ক’লে। মই মাথোঁ নিৰবে শুনি গ’লোঁ।
"মই আজি সোনকালে আহিম।
আৰু শুনা, আজি বাহিৰতে ডিনাৰ কৰিম। তাতে,তুমিও দিনটো ভাগৰত আহিছা।ৰেডী হৈ থাকিবা।"—কথাখিনি কৈ অমিতাভ চেম্বাৰলৈ গ’ল।
অমিতাভক ইমান অন্তৰংগকৈ সততে পোৱাই নাযায়। তথাপি ,তাৰ প্ৰতি মোৰ বিশেষ টান অনুভৱ নহ’ল। পুৱাৰ কথাবোৰে মোৰ মনটোক খুঁটি থাকিল।
ভাবিলোঁ–যিহেতু অমিতাভৰ মনটো আজি ভাল ; সেয়ে, ডিনাৰ কৰোতে ,তাতে কথাখিনি মুকলিকৈ সোধা ভাল হ’ব ! লগে লগে আকৌ ভাবিলোঁ–আজিৰ এই দিনটো অন্ততঃ এইবছৰলৈ বিশেষ হৈ থাকক! কোনে জানে ,অহাবছৰ বা কি হয় ? সেয়ে , আজি আৰু এইকথাবোৰ আলচ নকৰাই ভাল হ’ব।
সেয়ে এই কথাবোৰ মনৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰি ,ডিনাৰ কৰিবলৈ যাবৰ বাবে ৰেডী হ’লোঁ। নিতৌ এইখিনি সময়ত কৰাৰ দৰে , দেউতালৈ ফোন এটা কৰিলোঁ।
ঔষধবোৰ সময়মতে নাখায়।আচলতে খাবলৈও পাহৰে। দেউতাৰ কথা মনত পৰিলেই মনটো বিষাদৰে ভৰি পৰে। নিসংগতাই মানুহজনক কোঙা কৰি পেলাইছে। দুদিনমান দেউতাৰ স’তে থাকি আহিবগৈ লাগিব।
সঠিকসময়তে অমিতাভ আহি পালে।সি অহালৈ ময়ো প্ৰায় ৰেডী হ’লোঁ। অমিতাভে ম’বাইলটো টেবুলতে থৈ ফ্ৰেচ হ’বলৈ গ’ল।
তেনেতে কেইবাবাৰো বিপ্ বিপ্ শব্দ কৰি অমিতাভৰ ম’বাইলটো কঁপি উঠিল।
কি জানো মন গ’ল ,ম’বাইলটো হাতত লৈ মেচেজটো পঢ়িলোঁ।
অমিতাভে ম’বাইলটো লক কৰি নাৰাখে।
"আজি মোৰ ৰূমলৈ নাহা নেকি, Sweet heart ? মই আজি তুমি ভাল পোৱা ,
লাইশাকেৰে, বইল পৰ্ক বনাইছোঁ। অইনদিনা
ছিৰিয়াছ কেছ থাকিলে,আগতীয়াকৈতো জনোৱা। আজি মেছেজ এটাও নাই যে...???"
NLX নামেৰে ছেভ কৰি থোৱা হুৱাটচ এপ নম্বৰটোত মেছেজটো জিলিকি উঠিল।
মেছেজটো পঢ়ি থৰ্ থৰ্ কৈ কঁপিলোঁ।
অমিতাভ বাথৰূমৰ পৰা অহাৰ আগেয়ে, আগৰ মেছেজ কেইটামানো পঢ়িবলৈ চেষ্টা কৰিলোঁ।
সেই বিশেষ ব্যক্তিগৰাকী পুৰুষ নে মহিলা , মেছেজ কেইটাৰ পৰা স্পষ্ট হ’ব নোৱাৰিলোঁ। কিন্তু সেই বিশেষ ব্যক্তি গৰাকীৰ লগত যে অমিতাভ বৰ্তমান ৰিলেচনশ্বীপত আছে,সেই কথাটো স্পষ্ট হ’ল। নাইট ডিউটিৰ দুহাই দি
সেই ব্যক্তিগৰাকীৰ স’তে যে ৰাতি যাপন কৰে
সেইটোও সু-স্পষ্ট হ’ল।
"কিয় একো নোকোৱা ,জান ?
মেছেজো চাইছা অথচ ৰিপ্লাই নাই ?
আজি আহিবানে নাহা ?"
– সেই নম্বৰটোৰ পৰা পুনৰ মেছেজ আহিল।
কিন্তু ,কোন এই NLX ?
পুৰুষ নে মহিলা ?
তেনেতে অমিতাভ বাথৰূমৰ পৰা ওলাই অহাৰ উমান পাই, ম’বাইলটো যেনেকৈ আছিল তেনেকৈয়ে থ’লোঁ।
আৰু অনিচ্ছাস্বত্বেও ডিনাৰলৈ ওলালোঁ।
চতুৰ্থ অধ্যায়
পঞ্চম খণ্ড
দেউতাৰ তাত থকা আজি তিনিদিনেই হ’ল।
দেউতাৰ স’তে আছোহি যদিও, শান্তিত থাকিব পৰা নাই । কোন সেই NLX ?
সেই কথাটোৱে মনটো খুলি খুলি খাইছে।
দেউতাৰ তালৈ অহাৰ আগদিনা , সুবিধা বুজি অমিতাভৰ ম’বাইলৰ পৰা সেই ম’বাইল নম্বৰটো টুকি ল’লোঁ।
কিন্তু , সেই নম্বৰটোত ফোন নালাগে। অৰ্থাৎ সেই নম্বৰটো কেৱল হুৱাটচ এপৰ বাবেহে ব্যৱহাৰ কৰে।
বিশেষ জানিব নোৱাৰিলেও যদি জানিব পাৰিলোঁহেঁতেন–NLX পুৰুষ নে নাৰী ?
এবাৰ ভাবিলোঁ–কথাখিনি নীলমৰ স’তে মুকলিকৈ আলোচনা কৰো । কিন্তু, আকৌ ভাবিলোঁ–"এইবোৰ কথা তাক ক’লে, সিও যদি মোৰ পৰা আঁতৰি যায়!..."
সেয়ে, মনৰ কথা মনতে ৰখাটোৱে ঠিক কৰিলোঁ।
নীলমলৈ মেছেজ কৰিলোঁ। এসপ্তাহে হ’ল তাক লগ নোপোৱা। যোৱা দেওবাৰে উজানবজাৰৰ বিষ্ণু-নিৰ্মলা ভৱনত হৈ যোৱা কবি সন্মিলনখনলৈ যাবলৈ সি মোক
বৰকৈ খাটনি ধৰিছিল। মোকো কবিতা পাঠৰ বাবে উদযাপন সমিতিৰ সম্পাদকজনে আমন্ত্ৰণ জনাইছিল।উক্ত অনুষ্ঠানত নীলম বিশিষ্ঠ অতিথি হিচাপে উপস্থিত আছিল।কিন্তু, দেউতাৰ ঘৰত থকা বাবে মই তালৈ নগ’লোঁ।
মই থকা বাবে এইকেইদিন দেউতাৰ মনটো বৰ ফৰকাল। সেই আগৰ সদা সক্ৰিয় দেউতাজনৰ দৰে হৈ উঠিছে। দুঃচিন্তাবোৰে মেৰিয়াই থাকিলেও, দেউতাৰ সান্নিধ্যই মোক যেন পৰম শান্তি প্ৰদান কৰিছে।
কবি সন্মিলন বুলিলে পাগল মানুহজনী,
আজিকালি সেই কবিতা সভাবোৰলৈও যাব মন নোযোৱা হ’ল। না ম’বাইল চাবলৈ মন যায় না কিতাপ পঢ়িব মন যায় ! একো কৰিয়ে ভাল নালাগে এতিয়া।
NLX ৰ ভূতে অনবৰতে গ্ৰাস কৰি থাকে।
ভূটানৰ পৰা আহাৰ পাছত ,যোৱা তিনিমাহে নীলমৰ স’তে তেনে কোনো অন্তৰংগ মুহূৰ্তও কটোৱা নাই।তাৰ প্ৰতি সেই আকুলতা যেন হঠাতে কমিবলৈ লৈছে । দুৰ্বলতাও বহুখিনি কমিছে।
নীলমৰ প্ৰতি এই ভালপোৱা তেনে সঁচা নহয় নেকি ? হৃদয়তকৈ তাৰ শৰীৰৰ প্ৰতিহে মোৰ হৃদয় ব্যাকুল আছিল নেকি ?
নভৱা কথাবোৰেই এটা এটাকৈ সঁচা প্ৰমাণিত হোৱাৰ পাছত ,অমিতাভেই মোৰ মন-প্ৰাণ আবৰি ৰাখিছে। জীৱনত যাক সকলোতকৈ বেছি ভালপোৱা যায়;তাৰ প্ৰতিয়ে বেছি বিৰাগ উপজে,তাৰ প্ৰতিয়ে খং অভিমানো বাঢ়ে। তেনে, অমিতাভ মোৰ সঁচা ভালপোৱা ?
সদায় কাষৰতে এনেই পৰি থকা বস্তু এবিধ হঠাতে নোহৱাহ’লেহে যিদৰে তাৰ অভাৱ অনুভূত হয়,তেনেকৈ অমিতাভৰ প্ৰতিও আকুলতা এতিয়াহে বাঢ়িবলৈ লৈছে। NLX ৰ মেছেজটোৱে মোক আকৌ বুজাই দিলে যে ,অমিতাভ এতিয়াও মোৰ হৃদয়ৰ অভিন্ন অংগ।
কিন্তু, মোক ফাঁকি দি ,অমিতাভ যে আনৰ সংগসুখত মগন!
আজিলৈও মই অমিতাভৰ বন্ধু হৈয়ে ৰ’লোঁ।পত্নী হ’ব নোৱাৰিলোঁ!
এৰা, নীলমৰ স’তে মোৰো অবৈধ সম্পৰ্ক গঢ়ি উঠিছে। শাৰীৰিক সম্পৰ্কও হৈছে। কিন্তু, অমিতাভৰ পৰা পত্নীৰ মৰ্যদা পোৱাহয়, নীলমৰ স’তে এই সম্পৰ্ক কাহানিও গা কৰি নুঠিলহেঁতেন।
অৱশ্যে নীলমৰ চকুত নিজকে অপৰাধী যেন লাগিল।সিটো মোক সঁচা অন্তৰেৰে ভাল পায়। অমিতাভে মোক যিদৰে বিশ্বাসঘাতকতা কৰিছে, তেনেকৈয়ে ময়ো জানো এতিয়া নীলমক বিশ্বাসঘাতকতা কৰি থকা নাই !
"আই অ’ আঠ বাজিবৰে হ’ল । ভাত নাৰান্ধ নে? "–দেউতাৰ মাতত হে সম্বিত ঘূৰি আহিল।
আজিকালি ভাৱনাৰ সাগৰতে বুৰ গৈ থাকো। ভাবিয়ে নোপোৱা হৈছোঁ, কি কৰিম কি ধৰিম!
দেউতাক আৰু একাপ বিনা চেনীৰ গাখীৰৰ চাঁহ দি ,মোলৈও একাপ কাঢ়াকৈ বাকী ল’লোঁ।
চতুৰ্থ অধ্যায়
ষষ্ঠ খণ্ড
ব’হাগ মাহ। ঢোলৰ মাত শুনিবলৈ নাপালেও, কুলিৰ মাতে গুৱাহাটীতো ভালকৈয়ে ব’হাগ নমাইছে।
হঠাতে বিজুলী-ঢেৰকনিৰে বাহিৰত এজাক দবা-পিটা বৰষুণ নামিল।কোনোমতে ভাতকেইটা ৰন্ধা হ’ল। বৰষুণৰ সৈতে
প্ৰচণ্ড ধুমুহাও। বিজুলী সংযোগো কৰ্তন কৰা হ’ল। দেউতাই টিভিটো বন্ধ কৰি দিলে। ময়ো বাৰাণ্ডা আৰু পাছফালৰ বাহিৰে বাকী সকলোবোৰ লাইট নুমুৱাই দিলোঁ।
টিভিৰূমৰ লাইটটো বন্ধ কৰি, হাতলেম্পটো জ্বলালোঁ।
"লাইট নুমুৱাই লেম্প জ্বলালি যে ?
এই লেম্পটো কেনেকৈ বিছাৰি পালি? "
–বিছনাত দীঘল দি দেউতাই গহীন কণ্ঠস্বৰৰে ক’লে।
" বেটেৰীটো পুৰণি হোৱা বাবে বেছিপৰলৈ ইনভাৰ্টাৰটোৱে বেকআপ নিদিয়ে। ইফালে, যিহে ধুমুহা মাৰিছে, আজিযে কাৰেন্ট আহিব,আশা নাই। তাতে, পুৱাৰে পৰা গাঁৱৰ সেই সোণসেৰীয়া শৈশৱৰ স্মৃতিয়ে মনত দোলা দি আছে। আবেলিৰ পৰা বতৰটোও বেয়া। সেয়ে, পুৰণা হাতলেম্পটোকে বিছাৰি, আবেলিয়ে ঠিক কৰি থৈছিলোঁ। "
–লেম্পটো জ্বলাই জ্বলাই মই ক’লোঁ।
বাহিৰত প্ৰচণ্ড ধুমুহা।
ময়ো দেউতাৰ ভৰি শিতানত বহি লৈ দেউতাৰ ভৰিদুখন পিটিকি দিলোঁ।
ল’ৰালিৰ সেই বৰষুণ-ধুমুহাৰ দিনবোৰে
ভাবুক কৰি তুলিলে।
"ভালেই কৰিলি দে,আই।
এইটো এটা সাধাৰণ লেম্প নহয়।
কিমান যে স্মৃতি জড়িত হৈ আছে ইয়াৰ লগত! এই লেম্পটোৰ পোহৰৰ হাতত ধৰিয়ে মই জীৱনৰ আন্ধাৰ আঁতৰাইছিলোঁ ।কিন্তু, আজি সি নিজে আন্ধাৰত বুৰ গৈ আছে!"
"তাকেই দেউতা।এই লেম্পটোৰ পোহৰেই মোকো জীৱনৰ আদিপাঠ শিকাইছিল।
"এৰা, মেট্ৰিক পৰীক্ষাৰ আগে আগে পিতায়ে আনি দিছিল টাউনৰ পৰা।সুখ-দুখৰ সাক্ষী এই লেম্পটো। "–দেউতাই দীঘলকৈ হুমুনিয়াহ এটা এৰিলে।
" দেউতা, মই সঁচাকৈয়ে দুৰ্ভগীয়া।ককা, আইতা এজনৰো মৰম নাপালোঁ।যৌৱনত ভৰি দিওতেই মাকো লৈ গ’ল। "–নকওঁ বুলিও কথাকেইটা চকুলো হৈ কেনেকৈ নিগৰিল গমেই নাপালোঁ।
নিসংগতাই কোঠাটো মেৰিয়াই ধৰিলে।
লেম্পটোৰ ধিমিক-ধামাক পোহৰ যেন কোঠাটোৰ এন্ধাৰৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে।কোনো এপলকত ভেন্টিলেটৰৰ মাজেৰে সৰকি অহা বিজুলীৰ চমকত দেউতাৰ সেমেকা চকুকেইটা জিলিকি উঠিল।
" মা, আজি তোক কথা এটা ক’ম ।তোক ক’বলৈ যে মই কিমান চেষ্টা কৰি আহিছোঁ।কিন্তু, সাহস গোটাব পৰা নাই। এই কথাখিনিয়ে মোক খুলি খুলি খাইছে। প্ৰথমে ক-তই মোক ক্ষমা কৰি দিবিনে ?"–এইবুলি কৈ দেউতাই হুক-হুকাই কান্দিলে।
মই দেউতাৰ আৰু কাষ চাপি গ’লোঁ। বৰষুণ নোহোৱাহ’লে হয়তো মোৰ উচুপনিও দেউতাই শুনিলেহেঁতেন!
"তই যোৱাৰ পৰা মই আৰু বেছি নিসংগ হৈ পৰিছোঁ। মাৰেও বৰকৈ আমনি কৰা হৈছে।"–দেউতাই থোকা-থুকি মাতেৰে কথাকেইটা ক’লে।
"দেউতা অ’, ধৰ্য্য ধৰাচোন। তুমিয়ে এনেকৈ ভাগি পৰিলে , মোৰ কি হ’ব ! " দেউতাক প্ৰবোধ দিয়াৰ বৃথা চেষ্টা কৰিলোঁ।
"মই এজন হত্যাকাৰী। অ’...ময়েই তোৰ মাৰৰ হত্যাকাৰী।ময়েই তোক মাৰৰ পৰা আঁতৰাই লৈ গৈছিলোঁ।আই, মোক যি শাস্তি দিয়,তাকেই মানি ল’ম...এনেকৈ জীয়াই থকাটো বৰ কষ্টকৰ । মোক শাস্তি দে..."–দেউতাই হাতেৰে বুকু চপৰিয়াই চপৰিয়াই ক’লে।
"দেউতা, এইবোৰ তুমি কি কৈছা ? "
" আই অ’...মই সঁচা কথাকে কৈছোঁ। মই এটা মহাপাপী। এটা কলংকিত পতি।এটা কলংকিত পিতৃ।এজন চৰিত্ৰহীন মানুহ। নাই ,নাই ...মই মানুহ নহয়।মই এটা অসুৰ।কেঁচা মঙহৰ চিকাৰী।..."
"দেউতা, কিনো কৈ আছা-মই ধৰিবই পৰা নাই ..."–কি ক’ম, নক’ম-একো ধৰিব পৰা নাছিলোঁ। মাথোঁ থৰ্ থৰ্ কৈ কঁপিছিলোঁ।
" মাৰৰ মৃত্যু সাধাৰণ নাছিল।Heart Attack হৈছিল।এখন সুখৰ সংসাৰ নিমিষতে থান-বান হৈ গৈছিল।ভগৱানৰ দৰে পূজা কৰা,তোৰ এই পাপী দেউতাৰক, এটা ভণ্ড, চৰিত্ৰহীন পাষণ্ড হিচাপে যেতিয়া ধৰা পেলাইছিল, তেতিয়াই তোৰ মাৰৰ হৃদয় ভাঙি চুৰ-মাৰ হৈছিল।
মই ক্ষমা খুজিছিলোঁ। এনে ভুল আৰু কাহানিও নকৰো বুলি শপত খাইছিলোঁ।জীৱনত প্ৰথমবাৰলৈ ভুল কৰা বুলি ক্ষমা কৰি দিবলৈ প্ৰাৰ্থনা কৰিছিলোঁ। গাঁৱৰ পৰা তহঁতক
গুৱাহাটীলৈ লৈ অহাৰ কথা কৈছিলোঁ।
মাৰাই মোক ক্ষমা কৰি দিয়া বুলি ভাবিছিলোঁ ।অৱশ্যে গাঁও এৰি আহিবলৈ মান্তি হোৱা নাছিল।"
"ক্ষমা কৰি দিয়া বুলি ভাবিছিলোঁ মানে মায়ে ক্ষমা কৰি দিয়া নাছিল ? "–দেউতাক সহজ কৰিবলৈ মই বিনম্ৰতাৰে সুধিলোঁ ।
"ক্ষমা কৰা বুলিয়ে ভাবিছিলোঁ।সকলো কথা জানিও সহজতে মানি লৈছিল।যেন একো হোৱাই নাছিল। কাকোৱে কথাবোৰ জানিবলৈ দিয়া নাছিল।মই কেইদিনমান গাঁৱত থাকি পুনৰ গুৱাহাটীলৈ উলটি আহিছিলোঁ। এনেকৈ তিনিমাহ পাৰ হ’ল।এই সময়খিনিত মই দুবাৰ ঘৰলৈ গৈছিলোঁ।সকলো আগৰ দৰে হৈছিল। এনে লাগিছিল-মাৰাই সকলো পাহৰি পেলাইছিল । কিন্তু....
কিন্তু হঠাতে সেই কাল ধুমুহাজাক নামি আহিছিল।
জীৱনটো নতুনকৈ সজোৱাৰ চেষ্টা কৰিছিলোঁ। পাহৰিবলৈ চেষ্টা কৰিছিলোঁ-মানসী বৰুৱাক। মানসীৰ লগত সকলো যোগাযোগ বিচ্ছিন্ন কৰিছিলোঁ।মোৰ ভাৰাঘৰৰ ঠিকনাও সলাইছিলোঁ।"-থোকা-থুকি মাতেৰে দেউতাই অনৰ্গল কৈ গ’ল।
কোনেও কাৰো চকুলৈ চাব পৰা নাই ।দেউতাৰ চকুলো পুনৰ বিজুলীৰ পোহৰত জিলিকি উঠিল।কাৰুণ্যই আমাক দুয়োকে মেৰিয়াই ধৰিলে।
"কোন সেই মানসী বৰুৱা ? -মই লাহেকৈ সুধিলোঁ।
" মানসী বৰুৱা মোৰ Business partner আছিল। অন্তৰংগ বন্ধু,কলেজত পঢ়া দিনৰে পৰা।সম্ভ্ৰান্ত ঘৰৰ ছোৱালী।গুৱাহাটীৰ স্থায়ী বাসিন্দা।
কলেজত পঢ়ি থাকোতে, ভাৰা দিব নোৱৰাৰ বাবে মালিকে যেতিয়া
মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলি মানসীয়ে গম পাইছিল,তেতিয়া তাই সিঁহতৰ নাৰেংগীত থকা ভাৰাঘৰটোত থাকিবলৈ দিছিল।কোনো ভাৰা লোৱা নাছিল। মাজে মাজে আৰ্থিকভাবেও সহায় কৰিছিল।
মানসীৰ দেউতাকে কেইবাটাও টিউশ্যন ঠিক কৰি দিছিল।সেই সাহায্য নোপোৱাহ’লে ,
কেতিয়াবাই গাঁৱলৈ উভতিব লাগিলহেঁতেন।
বিধৱা আইতাৰে মোলৈ টকা পঠোৱা দূৰৰে কথা, এসাঁজ খাই তিনিসাঁজ লঘোনে থাকি কোনোমতে পাঁচটা প্ৰাণীৰ ঘৰখন জোৰা- টাপলি মাৰি চলাই আছিল।
ইমান ধনীঘৰৰ ছোৱালী হৈও কোনো অহংকাৰ নাছিল।ক্ৰমশঃ মানসীৰ লগত বন্ধুত্ব গাঢ় হৈছিল।এনেকৈয়ে দিনবোৰ পাৰ হৈছিল।
এবাৰ মাঘবিহুত মানসী আমাৰ ঘৰলৈ গৈছিল। এসপ্তাহ আছিল।আমাৰ এই বন্ধুত্ব পৰিয়ালৰ,চুবুৰীৰ সকলোৱে গম পাইছিল।তোৰ আইতাৰেও বিচাৰিছিল-মানসীক বোৱাৰী কৰিবলৈ।কিন্তু, মই একেষাৰে নস্যাৎ কৰিছিলোঁ।কিয়নো, মানসী,মোৰ বাবে আছিল প্ৰকৃত বন্ধু।সকলো কথা অকপতে ক’ব পৰা বন্ধু। তেতিয়া,মই তাইক আন দৃষ্টিৰে চোৱাই নাছিলোঁ। জানিবলৈও আগ্ৰহ কৰা নাছিলোঁ-মোৰ প্ৰতি তাইৰ অনুভৱ কেনে? তাতে মানসীক পাব বিচৰা কথাটো-বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ লেখীয়া।
আমাৰ বন্ধুত্ব ক্ৰমান্বয়ে আৰু গাঢ় হ’ল।"
জোৰকৈ অহা ঢেৰকনিৰ শবদত দেউতা কিছুপৰ থমকি ৰ’ল।পোহৰ একেবাৰে কমি যোৱাত, ময়ো লেম্পৰ ফিটাডাল অলপ বঢ়াই দিলোঁ। দেউতাই পুনৰ আৰম্ভ কৰিলে-
"B.Sc সুখ্যাতিৰে পাছ কৰাৰ পাছতো ,প্ৰবল ইচ্ছা থকাৰ স্বত্বেও M.Sc. পঢ়িব নোৱাৰিলোঁ। ক্লাছ নাইন -টেনৰ উচ্চ গণিত,গণিত আৰু বিজ্ঞানৰ টিউশ্যন কৰিবলৈ ল’লোঁ।দুবছৰৰ ভিতৰতে গুৱাহাটীত গণিতৰ টিউশ্যন মাষ্টাৰ হিচাপে জনাজাত হ’লোঁ। টিউশ্যন কৰি আহৰি নোপোৱা হ’লোঁ। টকাও বহুখিনি উপাৰ্জন কৰিবলৈ সক্ষম হ’লোঁ। গুৱাহাটীৰ এখন আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত যোগদান কৰিলোঁ।গাঁৱৰ ঘৰলৈ নিয়মীয়াকৈ টকা পঠোৱা হ’লোঁ।লাহে লাহে ঘৰখন ঠন ধৰি উঠিল।গাঁৱৰ যে ঘৰটো-সেয়া টিউশ্যনৰ টকাৰে সঁজা।
ইফালে মানসী উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গ’ল।দুই-তিনিখন চিঠিৰ আদান প্ৰদানৰ বাহিৰে যোগাযোগ প্ৰায় নোহোৱা হ’ল।
এনেদৰেই বহুবছৰ পাৰ হ’ল।
ইফালে আইতাৰৰ দেহা পৰি আহিছিল।সেয়ে, ঘৰলৈ গ’লে আইতাৰৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলোৰে কেৱল বিয়া পতাৰে কথা।
অৱশেষত ঘৰৰ পৰা চাই দিয়া মতেই মাৰাৰ লগত বিয়াত বহিলোঁ। মনে বিচৰা মতেই মোৰ হৃদয়-মন ভৰি পৰিল।মাৰাই আছিল মোৰ প্ৰথম প্ৰেম।
এৰা, বিয়াৰ আগলৈ প্ৰেম কি জনাই নাছিলোঁ।
বিয়াৰ খবৰ দি মানসীলৈ চিঠি এখন পঠিয়াইছিলোঁ। তাইৰ ঘৰতো গৈ বিয়াৰ নিমন্ত্ৰণ দি আহিছিলোঁ। চিঠিৰ উত্তৰো নাহিল।বিয়ালৈও নাহিল।
টিউশ্যনৰ ওপৰতে জীৱন।সেয়ে বিয়াৰ এমাহৰ পাছতে মাৰক গাঁৱতে থৈ, মই গুৱাহাটীলৈ গুচি আহিলোঁ। প্ৰতিমাহত এবাৰকৈ গাঁৱলৈ যোৱাৰ ব্যৱস্থা কৰিলোঁ।
মাৰাই মন বেয়া কৰি নাথাকক বুলি টিভি এটাও কিনি দিছিলোঁ। মাৰাৰ লগত সপ্তাহত দুই-তিনিখনকৈ চিঠিৰ আদান-প্ৰদান হৈ থাকিল।যেন হাইস্কুলৰ প্ৰমিক-প্ৰেমিকাহে!
এনেকৈয়ে বৰ সুখেৰে পাৰ হ’ল দিনবোৰ।
বিয়াৰ প্ৰায় তিনিবছৰৰ পাছত তই আহিলি আমাৰ জীৱন বৰ্ণময় কৰি।পিতৃত্বৰ গৌৰৱেৰে গৌৰাম্বিত হ’লোঁ আমি।তোৰ মৰমতে ,টিউশ্যন মেনেজ কৰি মাহত দুই-তিনিবাৰকৈ যাবলৈ ধৰিলোঁ,গাঁৱলৈ। ঘৰখন সুখেৰে ভৰি পৰিল।"
—এই কথাখিনি কওঁতে দেউতাৰ শেঁতা ওঁঠত হাঁহি বিৰিঙিছিল।লেম্পৰ ক্ষীণ পোহৰত উদ্ভাসিত হোৱা সেই হাঁহিটোৱে যেন হতাশাত পোত গৈ থকা কোঠাটোত ক্ষন্তেকৰ বাবে হ’লেও আশাৰ ৰেঙনি ছটিয়াইছিল।তেতিয়ালৈ ধুমুহাজাত শাম কাটিছিল যদিও বৰষুণ ধাৰাষাৰে পৰি আছিল।
"তেনে,মানসী বৰুৱা এজাক কাল ধুমুহা হৈ আমাৰ জীৱনলৈ আহিল কেনেকৈ? "
–মই কিছু বিদ্ৰোহৰ সুৰেৰে ক’লোঁ।
"এদিন হঠাতে মানসী বৰুৱাৰ চিঠি এখন আহিল।পঢ়া সমাপ্ত কৰি দিল্লীতে সংস্থাপিত হোৱা মানসীয়ে সকলো এৰি গুৱাহাটীলৈ ঘূৰি অহাৰ সিদ্ধান্তৰ কথা জনালে।গুৱাহাটীলৈ আহি মোক লগ কৰাৰ কথা ক’লে।
কথা ৰাখি তাইক লগ কৰিলোঁ।
মই ভাৰাথকা সিহঁতৰ এই প্ল’টটোতে পাৰ্টনাৰশ্বীপত ইংৰাজী মাধ্যমৰ বিদ্যালয় এখন খোলাৰ প্ৰস্তাৱ দিলে।সেই প্ল’টটো এখন বিদ্যালয়ৰ বাবে খুবেই উপযোগী। ময়ো সন্মত হ’লোঁ। কিয়নো,এনে এক হাবিয়াহ ময়ো পুহি ৰাখিছিলোঁ।কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ লীলা বৰাদেৱক অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হ’ল।কম সময়ৰ ভিতৰতে বিদ্যালয়খনে জনমানসত প্ৰতিস্থা লাভ কৰিলে।
বিদ্যালয়ৰ ব্যস্ততাৰ বাবে গাঁৱলৈ যোৱা পাতলিল ।ইফালে মানসীৰ লগত বন্ধুত্ব গাঢ় হ’ল।জীৱনৰ ৩৫ টা বসন্ত গৰকাৰ পাছতো কিয় বিয়া হোৱা নাছিল-এই কথাটো বহুদিন সুধিম বুলিও সুধিব পৰা নাছিলোঁ তাইক।
এই বন্ধুত্ব কেতিয়ানো প্ৰেমৰ ৰূপ লৈছিল-গমেই নাপালোঁ। এই সম্পৰ্ক ক্ৰমান্বয়ে গভীৰৰ পৰা গভীৰতৰলৈ গতি কৰিলে।মাৰৰ প্ৰতি বিশেষ টান অনুভৱ নকৰা হ’লোঁ। কেৱল তোৰ মৰেমেহে মোক গাঁৱলৈ হাত বাউলি মাতিছিল,মাৰলৈ মোৰ আকৰ্ষণ কমি গৈছিল।
অনুতপ্ত হৈ ,মাজে মাজে আঁতৰি আহিব খুজিও নোৱৰা হ’লোঁ।এনেদৰে দহ বছৰে সম্পৰ্কটো সকলোৰে চকুত ধূলি দি চলি থাকিল।কিন্তু, সত্যক কোনোবাই জানো মিছা আৱৰণেৰে ঢাকি ৰাখিব পাৰি ?
সহজ-সৰল পতিব্ৰতা মাৰৰ ওচৰত এদিন মই ধৰা পৰিলোঁ।
কিন্তু সকলো ভুলৰ ক্ষমা অতি সহজেই কৰি দিছিল।সেয়ে, মই আচৰিতো হৈছিলোঁ। সকলোবোৰ আগৰদৰে সহজ হৈ পৰা বুলি ভাবিছিলোঁ।
উহু...সেয়া মোৰ ভুল ধাৰণা আছিল।
মাৰাই ইমাত সুন্দৰকৈ অভিনয় কৰি গ’ল,মই তলকিবই নোৱাৰিলোঁ।তেওঁ মুক্তি পালে;কিন্তু মই পৰি ৰ’লোঁ -এই পাপৰ সাগৰত।
ময়েই তোৰ মাৰৰ হত্যাকাৰী।তই যি শাস্তি দিয়,তাকেই মূৰ পাতি ল’ম। দে,মোক উচিত শাস্তি দে।
এই অপৰাধবোধে মোক খুলি খুলি খাইছে।
মোক মুক্তি দে ,আই..."
–এইবুলি হাও হাওকৈ কান্দি মোৰ কোঁচত কুঁচি-মুচি খালে।
বিনাবাধাই মোৰ চকুলোবোৰ হৰহৰকৈ নামি আহিল।
দেউতাৰ চকুলো মচি দিবলৈ আগবঢ়া হাত দুখন যেন মাৰ হাত দুখনে টানি ধৰিলে।
মাৰ কৰুণ মুখখনে মনত অগা-দেৱা কৰিলে। দেউতাৰ প্ৰতি ভীষণ ঘৃণা উপজিল।
কি কৰো ,কি নকৰো একো ধৰিব নোৱাৰিলোঁ। মৌনতাই আমাৰ দুয়োকে কাবু কৰিলে। এনেকৈ নীৰৱতাৰে বহু সময় অতিবাহিত হ’ল।
" আই, তই কিবা এটা ক।
মোক গালি দে । মোক শাস্তি দে। মাথোঁ এনেকৈ মনে মনে নাথাকিবি।"
অসহায় ,অনুশোচনাগ্ৰস্ত দেউতাৰ কথাখিনি শুনি একো ক’ব নোৱাৰিলোঁ।
মনতে বহু কথা পাগুলিলোঁ। এবাৰ ভাবিলোঁ-অপৰাধী দেউতাৰ পৰা চিৰদিনৰ বাবে আঁতৰি থাকো বুলি। কিন্তু, তেনেকুৱা কৰি লাভ কি হ’ব ? হোৱাটোতো হৈয়েই গ’ল। ভুলৰ শাস্তি হিচাপে ইতিমধ্যে নিসংগতাই মানহটোক খুলি খুলি খাইছেই।
বহু ভাবি চিন্তি ,"দেউতা–" বুলি চিঞৰি দেউতাক জোৰেৰে সাবটি ধৰিলোঁ। দেউতায়ো দুহাতেৰে জোৰেৰে বুকুত সুমুৱাই ক’লে –
" আই, তই বিশ্বাস কৰ–মাৰৰ ওচৰত ধৰা পৰাৰ পাছত মই মানসীৰ হৃদয়ৰ পৰা চিৰদিনৰ বাবে আঁতৰি আহিলোঁ। বুজাবুজিৰে বিদ্যালয়খনৰ শ্বেয়াৰৰ পৰাও আঁতৰি আহিলোঁ।
আৰু নিজাববীয়াকৈ গঢ়িলোঁ এই স্বৰস্বতী ইংলিছ একাডেমী।
তই ডাঙৰ হৈ আহিলি। তোৰ মৰমে মোক ভৰাই ৰাখিলে। কিন্তু , তোক বিয়া দিয়াৰ পাছৰ পৰা এই চাৰিবছৰে মই নৰক যন্ত্ৰণাত কটাইছোঁ। নিসংগতা আৰু অপৰাধবোধে নিতৌ মোক ৰেপি থাকে।
"দেউতা, প্ৰেম অমৰ।প্ৰেম নিষ্পাপ। যেনেকৈ কৰো বুলি কৰিব নোৱাৰি, তেনেকৈ এৰো বুলি এৰিবও নোৱাৰি।
প্ৰেম জীৱনৰ পৰম উপহাৰ।
কিন্তু সৌভাগ্যবান জনেহে প্ৰেমক বৰণ কৰিব পাৰে। প্ৰেমেৰে জীৱন ৰঙীন কৰিব পাৰে।
যৌৱনত এনে ভুল হোৱাটো অস্বাভাৱিক নহয়। হৈ যায়,কৰো বুলি নকৰাকৈ..."
–দেউতাৰ বাহু বন্ধনত থাকিয়ে কথাখিনি ক’লোঁ।
ভাবিলোঁ-ময়োতো একেই ভুল কৰি আছোঁ।
"আই,মানসীৰ লগত আন্তৰিক সম্পৰ্কৰ বাহিৰে আন কোনো শাৰীৰিক সম্পৰ্ক হোৱা নাছিল।সম্ভ্ৰান্ত ঘৰৰ উচ্চ শিক্ষিত ছোৱালী হৈও ,মোৰ বাবেই ,তাই অবিবাহিত হৈ থাকিল।"
"তুমি হঠাতে আঁতৰি অহাৰ পাছত, তেখেতে একো আপত্তি কৰা নাছিল ?"
–নুমাই যাব খোজা লেম্পৰ ফিটাডাল পুনৰ আগবঢ়াই দিবলৈ দেউতাৰ বাহুবন্ধনৰ পৰা অনিচ্ছাস্বত্বেও আঁতৰি আহিলোঁ।
" নাই।তাই মোক কোনো অভিযোগ কৰা নাছিল। মোৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে সন্মান জনাইছিল। আৰু ভায়েকক স্কুলখন চাবলৈ দি, একেবাৰে দিল্লীলৈ গুচি গৈছিল।
তাইৰ কাষৰ পৰা আঁতৰি অহাৰ দিনা , মাথোঁ তাই এষাৰ কথাই কৈছিল–"ত্যাগেই যদি নাথাকে,তেনে সেয়া কি প্ৰেম!"
সেইদিন ধৰি আজিলৈ তাইৰ লগত কোনো যোগাযোগ নাই । "
" কিন্তু, দেউতা-কাৰোবাৰ স’তে যোগাযোগ নাথাকিল বুলিয়ে,মনৰ পৰা একেবাৰে মচি দিব জানো পাৰি ? প্ৰেম জানো ইমান ঠুনুকা!"
"নাজানো -প্ৰেম কেনেকুৱা ।কিন্তু, মই মানসীক কেতিয়াবাই মনৰ পৰা আঁতৰাই পেলালোঁ।"
"তুমি মিছা মাতিছা দেউতা। সঁচা প্ৰেমক ইমান সহজে কোনেও পাহৰিব নোৱাৰে।
হয়,তুমি দোষী । এগৰাকী সহজ সৰল,পতিব্ৰতা নাৰীৰ কোমল মৰমক তুমি প্ৰতাৰণা কৰিলা। এয়া অক্ষমনীয় অপৰাধ।আৰু তাৰ বাবে তুমি শাস্তিও পাইছা।
কিন্তু মোৰ দৃষ্টিত তুমি আন এক প্ৰকাৰে দোষী।
সেয়া হৈছে, মানসীৰ কোমল হৃদয়ক কৰা বিশ্বাসঘাতকতা। তুমি তোমাৰ হৃদয়ক একাষৰীয়া কৰি ,পাপৰ পায়শ্চিত্ত বাৰু কৰিলা; কিন্তু মানসী বৰুৱাক এনেকৈ একাকীকত্বৰ জীৱন কিয় উপহাৰ দিলা ? যিগৰাকী নাৰীয়ে তোমাৰ জীৱন গঢ়িলে, সেইগৰাকী নাৰীকে তুমি গোটেই জীৱন অকলশৰীয়া কৰিলা ? এই অধিকাৰ তুমি ক’ত পালা ?
ইমান বছৰে এইকথাবোৰ মনতে পাগুলি পাগুলি ,নিজকে কি মহান কৰিব খুজিছিলা? মোকতো আগতেই ক’ব পাৰিলাহেঁতেন !
শুনা, হোৱাতো হৈ গ’ল।
তুমি যিহেতু অনুতপ্ত,সেয়াই যথেষ্ট ।মাত্ৰ এইবোৰকে ভাবি ভাবি নিজক আৰু নিঃশেষ নকৰিবা।জীৱন,সঁচাকৈয়ে অনুপম -দেউতা।
মই যদি তোমাক ক্ষমা কৰোটো বিচৰা,তেনে মানসী বৰুৱাৰ ঠিকনাটো জনাবা ।মৃত মাৰ শপত-মই এইবোৰ কথা একোকে নাপাতো।"
মোৰ সোঁহাতখন টানি নি বুকুৰ মাজত ৰাখি দেউতা পুনৰ ফেঁকুৰি উঠিল।
"দেউতা, তুমি যদি এনেকৈ কান্দিয়ে থকা, তেনেহ’লে মই কিন্তু ক্ষমা নকৰিম।
এইবোৰ বাদ দিয়া।
বৰষুণো এৰিলে। ব’লা ভাতকেইটা খাই লওঁগৈ।"–কিছু শাসনৰ সুৰেৰে দেউতাক ক’লোঁ।
লেম্পৰ পোহৰত দেউতাক চকুত এচমকা পোহৰ দেখা পাই,মোৰ মনটোও আৱেগত উথলি উঠিল।
আকাশত কলীয়া ডাৱৰ আঁতৰি, কেইটামান তৰাই ভুমুকি মাৰিলে।হতাশাৰ ওৰণি গুচাই জোনটিয়েও মিছিকিয়ালে।
আগলৈ....
0 Comments