সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আছমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
সৰু মানুহৰ সৰু সৰু কাম। সৰু সৰু কামৰ বাবেই প্ৰয়োজন সৰু সৰু মানুহক।সৰু মানুহৰ সপোনো সৰু। আকাশলঙ্ঘী বজাৰত সৰু মানুহৰ চাহিদাও কম। বজাৰমূল্য বৃদ্ধি হোৱাৰ কথাই নাথাকে। তথাপি কিছুমান সৰু মানুহে নিজৰ কায়দাৰে, ডাঙৰ মানুহৰ লগত কোনো প্ৰতিযোগিতা নকৰাকৈ, লুংলুঙীয়া হ’লেও নিজেই নিজৰ বাট কাটি লয়।
সৰু সৰু মানুহৰ থুপেৰে গঢ়ি উঠে সৰু সৰু সমাজ। তাকে লৈ তেওঁলোক হয় সুখী । কিছু হয় দুখী। দুখীবোৰে এই সৰু সমাজৰ মাজেৰেই মন মেলে ডাঙৰ সমাজলৈ । ভাল কথা।পিছে,কিছুৱে পাহৰি যায় শিপা। শিপা হেৰুৱাই হৈ পৰে আকাশীলতা।
আকাশীলতালৈ সৰু মানুহৰ জুমটোৰ নাথাকে বিশেষ হাবিয়াহ।শিপা নেহেৰুৱাই লুুংলুঙীয়া বাটেৰে বুলি যায় বাট।
সাম্প্ৰতিক ডিজিটেল সাহিত্যৰ জগতখনতো ওপৰৰ ছবিখনে প্ৰতিফলিত হৈছে। ডিজিটেল মাধ্যমৰ জৰিয়তে সৰু সৰু লেখকৰে অলেখ সৰু সৰু গোটৰ সৃষ্টি হৈছে। সাহিত্যচৰ্চাৰ বাবে তেওঁলোকে নিজেই নিজৰ মঞ্চ তৈয়াৰ কৰি লৈছে। তেওঁলোকৰ বেছিভাগৰে আনে কি কৈছে, তালৈ ভ্ৰুক্ষেপ নাই।
নিজেই নিজৰ প্ৰকাশক হৈ নিজৰ লেখাক ছপা মাধ্যমত প্ৰকাশ কৰিছে।ইজনে সিজনক নিজৰ কিতাপ উপহাৰ দিছে।সিজনে ইজনক।
তেনেকৈয়ে তেওঁলোক সুখী।
চৰ্চা,সাধনা আৰু অধ্যয়নৰ জৰিয়তে সেই সৰু সৰু গোটৰ পৰাই বহুজন বৰ্তমান প্ৰতিষ্ঠিত।
সৰু সৰু লেখেকবোৰ যদি তেনেকৈয়ে সুখী
তাত বেলেগে ক’বলগীয়া হয়তো বিশেষ নাই।
কিয়নো survival of the fittest বোলা কথাষাৰৰ গূঢ়াৰ্থ নিশ্চয় আমি সকলোৱে অনুধাৱন কৰিব পাৰোঁ। এজোপা ডাঙৰ গছৰ পৰা শ শ পুলি হয়,তাত গছজোপাৰ ভুল কি ? বৰঞ্চ কেইটা পুলি গছলৈ পৰিণত হ’ল-সেইটোহে লক্ষ্যণীয় দিশ।
আমি সকলোৱে ডাঙৰ মানুহ হ’বলৈয়ে চেষ্টা কৰোঁ। কিন্তু কিমান জনে পাৰোঁ?
আক্ষৰিক অৰ্থত ডাঙৰ মানুহ হৈও,প্ৰকৃতাৰ্থত সৰু মানুহতকৈও সৰু হৈ পৰোঁ।
জীৱন সঁচাকৈয়ে অনুপম।
জীৱনক সুন্দৰকৈ উদযাপন কৰিব পৰাটোৱে, বৰ্তমান এক জটিল কলা।
নৱ ৰাজন
সম্পাদক
কাব্যকানন——————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
শুদ্ধ শব্দকেইটামান
---------------------------------
[ সঘনাই খোকোজা লগা শব্দকিছুমান তুলি ধৰিলোঁ -- আনৰো কামত আহিব পাৰেইবা ]
৷৷ অত্যধিক, অহৰ্নিশ, অকণ, অৰ্জন, অনূৰ্ধ্ব, অহোৰাত্ৰ
৷৷ আধিক্য, আঙুলি, আঁচোৰ, আচাৰ (নিয়ম, চাট্নি), আছাৰ (জোঁকাৰ)
৷৷ এছোৱা, এছাটি, এচিকটা
৷৷ ঐকতান, একতা, ঐক্য, ঐকমত্য
৷৷ ওতপ্ৰোত, ঔপন্যাসিক, ঔদ্যোগিক
৷৷ উচ্চ, উচ্চাৰণ, উছৰ্গা, উকি, উন্নয়ন, উল্লিখিত, উচ্ছৃঙ্খল
৷৷ ক্লাব, কিয়দংশ, কিনকিন, কিৰণ, কাচি, কাঁচি (দৈ হ’বধৰা), কেঁচি, কাঁচ, কাঁচিজোন
৷৷গুণগুণ, গুচি, গুছি (পাণগুছি)
৷৷চন্দ্ৰাতপ, চৰৈৱেতী, চুবুৰি, চুবুৰীয়া
৷৷ছবি, ছিগা, ছটিওৱা, ছহিদ, ছিটিকি
৷৷জিৰণি, জ্যেষ্ঠ, জীৱিকা, জীৱিত, দীৰ্ঘজীৱী, জীৱনী
৷৷তত্ত্ব, ত্ৰুটী ('ত’ই 'ৰ’ই -- ত্ৰ ), তদুপৰি ('তাৰোপৰি’ নহয়), তুচ্ছ
৷৷দ্বন্দ্ব, দূৰদৃষ্ট, দাৰিদ্ৰ = দৰিদ্ৰতা, দৰিদ্ৰ, দৈন্য, দীনতা, দিগ্বলয়, দাম (বেচ), দোকানি, দুৰ্গা, দুৰ্গ, দূৰ্বা, দূবৰি (দূবৰী), দিবাৰাত্ৰ, দূষণীয় ('দোষণীয়’ নহয় )
৷৷ধূলিসাৎ, ধিক্বাৰ, ধল (বাঢ়নী পানী), ধলপুৱা , ঢলিপৰা
৷৷ন্যূনতম (ন্যূন = কম), নামকৰণ, নিৰ্দ্দোষ ('দোষী’ৰ বিপৰীত), নিৰ্দ্দোষতা, নি:শেষ, নি:সঙ্গ, নি:স্বাৰ্থ, নৈ:শব্দ, ন্যস্তস্বাৰ্থ (বা, স্বাৰ্থজনিত), নিৰপৰাধ, নৈবেদ্য, নবীন-প্ৰৱীণ
৷৷পুণ্য, পৰিপক্ব, প্ৰৱহমান, পূব, পুৱা, পোৱালি, পোছাক, পিছল, পাছত (সময়বাচক), পিছত (স্থানবাচক), পূৰ্বৱৰ্ত্তী বক্তা ('ওপৰোক্ত’ নহয়)
৷৷ফু, ফোট, ফেট, ফাট, ফাঁক, ফাঁহ, ফেচু, ফেঁচা, ফেকুৰ, ফীঁ ফীঁ, ফাঁকি (ছলনা), ফাকি (পদ্যৰ চৰণ)
৷৷বননিকৰণ, বিদ্বান, বিৱদমান, বাঞ্ছনীয়, বীৰাংগনা, বাগিচা, বিছনা, বিচনী, বেচ (দাম), বাচ (জী থাক), বাছ, বাছাহঁত, বঁতিওৱা, বৃদ্ধাৱাস ('বৃদ্ধাশ্ৰম’ নহয়), বিহ(poison), বিষ (pain) , বেলেগ (পৃথক, ভিন্ন, different) , আন (অন্য, other, another)
৷৷ভাহি, ভাৰসা, ভাৰসাম্য, ভাৰসমতা, ভৱিষ্যৎ (ভৱিষ্যতৰ), ভূঁইকঁপ
৷৷মুখ্য, মূৰ্খ, মুহূৰ্ত্ত, মূৰকত, মুৰব্বী, মৰ্যাদা, মহত্ত্ব, মৰূদ্যান, মূছকঁছ, মূল্য (value), মান ('মানদণ্ড’ নহয়), মাধুৰী, মাধুৰ্য
৷৷যশস্বী, যশস্বিনী, যামদেই, যাবাচোন, যাবাদিয়া
৷৷ৰঙীন, ৰং (ৰঙৰ, ৰঙত)
৷৷লক্ষ্মী, লেখা (article), লেখuনি / লেখনী (কলম, তুলিকা)
৷৷শূন্য, শ্ৰেষ্ঠ ('শ্ৰেষ্ঠতম’ বা 'সৰ্বশ্ৰেষ্ঠ’ নহয়), শিশু-সাহিত্য (শিশুৰ বাবে উপযোগী সাহিত্য), শিশু সাহিত্য (যি সাহিত্য শিশু)
৷৷ষোল
৷৷ সহযোগী, সহযোগিতা, সাহায্য, সাবট, সোধনাগাৰ, সংস্থা , সিঁচৰতি, সত্ত্বা, সুঁতি, সাঁকো, সো-সো, সাদৰে, সমীচীন, সোঁৱৰণি (স্মৃতি), সোঁৱৰণী (বি. কোষ্ঠি) / বিণ. = সোঁৱৰণী-সভা), স্বাধীনতা-উত্তৰ (বা, স্বৰাজোত্তৰ)
হ’লহেঁতেন ('হ’ল হয়' নহয় )
◆কিছুমান অব্যয়-শব্দযুক্ত শব্দঃ-
দেওবাৰপৰ্যন্ত, উদাহৰণস্বৰূপে , তেওঁৰদ্বাৰা, সচিবপ্ৰধানসহ , আবেলিবেলিকা (আবেলিৰ বেলিকা), মানসম্পন্ন
◆আম আৰু আপেল ৷ ব্ৰহ্মপুত্ৰ আৰু, অসমৰ বানপানী ৷
●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●
কবিতা
কবিতা
অৰ্চনা পূজাৰী
পাপৰ স্বীকাৰোক্তি কৰাৰ পাছতো
আকৌ বোকা ফেনেকি মৰ যে
মনৰ মাজৰ পৰা মনক
আজুৰি তুলি ল
লুতুৰিপুতুৰি বোকাৰ লেও মচি ল
তোৰ কোলাত মূৰ থ'বৰ মন
থওঁনে
এনে কি সপোন দেখিলি
সপোনৰ পৰা সপোনলৈ
হেদালি বগাই ফুৰিলি
বিবেকক শূলত তুলিলি
কেইবাটাও দশকৰ কথাবতৰাবোৰ
সুখদুখবোৰত ’হয়’ তে হয় দি
কেৱল ভুৱাৰ মেৰপেঁচ তৰিলি নে কি
কঁপা কঁপা বতাহৰ ঢৌ
চাটমৰা বিজুলী
সঁচাকথাৰ খেও ধৰি ধৰি
ৰেডিঅ’টোও ক্লান্ত হৈ
থমকি ৰ’ল
ক’বনে আকৌ
ঘাটৰ নাওখন ভাগি যোৱাৰ খবৰ
এই সৰ্বগ্ৰাসী কোলাহলৰ পৰা
পৰিত্ৰাণ বিচাৰি
জীৱন থমকি ৰ'ব নোখোজে নে
দৌৰে আজি আমুৱায়
নিজানে- নিৰলে
কৰবাত অকলশৰে
শিলনি নদীত খুপিখুপি
গুচি যাবৰ মন
যাবিনে ৷
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
শৰতৰ তিনিটা স্নেপশ্বট
ৰীতা বৰুৱা
এক
আকাশ নহয়
যেন সৌ সিদিনা বৈ উলিওৱা
আইৰ হাতৰ
নীলা চাদৰখনহে
শুকুলা বুটা বছা
দুই
ওঁঠ চেপিলে
গাখীৰ ওলোৱা পথাৰ
চকুত সপোন
আকাশ চুমাৰ
তিনি
এতিয়া আৰু
কোনো পাৰ্থক্য নাই
আকাশ আৰু মাটিৰ মাজত
বতাহেও যেন এৰি দিছে বাট
শৰতেই যে একমাত্ৰ ঋতু
য'ত খহি পৰে
প্ৰেমৰ মাজৰ সকলো দেৱাল
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
দাপোণ
জুবিলী গগৈ
স্মৃতি বুলি কেনেকৈ ক'ম
তুমিতো মোৰ বুকুৰ কবিতা
তুমি বিদায় ল'লে
চোতালৰ জোনক
ঢাকি ধৰিব
মোৰ বাগিচাৰ
বেসুৰা পাতবোৰে
পদূলিৰ কৰৱীজোপাই
নেমেলো বুলি ক'ব
আলফুল সোণালী পাহি
পদূলিৰ সিপাৰে
শুকান বাটত
হিয়া জোকাৰি বাউলী হ'ব
ধূলিৰ চমকাবোৰে
স্মৃতি বুলি কেনেকৈ ক'ম
মোৰ খিৰিকীৰ
ৰূপালী দাপোণত
তুমিতো সদায় থাকা
আহিনৰ মুকুতা হৈ
আকাশ ফালি অহা
এবুকু তীখা হৈ...
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
বেহিচাপী
অংগৰাগ ভূঞা
সিদিনা হিচাপ কৰি দেখিলোঁ
জীৱনটো চুড়ান্ত বেহিচাপীৰ দৰে
খৰছ কৰি পেলালোঁ
শৈশৱত বিলত সাঁতুৰিবলৈ যাওতে
দুপৰীয়াবোৰ পলকতে শেষ কৰি পেলাইছিলোঁ
গধুলিৰ খেলত, পথাৰৰ মাজত
সন্ধিয়াটো নিমিষতেই নমাইছিলোঁ
পঢ়ামেজৰ ধোৱাঁখুলীয়া দিবাস্বপ্ন
সেই ভাববিলাসিতা, প্ৰিয়জনলৈ চিঠি নাইবা কবিতা
উজাগৰী নিশাবোৰ বাদশাহী ধন
গানবোৰ আছিল পাখি মেলা পখিলা
উৰাই দিছিলোঁ, উৰুৱাই দিছিলোঁ
পৰিধিহীন প্ৰতিশ্ৰুতি বোৱাইছিলোঁ
হেঁপাহৰ নাছিল খতিয়ান
বেগমমুগ্ধ বাদশাহ মেজাজেৰে
ভাঙিছিলোঁ প্ৰিয়তমৰ অভিমান
কোনো হিচাপ নাছিল, হিচাপ নাছিল
সপোন, কল্পনা, সময়ৰ লেখ নাছিল
নিৰ্বাচনৰ প্ৰকক্ষণৰ ভোটভিক্ষাত
নেতাই গোপনে বিলোৱা ধনৰ দৰে
উশাহবোৰ এৰি দিছিলোঁ
হৃদয়খন নিলাম কৰি দিছিলোঁ
ভাৱনাৰ অৰণ্যত নিজকে হেৰুৱাই আহিছিলোঁ
আবেগৰ বোকোচাত বহুযোজন গৈছিলোঁ
কালি হঠাৎ বেংকত
কেবিনৰ সিপাৰে দেখিলোঁ তেওঁক
গুলপীয়া সাজেৰে টকা গণাত নিমগ্ন
তেওঁৰ গৃহস্থ নিশ্চয় আশ্বস্ত
হিচাপতো তেওঁ ঠিকেই কৰে!
ঋণৰ হিচাপ নলৈ সেয়ে
দৰক লাগি ৰলো তাতে
স্মৃতিৰ পাতবোৰক গণনা নকৰাকৈ
বেহিচাপী হৈয়েই ঘূৰি আহিলোঁ
হিচাপতো তেওঁ ঠিকেই কৰে!
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
সাৰকথা
সঞ্চিতা বৰা
আজোআইতাৰ গলমণি
আইতাৰ হাতনী পেৰাত
আয়ে আদৰেৰে সাঁচে
চোতালখনতে লেটিলৈ
কাহিনীৰ ভিতৰৰ কাহিনীবোৰ
ধূলিতে বাগৰি ফুৰা ধূলিবোৰও
বাটে পোৱালি পাৰে
কণা বাট
কণা বাটত কাণিমুণি পোহৰ
উকমুকৰ পোৱালি বিচাৰি
ভিতৰ বাহিৰ চলাথ
আইনাৰ সিপাৰে থকাজনে চিধা কথাই কয়
কথা লুকুৱাই এইপাৰৰ জনেহে
পদূলিৰ থিয়চকুৱা গছজোপাই
ঠিক কৈ দিব পাৰে
ক’ত কি কেনেকৈ ঘটি গ’ল।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
শেষ-বিন্দু
দাদুল ভূঞা
পাহাৰখনৰ পৰা অহা নামি অহা নদীখন
অজানিতে ক'ৰবাত থমকি ৰৈছিল
দুপৰৰ ৰ’দজাকৰ পিঠিত উঠি
মই হয়তো আগুৱাই গৈছিলোঁ
ৰ’দৰ আলিংগনত সোণালী হোৱা
নদীখনৰ বুকুত
ৰূপালি মাছ এজাকে উজাই আহি
মোৰ ভৰিৰ তলুৱা লুৰুকিছিল
দুহাত মেলি
মই খেপিয়াই চাব খুজিছিলোঁ মাছবোৰ
মোৰ হাতখনে পানীৰ তলত খেপিয়াই থাকোতে
পানীবোৰ ঘোলা হৈছিল
আৰু মাছবোৰে
ঘোলাপানী দেখি
পলৰীয়া ৰ’দজাকৰ লগে-লগে
ঢাপলি মেলিছিল
অজানিতে
দূৰৈৰ পথাৰখনৰ পৰা ভাঁহি আহিছিল
গধূলিৰ নিজান এটি সুৰ
আৰু
সেই নিজান সুৰ বুকুত সাবটি
মই থিয় হৈছিলোঁ
জীৱনৰ শেষ বিন্দুত
য'ত জীয়াই আছিল কেৱল এন্ধাৰ
আৰু
বৰফৰ আঙঠাৰে সিক্ত
মোৰেই শেষ অৱশেষ
———————————————————
প্ৰতি প্ৰিয় কবি
ধন দাস
(প্ৰিয় কবি নীলাভ সৌৰভৰ হাতত )
প্ৰতি প্ৰিয় কবি
আপোনাৰ পৰা এটা আপেল ধাৰে লোৱাৰ ইচ্ছা
আপোনাৰ চালখন চেলাই জীৱনবোধক চুই চোৱাৰ প্ৰৱনতা এটাই মোক খুলি খুলি খাইছে
কথাবোৰ কৈ থকাৰ বাবেই আপুনি এটা দমকল ৰাখিছে চোতালত
মই পিয়াহত আতুৰ এজন
ভূ-লুন্ঠিত মানৱতাৰ বিৰুদ্ধে কৰা আপোনাৰ যুদ্ধ
মই দেখিছো মই পঢ়িছো মই শুনিছো
মই অংশীদাৰ হ'ব বিচাৰোঁ
আপোনাৰ কলমটোৰ আখৰবোৰৰ ভাঁজ এটাত লুকাই চাব বিচাৰোঁ পকেটৰ দৈন্যতা
দুচকুত লাগি থকা ভাতৰ চিন্তা
প্ৰতি প্ৰিয় কবি
আজি আপুনি এখন পৰ্দা আঁৰিছে
আপুনি হৈ পৰিছে কবিতা
পৰ্দাৰ সিপাৰে উচ্ছেদিত ভগা মুধচ এটা
পৰ্দাৰ ইপাৰে অশান্ত অস্থিৰ কলম এটা
আপুনি কৈছে পৰ্দা বৰ প্ৰয়োজনীয়
সিপাৰৰ দুৰ্ঘটনাবোৰ আঁৰ কৰি ৰাখিব পাৰি
অথবা আঁৰ দি কৰিব পাৰি মৈঠুন
সঁচাকে চাব পৰা হ'লে পৰ্দা দাঙি
আপোনাৰ দৰে সাহসী নহয়
প্ৰৱণতা এটাই খুলি খুলি খায়
প্ৰতি প্ৰিয় কবি
আপুনি কথাবোৰ কেনেদৰে ভাবে
দৈনন্দিন গদ্য এটা খুচৰি খুচৰি পোৱা নাই
আপুনি ক'লে বেটুপাত আঁকি আছো
আপুনি ক'লে লিখি আছো
আপুনি ক'লে হতাশাৰ সৈতে বহি আছো
আপুনি ক'লে বেটুপাতবোৰ মেলিলে দেখিবি
ভোক আৰু ভোক
আপুনি ক'লে লিখাবোৰ পঢ়িলে বুজিবি
দেশ আৰু মানচিত্ৰ
আপুনি ক'লে হতাশাবোৰ দেখিলে বুজিবি
ভয় আৰু হৃদয়
অকলে বহি কান্দি থকা এখন ছবি
প্ৰতি প্ৰিয় কবি
জীয়াই থকিলে আপোনাৰ সৈতে ভাগ কৰিম
অলপ সৰলতা
জীয়াই থাকিলে কিবা এটা কৰিব লাগিব বুলি
হাত আগবঢ়াম
জীয়াই থাকিলে এটা বেটুপাত আঁকিম
জীৱনৰ মানৱতাৰ কবিতাৰ …
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
প্ৰশ্নোত্তৰ
হেমন্ত ভাৰতী
তেওঁ তেওঁৰ চকুযোৰ সোলোকাই হাতৰ তলুৱাত ল'লে আৰু ভাত-জ্বৰত আক্ৰান্ত মূক-বধিৰ মূৰ্তিটোক উপৰ্যুপৰি প্ৰশ্ন কৰিবলৈ ধৰিলে
প্ৰশ্নান্তত
অৱচেতন বিগ্ৰহে উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰি সততাৰে প্ৰশ্নকৰ্তাক ক'লে-
প্ৰশ্নৰ সঁহাৰি দিবলৈ প্ৰয়োজন
উত্তৰ পত্ৰ নতুবা প্ৰশ্নৰ সৰলতা কিম্বা অতিৰিক্ত সময়
কাৰিকৰী তথা ইতিবাচক দিশবোৰ দৃষ্টিত ৰাখি
সলনি কৰিব পাৰি প্ৰশ্নৰ প্ৰকাৰ প্ৰশ্নৰ ধৰণ
কমকৈ প্ৰশ্ন কৰাই ভাল
য'ত সমস্যাত বধিৰ হয় উত্তৰদাতা
তেনে ক্ষেত্ৰত প্ৰশ্নবোৰ মুখ্যতঃ বস্তুনিষ্ঠ হোৱাই শ্ৰেয়।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
হিম-জোনাকৰ অপস্মাৰ
অনিতা গগৈ
বিস্তীৰ্ণ ধ্বংসাৱশেষৰ পৰা
নিজৰ মাজলৈ উভতিছিল
শূন্যদেহী মানুহজন
অভ্যন্তৰৰ সাতোটা গুহাৰ অন্ধকাৰত
বাট হেৰুৱাই উৰি ফুৰিছিল
সেই চৰাইজাক
নীড়হাৰা উন্মাদনাৰে সিহঁতে কঢ়িয়াইছিল
তেওঁৰ অৱলুপ্ত অস্তিত্বৰ অৱশেষ...
উত্তাল জোৱাৰত ডেউকা তিয়াই
উৰি যোৱা সেই সাগৰ চিলনীজাক
ডাৱৰৰ সিপাৰৰো ডাৱৰত কঁপিছে
তেওঁৰ দুচকুৰ শূন্যতা খুঁটিয়াই
সৰি পৰা এডালি কুটা
আৰু পৰ্বান্তৰৰ পাত লুটিয়াই
গৰ্জনমুখী সমুদ্রৰ অতলত
সাৰে আছে নীড়-ভাৱনাৰ পৰ্বত চুড়া
আৰু হিম-জোনাকৰ অপস্মাৰ...
৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹
অসম কাব্য কাননৰ অনন্য অনুষ্ঠান
কথোপকথন
এইবাৰৰ অতিথি
অসম কাব্য কাননৰ সভাপতি
কবি, চিকিৎসক ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
সাক্ষাৎকাৰ গ্ৰহণ-অৰ্চনা ঠাকুৰীয়া
জন্মলগ্নৰে পৰা অসম কাব্য কাননৰ সভাপতিৰ আসন অলংকৃত কৰি অহা ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী, ইটালীৰ নাইট উপাধিৰে বিভূষিত চাৰ চিলভান’ বৰ্ট’লজ্জীৰ সম্মানীয় বিশ্বজনীন সংগঠন( যিটো সংগঠনত ভাৰতবৰ্ষৰ কৱিকুল সমন্বিতে আন আন ৫০০খন দেশৰ কৱি আৰু দেশ জড়িত হৈ আছে)ৰ পৰা 'ব’ৰ্ডাৰ গাৰ্ডিয়ান অৱ প’য়েত্ৰী’ উপাধিৰে বিভূষিত হয়। তেখেত
'ৱৰ্ল্ড য়্যুনিয়ন অৱ পয়েট’ৰ মূল সমিতিৰ কাৰ্য্যকৰী সদস্য পদত দ্বিতীয়টো বৰ্ষৰ বাবেও নিৰ্বাচিত হয়।
বাংলাদেশৰ জাতীয় সাহিত্য সংগঠন 'স্বপ্ননীল সাহিত্য চৰ্চা পৰিষদ’ৰ ভাৰতবৰ্ষৰপৰা নিৰ্বাচিত উপদেষ্টা দুগৰাকীৰ এজন ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী৷
বাংলাদেশৰপৰা প্ৰকাশ পোৱা ইংৰাজী ভাষাৰ কাৱ্যসঙ্কলন ’The Hymn of Global Unity’খনৰ মুখ্য সম্পাদনা কৰা একমাত্ৰ উত্তৰ-পূৰ্ৱাঞ্চলীয় ব্যক্তি৷
ইতিমধ্যে একক পুথি হিচাপে প্ৰকাশ পোৱা পুথিখন হ’ল ’Ganoderma The king of herb’৷
আৰু কেইখনমান প্ৰকাশৰ পথত ।
তেখেতৰ সৈতে হোৱা কথোপকথনটি আপোনালোকলৈ আগবঢ়ালোঁ—
অ কা কাঃ আপুনি কিমান বয়সত প্ৰথম কবিতাটো লিখিছিল আৰু কেনেধৰণৰ তাড়নাত পৰি কবিতাটো লিখিছিল?
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীঃ মই লিখামেলা আৰু ছবি আঁকাৰ প্ৰচেষ্টা বাল্যকালৰপৰাই বাহাল ৰাখিছিলোঁ বুলিলে বাহুল্য নহ’ব৷ আমাৰ শৈশৱ (জন্ম) আৰু স্কুলীয়া জীৱন শালণি বিমানবন্দৰ, তেজপুৰৰ সমীপৰ সোনাবিল চাহ বাগিচাত অতিবাহিত হৈছিল৷ ৰূপে অপৰূপা নৈসৰ্গিক পৰিবেশে স্বাভাৱিকতে মনটোক সৃষ্টিৰ তাড়নাত ব্ৰতী কৰি ৰাখিছিল৷ শিশুকালত বৰ কচু আছিলোঁ৷ কথাতকৈ একচন বেছি আছিল৷ সম্ভৱতঃ মই ক্লাচ চিক্সৰ ছাত্ৰ আছিলোঁ৷ পিতাৰ লাইব্ৰেৰীৰ সংগ্ৰহৰপৰা ’মনিদীপ’ আলোচনীখনৰ পাত লুতিয়াই আমাৰ ক্লাছত পঢ়োৱা কৱিতাসমূহৰসৈতে তাত প্ৰকাশ পোৱা কৱিতাসমূহ ৰিজাই চাই পিতাক সুধিছিলোঁ ক্লাচৰ কৱিতা আৰু আলোচনীৰ কৱিতা নিমিলে কিয়? সন্তুষ্ট হ’ব পাৰাকৈ উত্তৰ নাপালোঁ৷ প্ৰশ্নটোৱে মনত চাকনৈয়াৰ সৃষ্টি কৰিলে৷ দিন গৈ থাকিল৷ এবাৰ শুকুৰবাৰৰ এঘণ্টীয়া লেজাৰত অসমীয়াৰ শিক্ষক বাণেশ্বৰ বাঢ়ৈ চাৰক একেখিনি কথা সুধিলোঁ৷ চাৰে বুজাই দি উঠি ক’লে এদিন হেনো ময়ো কৱিতা লিখিব পাৰিম৷ হয়তো হ’ব পাৰে বুলি একো বিশেষ পৰিৱৰ্ত্তন নোহোৱাকৈ আগবাঢ়ি গৈ থাকিলোঁ। ক্লাচ এইট পালোঁ৷ বয়সৰ দোষে পিৰপিৰাইছে৷ লাহে লাহে মোৰ চিন্তাত জোঁটাপুতি লাগিব আৰম্ভ কৰিলে৷ ’কি কিয় কেনেকৈ’ৰ আঁট বিচাৰি ভাল পোৱা হলোঁ৷ বাগিচাৰ আমাৰ বাসভৱনৰ বাৰাণ্ডাত বহি কোনত জ্বলি থকা বাল্বটোত খুদিপোকৰ নাচোন দেখি কল্পনাত তন্ময়৷ পিছদিনাখনৰ ৰাতিপুৱা দেখিলোঁ বহু মৰা পোক ওলমি আছে বাল্বটোত৷ হঠাতে লিখি পেলালোঁ তিনিশাৰী বাক্য৷ সেই তিনিশাৰীয়েইযে কৱিতা হ’ব পাৰে এতিয়া ভাৱিলে কঁপনি উঠে৷ মোৰ আকুতি শিৰ্ষক কৱিতাটো তেতিয়াই ৰচা৷ ১৯৭৬-৭৭ চন৷ কৱিতাটো আছিল “মালীকাই!/ মৌমাখিবোৰক সোমাব নিদিবা৷/ চগাবোৰে আত্মজাহ দিব৷“ আৰম্ভ হ’ল আন এটি অধ্যায়৷ কৱিতা লিখা আৰম্ভ হ’ল; প্ৰেমপত্ৰহে যেন৷ ক’ত ক’তযে লুকুৱাই থৈইছিলোঁ পিতাই মাৰিব বুলি৷ য’তে বাঘৰ ভয় তাতেই ৰাতি হোৱাৰ দৰে পৰি গলোঁ নহয় হিটলাৰী ৰোষত৷ খালোঁ মাৰ কৱিতা লিখাৰ দোষত৷ পঢ়া পাতি এৰি কৱিতা!??! মনটোৱে জী-মৰি আগুৱাই গৈ থাকিল৷ মেট্ৰিক পৰীক্ষা ভালকৈয়ে পাছ কৰিলোঁ৷ কলেজ পালোঁ৷ তাতে আকৌ গুৱাহাটী মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ৷ স্বতন্তৰীয়া জীৱনটো সৃষ্টিশীল হৈ উঠিল জকমকাই৷ তেতিয়াৰ প্ৰখ্যাত সাহিত্যিক যোগেশ দাসদেৱ, ভগগিৰি ৰায়চৌধুৰীদেৱ, বিশ্বেশ্বৰ হাজৰিকাদেৱকে আদি কৰি বহুজন পুৰোধাৰ আশীষেৰে ধন্য হ’ব পাইছিলোঁ৷ আমাৰ লগসমনীয়াবোৰো তেনে আছিল৷ এতিয়া সেইবোৰ আৱেগভৰা স্মৃতি৷ বেছিভাগেই সুখ্যাত৷ কেতিয়াবা প্ৰসঙ্গক্ৰমে ক’ম বাৰু৷ বাহুল্য হোৱাৰ ভয়ত ইয়াতেই এৰিলোঁ৷
অ কা কাঃ সুন্দৰ কবিতা এটি লিখিবলৈ আপোনাৰ কিমান সময়ৰ প্ৰয়োজন হয়? বহুদিন ধৰি লিখিব নোৱৰা সময় আপোনাৰ ক্ষেত্ৰত আহিছেনে? যদি আহিছে তেতিয়া আপুনি কি কৰে?
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীঃ “সুন্দৰ কবিতা এটি লিখিবলৈ আপোনাৰ কিমান সময়ৰ প্ৰয়োজন হয়“ বুলি সুধিলে একেআষাৰে উত্তৰ দিব নোৱাৰি৷ অইনে হয়তো পাৰিবও পাৰে মই নোৱাৰোঁ৷ কেতিয়াবা একেদিনাই সম্পূৰ্ণ হৈছে আৰু কেতিয়াবা দহ-বাৰবছৰো লাগিছে৷ কেতিয়াবা এফাকি বাক্য মনলৈ আহোঁতেই লিখি থলোঁ আৰু সময়ৰ ব্যৱধানত কৱিতা ৰূপ ল’লে; এনেও হৈছে মোৰ ক্ষেত্ৰত৷
"বহুদিন ধৰি লিখিব নোৱৰা সময় আপোনাৰ ক্ষেত্ৰত আহিছেনে?" আহেতো৷ বহুবাৰ তেনে সময় আহিছে৷ তেতিয়া মোৰ অধ্যয়ন আৰু বিশ্লেষণৰ ক্ষেত্ৰখনত অধিক সময় মনোনিৱেশ কৰোঁ৷ বিদেশী ভাষাৰ কৱিতাবোৰ পঢ়োঁ, বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে ফঁহিয়াই চাওঁ৷ মোৰ সৃষ্টিৰ মাধ্যমটো ঋদ্ধ হয়৷
অ কা কাঃ আজিৰ কবিতা কাৰিকৰী দিশত উন্নত হৈও সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় হ'ব নোৱৰাৰ কাৰণ আপুনি কি বুলি ভাবে?
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীঃ এটি বলিষ্ঠ প্ৰশ্ন৷ মই কি ভাৱোঁতো মুখ্য নহয়; কৱিকুলে কি ভাৱি কৱিতা ৰচিব লৈছে সেইটো হে অতি গুৰুত্বপূৰ্ণ কথা৷ আজিৰ প্ৰজন্মৰ একোজন কৱিয়ে(মই এতিয়াও কৱি হৈ উঠা নাই বুলি দৃঢ়তাৰে ভাৱোঁ) ইতিমধ্যে এহেজাৰতকৈ অধিক কৱিতা ৰচি অভিলেখ স্থাপন কৰিবলৈ সক্ষম(????) হৈছে৷ সামাজিক মাধ্যমত বাঃ বাঃ পাইছে৷ গমণীয় কথাটো হ’ল সাহিত্যৰ জগতখনে কৱিতাবোৰক কৱিতাৰ স্বীকৃতি দিবনে নাই৷ লগতে আন এটা বিৰক্তিকৰ দিশ হ’ল কৱিতাৰ দুৰ্বোধ্যতা৷ যিটো কথা সাধাৰণ পাঠকৰ মুখত প্ৰায়ে শুনিব পোৱা যায়৷ (প্ৰসঙ্গক্ৰমে উনুকিয়াওঁ কৱিতাৰ সাধকে প্ৰান্তিকৰ ১৬-৩০ ছেপ্তেম্বৰ ২০২১ সংখ্যাত প্ৰকাশ পোৱা(পৃষ্ঠা ৪৮) সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ 'কবি হোৱাৰ প্ৰস্তুতি' প্ৰবন্ধটো আন্তৰিকতাৰে পঢ়া উচিৎ হ’ব৷)
কৱিতাৰ দুৰ্বোধ্যতাই কৱিতাক সাধাৰণ পাঠকৰপৰা আঁতৰাই ৰাখিছে৷ পঢ়ি ৰস নাপালে কিয় পঢ়িব? গল্প-উপন্যাসচোন পঢ়ে! যিখিনি পাঠকে কৱিতা ভাল পায়, পঢ়ে সেইখিনিয়েও মুখ ফুটাই নকয় যদিও কৱিতাটোৰ ৰস পান কৰিব নোৱাৰি বিমৰ্ষ হয়৷ এনে বহু কাৰণ আছে যিবোৰ গমিবৰ হ’ল৷
অ কা কাঃ
চিত্ৰকল্প,ৰূপক,ধ্বনি-মাধুৰ্য আদি আধুনিক কবিতাৰ বৈশিষ্ট্য বোৰৰ ভিতৰত আপোনাক কিহে অধিক আকৃষ্ট কৰে?
ডাঃ হীৰেন্দ্ৰ ভাগৱতীঃ এইটো প্ৰশ্নৰ উত্তৰো সৰল নহয়৷ এটি সুশ্ৰী কৱিতা নিৰ্মাণ কৰোঁতে কোনোবাটো কৱিতা ৰূপকধৰ্মীতাৰে আৱৰা হয়, কোনোবাটোত আকৌ ধ্বনি-মাধুৰ্যৰ পয়োভৰ প্ৰকট হৈ উঠে৷ দৰাচলতে এটি কৱিতা ৰচিবলৈ হ’লে কৱিতাত প্ৰয়োজনীয় সকলোবোৰ উপচাৰেৰে উপচাৰিত কৰিব পাৰিলেহে উত্তম হয়৷ কৱিতাৰসৈতে অভিধানৰ সম্পৰ্ক প্ৰকৃততে লাগী এলাগীহে হ’ব লাগে৷ আজিৰ কৱিতা পঢ়িব লাগিলে অৰ্থ বিচাৰি অভিধানৰ পাত লুটিয়াব লগা হয়৷ আজিৰ কৱিতা শব্দই কৱিতা হ’ব বিচাৰে৷ প্ৰকৃততে কৱিতা লিখি গৈ থাকোঁতে শব্দবোৰে মোক তোল মোক তোল কৰিব লাগে৷ বহুতে মোক ফোন কৰি কয় যে শব্দ বিচাৰি পোৱা নাই ভাৱটো প্ৰকাশ কৰিবলৈ; অভিধানত শব্দ বিচাৰি আছে৷ হায়ৰে ভাৱ আৰু কৱিতাৰ বিড়ম্বনা! মই ৰচা কৱিতাক সদায় প্ৰয়োজন সাপেক্ষ এখনি আঁৰ কাপোৰেৰে আৱৰাই থওঁ৷ মোৰ ক্ষেত্ৰত প্ৰতিটি উপাদান গুৰুত্বপূৰ্ণ৷
অ কা কাঃ সমাজৰ প্ৰতি কবি এগৰাকীৰ দায়বদ্ধতা সম্পৰ্কে আপুনি কি ভাৱে?
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীঃ কৱিতাই সমাজ পৰিৱৰ্তন কৰিবযে পাৰে সেই কথা আজি আকৌ এবাৰ মনত পেলাই দিয়াৰ প্ৰয়োজন নাই৷ তাৰ প্ৰমাণ ইতিহাসৰ পাতে পাতে ভৰ্তি হৈ আছে৷ ৰত্নাকৰৰ দস্যু মনোবৃত্তিক নিঃশেষ কৰি বাল্মীকিৰ জন্মও কৱিতাই দিয়া নাছিল জানো! যুগসন্ধিৰ কমৰেদ কলাগুৰুৰ যুগান্তৰী চাৰিশাৰী বাক্য(রাজ্যে আছে দুইটি পাঠা/ একটি কালো একটি সাদা/ যদি রাজ্যের মঙ্গল চাও/ দুইটি পাঠাই বলি দাও)ই ভাৰতৰ স্বাধীনতা আন্দোলনত কেনে প্ৰভাৱ বিস্তাৰ কৰিছিল তাক দোহৰাৰ প্ৰয়োজন নাই৷ অসম আন্দোলনতো কৱিকুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ আমাৰদ্বাৰা ৰচিত আৰু শিল্পী ধনকুমাৰ বিষয়াৰদ্বাৰা সুৰাৰোপিত এটি গানে (এইবেলি বিহুতেই থওঁ মই সকীয়াই/ নলবি হাতত ঢাল-তৰোৱাল/ তয়েই নহৱ জানো নাচনি-ঢুলীয়া/ সেইযে বিহুতলীৰ ডেকা পাহোৱাল...) বৰলুইতৰ উপত্যকাত খলকনি তুলিছিল৷ বৰঘৰৰ ৰোষতো পৰিছিলোঁ৷ সুধাকণ্ঠৰ প্ৰতিটো গান বা গীতিকৱিতাই সমাজ সংস্কাৰমূলক নহয় জানো? সেয়ে সহজেই অনুমেয় কৱিবোৰ সমাজৰ প্ৰতি কি ৰূপে দায়বদ্ধ৷
অ কা কাঃ কবিতাই লোক-জীৱনক সামৰি বিশ্বজনীনতালৈ গতি কৰে বুলি আমাৰ ধাৰণা। এই সম্পৰ্কে আপুনি কি ক'ব? আপুনি যিহেতু বিভিন্ন ভাষাৰ কবিতা পঢ়িছে সেইসমূহ কবিতাৰ ভিতৰত বেংগলী কবিতাৰ স্থিতি কেনে বাৰু?
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীঃ ’কবিতাই লোক-জীৱনক সামৰি বিশ্বজনীনতালৈ গতি কৰে বুলি আমাৰ ধাৰণা।’ কথাটোৰ ভাৱাৰ্থই তাৰেই ইতিবাচক ইঙ্গিত দিয়ে৷ কৱিতাবোৰো ইতিহাসৰেই আন এটা বৌদ্ধিক ৰূপ৷ কৱিতাৰ মাজতো আমি একোখন সমাজৰ একোটা দিশৰ উন্মেষণা পাওঁ বা পাব পাৰোঁ৷ যেনেকৈ ড° ভূপেন হাজৰিকাদেৱৰ গীতিকৱিতা সমূহৰ দুই এটাত প্ৰকট ৰূপে পাওঁ৷ ’আজি ঈদ মজলিছতে...' ’চাহেব যায় আগতে’ ’চিয়াঙৰে গালং লুইতৰে খামটি...’ ’অ’ মিচিং ডেকাটি...’ আদি৷ কেৱল এয়ে নহয় চৈয়দ আব্দুল মালিকদেৱৰো কৱিতাসমূহত এই দিশটোৰ উমান পাওঁ৷ সহস্ৰাধিক উদাহৰণ আছে৷
মই চীন দেশীয় কৱিতা, ভিয়েটনামৰ কৱিৰ কৱিতা, কিউবাৰ কৱিতা, জাপানী কৱিতা, পাৰস্যৰ কৱিতা, আৰৱীয় কৱিতা, ইংৰাজী কৱিতা, ইটালীৰ কৱিতা, আলবেনিয়াৰ কৱিতা, ইৰাণীয় কৱিতা, নেপালী কৱিতাৰ লগতে বাংলাদেশীয় কৱিতা বৰ আগ্ৰহেৰে পঢ়িছোঁ; কিছু বছা বছা কৱিতাৰ সোৱাদ অসমীয়া কৱিতাৰ পাঠক সমাজক ভাৱানুবাদৰ মাধ্যমেদি ইতিমধ্যে দিবলৈ সক্ষমো হৈছোঁ৷
এই কৱিতাসমূহৰ ভিতৰত কেৱল বাংলা কৱিতাই নহয় আন আন দেশৰ কৱিতাসমূহৰ ক্ষেত্ৰতো সৃষ্টিশীলতাত গুৰুত্ব দিয়াতকৈ উৎপাদনত, মানে সংখ্যা বঢ়োৱাত বেছি গুৰুত্ব দিয়া যেন অনুভৱ হৈছে৷ নহলেনো কৱিৰ দেশ বাংলাদেশৰ প্ৰখ্যাত কৱিতা সমালোচক গোলাম মাওলা ৰণীয়ে বাংলা কৱিতাত বন্ধ্যাত্ব অহা বুলি কয়নে? ৯০ বছৰ বয়সীয়াল বিশ্ব বিখ্যাত কৱি হেলাল হাফিজে আজিলৈকে যিমান কৱিতা ৰচিলে তাৰে ৭২টাহে কৱিতা হেনো! বাকীবোৰ অনুভৱৰ প্ৰত্যক্ষ অনুবাদহে৷ প্ৰখ্যাত কৱি নিৰ্মলেন্দু গুনদেৱেও কৱিতাৰ বৰ্তমানৰ জগতখনক লৈ অসন্তুষ্ট৷ এনে বহু আছে৷ তথাপি তাৰ মাজৰে দুই এগৰাকী যুৱপ্ৰজন্মৰ অগ্নিকৱি ওলাই নহা নহয়৷ কিন্তু সংখ্যা দুঃখজনক৷ এইখিনি কথা বাংলাদেশৰ জাতীয় আৰু জনপ্ৰিয় পোৰ্টাল টিভি চেনেল 'Zain Tv News'অৰ সাহিত্য অনুস্থানত মোৰলগত হোৱা ভাৰ্চুৱেল সাক্ষাৎকাৰত মই প্ৰকাশ কৰিছিলোঁ৷ তেওঁলোকৰ বহুতেই এই কথাত সহমত প্ৰকাশ কৰিছিল৷ এটা কথা দৃঢ়তাৰে কওঁ সাম্প্ৰতিক কালৰ কৱিতাৰ জগতখনত বাংলাদেশৰ কৱিতাতকৈ অসমীয়া কৱিতা বহু উন্নত৷ তেওঁলোকে একবিংশ শতিকাৰ মানসিকতাৰে কৱিতা ৰচাত অপাৰগ হৈ আছে৷ অৱশ্যে এশজনৰ এশজনেই তেনে নহয়৷ বেছি ভাগেই হয়৷ কেৱল আৱেগ অনুভূতিকহে বেছি প্ৰাধান্য দি আহিছে৷ এতিয়াও তেওঁলোকৰ কৱিতাত ৫-৭-৫, ৪-৪-২/৪-৪-২/৪-৪-৪/৪-৪-৪/৪-৪-২/৪-৪-২ আদি ক্ৰমৰ মোহ এৰিব পাৰা নাই৷ ফলত একঘেমীয়া হৈ উঠে৷
অ কা কাঃ ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিয়া বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীঃ আন্তৰিক ধন্যবাদ।
৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹
হামচৈয়া বিশ্বাস
ড° মঞ্জু হালৈ
হিচ্ হিচ্ ঘিচ্ ঘিচ্ কৈ পাৰ হৈ যোৱা ৰেলখনৰ উকি এটাই দুছেও কৰি থৈ গ'ল হামচৈয়া বিশ্বাস কুটি খোৱা এটি ৰাতি
আকাশত গছৰ ফেৰেঙণিত ওলমি আছে এটা বৃহৎ শূন্য
তাৰ গাত সীমাহীন সপোনৰ কটাকটিৰ দাগ
অনেক চাৰ্জাৰী-যোগ-বিয়োগ
সাতামপুৰুষীয়া লালিত্য কৰ্ষণৰ অলীক প্ৰচেষ্টা
পূৰণ-হৰণ,সমান শূন্য
জোনাক গলি গলি গলি যোৱা চোতালখনত তিতি- বুৰি হামখুৰী খাই পৰি আছে এসাগৰ বৈভৱ–চকুলোৰ।
————————————————–––––
মৃত্যুৰ পিছত
ড০ দীপমণি দাস
সকলো কথাৰে সমাধান আছে বুলি এটা যোগাত্মক দৰ্শনৰ বাটত
অকলে এবাৰ ভাবোঁ-
মানুহে কিয় - কিয় মৃত্যুৰ পিছত
যিমান উপমা পায়
জীয়াই থাকোঁতে নাপায় সিমান?
ভাবি আচৰিত হওঁ!
কিয় বাঢ়ি যায়
মানুহৰ ওজন
মৃত্যুৰ পিছত?
মৃত্যুৰ পিছত শৱদেহৰ ওজন বাঢ়ে বাবেই কিজানি
উপমা বাঢ়ে মানুহৰো
——————————————–––––––
চিকুণ মানুহ
সীমা গগৈ
সিদিনা কান্ধত জবকাখন লৈ
মূৰৰ ওপৰত বেলি পৰা বাটটোৰে
মানুহজন গৈ আছিল..
পিছে পিছে ছাঁইবৰণীয়া কুকুৰটো
তেওঁ যোৱা বাটে বাটে হয়তোবা
দেহৰ ঘাম আৰু ময়লাৰ সংমিশ্ৰিত গন্ধ এটি
বতাহত উৰি ফুৰিছিল...!
বহুসময় মই বাৰাণ্ডাৰপৰা তেওঁলৈকে
চাই থাকিলোঁ
সেই সময়ত তেওঁৰ বাবে অলস শৰীৰেৰে চোঁচৰাই নিয়া বুট-জোতা যোৰ
নে
ভাগৰুৱা মনটোৰ ভৰ
বেছি আছিল..
সেই কথা মই আজিও ভাবি আছোঁ..!
আচলতে...
সভ্য সমাজখনৰ আবৰ্জনাবোৰ
চাফাই কৰি ভাত মোকলোৱা
তেওঁয়েই এই যুগৰ সকলোতকৈ
চিকুণ মানুহ ... !
আৰু ছাঁইবৰণীয়া কুকুৰটো...?
———————————————————
ঋতুকালীন স্নেপশ্বট
বিনীতা গোস্বামী
(১)
ঘামচিয়ে ধাৰাপাত লিখা পিঠিত
ৰঙা বহাগৰ অৱসাদ
আৰু আমি কোনো কালে পী শেষ কৰিব নোৱৰা
নিৰ্বোধ চকুপানী
(২)
অৰুন্ধতীৰ খোপাৰ গোন্ধ শুঙিবলৈ
কুৰি শতিকাত হেৰুওৱা উশাহখিনিত
আজিও উজাই আনো
চিপচিপীয়া আবেলিৰ চোতাল
(৩)
ৰাতি ৰাতি উজাগৰে থাকি
সীঁ ললোঁ ডোখৰ-ডোখৰ হোৱা কলিজাটো
গীত এটি সাজিছিলোঁ আহিনৰ
শুই পৰিলোঁ দূবৰিত শেৱালি হৈ
(৪)
আঘোণৰ মোহনাত হেৰাই যায়
জুইফুলৰ তাপ
ভিজি ৰয় চকুৰ কোণ়
বিষণ্ণ বন্দী মনৰ
(৫)
আয়ে নিহালিখন নিতৌ ৰ'দায়
যাৰ উমত মই চেঁচা নহওঁ
পিতাইৰ কথা সুকীয়া
জাৰে-জহে একেটিয়েই চোলা
(৬)
শুই পৰা নদীখনক জগায়
পলাশৰঙী মনটোৱে
বনৰীয়া এপাহি কেতেকীত
কঁপি উঠে উশাহঘন বুকু।
———————————————––––––
জলবন্দী
অমলা গগৈ
জলবন্দী প্ৰাণবোৰ
আৰ্তনাদবোৰ
আৰু ভীতিগ্ৰস্ত এখিনি হাহাকাৰ।
কোনে ক'ত ভুল কৰিলে?
কোনে কাক আভুৱা ভাৰিলে
সেই কথা মৃতকে একো নাজানিলে!
যদি ৰাজনীতি হয়
তোমালোকে চিঞৰিবা আমাক দলং নালাগে
যদি সমাজনীতি হয় আমি চিঞৰিম দলং এখন লাগে,
এই অৰিয়াঅৰি আৰু এখিনি অশান্ত ঢৌ
তাতে বিৰিণাৰ মৰণ
তোৰ মোৰ আপোনজন।
আধাৰশিলা এতিয়া আধাতে ৰ'ল।
এতিয়া একো বাকী নাই
ছিন্নভিন্ন এখন আকাশ জোৰা লগোৱাৰ বাবে বতাহে আফালি আফালি কোবাইছে শৰীৰ
জুৰুলি দেহবোৰ ক'ত শুকুৱাই আতৰাব সন্তাপ
ৰ'দে আঁচল মেলিছে।
একো বাকী নাই
মাথো বাজি আছে বীণৰ শেষ ঝংকাৰ
ৰৈ ৰৈ শুনিছোঁ আমি কেতেকীৰ মাত।
————————————————–––––
আই
ড° ৰমেশ কুমাৰ কাকতি
কঁহুৱাডৰা
দেখিলেই
তোলৈ মনত পৰে
ইমান শুকুলা
তোৰ হৃদয়খনৰ দৰে ৷
ইমান নিৰৱে
ফুলিছে
নৈখনৰ পাৰত
তোৰ চাদৰখন হৈ
দেখিলেই শান্তিৰে ভৰে ৷
বানৰ তাণ্ডৱত
তেনেই জুৰুলা হৈ
শৰতত ঠনধৰি
কঁহুৱা ফুলে
হালিজালি হয় ৰূপৱতী ৷
তয়ো তেনেকৈয়ে
দুখযন্ত্ৰণা লুকুৱাই
মূখখনি চাই চাই
অনুভৱ কৰিছিলি
অনাবিল অনুভূতি ৷
ৰাতিফুলা
শেৱালিজোপা হৈ
তয়েই নিচুকাই
শুৱাইছিলি
মৰমৰ পৰশ বিলায় ৷
বাৰিষাৰ
দৰে দুখবোৰ
মনতে নিৰৱে সাঁচি
মৰমৰ পৰশত
ৰাখিছিলি যতনায় ৷
সেয়ে চাগৈ
তোৰ নাম আই
তোৰ উমাল সান্নিধ্যত
দুখনো কি
অনুভৱেই নহ’ল ৷
তোৰ অবিহনে
হাঁহাকাৰ কৰে মনে
তোৰ বাবে
কিবা এটা কৰাৰ কথা
মনতে ৰ’ল ৷
——————————————–––––––
যুগ্ম-অযুগ্ম
(বান্ধৱী তৃষ্ণা চুতীয়াৰ হাতত)
কেশৱ চাউ
কম বুলি ক'লেই ক'ব পৰাকৈ বহু কথা আছে
অথচ ক'ব নোৱাৰোঁ
এনেও মই কুঁৱাৰ গৰ্ভত নিজৰ ইতিকথা লিখি পেলাইছোঁ।
নীৰিক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা
কেইবাটাও ৰহস্য উদঘাটন কৰিছোঁ
সেই ৰহস্যত দেখা পাইছোঁ পাতেগজা ৰ'দৰ আয়ুস
হিচাপ নিকাচৰ অনেক ৰহস্য।
এক বুলি ক'লে ---অযুগ্ম
দুই বুলি ক'লে------যুগ্ম
অৰ্থাৎ যুগ্ম বুলি ক'লেই অযুগ্মৰ অমিল সূত্ৰ
অথবা অযুগ্ম বুলি ক'লেই যুগ্মৰ অমিল সূত্ৰ।
ই কি জটিল ব্যাধি অংক
হাতত তোৰ কেওটা বসন্তৰ যুগ্ম-অযুগ্ম ।
———————————————––––––
ছান্টিয়াগো
অৰ্চনা ঠাকুৰীয়া
ঔকুঁৱৰীয়ে গা-ধোৱা নৈখনৰ দাঁতিকাষৰীয়া গাওঁখনতেই আছিল মোৰ ঘৰ
নৈৰ পাৰলৈ আহিলে প্ৰায়ে লগ পাইছিলোঁ এজন মাছমৰীয়াক
তেওঁ বুঢ়া ছান্টিয়াগোৰ দৰেই পৰিশ্ৰমী আছিল
জাল পেলাইছিল
প'ল' মাৰিছিল
নৈ সিঁচিছিল
পুনি মৰিছিল
সৰু সৰু নানান মাছে লুকা-ভাকু খেলিছিল
তেওঁৰ লগত
আজি মাছমৰীয়াৰ পুতেক গাঁৱলৈ আহিব
কেঁকো বাঁহজোপাৰ কেৰমেৰণিত সাৰ পাই উঠিব গাঁওখন
পুতেকক আদৰিবলৈ গাঁৱৰ মানুহে খেল পাতিব নৈৰ বুকুত
'কি চাই আছিলি ভায়াটি এ হে
ৰাৱনে হৰিলে সীতাটিক এ হে'
পুতেক আহিল
সময় বাগৰিল
সেইখেলো অতীত হ'ল
পিছে বাপেকৰহে ভাগ্যত ডাঙৰ মাছ নিমিলিল
বি :দ্ৰ: 'ছান্টিয়াগো' মাৰ্কিন সাহিত্যিক আৰ্নেষ্ট হেমিংৱে ৰ উপন্যাস "দ্যা ওল্ড মেন এণ্ড দ্যা চি"ৰ এটা মুখ্য চৰিত্ৰ।
———————————————––––––
তোমাৰ প্ৰেমিক
ৰতন ৰাগ
হৃদয়ংগম কৰিছো বিষণ্ণতাৰ
সময়ৰ সৈতে খেলিছো আৱেগ
পাহৰি গৈছো শেলুৱৈত গজা ভেকুঁৰ
যিহেতু মই প্ৰেমিক
তোমাৰ ওঠত পকি থকা শব্দ বোৰ মোৰ বাবে অমৃত ।
হৃদয়ংগম কৰিছো
ভালপোৱা আছে বাবেই সুখী হোৱাৰ মোৰ অনুকূল বতৰ
তুমিটো জানাই ঢেৰেকনি শব্দ এইয়া কিহৰ
"ভালপোৱা" ।
জেতুকা যদি বুলাইছা হাতত
মই সুখী
অসুখী মানুহৰ মগজুত পোকে খায়
মইটো তোমাৰ প্ৰেমিক ।
সাৰে থকা প্ৰতিটো ৰাতিত
মইয়ো অপেক্ষাত থাকো পুৱাৰ বেলিৰ
তুমিটো জানাই মই তোমাৰ প্ৰেমিক ।
———————————————
জীয়া নদী
ছৈয়দা আঞ্জুম আৰা হুছেইন
মন পল পল জীয়া নৈ
মাছকুৰুকাই চোঁ মাৰি
ৰূপালী মাছৰ উমান পালেই
জপিয়াই থাকে নৈ...
নৈৰ পানী...
এআকাশ নীলা পি খোৱাৰ হেঁপাহত,
দুপহৰ বেলিয়ে জুমা জুমি কৰোতেই
নৈত ৰঙৰ উজান উঠে
ভাৱনাবোৰ ঢপলিয়াই ফুৰে
গোল বাগানৰ মাজে মাজে
ভৰুণ নৈয়ে
টপ টপকৈ গিলি থয় জীৱনৰ সপোন
চঞ্চল হাঁহিৰ উফৰি অহা টুকুৰা ;
বেলি পাটত বহকেইবা
নদীয়েটো জানে__
এআকাশ চুমালৈ কেনেকৈ
পানেই জনী হৈ
জাকৈৰে ৰূপোৱালী মাছ
খালৈত ভৰাব পাৰি
চঞ্চল পানীৰে ওমলি ভাঁহি
খিলখিল হাঁহিবোৰ
বতাহত এৰি দি !
সঁচাই মন পল পল জীয়া নৈ..
যাওকেই বাৰু পূৱত ভূমুকীয়াই
পশ্চিমলে ভাঁহি
সপ্ত সুৰৰ ৰাগ টানি..
ৰাগৰনো কি আকৌ ন পুৰনি!
——————————————
শব্দ
প্ৰণৱ ফুকন
শব্দই মোক আমনি কৰে -
উত্তাল জীৱনৰ ছন্দহীনতাত
মোক আহি আৱৰি ধৰে,
শব্দই মোক আমনি কৰে ৷
যান্ত্ৰিক জীৱনৰ দূষিত বায়ুত
শব্দবোৰ যায় আঁতৰি,
দূৰৰ পৰা মোক ৰিঙিয়াই কয়
নোৱাৰিলা মোক ৰাখিব ধৰি
শব্দই মোক কৰে আমনি ৷
গগণচুম্বী অট্টালিকা আৰু
অলেখ যানৰ মাজত
শব্দবোৰে কষ্ট পায়,
পঙ্গু হৈ যায় প্ৰকাশৰ ধাৰ,
শব্দক সিহঁতে দিয়ে খেদি,
শব্দই মোক কৰে আমনি ৷
লোকাৰণ্যত বিচাৰি ফুৰোঁ শব্দবোৰ ৷
তীৰ্যক দৃষ্টিৰে সোধে অনেকে
হেৰাল নেকি ঘৰৰ চাবিকাঠি,
নহ'লে কৰিছা কিয় এনে বলিয়ালি ?
শব্দই মোক কৰে আমনি৷
কোলাহলৰ নিঃশব্দতালৈ
ভয় লাগে মোৰ ৷
শেতেলিতো উচপ খাই উঠোঁ -
হৃদয়ত শুনো শব্দৰ অত্ৰাণি,
শব্দই মোক কৰে আমনি ৷
নন্দনতত্ব নাজানো মই,
নাজানো ছন্দ, লয়ৰ বিশ্লেষণ ৷
অনুভৱ কৰোঁ মাথোঁ এক শিহৰণ -
কাপ-মৈলামৰ দাগেৰে
কাকতত জনাওঁ শব্দক আদৰণি
শব্দই আৰু নকৰে আমনি।
———————————————
অন্ত
জ্যোতিশিখা দত্ত
নাওখন তেতিয়াও গৈয়ে আছিল
জোন গলা সন্ধিয়াত
নদীৰ ঘাটত বহি
মই তাকেই চাই ৰৈছিলোঁ
ঘোলা পানীৰ তল অন্ধকাৰ
স্মৃতিবোৰে এখিলা এখিলা কৈ
চাকনৈয়াত জাঁপ দিছিল
নাওখন তেতিয়াও গৈয়ে আছিল l
———————————————
বালিঘৰ
ৰীতা কোঁৱৰ
সৰাপাতৰ শব্দ শুনিছোঁ,
হয়তো
তুমি উভটি যোৱা খোজবোৰ ঘন হৈছে ।
বতাহ এজাক জোৰেৰে বলিছে ,
মোৰ আউল-বাউল চুলিৰ দৰেই
চিন্তাবোৰ বিশৃংখল হৈ পৰিছে ।
তোমাক থমকি ৰবলৈ নকওঁ,
ময়ো আগুৱাই নাযাওঁ ।
যাওকচোন
সময়বোৰ
নিজৰ বাটে বাটে....
-------------------------------------------
গৈ আছোঁ
লক্ষী প্ৰসাদ ৰেগন
আগে এই কথা জনা হ'লে
নগ'লোহেঁতেন
যি পথেদি গৈ মই নিজকে হেৰুৱালোঁ
বৰষুণ গ'লে জাপি
চোৰ গ'লে বুদ্ধি-কথাটো মিছা নহয়। প্ৰমাণ আছে ।
মৃত্যুৰ মুখত পৰিও মই মৃত্যুক আওকাণ কৰিছোঁ
জীৱনটো নিলাম নকৰোঁ এতিয়াই
মোক বেয়া পোৱা মানুহৰ মাজৰ পৰাই এদিন
মোক ভাল পোৱা মানুহ ওলাব
লোহা এটুকুৰা গৰম নকৰা পৰ্যন্ত ইয়াক
আন পথলৈ লৈ যাব নোৱাৰি
মই হাতুৰীৰ কোবত কেতিয়াবাই মোৰ ভৱিষ্যতক
হেৰুৱালোঁ
এদিন মই সকলো এৰিম। এয়াটো চিৰ সত্য
এতিয়া মই কাকো এৰিব নোখোজো
দুহাতেৰে যিমান দূৰ ঢুকি পাওঁ
মনটোৱে যিমান দূৰ টানি নিয়ে
গৈ আছোঁ গৈ থাকিম
ইঞ্জিন বিকল হৈ য'ত ৰৈ দিম
তাতে ৰ'ব মোৰ শেষ আশ্ৰয়
শেষ ঠিকনা।
————————————————
এই দিনটোলৈ বাট চাওঁ
ইকবাল হোচেইন খান
শক্তিতেই ভক্তি
ভক্তিতেই মুক্তি ।
এই দিনটোলৈ বাট চাওঁ
নতুন নতুন পথৰ সন্ধান পাওঁ ।
কৰ্মই দিয়ে প্ৰেৰণা
কৰ্মৰ উপস্য দেৱতাৰ আৰ্শীবাদ লৈ
পুৰষ্কিত হয় কপালৰ ঘাম
পূজাৰ আসনতেই বিচাৰি পাওঁ
মানুহৰ কল্যাণ
নাই কোনো সৰু-বৰ
পাওক দুবেলা দুমুঠি অন্ন
আজিৰ দিনতেই কৰোঁ তাৰেই কাম্য
অহৰহ বাজি থাকক সাম্যৰ এফাকি গান
মানৱতাৰ শক্তিত জাগক নতুন ৰূপ
পৃথিৱীৰ নতুন গান ।
———————————————————
বিৰহিণী ৰাধা
হিৰণ্য মহন্ত
যমুনাৰ তীৰত বহি ৰাধাৰ উচুপনি
বিৰহত হৃদয় ভাঙি যায়,
কৃষ্ণ প্ৰেমে কৰে বাউলী
অভিমানত মুখ ওফন্দি
নেদেখিও দহে মন-প্ৰাণ।
গোপী সৱে কৰে জলকেলি
কৃষ্ণই বজাই মোহন বাঁহী
সেই বাঁহীয়ে কঁপাই ৰাধাৰ বুকু
গোপীয়ে খাই প্ৰেমত হাবুডুবু।
ৰাধাই বোলে কানাই তোমাক
বৃন্দাবনে মাতে লৱণু চোৰ বুলি,
ভুৱন ভুলোৱা তোমাৰ হাঁহি
সেই হাঁহিত হেৰাই মোৰ থৰকাছুটি।
------------------------------------------------
ৰ'দৰ ভৰত পথাৰ
পবিত্ৰ বৰগোহাঁই
ৰ'দৰ ভৰত দো খাই পৰে শাওণৰ পথাৰ
শাওণৰ কোমল পোৱা এটা বুকুত সাবটি
স্নেহ ভৰা পথাৰলৈ বুলি কান্ধত নাঙল আৰু গৰুহাল লৈ
আজুককা দিনৰ পথাৰত নাঙলৰ ফালেৰে কৰ্ষণ কৰি
আমি কৃষকে ৰোপণ কৰো ভৰুণ বুকুৰ ঘাম।
ৰাংঢালি গাভৰুৰ পৰশত খিলখিলাই উঠে
বেলিৰ ৰ'দালিৰ ঢৌ
বা ৰি্ব ৰি্ব বা ৰি্ব ৰি্ব এছাটি মলয়া বতাহত
শাওণক ভাল পাই উঠা এজাক মুষুলধাৰ বৰষুণ;
সাধুকথাৰ যাদুকৰী কাঠিৰে সপোনৰ নাও
প্ৰকৃতিৰ কোলাত প্ৰাণ পাই উঠিব সেউজীয়া শইচ
জহা-বৰা ধানৰ মলমলীয়া গোন্ধই উপচি পৰে
আঘোণৰ ৰ'দত তিৰবিৰাই থকা সোণালী পথাৰ
আৰু কল্পতৰু যেন সুগন্ধিত দ্ৰৌপদীৰ আখল ,
এতিয়া নোদোকাটো হৈ পৰা বাখৰ খটোৱা ৰ'দ
ৰোৱনীৰ দেহাত উচপিচাই নুতুলিবি ৰ'দৰ ঘাম ।
মনৰ আকাশত তৰা হৈ জিলিকে আঘোণৰ পথাৰ
সেউতী-মালতীৰ উশাহৰ বতাহ নাজাননে তই
কলিজাৰ বতৰা নিদিবিনে আকাশৰ বতৰা ,
ৰ'দ বৰষুণৰ ভৰত দুলিছে আকাশ
হালোৱা-ৰোৱনীৰ সময়ৰ নাটনি
তথাপিটো নধৰে আইৰ চকুৰ টোপনি
আঘোণৰ লক্ষ্মীয়ে মাৰিবনে বছৰটোৰ পেটৰ পোৰণি ।
———————————————
চিকিৎসালয়ৰ ওৱেটিং ৰূমৰ চকীবোৰ
গিৰিজা শৰ্মা
চিকিৎসালয়ৰ ওৱেটিং ৰূমত মই তোমাৰ বাবে ৰৈ আছোঁ
এখন এখনকৈ চকীবোৰ পূৰ হৈ গৈ আছে
এটা নাম্বাৰ হৈ তুমি কোনোবাটো ৰূমত নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজি আছা
কাহ পৰি জীন যোৱা নিৰৱতা
ইয়াত ৰিপোৰ্টে কথা কয়
ধাতৱ শব্দই অনুভৱক নচুৱাই থৈ যায়
ৰৈ আছোঁ মই
ৰৈ আছে আমাৰ সংপৃক্ত পৃথিৱী
এনেকুৱা মুহূৰ্তত মই মোৰ চকু দুটা খুলি থওঁ
নহ'লে যে নামি আহে অবাধ্য সাগৰ
বুকুত বান্ধোঁ এটা সুগধুৰ শিল
ৰাতিবোৰ স্বপদ
এটা এটা ক্ষণ যুগপৎ
কি আচৰিত
আমাৰ হাঁহিবোৰো সাগৰ হ'ব পাৰে নে !
সপোনবোৰ একা !
মৰীচিকা
অংকবোৰ পাকলগা হ'লেও অসীম ধৈৰ্য্যেৰে আমি
সমাধানৰ বাট বিচাৰিলোঁ
সহমৰ্মিতাৰে কেনাবোৰ ভাগিবলৈ চেষ্টা কৰিছিলোঁ
বাটততো কেঁকুৰি থাকেই
কেঁকুৰি মানেই কি কালিকা
মোৰ সামৰ্থৰ সীমিত সীমনা
" নিদানপত্ৰ "অৱধাৰিত বিড়ম্বনা
ওলমি ৰয় দিন
ওলমি ৰয় জীৱন
ওৱেটিং ৰুমৰ চকীবোৰ যেন
এক অন্তহীন অপেক্ষাৰ নামান্তৰ।
———————————————
দাপোণ
কৰবী ভুঞা
দেৱালখনৰ সিপাৰে বহু হুমুনিয়াহৰ শব্দ বাগৰে।
মাজৰাতি চিৎকাৰ বোৰে হাহাকাৰ কৰে,
হিংসাৰ দাৱানলত ভোকাতুৰ পথিকৰ আৰ্তনাদ।
তেজৰ নৈখন বুকুতে পৰি ৰয়,
জুইৰ লেলিহান শিখাত ছাই হয় মানৱতাৰ জয়গান।
নিঃপালি দিয়া আন্ধাৰত,
ভদ্ৰতাৰ মুখাবোৰে শেষৰাতি বিচৰণ কৰে।
ৰাজবাটত এজাক কুকুৰৰ ৰাঁও।
হয়তো শিয়ালৰ জাকটোত
মাংসৰ ভাৰ লৈ উন্মুক্ত হৈছে।
পোহৰ হ’বলৈ কিছু পৰ বাকী,
দাপোণত জিলিকি ৰয় কেঁচা তেজৰ চেঁকুৰা।
——————————————
জীৱন
চয়নিকা ভূঞা
কথাবোৰ
তেনে হোৱাৰ কথা নাছিল
কাহানিও নাছিল
সূৰ্য্যাস্তৰৰ পিছত
সূৰ্য্যমুখী ফুল ফুলাৰ কথা
নভবাকৈয়ো
কেতিয়াবা বহু কথা হৈ যায়
নোকোৱাকৈয়ো বহু সময়ত
প্ৰতিশ্ৰুতিত
আবদ্ধ আত্মা
হেঁপেহুৱা সময়ত
স্পৰ্শৰ তাড়না
ইফালে
দুখবোৰ
যাউতি যুগীয়া
অলিয়ে-গলিয়ে
হুমুনিয়াহ
আৰু হুমুনিয়াহ ৷
———————————————
অথ: প্ৰজাৰ সংবাদ
অমৰ জ্যোতি সত্যপ্ৰিয়
দেশ এখনৰ বাবে লাগেনো কি ?
ৰজানে -প্ৰজা?
বদনে দেশ বেচে
নিজৰ বাবে ,
খাল খান্দি ঘঁৰিয়াল মাতে।
ৰজা নোহোৱাকৈও দেশ হ'ব পাৰে
দেশ নোহোৱাকৈ ৰজা ?
না
ৰাইজেই ৰজা
মগজুৰ প্ৰলেপেৰে প্ৰজাই
ৰজাৰ অবিহনে দেশ ৰাখিব পাৰে,
ৰজা ভাঙিব পাৰে
বদন বধিব পাৰে ।
ৰজাই দেশৰ কথা নাভাবে
ৰজাই প্ৰজাৰ কথা নাভাবে,
ৰজাৰ টান ৰাজ আসনলৈ
ৰজাৰ টান ৰাজ ভঁৰাললৈ।
প্ৰজা মৰে
দুখত ,
প্ৰজা মৰে
ভোকত,
প্ৰজা মৰে
যু্ঁজত ।
পানীৰ বেজিৰে
ৰজাই শিলৰ চোলা গঢ়ে,
হাজাৰ প্ৰজাৰ তেজেৰে ৰজাৰ ৰূপৰ জেউতি চৰে।
প্ৰজা মৰে
ৰজা নমৰে ।
(বি.দ্ৰ : ইতিহাসে কয়
প্ৰজাই ৰজা পাতে,ৰজা ভাঙে
ৰজা তেজপিয়া হ'লে,
প্ৰজাই হাতত হেংদান ল'লে
ৰজা ৰণত পৰে ।)
———————————————
উজাই অহা শোকটো
মৰমী মুদৈ
অনুৰাগ,
অৱহেলিত সময়ে অশান্ত কৰে
বুকুত এচপৰা যন্ত্ৰণাই
কাঠ বান্ধে...
উজাগৰী
নিশাবোৰে প্ৰশ্ন কৰে
অপ্ৰাপ্তিৰ সমীকৰণবোৰ কিয়
ইমান দীঘলীয়া?
চকু মেলি দেখা সপোনবোৰ
কিয় ইমান দূৰ্ভগীয়া?
আগে পিছে ঘূৰি ফুৰা ছাঁবোৰেও
উপহাস কৰে
শূন্যত গদা ঘূৰাই আপোন অস্তিত্বৰ প্ৰমাণ দিয়ে
ভেকুলীৰ পিঠিৰ নোমেৰে
জয়ৰ ধ্বজা
উৰুৱাৰ মন
বেৰত ওলমি ৰোৱা যন্ত্ৰই
বাৰে বাৰে উকিয়াই
এয়া যে জীৱন যৱনিকাৰ
অন্তিম ক্ষণ।
——————————————
কবিতা
হীৰামনি শৰ্মা উপমন্যু
কবিতাটো প্ৰতিস্ফুট হৈ উঠিছিল
মোৰ কলমত , অকণমানি কবিতা এটি
উৱলি যোৱা কাকতৰ পৃষ্ঠাত হাত বুলাই দেখো
হৃদয়ক সাতোৰঙী ৰঙেৰে প্ৰজ্জ্বলিত
কৰা সময়ৰ সোণালী শইচ !
বগা কাকতৰ পৃষ্ঠাবোৰৰ শেষত
শৰতৰ ৰ’দোস্নাতা শেৱালিৰ দৰে পৰি আছে ৰঙহীনহৈ ,
কবিতাটো যেন ল'ৰালিৰ নিগূঢ় অনুভৱ
মোৰ বুকুত সোঁৱৰণিহৈ গঁজিছে ।
তোমাক দিবলৈ ৰৈ আছিলোঁ
শৈশৱক দুবাহুৰে সামৰি
কৰ্ফাল খাই পৰাৰ ভয়ত
মোৰ হৃদয় তলিত ,
পুৰি শেষ হোৱা সময়ৰ জোলোঙা খুলি দেখিলোঁ
একেই এটি কবিতাই হাঁহি আছিল তোমাৰ ওঁঠত
নিৰৱ প্ৰেমৰ পাখি লগা শব্দ মালাত একেই আশাৰে বন্দী
দুয়োৰে কবিতাৰ অনুভৱ বুকুৰ ভাঁজত
যেন ল'ৰালিৰ সাধুকথাৰ এক ৰূপকথাহে।
———————————————
চিৰন্তন
ৰেখা বৰকটকী
সুনীল আকাশৰ ছত্ৰছায়াত
আপোনমনে সেউজীয়াজাক ওমলে
ৰ'দ বৰষুণৰ সাদৰ আলিঙ্গনেৰে
কোমল আৱেশ ভৰা চন্দ্ৰতাপ।
শিশিৰ টোপালবোৰ সেউজবোৰে টপাটপে সামৰে
বহল সেউজ চাঁদৰখনত
শস্যৰ মুকুলবোৰে কোঁহ ধৰে
জাক জাক ৰোৱনী দাৱনিৰ
কাঁচিৰ থুনপাকত নচা আশাৰ সপোনবোৰ গঁজালি মেলে
সেউজ লাহিপাহি আঁচলবোৰত
সুখৰ বতৰা
গেঁৰ ধৰিব গাখীয়তী শইচে
আঘোণক মাতিব সাদৰে
কেনেকৈ হিচাব ৰাখে বাৰু ইমানবোৰ কথা?
প্ৰকৃতিয়ে উজাগৰে থাকি
খবৰবোৰ ৰাখে
ঘূৰি ঘূৰি সময় বোৰ আহে
হালধীয়া হাঁহি হৈ সুখবোৰ সৰে
দুখৰ কাঁইট আঁতৰাই
সুখ অহাৰ বাট কাটে...
এৰাপৰলীয়া আশাবোৰে
এৰাসূতিত উকিয়ায়
অলেখ হেঙাৰ হ'লেও
দিয়া নিয়াৰ টোপোলাত ভাগ বতৰা হয় হেঁপাহ...
পাকঘূৰণিৰে জীৱন আগুৱায়।
——————————————
শাৰদীয়
পংকজ কুমাৰ শৰ্মা
শাৰদীয় জোৎস্নাৰ উদাৰ চুমা এটা
হৃদয় বৃন্দাবনত এপৰ জিৰাইছে
মই শৰতৰ চোতালৰ দূৱৰি গচকি
গুচি যাওঁগৈ এৰি থৈ অহা অতীতৰ
সেই সুহৃদ ঘাটলৈ
তোমাৰ চকুৰ তিৰবিৰণিত
আমোলমোল শেৱালিৰ গোন্ধেৰে
ওৰে নিশা সাৰে থাকে
সুতীব্ৰ নদীময়তা
দৃষ্টিয়ে ঢুকি পোৱা দূৰত্বত
কঁহুৱা ফুলবোৰে
পোহৰৰ বাট কাটিছে
শৰতৰ গান এটা আহিয়েই
সহজে বুকু জুৰাই
সুখী হোৱাৰ হেজাৰ সম্ভাৱনা বঢ়াই তুলিলে
পৃথিৱীক ভালপাওঁ বাবেই
শুনো শংখ নিনাদ
দূৰৈত ঢাক বাজিছে,
বুকুৰ শব্দবোৰ
লাহে লাহে
বুকুৱে বুকুৱে বাগৰি
বুকুৰ ভিতৰলৈ ব'বলৈ ধৰিছে।
———————————————————
পঢ়ুৱৈৰ অভিমত
কবিতা হৈছে মানৱ চেতনাৰ বাহক। যুগ -যুগান্তৰ ধৰি মানৱ চেতনাত কবিতাই বাহৰ পাতি আহিছে। মানুহ পৃথিৱীত থাকে মানে কবিতা থাকিবই। মানৱ হৃদয়ত পুঞ্জীভূত আৱেগ আৰু অজস্ৰ উন্মাদনা শব্দৰ বোকোচাৰে ধৰালৈ নামি আহে! সেয়েহে হৃদয়ৰপৰা হৃদয়লৈ গঢ়া সাঁকোৰে কবিসত্বাই বগুৱা বায়। অসমীয়াত এষাৰ কথা আছে-- "সদায় দেখা গছ পাত এটি ছৱি হ'লে শুৱনি কৰে,
সদায় শুনা কথাকেইটা গীত হ'লে হিয়া টানি ধৰে"।
সু-কবি নৱ ৰাজন দেৱৰ সম্পাদনাৰে ছেপ্তেম্বৰ সংখ্যাৰ পষেকীয়া "কাব্যকানন" সংকলনটিত সন্নিৱিষ্ট সৰহ সংখ্যক কবিতাই সুন্দৰ আঙ্গিক আৰু কাব্যিক গতিশীলতাৰে প্ৰকৃতভাৱে কাব্যৰসৰ সোৱাদ দিব পাৰিছে।ভাৱ- ব্যঞ্জনা আৰু শব্দ- শৃঙ্খলাক অনবদ্য ভাৱে একক বিন্দুত কেন্দ্ৰস্থ কৰিব পৰাতেই কবিৰো কৃতীত্ব, কবিতাৰো জয়। এই ক্ষেত্ৰত সুন্দৰ শব্দ-চয়নেৰে বাচকবনীয়া শব্দ শিল্প নিৰ্মাণ কৰাত সিদ্ধহস্ত কবিসকলে ৰাজন দেৱৰ জৰিয়তে এখন কৰ্মশালা লাভ কৰিছে য'ত কবিতাৰ উপযুক্তৰূপে কৰ্ষণ হ'ব পাৰে । তেন্তে তেনেবোৰ কাব্যশিল্প নিশ্চয় হৈ পৰিব মানুহৰ বুকুৰ সংবাদ।তেজৰ আখৰে লিখা অনুভৱবোৰ বাঙ্ময় হব। মানৱ চেতনাৰ কোঁহে কোঁহে সোমাই থকা শব্দ- মালঞ্চই আত্মপ্ৰকাশি উঠিব।অনুভূতি আৰু সহানুভূতিৰ গৃহযুদ্ধৰ অন্তত একোটি সাৱলীল শব্দৰ জতুগৃহ নিৰ্মাণ হয়। সেয়ে হয়তো কবিতা জোখা তুলাচনী খন বৰ মায়াবী! মই মোৰ সীমিত জ্ঞানেৰে কবিৰ কাব্যিকতাৰ মান নিৰূপণ কৰিবলৈ অপাৰগ কিন্তু কবিতাৰ পাঠক হিচাবে কিছু নিজস্ব অনুভৱহে ব্যক্ত কৰিছো। কবিতা লিখাটো একেবাৰেই সহজ বিষয় বুলি ভবাটো ভুল । আমি নিজকে তন্ন তন্ন কৈ পঢ়িব পাৰিব লাগিব ,কতযে বিৰম্বনা সহি কাব্যিকতাৰ সৈতে মুষ্টিযুদ্ধৰে যুঁজি ,কবিতাৰ উমাল সান্নিধ্য পাব পাৰি সেইয়া মাত্ৰ কবিত্বৰ জুয়ে পোৰা সকলেহে উপলব্ধি কৰে!
উপযুক্ত কচৰৎ অধ্যয়ণশীলতা আৰু পৰিবেশে কবিসকলৰ কবিতাক শিল্পত্ব প্ৰদান কৰাত সিদ্ধহস্ত কৰি তোলে। এজন কবিৰ দৃষ্টি সকলো সময়তে সকলো ক্ষেত্ৰতে নিবদ্ধ কৰিব পাৰিব লাগে। যেনে মন্দিৰ, মৰিশালী,সুন্দৰী প্ৰিয়া, আকাশ, সৰগ, নদী -সাগৰ অট্টালিকা কিম্বা জুপুৰি। কবিয়ে নিজক কৰ্ষণ কৰে, কবিতাৰে হেতালি খেলে , কবিতা হৈ নিজক জোখে, কবিতাৰে প্ৰশ্ন কৰে। শব্দৰ হেন্দোলনিত কবিতাই দিয়া প্ৰকৃত সুখ বুটলোতে পৰম সুখ আৰু আত্মিক আনন্দ প্ৰাপ্তি ঘটে। আত্মিক জিজ্ঞাসাৰে অন্তৰ্লীণ হোৱা কাব্যিক চেতনাতে আত্মা আৰু পৰমাত্মাৰ মিলন ঘটে । সৰ্বশেষত কাব্যকাননৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে সু- উজ্বল ভৱিষ্যত কামনা কৰিলোঁ !
—ৰেখা বৰকটকী
যোৰহাট
———————————————
'কাব্য কানন' পষেকীয়া অসমীয়া কাব্যালোচনী, এক জাগতিক জীৱনৰ বাখৰুৱা কাব্যিক অভিব্যঞ্জন। সুগন্ধিযুক্ত এখন সমাজ মুকুৰ।
এই আলোচনীখনতে দেখোঁ বালিমাহীৰ পৰা মনুষ্য, জোন-তৰাৰ পৰা পাতালী গহ্বৰৰ প্ৰতিচ্ছবি। শব্দৰ নান্দনীক নৃত্যৰ এক আকৰ্ষণীয় চন্দ্ৰতাপ। ভাল পালোঁ পঢ়ি। আদিৰ পৰাই বৰ্তমানলৈকে আলোচনীখনে স্বকীয়ত্ব বজাই ৰাখিব পাৰিছে।
'কাব্য কানন'ৰ উত্তৰোত্তৰ কামনাৰে...।
ৰুবুল প্ৰিন্স
নলবাৰী
——————————————————
এই যাত্ৰা যুগমীয়া হওঁক, আমি খোজ পেলাইছোঁ। সকলোৱে কৰক, সফলতা নিশ্চিত।
–দিগন্ত বৈশ্য
———————————————————
কাব্যকানন আমাৰ অতি আপোন, আমাৰ মনৰ, আমাৰ ভাৱৰ দাপোন।
কাব্যকানন এখন অতি সুসমৃদ্ধ আলোচনী ৰূপে নিজা স্থিতি ক্ৰমে দৃঢ় কৰিবলৈ সক্ষম হৈছে। আলোচনীখনিৰ লগত জৰিত সকলোকে ধন্যবাদ জনাইছোঁ।
–সঞ্চিতা বৰা
নগাঁও
—————————————————
"কাব্যকানন"ত প্ৰকাশ পোৱা মোৰ কবিতা 'অৰ্কেষ্ট্ৰা'ৰ সমালোচনাৰ ভাৰ আনৰ হাতত তুলি দি বাকীবোৰ লেখা পঢ়িলোঁ, প্ৰায় গো-গ্রাসে।
সম্পাদকীয়টো অতি ভাল লাগিল।ভাল লাগিল, কবিতাৰ আড্ডা-পঢ়ি শিকিলোঁ। ভাল লাগিল চন্দন গোস্বামীৰ সাক্ষাতকাৰৰ নির্ভীক উত্তৰবোৰ।'শিলৰ চোলা'ৰ ' পৰা 'ডিয়েৰ কমৰেড'লৈকে কবিতাবোৰ পঢ়িলো , পঢ়ি এনে লাগিল আলোচনীখনে কবিতাক এটা আকাংক্ষিত গঢ়নেৰে গঢ় দিব খুজিছে যেন।
কাব্যকানন ভাল কবিতা নিৰ্মিতিৰ সৱল পথ প্ৰদৰ্শক হওক।
—ড° মঞ্জু হালৈ
নলবাৰী
———————————————————
স্বনামধন্য কবি সাহিত্যিক নৱ ৰাজনে এক ব্যতিক্রমী ছন্দোবদ্ধ সুৰেৰে সজ্জিত চেপ্তেম্বৰ মাহৰ " কাব্য - কানন " সুধী পাঠক সমাজলৈ নম্ৰতাৰে আগবঢ়ালে।
জীৱনৰ নিৰ্মম সত্য , জীৱনৰ ৰহস্য , প্ৰেম - ভালপোৱা , বিষাদ - বিচ্ছেদ , নানা তৰহৰ গধুৰ আলোচনা , প্ৰবন্ধ , অনুবাদেৰে , এমুঠি আকৰ্ষণীয় কবিতাৰ সমাহাৰেৰে , স্পৰ্শকাতৰ সকলো দিশকে সামৰি " কাব্য - কাননে " পাঠকৰ সঁহাৰি বিচাৰি আহিল।
কবিতা হৈছে শব্দ - ফুলৰ নিৰ্যাস। আমাৰ বিশ্বাস , " কাব্য - কানন " পঢ়িবলৈ ল'লেই এনে নিৰ্যাসৰ নান্দনিক ৰূপৰ ছায়াচিত্ৰ একোখন পাঠকে সুন্দৰকৈ উপভোগ কৰিবলৈ পাব।
মোৰ অনুভৱ এটিয়েও " কাব্য - কাননত " স্থান পোৱাত মই যথেষ্ট আনন্দিত হৈছোঁ। বহুত বহুত ধন্যবাদ বন্ধু নৱ ৰাজন ।
" কাব্য - কাননৰ " এই জয় যাত্ৰাৰ সংগী হওক আপুনিও - - - আপোনাৰ অনবদ্য সৃষ্টিৰ ভূমিকাৰে।
আমাৰ আশা , শ্ৰদ্ধাৰ পাঠক বৃন্দই " কাব্য - কাননক " আদৰি লৈ গঠনমূলক সমালোচনাৰে আমাক যেন কৃতার্থ কৰে ।
—আৰিফা হুছেইন বৰা
গুৱাহাটী
——————————————————
মই আজমিন...
মই এইবাৰ Hslc পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী।
মোৰ কবিতা “স্বাধীনতা" ক কাব্য কাননত স্থান দিয়াৰ বাবে মই বহু আনন্দিত ।
—আজমিন চুলতানা
মৰিগাঁও
——————————————————
স্বনামধন্য কবি ,সাহিত্যিক , বন্ধুবৰ নব ৰাজনৰ সম্পাদনাত প্ৰকাশ পাই থকা পষেকীয়া কাব্যালোচনী
"কাব্য কানন" নামটোৱেই টানি নিয়ে কবিতা ভালপোৱা প্ৰতিখন হৃদয়ক ।ইমান ধুনীয়া ধুনীয়া ফুলবোৰ ৰমক জমককৈ যে ফুলিছে সেয়া কাননৰ কোঁহে কোঁহে অনুভৱ কৰিব পাৰি ।মই সুখী - জিলিকি থকা সেই ফুলৰ মাজত লাজ লাজ ভাবেৰে সোমাই আছে মোৰো এটি অনুভৱ ।দায় দোষ নধৰিব --- চকুত পৰা কথা এটি কওঁ --বানানৰ ক্ষেত্ৰত আমি আৰু অধিক সচেতন হব লাগিব ।অৱশ্যে এইয়া কৰোঁ বুলি কৰা ভুল নহয় ।মৰমৰ "কাব্যকানন" আৰু অধিক জাতিষ্কাৰ হৈ জিলিকি উঠক -সেই কামনা আছিল,আছে আৰু সদায়ে থাকিব ....
—ৰবীন কুমাৰ চেতিয়া
ধেমাজি
——————————————————
২০১৮ চন মানৰ কথা যি সময় আমাৰ কবিতা কোনেও প্ৰকাশ কৰিব নিবিচাৰিছিল সেই সময়ত নৱ ৰাজনে মোৰ"গোলাপ"নামৰ কবিতাটি নিজে বিচাৰি কাব্যকাননত প্ৰকাশ কৰিছিল।যাৰ পিছৰ পৰা মই নিয়মীয়া ভাৱে কবিতা লিখি আছোঁ…।
মোৰ অনুভৱবোৰক কবিতাৰ ৰূপ দিয়া বিশেষ ব্যক্তিক কৃতজ্ঞতা নজনাই নোৱাৰি।
তেওঁলোক হ'ল--
ধীৰেন্দ্ৰকুমাৰ মজুদাৰ চাৰ
চাহাবুদ্দিন আহমেদ চাহাব চাৰ
দিপজীৎ দ্বীপ দা
বিনীতা গোস্বামী আৰু জয়ন্ত বৰ্মন চাৰ।
কাব্য কাননখন চিৰযুগমীয়া হওক যাতে আমাৰ নিচিনা অখ্যাত আৰু বহুত মানুহ এই আলোচনীখনত লিখি সৰুকৈ
হ'লেও নিজৰ চিনাকি গঢ়িব পাৰে।
—খুৰছিদ আনচাৰী
শোণিতপুৰ
—————————————————
সুন্দৰ বেটুপাত আৰু বৰ্ণিল বিষয় বস্তুৰে নিৰ্মিত “কাব্য কানন“ পঢ়ি আপ্লুত হ’লোঁ৷
—ৰাজীৱ দত্ত
নলবাৰী
——————————————————
সচাঁকৈয়ে,কাব্য কানন নামটোৱেই ভাল লাগে । বৰ সুন্দৰ কথা লিখিলে । আলোচনী খনৰ দীৰ্ঘায়ু কামনা কৰিলো । অসমীয়া ভাষা সাহিত্যৰ জয় হওঁক ।
—ৰঞ্জু শইকীয়া
——————————————————
হিয়াৰ আমঠু কাব্য কাননে আমাক এখন সুকীয়া মঞ্চ প্ৰদান কৰিছে য'ত আমি আমাৰ চিনাকি দিবলৈ সক্ষম হৈছো।এই চেগতে মই কাব্য কাননৰ মুখ্য সম্পাদক নৱ ৰাজন ডাঙৰীয়া তথা কাব্য কাননৰ সমুহ কায্য কৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
—ৰঞ্জনা দেৱী
গোলাঘাট
——————————————————
সুপ্ৰভাত জনালোঁ।কাব্য কানন পঢ়িলোঁ ।
বৰ সুন্দৰ হৈছে। নিৰ্বাচিত কবিতাৰে এখন সুন্দৰ আলোচনী।
শুভ কামনা সদায়েই আছে ।
—এনী ভূঞা ডেকা
মঙলদৈ
——————————————————
——————————————————
কবিতা
সত্যৰ সপক্ষে
পূবালী বৰুৱা শৰ্মা
প্ৰেম অথবা অপ্ৰেম
সকলোতে অবাধ বিচৰণ
সত্যৰ ;
যদি তুমি সত্যতে আছা
তেন্তে জানিম
চুই দিলেই
জয় পৰি নোযোৱা ।
———————————————
কাৰ চকুপানী আজি আহিনৰ কুঁৱলী
পাৰিজাত বৰুৱা
লুইতৰ বুকুৰ পানী গধূৰ হ'ল
একাঁজলি তুলি চোৱাঁচোন জুমি
পানীবোৰ পৰিল সৰি ।
আঙুলিৰ ফাঁকত লাগি ধৰিল
কাৰোবাৰ বিননি ,
আধাগোৱা জীৱনৰ গান এটি
সপোনৰ পানচৈ বান্ধি নিজে মাৰিছিল বঠা
এজাক হুমুনিয়াহৰ গানে নাৱৰীয়াক কৰিছে ভাগৰুৱা
নল- বিৰিণা হালে।
আমাক বাউল দি মাতে
আঁহাচোন চোৱাহি বালিচাপৰিত শগুনে কাৰ বুকু ফালি আটাহ পাৰে
আকৌ এখন নাও আহিছে
লুইতৰ পানীত নধৰিবা লাগি
সোণবৰণীয়া হাঁহি ,
এতিয়া পৰিছে ডাঠ কুঁৱলী
এয়া চাগে আহিনেৰে হাজাৰটা ব'হাগলৈ উজোৱা
শিলৰ চকুপানী ।
এয়াতো হ'ব পাৰে আহিনৰ কুঁৱলী ।
নতুবা এজাক বা-মাৰলি।
——————————————
ক'ম ক'ম বুলি
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
ক'ম ক'ম বুলি ক'বকে পৰা নাই
কথাষাৰ গোপনে থাকে
পুখুৰী থাকোতে পুখুৰী খন্দালোঁ
ৰাজহাঁহ চৰিবৰ মনে,
এজনী থাকোতে এজনী আনিলোঁ
খৰিয়াল শুনিবৰ মনে ;
ক'ম ক'ম বুলি কবকে পৰা নাই
কথাষাৰ গোপনে থাকে,
কলিয়াবৰত পৈয়েক মৰিল,
ঢেঁকী দিওতে মনত পৰিল;
ক'ম ক'ম বুলি কবকে পৰা নাই
কথাষাৰ গোপনে থাকে,
গুড়ি-পৰুৱাৰ মুতনিয়েই বান,
সোলাৰ মুখত একচৰেই টান;
চোতালৰ আগৰ টেঙেচি শাক ,
আমাৰ বলোৰামে নাখায় তাক,
খাব যে খাব টকালি পাৰি,
শাহু আইয়ে ৰান্ধিছে বাহু জোকাৰি;
ক'ম ক'ম বুলি কবকে পৰা নাই,
কথাষাৰ গোপনে থাকে,
ৰহাৰ ৰহদৈ তিপামৰ ভাদৈ
শলগুৰিৰ আঘোণী বাই,
তিনিও গলত ধৰি কান্দে হুৰাওৰাৱে
সম্বন্ধত একোটো নাই ;
ক'ম ক'ম বুলি কবকে পৰা নাই,
কথাষাৰ গোপনে থাকে,
বহু কথা ক'লোঁ আৰু যে নকওঁ,
হাতীৰ শুঁৰত নাই বুলিও
সাত কলহ পানী থাকে ।
———————————————
সুঁহুৰিত আকুলতাৰ গান
উপমা ভূঞা পাঠক
এজাৰ ফুলিলেও
তোৰ বেজাৰ
কিয়নো বান্ধিছা বুকুত
এপাঁচি বিষাদ !
হাঁহিটিৰে সজাই ৰাখ
তোৰ সুঁহুৰিৰ
আকুলতাৰ গান
ময়ো যে বৰ
আকৰি অ’ কেতেকী
নুবুজোঁ তোৰ হিয়াৰ
কাতৰ বিননি ।
———————————————
সেই দিনটো
ৰশ্মি দলে
ৰ'দ কাঁচিয়লী পুৱাত
ৰুনুক-জুনুক
তোমাৰ গুঞ্জন!
ফুলৰ দৰে তুমি সুগন্ধি পাপৰি
মিঠা সুবাসৰ এপাঁহি ৰজনীগন্ধা।
সূৰ্যৰ কিৰণত জিলিকি থকা
নিয়ৰ ফুলৰ সুবাস!
বৰষুণে বোৱাই অনা
স্নিগ্ধ জোনাকৰ ধল।
তুমি যেতিয়া আহিছিলা
জোনাকৰ বৰষুণ হৈ!
তোমাৰ আগমনত প্ৰকৃতিয়েও আদৰি আনিছিল
সুখৰ বন্যা।
———————————————
ভালপোৱা
ৰুমী দেৱী
অৱহেলিত বেলিৰ নিষ্পাপ ধ্বনি
অসুন্দৰতাক সুন্দৰতাৰে ঢাকি থয় যি।
বাধাহীন তেজৰ অনন্ত গতিত
হাৰি হাৰি জিকি যায় প্ৰাণৰ স্থিতি।
প্ৰেমৰ ফল্গুধাৰাত জোন,জোনাকীৰ
সেউজীয়া কৰ্মধ্বজাৰে উৰুৱাই চিলা।
সহ্যহীন ডাৱৰৰ হুংকাৰত কম্পিত
হৃদয় উদ্দীপন ঈশ্বৰ স্থাপন।
বিশুদ্ধ সোণৰ মূল্যই অসীমতাৰ পৰিচয়
মানৱ মহত্বত জংকাৰিত সুশীতলতা।
নিস্বাৰ্থ হেপেহুৱা অব্যক্ত বিননিত
চিৰদিন চিৰকালৰ প্ৰান্তীয় স্থিতি।
———————————————
আহিন- তোমালৈ ...
ৰবিন কুমাৰ চেতিয়া
এদিন
মাথোঁ এদিন তুমি মোক
মোৰ স'তে থাকিবলৈ দিয়া
উচ্ পিচ্ অনুভৱৰ জোনাকী অপৰাহ্নত
জ্বলি জ্বলি নিঃশেষ হ'বলৈ দিয়া
মোৰ মৰম আকলুৱা হিয়া
মেঘালী শীতল বতাহচাটিত
চিপ চিপ বৰষুণৰ লাজবোৰ চটিয়াই
নাচি নাচি তুমি যেতিয়া নামি আহা
সঁচাকৈয়ে চাই মোৰ ভাল লাগে
শীতল জোনাকত সাঁতুৰি নাদুৰি
নিভৃত কোণৰ সাঁচতীয়া সোৱণশিৰীয়া হাঁহিবোৰ
আমোলমোল বকুলৰ সুবাস যেন লাগে
কোনোদিনে মই বিচৰা নাই
এদিনলৈও তোমাৰ পৰা এসাগৰ মৰম
এচলু ভালপোৱাতে জুৰুলি জুপুৰি হৈ
তিতি বুৰি উলাহত পখালিম মোৰ
বিষাদে আৱৰা শালিকী মন
মোৰ সৃষ্টিৰ অনুৰাগত তুমি
মোৰ দৃষ্টিৰ উশাহত তুমি
কেৱল তুমি,তুমি,তুমি
আৰু মাথোঁ তুমি
লচপচী কঁহুৱাৰ ডেউকা কোবাই কোবাই
দুবৰিৰ ওঁঠত নিয়ৰৰ চুমা আঁকি
কিয় বাৰু চোৱা তুমি
বাৰে বাৰে লুকাই লুকাই
তলসৰা শেৱালিৰ শুকুলা হিয়াখনি
অবিৰাম জুমি জুমি
আহিন তুমি শৰতৰ বৰ্ণিল ৰাগিনী
আহিন তুমি হৃদয়ৰ সেউজী তটিনী
এদিন
মাথোঁ এদিনৰ বাবে মোক
মোৰ স'তে থাকিবলৈ দিবানে তুমি
এপলকৰ বাবে হ'লেও তোমাৰ দৰেই
ময়ো আজি হব খোজোঁ অভিমানী ...
——————————————
শুকুলা ডাৱৰ
বিশ্বজিৎ গগৈ
শুভ্ৰতাৰ সাজ পিন্ধি শূন্যত উৰে
ছাঁ তুলি কজলা কজলা।
নীলিম দিগন্ত ব্যাপি ভ্ৰমণ বিলাসী
অনাদ্যন্ত যাত্ৰা অহৰহ।
বৃহৎ জলধাৰ বাষ্প হৈ উঠে
সংস্পৰ্শত সপোন মুকুতা ধৰণীত ।
চকলা চকল মেঘৰ লহৰ উথলি বুকুত
লুকা ভাকু তৰাৰ দেশত।
———————————————
প্ৰহেলিকাৰ পৃথিৱীখন
পৃথক কলিতা
মোৰ আত্মাটো লুকাই থৈছোঁ
ব্ৰহ্মপুত্ৰৰ গভীৰ তলিত
চকুহাল ঢাকি ৰাখিছোঁ
ক'লা কাপোৰেৰে
নদীৰ পাৰত শগুণৰ ঠোঁটেৰে
ছালবোৰ চেলাইছোঁ
বিস্মৃতিৰ উশাহেৰে লেখি লেখি
মঙহবোৰ কাটিছোঁ
পানী তেজৰ দৰে
মঙহবোৰ পাথৰ হৈ
উফৰি পৰে সভ্যতাৰ পৃথিৱীৰ
শেষ ডাষ্টবিনত
প্ৰহেলিকাৰ কুণ্ডলীময় নিশাটো
থকা সৰকা কৰিছিল পোহৰে
গছৰ তলত,নৈৰ সোঁতত
কেবল মৃত্যুৰ সময়ৰ আৰ্তনাদ
আজি সকলোৰে ডেউকা
নিথৰ প্ৰায়
পৃথিৱীখন এতিয়া মাথোন
মৃতকৰ এখন অন্তহীন চিতা।
——————————————
আন্তৰিকতা
ছফিক্ উজ জামান
খবৰ পালোঁ তোমাৰ অসুখ
অনুভৱ কৰিছোঁ কলিজাত
তীব্ৰ বিষ
সুধিলোঁ :
কিয় এনেকুৱা হয়
তুমি ক'লা : প্রেম
নিভাঁজ আন্তৰিকতাত !
———————————————
শৰতৰ আগমনত
মৌচুমী কলিতা
ক্ৰমশঃ আহিনীয়া আৱেশ এটাই
মেৰিয়াই ধৰিছে মোক
ৰোৱতী পথাৰখনৰ পৰা ভাঁহি অহা
গাখীয়তী ধানৰ সুবাসটোতো
আজি ইমান ৰাগী...
আকাশৰ বুকুত ফুলা
শুভ্ৰ মেঘবোৰৰো কিযে নাচোন
ঠিক যেন নৈখনৰ লগত মিতিৰ পাতি
কঁহুৱাৰে শুভ্ৰতাৰ চাদৰ পাৰি বহিছে
তুমি যে আহিছা তাৰেই গুণাগথা।
ৰাতিৰ আকাশখনেও জোনাক পিন্ধি
চৌদিশে সিঁচি দিছে
মায়াময় ৰূপোৱালী পোহৰ
পদূলিৰ শেৱালিজোপাতো
তোমাৰেই আবাহনী বতৰা।
বাৰিষাৰ তিক্ততাৰ অন্তত
প্ৰকৃতিও সাজিছে ন ৰূপেৰে
চাৰিওফালে বিলাই দিছে
শাৰদী ৰাণীয়ে
তোমাৰেই আগমনৰ বতৰা।
——————————————
শৰৎ
পুস্পাঞ্জলি গোস্বামী
শৰৎ মানে এক সুকোমল স্নিগ্ধতা
যেন প্ৰথম প্ৰেমৰ আকূলতা
বিৰহী প্ৰিয়ালৈ যক্ষৰ বতৰা কঢ়িওৱা
আলসুৱা মেঘবোৰ যেন সাৰ্থক কবিতা
ভৰুণ পথাৰত প্ৰতিশ্ৰুতিৰ বন্যা
নিশাৰ অভিসাৰিকা শেৱালিয়ে
পুৱাতে পদূলিত দলিচা সাজে
কাৰ বাবে জোনাকে ওৰে নিশা সাৰে থাকে
কেৱল শৰতেহে জানে
শৰৎ এক সপোনময় বাস্তৱতা
——————————————
প্ৰয়োজন হ'লে জগাই দিবা
নিজুমণি শইকীয়া বৰা
সপোন সামৰাৰ সপোন এটিৰ
পম খেদি বিচাৰি পালোঁগৈ
এটি মায়াময় অকল্পিত পথ ।
যি পথেৰে গ'লে পামগৈ
সপোনৰ ৰাজ-দৰবাৰ
য'ত সপোন জীয়াবও পাৰি
আৰু সামৰিবও পাৰি
আশা, আকাঙ্খা, কল্পনা
আৰু হেঁপাহবোৰ ..
মোৰ পিছে পিছে দৌৰি গৈ
আবেগ ভৰা চাঁৱনিৰে কৈছে ---
"তুমি আমাক এৰি যাব নোৱাৰা ,
তোমাৰ নহ'লেও আমাৰ তোমাক
বহুত প্ৰয়োজন আছে !
কাৰণ শব্দবোৰে উচুপিছে
অনুভৱ বোৰক প্ৰতাৰণা কৰা বুলি ।
তুমি তোমাৰ অনুভৱ বোৰক
শ্বহীদ হ'বলৈ দিব নোৱাৰা।
আমিতো তোমাৰ লগত সদায়েই থাকিম ।
কিন্তু কথা দিলোঁ -- কোনোদিন তোমাক
আমনি নিদিও
মাথো তোমাৰ কঁপাহ কোমল
হৃদয়ত নীৰৱে-নিতালে শুই থাকিম
প্ৰয়োজনত তুমি জগাই দিবা ! "
মই মোৰ বিবেকতকৈ আবেগক
প্ৰাধান্য দি ক'লো -----
নি:সংগতা মোৰ কাম্য নহয় যদিও
নিৰ্জনতাহে মোৰ বেছি ভাল লাগে ।
———————————————
শৰৎ
জানমণি শইকীয়া
আহিনৰ গোন্ধ
কিযে আমোল-মোল...
পুৱাটো সাৰ পাই
তেজৰঙা বেলিটিৰ
মিচিকি হাঁহিত।
নিয়ৰৰ কণিকাই
মুকুতাৰ ৰূপ লৈ
লয় আকোঁৱালি
সেউজীয়া ধাননিক
সূৰুযমূখী আকাশখন
শুকুলা ডাৱৰে আদৰে
কপাহী চাদৰ হৈ
লুকাভাকু খেলে
নীল আকাশৰ লগত ।
শৰতৰ পূৰ্ণিমা...
জিলমিল জোনাকত
কৃষ্ণৰো হৃদয় গলে
আকুলিত হয় মনপ্ৰাণ
বজাই মোহন মূৰুলী ৷
শেৱালিৰো মন হয়
উখল-মাখল
কৃষ্ণৰ বাঁহীৰ সুৰত
ৰাধাই গাঁঠিব মালা
সেয়ে শেৱালিয়ে
খৰকৈ মেলিছে পাহি ৷
ৰুক্মিণীৰো মন ৰোমাণ্টিক
সত্যভামা হয় আত্মহাৰা
শৰৎ কিযে মনোৰম
নাতিশীতোষ্ণ প্ৰকৃতিয়ে
পুৱাতে বিলাই
সুখৰ এক মিচিকীয়া হাঁহি।
————————————————
কিনো আছিল কিনো ঘটিছে দীপাংকৰ ভূঞা
কিনো আছিল কিনো ঘটিছে
কথাবোৰ দেখোন ওলোটা হৈছে !
কিনো দেখিছিলোঁ কিনো দেখিছোঁ
কথাবোৰে দেখোন লেছেৰি পাক লৈছে
দিনবোৰ দেখোন ৰাতি হৈছে
ৰাতিবোৰ দিন হৈছে !
ফুলনিত ফুলবোৰ মৰহিছে
পিতাইৰ এতিয়াহে মৃত্যু ঘটিছে
আজো-ককা আজিহে মূল্যহীন হৈছে
উৰিব লাগে ভোমোৰা উৰিছে গোবৰুৱা !
খেল এখন চলিছে
খেলত দৰ দাম হৈছে
সোণসেৰীয়া সপোনটিৰ মৃত্যু ঘটিছে !
বজাৰ বহিছে
বজাৰত বেচাকিনা হৈছে
আপুৰুগীয়া সম্পদটি হেৰুৱাইছে !
এচিকটা সুখত বেচিছে গৌৰৱ
অৰ্থত ঘটিছে অনৰ্থ
অলপীয়া আনন্দত এৰিছে অহংকাৰ !
কিনো আছিল কিনো ঘটিছে
সস্তীয়াবোৰ ভ্ৰাম্যভাষত মিলিছে !
কিনো আছিল কিনো ঘটিছে
সিহঁত দেখোন ভস্মাসুৰ হৈছে !
কিনো আছিল কিনো ঘটিছে
মানুহে দেখোন জন্তুৰ ৰূপ লৈছে
দিনবোৰ দেখোন ওলোটাকৈ ঘূৰিছে !
——————————————
যুদ্ধযুগ
গণেশ বৰ্মন
মনলৈ বাৰে-বাৰে প্ৰশ্নবোৰ আহে
আমি কোন যুগত আছোঁ ?
উত্তৰাধুনিক নে অন্ধকাৰ মধ্যযুগত--
এফালে সৌৰমণ্ডল অধিকাৰৰ বাসনা
আনফালে নীচতা-হীনতাৰ কলুষতা
এফালে ক্ষুধাতুৰ এখন পৃথিৱী
আনফালে যুদ্ধবাজ সকলৰ প্ৰতিযোগিতা
তেওঁলোক হেনো বিশ্বশ্ৰেষ্ঠ
লাগিলে মানৱতা হওঁক ছাৰখাৰ--
তালিবান ,
হাতত বন্দুক তুলি ল'লেই জানো বীৰ ?
শিশু- নাৰীৰ হত্যাই জানো বীৰত্ব ?
কি তোমালোকৰ দেশ-
য'ত মাতৃৰ মূল্য নাই
য'ত গানৰ নাই আদৰ
নাই মুক্ত উশাহৰ অধিকাৰ
কি তোমালোকৰ ধৰ্ম
য'ত বাৰুদত ছাৰখাৰ হয় আল্লাৰ দৰবাৰ
কি তোমালোকৰ সংস্কাৰ
য'ত নাৰী মাথোঁ গৃহাৱদ্ধ পণ্য
তোমালোকৰ কলিজাত ইমানেই তেজৰ পিয়াহ ?
হাতত যুগৰ আধুনিকতম মাৰণাস্ত্ৰ
মনত শতিকা যোৰা আন্ধাৰ
মন গ'লেই চলাই দিয়া ট্ৰিগাৰ
কৰি তোলা শৱৰ পাহাৰ
গঢ়িব খোজা এলান্ধুৰে ভৰা জগৎ
য'ত মানৱতা -ভাতৃত্বৰ স্থান শূন্য ।
------------------------------------------
কালজয়ী প্ৰিয়া
অশোক ভৰালী
বহু বিশ্বাসেৰে মই তোমাক আঁকোৱালি ল’লোঁ
এটা যুগৰ সমাধিত নহয়
বহু যুগৰ পৰিসমাপ্তিত তুমি মোৰ বুকুত আছাহি
সুখ শান্তি আৰু বিশ্বাসৰে
কালজয়ী প্ৰিয়া তুমি মোৰ
সেয়েহে তোমাক মই হেৰুৱাব নোখোজোঁ
এই জনমৰ নহয় যদিও মই পৰিচয় তোমাৰ
জনম জন্মান্তৰৰ আপোন তুমি মোৰ
বিশ্বাস যদি হোৱা নাই
মোৰ মৃত্যুৰ পাছত মোৰ সমাধিক সুধি চাবা
তুমি দিয়া উশাহবোৰে
পৰিচয় দিব নোৱাৰিলেও
ঠিকনা দিব তোমাক ভালপোৱাৰ
মোৰ প্ৰেমৰ উৰুখা পঁজাৰ
স্বপ্নীল সুন্দৰৰ আৰধনা তুমি
পল প্ৰতিপল কঢ়িয়াই ফুৰোঁ
তোমাৰ সুখৰ এমোকৰা হাঁহি
বহু বিশ্বাসেৰে মই তোমাক আঁকোৱালি ল’লোঁ
জানো মই
বুজোঁ মই
বৰ্ণ বৈষম্যৰে ভৰা সামাজিক অন্ধবিশ্বাসৰ
কুঞ্চিত মনত পোহৰ বিলাব নোৱাৰে মোৰ প্ৰেমে
কংক্ৰীতৰ বেৰত ভাল লগা ৰক্তিম ভাস্কৰ্য
পানী যুঁৱলিত কঁপি উঠে
তথাপিও
হাতৰ আজলিত উঠাই লৈ
মই মোৰ উশাহবোৰ লিৰিকি চাওঁ
মোৰ জীৱনৰ আয়ুস ৰেখা তোমাৰ কপালত
কিজানিবা ৰৈ যায়।
———————————————
স্মৃতি
পূৰবী শইকীয়া বৰুৱা
কবিতাৰ পৰিভাষাই
আজুৰি আনিব পাৰেনে
অনুভূতিৰ গম্য পথ
নাজানো
এতিয়া তুমি যʼত ৰৈ যোৱা
তাতেই
ময়ো এদিন আছিলোঁ
আছিল একুঁকি অনুৰাগৰ গাথা
যাক তুলি চোৱা নহ'ল
প্ৰেমৰ তৰাজুত
সকলো মানুহেই হয়তো
এদিন হ'লেও উভতে
বিচাৰি
এৰি থৈ অহা
বুকুৰ কোনোবা ক্ষণ
সময়ৰ শীতল বক্ষত
গতিৰ তন্ময়তা ভাগে
মৌন
নিঃশব্দ
কোনে কাক নেওচি যাব পাৰে
অতীতে
নে বৰ্তমানে ।
————————————————
অদৃশ্যতা
আজমিন চুলতানা
কোন হ'ব জীৱনৰ এন্ধাৰবোৰক আতৰাই
এচুক পোহৰ বিলোৱা
এডাল জলন্ত শিখা ?
কোনে দিব মোৰ ৰৈ যোৱা
খোজবোৰক আকৌ এক নতুন গতি ?
কোনেনো পাৰিবহি জীৱন বাটৰ
অদৃশ্য কাঁইটবোৰত এখন
কোমল কপাহৰ দলিচা ?
এনোৱা বাট ,
এনোৱা কাল ,
এনোৱা জীৱন মোৰ !
চালে চকু ৰোৱা এটি পৰ্বত
কোনে বাৰু জুমি চাব
এই মনোৰম পৰ্বতটিৰ গাত থকা
শিল - বালি আৰু খলা বমাবোৰ ?
————————————————
শব্দৰ জোলোঙাখনি
অনুস্মিতা ফুকন
জীৱনক জীয়ন দিবলৈ
কান্ধত বেৰঙী শব্দৰে ভৰা এখনি জোলোঙা ওলমাই লৈছিলোঁ
এখোজ-দুখোজকৈ আগবঢ়া সময়ৰ ওজনৰ ভাৰ জোলোঙাখনে
সহিব নোৱাৰি
শব্দবোৰ ফাট মেলিব ধৰিলে
ৰিক্ত জোলোঙাত সপোনবোৰ ক্ৰমশঃ
নিস্তেজ হৈ ওলমিলে (!)
বহু দূৰ বাট ৰ'দৰ লগত
বহু দূৰ বাট বৰষুণৰ সংগত
মোৰ দুভৰি নাচিয়েই থাকিল
তথাপিও উশাহটিক নিজৰ ঠিকনা দিবলে
কান্ধৰ জোলোঙাই শব্দবোৰক খামোচ মাৰি ধৰিলে
বি:দ্ৰ:
জোলোঙাৰ চালনিৰে শব্দবোৰ সুলুকি পৰিব খোজতেই
এৰি অহা দুভৰিৰ খোজত
জীয়নক জীৱন দিবলৈ জোলোঙাখনে পুনঃ শব্দৰ বীজ সিঁচিলে ।
———————————————
RIP লেখি সমবেদনা জনাওঁ
হিমাজ্যোতি তালুকদাৰ
মুকলি আকাশ
নদীবোৰো অহৰহ বৈছে নিজৰ গতিত
চৰাই আগৰদৰেই গছৰ ডালত
অথচ জীৱ শ্ৰেষ্ঠ ঘৰত বন্দী
জীৱন বিকিছে,জীৱন কিনিছে
উফ্
আপোনজনৰ মৃত্যুও পৰ হ’ল
শ্মশান যাত্ৰাত চাৰিজন মানুহৰ অভাৱ হ’ল
চিতা সাজি ভাগৰি পৰিছে চণ্ডাল...
শিলৰ চোলা পিন্ধি এচামে
পানীত পিলপিলাই ফুৰিছে
মাথোঁ প্লাছ-মাইনাছ
আমি যে ভাৰ্ছুৱেল পৃথিৱীৰ বাসিন্দা
RIP লিখি সমবেদনা জনাওঁ
———————————————
অনুগ্ৰহ কৰি এৰি নাযাবা মোক
দিগন্ত বৈশ্য
অনুগ্ৰহ কৰি এৰি নাযাবা মোক
যিদৰে ফুলবোৰক এৰি গুছি নাযায়
ভোমোৰাবোৰ, পখিলাবোৰ...
সৰাপাতবোৰক এৰি গুছি নাযায়
বতাহ
গছবোৰক এৰি চৰাইবোৰ,
মৌচাক এৰি মৌ-মাখিবোৰ
আকাশ এৰি তৰাবোৰ...
তেনেদৰে তুমিও গুছি নাযাবা
মোক ইয়াত অকলে এৰি থৈ
কিয়নো, শৱ এটা হৈ
তোমাৰ বাবেই ৰৈ আছোঁ মই
জীৱন দিবাহি বুলি।
———————————————
শৰতৰ বসুন্ধৰা
ৰমেন দাস
আহিন মাহৰ
ফৰকাল বতৰ
সেউজী প্ৰকৃতিৰ
ৰূপ মনোহৰ
সুগন্ধি শেৱালি
ফুলিছে শৰতৰ বতৰত
শাৰদীয় আভা
অনুভৱ কৰিছোঁ উশাহত
নৈৰ দুয়ো পাৰে
হালিছে জালিছে
শুকুলা কঁহুৱা বন
উলাহত নাচিছে মন
শৰতৰ শাৰদী আই তুমি
সকলোকে দিয়া জীৱন
তোমাৰ চৰণ কমলত
থাকে যেন মন
তোমাৰ আৱাহনে
আনি দিয়ে শান্তিৰ নিজৰা
তোমাৰ শীতল আঁচলেৰে
ধৰাক আৱৰা
জীৱনৰ বিপদ বিঘিনি
দূৰ কৰা আজীৱন
কৰযোৰে কাতৰ অন্তৰে
কৰিছোঁ তোমাক স্মৰণ
হে দুৰ্গতিনাশিনী
যাচিছোঁ তোমাক প্ৰণাম
ভকতি ৰূপে শকতি দিয়া
মনৰ কথা বেদীত জনাম
হে দশ ভূজা দেৱী দূৰ্গা
শুভাশীষ দায়িনী
জগতমাতা তুমি
গৌৰী নাৰায়ণী
শৰতৰ শস্যপূৰ্ণ বসুন্ধৰা
মুকলি আকাশৰ তলত
তিৰ্বিৰ্ কৰিছে তৰা
সকলোৱে দিয়ে তোমাৰে বতৰা ।
———————————————
কথাবোৰ কথা হৈয়ে থাকিল
পল্লৱী গোস্বামী
বিদাৰিত হৃদয়ৰে
কৈছিলা এদিন মোক
শালত বহাৰ কথা ৷
ভাৱিছিলোঁ
চেৰেকীৰ পাকেৰে পাৰ হ’ব
কঠিন যাত্ৰাৰ অনাগত সময় ৷
তোমাৰ কন্ঠৰে নিগৰা
এটি এটি দীপ্ত শব্দ
আকোঁৱালি লৈছিলোঁ বিনাদ্বিধাই ৷
তোমাৰ বিচাৰত আছিল
এটি পুৱাৰ হেঙুলি আশা ৷
প্ৰাণত আছিল ৰক্তিম সূৰুযৰ শিখা ৷
দুহাতে সাবটি ৰখা
তোমাৰ আলয় বৰ মসৃণ
য’ত অহৰহ বলে কেঁচা মাটিৰ সুবাস ৷
সময়ে আহি
লুটি-বাগৰ সলালে পলকতে
জুকিয়াই থোৱা কথাবোৰেও ৷
পুৱতি নিশাতে কলীয়া মেঘেৰে আকাশ ছানি
পূৱৰ বেলিটো ডুব গ’ল
খেজুৰজোপাৰ আগেৰে ৷
কথাবোৰ কথা হৈয়ে থাকিল
একো নোহোৱাকৈয়ে কথাবোৰ
এৰাল দিয়াতে ৰ’ল ৷
———————————————————
পহিলা মাঘ
ৰিংকু সমাদ্দাৰ
ইউনিভাৰ্ছিটিৰ উইণ্টাৰ ভেকেছনৰ শেষ গধূলি,
আই.এছ.বি.টি অভিমুখী নৈশ বাছখন,
এ.টি.এইট,আৰ.চি.চি.টু
আৰু মূহূৰ্তৰ চকুৰ চিনাকি...।
জখলাবন্ধাত বাছ ৰখাওঁতে তুমি কৈছিলা
"ওৱাক, ইয়াত ভাত খাব নোৱাৰি দেই...!"
সপ্ত প্ৰহৰত আমি দুয়ো একেলগে চাহ খাইছিলোঁ পদপথৰ কোনোবা এখন দোকানত।
চাবুৱা,বোকাখাট,বিশ্বনাথ, ৰহা কিম্বা আমনি,
তুমি বেয়া পোৱা বাবে আজিও নোসোমাওঁ মই
নৈশ হোটেলত বাছৰ পৰা নামি।
পহিলা মাঘৰ প্ৰতিশ্ৰুতি,
আয়তীৰ উৰুলি ধ্বনি,
সাতাইশ ফাগুনত বুকুৰ ঢপঢপনি,
পছোৱা হৃদয়ৰ ওৰণি।
চজিনা ফুলাৰ গোন্ধত
এতিয়া বাৰু আমি অচিনাকি নেকি?
বিয়াৰ পিছতো পঢ়িবানে তুমি
এতিয়াৰ দৰেই নন্দিনী,প্ৰিয় সখী?
———————————————
অপেক্ষা
অভিজিত ডেকা
হৃদয়ৰ দুৱাৰ খুলি ৰৈ আছোঁ তোমাৰ অপেক্ষাত,
অন্তহীন হেঁপাহৰ টোপোলা বুকুচাত বান্ধি।
মৰমৰ সোৱাদ বিচাৰি
মাতাল হৈ উঠিছে
উন্মাদ ৰাতিৰ সপোন দলিচা...
প্ৰতিটো সন্ধিয়া মাথোঁ
বিষৰিত মনৰ আশঙ্কা।
অৰ্থৰ সমাধি বিচাৰি
'ডিলিট' হৈ পৰিছে
আবেগৰ ঠিকনা,
সপোন দেখাৰ সময় এয়া কিন্তু শূন্যৰ পথাৰত বিচাৰি ফুৰিছো
আশাৰ কঠীয়া।
আহিবা তুমি দুভৰিৰ
পৰশত জীয়াই তুলিবলে হৃদয়ৰ ফুল,
নে উভতি আতৰি যাবা
সেমেকা দুচকুত চকু পানী আঁকি দুগাল তিয়াবলে...
বিষাদৰ দস্তাবেজেৰে ভৰি পৰিব মনৰ কোঠালি,
উতলি উঠিব তেজৰ
কণিকাবোৰ লেবেজান
হৈ পৰিব উঠৰ কঁপনি।
নিৰাশাৰ উন্মাদনাত খহি পৰিব হৃদয়ৰ
ভঙা টুকুৰা ।
ৰাতিবোৰ নিৰস হৈ পৰিব বিষাদৰ
চাকি জ্বলাই,
বুকুৰ তেজেৰে লিখিম
ৰিক্ততাৰ গান ।
তুমি অহিবা দুহাতৰ পৰশত
উমাল বুকুৰ হেজাৰ মৰম যাচিব ,
নে উভতি আঁতৰি যাবা
কোমল হৃদয়ৰ দাপোনত আচোৰ পেলাই...
বৰ কষ্টকৰ হব জীৱন
নামৰ সংগ্ৰামত যুঁজিবলৈ,
ভাগৰিছোঁ জীৱন সংগ্ৰামত জপিয়াই ফুৰা
সংগ্ৰামী ।
মাতাল ৰাতিৰ উন্মুক্ত
প্ৰেমিক হ’বলে নিবিচাৰোঁ
বিচাৰোঁ মাথোঁ তেওঁৰ
সান্নিধ্য,
হেৰাই যোৱা হাঁহিৰ শুভ্ৰতা বিচাৰি।
লিখিব দিয়া কলম তুলি
হৃদয়ৰ উকা পেজত
মৰমৰ এটি কবিতা,
অন্তহীন অপেক্ষাৰ সীমাহীন ভালপোৱা
বিচাৰি ৰৈ থাকিম
তোমাৰ অপেক্ষাত ।
———————————————
এটি খাটি খোৱা কবিতা
ৰঞ্জু শইকীয়া
মোৰ গাওঁখন মোৰ বাবে
এটি বিনন্দীয়া কবিতা..
মোৰ পথাৰখন এটি
মোৰ চহা কবিতা ।
মোৰ গাঁৱৰ ভাইহতঁৰ
বিৰিয়াত এচমকা ক'লা পৰা কান্ধ ,
হৃদয়ৰ আকুলতাত সুলকে
মোৰ কেঁচা কলিজাৰ নিটোল বান্ধ ।
ৰূপহী চেনেহী ভনীহতঁৰ
হাতৰ মণিবন্ধত নাচে
ৰূপালী কাঁচি,
কপালত জিলিকাই ৰঙা বেলিটি
আদৰ-যতন কৰি বৈ যাব সংসাৰৰ
সৰু সূতাৰ তাঁত
নিবিড় মৰমৰ দীঘ বাণীৰে তৰাফুল বাচি।
পথাৰ...
মোৰ দেশৰ মাটিৰ
এটি সচাঁ কবিতা
পথাৰ...মোৰ দেশৰ
এটি জুৰণীয়া কবিতা
...আমি খেতি কৰা হালোৱা-হজোৱা
এয়া মোৰ গাঁৱৰ তেজমৰা ঘাঁমৰ
এটি খাটি-খোৱা কবিতা ।
——————————————
শাৰদী অনুভৱ
ৰূপালী মেধী নাথ
আবেলিৰ হেঙুলী বেলিটি
অস্তাচলত মাৰ গ'ল ...
ফৰকাল আকাশৰ বুকুত
শুকুলা ডাঁৱৰৰ মৰমৰ ধেমালি ..
সংগীত মুখৰ ধ্বনিৰে
নীড়মুখী চৰাই জাকৰ কলৰৱ ...
শীতল ,সেমেকা পৰশ ঢালি
ধৰাৰ বুকুলৈ নামি আহে কুঁৱলী...
শৰতৰ উমাল আগমনত সুবাসী
হৈ পৰে লাজুকী শেৱালি ...
শাৰদী অনুভবে জীপাল হৈ
বতাহত হালে জালে চাপৰিৰ কঁহুৱা বিৰিণা
লহ-পহকৈ ঠন ধৰি নাচি উঠে
পথাৰৰ সেউজী ধাননি
বিলৰ পদুম পাহিয়ে
উলাহৰ হাঁহি মাৰে শৰতৰ পৰশতে ...
বোৱাৰী পুৱাতে দূৱৰিৰ দলিচাত
টোপাল টোপাল মুকুতাৰ জিলিকনি...।
শাৰদী অনুভবেৰে মন উপচে
অগণন কবিয়ে শৰতক
আলিঙ্গন কৰি মনোৰম কবিতা ৰচে ।
——————————————
মই মোৰ দৰে হ'ব বিচাৰো
মনি ডেকা
মই মোৰ দৰে হ'ব বিচাৰো
মোৰ আপোন সত্তাক বন্ধকত দি
কাৰো ওচৰত ভালৰি বোলাব নোৱাৰো মই
নিজক ভাল পাওঁ বাবেই
মই কেৱল মোৰদৰে হ'ব বিচাৰো।
জোনৰ পোহৰত নিয়ৰসিক্ত শেৱালিৰ
মায়াময় সুবাসত মই জীৱ খোজো
মোৰ মন আৰু মৰমৰ স’তে
কেৱল মোৰ বাবে।
আকাশৰ নীলাবোৰ বুকুত সাবটি
মই সপোন দেখো কেৱল মোৰ
ভালপোৱাৰ নিবিড়তাত ডুব যাব খোজা
প্ৰতিটো উজাগৰী নিশা মই আলিঙ্গন কৰো
প্ৰেমৰ এক অক্ষয় মূৰ্তি।
হৃদয়ত ৰোপন কৰা প্ৰেমৰ কলিটিক
লালন কৰো কোনেও নেদেখাকৈ
কলিজাৰ উষ্ণ ৰক্তেৰে নোৱাও নিতে।
বুকুৰ সেউজীয়াৰে মিলনৰ আখৰা পাতো
উঠি যাওঁ প্ৰেম সাগৰৰ অলেখা ঢৌত
মৰমেহে বুজি পায় মৰমৰ মূল
যাৰ সুবাসেৰে হৃদয় নিতে আমোল মোল।
———————————————
নিসংগতা
ভাগ্যশ্ৰী পাঠক
মোৰ একান্ত ব্যক্তিগত কথা এটা মোৰ নিসংগতা
নিসংগতাক নিশ্চুপ মাৰিব দিলোঁ মই
মোৰ ব্যক্তিগত কামবোৰৰ পৰা
গোপনীয়তাৰ পৰা
দৌৰি ফুৰোঁ শেতা সূৰ্যৰ সাতোৰঙৰ দৰে।
সপোনবোৰ উলমি থাকে বাস্তৱৰ সৈতে
জীৱনৰ মায়াত আবদ্ধ হৈ
ক্ষন্তেকীয়া শান্তি অশান্তিৰ মাজত
অকলে যাব লাগিব সামৰি জীৱন নাট
নিসংগ পথত অকলশৰে
শামুক গতিৰে জীৱন যায়
নিৰ্জনতাৰ পথত একাকাৰ হৈ।
নতুন পথ বিছাৰি ল’ম মই।
নিসংগতাক বিদায় দিম।
——————————————
নাৰী
পপী ডেকা
প্ৰতিটো আদৰত অভিমানী
সন্তানৰ বাবে মমতাময়ী
চকুপানীৰ নৈ ঢাকি
শান্তিৰ বাগিচাত
হাঁহিৰে ফুলি থকা ফুল এপাহি-নাৰী।
——————————————
মোৰ প্ৰিয় ঋতু শৰৎ
ভূমিকা দাস
শাৰদীয় সুবাসত আকাশৰ ঘন ক'লা
ডাৱৰবোৰ আতৰি যায় দূৰণিলে'...
নিশব্দে নিৰৱে সংগোপনে তুমি দিয়া খোজৰ অনুভৱত
কঁহুৱাই শুভ্ৰ চাদৰ উৰুৱাই নৈৰ পাৰে পাৰে
বুকুত দুখবোৰ লৈ নৈৰ পাৰত কঁহুৱাই যে বহু কথা কয়...
শৰৎ মানেই যেন শ্যামল ধৰা
তুমি যেন অফুৰন্ত সৃষ্টিৰ বতৰা
গাভৰু হয় কৃষকৰ জীয়ৰী ধাননি পথাৰ
তুমি আহিলে—
নিশা ফুলে আমোলমোল
গোন্ধেৰে সুবাসিত শেৱালি..
বিষাদৰ প্ৰতীক শেৱালিয়ে দি যায় আমাক সৃষ্টিশীলতা...
শেৱালিক বাদ দি শৰৎ যে উকা
শৰতৰ পুৱতী নিশা শুভ্ৰ শেৱালিয়ে উকা
চোতালখনি কৰি তোলে কেনে যে মোহনীয়া...
শৰতৰ তৰাভৰা আকাশৰ স্নিগ্ধ জোনাক নিশা
শাৰদী ৰাণীৰ প্ৰেমত পৰি সেউজীয়া দূৱৰি বনে
নিয়ৰৰ কণিকা শিৰত লৈ হ'ল বলিয়া....
সূৰ্য্যৰ ৰুদ্ৰ ৰূপ আৰু বাৰিষাৰ বোকা পানী নিঃশেষ
কৰিবলৈ
নি:ৰৱে নামি আহিছে শৰৎ ধৰাৰ বুকুলৈ
সময় বিপন্ন হ’লেও তুমি যে আহিবাই
শেৱালিৰ দৰেই দুখবোৰ বুকুত লৈ কঁহুৱাই
সকলোকে লয় আঁকোৱালি...
শাৰদী নিশাবোৰে বিলাই দিয়ক আমেজভৰা
মাদকতাৰ সুবাস...
শৰতে লৈ আনক এমুখ শেৱালি কোমল হাঁহি..
শৰৎ মানেই যেন আশাৰ বতৰা অনা ভাল লগা
ঋতুৰ মোহময়ী গানত জী উঠা প্ৰাণ...
———————————————————
তোমাৰ অপেক্ষাত
মনচুমী কলিতা নাথ
যোৱাবেলি আহিছিলা মলয়াৰ বোকোচাত উঠি
আকাশৰ সিপাৰৰ পৰা উৰি উৰি
শ্যামলী বুকুৰ কুটুমৰ ঘৰলৈ বুলি ।
কথাৰ মহলা মাৰি খাই বৈ জিৰাই
মুখত এখনি গুৱা ভৰাই
যাওঁ বুলি মাগিছিলা মেলানি ।
বিদায় পৰত হাঁচটিত বান্ধি দিছিলোঁ
আৰু এখন তামোল
বাটত খাবা বুলি ।
ছেগ বুজি লগতে গাঁঠি দিলোঁ মোৰ ঠিকনাটি
ক'বটো নোৱাৰি, স্বৰ্গীয় সুখৰ লাগে যদি স্বপ্নসনা ৰাগী ,
চকুৰ আঁতৰ হৈ মনৰো আঁতৰ হ'লে
যোৱা যদি মোক পাহৰি !
তোমাৰ মোনাত মনে মনে ভৰাই দিলোঁ
মোৰ চোতালৰ এটোপোলা
শুভ্ৰ সুবাসী শেৱালি ,
নৈপৰীয়া লাহি পাহি কঁহুৱা এমুঠি ।
কুঁৱলিৰ আচ্ছাদন গাতে মেৰিয়াই
অহাবাটে উভটিলা যাওঁ বুলি বিদায় মাগি ।
আকাশৰ নীলা আবৰণ ফালি
সজাল ধৰা ধাননিৰ পথৰুৱা আলিয়েদি
আকৌ আহিবা তুমি মোৰ ঠিকনালৈ ।
মোৰ অপেক্ষাৰত দুচকুত স্বপ্নৰ আবিৰ সানিবলৈ ,
হেঁপেহুৱা হিয়াত মোৰ সুকোমল শব্দেৰে
কবিতাৰ মালা গাঁঠিবলৈ ।
হে মোৰ শৰৎ সুন্দৰ
তুমিতো জানাই
এই কবিৰ সেই একেই ঠিকনা -
মুকলি আকাশৰ তলত
সেউজীয়া দূবৰিৰ দলিচা পৰা
দীঘলীয়া পদূলি,
আমোলমোল শুভ্ৰ শেৱালিৰ সুবাস সনা ।
——————————————————
অনুবাদ কবিতা
আবার যখনই দেখা হবে
কবিঃ নির্মলেন্দু গুন
বাংলাদেশ
আবার যখনই দেখা হবে, আমি প্রথম সুযোগেই
বলে দেব স্ট্রেটকাটঃ ‘ভালোবাসি’।
এরকম সত্য-ভাষণে যদি কেঁপে ওঠে,
অথবা ঠোঁটের কাছে উচ্চারিত শব্দ থেমে যায়,
আমি নখাগ্রে দেখাবো প্রেম, ভালোবাসা, বক্ষ চিরে
তোমার প্রতিমা। দেয়ালে টাঙ্গানো কোন প্রথাসিদ্ধ
দেবীচিত্র নয়, রক্তের ফ্রেমে বাঁধা হৃদয়ের কাচে
দেখবে নিজের মুখে ভালোবাসা ছায়া ফেলিয়াছে।
এরকম উন্মোচনে যদি তুমি আনুরাগে মুর্ছা যেতে চাও
মূর্ছা যাবে,জাগাবো না,নিজের শরীর দিয়ে কফিন বানাবো।
‘ভালোবাসি’ বলে দেব স্ট্রেটকাট, আবার যখনই দেখা হবে।
আকৌ এবাৰ যেতিয়াই লগ পাম
মূল কৱিঃ নিৰ্মলেন্দু গুন
বাংলাদেশ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
আকৌ এবাৰ যেতিয়াই লগ পাম
মই প্ৰথম সাক্ষাততেই
একেআষাৰে কৈ দিম ’ভাল পাওঁ’ বুলি৷
এনে নিৰ্ভিক ভাষণত যদি কঁপি উঠে,
অথৱা অধৰে কোৱা শব্দ থমকি ৰ’য়,
মই আকুহি দেখালোঁ হয় প্ৰেম, পিৰিতী,
বক্ষ বিদাৰি তোমাৰ প্ৰতিমা৷
বেৰত ওলমোৱা কোনো প্ৰথাসিদ্ধ দেৱীচিত্ৰ নহয়,
ৰক্ত ফ্ৰেমত বন্ধোৱা হৃদয়ৰ কাচত দেখিবা নিজৰ মুখমণ্ডলৰ প্ৰেমৰ ছাঁ পেলাইছে৷
এনে উন্মোচনত যদি তুমি অনুৰাগেদি মূৰ্ছা যাব খোজা
নজগাও, নিজেই নিজৰ কফিন তৈয়াৰ কৰিম৷
’ভালপাওঁ’ বুলি কৈ দিম একচিত্তে, আকৌ যিদিনা লগ পাম৷
——————————————
মানুহৰ বুকুৰ ঢৌ
হীৰেন ভট্টাচাৰ্য্য
কথাবোৰ মোৰ খুব নিজৰকৈ ক’বৰ মন গৈছে।বৰ নিজৰকৈ,
দুগালেৰে বৈ অহা চকুপানীৰ দৰে।তৰাবছা বুকুৰ এন্ধাৰত
বগুৱা বাই ফুৰিছে বাৰেগঞা এই অজান্তি শব্দবোৰ;
মই কাগজ-কলম যতনাই ল’লোঁ, যদি এষাৰো বুটলিব পাৰোঁ;
মানুহৰ বুকুত ইমান ঢৌ , ইমান সৰ্বজনীন মানুহৰ বুকু—
শস্যবান মাটিলৈ চাই মূৰ দোঁৱাই ৰ’লোঁ...
‐‐-----------------------------
Original poem by Hiren Bhattacharyya: 'Manuhar Bukur Dhau'
Translator: Dr. Dipak Jyoti Baruah
.............................................
Billowing Waves in the Human-Ocean
--------------------------
It has been a strong longing in me
To narrate the things
In my own native ways .
To narrate everything very intimately,
Like the tears can,
As they roll down one's cheeks.
In the star-studded deep dark innards
Of my heart these umpteen number
Of words;
And I have paper and pen ready with me;
Let me try,if I could
Compose at least a single line of a lyric;
Oh dear! With so many billowing waves,
How universal man is!
Benumbed, I have bowed my head
In gazing the potent earth...
———————————————
ৰুটী আৰু সংসদ
..........................
মূল:ধূমিল (হিন্দী)
অসমীয়া অনুবাদ :ৰুবুল দাস
এজন মানুহে
ৰুটী বেলে
এজন মানুহে ৰুটী খায়
তৃতীয় এজন মানুহো আছে
যিয়ে ৰুটী নেবেলে, ৰুটী নাখায় |
তেওঁ কেৱল ৰুটীৰে খেলে
মই সুধিছোঁ ---
"এই তৃতীয় মানুহজন কোন ?"
আমাৰ দেশৰ সংসদ নিৰৱ |
[ধূমিল :
জন্ম :৯ নৱেম্বৰ,১৯৩৬
মৃত্যু :১০ ফেব্ৰুৱাৰী, ১৯৭৫
হিন্দী সাহিত্য-জগতত 'ধূমিল ' ছদ্মনামেৰে প্ৰসিদ্ধি লাভ কৰা কবি সুদামা পাণ্ডেৰ জন্ম বাৰানসীৰ খেৱলী নামৰ এখন সৰু গাৱঁত |তেৱঁৰ প্ৰকাশিত গ্ৰন্থ কেইখন হ'ল ---
১|সংসদ সে সড়ক তক ২| কল সুননা মুঝে ৩| সুদামা পাণ্ডে কা প্ৰজাতন্ত্ৰ ইত্যাদি |
"কল সুননা মুঝে " কাব্যগ্ৰন্থৰ বাবে তেওঁক মৰণোত্তৰভাৱে ১৯৭৯ চনত সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰদান কৰা হয় |আজি অনুবাদৰ অনুশীলনত তেওঁৰেই এটা কবিতা --"ৰোটী ঔৰ সংসদ "|]
——————————————
ৰাতিপুৱাৰ প্ৰাৰ্থনা
ভাৱানুবাদ- জাহ্নৱী কাকতি
কবি- লুইছ গ্লিক
আপুনি জানিবলৈ বিচাৰে নেকি
মই কেনেকৈ মোৰ সময়বোৰ
অতিবাহিত কৰো?
মই সন্মুখৰ ল'নত খোজ কাঢ়োঁ,
অপতৃণ উভালি পেলোৱাৰ ভাও ধৰোঁ
আপুনি জনা উচিত
মই অপতৃণ উভালা নাই কেতিয়াও
আঠুত ভৰ দি টানি আছোঁ
ফুলনিৰ পৰা ঘাহৰ মুঠিবোৰ
আচলতে,
মই কিছু সাক্ষ্যৰ বাবে সাহস বিচাৰি আছোঁ
মোৰ জীৱনটো সলনি হৈ যাব
সাংকেতিক পাতৰ বাবে প্ৰতিটো টুকুৰা
পৰীক্ষা কৰোতে যদিও ই
গোটেই জীৱনটো ল'ব
আৰু সোনকালেই
গৰমৰ দিন শেষ হ'বলৈ গৈ আছে।
ইতিমধ্যে পাতবোৰ সৰিব ধৰিছে,
সদায় বেমাৰী গছবোৰ প্ৰথমে মৰি আছে।
উজ্জ্বল হালধীয়া ৰঙৰ কিছু আন্ধাৰৰ পক্ষীয়ে
সিহঁতৰ সংগীতেৰে সান্ধ্যআইন জুৰিছে
আপুনি মোৰ হাতখন চাব বিচাৰে নেকি?
প্ৰথমটো টোকাৰ দৰেই এতিয়া খালী।
আৰু সেই দফাটোৱে আছিল সদায়
কোনো সংকেত অবিহনে
অব্যাহত ৰাখিবলৈ?
Matins
---------------
You want to know
how I spend my time?
I walk the front lawn ,
Pretending to be weeding.
You ought to know
I'm never weeding , on my knees , pulling.
Clumps of clover from the flower beds:
in fact I'm looking for courage ,
for some evidence.
my life will change , though it takes forever , checking each clump for the
symbolic leaf ,
and soon the summer is ending ,
already the leaves turning ,
always the sick trees going first ,
the dying turning
brilliant yellow ,
while a few dark birds
Perform their curfew of music.
You want to see my hands ?
As empty now as at the first note
Or was the point always
to continue without a sign ?
——————————————
অটল বিহাৰী বাজপেয়ীৰ তিনিটা কবিতা
ভাৱানুবাদ--গায়ত্ৰী দেৱী বৰঠাকুৰ
( এক)
দুই চতুষ্পদী
সেই একেই লক্ষ্যস্থান
সেই একেই কোঠালি
সেই একেই খিৰিকী
সেই একেই পাহৰা
ৰজা সলনি হ'ল
মুকুট সলনি হ'ল
কিন্তু নাই
সলনি নহ'ল সমাজ ।
( দুই)
অন্তঃদ্বন্দ
সত্য কি,শিৱ কি,সুন্দৰ কি?
শৰ অৰ্চন
শিৱৰ বৰ্জন,
বিসংগতি অথবা ৰূপান্তৰ বুলি কওঁ?
দুগুণ বৈভৱ
খালী অন্তৰ
প্ৰগতি অথবা প্ৰতিস্থলান্তৰ বুলি কওঁ?
কেৱল সংক্ৰমণ
অথবা নতুন সৃজন?
স্বস্তি বুলি কওঁ নে নিৰুত্তৰ হৈ ৰওঁ?
(তিনি)
এবছৰ উকলি গ'ল
এবছৰ উকলি গ'ল
জুই বৰষা জেঠৰ মাহ
শৰতৰ জোনাকো উদাস
উচুপনিৰে ভৰা শাঁওণৰ
সেই পুৰণি প্ৰথা আৰু নাই ,হেৰাল
এবছৰ উকলিল।
শিকলেৰে মেৰিয়াই থ'ব পৰাকৈ সংকুচিত পৃথিৱী
কিন্তু প্ৰাণপক্ষীৰ মাতহে চোন নুশুনি
পৃথিৱীৰ পৰা আকাশলৈ
মুক্তি সংগীত বিয়পি পৰিল ,
এবছৰ উকলিল
বাটত থৰ লাগি ৰৈ থকা দুচকু
আঙুলিৰ মূৰত গণি -গণি থোৱা দিন,পল,
ঘূৰি আহিব জানো কেতিয়াবা
মনৰ যিজন মানুহ ক'ৰবাত হেৰাই গ'ল,
এবছৰ উকলি গ'ল।
1 Comments
বহুত সুন্দৰ হৈছে কাব্যালোচনীখন। কবিতাবোৰ বহু উন্নত মানৰ হৈছে।
ReplyDelete