পষেকীয়া কাব্যকানন ৪ৰ্থ বৰ্ষ ২য় সংখ্যা


             সম্পাদনা সমিতি


সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ

বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------

                      বাটচ’ৰা 
(সম্পাদকীয়)

       ৰাজনীতি বেয়া ,চোৰ-দগাবাজৰ বুলি এৰি দি,বৌদ্ধিকমহল যেতিয়ালৈ আঁতৰি থাকিব , তেতিয়ালৈ সামাজিক পৰিবৰ্তন অসম্ভৱ ৷ কেজৰিৱাল, ব্যতিক্ৰমী ৰাজনৈতিক চৰিত্ৰ। আজি আমি তেখেতৰ জয় গান গাইছোঁ । কিন্তু এইজনকে বহু ট্ৰল কৰা হৈছিল।দুবাৰ  ৰাজহুৱাকৈ অপদস্থ কৰা হৈছিল। প্ৰথম কোৱা হৈছিল-ৰাজনীতিত নামিবলৈয়ে হাজাৰেৰ লগত আন্দোলন কৰিছিল। আৰু যে কত কি !
   আমি  মানুহবোৰ বহু আৱেগিক।বিতৰ্কপ্রিয়।হকে-বিহকে চিঞৰি , দুদিন পাছতে পাহৰি যাওঁ । চিঞৰাতো ভাল।পাহৰি যোৱাতো ভাল।
   কেৱল বেয়া বুলি হৈ চৈ কৰি থকাতকৈ আমাৰ সকলোৰে কৰণীয় আছে। আমি প্ৰথম নিজকে সংশোধন কৰিব লাগিব , নিজক পৰিবৰ্তন কৰিব লাগিব । তাৰ পাছতহে সামগ্ৰিক অৰ্থত পৰিৱৰ্তন আশা কৰিব পাৰিম । 
   এইকথাখিনি বৰ্তমান চলি থকা সাহিত্য জগতৰ ক্ষেত্ৰতো প্ৰযোজ্য ।
  চৰ্চা ,সাধনা ,একাগ্ৰতা আৰু অধ্যয়নে কাৰোৰে সৃষ্টিৰ বৰ্ণময় যাত্ৰা ৰূদ্ধ কৰিব নোৱাৰে। 
    অৱশ্যে মই আৰু এটা কথাত বিশ্বাসী যে কোনো মঞ্চই সাহিত্যিক জন্ম দিব নোৱাৰে, কিন্তু প্ৰকৃত মঞ্চৰ অবিহনে বহু প্ৰতিভা কলিতে মৰহি যায়।
   মহান মহান মনীষী সকলেই সমালোচনাত বিধস্ত। গোটেই জীৱন জাতিৰ বাবে,মানুহৰ বাবে সেৱা কৰি ,শেষত মহাত্মাই জীৱনটোও উচৰ্গা কৰিবলগীয়া হৈছিল মানুহৰ হাততে । তাৰ তুলনাত আমি বোৰনো কোন কূটা !
      ধনাত্মক সমালোচনাই আমাক সমৃদ্ধ কৰে। কিন্তু ঋণাত্মক সমালোচনাই আমাক হতাশাগ্ৰস্ততাত ভূগায়।কেতিয়াবা অত্যাধিক ঋণাত্মক সমালোচনাই মৃত্যুমুখলৈও ঠেলি দিয়ে। সেয়ে, ঋণাত্মক সমালোচনক উলাই কৰি,ধনাত্মক সমালোচনাৰে নিজকে সংশোধন কৰি, নিজৰ লক্ষ্যপথত আগুৱাই যোৱাহে শ্ৰেয়। 

 
  নৱ ৰাজন 
  সম্পাদক 
  কাব্যকানন
———————————————————
                          কবিতাৰ আড্ডা 
উদয় কুমাৰ শৰ্মা 

১) 
     (কবিতা সম্পৰ্কে )

শব্দৰ সহায়ত, অন্য এক অৰ্থ বিৰিঙি (ব্যঞ্জিত হৈ)নুঠিলে ; ৰহস্যময়তা আৰু ইঙ্গিত নাথাকিলে ; কথনশৈলীৰ নতুনত্ব আৰু চিন্তাৰ অভিনৱত্ব বা
বক্তব্যৰ তেজস্বীয়তাই পঢ়ুৱৈক আকৃষ্ট কৰি ভবাই তুলিব নোৱাৰিলে -- কবিতা হ’বগৈ পাৰে -- কবিৰ অনুভৱৰ অনুবাদ বা আত্মবিবৃতিহে মাথোঁন।

২)
(আলোচনীকেন্দ্ৰিক কবিতাৰ প্ৰচাৰ) 

       অসমীয়া কবিতাৰ প্ৰচাৰ -- আজিও আলোচনীকেন্দ্ৰিক বা কাকতকেন্দ্ৰিক! কিতাপকেন্দ্ৰিক হ'লে -- কিতাপৰ উদ্যোগটোৱে লাভবান হৈ, কবিতাৰ কিতাপ প্ৰকাশৰ প্ৰতি আগ্ৰহী হ'লহেঁতেন। 

       আলোচনী এখন পষেকীয়া বা এমহীয়া -- লেখক অনেক। কিতাপ একোখন সংৰক্ষণ কৰি ৰাখিব পাৰি -- লেখক এগৰাকীয়েই। আলোচনী, কাকত একোখনত, নিম্নমানৰকেইটা এৰাই, ভিন্ন কবিৰ বিচিত্র কবিতাৰ জুতি ল'ব পাৰি। কিন্তু, এগৰাকী মানসম্পন্ন কবিৰ কবিতা-সংকলন পঢ়ি -- কবিগৰাকীক ভালদৰে বুজিব পাৰি ; যি, পাঠক-কবিৰ নিজৰ কাব্যিক-বিকাশৰ বাবেও লাভজনক। বহু কবি-পঢ়ুৱৈয়ে আলোচনী বা ফে'ইছবুকতে কবিতা পঢ়িবলৈ পায় বাবেও, কবি একোগৰাকীৰ ব্যক্তিগত কাব্য-সংকলন কিনি পঢ়াৰ প্ৰতি আগ্রহী নহয় ; যিটো, নিজৰ লগতেকিতাপ-উদ্যোগটোকো ক্ষতি কৰে। যাৰ ফলত, সম্প্ৰতি, অসমত অজস্র লেখকে কবিতা লিখিবলৈ লৈছে যদিও -- অসমীয়া কবিতা-পুথিৰ বিক্ৰী দুৰ্ভাগ্যজনকভাবে পুতৌ লগা! 

সেয়ে, আজিকালি, বহু কবিয়ে প্ৰকাশকৰ নাম একোটা দি কবিতা-পুথি ছপা কৰি -- নিজৰ সাঁচতীয়া ধন পানীত পেলাবলগীয়া হৈছেগৈ! 

 কোনো কোনো তৰুণ কবিয়ে নিজকে সুধি চোৱাটো ভাল : 'মই বাৰু কাৰ কাৰ কিতাপ কিনি, কবিতা পঢ়িছোঁ ; মোৰ কিতাপ কোনোবাই কিনিবনে? '

নাম থকা কিছুমান কবিয়ে আকৌ 'উপহাৰ' হিচাপে নাপালে, তৰুণ কবিৰ কবিতা নপঢ়ে। 'উপহাৰ' পোৱাৰ পাছতো -- সেই কিতাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি দুষাৰ কোৱাটো বিৰল উদাহৰণ  !
———————————————————
                            কবিতা 

ঋতুময়
জুবিলী গগৈ

পথৰুৱা আলিয়েদি
সুহুৰি এটা
বাগৰি যাব খুজিছিল

মুনিচুনি বেলা 
ওৰণি তলেৰে
ভুমুকি মাৰিছিল
জোনাক-কোমল এটা পল

গাৰ সৰ্পিলতাত হিমসনা
ভাব এটা
উজাই আহোঁতেই
সৰি পৰিছিল
ডিঙিৰ মুকুতা

সুহুৰিটোৱে 
মুকুতাৰ দাপোণত
নিজকে চাব খুজিছিল

কিয় জানো পদূলিৰ নাৰিকলজোপাৰ ভাঁজত
নতুন খবৰ এটা
ওলমি থকা যেন লাগিছিল...
——————————————————
ডিয়েৰ কমৰেড
ৰাশ্বেল চৌধুৰী 

আমেৰিকাই বিৰোধ কৰিছে
প্ৰেমৰ চিঠিবোৰ সিহঁতৰ নীতিবহিৰ্ভূত
মধ্যপ্ৰাচ্যৰ পৰা তেল লুটপাটৰ কূটনীতি
আৰু যুদ্ধাস্ত্ৰৰ সলনি শ্বেতাঙ্গসকলৰ কথাই
সিহঁতৰ আদৰ্শক খুন কৰিছে ।

ৰাছিয়াও মানি নলয় ভালপোৱা 
চাবমেৰিণৰ গুপ্ত বোমাৰ চকুৱে 
তোমাৰ বুকু বৰাবৰ কৰিছে নিছানা
দুই মহাক্তিয়ে মিলিত হৈছে চুক্তিত
শাৰদীয় জোন আমাক চাব নিদিব
পূৰ্ণিমাৰ ৰাতি জোনৰ বুকুত যৌথভাবে বোমা ফুটাব।

প্ৰেমৰ নৱ মূল্যায়ন কৰা কমৰেড কবিতাবোৰক
জাতিসংঘৰ নিষিদ্ধ ঘোষণা 
কবিতাত ধুমুহাৰ অন্তৰ্বাস ,বানৰ উৰু ,
মেঘৰ ব্লাউজ ,আকাশৰ পেটিকোট আৰু
এন্ধাৰৰ গুপ্তাঙ্গত পাখি মৰা চৰাইৰ কিৰিলি নাই
কেৱল পেট ,অধিকাৰ আৰু ৰ'দৰ কথা
এইবোৰৰ পৰা মানুহে কামসূত্ৰ আৰু কূটনীতি শিকিব নোৱাৰে 
সেয়ে জাপান ,ফ্ৰাঞ্চ ,ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াও হাত মিলাইছে l

প্ৰেমৰ হোৱাইট হাউছত প্ৰব্ৰজন কৰিছে দৰিদ্ৰতা 
আমি আলিঙ্গন কৰোঁতে নামানিম সিঁহতৰ চৰ্ত
প্ৰতিপাহ চুমাৰ সূতৰ হাৰ হ'ব শূন্য 
সন্তান লোৱাৰ বাবে যিহেতু আমি কৰ নিদিম
সেয়ে শিয়াল চীনে আৰোপ কৰিছে অৰ্থনৈতিক নিষেধাজ্ঞা ।

মাৰ্ক্সীয় প্ৰেমৰ লাফাংগা হোৱা শব্দৰ শপত  
জনতাৰ বুকুৰ মালভূমিত নিৰ্মাণ কৰিম নতুন ৰাষ্ট্ৰ 
কাৰখানাবোৰত মাৰণাস্ত্ৰৰ সলনি ছপা হ'ব কবিতা
বিনিময় প্ৰথাত অৰ্থ নাথাকিব থাকিব ফুল আৰু পখিলা  ।

প্ৰিয় স্বাধীনতা ,
এয়া আন্তৰ্জাতিক প্ৰতিজ্ঞা
যদি চৰ্তহীন এটি চুমা দিয়া
মই নিঃস্বাৰ্থ এজন কমৰেড দিম  ।
———————————————————
আত্মজাহৰ ব্যৰ্থতাত
মিণ্টু দাস

ৰ'দহীন সূৰ্য এটা ওলমি জ্বলি আছিল
কুহুমীয়া কলিজাৰ বাকৰিত
নিষ্প্ৰাণ, নিৰ্বাক ভাৱ এটাই 
চোবাই শেষ কৰিছিলহি মগজুৰ এচোৱা

সুখহীন পৃথিৱীৰ হেৰুওৱা সৌন্দৰ্য বিচাৰি
চলাথ কৰে গোন্ধহীন সমীৰণে

শুভ্ৰ বস্ত্ৰ, ধোঁৱা আৰু ছাইৰ প্ৰতিও
শেষ হয়
শেষৰ আশাখিনি সসীমৰ কোনোবাখিনিত

ৰৈ যোৱাটো জীৱন নহয় 
অথবা
যাব নোখোজা পথেৰে যাব খোজাটোও

বুকুৰ চহা চুবুৰি আজি কিনো হ'ল
ইমান নিমাওমাও
লাগি আছে নেকি পূৰ্বজন্মৰ কালিকালগা
সময়ৰ সেৰেকা শাও

আত্মজাহৰ আৰ্তনাদ মোৰ প্ৰিয়
নাছিল কোনোদিন
আৰু
কাপুৰুষৰ দৰে পলোৱাৰ স্বভাৱ
জীৱনৰপৰা 

এই ব্যৰ্থতাৰ ব্যথাত
বাঢ়ি আহে
চন্দ্ৰকলাৰ দৰে একলা-দুকলাকৈ
দুখ দোতাৰাৰ দোলনাত

জীয়নৰ বাবে জীৱনত আৰু 
বাকী আছে বা কি
মৃত্যু চোন
অতিকৈ অচিনাকি।
———————————————
শংখ হৈ উটিব খোজা জোনৰ টুকুৰাবোৰ
অনিতা গগৈ 

সোণৰ ৰথেৰে পাৰ হৈ যায়
 পুৰাকথাৰ ৰজাবোৰ
 
 অশ্বমেধৰ ঘোঁৰাৰ খুৰাই মহতিয়াই যোৱা 
সেউজ উপত্যকাৰ বিদীৰ্ণ নিৰৱতাত 
মূৰ দাঙি উঠে অযুত অপবাদ 

শুকাই যোৱা নৈ আৰু চৰত উবুৰি খাই পৰি ৰোৱা 
নাৱৰ বুকুত কোনোবাই পোৰে 
এচাকি পোহৰৰ কেঁচা গোন্ধ এটা 

বেলিটো ডুবাৰ ঘাটত 
সেমেকা বালিৰ হাতবোৰে তুলি লয় 
শংখ হৈ উটিব খোজা 
জোনৰ টুকুৰাবোৰ।
—————————————————
শিলৰ চোলা
দাদুল ভূঞা

সেই যে গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহজনক
ৰজাই শিলৰ চোলা এটা চিলাই দিবলৈ কৈছিল

শিলৰ চোলা চিলাব নোৱাৰি
উত্তৰত মানুহজনে ৰজাক কৈছিল - "পানী বেজিৰ কথা"

সকলো জটিলতাৰ পিছত
যিদৰে আন এটা জটিলতাই থিয় দিয়ে
ঠিক সেইদৰেই 
সহজ বুলিবলৈ পৃথিৱীত একো নাই
যদিহে সহজ হোৱাৰ আমি  অভিনয় নকৰোঁ

ৰাতিপুৱা শুই উঠাৰ পৰা
ৰাতি শোবলৈ যোৱালৈকে
জটিলতাৰ কোনো শেষ নাই
কেৱল জটিলতাৰ পিছে পিছে দৌৰি থাকে
জীৱন যুদ্ধৰ ৰণুৱা ঘোঁৰা

অলপ আগতে জন্ম হোৱা শিশু এটাই
যিদৰে একো বুজি নাপায়
ঠিক সেইদৰে জীৱন যুদ্ধত
আগুৱাই যোৱা
কোনো মানুহেই বুজি নাপায়
শিলৰ চোলাৰ কথা
অথবা পানী বেজিৰ কথা

কাৰণ কোনো মানুহেই যে
গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা
মানুহজন হ'ব নোৱাৰে

এয়া , কেৱল জীৱন জটিলতাৰ
এক শিল্পিক পটন্তৰহে মাথোঁ...

আৰু শিলৰ চোলা !
এটা বুজি নোপোৱা কৌশল ।
——————————————————
গল্প
অলকা মহন্ত বৰুৱা

গল্পটোৰ শেষত
ঠিক এনেকুৱা এটাই ঘটনা ঘটিছিল ।

এখন কাণ বিশেষ অজুহাতত মানুহজনে কাটি লৈছিল যদিও আনখন কাণেৰে ঠিকেই শুনিছিল
তেওঁৰ এটা বেয়া অভ্যাস আছিল
সদায় ওলাই যাওঁতে তেওঁৰ নাকটো এটা চন্দুকত ভৰাই থৈ গৈছিল।
যিখন কাণেৰে তেওঁ শুনিছিল 
এদিন ঘা লাগি লাহে লাহে পচিছিল আৰু সময়ত সেই কাণখন পচি সৰি পৰিছিল

বৰ্তমান 
তেওঁ কাণেৰে নুশুনে
একোৰে গোন্ধ নাপায় ‌
একো নুশুনাৰ বাবে তেওঁৰ মাতটো ডাঙৰ হৈছিল
গোন্ধ নোপোৱাৰ ফলত ফুলনি আৰু নৰ্দমাৰ পাৰ্থক্য ধৰিব নোৱাৰা হৈ পৰিছিল ।

এদিন আচৰিত ধৰনে মানুহজনে চন্দুকৰ পৰা নাকটো উলিয়াই ল’লে  
দুখন কৃত্ৰিম কাণো লগালে
ঠিক সেইমুহূৰ্তৰ পৰাই
তেওঁ ইমান অস্থিৰতাত ভূগিলে যে
বিচাৰিব খুজিও তেওঁ
নাকটো আৰু কাণ দুখন
পুনৰাই সোলকাই পেলাব নোৱাৰিলে ।

তেওঁ কেৱল দেখি থাকিল
তেওঁৰ ওচৰে পাচৰে
থকা মানুহ বোৰৰ
কাণ সৰিছে
নাক খহিছে
আৰু জিভাও চিঙিছে ।
———————————————————
ফৰ্মা
স্বপ্নালী কলিতা

আমুৱাই যোৱাৰ পাছতো 
"যি হৈছে ভাললৈ হৈছে" বুলি
চকুৰ পথাৰত এডৰা সৰিয়হ ফুলিলে 
গুটি চপোৱাৰ ভাৱনা এটা
আলাসতে ধোঁৱা ঘোঁৰা হৈ উৰি থাকে ।

ৰান্ধনিঘৰৰ পিৰালিত দুটা শিয়ালে
কাণ উণাই থাকিল ।
বক্‌ বক্‌ বক্‌...
পানীকথা চলি থাকিল ।

আহি থকাবোৰ সঁচা
এৰি অহাবোৰ মিছা (?)।

এখন ৰুটিয়ে কাটি আছে উশাহৰ ফৰ্মা 

গৰুগাড়ীৰ আওপুৰণি এযোৰ চকাই
মাটিৰ মোহ এৰি বোবা হৈছে ।

ফৰ্মাত খাৱন
ফৰ্মাত শোৱন
ফৰ্মাত দিয়ন

ফৰ্মাত ভৰাই সাঁচত ঢালি 
আছোঁ 
জীয়ন দিয়া জীৱন ।
———————————————————
এই পথেৰেই পাৰ হৈ যাব এজন ৰজা 
সীমা গগৈ
                           
পেটত গামোচা বন্ধা খৰিকটীয়াজনে এদিন 
আকাশৰ পৰা খহি পৰা তৰাটোলৈ 
চাই চাই 
মনে মনে  প্রাৰ্থনা কৰিছিল

উধানত নজলা জুইকুৰাই 
বুকুত উজ্বলাইছিল 
এচপৰা নুশুকুৱা ঘা

খৰিকটীয়াই সপোনত  দেখিলে-
জুইকুৰাত সিদিনাখন  
কিলবিলাই থকা ভোক এটা
আত্মজাহ গৈছিল  

অহেতুক কথাবোৰ
নৈ এখন হৈ বৈ থাকিল...

পানীৰ দাপোনত ভাহি থাকিল
একাঁজলি নদীময় এটা

কিজানিবা পোতনিৰ পৰাই ঘূৰাই পাব পাৰি
আধাগঢ়া পৃথিৱী এখনৰ শাম্য উশাহ  !

পেটত গামোচা বন্ধা মানুহবোৰ 
এতিয়া হেনো  ৰাজপথত অপেক্ষাৰত 

এই পথেৰেই পাৰ হৈ যাব এজন ৰজা  !
———————————————
জুই
ইলামণি শইকীয়া

মিছা নামাতিব 
আপোনাৰ বুকুতো জুই একুৰা জ্বলি থাকে
জুইকুৰাই আপোনাক শান্তিত খাবলৈ নিদিয়ে
জুইকুৰাই আপোনাক সুখৰ সপোন ৰচিবলৈ নিদিয়ে
জুইকুৰাই আপোনাক মৰিবলৈ নিদিয়ে

জীবলৈও
জুইকুৰাৰ বাবেই আপুনি জীয়াই থাকে
জুইকুৰাক আপুনি জীয়াই ৰাখে

জুইকুৰা আনে দেখা নেদেখাটো আচল কথা নহয়
আচল কথা 
জুইকুৰাক বুকুত জ্বলি থাকিবলৈ দিয়াটো

জুইকুৰা জ্বলাই ৰখা মানেই আপুনি শিয়ালৰ হুৱাত জাহ নোযোৱা।
————————————————

বৰষুণৰ কথাৰে
গায়ত্ৰী দেৱী বৰঠাকুৰ

কিমান জাক বৰষুণত তিতিলে 
সেউজীয়াই পোখা মেলে
কোঁহে- কোঁহে 
সেই কথা 
জানে গছেহে 

কিমান বাৰ ৰ'দে দহিলে 
আন্ধাৰত হেৰাই যায়
পোহৰৰ পথিক
সেই কথা
বুজে মাটিয়ে  

বতাহেও আনে বৰষুণৰ বাতৰি
মলয়া, পছোৱা  ,কুৰুৱা
নে  ফাল্গুনী 
সেই কথা 
নোসোধে সময়ে 

এজাক বৰষুণত তিতাৰ পাছতো
কিমানজন আকৌ 
তিতে বৰষুণতে  
সেই কথা 
আকাশে- বতাহে 

পিছে কালৈ  বাট চাই
শাওণৰ জাক-  জাক 
মুষলধাৰ বৰষুণ  
নামে দুচকুৰে  
সেই কথা 
বুজানে সঁচায়ে।

●●●●●●●●●●●●●●●●●●●●●●●●●●●
অসম_কাব্যকাননৰ_অনন্য_অনুষ্ঠান 
কথোপকথন...

এই পষেকৰ অতিথি : 
জনপ্ৰিয় কবি চন্দন গোস্বামী 

সাক্ষাৎকাৰ গ্ৰহণ: অনামিকা ৰায় 


   অসমৰ আগশাৰীৰ প্ৰায় সকলো আলোচনীত কবিতা প্ৰকাশ হোৱা বৰ্তমান  সময়ৰ এজন প্ৰতিষ্ঠিত কবি, যাত্ৰা কাব্যালোচনীৰ সম্পাদক চন্দন গোস্বামী ডাঙৰীয়াৰ প্ৰকাশিত কাব্যগ্ৰন্থ-
◆এখন চোতাল নথকা মানুহৰ প্ৰতি (2012)
◆জনান্তিক (2017)
◆ননী বৰপূজাৰী(জীৱন আৰু শিল্প বীক্ষণ) গ্ৰন্থৰ সংকলন আৰু সম্পাদনা ৷ (2019)

শ্ৰদ্ধাৰ কবিগৰাকীৰ সৈতে হোৱা আমাৰ কথোপকথন আপোনালোকলৈ আগবঢ়ালোঁ.. 

◆অ:কা:কা:- প্ৰথমে অসম কাব্যকাননৰ এই কথোপকথন অনুষ্ঠানলৈ আপোনাক আন্তৰিকতাৰে  স্বাগতম জনাইছোঁ। আমি প্ৰথমে  আপোনাৰ পৰিচয় , কৰ্ম জীৱন ব্যস্ততা  আৰু সাহিত্য চৰ্চা সম্পৰ্কে জানিব বিচাৰিছোঁ।

●চন্দন গোস্বামীঃ  নমস্কাৰ ৷ 
মৰিগাঁও জিলাৰ উত্তৰ - পূৱ কোণত অৱস্থিত ঐতিহ্যমণ্ডিত  কপাহেৰাৰ শ্ৰীশ্ৰী আহঁতগুৰি  সত্ৰত  মোৰ জন্ম ৷ 
মই এজন শিক্ষক ৷ 
প্ৰথমতে মই সাহিত্যৰ এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰ, সেই সূত্ৰে তৃতীয় শ্ৰেণীৰ এজন  পাঠক ৷ সেয়ে মাজে সময়ে মই মণ্ড কবিৰ যশঃ প্ৰাৰ্থীৰ অপচেষ্টা নকৰা নহয় ৷ 

◆অ:কা:কা:- আপুনিও জানে, মইও জানো আৰু হয়তো কাব্যপ্ৰেমী সকলৰো জ্ঞাত যে কবিতাৰ নিৰ্দিষ্ট এটা সংজ্ঞা নাথাকে। তথাপি এজন কবিতাৰ স্ৰষ্টা হিচাপে কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা জানিব বিচাৰিম?

●চন্দন গোস্বামী : “স্ৰষ্টা" শব্দটো মোৰ ক্ষেত্ৰত নিমিলে ৷ সাধাৰণ এজনৰ দৰে ময়ো কওঁ আমি বাস কৰি থকা ক্ষুদ্ৰ এই গ্ৰহটো যিয়ে আমাৰ জীৱনক দিন প্ৰতিদিন বিষ্ময় আলোকৰে আলোকিত কৰি ৰাখিছে সেই বৰ্ণালীৰ ৰূপ দৃষ্টি কবিতাৰ দ্বাৰা  কবিয়েহে দিব পাৰে ৷

◆অ:কা:কা- গদ্য আৰু পদ্যৰ  মাজত সম্পৰ্ক আছেনে? যদি আছে কিহত? কেৱল ৰূপতেই নে? পুৰুষ এজনে মহিলাৰ সাজ-পাৰ পৰিধান কৰিলেও সাধাৰণ জ্ঞানৰেই তেওঁক পুৰুষ বুলি চিনিব পৰা যায়। এতেকে কবিতাৰ শৰীৰ এটা নির্মাণ কৰিলেই সি কবিতা হ'ব নে?

●চন্দন গোস্বামী :এইখিনিতে ভামহে কিদৰে কাব্যৰ স্বৰূপ নিৰ্ণয় কৰিছে চাওঁ আহক ৷ তেখেতে কৈছে“ শব্দৰ্থৌ সহিতৌ কাব্যং গদ্যং পদ্যঞ্চ তদ্বিধা ৷ “ ভামহে শব্দ আৰু শব্দৰ প্ৰতিপাদ্য অৰ্থৰ সুষ্ঠ সমাবেশক কাব্য সংজ্ঞা দিছে আৰু কাব্যক গদ্য আৰু পদ্য এই দুইভাগত বিভক্ত কৰিছে ৷

  নহয় ৷ কবিতাৰ শৰীৰৰ মাজত কবিতাটো থাকিব লাগিব ৷

◆অ:কা:কা:-কবিতা এবিধ স্বতন্ত্ৰ সাহিত্য ৰূপ নে কেৱল এটা শৈলী?

●চন্দন গোস্বামী :সাহিত্যৰ মূল ৰূপ হ‘ল কাব্য ৷ বিশ্বনাথ কবিৰাজে পোন প্ৰথমে স্পষ্ট ভাষাৰে কৈছে “ বাক্যং ৰসাত্মকং কাব্যং।" ৰসকে কাব্যৰ প্ৰাণৰূপে অভিহিত কৰিছে ৷ 


◆অ:কা:কা:-অসমৰ এজন অন্যতম স্বনামধন্য কবি অজিত বৰুৱাই কবিতাৰ সৃষ্টিত স্বতঃস্ফূৰ্ততা আৰু নির্মিতিৰ উভয়ৰে গুৰুত্বৰ প্ৰসংগ বিভিন্ন সময়ত বিভিন্ন আলোচনাত উল্লেখ কৰিছে। স্বতঃস্ফূৰ্ততাৰ গুৰুত্বৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কৈছে- "কবিতা হঠাতেও আহে/অভিক প্ৰেমৰ দৰে;/নহ'লে মুঠেও নাহে/বছৰ বাগৰি হাঁহে।"
তেনেহ'লে কবিতা জানো লিখোঁ বুলিয়েই লিখিব পাৰি?

●চন্দন গোস্বামী :দৰাচলতে আত্মমুগ্ধ নহৈ  জীৱন আৰু জগতৰ মৰ্ম উপলব্ধিৰ মাজেৰে ঝিৰ্ ঝিৰ্ কৈ বৈ অহা এটি নান্দনিক স্ৰোত ৷ যিয়ে জীৱনক জীৱন দৃষ্টি দিবলৈ উদ্বেলিত কৰি থাকে অহৰহ ৷


◆অ:কা:কা:- #কাব্যকানন নামৰ কাব্য পত্ৰিকাখন আপুনি পঢ়িছেনে? পত্ৰিকা খনৰ ওপৰত আপোনাৰ অনুভৱ  জনাবচোন?

●চন্দন গোস্বামী :পঢ়িছোঁ ৷ নতুনৰ বাবে এখন ৰুচিশীল সাহিত্য পত্ৰিকা ৷ 

◆অ:কা:কা: সময়ৰ বুকুত জনম লভি সময়ৰে গতিত লুপ্ত হোৱা আলোচনী সমূহৰ আঁৰত লুকাই থকা কাৰণ কি বুলি ভাবে আপুনি?

●চন্দন গোস্বামী :সঠিক আন্তঃগাঠনি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ অভাৱ ৷

◆অ:কা:কা:- আপোনাৰ কবিতা মই পঢ়িছোঁ। খুবেই সুন্দৰ আৰু উন্নতমানৰ কবিতা। যদি আমি আপোনাক এজন ভাল কবি হিচাপে গ্ৰহণ কৰি আপোনাৰ অনুজ সকললৈ এটা বাৰ্তা বিচাৰো, আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব?

●চন্দন গোস্বামী :কবিয়ে কোনোকালে তৰল ভাৱপ্ৰৱাহত লীন নহয় ৷  কাহানিও  হ‘ব নোৱাৰে ৷ 

◆অ:কা:কা:-কবি এজন কেৱল কবি নহয়, লেখক এজন কেৱল লেখক নহয়। এজন কবি বা লেখক হয় খেতিয়ক, ব্যৱসায়ী, শ্ৰমিক অথবা চাকৰিয়াল। আমি জানো, আপুনিও কবি হোৱাৰ সমান্তৰাল ভাৱে এজন শিক্ষক । তেনে পৰিপ্ৰেক্ষিতত কিদৰে সময় উলিয়াই কবিতা লিখিবলৈ কবিবোৰে? আৰু আপুনি?

●চন্দন গোস্বামী :বৃত্তিয়ে যিকণ সময় লয় 100% দিয়াৰ পিচত যি সময় ৰয় তেনে সময়ৰ সু-ব্যৱহাৰ কৰো ৷ 

◆অ:কা:কা:- সমগ্ৰ বিশ্ব বিয়াপি এতিয়া "কৰ'ণা"ৰ  সন্ত্ৰাস । শেহতীয়াকৈ ভাৰত আৰু অসমৰ পৰিস্থিতি অধিক জটিলতাৰ দিশত। এনে সময়ত অসম আৰু অসমীয়াৰ বাবে আপোনাৰ বাৰ্তা?

●চন্দন গোস্বামী :মহামাৰীৰ কৰাল গ্ৰাসে আমাক যাতে নিঃশেষ কৰিব নোৱাৰে তাৰ বাবে প্ৰতি মূহুৰ্ত সচেতন হৈ যুঁজ দিব লাগিব ৷ চিকিৎসা বিজ্ঞানৰ বিধি মানিব লাগিব ৷ 

◆অ:কা:কা:ইমান বছৰে কবিতাৰ মাজত থাকি আজি আপুনি কবিতাক কি বুলি উপলব্ধি কৰে?

●চন্দন গোস্বামী : আমাৰ যি জীৱন শিল্প ইয়াৰ নান্দনিক উপলব্ধি কৰিবলৈ কবিতাক মই তৃতীয় নয়ন বুলি ভাবো ৷ 

◆অ:কা:কাঃ কিহে মানুহ এজনক কবি কৰি তোলে?

●চন্দন গোস্বামী : জীৱন আৰু জগতৰ প্ৰতি সজাগ ,সচেতন আৰু আধুনিক মনৰ গৰাকীজনকে কবি কৰি তোলে ৷ 

◆অ:কা:কাঃ আপোনাৰ বাবে কবিতা নিৰ্মাণ নে ধ্যান?

●চন্দন গোস্বামী : গভীৰ আৰু গভীৰ বোধৰ ধ্যানত সৃষ্টি হোৱা এক নিৰ্মাণ ৷

◆অ:কা:কা:- শেষত আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে আৰু আমাৰ প্ৰশ্ন সমূহৰ যথাযথ উত্তৰ প্ৰদান কৰাৰ বাবে অসম কাব্যকাননৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।আপোনাৰ সু-স্বাস্থ্য আৰু   দীৰ্ঘায়ু কামনা কৰাৰ লগতে  আপোনাৰ কলমেৰে জীপাল হৈ উঠাৰ কামনা কৰিলোঁ-অসমীয়া ভাষা সংস্কৃতিৰ বিশাল পথাৰ খন।সাহিত্যৰ জগতত আপুনি এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰওঁক। 

 ●চন্দন গোস্বামীঃ আন্তৰিক ধন্যবাদ ।
●●●●●●●●●●●●●●●●●●●●●●●●●●●
                             কবিতা

এ.টি.এম বিষয়ক
ড০ দীপমণি দাস

যি পথত এ.টি.এম নাই
সেই পথৰ নাম
গৰীব পথ হওক

যি পথত এ.টি.এম থকাৰ পাছতো
 'আছে গৰু নাবায় হাল, নোহোতকৈ নোহোৱাই ভাল'  ফকৰা যোজনাটো মনলৈ আহে

সেই পথবোৰো কাৰিকৰীভাবে বংশবৃক্ষ গৰীব পথৰেই 

তথাপি মনোৰথ কেবল
ভৰি দুখনেই
 ভৰি দুখনে বাটকুৰি বাব লাগিব টকা বিচাৰি বিচাৰি
কাৰণ টকা মেইন।
————————————————
অৰণ্যৰোদন 
গিৰিণ বৰা 

শেহৰাতিতে মই নিহত হ'লোঁ 
মৌন ওঁঠত যৌনতাৰ শিকলি খহাই 
ক্ষোভৰ পৃথিৱীত ঘৃণাৰ শিহৰণ জগায়

শিৰৰ সেন্দুৰত
আকাশ দেখা মইটোৱে
কেতিয়াবাই হেৰুৱালোঁ ৰ'দালিৰ
কোমল অনুভৱ 

শিৰাই শিৰাই এতিয়া স্তব্ধ
 স্নায়বিক বৈদ্যুতিক তৰংগ --
চৌখিন বসন্তৰ হিংস্ৰ উৎসৱত
শাওণৰ ধল কঢ়িয়ায় 

মোৰ মুখৰ ৰেখাত এতিয়া 
পৃথিৱীৰ অৱসাদ 
বুকুৰ ভিতৰত আন্ধাৰৰ পিৰামিড
চকুৰ পতাত ভাগৰুৱা নৈৰ উত্তাপ

মোক বিচাৰি আহিও উভতি গ'ল
আহিনৰ আকাশ 
কোমল কঁহুৱাৰ অনুভৱ বুটলি বুটলি... 

ঐশ্বৰ্য্যবোধত অহংকাৰী মইটোৱে
সন্মুখৰ চোতালত ৰ'দ দেখিছোঁ
স্পৰ্শ কৰিছোঁ--
শাণত গঢ়িছোঁ 
মোৰ জীয়াই থকাৰ অংগীকাৰ 

অৰণ্যৰোদনত কাহিনীও 
সিদ্ধহস্ত নাছিলোঁ মই 
তথাপিতো --
নাজানিও হেৰুৱাম মৃত্যু উপকূলত 
পৃথিৱীৰ সংলাপ 
হাজাৰ- বিজাৰ উশাহ নিশাহৰ বাট  ।
————————————————
এটি বেসুৰা গান
অৰ্চনা ঠাকুৰীয়া

মেটেকাৰ শিপাত চেঙেলি মাছৰ অতপালি দেখিছানে 
মাছুৱৈজনৰ বৰশীটোলৈ মন কৰিছানে কেতিয়াবা
সেয়া একেই আছে জানা
মাছটো ডাঙৰ হ'লে টোপটো বেছি তললৈ যায়
আৰু সম্বন্ধবোৰ ?

ৰেল-ট্ৰেকৰ মাজত পাৰি দিয়া শিলগুটিবোৰেহে বুজে
যন্ত্ৰণাত পিষ্ট হোৱা জীৱনৰ পৰিভাষা
জীৱনটো যাপন কৰাৰ তাড়নাত
দুখবোৰক বেছি প্ৰশ্ৰয় দিয়া নহয়
সহবাসহে কৰা যায়

সিদিনাৰ অবাক গধূলিটো মুখৰ হৈ পৰিছিল
স্বচ্ছন্দ গতিৰে ফেনে ফোটোকাৰে বাঢ়ি অহা ঢৌৰ
সাংগীতিক মূৰ্ছনাত।
পাৰটো চপৰা -চপৰে খহিছিল
খহি যোৱাৰ দুখত বোধহয় ঘাটটোৱে চকুলোবোৰ
উটুৱাই দিছিল নৈখনত

সৌৱা চোৱাচোন,আকাশখন  ক'লীয়া মেঘে ঢাকি ৰাখিছে
বৰষুণ আহিব চাগে
ঘৰলৈ উভতি যাওঁগৈ ব'লা
পুৰণি গানটো যে আজি বেসুৰা হ'ল
সেই বিষয়ে তুমিয়ে ময়ে অলপ কথা পাতিম।
———————————————————

শৰ
কৃষ্টিঞ্জয় বৰা

যিমানেই ঠেলি নাথাকা কিয়
এখোজো নাতৰে
দোষৰ তোমাতেই নিগাজি ঠিকনা।

যিমানেই হাত বাউলি নাথাকা কিয়
এখোজো নাবাঢ়ে
সুখ কাৰোৰে নহয় পোহনীয়া।

তোমাৰ বাহিৰে
কাৰ এনে তাগজ আছে
চিকুনাই দিব তোমাৰ কদৰ্যতা।

উজুটিত চিঙা নখৰ খং
শিলত উজাৰি
সময়বোৰক এনেই কৰা বন্ধ্যা।
———————————————————
শৰৎ
সঞ্চিতা বৰা 

ডাউকৰ মাতত সাৰ পোৱা ৰাতিপুৱাটোত
গানবোৰ ছবি আছিল
ছবিবোৰ আছিল গানৰ দৰে 

আইতাই শলিতা বাতিবলৈ ডলাত মেলি লোৱা কপাহখিনি 
ৰ’দ নৌ পকোতেই
কোনে ফুৱাই দিলে
আকাশলৈ

গছবোৰৰ ফুচুলনিত ভোলগৈ 
চৰাইবোৰে  
ডেউকাৰ উমত
সামৰি লয়
ৰান্ধনি ৰ’দ

জোনাক উফৰি ফুৰা 
চোতালত 
তৃতীয় প্ৰহৰ
নিয়ৰত শেৱালি তিতে
মোৰ চকুৰ পতা সেমেকে।
———————————————————
আহিবা  শৰৎ
ড° ৰমেশ কুমাৰ কাকতি

গোপনে গোপনে,
খবৰৰ অবিহনে,
ক’লা ডাৱৰক 
শুকুলা ৰঙেৰে ভৰায়৷

অশান্ত বালিচৰত
উৰ্মিমালাৰ সংস্পৰ্শৰে
বানে গৰকা ভঙা কলিজাত
ন সাঁজোনেৰে কঁহুৱা ফুলাই
আবেগৰ ৰোমাঞ্চ বিলায়।

সোণগুটিৰ আহ্বানেৰে
পথাৰকো সেউজীয়া কৰা,
মলয়াৰ পৰশ ঢালি
সপোনৰ শইচক নচুৱাই 
কৃষকলৈ এবুকু আশা কঢ়িয়ায়।

চোতালৰ দূবৰি ডৰা
সেউজীয়া ৰঙেৰে ভৰাই,
হৃদয় দুখবোৰ ঢাকি দিয়া
একোখন দলিচা সজাই,
এমোকোৰা হাঁহিৰে উপচায়  ৷

বাৰিষাৰ উন্মাদ নদীক
শান্ত শিষ্ট ৰূপেৰে সজাই
কুঁৱলীৰ আচ্ছাদনেৰে 
ৰৌ-বৰালি, পুঠি-খলিহনাক
জলতৰংগৰত নচুৱায়৷

নিয়ৰত হদয়খন জীপাল কৰি
আমোল-মোল শুকুলা ৰঙৰ
শেৱালিৰ সুৱাসেৰে পদূলি ভৰাই
আহিবা শৰৎ,
গোপনে গোপনে
আহিনক আমন্ত্ৰণ জনায়।
———————————————————
সত্য
স্বপ্নম জ্যোতি কলিতা

ক)
মানুহে বান্ধিব নোৱাৰে সেই বাট
পৃথিৱীৰ তেজ মঙহৰ আৱৰণ গুচাই
সলাব নোৱাৰে
শিলত কটা বৰ্ণ ভাস্কৰ্যৰ
ঘাটক সত্য ।

ধূপৰ ধোৱাৰ একাকিত্বয়ো
সংযোগ কৰিব পৰা নাই
যি বাট

খ)
তধা লাগি চাই থকা
বুঢ়া মানুহজন
আৰু ঘাঁহ কটাদি কাটি নিয়া
গছৰ মূৰটো
কি মৰ্মান্তিক !

গ)
মই জানো , তুমিও জানা
বায়ু কি নিৰ্মম প্ৰতাৰক
অথচ
ইমান প্ৰিয় এই উশাহ ।
———————————————————
ধুমুহাৰ গান 
পংকজ কুমাৰ শৰ্মা 

ধুমুহাৰ স'তে আলাপ কৰি ৰুষ্ট কান্দোন 
তেনেহ'লে 
ধুমুহাৰ গান শুনি শিহৰিত কোন

ধুমুহাই শুনেনে কেতিয়াবা 
কলিজা ভঙা গান 

ধুমুহাই যেতিয়া লক্ষ্য স্থিৰ কৰি পেলায় 
অস্থিৰ হৈ পৰে তাৰ মন-মগজু,
দেহ আৰু বোৱতী নৈৰ 
জিজ্ঞাসাৰ সীমা পাৰ হৈ 
সি থমকি ৰয় 

ধুমুহাৰ গান শুনি 
তভক মাৰে সময় 

ধুমুহা এটি শিশু হয় 
গান শুনি শুনি সি টোপনি যায়।
——————————————————
ফুল বোটলা ছোৱালী
লক্ষ্যহীৰা শইকীয়া 

ধুমুহাজাকে ফালি থৈ গুচি গ'ল
তাই পিন্ধি থকা চোলাটো...
তেনেকৈয়েই তাই 
বুকুত এহাতেৰে খামুচি ধৰিছে পতাকাখন
এখন হাতেৰে একোঁচ ফুল ..
কোঁচ ভৰাই অনা ফুলবোৰ
ফটা চোলাটোৰ ফুটাৰে তললৈ সৰি পৰিছে ...
আৰু জহি জহি গৈ আছে 
বাটৰ ধূলিত মিহলি হৈ
এপাহ দুপাহকৈ ...

তাই গৈ আছে ..
তাই গৈ আছে পাৰ হৈ হৈ
এখনৰ পাছত এখনকৈ দগ্ধ অৰণ্য 
ধোঁৱা-ধূসৰ দীঘল বাট এটা
তাইলৈ ৰৈ আছে ...

ফটা চোলাটোৰ
ফুটাবোৰ বাঢ়ি গৈছে
প্ৰতিটো নাঙঠ সভ্যতাক থুৱাই থুৱাই তাই
তেনেকৈয়ে গৈ আছে 
বাটৰ সুগন্ধি ফুলবোৰ বুটলি ...

তাই ফুল বোটলা ছোৱালী ...

মুখত দোকমোকালিৰ আভা
দুচকুত দুৰন্ত স্বপ্ন লৈ 
হেৰোৱা বাঁহীৰ কাতৰ মাত এটা হৈ
আকাশ-বতাহ-আন্ধাৰ-পোহৰক
ধিক্কাৰ দি দি
তাই গৈ আছে 
আমাৰ সন্মুখেৰে ...

এখন হাতেৰে একোঁচ ফুল আৰু এখন হাতেৰে বুকুত খামুচি ধৰি তাইৰ
স্বাধীনতাৰ পতাকাখন ...

তাই গৈ আছে ...
আমি ৰৈ আছোঁ
ধোঁৱাই ঢাকি ধৰা বাট এটালৈ
চাই চাই ... ।
————————————————   

শাওণ
উৎপল ভট্টাচাৰ্য

আলাসতে ওপঙি 
আপাহতে উমলি 
প্ৰেমীক মেঘৰ আদৰুৱা লয় - লাস
ৰিমঝিম শব্দত
 দলদোপ-হেন্দোলদোপ শাওণীয়া সপোন
 
কে‌ঁচা আলিত বগলীৰ তপস্যা ভাঙি 
পুঠি--দৰিকণাই 
মেঘৰ এৱা‍ঁসূতাৰ ৰিহাত ফুল বাছে।
মেঘ আৰু মাটিৰ মিলনত 
সাৰপাই জীৱন প্ৰেমৰ অলেখ কবিতা।
———————————————————
চিগাৰেট
জ্যোতিৰ্ময় ওজা

চিগাৰেটৰ ধোঁৱা হৈ উৰিছে সময়
অস্তিত বিচাৰি,মহাকাশৰ বুকুত
ছাই হৈ খহি পৰে
শৈশৱ, কৈশোৰ আৰু যৌৱন।
প্ৰতিটো হোপাই আলিংগন কৰে
আকোঁৱালি লয় মৃত্যুৰ আঁচল,
প্ৰশ্নৰ জোৱাৰ উঠে... কিন্তু
উত্তৰ এক অজান সাঁথৰ।

কোনে হোপে জীৱন নামৰ চিগাৰেট
বিয়পাই কেঞ্চাৰ, সপোন ভাগে
উমি উমি আয়ুস জ্বলে
গলিবধৰা হৃদয়ত...?
নিৰস ফিল্টাৰ যেন
উপেক্ষিত জীৱনক আজি
বাৰে বাৰে চুমা দিব মন 
শক্তি নাই যদিও নিৰস উঠত।

সমাধান নাই, মায়াৰ  আসক্তি
এটা জ্বলি শেষ হয়,
আকৌ জ্বলি উঠে,জীৱন নামৰ
চিগাৰেট।
—————————————————
বতাহত উলংগ নহ'বা
ৰুবুল প্ৰিন্স

উলংগ সময়ৰ লগত
ৰতি ক্ৰিয়া বৰ ভেজাল....
উলংগ হুইচকিৰ পৰা নিগৰিত
ৰাগী তানচেনৰ দৰে দীঘল....

নিৰ্মল নৈশাৰিত পেৰিত হৃদয়ৰ
জুটি লগা জেতুকা
হাতত
উলংগ নহ'বা বতাহত ।

এজাক বতাহতো
পুৰি যোৱা যৌৱন গোন্ধাব পাৰে।
যিদৰে প্ৰজন্মৰ আত্মাত
উকা ভ্ৰান্তিয়ে নাচে।

বতাহত উলংগ নহ'বা।
ঠেনুৰ আঙঠি চিগি যাব
ৰক্তমুখী তমসাই শিপাব।

জানানে-
উলংগৰ কলাফুল ৰাতি ফুলে
বেলিৰ বোজা
উলংগৰ বুকুত গজা
চাক্ষুখ নিৰলতাৰ গীতো
তাতে ৰচা

জানানে
সিক্ত লুণীয়া দেহত
উলংগৰ অভিসাৰ নিষিদ্ধ...
স্ফুলিঙ্গিত নিদ্ৰাহীন দুচকুত
হাহাকাৰী কৰ্ম ব্যস্ততা...

আয়ুসৰ সিপাৰত উলংগ নহ'বা
উলংগ মানেইতো নগ্নতা
নগ্নতাই নিৰ্লজ্জতা।                                    
——————————————————
অণু-কবিতা
খূৰ্ছীদ আনছাৰী

নৈখন কিমান উচ্চতালৈকে ভেটিবা

অনিৰূদ্ধ গতিত বৈ অহা পানীয়ে
মথাউৰি চিঙিবই!

মাটি খামুচি গছে আকাশ ধীয়ায়

আকাশৰ উচ্চতাত থাকিও
শগুনে "শ" লৈ চায় !

তুমি পঁজাটি এৰি যোৱাগৈ
             
মই এই মাটিৰ আজন্ম প্ৰেমিক
এই মাটিতে বিলীন হ'ম …!
—————————————————
মহাৰণ
লোকেন্দ্ৰ হাজৰিকা 

ৰণ ৰণ ৰণ মহাৰণ
ভাতৃৰ কলিজাৰ কেঁচা তেজেৰে
মহাযুদ্ধৰ মহা আয়োজন ।শৰশয্যাত পিতামহে ঘনে ঘনে গণিছে ক্ষণ চক্ৰবেহুত অভিমণ্যুৰ বিননি
বিভৎস উল্লাসে নাচে 
অভংগ অসুৰৰ সংঘ
নপুংসকৰ দল।
অন্ধ সম্ৰাটৰ 
অৱস্থান সিংহাসন
ৰাজমাতাৰ দুচকুত 
লাজৰ ওৰণি ।

এই যুদ্ধৰ শেষ ক'ত
কোনে কৰে তাৰ অৱসান!কেতিয়াকৈনো আহিব 
এন্ধাৰ ফালি দোকমোকালি
ৰণক্ষেত্ৰত শতৰুৰ কিৰিলি
আৰু 
মৰণৰ আৰ্তনাদ

ৰণমত্ত ঘোঁৰাৰ খুড়াৰ খট্ খট্
ৰথৰ চকৰিত ঘূৰে 
তেজৰ চেঁকুৰা।
ভাতৃৰ তেজেৰে ৰক্তাভ 
গোলাপৰ পাহি।
ৰণক্ষেত্ৰ উন্মাদ
অস্ত্ৰৰ ঝণ্ ঝণ্ 
প্ৰমত্ত উন্মত্তৰ হুংকাৰ 
শান্তিৰ ত্ৰাস দেখি
দানৱৰ অট্টহাস।

পাশাখেলৰ পাশতিত 
শকুনিৰ কূটনীতি ৰচনা
বুকুত প্ৰতিশোধৰ এটুকুৰা 
কেঁচা ঘা
ক্ষমতাৰ লালসাত 
পৃথিৱী কম্পমান ।

ঘৰে ঘৰে বিধবাৰ ক্ৰন্দন
এয়ে নেকি ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ?
ক'ত ঘটিব তাৰ অৱসান 
কালৰাত্ৰিৰ বুকুত
অৱিৰত যাত্ৰা
উন্মত্ত সংঘৰ।

অশান্ত ধৰাত ধাৰাশায়ী
এজনৰ পিছত আনজন 
ৰথী-মহাৰথী।
ঘনে ঘনে পৰিছে খঁহি
একোটা নক্ষত্ৰ
পিতামহে ঘনে ঘনে গনিছে ক্ষণ
মুক্তি 
মুক্তি
মাথোঁ মুক্তি 

লাগে শান্তি 
এই যুদ্ধৰ অৱসান ক'ত
মহাযুদ্ধৰ শেষ ক'ত?
———————————————————
তিলক স্মৰণ
(২৮ আগষ্ট তাৰিখে ছহিদ তিলক ডেকাৰ মৃত্যু বাৰ্ষিকীৰ পৰিপ্ৰেক্ষিতত উৎসৰ্গিত )
( কবিতাৰ ভাষাৰে )
ড০ কমল চন্দ্ৰ নাথ

তিলক ডেকা তিলক ডেকা
কপালত তোৰ সোনৰ ৰেখা 
স্বাধীনতাৰ যুঁজ মৰণ পণ 
চুচৰি বাগৰি ধৰিলি ক্ষণ 

গাঁৱে ভূঁয়ে আহিল উঠলি তেজ 
ডেকা শক্তিয়ে ধৰিলে বীৰৰ বেশ
গান্ধীয়ে দিলে আদৰ্শ নীতি 
অহিংস ব্ৰতেৰে জগত জিনি 

দেশৰ বাবে সকলো আহিল
২৮ আগষ্টত  সমাধি মিলিল 
ধন্য ধন্য চৰাইবাহী ধন্য বাৰপূজীয়া 
ধন্য আজি অসম মাতৃ ধন্য তিলক ডেকা

তিলকে মাৰিলে শিঙাতে ফুঁক
মিলিটেৰীৰ গুলীয়ে দিলেহি উক্ 
মূৰৰ লাওখোলা উৰি পৰিল চিতিকি 
গছৰ পাতে মূৰৰ ঘিউ ধৰিলে সাৱতি

এইয়াই তিলক আমাৰ তিলক 
ইতিহাসৰ পাতে পাতে জয়ৰ তিলক 
নালাগে আজি  তিলকৰ অন্য চিনাকি 
সময়ে সাক্ষী দিব ৰাখিব চানেকি ----!
———————————————————
সময়
বিস্তীর্ণা হাজৰিকা

বগ ফুল জোপাৰ সুৰুঙাৰে
সৰকি অহা জোনবাইজনী
চাওঁতে চাওঁতে কেতিয়া সেই তামোলডালৰ আগ চুলেগৈ
গমকে নাপালোঁ । 

জ্বলা জাগৰ গোন্ধত
আমোল মোল তৰালিৰ সভাত
যেন তাইৰ সৌন্দর্য পান কৰি থাকোঁতেই 
কেতেকীৰ বিননিয়ে মাতি আনিলে পুৱতিৰ ৰ'দালিক
 
চাওঁতে চাওঁতে পুৱতিৰ ৰ'দালি আহি 
চকুৰ পলকতে  দুপৰীয়াৰ চোকা ৰ'দৰ চমতাৰ কোব কেতিয়া যে আহি পিঠিত পৰিলহি
তলকিবই নোৱাৰিলোঁ। 

আকৌ ৰাতি হৈ পুৱতি নিশা আহিব। 
লাহে লাহে সন্ধিয়া গোহালিৰ সমুখত দিয়া জাগটো
আৰু তামোল গছৰ ফাঁকেৰে
লাজুকী লাজুকী চাৱনিৰে দেখা দিয়া
জোনবাইজনী যেন দুৰ্লভ হ'ব। 

এনেকৈয়ে সৰকি  যায় সময়ৰ গতিশীল কাঁড়পাত।
——————————————————
পিতাই 
দ্বীপজ্যোতি পৰশ

শাওণৰ ঘামে উদ্ভাসিত কৰা মোৰ জীৱন... 
য’ত আছে দুৰ্বাৰ হেপাহ
এমুঠি সপোন 
জীয়াই থকাৰ! 

পিতাইক দেখিছোঁ 
সপোন ৰচা
টেটুৱে ধৰা জাৰত কিম্বা
চল্লিশ ডিগ্ৰী চেলচিয়াচত 

এতিয়া মই বুজিছোঁ পিতাইৰ
প্ৰতিটোপাল ঘামৰ মূল্য,
গুপুতে ৰাখি থোৱা শৰীৰৰ যন্ত্ৰণা 

এতিয়াও বাজি উঠে কাণত
উষ্ম উশাহৰ 
হুমুনিয়াহ... 
যিয়ে 
সিচি দিছিল সপোন
মানৱ সম্পদ গঢ়াৰ

ভাহি আহে দুচকুত 
ঘামেধোৱা দেহতো...
টোপটোপকৈ সৰিছিল ধৰাত
তপত মুকুতাৰ বীজবোৰ
যিয়ে সঞ্চাৰ কৰিছিল 
সেউজী সপোনৰ 
প্ৰাকৃতিক হ’বলৈ৷
——————————————————
তুমি মোৰ কবি
পল্লৱ দত্ত

মোৰ সুখতো তুমি মোৰ ‌কবি 
মোৰ দুখতো তুমি ‌মোৰ কবি ।

কেতিয়াবা তুমি উন্মাদ উত্তেজিত
কেতিয়াবা বিষাদ হতাশাগ্ৰস্ত ।

মোৰ যেতিয়াই মন‌ যায় মই তোমাৰ কবিতা পঢ়োঁ ‌
আনকি অপ্ৰেম‌ অসন্তুষ্টিৰ অপ্ৰিয়বোৰো ।

পোৱাৰ পাছত আৰু নোপোৱাৰ ক্ষোভত 
তুমি কৰা যোগ বিয়োগৰ সদুত্তৰ মই পাই থাকো ।
তুমি পালা‌ কি 
হেৰুৱালা‌ কি ?

তুমি যেতিয়া প্ৰেম হেৰুৱাই
অথবা কুটি থাকোতে নিসংগতাই
আটাইবোৰ কবিতা ‌ফালি জ্বলাই দিয়া
মই তেতিয়া তোমাৰ কবিতা পঢ়োঁ ।

তুমি যেতিয়া আকৌ এবাৰ প্ৰেমত পৰি
অথবা কোনো দুৰ্ভগীয়া নাৰীৰ কাষত থিয় দি
ততাতৈয়াকৈ কবিতা লিখাৰ আয়োজন কৰা
মই তেতিয়া তোমাৰ কবিতা পঢ়োঁ ।

তোমাৰ ভিতৰত অনবৰতে এখন যুদ্ধ চলি থাকে 
নিজৰ মাজতে আন এজন মানুহ কঢ়িয়াই ফুৰাৰ ।

বাহিৰত তুমি এজনেই ।
ওঁঠত পিন্ধি থাকা অনিচ্ছাতো সুখৰ হাঁহি ।
——————————————————
                        পঢ়ুৱৈৰ অভিমত 
●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●
বৰ ভাল হৈছে..অনুবাদ কবিতাখিনি বিশেষ  আকৰ্ষণ ।
তোমালোকে অনুবাদ সংকলন দুটাৰ কথা ভাবাচোন..অসমীয়া কবিতা ইংৰাজী আৰু হিন্দী বা বঙলালৈ । কাব্যকাননৰ তৰফৰ পৰা। ভাবানুবাদ কৰিবলৈ কেইজনমানক দায়িত্ব দিব পাৰা । কাৰোবাৰ অনুবাদ কৰা থাকেই । কবিসকলক নিৰ্বাচিত কৰি সংকলনৰ কাৰণে কিছু আৰ্থিক সাহায্যও বিচাৰিব পাৰি । এনে এটা কাম সততাৰে সমাপ্ত কৰিব পাৰিলে ৰৈ যাব আৰু ..ভাবি চাবাচোন..
জুবিলী গগৈ
——————————————————

আলোচনী -এটা জাতিৰ দাপোন । এটা জাতিক  প্ৰতিনিধিত্ব কৰিবলৈ হ’লে সেই জাতিৰ এক নিজস্ব ভাবধাৰা থাকিব লাগিব । এই নিজস্ব ভাবধাৰাৰ স্বকীয়তা জীয়াই ৰাখিবলৈ নিজস্ব এটা ভাষাৰ প্ৰয়োজন আছে । ভাষাই পৰিচয় কৰাই উৰ্দ্ধগামী জাতিৰ অস্তিত্ব, সংস্কৃতি, পৰম্পৰা আৰু অনুশাসন।
 ভাষাৰ সমৃদ্ধিশালীতায়ে নিৰূপণ কৰে জাতীয় চেতনা । 
#কাব্য_কাননে আজি আমাৰ জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰি এখন দাপোণ হৈ ঠিয় দিছে যাৰ মাজেৰে আমি আমাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছোঁ । কাব্য_কাননে  অনাগত সময়ত এইদৰে নিজৰ অস্তিত্বৰ সংগ্ৰামখনত এক অগ্ৰণী ভূমিকা পালন কৰি আমাৰ অসমীয়া ভাষাৰ যি স্বকীয়তা তাৰ পৰিচয় বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিলোঁ ,লগতে এই অধমক ইয়াৰ মাজেৰে মনৰ ভাব প্ৰকাশ কৰিবলৈ সুবিধা দিয়া বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । 

অশোক ভৰালী
 নতুন দিল্লী

——————————————————
মানুহৰ জ্ঞান আলোচনীৰ পাতত সঞ্চিত হয়। একোখন আলোচনী একোখন সমাজৰ দাপোন স্বৰূপ। সম্প্ৰতি  সামাজিক মাধ্যমসমূহত জন্ম লোৱা বিভিন্ন সাহিত্যৰ গোটসমূহৰ এক অপ্ৰাণ চেষ্টাৰ ফলত আমাৰ অসমীয়া ভাষাতো লিখিত ৰূপত আলোচনী প্ৰকাশ হোৱা কাৰ্যটোৱে আমাক এক ন-দিগন্তৰ ফালে লৈ যাব ধৰিছে। ইমান ব্যস্ততাৰ মাজতো এই গোটসমূহে সুন্দৰ আৰু সুদৃঢ় কাৰ্যপন্থা হাতত লৈ অসমীয়া সাহিত্যক আগুৱাই নিবলৈ প্ৰচেষ্টা হাতত লৈছে। ই আমাৰ বাবে গৌৰৱৰ বিষয়।

'কাব্য কানন' সম্প্ৰতি  অসমীয়া সাহিত্যৰ এক উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছে। শেহতীয়াকৈ প্ৰকাশিত 'কাব্য-কানন' আলোচনীখন ইয়াৰ এটা জলন্ত উদাহৰণ। ইয়াত সন্নিৱিষ্ট প্ৰতিটো লেখাই নিজস্ব স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হৈছে। কবিতাসমূহ উচ্চ মানদণ্ডৰ হৈছে। সমাজ-জীৱন, চেতনা, কাল চেতনা, প্ৰেম চেতনা, ব্যক্তিমনৰ সমস্যা সংঘাত আৰু অনুভৱৰ চিত্ৰন বৰ্ণনেই হৈছে প্ৰায় সংখ্যক কবিতাৰ উপজীব্য। 
   'কাব্য কানন'ৰ এক সুকীয়া বৈশিষ্ট্যই আমাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 
   'কাব্য কানন'ৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।
   ৰুবুল প্ৰিন্স
   নলবাৰী
——————————————————
বহুত সুন্দৰ এখন আলোচনী।সকলোৰে লেখা বৰ ভাল লাগিল পঢ়ি , সকলো লেখাই  উৎকৃষ্ট মানৰ ।
   মোৰ ক্ষুদ্ৰ অনুভৱ
"জ্বলি থাকক দিয়া " নামৰ কবিতাটিক ঠাই দিয়াত বহুত ধন্যবাদ জনালোঁ সম্পাদক মহোদয়ক ।
 আলোচনী তথা গোট দীৰ্ঘায়ু কামনা কৰিলো ।
 -ৰঞ্জু শইকীয়া
———————————————————
কাব্যকাননৰ এই  সংখ্যাটো পঢ়ি আপ্লুত হ’লোঁ ৷বৰ্তমানৰ সমসাময়িক পৰিস্থিতিত কাব্যকাননে সাহিত্য জগতখনলৈ আগবঢ়োৱা বৰঙনি শলাগিবলগীয়া।এইসুযোগতে  বিষয়ববীয়াসকললৈ আন্তৰিক ধন্যবাদ জনালোঁ ৷আমাৰ দৰে ন- শিকাৰুক এখন মঞ্চ দি  যি পদক্ষেপ লৈছে তাক প্ৰকাশৰ বাবে শব্দৰ অভাব অনুভৱ কৰিছোঁ। কাব্য কাননৰ এই যাত্ৰা চিৰ যুগমীয়া হওক তাকেই কামনা কৰিলোঁ ৷
-জোনমনি বৰা
———————————————————
কাব্যকাননে বৰ ভাল কাম কৰি আছে ।শুভেচ্ছা জনালোঁ। 
   -অনসূয়া বৰঠাকুৰ 
  গুৱাহাটী
———————————————————
সুন্দৰ আৰু অনুভবী কবিতা, জ্ঞানপুষ্ট লিখনি সম্ভাৰেৰে 
আলোচনীখনে এক সুকীয়া বৈশিষ্ট্য দাঙি ধৰিছে, প্ৰতিজন কবিলৈকে মোৰ আন্তৰিক ওলগ জনালোঁ, আলোচনী খনৰ সৃষ্টি কৰ্তা নৱ ৰাজন ডাঙৰীয়া প্ৰমুখ্যে  এই সৃষ্টিশীল  উদ্যোগৰ প্ৰতিজন ব্যক্তিকে শ্ৰদ্ধা আৰু শুভ ইচ্ছাজনালোঁ
-অজিত প্ৰতীম দাস 
-------------------------------————————
"কাব্যকানন"ৰ প্ৰতিটো কবিতাই সুন্দৰ হৈছে ।আলোচনীখনৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ !
ৰেখা বৰকটকী
——————————————————
বৰ ভাল লাগিল সংখ্যাটো পঢ়ি। কবিতা সমূহ উৎকৃষ্ট মানৰ হৈছে। মোৰ সুক্ষ্ম অনুভৱ এটিক স্থান দিয়া বাবে অশেষ ধন্যবাদ জনাইছোঁ নৱ দাদালৈ।
---হিৰণ্য মহন্ত 
———————————————————
পঢ়িলো।বৰ সুন্দৰ হৈছে
ৰিজুমনি দেৱী 
নগাঁও 
———————————————————
পঢ়িলো । তোমাৰ সম্পাদকীয় আৰু উজ্জলদেৱৰ ৰঙা ঘোৰা উপমাতো আৰু কবিতাখিনি প্ৰায়েই ধুনীয়া।
ধন্যবাদ নৱ,,মোৰো কবিতা এটাক ঠাই দিয়াৰ বাবে।
––গিৰীণ বৰা
——————————————————
কাব্যকানৰ এই সংখ্যাটো বহুতেই সুন্দৰ হৈছে। কবিতাবোৰো উন্নত মানৰ হৈছে।
 –আছমা জাফ্ৰি
  ডিব্ৰুগড়
——————————————————
কবিতাই কথা কয়,১ছেপ্টেম্বৰৰ কাব্য-কাননে আকৌ প্ৰমাণ কৰিলে,পঢ়ি বুজিলোঁ।মোৰ 'সানুনয়' কবিতাটি সেই কবিতাপুঞ্জত দেখি বহুত ভাল লাগিছে।

পৰিশ্ৰমী সম্পাদক নৱ ৰাজনৰ শলাগ লৈছোঁ।
-ড০ মঞ্জু হালৈ
নলবাৰী
—————————————————————
কাব্যকানন আলোচনীৰ সম্পাদকীয়টো খুউব সুন্দৰ হৈছে।
  সঁচা কথাবোৰ ইমান  মধুৰ ভাষাৰে লিপিবদ্ধ কৰিছে..
সচাকৈ প্ৰশংসনীয়।
-ভূমিকা দাস
গুৱাহাটী
——————————————————
'কাব্যকানন'ৰ শব্দৰ গাঠনি সঁচাই মনোমোহা আৰু শলাগলবলগীয়া।ভাইটি নৱ ৰাজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কাব্যকানন ডিজিটেল মাধ্যমৰ আলোচনীৰ দাপোনত নবীন প্ৰবীণৰ বাছকবনীয়া কবিতাৰ এক ছন্দৰ উদ্যান, অনুভৱ বোৰৰ উদ্যান,মনোতুষ্টিৰ উদ্যান আৰু শব্দৰ উদ্যান। 
  একো একোটি কবিতা কাব্যকাননৰ একো একোটি বাখৰ খটোৱা অলংকাৰ। এই অলংকৃত কবিতাবোৰে মোক প্ৰায়ে মনযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চতুৰ্থ বৰ্ষৰ পহিলা ছেপ্তেম্বৰৰ সংখ্যাটোৰ লিংকটো মুক্তি পোৱাৰ লগে লগে এটি এটি কবিতা পান কৰি গৈছো।ব্যক্তিগত ভাবে বহু সংখ্যক লোককে চিনি নাপাওঁ কিন্তু প্ৰত্যেকটো কবিতাই কিন্তু মোক পিছে পৰম তৃপ্তি দিছে। আলোচনী খনৰ সম্পাদকীয় পৃষ্ঠাৰ লেখাটো পঢ়ি অভিভূত হৈ পৰিছো, সামগ্ৰীক ভাৱে আজিৰ নবীন লেখাৰু সকলৰ যিটো পৰিস্থিতি বা সংকট হয় কাকত বা আলোচনীত ছপা কৰা ক্ষেত্ৰত, সেয়া সুন্দৰকৈ অতি সাৱলীল ভাৱে বিশ্লেষণ কৰা হৈছে। 
সদৌ শেষত এটাই কামনা কাব্যকানন যেন দীৰ্ঘায়ু হয় আৰু নিজে কৃতজ্ঞ যে মোৰ নামটোও এই কাব্যকানন ডিজিটেল আলোচনীত সন্নিৱিষ্ট হৈ আছে আৰু আছে এটি ক্ষুদ্ৰ চিনাকি।
—ছাজিন ৰহমান
গুৱাহাটী
———————————————————
 KABYA KANAN " the name speaks for itself...just like a beautiful gathering of spectacular poets with a never-ending love for poetry and literature...how mesmerizing even the thought of it is...one can clearly understand how amazing is the feeling of being a part of such a wonderful group is..truly its a pleasure ❤

This group brought up with such love and care by eminent poet and my very dear friend Naba Rajon  has grown beautifully into such an enormous poetic junction today with such brilliant minds that being a part of it in itself is enlightening in the field of Assamese poetry and literature. 

Here I would like to say a huge thank you to my dear friend and associate নৱ ৰাজন for giving me the honour by publishing my poem in the bi-monthly magazine " KABYA KANAN " 🙏 So grateful to you Naba Rajon for giving my creation such praise and acclaim 🙏
Also my enormous gratitude and love to each and every esteemed writer and poet in the editing team and to my ever supporting well-wishers and friends...I hope and pray this group keeps growing and illuminating with such wonderful brilliant minds and spreading the love of poetry and literature in all the days to come 🙏🙏❤

Inviting all of my lovely friends to experience this wonderful e-magazine 

      মোৰ শ্ৰদ্ধাৰ গ্ৰন্থ প্ৰেমীসকল, মনত ৰাখিব—এখন গ্ৰন্থ বা আলোচনী প্ৰকাশৰ বাটত থকা নানা ধৰণৰ আঁসোৱাহ , কঠোৰ পৰিশ্ৰম , ত্যাগ স্বীকাৰ , মানসিক উদ্বিগ্নতা -- এই সকলো  আমি নিৰ্বিবাদে সহ্য কৰি যাম আজীবন - - - কিন্তু কেনেকৈ  ! যদিহে আপোনালোকৰ পৰা উচিত পৰিমাণৰ সঁহাৰি পাওঁ ।
            আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ —আৰিফা হুচেইন বৰা 
গুৱাহাটী
———————————————————
                     কবিতা 

আৰু এক নতুন প্ৰস্তুতি
দেৱ দাস

সাম্ৰাজ্যত 
ৰাজ হাউলি 
ফুলৰ উদ্যান

অনেক ৰঙৰ
ফুলৰ ক'লি

ফুল আতৰ
ওঁ মোৰ দেশ

দিন উকলি
প্ৰাতহতে
কোটৰ পকেটত
গোলাপৰ ক'লি
গুজি দিলেহে
গোটেইখন দেশ
আমোলমোলায়

স্বাধীনতাৰ সুন্দৰ নক্সা
সঁচাই আমোল মোল

পয়সত্তোৰৰ পূৰঠ
সুন্দৰ সময়
ক'ত কি হোৱা নাই
ৰেলেৰে চেন্নাইলৈ
গলে গম পায়
বৃহত ভাখৰানাঙ্গাল

বেঙ্গলৰ পিচত
ধুনীয়া লাড়ুৰ দৰে
মাটিব নোৱাৰা 
লানি নিচিগা আখৰ
ইংৰাজী হিন্দীৰ
কাম নাই

পয়সত্তোৰৰ পূৰঠ
আজিওঁ আমাৰ 
স্বীকৃতি নপোৱা
চিৰ চেনেহী 
ভাষা জননী

কিহৰ বাবে কবিতা
প্ৰাতভ্ৰমণ সান্ধ্যভ্ৰমণ
কিহৰ স্বাস্থ্যৰ বিধান

ছিন্ন কৰি কৰি শিকলি
আমাৰ হাতৰ পৰা 
দলিয়ালো সাগৰৰ
অতল তলিত
মেচিনত শিকলিৰে গাঠনি
আৰু এক নতুন প্ৰস্তুতি।
———————————————————
সোঁৱৰণ
অনিতা মেধি মিশ্র

যেতিয়া শেৱালিৰ সুৱাস আৰু
মাখনসনা আইতাৰ চুলিৰ গোন্ধ
সানমিহলি হৈ
মতলীয়া কৰিছিল মোক

ৰাতিবোৰ সুৰাৰ দৰেই
মাতাল হৈ পৰিছিল... 

কেঁকোৰাই (গাঁতত) তোলা মাটিৰে
আয়ে লিপা চিকুণ চোতালত
যেতিয়া তেজীমলা, জলকোঁৱৰৰ সাধুবোৰ
জীৱন্ত ছায়া হৈ নাচিছিল
তেতিয়া, টপাটপে গিলি থৈছিলোঁ মই
সাধুকথাৰ চৰিত্ৰবোৰ। 

এবুকু পানীৰ মুথাবন কাটি
পিতায়ে হেঁপাহেৰে বনোৱা কঠত
বাগৰি ভাবিছোঁ___

এজোপা গধূলিগোপাল হৈ
মই যদি ফুলিলোঁহেঁতেন
আই-পিতাইৰ চেনেহৰ ভেটিৰ কাথিত... 

ৰাতিবোৰে ওপচাই দিলেহেঁতেন মোক
অকৃত্রিম ভালপোৱা আৰু 
ভৰপূৰ আত্মিক সুখ  !
———————––—————————

স্বত:স্ফুৰ্ত
মেঘালী বৰুৱা শইকীয়া

অৱলীলাক্ৰমে সকলো ঘটি থাকে
প্ৰেম ভালপোৱা ঘৃণা

অহংকাৰত দিনটো ডুবিলেও
ৰাতিৰ হাচনাহানা সাৰে থাকে

পুৱতি নিশাৰ সাধুবোৰত ওলমি থাকে 
শেষ নিশাৰ জোনাক।

উদেশ্যমুখী হৈ নুফুলে বাবেই
বেলিমুৱা হৈ থাকে বেলি ফুল।
প্ৰদৰ্শনকামী নহয় বাবেই
চৰাইৰ কাকলিত মুুখৰ হয় ৰাতিপুৱাবোৰ
বতাহত কঁপা গছৰ পাতে জুৰ পেলায় শৰীৰ।

ঠিকনাবোৰ আছে বাবেই
মূূৰ তুলি থাকে চুবুৰিবোৰ

ঘৰবোৰ  মুখৰ হৈ  থাকে
মাতে কথাই পৰশি থাকে
অমৃতৰ মানুহ।
——————————————
এটা ৰাস্তা সাজিছোঁ
ভাৰ্গৱ কুমাৰ নাথ

এটা ৰাস্তা সাজিছোঁ
হৃদয়ৰ পৰা হৃদয়লৈ
ক্ৰমাৎ সেই ৰাস্তাৰেই আগবাঢ়িছোঁ...

তাইৰ ঠিকনা পোৱাৰ
এক অহৰহ প্ৰচেষ্টা।
ভিৰৰ মাজত হেৰাই গ'লেও 
চেষ্টা অবিৰত।

ঠিকনাবিহীন তাইজনীৰ ঠিকনা বিচৰাত..!
হৃদয়ত প্ৰায়ে বাজে
এটি প্ৰেমৰ গান
তাইৰ নামত....
হয়তো তাই কৰবাত নহয় কৰবাত বিশেষ।
ৰাস্তাটোৰ অন্তিম বিন্দুত হ'লেও
এজাক বৰষুণ লাগে
তাইৰ নামত
প্ৰেমৰ বৰষুণ..!
———————————————
সত্তা 
পূৰৱী দেৱী 

বাৰিষাত ফেনে-ফুটুকাৰে             
উফন্দি উঠা
সাগৰৰ বহল বুকুখন 
এবাৰ খেপিয়াই চোৱানা ,  
য’ত আছে অনন্ত কাল জুৰি
 সঞ্চিত হৈ থকা 
অমূল্য সম্পদ মণি মুকুতা।

 হৃদয় সাগৰখনিত সাতুৰি-নাদুৰি
ভৰ যৌৱনত কঁপি উঠা তৰঙ্গ ৰাশিক
এবাৰ চুই চোৱানা...

য’ত পাবা হৃদয়ৰ নিভৃত কোণত গাঁঠি থোৱা 
ফুলৰ মালিতা , 
প্ৰেমৰ তীক্ষ্ণ ক্ষুৰধাৰ ।
কল্পনাৰ দুৱাৰ দলিত
ভালপোৱাৰ একো-একোটি ক্ষণত
এবাৰ অনুভৱ কৰি চোৱানা
য’ত দেখিবা আজন্ম এনাজৰীৰে 
 বান্ধ খাই থকা 
তোমাৰ আৰু মোৰ   সেই সত্তাটোক I
———————————————————
আপুনি নভবাকৈয়ে
দিগন্ত বৈশ্য

আপুনি নভবাকৈয়ে ঘটনাটো ঘটি যাব পাৰে
আপুনি নজনাকৈয়ে কোনোবাই আপোনাৰ একমাত্ৰ পুত্ৰক অপহৰণ কৰি নি 
টকা দাবী কৰিব পাৰে
আপুনি নভবাকৈয়ে বিয়া দি
উলিয়াই দিয়া নুমলীয়া জীগৰাকী
শাহু-ননদৰ অত্যাচাৰত হঠাৎ ঘৰলৈ
গুছি আহিব পাৰে

একমাত্ৰ বিশ্বাসী লগুৱাজনে আপুনি
 নথকাৰ সুযোগতে আপোনাৰ
 সমস্ত টকা আত্মসাৎ কৰিব পাৰে
আপুনি নভবাকৈয়ে আপোনাৰ
মৰমৰ পত্নীয়ে আপোনাক এৰি
পৰ-পুৰুষৰ ওচৰলৈ গুছি যাব পাৰে
এনেকৈয়ে আপুনি নভবাকৈয়ে 
 ঘটনাবোৰ ঘটি যাব পাৰে
আৰু এই সকলোবোৰ দেখিও
কওঁ বুলি ভবা কথাবোৰ আপুনি 
গোপনে ৰাখিব পাৰিব নে?
———————————————————
অৰ্কেষ্ট্ৰা
ড° মঞ্জু  হালৈ

যিদিনা  প্ৰথমবাৰৰ বাবে তোমাৰ দুহাতত তুলি লৈছিলা
পৰিশ্ৰমেৰে শতচিহ্ন অযত্নপালিত মোৰ দুহাত
সিদিনা কথা কবলৈ দিয়া নাছিলা মোক কোনো অজুহাত

তুমি কৈছিলা মৌন ওঁঠৰ মোৰ সলাজ ফাঁকেৰে সুৰ সুৰ কৈ নামি আহিছিল মোৰ হৃদয়
আৰু নাচিছিল বাগাৰুম্বা তোমাৰ দহো আঙুলিৰ ভাঁজত 

মই নোকোৱা প্ৰতিটো শব্দই হেনো সৃষ্টি কৰিছিল এক অৰ্কেষ্ট্ৰা  ঝংকাৰিত কৰিছিল তোমাৰ হৃদয়ৰবীণ 
বাৰে বাৰে
তচ নচ  কৰিছিল তোমাৰ নাৰ্চিচাছি মনৰ ৰীতি সনাতন

আৰু 
আৰু সি আন্তৰিকতাৰ উমেৰে লাহ লৈ থিত লৈছিল তোমাৰ অন্তৰৰ নিভৃতত।
——————————————————
দলং এখনৰ কথাৰে...
ৰবিন কুমাৰ চেতিয়া

আকাশত তেতিয়া বেলিয়ে ঠেং মেলিছিল 
পোৱা নোপোৱা, দুখ বেদনাবোৰ 
সামৰি সুতৰি ভাগৰুৱা চকুবোৰে 
আপোন ঠিকনাৰ সপোন দেখিছিল 

কোনেও নেদেখাকৈ দুহাতমান দূৰতেই 
নিয়তিয়ে হয়তো হাঁহিছিল বেঁকা বেকিকৈ
এজাক ঘৰমুৱা হৃদয় উৰিব খুজিছিল
'মা কমলা'ৰ কোমল বুকুৰ 
বিশ্বাসৰ উম লৈ

চাই থাকোঁতেই লাহে লাহে লুইতৰ বুকুলৈ 
ধাবমান হৈছিল 'মা কমলা'
প্ৰাণৰ মমতাত চিৎকাৰ কৰা নিনাদত 
ঠৰ ঠৰকৈ কঁপিছিল নিমাতীৰ পাৰ 
মৃত্যুক নিচেই কাষতে দেখা পাই 
কম্পিত হৃদয়বোৰে কৰিছিল মাথোঁ 
জীয়াই থকাৰ দুৰ্বাৰ হাহাকাৰ 

নজনাকৈ থকা বহুবোৰ কথা
থাউকতে জনাজাত হৈছিল 

কোনোবাই হেনো এদিন কৈছিল 
দলং হ'লে চোৰ দগাবাজৰ 
টিঘিলঘিলনি বাঢ়িব 
লেতেৰা দেহাৰে ভগৱানৰ ঘৰবোৰ 
অশুচি হ'ব 

দূৰ্ভগীয়া আচলতে বাৰু কোন 
পোহৰ বিলাবলৈ অহা নতুন বতাহজাক 
নে দূৰৈত এৰি অহা আপোন ঘৰখন  নেদেখাজনক পাবলৈ দুহাত মেলি 
হিয়া উজাৰি দিয়া উশাহবোৰ 
নে মিছা প্ৰতিশ্ৰুতিত সপোন দেখা 
হেঁপাহৰ হাঁহিবোৰ 

বহুত শুনিলোঁ প্ৰতিশ্ৰুতিৰ বন্যা 
বহুত দেখিলোঁ ৰাজনীতিৰ নুবুজা মায়া 
লুইতৰ বুকুত বহুদিন ফুলিল 
ওখহা উফন্দা সুৰৰ গান
মৰণত শৰণ দি কেৱল মাথোঁ 
নিতৌ আহিছে গৈছে দুখুনী প্ৰাণ

হুমুনিয়াহ সাৱটি মহাবাহুৰ স'তে 
সদায়ে জলকেলি কৰিছোঁ 
এনেকৈয়ে আমি উন্নতিৰ জখলাত 
প্ৰতিদিন প্ৰতিপল জীৱন্ত মৃতক হৈ
দৌৰিছোঁ মাথোঁ দৌৰিছোঁ ...
———————————————
প্ৰেম
চয়নিকা ভূঞা

কথাবোৰ তেনেকৈয়ে আছিল
তেনেকৈয়ে 
বহু দিন বহু ৰাতি 
একাকাৰ হৈছিল কথাবোৰ 

নিষিদ্ধ বাটেদি 
খোজবোৰ আগুৱাইছিল
কেৱল 
আগুৱাইছিল 

সেই নিশা
নক'বলগীয়া বহু কথা
কথাৰ পাগত 

সময়ৰ অজুহাত
আৰু
ভালপোৱাৰ  হেজাৰ 
কাৰণ

ভালপাওঁ বুলি কোৱাৰ 
প্ৰয়োজনেই বা ক'ত
যদি উশাহে কঢ়িয়াই 
আপোনজনৰ নাম

আৰু এতিয়া
এৰাপৰীয়া বাটত
এটা জীৱন্ত
প্ৰেম কাহিনী  ৷
——————————————
শাওণ
মিনু ডেকা

শাওণ বুলিলেই ৰ’দে পোৰা পিতাইৰ 
তাম বৰণীয়া উৱলি যোৱা বনিয়নৰ ঘামৰ সুঘ্ৰাণ,
নাঙলৰ সীঁৰলুত প্ৰাণ পোৱা গাভৰু পথাৰ ৷

ৰ’দৰ চিঠিত  লিখা থকা পিতাইৰ সপোনৰ আখৰাত আইৰ হাতৰ পৰশত 
সোণত সুৱাগ চৰে ৷
গছী গছী ভুঁই  লানিকৈ
বোকা কোমল মাটিত গুজি 
আকুলতাৰে আঘোণৰ পথাৰৰ 
সোণগুটিৰ সপোন 
দুচকুত আঁকে ৷

শাওণৰ নীলিম আকাশত শুকুলা মেঘৰ সমাবেশ,
হাত মেলিলেই যেন 
চুই চাব পাৰি,
পোনচাতেই কৰপৰা জানো কলীয়া মেঘে মাদল বজাই
 আকাশ ধৰে ছানি ,
হুৰহুৰাই  বৰষুণ জাক 
পলকতে আহে নামি ৷
ঘনেঘনে আকাশৰ
কিযে ৰেহৰূপ ,
চিপ চিপ বৰষুণত ৰোৱনীৰ 
হাতৰ পৰশত লয়লাসে হালে জালে খোপনি পোতা ধাননিৰ
লিহিৰি পাত আকাশৰ সীমনা বিয়পি ৷

ৰিব ৰিব মলয়াৰ তালে তালে 
ৰৈ ৰৈ আহে ভাহি 
পকা বেলিটো মূৰত লৈ , ৰোৱনীৰ চুপতিৰ
খিলখিলিয়া হাঁহি ৷

আলিত বহি আই কোমল চাউলৰ জলপান মেলিলেই,
আঘোনা কাই ৰিঙিয়াই সোধে
দাইটি কিমান বাকী ?
পিতাই উকি মাৰি কয় ,
বেলি পৰাৰ আগতেই 
সামৰিম আজি ৷

এয়াই মোৰ পিতা
যুঁজি যুঁজি ভাগৰি নপৰা,
কত দুখ বুকুত সামৰি
বাৰে বাৰে মথাউৰি ভাঙি
তচনচ কৰা সপোনৰ সমাধিত
নকৈ সপোন গোঁজে
প্ৰত্যাহ্বান নেওচি ৷
————————————————          
আত্মীয়
ৰুমী দেৱী

আবেলিৰ ধৱল বৰণীয়া
আকাশে সোঁৱৰালে
সোণ বৰণীয়া হৃদয়ৰ সুবাস
শাৰদী জোনাকত জিলমিল
শেৱালিৰ গোন্ধ।
 
সুৰীয়া গধূলিত
সুৰৰ মূৰ্চ্ছনাৰে
সুশীতল প্ৰাণত
অগাদেৱা আয়ুসে
সুৰত সুৰ মিলালে।

চৰাইৰ কাকলিত
গছ-লতিকাবোৰে
হালিজালি
হেপাঁহৰ প্ৰাৰ্থনা
বসুন্ধৰা তুমি সুখৰ
বতৰা বিলোৱা।

স্বৰ্গীয় প্ৰাণে
দূৰ-সীমনাৰ পৰাই
আশিষৰে প্ৰাণ সঞ্ছাৰি
আত্মীয়ক সুকোমল সুবাসেৰে
কৰ্ম সংস্কৃতিৰ সাধক, ধাৰক, বাহক
কৰ্তা আমি অসমীয়া।
 ———————————————                
চিঠিৰ বাকচ
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ 

খালি পেটত হাত থৈ
সময় অসময় বহি থকা বুদ্ধত্বপ্ৰাপ্ত 
এজন সিদ্ধপুৰুষ;
প্ৰেম অপ্ৰেম স্বাদ বিস্বাদ 
সকলো একাকাৰ, 
এসময়ত  সোমাই ৰাখিছিল 
চকু মুদি গৰ্ভৰ সুদৃঢ় কোঠাত, 
এতিয়া খালি পেটত সুদা মাত
বিচাৰিলে খালি হাত;
নীলা খামৰ চিঠিখন
কাৰোবাৰ এতিয়া হা-হুতাশ ।
বিমৰ্ষ অৱয়বেৰে কৰ্কশ মাত 
তুমিয়েইতো নব্য সভ্যতাৰ বোকোচাৰ পৰা 
পিচলি পৰা ভগা চিঠিৰ বাকচ ।
================
নৈতিকতা
কুইন বৰা

উস ; কি অনুপম অলংকাৰ সদৃশ শব্দবোৰ
মূল্যবোধ, বিবেক, নীতিশিক্ষা আৰু ক'ত কি
এইবোৰে হেনো মানুহৰ জটিল মস্তিষ্ক
শুৱনি কৰি হৃদয়ত কপৌৰ বাঁহ সাজে। 

শিশু এটিয়েওতো অনমনীয় পথেৰেই
মেদিনীত প্ৰথম আচৰণৰ ডেউকা মেলে
বিচিত্ৰ জীৱন আগুৱাই নিয়াৰ অজুহাতত 
সিহঁতবোৰেও হাৰ মানি নমনীয়তাৰ আশ্ৰয় লয়।

আৰু তেতিয়াই আৰম্ভ হয় বহু ঘাত-প্ৰতিঘাত
আত্মকেন্দ্ৰিকতাৰ স্বাৰ্থত বুজন ক্ষমতাখিনিও
হেৰুৱাই পেলাবলৈ কোনেও কুণ্ঠাবোধ নকৰে
আৰু মৰমৰ অনুভৱবোৰ অবদমন কৰি
মাথোঁ সন্তুষ্টিৰ মনোগ্ৰন্থিত প্ৰচণ্ড আবেগ বয়।
———————————————
সময়ৰ প্ৰহাৰ
হিমাদ্ৰী দাস

বৰষুণৰ আচাৰণিত 
বতাহজাক নিতিতে !
টোপালবোৰ দো খাই পৰিলেও
ওজন নাবাঢ়ে শূন্যতাৰ ।

কোলাহলবোৰ বোবা হৈ পৰে কেতিয়াবা !

নিথৰ ৰাতিৰ জয়াল 
বাসনাবোৰ পিয়াহত মৰে...
উঁইচিৰিঙাৰ ভেঙুচালিত
শিলে এৰি নিদিয়ে কৰ্কশতা ....

তথাপিও ভাল লাগে নিবিড়তা ....

সময় পালে
আনি দিবা এমুঠিমান জোনাক ,
তাতেই আঁকি চাম সাঁচতীয়া সপোনৰ আঁকৰ।
———————————————
মই হেনো অৰ্দ্ধ আকাশ
ৰেখা বৰকটকী

অৰ্দ্ধ আকাশৰ নামত মই এক নিৰ্লজ্জ সত্য  !চৌপাশে মোৰ বিভৎস লালসাৰ কিৰিলি
মদমত্ত পুৰুষ প্ৰৱৰে
আজুৰি খায় মোৰ বুকুৰ মঙহ!
বাটৰ কাষে কাষে মই 
পিয়াপি দি ফুৰো
মোৰ দৰে আন কেইজনীয়ে
বৃদ্ধাশ্ৰমত  মনৰ সঙ্গীৰে ওমলে...

দুজনীমানে এপালি ঔষধ বিচাৰি হাঁহাকাৰ কৰে
এইয়া জানো আমাৰ সন্তানৰ কাম্য  আছিল! 

বিকৃত মগজুৰ উদ্ভট নিদৰ্শন ইযে!
মানৱতাৰ স্খলনে অন্তৰাত্মাত তোলে হুংকাৰ....
ময়োটো আছিলো কনমানি নাৰী  --- ৰহঘৰা পৃথিৱীৰ ক্ষন্তেকীয়া আলহী!

মোক অংকুৰতে বিনাশ কৰা হ'ল----মোৰ কি দোষ?
মই জানো মাতৃ উদৰৰ গোকাট অন্ধকাৰত কৰযোৰে
প্ৰাৰ্থনা কৰা  নাছিলোঁ?

মই হতভাগিনী মোৰ অস্তিত্ব  বিনাশ কৰা গৰাকীও যে নাৰী !!অভিভূত হও মই-----
মোকেই প্ৰতিষ্ঠা কৰে বেদীত
মোকেই উটুৱায় দূৰ্গন্ধ নৰ্দমাত!
হৃদয় মোৰ প্ৰশ্ন বাণে বিধৌত
এইয়াই নেকি পঞ্চ ইন্দ্ৰিয়ৰ ৰম্যভূমি 
য'ত মানৱৰ অবাধ স্বতন্ত্ৰ আচৰণ  ?

পৰোপকাৰ শিষ্টাচাৰৰ 
শ্ৰাদ্ধ পতা
তিৰস্কৃত মানৱৰ বক্ৰ দৃষ্টিত
ভূ-লুণ্ঠিতা মই অসহায় নাৰী...

হিতাহিত জ্ঞানশূণ্য কামুকতাত
ধৰাশায়ী মোৰ অনন্য চেতনা;
আত্মপ্ৰতিষ্ঠাৰ সয়ম্বৰ স্থলী
ইয়াতে মানুহ অমানুহ হয়,
মোৰ প্ৰাপ্য  ,মোৰ আৱেগ মোৰ সত্তা যেন আজি এক দূৰ্বোধ্য সাঁথৰ !

দয়া,ক্ষমা আন্তৰিকতাৰ আত্মহনন!
পঙ্গু বিবেকত জৰাগ্ৰস্ততা! স্নেহাসক্ত উন্মাদনাত পক্ষা ঘাত ৰোগ
দয়াহীনতাৰ বিষন্ন পাণ্ডুলিপিত মই এক শোকাৰ্ত হুমুনিয়াহ!
——————————————
সংকল্পধ্বনি
ৰমেন দাস
(প্ৰয়াত মন্দিৰা বৰ্মন [ ডাঙৰ বাইদেউ ]ৰ সজীৱ স্মৃতিত সমৰ্পিত ) 

তুমি গুচি গ'লা !
নে হৈছা সাজু 
ল'বলৈ এক নতুন সংকল্প

হেঁপাহ প্ৰবল 
জীয়াই থকাৰ 
পংকিলতাৰ এই সন্ধিক্ষণত

তুমি গুচি গ'লা
নে হৈছা সাজু যুঁজিবলৈ এক নৱ প্ৰত্যাহ্বানৰ
কিম্বা লৈছা পণ চিৰনিদ্ৰাৰ বোকোচা বিচাৰি কোনোবা অজান মুলুকলৈ...?

"কনকুৱেষ্ট"ৰ অপেক্ষাত হাতত নিচান লৈ
নেওচি সংসাৰ সমুদ্ৰৰ হেজাৰ হেঙাৰ
প্ৰত্যয়ৰে যুঁজি শৌৰ্য্য সঞ্চাৰি

ক্ষণ বিদাৰিলা
অনন্তধামলৈ বুলি !

চৌদিশে তুমি হাঁহিৰ অমিয়া ঢালিলা
সুপ্ত নে জাগ্ৰত হৈ
প্ৰতিশ্ৰুতিৰ জোলোঙা লৈ
আগুৱাবলৈ ল'ম পণ
শংখধ্বনি তুলি !

কিয়নো প্ৰতিশ্ৰুতি সকলোৰে কাম্য
আত্মা চিৰন্তন আৰু অবিনাশী
সৌৱা চোৱা----

সংকল্পই আনিছে বিজয়ৰ শাৰদী
বিদায়ৰ এই বেলাত
ৰথগামী তুমি
বাজিছেযে বীণা ...
——————————————
স্বাধীনতা
আজমিন চুলতানা 

কিমানে জানে আজি
এটি সৰু শব্দৰ 
গভীৰ আৰু বাস্তৱ সত্যতা 
তাৰ নাম স্বাধীনতা ?

যদি ইমানেই উত্তাল চৌদিশ 
মই স্বাধীন , মোৰ দেশ স্বাধীন এনে ধ্বনি 

তেন্তে কিয় আছে মোৰ দৰে হেজাৰজনৰ 
গুপ্ত মৌনতা ?
কিয় আছে দেশৰ জনতাই মনৰ ভাব ব্যক্ত কৰাত
ভয় , সংকুচ আৰু অনেক এৰা ধৰা ... ?
ইয়াকে কয় নেকি আজিৰ স্বাধীনতা! 
 ———————————————    
জিজীবিষা
গণেশ বৰ্মন 

সৃষ্টিৰ লাৱনি হাতৰ পৰশত
পলে-অনুপলে বাঢ়ি আহিছিল 
পথাৰ ভৰা সপোনৰ এমা-ডিমা
শাওণৰ জীপাল পথাৰ-
ঠন ধৰা পলসুৱা জীৱনৰ আগমণি
ক্ৰমে-অনুক্ৰমে গভীৰলৈ প্ৰোথিত
ভালপোৱাৰ সেউজ শিপা।

ৰ'দৰ প্ৰখৰতা , বৰ্ষাৰ তীব্ৰতা ,
ধুমুহা-তমসাৰ টনাটনি , এৰাধৰা
এনেকৈয়ে নিৰন্তৰ  যাত্ৰা--
জীৱনৰ ডৰিয়লিত সপোন-দিঠকৰ ছয়া-ময়া
দিনৰ পিছত ৰাতিৰ চঞ্চলতা

জীৱনৰ শিপাই খামুচি আছে বোকা
যি বোকাত আছে পদুম-স্নিগ্ধ সুবাস 
জয়-পৰাজয় , সুখ-দুখৰ পৰিধিৰ সিপাৰৰ
জীৱনৰ অভিধা--
বোকাৰ পদুম জিজীবিষা।
———————————————  
মই আহত হৈছিলোঁ তোমাৰ হাতত
ৰিজুমণি দেৱী   

মই আহত হৈছিলোঁ তোমাৰ বাণত
যিমান দুখেই দিয়া 
যিমান  জ্বলাই দিয়া 
বহন কৰিব পাৰো মই সেই দাহন,
চন্দ্ৰ সূৰ্যৰ পৰা আহৰণ কৰিছোঁ মই
 সেই সৌৰ শক্তি।
সেই বাবেই আজি মই সুখী

হাজাৰ আন্ধাৰ নেউচি
আহিলো বাটকুৰি বাই
এতিয়া যে একো দুখেই চুই 
মোক মোহাৰিব নোৱাৰে।

তুমি সুখী হ’বা এই কথা জানি।
মই কত বিনিদ্ৰ ৰজনীত
পান কৰিছো সেই বিষ
কিমানটা পুৱাত খোজ দিছোঁ 
তপত বালিত 

বিষৰ টোপোলাত এতিয়া মই ভৰাই থওঁ
অমৃতৰ নদী।
এতিয়া যে মই হ’লো দূৰন্ত সাহসী
সময়েই  মোক শিকালে 
জীৱন জীয়াৰ কৌশল।
অস্ত প্ৰহৰৰ ৰাতি শেষ হৈছিল 
তোমাৰ  গোলাপৰ দৰে 
সুগন্ধি সংলাপ ।

সময়েই আনিলে সেই সংলাপ 
পুনৰাই এবাৰ।

বন্ধু মই এতিয়া 
ভৰিত নুপুৰ পিন্ধি খোজ কাঢ়ো
প্ৰতি  পুৱা ।
———————————————
আত্মকথন
হিমাজ্যোতি তালুকদাৰ

প্ৰকাশ নকৰিলেও নাই
মই জানো 
তোৰ দেহত ৰক্তৰ দৰে প্ৰবাহিত হৈ থাকে মোৰ সুবাস 

মৰমবোৰ কুঁৱলীৰ দৰে বিয়পে
পানীৰ টোপাল নহয়

তুমি মই বেদুইনৰ দল। 
——————————————  
কেনে আছা
হৃদয়ানন্দ শিৱম

কেনে আছা অনামিকা কুমাৰী
নৈৰ দৰে আছা নে
জোনাকৰ দৰে !

তুমি নৈ দৰে হোৱা
মই জোনাকৰ দৰে হ'ম
সিঁচি দিম ভালপোৱাৰ বীজ যুগে যুগে
তোমাৰ প্ৰতিটো দুখৰ হুমুনিয়াহত ।

মোৰ হৃদয়ত গজি উঠা তুমি এপাহ ৰঙা গোলাপ
অচিনাকি অথচ চিনাকি সুৱাস ।

হেল্লো ! অনামিকা কুমাৰী
তুমি হৃদয়ৰ পৰা ধুনীয়া বাবেই
মই তোমাৰ প্ৰেমিক ।
বৰষুণ আহিলে
তোমাক ছাতি কেতিয়াও উপহাৰ নিদিও
ছাতি থাকিলে বৰষুণৰ প্ৰেম নাথাকে ।

কেতিয়াবা বৰষুণত তিতিম
তোমাৰ দুহাতৰ ধৰি খোজ কাঢ়িম
আৰু ক’ম
 "হে পৃথিৱী মোক আৰু একো নালাগে
মই মোৰ আকাশ খন পায় গ’লোঁ ।"

মোৰ আকাশত 
জোন তৰা বৰষুণ সকলোৱে আছে 
মোৰ পৃথিৱীৰ মই শ্ৰেষ্ঠ প্ৰেমিক ।

তুমি 
মোৰ হৃদয়ত প্ৰৱাহিত 
শিৰা উপশিৰাৰ প্ৰতিটোপাল তেজ 
আৰু মই হৈছো সেয়ে তেজৰ এজন জীয়া মানুহ।
——————————————
মাজুলী তই কিমান কান্দিবি
ৰাজেশ কুমাৰ নন্দী

বৰ লুইতৰ বিশাল বুকুত চকুলোৰ সহস্ৰ ধাৰা
তই বোৱাই দিলি মাজুলী
কিন্তু...
তোৰ চকুলো মচিবলৈ আহৰি যে নাই কাৰোৰ
যুগ যুগান্তৰ ধৰি তই কেৱল অপেক্ষাতে থাকিলি
তোৰ বুকু ভেদি যোৱা বৰ লুইতত 
এখন মাথোঁ সাঁকোৰ বাবে
উচুপি উচুপি তই মৌন হৈ গ'লি
ঠিক নিমাতী কন্যাৰ দৰে

ৰজাঘৰে প্রতিশ্রুতি দিয়ে
আৰু তই নিলাজৰ দৰে শুন
তই আশাত থাক
আৰু সিহঁতবোৰে তোক ভোটবেংকৰ ৰাজনীতিত আঁকোৱালি ল'লে
এয়া যে তই নুবুজা সাঁথৰ মাজুলী
যাৰ উত্তৰ তই হয়তো নেপাবি

তই চকুলোঁ টুকি থাক
তই বৰ লুইতৰ বুকুৰ মাজত
হাজাৰজনী পৰিমিতাৰ মৃত্যুৰ সাক্ষী হৈ থাক
সাকোঁ কিন্তু তই নেপাবি মাজুলী
কলিজা ভেদি চিঞৰি চিঞৰি কান্দিলেও
অকাল মৃত্যুৰ কোলাত ঢলি পৰা নিথৰ দেহৰ দম বান্ধিলেও
তই তোৰ প্রাপ্য সাকোঁখন নেপাবি 
তই দুৰ্ভগীয়া , তোৰ দুখৰ পৰিধি
বৰ লুইততে সমাধি ল'ব 
পৰিমিতাৰ দৰে।
———————————————————
জলস্তম্ভ
যোগেশ্বৰ লাগাছু

গা পোৰা ৰ'দে ঢলি পৰা
সন্ধিয়াৰ আকাশত
জলস্তম্ভ গজে 

শাওণৰ জুই যেন ৰ'দ নেউচি
শস্য সোণোৱালীৰ সপোন দেখা
জীৱন সীঁয়ন দি থকা বালিমাহীৰ
ডেও পাৰি থকা বুকুত 
দীঘলকৈ উশাহ আহে 

অদ্ভুত গৰমতো...
ৰাতিবোৰ মধুৰ হৈ উঠে
ফিউচ হৈ উষ্ণ হৃদয়ৰ তাৰ
মন ফুলনিত জোনাকীয়ে খেলা কৰে 

বৰষুণৰ নাট্যভিনয় হওঁক
অথবা বাস্তৱ অভিনয়
পানী গছা দেখিলেই
হুমুনিয়াৰ বিপৰীতে মন
পখি গীত জুৰে

নীলিম আকাশৰ একোণত
জলস্তম্ভবোৰ জী থাকক বট গছৰ দৰে
সৌন্দৰ্য্যৰ ভাস্কৰ্য চিত্ৰকল্প হৈ
চিৰদিন
চিৰকাল ।
———————————————
তোমাৰ নামৰ এজাক অমল বৰষুণ
গিৰিজা শৰ্মা 

শাওণ শুকালে আওমৰণে মৰে কোন
মুঠি মুঠি কঠিয়া শুষ্ক কৰুণ 
সৃষ্টি চৰাচৰ
তৃষ্ণাতুৰ মাটি
চাতক চাতক
শাওণ শুকালে ধৰিত্ৰী শংকিত
কাংক্ষিত প্লাৱন কল্পনা ৰহিত

মেঘৰ দেশলৈ উৰি যায় সেউজীয়া
হাতে হাতে শুকান কলিজা
দিনবোৰ অদিন অভজা
কথা দিয়ো কিয়নো নাহিলা
পথত পালা নেকি পপীয়া তৰা

বিজুলী বজ্ৰপাত অথবা ধুমুহা
ভয় মোৰো লাগে জানা 
নিমাখিত প্ৰাণ
সোঁৱে-বাৱে
আৰ্তনাদৰ ঐক্যতান
তুমি অনিৰ্বান
আশীর্বাদ অম্লান
তোমাৰ নামৰ
এজাক অমল বৰষুণ
তিতি আছে 
তিতি থাকে
জন্মান্তৰৰ জোন।
———————————————
ফল পকাৰ বেদনা
ৰিংকু সমাদ্দাৰ

মোৰ ভাড়াঘৰৰ চৌহদৰ লিচু গছজোপাত
লিচুবোৰ ডাল ভৰি লাগি
লমা লমেকৈ পকিবলৈ ধৰিছে।
বাৰীখনত চৰাইবোৰৰ কলৰৱ

এদিন এজনী চৰায়ে কনমানি পোৱালিকেইটাক ক'লে
সিহঁতে কেইদিনমান খাদ্যৰ বাবে
আৰু চিন্তা কৰিব নালাগে।
মোৰ ভাড়াঘৰৰ মালিক আজি বজাৰলৈ গৈছে।
জাল এখন কিনিবলৈ।
জালখন কিনি আনি তেওঁ লিচুজোপাত
মেৰিয়াই বান্ধি দিব,
জানোচা চৰাইবোৰে ফলবোৰ খালে
তেওঁলৈ কমি যাব!
চৰাই পোৱালিকেইটাইতো নাজানে
পকা পকা ফলবোৰ সিহঁতে দূৰৈৰ পৰাই
চাই থাকিব লাগিব...!

[ৰচনা আৰু প্ৰচাৰ কাল ৩ ডিচেম্বৰ, ২০২০
All India Radio, Guwahati যোগে সম্প্ৰচাৰিত কবিতা।পুনৰ সম্প্ৰচাৰ ১৮ জানুৱাৰী, ২০২১]
———————————————
চানেকি
অশ্ৰুসীমনা

উৰুঙা বতাহজাকে ৰাগিনী তুলিলে, 
আকাশৰ তলত বহি জোনাক চোৱাৰ বয়স এইয়া। 
নৈখনত এতিয়া বাঢ়নী পানীৰ ৰোল।
ল'ৰালিৰ সাঁকোৰ ৰং লাগিছে। 
জপনাখনত ঘূনে ধৰিছে, 
আইয়ে কৈছে এইবাৰ ভদীয়া বানৰ কোবাল ঢৌ  ! 

ৰাতিৰ তৰা লেখি তাই টোপনি যায়। 
মুধছেৰে জোনাক সৰিলে জিলিকি ৰয় তাইৰ নিমজ গাল। 
নাওখন যতনাই থ’বি অ’… 

মাজৰাতি এইয়া কাৰ চিঞৰ, 
বানে মুধছ  চুলে, 
সপোনবোৰ  মুধুছৰ সমানে ওখ নেকি আই?

পিতায়ে  কয় সপোন বোৰ আকাশৰ দৰে বিশাল। 
বৈ যায় নদীৰ দৰে মোহনালৈ।
তাই চায় ৰয় আকাশলৈ 
কোনো পৰিধি নাই, সুবিশাল আকাশৰ। 
মৌন হৈ ভাৱে আমাৰচোন জীৱনৰে ঠিকনা নাই। 

———————————————
অমাতৰ মাত
ৰাজীৱ দত্ত

ৰং হালধীয়া  চৰাই বিনন্দীয়া
মাত অমাতৰ মাত ৷

দেখুৱাই যা তই 
ৰঙীন সপোনৰ
অবাটৰ বাট 
মাত তই অমাতৰ মাত ৷

কজলা মেঘৰ আঁৰত তোৰ
অজলা ৰূপ
কিয় মাত অমাতৰ মাত৷

মায়াত বন্দী জীৱন 
বিচাৰো আকালত এমুঠি ভাত
মৰমৰ এষাৰি মাত ৷

তই কোন অজ্ঞাতকুলশীলৰ জাত
মাত  অমাতৰ মাত৷
———————————————
জোনাক 
হিয়া দাস

সন্ধিয়াৰ  আকাশত
অধিকাৰ খটুৱাই 
বীৰৰ দম্ভত  মত্ত হৈ 
মধ্যম নিশাৰ আকাশত 
গলি গলি শেষ হোৱাৰ  
দৰদ 
তুমি কি বুজিবা অ' মনেতৰা।
———————————————
শব্দৰ আঁত বিচাৰি
পম্পী দেৱী

শব্দবোৰক সজাও বুলিওচোন সজাব নোৱাৰি
শব্দবোৰৰ আঁত হেৰাই
কবিতাবোৰ লিখোঁ বুলিওচোন লিখিব নোৱাৰি
অনুভৱৰ দলিচা উদঙাই
উকা কাগজৰ টুকুৰাবোৰক ভাষাৰ লালিত্যৰে
উপচাই পেলোৱাৰ হাবিয়াসত
ময়ো হেৰাই যাওঁ মাজে মাজে
এটা আধৰুৱা কবিতাৰ প্ৰেমত
নতুবা বিচাৰি চোৱাৰ প্রয়াস কৰোঁ
নিৰ্বিকাৰ সময়বোৰক।
———————————————————

বন্ধু , বিচাৰিছোঁ দুটোপাল তপত অশ্ৰু
আৰিফা হুচেইন বৰা

JUST TWO TEAR-DROPS  --- WORTH A CRY ! 


ফেঁকুৰী উঠিলোঁ মই 
এসোঁতা লোতকে দুচকু তিয়াই গ'ল।
মোৰ আইক হেৰুৱাৰ শোকৰ বাৰ্তা
ভিডিও কলিঙেৰে দিলোঁ তোমাক। 

ভাঙি পৰা কলিজাত মোৰ ,
নিৰ্মম আঘাট লেপি ,
চিকেন বাৰ্গাৰটোত যেতিয়া
চুমুক দিলা তুমি
তীৰ্য্যক চাৱনিৰে চাই ৰৈছিলোঁ তোমালৈ !
হাহাকাৰ কৰিছিল মোৰ হৃদয়ে ,
তোমাৰ এই কামোৰটোত আত্মীয়তা বিচাৰি।

খন্তেকলৈ ৰোৱাচোন বন্ধু।
তোমাৰ চাৱনিত বিচাৰিছোঁ মই ,
আইৰ বাবে অলপ সঁচা সহানুভূতি।
দুটোপাল তপত অশ্ৰু...

মোৰ আই চিৰদিনলৈ হেৰাই গ'ল !
যাৰ কোলাত তুমিও জিৰাইছিলা বহুবাৰ।
সৃষ্টিৰ আদিপাঠো তোমাক 
মোৰ আইয়ে শিকোৱা।

এই মৰমৰ ঋণ সুধিবলৈ
সান্ত্বনাৰ এধানি বীজ সিঁচা বন্ধু ,
শব্দটো থাকে যে এক অটুট শক্তি।
অভিনয়েৰে হ'লেও
প্ৰেম , প্ৰত্যয় আৰু বিশ্বাসৰ
নিৰঙ্কুশ আখৰা কৰিবলৈ শিকা বন্ধু ।

Even if just a play ... 
Of affection , care and trust ...
Cannot the act be made to look real ?! 
With just two tear-drops --- worth a cry !
———————————————————
পথাৰ
নিৰুপমা মজুমদাৰ

পথাৰ সঁচাকৈ এক অবুজন 
আশাৰঞ্জক মনোমোহা সপোন 
য’ত দিঠকত পোৱাৰ ৰূপালী কিৰণ 
সুৱদি সুৰীয়া সোনোৱালী ৰুণ ৷ 

কিৰিলিয়াই দুখৰ ভাগৰত 
ইটোই সিটোক সুখলতাৰ আমেজত 
পৰাণ জুৰাই আগবঢ়াৰ সম্বলত 
হেঁপাহৰ পথাৰখনত সেউজ সুৱাগত ৷

তাতেই মনপৰশা উশাহে নাচে হিয়া জুৰাই  
প্ৰকৃতিৰ অপৰূপ কামনাৰ ৰঙত ৰং লগাই 
দুৰুদুৰু মন বাসনাৰ কল্পনাৰ লহৰত ঢৌ খেলাই 
ভাৱনাৰ কাৰেংত সুখৰ সৰগ ভৰাই  ৷
—————————————————
সময়ে সময়ে কৈ যায়
ৰীণা শৰ্মা 

তই ভূমিষ্ঠ হোৱাৰ সময়তেই
খোল খাইছিল মোৰ
সাঁচতীয়া
পেৰাৰ তলা।

অভিমানত তিতি উঠিছিল
মোৰ ডাৱৰে আৱৰি ৰখা আকাশ 
ৰাখিছিলোঁ গোপনে  সাঁচি এটোপোলা
হৃদয়ৰ সেউজীয়া সপোন।

এতিয়া , মাজে মাজে অনুধাৱন হয়
তই যেন এখন অহংকাৰী পাহাৰত
খুন্দা খাই থৰক- বৰক হৈ পৰিছ।

দুভাগ ৰাতি মই অচেতন হৈ পৰো,
যেতিয়া সপোনবোৰে  মোৰ কাণৰ পৰ্দা
স্পৰ্শ কৰে ।
কলমটোৱেও উকা কাগজখনৰ ওপৰত
কঁপি কঁপি ক'ব খোজে,
তই এতিয়া আপোনপেটীয়া হ'লি।

ভূমিষ্ঠ হোৱা পৃথিৱীখনকেই নৰক সঁজালি।

পৃথিৱীখনেই যেতিয়া  পাতাললৈ যাব
তেতিয়া বুজিবি ।
পাৰিবি জানো তেতিয়া পাতালৰ পৰা
উদ্ধাৰ কৰিব? 
বাঃ বাঃ ল'বলৈ বেছি সময় নালাগিব।
পৃথিৱীখনে তোক ক'ব খোজে-
কান্ধত নলবি উঠাই, তই ভৰত দুখ পাবি।
অনাহাৰেও থাকিব নালাগে,
 ভোকত কষ্ট পাবি,
বস্ত্ৰ পৰিধান নকৰাকৈও নাথাকিবি,
ঠাণ্ডা লাগি নৰিয়াত পৰিবি।
তই নৰিয়াত পৰিলে পৃথিৱীখনে
বৰ কষ্ট পাব অ' ।

সময়বোৰে কৈ যাব খোজে-
পাৰ যদি বৰষুণ জাক  নাহোঁতেই
অহংকাৰী পাহাৰখন চাফা কৰি লবি।
——————————————————
ভালপোৱা
পপী ডেকা

মই ক'লোঁ-ইমান আন্ধাৰ!

তেওঁ তেওঁৰ চকুলৈ চাবলৈ দিলে
পোহৰৰ নৈ এখন দেখিলোঁ

মই ক'লোঁ-ইমান অসহায় যেন লাগিছে!

তেওঁ তেওঁৰ হাতখন আগুৱাই দি
মোৰ হাতখনত সাবটি ধৰিলে
সাহসৰ বাট এটি পালোঁ

মই ক'লোঁ-ইমান হতাশা!

তেওঁ তেওঁৰ বুকুলৈ চপাই নি 
উশাহৰ স্পন্দন শুনিবলৈ দিলে

প্ৰতিটো স্পন্দনৰ শব্দত 
হতাশা নোহোৱা হোৱাৰ অনুভৱ  কৰিলোঁ।
———————————————————
এটি অচল যন্ত্ৰ
ৰঞ্জিতা হাজৰিকা চেতিয়া 

ঘূৰ্ণীয়মান ধুমুহাৰ
কোবাল সোঁতত
ডেউকা কোবাই কোবাই
আচম্বিতে আহিল 
এটি কাল ক্ষণ

আৰু সেই ক্ষণৰ 
ভয়ঙ্কৰী কৱলত ঠেকা খাই
সপোন দেখা আৰ্চী এখন
ঝনঝনকৈ ভাগিল
মোৰ মানস পটত

ৰৈ ৰৈ ভাঁহিল 
মৰণ কাতৰ এখনি ছবি
বিধাতাৰ বিধি পথালিত 
নিমিষতে গ'লগৈ উটি 
সুখৰ গীত গোৱা
এটি নিমাখিত পখী

ম‌ই চাই থাকিলোঁ 
মাথোঁ এটি 
অচল যন্ত্ৰ হৈ...
———————————————————
কথাবোৰ সঁচা হোৱা হ'লে
পাৰিজাত বৰুৱা

সকলো কথাই সঁচা হোৱা হ'লে
যেনেকৈ সকলো ঘটনাই 
নিৰ্দোষ চোলা এটা পিন্ধে
কাকো সুধি নঘটে ।
তৰাং আছিল নেকি ঠাইখন
 নে জলাহ অৰণ্য 
য'ত অকলে ওপজিল কথাবোৰ
কথাবোৰে কথকৰ ওঁঠত গা ধুই 
তোমাৰ ওচৰ পোৱালৈ 
কিয় ইমান লেতেৰা হয় 
দোষৰ চোলা এটা পিন্ধি নে পিন্ধোৱা বাবেই ?
কেতিয়াবা কথক আবদ্ধ হয় লোৰ কুঠলিত
কথাবোৰক বৰণ সলাই , ৰহন চৰাই
মেলি দিয়া হয় বতাহত ।
সত্যৰ সদায় জয় বোলা কথকৰ মৃত্যুটো
হাঁহিছিল আন এটা সত্যই 
আঁজুৰি খাইছিল নিৰ্দোষ ফল 
কালৰ বুকুত লিখিবলৈকে দুৰ্নাম নে সুনাম 
নে কথানদী হৈ বৈ থাকিবলৈ ?
---------------------------------------------------------------
এটি সপোনৰ উক্‌মুকনি
প্ৰতিমা বুঢ়াগোহাঁই 

এটি অনামী সপোনে
অগা-দেৱা কৰিছে
শৰৎ অহাৰ উমান লৈ ৷

দুখৰ নিৰলা পঁজাত
সুখী হোৱাৰ
সপোন ৰচিছোঁ
বেদনাবোৰ একাশৰীয়া কৰি থৈ ৷

আশাৰ পানচৈত উঠি
বাট বুলিছোঁ 
এমুঠি সুখৰ সন্ধানত ৷

দুহাত মেলি আঁজুৰি 
আনিব খুজিছোঁ
বৰ আকুলতাৰে
পুৱতি নিশাৰ 
আধাফুটা সপোনবোৰ ৷
———————————————————
কথা মালিতা 
অপূৰ্ব ভূঞা

কথাতেই বঁটা, কথাতেই গটা
কথা জুই, কথা শীতলতা

কথা ৰ’দ-বৰষুণ
জোনাক অথবা ধুমুহা

কথা সাকোঁ, কথা অথাইসাগৰ 
কথা গান, সংলাপ কিম্বা মালিতা প্ৰেমৰ 

কথা মান- অভিমান
বুজিও নুবুজা সাঁথৰ

কথা ফেন্ট্যাচি কল্পনা বিলাসৰ
কথা নিৰ্ভয় সপোন জীৱন বাটৰ

কথা পশুৰ মাতত, পখীৰ গানত
কথা বধিৰ প্ৰস্তৰত 

কথা কোলাহলত, কথা নিৰ্জনতাত
নোকোৱা কথা কিছু থাকে চন পৰি হৃদয়ত ৷
——————————————————
নিসংগ যাত্রা
পৃথক কলিতা
 
যোৱাৰ পৰত তোমাক
মাত এষাৰ নিশ্চয় দি যাম
খিৰিকীৰ কাষত বহি
তুমি ৰৈ থাকিবা
মই ইয়াতকৈ তোমাৰ পৰা তিলমানো নিবিচাৰোঁ
মোক নুসুধিবা মই
ক’লৈকে গৈ আছো
য’লৈকৈ যাব বিচাৰো
মোক চিনি নাপাওঁক নেদেখক
ইচ্ছা থাকিলেও নোৱাৰিলোঁ
মই যে সপোন দেখো
কাৰোবাক বিচাৰি ফুৰিছোঁ
মাজে মাজে আগবাঢ়ি গৈ আছো
কেৱল শব্দবোৰ বিচাৰিছোঁ
উত্তৰ পামনে.....?

হাতৰ পৰা নিমিষতে
সৰকি যায় শব্দ।

মোৰ ঘৰ নাই
নিজ ইচ্ছাৰে সাজিব নোৱাৰো
এটা প্ৰকাণ্ড ঘৰ
নিজ ইচ্ছাৰে মুকলি পথাৰত
বিচৰণ কৰিব নোৱাৰো
উচপিচাই আছো
মোক টানি নি আছে
উভতিব খুজিও পৰা নাই উভতিব
ইজনে সিজনৰ কান্ধত ধৰিছোঁ
বুকুত খামুচি ধৰিছে দুখ 
মই ক’লৈকে গৈ আছো? 

মোৰ এই নিসংগ যাত্রাত
আকাশৰ পৰা খহি পৰে
এচপৰা জোন সংকলিত শব্দ।
———————————————————
দিঠক-যাত্ৰা
মধুস্মিতা চমুৱা বৰুৱা
 
গৈ থাকিলোঁ আগলৈ
লগবোৰ উভতিল কেতিয়াবাই

কোনোকালে শেষ নহ'ব বুলি ভৱা যাত্ৰাৰ একমাত্ৰ আৰু নিশকতীয়া যাত্ৰী মই
 
গৈ থাকিলোঁ আগলৈ
গৈ থাকিম এনেকৈ
স্বীকাৰ নকৰি নোৱাৰো
এতিয়াও মোক এৰি উভতা নাই লগবোৰৰ অশৰীৰী।

কথা নাই আজি ৰ'দৰ নে বৰষুণৰ দিন
চোৱা নাই আকাশ মলীন নে মুকলি
অনুভৱো কৰা নাই এয়া চকুৰ পানী নে ঘাম 
ইয়াতকৈয়ো কঠিন বাস্তবত জী আছে পৃথিৱী !
———————————————————
শৰৎ 
ৰঞ্জনা দেৱী
  
     
স্নিগ্ধ জোনাকৰ আঁৰে আঁৰে
মেঘমল্লাৰ নাচোন।
কঁহুৱা কোমল ঘাঁহনি ডৰাত
উষাৰ ৰাঙলী সাজোন।

চোতালত বালিমাহীৰ অবাধ বিচৰণ।

শেৱালি ফুলৰ দলিচাত পৰি ৰয়
নিয়ৰৰ অলেখ মুকুতা। নানা ৰঙী ফুলৰ সমাহাৰে
প্ৰকৃতিৰ বুকুত বিলাই দিয়ে
 সুখ, শান্তিৰ অনাবিল নিজৰা।
———————————————————
অচিনা অনুভৱ 
ৰুমী সেনাপতি ভূঞা 

মৌন হৃদয়ৰ দৰদী অনুভৱ ,
অপ্ৰকাশ্যেই দুনয়নত প্ৰতিফলিত হয় --
দাপোন যেন স্বচ্ছ হৃদয়ৰ পৰিভাষা !

বিশ্বৰ প্ৰান্তে প্ৰান্তে গুঞ্জৰিত ,
একে হাঁহি - একে কান্দোন ।
আনন্দ -- বিষাদৰ স্বতঃস্ফূৰ্ত ভাষা ,

সুউচ্চ পাহাৰৰ চূড়াই চূড়াই ,
ঠেকা খাই বতাহত প্ৰতিধ্বনিত হয় ,
অচিনা -- অজানা কতনা অনুভৱ !

নিৰ্জন প্ৰান্তৰতো প্ৰস্ফুটিত 
নিভাঁজ -- সৰল এখনি জীয়া ছৱি ,

আৰু ভৈয়ামৰ বৰলুইতখনিত  !

তাতেই প্ৰতিফলিত হয় 
প্ৰাপ্তি-অপ্ৰাপ্তি , ভঙা গঢ়াৰ ,
কতনা কিংবদন্তী ইতিহাস  !
বাৰিষা -- খৰালিৰ অঘোষিত ভিন্নতা  !
———————————————
মোৰ জীৱন সংগী
ভগদত্ত ডেকা 

সুখে দুখে
কোনে লিখে
জীৱন জীয়াৰ গান

সঁচা ভালপোৱা
হিয়া দিয়া নিয়া
যাৰ বুকুত আছে
যত মান-অভিমান
লগে ভাগে তেওঁৰ স'তে
প্ৰীতিভৰা হৃদয়েৰে
গাওঁ জীৱন জীয়া গান
তেওঁ মোৰ জীৱন সংগী
যি মোৰ কলিজাৰ সমান ।
———————————————
কাবুলৰ বিননি
সমীৰণ বৰা 

বন্দুক বাৰুদ, হত্যা হিংসা 
আৰু তালিবান ;
বধ্যভূমিত পৰিণত কাবুল। 
সেউজীয়া পৰ্ব্বতৰ কোলাত
নিৰবে  ওমলা শিশুহতে 
হেৰুৱাই পেলাইছে জীয়াই
থকাৰ জীৱনৰ ছন্দ। 
বোৰ্খাৰ মেৰঘৰত কাবুলি
নাৰীৰ তেজৰ চকুপানী।
 
দুভৰিত  পিন্ধাই দিয়া হৈছে
দাসত্বৰ শিকলি । 
হয়তো স্বাধীনতা সুদূৰ গৰাহত। 
হেজাৰজন আফগানিয়ে চকুলো টুকি, এৰি থৈ
আহিছে নিজৰ জন্মভূমি। 
সংস্কৃতিৰ বৰঘৰত লাগিছে জুই 
প্ৰাণদণ্ডৰে দণ্ডিত 
আজি শিল্পী_সাহিত্যিক। 

হে বিশ্ব উদ্ধাৰ কৰা
মানৱতাৰ বধ্যভূমি।
———————————————
যাম এদিন তোমাৰ চহৰলৈ 
অঞ্জনা শইকীয়া

এদিন যাম তোমাৰ চহৰলৈ
আৰু চহৰখনক  সুধিমগৈ তোমাৰ খবৰ !
চহৰখনৰ আলিয়ে-গলিয়ে গৈ সুধিম
"এইফালে তেওঁ আহেনে ?
মোৰ অবিহনে তেওঁ বাৰু সুখীনে?"

সুধিম আৰু বহুত কথা !
বতাহক সুধিম "উৰেনে বাৰু তেওঁৰ কপালৰ চুলিবোৰ তোমাৰ পৰশত!"

দুপৰক  সুধিম- "তেওঁ বাৰু গৰমত ঘামে নেকি?"
ইত্যাদি,,, ইত্যাদি বহুত খবৰ ল’মগৈ‌।

আবেলিটোক সুধি আহিম-
"তেওঁ আজি-কালি ঠিক সময়তে আবেলিৰ চাহকাপ খাইনে বাৰু?"
তোমাৰ ঘৰমুৱা বাটটোক সুধিম-
"আজি দুপৰীয়া তেওঁ ভাতখাবলৈ গৈছিলনে বাৰু?"

অহাৰ পৰত কৈ আহিম-
বাটৰ কাষৰ সেউজীয়া বোৰক 
"তোমালোকক তেওঁ বৰ ভাল পায়
তোমালোকেও তেওঁক মৰম দিবা দেই!"

যাম এদিন তোমাৰ চহৰলৈ
তোমাৰ খবৰ ল’বলৈ !
———————————————
বিষন্নতাৰে  ভৰা গধূলি
জোনমনি বৰা 

বিষন্নতাৰে ভৰা গধূলি
মনতে অনেক পহেলী
জীৱন বোধৰ এখন 
চয়া ময়া ছবি ৷

কি পালোঁ কি হেৰুৱালোঁ
খতিয়ানত বাৰে বাৰে 
লাগে আউল ৷

তথাপিও নোপোৱাখিনি 
পোৱাৰ স্বাৰ্থতেই
সদায় নিজকে নিয়োগ কৰোঁ
আশা আৰু আকাংক্ষাত
ওলমি ৰও ৷
———————————————
স্বপ্ন পুৰী
তিলো বৰা ৰাজখোৱা

ঋতুৱে ঋতুৱে ফুলে
ভিন্নৰঙী মনোমোহা  ফুল 
হৃদয়ে হৃদয়ে বাজে
অভিনৱ সপ্তসুৰ ।
প্ৰাণৰ প্ৰতিমা সাজি
সাজি- কাচি লয়লাসে
কোনে বাৰু আগুৱাই 
কোন তেওঁ  স্বপ্ন বিভোৰ ?

সপোনৰ  জখলাৰে
স্বৰ্গৰ অমৃত বিচাৰি 
অহৰ্নিশে বাট চাই 
বিচাৰি জীৱন- মাধুৰী ।

দাপোনত মুখ চাই
অপৰূপ সৌন্দৰ্য্য সুধা
আওঁৰাই গীত এটি
কবিতা কবিতা  ল'গা ,
প্ৰাপ্তি- অপ্ৰাপ্তিত কোনো খেদ নাই
হাস্যবদনে ফুৰে সপোন ধিয়ায় ।

আকাশৰ বিশালতাক 
বুকুত সাবটি লৈ 
গজেন্দ্ৰ গমন যেন
হিমালয় সম উচ্চ শিৰ ;
আৱাহন সংগীতৰ তালে তালে 
দেউ দি দেউ দি নাচে
মৰীচিকা খেদি খেদি হৃদয় ব্যাকুল ।
 
দিঠক সকলো মিছা 
মায়াৰ বান্ধোন 
সাতোৰঙী ৰামধেনুৰ চকামকা খেল, 
মানৱতাৰ ঢাকঢোল 
প্ৰতাৰণাৰ ইন্দ্ৰজাল 
অনভিজ্ঞৰ আঙুলিৰ মূৰত
ঘূৰ্ণীয়মান জীৱনৰ ৰথ ...
স্বপ্ন পৰীয়ে সেয়ে দুপাখি কোবাই 
 স্বপ্ন পূৰী ভ্ৰমিবলৈ যায়।
 ——————————————
প্ৰেম
টনজিৎ বৰুৱা

কেতিয়াবা যৌৱনৰ  দুৱাৰদলিত
কেতিয়াবা যৌৱনৰ মাজমজিয়াত
আৰু কেতিয়াবা পশ্চিম যৌৱনত ৰিঙিয়াই যায় 
সংগোপনে আহি অজানিতেই

আৰু কেতিয়াবা হৃদয় বিছাৰি যায়
সুমধুৰ আবেগেৰে
ৰসহ্যময়ী, মায়াময়ী
ই যেন জীয়াই থকাৰ উৎস
জীৱনৰ আনন্দ
যুগ যুগমীয়া
ভাষা নাইকীয়া

নিৰব নিজৰা
নিৰবে নিৰলে বৈ যোৱা
আবেগ অনুভুতিৰে ই যেন এক
অদৃশ্য সোঁত
মাথো বৈ যায় হৃদয়ৰ কাষে কাষে
হৃদয়ৰ আঁৰে আঁৰে
হৃদয় নদীৰ দুয়োপাৰে।
——————————————
যুগান্তৰৰ বিশ্বনায়ক
কল্পনা নাথ 

হে নীলকণ্ঠ!
জীৱনৰ হলাহল পান কৰি কৰি
 জনতাৰ হিয়াই হিয়াই 
 অমৃত বৰষিলা 
 সুধাকণ্ঠ হৈ 

কৃষ্ণৰ বাঁহীৰ সুৰত যেনেদৰে
বৃন্দাবনে প্ৰাণ পাই উঠিছিল--
তোমাৰ উদাত্ত কণ্ঠৰ 
যাদুকৰী সুৰত 
সাৰ পাইছিল 
গোটেই জগত ।

 তোমাৰ গভীৰ
 আস্থাৰ গানত নিহিত
 এটা জাতিৰ 
 মান-অভিমান
 আৰু জাতীয় সত্তা ।

যি মৃত্যু অপৰাজেয়
সেই গানো হ'ল 
অজৰ -অমৰ
নিৰ্ভীক বীৰ তুমি
হিয়াৰ আমঠু
অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ।
———————————————
ৰ'দ হেৰুৱাৰ পাছত
পবিত্ৰ বৰগোহাঁই 

জীয়াই থকালৈকে বুকুত এসাগৰ যন্ত্ৰণা থাকে
যিদৰে গছবোৰে প্ৰবল ৰ'দ ,বতাহ-বৰষুণকো
কান্ধ পাতি সেউজীয়া হোৱাৰ বাসনাত
ধৰিত্ৰীৰ বুুকুত আপোন মনে গজি উঠে ;

হিচাপ-নিকাচ প্ৰাপ্তি-অপ্ৰাপ্তি ,যোগ-বিয়োগ
সকলোবোৰ সময়ৰ তুলাচনীত নিৰূপিত হয় ।

শৈশৱৰ সপোনবোৰে বাৰে বাৰে কয়
চঞ্চলা ফাগুনৰ বতাহৰ স’তে পতা গোপন কথা 
এহাতে সৰাপাতৰ উচুপনি আনহাতে
ফাগুনৰ উদং বুকুত যৌৱনৰ গুণগুণনি

মৌমাখিৰ
জীৱনৰ সুখ-দুখবোৰ তুলাচনীত থৈ
পুৱা-গধূলিৰ গভীৰ নিশ্বাসে ঢাকি পেলাই
 বৰ্ষা মুখৰ এচেৰেঙা ৰ'দৰ মুখ।

যিমানে আশাবোৰ বুকুত শিপাই 
সিমানে আকাশখনো ওখ হৈ গৈ থাকে
ঠিক সেইদৰে যন্ত্ৰণাবোৰো বাঢ়ি গৈ পেলাই

শান্ত সাগৰতো বুকুৰ ছুনামিয়ে তচনচ কৰে
মৰুভূমিৰ কেকটাছৰ সপোনবোৰ ।

জীয়াই থকালৈকে ছটফটাই থকা এবুকু উশাহে
ইতিকিং কৰি গুছি যায় ।

সময়বোৰৰ খোজ মৰুভূমিৰ বালিত হেৰুৱাই
মৰুভূমিৰ পথিকে
যি দৰে অৰণ্যখনে তাৰ ছাঁ হেৰুৱায় 
ৰ'দ হেৰুৱাৰ পাছত 
গধূলি হ'লে ।
———————————————
সপোন 
অতুল শইকীয়া

জীৱন মোৰ  জাঁজী নৈ
মন নাই মোৰ যাবলৈ 
ঘাট পাৰা-পাৰ হৈ ;

হাজাৰ বছৰ যেন
থাকিবৰ মন মোৰ
কাৰোবাৰ যেন 
কোনোবা হৈ ।

মন মোৰ যদিও 
হয় অথিৰ অবিৰ
গৈ থাকিবৰ মন 
কোনোবা দেশলৈ ;

নোৱাৰো যাব মই
ঘুৰি চাওঁ  পিছলৈ
পুনৰ  আপোন জনক
এবাৰ দেখা পাবলৈ ।   

 তই সোন নাজাবি 
 অজ্ঞাত স্থানলৈ
নোকোৱা নেমেলা কৈ ;

সদায়ে থাক চোন
কায়াহীন ছায়া হৈ
মনৰে মাজতে ৰৈ ।

চিৰিং ঐ চাপৰি 
নাযাবি তই পাহৰি
ৰবিগৈ সিপাৰে  গৈ ;

আঁউসীৰ পিছতেই
আকৌ তই ওলাবি
কাঁচি যেন জোনটি হৈ ।
জীৱন  এৰা বন্তি 

শলিতা নিচেই চুটি 
নাপাই  তৈল্য ধুকি  ;
অযথা মিছা কৈ

পচতাই  থাকিবি
হাই   হুমুনিয়াহ  কাঢ়ি । 
মেঘে গৰজিব
বৰষুণ আহিব
গছে বনে পৰিব পানী ;

বিপদৰ বেলিকা
 মনতে পৰিব
 মই  কোন
 গলৰে মণি  ।
——————————————
নুবুজা সাঁথৰ ভঙা খেল
নিপু কুমাৰ দাস 

বুকুৰ মণিকূটত 
জ্বলিছে উমি উমি 
বিষাদৰ চাকি
 
বিষণ্ণ ৰাতি যেন 
নীৰৱ যন্ত্ৰণা
নুবুজা সাঁথৰ ভঙা খেলা 

ক্লান্ত পৃথিৱী
নীৰৱ মৌনতা  
বাসনাৰ জীৱন গাথা

বুকুৰ তেজে তেজেই
বয় প্ৰণয়ৰ নৈ  
নিস্তব্ধ নীৰৱ মৌন হৈ।
———————————————
জোনাকৰ আধা লিখা কবিতা
অমৰ জ্যোতি বৰদলৈ

 জোনাক
তোৰ বাবে লিখা কবিতাটো
আধৰুৱাকৈয়ে এৰিলোঁ।

মোৰ মন পদূলিত এয়া বৰষাই
মায়াজাল আঁৰি পুনৰ চৌপাশ ঢাকিছে_
একো মণিব পৰা নাই!_

যি জাক বতাহ বলিছে
নদীৰ বুকুতো চাগে প্ৰণয়ে হাঁহিছে
আবেগৰ কেনভাছত
ছবিবোৰ জিলিকি
মোৰ পঁজাটো পোহৰাই তুলিছে।

বনহাঁহ জাকিৰ লগতে
হাঁহিবোৰো মোৰ ডেউকা মেলি
দূৰলৈকে উৰিছে।

পৰা নাই ধৰিব
ক’ৰ পৰা বলিছে !

মালতীয়ে হাঁহিছে নেকি বাৰু?
তাইয়ে পখিলা হৈ
মোৰ ৰঙা গোলাপ পাহ
খুলি খুলি খাইছেনে বাৰু! 

ৰক্তজবাৰ ৰং সানি গাত
তাই নাচিছে নেকি?

মুখৰিত পদূলিৰ
হেঙুলীয়া আবেলিটো তাইয়ে চাগে পিন্ধিছে।
সেয়ে চাগে আজি
তাইৰ মুকুতা সৰা হাঁহিটো
ৰঙসনা দুগালৰ গোলপীয়াবোৰ চাবলৈ
হৃদয়ে বৰকৈ খাতনি ধৰিছে।

জোনাক...
আজি নহ'ব
তাইৰ উন্মাদ হাঁহিৰ খিলখিলনিবোৰ চাবলৈ মন মোৰ উৰিব ধৰিছে।
কিজানিবা তায়ে পছোৱা হৈ  মোক
আমনি কৰিছে।

 কবিতাটো নোৱাৰিম জোনাক_
তাইৰ ৰাগীয়ে মোৰ সকলো কাঢ়িলে,
ছন্দ মিলাইও আজি
কবিতাৰ ভাষা হেৰাল!
কবিতাটো এৰিলোঁ জোনাক।
———————————————
আবেলি
হিৰণ্য মহন্ত

ৰঙামুৱা বেলিটোক আবেলিটোৰ বোকোচাত
তুলি ওভটনি যাত্ৰাত ৰৈ যায় সময় অকাৰণে।

প্ৰখৰ ৰ'দে জুৰুলা কৰা কোনোবা বাটৰুৱা
এখন্তেক জিৰাইছে গছৰ ছাঁত, ৰ'দে হাঁহিছে।

সন্ধিয়াৰ অপেক্ষাত বোন্দাপৰ শিয়ালৰ জাকটোৰ
লোভটোক বাঁহনিৰ তলত উবুৰিয়াই থৈ
ঘূৰণীয়া মেজমেল পাতি পৰিকল্পনা ৰচিছে।
————————————————
আহিন অহাৰ বাটত
বিশ্বজিৎ গগৈ

উৎকট গৰমৰ প্রচণ্ড চাপ শিৰত সামৰি 
শাওনৰ ভৰ বানে ধৰণী ধুৱাই 
ভাদত ভাটীয়লি সোঁতত উটি
গুচি যায় অহা বাটে আকৌ অহাৰ প্ৰতিশ্ৰুতি বুলি।

আহিন অহাৰ বাটত আজি ক্ষণ গণি ৰৈ আছে নতুন সপোন ।

জীপাল বসুন্ধৰা ধূলিয়ৰী হ'ব 
হিমকণাই দূবৰি চুমিব 
আহিন অহাৰ বাটত শেৱালিৰ সুগন্ধি বিয়পিব।

শাৰদী ৰাণীয়ে হেঁপাহেৰে হৃদয় জুৰাব।

মৃত্যুৰ বিভীষিকা জলধাৰ গুচি বালিচৰ হ'ব
মৃত মেটেকাৰ জেউতি সুঁৱৰি কঁহুৱা ফুলিব
মন ডেউকা কোবাই চাকৈ-চকোৱা হালি সঘনে উৰিব
বলুকাত জাক জাক বগলী পৰিব
আহিন অহাৰ বাটত জোৰ কৰি সূৰুযে ওৰণি গুচাব।

সুনীল আকাশত মেঘ লুকাই আজি
আহিন অহাৰ বাটত জোনাকীৰ চাকি।
উৎসৱ মুখৰ আহিনৰ বুকুত 
দিহা কৰি উদযাপন কৰে মানৱ সমাজত।
——————————————
লাভলীনা 
দীপাংকৰ ভূঞা

তাহানিৰে সপোনটো শিপাইছিল
টালিমেৰন আওৰ অন্তৰত
অসমী আইৰ সন্তানত !

দুৰ্বাৰ সপোন  
শতাব্দী প্ৰাচীন !
সপোনটো উকমুকাইছে ;
একুৰি তিনিটা বসন্ত গৰকা 
গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়াৰ
ছোৱালীজনীৰ মনত !

সপোনটো বুকুত বান্ধি
গাৱৰ বোকা-পানী গচকি
গগনচুম্বী আত্মবিশ্বাস
আৰু অদম্য মানসিক শক্তিৰে
বিশ্বজয়ৰ দুৰ্বাৰ হেঁপাহৰে
"লাভ ইন টকিঅ"ৰ দেশত লাভলীনা !

অসম কন্যাই
আক্ৰমণাত্মক ক্ৰীড়াশৈলী আৰু দক্ষতাৰে
বক্সিং ৰিঙত দুৰ্দান্ত পান্সেৰে 
প্ৰতিপক্ষক ধৰাশায়ী কৰে

অসম্ভৱ সম্ভৱ সাঁজে
স্বৰ্ণিল ইতিহাস ৰচে
সপোনটোৰ বাস্তৱ ৰূপ দিয়ে !  

লাভলীনা                                               
তুমি অসম গৌৰৱ                                      
তোমাৰ আলোকত আলোকিত 
আমি অসমীয়া
তোমাক জনাওঁ নমস্কাৰ !
——————–———————
খুলি দিলোঁ ৰুদ্ধ দুৱাৰ
মনচুমী কলিতা নাথ 

শাৰদী সন্ধিয়া 
খোলা খিৰিকীৰে 
চাই পথিয়ালোঁ দূৰৈৰ সুনিৰ্মল আকাশ,
ৰ লাগি চাই আছিল
শৰতৰ স্নিগ্ধ জোনালী ।

জ্বলি আছিল জকমক
অযুত তৰালি, 
দূবৰিৰ দলিচাতো শৰতৰ ধেমালি ।
খিৰিকিৰেতো আৰু চাই থাকিব নোৱাৰি 

খুলি দিলোঁ মোৰ ৰুদ্ধ দুৱাৰ 
আন্ধাৰ মণিকোঠা মোৰ 
নিমিষতে পোহৰে উঠিল উদ্ভাসী।
———————————————
শৰৎ
অঞ্জনা বৰুৱা

শৰৎ, অকৃপণ ৰাগিণীৰে
ঋতুৰ বা লাগি নিয়ৰ গচকি
তোলৈকে আছো বাট চায়

শেৱালিৰ সুগন্ধিত মলয়া
নৱৰাত্ৰিৰ পাৱন পৰশ
উতনুৱা মন, হদয় পৰশন
কেতিয়ানো আহি পাবি তই!

তোৰ সতেই উধাতু খাই আহে
এৰি অহা উতনুৱা শৈশৱ
নিৰ্মল জোনাকৰ ৰূপোৱালী ৰং

কেনেকৈ পাহৰোঁ বাৰু মই?
দুই শৰতত মৃত্যুৰ উৎসৱ
সেয়ে শেৱালিও নুফুলিল
ভীত মনৰ চোতালত,
ধুই নেচোন এইবাৰ দৰদেৰে
জী উঠো সৌ তাহানিৰ দৰে

ঢাক ঢোলত আৰতিৰ ভঙ্গীৰে
শৰৎ আহিল বুলি সময়ৰ লেখেৰে।
গৰ্ভিনী হওক শইচ সেউজী

আঙুলিৰ মূৰত প্ৰসৱৰ দিন লেখি লেখি,
মাতৃৰ মমতাৰ ঢৌ বোৱাই
শৰৎ, তোৰ আগমনতেই
দিম ভকতিৰ শৰাই।
 ———————————————
শাৰদী
ৰিংকু বৰুৱা 

তোমাৰ বাবেই লহপহকৈ 
বাঢ়ি আহে 
আমাৰ সপোনবোৰ
বৰ্ষাৰ দুৱাৰদলিতে 
তুমি থাকা বাবেই 
আনন্দত মতলীয়া আমিবোৰ
কঁহুৱাই আউলী-বাউলী হৈ 
নাচি উঠে...

যৌৱনাদীপ্ত কঁহুৱাই 
নদীৰ বুকুত প্ৰেমৰ কথা পাতে 
শৰতৰ সন্ধিয়াত
শেৱালিয়ে দলিচা পাৰে...

নিয়ৰ গচকি গচকি
শাৰদীয় প্ৰেমিকযুগলে 
জীৱনৰ গতিপথ বুলে

তুমি আহিবা বুলিয়েই
অপেক্ষাত আত্মহাৰা
আমি বোৰ...
——————————————
বিষাদ 
অভিজিত ডেকা
             
বিষাদ মোৰ জীৱনৰ 
স্মৃতিৰ আখৰা।
শান্ত পৃথিৱী অশান্ত হয় , ৰিক্ত ধুমূহাৰ গতি। 
 বিষাদৰ বৰষুণত তিতি থকা
এখিলা কাগজ মোৰ জীৱন।
দুচকুৰ সপোনৰ পৃথিৱীত 
বাজি উঠে দুখৰ কিৰিলি
সৃষ্টিৰ পথাৰত বাগৰিছে
বেদনাৰ জীয়াধল ।

নষ্ট হোৱাৰ পথত আজি 
হেঁপাহৰ কঠীয়া ।
বৃষ্টিয়ে সামৰিছে
শান্তিৰ নিজৰা ।
ব্যৰ্থ হৈছে জীৱন মালিতা
অস্ত যোৱা আকাশত কিৰিলিয়াই ,
বিষাদৰ ডাৱৰে ।

শান্ত পৃথিৱীত সেমেকি উঠে
আশাৰ দলিছা ।
জোনাক বিহীন আজি
মোৰ মনৰ আকাশ,
বেদনাৰ সাগৰত বুৰিছে
সুখৰ চিয়াঁহী ।

আবেগ ভৰা হৃদয়ত উচুপিছে,
শান্তিৰ পথাৰত দুখৰ বৃষ্টি।

নীৰৱ আজি মোৰ সুখৰ পদূলি,
বিষাদৰ সৃষ্টিত নিলমিত
হৈ পৰে কোমল 
কলিজা ।
———————————————
হেৰাই যায় কথাবোৰ
ভূমিকা দাস                                     

কথাবোৰ পাহৰণিৰ গৰ্ভত বিলীন হৈ যায়
ৰৈ যায় সুবাসবোৰ

তোমাকে সুধিছোঁ
ঠিকে আছানে... ?

ভবাই নাছিলোঁ মোৰ দৰে
তোমাৰ বুকুৰ বিষাদবোৰো যে হাঁহি হৈ নিগৰে দুটি দাস

কাৰোবাক পাহৰি পেলোৱাটো জৰুৰী নহয়...
সময় অলপ ধৰি ৰাখি  নিজক মনত ৰখাটো যে বহুত জৰুৰী

চকুলো ব’ব লাগে
কিন্তু এটা সময়লৈকেহে
তোমাৰ  মূল্য 
কাৰোবাক বুজাবলৈ যোৱাৰ অৰ্থই বা কি...?

সময় তেতিয়াও আছিল, এতিয়াও আছে,আগলৈও থাকিব 
যি গুচি গ'ল  তেওঁৰ বাবে অনুশোচনাত দগ্ধ নহ'বা.....
আহিবলৈ লোৱাজনক আতিথ্যৰে জৰুৰী

কিয়নো যি গুচি গ'ল তাক যে সলনি কৰিব নোৱাৰি...


সময় জৰুৰী 
তোমাৰ বাবেও 
মোৰ বাবেও...

সময় কিছু লাগিব বুজিবলৈ
বুজাবলৈ নিজক।
———————————————
মোক অলপ ৰ'দ দে
মনি ডেকা


কেতিয়াবা হেৰাই যায় 
জীৱনৰ ছন্দ....
এক বিৰামহীন গতিত ৰৈ যায়
আধৰুৱা আশা,আধৰুৱা স্বপ্ন

বাৰে বাৰে শুদ্ধ ভাৱে কৰা
 সমীকৰণটোত
আউল লাগি যায়

এক নিমিলা অংকত পৰিণত হয়  জীৱন 
জীৱনৰ নাওখন ঘূৰি ঘূৰি..
সোমায় যায় সমস্যাৰ চাকনৈয়াত..

ব’ঠাহীন নাৱৰ দৰে যেনি তেনি
গুছি যায় মনটো...

হে মন 
শান্ত হ শান্ত হ

তোৰ মনৰ গতিত অশান্ত মই..
জুমি চা এবাৰ মোৰ পিনে..
 হৃদয়ৰ কেঁচা ঘা টুকুৰাত
নতুনকৈ আকৌ নিমখ নাসানিবি...
হৃদয়ৰ ঘা টুকুৰা শুকাবলৈ
মোক অলপ   ৰ'দ দে...
———————————————————
                      অনুবাদ কবিতা 
নুন
কবি জয় গোস্বামী

আমরা তো অল্পে খুশি,
কী হবে দুঃখ করে?
আমাদের দিন চলে যায়
সাধারণ ভাতকাপড়ে।

চলে যায় দিন আমাদের
অসুখে ধারদেনাতে
রাত্তিরে দুভায়ে মিলে
টান দিই গঞ্জিকাতে।

সবদিন হয়না বাজার,
হলে হয় মাত্রাছাড়া –
বাড়িতে ফেরার পথে
কিনে আনি গোলাপচারা।

কিন্তু পুঁতব কোথায়?
ফুল কি হবেই তাতে?
সে অনেক পরের কথা
টান দিই গঞ্জিকাতে।

আমরা তো অল্পে খুশি,
কী হবে দু : খ করে?
আমাদের দিন চলে যায়
সাধারণ ভাতকাপড়ে।

মাঝে মাঝে চলেও না দিন
বাড়ি ফিরি দুপুররাতে ;
খেতে বসে রাগ চড়ে যায়
নুন নেই ঠান্ডা ভাতে।

রাগ চড়ে মাথায় আমার
আমি তার মাথায় চড়ি,
বাপব্যাটা দুভায়ে মিলে
সারা পাড়া মাথায় করি।

করি তো কার তাতে কী?
আমরা তো সামান্য লোক।
আমাদের ভাতের পাতে
লবণের ব্যবস্থা হোক।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
লোন
কৱি জয় গোস্বামী
ভাৱানুবাদ–ডা০ হীৰেন্দ্ৰকুমাৰ ভাগৱতী 

আমি অলপতে ক্ষান্ত
কি হ’ব দুখ কৰি?
আমাৰ দিনবোৰ কাটি যায়
সাধাৰণ ভাত-কাপোৰেদি৷

কাটি যায় দিন আমাৰ
ৰোগৰ ঋণ শুজোঁতে
ৰাতি দুই ভায়ে মিলি
ক্ষণ যায় চিলিম হুপোঁতে৷

নিতে নহয় হাট,
হ’লে হয় মাত্ৰাছাড়
ওভতনিৰ পথত
কিনি আনোঁ গোলাপৰ পুলি৷

কিন্তু পুতিম ক’ত?
ফুল জানো হ’ব তাত?
সেয়া বাৰু পাছৰ কথা
হুপোঁচোন গঞ্জিকা৷

আমিতো অলপতে সুখী,
কি হ’ব দুখ কৰি?
আমাৰ দিন কাটি যায়
সাধাৰণ ভাত-কাপোৰেদি৷

মাজে মাজে নাযায় দিন
ওভতোঁ দোভাগনিশা;
খাবলৈ বহি হওঁ টিঙিৰি তুলা 
নিমখ এজেবাও নাপাওঁ জকৰা ভাতত৷

ক্ৰোধে টিকনি চোৱে মোৰ
মই ক্ৰোধৰ মুৰত বহোঁ,
বাপ-বেটা দুয়ো মিলি
গোটেই চুবুৰিক মুৰত তোলোঁ৷

কৰিলে কাৰ কি যায় আহে?
আমি হলোঁ সাধাৰণ মানুহ৷
আমাৰ ভাতৰ পাতত
হওক লৱণৰ যোগাৰ৷
———————————————————
এক ভ্ৰম
মূল কবিতা–Louise Gluck
ভাৱানুবাদ- জাহ্নৱী কাকতি
                
কিছু কথা ক'ম মই আপোনাক।
এই যে প্ৰতিদিনেই মানুহ মৰি আছে
এয়া কেৱল আৰম্ভণিহে।

প্ৰতিদিনেই , সমাধিস্থানত , নতুনকৈ জন্ম হয়
বিধৱাৰ,নতুন অনাথৰ।
তেওঁলোকে হাতযোৰ কৰি বহি ৰয় ,
এই নতুন জীৱনটোৰ বাবে তেওঁলোকে
কিবা এটা সিদ্ধান্ত লোৱাৰ চেষ্টা কৰে।

তাৰ পিছত তেওঁলোকে সমাধিস্থানলৈ যায় ,
তাৰ ভিতৰত কিছুসংখ্যক প্ৰথমবাৰৰ বাবে।
তেওঁলোকৰ ভয় লাগে
কেতিয়াবা কান্দিবলৈ,
কেতিয়াবা নাকান্দিবলৈ।
কোনোবাই নৰম হৈ তেওঁলোকক কয় যে
আগলৈ কি কৰিব লাগিব ,
যাৰ অৰ্থ হ'ব পাৰে কিছু শব্দ কৈ
কেতিয়াবা খোলা সমাধিত মাটি দিয়ে ।

আৰু তাৰ পাছত ,
সকলোৱে ঘৰলৈ উভটি যায় ,
য'ত সাক্ষাৎ কৰিবলৈ অহা মানুহেৰে ভৰি পৰিছে ।
হঠাত বিধৱাসকলে চোফাত বহে ,
বহুত শালীনতাৰে ,
মানুহবোৰ ক্ৰমান্বয়ে
তেওঁৰ কাষ চাপি আহে ,
কোনোবাই তেওঁৰ হাতখন হাতৰ মুঠিত লৈ,
কোনোবাই আলিংগন কৰি ,
তেওঁক সান্তনা দিবৰ চেষ্টা কৰিছে।
তেওঁ প্ৰতিগৰাকী ব্যক্তিকে কিবা এটা কৈছে ,
এনেকুৱা সময়খিনিত উপস্থিত থকাৰ বাবে
তেওঁলোকক ধন্যবাদ জনাইছে ।

তেওঁ মনতে ভাৱে যে ,
এতিয়া তেওঁলোক যাওক।
তেওঁ উভটি যাব বিচাৰে সমাধিস্থানলৈ ,
হস্পিতেলৰ ৰোগীৰ ৰূমলৈ ।
তেওঁ জানে এয়া সম্ভৱ নহয় ।
কিন্তু এইটোৱে তেওঁৰ একমাত্ৰ আশা ,
অতীতলৈ মাথোঁ অকণমান উভটি যোৱাৰ ইচ্ছা জাগে ,
বেছি দূৰলৈ নহয়
বিৱাহৰ স্মৃতিলৈ নহয় ,
প্ৰথম চুমাটোলৈও নহয় ।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
A Fantasy
Louise Gluck

I'll tell you something: everyday
People are dying.
And that's just the beginning.
Everyday , in funeral homes ,
new widows are born , new orphans.
The sit with their hands folded ,
Trying to decide about this new life.

Then they're in the cemetery ,
Some of them for the first time.
They're frightened of crying ,
Sometimes of not crying.
Someone leans over ,
tells them what to do next ,
Which might mean saying a few words,
Sometimes throwing dirt
in the open grave.

And after that , everyone goes back to the house ,
Which is suddenly full of visitors.
The widow sits on the couch ,
Very stately ,
so people line up to approach her ,
Sometimes take her hand ,
sometimes embrace her.
She finds something to say to everybody ,
thanks them  , thanks them for coming.

In her heart , she wants them to go away
She wants to be back in the cemetery ,
Back in the sickroom , the hospital.
She knows it isn't possible.
But it's her only hope ,
the wish to move backward.
And just a little , not so far as the marriage ,
the first kiss.
——————————————————
আফগানিস্তানৰ কবি 
নাদিয়া অঞ্জুমনৰ 
দুটা কবিতা 

[কবি পৰিচয় :নাদিয়া অঞ্জুমন এগৰাকী আফগান কবি |1980 চনৰ 27 ডিচেম্বৰ তাৰিখে আফাগানিস্তানৰ হেৰাট চহৰত তেওঁ জন্মগ্ৰহণ কৰে |এই গৰাকী সাহসী আৰু প্ৰৱল প্ৰতিভাসম্পন্ন কবিৰ খুব কম বয়সতে মৃত্যু হয় |2005 চনৰ 4 নৱেম্বৰ তাৰিখে তেওঁ এই পৃথিৱীৰ মায়া এৰি গুচি যায় |তেওঁৰ কবিতাবোৰত নাৰীমনৰ মৰ্মবেদনাৰ সমান্তৰালভাৱে সাহসী কন্ঠস্বৰ এটাৰ অনুৰণন দেখা যায় |]

মূল :নাদিয়া অঞ্জুমন
হিন্দী অনুবাদ:ৰাজেশ চন্দ্ৰ
অসমীয়া ভাঙনি :ৰুবুল দাস 

(১) 
মোৰ হৃদয়ৰ ক্ৰন্দন

মোৰ 
হৃদয়ৰ ক্ৰন্দন 
জিলিকে 
কোনোবা তৰাৰ দৰে |

আৰু 
মোৰ উৰণৰ পখীয়ে 
চুৱে
আকাশক |

(২) 

মই কপাহ নহওঁ

মই কোনো 
কপাহৰ 
ঠুনুকা গছ নহওঁ 
যে যিকোনো বতাহতে
হাউলি পৰিম |

মই এগৰাকী 
আফগান নাৰী ,
যাৰ মহত্ব কেৱল 
বুজা যায় 
চিঞৰতহে |
৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹
———————————————————

Post a Comment

0 Comments