অসম কাব্য কানন পঞ্চম বৰ্ষত ...

বাটচ’ৰা 
সম্পাদকীয়...
   অসম কাব্য কানন পঞ্চম বৰ্ষত...

     চকুৰ পচাৰতে অসম কাব্য কাননে পঞ্চম বৰ্ষত ভৰি দিলে। অসম কাব্য কাননৰ উদ্যোগত "কাব্যকানন" আৰু "খোজ" নামেৰে দুখন কাব্য আলোচনী প্ৰকাশ পাই আহিছে।  ২০১৭ চনত ফেচবুকৰ জৰিয়তে  গঠিত অসম কাব্য কানন (তেতিয়াৰ, কাব্যকানন-কবিতাৰ বাগিচা,অসম)ৰ  ২০১৮ চনৰ ২৯ এপ্ৰিলত, গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ৰাজহুৱা সভাত "কাব্যকানন"ৰ  প্ৰথম সংখ্যাটি প্ৰকাশ পায়।  প্ৰতি তিনিমাহৰ মূৰে মূৰে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত অসম কাব্য কাননৰ ত্ৰৈমাসিক অধিৱেশনত ,অসম কাব্য কাননৰ দ্বাৰা প্ৰকাশিত  "কাব্যকানন" উন্মোচন কৰা হৈছিল। 
   ২০১৮ চনৰ ২৯ জুলাইত ,গুৱাহাটীত ,অসম কাব্য কাননৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত "কাব্যকানন"ৰ দ্বিতীয় সংখ্যাটি প্ৰকাশ পাইছিল। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট সাংবাদিক, সাংসদ অজিত কুমাৰ ভূঞা। ইয়াৰ পাছৰ "কাব্যকানন"খন উন্মোচন কৰা হৈছিল ২০১৮ চনৰ ২০ অক্টোবৰত শিৱসাগৰৰ ঐতিহাসিক যুৱদলত । বিশিষ্ট সাংবাদিক ছায়ামনি ভূঞা ,মুখ্য অতিথি হিচাপে উপস্থিত আছিল। 
    কাব্যকাননৰ চতুৰ্থ সংখ্যাটি উন্মোচন হৈছিল ২০১৯ চনৰ ২৭ জানুৱাৰীত ,মৰিগাঁও জিলাৰ মন্ত্ৰনগৰী মায়ঙৰ "পবিতৰা অভয়াৰণ্য"ত অনুষ্ঠিত ত্ৰৈমাসিক অধিৱেশনত। ২০১৯ চনৰ ২৮ এপ্ৰিলত নলবাৰী জিলাৰ বিলেশ্বৰ দেৱালয়ত অনুষ্ঠিত হোৱা কাব্যকাননৰ ত্ৰৈমাসিক অধিৱেশনত দ্বিতীয় বছৰৰ প্ৰথমটি সংখ্যা প্ৰকাশ পাইছিল।মুখ্য অতিথি হিচাপে উপস্থিত আছিল  বিশিষ্ট সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্য ।কাব্যকাননৰ দ্বিতীয় বছৰৰ দ্বিতীয় সংখ্যাটো ,২০১৯ চনৰ ২৮ জুলাইত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম কাব্য কাননৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰকাশ পাইছিল।উক্ত অনুষ্ঠানত , বিশিষ্ট কথাশিল্পী ড০ ধ্ৰুৱজ্যোতি বৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। ২০১৯ চনৰ ২০ অক্টোবৰত ,লক্ষীমপুৰ জিলাৰ টি এল কে মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ,অসম কাব্য কাননৰ ত্ৰৈমাসিকঅধিৱেশনত ,"কাব্যকানন"ৰ দ্বিতীয় বছৰৰ তৃতীয় সংখ্যাটি প্ৰকাশ পাইছিল। দ্বিতীয় বছৰৰ চতুৰ্থ সংখ্যাটি ২০২০ চনৰ ২৫ জানুৱাৰীত কলকাতাত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত উন্মোচন হোৱাৰ কথা আছিল ,যদিও "কা" আন্দোলনৰ পৰিপ্ৰেক্ষত সৃষ্ট প্ৰতিকূল পৰিস্থিতিৰ বাবে এই অনুষ্ঠানটি বাতিল কৰা হৈছিল। তাৰপাছতে গোটেই বিশ্বজুৰি হোৱা ক'বিডৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে কাব্যকাননখন ছপা মাধ্যমত প্ৰকাশ কৰিব পৰা নগ'ল। 
     ক'বিড সৃষ্ট প্ৰতিকূল পৰিস্থিতিৰ মাজতে  www.axomkabykanan নামেৰে এটি ৱেবচাইট খুলি, ডিজিটেল মাধ্যম যোগেৰে "কাব্যকানন"খন পুনৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি, ২০২০ চনৰ ১ অক্টোবৰত তৃতীয় বছৰৰ প্ৰথমটো সংখ্যা প্ৰকাশ কৰা হয়। তেতিয়াৰে পৰা প্ৰতি দুমাহৰ মূৰে মূৰে ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি অহা হৈছে। 
      এইটো কাব্যকাননৰ তৃতীয় বছৰৰ ষষ্ঠ সংখ্যা। অৰ্থাৎ অহা ১ অক্টোবৰত কাব্যকাননে চতুৰ্থ বছৰত প্ৰৱেশ কৰিব। 
     কবিতা, কবিতা বিষয়ক প্ৰৱন্ধৰ লগতে প্ৰতিটো সংখ্যাতে ইমৰান শ্বাহ, নগেন শইকীয়া, বসন্ত কুমাৰ ভট্টাচাৰ্য, ইছমাইল হোছেইন, পৰমানন্দ ৰাজবংশী, জুবিন গাৰ্গ,যাদৱ পায়েং, ৰঞ্জু হাজৰিকা, নীলিম কুমাৰ,যুগল লোচন দাস  প্ৰমুখ্য বৰণ্য ব্যক্তিসকলৰ সৈতে কথোপকথন প্ৰকাশ কৰি অহা হৈছে। 
     কাব্যকাননৰ এই বৰ্ণিল যাত্ৰাত উপদেষ্টামণ্ডলীৰ লগতে সম্পাদনাত সহযোগ কৰা প্ৰতিগৰাকী কবিসতীৰ্থলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।  লগতে যিসকলৰ অমূল্য লিখনিয়ে কাব্যকানন সমৃদ্ধ কৰিলে ,তেখেতসবলৈও জনালোঁ আন্তৰিক কৃতজ্ঞতা। সদৌশেষত সমূহ পাঠকলৈ,যিসকলৰ অবিহনে কাব্যকাননৰ এই যাত্ৰা সম্ভৱ নহ’লহেঁতেন,তেখেতসৱলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ। 
      আমি গৰ্বৰে কওঁ-,জন্মলগ্নৰে পৰা কাব্যকাননৰ জৰিয়তে কাব্যচৰ্চা কৰি অহা বহুকেইগৰাকী নবীন ,বৰ্তমান অসমৰ কাব্যজগতৰ একো একোটা পৰিচিত নাম।
    আহক, আমি সকলোৱে হাতত হাত ধৰি 
 কাব্যকাননক আগুৱাই লৈ যাও–
               বিনয়েৰে 
               নৱ ৰাজন 
               সম্পাদক 
        অসম কাব্য কানন 

Post a Comment

0 Comments