সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
সহকাৰী সম্পাদক: অনামিকা ৰায়
উৎপল কলিতা ,ৰঞ্জন বৰা
সম্পাদনা সহযোগী:
সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সংগীতা বৰা
বিশ্বজিত গগৈ
কাৰ্যকৰী সদস্য: অংকুৰিতা ফুকন , তৃষ্ণা গগৈ,জাহ্নৱী কাকতি, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন
——————————————————
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
বেটুপাতৰ ছবি–নৱ ৰাজন
---------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
"…...সেই সামন্ত যুগৰ এতিয়াও অন্ত পৰা নাই। কিন্তু লেখক এতিয়া আৰু পৰাধীন নহয়। লেখকৰ হাতত এতিয়া আছে এখন স্বতন্ত্ৰ প্লেটফৰ্ম।
সামাজিক মাধ্যম ।
ফেচবুক।
কোনো সম্পাদকৰ দুৱাৰমুখত এতিয়া আৰু বহি থকাৰ প্ৰয়োজন নাই।প্ৰয়োজন নাই কোনো আপোচৰ। লাহে লাহে প্ৰকাশক সকলে সামন্ত লেখকৰ চুপাৰিছ আওকাণ কৰি সামাজিক মাধ্যমত প্ৰকাশ পোৱা লেখা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে।
দেখি সুখী হওঁ......।"
—প্ৰতিথযশা সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ শেহতীয়াকৈ ফেচবুকত প্ৰকাশিত লেখাটোৱে নবীন লেখকৰ মাজত সৃষ্টি কৰা উদ্দীপনা,ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। বিশেষকৈ যিসকলে, সাহিত্যক সাধানা হিচাপে লৈ চৰ্চা ,অধ্যয়ন অব্যাহত ৰাখিছে তেখেতসকলৰ বাবে এয়া সঞ্জীৱনী সুধা।
গোলকীকৰণৰ এই ধামখুমীয়াত ,নৱ প্ৰজন্মই অতি আধুনিকতাত নিজকে অত্যাধিক ভাবে ব্যস্ত ৰখাৰ সময়তে,এচাম নবীনে ডিজিটেল মাধ্যমৰ জৰিয়তে সাহিত্য জগতৰ লগত নিজকে সম্পৰ্কিত কৰাৰ যি প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেয়া সঁচাকৈয়ে আনন্দৰ বিষয়।
সামাজিক মাধ্যমে এইক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে।
চৰ্চা,সাধনা,অধ্যয়নৰ জৰিয়তে, ডিজিটেল মাধ্যমত সাহিত্য চৰ্চা কৰি নিজৰ কলম শক্তিশালী কৰাৰ পাছত যেতিয়া নবীন লেখেক এজনে নিজৰ লেখাৰ মান্যতা নিৰূপণ কৰিবলৈ মান্য আলোচনী-কাকতলৈ লেখা পঠিয়ায়,বহু প্ৰতীক্ষাৰ অন্তত যেতিয়া তেওঁৰ লেখাই ডাষ্টবিন শুৱনি কৰে আৰু তেওঁতকৈ নিম্ন বা সমপৰ্য্যায়ৰ লেখা প্ৰকাশ পায়, তেতিয়া বেছিভাগ ছিৰিয়াছ লেখক হতাশগ্ৰস্ত হয় ।
তেতিয়া হতাশগ্ৰস্ত লেখকজনৰ বাবে একমাত্ৰ মাধ্যম হয়-সামাজিক মাধ্যম। যিয়ে তেওঁক উচিত মান্যতা প্ৰদান কৰে।
নিজস্ব সাধনাৰে বহুকেইগৰাকী লেখক, ফেচবুকৰ জৰিয়তেই বৰ্তমান প্ৰতিষ্ঠিত।
যদিও, উন্নত মানৰ সাহিত্যৰ চৰ্চা কৰি থকা বহু ছিৰিয়াছ লেখককো এচাম তথাকথিত বিশিষ্ট(!)লেখকে "ফেচবুকৰ লেখক" বুলি বিদ্ৰুপ কৰে। তাৰ কাৰণ এটাই ,তেওঁলোকৰ লেখা কোনো মান্য আলোচনীয়ে প্ৰকাশ কৰা নাই ।
সম্পাদক(সকলো সম্পাদকৰ কথা উল্লেখ কৰা হোৱা নাই) ৰ কৃপাদৃষ্টিলৈ অপেক্ষা নকৰি,বহু নবীনে নিজেই নিজৰ মঞ্চ তৈয়াৰ কৰি লৈছে।
সকলো সম্পাদক তেনে নহয় ।বৰ্তমানৰ বহু নামজ্বলা লেখক, সম্পাদকৰে আৱিস্কাৰ ।অৱশ্যে তেনে সৌভাগ্যবান লেখকৰ সংখ্যা তেনেই তাকৰ।
সাম্প্ৰতিক সাহিত্য জগতৰ পৰ্দাৰ আঁৰৰ এইবোৰ ঘটনা দেখি বহু ছিৰিয়াছ লেখকে মান্য আলোচনীলৈ লেখা নপঠিয়ায়। সামাজিক মাধ্যমকে তেখেতসকলে চৰ্চাৰ একমাত্ৰ মাধ্যম হিচাপে বাচি লৈছে।
ফেচবুকত লেখকজনেই প্ৰকাশক।সেয়ে, সম্পাদকৰ কৃপাদৃষ্টিৰ প্ৰয়োজন নহয়।নিজেই নিজৰ লেখা ,নিজৰ ইচ্ছা অনুসৰি প্ৰকাশ কৰিব পাৰে।
কাকত -আলোচনীলৈ লেখা পঠিয়াই যিসকল হতাশ হৈছে, সামাজিক মাধ্যমে তেখেতসকলৰ
ডিজিটেল কলমত অনুপ্ৰৰেণাৰ চিঞাহি ঢালিছে।
কিন্তু,সামাজিক মাধ্যমৰ ধনাত্মক দিশৰ লগে লগে ঋণাত্মক দিশবোৰো আমি উপলব্ধি কৰিব লাগিব। কেৱল লাইক,কমেন্ট, শ্বেয়াৰৰ জৰিয়তে নিজৰ লেখাৰ মান্যতা জুখিলে নহ’ব। চৰ্চা আৰু অধ্যয়নেহে আমাৰ লেখাক মান্যতা প্ৰদান কৰিব। স্থায়িত্ব দিব।
সময়তকৈ শ্ৰেষ্ঠ সমালোচক আন কোনো নাই ।মুঠতে, সময়-বালিত খোজ টিকি থাকিবলৈ সাধনাৰ গত্যন্তৰ নাই।
লাইক,কমেন্টৰ কথা আহোতে, আন এক প্ৰসংগ মনলৈ আহিছে।
তথাকথিত কেইগৰাকীমান বিশিষ্ট(!) লেখকে ,মাজে সময়ে ফেচবুকত কমকৈ লাইক ,কমেন্ট পোৱাৰ বাবে বাৰুকৈয়ে আক্ষেপ কৰে। লগতে তেখেতসকলৰ গ্ৰন্থ নবীনসকলে নিকিনে বুলিও অভিযোগ কৰে। কিন্তু,নিজৰ ভালপোৱা কেইজনৰ বাহিৰে যিমানে ভালকৈ নিলিখক ,নবীন এজনক কেতিয়াও উৎসাহিত নকৰে।তেনে কৰিলে ষ্টেডাৰ্ড লাঘৱ হোৱা বুলি হয়তো তেখেতসকলে ভাবে! অপ্ৰিয় সত্য কথাটো-মৰম দিলেহে মৰম পায়।সন্মান দিলেহে সন্মান পায়। প্ৰশংসা কৰিবলগীয়া জনকো যেতিয়া আপুনি অনুপ্ৰাণিত নকৰিব, তেতিয়া আপুনিও তেওঁলোকৰ পৰা সঁহাৰি,সন্মান নোপোৱাটোৱে স্বাভাৱিক।
সেয়ে, "ফেচবুকৰ লেখক" (মই নিজেও ফেচবুকৰ লেখক বুলি গৌৰৱবোধ কৰোঁ) সকলে বাকীকথালৈ গুৰুত্ব নিদি, সাহিত্যক কলা হিচাপে একাগ্ৰতাৰে চৰ্চা কৰি যোৱাহে সমীচিন। কিয়নো,সাহিত্য,সাহিত্যই। সাহিত্য সৃষ্টিত মাধ্যম কেতিয়াও হেঙাৰ হ’ব নোৱাৰে।
প্ৰসংগঃ পষেকীয়া কাব্যকানন
আপোনাৰ প্ৰিয় কাব্যালোচনী কাব্যকাননে সফলতাৰে তিনিটা বৰ্ষ অতিক্ৰম কৰি,চতুৰ্থ বৰ্ষত ভৰি দিছে।
এয়া, চতুৰ্থ বছৰৰ পহিলা সংখ্যা।এতিয়াৰ পৰা পষেকীয়াকৈ আলোচনীখন প্ৰকাশ কৰা হ’ব।আৰম্ভনিৰে পৰা কাব্যকানন আলোচনীত চৰ্চা কৰি থকা বহু কেইগৰাকী নবীন কবি, বৰ্তমানৰ কাব্যজগতৰ একো একোখন চিনাকি মুখ।এয়া কাব্যকানন তথা সামাজিক মাধ্যমৰ বাবেই গৌৰৱৰ বিষয়।
কাব্যকাননৰ উদ্দেশ্যই হৈছে নবীন সাহিত্যচৰ্চাকাৰীক এখন মঞ্চ দিয়া।অসম কাব্য কাননে প্ৰতিস্থাকালৰে পৰা এই চেষ্টাত ব্ৰতী হৈ আছে।
পোন্ধৰ দিনৰ মূৰে মূৰে প্ৰকাশ পাবলগীয়া "পষেকীয়া কাব্যকানন"ৰ সংখ্যাবোৰো পূৰ্ববৰ্তী সংখ্যাবোৰৰ দৰে আঁকোৱালি ল’ব বুলি আন্তৰিকতাৰে কামনা কৰিলোঁ।
সদৌশেষত , আপোনালোক সকলোৰে গঠনমূলক পৰামৰ্শ আৰু আন্তৰিক সহযোগিতা কামনা কৰিলোঁ।
বিনয়েৰে-
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
১)
উৎকৃষ্ট, মহৎ বা কালজয়ী কবিতাৰ যাদু, মহত্ত্ব, আৰু সৌন্দর্য -- অন্তৰেৰে উপলব্ধি কৰি ৰস গ্ৰহণ কৰিব পৰাটো -- কবিৰ প্ৰধান গুণ-গৰিমা।
ধ্বনি-মাধুৰ্যৰে ভৰা প্ৰখ্যাত কবিতা সৃষ্টিৰ বাবে -- কেৱল কল্পনা, অধ্যয়নেই যথেষ্ট নহয় ; ন-ন নিৰীক্ষণ, আগ্রহী অনুসন্ধান, দীৰ্ঘকালৰ নিষ্ঠাযুক্ত সাধনা আৰু পৰিশ্ৰম অত্যাৱশ্যকীয়।
কবিতাত গোন্ধৰ মাদকতা (Charm of fragrance) -- পঢ়ুৱৈৰ বাবে এক তৃষ্ণা ; কবিৰ কাৰণে -- কাব্যিক-বিকাশ।
দৃশ্যমান (Visible), শ্ৰব্যমান (Sounding), আৰু স্পৰ্শমান (Touching) কবিতাৰ প্ৰতিও এগৰাকী কবি মনোযোগী হ'লে -- কবিতাৰ জুতিও হ'ব পাৰে সুকীয়া বা ব্যতিক্রমী ; যিয়ে, পাঠকৰ ৰুচিও সলনি কৰি, কবিতাক অধিক জনপ্রিয় কৰি তুলিব পাৰে।
২)
“কবিতাৰ গুৰি হল 'মেটাফৰ’ বা ৰূপক ৷ কোনো এটা বস্তু ভালকৈ চাবলৈ, বস্তুটোৰ সঁচা-স্বৰূপ জানিবলৈ হ’লে -- আন কিবা এক বস্তুৰ মাজেৰে চাব লাগে ৷” -- আৰিষ্ট’টল
'তোমাৰ সেন্দূৰ-ৰঙীন কপালখন দেখিলে --
পূবাকাশ ৰঙা কৰি
ধীৰে ধীৰে উঠি অহা ৰঙা-ঘোঁৰাটিলৈ
মোৰ মনত পৰে’
-- সেন্দূৰ-ৰঙীন কপালখনৰ সঁচা-ৰূপ চাবৰ বাবে --'ৰঙা-ঘোঁৰাটি’ (আন এক বস্তু) ক ব্যৱহাৰ কৰা হৈছে ।
'ৰঙা-ঘোঁৰাটি’ কি ; যিয়ে, পূবাকাশ ৰঙা কৰি ধীৰে ধীৰে উঠি আহে ? নিশ্চয়কৈ পুৱাৰ বেলি ৷
সেন্দূৰৰ ফোটটি ( যাৰ উল্লেখেই নাই !) ক -- বেলি বা 'ৰঙা-ঘোঁৰাটি’ বোলাটোৱেই -- ৰূপক (Metaphor) ৷
কপালৰ সেন্দূৰৰ ফোটটিক -- বেলিৰ লগত তুলনা কৰাত একো নতুনত্ব নাই ; নতুনত্ব আছে -- 'ৰঙা-ঘোঁৰাটি’ত ৷
——————————————————
কবিতা
বেং কথা নে ফাংলি
চন্দন গোস্বামী
(প্ৰিয়তম ভাই ধীমানৰ জন্ম দিনত)
ঘন ঘন আলি বহুআলি
ঘন ঘন আলি তেহে খাবা নানা শালি
ঘন ঘন আলি তামোলৰ বাৰী
ঘন ঘন আলি কলৰ বাৰী
ঘন ঘন আলি সপোনৰ পুলি
ঘন ঘন আলি বৰষুণ হালি জালি
ঘন ঘন আলি চহৰৰ গলি
ঘন ঘন আলি শালৰ বননি
এই কথা লালুকি সময়ৰ
এখন ফটো
ৰ‘দ-বৰষুণ
কোনে তুলিলে
এতিয়া আলোক শিল্প
বেং কথা নে ফাংলি
কোন জাতৰ কোন বৰ্ণৰ
ফ‘টোৰ নাই কোনো চিন
নাই স্থান নাই কালৰ অৱস্থিতি
ফটোৱামিৰও সীমা নাই
নহয় নহয় সকলো নাই নহয়
নথকাৰ মাজৰে কণী স্মৃতি
এদেও
দুদেও কৈ
——————————————————
সম্পৰ্ক
জুবিলী গগৈ
অভিমান কৰি
আঁতৰি অহাৰ সময়ত
পদূলি মূৰত
ছিৰিলি ছিৰিলি
নাৰিকলৰ পাতবোৰে
অগা-দেৱা কৰিছিল
অচিনাকি ৰেলখনত
থুনুক-থানাককৈ
কোনে জানো
কথা পাতি আহিছিল
কথাবোৰ বুজি পোৱাৰ
আগতেই মাজনিশা
মাজবাটতে ৰেলৰ পৰা
নামি অহা
টিকটবিহীন যাত্ৰী মই
কোনে বুজাব মোক
আকাশলৈ চাঁওতে
নিচুক তৰাটিয়ে
কাণে কাণে ক'লেঃ
ঘৰ এখন
সজোৱাৰ আগতে
সজাই নোলোৱা কিয়
ফাগুনী মন
বতাহো যে নিজৰ মতেহে বলে !
বতাহৰ বা তে
উৰি অহাৰ দৰে
আহিলোঁ উভতি
পুঁৱতি নিশা আহি
য'ত ৰলোঁহি
সমুখত এখন দুৱাৰ
তেতিয়াও খোলা
এৰি থৈ যোৱাৰ দৰেই
এইবাৰ তৰাটি যেন
আইহে হ'লঃ
তোমাৰ ঘৰতো
আলহীহে তুমি
বাট চিনি
আহিলা যে উভতি !
——————————————————
এটা গাঁৱলীয়া সাধু
ৰুবুল দাস
বাৰেভচহু কথাৰে
নৈ-ঘাটৰ তিৰীমখাক তেওঁ
গাঁৱৰ পুৰণি সাধুটো শুনায়---
"সাধুৰ কাউৰী কাউৰী নহয়
আঁহতত ফাঁচ দি মৰা কবিৰ সৰু ভায়েক
...............
কৃষ্ণ বৰণেই তাৰ কাল হ'ল...
সেয়ে বগা হ'বৰ বাবে
এই চাবোন চুৰিৰ অভ্যাস।"
কাপোৰ আছাৰিব এৰি
গাঁৱৰ তিৰীমখাই এতিয়া
হিয়া আছাৰি আছে শিলত
বগা হোৱাৰ দুখত !
—————————————————
মাটি বিছনা
হিতেশ মেধি
নিজৰ পৰা লুটি বাগৰ মাৰি
চাব খুজিও চাব পৰা নাই মুদি থকা চকুহাল
দেওমৰা খোজবোৰ নিজাৰ পৰা বেলিকা
মই চিৎহৈ পৰি আছোঁ
তল পিঠিত নিসাৰ মাটি বিছনা
এইযে সিটো পাৰত কথাবোৰ থৈ
বৈ যোৱাৰ কামনা কৰা ভাৱনাটোৱে
হেঁচা দিব কিমান আৰু
মই এটা মৰা মানুহ
বোকোচাত ভাগৰুৱা পৃথিৱীৰ
এটা পানী পৰুৱা
বুলি বুলি আঁত নোপোৱা
পোহৰ পাহৰি উভটি নহা বাটত
এতিয়া মৰা মানুহৰ আহ যাহ
মই তাৰে এগৰাকী
দেহৰ কোটৰত জীৱন পৰ্ব
ধুই থোৱা দেহটো এতিয়া
মৰা মানুহৰ ছাঁ
-----------------------------------------------------------
কবি,বুদ্ধ আৰু এমুঠি সৰিয়হ
গায়ত্ৰী দেৱী বৰঠাকুৰ
(এক)
কবিৰ পঁজাত
দুখৰ প্ৰচ্ছায়া
কোনে
গিলি থ'লে
প্ৰগলভ জোনাক
ৰাহু,কেতু নে কাল
নিয়তি নে পৰিহাস
কবি নে নীলকন্ঠ
নীলকন্ঠ নে কবি
একেই ছবি
একেই হলাহল
সংসাৰ- মন্থন
সমুদ্ৰ- মন্থন
নে
আত্ম- মন্থন
ধৰ্মং শৰণং গচ্ছামি
সংঘং শৰণং গচ্ছামি
বুদ্ধং শৰণং গচ্ছামি
(দুই)
বুদ্ধৰ বৰ ভাগৰ
কিমানক যাচিব
নিৰ্বাণৰ ঠিকনা
জন্ম- মৃত্যু আৰু জৰা
কিয় ?
কেতিয়া ?
কেনেকৈ ?
মায়া
মৰীচিকা
নে জীৱন
(তিনি)
সৰিয়হ এমুঠি
বিচাৰি
কবি ওলালে গৈ
বুদ্ধৰ চহৰ
কবিক আচৰিত কৰি
আগুৱাই আহিল
ভিক্ষুক বুদ্ধ
স্মৃতিবিভ্ৰম
বিস্মৃতি নে
বুদ্ধ
স্থাৱৰ
স্থবিৰ
নে
ভাস্কৰ্য
সময়
শিল্প
নে
অট্টহাস্য !
( কবিৰ দুচকুত জাতকমালাৰ প্ৰথমটি পৃষ্ঠা )
——————————————————
দঁতাল্ হাতীৰ হাঁহি
ৰিপুঞ্জয় বৰুৱা ঋমন
চকুৰ লোতক মচি,
হাতত সাৰে ভৰিত সাৰে
বৰ্ণসঙ্কৰ্ ৰাতি এটা নামি আহে ।
সাপৰ দৰে দীঘল হৈ অহা ৰাতিটো
শিৱলিংগটোত মেৰ্লৈ আছে ।
তিনিআলিবোৰত দঁতাল্ হাতীৰ হাঁহি !
অন্ধ কলিজাত কামনাৰ কপালী ।
নিলগে নিলগে ৰাতি জ্বলে।
শলিতা নোহোৱা চাকিৰ দৰে !
মাটিয়ে মাটিয়ে । পানীয়ে পানীয়ে ।
বতাহত মানুহ পোৰাৰ গোন্ধ !
মৰিশালিত তৰাবোৰে জুম পাতিছে,
ধোঁৱাবোৰে ৰাতিৰ টেটু চেপি ধৰিছে ।
চাৰে-তিনিহতীয়া শেতেলিত ৰাতিটো জিৰাইছে ।
——————————————————
তিতা তিয়নিৰ জোন
ৰতন শদিয়াল
তিতা তিয়নিৰ জোনক
সুখী কৰাবলৈ পাতিপইচা দুখ
চন্দুকত উৱলি যোৱা
এবোজা দুখ লৈ জী থাকে
পাতিপইচা
সেয়াও নহয় যে
দুখবোৰ দপদপাই
কাণত জিলিকিব এসোতা ভাৱনাত
হাতৰ পৰা খহি নপৰে সহজে
পূৰ্ণ পোহৰৰ প্ৰতিফলন
পকনীয়াত প্ৰতিবিম্বই
উধাতুৰে
চাত্ মাৰি নধৰে চকুলোৰ সামৰি
ন-কথাৰ ন-জীয়ন
তিতা তিয়নিৰ জোন চাবলৈ
উঁইপৰুৱাৰ সপোন
হাঁফলুত বগাই
চাকচনিত মাত মৰে
টিপচাকি যেন পোহৰৰ মালিতা
অথচ্ তিতা তিয়নিৰ জোনে
মৰিবলৈ নকয়
ভীষণ প্ৰতিশোধত।
——————————————————
স্বপ্ন বিলাস
সঞ্চিতা বৰা
১)
আকাশ গলা টোপালটো
ধৰো বুলিয়েই
বৰশী পেলালোঁ
পুঙা টানিলেই
এনেকৈ মাৰি পঠিয়াম
সীঁ পেলাব জোনটো
২)
চৰাইবোৰৰ বাবে আকাশ
মাছবোৰৰ বাবে পানী
সপোন থাকেনে মাছৰ
উৰিবলৈ নীলাত
শুকুলা ডাৱৰ ফালি
৩)
ওখ কায়াৰ দীঘল ছাঁয়া
অভিমানী গছজোপাৰ
দীঘল শিপাডালৰ পোহৰে
মাটিৰ আন্ধাৰ ফালি
ছাঁয়াটো বিচাৰি মৰে।
——————————————————
সকলো ঈশ্বৰ
ৰতন ৰাগ
ঈশ্বৰৰ দেশত সকলো বৰশীৰ পোঙা
ভেল্কীবাজিয়ে প্ৰাৰ্থনা
গিলি খায় মানৱতা ।
মানুহৰ পোছাকত জন্ম লয় দানৱ
পুহি ৰাখে মন মগজুত
অগ্নি শিখাই দহি থকা বিষ
সন্মুখত দেখি থকা সকলো
সূৰ্য উত্তাপত নাচি থকা ছাঁ পোহৰত,
এন্ধাৰত
সকলো অচিনাকি
গিলি খোৱা বাঘ ।
সপোনত কথা পাতিছিলোঁ ঈশ্বৰৰ সৈতে
ঈশ্বৰে মোক ক’লে-
সকলো মানুহ একোজন ঈশ্বৰ
সকলো মানুহ একোজন যীচু
সকলো মানুহ একোজন আল্লা ।
মানুহ বোৰে ঈশ্বৰৰ পৰিচয় কাৰ্ড
কঢ়িয়াই ফুৰে মন মগজুত
সেয়ে পাহৰি যায় সময়
সেয়ে পাহৰি যায় মানুহ ।
——————————————————
ৰৈ থাকিও যি গৈ থকাৰ দৰেই
দাদুল ভূঞা
ৰৈ থাকিও যি গৈ থকাৰ দৰেই
অথবা গৈ থাকিও যি ৰৈ থকাৰ দৰেই
অপৰাহ্ন বেলিৰ ছায়াত
লুকাই যোৱা নীলৰঙী আকাশ
দুৱাৰখন খুলিলে বৈ পৰা পোহৰৰ আভা
তাৰ মাজতো লুকাই আছে বিস্মিত উপত্যকা
আঙুলিৰ ফাঁকত বাজি উঠা ভায়’লিনৰ
সুৰ এটিত
বিচাৰি ফুৰোঁ
জীৱনৰ সনাতন সত্য
দীঘলীয়া ধূলিময় জীৱনৰ বাট
নোকোৱাকৈ থকা বহু কথাই
ক’বলৈ থাকি যায়
গো-খোজৰ পানীত
আকাশ খেপিয়াই ফুৰা
অৰ্থহীন
সময়ৰ বালিঘড়ী
চোতালৰ দূৱৰি গছকি
যি যাত্ৰা আৰম্ভ কৰিছিলোঁ
সেই যাত্ৰাৰ শেষ ক’ত মই নাজানো
কেৱল গৈ থকাৰ দৰে গৈ নাথাকি
নাইবা
ৰৈ থকাৰ দৰে ৰৈ নাথাকি
মকৰাজালৰ মায়াত বন্দী হৈ
খেপিয়াই ফুৰিছোঁ জীৱন!
————————————————
ৰ'দালি
মণিকা দাস
আগলি কলপাতত ভুমুকি মাৰি বিজুলি বাঁহৰ জেং আঁতৰাই তুমি যেতিয়া আহিছিলা
কাৰি লোৱা মোৰ তাঁতশালখন কাথিখনত তেনেই আমন-জিমনকৈ বহি আছিল
তুমি হয়তো মনেই নকৰিলা
উৰণপোৱা চৰাইজনীৰ পাখিদুখিলাত
এনেনো কি ভুলিলা বান্ধৈ
চ'ততেই শুৱাগ জাৰিলা
চোলাটোৰ বুটামকেইটা সৰিছে
খুলি দিবা বইটা ভৰাই সিঁ থ'ম
কিমাননো আৰু সহিম মেঘমল্লাৰ ৰ'দ
চকুও নোপোৰে
চালো নোপোৰে
ভিতৰিহেচোন দহি দহি মৰে।
—————————————————
অহাৰ বাটেদি
ড°ৰমেশ কুমাৰ কাকতি
জীৱনটোনো কি ?
শূন্য এটাকে দুয়োহাতে সাবটি
আশাবোৰ ৰোপণ কৰে
বাসনাৰ সাৰ-পানীৰে
বাঢ়িব দিয়ে লহপহকৈ ৷
আকাশৰ নীলাবোৰে
মাটিৰ সেউজ ৰঙে
ফুলনিৰ সুগন্ধিত ফুলে
পখিলাৰ পাখিৰ নাচোনে
বাউলি মাতে, ৰামধেনু হৈ।
শূন্যতাতে অংকুৰিত হৈ
আশাবোৰে পোখা মেলে
আপোনজনে প্ৰেৰণা যোগায়,
জীৱনাকাশ ৰঙীন হৈ
বাস্তৱ হয় সপোন
এটি দুটিকৈ ৷
আশাৰ আঁচলত বন্দী মন
জীৱনৰ কঠিন বাটত
সাফল্যৰ অনাবিল আনন্দ বিচাৰি
অনামী অনুভৱে মন ভৰাই
বাসনাৰ নদীখন থাকে মাথোঁ বৈ ৷
ৰঙীনতাৰ স্পৰ্শত আশাবোৰে
তৃপ্ততাৰ আৱৰণ পিন্ধাই
জীৱনৰ কামনা-বাসনাবোৰে
কল্পনাতে থাকি উটি-ভাঁহি
তন-মন-ভাৱনাক কৰেহি বিকাশ ৷
আশাৰ জখলা বগাই
কল্পনাবোৰো হয় আবেগিক
হাঁহি আৰু হতাশাৰ দোমোজাত
পাহৰিব খুজিও অতীত সুঁৱৰি
ছয়াময়া হয় মনাকাশ ৷
প্ৰাপ্তিৰ সীমনা বিচাৰি
মুঠি মুঠিকৈ হেৰাই জোনাক
সপোনৰ আঁত বিচাৰি
আশাৰ ফুল বচা তৰাবোৰ
সৰি পৰে পপীয়াতৰা হৈ ৷
সেউজবোৰ পুৰঠ হয়...
হেঙুলীয়া বেলিটোৱে কৰেহি আমনি
হেৰুৱাই দিনৰ অস্তিত্ব
এনেকৈয়ে, জীৱন নামৰ শূন্যটোৱে
অহাৰ বাটেদি গতি কৰে শেষ সীমনালৈ ৷
——————————————————
পানীৰ হাঁহি
সীমা গগৈ
নৈ এখনে উচুপি উঠাৰ বেলিকা
কোন বাটৰুৱাই বাৰু
বাট হেৰুৱায়
প্ৰেমত প্ৰতাৰিত হৈও নৈ নিৰৱে বৈ গুচি যায়
বহু যুগ ধৰি বৈ থকা নৈবোৰ
হয়তো
শিৰোনামবিহীন এখন কবিতাৰ সংকলন !
আৰু জীৱন ?
একাবেকা গতি
সুখ দুখৰ দুটি পাৰ
ঠিক নৈখনৰ দৰেই
এনেদৰেই
নৈয়ে সৃষ্টি কৰা
বহু কবিতা গীত হৈ ৰয়
বহু গীত কাহিনী হৈ বয়
বৈ বৈ কাহিনীবোৰ
হয়নে বাৰু ক্লান্ত ?
নাজানো...
নাজানো
কাৰ তৃষ্ণাতুৰ দুচকুৰে
কঢ়িয়াই ফুৰে
অক্লান্ত সাগৰ এখন
জানো মাথোঁ সেই কথা–
যি কথা চকুৰ পতাই সামৰি থয়
সিদিনা Merina beach ত দেখিছিলোঁ
সাগৰ পাৰৰ শংখ বুটলি
ঘৰমুৱা হোৱা বেলিৰ দুচকুত
এচামুচ নীলা
আৰু
মই চাই ৰʼলোঁ
এবুকু উন্মাদনাৰে
জোঁৱাৰৰ কত অহা যোৱা
এতিয়াও কʼবপৰা নাই
আচলতে
মই সাৰে আছোনে শুই আছোঁ!
দুচকু মেলি মাথোঁ চাই আছোঁ
মাটিৰ বুকু ফালি শিপাই যোৱা
জীয়া-জীয়া বেদনাবোৰ
নেদেখা চকুলোৰ গেদবোৰ
অভিমানী বুকুৰ অৱগাহনবোৰ...
পানীৰ হাঁহিয়ে সাবটি লোৱা হʼলে!
●●●●●●●●●●●●●●●●●●●●●●●●●●●
অসম কাব্য কাননৰ অনন্য অনুষ্ঠান
কথোপকথন
আজিৰ অতিথি– জনপ্ৰিয় কবি,চিত্ৰশিল্পী
নীলাভ সৌৰভ
সাক্ষাৎকাৰ গ্ৰহণ- মৌচুমী দাস
————————————————
প্ৰকাশিত কাব্যগ্ৰন্থঃ-
◆উত্তৰ আধুনিক ঘা
◆কথাবোৰ কৈ থাকিব লাগিব
অসমৰ প্ৰায়কেইখন বাতৰি কাকতৰ লগতে আগশাৰীৰ সকলো আলোচনীত কবিতা প্ৰকাশ হোৱা জনপ্ৰিয় কবি,চিত্ৰকৰ নীলাভ সৌৰভদেৱৰ সৈতে হোৱা আমাৰ কথোপকথনটি আপোনালোকলৈ আগবঢ়ালোঁ---
◼️অ:কা:কা:- নমস্কাৰ দাদা, প্ৰথমে আপোনাৰ পৰিচয়তো জনাব।
🔷নীলাভ সৌৰভ - নমস্কাৰ, মই নীলাভ সৌৰভ৷ নগাঁও জিলাৰ ৰহাৰ দীঘলিআটী নামে গাঁৱত মোৰ ঘৰ৷
◼️অ:কা:কা:- আপুনি কবিতা লিখি কিয় ভাল পায়?
🔷নীলাভ সৌৰভ- মই ছবিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলো সৰুতে৷ আৰ্থিক দুৰৱস্থা আৰু শিকাৰ প্ৰতিষ্ঠান ওচৰতে নোপোৱাত শিকা নহ'ল ভালকৈ৷ ছবিৰ সামগ্ৰীবোৰৰ দাম বহুত বেছি, দেউতাৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল যে সেই সামগ্ৰীবোৰ কিনিম৷ আৰু কল্পনাপ্ৰসূত মনটো চিত্ৰকল্প বৰ্ণনাৰ প্ৰতি উৎসুক হৈ উঠিছিল, তেতিয়া কাক চিত্ৰকল্প কয় নাজানো, কিবা এটা তুলনা কৰি লিখি, ছবিৰ দৰে বৰ্ণনা কৰি, শব্দৰ সলনি শব্দ ব্যৱহাৰ কৰি ভাল লাগিছিল৷ দৰিদ্ৰতাৰ ছবি আৰু পৰিশ্ৰমী মানুহৰ ছবিৰ লগতে মানুহৰ দুৰ্যোগৰ ছবি শব্দৰে আঁকিবলৈ কবিতা মোৰ ভাল লগা মাধ্যম হৈ উঠিল৷
◼️অ কা কা :- আপুনি কেতিয়াৰ পৰা কবিতা অ:কা:কালিখিবলৈ ল'লে? কবিতাৰ প্ৰতি এনে কি আকৰ্ষণ অনুভৱ কৰিলে যাৰ বাবে আপুনি কবিতাৰ পৃথিৱীত ভৰি দিলে?চিত্ৰৰ লগতে কবিতাক হে কিয় আশ্ৰয় কৰি ল'লে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ?
🔷নীলাভ সৌৰভ- সন্মুখৰ পৰা দৰিদ্ৰতা দেখিছোঁ, যুঁজিছো, পৰাজিত হৈছোঁ, যুঁজিয়েই আছোঁ ৷ এই যুঁজখনত ভৱিষ্যতৰ বাবে এটা সপোন, সমভাৱাপন্ন, সম অধিকাৰ সম্পন্ন এখন সমাজ কল্পনাত গঢ়লৈ উঠিছিল৷ তাৰেই সপ্তমমান শ্ৰেণীৰ পৰা আৰম্ভণি কৰিছিলোঁ বহী এখনত লিখি যাবলৈ৷ ছবি মোৰ প্ৰথম প্ৰেম৷ মোৰ দেহত তেজৰ সলনি ৰং বৈ থকা হেন পাওঁ৷ ভালপাওঁ৷
মই প্ৰেমিক মানুহ আৰু এই প্ৰেমো কবিতা আৰু ছবিৰ জগতত সোমাই পৰাৰ এক কাৰণ৷ মই প্ৰেমৰ ভাগ বতোৱাৰা নকৰো - যেনে অমুক প্ৰেম তমুক প্ৰেম৷ প্ৰেম সৰল৷ আৰু প্ৰেমেই জীৱনক উপভোগ্য কৰি তোলে৷ মনৰ ভাষ তথা কল্পনাক সৌন্দৰ্যময় কৰি তোলে৷ ভাষাটোৰ প্ৰতি দায়বদ্ধতাই মোক কবিতাত বান্ধি ৰাখে৷ যথা সাধ্য চৰ্চা কৰি যাম৷ কবিতাই ভাষাক সমৃদ্ধ কৰে৷ কবি দায়বদ্ধ প্ৰতিনিধি নিজা ভাষাৰ৷ কবি সমাজ আৰু সামাজিক ভাষাৰ প্ৰহৰী৷ গতিকে মই যদি কবিতাৰে ভাষাৰ কাম কৰিবলৈ সুযোগ পাওঁ, উৎসাহিত হ'ম এনে মানসিকতাৰে |
◼️অ:কা:কা:- ফেচবুকৰ কবিতাই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰিব বুলি আপুনি ভাবে নে??এই বিষয়ে আপোনাৰ ধাৰণা কি?
🔷নীলাভ সৌৰভ- কবিতাকলৈ মই তীব্ৰভাবে ইতিবাচক ৷ সকলোৱে চৰ্চা কৰি আছে ৷ ভাল কথা৷ মাধ্যম প্ৰধান কথা নহয়৷ চ'চিয়েল মেডিয়া, কাকত, আলোচনী যিয়েই নহওক ভাষাৰ সমৃদ্ধিৰ বাবে, ভাষাক দীৰ্ঘজীৱন দিবৰ বাবে পঢ়া-শুনা আৰু লেখা-মেলা জৰুৰী৷ খালি টিং বজোৱা সকল এদিন ভাগৰি যাব৷ যিয়ে টিং ভৰাব তেওঁলোকেই ভৱিষ্যতলৈ বাট বুলিব৷ সময়ে বাচি ল'ব সঠিক কামক৷ মাধ্যমটোক মই দোষাৰোপ নকৰোঁ ৷ পঢ়া-শুনা নকৰা, অলপ পঢ়ি অহংকাৰ কৰা সকলে অলপ সচেতনভাবে অধ্যয়ন কৰিলে আৰু মনোযোগ বৃদ্ধি কৰিলেই লাভবান হ'ব৷ আৰুনো কি ক'ম...
◼️অ:কা:কা:- আপোনাৰ কবিতাৰ চৰ্চাত প্ৰধানতঃ কোনগৰাকী কবিৰ দ্বাৰা অনুপ্ৰেৰিত হৈছে আৰু কিয়?
🔷নীলাভ সৌৰভ- কাৰ নাম ল'ম? দক্ষিণ আফ্ৰিকাৰ কবিসকলৰ, জাপানৰ, আৰু অসমৰ লোক কবিতাৰ ধাৰাটো ভাল লাগিছিল যৌৱনৰ সময়ত৷ সকলো মনত পৰা নাই আৰু আছিল৷ অগ্ৰজসকলে কাটি যোৱা বাটটোৱেই মোৰো বাট৷ পাঠ্যপুথিত পঢ়াৰ পৰা কবিতাৰ সংকলন বা আলোচনী আদিত পঢ়া অসমীয়া প্ৰায় সকলো কবিৰেই কবিতা মোৰ ভাল লাগে৷ নতুন কবিতা পঢ়ি শিকোঁ নতুন কথা৷ মই পঢ়া সকলো শ্ৰদ্ধাৰ অসমীয়া কবিৰ কবিতাই মোক প্ৰভাৱিত কৰিছে৷
◼️অ:কা:কা:- আধুনিক কবিতা বোৰ জটিল। অধিক মাত্ৰাত প্ৰতীক চিত্ৰকল্পৰ প্ৰয়োগৰ ফলত আধুনিক কবিতা বেছি জটিল হৈ পৰিছে বুলি ভাবে নেকি? এই সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰোঁ।
🔷নীলাভ সৌৰভ- কবিতা জটিল৷ কবিতা সহজ৷ কবিতাৰ পাঠকৰ ওপৰত নিৰ্ভৰ কৰে এই অভিযোগ দুটাৰ কাৰকসমূহ৷ কাৰোবাৰ বাবে উৰাজাহাজ চলোৱাতো টান কাম কাৰোবাৰ বাবে চাইকেলখনেই জটিল৷ কবিতা কবিৰ স্বাধীন সম্পদ৷ মই মন কৰোঁ কবিতাত মানুহৰ কথা কোৱা হৈছে নে নাই? মানুহৰ কথা কোৱা কবিতা ভালপাওঁ ৷ ৰাজনৈতিক চেতনা থকাটো দৰকাৰ বুলি ভাবো- কিন্তু এজন কবিৰ সকলো কবিতাতে সেয়া থাকিব লাগিবই বুলি কোনো কথা নাই৷
মানুহ শিক্ষিত, সচেতন, ভাবসম্পন্ন আৰু কলাসন্মত হ'লেই কবিতা সহজ হৈ পৰে পঢ়োতে৷ মই আনুষ্ঠানিক শিক্ষাৰ কথা কোৱা নাই৷ মহাভাৰত, ৰামায়ণ, গীতা, কোৰাণ, বাইবেল আদিৰ ওপৰিও আমাৰ শংকৰী সাহিত্যতো প্ৰতীক চিত্ৰকল্পৰ প্ৰয়োভৰ মন কৰিবলগীয়া৷ সেয়া মানুহে সচেতনভাবে পঢ়ে বাবে বুজে৷
আমাৰ দেশত প্ৰাশ্চাত্য আধুনিকতাৰ বা লাগি পঢ়া মানুহ কমিছে বুলি কয়, আমাৰ মানুহ সহজাত বস্তুৰ প্ৰতি আকৰ্ষিত হৈছে বুলি কয়৷ কিন্তু পশ্চিমৰ দেশত পঢ়া শুনা মানুহৰ সংখ্যা কম নহয়৷
◼️অ:কা:কা:- কবিতা-অকবিতা কি ?এই বিষয়টোৰ ওপৰত আপোনাৰ মতামত জানিব বিচাৰোঁ।
🔷নীলাভ সৌৰভ- সকলো কবিতা৷ কেৱল সময়ে বাচি লয় নিৰ্দিষ্ট কিছুমান কবিতাক৷
◼️অ:কা:কা:- শেহতীয়াকৈ দুখনমান আলোচনীৰ কবিতাই নিজৰেই আগৰ মানদণ্ড হেৰুৱা বুলি সচেতন পাঠকৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। দুখন বিশেষ আলোচনীত কেইবাটাও সংখ্যাত বহু তৰল মানৰ কবিতা প্ৰকাশিত হৈছে,
এই ক্ষেত্ৰত আপোনাৰ মতামত?
🔷নীলাভ সৌৰভ- সম্পাদনাৰ কথাবোৰ মোৰ দৰে নগন্য মানুহ এজনৰ আওতাৰ বাহিৰত৷ পাঠক সদায় ভাল কবিতাৰ পক্ষত৷ কাকত আলোচনী তথা মিডিয়াৰ পৰাও পাঠকে ভাল আশা কৰে৷ মই ইতিবাচক এইক্ষেত্ৰত৷ কবিতা পঢ়ি কবিতাৰ মান পাঠকে নিৰ্ণয় কৰে- সেইকাৰণেই চাগে কোনটো ভাল বা কোনটো বেয়া বুলি এনেকুৱা প্ৰশ্ন উঠিছে৷ আলোচনীয়ে নিজৰ বৈশিষ্ট অনুসৰি কাম কৰক, পাঠকে সেই কামৰ মান নিৰ্ণয় কৰি আছিল, কৰি থাকিব৷
সময়ৰ তুলাচনীত সকলো উঠিব৷ সম্পাদকসকলৰ দায়বদ্ধতাই আমাক ভাল কবিতাৰ সোৱাদ দিয়ে৷
◼️অ:কা:কা:- শেষত "অসম কাব্য কানন" নামৰ গোটটোৰ বিষয়ে আপোনাৰ মনোভাৱ জনালে সুখী হম |
🔷নীলাভ সৌৰভ- ভাল কাম কৰি আছে, কৰি থাকক৷ ভাল কামত লাগি থাকিলে এনে গোটে পৰিবেশ নিৰ্মান কৰিবলৈ সক্ষম হয়৷
অ:কা:কা:- সদৌ শেষত আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে লগতে আমাৰ প্ৰশ্ন সমূহৰ যথাযথ উত্তৰ প্ৰদান কৰাৰ বাবে অসম কাব্যকাননৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে আপোনাৰ কলমেৰে জীপাল হৈ উঠাৰ কামনা কৰিলোঁ-অসমীয়া ভাষা সংস্কৃতিৰ বিশাল পথাৰ খন।সাহিত্যৰ জগতত আপুনি এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰওঁক।
জয়তু অসম কাব্য কানন
ধন্যবাদ৷
●●●●●●●●●●●●●●●●●●●●●●●●●●●
কবিতা
বিথোভেন
অৰ্চনা ঠাকুৰীয়া
নিদ্ৰাদেৱীৰ অকাল মৃত্যুত পাক ঘুৰণি খোৱা কথাবোৰ পুনৰাই জী উঠিল
পাতেগজা গছৰ দৰে কথাৰ পৰাই কথাৰ সৃষ্টি হ'ল
একেবাৰে নিউটনৰ তৃতীয় গতিসূত্ৰৰ পৰা বিথোভেনৰ দুৰ্ঘটনাত হেৰাই যোৱা সুৰটোলৈ
কেনে আছিল সেই সুৰ
মনলৈ সুৰবোৰ কেনেকৈ আহিছিল
ধূলিত বাগৰি আহিছিল নে পাৰ্থসাৰথিৰ ৰথত বহি
মিচিকিয়াই হাঁহি আহিছিল
ভাৱবোৰে ধাননিত লাহ দি থাকোতে নামঘৰৰ
প্ৰাতঃপ্ৰসংগৰ অন্ত পৰিল
দিনটোৰ কামবোৰ কৰি অতাইছোঁ
এনেতে বৰ পো বাপুকণে মাত লগালে
আই, পাৰ যদি এইবাৰ মোক কেদবেৰীৰ সলনি বাঁহী এটাকে আনি দিবি
দুখৰ ভৰত চেঁচা হৈ যোৱা বাটটো মই বাঁহী বজাই বিচাৰি যাম
মই ক'লো, সোন পথৰ ধূলিত তই আবেগবোৰ বিসৰ্জন দে ; আবেগতো আৰু যুক্তিনিৰ্ভৰ নহয়.....
অ' জোনাক,তই আজি নোলাবি দেই
তোৰ সলনি আজি নিশা বৃদ্ধ মেঘ ককাইক মাতিছোঁ
আজি তেঁৱে ময়ে বিথোভেনৰ শ্ৰৱনেন্দ্ৰিয় ঘূৰাই অনাৰ পৰিকল্পনা কৰিম।
বিথোভেনৰ নামত এখন
নিৰীক্ষণ শিবিৰৰ আয়োজন
তুমি আকৌ উভতি আহা
আনন্দ আৰু যন্ত্ৰণাৰ মিশ্ৰিত সুৰেৰে সকলোৰে হৃদয় জিনা
বিথোভেনৰ দুচকু দুখন আকাশ হ'ল আৰু কণ্ঠত সৃষ্টিৰ প্ৰথম ধ্বনি
—————————————————
বিলাপ
অনিতা মেধি মিশ্ৰ
দিনে-ৰাতি সত্যৰ শ্ল'গান আওৰাই
বুকুত গোপনে শিপাই বিষাদ
চকুত ঘোৰ অন্ধকাৰ বিয়পাই
ৰেলৰ দৰে উকিয়াই সময়ে, দি যায়
আত্মনিগ্ৰহৰ সংকেত সৰ্বত্ৰতে...
প্ৰৱঞ্চনাৰ সৈতে ভোক,মূল্যবোধৰ ৰণখন তাহানিৰে
চলি আছে এতিয়াও নিৰ্বিকাৰে...
দুখবোৰ শুনাবলৈ, শুনি ব্যথিত হ'বলৈও
কাষত কোনো শ্ৰোতা নাই
নিজৰ গৌৰৱ নিজেই ঘোষণা কৰি
নিজেই শোকাতুৰ বোকাৰে হৈ লেটিপেটি
কাৰোবাৰ ব্যৰ্থতা ঢাকি
কাৰোবাক দোষাৰোপ কৰি
চাউল, কম্বলৰ পংকিলতাত নিমজ্জিত মুখবোৰে
ৰঙীন পৰ্দাত টোকে ঘৰিয়ালৰ চকুপানী।
দুখে কি বুজে, সময়ৰ বাউলি পাক
নিথৰ তমসাত হাওলি পৰে, নিছলাৰ বুকুৰ উত্তাপ
কৰুণ বতাহজাকত নুমাই দুচকুৰ জোনাক
নঙলাৰ বাহিৰত এন্ধাৰৰ বিলাপ....
——————————————————
পাহাৰী চৰাইৰ গান
কেশৱ চাউ
পাহাৰী চৰাইৰ গান এটাই মোক
টানি লৈ যাব খুজিছে
শুনাবলৈ
মাটি-কলহত শুই থকা
সোণমুদ্ৰাৰ কাহিনী-কথা!
গছে নজনা শিপাৰ ভৰ কথা
পাহাৰী চৰায়ে বুজে
শুনি থাকে মানুহে নেদেখা
ছায়াৰ ইতিকথা।
শৰীৰ বাৰ্ধক্য যাউতিযুগীয়া প্ৰবাদৰ ভৰ;
তেনেই আমি আৰণ্যক বংশৰ পৃথিৱী পুৰুষ।
—————————————————
একান্ত আন্তৰিক
পংকজ কুমাৰ শৰ্মা
আদৰৰ টলবল উমত সেমেকা দুগালেদি
মুকুতাৰ মালা যেন অশ্ৰু নিগৰিছে
তেজৰ তলিৰ পৰা
উঠি আহিছে এটি এটি শংখ
বুকুৰ ধপধপনিত
আপোন তেজৰ গোন্ধ
চৌপাশ এতিয়া নিজ আবৰ্ত্তত
কোনেও কাকো এৰি যাব নোৱাৰা সময়।
——————————————————
জীৱন দৰ্শন
অনুসূয়া বৰঠাকুৰ
ৰাতিটোৱে বাট কাটি থাকোতে,
হুৰুসকৈ খহি পৰিছিল ভৰিৰ তলৰ মাটি!
আপোনক চিনিব শিকোতে,
দাপোণে বিশ্বাসঘাটকতা কৰিলে!
ক্ৰমশঃ নিজেই নিজৰ অচিনাকি হৈ পৰিলোঁ।
বুদ্ধ হ'ব খোজোতে,
দুখ,চিন্তা, নিসংগতাই কুঁজা কৰা পিঠিখনে অকালতে বৃদ্ধ কৰি পেলালে!
এতিয়া জড়াগ্ৰস্ততাই শিকাইছে জীৱনৰ শেষ পাঠ...
সৰ্বস্বান্ত হ'লে বুদ্ধ হ'ব পাৰি,
জিৰাব পাৰি বোধি বৃক্ষৰ ছাঁত!
সৰ্বস্বান্তজনেহে বুজে
মায়া, মোহ অজুহাত!
জীৱৰ পৰা জড়লৈ
উশাহ এটাৰ বাট।
——————————————————
অঘৰী মই
গিৰিণ বৰা
ফুলবোৰক গছতেই থাকিব দিয়া
নিচিঙিবা,অশ্লীলতাৰে ভৰি পৰিব
স্নেহ আৰু সুগন্ধিৰ চিকুণ বাট,
বতাহত হালি জালি সিহঁতেই চতিয়াই
সেউজবুলীয়া সপোনৰ ভাষা
ময়তো অঘৰী, নাজানো আত্মাৰ খেলা
ভুল নুবুজিবা বন্ধু,
সুখত দহিবলৈ মোৰ একোৱেই নাই
স্বীকৃতিবিহীন অনুভৱক সকলোৱে উলাই কৰে ,
তলসৰা ফুলকেই বুটলি আলফুলে শুৱনি কৰো মোৰ হৃদয়ৰ কোঠালি ।
দুষ্ট লৰালিত বিচৰাই নহ'ল
জীৱনৰ অৰ্থ
গোলাপেও নাজানে
ফুলশয্যাৰ নিশা জীৱনৰ অৰ্থ অভিনৱ,
বুকুৰ গভীৰতাত কিমান জুখিম ?
শিল্পী সত্বা,মাধুৰীমা সপোনৰ ধল
বুকুখন সেউজীয়া কৰিবলৈ
ঋতুবোৰো ধৰ্ষিতা হ'ল
নদীবোৰো 'জাৰজ'ৰে অন্তঃসত্বা
শিল্পীৰ মৌন ওঁঠত এটা
ভাৰাক্ৰান্ত কবিতা
কল্পনাৰ বৰভেটি অকালতে খহাই,
বজাৰত বৰ্ণ বৈষম্যৰ কুটিলতা ,
ময়োতো তৃষ্ণাতুৰ
দুখবোৰ আপদালকৈ ৰখাৰ বাবে
সুখবোৰে সুহুৰি মাৰে,
দাৰ্শনিকৰ দৃষ্টিত দেৱালৰ
লিখনবোৰ বৈচিত্ৰ্যময়,
'জীৱন উদযাপন' এক পৃষ্ঠাৰ
মাথো এখন
দুটকীয়া বিজ্ঞাপন ,
অঘৰী মই,
হৃদয়তে শুকাল
অংকুৰিত বাসনা,
চেৰাবলীয়া আধুনিকতাই এদিনতে পাহৰাব মোৰ মৃত্যুৰ বেদনা ।
—————————————————
স্বাদ
বিভা দেৱী
স্বাদ ল'ব খোজোতেই
জিভাৰ পৰা
সুলকি পৰা কবিতা এটাত
মই নাছিলোঁ
য'ত তুমি আছিলা
বিশাল সভাখনৰ মাইকটোৰ মুখতেই
মোৰ মুখখন
এৰি থৈ আহিছিলোঁ
মই আছিলোঁ
আকাশৰ ঠেহৰ সৈতে
শেঙুননকা ছোৱালীজনীয়ে
মাৰিৰে কোবাই লৈ ফুৰা চকাটোত
মই আছিলোঁ
মই নাছিলোঁ
মূল্যবোধৰ বিচনাত
সোতমোচ খোৱা চাদৰখন মেৰিয়াই লৈ
শুই যাবলৈ
তুমি বগাব খোজা জখলাডাল
মই নাছিলোঁ
কিয়নো,
মই মইয়েই আছিলো
মৰি মৰিও জী থকা
শীতৰ এক শীৰ্ণ জুৰিৰ দৰে
———————————————————
কবিতাৰ প্ৰেম
স্বপ্নমজ্যোতি কলিতা
আজি এজাক পাতল বৰষুণ হʼব । কবিতাৰ ওঁঠত জিৰাবহি মৃদু বতাহ । খোলা চুলিৰ ভিজা ভিজা গোন্ধ এটাই অশান্ত কৰি তুলিব চৌপাশ ।
শিলবোৰ চোতালতে খেলি খেলি পমি যাব
বকুল পাতে নিচুকাব হিয়া...
আজি এন্ধাৰৰ আঁৰ লৈ কবিতাই কবিতাক বিচাৰি যাব । ঢিমিকি পোহৰে পোহৰাব গা আৰু মই বৰষুণৰ চেঁচা কঁপনি এটা হৈ তোমাৰ গাৰে সুলকি যাম ।
কবিতা ! আকাশলৈ চোৱা
এই খহো এই খহো মেঘ আৰু তোমাৰ নামত পানীগছা ।
কবিতাই বৰষুণ ভাল পায়। কবিতাৰ প্ৰেমক আদৰিবলে আজি এজাক পাতল বৰষুণ হʼব । তুমিতো জানাই বৰষুণ ভাল পোৱা মানুহে ভাল পাব নোৱাৰে প্ৰতাৰণা ।
অʼ মোৰ কবিতা
মেটেকা ফুলৰ দৰে সময়ৰ সোঁতত হেৰুৱাই নেপেলাবা জীৱন ।
আজি কবিতাই কবিতাৰ স'তে সপোন দেখিব । দুচকুত ভাহি উঠিব প্ৰেমৰ স্বপ্নবাক ফুল আৰু সুদীৰ্ঘ ঋতুৰ কাংক্ষিত বসন্ত ।
আজি কবিতাৰ সপোনেৰে প্ৰেমিক আহিব । খোজত ফুলিব ফুল । গোলাপ-ৰজনীগন্ধা । কবিতা সচাঁকৈয়ে প্ৰেমত পৰিছে । মই জানো আজি ওৰে ৰাতি বৰষুণ হ'ব ।
কবিতা প্ৰেমত পৰিলে গোটেই আকাশখনে কান্দো কান্দোকৈ থাকে । ক'লা - বগা ফ্ৰগ পিন্ধি উৰি ফুৰে ডাৱৰ ।
মই মনে মনে ভাৱিছিলোঁ কবিতাৰ কথা । কবিতাই ডাঙৰকৈ ফোট ল'ব । চকুপানীৰে কাজল সানিব চকুত আৰু দীঘলকৈ ওৰণি ল'ব ।
হয়তো তেতিয়ালৈ মৰমৰ কবিতা আৰু আগৰ কণমানি কবিতা জনী হৈ নাথাকিব !
———————————————————
প্ৰেমৰ কথা পতাটোৱে ভুল
গীতাঞ্জলি দেৱী
নীলা খামৰ চিঠিত প্ৰেমৰ কবিতা নিলিখিবা
সেয়া শতিকাই গৰকা সাধু
আজি-কালি আঙুলিৰ ফাঁকত আঙুলি থৈ অনুভৱ কৰিব নোৱাৰি ভালপোৱা
জোনাক ওমলা শিতানত প্ৰহৰ লেখিব নোৱাৰি
বুকুৰ বন্দৰত ঢৌ তুলি উটি যোৱা ৰূপালী লহৰত উটুৱাব নোৱাৰি
নোকোৱা কথাবোৰ
শুকুলা মেঘৰ পাখিত ওলমাইও পঠিয়াব নোৱাৰি তোমালৈ অনেক খবৰ
হৃদয় এতিয়া শেলুৱা শিল
দেহজ খেলতে শেষ হয় আবেগ , ভাৱাবেগ
অনুৰাগেৰে নভৰে মন
দেহাৰ জুয়েহে নুমুৱাই মান-অভিমান
জাৰ-জহৰ কথাই নাই
প্ৰতিটো ঋতুত চৰায়ে বাহ নাসাজিলেও কোনো কথা নাই
অসঞ্জাতী প্ৰেমিকৰ আচলতে ভুলেই নাই
ভুল মাথো কামনাৰ
জুই লগা দেহৰ
ভুলবোৰ সামৰি-সুতৰি দলনি-পিতনি নিমাতে ৰয়
ব্যভিচাৰৰ বাট মুকলি নহ'লেহে দিগদাৰি
মৃত্যুৰ ৰং কেনেকুৱা সহজতে দেখুৱাব পাৰি
চকুৰ মণিত নিজক বিচাৰি চোৱাতো বৰ আহুকাল
আচলতে প্ৰেমৰ কথাবোৰ পতাটোৱে ভুল ।
-----------------------------------------------------------
বিষাদমালা
(লায়লাপুৰত নিহত জোৱানসকলৰ হাতত )
গীতাঞ্জলি বৰকটকী
বাটবোৰ একেই আছিল
মাতবোৰ একেই আছিল
একেখনিয়ে ঘৰ আছিল
একেটি জৰায়ুতে আছিলোঁ সোমাই
একেখনি আকাশৰ তলতে
উমলিছিলোঁ সাত-ভনী
একে বায়ুকে সেৱন কৰি
ডাঙৰ-দীঘল হ’লোঁ ৷
লাহে লাহে সকলোৰে
নিজা ঘৰ হ’ল
আইৰ ঘৰখনিৰ কথা পাহৰি গ’ল
লাহে লাহে নিজকে নিচিনা হ’লোঁ
মোৰ ঘৰ, তোৰ ঘৰৰ অৰিয়াঅৰিত
মাত হেৰাল
বাট হেৰাল
ভোকবোৰ বাঢ়ি অহাৰ পৰত
বেৰৰ তলেদি সিন্ধি খান্দে
আইৰ চৰু উদং কৰি পেটৰ ভোক মাৰে
ল’ৰালিতে চিলেটত খেলা
কটা-কটি খেলবোৰ বাঢ়ি আহে
সীমাই সীমাই ধোঁৱা উৰে
পাহাৰ-ভৈয়ামত বতাহে বতাহে বিয়পে মৃত্যুৰ খবৰ
আইৰ জৰায়ুয়েদি বৈ আহে তেজ ।
—————————————————
হেৰাই যোৱাৰ আগত
ইলামণি শইকীয়া
হেৰা ব’লাচোন ক’ৰবালৈ গুছি যাওঁ
তোমাৰ বয়স ৫০ মোৰ ৫৫
ব’লাচোন হেৰাই যোৱাৰ আগত
এবাৰ হেৰুৱাই চাওঁ নিজক
ল’ৰাহঁতক এৰি দিয়া
চেনেহৰ আঁচলখন ইমান টানকৈ নাবান্ধিবাচোন
খুলিবলৈ টানিলে আঁচলখনেই ফাটি যোৱাকৈ
শুনিছা ল’ৰাহঁতক পৃথিৱীখন দিলা
মাটিঅকণ নিজাকৈ ৰাখা
সিহঁতৰ আকাশত ধ্ৰুৱতৰা হোৱাৰ সপোন নেদেখিবা
আকাশখন দেখোন
তুমিয়েই চুবপৰা কৰিলা
সিহঁত আমাৰ বিনিয়োগ নহয়
লাভৰ কথা নক’বা৷
সিহঁতৰ টোপনিৰ বাবে কটোৱা উজাগৰী ৰাতিবোৰ
সুঁৱৰি আমি
শিশু হ’ব পাৰোঁ
অলপ টোপনি,অলপ ভোক
অৱশ্যেই আমাৰ প্ৰাপ্য
শুনিছা...তোমাৰ চুলিবোৰ সোনালী হৈছে
এটা কাম কৰো ব’লা
এৰি থৈ অহা গছজোপাৰ ছাঁৰ পৰা ৰেচমী চুলিকোচা লৈ আহোগৈ
দূৰৰ পাহাৰত যৌৱন গজিছে
পোহৰে পোহৰে পাহাৰটোত
বগুৱা বাওগৈ
আন্ধাৰত সংগ ভাল নালাগে
হেৰা শুনিছা-তোমাৰ বয়স ৫০ মোৰ ৫৫
দুখ নকৰিবা
চৰণীয়া পথাৰখন সিহঁতেই ৰাখক
বেলি লহিয়ালে গাখীৰতী গোন্ধটো বিচাৰি
খোজবোৰ উভতি বুলিব
ল’ৰাহঁতক ঘাটএৰা নদীৰ দৰে নেৰিবা
ল’ৰাহঁতক শিপাছিঙাৰ সাহসক বাঃবাঃ নিদিবা
ল’ৰাহঁতক উশাহৰ দৰে প্ৰয়োজন কৰি নল’বা
হেৰা শুনিছা বয়স বাদ দিয়া, সময় বাদ দিয়া,বেৰৰ কাণ,চকুলৈ বাদ দিয়া
জীৱনটো চলি থাকোতেই
নিজৰ মাজত হেৰাই যোৱাৰ
আখৰা কৰোঁ আহা...
———————————————————
সপোনৰ জৰায়ু
ৰূপজ্যোতি শইকীয়া
একলা দুকলাকৈ বাঢ়ি আহে আঙুলিত ওপজা ৰ'দ
ৰ'দ মানে প্ৰখৰ প্ৰেমৰ ৰ'দ
ঘন অৰণ্যৰ মাজত
দিন দুপৰতে ককবকাই
উশাহ নামৰ এটা শাওণীয়া ৰাতি
প্ৰসৱ যন্ত্ৰণাত এটা সতেজ পুৱা
পুৱাটো গাত থকাৰ বাবে
তাই এই অসহনীয় বিষ।
উজাগৰী নিশাটো এচামুচ পদজলে স্বাধীন কৰিব পৰা হ'লে
সপোনৰ জৰায়ুত লৌহ কুঠাৰেৰে দিঠক লেখিলেহেঁতেন
ভগা জুপুৰিটোত কাঠফুলা খাই ডাঙৰ হৈছে তাই
সৰ্পিল পথত লাজটো ওপজি ওপজি মৰে
তাই আশাৰ চাকিটো কাপোৰেৰে ঢাকি থয়।
—————————————————
যাতায়াত
দিলাল আহমেদ
ভৰিৰ তলত শুকান সৰাপাতৰ কেঁকনি
কিমান দিন লুকুৱাই ৰাখিব পাৰি!
এসময়ৰ সংগী পাতবোৰ ক্ৰমশঃ পীত হৈ
সৰি সৰি পৰিছে অধৰা সপোনৰ দৰে৷
বুকত বাজিছে এক গভীৰ দীৰ্ঘশ্বাস
অলি-গলি আৰু ৰাস্তাবোৰ যেন আজি দূৰ গ্ৰহাগত৷
সেউজ হেৰোৱা জীৱন আৰু পাত
সকলো কলৰৱ মিলিছে আজিৰ সন্ধিয়াত৷
ক্ৰমশঃ আন্ধাৰ সোমাই আহে
সম্পৰ্কৰ ভিতৰত, হৃদয়ৰ গোপনত
এই জীৱন যেন নিদ্ৰা ভাঙি
খহি পৰা তৰাটোৰ দৰে৷
নিৰ্জন নদী চৰত ঘ্ৰাণৰ ভিতৰত
সোমাই পৰে অকপট;
ৰহস্যময়ী এটি সন্ধিয়াৰ বাবে থাকে ৰৈ
গুচি যাব বিভ্ৰান্তিৰ অমোঘতা লৈ৷
———————————————————
কবিতা
দেৱ দাস
জাকৈয়া ছোৱালীৰ
উদং বুকুৱেদি
এজাক ৰূপালী
মাছৰ নাচোন
তাতে ফাগুন বসন্ত
শীত শৰত হেমন্তৰ বিন্যাস
এনেকৈয়ে
থিক এনেকৈয়ে
জাকৈয়া ছোৱালীৰ
কলাফুলত বৈ পৰা
আবেলিৰ বেলি
নাচোনত নুপূৰ
——————————————————
গৰম খবৰ
মনচুমী কলিতা নাথ
এতিয়া যে তাই এটা গৰম খবৰ
ফেচবুক , ইউটিউব,
নিউজ চেনেল,বাতৰি কাকতৰ
এটা গৰম খবৰ ।
শান্ত গাঁওখন অশান্ত হৈ পৰিছে ,
নগৰৰ ৰাজপথবোৰো উত্তাল হৈ পৰিছে ।
হৃদয়বান মানুহৰ হৃদয়বোৰ কঁপি উঠিছে।
শব্দবোৰ,ভাষাবোৰ,অনুভৱবোৰে উচুপি উঠিছে।
তাইৰ প্ৰতি হোৱা অন্যায়ৰ প্ৰতিবাদত
সৰ্বত্ৰ জ্বলি উঠিছে ক্ষোভৰ জুই ।
সেই জুয়ে পাৰিবনে পাপিষ্ঠক চাৰখাৰ কৰিব ?
সঁচা মানুহৰ হৃদয়ৰ হুমুনিয়াহবোৰে
পাৰিবনে তাইক ন্যায় যাঁচিব ?
নে সময় বোৰ এনেকৈয়ে পাৰ হ'ব ?
দিন, মাহ ,বছৰ বাগৰিব ?
মানুহৰ মনত নতুন নতুন খবৰে বাহ সাজিব।
লাহে লাহে লীন যাব পাহৰণিৰ গৰ্ভত।
আজিৰ এই গৰম খবৰ
হৈ পৰিব পাৰে ধূলিৰে ধূসৰিত
এখিলা পুৰণি বাতৰি কাকতৰ দুখৰীয়া পৃষ্ঠাৰ
এটা আকৰ্ষণহীন পুৰণা খবৰ।
———————————————————
শিপা
অনুস্মিতা ফুকন
আন দহজনৰ দৰে মইও বিচাৰি ফুৰিছিলো
মোৰ সৃষ্টিৰ শিপাডালক
শিপাডালক খামোচ মাৰি ধৰা হাতদুখনে বহু কষ্ট সহিছিল
বন্ধ কুঠৰীত ৰ'দ বিচাৰি
হাহাকাৰ কৰি উঠা মনবোৰৰ আগত
ক্ৰমশঃ
নিস্তেজ হৈ পৰি ৰৈছিল
উঁৱলিব ধৰা দুহাত
নিজৰ শিপাডালৰ বাবেই
বহু প্ৰেমে দূৰত নিৰৱে উচুপিছিল
বহুযোজন বাট অকলে থাকিও
বহু প্ৰেমৰ মিলন শিপাডালেই কৰাইছিল
আপোন মাটিৰ শিপাডালক বিচাৰি বিচাৰি বহু জীৱনে মেলানি মাগিলে
শিপাৰ ইতিহাসে জী-উঠা বুকুখনিক
দুফাল কৰিলে
আনৰ দৰে মইও বিচাৰি থকা
একান্ত নিজৰ পৰিচয় খোদিত
শিপাডালৰ সন্ধানত
অলিখিত বহু উশাহে
সময়ৰ সোঁতত বাগৰ সলালে ।
———————————————————
বিশ্বাসৰ মৃত্যু নঘটাবা
আৰিফা হুচেইন বৰা
NEVER BREAK MY TRUST
ভুল নকৰাকৈ কটাবা নেকি এনিশা ?
অনুভৱবোৰ মিলি সংঘৰ্ষ হ'ব আমাৰ ।
চকুৱে চকুৱে হ'ব বিনিময় প্ৰথা ।
উশাহে বুজাব অলেখ শৃংগাৰ ।
কঁপি উঠা ওঁঠে কামনাৰ তীব্ৰতা।
মুখৰ অভিব্যক্তিয়ে বুজাব
ভালপোৱা নৈৰ গভীৰতা।
অনুভূতিয়ে ফুলাব হৃদয়ৰ কামনা।
আকুলতাই ৰচিব মিলনৰ বাসনা।
মৌন ভাষাৰে গীত গাম আমি
হৃদয় কঁপোৱা উতলা ফাগুনৰ ।
অস্পষ্ট সংলাপেৰে গভীৰতম হ'ব নিশা।
ভৰ যৌবনৰ প্ৰাচুৰ্য্যতো থাকিব স্থিৰতা।
ক্ৰমে পুঁৱতি নিশাৰ পক্ষীৰ সুৰে যেতিয়া
বিদায়ী গীতেৰে সংকেত ধ্বনি যাচিব ,
আঁকোৱালি ধৰি মোক
ভুলতো তুমি বিশ্বাসৰ মৃত্যু নঘটাবা ,
চৰ্ত আমাৰ–
ভুল নকৰাকৈ কটাম এনিশা ।
Embrace me once ;
With a promise to ...
Never break my trust !
Even only for once ...
For it will be ' Our Moment ' forever ...
Let's live a night without the wrongs !
———————————————————
কবিতাৰ সুখ
চাজিন ৰহমান
তোমাৰ চাগে বহুত সময়!
তোমাৰ চাগে বেছি কাম নাই!
কিমান সময় হ'লে বাৰু এটি কবিতা সৃষ্টি হয়?
শব্দবোৰে বুকুত খলকনি তোলে?
কবিতাৰ মায়াবী মজিয়াৰ পৰা যেতিয়া মই ইজিপ্তৰ পিৰামিড চুই আহো
তুমি কি বুজিবা বন্ধু
সেই মায়বী চঞ্চলতা!
যেতিয়া মুকুতা বিচাৰি সাগৰৰ ওঁঠজুৰি চুমা দি আহো,
তুমি কি বুজিবা বন্ধু সেই গভীৰতা!
যেতিয়া আকাশৰ মেঘৰ ফাঁকে ফাঁকে লুকা ভাকু খেলি
বেলিৰ লগত ফেৰ মাৰো,
তুমি কি বুজিবা বন্ধু,
সেই ব্যাপকতা!
যেতিয়া নিজক বিচাৰি শৈশৱৰ পখিলাবোৰ খেদি প্ৰাণোচঞ্চল হৈ পৰো,
তুমি কি বুজিবা বন্ধু সেই ব্যাকুলতা!
যেতিয়া ৰামধেনুৱে দি যায় মোৰ কপালত আশাৰ সঞ্চাৰ!
তুমি কি বুজিবা বন্ধু সেই মধুৰতা!
কবিতা হ’ব পাৰে
শান্তিৰ নিজৰা এটি
বুকুয়েদি বৈ যাব পাৰে মধুৰ লয়ৰ বাঁহী।
তাৰ বাবে নালাগে কোনো ব্যস্ততাৰ পৰিধি।
———————————————————
মানুহবোৰ লাহে লাহে ধনী হৈ গ'ল
জগদীশ নাথ
ঘৰৰ পদূলি বোৰ চোতালতকৈ চাপৰ হৈ ৰ'ল,
চোতালৰ পানীবোৰ ৰাস্তালৈ বাগৰি অহা হ'ল,
মানুহবোৰ যে লাহে লাহে ধনী হৈ গ'ল।
বাৰীৰ পিছফালে থকা বাঁহ কেইজোপা দেখিও নিজকে ধনী ধনী নলগা হ'ল,
বাঁহ বোৰ যে আজিকালি ঘৰৰ খুটা হিচাপে নলগা হ'ল,
আজিকালি বাঁহ বোৰ বিল্ডিঙৰৰ চাট ঢালিবলৈহে লগা হ'ল,
মানুহবোৰ যে লাহে লাহে ধনী হৈ গ'ল।
সেউজীয়া বোৰ চোন কৰবাত হেৰাই গ'ল,
ঠাণ্ডা দিনটো আজিকালি গৰম লগা হ'ল,
মানুহৰ ঘৰ বোৰ তামোল গছতকৈ ওখ হৈ গ'ল,
মানুহবোৰ লাহে লাহে ধনী হৈ গ'ল।
———————————————————
সময়
খূৰ্ছীদ আনছাৰী
এদিন বয়সে জেপ খুচৰি
এটা অনুপল পালে
তাতে
কিছু হাঁহি
কিছু কান্দোন
আৰু
বাকীখিনি নকওঁ দিয়া
সুখৰখিনি ল'ৰালিয়েই আছিল
নে তুমি কি কোৱা?
———————————————————
জীৱন
চয়নিকা ভূঞা
পকনীয়াৰ পাকত
কথাবোৰ
পাক ঘূৰণি খাই থাকে
পাক ঘূৰণি খাই থাকে
একেখিনি কথা
একেখিনি যাতনা
জন্মান্তৰৰ ইতিহাসত
নোহোৱা-নোপজা
বহু কাহিনী
এতিয়া
মুখে মুখে
খোজহীনতাত
খোজৰ ৰমৰমীয়া আয়োজন
লাখটকীয়া সপোনত
জীৱনৰ দৰ -দাম
সূৰ্য্যাস্তৰতো
এতিয়া
জিলিকে
সূৰ্য্যোদয়ৰ ছবি ৷
———————————————————
এটি আবেলি
ভূমিকা দাস
শাওণৰ শেষৰ আবেলিটি
গাঁৱে গাঁৱে এতিয়াও
জাক জাক জাকৈয়া ছোৱালী
বিলখনক শুৱনি কৰি মাছ বিচাৰি ফুৰিছে
উলাহতে দেও দি
মূষলধাৰ বৰষুণত নদ-নদী গাভৰু হ'ল
খেতিয়কৰ খৰাং হেঁপাহবোৰো জীপাল হ'ল
আশাৰ ঘাটৰ কৃষকৰ সপোনবোৰ ঠন ধৰি উঠিল
তুমিও আহিবাচোন
হাঁহি এটি বিৰিঙায়
গানৰ কলি এটি গুণগুনাম
ৰামধেনুৰ সাতোৰঙেৰে আঁচল ভৰিব
ৰোৱনীৰ দুভৰিৰ একাঁ-বেকা খোজৰ সাঁচ
হেঁপাহৰ কঠিয়াবোৰৰ দেহত বিয়পি পৰিব!
গাভৰু দেহৰ ভাঁজ
বৃদ্ধইও আজি ৰৈ ৰৈ চাই..
সেউজীয়া পথাৰ
অপ্সৰা,ৰূপহী।
———————————————————
স্বাধীনতাই আনে কি
ৰঞ্জন বৰা
স্বাধীনতাই আনে কি
জীৱন প্ৰচ্ছদৰ মোহনাত
প্ৰাপ্তিৰ মিশ্ৰণ সানি
আগুৱাই যাবলৈ কঠোৰতাৰ
প্ৰয়োজন নাই য’ত
স্বাধীনতাই তাতেই জীৰণীয়া হয়
বাস্তৱৰ বুভুক্ষাত
ভুকাতুৰৰ ভোক
ক্ষুধাতুৰৰ শোকৰ প্ৰতিচ্ছবিখন
স্বাধীনতাৰ শ্ৰেয় নহয়
শীতল শান্তিৰ শেতেলিত
পৰিভ্ৰমী জীৱন বাস্তৱৰ
হেঁপেহুৱা প্লাৱনত বিভীষিকাৰ প্ৰয়োজন অনৰ্থক
অনাকাংক্ষিত তথা অপ্ৰত্যাশিত উদধিত
সাঁতুৰি -নাদুৰি কিদৰে গঢ়িব পাৰি
স্বাধীনতাৰ অকৃত্ৰিম আকৰ
যেন ,
চুই চাব নোৱাৰি স্বাধীনতাৰ সোৱাদ
মাথোঁ থাকে স্বাধীনতা লুকাই
আত্মিক বৈচিত্ৰ্যৰ আলয়ত
অনুভৱৰ কোঁহে-কোঁহে
উপলব্ধিৰ ৰন্ধ্ৰে - ৰন্ধ্ৰে
হয়তো প্ৰাপ্তি অপ্ৰাপ্তিৰ
আকণ্ঠ জ্যোতিৰে গঢ়া
হৃদয়ৰ আকূতি এইয়া
জনজীৱনৰ
ঐশ্বৰিক স্বাধীনতা !
———————————————————
প্ৰশান্তি
ৰুমী দেৱী
ৰাতিপুৱাৰ সোণালী ৰ'দত
আকুলিত মন
শীতল বতৰটোত
সুবাসিত হৃদয়
দিঠক নহ'লেই বা
সপোনৰ যাত্ৰাই
প্ৰশান্তি হৃদয়ৰ।
——————————————————.
ডেই যোৱা আকাশ
পূবালী বৰুৱা শৰ্মা
কেৰিয়াৰৰ গ্ৰাফডাল
কাঠপেঞ্চিলেদি উধাই নিওঁতে
আশা আৰু আকাংক্ষাৰ তৃষ্ণাত
মৰীচিকা খেদি ফুৰোতে ,
বিচাৰি পোৱা নাছিলো
কোনো মৰুদ্যান ।
কিছুমান কথা নিৰহ- নিপানীকৈ
সময়ে সলাব নোৱাৰে;
সেয়ে
শামুক হৈ
কুৰুকি থাকো
নিজৰ ভিতৰতে ।
যদিওবা
মূধত এতিয়া
মেঘ নাই , বৰষুণ নাই
মাথো ৰৈ আছে
ডেই যোৱা এখন আকাশ।
———————————————————
সানুনয়
ড৹ মঞ্জু হালৈ
তোমাৰ হাতখন মোৰ হাতত থ’বা নে?
ওহোঁ মই মুছলমান
তোমাৰখন ?
ওহোঁ মই খ্ৰীষ্টিয়ান
তুমি ?
কিয় থ'ম
মই যে হিন্দু সনাতন
বাকীবোৰে ক'লে
মই বুদ্ধিষ্ট
মই বড়ো
মই মিছিং
মই ৰাভা কোঁচ কলিতা কছাৰী
ইত্যাদি ইত্যাদি...
সানুনয়
সকলোৰে হাতবোৰ দিয়া
এটি মানৱ শৃংখল সজাই ব্লাড বেংকবোৰলৈ যাওঁ
পৰীক্ষাগাৰত কাৰ তেজৰ ৰং কেনেকুৱা চাওঁ
ৰাতুল বিনে ভিন্ন ৰং
অথবা
পাওঁ যদি উচ্চ-নীচ স্বাভিমান
কথা দিলোঁ
কাইলৈৰ পৰা ময়ো হ'ম
মুছলমান, খ্ৰীষ্টিয়ান অথবা স্বাভিমানী হিন্দু সনাতন।
——————————————————
হঁহাতকৈ কন্দাই ভাল
পবিত্ৰ কুমাৰ নাথ
নাচাওঁ বুলি নাচাই নোৱাৰিলোঁ
নৈ যেন আৰ্চিত মুখ
নকওঁ বুলিয়ো নকৈ নোৱাৰিলোঁ
কলিজা ফুটি যোৱা দুখ।
এতিয়া
দলদোপ হেন্দোলদোপ
পাৰ ভঙা নদীৰ ঘাট
উদাস আকাশৰ বুকু
তাতেই আঁৰি থওঁ নেকি
স্বাধীনচিতীয়া চকু ?
হঁহাতকৈ কন্দাই হেনো ভাল
চকুমুদি
বেদনা ক্লিষ্ট হৃদয় জুৰায় যদি !
——————————————————
উলংগ হৈ থাকে ৰাষ্ট্ৰসংঘ
ইকবাল হোচেইন খান
বিশ্বশান্তি প্ৰতিষ্ঠা হওঁক বা নহওঁক
তেজৰ নদী বৈ থাকক বা নেথাকক
শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ'লেই হয়
শ্ৰেষ্ঠত্বৰ প্ৰশ্ন ।
শ্ৰেষ্ঠত্বৰ বাবেই ইতিহাসে দেখিছেঃ
কলংকিত বিশ্বযুদ্ধ
প্ৰথম বিশ্বযুদ্ধ
দ্বিতীয় বিশ্বযুদ্ধ
পৈশাচিক আগ্ৰাসনত বিধ্বস্ত হৈছিল
হিৰোচিমা -নাগাচাকি
খণ্ড খণ্ড হৈছিল মানৱতা
আজিও অনুশোচনাত নহ'ল দগ্ধ
কাঠগড়াত নহ'ল থিয়
নাইবা বিচৰা নাই ক্ষমা
বৰং ক্ষমতাৰ অন্ধত নমাই দিয়ে
বিভৎস অন্ধকাৰ
যতেই পায় সুযোগ তাতেই
মধ্যপ্ৰাচ্য হওঁক বা আফগানিস্তান হওঁক
যতেই হওঁক তাতেই ।
অহৰহ চলে প্ৰতিষ্ঠাৰ যুঁজ সম্পদ আহৰণৰ যুঁজ শ্ৰেষ্ঠত্বৰ যুঁজ
জ্বলাই থাকে যন্ত্ৰণা
বিঘ্নিত হৈ থাকে বিশ্বশান্তি
ক্ষোভিত হৈ থাকে হতাশা।
এয়াই নে পুঁজিবাদ
এয়াই নে সমাজবাদ
এয়াই নে উপহাৰ বিশ্বয়ানৰ
আৰু উলংগ কৰি ৰাখে ৰাষ্ট্ৰসংঘ
বলিয়া হৈ থাকে ক্ষমতা
এয়াই নহয় জানো বাস্তৱতা !
——————————————————
এটা গৰুৰ আলাপ
ৰিংকু সমাদ্দাৰ
আবেলিৰ পৰা মোক গিৰিহঁতে
মৰণা মৰা কামত খটুৱাইছে।
এটা ঘূৰণীয়া বলয়ত মই মোৰ লগৰটোৰ সৈতে
এটা নিৰ্দিষ্ট গতিত ঘূৰি আছো।
ধানৰ ডাঙৰিত কামোৰ দিব নোৱৰাকৈ
মোৰ মুখত ওলমি আছে এখন বাঁহৰ মোখোৰা।
অকনমান হেৰফেৰ হ'লেই
মোৰ পিঠিত পৰিছে
গিৰিহঁতৰ এচাৰিৰ কোব
কিম্বা নেগুৰত ভাকুট-কুট।
ডাঙৰিবোৰ গচকি-মোহাৰি
মই যে ঘূৰিবই লাগিব
মোৰো মন যায় নতুন ধানৰ সোৱাদ ল'বলৈ,
মোৰ লগৰটোৱে মোক কাণে কাণে কৈছে–
"মন বেয়া নকৰিবি,
খেৰবোৰতো আমাকেই খাবলৈ দিব!"
——————————————————
বৃত্ত
হেমেন নাথ
বৃত্তৰ ভিতৰত তুমি মই আমি
বাৰে বাৰে বৃত্তৰ পৰিসীমা ভেদি
আগবাঢ়ি যোৱাৰ আপ্ৰাণ চেষ্টা
অথচ দুভৰি শিকলিৰে বন্ধা!
বৃত্তৰ পৰিসীমা যেন ক্ৰমশঃ
সংকুচিত হৈ পৰে।
বৃত্তৰ ভিতৰতেই
জীৱনে পোখা মেলে
জীৱন ডাঙৰ দীঘল হয়
জীৱনে হাঁহে
জীৱনে কান্দে
আনে যোৱা বাটে
জীৱনে বাট বোলে।
হঠাৎ এদিন এজাক ধুমুহা বলে
চৌদিশে হাহাকাৰ
গছ গছনিবোৰ বাগৰি
বাটবোৰ ভেটি ধৰে
জীৱনে চিঞৰে
নিমিষতে এটা জীৱনৰ
ৰঙা বেলি মাৰ যায়।
———————————
এজন পাগলৰ মৃত্যুত
স্বদেশলৈ লিখা কবিতাৰ প্ৰলাপ
অশোক ভৰালী
তৰাই শ্লোগান দিয়া নিশাবোৰত
হিচ্ হিচ্ বতাহত ভাহি অহা
কেঁচা তেজৰ চেকুৰাত
সংলাপে সংলাপে কঢ়িয়াই অনা মৃত্যুৰ বতৰাত
মই কথা পাতিছিলোঁ, তেজৰ সৈতে
ফাকু খেলিছিলোঁ, ফুলৰ সুবাসেৰে
তেতিয়াই মোক নিৰ্বাসিত কৰা হৈছিল
কোনোবা তৃষ্ণাৰ বক্ষত
তথাপিও
মোৰ কবিতাবোৰে কথা কৈছিল
শিলাবৃষ্টি আৰু ধুমুহাৰ মাজত
তেজৰ সৈতে কথা পতাৰ কথা
ফুলৰ সুবাসেৰে ফাকু খেলাৰ কথা
কৃষকৰ সীঁৰলুত সোণ ফুলাৰ কথা
সৰ্বহাৰা জনতাৰ আৰ্তনাদ হৈ
সেইবাবেই আজি
মোৰ কবিতাবোৰক সিহঁতে
শ্মশানলৈ লৈ যায় কবৰ দিবৰ বাবে
মই মাথো দৌৰিছিলোঁ
শৰীৰৰ পৰা যেতিয়া ওলাইছিল
ঘামৰ সলনি কেঁচা তেজৰ চেঁকুৰা
তেতিয়া
আকাশে চিঞৰিছিল
সেয়া , সেয়া শত-সহস্ৰ জনতাৰ বুকুৰ স্পন্দন
চিঞৰবোৰ মাথো বিলীন হৈছিল
য'ত চৰাইবোৰে হেৰাই গানৰ অন্তৰা
তেনেকুৱা এটি সন্ধ্যাৰ নিসংগতাত
হৃদয়ত মাথো জ্জ্বলিছিল
বেদনাৰ গোপন বাৰুদ
স্পপ্নময়তাৰে কেৱল চাইছিলোঁ
কবিতাৰ সমাধিত
মৰ্মবোধহীন শলিতাৰ
ভোঁ ভোঁ শব্দৰ মাজত
প্ৰতিধ্বনি শুনিছিলোঁ মই
নিৰ্বাসিত পাগল এজনৰ মৃত্যুত
স্বদেশলৈ লিখা কবিতাৰ প্ৰলাপ।
——————————————————.
প্ৰতাৰণা
উপমা ভূঞা পাঠক
ওলোমা সাঁকোখনৰ
সিমূৰত লগ পোৱা
পাহোৱাল ডেকা জনক
সুধিছিলোঁ তোৰ ঠিকনা ---
কৃষ্ণচুড়া জোপালৈ আঙুলিয়াই দি কৈছিল
তই হেনো তাতেই ওমলি থাক
তোৰ অটল বিশ্বাসৰ স'তে
ওচৰলৈ গৈছিলোঁ
লাজত কজলা পৰিবি বুলি
দূৰৈৰ পৰাই গুচি আহিলোঁ
এতিয়া তোক চাবলৈ মই
সঘনাই যাম
জীৱন জীয়াৰ অফুৰন্ত হাঁহি এটা হয়তো
তাতেই বিচাৰি পাম ।
——————————————————
নষ্টালজিয়াত
তপোবন হাজৰিকা
The breeze took away
All my suffers and pain ,
When I stood by the bank of my own river .
নৈ পৰীয়া বতাহজাকত
স্পন্দন হেৰাই চিৰ লগৰী দুখবোৰ ।
বুকুৰ নীলাভত ঘৰ-মুৱা
হেপাহৰ বালিমাহী জাকে ,
বোকোচাত বান্ধি আনে
লʼৰালিৰ দেশৰ উমাল নষ্টালজিয়া ।
সন্ধ্যাৰাগৰ সুৰৰ নিচুকনিত
শোৱধৰা সূৰুযটিয়ে ;
নৈপৰীয়া অকলশৰীয়া মোকো
মৌনতাৰ সʼতে আলিংগন কৰায়।
——————————————————
ফৰিং
এ এইচ এ আমান
ফৰিংটো ৰ'দত উৰিছিল
ডাৱৰত পুৰিছিল
এনেকৈয়ে উৰিছে শত বসন্ত
এনেকৈয়ে পুৰিছে অনন্তকাল
অপেক্ষাৰ ক্ষণ দীঘল
যেন সহস্ৰ বছৰৰ অৱৰুদ্ধ বতাহ
অম্লজানৰ তীব্ৰ সংকট
নিশ্বাসৰ বিপৰীতে শ্বাসৰূদ্ধতা
এক ৰৌদ্ৰজ্জ্বোল দুপৰ বেলাত
প্ৰেমালাপ বিচাৰিছিল ফৰিংটোৰ সতে
কৈছিল-
ৰ'দৰ সতে সোণালী সংসাৰ দিম
গাঢ় নীলা আকাশ দিম
গোটেই দুপৰ তোমাৰ সতে বিলীন কৰিম।
ফৰিঙে ভাৱিছিল-
সি দেখিলে-
ক্ৰমশ: নামি আহে সন্ধিয়া
ক্ৰমশ:ই নামি আহে ঘোৰ অমানিশা ৰাতি...
জোনাকতো সি পাহৰা নাই
নক্ষত্ৰৰ হাত বাউলিতো সি ভোল যোৱা নাই
নিয়ৰে তাক কৈছিল-
তিতিবা?
তিতিবানে মোৰ স্নিগ্ধ নীৰত?
ফৰিংটোৰ চকুত তেতিয়া শৰতৰ আকাশ
টুকুৰা টুকুৰা শুকুলা মেঘ
সপোন মেঘ...
ডাৱৰবোৰ ফৰিংটোৰ প্ৰিয়
যিমানেই তাক পুৰিবলগীয়া হওক উত্তাপ মেঘত
এদিন সি চুই দিব
চুই দিব মেঘৰ হৃদয়...
হঠাৎ এদিন
ৰৌদ্ৰজ্জ্বোল দুপৰ পৰত
বজ্ৰৰ প্ৰহাৰত ডাৱৰৰ ভীষণ জ্বৰ
ফৰিঙৰ দহনে চুলে মেঘৰ বুকু...
কোনে ভাৱিছিল
বৰষুণৰ আঘাততে ভাঙি যাব ফৰিঙৰ দুয়োটা পাখি?
——————————————————
যন্ত্ৰণা জীৱনৰ
ৰবিন কুমাৰ চেতিয়া
অনুভবৰ দগমগীয়া ফুলনিত
থোপাথোপে ফুলি থাকে তোমাৰ মৰমবোৰ
দুহাত মেলি সাৱতিব খোজোতেই
অচিনা কাঁইটে দিলে হেজাৰ আঁচোৰ
হাঁহিৰ প্ৰতিশ্ৰুতিৰে ভৰপুৰ
এযুৰি সুন্দৰ চকু
হঠাৎ যদি কেতিয়াবা তিতি যায়
চকুলোৰ বন্যাত
উপলব্ধি তুমি হয়তো নকৰিব ও পাৰা
সেই যন্ত্ৰণাৰ ৰূপ
মৰমৰ লালিমাৰে ভৰা
এযুৰি ৰঙা ওঁঠ
বেদনাই কেতিয়াবা যদি শেতা কৰি দিয়ে
নুবুজিবও পাৰা তুমি সেই
বেদনাই কোঙা কৰা ওঁঠৰ স্বৰূপ
জীৱনৰ পৃষ্ঠাত
হাঁহি হাঁহি সকলোৱেই লিখিব খোজে
জোনাকী পোহৰৰ দস্তাবেজ
তলসৰা ফুলৰ থাকিলেও হেজাৰ সুঘ্ৰাণ
লয় জানো আলফুলে কোনোবাই তাৰ
বুটলি আমেজ
ভাল লগা কথাবোৰেই জনা হ'লে
হব বুলি এদিন দুখৰ কাৰণ
হাহাকাৰ জানো কৰিলেহেঁতেন কোনোবাই
শুনিবলৈ কথাবোৰ
বাৰিষাৰ প্লাৱনে সিঁচি দিয়া
এন্ধাৰৰ কাঁইটীয়া দলিচাতে
গজালি মেলি নতুনৰ পোহৰত
পলে পলে নহয় জানো জীপাল
সেন্দুৰীয়া আশাবোৰ
এডালি এডালিকৈ খেৰকূটা কঢ়িয়াই
চৰায়ে গঢ়ে সপোনৰ নীড়
এখোজ দুখোজকৈ মেলা বিশ্বাসৰ খোজবোৰে
অচিনাকি জোৱাৰ তুলি মনৰ মাজত
নিতৌ চটিয়াই আহি আশাৰ আবিৰ ।
——————————————————
অনুভৱৰ বঁকিয়াইদি
প্ৰতিমা বুঢ়াগোহাঁই
অনুভৱৰ বঁকিয়াইদি
উজাই আহে
এজাউৰি শব্দৰ কোলাহল
দুখৰ হুমুনিয়াহ কঢ়া জীৱনটোৱে
সুখৰ সেওঁতা ফালি
আঁকিব খোজে
উদিত সূৰুযৰ
বিচ্ছুৰিত বৰ্ণালী
হৃদয়খন ৰঙাই তুলিব খোজে
আবেলিৰ সাতোৰঙী
ৰামধেনুৰ বোলেৰে ৷
———————————————————
শাওণৰ সপোন
সৰ্বানন্দ কৈৱৰ্ত্ত
শাওণৰ পথাৰত লহপহকৈ বাঢ়িছে
সেউজীয়া সপোনৰ সৌধ
তিনি আঙুলিৰে গুজা
পৰিক্ৰমা এটিৰ আঁত ধৰি গুছি যাওঁ
ক'ৰবাৰ স্বপ্নৰ দেশলৈ
জোনাকীৰে তিৰবিৰাই থকা
নৈখনলৈ ঘনেপতি চাও
কাঁচিজোনৰ পিঠিত উঠি
যেন বুকু ভেদি আহে ভটিয়াই
কোনো মুদৈ কোঁৱৰৰ নাও
বাৰিষাৰ বানে বাৰে বাৰে বিধ্বস্ত কৰে
বুকুতে বৈ থকা প্ৰেমৰ নৈ
খহনীয়া ঘাটলৈ ঢৌ খেলি আহেচোন
সাউদৰ পুতেকে মেলি দিয়া
ভাটীয়ালী গীতৰ পানচৈ।
———————————————————
সপোন
অমৰজ্যোতি ঘোষ
তুমিয়েই গঢ়িছিলা
এতলা দুতলাকৈ
কেইবাতলা
সু-উচ্চ মোৰ সপোন
আৰু আজি
তুমিয়েই তাচপাতৰ দৰে
খহাই পেলালা
মোৰ হেপাঁহৰ সপোন
সপোন তুমিয়েই গঢ়িলা
সপোন তুমিয়েই ভাঙিলা
তথাপিও
নাই তোমাৰ কোনো আক্ষেপ
নাই কোনো অনুশোচনা
মাথোঁ
সপোন ভাঙি তচনচ
হোৱাৰ বিৰহত
মোৰ হৃদয়ত বয়
এখন বিষাদভৰা নদী!
——————————————————
প্ৰেমৰ স্তৱক
পুষ্পাঞ্জলি গোস্বামী
প্ৰেমৰ পৰিপূৰক জীৱন
জীৱনৰ পৰিপূৰক প্ৰেম
যান্ত্ৰিকতাই বিচ্ছিন্ন কৰিছে
আন্তৰিকতাক
হৃদয়ে হৃদয়ৰে গুঠিবলৈ এৰিছে
আন্তৰিকতাৰ মালা
ঐশ্বৰ্যৰে পূৰাব নোৱৰা
জীৱনটোৰ শূন্যতাক
যান্ত্ৰিকতাই দিব নোৱাৰে
পৰিপূৰ্ণতা
দিয়ে মাথোঁ প্ৰেমহীনতা
এতিয়া প্ৰেমহীনতাত
বিধ্বস্ত স্বদেশ, বিপন্ন স্বকাল
আস্থাহীনতাৰ দৌৰাত্ম্যত
বিপন্ন সময়, বিপন্ন সমাজ
যান্ত্ৰিকতাত সাগৰ শুকায়
প্ৰেমৰ বিকল্প নাই।
———————————————————
বিষন্নতা
ৰশ্মি দলে
ৰৌদ্ৰ অন্ধকাৰাচ্ছন্ন নিৰ্জনতাই
নমাই আনিলে
জীৱন-অমানিশা।
কাল-ধুমুহাই
ভাঙি দিলে মোৰ
আশা-আশংকা
সিঁচি দিলে
অপ্ৰত্যাশিত যন্ত্ৰণা গধুৰ
প্ৰতি খোজে খোজে
ধ্বংস স্তূপৰ প্ৰহেলিকা।
———————————————————
চিতাগ্নি
হিৰণ্য মহন্ত
শ্মশানৰ চিতাত বিলীন
সকলো গৰ্ব অহংকাৰ
নশ্বৰ দেহৰ ভষ্মত
ধূলিস্যাৎ জাত্যাভিমান।
আনৰ সফলতাত
হৃদয়ৰ দহন,
লোলুপতাত পোত যায়
ক্ষণিকৰ জীৱন।
সৰ্ব কথা জানিও কিয়
ভুল কৰোঁ বাৰে বাৰে!
চিতাগ্নিত দগ্ধ হৈয়ো
নিমিলে ঠাই প্ৰভুৰ ঘৰে।
———————————————————
বকুলৰ সুবাস
ৰমেন দাস
স্মৃতিৰ পাপৰিত
জীৱনৰ মধুৰ ৰেহ-ৰূপ
প্ৰাচুৰ্য্য ভৰা জীৱনৰ
মাধুৰ্য্য শেষ হ'ল
পৰি ৰ'ল মাথো এটি
প্ৰাণোচ্ছল ছায়া
কোনে বিলাব মাধুৰী তোমাৰ
হে বিৰহী প্ৰিয়া
ৰামধেনুৰ সাঁজেৰে
সাতোৰঙী তোমাৰ কায়া
শৰতৰ জোনাক নিশা
নিৰ্মল চন্দ্ৰমাৰ পোহৰ
পূৱা নিয়ৰৰ টোপাল
যেন এটি এটি মুকুতা
অনুভূতিৰ কাননত
আঁকি দিলে এটি কবিতা-
ৰিব্ ৰিব্ বৈছে মলয়া
শীতল কৰি মন-প্ৰাণ
বকুলৰ সুবাসে
মোৰ মন গহনত
তুলিছে ভৈৰৱী তান
প্ৰভাতৰ এধানি স্মৃতি সুঁৱৰি
বকুল গছৰ তলত
বকুলৰ মালা গাঁথি
তৃপ্তি লভিছিলোঁ শৈশৱত
বুটলি অনা বকুলৰ সুবাস
পাহৰিব নোৱাৰিম জীৱনত
শৈশৱৰ সোণালী পলবোৰ
এক প্ৰতিচ্ছবি বকুল বনৰ...
————————————————
আহি আহি ৰৈ যাওঁ
বিবেকা হাজৰিকা
.
আহি আহি ৰৈ যাওঁ
এখন অদৃশ্য প্ৰাচীৰে আগভেটি ধৰে
ৰৈ যায় মোৰ হেঁপাহবোৰ
হাত মেলি ধৰিব নোৱাৰো সপোনবোৰ
চুই চাব নোৱাৰো
সিপাৰে ফুলি থকা ফুলবোৰ
মোৰ উশাহত সোমাই অহা সুগন্ধিবোৰ
.
এজাক আদিম বতাহত উৰি ফুৰে
বিচাৰি ফুৰা মোৰ আকুল সময়
প্ৰাচীৰখনে লুকুৱাই থয়
মোৰ বাবে জ্বলি থকা এখন হৃদয়
নিৰন্ধ্ৰ এন্ধাৰত সৰি পৰে চকুৰ পানী
বেদনাৰে হাঁহি থাকে সৰগৰ উচুপনি
.
আহি আহি ৰৈ যাওঁ
সামৰি থওঁ মোৰ আধৰুৱা কাহিনী
মোৰ বুকুতেই শুনি থাকো
ৰৈ ৰৈ বাজি থকা মোৰেই প্ৰতিধ্বনি
ইপাৰে হাহাকাৰ
সিপাৰে তোলপাৰ
মাজত মনচাতকৰ উজাগৰী প্ৰতীক্ষা
কেতিয়া ওলাব বেলি
বুকুৰ উমত ফুলিব প্ৰেমৰ পাহি
তেওঁৰ খোজত নামি আহে
আজন্ম তৃষ্ণাৰে বিচাৰি ফুৰা মোৰ স্বৰ্গ
তেওঁৰ খোজত আঁতৰি যায়
বুকুৱে বিচৰা প্ৰশান্তি
হেৰাই যায় মোৰ জীৱনৰ অৰ্থ
অনন্ত হেঁপাহত জীয়াই থাকে প্ৰেম
মোৰ সাধনা
মোৰ প্ৰাৰ্থনা।
--------------------------------------------------------
কণ কবিতা
সোঁৱৰণি
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
সোঁৱৰণিবোৰ বুকুৰ কোনোবাখিনিত
প্ৰতিধ্বনি হৈ
অহৰহ ৰিঙিয়াই থাকে;
নীৰৱে উচুপি থাকে সময়
সময় যে এতিয়া বৰ দুঃসময়!
———————————————————
শেষ ঠিকনা
অৰ্পনা নাথ
কিমান দুখ পালে
চৰাইবোৰ বাৰু
জাতিংগালৈ যায়?
আশ্ৰয় লয় জীৱনৰ
শেষ ঠিকনা ;
ময়ো সামৰি ৰাখিছোঁ
তেনে বহু চৰাইৰ দুখ
সংগোপনে বুকুত...
জাতিংগাৰ প্ৰেমত পৰিবলৈ
আৰু বা কিমান বাকী !
হৃদয়ত এটি নিৰৱ কবিতা
শিৰোনাম....
"জাতিংগা বহু দূৰ"।
——————————————————
সৃষ্টিৰ পথাৰত কবিতা
নিপু কুমাৰ দাস
কবিয়েই গুণ গুণালে কবিতা
কিয় জানো মৌন হৃদয়ত জাগে ভাষা
হৰ্ষ-বিষাদৰ অনুভূতি...
সৃষ্টিৰ পথাৰত কবিতা
স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ মিলন গাথা
শব্দ-বৰ্ণ বিন্যাসৰ অপূৰ্ব সৃষ্টি
কবিৰ মৌন ওঁঠত বসন্তৰ গান
বুকুৰ ফাগুনত কিযে উতলা মৌবন
ৰিক্ত-ৰিক্ততাৰ বিষণ্ণ ৰাতি
কামনা-বাসনা যৌৱনৰ উন্মাদনা
কবিতা কবিতা যেন লগা শব্দৰ ব্যঞ্জনা
সৃষ্টিৰ পথাৰত আশাৰ ৰেঙনি।
——————————————————
মই নৈপৰীয়া ল'ৰা
যোগেশ্বৰ লাগাছু
নৈ পাৰে পাৰে
কঁহুৱা ফুল ফুলে
কংকান ঐ আহিবি
কঁহুৱা ফুলেৰে ভৰা থলীত
লুকভাকু খেলিম দুয়োৱে
মই নৈপৰীয়া ল'ৰা
উজাগৰী ৰাতি
নৈৰ স'তে পাতিছোঁ
সুখ-দুখৰ বহু কথা
নৈয়ে সদায়ে মোক কৈ যায়–
মোৰ দৰে সাগৰ পাবলৈ
নীৰৱে-নিৰলে বৈ যোৱা,
ভাগৰি নপৰিবা ।
মেঘমল্লাই নাচি-বাগি গীত গোৱা সময়ত
গাঁৱত বানত কলৰৱ
চাঙলৈ পানী
চাই ভয় নেখাবি
কলগছৰ ভূৰেৰে
একৈছ শতিকাৰ জঙ্কি-পানৈ হ'ম
ফুৰিম ইপাৰে-সিপাৰে ।
বিধস্ত অঞ্চলৰ ল'ৰা বুলি
নাহো নাহো নকবি
ভৰ বাৰিষাত নহ'লেও খেতি
আহুধান সিচিম
আলি আঃয়ে লৃগাং পাতিম ।
তই হ’বি লৃগাং কনেঙ
মই হ'ম লৃগাং য়ামে
গোটেই ৰাতি নাচিম
গুমৰাগ
গুমৰাগ...
——————————————————
হেপাঁহৰ সেউজীয়া ৰং
প্ৰনৱজ্যোতি চুতীয়া
আশাৰ সেউজীডৰা ঠন ধৰি উঠিছে
ককাৰ টঙিঘৰ সৌৱা জিলিকি আছে
মনৰ দুৱাৰ এতিয়া তেনেই ধোবাং বাং
বাট চাওঁতেই
মানিকী মাধুৰী সুবাসে ভৰিব
আশাৰ ভঁৰাল।
আইতাৰ আপোন হাঁহিটো জিলিকিছে
টিপচাকিৰ পোহৰত,
যেন ভৰাই থ’ম
মোৰ হিয়াৰ ঠুনপাকত।
পুখুৰীৰ কাৱৈ পুঠি দৰিকণা
ধোঁৱা চাঙৰ খাৰলি শুকুতা,
খাম এসাঁজ মনৰ হেঁপাহেৰে
আহিবি বান্ধৈ
গাঁৱলীয়া বাট পথ
শুকাব তেতিয়ালৈ।
——————————————————
ভালপোৱাৰ কবিতা
দিগন্ত বৈশ্য
ফুলবোৰেও জানে কথাটো
জানে ভোমোৰাবোৰেও
জানে চৰাইবোৰেও
সুমথিৰাবোৰেও জানে
কিন্তু একমাত্ৰ সাগৰখনৰ বাহিৰে
কোনেও ক’ব নোৱাৰে
আমাৰ দুয়োৰে গোপন কথাটো।
———————————————————
সেন্দুৰ
অভিজিত ডেকা
কোনেনো সানিব তোমাৰ
সেওতাত ৰঙা সেন্দূৰ
শূন্য মোৰ দুহাত আজি
অন্তহীন ভালপোৱাই
কোঙা কৰিছে মোক
নিৰাশাৰ পথাৰত হেৰাইছে
জীৱনৰ সমস্ত ৰং
জীৱন নাটৰ ভাৱৰীয়া হৈ
অভিনয় কৰিছোঁ ।
দুখৰ মাজতো সুখৰ
চানেকি বোলাই ।
কোনে সানিব তোমাৰ
সেওতাত ৰঙা সেন্দূৰ ।
মই জানো পাৰিম
আকাশৰ ৰঙা বেলি
তোমাৰ সেওতাত আঁকি
নিজৰ কৰিবলৈ ?
মসৃণ হৈ পৰিছে
মোৰ মনৰ কোঠালি ।
সন্ধিয়া নামিব মোৰ
মনৰ চোতালত ।
তোমাৰ হাঁহি অবিহনে
সুখৰ ভগা জুপুৰি
দুখৰ ধুমুহাই উৰুৱাই নিব
তোমাৰ মৰমৰ অবিহনে
নিৰাশত ক্লান্ত হ'ব
মনৰ উত্তাল আবেগ
মনৰ জোনাক
হেৰাব ডাৱৰৰ আঁৰত
বৰ অসহায় হৈ পৰিছো
উশাহবোৰ বৰ গধুৰ হৈছে
দীঘল ওৰণি টানি
অচিনাকি পথত আগুৱাই যাবা
চিনাকিৰ পৰিচয় মোহাৰি
চিনাকিৰ পথত নিজৰ
পৰিচয় হেৰুৱাই
স্মৃতিবোৰ সামৰি জীয়াই
থাকিম
নোপোৱাৰ বেদনাত সুখৰ
চকুলো বোৱায়
অভিনয় কৰি যাম
জীৱন বাটৰ ভাৱৰীয়া হৈ।
——————————————————
আপোনাৰ কুশলৰ্থে
ৰাজীৱ দত্ত
হয় ৷আপোনাৰ কুশলৰ্থে
এই বিনয় বচন ৷
আপুনি য’তেই আছে
কুশলে থাকক
মাত্ৰ আপুনি কুশলে থাকক৷
একো দিব নালাগে মোক
ঠিকাঠুকুলি কিম্বা চাকৰি
নাইবা হাত খৰচৰ পইচা ৷
হয়তো আপুনি আচৰিতেই হৈছে
আজিৰ দিনত বিনা পইচাত
বেলেগৰ কুশল মঙ্গল কামনা কৰাটোত
কিমান আন্তৰিকতা আছে !
আপুনি হয়তো ভাবিছে
ইয়াৰ কিবা মতলব আছে!
আপোনাক আশ্বস্ত কৰি কও
একো মতলবেই নাই মোৰ
মাত্ৰ আপুনি কুশলে থাকক
হয়তো আপুনি মোক নিচিনে
ময়ো নিচিনো আপোনাক!
তৎস্বত্বেও আপোনাৰ মঙ্গল
কামনা কৰিছো ৷
আপুনি সচাঁ অৰ্থত কুশলে থাকক
মৰি মৰি জী থাকিবলৈ কোৱা নাই৷
সম্পূৰ্ণভাৱে মানৱীয় অনুভূতিৰে
আপুনি জীয়াই থাকক
কুশলে থাকক৷
কাৰণ আপুনি কুশলে থাকিলেহে
কুশলে থাকিব মানৱতা
কুশলে থাকিব মানুহৰ সমাজ৷
গুণগুণাই গীত গাৱ
চৰাই বুলবুল
মলয়া সমীৰ বৱ ৰিৱৰিৱ ৷
মানুহে বুজিব মানুহৰ মোল
আঁতৰিব হাল্লাবোল ৷
কেৱল আপুনি কুশলে থাকক
আপোনাৰ কুশলাৰ্থে
নিনাদিত হওক মঙ্গল শংখধ্বনি
বিকশিত হওক শতপুষ্প ৷
আপোনাৰ দৰে প্ৰতিজন সহৃদয় সতীৰ্থ
কুশলে থাকক
কুশলে থাকক হৃদয়ত বহন কৰি ফুৰা
মানৱতাৰ নৈখনি ৷
অতি আন্তৰিকতাৰে কৈছো
আপুনি কুশলে থাকক৷
আহক আমি প্ৰতিজনে প্ৰতিজনৰ
কুশল কামনা কৰো।
বহন কৰো প্ৰেমৰ
অমল অক্ষৰ
কাৰণ আমিযে
অমৃতৰ সন্তান
যুগ যুগান্তৰৰ।
——————————————————
জলকুৱৰীৰ প্ৰেম
ৰেখা বৰকটকী
নীৰৱতাক সাক্ষী কৰি
এখন নিৰাকাৰ মুখৰ প্ৰেমত পৰিলোঁ
মানুহে কয় বোলে
কবিতা এখন হৃদয়ৰপৰা
আন এখন হৃদয়লৈ গঢ়া সাকোঁ
তেন্তে দুদোল্যমান সময়বোৰত
নদীবোৰৰ অস্তিত্বই বা কি?
কলিজাৰ ক্ষয়িষ্ণু টুকুৰাত
আবৰ্তমান সুখৰ অতীত....
দুখৰ বানে গৰকা মাটিডৰাত
ৰ'দকাঁচলিৰ অভাৱ
গৰাখহনীয়াত জীয়াতু ভোগা
জলকুঁৱৰীৰ নিটোল বক্ষ
বেদনাই থকা- সৰকা কৰিলে !
কিমান পূজা দিব তাই
নিৰাকাৰ হৃদয় দেৱতাৰ প্ৰতিচ্ছৱিত?
কিমান শুনাব তাই
উৰুঙা বুকুৰ গান।
আকাৰহীন সেই কোঁৱৰৰ চকুৰ নীলাত
বাঙ্ময় হয় মূহুৰ্তৰ উপলব্ধিবোৰ
ধেনুভিৰীয়া ওঁঠৰ উষ্ণ পৰশত
একাত্ম হ'ল জলকুৱৰীৰ
অন্তৰীণ সত্বা...
এতিয়া জলকুৱৰীয়ে তাইৰ তেজাল বুকুখন
কাৰ হাতত তুলি দিব?
কোনে আজি হৃদয়ঙ্গম কৰিব
অমাৱশ্যাৰ অন্ধকাৰেৰে
উথপথপ ৰাতিৰ ক্লীৱতা ?
——————————————————
জয় আই অসম
বিজিত কলিতা
নাকান্দিবা অ’ মা
যাবলৈ দিয়া মোক
দেশৰ হকে যুজিবলৈ
নহ’লে অসমখন যে
বাংলাদেশ হ’ব অ’ মা
ৰজাঘৰীয়াই আমাক
হাঁহিবলৈ নিদিলে মা
লাচিত অ’
আজি যে আপোনালৈ
বৰকৈ মনত পৰিছে।
আপোনাৰ সেই সোণৰ অসম
সোণৰ অসম হৈ থকা নাই।
ঐক্যতাৰ মাজত
জিলিকি থকা অসমে আজি
তেজৰ ফাকু খেলিবলৈ লৈছে।
হেৰ' অসমীয়া ভাইহঁত
হেংদাং ল’
সবে যাও আগুৱাই
সংগ্ৰাম অবিহনে আমাৰ যে
অন্য গতি নাই
জাগ অ’ অসমীৰ সজাগ জনতা
ক'ত পলাবি হেৰ' বাংলাদেশী ৰখীয়া
তেজ উঠলি উঠিছে আজি অসমীয়াৰ
হয় যদি হওঁক আকৌ শৰাইঘাটৰ ৰণ
তেজেৰে ধুৱাই লওঁ আকৌ
আমাৰ সোণৰ অসমখন।
সমস্বৰে চিঞৰোঁ আহা-
"জয় আই অসম"
--------------------------------------------------------
নিৰৱধি সত্যৰ চেলেং
ৰুবুল প্ৰিন্স
অনিয়ত প্ৰতিবাৰৰ দৰে জিঘাংসাৰ
চাকনৈয়াত বৰ দেহৰ ভাৰ...
খজুৱতি মেঘৰ দৰে স্ফটিক বাৰুদ
বিনা চৰ্তত মেলন, গুঞ্জৰিত পাৰ...
চাকনৈয়া
ধৰ...ধৰ...
মাৰ..মাৰ....
মৃত্যুৰ পৰা জন্মিছে সইত
সইতৰ বিশালতা
মৃত্যু
পৰশ যেতিয়া উন্মাদৰ দৰে লাগে
ভাগে হিয়া
ঠুনুকা হয় মানৱতা।
সত্যৰ সন্ধানত দুচকু পিৰিক পাৰাক
গতি কেৱল নিষ্ফল
ৰৈ যোৱা কিছু চঞ্চলা দুৰ্বাৰ আখেজ
নাথাকিবইনো কিয়?
লটিকা শুকুৱা দেহত
ৰাখিব কাৰ ভাৰ?
কিহৰ ধিক ধিক ৰৌদ্ৰাশা?
নিৰৱধি সত্যৰ চেলেং
আজিও একে
বিচলিত জুইৰ দৰে
পুৰি মাৰে
চাৰখাৰ কৰে সমগ্ৰ।
—————————————————
সময়
মুকুতা ৰয়
ঘড়ীৰ টিক্ টিকনিত
সময় উৰি গুচি যায়।
সি কাৰো পিনে নাচায়
জানোচা কোনোবা পিনে
তাৰ প্ৰেয়সী আছেই।
চালেই যে সি আৰু যাব নোৱাৰিব,
গভীৰ ক’লা চকুজুৰিক জানো
সি নেওচি যাব পাৰিব?
বৰষা মাকৰ ঘৰলৈ নাযাওঁতেই
শৰৎ আহি পালেহি
কাৰো উম ঘামেই নাই।
শৰতৰ প্ৰেমত আতুৰ হৈ থকা
শেৱালিজোপাক নিঃশেষ কৰি
সিও এদিন আঁতৰি গুচি যাব।
ঘড়ীৰ টিক টিকনি চলিয়ে থাকিব।
সময় গৈয়ে থাকিব।
সি যে বৰ নিষ্ঠুৰ।
এনেকৈয়ে এদিন জীৱনৰো
আবেলি হ'ব।
কঠোৰ সময়ে এজনক আনজনৰ পৰা
আঁতৰাই নিব।
মধুৰ প্ৰেমৰ স্মৃতিবোৰ
কোবাল ঢৌৰে উটুৱাই নিব।
সি যে বৰ নিষ্ঠুৰ।
সময় উৰি গুচি যায়।
নিঃশব্দে, নিৰলে,
কোনোবা অজান দেশলৈ।
----------------------------------------------------------
জ্বলি থাকক দিয়া
ৰঞ্জু শইকীয়া
ৰূ-ৰুৱাই জ্বলি থাকক দিয়া
মোৰ ৰিক্ত বুকুৰ বৰঘৰত
তোমাৰ মুগ্ধময় হাঁহিৰ
এটি অনন্ত অগ্নি শিখা
জ্বলি জ্বলি ছাঁই হৈ যাওঁক মোৰ দুখৰ মাৰল দিয়া পঁজা ।
স্মৃতিৰ সপোনবোৰ সাঁচি থ’ব পৰাকৈ
অনামী দুখৰ ধুমুহাত
তচ নচ নোহোৱাকৈ
অফুৰন্ত প্ৰেম প্ৰত্যাশা সজাল ধৰাকৈ
সাজিব খুজিছোঁ কলিজাৰ চৰ অংশত
এটি আছুতীয়া কোঠা
তোমাৰ প্ৰেমৰ অনন্য মাত্ৰাৰে চিহ্ন ৰৈ যোৱাকৈ।
তাতেই হেপাঁহেৰে সাঁচি থ'ম আজীৱন
মোৰ জীৱনৰ যত
চকুলোৰ মুকুতা মণিৰে গঁঠা
চিৰ প্ৰত্যাশিত অনুভৱৰ
চিৰ সেউজ বিষাদগাথা ।
——————————————————
শাওণৰ গান
জোনমনি বৰা
শাওণৰ গান ভালপোৱা
বোকা মাটিৰ গোন্ধে
আমোল মোলোৱা ৷
মুৰৰ ঘাম মাটিত পেলাই
কৰ্মই ধৰ্ম বুলি মানি লোৱা
নকৰিলে খেতি খাবি কি?
নাবালে হাল বাবি কি ?
যুৰীয়া ভড়াল এগোহালি গৰু
পিতাইৰ হেঁপাহৰ ঘৰখন
বাৰিত তামোল পাণ
নদন-বদন ৷
আইৰ হাতৰ কাম
পিতাইলৈ থকা তান
এৰিয়া কাপোৰ খনৰ
এতিয়া আছে জানো মান?
সাঁচতীয়া বৰপেৰাত আজি কেঁকাই
আদৰ আৰু সাদৰ হেৰুৱায় ৷
ল’ৰালিৰ সোঁৱৰণি আৰু ভাল লগাখিনি
বিচাৰিলেও পাম জানো
খাই হাবাথুৰি !
মনৰ নিভৃত কোণত
বিষাদৰ নিনাদ বাজি ৰয়
সংগোপনে
অতীতে খামুচি ধৰি
আমনি কৰে সঘনে ৷
———————————————————
মন্থন
গণেশ বৰ্মন
চাব জানিলে আকাশৰ বিশালতা
দৃশ্যমান হয় প্ৰত্যাশাৰ জোনাক
উপলব্ধিৰ উমত থাকে যদি হৃদয়ৰ তান
সুৰেৰে উন্মনা হয় বতাহৰ গান
অজানা-অচিনা দূৰৈৰ বাঁহীৰ সুৰবোৰে
সংগোপনে আহি হিয়াত টোকৰ মাৰি
আপোন হৈ পৰে নদীৰ দৰে
সত্ত্বাত বিলীন হ'ব খোজে সেউজৰ দৰে
খুলি দিওঁ আজি দুৱাৰৰ ডাং
হুৰ-হুৰকৈ সোমাই আহক বনৰ বিমল সুবাস ।
-----------------------------------------------------------
আমি আচলতে বিচাৰো কি
নৱ ৰাজন
আমি এনে কি হেৰুৱালোঁ যে
আমি কান্দিছোঁ
আমি এনে কি পালোঁ যে
আমি হাঁহিছোঁ
হেৰুৱাবলৈ
আমি পাইছিলোঁ কি ?
পাবলৈ
আমি হেৰুৱাইছিলোঁ কি ?
আঁত হেৰুৱা সূতাৰ আঁত বিচাৰি
বাৰে বাৰে ভাগিছোঁ উঘা
অথচ দিনকদিনে বাঢ়িছে গামোচাৰ বেহা
খোলা নঙলা
চোতালত এৰাল ছিগা কজলা
আজিহে সুধিছোঁ--
পঘা ছিগি গোহালিৰ
পাকঘৰ পালেহি কেতিয়া ?
"প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া"
নে
মহাত্মাৰ অহিংস নীতি
আচলতে
আমি বিচাৰো কি ?
জীৱনৰ বাবে ধৰম
নে
ধৰমৰ বাবে জীৱন ?
________________
অনুবাদ কবিতা
মা-দুর্গা
______________________
ইভা আলমাস
উত্তরা,বাংলাদেশ।
'দ' দিয়ে দৈত্য বিনাশ 'উ-কার' বিঘ্ননাশ
'রেফ' যত রোগ নিরাময় 'গ' পাপের সর্বনাশ।
'আ-কারে' শত্রু ভয় করে বিপর্যয়
ধরাধামে যিনি আসেন চির শান্তিময়
মা দুর্গা সে অগম্যা
জগতবাসীর স্নেহে ধন্যা।
দেবতারা ভালোবেসে দিলেন শক্তি সব
তাই দিয়ে করেছিলেন মহিষাসুর বধ
মহাদেব বিষ্ণু অগ্নি বায়ু আর যম
ইন্দ্র ব্রম্মা বিশ্বকর্মা কেউ নাহি কম
এমনকি হিমালয় সিংহ করে দান
মা দুর্গা আপনাকে করলো মহান।
আশ্বিনের শুক্লাষষ্ঠী নেমে আসেন ধরায়
লক্ষী গনেশ কার্তিকসহ সরস্বতীর গায়
ঊর্ধ্ব গগনে রয় মহাদিদের দেব
মহাষষ্ঠীর দিন মেনে দুর্গার অভিষেক।
কলাবউ পূজো শুরু মহা সপ্তমীতে
কল্পারম্ভের সন্ধি পূজো মহা অষ্টমীতে
বিহিত পূজার মধ্যে শুরু সেই সে নবমী
বিসর্জনে সব শেষ হায় সে যে দশমী।
শুভ-অশুর'র যত লণ্ডভণ্ড কাজ
মা-দুর্গার আগমনী থামায় সব স্বরাজ
শান্তির অমোঘ বাণী মা-দুর্গার ছবি
ঘোর কৃষ্ণ অন্ধকারে মঙ্গলময়ী রবি
যেন শরতের দুর্গা দেবী...
মাঁ-দুর্গা
____________
ইভা আলমাস
উত্তৰা,বাংলাদেশ।
ভাবানুবাদ–ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
'দ'ৰে দৈত্য বিনাশ 'উ-কাৰ' বিঘ্ননাশ
'ৰেফ' হ’ল ৰোগ নিৰাময় 'গ' পাপৰ সর্বনাশ।
'আ-কাৰে’ শত্রু ভয় কৰে বিপর্যয়
ধৰাধামত যিজনা আহে,
সেই মাঁ চিৰ শান্তিময়
মাঁ দুর্গা হয় অগম্যা
জগতবাসীৰ স্নেহে ধন্যা।
দেৱগণে ভাল পাই দিলে শক্তি সৰ্ব
তাৰেই কৰিছিল মহিষাসুৰ বধ
মহাদেৱ বিষ্ণু অগ্নি বায়ু আৰু যম
ইন্দ্র ব্রহ্মা বিশ্বকর্মা কোনোৱেই নহয় কম
আনকি হিমালয় সিংহ কৰে দান
মাঁ দুর্গা আপোনাক কৰিলে মহান।
আহিনৰ শুক্লাষষ্ঠী ধৰালৈ নামি আহে
লক্ষী গনেশ কার্তিকসহ গায় সৰস্বতীয়ে
ঊর্ধ্ব গগনে ৰয় মহাদেৱাদি দেৱ
মহাষষ্ঠীৰ দিনা মানে দুর্গাৰ মহাঅভিষেক।
কল্পবধূ পূজাৰম্ভ হয় মহা সপ্তমীত
কল্পাৰম্ভৰ সন্ধি পূজা মহা অষ্টমীত
বিহিত পূজাৰ মাজে নিস্পন্ন সেই মহানবমী
বিসর্জনে সকলো শেষ হাঁয়
সেইযে বিজয়াদশমী।
শুভ-অশুভৰ যত’ লণ্ডভণ্ড কাজ
মাঁ-দুর্গাৰ আগমণে থাপে স্বৰাজ
শান্তিৰ অমোঘবাণী মাঁ-দুর্গাৰ ছবি
ঘোৰ কৃষ্ণ অন্ধকাৰে মঙ্গলময়ী ৰবি
যেন শৰতৰ দুর্গা দেৱী...
●●●●●●●●●●●●●●●●●●●●●●●●●●●
চেষ্টা কৰা
কবি- আনন্দ পৰম
ভাবানুবাদ- জাহ্নৱী কাকতি
চেষ্টা কৰি চোৱা, সমাধান ওলাবই।
আজি ন'হলেও, কাইলৈ ওলাবই।
লক্ষ্য স্থিৰ কৰা অৰ্জুনৰ দৰে,
লক্ষ্যভেদ কৰা,
মৰুভূমিতো পানী ওলাব।
পৰিশ্ৰম কৰা গছপুলিবোৰত পানী দিয়া,
অনুৰ্বৰ মাটিতো ফল ওলাব।
শক্তি গোটোৱা, সাহসী হোৱা,
ইস্পাতৰ পৰাও বল ওলাব।
বুকুত আশাবোৰ জীয়াই ৰাখা
সাগৰৰ পৰাও, গংগাজল ওলাব।
চেষ্টা অব্যাহত ৰাখা, কৰিমেই কিবা এটা,
ৰৈ আছে যিবোৰ কাম,
গতি কৰিব সেইবোৰেও।
চেষ্টা কৰা, সমাধান ওলাবই
আজি নহ'লেও, কাইলৈ ওলাবই।
कोशिश कर
कोशिश कर, हल निकलेगा।
आज नहीं तो, कल निकलेगा।
अर्जुन सा लक्ष्य रख, निशाना लगा,
मरुस्थल से भी फिर, जल निकलेगा।
मेहनत कर, पौधों को पानी दे,
बंजर में भी फिर, फल निकलेगा।
ताक़त जूटा, हिम्मत को आग दे,
फौलाद का भी, बल निकलेगा।
सीने में उम्मीदों को, जिंदा रख,
समंदर से भी, गंगाजल निकलेगा।
कोशिशें जारी रख, कुछ कर गुजरने की,
जो कुछ थमा-थमा है, चल निकलेगा।
कोशिश कर, हल निकलेगा,
आज नहीं तो, कल निकलेगा।
●●●●●●●●●●●●●●●●●●●●●●●●●●●
লেংষ্টোন হিউজ (১৯০২-১৯৬৭) ৰ ১৯২২ চনত প্ৰকাশিত কবিতা
Dreams(সপোনবোৰ)ৰ ভাষান্তৰ
ড০ দীপমণি দাস
সপোনবোৰ
সপোনবোৰক টানকৈ ধৰি ৰাখিবা
কাৰণ সপোনবোৰ মৃত হ'লেই
জীৱন ডেউকাভগা চৰাই
যি উৰিব নোৱাৰে
কাৰণ সপোনবোৰ গুচি গ'লেই
জীৱন এখন পথাৰ ছনমৰা
বৰফত গোটমৰা।
———————————————————
3 Comments
বৰ সুন্দৰ হৈছে সংখ্যাটি।
ReplyDeleteসুন্দৰ হৈছে।
ReplyDeleteঅধিক মনোগ্ৰাহী হৈছে
ReplyDelete