দ্বিতীয় অধ্যায় (৪ ৫ ৬ খণ্ড)

#আনে_নোযোৱা_বাট
(এগৰাকী নাৰী জীৱনৰ ওপৰত আধাৰিত 
উপন্যাস)

নৱ ৰাজন 

দ্বিতীয় অধ্যায়
চতুৰ্থ খণ্ড 

      অমিতাভ আজি চেম্বাৰলৈ যোৱা নাই। সেয়ে, পুৱা আঠ বজাতহে শুই উঠিছে। মোৰো আজি স্কুল বন্ধ। মোৰো উঠোতে বহু পলম হ'ল। 
      "অ' ৰা...আজি অলপ ফুৰি আহোগৈ ব’লা।"—দাঁত ব্ৰাচ কৰি কৰি অমিতাভে ক’লে। 
      "ফুৰিবলৈ যাবা...তুমি...?"–অমিতাভৰ কথা শুনি মই আচৰিত হ’লোঁ। 
      অমিতাভে মোক নাম ধৰি নামাতে। ময়ো নাম ধৰি নামাতো।
      
      "এৰা হে ...কিমান দিনযে হ’ল...ফুৰিবলৈ নোযোৱা...
     আজি চেম্বাৰলৈ নাযাও...ব’লা, চেৰাপূঞ্জীৰ পৰা আহোঁগৈ..."
    তিনিবছৰীয়া বৈবাহিক জীৱনত এইটো হ’ব তৃতীয়টো ভ্ৰমণ,যদিহে আজি যোৱা হয়! 
    আনন্দৰ পৰিবৰ্তে মোৰ মনটো, হতাশাৰেহে ভৰি পৰিল।
    কিয়নো আজি নীলমৰ সৈতে দীঘলীপুখুৰী পাৰত অনুষ্ঠিত হ’বলগীয়া  কবি সন্মিলন এখনলৈ যোৱাৰ কথা।
     ইফালে অমিতাভ আঁকোৰগোজ।
     
     বিয়াৰ পাছৰ ব'হাগ বিহুটোতে অমিতাভৰ সৈতে  গাঁৱৰ ঘৰলৈ গৈছিলোঁ;তেতিয়াই দীপমক শেষবাৰৰ বাবে লগ পাইছিলোঁ,মানে ওচৰৰ পৰা দেখিছিলোঁ। 
     সেয়া আছিল অমিতাভৰ সৈতে দ্বিতীয়টো ভ্ৰমণ। 
    
     প্ৰথম ভ্ৰমণটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰো। সেই দিনটো আছিল মোৰ জীৱনৰ আন এক অবিস্মৰণীয় দিন। 
     
     অৱশেষত, বহু ভাবি চিন্তি,অমিতাভক  চেৰাপুঞ্জীলৈ যোৱাটোত সন্মতি জনালোঁ।

     দুটা মানুহ ।ঝামেলা নাই। এক ঘন্টাৰ ভিতৰতে সাজু হ’লোঁ।
    
     ইতিমধ্যে নীলমক মেচেজ কৰি কথাখিনি বুজাই ক’লোঁ। কবি সন্মিলনখনত উপস্থিত থাকিবলৈ নোপোৱাৰ লগতে নীলমকো লগ নাপাম বাবে  মনত বেজাৰো লাগিল। 
     
     আজি অমিতাভৰ মনত বহু স্ফুৰ্তি। অমিতাভক আজি যেন বেলেগ ৰূপত আৱিস্কাৰ কৰিছোঁ।সেয়ে, মোৰ মনটো যে বেয়া লাগি আছে,সেইটো জানিবলৈ নিদিলোঁ।
    আচৰিত কথাটো হ’ল ড্ৰাইভাৰ নোলোৱাকৈ অমিতাভে নিজে ড্ৰাইভ কৰি যাবলৈ ওলাইছে।
    মোৰ প্ৰিয় পুৰণি হিন্দী ৰোমান্টিক গীত অ’ডিয় প্লেয়াৰত ফুল ভলিউমত বজাই,অমিতাভে  চেৰাপুঞ্জী  অভিমুখে ইন’ভাখনৰ  একচিলেৰেটৰ  ডবালে...
    অমিতাভে আজি যিটো স্ফুৰ্তিত চেৰাপুঞ্জীলৈ ওলাইছে ,ময়ো বহু হেঁপাহেৰে ,অমিতাভৰ সৈতে ,পুৰীলৈ গৈছিলোঁ।সেয়া আছিল অমিতাভৰ সৈতে প্ৰথম ভ্ৰমণ। মধুচন্দ্ৰিকাও বুলিব পাৰি ! মধুযামিনীও! 
    স্কুলৰ সহকৰ্মীকেইজনীয়ে মধুচন্দ্ৰিকাৰ বাবে পুৰীলৈ যাম বুলি জানি  ঠাট্টা  কৰিছিল।
     
     মই ভগৱানৰ বিশ্বাসী । অমিতাভ যদিও চিকিৎসক , ভগৱানৰ ওপৰত অগাধ বিশ্বাস। 
     ৰুগীয়া শহুৰদেউতাৰ কথা এৰাব নোৱাৰি,  সেয়ে, আমি দুয়ো পুৰী লৈ যোৱাৰ কথাই ঠিক কৰিছিলোঁ। 
     কথামতেই আমি পুৰী পাইছিলোঁ। ফ্লাইটেৰে যাবলৈ মোৰ ভীষণ ভয় বাবে ট্ৰেইনেৰে গৈছিলোঁ। পুৱাতেই পুৰী পাইছিলোঁগৈ।
    অমিতাভে "শকুন্তলা" হোটেলতে থকাৰ ব্যৱস্থা কৰিছিল। 
     সাগৰীয় বতাহজাকে অনবৰতে চুমি থাকে শকুন্তলাৰ উন্মনা বুকু। 
     আহল-বহল বেলকনি থকা ৰূম এটা বুক কৰিছিল। 
     ফ্ৰেচ হৈয়ে বেলকনিৰ আৰামী চকীখনত শৰীৰটো এৰি দি স্বস্তিৰ নিশ্বাস এৰিছিলোঁ। 
     অমিতাভ ইতিমধ্যে বিছনাত।ট্ৰেইনত গোটেই ৰাতি সাৰে আছিল। নাকৰ ঘৰঘৰনি ৰূমত প্ৰতিফলিত হৈ  বেলকনিলৈ উফৰি আহিছিল। 
      
     সাগৰীয় বতাহজাক মই  হেঁপাহ পলুৱাই পান কৰিছিলোঁ। 
     অমিতাভৰ দুবাহুৰ বন্ধনত সাগৰীয় চেঁচা বতাহজাকৰ দৰে চেঁচা পৰিব ইমান দিনে 
উন্মাদ হৈ থকা মোৰ যৌৱন, মোৰ কামনা , মোৰ বাসনা! 
     ...উপভোগ কৰিম পৃথিৱীৰ সবাতোকৈ সুখৰ প্ৰতিটো পল...
     এৰা, মোৰ বাবে আজিয়েই ফুলশয্যা নিশা...
 –এইবোৰকে ভাবি ভাবি ,মনটো এক অজান পুলকত উথলি উঠিল । 
 
     বিয়াৰ এমাহ পাছত মধুযামিনী?
     
     এৰা, সেয়াও মোৰ জীৱনৰ আন এক অবিস্মৰণীয় ঘটনা।
     
দ্বিতীয় অধ্যায়
পঞ্চম খণ্ড
  
     সিদিনা আছিল আমাৰ #খোবা-খুবী। 
     
     বিয়াৰ তিনিদিনৰ দিনা,অৰ্থাৎ ফুলশয্যাৰ নিশা, দৰাৰ ঘৰত পতা উৎসৱ। #খোবাখুবী,এহাল ভূত-ভূতুনী। খোবা মতা আৰু খুবী মাইকী। মহাদেৱৰ বৰত সিহঁতে, নকৈ বিয়া হোৱা দৰা-কইনাৰ দেহত প্ৰবেশ কৰে বুলি #জনশ্ৰুতি আছে। সেয়ে,খোবা-খুবী নপতাকৈ দৰা-কইনাৰ মিলন আমাৰ পৰম্পৰাত নিষিদ্ধ।
     ভকতে, বিয়াৰ তিনিদিনৰ দিনা খোবা-খুবীৰ নামত #নৈবদ্য আগবঢ়াই খোবা-খুবী পুথিখন পঢ়ি শুনাই  ।
     এয়া ঐতিহ্যময় পৰম্পৰা।   
    অমিতাভৰ ঘৰ  চহৰত যদিও গাঁৱৰ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি বিয়াখন আয়োজন কৰিছিল।
     আমাক দুয়োজনকে  বহাই লৈ গাঁৱৰ পৰা অহা নন্দেশ্বৰ ককাই , খোবা-খুবী পুথিখন পঢ়ি শুনালে আৰু ভাগৱতৰ বিভিন্ন উপমাৰে  দুয়োৰে মাজত সম্পৰ্কটো সহজ কৰিবলৈ যত্ন কৰিলে  ।ককাই লগতে ক’লে যে - দৰা কইনাৰ সম্পৰ্কতো কেৱল যৌন সম্পৰ্কতে শেষ নহয় ;বিবাহ  হৈছে দুটা আত্মাৰ মিলন।শাস্ত্ৰ ভাগৱতৰ বিবিধ আধ্যাত্মিক দৰ্শনেৰে  আমাক সমৃদ্ধ কৰিলে। 
    
    দেউতাৰ মুখৰ পৰা মাজে মাজে দুই এটা আধ্যাত্মিক কথা শুনিবলৈ পাইছিলোঁ যদিও ভকতৰ সৈতে একেলগে বহি,  ভগৱত কথা শ্ৰৱণ কৰাৰ সিদিনাই  প্ৰথম সৌভাগ্য হৈছিল।
    
    অমিতাভৰ ধূতি পিন্ধাৰ অভ্যাস নাই । বিয়াৰ  দিনাও পিন্ধা নাছিল। ৰাতি বৰযাত্ৰী হৈ যাওতেহে  ,জীৱনত  প্ৰথমবাৰলৈ  ধূতি পিন্ধিছিল। 
    সিদিনাও প্ৰথম লংপেন্টেই পিন্ধি আছিল। ককা এজনৰ ধমকিতহে , ভিতৰলৈ গৈ ,কেনেবাকৈ পেন্টৰ ওপৰতে ধূতিখন মেৰিয়াই আহিল। 

    "প্ৰথমে প্ৰণামো জগন্নাথ গজানন।
    কৃষ্ণৰ চৰণ নমো ভকত তাৰণ।।
    হৰৰ চৰণ নমো নমো ভগৱতী ।
    হৰিৰ ভাৰ্য্যাকো নমো লক্ষ্মী সৰস্বতী ।।
       .................………………………
       …………………………………………

    খোবা-খুবী নাম দেৱ মই আছো শুনি।
    ৰাক্ষস দানৱ কিম্বা দেৱ নৰ মুনি ।।
       .................………………………
       …………………………………………
     পাছে খোবা-খুবী দুয়ো দেখে চিন্তে মাৰ ।
     দণ্ডৱতে নমিলন্ত চৰণে হৰৰ।।
     কৰযোড় হুয়া দুয়ো কৰিলা মিনতি ।
     নমাৰিয়া ৰাখা প্ৰভু কৰিয়ো কাকূতি।।
     তোমাৰ ভাৰ্য্যাৰ মুখে উপজিলোঁ আমি ।
     প্ৰাণ ৰক্ষা কৰা প্ৰভু ত্ৰৈলোক্যৰ স্বামী ।।
     উমাৰ মাননসুত আমি দুই জন ।
     বুঝি চোৱা প্ৰভু আমি লৈলোহো শৰণ।।
       .................………………………
       …………………………………………
      এহিমতে খোবা-খুবী আছে পৰ্ব্বতত।
      যেবে ৰঘুনাথে সেঁতু বান্ধে সাগৰত ।।
      এহি বুলি হনুমানে ওপৰক তুলি ।
      ৰামহাতে এৰি দিলা ধৰিয়োক বুলি।।
         .................………………………
       …………………………………………
       অনন্তৰে খোবা-খুবী গৈলা পৃথিৱীক।
       বিবাহ কৰিলা কৃষ্ণে যেবে ৰুক্মিণীক।।"
         .................………………………
       …………………………………………
    —এইদৰে খোবা-খুবী পুথিখন  নন্দেশ্বৰ ককাই সুললিত কন্ঠৰে পঢ়ি গৈছিল। 
     গাঁৱৰ পৰা অহা হৰেশ্বৰ ককাই বৰ সুন্দৰকৈ ব্যাখ্যা কৰিছিল।
     কেনেকৈযে গোটেই পুথিখন পঢ়ি শেষ হ’ল-ধৰিবই নোৱাৰিছিলোঁ। 
     পুথিখন পঢ়ি শেষ হোৱাৰ পাছত হৰেশ্বৰ ককায়ে নৈবদ্যভাগ বিলোৱাৰ ব্যৱস্থা কৰিলে। 

    সেই সপোনৰ নিশাটোলৈ আৰু কিছু মুহূৰ্ত! 
    মোৰ মনটো আনন্দত থৌকি বাথৌ। নহ’বনো কিয়!এই ফুলশয্যা নিশাটোৰ বাবে ছোৱালীবোৰৰ কম কল্পনানে ! 
    পুৱাৰে পৰাই অমিতাভৰ সমন্ধীয় ভনীয়েক দুজনীয়ে সুবিধা পালেই মোক জোকাই আছিল।
    স্কুলৰ সহকৰ্মীৰ হুৱাটচ এপ গোটটোতো চাবই নোৱাৰি। সেইটো আমাৰ  শিক্ষয়িত্ৰীৰ গোট। যি টি কথা পতা যায়। কোনো লাজ কাজ নাই। অৰুণা, বন্দনা, লিজাহঁতৰ কিমান যে কথা। লাজতে সিঁহতক সিদিনী একো ৰিপ্লাই দিয়া নাছিলোঁ! 
     "ঐ, কাইলৈ স্কুলৰ পৰা ফোন কৰিম। আজিৰ ৰাতিৰ নাটকখন আমাৰ আগত বিৱৰি ক’ব লাগিব  কিন্তু !"–মোক উদ্দেশ্যি হুৱাটচ এপ গোটত বন্দনাৰ মেছেজ।
     " পাৰিলে ভিডিঅ’ ৰেকৰ্ডিংকে কৰি থ’বি।"
  –অৰুণাৰ টিপ্পনি। 
     "অডিঅ’ ৰেকৰ্ডিং হ’লেও আমাৰ চলি যাব"–হাঁহিৰ ইম’জি দি লিজাৰ মেছেজ।
     সিঁহতৰ মেছেজবোৰ দেখি লাজ লাগিছিল। যদিও ভিতৰি ভিতৰি বহু ভালো লাগি আছিল।

     হৰেশ্বৰ ককায়ে নৈবদ্য বিতৰণ কৰি আছিল।

     "আৰু বেছি সময় নাই দিয়া। ইমান ভাৱনাত বিভোৰ হ’ব নালাগে। "–সমন্ধীয় বৌগৰাকীয়ে পিঠিত চিকুটি দি লাহেকৈ কৈছিল।
     মই লাজতে ৰঙা পৰি গৈছিলোঁ।

    খোবা-খুবীৰ সকলো পৰ্ব শেষ হোৱাৰ পাছত মই ৰূমত সোমাইছিলোঁ । 
     নীতা বাই আবেলি ফোন কৰি ধূপ এডাল জ্বলাই ,বিছনাত উঠাৰ আগেয়ে ,অমিতাভক সেৱা কৰিবলৈ কৈছিল। 
     নীতা বা, মোৰ জেঠাইৰ জীয়েক। বয়সত এবছৰ ডাঙৰ যদিও বান্ধৱীৰ দৰে। 
    লাজে ভয়ে মোৰ একো নোহোৱা হৈছিল।

    অমিতাভৰ সৈতে কেনেকৈ নিজকে লীন কৰিম -তাকে ভাবি গুণি থাকোতে ,আলহীক বিদায় দি অমিতাভ ৰূমলৈ সোমাই আহিছিল।

দ্বিতীয় অধ্যায়
ষষ্ঠ খণ্ড 


     ছমাহৰ ভিতৰতে অমিতাভৰ সৈতে ঠিক হৈছিল বিয়াখন। এৰেঞ্জ মেৰিজ।বিয়াৰ আগত মাত্ৰ দুদিনহে লগ পাইছিলোঁ।
       মোক চাব অহা দিনাখন প্ৰথম ।
তাৰ পাছত এদিন ৰেষ্টুৰেণ্টত লগ কৰিছিলোঁ। বচ, ইমানেই। 
    এৰেঞ্জ মেৰিজ হ’লেও আজি কালি বেছিভাগেই বহু আগবাঢ়ি যায় ,সময়তকৈ।বাকীতো দূৰৰ কথা ,অমিতাভৰ হাতখনতে ধৰি নাপাইছিলোঁ। 
     মোক চাবলৈ অহাৰ দিনা লাজতে মই অমিতাভক  চাবই পৰা নাছিলোঁ। চাহ লৈ যেতিয়া ড্ৰয়িং ৰূমলৈ সোমাই গৈছিলোঁ, বুকুৰ ধপধপনিৰ লগতে চাহৰ ট্ৰেখনো ঘটঘটকৈ লৰিছিল। 
     ঠাণ্ডা দিন আছিল।তথাপি  ঘামি জামি মোৰ একো নোহোৱা হৈছিল। 
     "চাহ খাওকচোন..."– ওলাও নোলাও কৈ মোৰ মাতটো ওলাইছিল।
     দেউতাই মোক অমিতাভৰ লগত চিনাকি হ’বলৈ সুবিধাটো দি বাহিৰলৈ ওলাই গৈছিল।
     মই শিল পৰা কপৌৰ দৰে থিয় হৈ ৰৈছিলোঁ।
     "বহি লোৱা "–বিনম্ৰতাৰে অমিতাভে ক’লে।
     ময়ো বাধ্য ছাত্ৰীৰ দৰে বিছনাখনতে বহিছিলোঁ। 
     মনে বিচৰাৰ পাছতো অমিতাভৰ মুখলৈ চাব নোৱাৰিলোঁ। 
     অমিতাভ আৰু লগৰজনে চাহত চুমুক দিলে। 
     প্ৰায় ৫মিনিট মৌন পৰিৱেশ। দুপাত্তাখনৰ আগটো আঙুলিৰে লিৰিকি বিদাৰি,তলমূৰ কৰি বহি থাকিলোঁ। 
     "লিটল ফ্লাৱৰতে কৰি আছা ? আজি স্কুল নগ’লা ? "–অমিতাভে সুধিলে।
     চকুলৈ নোচোৱাকৈ  উত্তৰ দিলোঁ। 
     আকৌ মৌন পৰিৱেশ।
     মোৰ দৰে  অমিতাভো যে লাজুকা–মই বুজি পালোঁ। 
     এবাৰ লাজ কাটি কৰি ,তালৈ মূৰ তুলি চালোঁ। চকুয়ে চকুয়ে পৰাত মই মিছিকিয়াই আকৌ তলমূৰ কৰিলোঁ। 
     অমিতাভেও  মিছিকিয়াইছিল। সেই হাঁহিতে মোৰ মনে বিচাৰি থকা বহু কথাৰ উত্তৰ পাইছিলোঁ।
     সেইদিনা আৰু কথা পতা নহৈছিল।

    বিয়া ঠিক হ’ল। বিয়াৰ দুমাহ আগত বজাৰ কৰিবলৈ গৈ ৰেষ্টুৰেন্টত লগ কৰিছিলোঁ। অমিতাভেই লগ কৰাৰ প্ৰস্তাবটো দিছিল। মনে মনে মোৰো লগ কৰো কৰো লাগিয়ে আছিল।               
    সেইদিনা বহু ফ্ৰিকৈ কথা পাতিছিলোঁ। 
    চুকত চকু থৈ কথা পাতিছিলোঁ ।
    অমিতাভ বেছিভাগ সময় ব্যস্তই থাকে।                      ফোনতো তেনেকৈ কথা পতা নহৈছিল।   
            **********
     ফুলশয্যা নিশা অমিতাভ ৰূমলৈ সোমাই অহাৰ লগে লগে , থৰ্ থৰ্ কৈ  কঁপিছিলোঁ।
     
    নীতা বায়ে কোৱা ধৰণে ধূপডাল জ্বলাই 
 অমিতাভক সেৱা কৰিলোঁ। কিন্তু , মোক বাধা দি ,কাষতে ,বিছনাত বহুৱাই ল’লে। 
    সুখে -দুখে আজীৱন একেলগে থকাৰ দুয়ো অঙ্গীকাৰ কৰিলোঁ। 
    " মা ঢুকোৱাৰ পাছত দেউতা বৰ অকলশৰীয়া হ’ল। ময়ো নাথাকো। গোটেই দিনটো অকলে অকলে থাকি, দেউতাৰ স্বাস্থ্য দিনক দিনে বেয়াৰ ফালে ঢাল খাইছে। 
    দেউতাৰ বাবেই মোৰ আজিৰ এই পজিচন।
গাঁৱৰ পৰা গুৱাহাটীলৈ আহি, সৰু কেৰানী চাকৰিটোৰে মোক চিকিৎসক কৰিলে। 
    তুমি ভালদৰে দেউতাৰ যতন ল’বা।"
 —অমিতাভে মোৰ হাতৰ আঙুলিৰ ফাঁকত আঙুলি থৈ , আৱেগেৰে কথা কেইটা কৈছিল।
  " দেউতাৰ অৱস্থাতো মই সম্পূৰ্ণ উপলব্ধি কৰিব পাৰিছোঁ। পোন্ধৰ বছৰ আগতে মোৰ দেউতায়ো ,মাক হেৰুৱাই অকলশৰীয়া জীৱন কটাইছে।তুমি একেবাৰে চিন্তা নকৰিবা।"
  —মই অমিতাভৰ হাতখন আলফুলে মুঠি মাৰি কৈছিলোঁ।
     তাৰপাছতে মই ফুলৰে সজ্জিত বিছনাখনত বাগৰি দিছিলোঁ।
     
     তেনেতে ঘৰত হৈ ছৈ লাগিল। অমিতাভৰ মোমায়েকৰ পুতেক, নীৰেনে চিঞৰি চিঞৰি আমাক মাতিলে। 
     অমিতাভে একে দৌৰে বাহিৰ পাইছিলগৈ। 
 ময়ো পাছে পাছে দৌৰিছিলোঁ। 

আগলৈ....

Post a Comment

0 Comments