#আনে_নোযোৱা_বাট
(এগৰাকী নাৰীৰ জীৱনৰ ওপৰত আধাৰিত
উপন্যাস)
নৱ ৰাজন
দ্বিতীয় অধ্যায়
প্ৰথম খণ্ড
উৰিষ্যালৈ যোৱা আজি এসপ্তাহেই হ’ল। ঘৰখন অপৰিপাটি হৈ আছে। অমিতাভে অকলেনো এইবোৰ কেনৈকে চম্ভালিব। ইফালে ডক্টৰৰ চাকৰি। যেনেতেনে ভাত কেইটাকে যে ৰান্ধি বাঢ়ি খাই আছে। ঘৰত কাম কৰা বাইজনীৰ গা বেয়া বাবে এইকেইদিন অহা নাই ।
ষ্টেচনৰ পৰা আহি, গাটো কোনোমতে তিয়াই , ঘৰখন পৰিপাটি কৰাতহে লাগিছোঁ।
ট্ৰেইনত অহাৰ বাবেই চাগৈ গাটো বৰ বেয়া লাগি আছে। তাতে টোপনিও ক্ষতি। শুদা গাখীৰতে চাহপাত দি কাঢ়াকৈ চাহ একাপৰ খুবেই প্ৰয়োজন অনুভৱ কৰিছোঁ। পিছে, গাখীৰো নাই । আৰু এলাহো লাগিছে।
ড্ৰয়িং ৰূমৰ বিচনাখনতে অলপ rest লওঁ বুলি চকুদুটা মুদি দিছোঁ।
পিছে,
নীলমৰ মুখখনেহে বাৰে বাৰে আমনি কৰিছেহি।
গুৱাহাটী পালোহি নে নাই -এবাৰলৈ সি খবৰ এটাও কৰা নাই।
থাকক-সি খবৰ নকৰালৈ ময়ো মেচেজ নকৰো।
"মমী...খবৰ এটাও নাই যে..."–ম’বাইলৰ স্ক্ৰীণত নীলমৰ মেছেজটো জিলিকি উঠিল।
"কথা কৈছে চোৱা।এইষাৰ মইহে তোমাক সুধিম বুলি ভাবি আছিলোঁ ।"–লগে লগে ৰিপ্লাই দিলোঁ।
"অ’ হয় নে !
ঐ শুনা, সিদিনা কবি সন্মিলনৰ বাতৰিটো উৰিষ্যাৰ প্ৰায়কেইখন বাতৰিকাকততে প্ৰকাশ পাইছে।এখন কাকতত উড়িয়া ভাষালৈ অনুদিত তোমাৰ কবিতাটোৰ কথাও বিশেষ ভাবে উল্লেখ কৰিছে। পাৰ্টী এটা খাবই লাগিব।"
পাৰ্টীৰ বাহানাৰে তাক লগ কৰিব পাৰিম । তাকে ভাবি মনটো ভৰি পৰিল।
"পাৰ্টী নিশ্চয়কৈ হ’ব । তুমি সময়টো মিলাবা।
আৰু শুনা , পাটনায়ক চাৰে অলপ আগত মোলৈও বাতৰি কেইটা পঠিয়াইছে।এনেধৰণৰ অনুষ্ঠানত তোমাৰ দৰে বৰণ্য কবিৰ সৈতে উপস্থিত থাকিব পোৱাটো মোৰ জীৱনৰ এক অনন্য প্ৰাপ্তি। দূবৰিৰ লগত কলপতৰুৱাৰ মুক্তি"। "–মেছেজটো অলপ দীঘলীয়াকৈয়ে দিলোঁ।
"কি যে কোৱা।
তোমাৰ কবিতাটিয়ে মোকো মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। এৰা, নিৰ্জন বুলি কোনো ঠাই নাথাকে...আহ্ কি মননশীল উপস্থাপন..."
—নীলমেও লগে লগে ৰিপ্লাই দিলে।
"এ থোৱা থোৱা। লাজ নিদিবা। ক’ত তোমাৰ কবিতা। আৰু ক’ত মোৰ.......।"–মেছেজটো সম্পূৰ্ণ কৰিবলৈ নপাওতেই অমিতাভৰ নম্বৰটো মোৰ ম’বালইৰ স্কীণত ভাঁহি উঠিল ।
অমিতাভৰ সৈতে সৌজন্যমূলক বাৰ্তালাপৰ পাছত নীলমলৈ মেছেজটো পঠিয়ালোঁ।
নীলম অফলাইন।এৰা, এতিয়া সি টিউশ্যন কৰি আছে। তাৰ লগত এতিয়া chatting নকৰাই ভাল হ’ব।
নীলমৰ প্ৰতি বাৰু মই কিয় ইমান আসক্ত হৈছো? তাৰ সান্নিধ্যই মোক বাৰু কিয় উদ্বাউল কৰি তুলিছে ?
দীপমৰ পাছত কাৰোৰে ওচৰত হাৰ নমনা মইজনী নীলমৰ দুচকুত কিয় ডুব যাব ওলাইছোঁ?
পুৰীৰ সেই চাৰিটা দিনে মোক ৰোমাঞ্চিত কৰি আছে।হয়তো আজীৱন সেই আৱেশেৰে জীপাল হৈ থাকিম !
নীলমৰ সৈতে চিনাকি প্ৰায় দুবছৰৰ যদিও আজি ছমাহে তাৰ সৈতে আত্মীয়তা বাঢ়িছে।
ইমান সুন্দৰ কবিতা লিখে অথচ কোনো অহংকাৰ নাই ।নবীন সকলক সদায়ে উৎসাহিত কৰি আহিছে। বিপৰীতে আজিৰ এচাম তথাকথিত কবিৰ যিহে এটিটিউড ,যেন তেওঁতকৈ ভাল কবিতা আৰু কোনেও নিলিখে।
এই সন্দৰ্ভত নীলমৰ এটাই কথা–"সময়তকৈ ভাল সমালোচক আন কোনো নাই। "
এইষাৰ কথা ময়ো হৃদয়ৰে মানো।
ফেচবুকত নিয়মীয়াকৈ লিখা প্ৰেমৰ কবিতাবোৰে কেনেকৈনো মোৰ নিদ্ৰাৰত হৃদয়ক জাগ্ৰত কৰিলে, তলকিবই নোৱাৰিলোঁ।গম নোপোৱাকৈয়ে সেই কবিতাবোৰৰ প্ৰেমত পৰিলোঁ।
" ...তুমি তেনেকৈ নাহাঁহিবা না
নহ’লে নামিব ব’হাগ আৱতৰীয়া
বুকুৰ চিৰিৰে নামিব ভালপোৱাৰ বাৰিষা
নিতিতাকৈ কেনেকৈ থাকিম কোৱা ?..."
–––––––––––––––––––––
–––––––––––––––––––––
" ...ইমানপৰে আমি যি কথা পাতিলোঁ
সেয়া আমাৰ কথা নাছিল
অথচ
কথা পাতিবলৈয়ে
ইমান দিন বাট চালো...
কোৱা কথাবোৰেই কথা নহয়
নোকোৱাকৈ বহু কথা কোৱা হয় ..."
...আৰু যে কিমানবোৰ কবিতা!
কেৱল ম’বাইলত সংৰক্ষিত কৰি থোৱাই নহয়, কবিতাৰ প্ৰতিটো শব্দক আলফুলে হৃদয়ত শুৱাই ৰাখিছোঁ।
এনে কবিতা পঢ়ি হৃদয় উথলি নুঠাতোহে অস্বাভৱিক। ফেচবুকত প্ৰতিটো কবিতা পঢ়ি হৃদয়ৰে মন্তব্য আগবঢ়াইছিলোঁ। পৰবৰ্ত্তী কবিতা নহালৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকো।
ফেচবুকৰ জৰিয়তে নীলমৰ সৈতে দুবছৰৰ চিনাকি যদিও আজিৰ পৰা পাঁচমাহ আগতেহে প্ৰথম লগ পাইছিলোঁ।
সিদিনা আছিল "অসম কবিতা সমাজ"ৰ কবি সন্মিলন। অসমৰ বিভিন্ন ঠাইৰ প্ৰায় ১৫০ জন নবীন কবি , উজানবজাৰ স্থিত বিষ্ণু নিৰ্মলা ভৱনত উপস্থিত হৈছে।
সঠিক সময়তে কবি সন্মিলন আৰম্ভ হ’ল।
এজনৰ পাছত আনজনে কবিতা পাঠ কৰি গৈছে।
মোৰ চকুযোৰে পিছে , ভিৰৰ মাজত, মোৰ বুকুত ঘৰ সঁজা সেই কবিতাটো বিচাৰিহে চলাথ কৰি ফুৰিলে।
দ্বিতীয় অধ্যায়
দ্বিতীয় খণ্ড
…এটি গলগলীয়া মাতত সভাঘৰ গমগমাই উঠিল।
"হৃদয়ত গুজৰি গুমৰি থকা মনৰ অনুভৱৰ পৰিশীলিত প্ৰকাশেই কবিতা।কবিতাৰ বাবে প্ৰয়োজন-চৰ্চা,সাধনা আৰু অধ্যয়নৰ।
মনত দোলা দিয়া অনুভৱক যেতিয়া আমি কবিতা আকাৰে প্ৰকাশ কৰো,তেতিয়া সেই কবিতাই মানুহৰ মন-মগজুক চুই যাব লাগিব। সেইবোৰ কবিতা সকলোৰে প্ৰিয়, যিবোৰৰ মাজত পাঠকে নিজক বিচাৰি পায় ..."
–কবিতা সন্দৰ্ভত নীলমে অনৰ্গল বহু কথাই ক’লে।
মই একান্তমনে শুনি গ’লোঁ।
সভাঘৰত সকলো নীলমৰ কবিতা আৰু কবিতা বিষয়ক সৰল অথচ গভীৰ কথাবোৰ শুনাত মগন। যেন কাঁহ পৰি জীন যোৱা পৰিৱেশ।
ভাৱগধুৰ কেইবাটাও কবিতা পঢ়াৰ পাছত,
পাঠকৰ দাবীত সিদিনা নীলমে এটি ৰূমান্টিক কবিতাও পাঠ কৰিলে—
" লগ পালে কোৱা নহয় যি –
লগ পালে এইবাৰ কেৱল কথাকে পাতিম
তোমাৰ দুচকুৰ নীলাত ডুব যোৱা
ক’ম বুলি ক’ব নোৱৰা ওঁঠৰ ভাষাবোৰ
ঢালি দিম তোমাত হিয়া উজাৰি...
বেলিয়ে এন্ধাৰলৈ সাঁচি থোৱা কথাবোৰ
ৰাতিৰ বুকুত যিবোৰ জোনাক হৈ ফুলে
সেইবোৰ কথাও তোমাক শুনাম
জানোচা ৰ’দ হৈ ফুলে
পুৱালৈ বুলি জোনে
সাঁচি থোৱা কথাবোৰ
তোমাৰ উঠন বুকুত !
––––––––––––
––––––––––––
সেউজীয়া শাওণ
সোণোৱালী আঘোণ হোৱাৰ যন্ত্ৰণা
তুমিতো নাজানা
গোলাপৰ নৈত তুমিয়ে ডুবালা
সাঁতুৰিবলৈহে আজিলৈ নিশিকিলোঁ
তোমাক লগ পালে এইবাৰ
আৰু বহু কথাই ক’ম
যিবোৰ আনক ক’ব নোৱাৰি
ভয় মাথো–
তুমি যদি তুমি হৈ নাথাকা !
তুমি যদি মোৰ হৈ নাথাকা !
——————————————
ময়ো সিদিনা ৰূমান্টিক কবিতা এটাই পাঠ কৰিছিলোঁ।
সভাৰ পাছত অনানুষ্ঠানিক চিনাকি পৰ্ব। ফেচবুকৰ জৰিয়তে সকলো চিনাকি যদিও সিদিনাই ইজনে আনজনক প্ৰথম লগ পাইছিল।
ময়ো দুজনমানৰ লগত চিনাকি হোৱাৰ পাছতে ,প্ৰায় দৌৰি যোৱাৰ দৰে নীলমৰ একেবাৰে কাষ পালোগৈ।
কৰমৰ্দন কৰিবলৈ হাতখন আগবঢ়াই ক’লোঁ–
" হাই...মই মনামী...
আপোনাক প্ৰফাইল পিকখনৰ দৰে নালাগেই।"
" মই নীলম ...নীলম কাশ্যপ
প্ৰফাইলতকৈ চাগৈ বেয়া লাগিছে ,নহয় জানো ?"
" নহয়, নহয়। প্ৰফাইলতকৈ বহু বেছি Handsome । আৰু কি যাদুকৰি কণ্ঠ! ৱাহ্ ! বাৰে বাৰে শুনিলেও হেঁপাহ নপলায়..."
"...তেনেকৈ কৈ কিয়নো লাজ দিছে। "
"সঁচাই কৈছো। বহু সুললিত ,আপোনাৰ কণ্ঠ। "
নীলমে কথাৰ প্ৰসংগটো সলনি কৰি সুধিলে–"বাৰু ...আপোনাৰ ঘৰ নলবাৰীত নাছিল জানো?"
"হয় ,কিন্তু যোৱা ২০ বছৰে গুৱাহাটীতে। চানমাৰীত ।"
"বৰ্তমান কিহত ব্যস্ত ?"
" নাই..এনেয়ে...ইয়াৰে লিটল ফ্লাৱাৰ স্কুলতে টাইম পাছ কৰি আছো ...৫ বছৰে হ’ল।
...মোৰ কথা বহু ক’লোঁ...এতিয়া আপোনাৰ কথা কওঁক"
" মই টিউশ্যন মাষ্টাৰ ...হা হা..
নাৰেংগীতে থাকোঁ। অসম জাতীয় বিদ্যালয়তে সোমাই আছো।
ঘৰ মৰিগাঁৱত। মোৰো ১২ বছৰে হ’ল ইয়াত থকা। "
প্ৰথম চিনাকিতে আমি আৰু বহু কথাই পাতিলোঁ।
এক মুহূৰ্ত্তৰ বাবেও এনে নালাগিল যে আজি প্ৰথম লগ পাইছোঁ।
" বেয়া নাপায় যদি ছেল্ফি এখন লওঁ ?"
–মই নীলমৰ একেবাৰে কাষলৈ চাপি গৈ ম’বাইলৰ ফ্ৰন্টকেমেৰা ৰেডী কৰি সুধিলোঁ।
"নিশ্চয়" -নীলমে সঁহাৰি দিলে।
ক্লিক ! ক্লিক! ক্লিক!
এখন ,দুখন নহয় ,তিনিখন ছেল্ফি উঠিলোঁ।
ক’ব নোৱাৰাকৈয়ে যে সিদিনা তাৰ ইমান কাষ চাপি গৈছিলোঁ-পাছত ফটোখন চাইহে লাজ লাগিছিল।নীলমে যে বেয়াও পাব পাৰে ,সেই কথাটো এবাৰো মনলৈ অহা নাছিল।
দ্বিতীয় অধ্যায়
তৃতীয় খণ্ড
নীলমে প্ৰথম ফোন কৰা দিনটোৱে আজিও আমনি কৰে।
সিদিনা আছিল কাতি বিহু।
সন্ধ্যা, তুলসী পুলিটোৰ ওচৰতে চাকি এগছি জ্বলাই, নৈবদ্য এভাগ আগবঢ়াই দিলোঁ।অমিতাভ কিছুসময়ৰ আগত আহি পাইছেহি।
নৈবদ্যভাগৰ এভাগ অমিতাভক দি, মোলৈ অলপ ৰাখি, ভাড়াঘৰৰ শইকীয়ানীকো এভাগ দি আহিলোঁগৈ।
তেনেতে ম’বাইলটো ৰিং হ’ল । Unknown Number ।
"মনামী...কি খবৰ ?" –এটি গলগলীয়া কন্ঠস্বৰ সিটো মূৰৰ পৰা ভাহি আহিল।
মই মাতটি ধৰিব পৰা নাই। কিন্তু, মাতটো যে মোৰ অচিনাকি-তাকো দেখুৱাব খোজা নাই।
"হয় । মোৰ ভালেই।
মই তুলসীৰ তলত চাকি এগছি জ্বলাই আছিলোঁ ।সেয়ে প্ৰথমবাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। "
"মহানগৰীতোযে এই পৰম্পৰাটো ৰাখিছে। বহু ভাল কথা। অৱশ্যে বৰ্তমান আমাৰ গাঁৱতকৈ, চহৰতহে পৰম্পৰা, সংস্কৃতি ভালদৰে উদযাপিত হৈ আহিছে। "
"নাই নাই ।তেনে বিশেষ একো নাই।
টাবত থকা তুলসীৰ তলতে চাকি এগছি জ্বলাই নৈবদ্য এভাগ আগবঢ়ালোঁ।
"বাকী খবৰ কওঁক । নতুন কবিতা পঢ়িবলৈ পোৱা নাই যে!"
"....." –মই একো ৰিপ্লাই দিব নোৱাৰিলোঁ।
কোন এইজন ? মই মাতটো অলপো ধৰিব পৰা নাই । অথচ ,ইমান মুকলিকৈ কথাখিনি পাতিছে।
" আপুনি চাগে মোক ধৰিব পৰা নাই !" –এইবাৰ মই বিপাঙত পৰিলোঁ।
কি কওঁ কি নকওঁ কৈ থাকোতে ,মোৰ তন্ময়তা ভাঙি ,ম’বাইলৰ সিটো মূৰৰ পৰা ভাঁহি আহিল–"মই..নীলম…নীলম কাশ্যপ… "
"আৱেগ ধৰি ৰাখিব নোৱাৰি, টানকৈ চিঞৰিয়ে দিলোঁ-" Oh my god.! So sorry ! Please ! please! ...একেবাৰে ধৰিব পৰা নাছিলোঁ।তাতে আপুনি নিজে মোলৈ এনেকৈ ফোন কৰিব বুলি সপোনতো ভৱা নাছিলোঁ।
"হা হা..মানুহে সপোনত জানো ভাবিব পাৰে! ...হা হা...
আৰু ছাৰপ্ৰাইজ দি মই ভাল পাওঁ ।" —নীলমে খোলাকৈ হাঁহি হাঁহি কথাখিনি ক’লে।
বুকুৰ ধপধপনিটো ক্ৰমশঃ মোৰ বাঢ়ি গৈছে। মই যেন একো ক’ব পৰা নাই ।
"বিহুৰ দিন...আপুনি ব্যস্ত চাগৈ...আমনিহে কৰিলোঁ যেন পাওঁ..."–নীলমে ক’লে।
"নাই, নাই।মোৰ কিমান ভাল লাগিছে–মই কিদৰে কওঁ। সঁচাকৈ আপুনিযে এনেকৈ ফোন কৰিব মই একেবাৰেই ভবা নাছিলোঁ।
"সিদিনা ভালকৈ কথা পতাই নহ’ল।সেয়ে,বিহুৰ শুভেচ্ছা এটাকে দিও বুলি ফোন এটাকে কৰিলোঁ।" –নীলমে পুনৰ ক’লে।
"আপুনি গুৱাহাটীত নে গাঁৱলৈ গ’ল? আপোনাৰ বিহুৰ আয়োজন কেনে ? –মই সুধিলোঁ।
"মই কালিয়ে গাঁৱলৈ আহিলোঁ।
বিশেষ আয়োজন নাই ।
গাঁও যদিও সেই আগৰ দিনবোৰ নাই ।দেউল সজা হৈছে, কিন্তু দেউল গাবলৈ অহা ল’ৰা-ছোৱালীৰ সংখ্যা একেবাৰে তাকৰ। "
"দেউল?"–মই উৎসুকতাৰে সুধিলোঁ।
"দেউল ,মাটিৰে তৈয়াৰ কৰা হয়।যেনেকৈ ফাকুৱাত ৰঙেৰে ৰংগোলী বা আল্পনা সঁজা হয়, তেনেকৈয়ে আগচোতালত তুলসীৰ তলত কেঁচা মাটিৰে বৃত্তাকাৰে দেউল সাঁজি ,তাত বিভিন্ন ধৰণৰ ফুলেৰে সজ্জিত কৰি চাকি জ্বলোৱা হয়।
"Oh...Very interesting. মই আগতে এইবিষয়ে শুনা নাছিলোঁ "
"হয়।
সন্ধ্যা গোঁসাইঘৰত মাহ-প্ৰসাদ দিয়াৰ পাছত গাঁৱৰ কণ কণ ল’ৰা–ছোৱালীবোৰে
দেউলৰ চাৰিওফালে ঘূৰি ঘূৰি দেউল গীত গায়—
"দেউলক গ’ছিলোং
দেউল চাই আহিলোং
দেউলৰ পাকে পাকে
মৃগ পহু চৰে হে গোবিন্দাই ৰাম ..."
গৃহস্থই শিশুসকলক মাহ–প্ৰসাদৰ লগতে সাধ্য অনুসৰি অৰিহণা আগবঢ়ায়।"
"সঁচাই কি বৈচিত্ৰময় আমাৰ চহকী সংস্কৃতি। কাতি বিহুত আকাশবন্তি জলোৱাৰ কথা জানো।কিন্তু এই বিষয়ে আজিহে গম পালোঁ। " –মই অমিতাভলৈ চাহ বনাই বনাই
কথাখিনি ক’লোঁ।
" বাৰু...বহু বক বক কৰিলোঁ...আজিলৈ এৰিছোঁ।কথা পালে মোৰ মুখ জাপে নাখায়। ...আকৌ লগ পাম"
" কি যে কয় ।
বহু ভাল লাগিল কথা পাতি।
আকৌ ফোন কৰিব ।"
" ঠিক আছে তেনেহ’লে , আকৌ আমনি কৰিম। bye..."—নীলমে ফোনৰ কানেকচনটো কাটি দিলে।
*****************
সেই দিনটোৰ প্ৰতিটো মুহূৰ্ত আজিও সজীৱ হৈ আছে।
আজিও সেই একেই অনুৰণন। এয়াই নিভাজ ভালপোৱা। হৃদয়ৰ সঁচা অনুভৱ।যিয়ে আঁতৰ কৰিছে মনৰ নিসংগতা।মৃত্যুমুখী এই জীৱনটোক ক্ৰমশঃ জীৱনমুখী কৰি তুলিছে।
ভালপাবলৈ শিকিছোঁ নিজক ।
জীৱনৰ প্ৰেমত নতুনকৈ পৰিবলৈ শিকিছোঁ।
কিন্তু এয়াযে অবৈধ।মই অমিতাভৰ পত্নী।অগ্নিক সাক্ষী কৰি মই অমিতাভক আজীৱন স্বামী বৰণ কৰিছিলোঁ। তেনে, নীলমৰ প্ৰতি গঢ়ি উঠা এই আত্মীয়তা ,অপৰাধ নহয় জানো?
কিন্তু,প্ৰেমৰ হেনো বৈধতা-অবৈধতা নাথাকে।কৰো বুলি প্ৰেম কৰা নাযায়।হৈ যায়।
তথাপি হৃদয়ে বিচাৰিলে বুলিয়ে বিবেকৰো কথা নিশ্চয় আছে। সকলো কথা আবেগেৰে নহয়। সেইবুলি ব্যক্তিগত সুখ,আনন্দৰ কথাটোও গৌণ নহয়।
অমিতাভ–এজন সুযোগ্য পতি।অসমৰ ভিতৰত এজন নামজ্বলা চিকিৎসক।
আজিলৈ কোনো বস্তুৰে অভাৱ অনুভৱ কৰিব দিয়া নাই। আজি এবছৰ আগতে এই নতুন ফ্লেটটো কিনিছে। মোৰ বাবে সুকীয়াকৈ এখন গাড়ী। এজন ড্ৰাইভাৰ। ইচ্ছা অনুসৰি Shopping কৰিব পাৰোঁ।
ইমানৰ পাছতো কিয় মই অমিতাভৰ কেৱল পত্নীয়ে হৈ থাকিলোঁ।
তেওঁ কিয় মোৰ প্ৰেমিক হ’ব নোৱাৰিলে ?
মই কিয় তেওঁৰ প্ৰেমিকা হ’ব নোৱাৰিলোঁ!
তেওঁৰ কাষত থাকিও কিয় মোৰ হৃদয়ে হাহাকাৰ কৰি থাকে ?
সংগসুখৰ বিচ্ছেদ নেকি ইয়াৰ এক কাৰণ !
আগলৈ....
0 Comments