প্ৰথম অধ্যায় ( ৪ ৫ ৬ খণ্ড )

#আনে_নোযোৱা_বাট 
(এগৰাকী নাৰীৰ জীৱনৰ ওপৰত আধাৰিত 
উপন্যাস ) 

প্ৰথম অধ্যায় 
চতুৰ্থ খণ্ড 

     .... চিঠিখন দেখুৱাই দিয়াৰ পাছত, প্ৰথমী বাইদেউ খঙত অগ্নিশৰ্মা হ'ল। দিগম্বৰৰ ওপৰত যে আমাৰ সন্দেহ,বাইদেউক ক'লোঁ। বাইদেৱে একো নকৈ, আমাক ক্লাছলৈ পঠিয়াই দিলে।
   বাইদেউৰ কথা মনলৈ আহোতে আৰু  এদিনৰ কথা মনলৈ আহিছে।
  সেইদিনা আমি গোটেইকেইটাই পূৰ্ব পৰিকল্পনা মতে "শিলৰ চোলা" নাটকখন পৰিৱেশন কৰিবলৈ ঠিৰাং কৰিছিলোঁ। দীপমহঁতে জিৰণি সময়ৰ ভিতৰতে ডেক্সকেইখনমান একেলগ কৰি মঞ্চ তৈয়াৰ কৰিলে। 
  ভাওসমূহ আগতেই ভগাই লৈছিলোঁ।দীপমে ৰজাৰ ভাও লৈছিল ,আৰু মই মনোমতীৰ ভাও। 
  সকলো ঠিকে থাকে চলিছিল।
  মঞ্চ তৈয়াৰ কৰি ঘৰৰ পৰা লৈ অনা সাজ-পোছাক পিন্ধি আমি  অভিনয়ৰ বাবে সাজু ।বাকীবোৰ ছাত্ৰ-ছাত্ৰী দৰ্শকৰ আসনত।
    দুই-তিনিমিনিটমান যোৱাৰ পাছত সকলো পলায় পত্ৰং। যিয়ে যেনেকৈ পাৰে, ফৰিং ছিটিকা দিলে। ৰূপম, দীপমে খিৰিকীৰে জপিয়ালে।
   মূৰ তুলি দেখোঁ -এচাৰিডাল লৈ, প্ৰথমী বাইদেউ মঞ্চৰ সন্মুখত।
   মোৰ অৱস্থা কাঢ়িল ।মাৰ বাকচ খুলি মনে মনে মেখেলা-চাদৰ এযোৰ নিছিলোঁ।ভালদৰে পিন্ধিব নাজানিছিলোঁ। 
  বাইদেউক হঠাতে দেখি ,জোঁট-পোত খাই মঞ্চৰ পৰা তলত পৰিলোঁগৈ ।হাত ভৰিত ছাল যোৱাৰ লগতে, আঁঠুৰ এছকলা ভালদৰে ছিঙিল।সেই চিন আজিও আছে।
   মা, আজি নাই ।কিন্তু,মাৰ স্মৃতি হিচাপে আজিও কাপোৰযোৰ সযতনে ৰাখিছোঁ।
                     ********
   চিঠিখন বাইদেউক দিয়াৰ দুদিন পাছত দিগম্বৰ স্কুললৈ আহিল। তাক হেডছাৰৰ ৰুমলৈ মাতি নি সোধ-পোছ কৰিলে।চিঠিখনৰ আখৰৰ লগত তাৰ বহীৰ আখৰৰ হুবহু মিল।বাইদেউৰ জেৰাত ,অৱশেষত সি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল।আমাৰ আগতে বাইদেৱে 
তিনিডাল এছাৰি তাৰ তপিনাত ছিঙিলে।
   তাৰ কেইদিনমানৰ পাছতে বছৰেকীয়া পৰীক্ষা হ’ল।মই গাঁৱৰে মিলনপুৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত নাম লগালোঁ।দীপমহঁতে মিলনপুৰ উচ্চতৰ মাধ্যমিকত নাম লগালে।আৰু দিগম্বৰে আমাৰ কাষৰ গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্ত্তি কৰিলে।সেইদিন ধৰি দিগম্বৰৰ লগত মোৰ মাতবোল নহ’ল।সিও মোক আৰু আমনি নকৰিলে।
   মিলনপুৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত  মোক নামভৰ্ত্তি কৰি দিয়াত ,মই বেয়া পোৱা নাছিলোঁ ।কিয়নো প্ৰাথমিক বিদ্যালয়ত ল’ৰাবোৰৰ লগত পঢ়িবলগীয়া হৈছিল। অৱশ্যে,স্কুল সলনি হোৱাৰ পাছত, দীপমক তেনেকৈ লগ নোপোৱা হ’লোঁ ।
      ক্লাছ ছিক্সত দীপম অকলে আমাৰ বিদ্যালয়লৈ এমাহৰ বাবে পঢ়িবলৈ আহিছিল। মেট্ৰিক পৰীক্ষা চলি থকা বাবে সিহঁতৰ বিদ্যালয় বন্ধ আছিল। 
      তাৰ পঢ়াৰ প্ৰতি বৰ ঢাউতি।সেয়ে লাজমান কাটি কৰি আমাৰ ছোৱালীবোৰৰ লগত ক্লাছ কৰিবলৈ আহিছিল।
      বাকীবোৰ তাৰ অচিনাকি আছিল বাবে ময়ে তাৰ লগত কথা পাতি সহজ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মোৰ লগতে বঢ়িবলৈ কৈছিলোঁ। কিন্তু, সি বহুত লাজকুৰীয়া আছিল। সি অকলে বঢ়িছিল । মোৰ লগতো বৰকৈ কথা নাপাতিছিল।মই গাভৰু হোৱাৰ বাবে হয়তো তাৰ মোলৈ লাজ বাঢ়িছিল। 
   এদিন ক্লাছতে দীপিকাই সকলোৰে আগত মোৰ লগত তাক জোকাইছিল।মনে মনে মোৰ ভালো লাগিছিল।কিন্তু, সেইকথাত সি বৰ লাজ পাইছিল। সেয়ে, ২০ দিনমান গৈ, সি স্কুল যোৱা বন্ধ কৰিছিল।
   তাৰপাছত তাক বহুদিন লগ পোৱা নাছিলোঁ। 
   
   তেতিয়া মই ক্লাছ ছেভেন  পাইছিলোঁগৈ। 
    ব’হাগ বিহুৰ বতৰ। 
    বিহু হুচৰি মাৰিবলৈ দীপমহঁতৰ চুবুৰিৰ ল’ৰাকেইটা আমাৰ ঘৰলৈ আহিছিল।সিঁহত আমাৰ গাঁৱৰে,যদিও সিঁহতৰ  ঘৰটো গাঁৱৰ সিটো মূৰে। 
   দীপমহঁতৰ চুবুৰিৰ ল’ৰাকেইটা আমাৰ চোতালত দেখি মোৰ মনটো আনন্দৰে ভৰি পৰিছিল। সন্ধ্যা ছা-পোহৰৰ মাজত চোতালত হুচৰি মাৰিবলৈ অহা দলটোত ,মোৰ চকুহালে দীপমক বিচাৰি ফুৰিছিল।অলপ পাছতে মোৰ মনটো বিষাদৰে ভৰি পৰিছিল।
   "ঐ ৰূপম,  দীপম নাহিল যে! সি ইমান পঢ়িছেনে ? " –লাজে লাজে ৰূপমৰ কাষলৈ গৈ সুধিলোঁ।
   ৰূপমক মাজে মাজে লগ পাই থাকো।তাৰ মোমায়েকৰ ঘৰ আমাৰ চুবুৰিতে।দীপমৰ কথা তাৰ পৰা জানিবলৈ মন যায়,কিন্তু লাজতে নোসোধো।
   "অ' সেই লাজুকাটোৰ কথা নক’বি।তোলৈ লাজ কৰিয়ে,তঁহতৰ ঘৰলৈ নাহিল।সৌৱা,সি পদূলিতে ৰৈ আছে।" –ৰূপমে ক’লে।
   "অতিকৈ চেনেহৰ মূগাৰে মহুৰা
   তাতোকৈ চেনেহৰ মাকো
   তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটিত
   নানাচি কেনেকৈ থাকো।"
   ৰূপমহঁতে বিহু হুচৰি জুৰিলে।মা-দেউতা হুচৰি চোৱাত মগন।মই সেই সুযোগতে দীপমক বিচাৰি পদূলিমুখ পালোগৈ...
 

প্ৰথম অধ্যায় 
পঞ্চম  খণ্ড

  ..."দীপ..."-
 পদূলিৰ চতিয়না জোপাৰ আঁৰ হৈ থকা দীপমক মাত লগালোঁ।
  মোৰ মাতত সি চক খাই গ’ল। সি মূৰ তুলি চালে। বৰদেউতাহঁতৰ চোতালৰ ঈৰ্ষৎ পোহৰত তাৰ ওঁঠৰ চুকত লাজকুৰীয়া হাঁহিটো বিৰিঙি উঠিল।
  "তই পদূলিতে ৰ’লি যে..."
  "…মানে ...হেৰি..."
  "কি মানে মানে কৰি আছ...!
  আজি কিমান দিন হ’ল, তোক লগ নোপোৱা।
  মোলৈ তোৰ অলপো মনত নপৰে নে ? 
  ল’ৰা হৈও ইমান লাজ নে !…"
  "   নহয় অ’ মনা , বিহু নাচি নাচি ভৰিদুখন বিষাই গৈছে ।সেয়েহে…"
  সি মোক মনা’ বুলি মাতিছিল।মই তাক দীপ বুলি মাতিছিলোঁ।
  "হ’ব ,হ’ব ।এতিয়া বাহানা বনাব নালাগে।
  ৰূপমহঁতৰ সৈতে তোক নেদেখি মোৰ মনটোযে কেনেবা কৰিছিল।"
  "তোক দেখি ,এতিয়া  মোৰো বহু ভাল লাগিছে,ম’না।" 
   "দীপ, বিকাশ ছাৰৰ ওচৰলৈ টিউশ্যন কৰিবলৈ আহিবতো পাৰ। ৰূপম আহে নহয়।"
   "মোৰো আহিবলৈ মন যায় অ’।কিন্তু,..তই চোন জানই, দেউতাই দিন হাজিৰা কৰি পোৱা টকাকেইটাই কোনোমতে ঘৰখন জোৰা টাপলি মাৰি চলাই আছে। টিউশ্যনৰ কথা  কেনেকৈ ভাবো..."–দীঘল হুমুনিয়াহ এটা এৰি, দীপমে ক’লে।
   "অ’ Sorry !Sorry! 
   মই হঠাতে সুধিলোঁ।বেয়া নাপাবিদেই।" 
   –মোক এটি দোষবোধে হেঁচি ধৰিলে।
    
   "বোলো,বাৰীত তামোল পাণ 
    হৈছে...
    বোলো, গোহালীত গৰু
    হৈছে...
    বোলো, পুখুৰীত মাছ 
     হৈছে...
     বোলো ,ভঁৰালত ধান 
     হৈছে...
     গৃহস্থৰ কুশলৰ অৰ্থে–
     বোলা জয় হৰি ...

  "সিঁহতে হুচৰি সামৰিলেই। মই যাওঁ দেই। তই যাবি ।"–এইবুলি কৈ মই চোতাল পালোগৈ। 
   সিদিনা আৰু পঢ়াত মন বহোৱাব নোৱাৰিলোঁ। দীপমৰ সেই লাজকুৰীয়া মুখখনে আমনি কৰি থাকিল।
   ৰাতি ক্ৰমশঃ গভীৰ হৈ আহিল।চকুত তিলমানো টোপনিৰ চিন নাই। 
    "ইমান লাজকুৰীয়া! ইমান অমায়িক! 
এতিয়াও এল.পি স্কুলৰ দীপমটোৱে হৈ আছে।অলপ ওখ হৈছে। মাতটো বহু সলনি হৈছে।
   হ’বই। 
   ময়ো জানো কম সলনি হ’লোঁ ! 
  গাভৰু হ’লোঁ ! লাজৰ ওৰণিৰে ঢাকি ৰাখো 
  মোৰ উঠন বুকু...আৰু যে কত সলনি...! 
      চোতালত নেদেখি ,পদূলিলৈ বিচাৰি যোৱাত সি বাৰু বেয়া পালে নেকি ?
      নে সিও মনে মনে ভালে পাইছে ? "
      ——এনেবোৰ ভাবনাই সিদিনা মনৰ তাতপাতত মাকোঁ হৈ অহা–যোৱা কৰি থাকিল।
   
"তই এতিয়াও টোপনি যোৱাই নাই !এক বাজিবৰে হ’ল। শুই থাক ।"
 —মাৰ মাতত  মনৰ মাকোঁটো হঠাতে সৰি পৰিল।
 
   মাৰ মৰমৰ ধমকিৰ পাছতো বহু পৰলৈ টোপনি নাহিল।
 "...দেউতাই দিন হাজিৰা কৰি পোৱা টকাকেইটাই কোনোমতে ঘৰখন জোৰা টাপলি মাৰি চলাই আছে। টিউশ্যনৰ কথা  কেনেকৈ ভাবো..."
   –এই কথাষাৰে মোক বৰকৈ আঘাত কৰিলে। 
   দেউতাই আমাক,সৰুৰে পৰা কোনো দুখ দিয়া নাই ,যদিও দুখীয়াৰ দুখ ভালকৈয়ে বুজো। 
   ঘৰুৱা কাজিয়াৰ বাবে খুড়াহঁতৰ সৈতে আমাৰ মাতবোল নাছিল।সিঁহতৰ আৰ্থিক অৱস্থা খুবেই বেয়া আছিল।মোৰ হাতত থকা টকাকে ,মাজে সময়ে  খুড়ীহঁতক মনে মনে দিছিলোঁ। 
   
   দীপমক সহায় কৰিবলৈ মোৰ মনটো উদ্বাউল হৈ উঠিল।
   টিউশ্যনৰ নোটবোৰ ,নিজে লিখি ৰূপমৰ জৰিয়তে , দীপমক দিয়াৰ কথাটো ঠিৰাং কৰিলোঁ। 
   নোটৰ লগতে চিঠি এখনো দিয়াৰ কথা মনতে পাঙিলোঁ।
   "....কিমান দিনযে তোক দেখা নাই ।মোলৈ তোৰ মনত নপৰেনে ? "…
 –কিমান কিযে কৈ পেলালোঁ । মোৰ এতিয়াহে লাজ লাগিছে। সি বাৰু কি ভাবিছে ! 
   মোৰ বাৰু বুকুখন কিয় দুৰু দুৰু কঁপিছে। এয়াই নেকি প্ৰেম ? মই বাৰু সঁচাকৈয়ে প্ৰেমত পৰিলোঁ নেকি ? 
   মোৰ দৰে সি যদি একোৱে ভবা নাই ! 
––এনেবোৰ কথাই মোৰ মনত দোলা দি থাকিল।
  বহু প্ৰশ্নৰ গুণা গথা । তেনেতে কুকুৰাই ডাক দিলে।
  মা, সাৰ পালে । মই টোপনি যোৱাৰ ভাও জুৰিলোঁ।
   ব’হাগ মাহ যদিও শেষৰাতি অলপ ঠাণ্ডা লাগে। 
   মায়ে মোৰ ভৰিৰ ফালে পাতল ব্লেংকেট এখন জাপি দি , গালত এটা চুমা দি বিছনাৰ পৰা নামি গ’ল। 
   এয়াই মাতৃৰ আকুলতা। প্ৰতিগৰাকী মাকেই চাগৈ এনেকৈয়ে সন্তানক মৰম কৰে। 
   অৱশ্যে,মইনো কেনেকৈ জানিম !
   মই আজিলৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰিলোঁ।
             ***************
   ট্ৰেইনখন ইতিমধ্যে বঙাইগাঁৱত প্ৰৱেশ কৰিছে। 
    ৰেলেৱে পুলিছ কেইজনমান আমাৰ কমপাৰ্টমেন্টৰ মাজেৰে পাৰ হৈ গ’ল ।তাৰ পাছে পাছে টিটি জনো পাৰ হৈ গ’ল। 
   বাথৰূমলৈ যাওঁ বুলি তললৈ নামি আহিলোঁ।
 কমপাৰ্টমেন্টত অলপো খালি ঠাই নাই ।  লোকেল পেচেঞ্জাৰৰে ভৰি আছে। 
 মই কোনোমতে বাথৰূমৰ পৰা আহি আকৌ 
 Upper berth ত উঠিলোঁ আৰু পুনৰ ডুব গ’লোঁ প্ৰথম প্ৰেমৰ মাদকতাত....
   সঁচাকৈয়ে, প্ৰথম প্ৰেমৰ মাদকতাই অনন্য।
   প্ৰথম প্ৰেমৰ  অনুভূতি স্বচ্ছ আৰু পাৰ্শ্চক্ৰিয়াহীন ।দুখেই হওক কিম্বা সুখেই ,নিচুকাই ৰাখে আত্মাক ;জীয়াই ৰাখে মনৰ শিৱক গোপনে।

প্ৰথম অধ্যায় 
ষষ্ঠ খণ্ড 

  ভবা মতেই টিউশ্যনৰ নোটবোৰ লিখি ৰূপমৰ জৰিয়তে দীপমলৈ পঠিয়ালোঁ। বহু ভাবি গুণি, লিখিব খুজিও ,চিঠিখন নিলিখিলোঁ।  চতুৰ্থ শ্ৰেণীৰ সেই ঘটনাটোৱে  মোৰ আৱেগিক মনটোক বাধা দিছিল।
  নোটখিনি পাই দীপমযে বহু আনন্দিত হৈছিল-পাছদিনা ৰূপমৰ পৰা গম পাইছিলোঁ।
মন গৈছিল-ৰূপমক দীপমৰ বিষয়ে আৰু কথা সুধিবলৈ।কিন্তু, লাজতে একো সুধিব নোৱাৰিছিলোঁ।
   এইদৰে বহুদিন বাগৰিল। 
   মাজে মাজে মোৰ বহীখনকে তালৈ পঠিয়াইছিলোঁ। এইকাৰণে নহয় যে নোটবোৰ  লিখিবলৈ মোৰ এলাহ লাগিছিল! 
  সি বহীখনত মোলৈ কিবা লিখে যদি লিখক বুলিহে মই বহীখনকে পঠিয়াই দিছিলোঁ।
  কিন্তু,নাই ।সি একো নিলিখে।
  তেতিয়া বহু খঙো উঠিছিল।
  ক্লাছ এইট পালে, দীপমহঁতৰ স্কুলত নামভৰ্ত্তি কৰিম-এই কথাটি ভাবি মনটো বহু ভাল লাগি আছিল।
  মনে মনে ভয়ো খাই আছিলোঁ। 
  কিয়নো  ক্লাছ এইট পালে , দেউতাৰ লগত গুৱাহাটীলৈ লৈ যাব বুলি ,দেউতাই মাৰ আগত প্ৰায়ে কৈ আছিল। 
  দেউতাৰ গুৱাহাটীত ব্যৱসায়।গাঁৱত বেছিদিন থাকিবলৈয়ে নাপায়।
  গাঁৱৰ স্কুলখনৰ শৈক্ষিক দিশ সিমান ভাল নহয়।বহুকেইজন শিক্ষকে অৱসৰ ল’লে। কিন্তু নতুনকৈ শিক্ষক নিযুক্তি দিয়া নাই। সেয়ে, দেউতাই লগত লৈ যোৱাৰ কথা ভাবিছিল। কিন্তু মায়ে সন্মতি নিদিলে। 
  অৱশেষত মই বিচৰামতে , গাঁৱৰ হায়াৰ ছেকেণ্ডাৰীতে দীপমহঁতৰ সৈতে নাম লগালোঁ।
  
   কিন্তু, ভাগ্যৰ কি পৰিহাস! 
   স্কুলত নামভৰ্ত্তি কৰাৰ দুমাহৰ পাছতে 
মায়ে এদিন হঠাতে আমাক সকলোকে কন্দুৱাই চিৰদিনৰ বাবে আঁতৰি গ’ল।

    জীৱনলৈ হঠাতে অহা কাল ধুমুহাজাকে মোৰ জীৱন তচনচ কৰি থৈ গ’ল। 
    সেই ধুমুহাজাকতে মোৰ যৌৱনৰ চাকিটোও জ্বলিবলৈ নৌপাওতেই নুমাই থাকিল।
    মাৰ মৃত্যুৰ পাছত দেউতাৰ লগত গুৱাহাটীলৈ গুচি আহিলোঁ। 
    মাজতে দুই তিনিবাৰ গাঁৱলৈ গৈছিলোঁ যদিও বহু চেষ্টা কৰিও দীপমক লগ পোৱা নাছিলোঁ।
    মেট্ৰিক পৰীক্ষাত বহিলোঁ।
    এই তিনিবছৰে বহুতৰে প্ৰেমৰ প্ৰস্তাৱ পালোঁ। কিন্তু, মোৰ হৃদয়ে দীপমৰ বাহিৰে আন কাকোৱে গ্ৰহণ নকৰিলে। 
    
   মেট্ৰিকৰ ৰিজাল্ট দিলে। সুখ্যাতিৰে উৰ্ত্তীণ হ’লোঁ।
   মই প্ৰাগজ্যোতিষ কলেজত নামভৰ্ত্তি কৰিলোঁ। আমাৰ কলেজতে ৰূপমেও নামভৰ্ত্তি কৰিলেহি। 
   ৰূপমৰ পৰা গম পালোঁ-দীপমৰো  বহু ভাল ৰিজাল্ট হ’ল। সি পঢ়িবলৈ,তেজপুৰৰ মোমায়েকহঁতলৈ গ’ল। তাতে দৰং কলেজত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিলে। মোমায়েকহঁতে তাৰ পঢ়াৰ সকলো দায়িত্ব লোৱা বুলি ৰূপমে জনালে।
   নামভৰ্ত্তিৰ এমাহ পাছত ,এদিন 
 ৰূপমে মোক কেন্টিনত অকলশৰীয়াকৈ লগ কৰিলে।  ক্লাছত তাক লগ পায়ে থাকো যদিও তেনেকৈ কথা পতা নহৈছিল। 
   সেয়ে, সিদিনা দীপমৰ কথাই কিবা ক’ব বুলি বৰ আগ্ৰহেৰে লগ কৰিছিলোঁ। 
   সেই দিনটো আজিও স্পষ্টকৈ মনত আছে।
   সিদিনা সি মোক আচৰিত কৰি প্ৰেমৰ প্ৰস্তাৱ দিলে। 
   কিয় নাজানো তাৰ কথা শুনি সিদিনা মোৰ ভীষণ হাঁহি উঠিছিল। সৰুৰে পৰা যাক বন্ধু বুলি ভাবি আহিছিলোঁ ,তাৰ পৰা এনে প্ৰস্তাৱ পাই, মই হাঁহিটো ধৰি ৰাখিব পৰা নাছিলোঁ। 
   
  " মনামী, মই তোক বহুত ভাল পাওঁ ।আচলতে এল . পি স্কুলৰ পৰাই ভাল পাওঁ। দিগম্বৰে চিঠি দিওতেও , মোৰ বহু খং উঠিছিল...আৰু...। "-ৰূপমে মোৰ দুচকুলৈ চাই কথাখিনি শেষ কৰিবলৈ নাপাওতেই ,
মই তাৰ চকুৰ পৰা মোৰ চকু দুটা নমাই ,ক’লোঁ–
 "ঢেই...মই তেনেকৈ কেতিয়াও ভবা নাই অ’...তোক মই এজন ভাল বন্ধু বুলিয়ে মানি আহিছোঁ।"
   "মনামী, প্লীজ  ,এবাৰ মোক ভাল পাওঁ বুলি ক , প্লীজ ..."
   "…………"-মই খঙতে একো ক’ব নোৱাৰিলোঁ।
   
   "প্লীজ, মনামী, এবাৰ ভাল পাওঁ বুলি ক.."
   
   "মই তোক ভাল পাব নোৱাৰো,ৰূপম । 
   কিয়নো ইতিমধ্যে  মই দীপমক ভাল পাই পেলাইছো। "
   "হা হা... দীপম... 
    হেই ভীকহুটোৰ আছে কি ? "
    "সঁচাপ্ৰেমত ধনী দুখীয়া নাই, ৰূপম। দীপমক মই সঁচা অন্তৰেৰে  ভাল পাওঁ ...বহুত ...বহুত...ভাল...পাওঁ..."
    "তাক জানো লগ পাইছ এই তিনিবছৰে  ?" 
    "গাঁও এৰি গুৱাহাটীলৈ অহাৰ পৰা ,যোৱা তিনিবছৰে তাক এদিনো লগ পোৱা নাই ।
    আৰু কি জান- সঁচাপ্ৰেমত আচল মাদকতা-অন্তৰৰ স্পৰ্শতহে ।সঁচা ভালপোৱাত  শাৰীৰিক স্পৰ্শ গৌণ ।
    তাতোকৈ ডাঙৰ কথাটো কি জাননে–
    তাক যে মই  ভাল পাওঁ ,আজিলৈ ক’ব নোৱাৰিলোঁ।আৰু সিও মোক নক’লে ।"
     –ৰূপমলৈ নোচোৱাকৈয়ে  কথাখিনি ক’লোঁ। 
    " মই জানো, দীপমে যে তোক ভাল পায়" –বিদ্ৰুপ কৰি ৰূপমে ক’লে ।
    "কেনেকৈ?"–মই উৎসুকতাৰে সুধিলোঁ।
    "কিয়নো তই প্ৰথম নোট দিয়াৰ দিনাই তোক দিবলৈ চিঠি এখন দিছিল। " 
     "কি ?" 
     "অ’...মই সেইখন তোক নিদি পুৰি পেলালোঁ । আৰু পাছৰবাৰ নোটখিনি তাক দিওতে, তোৰ হাতৰ আখৰৰ স’তে মিলাই ,তই দীপমক ভাল নাপাৱ বুলি তোৰ নামত  চিঠি এখন নোটখিনিৰ মাজত ভৰাই দিলোঁ। "
     ৰূপমৰ কথা শুনি মই থৰ থৰকৈ কঁপিবলৈ ধৰিলোঁ। খঙে,শোকে একে সময়তে বুকুত খুন্দা মাৰি ধৰিলে। 
   "মই পঢ়িবলৈ অহা কলেজতে তয়ো পঢ় বুলি জানি, তোক ৰিজাল্টৰ শুভেচ্ছা জনাই লগতে সিযে তেজপুৰলৈ পঢ়িব যাব, সেইবোৰ জনাই, এইবাৰ ঘৰলৈ যাওতেও এখন চিঠি দিছিল। সিযে এতিয়াও তোকেই ভাল পাই, সেইটোও লিখিছিল...আৰু মই এইখনো পুৰি পেলালোঁ..."
    মই ৰূপমৰ গালত এটা প্ৰচণ্ড চৰ শোধাই, বৃহৎ চিঞৰ এটা মাৰি কান্দি কান্দি কেন্টিনৰ পৰা দৌৰি আহিলোঁ। 
    কেন্টিনৰ সকলোৰে  মোৰ ওপৰতে দৃষ্টি। 
মোৰ তালৈ কোনো ভ্ৰূক্ষেপ নাছিল। মাথো মই কান্দি কান্দি কলেজৰ পৰা ওলাই আহিছিলোঁ। 
    
    সিদিনাও গোটেই ৰাতি উজাগৰে কটাইছিলোঁ। 
    কিন্তু, সিদিনা উজাগৰে থকাৰ বাবে ধমক দিবলৈ,  চকুলো মচি দিবলৈ  মা কাষত নাছিল...।
              **********************
   সেইদিন ধৰি দীপমৰ কোনো খবৰ পোৱা নাছিলোঁ।গাঁৱলৈও  যাব পৰা  নাছিলোঁ। 
   মোৰ বিয়াৰ বছৰতে ,ব’হাগ বিহুত গাঁৱৰ ঘৰলৈ যাওঁতে দীপমক দেখিছিলোঁ।
    দূৰৰ পৰাই সি একেথৰে মোলৈ চাই আছিল।
   অমিতাভৰ সৈতে মই ,খোজকাঢ়ি গাঁৱৰে সিটো চুবুৰিৰ জেঠাইহঁতৰ ঘৰলৈ গৈ আছিলোঁ। 
   ময়ো তাৰ চকুৰ পৰা চকুযোৰ আঁতৰাব পৰা নাছিলোঁ। 
   এটা সময়ত ইজনে আনজনৰ মুখামুখি  হ’লোঁ।
   কোনেও কাকো মাতিব পৰা নাছিলোঁ।
   কেঁকুৰিটো পাৰ নোহোৱালৈ ,ইজনে আনজনৰ পৰা চকুযোৰ আঁতৰ কৰিব নোৱাৰিলোঁ।
   সেই নোকোৱা কথাবোৰ বুকুৰ টোমত জীয়ন দি থ’লোঁ....

   নোকোৱাকৈয়ে যে বহু কথা কোৱা হয়...
   নপতাকৈয়ে যে বহু কথা পতা হয়...

             **********************
  কাষৰ কমপাৰ্টমেন্টত হৈ চৈ লাগিল।কাৰোবাৰ ম’বাইল চুৰি হ’ল। এই দিন দুপৰতে  চোৰৰ ইমান সাহ! 
   আটাইকেইটা বেগ চেক কৰিহে স্বস্তিৰ নিশ্বাস এৰিলোঁ। 
   ইতিমধ্যে ট্ৰেইনখন পল্টন বজাৰত প্ৰৱেশ কৰিলে।

আগলৈ.....
 

Post a Comment

0 Comments