প্ৰথম অধ্যায় (১ ২ ৩ খণ্ড )



আনে_নোযোৱা_বাট 
(এগৰাকী নাৰীৰ জীৱনৰ ওপৰত আধাৰিত 
উপন্যাস)

নৱ ৰাজন 

প্ৰথম অধ্যায়
প্ৰথম খণ্ড

   পথ বা বাট অবিহনে কাৰোৰে লক্ষ্যপ্ৰাপ্তি সম্ভৱ নহয়। আমাৰ প্ৰত্যকৰে একোটাকৈ লক্ষ্য থাকে। আৰু সেই লক্ষ্যপ্ৰাপ্তিৰ বাবে আমাক এটা সুনিৰ্দিষ্ট বাটৰ প্ৰয়োজন।আচলতে আমাৰ সকলোৰে বাবে সুনিৰ্দিষ্ট বাট বন্ধোৱা থাকে; কিছুমানে দেখো,কিছুমানে নেদেখো।  
  বাটৰো কিছুমান বাট থাকে,যাক আমি নেদেখো।  জীৱনটোৱে আমাৰ যেন তেনেকুৱা।নেদেখা বা নোযোৱা বাটেৰে আগুৱাব খোজো।সচৰাচৰ আমি নেদেখা কিছুমান বাটেৰে নজনাকৈয়ে খোজ দিবলগীয়া হয়।সমস্যা হয় তেতিয়া,যেতিয়া উভতি আহিবও নোৱাৰি  আৰু আগুৱাই যাবও নোৱাৰি। এই বাটবোৰ সাধাৰণতে এন্ধাৰময়।মনৰ পোহৰেৰে এই বাটেৰে আগুৱাই যোৱা ইমান সহজ নহয় ;বৰ কষ্টকৰ এই যাত্ৰা...।
  এইবোৰ কথাকে মনত পাগুলি পাগুলি মোৰ কেতিয়া চকুদুটা জাপ খাই গ’ল,ক’বকে নোৱাৰিলোঁ। ৰাতিও ভালকৈ টোপনি অহা নাছিল।
   সাধাৰণতে ৰেলভ্ৰমণ মই ভালেই পাওঁ,কিন্তু এইবাৰ অকলে আহিবলগীয়া হোৱা বাবে এক অজান শংকাই মনটো চেপি ৰাখিছে।তাতে ৰাতি টোপনিৰ সুযোগ লৈ আমাৰ দৰে অকলশৰীয়াকৈ অহা মহিলাৰ ওপৰত চোৰৰ যিহে উপদ্ৰৱ!   কিতাপখন পঢ়ি পঢ়ি কেতিয়ানো টোপনি আহিল গমেই নাপালোঁ।তাতে seat টো  upper berth ত যেতিয়া মোৰ সুবিধাই। 
   "চায়..লাল চায়...লাল চায়..."
–গলগলীয়া মাতেৰে চিঞৰি চিঞৰি,ল'ৰা এজন আমাৰ কম্পাৰ্টমেন্টলৈ সোমাই আহিল। 
   মনলৈ সজীৱতা ঘূৰাই আনিবৰ বাবে একাপ চাহৰ খুবেই প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ।চাহকাপ লৈ বেগত থকা মেৰিগ’ল্ড বিষ্কুট দুখনমান উলিয়াই ল’লোঁ। ভোক লাগিলেও উপায় নাই । ৰেলত যিহে ভাত দিয়ে,খাব নোৱাৰি। উকালিহে আহিব খোজে। এনেকৈয়ে দিনটো পাৰ কৰিব লাগিব। ৰাতি ৯ মান বজাত ৰেলখন হাওৰা পাবগৈ ।অনলাইন অৰ্ডাৰ কৰি তাতে ডিনাৰটো কৰিব লাগিব। 
   তেনেতে তললৈ মন কৰি দেখিলোঁ-middle berth ত থকা সুন্দৰী বিবাহিত মহিলাগৰাকীয়ে এজন সুঠাম পুৰুষৰ স’তে বৰ আনন্দেৰে চাহৰ সৈতে কথাৰ মহলা মাৰিছে। সিঁহতে ধৰিব নোৱাৰাকৈয়ে কথাবোৰ শুনিবলৈ চেষ্টা কৰিলোঁ। 
   মনলৈ প্ৰশ্ন আহিল-এই মানুহজন কোন ? 
   গিৰীয়েক নে অবৈধ্য প্ৰেমিক ? অবৈধ্য বুলি কওতে এজন কবিৰ কবিতা এটা মনলৈ আহিছে। তেওঁ লিখিছিল-প্ৰেম ,প্ৰেমেই।বৈধ্যতা অবৈধ্যতা নাই!
   কালি,মোৰ দৰে তাইওতো অকলেই আছিল।নিশ্চয় কোনোবা আপোন মানুহেই হ’ব। ইমান কেয়াৰ ।ইমান আকুলতা।ৰাতিপুৱাৰ পৰাই তাইৰ লগতে দেখিছো।
   এহ্ যিয়ে হয় হওক।মোৰ তাকে ভাবি কি লাভ ! 
   "গিৰীয়েক হোৱাহয় ,তাইৰ লগতে থাকিলহেঁতেন। অৱশ্যে টিকট ৱেইটিঙত থাকিলে কেতিয়াবা একেলগে seat পোৱা নাযায় । "–নাভাবো বুলিও আকৌ মোৰ মনলৈ আহিল। 
   কিতাপৰ পাতৰ পৰা চকুকেইটা নমাই , সিঁহতলৈ চালোঁ। দুয়ো দুয়োতে মগন।বাহিৰৰ জগতলৈ কোনো ভ্ৰূক্ষেপ নাই । মই নিশ্চিত হ’লোঁ-ইজন আনজনৰ পৰিপূৰক;এয়া সঁচা ভালপোৱা। সিঁহত,গিৰীয়েক-ঘৈণীয়েকেই হওক কিম্বা অবৈধ্য প্ৰেমিকেই হওক! 
  অবৈধ্য প্ৰেম- য’ত দুখন হৃদয়ৰ নিবিড় মিলন হয়,সেয়া সঁচা প্ৰেম হ’ব নোৱাৰে  জানো? 
   বৰ্তমান সিঁহত দুটা যেন পৃথিৱীৰ আটাইতকৈ সুখী মানুহ।
   মোৰ মনটো হঠাতে এছাটি হতাশাৰ মলয়াই ছানি ধৰিলেহি।এনে লাগিল যেন মোতকৈ  দুখী মানুহ এই পৃথিৱীত আৰু কোনো নাই। 
   মোৰ বাৰু হৈছে কি ? হঠাতে কিয় এই হতাশগ্ৰস্ততা ! নীলম নেকি বাৰু ইয়াৰ কাৰণ!
 মোৰ মনটোৱে বাৰু নীলমক বিচাৰিছে নেকি ? বিচাৰিছে নেকি মোৰ হৃদয়ে  -এই মুহূৰ্তত নীলমৰ  সান্নিধ্যৰে তৃপ্ত হ’বলৈ ?
  -দীঘল নিশ্বাস এটা এৰি খিৰীকীৰে বাহিৰলৈ চালোঁ। 
  পথাৰবোৰ অসমৰ দৰে জীপাল নহয়।বৰ্তমানৰ মোৰ মনটোৰ দৰেই যেন পাহাৰবোৰ উদাস হৈ শুই আছে নিৰ্জনতাৰ বুকুত।
   ফাগুন মাহ ।চৌদিশ উদাস,শুকান ,উদং।লঠঙা ডালবোৰত সেইবোৰ পলাশ- শিমলু নহয় ,যেন হিয়াৰ দগমগীয়া জুই। মনতে ভাবিলোঁ-এই পলাশ,শিমলুবোৰ কিয়  ইমানকৈ দহে!
   Middle berth ৰ প্ৰেমাস্পদ হালে মোৰ মনত জ্বলি থকা বিৰহৰ জুইকুৰা আৰু দপদপকৈ জ্বলালে। 
   পুৰী ষ্টেচনত কালি বিদায় সম্ভাষণ জনাবলৈ অহা ,নীলমৰ ভাৱনাই মেৰিয়াই ধৰিলে। জুৰ মলয়া যেন নীলমৰ সেই মিঠা মিঠা অনুভৱক খিৰিকী খুলি পৰাণলৈ আৱাহন কৰিলোঁ আৰু চকু মুদি সেই অনুভৱৰ বৰষুণত জুৰুলি-জুপুৰি হ’লোঁ।
   নীলমৰ স’তে এই চাৰিদিন একেলগে পুৰীতে আছিলোঁ।একেলগে মানে একেখন হোটেলত।হোটেল শকুন্তলা। পুৰী বীচ্ছৰ পাৰতে অৱস্থিত এইখন হোটেল। সু-শৃংখলিত আৰু আৰামদায়ক। Reasonable rent।সবাতোতকৈ ভাল লগা কথাটি-সাগৰীয় বতাহজাকে চুমি থাকে অনবৰতে হোটেলৰ প্ৰতিটো কোঠা। 
   নীলম । নীলম কাশ্যপ। বৰ্তমান অসমৰ এজন প্ৰতিস্থিত কবি ।তেওঁৰ কাব্য প্ৰতিভা কেৱল অসমতে সীমিত হৈ থকা নাই।
   ৰবীশ পাটনায়ক ,উৰিষ্যাৰ এজন প্ৰসিদ্ধ কবি।তেখেতৰ উদ্যোগতে পুৰীত অনুষ্ঠিত হোৱা ,"ৰাষ্ট্ৰীয় কবি সন্মিলন"ত বিশিষ্ট কবি হিচাপে অংশগ্ৰহণ কৰিবলৈ নীলম পুৰীলৈ আহিছে। নীলমৰ দুখনকৈ কাব্যগ্ৰন্থ পাটনায়কে উড়িয়া ভাষালৈ অনুবাদ কৰিছে। সেয়ে, নীলম উড়িয়া কাব্যপ্ৰেমীৰ মাজতো জনপ্ৰিয়।
   চাকৰিসূত্ৰে পাটনায়ক গুৱাহাটীত থাকে ।
 অসমীয়া ভাষা সাহিত্যৰ ওপৰত তেখেতৰ দখল  অপৰীসীম ।
 ফেচবুকৰ জৰিয়তেই তেখেতৰ লগত চিনাকি।অসমৰ পৰা আমাৰ দুজনকে আমন্ত্ৰণ কৰিছিল।মোৰ বাবে এয়া এক অনন্য প্ৰাপ্তি। সেয়ে, এই আমন্ত্ৰণ উপেক্ষা কৰিব নোৱাৰিলোঁ। 
 নীলম ফ্লাইটেৰে আহিল আৰু কালিয়ে ফ্লাইটেৰে গ’ল।মোকো ফ্লাইটতে আহিবলৈ বৰকৈ জোৰ কৰিছিল ,কিন্তু ফ্লাইটত উঠিবলৈ মোৰ ভীষণ ভয়।সেয়ে, ট্ৰেইনেৰে আহিলোঁ ।
  "কিমান পালাহি। কিবা খালানে ? একো অসুবিধাতো হোৱা নাই। মই চেম্বাৰতে আছো। ৰাতি সাৱধানে আহিবা।  happy and safe journey। Bye ।"-- অমিতাভৰ পৰা অহা মেছেজটো হঠাতে ম’বাইলৰ স্ক্ৰীণত জিলিকি উঠিল।
  ইতিমধ্যে ট্ৰেইনখন হাওৰা ষ্টেচন প্ৰৱেশ কৰিলে। 


প্ৰথম অধ্যায়
দ্বিতীয় খণ্ড
         কবিতা,মোৰ প্ৰথম প্ৰেম।উৰিষ্যাত অনুষ্ঠিত এনে এখন ৰাষ্ট্ৰীয় কবি সন্মিলনত অসমক প্ৰতিনিধিত্ব কৰিবলৈ পোৱাতো সঁচাকৈয়ে এক গৌৰৱৰ বিষয়।পাটনায়কদেৱে প্ৰথমে  ফোন কৰি জনোৱাত মই আচৰিতেই হৈছিলোঁ।তাতোকৈ বেছি আৱেগিক হৈ পৰিছিলোঁ,যেতিয়া তেখেতে অসমৰ পৰা মাত্ৰ দুজনকহে আমন্ত্ৰণ কৰা বুলি জনাইছিল।কাব্যজীৱনত, মোৰ এয়া বৃহৎ প্ৰাপ্তি। কলকতা, মুম্বাইকে ধৰি ভাৰতৰ প্ৰতিস্থিত ৫০ গৰাকী কবিক আমন্ত্ৰণ জনোৱা হৈছিল। খবৰটো শুনি আনন্দত চকুলো সৰিছিল।নীলমৰ দৰে এজন জনপ্ৰিয় কবিৰ লগত একেলগে কবিতা পাঠ কৰিবলৈ পোৱাতোও আন এক আনন্দৰ বিষয় আছিল।
 "মনামী, তুমি কালি ফেচবুকত প’ষ্ট কৰা   কবিতাটি (কি আছিল ?)...অ ...অ..."নিৰ্জন বুলি কোনো ঠাই নাথাকে"...বহুত ভাল হৈছে।এইটো তুমি "সাতসৰী"লৈ পঠিয়াই দিবাচোন।"
 ––নীলমৰ এই মেছেজটো পাই,মনটো হঠাতে ভৰি পৰিছিল।
   এই কবিতাটোকে সিদিনা পুৰীত পাঠ কৰিলোঁ।লগতে পাটনায়কদেৱে কৰি দিয়া কবিতাটিৰ উড়িয়া অনুবাদটোও পাঠ কৰিছিলোঁ।সকলোৱে একান্তমনে শুনিছিল।
পিছে নীলমৰ কথাটিহে আজিলৈ পালন কৰিব পৰা নাই। এলাহৰ বাবে কবিতাটি আলোচনীখনলৈ পঠিওৱা নহ’ল।
   নীলমে আগতেও "আন্ধাৰতেই পোহৰৰ শিপা" কবিতাটিও কবিতাৰ আলোচনী-"খোজ"লৈ পঠিয়াবলৈ কৈছিল।সেইবাৰো একেই দশা। এলাহ।এই এলাহৰ বাবে কোনো আলোচনীলৈ কবিতা পঠোওৱা নহয়।সঁচা কথাত বিশেষ আলোচনীলৈ কবিতা পঠিয়াবলৈ ,তেনে কোনো তাগিদাও অনুভৱ নকৰো। 
   "মনামী, কি অকল ফেচবুকতেই লাগি থাকা। মান্য আলোচনীবোৰলৈও পঠিয়াবা।বিশিষ্ট কবিসকলে ফেচবুকৰ কবিতাক এতিয়াও মান্যতা দিয়া নাই ।"
   " নীলম,কি জানা–মই ফেচবুকতেই সুখী।আমি ফেচবুকৰ কবি! হা হা হা ...আৰু কি জানা–মোৰ মতে বিশিষ্ট কবি বুলি কোনো নাথাকে। ব্যক্তি আৰু সময় সাপেক্ষে প্ৰত্যেকজন কবিয়ে বিশিষ্ট।"
   –এইদৰে নীলমৰ লগত প্ৰায় কবিতা বিষয়ক আলোচনা চলি থাকে।কিমানযে কথাৰ কটা-কটি হয়,দুয়োৰে। নীলমে অন্তৰেৰে ফেচবুকৰ কবিতাক গ্ৰহণ নকৰে।কেৱল প্ৰচাৰ আৰু মনোৰঞ্জনৰ বাবে ফেচবুক ব্যৱহাৰ কৰে।কিন্তু, এই ফেচবুকৰ জৰিয়তেই নীলমৰ সৈতে চিনাকি। এই আত্মীয়তা।
   পাটনায়কদেৱৰ পৰা নীলমক আমন্ত্ৰণ দিয়া বুলি জানি মনটো আনন্দৰে ভৰি পৰিছিল।কোনে জানে–অনুৰাধাৰ দেশত হয়তো হৃদয়ে নতুন বাট কাটিব পাৰে !কোনে জানে–সেই বাটেৰে আগতে হয়তো কোনেও আগবঢ়া নাই।
  "আন্দা...আন্দা...বয়ল আন্দা..."
  এজন সৰু ল’ৰাৰ কৰ্কশ মাতত মই কল্পনাৰ জগতৰ পৰা উভতি আহিলোঁ।
  তললৈ চাই,দেখিলোঁ–মিডল বাৰ্থত থকা সেই মহিলাগৰাকী ইতিমধ্যে গভীৰ নিদ্ৰাত। দিনটো তাইৰ কাষতে থকা পুৰুষজন ,তাইৰ ওচৰত নাই । 
  "Good morning... কিমান পাইছাহি ?ৰাতি কিবা অসুবিধা হৈছিল নেকি ? ব্ৰেকফাষ্ট কৰিলানে ? মই চেম্বাৰলৈ যাবলৈ ৰেডী হৈছো। 
   তুমি পল্টন বজাৰ কেইবজাত পোৱাহি–জনাবা। মই ড্ৰাইভাৰজনক পঠিয়াই দিম। Happy and safe journey ...Bye.."
   –অমিতাভৰ দীঘলীয়া মেছেজটো ম’বাইলৰ স্ক্ৰীণত জিলিকি উঠিল।
   এক অজান দোষবোধে মোৰ মনটো আচ্ছন্ন কৰিলে। পূৰ্ণিমাৰ জোনটি হঠাতে যেন এজাক অনুশোচনাগ্ৰস্ত ডাৱৰে গ্ৰাস কৰিলেহি।
    ইমান ব্যস্ততাৰ মাজতো অমিতাভে তিনিবাৰকৈ ফোন কৰি খবৰ লৈছে।সময়ে সময়ে মেছেজতো কৰিয়ে আছে। কিন্তু,মইহে... 
    এক দোষবোধে পুনৰ মনটো সেমেকাই তুলিলে। সুখৰ বালিঘৰ ,হঠাতে সাগৰৰ ঢৌৱে যেন তচনচ কৰি গ’ল ।
   পুৱাৰ  ফাগুনৰ পছোৱাজাকে মনৰ অশান্তিবোৰ আঁতৰাই নিয়ক বুলিয়ে তললৈ নামি আহি কমপাৰ্টমেন্টৰ দোৱাৰমুখত থিয় দিলোহি। 
   পছোৱাজাকে মনটো আৰু সেমেকাইহে তুলিলে। 
    "চায়... লাল চায়...লাল চায়..."
  –বিশেষভাবে সক্ষম লোক এজন কাষৰ কমপাৰ্টমেন্টৰ পৰা আমাৰ কমপাৰ্টমেন্টলৈ সোমাই আহিল।
   লোকজনক দেখি মনটো সেমেকি গ’ল।ভিক্ষা কৰি নাখায়,অন্ততঃ কষ্ট কৰি ভাত কেইটা অৰ্জন কৰাৰ চেষ্টা কৰিছে। 
   মই একাপ চাহ ল’লোঁ। আৰু ৫০০ টকা এটা আগবঢ়াই গোটেইটো ৰাখিবলৈ ক’লোঁ। কিন্তু, তেওঁ ১০ টকাটি লৈ, বাকী ৪৯০ টকা ঘূৰাই দিলে। ল’ৰা-ছোৱালীদুটালৈ কিতাপ–কলম নিবলৈ বুলি,বহু জোৰ কৰি দিয়াতহে সন্মতি হ’ল।
   কাৰোলৈ কোনো কেৰেপ নকৰাকৈ ট্ৰেইনখন দ্ৰুতগতিত আগলৈ দৌৰি থাকিল।কিন্তু,মইহে একে থাইতে ৰৈ থাকিলোঁ...।

প্ৰথম অধ্যায়
তৃতীয় খণ্ড

"নিৰ্জন বুলি কোনো ঠাই নাথাকে
আমি সকলোৱে নিজতকৈও বেছি যতনেৰে
নির্জনতাক লালন কৰোঁ। জঁট লগা জীৱন-উঘাৰ আঁত বিচাৰি অনুসৰণ কৰো নির্জনতাৰ__
অথচ নিৰ্জন বুলি কোনো ঠাই নাথাকে

বগা কপাহী চাদৰে যেতিয়া শুহি লয়
কাৰোবাৰ জীৱনৰ সমূদায় ৰং 
হৃদয়ক জীয়ন দি ,উকা কপালত যেতিয়া
দগমগাই হাজাৰ প্ৰেমৰ পদ্য
সংগসুখৰ বিচ্ছেদত তেতিয়া নির্জনতা উকমুকায় 
সেইবুলি সংগসুখৰ কামনাইতো নির্জনতাৰ
ঠিকনা নহয়।"
  –এতিয়া পুৱা 5 বাজিছে।কিছুসময়ৰ পাছতে ট্ৰেইনখন অসমত প্ৰৱেশ কৰিব।
   ৰাতি, এঘণ্টা মানহে চকুকেইটা জাপ খাইছিল। গোটেই ৰাতি উজাগৰে কটালোঁ। কালি বুলিয়ে নহয়,যোৱা দুবছৰ,নির্জনতাই মোৰ সংগী। কবিতা লিখোঁ। ছিঙি পেলাওঁ। কেতিয়াবা কিবা এটা হয়।
  "নিৰ্জন বুলি কোনো ঠাই নাথাকে" --তেনে কোনো এক নিৰ্জন মুহূৰ্তৰে সৃষ্টি।
  এগৰাকী বিধৱাৰ স'তে মোৰনো প্ৰভেদ কিহত ? বিধৱা এগৰাকীৰ বগা চাদৰৰ মাজতো যদি কিবা ৰং লুকাই থাকে,ৰঙীণ পোছাকৰ আৱেষ্টনীত থাকিও মোৰ সেইখিনিও নাই !
  চিকেন ড্ৰাই-ফ্ৰাইৰে ব্ৰেণ্ডেড সোমৰস অথবা পুৰা গৰৈমাছৰে ছাইমদত নিজক ডুবাই নির্জনতাক থুকুছি থুকুছি আমি সলাব খোজো দুখৰ পোছাক ,সেইবুলি সোমৰস অথবা ছাইমদ নিৰ্জনতাৰ জুৰণি নহয় ।
  নিৰ্জনতা –প্ৰথম প্ৰেমৰ দৰে।যাৰ অনুভূতি স্বচ্ছ আৰু পাৰ্শ্চক্ৰিয়াহীন ।দুখেই হওক কিম্বা সুখেই ,নিচুকাই ৰাখে আত্মাক ;জীয়াই ৰাখে মনৰ শিৱক গোপনে। নিৰ্জন বুলি কোনো ঠাই নাথাকে –মনৰ বাজে। 
  নিৰ্জনতা, মোৰ বাবে এতিয়া নিচা।জীৱনৰ প্ৰকৃত মাদকতা ।যাৰ নিচা, মৃত্যুৰ নিচাতকৈ কাঢ়া। 
  প্ৰথম প্ৰেম...
  জীৱনৰ এক স্বচ্ছ অনুভৱ।এক অনন্য মাদকতা,যাক আমি প্ৰতিজনে অতি যতনেৰে হৃদয়ত লালন কৰি ৰাখো। 
  দীপমৰ ছবিখন এতিয়াও মনত সযতনে সাঁচি ৰাখিছোঁ। আজিৰ পৰা দুবছৰ আগতে, গাঁৱৰ ঘৰলৈ যাওঁতে তাক শেষবাৰলৈ লগ পাইছিলোঁ। 
  প্ৰেম কি নজনাকৈয়ে প্ৰেমত পৰিছিলোঁ।আজিও সেই দিনটো স্পষ্টকৈ মনত আছে।চতুৰ্থ শ্ৰেণীত আমি তেতিয়া।টিঙৰ বগা বাকচটো লৈ মই বিদ্যালয়লৈ যাওঁ।দীপম,ৰূপম,দিগন্ত আৰু অনিলহঁতৰ কোনো কোনোৱে কান্ধত কাপোৰৰ মোনা,কোনোবাই হাততে কিতাপবোৰ লৈ যায়।
  সিদিনা পুৱা,বিদ্যালয়লৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ওলোৱাৰ আগতে বেগটো খুলি চাই আচৰিত হ’লোঁ।কিতাপৰ ওপৰত এখন বগা কাগজ বৰ সুন্দৰকৈ ভাঁজ দিয়া হৈ আছে।খুলি চাই, আচৰিত হ’লোঁ। এখন চিঠি।চিঠিখন পাই,মই দৌৰি গৈ দীপমক সুধিলোঁ–" ঐ ,মোক এইখন তই দিছ ন? " 
  "কি এইখন?"
  "চিঠি"
  " চিঠি ? কি চিঠি ? মই হ’লে দিয়া নাই দেই।
  ...চাওঁ, চাওঁ...কি লিখা আছে!"–এইবুলি কৈ ৰূপমে মোৰ হাতৰ পৰা চিঠিখন কাঢ়ি নিলে। আৰু টান টানকৈ পঢ়িলে–
  "মৰমৰ 
          মনা 
    মৰম ল’বা। মই তোমাক বহুত ভাল পাওঁ।তোমাৰ লগত কথা পাতিলে মোৰ বহুত ভাল লাগে। ৰাতিও তোমালৈ মনত পৰে।ডাঙৰ হ’লে তোমাক মই বিয়া পাতিম।
    তুমি দীপমৰ লগত বেছি কথা নাপাতিবা,মোৰ কিবা ভাল নালাগে। 
    পুনৰ মৰম ল’বা।মই তোমাৰ লগৰে। নামটো নকওঁ।..."
    "এইটো কাৰ কাম হ’ব অ’? " –মই দীপমহঁতক সুধিলোঁ।
    "মোৰ লগত কথা নাপাতিবলৈ কিয় ক’লে ? মইতো তঁহত সকলোকে সমানে ভাল পাওঁ।"–দীপমে আচৰিত হৈ ক’লে ।
    "মোৰ মনে কয়-এয়া দিগম্বৰৰ কাম হ’ব।আখৰ কেইটাও তাৰ নিচিনাই।সি আজি স্কুললৈও অহা নাই।"–ৰূপমে ক’লে।
    "হ’ব পাৰে দে। আৰু সি আমাতকৈ তিনি-চাৰিবছৰমান ডাঙৰো বোলে।"–দিগন্তই ৰূপমক শলাগিলে।
    "ৰ’হ চোন। দিগম্বৰে নকৰিবওতো পাৰে!"
  –মোহনে কিতাপবোৰ ডেক্সত সজাই সজাই 
মাত লগালে।
    "ছিঃ ছিঃ ইমান বেয়া কাম কোনে কৰিলে বাৰু !
    ঐ মনা, চিঠিখন হেডছাৰক দিওগৈ ব’ল ।ছাৰে অনুসন্ধান কৰি নিশ্চয় উচিত ব্যৱস্থা ল’ব।"
–দীপমে ক’লে।
   "হেডছাৰক দিয়াতকৈ প্ৰথমী বাইদেউক দিয়াহে ভাল হ’ব।"–ৰূপমে ক’লে।
  
   প্ৰথমী দেৱী–আমাৰ বিদ্যালয়ৰ এগৰাকী সফল  শিক্ষয়িত্ৰী । মোৰ জীৱনৰ এগৰাকী আদৰ্শ ব্যক্তি।ঘৰে ঘৰে গৈও আমাক শিকাইছিল।বিশেষকৈ অংকবোৰ।
   মোৰ ৰোল নং ১ আছিল বাবে মোক বিশেষভাবে যতন লৈছিল।মোৰ বাহিৰে আমাৰ শ্ৰেণীৰ সকলোবোৰ ল’ৰা আছিল।সেইবাবেও মোক অলপ বেছিকৈ মৰম কৰিছিল।যিমান মৰম কৰিছিল ,সিমানে শাসনো কৰিছিল। 
   মোক অলপ বেছি গুৰুত্ব দিয়াৰ আন এক কাৰণ আছিল–চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষা।তেতিয়া ,এতিয়াৰ দৰে পঞ্চম শ্ৰেণী, প্ৰাথমিক বিদ্যালয়ত সংলগ্ন নাছিল। বাইদেৱে বিদ্যালয়ৰ উপৰিও ঘৰলৈ আহি শিকাইছিল। তাৰ বিনিময়ত কোনো মাননী লোৱা নাছিল।
   বাইদেউৰ তত্বাবধানত মই বৃত্তি পৰীক্ষাত জিলাখনৰ ভিতৰত চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছিলোঁ।দহবছৰত একেৰাহে মোকে ধৰি মুঠতে দহজনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে  ,হেডছাৰক ৰাজ্যিক কৃৰ্তী শিক্ষকৰ বঁটা প্ৰদান কৰা হৈছিল।
   আজি বাইদেউ আমাৰ মাজত নাই ,কিন্তু বাইদেউৰ স্মৃতিয়ে বৰকৈ দোলা দিছে।
   
   দীপম ,ৰূপমহঁতৰ কথাত সন্মতি জনাই ময়ো সিঁহতৰ পাছে পাছে প্ৰথমী বাইদেউৰ ওচৰ পালোগৈ। 
  
আগলৈ...

Post a Comment

1 Comments

  1. beya hua nai..kintu potovumi tu sposto hole val hoi..enei stream of consciouness impact tu ase nki..val lagil

    ReplyDelete