---------------------------------------------------------
কবিতাৰ আড্ডা
১)
কবি নিজেই, নিজৰ কবিতাৰ প্ৰথমগৰাকী সমালোচক ৷ সকলো সৃষ্টিতেই, আপোন সন্তান জন্ম দিয়াৰ আনন্দ থাকে। যিহেতু, কোনেও পঙ্গু-সন্তান নিবিচাৰে ; যিহেতু, কবিতা শিল্পহে -- নিজ সৃষ্টিৰ প্ৰতি থকা মোহ পাহৰিবলৈ, তাক এমাহমান পেলাই থোৱাটো ভাল ৷ তাৰ পাছত, এজন সাধাৰণ পাঠক হিচাপে, নিৰ্মোহ সমালোচক হিচাপে, নিজৰ লেখাক নিজেই নিৰ্মমভাবে সমালোচনা কৰি নিৰ্মাণ কৰা উচিত ৷ য’ত বা যি শব্দৰে কবিৰ ক’বলগীয়াখিনি ফুটি নুঠে -- তাতেই তীক্ষ্ণ নজৰ দিলেহে এগৰাকী কবিৰ কাব্যিক-মানসিক বিকাশ সম্ভৱ ৷
মনত ৰখা ভাল -- ইঙ্গিত বা ব্যঞ্জনাৰ অভাৱত, বিষয়-বৈচিত্ৰ্যৰ অভাৱত অথবা, আঙ্গিক বা কথনশৈলীৰ নতুন নিৰীক্ষণৰ অভাৱত -- কবিতা আত্মবিবৃতি, ৰচনা বা নিৰস গদ্যহে হ’বগৈ পাৰে ৷ আৰু সেই বাবেইতো, বহু কবিয়ে বহু বছৰধৰি একেটা কবিতাকেই ইফাল-সিফাল কৰি লিখি থকা দেখা গৈছে !
বক্তব্যৰ বিচিত্ৰতা আৰু, নতুন চিন্তা অবিহনে -- কবিতাৰ আঙ্গিকলৈ নতুনত্ব নহা কথাটোত মনোযোগ নিদিয়াৰ বাবে -- কোনো কোনো কবি কেবাটাও দশকধৰি লিখিও, বিনাবিকাশে একে ঠাইতে (position) ৰৈ থকাৰ উদাহৰণ, অসমীয়া কবিতাত আছে।
২)
নাৱৰীয়া এজনক কবিবুলি ধৰি ল’লে -- তেওঁৰ বঠাপাত হ’ব 'শব্দ’ (word) ; নৈ, বিলৰ পানীত তেওঁৰ নাৱে তোলা ঢৌবোৰ হ’ব 'কবিতা’ ; নিলগত থকা পাৰবোৰ -- 'পঢ়ুৱৈ’ ; ঢৌৰ ধ্বনিবোৰেই কবিতাৰ 'পাঠ’ ৷
চিন বা প্ৰভাৱ থাকি যায় -- পাৰত ৷
৩)
কবিতাৰ শব্দত কেৱল সৌন্দৰ্য বা ৰমণীয়তাই নাথাকে ; থাকে -- তিতা-কেঁহা-মিঠা-লুণীয়া-জলা-খাৰুৱা-টেঙাৰো সোৱাদ ৷ কোনোটো শব্দ -- গধুৰ, নোদোকা, কোনোটো পিছল-পাতল, লেহুকা, ক্ষীণ, উদাত্ত বা গৰ্জনমুখৰ, মৃদু, মিহি-কোমল, মধুৰ, মৰমিয়াল, চেনেহ-চিকুণ, কৰুণ, উদাস, হাস্যমধুৰ, কৰুণকাতৰ, ক্ষুধাতুৰ, নম্ৰ, চোকা, শক্তিশালী, টান, তপত, চেঁচা, চঞ্চল, গম্ভীৰ, গহীন, শুকান, বেদনাদায়ক, তেজহীন, বিৰক্তিকৰ ৷ কোনোটোবা সৎ, সঁচা, মিছা, ধ্বনি-সুন্দৰ, সুৰীয়া, ৰহস্যময়, অতিব্যৱহাৰত ক্ষয় যোৱা ৷ কোনোটো আকৌ ৰসাল, মচমচীয়া, ফচফচীয়া, আঠালতীয়া, আন্ধাৰমুখী বা নিৰ্জীৱ, বোবা-কলা, উজ্জ্বল, চিকচিকিয়া, ৰত্ৰতীয়া, খৰ্খৰীয়া, খহটা, উদঙীয়া, উৰণীয়া, মতলীয়া, বনৰীয়া, পৱিত্ৰ, দয়ালু, শান্ত-সৰল, শব্দহীন, সহনশীল, জেদী, অহঙ্কাৰী, নিষ্ঠুৰ, নিষ্ঠাৱান, নিমৰমিয়াল, নোমাল, ভকতীয়া বা ধৰ্মপৰায়ণ !
অৰ্থ আৰু ধ্বনি-সুষমা ৷
এইবোৰকে জুখি-মাখি, সজাই-পৰাই, জুতি লগাই -- কবিয়ে, কবিতাৰ দেহত প্ৰাণ-প্ৰতিষ্ঠা কৰে ৷
শব্দৰ সহায়েৰে, কবিয়ে মানুহক নিচাগ্ৰস্তও কৰিব পাৰে ৷
–––––––––––––––––––––––––––––––––––––
অসম কাব্য কাননৰ অনন্য অনুষ্ঠান
কথোপকথন
আজিৰ অতিথি-
অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ, নগাঁও আকাশবাণী কেন্দ্ৰৰ ঘোষক
সাক্ষাৎ গ্ৰহণ: অৰ্চনা ঠাকুৰীয়া
অসম সাহিত্য সভাৰ, ২০১৮-২০২০ বৰ্ষৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা দেৱৰ ইতিমধ্যে প্ৰকাশিত গ্ৰন্থসমূহ হ'ল:
প্ৰকাশিত গ্ৰন্থঃ
মৌলিক–
ক) জোনাকৰ সপোনত হৃদয়ৰ গান( কবিতা সংকলন)
খ) কলং হাৰিয়াৰ এটি সেউজীয়া উপত্যকা (অঞ্চলভিত্তিক অধ্যয়ন)
গ) বিহংগম দৃষ্টিৰে সাহিত্যৰ পাঠ আলোচনা( প্ৰবন্ধ সংকলন)
ঘ) ভিন্ন প্ৰসংগ( প্ৰবন্ধ সংকলন)
ঙ)নিৰ্বাচিত কবিতা আলোচনা( প্ৰবন্ধ সংকলন)
পাঠ্যক্ৰম আধাৰিত: (উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ)
ক) অসমীয়াৰ উত্তৰ চানেকি(১ম বাৰ্ষিকৰ)
খ) অসমীয়াৰ উত্তৰ চানেকি(২য় বাৰ্ষিকৰ)
গ)অসমীয়াৰ উত্তৰ ৰেঙণি(২য় বাৰ্ষিকৰ)
সম্পাদিত: ক) কলংপাৰ,২০০২(মহাবিদ্যালয় আলোচনী), খ)কলংপাৰ,২০০৭(মহাবিদ্যালয় আলোচনী), গ) মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ অস্থিবজ্ৰ আৰু অন্যান্য, ঘ) মলিন বৰাৰ গীত আৰু কবিতা, ঙ) ভোগালী, চ) নগাঁও জিলা সাহিত্য সভাৰ সভাপতিসকলৰ ভাষণাৱলী, ছ) শেৱালি কবি ৰত্নকান্ত বৰকাকতি কাব্য সমগ্ৰ (প্ৰকাশৰ পথত), জ) শিল্পী যজ্ঞ বেজবৰুৱাৰ গীত আৰু কবিতা, ইত্যাদি।
তদুপৰি, পষেকীয়া আলোচনী 'অন্তৰা', সাংবাদিক পৰাগ দাসৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ 'পৰাগ', অসম সাহিত্য সভাৰ হোজাই অধিবেশনৰ স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভাৰ দক্ষিণপাট অধিবেশনৰ স্মৃতিগ্ৰন্থ, নগাঁও জিলা সাহিত্য সভা পত্ৰিকা আদিৰ সম্পাদনাৰ লগতো বিশেষভাৱে জড়িত। গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰিকাকত, মাহেকীয়া আলোচনী 'পুবালী', 'তৃষ্ণাতুৰ', স্থানীয় বিভিন্ন কাকত-আলোচনীতো প্ৰবন্ধ ,গল্প, কবিতা আদি প্ৰকাশ পাইছে।
■অ:কা :কা : অসম সাহিত্য সভা শতবছৰ গৰকা বিশ্বৰ ভিতৰতে শক্তিশালী সাহিত্য অনুষ্ঠান। অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আপুনি প্ৰধান সম্পাদকৰ দৰে গুৰু দায়িত্ব সুচাৰুভাৱে ৰূপায়ন কৰিলে। আজিৰ প্ৰজন্মক সংস্কৃতিবান তথা এই অনুষ্ঠানটোৰ প্ৰতি অধীক আগ্ৰহী কৰি তুলিবলৈ ,এই সভা সফল হৈছে বুলি আপুনি ভাবেনে?যদি হোৱা নাই তেন্তে সভাই কোন কোন দিশত গুৰুত্ব দিয়াটো আপুনি বিচাৰে?
◆পদুম ৰাজখোৱা- প্ৰথমেই পঢ়ুৱৈ সমাজক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ । মোৰ কথাখিনি পঢ়াৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ । আমি যেতিয়া প্ৰধান সম্পাদকৰ দায়িত্বত আছিলোঁ (২০১৮-২০ বৰ্ষত) , নতুন প্ৰজন্মক সাহিত্য-সংস্কৃতি তথা অসম সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভালেমান উদ্যোগ গ্ৰহণ কৰিছিলোঁ । শিশু আৰু কিশোৰ-কিশোৰীৰ কাৰণে থকা কুঁহি উপসমিতিখনক অধিক সক্ৰিয় কৰি কেন্দ্ৰীয়, জিলা আৰু শাখা পৰ্যায়ত শিশুসকলক লৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । ৰহা আৰু শুৱালকুছি অধিৱেশনত ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্যায়ত বিশেষ পাৰদৰ্শিতা দেখুওৱা প্ৰতিভাৱান শিশু আৰু কিশোৰ-কিশোৰীক সন্মানিত কৰা হৈছিল । মানসী চহৰীয়াৰ দৰে কিশোৰ-প্ৰতিভাক বিদেশলৈ নিও সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিয়া হৈছিল । অনুৰূপে যুৱক-যুৱতীসকলৰ বাবে থকা ৰামধেনু উপসমিতিখনকো অধিক কাৰ্যক্ষম কৰি তোলা হৈছিল । জিলা পৰ্যায়ৰ উপৰি লংকা, দলগাঁও আদি বিভিন্ন স্থানত আয়োজন কৰা কেন্দ্ৰীয় ৰামধেনু অনুষ্ঠানত বিভিন্ন জিলাৰ প্ৰতিভাসম্পন্নসকলক আমন্ত্ৰণ কৰি তেওঁলোকক সন্মানিত কৰা হৈছিল আৰু প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিয়া হৈছিল । নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ এনে অনুষ্ঠানত তৰালী শৰ্মা, কৃষ্ণমণি নাথ, নিৰ্মালি দাস, পানচুনা আদি জনপ্ৰিয় শিল্পীৰ গীত-কথাও কাৰ্যসূচীত ৰখা হৈছিল।
ৰহা আৰু শুৱালকুছি অধিৱেশনত যুৱক-যুৱতীসকলৰ কাৰণে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । কবি সন্মিলনসমূহত বৰ্তমান প্ৰজন্মৰ বহু কবিকে অগ্ৰাধিকাৰ দিয়া হৈছিল । এনেদৰে বিভিন্ন প্ৰচেষ্টা হাতত লোৱাৰ পিছতো স্বীকাৰ কৰোঁ যে আজিৰ প্ৰজন্মৰ মুষ্টিমেয় সংখ্যককহে আমি অনুপ্ৰাণিত কৰিব পাৰিছিলোঁ । অৱশ্যে এই কথাও মনত ৰাখিব লাগিব সমাজৰ একাংশৰ সাহিত্য-সংস্কৃতিৰ প্ৰতি কোনো আকৰ্ষণ আগতো নাছিল বা এতিয়াও নাই । তথাপি জাতীয় অনুষ্ঠানে সদায় সক্ৰিয় ভূমিকা পালন কৰিব লাগিব । এই ক্ষেত্ৰত এতিয়াও বহু কৰণীয় আমাৰ সকলোৰে আছে ।
■অ:কা: কা: আপুনি কিমান বয়সত প্ৰথম কবিতাটো লিখিছিল আৰু কেনেধৰণৰ তাড়নাত পৰি কবিতাটো লিখিছিল ?
◆পদুম ৰাজখোৱা: মোৰ জন্ম গাঁও হাতীগড় । তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ গাঁৱৰ ঘৰতে থাকি পঢ়াশুনা কৰিছিলোঁ । আবেলি সময়ত নামঘৰৰ ফিল্ডত ৰবাব টেঙা বা কাপোৰৰ বল খেলা সেই সময়চোৱাতে, বাৰ কি তেৰ বছৰ বয়সত প্ৰথমটো কবিতা ৰচনা কৰিছিলোঁ । সেয়া আছিল কল্পনাৰ পাখি গজিবলৈ আৰম্ভ কৰাৰ সময়ত মনত উঠা কিছুমান আৱেগৰ ঢৌ । একেসময়তে দুই এটা গল্পও ৰচনা কৰিছিলোঁ ।
সেইখিনি সময়ত 'সোভিয়েত দেশ' , ৰহস্য, বিস্ময় আদি আলোচনী খুব জনপ্ৰিয় আছিল । ৰঞ্জু হাজৰিকাৰ কিতাপ বা ৰংমন ,পাফু চিৰিজ আদিও জনপ্ৰিয় আছিল । আন লেখকৰ কিতাপো কেতিয়াবা দুই এখন পঢ়াৰ সুযোগ পাইছিলোঁ । এই আলোচনী বা কিতাপবোৰে মনক অনুপ্ৰাণিত কৰিছিল ।
■অ :কা :কা : আপুনি এখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ , সু-বক্তা,ঘোষক,লেখক আৰু লগতে এগৰাকী দক্ষ সংগঠক।সাহিত্যৰ ক্ষেত্ৰখনত নতুন চাম লেখক -লেখিকাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এজন সংগঠকৰ ভূমিকা কেনে হোৱাটো প্ৰয়োজন বুলি আপুনি ভাৱে?
◆পদুম ৰাজখোৱা: আচলতে ভাল লেখক-লেখিকাক কোনেও আগবঢ়াই নিব নালাগে । সূৰ্যৰ পোহৰৰ দৰে তেওঁলোক নিজেই উদ্ভাসিত হয় । কিন্তু এই কথা ঠিক যে গ্ৰীষ্মকালৰ আবেলি গুৰিত অকণমান পানী দিলে যিদৰে এজোপা ফুল জীপাল, প্ৰাণৱন্ত হৈ উঠে, ঠিক সেইদৰে নতুন লেখক-লেখিকাক কোনোবা অভিজ্ঞ অগ্ৰজে সমৰ্থন আৰু অনুপ্ৰেৰণাৰে উজলাই তুলিব পাৰে । এই ক্ষেত্ৰত ভাল সংগঠকে নতুন লেখক-লেখিকাক উপযুক্ত মঞ্চলৈ নি সৃষ্টিৰ বাবে প্ৰেৰণা দিব পাৰে । সাধাৰণতে প্ৰতিভা থাকিলেও দুই চাৰিজন সৌভাগ্যৱানৰ বাহিৰে নতুন চাম সকলোতে উপেক্ষিত হয় । সংগঠনৰ দায়িত্ব পালন কৰা সকলে প্ৰবীণসকলৰ ছত্ৰছায়াত নতুন চামক উঠিবলৈ সুযোগ দিব লাগে ।
■অ: কা: কা: CBSE পাঠ্যক্ৰমৰ বিদ্যালয় পৰ্যায়ত আজিলৈকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে কোনো শ্ৰেণীৰ কিতাপতে উল্লেখ থকাটো পৰিলক্ষিত নহয়।অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ এই দিশত কিবা কৰণীয় আছেনে?
◆পদুম ৰাজখোৱা: কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষা শিক্ষাৰে ব্যৱস্থা নাছিল । আমাৰ কাৰ্যকালত মাননীয় সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত আমি কৰা প্ৰচেষ্টাৰ ফলস্বৰূপে অসমৰ সকলো কেন্দ্ৰীয় বিদ্যালয়তে অসমীয়া ভাষা শিক্ষাৰ ব্যৱস্থা হৈছিল । আমাৰ সেই প্ৰযত্নৰ ফলস্বৰূপে কেন্দ্ৰীয় বিদ্যালয়ত এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষা শিক্ষাৰ সুযোগ লাভ কৰিছে । আমাৰ গুৰুজনা আৰু বৰেণ্য মনীষীসকলৰ কথাও CBSE পাঠ্যক্ৰমত অন্তর্ভূক্ত হ'ব লাগিব । অসম সাহিত্য সভা বা আন জাতীয় অনুষ্ঠানৰ পৰাও সেই দাবী তুলিব লাগিব ।
■অ :কা :কা: বৰ্তমান এই মহামাৰীৰ সময়ছোৱাত শিক্ষাৰ্থী সকলৰ ভৱিষ্যত খুবেই অনিশ্চিত। ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক স্বাস্থ্য(mental health) অক্ষুন্ন থাকিবৰ বাবে এগৰাকী শিক্ষক তথা অভিভাৱক হিচাপে সমাজলৈ আপোনাৰ পৰামৰ্শ কি?
◆পদুম ৰাজখোৱা: সময় এতিয়া দুঃসময় । চাৰিওফালে বিয়পি পৰিছে কেৱল শংকা আৰু ভীতিগ্ৰস্ততা । এনে পৰিস্থিতিত একাংশ বেপৰোৱাৰ বাহিৰে প্ৰতিজন মানুহৰে মন গভীৰভাৱে ভাৰাক্ৰান্ত । শিক্ষাৰ্থীসকলৰ ওপৰতো তাৰ গভীৰ প্ৰভাৱ পৰিছে । পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰি বা বিদ্যালয়লৈ যাব নোৱাৰি লাখ লাখ গৃহবন্দী ছাত্ৰ-ছাত্ৰী বিমৰ্ষ হৈছে । কিন্তু তাৰ মাজতো ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰাখিবৰ কাৰণে শিক্ষকসমাজ আৰু অভিভাৱকসকলে যত্ন কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ যাতে হতাশগ্ৰস্ততা নাহে তাৰ বাবে সচেতনতা অৱলম্বন কৰিব লাগিব । শিল্পকৰ্ম, সাহিত্য আৰু সংগীতচৰ্চাৰ মাজেদি আমাৰ আজৰি সময়বোৰ আনন্দ মুখৰিত কৰি তুলিব পাৰোঁ, সেই কথা তেওঁলোকক অনুভৱ কৰিবলৈ শিকোৱাৰ লগতে তাৰবাবে তেওঁলোকক অনুপ্ৰেৰণা যোগাব লাগিব । শিক্ষানুষ্ঠানসমূহে অনলাইন যোগে হ'লেও মাজে মাজে শিশু মনোৰোগ বিশেষজ্ঞক আমন্ত্ৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক মানসিক পথ্য দিব পাৰে ।
■অ: কা: কা: কেনেধৰণৰ কিতাপ পঢ়ি আপুনি ভালপায়? অন্য ভাষাৰ কবি, সাহিত্যিকে আপোনাক আকৃষ্ট কৰিব পাৰিছেনে?
◆পদুম ৰাজখোৱা: সকলো ধৰণৰ কিতাপ পঢ়িয়ে আনন্দ পাওঁ । কিন্তু বিশেষ আনন্দ পোৱাৰ কথা বুলি সুধিলে উপন্যাসৰ কথা ক'ব লাগিব । উপন্যাস মোৰ বেছি প্ৰিয়। তাৰ পিছতেই আহে গল্প আৰু কবিতাৰ কথা । স্নাতক শিক্ষা আহৰণ কৰি থকাৰ সময়ত নগাঁও জিলা পুথিভঁৰালৰ মই নিয়মীয়া পঢ়ুৱৈ আছিলোঁ । দুখন কাৰ্ডত পুথিভঁৰালৰ পৰা এদিনত চাৰিখনকৈ কিতাপ নিছিলোঁ আৰু দুদিনৰ পিছতে সেয়া জমা দি নতুন কিতাপ লৈছিলোঁ । সেইখিনি সময়তে বিশেষভাৱে ভালেমান বঙালী আৰু হিন্দী লেখকৰ কিতাপো পঢ়িছিলোঁ । এই কথা স্বীকাৰ কৰিবই লাগিব যে বঙালী সাহিত্য যঠেষ্ট উচ্চ মানৰ ।
■অ: কা: কা : কিতাপ এখন সম্পাদনা কৰাটো অতি কষ্টকৰ। সম্পাদক এজনে সম্পাদনা কৰোঁতে কোনবোৰ দিশত গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি আপুনি বিবেচনা কৰে?
◆পদুম ৰাজখোৱা:কিতাপ এখন সম্পাদনা কৰাটো সঁচাই কষ্টদায়ক কাম । কেতিয়াবা কোনো জ্যেষ্ঠ বা সন্মানীয় লেখকৰ লেখাতো ভুল বা অপ্ৰয়োজনীয় বিতৰ্কিত কথাই স্থান পাব পাৰে । কিন্তু শুধৰাবলৈ বা বিতৰ্কিত কথা আঁতৰাবলৈ সম্পাদকে হাজাৰবাৰ চিন্তা কৰিব লগা হয় । সেয়ে সম্পাদনাৰ ক্ষেত্ৰত সাহসী পদক্ষেপৰ প্ৰয়োজন । মোৰ দৃষ্টিত -- এজন সম্পাদক সকলো সময়তে বানানৰ প্ৰতি সচেতন হৈ থাকিব লাগে । ভুল প্ৰয়োগে ভাষাৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ভাষাশিকাৰু আৰু বিশেষকৈ উঠি অহা প্ৰজন্মক ভুল শিক্ষা দিয়ে । দ্বিতীয়তে, গ্ৰন্থত কেৱল মানসন্মত লেখাক স্থান দিব লাগে । নিম্ন ৰুচিবোধ প্ৰকাশক লেখাই গ্ৰন্থ এখনৰ মান বিনষ্ট কৰে । তৃতীয়তে, বাৰীৰ পৰা শাক বুটলোঁতে মাজে মাজে দুই চাৰিডাল ঘাঁহ-বন অহাৰ দৰে লেখাবোৰত লেখকৰ জ্ঞাতে-অজ্ঞাতে কেতিয়াবা কিছুমান অলাগতিয়াল, সাম্প্ৰদায়িক, বিতৰ্কিত বা পক্ষপাতমূলক কথাই ঠাই পাব পাৰে । সম্পাদকে তাৰ প্ৰতি সচেতন দৃষ্টি ৰাখিব লাগে । উচ্চ মানসন্মত লেখাতো যদি দুই এক তেনেলেখীয়া কথাই স্থান পায়, সম্পাদনা কৰি সেইবোৰ আঁতৰাব লাগে। তেতিয়াহে আলোচনী বা গ্ৰন্থখন সকলোৰে আদৰৰ হয় । চতুৰ্থতে, গৱেষণাধৰ্মী লেখাত ঠাই পোৱা প্ৰতিটো বৰ্ণনা বা ব্যাখ্যা যাতে সত্যনিষ্ঠ আৰু সম্পূৰ্ণ তথ্যভিত্তিক হয় , তাৰ প্ৰতি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগে। লেখকে এনে লেখাত সমল সংগ্ৰহ কৰা গ্ৰন্থৰ নাম স্পষ্টকৈ উল্লেখ কৰিছেনে নাই, তাৰ প্ৰতি সম্পাদকে লক্ষ্য ৰাখিব লাগে । প্ৰয়োজন সাপেক্ষে উৎস গ্ৰন্থৰ পৃষ্ঠা মেলি তথ্যৰ শুদ্ধাশুদ্ধ বিচাৰ কৰিব লাগে । পঞ্চমতে, এখন গ্ৰন্থই পাঠকক মনৰ খোৰাক আৰু জ্ঞানৰ খোৰাক দিয়ে । সেই দিশটোৰ প্ৰতিও সম্পাদক সচেতন হ'ব লাগে । ষষ্ঠতে, ধুনীয়া বা পৰিপাটিকৈ সজোৱা ঘৰ বা ফুলনি এখনে সকলোকে আনন্দ দিয়ে । সেই কথালৈ লক্ষ্য ৰাখি লেখাসমূহ ধুনীয়াকৈ সজোৱাৰ লগতে বেটুপাতৰ পৰা আৰম্ভ কৰি শেষ পৃষ্ঠালৈ সুন্দৰকৈ অলংকৰণ কৰিব লাগে যাতে গ্ৰন্থখন হাতত লৈয়ে পাঠকৰ মন আনন্দৰে ভৰি পৰে । দূৰৰ পৰা দেখিলেও কেতিয়াবা কেৱল সুন্দৰতাৰ কাৰণেই ছোৱালী এজনী ভাল লাগি যায় । কিন্তু যদি সৌন্দৰ্যৰ লগতে গুণসম্পন্না হয়, তেনে ছোৱালী সকলোৰে আকৰ্ষণ, প্ৰিয়ভাজন আৰু সন্মানৰ পাত্ৰ হয় । আলোচনী বা গ্ৰন্থ এখনো সম্পাদকে সম্পাদনা প্ৰতিভাৰে গুণসম্পন্না ধুনীয়া ছোৱালী এজনীৰ দৰে আকৰ্ষণীয় কৰি তুলিব পাৰে।
শেষত কেৱল মনৰ কথা :
মোক এলানি প্ৰশ্নৰ উত্তৰ দিবলৈ কৈ দৰাচলতে গ্ৰন্থ সম্পাদকে মোৰ প্ৰতি থকা আন্তৰিকতা আৰু শুভকামনা প্ৰকাশ কৰিছে । সেয়ে কৰ্মস্পৃহ 'মানুহ' আৰু মনৰ শুভ্ৰতা ভালপোৱা সম্পাদকক আন্তৰিক ধন্যৱাদ জনাইছোঁ ।
আচলতে, সমাজৰ বাবে, আনৰ বাবে কাম কৰি ভালপোৱা আমিবোৰ কেতিয়াবা বৰ বিদীৰ্ণ হওঁ ।কেতিয়াবা কাৰোবাৰ স্বাৰ্থপৰতা, ক্ৰূৰতা আৰু শঠতাত হঠাতে হেৰাই যায় আমাৰ বাঁহীৰ সুৰ । জোনাক জীপাল পৃথিৱী মৰ আঁউসীত বুৰ যায় । সপোননীড় নিমাওমাও হয় । তেতিয়া অনুভৱ হয়--
সেউজীয়াবোৰ ক্ৰমশঃ আঁতৰি গৈছে / মলঙিছে বাগিছাৰ ফুল / বুকুৰ ওপৰে পাৰ হোৱা অশ্বৰ মিছিলে/ ৰাঙলী কৰে কলিজা আৰু সমস্ত দেহ /
তেতিয়া সকলোকে অনুৰোধ কৰিবৰ মন যায় --
মোক মলঙিবলৈ নিদিবা/ তোমাৰ আঘোণৰ পথাৰত/ মোক স্বৰ্ণাভ হ'বলৈ দিয়া ।
কেতিয়াবা সেয়ে শব্দহীনভাৱে যেন কওঁ -
হৃদয় পিয়লাটো পাতি/ ৰৈ আছোঁ মই / দিয়াছোঁ ভৰাই এপিয়লা মৰম মদিৰা / পান কৰি মতলীয়া হওঁ/ পৰি থাকোঁ নিজানে নিতালে/ আশাৰ কোলাত/ বিভোৰ হওঁ/ জোনাকৰ সপোনত।
এনেদৰে ৰাইজৰ স্নেহ-শুভাশিস বিচৰা মই আজি মোক সোধা প্ৰশ্নসমূহৰ মাজেৰেই যেন জোনাক দেখিছোঁ । আশিসৰ জোনাক । সকলোৰে জীৱনাকাশৰ পৰা ক'লীয়া ডাৱৰবোৰ আঁতৰি যাওক ,নামি আহক কেৱল জোনাক , তাৰ আশা কৰিছোঁ । ধন্যৱাদ ।
■অ: কা: কা: ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে অসম কাব্যকাননৰ সমূহ সদস্যৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে আপোনাৰ জীৱনৰ সৰ্বতোপ্ৰকাৰ মঙ্গল কামনা কৰি আজিলৈ বিদায় মাগিছোঁ।
◆পদুম ৰাজখোৱা: ধন্যবাদ।
-------------------------------------------------------------
কবিতা
বৰষুণৰ দিনৰ বিষাদ
হিতেশ গগৈ
বৰষুণৰ পৰা বাচিবলৈ
আমি লৈ নুফুৰো ছাতি
(আধুনিক মানুহে আমনি পাই ছাতি লৈ ফুৰিবলৈ )
আৰু চিপচিপিয়া বৰষুণত তিতে জুৰুলি-জুপুৰিকৈ
তোমাৰ বুকুতো আছে ৰঙা-নীলা মেঘ
অথচ তুমি নাজানা কিদৰে তিতিব লাগে বৰষুণত
দুখৰ বজাৰ খুলি বহা মানুহে
কান্দিব জানে ধুনীয়াকৈ
দুখ থকা মানুহে ভয় নকৰে বৰষুণলৈ
হৃদয়ৰ ভিতৰত হোৱা বৰষুণত
মই তিতি থাকো অকলে অকলে
ইচ্ছা কৰিলে মই সোমাব পাৰো তোমাৰ ছাতিটোৰ তলত
মই নিতিতিলে তিতিব আন এজন
------------------------------------
কথোপকথন
চন্দন গোস্বামী
দুজোপা গছৰ কথোপকথন
হয়তো গোপনে
মন মগজু
সিৰা উপসিৰা
কোষে কোষে
গজালিৰ
গুণ্
গুণ্
পৃথিৱীত অন্তিম শব্দটো কি হ‘ব কবি
হে অনাদি অনন্ত
এজোপা গছৰ স্বপ্নত
বৰষাৰ অন্তিম টোপাল বৰষুণ মৰুভূমিৰ
আনজোপাৰ
বৰ্ষাৰ প্ৰথম টোপাল বৰষুণ
এজোপাৰ
বসন্তৰ শেষপাহ কুঁহি অথবা ফুল ক‘লি
আনজোপাৰ
পচোৱাৰ খৰ্-মৰণি
এ
এৰাসুঁতি পাৰৰ দুকঠা
আ
জিলিয়ে চিৰ্ - চিৰকৈ
দুজোপাতে
স্মৃতিৰ “জেনেতিক“-ৰসায়ন
পিচত
হয়তো
আৰু বহু কথা
সঁচা - মিছাৰ বাবেই বৃক্ষ অৰ্থৰ
দুৰ্গতি
গতি
শেষত
––––––––––––––
তমসা
নীলাভ সৌৰভ
কাণ দুখন খুলি থৈছিলোঁ গাৰুৰ তলত
তাৰ পাছতো কিহবাৰ মাত শুনি থকা হ'লোঁ
নিহালিৰ পৰা আৰম্ভ কৰি সকলো বস্ত্ৰৰে ঢাকিলোঁ, নিস্তাৰ নাই৷ চিন অচিন কোৰ্হাল
ক'ৰবাত কিবা মৌ-কথা বৰষিছে নেকি নিৰলে শুনিবলৈ পুনৰ কাণখন বিচাৰিলোঁ, হঠাতে একো নুশুনা হৈ পৰিলোঁ
বিচাৰি বিচাৰি হাত দুখন ভাগৰুৱা হৈ পৰিল৷ ছাঁত শুৱাই থ'বলৈ গৈ দেখিলোঁ হাত দুখন নাই৷ বেলাতো কাম কৰি উঠাৰ পাছত তাতে এৰি আহিছোঁ হয়তো
ওলটি যাবলৈ মন গ'ল৷ ক'লৈ? নজনাকৈ ক'লৈকো যাব নোৱাৰি৷ পুৱা গধূলিৰ যোৱা-অহা কৰা বাহনখনত ভৰি দুখন থাকিল চাগে
নাকটোৰে গোন্ধ পাইছোঁ নে নাই তাকে লৈ কিছুদিন ধৰি জগতখন ব্যস্ত৷ অম্লজানৰ মুখা এখনত নাকটো লাগি ৰ'ল হ'বলা
পেট আৰু বুকুৰ অলেখ আমনি৷ বাকচত ভৰাই থলেও কলমলাই ধপধপাই ভুইকঁপৰ দৰে লৰাই লৰাই বাকচটো পেলাই দিয়ে৷ বহুদিন ধৰি ভয় সংশয়ত থকা মগজুয়ে মনে মনে থাকিবলৈ চেষ্টা কৰি কৰি মৌন হৈ গৈছে৷ দিনটোত তিনি চাৰিবাৰ পেটটো বিচাৰি সকিয়নি দিয়ে৷
কি কি নেদেখা হ'লো হিচাপ কৰি আমনি লাগিল৷ কাণ, নাক, ভৰি, হাত নথকা নিজকে চাবলৈকো টান লগা হ'ল
এটা বুধি পালোঁ
চকু মুদি চালোঁ
থকা নথকা একো নেদেখা হ'লোঁ
ভালপালোঁ
মোৰ মনত আছে, তোমাক দেখি একো নেদেখা হওঁতে
উজুটি খাই হ'লেও ভালপাইছিলোঁ যিমান
সিমান
––––––––––––––
স্বাধীনতা
জুবিলী গগৈ
স্বাধীনতা
তোৰ বাবে সিঁচি দিলোঁ
মোৰ পদূলিত
গোলাপী-আঁতৰৰ ৰং
তই আহিবি বুলিয়েই
শুকান নৰাণিয়ে কাটিছে বাট
মুক্ত আকাশত ৰূ-ৰূৱাই
গৈছে উৰি
জপাৰ পাখি
স্বাধীনতা
তোক পাবলৈ
কুকুহাৰ দৰে
উৰিছিলোঁ মই
আঁচলত লৈছিলোঁ বান্ধি
ৰক্তাক্ত শেল
আঁকি লৈছিলোঁ দুচকুত
ৰক্তিমা অঞ্জন
বুকুত আছিল বাজি
দবা-কাঁহৰ
তীক্ষ্ণ নিছিগা টান
স্বাধীনতা
তই আহিবি বুলিয়েই
আজি মই সালংকৃতা
সেউজীয়া কপালিত মোৰ
সেন্দুৰী পোহৰ
দুগালত ৰূপালী জ্যোৎস্না
তোক পাবলৈ
কত যে কৰিলোঁ ত্যাগ
সাহস আৰু শক্তিৰ
সেই তমোময় দিনত
তই আছিলি নিৰুদ্বিগ্ন
পবিত্ৰ দুচকুত আছিল
ধৈৰ্যৰ কৰ্ষণ
আজি চা
তই মোৰ কাষত
তথাপি মনে মনে বান্ধি থৈছোঁ
মই আঁচলত
শাণিত শেল...
–––––––––––––
অব্যক্ত
ৰাকেশধিৰ মেধি
১)
যদিওবা সেন্দূৰৰ পোহৰ
এছোৱা বাট আগবঢ়াই দি ক'লা--
বাকীখিনি যাব পাৰিবানে?
২)
মৈথুনৰত দুপৰীয়াৰ পিছত
তুমি সুধিছিলা--
'মোক ভালপোৱা নে?'
৩)
নিভাঁজ ফল এটা হাতত গুঁজি ক'লা--
আধাকেঁচা!
হ'বনে?
৪)
চুটি চুটিকৈ চুলিখিনি কটাৰ পিছতো
বন-নহৰুৰ ফুলপাহ হাতত লৈয়ে থাকিবানে?
৫)
ডাকোৱালজন যি বাটেৰে আহিছিল
সেই বাটেৰেই কি লৈ উভতি গ'ল?
––––––––––––––
হিতাধিকাৰী
শৰৎ গগৈ
মোৰ ককাৰ অতিৰিক্ত দুখন হাত আছিল ,
মুঠ চাৰিখন ৷
দেউতাৰ হ’লগৈ দুখন
আৰু মোৰ ?
বৰ লাজ লগাকৈ মাত্ৰ এখন ৷
তাৰো পাঁচোটা আঙুলি বন্ধকত গ’ল ৷
লুকুৱাই ৰাখিছোঁ জলৌলৌ এটা
কামিজৰ তলত ৷
মোৰ গাত এতিয়া কিছুমান ভেঁকুৰে চামনি বান্ধিছে ৷
এইয়াও যে কি তীব্ৰ আত্মতৃপ্তি !
আঙুলি নোহোৱা এহতীয়া মানুহৰ ভিৰত
আমি বাৰে বাৰে মুঠি মাৰিব খুজিছোঁ
এটা দুটা সোণৰ মুদ্ৰা ,
বতাহত উপঙি ফুৰা ৷
––––––––––––––
স্বাচ্ছন্দ্য
গাৰ্গী ভূঞা
বাটটো বহল আছিল
যদিও মোৰ ভাববোৰ একেলগে পাৰ হ'ব পৰাকৈ নহয়
ভাববোৰে শাৰী পাতিব নিবিচাৰে
হয়তো নাজানে
কাউণ্টাৰৰ সমুখৰ সেই বিহিত নিয়ম
ময়ো সিহঁতক জোৰ নকৰোঁ
গলত ৰূপালী শৃংখল লগাই
প্ৰভুভক্ত কৰাৰ ইচ্ছা নাই
তহাঁতৰ মাজৰে ঠেলা হেঁচাত কিছু ভাব মৰেও
কিছু আহত হয়
কিছুৱে বাট এৰি অবাট লয়
তথাপিও মই মৌন হৈ চাই থাকোঁ
সিহঁতৰ আদব-কায়দা
মোৰ দৰে সিহঁতবোৰো স্বাধীন
বিমূৰ্ত চেতনাত উৰি থকা
তিনিটা ৰঙৰ দৰে
যি হাঁহিব পাৰে
নাচিব পাৰে
যি সময়ত কৰিব পাৰে মোক বিদ্ৰোহ
সিহঁত স্বাধীন
মোৰ হত্যা কৰিব পৰাকৈ...।
––––––––––––––
শূন্য সহনশীলতাৰ কবিতা
গুনোজীৎ দাস
ঘটি থকা পৰিঘটনাবোৰত
মৰি আহিছে বাটবোৰ
জলকেলিত শৰবিদ্ধ চকুবোৰ
মোনাত লৈ দেশ-দেশান্তৰ ঘুৰি ফুৰিছে
দীঘল দাড়িৰ ভগৱান
নৈ পানীৰ তলেৰে বোৱাই অনা বিপৰীতমুখী ধাৰত খোপনি হেঁৰোৱা জলজীৱন
ভৰ দুপৰীয়া বৰশীৰ টোপ গিলি
পানী আইনাত ভাহি উঠিছে মাছৰ ধেলপোঙা চকুবোৰ
কণা হাঁহক পতান দিয়া দৃশ্যবোৰ শেষত
চিপ লৈ শূন্যত ওলমি আছে এজন কৃষক
এনে উলম্ব বজাৰ ৰেখা প্ৰথম দেখিছোঁ
চকু দুটা নাই বুলি কবলৈ দহে দিন কণা বুলিব হাঁহিব
সেই ভীতিতে সম্প্রতি জী উঠো
আমাৰ ভিতৰত সৰলীকৰণ কৰা আছে এজন বোবা মানুহ
বালিত পোট গৈ থকা মাছবোৰৰ দৰেই
বাৰিষাৰ জলকেলিত যি
ওপৰলৈ উঠি আহিছে
দৃশ্যবোৰক কেমেৰাত বন্দী কৰিবলৈ
আমাৰ ভিতৰৰ বোবা মানুহজন
মিলি গৈছে দিন কণাৰ সমদল এটাত
ৰাতিপুৱা সত্তৰ উৰ্দ্ধৰ বয়সীয়াল মানুহজনে বাতৰি কাকত
চেলেকি চাইছে শূন্য সহনশীলতা পৃথিবীৰ নিমখীয়া বিজ্ঞাপন
-------------------------------------------------------
জলছবি
সীমা গগৈ
এদিন মৰা সুঁতিত জাহ যোৱা নৈখন
এতিয়া ফেনে ফোটোকাৰে বাঢ়ি আহিছে
নৈৰ পানীত উপঙি আহিছে
এখন ভোকাতুৰ চহৰ
মৰি আহিছে ক্রমে চহৰখন
মানুহবোৰ মৃতপ্রায়
অস্থি চৰ্মসাৰ চহৰখনৰ চৌকাত
বহুদিন জুই জ্বলা নাই
ৰক্তহীনতাত ভোগা শিশুবোৰে
মাকৰ বুকুত মুখ গুজি কান্দিছে
জৰাগ্রস্থ বতাহ
বতাহ গধূৰ উশাহ
শইচৰ পথাৰত
কৃষকৰ তেজৰ চেকুৰ
গৰাকীক এৰি পশুবোৰ অলৈ তলৈ দৌৰিছে
এজাক কংকালে ৰাজপথ আগুৰিছেহি
নিদ্রাৰত ৰজাক জগাই কোনে !
––––––––––––––
আত্মা
উত্তম কুমাৰ কলিতা
(১)
মই তেওঁলৈ ৰৈ আছিলোঁ নৈৰ ঘাটত
বাঁহ-কাঠৰ ভষ্মৰ স'তে
মাটিৰ টেকেলিত সোমাই এবছৰ আগতে
এই ঘাটেৰেই ভটিয়াইছিল সাগৰ ধিয়াই
আজি ফুল-তুলসী ছটিয়াই
পিণ্ড - দোনাত থাপি
উটুৱালোঁ
'আত্মা'ৰ মুক্তিৰ কামনাৰ্থে...
(২)
সকলো জীৱাত্মা পৰমাত্মাৰ ৰূপ
হে সময় –
বধ্যভূমি কুৰুক্ষেত্ৰৰ তেজ আৰু ঘামৰ মাজতো
অৰ্জুনক জীৱনৰ তত্ত্ব শিকোৱাৰ দৰেই
আমাকো যদি শিকালাহেঁতেন জীৱনৰ এই অশ্ৰুত পদ্য
মান্ধাতাযুগীয়া বিবৰ্ণ চোলাটো সোলোকাই
অনিন্দ্য সুন্দৰ কৰিলোঁহেঁতেন জীৱন
(৩)
অৱলীলাক্ৰমে –
চাৰিবছৰীয়া ৰেহেনাৰ মুখত আখৈ ফুটাদি ফুটে
গীতাৰ শ্লোক
সাতবছৰীয়া হৰিধনৰ কণ্ঠত কোৰান শ্বৰীফৰ বাণী
মৃত্যু আৰু জন্মৰ আলিদোমোজাত হেৰায় অবিনশ্বৰ আত্মা
(৪)
অৰ্থনীতিৰ ছাত্ৰ মই
চৌদিশে শুনো জনবিস্ফোৰণে কোঙা কৰা আত্মাৰ কোৰ্হাল
ছোমালিয়া, শুক্ৰেশ্বৰ পদপথৰ বুভুক্ষু আত্মাৰ চিৎকাৰ
ভৰ দুপৰীয়া জীৱনৰ বেলি হেৰোৱা নাৰীৰ আত্মাৰ উচুপনি
প্ৰতিপদে শ্লীলতা খৰ্ব হোৱা
আত্মাৰ কৰুণ বিননি
(৫)
আত্মা মাথোঁ বিশ্বাসৰ ইন্দ্ৰজাল।
––––––––––––––
বাঁকৰ কথা
স্বপ্নালী কলিতা
দিন-দুপৰতে বাঁক ওলাইছে ।
কোৰোকানী পথাৰৰ দ হোলাটোত
মানুহৰ জুমটো বোকাৰে লুটুৰি-পুটুৰি হৈছে ।
দ'ৰাদ'ৰিত মাইলৰ পোষ্টটোত খুন্দা খাই
নাক-ডেওনা তামোল যেন হৈ কোন জানো পৰি আছে !
(কাৰ সময় চাবলে'!)
বাঁকে বগাইৰ জালৰ
গোট গোট পুঠি বোৰ
মুখত গোটে গোটে ভৰাইছে হেৰ' !
পিঠিত বোলে পোৱালী এটাও !
জুমটোৰ মাজত ভুন্ভুননি উঠিছে--
এই তই আগত যা !
তই যা ! তই যা !
এফালৰ পৰা জালবোৰ ফালি
মাছবোৰ খাই গৈছে বাঁকে।
গোটাচেৰেক পোৱালীলৈও দলিয়াইছে ।
পানীৰ উজানত মানুহমখাৰ
থাউনি হেৰাইছে ।
ভয়ত কোনোৰ চুৰিয়া তিতিছে ।
খেনোৰ পানী গামোছা ।
মানুহবোৰৰ জুমৰ ফালে হঠাৎ
বাঁকেচোন চোঁচা লৈছে !
ফৰিং চিটিকা দিয়া মানুহলৈ
কেৰেপ নকৰি মোনাটো জোকাৰি
বাঁকে খোজ দিছে জপং জপং।
******
মনোহৰ অমায়িক বুলি
অঞ্চলটোতে নাম এটা আছে ।
সিদিনা মানুহজনী
বাৰীৰ আমজোপাতে...
কুৰিদিন আগতে ল'ৰাটো হাগনিয়ে ল'লে ।
পুৰুষত্বত দাগৰ বাবে নহয়!
পিঠিৰ পোৱালীটোৰ বাবে সি
বাঁক হ'ল।
দিন-ৰাতি চেদ-ভেদ নোহোৱা বাঁক ।
আভুৱা-ভঁৰাৰ কিটিপ তাৰ বাবে সহজ হ'ল ।
জীৱলৈ নহয় !
জীয়াবলৈও লাগে এখন
চলনাৰ পৃথিৱী ।
––––––––––––––
আহাৰৰ এদিন
মনালিছা শইকীয়া
এটা
বৃষ্টিপাগল দিনৰ
মৌসনা স্মৃতিৰ গন্ধ
খোলা দুৱাৰখনেদি
হঠাৎ সোমাই যাওঁতে
চিঞৰি উঠিছিলা সিদিনা
মল্লিকা! তুমি গোটেই তিতিলা
আহাৰৰ
বিষাদে বৰষুণে
তুমি মাথো কালিদাস
নাটঘৰৰ এৰাপৰলীয়া সাধুবোৰ
প্ৰেম আৰু প্ৰতিজ্ঞাৰ অন্তহীন চুমাবোৰ
তোমাৰ বাৰু মনত পৰেনে কেতিয়াবা
পৰেনে মনত
আহাৰৰ বিষাদ বৰষুণত
জুৰুলি হোৱা কালিদাসলৈ
মইযে
আজিও তিতি আছোঁ
আহাৰৰ সেইজাক বৰষুণত
ফুলি আছোঁ আজিও
এপাহ হালধীয়া বেলিফুলহৈ
––––––––––––––
ম্যাদী কবৰ
ৰিপুঞ্জয় বৰুৱা ঋমন
মূৰৰ ওপৰেদি এজাক শগুণ উৰিছে
কেইজনমান নেতাই এজন মানুহক হত্যা কৰিছে
এজন মানুহ মৰিছে
মুখেৰে ফেন ওলাই থকা মৃতদেহটো
আলুৰ বস্তাত ভৰাই গৃহস্থক গতাই দিয়া হৈছে !
মৃতদেহটো কান্ধত তুলি
মৰা নৈৰ পাৰত দুজনমান মৰণশীল মানুহ গোট খাইছে,
মৃতকক পুনৰ কাঠৰ বাকচত বন্দী কৰিবলৈ ।
অশীতিপৰ তিৰোভাৱত
কঁপি নুঠে বস্তিৰ মানুহ
নাথাকে বন্ধ বিশ্ব-সাম্ৰাজ্য
নকৰে শোক বিৰতি
নহয় আন্দোলন
নজ্বলে মমবাতি !
ইয়াত ফাটকিয়াল্ মৰিলে কন্দা নাযায়
কাৰাৰুদ্ধ মানে সমাজৰ বিপজ্জনক ব্যক্তি
কয়দী মানেই আমি ভাবোঁ চোৰ ডকাইত হত্যাকাৰী !
আমিতো নহওঁ জে'লৰ কয়দী ।
সচাঁৰ সপক্ষে মাত মাতিলে চৰকাৰৰ আপত্তি
ৰাষ্ট্ৰৰ বিপৰীতে গ'লে দেশদ্ৰোহী
ভালেই হৈছে মৰক দিয়া
এক দশমিক ঊন্চল্লিশ্ বিলিয়ন জনসাধাৰণৰ দেশ
এজন মানুহ মৰিলে কাৰ কি আহে যায় !
আমাৰো দিন আহিছে !
আজি এজন মানুহ মৰিছে
কাইলৈ এজন মানুহ আকৌ মৰিব
এনেকৈ সমাজ সংস্কাৰক আগতেও মৰিছে আগলৈও মৰিব ।
ন্যায়ালয়ে আদেশ দিব চৰকাৰে কৰিব
সহজ কথাবোৰ বুজিবলৈ গৰল
মৰণশীল মানুহ অথবা মানুহ মৰণশীল
মুঠৰ ওপৰত মৃত্যু মনোৰঞ্জন ! কথাবোৰ মননশীল।
চেনেলত চাম বাতৰিত পঢ়িম
চচিয়েল মেডিয়াত চকুপানী টুকি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম ।
সকলো জানিও হাত সাবটি বহি থাকিম
যেন সাধু সাধু সাধু খাই কঠালৰ বাদু
ৰণুৱা বনুৱা হালোৱা
এইবোৰ তৃতীয় বিশ্বৰ বিতৰ্কিত কথা
মানুহজনৰ ঘৰ-দুৱাৰ বুলি নিজাকৈ একো নাছিল
এতিয়া বস্তিবাসীয়ে কবৰস্থানত দান কৰিছে,
তেওঁৰ নামত নিজাকৈ এটি ম্যাদী কবৰ ।
পিঠিলৈ দলিয়াই পকা দলিচপৰা
সম্ভোগৰ পৰা সমাধিলৈ পানীভাগ বেছি বগা
চিলাই চিগা কলিজা এই সময় লুঙলুঙীয়া ।
––––––––––––––
বৰষাৰ ডাকোৱাল
অৰ্চনা ঠাকুৰীয়া
ন-ভূঁইলৈ এইবাৰ ময়ো যাম
বোকা পানীয়ে সমস্বৰে গোৱা গানত ডুবিম আঠুলৈকে
তোৰ দৰে মোৰো আছে এটি পথৰুৱা দেহা।
অলপীয়া বতাহতে কঁপি উঠা সাঁকোখন
যিখন পাৰ হ’লেই পোৱা যায় প্ৰাচীন উৰ্বৰা সেমেকা মাটিৰ গোন্ধ
এই মাটিডৰাই শস্য আৰু সম্ভাৱনাৰ স্থায়ী ঠিকনা
শাওণৰ পথাৰখন নেদেখাকৈ হৃদয়ৰ অনুভৱবোৰ যদিওবা নিগৰাবলৈ টান
তথাপি আন্দোলিত আকাশে সোঁৱৰায়
পৃথিৱী গাভৰু হোৱাৰ স্বঘোষিত দুৰন্ত গান
ঈশ্বৰৰ আকাশৰ পৰা বৰষুণ নামে
সিঁচি দিয়ে অনিৰ্বাণ বীৰ্য
ঘাম, চকুপানী আৰু বৰষুণৰ সংমিশ্ৰণত
প্ৰসবিত হয় এমুঠি সেউজীয়া
ন ভূঁইলৈ এইবাৰ ময়ো যাম
পাৰিলে তয়ো মোৰ সতে ওলাবি
কাঁচিখন ভালকৈ শান দি থ'বলৈ পিতাইক কৈছোঁ
উৱঁলি যোৱা ভঁৰালটোও এইবাৰ ভালকৈ লেপিব লাগিব
মহাজনৰ বছৰেকীয়া ঋণ পৰিশোধ কৰিব পাৰিলে
ভনীলৈও ৰিহা এখন কিনিম
জোনাকৰ বাতৰি লৈ
বৰষাৰ ডাকোৱালজন আহিছে
কঢ়িয়াই আনিছে ৰুণুক জুনুক
অলেখ প্ৰতিশ্ৰুতি
––––––––––––––
খেতিয়ক
কেশৱ চাউ
কপালত সূৰ্যক আঁকি সোণসেৰীয়া মাটিত
খেতিয়কবোৰে সপোন ৰচে
অৱসৰবিহীন মন এটাই পথাৰৰ বিশালতাক আৱৰি ধৰে।
খেতিয়কে জানে---
পথাৰেই সৌন্দৰ্যৰ অটল পাত্ৰ
মাটিয়ে বুজে----
খেতিয়কৰ দুখ,যন্ত্ৰণাৰ লেখহীন স্বপ্ন।
খেতিয়কৰ উশাহত দীঘল হৈ পৰে দিন
আমি ক্লান্ত মনৰ অনুগামী
জী উঠোঁ প্ৰতিদিনে ইচ্ছাৰ ফোঁট পিন্ধি।
যদি খেতিয়কক সুধা যায়----
সোণালী শইচৰ স্বাদ তিতা হয় নে মিঠা
খেতিয়কে ক'ব--
মাটি মোহৰ হেজাৰ কথা
অথচ সোণালী শইচৰ স্বাদ সত্যৰ দৰে মিঠা।
––––––––––––––
স্বাভিমান
বিভা দেৱী
কাঠগড়াত থিয় হোৱা গীতাখনৰ
হঠাৎ কৃষ্ণ লৈ মনত পৰিল
এটা সময় আছিল:
মই জোনাক আছিলোঁ
কাঠগড়াটোত স্বাভিমান শুইছিল
আজি
সত্য আছিল
কিন্তু মই নাছিলোঁ
------------------------------------
আজি মই আপোনাৰ কবিতা পঢ়িম
ড°ৰমেশ কুমাৰ কাকতি
আজি মই আপোনাৰ
কবিতা পঢ়িম,
আপোনাৰ শব্দৰ অনুভৱত
এবাৰ সাঁতুৰিম৷
আপোনাৰ শব্দৰ মাজত
নিজকে এবাৰ বিচাৰিম,
শব্দত সিক্ত হৃদয়খন
এবাৰ পখালিম৷
কবিতা হেনো অনুভৱৰ
মুক্ত প্ৰকাশ,
কবিয়ে নিজৰে কৰে
কাব্যিকতাৰ বিকাশ ৷
প্ৰকাশে মনৰ কথা
আনে নুবুজাকৈ,
শব্দত দুখবোৰ উটুৱাই
নয়ন ভৰাবলৈ ৷
কবিতাতে নিমজ্জিত মন
ফুলাই পাৰিজাত,
হৃদয়ে হৃদয় জিনে
ইটো-সিটোত মগ্নতাত ৷
আপোনাৰ কবিতাত বিচাৰিম
আত্মাৰ আহ্বান,
মলয়া এচাটি বোৱাই
ভাঙিম অভিমান ৷
কবিতা মোৰ আজন্ম সাধনা
সেয়ে আজি কবিতা পঢ়িম,
আপোনাৰ কবিতাৰ মাজত
নিজক বিচাৰিম ৷
––––––––––––––
কবিতা
দেৱ দাস
কোনোবা ৰাতিৰ
বাঢ়নী পানীৰ খলকনি
তাতেইনে
শাওণৰ কবিতা
আবদ্ধ
সোনালী সূৰ্যই
মায়ালগাই সুমথিৰা ৰহন
তাতেইনে সেই
মায়াসনা ৰাতিটো
নিজৰ নিজৰ যেন
কোনোবা গৰাখহনীয়া পৰত
জোনাক থেকেচি থেকেচি
নে তাতেই
প্ৰেমৰ আচ'ল উপচাই
কোনোবা নিষিদ্ধ পৰ
ভাগৰত ৰাতিটোৱে জিৰাইছে
––––––––––––––
আজি মই বোবা
ড০ কমল চন্দ্ৰ নাথ
আজি মই বোবা--
সকলো ফালেই নিৰুপায় বাকৰুদ্ধ , কণ্ঠৰুদ্ধ শ্বাসৰুদ্ধ
হাত দুখন বান্ধ খাই পৰিল
নিজৰ বাবেই আজি
অন্ধও মই , বোবাও
নুশুনাও হৈছোঁ
গোন্ধ নেপাও
নহয় কোনো চৰ্ম স্পৰ্শ , নাপাওঁ কোনো স্বাদ
নোবোকা চামোন হ'বলৈ মই যে বাধ্য ,
কাৰণ মই আজি
অন্ধও হৈছোঁ , বোবাও
আজিৰ সময় যান্ত্ৰিকতাৰ প্ৰযুক্তিবিদ্যাৰ
অবুজক বুজোৱা আৰু ধেৰুৱা ঠাৰিক সিজোৱা
আকাৰ্য আৰু জ্ঞানী মূৰ্খৰ কোনো পাৰ্থক্যই যে নাই
চৌপাশে ওলমিছে আজি ধুসৰিত পৃষ্ঠাবোৰ
কোলাহল , আৰ্তনাদ
নাই নিয়ন্ত্ৰণ
মাথো
পূৱা গধূলি অবাধ মুক্ত বিচৰণ
সেয়ে আজি নিজেই জ্বলি-পুৰি অদ্ধ গলিত এটি কুটিল আত্মা মই ।
––––––––––––––
চকু মেলাহে যশোধৰা
ৰাজীৱ দত্ত
চকু মেলাহে যশোধৰা উভতি আহিছো
মই তোমাৰ প্ৰিয়তম সিদ্ধাৰ্থ ৷
যি বাটে মই গৈছিলোঁ আৰণ্যক অতিথিহৈ
সেই বাটেৰে পুণৰ উভতিছোঁ
তোমাৰ সমীপলৈ৷
চকু মেলা যশোধৰা উভতি আহিছো
মই তোমাৰ বুকুৰ শান্তিয়ণিলৈ৷
নুবুজিবা ভুল মোক
হয়তো ভুলৰ হুলেৰে শতবিদ্ধ মোৰ
দগ্ধ হৃদয় ৷
কি এক অজান আশংকাত ত্ৰস্ত মোৰ মন
চকু মেলা যশোধৰা উভতি আছো
মই হৃদয়ৰ বাকৰিলৈ ৷
কিন্তু মই ?
এতিয়াটো নহয়
তোমাৰ প্ৰিয়তম সিদ্ধাৰ্থ৷
জৰা মৃত্যু ৰোগ ভয়ৰ পৰা মুক্ত
মই ভগৱান বুদ্ধ !
তোমাৰ সমীপত থাকিলেও মই নহয় অকল তোমাৰ
মোৰ জীৱন এতিয়া উৎসৰ্গিত সমগ্ৰ
মানৱ সমাজৰ বাবে ৷
পাৰ্থিৱ মায়া মমতাৰ পৰা মই বহু দুৰত
চকু মেলা যশোধৰা এৰা অভিমান
মই তোমাৰ প্ৰিয়তম ৷
কত আঙ্গুলিমাল কত পটাচাৰা
মোৰ বাণীতে হয় সমাহিত৷
যি বাটেৰে মানুহৰ আগমন প্ৰস্থান
এই মৰ্ত্ত্যভূমিলৈ
মই সেই যাত্ৰাৰ কৰিছোঁ পৰ্যবেক্ষণ৷
জানো যশোধৰা
হয়তো ক’বা তুমি মোক
কৰা বুলি পলায়ন সংসাৰৰ পৰা৷
তথাপি মই নিৰুপায়!
মানুহৰ মুক্তিৰ বাবে মোৰ এই আয়োজন
ক’লেও কৱ পাৰা পলায়ন
নকৰো আপত্তি অকনো ৷
মাত্ৰ এবাৰ
এবাৰ চকু মেলি চোৱা
আহিছো মই তোমাৰ প্ৰিয়তম বুদ্ধ৷
নহয় নহয় সিদ্ধাৰ্থ
চকু মেলাহে প্ৰিয়তমা মোৰ যশোধৰা ৷
––––––––––––––---------------------------
এটা ঘৰচিৰিকাই
দেৱৰাজ মিলি
এনেকৈয়ে এটা ঘৰচিৰিকাই
বাহ বান্ধে এটা প্ৰাচীন মূধচত
এখন চিনাকি চোতালত
জাৰে-জহে
দিনে-ৰাতিয়ে
ঘৰচিৰিকা অ’ ঘৰচিৰিকা
ঠোঁটিয়াই আনিছা কি
আনিছানে সেই গৰখীয়া সপোন
খেৰ-কুটাৰ সমান যি
মাটিলগা পাখিলগা
বুকুভৰা বুকুভঙা
মাটিভাষা মাতকথা
মটীয়া ঠোঁটত
ঠোঁটিয়াই আনিছা কাৰ কি
ৰঙৰ দাপোণ
আমাৰ ফাগুন
চকুৰ পচাৰতে আকৌ
আঠত্ৰিছটা ঘৰচিৰিকা
অগা-ডেৱা
খেৰ-কুটা
খেৰ-কুটা
––––––––––––––
সুলভ সাম্প্ৰতিক
মেঘালী বৰুৱা শইকীয়া
সুলভ মূল্যত মৃত্যুৰ সৈতে দৰদাম কৰি
ভাগৰি পৰিছে আশাৰ চকুবোৰ
দিনটোত বহুবাৰ ঔম শান্তি বুলি
বিদায় দিছো চিনাকি মানুহবোৰ
দুখৰ বোজাই কামিহাড় ভাঙিলেও
জীয়াই থকাৰ তাড়নাই
ভাগৰি পৰা শৰীৰবোৰৰ পৰা
এপদ এপদকৈ এৰুৱাই থাকে
শোকৰ পোছাক
স্মৃতিবোৰ ক'ৰাল মাৰি ৰৈ যায় বুকুৰ ভিতৰত
ৰুদ্ধ দুৱাৰৰ সিপাৰে
উশাহ লোৱাৰ কচৰৎ কৰি কৰি
জীৱনে জুমি থাকে ফৰকাল আকাশৰ ৰং
কি বিচ্যুতিত উৰি থকা চৰাই অথবা সেউজীয়াব অমল সম্ভাৰৰ পৰা নিলগিছে জীৱন।
হাতৰ আঙুলিৰ পাবত মাথো অন্তহীন হিচাপ
সময়ৰ স'তে অলিখিত দলিলত
চুক্তিৱদ্ধ জীৱন !
––––––––––––––
অসংলগ্ন
সঞ্চিতা বৰা
পৰুৱা এটাই এদিন পৰুৱা এটাক লগ পালে
এটাই আনটোক ক'লে
খোৱাৰ চিন্তাইতো জীৱন নহয়
মিঠাৰ লডাটোৱেইতো আবেগ নহয়
ব'লা আন কিবা এটা ভাবো
পুৰণি কাঠৰ ঘৰটো এৰোঁ বুলি এৰিব নোৱাৰিলেও
ঘূনগুৰিৰ জীৱনটোৰ পৰা
ব্ৰেক এটাওতো লাগে
ব'লা ৰিক্সা এখনত উঠি
পিতপিত কৰোঁ মহানগৰৰ
অলিগলি
সুমথিৰা পাহাৰটো কুটি কুটি খহাম বুলি
ভাবিবওতো পাৰোঁ
(হাঃ হাঃ হাঃ)
এৰাতো!
চুমা এটাৰ ৰস
চুমা এটাৰ নিচা
চুমা এটাৰ স্মৃতি
ব'লা এনে কিবা এটাতে মছগুল হৈ
হাত ধৰি পাৰ হওঁ
জেব্ৰা ক্ৰচিং
( যদিও ইজনে সিজনক লগ পোৱা নাছিলো আগতে) ।
––––––––––––––
কদম তলে কৃষ্ণ নাচে
ড০ মঞ্জু হালৈ
ইছমাইল খুৰা,যোচেফ আংকল,
ইজ্জত সিং ককাইদেউ,আৰু মোৰ মৰমৰ ককা
তোমালোকেতো কৈছিলা,ঈশ্বৰ আল্লা একেজন
গড অথবা গুৰু নাই কোনো ভিন পৰ।
ইছমাইল খুৰা
তোমাৰ আল্লা বোলে সৰ্বশক্তিমান
মজ্জিদৰ পৰাই সকলোকে দেখে,সকলোকে লেখে
মমিনক ৰহম কৰে বাবে - তেওঁ ৰহমান
কাফেৰৰ বেহেষ্টৰ গতি,তেৱেঁই হেনো ৰুদ্ধ কৰে,নকৰে ক্ষমা দান।
সুধিবা চোন তেওঁক,তেন্তে কিয় সৃষ্টি হয়,কেনেকৈ বিস্ফোৰিত হয়, হাত বোমা,খেন বোমা মানৱ বোমা –য'তে-ত'তে সকলোতে!
মন্দিৰ, মজ্জিদ, দৰগাহ ময়দানো নপৰে যে বাদ।
কিয় উটি যায় হাজাৰ-বিজাৰ মানুহ সাগৰৰ চুনামিত,আনকি নামাজৰ সময়তে!
আৰু সুধিবা,একেই মুছলমানৰ মাজত কোনে কৰিলে বিভিন্ন ফৈদৰ সৃষ্টি!এতিয়া যে ভায়ে ভায়ে মৰে যুঁজি,
কিয় দেখা নাই তেওঁ শোণিতৰ বৃষ্টি!
যোচেফ আংকল আৰু ককাইদেউ ইজ্জত সিং,তোমালোকৰ ইষ্টদেৱসকলেও নিজৰ নিজৰ স্থান এৰি
নাহে নেকি ওলাই, মাজে মধ্যেও?
আহে যদি কিয় দেখা নাই,তেওঁলোকৰ সন্তানে যে মৰিছে হাবু-দুবু খাই--
কিয় নেদেখে বুকুৰ আগমঙহ পোৰা,
নুশুনে কিয় ৰূ ৰূ যন্ত্ৰণাৰ চিঞৰ–
আমাক বন্দুক নালাগে–দেহৰ পৰা কলিজা ওফৰোৱা,
আৰু নালাগে বোমা–তুলবুলীয়া দুচকুৰ সপোন চূৰমাৰ কৰা,
নবৌৰ কপালত তেজ গোট মাৰি কৰাল বন্ধা ধৱল নদী।
আৰু মোৰ মৰমৰ ককা,কৃষ্ণাই কলীয়া
তুমিতো বলীয়া হৰি গুণ গাই,-'কদম তলে কৃষ্ণ নাচে'---
ককা অ'
তোমাৰ ভগৱানতো সৰ্বত্ৰবিৰাজমান,আনকি প্ৰহ্লাদৰ স্ফটিকৰ স্তম্ভতো,
"তেওঁৰ দৃষ্টিত সকলো সমান,তেওঁৰ সৃষ্টিত সকলো মহান ,কি গিৰি উপকূল তেওঁৰ দৃষ্টিত সমতুল"–
তেন্তে কিয় তেওঁ সৃষ্টি কৰিলে খকুৱা অনেক - গড্ডালিকা বেশ,
বেৰৰ জোলোঙাতে লুকায় ধন,পৰ্বত প্ৰমাণ–খাটি খোৱা মানুহৰ তেজ!
সুধিবাচোন, নুশুনে কিয় তেওঁ নৈতিকতাৰ কলিজা ভঙাৰ মৰ মৰ শব্দ,
বুভুক্ষুৰ পেটৰ গেঙনি,বন্যাৰ্তৰ জীৱৰ আত্রাণি,,,
নেদেখে কিয় তেওঁ দুখীয়াৰ দুখ,ভেটি মাটি উটি যোৱা,
ৰুধিৰৰ নিজৰা হৃদয় ফাটি বোৱা,মৰ্মস্তুদ দৃশ্য কৰুণ
কমলা কুঁৱৰীৰ ডিঙিলৈকে আঠাউনি পানী
নে তেওঁৰ মন্দিৰৰ পৰা বহুদূৰ টিহু- পাঠশালা গোৱালপাৰা কিম্বা ধেমাজি- লক্ষীমপুৰ।
–––––––––––––
জেতুকাবুলীয়া চৰাইজনী
হিমাক্ষী বৰা
হয় ! সেই জেতুকাবুলীয়া চৰাইজনী...
কুঁহিপাত পিছল গাৰ বৰণ,
হেঙুলীয়া ঠোঁটৰ আঁৰত
কতনা সুৱদি মাত ...!
ওহোঁ...!
নাহে তাই ...
একেবাৰেই নহা হ'ল আজিকালি
জেতুকাবুলীয়া প্ৰাজ্ঞ চৰাইজনী |
কাণিমুনি পৰত তেতিয়া
নিতৌ আহিছিল...
প্ৰচণ্ড ধুমুহা, দোপালপিটা
বৰষুণকো নেওচি
খন্তেক বহিছিল
চোতাল চানি থকা
গছজোপাৰ হেলনীয়া ডালত...৷
মূৰত তাইৰ আন্ধাৰ আকাশ
জেতুকাবুলীয়া ডেউকা কোবাই
অহাৰ জাননী দিয়াটো
আছিল যেন প্ৰাত্যহিক ...!
আন্ধাৰ ফালি জুৰিছিল
অনুৰাগৰ সুললিত ৰাগ...
দেখুৱাইছিল...
আন্ধাৰৰ বুকু ফালি
সপোন বোটলাৰ
জোনাকী বাট ৷
নহা হ'ল আজিকালি
সঁচাকৈয়ে নহা হ'ল তাই
গ'লগৈ নিগাজী ঠিকনালৈ
পোহৰৰ আঙুলিত ধৰি
জোনাকৰ সুচল বাট বুলি।
গছজোপা ...
ডালটো...
তেনেকৈয়ে আছে
একে ঠাইতে
আগৰদৰেই... |
গছ...
বৰ আচৰিত !
ঠিকনা নসলায় গছে ,
নাঢাকে নিজকে গছে |
এতিয়া মাথোন সাঁজ লাগিলেই
এচোতাল নিস্তব্ধ আন্ধাৰ সাৱটি
নিঃশব্দে উচুপে সদায়
দেহি ঐ...!
কেনেকৈনো বুজাওঁ তোক !
পোহৰৰ আঙুলি এৰি কোনো
আন্ধাৰলৈ নাহে যে দুনাই...!
––––––––––––––
অপেক্ষা
ভূমিকা দাস
নোহোৱা নোপজা কথাবোৰ
নভবা নিচিন্তা মৰ্মান্তিক বেদনাবোৰ
প্ৰাত্যহিক জীৱনৰ সংগী হ'ল
হদয়ৰ বলুকাত আকুলতাৰে সনা
আশাৰ কঠিয়াডৰাত বিষাদে সানিলে
তেজৰ বোল
যন্ত্রণাত হাবাথুৰি খোৱা অবাক উকিটো
অহৰহ বাজি থাকিল
আন্ধাৰৰ কোলাহলত
চাৰিওফালে মৃত্যুৰ কিৰিলি...!
বন্ধ কৰি দিব খোঁজে উশাহ
চিনাকি দিনবোৰ এতিয়া অচিনাকি হ'ল
ফুল হৈ সৰা বৰষুণৰ টোপালবোৰ নেদেখাৰো যে বহুত দিন হ'ল...
ওভতনি বাটেৰে গৈ প্ৰায়ে নষ্টালজিক হৈ পৰোঁ
সোঁৱৰণিৰ নৈখনত ডুব মাৰি চাওঁ
অশান্ত ঢৌবোৰে বাৰে বাৰে খুন্দা মাৰে
বৰ্তমানটো সোঁৱৰণিতকৈও যে ভয়াবহ
শিৰাই শিৰাই এতিয়াহে অনুভব কৰিলোঁ...
বাৰিষাৰ বৰষুণেও মন জীপাল কৰিব পৰা নাই
বকুলৰ গোন্ধ যে কতদিন ল'বলৈ পোৱা নাই
সেউজীয়া আলোকেৰে হৃদয় জুৰাবলৈ!
হে সময়
অপেক্ষা আৰু কিমান দিনলৈ !
––––––––––––––
মৃত মানুহ
অঞ্জনা শইকীয়া
নাভাবো বুলি ভাবিলেই
কথাবোৰ বেছিকৈ ভাবিব ল'গা হয় !
পাহৰি যাওঁ বুলি ভাবিলেই
বেছিকৈ মনত পৰে!
নৈখনে কিয় বাৰু পথাৰবোৰক
এৰিথৈ গ'ল !
পাহাৰবোৰ কিয় গাঁওবোৰতকৈ ওখ হ'ল !
আৰু হাজাৰ প্ৰশ্ন
উত্তৰ নাই !
যদি উশাহতেই জীয়াই থাকিব পাৰিলোঁহেতেন
সৰাপাতবোৰ গছৰ ডালতেই থাকিলহেতেন!
এতিয়া জীৱন আৰু মৃত্যুৰ
একেটাই ঠিকনা !
পাৰ্থক্য মাথোঁ এটাই –
এটা বগা কাপোৰৰ তলত
এটা ৰঙীন কাপোৰৰ তলত !
––––––––––––––
গৰুহাল
অঞ্জনা বৰুৱা
বেয়া নেপাবি অ' ৰঙাই ,বগাই
চকুলো টুকিছো উৰাইঘূৰাই
নিবোকাচামোন তহঁত
যুঁৱলীৰ ভৰত বিতত
চাওঁতে চাওঁতে বুঢ়াই হ'লি,
কতনো বৰষা পিঠিত লৈয়ে পাৰ কৰিলি
আহাৰৰ মাটিত হাল বালি, মৈয়ালি,
ঘূৰি ঘূৰি কত মৰণা মাৰিলি।
তহঁত মোৰ বুকুৰ বান্ধ
সবল ডেকা বয়সৰ সবল কান্ধ
তহঁতৰ আপাহতে কিমান ৰুলোঁ
শাওণৰ পথাৰত বনগীত জুৰিলোঁ
এই দেহ, এই পেট , এই পৰিয়াল
নিদিলি এদিনো ,এপষেক আকাল
আজি তহঁতৰ বিদায়ৰ পাল।
মোৰ বুকুভঙা দুখ নেদেখে কোনেও
ট্ৰেক্টৰ, পাৱাৰটিলাৰ পথাৰত চেও
যেন খৰ ৰান্ধনী, খৰ বাঢ়নি,
পথাৰভৰা আহাৰ শাওঁনৰ পানী।
পোৰ মগজু মোতকৈ দহগুণ ভাল
মই হে বুঢ়া এতিয়া যত আহুকাল
মোৰ দৰেই তহঁতো ঘৰৰ বোজা
সময়ৰ সোঁতত সিহঁত ৰজা
হয়তো কথাকামবোৰ সহজ পথৰ
নহয় তাহানিৰ হাড়ভঙা পৰিশ্ৰমৰ,
তহঁতেও ওফোন্দ এৰি বুজি পা"
সপ্তাহৰ বজাৰলৈ দুখোজ আগবঢ়া
ময়ো এতিয়া নিমাতে ৰম
হয়তো ময়ো বৃদ্ধাশ্ৰমলৈ খোজ ল’ম,
অশ্ৰু মোহাৰি স্মৃতি সাৱটি
গুণগুণাই শাওণৰ গীতকে গাম।
––––––––––––––
আজিও প্ৰজ্জ্বলিত
ছানিয়াৰা ইয়াচমিন
জাৰ্মানী লতাবোৰৰ আঁৰ লৈ
খিৰিকীৰে সোমাই আহিছে ডালিমী বতাহ
নাতি দূৰৈত পাহাৰৰ বুকুত ঢৌ ঢৌ সেউজীয়া ...যেন সৰগীয় পথ একোটা ,
নৈসৰ্গিক দৃশ্যটোৱে মোক বৰকৈ টানিছে ।
তেজাল দানাৰে ভৰ্তি ডালিমৰ দৰে মোৰ হৃদয়ৰ ভিতৰখন জিলিকি উঠিছে
পূৱৰ আকাশত এটি জোনৰ জন্ম হৈছে ।
এদিন এই জোন আছিল মোৰ হাতৰ মুঠিত আৰু
খিৰিকীৰ সিপাৰে প্ৰেমত মত্ত এচাটি বতাহ আছিল
––––––––––––––
কলং নৈৰ বিষাদ গাথা
দীপাংকৰ ভূঞা
এক পুৰাতনীয় সম্বন্ধ
তেওঁৰে...
শৰীৰৰ অংগে অংগে,
মৰমৰ উমে উমে,
কলিজাৰ কুঁহে কুঁহে !
উঠন বুকুৰ লাজুকী পৰশে....
চুমি যায় দেহাটি
শৈশৱৰ কৈশোৰৰ যৌৱনৰ
এখন জীৱন্ত জীয়া দলিল !
নিবিড়ৰ পৰা নিবিড়তালৈ
গভীৰৰ পৰা গভীৰতালৈ
নীৰৱে নিৰবধি ধাৰা হৈ বৈ থাকে !
বৰষাৰ বুকুত, এবুকু উৰ্বৰক
চতিয়াই চাপৰিত...
উমাল পৰশত, পোখা মেলে বীজে
পাতে সেউজীয়াৰ মেল !
পাৰে পাৰে ঘাটে ঘাটে...
তোমাৰেই সাক্ষাতে
ৰচনা হয় কত প্ৰেমৰ ৰচনা!
এতিয়া যে...
সেই ৰামো নাই সেই অযোধ্যাও নাই
শেতেলীত শেলুৱৈ লৈ
সৰ্বস্ব হেৰুৱাই মাদকতা শূন্য গাভৰু হৈ
বক্ষস্থলত দুৰ্গন্ধ বৈ
বুকুত শিল বান্ধি লৈ
বঞ্চিত লুণ্ঠিত নিষ্পেষিত হৈ
তুমি এতিয়াও বৈয়ে আছা
তুমি এতিয়াও জীয়াই আছা
নাই সেই গান
নাই সেই প্ৰাণ
নাই সেই যৌৱন !
শুনিবনে কোনোবাই তোমাৰ এই বেদনা বিধৌত কাহিনী...
কোনোবা প্ৰজাঘৰীয়াই...
কোনোবা ৰজাঘৰীয়াই...!
----------------------------------------------------
কলং
ৰূপমজ্যোতি কলিতা
কলংখন উজায়
ভটিয়নী বেলিটিৰ ৰাঙলী বুকুত
খৰ মাৰি,
এবুকু জাজী, এবুকু পুঠি ডঁৰিকনা সাবটি
মোৰ আপোন কলং উজায় নিৰৱে,নিতালে...
ধীৰে ধীৰে আন্ধাৰ নামে আৰু
আলিঙ্গন কৰে কলং সহিতে সমুদায় পৃথিৱী
আন্ধাৰক সাৱটি জিলিকি পৰে
জোনাকী পৰুৱা,
আন্ধাৰক চুমি মতলীয়া হয়
ফেঁচা,বাদুলি
সিপাৰৰ শিয়াল
পাহাৰৰ সিপাৰৰ পৰা ৰিণি ৰিণি
ভাহি আহে বাঁহীৰ কৰুণ সুৰ…
শীতল বতাহজাক হুৰ মাৰি পাৰ হৈ যায় কোলাহল কৰি,
অলস হয় জননী
নিস্তব্ধতাই কোলাহল গিলে সন্তৰ্পণে ।
––––––––––––––
অনলাইন শিক্ষা আৰু এটা দুখ
কেশৱ বৰুৱা
বগাইযোৱা এটা বাটে,
দুখ দিয়ে
এঙেৰুৱা কীট এটাই
কুটি থাকে পোহৰৰ বাট
কেৰোণীয়া পোহৰ ,
বিষণ্ণ সময়ৰ শৰ
ডেউকা ভাঙি খহি পৰে সপোন
জ্ঞানৰ জখলা বগাই,
কেনেকৈনো আগুৱাই যাওঁ আই
মোৰো দুভৰিত,
এডাল সময়ৰে শিকলিৰ বান্ধ ।
––––––––––––––
অচিনাকি চিনাকি
পবিত্র কুমাৰ নাথ
শব্দময় প্ৰেমৰ সুবাস বিচাৰোঁতে
এদিনাখন হৈছিল চিনাকি
কাব্যৰ সাগৰ তীৰত।
তুমি জ্ঞানৰ ভাণ্ডাৰ
শব্দৰ জনৈক সদাগৰ
বন্ধুতো নাছিলোঁ আমি
ফেইচবুকত তালিকাভুক্ত
নিয়মেৰে বন্ধা
হৃদয়ত আছিল মাথোঁ
কবিতাৰ সবিতা যেন অনুভৱৰ আলপনা।
'ফ্ৰেইণ্ড ৰিকুৱেষ্ট' পঠাওঁতে নাছিলোঁ ভবা
প্ৰজ্ঞাময় শব্দৰ খনিকৰ
বন্ধুৰ কবিতা
দুনাই নাপাম দেখা !
পাছতহে জানিলোঁ —
হাঁহি আছে আকাশত তেওঁ
অচিনাকি তৰা এটি হৈ ।
––––––––––––––
অবাটৰ বাট
চয়নিকা ভূঞা
বাটবোৰ
অবাটে পৰিচালিত
হোৱাৰ পৰৰ কথা
অবাটে
যোৱা ছোৱালীজনী
আজি
গাভৰু হ'ল
বাটে বাটে
এতিয়া
বহু কথাৰ কথা
বতাহৰ বুকুতো
অবাটৰ বাট
সময়-অসময়
বাট- অবাট
বহু সম্বন্ধই
অবাটে বাট লয়
বহু গাভৰু
বাটে বাটে যায়
বাটেও অবাটে খোজ দিয়ে
অবাটে
যোৱা ছোৱালীজনী
আজি
গাভৰু হ'ল
এটা নতুন কাহিনীৰো জন্ম হ'ল ৷
––––––––––––––
গৈ আছো
ভাৰ্গৱ কুমাৰ নাথ
ক'ৰ পৰা আৰম্ভ কৰোঁ?
হৃদয়ত ছন পৰি থকা বাকৰিখনৰ পৰা
নে তুমিবিহীন হুমুনিয়াহটোৰ পৰা ?
মাথো গৈ আছো
যাত্ৰাপথত ঘৰমুৱা পক্ষীৰ মাতত
আবেলিৰ বেলিটোৰ ৰঙচুৱা আভাত
বতাহৰ নীৰৱতাখিনিত
বাৰে-বাৰে অনুভৱ কৰিছোঁ
তোমাৰ উপস্থিতি !
কাহানিও পৰাজয় স্বীকাৰ নকৰা কবিৰ...
আজিকালি চোন এনেকৈয়ে ভাল লাগে..!
নিবিচৰাবোৰৰ মাজেৰে
অকলশৰে!
মোৰ এই যাত্ৰা অবিৰত
নালাগে আজি তোমাৰ সংগ!
সংগী মোৰ তুমি বিহীন হুমুনিয়াহটোৱেই যথেষ্ট।
গৈ আছো...
মাথোঁ গৈ আছো...
মোৰ এই যাত্ৰা ন প্ৰভাতৰ...
ৰঙচুৱা প্ৰতিশ্ৰুতিৰে ন জীৱনৰ।
––––––––––––––
মোৰ অনুভূতি
খূৰ্ছীদ আনছাৰী
মোৰ দ্বাৰা সৃষ্ট উন্মাদনা যদি কাৰোবাৰ মৃত্যুৰ কাৰণ হয়
তেন্তে মই জীৱিত হ'লেও
অৱশিষ্ঠ মাথোঁ !
হিজৰত কৰি তই কি পালি ঐ পখী
ইয়াতো খূদকণ চাৰিটা আৰু
তাতো চাৰিটা খূদকণেই খালি !
ভোক ভ্ৰমি ফুৰে বাটে-পথে
অথচ ৰুটীৰ বেপাৰ দেশৰ চ'কে-বজাৰে !
––––––––––––––
দুৱাৰ
যোগেশ্বৰ লাগাছু
দুৱাৰখন বন্ধ নকৰিব
অহা-যোৱা বাটৰ
তুমি-মোৰ
মই-তোমাৰ
মানুহে মানুহৰ বাবে ।
এই মায়াৰ ধৰণীত
ধৰ্ম
ভাষা
জাতি
গোষ্ঠী
সম্প্ৰদায় নামত
অবিশ্বাসেৰে কিয় বন্ধ কৰিব খোজে ।
মনৰ অন্ধতা বন্ধ কোঠা
বন্ধ দুৱাৰৰ ভিতৰত
উশাহ-নিশাহ চুটি যেন লাগে ।
দি যোৱা
ৰ'দ হৈ পোহৰ আৰু তাপ
জোন হৈ আন্ধাৰ নেউচি জোনাক
সকলোতে বিয়পি পৰক আলোক ।
দুৱাৰখন বন্ধ নকৰিব
সঁচাকৈয়ে দুৱাৰখন বন্ধ কৰিব লাগে
তেন্তে , দিওঁ আহক
সন্দেহৰ আন্ধাৰ দুৱাৰখন বন্ধ কৰি
মূখৰিত হওঁক
মায়াময় ধৰাত
ফুলৰ পাহি
প্ৰাণ খোলা হাঁহি ...
–––––––––––––
আলহী
মৌচুমী দাস
আন দহজনৰ দৰে
মোৰো প্ৰয়োজন সেই হাতখনৰ,
যি নিঃসঙ্গতাত বিচাৰি পোৱা যায়।
মই গণিত বেয়া পাওঁ,
সেই কাৰণে মই কবিতা ভালপাওঁ সেইটো একেবাৰে মিছা।
মিছা এইটোও যে তেওঁক প্ৰয়োজন কাৰণে ভালপাওঁ।
আচলতে ভালপাওঁ কাৰণে হে
তেওঁৰ প্ৰয়োজন অনুভৱ হয়।
কেঁকুৰিত ৰৈ মোৰ বাবে অপেক্ষা নকৰে ৰ'দজাকে,
যি দৰে সেই হাতখনে মোৰ হৈ থাকিব বিচাৰে।
সেই হাতখন যি মোৰ বুকুত শিপাই
সকলোৰে পৰা সেই হাতখন লুকুৱাই থৈ
ভুল কৰিছোঁ নে ভাল কৰিছোঁ নাজানো।
মাথোঁ এটাই জানো
হাতখনৰ প্ৰয়োজনীয়তা সিমানখিনিয়েই
যিমান খিনি মোৰ উশাহৰ।
––––––––––––––
প্ৰীতি
নিৰ্জু বৰগোহাঁই
অৰণ্যখনৰ
হাবিয়লী বতাহৰ
সুৰ সাৱটি
একাত্ম হয়
নিজানৰ নিফুট বাঁহী
অলক্ষিতে
আৰণ্যক আন্ধাৰ ফালি
খিৰিক কৈ
ওলাই আহে
অপ্ৰকাশিত হাঁহিৰ
অপুদ্ঘাত ধ্বনি
সময় বীণৰ মূৰ্চ্ছনাত
অহেতুক মুগ্ধ
হেজাৰ স্বপ্নৰ জ্যোতি ।
––––––––––––––
স্বাধীনতাৰ সন্ধানত
ৰাজেশ কুমাৰ নন্দী
স্বাধীনতা হেনো সন্ধানহীন হ'ল
গান্ধী,সুভাষে জন্ম দিয়া স্বাধীনতা হতা্তে নিৰুদ্দেশ হ'ল
দেশৰ প্রান্তে প্রান্তে স্বাধীনতাৰ নিখোজৰ বাতৰি বিয়পি পৰিল
জনতাৰ হাহাকাৰ লাগিল
ভয়ত মুখবোৰ বিবৰ্ণ হ'ল
বগা চাহাবৰ ৰঙা তেজৰ ডোঙা আজিও যে সজীৱ
ৰাইফলৰ গৰ্জন আজিও যে অহৰহ কাণত বাজি থাকে
তেন্তে কি আকৌ বগা চাহাবৰ আগমন....
নাই বগা চাহাব এতিয়া আৰু নাহে
সিহঁত সেই সাত সাগৰ তেৰ নদীৰ সিপাৰে অতীতক সুৱঁৰি আছে
সুৱঁৰি আছে গান্ধীৰ অহিংস নীতিক
সুৱঁৰি আছে সুভাষৰ তেজোদীপ্ত ৰণ হুংকাৰক
সুৱঁৰি আছে ভগতৰ পৰাক্ৰমক
তেন্তে স্বাধীনতাক কোনে সৰ্ব কৰিলে
কোনে পুনৰ পৰাধীনতা ভাৰতীয়ক দিব বিচাৰিছে
দেশৰ মানুহেই !
হয় ,দেশৰ মানুহেই দেশৰ মানুহক বন্দী কৰিছে
হত্যা কৰিছে নিজৰেই ভাতৃক
ধৰ্ষণ কৰিছে নিজৰেই ভগ্নীক
লুট-পাত কৰিছে নিজৰেই ঘৰখনক
ভয়-শংকাৰে পুনৰ স্বাধীনতাৰ সন্ধানত ভাৰতীয়
প্রয়োজন এজন গান্ধীৰ
প্রয়োজন এজন সুভাষৰ
প্রয়োজন এজন ভগতৰ
প্রয়োজন এজন লাচিতৰ
এওঁলোকৰ অবিহনে যে স্বাধীনতাৰ সন্ধান অসম্ভৱ
––––––––––––––
জীয়াই থকাৰ অজুহাত
অনুস্মিতা ফুকন
জীৱনটোক জীয়াবলৈ আমি
দৌৰি থাকো
কেতিয়াবা উজুটি খাই পৰো
কেতিয়াবা ভাগৰত বহি জিৰাও
তথাপি সপোন দেখাৰ অজুহাতত
দুভৰিৰ উঁখহি যোৱা ছালত নিজেই নিমখ ঢালো ।
অ-আ, ক-খ ৰ লগত চিনাকী হ'বলৈ বৰ সহজ
তথাপি জিভা পকাই পকাই
A ফৰ এপেল Z ফৰ জেব্ৰাহে পঢ়িছো
নিজক প্ৰদৰ্শন কৰাৰ স্বাৰ্থতেই
মগজুৰ তুলনাত পিঠিৰ ওজন বঢ়াইছো ।
নিজৰ হাঁহিক লুকুৱাবলৈ
'মনালিছা'ক আমিয়েই ৰহস্যময় কৰি তুলিছো
"The Persistence Of Memory" মাথো অজুহাত
সময়বোৰক আমিয়েই বিস্ময়কৰ কৰি তুলিছো ।
যুদ্ধক ৰোধিবলৈ
হাতত মমবাতিডাল আমিয়েই লওঁ
অজুহাত মাথোন
পেটৰ ভোকক হাঁহিৰ পাত্ৰ নবনাও
নিজক জিনাৰ অজুহাততেই
দুওঁঠক শিকলিৰে মেৰিয়াও
জীয়াই থকাৰ অজুহাতত
মাথোন প্ৰতিপল
মৰি মৰি জী উঠো ।
–––––––––––––
ক্লীৱ
হিয়া দাস
আই, পিতাই, ককাই ভায়ে
নিচিনে তেওঁক
কোন বাৰু
যাৰ ষোল্ল শৃংগাৰেৰে নৱকলিকাৰ দৰেই
সাজোন-কাচোন
লয়লাস অংগী-ভংগীৰে যি সদায়ে হাস্যময়ী
তেওঁ বুকুত লুকুৱাই থৈ অৰণ্যৰ
ৰহস্যময় ৰাতি
আনক আশিস দিয়ে নাচি-বাগি
হাতচাপৰি মাৰি
কোন বাৰু সেই মানৱ যিয়ে
গৰলকো পান কৰি হয় নীলকণ্ঠী
তেওঁ নহয় নৰ নৱজীৱনৰ বীজ
সিঁচিবলৈ
কিম্বা নাৰী আপন্নসত্তা হ'বলৈ
তেন্তে কোন, নাম কি তেওঁৰ
শিখণ্ডী, বৃহন্নলা নে অন্য কিবা
কোন তপস্বীৰ শাপত শাপভ্ৰষ্টা তেওঁ
যাৰ বাবে অৱহেলিত অপতৃণ তেওঁ ।
––––––––––––––
সূর্যটো খহি পৰাৰ পৰত
গিৰিজা শৰ্মা
সূর্যসূৰ্য্যটো খহি পৰাৰ পৰত
তাই পথাৰতে আছিল
আঘোণী ভৰপক দুপৰীয়াটো তাই
কোঁচত লোৱাৰ প্ৰয়াস কৰিছিল
বাট হেৰুৱাই বতাহে বিননি জুৰিছিল
বিস্ময় বিহ্বল পথাৰখন ফাটি দুছেও হৈছিল
সূৰ্য্যটো খহি পৰাৰ পৰত
সোণালী সিচ্ বোৰ শিল হৈছিল
তাই বুকুৰ গাঁঠিত বিলাপ বান্ধিছিল ।
––––––––––––––
ৰঙৰ_বৈৰী_মই
জুনু বুঢ়া গোহাঞি নাথ
বেলিটো ৰঙচুৱা হোৱাৰ পৰত
নীলা চৰাই এটা উৰি আহি পৰিলহি
ঘৰৰ সেউজীয়া লনত ৷
কলা বতাহ এজাকৰ বা লাগি
মই অচেতন হৈ আছিলোঁ
শেৱালি জোপাৰ তলত
সৰা শেৱালিৰ ফুলেৰে ঢাক খাই
বগা হৈ ৷
ডেউকা কোবাই চৰাইটোৱে মোক জগাই দিলে
সপোন এটাৰ পৰা যেন সাৰ পালোঁ
ভৰিৰ পতাৰ পৰা ওপৰলৈ
নীলা ৰঙেৰে তিয়াই পেলালে
চকুৰ তলত পানী-জোলা
কপালত বলিৰেখা, সেয়াও নীলা ৷
চৰাইটোৰ ঠোঁটৰ ৰঙা ৰঙেৰে
মোক বাউলী কৰিলে
কিন্তু ৰঙা আৰু নীলা মিলি
মোক সেউজীয়া কৰিব নোৱাৰিলে ৷
আবেলিটো ছিটিকি পৰিল
হালধীয়া নদী এখনত ৷
হালধীয়া পানীত সাঁতুৰি খালোঁ
হালধীয়া জলৰ দুঢোক
তথাপিও সপোন দেখিলোঁ ৰঙা হোৱাৰ ৷
পাৰলে' উঠি আহিলোঁ
পুনৰ নীলা হৈ ৷
নীলাত ডুব গ'লোঁ যেতিয়া
কাহানিও উভতি নাহোঁ ৷
––––––––––––––
ইতিহাসে ৰিহা সলোৱা দিনটো
জোনালী ডেকা
শৈশৱতে মেৰিয়াই লোৱা ৰিহাখন,
ললাতত দাসত্বৰ দাগ লৈ
গছকত পাতাল পালে গৈ৷
’কুৱাংচৌ’ৰপৰা বকিয়াৰে যাত্ৰা৷
বিনিময় প্ৰথাৰ হাট৷
যেন মৃত্যুৰলগত যুঁজবাগৰ।
গুণগুণণিৰপৰা কোলাহল৷
ঘৰ্মাক্ত দেহৰ অকটা গোন্ধ
যেন তিনিদিনিয়া মেকা পইতা ভাত৷
উৰ্ণনাভৰ পাশত বন্দী সিহঁত৷
পৰিপক্কতাৰ মাপকাঠি যেন
লেহুকা লেকেচি বেত৷
উদয়াস্ত পৰিশ্ৰমত অসহনীয়
চোৰাত ডাঁকাল সময়৷
কংকালসাৰ পেটত ভাতৰ উতল৷
সলনি হয় এটা দুপৰীয়া৷
––––––––––––––
কৃষক
অমৰজ্যোতি ঘোষ
শাওণৰ পথাৰত
বোকা-পানী খচকি
কৃষকে ৰূপন কৰে আশাৰ কঠিয়া
দুচকুত দেখে অলেখ সপোন
আকাশৰ পৰা সৰে
মূষলধাৰ বৰষুণ
বানত ডুবু ডুবু পথাৰ
কোন পলকত নিঃশেষ হয়
আশাৰ সপোন
কোনো ঠিক নাই
তথাপিও মৰসাহ কৃষকৰ
বছৰ বছৰ কৰি যায় খেতি
কাৰণ___
কৃষক হ'ল পৃথিৱীৰ
এক অন্যতম সাহসী জাতি...!
––––––––––––––
শূন্য
চাজিন ৰহমান
আজি খুলিম এটি এটি কৈ
অলংকাৰ।পাৰ কৰিম সীমনা ৰেখা,
আৰু ভৰি দিম এটি পুৰ্ন শূণ্যত।
সেই শূন্যতে পাম মোৰ পুৰ্নতা।
পাতল হৈ পৰিব মোৰ দেহ ,মন।
শুদ্ধ অশুদ্ধৰ বিচাৰ,
পোৱা নোপোৱা ৰ সমীকৰণ,
মাধ্যাকৰ্ষণ শক্তিয়ে টানিব মোৰ ৰুদ্ধ ভাৱনা বোৰক।
শূন্য হৈ উৰি উৰি ভেদ কৰিম এজাক চৰাইক।
সেই জাকৰ পিঠিত উঠি শুকুলা মেঘবোৰ
দেহে মনে সানি সদ্যস্নাতা এটি শিশুত
পৰিনত হম।
পখিলা খেদি খেদি ৰং বিৰঙৰ ৰং বোৰ
সানি লম মোৰ দেহত।
এক সন্তুষ্টিত ৰংবোৰে কলকলাব,
প্ৰশান্তিৰ হাঁহি মাৰি।
সুদুৰ বেলিৰ পৰা অকণি ৰশ্মি আনি সানি লম মন আকাশত।
জকমকাই জ্বলিব তৰাফুলবোৰ।চৌদিশ পোহৰ মাথো পোহৰৰ মজিয়াত মই পাম মোৰ নাম।
আজি খুলি দিম এটি এটি কৈ অলংকাৰ,
আৰু হৈ পৰিম এটি শূন্য,
যত পাম মোৰ পুৰ্ণতা।
––––––––––––––
স্মৃতি বিভ্ৰম নাৱৰীয়া
সৰ্বানন্দ কৈৱৰ্ত্ত
পৰিভ্ৰমী চৰাইজাকৰ সৈতে আহিছিল তেওঁ
মাত এটা নিদিয়াকৈ গুছি গৈছিল
কিয় জানো কৈছিল
দ্বীপৰ বিলত লগ ধৰাৰ কথা
সপোন নে দিঠক ,পাহৰিলো মই
হয়তো গান গোৱাৰ কথা আছিল
হেলনীয়া বেলিৰ সৈতে পাৰ হৈ যোৱা
বহুতো নিৰ্জন দূপৰীয়া
কোনোবা নৈ'ৰ আপোন ঘাট বিচাৰি
হাহাকাৰ কৰিছিল
বুকুতে গুমৰি উঠা
মোৰ শব্দ সুৰৰ সাঁচতীয়া পানচৈ
নাও মেলি ভাগৰি পৰিছোঁ
দূৰনীত শুনিছো গধুলিৰ ডবা
নীৰমূখি চৰাইজাকে
মোক দেখি হাঁহিছে
পাগলদিয়াৰ মই হেনো
স্মৃতি বিভ্ৰম নাৱৰীয়া...।
––––––––––––––
এখন সেউজীয়া হৃদয়
মনচুমী কলিতা নাথ
মোৰ হৃদয়খন কেতিয়াবা ফুলি উঠে এপাহ ফুল হৈ,
সুবাসবোৰ বৈ যায় আনৰ হৃদয়লৈও।
মোৰ হৃদয়খনে কেতিয়াবা হাহাকাৰ কৰি উঠে আনৰ দুখত,
কেতিয়াবা কান্দে পাই হেৰুৱাৰ বেজাৰত,
কেতিয়াবা হাঁহে পোৱাৰ আনন্দত,
কেতিয়াবা গীত জুৰে সপোনবোৰ আপোন কৰাৰ হেঁপাহত।
মোৰ হৃদয়খন স্বাধীন
উৰি ফুৰে মুকলি আকাশত
মুক্ত বিহংগৰ দৰে,
মিলি যাব পাৰে মাটিৰ স'তে শস্যৰ দৰে,
সেউজীয়াৰ স'তে গঢ়িব পাৰে
নিৰ্মোহ আত্মীয়তা,
মানুহৰ স'তে গঢ়িব পাৰে
নিবিড় ভালপোৱা ।
নাজানো মোৰ হৃদয়খন
এনে হ'ল কেতিয়াৰপৰা
হয়তো আইৰ গৰ্ভত স্থিতি লোৱাৰে স্থিতি
আইৰ মনেৰে গঢ় লৈ,
আইৰ মৰমৰ উম লৈ ।
মোৰ হৃদয়ে বাট লয়
পোহৰৰ দিশে
সেউজীয়াৰ দিশে
সুবাস বিচাৰি ৰংবোৰৰ অভিমুখে ।
মোৰ পুৰঠ হৃদয়খন
জুবুৰিয়াই থ'ম
এটি প্ৰেমৰ পাত্ৰত
সাৰ -পানী, ৰ'দ-বতাহ পাই
গজালি মেলিব ,
গজি উঠিব এডৰা সেউজীয়া হৃদয় ,
গঢ় ল'ব এখন বিনন্দীয়া পৃথিৱী ।
––––––––––––––
বাট এটা বিচাৰি
ৰবিন কুমাৰ চেতিয়া
জীৱনৰ খোজবোৰ আগুৱাই নিবলৈ
বাট এটা বিচাৰি বিচাৰি
সপোনৰ পিচে পিচে ঢাপলি মেলি
পদে পদে খাইছোঁ কিমানযে হাবাথুৰি
যি বাটে আহি দেখিলোহি এদিন
পৃথিৱীৰ প্ৰথম পোহৰ
সেই বাটৰো এতিয়া নাই মোৰ ওচৰত
কোনো সঠিক ঠিকনা
যামনে বাৰু ঘূৰি আকৌ সেই বাটেৰেই
অচিনাকী দেশলৈ বুলি
এৰি থৈ জীৱনৰ যত কামনা বাসনা
অহা যোৱাৰ বাট
কাৰোবাৰ চুটি,কাৰোবাৰ দীঘল
জীৱনৰ চাকনৈয়াত ঘূৰোতে ঘূৰোতে
খেলিমেলি চিন্তাত ধৰিবই যে নোৱাৰিলো
দেখি থকা বাটটো আচল নে নকল
বাট এটাৰ বাবেই বাটলৈ চাই চাই
আজি মোৰ লাগিছে বৰকৈ ভাগৰ
ফুলেৰে সজাম বুলি সেন্দুৰীয়া এটি বাট
এৰি থৈ আহিলো বহু ঠিকনা
একাবেঁকা বাটৰ
অনবৰতে হৃদয়ত এতিয়া কঢ়িয়াই ফুৰিছোঁ
পাৰাপাৰহীন এখন দুখৰ সাগৰ
পোৱাতকৈ নোপোৱাৰ ৰঙীণ সপোনে
সদায়ে আৱৰে জীৱনৰ সুদীৰ্ঘ বাট
বিচাৰি পোৱা সকলোৱে সাৱতি লয়
অপৰূপ মাদকতাৰ সন্তুষ্টিৰে ভৰা
জেউতি হিয়াত
যি বাটত ফুলা নাই কাহানিও কাঁইটৰ ফুল
সেই বাটত থাকে নে সঁচাকৈ
জীৱনৰ সঁচা সোৱাদ
এন্ধাৰ বাটত জীৱনৰ জোনাক বিচাৰি
বহুজনেই লভিছে ৰঙীয়াল জীৱনৰ আশীৰ্বাদ
জীৱন বাটৰ চিনাকী লগৰী বুলি
আপোন পৰ , ধনী দুখীয়া
কিমানক পালো, কিমানক যে হেৰুৱালোঁ
মসৃণ বাট বুলি অবাটে গৈ
মানুহ নামৰ অমানুহ হোৱা বহুজনক নিচেই ওচৰৰ পৰাই দেখিলোঁ
সুখৰ হাঁহি বিচাৰি বিচাৰি
নিতৌ অহা যোৱা কৰি
কিমান যে মাৰিলোঁ বাটৰ দূবৰি
পোৱা নোপোৱাৰ আপদীয়া যাত্ৰাত
পায়ো যে কত সুখৰ নিজৰা
দুদিনতে গ'লো পাহৰি
এটা বাট শেষ হ'লেই আৰম্ভ হয়
আন এটা নতুন বাটৰ
কোন বাটে কেতিয়া, ক'লৈবা যাম
নজনাকৈয়ে এদিন ছাগে পৰিব ইতি
বাট বিচাৰি ফুৰা মোৰ জীৱন নাটৰ ...।
––––––––––––––
কানাইৰ বাঁহীৰ সুৰ বাজে ৰাধাৰ বুকুত
নিপু কুমাৰ দাস
ৰাতিৰ সপোনবোৰ ধ্বনি মুখৰিত হৈ
বুকুৰ ভাঁজত নূপুৰ বজাই
উৰিছে মগজুত ফাগুনী চিলা
মনাকাশত ঘন কুঁৱলী হৈ আৱৰিছে
সূৰুযৰ চৌদিশে বিষাদ ছাঁ
মনৰ ৰ'দ-বৰষুণে সলাই যেন
সপোনৰ বৃন্দাবন
যমুনাৰ পাৰত ৰাধাৰ বিননি
কানাইৰ বাঁহী আৰু নাবাজেই তাত
সেমেকি উঠিছে বিৰহ-যন্ত্ৰণাত
গোপ গোপীৰ যত মন উন্মনা হৈ
কানাইৰ উৎকণ্ঠাত ৰাধাৰ কলিজা
নীৰৱ প্ৰতীক্ষাই খুলি খায়
কানাইৰ বাঁহী বাজে মুখৰিত হৈ
আজিও যেন জগত জুৰি ৰজনজনাই
বুকুৰ ভাঁজত ৰাধাৰ নূপুৰ বাজে
যমুনা তীৰত ৰাধাৰ কানাই আৰু নাই
বিষাদে বেৰি বেৰি ধৰে ৰাধাৰ মন গহণত
ৰাতি ৰাতি আজিও দেখোঁ যমুনা তীৰত
ৰাধা যেন বিৰহত উচপি উঠে
কানাই বিহীন ৰাধাৰ বুকুত বয়
দুখৰ স্ৰোতশিনী যমুনা নৈ
জোনাকবিহীন ৰাধাৰ মনাকাশত যেন
আৱৰে কলীয়া মেঘৰেই ছাঁ!
––––––––––––––
শাওণৰ বৰষুণ
পবিত্ৰ বৰগোহাঁই
শাওণৰ ব্যস্ততা পথাৰ আহৰি নাই খেতিয়কৰ
খেতিয়কৰ কেচা ঘাম মাটিত গুজি
চিৰসেউজ কৰা পথাৰ ;
এজাক দবা-পিটা বৰষুণৰ বাবে অপেক্ষা,
বৰষুণে আনি দিয়ে দেহৰ শীতলতা
এজাক বৰষুণৰ অনুপস্থিত ক'ত যে হেৰায়
উৎকট গৰমত কলিজা চেচা কৰা পথাৰৰ শীতলতা
বৰষুণ আৰু পথাৰ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি
কৃষকৰ জীৱনত এই দুয়োটাৰ অবিহনে
ভবিষ্যতৰ স্বপ্নবোৰ দিঠক নহয় ।
ভৰদুপৰীয়া শাওণৰ পথাৰত কোনে সুহুৰিয়াই
মন উৰুঙা কৰা বতাহৰ চেৱত ৰ'দৰ ভাজ
যৌৱনৰ নিতম্ব-বক্ষবন্ধনি খুলি আকাশত খিলখিল হাঁহি
ৰিক্ত হৃদয়ত পূৰাব বিচাৰে চেচো কলিজাৰ উম
শাওণৰ বৰষুণজাকলৈ খেতিয়কৰ আকুল আহ্বান
ধৰালৈ নামি আহক যেন মাহী আইৰ কৃত্ৰিমতা পাহৰি
বৰষুণৰ টোপালত থাকে আইৰ পিয়াহৰ স্নেহ
যাক তেজত ধাৰণ কৰি যৌৱনপ্ৰাপ্ত হয় সেউজীয়া।
––––––––––––––
নাৰী জীৱন-গতিৰ আধাৰ
পুস্পাঞ্জলি গোস্বামী
সপোনবোৰ আপোন হৈ থকালৈ
কথাবোৰ শঠা নোহোৱালৈ
মনবোৰ ছন নপৰালৈ
জীৱনৰ চলে উদযাপন
জীৱনে জীৱনে উজ্জীৱিত হয়
প্ৰীতিৰ অৱগাহন
জীৱনে দিয়ে সঞ্জীৱনী
প্ৰগতিৰ গতিক
জীৱন এক নিত্যনতুন প্ৰতীতি
তথাপি গানবোৰ বেসুৰা হয়
আশাবোৰ দিশহাৰা হয়
মনবোৰ মৰহি যায়
ধৰ্ষিতাৰ কাতৰ আৰ্তনাদ
স্খলিত কন্যা-ভ্ৰূণৰ উকমুকনি
'ডাইনী'ৰ সকৰুণ বিননি ...
হাতোৰাপাশত নাৰী জীৱনৰ গাথা
কেৱল বঞ্চনা আৰু অৱমাননা
অৱদমিত ভাষা, আধৰুৱা আশা
য'ত হেৰায় জীৱনৰ পৰিভাষা
পিছে যতি নপৰে জীৱনৰ গতিত
আশাই মেলে পোখা
সাহস আৰু প্ৰেৰণাৰ সুঁতিত
নেওচি হেজাৰ প্ৰতিকূলতা
নাৰী জীৱন-গতিৰ আধাৰ ...।
––––––––––––––
কজলা মেঘ
লতিকা শৰ্মা
আশাৰ ৰেঙণি বিয়পি আছে
মৰ্ত্যৰ চৌপাশে
কাল ধুমুহাই ত্ৰাসৰ গুঞ্জন তুলি
বিধস্ত কৰে
আধা ফুলা কাঞ্চন কলি।
ৰাউচি জুৰি বুকুৱে চিঞৰে ...
আকাশৰ বোকোচাক ধিয়ায়
এমুঠি সহাঁৰি পাবলৈ !
দুৰন্ত গতিৰে এন্ধাৰ নাশি
ক্ষণিকৰ বিজুলী নাচে পোহৰ প্ৰত্যাশী
উদাৰতাই জিনে মানব কাহিনী...।
—————————————————
সংকল্প
শুৱলা দাস
পৰি পৰি পুনৰ উঠিছোঁ
চুচৰি -বাগৰি পুনৰ ঠিয় দিছোঁ।
হেৰাই যোৱা বা হেৰুৱাই পেলোৱা
দৃহতা,বিশ্বাসখিনি পুনৰ গঢ়িছোঁ;
বিবেকৰ অলেখ কৰ্ষণেৰে
গঢ়ি লোৱা বাটত ,
চকুত চকু থৈ ,
বুকুত হাত থৈ
ক'ব খোজিছোঁ
এই বাট হ'ব মোৰ অতিকে আটিল
য'ত
কোনোৱে কেতিয়াও কৰিব নোৱাৰে
কিঞ্চিৎ হানি,
এই বিশ্বাস ,
এই সংকল্প হদয়েৰে কৰিছোঁ,
এই বাটৰ পাৰ বিবেকেৰে বান্ধিছোঁ!
এই বিশ্বাসৰ ওপৰত আস্থা ৰাখিবলৈ
আপোনাক আহ্বান কৰিছোৃঁ।
নোৱাৰিনে নোৱাৰিনে
আদৰি ল'ব
এই বিশ্বাস আৰু সংকল্পক?
––––––––––––––
বিচাৰ
নিৰুপমা মজুমদাৰ
মই মোৰ কৰ্ম কৰি গৈছোঁ
দায়িত্ব সহকাৰে
একান্ত আস্থাৰে ৷
কাৰোপৰা নালাগে একো বিনিময়
মৰমেৰে ৰাখিব খোজোঁ সজাই
আমিবোৰ নহঁও কাৰো অসহায় ৷
কিন্ত মই ভবাৰ দৰে সকলো একে নহয়
সময়ৰ লগে লগে চিন্তাধাৰা অমিল হয়
উচ্চ নীচ ভাৱনাই বাহ লয়
সেইবুলি জানো কোনোবা ৰৈ যায়
গতিপথৰ বাট সলাই অজানৰ দেশলৈ
নোপোৱাৰ তাড়নাত চটফটায় ৷
তালৈ মুঠেই আক্ষেপ নাই
নিজৰ কৰ্মৰে জীৱন চলি যায়
শুদ্ধ অশুদ্ধৰ বিচাৰ কৰিব এদিন সময়ক সোঁৱৰায় ৷
––––––––––––––
অনুভৱ
ৰীনা শৰ্মা
দুভাগ ৰাতি
খামোচ মাৰি
ধৰিব খোঁজো তোৰ অনুভৱৰ শিলবোৰ।
ভাঙিব খোজোঁ
টুকুৰা টুকুৰকৈ
শিলবোৰে তেতিয়া
ওফন্দি উঠে অভিমানত।
সপোনবোৰেও উপলুঙা
কৰি হাঁহে।
আঁজুৰি আনিব খোজিলেও
শিপাব খোঁজে অভিমানবোৰে।
সপোনতে যেতিয়া কথা পাতো
তোৰস’তে
হেঁপাহৰ চোতালেও
কান্দে ইনাই-বিনাই।
হেঁপাহবোৰতেই
লুকাই থাকে তোৰ
সেই শৈশৱৰ সোণোৱালি কিৰণ।
তোৰ শৈশৱৰ
অনুভৱবোৰক
মৃত্যু হ'বলৈ নিদিবি।
সুধিবিচোন
তোৰ জোনাকক
মজিয়াত এখনি
দলিছা পাৰি
সেউজীয়া কৰিব পাৰেনেকি
যুগমীয়া কৰি।
––––––––––––––
আন্ধাৰতে
দিগন্ত বৈশ্য
(১)
ৰাতি আন্ধাৰতে খেপিয়াই চাওঁ
অতদিনে বিচাৰি নোপোৱা
মোৰ মনে বিচৰা তৰাটো
জানোচা তোমাৰ বুকুৰ মাজত পাওঁ।
(২)
ওঁঠ
চাগে' তুমিও গম নোপোৱা
কিজানি ময়ো
দিনবোৰ কিদৰে পাৰ হৈ যায়
মোৰ উন্মনা মনে নিবিচৰাকৈয়ে
তোমাৰ ওঁঠক বিচাৰি পায়।
––––––––––––––
তোমাৰ কাষলৈ
জোনমণি বৰা
ফাগুনৰ এচাটি
মৃদু মলয়া হৈ
আহিম বুলি ভাবিছিলোঁ
ব’হাগৰ নতুন বতৰা হৈ
তোমাৰ কাষলৈ৷
চ’তৰ চৌফলীয়া ৰ’দে
আশাবোৰ মৰহাই পেলালে
সপোনবোৰ সাৰ্থক হোৱাৰ
আগতেই লেৰেলি শুকালে
মনৰ কথাবোৰ মনতে ৰ’ল ন’হল কোৱা
হৃদয়খন গধুৰ এতিয়া মোৰ
নোকোৱা কথাৰ টোপোলাৰ বেথাত ৷
তথাপিও মই আশাবাদী
আকৌ জানো নাহিব ফাগুন ?
বছাৰৰ ঋতু চক্ৰ ঘুৰি
আকৌ আহিব বহাগ
ফাগুনে উন্মনা কৰিব
মোৰ মন৷
তোমাৰ ভাবনাতে হ’ব মোৰ হিয়া সাতখন- আঠখন ৷
––––––––––––––
ভগ্নাৱশেষ
ৰেখা বৰকটকী
ভগ্নাৱশেষৰ ধূলিস্যাৎ ৰূপ
সাক্ষৰ এক অতৃপ্ত হিয়াৰ
ক্ষুদ্ৰ ক্ষুদ্ৰ একাঁজলি ধুলিৰ বিদ্ৰোপিত ক্ষোভ
আৰু ৰিক্ততাৰ মনোমোহা দাবাগ্নি
প্ৰতিধ্বনিত হয়
ছিন্ন ভিন্ন দেৱালৰ ফাঁকে ফাঁকে
ধ্বাৱমান অট্টহাস্যৰ
বায়ুবেগী সুৰ
হিমালয়ৰ দূৰ্জয় প্ৰান্তত
কিম্বা
স্বপ্নীল আকাশৰ মেঘৰ আঁৰত
বিস্ময় বিমূঢ় ৰূপৰ
কদাকাৰ অৱয়ব
আৰু বিভৎস লালসাৰ উৰন্ত আঁচলে
চুই যায় ফেনিল সাগৰ
ভস্মীভূত প্ৰেমৰ এটি এটি মকৰন্দ সিঁচৰিত হৈ পৰে নিষ্ঠুৰ মাটিত....
হে কলংকিত প্ৰেমৰ বৰ্বৰ পাৱক!
নক'বা নক'বা কাকো
কথা ই গুপুত
মাত্ৰ ক'বা-----
দি যাব পৰিচয়
ভঙা ভঙা ইটাই
ছিঙা ভঙা কলিজাৰ
সুৰ সমলয়
আৰু আছিল বুলি
কোৱা যদি ক'বা
লুণীয়া দুখনি নদী নিৰ্মল পানীৰে ভৰি
নীলাভ ৰশ্মিৰে জলমলকৈ...!
-----------------------------------
দিগন্তৰ সিপাৰে
ৰমেন দাস
অসীমত সীমান্তৰ পম খেদি
নীল আকাশৰ সিপাৰে
নীলাভ শ্যামল ৰাশি
বতাহত মেলি দিয়া
হালধীয়া সৰিয়হ ডৰা
শীতৰ দোক্মোকালিতে
দেখিছিলোঁ কুৱলী আৱৰা
পৰিভ্ৰমী চৰাইজাকৰ
কণ্ঠৰ মধুৰ কলৰৱ,
সাগৰ কল্লোলৰ
কি যে উন্মাদনা হিয়া
আলফুল অলস হেঙুলীয়া
মনটো আজি ৰোমাণ্টিক
কৰৱী ফুলৰ দৰে মিষ্টিক
মৌন মুখৰ এটি হাঁহি জিলিঙনি ,
অস্তগামী সূৰুযৰ আভা
সুশোভিত মেটেকাৰ মাজে
পদুমৰ অপৰূপ মালঞ্চ
নীলিম নীল আঁচলৰ তলতে মোৰ নীড়
ভটিয়নী সময়ৰ স'তে লৈ যাম
তোমাকো সৰগলৈ বুলি
সুগন্ধি শুভ্ৰতাৰে ভৰা
নীল আকাশত
স্নিগ্ধ পূৰ্ণিমা জোনাক চন্দ্ৰমল্লিকা
জল স্থল অন্তৰীক্ষ ভেদি
উদ্বেলিত মন মোৰ
অসীমত সীমান্তৰ পম খেদি ৷
--------------------------------
অপেক্ষাত ইমান শান্তি
পম্পী দেৱী
অপেক্ষাত ইমান শান্তি...
যন্ত্ৰণাৰ মাজতো মাদকতা
অস্থিৰ সময়ৰ আঁৰত ব্যাকুলতা
কিন্তু সকলো ভাল লাগে
তোমাৰ আগমনৰ কথা ভাবিয়েই
সপোনৰ জগতখন সজাই ভাল লাগে
ভাল লাগে তোমাৰ প্ৰথম স্পৰ্শৰ কথা ভাবি
অনুভবি পৃথিৱীত মোৰ এতিয়াযে কেৱল তোমাৰ বসতি
প্ৰতিটো দিন নতুন কৈ জীয়াই থাকি
মই লাভ কৰোঁ অনাবিল তৃপ্তি
মনে মনে আওৰাও
মনৰ মাজত-
অপেক্ষাত ইমান শান্তি।
–––––––––––––––––––––––––
অনুবাদ কবিতা
Wasps
By: HO XUAN HUONG
Translated by: MARILYN CHIN
Where are you wandering to, little fools
Come, big sister will teach you how to write verse
Itchy little wasps sucking rotting flowers
Horny baby lambkins butting gaps in the fence
ভোমোৰা
মূলঃ হো জুয়ান হুঙৰ সৌজন্যত
মেৰিলিন চিবুকে কৰা ইংৰাজী অনুবাদ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ঐ অকৰাটো! ক’ত ঘুৰি ফুৰিছ!
আহ!
বায়েৰে তোক পদ্যটো কেনেকৈ
লিখিব লাগিব শিকাই দিব৷
সৰু ভোমোৰাটোৱে মৰহা ফুল চুহিছে৷
বেৰৰ ফাঁটত শুঙাল ভোমোৰাই বাঁহ সাজিছে!
Snail
By HO XUAN HUONG
Translated by MARILYN CHIN
Mother and father gave birth to a snail
Night and day I crawl in smelly weeds
Dear prince, if you love me, unfasten my door
Stop, don't poke your finger up my tail!
শামুক
মূলঃ হো জুয়ান হুঙৰ সৌজন্যত
মেৰিলিন চিবুকে কৰা ইংৰাজী অনুবাদ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মা-পিতায়ে শামুক জন্ম দিছিল
ৰাতিয়ে দিনে ভেদাইলতাদালত চৰি ফুৰোঁ
হে প্ৰিয় যুৱৰাজ!
তুমি যদি মোক ভাল পোৱা
তেন্তে দৰ্জাখন খোলা৷
ৰ’বা!
তোমাৰ আঙুলিৰে মোক লুটিয়াই নিদিবা!
Jackfruit
By HO XUAN HUONG
Translated by MARILYN CHIN
My body is like a jackfruit swinging on a tree
My skin is rough, my pulp is thick
Dear prince, if you want me pierce me upon your stick
Don't squeeze, I'll ooze and stain your hands
কঠাল
মূলঃ হো জুয়ান হুঙৰ সৌজন্যত
মেৰিলিন চিবুকে কৰা ইংৰাজী অনুবাদ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মোৰ তনুবল্লৰী বৃক্ষ শোভিত কঠাল সদৃশ!
যেন খহুৱা ভেকুলী,
ৰসঘন মোৰ আঁহ বল্লৰী৷
প্ৰিয় যুৱৰাজ!
যদি মোক ভাল পোৱা তেন্তে
তোমাৰ ৰাজদণ্ডৰে মোক বিদ্ধ কৰি ৰাখা৷
ধৰ্ষণ নকৰিবা!
মই গেলিলে তোমাৰ হাতত
মোৰ দাগ লাগিব...
--------------------------------
মধ্য রাতের সওয়ারী
ইভা আলমাস
উত্তরা, ঢাকা,
বাংলাদেশ
চোখের পাতায় শব্দ জমেছে
চাঁদের চাতালে হলুদ রঙ
বালিহাঁস মেঘ হয়েছে আজ
তার ডানায় ঘন সন্ধ্যার আমেজ,
সময়ের আল বেয়ে উপত্যকায় ঢেউ ভাঙে।
আমার আমি বালিশের অন্তরালে একা একা সমুদ্রের স্বাদ নেই।
অবশ শরীরের পাহাড় বেয়ে
নেমে আসো তুমি
প্রকৃতির সবুজ লনে বিছিয়ে রাখো নিজেকে
ঈশ্বরের উপহার হয়ে আমার আঙিনায় কৃত্রিম ফোয়ারার জল ঢালো।
আমি ভিজে যাই কিন্তু ভেজা হয়না শুধু জিয়লের কাঁটায় খেলা করে প্রচন্ড ব্যথা।
তুমি এলেই আলোর সুষমা হাসে
নীরব বিপ্লবের বান ডেকে যায় অস্তিত্বে
আমি হেরে যাই নিজের কাছে
তোমার সবুজে মাথা রাখি আলগোছে, বন্ধ চোখে ঘুমের নাচন।
ভালবাসা ঘুম হয়ে চোখে নামে
ঠোঁট ছুঁয়ে চুয়ে পড়ে বুকের জমিনে এই মধ্য রাতে...
মাজনিশাৰ অভিসাৰি
মূলঃ ইভা আলমাস
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
চকুপতাত শব্দ ওলমিছে
জোনালী চন্দ্ৰিমাৰ হাইতাল ৰং
বালিমাহী আজি কাদম্বিনী হৈছে
ডেউকাত সন্ধিয়াৰ ঘন আমেজ,
সময়ৰ বোকোচা দেৱাই উপত্যকাৰ ঢৌ ভাঙে৷
মই মোৰ গাৰুটোৰ আঁৰালত নিসঙ্গতাৰে সাগৰৰ সোৱাদ লওঁ৷
ভাগৰুৱা শৰীৰৰ পাহাৰ দেৱাই নামি আহা তুমি
প্ৰকৃতিৰ সেউজ শীতল পাটীত ধলি পৰোঁ মই
ঈশ্বৰৰ উপহাৰ হৈ মোৰ চোতালত কৃত্ৰিম ফোৱাৰাৰ বৃষ্টি বৰষা৷
মই তিতি যাওঁ কিন্তু ভিজা নহয়
মাথোঁ বিৰহী হুলে বিন্ধি কৰে ক্ষত-বিক্ষত৷
তুমি আহিলেই প্ৰত্যুষী সুষমাই হাঁহে
নীৰৱ বিপ্লৱৰ বানত ভাঁহি যায় অস্তিত্ব
মই হেৰাই যাওঁ নিজতে
আলফুলে মূৰটো থওঁ তোমাৰ সেউজ আৱেশত,
মুদা চকুত নিদ্ৰাৰ নাচোন৷
পিৰিতি টোপনি হৈ নামি আহে
ওঠ পৰশি ঢলি পৰে হিয়াৰ মাজে
এই দোভাগ ৰাতি...
---------------------------------
रंग-सुगन्ध
मीठेश निर्मोही
उतना ही चाहिए रंग
रंग जाऊँ
कविता के संग
सुगन्ध उतनी ही कि
कविता महके
और व्याप जाए धरती जितनी
चिड़िया भर शब्द
चहकते रहें
उम्र भर।
হেঙুল হাইতাল-সৌৰভ
মূলঃ মিঠেশ নিৰ্মোহী
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ৰং সিমানখিনিহে প্ৰয়োজন
কৱিতাৰসৈতে
যিখিনিৰে ৰঙালী হ’ব পাৰোঁ
সুৰভিত সুবাস সিমানখিনিহে
যাতে কৱিতা কস্তুৰী হয়
আৰু বিয়পে ব্ৰহ্মাণ্ড যুৰি
পখীকুঁজনসম শব্দ
অনুৰণিত হয়
আজীৱন।
-----------------------------
উইলিয়াম শ্বেইক্সপীয়েৰৰ কবিতা
লুক্ৰেচীৰ ধৰ্ষণ
ভাৱানুবাদ- জাহ্নৱী কাকতি
শপত লোৱাৰ সময়ত তেওঁলোকে
বিনাশ কৰাৰ পৰামৰ্শ দিছিল
তেওঁলোকে উপায় উলিয়াইছিল
সহ্য কৰিবলৈ মৃত লুক্ৰেচীৰ কথা
লুক্ৰেচীৰ ৰক্তাক্ত শৰীৰটো
ৰোমৰ সকলোতে দেখুৱাবলৈ
তাৰকিউনচৰ অপৰাধবোৰ
প্ৰকাশ কৰিবলৈ
যিটো তীব্ৰগতিত কৰা গৈ আছিল একাণপতীয়াভাৱে
ৰোমানসকলে এই কামত
প্ৰশংসনীয় ৰূপত সহমতি দিলে
তাৰকিউনচক চিৰদিনৰ বাবে
নিৰ্বাসন দিলে।
---------------------------------
অটল বিহাৰী বাজপেয়ীৰ কবিতা
'মৌত চে থন গয়ী'ৰ অসমীয়া ভাবানুবাদ
ভাবানুবাদ-অনসূয়া বৰঠাকুৰ
মৃত্যুৱে মোক মষিমূৰ কৰি থৈ গ'ল
জোঁকাৰি থৈ গ'ল!
মৃত্যুৱে মোক মষিমূৰ কৰি থৈ গ'ল!
যুঁজাৰ ইচ্ছা নাছিল,
কেঁকুৰিত লগ পোৱাৰ
প্ৰতিশ্ৰুতিও নাছিল!
বাট আগচি ধৰি,
তেওঁ সমুখত থিয় হ'ল
এনে লাগিল যেন..
জীৱনতকৈও ডাঙৰ কিবা এটা ঘটি গ'ল!
মৃত্যুৰ আয়ুস কিমান?
দুটা মুহূৰ্তৰ সমান?
অথচ জীৱন,
আজি বা কালিৰ দৰে,
নহয় মাথোঁ এটি ক্ষণ!
ই চিৰপ্ৰবাহমান!!
মই হেঁপাহ পলুৱাই জী ল'লো!
নিজ ইচ্ছাত এদিন মৰিম।
পুনৰ উভতি আহিম,
কাৰোবালৈ কিয় ভয় কৰিম?
সেয়ে কৈছোঁ,
তুমি হাতত সাৰে, ভৰিত সাৰে, সংগোপনে নাহিবা।
সন্মুখৰপৰা প্ৰহাৰ কৰি মোক সাৱটি ল'বা।
মৃত্যুৰ উম-ঘাম নোপোৱা
জীৱনৰ দীঘল বাট!
সুৰৰ ৰাগি লগা গধূলিবোৰ,
আৰু ৰাতি,
মতলীয়া কৰা বাঁহীৰ মাত!
কথাটো এনেকুৱাও নহয় যে
দুখে মোক কোঙা কৰা নাই।
নিজৰেই হওক বা আনৰেই
চকুলোৰ নদী জানো
কেতিয়াবা শুকায়!
অচিনাকিজনৰ পৰাও ইমান মৰম পোৱা যায়!
সেয়ে, আপোনজনৰ পৰা নোপোৱাক লৈ মোৰ কোনো আক্ষেপ নাই।
জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বান মই দুহাতেৰে আঁকোৱালি ল'লো।
প্ৰতিকূল বতৰতো নুমাব খোজা চাকিগছি জ্বলাই ৰাখিলোঁ।
আজি প্ৰচণ্ড ধুমুহা বলিছে!
নৈৰ পকনীয়াত মেলি দিছোঁ জীৱন ডিঙা,
কতবাৰ আহত হৈও পাৰত উঠাৰ হাবিয়াহ!
চোৱা, ধুমুহাৰ কেনে প্ৰতাপ, কেনে সাহ!
মোক জোঁকাৰি থৈ গ'ল!
মৃত্যুৱে মোক মষিমূৰ কৰি থৈ গ'ল ।
––––––––––––––
সুবোধ সৰকাৰৰ কবিতা
বীৰ
আমি গ্ৰীক যোদ্ধা
অ্যাকিলিচৰ কথা জানো।
আমি বীৰ অৰ্জুনৰ কথা জানো
আমি স্পাৰ্টাকাচৰ কথা জানো।
কিন্তু আমি বনমালী নস্কৰৰ কথা নাজানো
কোন বনমালী নস্কৰ ?
থাকে কলাবাৰী গাঁৱত,
নিজৰ ঘৰত ভাত নাই।
প্ৰত্যহ ৰাতিপুৱা উঠি
দুহাজাৰ ঘৰচিৰিকাক
চাউল খুৱাই।
তেখেতে জানে চৰাই বাচিলে মানুহ বাচিব
মানুহ বাচিলে অৰণ্য বাচিব
অৰণ্য বাচিলে
আমাজান বাচিব ।
আমাজান বাচিলে পৃথিৱী বাচিব।
কোন বনমালী নস্কৰ ?
এতিয়া আৰু স্পাৰ্টাকাচক নিবিচাৰোঁ
আমাক লাগে বনমালী নস্কৰ।
ভাবানুবাদ-প্ৰদীপ চন্দ্ৰ শৰ্মা
-------------------------------------------------------------
0 Comments