যুগনায়ক হোমেন বৰগোহাঞিদেৱলৈ
অসম কাব্য কাননৰ তৰফৰ পৰা জনালোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
সম্পাদনা সমিতি
বাটচ’ৰা
সম্পাদকীয়
ক'ৰোনাৰ দ্বিতীয়টো প্ৰলয়ে আমাৰ দেহ,মন ত্ৰাসিত কৰি ৰাখিছে। চিনাকি মানুহবোৰ এজন এজনকৈ আঁতৰি গৈ আছে।
বাতৰিকাকত,দূৰদৰ্শন,ভ্ৰাম্যভাষত মাথোঁ ঋণাত্মক খবৰৰ দৌৰ।মানুহৰ দেহ,মন কোঙা হৈ পৰিছে। কিন্তু, আমি জীয়াই থাকিব লাগিব। আমি এই দু:সময়ক পৰাজিত কৰিবই লাগিব।মানৱজাতিয়ে ক’ৰোনাতকৈও ভয়াবহ মহামাৰি প্ৰতিহত কৰিছে। জ্যোতিপ্ৰসাদ দেৱে কোৱাৰ দৰে -"ৰাতি যিমানেই কঠিন নহওক কিয়, ৰাতি পোৱাবই।" অৱশ্যে দুখৰ ৰাতি দীঘলীয়া ।তথাপি,আমি আশাবাদী-অতি সোনকালে সুদিন আহিব।
বিভিন্ন দুঃশ্চিন্তাই মনত ক্ৰিয়া কৰি থকাৰ বাবে ,সাহিত্য চৰ্চাকাৰীসকলৰ বেছিভাগেই
সাহিত্য চৰ্চাত মনোনিৱেশ কৰিব পৰা নাই ;এই কথা সামাজিক মাধ্যমৰ জৰিয়তে সহজেই অনুমান কৰিব পাৰি । সৃষ্টিশীল কৰ্মৰাজিৰ বাবে আমাৰ এক সুস্থ মনৰ খুবেই প্ৰয়োজন ।কিন্তু, বৰ্তমানক স্বীকাৰ কৰিও, বিভিন্ন সৃজনীশীল কৰ্মৰাজিৰ মাজেৰে ,আমি নিজে নিজক সজীৱ ,ৰসাল কৰি ৰাখিব লাগিব।
বৰ্তমানৰ এই কঠিন সময়ত ,আমি শৰীৰৰ লগতে মনটোও সেউজ কৰি ৰখাটো অতি জৰুৰী। তাৰবাবে নিজৰ সৃষ্টিশীল কৰ্মবোৰ আগবঢ়াই নিব লাগিব ।সামাজিক মাধ্যমে ,এইক্ষেত্ৰত অগ্ৰণী ভুমিকা গ্ৰহণ কৰিছে।সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ লেখাবোৰ প্ৰচাৰ কৰি,আহক, আমি নিজে নিজক উজ্জীৱিত কৰি ৰাখো।
দৈনন্দিন ব্যস্ততাত আমি নিজৰ সৈতে সময় কটাবলৈ আহৰিয়ে নাপাও । গতিকে, আহক আমি আমাক সময় দিও। প্ৰতিযোগিতাময় এই পৃথিৱীত কেৱল দৌৰি নাথাকি, আহক অলপ প্ৰকৃতিৰ স’তে জিৰাও;আহক নিজৰ পৰিয়ালৰ স’তে সময় কটাও। আহক,
যোগাসন,প্ৰাণায়মৰ জৰিয়তে নিজকে সতেজ কৰি ৰাখো। আহক,মৃত্যুৰ কথা পাহৰি, উপভোগ কৰো-জীৱন। কিয়নো, জীৱন সঁচাকৈয়ে অনুপম ।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
------------------------------------------------------
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
(১)
(তৰুণ কবিসকলৰ উদ্দেশ্যে )
আন্তৰিকতাৰে কবিতা লিখি থকা তৰুণ কবিসকলে প্ৰখ্যাত কবিৰ উৎকৃষ্ট কবিতাৰ সৌন্দৰ্য, ঐশ্বৰ্য আৰু মৰ্ম মনোযোগৰে উপলব্ধি কৰিব পাৰিলেহে, তেওঁলোকৰ কবিতাৰ বিকাশ সম্ভৱ হ’ব।
অৰ্থাৎ, এগৰাকী কবিৰ কাব্যিক-মানসিক বিকাশ হ’বলৈ হ’লে -- মানসম্পন্ন, সমাদৃত আৰু বিখ্যাত কবিতা একোটাত, কবিয়েনো ৰূপক, উপমা, প্ৰতীক, দৃশ্যমান চিত্ৰকল্প, লোক-কথা, ভাষাৰ কালিকা, নতুন চিন্তা আদিৰে কবিতাটো কিধৰণে সাৱলীল অথচ, অৰ্থৰ গভীৰতাৰে সমৃদ্ধ শিল্পৰূপ দিব পাৰিছে -- তাক নিৰীক্ষণ কৰি, কবিতাটোৰ মহত্ব মৰ্মে মৰ্মে বুজি উঠিব পাৰিব লাগিব ৷
কম শব্দৰে বহু অৰ্থ কৰি বহু কথা ক’ব পৰাটোহে কবিতাৰ কাম ৷ কবিৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰে -- একমাত্ৰ মননশীলতাইহে ।
(২)
নাৱৰীয়া এজনক কবিবুলি ধৰি ল’লে -- তেওঁৰ বঠাপাত হ’ব 'শব্দ’ (word) ; নৈ, বিলৰ পানীত তেওঁৰ নাৱে তোলা ঢৌবোৰ হ’ব 'কবিতা’ ; নিলগত থকা পাৰবোৰ -- 'পঢ়ুৱৈ’ ; ঢৌৰ ধ্বনিবোৰেই কবিতাৰ 'পাঠ’ ৷
চিন বা প্ৰভাৱ থাকি যায় -- পাৰত ৷
(৩)
“কবিতাৰ গুৰি হল 'মেটাফৰ’ বা ৰূপক ৷ কোনো এটা বস্তু ভালকৈ চাবলৈ, বস্তুটোৰ সঁচা-স্বৰূপ জানিবলৈ হ’লে -- আন কিবা এক বস্তুৰ মাজেৰে চাব লাগে ৷” -- আৰিষ্ট’টল
'তোমাৰ সেন্দূৰ-ৰঙীন কপালখন দেখিলে --
পূবাকাশ ৰঙা কৰি
ধীৰে ধীৰে উঠি অহা ৰঙা-ঘোঁৰাটিলৈ
মোৰ মনত পৰে’
-- সেন্দূৰ-ৰঙীন কপালখনৰ সঁচা-ৰূপ চাবৰ বাবে --'ৰঙা-ঘোঁৰাটি’ (আন এক বস্তু) ক ব্যৱহাৰ কৰা হৈছে ৷
'ৰঙা-ঘোঁৰাটি’ কি ; যিয়ে, পূবাকাশ ৰঙা কৰি ধীৰে ধীৰে উঠি আহে ? নিশ্চয়কৈ পুৱাৰ বেলি ৷
সেন্দূৰৰ ফোটটি ( যাৰ উল্লেখেই নাই !) ক -- বেলি বা 'ৰঙা-ঘোঁৰাটি’ বোলাটোৱেই -- ৰূপক (Metaphor) ৷
কপালৰ সেন্দূৰৰ ফোটটিক -- বেলিৰ লগত তুলনা কৰাত একো নতুনত্ব নাই ; নতুনত্ব আছে -- 'ৰঙা-ঘোঁৰাটি’ত ৷
------------------------------------------------------
কাব্যকাননৰ অনন্য অনুষ্ঠান কথোপকথন
আজিৰ অতিথি
'মেঘ-ঘোঁৰা'ৰ কবি,যুৱ সাহিত্য অকাডেমী বঁটা বিজয়ী , মাননীয় দ্বিজেন কুমাৰ দাস
সাক্ষাৎকাৰ গ্ৰহণ: ■ অৰ্চনা ঠাকুৰীয়া
---------------------------------------------------------
প্ৰান্তিককে ধৰি অসমৰ আগশাৰীৰ কেইবাখনো আলোচনীত কবিঞতা প্ৰকাশ হোৱা বৰ্তমান সময়ৰ এজন প্ৰতিষ্ঠিত কবি মেঘ-ঘোঁৰাৰ কবি খ্যাত দ্বিজেন কুমাৰ দাস
#প্ৰকাশিত কাব্যগ্ৰন্থ-🔹মেঘ-ঘোঁৰা (2018) আৰু উশাহ থাকে মানে অ মনেতৰা(2007)
শ্ৰদ্ধাৰ কবিজনৰ সৈতে হোৱা আমাৰ কথোপকথন আপোনালোকলৈ আগবঢ়ালো |
◼️অ:কা:কা:- প্ৰথমতে আমাৰ পাঠকসকললৈ আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিবলৈ অনুৰোধ জনালোঁ ।
🔹দ্বিজেন কুমাৰ দাস: হয়, নমস্কাৰ |মই দ্বিজেন কুমাৰ দাস |অসমীয়া হিচাপে নিজকে চিনাকি দি ভালপাওঁ |অসম কাব্যকাননৰ এগৰাকী অতিথি হ'বলৈ পাই আনন্দিত হৈছোঁ | এই গোটৰ সৈতে জড়িত আটাইলৈ কৃতজ্ঞতা জনালোঁ |
◼️অ:কা:কা:- আপোনাৰ দৃষ্টিত কবিতাৰ সৃষ্টি হয় নে কবিতা নিৰ্মাণ কৰা যায়?
🔹দ্বিজেন কুমাৰ দাস: কবিতা 'সৃষ্টি নে নিৰ্মাণ ' বৰ আউললগা কথাৰ নিচিনা |মই নিজকে সুধি থাকোঁ মই নিৰ্মাণ নিৰ্ভৰ হয়নে নহয় |ক'ব খোজাখিনি পোনপটীয়াকৈ ক'ব খোজোঁ | তাকে কবলৈ কবিতাৰ আশ্ৰয় লওঁ আৰু তাৰ শৰীৰ নিৰ্মাণ কৰোঁ | চলমান সকলো বিষয়বস্তু বা অভিজ্ঞতা বা তাৰ দৰ্শনকেই আমি হয়তো কবিতা ৰূপত নিৰ্মাণ কৰোঁ | খণ্ড ৰূপৰ প্ৰকাশ ৰূপেও|তাৰ সমগ্ৰতাখিনি বোধত থিতাপি ল'লেই হয়তো পুনৰ নতুন কবিতাৰ জন্ম হয় | এই ধাৰণাত cultivated spontaneity ৰ কথাও থাকে |আচলতে ই এক বহল বিষয় |বহু কবিয়ে কবিতাক নিৰ্মাণ বুলিছে |বহু কবি কেৱলমাত্ৰ নিৰ্মাণ নিৰ্ভৰ নহয় |অতি নিৰ্মাণ নিৰ্ভৰ কবিতাই পাঠকক কেতিয়াবা বিপদত পেলায় |ভাষাৰ যাদুগুণ সকলো কবিতাত নাথাকে।
◼️অ:কা:কা:- প্ৰায়ে দেখা যায় চিত্ৰকল্পৰ ব্যৱহাৰে কবিতাত চমৎকাৰীতা আনি দিয়ে।পাঠকক আকৰ্ষণ কৰাৰ এই অভিনৱ প্ৰয়াসে কিমান দূৰ কবিতা ভালপোৱা মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে বুলি আপুনি ভাৱে?
🔹দ্বিজেন কুমাৰ দাস: হয়, সতেজ সপ্ৰতিভ চিত্ৰকল্পই কবিতা ভালপোৱা মানুহক স্পৰ্শ কৰে | কবিতাক চোক দিয়ে | নিষ্প্ৰাণ নিস্তেজ চিত্ৰকল্পই হয়তো কবিতাৰ গুণগত দিশটো ম্লান কৰে |প্ৰায়ভাগ কবি মাত্ৰেই চিত্ৰকল্পৰ নিৰ্মাণ তাৰ চাতুৰ্য প্ৰকাশ ইঙ্গিত , ৰূপক আদি নিৰ্মাণত , তাৰ আৱিস্কাৰত নিজকে নিয়োজিত কৰে |জীৱন যাত্ৰাত চিত্ৰৰ পৰা চিত্ৰকল্পলৈ যোৱা বাটটোৱেই কবিৰ বাট |সংবেদনশীলতাই এই মহত্বৰ বাট মুকলি কৰে |চিকুণায়|
◼️অ:কা:কা:-আপুনি কাৰ কাৰ কবিতাৰে নিজকে সমৃদ্ধ কৰিছে? আপোনাৰ প্ৰিয় কবি কোন?
🔹দ্বিজেন কুমাৰ দাস: বেছিভাগ অসমীয়া কবিতা পঢ়িছোঁ।মাধৱদেৱৰ ৰচনা প্ৰিয়। নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, অনুভৱ তুলসী, নীলিম কুমাৰ, সৌৰভ শইকীয়া প্ৰিয় কবি।শেহতীয়াকৈ পোল ভাষাৰ কবিতাই আকৃষ্ট কৰিছে। বাচো আৰু ইচচাৰ হাইকু প্ৰিয়।
◼️অ:কা:কা:- কবিতা কেৱল আবেগ সৰ্বোচ্চ হ'ব লাগে বুলি আপুনি ভাবেনে? নে ই কিছু পৰিমানে জ্ঞানবৰ্ধকো (informative) হোৱা প্ৰয়োজন?
🔹দ্বিজেন কুমাৰ দাস: কবিতা আৱেগ সৰ্বস্ব নহয়।আৱেগ নাথাকিলে কবিতাও হয়তো লিখিব পৰা নাযায়।যিকোনো শিল্পগুণসম্পন্ন বিষয় এটাৰ সাধনা কৰা লোকসকলৰ ক্ষেত্ৰত আৱেগে বিশেষ গুৰুত্ব লাভ কৰে।কিন্তু শিল্পত আৱেগ নিয়ন্ত্ৰিত হ'ব লাগে। কবিতাতো। নতুনকৈ লিখিবলৈ লওঁতে আৱেগৰ উদ্ভাসিত খেল এখন চলি থাকে।তাক অতিক্ৰম কৰা দৰকাৰ। পিছলৈ অনুশীলন, আত্মোৎসৰ্গা, অধ্যয়ন, শ্ৰম আদিৰ পূৰ্ণ ৰূপৰ দিশ এটালৈ আগবাঢ়ে। হীৰুদাই বোধহয় কৈছিল--- কবিতা কবিৰ আত্মানুসন্ধানৰ জটিল দীঘল বাট।
আৱেগেই নহয় বিভিন্ন উপসৰ্গই কবিতাক সমৃদ্ধ কৰে। কবিতাই সকীয়নি দিয়ে। উৎকৃষ্ট কবিতা এটাত অধ্যয়নৰ বহু সমল থাকে।
◼️অ:কা:কা:- অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু আভাস দিব নেকি?
🔹দ্বিজেন কুমাৰ দাস: মোৰ তেনে বিশেষ ডাঙৰ পৰিকল্পনা নাই। পৰিকল্পনাহীন ভাৱেও কিছু কাম কৰি থকা হয়। দুই এটা থাকেও । হ্ৰম্বম্যাদী। কিন্তু লিখি থাকিব খোজো। দীঘলীয়া সময়ৰ বাবে। চাওঁ চোন।
◼️অ:কা:কা:কেইখনমান আগশাৰীৰ আলোচনীত সাধাৰণতে কিছু প্ৰতিষ্ঠিত কবিৰ কবিতাহে প্ৰকাশ পাই আহিছে, আলোচনীত কবিতা প্ৰকাশৰ ক্ষেত্ৰত নতুন কবিসকলৰ উন্নত মানৰ কবিতা প্ৰকাশ কৰাটো সেই আলোচনীৰ সম্পাদক বা বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ব নহয়নে? অথবা প্ৰতিষ্ঠিত কবি সকলৰ এই ক্ষেত্ৰত কোনো কৰণীয় নাই নেকি?
🔹দ্বিজেন কুমাৰ দাস: এইটো মূল্যৱান প্ৰশ্ন | আলোচনীসমূহে এই কথাটো মন দিয়াতো ভাল |সম্পাদকৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে |আমাৰ সাহিত্য আলোচনীৰ সংখ্যাও কম |কিন্তু ভাল লিখা কবি ওলাইছে যেনেকৈ নহওঁক।
প্ৰকাশ আলোচনীয়ে ৩৫ৰ পৰা ৪০ৰ অনুৰ্ধ্বৰ নতুন কবিৰ কবিতা প্ৰকাশ কৰিছিল কিছুবছৰ আগেয়ে।বেছিভাগ কবি ৰৈ গ'ল।লিখি আছে এতিয়াও ।সাতসৰীয়ে বছৰৰ এটা সংখ্যা নতুন লেখকৰ লেখাৰে সজায়।আকাশবাণী গুৱাহাটীয়ে নতুন কবিতাক লৈ উদ্যোগ গ্ৰহণ কৰিছে ।
ব্যক্তিগত পৰ্য্যায়ত অৰিন্দম বৰকটকী,উদয় কুমাৰ শৰ্মা, প্ৰণৱ কুমাৰ বৰ্মন, বিজয় শংকৰ বৰ্মন আদিয়ে নতুন কবিতাৰ সন্ধান কৰা দেখিবলৈ পাইছোঁ। তেওঁলোকে আমাকো উৎসাহিত কৰিছে ।হয়তো সেয়াই যথেষ্ট নহয়।
◼️অ:কা:কা:- ফেচবুকত কবিতাচৰ্চা কৰি থকা সকলৰ কবিতাৰ ক্ষেত্ৰ খনত ভৱিষ্যতৰ সম্ভাৱনা কিবা দেখা পাইছেনে?
🔹দ্বিজেন কুমাৰ দাস: 'ফেচবুক সাহিত্য' -লৈ বৰ বিশেষ ধাৰণা মোৰ নাই।কিন্তু কবিতাৰ চৰ্চাকাৰী দীক্ষিত হ'বলৈ অন্য বিষয়ৰ মাজলৈও যোৱাতো উচিত বুলি সময়ে সদায়েই কৈ আহিছে । তাৰ পিছত আহিব পাঠকৰ প্ৰশ্ন।
তথাপি মঞ্চ এখন যিহেতু লাগিবই সেয়ে ইয়াৰ সৈতে জড়িত মানুহখিনিয়ে প্ৰতিযোগিতাত নামিব নালাগে |ফেচবুক হয়তো বেছি মুকলি |আৰু আত্মসমালোচনাত আমি বহু কবি ব্যৰ্থ | প্ৰদৰ্শনকামিতা পৰিহাৰ কৰিলে , সঠিক আত্মসমালোচনা থাকিলে ভাল কবিতাৰে ফেচবুক ভৰি পৰিব পাৰে |পাঠকো দ্বিধাগ্ৰস্ত নহয় |সাহিত্যক সাহিত্যৰ মৰ্য্যদা সকলোৱে দিব লাগে |
◼️অ:কা:কা:- অসম কাব্য কানন ফেচবুকৰ বৰ্তমান এক জনপ্ৰিয় গোট।এই গোটত কবিতা চৰ্চা কৰি থকা কবি সকললৈ আপোনাৰ কিবা পৰামৰ্শ আছে নেকি অথবা তেখেতসকলে কেনে ধৰণেৰে চৰ্চা কৰিলে কাব্য জগতত তিষ্ঠি থাকিব পাৰিব বুলি আপুনি ভাৱে?
🔹দ্বিজেন কুমাৰ দাস: কাব্য কাননলৈ শুভকামনা সদায়েই থাকিব।ইয়াৰ সৈতে জড়িত বহুজন নিজৰ অধ্যৱসায়েৰে মনোনিবেশ কৰা নিজে দেখিছো। এই যাত্ৰা সোণালী হওঁক। পঢ়া শুনা কিন্তু সাংঘাতিকভাৱে জৰুৰী। ফেচবুকত থাকিলেও।
◼️অ:কা:কা:- সদৌ শেষত আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে লগতে আমাৰ প্ৰশ্ন সমূহৰ যথাযথ উত্তৰ প্ৰদান কৰাৰ বাবে অসম কাব্যকাননৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে আপোনাৰ কলমেৰে জীপাল হৈ উঠাৰ কামনা কৰিলোঁ-অসমীয়া ভাষা সংস্কৃতিৰ বিশাল পথাৰ খন।সাহিত্যৰ জগতত আপুনি এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰওঁক।
🔹 দ্বিজেন কুমাৰ দাস : পুনৰ ধন্যবাদ জনালোঁ ।
----------------------------------------------------------
কবিতা
সাপ
হোমেন বৰগোহাঞি
কি দুঃসহ সুন্দৰ ৰাতি,উষ্ণ আৱেগ আৰু উত্তাপ
ৰোমাঞ্চিত হয় মোৰ মন(যি মন লৈ মই খেলা কৰো)।যেন এটি উজ্জল সাপ
সোণালী যাৰ গাৰ ৰং,মৃত্যুৰ ক্ৰুৰ আৱেগ তাৰ দৃষ্টিত।(কেনেকৈ এই স্বপ্ন সফল হ'ল আমাৰ বন্ধ্যা সৃষ্টিত?)
অনুভৱ হয় মুক্তিৰ বিপুল আনন্দ মোৰ সত্তাত, মোৰ চেতনাত;জীৱনৰ অনায়াস ছন্দ
সৰ্পিল গতিৰে ভাহি যায় ৰাতিৰ অন্ধকাৰ নদীতউদ্দাম,উত্তাল,আবাৰিত।
উন্মাদৰ দৰে মই ভালপাওঁ ৰাতিৰ এই ৰোক্তস্নাত অন্ধকাৰ
যেনেকৈ ভালপাওঁ এটি আলকতাৰৰ দৰে গাৰ ৰং কোনো এক বেশ্যাৰ।
স্বপ্নৰ অৰণ্যত বিচৰণশীল এটি উজ্জ্বল সোণালী সাপ
তাৰ চৌপাশ ঘেৰি সোণালী স্তব্ধতা,দুঃ সহ বিস্ময় আৰু উত্তাপ
অন্ধকাৰ আৰু অন্ধকাৰ।
মই ভালপাওঁ ৰাতিৰ দৰে সুন্দৰ এটি সাপ আৰু তাৰ অবাক অহংকাৰ।
আলকতৰাৰ দৰে গাৰ ৰং কোনো এক বেশ্যাৰ
গলিত হৃদয় যেন মৃত্যু আৰু সৌন্দৰ্যৰ এই সমাহাৰ।
–––––––––––––––––––––––––
আত্মানুসন্ধান…
অংকুৰিতা ফুকন
( শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰলৈ
অশ্ৰুঅঞ্জলি)
শিল বুলি জানিও ফুল বুলি
তেওঁক সপি দিছিলোঁ
আমাৰ চুটি উশাহবোৰ
তেওঁৰ উশাহেৰে নিগৰি সোমাই আহিছিল
এখন নদী আমাৰ শৰীৰৰ ভিতৰলৈ
উশাহৰ মাজত সামৰি লোৱা নদীখনে খহাইছিল
আমাৰ মনৰ শিলাময় উপত্যকা
আমি হৈ পৰিছিলোঁ একো একোজন
সাগৰীয় মানুহ…
সাগৰৰ গৰ্ভত মানিক বিচাৰি
আমি ওভতাই পালোঁ হেৰোৱা উশাহবোৰ
আৰু শিলবোৰত আত্মানুসন্ধানৰ শিলালিপি…।
----------------------------------
চক্ৰবাত
গাৰ্গী ভূঞা
আজি কিছুদিন ধৰি
মই পৰুৱাবোৰক অনুসৰণ কৰিছোঁ
সিহঁতে কেনেদৰে উমান পাই
সম্ভাব্য বতাহ বৰষুণ
আৰু ঋতু পৰিৱৰ্তনৰ...
আন জীৱয়েও পায়
আমাৰ কাষৰ ঘৰৰ কলিগাই জনীয়ে ভূঁইকপ অহাৰ আগতে হেম্বেলিয়াই
মোৰ পদূলিৰ বাঘটোৱেও ৰাউচি জোৰে...
আজি প্ৰায় দুকুৰি বছৰ অনুসৰণ কৰি
মই মোকেহে চিনিব নোৱাৰিলোঁ
অৱহেলিত মই
নে মোৰ ষষ্ঠ ইন্দ্ৰিয়!
নে সকলো আকস্মিকক আওকাণ কৰি
অভয় প্ৰাপ্তিৰ নিচা এয়া
বোধ হয় পৰুৱাবোৰ নহয়
আমি মানুহবোৰেহে এটি মৰণ কুণ্ডলীত ঘূৰি আছোঁ
অমৃত্যু পৰ্যন্ত...
------------------------------------
বেজীৰ বাবে অনুৰোধ
বিভা দেৱী
এটা বেজীৰ বাবে
গানটো আৰম্ভ হৈছিল
"জোনবাই এ 'বেজী এটি দিয়া"
ভঙা জোনলৈ মেলি দিয়া এখন ৰঙা হাত
এটা বেজীৰ বাবে অনুৰোধ
সপোন সীব পৰা বেজী
ধনী নিৰ্ধনীৰ বেজী
সূৰ্যালোক শূন্য
হাতীত উঠাৰ মন
বৰ মানুহৰ ধন
দবাৰ কোব ঢং ঢং
কাঁহ পৰি জীণ যায়
সুৰেৰেই সুৰ হয়
সাউদৰ পুতেকৰ নাওঁ
টুলুং-ভুটুং টুলুংভুটুং
সুযোগ পালেই ভটিমা গাওঁ।
----------------------------------
বাট
সীমা গগৈ
এইমাত্ৰ মই যʼত বহি আছোঁ
ইয়াৰপৰাই মণিব পাৰি
এটি দীঘলীয়া বাট
বাটটোৰ কাষে কাষে
শাৰী শাৰীকৈ
মকৰাবোৰে জাল গুঠি আছে
কিছু দূৰৈত দেখিছোঁ নদৰ্মা এটাৰপৰা
উলাই অহা দুখনমান ভোকাতুৰ হাত
আৰু আনফালে দেখিছোঁ
অৰ্ধ উলঙ্গ শৱদেহবোৰ খুটিয়াই থকা
শগুনৰ জাক
তেজৰ ৰং ইমান ক'লা ? কেতিয়াও দেখা নাছিলোঁ ..
বিভৎস এই ছবি...
মোৰ চকুৰ আগত সেউজীয়া পৃথিৱীখন ক'লা হৈ আহিছে .
ক্ৰমান্বয়ে টুটা দেখিছোঁ
মানুহবোৰৰ বুকুৰ উশাহ
এইবাৰ চকুযোৰ জোৰকৈ মুদি দিলোঁ
আৰু হঠাৎ
আগতে নুশুনা সুৰ এটি
কাণে কাণে যেন কোনোবাই
সুহুৰিয়াই গʼল...
অলেখ মাতৰ কোলাহলত মোৰ কলিজাখন আকৌ এবাৰ কʼলা পৰি ৰʼল
মই শুনিবলৈ পোৱা মাতবোৰ
অস্ফুট , গেঁথনি সদৃশ
কোনোবাই হিয়া ঢাকুৰিয়াই কান্দিছিল
কোনোজনে উচুপিছিল
কোনোজনে অট্টহাস্য কৰিছিল..
এইবাৰ মই কাণ দুখন দুহাতেৰে ঢাকি ধৰিলো..
এপিয়লা লুণীয়া সোৱাদ মোৰ কণ্ঠ বাগৰি গʼল
ইমান অসহায়
ইমান নিৰুত্তৰ ... এই সময় !
শাম্য উশাহকণ বুকুত ভৰাই
চাই ৰʼলো বাটলৈ
সৰাপাতে ঢাকি ধৰা বাটত তেতিয়া
বেলিৰ ওৰণি
হেঙুলীয়া ৰʼদ অকণ ডেউকাত সানি
উৰি গুচি গৈছিল
ঘৰমুৱা চৰাইৰ জাক
চৰাইজাকেও হয়তো জানিছিল
উৰিবলৈ আকাশ নহয় ডেউকাৰহে প্ৰয়োজন..
লাহে লাহে এন্ধাৰবোৰ ঘন হৈ আহিছে
বাহিৰত মোৰ বাহিৰে কʼতো কোনো মানুহ নাই
মাথোঁ ৰৈ ৰৈ শুনিছোঁ
গছবোৰৰ সʼতে বতাহজাকৰ বাৰ্তালাপ
নিৰৱে পোহৰ বিলাই থকা দূৰ আকাশৰ
সৌ এটি দুটি তৰা
যেন এইমাত্ৰ টোপনি যাব ..
আৰু মই..
এয়াই মোৰ সাৰে ৰোৱাৰ প্ৰয়াস
নিজৰ সʼতে কথা পতাৰ অৱকাশ
অপেক্ষা মাথোঁ কালিলৈ
কালিলৈ যে এটি নতুন সূৰ্য্য উদয় হʼব ...
এইমাত্ৰ মই যʼত বহি আছোঁ
ইয়াৰ পৰাই মণিব পাৰি
এটি দীঘলীয়া বাট
–––––––––––––––––––––
আমি অচেতন নিয়োক নাথ জগায়.....
অৰ্চনা ঠাকুৰীয়া
মাতটো ভাল হ'বলৈ ৰসৰাজৰ বুঢ়ীআইজনীয়ে হাতত মিঠাতেল একথোলা লৈ সোলা দাঁতৰ মাজেৰে জিভাখন উলিয়াই চেলেকি খালে।
এপদ এপদকৈ কৈ গ'ল মানুহ কুকুৰ হোৱাৰ আখ্যান,কাঞ্চনী, গঙাটোপ,শিঙৰা মাছৰ সজ-অসজ অহেতুক ব্যাখ্যা।
চিত্ৰকূটৰ পৰা অলকা পৰ্যন্ত উৰি থকা মেঘমালাৰ মাজেৰে ভ্ৰমি থকা বুঢ়ীআইক এদিন নাৰদে লগ পালে।তেওঁ দেখুৱাই দিলে–
'সৌৱা, তোমাৰ পৃথিৱীখন চোৱা
দেখিছানে সৌখন ছয়মাইলৰ মাছৰ বজাৰ।মানুহবোৰলৈ চোৱা-সিহঁতে একেসময়তে শ-বোৰ সোণৰ দামত কিনি খাইছে,আনফালে মানুহৰ শ চুই বাহিৰতে স্নান কৰি ভিতৰত সোমাইছে।পাকঘৰৰ বঠিখনেই সিহঁতৰ নিষ্ঠুৰতাৰ সাক্ষী নহয়নে বুঢ়ীআই?'আয়ে চকুলো টুকিলে।
আন এদিন,বুঢ়ীআয়ে ভ্ৰমি ভ্ৰমি স্কটলেণ্ড পালেগৈ।গুহাৰ ভিতৰত মকৰা এটাই সপ্তপদী মন্ত্ৰ গাই দ্ৰুতলয়ত জাল এখন গুঠি আছিল। য'ত মকৰা নিজেই বন্দী হ'ল কিন্তু আনজীৱবোৰ জাল ফালি ওলাই আহিল।
এনেদৰে ঘূৰি ঘূৰি অৱশেষত বুঢ়ীআই এদিন লুইতৰ বুকুৰে ভাতিয়ালী গীত গাই উজাই আহিল তেজপুৰলৈ। তাত তেওঁ চিত্ৰলেখীয়ে এখন সুন্দৰ ছবি আঁকি থকা দেখিলে–য'ত মাধৱ পুৰুষে এডাল ইউনিকৰ্ণ পেঞ্চিল লৈ লিখি আছিল–
"ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম....
.....আমি অচেতন নিয়োক নাথ জগায়...."
-------------------------------------------------------
পাবলো নেৰুদাৰ কবিতা
ভাৱানুবাদ- জাহ্নৱী কাকতি
কেনেকৈ, ক'ত আৰু কেতিয়া
মই তোমাক ভাল পাওঁ
একো নজনাকৈ
মই তোমাক ভাল পাওঁ
কোনো সমস্যা আৰু অভিমান নকৰাকৈ
ভাল পাওঁ তোমাক এনেদৰেই
কিয়নো ভালপোৱাৰ আৰু বেলেগ কৌশল
মই নাজানোঁ
কিন্তু
মই বা তুমি বুলি
একো নাই ইয়াত
ইমানেই অন্তৰংগ যে
মোৰ বুকত থোৱা তোমাৰ হাতখন, মোৰেই হাত
ইমানেই অন্তৰংগ যে
মই যেতিয়া শুই পৰোঁ ,বন্ধ হৈ যায় তোমাৰ দুচকু
--------------------------------------------------
আইনা
ৰাজীৱ চহৰীয়া
পিতাইয়ে চোৱা নাছিল আইনা
আইয়ে আকৌ ভঙা আইনাখন চায়েই
সেওঁতাত আঁকি লৈছিল পিতাইক
জেঠৰ বাৰটা খৰ নীৰৱে সহি
পিতাইয়ে পোহৰাই তুলিছিল শাওণৰ পথাৰ, আঘোণৰ চোতাল
নাছিল সুখৰ আকাল, নাছিল দুখৰ ভঁৰাল
মাথোঁ জীৱন আছিল সীৰলুসৰল
নিয়তিৰ নিষ্ঠুৰ আঁচোৰত
পিতাইৰ হাড়ত বন গজিল
আইৰ সেওঁতাতো শূন্যতাৰ বিৱৰ্ণ আইনা এখন আমৃত্যু ওলমিল...
ক্ৰমশঃ চিনাকি চুবুৰীটোয়ে ৰং সলালে
শ্যামলী চাদৰ পৰিহিতা আপোন গাঁও খনে
ওপজা মাটিৰ শীতল পৰশো পাহৰিলে
আনকি নতুন আইনা এখনে
ঘৰৰ বেৰো শুৱনি কৰিলে
পুৱা -গধূলি আইনাখনত এবাৰ নাচালে
জীৱন নচলে
অথচ লাহে -লাহে
জীৱনমুখী চেতনাৰে
আইনাখনত চাব নোৱাৰা হ'লোঁ নিজকে
যিদৰে বহু দিনলৈ আইনাত
নিজক চাব পৰা নাছিল
ইউহান চহৰৰ প্ৰথম
হাঁচিটোৰ গৰাকীয়ে !
সাতামপুৰুষীয়া আত্মীয়তাৰ আঁত চিঙি
আপোন প্ৰত্যয়ৰে আইনাত নিজক চাবলে
বুকুত এপথাৰ সাহস লাগে
দুচকুত প্ৰত্যাশাৰ পুৰাতন পোহৰ লাগে
আইনাই যে মিছাক ঢাকি ৰাখিব নাজানে।
-----------------------------------------------------
এৰালিয়ে কটা ধোঁৱাখোৱা ওঁঠ
ৰূপজ্যোতি শইকীয়া
আহিন মহীয়া নিশা
ঔ তলৰ জেলুকনিত দেহজ প্ৰেমবোৰ ডবিয়াই
ফটিকাত দীঘল হুকুমা তিয়াই
প্ৰেমিক বোৰ আগবাঢ়ে.....
এফালে
টপিনাত হোলোং ম'হৰ বালা
ইফালে সিফালে মানুহ চাওঁতেই বহু পৰ যায়
আনফালে
হাতত কৰীয়া লোৱা শালচকু
বুকুত এখুবলি ভয়
এতিয়া
চহৰৰ কোঠাবোৰ বদনামী হ'ল
দাঁতত তেল লগা ধোৱাখোৱা বাঘবোৰ
বকুলৰ গোন্ধত সাহসী হ'ল
সিহঁতে জানে প্ৰেম স্বৰ্গীয়
সেয়েতো ইমান সাহ
সেয়েতো
ভাৰ পাচিত ফুটচাই লৈ ঘূৰে
ঔ তল দেও লগা ঠাই
সেয়েতো
ব'হাগত ডেকাই গা ধোঁৱে
চহকী কোঠাবোৰত শ্বাৱাৰ আছে
ধুমখুলি বোৱা পাপবোৰ ধুব পাৰি
বগা টাৱেলেৰে মচিব পাৰি
এৰালিয়ে কটা ধোৱাখোৱা ওঁঠ।
------------------------------------
টিকট নিৰ্বাচন বিষয়ক
ড০ দীপমণি দাস
টিকট পালেই পৃথিৱী ধুনীয়া
পৃথিৱীৰ বেমাৰ আজাৰ পৰিবেশ প্ৰদূষণ
সমস্ত দায় দোষ মৰিষণ
টিকট নাপালেই পৃথিৱী এৰি মংগল গ্ৰহলৈ ঢাপলি মেলা
নিজ মংগল বিচাৰি
য'ত বিৰোধীৰ বৰপিৰা
স্ব পাৰ্টিৰ বৰপীড়া
ই পুৰাতন
সনাতন
হানড্ৰেদ পাৰচেণ্ট
ৰাজনৈতিক লক্ষণ!
----------------------------------
দেউতালৈ
হেমেন নাথ
বাকীৰ দোকানৰ পৰা শুদা মোনাৰে ওভতে তেওঁ
ঘৰত আহি কয়- ছে: দোকানেই বন্ধ
ৰাতিপুৱাৰ পৰা আবেলিলৈ তেওঁৰ ঘামৰ দাম ত্ৰিশ টকা
তাতোকৈ ভাল পাইছিল তেওঁ কোম্পানী
বাৰ ঘণ্টাত বিয়াল্লিশ টকা পঁছিশ পইছা
তাৰমাজতে আহে ঢোলৰ মাতত বিহু
জেলেপিৰ গোন্ধত পূজা
ভন্টি আৰু মোৰ কাপোৰ
তেওঁ কয়- এহ্ আমাৰনো কিহৰ ৰংঢং
‘সকলোবোৰ মোত সপি দিয়া
মই তোমাক উদ্ধাৰ কৰিম’
সেমেকা চকুৰে তেওঁ সন্ধিয়া আওৰায় গীতা
ভন্টিৰ পেট কামোৰণী
মোৰ জ্বৰ
মাৰ কঁকালৰ বিষ
সকলোবোৰ সপি দিব নোৱাৰে তেওঁ
বণিয়াৰ পৰা তেওঁ ধাৰলৈ লয় সত্যসন্ধ গান্ধী সমৃদ্ধ কাগজ
বিনিময়ত বিকে তেওঁ
দোকমোকালিৰ ঘুমটি
সন্ধিয়াৰ গীতাৰ বিভূতি যোগ
উপনিষদৰ সচ্চিদানন্দ বিগ্ৰহ তেওঁৰ মুখত
জটাধাৰী শিৱ তেওঁৰ শৰীৰত
যিজনে শিকালে ধুমুহাতো বাগৰি নপৰিবলে’
ৰ’দত নুপুৰিবলে’ নিজৰ সপোন
ৰাতিৰ এন্ধাৰত নেহেৰুৱাবলে’ বিশ্বাসৰ মুদ্ৰা
তেওঁ মোৰ দেউতা
(উৎসৰ্গ: প্ৰতিগৰাকী পিতৃৰ হাতত)
-----------------------------------
কথাত কথা বাঢ়ে
জোনমনি বৰা
কথাত কথা বাঢ়ে
খৰিকাত বাঢ়ে কাণ৷
তিলকে তাল কৰি
ৰচকী পেহী আহি
চুবুৰীয়ত কথাৰ বাস্প মেলি
গোটেই খন লগালে তাল ফাল ৷
গৃহিণীৰ হাতত কাম নুঠা হ’ল
বিয়নি মেলন কথাৰ পোহাৰ মেলি
ৰচকী পেহী কেনিনো অন্তধান হ’ল ৷
হলধৰৰ জিয়েক বোলে
অজাতি লৈ গ’ল ৷
আজিৰ একৈশ শতিকাতো
আধুনিক হ’লো বুলি
বুকু ফিদাই থকা চামো কিন্ত
মেলত ভাগ লৈ
দাতঁ নিকতাই ৰ’ল ।
-----------------------------------
কৈয়েই থাকিম
এ আমান
তোমালোকে বেয়া পালেও কৈয়েই থাকিম
আমি ভাৱি থকা কথাবোৰ
মানুহবোৰে ক'ব খোজা কথাবোৰ
ক'বলগীয়া আৰু শুনিবলগীয়া সকলোবোৰেই ক'ম
কৰোণাই কেনা লগোৱাৰ কথা
ৰেচনৰ বাবে মুকলিলৈ ওলাই যোৱাৰ কথা
পুলিচৰ লাঠীৰ কোবৰ কথা
জীৱন বচাবলৈ লোৱা গৃহবন্দীত্বৰ কথা
আৰু ক'ম অযুক্তিক সময় অপচয় হোৱাৰ কথা
বেংক অফিচ আদালতত শাৰী পতাৰ কথা
প্ৰাপ্যৰ বাবে গাঁঠিৰ ধনেৰে ভেটি দিয়াৰ কথা
বৰমূৰীয়াই মান পাবৰ কাৰণে হাঁবিয়াহ কৰাৰ কথা
ক'ম দৰিদ্ৰ নিৰন্ন জনৰ কথা
বঞ্চিত লাঞ্চিত জনগণৰ ব্যথা
যাৰ শূন্যতা হতাশাই সাৰ
ঈশ্বৰৰ পৃথিৱীত যাৰ নাই একো অধিকাৰ
কৈয়েই থাকিম জীয়াই থকাৰ কথা
আহিলেও জীৱনত শতেক বাধা
পেলেষ্টাইনীৰ দৰে থাকিম সদায় ঊন্নত শিৰ
দেশৰ হকে থিয় দিম সদায় ধীৰ
কভিডৰ দৰেই হ'ব উৎখাত সমাজৰ কভিড
লুভীয়া দূৰাচাৰী অন্ধ শক্তিধৰ
ঈশ্বৰৰ মাটি হ'ব মানুহৰ ঘৰ
য'ত নৰব কোনো শত্ৰু-মিত্ৰ, ভিন-পৰ।
------------------------------
মহাযুদ্ধৰ পিছত
ৰাজীৱ দত্ত
এখন মহাযুদ্ধৰ পিছত
উৰি ফুৰে অনেক ফিৰিঙতি!
বোমা মিচাইলৰ আক্ৰমণত বিধ্বস্তহৈ পৰা এই জীৱনত আছে কি?
স্মৃতিৰ কৱৰখান্দি আবিষ্কাৰ কৰো
সভ্যতাৰ বুৰঞ্জী ৷
মহাযুদ্ধৰ পিছত মিলিত হওঁ
একআপোচ মীমাংসাৰ চুক্তিত
নাম দিওঁ মানৱীয় ভুল ৷
যুদ্ধ পৰিচয় নাছিল কাহানিও আমাৰ
অথচ যুদ্ধই পিছ নেৰে আমাৰ৷
যুদ্ধই সৃষ্টি কৰে নতুন বুদ্ধৰ
"অসতো মা ত্বৎগময়
মৃত্যুৰ মা অমৃতং গময় ৷"
সমাধিৰ পৰা উঠি আহে
অনেক নতুন সাধু!
ফুলকোঁৱৰ নে মনিকোঁৱৰ ?
কমলা কুৱৰী নে তেজীমলা মৰি
গঁজি উঠে জৰাটেঙাৰ গছ?
যুদ্ধ বিধ্বস্ত মহানগৰীত জ্বলি থাকে জুই
উৰি থাকে ধোঁৱা আৰু ছাই ৷
আচলতে এই জীৱনত একোৱেই নাই
সত্য মাথোঁ তুমি
হে চাৰ্বাক !
--------------------------------------------------
নুমলীয়া পো
অনসূয়া বৰঠাকুৰ
(লক্ষ্মীনাথ বেজবৰুৱাৰ "নুমলীয়া পো" সাধুৰ পদ্যৰূপ)
এসময়ত এখন গাঁৱত, আছিল এহাল বুঢ়ী-বুঢ়া,
প্ৰভুক সাধোতে বুঢ়াকালত,উপজিলে এটা ল'ৰা।
ল'ৰাৰ নাম কি ৰাখিব, বুঢ়াই নাপায় ভাবি,
ওলাল গণকৰ ঘৰলৈ, পাৰ হৈ এখন হাবি।
গণকে বোলে 'নুমলীয়া বাবে নাম ৰাখিলো নোমল,
পোণাকণ বৰ ভাল ল'ৰা হ'ব, অন্তৰখনো কোমল'।
গামোছা আৰু চৰতীয়া যাচি বুঢ়াই ল'লে বিদায়,
'দেউ আপোনাৰ এই উপকাৰ মনত ৰাখিম সদায়'।
পাহৰে বুলি নামটো বুঢ়াই 'নোমল নোমল' কৈ,
নৈৰ কাষৰ চুটি বাটটোৰে খোজ ল'লে ঘৰলৈ।
নোমল গুছি 'নেমেল' হ'ল গমকে নাপালে বুঢ়াই,
সেইখন নৈতে নাওঁ বান্ধি আছিলে সদাগৰ ককাই।
নাৱৰীয়াই নাৱৰ গোজ উভালি মেলোতেই নাওঁখন,
বুঢ়াই 'নেমেল' বুলি কোৱা কথাটো কৰিলে মন।
সদাগৰে বোলে 'কি কৈছা, কোৱাচোন মোক খুলি"
বুঢ়াই কিন্তু মুখ নুখুলিলে নামটো পাহৰে বুলি।
"নাওঁ মেলিবলৈ হুকুম দিছিলো ভাল দিন-বাৰ চাই,
শুভ-যাত্রাত বিঘিনি ঘটালে, এই আপদীয়া বুঢ়াই।"
এইবুলি সদাগৰে নাৱৰীয়াক লগাই বুঢ়াক দিলে কিল,
এপাল মানুহৰ পিটন খাই বুঢ়াৰ অৱস্থা কাঢ়িল।
মাৰ খাই বুঢ়াই 'নেমেল' পাহৰি ক'লে "নহ'বৰ হ'ল"।
এনেতে সেইফালেদি সাজি-কাচি মানুহ এটা গ'ল।
মানুহটোৱে ভাবিলে বুঢ়াই হাঁহিছে ধুনপেচ মৰা দেখি,
লাখুটিডালেৰে বুঢ়াক কেইকোবমান দিলে লেখি লেখি।
পিছে "নহ'বৰ হ'ল" কথাষাৰো, পাহৰিলে মাৰ খাই,
"সিটোতকৈ ইটোহে চৰা" বুলি কৈ বাট ল'লে বুঢ়াই।
সেই বাটেদিয়েই দুটা গৰলীয়া মানুহ আছিল গৈ,
সিঁহতক কৈছে বুলি,পিটিলে বুঢ়াক গুৰুলা-গুৰুল কৈ।
কিল খাই বুঢ়াই চুচৰি-বাগৰি কোনোমতে পালেগৈ ঘৰ,
বুঢ়াৰ এনে লটি-ঘটি দেখি বুঢ়ীৰ বেজাৰ লাগিল বৰ।
বুঢ়ীয়ে বোলে "যি হ'ল হ'ল, এতিয়া নামটো কোৱা"
"পাহৰিলো নাম, কিলৰ তাপত দেখিছো ধোঁৱা-কোৱা"
"তেন্তে,নামৰ কাহিনী ইতি পেলাই ৰোৱাৰ কাৰবাৰ কৰা,
নুমলীয়াকৈ ৰুব লাগিব সেই বাৰীচুকৰ মাটিডৰা"।
ঘপহকৈ নামটো পৰিল মনত, শুনি বুঢ়ীৰ কথা,
"জানই যদি পুতেৰৰ নাম মোক কিয় দিলি বেথা?"
এইবুলি বুঢ়াই, বুঢ়ীৰ পিঠিত দিলে ঔকিল যাচি,
আমাৰো কাহিনী অন্ত পৰাত ঘৰলৈ আহিলো গুচি।
______________________________________
মই খবৰ হ'ব নোখোজোঁ
আৰিফা হুছেইন বৰা
শান্তিৰে শুই থকা পথটোত
খবৰ হৈ পৰিলোঁ মই।
এক উথপথপ্ পৰিবেশৰ সৃষ্টি হ'ল।
শৰীৰটোৰ আবেদনময়ী শক্তি নিঃশেষ যদিও ,
নিথৰ চকুযুৰিৰ দৃশ্যমান সকলো।
বিৰামহীন শাৰীটো মিহি মিহিকৈ আগবাঢ়িছে।
বেবেৰিবাং ভাষ্যৰে কোৰ্হাল লগাই।
কিছুমানে ঘৰিয়ালৰ চকুপানী টুকিছে।
আঁৰি লোৱা মোৰ ছবিলৈ চাই চাই।
হে জনতা , হৃদযন্ত্র বিকল হ'ল মোৰ ,
ৰঙা তেজ বগা হ'ল।
এতিয়াহে সাৰ পালা তোমালোক !!
গান্ধী বঁটা , বিষ্ণু - জ্যোতি বঁটা , জীৱন যোৰা সাধনা বঁটা ,
আৰু যে ক'ত কি বঁটা - -
সঠিক সময়ত অৱগত নহ'ল যিবোৰ ,
এতিয়া জাপি মৃত শৰীৰটো গধুৰ কৰিছা কিয় !
সাগৰ চোৱাৰ হেঁপাহ নাছিল কাহানিও।
শ্ৰমৰ প্ৰতিদানৰো বাধ্যবাধকতা নাই।
পক্ষপাতীও নহওঁ -- পানীৰ দৰত বিক্ৰী যোৱা প্ৰতিভা বঁটাৰ।
হিমচেঁচা শৰীৰটোক অনৰ্থক কষ্ট নিদিবা অ' ৰাইজসৱ !!
কাৰণ - - - মই খবৰ হ'ব নোখোজোঁ ।।
NO , Do not flash my name on your bulletins !!
In the end now...
Do not glorify my death !
----------------------------------------------------------
স্বাধীনতা
ৰতন ৰাগ
অসমী আইৰ মই অকমন্য সন্তান
দাসৰ বান্ধোন চিঙি মুক্তি কৰিব নোৱাৰিলোঁ
পদুলিৰ বাটচৰাট লিখিব নোৱাৰিলোঁ
স্বাধীনতা
শত পৰিয়ালক মুক্তি দিব নোৱাৰিলোঁ
ফলকত লিখিব নোৱাৰিলোঁ
গছ বন লতা কতোৱেই লিখিব নোৱাৰিলোঁ
স্বাধীনতা ।
খাকী পোছাকতেই ভাই বন্ধু সকলো ৰক্তক্ষয়ী হ'ল
সাম্ৰাজ্যবাদক আঁচুৰি
তপত বুলেটে নাম লিখিব নোৱাৰিলোঁ
স্বাধীনতা ।
উপনিৱেশিতাই গিলি থকা চহৰ খনক মুক্তি দিব নোৱাৰিলোঁ
গৰীবৰ বাবে আহাৰ যোগাব নোৱাৰিলোঁ
অসমী আইৰ মই অকমন্য সন্তান ।
বহুতো লাঞ্ছনা প্ৰবঞ্চনাৰ প্ৰত্যুত্তৰ দিব নোৱাৰিলোঁ
সঁচা মানুহ হব নোৱাৰিলোঁ
উচ নিচৰ যুদ্ধত যোদ্ধা হব নোৱাৰিলোঁ ।
কাক দোষাৰোপ কৰি ক্ষুণ্ণ হম
মুনিহ তিৰুতা সকলো মৰিল ।
অহিংসা বাদত তীব্ৰ বিশ্বাসী মই
কথাটো তাতেই কেৰোণ ।
মোৰ আইয়ে মোক কলে তপত বুলেটত কাম নিসিজে
ঠিকে আছে আই
কলমে নিগৰা শব্দবোৰেটো টিগাৰ টিপিব পাৰি
টোপনিতটো ব্যাঘাত জন্মাব পাৰি
অসমী আইক ৰঙা চকু দেখুৱা প্ৰতিজন হিটলাৰক ।
মৌনতাৰে মোৰ আইক মুক্তি দিব নোৱাৰিম
সেয়া পুৰুষত্বহীন
তাতকৈ আত্মহত্যা কৰিম।
হিংসা যদি নৰকগামী
গান্ধী বাদত সাধাৰণ জনতা লঘোনে মৰে ।
গান্ধীয়েটো বিশ্বাস ঘাটক কৰিছিল
সাম্ৰাজ্যবাদৰ বিৰোধী প্ৰতিজন বিদ্ৰোহীক ।
কেনেকৈ গান্ধীবাদ মানি চলিম ।
–––––––––––––––––––––––
এতিয়া কাৰো সাহসেই নাই
ড°ৰমেশ কুমাৰ কাকতি
অ’ মোৰ হেপাহৰ কৃষ্ণচূড়া,
নুফুলিবিচোন আকাশ ভৰাই
তেজৰঙা ৰঙেৰে সজাই৷
বিষাদগ্ৰস্ত মানুহৰ মন,
দগমগীয়া জুইফুল হৈ
নেথাকিবি আকাশ ভৰায়৷
তই চাগৈ বুজিব পাৰা নাই,
মানুহ কিমান আতংকিত
আছ’ মাথোন আলসুৱা হাঁহিমাৰি৷
অচিন বতাহ এচাটিয়ে
প্ৰাণ লৈছে আপোনজনৰ,
তথাপিও নোৱাৰে জনাব সঁহাৰি৷
জীৱন মানেই প্ৰত্যাহ্বান
তথাপিও জীৱন অনুপম,
এতিয়া প্ৰত্যেকজনেই অসহায়৷
তোৰ ৰঙত ৰঙীয়াল হৈ,
জীৱনকো ৰঙীন কৰিবলৈ
এতিয়া কাৰো সাহসেই নাই৷
ড°ৰমেশ কুমাৰ কাকতি
কাৰ্যকৰী সভাপতি
অসম কাব্য কানন
––––––––––––––––––––––––
কবিতা
মেঘালী বৰুৱা শইকীয়া।
সময়বোৰৰ স'তে সহবাস সহজ কৰিবলৈ
কবিতাবোৰ পঢ়ি গৈছো,
বিখ্যাত/অখ্যাত অজস্ৰ কবিৰ।
কবিতাবোৰ এপাহ গোলাপৰ দৰেই
টিকটিকিয়া ৰঙা
কোনোটো ৰ'দত ওমলে
কোনোটো কাঁইটত ফুলে।
বুকুত বৈ থকা সুঁতিয়েদি
এটা এটাকৈ সোমাই আহে।
ঘাতক সময়ে যেতিয়া হাঁহে
কবিতাই ঘাঁহবৰণীয়া হৈ দুহাত প্ৰসাৰে
সূৰ্যটো পৰশাৰ হেঁপাহত!
ৰঙৰো যে কি প্ৰগাঢ় সম্পৰ্ক ধূলিৰ স'তে
বিচ্ছুৰিত পোহৰে ছানি ধৰে আকাশ
আৰু সাতোৰঙী এডাল
নৈসৰ্গিক বেণীত ওলমি থাকে কবিতা।
–––––––––––––––––––––––
কথাৰ কাহিনী
চয়নিকা ভূঞা
কথাটো বতাহ হ'ল
হৃদয়ৰ পৰা বতাহৰ বুকুলৈ
বহু যোজন বাট
ঢাপলি মেলিলে
কথাটোৱে
এতিয়া সকলোৰে মুখে মুখে
কথাটোৰ কথা
কথাৰ ৰং, কথাৰ বৰণৰ পৰা
এক
দীঘলীয়া পৰিক্ৰমা
দীঘলীয়া আখ্যান
অলিখিত ইতিহাসৰ
অনীতিৰ বহু কথাই
এতিয়া
বতাহৰ বুকুত
কথাত কথা বাঢ়ে
কথাত কথা কাটে
সকলোবোৰ একে থাকে
একে নাথাকে মন
একে নাথাকে সময়
কথায়ে গতি সলায়
কথায়ে বদনামৰ অজুহাতত
সুৰক বে-সুৰীয়া সঁজায়
আৰু এদিন
বদনামৰ গইনা লৈয়ে
আত্মঘাটী হয় কথা ৷
---------------------------------------------------------
ডায়েৰীৰ শেষপৃষ্ঠা
অনিতা মিশ্ৰ মেধি
লহিওৱা বেলিৰ ক্ষণ গণি নামিছে
মাটিৰ বুকুলৈ মৰিশালিৰ নিঃশব্দতা
চম্পাৱতী সাধুকথাৰ জয়াল ৰাতিটোৱে
গিলি থ'লে আধাপোৰা সপোন
তোমাৰ আগমনত অভিমান খুচৰি
নাপাতিলোঁ বহুকথা
নিবিচাৰিলোঁ কাহানিও
অলগতি খতিয়ান
নিজৰ মাজতে যুঁজি থকা
মৃত্যুৰ স'তে সহবাস কৰা
হয়জানো উজুকথা
আয়ুসে সামৰিব নোখোজো
গতিময় ৰণৰ হেন্দোলনিত
ভাগৰুৱা উশাহত গলিছে
মায়াময় হেঁপাহ
চৌদিশে বিয়পি পৰা
বিভীষিকা খৱৰৰ দখলত
মোৰ ডায়েৰীৰ শেষপৃষ্ঠা।
–––––––––––––––––––––––
অভিনেতা
মঃ পাৰবিজুল হক
১.
ৰাতিপুৱা ওলাই যায়, সন্ধ্যা ঘৰত সোমাই
দৈনন্দিন জীৱনৰ কাম বোৰ সুচাৰুৰূপে চলাই যায়
ৰাতি শেতেলিত টোপনিয়ে তাক নিচুকাই
সি নিশিকিলে
জীৱনক যান্ত্ৰিকতাৰ হাতত বন্ধকত দি
শান্তিক জীৱন নদীত উটুৱাবলৈ
নিয়ম ভাঙি নিয়ম গঢ়া
অভিনয়ত পাৰদৰ্শী অভিনেতা সকলে
অপাৰদৰ্শী সকলক হাঁহে
অপাৰদৰ্শী সকলক অভিনয় কৰিবলৈ শিকাই
একে একে দুই জানে যদিও তিনি বুলি কবলৈ শিকাই
২.
ভাল পাই সি
কল গছৰ ফাকেদি জুপি চোৱা বেলিটোক দেখি
আইয়ে ৰান্ধা পানী-পিঠাটোৰ লগত
সৰিয়হ শাকৰ আঞ্জা কণ
ভাল পাই সি
গুড়ৰ লগত কাঁহৰ বাটিৰ ৰঙা চাহ কণ
ভাল পাই সি
ধাননি ডৰাৰ পলসুৱা মাটিৰ গন্ধ
ভাল পাই সি
নৈ পাৰে পাৰে
ডাউক পোৱালিৰ পিচে পিচে দৌৰি
ভাল পাই সি
জাকৈ মাৰি যোৱা প্ৰিয়সখীৰ কেৰাহিকৈ চোৱা দৃষ্টি
৩.
পথাৰৰ পুৱাৰ বেলিটোত পিঠি জ্বলিলেও
সি অভিনয়ৰ নিয়ম ভাঙি নতুন নিয়ম গঢ়িব নিশিকিলে
সন্ধ্যাটোক ৰঙ্গীন কৰিব নিশিকিলে
সি তাৰ ছাঁটোৰ হাতত ধৰি ফুৰিব ওলাই যায়
সন্ধ্যা জীৱনৰ লগত একেলগে বহি
সন্ধ্যাৰ চাহ কাপত চোপ দিয়াৰ তৃপ্তি লয় ।
-----------------------------------------------------.
দেউতা
বিশ্বজিৎ গগৈ
ইচ্ছাক বন্ধকীত ৰাখি দায়িত্ব গ্ৰহণ কৰিবলৈকে 'দেউতা'ৰ জন্ম।
সুন্দৰতাৰ পৃথিৱী খনৰ সৌন্দৰ্য বৰ্ধক তেওঁ।
জাতি সত্বাৰ গান, বংশ ৰক্ষাৰ প্ৰতীক
যদিও পৰিচয় বিশ্বাস,ত্যাগ আৰু কৰ্তব্যৰ কোলাত ।
বেদনাৰ এপিয়লা বিহ পান কৰিও সুখৰ সাজযোৰ পিন্ধি সন্তানৰ চকুত অনাবিল সুখৰ হাঁহি গুঁজি দিব খোজা মানুহজন
যি গভীৰ নিশাৰ বুকুত আইৰ কোলাত মূৰ থৈ
শান্তিৰ ঠিকনা বিচাৰে।
----------------------------------
দৌৰ
শিল্পীশিখা শইকীয়া
অবিৰাম ,অবিৰত যাত্ৰাৰ অংশ
এই দৌৰ।
আমি দৌৰিছো,মাথোঁ দৌৰিছো...
আশাই লেকাম ছিঙিলেও
দৌৰাৰ মানস....সুদূৰৰ
শেষ আস্থানটোলৈ।
এঙেৰুৱা ৰাতি আঁতৰাইছোহে
মাথোঁ
আকৌ আৰম্ভ কৰিছোঁ
কৰ্মব্যস্ততাৰ দৌৰ ,প্ৰাপ্তিৰ দৌৰ
কেৱল দৌৰৰ পিছত দৌৰ,,
জীৱনৰ সংজ্ঞাই হৈ পৰিছে
দৌৰ ,দৌৰ আৰু দৌৰ।
দৌৰৰো যে এনে কি মাদকতা
শৈশৱত অনাহকত ঢপলিয়াই
ফুৰা ধেমালি দৌৰবোৰ ,
আজি হৈ পৰিছে
দায়িত্ব, কৰ্তব্য ,তাগিদা
লগতে আকৌ অজুহাত।
আজিৰ দৌৰবোৰ বাৰু কোন দিশে?
অনাহকৰ বাবে নে হকৰ বাবে?
আজিৰ স্থবিৰতাই দিবনে?
দৌৰৰ মূল সূত্ৰ।
দুভৰিয়ে গৰকাত ৰৈ মাথোঁ হুমুনিয়াহ কাঢ়ে,,,,
অনাগত দৌৰ প্ৰতিযোগিতা খনক লৈ।
---------------------------------
এনাজৰী
এনী ভূঞা ডেকা
এডাল শিকলি
দুটা মূৰত দুটা গাঠি
খুলি দিলে হয় মুকলি...
মুক্ত আকাশ
মুক্ত মন
'গণতন্ত্ৰ আমাৰ অধিকাৰ
সাৰ্বভৌমত্ব আমাৰ
জন্মস্বত্ব অধিকাৰ '
যাউতিযুগীয়া আমাৰ
ঐক্য এনাজৰী ।
এটা মুদ্ৰাৰ ইপিঠি সিপিঠি
শান্তি সম্প্ৰতিৰ এই
মহামিলন কোনেও ৰোধ
কৰিব নোৱাৰে বুলি ভাবিছিলোঁ...
কিন্তু, গণতন্ত্ৰ ওলমি ৰ'ল
আকৌ দুৱাৰদলিত ।
-----------------------------------
জীৱন বৰ আউললগা
ভূমিকা দাস
সকলো কথাই যে পাৰফেক্ট হব লাগিব
এনে কি আছে কথা...
আউল লগা জীৱনেহে দিয়ে যে প্ৰকৃত শিক্ষা
মহান ব্যক্তিয়ে কৈ যোৱা কত যে নীতিকথা
সকলোৰে পৰা সমান গুৰুত্ব পাবলৈ মনৰ বাৰু কিয় আশা ?
নিজৰ ওপৰত ৰাখা ভৰষা
সময়ৰ পৰা সুযোগ লোৱা
নিজক লৈ সন্তুষ্ট থাকা
কিমান যে হিয়া জুৰোৱা কথা...
সকলোৰে ভাৱনা,সকলোৰে মমতা একে হব লাগে
ভাবো আমি কিয় মিছাতে
সৰু- বৰ,উচ্চ- নীচ
আভিজাত্যৰ
শ্ৰেণীবিভাজন আমিয়েই নকৰো জানো !
ব্ৰেণ্ডেড সাজ পোছাক পিন্ধি বিলাসী গাড়ীত বহিও
চকুলো বোৱাই যোৱা লোক যে বহুত দেখিলোঁ
সৰু সৰু সুখত সুখী হ'ব পৰা লোকৰ সেউজীয়া হৃদয় দেখিলোঁ
যদিও
তেনেই তাকৰ লোকহে লগ পালোঁ
অনুভৱবোৰ উপলব্ধিৰে
জীৱন জীয়াৰ গান গাওঁ আহা
ধৰি ৰখা সময়খিনিতে...
–––––––––––––––––––––––––
নিসংগতা
ভাৰ্গৱ কুমাৰ নাথ
মাজে মাজে জোনাকীৰ পম খেদি
ভাবত বিভোৰ হওঁ
পোহৰ পিপাসী মনটো ক্ৰমাত আগবাঢ়ে
অকলশৰে
আচলতে ভুলটো ক'ত?
প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত
প্ৰায়ে অংক নিমিলে!
সকলো থাকিও যেন
নিজৰ বুলিবলৈ
কৰবাত নহয় কৰবাত
একো নথকাৰ উপক্ৰম!
চাৰিওফালে মাথোঁ নিসংগতা...
এক ধূসৰ ছৱি
এইয়াই জীৱনৰ চকা
নি:সংকুচে এক কলা।
–––––––––––––––––––––––
মৌনতা
ডেইজী কাশ্যপ
শব্দ মোৰ বুকুৰ যন্ত্ৰণা
মোৰ উশাহৰ বিন্যাস আজি ৰিক্ত
উকা তাৰ মাত্ৰা
অভিধানে সামৰিব নোৱৰা
এটি নিৰৱ কায়া
নিশাৰ প্ৰহৰী
স্বপ্নাতুৰ পিয়াসী মই
এটি দুটি কণাৰে গঢ় দিছো
বতাহেও নুমাব নোৱৰা
বুকুত জ্বলা উষ্ম শিখা
শব্দ মোৰ বুকুৰ যন্ত্ৰণা
নিমাও মাও ৰজনী
ছায়া হৈ ৰৈ যোৱা
মই আজি মোৰ মৌনতাৰ প্ৰিয়তমা।
---------------------------------
শব্দ
পৃথক কলিতা
শব্দই কেতিয়াবা মৃত্যু আনে
শব্দই কেতিয়াবা আনে
দীপ্তমান সূৰ্যলোকৰ সন্ধান
শব্দই কেতিয়াবা আনে
অনাবিল জীৱনৰ সৌন্দৰ্য
বহু বাৰ মৃত্যুৰ দুৱাৰত
শব্দই ভুমুকিয়াই
শব্দই সপোনৰ কথা কয়
শব্দই সপোন বোৰ থানবান কৰে
শব্দই সপোনৰ সুখ-দুখৰ শিকলি
শব্দই সপোন বোৰ বুকুত সাবটি
বিচৰণ কৰে হৃদয় খুলি
শব্দই শব্দৰ কোৰ্হাল
শব্দই শব্দৰ হেন্দোলনি তোলে
নিজেই নিজক শব্দৰ স’তে ।
----------------------------------
আশা
ৰঞ্জনা দেৱী
ভৰুণ শাওণৰ বুকুত
আই পিতাইৰ সপোন
সূৰুযৰ প্ৰখৰ তাপত পিতাইৰ গাত
কেহেৰাজ বৰণ।
আই পিতাইৰ হেঁপেহুৱা মনত
জাগি উঠে হাজাৰটা সপোন
ফেঁহুজালি পৰত কান্ধত নাঙল লৈ
পিতাইৰ যাত্ৰা
গাৰ ঘাম মাটিত পেলাই পিতাইয়ে কৰি যায়
হাজাৰ বাসনা।
আইয়ে আশাৰে বাট চাই
আঘোণৰ সোণগুটিৰ দিনলৈ।
জালিকটা বেৰৰ জোলোঙাৰে আইয়ে হিচাপ কৰে যোগ বিয়োগ পুৰণ হৰণ।
জানোচা
উকা পৃষ্ঠাই কঢ়িয়াই আনে
ফাগুনৰ নানা ৰঙী আশাৰ বতৰা।
––––––––––––––
সময়
অমৰজ্যোতি ঘোষ
সময় হেনো এনেকুৱাই
চকৰিৰ দৰে ঘূৰে সদায়
আজি যদি
সময় আপোনাৰ
কালি হয়তো
আন কাৰোবাৰ
আজি যদি
আপোনাৰ ভাল দিন
কালি হয়তো
আন কাৰোবাৰ
ঠিক যেনেদৰে___
কালি সময় আছিল আমাৰ
আমি হাঁহিছিলো,নাচিছিলো,গাইছিলো
যি মন যায় তাকেই কৰিছিলো
আৰু
প্ৰকৃতিয়ে হিয়া-ঢাকুৰি কান্দিছিল
আজি
সময় প্ৰকৃতিৰ!
প্ৰকৃতিয়ে আজি আনন্দত নাচিছে
কিৰিলি পাৰিছে,গাইছে,উৰিছে মুক্তমনে
আৰু………
আমি আজি
গৃহবন্দী হৈ ঘৰৰ ভিতৰতে নিৰৱে
অনুশোচনাৰ চকুলোঁ টুকিছো……
সময়ঃ
সময় হেনো এনেকুৱাই
চকৰিৰ দৰে ঘূৰে সদায় !
––––––––––––––
প্ৰতীক্ষাৰ অন্তত
তৃষ্ণা শইকীয়া দাস
হেপাঁহৰ নৈখন
ঢৌত তলবল
আহিছে গৈছে
জোৱাৰ অবিৰত,
আগুৱাই অহা
এগছি পোহৰৰ
প্ৰতীক্ষাৰ অন্তত
আবেগ চঞ্চল ।
দুটি প্ৰাণৰ
মধুৰ আৱাহন
নিৰৱ সাক্ষী
তৰা অগণন ,
পৰাণৰ সৰগত
ভাগৰুৱা দেহ প্ৰাণ
মিলন মায়াৰ
সেউজী পৰশন ।
মিলন মধুবনত
তৰাফুলৰ আলিংগন ,
এসাগৰ আবেগত
জোনাকৰ পায়োভৰ ।
সন্ধ্যাৰাগৰ উন্মাদনাত
পুলকিত চিত মন ,
বৰষে হৃদয়ত
আবেগৰ শিহৰণ ।
––––––––––––––
এটি গান
সৰ্বানন্দ কৈৱৰ্ত্ত
আজি প্ৰেমিক চৰাইবোৰ উৰিছে
আকাশ বতাহ কপাই
মুক্তমনে গাইছে গান
সকলোবোৰ ৰঙা ফুলেই ফুলিছে আজি
সুবাসিত হৈছে মন
একত্ৰিত হৈছে
সকলোবোৰ সাচতীয়া হেঁপাহ
মুকলি হৈছে
প্ৰতিটো বিমূৰ্ত উশাহ
তথাপি কিয় জানো
হেৰোৱা দুখ এটাই বৰকৈ আমনি কৰিছে
আজি প্ৰেমিক চৰাইবোৰ উৰিছে।
––––––––––––––
তিনিটা কবিতা
খূৰ্ছীদ আনছাৰী
ওৰণি
তুমি লোৱা ওৰণিখন
তোমাৰ মুক্তিৰ নিচান হওক
সৌন্দৰ্য্য !
সৌন্দৰ্য্য ইয়াৰ শাশ্বত বৈশিষ্ট্
"প্ৰতিপত্তি"
হালধীয়া পাতখিলাও
এদিন সেউজীয়াই আছিল
আজি সৰি
সি মাটি হ'ল…
প্ৰতিপত্তি এনেকুৱাই !
"কলম"
তুমি শব্দ , মই অৰ্থ
তোমাৰ অবিহনে
মই ব্যৰ্থ…।
––––––––––––––
প্ৰেমৰ ছবি
ৰিংকু বৰুৱা
নদীৰ বালিতেই আঁকিছিলোঁ
এটি ধুনীয়া প্ৰেমৰ ছবি
ভবাই নাচিলোঁ
নদীৰ সোঁতে
নিমিষতে উতোৱাই নিব বুলি
এইয়া চাগে নদীৰ গভীৰতা
সেই বাবেই প্ৰথম পুৱতিতেই
অভিশপ্ত অমানিশা
সংগোপনে স্নান কৰোঁ
তোমাৰ প্ৰতাৰণা ।
––––––––––––––
নতুন চোলা
অনুস্মিতা ফুকন
বৰদৈচিলাই মাকৰ ঘৰলৈ যোৱাৰ সময়তে জনাই গৈছিল
লাহি-পাহি খোজেৰে লাজৰ ওৰণি গুচাই
বহাগীজনী আহি ঘৰ সোমাবলৈ আৰু বেছিপৰ নাই
বহাগী অহাৰ বাতৰি পাই
ঘৰখন আজি ন-লখিমীৰ দৰে উজলিছে..
নতুন চোলাৰ আদৰ বাঢ়িছে
পুৰণি চোলা এটাই নিজৰ স্থান হেৰুৱাই কোঠাটোৰ একাষত নিৰৱে উচুপিছে...।
নতুন চোলাটোৱে কেতেকীৰ সুগন্ধি বিয়পাই নঙলামুখৰ জপনাখনি খুলি দিয়াৰ সময়তেই
বহাগে ঢুকি নোপোৱা
খালী কাঁহীখনে বেদনাসিক্ত নয়নৰে
নিজৰ পেটত হাতখন দি হুমুনিয়াহ এৰি কৈছিল...
"বহাগৰ বতৰত এতিয়া
আগে-পিছে ৰঙীন পোছাকৰ মেলা
বজাৰত নতুন নতুন চোলা...!"
তথাপিও ক'ৰবাত যেন
নিজানতে পৰি ৰ'ল
খালী কাঁহীখন লৈ দামী জোতাৰ পিছত ঘুৰি ফুৰা উদং দেহৰ কৰুণ গাঁথা
নতুন চোলায়ে পুৰাব নোৱাৰা
ক্ষুধাতুৰৰ পেটৰ মৃত্যুসম যন্ত্ৰণা।
––––––––––––––
চৌধ্যশৰীয়াগোচৰ
ৰমেন দাস
কালনিদ্ৰাৰ প্ৰথম লহৰৰ
অনাকাংক্ষিত ভাৱৰ বুৰবুৰণিবোৰ...
মোৰ দেৱালৰ দাঁতিতে আঁৰি থ'লো ৷
তোমাৰ দ্বিতীয় ঊৰ্মিৰে যে
কিমান আপোনজনক বিদাৰিলা...
নাহিবা তৃতীয় তৰংগ
যি বাটেৰে আহিব বিচাৰিছা
সন্তৰ্পণে ঘূৰি যোৱা
বসুমতী আইক
নৰিয়াত পৰিবলৈ নিদিবা দেই ! বুজিলা...
কলা ভেঁকুৰ
বগা ভেঁকুৰ
হালধীয়া ভেঁকুৰ
এতিয়াই আঁতৰ ভেঁকুৰ ।
-------------------------------
অনামিকা দুৱৰা এবাৰ কোৱানা...
হিৰণ্য মহন্ত
মিচ অনামিকা দুৱৰা
তোমাৰ মনৰ কথাখিনি
মাথোঁ এবাৰ খুলি কোৱানা...
বিশ্বাস কৰা
আৰু নকওঁ দিয়া ক’বলৈ...
ভালপোৱাৰ আশ্বাসটোৱে হাজাৰবাৰ
মৰি মৰিও জী উঠাৰ প্ৰেৰণা দিয়ে,
হৃদয়খনে থাওকতে ডেউকা মেলি চো মাৰি
উৰি গৈ আকাশ আৱৰে মতলীয়া হৈ।
কৃষ্ণচূড়াৰ ৰঙেৰে ৰাঙলী বলিয়া হৃদয়।
জেঠৰ প্ৰখৰ ৰ’দে পুৰা পথৰুৱা দেহত
মলয়াৰ শীতলতা বিয়পাই তোমাৰ হাঁহিয়ে।
সৰু সৰু আলিৰে খুপি খুপি খোজ দি ঘূৰি চোৱা,
দুষ্টালি হাঁহি ভৰা ওঁঠত হালোৱা তপত চুমা দিব মন যায়।
তুমি আহিলে নাঙল-যুৱলিত বন্ধা গৰু হালেও
এপলক ৰৈ যেন চকু টিপিয়াই মোলৈ চাই!
কোৱানা এবাৰ আইৰ ঘৰৰ লখিমী হ’ম
বুলি !
পথাৰৰ খাল সিঁচি আনি দিম দৰিকণা-পুঠি
তুমি বাৰীৰৰ পিছৰ পাঁচলি চিঙিবা এমুঠি,
পিৰালিত বহি আটায়ে তোমাৰ হাতৰ জুটি ল’ম
শাক-পাত যিয়েই পাওঁ তুমি মই ভগাই খাম।
বাহিৰৰ পৃথিৱীৰ ৰোগে নোচোৱে দুখীয়াৰ ৰ’দে
পুৰি আটিল কৰা শৰীৰৰ ভিতৰ, তুমি নিশ্চিত থাকা।
অনামিকা দুৱৰা,
এবাৰ কোৱানা একেলগে ভূই ৰুম বুলি!
মাথোঁ ওৰে জীৱন মোৰ হৈ ৰ’ম বুলি।
––––––––––––––
তুমি কাহানিও দেখা নাই
দীপাংকৰ ভূঞা
তুমি আৰু মই
ইপিঠিৰ লগত সিপিঠি
পৰিপুৰক দুয়ো দুয়োৰে !
পাৰ্থক্য…
শাৰীৰিক শক্তিত
যদিওবা মনৰ শক্তিত নাই !
দুটি দেহাত একেটি মন
তাতে এটি এটি মন !
তুমি...
নিজকেই নিজে সুধিবাছোন ?
জিজ্ঞাসা কৰিবাছোন ?
মোৰ জীৱন বুৰঞ্জী !
পৃষ্ঠাবোৰ এটি এটিকৈ চাবাছোন
তোমাৰ বাবে যিটো সহজ
মোৰ বাবে নহ'বও পাৰে
তোমাৰ বাবে যিটো কঠিন
মোৰ বাবে নহ'বও পাৰে
তোমাৰ বাবে যিটো শৰীৰ
মোৰ বাবে নহ'বও পাৰে
তোমাৰ বাবে যিটো মন
মোৰ বাবে নহ'বও পাৰে !
একান্তই ব্যক্তিগত মন এটি আছে বাবেই
সৌন্দৰ্য বৰ্দ্ধনৰ অধিকাৰ আছে বাবেই
দেহটো নিপুতলকৈ সজাইছা
দেহৰ কিয়দাংশ প্ৰদৰ্শন কৰিছা !
তেতিয়াতো ভবা নাই মোৰ মনৰ কথা ?
গভীৰৰ পৰা গভীৰতৰলৈ
জুমি চালে দেখিবা!
মোৰো যে আছে
এটি একান্তই ব্যক্তিগত মন
যিটো তুমি কাহানিও দেখা নাই
যিটো তুমি কাহানিও শুনা নাই !
–––––––––––––
স্তৱক এহালি
ভগদত্ত ডেকা
(এক)
মোৰ কলিজাটো
এটি গোলাপৰ দৰে
দুখতো ফুলে
সুখতো ফুলে
নিৰন্ন জনৰ বাবে।
(দুই)
হাতৰ মুঠিতলৈ
পোহৰ একাঁজলি
হাতৰ মুঠি খুলি
দিলো চাও বুলি
ছিটিকি পৰিল
এমুঠি হেঙুলি
আবেলিৰ বেলি।
(তিনি)
ফিৰফিৰাই ব'তাহ জাকত আহে
ৰ'দৰ খবৰ
সেউজীয়া ডালত হালে জালে
এটি ৰঙা গোলাপ
তোমাৰ প্ৰেমৰ।
(চাৰি)
সৰ্পিল গতিত বিজুলী নাচে
নিনাদিত গাজনিত
মেঘবোৰ খহি পৰে
ধৰাৰ বুকুত টোপাটোপে
যেন সেউজীয়া
সপোন সৰে।
––––––––––––––
ডকাইতৰ দল
দেবানন্দ পেগু
বিধ্বংসী এজাক ডকাইত
নিমিষতে সৃষ্টি কৰে
লক্ষাধিক সন্ত্ৰাস সৃষ্টি কৰা সৈনিক
অনিশ্চয়তাৰ দিশে মানৱ জীৱন
কোন মুহূৰ্তত আক্ৰমনৰ বলি হয়
ভয় আৰু শংকাত
দিন দুপৰতে তলা বন্ধ কৰি
শুই পৰিল ব্যস্ত পথ
বজাৰ-সমাৰতো নাই
বীৰদৰ্পে ঘূৰি-ফুৰা মানুহবোৰ।
ৰজাই মৃদং বজাই যুদ্ধ ঘোষণা কৰিছে
ডকাইতৰ দলটোৰ বিৰুদ্ধে
চোকা অস্ত্ৰৰে প্ৰতিৰোধ কৰিবলৈ
কিন্তু, ইহঁতৰ ৰূপ
ঘনে ঘনে সলাই
পুলিচৰ চকুত ধূলি দি পাৰ হৈ যায়
লক্ষ্যস্থানলৈ।
ধন, সোণ কিম্বা মূল্যৱান সম্পতি নহয়
লাগে মুহূৰ্ততে মানৱৰ বলি
কাৰ পাপৰ ফল বিচাৰি আহিছে ইহঁতে
কাৰ অপৰাধৰ প্ৰতিশোধ ল'বলৈ আহিছে
কৰি গৈছে মাথোঁ অপ্ৰতিৰোধ্য আক্ৰমন।
জয়,পৰাজয়ৰ মাজতে সৃষ্টি কৰি গৈছে আতংক
শ্ৰমিক,আমোলা, বিষয়া কিম্বা নৃপতি
কোনোৱে সাৰিব পৰা নাই ইহঁতৰ পৰা
জনতাক মুহূৰ্ততে
সুৰক্ষা কৱচ
তথাপি বুকু ভেদি প্ৰৱেশ কৰেলক্ষ্যস্থানত।
হে হৰি দয়াময়
কাবৌ কৰিছোঁ তোমাক
ৰক্ষা কৰা আমাক
ইহঁতৰ পৰা।
-----------------------------------
আন্ধাৰৰ স্বগতোক্তি
ৰেখা বৰকটকী
নিশাটো অশান্ত আছিল
শিতলতাৰ গৰাহত
শিহৰিত আপাদ মস্তক
মেঘাছন্ন আকাশত
কাঁচিজোনে উচুপে
শীতত মলঙে
ইতিহাসৰ এখিলা পৃষ্ঠা
প্ৰেম প্ৰত্যাশী দুটি
চিৰন্তন আত্মাৰ বিলাপ
গুণ গুণ গীতহৈ নিগৰে
এন্ধাৰৰ পৰা এন্ধাৰলৈ
কোনোবা স্বপ্নদ্ৰষ্টাৰ সন্ধানত...
উশাহত পৃথিৱী কঁপোৱা
নিশ্বাসত ধৰণী হেৰোৱা
প্ৰণয় অগণি বিলায়
ৰাতিৰ আকাশে ধৰি ৰাখে
একাধিক "স্নেপস্বট ভিউ"
অশান্ত ৰাতিৰ স্মৃতিৰ বলুকাত
এজাউৰি বিগলিত চকুলো...
সৰাপাতেও গাব পাৰে
সুখৰ নিনাদ
অশান্ত ৰাতিৰ বলুকাতে
নামাংকিত হয়
এখন অন্য ডায়েৰীৰ নাম
যন্ত্ৰণাৰ আদিপাঠৰ ভুমিকাত...
––––––––––––––
কাব্যকানন
চফিকুল হ'ক
কাব্যকানন
তুমি মোৰ হিয়াৰ দাপোন
আছে মোৰ অজুত সপোন
কৰিবলৈ তোমাৰ ৰসাস্বাদন
একমাত্ৰ তুমিয়েই আপোন
তৃতীয় বছৰ পঞ্চম সংখ্যা
প্ৰকাশৰ শুভক্ষণত
আজলী ভৰাই দিলোঁ
শত সহস্ৰ আশীষ মোৰ
প্ৰকাশিত হোৱা তুমি কাব্যকানন
বৌদ্ধিক জগতৰ হৈ মাইলষ্ট’ন
হে কাব্যকানন ! তুমি
অসমী আইৰ বুকুত
সাহিত্যৰ বিজয়ধ্বজা উৰুৱাই
জ্ঞান পিপাসুজনৰ মাজত
সাহিত্যৰ নৱৰস দিয়াহি বিলায় ।
কৰা তুমি বিকশিত
ভিন্ন স্বাদৰ লেখাবোৰ
আছোঁ ৰৈ
মানস পটত কল্পনাৰ নদী লৈ
পিন্ধোৱা জ্ঞানৰ মালা
শত সহস্ৰ নবীন জনক
উদ্ভাষিত হওক মনৰ আকাশ
গুণগ্ৰাহিতাৰ হওক বিকাশ ।
স্থিতপ্ৰজ্ঞতাৰে বৌদ্ধিক জগতৰ
উজ্বল ভোটা তৰা হৈ
জিলিকি থাকক তোমাৰ গৰিমা
অনন্ত আশাৰে আছোঁ ৰৈ।
––––––––––––––
ৰূপান্তৰ
ৰূপেন দাস
অসুখী ঘৰখনক নামাৰিবা
গোঁসাই
গাঁওখন মোৰ গাঁও হৈ থকা নাই
শতৰুৰ ভৰত পঁজাটি ভাঙে
মৰমৰ বান্ধোন সঘনাই ছিগে
মহামাৰিয়ে পালে বৰপিতাইক
লগতে সাঙুৰিলে চাৰিজন মিতাক
লাখুটিৰ ভৰত জীৱনৰ ছাঁয়া
সেই বুঢ়ি নাচনীৰ জীৱনৰ মায়া
জপনা খুলি ভুমুকি মাৰে
কোনোবাই ভুল কৰিব পাৰে!
কি যে হ'ল আপোন মানুহৰ বিলাই
দূৰে দূৰে থাকিয়ে আপোনে কিলায়
সমস্যাৰ অন্ত নাই
নি:সম্বলৰ অন্ন খায়
জীৱৰ ভৰষা নাই
জ্ঞানীয়ে শাস্ত্ৰত পায়
দেশ বুলিলে নীলাভ আকাশ
বাতৰিৰ খবৰে কৰে হতাশ
প্ৰকৃতিৰ যুঁজত মানৱ পৰাস্ত
ক্ৰোধৰ অগনিত মানুহ হয় বিধ্বস্ত।
––––––––––––––
দুখৰ কবিতা
দিগন্ত বৈশ্য
দুখৰ পঁজাত বহি
কোনে বাঁহী বায়
নিশাচৰ চৰাই এটাই
গীত গাই
ওৰে ৰাতি কাক কন্দুৱায়
তোমাৰ বুকুৰ মাজত
ইমান দুখ!
ওৰে ৰাতি মোৰ চকুত
টোপনি নাই।
------------------------------------
চহকী হ'ব নোৱাৰাৰ দুখ
মধুস্মিতা চমুৱা বৰুৱা
সদ্যহতে বাৰু ধাৰ কাৰোৰে সৈতে নাই মোৰ
আপোনাৰ বাদে
সদ্যহতে আধাকৈ ৰখা নাই একো কাম
সদ্যহতে একো আঁচনি লোৱা নাই হাতত
আপোনাক ভালপোৱাৰ বাদে
আধা-পেটিকৈ এৰা নাই ভাত কোনো সাজত
সদ্যহতে একো ভয় নাই মনত
আপোনাক হেৰুৱাব লগা হোৱাৰ ভয়ৰ বাদে
অ' মোৰ পৃথিবীৰ মানুহ !
আপোনাক দি যাব পৰাকৈ
না ধনৰ
না নামৰ
একোৰে চহকী নহ'লোঁ !
––––––––––––––
সপোন হৈ আহিছিলা তুমি
পঞ্চমী ফুকন
নৈ কাষৰ কঁহুৱা
তুমি মোৰ কল্পনা।
ভৰ যৌৱনৰ আবেলি পৰত
হৈছিল যে আমাৰ দেখা
কিনো প্ৰেম জাগিছিল
হৃদয়ৰ মাজতে
বুকুখন দুৰু দুৰু কঁপিছিল
তোমাকে দেখা পালে
তুমি তুমি ভাৱনাত
হৈছিলোঁ যে মই পগলা
তোমাকে পাবলৈ কৰিছিলোঁ যে
ভগৱানৰ ওচৰত গৈ প্ৰাৰ্থনা
কি যে দিন আহিল এদিন
ভালপোৱা সপোন ভাঙি
হিয়াখন থেকেছি
গুচি গ'লা তুমি
সপোন হৈ আহিছিলা তুমি
দিঠক হৈ গুচি গ'লা দূৰ-দূৰণিলৈ...
বুকুৰে কেঁচা ঘাঁ শুকুৱা নাই
মনত পৰি হৃদয়খন ঝহি খহি যায়।
––––––––––––––
কবিৰ প্ৰেমত পৰাতো মূৰ্খামী
পপী ডেকা
প্ৰেমত পৰা মানুহবোৰ দুৰ্ভগীয়া
কাহানিও নহয়,
অথচ প্ৰেমত নপৰা মানুহবোৰ দুৰ্ভগীয়া বুলি
কবিয়ে কৈছে-মানিব পাৰিছোঁ!
কিন্তু কবিৰ প্ৰেমত পৰাটো মূৰ্খামী
কবিৰ মন সাগৰৰ উত্তাল ঢৌ
ৰোধিব পৰাকৈ
কবিৰ বুকুত থকা যন্ত্ৰণাৰ কাঁইট
উভালিব পৰাকৈ
কবিৰ অকঠিন সময়ৰ
শিপা চিঙি পেলাব পৰাকৈ
কবিৰ হতাশাৰ ঘাঁ শুকাব পৰাকৈ
কবিৰ চট্ফট্নিত এটি উশাহ হ'ব পৰাকৈ
তুমিটো নহয় সেই নাৰী
যি নাৰীৰ প্ৰেমত পৰি
হৈছে এই কবিৰ সৃষ্টি।
কবিয়ে নদীক নাৰী,নাৰীক নদী সজাই
কৰিছে প্ৰেমৰ বাৰ্তালাপ
কাৰণ কবিৰ বাবে প্ৰেম হৈছে
পোহৰৰ খেতি
গোলাপৰ সুগন্ধি
কবিৰ কবিতা সৃষ্টিৰ কাহিনী...।
––––––––––––––
প্ৰীতিৰ স্মৃতি
অপৰ্ণা নাথ
আকালৰ দিনত
সাঁফৰ মাৰি থোৱা
বৰ্ণিল শব্দবোৰ
চুই চালো.....
শুকাই যোৱা বকুল ফুলৰ
আমোলমোল গোন্ধ এটি
এতিয়াও লাগি আছে
প্ৰতিটো শব্দত
স্বৰ্ণিল স্মৃতি হৈ।
শব্দ বোৰ উজাই আহিছে
বুকুৱেদি উশাহ হৈ
শৰীৰৰ অনুৱে অনুৱে বিয়পি
মোক উপহাৰ দিয়ে
প্ৰতিদিনে একোটি
স্বপ্নীল দিন।
তাকে সামৰি
জীৱনৰ আবেলি বেলা
ধীৰে ধীৰে হেৰাই যাব ধৰা
ৰ'দালি সাৱটি
মই মোৰ প্ৰেমত পৰো
শেষ বাৰৰ বাবে।
––––––––––––––––––––––
অনুবাদ কবিতা
Japanese Poem
Kobayashi Issa (1763-1828)
正月や 村の小すみの 梅の花
Shogatsu ya/
Mura no kosumi no/
Ume no hana
Plum blossoms in
the New Year
and
small corners of the village
জাপানি কবিতা
মূলঃ কোবাশী ইসা (1763-1828)
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ব’হাগ
আৰু
জকাইচুকত
ফুলে জৰাফুল
————————————
বসন্তের ঢেউ
নাসরীন আকতার নীলা
ঢাকা, বাংলাদেশ
নিঝুম পল্লীর বাঁশ-বেত আর জামরুলের ছায়াবৃত্তে ঊষার প্রারম্ভে তোমাকে পেয়েছি একান্তে!
বসন্তের সুগন্ধি পুষ্প উদ্যান,
নিবাত নিষ্কম্প অঞ্চল যেনে
প্রকৃতির মাধুরী দিয় ঢেকে রেখেছে সুখের শ্বেত পলকের নিচে।
মনের সমস্ত অঞ্চল ছেঁয়ে আছে
তোমার ধ্যানমগ্ন অনুচিন্তনের প্রেমানন্দে।
কখনো আবার সেই নীল রঙের পাঞ্জাবীর উপচে পড়া সৌন্দর্যে মুগ্ধ হই!
নিশুতি রাত নৈশব্দে অতল সমুদ্র পেরিয়ে শ্বেত মুক্তার অন্বেষায় বুকের মাঝে নিবেদিত কর্ণ,
নির্ভয়ে কর্তব্যরত নিঃশ্বাসের অনন্ত উল্লাস শোনে ।
প্রচ্ছন্ন চিরস্রোতে অমৃত সরোবরে হোলি খেলে শ্বেত হংস মিথুন,
প্রবল বন, রাজসভায় সম্রাজ্ঞী দ্রৌপদীর মতো বিবস্ত্র!
নগ্ন শরীরময় মধুচন্দ্রিমায় বসন্তের ঢেউ খেলে তরঙ্গায়িত জলরাশি।
আর উজ্জ্বল নক্ষত্রে ছিটকে পড়ে
প্রবল বনে নিভে যায় তেজষ্ক্রিয়া।
সৃষ্টি করে ভূলোকে আপন ভুবন
দুর্ভেদ্য হেরেমে একান্ত নিঃশব্দে...
বসন্তৰ লহৰ
মূলঃনাসৰীন আখতাৰ নীলা
ঢাকা, বাংলাদেশ
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
জয়াল চুবুৰিৰ বাঁহ-বেত আৰু জামুগছৰ
মায়াবৃত্তৰ ঊষাকালত তোমাক অকলে পালোঁ
বসন্তৰ সুগন্ধি পুষ্প কানন,
নিমাত নিস্তব্ধ অঞ্চল যেন
প্ৰকৃতিৰ মাধুৰিমাৰে আবৰি ৰাখিছে সুখৰ শুভ্ৰপাখীৰ আঁৰালত
মন যুৰি আছে
তোমাৰ ধ্যানমগ্ন অনুচিন্তনৰ প্ৰেমানন্দত৷
কেতিয়াবা আকৌ সেই আকাশৰঙী চোলাটোত উপচি পৰা ৰূপত মুগ্ধ হওঁ!
দোভাগ ৰাতি নিশব্দে অতল সমুদ্ৰ পাৰ হৈ শুভ্ৰ মুকুতাৰ অন্বেষাত হিয়াৰ কোহঁৰত নিবেদিত কৰ্ণ,
নিৰ্ভয়ে কৰ্তব্যৰত নিঃশ্বাসৰ অনন্ত উল্লাস শুনোঁ৷
প্ৰচ্ছন্ন চিৰপ্ৰবাহৰ ক্ষীৰসমুদ্ৰত ফাকু খেলে শুভ্ৰ হংসযুগলে,
গভীৰ অটবী, ৰাজসভাত সম্ৰাজ্ঞী দ্ৰৌপদীৰ দৰে বিবস্ত্ৰা!
নগ্ন তনুবল্লৰীৰ মধুচন্দিকাত বসন্তৰ লহৰ তোলে তৰঙ্গিণী জলৰাশিয়ে৷
আৰু তৰাৰ তৰালীত চিটিকি পৰে
গভীৰ অটবীত নুমাই যায় তেজস্ক্ৰিয়তা৷
সৃষ্টি কৰে মৰতত আপোন ভূবন
দুৰ্ভেদ্য হেৰেমত একান্ত নিৰিবিলিত...
–––––––––––––
সুবোধ সৰকাৰৰ কবিতা
মই তোমাৰ ৰাতিপুৱা
ভাবানুবাদ–প্ৰদীপ চন্দ্ৰ শৰ্মা
ৰাতিপুৱা তোমাৰ ভৰিত
ৰঙা ৰ'দ পৰে
যি সংগোপনে ভিতৰ চুই
অকণ অকণকৈ ওপৰলৈ উজাই
মোৰ বৰ ঈৰ্ষা হয় দেখি ।
ভালো লাগে পোহৰৰ দৰে
মাতাল হ'বলৈ
পোহৰৰ দৰে মাতাল ।
তোমাৰ ৰঙা চুৱেটাৰৰ
মাজত প্ৰবেশ কৰি
ক'মনে বাৰু তোমাক
মই তোমাৰ ৰাতিপুৱা ।
————————————
0 Comments