অহা বাটেদি
ড°ৰমেশ কুমাৰ কাকতি
জীৱনটোনো কি ?
শূন্য এটাকে দুয়োহাতে সাবতি
আশাবোৰ ৰোপণ কৰে
বাসনাৰ সাৰ- পানী
বাঢ়িব দিয়ে লহপহকৈ ৷
আকাশৰ নীলাবোৰে
মাটিৰ সেউজ ৰঙে
ফুলনিৰ সুগন্ধিত ফুলে
পখিলাৰ পাখিৰ নাচোনে
বাউলি মাতে,ৰামধেনু হৈ।
শূন্যতাতে অংকুৰিত হৈ
আশাবোৰে পোখা মেলে
আপোনজনে প্ৰেৰণা যোগায়,
জীৱনাকাশ ৰঙীন হৈ
বাস্তৱ হয় সপোন,
এটি দুটিকৈ ৷
আশাৰ আঁচলত বন্দী মন
জীৱনৰ কঠিন বাটত
সাফল্যৰ অনাবিল আনন্দ বিচাৰি
অনামী অনুভৱে মন ভৰাই
বাসনাৰ নদীখন থাকে মাথোঁ বৈ ৷
ৰঙীনতাৰ স্পৰ্শত আশাবোৰে
তৃপ্ততাৰ আৱৰণ পিন্ধাই
জীৱনৰ কামনা-বাসনাবোৰে
কল্পনাতে থাকি উটি-ভাহি
তন-মন-ভাৱনাক কৰেহি বিকাশ ৷
আশাৰ জখলা বগাই
কল্পনাবোৰো হয় আৱেগিক
হাঁহি আৰু হতাশাৰ দোমোজাত
পাহৰিব খুজিও অতীত সুঁৱৰি
ছয়াময়া হয় মনাকাশ ৷
প্ৰাপ্তিৰ সীমনা বিচাৰি
মুঠি মুঠিকৈ হেৰাই জোনাক
সপোনৰ আঁত বিচাৰি
আশাৰ ফুল বচা তৰাবোৰ
সৰি পৰে পপীয়াতৰা হৈ ৷
সেউজবোৰ পুৰঠ হয়....
হেঙুলীয়া বেলিটোৱে কৰেহি আমনি
হেৰুৱাই দিনৰ অস্তিত্ব,
এনেকৈয়ে, জীৱন নামৰ শূন্যটোৱে
অহাৰ বাটেদি গতি কৰে শেষ সীমনালৈ ৷
----------------------------------
সাময়িক
প্ৰদীপ চন্দ্ৰ শৰ্মা
(১)
প্ৰাপ্তিৰ মোহনালৈ সাঁতুৰি চালোঁ বহুবাৰ
জীৱনত, আধৰুৱা হৈয়েই ৰ'ল
জীৱন স্ৰোতস্বিনীৰ ত্ৰিবেণী সঙ্গমত সাঁতুৰি
নাকনি-কাননি নিশকতীয়া শৰীৰ,
ত্ৰিসাগৰ সঙ্গমতীৰত সংকল্প সাধনাৰ
বৃথা চেষ্টা,অপূৰ্ণ হৈয়েই ৰ'ল।
অশান্ত ইলেক্ট্ৰন সদৃশ বক্ষ
আকাংক্ষাৰ অফুৰন্ত জোৱাৰ
চাহিদাৰ সুতীব্ৰ গৰ্জন
হাহাকাৰ মাথোঁ নোপোৱাৰ ক্ৰন্দন ।
(২)
দুৰ্বাৰ গতিৰে ধাৱমান ধৰিত্ৰী
ফুল,তৰা, জোনাক
ক'ৰবাত থমকি ৰ'ল,
দাম্ভিক মহাকালৰূপি সময়
দু:সময়ে স্ৰোতস্বিনী হৈ কালৰূপ ধৰি
বিভিষিকা সৃষ্টিৰে উটোৱাই নিছে
মানৱীয় প্ৰমূল্য -
আইতাৰ নিস্পাপ সৰল হাঁহি ।
(৩)
নামঘৰত আইমাতৃৰ কাকুতি ঘোষা
বাটচ'ৰাত দুশ্চিন্তাগ্ৰস্ত ভকত,ৰাইজ
নৱ চিন্তাৰ উন্মেষ অৱশেষত, একমুখে
গাইগুটীয়া নহয়,মাউখে উটি
জীয়াই থকাৰ যুঁজৰ সংকল্প ।
______________
দুৰূহ
ৰঞ্জন বৰা
পাৰিপাৰ্শ্বিকতাৰ আবৰ্ত্তত
আজি মূল্যবোধ যেন
মৰুৰ মৰীচিকা ----
যান্ত্ৰিকতাৰ প্ৰাৱল্যই উৰুৱাই নিলে
সৰল বাতাৱৰণৰ অকৃত্ৰিম সুধা ----
চিত্ৰকৰে তাৰেই ছবি আঁকে ------
য’ত --- জহিখহি যোৱা
প্ৰাপ্তি অপ্ৰাপ্তিৰ চাকনৈয়াত
আকাশখন ডাৱৰৰ হয়--
কিম্বা নীলিম নীলিম
প্ৰহেলিকা বিম্বিত হয় -----
দূৰৈত বৈ যায়
এখন বিষাদবিহ্বল
তৃষাৰ নৈ !
----------------------------------
জীৱন বৰ আউললগা
ভূমিকা দাস
সকলো কথাই যে পাৰফেক্ট হব লাগিব
এনে কি আছে কথা...
আউল লগা জীৱনেহে দিয়ে প্ৰকৃত শিক্ষা
কথাষাৰি প্ৰায়ভাগৰে জ্ঞাত ...
মহান ব্যক্তিয়ে কৈ যোৱা কত যে নীতিকথা
সকলোৰে পৰা সমান গুৰুত্ব পাবলৈ মনৰ বাৰু কিয় আশা ?
নিজৰ ওপৰত ৰাখা ভৰষা
সময়ৰ পৰা সুযোগ অলপ আনা
নিজক লৈ সন্তুষ্ট থাকা
কিমান যে হিয়া জুৰোৱা কথা...!
সকলোৰে ভাবনা,সকলোৰে মমতা একে হ’ব লাগে
ভাবো আমি কিয় মিছাতে
সৰু-বৰ,উচ্চ-নীচ আভিজাত্য
শ্ৰেণীবিভাজন আমিয়েই নকৰো জানো ?
ব্ৰেণ্ডেড সাজ পোছাক পিন্ধি বিলাসী গাড়ীত বহিও
চকুলো বোৱাই যোৱা লোক
বহুত দেখিলোঁ
সৰু সৰু সুখত সুখী হ’ব পৰা লোকৰ সেউজীয়া হৃদয় দেখিলোঁ
যদিও ........
তেনেই তাকৰ হে লগ পালোঁ
অনুভৱবোৰ উপলব্ধিৰে ...
জীৱন জীয়াৰ গান গাওঁ আহা ধৰি ৰখা সময়খিনিতে...।
_____________________
সোনোৱালী শস্যৰ ফচল
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
ৰ'দ জিলমিল আকাশেদি সৰি পৰা
উষ্ণতাৰ এটা ৰ'দঘাই আবেলি
বুকুত সাৱতি ৰখা কাব্যিক শব্দবোৰ
সুৰ্ণাকৃতি হৈ খহি খহি পৰা,
যেন সোনোৱালী শস্যভূমি।
ফচল মোৰ হৃদয়ৰ কবিতা
আলেঙে আলেঙে দাৱনিৰ হাতৰ পৰশ ।
মোৰ সুখ দুখ আশা আকাঙ্ক্ষা
তেজৰ কোঁহে কোঁহে
নিমজ্জিত নিৰন্তৰ জীৱন বীক্ষা।
ৰাতিৰ সপোনৰ সোণোৱালী সাঁকোৰে
পাৰ হয় দিক্ বিদিক্ চানি,
অনুজ্জ্বল স্মৃতিৰ সীমাৰ সিপাৰে
হৃদয়ৰ পাৰ ভঙা বিষাদ-গ্লানি ।
মোৰ জীৱনৰ উন্মুক্ত পদূলিত
দুখৰ আলহীয়ে যেতিয়া ভিৰ কৰে,
কম্পিত হৃদয়ে মোৰ আঁকোৱালি ধৰি লৈ
সুশোভিত কৰি তোলে হৃদয়ৰ কবিতা,
কবিতা মোৰ সোনোৱালী শস্যৰ ফচল ।
------------------------------------
দুটা কবিতা
খূৰ্ছীদ আনছাৰী
১/___
ৰাস্তা
-------
লক্ষ্য নহওঁ…
মই মাথোঁ অজুহাত…
ঠিকনাৰ…!
তুমি খোজ দিয়া…
সময়ৰ স'তে নিৰ্ভীকভাবে।
২_____
সি
---------
মোৰ মুকুতা সৰা হাঁহিটিৰ ৰহস্য
গাৰুটোৱে জানে
সুধি চাবি…
মোৰ অব্যক্ত বেদনাৰ
একমাত্ৰ সাক্ষী সি… ।
-----------------------------------
এটা কথা নোকোৱা শিল
জুৰি তালুকদাৰ
তাৰ খঙৰ ভমকত শিলটোৱে গৈ
দূৰৈত চিটিকি পৰে,
কণমানিটিৰ আলফুলীয়া হাতত আকৌ
মৰমৰ স্পৰ্শ বিচাৰি ফুৰে,
এলাগী হ'বলৈ ধৰা শিলটোৱে
মৰমৰ সান্নিধ্যত জীপাল হ'বলৈ ধৰে....
পৰিচ্ছন্নতাৰ পোছাক পিন্ধা মাকজনীয়ে
তাক আকৌ পথৰ দাঁতিৰ
শিলৰ টুকুৰা কৰি তোলে...
মৰম বিচাৰি ফুৰা শিলটোৱে
ভৰিৰ গচকত ভাবলেশহীনভাৱে
অলৰ অচৰ হৈ পৰি থাকে...।
-----------------------------------
ভুল আছিল নক্সা
বন্দনা সন্দিকৈ
বুকু ফিন্দাই নহ'লেও
ক'ব পৰাকৈ
মই নিৰ্মাণ কৰি ল'ব পৰা নাই
এটা হেঁপাহৰ ঘৰ
চʼৰাঘৰত সজাই থʼব পৰা নাই
এযোৰ ধুনীয়া চোফাচেট
বেৰৰ কাৰুকাৰ্যৰ কথা বাদেই
বুনিয়াদৰ আসুৱাহবোৰেই
দূৰ কৰিব পৰা নাই
কেৱল ভাঙিছোঁ,গঢ়িছোঁ
আচলতে আঁচনি খনেই যে ভুল আছিল
ভুল আছিল নক্সা
এই কথাটোকে অতদিনে কোনেও নকʼলে মোক
তলে তলে মন কৰি থকা
চুবুৰীৰ এজনে ক'লে,
আজিকালি বহুত কোম্পানী আছে
চমৎকাৰ কাৰুকাৰ্য
গেʼটৰ নামফলকলৈকে ৰেডিমেʼড পায়
কেৱল নামটো খোদিত কৰি লʼলেই হ'ল
আপুনি বা...
তেজক পানী কৰা মানুহ মই
কবি খেতিডৰালৈ চাই তাকেহে ভাবিছোঁ,
বজাৰখন বা কেনেকুৱা আৰু
গ্ৰাহকৰ পছন্দ !
বহি আছোঁ,
গ্ৰীষ্মৰ দুপৰৰ উত্তেজনা মূৰত
ঘপহকৈ উঠিলেই পৃথিৱীখন ঘূৰে ওলোটা পাকে
বোজা হৈ পৰা মূৰটোক ঘেৰি
ধূসৰ সপোন এটা অহা-যোৱা কৰি আছে
সপোন সপোনেই-
ধূসৰেই হওক বা স্বচ্ছ
নিৰাশাৰ গছপুলিটো সাৰপানী দিয়ে
মালিক হ'ব বিচৰাজনেও
অলীক সপোন দেখা নাই ছাগেʼ ।
-----------------------------------
নৈ আৰু নাৰী
দীপাংকৰ ভূঞা
নৈ বৈ আছে বাবেই
ঋতু আহে ঋতু যায়
ধুনীয়া ধৰিত্ৰী , সুন্দৰ সেউজীয়া
বাৰিষাত বৰষুণ , শৰতত শেৱালি !
নৈ বৈ আছে বাবেই
পৃথিৱীত পলস , পলসত বীজ
বীজত গছ , গছত ফল ফুল !
নৈ বৈ আছে বাবেই
বহল পথাৰ ,
আছে পিতাইৰ ঘামৰ দাম
আইৰ হাতত কাঁচি হাঁচতিত তামোল
সুখ–দুখ , শান্তি সমাধি... !
নৈ বৈ আছে বাবেই
বিশাল আকাশ ,আকাশ আশা আকাংক্ষা ,
নীলা সাগৰ , সাগৰত ঢৌ !
নৈ বৈ আছে বাবেই
বুকুত এবুকু মৰম ,প্ৰেম ভালপোৱা ,
সুখ দুখ , হাঁহি কান্দোন
খং ৰাগ , মান অভিমান
দম্ভ অহংকাৰ , আহাৰ মৈথুন !
নৈ বৈ আছে বাবেই
বিশাল মাতৃ হৃদয় , হৃদয়ত স্নেহ
ৰঙীন পৃথিৱী , ৰঙীন সপোন !
নৈ বৈ আছে বাবেই
বাটৰ কাঁইট আঁতৰে , সুযোগে আনে সন্ধান ,
জ্ঞানে আনে বিজ্ঞান , ৰ'দে আনে পোহৰ !
নৈ বৈ আছে বাবেই
তুমি ধুনীয়া , ময়ো ধুনীয়া !
তুমি জী আছা , ময়ো জী আছোঁ !
-----------------------------------
চকী
অমৰজ্যোতি ঘোষ
এখন চকী
চকীখন লৈ খোৱা-কামোৰা
বগৰা-বগৰী
ঘাত-প্ৰতিঘাত-সংঘাত
নিজৰ নিজৰ মাজত জাতি-স্বজাতিৰ
মই ভাল, তই বেয়া
তই ভাল, সি বেয়া
মাথোঁ,
পানী ঘোলা কৰা খেল
খেল খেলি খেলি
কোনোবা এজন জিকে
যি জিকে
সি হেনো ৰাৱন, লংকাৰ অধিপতি
হৰা জনে কয়...
লুটিয়াই দিলে একেটাই মুদ্ৰা
ইপিঠি-সিপিঠি
কাকনো বুলিবা ককা
সকলোৰে দাড়ি চুলি পকা
তথাপিও
চকীখনৰ প্ৰতি সকলোৰে লালসা
এক দুৰ্বাৰ বাসনা!
---------------------------------
মহাৰথী কৰ্ণ
পম্পী দেৱী
সন্মানৰ আশাত নহয়
কেৱল অকণমান সহানুভূতিৰ আশাত
মুক্ত হাতে দান কৰিলোঁ সকলো
মোৰ জীৱন পৰিক্ৰমাৰ জটিল সন্ধিক্ষণতো
মই মাথোঁ দান কৰি গ’লোঁ
সমুখ সমৰত সত্যক সন্মুখৰ পৰা দেখিও
মই নিচ্ছুপ হৈ ৰ’লোঁ
কি নাছিল মোৰ ওচৰত
মাতৃ পৰিচয়
ভাতৃ পৰিচয়
অমৰ কৱচ কুণ্ডল
অথচ গ্লানি,অপবাদ, অবৈধ জন্ম ৰহস্যৰ
মিথ্যা অৱৰণৰ আঁৰত
মই যুঁজিয়েই থাকিলোঁ আজীৱন
মাথোঁ মোৰ বাবেই প্ৰয়োজন হ'ল হস্তীনাপুৰৰ ৰাজসভাত
মোৰ পৰিচয় ,জাতি আৰু বৰ্ণ
ময়েই ৰথৰ চকাৰ তীব্ৰ বেগেৰে
বিশ্ব জয় কৰা মহাৰথী কৰ্ণ ।
----------------------------------
আপোন
ৰুমী দেৱী
প্ৰকৃতিৰ শোভাৰে অনন্য সুন্দৰ জীৱকুল
বিনিময় নিবিচাৰি ইকুল-সিকুল।
ত্যাগৰ মন্ত্ৰেৰে সুৰীয়া অনন্তধাম
প্ৰতি সময়ৰ হাতোৰাত ধাৰাল মৃত্যুপণ।
নৈৰ দৰে বৈ থকা আইৰ দৰে কৈ থকা
ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নহয়।
আকাল হৃদয়ৰ বন্দীত্বৰ জীৱন-যাপন
শ'লঠেকত অসীমৰ অনুৰণন।
ঈশ্বৰীয় প্ৰাণৰ বলুকাত
বিলীন সাগৰৰ উত্তাল ঢৌ
নিগৰিত অশ্ৰুকণাক
আলোকেৰে সজায়।
----------------------------------
ৰহস্য
মনচুমী কলিতা নাথ
সময় ঘড়ীৰে উভতি যাওঁ সৃষ্টিৰ আদিলৈ
সময়ৰ আৰম্ভণি আছিলে বা ক'ত ?
ফঁহিয়াই চাওঁ যদি তন্ন তন্নকৈ
অতীত ব্ৰহ্মাণ্ডৰ মহানাদ তত্ব।
উন্মুক্ত হয় বিশ্ব ব্ৰহ্মাণ্ডৰ এক বিৰাট ৰহস্য ।
ৰহস্যৰ আবৰ্তত দেৱতা দানব কিম্বা গন্ধৰ্ব কিন্নৰ
চৰাচৰ জগতপতি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ অস্তিত্ব
আজিও হৈ আছে ৰহস্য ।
জন্ম মৃত্যু চিৰন্তন অৱধাৰিত
আত্মা অবিনশ্বৰ
ইও এক ৰহস্য ।
ৰহস্য ভেদৰ অৰ্থে
মকৰাৰ জাল তৰি
বিবেক বুদ্ধিৰ সাঁকোৱেদি
সৃষ্টিশীল মানুহৰ মন
বগাই যায় সৰীসৃপ গতিৰে আগলৈ আৰু আগলৈ,
আকাশীলতা বগোৱাৰ দৰে ওপৰলৈ আৰু ওপৰলৈ
নোপোৱাক পোৱাৰ অদম্য আশাৰে
নৱ সৃষ্টিৰ অযুত বাসনাৰে ,
সপোনৰ পম খেদি দিঠকৰ বাটেৰে।
তাতেই বুৰঞ্জী গজে,
ইতিহাসে ন পোখা মেলে ।
সময় শান্ত প্ৰবাহিত
মানুহৰ মন অশান্ত,অতৃপ্ত।
এটি ৰহস্য ভেদৰ তাড়নাত
সমুখত উন্মুক্ত হয় সহস্ৰ দুৱাৰ
য'ত থাকে মাথো ৰহস্য ।
-----------------------------------
গোলাম
ৰূপজ্যোতি শইকীয়া
নৈ খনে যি বাটেদি সাগৰ সাৱটিছে
মই সেই বাটত এবাকচ তুলা সিঁচি থৈছোঁ।
ঠাইতে দ ঠাইতে বাম
টিয়নী ৰ'বনে তাতো সন্দেহ.....
ভৰ বাৰিষা নৈ খনে
মোক টেটুলৈকে গিলি থয়
ইমান মৰম
একোলা নল'লে
তাইৰ বোলে নিশা টোপনি নাহে
মোৰো বুকুখন গ্ৰেজীং মাটিৰ দৰে
ছন পৰি ৰয়...
এতিয়া
সুখৰ সীৰলুত তাই স্থায়ী ঠিকনা
মই?
কেঁচা কিতাপৰ গোন্ধটোৰ দৰে
তাইৰ ভাষাত গোলাম।
---------------------------------
বেদুইন
মঞ্জু দত্ত
মই বেদুইন
জন সমুদ্ৰৰ বুকুত
থাকিও আজি মই বেদুইন।
মোৰ জীৱন পুস্তিকাৰ
প্ৰতিটো পৃষ্ঠাই কৰুণ!
তুমিতো বুজি উঠা নাই ?
যিদিনা বুজিবা
সেই দিনাই তোমাৰ দুচকুত দুধাৰি চকুলো নিগৰিব
নিবিচৰাকৈয়ে বহু পাই আহিছো জীৱনৰ পৰা
আৰু নভৱাকৈয়ে বহু হেৰুৱাই আহিছো!
আক্ষেপ কৰিব লগা একো নাই
কাৰণ মই যে বেদুইন পথিক ৷
হেৰাই যোৱা সপোনৰ পম খেদি ফুৰা অকিঞ্চন নাৰী।
------------------------------------
কবিতাই গছকা চোতাল
ৰেখা বৰকটকী
কোনোবাই সুধিলে লিখিছানে কবিতা?
তপৰাই ক'লো, নিৰ্মাণ কৰাৰ কথা ভাবিছো--
এগাড়ী শিল, আধা গাড়ী ইটা
চিমেণ্টৰ বস্তা চাৰিটামান
কৰণী, হাতুৰি গোটাইছোঁ
এজাক বৰষুণ কামনা কৰিছো ইটা তিয়াবলে'
পৰিবেশ বিচাৰিছোঁ
ধুনীয়া ,কোমল বতাহে নচুৱাই থকা---
ছেহ! অপৈণত ইটা ,পানী ঢালোতেই ঠনঠনাই ভাগি
মাটিসোপা ওলালচোন !
চিমেণ্টখিনি বাকোতেই
কুঁকুহা হৈ উৰিল
বস্তাটো মৰাশৰ দৰে পৰি ৰ'ল...
পানী যুঁৱলীত পৰি থকা বালিবোৰত লাগি থকা
সোণৰ চেঁকুৰাবোৰে হাঁহিলে
সিহঁতে চাগে ভাবিছে
পকী দেৱালত জিলিকিম কিমান যে ভাল লাগিব!
ঘৰটোৰ চিত্ৰ শিল্পীজন বিচাৰিলোঁ এইবাৰ।
কোনখন নক্সা বা সুন্দৰ হ'ব
খিৰিকি- দুৱাৰ কেইখন হ'ব
চাঁদলে' যোৱা বাটটো প্ৰশস্তনে?
বহু চিন্তাৰ আওতাত
মোৰ এই কবিতা
পৰিপক্ক নে সোপোকা
ক্ষণভঙ্গুৰ নে চিৰস্থায়ী
নিটোল হ'ব নে বাৰু কবিতা?
----------------------------------
বিধাতাৰ লিখন
চয়নিকা ভূঞা
ঈশ্বৰৰ নামত সহস্ৰ প্ৰাৰ্থনা
মন্দিৰ মছজিদ গীৰ্জাত
বন্তি ধূপ মম উছৰ্গা
ঈশ্বৰ নিমাত
বিশ্বাসঘাটক সময়
বিশ্বাসঘাটক ঈশ্বৰ
পূজা-অৰ্চনাৰ নামত
হেজাৰ কাকুতি-মিনতি
হেজাৰ ভেকোভাওনা
ঈশ্বৰ নিমাত
ঈশ্বৰ নিমাত
আৰম্ভ হয়
নতুন নতুন খেল
বাঢ়ি আহে
মৃত্যুৰ সৈতে মিতিৰালি
নোহোৱাকৈয়ে ঘটি যায় বহু ঘটনা
নভবাকৈয়ে সলনি হয়
জীৱন চক্ৰৰ অলিখিত অধ্যায়
বতাহত সেই পুৰাতন বাক্য
"সকলো বিধাতাৰ লিখন"
-----------------------------------
কালিকা লগা নৈ খন
অঞ্জনা শইকীয়া
নৈখন এদিন বোৱতী আছিল।
পিতাইহতে মাজ ৰাতিতে উঠি মাছ ধৰিছিল।
আমি তেতিয়া বৰ সৰু আছিলোঁ
মনত পৰে অলপ,অলপ।
এদিন আমাৰ পিতাইৰ লগত যোৱা
তাৱৈজন পুৱা
ঘৰলৈ ঘূৰি নাহিল !
এনেকুৱা কেবাটাও ঘটনা শুনিছিলোঁ !
তাৰ পিছত শুনিলোঁ--
নৈখনত কালিকা আছে
মানুহ লয়!
এতিয়া তালৈ কোনো নাযায়।
নৈখনো এৰাসূতি হ'ল!
হয়তো নৈখন দুয়ো কাষে মৰি গৈছে।
বোৱতী নহয় এতিয়া!
পিছে
মোৰ মনত তেতিয়াৰ পৰা এতিয়ালৈ
এটা প্ৰশ্ন ৰৈ কুঁৱলী
নৈখন সঁচাই কালিকা লগা নে
আধা ৰাতি আন্ধাৰতে
মাছ ধৰিবলৈ যোৱাটো
দোষ আছিল?
------------------------------------
আপোচ
ৰাজীৱ দত্ত
এক আপোচ বিহীন বিপ্লৱীৰ দৰে
আৰম্ভ হয় আমাৰ জীৱন।
জীৱনত ক’তোৱে আপোচ
নকৰাৰ সিদ্ধান্ত লওঁ আমি৷
মনৰ সংগ্ৰামী যুদ্ধ ক্ষেত্ৰত
আমি একো একোজন
আপোচহীন বিপ্লৱীৰ
পৰিচয় দিব খোজো৷
আপোচ যেন নিন্দিত শব্দ
ঘৃন্য দৃষ্টিৰে চাই ৰওঁ
দূৰৈৰ পৰা৷
ফঁণা মেলা বিষাক্ত সাঁপৰ দৰে
অনৱৰতে
আদৰ্শৰ পতাকা তুলি ধৰো আমি৷
অথচ মোঁট সলোৱা সাঁপৰ দৰে
আমি আপোচ কৰো
জীৱনৰ প্ৰতিটো কেকুঁৰিতে৷
আদৰ্শৰ স’তে সংঘাত আমাৰ
জীৱনৰ প্ৰথম আপোচ ৷
পৰাজিত সৈনিকৰ দৰে নত মস্তক হওঁ
পাঁহৰি পেলাওঁ এসময়ত
আমি আদৰ্শৰ পিছত আছিলো দৌৰি৷
নিজেই নিজক সান্ত্বনা দিওঁ৷
নীতি দুৰ্নীতি মানৱতা নৈতিকতাবোধ
সকলো অচল টকা বুলি
প্ৰমান কৰাৰ চেষ্টা কৰো
আমাৰ আপোচকামী জীৱনত৷
নিজে গঢ়া আপোচৰ পৃথিৱীখনত
আমি গঢ়ো আপোচৰ দুৰ্ভেদ্য প্ৰাচীৰ৷
সকলো ক্ষেত্ৰতে আমি আপোচ কৰাৰ
যুক্তি বিচাৰি লওঁ ৷
যুগৰ বতাহত এৰি দিওঁ
আমাৰ পাল তৰা নাওঁ৷
পৰিৱেশ আৰু পৰিস্থিতিৰ
ওচৰত নতজানু হৈ
আমি গাঁও জীৱন উপভোগৰ গান৷
------------------------------------
ব'হাগলৈ ৰিং এটাৰ বাট
জোনমনি বৰা
ফাগুনক সুধিলোঁ ব'হাগলৈ
কিমান বাট?
ফাগুনে মৃদু সুৰে
ক'লে আহি কাণে কাণে
লঠঙা শিমলু এই পিন্ধো পিন্ধো
ন-কুঁহিৰ সেউজী সাজ ।
আমে মলিয়ালে
কঠালে পেলালে মুচি
পলাশেও ক'লে আহি
নাই আৰু বেছি বাট
আলহী কুলি কেতেকীজনী আহিব
সুহুৰিয়াই সুহুৰিয়াই
তোমাক -আমাক মাতিব৷
সেয়েহে কওঁ ব'হাগলৈ
ৰিং এটাৰ বাট৷
-----------------------------------
লক্ষ্য
এনী ভূঞা ডেকা
অশান্ত ... !
মোৰ মনো অশান্ত
মেৰুদণ্ডহীন শৰীৰবোৰ
যেনিয়ে-তেনিয়ে পিয়াপি দি
ঘূৰি ফুৰিছে...
অসংলগ্ন শব্দৰ সমষ্টিয়ে
মস্তিষ্কবিহীন শৰীৰবোৰক
বুজাব খুজিছে
বহুত কিবাকিবি
অলেখ সপোন দেখুৱায়
কিনা-বেচাৰ দৰ দাম চলিছে
এইয়াযে বজাৰ
বিবেকৰ বজাৰ
আৱেগৰ বজাৰ
দাম কাৰ কিমান উঠিছে
কোনেও নাজানে
বেবেৰিবাং চিন্তাৰে
লক্ষ্য বিহীন ভাবে
মাথো গৈ আছোঁ...।
---------------------------------
প্ৰতিটো ব’হাগ উপহাৰ দিম তোমাক
হিমাজ্যোতি তালুকদাৰ
মোৰ প্ৰেমে তোমাৰ পৰিধি চুব নোৱাৰিলেও
ৰৈ থাকিম
ঠন ধৰা যৌৱনৰ অন্তিম ক্ষণলৈ
তুমি মোৰ প্ৰেমৰ কঠিয়াতলি
শীতৰ কুঁৱলি ফালি অপেক্ষা কৰিম
তোমাৰ সতে অসভ্য হ’ব খোজা জোনাকী সপোনত
পলাশৰ ৰঙবোৰ চটিয়াই দিম
মোৰ জীৱনৰ প্ৰতিটো বহাগ
উপহাৰ দিম তোমাক
আজীৱন বাটচাই ৰ'ম হবলৈ কবিতাৰ অভিধা
তুমি আৰু মই।
---------------------------------
এৰাই চলা বাক্যষাৰ
ভূপেন চন্দ্ৰ দাস
ঘাঁহনিত ঘাঁহ খাই থকা
গৰুবোৰক লক্ষ্য কৰিছোঁ
সিহঁতে কিছুমান সতেজ ঘাঁহ
নোখোৱাকৈয়ে এৰাই চলিছিল-
কাৰণটো সেই ঠাইত সিহঁতেই
ত্যাগ কৰা মল আছিল।
বৰ্তমান শিক্ষিত যুগত মই
বহুজনক দেখিছোঁ-
বহু কষ্টেৰে বহু বাট অতিক্ৰম কৰি
দোকানত গৈ চাধা, চিগাৰেট,
গুটখা, মদ আদি কিনি খোৱাতো
সিহঁতেও কিবা নহয় কিবা এটা
দেখিও এৰাই চলিছিল-
সেয়া আছিল এষাৰ শাশ্বত বাক্য-
"ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক।"
এতিয়া আপুনিয়েই কওকচোন
এইচাম মানুহক আমি
কেনেদৰে শিক্ষিত বুলি কওঁ ?
------------------------------------
জীৱন তুলা
যোগেশ্বৰ লাগাছু
সৌ কঙালীৰ কমোৱা
আকৌ ফাগুনৰ শিমলু তুলা
দেখিছিলোঁ , দেখিছোঁ
সময়ৰ বিস্ময়কৰ এপিয়লা বেলা ।
বতাহ যেনি যায়
তেনি উৰি ফুৰে
অ'ত ত'ত খুন্দা খাই
দিহিঙে-দিপাঙে ঘূৰে ।
আৰু এজাক সঞ্চাৰি বৰষুণে
দেহাটি মাটিত সন্মিলিত কৰে ।
ভদীয়াৰ পীৰিতিত
ধনীৰামৰ ধন ডুবিল
সুখীৰামৰ সুখ বুৰিল
তামুলী মাহীৰ ৰঙা ওঁঠ পৰিল কলা
নীলিম আকাশৰ বগা বগলীৰ দৰে
উৰিল এজাক শুকুলা তুলা ।
এপাহি-দুপাহিকৈ এমুটি
মৌচুমীৰ পাখিত লাগি উৰি যায়
য'ত পৰে ত'ত সেউজ সপোন সজাই
আকৌ উতনুৱা ফাগুনৰ খৰাং পৰশত
সেউজীয়াবোৰ হালধীয়াহৈ
গছ-বিৰিখবোৰ লঠঙাহৈ
পূৱালী পছোৱাৰ পাখিত ধৰি
দুনাই ঘূৰি আহে ।
এই যে জীৱন তুলাৰ দৰে নে
জীৱনৰ দৰে তুলা
এক মননশীল কবিতা ।
------------------------------------
ফাগুনৰ প্ৰথম জাক বৰষুণ
ৰশ্মি দলে
বৰষুণ
ভাল পাওঁ তোমাক
মোৰ ৰিক্ত হৃদয়ত
তুমি সিক্ত জোনাক
তুমিয়েই ধুৱাই দিছিলা
মোৰ হৃদয়ৰ অৰ্দ্ধ আকাশ
তোমাৰ সুৰৰ মূৰ্চনাত
লিখিছিলোঁ তোমাৰেই কবিতা
কেতিয়াবা তোমাৰ লহৰত
গাইছিলোঁ প্ৰেমৰেই গীত---
কোনোবা ৰিক্ত হৃদয়ত
তুমিয়ে আছিল মোৰ হাস্নাহানা
খিৰীকি খুলি তুমিয়ে
সিঁচি দিছিলা মোৰ অশান্ত হিয়াখনি
তুমি ফাগুনৰ প্ৰথমজাক
বৰষুণ হৈ আহিবা
মোৰ হৃদয় কাৰেংলৈ
তুমি ফাগুনৰ প্ৰথমজাক
বৰষুণ হৈ আহিবা
মোৰ হৃদয় কাৰেং লৈ।
-----------------------------------
ববচা বনৰে বাহ
উপমা ভুঞা পাঠক
নৈৰে ঘাটতে
চটীয়া শিলতে
বহি ধুই আছিলোঁ গা
দিও নিদিওঁকৈ
চেগতে দি গ'লি তই
ববচা বনৰে বাহ
পিতাই পদূলিতে
চঁছালি ফালিছে
ওলাব পৰা নাই মই
বদনামী ফাগুনে
লাজৰ ৰং সানিছে
কিয়নো কৰিছা খং
তোৰেঐ সুহুৰিত
কি সুৰ বজাইছ
খোজৰ বেগত
খহিছে খোপা
আই নথকাৰ চেগতে
ৰিহাখন বিচাৰি
মনে মনে খুলিছোঁ জপা
জপাৰে ভিতৰত
ৰিহাখন সাঁচিছোঁ
খুটাৰ কাণত সাঁচিছো ধন
এই বেলি কনেং ঐ
মূৰ পোলোকা নিদিবি
পিতাইও মেলিছে মন ।
---------------------------------
সময়ে কোন দিশেৰে লৈ যায়
পঞ্চমী ফুকন
আজিকালি কিয় জানো
সম্পৰ্কবোৰ
চনকা কাচৰ দৰে হয়!
দেখিবলৈ ধুনীয়া ৰঙচঙীয়া
মোহনীয় চকুত চকু লগা হয়।
আৰু দুদিনতে পকাত পৰি ভঙা
টুকুৰা-টুকুৰ খোলাকটি খেলৰ দৰে হয়।
সম্পৰ্ক জানো এনে হয়?
মৰম-স্নেহ ভালপোৱা জানো
কাচৰ দৰে পেলাই দিব পাৰি ?
ধন-সম্পত্তি টকা পইচাৰে জানো
মানুহ সুখী হয় ?
ৰোগীয়া শৰীৰে সৌন্দৰ্য জানো
ধৰি ৰাখিব চিৰদিনৰ বাবে!
এদিনতো ধুনীয়া ছালৰ ৰং শেঁতা পৰিব।
টকা–পইচা ,ধন-সম্পত্তিবোৰ শেষ হ'ব।
তেতিয়া কি হ'ব ?
আমি জানো ভাবো
আমি জানো বুজো
তথাপিও আমি
কেৱল টকা পিছত দৌৰি ফুৰোঁ।
ধুনীয়া বস্তু মোহত নিজকে হেৰুৱাই পেলাইছোঁ।
যান্ত্ৰিকতা এই পৃথিৱীত
মানুহবোৰো চাগে যন্ত্ৰৰ দৰে হয়।
সম্পৰ্কবোৰো চাগে বস্তুৰ দৰে হয়।
গেৰাণ্টি নোহোৱা সম্পৰ্ক আজি
ভৰসা নোহোৱা জীৱনৰ লক্ষ্য।
কাৰ কেতিয়া কাৰ লগত মিলন হয়।
কাৰ কেতিয়া কাৰ লগত জীৱন কটাব লগা হয়।
কোনেও নাজানে কোনেও নাভাবে
কেৱল ৰিম’ট ক’ণ্ট্ৰলৰ দৰে
সময়ে কোন দিশেৰে লৈ যায়
সেই পথৰে পথিক হয় আজিৰ মানুহ।
-------------------------------------------------
বিবৰ্ণ এটি আবেলিৰ বুকুত লিখা হ'ল স্মৃতিবোৰ
সমীৰণ বৰা
অনুৰ্বৰ পথাৰখনত সিঁচি দিলোঁ এমুঠি শস্যৰ বীজ
আশা কৰিছিলোঁ
সময়ৰ সপোনবোৰে গজালি মেলি
সেউজীয়া কৰিব উদং পথাৰৰ বুকু
হাতৰ মুঠিত গুজি দিয়া
তোমাৰ বিহুৱানখন এতিয়া
নোহোৱা হ'ল
তুমি সলনি হোৱাৰে পৰা
সেইখন এখন ভগ্ন হৃদয় হ'ল।
য'ত কুটি কুটি খায়
অভিশপ্ত সময়বোৰ
এতিয়া বহাগ আহিলেও
গা_মন ৰাইজাই নকৰে
কপৌফুল বিছাৰি যোৱাৰ
নাথাকে হাবিয়াহ
অনুৰ্বৰ পথাৰখন শুকাই
চিৰাল ফাট দিলে
শস্যবোৰ আথানি হ'ল
বিচৰাখিনি বিবৰ্ণ এটি
আবেলিৰ বুকুত স্মৃতি
হৈ ৰ'ল।
-----------------------------------
ব্যাকৰণ শিতান
বিনীতা গোস্বামী
সন্ধি
বাক্যত ব্যৱহাৰ কৰোঁতে কিছুমান শব্দ লগ লাগি যায়, তেনে লগ লগা শব্দবোৰে কেতিয়াবা বেলেগ অৰ্থও বুজায়। অসমীয়া ভাষাৰ ভালেখিনি শব্দ পোনে পোনে সংস্কৃতৰ পৰা অহা। তেনেবোৰ শব্দ সংস্কৃত ৰূপত থাকোঁতেই দুটা বা কেতিয়াবা তাতোকৈ বেছি শব্দ লগ লাগি এটা হৈ আহে। এই লগ লগাটোৱেই হ'ল সন্ধি। সন্ধি মানে জোৰা। সংস্কৃত ব্যাকৰণৰ নিয়মমতেই সেই জোৰাবোৰ লাগে বা সন্ধি হয়। যেনে "হিমালয়" শব্দটো সন্ধি ভাঙিলে হয় =হিম(বৰফ) +আলয়(ঘৰ)। সেইমতে হিমালয় শব্দটোৰ অৰ্থ এস্কিমো বিলাকৰ "ইগলু'" ও হ'ব পাৰিলেহেঁতেন। কিন্তু হিমালয় এখন পৰ্বতৰ নাম। অসমীয়াত তাৰ সেইটোৱে অৰ্থ আৰু সেইমতেই তাৰ ব্যৱহাৰ। হিমালয় শব্দটোত দুটা স্বৰবৰ্ণ (ধ্বনি) লগ লাগিছে : হিমৰ অ আৰু আলয়ৰ আ, দুয়োটা মিলি এটা "আ" হৈছে। গণেশ শব্দটোতো দুটা শব্দ আছে, গণ+ঈশ=গণেশ (গণ মানে মানুহৰ থূল আৰু ঈশ মানে ঈশ্বৰ)। ইয়াত গণৰ 'অ' ৰ লগত ঈশৰ 'ঈ' লগলাগি 'এ' হৈছে। আপোনালোকে ' নবোদয় বিদ্যালয় ' ৰ নাম শুনিছে। দুয়োটা শব্দতে সন্ধি আছে। নৱ+উদয়=নবোদয়। নৱৰ 'অ' আৰু উদয়ৰ 'উ' মিলি হ'ল ও-----গতিকে নৱোদয়। বিদ্যাৰ' আ' আৰু আলয়ৰ ' আ' দুয়ো মিলি আ হয়____বিদ্যালয়। "মহৌষধ" শব্দটো আপোনালোক সকলোৱে জানে। এই শব্দটোত মহা+ঔষধ ____এই দুইটা শব্দ লগ লাগি হৈছে : মহাৰ 'আ' আৰু ঔষধৰ 'ঔ', গতিকে মহৌষধ। তেনেদৰেই মহা+উৎসৱ =মহোৎসৱ। 'আৰ' ৰ পিছত 'উ' থাকিলেও 'ও' হয়। এইবিলাক হ'ল স্বৰসন্ধিৰ উদাহৰণ। আমাৰ ভাষাত থকা সংস্কৃত শব্দবিলাকৰহে এনে সন্ধি হয়। কেইটামান প্ৰায়ে ব্যৱহাৰ হোৱা শব্দৰ সন্ধি এইদৰে হয় :
অতি+ইত=অতীত, অভি+ইষ্ট =অভীষ্ট
পৰি+ঈক্ষা=পৰীক্ষা, প্ৰতি+ঈক্ষা=প্ৰতীক্ষা
পৃথিৱী+ঈশ্বৰ =পৃথিৱীশ্বৰ, দিল্লী +ঈশ্বৰ =দিল্লীশ্বৰ
কটু+উক্তি =কটুক্তি, নৰ +ইন্দ্ৰ =নৰেন্দ্ৰ
পৰম+ঈশ্বৰ =পৰমেশ্বৰ,গণ+ঈশ=গণেশ
যথা+ইষ্ট =যথেষ্ট, মহা+ইন্দ্ৰ =মহেন্দ্ৰ
প্ৰশ্ন +উত্তৰ =প্ৰশ্নোত্তৰ, পৰ+উপকাৰ =পৰোপকাৰ
মহা+উদয়=মহোদয়, মহা+উৎসৱ =মহোৎসৱ
ঋৰ লগত সন্ধি হ'লে ঋৰ ঠাইত অৰ্ হয় আৰু ৰেফ্ হিচাপে পিছৰ আখৰৰ লগত যুক্ত হয়। যেনে :
দেৱ+ঋষি =দেৱৰ্ষি, সপ্ত+ঋষি=সপ্তৰ্ষি,
ৰাজা +ঋষি =ৰাজৰ্ষি
জন+এক=জনৈক
অতি+অন্ত=অত্যন্ত
অতি +আচাৰ =অত্যাচাৰ
ইতি+আদি=ইত্যাদি
পৰি+আলোচনা =পৰ্যালোচনা
(এনেবোৰ সন্ধি আগৰ শব্দৰ ই য় ৰূপ লৈ আগৰ আখৰত লগ লাগে)
এই আটাইবোৰেই অসমীয়াত সততে ব্যৱহাৰ হোৱা শব্দ। কিন্তু সন্ধিৰ নিয়মবিলাক সংস্কৃত ভাষাৰহে। অসমীয়াত ' তাৰ উপৰি ' শব্দ দুটা বহুতে 'তাৰোপৰি ' বুলি লিখে ', পিছে অসমীয়া তাৰ শব্দটো অকাৰান্ত নহয় ব্যঞ্জনান্তহে, সংস্কৃত মতে শুদ্ধ নহ'ব। গতিকে শব্দ দুটা ভাঙি লিখাই যুগুত ___তাৰ উপৰি।
তথাপি
মাহ্+এক=মাহেক, বছৰ+এক=বছৰেক,
হাত+এৰে=হাতেৰে, হাত+এদি=হাতেদি,
মানুহ +অক=মানুহক, দহ+ও=দহো
দহো+টা=দহোটা... আদিৰ ব্যৱহাৰ আছে। প্ৰথম শব্দবোৰ স্বৰান্ত নোহোৱাৰ বাবে পিছৰ শব্দটোৰ স্বৰধ্বনি আগৰটোৰ শেষত যোগ হয়।
সেইদৰেই অনি, আল, অক, অলীয়া, আ আদি প্ৰত্যয় যোগ হ'লেও সেইবিলাক মূল শব্দৰ লগত তেনেদৰেই যুক্ত হয়।
হাবি+অনি=হাবিয়নি
কচু+অনি=কচুৱনি
বুধি +অক=বুধিয়ক
গাওঁ +অলীয়া =গাঁৱলীয়া
নদী +আল=নদীয়াল
কৰো+আ=কৰোৱা ।।
এই নিয়মবোৰ সংস্কৃতৰ নিয়ম নহয়।
পছিম+আকাশ =পছিমাকাশ।
বড়+আশা=বড়াশা আদি ব্যৱহাৰ গৃহীত নহয়।
সংস্কৃতত ব্যঞ্জন সন্ধিও আছে আৰু আমি অসমীয়াত ব্যৱহাৰ কৰা বহুতো শব্দ সংস্কৃত ব্যঞ্জন সন্ধিৰ ভিত্তিতে হোৱা।
উৎ+চাৰণ=উচ্চাৰণ
উৎ+জ্বল=উজ্জ্বল
সৎ+জন=সজ্জন
উৎ+হৃত=উদ্ধৃত
সম্+চয়=সঞ্চয়
সম্+কাৰ=সংস্কাৰ
দিক্+অন্ত=দিগন্ত
জগৎ+নাথ=জগন্নাথ
জগৎ+ঈশ=জগদীশ
পৰি+কাৰ=পৰিস্কাৰ
মৃৎ+ময়=মৃণ্ময়
বিসৰ্গ যুক্ত শব্দৰো সন্ধি হয়। আমাৰ প্ৰায়ভাগৰে চিনাকি শব্দ কেইটামান তলত দিয়া হ'ল। কোনো কোনো ক্ষেত্ৰত স (শ, ষ) হয় আৰু কোনো ক্ষেত্ৰত "ৰ " বা "ও" হয়।
নি: +ঠুৰ=নিষ্ঠুৰ
নি:+চিত=নিশ্চিত
নি: + তাৰ =নিস্তাৰ
দু:+ অৱস্থা =দুৰৱস্থা
নি:+ তেজ=নিস্তেজ
পুন:+জন্ম =পুনৰ্জন্ম
নি:+ পাপ=নিস্পাপ
নি:+নয়=নিৰ্ণয়
পুৰ:+কাৰ=পুৰস্কাৰ
দু:+ নীতি =দুৰ্নীতি
মন: +যোগ=মনোযোগ
মন: +ৰোম=মনোৰম
দু:+ লোভ=দুৰ্লভ
মন:+মত=মনোমত
অধ:+ গতি=অধোগতি
শিৰ:+ছেদ=শিৰচ্ছেদ
এইবোৰ সংস্কৃত শব্দ, তাৰ নিয়ম অসমীয়াত খটুৱাব নোৱাৰি। নি:পালি নিষ্পালি নহয়, নি:কিন নিষ্কিন বা নিৰ্কিন নহয়।
-------------------------------------------------
উৰুঙা ফাগুন
মনি ডেকা
শেষ ফাগুনৰ উতনুৱা বতাহজাকে
উৰুৱাই লৈ যায় তাইৰ মেঘালী চুলিটাৰী
ফাগুনৰ প্ৰেমত মতলীয়া তাই
বুটলেগৈ তল সৰা মদাৰৰ পাহি।
খোপাত গুজি লৈ হেঙুলী বেলিটি
ধূলিয়ৰি বাটটিৰে যায় আগবাঢ়ি
নৈ পৰীয়া হাবিখনৰ
লঠঙা গছজোপাত ওলমি ৰয়
এটি দুটি হালধীয়া পাত।
অদূৰত কোন গৰখীয়াই বজাই বাঁহী
বাঁহীৰ সুৰে তাইৰ মনটো নিলে কাঢ়ি
বিদায়ী ফাগুনৰ কথা ভাবি
দুচকুৰে তাইৰ বাগৰে নিৰ।
উৰুঙা উৰুঙা মনৰ পদূলিত
চ’তৰ আগমনৰ বতৰা।
চ'ত গৈ পাবহি ব’হাগী
জানা বহাগী !
তোমাক পোৱাৰ দুৰ্বাৰ হেঁপাহত
মনটো শিমলু তুলাৰ দৰে উৰি ফুৰিছে
চ’ত গলেই তুমি আহিবা এবুকু আশালৈ
ৰৈ আছো তোমালৈ আবেগত অধিৰ হৈ ।
ব’হাগ মানেইতো প্ৰেমৰ বতৰ
ডেকা গাভৰুৰ মিলনৰ
বৰঘৰ
ব’হাগ মানে প্ৰেমৰ সাগৰ
যি নিৰবধি বৈ থাকে মোৰ পৰা তোমালৈ !
------------------------------------
বাউলী আৱেগ
ৰিংকু বৰুৱা
ফাগুনৰ দোলাত উঠি
নামি আহিল ব’হাগ
কপৌ ফুলৰ সুগন্ধিত
স্মৃতিৰ চঞ্চলা দুপাখি
অতীতক জোকাৰি যোৱা
প্ৰতিটো দিনৰে আলাপ
আবৰি সামৰি লয়
শূন্যতা হৃদয়ে
সেই বাবেই শিপা বাউলী আবেগ
কাৰোবাৰ উকা সেওঁতাত
ৰঙা সেন্দুৰৰ আবিৰ
নামি আহে যৌৱনৰ
জোনাকী নদী ।
-------------------------------
এদিন এসন্ধ্যা
দাদুল ভূঞা
জিলিৰ মাতত নামি অহা সন্ধ্যা এটিত
সান্ধ্য ভ্ৰমণৰত ছোৱাজনীয়ে
খৰকৈ খোজ ল'লে
বিষাদৰ ডাৱৰ ভাঙি
সৰি পৰিল
দুটুপি চকুলো
ছোৱালীজনীৰ ভৰিত
নুপুৰৰ জুনুক জুনুক শব্দ এটি
হৰ্থাৎ সিক্ত হৈ পৰিল
তাইৰ সোঁৱে-বাৱে
কোনফালে যাব তাই!
এটা উত্তৰ বিহীন প্ৰশ্ন?
মহানগৰীত বভুক্ষাৰ চিঞৰত
ফাগুন নাহে।
নাহে বসন্ত।
কাতিৰ কুঁৱলী সৰা নিশাবোৰ
জুই হৈ জ্বলে।
প্ৰতিদিনে, প্ৰতিপলে
তাইৰ দুভৰিত নুপুৰৰ বৰষুণ
অমানিশা হৈ নামে
বাৰিষা হৈ নাচে
এদিন অথবা এটা সন্ধ্যা
তাই বুকুত পুহি ৰাখে
হিৰোচিমা নাগাচাকিৰ উতপ্ত
একুৰা অগ্নিপিণ্ড
………………………………..
মন যেন মোৰ ফাগুনী চিলা হৈ উৰে
নিপু কুমাৰ দাস
জোনাক সৰিছে যেন মোৰ চোতালত
ফাগুন আহিছে নঙলা মুখত
বসন্ত বনত অশান্তি লগাই
ধূসৰিত ধূলিকণা উৰুৱাই
আমনি কৰিছে পছোৱা বতাহে।
তুমি হ'বা নে মোৰ প্ৰণয় প্ৰেয়সী
হৃদয়ত উঠিছে প্ৰেমৰ যেন জোৱাৰ
ৰঙা ফাগুনৰ কিযে উদাসীনতা
বসন্তৰ বনত এটি প্ৰেমিক চৰাই
উন্মনা হৈ মন অস্তৰাগত গুণ গুণায় ।
শুনিছোঁ ফাগুনৰ শুকান বননিত
কুলি-কেতেকীৰ হিয়া ভগা মাত
বিমূৰ্ত নিশাৰ বন্ধ কোঠাৰ মৌন মৌনতা
ঘিটমিট এন্ধাৰত যেন ঘন কুঁৱলী
উন্মনা মনক কিয় জানো কৰে আমনি ।
উৰুঙা উৰুঙা কিযে এই ফাগুন বন
তোমাৰ বিনে মোৰ হেনো অশান্ত মন
ধূলিৰ ধুমুহাত উৰিছে হালধীয়া সৰাপাত
ফাগুনী চিলা হৈ উৰিছে দেহ-মন
শিমলু,মদাৰ,পলাশ ৰঙা যেন কলিজা।
হেঁপাহবোৰ আঁকিম মনৰ জোখাৰে
জেতুকাবুলীয়া যেন দুহাতত
সেউজী আশাৰ ৰেঙনি কঢ়িয়াই
সপোনবোৰ তাতেই উজ্জ্বলি উঠিব
জীৱন গঢ়াৰ বাসনাৰ এটি সোণালী দিন ।
বুকুৰ এন্ধাৰত জোনাকবোৰ সিঁচি দিম
তোমাৰ প্ৰেমত মোৰ উন্মুক্ত বলিয়া মন
এন্ধাৰ ভেটা ভাঙি আনিম পোহৰৰ গতি
তুমি যদি হোৱা মোৰ প্ৰণয় প্ৰেয়সী
মৰম-সুবাস আটি আটি বান্ধিম কলিজাত ।
------------------------------------
ছাই
হিয়া দাস
নগ্ন হৈ ভৰি দিছিলোঁ
ধৰাৰ বুকুত
নগ্নতা ঢাকি জীয়াই থাকিম
মৃত্যুৰ আগ মুহূৰ্তলৈকে
মই নিঃশেষ হৈ যোৱাৰ আগতে
কি দি যাম, কি থৈ যাম নাজানো!
জানো, নগ্ন শৰীৰেৰে এদিন
পঞ্চভূতত বিলীন হৈ যাম
জ্বলি জ্বলি ৰৈ যাব ছাই, মাথো ছাই,
ছাই জীৱনৰ চিৰন্তন সত্য
ছাই, যাক জুয়ে গিলিব নোৱাৰে।
সকলো জ্বলি শেষ হৈ যোৱাৰ পিছতো
ৰৈ যায় মাথোঁ ছাই
আৰু এদিন সেই ছাই
নীৰৱে মিলি যায় নৈৰ বুকুত।
-----------------------------------
তোমাৰ বুকুৰ মাজত এখন্তেক
মুকুতা ৰয়
আজি তোমাৰ বুকুত মুৰটো গুজি দিওঁতে
জানো কৰ পৰা ধুমুহা এজাক আহিছিল।।
গুজৰি গুমৰি থকা কলীয়া ডাৱৰৰ পৰা
ধাৰাসাৰে বৰষুণ দিব ধৰিছিল।।
দুপাৰ ভাঙি বানপানী আগুৱাই গৈছিল
দাঁতি কাষৰীয়া গাওঁখন বুৰাবলৈ।।
হৃদয়ৰ কোনোবা এটি কোন বৰকৈ বিষাইছিল।
বুকুখন যে আন কাৰোবাৰ, সি জানিছিল।।
সপোনত তিৰবিৰাই থকা চকুজুৰি
বানপানীৰ কোবাল সোঁতত সেমেকি উঠিছিল।।
কৰবাৰ পৰা জানো পাখী লগা কাড় এপাত আহি
কলিজাটো ফালি দুফাল কৰিছিল।।
আজি তোমাৰ বুকুত মুৰটো গুজি দিওঁতে
জানো কৰ পৰা ধুমুহা এজাক আহিছিল।
------------------------------------------------
এটি কবিতা হেৰাল
(স্বৰ্গীয় অনুজ বৰকাকতি ছাৰ লৈ শ্ৰদ্ধাঞ্জলি )
অশোক ৰাম ভট্টাচাৰ্য্য
নামতহে অনুজ, জ্ঞানত অগ্ৰজ
বিশাল প্ৰজ্ঞাৰ সাগৰ তুমি
কেতিয়াবা চাইকেলৰ পেডেল মাৰি
কেতিয়াবা ঠেলি ঠেলি কৰা দিগ্বিজয়_
ছাত্ৰৰ হিয়াৰ আমঠু, স্পন্দন তুমি
বিদ্যাৰ্থীয়ে নিসঙ্কোচে তোমাৰে হিয়াক প্ৰকাশে,
প্ৰিয় শেৱালি কবিৰ তনয় তুমি
সেয়েহে দেখো কবিৰ চিন্তা আদব-কায়দাত
নাপাহৰো তুমি দিয়া শেৱালিৰ ফটষ্টেট কপি
ক্ৰিকেট খেলিলে কৰা বল প্ৰসন্নৰ দৰে;
উদাসীন হৈ ৰ'লা জীৱন যাত্রাত
নকৰিলা কদাপি মায়াৰ সন্ধান
প্ৰজ্ঞাৰ সাধনাই আনে মাধুৰ্য্য হিয়াৰ
ব্যতিক্ৰমী তুমি অনুজদা _
জীৱনশৈলী তোমাৰ কবিতাৰ দৰেই কেতিয়াবা চামগৈ মহাবিদ্যালয়ত
তোমাৰ প্ৰিয় বিদ্যাৰ্থীৰ প্ৰজ্ঞাৰ ৰেণু;
বিদায় অনুজদা নাপাহৰো তোমাক কলংপাৰৰ এটি কবিতা হেৰাল
জিলিকিবা আকাশৰ সজীৱ কোণত
পদচিহ্ন সাচিছোঁ মনত কলঙপাৰত ।
----------------------------------.
সেউজ অনুভৱ
ৰমেন দাস
সংকল্প ধ্বনি : অমৃত বাণী
সোণফলা মাটিত জীয়াই থকাৰ আশা
বসন্তৰ আঁৰত উটি-ভাঁহি
জোনাক ভৰা হাঁহিৰ বাঁহী
শুনিছানে বাৰু কুলি কেতেকীৰ বিননি?
বিহুৰ ঢোল পেঁপা গগনাৰ মিঠা কঁপনি?
ব'হাগ মানেই অসমী আইৰ বুকুত
অমিয়া নিগৰিত স্বৰ্ণিল আভা
জাতীয় সত্ত্বাৰ প্ৰতিধ্বনি...
ব্ৰহ্মপুত্ৰৰ স্বাভিমান
দেশ মোৰ চিৰ জ্যোতিষ্মান
ৰূপহী আইৰ জয়গান
জীয়া নাঙলৰ সীৰলুত পলসৰ আত্মসন্মান
শিপিনীৰ হাতৰ পৰশৰ বিহুৱান ৷
---------------------------------
বাঘজানৰ আৰ্তনাদ
সুশীলা ৰাজবংশী
অশ্ৰু অশ্ৰু অশ্ৰু!
ধৰাৰ ঘটনা পৰিঘটনা
ধ্বংস যদি অনিবাৰ্য
সৃষ্টি কিয় ?
ক্ষুদ্ৰ মানৱ ক্ষুদ্ৰ জীৱ
অণু পৰমাণুৰ দৰে
আশা আকাঙ্ক্ষাবোৰ
চৰায়ে খেৰ কুটাৰে
বাহ সজাৰ দৰে
সপোনবোৰ বাস্তৱ কৰিছিল
কিন্তু সৌ সিদিনা
দাউ দাউকৈ জ্বলি
নিমিষতে ছাই হ'ল
মানুহবোৰ জীৱন্তে শৱদেহত
পৰিণত হ'ল
বাঘজান পুৰি ছাই হ'ল
মাগুৰি বিলৰ মাছ কাছ
শিহুবোৰ ওপঙি ৰ'ল
জীৱনদায়িনী পানীখিনিও
দূষিত হ'ল
ডিব্ৰুছৈখোৱা উদ্যানৰ আৰ্তনাদ
চৰকাৰী বেচৰকাৰী সংগঠনৰ আলোচনা কথা-বাৰ্তা
ক্ষতিপূৰণ দিয়া হ'ব
বন্ধ্যা হৈ পৰা মাটি
সহস্ৰ পৰিভ্ৰমী পক্ষীৰ
কলৰৱৰ বাসভূমি
প্ৰকৃতিৰ জীৱন
টকাৰে আনিব পাৰিবনে ঘূৰাই?
-----------------------------------
তোমাক দেখাৰ পিছত
দিগন্ত বৈশ্য
তোমাক দেখাৰ পিছত মোৰ
বুকুৰ মাজৰ পৰা আঁতৰি গ'ল অমানিশা
সাৰ পাই উঠিল মৰা গোলাপজুপি
উৰি আহিল হেৰাই যোৱা প্ৰেমৰ কপৌহাল
তোমাক দেখাৰ পিছত
আকৌ এবাৰ
বিচাৰি পালোঁ মই মোৰ
হেৰুওৱা সূৰুয
বিচাৰি পালোঁ তোমাৰ মাজত
মোৰ হেৰুওৱা সত্তা
------------------------------
এটি প্রেমৰ কবিতা
ছাবিনা আলিয়া
বৰষুণজাক এনেদৰেই আহে
আৰু প্রতিবাৰ সেমেকাই থৈ যায়
মোৰ আবেগৰ লঠঙা পথাৰ ।
আন্ধাৰ পৃথিৱী এখনত হঠাৎ জীপাল হৈ পৰে
প্রেমৰ সেউজীয়া শইচবোৰ
আৰু এমুঠিমান সোণবৰণীয়া সপোন ।
পোখা মেলিবলৈ প্রেমৰ শইচবোৰে পোহৰ নিবিচাৰে
প্রেমতো নিজেই পোহৰ
আঁউসীৰ ৰাতিবোৰো তিয়াই ৰাখে জোনাকত ।
তেজৰ সোঁতবোৰ সিৰা-উপসিৰাত স্তব্ধ নোহোৱালৈকে,
হৃদয়ৰ ঘড়ীটো বিকল নোহোৱালৈকে ,
প্রেমৰ পথাৰখন সেউজীয়া হৈয়ে থাকে ।
প্রেমৰ পথাৰখন অমূল্য বাবেই
হৃদয়ৰ দৰ-দাম নহয় বজাৰত
বজাৰতে পৃথক হয় শৰীৰ আৰু হৃদয় ।
আজি-কালি এচামে সোণৰ নামত পিতল বিকে
সোণ আৰু পিতলৰ প্ৰাৰ্থক্য জনাটো এতিয়া প্ৰয়োজন হৈ পৰিছে,
কিহৰ ভয়, জুই থাকোতে জানো সোণক অশুদ্ধ কৰিব পাৰি ?
-----------------------------------
প্ৰসৱিনী বসন্ত
পবিত্ৰ বৰগোহাঁই
ৰ'দৰ শিপা বিচাৰি
ফাগুনৰ সুহুৰিত সাৰ পাই উঠিল
উদং বিৰিখৰ ডালত
ভালপোৱাৰ সেউজীয়া হাঁহি
বতাহৰ কাণে কাণে মাথো গুণগুণনি
বৰ্ষাৰ সজাল বুকুত প্ৰসৱিনী বসন্ত
জগাই তুলে হেঁপাহৰ অনামী সপোন
কোন কাৰ বাবে আপোন
পুৱাৰ ৰহণ সনা সেন্দূৰীয়া বেলিটো
মেঘৰ আকাশত দাপোণ
জলমলাই উঠে সৃষ্টিৰ পুঁৱতি কোমল পুৱা
গো বাটৰ খোজত গৰখীয়াৰ সুৰৰ বাঁহী
সন্ধিয়াৰ নীড় মুখী বগলীৰ পাখিত সূৰুযৰ
ঠিকনা লিখা ৰামধেনুৰ চিঠি
বিনন্দীয়া প্ৰকৃতিৰ প্ৰাণোচঞ্চল উশাহ
ফুলি উঠে যৌৱন ডালে ডালে ঠাল-ঠেঙুলীয়ে
সাজিছে তোৰণ গছৰ আগে কুঁহিপাতে
কুলি-কেতেকী,দহিকতৰা,ঘৰচিৰিকা
মৌপিয়া পক্ষীৰ মৌ মিঠা কলৰৱ
নাচি উঠে উজ্বল তৰঙ্গ ৰাশি
তটিনী গঙ্গাৰ তড়িৎ জলধাৰা
প্ৰকৃতিয়ে পিন্ধিছে আজি জোৰণ অলঙ্কাৰ ।
------------------------------------
নিৰিবিলি আবেলি
জয় ঠাকুৰীয়া
নিৰিবিলি এটি আবেলি
এজাক পছোৱাৰ সৈতে তুমিও আহিছিলা
সোনাৰু ফুলৰ গোন্ধত
আমোল-মোলাইছিল মোৰ পদূলি
সেমেকা বতাহজাকৰ সৈতে
চিপচিপিয়া বৰষুণজাকও আহিছিল
মোৰ হৃদয় কোঠালি তিয়ায়
বৰষুণজাকত তিতি
তিক্ত হৃদয়খনিও যেন শান্ত হৈছিল
জাপিটো মূৰত লৈ আগবাঢ়িছিলোঁ
অকণমান সেউজীয়া বিচাৰি
পথাৰৰ কেঁচা আলিবাটেৰে
পথাৰখন লাহে লাহে
সেউজীয়া হ'ব ধৰিছিল
আলিবাটৰ কালভাৰ্টত বহি উপভোগ কৰিছিলোঁ
এটি সেমেকা আবেলি
যাক আজিও সাঁচি ৰাখিছোঁ
আজন্ম প্ৰেমিকৰ দৰে...
------------------------------------
অনুবাদ কবিতা
Parcian Poetry
Baba Tahir Uryan
Because of what I see and feel, I scream —
What the eye sees, the heart remembers.
I will forge a dagger with a tip of steel and
Destroy my sight to set free my heart.
পাৰস্যৰ কৱি
মূলঃ বাবা তাহিৰ উৰিয়াঁ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মই যি দেখোঁ
অনুভৱ কৰোঁ
তাৰ বাবে মই
আকুতি কৰোঁ?
যি মোৰ দৃশ্যপটত ভাঁহে
মোৰ হৃদয় বনত কাঁহে
মই খঞ্জৰ দেখুৱাই আজুৰি লওঁ
মোৰ দৃষ্টি নিপাত কৰোঁ
মোৰ হৃদয় মুক্ত কৰিবলৈ।
-----------------------------
Drinking Alone with the Moon
Li Bai, 701-762 AD, China
Translated by: Ying Sun © 2008
From a wine pot amidst the flowers,
I drink alone without partners.
To invite the moon I raise my cup.
We’re three, as my shadow shows up.
Alas, the moon doesn’t drink.
My shadow follows but doesn’t think.
Still for now I have these friends,
To cheer me up until the spring ends.
I sing; the moon wanders.
I dance; the shadow scatters.
Awake, together we have fun.
Drunk, separately we’re gone.
Let’s be boon companions forever,
Pledging, in heaven, we’ll be together.
চন্দ্ৰিমাৰ লগত পান কৰিলোঁ এপিয়লা...
মূলঃ লী বাই(৮ম শতিকাৰ চীনা কৱি)
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ফুলৰ গৰ্ভত এটি সোমৰসৰ ৰহঘৰা
আকণ্ঠ পান কৰোঁ অকলে।
চন্দ্ৰিমাক আমন্ত্ৰণ জনাবলৈ
পিয়লাটো দাঙি ধৰোঁ৷
মই মোৰ ছাঁৰেসৈতে তিনিজন৷
হাঁয়! চন্দ্ৰিমাই পান নকৰে৷
মোৰ ছাঁক অনুসৰণ কৰে ঠিকেই
কিন্তু নাভাৱে৷
বসন্ত শেষ নোহোৱা পৰ্যন্ত
উৎসাহিত কৰিবলৈ
মই গাওঁ,
চন্দ্ৰিমাই পৰিচাৰিকা হয়
মই নাচোঁ, ছায়াবোৰ ছিটিকাই
জাগা, একেলগে আমি লিলিমাই কৰোঁ৷
মাতাল, অন্যপ্ৰকাৰে আমি আতৰি গলোঁ৷
আহা আমি অনন্তকালৰ বাবে সহচৰী হওঁ
প্ৰতিশ্ৰুতিবদ্ধ
সৰগত আমি একেলগে থাকিম৷
--------------------------------------------------------
ड° लखवीर सिंह निर्दोष
धधकता ज्वालपुंज
आकांक्षाओं को
जलाता क्यों नहीं;
सागर की मरमरी
काया फफोलोंभरी
मरहम लगाता क्योंनहीं;
प्रकृति जाने कब से
क्षितिज पर तूलिका
लिए उदास खड़ी है;
प्रेमपगी प्राण-कटोरी में
नेह का चन्दन साँसों की
रोलीवह मिलाता क्योंनहीं
राधा माखन-मटकी लिए
कब से खड़ी कुंजलता में
माखनचोर आताक्योंनहीं
মূলঃ ড° লখবীৰ সিং নিৰ্দোষ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
লেলিহান জ্বালাপুঞ্জই
আকাঙ্ক্ষাক দহন
নকৰে কিয়?
সাগৰৰ এঙামুৰিয়ে
খহুভৰা দেহাত
মলমৰ প্ৰলেপ নিদিয়ে কিয়;
প্ৰকৃতিয়ে কেতিয়াবাৰপৰাইচোন
দিগন্তৰ বৰণ তুলিকাৰে
বিষাদৰ উজাগৰী ক্ষণত দণ্ডায়মান;
প্ৰেমময়ী জীৱন কলহত
আঁচলৰ চন্দন প্ৰলেপৰ
শীতল পৰশ নাপাওঁ কিয়
ৰাধাই লৱণুকলহ লৈ
কেতিয়াবাই কুঞ্জলতাত অপেক্ষাৰত
লাড়ুৱাগোপাল নাহে কিয়?
-------------------------------
विद्या भंडारी
कोलकाता
तुम्हारे पौरुष के पाँव जिन्दा हैं
क्योकि मैने अपने पांवों को समेट रखा है रेशम के कीङो की तरह ।
तुम्हारे पौरुष की आँखे जिन्दा है क्योकि मेरी आँखे झुकी हुई हैं शरमीली दुलहन की तरह ।
तुम्हारा पौरुष जीवित है
क्योकि मैनेे मेरी अस्मिता को छिपा रखा है अपने ऑचल में ।
तुम्हारा सिर गर्व से ऊंचा है हिमालय की तरह
क्योकि मुझमें समर्पण भाव है नदी की तरह ।
तुम्हारे पौरुष के शब्दकोश के पन्ने फङफङाए नहीं
क्योकि मै स्वयम् एक शब्द कोश हूँ ।
तुम्हारे पौरुष की ऊंची आवाज बरकरार रही
क्योकि मैने मौन की भाषा अपना ली है मुनि की तरह ।
मै हूँ केवल एक एहसास
मै हूँ तुम्हारी सांस
मुझे महसूस करो ।
মূলঃ বিদ্যা ভান্দাৰি
ভাবানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
তোমাৰ পৌৰুষী পদসঞ্চাৰ সক্ৰিয় হৈ আছে৷
কিয়নো মই মোৰ পদসঞ্চাৰ
জুকিয়াই থৈছোঁ পাটপলুৰ নিচিনাকৈ৷
তোমাৰ পৌৰুষী নয়ন পৰিধিভেদী৷
কিয়নো মোৰ নয়নযুৰি অৰ্দ্ধ নিমিলিত
নকইনাৰদৰে৷
তোমাৰ পৌৰুষ পৌৰুষেয়,
কিয়নো মই মোৰ অস্তিত্বক গাঁঠি ৰাখিছোঁ
মোৰ আঁচলেৰে৷
তোমাৰ শিৰ গৌৰৱোজ্জ্বল গিৰিৰাজৰদৰে,
কিয়নো মোৰ আছে সমাহিত অনুভূতি তটিনীৰদৰে৷
তোমাৰ পৌৰুষী শব্দকোষৰ পৃষ্ঠা নফৰ্ফৰায়
কিয়নো মই স্বয়ং এটি শব্দকোষৰূপীনী৷
তোমাৰ পৌৰুষৰ পৌৰুষেয় বহমান,
কিয়নো মই মৌনব্ৰত পালন কৰিছোঁ তপস্বীৰদৰে৷
মই মাথোঁ এটি অনুভূতি,
মই তোমাৰ শ্বাস,
মোক অনুভৱ কৰা৷
--------------------------------
मेरा फ़साना"
सूनीता गुप्ता
कलकत्ता, पश्चिम बंगाल
==========
खामोश लहरों को देखकर
यह मत समझना कि ,
समंदर में रवानी नहीं है । सफलता हमारे भी कदम चूमेगी, बस अभी कुछ करने की ठानी नहीं है ।।
बेगुनाह यहाँ कोई भी नहीं
हर किसी से गुनाह होता है,
फर्क सिर्फ इतना है, मेरे दोस्त,
किसी के राज़ कोई नहीं जानता
और किसी का राज़ सबको पता होता है।।
मेरा कारोबार खुशियों का है,
लेन-देन होता ही रहता है,
कोई खुशियों के बदले खुशियाँ दे जाता है,
तो कोई ग़मगीन है कहकर,
उधारी लगा जाता है
पर अपना कारोबार है
कि चलता ही जाता है ।।
तभी तो कहती हूँ
जो चलता है, वही चलता है ।
------------------***********-----
মোৰ সিদ্ধান্ত
মূলঃ সুনিতা গুপ্তা
কলিকতা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
==========
নিৰলস তৰঙ্গবোৰ দেখি নাভাবিবা,
সাগৰখন বৃদ্ধ হ’ল৷ সাফল্যই আমাকো পৰশিব, মাথোঁ এতিয়া কৰ্মযজ্ঞৰ প্ৰতিশ্ৰুতি ঠমকিছে৷৷
ইয়াত কোনোৱে নিৰ্দোষী নহয়
পাৰ্থক্য মাথোঁ এইখিনিতে বন্ধু,
কাৰো কথা কোনোৱে নাজানে
আকৌ কাৰোবাৰ সম্ভেদ সকলোৰে জ্ঞাত৷৷
মোৰ বেপাৰখন সুখানুভূতিৰ,
কিনা-বেছা হৈয়ে থাকে,
কোনোৱে সুখানুভূতিৰ সলনি সুখ দি থৈ যায়,
কোনোৱে আকৌ দুখ,
বাকীজাই লগাই যায়,
পিছে নিজৰ বেপাৰ এইখন,
বাহাল থাকে সদাই৷৷
সেয়েতো কওঁ
যাৰ গতি থাকে, তাৰেই গতিশীলতা থাকে৷
----------------------------
बंदी
वसुंधरा मिश्र
इतने बड़े आसमान में
आसमान और
ध्रुव तारा दोनों ही थे बंदी
अपनी-अपनी खिड़की में बैठे
देख रहे थे फैली हुई किरणों को
छिटक रही थीं जो धरती तक
असीम से ससीम कैनवास की गिरफ्त में
दोनों ही बंदी
दोनों ही सीमाओं में
अपनी-अपनी पहचान लिए
বন্দী
মূলঃ বসুন্ধৰা মিশ্ৰ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
এনে বিশাল আকাশখনত
আকাশখন আৰু ধ্ৰুৱ নক্ষত্ৰ উভয়ে বন্দী
নিজ-নিজ খিৰিকীৰ কাষত বহি
চাই আছিল বিকিৰিত বিচ্ছুৰণ
বিচ্ছুৰণ ঘটিছিল যিয়ে পৃথিৱীলৈ
অসীমৰপৰা সসীমলৈ
চিত্ৰপটৰ আৱেশত উভয়ে বন্দী
দুয়োৱে হদৰ ভিতৰত
স্বকীয়তা ঘোষণা কৰিবলৈ
------------------------------------------------------
0 Comments