সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
সহকাৰী সম্পাদক: অনামিকা ৰায়
উৎপল কলিতা
ৰঞ্জন বৰা
সম্পাদনা সহযোগী: সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সংগীতা বৰা
বিশ্বজিত গগৈ
কাৰ্যকৰী সদস্য: অংকুৰিতা ফুকন , তৃষ্ণা গগৈ,জাহ্নৱী কাকতি, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলি বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন
___________________________
বেটুপাত পৰিকল্পনা: নৱ ৰাজন
বেটুপাত ডিজাইন: হেমেন নাথ
----------------------------------------
বাটচ'ৰা
(সম্পাদকীয়)
ছপা আখৰত ,পঢ়াৰ মাদকতাই সুকীয়া। বৰ্তমান ডিজিটেল মাধ্যমৰ জৰিয়তে অতি সহজে,
বিনামূলীয়াকৈ বিভিন্ন গ্ৰন্থ,আলোচনী,বাতৰিকাকত
আদি পঢ়িব পাৰি।
যদিও ছপা মাধ্যমৰ গুৰুত্ব ডিজিটেল মাধ্যমৰ সৈতে তুলনা কৰিব নোৱাৰি। ছপা মাধ্যম ,বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।বৰ্তমান পাঠকৰ তুলনাত লিখকৰ সংখ্যা অধিক,যিটো ছপা মাধ্যমৰ বাবে অন্যতম চিন্তনীয় দিশ।
হয়, ডিজিটেল মাধ্যমৰ জৰিয়তে নিজে গঢ়া পৰিচিতিৰ জৰিয়তে বেছিভাগেই (যি আৰ্থিক ভাবে সক্ষম ) নিজে প্ৰকাশক হৈ একোখনকৈ সংকলন প্ৰকাশ কৰিছে । এই নবীন লেখকসকল আগতেই অৱগত যে তেওঁলোকৰ কিতাপ বিক্ৰী নহয় । উপহাৰ হিচাপে নিজৰ শুভাকাংক্ষী তথা বিশিষ্ট লেখকসকলৰ মাজত কিতাপসমূহ বিতৰণ কৰে ।(অপ্ৰিয় সত্য- এই উপহাৰৰ বেছিভাগেই গাড়ীৰ দিকি শুৱনি হৈ থাকে,নতুবা আলমিৰাৰ এচুকত পৰি ৰয়। ) বৰ্তমান প্ৰকাশকসকলৰ অৱশ্যে বিশেষ লোকচান হোৱা নাই; কিয়নো, সদায় নতুন নতুন কিতাপৰ জন্ম হৈ আছে। অৱশ্যে পাঠকৰ অভাৱত জন্মিয়েই বহু কিতাপৰ অকাল মৃত্যু হৈছে। কিন্তু, এনেকৈয়ে যদি চলি থাকে,তেনেহ'লে ছপা মাধ্যমৰ ভৱিষ্যত বাৰু কিমান সুৰক্ষিত?
বৰ্তমান কথাবোৰ বিনিময় প্ৰথাৰ দৰে হৈছে।ধৰি ল'লোঁ,আপুনি এজন প্ৰতিষ্ঠিত কবি। আপোনাৰ প্ৰকাশিত কিতাপখন মই কিনিছোঁ;লগতে আনকো কিনিবলৈ উৎসাহিত কৰিছোঁ। কিতাপখন কিনা বুলি জানি-আপুনি কৃতজ্ঞতাৰে উপচাই পেলালে মোক। কিন্তু ,ময়ো নিজৰ পকেটৰ পইছা খৰছ কৰি সংকলন এখন কৰিছোঁ। আপুনি কিন্তু কেৰাহীকৈও নাচালে,সংগ্ৰহ কৰাতো দূৰৰে কথা,উপহাৰ হিচাপে ল'বলৈও আগ্ৰহী হোৱা পৰিলক্ষিত নহ'ল । হয়তো মোৰ কিতাপৰ মান নিম্ন,মোৰ লেখা কোনো মান্য আলোচনীত ছপা হোৱা নাই বাবে মোৰ সংকলনৰ প্ৰতি আপোনাৰ কোনো আগ্ৰহ নাই। নোহোৱাটোৱে স্বাভাৱিক। কিন্তু, আপুনি বিশিষ্ট বাবেই আপোনাৰ প্ৰতিখন সংকলন আমি সংগ্ৰহ কৰিম,অথচ আমাৰ কবিতাৰ প্ৰতি আপোনাৰ অকণো ভাল ভাব নাথাকিব।তেনেস্থলত আপোনাৰ পৰৱৰ্তী সংকলনখনৰ প্ৰতি মোৰো আগ্ৰহ কমি যোৱাটোৱে স্বাভাৱিক। এইক্ষেত্ৰত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ নিম্নোক্ত বক্তব্যখিনি খুবেই প্ৰাসংগিক---
"যিসকলে সাহিত্যিক সাধাৰণ মানুহে ঢুকি পাব নোৱৰা উচ্চতাত বন্দী কৰি ৰখাৰ পক্ষপাতী, তেওঁলোককো আহ্বান জনাব বিচাৰিম যে সাধাৰণ মানুহে বুজি পোৱা ভাষাৰে সাহিত্য সৃষ্টি কৰি সাহিত্য জগতত বিচৰণ কৰিবলৈ অহা লোকসকলক অৱজ্ঞা নকৰিব, বৰঞ্চ উৎসাহিত কৰক। তেওঁলোকৰ সৃষ্টিৰ মান উন্নত কৰাটোও এক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰক।দৰকাৰ হ'লে আপুনি অলপ নামি গৈ তেওঁলোকৰ হাতত ধৰি ওপৰলৈ উঠি অহাত সহায় কৰক।জটিল বিষয় অযথা জটিল কৰি বৌদ্ধিক মান উন্নত কৰা বুলি সন্তুষ্টি লাভ নকৰি জটিল বিষয়ো কিদৰে বুজি-বাজি সৰল কৰি সাধাৰন মানুহৰ ওচৰলৈ লৈ যাব পাৰি ,সেই কথা শিকক বেজবৰুৱা,বৰগোহাঞি, ড০ ভবেন্দ্ৰ নাথ শইকীয়া, ড০ নগেন শইকীয়া, ড০ দীনেশ গোস্বামী আদিৰ গদ্যৰ পৰা ।নিৰ্মাণ কৰক জটিল ভাৰ বব পৰা সৰল আৰু স্পষ্ট ভাষা ।আন্তৰিকতাৰে এই প্ৰয়াস কৰিলে সাধাৰণ মানুহৰ ৰুচিবোধো উন্নত হ'ব....।-ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
যাঁচি দিয়া সোণৰ দৰে ট্ৰেডমাৰ্ক নথকা
বেছিভাগ নবীনৰ কিতাপৰো একেই দশা।মান্য আলোচনীত কবিতা প্ৰকাশ নাপালেও ,মান্য আলোচনীৰ সম পৰ্যায়ৰ চিৰিয়াছ কাব্যচর্চাকাৰীসকলৰ অৱস্থাও তথ্যবচ।
আহক,আমি পঢ়াৰ অভ্যাস গঢ়ি তোলোঁ। আহক,আমি নবীনৰ সংকলনবোৰো সংগ্ৰহ কৰি ,ইজনে সিজনক উৎসাহিত কৰো । আহক, আমি এখন পাঠক-সমাজ সৃষ্টি কৰো।নিজৰ বাহিৰে,আমি আনৰ লেখাও পঢ়োঁ আহক।
আমাক আনে বাট এৰি নিদিয়ে যেতিয়া আহক, আমি নিজেই নিজৰ বাট কাটি লওঁ।
কিন্তু আমি মনত ৰাখিব লাগিব যে চৰ্চা, অধ্যয়ন আৰু সাধনা অবিহনে সাহিত্যৰ উত্তৰণ অসম্ভৱ।
নৱ ৰাজন
সম্পাদক
■◆◆◆◆■■■■■■■■■■■■■■■■■■■■
কবিতাৰ আড্ডা-৪
উদয় কুমাৰ শৰ্মা
( ১)
[ শিল্প সম্পৰ্কে ]
কলাৰ শিপা সোমাই থাকে -শিল্পৰ ভিত্তিভূমিত৷ যিকোনো সৃষ্টিশীল লেখাই, শিল্পৰ শিপাক অৱজ্ঞা কৰিব নোৱাৰে ৷
নিখুঁতভাবে কৰা সকলো কামেই কলা (art)।সংস্কৃতত কোৱা আছে :
“জল্পিতম্ সচিতম্ গীতম্ নৃত্যম্ যুদ্ধগতি কলা:
শিল্পম্ সৰ্বাকৰ্মানি প্ৰাণশ্যৱৈ বিশেষ্টিতম্ ৷”
-- অৰ্থাৎ, ভালকৈ কথা ক’বপৰা, গীত গাবপৰা, নাচিবপৰা, ভালকৈ যুদ্ধ কৰিবপৰাটোও কলা ৷ কিন্তু, যিবিলাক কলা, প্ৰাণৰ প্ৰচেষ্টাত সৃষ্টি হয় ( প্ৰাণৰ ভাষা ক’বপৰা ), সেইবিলাকহে শিল্প ( craft ) ৷ সকলো কলাৰ ভিতৰত -- চিত্ৰ, ভাস্কৰ্য,নৃত্য, নাট্য, কাব্য আৰু সংগীত -- এই ছয়বিধকহে শিল্প বোলা হয় ৷ কিয়নো, এই শিল্পকেইবিধে প্ৰাণৰ ভাষাৰে নৱৰসৰ ৰস সৃষ্টি কৰিব পাৰে ৷
বিমূৰ্ত বা বিশুদ্ধ সাহিত্যবুলি আচলতে একো নাই ৷ যদি থাকেও, তেনে সাহিত্য হ’ল -- জীৱনৰপৰা পলায়ন, তেজহীন ৷ আমাৰ যুগৰ স্থায়ী শিল্পৰ সৃষ্টি হ’ব পাৰে --সাম্প্ৰতিক কালৰ বিষয়বস্তুৰ লগত কবিৰ মন, কল্পনা বা স্বপ্নৰ সংঘাতৰপৰা ৷
শিল্প হ’ল -- ধ্যানমগ্ন মনেৰে কৰা কাৰু-কাৰ্য ( artistic work ) ৷
প্ৰাণৱন্ত শিল্পইহে পাঠকক প্ৰভাৱান্বিত কৰি স্বীকৃতি, খ্যাতি আৰু স্থায়িত্বৰে সাহিত্যৰ ভঁৰাল মজবুত কৰিব পাৰে ৷
(২)
[ বিষয় : শব্দ (ধ্বনি ) ]
১) নৈৰ গৰা বা পাহাৰ খহে -- হিৰ্হিৰকৈ, হিৰ্হিৰাই
২) তীব্ৰ গতিত পানী বৈ গ’লে উঠা শব্দ -- হৰ্হৰ্ ( হৰ্হৰ্কৈ, হৰ্হৰাই )
৩) ওপৰৰপৰা পানী বা আন সৰু বস্তু বেগেৰে পৰোঁতে হোৱা শব্দ -- হুৰ্হুৰ্
৪) বহু দূৰৈত মেঘ বা আন গাজনিৰ শব্দ -- হুম্ হুম্
৫) বৰকৈ বতাহ, বৰষুণ হ’লে বা বেগেৰে যোৱা পানীয়ে বাধা পাই হোৱা শব্দ -- হো হো কৰে, হৌ হৌৱাই
৬) প্ৰবল বেগেৰে বলা বতাহৰ শব্দ -- সোঁ-সোঁ ( সোঁ-সোঁৱাই, সোঁ-সোঁ কৰে )
৭) তীব্ৰ গতিৰে বা বেগেৰে বতাহ বলাৰ শব্দ -- দাওদাওকৈ
৮) প্ৰবল সোঁত বা জ্বলি উঠা জুইৰ শব্দ -- ৰূৰূৱা ( ৰূৰূৱাই )
৯) এসোপা শিল (বা, তেনে বস্তু) ওপৰৰপৰা পেলাই দিলে অথবা, বৰষুণৰ পানী পৰোঁতে হোৱা শব্দ -- জৰ্জৰ, ঝৰ্ঝৰ (বি. জৰ্জৰণি)
১০) এচটা শিল এৰে / এডোখৰ চেপেটা কাঠ ভাগ ভাগ কৰোঁতে হোৱা শব্দ -- চটাচটকৈ, চটাচটে
১১) শোকৰ শব্দ -- হুক্ হুক্ কৰে
১২) বনৰীয়া জন্তু খেদোঁতে, হাবিতলীয়া মানুহৰ চিঞৰ -- হুই / হুই-ঔ
(৩)
বোধ আৰু কল্পনাৰ কাব্যিক-প্ৰকাশ বা মধুৰ শব্দৰ সমাহাৰেই কবিতা নহয় -- যদিহে, শব্দ-ব্যৱহাৰৰ নৈপুণ্যত ৰমণীয়তা নাথাকে ; যদিহে, অৰ্থই শব্দ আৰু ভাষাৰ মহিমা বা সৌন্দৰ্য বৃদ্ধি কৰিব নোৱাৰে ; যদিহে, তেনে শব্দত আন এটি অৰ্থ বিৰিঙি নুঠে ৷
এই বিৰিঙি উঠা কথা বা ইঙ্গিতটোৱেইতো ব্যঞ্জনা ৷
শব্দৰ শক্তি, অৰ্থৰ ঘনত্ব, ভাবৰ গাম্ভীৰ্য আৰু, চিন্তাৰ গভীৰতাক বাদ দি -- কেৱল কাব্যৰ মায়াময়তা বা প্ৰখৰ কল্পনাই এগৰাকী কবিক শক্তিশালী আৰু মহৎ কবি কৰি তুলিব নোৱাৰিবও পাৰে ৷
নতুন চিন্তা এটিক, প্ৰাণস্পৰ্শী ভাষাৰে শিল্পৰূপ দিবলৈ যাওঁতে -- আন্তৰিক চিত্ৰায়ণ (involvement)-ৰ অভাৱত, কেতিয়াবা সম্ভাৱনাপূৰ্ণ একোটি কবিতাও সময়ত প্ৰাণৱন্ত হৈ নুঠেগৈ ৷
একোটা দৃশ্য বা ছবিৰ অভ্যন্তৰলৈ পাঠকৰ মন টানি নিবপৰা -- দৃশ্যমান চিত্ৰকল্প ( visual image) -ৰ সলনি, বৰ্ণনাধৰ্মী কবিতা, কেতিয়াবা কবিৰ ভাষণ বা আত্মবিবৃিতি (self-statement)হে হ’বগৈ পাৰে ৷
----------------------------------------------------
অথ: কবি-কবিতা সংবাদ
হৰ্হে লুইছ বৰ্হেছৰপৰা ফেইচবুকলৈ-৩
উত্তম কুমাৰ কলিতা
ম্যাঙ্গুৱালে কৈছিল, 'হৰ্হে লুইছ বৰ্হেছ পৃথিৱীৰ লেখক'। বিংশ শতাব্দীৰ অন্যতম প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ সাহিত্যিক হিচাপে আৰ্জেন্টিয়ান লেখক বৰ্হেছ অন্যতম। সমগ্ৰ বিশ্বত বৰ্হেছ মূলতঃ গল্পকাৰ হিচাপে প্ৰখ্যাত যদিও তেখেতৰ কবিতাসমূহ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কবিতাসমূহৰ ভিতৰত অন্যতম।
অৰ্ধ-শতাব্দীজুৰি সাহিত্য সাধনা কৰা স্বত্ত্বেও বৰ্হেছৰ লেখাৰ সংখ্যা নিচেই তাকৰ। সেই অল্প সংখ্যক লেখাৰ জৰিয়তে তেখেতে গোটেই বিশ্বৰ সাহিত্য জগতত খলকনি তুলিবলৈ সক্ষম হৈছিল। ভাল লেখা বুলি স্বীকৃতি পাবলৈ সংখ্যাৰ যে গুৰুত্ব নাই বৰ্হেছৰ উদাহৰণৰপৰা সহজে অনুমেয়। বৰ্হেছৰ লেখাৰ ষ্টাইলে বিশ্বত হাজাৰ হাজাৰ অনুৰাগীৰ সৃষ্টি কৰিছিল। তেখেতে নিজেই কৈছিল, My style, my obsessive themes, the subjects. বৰ্হেছৰ লেখা পঢ়োঁতাসকলৰ বাবে এই ষ্টাইল নিশ্চয়কৈ জ্ঞাত।
ভাৰ্চুৱেল জগতৰ চমকপ্ৰদ উত্থানৰ ফলস্বৰূপে এদল নতুন কবিৰ জন্ম হোৱাটো সৰ্বজনবিদিত। এই কবিকূলৰ ধ্যান-ধাৰণা ভিন্নজনৰ ভিন্ন। কিছু সংখ্যকে অত্যধিক প্ৰচাৰ সৰ্বস্ব ; অল্প জ্ঞান, অধ্যয়ণৰে কেৱল আত্মপ্ৰচাৰৰ গইনাৰে কবি হিচাপে স্বীকৃতি পাবলৈ আগ্ৰহী। প্ৰচাৰৰ মাধ্যম হিচাপে এইসকল কবিয়ে মূলতঃ ফেইচবুকৰ আশ্ৰয় লয়। পিঠিত থপৰিয়া মন্তব্যত উৎসাহিত হৈ কবিতাৰ জন্ম যন্ত্ৰণা অনুভৱ নকৰাকৈয়ে গন্দাই গন্দাই কবিতা লিখে। ফলশ্ৰুতিত বেছিভাগ কবিতা জন্ম হওঁতেই পংগু হয়।
এটা ভাল কবিতা সৃষ্টি কৰাৰ আগতে হেজাৰটা বেয়া কবিতা জন্ম হোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া। এই বাস্তৱ কথাটোক সহ্য কৰিব শিকিব লাগিব আৰু মনক অধিক দৃঢ়তাৰে কঠোৰভাৱে পৰিচালিত কৰি আগুৱাই নিব লাগিব। এদিনতে কোনোৱে ভাল কবিতা সৃষ্টি কৰিব নোৱাৰে বুলিয়ে আমি বিশ্বাস কৰোঁ। পৃথিৱীৰ সকলো শ্ৰেষ্ঠ কবিসকলেও বহু বেয়া কবিতা লিখাৰ পাছতহে ভাল কবিতাৰ জন্ম দিছিল, আৰু ভাল কবিতাসমূহক পাঠকলৈ আগবঢ়াই দিছিল। এতিয়া প্ৰশ্ন এটা উত্থাপিত হ'ব পাৰে ভাল কবিতা আৰু বেয়া কবিতা কোনবোৰ? কবিসকলে নিজৰ কবিতাৰ ক্ষেত্ৰত প্ৰথমতে নিজেই পাঠক আৰু সমালোচক হিচাপে অৱতীৰ্ণ হোৱাটো অত্যন্ত জৰুৰী। কঠোৰ সমালোচক হিচাপে নিজৰ কবিতাটিক যেতিয়া কবিয়ে সমালোচনা কৰিব, তেতিয়াই ওলাই পৰিব কোনসমূহ কবিতা বেয়া কবিতা। বেয়া কবিতাই পোনপটীয়াকৈ নিম্ন মানসম্পন্ন কবিতাকহে সূচায়। দূৰ্বল শব্দচয়ন, বক্তব্যহীন, ভাষাৰ ঐন্দ্ৰজালিকতাক অধিক গুৰুত্ব, মেঘাচ্ছন্ন বোধ আদি কৰি আত্মাহীন কবিতাসমূহকে নিশ্চয়কৈ বেয়া কবিতা বুলি কয়। মুঠৰ ওপৰত তীব্ৰ আত্মসমালোচনাৰে বিদ্ধ হ'লে ভাল কবিতা সৃষ্টি কৰিব পৰাটো একপ্ৰকাৰ খাটাং। এইখিনিতে পেৰুৰ ঔপন্যাসিক মেৰীঅ' ভাৰ্গাছ য়'ছাই কোৱা কথাষাৰ প্ৰণিধানযোগ্য। য়'ছাই কৈছিল, "লিখিবলৈ বহাৰ মুহূৰ্ততেই প্ৰতিগৰাকী লেখকে ঠিৰাং কৰি লয় তেওঁ এগৰাকী ভাল লেখক হ'ব নে বেয়া লেখক।"
ফেইচবুকৰ জৰিয়তেও এদল কবিয়ে নিজৰ প্ৰতিভাৰ উৎকৰ্ষৰ লগতে নিজৰ সৃষ্টিক উন্নত কৰিবলৈ অনুশীলন অব্যাহত ৰাখিছে। এই কবিসকলৰ কবিতাসমূহ কাকত-আলোচনীত প্ৰকাশিত হোৱাৰ লগতে পাঠকৰ অন্তৰ জয় কৰিবলৈও সক্ষম হৈছে। এনেকুৱা এদল কবিকো ফেইচবুকত লগ পাওঁ, যিসকলে দীৰ্ঘদিন কাব্যসাধনা কৰি ভাল কবিতা সৃষ্টি কৰি আহিছে যদিও তেখেতসকলৰ কবিতাসমূহৰ বিষয়ে উচ্চাৰিত হোৱা শুনা নাযায়। সেইকবিকূলক উচিত মান্যতা ফেইচবুকৰ পাঠকসকলে দিবলৈ অকণো কাৰ্পণ্য কৰা নাই। ভালক ভাল বুলি ক'বলৈ আৰু বেয়াক কঠোৰ সমালোচনা কৰাত ফেইচবুকৰ বেছিভাগ পাঠকে আগ্ৰহী।
সাম্প্ৰতিক সময়ত ভাল কবিতা লিখি চৰ্চিত হোৱা তিনিগৰাকী কবিৰ বিষয়ে দুষাৰ ক'বলৈ মৰসাহস কৰিছোঁ...
অলকা মহন্ত বৰুৱা :
অলকা মহন্ত বৰুৱাৰ কবিতাৰ বিষয়বস্তু বহুমাত্ৰিকা, যিদৰে তেখেতৰ প্ৰতিভা বহুমুখী। সমাজৰ উত্থান-পতন, গাঁও-চহৰৰ শান্তি- অৰাজাকতা আদি তেখেতে দেখিছে আৰু সেই বলিষ্ঠ অনুভৱক কবিতাৰ বুকুত প্ৰোথিত কৰি উচ্চমানসম্পন্ন কবিতা সৃষ্টি কৰিছে।
'ছিৰিয়াৰ পোণাকণ
আছিলনে মন্দিৰত ভগৱান
মছজিদ গীৰ্জা
সুধিছিলানে আল্লাহক
মছজিদৰ সন্মুখত কিয় কচাইৰ দোকান'
( ছিৰিয়াৰ পোণাকণ)
কবিতাৰ মাজেৰে পাঠকে নিজক বা নিজৰ ধ্যান-ধাৰণাক সন্ধান কৰে। যিবোৰ কবিতাই পাঠকক নিজক উপলব্ধি কৰোৱাত সফল হয়, সেইসমূহ কবিতাই পাঠকৰ বুকুত দাগ কাটে। অলকা মহন্ত বৰুৱাৰ কিছুমান কবিতাই পাঠকক মোহাচ্ছন্ন কৰি ৰাখিব পৰাটো শুভ লক্ষণ। তেখেতৰ কবিতাৰ আঙ্গিক আৰু মূল বক্তব্যৰ অভিনৱত্বই কবিতাসমূহ সুখপাঠ্য কৰি তুলিছে বুলি ভাবোঁ। ভাৱৰ বিশালতা, পৈণত অভিজ্ঞতাই অলকা মহন্ত বৰুৱাৰ সকলো কবিতাই পাঠকৰ মন-মগজু আন্দোলিত কৰিব বুলি আশাবাদী।
কঙ্কনা ঠাকুৰীয়া :
কবি কঙ্কনা ঠাকুৰীয়াই কবিতাৰ জৰিয়তে জীৱন্ত বাস্তৱৰ সৃজনীময়ী ছবি আঁকিবলৈ আপ্ৰাণ চেষ্টা চলাই থকাটো পৰিলক্ষিত হৈছে।
'মাকবোৰে তপতাই আছে
বতাহে চেঁচা পেলোৱা শিশুৰ ভৰিবোৰ
এইমাত্ৰ যেন ফুলি উঠিব মাকবোৰৰ
শেঁতাপৰা ওঁঠবোৰত
তামৰঙী হাঁহি'
(পৰ্বান্তৰৰ পদ্য)
কঙ্কনাৰ বেছিভাগ কবিতাত নতুন চিন্তা, গভীৰ আৱেগৰ কাব্যসুৰ প্ৰতিধ্বনিত হৈ থাকে। ভাষাৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান দখলে তেওঁৰ কবিতাসমূহ স্বকীয়ভাৱে উজলি উঠিবলৈ লৈছে। আচহুৱা, উদ্ধত প্ৰকাশভংগী, মূল ভাৱৰপৰা বিচ্যুতি, অপ্ৰয়োজনীয় শব্দৰে মেদবহুলতা আদি দোষৰপৰা কঙ্কনাৰ প্ৰায়ভাগ কবিতা মুক্ত। অধিক চৰ্চা, অধ্যয়নে কবিগৰাকীৰ অনাগত কবিতাসমূহ অধিক শক্তিশালী হ'ব বুলি আমি বিশ্বাসী।
অনামিকা ৰায় :
সমাজৰ দুখ, দুৰ্দশা, কাৰুণ্যতাক বলিষ্ঠ প্ৰকাশভঙ্গীৰে কবিতাৰ শৰীৰ সৃষ্টি কৰা কবি অনামিকা ৰায়। চিত্ৰল মেটাফ'ৰৰ অভাৱৰ বাবে কিছুমান কবিৰ কবিতাত কবিৰ মূল বক্তব্য অস্পষ্ট হৈয়ে থাকে। অনামিকাই জীৱনৰ সবাক চিত্ৰ কবিতাৰে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰি প্ৰায় সফল হৈছে। কবিতা সৃষ্টি কৰাটো এক জটিল বিষয় বুলি প্ৰচাৰিত কথাষাৰক গুৰুত্বসহকাৰে লৈ নিষ্ঠাৰে কবিতা চৰ্চা কৰি থকা কবিসকলৰ মাজত অনামিকাও এজন। অনামিকাৰ কবিতাৰ কথনশৈলী আৰু বয়নশৈলী নান্দনিক, সুমিষ্ট।
'আয়ু টুটা ৰচীডাল
কাৰ ঘামৰ সাক্ষী?
মকৰাৰো আঁত হেৰোৱা টিপ্পনী!
.............................................
হাতোৰাৰ হাতত হালি নপৰা পজাত
এটি বাহ–দুটি কণী
এটা কুলিৰ আনটো শালিকাৰ'
( পানী-হাড়)
কবিতা সৃষ্টি কৰাটোও এক ধ্যান বুলি উচ্চাৰিত হৈ থকা কথাষাৰক অধিক গুৰুত্ব দি আগবাঢ়িলে অনামিকাৰ কবিতাসমূহ আৰু অধিক উন্নতি লাভ কৰিব।
------------------------------------------------------
কবিতা
বগীবিল-২০১৮
ৰাতুল কুমাৰ লাহন
(১)
আমাৰ আগে আগে গৈ আছিল
টিনৰ টেমাত ৰোৱা তুলসীৰ পুলি এটা।
হাতৰ সিকি এটা সিৰিককৈ পানীত সৰি পৰাৰ পাছতেই
আমি বহিছিলোঁ তক্তাৰ পাত এখনত;
পানীৰ মুদ্ৰাত নাচি থকা আকাশখন চাবলৈ
উচপিচাই আছিল ডিজিটেল কেমেৰাৰ তৃতীয় নয়ন;
খৰমৰাই থকা শুকান বিস্কুট এখনে জগাই তুলিছিল
আমাৰ শেঁতা স্মৃতি
অথচ স্মৃতিৰ জাল কাটি আমাৰ চকুবোৰ ৰুই আছিলোঁ
নির্ভাৰ টোপালবোৰত।
অ' সিপাৰৰ বান্ধৈ
সিপাৰেও আছে নেকি এইপাৰৰ দৰে ইপাৰ সিপাৰ নমনা বিষয় বাসনা;
সিপাৰেও আছে নেকি আন এজনী লিলিমাই
যি ভাবি আছে-এই জীৱনত একো নাই।
(২)
স্মৃতিৰ এই ভাৰ ভেদি পাৰ হৈ যাব
ৰাতিৰ ৰেলগাড়ী
আৰু উৰণীয়া উকি।
------------------------------
কুঁৱলীৰ দলং
নীলাভ সৌৰভ
শেলুৱৈ ডাৱৰ
মকৰা জোন
তৰা তৰা পোক
আন্ধাৰ আন্ধাৰ জাল
ওচৰৰ ঘৰৰ মঙহৰ তৰকাৰীৰ গোন্ধ তথাপি আহে
ভৰষা উঠি যায় আকাশখনৰ পৰা
মাছ থকা বিলৰ ডাক হ'ল
ৰাতি বগলীবোৰেই তৰা
ভৰি দুখন চুই থাকে
ক'ৰ পানী
অ' নদী
শীত আহিছে ৷
----------------------------------
পৰিক্ৰমা বিষয়ক
(শ্ৰদ্ধাৰ হৰেকৃষ্ণ ডেকা ছাৰৰ হাতত)
সংগীতা মেধি
এনেকৈ এটা বৃত্তত
আমি ঘূৰি থাকিলোঁ
আমাৰ অভীষ্ট যাত্ৰা আৰম্ভ কৰিলোঁ নে শেষ কৰিলোঁ
যিবোৰ পাই সুখী হ'লোঁ
এদিন সেইবোৰৰ বাবেই হ'লোঁ দুখী
একেটা বৃত্তক সাৱটি ঘূৰি থাকিলোঁ
ক'ৰবালৈ পালতৰা নাও এখনেৰে ভটিয়াই গ'লোঁ
গৈ বন্দৰ পালোঁ নে নাপালোঁ
আকৌ এটা যাত্ৰা কৰিলোঁ
কেতিয়াবা ৰেলগাড়ীত
ষ্টেচন বাগৰি উভতি আহিলোঁ
গন্তব্য পালোঁ কি নাপালোঁ
আকৌ যাত্ৰা কৰিলোঁ
এটা বৃত্তক কেন্দ্ৰ কৰি আমি বহি থাকিলোঁ
থিয় হৈ থাকিলোঁ
ৰৈ থাকিলোঁ
গৈ থাকিলোঁ
কেতিয়াবা শিখৰ পালোঁ
কেতিয়াবা তলি
যাত্ৰা আৰম্ভ হ'ল অথবা শেষ হ'ল
অগণন শূন্যতা আৰু পূর্ণতাই
অগা পিচাকৈ আমাক ঘেৰি থাকিল
বৃত্তৰ পৰা পৰা পৰিত্ৰাণৰ বাট এটা বিচাৰি এদিন কোনোবা এজন নিৰুদ্দেশ হ'ল
তাৰ পাছত আৰু এজন
এনেকৈ নিৰুদ্দেশ হোৱা মানুহবোৰো বৃত্তই সামৰি থ'লে
তাৰ পাছৰ পৰাই নিত্য আমি বৃত্তক পৰিক্ৰমা কৰোঁ
হাহোঁ কান্দো
পৰিধিত বহি হিচাপ কৰোঁ দেনা পাওনাৰ,দিনান্তত বৃত্তই আমাক উপহাৰ দিয়ে একোটা
ৰঙা সূৰ্য
আৰু এচমকা হালধীয়া স্বপ্ন
তাতে মজি আমি বৃত্তৰ জয়গান গাঁও
আৰু এদিন গম নোপোৱাকৈ পৰিক্ৰমা শেষ কৰি
নতুন এটা বৃত্তক আঁকোৱালি লওঁ আলফুলে।
--------------------------
নাক
জুবিলী গগৈ
নাক দীঘল মানুহৰ
লাজ হেনো বেছি
গোন্ধও পায় বেছি
সহিব নোৱাৰে দুৰ্গন্ধ
সেয়ে সমস্যা বেছি
নাক চুটি মানুহৰ এনে নহয়
সুৰুঙা পালেই সোমাই যাব পাৰে য'তে-ত'তে
নাকত খুন্দা খোৱাৰ ভয় নাই
দুৰ্গন্ধত পোত যোৱাৰ
আশা নাই
লাজ-কাজো নাই
পিতায়ে কৈছিল
নাক দীঘল নকৰিবি অ' ইহঁতৰ
বিদেশ পাবগৈ
নাক চুটি হৈয়ে
থাকি গ'লোঁ আমি
ভাল বেয়া
ভুল শুদ্ধ
সু-গন্ধ দুৰ্গন্ধ
সহি সামৰি
নাক দীঘল মানুহবোৰ
বিদেশ পালেগৈ
দেশত যিবোৰ থাকিল
বিদ্ৰোহী হ'ল...।
------------------------------
হেলচী
ৰঞ্জিত পাটগিৰি
হালি জালি এদিন
হেলচী এডালে ক'লে-
খোৱা,খোৱা মোক
দিনতে দেখিবা তৰা।
হেলচীৰ পাত এটা চোবাই চোবাই
আকাশৰ ফালে চালোঁ
তৰা হেন তোমাৰ চকু দুটা দেখিলোঁ।
-----------------------------------
অৱগুণ্ঠন
সীমা গগৈ
উৰা মাৰে চৰাই
উৰা মাৰে সময়
কিমান ভৰ হ'লে উৰিব নোৱাৰে মন ?
পানীত ওপঙে
পানীত বুৰে
কিমান যন্ত্রণা পালে পানীয়ে শুহে জীৱনৰ ৰং?
সহজ কথাবোৰে যেতিয়া পিন্ধি লয়
শিলৰ সাজ ..
ৰ'দ ওলোৱা বাটত ৰৈ উচুপি থাকে
ঢৌয়ে ওপচোৱা সাগৰ এখন ।
--------------------------------
বুকুৰ ভিতৰৰ অনন্ত ভালপোৱা
পংকজ কুমাৰ শৰ্মা
বুকুৰ পদূলিয়েদি নামি অহা সূৰ্য দেখি
সুখৰ ঠিকনাত জিৰাবলৈ নিবিচাৰে কোনো তেজী ঘোৰা,
কাৰ ইমান ভালপোৱা
সুখৰ চকুলোৱে দুগাল তিয়ায়।
তোমাৰ বুকুত চকু থলে
সূৰ্যসম সাহ ক'ৰ পৰা লাভ কৰোঁ,
জীয়াই থাকিবলৈ জীৱও পাৰোঁ
দেশৰ হকে মৰিবলৈ সাজু।
বুকুৰ পৰিধি ভাঙি খনিকৰে
সমুখ সমৰৰপৰা পলায়ন নকৰে,
সমাজ গঢ়াৰ বান্ধোনৰ পৰা
তেওঁ কাহানিও মুক্ত নহয়।
সমুখত সদায়েই
এক প্ৰত্যাহ্বান থাকে,
বুকুজুৰি বৈ থকা অশেষ ভালপোৱাৰ বাবেই
দধীচি হ'বলৈও পিছে নোহোঁহকে খনিকৰ।
বুকুৰ ভিতৰৰ যি ভালপোৱাই
মানুহক মানুহ হিচাপে পৰিচয় কৰাই দিয়ে
সমাজখনক সুষ্ঠ সমাজৰূপে গঢ়ি তোলে
তাৰেই নাম হয়তো
বুকুৰ ভিতৰৰ অনন্ত ভালপোৱা।
--------------------------------
দোলাভাৰী
ছৈয়দা আঞ্জুম আৰা হুছেইন
দেউতাই এটা সপোন পোহে___
দোলাভাৰী হৈ মোক কঢ়িয়াই লৈ যায়
ফুল আৰু সুমিষ্ঠ ফলেৰে ভৰি থকা
এখন সেউজীয়া পাহাৰলৈ
শিলাময় পথত ক্ষতবিক্ষত দেউতাৰ দুভৰিক
সঞ্জীৱনি বাকি দিয়ে বুকুৰ সেই সপোনটিয়েই
___'মোক লৈ যাব সেউজীয়া পাহাৰটোৰ টিঙলৈ' !
দেউতাই কান্ধৰ পৰা নমোৱা নাই দোলাখন কাহানিও ___
কাৰণ তেওঁৰ চকুত আছে পাহাৰৰ এটি জুৰি, একুকি ফুল আৰু সুমিষ্ঠ ফলৰ এখন বাগিছা
মোৰ বাবে,কেৱল মোৰ বাবে ____
দেউতা মোৰ যীশু!
প্রতি নিয়ত তেজেৰে তুমৰলি হইও
সংঘাটৰ পথত __
ঈশ্বৰক প্রণিপাতেৰে আগবাঢ়ে পিতাই ,
লক্ষ্য _____পাহাৰৰ চুড়াত ঠিয় কৰাব মোক
য'ৰ পৰা চুড়াত থাকিও শিপা খামুচি দেখা পাম মই
মাটিৰ মানুহ আৰু মাটিৰ পৃথিৱী ,
বুজি উঠিম বেলিৰ উত্তাপত জ্বলি জ্বলিও
কিদৰে পৃথিৱী গঢ়ে মাটিৰ মানুহে ;
ৰ'দে বৰষুণে দোলাভাৰী হৈ দেউতাই মোক
গঢ়ি তুলিব খোজে ___এজন মানুহ
মাটিৰ মানুহ। মানুহ ভাল পোৱা মানুহ।
----------------------------------
উৎস
মেঘালী বৰুৱা শইকীয়া
সুখে-দুখে পাৰ কৰা দিনৰ কথকতাত
নিৰ্জনতা হেৰুৱায় ৰাতিবোৰে।
ভোকৰ পাতত মৰা নদীৰ সাধুৱে
টোপনিবোৰ কাঢ়ি নিয়ে।
আমি কাণ উনাও আৰু বন্ধ কৰো
দুচকু মেলো আৰু জপাওঁ
জিভা মেলো আৰু কোচাওঁ।
মৰানদীত শুকাই যোৱা মেটেকানিখন পচি থাকে
দুৰ্গন্ধত উশাহবোৰ পোত যায়।
সময়ৰ পীতবসন পিন্ধি
আকাশত উৰে চাকৈ - চকোৱা
পানী চাকি জী উঠে,
জীৱন আৰু নদীত
আমি উটো বাৰম্বাৰ।
---------------------------------
ৰ'দৰ চিঠি
ড° মঞ্জু হালৈ
হৃদয়খন সলনা সলনিৰ বাবে তোমাৰ সতে মোৰ
কিয় বাৰু আঙুলিত গুজি দিব খোজা
হীৰা মুকুতা অথবা স্বৰ্ণালঙ্কাৰ - এটি শকুন্তলা আঙুঠি!
হেৰালেই যি চিঙি যায় বিশ্বাসৰ আঁত
ঐশ্বৰ্যৰে কাটিব পাৰি জানো বুকুৰ বাট
তেন্তে কিয় এই আত্মগ্ৰাহিতা হে চন্দ্ৰবংশোদ্ভৱ
প্রেমতো নহয় তোমাৰ ৰাজকীয় ৰঙেৰে সজা অচিন ক'লাজ
প্ৰেম নিজেই এক স্বৰ্ণিল অনুভূতি
অনুভৱী সময় কেতিয়া যে উৰে সুখৰ উলাহ হৈ
দুহাত ওপচাই দোলে বুকুৰ সপোন চকুৰ দাপোনত ওমলে হেঁপাহৰ জোন
কেৱল মাথোঁ কেৱল শুভকামনাৰে লিখা ৰ'দৰ চিঠি
প্ৰেম মাথোঁ বিশ্বাসৰ এক সজল দস্তাবেজ ,চিৰঞ্জীৱী।
--------------------------------
আধা ডজন এণ্টি কবিতা
ৰাশ্বেল চৌধুৰী
১
ল'ৰাটো বিদেশত পঢ়িলেও
আমাৰ শিক্ষানুষ্ঠান উন্নত।
২
ছোৱালীজনীক বেচৰকাৰীত পঢ়ালেও
মই কৃতিশিক্ষক ।
৩
আমি সভ্য জাতি
বুকুত চৰিয়াই কওঁ
ফেৰ নামাৰিবা
আমি গাখীৰ বেচি মদ কিনি খাওঁ !
৪
বিশ্বত আমাৰ সুনাম আছে
সাধু-সন্যাসী আৰু মাফিয়াৰ আসন সংৰক্ষিত ।
৫
প্ৰজাৰ যোগ্যতা লাগে অতিৰিক্ত
ৰজাৰ বাবে মুক্ত ।
৬
যুগে যুগে অসুৰ আহে
দেৱতাৰ কাম বঢ়াবলৈ ।
----------------------------------
ওঁঠৰ ভাষা
গিৰিণ চন্দ্ৰ বৰা
খিৰিকীখন খুলিবলৈ নক'বা
শোকৰ বতাহ বলিব
অভাৱৰ চকুলো সৰিব...
জাতীয় ৰূপৰেখা
অংকন কৰোতেই
উচৰ্গা কৰিলো
মোৰ বন্ধকোঠাৰ সমস্ত সময়
তথাপিও
তোষামোদৰ ৰাজনীতিৰ
চাকনৈয়াত বিধ্বস্ত
মোৰ ভূগোলৰ মানচিত্ৰ
বিভ্ৰান্তিৰ বাটত উচুপিচে
কাহিনীও হাৰ নমনা
এটা জাতিৰ
জাতীয় শিলাখণ্ড
জাতীয় চেতনা হেৰুৱাই
জাতিটো
টোপনি গলেই হিচাপ
কৰো মই কুকুৰাৰ ডাক
কুটিল যুদ্ধত সৰ্বহাৰা
এটা জাতিৰ
টোপ টোপ অশ্ৰুৰ মাজত
নিজকে বিচাৰি মই
ভাগৰি পৰিছো
মোৰ জাতীয় অস্তিত্ব ক'ত ?
নাজানো কিমান দিনলৈ
বন্ধু হৈ থাকিম
অসম বুৰঞ্জী
অনন্ত সময়লৈ পিন্ধি
নিস্ফল বিপ্লৱৰ বস্ত্ৰ
প্ৰাচীন সৈনিকৰ জঁকাবোৰক
শিৰোণাম কৰি
আমিতো দেখোন ক্ৰমান্বয়ে
নীলামেই হৈ গৈ আছো
আপোন মাটি
ওঁঠৰ ভাষা হেৰুৱায়।
------------------------------
বুঢ়া মানুহজন
মূল: নিকানোৰ পাৰা
অনুবাদ: কিশোৰ কুমাৰ দাস
চিলিৰ চান্টিয়াগোত,
দিনবোৰ সীমা নোহোৱাকৈ দীঘল
অফুৰন্ত সময় দিনটোৰ হাতত।
খচ্চৰৰ পিঠিত উঠি ভ্ৰমি ফুৰা সাগৰীয় শেলাইৰ বেপাৰীসকলৰ দৰে
তুমি হামিয়াই থাকা, তুমি আকৌ হামিয়াই থাকা।
তথাপিও সপ্তাহটো বৰ চুটি
মাহবোৰ দৌৰি গুচি যায়
আৰু বছৰবোৰৰতো পাখিয়েই গজিছে।
-----------------------------------
সকাহ
দীপমণি দাস
মনৰ নিয়ন্ত্ৰিত বজাৰত
ভাৱৰ কিনা বেচা:
অভাৱৰ স'তে আপোচ।
সময় পাৰ হৈ যায়।
আপোচবোৰ সপোন হৈ ৰয়
অনাগত দিনৰ।
সপোন সদায়ে ধুনীয়া
যদিও অনিয়ন্ত্ৰিত
আৰু কোৱাও মানা।
মনৰ নিয়ন্ত্ৰিত বজাৰত
চলি থাকে ভাৱৰ কিনা-বেচা।
সপোনে দিব জানো সকাহ?
------------------------------
কাব্যগুঞ্জন
সংগীতা বৰা
■দিখৌপৰীয়া মহীয়ান কথাশিল্পী
পদ্মশ্ৰী ইমৰান শ্বাহ
সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ২০২১ বৰ্ষৰ "পদ্মশ্ৰী" বঁটাৰে সন্মানিত, "অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি" ,২০১০ চনত "অসম উপত্যকা" সাহিত্য বঁটা ,২০১২ চনৰ ১৪ জুলাইত শিৱসাগৰ নাট্য মন্দিৰত অসমৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰদান কৰা "আজান পীৰ "বঁটাৰে সন্মানিত বৰেণ্য ব্যক্তিজন হ'ল ইমৰান শ্বাহ।
তেখেত একাধাৰে কবি, ঔপন্যাসিক,গল্পকাৰ,গীতিকাৰ,শিশু সাহিত্যিক,সু বক্তা,বাতৰি কাকতৰ স্তম্ভ লেখক ইত্যাদি।
ঈশান দত্ত ছদ্মনামেৰে "ঈশান দত্তৰ নিৰ্বাচিত কবিতা "(কাব্য সংকলন) ৰচনা কৰা,১৯৬০ চনৰ পৰা ২০০০ চন লৈ ঈশান দত্ত ছদ্মনাম লৈ কবিতা লিখি জনপ্ৰিয় হৈ পৰা আৰু তাৰ সমান্তৰালকৈ অসমবাণী আৰু নতুন অসমীয়া কাকতত অনামিকা বৰুৱা ছদ্মনামত নাৰী সম্বন্ধীয় প্রৱন্ধ লিখি আলোড়নৰ সৃষ্টি কৰা কথাশিল্পী ইমৰান শ্বাহৰ জন্ম হৈছিল১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰ জিলাৰ ঐতিহ্যপূৰ্ণ দিখৌপাৰৰ ধাই আলিত। সম্ভ্ৰান্ত আৰু সাংস্কৃতিক পৰিয়ালত ডাঙৰ হোৱা কথাশিল্পী ইমৰান শ্বাহৰ পিতৃৰ নাম আছিল মহম্মদ শ্বাহ আৰু মাতৃৰ নাম মৰিয়ম শ্বাহ। তেখেতৰ শিক্ষা জীৱনৰ আৰম্ভণি ১৯৬৩ চনত শিৱসাগৰৰ ২ নং ধাই আলি প্ৰাথমিক বিদ্যালয়ত হৈছিল ।
ইমৰান শ্বাহে ১৯৫৮ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যক মুখ্য বিষয় হিচাপে লৈ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়।দীঘলীয়া শিক্ষা জীৱনৰ শেষৰফালে শ্বাহে গড়গাঁও মহাবিদ্যালয়ৰ অস্থায়ী অধ্যাপক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে।আৰু পৰৱৰ্তী বৰ্ষত এই চাকৰি এৰি শিৱসাগৰ মহাবিদ্যালয়ত যোগদান কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী পদৰ পৰা ১৯৯৩ চনত ইমৰান শ্বাহে অৱসৰ গ্ৰহণ কৰে।
ঐতিহাসিক ৰংপুৰৰ দিখৌ নদীৰ বান-খহনীয়াৰ ভয়াবহ ৰূপ বুকুত বান্ধি কলমৰ কাপেৰে নিগৰাইছে বহু কথা, বহু বেথা ।লিখি গৈছে অব্যক্ত বেদনাৰ কেঁচা ঘা।
বাহ্যিক দিশৰ পৰা যদি আমি চাওঁ তেখেত লাজকুৰীয়া যেন অনুমান হয়।
চুটি চুটি বাক্যত তেখেতে সুন্দৰকৈ কথা ক'ব জনাটো এক কলা ।তেখেতৰ ভাষণ নুশুনা মানুহেও এপলক ৰৈ যায় তেখেতৰ কথা শুনিবলৈ।আনহাতে তেখেতৰ সাহিত্যত আছে এক স্বকীয় শৈলী।
ইমৰাণ শ্বাহে সৃষ্টি কৰা এখন শ্ৰেষ্ঠ উপন্যাস হ'ল “জবানবন্দী” উপন্যাস । জবানবন্দী " উপন্যাসখন আশী নব্বৈ দশকৰ মাজভাগত ডিব্ৰুগড় অনাতাঁৰ চেণ্টাৰত ধাৰাবাহিকভাবে প্ৰচাৰ হৈছিল । “জবানবন্দী" উপন্যাসখনৰ এক বিশেষত্ব হ’ল উপন্যাসখনত অসমীয়া মুছলমান সমাজত চলি অহা সাধাৰণ কথোপকথন , সাধাৰণতে ব্যৱহৃত কথা-বাৰ্তা , সৰু সৰু বাক্যৰে ইমৰান শ্বাহদেৱে সুন্দৰভাবে বৰ্ণনা কৰিছে আনহাতে সমাজৰ প্ৰতি সচেতনতা,দায়বদ্ধতা,প্ৰজন্মৰ মাজৰ যি এক ব্যৱধান এনেধৰণৰ বহু বিষয়ে তেখেতে সাৱলীল ভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে।
ইমৰান শ্বাহ সৰুৰ পৰাই অতি মেধাৱী আছিল লগতে সৰু কালৰে পৰাই সাহিত্য চৰ্চা কৰি আহিছিল, তেওঁৰ প্ৰথম কবিতা হৈছে "বনবাসী" ।যিটো কবিতা তেখেতে নৱম শ্ৰেণীত পঢ়ি থকা সময়তে প্ৰকাশ পাইছিল।
তাৰ পিছতেই তেখেতৰ প্ৰথম উপন্যাস "সংগীতৰ সিপাৰে" প্ৰাণ পাইছিল।এয়াই আছিল তেখেতৰ সাহিত্য জীৱনৰ আৰম্ভণী।
তেখেতে বিভিন্ন ৰচনা সৃষ্টি কৰিছিল।তাৰ ভিতৰত নিসংগ ধূসৰ, ঢৌ ভাগি ঢৌ, বন্দী বিহংগমে কান্দে, পিয়ামুখচন্দা, পোৰা মাটিৰ মালিতা, হিয়াৰ ফুলনিৰ ফুল, জোনাকৰ ছবি, ক্ৰান্তিৰেখা, কবি পুলিছ, আদি।
উক্ত " ঢৌ ভাগি ঢৌ " ৰচনাৰাজীত ৫৫ টা গীত সন্নিবিষ্ট হৈ আছে। আৰু এই গীতসমূহ আকাশবাণীত গায়ক- গায়িকাসকলে পৰিৱেশন কৰি নতুন গানৰ সূচনা কৰিছিল।
আনহাতে সুদক্ষ পৰিচালক প্ৰফুল্ল বৰুৱাৰ হাতৰ পৰশত
১৯৭৩ চনতেই ৰশ্মিৰেখা নামৰ এখন চলচ্চিত্ৰই প্ৰণ পাই উঠিছিল।যিখন চলচিত্ৰ ইমৰান শ্বাহ দেৱৰ এখন উপন্যাস "ৰজনীগন্ধা " ৰ আধাৰত নিৰ্মাণ কৰিছিল।
তেখেতে একাধাৰে গল্প ,কবিতা,উপন্যাস,অনুবাদিত উপন্যাস,জীৱনী,শিশু সাহিত্য,গীত, ইত্যাদি ৰচনা কৰিছিল।তেখেতৰ ৰচনাৰাজীয়ে সাহিত্য জগতত যথেষ্ট অৱদান আগবঢ়াই আহিছে।
আনহাতে ৬০ দশকত গল্পৰ পাতনি মেলিছিল ইমৰান শ্বাহে।তেখেতৰ গল্প সংকলন হ'ল কুকুহা ।
তেখেতে ১০ উপন্যাস ৰচনা কৰিছিল।তাৰ ভিতৰত কবি পুলিছ ,সাগৰিকা,বৰ্ণালী,
সংগীতৰ সিপাৰে ,আৰু এটা কবৰেই যথেষ্ট,বনজ্যোস্না,জমাবন্দী, প্ৰিয়াৰ নাম অনাদিত বৰ্ণালী, ইত্যাদি।
আনহতে ইনকিলাব হৈছে তেখেতৰ অনুবাদিত উপন্যাস।আনহাতে ঈশান দত্তৰ নিৰ্বাচিত কবিতা,নিসংগ ধূসৰ,বনবাসী হৈছে তেখেতৰ কাব্য সংকলন। আৰু বিশ্ববন্ধু হৈছে তেখেতৰ জীৱনী মূলক গ্ৰন্থ।
কথাশিল্পী,বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহ দেৱৰ অসমীয়া সাহিত্য জগতলৈ অৱদান অতুলনীয়।এইজনা মহান ব্যক্তি হৈ ৰওক বহুতৰে বাবে অনুপ্ৰেৰণাৰ অমল উৎস।
----------------------------------------------------
আশা
জুৰি ভট্টাচাৰ্য
এদনীয়া কলিজাত বাঢ়িছিল
এগোচি আশা।
সঁজালধৰা পথাৰত চৰা দি চৰিছিল
এটি টিমক সপোন ...
সপোন সপোনেই
জীৱনৰনো তাতে কি আহে যায় !
টোমোৱা উশাহবোৰ
বাও কণী হ’ল ৷
----------------------------------
জীৱনবোধ
প্ৰদীপ চন্দ্ৰ শৰ্মা
(১)
জীয়াই থাকা জাগ্ৰত
জীয়াই থকাৰ বাবে
জীয়াই থকাতে জীৱন
(২)
সংগ্ৰামেই জীৱন পথ
আজন্ম পৰম্পৰা চিৰন্তন
আজিৰ মানৱী জীৱন
(৩)
নিজকে বিচাৰি চাওঁ
অসীম উৎপত্তি নিৰূপম
মহাশূন্যকহে মাথোন পাওঁ।
------------------------------ও--
নিমন্ত্ৰণ
ড° ৰমেশ কুমাৰ কাকতি
কৰযোৰে জনালোঁ নিমন্ত্ৰণ
আহিবা বন্ধু আমাৰ ঘৰলৈ
দুয়ো মিলি এসাঁজ ভাত খাম
বন্ধুত্বৰ স্মৃতি যুগমীয়া কৰিবলৈ ৷
তুমি আহিলে মোৰ পদূলি মূখত
গধূলি লগোপালজোপা ভৰুণহৈ ফুলিব ৷
জিলিয়েও বজাব বীণ অজান মুলুকত
সন্ধিয়াৰ তৰাবোৰে পদূলি পোহৰাব ৷
তুমি আহিলে মোৰ চৌপাশে
গছলতা তৰুবনে ব'হাগ নমাব৷
প্ৰকৃতিয়ে কৰিব নৱ আয়োজন
আশাৰ চাকিটি নতুনকৈ জ্বলিব ৷
হৃদয়খনো নৱৰূপে উঠিব সাজি-কাঁচি
মৰহা মনটোও সাৰপাই উঠিব ৷
চিনাকি সুবাসত শব্দবোৰো নতুন হ'ব
সেউজীয়াই হৃদয়ত ঠনধৰি শিপাব ৷
সেয়ে, বন্ধু তোমাক জনালোঁ নিমন্ত্ৰণ
হৃদয়ত ৰুই যাবা এটি বটবৃক্ষ পুলি ৷
যাৰ ছাঁয়াত জিৰাব সহস্ৰজনে
বাটৰুৱাই গাব গীত পুৱা গধূলি ৷
-----------------------------------
নৈ ঘাটৰ নিজান
দেৱৰাজ মিলি
উৰালৰ ছান্দিক ধ্বনিত সাৰ পাই উঠা এখনি গাঁও। সাধুকথাৰ দৰেই সৰৱ আৰু সৰল। শাৰী শাৰী চাং। ৰখীয়া হৈ ৰৈ থাকে নৈ ঘাটৰ নিজান।
নিজান মানেই কেৱল নিজান নহয়
নিমাত নহয়
নীৰস নহয়।
নিজানৰ আছে সুখ-দুখ, হাঁহি-চকুপানী, ভালপোৱা-বিষাদ আৰু ৰ'দ-বৰষুণৰ কথকতা। নিজান মানেই নিজানতে গাঁথি থোৱা সৰল চহাপ্ৰাণৰ নিফুট বেথা।
একান্তই নিজৰ বুলিব পৰাকৈ নৈ ঘাটৰ নিজানৰ আছে সোণোৱালী এখনি নাও।পাকৈত এগৰাকী ঘাটুৱৈ। শুকুলা মেঘ আৰু কঁহুৱাৰ নৈমিষাৰণ্য - বালিচাপৰি। ম'হৰ ডিঙিৰ ঘণ্টাৰ ৰিণিকি ৰিণিকি ধ্বনি। গো-বাটৰ লুংলুঙীয়া গধূলি। স্বপ্নাৱিষ্ট গাভৰুৰ লচপচীয়া হাঁহি আৰু সন্ধিয়াৰ এজাক নীড়মুখী শৰালি।
একান্তই নিজৰ বুলিব পৰাকৈ
কঁটীয়া কপৌৰ দুপৰৰ ৰুণ, কুলি কেতেকীৰ বসন্ত-বিলাস, ঢেঁকীৰ গুম্-গুমণি, তাঁতৰ খিট্-খিটনি, দুমদুমৰ গুমৰাগ গুমৰাগ ধ্বনি, কাৰ্পুম্পুলি ৰাতি আপং অই-নিঃতমৰ ৰাগি, মৃম্বৃৰ-য়াঃমেৰ সলাজ-বেঁকা চাৱনি আৰু অবুজ এজাক শিশুৰ নৈসৰ্গিক মুখ।
কি আছিল কি নাছিল
নৈ ঘাটৰ নিজান
ঐচেঙৰ আলফুলীয়া হাঁহি, ইচ্কুলৰ বাহিৰা বহী, ভাতৰ আধাখোৱা কাঁহী আৰু দোভাগ ৰাতিৰ সুৰীয়া বাঁহী।
ক'ত আছিল ক'ত নাছিল
নৈ ঘাটৰ নিজান
নৈ ঘাটৰ নিজানত ফুলি আছিল পিতাইৰ হাঁহি -- এডৰা সৰিয়হ হৈ
নৈ ঘাটৰ নিজানত চৰি আছিল আইৰ হাঁহি -- এজাক গাহৰি হৈ
আমাৰ হাঁহিৰ অপাৰ সম্ভাৱনা
নৈ ঘাটৰ নিজান
আৰু
এদিন
মোৰো কাপোৰ-কানি ক'লা হ'ল।
এজাৰ নিজাৰ পৰিল মোৰ।
সম্ভৱতঃ
প্ৰতিজন মৰি-জীয়া মানুহৰেই
আছে একোটি নৈ নিজান ঘাট
"নৈ ঘাটৰ নিজান ঐ
নেপাওঁ যদি তোমাকে এই জীৱনত
নৈ ঘাটৰ নিজান ঐ
তোমাৰ বাবে বাটে চাম অহা জনমত।"
সপোনে-সচিতে আজিও মোৰ
নৈ ঘাটৰ নিজান।
--------------------------------
আকৌ শীত
পবিত্ৰ কুমাৰ নাথ
শেৱালিৰ সুবাসেৰে সুশোভিত
শীতৰ আন্ধাৰ
টপ্ টপ্ সৰি পৰে নিয়ৰ
শুই থকা শিশুটিৰ কুঁচি মুচি দেহ
এফাল ঢাকোতে
আনফালে তেনেই উদং
এনেদৰে
পুৰণি আকাশৰ তলত
কুঁৱলীয়ে ঢাকি ধৰা গাঁৱবোৰৰ
জুই বিহীন জুহালতে পাৰ হয়
সীমাহীন দুখৰ ৰাতি...
দুহাতত দুমুঠি জাৰ
আকৌ শীত !
----------------------------------
ইন্দ্ৰধনু
অৰ্চনা ঠাকুৰীয়া
মোৰ বুকুৰ গভীৰ তলিত এটা শিল আছে । গাটো ঘৰিয়ালৰ পিঠিৰ দৰে খহটা
পানীচকুৱা হৃদয়ৰ আকাশখনত
ৰ'দৰ সতে বৰষুণৰ মিতিৰালি।
ৰামধেনু ওলাব চাগে
খহটা শিলটোও নিমজ হৈ মাটি হ'ব
সেই মাটিতেই গজি উঠিব এমুঠি সেউজীয়া
সেই মাটিতেই বিলীন হ'ব মোৰ নিশ্বাসৰ যত সুগন্ধি...।
------------------------------------
প্ৰতিচ্ছায়া
অনিতা মেধি মিশ্র
গছে যেতিয়া কথা কয়
শিলবোৰে জোনাকত ওপঙি পিন্ধি লয়
চিত্ৰ -বিচিত্ৰ পোছাক
জুৰিৰ ফটফটীয়া পানীত
গছবোৰ ছায়া হৈ নিজানত নাচিলে
সংলাপ এটি সী দিওঁ কল্পচিত্ৰৰ ওঁঠত
জুৰিৰ দাপোনত আজলীজনী হৈ
জুমি চাওঁ মোক
স্মৃতিকল্পনাৰ প্ৰতিবিম্বত
সেয়া আছিল শৈশৱৰ ধেমালি
আৰু এখন দাপোন আছে__
যাৰ লগত মই সম্পর্ক গঢ়োঁ
যুক্তি-তর্ক কৰোঁ
অন্তৰতম গোপন ছবি
সময়ৰ সোঁতৰ লগত বৈ যাবলৈ অজানিতে হৈ পৰোঁ মই __
ধূলিময় এখন অস্পষ্ট ছবি।
পৃথিৱীৰ নিঃশব্দতাত
হেৰাই পাওঁ নিজক
সপোনৰ অন্ধ গলিত
সকলোৰে থাকে প্ৰতিচ্ছায়া
অৰ্ন্তদাপোনত নিজক মনিব পৰা
মন গ'লেই চুই চাব পৰা
সত্যৰ স'তে মুখামুখি হোৱা ।
------------------------------------
বিষ
গীতুমণি তালুকদাৰ
প্ৰসৱৰ বেদনাতকৈও প্ৰচণ্ড
ক্ৰমাৎ পুৰণিহৈ অহা
আওপুৰণি বিষটোৱে উক দিয়ে
পোখা মেলি দিয়ে
শৰীৰৰ সমগ্ৰতাত
কোঙা শৰীৰটো
শুই থাকে
যন্ত্ৰণাৰ বিচনাত
বিশাল
আকাশতকৈও
গভীৰ
সাগৰতকৈও
ৰঙীন
সপোনতকৈও
দুখন নৈ বৈ যায়
বৈ যায় সাগৰলৈ
মিলনৰ হেপাঁহ
অনাদি কাললৈ...।
---------------------------------
অভিজ্ঞতাৰ ক'লাজ
বিভা দেৱী
তৰা গণা সন্ধিয়া এটিত ককায়ে
জোলোঙা খুলি ক'লে
অভিজ্ঞতাবোৰ ভঁৰালত ভৰাই থ'
সিদিনাৰ পৰাই কিনি অনা অভিজ্ঞতাবোৰ
ভঁৰালত ভৰাই থওঁ
মাজে মাজে
পকা ৰ'দত ৰ'দাও
কিছুমান পকে
আৰু কিছুমান
লেৰেলি যায়।
---------------------------------
আমি মানুহবোৰ বাৰু কি
গীতাঞ্জলি বৰকটকী
আমি মানুহবোৰ বাৰু আচলতে কি
মই নুবুজো
আমি আমাৰ গাওঁখনক
আমি আমাৰ চহৰখনক
লেতেৰা কৰোঁ
নতুনকৈ সাজি উলিওৱা দলংখনত
য’তে ততে পিকাই দিওঁ
সুন্দৰকৈ ৰং দিয়া বিদ্যালয় ,কলেজ
ইত্যাদি ইত্যাদিৰ
ওৱালত পেচাব কৰি
জাবৰ পেলাই
দুৰ্গন্ধময় কৰোঁ
চিখৰ, গুটকা,চিপচ খাই পেকেটবোৰ ৰাষ্টাই-ঘাটে পেলাই দিওঁ
আমি সুন্দৰক অসুন্দৰ কৰোঁ
সেউজীয়াবোৰক হালধীয়া কৰোঁ
নদীবোৰক বাম কৰোঁ
পথাৰ , বিলবোৰক কংক্ৰিটলৈ
ৰূপান্তৰিত কৰোঁ
আমিয়েই ক’লা গহ্বৰৰ সৃষ্টি কৰোঁ
মৰুভূমিক আমন্ত্ৰণ কৰোঁ
প্ৰয়োজন হ’লে আমি আমাৰ
মাটি-ভেটিও বেচি দিওঁ
আমি আচলতে বগাৰ আঁৰত ক’লা ভাল পাওঁ
আমি মানুহবোৰ বাৰু আচলতে কি
মই আজিও নুবুজিলোঁ ৷
-----------------------------------
কথোপকথন
কাব্যকাননৰ মজিয়াত অনন্য সংযোজন
অতিথি:বিশিষ্ট কবি, গল্পকাৰ,ঔপন্যাসিক
ডাঃ প্ৰয়াগ শইকীয়া
সাক্ষাৎগ্ৰহণ: অনামিকা ৰায়
কাব্যকানন কাব্যালোচনীৰ এইবাৰৰ 'কথোপকথন' শিতানটিৰ অতিথি অসমৰ বিশিষ্ট কবি, সাহিত্যিক ,ঔপন্যাসিক,গল্পকাৰ ডাঃ প্ৰয়াগ শইকীয়াদেৱ |১৯৫৮ চনৰ ৭ অক্টোবৰত জন্মলাভ কৰা বৰ্তমান চিকিৎসাসেৱাৰ সৈতে জড়িত ডা. শইকীয়াদেৱৰ দ্বাৰা ৰচিত ১১ কাব্যসংকলন, ২ খন উপন্যাসৰ লগতে অন্যান্য গ্ৰন্থসমূহে অসমীয়া ভাষাটোক চহকী কৰি তুলিছে |তেখেতৰ সৈতে হোৱা কথোপকথন আপোনাসৱলৈ আগবঢ়ালো |
কাব্যকানন :আপোনাৰ সৃষ্টিশীলতাৰ যি জয়যাত্ৰা সেই যাত্ৰাপথৰ কিছু অভিজ্ঞতা আমাৰ পাঠক সমাজক জনালে আমি যথেষ্ট উপকৃত হ'ম |সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ প্ৰেৰণা কোন?
প্ৰয়াগ শইকীয়া :- সৃষ্টিশীলতাৰ জয় যাত্ৰা বুলি ক'লে মনে উত্তৰ দিবলৈ অলপ অসুবিধা পায় কাৰণ জীৱনানন্দৰ সেই সকলো কবিয়েই কবি নহয় কোনো কোনো হে কবি !এই শাৰীটিৰ কোনো কোনো কবিৰ মাজত আছো নে নাই,তাকে লৈয়ে দেখোঁ মোৰ সন্দেহ হয় !
জয় -পৰাজয়ৰ আবৰ্তলৈ নাহি কেৱল এক সাহিত্যৰ পৃথিৱীৰ যাত্ৰা বুলি ধৰিলে মনলৈ আহে ১৯৭২চন ,ভাষা আন্দোলনৰ বৰ্ষ,মই সপ্তমমানৰ ছাত্ৰ,মাৰ তাগিদাত কলমটো ঘহিঁবলৈ আৰম্ভ কৰিছোঁ ! মাৰ সপোনক সাকাৰ কৰাৰ মানসৰে এদিন এটি কবিতাৰে আৰম্ভনি,কটন কলেজৰ 'মাহেকীয়া কবিতা'ৰ লগত জৰিত দাদাই আহিকৈছে আধুনিক কবিতাৰ জগতখন এতিয়া সম্পূৰ্ণ বেলেগ,পঢ়িব লাগিব,হাতত তুলি দিছে নৱকান্ত,সুকান্ত,হীৰেন ভট্টাচাৰ্য ।কবিতাৰ অকাডেমী তিনিজন গুৰুৰে আৰম্ভ ! দাদাৰ বন্ধু,মাহেকীয়া কবিতাৰ এজন অন্যতম সম্পাদক ৰঞ্জিত নাথে কৈছে ভাইটি,বুৰঞ্জী জানিব লাগিব ।ৰঞ্জিত দাৰ কথা গুৰুত্ব সহকাৰে লৈছো ।লিখাৰ ছমাহ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পাইছো কবিতাৰ 'খ' শাখাত অসম ভিত্তিত হোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ।
পুৰস্কাৰে মন পুলকিত কৰিছে ;শুভাকাংক্ষীৰ প্ৰেৰণা লাহে লাহে তাৰণালৈ পৰিবৰ্তিত হৈছে ।১৯৭৪ চনত খালেকুজ জামান সম্পাদিত 'নৱজ্যোতি নামৰ এখন লিটল মেগাজিনত নৱকান্ত বৰুৱা দ্বাৰা আৰম্ভ হোৱা এটা কবিতাৰ শিতান মোৰ দুটা চুটি কবিতাৰে শেষ হৈছে ।এই দুটি কবিতাৰ এটা কবিতাক কবি মহেন্দ্ৰ বৰাই বৰভাল হৈছে বুলি কোৱা মোৰ কাণত পৰিছে ,মই উৎফুল্লিত হৈছোঁ !
স্কুলৰ পৰা প্ৰাকবিশ্ববিদ্যালয়। কেইখনমান লিটল মেগাজিনত কবিতা ওলাইছে ।তাৰপিছত মেডিকেল কলেজ । প্ৰান্তিক,সীৰলু,নৱদূতৰ পাতত কবিতা ওলাইছে ।নৱকান্ত বৰুৱা ,প্ৰণৱ বৰুৱা,কবীন ফুকনৰ সান্নিধ্যই কবিতাক গভীৰ ভাবে ল'বলৈ শিকাইছে,লগ পাইছো জীৱনসঙ্গীনী আবৃত্তি শিল্পী ৰাস্না হিলৈদাৰীক ছন্দ চেতনা বাঢ়িছে , লগ পাইছো বৌদ্ধবাদী গুৰ্বী সুৱাগমণি শইকীয়াক; শৰণাগত নহ'লেও বুদ্ধ বুকুৰ মাজলৈ সোমাই আহিছে , জীৱনৰ কবিতাক দিব খুজিছে নতুন মাত্ৰা ।
কৰ্মময় জীৱন আৰম্ভ হৈছে ইন্দিয়ান লিটাৰেচাৰ ,চন্দ্ৰভাগা,ষ্টেটচমেনৰ দৰে আলোচনীত কবিতা ওলাইছে ।প্ৰদীপ আচাৰ্য, কৃষ্ণদুলাল বৰুৱা, বিবেকানন্দ চৌধুৰীয়ে অনুবাদৰে মোৰ ভাবৰ পৃথিৱীখন প্ৰসাৰিত কৰিছে ।প্ৰণৱ বৰুৱাৰ বিশেষ সান্নিধ্যৰ বাবেই 'পৰবৰ্তী কালত সম্ভৱ হৈছে 'সবাক চিত্ৰ নিৰ্বাক কবিতা''ৰ দৰে কিতাপ ।দাদা প্ৰাঞ্জল শইকীয়াই মোক গ্ৰন্থৰে উত্তাপ দিছিল । এতিয়াও বন্ধু মাণিক দাস, ভাতৃ বিজিত বৰঠাকুৰ আৰু পত্নী ৰাস্নাই একেটা দায়িত্বকে পালন কৰা যেন লাগে ; যাৰ বাবে পাই থকা যেন লাগে সৃষ্টিৰ ইন্ধন ।জীৱনৰ সৃষ্টিশীলতাৰ যাত্ৰাত সকলো সত্তাৰ মাজতে একোজন যেন বৈভৱ দিয়া বান্ধ । সকলোৱেই যেন প্ৰেৰণাৰ কাৰক ।বিশেষ বুলি ক'লে এই ক্ষণত মোৰ পত্নী যি মোৰ গতিৰ কাৰক ।
কাব্যকানন : আপোনাৰ দৃষ্টিত কবিতা কি আৰু কোনবোৰ সৃষ্টিক আমি কবিতা বুলিব পাৰো আপুনি জনালে আমি উপকৃত হম |
প্ৰয়াগ শইকীয়া :- ১৯৮৭চনৰ ইন্দিয়ান লিটাৰেচাৰৰ এটা সংখ্যাত নিভাঁজ কবিতাৰ সংজ্ঞা দিবলৈ গৈ কবি ;ঔপন্যাসিক সুনীল গঙ্গোপধ্যায়ে কৈছিল কবিতা তথা অন্য কলাৰ ক্ষেত্ৰত পূৰ্ব নিধাৰিত কোনো সংজ্ঞা নাথাকে সেয়েই হয়তো জীৱন ইমান মোহনীয় ।
সেইখন আলোচনীতে কবি নৱকান্তই গে'টেৰ কথাৰে কৈছিলে নুসুধিলে মই জানো, যদি মোক সোধা হয় মই নাজানো !
মোৰ দৃষ্টিত কবিতা এক আত্মাৰ গানৰ অন্বেষণ,মেথিউ আৰ্নল্ডে কোৱা জীৱনৰ সমালোচনা বা ড৹ জনচনে কোৱা কেৱল ছন্দোবদ্ধ ৰচনা কিম্বা অ'ডেনৰ স্মৰণীয় বাক্যতেই সমাপ্ত নহয় এই অন্বেষণ ! কাৰ্লাইলৰ সাঙ্গীতিক চিন্তাৰ দৰে ই এক নিদৰ্শন হ'ব পাৰে য'ত সাৰ পায় মানৱাত্মা ।ই জীৱন আৰু জগতক জগোৱাৰ প্ৰয়াসেৰ উন্মোচিত কবিৰ একান্ত আত্মিক শব্দ সুৰৰ শিল্প ,য'ত সুৰৰ অনুভৱ হৃদয়ে হৃদয়ে অনুভৱৰ মাত্ৰাৰে ।
কোনবোৰ কবিতা হয় কোনবোৰ নহয় তাক মই ক'ব নোৱাৰিম
কিন্তু কলৰিজৰ এটা ভাবত থকা 'কবি' শব্দটি সলাই তাত শিল্প শব্দটি ৰোপন কৰি এটা কথা ক'ব পাৰিম.. যি শিল্পই আমাক কবি কৰি তোলে সেয়াই কবিতা ।
কাব্যকানন : ফেচবুকত কবিতা চৰ্চাৰ ধণাত্মক আৰু ঋণাত্মক দিশবোৰ আপোনাৰ দৃষ্টিভঙ্গীৰে কোনবোৰ
প্ৰয়াগ শইকীয়া :-কবিতা চৰ্চা কৰাই এটা ধনাত্মক কথা তাত ঋণাত্মক একো থাকিব নোৱাৰে ।ফেচবুকে মানুহক মানুহৰ কাষ চপাত সহায় কৰিছে, ভাল কবিতাই এখন আলোচনীৰ এখন বিশেষ পৃষ্ঠালৈ অপেক্ষা কৰিব নালাগে ।ফেচবুকুত সম্পাদকৰ আপোন বুলি কথা নাই ইয়াত পৰ(other)ৰ উত্থান হ'ব পাৰে অনায়াসে ।ই অনন্য সম্ভাৱনাৰ পথাৰ ।
ফেচ্ বুক অহাৰ পৰা দেখিছোঁ মই লিখিব পাৰিছো বেছিকৈ ।
কাব্যকানন :"কলা জীৱনৰ বাবে আৰু কলা কলাৰ বাবে"- আপুনি কোনটোক বিশ্বাস কৰি সাহিত্য চৰ্চা কৰি আহিছে?
প্ৰয়াগ শইকীয়া :-কলা জীৱনৰ বাবে এই কথা মই বাৰুকৈয়ে বিশ্বাস কৰোঁ ।জীৱন বিনে কলা নহয়,কলাই জীৱনক মহৎ কৰে ।
ক্ৰিষ্টফাৰ কডৱেলৰ এষাৰি কথা মোৰ বৰ মনত ল'গা । কথাষাৰ poetry is clothed social history and emotional sweat in man's struggle with nature.
কাব্যকানন : কবিতাৰ অনুবাদ সম্পৰ্কে আপোনাৰ ধাৰণা কি?
প্ৰয়াগ শইকীয়া :-অনুবাদ নহ'লে কবিতাৰ ভাবে ব্যাপ্তি নাপায় ।
মোৰ প্ৰিয় কবি নৱকান্ত বৰুৱা চাৰে প্ৰায়ে কৈছিলে - মোৰ কবিতা নাথাকিলে মই আনৰ কবিতা লিখোঁ ।
ইয়াৰে তেওঁ বুজাইছিল নিজৰ কবিতাৰ অবৰ্তমানত তেওঁ অনুবাদ কাৰ্যত ৰত হয় ।
অনুবাদে ভাবৰ পৃথিৱীখন বহলায়।কবি ঋদ্ধ হয় ।এইবিষয়ে তেওঁ কৈছিলে ..লোকজীৱন আৰু মহৎ কবিৰ আত্মিক সঙ্গ-এই দুটা মোৰ কবিতাৰ জীৱন শক্তি বুলি মই ভাবোঁ !
কাব্যকানন : বৰ্তমান অসমীয়া সাহিত্যত কবি আৰু কবিতাপুথিখনৰ অভাৱ নাই কিন্তু বাস্তৱ ক্ষেত্ৰত ভাল কবিতা বা পুথিৰ অভাৱ পৰিলক্ষিত হয়.. এইক্ষেত্ৰত আপোনাৰ মতামত কি?
প্ৰয়াগ শইকীয়া :- ভাল বেয়া সময়ে নিৰ্ণয় কৰে ! জীৱন কালত এমিলি ডিকিন্সনে গুৰুত্ব নাপালে ।মৃত্যুৰ এশবছৰ পিছত তেওঁ গুৰুত্বপূৰ্ণ কবি ! মই সেই আশাকে কৰোঁ!আমাৰ বহু কবি ,বহু কবিতা আলোকিত হ"ব বুলি মোৰ বিশ্বাস ।ভালক বুজিবলৈ সময় লাগে ।
কাব্যকানন : অসমীয়া কবিতাৰ ভৱিষ্যৎ কেনে বুলি আপুনি ভাৱে ? কোনবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিলে একোজন কবিয়ে সময়ৰ প্রত্যাহবান স্বীকাৰ কৰি আগুৱাই যাব পাৰিব বুলি আপুনি ভাৱে ?
প্ৰয়াগ শইকীয়া :- মই সদায় আশাবাদী ।বুকুত বিশ্বাস থাকিল,ভাষাৰ প্ৰতি প্ৰেম আৰু মানৱতাবাদী হৈ থাকিব পাৰিলে প্ৰলয়তো পাৰ পোৱা যায় । কাব্য চৰ্চাক সাধনা হিচাপে ল'ব লাগিব ।
কাব্যকানন : বৰ্তমান সময় অসমীয়া ভাষা, সাহিত্য , সংস্কৃতিৰ বাবে বিপন্ন সময় ।সাম্প্ৰতিক সময়ত অসমীয়া ভাষা ধংস হোৱাৰ পথত। ৰাজনৈতিক ক্ষেত্ৰখনতো ব্যক্তিগত স্বাৰ্থ বা দলীয় স্বাৰ্থৰ বাবে নিজৰ মাতৃ্ভূমিৰ স্বকীয়তা হেৰুৱাবলৈও কুন্ঠাবোধ কৰা নাই ।এই ক্ষেত্ৰত বৰ্তমান কবি সমাজৰ কৰণীয় কি বুলি ভাবে আৰু সকলোকে কি কৰিবলৈ আহ্বান জনাব বিচাৰে ?
প্ৰয়াগ শইকীয়া :- বাইবেলত এষাৰি কথা আছে ।বৰ মূল্যবান কথা ।
মই মোৰ ভাবেৰে কবিতাত বান্ধি লৈছো ..
অভাৱেই জন্ম দিয়ে অনুসন্ধান
সময়ে সময়ে প্ৰয়োজন
অভাৱ আকাল
অনাবৃষ্টিৰ মাজেৰে অহা মানুহজন
বৃষ্টিৰ বাবে সজাগ
সমৰৰ মাজেৰে অহা মানুহজন
শান্তিৰ বাবে সজাগ
আকালৰ মাজেৰে অহা মানুহজন শস্যৰ বাবে সজাগ
সময়ৰ এই উশাহ বন্ধ প্ৰশ্ন বোৰেইতো মানুহক আজিলৈকে কৰি ৰাখিছে গতিময় ॥
ধ্বংসৰ আশংকাৰে জীয়াই থাকিলে নহ'ব ।প্ৰচণ্ড আশাবাদেৰে নিজৰ সৃষ্টিৰ পথাৰখন টনকিয়াল কৰি ৰাখিব পাৰিলে ৰাজনীতিৰ কাকতিফৰিংবোৰ ৰোধৰ উপায় নিশ্চয় ওলাব !
কাব্যকানন : শেষত নবীনসকলৰ প্ৰতি আপোনাৰ উপদেশৰ দুআষাৰ ..
প্ৰয়াগ শইকীয়া :- কবিতা মোৰ বাবে মূলতঃ নিৰ্মাণ ।অধ্যয়ন ,সাধনা,শ্ৰম অবিহনে ভাল কবিতাৰ জন্ম নহয় ।
উপদেশ দিব পৰাকৈ মই সমৃদ্ধ নহয় তথাপি 'why poetry matters' নামৰ কিতাপ খনৰ লিখক জয় পাৰিনিৰ এটা শাৰী বৰ প্ৰয়োজনীয় বুলি মই সকলোকে কওঁ ...Life is energy and energy is creativity .
নবীন সকল নিজেই নিজৰ পোহৰ হওক,এয়েই মোৰ বাৰ্তা ।
কাব্যকানন: ব্যস্ততাৰ মাজতো আমাক বহুমূলীয়া সময় দিয়াৰ বাবে কাব্যকাননৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
প্ৰয়াগ শইকীয়া : ধন্যবাদ।
-----------------------------------
নৈ-পৰীয়াৰ কথকতা
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
অনাদৃত একোটা সপোনৰ দৰে
জাহ যায় অভিশপ্ত দিন আৰু ৰাতিবোৰ
এৰাল ছিগা ম'হৰ গতিৰে নদীখন
এতিয়া যেন তাত নাই
নৈ পৰীয়া ধুঁৱলী-কুঁৱলী সপোনৰ অভিশাপ
নাই তাত বিন্দুতে সিন্ধুৰ বাসনা
নৈপৰীয়াৰ চকুপানীবোৰত
যদি গজি উঠিলহেঁতেন
আশাৰ বিৰিণাবোৰ
ফুলি উঠিলেহেঁতেন নয়নতৰা ফুলৰ বিবিধা বিৰঙ
হেপাহৰ ভোগালীৰ খদমদমত যদি নাচি উঠিলেহেঁতেন
কালদিয়াৰ পাৰৰ গোলাঘটীয়া বজাৰখন
মানুহবোৰে তাতেই বিচাৰি পালেহেঁতেন
উশাহৰ মসৃন বাট
সেই গোলাঘটীয়া মানুহবোৰ পুৰণি হ'ল
চামে চামে মানুহবোৰ অচিনাকি হ'ল
বাটত গজিল অপতৃণ
নাই পুৰণি মানুহবোৰে আহ-যাহ কৰা মসৃনতা ।
কেনি যাওঁ, কেনি খাওঁ ক'তো যেন একো বিচাৰি নাপাওঁ ,
বাৰেৰহনীয়া সামগ্ৰীৰে নিকপকপীয়া
গোলাঘটীয়া বজাৰ আজি নিমাত নিতাল
যেন মৌনতাৰ সিপাৰে থকা এখন অজান দেশৰ অতীতৰ বুৰঞ্জী ।
-----------------------------------
এদিন হঠাৎ নিজৰ স’তে
ৰাজীৱ দত্ত
এদিন হঠাৎ
সাক্ষাৎ হ’ল নিজৰ স’তে
সুধিলো কেনে আছা?
চিকুটি চালোঁ নিজকে
অনুভূতিৰ চালখন হৈছে নেকি ডাঠ !
কানপাতি শুনি ৰ'লোঁ হৃদস্পন্দন
নাড়ী নক্ষত্ৰৰ উত্থান পতন
শুনা নুশুনাকৈ বাজি আছে নে
দুৰ্লভ মানৱতাৰ গান
এদিন হঠাৎ
সাক্ষাৎ হ’ল নিজৰ স’তে
অভিমানেৰে সুধিলে মোক
আজিকালি থাকা ক’ত
নাপাওঁ খবৰ সঠিক
থাকো সকলোতে
ক’লো মই
নাথাকো বোধহয় নিজৰ লগত
স্মিত হাসে বিদায় ল’লে
ক’লে আকৌ লগ পোৱাৰ
আছে জানো সম্ভাৱনা এবাৰ
পৰিৱেশ পৰিস্থিতিয়ে উত্তৰ দিৱ
নিশ্চয় ইয়াৰ!
নিজৰ পৰা আঁতৰি আহিলোঁ
তথাপি নিজক বিচাৰি ঘূৰি ফুৰো
এতিয়াও উদ্ভ্ৰান্ত হৈ অনাইবনাই
নিজক বিচাৰি পামনে দুনাই?
----------------------------
অঁকৰাৰ জীৱন বাট
হীৰকজ্যোতি নাথ
অঁকৰা মৈত নুঠে
খলিহনাই বৰশী নিচিনে
সাঁকো পাৰি দিলেও বপুৰাৰ
ডিঙালৈহে মন মেলে
জীৱনে ৰং বিচাৰে
ঘেকেটি খোৱাই কাম নিচিনে
দিনৰ দিনটো পৰি থাকি
ৰাতিলৈহে জুহাল গৰজে
ঘোঁৰাই লেকাম বিচাৰে;
পুলিতে বাঁহে দিশ নিচিনে;
সময়ে সতে বাট দিলে
আকাশ লংঘি মূৰ তুলে।
----------------------------------
ভালপোৱাৰ কবিতা
দিগন্ত বৈশ্য
(১)
তেতিয়াই কৈছিলো মই
ভালপোৱা আছে বুলি
ভালপোৱা আছে বাবেইতো
মোক নেদেখি সুধি ফুৰিছা
মোৰ খবৰ
ইটোৰ পিছত সিটো
সিটোৰ পিছত ইটো
(২)
ওঁঠত আশাৰ বাঁহী এটা লৈ
ৰৈ থাকোঁ মই তোমালৈ
জানো!তুমি আহিবা আৰু
ফুল এপাহ হৈ ফুলি
সুৰ এটা হৈ বাজিবা
মোৰ দুওঁঠত।
------------------------------------
অঝৰ
ৰুবুল প্ৰিন্স
উচ্চাকাংক্ষাৰ আঁচোৰত
সেউজীয়া ৰক্তৰ নৈবোৰ শুকাল
আধুনিকতাৰ কড়াল গ্ৰাসত
আকাশৰ নীলাবোৰ খহিব ধৰিছে
এটা এটাকৈ সুলকি পৰিছে তৰা
মামৰে কুটি কুটি খাইছে
জোনবাইৰ বেজী...।
----------------------------------
শিল কটা খনিকৰজন
দীপাংকৰ ভূঞা
শিল কটা খনিকৰজনে
প্ৰতিমূৰ্তিটো সাজে
ভাঁজে ভাঁজে ৰূপৰ প্ৰলেপ সানোতে
সোমাই উশাহ
সোমাই মন
সোমাই প্ৰেম
সোমাই কামনা-বাসনা !
এতিয়া প্ৰতিমূৰ্তিটো সজীৱ সুন্দৰ হওঁতে
হাঁহে হঁহোৱাই
মিচিকিয়াই
কান্দে কন্দোৱাই !
প্ৰতিমূৰ্তি দেখনিয়াৰ হওঁতে
দৰ-দাম বাঢ়ে
বজাৰ বহে
বিক্ৰী যায় ক্ৰেতা ধনী হ'লে
দুখীয়া হ'লে বিষাদৰ মোনা ভৰাই অহা বাটে উভতে !
মন আৰু ধনৰ দন্দত
পৰাজয় হয় মনৰ
মন এলাগী
ধন লাগী
এনেদৰেই বজাৰ চলি থাকে নিৰন্তৰ
সময়ক সামৰি
এদিন ক্ৰেতা বিক্ৰেতা উভয়ে উলতে
কিছু লাভ, কিছু লোকচান !
---------------------------------
ঈগলৰ দৰে হোৱা
ৰঞ্জন বৰা
ঈগলৰ দৰে উৰি উৰি
বতাহত নাভাগৰা
আকাশৰ পৰিধিক চিনি পোৱা
তুমি অসীম যোদ্ধা হোৱা
বাস্তৱৰ কঠোৰতাক মষিমূৰ কৰি
জীৱন প্ৰাপ্তিৰ নিচান উৰুৱাই
ধূসৰিত ক্ষণবোৰ মসৃণ কৰিবলৈ
তুমি ঈগলৰ দৰে হোৱা
তুমি বতাহৰ বুকুত বিলীন গৈ
দুপাখি মেলি
জিৰণীয়া হৈ
ঈগলৰ দৰে
অক্লান্ত হোৱা
এখন অতলস্পৰ্শী পৃথিৱীত... !
-----------------------------
মই টোপনিত নে মোৰ মৃত্যু
-----------------------------------
মূল - নেপালী
মহাকবি - লক্ষ্মী প্ৰসাদ
অনুবাদ - জান বৰদলৈ
মই টোপনিতে আছিলো
নে মোৰ মৃত্যু হৈছিল নাজানো
আৰু মোক ইমানকৈ সঁজাইছে-পৰাইছে
মানুহবোৰে
বৰ মৰমেৰে মোক গা-পা ধুৱাইছে
নাজানো আৰু কি খেল খেলিছে
মোৰ ঘৰত ।
শিশুৰ দৰেই মোক
কান্ধত উঠাইছে
আছে মোৰ প্ৰতিজন ইষ্ট-কুটুম্ব আপোন মানুহ
মোৰ ওচৰত
সেই সময়ত
তথাপিও মই প্ৰতিজন আপোন
মানুহৰ মনৰপৰা মচ খাই গৈ আছোঁ
গৈ আছোঁ
যিকোনো দেখাই নহয়
মৰম-স্নেহ অন্তৰ্দৃষ্টিৰে .
অচিন-চিনাকী মানুহবোৰে
আৰু তেওঁৰ হৃদয়ৰ পৰা মৰম-ভালপোৱা
সকলোবোৰৰে মোক সঁজাইছে
এজনী কইনাৰ দৰে।
আৰু নাজানো কিয় ?
আচৰিত হৈছে মানুহবোৰে
কোনোবা এজন নহয় কোনোবা এজনে
মোক শুই থকা দেখি চকুপানী টুকা-টুকি কৰিছে
আৰু বহুত জোৰ জোৰ কৈ জগাব ধৰিছে
আত্মীয় স্ব-জনে
কঁপি উঠে
মোৰ নিথৰ শৰীৰটোক দেখি মানুহবোৰৰ মন
য'ত মোক দিন-ৰাতি শেষ
নোহোৱা দিনলৈ শুৱাই দিয়া হৈছে ।
জীৱনৰ প্ৰেম কি পৰীক্ষা নেকি
যি হৃদয়ে মোৰ বাবে
জীৱন জী থকা কালত
গা-পা ধুৱাই মাহ-হালধি সানিছে
সেই হাতেৰেই আজি
মোক জ্বলোৱা হৈছে ।
এই পৃথিৱীত কোনো কাৰো নহয়
মৃত শৰীৰটো শ্মশানত ৰাখি আপোনবোৰে সুধিব
আৰু কিমান সময় লাগিব
জীৱনৰ অন্তিম যাত্ৰা কালত
কোলাহলৰত এই পৰিৱেশত
মই মৃত্যুত নে টোপনিত ?
------------------------------------
ঘড়ী
অঞ্জনা বৰুৱা
টিক্ টক্, টিক্ টক্ শব্দই
সময়ৰ হিচাপ কৈ যায়
গোটেই জীৱন সময়মতেই উদঙায়।
সঠিক সময়ৰ সঠিক কামৰ
জন্মৰ পৰা আমৃত্যু
ঘড়ীয়েই মূল্যায়ণ কৰি যায়।
পঢ়াশালি,অফিচৰ, অপাৰ শ্ৰমিকৰ,
পুৱা, দুপৰৰ, অপৰাহ্ন, নিশাৰ
ঘড়ীয়েইটো নিতৌ চলায়।
বোৱাৰীপুৱাৰ কামৰ লেখ,
অশীতিপৰ ভাৱৰ নিৰ্জন আলেখ-লেখ,
ঘড়ীয়েই পলে পলে নিয়ে আগুৱায়।
জন্মৰ সময়, মৃত্যুৰ খেন
ঘড়ীয়েই সঠিক পথ দেখুৱাই,
টিক্ টক্ টিক্ টক্ জীৱন মাথো
সময়ৰ ধূলিত সময়তেই মিলি যায়।
----------------------------------
ৰাস্তা
খূৰ্ছীদ আনছাৰী
মই অতীতৰে পৰা ৰৈ আছোঁ
নিস্বাৰ্থভাবে বুকুপাতি
নঙলামুখত ৰৈ থকা আইয়ে
তোক আদৰক বুলি…
ঐ বাটৰুৱা_
বৰ দুখ পাওঁ অ'
ইমান জোৰকৈ নগচকিবি
মোৰ বুকুত
অভিজাত্যৰ চোলাটো খুলি
ত'ই এবাৰ ভাবি চাবি !
মই এনেকৈয়ে ভৱিষ্যতেও ৰৈ থাকিম
কিন্তু ত'ই হেৰাই যাবি কালৰ সোঁতত
মোৰ বুকুত গচকি।
-----------------------------------
গতিময় পৃথিৱী
ৰুমী দেৱী
উকা উকা মনত ডোলা দি যোৱা
সপোনৰ সুহুৰিয়ে
মিঠা মিঠা শিহৰণ আনে
নতুন দিনৰ ন প্ৰভাতৰ।
কাইটীয়া উদাত্ত কণ্ঠত
নাই সপোন বিলাস,
সেউজীয়াক নকৈ চোৱাৰ হেঁপাহ,
জোন, বেলি, তৰা, ফুলৰ হাবিয়াহ।
ধৱল আকাশত ক'লা ক'লা দাগ
মেঘৰ গৰ্জনেৰে
দোপাল-পিটা বৰষুণত
একাকাৰ পৃথিৱী
কিন্তু ই যে সাময়িকী।
বিন্ধে যন্ত্ৰণাৰ কাইটে
সময়ত ফুলৰ সুবাস
বিশুদ্ধ পানীয়ে
পিয়াহ গুচায়
হাঁহিৰে উজলায়।
পৃথিৱীযে ঘূৰণীয়া তাৰ প্ৰমাণ
গতিময় পৃথিৱী।
----------------------------------
একা-বেকা
ভূমিকা দাস
এতিয়াও আন্ধাৰে আৱৰা নাই
শীতৰ সেমেকা ৰাতিটোত হে অনুভৱ
হয় ৰ'দৰ মাদকতা...!
জীৱনৰ একা-বেকা পথটোৰ গতিয়েহে
মনত পেলাই আপোন ঘৰখনিৰ বিছনা
আতৰি গ'লেহে মূল্যাংকন হয় আপোনজনৰ
কথাটোত নিশ্চিত হ'বা
অহা যোৱাৰ লেখ- জোখ নাই
জীৱন নদীত সাতুৰিলে শৃঙ্গও চুবলৈ পাবা
উপত্যকাতো খোজ কাঢ়িবা...
বিবেকক ভুল পথে আমিবোৰে পৰিচালিত কৰাটো উচিত নহয় কথাটোত দৃঢ় হ'বা
আবেগৰ বশবর্তী হৈ বিবেকক দংশন নকৰিবলৈ
প্রতিজ্ঞাবদ্ধ হ'বলৈহে শিকো আহা
জীৱন সুখ, দুখৰ এধানি নৈ
শিলে, শিলে ঠেকা খাই বৈ যায় জিৰি জিৰি কৈ...।
------------------------------------
হৃদয়ৰ বাট বিচাৰি
উপমা ভূঞা পাঠক
সি তাইৰ
হৃদয় চুবুৰীৰ
বাসিন্দা আছিল,
হৃদয় চুই চোৱাৰ
বাট বিচাৰিছিল
আঁতে আঁতে
এধানি এধানি কৈ
মিছা ৰং ছটিয়াই --
দাগ লগাই পেলালে
তাইৰ সহজ সাজযোৰত।
----------------------------------
শিল
অমৰজ্যোতি ঘোষ
তুমি শিল
শিল তুমি প্ৰকাণ্ড
মই শিল্পী
তোমাৰ তুলনাত অতি ক্ষুদ্ৰ
তোমাৰ বুকুত টুকুৰিয়াই টুকুৰিয়াই
সৃষ্টি কৰিম মই
মোৰ হেঁপাহৰ নিৰ্লোভ ভাস্কৰ্য...!
---------------------------------
অকল্পনীয়
ৰিজু মণি দেৱী
মোৰ অনুভৱৰ পৃথিৱীত
তোমাক আঁকিলোঁ অনুপমা সাজি
মোহনীয় চিত্ৰৰে
মোৰ অনুভৱত তোমাক জুমি চালোঁ আকাশৰ বিশালতাৰ মাজেৰে
কিন্তু তুমি?
মোক লৈ আঁকিলা চলনাময়ী চিত্ৰ
ৱাহ :কি যে তোমাৰ মনোৰম শিল্প
জীৱন কেইদিনৰ ?
সকলো কচুপাতৰ পানী
দয়া-ক্ষমা প্ৰেমৰ সাগৰত মই স্নান কৰৌ নিতৌ
তুমিতো নিশ্চয় জানা?
তেন্তে কিহৰ আবেগত তুমি ভাঙিলা
মৰমৰ এনাজৰী?
মুখৰ মিচিকয়া হাঁহিৰ বাদে
মই একোৱেই নুবুজো তোমাৰ
গৰ্ভৰ উত্তাল তৰংগৰ কথা
সেয়েহে আজি
সাঁচিপাতৰ মধূৰ সময়বোৰ উৰুৱাই দিলোঁ
এই বিশাল আকাশৰ বুকুত।
---------------------------------
তোমাৰ প্ৰেমে বৰণ সলালে
জোনমনি বৰা
তোমাৰ প্ৰেমে বৰণ সলালে
এই কথাই মোৰ হদয়
বিন্ধিলে
তোমাৰ মৰমবোৰ চিঠিৰ
নীলা খামৰ পৰা ওলাই আহি
মোবাইলৰ এছ এম এছত সোমোৱাৰ পৰা
তোমাৰ প্ৰেমে বৰণ সলালে
প্ৰেম হৈ পৰিল নিৰস
আশাহীন চন্দ্ৰহীন কিছুমান প্ৰলাপ ।
-------------------------------
অনর্থক
তপোবন হাজৰিকা
চুটি হৈ অহা সময়খিনি
অপূৰ্ণ পোহৰ
মোক উপভোগ কৰিব দিয়া
বিপন্ন সময় ,
মই সপোন দেখুওৱাম ।
যন্ত্ৰণাই দো- খুৱালেও
গুণগুণাই থাকিব পাৰে আপুনি
বিপ্লৱী গীত ,
কষ্টবোৰ বাগৰি পৰিব
ঘাম হৈ
বতাহ হৈ উৰিব ভাগৰ ,
বিসন্নতা বিক্ৰী হৈ যাব
স্বপ্নময় প্ৰশান্তিৰ স'তে ।
চুটি হৈ অহা সময়খিনি
হাঁহিৰে সজাই দিবা
অনন্ত হ'ব ।
-----------------------------------
বতাহ যেতিয়া উচুপে
গিৰিজা শৰ্মা
বতাহ যেতিয়া উচুপে
জোন গলা ৰাতিৰ বুকু
থৰ্ থৰে কঁপে
নিয়ৰ নিমিত্ত
সৰি পৰা দুচকুৰ দুখত বিচলিত চিত্ত ।
কাৰ কলিজা কঢ়িয়াই ৰাতিবোৰ সাৰে থাকে
বৈ যায় নৈ
বিলাই দিয়াৰ সাধু কৈ কৈ
বতাহ যেতিয়া উচুপে
বুকুৰ গভীৰত কিহে বিষাদমেল পাতে
কিহৰ দুখত অন্ধকাৰত আৰ্তনাদ কৰি উঠে জোন
বকিয়াইদি বৈ যায় কাৰ বুকুৰ আপোন।
----------------------------------
উচুপনি
পিঙ্কু ৰাজবংশী
সৰিয়হ ফুলা আবেলিত
পক্ষীৰ ডেউকাত
বাগৰ সলাই কবিতাই
শুকান পাতৰ সুঁহুৰিত
বাট কাটি আহি
নদীৰ বালিত পৰি থাকে
শব্দত উচুপি
মোৰ বুকুত গজালি মেলা শব্দবোৰ
শুকানপাত উৰুৱাই নিয়া বতাহ জাক
কবিতাটোৰ তোৰণ
উজাগৰি নিশা লিখা কবিতাটো
হেমন্ত ঋতুত
লাহে লাহে মৰহি অহা
সৰিয়হডৰা
------------------------------
শিপিনী
ৰবীন চেতিয়া
তোৰ দুহাতৰ চেলেঙৰ উমত
নিমিষতে আঁতৰে পুহৰ ভেম
তোৰ ৰিহাৰ আঁচলৰ বা লাগি
শুৱনি হয় অসমীয়া জাতিৰ প্ৰেম
খমখমীয়া মেখেলাৰ সুৰৰ কোঁহে কোঁহে
ছন্দোময় খোজত নাচে দুভৰি
বিহুৱাৰ ঢোলৰ নাভাগৰা চাপৰত
উৰি উৰি জিলিকে বিহুৱতী পৰী
ভমকাফুলীয়া অথবা বুটাবছা
থুপি থুপি মৰমৰ সপোন ৰছা
ঘৰে ঘৰে বাজি থাকে তাঁতশালৰ মাত
জীয়ৰী বোৱাৰীৰ হেঁপাহৰ দুচকুত
উলাহে নধৰে তৰাফুলীয়া গাত
তোৰ লিহিৰি দুহাতৰ আঙুলিৰ পৰশত
সপোনে হেনো সাৰ পায়
উজাগৰী ৰাতিৰ বিশ্বাসৰ ভেটিত
শতৰুৱে অহা বাটে উভতি পলায়
ভিন্ ভিন্ সূতাৰ ভিন্ ভিন্ ৰঙত
অনুভৱৰ কবিতাই পাহি মেলে
তোৰ নিপুণ বাখৰুৱা পৰশ লাগি
আই অসমীৰ মান উজ্বলে
হৃদয়ৰ ভালপোৱা বিহুৱানখনিত
ভাঁজে ভাঁজে নিগৰে মৰমৰ গান
বিশ্বই চিনি পায় অসমীয়া জাতিক
গামোচাখন আমাৰ জাতিৰ স্বাভিমান
তোৰ হাততেই উজলিছে আজি
কৃষ্টি-সংস্কৃতি, গীতা ভাগৱত
তয়ে ৰাখিছ ধৰি গুৰুজনাৰ মান
আঁকি আঁকি আপুৰুগীয়া চিহ্নপট
হেঁপাহৰ তাঁতৰশালত
ধন্য হে শিল্পী মহান শক্তি
শৈল্পিক চেতনাৰ জাগ্ৰত প্ৰহৰী
বিজতৰীয়া বতাহে ভাঙিব খুজিছে হৃদয়
স্বাৰ্থান্বেষী শতৰুৱে মনে মনে আহি
পূবৰ মানচেষ্টাৰ গৌৰৱ অসমীয়াৰ
যুগে যুগে জিলিকিব উচ্চ শিখৰত
গাই গাই সেউজীয়া গান
স্বাধীনতাৰ ।
-----------------------------------
নৈৰ ছাঁ নাথাকে
জুৰি গোস্বামী
ছাঁটোৱেও যেতিয়া সংগ এৰে
তেতিয়াই গধূলি হয়
অকলশৰীয়া হৈ পৰে সকলো
পোহৰে আমনি নকৰালৈকে
শুই থাকে ছাঁবোৰ আপোন মনে
অথচ , আকাশ আৰু পৃথিৱীৰ সীমনাত
উদযাপণ কৰা হয় আগ মুহূৰ্তলৈকে
বেলিৰ প্ৰিয় উৎসৱ , মেঘৰ বৰ্ণিল খেল
সাগৰৰ মায়াময় গৰ্জন
নাৱৰীয়া সকলে তেওঁলোকৰ ব'ঠাৰ চাবেৰে
উত্তাল কৰে নৈৰ বুকু
কৃষক সকলে মিতিৰালি কৰে সূৰ্যৰ দাহন শক্তিৰ স'তে
মাছমৰীয়া সকলে ৰূপোৱালী মাছৰ সন্ধানত
পাতি থয় সোণালী জৰিৰে গঁঠা জাল
পোহাৰীহঁতে মুঠিত দহ টকাকৈ বিক্ৰী কৰে
সেউজীয়া শাক
আমি কাণ পাতি শুনো
বিস্তীৰ্ণ সেই সুৰ আৰু
শীৰ্ণ আঙুলি -পাবত হিচাপ কৰোঁ
যোগ বিয়োগৰ সমীকৰণ
পাহৰি থাকোঁ ছাঁ হেৰুওৱাৰ দুখ
কেৱল পোহৰৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবে
লাহে লাহে বন- নহৰুৰ সুবাসেৰে বগুৱাবায় শেতা পৰা জোনৰ মুখ আৰু
চম্পাৱতী কলিজাত কুৰুলিয়ায় বাট হেৰুওৱাৰ বিষাদগাথা অলেখ
যি বাটে দেও দি যায় সময়
কোনো আক্ষেপ নৰখাকৈয়ে
শুকাই ক্ষীণ হয় এদিন
অৱসাদ আক্ৰান্ত চিৰ প্ৰৱাহমান
সেই নৈখনো
নৈয়ে ছাঁ নেদেখে
নৈৰ ছাঁ নাথাকে।
-------------------------
অনামী
বৰ্ণালী দত্ত বৰা
মোৰ বাবে আছে এখন আছুতীয়া ঘৰ
কোনো নাই মোৰ
দেউতা-মা, ভাই-ভনী, মাহী-পেহী...
অথচ
ঘাতমাউৰা নহয় মই
নহয় মই কোনো জাৰজ সন্তান
কাৰোবাৰ কামনাৰ ফল।
তথাপি
মোৰ বাবে আছে এখন আছুতীয়া ঘৰ
তেজ-মঙহ, হাত-ভৰি
চকু কাণ নাক মুখ
এখন হৃদয়
সকলো আছে মোৰ
অথচ একোকে নাই
অস্পৃশ্য যেন মই !
নাই সমাজ
নাই আদৰ
নাই মৰম.....
আছে মাথো সহস্ৰ কৌতুহলী চকুৰ বিদ্ৰুপ
আৰু এখন আছুতীয়া ঘৰ।
নাম নাই মোৰ
অনামী মই
মইযে কিন্নৰ !
---------------------
সৌন্দৰ্য বিভূষিত আভাৰে
পঞ্চমী ফুকন
মই গাব খুজিছিলোঁ
এটি সেউজীয়া গান
জীৱন সুমধুৰ কৰি
অগ্ৰসৰ হ'বলৈ
মই চাব খুজিছিলোঁ
শুকুলা মেঘৰ ছাঁ।
তৰাৰ দৰে হাঁহিৰে জ্যোতিষ্মান হৈ
নীলিম আকাশৰ বুকুত
মই বৈ যাব খুজিছিলোঁ
এখনি জীয়া নদী হৈ
সাগৰৰ বুকুত ঢৌ তুলি
নাচি থাকিবলৈ
মই ফুল হৈ ফুলিব খুজিছিলোঁ
বাগিচা জীপাল কৰি
সৌন্দৰ্য বিভূষিত আভাৰে
ৰঙীন হাঁহিৰে হৃদয় চুমিবলৈ
মই বাউলি বতাহত উৰি ফুৰা
ফুটুকীয়া পখিলা হ'ব খোজা নাছিলোঁ
ফুলনিয়ে ফুলনিয়ে ফুলৰ
মৌ প্ৰাণ কৰি হাবাথুৰি খাবলৈ।
---------------------------------
মনৰ এক অনুভূতি
ভৃগু কুমাৰ নাথ
বস্ত্ৰ দান মহান দান
কণ্ঠ দান ৰাইজৰ প্ৰাণ
ৰক্ত দান জীৱন দান
আবেগ অনুভূতি
আমাৰ মান-স্বাভিমান
উপলুঙা নকৰিবা কাৰোৰেই মান-অভিমান
তেতিয়াহে থাকিব আমাৰ সন্মান
আজি সকলো আমি ভাই ভাই
থাকোঁ আহা মিলিজুলি
এফাকি স্বদেশী স্বাভিমানৰ গীত গায়
জীৱন দুদিনীয়া ,কালৈকো নৰয়
সময়ৰ নকৰিবা অপব্যয়।
মানৱ জীৱন আমাৰ
সকলো ঈশ্বৰৰ কায়া
আমিয়েই কৰিব লাগিব
সকলোৰে মৰমেৰে দয়া,মায়া।
আমি যদি নকৰো
মানৱ সমাজত দান
কোনে কেনেকৈ বচাব
আমাৰ জীৱনৰ প্ৰাণ।
-------------------------------
প্ৰেম
অঞ্জনা শইকীয়া
বেলিটো লুকাই থাকিল
নদখনো শুই গ'ল!
মই নিৰৱে চাই থাকিলোঁ।
এটা ৰাতিৰ শেষত
পামনে আকৌ আগৰ দৰেই?
কথা বোৰ অকথা হ'ল!
কাকনো সুধো বাৰু
প্ৰেম এনেকুৱাইনে বুলি !
মৌনতা বুজানে তুমি
অথবা আন্ধাৰৰ ভাষা ?
য'ত প্ৰাণ থাকিলেও
হৃদয় নাথাকে চাগে !
মই ৰৈ থাকিম
হাজাৰ প্ৰশ্নৰ উত্তৰ পাবলৈ,
আৰু এটা নতুন পুৱালৈ।
-----------------------------------
প্ৰতিশ্ৰুতিৰে বন্দী হলোঁ প্ৰিয়জনৰ লগত
জানমণি শইকীয়া
যাৰ এষাৰ মাতত
বসন্তৰ বতাহ জাক বলে
যাৰ স্পৰ্শত
ৰাতিবোৰ দিন হয়
তাৰ চাৱনিত
দেখা পাওঁ সেউজ সপোন
তেওঁৰ আহ্বানতে
আয়তীৰ উৰুলি
হোমৰ দগমগীয়া জুই আৰু
বৰযাত্ৰীক সাক্ষী কৰি
প্ৰতিশ্ৰুতিৰে বন্দী হ'লোঁ
প্ৰিয়জনৰ লগত ।
হৃদয়ে হৃদয়ক
মনেৰে মনক
আদৰি ললোঁ
দুখকো সুখ বুলি
ভাৱিব পৰাকৈ
স্থিতপ্ৰজ্ঞ দৃঢ়তাৰে আত্ম বিশ্বাসেৰে
আৰম্ভ কৰোঁ বুলি
এক নতুন জীৱন
নিশা আন্ধাৰৰ গভীৰতাৰে
প্ৰতিশ্ৰুতিৰে বন্দী হ'লোঁ
প্ৰিয়জনৰ লগত ।
-------------------------------
প্ৰত্যাশা
পবিত্ৰ বৰগোহাঁই
নিস্তব্ধতাৰ আন্ধাৰত
পোহৰৰ সমদল বিচাৰি চাওঁ
আলেঙে-আলেঙে সপোনৰ উদয়াচলত
সূৰ্যটোৱে ভূমুকি মাৰিছে নেকি
বুকুজুৰি শিপাই থাকে এক
অদৃশ্য ভাৱনা
য'ত শুনা নাপায়
শিমলু-কৃষ্ণচুড়া জুই ফুলা আকাশত
আন্ধাৰৰ কিৰিলি ।
-----------------------
সুৰবোৰ বেসুৰা হ'ল
ৰূপেন দাস
প্ৰিয় বিহংগী আতঁৰি
সুৰবোৰ বেসুৰা হ'ল।
শূন্যত কৰফাল খাই শুই পৰে
নিলাজী সপোনবোৰ
স্তব্ধ,
অথচ অস্থিৰ,
সপোনৰ বৰমালা গুঠি
শব্দবঃহ মায়াবী কল্লোলত
জোনাক ফুলিছে।
সুগন্ধি পাৰিজাত হৈ হৃদয়ৰ কৌমুদী দলিচাত সিঁচি দিছিল তাই
অলেখসপোনৰ
সতোৰঙী ৰামধেনু।
তেজস্বী ওঁঠৰ কোমলতাৰ
মৃদু স্পৰ্শত সম্মুখ আৱহৰ পাটগাভৰু লাজতে জয় পৰে।
তাইৰ খিলখিল হাঁহি বোৰ
তাইৰ হাতৰ গামখাৰুৰ শব্দবোৰ
তুলবুলীয়া ওঁঠৰ ঘন উশাহবোৰ
গিৰিশৃগংত প্ৰতিধ্বনিত হৈ সুৰ হৈ ধৰা দিছিল।
এৰা!
আজি এন্ধাৰৰ দিন----
অস্তৰাগৰ বিদায়ী বেলাত
তাইৰ সেমেকা হাঁহি
শ্লান পৰে প্ৰৱাহিনীৰ ভৰুন বুকত।
মৰম পিয়াসী মানৱী
গিৰিশৃংগৰ খলা বমাবোৰ
ঠিক তোমাৰ হৃদয়ৰ গভীৰতা জুখিবলৈ বিহবোৰ ভগাই লও!
নাই নিসংগ বুকুত উদাসী মনৰ গোটমৰা শিলাময় সপোনবোৰক
এটোপাল পানীৰে জীপাল কৰিবলৈ
প্ৰিয়তমা তুমি আজি কাষত নাই।
----------------------------------
জীৱনৰ বাটত
মুকুতা ৰয়
জীৱনৰ একা বেঁকা দীঘলীয়া বাট
অকলশৰীয়া জীৱনৰ নাট।
কেনি যাওঁ কি কৰো,
নাই কোনো ঠিকনা।
কাৰ বাবেনো জীয়াম,
কাইটীয়া বাটেৰে কাক বিচাৰিম?
তেজৰঙা গোলাপৰ কলিটি
আকৌ তেজেৰে লুতুৰি-পুতুৰি হ'ল।
জীৱনৰ মসৃণ বাট বিচাৰি নাপাই
আকৌ মৰহি গ'ল।
গাভৰু নদীৰ ঘাটত
জংকি আৰু পানৈয়ে
প্ৰেমৰ ডিঙা মেলিছিল
পিৰীতিৰ শিকলীডাল কটকটীয়া নৌহওঁতেই
গৰাখহনীয়াই মথাউৰি ভাঙি পেলাইছিল।
জীৱন, তোমাৰ প্ৰতিটো আজ্ঞাই শিৰোধাৰ্য।
কিন্তু পুতৌ নেদেখুৱাবা কেতিয়াওঁ।
হ'ব পাৰোঁ মই অকলশৰীয়া
নালাগে তোমাৰ সহানুভূতি।
গুচি যোৱা তোমাৰ আপোনজনৰ কাষলৈ।
সাহস আছে যদি আহিবা নিজৰ বুলি,
ৰৈ থাকিম পদূলি মুখত।
হাতত ধৰি লৈ যাবা গন্তব্যস্থানলৈ।
নোপোৱালৈ গৈ থাকিম ওৰেটো জীৱন,
তোমাৰ জীৱনৰ বাটত।
----------------------------------
পিতাইলৈ বুলি
জুৰি তালুকদাৰ
পিতাই ঐ
এইবাৰ বানে এবাৰ দুবাৰ নহয়
তিনিবাৰকৈ বুৰালে কণপিতাইহঁতৰ ধাননি পথাৰ|
ঘৰটোৰ কাঁথিয়েও ধৰি ৰাখিব নোৱাৰা হ'ল
থোকা বাঁহৰ বেৰ ,
আইয়ে একাঠু পানীত থিয় হৈ সিজায় ভাত ,
দমক'লটো ডুব যোৱাত
সমনীয়াৰ ভেলত ময়ো দিও উঠি
ক'ৰবাত পানী এটুপি পাঁও বুলি ...
মইনাই পোৱা নাই বুজি ,
বানে গৰকা দুখীয়াৰ কষ্ট কি !
সেয়ে তাই পানী গচকি পাইছে মনত বহু স্ফূৰ্তি ...
নিৰ্বাচনৰ বতাহচাটি আহিলে অহা ভোমোৰাকেইটি
এতিয়া দেখোন নাহে সিঁহতে আমাক বিচাৰি !
যোৱাবেলি এই সময়তে তই তোলা বিচনীৰ দৈখিনি
বিচনী বনাই বেচিলো আই মই দুয়ো মিলি ,
নহ'লে কেনেকৈ মোকলাম
নিমখ তেলৰ যোগাৰখিনি!
ভাবিছিলো আৰু দুখনমান বেচি
আইলৈ আনিম এখন চাদৰ কিনি ,
আইয়ে নিদিয়ে আনিব বাঁহ কাটি
ভয় কৰে মইও তোৰ দৰেই হৈ যাম বুলি ...
মানুহে জোকাব
খোৰাৰ পুতেকো হৈ গ'ল খোৰা বুলি!
তেনে হোৱা দেখিলে আয়েনো কেনেকৈ থাকিব সহি
তাকে বহু ভাবি মইও বাদ দিলো
বেচিবলৈ ইচ্ছা কৰা বিচনী ,
কিন্তু মনত দোলা দি থাকে
আইৰ ফিচিকি যোৱা চাদৰখনি সলাই
কেনেকৈ ৰক্ষা কৰো মহাজনৰ চকুৰপৰা
নতুন এখন চাদৰ কিনি আনি!
তইনো কিয় আঁতৰি গ'লি পিতাই !!
এতিয়া যে সকলো কৰিবলৈ গৈ
ভাগৰি পৰে আমাৰ আই ,
আকৌ আহ না উভতি পিতাই...।
-----------------------------------
প্ৰেম
নুৰ আলম শইকীয়া
সিহঁত অপ্ৰস্তুত থাকে সদায়
প্ৰস্তুতিৰ বাবে
বেয়া পাই বাৰ বাৰ
সদায় ভালপোৱাৰ বাবে।
বৰ ওলোটা এই পাগল
প্ৰেমিকবোৰ!
চকু পৰ্যন্ত ঢাকি থয় সুবাস... হেপাহেৰে এবাৰ চোৱাৰ বাবে,
মানুহবোৰে কয়
এয়াই প্ৰেম!
-------------------------
জীৱন
চয়নিকা ভূঞা
খুপি খুপি আগবাঢ়ে
দুখন ভৰি
দুচকুত উজ্জীৱিত আশা
দূৰৈত এযোৰ
উজ্জ্বল চকু
সকলোৰে মুখে মুখে
এটাই কথা
অচল ভৰি
নিশকতীয়া সপোন
হেজাৰ ৰং
বাৰেৰহনীয়া মন
হাঁহিবোৰ
এচকুত গোট মাৰে
গোট মৰা হাঁহি
এদিন শিল হয়
শিল মানেই ভাস্কৰ্য্য
জীৱনৰ অমোঘ সত্য ।
-----------------------------
ভ্ৰমৰ পৃথিৱী
কলচুম বিবি
পাঠশালাৰ পাঠ শিকা বয়সত
ক'লা-নীলা চিয়াহীৰ সৈতে পাতিছিলোঁ মিতিৰালি
পাঠৰ কথাবোৰ আওৰাই
ভ্ৰমিছিলোঁ এখন ভ্ৰমৰ পৃথিৱীত।
পিতাৰ দেহৰ ঘাম অথলে খেদাব নোৱাৰি
শিকা কথাক নেওচা দিব নোৱাৰি
আখৰকেই সত্য বুলি ভোল গৈ
আদৰ্শৰ জোলোঙা এখন ওলমাই
বগুৱাবাই ফুৰিছিলোঁ ভ্ৰমৰ পৃথিৱীখনত।
পাঠশালা এৰিলোঁ
জীৱনৰ বাটত খোজ দিলোঁ
অকোৱা-পকোৱা বাট দেখি বাট হেৰুৱালোঁ
নিমিলা অংক এটাই খেলিমেলি লগালেহি
উজুটিত সঘনে বিৰিঙে তেজ।
ভ্ৰমৰ পৃথিৱীৰ পৰা
এতিয়া বহু নিলগত
দিলেহে পায়, পালেহে দিয়ে
দিয়া-লোৱাৰ কিটিপ পাঠত নাছিল
নাছিল পিতাইৰ তেজত
তথাপিও জীৱনে শিকালে।
পাঠশালৰ অদেখা পৃথিৱীখন
জোলোঙাত ভৰাই এতিয়াও খেপিয়াই ফুৰোঁ
খেপিয়াই ফুৰোঁ এখন আদৰ্শ পৃথিৱী
য'ত থাকিব বুদ্ধৰ বুদ্ধত্ব।
-----------------------------------
ৰ’দঘাই কবিতা এফাকি
তৃষ্ণা নেওগ বৰুৱা
পানী নাথাকিলেও উদং নহয় গাগৰি
ছাঁ-পোহৰেৰে থাকে ভৰি
শূন্য নিজেই পূৰ্ণ
আকাশ বতাহ পৃথিৱী জুৰি
আৰম্ভণি আৰু সামৰণি
শব্দৰ মৌন কোলাহল
নিয়ৰকণাত ৰ’দৰ হেন্দোলনি
শুকান ওঁঠৰ সুহুৰিত গুমৰাগৰ ৰাগী
নীলকণ্ঠী সময়ে জানে বসন্ত কেতিয়া আহে
সংগোপনে
জীৱন অ’
আওৰাও আহ পদ্যৰ পদূলিত
ৰ’দঘাই কবিতা এফাকি।
------------------------------------
জীৱন আশা নিসংগতা শূণ্যতা আদি
বীণা খাটনীয়াৰ
জীৱন এটি অমোঘ সত্তা
স্বপ্নৰ ফেৰীৱালা
বাঁহীৰ সুৰৰ দৰে বাজি থাকে অদুৰত
যাৰ আকুল আহ্বান
বুকুৰ গভীৰত যেতিয়া নদীৰ দৰে
বাঢ়ে ভালপোৱা
দুচকুত বাঁহ সাজে সখীয়তী আশাই
জীৱন তেতিয়া এক মধুৰ হেঁপাহ
শাওনৰ বৰষুণ হৈ উৰ্বৰা কৰে
মন পথাৰ।
জীৱন বুকুৰ এক কৰুণ সুৰ
নিসংগতা আৰু শূণ্যতাক লালন কৰি
যিয়ে কঢ়িয়াই দুখ।
কেতিয়াবা জীৱন হৈ পৰে মধুৰ সান্নিধ্যৰ সোঁৱৰণী
অথবা অপ্ৰেম অপ্ৰাপ্তীত ক্ৰমান্বয়ে
বাঢ়ি অহা অচিনা অসুখ
সপোন আৰু দিঠকৰ সীমা ভাঙি
শীতৰ সৰা পাতৰ দৰে
আতৰি গ'লে পথৰ সংগী
কোনে কয়-- জীৱন মানে কেৱল শূণ্যতা ?
জীৱন এক বিচ্ছেদৰ শোভাযাত্ৰা,,,
যি যাত্ৰাত
আমি খেলি আছোঁ লুকা-ভাকু
কেতিয়াবা আনৰ স'তে
কেতিয়াবা নিজৰ স'তে !
----------------------------------
জীৱন
এনী ভূঞা ডেকা
( ১)
হৃদয়খনেই উকা এতিয়া
নীলাবোৰ শেষ হ'ল
আকাশত....
সেউজীয়াবোৰ প্ৰকৃতিত...
সুমথিৰাৰ ৰঙবোৰ
শেষ হ'ল
প্রেমিক প্ৰেমিকাৰ হৃদয়ত....
(২)
নদী কিয় বয় ....
বহি বহি তাকেই ভাবিছোঁ ।
বতাহ কিয় বলে ....
আকাশখন কিয় নীলা...
গছৰ পাতবোৰ কিয়
সেউজীয়া .........
নিয়ৰ , টোপাল টোপাল
কৈ কিয় পৰে?
পাৰ কৰি অহা
জীৱনৰ প্ৰতিটো পল
নতুন কৈ কিয় পাব বিচাৰো
নাজানো......!
বহি বহি তাকেই ভাবিছো।
------------------------------------
অব্যক্ত বেদনা
কংকনা বৰ্মন
১
বুকুৰ নীৰৱতাত
মৰহি যোৱা ফুলবোৰ
খুব আলফুলে কঢ়িয়াই ফুৰিছো,
ভালপোৱাৰ কোলাহলত
লহপহীয়া হ'লে
অনুভৱৰ নৈ খনি মিছাতে ৰাঙলী হ'ব।
২
জাৰৰ প্ৰকোপত
অনুভৱৰ একুৰা জুইৰে
তেওঁ হেঁপাহ হৈ গলি আছিল,
ক্ৰমশ:
হৃদয়খনক উম দি থকা
সপোনৰ ছাইবোৰেৰে
সুখবোৰ কলা অসুখ হৈ ৰ'ল।
৩
অনাকাংক্ষিত সুখৰ দৰেই ভয়াৱহ
এই হাঁহিৰ আপোন কোলাহল,
সুখী(?) মানুহবোৰে
জীৱনক পি যোৱাৰ পিছতো
কিহ'ৰ নীৰৱ আৰ্তনাদ বিষাদ চহৰত?
৪
তেওঁ কৈছিল
প্ৰকাশৰ পিছত বুকুৰ আলোড়নবোৰ
ক্ৰমাৎ হেৰাই থাকে,
এৰা!
ক'ত অপ্ৰকাশিত বুকুতেই সামৰি
সিপাৰত ৰৈ থকা জন
মৃত্যুৰ আগতেই মৰি আছে।
---------------------------------
নদীৰ বুকুত জিলিকি উঠিব এটি সূৰ্য
মনি ডেকা
মনৰ নিজানত বৈ থকা নদীখন
সাৰপাই উঠে তোমাক দেখি
আলফুলীয়া হেঁপাহবোৰ বুকুত গুজি
চাই ৰও দূৰণিৰ পৰা তুমি নজনাকৈ
তুমি যোৱা লুঙলুঙীয়া নৈপৰীয়া পথটিলৈ
কিজানিবা এবাৰ কেৰাহিকৈ চোৱাই ঘূৰি।
বুকুৰ নৈখন বৈ যাব খোজে মোৰ পৰা তোমালৈ
হালধীয়া সপোনবোৰে এগা দেৱা কৰে
বুকুৰ ভিতৰৰ পৰা জাকি মাৰি উৰিব খোজে
এজাক ৰঙীণ পখিলা।
নৈয়ে যিদৰে পলস পেলাই
সাৰুৱা কৰে চহাৰ সপোনৰ খেতিডৰা,
ময়ো জীপাল হব খোজো তোমাৰ এবুকু মৰমেৰে
তুমি বাৰু জানানে প্ৰিয়া?
মাজ নিশাৰ অন্ধকাৰত
সূৰ্য বিচাৰি হাহাকাৰ কৰে মনটোৱে
হয়তো এদিন অন্ধকাৰ দূৰ হ'ব
বোৱাৰী পুৱাতে নদীৰ বুকুত জিলিকি উঠিব
মই বিচৰা সূৰ্যটো আৰু ঠিক তেতিয়াই
নদীখন বৈ যাব এখন হৃদয়ৰ পৰা আনখনি হৃদয়লৈ...।
------------------------------
জগতৰ কল্যাণৰ হেতু কবিতা মহৌষধ হওক
বন্দনা সন্দিকৈ
প্ৰত্যেক মানুহৰ ভিতৰত কবিতা জীয়াই আছে
সুপ্ত অথবা জাগ্ৰত হৈ
প্ৰত্যেক মানুহে কবিতা আওৰাই আছে
জ্ঞাত-অজ্ঞাত ভাবেই
কবিতা প্ৰাৰ্থনা হওক
জগতৰ কল্যাণৰ হেতু কবিতা মহৌষধ হওক
শগুণিলতাৰ দৰে সৰ্বগুণ সম্পন্না হৈ
কল্যাণ সাধক মানৱৰ
কবিতা কল্যাণকামী হওক
পাৰিব নোৱাৰিলেহে আঙুৰ টেঙা
মিঠা ফলৰ সোৱাদ ল'বলৈ হ'লে
কষ্ট কৰিব লাগিব
কবিতা সাধনা হওক
তাৰেই কছৰৎ কৰা কবিয়ে প্ৰাৰ্থনা কৰে
হেʼ ক্ৰন্দসী-
মধুময় পৰিৱেশ ৰচনা কৰা
কবি আৰু কবিতাৰ যুগলবন্দী হওক
জীৱন আৰু জগতৰ বাবে
কবিতা শাশ্বত হওক ।
------------------------------------
কবি
বন্দনা মহন্ত
কবিক নুসুধিবা তেওঁ কোন
কবিক নুসুধিবা তেওঁৰ কি আছে
সুখ দুখৰ টোপোলা কঢ়িয়াই
ৰঙা কলিজাত
ফুলাম হাঁহি বিৰিঙাই তেওঁ
তীৰ্য্যক শব্দেৰে কবিৰ বুকুত
খুন্দিয়াই নিদিবা
শিলৰ বুকুত পানী বিচৰাটো
তেওঁৰ অভ্যাস
ফুলৰ বুকুত মৰুভূমি বিচৰাটো তেওঁৰ স্বভাব
সেয়েহে কেতিয়াবা হাহাকাৰ কৰে তেওঁ
তথাপিও যুগে যুগে
মানুহক ভালপোৱাৰ বাবে
কবিয়ে কবিতা লিখে
তোমাৰ বুকুৰ মাজত শুই
থকা কবিক
জীয়াই তুলিব পাৰে কবিয়ে
সৰু উশাহ- নিশাহেৰে
কেইটামান শব্দ বুকুত বান্ধি
আৰু
অনুভৱৰ এটি ৰঙীন চোলা
পিন্ধি
কবিক জীয়াই থাকিবলৈ দিয়াচোন ।
-----------------------------------
কথাৰ আঁৰৰ কথা
অনুস্মিতা ফুকন
কথাৰ আঁৰত বহু কথাই লুকাই থাকে
যেনেদৰে লুকাই থাকে
জুপুৰিৰ খিৰিকীৰে সৰকি পৰা
মনৰ ৰঙচঙীয়া !
কথাৰ আঁৰত বহু কথাই থাকি যায়...
ক'বলৈ ৰৈ যোৱা বহু কথাৰ আঁৰত
পাবলৈ বিচৰা বহু খবৰৰ কোলাহলত
কিছু কথা নিৰৱে শুই পৰে
মন্দিৰ কিম্বা মছজিদৰ শাৰীত ..!
সময়ৰ তুলাচনীত
কিছু কথা মেঘৰ দৰে ওপঙি ফুৰে
কিছু কথা হাতৰ তলুৱাৰে সৰকি পৰে
কিছু কথাই সুখৰ অশ্ৰু হৈ জোলোঙা পুৰায় আৰু আন
কিছু কথা নিৰৱে বতাহ হৈ উৰি যায় ..
ক্ৰমশঃ
কথাৰ আঁৰত বহু কথাই থাকি যায় ।
----------------------------------
অৰণ্যত এটা দিন
ৰিঙ্কু বৰুৱা
অৰণ্যত এটা দিন
অতিবাহিত কৰাৰ
দুৰ্বাৰ হেঁপাহ আছে
অৰণ্যৰ সেউজীয়াত সেউজীয়া হবলৈ
হাজাৰ হাজাৰজন অৰণ্যৰ মাজত থাকিও
অকলশৰে দিন অতিবাহিত কৰাতকৈ
সেউজীয়াৰ মাজতেই মই যেন হেৰাই যাম
তাতেই বহুতো বিভক্তি বিছাৰি পাম
তাৰ মানসেৰেই
অৰণ্যত এটা দিন অতিবাহিত কৰাৰ
দুৰ্বাৰ হেঁপাহ আছে
ৰড'ডেন্ড্ৰনৰ অৰণ্যৰ
সৰু সৰু ফুলবোৰ
মোকে যেন হাত বাউলী মাতে
গোপন প্ৰেমত মুগ্ধ মই
পখীৰ কুঁজন, পাহাৰীয়া নদীৰ
জিৰি জিৰি জুৰিৰ শব্দবোৰে
মোকেই যেন ৰিঙিয়াই মাতে
তাতেই বিলীন হোৱাৰ আশাত
অৰণ্যত এটা দিন অতিবাহিত কৰাৰ
দুৰ্বাৰ হেঁপাহ আছে মোৰ।
-----------------------------------
নেদেখা নদীৰ দুটি পাৰ
দেবানন্দ পেগু
এখন নেদেখা নদীৰ
দুটি পাৰ
নদীখনৰ এটি পাৰত মাজনিশা
শিলৰ চোলা পিন্ধা এচামলোকে
আনন্দৰ মেলা পাতে
তেজ পিয়াহ চৰাইজাক
প্ৰীতিভোজ কৰে
উলাহত হিয়া মন উপচি পৰে।
আন এটি পাৰে
খাটি খোৱা মানুহৰ জীৱন মায়াৰ খেল
দুখবোৰ পৰি থাকে,আজীৱন জুৰি
সুখৰ সাগৰত,দুখৰ নাও টুলুং ভুটুং কৰে
উৰুকা পঁজাত জিলিকি থকা তৰাবোৰে
থুপা-থুপে উলমি থাকে মেঘৰ আঁৰত।
ঘঁৰিয়ালৰ চকুলো টুকি
সপোনবোৰ ৰাজত্ব কৰে
নদীবোৰ শুকাই, বন গজে
ঢাৰাকাৰ বৃষ্টিৰ অপেক্ষাত ৰৈ থাকে
শুকান সাগৰ
বৈ যোৱা নদীৰ সোঁতত ওপঙি থকা সুখবোৰ
বালিৰ বালিচৰত ৰৈ যায় দুখৰ খোজ।
নেদেখা নদীৰ দুটি পাৰত
জোন-বেলিৰ ইপাৰ-সিপাৰ
আন্ধাৰ পোহৰৰ লুকা-ভাকু
দুখৰ পিঠিত উঠি, সুখবোৰে জয়ৰ গীত গায়।
------------------------------
পৰিক্ৰমা
ৰঞ্জিত কুমাৰ শৰ্মা
ভোক
অভাৱ
জীৱন সংগ্ৰাম
প্ৰাপ্যৰ বাবে হাহাকাৰ৷
বঞ্চনা-প্ৰতাৰণা
শোষণ-নিপীড়ন
হতাশা
ক্ষোভ
প্ৰতিবাদ
ৰাজপথ
চিঞৰ
মৃত্যু অথবা কাৰাগাৰ৷
-------------------------------
কণ-কবিতা
ৰশ্মি দলে
(১)
তুমি এপাহ ৰক্ত গোলাপ হৈ
ফুলি ৰ'বা মোৰ হৃদয়কোঠাত।
২)
তুমি বুজিয়ে নাপালা
তোমাক দিয়া ৰঙা গোলাপ পাহে-
তোমাৰ কলিজাৰ ৰং দেখি
লাজ পালে হ'বলা।
৩)
সঁচা মৰম বিচাৰি
সাগৰৰ পাৰে পাৰে
বালিৰ ভেটা দিছিলোঁ
কিন্তু,বিচাৰি নাপালোঁ
সাগৰৰ সিপাৰ
অনুভৱহে মাথোঁ কৰিব পাৰি
যেন
মৰুভূমিত মৰীচিকা খেদি খেদি
বিচাৰি নোপোৱাৰ দৰে
ঠিক জীৱনটোও এদিন হেৰাই যাব
সময়ৰ সোঁতত
----------------------–
ভালপোৱাৰ সমাধি খান্দি
জ্যোতি পবন
এদিন এই চহৰতে
আবতৰীয়াকৈ কৃষ্ণচূড়া ফুলিছিল
বতাহে কঢ়িয়াই লৈ ফুৰিছিল
তোমাৰ মোৰ
ভালপোৱাৰ গোন্ধ
নাহৰৰ কুমলীয়া পাতত
ৰ'দে লিখি ৰাখিছিল
তোমাৰ মোৰ
প্ৰতিশ্ৰুতিবোৰ
উতনুৱা দুটি মন
ক'ত বাৰু জিৰাইছিল
তেতিয়া ভবা নাছিলোঁ
এদিন
তোমাৰ মোৰ
ঠিকনা সলনি হ'ব
সেইবোৰ কথা এতিয়া
পঞ্চতন্ত্ৰৰ সাধুৰ দৰে
সোঁৱৰণিৰ সমাধি খান্দি
বিচাৰি আছোঁ মাথোঁ
ভগ্ন হৃদয়ৰ টুকুৰা।
----------------------------
প্ৰশ্নবোধক- অথবা
দাদুল ভূঞা
ক’ৰপৰা আৰম্ভ কৰি
ক’ত শেষ কৰিলোঁ
গমকে নাপালোঁ
খোলা খিৰিকীয়েদি
বহু দূৰণিলৈ চাওঁতে
মোৰ মনত ‘ৱেইটিং ফৰ গ’ডো’ৰ
এটা প্ৰশ্নই বাৰে বাৰে আহি আমনি কৰিলে
---“ নাথিং হেপেনছ্ ন’বডি কামছ্ ”
একো নঘটে যেতিয়া একো নহয়
কিবা যে নাই নাই ভাৱ এটাই দেখোন
মোক প্ৰশ্ন কৰে ?
উত্তৰটো কি হ’ব পাৰে-
যদিহে একো প্ৰশ্ন নাথাকে
নাইবা কোনোৱে একো প্ৰশ্ন নকৰে
আকাশ মানে যদি শূন্য
সেই শূন্যতাৰ শেষত আছে কি…?
যি শূন্যক আমি কেতিয়াও শূন্য বুলি ভাৱিব নোৱাৰো
নাইবা স্পৰ্শ কৰি চাব নোৱাৰো
আৰু এটি প্ৰশ্ন
গোলাকাৰ আকৃতিৰ পৃথিৱীখনো শূন্য নেকি ?
যি শূন্যতাৰ মাজত আমি
জন্ম, মৃত্যুৰ খেল-খেলোঁ
নে আমিবোৰ
এটি ধূলিকণা
যাৰ কোনো অস্তিত্ব নাই
নাই চিৰস্থায়ী ঠিকনা
তেন্তে জীৱন কি...?
শূন্যতাৰ দুহাতত বন্দি হোৱা
এটা প্ৰাচীন সাধুকথা
যি সাধুকথাই কেৱল ক্ষনিক সময়ৰ বাবে দিব পাৰে
এটা প্ৰশ্নবোধক
অথবা
জীৱনক বিচাৰি চোৱাৰ জোখেৰে
কিছু কল্পনাপ্ৰসূত
সময়ৰ বালিঘড়ী।
-------------------------------
যাত্ৰা
নিৰ্জু বৰগোহাঁই
আইৰ
বিশ্বাস,
আস্থা আৰু
মমতাৰ গভীৰতাৰে
আৱৰি থকা
নিৰাপত্তাৰ সনাতন মায়াময়
আন্ধাৰ গৰ্ভৰ পৰাই
মোৰ যাত্ৰা,
পল অনুপল অবিৰাম
যাত্ৰাৰ ক্ষণ
তেতিয়াৰ পৰাই
বায়ুৰ মুক্ত প্ৰবাহিত ধাৰে
শ্বাশ্বত বাসনাত সিক্ত
শেষ অনললৈকে
অবিৰত যাত্ৰা
কেকটাছ অথবা
কুসুম কোমল পথৰ
বক্ষ ভেদি ।
------------------------------
প্ৰশান্তি
মনচুমী কলিতা নাথ
সেউজ উপত্যকাত ৰৈ সেন্দুৰী আকাশত
বেলি ডুবাৰ দৃশ্য চোৱা বহু দিনেই হ'ল ।
দেখা নাই বহুদিন জোনাক জিলমিল নদীৰ বুকু ,
তৰা ভৰা আকাশত দেখা নাই বহুদিন চন্দ্ৰমাৰ হাঁহি।
বহু দিন নৈৰ বালিচৰত খোজ কঢ়া নাই,
সপোনৰ বৰষুণত বহু দিন দেহাটি তিয়োৱা নাই ।
যাম , আকৌ এবাৰ নদীৰ পাৰলৈ যাম ,
নদীৰ পাৰত বহি তৰা ভৰা আকাশ চাম,
নদীৰ বুকুত চিটিকি পৰা জোনাক বোৰ পি খাম।
বুকুলৈ উজাই আহিব বনৰীয়া সুগন্ধি,
কাণত বাজিব
নদীৰ কুলুকুলু ধ্বনি,
বাউলী বতাহৰ ৰু ৰুৱনী ।
সন্ধিয়াটো হেঁপাহ পলুৱাই উপভোগ কৰিম,
মোৰ সেউজী হৃদয়ত এখন ৰঙীণ ছবি আঁকিম।
আকৌ এবাৰ প্ৰকৃতিৰ মাজলৈ যাম ,
সেউজীয়া বোৰৰ বিনিময়ত মোৰ হৃদয়খন যাঁচিম।
ভাবিয়েই এক অজান পুলকত মন ভৰি গ'ল,
কল্পনাই হৃদয়ত শান্তিৰ প্ৰলেপ সানি গ'ল ।
--------------------------------
জীৱনৰ কবিতা
শিখা দত্ত
জানিও নাজানিলোঁ,বুজিও নুবুজিলোঁ
জীৱনৰ কুটিলতাকহে আদৰিলোঁ
সময়ৰ শৰ সময়ত নামাৰি
পদে পদে খালোঁ উজুটি ৷
ৰত্নাকৰক বাল্মীকি সজাবলৈ
মোৰ নিজস্বতা হেৰুৱালোঁ
নোৱাৰিলোঁ ,হয়তো নোৱাৰিম
কাৰন,এয়া কলিকাল !
নুশুনে কোনেও অন্তৰাত্মাৰ ক্ৰন্দন
নুবুজে ,নসহে কাৰো অভিমান
নহয় এয়া সত্যযুগ,
এয়াযে যন্ত্ৰৰ যুগ ৷
ইশ্বৰে গঢ়া একো একোটা যন্ত্ৰ
হৃদয়বিহীন নিষ্ঠুৰ মানৱ ৷
অনুপম জীৱনৰ অনুপম সৃষ্টি
নুবুজিহে আমি খাওঁ হাৰাশাস্তি
আধৰুৱা ৰঙবোৰ টনা আজোৰাত
চিনচাব নোহোৱা হ’ল
সাতোৰঙী ৰামধেনুৰ মান
ৰক্ষা হ’ল নীল আকাশত
ফুলক মোৰ হৃদয়ৰ মৰুদ্যানত
জাকতজিলিকা এপাহি ফুল
সেই ফুলৰ সুবাসত
আমোলমোলাওক চাৰিওদিশ ,
জীৱনব্যাপি দশোদিশ ৷
-------------------------------
অনামী আবেগ
নিজুমণি শইকীয়া বৰা
সন্তান হেৰুৱাই উচুপি থকা পথাৰখনৰ
বিষাদৰঙী সুৰটোৰ কঁপনিত
আকাশত তৰাফুল ফুলিছে
শুকান নৰাবোৰেও
এৰি অহা স্মৃতিৰ ক্ষণবোৰ সুৱঁৰি
বজাইছে বিষাদৰ কৰুণ সুৰ
এতিয়া
নদীতো নাই দুকুল ওপচি পৰা
শাওণৰ মাদকতাৰ ৰাগিণী
কি স'তেনো
যন্ত্ৰণাত হাউলি পৰা আইৰ
দুখৰ নদীত বুৰ গৈ
আশাৰ অপ্ৰকাশিত দিনলিপি বিচাৰোঁতে
কুৱঁলীৰ মাজত জলফাইৰঙী সপোন এটা
আগবাঢ়ি আহিল মোৰ অলক্ষিতে
ভাগৰুৱা হৈ পলকতে
কুঁৱলীৰ আৱৰণ গুচাই
কাচিজোনৰ পোহৰত মুখখন চাব বিচাৰোঁতে দেখিলোঁ
শীতৰ চেঁচা বতাহজাকে
মোৰ অশান্ত মনক
উৰুৱাই নিছে
এক অনামী আবেগেৰে।
---------------------------------
আমাৰ ধৰ্ম
দ্বীপজ্যোতি পৰশ
কৰ্মই ধৰ্ম
কৰ্ম কৰি যোৱা
কৰ্মই নিশ্চয় কৰিব ধৰ্ম
ধৰ্মৰ মূল প্ৰেম
প্ৰেম সকলোতে...
প্ৰেমতে নিহিত মানৱতা
মানৱতাই একমাত্ৰ ধৰ্ম
এই সংসাৰত।
------------------------------
আত্ম-কথন
কৃষ্ণ দৈমাৰী
আঁত হেৰাল ...
এটুকুৰা সেউজীয়া শিলে চিঞৰিছে
ইয়াত বহুতো শিল পৰি আছে
শিলৰ ফাঁকে ফাঁকে বিচাৰি চোৱাচোন
কিজানিবা ইয়াতে পোৱা
এৰা! অলপ জিৰণি ল'বৰ মন মেলিলোঁ
শিল টুকুৰাৰ বাউসীত
জানিবৰ হাবিয়াহ উপজিল
কাহানিও নিজান নপৰা শিলৰ গোপন কথা।
--------------------------------
শিপা
পল্লৱী মহন্ত
শিপাই সাৱটি থাকে
শতাব্দীৰ সভ্যতা
খামুচি থাকে আজীৱন আপোন মাটি
হেৰুৱাই পেলাব নোখোজে কাহানিও
আপোন সত্তা।
শিপা নহ"লে জহি খহি যাব
যুগান্তৰৰ আত্মাভিমান
শিপাই শিকায়--
নিজৰ স্থিতি হেৰুৱালে
কতোযে থাউনি নেপায়
শিৰ তুলি থিয় দিবলৈ
পৃথিৱীখনেইচোন হেৰায়।
----------------------------------
মই তোমাৰ প্রেমত পৰিছো
পৃথক কলিতা
সচাঁকৈয়ে মই তোমাৰ
প্ৰেমত পৰিছোঁ জানো
অলপ দূৰৈত জিলিকি উঠিছিল
আঙুলিৰ ফাঁকত একোছা সুতাৰে
ৰুইচা সপোন লেখি লেখি
এবাৰ সিমুৰলৈ এবাৰ ইমূৰলৈ
এডৰা মোৰ এডৰা তোমাৰ বাবে
পথাৰত আলি দিছা সেউজীয়া
বহুবাৰ উজুতি খাইছিল তাই
মই দেখিছোঁ দূৰৈৰ পৰা
বৈ আহিছিল তাইৰ হৃদয়ৰ সুবাস
মই নিজেই নিজক সুধিছো
মই তোমাৰ প্রেমত পৰিছোঁ জানো
তুমি আঁতৰি গৈ আছা
বুকুত সাবটি ৰৈ আছে এটি স্বপ্ন
যেন নদীৰ পাৰত
বকুলৰ গোন্ধ বিচাৰি ফুৰিছো
শুকান বালিত বিচাৰি ফুৰিছো
সোণোৱালী প্ৰেমৰ সৌৰভ
তোমাৰ প্রেমত পৰিছোঁ বাবে
উদং মজিয়াত শব্দৰ কোলাহল
ভাঙি ছিঙি বিয়পি পৰে দগ্ধ প্ৰেম
বুকুৰ গোপন কোণত উচুপিছো
নৈৰ ঘাটত নীৰৱ শূন্যতাত ৰৈ আছো
নৈ খনক তোমাৰ কথাই সুধিছো
আপোন বুলি ভাবিবলৈ
কোনোবা আছে নে বাৰু
তাই ৰুই গৈছে সেউজীয়া বোৰ
বুকুৰ নীলা বগা সপোন ।
----------------------------------
অনুবাদ কবিতা
উপহাৰ
মূলঃ ফৰৌখজাদ, ট্রান্স
ইৰাণীয় কৱিৰ কৱিতা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
চন্দ্ৰমা লহিওৱা কালত
মই দোভাগ ৰাতিৰ
গহন কোঁহৰপৰা কথা কওঁ৷
দোভাগ ৰাতিটোই
সাৰ পোৱাৰ কাহিনী কওঁ৷
হে বন্ধু! তুমি যদি মোৰ গৃহ
আলোকিত কৰিব খুজিছা
মোক এটি আলোকসন্ধানী পথ আঁকি দিয়া,
যাতে ভাগ্যবানসকলৰ আৱেশাবৃত হৈ
চাই থাকিব পাৰোঁ৷
The Gift
I speak from the deep end of night.
Of end of darkness I speak.
I speak of deep night ending.
O kind friend, if you visit my house,
bring me a lamp, cut me a window,
so I can gaze at the swarming alley of the fortunate.
–Forugh Farrokhzad, trans
_____________________
অন্য নীরবতা
দীনেশ সাউ
স্তব্ধতার মাত্রা মাপতে
একাকীত্ব মেনে নিয়েছি স্বেচ্ছায়।
যদি নির্বাসন ভাবো ভুল করবে,
যে নৈঃশব্দে শর্করার সংশ্লেষ হয়
-ক্লোরফিল কণায়
তাকে যখনই মাপতে চাই
একবুক তাজা অক্সিজেনে ভরে ওঠে অ্যালভিওলাই!
আর এক অন্য নীরবতা জাইলেম ফ্লোয়েমের মাঝে
সাইটোপ্লাজমের নিঃশব্দ রসস্রোত
সকাল কিংবা সাঁঝে।
তারপর আসে রাত্রির নির্জনতা
চুপকথাদের রূপকথা মেশা গোপন যত কথা
নিঃশব্দে ছড়িয়ে পড়ে আলোকবর্ষ ঘুরে
যেখানে অরুন্ধতীর দীপ জ্বলে নীরবে
বশিষ্ট্যের অনতিদূরে।
অন্য নীৰৱতা
মূলঃ দীনেশ সাউ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
স্তব্ধতাৰ গভীৰতা জুখিবলৈ
নিসঙ্গতাক স্বেচ্ছাৰে আকোঁৱালি লৈছোঁ৷
যদি সেয়া নিৰ্বাসন বুলি ভাবি লোৱা সেয়া ভুল কৰিবা
যি নৈশব্দত শৰ্কৰাৰ শালোক সংশ্লেষণ ঘটে
সেয়া যেতিয়াই জুখিব যাওঁ
এবুকু সতেজ অম্লজান উঠলি উঠে অ্যালভিওলাত!
জাইলেম ফ্ল’য়েমৰ হৃদয়ত
আৰু এটা অন্য নীৰৱতা
চাইট’প্লাজমৰ নিৰৱ ৰসস্ৰোত
পুৱা কিম্বা সন্ধিয়া।
তাৰপাছত আহে নৈশ নিৰ্জনতা
অব্যক্ত ৰূপকথাৰ গুপুত বেথা
নিঃশব্দে ঘুৰি ফুৰে আলোকবৰ্ষ জুৰি
য’ত অৰুন্ধতী তিৰবিৰায় নীৰৱে
বশিষ্ঠৰ আৱেশত৷
-----------------------------
জ্যোৎস্না গেছে মেরুদেশে
সৈকত নায়েক
মাকরসার জালের মতো নিঃশব্দে আছে পৃথিবী
আমি কি খুঁজছি? কি খুঁজছি আমি
আমার একাকিত্বে জ্বলছে আগুন
আগুন জ্বলছে৷
কোথাও ডাকেনা রাতপাখি
জ্যোৎস্না গেছে মেরুদেশে
আমি নিজেকে ভাঙছি
গলা দিয়ে পাকিয়ে পাকিয়ে নামছে ধোঁয়া
বিষের ধোঁয়া---
এসো, এই সময় আমরা একটা উৎসব করি
সভ্যতাকে ভাঙি দূরত্ব পাঁজরে
যারা দেঁতো হাসি হেসে বংশ রক্ষা করে যাচ্ছে
তাদের ভাঙবার একটু সূখ দাও৷
Ooooooooo
মেৰুৰ দেশত জোন-জোনালী
মূলঃ সৈকত নায়েক
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মকৰাজালৰ দৰে নিঃসাৰ-নিস্তেজ ধৰাখনি
কি বিচাৰিছোঁ আমি? কি বিচাৰিছোঁ
মোৰ নিসঙ্গতাত জ্বলিছে বহ্নি৷ বহ্নি জ্বলিছে
নিশাৰ ডাকিনীয়ে নিদিয়ে সহাৰি
মেৰুৰ দেশত জোন-জোনালী
মই নিজকে কৰিছোঁ নিঃশেষ
গলাধঃকৰণ কৰিছোঁ ধূম্ৰ
বিষবাষ্প---
আহা, এনে সময়ত আমি পাতোঁ উৎসৱ
সভ্যতাক মোহাৰোঁ দূৰত্বৰ পাঞ্জৰত
যিয়ে ভেঙুচালি কৰি সভ্যতা ৰক্ষা কৰি গৈছে
তেওঁলোকক সেইভাগেই জীয়াবলৈ দিয়া৷
-------------------------------------
প্রলয়ের ছবি
শুভেন্দু পালিত
মেঘমল্লার বাজিয়ে বৃষ্টির ছায়াছবি
দেখতে চেয়েছিলাম আমি, পৃথিবী এঁকে দিল
প্রলয়ের চিত্রনাট্য৷ হয়ত পৃথিবী থেকে হারিয়ে গেল
কালবোশেখীর রং মাখা সেতারিয়া মেঘমল্লার৷
আকাশ যদি ক্ষুব্ধ হয়, মাটি যদি রুষ্ট হয়, সাগর যদি
বিদ্রোহী হয়ে ওঠে, তাহলে বৃক্ষ অথবা পাখি
বিপন্ন হতে বাধ্য৷ নিরাপদ থাকবে না একটি শিশুও৷
আজ পৃথিবীর বুকে মৃত্যুর কবিতা লিখছে প্রকৃতি,
তাই গোধূলির কোলে বসে মেঘমল্লার বাজালেও
নেচে ওঠি না বৃষ্টি, এখন সময়ের ক্যানভাসে
ধূসর বর্ণে আঁকা কেবলই প্রলয়ের ছবি৷
Xxxxxxcccc
প্রলয়ৰ ছবি
মূলঃ শুভেন্দু পালিত
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
মেঘৰ গৰজনিত বৃষ্টিৰ ছায়াছবি
উপভোগ কৰিব বিচাৰিছিলোঁ মই,
ধৰিত্ৰীয়ে লিখিলে প্ৰলয়ৰ চিত্ৰনাট্য৷
হয়তো ধৰাৰপৰা হেৰাই যাব
বৰদৈচিলাৰ ৰং সনা চেতাঁৰীয় ঢেৰেকনি
আকাশ যদি ক্ষুব্ধ হয়,
মাটি যদি ৰুষ্ট হয়,
সাগৰ যদি বিদ্রোহী হৈ উঠে,
তেনেহলে গছ-বিৰিখ বিপন্ন হ’বলৈ বাধ্য৷ নিৰাপদে নাথাকিব শিশুকুল৷
আজি ধৰাৰ বুকুত
মৃত্যুৰ কৱিতা লিখিছে প্ৰকৃতিয়ে,
সেয়ে গধূলিৰ কোলাত বহি
মেঘে গৰজিলেও নৃত্য নকৰে বৰষাই,
এতিয়া কালৰ কেনভাচত
ধূসৰ বৰ্ণেৰে আঁকে কেৱল প্ৰলয়ৰ ছবি৷
-------------------------------
নীল আকাশ
পূজা তালুকদার
কবিতার অক্ষরদের আন্দোলন চলছে,
কোনও বর্ণ আর অক্ষর হতে চাইছে না৷
বর্ণের চাই অক্ষর, অক্ষরের চাই শব্দ,
শব্দের চাই ছন্দ, ছন্দের চাই কবিতা৷
আর কবিতা তো শুধু নীল আকাশ চায়,
তোমার বিষণ্ণতা কবিতাকে দিশেহারা করে দিয়েছে৷
Xxxxxxxxxx
নীলা আকাশ
মূলঃ পূজা তালুকদাৰ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
কৱিতাৰ বৰ্ণমালাৰ আন্দোলন চলিছে
কোনেও বৰ্ণ আৰু হৰফ হ’বলৈ নিবিচাৰে৷
বৰ্ণই বিচাৰে হৰফ, হৰফে বিচাৰে শব্দ
শব্দই বিচাৰে ছন্দ, ছন্দবোৰে বিচাৰে কৱিতা৷
আৰু কৱিতাই বিচাৰে মাথো নীলা আকাশ
তোমাৰ বিষণ্ণতাই কৱিতাক দিশহাৰা কৰিছে৷
________________¢_¢_¢___________________
ভাৱানুবাদক:ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
---------------------------------------------
1 Comments
লেখা প্ৰেৰণ কৰিব পাৰিম নেকি?
ReplyDelete