কাব্য কানন ৩য় বছৰ, ২য় সংখ্যা,ডিচেম্বৰ







 সম্পাদনা সমিতি 

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
 ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
 ড০ ৰমেশ কুমাৰ কাকতি
 প্ৰদীপ চন্দ্ৰ শৰ্মা
 চন্দন ভাগৱতী 
 পবিত্ৰ কুমাৰ নাথ

  সম্পাদক: নৱ ৰাজন 

  প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

  সহকাৰী সম্পাদক: অনামিকা ৰায়
  উৎপল কলিতা 
  ৰঞ্জন বৰা

  সম্পাদনা সহযোগী: সীমা গগৈ 
  অৰ্চনা ঠাকুৰীয়া
  সংগীতা বৰা
  বিশ্বজিত গগৈ
  
   কাৰ্যকৰী সদস্য: অংকুৰিতা ফুকন , তৃষ্ণা গগৈ,জাহ্নৱী কাকতি, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলি বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন

___________________________
বেটুপাত অংকন: ভাস্কৰ জে নাথ
বেটুপাত পৰিকল্পনা: নৱ ৰাজন
বেটুপাত ডিজাইন: হেমেন নাথ
----------------------------------------



সূচীপত্ৰ

সম্পাদকীয়   ◆নৱ ৰাজন           ১         
কবিতাৰ আড্ডা-৩ ◆উদয় কুমাৰ শৰ্মা           ২
কবিতা আৰু আত্মসমালোচনা ◆প্ৰদীপ শৰ্মা ৩
অথ: কবি -কবিতা সংবাদ-২  ◆উত্তম কুমাৰ কলিতা                     ৪

কবিতা ( পৃষ্ঠা ৫ - ১৩   )
তুমি ভালপোৱা... ◆ধ্ৰুৱকুমাৰ তালুকদাৰ    ৫
জাৰ  ◆ৰীতা বৰুৱা              ৬  
অগ্নিকলাই ◆কিশোৰ মনজিৎ বৰা       ৭
বিদায় দিবলৈও ...◆মাখন কলিতা        ৮
শলিতা ◆প্ৰাঞ্জল জ্যোতি দত্ত                 ৯
জীৱন মালিতা ◆ৰণ্ জিত গগৈ            ১০ 
চাহ বাগান ◆কিশোৰ বড়ো   ১১
বৰ্ষা অভিধান ◆মিণ্টুল হাজৰিকা ১১
পানী ◆জুবিলী গগৈ    ১২
তুমি  ◆সুশান্ত বড়া      ১৩

জুবিন গাৰ্গৰ সৈতে সাক্ষাৎকাৰ
সাক্ষাৎকাৰ গ্ৰহণ-নয়ন কাশ্যপ,নৱ ৰাজন ১৪

কবিতা (১৫- ২৩   )
নিয়ৰে তিয়াই ...◆নিভা গগৈ ১৫
৩৩  ◆ভাস্কৰ জে নাথ ১৬
নিয়ৰত সেমেকিছে দুখ ◆গুনীন চৌধুৰী ১৭
মোৰ হিয়াৰ আঘোণ ◆আঞ্জুমআৰা  হুছেইন ১৮
কঙালী ◆ধ্ৰুৱজ্যোতি শইকীয়া ১৯
মাটিৰ পুতলা ◆অৰ্জুন দাস   ২০
দুখৰ নৈখন...◆হিতেশ মেধি   ২১
সুখ ◆মেঘালী বৰুৱা শইকীয়া ২২
নাহিবি অ'  ◆জুৰি ভট্টাচাৰ্য ২৩

ব্যাকৰণ শিতান ◆বিনীতা গোস্বামী ২৪

কবিতা (  ২৫-   ৪১    )
কথাবোৰ হয়তো ◆সীমা গগৈ ২৫
এমুখ হাঁহি ◆গীতাঞ্জলি দেৱী ২৬
ছবিখন মোহাৰি ◆অমলা গগৈ  ২৭
মেকুৰী ইজ এ ...◆নৱকান্ত চাউদাং বৰুৱা  ২৮
কোন তেওঁ ◆মণিকা দাস  ২৯
আম্ৰপালী ◆অৰ্চনা ঠাকুৰীয়া  ৩০
মাটিৰ পৃথিৱীতে   ◆ববী দত্ত  ৩১
আই তই... ডo ৰমেশ কুমাৰ কাকতি  ৩২
সৰাপাত ◆প্ৰদীপ চন্দ্ৰ শৰ্মা  ৩৩
পুৰাতন  ◆অংকুৰিতা ফুকন ৩৪
চকু ◆গাৰ্গী ভূঞা ৩৫
অভিমান ◆বিভা দেৱী ৩৬
সময় ◆গিতাঞ্জলি বৰকটকী ৩৭
মাষ্টৰ ◆বন্দনা সন্দিকৈ ৩৮
দুখৰ বুকুৰ কবিতা ◆প্ৰাগজ্যোতিষ শইকীয়া ৩৯
বান্ধোন ◆ৰুমী দেৱী ৪০
ৰামধেনুৰ ৰং ◆জ্যোতিৰ্ময় শৰ্মা ৪১

কাব্য গুঞ্জন ◆সংগীতা বৰা   ৪২

কবিতা ( ৪৩-  ১০৭   )
শীতৰ শেষ চিঠিখন ◆মনমী ভট্টাচাৰ্য   ৪৩
উৰি আহক ◆পুৱালী বৰুৱা শৰ্মা  ৪৪
সপোনটো...◆ বৰ্ণালী কলিতা    ৪৫
বতৰাৰ অভাৱ ◆ভূমিকা দাস    ৪৬
এমুঠি আঘোণ ◆জ্যোতি দত্ত     ৪৭
জীৱনৰ দস্তাবেজ ◆ৰশ্মি দলে   ৪৮
হাড় ভগা ...◆ নিপু কুমাৰ দাস    ৪৯
গধূলিৰ বৰ্ণময় ছবি ◆অঞ্জুৰয় বৈশ্য   ৫০
আৰ্তনাদ  ◆ৰেখা বৰকটকী    ৫১
হৃদয়ৰ সুৰ ◆উপমা ভূঞা পাঠক   ৫২
শিল ◆পবিত্ৰ বৰগোঁহাই   ৫৩
ঘোঁৰাবোৰ...ড০ ইকবাল হোছেইন খান   ৫৪
এঙেৰুৱা ◆জয়ন্ত বৰুৱা   ৫৫
দোমোজাত ◆হিমাজ্যোতি তালুকদাৰ   ৫৬
মানসী ◆পৃথক কলিতা     ৫৭
শৰৎ ◆নমিতা চৌধুৰী      ৫৮
নাৰীৰ অস্তিত্ব ◆বিশ্বজিৎ গগৈ   ৫৯
অভিমানী মনৰ...◆আশা কাকতি দাস  ৬০
কল্পনাত প্ৰেমৰ তৰংগ ◆কন্দৰ্প কুমাৰ কলিতা ৬১
সংবেদনশীল ...◆অসীম দত্ত ৬২
কবি ◆ৰূপজ্যোতি শইকীয়া   ৬৩
প্ৰেম ◆অৰুণ ভূঞা   ৬৪
শৰতৰ অনুভৱ ◆নীলিম নয়ন ৬৫
জুই লগা সময় ◆দেবানন্দ পেগু  ৬৬
বাঘজান ◆ধ্বনিতা তালুকদাৰ  ৬৭
নীলা খামৰ চিঠি ◆ৰবিন কুমাৰ চেতিয়া ৬৮
আঘোণ ◆অঞ্জনা শইকীয়া ৬৯
সাম্প্ৰতিক ◆মইনুল হক চৌধুৰী ৭০
ফলক ◆দিলাল আহমেদ ৭১
আশা ◆ৰাস্না বনিয়া বৰুৱা ৭২
ইতিহাস ◆কিৰণ দাস  ৭৩
এজাৰফুলীয়া ◆ৰঞ্জনা দেৱী ৭৪
নিয়ম ◆দেবজিৎ পাটোৱাৰী  ৭৫
শীতৰ মালিতা ◆ৰাজীৱ দত্ত  ৭৬
জেঠী ◆ৰিজুমণি দেৱী ৭৮
নৈপৰীয়া কথা ◆প্ৰদীপ দাস ঠাকুৰ ৭৯
বিষাদে বতাহে স্বপ্নম জ্যোতি কলিতা ৮০
ৰসায়নৰ এখন খেল ◆দীপাংকৰ ভূঞা ৮১
নৈ:শব্দ ◆ইপুল হুছেইন ৮২
আঘোণ ◆লক্ষ্যহীৰা শইকীয়া ৮৩
আঘোণ ◆নিৰ্জু বৰগোঁহাই  ৮৪
ৰঙা হৃদয় ◆তনজিৎ বৰুৱা ৮৫
এই বাট ◆জিতুৰাজ ৰায় ৮৬
মাটিৰ চাকিৰ সপোন ◆গৌৰী দেৱী ৮৭
শৰৎ ◆মৌচুমী দাস ৮৮
হাবিয়াহ ◆ৰুলা ভূঞা ৮৯
প্ৰত্যাশা ◆জাহ্নবী কাকতি ৯০
নিসংগ  ◆ অসীম ঠাকুৰীয়া  ৯১
স্বৰ্ণালী দিনৰ কথা ◆ছানিয়াৰ ইয়াছমিন ৯২
শীতৰ কবিতা  ◆মনচুমী কলিতা নাথ  ৯৩
বৃত্তৰ ◆খূৰ্ছীদ আনছাৰী ৯৩
আঘোণৰ সন্ধিয়া ◆এনী ভূঞা ডেকা ৯৪
জুবিন গাৰ্গ ◆গীতাৰ্থী ঠাকুৰ  ৯৫
শৰৎ ◆হিমাদ্ৰী দাস  ৯৬
সেউজীয়া ধল ◆অনিতা মেধি মিশ্ৰ ৯৭
আবেগৰ ধুমুহা ◆গুণা শংকৰ মহন্ত ৯৮
পাখি ভগা ◆ ৰূপজ্যোতি হাজৰিকা দত্ত ৯৯
তোমালৈ ◆শিল্পীৰেখা গগৈ ১০০
পথাৰ ◆যোগেশ্বৰ লাগাছু ১০১
তাই আৰু প্ৰেম ◆ তপোবন হাজৰিকা ১০২
নদীখনে ◆বিকাশ হাজৰিকা ১০৩
নিৰাশ ◆দ্বিজুমনী হাজৰিকা ১০৪
তুমি আহিলে ◆সুদক্ষিণা ভূঞা ১০৫
এডাল এনাজৰী ◆সান্তনা শইকীয়া ১০৬
অনুৰাগ ◆অৰ্পনা নাথ।    ১০৭

অনুবাদ আৰু বিদেশী কবিতা       ১০৮
◆ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
◆প্ৰদীপ চন্দ্ৰ শৰ্মা



---------------------------------------------------------
সম্পাদকীয়
                     বাটচ'ৰা

   মই কিয় লিখোঁ ? লিখি মোৰ কি লাভ ? এই প্ৰশ্নবোৰে মাজে মাজে বাৰুকৈয়ে ভাবুক কৰি তোলে । মনত দোলা দিয়া ভাৱনাক পৰিশীলিত ৰূপত হৃদয়স্পৰ্শী হৱাকৈ উপস্থাপন কৰাৰ অন্তৰালত আত্ম-প্ৰতিষ্ঠাৰ কথাও নথকা নহয়।
   কেৱল মোক দহ জনে চিনি পাওক বুলিয়ে নিলিখিলেও, জনপ্ৰিয়তা অর্জন কৰাৰ প্ৰতি আমি গম নোপোৱাকৈয়ে আমাৰ এটি বিশেষ টান থাকে ।কথাটো এইখিনিলৈ ঠিকেই থাকে ;যেতিয়ালৈ অলপ-অচৰপ জনপ্ৰিয়তা অর্জন কৰাৰ পাছতে,শ্ৰেষ্ঠত্ব জাহিৰ কৰিবলৈ  অসাহিত্যসুলভ মানসিকতাৰে বিভিন্ন ধৰণৰ কৰ্মত ব্ৰতী নহওঁ ! দুই-এটা  কবিতা মান্য আলোচনীত প্ৰকাশৰ জৰিয়তে বহুতৰে বাঃ বাঃ আদায় কৰাৰ পাছতে পাঠকক,পাঠক জ্ঞান কৰিব নোখোজা মানসিকতাই কবি সত্তাকে জানো অপমান নকৰে ! গোটেই জীৱন কবিতাৰ নামত উৎসৰ্গা কৰাৰ পাছতো নিজকে কবি বুলি স্বীকাৰ নকৰা হীৰুদাৰ কথা আমি সময়ত পাহৰি থাকোঁ । 
   হীৰুদাই কোৱাৰ দৰে পঠনেহে কবিতাৰ পূৰ্ণতা আনে। কিন্তু যেতিয়া এই পঠন-বৃত্তৰ ব্যাসাৰ্ধ সীমিত হয়,তেতিয়া কবিতাৰ প্ৰকৃত উদ্দেশ্যৰ পূৰ্ণতা প্ৰাপ্তি সম্ভৱপৰ নহয়। 
   কবিতা এক বিশেষ শিল্প। কিন্তু এই শিল্পই সৰ্ব
সাধাৰণৰ হদয় আন্দোলিত কৰিব পাৰিব লাগিব। এই শিল্প হ'ব লাগিব সৰ্বসাধাৰণৰ হৃদয়ৰ কণ্ঠ । আৰু এয়া সম্ভৱপৰ কৰি তুলিবলৈ ,কবিতাইও এক নিৰ্দিষ্ট বৃত্তৰ পৰিধি ভাঙি ওলাই আহিব পাৰিব লাগিব সাধাৰণ জনতাৰ হৃদয়লৈ...
   উদাহৰণস্বৰূপে আমাৰ শৈশৱ,কৈশোৰ জীপাল কৰি ৰখা সেই কবিতা-যি আজিও আমাৰ হৃদয়ত তাহানিৰ দৰেই সপ্ৰতিভ ;  আগলৈও এইদৰেই চিৰসেউজ হৈ থাকিব । সহজ-সৰল ভাষাৰে নিৰ্মিত ,সৰ্ব সাধাৰণৰ ওঁঠৰ ভাষা,সেই কবিতাবোৰ জানো  শিল্প নাছিল !দুৰ্বোধ্য মানেই শিল্প নহয়।সৰলতাতহে 
প্ৰকৃত শিল্প নিহিত হৈ থাকে।মোৰ বোধেৰে সৰলতা-এক জটিল কলা । 
   সাম্প্ৰতিক সময়ত নিজস্ব শৈলীৰে বহু কেইগৰাকী কবিতা-সাধকে সাধাৰণ পাঠকৰ হৃদয় অধিগ্ৰহণ কৰি ল'বলৈ সক্ষম হৈছে।যদিও তেওঁলোক, কবিতা-সমালোচকৰ দৃষ্টিত এলাগী । তেওঁলোকেও সমালোচকৰ কথাত কোনো হতাশ নহৈ ,নিজৰ বাট নিজে কাটি ল'বলৈ সক্ষম হোৱাৰ লগতে নৱ প্ৰজন্মৰ বাবে তেওঁলোক হৈ পৰিছে প্ৰেৰণাৰ উৎস। আচলতে নিজৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ সমালোচক নাই।
   আমি বিশ্বাস কৰোঁ-ডাষ্টবিন শুৱনি কৰি থকা কবিতাবোৰেও এদিন সাধাৰণ পাঠকৰ হৃদয়লৈ নিৰ্মল নদীহৈ বৈ আহিব ।একাগ্ৰতা,সাধনা আৰু চর্চাৰে নিজকে কবিতাত ব্ৰতী কৰি ৰখা সাধকক সময়ে এদিন নহয় এদিন স্বীকৃতি দিবই । মাথোঁ আমাক লাগিব অধ্যয়ন,সাধনা; থাকিব লাগিব মানৱীয় সত্তা আৰু জীৱনৰ প্ৰতি প্ৰবল ভালপোৱা। আমি জীৱনত কি পালোঁ বুলি ভবাৰ সমান্তৰালকৈ আনক কিমান দিলোঁ ,সমাজৰ বাবে কি কৰিলোঁ , সেই
কথাবোৰো অনুধাৱন কৰিব পাৰিব লাগিব। 
    কবিতাক নিৰ্দিষ্ট বলয়ৰ পৰা মুক্ত কৰি সাধাৰণ পাঠকৰ বুকুলৈ ধাবিত হ'বলৈ দিব লাগিব। 
  কবিতা- কিতাপৰ পাতৰ পৰা উঠি আহি মানুহৰ তেজে- তেজে ,হৃদয়ে-হৃদয়ে খোদিত হ'ব লাগিব।
 কবিতা-সৰ্বশ্ৰেণীৰ পাঠকৰ হৃদয়ে হৃদয়ে অনুৰণিত হ'বই লাগিব।
               


                  নৱ ৰাজন
                   সম্পাদক
                 কাব্যকানন
                 
কাব্যকানন-১
-------------------------------------------------------------
কবিতাৰ আড্ডা -৩
উদয় কুমাৰ শৰ্মা



                         (১)
               ( ভাষা সম্পৰ্কে )

   এটা জাতিৰ  সভ্যতা-সংস্কৃতি, ভাষাৰ 
ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ৷ অৰ্থাৎ,  ভাষাৰ বিকাশেই  -- সেই জাতিৰ বিকাশৰ পৰিচায়ক ৷ এটা জাতি, মহত্ত্বৰ আখ্যাৰে ভূষিত হ’বলৈ হ’লে -- বিজ্ঞান যদি এখন ভৰি হয়, আনখন ভৰি হ’ব -- সেই জাতিৰ ভাষা ৷
   ভাষা,ডোঙা বন্ধা পানী নহয় ; বোঁৱতী সুঁতিহে ৷ মহৎ সৃষ্টিৰ আঁৰৰ ৰহস্যটোও হ’ল -- ভাষাই ৷
   কবিসকল ভাষাৰ যাদুকৰ ৷ ভাষাৰ কথনশৈলী বা প্ৰকাশভংগীৰে , কবিয়ে পোনতে, পাঠকৰ মনটো ফুচুলাই চুৰ কৰি লৈ যাব পাৰিব লাগে ৷ ভাষাৰ কালিকা, ঐশ্বৰ্য বা বিভূতি লুকাই থাকে -- ইয়াক ব্যৱহাৰ কৰাৰ নিপুন কৌশলত ; সিজোৱা কণী , সূতাৰে বা কটাৰীৰে দুফাল কৰাৰ দৰে কিটিপত ৷
  খেলিমেলি লাগিবপৰা, ভাষা-বিষয়ক কিছুমান কথাৰ উল্লেখ কৰা হ’ল :
যথা --
  #উৰ ৷ চিলা উৰে ৷ চিলাখন উৰিল ৷ মই উৰুৱালোঁ ৷ তুমি উৰুৱালা ৷ চিলাখন উৰি হেৰাল ৷
 #ভগা ৷ কাপটো ভাগিল ৷ মই ভাঙিলোঁ ৷ তুমি ভাঙিলা ৷ সি ভাঙিলে ৷
 #ছিগ্‌ ৷ সূতাডাল ছিগিল ৷ মই ছিঙিলোঁ ৷ তুমি ছিঙিলা ৷ ছিগিব নোৱৰা সূতা ৷
 #হেৰোৱা ৷ কলমটো হেৰাল / হেৰাই থাকিল ৷ মই হেৰুৱালোঁ ৷ তুমি হেৰুৱালা ৷ সি হেৰুৱালে ৷ কলমটো হেৰুৱাই, সি দুুখ পালে ৷যিকোনো বস্তু হেৰুওৱাটো দুখদায়ক
 #পঠোৱা ৷ ডাকত পঠাবা ৷ মই ডাকযোগে পঠিয়াম / পঠিয়াই দিম ৷ তুমি পঠিয়াবা / পঠিয়াই থাকিবা ৷
 #গোঁঠা ৷ জাপি গোঁঠাটো সহজ নহয় ৷ মই গুঁঠো / গুঁঠিব পাৰোঁ ৷ মই গুঁঠিলোঁ ৷ তুমি গুঁঠিলা ৷
 #সোধা ৷ সোধাচোন ৷ তুমি সোধা ৷ মই সুধিলোঁ ৷ তুমি সুধিলা ৷ সি সুধিব ৷
 #নোৱাৰ্‌ ৷ বলে নোৱৰা শিলক ... ৷ মই নোৱাৰোঁ / নোৱাৰিছোঁ ৷ তুমি নোৱাৰা ৷ তই / তহঁতে নোৱাৰ ৷ সি / তাই / আপুনি নোৱাৰে ৷ [ তাই নোৱৰা হৈছে ; চুব নোৱৰা হৈছে ৷] 

                     (২)

     “জনপূৰ্ণ নিৰ্জ্জনত অকলশৰীয়া” -- চন্দ্ৰকুমাৰ আগৰৱালা ৷৷

   'জনপূৰ্ণ’ ( অলেখ মানুহৰ সমাগম ) হ’লে, 'নিৰ্জন’ হয় কেনেকৈ ? -- গুণে গুণে এই  #বিৰোধ # সমাধান কৰিব লাগিলে -- কবিৰ  অভিপ্ৰেত অৰ্থলৈ লক্ষ্য কৰিব লাগিব ৷ সেয়া হৈছে -- জনসমাগমৰ মাজত থাকিও, কবিয়ে নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছে ৷

    বিৰোধ যেন লাগে ; কিন্তু, প্ৰকৃততে বিৰোধ নহয় ৷ দেখাতহে বিৰোধ যেন লগাকে “বিৰোধাভাস অলংকাৰ” ( অৰ্থালংকাৰ ) বোলা হয় ৷

    বিৰোধাভাস অলঙ্কাৰ তিনি প্ৰকাৰৰ :

   (১) দ্ৰব্য আৰু দ্ৰব্যৰ মাজৰ বিৰোধ ৷ যেনে -- বিহ আৰু অমৃত , জুই-পানী ৷

   (২) গুণৰ লগত গুণৰ বিৰোধ ৷ যেনে -- সৰু-বৰ , ব্যাপক-ক্ষুদ্ৰ, দীঘল-চুটি ৷

   (৩) ক্ৰিয়াৰ লগত ক্ৰিয়াৰ বিৰোধ ৷ যেনে -- যোৱা আৰু থকা, ন যযৌ ন তস্থৌ ৷

   [ অলংকাৰ কি, কিয়নো প্ৰয়োজন -- সেয়া, কবিৰ বাবে বৰ গুৰুত্বপূৰ্ণ নহয় ৷ কিন্তু, 'ৰাতিৰ বাঁহীৰ সুৰটোৰ দৰে অকলশৰীয়া’ আৰু 'জনতাৰ ভিৰৰ মাজৰ নিৰ্জনতা’ -- এনেবোৰ কথালৈও, এগৰাকী কবি মনোযোগী হোৱাটো ভাল ৷ ] 
                  ( ৩)

 ( ২ নং “আড্ডা”ত বিৰোধাভাস অলঙ্কাৰৰ বিষয়ে কোৱা হৈছিল ৷ এইটো বিৰোধ , প্ৰকৃততে 'বিৰোধ’ নহয় ; দেখাতহে বিৰোধ ৷ ]

 #বিষম অলঙ্কাৰ

    পৰস্পৰ সমূলি মিল নথকা দুটা কথাৰ বি-ষম সম্বন্ধৰ বৰ্ণনা দিয়াকে 'বিষম অলংকাৰ’ বোলে ৷ বিষমত থকা বিৰোধ --  বিৰোধ হৈয়ে থাকে ৷ ইয়াৰ সৌন্দৰ্য -- অমিলৰ সহাৱস্থানত ৷

   উদাহৰণ : 
      (ক) হাতী চুৰ কৰি আগে আগে যায়
                   বেঙেনা চোৰক ধৰে
          নাকটো কাটিলে লাজটো নালাগে
                   নখটো কাটিলে মৰে ৷

 -- এই পটন্তৰটোত -- হাতী চোৰক নধৰি, বেঙেনা চোৰক ধৰা ; নাক কটা যোৱাত লাজ নোহোৱা , অথচ নখ কটাত মৰা -- এইবোৰ প্ৰকৃত বিৰোধ ৷ 

     (খ) ক্ব সূৰ্য্যপ্ৰভৱো ৱংশ, ক্ব চাল্পবিষয়া মতি:”

 -- ক’ত সেই সূৰ্যৰ পৰা উদ্ভৱ হোৱা মহান বংশ আৰু, ক’ত মোৰ ক্ষুদ্ৰ মতি ৷ সূৰ্য-বংশৰ মহত্ত্ব আৰু, কবিৰ 'মতি’ৰ ক্ষুদ্ৰত্ব -- এই দুটাৰ বি-ষম দেখুৱাই এক চমৎকাৰিত্বৰ সৃষ্টি কৰা হৈছে ৷ ইয়াৰ বিৰোধ, বিৰোধেই ৷

    এনে বিৰোধক ওচৰাওচৰিকৈ দাঙি ধৰাত -এক প্ৰকাৰ উক্তিবৈচিত্ৰ্যৰ উদ্ভৱ হৈছে।■

কাব্যকানন-২
-------------------------------------------------------

কবিতা আৰু
আত্মসমালোচনা
প্ৰদীপ শৰ্মা





                           (১)
    কবিতাত কবিয়ে নিজৰ আৱেগ-অনুভূতি,
চিন্তা, উপলব্ধি আৰু অভিজ্ঞতাকে প্ৰকাশ কৰে। এই সকলোবোৰ কবিৰ নিজৰ অৰ্থাৎ ব্যক্তিগত। যিহেতু ব্যক্তি হিচাপে কবি এখন সমাজৰো অন্তৰ্ভুক্ত, সেয়েহে তেওঁৰ উপলব্ধি আৰু অভিজ্ঞতা সমাজক বাদ দি সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে, ক'ব পাৰি, কবিৰ আৱেগ - উপলব্ধিৰ কাব্যিক প্ৰকাশৰ মাজত এখন বৃহত্তৰ সমাজৰো আৱেগ - উপলব্ধিৰ আভাস কিঞ্চিৎ হ'লেও প্ৰতিফলিত হোৱাৰ সম্ভাৱনা থাকে। সমাজে প্ৰশ্ৰয় দিয়া অনীতি-অনিয়মক কবিয়ে সমৰ্থন কৰিব পাৰে, নকৰিবও পাৰে, প্ৰতিবাদ কৰিবও পাৰে বা এইবোৰলৈ কাণ নকৰি নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰিব পাৰে। একেটা কথা সমাজৰ যোগাত্মক নীতি- নিয়ম সমূহৰ ক্ষেত্ৰত কবিৰ প্ৰতিক্ৰিয়াৰ প্ৰসংগতো প্ৰযোজ্য। কবিৰ প্ৰতিক্ৰিয়া যিয়েই নহওঁক, সামাজিক কোনো নীতি- নিয়ম বা পৰিঘটনাৰ পৰা সম্পূৰ্ণ বিছিন্ন হৈ কবিয়ে তেওঁৰ কাব্য সৃষ্টি চলাই যাব নোৱাৰে। আজিৰ এই বিশ্বায়নৰ যুগত কাৰ্যতঃ সি অসম্ভৱ। কবিতা এটা লিখি প্ৰকাশ নকৰালৈকে কবিৰ স'তে পাঠকৰ সম্পৰ্ক নঘটে। কিন্তু প্ৰকাশ কৰিবলৈ নিৰ্দিষ্ট ব্যৱস্থা লোৱাৰ পাছত কবিতা পাঠকৰ বাবে মুকলি হৈ পৰে। পাঠকে পঢ়কে বা নপঢ়কে। এই প্ৰসঙ্গতে কবিৰ দায়বদ্ধতাৰ কথাও আহি পৰে। ফেচবুক, ৱাটছ এপ, কাকত, আলোচনী, সংকলন, গ্ৰন্থ–কবিতা প্ৰকাশৰ মাধ্যম এতিয়া অসংখ্য। কবিৰ সংখ্যাও কম নহয়। এয়া খুবেই আশাপ্ৰদ। অত্যাধুনিকতাই বিপৰ্যস্ত কৰা এই অৰ্থ সৰ্বস্ব যুগত এচামে যে কাব্যচৰ্চা অব্যাহত ৰাখি পাঠকৰ স'তে সংযোগ স্থাপন কৰিব বিচাৰিছে–সেয়া নিশ্চয় আমাৰ সাহিত্যৰ বাবে উৎসাহজনক। কিন্তু তাকেই কৰিবলৈ যাওঁতে কবিয়ে আমাক নতুন কিবা চিন্তাৰ খোৰাক দিবলৈ সক্ষম হৈছে নে নাই সেয়াও বিবেচনাৰ ভিতৰলৈ আনিব লাগিব। কবিতা আত্মপ্ৰকাশৰ মাধ্যম হোৱাৰ সলনি আত্মবিজ্ঞাপনৰ মাধ্যম হ'লে পাঠক বিৰক্ত হয় ( সাহিত্যৰ আনবোৰ বিভাগৰ ক্ষেত্ৰতো একেই কথা)। ইলেকট্ৰনিক আৰু ভাৰ্ছুৱেল মিডিয়াৰ আগ্ৰাসনৰ মাজত পাঠকৰ সংখ্যা কমি আহিছে বুলি আফছোছ শুনা যায়। তাতেই যদি আকৌ বিৰক্তিকৰ বা অৰ্থহীন লেখা পাঠকলৈ আগবঢ়াই দিয়া হয় তেতিয়া অৱশিষ্ট পাঠককূলো আঁতৰি যাব, পাঠক নাথাকিলে লিখি জানো কিবা লাভ হ'ব, আত্ম-তুষ্টিৰ বাহিৰে? সেয়েহে প্ৰকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে কবিয়ে নিজেই নিজৰ সৃষ্টি সমালোচকৰ দৃষ্টিৰে অৱলোকন কৰা উচিত। নিজেই নিজৰ ৰূপত বিভোৰ নাৰ্চিছাছ হোৱাৰ সলনি কবি অজিৎ বৰুৱাৰ দৰে প্ৰশ্ন কৰা উচিত–' হে সহৃদয় পাঠক, কি বা লিখিলোঁ?"  (এই প্ৰশ্ন কৰা উচিত প্ৰথমতে নিজকে)। যিহেতু কবিতা এটাৰ প্ৰথম পাঠক কবি নিজেই।
        সমাজৰ বৃহৎ অংশটোৱেই সাহিত্যৰ স'তে জড়িত নহয় ; বা সাহিত্যই মানুহৰ জীৱনত বিশেষ একো প্ৰভাৱো বিস্তাৰ নকৰে। অন্ততঃ পোনপটীয়াকৈ । কিন্তু সাহিত্য অধ্যয়ন নকৰিলেও মানুহে সাহিত্যক অৱজ্ঞা নকৰে, বৰঞ্চ সমীহ বা সন্মানহে কৰে। কবি, লেখকে এই সন্মানৰ মূল্য উপলব্ধি কৰা উচিত। কিন্তু আত্মসমালোচনা নাথাকিলে এই উপলব্ধি সম্ভৱ জানো?
        আমি ভাবোঁ, সমাজত বিচ্ছিন্ন দ্বীপৰ দৰে কাম নকৰি নাইবা নিজৰ নিজৰ ক্ষুদ্ৰ গোষ্ঠীৰ মাজতে মতবিনিময়ত ব্যস্ত নাথাকি কবি বা লেখকসকল যদি বৃহত্তৰ জনগণৰ স'তে সম্পৰ্ক স্থাপনত আগ্ৰহী হয়, জনসাধাৰণৰ সুখ-দুখ, আৱেগ-উপলব্ধিৰ অংশীদাৰ হোৱাৰ বাবে সচেষ্ট হয়– তেনেহ'লে তেওঁলোকৰ লেখায়ো নিশ্চয় জনসাধাৰণৰ আশা-আকাংক্ষা, অভিজ্ঞতাক সঠিক ৰূপত তুলি ধৰিব পাৰিব। পাঠককো আকৰ্ষণ কৰিব পাৰিব।
        বহুতেই ভবাৰ দৰে কবিতা লেখা সহজ কৰ্ম নহয়। কবি জ্ঞান পূজাৰীৰ মতে কবিতা হ'ল 'জুইৰ স'তে কৰা ধেমালি' সদৃশ। তীব্ৰ আত্মসমালোচনাৰে বিদ্ধ ব্যক্তিৰ বাবেহে এনে উক্তি কৰা সম্ভৱ। সদ্য প্ৰয়াত কবি নলীনধৰ ভট্টাচাৰ্যই যেতিয়া কয়–"সঁচাক সঁচা বুলি ক'বলৈ বল নাইকীয়া হৈছে (ননী আছনে ঘৰত), তেতিয়া পাঠকেও উপলব্ধি কৰে কবিৰ সততা আৰু মহত্বক।
                        ( ২)
           অসমত সম্প্ৰতি কবিতা বনাম অকবিতা বা ভাল কবিতা বনাম বেয়া কবিতাৰ বিতৰ্ক মৌখিক আলাপ-আলোচনা বা সভা সমিতি কিম্বা কবি সন্মিলনৰ মজিয়াতে আৱদ্ধ নাথাকি ছপা কাকত-আলোচনীৰ পৃষ্ঠালৈকে বিস্তাৰিত হৈছে। এনে বিতর্কই পাঠক বা শ্রোতাক স্পৰ্শ কৰিবলৈকো সক্ষম হৈছে। শ্ৰোতা / পাঠকে এনে বিতৰ্কত অংশগ্ৰহণ কৰিছে। নকৈ নোৱাৰি, কবিসকলৰ আত্মাসমালোচনাৰ অভাৱেই এনে বিতৰ্কৰ সৃষ্টি কৰিছে। পাঠকক কেতিয়াবা বিভ্ৰান্ত আৰু কেতিয়াবা বিতুষ্ট কৰিছে। পাঠকে কেতিয়াবা ভাবিবলৈ বাধ্য হৈছে– কবিয়ে নিজে কি লিখিছে নজনাকৈয়ে কবিয়ে কবিতা পাঠ বা প্ৰকাশ কৰিছে।  কবিতা নিলিখা যিসকল ব্যক্তি কবিতাৰ পাঠক, সেইসকলৰ একাংশই বিৰক্ত হৈছে। কেইদিনমানৰ আগতে এনে এগৰাকী পাঠকৰ প্ৰতিক্ৰিয়াৰ বিষয়ে জনাৰ সুযোগ ঘটিছিল। এখন আগশাৰীৰ আলোচনীত প্ৰকাশিত কবিতা এটাৰ কবিগৰাকীক লগ পাই তেওঁ কবিতাটিত কবিয়ে কি ক'বলৈ খুজিছে জানিব বিচাৰিছিল ( কবিগৰাকী তেওঁৰ পৰিচিত)। উত্তৰত কবিগৰাকীয়ে হেনো বুজালে– কবিতাৰ বিশেষ অৰ্থ বা উপস্থাপিত বিষয়ৰ সম্পৰ্কে পাঠকে জনাৰ সিমান প্ৰয়োজন নাই। কাৰণ ই কোনো কংক্ৰীট বস্তু নহয়, এবষ্ট্ৰেক্ট বস্তুহে, অৰ্থাৎ বাস্তৱ বস্তু নহয়, বিমূৰ্ত্ত বস্তুহে। পাঠকগৰাকীয়ে আৰু কি উত্তৰ দিব? কিন্তু তেওঁ কবিগৰাকীক পুনৰ প্ৰশ্ন কৰিলে–কবি গৰাকীৰ নিজৰ প্রিয় অসমীয়া কবি গৰাকী কোন বাৰু? কবিয়ে উত্তৰত নীলমণি ফুকনৰ নাম উচ্চাৰণ কৰিলে। পাঠক গৰাকীয়ে ফুকনৰ কোনটো কবিতা বা কোনখন সংকলনৰ কবিতা কবি গৰাকীৰ খুব প্রিয় বুলি জানিব বিচাৰিলে। এইবাৰ কবি নিৰুত্তৰ হৈ ৰ'ল। পাঠকগৰাকীৰ মতে কাকত - আলোচনীৰ সম্পাদকসকলৰ উদাসীনতা বা অৱজ্ঞাৰ বাবেও সামগ্ৰিকভাৱে অসমীয়া কবিতা ক্ষতিগ্ৰস্ত হৈছে। পৃষ্ঠা পূৰোৱাৰ বাবেহে যেন মাজে মাজে তেওঁলোকে কবিতা ছপায়– পাঠকগৰাকীৰ অভিমত হ'ল এনে। ইয়াৰ ফলত কিন্তু অইন কবিও ক্ষতিগ্ৰস্ত হয়। কবিয়ে পাঠক হেৰুৱায়; অসমত এতিয়া ট্ৰাকে ট্ৰাকে কবি, অদ্ভুত অৰ্থহীন লিখিলেও সি কবিতা হয় আদি এনে ধৰণৰ উপৰুৱা মন্তব্য ( পঢ়ক উপলুঙা) শুনিবলগীয়া হয়।
           আমাৰ ধাৰণা, এই সমস্যাটো সকলো কবিৰ ক্ষেত্ৰত নহয়। যিসকল কবিৰ কবিতা সম্পৰ্কীয় ধাৰণা বা এই সম্পৰ্কত নিজৰ আত্মবিশ্বাস অস্পষ্ট তথা দুৰ্বল হয় তেওঁলোকৰ কবিতাৰ ক্ষেত্ৰত এনে সমস্যা হয়। প্ৰথমতে কবিগৰাকী নিজেই স্পষ্ট নহয় তেওঁৰ বক্তব্য কি। দ্বিতীয়তে কবিয়ে কবিতা লিখে আত্মপ্ৰকাশৰ মাধ্যম হিচাপে। দেখাত কবিতা লিখা সহজ যেন লাগে, যিহেতু কবিতাৰ দৈঘ্য কম হয়। কিন্তু বিখ্যাত কবিসকলৰ কবিতা এটা লিখিবলৈ ( সম্পূৰ্ণ কৰিবলৈ) কেতিয়াবা কেবাবছৰৰো প্ৰয়োজন হয়। অৰ্থাৎ কবিতা ৰচনা এক কষ্টসাধ্য কাম। প্ৰখ্যাত বা প্ৰতিষ্ঠিত কবিসকলৰ কবিতা পাঠ কৰিলে  এই কথাষাৰ সহজে বুজিব পাৰি যে কবিতাৰ বিষয়বস্তুৰ কোনো সীমা নাই। মানুহৰ সকলোধৰণৰ অনুভৱ, অভিজ্ঞতা আৰু প্ৰতিক্ৰিয়াই কবিতাৰ বিষয় হ'ব পাৰে। এতিয়া কথা হ'ল কবিগৰাকীয়ে কেনেধৰণে ইয়াক প্ৰকাশ কৰিছে। ইয়াতেই আঙ্গিকৰ কথাটো আহি পৰে। এইকথা স্বীকাৰ কৰিব লাগিব যে আঙ্গিক বা ষ্টাইল সদায় সময় সাপেক্ষ। বৈষ্ণৱ যুগৰ কবিতাৰ আঙ্গিকত আধুনিক কবিতা ৰচিত হ'ব পাৰে জানো? প্ৰখ্যাত কবিসকলৰ প্ৰতি গৰাকীৰে আঙ্গিক সুকীয়া সুকীয়া। নিজৰ মৌলিক প্ৰতিভাৰে তেওঁলোকে ইয়াৰ সৃষ্টি কৰে। কবিতাক বিশুদ্ধ সৃজনশীল সাহিত্য কৰ্ম বোলাৰ ইয়ো এক কাৰণ। কবিতা ৰচনা যুগ যুগ ধৰি চলি অহা এক ধাৰাবাহিক প্ৰক্ৰিয়া। পৰৱৰ্তী প্ৰতিগৰাকী কবিয়েই তেওঁৰ পূৰ্বৱৰ্তী কবিসকলৰ উত্তৰাধিকাৰ। কিন্তু সেইবুলি পূৰ্বৱৰ্তী বা অগ্ৰজ কবিৰ বিষয় বা আঙ্গিক অনুকৰণ কৰি কবিতা ৰচনা কৰিলে নিজৰ মৌলিক প্ৰতিভাৰ পৰিচয় দিয়া হ'ব জানো? নিশ্চয় নহয়। কিন্তু বাস্তৱত বহুসময়ত এনে অনুকৰণ সর্বস্বতাহে দেখা যায়। কবিৰ আত্মসমালোচনাৰ অভাৱৰ বাবেই এনে হয়। ( গল্প বা উপন্যাসৰ ক্ষেত্ৰত কিন্তু ইয়াক দেখা নাযায়)। কম চেষ্টাতেই নিজৰ নাম প্ৰতিষ্ঠাৰ হাবিয়াসেই নিশ্চয় ইয়াৰ কাৰণ। অৰ্থাৎ কবিৰ ছিৰিয়াছনেছ বা নিজস্ব দৃষ্টিভংগীৰ (দৰ্শনৰ) অভাৱ। হয়তো সেইকাৰণেই সম্প্ৰতি সাৰ্থক কবিতাৰ সংখ্যা কম। ■

কাব্যকানন-৩
-------------------------------------------------------

 অথ: কবি - কবিতা সংবাদ
হৰ্হে লুইছ বৰ্হেছৰপৰা ফে'চবুকলৈ-  ২
উত্তম কুমাৰ কলিতা
     



      বৰ্হেছৰ লেখনি পঢ়িলে পাঠকৰ মন প্ৰাণ ভৰি উঠে। অনাবিল সন্তুষ্টিৰ লহৰে পাঠকৰ মন আন্দোলিত কৰি তোলে । সেয়েহে বহু পাঠকে বিনাদ্বিধাই স্বীকাৰ কৰে যে বৰ্হেছৰ লেখনি পঢ়াৰ পাছত অইন কোনো লেখকৰ লেখনি পঢ়াৰ প্ৰতি স্পৃহা কমি যায়। অৱশ্যে এয়া অনস্বীকাৰ্য। কিংবদন্তি লেখক গাৰ্ছিয়া মাৰ্কেছেও  লিখি গৈছে তেখেতৰ গোটেই সত্তাত কেনেকৈ বৰ্হেছ বিয়পি আছে। 
      অপৰিসীম জ্ঞান, সৃজনশীলতা, কল্পনাশক্তিৰ যাদুকৰী কৌশলৰ গৰাকী বৰ্হেছ বিংশ শতাব্দীৰ অন্যতম প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ লেখক। অসাধাৰণ পাণ্ডিত্যৰ বাবে বৰ্হেছ অকল এটা জাতি, এখন দেশৰ লেখক হিচাপে স্বীকৃত নহৈ বিশ্ববন্দিত লেখক হৈ পৰিছিল। ১৮৯৯ চনত আৰ্জেন্টিনাৰ চহৰ বুয়েনাৰ্ছ আয়াৰ্ছত জন্ম লভা বৰ্হেছ আছিল বহুমাত্ৰিক লেখক। সাহিত্যৰ প্ৰতিটো বিভাগতে আছিল তেওঁৰ অবাধ দখল। তেওঁৰ সাহিত্যিক জীৱন গোলাপৰ পাহিৰে সজাই থোৱা বিছনাৰ দৰে নাছিল। অপৰিসীম কৃচ্ছ সাধনাৰে তেওঁ স্পেনিছ সাহিত্যৰ জগতত ভোটা তৰাৰ দৰে উজলি উঠাৰ বহু বছৰ পাছতহে বিশ্বৰ অইন দেশত তেওঁ সমাদৃত হৈ  বিশ্ব সাহিত্য জগতত মহানায়কত পৰিণত হৈছিল। বৰ্হেছৰ লেখাসমূহৰ অভিনৱত্ব, চমৎকাৰিত্ব, সন্মোহনী তান বিশ্বৰ অইন লেখকসকলে উদ্ঘাটন কৰিছিল তেওঁৰ মৃত্যুৰ পাছতহে। ১৯৫৫ চনত তেওঁ আৰ্জেন্টিনাৰ জাতীয় গ্ৰন্থাগাৰৰ পৰিচালক হিচাপে নিযুক্ত হৈছিল। প্ৰবাদ আছে যে সেই সময়ত গ্ৰন্থাগাৰটোত সংগ্ৰহ থকা আটাইবোৰ গ্ৰন্থ তেওঁ হৃদয়ংগম কৰিছিল। কোনোবা পাঠকে কোনো গ্ৰন্থৰ বিষয়ে সুধিলে সেই গ্ৰন্থখনৰ কোনটো পৃষ্ঠাত সেইবিষয়ে সন্নিবিষ্ট আছে সেইকথাখিনিও কৈ সকলো কথা আঁতিগুৰি মাৰি বুজাই দিছিল, যিসময়ত ৰোগাক্ৰান্ত হৈ তেওঁ সম্পূৰ্ণৰূপে অন্ধত্বক আঁকোৱালি ল'বলৈ বাধ্য হৈছিল। গোটেই জীৱন তেওঁ কবিতা লিখিছিল যদিও  এনেকুৱা লাগে যেন তেওঁ সম্পূৰ্ণৰূপে অন্ধ হৈ যোৱাৰ পিছত কবিতা লিখাৰ প্ৰতি চখ যেন বাঢ়িহে হৈছিল, নিজৰ অদ্ভুত শক্তিৰে।
      সমগ্ৰ বিশ্বতে বৰ্হেছ মূলতঃ গল্পকাৰ হিচাপে অধিক খ্যাতি লাভ কৰিলেও তেওঁৰ উদ্ভাৱনী শক্তিৰে লিখি উলিওৱা কবিতাসমূহ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কবিতাসমূহৰ অন্যতম। বৰ্হেছে নিজেও নিজক কবি হিচাপেহে পৰিচয় দি ভাল পাইছিল। তেওঁ নিজে কৈছিল অদূৰ ভৱিষ্যতে পৃথিৱীৰ মানুহে তেওঁৰ কবিতাসমূহক আঁকোৱালি লৈ কবি বুলি মনত ৰাখিব নহ'লে তেওঁৰ নাম সম্পূৰ্ণৰূপে মচি পেলাব। বৰ্হেছ আছিল তেওঁৰ উত্তৰসুৰী কবি লেখক সকলৰ অনুপ্ৰেৰণাৰ অমল উৎস। এইসকলৰ মাজত গাৰ্ছিয়া মাৰ্কেছ, মাৰিঅ' বাৰ্গাছ ইয়'ছা, মিছেল ফুকো আদি বিশ্ববিশ্ৰুত লেখকসকল প্ৰণিধানযোগ্য।
      এটা সময় আছিল কোনো এটা লেখা বা কবিতা প্ৰকাশ কৰাটো ইমান সহজ ব্যাপাৰ নাছিল, কিয়নো প্ৰকাশ কৰিবলৈ মঞ্চৰ বাৰুকৈয়ে অভাৱ আছিল। কবিতা এটা লিখি উলিওৱাৰ পাছত সেইটো কোনো আলোচনী বা খবৰ কাগজলৈ ( এইবোৰো সীমিত সংখ্যহে আছিল) ডাকঘৰৰ জৰিয়তে পঠিওৱাৰ ৰোমাঞ্চ, তাৰপাছত দুমাহ-তিনিমাহৰ নিৰন্তৰ অপেক্ষা। কেতিয়াবা কোনো লেখা প্ৰকাশ হোৱাৰ খবৰ পোৱাত মুখমণ্ডলত বিয়পি থকা আনন্দ, উছাহৰ ঢল, আলোচনীখন বা কাকতখন লগতলৈ ইজন-সিজনক দেখুৱাই ফুৰাৰ মাদকতা, ক্ৰমশঃ হেৰাই যাব ধৰিছে ভাৰ্চুৱেল জগতৰ বিস্তাৰৰ বাবে। সামাজিক মাধ্যমৰ প্ৰসাৰৰ ফলশ্ৰুতিত ছপা মাধ্যমলৈ অশনি সংকেত কঢ়িয়াই অনা বুলি বহুতে সন্দেহ প্ৰকাশ কৰি আহিছে। মনলৈ অহা ভাৱক কবিতাৰ ঠাঁচত মোবাইলত টাইপ কৰি ফেইচবুকত পোষ্ট কৰি দিলেই কবিতা হয় বুলি ভবাতো কিন্তু আত্মঘাতী কুচকাৱাজ। আলোচনী - কাকতৰ সম্পাদক বা সম্পাদনা সমিতিৰ নিৰীক্ষণৰ অন্তত প্ৰকাশ হোৱাৰ যিটো প্ৰক্ৰিয়া ফেইচবুকত সেইটো অনুপস্থিত। সেইবাবেই এই মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব খোজা কবিতা বা অইন লেখাৰ ক্ষেত্ৰত লেখক কবি সকলে অধিক সচেতন হোৱাটো দৰকাৰ। কিন্তু কাৰ্য্যক্ষেত্ৰত ইয়াৰ ওলোটা ছবি এখনহে আমি দেখা পাওঁ। নিজেই সম্পাদক নিজেই নিৰ্বাচক হোৱাৰ সুবিধাতো কিছুসংখ্যকে অন্য দৃষ্টিৰে লৈ ফেইচবুকৰ নঞৰ্থক দিশটোত ইন্ধন যোগাই আহিছে। আগতেও কৈছোঁ মানসম্পন্ন লেখাৰ বাবে মাধ্যম অন্তৰায় হ'ব নালাগে, লাগে সেইটো ফেইচবুকৰ জৰিয়তে প্ৰকাশ নহওক কিয়। মানসম্পন্ন লেখাক মান্যতা দিয়াটো অতীব জৰুৰী। 
      ফেচবুকৰ জৰিয়তে এদল প্ৰতিশ্ৰুতিসম্পন্ন লেখক - কবিৰ জন্ম হোৱাটো বৰ সুখৰ খবৰ, সেইসকলৰ বাবে যিসকলে প্ৰকৃতাৰ্থত লেখা-মেলা কৰি ভালপায়। নিজৰ কবিতাক শ্ৰেষ্ঠ জ্ঞান কৰি গঙ্গাটোপ হৈ ঘূৰি ফুৰা সকলৰ বাবে কিন্তু ফেইচবুকীয়ান কবিসকলৰ উন্নতি মূৰৰ কামোৰণিহে হৈ পৰে। এনে মানসিকতাৰ কবিকুলৰ কবিতাৰ পোহৰে কিমানদূৰ বাট বুলিব সন্দেহ। 
      পেৰুৰ ঔপন্যাসিক মেৰিঅ' ভাৰ্গাছ য়'ছাই কৈছিল," লিখিবলৈ বহাৰ মুহূৰ্ততেই প্ৰতিগৰাকী লেখকে ঠিৰাং কৰি লয় তেওঁ এগৰাকী ভাল লেখক হ'ব নে বেয়া লেখক।" এই কথাখিনি মূলতঃ ফেইচবুকৰ জৰিয়তে কাব্য চৰ্চা কৰি থকা লেখক-কবিকূলে প্ৰতিমুহূৰ্ততে মনত ৰখাটো ভাল। কবিতাক জনমুখী কৰাৰ স্বাৰ্থত বা অসমীয়া ভাষাক জীয়াই ৰখাৰ ধাৰণা এটাৰ বশৱৰ্তী হৈ শব্দৰ অশুদ্ধ ব্যৱহাৰ, ভুল বাক্যবিন্যাস, নিৰ্জীৱ-নিস্প্ৰাণ বাক্যাংশৰে দিনে নিশাই গণ্ডাই গণ্ডাই কবিতা জন্ম দিয়াটো যুক্তিসংগত কথা নিশ্চয় হ'ব নোৱাৰে। কবিতাক পণ্য সামগ্ৰীৰ পৰ্যায়লৈ অধঃনমিত হোৱাটো কোনোৱে নিবিচাৰে। কিয়নো কবিতা লিখাতো একপ্ৰকাৰ ধ্যান। কবিতা সাধনাৰ বস্তু। অপৈনতপৰা পৈণত অৱস্থালৈ গতি কৰাটো এটা স্বাভাৱিক প্রক্রিয়া ; ইয়াৰ বাবে লাগে পৰ্যাপ্ত অনুশীলন আৰু অধ্যয়ন। একেদিনাই কোনোৱে মানসম্পন্ন কবিতা লিখিব নোৱাৰিবও পাৰে ; হতাশ নহৈ আমি চৰ্চা অব্যাহত ৰাখিব লাগে। 'সাধনা স্বতঃলব্ধ, কিন্তু অনুশীলন আৰ্জিত' । নতুন লেখক -কবিয়ে নিজৰ প্ৰতিভাৰ উৎকৰ্ষ সাধনত প্ৰবৃত্ত হৈ ব্যক্তিগত ভাৱনাক উন্নত পৰ্যায়লৈ নিবৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগে।
       ফেচবুকৰ জৰিয়তে এদল ভাল কবিৰ জন্ম হোৱা কথাটো আগতে উনুকিয়াইছোঁ। এনেধৰণৰ বহু কবি মোৰ বন্ধুত্বৰ তালিকাত আছে, যিসকলে নিষ্ঠাৰে কবিতা চৰ্চা কৰি আছে। এখেতসকলৰ কবিতা প্ৰতিষ্ঠিত আলোচনী, কাকত আদিতো প্ৰকাশ হোৱা দেখিবলৈ পাওঁ। এনেকুৱা বহু ভাল কবিক মই মূলতঃ ফেইচবুকৰ মাধ্যমেৰে চিনি পাওঁ বা প্ৰথম ফেইচবুকতে এখেতসকলৰ কবিতা পঢ়িছিলোঁ। এনেকুৱা পাঁচগৰাকী কবিৰ কবিতা সম্পৰ্কে দুষাৰ লিখিবলৈ মৰসাহস কৰিছোঁ, সেইবাবে শ্ৰদ্ধাৰ কবিকেইগৰাকীৰ লগতে পাঠকৰ ওচৰত ক্ষমা বিচাৰিছোঁ ; কিয়নো সম্পূৰ্ণ ব্যক্তিগত মত এটাহে দাঙি ধৰিব বিচাৰিছোঁ।

গুনীন চৌধুৰী 
                 প্ৰবীণ কবি গুনীন চৌধুৰীয়ে ফেইচবুকত কেইবাটাও উচ্চ মানসম্পন্ন কবিতা প্ৰকাশ কৰিছে। জীৱন - জগত সম্বন্ধে অভিজ্ঞতাৰে পুষ্ট কবিগৰাকীৰ  কেবাটাও কবিতাত তেখেতৰ অধ্যয়নলব্ধ চিন্তাধাৰাৰ বাস্তৱিক ৰূপ এটা আমি দেখিবলৈ পাওঁ। স্বকীয় অভিজ্ঞতা, অনুভৱক ভিন ভিন আংগিক আৰু কৌশলেৰে গুনীন চৌধুৰীদেৱে তেখেতৰ কবিতাসমূহ লিখে। তেখেতৰ কবিতাসমূহ প্ৰেম, যৌৱন, মৃত্যু, জীৱনৰ আত্মোপলব্ধিৰ দলিল।  প্ৰতিষ্ঠানিক ক্ষমতাৰ বিৰুদ্ধে প্ৰতিবাদী মানসিকতা, আৰ্তজনৰ হাঁহাকাৰ আদি  ফুটাই তুলিবলৈ শ্লেষাত্মক ভঙ্গীৰেও তেখেতে কবিতা লিখে। গভীৰ জীৱনবোধৰ কবিতাসমূহত বৈ থাকে অন্তৰ্লিন কাব্যিক স্পন্দন।
     "মই কিছু কবিতা 
     তোমালোকৰ বাবে এৰি থৈ যাম
     আলমাৰিটোৰ পুৰণি ফাইলৰ মাজত
     মোৰ মৃত্যুৰ পিছত সময়লৈ এদিন 
     সেইখিনি লৈ বহিবা
     যুকিয়াই লৈ ৰিজাই চাবা
      সেইবোৰ আচলতে কবিতা নে জীৱন"
                 তেখেতৰ কবিতাত তলসুৰীয়া অৰ্থ এটা সদায় বিদ্যমান ; প্ৰচুৰ ইংগিতময়। কবিতাৰ ভাষা সৰল-সহজ হ'লেও ভাব বহুমাত্ৰিকা। কথ্য ভাষাৰ গল্পমুখী ষ্টাইলেৰে লিখা কবিতাসমূহ অজস্ৰ পাঠকৰদ্বাৰা পঠিত।

হেমন্ত কুমাৰ দেৱচৌধুৰী
                    দেশী -বিদেশী সাহিত্যৰ অধ্যয়নেৰে জ্ঞানৰ ভঁৰাল টনকিয়াল কৰা প্ৰবীণ কবি হেমন্ত কুমাৰ দেৱচৌধুৰীদেৱ। তেখেতৰ কবিতাত বৈদগ্ধ্যপূৰ্ণ ভাৱনাৰ সন্ধান পোৱা যায়। কবিতাসমূহৰ মাজত বিচাৰি পোৱা যায় সময়ৰ বুকুত প্ৰোথিত জীৱনৰ স্তৱক। বিভিন্ন সময়ত সমাজত সংঘটিত বিভিন্ন  ঘটনা প্ৰতিঘটনাৰ ছবি তেখেতৰ কবিতাত পোৱা যায়। তেখেতৰ কবিতাসমূহ কল্পনা, মননশক্তি, অভিজ্ঞতাৰ শিল্পোন্নত বহি:প্ৰকাশ। কালদিয়াৰ পাৰত নিজৰ শৈশৱ কটোৱা দেৱচৌধুৰীদেৱে কবিতাৰ মাজত কালদিয়াক সজীৱ কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি সফল হৈছে। 
 "গোটেই পৃথিৱীখন যেতিয়া শুই থাকে নিৰলে
 তুমি বৈ থাকা অকলে
 দুপাৰলৈ চাবলৈ আহৰি নাই তোমাৰ
         
  তোমাৰ পাৰৰ মুক্তিধামত 
  দপদপকৈ জ্বলি আছে চিতা
  তুমি পাহৰাই ৰাখা
  পানীৰ সোঁতত উটি যায় মোৰ প্ৰাণ" 
         গ্ৰামীণ জীৱনৰ ছন্দস্ৰোতক নিজৰ জীৱনৰ লগত সংপৃক্ত কৰি বুদ্ধিদীপ্ত আনুভূতিক ঐশ্বৰ্য্যৰে কবি দেৱচৌধুৰীদেৱে পাঠকৰ হৃদয়ত আঁকিব খোজে জীৱন, সমাজ, পৰিবেশৰ নিপুণ চিত্ৰ। লোকায়ত জীৱনৰ সূক্ষ্ম পৰ্যবেক্ষণেৰে নিৰ্বাচিত শব্দৰ অনুশাসনেৰে স্বতন্ত্ৰ ভাষাৰীতি প্ৰয়োগ কৰি উচ্চ মানবিশিষ্ট কবিতা ৰচনা কৰি পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 
         
নিবেদিতা হাজৰিকা
              অধ্যয়ন আৰু অনুশীলন অবিহনে অসমীয়া আধুনিক কবিতাৰ ৰস আহৰণ কৰিব যোৱাটো পৰ্বতত কাছ কণী বিচাৰিব যোৱা কথাৰ লেখীয়া। অসমীয়া বেছিভাগ পাঠকৰে অধ্যয়ন আৰু অনুশীলনৰ অভাৱ বুলি এটা অভিযোগ সততে উত্থাপিত হৈ আহিছে। নিবেদিতা হাজৰিকাৰ বেছিভাগ কবিতা বুজিবলৈ অধ্যয়নলব্ধ জ্ঞানৰ দৰকাৰ। চিত্ৰকল্প, প্ৰতীক, অলংকাৰৰ প্ৰয়োগনৈপুণ্যতা তেওঁৰ কবিতাত দেখা পোৱা যায়। ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰকল্পৰ পয়োভৰ তেওঁৰ কবিতাত বেছি।
              "এলডা কেঁচুমতা দেখুৱাই
              মাকে ক'লে
              এতিয়া পৃথিৱীৰ জ্বৰ বাপু
              কেঁচুৱে যে নখন্দা হ'ল
              অসুখী আইৰ বিষাদ বুকু।"
              তেওঁৰ কবিতাসমূহৰ মাজলৈ সোমাব পাৰিলে সৃজনশীল মনৰ পৰিচয় পোৱা যায়। প্ৰতীকী ব্যঞ্জনাৰে সমৃদ্ধ,নতুন চিন্তা, নতুন অন্বেষণত ব্ৰতী হাজৰিকাৰ কবিতাসমূহ ভাৱঘন। এওঁৰ কবিতাসমূহত কবিতাৰ হৃদস্পন্দন শুনিবলৈ পোৱা যায়। আংগিকৰ  বৈচিত্ৰই ভৱিষ্যতে কবিক অনন্য কৰি তুলিব বুলি আমি আশাবাদী। 
              
জুমি ভূঞা বৰা
                
              কোমল, মিহি শব্দ ব্যৱহাৰ কৰি সতেজ কবিতা লিখি অহা কবিসকলৰ ভিতৰত জুমি ভূঞা বৰাও অন্যতম। প্ৰচলিত শব্দ ব্যৱহাৰেৰে অসাধাৰণ ভাৱ প্ৰকাশ কৰিবপৰা ক্ষমতাৰে পাঠকৰ মাজত জনপ্ৰিয় হোৱা কবি। অসমীয়া চহা জীৱনৰপৰা বুটলি অনা  ঘটনাপ্ৰৱাহক শব্দৰে আটিলকৈ বান্ধিব জানে কবিগৰাকীয়ে। তেওঁ ব্যৱহৃত শব্দৰ লালিত্যই কবিতা সুখপাঠ্য কৰি তোলে। 
 "শীত ফালি বগা হাতীৰ হাওদাত কোন বহি
  এইফালে আহিছিল
   কোনে কৈছিল কেঁচাসোণৰ সম্ভ্ৰান্ত জৰা"
         উদীপ্ত, ৰসাল শব্দসম্ভাৰেৰে কবিতাৰ শৰীৰ সৃষ্টি কৰি অন্য এক আমেজত পুলকিত কৰি ৰাখিব পাৰে পাঠকক। নিজৰ উপলব্ধ সত্যক অৰ্থ, চিত্ৰ আৰু গতিৰে কবিতাত অনন্য মাত্ৰা প্ৰদান কৰি পাঠকৰ হৃদয় আলোদ্ৰিত কৰে। তেখেতৰ প্ৰকাশভংগী সৰল, ভাষা নিমজ।
  "কলঙৰ আকাশত মিলি যোৱা চিনাকি মাতটোক
  তাই খেপিয়াই ধৰিলে বতাহৰপৰা"
     প্ৰতিভাৰ যথাসাধ্য পৰিশ্ৰমৰে মনৰ সৃজনশীলতাৰ যথাৰ্থ সমন্বয় কৰোৱাত কবি সৰ্বদাই ব্ৰতী।
                                      
মনিন্দ্ৰ কাকতি
                    'বোম্ব ব্লাষ্টেৰে জ্বলাই দিম তোমাৰ চহৰ' কবিতাৰে জনপ্ৰিয় হৈ পৰা সম্ভাৱনাময় উদীয়মান কবি মনিন্দ্ৰ কাকতি। মনিন্দ্ৰৰ কবিতাসমূহৰ মূল উপজীৱ্য হৈছে প্ৰেম। তেওঁৰ বেছিভাগ কবিতাৰ মাজেৰে ফুটি উঠে নিৰাশা, হতাশা, দুঃস্বপ্ন, পাই হেৰুৱাৰ দুখৰ নিটোল ছবি। 
      "ইমান আন্ধাৰ বুকুত
        ইমান অন্ধকাৰ মোৰ দুচকুত
        অথচ,ইমান আন্ধাৰৰ মাজতো
        ক'ৰপৰা নামি আহে
       তোমাৰ স্মৃতিৰ অৱশেষ পোহৰ"
       অতিমাত্ৰা বৰ্ণনাধৰ্মী হ'লেও তেওঁৰ কবিতাসমূহ পাৰভঙা প্ৰেমৰ উচ্ছ্বাস,
প্ৰাণচঞ্চল উপলব্ধিৰে উমাল। কাকতিৰ কবিতাসমূহ প্ৰাণস্পৰ্শী, পঢ়ুৱৈক আৱেগিক কৰিবপৰা । সুঠাম - সবল শব্দমালাৰে কবিতাৰ কেন্দ্ৰীয়ভাৱক নিখুঁত চিত্ৰায়ন কৰিবপৰাটো কাকতিৰ কবিতাৰ সফলতা। 
   
কাব্যকানন-৪
                                          (ক্ৰমশঃ)
------------------------------------------------------
              

তুমি ভালপোৱা কুকুৰটো
ধ্ৰুৱকুমাৰ তালুকদাৰ 

কুকুৰে খেদোতে নে বৰলে কামোৰতে
দৌৰি আহি তোমাৰ ঘৰৰ বাৰান্দাত
উঠিলো!

বৰষুণ নাছিল 
বৰষুণ আহিল
বৰষুণত তিতি তিতি এহাল কাউৰী 
পদূলিৰ নঙলা-মাৰিত বহি আছে ...

ক'লৈ যাম বুলি ওলাই আহিছিলোঁ 
তোমাৰ ঘৰৰ বাৰান্দাত উঠি
সেই কথা পাহৰি গ'লোঁ...

মই ওলাই আহোতে আকাশত মেঘ আছিল নে ৰ'দ 
পুৱা আছিল নে দুপৰীয়া
পাহৰি পাহৰি মই 
সোঁ-হাতৰ কেঞা আঙুলিৰ নখটো কামুৰি থাকিলোঁ...

আচৰিত ভাবেই মোৰ সমুখত বহি থকা তোমাৰ পোহনীয়া কুকুৰটো লাহে লাহে এটা পুতলা হৈ অহা দেখিলো...
মোৰ মূৰৰ ওপৰত উৰি থকা বৰলবোৰ লাহে লাহে মোৰ জেপলৈ সোমাই আহিল 
আৰু একো একোটা মুদ্ৰা হৈ পৰিল...

এতিয়া সেই মুদ্ৰাবোৰ খৰছ কৰি
পুতলাটো মই কিনি ল'ম
ল'ম নে কিনি
তুমি ভালপোৱা কুকুৰটোৰ !


কাব্যকানন-৫
-------------------------------------------------

জাৰ
ৰীতা বৰুৱা

নঙলামুখৰপৰাই মেলানি মাগে
বিয়লিৰ বেলি

ঠক্‌ ঠক্‌কৈ কঁপাই 
বুকুৰ বতাহ
সোঁ সোঁৱাই সোমাই আহে
কুঁৱলীৰ চোলা পিন্ধা গধূলি

থৰকাছুটি হেৰায়
পিতাইৰ এৰী কাপোৰখনৰ
আইৰ গৰম চোলাটোৰ
ৰ'দ যোৱাৰ আগতেই সামৰি থোৱা
খৰিকেইডালৰ

আঙনি উঠোৱা জুই একুৰাত 
জাহ যায়
ওৰেটো জাৰ ।

কাব্যকানন-৬
------------------------------------------------
অগ্নিকলাই
কিশোৰ মনজিৎ বৰা

ৰাংকুকুৰৰ হাবিত জোনৰ কি দৰকাৰ

ডুবি যা তহঁত, ডুবি ডুবি মৰ

তহঁতৰ শীত খেদা জুই
কেতিয়াও মগজুলৈ সংক্ৰমিত নহয়

আধা জ্বলি যোৱা বস্তিত
এতিয়াও থৈলাৰ বস্তাত বহি আছে ঈশ্বৰ

ভোকৰ ঈশ্বৰক ভাত দিবলৈ
তালৈ তহঁত কিয় যাবি

চিমেণ্ট ফেক্টৰীৰ বনুৱাহঁতক গুৰ খোৱাই
আৰু কিমানদিন অন্ধ কৰি ৰাখিবি

ফুলৰ থোপাত জুই দিবলৈ অহা দস্যুহঁতক
অগ্নিয়ে মাফ নকৰে

ডুবি যা কুকুৰহঁত
ডুবি ডুবি মৰ


কাব্যকানন-৭
------------------------------
বিদায় দিবলৈও এখন অন্তৰ লাগে
মাখন কলিতা

বিদায় দিবলৈও এখন অন্তৰ লাগে
যেনেকৈ লাগে ভাল পাবলৈ

স্নেহময় দুবাহুৰ এখন তোৰণ ওঁঠৰ এটি ফুলাম হাঁহি
অন্তৰৰ উমাল আলোড়ন
আবেদন নিবেদন

ইয়াতকৈ কি আছে সঁচা
ইয়াৰ বাহিৰে কোনে তুলিব পাৰে
সপ্ত সুৰৰ ধ্বনি

বিদায়ৰ ভাষাৰ কোনো বৰ্ণ নেথাকে
যেনেকৈ নেথাকে ভালপোৱাৰ
অন্তৰে বুজি পায় অন্তৰে অন্তৰক বুজায়
আঁতৰি গৈয়ো আঁতৰি নেযায়

বিদায় দিব পৰাজনৰ বাবে দূৰত্ব দূৰত্ব হৈ নাথাকে
বিদায় দিব পৰাজনৰ আবেগৰ নদীৰ পানী নুশুকায়
বিদায় দিব পৰাজনৰ স্মৃতিৰ  মণিকোঠা সদায় সেউজীয়া
বিদায় দিব পৰাজনৰ হাততে থাকে ক্ষমাৰ ভৰপূৰ পাত্ৰ

বিদায় দিব পৰাজনে লৈ ফুৰে সদায়েই বুকু ভৰাই ভালপোৱা
ওঁঠত ৰক্তিম হাঁহি 
দুচকুত দুটা লুনীয়া হ্ৰদ

বিদায় দিবলৈও এখন অন্তৰ লাগে
যেনেকৈ লাগে ভাল পাবলৈ

বিদায় দিব নোৱৰাজনে 
কাকো কেতিয়াও ভাল পাব নোৱাৰে

কেৱল ভাৰ ব'ব পাৰে শীতল এখন বুকু
চকুত ঘৰিয়ালৰ চকুলো
ওঁঠত হায়েনাৰ হাঁহি।

কাব্যকানন-৮
-----------------------------------------------
শলিতা 
প্ৰাঞ্জল জ্যোতি দত্ত

শলিতাক সোধো -কিয় জ্বলি উঠা ?
শলিতাই কয় – তোমাক চাবলৈ
মই সোধো –মোক চাই কি নো পাবা?
শলিতাই কয়  - এদিন আমাক পোহৰাবা

দলিয়াই গৈ থাকো এডাল এডালকৈ 
পোৰা শলিতাবোৰ
শলিতাবোৰে ৰ-লাগি চাই থাকে মোলৈ
কাহানিও সিঁহতৰ এঙেৰুৱা চকুত
পোহৰ হৈ উঠিব নোৱাৰিলোঁ
 
অথচ মোক লৈ সপোন দেখে শলিতাবোৰে 
এটা সূৰ্য হৈ উঠিম আৰু পোহৰাম 
নষ্ট আকাশ
( আচলতে প্ৰতিজন মানুহকে লৈ সপোন দেখে শলিতাবোৰে )

আৰু মই শুকান  ইকৰানি এডৰাত
এতিয়াও বিচাৰি ফুৰিছোঁ নিজকে

নাই, ক'তো নাই এটি ফিৰিঙতি

হালিবলৈ ধৰা আবেলিটোৰ কান্ধৰ পৰা
নিৰৱে নমাই থৈছোঁ নক্ষত্ৰ হৈ উঠাৰ বাসনা

শলিতাৰ পোহৰত গৈ থকা বৰ সহজ
শলিতা এডাল হৈ উঠাহে কঠিন

মেদ-মঙহৰ চাকি এগছিত এদিন জ্বলি উঠি ক'ম -
ক্ষমা কৰিবা শলিতা,তোমালোকৰ দৰে হ'ব নোৱাৰিলোঁ।

কাব্যকানন-৯
----------------------------- ---------
জীৱন মালিতা
ৰণ্ জিত গগৈ

জীৱনটো হাতৰ মুঠিত লৈ লৈ
আমি হাঁহিবই পাৰো নে
কান্দিবই পাৰোঁ

জীয়াই থাকিবলৈ
কাৰনো হেঁপাহ নাখাকে

বুকুত ভালপোৱাৰ গজালি মেলে

সুখৰ উজানে ভৰুণ হ'ব বুলিয়েইতো
দুচকুত দুখৰ দিনতো
সপোনে দোৰোল বান্ধে

ভংভঙীয়া ডেকাটো
কেতিয়াবা যে ভংভংকৈ
গুচি যাব
কাৰনো মনে ধৰে?

স্মৃতিৰ বিষাদ আয়ুস টানি
কোনেও কাকো কথা দিব নোৱাৰি৷

কাব্যকানন-১০
-------------------------------------------------

চাহ বাগান
কিশোৰ বড়ো

বাগানখন বগা চাহাবৰ যুগৰে
অকল চাহ গছবোৰহে বহুত বাৰ সলাই পেলাইছে
অৱশ্যে তাৰ সঠিক হিচাপ কোনো বুধুৱাৰ তাত নাই

এই উঘালি পেলোৱা আৰু নতুনকৈ ৰোৱা পুলিবোৰতেই
বাগানখনৰ ভূত-ভৱিষ্যৎ

বাগানখনৰ বুধুৱাই গৈ গৈও ৰৈ আছে
চাহাববোৰ ৰৈ ৰৈও গৈ থাকে

চুচৰি-বাগৰি হাৰিয়াৰ ৰাতি
চানাৱালাই চানা বান্ধি দিয়া কাগজত উৱলি যায় কেলেণ্ডাৰৰ পাত
সেইবোৰৰ হিচাপ কোনো বুধুৱাৰ আঙুলিৰ মূৰত নাই

তিনি নম্বৰ লাইনৰ লাল পাৰী দিয়া শাৰীৰে ঝুমুইৰ নাচনীক 
শাৰী শাৰী শিৰীষ গছৰ তলে তলে
গাঁত জেং জেং কোঙা বাটেৰে নি ঘৰ সুমোৱা
মনত আছে সেই হাৰিয়াৰ ৰাতি

ধাইৰ হাতত মৰি মৰি জী উঠি জীয়াই তোলা
জুপুৰীৰ ভিতৰৰ চিঞৰত লেবেজান হৈও হাঁহি তুলি দিয়া
মনত আছে হাৰিয়াৰ সেই কদম ফুলা ৰাতি

বোপা ককাৰ সজটো হৈ সকলো একেই আছে
শ্রমৰ উচিত মজুৰি নপোৱা চেঁচা মাতবোৰ 
বনাচ নপোৱা শীৰ্ণ হাতবোৰ
বুঢ়া আঙুলিৰ অনাখৰি চাপবোৰ

বুঢ়া শিৰীষৰ ছাঁৰ সিপাৰে ওঁঠত মেঘমল্লাৰ ঢৌ তুলি
ক'লা মাটিত শিপোৱা বাগিচাৰ কঠিন সময় সুঁৱৰি
সেই বুধুৱাও কোন বাটে গুচি গ’ল
নে লৈ গ’ল কোনোৱেই উভতি অহিব নোৱৰা বাটেৰে
সেই হাৰিয়াৰ ৰাতি

বগা চাহাব গুচি গৈছে কোন কাহানাবাই
ক’লা চাহাবৰ হাতত এৰি থৈ  
উঘালি পেলোৱা আৰু ৰোৱা পৰম্পৰাৰ চাহ বাগান

---------------------------------------

বৰ্ষা অভিধান
মিণ্টুল হাজৰিকা

ফুটকীয়া ছাটিটোত সাৰ পোৱা গল্পটো পঢ়াৰ তাড়নাত 
কঁপালৰ ক’লা ফোটটো আৰু ওঁঠৰ লিপষ্টিকখিনি ড্ৰেছিং টেবুলৰ ড্ৰয়াৰত পৰি ৰ’ল 

এন্ধাৰ , চেঁচা বতাহ আৰু পাতৰ পৰা সৰি পৰা টপ টপ কিছুমান শব্দই ৰাতিক নিমন্ত্ৰণ জনালে

পৃথিৱী তেতিয়া ঋতুমতী

খিৰিকীৰ ৰডত আধা ভিজা এখন টাৱেল
আৰু টাৱেলখনৰ দুই এঠাইত গল্পকাৰৰ অলিখিত গল্পৰ প্লট 

আকাশত কাণ পাতি  চৰাইবোৰে টোপনিত কথা পতা শুনিছে ৷ আৰু গল্পৰ নায়কে এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে 

খৰাং গল্প !

ভীষণ যন্ত্ৰণাত সাৰে আছে 
সমকামী হৰ্ডিং ৷  ই মৃত্যুমুখী
সমতাৰ বিজ্ঞাপন ...

আস!
কি যে এক মাদকতা

ছাটিটো দলিয়াই দি মুখ মেলি
টপককৈ গিলি দিয়া গল্পটো 

এদিন হ’ব গছ  

আৰু শেষত : 
একাপ জালুক চাহ 
ওপৰে ওপৰে চকু ফুৰাই দলিয়াই দিয়া কেইডোখৰমান বতৰৰ খবৰ 


কাব্যকানন-১১
------------------------------------------------
পানী
জুবিলী গগৈ  
 
আইনাৰ ঘৰটোত
সোমাই আছিল
ৰঙা নীলা হালধীয়া
ৰং-বিৰঙী মাছবোৰ
হাঁহিছিল নাচিছিল খলখলাইছিল  
 
পলকবিহীন হৈ
চাই ৰৈছিলোঁ সিঁহতলৈ
কিদৰে কটাইছে প্ৰহৰ
চমুৱাই চকুৰ পোহৰ

আছে নেকি বাজি
সিঁহতৰ বুকুত
ক'ৰবাত শোকাৰ্ত ৰাগিণী 

কাতি কৰি আন্ধাৰ চুবুৰি
চুই চাইছিলোঁ আলফুলে
বুকুৰ জীয়ন

আঙুলিত চুমা আঁকি
ফাঁকেদি সৰকি গৈছিল
যেন এটি চঞ্চল আবেলি

সিঁহতলৈ চাই চাই
বুৰ গৈছিলোঁ মই
বেদনাৰ নীলা সৰসীত

নাই
হেৰোৱাৰ এঙেৰুৱা ৰং
 ক'তো নাই
আছে মাথোন পৰিবেশক চপাই লৈ
জীৱন যাপনৰ পনীয়া ৰং

সৰসীত বুৰ গৈ থাকোঁতেই
ময়ো পাহৰিলোঁ   
উঠাৰ মন্ত্ৰ 

ডুবাৰু নাছিলোঁ কোনোকালে  

নীলাৰ পৃথিৱীতে
মাছৰ দৰে
পাতি ল'লোঁ ঘৰখন ...

কাব্যকানন-১২
--------------------------------------------------
তুমি 
সুশান্ত বড়া 

আদাৱ, 
হুকুম দিয়া আগবাঢ়োঁ ...

ক’ত আছা ?
শুনিছানে গান, কবিতা ? 

মই অহাৰ আগতেই মেহফিল শেষ, 
মই অহাৰ আগতেই মেহফিল শেষ,  
থাকি গ’ল কথা ...

চিনি পোৱানে মোক, 
মই তোমাৰ কবি, 
প্ৰেয়সী ! 

কিতাপৰ পৃষ্ঠাত যি লিখা নহ’ল 
কিতাপৰ পৃষ্ঠাত যি লিখা নহ’ল, 
মই লিখিম 
তুমি পাঠ কৰিবা নৈকথা ৷

তুমি পাঠ কৰিবা 
জোনালী চিঠি 
ঠুনুককৈ সৰিব প্ৰেম ৷ 

কৈ চোৱানা ভালপাওঁ বুলি 
এন্ধাৰ খেদি নামক ৰ’দ ৷ 

প্ৰেম হওক
প্ৰেম হওক  
হাততে ফুলক সোণাৰু চুমা ৷ 

নৰখাদকৰ বাবে গোলাপ নুফুলে,
ফুটে গুলী ৷

তুমিয়েতো গান, কবিতা, নৈ 
বুজানে ? 

ভাঙি পৰাতকৈ কিছুমান কথা নোকোৱা  ভাল ...

ঘণ্টা বাজিছে, 
আহাঁ আৰতিত বহোঁ ৷

বিশ্বাস ৰাখা 
মৃত্যুলৈকে নাভাঙো ৷ 

কাব্যকানন-১৩
----------------------------------------------

অসম কাব্য কাননৰ অনন্য অনুষ্ঠান
            কথোপকথন



অতিথি: জুবিন গাৰ্গ
সাক্ষাৎকাৰ গ্ৰহণ: নয়ন কাশ্যপ,নৱ ৰাজন

       জুবিন গাৰ্গ-নামেই পৰিচয়। অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ।মুকুট বিহীন সম্ৰাট।উত্তৰ-পূৰ্বৰ প্ৰায়  প্ৰতিটো ভাষাতে কণ্ঠদান কৰা বৰেণ্য সঙ্গীতশিল্পী গৰাকী একেধাৰে সংগীত পৰিচালক, গীতিকাৰ, চলচিত্ৰ পৰিচালক,কবি,
প্ৰকৃতিপ্ৰেমী আৰু মানুহৰ মাজৰ এজন অসাধাৰণ ব্যক্তিত্বৰ সাধাৰণ মানুহ। সংগীত জগতত ইতিমধ্যে 25 বছৰ সম্পূৰ্ণ কৰি জীৱন্ত কিম্বদন্তি হৈ পৰা এইজনা বিশিষ্ট শিল্পীগৰাকীৰ সৈতে হোৱা কথোপকথনটি আপোনালৈ আগবঢ়ালোঁ ।

কথোপকথন : 48 টা আঘোণ গৰকা ,জুবিন গাৰ্গৰ ,জীৱন সম্পৰ্কে ধাৰণা ? বিগত সময়খিনিক জুকিয়াই চাইছে নে ?

জুবিন গাৰ্গ 👉জীৱনটোক জুকিয়াই চাবলৈ আচলতে সময়ে পোৱা নাই; অশ্বমেধ ঘোঁৰাৰ দৰে দৌৰি আছোঁ। 1990 চন মানৰ পৰা বাণিজ্যিক ভাবে যি আৰম্ভ কৰিলোঁ,ঘূৰি চাবলৈ সময়ে পোৱা নাই।গমেই নাপালোঁ কেনেকৈ ইমান  বছৰ পাৰ হৈ গ'ল।

কথোপকথন: সংগীত জগতত ইতিমধ্যে আপুনি 25টি বছৰ সফলতাৰে অতিক্ৰম কৰিছে। লোকগীত,বনগীত,বিহুৰ পৰা আধুনিক গীতলৈ এই বৰ্ণিল সুৰীয়া যাত্ৰাত ,চিৰ গতিশীল হৈ থাকিবলৈ আপোনাক কিহে প্ৰেৰণা দিয়ে ?

জুবিন গাৰ্গ👉মোৰ প্ৰথম প্ৰেৰণা-মা। মায়ে আঙুলিত ধৰি মোক সংগীতৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰথম শিক্ষা দিছিল। গতিশীল হৈ থকাত প্ৰেৰণা পোৱা দ্বিতীয় গৰাকী মহিলা-গৰিমা। জংকীও মোৰ জীৱনৰ অন্যতম প্ৰেৰণা আছিল।

কথোপকথন: সাধাৰণ মানুহৰ মাজত ,সেউজীয়া পৰিবেশত থাকি আপুনি ভাল পায়।যাৰ বাবে মুম্বাই এৰি পুনৰ অসমলৈ ঘূৰি আহিল। নগৰীয়াসকলৰ লগতে গাঁৱৰ সহজ সৰল মানুহৰ মাজতো আপুনি সমানেই জনপ্ৰিয়। ৰাজনীতিত জড়িত নহওঁ বুলি আপুনি জনোৱাৰ পাছতো ,বিপদৰ মুহূৰ্তত অসমীয়াই আপোনাৰ মুখলৈয়ে চাই থাকে। শেহতীয়াকৈ "আমাৰ পথাৰ,আমাৰ বজাৰ" শ্ল'গানেৰে বিশেষকৈ যুৱপ্ৰজন্মক কৃষিকৰ্মৰ বাবে উৎসাহিত কৰিবলৈ নানান ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ অসমতে পাঞ্জাৱৰ দৰে এক কৃষি আন্দোলন গঢ়ি তোলাতো কিমান বাস্তৱসন্মত বুলি আপুনি ভাবে ?

জুবিন গাৰ্গ👉মই আলুৰ দৰে। মাংসতো, মাছটো, দাইলতো...আলু পিটিকাতো । I am a Soldier। মই সাধাৰণ হিচাপে থাকি ভাল পাওঁ। 
   মই পৰিৱেশৰ মাজত থাকি ভাল পোৱা মানুহ। মুম্বাইত প্ৰাকৃতিক পৰিৱেশৰ অভাৱ। তাতে মনবোৰো কৃত্ৰিম।সেয়ে মই ইয়ালৈ গুচি আহোঁ। 
  বৰ্তমান ক'বিড সৃষ্ট প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যি আহুকালৰ সৃষ্টি হৈছে ,বাহিৰৰ কাম্পেনীত কৰ্মৰত হাজাৰ হাজাৰ লোক কৰ্মসংস্থাপনহীন  হোৱা সময়ত আমাক সকাহ দিব পৰা একমাত্ৰ উপায় হৈছে-কৃষি বিপ্লৱ। আমি আধুনিক প্ৰক্ৰিয়াৰে খেতি কৰ্মত নিয়োজিত হ'ব লাগিব । পথাৰৰ লগতে আমি বজাৰো দখল কৰিব লাগিব। অম্বিকাগিৰী ৰায় চৌধুৰী দেৱে কোৱাৰ দৰে বজাৰ ,পথাৰ আমাৰ হাতত থাকিলেহে আমাৰ জাতিটো জীয়াই থাকিব। প্ৰাপ্যৰ আদায়ৰ বাবে ৰাস্তাৰ আন্দোলনৰ লগতে কৰ্ম আন্দোলনো গঢ়ি তুলিব লাগিব। 
  বিজ্ঞানসন্মত ভাৱে আগবাঢ়িলে লগতে চৰকাৰে সহায়ৰ হাত আগবঢ়ালে ,নিশ্চয়কৈ পাঞ্জাৱৰ দৰে কৃষি বিপ্লৱ গঢ়ি তোলা সম্ভৱ হৈ উঠিব।

কথোপকথন: মৃত্যুমুখী চলচিত্ৰ উদ্যোগটোক পুনৰ উজ্জীৱিত কৰি,  অসম্ভৱযেন কামটো সাফল্যমণ্ডিত কৰি তুলিলে । এই চলচ্চিত্ৰ উদ্যোগটোক লৈ আপুনি কিমান আশাবাদী?

জুবিন গাৰ্গ👉মই বহু আশাবাদী। কোনোমতে ঠন ধৰি উঠা উদ্যোগটো আকৌ ক'ৰোনাৰ বাবে ক্ষতি হ'ল। পুনৰ ঠন ধৰিবলৈ আমি সকলোৱে কষ্ট কৰিব লাগিব।চলচ্চিত্ৰ গৃহৰ সংখ্যাও বঢ়াব লাগিব। 
 অসমীয়া দৰ্শক নিশ্চিতকৈ আছে;কিন্তু আমি চাহিদা পূৰণ কৰিব পাৰিব লাগিব। 

কথোপকথন: 'অনামিকা'ৰ পৰা 'চিলা'লৈ আপোনাৰ স্বৰচিত গীতবোৰে আমাক এক সুকীয়া মাদকতা প্ৰদান কৰিছে ; কথা আৰু সুৰৰ মণিকাঞ্চন সংযোগত প্ৰায়কেইটা গীতে শ্ৰোতাৰ হৃদয়ত এক বিশেষ আসন দখল কৰিছে।  আপুনি প্ৰথমে গীতটি লিখি সুৰ দিয়ে নে সুৰ এটাৰ ওপৰত কথাখিনি লিখে ?

জুবিন গাৰ্গ👉দুয়োটাই। কেতিয়াবা সুৰটো লৈ গীতটি লিখোঁ।আৰু কেতিয়াবা গীতটি লিখি সুৰ দিয়া হয়। 

কথোপকথন: সংখ্যাত তাকৰ হ'লেও আপোনাৰ কবিতাই পাঠকক বিশেষভাৱে আকৃষ্ট কৰিছে। ইয়াৰ ভিতৰত বুহুম,water অনন্য।  সাম্প্ৰতিক অসমীয়া কাব্যজগতখনৰ বিষয়ে আপুনি কি অভিমত আগবঢ়াব ?

জুবিন গাৰ্গ👉কবিতা মোৰ প্ৰিয়। বিশেষকৈ হীৰুদাৰ কবিতা। তেখেতৰ কেইবাটাও কবিতা মই সুৰ দি গাইছোঁ। সহজ সৰল কবি জনা মোৰ এজন অন্যতম প্রিয় ব্যক্তি। 
  বৰ্তমান কাব্যজগতখন ঠিকেই আগবাঢ়িছে। সামাজিক মাধ্যমৰ জৰিয়তে এক কাব্য আন্দোলন গঢ়ি উঠিছে;যি ভাল কথা।কিন্তু চৰ্চা ,সাধনা আৰু অধ্যয়ন আমাক লাগিবই। 
  
কথোপকথন: ৰূপহী অসমখনক আৰু সেউজীয়া কৰি ৰাখিবলৈ আপুনি পৰিৱেশ সম্পৰ্কীয় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি, সাধাৰণ জনগণৰ মাজত প্ৰাকৃতিৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছে। ইমানৰ পাছতো মানুহৰ মাজত যি সচেতনতা বা দায়বদ্ধতা আহিব লাগিছিল,সিমানখনি পৰিলক্ষিত হোৱা নাই-এইক্ষেত্ৰত আপোনাৰ অভিমত ?

জুবিন গাৰ্গ👉 গছ আমি ৰুলেই নহ'ব; প্ৰতিপালনো কৰিব লাগিব। মই সেয়ে মোৰ অনুৰাগীসকলক গছ ৰুই তাক প্ৰতিপালন কৰিবলৈ কওঁ। গছহে আমাৰ পৰম বন্ধু। 
   যাদৱ পায়েঙৰ দৰে সকলোৱে প্ৰকৃতিৰ প্ৰতি সজাগ হোৱাৰ লগতে আমাৰ  দায়িত্ব অনুধাৱন কৰি আমি আগবাঢ়িব লাগিব। 


কথোপকথন: আন্দোলনৰ বাবে অসমখন বহু পিছুৱাই গৈছে; কিন্তু বহু ক্ষেত্ৰত দেখা যায়-আন্দোলনৰ যে গত্যন্তৰ নাই! বিভিন্ন সময়ত আমাক চৰকাৰী পক্ষই প্ৰতাৰণা কৰি আহিছে। ৰাজনৈতিক দলবোৰে সমস্যাবোৰ লালন কৰি নিজৰ মুনাফা আদায় কৰি আছে। অসমীয়াৰ প্ৰবল প্ৰতিবাদৰ পাছতো  "কেব"খন -- "কা"লৈ পৰিণত হ'ল। ইফালে সমুখত বিধানসভা নিৰ্বাচন ।  এই সন্দৰ্ভত আপোনাৰ কিবা অভিমত ?

জুবিন গাৰ্গ 👉 "কা" ৰ দৰে অসমীয়াৰ প্ৰতি তীব্ৰ ভাবুকি বহন কৰা আইনৰ প্ৰথমৰ পৰাই বিৰোধিতা কৰি আহিছোঁ ; এতিয়াও কৰোঁ ; আগলৈও কৰি যাম।নিজৰ প্ৰাপ্য আদায়ৰ বাবে ৰাস্তাত  আন্দোলন কৰিবই লাগিব; তাৰ লগতে আমি কৰ্ম আন্দোলনো গঢ়ি তুলিব লাগিব।
  আগতেও কৈছোঁ;এতিয়াও কওঁ- মই কেতিয়াও প্ৰত্যক্ষ ৰাজনীতিত জড়িত নহওঁ।এনেকৈয়ে ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰি যাম ।

কথোপকথন: ...যেন বিতৰ্ক মানেই জুবিন! বিতৰ্কত থাকি জুবিন গাৰ্গে ভাল পায় নেকি?

জুবিন গাৰ্গ👉 মই বিতৰ্ক ভাল নাপাওঁ। কিন্তু মই ভুলটোক কেতিয়াও শুদ্ধ বুলি মানি নলও ; তেনেদৰে  শুদ্ধটোক ভুল বুলিও কেতিয়াও 
নামানো। যি পৰিস্থিতিয়ে নহওক মই সঁচাটোত মাত মাতিমেই। 
   কেতিয়াবা যদি কিবা এটা কৰাৰ পিছত মই নিজৰ ভুল দেখিছোঁ তেতিয়া, সেয়া নিজেই মানি লৈ ক্ষমাও বিচাৰিছোঁ।

কথোপকথন:  জুবিন গাৰ্গ অসমৰ  এজন ষ্টাৰ (star)। আপুনি এইক্ষেত্ৰত  কি ক'ব ?

জুবিন গাৰ্গ👉 মই ষ্টাৰ বুলি নাভাবোঁ। মই জোন( Moon );  Star বহুত থাকে ;Moon এটাই থাকে। আৰু Moon টো  অলপ পাগল। দিনতো ওলাই ;ৰাতিও ওলাই।

কথোপকথন: আপোনাৰ জন্মদিনৰ দিনাখন এখন নতুন আলোচনীয়ে জন্মলাভ কৰিছে। ব্যক্তি বিশেষ এই  আলোচনীখনে এইবাৰ আপোনাৰ বিষয়ে বিভিন্ন ৰোমাঞ্চকৰ  কথা সামৰি ওপজা দিনৰ দিনা আপোনালৈ আগবঢ়াইছে।এই বিষয়ে আপোনাৰ অনুভৱ জনাবচোন ।

জুবিন গাৰ্গ👉বহুত সুন্দৰ পদক্ষেপ। ব্যতিক্ৰমী প্ৰেচেষ্টা। 
    মোৰ ওপজা দিনত শুভাকাংক্ষীসকলে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী কাম কৰে। এইবাৰো মোৰ বন্ধু নয়ন আৰু নৱই সুন্দৰকৈ মোৰ বিষয়ক বিভিন্ন বিষয় সামৰি-আলাপ নামেৰে এখন পত্ৰিকা কৰিছে। ছপা আৰু ডিজিটেল দুইটা মাধ্যমতে উপলব্ধ হৈছে। 
  ইয়াত মোৰ বিষয়ে মৰম , গালি সকলো পাব। আপুনিও আলাপৰ সৈতে জড়িত হওক। ময়ো  আছোঁ। 

কথোপকথন: আপোনাৰ পৰৱৰ্তী পৰিকল্পনা  ?
জুবিন গাৰ্গ 👉"চিলা" খনৰ কাম কৰি আছো। প্ৰতিমাহে এটাকৈ গীত মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছোঁ।
 তাৰোপৰি "dustbin"নামেৰে এখন কথাছবি কৰাৰ পৰিকল্পনা কৰিছোঁ। সোনকালেই গুৱাহাটিতে ইয়াৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ব।

কথোপকথন:  শেষত ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে অসম কাব্যকাননৰ তৰফৰ পৰা  আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
জুবিন গাৰ্গ👉 অসম কাব্য কাননৰ সমূহ বিষয়ববীয়া তথা সদস্যলৈ মোৰ শ্ৰদ্ধা আৰু মৰম জনালোঁ । ধন্যবাদ ।

কাব্যকানন-১৪
--------------------------------------------------------

নিয়ৰে তিয়াই যোৱা নিশাবোৰ
নিভা গগৈ

জনাতো নাছিলো নৈৰ তলৰ পৃথিৱীৰ ভূগোলৰ কথা,চেলেকণাই য'ত সহবাস কৰে 
নিয়ৰে বাট নেদেখা পুৱতি নিশাবোৰত, নিৰৱে গুচি যায় এটা পুৰঠ সপোন
এতিয়া ফাগুনক দোষ দি ৰৈ আছো এখন মৰিশালিত

টোপা টোপে সৰিছে বৰষুণ জাক পাৰ হৈ যোৱা পানীপতাত অৱশিষ্ট গল্পবোৰ
গল্পবোৰে কৈ যায়
গুচি যোৱাবোৰ সুখী
ৰৈ যোৱাবোৰ যুদ্ধৰ সৈনিক
আঙুলি কাটি বেৰত আঁৰি থোৱা হেঙুল আবেলিবোৰত তেজীমলাৰ কৰুণ হাঁহি

নাতিদূৰত ভৱিষ্যতৰ ধূসৰ মানচিত্ৰ
দাঁতবোৰে খট্ খট্ কৈ চোবাই আছে ঘড়ীৰ কাঁটা
পাহাৰখনৰ সিটো পাৰে ফুলি থকা খৰিকাজাই জোপাৰ হেনো আজি অসুখ
মাগুৰি ধানেও নেজানে ,পথাৰখন ইতিমধ্যে মৃত্যু ঘটিছে,,

পাহাৰখনৰ চূড়াত থিয় হৈ মই চাই আছো বেলিয়ে চতিয়াই দিয়া ৰঙীন আকাশখন
বেলিয়েও নেজানে, আটাইতকৈ ৰঙীন হোৱা মানেই তেওঁৰ মৃত্যু হোৱা

নামঘৰৰ ডৱাৰ শব্দই নমাই আনিলে নিশাৰ বাতৰি
পুনৰ নিয়ৰে বাট নেদেখা পুৱতি নিশা এটা গৰ্ভৱতী হৈছে
যিটোও নিৰৱে গুচি যাব আন এটা পুৰঠ সপোন হৈ 
------------------------------------------------
৩৩
ভাস্কৰ জে নাথ 

৩৩ ত মোক বধিৰ কৰা হ'ল
৩৩ ত জিভা কাটি দিয়া হ'ল
৩৩ ত মোক লঘোনে ৰখা হ'ল 

মই এতিয়া ক'লা দেখা হ'লো 
৩৩ ত মোৰ চকু কাঢ়ি দিয়া হ'ল

তিনি নম্বৰ চকুৰে চাই আছোঁ 
দেশ ধোঁৱাচাঙত উঠা 

কঁকাল পোনাব নোৱাৰা কবিতাৰ মৰসাহটো চা 
শীৰ্ণ শৰীৰে বগাব খোজে জখলা

ওপৰত কি আছে! আকাশ 
৩৩ ৰ আকাশত আকাশীলতা
৩৩ ৰ আঙুলিবোৰত জঠৰতা 
মুঠি ভাঙি যায় সহজতে

৩৩ ৰ সন্ধিয়াবোৰ ঘোপমৰা 
৩৩ ৰ পুৱাবোৰত কাৰখানাৰ জুই জ্বলে

৩৩ ৰ দেহত ৰং
মনত খং

চকু মেলা নক্ষত্ৰ 
পোহৰেৰে ভটিয়াই চাব দিয়া কাইলৈৰ দিন

৩৩ ৰ পাছৰবিলাক আৰু চাব নোৱাৰিম
-----------------------------------------------------
নিয়ৰত সেমেকিছে দুখ
গুনীন চৌধুৰী

বুকুখন ধক্ ধক্ কৰোঁতে 
জৰ জৰকৈ সৰি পৰিল কিছু দুখ
আৰু দুই এটা সুখ-
বুটলিব লওঁতে দেখিলোঁ 
পিষ্ট হৈ আছে গচকত পৰি সুখ ।
 
নিয়ৰত সেমেকিছে 
দুখৰ কুমলীয়া পাহি  
পৰি থাকক দিয়া -
চপচপীয়া হৈ বুকু ভৰি থাকক দুখ  !
--------------------------------------------
মোৰ হিয়াৰ আঘোণ 
আঞ্জুমআৰা হুছেইন

এজাক হালধীয়া পখিলাৰ 
পাখিৰ গুণগুণনীত 
মোৰ চোতালত 
সোণ হালধীয়া আঘোণ,
আঘোণ মোৰ হেঁপাহৰ ভঁৰালত 

উজাই অহা দাৱনীৰ জাক জাক হাঁহিত 
মোৰ আইৰ বুকুত সপোনৰ ৰহঘৰা 
আখলত সুখৰ ভোগজৰা 

পিতাইৰ দুচকুত পূৰ্ণতাৰ 
সম্ভাৱনাৰ বান
সপোনবোৰে উশাহ ল'ব
জেঠমহীয়া  ঘামবোৰ 
পাখি পিন্ধি হ'ব 
এজাক সেউজীয়া বৰষুণ !

------------------------------------------------------

কঙালী
ধ্ৰুৱজ্যোতি শইকীয়া
         
আঘোণতো ইমান বৰষুণ !
শেতেলিত জী উঠিছে শাওণী শোক
কোনে পতিয়াব
এইবেলি আঘোণতো শেঁতা পৰি আছে
আখলৰ ভোক ।
------------------------------------------------------
মাটিৰ পুতলা
অৰ্জুন দাস

মাটিৰ পুতলা এটা বিচাৰি আছোঁ
মোৰ অনাগত সন্তানৰ বাবে

নাকত হেৰাই যোৱা মাটিৰ গোন্ধৰ দৰে
ক'ৰবাত হেৰাল নেকি
কুমাৰৰ হাতৰ প্ৰাচীন পুতলাবোৰ

কোনো নাৰীয়ে বুটলি লৈ 
সাঁচি ৰাখিছে নেকি তেওঁৰ বিষণ্ণ আঁচলত
মাটিৰ পুতলাৰ অমাতৰ মাত
যি মাতত ওভতাই পাওঁ
মোৰ বিগত শৈশৱ

মাটিৰ পুতলা এটা ক্ৰমাগত বিচাৰি ফুৰিছোঁ
মোৰ অনাগত সন্তানৰ বাবে।
--------------------------------------------------------
দুখৰ নৈখন বৰ গভীৰ
হিতেশ মেধি

দুখৰ নৈখন বৰ গভীৰ

ফেচাঁৰ মাতত ৰাতিটো জয়াল হয় যেতিয়া
লহৰে লহৰে কঁপে ভয়াৰ্ত উশাহৰ কণিকা

আঙুলি বগাই নামিছিল দূৰণিৰ এখনি ছবি
উফৰি পৰা মাতৰ বুকুত খেপিয়াই পাওঁ
বুকুৰ হাড় সিজোৱা শিলনি

শিল চুই পানী বাগৰে
পিয়াহত ভাগৰুৱা জীৱন...

ভাৱনাৰ পথে ৰিঙিয়াই ৰাতি
কালে ধুই পঁখালে দুখে গৰকা ঘাট

ক'ত হেৰাল ক'ত হেৰাল
সেই তন্ময় নিতিতা পানী মুখৰ মাত

দুখৰ নৈখন বৰ গভীৰ
টিপচাকিৰ উদং গাত ৰঙহীন পোহৰ
ৰৈয়া ৰৈয়া সময়ৰ এলান্ধু উৰুলি
মুখ ঢাকি বিনাই ঘৰ শৰালি

তৰালী হাতৰ বাগৰ সলাই আহে আৰু যায়
কতনা নোকোৱা কথাৰ পকোৱা সূতা
থৰ লগা সময়
ৰাতি বগুৱাবায়
সৰি পৰে দুখৰ নৈৰ বুকুৰ বেথা

দুখৰ নৈখন গাভৰু হোৱা হ'লে
লহমা দিনৰ দৰেই দেখিলোহেতেন
সুখৰ মধুকণা
---------------------------------------------
সুখ
মেঘালী বৰুৱা শইকীয়া

উতণুৱা সুখে খন্তেকতে ৰিক্ত কৰে হৃদয়
বতাহত মাথো বা বলাৰ স্বভাৱ 

এমুঠি কৰ্কৰা ভাতৰ সুখে 
হিয়াৰ তলিলৈকে দেখে

দুখ খেদি ৰঙা মাটিৰ পিৰালি শুৱাই
বেলিয়ে আঁকে পোহৰৰ চিত্ৰ

আৱৰণহীন মুখবোৰৰ উজ্জ্বলতাত
নিৰ্বাসিত হয় পৃথিৱীৰ দুখ
------------------------------------------------
নাহিবি অ’ 
জুৰি ভট্টাচাৰ্য

ৰতৰতিয়া জোনটো আমলখীৰ ডালত বহাৰে পৰা 
মন উচাতন ৷
জুহালত নীৰৱ কোলাহল ৷
বাঁহৰ চুঙাত ফুঁৱাইছো শিখাময় স্মৃতিৰ 
দাঁহেচিয়া  দিনটো। 

লহৰ মনত ৷ 
লহৰ আঙুলিত ৷
নাভাঙিবি ওঁঠৰ বিনন্দী মৌনতা
জোন ---!
 যা ---নামি যা ৷
হাতৰ বাচন পৰাদি পৰিব 
কলিজা ...


কাব্যকানন-২৩
-------------------------------------------------

ব্যাকৰণ শিতান
বিনীতা গোস্বামী

আজি আমি ব্যাকৰণ শিতানত "বাক্যৰ শ্ৰেণী বিভাগ" সম্পৰ্কে আলোচনা কৰোঁহক...

      আমি অৱস্থা, প্ৰয়োজন আৰু ইচ্ছা অনুসৰি বিভিন্ন প্ৰকাৰে মনৰ ভাৱ প্ৰকাশ কৰোঁ। মনৰ ভাৱ প্ৰকাশৰ ধৰণৰ ওপৰত ভিত্তি কৰি বাক্যসমূহক তলত দিয়া ধৰণে ভাগ কৰা হৈছে। 

 ■ইতিবাচক বা অস্তিৰ্থক  বাক্য (Affirmative  Sentence) 
    আমি ভাৰতৰ মানুহ। 
     ভাৰতত বিভিন্ন মানুহে বাস কৰে। 
     ভাৰতৰ পুৰণি নাম আছিল জম্বুদ্বীপ। 
      এই তিনিওটা বাক্যই ইতিবাচক। কাৰণ, তিনিওটাই হোৱা বা কৰা বুজাইছে। 

                
■নেতিবাচক বাক্য (Negative  Sentence)
              
   ইংৰাজসকল ভাৰতৰ মানুহ নহয়।
  আজি কালি ইংৰাজে ভাৰতবৰ্ষ শাসন      নকৰে ।  
     এই বাক্য দুটাই নোহোৱা, নকৰা বুজাইছে, গতিকে নেতিবাচক। ব্যাকৰণত সাধাৰণতে ইয়াক নঞৰ্থক বোলে। কেতিয়াবা দুটা নঞৰ্থক শব্দ একেটা বাক্যত থাকিলে সি ইতিবাচক বুজায়। যেনে :
     আপুনি সভালৈ নাহিলে নহ'ব। (নঞৰ্থক)
     আপুনি সভালৈ আহিবই লাগিব
         (ইতিবাচক)
       দুয়োটা বাক্যৰে অৰ্থ একেই।
               
■প্ৰশ্নাৰ্থক বাক্য (Interrogative Sentence)
          
       আজি কালি ইংৰাজে ভাৰতবৰ্ষ শাসন   কৰেনে?
        ভাৰতৰ পুৰণি নাম কি আছিল?
      তোমালোকৰ গৰমৰ বন্ধ কেতিয়া হ'ব?
        এইদৰে কোনো কথা সুধিবলৈ ব্যৱহাৰ কৰা বাক্যবোৰ হ' ল প্ৰশ্নাৰ্থক বাক্য।
        অস্তৰ্থক বা নঞৰ্থক কৰিবলৈ হ'লে ক্ৰিয়াপদৰ আগত ন্ থাকে। ক্ৰিয়া পদৰ প্ৰথম বৰ্গ অনুসৰি সি ন, না, নি, নু, নে, নো হয়।
           যেনে : নকৰে, থাকে - নাথাকে, দিয়ে-নিদিয়ে, লেখে-নেলেখে, ফুৰে-নুফুৰে, বোলে-নোবোলে ।কিন্তু "ঐ-কাৰ" ত সেই নিয়ম নাখাটে, গৈছিল - নগৈ। ঔ- ৰে আৰম্ভ হোৱা ক্ৰিয়া নাই।
     সাধাৰণতে ইতিবাচক বা নেতিবাচক বাক্যত -নে, নেকি আদি যোগ দি প্ৰশ্নবোধক কৰা হয়। যেনে : হয়__হয়নে? কৰে__কৰেনে? আহিবা__আহিবা নেকি? তাৰ উপৰিও কেতিয়া, ক'ত, কিমান, কিয়, ক'ৰপৰা, ক'লৈ, কোন, কি আদি শব্দেৰেও প্ৰশ্নবোধক বাক্য কৰিব পাৰি। 

        চন্দ্ৰগ্ৰহণ কেতিয়া হ'ব?আপোনাৰ বয়স কিমান? প্ৰধানমন্ত্ৰী কেতিয়া  আহিব? 
আপুনি সেইদিনা নাহিল কিয়? 
এইবছৰ অসম সাহিত্য সভাৰ অধিবেশন ক'ত হ'ব?
 ব্ৰহ্মপুত্ৰ নৈখন ক'ৰ পৰা ওলাইছে? 

   প্ৰশ্নবোধক বাক্য ইতিবাচক বা নেতিবাচক দুয়ো প্ৰকাৰৰ হ'ব পাৰে। 
 ইতিবাচক 
◆নেতিবাচক -

 আপুনি মাছ খায় নেকি?   
আপুনি মাছ  নাখায় নেকি? 

তেখেত সোমবাৰে আহিবনে ? 
তেখেত সোমবাৰে 
নাহিব নেকি?  (সন্দেহ প্ৰকাশ) 

      এইদৰে বিভিন্ন প্ৰয়োজন আৰু পৰিবেশত আমি এই বাক্যৰ প্ৰকাৰবোৰ ব্যৱহাৰ কৰোঁ। ইয়াৰ বাহিৰেও আৰু তিনিপ্ৰকাৰৰ বাক্যৰ ভাগ এনে ধৰণৰ :
■অৱজ্ঞাসূচক বাক্য (Imperative Sentence) 

     তোমালোক এইফালে যোৱা। 
      আপুনি এইফালে যাওক। 
      তই এইফালে যা। 

এই বাক্য তিনিটাত কওঁতাজনে এটা কাম কৰিবলৈ অনুৰোধ কৰিছে বা আদেশ দিছে। এনেধৰণৰ বাক্য দ্বিতীয় পুৰুষৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়।■
 -------------------------------------------------------


কথাবোৰ হয়তো এনেকুৱাই 
সীমা গগৈ

কথাবোৰ হয়তো এনেকুৱাই 
কথাৰো থাকে শ্ৰেণীবিভাজন 

কথাবোৰে বুকুত খাজ কাটি কাটি 
বিশ্বাসৰ সৌধত গঢ়ে 
মৃন্ময়ৰ মূৰ্তি  

আমি নাজানো আচলতে আমি পূজা কৰো কাক 
সত্যক নে মূৰ্তিক  !

কেতিয়াবা কলডিলৰ দৰে মেৰিয়াই ধৰে 
কেতিয়াবা গোলাপৰ দৰে পাহি মেলে 

কথাবোৰ হয়তো এনেকুৱাই 
ঠিক পানীৰ দৰেই 

পিয়াহত আতুৰ হ'লেও 
ঘোলা পানী 
পি খাব জানো পাৰি  !


কাব্যকানন-২৫
-----------------------------------------------------
এমুখ হাঁহি
গীতাঞ্জলি দেৱী 

সোণপৰুৱা এটা জিলিকি আছে কপালখনত ,
সোঁৱে-বাঁৱে সজাই লৈ দুপৰৰ ৰ'দ।

এদেও-দুদেওকৈ বাটে বাটৰ আঁট এৰি গৈয়ে থাকে 
ফুৰ্-ফুৰীয়া ৰৱাবী গোন্ধ এটা পিন্ধি । 

চিনাকি উশাহটো লৈ  নূপূৰ পিন্ধা দুপৰীয়াটোৱে খোজ দিয়ে 
লয়লাসে ।
জিলিকি-জিলিকি উঠে এমুখ হাঁহি ।

উদং উদং লগা বুকুত 
নিগাজিকৈ বহে 
এটা হাবিয়াস 
এটা বাঁহী ।

যাদুলগা হাতৰ পৰশত  সঘনে নাচে ঘিলাচকলীয়া মুঠি ।

একেই  ৰূপ
একেই ৰেহ 
উজান উঠা দেহত মায়া লগা ৰাগী ।

এটা সুৰ 
এটা বাঁহী 
মুখে-মুখে এমুখ হাঁহি ।
-------------------------------------------------
ছবিখন মোহাৰি নেপেলাবা
অমলা গগৈ

এইখন নমচিবা
এইখন ট ট কৈ জিলিকি উঠক দেৱালে দেৱালে।
ছবিবোৰ মচি কি কৰিবা
জীৱন্ত হৈ উঠা পদপথৰ ছবিবোৰ
বেশ্যাখানাৰ ছবিবোৰ মচি দে পাৰ যদি

ছবিলৈ ভয় কৰা মানুহবোৰে 
নিষিদ্ধ কৰে ৰবীন্দ্ৰ ভবনৰ নাটক
বন্ধ কৰে কৃষকৰ তেজেৰঙা লূতুৰি পুতুৰি ছবিৰ প্ৰচাৰ

ছবিবোৰ বুকুত লৈ আগুৱাই যোৱা মিছিলত 
এনে হাজাৰ ছবি আন্ধাৰ আৰু পোহৰহীনতাৰ
এখন মচিবি দহখনে মূৰ দাঙি কথা কব ,আমিয়ে এদিন সূৰ্যটো থপিয়াই আনিম

এই ছবি তেজৰ ৰঙেৰে  হেঙুল হাইতাল বৰণীয়া,
এই ছবি মূল্যবৃদ্ধিত আত্মহত্যা কৰা দাল দৰিদ্ৰৰ

নিলাম হওক এই ছবি বজাৰে বজাৰে
মচি পেলোৱাৰ আগতেই আমাৰ হৃদয় দেৱালত ছবিবোৰ জীৱন্ত হৈ উঠক
নিলাম হওক ছবি
মুখাবোৰ দলিয়াই মানুহবোৰ ওলাই আহক বাটলৈ
নিলামৰ দৰত তুলি আনক এই ছবি
মচি পেলোৱাৰ আগতেই
-----------------------------------------------------

মেকুৰী ইজ এ ভেৰী ইম্পৰটেণ্ট মেটাৰ
নৱকান্ত চাউদাং বৰুৱা
                   
বৰঘৰত খালি কলহ বাজিলে মেকুৰীয়ে মেও কৰে
চালত পানী উঠিলে মেকুৰীয়ে ল'ৰ ধৰে

জনসভাত কাউৰীও হয় বগা
ঘামৰ বিনিময়ত হিচাপৰ সোণ
জোনাকীৰ ধিমিক-ধামাকত
চুৱাপাতনিয়ে আপোন

বুকুত শুৱালে বংশৰক্ষক হেৰায়
মেকুৰীয়ে গায়ত্ৰী মন্ত্ৰ গায়

যি দেশত দীঘল জিভাত নিষিদ্ধতাৰ দাগ
যি দেশত পতাকাৰ তলত মৰা শিশুৰ ছাই
যি দেশত মানুহৰ হাড়ো খীনায়
― তাতে পেট-গধুৰ মেকুৰীয়ে স্বাধীনতাৰ ভাওনা গায়

মেকুৰী টেঙৰ
মেকুৰী অমৰ
মেকুৰী জনতাই প্ৰসৱ কৰা শুকান খৰ
------------------------------------------------------
কোন তেওঁ
মণিকা দাস

মই অহা যোৱা কৰা পথৰ দাঁতিত
দেখা পাওঁ তেওঁক সদায়
এটাই চাৰ্ট,এটাই পেন্ট 
মুখমণ্ডল দাড়িৰে ঢাক খোৱা

খহু হৈছে চাগে অপৰিপাতি কেৰকুন্দা চুলি
মাজে মাজে বৰকৈ খজুৱাই

ফাৰ্মগেটৰ ওৱালখনত তেওঁ ধুনীয়া ছৱি আঁকে 
আকৌ মচি দিয়ে
অংক কৰে
শুকান পাতবোৰ আঁতৰাই
মাটিৰ বহীখনত বৰ মনোযোগেৰে
ইংৰাজী নোট লিখে

কোনোৱা অদৃশ্য ব্যক্তিক অংক শিকাই,)
আৰু ভাগৰুৱা দেহটো 
আওজাই দিয়ে ওৱালখনত 

কোন তেওঁ
জানিবৰ বৰ মন গ'ল, 
আগুৱাই গৈ সুধিলোঁ 
কোন তুমি?

ভয়তে পেঁপুৱা লাগিল 
হাত দুখনেৰে খেপিয়াই 
বহি বহি পিছুৱাই গ'ল

ময়ো আগুৱাই গ'লো
আকৌ সুধিলোঁ
কোন তুমি?
কিয় এনেদৰে জীৱন আঁকিছা
কাক শিকাইছা?
কোনে বুজিব তোমাৰ এই মৌন ভাষা

তেওঁ আকৌ শুকান পাতবোৰ আঁতৰাই
বনাই ল'লে এখন মাটিৰ ডায়েৰী
মাটিতে শুই শুই আঁকিলে
নায়ক নায়িকাৰ এখন মনোমোহা ছৱি

হঠাৎ আহিল এজাক বতাহ
গছৰ পাত ধূলিৰে পুনৰ ছৱিখন 
অস্পষ্ট হৈ পৰিল

তেওঁ অস্থিৰ হৈ পৰিল,
উগ্ৰ হৈ উঠিল
আবেগিক হৈ খুব খৰধৰকৈ দুয়োখন হাতেৰে
পাত,ধূলিবোৰ আঁতৰাই দিলে
যদিও ছৱিখন লুপ্ত হৈ গ'ল

তেওঁ আকৌ কান্দিবলৈ ধৰিলে, 
কান্দিলে আৰু কান্দিলে
আকৌ পিছত  চিঞৰি হাঁহি হাঁহি
পুনৰ কান্দি  সেই ঠাইৰ পৰা আঁতৰি গ'ল 
কৈ গ'ল---
"ইটছ টু মাৎছ
ইটছ টু মাৎস্ ..."

হয়তো প্ৰশ্ন হয় বহুতৰে মোৰ দৰে
কোন তেওঁ....
আজিও নাজানিলোঁ 
এক অসফল জীৱনৰ জীয়া অধ্যায়...
-----------------------------------------------------
আম্ৰপালী 
অৰ্চনা ঠাকুৰীয়া

বহু প্ৰেমিকৰ সান্নিধ্য পাইও সুখী যে নাছিল তাই
কিন্তু সুখী হোৱাৰ মন্ত্ৰ হয়তো জানিছিল
শিলৰ পৰা সংগীত নিগৰাই অনাৰ কলাও জানিছিল।
কিন্তু কিয় জানোঁ
বিষাদ বাঁহীৰ সুৰ এটি বাজিছিল হৃদয়ত অহৰহ
ভগ্ন মনোৰথে উটুৱাই নিছিল নেকি সুখৰ পানচৈ !

বৈশালীৰ জীৱন্ত ৰূপকথা আম্ৰপালী
প্ৰেমিকৰ অভাৱ কোনোকালে নাছিল
কিন্তু সেই প্ৰেম নিস্বাৰ্থ নাছিল
কত হেঁপাহে প্ৰাণ পাই উঠিছিল
পুনঃ জ্বলি জ্বলি শেষ হৈ গৈছিল
যেন আগ্নেয়গিৰিৰ উত্তপ্ত লাভা

কিজানিবা এক বিপুল শক্তিৰ বাবেহে নাৰীয়ে ধাৰণ কৰিব পাৰে পুৰুষক শৰীৰেৰে,আত্মাৰে....
দুখৰ সাগৰত অবগাহন কৰিও স্থিৰ হৈ থাকিব পাৰে,
মমৰ দৰে গলি গলি
দুখবোৰ নিঃশেষ হৈ পৰে...
কোনো বুদ্ধৰ চৰণ স্পৰ্শেৰে
পুনৰ উজ্জীৱিত হয়
ধংসৰ পৰাও সৃষ্টি হয়
জীৱন জিনাৰ মধুৰতম গীত |
----------------------------------------------------
মাটিৰ পৃথিৱীৰে মিঠা
ববী দত্ত

কিবা এটা হৈছে
উশাহত ওলমিছে সময়ৰ এটা জীয়া শিলৰ বেদনা
তেজ মঙহৰ মানুহৰ অপয়া দুখৰ নেগুৰ লগা কাহিনীবোৰ
নতুনত্বৰ সাংগীতিক ৰূপৰ 
অবিশ্ৰান্ত ক্লান্তিহীন সাধনাৰে 
উজ্বলিব বিচাৰে।

পাৰ বাগৰি নৈ বৈ যাওক বা নাযাওক
মৃদু-মলয়ে নৈৰ গৰা স্পৰ্শ কৰক বা নকৰক
কঠিন শিলবোৰ শিল হৈয়েই থাকে।
শিলৰ বুকুত খোদিত হয় শিলৰ মৌন ভাষা
মাটিৰ পৃথিৱীৰ বুৰঞ্জী ।

বনপোৰা জুয়ে চেলেকি যায় বনৰীয়া শৰীৰ
অনাখৰী হেঁপাহবোৰ টোপোলা বান্ধি 
ওলোমাই থোৱা হয় হৃদয়ৰ 
বন্ধকী এচুকত
অকণমান গমি চালেই  পঢ়িব পাৰি শিলৰ মৌনতা।

যুক্তি শৃংখলাৰে বান্ধিব নোৱাৰি কিছুমান
অনুভৱী বতৰা
চিন্তাৰ স্বচ্ছতাপূৰ্ণ চিত্ৰকল্পই সাঙুৰিব নোৱাৰে
বিচাৰি হাঁহাকাৰ কৰি ফুৰা বহুতো কিবা কিবি বোধগম্যতাৰ বাহিৰত 
প্ৰেৰক,প্ৰাপক আৰু স্থাপকৰ বিচিত্ৰ সংজ্ঞা।

পৃথিৱীৰ মাটিয়ে গান গাই হাত বাউলি মাতে
কোনোদিন দিঠক হব নোৱাৰা 
স্বৰ্ণিল স্বপ্নৰ ফোপোলা অহংকাৰ
হতাশাৰ পেঞ্চিল স্কেচ্ছত আবদ্ধ কৰি ৰখা হৈছে 
মাটিৰ পৃথিৱীৰে মিঠা জীৱনৰ এটা 
দুৰ্দান্ত প্ৰণয়ৰ কবিতা
---- - ------------------------------------------------
আই তই নকৰিবি দুখ
ডঃ ৰমেশ কুমাৰ কাকতি

আই অ’.... 
বহুদিন হ’ল
মই তোৰ হিয়াত
দেখা নাই সোণাৰুফুলীয়া হাঁহি৷

তমসাচ্ছন্ন তোৰেই মনাকাশ
পূৰ্ণিমাৰ জোনটোৰো
মনটো বিষাদ
নিৰৱে বজাই বিষাদৰ বাঁহী ৷৷

তোৰেই বুকুৰ উম
দিছিলি সমানে বিলাই
মিলাপ্ৰীতি বান্ধোনত
থাকিবলৈ বান্ধখাই ৷

সকলোৱে পাহৰিলে
মায়াত আৱদ্ধ হৈ
তোক উভতি চোৱাৰ
সময়েই নেপায় ৷৷

সকলো নিজতে মগন
পাহৰিলে তোৰ হিয়াৰ বৰণ
পুত্ৰ কন্যা সংসাৰৰ
মায়াত খাইছে উজুটি ৷

তোৰ কথা ভাৱিবলৈ
সৎ সাহসেই নাই
লাজ,ভয়,শংকাত
তোৰফালে নেচাই উলটি ৷৷

একে গাঁথিত বান্ধখাই
একতাৰ গান গাই
ভাতৰ পাততো বহি
খিলখিলাই হাঁহিব পাহৰিলে ৷

ভোগ-বাসনাৰ জ্বৰে
সকলোকে গ্ৰাস কৰি
নিজৰো শান্তিৰ পথ
কণ্টকময় কৰিলে ৷৷

খৰস্ৰোতা নৈ খন 
থমকি নৰয় আই
তই গোৱা গানটো 
শুনি যাওঁ বুলি ৷

জীৱনৰ ঠিকনা বিচাৰি
অতীত আৰু বৰ্তমানে
ভৱিষ্যতলৈ ৰুইছে 
একোটিকৈ পুলি ৷৷

আই তই নকৰিবি দুখ
মই তোক নকৰো বিমূখ
আজুৰি আনিম তোৰ
হেৰুওৱা সন্মান ৷

তোৰ সুখৰ বাবেই
কৰি যাম যতমানে
কোনোকালে হবলৈ নিদিওঁ 
তোৰ অলপো অপমান ৷
---------------------------------------------
সৰাপাত
প্ৰদীপ শৰ্মা 

বৃন্তচ্যুত পীতবৰ্ণ পাতখিলা
উদাস দৃষ্টিৰে চাই থাকোঁতেই
এজাক বলিয়া বতাহে
উৰোৱাই নিলে হঠাতে -
ধৰিত্ৰী সাৱটাৰ আগতেই ।

বলিয়া বতাহৰ পৰশত
উগুল-থুগুল বলিয়া মন
উৰি গ'ল পাতখিলাৰ সৈতে
পাতখিলা উৰি গৈ লাগি ৰ'ল
লঠঙা মদাৰৰ ফুলৰ থোপাত-
আৰু ক'লে -
হেৰা,আমিতো একে পথৰে যাত্ৰী !
বিৰবিৰাই ক'লো - হয়তো কথাটি !

মিছা এই সপোন-সমগ্ৰ-ব্যাকুলতা
সঁচা সেই বিষাদ বহুল
চিৰন্তন কথাটি -
আজি গুচি গ'লেই -
কালিলৈ দুদিন, সকলোৰে দুদিন ...
----------------------------------------------
পুৰাতন কথন
অংকুৰিতা ফুকন
     
উৱলি যোৱা আচ্ছাদনখনৰ তলত
এজন পুৰাতন পুৰুষৰ বসতি

তেওঁৰ মলিন হাতত ঝনঝনাই 
জয়াল ৰাতিৰ পুৰাতন ৰহস্যবোৰে

প্ৰতিদিনেই তেওঁ আন্ধাৰৰ ৰূপ লয়
তেওঁৰ ভঙা চিলিমৰ চাফিয়েদি
সৰকি অহা পুৰাতন  চৰিত্ৰবোৰে

আত্মজাহ দিয়ে চকুৰ অগ্নিকুণ্ডত

অস্তিত্বৰ সংশয়ত কম্পমান ঈশ্বৰ
সাক্ষী   হয় সমগ্ৰ পৰিঘটনাৰ

নিশাচৰ মেঘৰ ক্ৰন্দনত
 সিক্ত মানুহজন প্ৰবুদ্ধ যেতিয়া
নিদ্ৰামগ্ন যক্ষৰ চহৰখনত তেতিয়া 
মৰিশালিৰ নিস্তব্ধতা
------------------------------------------------
চকু
গাৰ্গী ভূঞা

স্থিৰ-অস্থিৰ
ক'লা-বগা
মন-মগজু
পৰিপক্ক-অপৰিপক্ক
ৰ'দ-বৰষুণৰ যুগল

সজ্ঞান-অজ্ঞান
ইচ্ছা-অনিচ্ছা
বিষয়-বাসনা
আকাংক্ষা-দুৰাকাংক্ষা
ভয়-ব্যাধিৰ বিকল দৰ্পণ

আইৰিছে ফৰ্মুটিবোৰ থপিয়াই
শংকু-দণ্ডত এডাল হাকুটি 
ভ্ৰূকুতিত এখন তুলাচনী

পোহৰলৈ দাইকী মেলিলে 
চকুবোৰ খচখচায়
নিগৰে প্ৰাপ্তি-অপ্ৰাপ্তিৰ ফাও
ওঠত হাঁহি-ভেঙুচালিৰ কালজয়ী ভংগীমা।
-------------------------------------------------------
অভিমান
বিভা দেৱী

নিৰ্দ্দিষ্ট কাপটোত চাহকাপ বাকিছিলোঁ
বাকিয়েই আছোঁ
বাকিয়েই আছোঁ
মাটিত পৰি বিয়পি গ'ল তাৰ ৰং

খালী চচপেনটোৱে
কাপটোলৈ চাই হাঁহিছিল
মই তাৰ অৰ্থ বিচাৰি পোৱা নাছিলোঁ

অমনোযোগিতা

তেওঁ সুধিছিল--মই কি বাকিছোঁ?
নিৰুদ্বেগ ভাবে ক'লো--এপিয়লা অভিমান বাকিছোঁ

অভিমান!

পিয়লাৰ পৰা
ওফন্দি ওফন্দি পৰি ৰ'ল
----------------------------------------------------
সময়
গীতাঞ্জলি বৰকটকী

বুটজোতাৰ শব্দত
কঁপি উঠে ৰাতি

নৈৰ পানীত মৰা জোন

ৰঘুমলাবোৰ লহপহকৈ বাঢ়িছে

কাইলৈ কি হ’ব

চৰাইবোৰে গান গাবনে
পথাৰখন সেউজীয়া হ’বনে
পহাৰবোৰত নাচপতিবোৰ লাগিবনে

কাশ্মীৰৰ আপেলবোৰে  পুনৰ ৰঙা হাঁহি মাৰিবনে 

আলতীয়া মাটিৰ সুবাসত
সুবাসিত হ’বনে সময়
----------------------------------------------------
মাষ্টৰ
বন্দনা সন্দিকৈ             
                            
পিতাইৰ মতে 'এছাৰিৰ আগত বিদ্যা'
শৃংখল লগায়ে মাষ্টৰ পিতায়ে সপোন দেখে
'বৰ মানুহ' হোৱাৰ

অলেখ দৃষ্টান্ত,অলেখ উদাহৰণ
'বিদ্যা বিহীনং পশু'
তাহানিৰ শতকৰ বচন

আইৰো হেপেহুৱা আশা
খোজে প্ৰতি শিকনি-বুজনি

আই অʼ
যৌতুকীয়া তোৰ নীতি শিক্ষাৰেই
চলি আছোঁ অদ্যপি 

আৰু পিতাই-
তই আশা কৰা'বৰমানুহ' নহ'লেও
মানুহ হ'লোঁ

মাষ্টৰৰ মাজৰ এজন মাষ্টৰ হৈ
নিজকে বিলাই দিলোঁ
আৰু এদিন অৱসৰ ললোঁ

চাকৰিৰহে অৱসৰ
কামৰ নহয়
নহয় জীৱনৰ

ঢিমিক ঢামাককৈ
এতিয়াও জ্বলি আছে মমডাল
মাষ্টৰ হৈ ।
--------------------------------------------------
দুখৰ বুকুৰ কবিতা
প্ৰাগজ্যোতিষ শইকীয়া

ৰ'দ হালধীয়া পথাৰে
বেলিটো জোকাই
কপৌ চৰাইৰ ঢপঢপনিয়ে আকাশ ধিয়াই…

পেটৰ সুখ হ'লেও মনৰ দুখ
কপৌৱে কয়…
বাহ সাজিবলৈ খৰিকা এডালো নাই

সুখনো কি
দুখৰ আকাশৰ এচেৰেঙা ৰ'দ

এজাক পৰিভ্ৰমী বিহংগৰ কল-কাকলি
নতুবা এটি শিশুৰ কলকলনি

ভঁড়ালৰ এমুঠি লক্ষিমী
পেটৰ এগৰাহ জুৰণি…

হওঁ বুলিলেই সুখী হ'ব পাৰি জানো
দুখীওতো হ'ব নোৱাৰি

হোৱা হ'লে নেথাকিলহেঁতেন
সুখ অথবা দুখ…

পিৰালিত বহি পিতায়ে তমাল(তঙাল)তুলে
মলঙা আঁচল টানি আয়ে কাষতে বহে
হয়তো পিতাইৰ বাবে সেয়াই সুখ
আইৰ বাবেও…

আয়ে যতনাই দিয়া তামোলখনত 
পিতাইৰ সুখৰ ঠিকনা
নিদিলে দুখৰ মোহনা

মোৰনো কি…
কলথোকা বাদুলীয়ে নেখালে সুখ
ছমাহলৈ কুটি-বাছি থোৱা ঢাপলুকা চৰাইটি
তামবৰণীয়া হৈ থাকিলে সুখ

জেঠুৱা কঠীয়া আহাৰত ৰুই
আঘোণৰ পথাৰে হাঁহিলে সুখ

জীৱনৰ কথা
দুখৰ অভিযোগ শুনা
দুখৰো থাকে অনন্য মাদকতা

দুখৰ বুকুতো ৰচিব পাৰি
সুখৰ কবিতা…
--------------------------------------------------
বান্ধোন
ৰুমী দেৱী

গভীৰতালৈ শিপাই পোহাৰ মেলিলে
উভালি পৰাৰ ভয় নাথাকে।

সুন্দৰৰ সৃষ্টিয়ে ভাঙিব নোৱাৰে
সম্পৰ্কৰ এনাজৰী।

জৈৱিক সাৰেৰে প্ৰস্তুত প্ৰণালীত
উপকাৰিতাৰ অভিনৱত্ব অপৰিসীম।

আদৰ, মৰম, সেৱাই সম্পদ 
মানৱতাবাদী নিঃকিন জনৰ।

সুকৰ্ম, প্ৰিয় কৰ্ম, হিতকাৰী কৰ্মই
সামাজিক বান্ধোন হৃদয়ৰ।
----------------------------------------------
ৰামধেনুৰ ৰং
জ্যোতিৰ্ময় শৰ্মা

এডাল-দুডালকৈ কিবাকিবি প্ৰয়োজনীয় বুটলি লৈছোঁ৷

এটা ভয়ে পিয়া-পি দি ঘূৰিছে৷

তোমাক জাৰজ বুলি গালি দিব নোৱাৰোঁ
বহুতৰ জীৱন আৰু মৃত্যুৰ দলং তুমি৷

এনে এটা আবেলিতে
প্ৰাণৰ কল্লোলে নিচুকাই
আৰু সকলো মানুহ জন্তু নহয়৷

সঞ্চিতবোৰ জাক জাক কোলাহলত ৰ’দে পোৰে৷

এইবোৰ কি মনত ৰাখিম?
'মহিষমৰ্দিনী’ উত্তৰণ আৰু
বতাহবোৰে গুণগুনোৱা

 হিচাপত একো নাই
ক্ৰমশঃ ভৰসা, চকুৰ হাঁহি৷
আমঠু মোৰ বহু বেইমানবোৰো...

সীৰলুত জ্বলে ৰামধেনুৰ মৰ্ম
এজোপা নিম আৰু কদম
ক্ষয়িষ্ণু শব্দৰ কঙ্কাল
আমি গংগাযাত্ৰা কৰিম৷

কাব্যকানন-৪১
-------------------------------------------------
                       কাব্য গুঞ্জন


            ◆চৈয়দ আব্দুল মালিক


✍️সংগীতা বৰা

          ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি পদ লাভ কৰা চৈয়দ আব্দুল মালিক- (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০ খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰে ।
জন্মঃ ১৫ জানুৱাৰী, ১৯১৯
নাহৰণি, গোলাঘাটত ।

    তেখেতে  অসমীয়া কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, যোৰহাট মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।

 তেখেতৰ কৰ্মজীৱনত
১৯৪২ ত আবকাৰী বিভাগৰ চাব ইঞ্চপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈনিক বিভাগতো কাম কৰিছিল। ১৯৪৬ ত যোৰহাট মহাবিদ্যালয়ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট দিশৰ সূত্ৰতে সীমাবদ্ধ নথকা মালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱে জড়িত আছিল।

অসমীয়া সাহিত্যলৈ  আগবঢ়োৱা  অৱদানসমূহ হৈছে
উপন্যাস-বনজুই,মাটিৰচাকি,সুৰুজমুখীৰ স্বপ্ন,অঘৰী আত্মাৰ কাহিনী,ৰথৰ চকৰী ঘূৰে,ৰূপতীৰ্থৰ যাত্ৰী,ধন্য নৰতনু ভাল,
প্ৰেম অমৃতৰ নদী আদি ।
ড°অৰুনাভৰ অসম্পূৰ্ন জীৱনী
আধাৰশিলা
এটা সূৰ্য, দুখন নদী আৰু এখন মৰুভূমি,
ওমলা ঘৰৰ ধূলি,
পহুমৰা হাবিৰ বাট,
জেতুকা পাতৰ দৰে,
অন্যযুগ ভিন্ন তীৰ্থ,
জীয়া জুৰিৰ ঘাট,
ফুলনিবাৰীৰ ব্ৰজপাত,
মণিচুনিৰ চকামকা,ইত্যাদি  বহুতো………

বৰ্ষ বঁটাঃ
১৯৭২ সাহিত্য একাডেমী বঁটা অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে।
১৯৮৪ পদ্মশ্ৰী অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে।
১৯৯২ পদ্মবিভূষণ অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে।
১৯৯২ অসম উপত্যকা বঁটা ।
১৯৯৯ শংকৰদেৱ বঁটা।

    এইজনা মহান ব্যক্তি চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
(বি.দ্ৰঃ গুগলৰ পৰা সহায় লোৱা হৈছে।)

কাব্যকানন-৪২
___________________________________

শীতৰ শেষ চিঠিখন
মনমী ভট্টাচাৰ্য

কুঁৱলীসনা পুৱা
ৰবাবগন্ধী দুপৰীয়া
ধোঁৱাগন্ধী ধূসৰ গধূলি।

জুহালৰ আলুপুৰা 
আৰু সিজোৱা ধানত কঠালৰগুটি,
উম নেওচি
অদাহ্য অজুহাতত
একে উশাহতে নঙলামুখ 
অদূৰত যে চিনাকি সুহুৰি।

জুহালৰ উমত শীত মাদকতা সনা,
নাতিদীৰ্ঘ এখন চাদৰে 
দুজনক সামৰি লোৱা নিশাবোৰত
প্ৰেমত পৰিছিলো শীতৰ,
প্ৰকৃতি যিদৰে প্ৰেমত পৰে
বৰফাবৃত্ত খৰস্ৰোতাৰ।
ওহো, সিদিনা বিলাসিতা নাছিল শীত!

আজি মোৰ চহৰ শীতাৰ্ত।
সৰ্বোচ্চ সৰ্বনিম্ন তাপমানৰ বিলাসী হিচাপত 
শীত আহিছে সৰ্পিল বাটেৰে।
ব্ৰাণ্ডেড উমত নিজক সামৰি 
বাস্কিন এণ্ড ৰবীনচ্ ৰ আইচক্ৰীম খোৱাৰ বিলাসিতাত ।

তোৰ চহৰত নামিছেনে শীত?
আজিও তোৰ চিগাৰেটৰ ধোঁৱাই কুণ্ডলী পকাই
খহি পৰিব নিদিয়াকৈ ৰাখিছেনে কুঁৱলীৰ আৱেশ?

বি. দ্ৰ.
শীত যে সন্তৰ্পনে আহে
খোজৰ উমান নাপায়
উৰুখা হয় হিয়াৰ পঁজা
যেতিয়া শীতৰ ধুমুহা বয়।
-----------------------------------------------
উৰি আহক অমাতৰ মাত 
পুবালী বৰুৱা শৰ্মা

কাণি -দূৱৰি দুৱাৰখন ঠেলি 
ফুৰ্ ফুৰ্ কৈ সোমাই আহিল
পদূলিৰ মাধুৰি গোন্ধ । 

চাতক মনটো
পানী পাই মুকলি হ'ল
আৰু ধৰি গ'ল কলম  ।

হয়
ভৰুণ হ'ব খোজো ; 
মোৰ নাহৰ ফুলা ডাললৈ
উৰি আহক অমাতৰ মাত । 

মই 
মমতাৰ নৈ হ'ব খোজো ; 
বুকুৰ আঁচল খহাই
বাঢ়ি  আহক
ন পানীৰ ধল ।
------------------------------------------------
সপোনটো উটি যায়
বৰ্ণালী কলিতা
                     
এজাক সপোন উৰি আহি মোৰ বুকুত সোমাল ।
ৰাতি এটা ধৰফৰাই উৰি গ'ল
বাদুলী এটাৰ পাখিত লাগি ।

শিলত শেলুৱৈ ধৰে
অথচ জীয়া শিলে তাতেই সপোন দেখে ।
পকা পাত সৰি নতুন কুঁহিপাত ওলাই
সপোন ভঙাৰ অজুহাতত সোঁৱৰণি হোৱা সৰাপাতে
শৰতক মৃত বুলি ঘোষণা কৰে ।
নদীবান্ধৰ পিছতো
মথাউৰি ভাঙি প্ৰতি বছৰে
গাঁওত বানপানীয়ে তাণ্ডব নৃত্য কৰে ।

এজাক নীলা শিয়ালৰ উৎপাতত
কাঁহীৰ ভাত খিনি পঁইতা হ'ল । 
বৰশীত লগা পুঠি মাছো
জপিয়াই পানীত পৰে
নীলা শিয়ালৰ দপদপনিত
পদূলিত বকুলৰ ফুল সৰে ....
-------------------------------------------
বতৰাৰ  অভাব 
ভূমিকা দাস
     
এতিয়া
তুমিবিহীনতাৰ বাবে
মনত খৰাং
হৃদয়লৈ বোৱা চেনেহৰ বতৰাৰ অভাব 

আবেগৰ ক'লাজত আঁকি থ'ব 
নোৱাৰিলোঁ সৌ সময়বোৰ
এই সময়বোৰৰ বুকুত 
"সুখত থাকা" বুলি কোৱা কথাষাৰিতো দুখ থাকে সময়ত

অ' কুলি ,অ' কুলি,
তোৰ  কু....উ ,কু....উ মাতৰ 
অমিয়া সুৰত 
সাঁচতীয়া কথাবোৰ কি সতে ঢাকি ৰাখিছোঁ মনত...
তই জানো জান মোৰ বেথা !

বুকুৰ মাজত হিয়াখনি লৈ 
য'ত থাকা সুখতেই থাকা

কিন্তু
পাৰিবানে ৰাখিব  পোহৰাই 
মন আকাশ মোৰ সদায়...
--------------------------------------------
এমুঠি আঘোণ গজা মাটি 
জ্যোতি দত্ত

মই জীৱনত কেৱল যুঁজিছো
ডুবিছো উঠিছো পুনৰ
যুঁজি যুঁজি ডুবিছো 
মোৰ বাবে জীৱন 
কমাৰশালৰ ভাতি
মোৰ বাবে কোনোৱে নাপাৰে
ফুলাম পাটি  তথাপি!

হেপাহৰ অকূলন নাওঁ এখন
বাই বাই তোমাৰ চহৰত
যিদিনা ভৰি থ'ম সিদিনাই
মোৰ জীৱনৰ আঘোণ !

নাজানো তোমাৰ চহৰত 
এতিয়া কি ফুল ফুলিছে !
তোমাৰ নীলিম দুচকুত
দুখেযে ঠাওনি নাপায় 
তাৰ আশাতেই ...

মোৰ বুকুত দুখন ডেউকা গজিছে 
সময়ক পাৰা যদি খামুচি ধৰিবা
মই তোমাৰ হাতত গুজি দিম
পলসুৱা এমুঠি
আঘোণ গজা মাটি !
-------------------------------------- -------
জীৱনৰ দস্তাবেজ
ৰশ্মি দলে

পল পলকৈ
তেত্ৰিছ্টি বসন্ত পাৰ হ'ল 
সময়ৰ সোঁ‌তে সোঁ‌তে
সোঁ‌ত মিলাই
সময়েনো কেনেকৈ পাৰ হ'ল

জীৱন বাটত, মান অভিমান
কত ধুমুহা পাৰ হ'ল
কিমান অতিক্ৰম কৰিলোঁ‌
ধূলিময় বাটচোৱা

শৈশৱ-কৌশোৰ
যৌৱন হ'ল
বালিচাপৰিত বালিৰে খেলা সময়
অতীত হ'ল
তিতা মিঠা সোঁৱৰণৰ বুকুত এৰি থৈ
জীৱন বাটটি
নতুনৰ দিশ লৈ, আগুৱাই যাবৰ হ'ল।
--------------------------------------------------
হাড় ভগা শৰতত কবিৰ হৃদয়ৰ ভাষা
নিপু কুমাৰ দাস  

শৰতৰ স্নিগ্ধ জোনাক নিশা 
আকাশত তৰাই পাতিছে মেলা 
কিযে আনন্দিত উৎসৱৰ বেলা
দূৰ-সুদূৰ নিজান বনত শুনো
কোন বৈৰাগীৰ হিয়া ভগা বিননি
 
হাড় ভগা কবিৰ হৃদয়ৰ ভাষা
কিয় জানো হয় ইমান গভীৰ 
ব্যৰ্থ প্ৰেমৰ ই কবিতা নে গান
বুজিও নুবুজোঁ একোকে মই
বিষাদ যাতনাত কলিজা কঁপে

শব্দহীন যন্ত্ৰণাই বুকুৰ ভাঁজত 
কত উজাগৰে ৰাতি পুৱাই
সুখবোৰ দুখ হৈ কিয় আমনি কৰে 
অজান শিহৰণত কঁপি উঠে 
যন্ত্ৰণা গভীৰ হৈ কলিজা জ্বলে

নিয়ৰৰ ফুল হৈ ফুলিছিলা সিদিনা 
মোৰ হৃদয়ৰ যেন কুঞ্জবনত 
অস্তগামী সূৰুয হেঙুলীয়া ৰহণত
নীল গগণৰ সীমনাত বিলীন হৈ 
মন ভাবনাত জানোচা হেৰাই গ'লা।
--------------------------–-------------------
গধূলিৰ বৰ্ণময় ছবি 
অঞ্জু ৰয় বৈশ্য

তোমাৰ মনত নাই জানো ?
তাহানিৰ জোনাক সনা গধূলিবোৰ 
আমি গঁথা সপোনবোৰ...
একা বেঁকা পথৰ 
ওখৰা-মোখৰা সপোনবোৰ
কথাৰ ৰহনসনা গধূলিৰ  উন্মাদনা
জোন আৰু তৰাৰ মিচিকিয়া হাঁহি 
আকাশত অলেখ তৰাৰ মিতিৰালি...

সন্ধ্যা তৰায়ো চকু টিপিয়ায় 
তোমাৰ-মোৰ হৃদয়ৰ বতৰা জানি 
প্ৰেমসনা যৌৱনৰ ৰঙীন স্বপ্নই
জোনাকভৰা গধূলি
সেউজীয়া বিলায় হৃদয়ৰ আঁহে আঁহে
যৌৱনৰ কোঁহে কোঁহে
নীলাময় আবেগৰ বৰ্ণময় ছবি
---------------------------------------------------
আৰ্তনাদ
ৰেখা বৰকটকী

আমাৰ অনুভৱবোৰে
পৃথিৱীত ব্যাসৰ্দ্ধ হিচাপে থিয় দি
বৃত্ত আঁকে শূন্যত
জ্যা ,পৰিধিহীণ সেই বৃত্তত মাথো
দূৰ্বিষহ জ্যামিত্যিৰ "ফৰমূলা"
দোকোলটকা চকুপানীৰ ধুমূহাত
বিধ্বস্ত নাবিকসকলে
নিতে নতুন সমীকৰণেৰে
মেলা পাতে।

ফলশ্ৰুতিত 
সেইবোৰ দূৰ্দান্ত "ষ্ট্ৰেটেজী"ত
ম্ৰিয়মান আজি সমগ্ৰ বিশ্ব
তেনেবোৰ জ্যামিত্যিক অভিধান
ত্ৰিকোণী কম্পাচহীনএকোটি
দণ্ডচিত্ৰ মাত্ৰ....

সিদ্ধহস্ত পণ্ডিত প্ৰবৰৰ
মুক্তচিন্তাৰে
বসুন্ধৰাৰ কংকালসাৰ ৰূপ
চাবলৈ আমি যে অপাৰগ  !
--------------------------------------------
হৃদয়ৰ সুৰ 
উপমা ভূঞা পাঠক

চিফুঙৰ মাত তই 
হৃদয়ৰ সুৰ কৰি ন'লবি 

সাত কাণ বাগৰিলে 
নৈ পৰীয়াই সাৰ পাব 

অকুল অজাতিৰ 
আউলীয়া কৌশল তই জানিবি 

তোৰ সংসাৰৰ আখৰাত 
আওপাক লাগিব চাবি...
-----------------------------------------------
শিল
পবিত্ৰ বৰগোহাঁই 

যি শিল এদিন নিৰৱ দৰ্শক হৈ আছিল
যাৰ বুকুৱেদি পাৰ হৈ গৈছিল হাজাৰ ইতিহাস
নদীৰ সোঁত,ৰ'দ,বৰষুণ,বতাহ-ধুমুহা নেওচি
একমাত্ৰ সাক্ষী হৈ আছিল অতন্দ্ৰ প্ৰহৰী হৈ
সিও সময়ৰ ঘৰ্ষণত মাটি হৈছিল ।

এইদৰে ডাৱৰীয়া মুখৰ এচেৰেঙা ৰ'দৰ দৰে উৰা মাৰে মন-মগজুৰ পৰা
বাসনাৰ পৃথিৱীত উৎকণ্ঠাবোৰ শিল হৈ থাকে
সময়ৰ বলুকাত মাথো পৰি থাকে মৰীচিকা হৈ 

সময়ত চক্ৰবহুত দহো আঙুলিয়ে খেপিয়াই থাকে
বেলিফুল ফুলা দেশৰ সাঁথৰ সাঁথৰ যেন লগা কথাবোৰ
য'ত নদীৰ পাৰত আবেলি এটা মৰহি গৈছিল
মুখথেকেচা খাই পৰি আছিল আলি কেকুৰীটো 

তেজৰ চেঁকুৰা বুটলি ডুব গৈছিল সূৰ্যটো
সময়ৰো যদি থাকিলেহেঁতেন চেতনা 

কেনেকৈ হেৰুৱালেহেঁতেন শিলৰ ইতিহাস
সাঁচিপাতৰ দৰে যাৰ বুকুত লিখা হৈছিল
যি শিলো এদিন মাটি হৈছিল ।
-------------------------------------------------------
ঘোঁৰাবোৰ
(পাবলো নেৰুডাৰ কবিতাৰ অনুদিত ৰূপ)
ড০ ইকবাল হোচেইন খান 

খিৰিকিয়েদি দেখিছিলোঁ  ঘোঁৰাবোৰ  ।
মই আছিলোঁ বাৰ্লিনত , শীতত । পোহৰত
নাছিল পোহৰ, আকাশ আছিল আকাশহীন।
বতাহ আছিল শুকান ৰুটিৰ দৰে বগা ।

খিৰিকীৰ পৰা, দেখিছিলোঁ শূন্য চাদ
এটা বৃত্ত যাক কামুৰি ধৰিছে শীতৰ দাতে ।
সকলোৱে একেলগে পৰিচালিত ,এজন মানুহৰ হাতত, 
দহটা ঘোঁৰাই খোজ দিছে, খোজ দিছে তুষাৰৰ মাজত ।
যেতিয়া জাগ্ৰত কৰিলে অস্তিত্ব, জুইৰ নিচিনা, তেতিয়াই পৰিপূৰ্ণ কৰিলে সিহঁতে মোৰ দৃষ্টিৰ সম্পূৰ্ণ বিশ্বখন,
এতিয়াও শূন্যতাৰে ভৰা ।ভ্ৰান্তিহীন, শিখাময় ,
সিহঁতে খোজ দিছে যেন দহটা দেৱতা, পৰিষ্কাৰ বগা খুৰাবোৰ,
সিহঁতৰ কেশবোৰে মনত পেলাই দিয়ে লৱণ  সিঁচৰতি স্বপ্ন  ।

কঁকাল সিহঁতৰ ভূগোল,সেইবোৰ যেন কমলা টেঙা। 

ৰং সিহঁতৰ আছিল অম্বৰ ,মৌ আৰু জুইৰ নিচিনা ।

সিহঁতৰ ডিঙি মিনাৰবোৰৰ নিচিনা
খোদিত গৰ্বিত  শিলত,আৰু সিহঁতৰ হিংস্ৰ চকু দুটাত ,কেৱল  প্ৰানৱন্ত শক্তি
তুলি ধৰে নিজেই, ভিতৰত আছে  অসহনীয়নতা  ।
তাতেই, নীৰৱতাৰ মাজত, দুপৰীয়া  ,লেতেৰা আৰু প্ৰচণ্ড শীতৰ মাজত ,
ঘোঁৰাবোৰৰ আগমন আছিল ,ৰক্তাক্ত,
 ছন্দময় , যিবোৰ সতেজ ঐতিহ্যৰ পোহৰ ।
মই দেখিছিলোঁ ,মই দেখিছিলোঁ , দেখি দেখি উভতি আহিলোঁ মোৰ জীৱনত,
আছিল তাত অসৰ্তক জুৰি,  স্বৰ্ণৰ নৃত্য, আকাশ ,জুইৱে  আগুৰি ধৰে সুন্দৰ  বস্তুবোৰত ।

পৰিশেষত নোহোৱা কৰিছিলোঁ সেই বিষণ্ণ  বাৰ্লিনৰ শীত ।

কেতিয়াও পাহৰি নেযাওঁ সেই ঘোঁৰাবোৰৰ পৰা ওলোৱা পোহৰ ।
------------------------------------------------------

এঙেৰুৱা ডিমৰুৰ ছাঁত
জয়ন্ত বৰুৱা

এঙেৰুৱা ডিমৰুৰ ছাঁত কৰুণ নিতাল সুৰ
পৰ্বতীয়া পচোৱাই শুনি গ’ল মাথোঁ
বৃহন্নলা বিষাদৰ বতৰা

এনেকৈ ঠুনুকা উলাহত ঠেঁহ পাতি ৰয়
পবিত্ৰ প্ৰেম সু-গভীৰ উদ্যম 

আম ৰঙা কুমলীয়া ইন্দ্ৰিয়জ ভাষাৰে অঁকা
কেচুঁৱা কোমল সজাঁল ধৰা ছবিবোৰ
কিয় বাৰু ভাগি চুৰমাৰ হ’ল ?

অভেদ্য ৰহস্যৰ ক্লেশময় ভৰত
সংসাৰ জ্বৰ-জ্বালা যন্ত্ৰণাত
জলমল উত্তেজিত অভিমানী বুকু 

সাঁচি থোৱা মনৰ সুখানুভূতিবোৰ মহীয়ান উলাহেৰে
নিঃশব্দে আকাশমুৱা কিয় বাৰু ন’হল ?

উত্তাল আপ্লাৱিত ইন্দ্ৰিয়জ সুৰত
দেও দি নাচি ফুৰা হৰিণীজনীয়ে
ভয় খালে নেকি বাৰু...?

সঁচাকৈ , এঙেৰুৱা ডিমৰুৰ ছাঁত
বেসুৰা হ’ল চহা সেউজীয়া
চন্দ্ৰিকা কোমল সুৰ ৷
------------------------------------------
দোমোজাত
হিমাজ্যোতি তালুকদাৰ 
         
মই মোক ভালপাবলৈ শিকা নাছিলোঁ বাবেই
বদনামী হৈ পৰিছিলোঁ 
ডায়েৰিৰ পাতত 

জয়াল ৰাতি
বিননি জুৰিছিল বেথাৰ চৰাই
নিস্তব্ধতাত হেৰাইছিল সপোন

ক্ৰমশঃ 
মই মোক বিচাৰি ফুৰিছোঁ
---------------------------------------------
মানসী
পৃথক কলিতা

তাই আছিল হোমৰ গুৰিৰ
স্পন্দমান উপহাৰ
সিদিনা তাই মোৰ কোঠালৈ
ফৰিং ফুটা জোনাকৰ দৰে আহিছিল
যি আহিল আৰু নগ'ল

দুয়োখন মুখ
জিলিকি উঠিছিল পোহৰত
দুটি ওঁঠ
মোৰ দুয়োখন গালত তিয়াইছিল
মই তাইৰ বুকুৰ ছায়াত
তাইৰ কেচা সাজযোৰ
বুকুৰ নীলা খিনিৰে আঁকিছিলো

ভয়ত নে লাজত তাই ঘামিছিল
উশাহৰ ঢৌবোৰ
অন্তশৰীৰত চিক্ 
মিকাইছিল
আকাশৰ পৰা তৰা বোৰ আহি
ফুল হৈছিল
জোনাকে আশীৰ্বাদ দিছিল
পথাৰৰ বতাহ জাক আহি
ভুমুকিয়াই চাইছিল

সেইদিনাই দেখিছিলো তাইক
আৰু তাইৰ সুন্দৰৰ প্ৰান্ত
তাই আছিল হোমৰ গুৰিৰ
স্পন্দমান উপহাৰ ।
--------------------------------------
শৰৎ
নমিতা চৌধুৰী

শৰৎ তই নহা হ'লেই 
ভাল আছিল...
তই আহিলেই কুঁৱলীয়ে 
ঠেহ পাতে জোনাকৰ লগত...

তই আহিলেই নিশিগন্ধাই 
নিয়ৰৰ প্ৰেমত পৰে
তোৰ দৰদী চাৱনিত শেৱালি আকুল হয়

তই আহিলেই শেৱালিৰ 
অভিমান হয় প্ৰভাকৰৰ 
ওপৰত
তই আহিলেই ডাৱৰবোৰে 
লুকাভাকু খেলে জোনাকৰ লগত

তই আহিলেই বুকুৰ মাজৰ
এধানি পৃথিৱীখনে 
হেৰুৱা ৰংবোৰ বিচাৰি হাহাকাৰ কৰে

শৰৎ, তই নহা হ'লেই 
ভাল আছিল !
-------------------------------------------
নাৰীৰ অস্তিত্ব
বিশ্বজিৎ গগৈ

ভূমিষ্ঠ হোৱাৰ পাছতেই যে ধৈৰ্য্য আৰু সহনশীলতাৰে পূৰ্ণ তোমাৰ হৃদয়
মাতৃৰ কোলাত থাকিয়েই যে সৌন্দৰ্যৰ সাধনা কৰা
সেয়ে চাগৈ ইমান ধুনীয়া নাৰী
নাৰী তুমি অনন্যা সদায়।

যৌৱনা হ'লেই যে তোমাৰ দেহত  চকু ৰাখে 
যিদৰে আপ্ত বাক্য কয়, 
"হৰিণাৰ মাংসই বৈৰী।"
হে নাৰী সৃষ্টিৰ মাধুৰ্যতাতো যে
লিখা আছে তোমাৰেই নাম।
কিজানিবা সেই বাবেই  মমতাৰ দৰ দাম।
তুমি যে অনন্ত সৃষ্টিত সুদূৰপ্ৰসাৰী।

অন্তৰৰ কোমল গহ্বৰত প্ৰেমৰ পাপৰি অংকুৰণ কৰি
হৃদয়ৰ বিশালতাত মমতাৰ কামিজ পিন্ধা তুমি
আৰু যে নিজস্বতাক জ্বলাঞ্জলী দি এন্ধাৰত জোনাকী হোৱা
সভ্যতাৰ বিকাশৰ পথত
প্ৰকৃতিৰ আকুল আহ্বানত।

কান্দোনত হাঁহিৰ মুঠি, হাঁহিত বেদনাৰ উল্কা সাঁচি
আঁচলত প্ৰেমৰ উন্মেষ কৰাব পাৰা,
আজীৱন হেঁপাহৰ ৰঙীণ সাজযোৰ খুলিও যে পিন্ধিব পাৰা তুমি 
ভাগ্য নামৰ দীঘ আৰু নিয়তিৰ বাণীৰে ধৰণী শালত বোৱা
পৰিস্থিতিৰ চিৰন্তন কাপোৰ খনি ।
মেৰিয়াই গৈ থাকা নীৰৱে নিৰবধি তুমি...
কিজানি অনন্তত তোমাৰ নাৰীৰ অস্তিত্ব!
------------------------------------------------------
অভিমানী মনৰ হিচাপ
আশা কাকতি দাস

এন্ধাৰৰ কোমল বুকুৰ আদৰবোৰ
তোমাৰ প্ৰয়োজন কাহানিবাই শেষ
সেয়ে বিশৃংখলতাই আগুৰি ধৰিলে জীৱন
আৰু অভিমান বোৰ খঙলৈ ৰূপান্তৰিত হ’ল
এতিয়া সেইয়াও নুমাই গ’ল

সুধিবলৈ মন গ’ল তোমাক
সজল চাৱনিৰে আপোনত্বৰ
ৰং লগাই হৃদয় জ্বলাই
কিনো পালা তুমি?

নষ্টালজীয়া ভাৱত বিভোৰ 
সেয়েনিজান দুপৰীয়াবোৰ
আপোন এতিয়া
অভিমানী মই আছিলো
তুমিও নাছিলানে?
ভালপোৱাবোৰ হ'লে মোৰ আছিল

সেয়েহে আজি
ভয় লাগে তোমাৰ গাওঁ
তোমাৰ ঘৰত নিশ্বাস ল'বলৈও
স্তব্ধ হৈ যাব নেকি এই
উশাহবোৰ...
নিঃশেষ হৈ ৰ’ব নেকি 
এটি আধৰুৱা জীৱন
------------------------------------------------
কল্পনাত প্ৰেমৰ তৰংগ
কন্দৰ্প কুমাৰ কলিতা

জোনাকৰ সেন্দুৰীয়া সন্ধিয়া
বতাহেজাকে দুই ওঁঠত চুমা যাঁচিছে

তোমাৰ সুখৰ অনুভূতি
চুই চোৱাৰ হেঁপাহ
মেঘালী চুলিৰ সেউজীয়া প্ৰেম

বুকুত এটা সপোনৰ সোপান
মোৰ দুহাতত বিচিত্ৰ পৃথিৱীৰ আকুলতা 

ভালপোৱাৰ সাঁচিপাতত ধোঙ ভৰাই
তোমাৰ কথাৰে আখৰবোৰ সজাইছো

তোমাৰ স্পৰ্শত লহপহকৈ বাঢ়ে মোৰ
কলিজাৰ স্পন্দিত অনুপ্ৰেৰণা

জীৱনৰ মাজুলীত বহি
এফাঁকি কবিতা লিখিম

চিনাকি বাটৰ অচিনাকি সুহুৰি
কল্পনাৰ অৰঙে দৰঙে 

তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ
তৰংগায়িত হ'ব 
শব্দৰ সুমধুৰ ঝংকাৰেৰে
-----------------------------------------
সংবেদনশীল কলিজা
অসীম দত্ত

কলিজাও এখন নদী
অহৰ্নিশে ৰক্তপ্ৰবাহ
কলিজাৰ বালিচৰ
শেষ নিশ্বাস

কলিজা সংবেদনশীল নদী
আৱেগৰ চাকনৈয়া বুকুত
কাৰ দুখত নামে বাৰিষা
কাৰ শোকত বুকুত খহনীয়া
আপোনত্বৰ চাপত
ঘন ঘন উঠা নমা
ৰঙা কলিজাত দুখৰ বোজা

চকুত লুণীয়া বান
কলিজা কিমান যে নেদেখা সাক্ষী
তাতেই চেপি খুন্দি ঠেঁহ পেচ ধৰে
কত অভিযোগ মান অভিমান

কলিজাৰ কথা চকুৱে কয়
কলিজা অন্তঃসলীলা
ইমান খৰস্ৰোতা 
ইমান আবেগিক
ইমান ভংগুৰ
বোজা বেছি হ'লে
ই শেষৰ উশাহ হয়
বৈ নোযোৱাৰ প্ৰতিশ্ৰুতিৰে
স্তব্ধ হৈ ৰয়।
-------------------------------------------------
কবি
ৰূপজ্যোতি শইকীয়া 

অভিশপ্ত জীৱনৰ কেকুঁৰীবোৰত 
কাৰেং সজাৰ হেঁপাহ 
হৃদয়ৰ পুৱতি নিশা
নিয়ৰ সনা দুবৰিৰ ডিম্ব ভাঙি
তহল দিয়াৰ অভ্যাস
অভিশপ্ত কুঠৰিত

ফেহুঁজালি দিয়া মৌন ওঁঠৰ সংলাপ
কবিতাবোৰ নিভাঁজ নহ'বওতো পাৰে
হোৱা হ'লে উকা মনটোৰ পৃষ্ঠাবোৰ 
জীৱনজোৰা উকা হৈয়ে ৰ'লহেঁতেন...

প্ৰেমৰ পংক্তিবোৰ মৰুৰ প্ৰান্তত
উৰি গ'ল হয়, নতুন প্ৰাণৰ সন্ধানত...

মই আৰু মোৰ কবিতাই 
উশাহৰ শুভ্ৰ আৱেগ ঢালি 
শুষ্ক অৰণ্যত বিচাৰি ফুৰিছোঁ
আজীৱন সাধনাৰ পৃষ্ঠাজোৰা অধিকাৰ...
----------------------------------------------------
প্ৰেম
অৰুণ ভূঞা 

হেঁপাহত জাগে  হিয়াত গঁজে
প্ৰনয় ফুলৰ কঠীয়াতলি ... 

 জীপাল অনুভৱেৰে ভৰি পৰে 
 ফুলৰ বাগিছাখন 
 সুশোভিত ফুলৰ সমাহাৰৰ সুঘ্ৰাণত 
 প্ৰাণৱন্ত হৈ পৰে 
 হিয়া মন ... 

 হাঁহিত খিলখিলাই উঠে 
 সুগন্ধি গোলাপপাহি ... 

 কাইটীয়া গোলাপজুপিৰ
 আঁচোৰত 
 হয়তো নিগৰিব পাৰে 
 তপ্ত শোণিত... 
 য’ত জাগ্ৰত হয়
 এধানি বিমুগ্ধ আকৰ্ষণ 
 আৰু হৈ পৰে 
 হিয়াৰ ঠিকনা 
 মৰম ভালপোৱা ...
--------------------------------------------
শৰতৰ অনুভৱ
নীলিম নয়ন
                                   

যাওঁ বুলি যাব পৰাহ'লে তোমাৰ চহৰলে
হৃদয়খনকে আজুৰি আনিলোঁহ'লে আলফুলে।

আউসীৰ পৰানো জোনাকলৈ কিমান বাট ?
 হৃদয়তে সজাই ল'ম তেনে এটি বাট।

শৰতৰ সন্ধিয়া তুমি আহিলে

মোৰ বুকুতে সজাম দুবৰিৰ দলিছা
শেৱালিহৈ ফুলিবাহি পূৰ্ণিমাৰ এনিশা।
---------------------------------------------------
জুই লগা সময়
দেবানন্দ পেগু

সময়ৰ পাখিত জুই লাগিছে
এই জুইৰ ধোঁৱাই আকাশখন ছানি ধৰিছে
জুই লগা সময়ৰ পাখিত উঠি ,
 কত জনে দিক্‌ হেৰুৱাইছে
এই জুইয়ে পুৰি মাৰিছে
কতজনৰ সোণৰ সপোন।

মৰুভুমিত ধূলিৰ ধুমুহা হৈ
কত জনেশূন্যত ঘুৰিছে
পুতলা নাচৰ পুতলাৰ দৰে
আঙুলি মূৰত নচুৱাই
কোনোবা জনৰ মূৰত ভৰি থৈ
কত জনেআকাশত চাং পাতিছে।

সাগৰৰ তলিত উদং হ'ল
মণি-মুকুতা
তথাপি বালিত সোণ বিচাৰি
চালনীৰে চালিছে
শুকান পাতত,চেপি চেপি ৰস উলিয়াই
কত জনে লংকাৰ ৰাৱণ হ'ল
লংকাৰ পৰাই মন মেলিছে
ইন্দ্ৰৰ সোণৰ আসনলৈ। 

সময়ৰ পাখিত জুই লগাই
বাট মোকলাব  ইহঁতে
সমুখ সমৰত বিধি পথালি দিলেই
শিৰশ্ছেদ কৰি বিজয়ৰ মালা পিন্ধিব।
-------------------------------------------------
বাঘজান
ধ্বনিতা তালুকদাৰ
          
অলপ আগেয়ে তোমাৰ কথাই পাতিছিলো
শিল টান, পানী চেচাঁ, জুয়ে পোৰা মাটিত
জীৱন আগবঢ়াৰ কৌশলৰ কথা

কেনে আছিল পৃথিৱীৰ আদিম পুৱা
মিঠা ফল মানুহে খালে কিয় তিতা হয়
ঠিক ৰাতি দোভাগ হোৱাৰ লগে লগে
আকাশখন পকা অঙঠাৰ দৰে জ্বলি উঠিল

লাহে লাহে মাটি বালি হৈ পৰিল
বাঁহগছ,বাৰী ঘৰ ছাই হৈ গ'ল
কান্দোন,কোৰ্হাল,চিঞৰ বোৰ
বাঢ়ি বুকুত চকুত মুখত সোমাল

এতিয়া পৃথিৱীৰ মৰা জীয়া সকলোৱে চিঞৰক
কেৰ্কেটুৱা কুমটি মাছ কাছ সবে
টিনপাত আলমাৰি আইনাৰ বটলবোৰো

আজি বহুদিনৰ মূৰত মুখামুখিকৈ বহিছো
এখন হাতত খামুচি ধৰিছো সেইজীয়া দলঘাঁহ
আনখন হাতৰ মুঠিত এটা জোনাকী পৰুৱা
এতিয়া মাথোঁ শোকস্তব্ধ শব্দৰ দীঘলীয়া বাট।
-------------------------------------------------------
নীলা খামৰ চিঠি 
ৰবিন কুমাৰ চেতিয়া

মৰমৰ অপৰাজিতা মোৰ--

মৰমবোৰ ল'বা 
আৰু বেছি দিন তুমি ৰ'ব নালাগে 
চিন্তা নকৰিবা 
আশাকৰো অকণমান তুমি ধৈৰ্য্য ধৰিব পাৰিবা 

ভাবিছো অপৰাজিতা 
খুউব সোনকালে মই তোমাৰ কাষলে' যাম 
স্মৃতিৰ পুঞ্জীভূত সেমেকা জোনাকবোৰ 
এটা এটাকৈ খুলি খুলি হেঁপাহৰ আঁচলত  
দুয়ো একেলগে শুকুৱাম 

বেয়া নাপাবা অপৰাজিতা 
দিন বাৰ চাই মই যাব নোৱাৰো 
সময়ৰ কথাৰে জীৱনৰ নদীখনো বান্ধিব নোৱাৰো 
তথাপিও কথাটো জানিয়েই তোমাৰ আকাশতো 
ৰামধেনু যে উৰিব সেয়া মই ভালকৈয়ে 
অনুধাৱন কৰিব পাৰিছোঁ 

অপৰাজিতা 
আচলতে কথাবোৰ তুমিও জানা, ময়ো জানো 
কোনোদিনে আমাৰ সুৱাগমণি হেঁপাহবোৰ 
পিন্ধি পিন্ধি শেষ নহ'ব কাহানিও 
সময় কম হোৱা বুলি হয়তোবা তুমি 
মোকেই দোষ দিবা সিদিনা 
( নিদিবা জানো) 
লগতে যে সাঁতুৰিব তোমাৰ মৰমৰ অভিমানো 

ভাবাচোন অপৰাজিতা 
লগ হ'লেই আমাৰ উশাহবোৰ হ'ব কিজানি 
উগুল থুগুল , লৰাঢপৰা 
তেতিয়া আমি সঁচাকৈয়ে বাৰু 
যাম নেকি পাহৰি দিবলে' ল'বলে' 
সাঁচি থোৱা অলেখ মনৰ বতৰা 

সেইদিনা কিজানি বেলিটোয়েও লাজত 
সোণকালে ঘৰমুৱা হব 
লগ পোৱা সকলোকে আকাশে বতাহে 
হাঁহি হাঁহি আমাৰ কথাবোৰেই ক'ব 
খৰধৰকৈ সিদিনা নামি আহিব 
বিদায়ৰ কেঁহেটীয়া ক্ষণ 
অহা যোৱাৰ প্ৰতিশ্ৰুতি হৃদয়ত সাৱতি লৈ 
সেমেকিব আমাৰ দুয়োৰে  ভমকাফুলীয়া মন 
তথাপিও অপৰাজিতা 
জিলিকিব আমাৰ ফাগুনী সময় 
আশাৰ পানচৈত দঁহেচীয়া জীৱন 

আৰুনো কি লিখিম অপৰাজিতা 
হাঁহি থাকিবা, কুশলে থাকিবা 
পূনৰবাৰ মোৰ মৰম 
আৰু ভালপোৱা বোৰ  জানিবা 

      শেষত হৃদয়ৰ আন্তৰিকতাৰে- 
                তোমাৰ 
             জোনাকী মন
------------------------------------------------
আঘোণ
অঞ্জনা শইকীয়া

তোমাৰ প্ৰেমৰ পৰশত
সোনালী ধানৰ থোকবোৰ দোঁ খাই যায়
মানিলয় শীত নতুবা সূৰ্য্যৰ তাপকো।
কাৰণ
এইয়াযে আজন্ম প্ৰেম
প্ৰতীক্ষাৰ অন্তত তুমি আহিছা
সেমেকা অথচ গভীৰ উম এটা লৈ

কুঁৱলীৰ সুকোমল চাদৰখন গুচাই
হেঁপাহবোৰ সূৰ্য্যমুখী হয়
তোমাৰ প্ৰেমেৰে
কিজানিবা হেৰুৱাব লগা হয়
তাৰেই ভয়ত!

এইয়াযে সচাই আজন্মৰ প্ৰেম!
---------------------------------------------
সাম্প্ৰতিক 
মইনুল হক চৌধুৰী

মুখাবোৰ খুলিবৰ হ'ল
ওলাই পৰিছে লাহে লাহে 
মুখাৰ আঁৰৰ মুখ! 

কি যে শব্দৰ মায়াজাল
উফ্! কি যে মনপৰশা কণ্ঠ 
উদাত্ত ভাষণ, টেটুফলা চিঞৰ! 
উশাহত তুমি.. 
নিশাহত তুমি.. 
হে মোৰ আই মাতৃ!
বাহঃ কি সুন্দৰ সংলাপ 
আবেগত উটি ভাঁহি থাকোতে
জীৱন গ'ল
ভেটি উছন হবৰ হ'ল। 

আবেগেৰে নহয় বন্ধু 
আহা বিবেকেৰে কৰো গতি
তেহে থাকিব আমাৰ স্থিতি।
--------------------------------------------
ফলক  
দিলাল আহমেদ

মই পৰাজিত সৈনিক
হাৰিছো মূলৰ লগত
বিৰিখ, লতা, গুল্মৰ স’তে
হাৰিছো বাসনাসহ দগ্ধ স্বৰূপ

আৰু এই যে তুমি
আছা সপোনতো দিঠকতো
এটি কঠিন শিল কাটি
বনাই ৰাখিছো ফলক৷
-----------------------------------------------
আশা  
ৰাস্না বণিয়া(বৰুৱা)

আৰম্ভণি সমাপ্তি
পুনৰ আৰম্ভণি

আজোককাৰ পৰা ককালৈ
ককাৰ পৰা পিতাইলৈ

একেটাই মাথোঁ আশা

এখন কুঁহিপাত
এখন ধাৰাপাত
এটা কলম কিনিব
নোৱাৰিলে!

হাতৰ তলুৱাৰ পৰা
সৰি পৰে সময়

পিতাইৰ জীৱন

প্ৰৱল পিয়াহত ভিতৰি ভিতৰি
শুকাই যোৱা এখন নদী!

সকলো শেষ হোৱাৰ পিছতো
এটা জীৱন থাকে
ভাল পাবলৈ

এমুঠি বীজ সিঁচিছোঁ
আকালৰ বানে উছন কৰা 
পিতাইৰ শস্যৰ পথাৰত

বীজবোৰ গজি উঠিছে 
সেউজীয়া হৈছে সময়
  
সময়
এখন খৰস্ৰোতা নদী

আৰু পিতাই?

পিতাই মোৰ বাবে
এখন জ্বলন্ত জুহাল
অথবা এটি দীপ্ত মমবাতি...
---------------------------------------------
ইতিহাস 
কিৰণ দাস

ইতিহাসে 
নীৰৱে   ৰিঙিয়াই 
বৰ্তমানটো ,অতীতৰে  গোপন  সপোনৰ  কাৰেং
ই  ভৱিষ্যতৰ  বীজ
সংকুৰণৰ  হাঁহি ,হুমুনিয়াহৰ  পথাৰ

ইতিহাস 
সময়ৰ দাপোনৰ
সোণোৱালী   সাক্ষীৰ , সেউজ  শস্য
ই  কাল  ধুমুহাৰ  দস্তাবেজ 
ইয়াতেই   সৃষ্টি   সভ্যতাৰ
ইয়াতেই   ধ্বংস   সভ্যতাৰ 

ইতিহাসে  আনে
প্ৰকৃতিৰ  লয়লাস  ভঙ্গীত  হোৱা 
মৰিশালিৰ   দস্তাবেজ দিয়ে
ভাগৰুৱা  কৃষকৰ  সেউজ  সপোনৰ  হুমুনিয়াহৰ  সাধু

ই  আনে 
বৰ্তমানৰ  সমাজ
দিয়ে 
সমাজ  উত্তৰণৰ  আভা
ইতিহাসে
সোঁৱৰাই  সঘনে
সমাজ  ধ্বংসৰ  শিক্ষা
সমাজ  ধ্বংসৰ আগলিবতৰা
 
ই কঠোৰ  বাস্তৱৰ
যুগমীয়া  ফলক
ভৱিষ্যত প্ৰজন্মৰ 
অন্বেষণৰ  পথ
------------------------------------------------
এজাৰ ফুলীয়া সপোন
ৰঞ্জনা দেৱী

আলি কেঁকুৰিটো পাৰ হৈ লুংলুঙীয়া বাটেৰে
আগবাঢ়িছিল এটা এজাৰ ফুলীয়া আবেলি।

পানীৰ তলৰ মাছবোৰে তেতিয়া মাৰিছিল
এটা বেজাৰ বুলীয়া হা‍ঁহি।

শেলুৱৈ ধৰা শিলছটাত বহি
মাছৰোকাজনী ভাৱনাৰ সাগৰত ডুব মাৰিছিল!

এপৰ দুপৰকৈ আগবাঢ়ি আহিছিল ৰাতিৰ থুতৰিত ধৰি শেষৰাতিৰ  কু‍ঁৱলী

ফেঁহুজালি ফালি ওলাই আহিছিল
শেতেলীত শুই থকা দিনমণি

ডৰিকৰ মাতত সাৰ পাইছিল
কল্পনাৰ ৰাজ্যত বুৰ গৈ থকা
আশা-নিৰাশাৰ গোপন চুপতা-চুপতি

ইতিহাসৰ  প্ৰতিটো  মূহুৰ্তই  দিয়ে
লোভ, মোহ, মৰিশালিৰ  নিৰ্জনতা
সংগোপনে   থাকে  সোমাই 
কদৰ্য, নিষ্ঠুৰতাৰ  দৃষ্টান্ত

ইতিহাসে  ৰিঙিয়াই 
সভ্যতা  মানুহৰ   হাতত
সমাজ  মানুহৰ হাতত
জীৱনটো  মানুহৰ  হাততে...
--------------–-----------------------------
নিয়ম
দেৱজিৎ পাটোৱাৰী

মই তেওঁক কৈছোঁ
তেওঁ মোলৈ বিয়া হৈ আহিব নালাগে

মই তেওঁলৈ বিয়া হৈ যাম

মই তেওঁক কৈছোঁ
তেওঁ মোৰ উপাধি লব নালাগে

মই তেওঁৰ উপাধি লম

মই তেওঁক কৈছোঁ
তেওঁ আমাৰ সন্তান প্ৰসৱ কৰিব নালাগে

মই প্ৰসৱ কৰিম

মই তেওঁক কৈছোঁ
মাহেকীয়া হ'লে তেওঁ সৰু বিছনাখনত শুব নালাগে

মই শুম তাত

মই তেওঁক কৈছোঁ
মই অহালৈ বাট চাই তেওঁ নোখোৱাকৈ থাকিব নালাগে

মই বাট চাই থাকিম

মই তেওঁক কৈছোঁ
মোৰ ছাঁ গচকি তেওঁ অনায়াসে পাৰ হৈ যাব পাৰিব

মই তেওঁৰ ছা‍ঁৰ প্ৰতি সতৰ্ক হ'ম

মই তেওঁক কৈছোঁ
মোৰ মৃত্যুৰ পিছতো তেওঁ ৰঙীণ কাপোৰ পিন্ধিব পাৰিব

মই বগা সাজ পিন্ধিম

মই তেওঁক কৈছোঁ
সেই সকলোবোৰ কথা
যিবোৰ সমাজে পছন্দ নকৰে

অথচ

অইন মানুহৰ দৰে
তেৱোঁ জীয়াই থাকিব
ময়ো জীয়াই থাকিম
------------------------ ------------------
শীতৰ মালিতা 
ৰাজীৱ দত্ত

শীত বৰ বিষাদৰ ঋতু 

শীতেই জগাই তোলে
দুখাবহ স্মৃতি ।

দুখ যেন টোপা টোপে
সৰি পৰা নিয়ৰ কণা ।

কাংক্ষিত ৰ'দ অনাকাংক্ষিত ৰাতি

এনেকৈয়ে দিন 
এনেকৈয়ে  সমাধিস্থ ৰাতি ।

সমাধিৰো আছে
এক নিজস্ব প্ৰকৃতি ।

শীতেই সমাধিৰ 
সুষম সময় ।

শীতৰ একাঁজলি ৰ'দ
যেন হেঁপাহৰ ধন ।

ৰ'দৰ উমত সজীৱ 
স্মৃতি কাতৰ
ৰ'দাকাংক্ষিত মন ।

শীত যেন দুখ আৰু সৃষ্টিৰ 
অনন্য সমাহাৰ ।

শীত যেন অনুভৱৰ 
দুখৰ  অনুষঙ্গ মালিতা ।
------------ ---------------------------------------
জেঠী
ৰিজুমণি দেৱী

এমাহ আগতেই মোৰ মৃত্যু হ'ল
কিন্তু মই খিড়িকীখনৰ চুকতে 
এতিয়াও ওলমি আছো
মই নহয় মোৰ শুকান শৰীৰটো

বাইদেৱে এদিন খিৰিকীখন বন্ধ কৰি দিলে 
খিৰিকীৰ চেপত থকা মোৰ দেহটো চেপা খাই প্ৰাণ বায়ু উৰি গ'ল।
বাইদেৱে  গমকে নেপালে

তেওঁ মোক দেখা নাছিল 
এমাহৰ পিছত হঠাৎ মোৰ শুকান শৰীৰটো বাইদেউৰ চকুত পৰিল।
দুগালে দুধাৰি  চকুলো বৈ আহিল বাইদেউৰ চকুৰ পৰা
গোটেই দিনটো বাইদেউ দুখী হৈ থাকিল

মোৰ আত্মাৰ সদগতি কামনা কৰি 
ঈশ্বৰক প্ৰাৰ্থনা কৰিলে

মই বাইদেউক সান্তনা দিছোঁ 
মোৰ মৃত্যুৰ বাবে আপুনি দায়ী নহয়
তাৰ বাবে আপুনি দুখ নকৰিব

কাৰণ মোৰ মৃত্যু আপোনাৰ হাততেই
ঈশ্বৰে লিখি থৈছিল
------------------------------------------------
নৈপৰীয়া কথা
প্ৰদীপ দাস ঠাকুৰ

নৈপৰীয়া মানুহৰ সুখ দুদিনীয়া
দুখ কুলাইপাচিয়ে নধৰা
নৈপৰীয়া মানুহৰ বৰষুণ আৰু বানৰ কথাৰে
আৰম্ভ হয় দিন শেষ হয় ৰাতি

নদীবান্ধৰ কথাৰে পৰিতৃপ্ত মন
চৰকাৰী আঁচনি আচলৰ ধন
পানী ভৰপূৰ সময়
বুকু ধপধপনি বাঢ়ি অহা
নিৰৱে চকুলোটুকা এক
বিষন্ন স্মৃতিৰ অধ্যায়
---------------------------------------------
বিষাদে বতাহে হাঁহি
স্বপ্নম জ্যোতি কলিতা
                   
তৰপে তৰপে সাঁচি ৰখা মলিয়ন বিষাদবোৰ
উজাৰি উলিয়াই গঙ্গাত জুবুৰিয়াম 
বিষাদে বতাহে সেইদিনা হাঁহিব খিলখিলাই
অনসূয়া আৰু প্ৰিয়ম্বদাৰ দৰে ...

বিষাদৰ বাতৰি বতাহে বিলাব
বিষাদে নিঃসঙ্গতাৰে চকুলো টুকিব 

কাপ মৈলামেৰে নতুন জীৱন আঁকি
নঙঠা কেঁচুৱাৰ দৰে 
ন-পোছাক পিন্ধিম

বিষাদে বতাহে হাঁহি
আমৰণ গুটি খাই
নৱ জীৱনৰ পাতনি মেলিম 
------------------------------------------------
ৰসায়নৰ এখন খেল
দীপাংকৰ ভূঞা

শূন্যৰ পৰা সোঁহাতে এটি ক্ৰম….
শূন্যৰ পৰা বাওঁ হাতে আনটি ক্ৰম….
যোগাত্মকৰ পৰা বিয়োগাত্মকৰ খেল
বিপৰীত দিশত খেল

তেনে এখন খেলেই খেলিছো
তুমি মই !

বিপৰীত আধান সৃষ্টিৰ
বিপৰীতে….
সম আধান সৃষ্টি 
জীৱন পৰিক্ৰমাত এজন পূৱলে'
আনজন পশ্চিমলে' গতি
সময়বোৰ বঢ়াই দীঘ বঢ়াইছোঁ
সম আনুপাতিক হৈছোঁ
সময় বঢ়াই মৰম টুটাইছোঁ
বিপৰীত আনুপাতিক হৈছোঁ

এতিয়া ৰসায়নৰ এখন খেল খেলিছো !
-------------------------------------------------
নৈঃশব্দ 
ইপুল হুছেইন

শব্দ শুকাই যোৱা দিনৰ আশ্ৰয়হীনতাত ভুগি
বুকুত লুকাইছে কুচিমুচি জোনাক
বুকুৰ নোম সিঁয়ৰাই শূন্যতাৰ কথা ক'ব খুজিছে
যি কথা কোনোদিনেই কোৱা নহ'ব

পুৰণি ডায়েৰীৰ পাতৰ পৰা শব্দবোৰে আকৌ চৰাই হৈ উৰিব খুজিছিল
কিছু কিছু উশাহত হুমুনিয়াহৰ ঢল বাঢ়িছিল
মৌ-মাখিৰ ছবি অঁকা আঙুলিত এডাল পেঞ্চিল নাচিছিল
কপালত ওলমি থকা চুলিৰ সৈতে হয়তোবা বতাহৰ বুজাবুজি আছিল
অপ্ৰস্তুত আঙুলিৰ ফাঁকেৰে গানৰ মৌ-মাখি উৰিছিল
প্ৰতিবাৰ হাৰি যোৱা চকুৰ আকুলতাত দেখিছিলোঁ
শব্দ শুকাই যোৱা দিনৰ মৌনতা

কবিতাৰ সহচৰ বিচাৰি কালি নিশা শব্দৰ সমদল এটাই 
নৈঃশব্দৰ শ্ল’গান দি আঁতৰি গৈছিল
বুজি পাওঁ অসহায় সেই নদীৰ শব্দ
তথাপি উপায়বিহীন,শব্দহীন ।
--------------------------------------------------
আঘোণ
লক্ষ্যহীৰা শইকীয়া

ভাল লাগে 
সোণবৰণীয়া বতাহজাকত 
যেতিয়া তুমি দুলি থাকা ডেউকা মেলি 
চেৰী ফুলৰ দৰে ফুলি উঠে বুকু
জুয়ে পোৰা ৰাতিৰ বাট কাটি ...

ভাল লাগে 
যেতিয়া শুনি থাকোঁ
বতাহ নেওচি অহা তোমাৰ 
জিৰিক্‌ জিৰিক্‌ মাত ..
সুৰ এটা বুকুত সাৱতি যেতিয়া
নিচুকাই থাকা
ভোকাতুৰৰ পিঠিত ওলমি ৰোৱা
স্বাধীনতাৰ দগ্‌মগ্‌ দাগ ...

ভাল লাগে 
সপোনবোৰ যেতিয়া ডুবি থাকে
তোমাৰ সীমাহীন ভালপোৱাত 
জীৱন বিচাৰি বিচাৰি ভাগৰুৱা আঙুলিৰে
যেতিয়া জ্বলি উঠে পোহৰৰ চাকিবোৰ
ঘৰমুৱা বাটত ...

আৰু
তুমি ৰিং এটা মাৰিলেই যেতিয়া
কুঁৱলীৰ জাল ফালি উঠি আহে - 
এখন অৰণ্য ,এখন নদী 
এজাক বৰষুণ,এডৰা ঘাঁহনি
ভাল লাগে , ভাল লাগে মোৰ
ঘাম আৰু তেজৰ সুঁতি এটি হৈ
বেলিৰ বাটেৰে গৈ 
তোমাৰ ৰবাব গোন্ধোৱা দুপৰীয়াৰ পৰিধিত
একাত্ম হ'বলৈ...

------------------------------------------------
আঘোণ
নিৰ্জু বৰগোঁহাই

এতিয়া পথাৰত
সোণোৱালী সাগৰ
উলাহৰ ঢাপ বগাই
বতাহৰ সতে
সুহুৰিয়াই গুচি যায়
নৰা পেপাৰ পুৰাতন সুৰ
কৃষকৰ ঘৰ শুৱাই উজ্বলি উঠে
ন সপোনৰ কোঁহ 
-----------------------------------------------
ভঙা হৃদয়
তনজিৎ বৰুৱা

শীতৰ জয়াল নিশা
জীৱনৰ ফাঁকত বিষাদ ভৰা
মলিনতাত উশাহ ল'বলৈ
বৰ কষ্টকৰ

শেঁতা পৰি যোৱা ওঁঠত
কুঁৱলীৰ শুকুলা বৰণ সনা দাগ

কিমান সহিব হৃদয়ে
বজ্ৰময় কৰুণ বেদনা

তথাপিও কুঁৱলী
অজুহাতত
শুই পৰে বেদনাসিক্ত হৃদয়খন

যেন হৃদয়ৰ অবিহনে
জীৱনটো এক অভিশাপ।
----------------------------------------

এই বাট
জিতুৰাজ ৰায়

এই বাট
শেলুৱৈ ধৰা সময় বাগৰি
কাটি যাব পৰা
এক অজুহাত
.
এই বাটৰ
ক'ৰবাত উজুটি
ক'ৰবাত কোৰ্হাল
দুৰ্ভাৱনাক ৰ'দাবলৈ
সাজি দিয়া চোতাল
.
এই বাটৰ 
প্ৰান্তৰত 
বিজয়ৰ অহংকাৰ
নে 
নৈঃশব্দৰ 
হাহাকাৰ !
------------------------------------------------
মাটিৰ চাকিৰ সপোন
গৌৰী দেৱী

মাটিৰ চাকিটিৰ শিখাত 
আজি 
সপোনৰ জিলিক মিলিক 
খোজ 

দলদোপ হেন্দোলদোপ 
তৰাৰ বৰষুণত সেমেকা 
ৰাতিত  আন্ধাৰৰ 
আৱেষ্টনী ভাঙি 
আমন্ত্ৰণৰ পোছাকী কাপোৰ পিন্ধি
আশাৰ সোনসেৰীয়া দীপাৱলী

চাকিৰ বুকুতেই অগ্নিশিখা উজ্জলে
বিষাদৰ  কৃষ্ণবৰ্ণী চিত্রপটত 
সোণপৰুৱাই ৰঙিয়াল ৰঙাবেলিৰ 
তুলিকা লৈ বোলাই যায় 
সুমথিৰা ৰং 

কৃষ্ণচুড়াবোৰ আকৌ হালধীয়া হ'ব
নীলা আকাশত আকৌ বিয়পিব 
জুই ফুলৰ বৰণীয়া ৰং
মাটিৰ চাকি আৰু শলিতাই সিঁচৰতি
কৰিব প্ৰাচীন সুকোমল সুবাস 
জীপাল জীৱনৰ ...

আহিবা তেতিয়াই 
জোনাকীৰ মেলাত উদযাপন কৰিম 
বৰ্ত্তমানৰ সোণালী এদিন।
--------------------------------------------
শৰৎ
মৌচুমী দাস

শেৱালি গোন্ধোৱা বাটেৰে
তেওঁ শৰৎ হৈ আহে

 জোনাকে জানে
 মোৰ বাখৰুৱা কলিজাত
 তেওঁ একাঁজলি ভালপোৱা সানে 
-----------------------------------------------
হাবিয়াহ
ৰুলা ভূঞা
          
তুমি আশাৰ কঠিয়া সিঁচিলে
সাগৰৰ নীলা চাবলৈ
ঢপলিয়াই মোৰ মন

তুমি প্ৰকৃতিৰ স'তে যুঁজিলে
আকাশৰ জোনাকী পৰুৱা
সৰি পৰে মোৰেই কাষত

তুমি ৰামধেনুৰ ছবি আঁকিলে
মই চঞ্চল হওঁ 
সুখৰ বতাহত

মোৰ ভাৱনাবোৰ আচলতে সেউজীয়া
মাথাউৰিত বহি ধৰিবলৈ বিচাৰো
পানীৰ সোঁত

পাহাৰৰ দাঁতিত সৰাপাত
বুটলি বুটলি
কবিতা লিখাৰ হাবিয়াহ
সৌ তাহানিৰে...
--------------------------------------------------
প্ৰত্যাশা
জাহ্নৱী কাকতি
                         
পৰিভ্ৰমী চৰাইবোৰ
সুখৰ পালতৰা নাওঁ
কেতিয়াবাহে উৰি পৰেহি
চিনাকি ঘাটত
যাৰ পদধূলিত পাৰ হয়
কত দিন,মাহ,বছৰ

তালত তাল মিলাই দিনে ৰাতি
নিচুকনি গীতৰ আখৰা
ভৈৰৱ ৰাগত
সুৰৰ ছন্দপতন
পৃথিৱীখন বিচাৰি
চন্দ্ৰৰ পৰিক্ৰমা

মাটিৰ ঠিকনা বিচাৰি
আকাশখন খহে
জুই লাগে বতাহত
বনত , মনত 
জুই নৈৰ পানীতো

কৰাল হয় জুয়ে পোৰা মাটি
উৰা মাৰে পোহৰৰ চৰাই
আকাশখনে সমাধি লয়।
----------------------------------------–-----
নিসংগ নাৱৰীয়া
অসীম ঠাকুৰীয়া

মেঘৰ গৰ্জনত কেতিয়াবা মোৰ কান্দোনৰ প্ৰতিধ্বনি
শুনিবলৈ মন যায়...
মনৰ অচিনাকি কম্পিত তৰংগবোৰ
চুই চাবলৈ মন যায় ।

অশান্ত নৈখনে মৰমৰ ঘাটবোৰ বুৰাই পেলালে,
সযতনে অঁকা মনৰ ছবিবোৰ
মচি পেলালে...

নিসংগ নাৱৰীয়া তই
ইপাৰ সিপাৰ ক'লৈ যাবি?
সময়ৰ সন্ধি ভাঙি
জীৱনৰ অৰ্থ ক'ত ক'ত বিচাৰিবি?

ভাললগা ফুলপাহচোন
আজিও নুফুলিল
ভালপোৱা ঋতুৰ অপেক্ষাত
যেন মৰহি থাকিল....

তথাপি,
অকৃত্ৰিম সান্নিধ্য মোৰ কাম্য।
মোৰ আছে স্নিগ্ধ নিশাৰ সহস্ৰ প্ৰতিশ্ৰুতি
তোমাৰ হৃদয়ৰ ৰিক্ত মসৃণ তলত
মই অঁকা পলাশ ৰঙীন
সপোনৰ ছবি।
--------------------------------------------------
স্বৰ্ণালী দিনৰ কথা
ছানিয়াৰা ইয়াচমিন 

আঘোণৰ সোণ বৰণীয়া পথাৰখনত বিলীন হোৱাৰ সময়ত ক্লান্তিবিহীন এখন আকাশ
ধোঁৱা ধোঁৱা বতাহ লাগি উৰি গৈ থাকে দূৰ  দিগন্তলৈ 

শালিকী পুৱাতে নিয়ৰৰ পানীত গা তিয়াই
সূৰ্যৰ কুমলীয়া ৰশ্মিত জিলিকি উঠে গছ-পাতবোৰ

দূবৰি বনত গানৰ দৰে বৈ থাকে নদী 
পাৰত ৰংমনে ওমলি থকে জাক জাক যাযাবৰী পক্ষী আৰু 
পকা ধানৰ গোন্ধত আমোলমোলাই শীতৰ আবেলি  

দুখ ভাগৰ পাহৰি ককা আইতাই গধূলি জুহালত বহি ভাতৰ চৰুৰ কথা পাতে 
দুচকুৰ নীলিমত এবুকু আশাৰ বতৰা কঢ়িয়াই জিলিকি উঠে আঘোণৰ জোন ।
------------------------------------------------------
শীতৰ কবিতা 
মনচুমী কলিতা নাথ 


         ১) 
শৰৎ আহি সন্তৰ্পনে গুছি যায় 
জোনাক যামিনীত শেৱালি ফুলাই সুৰভি বিলাই, 
সেউজীয়া পথাৰক সোণালী সজাই 
শীতৰ কোলাত ৰ'দ ওমলাই । 

           ২) 
চিক্ মিক্ কাঁচিৰ নাচোনৰ ছন্দত
ওঁঠেদি বাগৰে এটি গীতৰ কলি ,
মুঠি মুঠি আশা বান্ধি 
সোণগুটি সাবটি লয় আঘোণী আহিছে বুলি 

         ৩)
তাই ওলাই আহিছে 
বুভুক্ষাৰ ক'লা আবৰণ ফালি, 
প্ৰতিটো দুখৰ সময়
এনেকৈয়ে পাৰ হয় ,
যিদৰে শীতৰ কুঁৱলী ঠেলি 
ওলাই আহে কোমল পুৱাৰ সোণালী বেলি ।
---------------------------------------------------
বৃত্তৰ বল
খূৰ্ছীদ আনছাৰী

কাৰ নেতৃত্বত
তুমি মই বৃত্তটোৰ তলি বিচাৰি ফুৰিছোঁ
বৃত্তৰ দৰে
আমাৰ ভাগ্যত এটা বৃত্ত থাকে !

কিন্তু……

আমি টিপা বুটামটোৱে
বৃত্তটোক এটা বৃহৎ সংখ্যালৈ ৰূপান্তৰ কৰে 
নেতাগণৰ সাতপূৰুষ খাব পাৰাকৈ ।
--------------------------------------------------------

আঘোণৰ সন্ধিয়া 
এনী ভূঞা ডেকা 

হেঙুলীয়া বেলিৰ পোহৰত 
পথাৰে ৰং সলালে 
ভৰপোক পথাৰক ৰিঙিয়াই মতা
সোনসেৰীয়া  আশাবোৰে
হাঁহিলে

সোনগুটিৰ মলমলীয়া সুবাসে
মনৰ ভাগৰ দূৰ কৰিলে

মুঠি মাৰি থোৱা  হাতবোৰে
যেন সাৰ পালে
-------------------------------------------
জুবিন গাৰ্গঃ এটি জোনাকী প্ৰতিভা
গীতাৰ্থী ঠাকুৰ

তুমি আকাশ চুব খোঁজা
তোমাৰ কণ্ঠেৰে তুমি জগত জিনিলা
তুমি সিহঁতৰ শেঁতা আঙুলিবোৰ চুব খোজা
চুব খোজা দুখুনী আইৰ
মোলান পৰা হৃদয়।

কিমান বুকু বহল হ'লে
কাৰোবাৰ মৃত্যুত কান্দি পেলাব বাৰে
গীতৰ সভাত

অহংকাৰ শূন্য তুমি
তোমাৰ বেদুইন জীৱন কেনভাছত
সময় বালিৰ এটা বালিচন্দা হ'ব খোজো
ভাইটি মৰোতে
পিতাই মৰোতে 
শুনিব নোৱাৰিলো তোমাৰ গান

'হঠাতেই হেৰাল কেনিনো মোৰ
চোতালৰে জোনাক'...

নদীত বেটা বন্ধাদি
বুকুত বান্ধেহি অ'
কিহবাৰ কলিয়া এডোখৰ এঙাৰে
তেওঁৰ নামত সেওঁতাত
সেন্দূৰ লগোৱাৰ দিনাও
শুনিব নোৱাৰিলোঁ তোমাৰ গান

'অলকানন্দা ওঁঠৰ হাঁহি যেন'...

লাজবোৰে নাকৰ পাহিত যেন লগায় উথপ্ থপ্
আবেলিৰ বেলিয়ে হেঙুল হাইতাল বোলালে
মোৰ গালে মুখে
শুনিছোঁ এতিয়া তোমাৰ গান

' মই ভাগৰা নাই, 
জীৱন হেৰোৱা নাই'...
---------------------------------------------
শৰৎ
হিমাদ্ৰী দাস

মায়াৰ ৰাতিত শেৱালিৰ হাঁহি 
দূবৰিৰ পাতত সৰু ফুলৰ বুটা
শীতল নিয়ৰৰ 
যাদুকৰী স্পৰ্শত দিশহাৰা বতাহ
এনেকৈয়ে শৰত আহে
সংগোপনে
ধীৰ গতিৰে
চঞ্চল কৰি যায় মন 

কহুৱাৰ আঁচল খহাই 
গাই যায় উন্মাদ গান 

শৰৎ মানেই মায়া 
শৰৎ মানেই আকুলতা 
শৰৎ মানেই যন্ত্ৰণা 
মিঠা মিঠা অনুপম সিক্ততা

শৰততেই বলিয়া হাজাৰ কবিৰ কবিতা...
-------------------------------------------
সেউজীয়া ধল...
অনিতা মেধি মিশ্র  

বাঢ়ি অহা কাঁচিজোনে সিঁচি দিয়ে
নাৰিকল পাতৰ ফাঁকে
সঁজাল সুখৰ নিচুকনি গান  

বাৰিষাৰ বিস্ৰুত স্মৃতিত
শৰতৰ সুন্দৰতাই পলস জাপে.... 

গৰ্ভধাৰিণী পথাৰৰ গোন্ধ লৈ
পাহৰৰ লাজুকীয়া ছাঁত
অলেখ সপোনে দেও দি নাচে

শুকুলা মেঘৰ আলোড়নত
কবিৰ বুকুত গজে অনুভূতিৰ পোখা

অযুত সম্ভাৱনাৰে নিয়ৰৰ টোপাল হৈ
আশাবোৰ চোতালত সৰে

গ্ৰীষ্ম-শীতৰ সন্ধিক্ষণে
ধৰাৰ বুকুত নামে
নতুন দিগন্তৰ উদ্দীপনা.... 

হিয়াত বিলীন হয় সন্ধিয়া আকাশৰ
জাক জাক বালিমাহী

পথাৰৰ সেউজীয়া ধলে
মেদিনী সজাই মনোহৰে

চাই চাই হেঁপাহ নপলোৱা চকুত জিলিকে তেতিয়া
ঘামত তিতা জীৰ্ণ কামিজৰ প্ৰতিশ্ৰুতি...
---------------------------------------------------

আবেগৰ ধুমুহা
গুণাশংকৰ মহন্ত

ধুমুহাৰ স'তে বন্ধু 
কৰা যদি সহবাস
উৰুৱাই নিলেও মুধচ্ 
মন পঁজাটিৰ
থাকি যাব হিয়াৰ বেদী 
উদং ভেটিত
সাক্ষী হৈ ৰ'ব সেই সময়
তোমাৰ  ঘৰ খনিৰ 
পুনৰাই সাজিব পাৰিবা এখনি 
হেঁপাহৰ ঘৰ মনৰ উছাহৰে
চিকুনাই হিয়াৰ বেদী !

ধুমুহাতকৈ প্ৰবল গতিৰে বোৱা
আবেগৰ বলিয়া বতাহে যদি
ভাঙি চিঙি তচ্ নচ্ কৰি যায় 
হিয়াৰ বেদী
উৰুৱাই লৈ যায় 
তোমাৰ মন পঁজাটি
উচন হব ভেটি 
নাথাকিব চিন চাব একো
তোমাৰ হেঁপাহৰ ঘৰ খনিৰ !

আবেগক ৰোধিবা বন্ধু
ভাঙিব নিদিবা হেঁপাহেৰে সজা 
মন পঁজাটি 
আলৈ-আথানি হব জীৱৰ
উপহাস কৰিব সেই সময়ে
উকা হৈ ৰ'ব হিয়াৰ বেদী।
--------------------------------------------------
পাখি ভগা পখিলাজনী 
ৰূপজ্যোতি হাজৰিকা দত্ত
 
পাখি ভগা পখিলাজনী দেখি 
দুখ লাগিছিল 

বাটকেঁৰা বাটত, ছটফটাই ফুৰোঁতে 
সুকোমল দেহাত মেকুৰী-খুজীয়া দাগ বহিছিল 

ৰঙবোৰ সিঁচি সিঁচি বহুৰঙী সুখ বিলাই ফুৰোঁতে
এজাক চিলনীৰ তীক্ষ্ম দৃষ্টিত পৰিছিল
হাবিতলীয়া বাটত খকমককৈ সোমাইছিল, ৰাৱণে হাঁহিছিল

সাগৰলৈ বহু দূৰ বুলি জানিও খোজ লৈছিল, 
জলদস্যুৱে হাঁহিছিল 

জিলমিল জোনাকৰ বিমল ছাঁত 
এখোজ দুখোজকৈ আগবাঢ়ি যাওঁতে কোনোবাই সিঁচি দিছিল এমুঠি বিষাক্ত কীট 

বেলিৰ পোহৰত সুখ বিলাই 
ৰাতিৰ আন্ধাৰত দুখ বুটলিছিল

একা-বেঁকা বাটত ৰং সিঁচি সিঁচি পখিলাজনী শুই আছিল 
যেন কুমলীয়া ৰ'দত কৃষ্ণক বিচাৰি 
দ্ৰৌপদীয়ে নিদ্ৰা লভিছিল।
-------------------------------
তোমালৈ  
শিল্পীৰেখা গগৈ

আহিবা  নেকি   
নৈপৰীয়া  শীতল  বতাহ  জাকৰ  দৰেই
এচাটি  সঞ্জীৱনী  হৈ ...

তোমাৰ  কপহুৱা  বুকুৰ    উমাল  কবিতা  শুনি
জীপাল   কৰিম 
কুঁৱলীয়ে ঢাকি  ৰখা  হিম শীতল  উজাগৰী  নিশাৰ
প্ৰতিটো  প্ৰহৰ   
প্ৰতিটো  লয়  

আহিবাচোন   তুমি
তোমাৰ  দুখ  
আচলত বান্ধি  
আকণ্ঠ  পান কৰিম 

তোমাৰ   সুখ  মোৰ কাম্য

হাত  উদং  কৰি     
হিয়া  উজাৰি  
তোমাতেই  বাকি  দিম 

এয়েই  চিৰন্তন  
চিৰ শাশ্বত 
আৰু  
বিষাদে  আবৰা  তোমাৰ দুই ওঁঠত 
মোৰ শৰীৰৰ সমস্ত  কিৰণ  ঢালি     
জোনাকী  হাঁহিৰে  উজ্বলাই তুলিম ।
---------------------------------
পথাৰ
যোগেশ্বৰ লাগাছু

সোণোৱালী,সেউজীয়া
শস্যৰ পথাৰ
জীৱনৰ আধাৰ 

কথাৰে শেষ নহয়
বৰ্ণনাতীত
আনন্দৰ ঢৌ উঠি যায়
মনাকাশত ৰামধেনু ওলায় 

শাওনৰ পথাৰ
বৰষুণৰ গুঞ্জন
উগ্ৰ ৰ'দৰ ভ্ৰমণ  

ৰোৱণীৰ কোমল গালত
উতলা পানীৰ লহৰি
ভূমিকম্প উঠা বুকু
সুখৰ সপোন ভৰা দুচকু 

কাতিত কঙালি
পথাৰত পোক নাশি চাকি
আদৰি আনে লক্ষী 

আঘোণৰ পথাৰৰ সোণগুটি
চহা মানুহৰ জীৱনগুটি
নাচনী যেন বহাগী
জেতুকাবুলিয়া হাতেৰে 
মাতেচোন হাউলি বাউলি 

পখিলা হৈ উৰি ফুৰে
পথাৰ ভাল পোৱা ছোৱালী
সুমধুৰ গান
গৰখীয়াৰ নৰা বাঁহী 

ভোগৰ ভোগালী
পৰ দিবলৈ নাই
ভোগৰ মেলা পাতিম এটি আবেলি
-------------------------------------------

তাই আৰু প্ৰেম...
তপোবন হাজৰিকা

মোৰ খহিব ধৰা জঁকাটোৰ
শেষ টুকুৰা মাংস তাই 
বাঁহ পাতত ৰৈ যোৱা 
শেষ টোপাল বৰষুণ তাই 
কেতিয়াবা নাম দিও
ভায়োলিনা 
যাৰ সুৰত মৃত্যু হয় অঘৰী হায়েনা 
কেতিয়াবা নাম দিও কংকী
যি হৈ পৰে মৃগণাভি

আচলতে প্ৰেম কি জানা ...
দিশহাৰা প্ৰেমিকৰ 
মদিৰাৰ গ্লাচত উত্তেজিত কৰা 
এটুকুৰা হিম
তুমিবিহীনতা  আবেগিক হয় 
যদিও অস্থিৰ নহয় 

আহিব এদিন
মই লৈ যাম 
অন্তিম ষ্টেচনলৈ 
য'ত প্ৰেমৰ মৃত্যু হয় 
চকুলো ঢাকি 
মৃত প্ৰেমৰ শান্তি কামনা কৰিবা 

ৰঙা গোলাপে ঢকা তাৰ দুহাতত
হেঁচুকি চাবা 
শুভ্ৰ বালিৰ পোছাক পিন্ধা
নৰ্তকী জনীয়ে টানি লৈ যাব 
সেই সময়লৈ 
য'ত তুমি
অনুভৱ কৰিবা প্ৰেমৰ
অনুপস্থিতি 

ধূসৰ হৈ পৰিব 
আমাৰ চুলিবোৰ 

প্ৰেম কি জানা ...

তুমিবিহীনতানত
নিদ্ৰামগ্ন বাস্তৱ প্ৰেম ।

তুমিও পাৰিলে প্ৰেমত পৰিবা 
বাৰ্ধক্যৰ লাখুতি হ'ব 
শব্দৰ, সুৰৰ অথবা জোনাকৰ 
প্ৰেমিক হ'লেও হʼবা ।
---------------------------------------
নদীখনে নিদিয়াবোৰ
বিকাশ হাজৰিকা

কাহানিবাতে পালোঁ
নদীখনৰ আকুঞ্চন
মোৰ ৰক্ত আতঞ্চন

ভালপোৱা নামৰ 
জীয়া জুই কুৰায়ে 
মোক দহন কৰিছে

পাহৰা প্ৰেমৰ নকল চিঠিৰে 
মালা গাঠিব খুজো 
দীপলিপ তৰাৰে
পোহৰৰ তীব্ৰ কোলাহলত
নৰকৰ দুৱাৰ খুলি
এবাৰ তোমাক জুমি চাম
কিজানি দৰাৰ সাজত তোমাক
ৰাজকুমাৰৰ দৰে লাগে ! 

তোমাক কাষৰ পৰা চুই চোৱাৰ
হেঁপাহতে  মই জহি খহি গৈছোঁ

তোমাক পোৱাৰ হেঁপাহ আজিও 
চকু বেঙ্কৰ পাছবুকে পাছবুকে
দুখৰ টেক্সবিহীন জমাধনেৰে
তোমালৈ এখন দীঘলীয়া চিঠিত
লিখি থৈছো," নদীখনে নিদিয়াবোৰ"
--------------------------------------------------
নিৰাশা
দ্বিজুমনী হাজৰিকা

ঘন আঁউশীৰ নিশা
চোতালৰ দূৱৰিত আউজি
যেতিয়া 
থেকেচি থাকোঁ আবেগৰ টুকুৰা
একান্তত আলাপ কৰোঁ
নীৰৱতা স'তে

তেতিয়া 
উচুপি উঠে হৃদয় 
শিৰাশৰ প্ৰতিটো আঘাতত
গলি যায় গোটমৰা কণিকা 
নিগৰি আহে এটি ধাৰা
হৃদয়ৰ পৰা ...
-----------------------------------------------
তুমি আহিলে বুকুলৈ বসন্ত নামিব
সুদক্ষিণা ভূঞা

তুমি আহিলেই পান কৰিম শব্দৰ মদিৰা
জোৱাৰ  উঠিব অব্যক্ত অনুভূতিৰ অনুভৱী সংলাপ
নিদ্ৰাহৰণকাৰী শব্দৰ ৰাগীত বন্দী হ'ব 
অলিখিত বসন্তৰ বুৰঞ্জী 
তোলপাৰ লাগিব শীতৰ ইতিহাস

তুমি আহিলে কুঁৱলীৰ আঁচল  ফালি 
গোপনে বুকুলৈ বসন্ত নামিব

পাতৰ ফাঁকে ফাঁকে বৈ অহা দীৰ্ঘশ্বাস যেন 
এমুঠি হিম শীতল বতাহ 
আৰু নিস্তব্ধতাৰ আঁৰ লৈ উচুপি উঠা 
সিঁচৰতি নিয়ৰ কণাৰ  বিৰহ 
বতাহত বিয়পি পৰিব দুটি  পবিত্ৰ আত্মাৰ অলিখিত নিভাঁজ সংলাপ 

তুমি আহিলে কুঁৱলীৰ আঁচল ফালি গোপনে বুকুলৈ বসন্ত নামিব…
------------------------------------------------------
এডাল এনাজৰী 
সান্তনা শইকীয়া

আটকধুনীয়া ঘৰটোৰ উজ্জ্বলি থকা 
আগফালৰ বিপৰীতে এদ'ম পলিথিনেৰে
কদৰ্যময় পিচফালৰ পিতনি 
ৰাতিটোক দুপৰ কৰিব পৰা ঘৰটোৰ
 দিনতে কানিমুনি সেই পিতনি 

সেই কানিমুনি কদৰ্যময় পৰিৱেশত 
ছিগি ভাগি পৰি ৰোৱা 
আত্মীয়তাৰ জৰীডালৰ টুকুৰা যোৰাই 
মই ভাগৰি পৰোঁ 
আওপুৰণি হৈ পৰা
প্ৰয়োজনতকৈ বেছি অপ্ৰয়োজনীয় হৈ পৰা
জৰীডাল কেৱল মাত্ৰ 
মোৰ হাতত সামৰি থোৱাৰ বাদে 
মই আজি কালি উপায় নেদেখো 

কাৰণ ইতিমধ্যে 
জৰীডালৰ ঠাই  অধিকাৰ কৰিছে
আন এডাল জৰীয়ে
খচখচীয়া নোটবোৰক 
স্বাৰ্থৰে সী থোৱা 
সম্বন্ধৰ আত্মীয়তা প্ৰৱাহক 
জিলিকি থকা এডাল এনাজৰীয়ে 
--------------------------------------------------
অনুৰাগ
অৰ্পনা নাথ

তুমি মোৰ
সুখৰ সূৰ্য
কল্পনাতে উদয় হৈ
ভাৱনাতে অস্ত যোৱা

উদয়াস্তৰ নিয়মে
মোক প্ৰেমিক কৰি তোলে
বাৰে বাৰে
মাটি, সমাজ, প্ৰেম 
আৰু মানৱতাৰ

কাব্যকানন-১০৭
--------------------------------------------------------
               বিদেশী কবিতা

Poezi nga Anila Kruti


 
Nuk e dija që bora ishte
kaq e bukur
kaq e bukur,
gjersa e pashë mbi flokët tu.


আলবেনিয়া দেশৰ কৱিতা

কৱিঃ আনিলা ক্ৰুটি
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী



তুষাৰ কি
সেয়া
মই নাজানিছিলোঁ
অপৰূপ
অপৰূপ
অপৰূপ
যেতিয়ালৈকে তোমাৰ 
চুলিকোছা সাবটি আছিল

------------------------------------

Claudia Bota
Nu te-am oprit

 
Te iubesc așa cum ești iubite,
Te iubesc în tăcere fără cuvinte,
Cu doruri multe și gânduri mii,
Tu redai lumina dimineților purpurii.
 
Mâna ta neîngenuncheată în durere,
Clipele anilor noștri surâd cu putere,
Nu te-am oprit și ți-am dat libertatea,
Am iubit mai presus de tot dreptatea.
 
Am lăsat în urmă amintiri neîntinate,
Într-un sertar plin cu miresme viorii,
Ce-a străpuns cu un fior sentimente,
Din cerul inimii în zbor aud melodii.
 
Și zilele trec umbrite de foc și ambră,
Privesc în oglindă iar ochii se aliniară,
Jarul nu mistuie rugul aprins de neînvins,
Fâlfâie ungherele timpului ce te-au cuprins.

ৰোমানিয়া দেশৰ কৱিতা

কৱিঃ ক্লডিয়া বোটা
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
 
মই তোমাক বান্ধা নাই

বহু আকাংক্ষা আৰু সহস্ৰ ভাৱনাসহ,
তোমাক ভাল পাওঁ যেনেকৈ তুমি ভাল পোৱা,
নিৰবে ভাল পাওঁ,
তুমি শেৱালি পুৱাৰ কিৰণ ফিৰাই দিয়া৷

তোমাৰ হাত দুখত কোচ খায়
আমাৰ কালৰ মুহূৰ্তবোৰে দৃঢ়তাৰে হাঁহে
মই তোমাক বান্ধি নাৰাখি মুক্ত কৰি দিওঁ
মই মুঠতে ন্যায়বিচাৰ পছন্দ কৰোঁ

বেহালাখন সুগন্ধভৰা কোঠা এটিত থৈ,
মোৰ অব্যক্ত স্মৃতি এৰি থৈ আহিলোঁ,
ভাৱনাৰে কৰোঁ সহবাস,
পুলকিত হওঁ,
হৃদয়ৰ আকাশত উৰি মই সেই গান শুনোঁ৷

জুই-পানীৰস’তে দিন অতিবাহিত হয়,
মই আইনাত চাওঁ আৰু মোৰ দৃষ্টি থমকি ৰয়,
জুইকুৰাই জ্বলা উলুৱনিক গ্ৰাস কৰিব নোৱাৰে,
তেনেক্ষেত্ৰত এচুকত যন্ত্ৰণাকাতৰ,
যিয়ে তোমাক আকোঁৱালি লয়৷
-----------------------------------------
                 অনুবাদ কবিতা

বীর
মূল: সুবোধ সরকার





আমরা গ্রীক যোদ্ধা অ্যাকিলিসের কথা জানি।
আমরা বীর অর্জুনের কথা জানি।
আমরা স্পার্টাকাসের কথা জানি।
কিন্তু আমরা বনমালী নস্করের কথা জানিনা।
কে বনমালী নস্কর ?

থাকেন কলাবাগান বস্তিতে।
নিজের ঘরে ভাত নেই।

রোজ সকালে উঠে
দু হাজার চড়ুই পাখিকে
চাল খাওয়ান।

তিনি জানেন চড়ুই বাঁচলে মানুষ বাঁচবে।
মানুষ বাঁচলে অরণ্য বাঁচবে।
অরণ্য বাঁচলে
আমাজান বাঁচবে।
আমাজান বাঁচলে
পৃথিবী বাঁচবে।

কে বনমালী নস্কর ?

এখন আর স্পার্টাকাসকে চাই না।
আমাদের চাই বনমালী নস্কর।
----------------------------------------
বীৰ
অনুবাদ: প্ৰদীপ চন্দ্ৰ শৰ্মা




আমি গ্ৰীক যোদ্ধা অ্যাকিলিসৰ কথা জানো।
আমি বীৰ অৰ্জুনৰ কথা জানো।
আমি স্পাৰ্টাকাসৰ কথা জানো।
কিন্তু আমি বনমালী নস্কৰৰ কথা নাজানো।

কোন এই বনমালী নস্কৰৰ ?

থাকে কলাবাৰী গাৱত।
নিজৰ ঘৰত ভাত নাই।

প্ৰত্যহ ৰাতিপুৱা উঠি
দুহাজাৰ ঘৰ-চিৰিকাক
চাউল খুৱাই ।

তেখেতে জানে চৰাই বাচিলেহে মানুহ বাচিব।
মানুহ বাচিলে অৰণ্য বাচিব।
অৰণ্য বাচিলে
আমাজান বাচিব।
আমাজান বাচিলে
পৃথিৱী বাচিব।

কোন এই বনমালী নস্কৰ ?

এতিয়া আৰু স্পাৰ্টাকাসক নিবিচাৰোঁ
আমাক লাগে বনমালী নস্কৰ।
---------------------------–--------------
সখী      
মূল: অশোক চৌধুৰী

জাল বিছিয়ে বসেছিলাম
বিষণ্ণ দুপুরে
একটি ঘুঘু ডাকতেছিল
চরাচর স্তব্ধ করে
মায়াময় পরন্ত দুপুরে।

বসেছিলাম হুহু করা রদ্দুরে
কবিতার অপেক্ষায়,
ক্রমে ছায়া এসে শুষে নিল রদ্দুর
এলো ম্লান তারা তিরবির সন্ধ্যা।

সন্ধ্যা পেরিয়ে এলো রাত্রি
হিম ঘন নীল রাঙা।

এমন সময়ে তুমি এলে,আর
তোমার আড়ালে ও কে ?
ও কে গো ?

ও যে চির চঞ্চলা কবিতা ।
-------------------------
সখী 
অনুবাদ: প্ৰদীপ চন্দ্ৰ শৰ্মা

জালপাতি বহি আছিলোঁ
বিষণ্ণ দুপৰীয়া
এটি কপৌচৰায়ে ৰুণ দিছিল
চৰাচৰ স্তদ্ধ কৰি
মায়াময় ভৰ দুপৰীয়া।

বহি আছিলোঁ হু-হু কৰা ৰ'দত
কৱিতাৰ অপেক্ষাত,
ক্ৰমে ছায়া আহি শুহি নিলে ৰ'দ
আহিল ম্লান তৰা নিস্তব্ধ সন্ধ্যা।

সন্ধ্যা পাৰহৈ আহিল নিশা
হিম ঘন নীল ৰঙৰ।

এনে সময়তে তুমি আহিলা, আৰু
তোমাৰ আঁৰত সেয়া কোন?
তেওঁ কোন বাৰু ?

তেওঁ যে চিৰ চঞ্চলা কৱিতা।


কাব্যকানন-১০৮
------------------------------------------------



Post a Comment

0 Comments