পটা-গুটি
নৱ ৰাজন
উহোৱা দাইলেৰে পেটৰ কুমতী নমৰে
নুগুচে এন্ধাৰ
ক্ষীণ পোহৰৰ বাটেৰে নানামে ঈশ্বৰ
জ্বলে ওৰেৰাতি
তুলসীৰ তলত চাকি
চাকি, পোহৰৰ নিচান
চাকি যেন আইৰ উশাহ
না,
মই নাস্তিক নহয়
কোনো মানুহে বুকুত হাত থৈ ক'ব নোৱাৰে
-মোৰ ঈশ্বৰ নাই
'চেকুলাৰ' বুলি ক'বলৈহে ভাল
মানুহৰ মাজতে ভগবান
মানুহ হোৱাও জানো ইমান সহজ কাম
ৰাছিদকায়ে ভৰাই ভঁৰাল
আয়ে পাতে বাৰাণ্ডাতে মজিয়া ৰাছিদকাইৰ
ধৰ্ম জীৱনৰ মাগ-দৰ্শক
উপজিয়ে সেয়ে চাগৈ পিন্ধোৱা হয় ধৰ্মৰ পোছাক
নুবুজাকৈয়ে বুজিবলৈ লওঁ ঈশ্বৰ
উপাসনা-গৃহত ঈশ্বৰ নাই
ঈশ্বৰৰ নামত ধৰ্মান্ধৰ হয় উপাসনা তাত
অন্ধবিশ্বাস ধৰ্মান্ধৰ বিনামূলীয়া বিজ্ঞাপন
পদপথ, ষ্টেছন নাইবা হস্পিতাল
পৰি থাকে লাংখাই য'ত ঈশ্বৰ
ধৰ্ম নিষিদ্ধ তাত
একুৰি ফৰিষ্টাৰ বাপেক ৰাছিদকাইক বুজোৱা নহয়
আল্লাৰ দান ইমান সুলভ নহয়
অজলা আইক বুজোৱা নাযায়
তেল নহয় সেয়া ৰাছিদকাইৰ ঘাম
ইমানৰ পাছতো বুকুত হাত থৈ ক'ব নোৱাৰো
মই নাস্তিক
ধৰ্মৰ আধাৰ বিশ্বাস
বিশ্বাসৰ নাথাকে বৈজ্ঞানিক আধাৰ
ক্ৰমশঃ লানি নিছিগা পৰুৱাৰ দৰে
ধৰ্মান্ধৰ বাঢ়ি আহে ভিৰ
ঈশ্বৰৰ লকডাউন পটা-গুটিত
---------------------------------
নৱ ৰাজন
গাঁও+ডাক: ৰজামায়ং (মায়ং)
জিলা: মৰিগাঁও(অসম)
ম'বাইল: 7002523831
___________________________________
স্বৰবৰ্ণৰ পদ্য
(শিশু-কবিতা)
নৱ ৰাজন
#অমল গৈছিল #ইকৰা হাবিলৈ
বন্ধু #ঋষিৰাজক লগত লৈ
পকা #ঔটেঙা পাৰি #আনিলে
ধৰি আনিলে #উজানৰ কাৱৈ
অমলে বোলে #ওলকচু আছেই
ঢেকীয়া অলপো লওঁ বুটলি
ঋষিৰাজে বোলে #ঐৰাবত ওলাব
সোনকালে যাওঁ ব'ল উভটি
ইকৰা হাবিৰ #একা-বেঁকা বাটেৰে
খোজ ল'লে দুয়ো ঘৰলৈ
#ঊণসূতাৰ গৰমচোলাটি পিন্ধিবলৈ লওঁতেই
#ঈগল এটাই থাপ মাৰি নিলে কাৱৈ
________________________
মানো নামানো নাজানো
নৱ ৰাজন
ঈশ্বৰ আছে। মই মানো।
ধৰ্মই একমাত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ পথ।মই নামানো।
ঈশ্বৰৰ ঘৰ ক'ত?মই নাজানো
ঈশ্বৰ বৰ্তমান কয়েদী। মই মানো।
কেৱল ধৰ্মইহে ল'ব পাৰিব জামিনত।মই নামানো।
মন্দিৰ,মছজিদ, গীৰ্জাত তেনে ঈশ্বৰ নাথাকে?
মই নাজানো।
কৰ্মই ধৰ্ম ।মই মানো।
ধৰ্ম আগত,কৰ্ম পাছত।মই নামানো।
ধৰ্ম অবিহনেও জীৱ পাৰি জীৱন?মই নাজানো।
মই নহয় নাস্তিক,মই হিন্দু জন্মসূত্ৰে।মই মানো।
মানৱতাতকৈ শ্ৰেষ্ঠ আন কোনো ধৰ্ম আছে! মই নামানো
মহাত্মা,কালাম,টেৰেছাৰ দৰে কোনো ধাৰ্মিক আছেনে ? মই নাজানো।
হিন্দু ধৰ্ম উদাৰ, সংস্কাৰী,ৰক্ষণশীল ।মই মানো।
নিজতকৈ আন ধৰ্ম নীচ ।ধৰ্মীয় গোড়ামী,ধৰ্মীয় অন্ধবিশ্বাস ।এইবোৰ মই নামানো।
মন্দিৰে,মছজিদে গিজগিজাই থকা দেশখনত কিয় ইমান হিংসাৰ দাবানল !মই নাজানো।
মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম।মই মানো।
ধৰ্মই একমাত্ৰ পথ শান্তিৰ!মই নামানো।
মন্দিৰ,মছজিদৰ দৰে চিকিৎসালয়বোৰত কিয় ঈশ্বৰৰ বাবে দানপাত্ৰ থোৱা নহয় ? মানৱ ধৰ্মৰ য'ত উপাসনা হয়। য'ত লাংখাই পৰি থাকে ঈশ্বৰ।কিয় ঈশ্বৰৰ আৰাধনা নহয় তাত ? মই নাজানো।
মই মানো ঈশ্বৰ আছে।
মই নামানো ধৰ্মই ঈশ্বৰৰ মাৰ্গ দৰ্শন কৰে।
__________________________
ক'ৰোনাৰ কৰুণা
নৱ ৰাজন
কথনবেলাৰ কথোপকথন-
ক'ৰোনাই কেতিয়া কৰিব কৰুণা ?
কাৰ কাৰচাজিত
কোনে কঢ়িয়ালে ক'ৰোনা ?
কাণ-বাগৰা কতনা কৰুণ কথা !
কথাচহকীৰ কথনবেলা
ক'ৰোনা ক'ৰোনা কৰোতে
ক'বনোৱৰাকৈ কুৰুকিলে কলিজা কৰ্কটে
কালসৰ্পই কামুৰিলে কয়েদী কায়া
কিমানকযে কৰিলে কটঙা
কুমতীৰ কটকটনি
কবিৰ কাপত কঁপনি
কপৌপাহত কুলি কেতেকীৰ ক্ৰন্দন
কণমাইৰ কলিজাত কম্পন
কণ্টকময় কাল
কোনে কৰিব কৰুণা !
কাৰোবাৰ কপাল কোনোবাই কাঢ়ে
কাৰোবাৰ কৰতী,কাৱৈ
কাৰোবাৰ কৰ্কৰা,কৰাই
কিমানৰযে কত কছৰৎ !
কেৱল কাৰাবন্দীত্বই কবচ !
কৰুণাময়,ক'ৰোনাৰ কৰুণা কেতিয়া ?
________________________
জ'হৰ
নৱ ৰাজন
যেন অন্য এক ৰামায়ণ।
পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী।সৌন্দৰ্যৰ পৰী।চিত্ত'ৰৰ ৰাণী ।ৰজা ৰাৱন ৰতন সিঙৰ দ্বিতীয় পত্নী।
পদ্মাৱতীৰ দেহত ৰূপৰ জুই ; যি জুয়েই সামৰি ল'লে তাইক।তায়ো হয়তো ভবা নাছিল। এটি ফিৰিঙতিয়ে ৰূ-ৰুৱাই জ্বলালে ৰাঘৱ চেতনৰ কামনাৰ জুই।ৰজাৰ দ্বাৰা নিৰ্বাসিত হৈ, ৰাঘৱে প্ৰতিশোধৰ জুইক নাৰীখাদক দিল্লীৰ চুলতান আল্লাউদ্দিন খিলিজীৰ দিলত কামনাৰ জুইলৈ তৰ্জমা কৰিলে। খিলিজী লৌৰি আহিল চিত্ত'ৰলৈ, উঠাই নিবলৈ পদ্মাৱতীক ।
ইমানলৈ যেন ৰামায়ণৰ দৰেই কাহিনী।
যেন সীতাৰ ভাৱত পদ্মাৱতী। ৰাৱনৰ ভাৱত আল্লাউদ্দিন। সূৰ্পনশাৰ পৰিবৰ্তে ৰতন সিঙৰ পৰামৰ্শদাতা,সংগীতকাৰ ৰাঘৱ ।
ৰাম হ'বগৈ পাৰিলেনে ৰতন সিং ?
কেইবাসপ্তাহো বাহৰ পাতি ৰাজপুতৰ বীৰত্বত সেও মানি ঘূৰি যাবলৈ ওলোৱা খিলিজীয়ে খেলিলে চক্রান্তৰ খেল । অনীতিৰে, ৰজা ৰতন সিঙক ধৰি লৈ গ'ল দিল্লীলৈ।
কাহিনীৰ দৃশ্যপট সলনি হ'ল ।আল্লাউদ্দিনে বিচৰাৰ দৰে পদ্মাৱতী দিল্লী পালেগৈ।পিছে, আল্লাউদ্দিনৰ পত্নী হ'বলৈ নহয় ।কূটনৈতিক চাতুৰ্য্যৰে ৰজাক ঘূৰাই আনিলে।সমূখ সমৰত ননমাকৈয়ে চিত্ত'ৰ পোৱালেহি ৰাঘৱ চেতনৰো মূৰ।
পদ্মাৱতীৰ দেহত জুই।কামনাৰ জুই।য'ত দহিবলৈ আল্লাউদ্দিন দুনাই লৌৰি আহিল চিত্ত'ৰলৈ অধিক আক্রমণাত্মক হৈ।
ৰাম হ'বগৈ পাৰিলেনে ৰতন সিং ?
তুমুল যুঁজ ।যেন ৰাম-ৰাৱণৰ যুঁজ। ৰাৱণ নমৰিল।মৰিল ৰাম।
অনীতিৰ ৰণত পৰিল ৰতন সিং ।এইবাৰ আল্লাউদ্দিন ছোঁ মাৰি গ'ল পদ্মাৱতীৰ বুকুলৈ।
শ শ দাসীৰে উপায়হীন পদ্মাৱতী,সতীত্ব ৰক্ষা কৰি, পতিব্ৰতা ধৰ্ম আৰু নীতিৰ নিচান উৰুৱাই, জাহ গ'ল জ'হৰত।
ৰতন সিং ,ৰাজপুতৰ গৌৰৱময় ইতিহাস হ'ল।সতী পদ্মাৱতী , চিৰকাললৈ চকুলোৰ জুইত জ্বলি ৰ'ল।
যেন অন্য এক ৰামায়ণ।
_____________________________________
বি.দ্ৰ.
জ'হৰ:--ৰাজপুতসকল যেতিয়া যুঁজত পৰাজিত হয়, তেতিয়া তেওঁলোকৰ মহিলাসকলে নিজৰ লজ্জা ৰক্ষাৰ বাবে জুইত একেলগে নিজৰ প্ৰাণ ত্যাগ কৰে-এই প্ৰথাকে জ'হৰ বোলে। এনে এক হৃদয়বিদাৰক ঘটনাৰ বাবে পদ্মাৱতীৰ নাম ইতিহাসত খোদিত হৈ ৰ'ল।
_____________________________________
যাত্ৰা
নৱ ৰাজন
তাৰমানে আমি সকলো জীৱনমুখী
মৃত্যুৰ বিৰোধীতাৰে পোহৰমুখী জেহাদী
তাৰমানে আত্মহত্যাকাৰীবোৰ পলায়নবাদী?
জীৱনৰ দ্বাৰা বিধ্বস্ত ,মৃত্যুমুখী সিহঁতবোৰ তাৰমানে মৃত্যুজয়ী ?
মৃত্যু নহয়, সেয়াহেনো অপমৃত্যু !
নিজৰ ইচ্ছামতে কৰোৱা প্ৰসৱ
তেনে অপজন্ম নেকি ?
মৃত্যু জানো ইমান সুলভ !
জীৱন জানো ইমান দুৰ্লভ !
আমি সকলো মৃত্যুমুখী
এই কথা জানিও মৃত্যুৰ পৰা পলাই ফুৰিব খোজোঁ চিৰদিন
তেনে কাপুৰুষ কোন
এটি চিৰন্তন সত্যক ওলাই কৰি মৃত্যুৰ পৰা পলাই ফুৰা আমিবোৰ নে
মৃত্যুমুখী সিহঁতবোৰ
জীৱনৰ বিৰুদ্ধে এই জেহাদ
মানসিক বিকাৰ নে
মৰসাহ নে
মৃত্যুৰ ৰহস্য উদ্ধাৰ
মৃত্যুমুখী এই যাত্ৰা জানো ইমান উজু
ইমান সুলভ নে জীৱন বিৰোধী এই যাত্ৰা
মৰি মৰি জীয়াই থাকে বহুত
জীয়াই জীয়াই মৰি আছে বহুত
মৃত্যুৰ সৈতে জীৱনৰ অবিৰত যুঁজ
মৃত্যু মানে নহয়
কেৱল ছয় ফুট মাটি
মৃত্যু, জীৱনৰ অন্বেষণ
মৃত্যুৱে নুমুৱাব নোৱাৰে জীৱন-চাকি
মৃত্যুক উপলুঙা কৰি জীৱনৰঙী নিচান উৰুৱাই....
আমাৰ এই অবিৰত যাত্ৰা তালৈ
য'লৈ আমি যাব নোখোজোঁ.....
___________________________
জিগলো
নৱ ৰাজন
জীৱন-প্ৰীতিত পাহৰি থাকোঁ
মৃত্যুমুখী আমাৰ জীৱন
দুখবোৰ লালন কৰি কৰি
পাহৰি যাওঁ সুখী হোৱাৰ সংজ্ঞা
প্ৰতিশোধ,বিদ্বেষৰ অগ্নিত জ্বলি
আনকো জ্বলাবলৈ গৈ
নিজে নিজক চিতাত তোলোঁ
ইউকেলিপ্টাছ হ'ব পাৰি
শিপা পাহৰি যে বেছিদিন থিয় দি থাকিব নোৱাৰি ,তেতিয়াই বুজিপোৱা হ'লে
হয়তো আই-পিতাই একেদিনাই মৰনৈপৰীয়াৰ মাটিত লীন নহ'লহেঁতেন
আৰু
দিল্লীৰ দালানে দালানে নতুবা "পাবে পাবে"
ডিঙিত ৰুমাল আঁৰি
মৰনৈপৰীয়া সেই কৃতী শিক্ষকজনৰ সংস্কাৰক মই ফাঁচি দিবলগীয়া নহ'লহেঁতেন
নাই, নাই !
ছহিদুলক দোষিলে মোক পাপে চুব
তাৰ সান্নিধ্যলৈ নহাহেঁতেন ,মই মোক কেতিয়াবাই হেৰুৱালোঁহয়
এই নতুন জগতখনৰ সৈতে চিনাকি কৰাই নিদিয়াহেঁতেন মইতো কাব্যাকো লগ নাপালোঁহেঁতেন!
কাব্যা !
প্ৰেমৰ এই মহঙা দিনতো এটি প্ৰকৃত প্ৰেমৰ প্ৰতীক
তাইৰ বাবেই মই জীৱনৰ প্ৰেমত পৰিছোঁ
শৰীৰত এইছ আই ভি ধাৰণ কৰিও
ভাল পাবলৈ শিকিছোঁ মৃত্যুমুখী প্ৰতিটো ক্ষণ
আৰু জিলমিল !
যি মোক প্ৰেম কৰিবলৈ শিকাইছিল
যাৰ পৰশৰে জীপাল আছিল মোৰ কলেজীয়া জীৱন
আৰু
সেই জিলমিলেই
নজনাকৈয়ে মোৰ দেহত গুজি থৈ গৈছিল মৃত্যুৰ বীজ
প্ৰেমিক হৈ নহয়
জিগলো হৈ যেতিয়া
দ্বিতীয়বাৰ তাইৰ জীৱনলৈ গৈছিলোঁ
যেতিয়াই তাই ,শৰীৰত আবিষ্কাৰ কৰিছিল
মৃত্যু-বীজ ;মোৰ পৰা নিজক নিলগায়
সেই মৃত্যু-বীজেৰে প্ৰতাৰক পতিৰ প্ৰতিশোধ ল'বলৈ আমেৰিকালৈ গুচি গৈছিল হঠাতে
যাক মই তেতিয়া জিলমিলৰ দ্বাৰা
দ্বিতীয়বাৰলৈ প্ৰতাৰিত হোৱা বুলি ভাবি ভুল কৰিছিলোঁ
মই আচৰিত হওঁ
কাব্যাই সকলো জানিও ইমান আন্তৰিকতাৰে মোৰ দৰে এটি জিগলোক , মৃত্যুমুখী পাপীক কিদৰে হৃদয়ত আঁকোৱালি ল'লে
প্ৰথম প্ৰেম মৌপ্ৰিয়াৰ দ্বাৰা প্ৰতাৰিত হৈ নিজতকৈও বেছি ভালপোৱা হিয়াৰ ওপৰত প্ৰতিশোধ ল'লোঁ
শৰীৰৰ ভোক নিবাৰণ কৰিবলৈ বেশ্যাৰ সৈতে উদযাপন কৰিলোঁ প্ৰায়বোৰ কলেজীয়া নিশা
জিগলো নোহোৱালৈকে এবাৰো ভবা নাছিলোঁ-বেশ্যাৰো যে এখন হৃদয় থাকে
মোৰতো কোনো পেটৰ তাড়না নাছিল
তেনে মই কিয় শৰীৰটো বিক্ৰী কৰিলোঁ
মৰনৈপৰীয়া গাঁৱৰ কৃতী শিক্ষকৰ সেই চোকা ল'ৰাজন কেনেকৈ হ'লোঁ
দিল্লীৰ এজন সৰ্বপৰিচিত জিগলো !
কলেজীয়া দিনবোৰত কেঁচা মঙহৰ নিচাত মাতাল মইটো
কেঁচা মঙহৰ মাজত থাকিও
পুৰুষত্ব, যৌনতা বিক্ৰী কৰি আঢ্যৱন্ত ৰমণী অথবা আদহীয়া মহিলাৰ বিছনা শুৱনি কৰি ,ভোক নিবাৰণৰ সামগ্রীলৈ পৰিণত হৈ এখনি হৃদয়ৰ বাবে হাহাকাৰ কৰি উঠিছিলোঁ
'হিয়া'ৰ নিৰ্ভেজাল মৰমবোৰে মোক ৰাতি শুব দিয়া নাছিল ;যাক মই মোহাৰি থৈ আহিছিলোঁ
জীৱন-দৰ্শনেৰে মোক প্ৰতি মুহূৰ্ততে আৱৰি থকা ছহিদুলো এদিন এই পৃথিৱীৰ পৰা আঁতৰি গৈছিল। বন্ধু দিগন্তৰ স্মৃতিয়েও বৰকৈ আমনি কৰিছিল । হাত বাউলি মাতিছিল মৰনৈপৰীয়া গাওঁখনে
অৱশেষত
কাব্যাই মোৰ হৃদয়ৰ আৱাহন শুনিলে
যিমানেই জীৱনৰ পৰা পলাব খুজিলোঁ
কাব্যাই
সিমানেই মোক জীৱনৰ কাষলৈ লৈ গ'ল
কাব্যাই
মোক মৰনৈপাৰলৈও লৈ গ'ল
ভাগ্যৰ কি বিড়ম্বনা!
মনে নিবিচৰাকৈ কিমান অতৃপ্ত নাৰীৰ তৃপ্তি হ'লোঁ
অথচ
মনে প্ৰাণে বিচৰা কাব্যাজনীক তৃপ্ত কৰিব নোৱাৰিলোঁ আৰু কাহানিও নোৱাৰিম
আচলতে, এয়াই চাগৈ পাপৰ প্ৰায়শ্চিত্ত
কিন্তু,
কাব্যাইতো কোনো পাপ কৰা নাছিল
"যিজনে হৃদয়ৰ স্পৰ্শ পোৱা নাই তেওঁহে শৰীৰৰ বাবে হাহাকাৰ কৰে"
কাব্যাই কোৱা এই কথাষাৰ প্ৰায় কাণত বাজি থাকে
মৃত্যুৰ দুৱাৰখত ৰৈ আজি বাৰুকৈয়ে অনুভৱ কৰিছোঁ-
প্ৰেম অবিহনে মৃত্যু ইমান সহজ নহয় !
প্ৰেম অবিহনে জীৱন ইমান ৰসাল নহয়!
___________________________
নির্জন বুলি কোনো ঠাই নাথাকে
নৱ ৰাজন
নির্জন বুলি কোনো ঠাই নাথাকে
আমি সকলোৱে
নিজতকৈও বেছি যতনেৰে নির্জনতাক লালন কৰো। জঁট লগা জীৱন-উঘাৰ আঁত বিচাৰি অনুসৰণ কৰোঁ নির্জনতাৰ ..
অথচ নির্জন বুলি কোনো ঠাই নাথাকে
বগা কপাহী চাদৰে যেতিয়া শুহি লয় কাৰোবাৰ জীৱনৰ সমূদায় ৰং ,হৃদয়ক জীয়ন দি উকা কপালখনত যেতিয়া ডগমগাই হাজাৰ প্ৰেমৰ পদ্য
সংগসুখৰ বিচ্ছেদত তেতিয়া নির্জনতা উক-মুকাই
সেইবুলি সংগসুখৰ কামনাই জানো নির্জনতাৰ ঠিকনা ?
চিকেন ড্ৰাইফ্ৰাইৰে ব্ৰেণ্ডেড সোমৰস অথবা পুৰা গৰৈমাছেৰে ছাইমদত নিজক ডুবাই নির্জনতাক থুকুছি থুকুছি আমি সলাব খোজো দুখৰ পোছাক
সেইবুলি সোমৰস অথবা ছাইমদ নির্জনতাৰ জুৰণি নহয়
নির্জনতা প্ৰথম প্ৰেমৰ দৰে
বিৰহেই হওক কিম্বা সুখ
যাৰ অনুভূতি স্বচ্ছ আৰু পাৰ্শ্বক্ৰিয়াহীন
নিচুকাই ৰাখে আত্মাক
জীয়াই ৰাখে মনৰ শিৱক গোপনে
নির্জন বুলি কোনো ঠাই নাথাকে
মনৰ বাজে
আচলতে
নির্জনতা এক নিচা
জীৱনৰ সঁচা মাদকতা
যি মৃত্যুৰ নিচাতকৈ কাঢ়া
++++++++++++++++
এখন প্ৰেমৰ চিলা
নৱ ৰাজন
বৰষুণৰ ওঁঠৰে
তোমাৰ কলাফুলত শাওণে অঁকা
চুমাৰ ৰং কিয় ৰঙা আছিল
ভাবি চাইছিলা নে
ভূঁই ৰুই থাকোতে
ভিজা দুপৰীয়া
বতাহৰ আঙুলিৰে
উঠন বুকুত আঘোণে তোলা ঢৌত
কি লিখা আছিল
জুমি চাইছিলা নে
ৰবাবৰে মেল মাৰোঁতে
ধাননিৰ মাজত
বৰষুণৰ ওঁঠৰে
-শাওণে
বতাহৰ আঙুলিৰে
-আঘোণে
মই ক'ব নোৱৰা যি কথা কৈছিল তোমাক
বুজাহেঁতেন--
ফাগুন হৈ
তোমাৰ পদূলিৰ সিপাৰৰ শিমলুজোপাত
নিচিঙিলেহেঁতেন প্ৰেমৰ চিলাখনে আঁত
নে
কৃষ্ণচূড়াৰ নৈত নাও বাই
ভালপোৱাৰ নিচান উৰুৱাই
আজিও তুমি হৈ আছা উন্মনা
___________________
জীৱন
নৱ ৰাজন
দুখত নিতিতিলে পোৱা নাযায় সুখৰ ৰ'দ
যি ৰ'দে পূৰাই জীৱনৰ ভোক
দুখৰ নৈতে সুখৰ চৈ
জীৱনে যে তাকে থাকে কৈ
তাকে শুনিবলৈ
ভিৰত, কোননো থাকে ৰৈ !!
"Very little is needed to make a happy life "
--মাৰকাছ অৰেলিয়াচ
অথচ, পাছলৈ নোচোৱাকৈ
দৌৰিয়ে আছোঁ আমি
নাজানো
সুখী জীৱন
কেনি ?
মনৰ জোখেৰে পালেই সুখ
নাপালেই দুখ
-এই দৰে ভবাটোও এক দুৰাৰোগ্য অসুখ
কাপোৰেৰে যিমানেই নুৰিয়াও নিজক
আমিযে একো একোজন নাঙঠ
চকুলোৰ আঁৰত হঁহা জীৱনে
হাঁহিৰ আঁৰত কন্দা জীবনে
ভালদৰেই বুজে এই কথা ।
■■■■■■■■■■
0 Comments