পষেকীয়া কাব্যকাননৰ সপ্তম বৰ্ষৰ অষ্টাদশ সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো-দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়ৰ পৰিবৰ্তে...

ভোগ
নৱ ৰাজন 

পিতাইৰ বিৰিয়াত দুটি সপোন ওলমে 
এটিয়ে টানে আগলৈ
এটিয়ে পাছলৈ

ভাগৰ উশাহকণৰ কিছু পি 
সৰহখিনি ঠেলি আমালৈ
পিতাই, থৰক্ বৰক্ কৈ আগবাঢ়ে 
সোঁৱৰণিৰ সোণসেৰীয়া আলিয়েদি 

সপোনৰ হাকুটিৰে থপিয়াব খোজে 
কুৱঁলীৱে ঢকা পথাৰৰ ভোক
হেঁপাহৰ ওখোনেৰে খুচৰে
ভৰা চোতালৰ ফুৰ্  ফুৰীয়া গোন্ধ 

পথাৰত শুকাই লেৰেলি যোৱা 
ৰবাবৰ দুপৰীয়াবোৰ 
পিতাইৰ ভোগৰ বিৰিয়াত 
ৰসাল হৈ পৰে 

বাৰাণ্ডাৰ চকীখনৰ সৈতে 
কেলঢোপ কেলঢোপকৈ থকা 
পিতাইৰ বিবৰ্ণ আবেলিবোৰ,
চৰাইৰ পাখি গুজি 
ভুৰুংকৈ উৰা মাৰে 
ককাৰ বুকুলৈ...
———————————————

             অনুবাদ কবিতা

Snowflakes (Haiku)
by Kaitlyn Guenther

Snowflakes are our friends
They descend when winter comes
Making white blankets

তুষাৰপাত (হাইকু-৫-৭-৫অত সজোৱা)
মূল: কেটলিন গুয়েন্থাৰ
ভাৱানুবাদ: ডা: হীৰেন্দ্ৰকুমাৰ ভাগৱতী

তুষাৰজোলা আমাৰ সখা
হৈমন্তীৰ ঠেৰেঙাত চুমে দূবৰি ববচা
শুভ্ৰ নিহালিৰ ওৰণি।
——————————
কবিতা কি ?

মূল হিন্দী:- প্ৰভাকৰ মাচৱে
অনুবাদ:-  গণেশ বৰ্মন 

কবিতা কি ?
কোৱা হয় জীৱন-দৰ্শন 
আলোচন ,
( সেই পেলনীয়া যি ঢাকি পেলায় কাকতৰ বাকী থকা ঠাই  ) ।
কবিতা কি ? সপোন-উশাহ উন্মনা কোমল ,
( যি বোধ নহয় যে কবিৰো থাকে এনে মুৰুখ-মতি )।
কবিতা কি ? আদিম কবিৰ ঘটিৰে
বৰ্ষা-বিস্তাৰ
( সেই শাৰীবোৰ যি গদ্য কিন্তু ক'ব পৰা নাযায় )।
---------------------
ভোগালী
ৰমেশ চন্দ্ৰ ৰায় 

ভোগালী মানেই মাহ-কৰাই 
গেঞ্জীৰ ভাঁজত
পেণ্টৰ জেপত
নাৰিকলৰ খোলাত

ভোগালী মানে টোপোলা ভাত
লফা-শাক আৰু হাঁহ-কণীৰ ভাজি

ভোগালী মানে তিলপিঠা 
বৰা-চিৰা
আখৈ দিয়া ধান-চিৰা
ভোগালী মানে হাথৰ্খি আবৈয়ে আনি দিয়া
হাড়ীমুৱা

ভোগালী মানে খাৰ দিয়া নতুন মাটিমাহ 
ভোগালী মানে তিল
ভোগালী মানে জিঠাইৰ পিঠিৰ 
এবোকা মালচাৰা ধানৰ মুৰি

ভোগালী মানে এঁৱা-সূতাৰে বেৰা ঘৰবোৰ 
ভোগালী মানে দৈৰে বন্ধা বাৰী
ভোগালী মানে পানী-বোম আৰু মেজি

ভোগালী মানে জুহাল 
ভোগালী মানে পোৰা নতুন আলু

ভোগালী মানে এচোতাল ধানখেৰ 
এবাহ কুকুৰ পোৱালী 
এযোৰ শালিকা এজাক ঘৰচিৰিকা 

ভোগালী মানে মাহী 
ভোগালী মানে পেহী
ভোগালী মানে সিটো চুবুৰীলৈ অহা
ৰঙা ছুৱেটাৰ পিন্ধা ছোৱালী 

ভোগালী মানে শৈশৱ 
ভোগালী মানে কৈশোৰ 
ভোগালী মানে 
তাহানিতে এৰি অহা 
এখনি শুৱনি গাঁও 
——————————
ভোগালীৰ কথা
লক্ষী প্ৰসাদ ৰেগন

ভোগালীৰ কথা ময়ো মনত পুহি ৰাখিছিলোঁ
উৰুকা যেতিয়া সুৰুককৈ সোমাই আহিল। মই নিজে নিজক বিচাৰি হাবাথুৰি খালো

ইফালে ভকুৱা সিফালে চিতল
ইয়াত আৰি তাত ৰৌ। মাজত মই পুষ্টিহীন এটা বৰালি

আকাশত এজাক শৰালি
মাজনিশা হেৰায় ছাঁয়াপথৰ তৰা

উৰুকাৰ দিনা কিমান ছটফটায় নিৰ্দোষী জন্তুবোৰ
এটুকুৰা মঙহ মোৰ ভাগত কমিল
উৰুকা মানেই দুপাৰি দাঁতৰ শোক
অজলা পেটৰ দুঃখ।
———————————
আলোকচিত্ৰ
চয়নিকা ভূঞা 

শুনি থকা কথাবোৰ
দেখি থকা ছবিবোৰ
কেতিয়াবা সঁচা নহ'ব পাৰে

মুখৰ আঁৰৰ মুখত যিদৰে কাহিনী জন্ম

গধূলিৰ সাধুকথাত
নিশকতীয়া শৰীৰৰ হিচাপ - নিকাচ

ছবিয়ে কথা কয়
ছবিয়ে আত্মাত ঘৰ সাজে 
ছবিয়ে মৌনতা সিপাৰৰ কাহিনী বুটলিব জানে

হঠাৎ বুকুত বিষ এটা উজাই আহে
নোকোৱাকৈ থকা কথাবোৰেই
কেতিয়াবা পাতনি মেলে

এতিয়া সকলো অতীত 
কথাবোৰো আউপুৰণি হ'ল 
ছবিয়ে কথা কয় 
ছবিয়ে বুকুৰ কাহিনীক জীয়ন দিয়ে ।
---------------
দিৰিঙে জানে ইয়াৰ চুৱালগা অতীত 
পৱন বৰ্মন

ঠিক সেইখিনিতে 
এতিয়া য'ত থিয় হৈ আছে চতুৰ্থ স্তম্ভটো
তাত চাৰিজোপা ঔগছ আছিল 
সাধুকথাত শুনিছিলোঁ 
ঈশ্বৰে সেই গছৰ তলত জলপান কৰিছিল 
কাষত
এখন সেউজীয়া চাদৰ পাৰি 
এতিয়া য'ত কাৰাখানাটো আছে 
তাত ঈশ্বৰে প্ৰেম নিবেদন কৰিছিল 
সেই কথা দিৰিঙে জানে 

ভুলটো ঈশ্বৰৰে 

আগ ঠেং হেৰুওৱা  জীৱ এটাক 
ঈশ্বৰে প্ৰদান কৰিছিল এথোপা ৰক্তফুল

তেতিয়াৰে পৰা 
জীৱটোৱে নিজকে ঈশ্বৰৰ অংশ বুলি প্ৰচাৰ কৰিবলৈ ল'লে 

আৰু 
ঈশ্বৰৰ ঘৰত ৰক্তফুল ছটিয়াই  
উৎযাপন কৰি থাকিল 
আসুৰিক বাজনা 
—————————
হলধৰ তুমি আজিও
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

হলধৰ তুমি আজিও
হাতত তোমাৰ ডগমগীয়া নাঙল
মই যে কৰ্ষণযোগ্যা ভূমি

ৰমণী সীতাৰ দেহত 
যেতিয়া চুমাবৰ্ষণ হয়
সেই চুমাবোৰ 
দিকবিদিক হেৰোৱা ঘোঁৰা

কাতিত ৰমণ 
মাঘত নদন-বদন
ন-খোৱাৰ হিল্লোল প্ৰান্তৰে প্ৰান্তৰে
হে মোৰ পুৰুষোত্তম দশানন
মই যে কৰ্ষণযোগ্যা ভূমি যুগে যুগে...।
———————————
বতৰৰ কবিতা
দেৱ দাস

এই জুই কুৰাতে আৰম্ভ 
জীৱনৰ নতুন যুতি 

সভ্যতাৰ ধাপত 
এই জুই কুৰাতে 
মঙহ সেকি সেকি মানুহ 
আৰু 
আমাৰ ভোগালী ।
——————————————
জীৱনৰ লক্ষ্য
পবিত্ৰ কুমাৰ নাথ
                       
'লক্ষ্যহীন জীৱন ব'ঠাহীন নাৱৰ দৰে'
ছাৰে ক্লাছটো সামৰি এজন এজনকৈ সুধিছিল 
ইজনৰ পিছত সিজনে কৈ গৈছিল 
ডাক্তৰ হ'ম , ইঞ্জিনিয়াৰ হ'ম, প্ৰফেছাৰ হ'ম …

মোৰ জীৱনৰ লক্ষ্যৰ কথা সোধা নাছিলোঁ পিতাইক 
সোধা নাছিলোঁ পিতাইৰ জীৱনৰ লক্ষ্য 
প্লাছ্, স্ক্ৰু ড্ৰাইভাৰেই আছিলনে আন কিবা 

তথাপি ভাল পাইছিলোঁ 
চুবলৈ নিদিয়া স্ক্ৰু ড্ৰাইভাৰটোক 
যিয়ে আমাৰ কল্ মলাই থকা ভোকবোৰ 
টাইট ঢিলা কৰি শান্ত কৰিছিল 

ছাৰে মোক সুধিলে কি ক'ম ভাবি থাকোঁতেই 
স্থিৰ নকৰা লক্ষ্য‌ এটাই 
ওঁঠ চেলেকি বাজলৈ আহিছিল আৰু 
শ্ৰেণী কোঠাত থকা ডেক্স বেঞ্চবোৰে 
গিৰ্জনি মাৰি হাঁহিছিল 

সিদিনাখন তলমূৰ কৰি মই মাথোঁ 
মনে মনে মুখস্থ মাতিছিলোঁ,
প্ৰসংগ সঙ্গতি লগাই ব্যাখ্যা কৰিবলৈ দিয়া 
কবিতাৰ সেই পংক্তিটো
যিয়ে জীৱনক উপভোগ কৰিবলৈ মোক 
নম্বৰ গোটাই দিছিল 
কিন্তু জীৱিকাৰ বাবে সেয়া যথেষ্ট নাছিল 

কলেজলৈ যোৱা বাট বিচাৰি নোপোৱা 
মইজনে মোকেই সুধিছোঁ –

মদ খোৱা মানুহৰ অভিনয় কৰিবলৈ মদ্যপান কৰাটো জৰুৰী নহ'লেও 
কবিতা লিখিবলৈ কলেজৰ প্ৰফেছাৰ হোৱাটো
জৰুৰী নেকি  ?

হোৱাট ননচেন্স ইউ আৰ টকিঙ ?

বুকুৰ ভিতৰৰপৰা কবি এজনে মাত লগাইছিল 
'কবিৰ পৰিচয় কবিতাত
কবিৰ পৰিচয় কবিতাত' ।  
(ৰচনা - ১২ ডিচেম্বৰ '২৪)
——————————————————
ভোগালী
দীপ্তি মণি গোস্বামী

নিয়ৰ সনা নিতাল আকাশৰ কুঁৱলী ফালি
উত্তৰায়ণৰ সুৰুযে মিঠা হাঁহিৰে
কানে কানে ক'লে মনে মনে
ভোগজৰা ভোগালী সমাগত।

হয় ভোগালী আহিছে
কিন্তু,
ভোগালীৰ আনন্দত যেন আজি বিষাদৰ কৰুণগাথা
ভোগালীৰ ভোগজৰা আজি ক'ত ?
ভোগালীৰ ৰঙবোৰ আজি এলাগীৰ সাজত!

আইতাৰ জুহালত আজি নাভাজে পিঠা
দুপৰ ৰাতিলৈ নুঠে তিল পিঠা ঘিলা পিঠা,
মুড়ি সান্দহ চিৰা জলপানবোৰ বজাৰ পকিয়া হ'ল 
উৰুকাৰ দিনা মোনা ভৰাই কিনি আনিলেই হ'ল।

জীয়ৰী বোৱাৰীহঁতে স্মাৰ্ট ফোন টিপে ঘনে ঘনে 
সেয়ে সাতামপুৰুষীয়া ঢেকীটো ওভালি থলে,
পৰৰ পিঠাৰে বিহু পতা আজি দিনৰ আধুনিক ফেশ্বন
সেয়ে বজাৰ পৰা আনে পেকেটৰ ভোগালী জলপান।

বোপাই ককাৰ দিনৰে পৰা চলি অহা প্ৰথা
মেজি সেকি মাহ কড়াই কাঠ আলু মোৱা আলু খোৱা 
আজিৰ প্ৰজন্মক  দেখিবা সেইবোৰ দেখি মুখকোঁচোৱা
বিপৰীতে দেখিবা মেগি ফ্ৰাইডৰাইছ চোবোৱা।

মেজিৰ পৰম্পৰাটো যেনিবা প্ৰতিযোগিতা হে হ'ল 
বিধে বিধে ভাগে ভাগে ৰূপ সজ্জাৰ জোৱাৰ নামিল 
শাওনৰ ঢলৰ দৰে  ফটো প্ৰতিযোগিতা চলিল
ভেলা ঘৰৰ ঐক্য সংস্কৃতিত বৰ তলা ওলমিল।

আজি ভোগালী সমাগত...
লেখমানো নাই উৎসাহ উদ্দীপনাৰ মন
বাপতিসাহোন পথাৰ ডৰাও পৰি ৰৈছে চন
ঐক্য সংস্কৃতি পৰম্পৰাবোৰ আজি ধোঁৱাচাঙত মগন।
——————————
ভােগালী
মধুস্মিতা শৰ্মা

পুহৰ কুঁৱলী ফালি
মাঘৰ মেজিৰ জুই
অগ্নি প্ৰজ্বলিতং বন্দে
চতুৰ্বেদ হুতাশনম্
সেৱা লয় অগ্নিলৈ

ভোগৰ ভোগালী মলঙিল
পথাৰৰ বুকুত !
যেনেকৈ পৰিবৰ্ত্তনৰ বতাহত নিৰুদ্দেশ হ'ল
মৰণা ওখোন
হাচতি মেলি ৰৈ থাকে আঘোণীয়ে
ফ্ৰী চাউলৰ সৈতে ৰজনীগন্ধা চিখৰৰ পেকেট,
সেলেঙিত তিৰবিৰাই কৰ্মহীন স্পৃহা 
সুখী নে অসুখী বুজিবলৈ অনিহা,

ভৰপূৰ হাট-বজাৰ
আঘোণাৰ মূধচত উৰহে পিঠাৰ উম্
বুকুত আঁকুহি ধৰে মুগাৰঙী পথাৰখনে
ফটা কামিজত আঁটি ধৰে শুকান খেৰৰ গোন্ধে

মম' পিজা অৰ্ডাৰ দিলেই হাতত
কি যে আৰাম !

ভোগৰ বতৰত আঘোণীৰ হুঁমুনিয়াহ 
কেইটামান সুতুলি পিঠা
নহ'লে ঘিলা পিঠা
খাবৈ বা কোনে ?
হাতে হাতে  মাছৰ ভৰ
আমাৰ লোণ-ভাত
মিঠাতেল পিঁয়াজলৈ হাত দিবলৈকে নোৱাৰি

ভোগালীৰ বতৰ-
ছৱি চায়েই ভৰে পেট!
ওকোল-মোকোল দুখৰ বৰপেৰাত
আইৰ ঢেঁকীটোৰ বিননি
পিতাইৰ মাছমৰা জালত এন্দুৰৰ ঘিটঘিটনি,
ভোগ মানেনো কি ?
ডাষ্টবিনৰ অৰ্দ্ধনগ্ন শিশুজাকে
জুমি জুমি চায় !
—————————
আধুনিকতাৰ সুঘ্ৰাণ
জ্যোতিস্মিতা বৰা

আকাশখনে চিঞৰিছিল মাজৰাতি
হৃদয়ত বিশ্বাসবোৰে তামিঘৰা সাজিছিল
বিশ্বাস আৰু যন্ত্ৰণাৰ মাজতেই চলিছিল
মোৰ জীৱন,
কোনে কয় নিমিলে লগন?
বেলিয়েও কৰে অনন্ত মিলন।

সেইদিনাও শুনিছিলো বেদনাৰ প্ৰতিধ্বনি
ফেঁচাই পাতিছিল তেতিয়া ফেহুঁজালি 
আকাশৰ পৰা খহিছিল এটি আশীৰ্বাদৰ টোপোলা
 এটি পূৰ্ণ খবৰ,
ক'ত বাজে নদীৰ লহৰ?
এৰা সুঁতিতেই পৰে নদীৰ বালিচৰ।

সমাজখনেও পিন্ধিছে ধূসৰ বসন 
হেঙুলৰঙী মানৱীয়তাই ঘহিছে ক'লা বৰণ
ভাতৃত্বৰ বান্ধোনত ঘটিছে হিংসাৰ স্খলন
নেদেখা বাট ,
ক'ত পাম এমুঠি জোনাক?
স্নিগ্ধ পাপৰিতো আজি ঈৰ্ষাৰ সুৱাস।
——————————
ভোগালী
জাহ্নৱী হাজৰিকা

ভোগালী পালেহি ৰতনৰ মাক
এইবেলি বিহু বুলি খাবি কি!
মৰা পাগলাদিয়াই লৈ গ'ল সোপাকে
পথাৰৰো মাটিখিনি।

যোৱাবেলি ধানৰ আঘোণৰ পথাৰখন
মনত পৰিলে দুচকু সেমেকি যায় ।
তই যে কৈছিলি ধান ভাল হৈছে বাপেক
অহাবেলি বোৱাৰীৰ হাতৰ এমুঠিকে খাম।

দেখিছনে ৰতনৰ মাক, কপালৰ লিখন
কি ভাবিছিলি কি হ'ল
আজি আমি কিহৰ তাড়নাত জীয়াই আছো!
বিয়া পাতিব মন কৰা পাহোৱাল পুতেৰা তোৰ আজিও নাই।
সেই যে নৈৰ মথাউৰি ভাঙোতে হোৱা শব্দটো--
আজিও মোৰ বুকু ফাটি চিটি যায়।

পিঠা-লাৰু-চুঙাপিঠা আজি ক'ত যোজন দূৰৰ সপোন।
ৰেচন কাৰ্ডখনো এতিয়া পাগলাদিয়াৰ বুকুত।
আগতে যে তোৰ লাডু পিঠাক লৈ মানুহে প্ৰশংসা কৰে ৰতনৰ মাক!
লাডুত একামোৰ দি ময়ো ওফন্দি উঠো গৌৰৱত।

যোৱাকালি যে ল'ৰা কেইজনমানে দুখনকৈ পিঠা লাৰুৰ এটা টোপোলা দি গৈছিল,
আৰু কেইখনমান ফটো তুলি নিছিল,
ক'তা তোৰ হাতৰ সোৱাদটো মই দেখোন নাপালো কাহানি।
নাপামো চাগে আৰু লাহৰী..

এয়াইতো আমাৰ ভোগালী--
ঘৰ গ'ল নদীৰ সোঁতত।
ল'ৰা হেৰাল নদীৰ বুকুত।
খাবি কি,চাবি কি ৰতনৰ মাক।
দুখুনী সোনজনী অ' দুখ নকৰিবি।
অদূৰৰ পথাৰৰ মেজিটো চায়েই পলুৱাম আমাৰ হেঁপাহখিনি।
যদিও আমাৰ উদং ভোগালী।
———————————
বসন্ত নিনাদ  
ড০আদিল আলী 
 
বুকুত লৈ ফুৰা এটি 
পুৰণি মিলন হেঁপাহ 
ৰুণ্ দি উৰি যায় 
বসন্তৰ আকাশলৈ 

উন্মনা বৰষুণৰ টোপাল হৈ 
যৌৱন উল্লাহ ভৰা বুকুত সৰি পৰে  

তুমি উভতি নাহিলেও নাই 
প্ৰাচীন হৈ পৰা বিয়োগ বিলাপবোৰ 
ৰঙা মদাৰ ফুলৰ 
সুবাসৰ দৰে উৰি গ'ল 

বসন্ত এনেকুৱায়ে 
আকাশত দুন্দুভি বজাই 
বুকু কঁপাই আহে 
প্ৰেমৰ গাভিনী 
এজাক প্ৰেমৰ বৰষুণ 

লঠঙা গছবোৰেও
বিষাদ এৰি 
পৰিধান কৰে 
সেউজীয়াৰ আ-অলংকাৰ 

বসন্ত নিনাদ 
প্ৰেমৰ সুগন্ধি আলাপ 

বাঃ বেদনা ভঙা প্ৰকৃতিৰ বিহঙ্গৰ গান  ! 
——————————
অস্ত সূৰুয
মুক্তিস্নাতা শৰ্মা

অস্ত সূৰুযৰ একাঁজলি ৰক্তিম ৰং
লাজুকী হৈ নদীখনত বিলীন হয়
দিনত নদীখন মৃত হৈ পৰে , 
বতাহত সপোনবোৰ মোৰ ঘৰলৈ আহে 
গভীৰ হৈ...
নদীখন তেতিয়া স্থিৰ হয় 
মোৰ হৃদয়তো তেতিয়া
নিৰৱতা স্থবিৰ হয় ৷
——————————
নদীৰ ইপাৰে সিপাৰে
ৰূপা গগৈ

হে প্ৰিয়তম
দেখিছোঁ তোমাৰ দুচকুত 
এজাক ধূসৰ বৰষুণ
ইপাৰ -সিপাৰ দুয়োপাৰ উপচি হ'ল একাকাৰ ।

হোৱা হ'লে নিপুণ শিল্পী
ৰং তুলিকাৰে আঁকিলোহেঁতেন তোমাৰ দুচকুত
প্ৰণয়ৰ এখনি নিভাঁজ ছবি ।

ৰিক্ত হৃদয়ৰ শুষ্ক ওঁঠৰ মৌন ভাষাক 
কবিতাৰ ছন্দৰে লিখিবলৈ 
নহ'লোঁ যে মই ৰোমাণ্টিক কবি ।

হে প্ৰিয়তম 
হৃদৰোগ বিশেষজ্ঞ হোৱা হ'লে 
তোমাৰ প্ৰতিটো হিয়াৰ ধমনীত প্ৰতি উশাহত 
হোৱা কলিজাৰ বিষ কতেনো পাতিছে বাহৰ
বুজিলোহেঁতেন ।

সন্দেহে আজি পাতিছে বাহৰ
বাহিৰে ভিতৰেচোন কেচেমা কেচেম গোন্ধ
হাতুৰি আঘাতে নাভাঙিবা হিয়া
কোমল কলিজাত নিদিবা জুই ।

কোৰ ,চিপৰাংলৈ পাৰিবা জানো 
উভালিব সন্দেহৰ শিপা
ওলাবনে এনে নিপুণ কাৰিকৰ 
যি অস্ত্ৰৰে কৰিব শিপা নিৰ্মূল।

হে প্ৰিয়তম
দুচকু মোকলাই দিয়া
এষাৰি মিঠা মাতে
খুলি দিয়া হৃদয়ৰ দুৱাৰ এধানি সঁচা মৰমে
ঢালি দিওঁ হিয়াৰ সঞ্জীৱনী সুধা
ওপচাই দিয়া মোক এটি 
চুমাৰ পৰশে
একাত্ম হওঁ তোমাৰ প্ৰতিটো উশাহত
জনমে জনমে !
——————————
হাট
ঊষাজোন ফুকন  হাজৰিকা

চহৰে নগৰে গাৱে ভুইৱে
চাউল দাইল  মাছ মাংস ভাত,কাপোৰ আ- অলংকাৰ 
কিনিবলৈ অনেক হাট আছে।
সেই দৰে ,
আৰু এখন হাট  আছে
শৰীৰ আৰু চাকৰিৰ। 
সকলোৰে অলক্ষিতেই  
তাত কিনা বেচাৰ  দৰদাম চলে
বিনিময় প্ৰথাও চলে ।

 তাত পুৰুষ ,  মহিলাৰ দৰ দাম বেলেগ বেলেগ ।
বিক্ৰেতাই  ক্ৰেতা
পুৰুষসকলক কব
তুমি টকা দিবা মই  চৰকাৰী  চাকৰি দিম।
আৰু 
মহিলা ক্ৰেতাক  ক'ব
মই  চাকৰি দিম তুমি শৰীৰ দিবা।

শৰীৰ  বিক্ৰী কৰা হাট খন আৰু ৰমৰমীয়া 
সুন্দৰী ৰমণীৰ হাতৰ  ৰঙীণ  পানীয়ৰ গোলাপী  নিচাত
 যৌন ক্ষুধাৰ্ত  পুৰুষ বোৰে
হাজাৰ হাজাৰ টকাৰ বিনিময়ত 
এনিশাৰ অতিথি হয় কোনোবা নিষিদ্ধ  গলিত ।
অথবা  কাৰুকাৰ্য্য  খচিত বেড ৰূমত ।
 সুঠাম যুৱক বোৰো বিক্ৰী যাই ধনী মানুহৰ  অসুখী পত্নীৰ  কাষত।

শৰীৰৰ অংগ  পতংগ বেচাৰো অন্য  এখন হাট  আছে
 দালাল বিলাকৰ হতুৱাই  
ধনী ধনী ৰোগীয়া মানুহবোৰে 
জীয়াই  থকাৰ  দুৰ্বাৰ আশাত
দুখীয়াৰ  কিডনী , বৃক্ক  কিনি লয়। 
আৰু
পেটৰ তাড়নাত  অংগ বিক্ৰী কৰা 
মানুহ বোৰ পৰি   ৰয় 
দুখীয়াৰ  উৰুখা পঁজাত  মৃত্যুৰ  ক্ষণ  গণি ।
——————————
পানীদিহিঙৰ পুৱা
অঞ্জনা ৰূপা দাস

সুকোমল ঘাঁহনিৰ সেউজীয়া আচ্ছাদন
কুবজ্বটিকাৰ শুভ্র আবেষ্টনী ফালি
আগমনী পক্ষীৰ গীতৰ কাকলি
নিঁয়ৰৰ মুকুতা গচকি
 পক্ষীৰ পাখিত জিলিকে
 আগমী পুৱাৰ কোমল ৰ'দালি। 
ভিন্ন ৰঙী পৰিভ্ৰমী পক্ষী
জলাশয়ৰ মুকুতা বুটলি
পিন্ধি লয় সৌন্দর্য্যৰ মুকুট। 
কাম চৰাইৰ কপালত আঁকে বিজয় তিলক । 
বাৰিষাৰ পানীদিহিঙৰ
জলৰাশিৰ ৰূপালী ঢৌত
পানী কাউৰীৰ পাখিত নাচে
কুমলীয়া বেলি ।
———————————
হেঁপাহ
প্ৰসন্ন তালুকদাৰ

হেঁপাহবোৰ টোমাই থৈছোঁ বুকুত
এহালিচা পলসুৱা মাটি পালেই সিঁচিম বুলি
আৰু হেঁপাহৰ গজালি মেলি
লহপহকৈ আহিব বুকুত এডৰা সেউজীয়া বননি
য'ত ভ্ৰমি ফুৰিব মোৰ যাযাবৰী মন।
এপল-দুপলকৈ সময়বোৰ যাব বাগৰি
তুমি আহি দিবাহি দেখা
তোমাৰ দুচকুৰ ৰ'দৰ জোনাকে
ভৰাই পেলাব মোৰ বুকু
ৰিব্‌ৰিব্‌ মলয়াত ঢৌ খেলি উৰিব তোমাৰ মেঘালী চুলি
বন ফৰিং হৈ উৰি গৈ লুকাম তোমাৰ চুলিৰ আঁৰত
পখিলা হৈ চুমিম তোমাৰ দেহৰ ভাঁজে ভাঁজে
থাপ মাৰি ধৰিব খুজিলেই তুমি
পলকতে হেৰাই যাম সেউজীয়া বননিত
তেতিয়াই মোক বিচাৰি তুমি হ'বা বাউলী
গোপনে ধৰিম তোমাক আলফুলে মোৰ বুকুত সাৱতি
তুমি লাজুকীলতা হৈ মেৰিয়াই ধৰিবা মোক
হেৰাই যাম দুয়ো নীলিম আকাশৰ তলত
আনে নেদেখাকৈ এখনি সপোনৰ দেশত
য'ত থাকিব মাথোঁ বাজি এটি সুৰ
তুমি মোৰ মাথোঁ মোৰ ।
———————————
প্ৰেম
অন্না দেৱী 

মই জানো 
নিস্তব্ধ নিশাবোৰত
তুমি মোৰেই কথা ভাবা,
অশ্ৰুৰ ফল্গু বোৱাই দিয়া ধৰালৈ ;
যি প্ৰেমৰ উচ্চতা 
হিমালয়তকৈ ওখ,
আকাশতকৈ বিশাল,
সাগৰতকৈও উত্তাল ;
ময়ো তোমাক 
প্ৰাণ ভৰি ভাল পাওঁ 
ঠিক শৰতৰ
স্নিগ্ধ জোনাকৰ দৰে,
আঘোণৰ সোণোৱালী ধাননি
নতুবা বসন্তৰ পলাশ , মদাৰৰ দৰে;
হে প্ৰেম , 
নিত্য নতুন হৈ
নিস্বাৰ্থভাৱে
সকলোৰে হিয়াত বিয়পি থাকা ।
——————————
কল্পনা
নিৰৱপ্ৰিয়া

কল্পনা কৰাত কোনো বাধা নাই 
সেয়ে মোৰ মন আকাশত 
কল্পনাই ঠাই পায় 
সকলো প্ৰত্যাহ্বানক নেওচি 
কল্পনাৰ ঘোঁৰাত  চেকুৰি 
বহুদুৰ ঠাই বাগৰি 
গুচি যায় 
মন ডেউকা মেলি 
কল্পনাৰ ৰাজ্যলৈ বুলি 
যত হাজাৰটা গোলাপে হাঁহে 
ভৰিৰ শিকলি চিঙে 
হাতো ৰঙী আশাবোৰে
কুঁহিপাত মেলে
নিয়ৰে আলফুলে দুভৰিত 
চেনেহৰ চুমা যাচে 
জোনাকৰ বৰষুণত মোৰ 
সৰ্বশৰীৰ তিতে 
আকাশ চুব খোজা 
সপোনবোৰে কিৰিলি পাৰে 
বনৰ বিহগীয়ে সুমধুৰ গীত জুৰে 
সেইবাবেই ...
আনতকৈ বহুগুণে ওখ 
সাজিবলৈ লওঁতে কাৰেং হেঁপাহৰ 
হঠাৎ কল্পনাত যদি পৰি 
সন্মুখীন হওঁ কঠিন বাস্তৱৰ ।
———————————————

Post a Comment

0 Comments