—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
কবিতা মানেই কেৱল মনত দোলা দিয়া অনুভৱৰ স্বত্বঃস্ফুৰ্ত প্ৰকাশ নেকি ? হৃদয়ৰ পৰা তাগিদা অনুভৱ নকৰাকৈ কেৱল আৱেগৰ বশৱৰ্তী হৈয়ে কবিতাৰ সৃষ্টি সম্ভৱ নে ? নিশ্চয় নহয়।
হৃদয়ৰ তাগিদাক মনত দোলায়িত অনুভৱক পৰিশীলিত ৰূপত পাঠকৰ হৃদয়ত সাঁচ বহুৱাবলৈ নিশ্চিতকৈ সাধনাৰ প্ৰয়োজন।চৰ্চা,অধ্যয়নৰ অবিহনে কবিতাক শিল্পলৈ পৰ্যবসিত কৰা অসম্ভৱ।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
——————————
অনুবাদ কবিতা
Hearts (Haiku)
by Kaitlyn Guenther
Hearts represent love
Love is a beautiful thing
Valentine's Day love
হিয়া (হাইকু-৫-৭-৫অত সজোৱা)
মূল: কেইটলিন গুৱেনটাৰ
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
হিয়াত বাজে প্ৰেমৰ শঙ্খ
প্ৰেম যেন ৰাতিপুৱাৰ সূৰুয সুন্দৰ
ভেলেণ্টাইনৰ প্ৰেমফটিকা
———————————
গাঁৱৰ পৰা চহৰলৈ
মূল হিন্দীঃ-অজ্ঞেয়
অনুবাদঃ-গণেশ বৰ্মন
সেইবাৰ আমি গাঁৱৰ পৰা
ভ্ৰমণলৈ ওলাইছিলোঁ
আমি বুজিছিলোঁ যে
গাঁৱৰ বাহিৰলৈ আমাৰ খোজ নাগুৱায়
আলিবাটবোৰ --
চুবুৰিৰ সুৰসুৰীয়া বাট আৰু গো-বাট পৰ্যন্ত
সকলো গাঁৱৰ মুৱাকৈ উভতি আহে
এইবাৰ আমি আকৌ
চহৰৰ পৰা গাঁৱলৈ বুলি ওলালোঁ
আৰু আমি দেখিলোঁ যে
গাঁৱলৈ আমাৰ খোজ নাগুৱায়
সকলো পথ ,
এতিয়া
গাঁৱৰ পৰা চহৰ অভিমুখে দৌৰী আছে ।
------------------------------------------------
কবিতা
কিনচুগী
গাৰ্গী ভূঞা
যাৰ মন কোমল, মাটিৰ দৰে পলসুৱা
প্ৰতি নিয়ত যি ঠাঁচ সলায়...
আহ্নিক গতিত ঘূৰি থাকে
এখন মৃৎশিল্পীৰ চকা
আবৰ্তিত মনবোৰক সাজ দিবলৈ
গঢ় লোৱা পাত্ৰতো তেনেই ঠুনুকা
ৰ'দে শুহা পানীৰ দৰে
ঠুনুকা হ'লেও যি দুপৰত কঠিন
তাপে গঢ়া লোৰ দৰে
সেই পত্ৰতেই পেয় জীৱনৰ
ছাঁ আৰু পোহৰ ...
আবয়ব পোৱাৰ পাছতো
চলি থাকে মাটি-আখৰা
চেৰেকী-পাকত ক'তবাৰ ভাঙে
কুমাৰৰ কুম্ভকাৰী
শেষত, ভঙা মাটিৰ টুকুৰাবোৰক গলিত সোৱণশিৰিৰ পানীৰে যোৰা দি
যি এজন ঈশ্বৰ গঢ় লৈ উঠে
সেই ঈশ্বৰ অনন্ত, অদ্ভূত আৰু অলৌকিক...
(টোকা: কিনচুগী হৈছে জাপানীসকলৰ এক বিশেষ শিল্প-কলা য'ত তেওঁলোকে ভঙা মাটি বা কাঁচৰ পাত্ৰ আদিক বিশেষ পদ্ধতিৰে আকৌ যোৰা লগায়। ফলস্বৰূপ, আৰু আকৰ্ষণীয় হৈ উঠে। )
———————————
দুপৰৰ কথোপকথন
চয়নিকা ভূঞা
ৰ'দৰ আলেখলেখ গণি গণি আঙুলিৰ পাৱত ভালপোৱাৰ হিচাপ
তাইৰ বুকুত লিৰিকি বিদাৰি থকা হাতখন
এতিয়া বুজন হ'ল
দুপৰৰ কথকতাত
সেউতীৰ জীৱন চক্ৰ
খুটি খাব পৰা হোৱাৰ পৰাই
কথাবোৰ বাৰেবৰণীয়া
প্ৰয়োজনীয় বুলি ভবা বহু কথা
কেতিয়াবা কাৰোবাৰ অমনযোগিতাত
উপেক্ষিত হৈ ৰয়
জী থকাৰ তাড়নাত
সময়ে বাগৰ সলায়
শীতৰ বিষয়ঃ
'ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক'।
——————————
মায়াৰ মঞ্চ
তৃষ্ণা নেওগ বৰুৱা
যিমানেই দপ্দপাই নজ্বলক কিয় মাঘৰ মেজি
পুৰিব নোৱাৰে বুকুৰ শীত
যিমানেই ভৰি নাথাকক কিয় গুটিধানৰ ভঁৰাল
বছৰি বাঢ়ে আকালৰ আব্দাৰ
মোনা ভৰাই হাটৰ পৰা উভতি আহোঁতে
লগতে আহে ভোকৰ নতুন শ্লোগান
মহ’ৰ শিঙৰ কাকৈৰে ভাঙিব নোৱাৰি জীৱনৰ জঁট
তেহেলৈ জঁটাত বন্দী হয়েই থাকক গংগা
মোহিনী নিচাত কোনে ৰাখে হিচাপ
যিমানেই নিৰ্বাক নহওঁ কিয়
মায়াৰ মঞ্চত আমিও ভাৱৰীয়া
আঁৰকাপোৰৰ সিপাৰে
বতৰ ফৰকাল নে ডাৱৰীয়া
জাৰত জঠৰ জিভাত বনভোজৰ সোৱাদ
সৰিয়হ ফুলিছে মাটিৰ কলিজাত ৷
——————————
জীৱন
মনালিছা শইকীয়া
Life is a struggle, fight it...
One day success will kiss your feet...
ভাবিছেনেকি আপুনিও
জীয়াই থকালৈকেহে জীৱন
তাৰপিছত সকলো অনিশ্চিত অসাৰ
কথাবোৰ তেনে নহয়
বা তেনে হবলৈ নিদিব আপুনি
নিশ্চিতভাবে আপুনি ভাবি লওক
মৃত্যু কেৱল এক অহেতুক দু:চিন্তা
জী থকাৰ হেঁপাহত
গৈ থাকে প্ৰতিটো জীৱন
শুভ্ৰশংখৰ মাত এটাৰ পিছে পিছে
জানেনে আপুনি
পৃথিৱীৰ প্ৰতিটো জীৱনগাথাত
কেৱল সংঘৰ্ষ আৰু দুখৰ সহস্ৰ পৃষ্ঠা
থিয় ডঙা নিদিওঁতেই
জীৱনৰ আদিপাঠ
যুঁজেই জীৱন
দু:সময়ক হাতৰ মুঠিত খামুচি
চকুলোৰ নদীখনত সহস্ৰ ভেটা দি
আগুৱাই গৈ থকাৰ অনন্ত প্ৰয়াস জীৱনৰ
অস্থিৰ সময়ৰ দিনলিপিত
যন্ত্ৰণা কাতৰ সময়ৰ মেটমৰা বোজা
তথাপিও
জীৱন ৰৈ থাকে
সকলো দু:খবৰৰ পাছত
নীৰবে অহা সুখৰ খবৰ বোৰ ল'বলৈ
এচাকি পোহৰ গলি গলি শেষ হোৱাৰ পাছতো
হেঁপাহৰ বৰঘৰত জিলিকা আন এচাকি পোহৰ চাবলৈ।
———————————
প্ৰসাধন
ইপুল হুছেইন
সময়ৰ প্ৰসাধনত ক্ৰমশঃ আত্ম-অনুসন্ধানৰ শিলবোৰ ভাষ্কৰ্য্য হয়
মানি লোৱা ভাল যে নিয়মৰ প্ৰতিষেধকৰ কিছু হ’লেও পাৰ্শ্বক্ৰিয়া থাকিবই
কিন্তু বৈ থাকিব জীৱন
সমসাময়িক সুখৰ তালিকাত মাজে মাজে উকি মাৰিব দুখৰ ৰেলগাড়ী
বিচাৰি যাব গহনৰ সহযাত্ৰী
বৃদ্ধ ষ্টেশ্বনটোত হয়তো আগৰ দৰে ৰৈ নাথাকে জোন
চৌদিশে থাকিবগৈ পাৰে শূন্যতাৰ নিনাদ
লিপিবদ্ধ থাকিব কেৱল বাটৰ বুৰঞ্জীত অস্থায়ী ঠিকনাৰ জীৰ্ণ চ’ৰা ৷
——————————
আদৰণি
ৰুম্পী দেৱী
সৰাপাত এখিলাৰ দৰেই
পুনৰ সৰি পৰিছে এটা বছৰ
চাৰিওফালে বিয়পি পৰিছে
এটা নতুন নতুন গোন্ধ...
সকলোৱে সাজু হৈছে
আদৰণি জনাবলৈ নতুন বৰ্ষ
পুৰণি দুখ বোৰ একাষৰীয়াকৈ থৈ
নতুন দিনবোৰ সুখৰ কামনাৰে...
আহেনে সঁচাকৈ সুখ !
পৰিবৰ্তন হয়নে বাৰু সঁচাকৈ?
ঘুৰ্মুটীয়াই বিচাৰি ফুৰিছো
ক'ৰবাত হৈছে নেকি পৰিবৰ্তন !
সকলো দেখুন একেই আছে
একেই আকাশ, একেই বতাহ ...
মাথোঁ বতাহে কঢ়িয়াই আনিছে
মাতাল নিশাৰ মন ৰঙীয়াল হোৱা
অচিনাকী অথচ চিনাকি গোন্ধ....
আকাশ খনো কুচিমুচি সোমাই আছে
মায়াবী সন্ধ্যাৰ ৰঙীন আলোকসজ্জাত।
নিশাচৰী প্ৰাণীবোৰো আজি নিৰব-নিস্তব্ধ ।
লাভ নাই, লাভ নাই
কাৰণ সিহঁতৰ মাতবোৰ তল পৰি যাব
কাণতাল মৰা গানৰ শব্দত,
চৰাইবোৰে মাথোঁ কোৰ্হাল কৰিব
আবতৰীয়া দেৱালী উৎসৱত
ভূল নকৰিবা
এতিয়া অৰ্ধ ৰাতিহে...
প্ৰভাতলৈ এতিয়াও আধা বাকী !
কাৰণ আমি ৰাতি পূৱালেহে
আদৰণি জনাওঁ এটা দিনক।
গজালত ওলমিব নতুন এখন কেলেণ্ডাৰ
মকৰা জালৰ ফাঁকেদি
চোতালত উবুৰি খাই পৰিব
হেঙুলীয়া আভা
নতুন বছৰৰ প্ৰথম পূৱা...
—————————
পুনশ্চঃ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
পদূলিত ৰৈ আছে চল্লিশ
সন্যাসীয়ে সকিয়াই দি ক’লে-
চল্লিশক তাতে এৰি থৈ
মোৰপৰা জীৱন মালিতাৰ
পুৰাণখন লৈ যোৱা...
———————————
সপোন ভগাৰ পিচত
ৰীতিমালা
ঘৰমুৱা বেলিৰ ছাঁৰ দৰে
সপোনৰ দীঘলীয়া বাটটো এৰি আহোতে
উভতি চোৱা নাছিলো
প্রত্যাশাৰ দীঘল আঙুলিৰ খামোচ এৰি
প্ৰত্যাৱৰ্তনৰ বাট লোৱা সহজ নহয়
অথচ সহজ সহাবস্থানো যে নহয়
জীৱন তথাপিও চলি থাকে
দুপৰ নে আবেলি উমান নোপোৱাকৈ
আকাশ নেদেখা বাটেৰে
গৈ গৈ এদিন পাম কিজানি
বিস্মৃতিৰ সিপাৰ...
——————————
নদীৰ কাষত ৰৈ...
ৰঞ্জিত কুমাৰ শৰ্মা
নদী ঐ বৈ থাক অবিৰাম
নীলাভ্ৰই দিগন্ত চুলে
তোৰ লাৱণ্য চোৱাৰ হেঁপাহ পূৰাম৷
তোৰ পাৰতে কটাম এটি বিয়লি বেলা
দুনয়ন ভৰি চাম
চিকমিক তৰংগৰ চঞ্চল খেলা৷
তোৰ বুকুত ওপঙি থাকে যে খেলি
তলুৱাত তুলি লম
পশ্চিমৰ সেই সেন্দূৰীয়া বেলি৷
নীড়মুখী পক্ষীয়ে লৈ আহিলে গধূলি
ৰৈ থাকিম চাবলৈ
তোৰ বুকুত চন্দ্ৰমাৰ ৰূপালী৷
———————————
আমি আমাৰ
অমৰদীপ কলিতা
মই বাৰু কিমান মোৰ
আঁত হেৰোৱা সূতাডালৰ কিমানেইবা জোৰ,
জিনিলোঁ যেনিবা অকলে বাট
নিতালত পৰিবনে মোৰ হৃদয় শাঁত !
মই কেৱল মোৰ হৈ থাকিলে
এখন অৰণ্য গজি নুঠে
নদী এখন নবয় সগৌৰৱে;
মই কেৱল মোৰ হৈ থাকিলে
শব্দবোৰ গীত কিম্বা কবিতা নহয়,
ভিৰ জমা হ’লেও এখন সমাজ গঢ় নলয় ৷
আচলতে, মই কেৱল মোৰ নহয়
আমি আমাৰ।
——————————
ইমান পলকতে
ড৹ ইকবাল হোচেইন খান
ইমান পলকতে কিয় বাৰু শেষ হয় জীৱনৰ ইতিহাস
সিদিনা মাথোঁ দাউদাউকৈ জ্বলিছিল চিতাৰ অগনি
আজিয়েই অচিনাকী এই মূলকত
তাকেই ভাবি ভাবি হও ভাবুক।
আক্ষেপ !
নাই কাৰোৰ আলোচনা
নাই কাৰোৰ মাথা বেথা
ই এক নীৰৱতাৰ কথা
ঘৰতেই উচুপে ইতিহাস
ছটফটাই কৰ্ম
ছটফটাই ধৰ্ম
অনুভৱহীন অনুভূতি
ইতিহাসহীন ইতিহাস
এক শূন্যৰ কথা
পৰিতাপৰ বেথা
জীৱনৰ হুমুনিয়াহ
সময়ে কঢ়িয়াই ফুৰে মৃতকৰ আত্মা
অথচ সকলোখিনি পৰিপূৰ্ণ ।
তাৰমানে সকলোখিনি মিছা––
প্ৰেম -ভালপোৱা
ঘৰ-সংসাৰ
পৃথিৱীৰ মায়া ।
দি যায় , কেৱল দি যায় বিদায়ীজন
লগত লৈ যায় শূন্যৰ পাহাৰ ।
তাৰমানে শূন্যতেই আৰম্ভ ,শূন্যতেই শেষ
তাৰমানে দৰ্শনহীন দৰ্শন
এটা এটা নীৰৱতাৰ গান
সময়ে কঢ়িয়াই ফুৰে কেৱল হুমুনিয়াহ ।
———————————
চৰাইবোৰ সুখীনে
অপূৰ্ব ভূঞা
ইৰ্ষা হয় চৰাইবোৰলে
ৰংবিৰঙৰ সুন্দৰ কোমল পাখিবোৰৰ বাবে
উৰিব পাৰে আকাশ ধিয়াই যেনি মন যায়
প্ৰকৃতি আৰু অৰণ্যৰ প্ৰেমত
মুক্ত মনেৰে গাব পাৰে গান
ধুমুহাৰ ৰাতি গছ আৰু বাহবোৰ ভাগি গ’লে
চৰাইবোৰ থাকে উদ্বাস্তুহৈ
আহাৰ আৰু আশ্ৰয়ৰ স্থলী গছবোৰৰ বাবে
ব্যথিত হয়নে চৰাইবোৰ
মৃত্যুৰ কথা ভাবি হয়নে উদাস
উৰি গুচি যাব পাৰে চৰাইবোৰ
চুনামীয়ে সকলো উটাই নিলেও
আত্মাও উৰি গুচি যায় সন্তপৰ্ণে দেহাভাঙি
উৰি গুচিযোৱা চৰাইবোৰ সুখীনে
জীৱনৰ মৌ চুহি হয়নে সুখী মৃত্যুঞ্জয়ী আত্মা ৷
——————————
সংকেত
অজিত প্ৰতীম দাস
দূৰৈৰ একাকী পাহাৰত
নিবিড় শান্তিৰ বিপৰীতে
এচপৰা কঠিন শিল
হঠাতে খহি পৰাৰ শব্দ
মোৰ দুবাহুৰ আশ্ৰয়ত
এধাৰি শীতল অশ্ৰুৰ
এটা কঠিন প্ৰশ্ন?
—————————
তোমালৈ
ড° বন্দনা কলিতা
সপোনবোৰে কথা কয়
এটি নতুন বছৰৰ
আবেগ সনা প্রথম দিনটোত
প্ৰেমময় তোমাৰ চকুৰ চাৱনি
ভাললাগে চোন তোমাৰ কথা ভাবি,
সপোনবোৰে কথা কয়
মাজনিশা
মনৰ মাজত প্রিয়জনক আদৰাৰ আয়োজন
কি ফুল দিলে ,তেওঁ ভাল পাব
প্রথম দিনটোত
এপাহ গোলাপ তোমালৈ
সপোনবোৰে কথা কয় এনেদৰে।
——————————
নৱবৰ্ষ-২০২৫
পবিত্ৰ বৰগোহাঁই
নতুনক আদৰি লোৱা প্ৰস্তুতি
উৎসাহত গাঁৱে-ভূঞে পিকনিকৰ বতাহ
এজাক হাড় কঁপোৱা চেঁচা বতাহক নেওচি
মইনাহঁতৰ উশাহবোৰ আশাত বন্দী হয়
এৰি অহা দিনবোৰ ফাগুনৰ সৰাপাতৰ দৰে
বিদায় দি গুছি যায় চিৰদিনৰ বাবে
আকৌ সেউজীয়া সপোনে পোখামেলে
বসন্তৰ ন-গজালি মেলা পাতৰ দৰে
আকৌ জানো হ'ব দুখ যাতনা হতাশাৰ প্ৰতিচ্ছবি ,
এমুঠি জোনাকে ভৰি নপৰিবনে
আৰ্তজনৰ ২০২৫ বৰ্ষৰ হিয়াৰ কলিজা।
——————————
স্বাগতম নৱবৰ্ষ ২০২৫
অঞ্জনা ৰূপা দাস
মাজনিশা এটা দীঘলীয়া উঁকি-
উঁকি মাৰি ৰেলখন
জংচনৰ পৰা যাবলৈ সাজু হৈছে।
প্ৰতিটো ডবাত ঠাহ খাই আছে
প্ৰাপ্তিৰ সুখ আৰু অপ্ৰাপ্তিৰ
এবুকু বেদনা।
যাত্রীবোৰৰ মাজত
উদুলি মুদুলি পৰিবেশ,
অযথা লৰা-ঢপৰা
বিদায় আৰু আদৰা আখৰাত
উচ্চস্বৰত বাজিছে সাঙ্গীতিক বাদ্য
মাজে মাজে উদ্দাম নৃত্য,
আতচবাজীৰ কাণতাল মৰা চিঞৰ।
অলস ভাৱে কেক্ ঝেক কৰি
ৰেলখন আঁতৰি গৈছে-
একেপথে আন এখন
নতুন ৰেলৰ আগমন হৈছে
ঠিক আগৰখনৰ দৰেই
বাৰটা ডবাৰ সৈতে।
প্ৰতিটো ডবাত থাহ খাই আহিছে
মেটমৰা আশাৰ টোপোলা,
সম্ভাৱনাৰ এমুঠি জীয়া সপোন-
আমি ও বাট চাই আছোঁ সেই
নতুন ৰেলখনলৈ-
উলাহেৰে আদৰিবলৈ
য'ত লিখা থাকিব
স্বাগতম নৱবৰ্ষ ২০২৫।
———————————
গোপনীয়তা
প্ৰসন্ন তালুকদাৰ
সপোন পুৰি ছাৰখাৰ হোৱা বেদনাই
মোক ভিতৰি ভিতৰি কুটি কুটি খাই
মই যে মৰি মৰি গৈ আছোঁ সেইকথা মোৰ বাদে আন কোনোৱেই গম নাপাই
এই খবৰটো পৃথিৱীৰ সকলো গোপনীয়তাতকৈ গোপন খবৰ।
যিদিনা জ্বলিব চিতাত জুই
সেই জুইৰ শিখা
কাৰ দুচকুৰ পানীত তিৰ্বিৰাব
সেই কথাও গোপনে ৰ'ব
জানিব কেৱল এখনি চাদৰৰ আঁচলে
আঁচলেও লুকুৱাই ৰাখিব কথাটি
চকুপানীখিনি সমাজত বদনামী হোৱাৰ ভয়ত
চিতাৰ ৰঙা আঙঠা ছাই হৈ নপৰালৈকে
আঙঠাৰ উত্তাপত কাৰ হিয়াত সৰিয়হ ফুটিব
সেয়া মাথোঁ মোৰ আধা লিখা কবিতাই ক'ব
শেষ হ'ব নহওঁতেই জীৱনৰ নাটখনি
কিয় পৰিল আধাতেই যৱনিকা!
———————————
মামাৰ ঘৰ
অজন্তা তামুলী ফুকন
আইতা ককা চেনেহৰ
মামা মাহী মৰমৰ
আদৰৰ সম্বন্ধ হৃদয়ৰ
সাধুকথা জোনাক নিশা
ৰাজকুমাৰ জলকুঁৱৰী
তেজীমলা তুলা আৰু তেজা
বুঢ়ী আইৰ সাধুৰ কথা
হিতোপদেশ মন দি শুনা
খটখটকৈ শুকুলা ঘোঁৰা
আকাশৰ জোন বেলি তৰা
আগলতি কলপাত লৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে
সাধুৰে জীৱনৰ পাঠ আওঁৰাই
নীতি বচনেৰে সাজ বহুৱাই
মামাৰ ঘৰলৈ যাম আমি
মামাৰ ঘৰলৈ যাম
পকা পকা ফলবোৰ
আনন্দৰে পেট ভৰাই খাম
পিঠা -পনা জলপান
আৰু কত যে লাৰু
তোমালোকে খাইছানে বাৰু
অসমীয়াৰ থলুৱা খাদ্য
জনজীৱনৰ লগত সংলগ্ন
মোমায়েকৰ ঘৰখন
হেঁপাহৰ ঠাইখন
সকলোৰে হৃদয়ৰ
আত্মিক সমন্ধৰ।
——————————
বান্ধি ৰাখিলোঁ টোপোলাত আমেজ ভৰা অনুভৱ
যামিনী দেৱী
(অসম কাব্য কাননৰ সপ্তম বাৰ্ষিক বঙাইগাঁও
অধিবেশন-৮ডিচেম্বৰ ২০২৪ খ্ৰীষ্টাব্দ,
স্থান-বীৰঝৰা মহাবিদ্যালয়,বঙাইগাঁও।)
এটি মিঠা অনুভৱ,এটি মিঠা শিহৰণ,
এটি মিঠা আবেগ,ভাষা জননীৰ আৰাধনা,
ৰাতিপুৱা ন-বজাৰ পৰা সন্ধিয়া পাঁচ বঁজালৈ
বঙাইগাঁও বীৰঝৰা মহাবিদ্যালয়ৰ
প্ৰেক্ষাগৃহত কবিতাৰ মেলা।
ৰাতিপুৱা ন-বজাত অসম কাব্য কাননৰ
সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ
পতাকা উত্তোলনেৰে আৰম্ভ হৈছে কাৰ্য-ক্ৰমণিকা।
এটাৰ পিছত এটাকৈ লহমা নপৰাকৈ
চলি গৈছে কাৰ্যসূচী।
সম্পাদক নৱ ৰাজন,মায়ঙৰ যুৱকজনৰ
যাদুকৰী কণ্ঠৰ নিৰ্দেশত
প্ৰদীপ চন্দ্ৰ শৰ্মা, ধীৰেশ চন্দ্ৰ ৰায়,
পবিত্ৰ কুমাৰ নাথ, অনামিকা ৰায়,
বিশ্বজিত গগৈৰ-নিখুঁত বাক্ তথা কৰ্মপটুতাত
চলি গৈছে কাৰ্যসূচী আউল নলগাকৈ,
মাজে-মাজে জলপানৰ ব্যবস্থা
সুধী সমাজে হামিয়াব পোৱা নাই সুৰুঙা,
পেটৰ ভোক মনৰ ভোক সমুলি নাইকীয়া।
'সতীৰ্থৰ কবিতা পঢ়ো আহক'
এটি মনোগ্ৰাহী অনুষ্ঠান,
মুকলি সভা-ডাঃ হীৰেন্দ্ৰ কুমাৰ
ভাগৱতীৰ সভাপতিত্বত,
মূখ্য অতিথি-ড°বিনীতা বৰা দেৱ চৌধুৰীৰ
মৌ-মিঠা ভাষণ,মুখপত্ৰ-
'আমাৰ কাব্যকাননৰ' উন্মোচক
ড° সুশান্ত কুমাৰ কাশ্যপৰ কাব্যিক ভাষণ,
দেৱজিৎ হাজৰিকা,২০২৪ৰ কাব্যম বঁটা প্ৰাপকৰ
কবিতা-কবিতা লগা উদ্দীপক ভাষণৰ
সন্মোহিত যাদুৰে মন্ত্ৰমুগ্ধ কৰি ৰখা
'কবিতাৰ মেলা'ই ঢাঁহিমুহি একাকাৰ
কৰিছিল কবিতাৰ বাকৰি,
কবিতাৰ সৃষ্টিশীলতাৰ নাই যেন শেষ।
কবিতা হৃদয়ৰ স্পন্দন,
এটা শেষ হ'লে আনটো সুনিবৰ মন,
কবিৰ মুখত স্ৰোতাৰ দৃষ্টি নাথাকি
দৃষ্টি আছিল অন্তৰত,
কবিতা হ'ল অন্তৰাত্মাৰ ভাষা,
কবিতা নিৰ্মাণ হয় অন্তৰত।
ধ্ৰুবকুমাৰ তালুকদাৰ-
'অসম কাব্য কানন'ৰ প্ৰতীক অংকনকাৰী
ছবিৰ জৰিয়তে কবিতা নিৰ্মাণ কৰি
বৌদ্ধিক মহলত নাম খোদিত
ছবিয়েও কথা কয় হ'ল প্ৰমাণিত।
যুৱ-সাহিত্য একাডেমি বঁটা প্ৰাপক
প্ৰতীম বৰুৱাৰ সঞ্চালনাত
কবিতা যেন ৰণুৱা ঘোঁৰা
কবি হিল্লোল কুমাৰ সিংহ,
দিগন্ত নিবিড় ,ছেকেন্দাৰ আলি আহমেদৰ
কথা নকলোৱেইবা।
মৰমে সতীৰ্থবৃন্দক ৰাখক আবৰি,
জয়তু' অসম কাব্য কানন'
থাকো মাথো তোমাকেই সুৱৰি।
নে'ন'-যুগ-চমুৱাই কোৱাৰ যুগ,
চমুৱাই লিখাৰ যুগ।,
সকলো দিশলৈ চকু ৰাখি
জপালোঁ কলম।
বহু ৰৈ গ'ল-ৰাইজ,দায়-দোষ নধৰিব
নিজ গুণে সন্তোষ লভিব।
——————————
একত্ৰিশ ডিচেম্বৰ আৰু এটি বিহ্বল শ্বাস
জ্যোতিস্মিতা বৰা
বেলি পৰো পৰো হৈছে
উৰি গৈছে এজাক ঘৰমুৱা পক্ষী
নীৰৱে নিস্তব্ধে,
সময়ৰ থমকি নোৱাৰা কাঁটাডালে
হিৰণ্য বেলাত আঁকি গৈছে স্মৃতি
কৰুণ শব্দৰে।
শেষ হ'ব ধৰিছে যেন এটি বাকৰুদ্ধ জীৱন
উমি উমি জ্বলা শলিতাত মলঙিছে লগন।
পদপথৰ ধূলিবালি একাকাৰ কৰি
তাইও জ্বলাই লৈছে এডাল ধূপকাঠি।
আজি পাষণ্ড মানৱৰ আহ্বানত জন্ম
তাইৰ দেৱশিশুটিৰ এবছৰীয়া জন্মলগন,
তাই পাগল মগজুয়ে কোনোবা ক্ষণত আজি
হাহাকাৰ কৰিছে,
নতুন বছৰ তাইৰ বাবেও আহে
হৃদয় খন বিষবোৰে ধুৱাই নিয়ে।
ক'তনো বিচাৰি পাব আপোন ঘৰ!
তাইতো ভালে থকাৰ কথাই আছিল
কোনে জানিছিল, বিষন্ন সময়ে কঢ়িয়াব
দুৰ্ঘোৰ অমানিশা,
যৌতুক! সেই এটা শব্দৰ অভাৱৰ বাবেই
আজি তাই পাইছে অৱহেলা।
লাহে লাহে শিশুটি ডাঙৰ হৈ আহিব
আৰু যদি কৰে তাইক অবান্তৰ প্ৰশ্ন!
পিতৃৰ পৰিচয় বিচাৰি যদি খাই হাবাথুৰি
কেনেকৈ জনাব তাই সেই শিশুটিক
সভ্য সমাজৰ চাক্ষুসতাৰ বলিত
তাই যে লভিলে জন্ম ধূসৰ পৃথিৱীত!
মৃদু মৃদুকৈ ভাঁহি আহিছে
ৰঙীন সংগীত,
তাই খোজ লৈছে
এটি পঁজাঘৰ বিচাৰি
শিশুটিক নিজ পৰিচয় দিয়াৰ প্ৰতিশ্ৰুতিত।
সময় নৰ'বি নৰ'বি
আঁতৰি যা অভিশপ্ত সন্ধ্যা
কঢ়িয়াই আন মিষ্ট হুমুনিয়াহ...
———————————————
প্ৰেমাশ্ৰু
ড০ আদিল আলী
প্ৰেম নহয়, যৌৱন আকলুৱা হেঁপাহ
বন্ধু নহয়, বিনিময়ত স্বাৰ্থ সিদ্ধিৰ তাগিদা
মোৰ ইচ্ছাৰ হাত বন্ধা
অ'মোৰ কলিজা
সঁচা প্ৰেম কি
মোক বুজাই কোৱা
নকলে ডুবিম ময়
বিষাদৰ চকুলোত
প্ৰেম জানো অব্যক্ত বেদনা
গোলাপৰ কলি ছিঙা ধুমুহাৰ গান
নে তিক্ত আক্ৰোশৰ বান
নে একাচেকা যুক্তিবাদী কথাৰ কথা
সংসাৰ,
সুখ-দুখ মিশ্ৰিত
জীৱন বেলি
এই এন্ধাৰ
এই পোহৰ
এই মৰমৰ জোনাক
প্ৰেম জানো
মধুৰ সপোন ভঙা নিৰাশ গান
অ' মোৰ প্ৰাণ
——————————
ছিপাঝাৰ কলেজৰ তুমি অভিনৱ বৰুৱা
ৰাখী কাশ্যপ
Hello mister
পাগল কৰিহে এৰিবা যেন পাওঁ
তোমাৰ হাঁহিত কি আছিল সেয়া
মোৰ চকু চকুৱে চাই কি কথা
কৈ দিলা?বুকুৰ মাজত
বলাই দিলা হেজাৰ ধুমুহা
আহ। বাৰে বাৰে মনা কৰাৰ
পাছতো বুৰঞ্জী বিভাগলৈ
মিছা অজুহাত কিছুমান লৈ
তোমাৰ অহা যোৱা
পিছে বৰুৱা কাক বিচাৰি ফুৰে
তোমাৰ দুচকু এ department ৰ
প্ৰতিটো কোঠাত।
নাহৰ জোপাৰ তলত নাথাকিবা না
মই নাহৰৰ প্ৰেমত পাগল আৰু
তুমি যদি তাত থাকা
O my god
Library ত তোমাৰ লেপটপৰ খটখটনি
লগত অৰ্ণৱ ৰ গান নহলে যে
অভিনৱ বৰুৱা পাগল নকৰিবা না তোমাৰ প্ৰেমত!মই নাজানো প্ৰেমত সূত্ৰ
নজানো প্ৰেমৰ ৰাগী
কিন্তু মিষ্টাৰ তোমাক দেখিবৰ
পৰা কি যাদু কৰিলা
নেচাও বুলি আঁতৰি আহিলেও
নিজেই চকু যায় তোমাৰ ওচৰত
ক্ৰীম ৰাং shirt টোৰ ওপৰত কলা coat
কি বুলি কম তোমাক
বৰুৱা দিবানে তোমাক চাবলৈ
এপলক ওচৰৰ পৰা
হেঁপাহ পলুৱাই।
অভিনৱ বৰুৱা ছিপাঝাৰ কলেজৰ তুমি
বিশেষ আবেলিএটা উপহাৰ বিচাৰো দিবা নে
তোমাৰ প্ৰেমত পাগল নকৰিবা অভিনৱ বৰুৱা।
কিয়নো মই নাজানো কিমান জনীৰ স্বপ্ন তুমি
ছিপাঝাৰ কলেজৰ তুমি অভিনৱ বৰুৱা।
তোমাৰ প্ৰেমত পাগল নকৰিবা না।
—————————
অস্ত সূৰুয
মুক্তিস্নাতা শৰ্মা
অস্ত সূৰুযৰ একাঁজলি ৰক্তিম ৰং
লাজুকী হৈ নদীখনত বিলীন হয়
দিনত নদীখন মৃত হৈ পৰে ,
বতাহত সপোনবোৰ মোৰ ঘৰলৈ আহে
গভীৰ হৈ...
নদীখন তেতিয়া স্থিৰ হয়
মোৰ হৃদয়তো তেতিয়া
নিৰৱতা স্থবিৰ হয় ৷
——————————
সোঁৱৰণী
জ্যোতিষ হাজৰিকা
শিলেৰে নিগৰা
প্ৰেমৰে নিজৰা
বুকুতে অঁকা
স্মৃতিৰে ৰেখা।
শিলৰে বুকুতে
প্ৰবাহিত নিজৰাৰ,
ক'ত যে সুমধুৰ সুৰ।
সোণতে সুৱগা
সোণোৱালী পঁজা ,
ধুমুহাতে যায় উৰি।
নদীৰে বুকুতে
এৰি অহা নাৱে,
ভটিয়নি সোঁততে
পালেহি দাঁতি।
স্মৃতিৰে সাঁচিপাতে,
হঠাতে আজি
সোঁৱৰালে অতীত।
সোঁৱৰণীৰ সমুখতে
থিয় দিও,
পালোঁ মাথোঁ নিৰৱতা।
নয়নেৰে নিগৰা
বেথাৰে মুকুতাই,
ললে সাৱটি
নিৰৱতাক বুকুৰে মাজত।
——————————
বাস্তৱ
সুৰেশ চন্দ্ৰ ৰায়
নিজৰ ভৰেই সহিব নোৱাৰা
উৱঁলি যোৱা পঁজাটিৰ
খেৰ আৰু কামিৰ
মাজেৰে বৈ অহা
পানীৰ টোপালবোৰ
যেন পানী নহয়
আনন্দৰ চকুলোহে।
পঁজাটিত বাসকৰা --
লঘোণীয়া পেটেৰে
উজাগৰী নিশাৰ
বাস্তৱতাৰ নিষ্ঠুৰ ৰূপ
ভেদকৰি সত্তৰ বছৰীয়া
ধনীৰামৰ বুকুৰ কামিহাড়ৰ
আৰু ছালখনৰ কামিবোৰৰ
নাই কোনো পাৰ্থক্য
দুয়োৰে একেই বাস্তৱ ৰূপ।
—————————————————
0 Comments