পষেকীয়া কাব্যকাননৰ সপ্তম বৰ্ষৰ উনবিংশ সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ৰিংকুমণি বড়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
   চাওতে চাওতে অসম কাব্য কাননৰ সপ্তম বাৰ্ষিক অধিৱেশনখন আহিয়ে পালে। পবিত্ৰ কুমাৰ নাথৰ নেতৃত্বত অভ্যৰ্থনা সমিতিয়ে উলহ মালহেৰে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সভাৰ বাবে বীৰঝৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ সু-ব্যৱস্থা কৰিছে।
  অতিথি আপ্যায়নৰ বাবে চেষ্টাৰ কৃপণালি কৰা নাই।দুপৰীয়া একেলগে সকলোৱে  আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে বুলি অভ্যৰ্থনা সমিতিয়ে জনাইছে।
   মুকলি সভাৰ লগতে কবিতাৰ মেলত আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ আশা কৰি ,নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ।

বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
                  অনুবাদ কবিতা

Lure of prone

*****************

The Morning Birds 

Of My village 

Punctuate the Days


Period is turn to

Yesterday

Today

Tomorrow

And so on


One Cuckoo's egg 

All spring long

Say few words

Of the time and pang


Now the time has gone

Painful time

I stay with

Pen and paper alone

To write the lure of prone

****************************

Dr. Hirendrakumar Bhagawati

Guwahati, Assam

10-06-2019



In Assamese Language(ISO639-1)

প্ৰৱণতাৰ প্রলাপ

*****************

আমাৰ গাঁৱৰ দিনবোৰ 

ফেহুচৰায়ে নিয়ন্ত্ৰণ কৰে


ঋতুবর্ণ আৰম্ভ হয়

কালি

আজি

কাইলৈ ইত্যাদি


এটি কুলিচৰাইৰ কণী

দীর্ঘ বসন্ত কাল

বহু ইঙ্গিত প্রকাশ কৰে

সময় আৰু যন্ত্রণাৰ


এতিয়া সময় গলিব লৈছে

বিষণ্ণ কাল

আছোঁ কেৱল পৃথিৱীত অকলে

কাগজ কলম হাতত লৈ

প্রৱণতাৰ প্রলাপ লিখিবলৈ

************************

©ডা° হীৰেন্দ্রকুমাৰ ভাগৱতী

গুৱাহাটী, অসম

১০-০৬-২০১৯


In Bangla Language

প্রবণতার প্রলাপ

**************************

আমার গ্রামের দিনগুলিকে 

সকাল পাখি নিয়ন্ত্রন করে


ঋতুবর্ণ চালু হয়

গতকাল

আজ

আগামীকাল

ইত্যাদি


একটি কোকিলের ডিম

দীর্ঘ বসন্ত কাল

কয়েকটা ইঙ্গিত প্রকাশ করে

সময় এবং যন্ত্রণার


এখন সময় চলে গেছে

বিষণ্ণ কাল

আছি কেবল ভুবনে একা 

কাগজ-কলম সাথে করে

প্রবণতার প্রলাপ লিখতে

**********************************

ডা° হীরেন্দ্রকুমার ভাগবতী
গুয়াহাটী, আসাম
১০-০৬-২০১৯

———————————

In Hindi Language

प्रवणता का लालच
************************
मेरा गाँव की दिनों को 

प्रातः पक्षी नियंत्रित करता है


ऋतुवर्ण चल रहा है

बिता कल

आज

आने वाला कल आदि


कोयल का अंडा

कुछ संकेत प्रकट करता है

समय और दर्द की

लंबी वसंत अवधि


अब समय निकल गया

आपातकाल

दुनिया में अकेला हूं

कागज-कलम के साथ

प्रवृत्ति का प्रलाप लिखने के लिए

"""""""""""""""""""""""""""""
डऻ° हीरेन्द्रकुमार भागवती
गुवाहाटी, आसाम
१०-०६-२०१९
—————————
ৰূপ নাৰাণৰ তীৰত

মূল বাংলা - ৰবীন্দ্ৰনাথ ঠাকুৰ 
হংসকুমাৰ তিৱাৰীৰ হিন্দী অনুবাদৰ পৰা --
অসমীয়া অনুবাদঃ গণেশ বৰ্মন 

ৰূপ নাৰাণৰ তীৰত
সাৰ পাই উঠিলোঁ মই ।
জানিলোঁ ,এই জগৎ
সপোন নহয় ।
তেজৰ আখৰেৰে লিখা
নিজৰেই ৰূপ দেখিলোঁ;
প্ৰতিটো আঘাত
প্ৰতিটো বেদনাৰে
নিজকে চিনি পালোঁ ।
সত্য কঠিন
আৰু
কঠিনতাকেই মই প্ৰিয় কৰি ল'লোঁ --
সি কেতিয়াও ছলনা নকৰে ।
মৰণ-পৰ্য্যন্ত দু:খৰ তপস্যা এই জীৱন--
সত্যৰ পৰম মূল্যক পাবলৈ
মৃত্যুৰে সকলো ঋণ পৰিশোধ কৰিবা । 
----------------------–––––––

                             কবিতা

হাত
দেৱজিত হাজৰিকা

ঈশ্বৰে হাত কেৱল মানুহক দিলে
ভাল কাম কৰিবলে'
আমি কৰিছো যতমানে বেয়া
ভাল কম,বেয়া বেছি ।
ঈশ্বৰৰ নিজৰো চাৰিখন হাত
শ্যামবৰণীয়া ,কৰতল কমল ।
হাত অমূল্য,হাতহীনে বুজে তাৰ মূল্য
জুলি বৰুৱাই যিমান বুজে আমি নুবুজো ।

দেৱত্ব হাতেৰে বেবিলন বাগিচা,তাজমহল
পশুত্ব হাতেৰে ইহুদী নিধন,ভূৱা জেহাদ ।

হাতে হাত ধৰি হওঁ শক্তিমান
হাত এৰি খেলো হেতালি ।
হাত নেথাকিলে নেপায় চাকৰি- বাকৰি
ৰেচন,আৱাস,শৌচাগাৰ,ঠিকা-ঠুকলি !

কৰযোৰে ঈশ্বৰক প্ৰাৰ্থনা কৰা
সুন্দৰৰ আৰাধক হাতে ধাৰণ কৰিলে 
অসুৰৰ ৰূপ,পাশবিক মূৰ্ত্তি
হস্তদাতা ঈশ্বৰকো ভেঙুচালি কৰিবলে'
ধৰিলে মনুষ্যৰ হাতে ।
হাতত তুলি ললে ধ্বংসৰ জুই,নিকৰুণ মৰণাস্ত্ৰ ।।

এদিন ঈশ্বৰে ক'লে মই আছো
তোমালোকে পাহৰিলা পাঁচহেজাৰ বছৰীয়া
গৰখীয়া ল'ৰা কানাইক,ধনন্জয়ৰ ৰথৰ সাৰথীক,মই আছো মোৰ সমগ্ৰ পুত্ৰসৱ।
এয়া চোঁৱা এইখন মোৰ হাত,শ্যামবৰণীয়া
কৰতল কমল!
সোঁৱৰাই দিছো,মই আছো এয়া,তোমালোকৰ পৰা সোতৰ হাজাৰ পোহৰ বৰ্ষ দূৰ অন্তৰীক্ষত 
মোৰ পাল্চাৰ হাতখন চাই লোৱা!

চিনি পাইছা ?
মোৰেই হাত এইখন
শিশুপাল,কংস,চাণুৰ্মদ্দনং,দৈৱকী নন্দনং
চক্ৰধাৰী এইখনেই সেই হাত।
———————————
ভালপোৱা
প্ৰদীপ চন্দ্ৰ শৰ্মা 

মাথোন এক ইঞ্চি
ভাল পাবলৈ শিকিছোঁ
তাতেই কতকাল পাৰহৈ গ'ল 
ভালপোৱাৰ ৰং বিচাৰোতেই 
কত পল-অনুপল 
গলি-গলি ৰংবোৰ 
উকা কাগজৰদৰে হ'ল 

মাথোন এক ইঞ্চি 
সেউজীয়াৰ স'তে মিতিৰালি 
তাতেই হৃদয়খন টিকটিকিয়া ৰঙা 
বহুযোজন,বহুবিনিদ্ৰ ৰজনী
পাৰকৰি - ভাগৰা নাই 
দেখিছোঁ গাঢ় সেউজীয়া দুনয়নৰ 
সেউজীয়া উমাল টোপাল 

মাথোন এক ইঞ্চি 
ভালপাবলৈ শিকিছিলোঁ মাটি 
সদ্য অংকুৰিত গঁজালিৰ দৰে 
হৃদয়ত খামুচি শিকাই 
মাটিৰ সুঘ্ৰাণ ল'বলৈ শিকাই।
——————————
আই মাতৃৰ দেশ 
দেৱ দাস

কোনেও নজনাকৈ
দেশখনৰ নাম 
সলনি হবলৈ গৈ আছে 

প্ৰতিজনৰে
দেশখনৰ নাম 
দুখ বেজাৰত মুখতে

আমাৰ সতী সাবিত্ৰীৰ দেশ 

আজি ৰঙানৈ ৰাঙলী 
হাটে বজাৰে ৰঙা পানী 
পানীৰ নিচা
নিচাত বিৰিখে নাচে

ফুলবোৰ মৰহি 
নিশাটোৱে উচুপে

পুৱাৰ বেলি
মূৰ আফালি
আকাশ ৰাঙলী 

পুৱাৰ 
প্ৰথম পৃষ্ঠাত 
বাতৰি কাকতৰ 
ডাঙৰ আখৰত
ধৰ্ষণকাৰীৰ দেশ 
আমাৰ ধৰ্ষিতা
আই মাতৃৰ দেশ ।
———————
বিয়লি বেলাৰ সপোন
চয়নিকা ভূঞা

আঘোণীয়া ৰ'দত
কথাবোৰে সুমথিৰাৰঙী বৰণ লওঁতেই
পিছ চোতালত প্ৰেমৰ অ আ ক খ

গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা সাধু
সকলোৰে মুখে মুখে 
সোণপাহিৰ ভৌগোলিক বিৱৰণ 

বেলি পৰো পৰো পৰত
কাহিনীয়ে গা টঙায়

কাৰোবাৰ কাৰণে লোকবিশ্বাস
কাৰোবাৰ কাৰণে অন্ধবিশ্বাস

সকলো কথাৰে সত্যতা নাথাকে 
বিশ্বাসযোগ্য সকলো কথা সত্য নহ'বও পাৰে কেতিয়াবা 

সোণগুটিৰ ভৰত ভৰুণ সময়
আৰু সোণপাহিৰ বৰপেৰাত
এটা অজলা সপোন ।
 —————————
মধ্যবিত্তীয় কবিতা
উৎপল ভট্টাচাৰ্য্য

ট্ৰেডিঙৰ প্ৰলোভন
লোনৰ প্ৰস্তাৱেৰে
বেংকৰ কৰ্মচাৰীৰ আৱদাৰ
নতুবা মোৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত
কোনো প্ৰাইভেট একাভেমিৰ
কেৰিয়াৰ কনচালটেন্টৰ
কেৰাহীত দেই যোৱা
মই  এটুকুৰা মঙহ।
জ্বলা জ্বলা গোন্ধ ওলালেও
তেওঁলোকৰেই লাভ,
তাৰেই নতুন ৰেচিপি বনাই
বিজ্ঞাপনৰ বজাৰত মেলি দিব মোক
নতুবা মোৰ সন্তানক।
পৰালৈকে যোগাত্মক ভাৱে
নোৱাৰিলে তেওঁলোকৰ অবাধ‍্য হোৱাৰ
ফলশ্ৰুতিৰ নিদৰ্শন ৰূপে।

মধ্যবিত্তৰ এয়াই লাভ,
জীৱনেৰে -মৰণেৰে
মাৰিব পাৰো জন্মলোৱাৰ ধাৰ।

তথাপি
সুৰুঙা উলিয়াই
মানুহ হোৱাৰ গৰ্বত ফুলি উঠা বুকুখন
খেপিয়াই খেপিয়াই চাওঁ,
ক'ৰবাত সোমাই আছে নেকি
হৃদয় আকৃতিৰ এটা বেলুন!
ফুঁ দিলেই ফুলি উঠি
উৰে যদি উৰি যাওক আকাশ ধিয়াই।
সেয়ে প্ৰেমৰ কবিতা দুই-এটা  নিলিখাও নহয় ।

এতিয়া পিছে শব্দৰ বজাৰতো একুৰা জুই।
ঘহনিত প্ৰজ্বলিত হয় প্ৰিয়জন।
শংকিত বুকুত ৰোপণ হয় একাকী জীৱনৰ বীজ।
তেহেলৈ জহন্নামে যাওক অনুৰাগ,
বিৰাগতে জী থাকক মোৰ ৰেচনৰ কাৰ্ড।
——————————
গাঁৱলীয়া জীৱন
প্ৰবীন চন্দ্ৰ তালুকদাৰ

অংকৰ ছাৰে  এদিন ৰমেশক পিটিছিল
সিদিনা ৰমেশে এক ডাঙৰ কথা কৈছিল—
“নপঢ়ো আৰু,হালকে মাৰিম!
খেতি কৰিম আৰু ভোকা-পিঠা খাম,
গাঁৱতে থাকিম আৰু সুখতে কটাম!
ডাঙৰ নহয়  মানুহ, চুট-টাই মাৰি,
গাঁৱত থাকিলেও  নিশ্চয় ভাল হ’ব পাৰি৷''

লিখা- পঢ়া কৰি লোকে চহৰমুখী হয়
গাওঁখন যে  নিজৰ পাহৰিয়ে পেলায়!
খেতি কৰাৰ মজাবোৰ ক’তনো পাবা
মাছ ধৰা,ধান কটা আৰু গৰু চৰোৱা,
জুই পুউৱা,মৰণা মৰাৰ  মজাবোৰ চোৱা!
খোলা চাপৰি পিঠা চহৰত ক’ত পাবা!
টেকেলি পিঠাৰ চেহেৰাও,পাহৰি পেলাবা৷

সেই যে “ন-খোৱা’’নতুন চাউলেৰে
কাৱৈ মাছৰ আঞ্জা পালেং শাকেৰে!
হাঁহে-মাহে ৰান্ধি খুৱায়  কলপাতত
আলু পিটিকা,বেঙেনা পোৰা থাকেয়ে সাজত!
ইপিনে আহে উৰুকা,মাঘ বিহুটি লৈ
চিৰা সান্দহ কিমান খাবা,পিঠা পনা দৈ৷

চহৰমুখী হৈ আমি কিবা জানো পালো?
“দিল্লী কা লাড্ডু’’ সকলো,এতিয়াহে বুজিলোঁ!
মনবোৰ হয় সংকীৰ্ণ যিমানেই নোকোৱা
তুলাচনীত জোখা যায়,মৰম ভালপোৱা!
শত গুণে ভাল কিন্তু,গাঁৱলীয়া জীৱন
সকলোতে পোৱা যায়,আদৰ-সন্মান৷
—————————
মোৰ দুখৰ চকুৰ পানীত নাচিলে কোমল জোনাক 
ড০ আদিল আলী 

সন্ধিয়াটিত শীতৰ জ্বৰ গুমগুমকৈ বাঢ়ি আহিল 
হাতত লেমন্-চেহদটিৰ এটি 
কাপ ল'বৰ মন গৈছে 

ৰিব্ ৰিব্ চেঁচা বতাহত 
থৰক্-বৰক্ দুখৰ খোজ 

শুভ্ৰ আৱৰণেৰে ঢকা 
পাহাৰখন 
ফটিক-স্বচ্ছ হৈ 
কুঁচি-মুচি 
হাত সাবটি 
বহি আছে 

বননিখনৰ সেউজীয়াবোৰে মূৰত বৰফৰ আৰণিলৈ 
আকাশত চকু মেলিছে 

মোৰ বুকুত 
এটি পুৰণি বিষাদ-বেদনা 
নিঃসঙ্গ চৰাই এটিৰ দৰে 
কঁপি কঁপি ক্ষণ গণি আছে 
নতুন ৰ'দ অহা বাটলৈ 
বাট চায় 

তাইৰ চকুযুঁৰিয়ে 
শীতৰ বৰফৰ কবিতাত ডুব গৈছে 

ঊস্,ইমান শুভ্ৰ বগা 
জলাশয়ৰ বুকুখন 
যাৰ বাবে ৰচিব পাৰি 
এখন প্ৰেমৰ উপন্যাস 

উলাহেৰে নিশাৰ আঘোণী পথাৰত 
জোনাকে হাঁহি-আনন্দত কিৰীলি পাৰিলে 

তাই 
চেঁচা পানীত 
নতুন আশা তিয়ালে 

মোৰ দুখৰ 
চকুৰ পানীত 
নাচিলে কোমল জোনাক 

তাইৰ গাত 
হালি পৰিল 
সন্ধিয়াৰ মিলন জোনাক নীৰৱতা 

বাঃ চোদিশে ভোগৰ মলয়া  ! 
———————————
হেৰাই যোৱা মানুহবোৰ
পদুম কলিতা

তেওঁলোক ভালে আছে
তোমাতকৈ

যন্ত্ৰণাবোৰ 
অকল শৰীৰৰ

অশৰীৰিৰ যন্ত্ৰণা 
শুনা নাই 

কল্পনাত ভগৱান থাকে 
বাস্তৱত চয়তান

হেৰাই যোৱা মানুহবোৰ 
দেৱতা বা চয়তান নহয় 

তোমাৰ দৰে !

কিয় কৈছা 
Rest in Peace 

মই ভাল নে বেয়া কাম কৰিছোঁ 
অকল ম‌‌ই জনো 

Rest in hell বুলি 
কোনে ক'ব মোক ?

Anyone else ?

সুখৰ সমভাগী য'দি হ'ব নোৱাৰা 
দুখৰো নহ'বা !

নহ'লে তোমাৰ দুখত দুখী হ'বলৈ 
মই কান্দিব নোৱাৰিম । 

হেৰাই যোৱা মানুহবোৰক 
বিচাৰি নাযাবা 
দুখৰ দাবানলত দহি 
তেওঁলোক এতিয়া 
চিৰনিদ্ৰাৰ প্ৰেমত মগ্নবিভোৰ প্ৰেমিক !
———————————
জানানে
মুক্তিস্নাতা শর্মা

তুমিতো জানাই, তেজ-মঙহৰ হৈয়ো শীলৰ দৰে হৈছো মই, 
কায়ীক ভাবে,পিছে...
হৃদয় খনহে মোৰ চিচাৰ, বৰ ঠুনুকা, শীলৰ দেহত চিচাৰ টুকুৰা তাতেই সিচৰিত মোৰ বিৰহ-বেদনা, আৰু..... নকওঁ, 
তুমি জানাই।
——————————————————

মিছা ভাৱৰীয়া
ড০ ইফতিকাৰ আলী আহমেদ

কাৰ সন্ধানত আছোঁ,
আহিছোঁ কৰ পৰা,
যামেই বা ক'ত?
মাজতে আছে মাত্ৰ দুদিন।
চিৰন্তন সত্য 
কোনেও ৰূধিব নোৱাৰে, 
বিশ্বৰ বিশাল গৰ্ভত 
বিলীন যে হ'বই লাগিব।
অবুজ মনৰ 
সীমাহীন আশা,
একান্ত মনেৰে 
হৃদয়ক সুধিলে 
উত্তৰ এটাই 
আমি সকলোৱে 
দুদিনৰ মিছা ভাৱৰীয়া।
—————————
আঘোণৰ দাৱনি
সুৰেশ চন্দ্ৰ ৰায়

আঘোণৰ পথাৰত গ'লহি দাৱনি,
পকা ধানৰ পথাৰ কৰিলে শুৱনি,
লৱনি হাতত জিলিকিছে কাচিখনি,
ৰ'দত ৰঙচুৱা হৈছে গালদুখনি,
ৰ'দক নেওচি চলাইছে কাচিখনি,
গজপুতি ছাঁ দিছে তাত চাদৰখনি,
ছাঁত বহি জিৰণি লৈছে অকণমানি,
জলফাই টেঙাৰ গন্ধ মল-মলানি,
টেঙাৰ স'তে জমিছে আলোচলাখনি,
অতীতক সুৱৰি হাঁহিৰ খলকনি,
সুখ-দুখৰ বোঁৱতি নৈ জীৱনখনি,
তামোলৰ পিকেৰে ৰঙা ওঠঁদুখনি,
বেলি লহিয়ালে ধৰা আকৌ কাচিখনি,
কাম বহু দিন চুটি সময় নাটনি।
——————————
গিলাচ মানুহ
মাধুৰ্য প্ৰিয়ম দাস

 কিছুদিন ধৰি মই মোৰ চাৰিওফালে কিছুমান মানুহ লগ পালো 
সিহঁতৰ দেহটো গিলাচেৰে গঠিত আছিল
আমি দেখিছিলোঁ সিহঁতৰ শৰীৰ ভেদি
 মনবোৰৰ ইপাৰ সিপাৰ।
গিলাচ বুলি জানিও মই বিশ্বাস কৰিছিলোঁ।


সিদিনা পাৰ হৈ যাওঁতে
সিহঁতৰ মাজত মই নিজক দেখিলোঁ 
সিহঁতে একাষে সানি লৈছে নানা ৰং
আৰু হৈ পৰিছে একোখন দাপোন।
 
মই মোক চিনি পালোঁ!
ইমান সহজতে মোক উপকাৰ কৰাৰ বাবে 
মই ধন্যবাদ নিদি নোৱাৰিলোঁ
আৰু
নিজৰ বাটেৰে উভতি আহিলোঁ
মোৰ খিৰিকীৰ কাষত ভগা আইনাৰ টুকুৰা অলপ দেখিলোঁ 
ভৰিৰ কটা দাগটো তেতিয়ালৈ শুকুৱা নাছিল
চুই চাওঁতে অলপ বিষ বিষ লাগিল।
——————————
বৃন্দাবন
অঞ্জনা ৰূপা দাস
 
নিৰ্মল গগণে জোনাক বৰষিছে , 
শশধৰৰ ৰূপালী দৃষ্টিত 
প্ৰেমৰ পোহাৰ মেলিছে।
উচ্ছাসিত নৃত্যৰতা
বৃক্ষ-লতিকা, তৰু-তৃণ, 
কুসুম্বিত সুগন্ধি
বন-উপবন। 
কদমজুপি তৰাঙ্গিত
নাচোনৰ লহৰত-
মায়াৱতী যমুনাও
থেউ ধৰি ঢৌ খেলি নাচে। 
দূৰৈত বাঁহীৰ সুৰ 
দুভৰিৰ ৰুণজুণ নূপুৰ, 
ৰাধা নাচে গোপী নাচে
পেখম ধৰি ধৰি ময়ুৰে নাচে। 
শৰতৰ জোনাকী প্ৰেমৰ লগন, 
গোপী মধ্যে কৃষ্ণ নাচে
ৰাস- ক্ৰীড়াত বিলীন
সুবাসি বৃন্দাবন। 
কৃষ্ণৰ বাঁহীৰ সুৰৰ ৰাগীত
লালায়িত হৈ
থমকি নাচোঁ মই ৰাধা -গোপী হৈ, 
কৃষ্ণ প্ৰেমত বাউলী মোৰ
হৃদয় বৃন্দাবন, 
প্ৰেম যমুনা উঠিছে উঠলি
নাচে -হাসে গোপীনিৰ ধন। 
বিৰহত কান্দিছোঁ মই
ৰাধা হৈ, 
মূৰ্চিত হৈছোঁ গোপাঙ্গনা হৈ
নীৰৱে আত্মাত ভজিছোঁ 
মই হৃদয়ঙ্গণা মীৰা হৈ।
—————————
মানুহৰ বজাৰ
দীপক কুমাৰ তালুকদাৰ

শীতৰ কুঁৱলী ফালি মিঠা ৰ’দ এচেৰেঙাৰ পৰশ চুমি বজাৰখন বহিছে 
মানুহৰ কিনা- বেচা বজাৰ
বিৰ দি বাট নোপোৱাকৈ মানুহৰ ভিৰ
পানীৰ দৰত মানুহবোৰ বিক্ৰী হৈছে
পেটত গামোছা বান্ধি থিয় হৈ থকা মানুহবোৰ কিনি লৈছে এচামে
এওঁলোকে ফেক্টৰীৰ মানুহ হৈ পৰিব
পেটৰ জুই বাৰণ কৰিবলৈ এওঁলোকে মেচিনৰ দৰে কাম কৰিবলৈ সাজু
কুৰ্তা পায়জামা পৰিহিত কেইজনমানে মালিকৰ ষ্টাইলত মানুহ কিনি লোৱাৰ চৰ্ত দিছে :  দলৰ হৈ সমদল উলিয়াই দিব লাগিব শ্লোগান
কায়দা বুজি কমিছনৰ অংকৰে আঁচনিৰ ধনত হাত দিব পাৰিব
জনতাৰ দুখত দুখী হোৱাৰ ভাৱ এটা পোষণ কৰি থাকিব লাগিব
দলৰ প্ৰয়োজনত যিকোনো আইনী বা পুলিচী সহায় সাহাৰ্য পাব
মুঠতে জনতাক ভালৰি বোলাই বা বা আদায় কৰিব লাগিব
জন মানসত সেয়াই ৰাষ্ট্ৰসেৱা হৈ থাকিব

মুলুক চম্ভালা এচামে বিক্ৰি হ’ব নোখোজা সকলক টনা আজোৰা কৰিছে
বিবেকৰ মতত তেওঁলোকে কপালত চপৰিয়াইছে
কি দিন পৰিল— বুলি দীঘল হুমুনিয়াহ কাঢ়িছে

ক্ৰেতাবোৰ ক’ৰ পৰা  কাৰ হৈ আহিছে কোৱাটো বিপদ—পৰিচয়হীন
বিক্ৰী হোৱা মানুহবোৰৰ মূৰত বিক্ৰী যোৱাৰ ফলক

বজাৰ খনত অজস্ৰ মানুহৰ সমাগম
অথচ দাম উঠা নাই মানুহৰ

বানত আক্ৰান্ত সকলকো বজাৰৰ একোণত লগ কৰাইছে— মথাউৰিৰ ঠিকাদাৰে সাহাৰ্য দিয়াৰ কথা

দুপৰীয়ালৈ বজাৰখন গোমা হৈ পৰিব
মনৰ তাপত পেটৰ জুয়ে পোৰাৰ ভয়ত মানুহবোৰ যেনি-তেনি বিক্ৰী হ’ব
বিক্ৰী নোহোৱা মানুহবোৰ কোম্পানীয়ে উঠাই লৈ যাব
পিছদিনালৈ আকৌ এখন বজাৰ বহিব
তাগিদা অনুসাৰে ৷
——————————

Post a Comment

0 Comments