পষেকীয়া কাব্যকাননৰ সপ্তম বৰ্ষৰ অষ্টাদশ সংখ্যা

————————————————————
————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ডাঃ চম্পক পাঠক
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
                  বাটচ’ৰা
সম্পাদকীয়...

   অসমীয়া কবিতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে ২০১৭ বৰ্ষত মায়ঙত স্থাপিত অসম কাব্য কাননে প্ৰতিবছৰে প্ৰদান কৰি অহা 'কাব্যম বঁটা' ২০২৪ বৰ্ষৰ বাবে যোৰহাট টীয়কৰ দেৱজিত হাজৰিকালৈ তেওঁৰ 'বাক তুলি শেণিতেৰে' শীৰ্ষক কবিতা পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে।অসম কাব্য কাননৰ হাতত পৰা  ৪২ টা পাণ্ডুলিপিৰ মাজৰ পৰা চাৰিজনীয়া নিৰ্বাচকৰ দলে 'বাক তুলি শোণিতেৰে'ক বঁটাৰ বাবে নিৰ্বাচিত কৰে।    
    অহা ৮ ডিচেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম কাব্য কাননৰ সপ্তম বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উক্ত বঁটাটি প্ৰদান কৰা হ’ব।
   'কাব্যম বঁটা'ত আছে স্মাৰক, প্ৰশস্তিপত্ৰ আৰু নগদ পঁচিশ হাজাৰ টকা।
কবি দেৱজিত হাজৰিকালৈ অসম কাব্য কাননৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী সুহৃদলৈ জনালোঁ আন্তৰিক কৃতজ্ঞতা ।

বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
                    অনুবাদ কবিতা
Gods Justice Hammer 
Seema Jayaraman
India

Just when we forget
Gods justice hammer
Heavenly earthquake swallow
Truant ego up whole
Earthly thrones wallows
Emptiness reigns

ঈশ্বৰৰ হিচাপ 
মূল: সীমা জয়ৰমণ
ভাৰত
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ঠিক 
আমি যেতিয়া পাহৰি যাওঁ
ঈশ্বৰৰ হিচাপ
ভন্দ অহঙৰ অলক্ষিতে
স্বৰ্গীয় ভূমিকম্পই গিলিব লয়
পাৰ্থিৱ সিংহাসন লৰচৰ কৰে
শূন্যতাই ৰাজত্ব কৰে।
—————————
কবি আৰু প্ৰেমিক

মূল হিন্দী :- ৰামধাৰী সিংহ ' দিনকৰ '
অনুবাদ  :-- গণেশ বৰ্মন 

এওঁৰ প্ৰাপ্ত হয় সখা ! কিছু জ্ঞান ,
কিছু অজ্ঞান ।
এওঁ বায়ু
বিশ্ব- মনক বোৱাই
সত্য- সুষমাৰ দিশলৈ লৈ যায় ।
মানুহৰ মাজত যি দেৱতা শুই আছে , জগায় ।
এওঁ ৰাতিৰ খং
তিমিৰক তীক্ষ্ণ হুংকাৰেৰে
চিঞৰি-চিঞৰি আনে ফেঁহুজালি ।

অশ্ৰু আছে দুচকুত , যাক কোনেও নাজানে ।
সাগৰ-তীৰৰ এওঁ মধুৰতা
যি কেতিয়াও নেহেৰায় ।

বলুকাত যি পদৰেখা পৰে
চিৰকাল তাক উজলাই ৰাখে ।
——————————————
Tired
কবি: Langston Huges
ভাৱানুবাদ: ড০ জ্যোতিশিখা দত্ত

ক্লান্ত

ৰৈ ৰৈ মই ক্লান্ত হৈ পৰিছো 
তুমিও ভাগৰি পৰা নাই নে, 
এখন ভাল, সুন্দৰ আৰু দয়াশীল পৃথিৱীৰ বাবে, 
এখন ছুৰী লওঁ ব'লা 
আৰু পৃথিৱীখন দুটুকুৰা কৰি পেলাও 
আৰু চাও কি কীটে ইয়াৰ ছালখন কুৰুকি কুৰুকি খাইছে ।

[কবিজনাৰ বিষয়ে দুআষাৰ : 

সাহিত্যৰ এক শৈলী  "জেজ কবিতা (jazz poetry)ৰ অন্যতম উদ্ভাৱক লেংষ্টন হিউজ হৈছে আমেৰিকাৰ এগৰাকী বিখ্যাত কবি, সমাজকৰ্মী, ঔপন্যাসিক আৰু স্তম্ভ লেখক l ১৯০১ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা হিউজৰ সম্পূৰ্ণ নাম হৈছে জেমছ মাৰচাৰ লেংষ্টন হিউজ l তেখেত হাৰমেন ৰেঁনেছাৰ নেতা হিচাপে বিশ্ব বিখ্যাত l তেওঁৰ লেখাসমূহত আমেৰিকাত বসবাস কৰা কৃষ্ণাংগসকলে অস্তিত্বৰ বাবে কৰা সংগ্ৰাম, তেওঁলোকৰ ওপৰত হোৱা শোষণ, তেওঁলোকৰ দুখ কষ্ট, হাঁহি কান্দোনৰ প্ৰতিফলন স্পষ্টকৈ দেখা পোৱা যায় l হিউজে জাতিগত চেতনা (racial consciousness) আৰু সাংস্কৃতিক জাতীয়তাবাদ (cultural nationalism) ৰ পৃষ্ঠপোষকতা কৰিছিল l "The Negro Speaks of Rivers" তেওঁৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি l উক্ত কবিতাটো তেওঁৰ প্ৰথম কবিতা সংকলন 'The Weary Blues' ত অন্তৰ্ভুক্ত । 

সাহিত্যৰ বাবে হাৰমন গোল্ড মেডেল (Harmon Gold Medal for literature) , গুগনহাইম ফেলশ্বিপ (Guggenheim Fellowship), এনিচফিল্ড উলফ বুক এৱাৰ্ড (Anisfield Wolf Book Award),  Spingarn Medal কে আদি কৰি হিউজে বহুতো সন্মান লাভ কৰিছিল l কেইবাখনো বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ কৰা লেংষ্টন হিউজে ১৯৬৭ চনত মৃত্যু বৰণ কৰে l]
———————————

                                 কবিতা

পোৰা  মঙহৰ গোন্ধ
দেৱজিত হাজৰিকা

লোভ নকৰিব !

এদিন হাবিখনৰ মাজেদি সি চোঁ মাৰি আহিব
তেজ মঙহৰ ফটা কামিজৰ বুটামবোৰ খুঁটি খুঁটি খুলিব  ।
নাচিৰ্ছাচ,ক্লিউপেট্ৰা ব্ৰেণ্ডৰ পুৰাতন জীৰ্ণ সাজযোৰ খুলি
অকাই পকাই দেশ- দুনিয়া,পৰ্বত কন্দৰ পাৰহৈ সি গুচি যাব ।

অচল কামিজ এটা ডাঙি লৈ যাব চাৰিসিদ্ধই 
এয়া শেষবাৰলে' নাঙঠ হোৱাৰ পাল
এচমকা শেহ পোহৰ হৈ জ্বলি উঠাৰ পাল
লহ লহ জিহ্বা সখা!

মানুহ দুটামানে চাধা,চুৰট খাই খাই
খোঁচনি মাৰিৰে লৰাব- চৰাব
ফোঁপযহী ফুটনিবোৰ হিলৈ হৈ ফুটিব!

এনেকৈয়ে উধনীয়া ডাংকোপবোৰ ঘৃতাগ্নিত জাহ যাব ,
পোৰা মঙহৰ গোন্ধে গোটেই চুবুৰীটোক মেৰাই- মেৰাই পানী কচুপাতৰ ঘোষা এফাঁকি শুনাব ।

বাৰে বাৰে কথাটি পাহৰি যাওঁ  সখা !
মঞি অনাথক দয়া কৰহু পৰমানন্দ!
অল্পমতি,মতিচ্ছন্ন,মহাপাতকী পথালিচকুৱা ।
উধনীয়া টিকা চপৰিয়াই কি লাভ  সখা !

এদিনাখনতো মঙহপোৰা গোন্ধে গাঁওখনত বেংচাটি মেলিবই
মহাকাশৰ ওলমা জখলাত উঠি চাই ৰ'বই লাগিব
ৰবাব টেঙা এটাৰ দৰে ইহসংসাৰ !

এদিন চোতালখন বগাই বগা হ'ব,
ধকধকীয়া শুধবগা,

শুধবগাই হাঁহিব,কান্দিব,খাব,বিলাব
গামোচা,ৰুমালেৰে বান্ধিব ……

তাল খোল বজাই খেদিব,মোক খেদিব
দূৰ হোৱা,দূৰ হোৱা নিজৰ জেগা লোৱা ।

শুধবগাই মাহ প্ৰসাদৰ টোপোলা লৈ ঘৰা ঘৰি যাব
মই চাই ৰ'ম ব্ৰহ্ম জখলাত বহি সখা !

এনেকৈয়ে এদিন নাচিৰ্ছাচ,ক্লিউপেট্ৰা ব্ৰেণ্ডৰ
সাজবোৰ হাবি জংঘলত পৰি থাকিব
কলপুলি এটাই সেঙেটা- সেঙেটি কৰি থাকিব
মাটিকলহে টিকা সেকিব!

এদিন বুঢ়া
এদিন এনেকৈয়ে ফুটনিৰ হিলৈবোৰ ফুটি ফুঁটচাই হ'ব ।
———————————
সৰাপাতৰ উম 
প্ৰদীপ চন্দ্ৰ শৰ্মা 

কেতিয়াবা অকলশৰে 
সৰাপাতৰ উম লৈ 
আকাশলৈ চাওঁ
শুকুলা মেঘে কি বিচাৰি 
অ'লৈ-তলৈ ধপলিয়াই নাজানো 
হয়তো বতাহৰ বোকোচাত 
উঠি ভাল পায় -
হয়তো জীৱনৰ ৰং বিচাৰি যায় 

মনবিৰিখৰ খোৰোঙৰ পৰা 
জিলিজনীয়ে সন্ধ্যাৰাগ জুৰি কয়
কিমাননো ধেমালিৰ খেল খেলা 
গধূলি হ'ল 
উভতিবৰ হ'ল 

জীৱনৰ ৰঙবোৰ শুকুলা হোৱা 
বহুদিনেই হ'ল 
অব্যক্ত কথাবোৰ ভাপহৈ 
উকা কাগজ হ'ল 
কেতিয়াবা অকলশৰে 
সৰাপাতৰ উম লৈ 
আকাশলৈ চাওঁ
কিজানিবা তোমাৰ মনৰ কথা 
দেখিবলৈ পাওঁ...
——————————
হঠাৎ
মনালিছা শইকীয়া

হঠাৎ ভালপোৱাই ক'লে
আহা মোৰ হাতত ধৰা নিসংকোচে
আমি সৌ সুদূৰলৈ খোজ দিওঁ লাহে লাহে

সিদিনা
ধূলিময় বতাহত 
উৰি আছিল ৰঙা নিচান
আৰু এজোলোকা চৰাইৰ কাকলি

আমি তাৰেই তলত শপত ললোঁ
আৰু হাতৰ বুকুত হাতখন সামৰি থলোঁ

জিৰি জিৰিকৈ নামি অহা 
এজাক কাচনমতী ফুল বৰষুণে 
আমাক এহাত এবেগেতমান তিয়ালে  
আৰু আমাৰ তিতা কামিজৰ বুকুত গজিল
ফুটুকা-ফুটুকী পখিলা যেন এডৰা লহপহীয়া শইচ

লাহে লাহে গৈ আছোঁ
সন্মুখৰ বাটতো ধিয়াই

পাৰ হৈ আহিছোঁ কত 
গভীৰ অৰণ্য আৰু সেউজ পথাৰ

ভ্ৰমৰ পৃথিৱীত
সাজিছোঁ ভাঙিছো
নিজৰেই নেদেখা প্ৰতিচ্ছবি

ক্ৰমশঃ
কথাবোৰ
খোজবোৰ
নিজাৰ পৰি আহিছে
মৌকোঁহ এচাকিত জলমল হৈ আছে
বৰণীয়া দিনৰ কিমানযে ৰূপকীয় কথা...
———————————
ভোকবেহু
পৱন বৰ্মন

১.

উত্তেজনাখিনি সামৰিব পৰাকৈ এটা সম্বন্ধ লাগে-

ইয়ো এক ভোক 

২.
ভোককেন্দ্ৰীক বজাৰত 
জাবৰক কেশৰ কৰাটো 
এক কলা

তাৰকাৰ ক’লা বৈভৱ

৩.

চতুঃৰথীৰ অভিসন্ধি 
ভোকবেহুত দশোদিশ

ৰুটী এখনক কেন্দ্র কৰি ঘূৰি থাকে ঠেলাক চকা 
আঙুলি কাটি ক্ষমতা দিয়া।
——————————
মই আৰু মোৰ খিৰিকীখন
গিৰিজা শৰ্মা

'প্ৰতিপদ' প্ৰিয় সম্পদ 
পাতনিৰে পৰা 
প্ৰতিপদ আঁউসীত লীন গ'লে 
পদূলিৰ পলাশজোপাৰ পাত-পোখা সৰে 
বাট হেৰুৱাই ক'ৰ জানো বাটৰুৱাই বাউল বিনায় 
খোলা খিৰিকীৰে সোমাই আহে 
সেমেকা সময় 

আচলতে, 
খিৰিকীখন মোৰ আজন্ম আপোন 
জিক্ মিক্ জোনাকত গা ধুই নাতি দূৰৈত সৌ এজাক জোনাকী পৰুৱা 
নে 
বুকু ফিন্দাই বৈ অহা এজাক বিপন্ন বিজতৰীয়া বতাহ 

কাঠ পুতলা হৈ খেনোৱে নাচিছে, গাইছে 
উদ্ যাপন !
উপভোগ !

এটি মুমূৰ্ষু শিশু 
নাতি দূৰৈত এটি ক্ষুধাতুৰ প্ৰাণী 
কেভিন কাৰ্টাৰৰ আত্মশ্লাঘা 
নে আত্মঘাত! 

মোৰ খিৰিকী মুখত ভিৰ কৰেহি 
এলানি অনাহূত আৰ্ট গেলেৰী 

মনঃপূত ছবিখন কোনে আঁকিছিল 
কোনে ! 

মহঙা হাঁহিৰ মনালিছা !

শেষৰ সাঁজৰ আয়োজন!

ৰাতিৰ কেফে টেৰেছৰ শূন্যসাৰ চকী !

আৰু 
ষ্টেৰি নাইট আঁকি উঠি পাইছিল নে গঘে 

চিৰ বিষন্নতাৰ পৰা পৰিত্ৰাণ 

খিৰিকীখন জপাও বুলিও জপাব নোৱাৰি 
কিহে জানো আগচি ধৰে হাতৰ বাট 
সেমেকা দুচকুত কোনে বাৰু আঁকি যায় 
বলয় বিষাদ  !
———————————
নিসংগতা
ৰমেশ চন্দ্ৰ ৰায় 

দেৱাল ঘড়ীটোৰ শব্দবোৰ আগেয়ে কৰবাত লুকাই আছিল

মজিয়াৰ খোজৰ শব্দবোৰ আগেয়ে শুনা মনত নপৰে

জিলীৰ মাত ইমানেই একঘেয়ামী 
ছিদ্ৰহীন 

তোমালোক সকলোৱে মোক এৰি যোৱাৰ পাছত
দীঘল হ'ল দিনবোৰ 
ৰাতিবোৰো 

মনত পৰা নাই 
কাৰ বাবে প্ৰতীক্ষা কৰিব পাৰোঁ 

ভগা হৃদয়ত
শূন্যতাৰ ঘড়ী এটাই টিক টিক কৰিছে

চোতালৰ শব্দবোৰ ক্ৰমাৎ মসৃণ হৈ আহিছে 
তাত অদৃশ্য কোনোবা আছে 

কোন আছে ?
———————————
মূল্যায়ন
চয়নিকা ভূঞা 

এখন বৃহৎ খেল 
সময় সাপেক্ষ 
সকলো দৰ্শকেই খেলুৱৈ
জাউৰিয়ে জাউৰিয়ে হাততালি 

কথাই মূৰত ধৰে
নিমাওমাও হৈ থকা ৰাতিটোতে
সুদখোৰৰ সুত

লালসাত মচগুল সকলো
টকা থাকিলে সকলো সম্ভৱ

দৰ-দামত এটা ৰাতি
ৰাজহুৱা নকৰাকৈ থকা কথাবোৰেই
এতিয়া নিলামত
ইফালে বিনিময়ত 
ক্ৰেতা ৰূপত এজন বিক্ৰেতা। 
———————————
মোৰ আই আৰু মৌমাত
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী

মোৰ আত্মাৰপৰা গজি উঠা
আহতজোপাৰ মুৰ্চনাৰ শব্দ
মোৰ স্বৰবৰ্ণৰ উচ্চাৰণ 
এইবোৰে অনাবিল আমোদ দিয়ে
কালক্ৰমত যিয়ে প্ৰেমানন্দ হ’ব শিকায়
পুৰাণ ৰামায়ণ মহাভাৰত
ধৰ্ম অধৰ্ম ৰাৱণ হ’বলৈও শিকায়
ইতিহাসে মালিতা গায়
আমি কেনেকৈ শিকোঁ
সোঁতৰ সৈতে খাপ খাওঁ
আমাৰ সংস্কৃতি সলনি কৰোঁ
সেই অভিব্যক্তিয়েই নেকি
আমাৰ ভাষা
মোৰ ভাষা

কালক্ৰমত মই 
এটা ভাষাৰ মালিক হ’বলৈ যুঁজ দিওঁ
যিটো হ’বলৈ প্ৰত্যাহ্বান জনায়
আনহাতে ভাষাটো
যিটো মোৰ জিভাৰপৰা সৰি পৰে
গান-গীতত
মোৰ স্মৃতিৰপৰা সাৰি যায়
ইয়াৰ সূত্ৰবোৰৰ অৰ্থভ্ৰম
এটা অবিৰত যাত্ৰা
বাৰে বাৰে চেষ্টা কৰোঁ
ভাষা শিকিবলৈ
দিনৰ পোহৰত 
ৰামধেনুৰ সপোন দেখোঁ আজীৱন...
——————————————————
ভয়
গৌৰী চুবেদাৰ বৰা 

নৈখনৰ বুকুতে 
গঢ় লৈছিল এটা ব-দ্বীপ 
সাক্ষী কৰি ইতিহাসক 
জলৰঙী সপোন কিছুমানে গজালি মেলিছিল চকা-মকা পোহৰেৰে
সপোনবোৰক  পুষ্টি দানেৰে 
বাঢ়িছিল এজোপা  বৃক্ষ  
লহ্পহ্ কৈ বাঢ়িছিল বৃক্ষৰ শিপা 
ধৰি ৰাখিছিল নৈ পাৰৰ চনকা মাটি 
জাৰে জহে নখহাকৈ !

অনামী বতাহ কেইছাটিয়েও 
নাশিব পৰা নাছিল সপোনৰ হেঁপাহ 
পতনুৱা কৰিব পৰা নাছিল বৃক্ষৰ ঔ-ফুলীয়া বীজ 
কিন্তু
এতিয়া ভয় হয় ,জানোছা !
সপোন আৰু হেঁপাহে  মিলি
কুটি কুটি খাই দুৰ্বল কৰে 
বৃক্ষৰ সাতামপুৰুষীয়া সাহ 
ঠুনুকা কৰি কলিজাখন ! 
বাৰে বাৰে শংকিত হওঁ 
কিজানিবা হেৰাই যায় 
ইতিহাসৰ সাক্ষী ! 
——————————
মৃত্যু
নিৰ্মালী বৰা

জীৱনৰ শিপা বিয়পাই
বহু অসম্পূৰ্ণতাৰে সৈতে গুচি যায়
চিনাকি মুখবোৰ
বহু প্ৰয়োজনতো বিচাৰি পোৱা নাযায়
তেওঁলোকৰ হাত....!

শব্দৰ মায়াজালত মৃত্যু শিল্প হ'লেও
নিয়তিৰ উন্মাদ চকুত
নিমিষতে লীন হয় জীৱন নামৰ
বহুমাত্ৰিক এই বিচিত্ৰ শিল্প...

ক্ৰমশঃ কুটুমৰ বুকুত গজি উঠে বনৰীয়া ঘাঁহ

বতাহৰ সাগৰত উপঙে
নে ধূপৰ সুগন্ধিত উৰি যায়
বসন্তৰ সুখী চৰাইবোৰ...?

চকুলোৰ ঢৌ ভাঙি বঞ্চিত হৃদয়ৰে
হেৰুৱাওঁ একো একোটি অমিয়া মাত
সঞ্চিত কৰোঁ দুখৰ মোনাত
তেওঁলোকে এৰি যোৱা যাদুকৰী সময়ৰ মোহ

নাজানে তেওঁলোকে
আমাৰ উশাহৰ বিষত কি ফুল ফুলে...!

নিয়তিৰ নাহৰফুটুকী দুচকুৱে
নিঃশব্দে উৰি আহি যেতিয়া চিকাৰ কৰে আমাক
তেতিয়া আমি সকলোৱে সততে 
বিচাৰি পাওঁ পৃথিৱীৰ শেষটো বাট
কোনো কাৰো লগত একেলগে যাব নোৱাৰা বাট

সেয়ে, মৃত্যু যেন যুগ যুগান্তৰৰ এটা নিচাসক্ত কামনা
ঠিক পিয়াহৰ দৰে, আমিবোৰৰ অজানিতে...!
——————————
এটা মিঠা মধু ক্ষণ
ভূমিকা দাস 

কোন তুমি তুমি কোন 
আকাশত ৰাস পূৰ্ণিমাৰ জোন 
শীত ঋতুৰ কুহেলিকাত ডুব গৈছে প্ৰভাতী বেলা 
কোন‌ তুমি তুমি কোন ৰপহ কোঁৱৰ 
কাৰ ভাবনাত উন্মনা মন‌
বুকুত বাজিছে কিহৰ গুঞ্জন 
গ্লানিভৰা নিশ্বাস এটি নীৰৱে বতাহত মিলি গ'ল 
অপেক্ষাত আছে যে এটা মিঠা মধু ক্ষণ 
চৰাইৰ পাখিত চিয়াঁহী লগাই লিখিছা নেকি চিঠিখনি
দূৰ দিগন্তলৈ ৰ লাগি চাই চাই...
—————————
অংক
নয়নমণি দাস

অংক,বৰ জংক পংক
অংকৰ বাবেই পিঠিত কঢ়িয়াই আনিছিলোঁ
ডাঙৰ মহাশয়ৰ চেকণিৰ কোব।
হাতখন আগবঢ়াই দিয়াৰ ভয়ত 
চকু কাণ বন্ধ কৰি 
চোবাই চোবাই গিলি দিছিলোঁ 
কণ জলকীয়া, ভোট জলকীয়া।

তাঁত শালত আইয়ে শুনাকৈ টেঁটুফালি গাইছিলোঁ
একে একে দুই...
একে একে মিলি গ'ল শূন্য...
এক এগুণ এক...

টেবুলৰ আগত বোৱাল গুটিৰ আঠাৰে লগাই লৈছিলোঁ
(a+b)^2=a^2+b^2+2ab দৰেই আন সূত্ৰবোৰ।

সময়ৰ লগে লগে গণিতৰ পাতত অংকই
দাঁত নিকটাই হাঁহিছিল পৰিসংখ্যা,জ্যামিতি,
ত্ৰিকোণমিতি, বীজগণিত,
সম্ভাৱিকা,অকলচ, অৱকলন ইত্যাদি হৈ।
এদিন অংকৰ প্ৰেমত নপৰোঁ বুলি
হুমুনিয়াহ এটা পিন্ধি লক্ষ্মন ৰেখা আঁকি দিলোঁ।

এতিয়া আকৌ জীৱন গনিতৰ শেষৰ পৃষ্ঠাত 
অংকৰ উত্তৰ বিচাৰি পায় স্তব্ধ হৈছে  খোজ ।
অংকৰ উত্তৰবোৰ আছে 
পাকঘৰৰ হেঁতাখনত
সপোন ৰচা তাঁতশালত।
পিতাই ফিচিকা কামিজটোত
উত্তৰ আছে...
ৰাজনীতি,সমাজনীতি আৰু ধৰ্মনীতিত।
কাৰোবাৰ মুখত, জেপত আৰু পেটত।
আৰু আছে সেই
তুলসী তলৰ সুখৰ নিদ্ৰাত ।
———————————
এটি ঠিকনা বিচাৰি 
ৰূপা গগৈ

নালাগে  ল'ব কাৰো অনুমতি 
বিনা প্ৰৱেশ পত্ৰই আহিব পাৰিব সোমাই 
য'ত বাজি থাকে 
কেৱল ভালপোৱাৰ গীত আৰু কথা 
আপুনি শুনিব বিচাৰিলে 
ওৰে নিশা পাঠ কৰি শুনাব পাৰোঁ 
হাজাৰ হাজাৰ প্ৰেমৰ কবিতা 
মাথোঁ আপুনি আহিলেই হ'ল এনিশাৰ বাবে...

আপুনি ভাবিছে চাগৈ
ক'ত আহি জিৰাবহি 
এই কবিৰতো নাই ঘৰ-বাৰীৰ ঠিকনা...

হয় আপুনি ঠিকেই ভাবিছে 
এই নিঃকিন কবিৰ একো নাই 
থকাৰ ভিতৰত
আছে মাথোঁ খালী 
বুকুৰ এটি কোঠালি 
মন গ'লে আহি পাৰিব জিৰাবহি
আপুনি আহিলেই এজাক জোনাকে পূৰ হৈ পৰিব খালী থকা বুকুৰ কোঠালি 
আৰু 
এই নিঃকিন কবিয়ে সেই জোনাকত 
বিচাৰি ল'ব এটি নিজাকৈ ঠিকনা ...
———————————
ভ্ৰম
মৰমী কাকতি

তৰুৱা কদমৰ তলতেই
প্ৰেমৰ আদিৰাগে বাহ সাজিছিল
চুলবুল প্ৰেমৰ তুলবুল ৰং
ঝুলনা ঝুলি ঝুলি 
প্ৰেমত আবেগৰ ফুৰণ ফুটিছিল

চন্দ্ৰাৱলী ৰাতি
জিকমিক জোনাকৰ ৰাসলীলা
তৰাৱলী সখী
তিৰবিৰ ফুটুকা ফুটুকী 
লয়লাস নৃত্য নৰ্তকী

তৰুৱা কদমে প্ৰেমক সাবটি
ৰৈ থাকে
নৃত্যৰতা যমুনাৰ জুনজুন নূপুৰ
বৈ থাকে
বৃন্দাবন জী উঠে

ধিন নাও নাও ধিধিনাক থেই
থেই..... ধিন ধিন থেই
তৰুৱাকদমৰ তলে
ৰুনুক জুনুক বাজে
বসন্ ত ৰাগৰ তালে

ক'ৰবাত বাঁহীৰ ফু...
আউল বাউল
তৰুৱাকদমৰ নিঠৰুৱা ফুল
ৰিণি ৰিণি শুনি নুশুনি
আবেগত কঁপনি

কাষত কলসী লৈ 
কোন সেয়া যমুনাৰ ঘাটত
কোন গোপীৰ উদাস চেহেৰা
সেয়া মৰ্মৰ বেদনাৰ ছাঁ
চুই ফুৰে যমুনাৰ কাতৰ গা

বাঁহীৰ ফু-ত জোনাক সৰে
টিপ টিপ তৰা জ্বলে
তৰুৱাকদমে প্ৰেম যাচে
যমুনাই ৰৈ চায় বৈ যায়
লীলাময় ৰাস তাথৈ থৈ নাচ

বাঁহীৰ বিগলিত সুৰ 
নেপথ্যতে বিলীন 

অসহনীয় ভ্ৰম
শোকৰ বৃন্দাবনৰ এচুকত
এটা অভিমানে বহি থাকে
ঢৌ লেখি তৰা গনি
অহোৰাত্ৰ অপেক্ষাৰ ক্ষণ গনি
ৰাধাৰাণী ৰাধাৰাণী

তেতিয়া দ্বাৰকা নগৰীত
ৰাজ অভিষেকৰ মংগলধ্বনি!
—————————————
বনৰীয়া ফুল
সুৰেশ চন্দ্ৰ ৰায়

বনতে গজি তুমি বনতে বগালা,
বনতে ফুল ফুলি জাতিষ্কাৰ হ'লা,

তুমি কৰিব নোখোজা শুৱনি মানুহৰ ফুলনি,
নালাগে তোমাক মানুহৰ মৰম  বুলনি

তুমি হ'ব নোখোজা ভণ্ড পূজাৰীৰ পূষ্পাঞ্জলি
তুমি কৰিব নোখোজা দেৱ-দেৱীৰ বেদী শুৱনি

তুমি কৰিব নোখোজা 
গল শুৱনি 
ৰক্তপিপাসু নেতাৰ
তুমি হ'ব নোখোজা প্ৰতাৰক প্ৰেমিকৰ কৃত্ৰিম উপহাৰ

বনতে ফুলি তুমি বনতে সৌৰভ বিলোৱা
পখিলা,ভোমোৰা,মৌ-মাখিক মৌ পান কৰোৱা

তোমাৰ সুগন্ধ নাপাই কলঙ্কিত মানৱে
তুমি থাকা মানৱ চক্ষুৰ বহুদূৰ আঁতৰতে

বনৰীয়া ফুল তুমি বনতে ফুলা
বননি শুৱনি কৰি বনতে মৰহি যোৱা।
———————————
ভিক্ষাৰী ছোৱালীজনী
নাছিৰ আহমেদ

ৰাজ আলিয়েদি পাৰ হৈ যোৱা
ভিক্ষাৰী ছোৱালীজনীৰ
অৱশ দৃষ্টিৰ আঁৰত
লুকাই আছে এটি প্ৰেম- আকুলতা ,
ভগ্নপ্ৰায় হিয়াৰ মাজত
সাগৰৰ এবুকু মৰম মধুৰ মাদকতা ।

দাৰিদ্ৰৰ একুৰা জুইত
জ্বলি-পুৰি ছাই হৈ যোৱা
এই ভিক্ষাৰী ছোৱালীজনী যেন
ঘাত-প্ৰতিঘাতৰ প্ৰচণ্ড চাপত
এঙাৰৰ দৰে নিমজ উজ্জ্বল!
অক্টোপাচৰ দৰে গিলিব খোজা
সমাজৰ কঠোৰ উৎপীড়ন নেওচি
তাইৰ দুৰন্ত যৌৱনে বিচাৰে 
খৰস্ৰোতা নদীৰ দৰে
চিৰ- প্ৰবাহমান, চিৰ- ধাৱমান হৈ
মোহনাৰ সৈতে মিলন ৰচিবলে' ।

মোৰ খিৰিকীৰ কাষেদি পাৰ হৈ যোৱা
ভিক্ষাৰী ছোৱালীজনীৰ মুখখন যেন
ডাঠ কুঁৱলিৰ বুকু ভেদি
ওলাই আহিব খোজা
এক চিৰ -দীপ্ত ৰঙা সূৰ্য !
তাইৰ প্ৰতিটো খোজত
মিলনৰ এক দুৰন্ত বাসনা 
এটি নতুন পুৰুষৰ স'তে   ;
যাৰ বজ্ৰ কঠোৰ কণ্ঠত
এটি সেউজ মধুৰ স্বপ্ন ,
জীৱনৰ ৰাজপথেদি ৰিঙিয়াই যায়
বিপ্লৱৰ জয়গান!
———————————
বিশেষ
ববিতা দেৱী 

বহু আঘাতৰ পিছত 
আকৌ প্ৰেমত পৰিছোঁ ।
হৃদয়ৰ পৰা হৃদয়লৈ 
ভালপোৱাৰ সেঁতু বান্ধিছো।
দুখবোৰ আঁতৰাই সাজিব খুজিছোঁ 
সুখৰ বালিঘৰ 
অনুভৱত তুমি।
ক্ষন গণি গণি...
নিসংগতাক লগ দিম 
তাৰ পিছত 
আকৌ লগ হ’ম।
মোক আঘাত কৰা প্ৰিয় মানুহ
ৰঙীন ওঠত ওঁঠ থৈ..
চকুত চকু থৈ 
বুকুত বুকু থৈ...
কিজানিবা 
আকৌ এবাৰ নোপোৱাবোৰে পোৱাৰ উৎস হওক।
অবাস্তৱবোৰ বাস্তৱ হওক।
——————————
সময়ৰ সোঁতত নিক্ষিপ্ত চৰিত্ৰৰ কথা
সুশান্ত দাস

সময়,
তোৰেই বাহুত সজ্জিত নেকি 
অসীম বলৰ ধনু-কাঁড়ৰ নিলয় !... 

মই মানুহ দেখিছিলো
আৰু প্ৰত্যক্ষ কৰিছিলোঁ,
নিৰ্লিপ্ত ধূসৰিত অতীতৰ 
মুখ বিৱৰত বিম্বিত অকথ্য সাধুকথা... 

মই মানুহ দেখিছিলো
যি দিনৰ পুৰুষ আৰু ৰাতিৰ নিন্দিত বৃহন্নলা, 
যিয়ে কুটুৰি আছিল হাত তালিৰ মাজৰ বিষাদৰ বাঙ্ময়তা  

মই মানুহ দেখিছিলো
যাৰ জিহ্বা নুঘুৰে অথচ গীতৰ বেহেলা বজায় 
যিয়ে হাঁহিব নাজানে অথচ হাঁহিৰ খোৰাক যোগায়!  

আৰু এচাম দেখিলোঁ 
খাব মন নকৰিলেও আতিথ্যৰ মিষ্টান্ন গ্ৰহণ কৰে
(বাধ্যতা অথবা পইছা হয়তো এনেকুৱাই )  
যিয়ে হাঁহিবলে মন নগ’লেও হাঁহিবলৈ বিৱশ হয়
লগতে , এটা মাত মাতিব নলগোৱাকৈ 
সকলো বস্তু হাততে পায় 

হায়! কি এই সময়
কিঃ এই বিব্রত সমলয় ? 
নিটোলতাৰ মালা পিন্ধা 
চকা-মকা টাউনত নিৰ্বিঘ্নে চলে 
টকাৰ বিদ্ৰুপ বেহা, 
শেষ হাঁহিও হয়তো টকাই মাৰে টকাৰ বিনিময়ত !

হেৰৌ, সময়বোৰৰ বিলুপ্তিৰ মাজত লুকাই থাকে অনেক চৰিত্ৰৰ কথা 
সেয়েটো কৈছোঁ 
হায়! কি এই সময়
কি এই বিব্রত সমলয় ?

তোৰ প্ৰভাৱত হাঁহিৰ খোৰাকো কিনিব পাৰি 
তাকো আনৰ কাঢ়ি, 
দিনৰ পুৰুষক ৰজনীৰ বৃহন্নলা সজাব পাৰি 
হাতৰ তলি ঘঁহি উলিয়াই 
টকাৰ মলি

দেখিলোঁ আজি 
অন্তঃদ্বন্দ্বিত নিষ্পেশিত মনৰ অৱয়ব 
যুঁজৰ স্থিতপ্ৰজ্ঞ ছবি 
অস্থবিৰ মনৰ ক্ষণিকতা ,
যুগে যুগে জন্ম লোৱা আশাৰ বিদ্ৰুমৰ 
সময়ৰ সোঁতত নিক্ষিপ্ত চৰিত্ৰৰ কথা ।
———————————
ঐ ছোৱালী বেয়া পায়ে থাকিলি...
দ্বীপজ্যোতি পৰশ

ঐ ছোৱালী বেয়া পায়ে থাকিলি 
এতিয়াও বেয়া পায়ে আছা ন..
আৰে এবাৰটো মোৰ কথা শুনি চোৱা...
পাই যাব পৰা প্ৰেমৰ ঠিকনা,
কি লাগে তোমাক 
কি বিছৰা তুমি...? 

বিৰক্ত নকৰো তোমাক...
আৰু কিয়নো কৰিম 
ভাল যে পাও তোমাক..  

ঐ ছোৱালী বেয়া পায়ে থাকিলি... 
 
আচলতে আমি একোজন নিৰৱ প্ৰেমিক,
প্ৰেম বিলাব জানো...
ভালপাব জানো
প্ৰেমৰ দিয়া লোৱাৰ অংক নাজানো বাবেই চাগে আমি একবিংশ শতিকাৰ ব্যৰ্থ প্ৰেমিক... 

চাল্লা, কব অহা তোমাক বিৰক্ত কৰিছো...
Msg কৰিছো
তোমাৰ খৱৰ লৈছো,
ইয়াক বিৰক্ত কৰা বুলি কৈ জানো....! 
যদি কয়, Sorry 
ভূল বুজি নাথাকিবি... 
ঐ ছোৱালী বেয়া পাই নাথাকিবি 
 মোৰোটো মন যায় ভাল পাবলৈ 
তোমাক মৰম কৰিবলৈ.. 
সেয়ে মনত পৰিলেই msg দিও.. 

Propose দিছিলো প্ৰেমৰ 
তুমি নাকছ কৰিলা... 
No কলেই জানো সকলো শেষ যায়। 
তোমাৰ নামতেই সাজিছো হৃদয়ত ঘৰ
আলফুলে ৰচিলো সপোন
এতিয়া তুমিয়ে Rejected কৰিছা।। 
কি কৰো মই এতিয়া....
হয়, প্ৰেম জোৰ কৰি নহয়।।
কিন্তু কি কৰো 
মনে যে নামানে....
সেই বাবেই msg দিও...

ঐ ছোৱালী বেয়া পাই নাথাকিবি ।
——————————
আঘোণ
দীপ্তি মণি গোস্বামী

ঋতুৰ চিৰসত‍্য অন্বেষণ
সলনি হয় বসুন্ধৰাৰ ৰূপৰ ৰহণ
তাৰেই ব‍্যতিক্ৰম নহয় 
মৰতলৈ নামে সোণালী আঘোণ
চহাৰ বুকুৰ কুটুম হেঁপাহৰ আঘোণ ।
শৰতৰ সিক্ত নিয়ৰক 
শেৱালিৰ সৈতে সমাধি দি
হেমন্ত‌ই আদৰে আঘোণক
সোণগুটিৰ সোণোৱালী দলিচা পাৰি ।
প্ৰভাতী পুৱাৰ প্ৰথম কিৰণত
সদ‍্য স্নাতা সুকোমল ৰ'দৰ তলত
নিয়ৰ কণাবোৰে জিক্ মিক্ জিক্ মিক্ কৈ হাঁহে,
উদং ভঁৰালৰ গাধৈখনে সেউজী সপোন দেখে 
গোৱৰ মাটিৰে নিজকে পখালি লখিমী আদৰাৰ 
প্ৰস্তূতি অব‍্যাহত ৰাখে ।
পিতাইৰ ঘামৰ টোপোলাটো সোণ হৈ জিলিকে
মেটমৰা সুখৰ ফিৰিঙটিবোৰে  দুচকুত
ভোগজৰাৰ আনন্দ সিঁচে ।
আঘোণ মানেই মন পুলকিত কৰা জুৰ মলয়া
নদাই ভদাইৰ সপোন সুৰীয়া সুখৰ বতৰা ,
কি যে নান্দনিক !
সুৱাগমণি,জহা,বৰাৰ অপৰূপ মেলা
ৰঙিলী,ৰংদৈহঁতৰ কাঁচিৰ সুৰত বাজে
মৌ সনা কেঁচা গোন্ধৰ অমিয়া,
ভদাইৰ বিৰিয়াত বন্ধা ডাঙৰিৰ প্ৰতিটো খোজতে
বিলাই যায় হৃদয়ৰ সপোনৰ গোপন বতৰা ।
———————————
ব্ৰহ্ম বাক্য
বিকাশ হাজৰিকা

একৰ পৰা দুই হয়
দুইৰ পৰা তিনি হয়
তিনিৰ লগত আকৌ চাৰি
মিহলি গৈ পাঁচ ৰ শাৰী পাতে।

ব্ৰহ্মাস্ত্ৰ, মাখিপাতৰ শব্দ
নষ্ট কাব্যৰ একো একোটা পদ্য,
ব্ৰহ্ম জ্ঞান ঈশ্বৰ তুল্য
ব্ৰহ্ম পুৱা হয় ব্ৰহ্ম শক্তি জাগ্ৰত।

মধ্যম কেতিয়াও মাধ্যম হব নোৱাৰে
মাধ্যম অন্ধকাৰ, অধ্যয়ন অবিহনেই,
লুপ্ত বন্য,আকৌ  ব্ৰহ্ম বাক্য
অনৈতিকতাৰ দুৱাৰদলিত কিহৰ ঐক্য?

কথা ব্ৰহ্ম,কথা আকৌ হৈছে বাৰ্ধক্য
কথা গুৰু নম:, কথা গুৰু কৃপা
কথা নহলেও হৈ পৰে সময় বিকলাংগ
ব্ৰহ্ম বাক্যই হৈ পৰে জীৱনৰ অংগ।
———————————
নিশিগন্ধা তুমি কেনে আছা
প্ৰসন্ন তালুকদাৰ

মোৰ অসুখ বুলি কোনে কৈছে তোমাক 
যদিহে কথাষাৰ লৈছা মানি 
সেইয়া তুমি ভুল কৰিছা।
তুমি হয়তো বুজা নাই নিঃসংগতাৰ যান্ত্ৰণাৰ আঁৰতো যে লুকাই থাকে জীৱনৰ মন্ত্ৰণা
কিয়নো তুমি কোনোদিনে নিঃসংগ হোৱা নাই।

নৈয়ে যিদৰে এৰি যায় সূঁতি, বৈ যায় আগুৱাই
ঠিক সেইদৰে ময়ো পাহৰি পেলাইছোঁ অতীত
বৰ্তমানক সজাইছোঁ নিজৰ দৰে
মই ভালপোৱাৰ ধৰণে
তোমাৰ ধৰণে নহয়
সেয়ে বৰ্তমান মই অসুখী নহয়।

পাৰাপাৰহীন এখন ভাৱনাৰ সাগৰত সাঁতুৰি-নাদুৰি 
মই অৱশ হৈছোঁ বুলি নাভাবিবা
স্ব-ইচ্ছাই এতিয়া মই ডুবিব পাৰোঁ , ওপঙিব পাৰোঁ,একে উশাহতে সাত সাগৰ পাৰ হ'ব পাৰোঁ
কোনো অতীতৰ স্মৃতিয়ে মোৰ গতিক নোৱাৰে ৰুধিব।

আজিকালি মই প্ৰাণখুলি হাঁহিব পাৰোঁ
গাব পাৰোঁ গুণ্‌গুণাই প্ৰিয় গীত
চুই চাব পাৰোঁ দুহাত মেলি আকাশৰ নীলা
মুক্ত মনে ল'ব পাৰোঁ ফুলৰ সুবাস
মন গ'লেই কৰিব পাৰোঁ অনৰ্গল জোনাকৰ সৈতে
প্ৰেমালাপ
লিখিব পাৰোঁ সাৰে থাকি প্ৰেয়সীৰ নামত কবিতা " নিশিগন্ধা তুমি কেনে আছা ? " 
জী থাকিবলৈ এয়াই জানো যথেষ্ট নহয় কোৱা
ইমানৰ পাছতো ভাবা নেকি 
মই অসুখী বুলি !
——————————
হাত
নীলাঞ্জনা শৰ্মা বৰুৱা

এখন হাত
যিখন অদৃশ্য কিন্তু শক্তিশালী
যি মোক মেৰিয়াই ৰাখে আস্থাৰে
যাৰ স্পৰ্শত আছে অফুৰন্ত বিশ্বাস আৰু 
নিৰাপত্তাৰ উত্তাপ।
সেইখন হাত উঠে
প্ৰাৰ্থনাৰ বাবে
সেইখন হাত উঠে
আশীৰ্বাদৰ বাবে।
সেইখন আচলতে হাত নহয়
সেইখন এখন আকাশ
যাৰ তলত ৰৈ মই স্বাধীনতা আৰু 
নিৰাপত্তাৰ গান গাব পাৰোঁ।
সেইখন হাত মোৰ আপোন
কিন্তু অদৃশ্য আৰু অদম্য শক্তিৰ ভাণ্ডাৰ ।
যি নিতৌ মোৰ বাবে 
আন্ধাৰৰ বাট কাটি
গঢ়ি দিয়ে এটি পোহৰ অভিমুখী
সেউজীয়া বাট।
——————————
সপোনৰ আলহী
অঞ্জনা ৰূপা দাস

সন্ধ্যা লাগি ভাঙিল 
লাহে লাহে ধৰালে
নামি আহিল নিশিৰ তমসা। 
শৰ্যাগতক সাৱটিলে
মিঠা নিদ্ৰাই আলফুলে। 
 মোৰ অক্ষিৰ দুপতাত
 চিল্ মিল টোপনিৰ পয়োভৰ। 
খিল্ খিল হাঁহিৰে 
দুবাহু ধৰি তুমি 
মোক নচুৱাইছা ,হহুৱাইছা
জুকাই জুকাই। 
দুভৰিৰ নূপূৰৰ ৰুণজুন
ধ্বনিৰ তালত 
মোৰ দেহ-মন উতলা কৰিছে। 
মোৰ কাষত বহি তুমি
তোমাৰ হাতৰ লিহিৰি 
আঙুলিৰ পৰশত
কপালৰ ঘামে
লাজৰ ওৰণিত লুকাইছে।
দুচকুৰ ভাষাত জিলিকিছে
দুৰ্বাৰ যৌৱনৰ ব্যাকুলতা। 
উশাহৰ তপত ঘন নিঃশ্বাসে
মোৰ গালৰ তেজে সঘনে
সুঁতি সলাইছে।
তোমাৰ মুখখনি এবাৰ
জুমি চোৱাৰ হেঁপাহৰ লোভ
সামৰিব নোৱাৰি তোমালৈ চালোঁ-
তোমাৰ দুচক্ষুৰ পদুম চাৱনিত 
শৰীৰত ৰোমান্সিত শিহৰণৰ
বিজুলী সোঁত। 
আলফুলে তুমি মোক সাৱটিলা।
তোমাৰ জেতুলিপকা
ৰঙীণ ওঁঠৰ চুম্বনত
নিজক পাহৰি পেলালোঁ,
হঠাৎ মোৰ ভৰিখন পিছলিল , 
চক্ মক্ কৈ সাৰপাই 
চকুমেলি দেখোঁ তুমি ? 
তুমি চোন মোৰ কাষত নাই!
বিৰহৰ বেদনাই মোৰ 
মানসিক সন্তোলন অৱগ্ৰাস কৰিছে।
মই আতংকিত হৈ পৰিছোঁ-
তোমাক হেৰুৱাৰ ভয়ত! 
ই সপোন নে দিঠক?
সপোনতে কিয় আহি জ্বলালাহি
মোৰ কলিজাত প্ৰেমৰ জুই? 
মোৰ বাবে ই সপোন নহয়, 
তুমি জানো মানি ল'বা? 
তাৰ আগতেই তুমি যদি-
 আন কাৰোবাৰ হৈ গৈছা! 
নাই নহয়, হ'বই নোৱাৰে। 
তুমি মোৰ, মাথোঁ মোৰ। 
 দিঠকতে আহিবা এদিন-
হিয়া খুলি সকলো পাতিম, 
তোমাৰ হাতত হাত থৈ-
তোমাৰ কোলাত  মূৰ থৈ
দুয়ো এক হৈ সুখৰ সপোন ৰচিম। 
আজীৱন তুমি মোৰ বাবে 
আৰু-
মই তোমাৰ বাবে-
খিল্ খিলাই আদৰি  আনিম 
আমাৰ প্ৰিয় ঋতুৰ
দিন-ৰাতিবোৰ।
সুখী হৈ ৰ'ম দুয়ো ওৰেটো জীৱন।
———————————
এটা কালজয়ী গানৰ সোঁৱৰণত
তানিয়া মধুকল্য

এটা গানৰ সোঁৱৰণত 
আজি এটা যুগে উচুপিছে 
আজি এটা গানৰ 
বিদায়ৰ দিন 

শত সহস্ৰ গুণমুগ্ধৰ 
এটা চিনাকি কণ্ঠই
আজিৰ দিনটোতেই 
বিদায় মাগিছিল 

লুইতৰ পৰা মিচিছিপিলৈ 
গঙ্গাৰ পৰা পদ্মালৈ 
চিৰপ্ৰবাহমান হৈ থকা 
এটা চিৰস্বাস্বত কালজয়ী গান 

যি গানৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
জাগি উঠে আই অসমীৰ মান 

সেই গানেই আছিল 
অগ্নিযুগৰ এটুকুৰা জুইৰ ফিৰিঙতি 
সেই গানেই আছিল 
কপিলীপৰীয়া ৰাংঢালি ছোৱালীৰ 
মহিমা বিচৰা গান 
সেই গানতেই আছিল
হেজাৰ চকুৰ দীপ্ত সূৰ্য্য শিখা 

সেই গানৰ অৱসানত 
এটা যুগে আজিও উচুপে 
আজি এটা গানৰ দিন 

যি গানৰ সুবাসত 
প্ৰতিটো পল আৰু অনুপলত 
উন্দুলি থাকে 
এটা জাতিৰ যুগান্তৰৰ ইতিহাস। 

যি গানৰ কলিতেই 
ওলমি থাকে বুঢ়া লুইতৰ 
স্বাভিমান !

যি গানে যুগে-যুগে 
বিয়পাইছে 
ৰূপহী অসমী আইৰ মান 

সেই গানেই আজি 
ভোটা তৰা হৈ তিৰবিৰাই
উজ্বলিছে অসমীৰ কপালত 

সেই গানৰ জয় হওক 
সেই যুগৰ জয় হওক 
সেই জাতিৰ জয় হওক 
জীৱন জিনাৰ গানৰ জয় হওক।
—————————
প্ৰেমৰ চাকি
ৰশ্মি দলে'

প্ৰেমৰ পোখাবোৰ
এপ'ল-দুপ'লকৈ বাঢ়িছিল

ক্ৰমশঃ

কোনোবা মোৰ গোপন
কোনত
চিফুঙৰ সুৰত।
——————————
সৌদামিনী
ইৰা দেবী

বৈদ্যুতিক নুপুৰ পিন্ধি
ঘনে ঘনে চমকি বিজুলী। 
কাৰ বিৰহৰ ৰাগিনী তুলি
চঞ্চলা তুমি
অশ্রুসিক্ত কৰিলা মেদিনী। 
কতনা নামেৰে ধৰা
তোমাৰ জীৱন মালা। 
ক্ষণপ্ৰভা, বিজুলী। 
তুমি বজ্ৰবালা। 

তোমাৰ মেঘালী চুলি। 
উন্মাদ ৰূপেৰে খুলি। 
গুজৰি-গুমৰি আহা মৃত্যু ৰূপ ধৰি। 

শান্ত হোৱা শান্ত হোৱা
হেৰা সৌদামিনী, 
জানো তুমি নোহোৱা নিদাৰুণ ৰাণী। 

সঞ্চাৰী আলোক শিখা
তুমি সোণ কবিতা ৰাণী
কবিৰ বুকুত
চিকমিক মাৰক বিজুলী। 
------------------–––––––––
প্ৰগতিৰ আঁচোৰত সেউজীয়া
বনলতা দাস 

দুকাষৰ সেউজীয়া বুকুত সামৰি
বহল হ’ল আলিবাটটো
নিষ্ঠুৰ সভ্যতাৰ আঁচোৰত
হেৰাই গ’ল
প্ৰভাতী সূৰুযৰ পৰশত উদ্ভাসিত
গছৰ পাতৰ মুকুতাৰ জিলমিল আৰু
চৰাইৰ মধুৰ কলৰৱ 
স্পৰ্শ নকৰে শৰত বসন্ত কিম্বা
কোনো ঋতু
অহৰ্নিশে মাথো যান্ত্ৰিকতাৰ কৰ্কশ দপদপনি
পদে পদে মৃত্যু বিভীষিকাৰ কিৰিলি
দুপৰ নিশা শুনিবলৈ পাওঁ
প্ৰাচীন আঁহতজোপা বিচাৰি
উভতি অহা
চৰাইহালিৰ হিয়াভগা বিননি৷
প্ৰগতিৰ আভিজাত্যত ওফন্দি থকা
সভ্য মানুহৰ এতিয়া
আকাল
বিশুদ্ধ বায়ু আৰু
ৰৌদ্ৰ ক্লান্ত দেহৰ বাবে
গছৰ শীতল ছাঁ ৷
——————————————————

Post a Comment

0 Comments