পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ চতুৰ্দশ সংখ্যা

————————————————————
—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
______________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  মাজে মাজে বৰ ভাগৰ লাগে।ভাব হয়,মই কি কৰি আছো! কিয় কৰি আছো ? দহৰ বাবে এনেকৈ কৰি মই কি পাইছোঁ ?  
    জানো, ভবামতে কথাবোৰ নহয়।ব্যক্তিকেন্দ্ৰিক সমাজ ব্যৱস্থাত নিজকে তেতিয়া অকলশৰীয়া যেন লাগে, মুখাৰ আঁৰৰ মুখাবোৰ যেতিয়া এখন এখনকৈ খোল খায়। তথাপি থমকি নৰয় খোজ। অতীতক পাহৰি সকলো সামৰি খোজ যায় আগলৈ...

বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
                   কবিতাৰ আড্ডা
প্ৰভাৱ
উদয় কুমাৰ শৰ্মা

    কবি-জীৱনৰ আৰম্ভণিতে, কেইবাগৰাকীও প্ৰখ্যাত কবিয়ে -- জ্যেষ্ঠৰ লগতে, সমসাময়িক কবিৰ কবিতাৰ ভাব-ভাষা-সুৰ-লয় আদিৰদ্বাৰা অনুপ্রাণিত হৈ কবিতা লিখাৰ উদাহৰণ আছে। 

    (ক) অমূল্য বৰুৱা (১৯২২ - ১৯৪৬)ই কবিতা লিখিবলৈ লোৱা সময়ছোৱাত (১৯৪০ - ১৯৪৬) -- যতীন্দ্রনাথ দুৱৰা (১৮৯২ - ১৯৬৮)ৰ শব্দচয়ন ('ধৰা', 'বিলীন', 'আশা আজি পৰাণ কঁপায়'), ৰত্নকান্ত বৰকাকতী (১৮৯৭ - ১৯৬৩)ৰ আঙ্গিক আৰু, দেৱকান্ত বৰুৱাৰ কবিতাৰ ছন্দসজ্জাৰ আৰ্হিত কবিতা লিখিবলৈ লৈছিল। তেওঁৰ 'ভুলৰ পূজা'ত দেৱকান্তৰ কণ্ঠস্বৰ আছিল স্পষ্ট :

 'দেৱতা নিষ্ঠুৰ কয় কোনে? ভুল কিয় কৰা / বুজিও নুবুজা ; / পুৱাৰ কিৰণ সানি গধূলি মৰহি পৰা ফুলেৰেই / দেৱতাৰ পূজা / ... '

    (খ) 'মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ / হিয়াভগা মাতমাত ? '
   [ 'সাগৰ দেখিছা', দেৱকান্ত বৰুৱা (১৯১৪ - ১৯৯৬), ৩য় প্ৰকাশ, অক্টোবৰ : ১৯৬৬, পৃ:১১]

 'আৰু এটা কথা শুনা, /
মাজনিশা কেতিয়াবা উজাগৰে থাকি /
শুনিছানে তুমি পৃথিৱীৰ উচুপনি? '
[ 'বালিচন্দা', 'মোৰ প্ৰেম', হেম বৰুৱা (১৯১৫ - ১৯৭৭), ১ম প্ৰকাশ : ১৯৫৯]

    (গ) 'তোমাৰ দেহ-গংগাত / আমাৰ প্ৰেম / 
কাগজৰ নাও'
 [ হেম বৰুৱা ]

'মোৰ চকুলোৰ সাগৰত /
তোমাৰ মৰমৰ /
পদুম পাহিৰ নাও'
[ নীলমণি ফুকন ( ১৯৩৩ - ২০২৩ ]

    (ঘ) 'মোৰ শিৰাই ('সিৰাই') শিৰাই শেষ বাৰিষাৰ মেঘ'
[ হিৰেন ভট্টাচার্য (১৯৩২ - ২০১২ ]

'মোৰ শিৰাই শিৰাই ধুমুহা'
[ নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩ - ২০০৪) ]

    (ঙ) 
(১) 'যেখানে কেউ কাউকে ঘৃণা কব়বে না'
(২) 'যেখানে প্ৰেম পৃথিবীকে মুক্তিস্নান কব়াবে'
(৩) 'আব় শান্তিময় হবে মানুষের পথ'
[ 'আমি একটি পৃথিবীর স্বপ্ন দেখেছি', মূল : ল্যাংষ্টন হিউজ (১৯০১ - ১৯৬৭) : 'I dream a world' ( an American poet) ]

  (১) 'য'ত কোনেও কাকো ঘিণ নকৰিব'
  (২) 'য'ত প্ৰেমেৰে পৃথিৱী অবগাহিত হ'ব'
  (৩) 'আৰু শান্তিময় হ'ব আমাৰ জীৱনৰ পথ'

['আহা, আমি এক নতুন পৃথিৱী গঢ়ি তোলোঁ', সমীৰ তাঁতী (১৯৫৫), 'সাদিনীয়া নাগৰিক', ০১-০১-১৯৮০ ]

   পৰৱৰ্তী সময়ত, প্ৰভাৱমুক্ত হৈ, এইসকল কবিয়ে, অসমীয়া কবিতাক সমৃদ্ধ কৰি তুলি সিদ্ধি লাভ কৰা দেখা গৈছে।
———————————
                    অনুবাদ কবিতা

Pitch-Black House of Light
Han Kang; South Koria
Translated by Sophie Bowman
 

That day in Ui-dong
sleet fell
and my body, companion to my soul
shivered with each falling tear.

Get on your way.

Are you hesitating?
What are you dreaming, hovering like that?

Two-storey houses lit like flowers,
beneath them I learned agony
and towards a land of joy as yet untouched
foolishly reached out a hand.

Get on your way.

What are you dreaming? Keep walking.

Towards memories forming on a streetlamp, I walked.
There I looked up and inside the lightshade
was a pitch-black house. Pitch-black
house of light

The sky was dark and in that darkness
resident birds
flew up casting off the weight of their bodies.
How many times would I have to die to fly like that?
Nobody could hold my hand.

What dream is so lovely?
What memory
shines so brightly?

Sleet, like the tips of mother’s fingers,
raking through my dishevelled eyebrows
striking frozen cheeks and again
stroking that same spot,

Hurry up and get on your way.

ঘনঘোৰ তমসাৰ ঘৰ
কৱি- হান কাঙ
দক্ষিন কোৰিয়া
সাহিত্যৰ ন'বেল বটা ২০২৪ চন
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

সিদিনা উই-ডঙত
এজাক শিলাবৃষ্টি হৈছিল আৰু 
মোৰ চকুৰপৰা নিগৰা
প্ৰতিটোপাল চকুলোত 
শিয়ৰি উঠিছিল আত্মজ দেহটো।

অগ্ৰসৰ হোৱা তোমাৰ বাটেৰে।

তুমি সঙ্কোচ কৰিছা? 
উটি ভাঁহি
কি সপোন দেখিছা তুমি?

দুমহলীয়া অট্টালিকাটো উজ্বলি আছে 
এপাহ ফুলৰ দৰে 
তাৰ তলত মই চটফটাই আছোঁ 
এটি গভীৰ যন্ত্ৰণাত,
অৱশ্যে সেইফালে চুকটোৰ
আনন্দই বিৰাজকৰা ঠাইটুকুৰাত
এতিয়াও হাতৰ পৰশ পৰা নাই,
মূৰ্খৰ দৰে হাত এখন আগবঢ়াই দিলোঁ

অগ্ৰসৰ হোৱা তোমাৰ বাটেৰে।

কিনো সপোন দেখিছা?
অগ্ৰসৰ হৈ থাকা।

সোঁৱৰণীৰ কুঁৱলীয়ে থুপ খাই থকা
পথটোৰ লাইটৰ খুটাটোৰ দিশে 
আগুৱাই গলোঁ
দেখিলোঁ ছাঁ-পোহৰৰ মাজত 
ঘনঘোৰ তমসাৰ ঘৰ 
কৃষ্ণবৰ্ণী পোহৰৰ এটি ঘৰ।

আকাশখন আছিল কজলা 
সেই অন্ধকাৰৰ মাজতে
পোহনীয়া চৰাইবোৰে উৰি গৈছিল
সিঁহতৰ দেহৰ ভৰ দেখুৱাই।
সেইদৰে উৰিবলৈ মই বাৰু 
কিমান বাৰ মৰিব লাগিব?
কোনোৱেই ধৰি নাৰাখে মোৰ হাতখন।

কোনটোনো সপোন ইমান সুখৰ? 
কোনবোৰ স্মৃতি বাৰু
ইমান সুন্দৰকৈ উজ্বলি উঠে?

মোৰ মাৰ আঙুলিৰ মূৰটোৰ দৰেই
মোৰ বিচ্ছিন্ন চেলাউৰিৰ মাজেৰে 
আঘাত কৰিছে শিলবোৰে বাৰম্বাৰ
মোৰ হিমকঠিন গালদুখনৰ
সেই একেই স্থানত।

খৰধৰ কৰা আৰু আগুৱাই তোমাৰ বাটেৰে।
———————————
ৰৈ ৰৈ যোৱা ৰাতি

মূল হিন্দী :- গিৰিজাকুমাৰ মাথুৰ
অনুবাদ  :-- গণেশ বৰ্মন 

ৰৈ ৰৈ যোৱা ৰাতিটোৰ
শেহৰ ছায়াৰে ভৰা প্ৰহৰ
ধৱল ধোঁৱাৰে আৱৰা আকাশৰ
দূৰৈত পুৱতিৰ সোণৰ দৰে তৰাবোৰ
সাৰে থকা চকুৰ পলকেৰে পহৰা দি
তন্দ্ৰালস মৃদু- মলয়া বলিছে
বৰ্ষাসিক্ত নগৰ
এতিয়াও ঊষাৰ সপোন-বিভোৰ
দীঘলকৈ ধূসৰ ৰাজপথত
অহোৰাত্ৰি উজলি থকা লণ্ঠনৰ
অৱসাদ-জৰ্জৰ বিষন্নতাৰ গুণগুণ ।

বিবৰ্ণ প্ৰাসাদৰ খিৰিকিৰে
ৰঙত বুৰ গৈ ক্লান্ত হোৱা পোহৰ
দৃশ্যমান এতিয়াও 
মখমলৰ আঁৰকাপোৰ , বিচনা ,
নিদ্ৰা-মগন বান্ধোনৰ ছায়াৰ দৰে ।

স্তিমিত ৰাতিৰ অন্তিম প্ৰহৰ এতিয়াও বাকী ,
দূৰণিৰ বিৰিখত কাজলী ছয়াৰ ৰেখা
শীতাৰ্ত জোনৰ কঁপা-কঁপা অনুজ্বল পোহৰ
আকাশৰ দীঘল ছায়া দূৰলৈ বিয়পি পৰিছে  ।
-------------------–––––––––––––––––
                       কবিতা

দিন আৰু ৰাতিবোৰ 
সীমা গগৈ 

নিজকে আমি ক'ত হেৰুৱাওঁ 
ক'ত বিচাৰি পাওঁ

এই নিজান পৰৰ কথকতাত বাজি আছে 
বেলি উজোৱা বাটৰ এটি ধূলিয়ৰি গান 

দূৰৈৰ পৰা ভাঁহি অহা সুহুৰি এটিৰ সুৰতে 
সুৰ এটি গোঁজি দিওতে 
আদৰুৱা বতাহজাকক নুসুধিলো 
ডাৱৰ ভঙা ৰাতিটোৰ খবৰ 

নিৰৱে বৈ যোৱা নদীখনকো 
কোনোদিনে সুধি নাচালো 
পাৰৰ বালিচৰত এয়া হাঁহি নে হুমুনিয়াহ ?

নাজানো
এনে কি অনুৰাগত আকাশে শূন্য এটা 
বুকুতে লৈ ফুৰে..

দেখিছোঁ
আইৰ হাতৰ আঙুলিত সময়ৰ প্ৰলাপ 
শূন্যলৈ চাই আঁকিবলৈ বিচৰা 
বেলি ফোট এটিৰ নক্সা 
আৰু বা কত কি! 

হয়তোবা জীৱনক ভালপোৱাৰ অজুহাততে 
এচঁহীয়া সময়ৰ বুকু কুৰুকি 
ওলমি থাকে সপোন যেন এজাক বাদুলী 

এতিয়া ভাবিছোঁ দিন ৰাতিবোৰকেই এদিন সুধিম 
জীৱনে জীৱন বিচাৰি লব পৰাকৈ 
আঁকিব পাৰি নেকি 
এখনি ধুনীয়া কেনভাচ ।
———————————
জিভা 
দেৱ দাস

মানুহৰ হে 

জন্তুৰ ক্ষেত্ৰত জানিছিলোঁ 
জন্তুৱে প্ৰয়োজনতকৈ 
অধিক চিকাৰ নকৰে 

ভোক আৰু জিভাতে মানুহ 

আৰু এজাত 
কি নিবিচাৰে সিহঁতে
ৰাজধানী অধিকাৰ কৰি 
বেলেগ জন্তু হৈ পৰে 

দীঘল জিভা
দাতা বেলেগ 

সিহঁতৰ বাবেই 
অম্লজান কমি আছে ।
——————————
ভাৱৰ বুৰবুৰণি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

আজিও সময়বোৰ 
মৃতহৰিণাৰ বেঁকা শিং যেন হৈ 
বেৰত ওলমি ৰ’ল...
——————————
শিল হৈ বহি আছে তেওঁ
ৰঞ্জন বর্মন

বকুল বকুল গোন্ধোৱা এটি ৰাতিত
তেওঁক মই পাহাৰ বগোৱাৰ প্ৰস্তাৱ দিছিলো 

তেওঁৰ খিল খিল হাঁহিত
পানীৰ মাজত লাজতে মুচকচ গৈছিল  
এটা দৰিকণা মাছ

বহু দিনৰ পিছত তেওঁ এদিন জনালে 
তাঁতৰ শালত সূতা চিঙাৰ কথা
আৰু এদিন তেওঁ নিজকে মোৰ মাজত আৱিষ্কাৰ কৰিলে

তাৰ পিছৰে পৰা তেওঁ তেওঁ হৈ থকা নাছিল 
মই মই হৈ থকা নাছিলো

এই ঘটনাটো ঘটিছিল সৌ সিদিনা
যিদিনা আমি দুয়ো এজাক অভিমানৰ বৰষুণত তিতিছিলো
ওৰেটো ৰাতি

তেতিয়াৰে পৰা তেওঁ শিল হৈ বহি আছে 
বেলিৰ হেলনীয়া ছাঁত
আৰু মই নিগনি হৈ কুটিব যত্ন কৰিছো শিলৰ কৱচ।
——————————
চিঞৰ
চয়নিকা ভূঞা 

খিৰিকীৰ সিপাৰে এটা অজুহাত
আৰু ইপাৰে 
এটা প্ৰেম কাহিনী

বাৰ্ধক্যই কোঙা কৰিব নোৱাৰা কাহিনীত
ঘূণে ধৰাৰ ভয়

ভালে ৰখাৰ অজুহাততো
বহু সম্বন্ধ ভালে নাথাকে

মুখৰ আঁৰৰ মুখত
নিজৰেই পৰিচয়

'শিয়ালি এ নাহিবি ৰাতি
তোৰে কাণে কাটি লগামেই বাতি'।
----------------–––––––
শৰৎ 
ইলা ইমন কাশ্যপ

শৰৎ মানেই প্ৰেমৰ এজাক শীতল মলয়া বতাহ
শৰৎ মানেই  মোৰ বুকুত ফুলি উঠা শেৱালি জোপা
শৰৎ মানেই আপোনাৰ মৰম ভালপোৱা

শৰৎ মানেই সৰি পৰা নিয়ৰৰ টোপালবোৰ 
শৰৎ মানেই দেখা নেদেখা ধুৱলীকুৱলীৰে ভৰা আকাশখন
শৰৎ মানেই শৰীৰত আমেজলগোৱা এজাক শীতল বতাহ৷

শৰৎ মানেই ঢাকঢোলৰ শব্দ,
শৰৎ মানেই দুৰ্গামাৰ আগমন
শৰৎ মানেই কঁহুৱা বন ফুলাৰ বতৰ
শৰৎ মানেই উৎসৱৰ বতৰা।
———————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী

প্ৰেম প্ৰাপ্তি নহৈ হোৱা অপ্ৰাপ্তিৰ
আজি এই শেষ বিদায় বেলাৰ বিষাদ ভৰা বিষণ্ণ গধূলি 
উদাসী মুখখন দেখি 
মই সুধিছিলোঁ তাইক
অপ্ৰাপ্তিৰ পিছতো প্ৰেম প্ৰাপ্তিৰ
বাট কেনি ? 
মোৰ সন্মুখত উচুপি উচুপি 
চাদৰৰ আচলৰে চকুপানী মচি
তাই শুনালে মোক ৰাধা-কৃষ্ণৰ 
প্ৰেম কাহিনী ৷
———————————
উৰি যায় সজাৰ মইনা
দীপক কুমাৰ তালুকদাৰ

বাৰেৰঙী সজাৰ সাজোন এৰি
অলক্ষিতে উৰি যায় মইনা

মই মই স্থিতিৰ ৰণত 
তোমাৰ মোৰ বিভাজনৰ সূত্ৰ
সময়ৰ আচোৰত মই হৈ থাকে জানো চিন?
তোমাৰ তুমি হৈয়ো নেথাকে একো চিন
কেৱল হাইউৰুমি খোৱা-কামোৰাৰ কিৰিলি
পৰি ৰয় ভোগ-সম্ভোগ
মৃতকলৈ অৰ্পিত ভোগপাতত
দুদিনমান কুকুৰ মেকুৰী পক্ষীকুলৰ খোৱাৰ হৈ আহ-যাহ

সপ্তাহৰ বাবে আত্মীয় সুধীজনৰ সজল চকু
এৰি থৈ যোৱা শূন্যতাত
কাৰোৱে একো নেথাকে সংযোগ
শূন্যতাও নেথাকে–বিস্মিতিৰে পৰিপূৰ্ণ

উৰি গ’লে মইনা নিজম পৰে কিৰিলি
নিস্তব্ধতাৰো থাকে থাকে শব্দ—জিন্‌জিননি

লগত একো লৈ নহাৰ হৈ
লগত একো লৈ নোযোৱাৰ হৈ
নাথাকে একোৱেই হিচাপ
হিচাপ ৰক্ষকৰো নাই প্ৰয়োজন
সিজনাৰ কৰ্মৰ খাতাত যি জলজল পটপট

ক্ষণ অনুসাৰে অহা-যোৱা অগা-পিচা
কৰ্মৰ সূত্ৰতে মেৰখোৱা জীৱনৰ অহা-যোৱা
জীৱাত্মাৰ কৰা জীৱাত্মালৈ
পুনৰপি জনমম্‌ 
পুনৰপি মৰণম্‌

জীৱন জীৱন খেলা খেলখনিত
প্ৰাপ্তি অপ্ৰাপ্তিৰ কত যে খেলা
নিঃস্ব হৈয়ো সমগ্ৰৰ দাবীদাৰ
অজান মুলুকলৈ উৰে মাথোঁ মইনা
গম নিদিয়াকৈ
বিদায় ঘণ্টা নবজোৱাকৈ ৷
——————————
ঋতুৰাণী
দেৱজিৎ ডেকা

তুষাৰ সেমেকা সাজেৰে
তাই শান্ত সৌম্য লাস্যময়ী
তাইৰ ভিজা অধৰৰ চুমা বৰষুণত
লাজতে মুছকঁছ্ গ'ল দূবৰি।

বাটৰুৱা মেঘবোৰ হেৰাই গ'ল
তৃষ্ণাতুৰ ধৰণীত,
ৰুষ্ট অৰুণৰ ক্ৰূৰ পৰশত 
উচপিচাই থকা তপ্ত হুমুনিয়াহবোৰো
নিহপালী দিলে তাইৰ নিচুকনিত,
বাউলী নদীৰ পগলা খং
থাউকতে হেৰাল
এটি তাইৰ ঈষৎ হাঁ‌হিত।

তাইৰ আগমনত পুলকিত
সগৰ্ভা প্ৰকৃতি,
সেয়ে চাগে দলদোপ-হেন্দোলদোপ ধৰিত্ৰী,
চৌদিশে বাজে উৎসৱৰ দেৱ-দুন্দুভি।

তাইৰ নিশ্বাসত আমোলমোল শেৱালি,
মুৰুলীৰ পঞ্চম তানত আহ্লাদিত
বাসনা বিহ্বল গোপী,
জ্যোৎস্নাময়ী চন্দ্ৰাৱলী ৰাতি
কালিন্দীৰ তীৰত,কুঞ্জবনত,
কানাইৰ সংগে কৰে কেলি।
——————————
সপোনৰ আলহী
অঞ্জনা ৰূপা দাস
 
সন্ধ্যা লাগি ভাঙিল 
লাহে লাহে ধৰালে
নামি আহিল নিশিৰ তমসা। 
শৰ্যাগতক সাৱটিলে
মিঠা নিদ্ৰাই আলফুলে। 
 মোৰ অক্ষিৰ দুপতাত
 চিল্ মিল টোপনিৰ পয়োভৰ। 
 খিল্ খিল হাঁহিৰে 
দুবাহু ধৰি তুমি 
মোক নচুৱাইছা , হহুৱাইছা
জুকাই জুকাই। 
দুভৰিৰ নূপূৰৰ ৰুণজুন
ধ্বনিৰ তালত 
মোৰ দেহ-মন উতলা কৰিছে। 
মোৰ কাষত বহি তুমি
 তোমাৰ হাতৰ লিহিৰি 
আঙুলিৰ পৰশত
কপালৰ ঘামে
লাজৰ ওৰণিত লুকাইছে।
দুচকুৰ ভাষাত জিলিকিছে
দুৰ্বাৰ যৌৱনৰ ব্যাকুলতা। 
উশাহৰ তপত ঘন নিঃশ্বাসে
মোৰ গালৰ তেজে সঘনে
সুঁতি সলাইছে।
তোমাৰ মুখখনি এবাৰ
জুমি চোৱাৰ হেঁপাহৰ লোভ
 সামৰিব নোৱাৰি তোমালৈ চালোঁ-
তোমাৰ দুচক্ষুৰ পদুম চাৱনিত 
শৰীৰত ৰোমান্সিত শিহৰণৰ
বিজুলী সোঁত। 
আলফুলে তুমি মোক সাৱটিলা।
তোমাৰ জেতুলিপকা
ৰঙীণ ওঁঠৰ চুম্বনত
নিজক পাহৰি পেলালোঁ,
হঠাৎ মোৰ ভৰিখন পিছলিল , 
চক্ মক্ কৈ সাৰপাই 
চকুমেলি দেখোঁ তুমি ? 
তুমি চোন মোৰ কাষত নাই!
বিৰহৰ বেদনাই মোৰ 
মানসিক সন্তোলন অৱগ্ৰাস কৰিছে।
মই আতংকিত হৈ পৰিছোঁ-
তোমাক হেৰুৱাৰ ভয়ত! 
ই সপোন নে দিঠক?
সপোনতে কিয় আহি জ্বলালাহি
মোৰ কলিজাত প্ৰেমৰ জুই? 
মোৰ বাবে ই সপোন নহয়, 
তুমি জানো মানি ল'বা? 
তাৰ আগতেই তুমি যদি-
আন কাৰোবাৰ হৈ গৈছা! 
নাই নহয়, হ'বই নোৱাৰে। 
তুমি মোৰ, মাথোঁ মোৰ। 
দিঠকতে আহিবা এদিন-
হিয়া খুলি সকলো পাতিম, 
তোমাৰ হাতত হাত থৈ-
তোমাৰ কোলাত  মূৰ থৈ
দুয়ো এক হৈ সুখৰ সপোন ৰচিম। 
আজীৱন তুমি মোৰ বাবে 
আৰু-
মই তোমাৰ বাবে-
খিল্ খিলাই আদৰি  আনিম 
আমাৰ প্ৰিয় ঋতুৰ
দিন-ৰাতিবোৰ।
সুখী হৈ ৰ'ম দুয়ো ওৰেটো জীৱন।
———————————
পলকতে
দীপ্তি মণি মনি গোস্বামী

অ ফলা পঢ়াৰ পাটিতে
টোপনি গৈছিলো
ফলিগুটি মুঠিত লৈ।

সপোন কুঁৱৰীয়ে
হাতত ধৰি লৈ গৈছিল
বৰ্ষাৰণ্যৰ মাজলৈ।

আনন্দমনে তিতিছিলো
গাইছিলোঁ হাঁহিছিলো
সুৰীয়া সময় বুকুত লৈ।

ফল ফুলৰ মলমলীয়া বৃক্ষত
পশু-পক্ষী চৰাই-চিৰিকতিৰ
পুলকিত আলোড়ন হৰ্ষমুখৰ উপবন।

অপূৰ্ণ উপভোগতেই
বিৰাটকায় শব্দৰ খুন্দাত
টোপনি ভাগিল মোৰ।

জৰ জৰ কৈ ঘামিছোঁ
বতাহে ঢুকি পোৱা নাই মোৰ শৰীৰ
অশান্ত দেহা-মন  অস্থিৰ হৈ উঠিছে মন মগজুবোৰ!

ক্ষণিক আগুৱাই গলো
উশাবোৰ ভেটি থিয় হৈ আছে কংক্ৰীটবোৰ
পাহাৰবোৰৰ মুখত বিৰিঙি উঠিছে বিদ্ৰুপৰ হাঁহিবোৰ।
———————————
হেঁপাহৰ ফুলনিখন
প্ৰবীন চন্দ্ৰ তালুকদাৰ

চাই পঠিয়ালোঁ দুয়োপাৰলৈ, 
উজনিৰ পৰা নামনিলৈ,
মহাবাহুৰ
ফুলনিখনি য’ত জিলিকিছে,
নন্দন-কানন হৈ
উপচিছে সুৰভিৰে আকাশ বতাহ,
নানাৰঙী ফুলৰ
মালা হৈ শোভিছে সদায় গলত আই মাতৃৰ৷

ৰঙিয়াল-শিৰিশ,সেউতী-পলাশ
আশোক-বক,কুঞ্জ-মনিৰাম,হাচনাহানা
যাতি-যুতি,কামিনী-কাঞ্চন,শেৱালি
চম্পা-পদুম,নাগেশ্বৰ-পাৰিজাত,শিমলু
গোলাপ-তগৰ,বেলি-নাৰ্জি,নয়নতৰা
ৰজনীগন্ধা,খৰিকাজাই,অপৰাজিতা,
ৰক্তজবা, কৃষ্ণচুড়া ,ৰাধাচুড়া,কেতেকী
সবে নাচে হালি-জালি জুৰ কৰি
নয়ন মোৰ আই মাতৃৰ৷

ভূটীয়া-অঁকা-ডফলা,আবৰ
মিৰি-মিছিমি,খামটি-চিংফৌ
নগা-খাছীয়া,গাৰো-নেপালী,ডিমাছা-কাৰ্বি
বঙালী-অসমীয়া আৰু ন-অসমীয়া,
খৃষ্টান-বৌদ্ধ আৰু হিন্দু-মুছলমান,
সকলোৱে যোগায় পানী আনন্দেৰে,
 মালি-মালিনী হৈ সদায় ফুলনিত৷

স্থায়ী হৈ থাকক মোৰ এই বাগিছাখনি,
ফুলি ৰওক নানাৰঙী ফুলবোৰ সদায়
চিকুনাই ৰাখিবা ফুলনিখন যতনেৰে
গোবৰুৱাবোৰক ৰাখিবা আতৰাই
পোক-পৰুৱাবোৰ অহাৰ আগতে
ধ্বংস কৰাৰ চেষ্টা কৰিবা সদায়৷
——————————
নদী তোমাৰ বাবে
ইৰা দেবী

তোমাৰ বাবেই
প্ৰেমৰ আখৰেৰে সজাই থলোঁ
নদীৰ দুয়োপাৰ। 
জোনাকী পোহৰেৰে 
বিৰিঙাই দিবা মোক, 
নদীৰ বুকুত তেজীমলাৰ ঘৰ। 
বাঁহীৰ মাতত উচুপি উঠে ৰাধা, 
বিষাদৰ লুনীয়া পানী আঁতৰাই
কুশল বিনিময় হওক  
নদী-কবিতা। 
নাৰী নাৰীৰ বাবে সহনশীল হওক
জীৱন বোধৰ বাঁহীৰে।
———————————
জুনুকা পিন্ধোৱা জাত
ববিতা ফুকন

সুখী হোৱাৰ ভাও এটা তায়ো দিছিল
যিদিনা ভৰিত এযোৰ জুনুকা পিন্ধাইছিল
ছোৱালী সজাবৰ বাবে! জুনুকা নহয় যেন সোণালী শিকলি!

বিদ্যালয়ৰ চাৰিসীমা গচকায়ো
কঠিন চকুৰে সকিয়াই আছিল তাইৰ জাতকি 
ভৰি জুনুকাযোৰ নচূৱাই
সুখী হোৱাৰ ভাও এটা তায়ো দিছিল

তায়ো দিছিলো ভাও…
যেতিয়া তাই মোহাৰি পেলাইছিল
হৃদয়ৰ ফুলা কুসুম পাহি
সাৱটি লৈছিল আনৰ কথাত
শেলুৱৈ গজা কঠিন শিলাভূমি
য’ত এখোজ আগুৱালে পিছলি পৰিছিল 
হাজাৰভৰি মাটি!

ভাও দি দি পাহৰি গৈছিল নিজকে
আপোনজনৰ বাবে দুখবোৰ সুখৰে সজাই
সলাই পেলাইছিল জীৱনৰ প্ৰয়োজনবোধ
নিজেও সুখী হৈ আনকো সুখী কৰাৰ তাড়নাত 

আপোনজনৰ অহংকাৰ সন্তানৰ বৰমাত
সকলো সহিও সুখী হোৱাৰ ভাও!

বিশ্বাস ঘাতকতাৰ অনলত দহি-পুৰিও
কেনেকৈ দিয়ে সুখী হোৱাৰ ভাও?
তথাপি মুখত ভূৱন ভুলোৱা হাঁহি
কাৰণ প্ৰতিবন্ধকতা শিকলিৰে বান্ধ খাই আছে তাই

দুখী হোৱাৰ পথত প্ৰতিবন্ধকতা আছে
জীৱনৰ কাঢ়া নিৰ্দেশ
সুখী তাই  হ’বই লাগিব!
 উজুতিত আঙুলি চিঙিলেও
বতাহত কলিজা কপিলেও 

দহি পুৰি যোৱা ছাইৰ মাজতে
অৱশেষত নিজক বিচাৰি পালে তাই
নতুনকৈ

দলিয়াই পেলালে ৰক্তক্ষৰণ হোৱা দুভৰিৰ সোণালী জিঞ্জিৰি
ডেউকা জোকাৰি ঠিয় হ’ল
চিকমিকিয়া সোণালী ডেউকা 
ৰ’দত তিৰেবিৰায়
আলোক পিয়াসী তাই
আজি আৰু তাইৰ কোনো জাত নাই!
———————————
জুই নেদেখা ধোঁৱা 
অশোক ভৰালী
                 
বৰষুণৰ টোপাল সৰা দি
ভাল পোৱাৰ প্ৰতিটো মূহুৰ্ত
আকুলতাৰে হিয়া খন উজাৰি
এনেকৈয়ে পাৰ হৈ যায় 
অচিন ঘাটত ৰৈ 

উমি উমি জ্জ্বলে হেপাঁহ
বৰফৰ টুকুৰা হৈ
লাহে লাহে মৰমবোৰ সোমাই শিৰা উপশিৰাত
শিহৰণ জাগে নিজকে এবাৰ চুই চোৱাৰ

সুধিবৰ মন যায় নিজকে
ভালপোৱাৰ প্ৰতিদান কাৰ বাবে
সকলোচোন মোৰ পোৱা আৰু নোপোৱাৰ
অচিন বাটৰ চিনাকি সুৰৰ
ময়েইটো তল সৰা শেৱালি 
সুভ্ৰতাৰ স্নিগ্ধ সুবাস

জীৱনৰ ৰংবোৰ কাইটেৰে থাকিলেও আৱৰি
মোৰে বুকুত জন্ম হয়
জন্ম জন্মান্তৰৰ আজন্ম প্ৰেমৰ ঠিকনা

বোৱতী নৈৰ টুলুঙা নাওঁ
চপাম কোন ঘাটে 
সকলোচোন গৰাখহনীয়াত জাহ যোৱা
কহুৱা হৈ উৰি আছে ইকৰাত লাগি

প্ৰেম মৰম ভালপোৱা
বুজি পোৱা নোপোৱাৰ অবুজ সাঁথৰ
প্ৰতিদান সকলোকে লাগে
প্ৰেমৰ স্বৰ্গীয় অনুভূতিৰ

অশান্ত মনৰ দংশত
উমি উমি জ্বলে বুকুত
নৈৰ সিপাৰৰ 
জুই নেদেখা ধোঁৱা।
———————————
কবিতা লিখাৰ হেঁপাহ 
ষষ্ঠ সেনাপতি

মোৰো কবিতা লিখিবলৈ মন যায়! 
যেন শব্দ অলংকাৰে পাঠকৰ হৃদয় থকা সৰকা কৰিম!
কিমান যে অহঙ্কাৰ! 
কিন্তু শব্দাৱলী নিখুঁতভাবে সংযোজন কৰি মনৰ আবেগ অনুভূতিবোৰ প্ৰকাশৰ যি অলংকাৰ সেয়া একেবাৰেই শূন্য...
কেতিয়াবা ভাবো, 
এই কবিতা লিখা মানুহবোৰে কবিতাটো লিখোঁতে শব্দ ছন্দবোৰ কেনেকৈ ইমান সুন্দৰকৈ সজাই পৰাই মনৰ ভাব প্ৰকাশ কৰে! 
আচৰিত নালাগেনে? 
কবিতা লিখা হেঁপাহ মোৰো আছে কিন্তু শব্দৰ অৰ্থ মহিমা নুবুজাকৈ লিখিলেই কবিতা হৈ নুঠিব বুলি ভয়তে...
ঠিকেইতো...
কবিতাই লিখকৰ চিন্তা পৰিসৰ উমান দিয়ে...
সমাজলৈ বাৰ্তা দিয়ে!
মৌন কবি ভাষাই বহু কথাই কৈ যায়!
কাৰণ তাতেইতো কবিতা  লিখকৰ জয় !
তথাপি...
মন যায় কবিতা লিখিবলৈ 
কাৰণ মোৰো কবিতা লিখা  হেঁপাহ আছে।
——————————
সাতচল্লিশ
মাধুৰ্য প্ৰিয়ম দাস

'life is a continuous process'
                                              
এদিন হঠাতে ককাক সুধিছিলোঁ–
: মানুহ কেনেকৈ মৰে ককা?
:সেই যে নদীখন দেখিছ যিদিনা তাৰ পাৰলৈ মানুহ নোযোৱা হ'ব 
সেইদিনা নদীখন মৰিব; 
সেই যে ফুলজোপা দেখিছ যিদিনা মানুহে হাত নলগাব, সেইদিনা ফুলজোপা মৰিব।

মৃত্যু মানে তেন্তে শূন্য নেকি?
মৃত্যু মানে অলপ নিয়ম শৃংখলা
সুঁতি এৰি অহা এখন নৈ

আমাৰ চকুত অনিদ্ৰাৰ সপোন এটাই উকিয়াই থাকে আজিকালি
তাৰপিছত অলপ সান্তনা ককা
'এনেকুৱাটো কথা নাই যে
মৰহি যোৱাৰ ভয়ত 
মই নুফুলাকৈ থাকিম'

তেন্তে সত্য কি?
ভৱিষ্যতবাণী!

মাজৰাতিৰ বিষন্ন সপোনটোৱে কেনেকৈ জানিব
শুদ্ধৰ পৰা বুদ্ধলৈ কিমান দূৰত্ব?
ডিঙিলৈকে চেপি অনা দাৰুন সময়খিনিয়ে বুজিব
বুদ্ধৰ সন্ধানত মই কিমান দিন কৰিছোঁ অনশন!

নৈ খনলৈ ৰৈ থাকোতেই ককাৰ চাৰিকুৰি গ'ল
নৈ খনলৈ ৰৈ থাকোতেই দেউতাৰ তিনিকুৰি হ'ল
নৈ খনলৈ ৰৈ থাকোতেই মোৰ বাবে কিমান ৰ'ল? 
'সাতচল্লিশ!'
——————————
ভগ্ন গিলাচ
ডাঃ বন্দনা তামূলী 

গৈছিলোঁ মই 
মৃতকৰ লগত শৱ যাত্ৰী হৈ
অতি জীৰ্ণ জঘন্য মলিন  মৃতক লৈ
ৰাতি তেতিয়া তিনি বাজিছিল
কাষেৰে বৈ গৈছিল নৈখন
বতাহবোৰ ৰৈ গৈছিল
পকাৰ চিৰিটোত বহি ভাবিছিলোঁ
সেই জীয়া অতীত

মই বিচাৰিছিলোঁ তোমাক
তুমি বিচাৰিছিলা ৰঙীন গিলাচ

আজি কিন্তু তেওঁৰ গাত
দুই তিনি ধৰণৰ পোক
ইফালৰ পৰা সিফাললৈ
মুক্ত মনে বিচৰণ কৰি আছে

সেইদিনা ময়ো ঘুৰি ফুৰিছিলোঁ
ৰঙীণ কোঠাটোৰ ইমূৰ সিমূৰ
লাইটৰ তিৰ বিৰণিত দেখিছিলোঁ
আন এখন মাদকতা সনা
আঁচলৰ ঠিকনা নথকা
মায়াবী ৰুণ ঝুণ জনী

সেই মাদকতাতে শেষ কৰিছিলোঁ
ময়ো সকলো ভগ্ন গিলাচ লৈ

এতিয়া আঁচলৰ তলত থকা বুকুত
নাই হৃদয়ৰ স্পন্দন
মাদকতা সনা মুখখনিত
সৰু সৰু পোকৰ চলাচল

ৰাতি পুৱাবলৈ কিছু বেলি
ওচৰৰ কালি মন্দিৰত বাজি উঠিছিল 
শঙ্খৰ ধ্বনি

মৃতকৰ ওচৰত বহি দুগাল তিয়াই
সাহসেৰে কৈছিলোঁ
তুমিটো নাজানা
ময়ো একে পথৰ যাত্ৰী
লিভাৰ কাৰচিন’মাত ভূগি আছো
এটি ভগ্ন গিলাচ লৈ ।
——————————————————

Post a Comment

0 Comments