————————————————————
—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
চুচুক-চামাককৈ শীতৰ আগমন ঘটিছে। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাই সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছো। তেনেতে দূৱৰিৰ দলিচাত শৰতে পিন্ধাইছেহি শেৱালিৰ আঙঠি। কুঁৱলিৰ মায়াসনা যাদুয়ে কৰিছেহি দূৱৰিৰ দলিচা সিক্ত। নৈ পাৰৰ কঁহুৱাই জুৰিছে সেই সাতামপুৰুষীয়া শৰতৰ গান। গুৰুজনাই তাহানিতে বৰ্ণনা কৰি যোৱা সেই শৰতকাল পাবলৈ নাই,তথাপি আহিন-চেঁচা বতাহজাকে আমাৰ সকলোৰে কিছু পৰিমানে হ’লেও গা-মন শীতলাইছে।
শৰৎ নিজেই এক কবিতা।এনে এক কবিতা কবিতা পৰিৱেশত শীতৰ আগমনে আমাৰ মন প্ৰাণ পুলকিত কৰি তুলিছে।তাতে সুদীৰ্ঘ ১৮বছৰৰ পাছত পুনৰ লক্ষ্মীপূজা আৰু কাতি বিহু অসমবাসীয়ে একেলগে উদযাপন কৰাৰ সৌভাগ্য হৈছে। সমূহ কাব্যপ্ৰেমীক কাতি বিহুৰ লগতে লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বিনীত–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
যতি-চিহ্ন: ঊৰ্ধকমা
( এতিয়াও অনেকেই খেলিমেলি কৰি থকা দেখি)
দুটা ঊৰ্ধকমা ( " ... " ) আৰু এটা ঊৰ্ধকমা ( ' ... ' ) ৰ প্ৰয়োগত ভুল কৰি থকা (আনকি, সাহিত্য-বিষয়ক আলোচনীতো) দেখি কষ্ট পাওঁ।
নাটকৰ সংলাপ আৰু, কাৰোবাৰ উক্তি বা উদ্ধৃতিক হুবহু উদ্ধৃত কৰিবৰ বাবে -- দুটা ঊৰ্ধকমা ব্যৱহাৰ কৰাটোহে সঠিক।
কোনো কিতাপ বা বিশেষ বস্তু আদিৰ নাম ; প্ৰসংগক্ৰমে বা উদাহৰণস্বৰূপে তুলি ধৰা শব্দ ,বাক্য, কবিতাৰ শাৰী আৰু, বিশেষ অৰ্থ-বাহক শব্দক উনুকিয়াবলৈ -- এটা ঊৰ্ধকমা ব্যৱহাৰ কৰাটোহে নিয়ম ।
———————————
অনুবাদ কবিতা
九层之台起于累土,千里之行始于足下
A nine-storied tower rises from a heap of earth;
A thousand miles journey starts with the first step.
Lao Tzu (571 BCE-)
চীনা কৱিতা
লাও চু (৫৭১ খ্ৰীষ্টপূৰ্ব)
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ভাগৰুৱা ধৰাৰপৰা ন মহলীয়া টাৱাৰ এটা গজি উঠিল;
সহস্ৰযোজনৰ যাত্ৰা এটা খোজৰপৰাই আৰম্ভ হয়।
———————————
ভাল দিনৰ কথাত
মূল হিন্দী:- ৰাজকুমাৰ কুম্ভজ
অনুবাদ:-
ভাল দিনৰ কথাত
যি বতৰা আছিল ভাল দিনৰ
সেই বতৰা বুজোঁতে
কিছু সময় লাগিল জনতা-জনাৰ্দনৰ
ভাল দিন আহিলনো কাৰ বাবে ?
চৰকাৰী খৰছত বিদেশ ভ্ৰমণ
চৰকাৰী খৰছত পৰিধান-পলিটিক্সৰ প্ৰপঞ্চ
চৰকাৰী খৰছতে স্ব-প্ৰতিকৃতি নিৰ্মাণ
ভাল দিনৰ স্মৃতিত
শ্বহীদ হৈ গ'ল বহুতো ভাল দিন
তেতিয়াহে ওলাল উৰহিৰ ওৰ
আহিল, আহিল বাৰু কাৰ ভাল দিন ?
চৰকাৰী ইস্তাহাৰৰ ছবিবোৰত
অংকিত হ'ল বাঘ
কিন্তু সেই বাঘ নিতান্তই চৰকাৰী
নিতান্তই চৰকাৰী সেই বাঘৰ গোজৰ
ক'তোৱেই দেখা নাই- শুনা নাই--
ভাল দিনৰ কথাত
ভাল দিনৰ প্ৰতিজ্ঞাৰ ৰোদন
ভাল দিনৰ প্ৰতিজ্ঞাৰ ৰোদনত
ভাল দিনৰ প্ৰতিজ্ঞা লুকাই আছে
আৰু যি প্ৰতিজ্ঞা লুকাই আছে এই দিনবোৰত
তাৰ ভাল দিন কেতিয়াও, ক'তো নাই
ভাল দিনৰ কেলেংকাৰী এয়া--
গৰম তাৱাত ৰুটি সেকিছে
আৰু সেকা ৰুটিৰ বাবে আগ্ৰহেৰে ৰৈ থকা মানুহৰ
এয়াই , এয়া দুহাত মলি থকাৰ দৰে তাৰতম্য
ইয়াত আৰু তাত
ভাল দিনৰ দৰে একোৱেই নাই
এটি বাঘৰ ছবি কুকুৰৰ নিচিনা
বাঘৰ গোজৰণি নাই কুকুৰৰ
ভাল দিনৰ কথাত ।
----------------------–––––————
কবিতা
একো নাই
ৰেমী শৰ্মা
কি কৰিছা-
এয়া তোমাৰ চুন্নীখন টানিছোঁ
একো নাই মাত্ৰ তুমি ভয়ত খৰকৈ খোজ দিবা
নাইবা
মোক চিঞৰি গালি পাৰিবা
কি কৰিছা-
এয়া তোমাৰ বুকুত চাৰিখন হাত
তুমি চিঞৰিবা আমিও চিঞৰিম
আমাক ন্যায় লাগে
কি কৰিছা -
তোমাক লেহন
গুৰি পৰুৱাৰ সমদল---
ৰ’বা ময়ো যাওঁ
কি কৰিছা-
নামাতা কিয়
কি কৰিছা
আন্দোলন।
————————
বাট
মনালিছা শইকীয়া
বাটবোৰত
ফুলি থাকে ফুল
পৰি থাকে হুল
ফুলেই হওঁক
কিম্বা হুলেই হওঁক
ফুলে কাঁইটে বাটে বাট বান্ধে
কোনোজনে গুচাই দিয়ে বাটৰ হুল
কোনোজনে দুহাতত গুজি দিয়ে ফুল
ফুলৰ আকৌ কিযে ৰূপ
মৰহা পাপৰিতো থাকে স্মৃতিৰ সুখ
বাটৰ বুকুতে হাট
বাটৰ বুকুতে নাট
হাটে নাটে বাটবোৰ হৈ উঠে
অথিৰ জীৱনৰ পৰম আশ্বাস...
———————————
শেষাংশ
চয়নিকা ভূঞা
অহুকাণে পহুকাণে বৰঘৰৰ কাহিনী
এটা বিন্দুৰ পৰাই এখন সংসাৰ
সৌভাগ্যৰ চিন
ৰঘুৰ মাকৰ তিনিটা পুতেক
গাওঁ ৰজনজনাই যোৱা খবৰ
ৰঘুৰ মাকৰ মুখত গৰ্বৰ হাঁহি
বৰঘৰত জুই লাগিল
বৰঘৰত জুই লাগিল
এটা অজুহাতৰ গইনাত
সকলো সম্ভৱ
সম্বন্ধৰ পৰা তেজলৈ সকলো নিমাত
কাণ থাকিও কলা
চকু থাকিও কণা
দুৰ্ভাগ্যবশতঃ
ৰঘুৰ মাকৰ চৌকাত
এতিয়া জুই নজ্বলে ।
------------------
আই মোৰ আই
দেৱ দাস
কবিতা কবিতা লগা
মোৰ ৰূপহী আই
মানে মোগলে
মৰাণ
কলেৰা হাইজা বসন্ত
মহামাৰীত
বিলাই নোহোৱা আই
আই তোৰ বুকু
চপৰা চপৰে খহে
হৃদয়ৰ পাৰ উপচাই
লুইতে বিনায়
জ্যোতি বিষ্ণু অম্বিকাগিৰী
প্ৰাণ সঞ্চাৰ কৰে
আই মোৰ
আজিও তোৰ কোলাত
দুৰ্যোধনৰ হুতাহ
কেউপিনে মদৰ পোহাৰ
মদে বাইকে
পঞ্চমকাৰত
মোৰ আইৰ বুকু
থান বান
সঁচাকৈয়ে
সাৰ পাই উঠিব আই
আৰু সিদিনাই
দাউ দাউকৈ
জ্বলি উঠিব
দুষ্মনৰ চিতা জুই
কবিতা কবিতা লগা
আই মোৰ অসমী আই ।
——————————
কবিতাৰ কৰ্মশালা
ধ্ৰুৱজ্যোতি মহন্ত
মই আহিছিলোঁ
তোমালৈ ৷
তুমি হঠাতে গ’লা ক’লৈ
সুগন্ধ সিঁচি থৈ আকাশত,
ফুলনিত ?
এটি যেন ছাঁ পৰি ৰ’ল সোৱঁৰণৰ;
বগুৱা বালে
মনৰ মোৰ কঠিনতম বক্ষত ৷
উতলা চেনেহৰ
আলোড়ন !
গছে-পাতে শিহৰণ ৷
আজি এজাক নতুন ৰ’দ আহি
খিড়িকীৰে সোমাই বহিছে
মোৰ প্ৰাণোত্তম চকীত-
আবেগিক মোৰ অজেয় হৃদয় ৷
তপত ধোঁৱাৰ সমাহাৰ
তোমাৰ ধেনুকাৰী চকুত ৷
উতলা সপোন উপচি ভৰিছে চৌদিশ
বাৰিষাৰ লাৱনি ঢৌৰ দৰে
হালিছে জালিছে
আপোনপাহৰা সুৰধ্বনি
নিগৰাই
মোৰ বুকুত
মোৰ কোঠালি আন্ধাৰেৰে আবৰি আছিল অতদিনে
আজি পোহৰৰ তগবগত দৌৰিছে ;
মোৰ হৃদয়তলি
ব্যস্ত কৰি মোৰ কৰ্মশালা ৷
সৃষ্টি হ’ব যেন এটি
মৃৎশিল্প- কবিতা ....
——————————
পৃথিৱীৰ ভৱিষ্যত
উৎপল ভট্টাচাৰ্য
আপেল এটাই সলনি কৰিছিল
পৃথিৱীৰ ভৱিষ্যত।
ভোগতেই এদিন প্ৰগতিৰ গজিছিল পাখি।
চকুৰ পতাত সপোনৰ ভিৰ
গছে গছে জীৱৰ উশাহ
নদীয়ে, বতাহে
ৰ'দে বৰষুণে
সমন্বয়ৰ সুবাস।
ক্ৰমে ভোকাতুৰ পেট
ভোগী মনৰ গোলাম হোৱাৰ
কাহিনী লিখি
বিভাবৰী পৰ্দাত
জিলিকি উঠে ৰঙীন পৃথিৱী।
মৰি আহে সেউজীয়া
জ্বলি উঠে বনজুই
খহি আহে বৰফ
শুকাই আহে নদীৰ বক্ষ
হোলোঙাৰে খোঁচা
বায়ুমণ্ডলৰ বৰ্মভেদি
নামি আহিছে মৃত্যুদূত।
ক্ৰোধান্নিত আদিত্য পিতাই
কম্পিত বসুমতী আই।
উপায় মাথোঁ চাগে এটাই
সিক্ত চকুৱে চকুৱে
সঞ্চিত হওক এধানি শেলুৱৈ।
———————————
নিয়ৰৰ আল্পনা
নীলাঞ্জনা শৰ্মা বৰুৱা
শাৰদীয় দলিচাত
নিয়ৰৰ আল্পনা দেখি
ক্ষন্তেকৰ বাবে পুলকিত হৈ পৰে
হুঁমুনিয়াহে গাভাৰী কৰা উৰুঙা মন।
অনিৰুদ্ধ সমীৰণৰ
সুধাকণ্ঠী সুঁহুৰিত যেন দূৰৰ পৰাই
বিয়পি পৰে
এবুকু শাৰদীয় সুবাস।
উৎসৱ মোৰ প্ৰিয় নহয়,
কাৰণ উৎসৱৰ আনুষ্ঠানিকতাই
কাঢ়ি লৈ যায়
মোৰ উশাহৰ মৌমিঠা পল।
পলকতে ভাঙি দি যায়
মোৰ সপোনবুলীয়া চহৰৰ
সোণসেৰীয়া বাট।
সেয়ে অনানুষ্ঠানিকতা মোৰ প্ৰিয়
য'ত মই অকলে
বহু পৰ চাই থাকিব পাৰোঁ
কঁহুৱাৰ নাচোন।
অথবা বহু পৰ কথা পাতিব পাৰোঁ মই
তলসৰা শেৱালিৰ সৈতে।
এনেকৈয়ে ভাল লাগে
আকাশৰ তৰাগণি অথবা
পুৱতি নিশা নিয়ৰত খোজকাঢ়ি
সপোন ভঙাতকৈ
সপোন নেদেখাজন বেছি সুখী।
——————————
সত্যতা
মুক্তিস্নাতা শৰ্মা
ভদিয়াই শেষ কৰি গ'ল...
আহিনত জীপাল হ'ল,
চঞ্চল কঁহুৱা হালি-জালি
নিয়ৰৰ আলিংগনত
দূৱৰি জীপাল হ'ল,
সাক্ষী হ'ল শেৱালিৰ সুবাস...
জোনাকত লক্ষী উপজিল ৷
——————————
আইতাৰ হৃদয় আজি বিমূৰ্ত্তী
ৰাহুল কোঁৱৰ
হৃদয়ত আজি এখন ছবি বিমূৰ্ত্তী ’ “আইতাক ক’লো ”
আইতাই মোক সুধিলে ?
কাৰ ছবি বিমূৰ্ত্তী হৈছে ৷
মই ক’লো - কাৰনো হ’ব আজুককাৰ
তেওঁ যে অসীম এটাই শব্দ আজোককা ৷
তেওঁৰ দৰে বীৰৰ কথা ক’বলৈ শিকিলোঁ, তেওঁৰ লালন-পালনত শুশ্রূষা , শ্রদ্ধা,সন্মান দিবলৈ শিকিলোঁ।
কাৰণ তেওঁৰ এটাই শব্দ আজোককা ৷
আইতাই ক’লে- এই পৃথিৱীতেই কুৰুক্ষেত্ৰ হৈছিল , এই পৃথিৱীতেই পিতামহ ভীষ্ম প্রাণ গৈছিল , এই পৃথিৱীতেই গংগা, যমুনা , সৰস্বতী বৈ আছে ,
এই পৃথীৱীতে চক্ৰবেহু সোমাই অভিমুন্য মৃত্য হৈছিল।
তুমি এই সকলোবোৰতেই আছা !
কাৰণ মই তোমাৰ আইতা এইবোৰ কথা তুমি জনাটো উচিত
আজুককাৰ ভক্ত ছবিয়ে তোমাৰ হৃদয়ত আজি বিমূৰ্ত্তী ! নহয়নে?
তাৰোপৰি আৰু এগৰাকী মা আছে - এই পৃথিৱী ৷
আইতাই ক’লে - কিয় কৈছো জানানে ?
এই বিশ্বব্রহ্মাণ্ডত সৰুকৈ হলেও কুৰুক্ষেত্ৰ হয় ৷ সাৰথিৰ জীৱন যায় ৷
এইবোৰ বিমূৰ্ত্তী আজুককাৰ ছবি সৈতে হৃদয়ত ৰাখা পুত্ৰ
অকল জন্মদাত্ৰী মা বা মোৰ নহয় ৷
মই ক’লো- বিধিৰ লিখন জানো হয় খণ্ডন
অহংকাৰত বুৰ নাযাওঁ ৷ লোভত মোহ নাযাওঁ ৷ শুকুনিৰ স্বভাৱ নলওঁ মনৰ পৰা ত্যাগ কৰিছোঁ এনেবোৰ ভাৱ ৷
মৃত্যলৈকে অসীম এটা শব্দ জীয়াই থাকিব এই যে আজোককাৰ কথাবোৰ ৷ হৃদয়খন পুৰি ছাঁই হ’লেও
মাতৃভুমিৰ লগত মিলি যাম, শুই যাম নিথৰ হৈ ৷
——————————
নৱতম প্রভাতৰ আলোক যাত্রী
নাং ময়ূৰী বৰগোহাঁই
প্রভাতী সূৰুযৰ আলোক যাত্রী
জ্বলাই নৱ নৱ ৰূপ-ৰস-গন্ধ-বর্ণ বন্তি।
বিয়পাই জগতত অচিৰদ্যুতি।
স্বাগত, নৱাগত অভিনৱ জ্যোতি
আমি নৱতম প্রভাতৰ আলোক যাত্রী।
আলোক সুৰভি প্রতিভাৰ নৱনৱোন্মেষী
আমি হ’লো অভিনৱ সৃষ্টিকামী।
মেদিনীৰ বুকুৰ বৰষি অগ্নি
আমি হ’লো নৱ-নৱ প্রভাতী।
বিশ্বৰ ছন্দে ছন্দে উদয় আৰু অস্তৰ
বর্ণ-বৈচিত্র্যৰ ছয়াময়া কাচোনেৰে
বাখৰখটোৱা সোণালী হেংদাঙেৰে
সমস্বৰে গাওঁ আজি মোৰ
নিৰুপমা জননীৰ জয়গান।
ভেদাভেদ আতৰাই
হাতে-হাত ধৰি বিজ্ঞান প্রজ্ঞাৰ
পথত উঠি আমি আকাশ চুবলৈ যাওঁ ।
যুগ-সভ্যতাৰ পাপ ক্লীৱময় যুগ অৱসি
আমি গঢ়ো সত্যৰ আলোকপাতে
সৌন্দর্যৰ নতুন ধৰণী।
হৰিজন, পাহাৰী,হিন্দু, মুছলিম
বড়ো, কোচ, চুতীয়া কছাৰী আহোম
লুইত পাৰৰ যত অসমী
আমি হ'লো অমৰণ অভগণ
এক ৰক্তবীজ বিজয়ী যুগৰ।
ৰনোন্মত্ত দানৱ নাশি
গঢ়ো মানৱতাৰ পৃথিৱী।
সংস্কৃতিৰ স্রষ্টা আমি!
সংস্কৃতিৰ দ্রষ্টা আমি!
কুলষিত সমাজ নাশি
আমি গঢ়ো সভ্যতাৰ
শ্রেষ্ঠ "শিল্পীৰ পৃথিৱী" ।
——————————
আজিও চাই ৰওঁ
ভগদত্ত ডেকা
অপলক দৃষ্টিৰে চাই ৰওঁ
তোমাৰ মেঘালী চুলিৰ ভাজত
নৃত্যৰতা চিক্মিক্ বিজুলী
বৰষা তুমি
আহানা নামি
লৈ ধাৰাসাৰ বৃষ্টিৰে
পিতাইৰ সপোন সোণোৱালী।
সুবিমল সুনীল আকাশৰ
শুকুলা মেঘৰ ভাজত
চাই ৰওঁ তোমাৰ
ৰূপোৱালী চুলি
চাই ৰওঁ ডাৱৰৰ আঁৰত
হিৰণময়ী বাটেৰে কি দৰে
নামি আহে পিতাইৰ
সেউজীয়া হাঁহি
আজিও জীৱনৰ আৱেলি
চাই ৰওঁ আকাশৰ হেঙুলী
বৰষাৰ বিজুলী
শীতৰ কুঁৱলী
পথাৰ সোণোৱালী ।
আজিও চাই ৰওঁ
যোৱাৰ বাটেৰে তুমি
উভতি আহাই কিজানি।
———————————
স্তম্ভ
দিপ্তী মনি গোস্বামী
কংক্ৰিতবোৰে কুটি কুটি
ধৰাশায়ী কৰিলে মাটিৰ মমতা,
অনুভৱ ডেউকাত পলাই পতং দিলে
আবেগ অনুভূতিৰে সজোৱা মায়া-মমতা
অথবা হৃদয়ৰ গোপন কোণৰ নিভাজ আন্তৰিকতা।
গগনচুম্বী জড়তাই যদি
কেতিয়াবা আকাশো ঢুকি পায়
তথাপিও নুই কৰিব পাৰিব জানো
মাটিতেই সাজ লোৱা প্ৰথম সাৰ্থকৰ ক্ষমতা
যাৰ বলতেই আজি হৈ থাকিব পাৰিছে অধিক বলীয়ান
জীৱনৰ নাট মাথোঁ দুদিনীয়া
মঞ্চৰ কিছু সংলাপ চিৰ যুগমীয়া
আকাশৰ গম্বুজ খহি মাটিত সমাধি ললেও
জীৱন্ত সংলাপে সদায়ে জীয়াই ৰাখে মৃত আত্মাক
দিন- ৰাতি , চন্দ্ৰ -সূৰ্য আদি চিৰন্তন সত্য বোৰৰ দৰে।
———————————
ঊস্, ইমান নিৰ্দয় উশাহ
ড° আদিল আলী
তাই লাহে লাহে মৰিব ধৰিছে
তাৰ বাবেইটো বেদনাত চকুলো সৰিছে
দেহৰ কোষে-কোষে মেলিছে শিপা
শোৱাপাটীত চিৎকাৰ উশাহৰ উশাহ
তৃপ্তিৰে আহিনমহীয়া শৰতৰ শেৱালি বুটলা কুকিটোৱে নিঃসংগ হৈ
ঘৰৰ বাহিৰৰ জুপুৰিৰ চকুত ওলমি কান্দি আছে
যৌৱন মাতাল
স্মৃতিৰ এফাঁকি
শৰত সিন্ধু
সোঁৱৰণীৰ বাটেৰে!
খোজে খোজে
কঁপে উছাহ
বিষাদে তিতা নিয়ৰৰ চকুলো
টোপ টোপ দূৱৰিত সৰে
আঃ পশ্চিমত সোণালী বেলিৰ
মৃত্যু যন্ত্রণা
সঁচাকৈয়ে সহিব নোৱাৰা
তুচ্ছ নকৰিবা মোৰ এই নিৰাপদ যাত্রাক
বৰ জটিল জীৱন যাত্রাৰ সংগ্ৰামী চেতনা
তোমাক মোৰ সাহসৰ সহপাঠী কৰি থৈ
লাহে লাহে গঢ়িছো সপোন বাস্তৱ নিৰ্মাণ
ঊস্, ইমান নিৰ্দয় উশাহ
মাটিৰ পিঞ্জৰা এৰি যাওঁ বুলি
গুচি গ'ল নিমিষতে চিৰদিনলৈ
মনৰ মানসপটত জিলিকি ৰ'ল
স্মৃতিৰ সোণালী সুবাস ।
——————————
আহিন
গকুল চৌধুৰী
আহিন মাথোঁ এটি মাহ নহয়
আহিন মাথোঁ এটি নাম নহয়
আহিন হ’ল শাওণ আৰু আঘোণ
মাহৰ মাজৰ মন জুৰুৱা সময়৷
শৰৎ ঋতুৰ স্পৰ্শত উদ্যাপন
হোৱা ত্ৰিশ দিনীয়া ঋতুকালীন
উৎসৱ।
এই যে সেউজবুলীয়া আহিন
এই সেউজবুলীয়া আহিন হ’ল
নিৰ্মল বতাহ , স্নিগ্ধ জোনাক
গেৰ ধৰা ধাননি , শস্যসম্ভৱা
পথাৰ , দূৱৰি বনত নিয়ৰ কণা
খৰিকাজাঁই , হাচনাহানাৰ
সুবাস - সুগন্ধি কিম্বা শুকুলা
মেঘৰ মিলনৰ বেলা ৷
আহিন আৰুনো কি ?
আহিন আৰুনো কি ?
আহিন হ’ল এখন ফুলৰ মালিতা
যেন শেৱালি ফুলা ৰাতিৰ কবিতা
প্ৰকৃতিয়ে পিন্ধি লোৱা এখন চাদৰ
পৃথিৱীয়ে মেৰিয়াই লোৱা এখন
আচল
কামিনী কাঞ্চনে দিয়া শৰতৰ বতৰা
গুটিমালিতাই কৰা শৰতৰ প্ৰাৰ্থনা
ৰজনীগন্ধাই দিয়া শৰতৰ ঠিকনা
বকুল জোপাই কৰা শৰৎ বৰ্ণনা ৷
আহিন হ’ল ৰ’দে দিয়া শাৰদীয়
শুভেচ্ছা
এজাক ৰ’দৰ গান যেন ৰ’দফুলীয়া
আহিন সেউজীয়া মাথোঁ সেউজীয়া
মাটিত শেৱালি সৰা পুৱটিৰ সৌন্দৰ্যতা
আহিন এটি প্ৰেমৰ ঋতুৰ
জন্মকথা
এহাল ডেকা - গাভৰুৰ প্ৰেমৰ
কথাবাৰ্তা
আহিন শৰৎ আৰু শাৰদীৰ
কতকথা
আহিন শৰৎ আৰু শাৰদীৰ
প্ৰেমগাঁথা
আহিন শৰৎ আৰু শাৰদীৰ
প্ৰেমগাঁথা ৷
——————————
হেৰোৱাৰ দুখত
অলকা বুজৰ বৰুৱা
আকাশখনত সিদিনা তৰাবোৰে
ধেমালি কৰা নাছিল।
মেঘবোৰেও মুখবোৰ ওন্দোলাই আছিল
কিবা এটি হেৰুৱাৰ দুখত
যেন হোৰাহোৰে নামি আহিব সিহঁতৰ চকুৰে
বাৰিষাৰ এজাক বৰষুণ।
সন্ধিয়া জোনটোৱেও লুকুৱাই ৰাখিছিল
সদায় উজলি থকা লাৱণী মুখখনি
যেন ভয় কিবা এটি দু:সংবাদ দিয়াৰ।
তাৰ মাজতে হঠাৎ নামি আহিছিল
এজাক বৰষুণ,অকাৰণে, অজানিতে।
আশাবোৰ আধৰুৱা হোৱাৰ বেদনাত
নীলা আকাশৰ বুকুৱেদি বৈ আহিছিল
এখন এঙাৰ বৰণীয়া নৈ
পাহাৰৰ পানীপচাত
উচুপিছিল এটা ৰাতিৰ কেঁচুৱাই ।
——————————
ৰাৱণ দাহ ক’ত?
দীপক তালুকদাৰ
নিথৰ একোটা মূৰ্ত্তি
নিজান নিস্তব্ধ একোটা ইমেজ
মূৰ্ত্তিৰ ভিতৰৰ শতদৰ্পক কিৰিলি পাৰি জ্বলাই
দিছে
জ্বলোতাৰ ভিতৰত অসুৰ
কোনোবাৰে নহয় নেকি ৰাৱণ দাহন?
যাৰ হৈ প্ৰতিবৰ্ষে জ্বলাব লগা হয়
মাথোঁ জ্বলে সহস্ৰ নকল ৰাৱণ
বাৰ বাৰ
কৰমৰ ওলোটা পৰিণতিতে পিয়াদি পি ফুৰে ৰাৱণ
পিন্ধনত শান্ত সমাহিত ৰাৱণ
ভোগত মত্ত
আসুৰিকত শক্তিমন্ত
মইবৰ মইবৰ হৈ
(সেয়ে) বাৰে বাৰে আহে ৰাৱণ
বাৰে বাৰে হয় জ্বলন ৷
—————————
সোঁ ভৰিখন
ডাঃ বন্দনা তামূলী
পাহাৰখনৰ পৰা নামি আঁহিছিলোঁ
মোৰ পিছে পিছে নামি আহিছিল
নিঃশব্দতাৰ শব্দবোৰ
সন্ধ্যা হ’বলৈ কিছুপৰ
নামিয়েই চকু পৰিল
দ’ম এটি
ফাগুনৰ সৰাপাতৰ
শিলছটাত বহি ৰ’লোঁ
বেলিটিয়ে এটা চকু মুদি যেন
অস্তগামিত হ’বলৈ সাজু হ’ল
তৰা দেখা বিৰিণাৰ
ঘৰৰ পৰা দেখিছিলোঁ
সেই সপোনৰ বালিমাহী
মই ,শিলছটা আৰু সৰাপাতৰ দ’ম
হঠাতে অহা বতাহজাকে
উৰুৱাই নিলে সৰাপাতবোৰ
এয়া কি
এখন সোঁ ভৰি
চলচলীয়া চকুৰে মনত পেলালোঁ
কাষৰ নিচলীয়া মাতৃ গৰাকীৰ
দুদিন আগতে হেৰোৱা
এক মাত্ৰ সন্তানটিলৈ।
—————————
খলপীয়া সময়
জানমণি শইকীয়া
দুযোৰ চকু...
আৰু দুৰ্কপলীয়া
দুখন হৃদয়ৰ গৰাকী মই ।
কিয় জানেনে ?
ঘৰ বাহিৰ হোৱাৰ লগে লগে
আৰু এযোৰ চকুৰ প্ৰয়োজন হয়...
ঠিক হৃদয়খনো তেনেকৈ সজাই লওঁ।
এখলপ ৰঙা
আনটো খলপ ধোঁৱা বৰণীয়া।
ঘৰলৈ অহাৰ পাছত
যেতিয়া ভাগৰ পলোৱাও
তেতিয়া এযোৰ চকু
আৰু এখলপ হৃদয় আঁতৰাই দিও৷
নিজক প্ৰশ্ন কৰোঁ...
এবাৰ দুবাৰ বাৰে বাৰে
এই নাটকীয় দৃশ্য
আৰু কিমান দিনলৈ?
——————————
উৎসৱ
অঞ্জনা ৰূপা দাস
চৌদিশে উৎসৱ!
উৎসৱৰ উপকুলত
মতলীয়া জনগণ।
ৰঙৰ উৎসৱ,
সংস্কৃতিৰ উৎসৱ,
জীৱনৰ উৎসৱ,
টউৎসৱৰ আনন্দত
উপচি পৰিছে হৃদয় উপত্যকা।
হওক প্ৰতি দিনে উৎসৱ হওক,
উৎসৱ হওক আনন্দৰ--
সমন্ধত আনন্দৰ উৎসৱ হওক-
কাৰো মৰম- চেনেহ,
দায়িত্ব -কৰ্তব্যৰ পৰা কোনো
বঞ্চিত হৈ আপোনজনৰ হৃদয় ব্যথিত নহওক।
উৎসৱ হওক শাসকৰ স্থানত
য'ত প্ৰজা ৰাম -ৰাজ্যৰ দৰে
বসবাস হওক।
উৎসৱ হওক শ্ৰমিক, শিক্ষক
সমূহ কৰ্মচাৰীৰ,
সততা, নিষ্ঠাৰে কৰ্তব্য পালন হওক।
উৎসৱ হওক নিষ্কৰ্মা, নিবনুৱা
যিয়ে সংস্থাপনৰ সুযোগ পাওক।
জীৱনৰ গতিপথৰ মূল্যবুজি
কৰ্মত আত্মনিয়োগ কৰক।
সকলো সকলোৰে বাবে
এই মহা মূলমন্ত্রৰ অৰ্থ বুজি
এখন পৰিশীলিত সমাজ,
আদৰ্শবান পৰিয়াল,
ন্যায়, নিষ্ঠাবান ব্যক্তিৰ
সৃষ্টি-উৎসৱৰ নিজৰা বৈ আহক
ব্যক্তিৰ পৰা ব্যক্তি লৈ,
পুৰুষৰ পৰা উত্তৰ পুৰুষ লৈ।
সৃষ্টি-উৎসৱৰ আনন্দৰে
হৃদয় ৰঙীণ হওক -
ৰঙীণ হওক সমাজ
ৰঙীণ হওক সেউজীয়া প্ৰকৃতি।
——————————
মা দুৰ্গতি নাশিনী
প্ৰবীন চন্দ্ৰ তালুকদাৰ
মা দুৰ্গা, তুমি জগতৰ মা
তুমি মা, দুৰ্গতি নাশিনী
মা তুমি অসুৰ ঘাটিনী
শত-সহস্ৰ প্ৰণাম জনাইছোঁ আমি
ৰক্ষা কৰি যাবা সদায়,ভক্তগণক তোমাৰ
কলিযুগৰ এই বিপদৰ সময়ত৷
মা তুমিয়ে ধ্বংস কৰিলা মহীষাসুৰক
নাশিলা লগতে সেই ৰক্ত-বীজক!
ৰাখিবলৈ নিষ্কণ্টক কৰি সকলোকে
আক্ৰমণৰ পৰা অসুৰ কুলৰ
উভয়তে দেৱলোক আৰু মৈৰ্ত্তলোকত৷
আকৌ ওলাইছে মা, আকৌ এজাক অসুৰ
ফুৰিছে হুংকাৰ দি সততে সৰ্বত্ৰে
আহিছে বাধা প্ৰদান কৰি তোমাৰ পূজাত
ভাঙি পেলাইছে মা, মূৰ্তিবোৰো তোমাৰ
পোৱা নাই নে মা তুমি ,তেনেবোৰ খৱৰ?
মা তুমি শক্তি ৰূপিনী
শক্তিৰ অধিস্থাত্ৰী দেৱী তুমি
নোৱাৰা নে ভাঙি পেলাবলৈ হাত-ভৰিবোৰ
হৃদয়হীন বিবেকহীন সেই অসুৰবোৰৰ
আহে যেতিয়া ভাঙিবলৈ খেদি
মূৰ্তিবোৰ তোমাৰ পূজাৰ বেদীৰ?
——————————
মাথোঁ এটি নাম নহয়
ইৰা দেবী
মাথোঁ এটি নাম নহয়
এটি পদক্ষেপ,এটি উদেশ্যে
এটি ভাবনা,এটি লক্ষ্য
মাথোঁ এটি নাম নহয়,
মানৱতাৰেআন এটি নাম।
অদম্য কৰ্ম স্পৃহা,
উদ্যোগৰ বাবেই যেন উচৰ্গিত জীৱন।
প্ৰচণ্ড উত্তাপেও গলাব নোৱৰা,
কত ধুমুহাতো ভাগি নপৰা
ঘাত-প্ৰতিঘাতৰ বাধা নেউচি
মানৱ প্ৰেমেৰে মহীয়ান কৰা
এখনি সৰল হৃদয়
আৰ্তজনৰ দুখ অনুভৱী
এখনি মৰমী হৃদয়।
এখনি অভেদ্য কবচ পৰিধানেৰে
তেওঁ ভাৰত সন্তান
কেৱল ভাৰতৰে নহয়
বিশ্ব বন্দিত ৰত্ন খচিত পুৰুষ,
নাম তেওঁৰ ৰতন টাটা
মাথোঁ এটি নাম নহয়।
——————————
গাওঁখন মোৰ বৰ বুকুৰ আপোন
অশোক ভৰালী
চহৰৰ পৰা বহু দূৰত
মোৰ গাওঁ
শৈশৱৰ ধেমালিবোৰে মোক ৰিঙিয়াই
আহচোন আহ
হাতে হাত বঢ়াই
ৰংবোৰ বুটলি লও
ৰজাই হুকুম দিছে
এদিম ছেদিম বা
আইৰ ধমকি
খেলিব নেলাগে ভৰ দুপৰীয়া
ভূতে পাব
স্কুলৰ পৰা আহি
ভৰি দুখনে কূট কূটাই
শব্দ হয় হাড়ে হাড়ে
মনৰ জুইকুৰা বুকুত নহয়
ৰবাব টেঙাৰ বলত আঘাত হানেও
এটাৰ পিছত এটা
দুফাল হয়
গোল...
ফটা পেন্টত আইৰ হাতৰ চিলনীত
মাতৃ স্নেহৰ বান্ধোন
হাত ভৰি ভাঙিলে বিচনাত পেলাই থ’ম
কেচাঁ হালধি বিচাৰি
ইখন বাৰীৰ পৰা সিখন বাৰী
মোৰ বোপাই ভৰিত বৰ দুখ পালেও
বগী পেহীৰ যাৰ ফুকত
বিহঢেকীয়াৰ পাতে কয়
মই আছোঁ নহয়
ঢিমিক ঢিমিক জ্বলি থকা
তুলসীৰ তলৰ বন্তি গছিয়ে
শান্ত কৰি দিয়ে অশান্ত মন
আইতাৰ সাধুকথাৰ মাজত
নিজকে বিচাৰি চাওঁ
কেতিয়াবা ৰাজকুমাৰ হৈ
আৰু কেতিয়াবা গৰখীয়া হৈ
টোপনিত লালকাল হোৱা মনে বিচাৰে
ইখন চোতালৰ পৰা আন এখন চোতাল
মনে নুবুজে কোন আপোন কোন পৰ
নিজম পৰা পদূলিত
পূৰ্ণতা পাই শৈশৱৰ কিৰীলি
গধূলিত হোৱা ভাগ বতৰা
প্ৰভাতৰ কিৰণত নতুনত্ব পায়
পাখি মেলি উৰা মাৰে আকাশ চুবলৈ
হাতে হাত বঢ়াই
সোণোৱালী শস্যৰ স্নিগ্ধ সুবাসত
পুলকিত মনে আপোন পাহৰা হৈ
সৰু সৰু আলিত বহি
সপোন দেখে ভবিষ্যতৰ
কংক্ৰীটৰ চহৰৰ পৰা বহু দূৰত
সুখ আৰু দুখৰ সমভাগী
মোৰ গাঁৱত নিশাৰ এন্ধাৰত
বিচাৰি পায় দিনৰ পোহৰ
শাৰী শাৰী নাৰিকলৰ পাতত বহা
ফেঁচাৰ কুৰুলিত
আজিও বিবাহ হৈ যায়
বৰঘৰৰ শুৱনি জীয়ৰীৰ
নানা ঘাত প্ৰতিঘাতত মোৰ বুকুত সাহস
জীৱন যুদ্ধৰ আখৰা
গাওঁখন মোৰ বৰ
বুকুৰ আপোন।
——————————
প্ৰভুভক্ত কুকুৰ
ৰঞ্জন বৰ্মন
তীব্ৰ বেগী গাড়ীৰ চেপাত
ৰাজপথত দাঁত নিকটাই পৰি আছে—কুকুৰ
প্ৰভুভক্ত কুকুৰ
তাৰ এই কৰুণ মৃত্যুৱে
স্পৰ্শ কৰিব নোৱাৰে স্বাৰ্থন্বেষী মানুহক
দিন দিনটো সি প্ৰভুৰ দুৱাৰ দলিত পহৰা দি
ৰাতি জিৰণি লয়
চহৰৰ ওখ গছজোপাৰ তলত
বুকুৱেদি উজাই আহিলে ভোক
কোনেও নেদেখাকৈ পদপথৰ ডাষ্টবিনত
বুটলি খাই উচ্ছিষ্ট
তাৰ ভুল মাথোঁ এটাই
পেটৰ বুভুক্ষাত
এদিন সি প্ৰভুৰ জোতাৰ চামৰা কামুৰিছিল
আৰু আজি
দাঁত নিকটাই পৰি আছে - ৰাজপথত।
———————————————————
0 Comments