পষেকীয়া কাব্যকানন সপ্তম বৰ্ষৰ দ্বাদশ সংখ্যা

—————————————————————
—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -অৰুণ গগৈ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------
———————————
বাটচ’ৰা
সম্পাদকীয়...

  কবিতাৰ সংজ্ঞাক লৈ সময়ে সময়ে সূচনা হোৱা  বিতৰ্কৰ শেষ নাই। আজিলৈ কবিতাৰ সুনিৰ্দিষ্ট সংজ্ঞা নিৰ্ধাৰণ নহ’ল। সেয়ে কবিতানো কোনবোৰ –তাকলৈ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখা যায়।যাৰ উত্তৰ কাৰো হাতত নাই।
   এটা কথা ঠিক, চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কবিতাৰ যি জনপ্ৰিয়তা, কাব্যসংকলনৰ যি সমাদৰ ,সেয়া আমাৰ ইয়াত নাই। তাৰ কাৰণ বহুত। বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হৈছে সহজ সৰলতা। সহজ সৰল কবিতাবোৰে সকলো পাঠককে আকৰ্ষিত কৰে।শেহতীয়াকৈ অসমীয়া কবিতাবোৰতো এই বৈশিষ্ট্য পৰলক্ষিত হৈছে। ই এক শুভ লক্ষণ।

বিনীত–
নৱ ৰাজন
কাব্যকানন
———————————————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা

  এগৰাকী লেখকে নিজৰ নামটো যিদৰে লিখে, লিখিছিল -- সেয়াই শুদ্ধ বুলি মানি ল'ব লাগে। 'বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্য'দেৱে -- 'ভট্টাচার্য' বুলি নিলিখিছিল। তেখেতৰ কালজয়ী উপন্যাসখনৰ নাম ''ইয়াৰুইংগম' নাছিল ; আছিল : 'ইয়াৰুইঙ্গম'হে। ই দৃষ্টি-কটুয়েই নহয় -- অপমানজনক! 
[ 'খেল  মানসিকতা' নহয় -- 'খেল-মানসিকতা'হে ]

# জতুৱা ঠাঁচত অতিকে চহকী -- আমাৰ ভাষাত 'বনোৱা' শব্দটো নাই। ঘৰ  সাজে, বাট  বান্ধে / সাজে, লাডু  বান্ধে, ভাত  ৰান্ধে, খোজ  কাঢ়ে, গালি  পাৰে, লগ  ধৰে, ফ'ন  কৰে, ফ'টো  তোলে... 

নিজ দেশক ভাল পোৱাৰ নিদৰ্শন -- মাতৃভাষাটোক ভাল পোৱা। ভাল পাই -- ভাষাটো যিমানখিনি পাৰি শুদ্ধকৈ লিখিবলৈ ( কোৱাটো অন্য কথা) চেষ্টা কৰাটো -- এটা জাতিৰ শুভলক্ষণ। ইংৰাজীত wait আৰু observation ক ভুলকৈ লিখোঁ জানো! পিছে, অসমীয়াত 'ৰোৱা' আৰু 'ৰখা'ক?
—————————————————————
                   অনুবাদ কবিতা

春有百花秋有月,夏有凉风冬有雪。

若无闲事挂心头,便是人间好时节。

Chinese poem
By- Wumen Huikai (1183-1260)

With Spring flowers, Autumn moon,   

The Winter snow, and breezy Summer air

If in your heart there’s not a single care,

Any season will be the finest hour.


চীনা কৱিতা
মূল: ৱুমেন হুইকাই (১১৮৩-১২৬০)
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

বসন্তত ফুলৰ বৈভৱ, 
শৰতত চন্দ্ৰৰ গৰিমা,
    
শীতকালীন বৰফ, 
আৰু গ্ৰীষ্মকালীন বতাহৰ আস্ফালন,

যদি তোমাৰ হৃদয়ত 
এধানো অনুকম্পন নাই,

যিকোনো ঋতুই হ’ব 
আটাইতকৈ উন্নত নিৰ্ঘণ্ট।
——————————
এডাল বৃক্ষৰ হত্যা
মূল হিন্দীঃ-  কুঁৱৰ নাৰায়ণ 
অনুবাদঃ-- গণেশ বৰ্মন 

এইবাৰ ঘৰলৈ উভতি আহোতে দেখা নাছিলোঁ---
সেই বৃদ্ধ প্ৰহৰী বৃক্ষডাল
যি সদায়েই ঘৰৰ সন্মুখত সষ্টম হৈ আছিল।

পুৰণি বাকলিৰে পুষ্ট তাৰ শৰীৰ
সেই কঠিন প্ৰাণ
আঁচোৰেৰে ভৰা ৰুক্ষ-মলিয়ন কাণ্ড,
ৰাইফলৰ দৰে তাৰ শুকান ডাল,
ওপৰৰ পাতে-ফুলে ভৰা ডালবোৰ যেন এটা পাগুৰি
দুভৰিত ফটা-চিটা পুৰণি জোতাৰ 
খৰমৰণি শব্দেৰে কঠিন শক্তি ,
ৰ'দে- বৰষুণে
জহে- জাৰে
সদা- সতৰ্ক
নিজৰ খাকী পোছাকেৰে

দূৰৈৰ পৰাই গৰ্জন-- কোন ? 
মই উত্তৰ দিওঁ , ' বন্ধু ! '
আৰু মুহূৰ্ততে বহি পৰোঁ
তাৰ শীতল ছায়াত

দৰাচলতে,প্ৰথমৰে পৰাই  মোৰ সন্দেহ ! 
ক'ৰবাত এক শত্ৰু --
ঘৰখন বচাব লাগে চোৰৰ পৰা
চহৰখন বচাব লাগে দস্যুৰ বৰ্বৰতাৰ পৰা
দেশখন বচাব লাগে দেশৰ শত্ৰুৰ পৰা
বচাব লাগে ----
নদীবোৰক নলা হোৱাৰ পৰা
বতাহক ধোঁৱা হোৱাৰ পৰা
খাদ্যক গৰল হোৱাৰ পৰা
বচাব লাগে -- অৰণ্যক মৰু হোৱাৰ পৰা
বচাব লাগে -- মানুহক অৰণ্য হৈ যোৱাৰ পৰা ।   
 ----------------------------
                        কবিতা
ধাৰাবাহিকতা
ধ্ৰুৱজ্যোতি মহন্ত

হাবিখনে চাই থাকোঁতেই  
এছাটি বতাহ আহি 
তলসৰা পাতবোৰ 
উৰুৱাই নিলে 

ছাঁ-পোহৰৰ জালিকটা এঢলীয়াৰে গ'লগৈ নিমিষতে উৰি 

হাবিখন ৰৈ থাকিল তাতেই 

আমাৰো এদিন তেনেকুৱাই হ'ব 
হঠাতে বতাহ ব'লি জোৰেৰে 
চাই থাকোঁতেই উৰুৱাই নিব স্মৃতি-চিহ্নবোৰ 
জীৱনৰ এঢলীয়া পৃষ্ঠভূমিৰে পিচলাই 
অদৃশ্যলৈ  
চিৰকাললৈ 

সময়ৰ ওলোটা গতি  
দহৰ পাছত ন 
একৰ পাছত শূন্য...তাৰ পাছত...
নতুন পৰিক্ৰমা নিৰন্তৰ সময়ৰ গতি আমাৰ পৰা আঁতৰলৈ 

ওলমি ৰ'ব জীৱনৰ উচ্চাৰিত শব্দবোৰ 
বাজিব ঘন্টাধ্বনি হৈ 
সোঁৱৰাই 
জীৱনৰ 
অবধাৰিত 
গতিময়তা 

গছৰ আগলিৰে পোহৰৰ তিৰবিৰ নাচোঁন 
জালিকটা ছাঁ-পোহৰৰ দলিচা এখনি হৈ 
ধৰাতলত পৰি ৰ'ব- উত্তৰসূৰীৰ বাবে নিস্প্ৰাণ এখন ছবি
——————————
ৰাগ
বিনীতা গোস্বামী 

অলপ আগতে ইয়াত মেঘ আছিল, এতিয়া  ফৰিংফুটা জোনাক
অলপ আগতে ইয়াত গৰম আছিল, এতিয়া  আৰামদায়ক শীতলতা
অলপ আগতে ইয়াত  খাৱৈ আছিল, এতিয়া 
পলসুৱা মাটি 
....এই কথা শুনিবলৈ কাণ দুখনত ৰাতি তেল লগাই শুঁই পৰোঁ 
আৰু ঐনিতম গাই জনাওঁ 
উষ্ণ শৰীৰৰ যাতনা 

হোম-চায়েঞ্চৰ ক্লাছ কৰি ভাগৰুৱা শৰীৰটোক 
জুৰণি দিবলৈ 
এচকল ৰাগৰ প্ৰয়োজন 

কাপোৰ
ডায়েট 
মেক-অভাৰ সামগ্ৰী 
আউটিঙৰ বাবে এখন গাড়ী 
দুযোৰমান ভাল চেন্দেল...
ঠিক যেন 
মেঘ 
বৰষুণ 
পাহাৰ
নিজৰা
তৰালি ভৰা আকাশ 
সূৰ্যোদয় কিম্বা সূৰ্যাস্ত 
সকলোবোৰ ৰাগৰ সংগী 

যি কোৰানৰ কালমাত 
অথবা 
বেদৰ বাণীত  লিখা নাথাকিলেও  
জীৱন  প্ৰাধান্য মন্ত্ৰ ।
—————————
He is  Mr.  Homenda
ড° প্ৰহ্লাদ বসুমতাৰী

অস্তিত্ববাদী  জীৱনৰ বাট নহয় যে মসৃণ 
কোনো চিন্তাই আনি নিদিয়ে চৰম সন্তুষ্টিৰ বাৰ্তা 
কোনো কামে আনি নিদিয়ে কৃতকাৰ্যতা
সদায় খেপিয়াই ফুৰে জীৱন নামৰ চকলাটোৰ বাবে জীয়াই থকাৰ অৰ্থপূৰ্ণতা

মই স্বাভিমানী নহওঁ
অহংকাৰীও নকওঁ
মোক লাগে  জীৱনটোক মুক্ত বিহংগমভাৱে উদযাপন কৰাৰ মাদকতা
এই মাদকতাই মোৰ স্বাধীনতা
কিয়নো
স্বাধীনতাই যে মোৰ জীৱনৰ একমাত্ৰ বাৰ্তা।
——————————
আজি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


'পাপ’ শব্দটোক সমাধিস্থ কৰি
জুখি চাব বিছাৰিছোঁ 
সদাচাৰ আৰু প্ৰেমৰ পৰিধি
সত্য সুন্দৰেই প্ৰেমৰ আধাৰচোন
গাভৰু নদীত ভাহি যায় মাথোঁ
অবৈধ ভ্ৰুণৰ মৌন সমদল
এজন নিষ্ঠাবান সংবাদসেৱীয়ে
সংবাদটোৰ সম্প্ৰচাৰ কৰিছিল
প্ৰয়োজনীয়তা নাছিল কাৰো
ভ্ৰুণবোৰৰ ঠিকনা
পিতৃ-মাতৃৰ অপৰাধ 
অভিযোগ অনুযোগ
পদবীয়ে ভেকোভাওনা পাতে
জিভাখন আমাৰ চোমালিয়া
নয়নমনিত ক’লা ক’লা কফিন।
———————————
ভাল লগাবোৰ সামৰি ৰাখা
ৰিংকুমণি বড়া

ভাল লগাবোৰ ভাল লগা হৈ থাকিব দিয়া
যিমানে ওচৰ চাপি আহিবা
সিমানে তোমাৰ ভাললগাবোৰ 
গলি গলি নিঃশেষ হৈ আহিব

এটা সময়ত হেঁপাহৰ সময়বোৰ বিৰক্তিলৈ সলনি হ'ব
আবেগবোৰে সময়ৰ অভাৱত 
আন দিশে বাট ল'ব
মেটমৰা অনুভৱৰ জপাত এদিন এনেকৈয়ে 
কথাবোৰ শেষ হৈ আহিব! 
ভাল লগাবোৰ ভাল লগা হৈ থাকিব দিয়া

ভাল লগা মানেইতো ভালপোৱা নহয়
ভাল লগাটো সহজ চিক্ মিকনিত থৰ হৈ পৰে দুচকু
পোৱাৰ হেঁপাহ এটাই কুটি কুটি খায় বুকু
এদিন, ক্ষয়িষ্ণু হেপাঁহবোৰ তুলা হৈ উৰি যায়
কিন্তু ভালপোৱা ? 
ভালপোৱাততো মৰি মৰি জী উঠিব পাৰি...
আৰু জী উঠিও মৰি যাব পাৰি
তেওঁৰ কুশল কামনাৰে পাৰ কৰি দিব পাৰি 
হাজাৰটা উজাগৰী ৰাতি
অনুৰোধ, ভাল লগাবোৰ সামৰি ৰাখা।
———————————————
কয়লাৰ চুবুৰি
ৰমেশ চন্দ্ৰ ৰায় 

১.
কয়লাবোৰ ৰঙা 
লো টুকুৰা ততোধিক ৰঙা হোৱালৈ
গভীৰ প্ৰতীক্ষা 

তাৰ পাছতেই হাতুৰী চলে
এখন কৃপাণ এখন কুঠাৰ অথবা গঢ়ি উঠে 
এখন খুকুৰি

সন্ধিয়ালৈ ভাব এটা উজাই আহে 
বছৰৰ শেষত যেতিয়া তোমাৰ কাষলৈ যাম
কয়লাৰ ৰং লোৱা এই মানুহটোক
তুমি চিনিয়েই নাপাবা

২.
হীৰালালৰ দোকানত পাঁচ টকাকৈ বিকিছে
গৰম কচুৰি 
লগত এটা ভজা জলকীয়া 
কচুৰিবোৰ ইমানেই সৰু
যেন জেঠীমাৰ হালধীয়া কাণফুল

তাৰো কয়লাৰ চৌকা

৩.
ছিক্সলেনৰ  ডিভাইডাৰত
সন্ধিয়া সন্ধিয়া 
বালি গৰম কৰি
বুট আৰু বাদাম ভাজিছে
মাখিয়ে

তেওঁৰ কলা পৰা মুখখনত
ট্ৰাক আৰু চুপাৰৰ লাইটৰ পোহৰ 

৪.
মাজে-মাজে 
কয়লাৰ চুবুৰিতো বৰষুণ নামে 

চুবুৰিটো মাতাল হয়

ৰং বিচাৰি ।   
––––––––––––––––––——
হকাৰ 
ইভা গন্ধীয়া ফুকন

ৰ'দ বৰষুণে নোৱাৰে ৰোধিব 
কৰ্মৰ গতি
খবৰ কাগজখন পুৱাতে দিব পৰাতেই সন্তুষ্টি
দোপালপিটা বৰষুণত নিজে তিতি
কাকতৰ মোনা কেনেকৈ বচাওঁ তাৰেহে প্ৰস্তুতি
বাই চাইকেলৰ পেডেলত ঘূৰে কৰ্মৰ গতি 
কাৰোবাৰ গেটৰ বাকচে 
কাৰোবাৰ প্ৰিয়
দুৱাৰমুখে 
বাট চাই থকা কাকতখন
দিয়াৰ চুক্তি

সত্য প্ৰশস্তিৰ গানৰ টুকুৰাৰে খবৰ কাগজত 
অমানুহৰ বিৰুদ্ধে মানুহৰ জোৰ সমদল বান্ধিছে
ভোগ-বিলাসৰ টনা আঁজোৰাত 
চিৰা চিৰ হৈছে পৃথিৱীৰ সভ্যতা 
এইবোৰকে চাই চাই সমাজ আগুৱাই 
সকলোতে খবৰৰ প্ৰয়োভৰ 
হকাৰৰ খবৰ ৰাখে কোনে 
ক্ষয় যোৱা চেন্দেলযোৰে জানে সময়ৰ স্থিতি
মহাজনৰ দোকানত বাকীখাতাৰ দীঘলীয়া লিষ্ট 
মাহেকৰ টকাৰে কৰিব নোৱাৰে চুটি 
তথাপি এৰিব নোখোজে হকাৰ বৃত্তি

চাৰিওফালে মহঙা বজাৰ 
চলি থাকে চলমান পৃথিবীৰ গতিত 
উশাহৰ বাটত ঘনে ঘনে সৰে দুখৰ ছবি
জ্বলি জ্বলি শেষ নহয় 
মনৰ হেঁপেহুৱা আকাশ 
যুঁজি যুঁজি জীয়াই থকাৰ ইচ্ছাত 
শেষ নহয় দিন অথবা ৰাতিৰ অৱকাশ!
——————————
বেসুৰা সুৰ
গিৰিজা শৰ্মা 

মৰিবলৈ ওলোৱা জোনটোৰ হাতত সেইখন 
সপোনৰ ইস্তাহাৰেই আছিল

অৱক্ষয়মান জোনাকসনা সন্ধিয়া
গান এটি হৈ মই ক'ত জানো বাজি আছিলোঁ !

অপসৃয়মান ছাঁবোৰে হাবিখন গিলি পেলাইছিল
সন্ধিয়াৰ তৰাবোৰ ছট্ ফটাই আছিল 
মাজে মাজে প্ৰতিধ্বনিত হৈছিল
সৰা তৰাৰ আৰ্তচিৎকাৰ 
সেইখন জগতত তুমি আছিলা নে নাই
জনাৰ উপায় নাছিল
অদূৰৰ বিৰিখৰ হালধীয়াপাতে কাতৰে হুমুনিয়াহ কাঢ়িছিল
অৱধাৰিত ভাবে 
এটা সময়ত সুৰবোৰ বেসুৰা হয়

মৰা এটা শিলৰ বুকুত
যেতিয়া মই মোক উদ্ধাৰ কৰিছিলোঁ
গজিবলৈ ধৰা জোনটোৰ হাতত উদ্ভাসি উঠিছিল
এখনি জৰাজীৰ্ণ ইস্তাহাৰ ।
———————————
পৰিপক্কতাৰ আঁৰত
ৰেখা বৰকটকী

কবিতাৰ পৰিপূৰ্ণ পথাৰেদি 
অবাধে  বিচৰণ  কৰা কবিৰ
বাধাহীন যাত্ৰা
অকবিৰ  বিপুল সমাবেশত
কবিতাৰ ৰুদ্ধস্বাস!
কবিতাই ক্ষত বিক্ষত হৈ
কৰা চিৎকাৰে কবিক সোধে জাতিঙ্গা পাহাৰত বজা
মৃত্যু দুন্দূৰ্ভি শুনেনে কোনোবাই?
কবিতাৰ মেটমৰা চোতালত  হাবু-ডুবু খোৱা অলস কবি আমি
কিহৰ তাড়নাত কবি হ'ব খোজো?
নিলিখিলোৱেই যেনিবা কবিতা তাতেনো কাৰ কি ক্ষতি?
শব্দচয়নৰ সীমিত জ্ঞানে  আমাৰ বাট ভেটে.. 
অনুৰ্বৰ মস্তিষ্কৰে বাট বুলি
 সৃষ্টিৰ হেন্দোলনিত খোৱা মুখ ঠেকেছাই নাকটি ছিঙে!
পৰিপক্কতা বিচাৰি হৈ পৰা অকবিৰ সংখ্যা অগণন... স্থিতপ্ৰজ্ঞতাৰ সপোন দেখা কবিৰ প্ৰাণত
কবিতাৰ হেন্দোলনি
কিন্তু বিজ্ঞজনে সোধে—
দৃষ্টি আমাৰ  সকলো সময়তে
সৰ্বব্যাপীনে?
পাহাৰ ,নদী ,সাগৰ, মৰিশালী
সুন্দৰী প্ৰিয়া কিম্বা নীলিম আকাশ?
ভাৱবল্লৰীৰ নিৰৱছিন্ন জোৱাৰত
উদ্দাম হৃদয়ে বিচাৰে 
মগজুৰ আন্তক্ৰিয়া...
বাস্তৱ আৰু কল্পনাৰ সহচৰ্য্যৰে 
কবিতাৰ দুৰ্নিবাৰ গতি!
আশাধাৰী কবি
বৃন্তচ্যুত হওঁ, ক্ষণে ক্ষণে...
ভাৱ-বন্যা আৰু শব্দ- শৃঙ্খলাৰ
মূষলধাৰ যুদ্ধত
কবিতা হৈ পৰে কেৱল হৃদয়ৰ তাগিদা !
———————————
হাতখন দেখি নাহাঁহিবি
ড° কমল চন্দ্ৰ নাথ 

মোৰ হাতখন দেখি নাহাঁহিবি তহঁতে
তলুৱাৰ ৰেখাই নিৰূপণ কৰিছিল মোৰ ভাগ্যক তলুৱাখন খহতা হৈ কাঠ হ'ল এতিয়া 
আঁচবোৰ অস্তিত্বহীন আজি তহঁতে দেখা নাপাৱ 
য’ত লিখা আছিল তহঁতক
মানুহ কৰাৰ সপোন 
য’ত লিখা আছিল তহঁতক কাঠ শিল লোহা কোবাই মানুহ কৰাৰ ইতিহাস 
এইখনেই সেইখন হাত 
যিখন হাতেৰে ছয় কেজি ওজনৰ কুঠাৰখন মাৰি 
লোকৰ ঘৰে ঘৰে খৰি ফালিছিলোঁ 
ডেৰহাতি তিয়নীখন পিন্ধি দেহক পানী কৰি
গধূলি তহঁতলৈ ৰোজগাৰ চপাইছিলোঁ 
সেয়েহে কৈছোঁ 
মোৰ হাতখন চাই নাহাঁহিবি 
আৰু আজি জীৱনৰ ভাটি বয়সত 
মই শিল কাঠ কাটিব ভাঙিবও নোৱাৰো
খৰি ফালিবও নোৱাৰো 
সেয়েহে হাতত কলমটো লৈ 
দুই এটা মাটিৰ গোন্ধ থকা শব্দকে লিখো নিজক সান্ত্বনা দিবলৈ 
সেয়েহে পুনৰ কৈছোঁ মোৰ হাতখন চাই নাহাঁহিবি
ইয়াতেই আছিল তহঁতৰ ভাগ্যৰ প্ৰতীক 
এৰা —
হাতৰ তলুৱাখন বিশ্বাসৰ এক অন্য ৰূপ!
———————————
অস্তিত্ব
চয়নিকা ভূঞা 

ক'বলৈ লৈও নোকোৱাকৈ থকা কথাবোৰ
আহিনে সামৰিব জানে
সকলো কথা সামৰিবলৈ সহজ নহয়
কিন্তু সময়ে পাৰে
উশাহে পাৰে

কথা আছিল
শেষান্তৰতো শেষ নোহোৱা কাহিনীৰে
শৰতৰ এনিশা উদযাপন 

পৰীৰ দেশৰ সাধু কৈ কোনে কাক নিচুকায় 
গৈ থকা বাটতে জীৱনৰ অদেখা ছবি

দুহাত মেলিলেই হাত
সকলোতে হাতৰ পয়োভৰ

আন্ধাৰত থৰকাছুটি হেৰুৱা কথাবোৰেই 
কিলবিলাই থাকে
কেতিয়াবা কলিজাত
কেতিয়াবা মগজুত

আহিনে বাট বোলোতেই 
ন-কৈ ওপজে বহু কথা

এতিয়া সকলোৰে মুখে মুখে 
হাত বিহীন দুখন হাতৰ কাহিনী।
------------————
আজিকালি
জাহ্নৱী হাজৰিকা

বৰ অদ্ভুত শব্দ হৈ পৰিছে এইটো 
সাম্প্ৰতিক সময়ত।
এক প্ৰকাৰ কব গলে
 গুৰু গোঁসাই নমনা শব্দ এটা।।

যি শব্দই সলনি কৰি দিব পাৰে সমগ্ৰ নিয়ম পৰম্পৰা কিম্বা ৰীতি নীতি।
"আজিকালি আগৰ দিন নাই।"
"আজিকালি এইবোৰ কৰিব পাৰি।"
"আজিকালি সেই নিয়ম নাই।"
মুঠতে আজিকালি সকলো সম্ভৱ।
অসম্ভৱক সম্ভৱ কৰি তুলিব পৰা শব্দ "আজিকালি"।।

পিছে আজিকালি শব্দটো শুনিবলৈহে ভাল।
প্ৰাচীনতাক নেওচা দিয়া আজিৰ প্ৰজন্মই 
আজিকালিৰ দোহাই দি বিধে বিধে পাতে 
উশৃংখলতাৰ অবৈধ বজাৰ।।

আজিকালি ন-কইনাৰ ওৰনি নাই।
আজিকালি অশৌচত লঘোন নাই।
আজিকালি বিজ্ঞানৰ যুগ।
মান্ধাতা যুগৰ কথাৰ স্থান নাই আজিকালি।।

আজিকালি ছাত্ৰই শিক্ষকক নামানে।
আজিকালি প্ৰায়ে বিবাহ বিচ্ছেদ হয়। 
মুঠতে সৰ্বত্ৰ এই আজিকালিৰ জয়জয় ময়ময়।
আজিকালিৰ দোহাই দি 
পৌৰাণিকতা সদায়েই তুচ্ছ হয়।।

আজিকালি সদৰ্থক হওঁক সদায়।
আজিকালিৰ কথাবোৰে পোহৰৰ জোৱাৰ আনক।
প্ৰগতিৰ বিজয় ধ্বজা উৰুৱাওক।
আজিকালিৰ যুগত তাকেই কামনা।
———————————————
ড্ৰাগছ বিৰোধী লিমাৰিক
পৰাণ জ্যোতি ভূঞা

                ১.
ড্রাগছ হৈছে বর্তমান সামাজিক ব্যাধি 
যদিও চৰকাৰে কৰিছে কঠোৰ বিধি 
সেৱন কৰাটো মাৰাত্মক
ফলাফল অতি ভয়ানক 
ৰাইজ হব লাগে ইয়াৰ ঘোৰ বিৰোধী

                  ২.
ড্ৰাগছ সেৱন যি দৰে সমাজ বিৰোধী 
অবৈধ সৰবৰাহ কৰিলে হব অপৰাধী 
চৰকাৰৰ কাঢ়া নীতি 
তথাপি ড্ৰাগছৰ খেতি 
ৰাইজেই ভাঙিব লাগিব ইয়াৰ পৰিধি

            ৩.
ন মাহ গৰ্ভত ৰাখি মাতৃয়ে দিয়ে জন্ম 
আশা কৰে মাকে, পুত্ৰৰ হিত আজন্ম
ড্ৰাগছৰ হৈ চিকাৰ
হয় মানসিক বিকাৰ 
ড্রাগছ খাই নিঃশেষ হয় নৱ প্ৰজন্ম।
——————————
সন্তান
দিলাল আহমেদ 

এই মাজ ৰাতিখন
কোনে মাতিছে আইকণ?
জীৱন শিলত খুন্দা খাই খাই
টুকুৰাটুকুৰ হৈ পৰিছে ক্ৰমাৎ
পোহৰ বিলোৱা সেই অমিতাভ হাত৷
চহৰখন বহল হৈ গৈ আছে
ক্ৰমশঃ তৰল হৈ আহিছে সম্পৰ্কৰ আদিপাঠ৷

ওৰেটো জীৱন মাথোঁ নিজকে বিচাৰিছা
চিঞৰ শুনিছা, মৃত্যুপথযাত্ৰী ছাঁ বৃক্ষৰ!
ওৰে নিশা সাৰে থাকি
বৃদ্ধাশ্ৰমৰ এযুৰি চকুৱে
সন্তানক যে বিচাৰি ফুৰে নিৰন্তৰ!
—————————
সকলো বিষয় কবিতাৰে সামৰিব নোৱাৰি
উৎপল ভট্টাচাৰ্য

শব্দৰ জালগুঠি ভাৱনাক বন্দী কৰিবলৈ 
কবি হিচাপে 
 কিছু স্বাধীনতা উপভোগ কৰিব পাৰি হয়তো।
তথাপি,কল‍্যাণকামী সমাজৰ 
প্ৰতিটো উশাহক কাব‍্যিক তুলিকাৰে
ৰং বুলাব নোৱাৰি।

পৰিৱৰ্তিত জলবায়ু আৰু
বিপন্ন সেউজীয়া গোলকটোৰ কথা,
প্ৰকৃতি হত‍্যাকাৰী মানুহৰ 
জীৱশ্ৰেষ্ঠ লেৱেল লগাই
মানুহেই বিচাৰপতি হোৱাৰ প্ৰহসন,
ধ্বংসক উন্নয়নৰ মলমসনা বৌদ্ধিক প্ৰকৰণ,
ভূমি ক্ৰমে মৰুভূমি হোৱা বসুধা আইৰ  আৰ্তনাদ
নতুবা উদন্দ সমনীয়াই প্ৰাণলোৱা 
ফুলকুমলীয়া ল'ৰাজনৰ
মাতৃৰ বুকুৰ হাহাকৰৰ
কাব্যিকপ্ৰয়াস  সদায় আধৰুৱা।
কাৰোবাৰ কামুকতাত 
কুমাৰীত্ব হেৰুওৱা ছোৱালীজনীৰ
 চতুৰ্থস্তম্ভত পুনঃপুনঃ
উলংগহোৱা ছৱিখন 
কবিতাৰে সামৰিব নোৱাৰি।
যিদৰে জল্লাদৰ প্ৰাৰ্থনাক কাব‍্যিক ৰূপ দিব নোৱাৰি।

কবিতাৰে সন্তুষ্টি লভিব পাৰি
কবিতাৰে প্ৰতিবাদ কৰিবপাৰি।

যদিওবা দুখৰ সাগৰত পাকৈত সাঁতোৰবিদ কবি,
তথাপি দুখেখন্দা বুকুৰ কৃষ্ণ -গহ্বৰত
 বাৰে বাৰে অঘৰী হয় কবিতা।

সকলো বিষয়েইতো কবিতাৰে সামৰিব নোৱাৰি!
——————————
গংগা কাৰো নহয়
ইৰা দেবী

গংগা কাৰো নহয়
গংগা তোমাৰো নহয়,
গংগা মোৰো নহয়, 
গংগা কাৰো নহয়। 

গংগা নিৰ্মম নাৰী, 
গংগা নিৰ্মম নদী, 
কঠিন মাতৃ ৰূপা গংগা। 

মাতৃ গংগা মাতৃ হ'ব নোৱাৰিলে
নিজ গৰ্ভজাত সন্তানৰ, 
নিৰ্মমভাবে  উটুৱাই দিলে
নিজৰেই বক্ষত। 
স্বামীৰ হাজাৰ মিনতিতো, 
কোমল ন'হল গংগা, 
বাধা ভ্টা শান্তনুক
এৰি গুচি গ'ল গংগা। 
  
শিৱৰ জঁটাৰে নিগৰি নিগৰি
মেদিনীৰ কলুষিতা আঁতৰাই
গংগা তুমি নিজেই কলুষিতা
সন্তান হন্তাৰ নাম লৈ
পৃথিবীক ঘূৰাই দিলা দেবব্ৰত। কঠোৰ প্ৰতিজ্ঞাৰ ফচল
দেবব্ৰত ভীষ্ম হ'ল। 

মাতৃ ৰূপা গংগা নহয় কলুষিতা
পৃথিবীত তাৰেই প্ৰমান হ'ল।
———————————
অকথিত সাধুবোৰ... 
সোণালী ডেকা দাস

অপৈনত শাওণৰ  
সঁজাল ধৰা সেউজীয়াত
পখালি আহিছিল 
শৈলুৱৈ ধৰা 
পিছল বুকুখন তাইৰ ...

সেই তেতিয়াৰ পৰাই 
শুৱনি কোঠাৰ শুভ্ৰ বিছনাত 
চটফটাইছে 
নিদ্ৰাহীন নিশাৰ 
অলেখ 
অকথিত সাধু ...

এতিয়া যে 
কাতৰ নিশাবোৰত 
লহ পহকৈ বাঢ়িব লাগিছে 
কিছু সুবিধাবাদী বিষাদ
আহত শব্দবোৰ মাথোঁ 
উপঙি উপঙি থাকে তাত!
——————————
এদিন আহিব বিপৰ্যয়
দিপ্তী মনি গোস্বামী

ফানটিজোৰ পিন্ধি লৈ 
লিহিৰাখিনিৰ সিপাৰে
আজু ককাই কাটিছিল 
সেই হৰ্ণ খেৰবোৰ
চাউনীবোৰ সুৰক্ষিত কৰিবলৈ।

মাটিৰ মজিয়াত 
নগাঢাৰিত বিলাসেৰে
চাই চাই আপোনপাহৰা হৈছিল 
ভেলেও গছৰ ঘাই খুঁটাত পোখা মেলা
লিহিৰি নোদোকা গজালিবোৰলৈ।

বিজতৰীয়া বতাহবোৰ 
পাৰ হ'বলৈ অক্ষম হৈছিল 
ককাৰ নঙলামুখৰ বেৰ
পুৱাৰ কীৰ্তন সান্ধ্য ভজনত 
অক্ষত ৰাখিছিল 
সংস্কাৰ অনুশাসনবোৰ।

ব্যাকৰণ অভিধানবোৰৰ পৰা
বহিস্কৃত হৈ আছিল 
আপোন-পৰ , খাম-খেয়ালী
অত্যাচাৰ,অনাচাৰ,অবিচাৰৰ দৰে
দেও লগা অশনি শব্দবোৰ।

তেতিয়াৰ মন ভাৱনাবোৰে
একাল বা ভড়াল বোৰ পৰ্য্যবেক্ষণ 
কৰা হাবিয়াস নকৰি 
উদযাপন কৰিছিল হৃদয়ৰ বিনিময়বোৰ
চাৰিওদিশে দৰ্জা খিৰিকী বোৰ খুলি লৈ।

এতিয়া,আজি, বৰ্তমানত
কি দেখিছোঁ, শুনিছোঁ কি?
কংক্ৰিতৰ আতিশায্যত 
এদিন হয়তো হ'ব মহাপ‌্ৰলয়
ধুমুহাৰ গতিৰে সলাব বিপৰ্যয়।
——————————
ৰক্তস্ৰাৱী হৃদয়
হিমা কলিতা

এটি দীঘলীয়া বাট 
সময় বৰ তাকৰ
মই যে অক্লান্ত অস্থিৰ
পথিক যন্ত্ৰণা কাতৰ।

হিয়াৰ কুসুম পাহি লেৰেলি
চিৰিলি চিৰিলি 
অন্তঃ কোণত বৈছে
মাথো তমোস্বিনী।

বেদনাৰে জৰ্জৰিত বিষাদগ্ৰস্ত
ৰক্তস্ৰাৱী হৃদয়ত
মোৰ ঐশ্বৰ্য্য বৈভৱ
নবয় আৰু হৃদয় কাননত।

তৃষ্ণাৰ পানী বিচাৰি
ওঁঠত কম্পন
নহয় কলিজাত ধপ-ধপ
মই যে অক্লান্ত অস্থিৰ
পথিক যন্ত্ৰণা কাতৰ।
————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী

শেৱালি ফুলা আজি এই শৰতৰ
শাৰদী সন্ধিয়া 
তুমি মোৰ বাবে তৰাবচা আকাশৰ থুপিতৰা হ’বা 
অ প্ৰিয়া হ’বানে এবাৰ কোৱা  ? 
এটি থুপিতৰা হৈ প্ৰেমিকাৰ ৰূপত
মোৰ কাষত আজীৱন থাকিবা ৷
অ প্ৰিয়া আজীৱন থাকিবানে 
এবাৰ কোৱা ?

শেৱালি সৰা আজি এই শৰতৰ
পূৰ্ণিমা নিশা 
মই নিলিম আকাশত জোনচাকি
হৈ প্ৰেমিকৰ ৰূপত আজীৱন 
তোমাৰ কাষত থাকিম দিয়া  ৷

তুমি বাৰু জানানে প্ৰিয়া
তুমি বাৰু বুজানে  প্ৰিয়া 
প্ৰেমৰ ঋতু শৰতত প্ৰেমিকৰ 
ৰূপত তোমাৰ কাষত থকাৰ
মোৰ এই হেঁপাহ বহুদিনীয়া
প্ৰেমৰ ঋতু শৰতত প্ৰেমিকৰ
ৰূপত তোমাৰ কাষত থকাৰ
মোৰ এই হেঁপাহ শতযুগীয়া  ৷
———————————
শেৱালি মই তুমি কোন?
মুক্তিস্নাতা শৰ্মা

এইয়া শাৰদীয় যৌৱনৰ বতাহ,
নিয়ৰৰ  নৈশ প্ৰেমত 
জোনাকৰ হেঁপাহ ,
দুৱৰীৰ দলিচাত হম  
আমি জলৌ-জোপৌ... 
শেৱালি মই, 
তুমি নিয়ৰ নে জোনাক?
———————————
তাইৰ নিৰ্মল হাঁহিত জোনাক ঢলি পৰে জগত 
ড০ আদিল আলী 

সিদিনা কি হৈছিল জানো! 
সন্ধিয়া অকলশৰে শুকুলা মেঘৰ বাগী চাবলৈ উত্ৰাৱল হৈ থাকোতেই 
আহিনমহীয়া নৈৰ পাৰৰ কঁহুৱা বনে 
নীৰৱে মোক মাতি কৈছিল 
তাইৰ দীঘল চুলিটাৰিৰ কথা 
কিমান নীৰৱে বৈ গৈছিল তাইৰ সৌন্দর্য সুবাস 
নৈখনৰ ৰাতিৰ নীৰৱতাত 
জোনাকে যেতিয়া নাও মেলে 
মলয়াত বাঢ়ি আহে 
তাইৰ চেনেহী মুখৰ হাঁহিৰ খিল্ খিল্ 

তাইৰ বাবে জোনাকে বিচাৰিছিল 
নৈৰ ৰূপোৱালী ঢৌৰ বুকুত 
হিৰণ্ময় পোহৰৰ কাব্যিক অলংকাৰ 

তাই নহ'লে নৈৰ ৰাতিৰ নীৰৱতাত 
জোনাকে তাইৰ সন্মোহনী মুখৰ নিভাঁজ ওঁঠৰ কবিতা নিলিখে 
দুখত জুৰে নাৱৰীয়াৰ প্ৰেয়সীক এৰা ভাটীয়ালি ৰাগ  

সুখত জোনাকে গুণ্ গুণ্ কোমল গীত জুৰি 
তৰাৰ ফুলচাকি চুলিত গুজে 

তাইৰ স্মৃতিৰ সোঁৱৰণত 
নৈৰ পাৰৰ বলুকাত 
জোনাকে গঢ়িছিল তাইৰ কেশবিন্যাসৰ হিয়াপমা ভাস্কর্য 

তাই বিষাদত ডুবিলে 
জোনাকে মাতি আনে 
নৈৰ বুকুৰ সোণালী মাছৰ জাক 
জোনাকৰ জখলাৰে নামি আহি সঙ্গ দিয়ে 
সৰগৰ নিষ্পাপ-মৰমীয়াল পৰী বুলবুল 

তাইৰ নিৰ্মল হাঁহিত জোনাক ঢলি পৰে জগত 
———————————
কঁহুৱা
মৰমী কাকতি

নৈৰ দাঁতিয়ে দাঁতিয়ে তাই 
লৰি ঢাপৰি মিচিকিয়ায়
তন্বী দেহত নাচোনৰ পেখম
তিৰবিৰ দুচকু পিৰিকিয়ায়

বহুদিনৰ পৰা অকাইপকাই থকা নদীখনে
ৰূপালী ৰেচমী চুলিটাৰি মেলি ৰ'দাই থাকোতে
তাইৰ ৰূপৰ চমক দেখি মায়া লাগে
তাই যে নদীৰ মৰমৰ তোলনীয়া জী!

তাইৰ মোহিনী বানত
নৈপৰীয়া ৰাইজ ভোল যায়
বতাহে প্ৰেমত পৰে...

তাইৰ ৰূপালী চুমকি খটোৱা আঁচলত
বতাহে আলফুলে হাতফুৰায়
আৰু তাইক লাহবিলাহত উমলাই
কানাইৰ বাঁহীৰ সুৰে নিচুকিয়ায় 

প্ৰেমৰ যুগলবন্দী দেখি বতাচৰাই জাকে
ফূৰ্তিত ৰ’ব নোৱাৰি 
ইপাৰ সিপাৰ হুৰাই থাকে

নদীখন নিৰলস সাক্ষী অহোৰাত্ৰ
অন্য এক যমুনা হৈ

নদীমাতৃক সাবটি বছৰৰ অৰ্ধেক দিন
তাই প্ৰেমেৰে ফুলি
কবিপ্ৰাণত সৃষ্টিৰ বীজ সিঁচে।
———————————
জীৱন 
স্বপ্না ডি নাথ

সাঁকোডাল বিচাৰি খাই হাবাথুৰি
পাহাৰত লুকাল বেলি ।

ৰংচঙীয়া সপোন
কঠিন বাস্তৱ 
মানুহ হোৱাৰ খোজত
হেৰায় মানৱতা

যি কথা পাতি আছিলোঁ তেতিয়া  
নৈখন কাষতে আছিল
সিপাৰে  এডৰা কহুৱা
স্বপ্নভংগৰ কৰুণ এছাটি বতাহ  
ৰূ-ৰুৱাই বৈ গৈছিল 

শেষ নহ'ল কথাবোৰ
প্ৰবহমান নৈখনত 
ওপঙি ৰ'ল দুটা হুমুনিয়াহ 
অচিন-চিনাকি।
——————————
হেঁপাহৰ আহিন
অঞ্জনা ৰূপা দাস 

আহিনক ভাল পাওঁ মই, 
ঠিক, মোৰ দৰে সকলোৱে
ভাল পাই
কবিৰো প্ৰিয় আহিন, 
সেয়ে মুখত শেৱালিবুলীয়া
এমোকুৰা হাঁহি। 
আহিনৰ বুকুচাতে শৰত আহে, 
শেৱালিৰ  শুকুলা হাঁহিত
গোন্ধে আমোল-মোলাই
প্ৰকৃতিত সুবাস বিলায়। 
নিয়ৰে দূৱৰিক প্ৰণয়ৰ
 মুকুতা যাচে, 
দুৱৰিজনী প্ৰেমাসিক্ত হৈ
জুৰুলিজুপুৰি হয়। 
শিশু আৰু গাভৰুহঁতৰ হাঁহিত, 
ৰাতি ফুলা ফুলবোৰত
পুৱতিয়ে প্ৰাণ পাই উঠে। 
এচাটি  মলয়া বতাহত
নৈৰপাৰ ঝাৰণিখনত
শুকুলা কঁহুৱাৰ
শুভ্ৰ আঁচলৰ ঢৌৱে
ধৰণীক সজাইছে। 
তৰাং নৈখনে বাৰিষাৰ
মলিয়ন এৰি 
নিৰ্মল ধাৰা বোৱাই
হৃদয়খন পখালিছে।
বিশাল আকাশখনেও 
দিগন্ত প্ৰসাৰি নীলা চাদৰ মেলি
শুকুলা মেঘেৰে লুকা-ভাকু খেলিছে। 
ভিন্ন ৰঙৰ পক্ষীয়ে
দিগন্তৰ পৰিধি জোখে।
পূজাৰ বৰ্ণিল মেলাৰ
 নানাৰঙী বেলুনে
 দুৰ্গতি নাশনৰ
বিজয় ধ্বজা উৰাইছে। 
স্নিগ্ধ জোনাকত অগণন  তৰাই
জোনাকী মেলা পাতিছে।
অদূৰত  চিনাকি বাঁহীৰ সুৰে
হৃদয় বৃন্দাবনত ৰাসক্ৰীয়া জাগিছে, 
সেয়ে-
আহিনৰ মাদকতা মোৰ প্ৰিয়

আহিন!মোৰ হেঁপাহৰ আহিন।
———————————
মই
প্ৰবীন চন্দ্ৰ তালুকদাৰ 

'মই’ এটি সত্তা
অস্তিত্ব আছে এই 'মই'টিৰ
চিনিও পায় সকলোৱে ইয়াক
স্থানো আছে ইয়াৰ সুকীয়াকৈ এখন
এইখন সমাজত৷

কিন্তু, চিন্তিত হৈ পৰো কেতিয়াবা
অস্তিত্বক লৈ এই 'মই’টিৰ
কিমান দিনলৈ বাৰু থাকিব ইয়াৰ স্থিতি,
বিন্দুৰ আকৃতি নল’বতো শেষত গৈ!
সোমাই  পৰি বৃত্ত এটিৰ মাজত 
কুচিমুচি হৈ 'কেন্দ্ৰ’ নাম লৈ তাত!

ভয় হ’ব ধৰিছে আজি
পৰি যায় যদি  তাত কেনেবাকৈ
ক’ব নোৱাৰাকৈ কাৰোবাৰ হাতৰ
গধুৰকৈ এটি  'ইৰেজাৰ’ৰ  ঘৰ্ষণ,
লাহেকৈ সেই বিন্দুটোৰ ওপৰত!
মঁচি যাব নিশ্চয় অস্তিত্বখিনি
চিৰদিনলৈ এই 'মই'টিৰ৷
——————————
বাৰ্তালাপ
জ্যোতিস্মিতা বৰা
ৰিমাশ্ৰী কোঁচ 

জ্যোতি:- ঐ জীৱনে কি শিকাইছে তোক?
ৰিমা:- শিকাই গ'ল বহু কথা ,জীৱন এক অনন্ত কবিতা ধুমুহাৰ, জোনাকৰ, আকাশৰ , ডাৱৰৰ।

জ্যোতি:- কবিতাবোৰ জানো ইমান দীঘলীয়া কৰিব পাৰি, জীৱনৰ ধাৰাবাহিক কাহিনীৰ দৰে?
ৰিমা:- কবিতাবোৰ হ'ল আমাক‌ জীয়াই ৰখাৰ উশাহ, উশাহ জানো একেলগে গোটেই জনমলৈ লৈ ল'ব পাৰি?কবিতাবোৰো ঠিক তেনেকুৱাই ।বেছি দীঘলীয়া হ'লে বেয়া লাগে, সেইবাবে একো একোটা ঘটনা বা কাহিনীক চুটি চুটিকৈ লিখি যোৱা হয়।

জ্যোতি:- কিন্তু কবিতাৰ পৰা জীৱনৰ কাহিনী লিখা প্ৰক্ৰিয়াটো কিমান দীঘলীয়া, চুটি কৰাৰ হেঁপাহত দেখোন আধৰুৱা কাহিনীয়ে বুকু শেলি যায় উশাহ ল'ব নোৱাৰাকৈ।

ৰিমা:- পাৰিলে মই শিল হ'ম, যাতে বুকুত যিমান আঘাত দিলেও মোক ভাঙি শেষ কৰিব নোৱাৰে।
জ্যোতি:- বেছি আঘাত পালে শিল ক্ষয় হয়, শিলৰ ওপৰেদি জানো নৈ বৈ নাযায়, বিষাদ আৰু নৈৰ মাজত কিমান বা পাৰ্থক্য?

ৰিমা:- বিষাদ আৰু নৈৰ মাজৰ সম্পৰ্ক সদায় সুকীয়া। কেতিয়াবা নৈ খনকো বিষাদে আগুৰি ধৰে। নৈ বুকুখন চপৰা চপৰে খহে। তথাপি জানো নৈখনক কেতিয়াবা চকুপানী বোৱাই থকা দেখিছ ? নৈখনে বুকুত শিল ৰাখি সদায় কান্দে, কিন্তু বিষাদৰ চকুপানীবোৰ নিজৰ হৃদয়ৰ মাজতে বোৱাই লৈ যায়।যাক কোনেও নেদেখে।
জ্যোতি:- এৰা সুঁতি বোৰে যেতিয়া চিঞৰি উঠে, তেতিয়া জানো নৈয়ে ঘূৰি চাব পাৰে ? এৰি যোৱাটো সময়ৰ আহ্বান নে প্ৰতাৰণাৰ অজুহাত। কিন্তু এই বিষাদৰ বালিচন্দাবোৰে যেতিয়া নৈৰ বুকু খান্দি নিয়ে, তেতিয়া ঢাকি ৰখাৰ হেঁপাহে যন্ত্ৰণাক কিমান দূৰলৈ সহায় কৰিব পাৰে!
ৰিমা:- হয় বাৰু।
———————————
পাঠশালাত প্ৰেমৰ ক খ
অশোক ভৰালী

সপোনবোৰ পুৰঠ নহৌওতেই
নাকৰ শেঙুনবোৰ জেপট ভৰাই
তৰামাইৰ কলিজাত গুজি দিও
আই দিয়া বগৰীৰ এভাগ 

ঠেহ পাতি তৰামায়ে অভিমান কৰে
ভগা পেঞ্চিলৰ টুকুৰাৰে 
ফলিৰ বুকুত ঘহাই ঘহাই
বগৰীবোৰ দেখোন টেঙা 

পদুমৰ ঠাৰিবোৰ ভাঙি ভাঙি
ডিঙিত ওলোমাই ৰাজকুমাৰৰ ভাৱত
তৰামাইৰ আগত যুদ্ধ জয়ৰ বিকুল বজাও

লগৰীৰ সৈতে তৰামাইৰ 
ফিচিক ফাচাক হাঁহি 
বৰ্মন ছাৰৰ বেত্ৰাঘাটত গম পাওঁ
পদুমৰ কলি চিঙোতে
পানীত তিতি যোৱা হাফপেন্ট
শুকাবলৈ বহু বাকী 

নাৰিকল পাতৰ চশমাযোৰে
তৰামাইক ওচৰৰ পৰা চাওঁ
ঘড়ীটো তোলৈ আনিছোঁ
হাতখন আগুৱাই দে

উচাতমাৰি তৰামাইৰ ঠেহ পাতে
নাৰিকল পাতৰ ঘড়ীৰ লগত
চশমাযোৰো লাগিব 
আৰু লাগিব ভু ভু কৈ ভোমোৰাৰ মাতৰ পেঁপা

গধূলি আহিবি 
লুকাভাকু খেলিম
দৰা কইনাৰ সাজত

তৰামাই নাহিল
আইৰ আচলৰে সজোৱা
সপোনৰ ৰভাখনত কইনা নোহোৱাকৈ
বিয়াখন পাৰ হৈ গ'ল

স্কুলৰ বেৰত লিখা গ'ল
তৰামাই + ধনীৰাম
ব্লেকবোৰ্ডৰ ওপৰত লিখা গ'ল
ধনীৰাম +তৰামাই

বুকুখন ফুলি উঠিল
কান্দোনত তৰামাইৰ চকু ফুলিল
ৰ'দত বহাই বৰ্মন ছাৰে
চিঞৰি চিঞৰি মাতিব দিলে
একে গুণ এক
এক দুই গুণ দুই
আঠুকেইটা ৰঙা হৈ পৰে

তৰামাই হাঁহে
লগৰবোৰে জোকাই
ধনীৰাম+তৰামাই
তৰামাই+ধনীৰাম

নাঙঠ মনত প্ৰেমৰ সূৱাহ বৈ যায়
গছবোৰে পাত সলাই
তৰামাই হেৰাই যায় দিনৰ পোহৰত
ধনীৰাম প্ৰভাতৰ কিৰণত
দুবেলা দুমুঠীৰ তাৰণাত
আখৰা কৰে জীৱন যুদ্ধৰ

তৰামাই আজি অভিমান নকৰে

ধনীৰামৰ পকেটত মিঠা বগৰী
জেপট ভৰাই থোৱা শেঙুনৰ ওপৰত
হেজাৰ টকীয়া পাৰফিউমৰ সুগন্ধি

বৰ্মন ছাৰৰ অংঙ্কবোৰ 
সন্ধিৰ সমাহাৰত হেৰাই
যোগ বিয়োগত 

ৰতন আনন্দ দিগন্ত গৌতম ভবেশ
জোনালী কৰবী জুমি জুৰি
ফাতেমা পাকিজা আকবৰ আজিজুৰ
থাকি গ'ল মাথোন
পাঠশালাত প্ৰেমৰ 'ক-খ'ত ।
——————————–––––
আজি কোনে ধুব তেজৰ চেঁকুৰা
ৰঞ্জন বর্মন

কোনে ভাবিব সেই সকল মানুহৰ কথা
যিসকল নিঠৰ হৈ 
শুই পৰিল মৃত্যুৰ শীতল কোলাত

তাত এখন গাঁও আছিল
চৰাইৰ কোলাহলত ৰাতি পুৱাইছিল

আনন্দত মানুহবোৰে হাঁহিছিল, দুখত হালি নপৰিবলৈ 
বৰগছ হৈ 
খামুছি ধৰিছিল মাটিত

চিফুঙৰ সুৰত ৰাতিবোৰ মাতাল হৈছিল
দুখবোৰ এজনে আনজনৰ সৈতে ভগাই ল’ব পাৰে বাবেই
মানুহবোৰ সুখী আছিল

এজাক শিশুৱে দিনৰ দিনটো 
চোতালত ওমলিছিল 
পখিলা খেদি দৌৰি ফুৰিছিল, পথাৰত চিলা উৰুৱাইছিল
আৰু ৰাতি মাকৰ বুকুত শুই পৰিছিল-নিৰ্ভয়ে

আজি তাত এখন মৰিশালি
ধোঁৱা আৰু বাৰুদৰ গোন্ধই ছানি ধৰি আকাশ 
জ্বলি ছাই হৈছে ঘৰ, ছাই হৈছে কণ কণ শিশুবোৰৰ 
দুচকুৰ সপোন

আজি কোনে ভাবিব সেই সকল মানুহৰ কথা
কোনে ধোব তেওঁলোকৰ দেহৰ পৰা কেঁচা তেজৰ চেঁকুৰা।
——————————–––––————
পংক্তি 
ৰঞ্জন বৰা

নিঃশব্দে এটি শব্দৰ
কোলাত সাৰপাই 
যত ভাষা 

কেতিয়াবা জোনাকতকৈ এন্ধাৰহে 
ভাল লাগে 
অভিমানী  সোঁতত 
সঃশব্দে আঁকিবলৈ  
প্ৰত্যাশিত আশা!
–––––———————–—–———
মূল শিপাৰ সন্ধান বিচাৰি 
নাছিৰ আহমেদ 

বিশেষ আদৰ্শৰ কট্টৰপন্থী বুলি মোক নাভাৱিব
বাহ্যিক ব্যক্তিত্বৰ তুলাচনীত মোক নুজুখিব।
মূল শিপাৰ সন্ধান বিচাৰি এদিন 
মোৰ আৰম্ভ হ'ল অৱৰোহণ যাত্ৰা...
নিষিদ্ধ গছৰ ফল ভক্ষণ কৰাৰ বাবে 
আদম-ইভৰ হোৱা নাছিল পেৰাডাইছ লষ্ট,
স্বৰ্গ বসবাসৰ অনুপযোগী ভাবি
আদম-ইভে স্বৰ্গৰ পৰা অৱতৰণ কৰিছিল;
কাৰণ,সোমৰস আৰু যৌন উচ্ছৃংখলতাৰে 
স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজসভা ৰসাতলে  গৈছিল।
তেতিয়া পৃথিৱী আছিল শান্ত-সমাহিত স্থিতপ্ৰজ্ঞ ঋষিৰ সমতুল্য।
প্ৰকৃতিৰ আৱাসগৃহত  মানুহৰ স'তে মানুহে কৰিছিল অকৃত্ৰিম আনন্দ-বিলাস !
প্ৰাকৃতিক সৌন্দৰ্যৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শত 
একো একোজন মানুহ হৈ পৰিছিল অজড়-অমৰ ।

শিপাৰ সন্ধান বিচাৰি এদিন 
মোৰ আৰম্ভ হ'ল অৱৰোহণ যাত্ৰা...
অদৃশ্য স্ৰষ্টাৰ বদ্ধমূল ধাৰণাক অৱগাহন কৰি 
নামি আহিল  ফিচা থকা অদ্ভুত এক উৰন্ত মাছ ।
জপ-তপ-যাগযজ্ঞ-পূজা, নামাজ-ৰোজা আৰু 
প্ৰাৰ্থনাৰে পৃথিৱী ৰজনজনাই গ'ল!
এদিন কালক্ৰমত ঈশ্বৰ,আল্লাহ আৰু গডৰ মাজত 
সৃষ্টি হ'ল সংঘাত আৰু সংঘৰ্ষ!
শৰীৰৰ  সকলো জীৰ্ণ-শীৰ্ণ অন্ধবিশ্বাসৰ আৱৰণ খুলি 
মূল শিপাৰ সন্ধান বিচাৰি পালোঁ ।
তেতিয়া এক নিৰিবিলি বিমল আনন্দৰ "ৰসো বৈ সঃ" ত পুণ্যস্নান কৰি আৰু বটবৃক্ষৰ শীতল ছাঁত বহি  মন-প্ৰাণ জুবুৰিয়াই মানুহৰ স'তে মানুহে গালে 
 মানৱতাৰ চিৰ শাশ্বত জয় গান!
——————————
প্ৰেম
ববিতা ফুকন

প্ৰেম মানে কি
এটি ৰঙা গোলাপ
এটি মিঠা চুম্বন
অলপ স্পৰ্শ...?

নহয় 

প্ৰেম মানে
দিয়া-লোৱাৰ শূন্য হিচাপৰ
এক মধুৰ স্বপ্ন !

প্ৰেম মানে ফুলা সৰিয়হ ডৰা
য'ত বাজি থাকে দুভৰিৰ
ৰুণু-জুনু সুৰ
জীৱনৰ প্ৰেৰণা যোগোৱা!

প্ৰেম মানে এজাক 
দোপালপিটা বৰষুণ
গ্ৰীষ্মোত্তপ্ত দেহ মন তিয়াই
হৃদয় কৰে জুৰ 
প্ৰাণত বাজি উঠে এক
গধূলি গোপাল সুৰ !
————————————————

Post a Comment

0 Comments