পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ একাদশ সংখ্যা

—————————————————————
—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ৰিংকুমণি বড়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

   কাব্যম-বঁটা ২০২৪ বৰ্ষৰ বাবে আহ্বান কৰা কবিতা পাণ্ডুলিপি প্ৰতিযোগিতালৈ সঁহাৰি জনোৱা প্ৰতিগৰাকী সুহৃদলৈ অসম কাব্য কাননৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালোঁ।  উল্লেখ্য যে পাণ্ডুলিপি পঠিওৱাৰ অন্তিম তাৰিখ কালি সামৰণি পৰিছে। 
  আমাৰ হাতত পৰা  সৰ্বমুঠ ৪৪টা পাণ্ডুলিপি আজি বিচাৰকৰ হাতত তুলি দিয়া হৈছে। নবেম্বৰ মাহত কাব্যম বঁটাৰ ফল ঘোষণা কৰা হ’ব। উক্ত বঁটাটি অহা ডিচেম্বৰ মাহত বঙাইগাঁৱত  হ’বলগীয়া অসম কাব্য কাননৰ বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ’ব।
   সকলোৰে সহায় সহযোগিতা  পুনৰবাৰ আন্তৰিকতাৰে কামনা কৰিলোঁ।

বিনীত—
নৱ ৰাজন 
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা
[শব্দৰ সাঙ্গীতিক সৌন্দৰ্য্য]
উদয় কুমাৰ শৰ্মা

    আধুনিক কবিতাত অৰ্থহে অধিক গুৰুত্বপূৰ্ণ কাৰণে -- লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ থোৱা : "কথাটি আগ, সুৰটি পাছ" বোলা কথাষাৰ -- আজিৰ সমাজৰ জটিল প্ৰেক্ষাপটত, সম্পূৰ্ণকৈ মানি লোৱাটো টান যদিও -- কবিতাত ব্যৱহাৰ কৰা ধ্বনি-সুন্দৰ ( যেনে, 'তোমাৰ মাত : তৰাৰ তাঁত') শব্দই সৃষ্টি কৰা শব্দ-তৰঙ্গ বা সুৰৰ গুণগুণনি ( Intonation)য়েহে পঢুৱৈক পোনতে আকৰ্ষণ কৰে -- বাক্য এটিৰ অৰ্থ বা মৰ্ম বুজি উঠাৰ আগেয়ে। যেনে -- নীলমণি ফুকনদেৱে লিখা : 'জন্মৰ আজি আকাশ ৰঙা / মেঘালীৰ ফাঁকে ফাঁকে পূৰৱীৰ সুৰ / ... '। এনেবোৰ শাৰী সহজতে পঢ়ুৱৈৰ মন-মগজুত সাঙ্গীতিক লহৰৰ সৃষ্টি কৰে কাৰণে -- স্মৃতিত ৰৈ যায় যুগ যুগ ; আৰু এনেকৈয়ে, এগৰাকী কবি জীয়াই থাকে পাঠকৰ হৃদয়ত  দীৰ্ঘদিন।
—————————————————
অনুবাদ কবিতা

Life's Leftover 
Seema Jayaraman
India

Taste of bitterness
When you are
leftover - for dustbin
Sumptuous life's extravaganza
Devoured sucked bone marrow
By your own kith and kin


জীৱনৰ হিচাপ-নিকাচ 
মূল: সীমা জয়ৰমণ
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

তিতিকি
তুমি আছা
বাকী থকা- ডাষ্টবিনৰ বাবে
আড়ম্বৰপূৰ্ণ জীৱনৰ এক্সট্ৰাভাগাঞ্জা
গোগ্ৰাসে চুহি খালে হাড়ৰ মজ্জা
নিজৰ আত্মীয়-স্বজনৰদ্বাৰা।
———————————
অন্তিম উচ্চতা

মূল হিন্দীঃ–কুঁৱৰ নাৰায়ণ 
অনুবাদঃ–গণেশ বৰ্মন 

আগুৱাই যোৱাৰ অৰ্থ কিমান স্পষ্ট হয়
যদি দশোদিশ আমাৰ সন্মুখত থাকে ,
আমাৰ চাৰিওফালে নহয় ।
কিমান সহজ হয় গৈ থকা
যদি আনসকল ৰৈ থাকে আৰু
আমি কেৱল গৈ থাকোঁ ।

মই এই হুলস্থুলীয়া
পৃথিৱীখনক
দহটা মগজুৰে ভবা আৰু কুৰিখন হাতেৰে পোৱাৰ চেষ্টাত 
নিজৰ কাৰণে বৰ কঠিন কৰি লৈছোঁ ।

প্ৰথমতে সকলোৱে এয়াই বিচাৰে
যাতে সকলো প্ৰথমৰে পৰাই আৰম্ভ হয় ,
কিন্তু শেষ পাওঁতে-পাওঁতে সাহস হেৰুৱায় ।
আমাৰ কোনো আকৰ্ষণ নাথাকে যে
সেয়া কেনেদৰে সমাপ্ত হয়
যিটো আমি বিচৰা ধৰণে
ইমান ধুমধামেৰে আৰম্ভ হৈছিল।

দুৰ্গম অৰণ্য আৰু উচ্চ পৰ্বতক জয় কৰি
যেতিয়া তুমি অন্তিম উচ্চতা বিজয়ী হ'বা,
যেতিয়া তোমাৰ এনে লাগিব যে তোমাৰ আৰু
সেই কঠিন শিলাৰ মাজত অকণো পাৰ্থক্য নাই 
যাক তুমি জিনিছা–-
যেতিয়া তুমি মূৰ পাতি বৰফৰ 
প্ৰথম ধুমুহা সহিবা
আৰু কঁপি নুঠিবা–
তেতিয়া তুমি উপলব্ধি কৰিবা যে
সকলো জয় কৰি লোৱা আৰু
শেষলৈ সাহস নেহেৰুৱাকৈ থকাৰ মাজত 
অকণো পাৰ্থক্য নাই  ।
——————————
                            কবিতা

কাণ্টৰ  জ্ঞানবিদ্যা
ড° প্ৰহ্লাদ বসুমতাৰী

ঘটনাবোৰ কেতিয়াবা
অজ্ঞাত বা অজ্ঞেয় হ'ব পাৰে নেকি?

কথাবোৰ কেতিয়াবা
অপ্ৰকাশিত বা অপৰিবেশ্য হ'ব পাৰে নেকি?

মানুহ কেতিয়াবা
মানুহৰ লক্ষ্য বা লক্ষ্যপ্ৰাপ্তিৰ মাধ্যম হ'ব পাৰে নেকি?

সৃষ্টিশীল কৰ্মই যেতিয়া জাগতিক ৰূপ লয়
কৰ্তব্য হৈ পৰে মাঙ্গলিক আৰু অনুকৰণীয় ।
———————————
সপোন
বিভা দেৱী

জন্মলগ্নৰ পৰাই মানুহেই বুজে
মোৰ আয়ুস—
এশবছৰ 

পাহৰি যায় বিধিৰ বিধানৰ কথা
এনেদৰে সপোন খেদি ফুৰে মানুহবোৰে...

ফুলেও সপোন দেখে
ৰঙচুৱা কলিতেই
মোৰ বয়স---
এবছৰ

যদিহে 
অনাকাংক্ষিত বতাহজাক নাহে

ফুলে ভাবে 
 মনে মনে
পাতৰ সৈতে প্ৰেম মোৰ অনাদিকালৰ
পাতেও নোৱাৰে মোৰ জীৱন বচাব

মাথো নুবুজে মানুহে
ফুল আৰু মানুহৰ একেই
নিশ্বাসৰ সংগীত।
————————
পানী পাঠ
অনুভূতি গায়ন

আকাশত শুকুলা ডাৱৰ
খেতিয়কৰ পেটত পোৰণি

সৰুধনৰ ভেকুলী দৰাই
সৰুমলাৰ পদূলিত
কন্যা ভিক্ষা মাগে

“কালিদাস
তুমি কোন অলকাৰ পলাতক কবি
ডাৱৰ দেখি উন্মাদ”

লংকাৰ জুই নুমুৱাবলৈ
ৰাৱণে ৰাগ জুৰিছে
অমৃতবৰ্ষিনী

পিৰালি চুকৰ 
ভেকুলীৰ টোৰ্-টোৰণিৰ দৰেই


আঙুলিৰ মূৰত
ব্যথাৰ প্ৰাচীন পিৰ্-পিৰণি

পানীজোলাটো ফুটাবলৈ
আমাকো 

কাঁইট
এডাল দিয়া ৷

ফোন নং— ৯৭০৬২৭৬৬০৮
——————————
বিভীষণ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

দশস্কন্ধ দশাননৰ ভাতৃ মই
বিভীষণ
স্থিতি মোৰ 
বত্ৰিছ দন্ত মাজে জিহ্বা যেন।
—————————
সময়
মনালিছা শইকীয়া

কৃষ্ণচূড়াৰ ফাঁকেৰে 
জোনাক নিগৰিছে চোতাললে'
ৰূপকথাৰ এসাগৰ কাহিনী সামৰি

শেহৰাতি নীৰৱে নিতালে  
এচোতাল কুঁৱলী জাৰত কঁপি কঁপি
ভেন গ'গৰ বেলিফুল ডৰাত সোমালগৈ

চেঁচা বতাহ এজাকত 
উৰি আহিল সমগ্ৰ উৎকণ্ঠা

বৰ সংগোপনে
বতাহজাকে খুলি দিলে
হাতনিপেড়াৰ বন্ধ কপাট

আশ্বৰ্যকৰভাবে তাত বন্ধহৈ আছিল 
কিছু প্ৰেমৰ পদ্য আৰু কেইটামান চাহৰ পিয়লা

কাগজৰ ভাঁজবোৰ খুলি দিলোঁ লাহেকৈ
মদৰুৱা পৰা আখৰবোৰত উপঙিল এমুঠি বকুল...
——————————
ৰূপকথা
চয়নিকা ভূঞা 

মোৰ পদূলিত শৰতৰ আগমন
আৰু তোমাৰ দেশত মেঘবৰ্ণৰ সাধু

কথাবোৰ বিপৰীত মেৰুত সংলগ্ন হওঁতেই
বুঢ়ী আয়ে কৈছিল
"ৰজাই হুকুম দিছে
এদিত চেদিম বাই"

কথাত কথা বাঢ়ে
সৰ্বকালৰ সৰ্বোত্তম সৃষ্টিত "সময়"

আওৰাই থকা কথাত
ভাটিয়ালীৰ গীত

সাধুকথাবোৰ অলৌকিক নাছিল
মুখ বাগৰিহে
এতিয়া পদূলি সোঙা 

ঈশ্বৰৰ দেশত তুমি
আৰু তোমাৰ দেশত
মেঘবৰ্ণৰ সাধু ।
---------–––––––––
যন্ত্ৰণা
জাহ্নৱী হাজৰিকা

এই যে মানুহবোৰে লিখে।
লিখাৰো এটা যন্ত্ৰণা থাকে।
সেই যন্ত্ৰণাৰ আঁৰত ৰৈ থাকে কিছু সময়
মধুময় অথবা বিৰহৰ।

সময়ৰ আৱাহনী সোঁতত 
সময়ে ডেউকা কোবাই যায়...
সময়ৰ ৰ’বলৈ সময় নাই।
কৈ যায়,মোলৈ সময় সাঁচি থোৱা,
সময়ত আকৌ ওভতাই পাবা।

এৰা!সময়ক সময় দিলে হেনো 
সময়ো সলনি হৈ যায়।
লিখাবোৰৰ আঁৰত একোটা সাধুকথা থাকে।
পুৰাতন কাহিনীৰে গঁথা...
কোনোবা ৰাজকুমাৰ, ৰাজকুমাৰী কিম্বা পৰ্বত পাহাৰ উপত্যকাৰ।

কল্পনাৰ আঁৰত লুকাই থাকে 
এখন বাস্তৱৰ যন্ত্ৰণাৰ পৃথিৱী।
প্ৰকাশ কৰিব নোৱাৰা কিছু কাহিনী।
প্ৰকাশ হয় লিখনিৰ মাধ্যমেৰে।
মনৰ ঘাৰ উপশম হয়।

প্ৰকাশ কৰিব নোৱাৰাবোৰ 
গোপন পৃথিৱীতেই থাকি যায়।
সেইখন এখন বেলেগ শীতল যুদ্ধ,
যিখন যুদ্ধৰ কাহানিও উপশম নহয়।

সেই কাহিনীত অৱহেলা থাকে,
য'ত অভিমানবোৰেও এসময়ত ঠিকনা হেৰুৱায়।
ঠিকনা নেহেৰুৱাবলৈ কাহিনীবোৰ হব লাগে পোহৰমুখী,আন্তৰিক আৰু স্নিগ্ধ।

লিখিবলৈ কলমটো ধৰি থকাৰ সময়কনো সৌভাগ্যৰে কথা।
কাৰণ কাৰ কলম কেতিয়া স্তব্ধ হয় কোনেও নাজানে।
কাৰোবাৰ ধমকনিত,কাৰোবাৰ ৰঙা চকুত
কলম গৈ জুইত সোমায়।

এই যে খং কৰা মানুহবোৰ,লিখনি নুবুজা মানুহবোৰ!
দূৰে দূৰে থাকিলেই ভাল চাগে।
বিৰহত কিমান যে গভীৰ লিখনি ওলায়!
কিমানে যে অনুপ্ৰেৰণা পায়!
কিমানে যে আদৰ্শ লয়!

কিন্তু য'ৰ পৰা পায়,
সেই উৎসৰ কলমৰ গৰাকীটো!
তেওঁ বাৰু সুখীনে!
কোনেও যে গমকে নলয়।

এয়াই লিখাৰ আঁৰৰ যন্ত্ৰণা,
যি যন্ত্ৰণা পৃথিৱীখনৰ অজ্ঞাতে থাকে।
অথচ পৃথিৱীখন কোনোবা দিশৰ পৰা
 উজলাই তোলে।

লিখাৰ যন্ত্ৰণা অসুখৰ যন্ত্ৰণাতকৈ কোনোগুণে কম নহয়।
অসুখ হলে মানুহৰ দৰৱ খালেই ভাল হৈ যায়।
কিন্তু লিখাৰ আঁৰৰ যি যন্ত্ৰণা
তাৰ কোনো প্ৰতিকাৰ নাই।
নিজেই নিজৰ প্ৰতিকাৰ হবলগীয়াত পৰে।
অথচ সেই যন্ত্ৰণা নিঃশেষ ও নহয় 
কোনোদিন কোনোকাল।
———————————
চাৰিটা স্তৱক
লাৱণ্য নাথ

(১)
সময়বোৰক বৃদ্ধ হ'বলৈ নিদিয়াকৈ
গতিশীল কৰাৰ দুৰন্ত প্ৰয়াস,
অথচ প্ৰতিক্ষনে বন্দী যাত্ৰাৰ গতি।

(২)
বুকুৰ সেউজীয়াৰ পাৰতে
প্ৰবল বেগী নৈখন,
বিশ্বাসৰ পাৰ খহিলেই
সোমাই আহিব দীৰ্ঘায়ু খহনীয়া।

(৩)
সপোনৰ পৰা সাৰ পাবলৈ 
বহুত চেষ্টা কৰিও পৰা নাই,
সুন্দৰ পৃথিৱীৰ এবুকু মৰমে 
বাৰে বাৰে মাতিছে 
সাধনা সফলতা মনৰ প্ৰত্যয় মাথোন।

(৪)
বাৰে বাৰে বিসৰ্জন দিছোঁ নিজকে
মুক্ত হ'ব খোজোঁ মায়াৰ পৰা,
ভুলৰ বাবে প্ৰাৰ্থনা জনাওঁ 
মিলিব খোজোঁ শূন্যতাত।
——————————
ব’লা, উৰি যাওঁ
দিলাল আহমেদ

বিষণ্ণ এটি বিয়লিৰ কাষত
স্তব্ধ হৈ ৰৈ আছোঁ
ৰ’দবোৰ ওভতিছে হৈমন্তী মলয়াত৷
মনৰ ভিতৰত জুলিয়ানা, ক্ৰিস্তিয়ানা, অশ্বখুৰাৰ শব্দ
আৱিষ্কাৰ কৰো-- এতিয়াও অপেক্ষাৰত
কোনো ভালপোৱা ভয়াৰ্ত৷

অসম্ভৱ এক ডাৱৰীয়া দিনত
ছাদৰ ঘৰত লুকাই থোৱা জোনটিয়ে
চুব খোজে শূন্য ৰঙৰ অচিন হাত
ক’ব পৰা খিনি কব খোজে দুৰ্বোধ্য ভাষাত৷

ব’লা, উৰি যাওঁ ৰাতপখীৰ দেশত
কিশোৰবেলাৰ সূৰ্য্য দীঘল ছাঁত---
আলোকসম সিঁচৰতি ৰামধেনুৰ ৰং সানি
ব’লা, উৰি যাওঁ 
আমি চিৰকালীন ৰাতি৷
—————————
সেই গছজোপা
ধ্ৰুৱজ্যোতি মহন্ত

গছজোপা খহনীয়াত পৰোঁ পৰোঁকৈ বাছি ৰ'ল 
গছৰ আগেৰে বেলিটিৰ ভটিয়নী গতি গতিমান 
বৰহমপুতৰৰ বুকুত জাহ যায় ৰাতিটো 
আকৌ, 
প্ৰভাতত 
মূৰ্তমান 

প্ৰতিসূৰ্যাস্তত উদ্ভাসিত হয় নতুন নীলিম আকাশ 
আলিপুখুৰী-বৰদোৱা-গাংমৌ-ধুৱাসুঁতি-পাটবাউসী-মধুপুৰত 
এশ বিশ বছৰীয়া 
ধন্য 
নৰ 
তনু 
অপৰিশ্ৰান্ত 

খোজে খোজে 
প্ৰতি সীৰলুতে 
ভাৰতবৰিষে 
নৱ উন্মেষা-বীজ সিঁচি 
এখন বহল চোতালত 
একেলগে বহি 
বৈকুণ্ঠ সমাহিত 
এষাৰি নাম 
প্ৰাণ কৰিলে দান
জ্যোতিষ্মান 
জ্যোতিষ্মান...

আজ্ঞাঠুৰিৰ আকাশ আজিও ৰঙচুৱা 
তাহানিৰ সেই পালতৰা ভকতি-ৰসত 

আকাশত আজিও সেই সুৰ 
প্ৰতিধ্বনিত 
বিমূৰ্ত 
উচ্চশিৰ 
উদ্বুদ্ধ 
অ-স-ম 
———————
গৰ্বৰ মুখা পিন্ধা মই এটা মূৰ্খ 
পৰাণ জ্যোতি ভূঞা

মই ৰচো নিম্নমানৰ 
কবিতা ,উপন্যাস ,প্ৰৱন্ধ 
পিছে মই ভাৱো
মই যি লিখো সকলোবোৰ শ্ৰেষ্ঠ
ৰাইজে মোক কৰে যেন আতিথ্য

মই মাজে মাজে প্ৰমাণ কৰোঁ
মোৰ অস্তিত্ব
লেখকবোৰ মোৰ হাতৰ মুঠিত
কৰোঁ মই প্ৰভুত্ব বিস্তাৰ
তেওঁলোকেও মানি লয়  দাসত্ব
আনহাতে
আগশাৰীৰ কবি সাহিত্যিকবোৰ
নহয় মোৰ পচন্দ
মই বিচাৰোঁ
সকলোৱে সমীহ কৰক
মোৰ বাহ্যিক ব্যক্তিত্বক

দৰাচলতে মই চিন্তান্বিত
সমাজত হৈ পৰো যদি গৌণ
কাৰোবাৰ উত্থানত
পতন মোৰ হয়তো নিশ্চিত
সেয়ে সকলোকে ভাবোঁ মই তুচ্ছ
অজ্ঞ কিম্বা অনভিজ্ঞ ।
—————————
ৰোৱনী
ড৹ ববিতা বৰ্মন 

ঐ, ভূঁই ৰোৱা ছোৱালী, 
তোৰ লিহিৰি হাতৰ ছন্দোময় নৃত্যত
সেউজীয়াৰে ভৰে পথাৰৰ কোমল হৃদয়,
মোৰ ভাল লগা আশাৰ সপোনবোৰো
নাঙলৰ সীঁৰলুত হৈ যায় সেউজীয়া।

 মৰমৰ ৰোৱনী,
 মাটিয়া গোন্ধৰ তোৰ শৰীৰৰ ভাজত
জীপাল হৈ পৰে মোৰ উজাগৰী নিশা,
মোৰেই উদং বুকুত তই গুণগুণাবি
ধাননি পথাৰৰ থোৰ মেলা তালত
ভালপোৱা আৰু মানৱতাৰ জয়গান,
আওৰাবি সংগ্ৰামী জীৱনৰ নতুন পাঠ
সোঁৱৰাবি বিপ্লৱী কৃষকৰ অলেখ বেথা।

শুনিছনে ৰোৱনী,
ভূঁই ৰুবলৈ যাওঁতে সাৱধান হবি
তোৰ ঘামে তিতা পূৰঠ দেহাৰ,
উদং কলাফুলত বৰকৈ চকু পৰা
অশ্লীল ভাৱনাৰ কামুক চিকাৰীক 
পথাৰৰ আলিত একেবাৰে লাই নিদিবি
জোক লাগিলেও মোকেই সাৱটি ধৰিবি

বুজিছনে ৰোৱনী,
তোৰেই সাহসত মোৰ দুখীয়া গাঁৱৰ 
শাওণৰ দেওলগা মাটিখিনি চহালোঁ
এমুঠি জোনাক নমাই আনিবিচোন 
মোৰ উৰুঙা পঁজা ৰঙীন কৰিবলৈ।
——————————
পৰিবৰ্তন
দিপ্তী মনি গোস্বামী

আজি পৰিবৰ্তন স্বৰ্গ মৰ্ত্য আকাশ পাতাল সামৰি
অগ্ৰজৰ নীতি বাক্যবোৰ হৈ পৰিল এলাইজাবৰি।
দেখি শুনি আজি দেশৰ পৰিবৰ্তন 
নৱ প্ৰজন্মৰ মন হৈছে নেকি পৰিবৰ্তন?

পৰিবৰ্তন আজি ক'ত নাই...
চলা-ফিৰা, খোৱা-লোৱা, বাক্যৰ প্ৰসংগত 
সভা সমিতিৰ ফুলজাৰিকে ধৰি
অভিভাৱকৰ সংস্কাৰ অনুশাসনত।

ৰসাতললৈ যোৱাৰ পথ প্ৰশস্ত আজি।
ককা-আইতাৰ দিৱসৰ ডাকৰ বচনবোৰ খামুচি নাথাকি
বিড়ম্বনা...
চলনাময়ীৰ কূটিল গ্ৰাসত।

পৰিবৰ্তনে আনে পৰিবৰ্তন এজাক সজাল বৃষ্টিৰে
শীতলীৰ কোলাত পাৰিজাত ফুলাবলৈ
আৰু কেতিয়াবা...
পৰিবৰ্তনে আনে পৰিবৰ্তন এজাক তেজাব বৰষুণ হৈ
হৃদয়ৰ উশাহ বোৰ ক্ষুণ্ণ  কৰিবলৈ।

পৰিবৰ্তন আকাশত বতাহত মনৰ মাজত
পৰিবৰ্তনৰ পৰশত ফুলে প্ৰেমৰ ফুল 
আৰু কেতিয়াবা...
প্ৰতাৰণাবোৰ হৈ উঠে অধিক বদ্ধমূল।
———————————
ছবিয়ে কথা কয়
ইভা গন্ধীয়া ফুকন

ছবিয়ে হেনো কথা কয় 
ছবি চাই কিমান কথা বুজো 
কিমান কথা শিকো
নিতৌ ভাহি আহে নতুন নতুন ছবি 
ইখনৰ পাছত সিখন ছবি 
উটি যাওঁ ছবিৰ লহৰে লহৰে 

জীৱনৰ বিলাসী কুসুম 
তাৰ ঘ্ৰাণেৰে হয় হৃদয় বিয়াকুল 
কোনখন সঁচা ছবি
কোনখন মিছা 
ভাবিবৰ নাই আহৰি 
আঁক-বাঁক কৰি বুজোৱা মুনাফাৰ ছবি 
সততে লওঁ আঁকোৱালি 
সেই ছবিয়ে যেতিয়া গতি কৰে ধ্বংসৰ বাটে 
হাবুডুবু খাই হিয়া ঢাকুৰি বিনালেও  
উদ্ধাৰৰ বাট নাপাওঁ বিচাৰি 

সঁচা ছবিৰ পিছল বাট 
খোজে প্ৰতি পিছলে পাৱ 
আগলৈ যোৱাৰ বাটত 
নকল ছবিয়ে ধৰে আৱৰি 
চিকাৰ ধৰিবলৈ বন্ধা জালত 
নিজে হয় বন্দী
কাপোৰেৰে মুখ ঢকা ছবিয়েও 
বিনায় সত্য প্ৰশস্তিৰ গান 
এখন মকৰা জাল চাই চাই 
গণি আছোঁ ক্ষণ বিচাৰি উদ্ধাৰৰ বাট 
চিত্ৰ পটৰ সুৰুঙাইদি 
সোমায় আহক এছেৰেঙা কোমল জোনাক !
—————————
গোন্ধ
দীপক কুমাৰ তালুকদাৰ

গোন্ধ এটাই বাউল কৰিছে মানুহবোৰ
কি যে উৎকট গোন্ধ
গোন্ধটোৱে টানি লৈ ফুৰিছে মানুহ
মানুহৰ পৰা মানুহলৈ দেখুৱাইছে লক্ষ্মীক আদৰাৰ সপোণ
অৰ্থৰে ভোগৰ সৰগ গঢ়াৰ সপোণ
প্ৰজাপতিৰ নাম লৈ আড়ম্বৰ নৃত্য
সপোন যেন বাস্তৱ কৰে বিলাসৰ গোন্ধে  কৰে আমোলমোল
ভোগৰ মদিৰাত  জীৱন ছবি
আই লক্ষ্মীৰ আশীষত
গোন্ধটোৱে বজাৰ গৰম কৰে
মহঙা দিনটো কিনা বেচা চলে অনায়াসে
কিছু মানুহৰ কিছু মানুহৰ হৈ টকাৰ পাহাৰ গঢ়ি উঠে
বিগ বুল হোৱাৰ বহুতৰে সপোণ
গোন্ধত মাতাল হৈ মানুহবোৰ দিশহাৰা আজি
তাজা খবৰ লৈ সামাজিক মাধ্যমৰ উজান
গোন্ধটোৱে মাজে সময়ে আহি মাতাল কৰে মানুহ
নাকত নধৰা এটি গোন্ধ
অথচ মন মগজু চুই যোৱা এটি গোন্ধ।
——————————
সৌদামিনী অহাৰ বাটেৰে
দীপালী শইকীয়া

সৌদামিনী অহাৰ বাটেৰে
বিকৃত আধুনিকতাৰ ফোঁপোলা সত্তা
আঁচোৰত বৈযোৱা তেজৰ নৈত
পখালে মুখ
বিচ্ছিন্ন হয় সভ্যতাৰ ঘাই শিপা
আধুনিকতাৰ পম খেদি খেদি
পঙ্গু  কৰে শান্তিৰ গোপন আলয়
আচন্ন কৰে ক্ষুধিত হৃদয়
ৰেডিমেট জাকজমকতাত
হিয়ালি-জিয়ালি উচুপনিৰ বন্যাত
এৰুৱাই জয়াল ৰাতিৰ 
খামুচীয়া নখ...

কংক্ৰিটময় হৃদয়ৰ ভোগবাদৰ বিলাসত
নিসংগতাৰ বিলাপ
নিসংগতাৰ যন্ত্ৰণা 
ৰহস্যময়তাৰ পৰা নৈৰাশ্যলৈ যাত্রা...

দেশে দেশে প্ৰতাৰিত হয় 
অৰ্দ্ধ আকাশাৰ লাজ...

ব্যস্ত পৃথিৱীত এয়া 
অন্তৰ্দ্বন্দ্ব নে প্ৰতিযোগিতা...
শান্তি বিচাৰি ছিঙি পেলায় শান্তিৰ এৰাল
জৰজৰকৈ খহি পৰে মানৱতা।
——————————
শৰৎ
ধ্ৰুৱজ্যোতি বৰা

কঁহুৱা ফুলৰ শুভ্ৰ বসন পিন্ধি 
আহিন আহিল আপোন বাটেৰে 
দূবৰি সখীৰ আতুৰ আহ্বানত 
শেৱালি ৰাণীৰ ওফোন্দ ভাগিল ;
চিনাকি বাটেৰে আহিন আহিল 

দূবৰিৰ কোলাত কুচি-মুচি শুই পৰা 
শেৱালিজনীক দেখি 
পুৱাৰ বেলিয়ে লাজতে মুখ লুকুৱাই 
শুকুলা শুকুলা মেঘৰ ছাঁত ;
আবেলিৰ হেঙুলীয়া সূৰুযে
শান্ত নদীৰ ঘাটৰ ফটিক পানীত 
গাটো পখালি 
নিৰবে সাজ সলাই ,
জোনাকে দুবৰিৰ, শেৱালি , কহুঁৱাৰ
শৰীৰত পিন্ধাই 
নিয়ৰৰ বুটাবছা অলংকাৰ !
জোনাকী পৰুৱাই পোহৰাই 
চিনাকি নদীৰ ঘাট ,
চঞ্চলা বতাহজাকে বিষাদৰ আৱৰণ দলিয়াই 
চাৰিওপিনে বিয়পাই সুগন্ধি !
জড়তা আতৰাই মনবোৰ হৈ পৰে শান্ত ,
সৌন্দৰ্যৰ সঁফুৰা খুলি 
শেৱালিৰ পাহিয়ে পাৰি দিয়ে 
অনুভৱৰ দলিচা
আহিন আহিল 
চিনাকি বাটেৰে ৷
—————————
শৰত আহিব বুলি
মৰমী কাকতি

নিৰ্মেঘ আকাশত
জাক পতা শৰালি

পথাৰত ধানপাতৰ ঝন ঝন স্বৰলিপি
দূৰৈত ৰৈ ৰৈ বয় নিজান নদী
শুনি নুশুনি বৈৰাগী গীতৰ কলি

গাভৰু জাকৰ গালত বকুল ফুলিছে
নাচি উঠা ৰ'দত জৱাফুলৰ তেজ

পানীপিয়া চৰাইৰ মাতত 
বিলৰ বুকুত  হালে-জালে 
ভেঁটফুলৰ গোলাপী মঞ্জৰী

নিয়ৰত ভিজা দূবৰি বন
তলসৰা শেৱালিৰ স্তিমিত হাঁহি

সূৰ্যৰ পথেৰে আগুৱাই তুমি
সেউজীয়াত ভৰি থ'লা

নিঃশব্দ সুৰ কঁপি কঁপি বাজে
আকুল আলিংগন অংগে অংগে
শৰত আহিব বুলি
—————————
জীৱনৰ সোপান
দেবানন্দ পেগু

ডেউকা থকাজনৰ বাবে আকাশ
নথকাজনৰ বাবে মাটিয়েই আপোন
আনৰ পাখি গজাই উৰিব বিচৰাজন
মঞ্চত কৰা অভিনয়হে মাথোঁ

যাৰ ধন আছে তাৰে গাড়ী,মটৰ
মন গ'লেই কিনিব পাৰে ৰেলগাড়ী
যাৰ হাতত ধন নাই ভৰিখনটো আছে
য'লৈকে মন যায় ত'লৈকে যাব পাৰে

পৃথিৱীখন ঘূৰি চাবলৈ কাৰ্তিকৰ ধনেশ পখী
 মাৰ কাষত থাকিবলৈ গনেশৰ এন্দুৰ আছে
সৰগত যাবলৈ আছে সপোন 
পৃথিৱীখন হ'লে আমাৰ আপোন

ৰৌ,বৰালিৰ বাবে নদী,সাগৰ
পুঠি,কলিহনাৰ বাবে পুখুৰী
হৃদয়ৱানজনৰ বাবে পূৰ্ণিমাৰ জোনাক
হৃদয়হীনতাৰ বাবে জীৱন অমানিশা

সোণৰ পালেঙতে টোপনি যাওক
কাঠৰ পালেঙতে টোপনি যাওক
সপোনটো হ'লে নিজৰ
শহাৰ দৰেই বেগাই গ'লেও
কাছৰ দৰে গুৰু গম্ভীৰ হ'লেও
জীৱনৰ শেষ আশ্ৰয় স্মশানত

আকাশৰ তৰাবোৰ মালা গাথিবলৈ
কলিজাত দাগ নলগাওঁ 
দেহ থকামানে উপভোগ কৰিম
ভাওনা হৈ হাত নেমেলোঁ কেতিয়াও।
——————————
ওৰণি তলৰ মানুহ
 অপৰূপা দত্ত

বুকুত মেঘে গাজে 
আলহি  আহিলেই চোন 
আপোনবোৰে সাচঁতি খোলে
সময় পালেই কৰ্ণত আঘাত কৰে কিছুমান বাক্যই 
অথচ মৌন চিৎকাৰ I 
প্ৰতিবাদী সত্তা আমাৰো আছে 
বুকুত ডবা-শঙ্খ একেলগে বাজে
দপ-দপকৈ জ্বলে বুকুত মুক্তিৰ জোনাকী জুই 
কিন্তু ...
আমাৰ কথা শুনিব কোনে ? 
সৰাপাতৰ আবেগ বুজিব কোনে ? 
শেৱালিৰ সুবাস ল'বনো কোনে ? 
দুচকুত কাজল সানিলে আমি নাৰী আৰু
ৰং উৰিলে ফটা পলিথিন ,
সেন্দূৰৰ আলিবাটেৰে গ'লে 
আহি পৰে নিয়মৰ ৰঙা চকু I 
জুয়ে আমাৰ বুকুতো পুৰে 
খহাই পেলাই সাতোৰঙী সপোন I 
সেন্দুৰকণেই গিলে নেকি আমাক ? 
নে অভিনয় কৰো নে তলমূৰ কৰি দিওঁ নিজকে ? 
প্ৰশ্নবোৰত শেলুৱৈ গজি খহি যায় ,
একেটা ৰাতিতে তচ্ নচ্ হৈ যায় 
জলফাইৰঙী আশা I 
বিষাদবোৰে পৰ্বত হৈ থিতাপি লয় 
ৰঙা শিৰত I
এৰা ,
সেওঁতাত কাৰোবাৰ নাম অঁকা হ'ল,
ভ্ৰুণত সপোন ৰচা হ'ল ,
গাজনিৰ মাতত চিঞৰা ছোৱালীজনী 
আজি সচাঁই মৌন হ'ল 
ওৰণিৰ তলেই তাইৰ পৰিচয় হ'ল I
——————————
নিলাম
অশোক ভৰালী

শব্দবোৰ এৰি দিছে 
বজাৰত নিলাম হোৱাৰ বাবে

শব্দৰ ওজন বাঢ়িলে নিলাম হ’ব

আপুনি কিমানলৈকে আহিব
এটকা এক, এটকা দুই, 
একহাজাৰ এক , একহাজাৰ দুই...
উঠক উঠক ওপৰলৈ

বলৎকাৰ,ধৰ্ষণ,লাভ জেহাদ, চুম্বন
কি লাগিব আপোনাক ?
শোষিত ,নিষ্পোষিতৰ ওপৰত শব্দবাণ ?
জাতি , ধৰ্ম,বৰ্ণ , উচ্চ-নীচ ধনী-দুখীয়া
যি লাগে আপোনাক 
সকলো শব্দ নিলাম হ'ব । 
উঠক উঠক ওপৰলৈ উঠক 

শান্তিৰ মম জ্বলাই
কঠোৰ ভাষাত তীব্ৰ গৰিহণাৰে
নিৰ্লজ্জতাৰ সীমা চেৰাই 
নিশাৰ ভিতৰতে টি আৰ পি বঢ়াব পাৰিব আপুনি । 

কোৰ্ট কাচাৰী মাথোঁ শব্দৰ খেল
তাৰিখৰ পিছত তাৰিখ
বলৎকাৰ হব চমৎকাৰ
ধৰ্ষণ হব পাৰে মনোৰঞ্জন
লাভ জেহাদ হ’ব প্ৰেমৰ অমৰ গাথা
চুম্বনেও দিব পাৰে আপোনাক 
কাৰোবাৰ জীৱন সৈতে খেল খেলিব, 
শব্দবোৰ মাথোঁ এৰি দিয়ক
বজাৰত নিলাম হ’বৰ বাবে

এখনৰ পিছত এখন কাপোৰ খুলি যাওক
ব্লাউজৰ পৰা অন্তৰ্বাসলৈ
আৰ্তনাদবোৰে দিব পাৰে জীৱিকাৰ সন্ধান
চকুপানীবোৰ নিলাম কৰি
একুৰিয়ামত জীৱনক বন্দী কৰি
বাকযুদ্ধৰ আখৰাত এখন এখনকৈ 
খুলিব পাৰে লাজৰ আৱৰণ

উঠক উঠক আৰু ওপৰলৈ উঠক,
শব্দৰ খেলেৰে বুদ্ধিমত্যাৰ পৰিচয়দি
সাংঘাটিক বুদ্ধিজীৱিৰ পদযাত্ৰাত
লিপিবদ্ধ হৈ যাব পাৰে আপোনাৰ নাম
আধাৰ শিলাত অংকিত আখৰবোৰেৰে
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দোহাই দি 
নিৰ্লজ্জতাৰ সীমা চেৰাই আপুনিও উদাত্ত কণ্ঠে নিলাম কৰিব পাৰে 
জাতি মাটি আৰু ভেটি । 

প্ৰশ্ন হব পাৰে
বলৎকাৰ কৰা সময়ত আপোনাৰ অনুভৱ ?
কিমান জোৰেৰে চিঞৰিছিল ?
তাৰ হাতখন তোমাৰ বুকুত আছিলনে পিঠিত ? 

হয়তো, হয়তো এইদৰেই গতি কৰি আছো আমি

এটকা এক , এটকা দুই
একহাজাৰ এক , একহাজাৰ দুই...

নিৰ্লজ্জতাৰ সীমাচেৰাই 
শব্দবোৰ নিলাম কৰি 

শব্দৰ বজাৰত 
শব্দৰ ওজনত দৰ দাম কৰি 
আইৰ কপালৰ সেন্দুৰ নিলাম কৰাৰ 
হয়তো এইদৰে গতি কৰি আছোঁ আমি ! 
হয়তো এইদৰে গতি কৰি আছোঁ আমি !
——————————
জীৱন পানচৈ বিচাৰি 
ড০ আদিল আলী 

তোমাৰ এটি ইংগিতত 
ক্লান্ত হৈ দৌৰিলো 
জীৱন পানচৈ বিচাৰি 

প্ৰাচীন শিলাখণ্ডৰ টুকুৰাবোৰ 
সাগৰৰ পাৰৰ বলুকাত 
ইফাল-সিফাল সিঁচৰতি হৈ 
পৰি থকা দেখি 
মোৰ বুকুৰ হাবিয়াস খন্দা জানৰ পানীৰ দৰে খাৰা লাগি থমকি ৰ'ল  

মই নহয় 
প্ৰথম মনু 
কেনেকৈ বেঙা মাৰি পাৰ হৈ যাম 
কালজয়ী শিলৰ ভাস্কর্যবোৰ 

নিশা দেখিলো আকাশৰ শূন্যত তৰা ফুলবোৰ ঢিমিক-ঢামাককৈ জ্বলি ওলমি আছে 
ভগ্ন আকাঙ্ক্ষাৰ প্ৰাচীনত্ব গতিবিধি লেখি 

ছাদৰ পৰা টোপ টোপ সৰিছে 
সাৰশূন্য ৰঙা বৰষুণ  

নিঃসঙ্গতাত অৱশ শৰীৰৰ 
ভাগৰুৱা উশাহ, ক'লা ধোঁৱা হৈ উৰে 

আঃ ইমান বৰণ সলোৱা বেদনা 
কেনেদৰে সহিম কোঁৱা  ! 

আদ্-বয়সতে শেৱালি জোপাৰ কেঁচা পাতবোৰ পকি সৰিব ধৰিছে 

ধোঁৱাৰঙী আকাশত ইচ্ছাৰ পাখি লগাই উৰে মনৰ চৰাই 
মলয়াৰ গতিবিধি লেখি 
——————————
মানুহজন গুচি গ’ল
ৰঞ্জন বৰ্মন

হেঙুলীয়া বেলিটো পিঠিত লৈ
গৰুৰ খুৰাই দাগ কটা গো বাটটোৱেদি
মানুহজন গুচি গ'ল

যোৱাৰ পৰত মানুহজনে কৈ গ'ল
কিদৰে মৰিশালিত মুখ থেকেচা খাই পৰি ৰয়
আঁউসীৰ শেঁতা জোন 

কিদৰে  নদীৰ সোঁতৰ চাকনৈয়াত
ফুটছাই হৈ উটি  যায় 
প্ৰতিশ্ৰুতিৰ মিছা মিছিল

কিদৰে বৰফ হৈ অহা আঙুলি মুৰত 
পঞ্জীভূত হয়
জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন
পোৱা-নোপোৱাৰ হিচাপ

কিদৰে কোনো অচিন নাওৰ টিঙত
বিষাদ গধুৰ ৰাতি
ডুব যায় হেঙুলীয়া বেলি

মানুহজন গুচি গ’ল

যি বাটে এদিন গৈছিল পিতাই
গৈছিল আই।
———————————
আমাৰ গাঁও
যামিনী দেৱী

মেঘৰ মোহনাত
সুৰুজটো নাও হৈ
বেৰৰ জোলোঙাত উমলিছে,
আয়ে তেতিয়াই শোৱাপাটী এৰিছে।
পিতায়ে 'ৰাতি পুৱাইলোৰে'
বৰগীতৰ কলি আওৰাই
পথাৰলৈ ঢাপলি মেলিছে।
মই চকু মুদি-মুদি সাৰে থাকি
ৰাতিপুৱাটো বিছনাতে
উপভোগ কৰিছোঁ।
পুখুৰীৰ পানী আনি আয়ে
গাইজনীক চাউলৰ মলি খুৱাইছে,
ওহাৰৰ ভৰ সহিব নোৱাৰি
খিৰতী গাইজনী হেম্বেলিয়াইছে,
নেজ দাঙি পোৱালীটোৱে
ওহাৰত মুখ দিছে,
মালৌ পেহীয়ে গাখীৰ খিৰাইছে,
আয়ে গড়ালত থকা
হাঁহকেইটা এৰি দিছে,
ধেক্‌-ধেক্‌কৈ হাঁহে
পথাৰলৈ লৰ মাৰিছে,
ঘৰৰ সমস্ত কাম চম্ভালি
পিতাইলৈ জলপানৰ টোপোলাটো
আয়ে লৈ গৈছে।
বন কৰা জুইৰ অঙঠা
আইৰ আঙুলিত
শৈশৱতে দেখিছোঁ,
হালৰ মুঠিত ধৰা
পিতাইৰ হাতৰ 'কৰ'ত
কৰ্মৰ নীতিশিক্ষা পাইছোঁ,
উৰুখা ছালৰ ফুটাৰে
আকাশৰ তৰাও লেখিছোঁ,
সকলো স্মৃতিয়ে
টানিছে মোক
সোণালী শৈশৱৰ
সেউজীয়া আমাৰ গাঁওখনলৈ।
—————————
ডাইনী 
কল্পনা দত্ত

অকলশৰীয়া, ভৰযৌৱানা, বিধৱা তাই,
মঠ-মন্দিৰলৈ যাব নোৱাৰে তাই;
তাইক চুলে হেনো চুৱা লাগে।

অমঙ্গলীয়া, কুলক্ষণীয়া তাই
তাইৰ উৱলি যোৱা পজাঁটোলৈ
কোনেও নাযায়, তাই হেনো ডাইনী।
তাই বৰ অকলশৰীয়া ।

তাই বুজিয়ে নাপায় ডাইনী মানে কি?
সমাজক প্ৰশ্ন কৰে তাই,
উত্তৰ বিহীন প্ৰশ্ন।
আপোনবোৰেই বিশ্বাসঘাটকতা কৰে 

গাঁৱৰ ডেকাবোৰৰ কি যে টকাৰ প্ৰলোভন ,
যৌৱনৰ ভোকত আতুৰ নৰপিষাশ বোৰে
তাইৰ পদূলিত আড্ডাৰ জোৱাৰ তোলে 
সেইচাম মানুহক প্ৰতিবাদ কৰিলেই হয়
তাই কুলক্ষণীয়া ডাইনী।
অমংগলীয়া ডাইনী।
————————
সেউজীয়া হ'ল মোৰ মনৰ উপত্যকা 
চিমৰাজ হুছেইন

তেওঁৰ দুচকুৰ আগত 
মোৰ দুচকুৰে নিগৰিল
দুটোপালমান অসহায় নিৰ... 
 
কৈ গ'ল... 
তেওঁ মোক ভিতৰলৈ বুজে 
 জানে মোৰ সেমেকা হাঁহিৰ আঁৰৰ কথা 
দৃষ্টি ৰাখে মোৰ উন্মক্ত মনটোক 
কিয় ৰুদ্ধ দুৱাৰ আৱৰি ৰাখে... 
 
চকুত চকু থ'ব নোৱাৰাকৈয়ে 
কিবা যেন কৈ গ'লোঁ 
বুকুৰ জুইকুৰাৰ কথা 
শিল হৈ বহা পুৰণি সুখে 
ভাঙি পেলোৱা হাতদুখনেৰে 
চকুলো মচিলোঁ... 

নাপায় নহয়... 
উহ্..... 
হিয়াত  আৱেগঢলা কলিজাৰ মাত
ৰুদ্ধ দুৱাৰখনেৰে পাৰ হৈ অহা 
বাহিৰৰ বতাহেও  যেন ক্ষণিকৰ শুনিলে 

বিষাদৰ ধুমুহা আঁতৰি 
লাহে লাহে আহিল 
সাহৰ  বৰষুণ
সেউজীয়া হ'ল মোৰ মনৰ উপত্যকা 
কিবা যেন পালো আশা পালোঁ
হৃদয়ে হৃদয়ক বুজা।
—————————
কিহৰ বিননি
হিমাশ্ৰী দেৱী

স্বামীৰ মৃতদেহৰ ওচৰত
তোমাৰ এতিয়া
কিহৰ বিননি?
বিলাসী জীৱন পাবলৈ
তোমাৰেইটো আছিল
তাগিদা তথা
অইনৰ লগত অলেখ ৰিজনি...
সততাৰ ব্যক্তিয়ে
যি ঘৰ-বাৰী
গাড়ী-ঘোঁৰা
ধাৰ-লোণ লৈ
পায় জীৱনৰ বিয়লি বেলাত...

তুমি চোন এইসৱ
ক্ষন্তেকতে পাৱলৈ
পতিক ঠেলি পঠিয়াইছিলা
দুৰ্নীতিৰ মেলাত...

তেন্তে এতিয়া
তোমাৰ কিহৰ বিননি...
তোমালৈ দুখ চোন
অকণো নালাগে মোৰ
লাগে মাথো আমনি...
তেন্তে এতিয়া কিহৰ বিননি?
———————————
তুমি সকলোতে বিৰাজমান
মুক্তিস্নাতা শৰ্মা 

তুমি ক’ত নাই!
সকলোতে তুমি,
লুইতলৈ চালে তোমাৰ বিশাল মানৱতা ভৰা প্ৰেমিক মনটো মনলৈ আহে,
আকাশে ,বতাহে তুমি,
শেৱালিৰ সুৱাসতো তুমি, 
ৰঙা গোলাপ পাহিওঁ দেখো তুমিয়েই,
চিফুংৰ সুৰত তুমি,
খাছী পাহাৰৰ সুৰত  তুমি,
চিয়াঙতো তুমি ,
গৌৰীপুৰৰ সুৰতো তোমাৰ সুৱাস,
কহুঁৱা বনতো  চঞ্চল তুমি,
চানমাৰী,লাচিত নগৰ,
পান বজাৰ , ভৰলুমুখত আৰু কৃষ্ণচূৰাৰ দেশতো তুমি বিৰাজমান,
নিলাজ পাহাৰ,শুকান পাহাৰ সকলোতে তুমি,
বৰদৈচিলাতো তুমি,
জিলিকাইছা তুমি লুইতৰ পাৰ,
তোমাৰ বাবেই এই পৃথিৱীত এক ক্ৰীড়াঙ্গন,তোমাৰ বাবে
যৌৱন যʼত আজি জ্যোৰ্তিম্ময়,
অগ্নিযুগৰ ফিৰিঙতি  হৈ নতুন অসম গঢ়া তুমি,
ব’হাগত তুমি, 
তুমি আছা বাবেই আজি মাঘত জ্বলিছে মেজি ,
তেজপুৰৰ ঊষাৰ প্ৰেমিক তুমিয়েই নেকি বাৰু?
সেয়েহে তোমাৰ বাবে তেজপুৰ মিঠা !
তোমাৰো আছে পূজাৰিনী মীৰা,
কি ক’ম তোমাক !
তুমিয়ে দাদা,তুমিয়ে মামা ,তুমিয়ে ককা,
বুকু হম হম কৰে তোমাৰ বাবেই...
যাযাৱৰী তুমি ,উৰণীয়া মৌ হৈ  আকাশীযানেৰে জানো আহিবা  ?
——————————
দানৱৰ চিৰিয়াখানা
যশোবন্ত নাথ

এখন দানৱৰ চিৰিয়াখানা 
নাম–কালাপানী ৰাষ্ট্ৰীয় চিৰিয়াখানা ।           
মানৱৰ পৰা দানৱ হোৱা ৰক্ত পিপাষু দলৰ এজাত অমানুহৰ চিৰিয়াখানা ।
অটব্য অৰণ্যৰ বেৰিয়া দাতত তেজ লাগি থকা নৰখাদক  নাথাকে তাত ।
বনৰ নৰখাদকতকৈ জিঘাংসু 
আহক আহক ৰাইজ টিকত ফ্ৰী।                  
সিঁহতৰ খাদ্য নিৰ্ধাৰণ কৰা হৈছে ।                    
সেইটো লৈ আহি  কিছু নিমখ আৰু একোখনকৈ ব্লেড। পাৰিলে কেইটামান শিলগুটি আনিব ।
সিঁহতৰ মানৱতাৰ তেজ লগা বেৰিয়া দাঁত উঘালি দিয়া হৈছে শিশুবোৰ নানিব
এতিয়া সিহত নাঙঠ    
ধিঙৰ চোতালৰ পৰা তাই আকাশলৈ চাই সপোন দেখা।  মানুহক জীৱন দান দিয়া মৌমিতাৰ সম্ভাব্যপূৰ্ণ জীৱনৰ  সপোনবোৰ কাঢ়ি খোৱা
সিহঁত নৰখাদক ।                     
আইনখন তাতে আছে। চাবহে পাৰিব। চুব নোৱাৰি। 
আমি কিমান দায়বদ্ধ। 
আন্দোলনৰ বাবে নে আইন হাতত তুলি লোৱাৰ বাবে ?
নে আমিবোৰ কিমান দিনৰ বাবে দৰ্শক।
সেই চাই চাই দগা পাল্লাযোৰৰ ফালে ।
কিমান হুঁমুনিয়াহ কাঢ়িব
কিমান মমবাতি লৈ মৃত্যুৰ শান্তি কামনা কৰিব।      
দানৱ মানৱ নোহোৱালৈ থাকিব দানৱৰ চিৰিয়াখানা  ।          
আহক  ৰাইজ আহক 
দানৱৰ চিৰিয়াখানালৈ  আহক
টিকট ফ্ৰী।
—————————
অন্তৰ মায়া জাল
ৰাহুল কোঁৱৰ 

সিক্ত বেদনাই যেতিয়া বুকত বিন্ধে
বিষ যে স্বাভাৱিকতে হয় 
সেই বেদনাই ৰাতি দূপৰতো শুবলৈ নিদিয়ে 
পেটৰ ভোকত টোপনি আহে 
কিন্ত যেতিয়া বেদনাৰ ভোক লাগে 
তেতিয়া অশান্ত মনতো বেছি দুর্বল কৰি তোলে
তেতিয়াই চাগে মানসিক ৰোগটোৱে আবৰে 

জীয়াবলৈ সকলোৱে মন আছে 
মৃত্যুক সকলোৱে ভয় কৰে
 কিন্ত মগজুত জীৱনৰ বাটৰ নাটৰ কাহিনীয়ে ভৰি পৰে
সেইজন বা গৰাকীয়ে এদম কানি-কাপোৰ পিন্ধি 
ৰ’দ বৰষুণ একাকাৰ কৰি যাযাবৰ হৈ ফুৰে ঘুৰি 
ৰাস্তা-ঘাটে,চহৰে-নগৰে,গাওঁ-ভূঞে ,বজাৰ-সমাৰে 
সিক্ত বেদনাই যেতিয়া বুকুত বিন্ধে
বিষ স্বাভাৱিকতে হয় 
সেই বিষতে এখন ফাটেকত পৰি যায় 
ফাটেকত পৰি লাহে গেলি-পচি 
ভোকাতুৰ পিয়াহত গুছি যায় 
দূৰ দিগন্তৰ তৰা দেশত ধীৰে ধীৰে
সিক্ত বেদনাই যেতিয়া বুকুত বিন্ধে।
——————————
ফেঁহুজালি
অঞ্জনা ৰূপা দাস 

দুনয়নে পাহি মেলি
আধাফুটা ফুলৰ কলি
ফুলি উঠে জক্ মক্ কৰি, 
মৃত আত্মা জাগি উঠে 
সপোনেও পাহি মেলে
কল্পনাৰ  মধুৰ কাৰেং সাজি। 

অতীতক চেৰ পেলাই
দিন যায় আগুৱাই
মনৰ  গোপন কোঠৰিৰ
উকা পৃষ্ঠাত নক্সা আঁকি-
বৰ্তমানৰ দিনলিপি। 
প্ৰকৃতিৰ চানেকি লৈ
নিজ কৰ্মত ব্ৰতী হৈ
জীৱনক দিয়ে সুখৰ উপহাৰ। 

পুৱাৰ কোমল মলয়া জাকে
মিঠা সুবাস কঢ়িয়াই আনে
কাহিলি পুৱাতে সুললিত কণ্ঠে
পক্ষীটিয়ে গীত জুৰি 
লক্ষ্যক সোঁৱৰায়। 
 উষাৰ বিকিৰণে
 দুবৰিত মুকুতা সিঁচে
সেউজীয়া দলিচাত
দুভৰিত কুসুম ফুলে, 
দুটিপাতৰ কলিটিয়ে
ঠনধৰি নাচি উঠে- 
জঞ্জালৰ পিঞ্জৰা খুলি
মনটিও  নাচি উঠে
হৃদয়ত তোলে
আনন্দ উল্লাস
হৈ অগ্ৰসৰ জীৱন ৰচনাত।
——————————
আত্মবিশ্লেষণ
অজন্তা তামুলী ফুকন

মই মোক চিকুটি চাওঁ
উশাহটো সলাই চাওঁ 
থাউনি নোপোৱাকৈ নামি চাওঁ
প্ৰতাৰণাৰ বিশ্বাস ঘাটকতাৰ 
ৰটনা ৰটা হৃদয়ৰ কোঠালিত 
মই ৱিকিপিডিয়াত বিচাৰোঁ
তেওঁ আৰু মোৰ সূতাডালৰ আঁত 
থুনুকা শব্দবোৰে বৰকৈ বিজুতি ঘটাই
মনটোক চিকুটি বাকুহি থকাৰ সময়ত
মই আত্মনুশোচনাৰ পুখুৰীত গাটো তিয়াই আহোঁ
আচাৰি আচাৰি ধুই ৰদাই দিওঁ মোৰ থুনুকা হৃদয়ক
মই মোক বছৰত বহুবাৰ নিচুকাই ওমলাই থাকোঁ।
——————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী

তুমি এজোপা গছৰ এখিলা 
কোমল কুঁহিপাত হোৱা
অ’ প্ৰিয়া 
হ’বানে  এবাৰ কোৱা ?
লাজ নকৰিবা 
লাজৰ ওৰণিখন গুচাই থ’বা  
অ’ প্ৰিয়া থ’বানে 
এবাৰ কোৱা ?

আকৌ এবাৰ ব’হাগ 
বসন্ত আহিব দিয়া  
অহা ব’হাগ-বসন্তত মই 
বতাহ হৈ তোমাৰ বুকুত
মৰমৰ চুমা ।
মোৰ এই হেঁপাহ বহুদিনীয়া
মোৰ এই হেঁপাহ শতযুগীয়া ৷
————————————

Post a Comment

0 Comments