পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ দশম সংখ্যা

————————————————————
—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ৰিংকুমণি বড়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
———————————
বাটচ’ৰা
সম্পাদকীয়...

   কেতিয়াবা ভাবো কিয় লিখো?
   কেতিয়াবা ভাবো কিয় লিখিব নোৱৰা হ’লোঁ ?
   কেতিয়াবা ভাবো নানান বদনাম সহি,বহুমূলীয়া সময়, জেপৰ ধন খৰচ  কৰি কবিতাৰ সংগঠন কৰি লাভ কি ? 
   জানো–কিছুমান 'কিয়'ৰ উত্তৰ নাথাকে। ওপৰত উল্লিখিত 'কিয়' কেইটাও মোৰ বাবে উত্তৰহীন।
   তথাপি, কবিতাৰ বাবে বাৰে বাৰে নিজক কৰো সমৰ্পণ।আচলতে কবিতাৰ প্ৰেমত এবাৰ যি পৰে, দুনাই পলাব নোৱাৰে। জীৱন-প্ৰীতিতকৈ পৃথক নহয় 
কবিতা-প্ৰেম। 

বিনীত—
নৱ ৰাজন
সম্পাদক
———————————
কবিতাৰ আড্ডা

ভাষাক  লৈ
উদয় কুমাৰ শৰ্মা

ক্ৰিয়া আৰু তাৰ বিশেষণ-ৰূপ :

 পাল তৰে ( ক্ৰিয়া) > পালতৰা নাও ( কেনে নাও : পালতৰা) । 
ছন পৰে > ছনপৰা পথাৰ। 
মন মৰে > মনমৰা তৰা। 
উৰি ফুৰে > উৰিফুৰা পখিলা। 
চৰি ফুৰে > চৰিফুৰা গৰু। 
মাছ মাৰে > মাছমৰা কাম। 
ভাল লাগে > ভাললগা কথা। 
মৰম লাগে > মৰমলগা মেকুৰী। 
ৰাগি লাগে > ৰাগিলগা মন। 
গেঁৰ ধৰে > গেঁৰধৰা ধাননি। 
হাতেৰে লিখে > হাতেলিখা আলোচনী। 
জহি যায় > জহিযোৱা ঘৰ। 
পানী ভৰায় / ভৰ্তি কৰে > পানীভৰা / পানীভৰ্তি গাড়ী। ইত্যাদি।
——————————
অনুবাদ কবিতা

Vulture: The Beautiful Purifier
– Robinson Jeffers,
USA

But how beautiful he looked, gliding down
On those great sails; how beautiful he looked, veering
away in the sea-light over the precipice. 

শগুণ: পৃথিৱীৰ নিষ্কাসক
মূল: ৰবিনচন জেফাৰচ, আমেৰিকা
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

কিন্তু তাই নৌকাৰ পালত নামি আহোঁতে 
তাইক কেনে ৰূপহী দেখা গৈছিল,
তাইক কেনে ৰূপহী দেখা গৈছিল,
পাহাৰৰ  থিয় ঢাল পোৱাত সাগৰৰ চিকমিকনিত দিশ সলনি কৰি আঁতৰিছিল৷
———————————
কিতাপ পঢ়ি কন্দা

মূল  হিন্দীঃ–ৰঘুবীৰ  সহায়
অনুবাদঃ– গণেশ বৰ্মন 

ময়ো কিতাপ পঢ়ি কান্দিছোঁ
কিন্তু এতিয়া মনত পৰা নাই কি কথা আছিল সেয়া
হয়তো কিবা এক বৃত্তান্ত আছিল 
চৰিত্ৰ যাৰ অনেক
চৌদিশৰ পৰা সাজু হৈ গুণগুণাই আহিছিল 
মই  পঢ়িছিলোঁ আৰু কান্দিছিলোঁ 
মুহূৰ্ততে হঠাৎ জানিব পাৰিছিলোঁ
এয়া পঢ়িছোঁ কিবা এটা আৰু
কান্দিছোঁ অন্য কিবা এটা
দুয়োটা সংযুক্ত হৈছে --পঢ়া কিতাপৰ 
আৰু কন্দা মোৰ ব্যক্তিত্বৰ

কিন্তু মই যি পঢ়িছিলোঁ
তাকে লৈ কন্দা নাছিলোঁ 
পঢ়নে মোক কান্দিবলৈ শক্তি যোগাইছিল
দু:খ পাইছিলোঁ মই বাহিৰৰ কিতাপৰ জীৱনৰ পৰা
মই নিৰৱধি পঢ়িছিলোঁ আৰু কান্দিছিলোঁ
যিটো মই পঢ়োঁ তাকে লৈ নাকান্দো
কন্দাৰ কাৰণ বিচাৰি পাইছোঁ মই 
বাহিৰৰ কিতাপৰ জীৱনৰ পৰা
কিন্তু কন্দাটো সম্ভৱ কৰি তুলিছে কিতাপেই  ।       
 ---------------------–––———————
কবিতা

পিতাইৰ দেহৰ ঘাম সৰি সেউজীয়া পথাৰ
ৰীতা বৰুৱা

পিতাইৰ দেহৰ ঘাম সৰি
সেউজীয়া হোৱা পথাৰখনত
আজি সৰে
পিতাইৰ বুকুৰ হুমুনিয়াহ

আজিৰ শিক্ষাই নকৰে
নাঙলৰে সহবাস

পৰনিৰ্ভৰতা মাথোঁ
গুটি দীঘল কেৰেলা

আৰু ক্ৰমশ: বাঢ়ি যোৱা আধিয়াৰৰ
আধি মাটিৰ প্ৰকোপত
এসময়ত সোণগুটিৰ ভৰত
হাওলা পথাৰখনত আজি
এলাগী ঘাঁহ-বনৰ
নিসন্ধি ঠাহ্

পিতাইৰ দেহৰ ঘাম সৰি
সেউজীয়া হোৱা পথাৰখনত
আজি সৰে
পিতাইৰ বুকুৰ হুমুনিয়াহ।
——————————
গুৰু-নমন
জুবিলী গগৈ               

হে গুৰু,
তোমাক শতকোটি প্ৰণাম

তোমাৰ দানেৰেই পালিত মই
অথচ নুবুজিলোঁ তোমাৰ দানৰ মহত্ব
তুমি যি দিলা সেয়া আঁতৰাই
চুবলৈ গ'লোঁ অস্পৃশ্যৰ সীমনা

তুমি দিয়া চকুৰে এতিয়া 
নেদেখোঁ মই
ৰঙীন কাঁচ আঁৰি লৈছোঁ দুচকুত

তুমি দিয়া ভৰিৰে 
খোজ নাকাঢ়োঁ মই
ভৰিত লগোৱা আছে যান্ত্ৰিক চালনা

তুমি দিয়া হাত
সেয়া কাহানিবাতে হেৰুৱালোঁ মই
হাতৰ মুঠিত এতিয়া মুকুতাৰ জিলমিল

তুমি দিয়া মনেৰে 
নাভাবোঁ মই
ভাগ ভাগ কোঠালীত এতিয়া 
পৃথক ভাবনা

তুমি দিয়া আহাৰৰ পাঠ নপঢ়োঁ মই
সেইবোৰ আহাৰেৰে নুশুজে দেহা

"কুকুৰ,শৃংগাল,গদৰ্ভৰো আত্মাৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।"

পাহৰিলোঁ তোমাৰ বাণী
নুশুনা হ'লোঁ ভাগৱতৰ অমিয়া সুৰ

ধৰ্ম-কথা নুশুনাবা মোক
জৰাসন্ধ-সময়ত বুকুত জ্বলি থাকে অহৰহ
কুৰুক্ষেত্ৰৰ জুই

হে গুৰু,
ধৰুৱা মই তোমাৰ ওচৰত

কোনোবাদিনা হয়তো কৰতল জোৰাই
ময়ো গাম মণিকূট পোহৰ কৰি
"মই দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ" ।
———————————
সংজ্ঞাহীনতা
বিভা দেৱী

এক)
আত্মাক তুলি লৈছিলোঁ এদিন
হাতত

লিৰিকি-বিদাৰি চাই

এবাৰ মূৰত উঠাই লৈ
এবাৰ মাটিত নমাই থৈ

সকলোৰে দৃষ্টি আছিল মোৰ হাতৰ ওপৰত।

দুই)
খুব সন্তৰ্পণে ক'লো মই 
যোৱা-
নামি যোৱা 
বাসনাৰে কাকো নাবান্ধিবা এতিয়া 

শূন্যৰ ওপৰত কাৰো হাত নাই।

তিনি)
জুখি চোৱা
চেলেকি  চোৱা

আদ্ৰৰ্তাত  
কিমানখিনি আচল চকুপানী ।

চাৰি)
শব্দবোৰ খুলি দিয়া হ'ল 
মাথো ভুন-ভুননি
 
বাঁহী বজা
বাঁহী বজা
মৃত শৰীৰত বাজি উঠক 
সৰবতা

পাঁচ)
চকুত তন্দ্ৰা
শীৰ্ণ বতাহী চৰাইটি উৰি যোৱা নাই

থাকক একেদৰে
সকলো জানিও

আগমন আৰু নিৰ্গমনৰ
গূঢ় আৰু মহত্ত্বৰ কথা

ছয়)
অজুহাতেই হওক এটি
মলিয়ে'ৰৰ কথাবোৰৰ দৰেই তাত্বিক 

মৃত্যুক বুজিবলৈ
মই  যেন আকৌ এবাৰ
হৈ  পৰো সংজ্ঞাহীন ।
-----------------
[মলিয়ে'ৰ-ফৰাছী নাট্যকাৰ আৰু অভিনেতা]
——————————
কাৰণে–অকাৰণে
ইলামণি শইকীয়া

কথা-১

সাগৰৰ বয়স টুটি আহিছে
সাগৰখন শুকাই আহিছে
বুকুত এতিয়া কাৰণে-অকাৰণে
সাগৰসম দুখ!

কথা-দুই
—————
হাঁহিবোৰে আগচোতালত দৌৰি আছিল
হাঁহিবোৰে পিছচোতাল, আখলঘৰ, ভঁৰালঘৰ, পঢ়াশালিত নাচি ফুৰিছিল
আইৰ বুকুৰ মাজত সোমাই 
হাঁহিবোৰে হাঁহি আছিল সপোনতো৷

হাঁহিবোৰ এতিয়া নাই
আইৰ কোটৰত সোমোৱা দুচকুৱেদি
হাঁহিবোৰ স্মৃতি হৈ এতিয়া বাগৰি থাকে৷
——————————
বাট
ৰমেশ চন্দ্ৰ ৰায় 

এটা অন্তহীন অচিন বাটেৰে  মই গৈ আছোঁ 

বাৰে বাৰে কেঁকুৰি একোটা পাইছোঁ 
কেঁকুৰিত ওলমি থাকে অলপ আন্ধাৰ 
অলপ কুঁৱলি
অথবা উজ্জ্বল পোহৰৰ ৰেঙণি 

মেকুৰী এটাৰ চহৰ-চফৰৰ নিচিনাকৈ 
মই গৈ আছোঁ 

কাৰোবাৰ পদূলিৰ মাছৰ গোন্ধ 
কাৰোবাৰ পদূলিৰ ভৌ ভৌ শব্দ 

ধূলি 
ধোঁৱা 

কৰবাত হট্টগোল
 
নিস্তব্ধতা কোনোবা মুলুকত 

মই গৈ থাকোঁ 

কেঁকুৰিটোৰ সিপাৰে
এটা দীঘল বাট 
এখন বহল হাট
অচিন

নাজানো ঘূৰিম নে নাই 
উভতিবলৈ মইতো চিন ৰাখি অহা নাই 

দীঘল বাট এটাৰে গৈ থাকিম
বিচিত্ৰ হাট এখনত ঘূৰি থাকিম

যদি উভতি নাহোঁ 
——————————
হাতৰ মুঠি খুলি সকলোৱে সৰি পৰে
ৰঞ্জন বর্মন

গছজোপাৰ পৰা  
শেষ পাতখিলা সৰি পৰিল

সৰি পৰিল 
আকাশৰ মোহনাত উলমি থকা
হেঙুলীয়া বেলি

নিশাৰ নিজানত 
সৰি পৰিল
ৰৈ ৰৈ বাজি থকা গৰখীয়া বাঁহীৰ মাত 

হয়তো এনেকৈয়ে এদিন 
হাতৰ মুঠি খুলি সকলোৱে সৰি পৰে 
সময়ৰ বুকুত 
কোনেও নজনাকৈয়ে।
——————————
কৃষ্ণকথা
ধ্ৰুৱজ্যোতি মহন্ত 

হে! সৃষ্টিকৰ্তা 
তুমি যোনেই নোহোৱা- তোমাৰেই অণু এটি 
এই জীৱন, মই জানো 
অতিকৈ ক্ষুদ্ৰাতিক্ষুদ্ৰ 
দোদুল্যমান 
স্থিতি 
ইয়াৰ 

তথাপিও উজলি উঠাৰ বৃথা হাবিয়াস কিহৰ বাবে 
দুদিনৰ বাট 
ঢিমিক-ঢামাক 

প্ৰয়াস হওক 
তোমাৰ সৃষ্ট সমস্ত জীৱৰ সহবাসী এই ধৰাতলত বোওৱাৰ 
অহৈতুক-প্ৰেমময়-মলয়া-
সুবাস 

সকলো উদ্ভিদৰে ফুলক ফুল 
বেঙুনীয়া আভাৰে উদ্ভাসিত হওক ধৰিত্ৰী  

সকলো প্ৰাণীৰে অঙ্কুৰিত হওক সুৱৰ্ণ ভ্ৰূণ 
জন্ম হওক আতোল-তোল শিশু গোলাপী 

এই জীৱন- কিযে সুযোগ! 
দুদিনৰ বৈভৱৰ আকাংক্ষাতে 
কিয়নো আনো ইহ-জীৱনলৈ 
অপৰিসীম 
দুৰ্যোগ!
———————————
মুখা
চয়নিকা ভূঞা 

এখন ভেকোভাওনা 
চলি আছে অতীজৰে পৰা
চলি থাকিব
ভাও দিয়াত সকলো ওস্তাদ 
এনে লাগে যেন চিৰসত্য কাহিনী 

ভাওনা নহয়
এখন ভেকোভাওনাহে

কোনেও ক'ব নোৱাৰে
প্ৰকৃত ভাৱৰীয়া কোন 
ভাও কাৰ 
অথচ তুংগত আখৰা

সামান্য এটা অজুহাতে
এখন দীঘলীয়া ইতিহাস
 
কিলবিলাই ফুৰা চৰিত্ৰত
কেতিয়াবা আপুনি 
কেতিয়াবা মই 

সূৰ্যাস্তৰৰ পিছতে সূৰ্যোদয়লৈ অপেক্ষা 
কোনো কথাই ইমান সহজ নহয়
ক্ৰেতা বিক্ৰেতাৰ ৰূপত নিজৰ প্ৰতিবিম্ব
আপোন ভালেই জগত ভাল
ইফালে 
নিজেই ৰজা
নিজেই প্ৰজা

ক্ৰমাত বৃদ্ধি পোৱা সময়ৰ জোখ-মাপত
এখন ভেকোভাওনা
আৰু 
শেষান্তৰতো শেষ নোহোৱা চৰিত্ৰত
পেণ্ডুলাম হৈ ওলমিছে
আজি নিজৰেই ছবি  ।
——————————
ধনশিৰি চাপৰিত কঁহুৱা ফুলিছে
জাহ্নৱী হাজৰিকা

সৰু চহৰ খনৰ এটা কণমানি কলমৰ গৰাকী তাই।
হাবিত বাট হেৰুৱাই ঘূৰি ফুৰোতে
 নদীয়ে বাট দিয়া মানুহ।
মোৰ ভাল লগা মানুহ।
মোৰ হাজাৰ আব্দাৰ।
বহুদিন তাইৰ কলমৰ পৰা শব্দ নিগৰা নাই।
কলমত শান দিয়া নাই।

শব্দবোৰে চাগে উশাহ পোৱা নাই।
শব্দবোৰে চাগে মুক্তি পোৱা নাই।
বহুদিন হ'ল তই একো এটা নিলিখা।
লিখচোন।
মোৰ ভাল লাগে।
কৈ থাকো মই।

কিনো লিখিম!সুখত থকা মানুহ মই।
দুখতহে কলমৰ আগেৰে শব্দ ওলায়।
মেচিন গানৰ গুলীৰ দৰে।
জীয়ন দিয়া শব্দ।
মোলান হাঁহিৰে তাই কয়।

চমকি উঠো মই।
কি কয় তাই?
আহাৰৰ কাল বানেও তলাব নোৱাৰা
চামুণ্ডা গোসাঁনী তাই।
এতিয়াটো ভদীয়া বান অহাৰ সময়।
এজাৰৰ নাওখন আহাৰতে ডুবিল।

ভদীয়া বান অৱশ্যে এতিয়ালৈ অহা নাই।
খেতি পথাৰখনৰ হাঁহিটো হেৰাই যোৱা নাই।

আমোলমোল তাইৰ দীঘল পদূলি।
বকুলজোপা ফুলিছে তল ভৰি।
চাৰিও ফালে বকুল বকুল গোন্ধ।
লঠঙা শেৱালিয়েও চকু টিপিয়াই।
আহি আছো ৰবা মই বেছিদিন নাই।

বতাহত কুহুমীয়া গোন্ধ ভাঁহিছে।
ধনশিৰিৰ চাপৰিত কঁহুৱা ফুলিছে।
কঁহুৱাৰ সুবাসত জোনৰো টোপনি ভাঙিব।
হাতিপটিয়ে লুকাভাকু  খেলিব।
কি ঠিক!
তাইৰ কলমলৈও চাগে এতিয়া সঞ্জীৱনী আহিব।
———————————
মৰা জোন 
পৱন বৰ্মন

বগা কাপোৰেৰে মেৰিয়াই থোৱা 
জোনটো মৰা...

উখল-মাখল 
সৎকাৰৰ বাবে ইমান আয়োজন! 

পাঁচ পোৱা ঘিউ ঢালি
পুৱতি নিশা সৎকাৰ কৰা হ'ল
তাৰ আগেয়ে কপালত ঢালি দিয়া হৈছিল এসোপা ৰঙা!

প্ৰতিবাদত 
চিঞৰি-চিঞৰি নিঠৰ এটা পৰুৱা 

পুৰোহিতে মন্ত্ৰ মাতিলে- 
কেতিয়াবা পৃথিৱী দেখুওৱাৰ সুবাদতে তেওঁলোকে লাভ কৰে
এই আধিকাৰ 

মানুহবোৰ পতিয়ন গ'ল 
ইমান আয়োজন যিহেতু এই মৃত্যু শুভই হ'ব! 
শুভেচ্ছাৰে উপচি পৰিল 

মানুহবোৰে একো জনা নাই 
পোৱা নাই শ পোৰা গোন্ধ 
সেয়েহে ঘৰা-ঘৰি হ'ল

কোনে জানে জোনৰ বুকুত সেইডাল 
তুলসী 
নে 
পোষ্টমৰ্টেমত কটা দাগ? 
——————————
য'ত মই আছোঁ, মই নাই
গিৰিজা শৰ্মা

প্ৰাত্যহিকতাত ঝুলিছে জীৱন
চাবিতে চলন
ঘড়ীটো খেদি ঘৰ সোমাওঁতে বেলি মৰে
অভাৱৰ দুনীয়াত "আমোদ" আওমৰণ।
ৰৈ গ'লা "তুমি"
তোমাৰ প্ৰেম
এনে কি চালিকা শক্তি
বাসনাৰ অভিধাও হ'ব পাৰেনে জীৱন!
মৌপিয়া মন
অহৰ্নিশ আত্মহনন 
তাঁৰ চিগা তাড়নাৰ যতিহীন গতি
আশ্বৰ্য প্ৰকৃতি
আৰণ্যক অৱসাদ জাৰি-জোকাৰি
সময়ৰ বুকুৰ থূপ খোৱা অভিমানো মম হৈ গলে
অসম্ভৱ ব্যাখ্যায়ন
এই যে ঘড়ীটো খেদোঁ
মৃত সময়ৰ কবৰত মূৰ থৈ নিৰৱে উচুপোঁ
প্ৰাত্যহিকতাৰ সীমাৰেখাৰ সিপাৰে
স্থবিৰ কোনো এটা বিন্দু
য'ত মই আছোঁ
নাই মোৰ কুকুৰ দৌৰ
অকাৰণ আস্ফালন 
অথবা
শূন্যসাৰ সমীকৰণ।
--------------------
মন’ক্ৰম
দিলাল আহমেদ

অৱশেষত গুচি যায় সকলোৱে
সময়ৰ অৱৰোহত অনুভূতি হৈ উঠে স্মৃতি৷
সংশ্লেষণৰ আকুল বৈৰাগ্যত
বেনু বনত বাজে বাঁহী৷

উজাগৰ সময়ৰ হাজাৰ দুঃস্বপ্ন
কিয় ইমান বিৱশতা
কিয় ইমান শব্দ?

বুকুৰ ভিতৰত তাৰ প্ৰতিধ্বনি ভাঁহে
মেঘৰ আঁৰত লুকায় সূৰ্য---
বিয়লি নামি আহে লাহেলাহে৷
——————————
উকা কথা 
জুৰি ভট্টাচাৰ্য 

বানে ধোৱা বুকত মোৰ
এবুকু পলস... 
পলসৰ বুকু ভৰাই  গজিছে...
নিৰ্মদ দোৰোণ ৷
তিতা পাত ৷
 মিঠা চুপহি ৷ 
(সুন্দৰ ফুলৰো যে ভাগ্য !
কেতিয়াবা দেৱতাৰ চৰণত ৷
কেতিয়াবা
মৃতকৰ শয়নত ৷)
দোৰোণ ফুলৰ এনে কাম নাই। 
ক’তো নাই। 
অৱহেলিত দোৰোণ 
পলস পাই  গজিছে। 
জাকি মাৰি ফুলিছে ৷
উকা জীৱনক উকা কৰা নাই। 
তিতা পাত, মিঠা চুপহি ৷
——————————
ট্ৰুথ  অৱ  ফ্ৰীডম
উজ্জ্বল স্মৰণ দত্ত

মুকুতিৰ বৰধোল কোৱাই কোৱাই
নিচুকাই আছোঁ তদ্ৰূপ ৷
এচলোঁ  পানীত চৰোৱা জীয়ন
ভাগৰ ভাগ নাপায় ৷
গতি-প্ৰগতি-অগতি
কাল পাত্ৰত সোধা নাযায় ৷
বন্দী চৰাই সজাৰ
উৰো বুলি উৰা নাযায় ৷
কলিতেই  কলি
মত্ত মাতাম্বৰ দুশাসন
জুমি জুমি বখলিয়াই চাই
বেটি বচাও
বেটিৰ সপোন হেৰায় 
শোকৰ শোকতৰা গায় ৷
বাগি ধৰা ৰণুৱা ঘোঁৰাৰ
তৰাধনি হেৰায় ৷
ফুলৰ ফুলজাৰি মাৰি
পাটত বহা পটেশ্বৰে
ৰাতিতে আকাশ কুসুম ফুলাই। 
ৰীতিৰ ৰীতি খেদে
গংগাক  ধুৱাই
পূণ্য তীৰ্থ পায় ৷
——————————
মই হেনো অৰ্ধ আকাশ
ৰেখা বৰকটকী

অৰ্ধ আকাশৰ নামত মই এক নিৰ্লজ্জ সত্য 
চৌপাশে মোৰ বিভৎস লালসাৰ কিৰিলি
মদমত্ত পুৰুষ প্ৰৱৰে
আজুৰি খায় মোৰ বুকুৰ মঙহ!
বহু অৱলাই
বৃদ্ধাশ্ৰমত  মনৰ সঙ্গীৰে ওমলে...
কোনোৱে এপালি ঔষধ বিচাৰি হাঁহাকাৰ কৰে
বিকৃত মগজুৰ উদ্ভট নিদৰ্শন ইযে!
মানৱতাৰ স্খলনে কনাৰ অন্তৰাত্মাত তোলে হুংকাৰ....
ময়োতো আছিলো কনমানি নাৰী 
ৰহঘৰা পৃথিৱীৰ ক্ষন্তেকীয়া আলহী!
মোক অংকুৰতে বিনাশ কৰা হ'ল----
মোকেই প্ৰতিষ্ঠা কৰে বেদীত
মোকেই উটুৱায় দূৰ্গন্ধ নৰ্দমাত!
হৃদয় মোৰ প্ৰশ্ন বাণে বিধৌত
এইয়াই নেকি পঞ্চ ইন্দ্ৰিয়ৰ ৰম্যভূমি ,
য'ত মানৱৰ অবাধ,স্বতন্ত্ৰ আচৰণ ?
পৰোপকাৰ ,শিষ্টাচাৰৰ 
শ্ৰাদ্ধ পতা
তিৰস্কৃত মানৱৰ বক্ৰ দৃষ্টিত
ভূ-লুণ্ঠিতা মই অসহায় নাৰী...
হিতাহিত জ্ঞানশূণ্যৰ কামুকতাত
ধৰাশায়ী মোৰ অনন্য চেতনা;
আত্মপ্ৰতিষ্ঠাৰ সয়ম্বৰ স্থলী...
ইয়াতে মানুহ অমানুহ হয়,
মোৰ প্ৰাপ্য ,মোৰ আৱেগ, মোৰ সত্তা
যেন আজি এক
দূৰ্বোধ্য সাঁথৰ!
দয়া,ক্ষমা আন্তৰিকতাৰ আত্মহনন!
পঙ্গু বিবেকত জৰাগ্ৰস্ততা! 
স্নেহাসক্ত উন্মাদনাত পক্ষা ঘাত ৰোগ---
দয়াহীনতাৰ বিষন্ন পাণ্ডুলিপিত মই এক শোকাৰ্ত হুমুনিয়াহ!
———————————
টেৰাকোটা
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

অগ্নিদগ্ধ টেৰাকোটাৰ প্ৰতিটো কোঁহ
ইতিহাসে চেলেকিছে
পিতিকিছে
মোহাৰিছে

বুকু বিদাৰিলে দেখা পাবা
খোদাই কৰা আছে ৰক্তিম সূৰ্য্য 
অতীততূৰ্য্য

ৰাজপথত একবিংশ শতিকাৰ
তৰুণ-তৰুণীৰ বৈষম্য বিৰোধী ঐকতান

নিজ হাতেৰে গঢ়ি তোলে
প্ৰগতিবাদী সমাজৰ সম্প্ৰীতিৰ মানচিত্ৰ

গ্ৰাফিটি কেলিগ্ৰাফী আল্পনাত
ম’মৰ শিখা জ্বলাই কৰা প্ৰাৰ্থনা

স্ব-অস্তিত্ব ৰক্ষাৰ আদৰ্শৰ জয়গান...
———————————
আঁশী দশকৰ এজন দক্ষ অধ্যক্ষ...
(সদ্যপ্ৰয়াত মোৰ শহুৰ দেউতাৰ স্মৃতিত)
পৰাণ জ্যোতি ভূঞা

কৃষ্ণচূড়া গছবোৰৰ তলেদি
বিদ্যালয়ৰ চৌহদত 
উধৰ পৰা মূধলৈ
পায়চাৰিৰ চলেৰে
অধ্যক্ষ জনে পিটপিটাই ফুৰে ,
হাতত এমুঠি বেতৰ চেকনী লৈ
কৰ্মচাৰী এজন ছাৰৰ সঙ্গী 
ছাৰৰ পিছে পিছে 
এনে লাগে যেন
শিৱ আৰু নন্দী ;
নিয়ম ভাঙিলেই ছাৰৰ গৰ্জন
বেতৰ কোব আৰু
বিকট চিঞৰত আটাহ  পাৰে ছাৰে
মুখৰিত হয় ছাৰৰ ক্ৰোধ
ছিটিকি পৰে
গালি -শপনিৰ জ্বলন্ত লাভা 
বিদ্যালয়ৰ চৌপাশে 
আৰু
কাঁহ পৰি জীণ যায়
বিদ্যালয়ৰ চৌহদটো নিমিষতে।
—————————
সাগৰ দেখিলোঁ
ইভা গন্ধীয়া ফুকন

ভবা নাছিলোঁ সাগৰ চাবলৈ যাম কেতিয়াবা 
কিন্তু আছিল সাগৰ চোৱাৰ হেঁপাহ 
সুযোগ আহে কেতিয়াবা নভবা নিচিন্তাকৈ 
পূৰ্ণ কৰে অনাকাংক্ষিত আশা 

সপোন নহয় দিঠকতে দেখিলোঁ সাগৰ
সাগৰৰ পাৰত থিয় হৈ চালোঁ ইটো পাৰ 
দেখিলোঁ নীল আকাশৰ লগতে হ'ল একাকাৰ 
আপ্লুত মন, সাগৰৰ জোৱাৰ -ভাটাৰ খেলা 
নামি চালোঁ, সাগৰৰ ঢৌ চুই চালোঁ 
মুখত লৈ চালোঁ সঁচাই লুণীয়া 

গৰ্জন কৰি অহা ঢৌৱে আঁকোৱালি ল'ব খোজে 
আঁতৰি যোৱা ঢৌৱে 
ভৰিৰ তলৰ বলুকা কাঢ়ি নিয়ে 
কেশ আউল বাউল কৰি সাগৰৰ অশান্ত উৰ্মিমালা 
আগষ্ট মাহৰ উৎকট গৰমতো নাই গৰমৰ উন্মেষ 
পুৱাবেলা সূৰুয উঠাৰ মনোৰম দৃশ্য 
দুপৰবেলা সাগৰৰ পাৰৰ মৰুভূ বলুকা 
ইটোৰ পাছত অহা সিটো সাগৰৰ ঢৌ 
গর্জন কৰি উঠিছে নামিছে 
ক'ব খুজিছে যেন মই সাগৰ 

সাগৰৰ ঢৌৱে মনৰ ঢৌ খহাই 
হৃদয়ৰ দুৱাৰ খুলি দিয়ে 
সাগৰৰ বুকুত সৰু বৰ নাওঁ 
হয়তো মাছ মৰীয়াৰ জীৱন জীৱিকাৰ খেল 
পাৰত বহু মানুহ 
তাৰে কোনোবাই চাগৈ মোৰ দৰে 
প্ৰথম দেখিছে সাগৰ 
পাৰত ভিন্ন শংখ, শামুকৰ খোলা , নীলা , ৰঙা হালধীয়া পাথৰ,মুকুতা মালাৰ পোহাৰ 
ল'লোঁ কিনি কেইধাৰীমান মুকুতা মালা, 
শংখ , শামুকৰ খোলা 
ৰাখিবলৈ চিন সাগৰ দেখাৰ!
———————————
মোৰ পদুলিৰ বকুল জোপা
দেবানন্দ পেগু

অনাথ সন্তানৰ দৰে পৰি আছিল আশ্ৰমত
কোমল কোমল কুঁহিপাতেৰে ভৰা শিশুৰূপী বকুল জোপা মোলৈ চাই  যেন নিৰাপত্তা বিচাৰিছিল জীৱনৰ
তুলি-তালি ডাঙৰ কৰাৰ প্ৰতিশ্ৰুতি দি বুটলি আনিছিলোঁ 
মোৰ পদুলিত সূৰ্য,চন্দ্ৰক সাক্ষী কৰি বসুমতীৰ কোলাত গুজি দিয়া এই শিশুৰূপী বকুল জোপা
এতিয়া যৌৱনত উন্মনা গাভৰু হ'ল
তাইৰ চিৰসেউজ বূকুতে জিৰণি লৈ প্ৰেমীক চৰাই যুগল
নিৰাপত্তা বিচাৰি অহা প্ৰেমীক চৰাইযোৰ স্থায়ী অতিথি
সন্তানৰ দৰেই  মৰম কৰোঁ বকুল জোপা,  যত্ন লওঁ।
তাই মোৰ ভাল বান্ধৱী
ওলাওঁতে সোমাওঁতে মোক সম্ভাষণ জনাই
মোৰ ভাল দিনৰ কামনা কৰে
সুখ-দুখবোৰ দুয়োৱে ভগাই লওঁ
সন্ধিয়া মোৰ পলম হ'লেই তাইৰ উৎকণ্ঠা বাঢ়ে
মই বিহহীন পৃথিৱীত তাই অকলশৰীয়া হ'ব।
শৰৎ কাল আহিলেই তাইৰ প্ৰেম প্ৰণয়ত লিপ্ত হয়
নিশা হ'লে মণি-মুকুতাৰে উজ্বলাই তুলে উঠণুৱা দেহা
জোনাক নিশা তৰাবোৰ নামি আহি পৃথিৱীৰ কথা পাতে
কাণে কাণে কৈ যায়
 শিল হোৱা মানুহৰ হৃদয়ত  নিজৰ নাম খোদিত কৰিবলৈ।
——————————
স্বাধীনতা
মৌচুমী দাস

আজুৰিম জোন বেলি তৰা
তোৰ চিকুন ডিঙিত পিন্ধাবলৈ স্বাধীনতা

সুন্দৰৰ সেঁওতা ফালি
মানবীয় মূল্য বোধ,প্ৰমুল্য,দৈন্যতা, সততা
জিলিকাই ছটিয়াই দে তোৰ উজ্বলতা...
চমকি উঠক তোৰ অৰ্থৰ শৃংখলা
নিপাত যাওক তোৰ বুকুত দানবতা...

বন্দীশালৰ দেৱাল ভাঙি উলিয়াই আন
ধৰ্ষিতা , নিস্পেষিতাৰ কৰুণ বিননি...
এতিয়া যে মসৃণ বাটবোৰ ধুলিৰে ধুলিয়ৰি...

জীয়াই থাকিবলৈ শক্তি দে
তোৰ বুকুত সকলোকে স্বাধীনতা
ন'হলে যে ন্যায়ৰ যন্ত্রনাত
ৰৈ ৰৈ বিনাব
হাজাৰজনী
নিৰ্ভয়া ...মৌমিতা..
——————————
ৰং
ৰুমী সেনাপতি ভূঞা 

পলে পলে গলে সময়
আকাশ ধিয়াই উৰে 
ধূলিয়ৰি সপোন 

স্মৃতিৰ পোখা মেলা বাট ,
দিক-বিদিক নমনি ,
কাণিমুনি পৰৰ মোলান ছবি ,

দূৰণিত ৰৈ ৰৈ বাজি ৰয় ,
ৰিণি ৰিণি অস্পষ্ট সুৰ ,
এৰাবাটত নিস্তব্ধতাৰ বিননি !

ধূসৰতাত ছয়াময়া স্মৃতি ,
ক’ত হেৰাল সুৱদি সময় ,
ঢৌ খেলা বাউলি 'ফাগুনৰ  ৰং' !
———————————
গৰম খবৰ 
মনচুমী কলিতা নাথ 

এতিয়া যে তাই এটা গৰম খবৰ 
ফেচবুক , ইউ টিউব ,
নিউজ চেনেল ,বাতৰি কাকতৰ 
এক বহুচৰ্চিত বিষয় ,
ঘৰে বাহিৰে য'তে ত'তে 
তাই এতিয়া গৰম খবৰ।
চহৰ নগৰ গাঁও ভূ্ঁইবোৰ অশান্ত হৈ পৰিছে 
হৃদয়বান মানুহৰ হৃদয়বোৰ কঁপি উঠিছে 
শব্দ, ভাষা আৰু অনুভৱবোৰে উচুপি উঠিছে 
তাইৰ প্ৰতি অন্যায়ৰ প্ৰতিবাদত 
সৰ্বত্ৰ জ্বলি উঠিছে ক্ষোভৰ জুই 
সেই জুয়ে পাৰিবনে পাপিষ্ঠক চাৰখাৰ কৰিব 
সঁচা মানুহৰ হৃদয়ৰ হুমুনিয়াহবোৰে 
পাৰিবনে বাৰু তাইক ন্যায় যাঁচিব
পাৰিবনে মুখা পিন্ধা মানুহৰ  বিকৃত মগজুক শান্ত কৰিব 
পাৰিবনে নাৰীয়ে স্বাধীনতাৰ জয়গান গাব 
নে সময়বোৰ এনেকৈয়ে পাৰ হ'ব 
দিন মাহ বছৰবোৰ এনেকৈয়ে বাগৰিব 
নিত্য নতুন খবৰেৰে মানুহৰ মন ভৰিব 
লাহে লাহে পাহৰণিৰ গৰ্ভত সকলো লীন যাব 
হৈ পৰিব ধূলিৰে ধূসৰিত
পেলনীয়া কাকতৰ দুখৰীয়া পৃষ্ঠাৰ 
আকৰ্ষণহীন এক পুৰণা খবৰ 
আজিৰ এই গৰম খবৰ ।
——————————
পংক্তি 
ৰঞ্জন বৰা

নিঃশব্দে এটি শব্দৰ
কোলাত সাৰপাই 
যত ভাষা 

কেতিয়াবা জোনাকতকৈ এন্ধাৰহে 
ভাল লাগে 
অভিমানী সোঁতত 
সঃশব্দে আঁকিবলৈ  
প্ৰত্যাশিত আশা!
—————————
মাইনা কুশলে আছনে
বিকাশ হাজৰিকা

ভয় লগা সমাজখনৰ
চিনাকি আৰু অচিনাকি হাজাৰ চকু,
আমি সৰু মানুহ আই
কুশলে থাকিবি দেই,
গধূলি পাৰিলে এটা ফোন কৰিম,
খৱৰ ল’ম
মাইনা কুশলে আছনে?

যিদিনা তোক নিজ মাতৃভূমি এৰি
বিদেশত পঢ়িব পঠিয়াইছিলোঁ,
সেইদিনা বৰ ভয় লাগিছিল অ' আই,
তোৰ নিৰাপত্তাক লৈ বিষণ্ণ মন।
এতিয়া দেখোন মাৰ আঁচলত থকা
তোৰ বাই,ভনীহঁতৰো নিৰাপত্তা নাই
নিজ মাতৃভূমিও হৈ পৰিছে ৰম্যভূমি।
নৰপিশাচৰ গলিয়েদি কেনেকৈ
যে মানু্হৰ দেশলৈ যাও

শুনিছিলোঁ বিদেশত হেনো নাৰী নিৰাপত্তাহীন
কিন্তু এতিয়া দেখোন স্বদেশেই মানৱতাবিহীন।
মই জানো তই কুশলে থাকিবি
তথাপি মনে নামানে
সেই বাবেই গধূলি পুনৰ সুধো
মাইনা কুশলে আছনে?
——————————
তুমি
হিমাশ্ৰী দেৱী

তুমি বৰ 
স্বাৰ্থপৰ ব্যক্তি
স্বাৰ্থঅবিহনে কাৰো
লগত নকৰা একো চুক্তি।

"স্বাৰ্থপৰৰ নহয় উন্নতি"
মানিবা এই উক্তি,
তেতিয়াহে তুমি
জীৱনত পাবা মুক্তি ।
তুমি কিদৰে
কৰিবা কাম পূণ্য,
কাৰণ তুমি যে
আন্তৰিকতা শূণ্য ।
 
তোমাৰ স্বাৰ্থপৰ 
কথাৰ যুক্তি,
মোৰ  দৰে নিস্বাৰ্থৰ 
এতিয়া আৰু শুনিবলৈ নাই শক্তি ।

ক'লেও হাজাৰ এতিয়া
তুমি মিঠা পংক্তি,
পুনৰ মোৰ মনত
তোমাৰ প্ৰতি নজন্মে  ভক্তি ।
———————————
মই বিপ্লৱী মই বিদ্ৰোহী
অঞ্জনা ৰূপা দাস

হত্যা,ধৰ্ষণ ,দুৰ্নীতি,ভ্ৰষ্টাচাৰ,
উশৃঙ্খল দেখি আধুনিক সমাজৰ
বিপ্লৱী,বিদ্ৰোহী মনে মোৰ
স্থিৰেৰে থাকিব নোখোজে।
সজ্জোৰে খামুচি ধৰে
মোৰ তীক্ষ্ণ তৰোৱাল,
তৰোৱালৰ আগে বয় নীলা তেজ, 
বিপ্লৱী সত্তাৰ  বিস্ফুৰিত অগনিত ফুটে শব্দৰ হিলৈ 
বিদ্ৰোহৰ বৰটোপ,
দিওঁ  মই ৰণতঙ্কাৰ, 
সত্য, ন্যায় আৰু অস্তিত্ব ৰক্ষাৰ 
হ'লেও হওক কুৰুক্ষেত্ৰ মহাৰণ, 
জীৱন যুদ্ধত যুঁজি যোৱাৰ পণ, 
ওলালো মই যুদ্ধ লৈ বুলি, 
জীৱন যুঁজৰ মই সফল  সেনানী। 
হে মোৰ দেশৰ জণগণ, 
হোৱা সাৱধান! আহা ওলাই
যাও আগুৱাই
একেলগে উচ্চাৰি সংস্কাৰৰ মন্ত্ৰ , 
প্ৰতিবাদৰ ভাষাৰে সজাও
সাহিত্যৰ ক্ষেত্র।
———————————
শাওণৰ স্তৱক
পবিত্ৰ বৰগোঁহাই

১.
শাওণ তোৰ উশাহে উশাহে
পথাৰৰ নাঙলৰ সীৰলুত
আবেগৰ ধল নামে 
জহা-বৰা ,শালি-লাহি কঠীয়াৰ
পাতে পাতে খেতিয়কে সপোন ৰচে ।

২.
শাওণৰ কাচি জোন
ডাৱৰৰ আঁৰে আঁৰে
বুকুত সপোনৰ টোপোলা বান্ধি
নৈ ঘাটত কোনে ৰিঙিয়াই
পথাৰত ভৰ দুপৰীয়া শাওণৰ বেলি ।

৩.
শাওণৰ তোৰ বাটত
কোনে বাৰে বাৰে পাশা খেলে
দুজাক বৰষুণতে মথাউৰি ছিগে
সপোনবোৰ উটি যায়
মেটেকাফুলীয়া হৈ ।
——————————
মই সূৰ্যৰ দৰে হ’ম 
গকুল চৌধুৰী 

মই সূৰ্যৰ দৰে হ’ম 
আকাশ-পৃথিৱী–
পাহাৰ -ভৈয়াম
আকোঁৱালি ল’বলৈ ফেঁহুজালি
দিয়ালৈ অপেক্ষা কৰি ৰ’ম  ৷

মই সূৰ্যৰ দৰে হ’ম 
ৰাতিপুৱা উদয় হৈ গধূলি বেলা 
অস্ত যাম 
আকৌ ৰাতিপুৱা উদয় হৈ 
সকলোকে সমানে পোহৰ বিলাম ৷

মই সূৰ্যৰ দৰে হ’ম 
সূৰ্য নিঃসংগ কিম্বা অকলশৰীয়া 
হৈও সমগ্ৰ পৃথিৱীক পোহৰাই 
ৰখাৰ দৰে ময়ো এই পৃথিৱীৰ
সমস্ত মানুহৰ এন্ধাৰ জীৱন
পোহৰাম ৷

মই সূৰ্যৰ দৰে হ’ম 
যুগ পাৰ হৈ যুগ যুগান্তৰলৈ নিজৰ
কৰ্ম নিজেই কৰি যাম 
সৃষ্টিৰ পাতনিৰে পৰা সূৰ্যই নিজৰ
শক্তিৰে ধৰণীক জীয়াই ৰখাৰ দৰে ময়ো মোৰ কৰ্মশক্তিৰে এখন
ধুনীয়া সমাজ গঢ়ি সমাজখনক
জীয়াই ৰাখিম ৷

মই সূৰ্যৰ দৰে হ’ম 
মেঘাচ্ছন্ন আকাশৰ আবৰন ফালি
সূৰ্যই নিজে জ্বলি জ্বলি আনক 
উজলোৱাৰ দৰে ময়ো দিনে 
প্ৰতিদিনে সূৰ্যৰ দৰে নিজে জ্বলি
জ্বলি আনক উজলাম । 

মই সূৰ্যৰ দৰে হ’ম 
প্ৰত্যককে মৰমেৰে আঁকোৱালি ল’ম 
কাৰো লগত ভেদাভেদ নকৰি
আপোন পৰ মনোভাব নাৰাখি
সূৰ্যই নিজৰ উত্তাপ নিস্বাৰ্থভাবে
বিলোৱাৰ দৰে ময়ো নিস্বাৰ্থভাবে
মোৰ উত্তাপ বিলাম ৷ 

মই সূৰ্যৰ দৰে হ’ম 
আদিম কালৰে পৰা সূৰ্যই তামস
আকাশৰ স্তব্ধতা ভাঙি সকোলোৰে বাবে সমানে ৰ’দালি
বিলোৱাৰ দৰে ময়ো দুখৰ শিল 
বৰষুণ ফালি সকলো মানুহৰ
জীৱনত সমানে সুখৰ ৰ’দালি 
বিলাম  ৷

মই সূৰ্যৰ দৰে হ’ম 
গাঁও-ভূই , চহৰ-নগৰ আঁকোৱালি 
ল’বলৈ দোকমোকালি হোৱালৈ
অপেক্ষা কৰি ৰ’ম ৷
—————————
মই পতিতাই কৈছোঁ
অপৰূপা দত্ত

হয়, 
মই পতিতা ।
কাৰ মন যাই বাৰু নিজৰ শৰীৰটো 
আনৰ হাতৰ পুতলা হ'বলৈ দিবলৈ ? 
পিছে কি কৰিব ? 
ভোকে যে  মানুহক সকলেতে বান্ধি ৰাখিছে I
ভোকে মানুহক নকৰাই কি !
হত্যা,হিংসা ,লুণ্ঠন…
সকলোতো অৰ্থ উপাৰ্জনৰ বাবেই
আৰু অৰ্থ লাগে 
ভোক নিবাৰণৰ বাবে I
মইতো কাৰো হত্যা কৰা নাই ,
কৰা নাই কাৰো  অপকাৰ I
কৰিছোঁ মাথো ভোক নিৰাময় ,
মই মোৰ ৰুগ্ন পতিৰ আৰু কণমানিজনীৰ I
লগতে  সেইজনৰ  
নাৰীৰ দেহৰ ওপৰত জপিয়াই পৰা  সেই ভোকাতুৰৰ ভোক ।
এইটো তুমি ভুল বোলা নেকি ? 
কেতিয়াবা নিজৰ শৰীৰটোলৈও ঘিণ লাগে ,
ঘীণ লাগে সমস্ত সত্তাক I
পিছে যেতিয়া কণমানি জনীলৈ মনত পৰে
মনত পৰে অসহায় সেই পতিৰ কথা
তেতিয়া সকলো কৰিব পাৰো মই 
সপি দিব পাৰোঁ নিজৰ শৰীৰ
মানৱৰূপী দস্যুৰ হাতত I
ভোকৰ কাৰণে সকলো কৰণীয় এতিয়া 
অহ্
কি যে অসহ্যকৰ ভোক I
———————————
ৰাজকুমাৰ
মুক্তিস্নাতা শৰ্মা 

ৰাজকুমাৰ তুমি  
বগাঘোঁৰাত উঠি ফুৰা
পকী তোমাৰ ৰাজআলি
পিছে মোৰহে হৃদয়ৰ বাট
বানেধোঁৱা পলসুৱা মাটিৰ...

সেইদিনা ৰাতি তুমি আহিছিলা
মোৰ হৃদৰ আলিবাটেৰে..
মোৰ হৃদয়ৰ বাটত তোমাৰ
বগাঘোঁৰাৰ ভৰিৰ সাজ
তোমাৰ ঘোঁৰাটোৰ ভৰি 
ধুই তুমি চাগে নিকা কৰিছা...

হৃদয়ৰ পলসুৱা মাটিৰ
বাটত কি যে
প্ৰেমৰ বীজ সিচি দি গ’লা
মোৰ হৃদয় এতিয়া এখন ফুলনি
তুমি বাৰু  আহিবা নেকি আকৌ ভোমোৰা হৈ!
—————————
টুপ-টুপ, টাপুৰ-টুপুৰ 
ড০ আদিল আলী 

পুৱতি নিশাৰ 
পোহৰৰ স'তে 
এন্ধাৰৰ শেষ 
আলিংগনৰ মুহূর্তত 
চাৰিআলিৰ 
নিমাওমাও পদপথত দেখিছো 
মই 
প্ৰেমিক যুগল
যাৰ 
চকুৰ পতাত 
জীৱন্তে দেখা দিছে 
এটা 
আশা-নিৰাশৰ মিশ্ৰিত 
জীয়া সপোন 

নিদ্ৰাতুৰ গছবোৰে 
সিহঁতক 
দিছে এক 
গভীৰ আশাৰ প্ৰত্যয় 

দূৰৈৰ পৰা ভাঁহি আহিছে 
ৰেলৰ উকি 
ঝক্ ঝক্ 
ঝক্ ঝক্ 
নিৰ্বিবাদে কত বোজা 
বুকুত বান্ধি 
খেলিছে সংগ্ৰামী পথাৰত 
যুঁজাৰু দিনৰ খেল 

সূৰুযৰ কিৰণ পদপথত 
পৰি চুমা যাচাৰ লগে লগে 
সিহঁতৰ অপ্ৰাপ্তিৰ সপোনৰ 
আশা সজীব হ'ব ধৰে 
যেতিয়া 
ৰাতিপুৱাৰ ৰাজপত্ৰত পঢ়ে 
হুৰ হুৰাই বাঢ়ি অহা 
নিবনুৱাৰ কোনো চৰকাৰী কাৰ্য্যালয়ত 
হিয়া গলোৱা 
আস্ফালনৰ শিৰোনাম 
তাৰ মাজতে 
এটা শ্লগান শেল্ হৈ 
সিহঁতৰ 
হিয়াত বিন্ধে 
"আমাক ন্যায় লাগে, আমাক চাকৰি লাগে " 

লাহে লাহে মাটিৰ গৰম বাষ্প উঠি আহি 
সিহঁতৰ 
দেহ তিয়াই চোলাৰ স'তে সংগ্ৰাম কৰে 
ঘামবোৰ সৰে 
বৰষুণ পৰা দি 
টুপ্-টুপ্, টাপুৰ-টুপুৰ 

সন্ধিয়া 
ঘৰমুৱা যাত্রাৰ ভাগৰুৱা পথত 
সিহঁতে 
চিটিবাছৰ খিৰিকিৰে দেখে 
দূৰৈৰ পাহাৰৰ ক'লা নগ্নতা  । 
———————————
ফুটুকাৰ ফেন 
ৰাতুল চেতিয়া ফুকন

পানীৰ ভৰত যেতিয়া 
নদীখনে আকাৰ হেৰুৱায় 
ৰাজপথৰ দাঁতিয়ে দাঁতিয়ে
সপোন হেৰুৱা মানুহে তেতিয়া 
থুপ পাতে ।
চকুত ঘঁৰিয়ালৰ চকুপানী লৈ
জাকে জাকে নেতাবোৰ আহে,
সাহায্য আৰু নিৰাপত্তাৰ
সোণসেৰীয়া আশ্বাস লৈ ।
মানুহবোৰে বুজি পায় 
সকলো নদীৰ পানীত উটি অহা
ফুটুকাৰ ফেন।
—————————————————

Post a Comment

0 Comments