পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ নৱম সংখ্যা

————————————————————
—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ৰিংকুমণি বড়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ'ৰা
(সম্পাদকীয়)

   মই কিয় লিখোঁ ? লিখি মোৰ কি লাভ ? এই প্ৰশ্নবোৰে মাজে মাজে বাৰুকৈয়ে ভাবুক কৰি তোলে । মনত দোলা দিয়া ভাৱনাক পৰিশীলিত ৰূপত হৃদয়স্পৰ্শী হোৱাকৈ উপস্থাপন কৰাৰ অন্তৰালত আত্ম-প্ৰতিষ্ঠাৰ কথাও নথকা নহয়।
   কেৱল মোক দহ জনে চিনি পাওক বুলিয়ে নিলিখিলেও, জনপ্ৰিয়তা অর্জন কৰাৰ প্ৰতি আমি গম নোপোৱাকৈয়ে আমাৰ এটি বিশেষ টান থাকে ।কথাটো এইখিনিলৈ ঠিকেই থাকে ;যেতিয়ালৈ অলপ-অচৰপ জনপ্ৰিয়তা অর্জন কৰাৰ পাছতে,শ্ৰেষ্ঠত্ব জাহিৰ কৰিবলৈ  অসাহিত্যসুলভ মানসিকতাৰে বিভিন্ন ধৰণৰ কৰ্মত ব্ৰতী নহওঁ ! দুই-এটা  কবিতা মান্য আলোচনীত প্ৰকাশৰ জৰিয়তে বহুতৰে বাঃ বাঃ আদায় কৰাৰ পাছতে পাঠকক,পাঠক জ্ঞান কৰিব নোখোজা মানসিকতাই কবি সত্তাকে জানো অপমান নকৰে ! গোটেই জীৱন কবিতাৰ নামত উৎসৰ্গা কৰাৰ পাছতো নিজকে কবি বুলি স্বীকাৰ নকৰা হীৰুদাৰ কথা আমি সময়ত পাহৰি থাকোঁ । 
   হীৰুদাই কোৱাৰ দৰে পঠনেহে কবিতাৰ পূৰ্ণতা আনে। কিন্তু যেতিয়া এই পঠন-বৃত্তৰ ব্যাসাৰ্ধ সীমিত হয়,তেতিয়া কবিতাৰ প্ৰকৃত উদ্দেশ্যৰ পূৰ্ণতা প্ৰাপ্তি সম্ভৱপৰ নহয়। 
   কবিতা এক বিশেষ শিল্প। কিন্তু এই শিল্পই সৰ্বসাধাৰণৰ হদয় আন্দোলিত কৰিব পাৰিব লাগিব । এই শিল্প হ'ব লাগিব সৰ্বসাধাৰণৰ হৃদয়ৰ কণ্ঠ । আৰু এয়া সম্ভৱপৰ কৰি তুলিবলৈ ,কবিতাইও এক নিৰ্দিষ্ট বৃত্তৰ পৰিধি ভাঙি ওলাই আহিব পাৰিব লাগিব সাধাৰণ জনতাৰ হৃদয়লৈ...
   উদাহৰণস্বৰূপে আমাৰ শৈশৱ,কৈশোৰ জীপাল কৰি ৰখা সেই কবিতা-যি আজিও আমাৰ হৃদয়ত তাহানিৰ দৰেই সপ্ৰতিভ ;  আগলৈও এইদৰেই চিৰসেউজ হৈ থাকিব । সহজ-সৰল ভাষাৰে নিৰ্মিত ,সৰ্ব সাধাৰণৰ ওঁঠৰ ভাষা,সেই কবিতাবোৰ জানো শিল্প নাছিল !দুৰ্বোধ্য মানেই শিল্প নহয়।সৰলতাতহে প্ৰকৃত শিল্প নিহিত হৈ থাকে।মোৰ বোধেৰে সৰলতা-এক জটিল কলা । 
    কবিতাক নিৰ্দিষ্ট বলয়ৰ পৰা মুক্ত কৰি সাধাৰণ পাঠকৰ বুকুলৈ ধাবিত হ'বলৈ দিব লাগিব। 
  কবিতা- কিতাপৰ পাতৰ পৰা উঠি আহি মানুহৰ তেজে- তেজে ,হৃদয়ে-হৃদয়ে খোদিত হ'ব লাগিব।
 কবিতা-সৰ্বশ্ৰেণীৰ পাঠকৰ হৃদয়ে হৃদয়ে অনুৰণিত হ'বই লাগিব।

বিনীত–          
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা

ভাষাক  লৈ
উদয় কুমাৰ শৰ্মা

ক্ৰিয়া আৰু তাৰ বিশেষণ-ৰূপ :

 পাল তৰে ( ক্ৰিয়া) > পালতৰা নাও ( কেনে নাও : পালতৰা) । 
ছন পৰে > ছনপৰা পথাৰ। 
মন মৰে > মনমৰা তৰা। 
উৰি ফুৰে > উৰিফুৰা পখিলা। 
চৰি ফুৰে > চৰিফুৰা গৰু। 
মাছ মাৰে > মাছমৰা কাম। 
ভাল লাগে > ভাললগা কথা। 
মৰম লাগে > মৰমলগা মেকুৰী। 
ৰাগি লাগে > ৰাগিলগা মন। 
গেঁৰ ধৰে > গেঁৰধৰা ধাননি। 
হাতেৰে লিখে > হাতেলিখা আলোচনী। 
জহি যায় > জহিযোৱা ঘৰ। 
পানী ভৰায় / ভৰ্তি কৰে > পানীভৰা / পানীভৰ্তি গাড়ী। ইত্যাদি।
———————————
অনুবাদ কবিতা
Buzzing Symphony
Poet-unknown

In gardens where flowers do bloom,
Bees dance and hum a sweet tune.
With wings that flutter in the light,
They work from dawn till the night.

চিম্ফ’নিৰ গুণগুণনি
কবি-অজ্ঞাত
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

যিবোৰ কাননত ফুলে ফুল,
মৌমাখিয়ে নাচি থাকে ধুলধুল
আৰু এটা মিঠা সুৰৰ গুণগুণনি পুলপুল।
পোহৰত উৰি ফুৰা ডেউকাৰে ভ্ৰমে বহু দুৰ,
ৰাতিপুৱাৰপৰা ৰাতিলৈকে কাম কৰে তুলি সুৰ সুমধুৰ।
———————————
মাতৃভূমি জিন্দাবাদ 

মূল  হিন্দীঃ–গুৰুদীন বৰ্মা
অনুবাদঃ–গণেশ বৰ্মন 

মই নাথাকিলেও মোৰ একো দুখ নাথাকিব , কিন্তু মাতৃভূমি তই জীয়াই থাক ।
অভাৱৰ মাজতো মই জীয়াই থাকিম ,
হে মাতৃভূমি তই পৰিপূৰ্ণ হৈ থাক ।
মই নাথাকিলেও মোৰ একো দুখ নাথাকিব ।

তোৰ এই মাটিত মিলিজুলি থাকক হিন্দু-মুছলমান-শিখ-খৃষ্টান ।
নাশ হওঁক তোৰ শতৰু যি তেজ বোৱাই কৰে যুদ্ধ। 
জীয়াই থাকক ভাতৃত্ব, শীৰ্ষত তোৰ স্বাভিমান। 
মই নাথাকিলেও মোৰ একো দুখ নাথাকিব  ।
বৈ থাকক প্ৰেমৰ ধাৰা ,
ইয়াত গীতা-ৰামায়ণৰ জ্ঞানৰ। 
আনন্দৰ দীপ জ্বলি উঠক ঘৰে-ঘৰে , তোৰ শৌৰ্য্যৰ কীৰিতি থাকক জিলিকি ।
পূৰ্ণ হওক তোৰ সপোন, জিলিকি থাকক শিৰৰ মুকুট চিৰদিন ।
মই নাথাকিলেও মোৰ একো দুখ নাথাকিব  ।

মোৰ কামনা ,মোৰ সপোন তয়েই ,
হে মাতৃভূমি তয়েই মোৰ জীৱন।
সুবাসিত হৈ থাকক এই প্ৰকৃতি , মোৰ প্ৰভুক এয়াই মোৰ প্ৰণতি ।
উৰি থাকক ত্ৰিৰংগ , হে মোৰ মাতৃভূমি তই স্বাধীন হৈ থাক ।
মই  নাথাকিলেও মোৰ নাথাকিব একো দুখ ।
মাতৃভূমি জিন্দাবাদ  ।
———————————
                               কবিতা 

তোমাৰ দেহৰ ভাৰ বৈ বৈ
ৰীতা বৰুৱা

মই দুভৰিৰে মাটিত খোপনি ধৰোঁ
আৰু তুমি মোৰ বুকুৰ কামিহাড়ত ভৰি থৈ
ক্ৰমশঃ আগুৱাই যোৱা

তোমাৰ দেহৰ ভাৰ বৈ বৈ মই ৰৈ থাকোঁ
আৰু তুমি মোত দেহৰ ভাৰ থৈ থৈ 
 ক্রমশঃ গৈ থাকাঁ আগলৈ

ঈৰ্ষান্বিত নহওঁ মই 
তোমাৰ অগ্ৰগতিত (যিদৰে হোৱা তুমি, 
আনহে নালাগে আত্মীয়জনৰো অগ্ৰগতিত!)
তোমাক আগুৱাই দিয়াটোযে মোৰ কৰ্ম

মাথোঁ শংকিত হওঁ 
জানোচা, মোৰ থৰক-বৰক স্থিতিয়ে 
থৰক-বৰক কৰে তোমাৰো স্থিতি
আৰু খহি পৰা তুমি
পপিয়াতৰা খহাদি

কাৰণ
খাবলৈ হ’লে ফল
পৰা যোগানৰো 
ল’ব লগা হয় যতন ।
——————————
বিকল্পবাদ
দাদুল ভূঞা

পৰিস্থিতিতন্ত্ৰৰ চক্ৰকাৰ বৃত্তত ক্ৰমান্বয়ে
বিকল্পবাদৰ চিন্তা কৰা এজন মানুহক
মানুহে এদিন পাগল বুলি কৈছিল

সেই মানুহজনৰ চিন্তাক কবিয়ে কবিতাত
চিত্ৰকল্পৰ আঁকি এদিন পাঠকৰ হাতলৈ এৰিলে

পাঠকো বিভ্ৰান্তিকৰ | প্ৰকৃততে পাগল কোন
কবি নে সেই মানুহজন !

ক্ৰমবৰ্ধিত অভ্যাস এটা সলনি কৰাটো সহজ নহয়
যিদৰে সৰ্বভোজী প্ৰাণীয়ে কেৱল  ঘাঁহ খাইয়ে জীয়াই থকাতো
অথবা তৃনভোজীয়ে মাংস খোৱাটো

ঘড়ীটোৰ কাঁটা কেইডাল সঠিক ভাবেই ঘূৰি আছে
কিন্তু সকলো ঠিক থাকিও সময়ৰ ঘূণে ধৰিছে প্ৰজন্মক

সমকালীন উতনুৱা সময়ক চোবাই খাইছে
বিষণ্ন শতিকাই | জুইৰ লেলিহান শিখাই আগুৰিছে

উচিত কি ? অনুচিত কি ?
আহক দুৱাৰ খুলি চাই লওঁ
প্ৰয়োজন হ'লে বিকল্পবাদৰ বাবে অভ্যাস কৰোঁ
এদিন অথবা এৰাতি।
——————————
আধা
কৃষ্ণা বৰা

আধাৰাতি সাৰ পাই ধহমহাই উঠা প্ৰতিগৰাকী ব্যক্তিয়েই আধাডুখৰীয়া। 
আধা ভাঙি তাতোকৈয়ো আধা হ'লে আমি গন্তি কৰিবলৈ এৰি দিয়াৰ দৰে 
এটা আধা ৰাতিৰ টুকুৰা, 
কিম্বা আধা ভগা এখন দুখৰ বিছনা। 

আধাৰাতি সাৰ পাই উঠি আমি নিজক আৱিষ্কাৰ কৰো, 
এটা চাৰি কোণীয়া আঠুৱাৰ ফোপোঁলা ভিতৰখনত। 

লগতে আৱিষ্কাৰ কৰো যে, 
এইমাত্র আমি সাৰ পাই উঠি এটা সাৰ-সুৰ নোহোৱা ৰাতিক
জী উঠিবলৈ প্ৰত্যাহ্বান জনালোঁ। 
এনেকৈয়ে আধাৰাতি হঠাৎ সাৰ পাই আমি দুপৰীয়াক সিয়াঁৰো, 
যদিওবা ব্যস্ততাৰ সৈতে বন্ধুত্ব কৰি দুপৰীয়াক সেই দুপৰীয়াই পাহৰি পেলালো;
ততসত্ত্বেও আধা ভঙা টোপনিৰে আমি আঠুৱাৰ ভিতৰতো ব্যস্ততাকেই বিচাৰো।
———————————
মোজা
ইপুল হুছেইন

মোজাৰ ভিতৰৰপৰা 
বুঢ়া আঙুলিটোৱে
উশাহ ল’ব খুজিছে

এন্ধাৰে আগচা পৰিসীমাত
উপায়হীনতাৰ মেৰপেচ

আত্মবিশ্বাসৰ যুঁজত
জয়ী হোৱাৰ তাড়ণাত
এটি আঙুলিৰ বিদ্ৰোহ এয়া

বিদ্ৰোহ মুক্ত হোৱাৰ, 
বিদ্ৰোহ উশাহ লোৱাৰ ।
———————————
পুনৰ্জন্ম
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

(০১)
নঙলামুখত ওলমি থকা চকুযোৰৰ
আগেৰে পাৰ হৈ গ’ল
মোৰ শোৱনি কোঠাৰ সাপডাল
পৰি ৰ’ল মাথোঁ তাৰ মোট...

(০২)
উত্তেজনা
শান্তিৰ শ্মশান
উন্মাদৰ দৰে দুহাতেৰে গুছায়
ভয়ঙ্কৰ দৃশ্যবোৰ
নঙলামুখত ওলমি থকা চকুযোৰে...
————————————
সত্য সন্ধানী মানুহজন
ৰেখা বৰকটকী

পৃথিৱী নিদ্ৰাত মগ্ন হৈ থকা
নিজান পৰত তেওঁৰ জন্ম
সমালোচনাৰ উৰ্ধত , আত্মশ্লাঘাৰে
ভুলৰ সংশোধন  নিবিচাৰে তেওঁ...

বিশ্বাসেটো বিশ্বাসৰ জন্ম দিয়ে
সেইবুলি বুজাপৰাৰ পৰিস্থিতিলৈ
কেইজনেনো নিজকে টানি নিয়ে?
প্ৰত্যাহবানৰ সৈতে আপোচ কৰা
লোককেইজনো আঙুলিৰ মূৰত  !
      
সন্ধ্যা পৰত নামঘৰত ডবাৰ কোব পৰে
মানুহজনৰ হাত দুখন কাষ চাপি আহে
অজানিতে  শিৰ দোঁ  খায়
আধ্যাত্মিকতাই সজোৰে হেঁচা  মাৰি ধৰে!

আজানৰ মাত শুনিও একে ভাৱ -গুঞ্জন
বুকুত কৰযোৰে  আল্লা তাল্লাক স্মৰণ
পূৰ্ণিমাৰ জোনৰ সূধা পি খোৱা
প্ৰেমিক যে তেওঁ হয়
কিছুমান সম্বন্ধৰ নাম দিয়াই কঠিন
ছাঁ-পোহৰৰ খেলাৰ অবিহনে
পলৰীয়া সময়বোৰৰ অস্তিত্বইবা ক'ত?
———————————
বিনিময়
চয়নিকা ভূঞা 

"ক" ফলা আখৰত ভৱিতব্যৰ ছবি
কুঁহিপাত মেলাৰ আগতেই
অজুহাতৰ গইনা

শাওন মহীয়া গা ভৰা ৰ'দত
কথাবোৰ থৌকি-বাথৌ 
ইফালে মহাদেৱৰ গইনা লৈ
খোজে প্ৰতি ভুল

থাওকতে কাৰোৰে ইতিবৃত্ত কোৱা সহজ নহয়
মেঘে গাজিলেই বৰষুণ নহয়

চিৰসত্য কথাত
ৰং নাথাকে 

খিৰিকীৰ সিপাৰে হাচনাহানাৰ সুৱাস
নিয়ন লাইটৰ পোহৰত 
গাভৰু হোৱা কাহিনীটোৱে 
সেইদিনা 
ভালপোৱাৰ বিনিময়ত 
এটা বেলিমুখৰ সপোন বিচাৰিছিল ।
———————————
পদাতিক
দিলাল আহমেদ

ভিতৰৰ শব্দবোৰ নিলগাই থলোঁ
এতিয়া মোক আখৰ দিয়াহে ভগীৰথী৷
আহত বিবেক দূৰণিলৈ গৈ গৈ
ক’ৰবাত যেন হেৰাইছে এই মাজৰাতি৷

বাটৰ পৰা বুটলিছো
ৰংহীন জীৱন আৰু ধূলিৰ বিষণ্ণতা
মৰা নদী আৰু নীড়হীন পখী
একে কথা--
ৰাতি ঘনালে আৰম্ভ হয়
মৌনতাৰ শোভাযাত্ৰা৷

এতিয়া মাজনিশা বিষাদৰ একুৱাৰিয়াম ভাঁহে
মৃত্যুক বুকুত বান্ধি গন্তব্যহীন মূহূৰ্তবোৰ
ভাঁহি যায় দক্ষিণৰ দিশে৷

ভুল সপোনক ধিয়াই ৰৈ আছো অকলশৰে
মই জানিছিলো মোৰ আৰম্ভণি
এতিয়া ক্ৰমশঃ পাহৰিছো
কোন বাটে মোৰ সমাপ্তি৷
——————————
সেই বিদুৰভাই
ৰিপুঞ্জ বৰা

অপাৰগ
চেতনাৰ খোলা খিৰিকীৰ সিপাৰত
এটা প্ৰকাণ্ড কলা কুকুৰ
ঠেং দাঙি মুটি দিয়ে ধ্ৰুপদী দুৱাৰত

শীঘ্ৰে পতন
এটা জাপানী তেলৰ বটলে
শুই থকা সাঁচি গছবোৰ চিধা কৰিব খোজে
শেতেলীৰ শিহৰণত চিগে চুটি চুলি

বেকাৰ 
নৰকটো নামহীন জীৱনৰ ঠিকাদাৰ
মুণ্ডহীন মূৰ্তি মৃত্যুৰ আখৰাত লিপ্ত
বাষ্পহৈ বিলীন কবি বিদুৰ ভাই

এখন আঁচল মুখাগ্নিৰ পিছত
সকলো চৰাইৰ মন অশান্ত
সকলো ফুলনী নিনাদিত
মাতৃহাৰা এটা যৌৱন
সুৰাত সমাহিত বিদুৰ ভাই

যাওঁগৈ ব'ল
ইয়াত আৰু একো নাই
সকলো কিৰিলি প্ৰবঞ্চনাৰ
ৰংবোৰ চোলাৰ পৰা সৰি পৰা
গোন্ধবোৰ অস্তিত্ব হীন হৰমনৰ
চিগিপৰা স্নায়ু
ৰৈ গ'লে ৰৈ যাওক এই কবিতা হাই 
হাঁহি হাঁহি গুছি যাওঁক বিদুৰ ভাই...
———————————
চহৰ
খূৰ্ছীদ আনছাৰী

মেপখন তুলি
অন্য এখন চহৰ  বিচাৰি ফুৰিছো
এই চহৰত
আৰু কোনেও নিজৰ হৈ থকা নাই!
———————————
ৰাধাৰ বিষাদ গাথা
জাহ্নৱী হাজৰিকা

ৰাধাচূড়া জোপা অসময়ত ফুলিছে এইবাৰ।
ৰাধা অলপ আচৰিত হয়।
যদিও তাইৰ ভালেই লাগে 
ফুলজোপা অহৰহ ফুলি থাকিলে তাইৰ চৌপাশে।

তাই ভাল পাই বাবেই
 ফুলিছে নেকি বাৰু ফুলজোপা?
বলিয়া মনৰ বলিয়া ভাৱনা।
ৰাধাৰ দুই ওঁঠেৰে নি:শব্দে 
হাঁহি এটি বিৰিঙি যায়।

মনত বেজাৰ তাইৰ।
তথাপি দেখাব নোৱাৰে কাকো।
কথাবোৰ কবও নোৱাৰে তাই।
আজি যে ঘৰত আইহানো নাই।

বহু দিনৰ মূৰত কানাই আহিছিল পৰহি।
আগৰ চঞ্চলতা নাছিল তাৰ মুখত।
কিবা যেন চিন্তাত আছিল কানাই।
যমুনাৰ ঘাটতে বহিছিল দুয়ো।
সেই চিনাকি ঠাই ডোখৰ।
য'ত সিহঁতে ঘিলা খেলিছিল এদিন।
সপোন পৰ্যন্ত দেখিছিল ভৱিষ্যতৰ...

সেই একেখিনিয়ে কদমৰ তল।
মাথো আজি এটাৰো মুখত চঞ্চলতা নাই,
নাই কোনো হাঁহি-ধেমালি।
ৰাধাই বুজা নাই তাইৰ চেনেহৰ কানাইৰ 
এইয়া কি ধৰণৰ পৰিৱৰ্তন!

নীৰৱে পাৰ হয় কত সময়!
ৰাধাই সকলো বুজে।
কানাইৰ মৌনতাত তাই বুজি উঠিছে
কিহবাৰ ভয়ংকৰ আগজাননী।
কিহৰ বতৰা লৈ আহিছে বাৰু কানাই!
সুখৰ নে দুখৰ!
বিৰহ নে বিচ্ছেদৰ!

তাই ভাবিব পৰা নাই।
সময়বোৰ শিল হৈ গৈছে।
যমুনা নিৰৱধি বৈ আছে।
নিজান নিতাল ভৰ দুপৰ সময়।
বেজীটো পৰিলেও যেন শুনা পাব!

বহু সময়ৰ নীৰৱতাৰ অন্তত 
এটি কণ্ঠস্বৰ ভাঁহি আহে।
ৰাধা...
সঁচাকৈ কবি তই!
মই বাৰু ৰুক্মিণীক ভাল পাই ভুল কৰিলো নেকি!
তাইৰ লগত হোৱা সংযোগটো ভুল আছিল নেকি!

ৰাধা মূক হৈ ৰয়।
তভক মাৰি কানাইৰ মুখলৈ চাই।
সম্বিত ঘূৰি আহে ৰাধাৰ।
কি কব তাই এতিয়া কানাইক।
কি অদ্ভুত প্ৰশ্ন!
কি অদ্ভুত সময়!

এইগৰাকী কানায়ে নে!
যি কানায়ে ৰাধাক কয় পৃথিৱীৰ সকলো ভালপোৱাৰ উৰ্দ্ধত ৰাধা বুলি!
যি কানায়ে ৰাধাৰ বাহিৰে আনলৈ চকু নাযায় বুলি গৰ্বেৰে কব পাৰিছিল!
এইজন সেইজন কানায়ে নে!
বিশ্বাস কৰিবলৈ টান লাগে তাইৰ।

বুকুত শিল এটা বান্ধি স্থিৰ হব চেষ্টা কৰে তাই।
দিবই লাগিব উত্তৰ।
সুধিছে যেতিয়া।
কিন্তু দিয়ে কোন সতে তাই কানাইক সমাধান!
তাকো প্ৰেমৰ সমিধান!
যি কানাই অলপ আগলৈকে আছিল তাইৰ বুকু জুৰি!

তথাপিও তাই কবলৈ মুখ মেলে।
সুস্থিৰ সিদ্ধান্ত ল কানাই।
মোতকৈ বেছি অভিজ্ঞ তই।
মোৰ উত্তৰ বা সমাধানলৈ বাট চাব নলগাকৈয়ে তই চহকী জ্ঞানেৰে।
যি ভাল দেখ তাকেই কৰ।

হাঁহি মুখে কথাখিনি কয় যদিও
হৃদয়ত এজাক দোপালপিটা বৰষুণে মুষলধাৰ বৰষি থাকে তাইৰ।
উফ..
কি দিন আছিল অতীতৰ
আৰু আজি কি হবলৈ গৈ আছে!

অৱশ্যে উপায়ো নাই।
তাইতো গাভৰু ছোৱালী নহয় যে কানাইলৈ  পলাই যাব।
দস্তুৰমত বোৱাৰী তাই।
আইহানৰ সমাজ স্বীকৃত অৰ্ধাংগিনী।
কানাইক যিমান ভাল পালেও ৰাধা কাহানিও হব নোৱাৰে তাৰ প্ৰিয়তমা পত্নী।

তথাপি হজম নহয় তাইৰ 
কানাইৰ এই পৰিৱৰ্তন।
ভিতৰি খং নথকা ও নহয় তাইৰ।
কিন্তু খং কৰিবই বা কি যুক্তিত!
অধিকাৰেই বা কি এতিয়া তাইৰ 
কানাইৰ ওপৰত!

নিজৰ জীৱনটোলৈয়ে খং উঠে তাইৰ।
ফেঁকুৰিব খুজিও হঠাৎ থমকে তাই।
নিজক চম্ভালি লোৱাত সদায়েই ওস্তাদ তাই মুখলৈ গহীনতা আনে।
এৰা!কথাবোৰ বেলেগকৈ ভাবিবৰ হ'ল।
আপোন নোহোৱাবোৰক এৰিবৰ হ'ল।

কথাবোৰ এনেকৈ থকাই ভাল।
সম্পৰ্কৰ স্বাৰ্থ অবিহনে স্বৰ্গীয় হৈ।
পত্নী নহলেও কানাইৰ আধা ৰাধা।
তাতেই তাইৰ জীৱন সাৰ্থক।

কোনোবা ৰুক্মিণী সিহঁতৰ জীৱনত 
প্ৰৱেশ কৰিও চাগে ওফৰাব নোৱাৰিব
দুয়োৰে দুয়োটাৰে প্ৰতি থকা
 নিভাঁজ মৰম আৰু ভালপোৱাবোৰ।
যিবোৰ নিৰৱধি যমুনাৰ জলৰ দৰেই নিৰ্মল
চিৰন্তন চিৰকাল।
———————————
যুদ্ধ
ৰঞ্জন বৰ্মন

কবিতা এটা লিখো বুলি ভাবোতেই
মোৰ সোঁকাষে আহি থিয় দিয়ে সুখ
আৰু বাঁওকাষে দুখ
দুয়োৱে মোক দোয়োফালে টানিবলৈ ধৰে

সুখে মোক টানি নি দেখুৱালে 
আইৰ সেই গোপন হাঁহি 
যিদিনা সেওঁতা ফালি পিতায়ে আঁকিছিল ৰঙা বেলি 
মোৰ জন্মৰ দিনাও আইৰ ওঁঠত ওলমি আছিল সেই 
একেই হাঁহি

লগে লগেই দুখে ফেপেৰি পাতি ধৰিলে 
আৰু মোক টানি নি দেখুৱালে
পিতাই কোনোদিনেই উভতি নহা বাটেদি গুচি যোৱাৰ দিনা
বুকু ধিয়াই কন্দা আইৰ সেই কৰুণ দৃশ্য
ৰাতি ৰাতি আজিও আয়ে 
সমাজিকত হঠাতে উচুপি উঠে

সুখে মোক  টানি লৈ গ’ল  যৌৱনৰ প্ৰথম প্ৰেমাস্পদৰ কাষলৈ
যাৰ স্পৰ্শত মই চৰাই হৈ উৰিছিলো, ফুল হৈ ফুলিছিলো 
তেওঁৰ ঘিলা খোপাত
যাৰ দুচকুৰে চাবলৈ শিকিছিলো সেউজীয়া পৃথিৱী
গাবলৈ শিকিছিলো ভালপোৱাৰ গান

লগে লগেই দুখে উভতি ধৰিলে আৰু মোক টানি নি দেখুৱালে
প্ৰেম হেৰুৱাই উদযাপন কৰা প্ৰতিটো নষ্ট ৰাতিৰ ইতিহাস
কিদৰে সপোনবোৰ হত্যা কৰি মই ৰূপান্তৰিত হৈছিলো ক্ৰমশঃ যন্ত্ৰলৈ

কবিতা এটা লিখিব ল’লেই 
সুখ আৰু দুখে মোৰ মন গহনত 
ফেপেৰি পাতি ধৰে
আৰু মই হেৰুৱাই পেলাও কবিতাৰ ছন্দ।
——————————
পাতৰ বিড়ম্বনা
লক্ষী প্ৰসাদ ৰেগন

শব্দবোৰ চুঁচৰি আহি বহে এটা ঠালত
আপোন চৰাইবোৰৰ সৈতে কথা পাতে সুখ-দুখৰ
সেউজীয়া পাতবোৰে কাণ পাতি শুনে
হালধীয়াবোৰে মন টলকা মাৰে

শুকান সৰাপাতবোৰে উচুপি উচুপি কয়-
আমিও এদিন তাত আছিলোঁ।
———————————
পূবেৰুণ
মৰমী কাকতি

যুতি জাঁই ফুলিছে
ৰঙা জৱা গেন্ধাই ফুল
আমোল মোল
ৰজনীগন্ধাৰ লহৰ
পোহৰ পোহৰ
প্ৰতি প্ৰহৰ

এন্ধাৰৰ বিভিষিকাত পৰাধীনতাৰ শিকলিডাল
ওলমি থাকে
ভৰিত জোঁটপোট জিঞ্জিৰি
হাতত দাসত্বৰ খঞ্জুৰী
মনত স্বাধীনতাৰ পোখা মুঞ্জুৰী
লহপহ লিহিৰি
সুহুঁৰি সুহুঁৰি

উজাগৰত কাটে ৰাতি
দূৰ সুদূৰ স্বতন্ত্ৰ সুৰ

পূবেৰুণ

স্বাধীন হয় এটা জাতি
জ্বলোৱা দিৱা বাতি।
 —————————
দুখৰ বুকুত হাত দিলেই
ড° আদিল আলী

দুখৰ বুকুত হাত দিলেই 
কোনো বাধা-নিষেধ নোহোৱাকৈ 
জিভা পিছলি সৰি পৰে এটি কৰুণ উদাস 
লগতে হিয়াৰ গভীৰ প্ৰেমৰ চিৎকাৰ 

কৃষ্ণচূড়াই আৱৰা মাটিৰ বিশালতাত প্ৰাণ পাই উঠে 
গছ সৰা গুটিৰ ফুল ফুলা হাঁহি 

আকাশৰ বুকু নগ্ন কৰি নামি আহে 
জোনাকৰ প্ৰেম মতলীয়া অশ্লীল হাঁহিৰ দেহ তিতা তাপৰ উছাহ 

বিষাদবোৰ এচমকা শুকুলা ডাৱৰ হৈ উৰা মাৰে 

জীৱন মানেই 
পোৱা-নোপোৱাৰ খেল 

সপোনবোৰ ৰঙা ফুলৰ পোহৰত জ্বলে আৰু সৰি পৰে 

নিঃশব্দে এটি কৰুণ বেদনাই মোৰ বুকুত খুন্দা মাৰি উপহাস কৰে 

ইচ্ছা-আকাঙ্ক্ষাবোৰ ক্ষত-বিক্ষত হৈ 
আঁউসীৰ কৰুণ গীত জুৰে 

ফুলবোৰৰ দৰে যৌৱনৰ কামনা-বাসনাৰ ৰঙীন দিনবোৰ 
সৰি সৰি সংকটৰ পদূলিত দুঃসময়ে ফাগুন হৈ উৰে 

ৰাতিৰ গভীৰতাত অভিসাৰৰ সপোন এটি এৰি 
তোমাৰ উঠন বুকুৰ কামনাৰ ৰঙীন ফুলৰ সুবাসত ডুবিছো  

তোমাৰ উষ্ম দেহৰ বক্ষত 
এটোপাল অচিন বেদনাৰ চকুলো সৰে 

বিৰহ-কাতৰ 
বিৰাগী 

অজস্র সৰাপাতে দুগালে চকুলো বোৱাই 
শ্বহীদ সৈনিকৰ দৰে ৰঙা নিচান লৈ মাটিৰ বুকুত শুই আছে 
——————————
দাদাগিৰি
প্ৰবীন চন্দ্ৰ তালুকদাৰ

অইন একো নহয়
যিয়েই নকওক, 
যিমানেই নকওক,
সকলো মিথ্যা,
এটায়ে মাত্ৰ সত্য
চিৰসত্য বৰ্তমানৰ
সি হ’ল বল আৰু দাদাগিৰি
যাৰ আছে দাদাগিৰি
সিয়েই যেন যোগ্য
এই ভোগ্য বসুন্ধৰাত!

বাদ দিয়াহে তোমাৰ
মানৱ-দৰদী গানবোৰ
স্বাৰ্থ সিদ্ধিতে থাকে সীমাবদ্ধ
সেই দৰদী গানৰ অৰ্থবোৰ
কোনো গায়কেই প্ৰস্তুত নহ’ব
গাবলৈ সেই গান কোনো ফাংচনত
নাথাকে যদি স্বাৰ্থ নিজৰ৷

দাদাগিৰিৰ নিয়মবোৰ
চলিছে,চলিবই সকলো দেশতে!
সকলোৰে ওপৰত,সকলো মময়তে
ই যেন এক শ্বাশ্বত কথা,যুগধৰ্ম মানৱৰ!
বল থাকিলেহে থাকিব তিস্থি
নিজৰ  কথাবোৰ সমাজখনত৷

নিৰ্বলীৰ একো উপায় নাই,
কোনো দিওতা নাই,
চাওতা নাই,খুৱাওতাও নাই কোনো,
আছে মাথো নিওতা,চল-চাতুৰিৰে
সকলোকে ঠগাই!
নিৰব দৰ্শক হৈ থাকে সকলোৱে
গৰজ কি পৰিছে কাৰ
ক’বলৈ কাকো,এই ক্ষেত্ৰত!
———————————
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী

আজি বহুদিন ধৰি তুমি 
আতৰি আতৰি আছা 
আজি বহুদিন ধৰি তুমি
পাহৰি পাহৰি আছা  ৷ 
অ প্ৰিয়ত্তমা অ প্ৰাণাধিকা
মৰমে একোকে নামানে 
জানা 
ভালপোৱাই একোকে 
নুবুজে জানা ৷ 
বিশ্বাস হোৱা নাই যদি 
ৰ’দ - বৰষুণক সুধি  চাবা 
নিয়ৰ-কুঁৱলীক সুধি  চাবা 
পাহাৰ-ভৈয়ামক সুধি চাবা 
নদী - সাগৰক সুধি চাবা 
সকলোয়ে ক’ব এই কথা  ৷ 
তুমি শুনিছা  তুমি শুনিছা
প্ৰেম এনেকুৱাই বুজিছা
এই যৌৱনৰ ভৰ দুপৰীয়া
মই কি কৰোঁ কোৱা ?
তুমি অবিহনে তোমাৰ কথাই 
প্ৰতিদিনে - প্ৰতিক্ষণে আমনি
কৰিছে মোৰ মন 
তুমি অবিহনে তোমাৰ স্মৃতিয়ে 
প্ৰতিদিনে - প্ৰতিপলে দহিছে
মোৰ হিয়া ৷
তুমি বুজিছা  তুমি বুজিছা
প্ৰেম তেনেকুৱাই শুনিছা 
অনুৰোধ কৰিছোঁ তোমাক
এদিনৰ বাবে হ’লেও তুমি
মোৰ জীৱনলৈ উভতি আহা
এয়াই মোৰ জীৱনৰ অন্তিম 
আশা - প্ৰত্যাশা ৷
———————————
পাৰ্থক্য
দিপ্তী মনি গোস্বামী 

পাৰ্থক্য সপোনত
পাৰ্থক্য জীৱনত
পাৰ্থক্য লগনত

এখন পৃথিৱী
ৰাতিৰ পৃথিৱী
দিনৰ পৃথিৱী
সাৰে থকা পৃথিৱী
টোপনিৰ পৃথিৱী।

পাৰ্থক্য প্ৰতি নিয়তত
পাৰ্থক্য প্ৰতি ক্ষণত
পাৰ্থক্য প্ৰতি পলত।

পাৰ্থক্য বাহিৰত
পাৰ্থক্য ভিতৰত
পাৰ্থক্য হৃদয়ত
পাৰ্থক্য জীৱনত
পাৰ্থক্য নেদেখাৰ ভিতৰত
পাৰ্থক্য জুমি চাব নোৱাৰাৰ অজুহাতত।

পৃথিৱীয়েই গঢ়িছে পৃথিৱী
পৃথিৱীয়েই ভাঙিছে পৃথিৱী
মানুহ পৃথিৱীৰ মানুহৰ পৃথিৱী
মানুহৰ খঁকতে ৰুগীয়া পৃথিৱী
মানুহৰ দোষতেই কান্দে পৃথিৱী।

মানুহ নাথাকিলেও থাকিব ধৰণী
ধৰণী নাথাকিলে কেনেকৈ লিখিবা জীৱনী
অন্তিম উশাহত কামত নিদিয়ে মৃতসঞ্জীৱনী
সঠিক সময়ত পূজিবা চিৰ চেনেহী জগত জননী।
———————————
স্বাধীনতাৰ বন্দন
অঞ্জনা ৰূপা দাস

আজি কবিতাৰ শব্দ পুঞ্জত
স্বাধীনতাৰ বন্দন
গীতৰ লহৰে ঢৌ তুলি
সুৰৰ মধু গুঞ্জন। 
স্বাধীনতা পাবলৈ 
ভাৰতী,অসমী আইৰ
শত সহস্র শ্বহীদে
ত্যাগিলে জীৱন
জানানে মাতৃভূমিৰ জনগণ? 
বৃটিছৰ চিপাহীৰ কান্ধৰ বন্দুকে 
সংগ্ৰামী জীৱনৰ বুকুৰ
কেঁচা কলিজাৰ ৰঙা তেজ শোহে। 
নিষ্পেষিত, হালোৱা-হজোৱা
কৃষকৰ কণ্ঠ ৰুধিবলৈ
লাঠী চালনা, গুলী বৰ্ষণ কৰে। 
অত্যাচাৰ, উৎপীড়নে
তাঁতী আৰু শ্রমিকৰ হাড়েৰে
ভাৰতৰ সমতল সাৰুৱা কৰিলে। 
সুৰৰ লহৰ তুলি
জনগণক জগালে সংগ্রামী সত্বাৰে
বিষ্ণু,জ্যোতি আৰু কত জনে, 
 কাৰাগাৰৰ বন্ধ কোঠৰীতো লিখে 
পিতাৰ পৰা পুত্ৰীলৈ চিঠি। 
 বাপুৰ নেতৃত্ব, নেহৰুৰ সতীৰ্থ,
 বসুৰ সংগ্রামৰ সহযোগত
স্বাধীনতা আহিল  মন ৰাঙলী হৈ। 
সকলোৱে মূৰ  তুলি 
এষাৰ ক'ব পৰা হ'ল।
হৃদয় খুলি হাঁহিব পৰাকৈ
 পিন্ধিল স্বাধীনতাৰ আভৰণ। 
 বৰ্তমানৰ স্বাধীন জনগণ, 
  কৃত্রিমতাৰ সাজে কৰে
স্বাধীনতাৰ বন্দন। 
শাসনৰ গাদীত চলে দৰদাম,
 আত্মসাতত পূঁজিপতি পেটাল। 
 স্বেচ্ছাচাৰীৰ আখৰাত 
শোষিত জনগণ। 
উৰিছে ত্ৰিৰংগা কৰি বন্দন, 
 প্ৰতাৰিত, নিষ্পেষিতই কৰি আত্মগোপন।
———————————
অব্যক্ত
সোণালী ডেকাদাস

নোকোৱাকৈ থকা 
অনেক কথা 
যেতিয়া দুচকুৰ ভাষা হ'ব নোখোজে
অথবা অনুভৱৰ পংক্তি হৈ 
হৃদয়ত ওমলি নাথাকে
তেতিয়াও যেন ক'ৰবাত
এটি প্ৰেমৰ পদ্য
টনা আঁজোৰাকৈ চলি থাকে
হৃদয়ৰ অলক্ষিতে 
অব্যক্ত হৈ ৰৈ যায় মাথোঁ
বুকুৰ প্ৰাচীন কথাবোৰ ...

আচলতে অৰ্থহীন যেন লগা কথাবোৰেও
ভাৰ বৈ থাকে
বহুল অৰ্থ
নিৰ্ভাৰ হৃদয় জানো ক'ৰবাত থাকে ?
———————————
স্বাধীনতা তুমি কেতিয়া আহিবা?
নাছিৰ আহমেদ

স্বাধীনতা তুমি কেতিয়া আহিবা?
কেতিয়া আহিবা ভাৰতৰ ঘৰে ঘৰে?
বাৰে বাৰে তোমাক বৰিবলে'
আমি কৰিছোঁ পূজাৰ মহা আয়োজন।
 বিষাদভৰা মন লৈ তুমি আহি উভতি যোৱাহি অহাৰ পথেৰে  ; 
অশ্ৰু-সজল আঁখিযুৰি লৈ!

কাৰণ,                                                                  এমুঠি অন্ন, এখন বস্ত্ৰ আৰু এটি আশ্ৰয়ৰ বাবে
কৃষক-শ্ৰমিকৰ ঘৰত নিৰন্তৰ হাহাকাৰ!
সিহঁতৰ ভগা বেৰত ওলমি আছে
দাৰিদ্ৰৰ এক কৰুণ ছবি !
আৰু যি দ্বি-জাতি তত্ত্বই দেশক দুছেও কৰিছিল,
পুনৰাই ভাৰত মাতৃক সমাধিস্থ কৰিবলে '
কুট-ৰাজনীতিৰ ক'লা হাতোৰাত তাৰেই আখৰা চলিছে।

স্বাধীনতা তুমি কেতিয়া আহিবা?
কেতিয়া আহিবা ভাৰতৰ ঘৰে ঘৰে?
আৰু কিমান শুনিম,
কিমান শুনিম সিহঁতৰ উন্নয়নৰ ফটা ঢোল ?

এবেলিও তোমাক বৰিবলে'
আমি কৰিছোঁ পূজাৰ মহা আয়োজন।
আজি সাজি কাছি ওলাই আহিছে দেশৰ জনতা,
আয়ে দিয়া গামোচা তেজত জুবুৰিয়াই লৈ
কুৰুক্ষেত্ৰ ৰণক্ষেত্ৰলৈ আগুৱাই গৈছে নৱ-জোৱান,
কৃষকৰ হাতে হাতে ধৰাল কাঁচি  উঠিছে জ্বলি,
শ্ৰমিকৰ হাতুৰীৰ কোৱত ভাঙিব সিহঁতৰ বুকুৰ কামিহাড়! 

সৌৱা চোৱা!
নল মৰি গজালি মেলি আমাৰ কাষত থিয় হৈছে
খুদিৰাম, সুভাষ বসু, 
ভগৎ সিং ,মনিৰাম দেৱান ,কুশল কোঁৱৰ, কনকলতা আদি শ্বহীদৰ দল ---
পূব আকাশত উদ্ভাসিত হৈছে ৰঙা সূৰুয!

এতিয়া আমি আৰু কাকো নকৰোঁ নকৰোঁ ভয়
আমি তোমাক বৰিবলে'
শত সহস্ৰ তেজৰ নৈ বৈ দিম।
তোমাক জিনিবলৈ আমি কৰিছোঁ মৃত্যুপণ !
হাঁহি হাঁহি ফাঁচিৰ মঞ্চত গাই যাম তোমাৰেই জয়গান !
নিৰ্বিচাৰে বুকু পাতি লম নিষ্ঠুৰ শোষকৰ গুলিৰ আঘাত !

তথাপি সকলো দীনতা,হীনতা , মলিনতা এৰি
হে স্বাধীনতা , তুমি আহা আমাৰ চোতালে চোতালে 
তোমাৰ কোমল চৰণ তলত বহি গাই যাম সমস্বৰে -
বন্দেমাতৰম,বন্দেমাতৰম! জয় হিন্দ, জয় হিন্দ !
———————————
বৰষুণৰ সাধু 
ৰুম্পী দেৱী

জিৰ্ জিৰকৈ পৰা টোপালবোৰে 
কাৰোবাৰ হৃদয়ত ৰাগ সৃষ্টি কৰাৰ ক্ষণত 
আমি হতাশ হওঁ ।
উৰুখা চালৰ পৰা জলাহ হৈ বৈ যায় 
আমাৰ সপোনৰ মজিয়াত ।
কুঁচি-মুঁচি হাত সাবটি মনে মনে আওৰাই থাকোঁ
আৰু জোৰকৈ নিদিয়ে যেন !
কাৰোবাৰ বাবে বিলাস যদিও 
আমাৰ বাবে মাথোঁ আহুকাল 
বৰষুণত তিতি-বুৰি দুহাত মেলি আমেজ ল'বলৈ 
আমি বোৰে ভাল নাপাওঁ।
চকুলো বোৱাই মাথোঁ প্ৰাৰ্থনা কৰোঁ 
আৰু নিদিবা প্ৰভু...
আয়ে মজিয়াত পাতে ভগা বাল্টি ,চৰিয়া 
পিতায়ে বিচাৰি ফুৰে ফাটি টুকুৰা হোৱা পলিথিনখন
কিজানিবা বন্ধ হয়েই সুৰসুৰীয়া বাটবোৰ !
আইতাৰ মুখৰ পৰা সৰি পৰা হুঁমুনিয়াহবোৰত
আজি আমি শুনা নাপাওঁ 
দীঘল ঠেঙীয়াৰ সাধু...
——————————
কোন কাহানিবাই এৰি আহিলোঁ
জোনমনি বৰা 

কোন কাহানিবাই এৰি আহিলো ল’ৰালিৰ ভোগজৰা,
অনাদিত সময়ৰ লাগবান্ধ নোহোৱা ধেমালিৰ মেটমৰা সম্ভাৰ ৷
নিষ্ঠুৰ সময়ে এতিয়া দিয়ে সুৱৰাই,শৃংখলাবদ্ধ জীৱনৰ
নিসংগতাৰ দিনলিপিৰ সুৰুঙাই ৷
সোমাই আহে ফাগুনৰ ধুলিয়ৰি ছবিৰ দৰে সকলো
স্মৃতি চানি পৰা চকুত সময় ঘন্টা মগজুৰ গৰাখহনীয়াত 
স্মৃতিৰ চাকনৈয়া অস্পষ্ট ছবি ভাবি ৰওঁ উৱাদিহ নাপাওঁ ৷

আকৌ ঘূৰাই নোপোৱাৰ দুখত
ভাৰাক্ৰান্ত সময় যে হাতত তাকৰ
দেহত বয়সৰ আচোৰ
মনত শামুকীয়া চিন্তা ৷ অকামনাৰহিত চিৰন্তন সত্যৰ বাবে বাট চাই থকা মই বাটৰুৱা জীৱনৰ শেষ সীমনাৰ ৷
——————————
হৃদয়খন আই.চি.ইউত আছে 
ৰাহুল কোঁৱৰ 

কেতিয়াবা মৰি মৰি 
জীয়াই ভাল লাগে 
কেতিয়াবা জীয়াই জীয়াই 
মৰি ভাল লাগে 
কেতিয়াবা ভাল লাগে
ইমাৰ্জেন্সি ৱাডত ধৰফৰ কৰি 
চকুলোবোৰ ৰাখি ভাল লাগে চকুত 
চকু পতাৰ পৰা
নিয়ৰ টুপটোৰ দৰে সৰা
চকুপানীয়ে কেতিয়াবা নেদেখোৱাই বাট
এতিয়া কৰ্কটত চকুপানীবোৰ
তেজৰ চেকুৰ বয় দুচকুৰ পতাৰে 
হয় নে কেতিয়াবা মৰি মৰি 
জীয়াই ভাল লাগে ৷

বুকুত বিষবোৰ ৰাখি ভাল লাগে
হাঁহিত দুখবোৰ ৰাখি ভাল লাগে
মৃত হৃদয়খন আই চি ইউত বগা কাপোৰ পিন্ধাই 
কেতিয়াবা ভাল লাগে 
একেৰাহে ভাইৰাছ সোমাই আছে বুকুত 
আৰু হাই ড’ছ ৰ এন্টিবায়োটিক ইনজেকচন আৰু ঔষধ নে 
কিমানবাৰ আক্ৰমণ কৰিব দেহত 
মাথোঁ মৰি যায় কিছু দিনৰ বাবে আঘাতৰ বিষবোৰ 
আৰু যে মনত মৰি নাযায় কিছু স্মৃতি 
মনৰ স্মৃতি কফিনত ভৰাই 
এম্বুলেন্সত লৈ গৈছোঁ শ্মশান ঘাটলৈ
হয় নে কেতিয়াবা বুকুত 
বিষবোৰ ৰাখি ভাল লাগে ৷ 

কেতিয়াবা জ্বলি ভাল লাগে 
কেতিয়াবা জ্বলি জ্বলি শেষ হৈ ভাল লাগে 
কেতিয়াবা জীয়াতু ভুগি ভাল লাগে 
ভাল লাগে সুখৰেই খবৰ নাহিলেও 
দুখৰ আটলান্টিক মহাসাগৰত 
অচিন বেমাৰৰ ঢৌ খেলি ৷ 
হৃদয়খন আইচিইউত আছে 
হৃদপিণ্ডটো ঈদগাৰত ৰৈ আছে 
মাথোঁ শুকুলা মেঘৰ সৈতে উৰিবলৈ
নহয়নে ভাল লাগে কেতিয়াবা
নিজক মৃতদেহৰ অংশ কৰি 
হয় নে কেতিয়াবা জ্বলি ভাল লাগে ৷
———————————
হাঁহি
হিমাশ্ৰী দেৱী

ৰিজনি নকৰিবা
মোৰ হাঁহিক
সুন্দৰী মনালিছাৰ লগত..

তুমি নুবুজিবা
হাঁহিবোৰ মোৰ
ওলাই কিমান দুখত...
————————————————

Post a Comment

0 Comments