পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ অষ্টম সংখ্যা

———————————————————
—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অৰ্চনা ঠাকুৰীয়া

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,  আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ৰিংকুমণি বড়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
    যিকোনো এটি বিষয় সহজ সৰলভাবে পাঠকৰ আগত তুলি ধৰিব পৰাটো এক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ মুকাবিলা কৰিবলৈ এজন লেখকৰ প্ৰয়োজন হয় গভীৰ অধ্যয়ন,চৰ্চা আৰু সাধনাৰ। বৌদ্ধিক কচৰৎৰ অবিহনে এজন লেখক সফল হ’ব নোৱাৰে।  এইখিনিতে এটি কথা মনলৈ আহে-সফল লেখক কোনবোৰ ? সফলতাৰ বৈশিষ্ট্য কি ? সৰহসংখ্যক পাঠকে যদি লেখা এটা পঢ়ি হৃদয়ংগম কৰিব নোৱাৰে,তেনে সেই লেখাবোৰ সঁচাই সফল লেখা হয় নে ! 
    বৌদ্ধিক দীনতাৰ হেতু দুৰ্বোধ্য লেখাবোৰে সৰ্বসাধাৰণক স্পৰ্শ কৰিব নোৱৰাটোৱে পাঠকৰ সংখ্যা দিনক দিনে কমাই নিছে।
  সৰ্বসাধাৰণৰ হৃদয়ত ছাপ বহুৱালৈ লেখাবোৰ সৰল হোৱাটো জৰুৰী। কিয়নো সৰলতা এক জটিল কলা।

বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
 ———————————
কবিতাৰ আড্ডা
ভাষাক লৈ
উদয়  কুমাৰ  শৰ্মা

একেটা অৰ্থসূচক শব্দৰ দ্বিত্ব প্ৰয়োগ :

 # 'বান' মানে -- বাঢ়নী পানী, বন্যা। 'বান'ৰ লগত 'পানী'ক যোগ দি 'বানপানী' কৰিলে -- 'বাঢ়নী পানী পানী'হে হয়চোন  ! ( অভিধানমতে, বানপানী = বাঢ়নী পানী, ধল!)। 

#'গেজেপনি'ৰ অৰ্থ হ'ল -- বৰ ডাঠ হাবি। 'গেজেপনি হাবি' মানে হ'ব -- ডাঠ হাবি হাবি  ! 

#চিফুং = বড়ো-কছাৰীসকলৰ ডাঙৰ আকাৰৰ এবিধ বাঁহী। 'চিফুং বাঁহী'ৰ পৰিৱৰ্তে -- 'চিফুং' লিখিলেই  সি, সিবিধ বাঁহীকে বুজাব। 

#লোকাৰণ্য = লোক + অৰণ্য । অৰ্থাৎ, 'লোকাৰণ্য' মানে --  লোকেৰে অৰণ্যসদৃশ হোৱা বা মানুহেৰে ঠাহ খাই পৰা। তেনে স্থলত, 'লোকে লোকাৰণ্য' বুলি লিখাটো সঠিক নহয় ; 'লোকাৰণ্য' বুলিলেই হয়। 

#শ, শৱ = মৃতদেহ। মৃতদেহ এটাৰ মৰা / জীয়াৰ কথা নাহেহেতু 'মৰাশ'ৰ সলনি -- 'শ' বা 'শৱ' লিখাটোহে সঠিক অৰ্থ-প্ৰকাশক ।
—————————————————————
                অনুবাদ কবিতা

The Window’s Song
By unknown poet
Source Internate

Eyes, windows to the soul’s unspoken rhyme,
Mirrors reflecting the essence of time.
In their gaze, life’s stories unfold,
Narrating secrets, untold, and bold.

বাতায়নৰ সুঁহুৰি
মূলঃ অজ্ঞাত
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

নয়না, আত্মাৰ অকথিত ছন্দায়িত বাতায়ন,
দাপোণে উজাৰে কালসুৰভি৷
সিহঁতৰ দৃষ্টিত জীৱনকাহিনীবোৰ উন্মোচিত হয়,
অকথিত, অদম্য, গুপুত কথাৰ ভাওনা।
———————————
প্ৰতীক্ষা

মূল:-হিন্দী--সৰ্বেশ্বৰ দয়াল ছাক্সেনা
অনুবাদ :-- গণেশ বৰ্মন 

প্ৰতীক্ষা
এক শত্ৰু
তাক বিশ্বাস নকৰিবা ।

নাজানো সি কেনে জোপোহা
আৰু পাহাৰত
চোপ লৈ বহি থাকে
আৰু আমি পাতৰ মৰ্ মৰ্ শব্দত
কাণ পাতি ৰৈ থাকোঁ ।

প্ৰতীক্ষা
এক শত্ৰু
তাক বিশ্বাস নকৰিবা ।

সি গুপ্তচৰ সৈনিকৰ দৰে
আন্ধাৰত ৰৈ থাকে
আৰু আমাক পোহৰত ৰৈ থকা চাই থাকে ,
সুযোগৰ সন্ধানত 
আৰু আমি আন্ধাৰত টৰ্চৰ পোহৰ  পেলাই থাকোঁ ।

প্ৰতীক্ষা 
এক শত্ৰু
তাক বিশ্বাস নকৰিবা ।

সি আমাক নদীৰ দৰে কৰি
আমাৰ মাজৰ পৰাই
মাছৰ দৰে সাঁতুৰি অদৃশ্য হৈ যায়
আৰু আমি ঢৌৰ অসংখ্য হাতেৰে
বিচাৰি চলাথ কৰোঁ ।

প্ৰতীক্ষা 
এক শত্ৰু
তাক বিশ্বাস নকৰিবা ।

তাৰ পৰা আঁতৰি থাকা । 
পাবলগীয়া যি আছে ততালিকে লোৱা ,
কৰিব লগা আছে যি ততালিকে কৰা ।            
---------------–––––––––––––
                         কবিতা

গজালি 
দেৱজিত হাজৰিকা

বহল পথাৰত সিঁচি আছো বীজ
বীজৰ নামত বেছিভাগেই নিৰ্জীৱ ।
গুটিৰ ভিতৰত নাই সম্ভাৱনা ।
অনুৰ্বৰ পথাৰত হেৰাই গৈছে  পতনুৱা সময় । 

"চহাই যোৱা পথাৰ
সিঁচি যোৱা বীজ 
ভিতৰখন ঈশ্বৰৰ 
বাহিৰখনহে তোমাৰ ।" ---  সন্তসকলে কয় ।

ভিতৰখন আন্ধাৰ 
তাত শুই আছে ঈশ্বৰ , আমি যন্ত্ৰ ।

মাৰ্গে কয় --- 
"সময় হ'লে ঈশ্বৰে বীজবক্ষ চেদি 
ওলাই আহিব 
দুটি পাতৰ  গজালি  হৈ 
যেন চাৰিহতীয়া ঈশ্বৰৰ দুখনি কিশলয় হাত  !

আমি কেৱল সিঁচা যন্ত্ৰ । 

আমাৰ জীৱনে টোকাৰী বায়েই  থাকিব ---
ঈশ্বৰগৃহৰ বাৰাণ্ডাত ৰৈ চিৰকাল টুকুৰিয়াই থাকিম অনন্ত ধামৰ দৰ্জা ।
 পোহৰলৈ বাট কেনি ?
পোহৰ ! পোহৰ ! অকণ পোহৰ !
হে'  ঈশ্বৰ !
কানি দুৱৰীকৈ মেলি দিয়া দুৱাৰ
কৰ্মৰ বীজ সিঁচি মৰি অহা জীৱন ! 

অকণ মেলি দিয়া তোমাৰ কিশলয় দুহাত !
——————————
যাক এৰি‌ আহিলোঁ
ৰঞ্জিত পাটগিৰি

ক'ত এৰি থৈ আহিলোঁ
তাম বৰণীয়া দুটি চকু,
ফুটো-নুফুটো হাঁহিৰ দুটি ওঁঠ!

এতিয়াটো সময় নহয়
বালি‌ ঘৰ সজাৰ...
উৰি গ'ল পখী
সৰি পৰিল পাখি।

দুখৰ বতাহে
কাহানিও‌‌ শুকুৱাব নোৱাৰে চকুপানী।
——————————
বিজ্ঞানী
অৰ্চনা ঠাকুৰীয়া

মই এগৰাকী এলেহুৱা মানুহ
বিছনাখন পালে মোক একোৱেই নালাগে
শুই শুই পিঠি বিষাই যায়
তথাপি বিছনা নেৰো

এদিন দিনৰ ভাগত
শুই থাকোঁতে ডাঙৰ ভূমিকম্প আহিছিল
বাকীবোৰ বাহিৰলৈ দৌৰিলে
কিন্তু মই বিছনাতে 
দুলি দুলি জোকাৰণিৰ মজা লৈয়ে থাকিলো 

ঘৰৰ মানুহে গালি পাৰে ঠিকেই
কিন্তু মোৰ আদেশ কোনেও অমান্য নকৰে
আচলতে কথাটো কি জানে
মোৰ মগজুটো খুব চোকা
ধ্যান-ধাৰণাও চমকপ্ৰদ

মোৰ কাম
মোৰ চিন্তা
দিনটোৰ সমস্ত পৰিকল্পনা
হিচাপ নিকাছ 
মনৰ ভিতৰতে চেটিং 
মাথো ৰূপ দিবলৈ এলাহ 
পিছে,তাৰ সমিধানো মোৰ লগতেই আছে
কাৰ্যকৰী সমিতি এখন গঠন কৰিলেই হ'ল
লেঠা শেষ

সঁচা ক'বলৈ কিহৰনো ভয়
আচলতে বিজ্ঞানীবোৰ মোৰ দৰেই এলেহুৱা 
নহ'লে নিউটনে বেঞ্চত বহি বহিয়েই মধ্যাকৰ্ষণৰ সূত্ৰ আবিষ্কাৰ কৰিব পাৰেনে 
আগৰ জনমত ময়ো চাগে বিজ্ঞানীয়ে আছিলোঁ
আৰু বিজ্ঞানী হোৱাৰ যি ধাৰণা সেয়াও চাগে
এলাহৰ পৰাই উদ্ভৱ হৈছে।
—————————————————
বাহিৰে ভিতৰে
ইলামণি শইকীয়া

সৌ তাহানিতে পতা কথাবোৰ
কোনোবাই আজিও পাতি থাকে আমি নজনাকৈ৷
নিজৰ ছাঁ খেদি খেদি জীৱনৰ গেঁৰ সাজিব নোৱাৰি
ক’ৰবাতে হেৰুৱাই পেলোৱা জীৱনে ক’ৰবাৰ পৰা এঙামুৰি দি
এতিয়াও ৰঙীন হাঁহি এটিৰ ফোৱাৰা বোৱাই থাকে৷

আপাতঃ ক’তো একো নাই
সকলো শূন্যতাৰ খাদ

ভিতৰি অলেখ অপাৰ  প্ৰাপ্তিৰে প্ৰৌজ্জ্বল জীৱন...
——————————
জীৱন চক্ৰ
চয়নিকা ভূঞা 

হাতত হাত ধৰি খোজ কঢ়াৰ হেঁপাহ
এটা উচ্চাকাংক্ষা
আৰু কিছু পকনীয়াত পৰা কথা 

ঘৰৰ ভিতৰত খোৱা কামোৰা
সকলোৱেই গৰাকী
লালসাত অন্তহীন বলিয়ালি

জীৱন কচুপাতৰ পানী 
জ্ঞাত হৈও অজ্ঞাত 

ষ্টেটাছ মেন্টেনেইনত সকলো উঠি পৰি লাগে
দেখিলে এনে লাগে
যেন সকলো নিমাখিত 

বুটলিবলৈ অসহজ কথাবোৰেই
এতিয়া ঘৰে ঘৰে উচুপনি 
ভয়ত ভজে সকলো 
ভাতৰ ভয়
মাতৰ ভয় 

শাওনীয়া ৰ'দে মোক খাওঁ খাও‍ঁকৈ ধৰে
আওকণীয়া কথাবোৰেই 
এদিন 
ৰাজপাটত বহে 
কোনোৱে হাঁহে
কোনোৱে ভোগে ।
-------------––––––
অক্সিট'চিন
ৰিপুঞ্জ বৰা

শালত পেৰা কুঁহিয়াৰ এডালৰ বোধ নহয়
এখন হাতৰ পৰা অন্য এখন মুঠি খোলা হাতেহে বুজি পাই
এগিলাচ ৰসানুভৱ।

নিৰলে কোঠাত তোমাৰ ব্লাউজৰ পিছফালৰ হুক লগাই দিওঁতে তেজত বৈ অহা স্বৰধ্বনি
অথবা
পৰুৱাই মুখত বিজলুৱা গোন্ধলৈ নামি যোৱা বিছনাৰ ৰেলিংৰ  পিছল বাট

দাড়ি কটা গালত সানি দিওঁতে  এছপ'ৰলিন
গা ধুই ভিজা চুলি মেলি পুৱাৰ বন্তি জ্বলাওতে
উত্তপ্ত জৰৰ চাটিফুটিত মূৰত ভিজা কাপোৰ মেলি ৰক্ষণ কৰোঁতে
তোমাৰ সাত মহীয়া ভাৰী গা বুলি পানী কঢ়িয়াবলৈ নিদিওঁতে
এটুকুৰা মাছকে দুভাগ কৰি একেলগে ভাত খাওঁতে
হাতত ৰুমাল গুজি আগবঢ়াই দি দূৰলৈকে হাত বাউলি দিওঁতে
চৰাইৰ চকুত লাগিছিল অক্সিট'চিন
দুটোপাল বৰষুণত সৰিছিল অক্সিট'চিন
পৃথিৱীক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সেউজিয়াত লাগি ৰৈছিল অক্সিট'চিন ।
———————————
নীলা চৰাই
ৰঞ্জন বৰ্মন 

দিনৰ দিনটো মই ঘূৰি ফুৰিছোঁ। 
মোৰ স'তে ঘূৰি ফুৰিছে মোৰ ছাঁ আৰু এজনী নীলা চৰাই।

যদিও কথাষাৰ শুনাত সাধুকথাৰ দৰে
বেলিৰ দৰেই সত্য।

মই য'লৈকে  গৈছোঁ 
মোৰ আগে-পাছে, সোঁ-বাওঁৱে 
নীলা চৰাই।

অথচ 
মই প্ৰেমত পৰিব পৰা নাই 
নীলা চৰাই।

তাতেই নীলা চৰাইৰ খং।
গা জোকাৰি জোকাৰি 
নীলা পাখিৰে পুতি পেলাইছে মোৰ চহৰ।

এতিয়া মোৰ প্ৰতিটো খোজত নীলা।
প্ৰতিটো উশাহত নীলা।
যাৰ বাবে 
মোৰ বুকুত ইমান হুমুনিয়াহ। ইমান হুমুনিয়াহ।
———————————
শাওণ
মনালিছা শইকীয়া

জালিকটা ৰ'দৰ ফাঁকত জিলিকে
ন কুঁহিপাতৰ অব্যক্ত অপৰাহ্নৰ ছবি

সৌ সুদূৰত
কলীয়া মেঘৰ দুন্দুভি বজাই 
নৃত্যৰতা পৃথিৱীত সম্ভাৱনাৰ ঋতু

ভৰবাৰিষাৰ 
দোকোল-টকা বানত উটে
নৈপৰীয়াৰ আটকীয়া সপোনবোৰ

নিৰ্মম সময়বোৰত লিখা হয়
ভৰ বাৰিষাৰ পূৰ্ণ পাণ্ডুলিপি

আমাৰযে
এধানি চেতনাৰ মঙ্গলময় সমদলত 
এজাক পোহৰমুখী মানুহৰ সৈতে অনন্তযাত্ৰা 

শাওণ 
আমাৰ সম্ভাৱনাৰ অনন্ত উৎস
সেউজীয়া ভূঁইৰ গজালিত থিতাপি লোৱা
খেতিয়কৰ সোণ হালধীয়া সপোনৰ কৰ্ষণ ...
——————————
ৰহেদৈ মনৰ সুবাস...
জাহ্নৱী হাজৰিকা

শাওণৰ সুমথিৰা ৰ'দত
পথাৰত দিনটো ৰ'দাই 
এজাৰৰ আন্ধাৰত ঢেকীয়া বেচা মানুহজনী 
ক'লা পৰে।

ঋষিকবি ফুকনে হাজাৰ প্ৰশ্ন সুধিও আঁত নোপোৱা মানুহজনী।
নাই নে তাইৰ কাজলী মন এটি?
জেঠত ফুলা এজাৰো দেখোন 
নিজাৰ পৰে এদিন।
এতিয়াটো প্ৰখৰ শাওণ।
কেঁচা মাটিৰ গোন্ধেৰে আমোলমোলোৱা 
যি ৰহেদৈ সুঘ্ৰাণ!

তেওঁৰ প্ৰেমৰ জাতিংগাতেই বা চগা হৈ জঁপিয়াইছিল কোন?
তেওঁৰ মনটোতো সদায়ে চঞ্চল আছিল।
সেয়ে চাগে সংকল্পৰ পৰা মন সঘনে পিছলিছিল।
আৰু পিছলি পৰিয়েই এদিন 
মন মগজুত এটা সৰুকৈ কোঠা বনাইছিল।

যিটো কোঠাত আছিল কেৱল 
তেওঁৰ নানাৰঙী অনুভৱৰ ৰামধেনুখন।
মগজুৰ পৰা লাহেকৈ ৰামধেনুখন আঁতৰাই 
হিয়াত ৰাখে তেওঁ।

ভাবে,তেওঁতো এখনি সৰু নদী।
এখনি সৰু সুঁতি।
তেওঁৰ বাবেনো মহাসাগৰ হৈ ৰব কোন?
তেওঁৰ প্ৰেমতেই বা চগা হৈ জাহ যাব কোন?

কিন্তু আছিল তেনে চগা...
সেই প্ৰেমৰ চগাই কৈছিল
মহাসাগৰে সৰু নদী এখনৰ বাবেও 
বাট চায় ৰহদৈ।
মইতো কেতিয়াও তোৰ জীৱনৰ মহাসাগৰ নহয়।
বৰং আমি দুয়ো দুটি সৰু সুঁতি।
বৈ যাম কোনো নদী বা মহাসাগৰলৈ 
অবিৰত ভাৱে
অবিশ্ৰান্ত ভাৱে।

মানুহজনীয়ে হাঁহে...
কণমানি দুচকু টিপিয়াই
সন্মতি দিয়ে প্ৰেমৰ চগাক
এৰা!এতিয়া সময় হৈছে ঢেঁকীয়া বুটলাৰ।
আন্ধাৰ হবৰে হ'ল।
——————————
ৰ'দৰ জানো আলোকচিত্ৰ থাকে
ৰমেশ চন্দ্ৰ ৰায় 

ৰ'দৰ জানো আলোকচিত্ৰ থাকে 
থাকে কিছু অবাক সোঁৱৰণ
ঘাম-টুলবুল দেহৰ আৰ্ত্তৰাৱ

কৃষকৰ মূৰৰ ওপৰতে সমস্ত ৰ'দ
শ্ৰমিকৰ দেহৰ ওপৰতে সমস্ত ৰ'দ
ৰ'দ মূৰত লৈ কোৰ ok
ভূঁই ৰোৱাঁ
ৰ'দ মূৰত লৈ শিল ভাঙা হাতুৰি মাৰাঁ

ৰ'দে-ৰ'দে গৈ হাতুৰি
চিৰিৰ কাষেৰে
মেটমৰা  বোজা  লৈ গৈ থাকা ৰ'দে-ৰ'দে 

ৰ'দৰ কোনো আলোকচিত্ৰ নাথাকে 
থাকে অবাক সোঁৱৰণ

ক'লা পৰা ছালখন মোহাৰি ৰূপেশ্বৰীয়ে 
হাঁহি এটা মাৰিলে 
থ'  থ ' তোৰ ছানস্ক্ৰীণ ক্ৰীম  নে কি সেইডাল 
আজি ওলাবি দিনটো ভূঁই ৰুম

ৰ'দৰ কোনো আলোকচিত্ৰ নাথাকে 
থাকে আৰ্ত্তৰাৱ 

তিনিআলিত আজি 'পীছ' ঢালিব
ঠিকাদাৰে কৈ দিছে মহিলাৰ বাবে তিনি শ
পুৰুষৰ বাবে পঞ্চাশ টকা বেচি
ৰ'দ মূৰত থাকিব
ঠিকেই শুনিছা
ৰ'দ মূৰতে থাকিব
পছন্দৰ ভিতৰত থাকিলে 
আহিবা

ৰ'দৰ নিচান থাকে 
ৰ'দৰ কাহিনী থাকে 
ৰ'দ জয় কৰিবলৈ 
টুলবুল ঘামত তিতি মানুহ থাকে 

ৰ'দৰ আলোকচিত্ৰ নাথাকে 
ছাঁত থকা মানুহৰ অগোচৰে
আৰ্ত্তৰাৱ থাকে 

অদূৰত 
পঁজা এটাৰ দুৱাৰত ৰৈ থাকে 
নাবালক এটি আশা
ৰ'দ জয়ৰ নিচান।
 --------------––––––––
শাওণ
লাৱণ্য নাথ

জিৰ জিৰ বৰষুণৰ লাহি পাহি খোজেৰে
তোমাৰ পদাৰ্পণ।
স্মৃতিৰ জেওৰা ভাঙি ওলাই আহোঁ,
সপোনৰ ঘৰ সাজো আগন্তুক দিনৰ।
আলসুৱা পথাৰৰ বুকুত গুজি থওঁ,
শব্দহীন আশা;
আলাপ মাথোন তুমি আৰু মোৰ।
সেউজীয়া মৰমবোৰ আকৌ গজি উঠে 
ব্যস্ততাৰ ওৰণি গুচাই...

সোনপাহিৰ আগমনত মাটিডৰাই
কোমলতা বিয়পায়।
জলপানৰ টোপোলা খুলি মুখলৈ চায়-
ভোক নে ভাগৰ?
মৰমৰ অনন্ত সোঁতত নোকোৱা বহুত ভাষা,
সাৰ পায় শাওণ তোমাৰ 
লখিমী খোজত।
——————————
শাওণৰ উতনুৱা মন
চন্দনা ভাগৱতী

কলাফুল উদং
এজাক পাটগাভৰুৰ
খিল্ খিল্ হাঁহিত
শাওণ বাগৰিছে

আশা আৰু প্ৰতিশ্ৰুতিৰে
সুঁহুৰি এটাই
বুকুৰ একোণত
ৰঙৰ উদ্যান সাজিছে

মনপাই পিচলিছে---
কোনোবা গজলীয়া ডেকাৰ
উতনুৱা মন

উথলি উঠিছে
থেও ধৰি ধৰি
দেও দিয়া সুন্দৰ সুঠাম
ভৰ যৌৱন ।
—————————
লিমাৰিক
পৰাণ জ্যোতি ভূঞা

১.
আগতে  নাছিল যেতিয়া মোৰ নিজা  ঘৰ
সকলোৱে কৰিছিল ইতিকিং মোক বৰ
নিজৰ এতিয়া ঘৰ হল
আগৰ ঠাট্টা লুকাই গল
নকৈ ভুগিম আকৌ,সমালোচনাৰ জ্বৰ

২.
সভাৰ সংবিধানত আছে  হিতৈষী সদস্যৰ বিধি
এই সদস্যৰ নিয়ম নীতিত, আছে এক গুপ্ত ব্যাধি
দিয়ে মাথোঁ প্ৰমাণ পত্ৰ
সিমানেই  সন্মান মাত্ৰ 
হিতৈষী সদস্য যেন ,কইনাৰ গাত ঘঁহা মাহ -হালধি

 ৩.
আছে সমিতিত এজন অহংকাৰী সভাপতি
খাবলৈ ভাল পাই তেওঁ ডালডা ঘি বনস্পতি
নুশুনে আনৰ কথা
কলেও লাগে বেথা
নিজকে ভাবে যেন শৰাইঘাট ৰণৰ সেনাপতি।
——————————
মৌমাখিৰ গুণগুণ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

নেঘেৰিখোপাৰ পলিঘৰত 
মৌমাখিটোৱে আপোনমনে 
বৰটি চিঙা ঢোলটিৰ 
চাপৰৰ স’তে কৰিছে গুণগুণ...

কুলুকুলু স্বপ্নাদোং প্ৰপাত 
পাহাৰী খাদ 
গোটেই ৰাতি উৎপাত...

গুণগুণ অন্বেষণ
খোপাত নে বুকুৰ কোঁহত
বুকুওচোন ভাগৰত লালকাল...

হয়তো বুকুৰ মাখিটোৱে
পৰ্বত বগাবলৈ গৈ
পিচলি পৰে বাৰম্বাৰ...

ফেৰেঙনিত আটকি 
কৰে গুণগুণ
চপাৰাতি স্বপ্নাদোং স্বপ্নাদোং...
———————————
জোনাকৰ কবিতা
ৰেখা বৰকটকী

জোনে জোনাক  সিঁচে বাবেই
সুৰুয পোহৰ প্ৰত্যাশী
ৰহঘৰা পৃথিৱীত জোনাক পি-খাই
শেঁতাপৰা জোনৰ চকুত 
চন্দ্ৰাৱলী নিশাৰ উচুপনি..
মধুচন্দ্ৰিকাৰ জোনগলা নিশা
কাৰ বাঁহীৰ নিচুকণি ৰাগ?
ভদ্ৰতাৰ আভৰণ পিন্ধিব খোজাজনে
কাহানিও অভদ্ৰ হ'ব নোখোজে...
যিদৰে  বৰষুণ সিঁচি নাভাগৰে
কলীয়া ডাৱৰ
ৰিম ঝিম ছন্দে  চপচপীয়া লোতকে
শুকান ধৰাতল তিয়াবই সদায়
কোনো দিনে  আহৰি নোহোৱা
পলৰীয়া মেঘবোৰৰ  সেয়েহে দৌৰা -ঢাপৰা
মেঘ আৰু বিজুলীৰ কৰমৰ্দন
গাঁজনিৰ পোহৰে হেৰাই  মৰ আউসীৰ বাট!
ঘিটমিট  শীতৰ  নিশা শেতেলিত ওমলে
শাওণীয়া  বৰষুণজাক
———————————
সময়ৰ ডিঙিত বয়সৰ ৰেখা
নীলাঞ্জনা শৰ্মা বৰুৱা

সাঁচতীয়া কথাবোৰ
নহ'ল কোৱা
এতিয়া সময়ৰ ডিঙিত
দুডাল বয়সৰ ৰেখা।

বুকুৰ জলপৃষ্ঠ
ফেনে ফুটুকাৰে ভৰা,
ভদীয়া বানৰ তাণ্ডৱত
জাহ গ'ল সমস্ত আশা।

মৰীচিকাৰ পম খেদি
আজি ভাগৰুৱা দেহা,
নিৰ্জনতাৰ শিহৰণত
দুচকু উখহা।

আকালৰ ভাত এমুঠি বিচাৰি
কিমান খাম আৰু হাবাথুৰি।
সময় তোমাক কাবৌ কৰিছো
আপোনত্বৰ পোছাক পিন্ধি 
দুচকুৰ পতাত সপোন হৈ নুফুলিবা।

পুনঃ স্বপ্নভংগৰ বেথা 
সহিব নোৱাৰোঁ কাৰণ 
এতিয়া মোৰ যে 
লঘোণীয়া দেহা।
———————————
জ্ঞানৰ আৰ্তনাদ
প্ৰবীন চন্দ্ৰ তালুকদাৰ

গুদামৰ আলমাৰিতে আবদ্ধ আজি বহুত জ্ঞান,
কোনে খুলি দিব বাৰু দুৱাৰ 
এই গুদামৰ?

ককবকাইছে জ্ঞানবোৰে গুদামতে,
বছৰৰ পিচত বছৰ,
চিঞৰিয়েই আছে সদায়,
মুক্তিৰ অপেক্ষাত৷

কিছু জ্ঞানে আজি বিদ্ৰোহ কৰিছে,
আলমাৰি ভাঙি ওলাই আহিছে,
গাঁৱে-ভূঁয়ে,চহৰে-নগৰে পতা
পিতৃ-দিৱস,মাতৃ-দিৱস আদিত
যোগদান কৰি ভ্ৰমি ফুৰিছে৷

বৃদ্ধাশ্ৰমতো উপস্থিত হৈছেহি জ্ঞান,
ঘূৰি ফুৰিছে দিহিঙেদিপাঙে উদ্দেশ্যহীন ভাৱে,
জ্ঞানক লাগে হেনো এটি "ফ্ল্যাট",
থাকিবলে চহৰৰ মাজত স্বাধীন চিতীয়াকৈ,
কেৱল স্ত্ৰী-সন্তান আৰু এখন গাড়ীৰে সৈতে
বহু দূৰত,কোলাহলৰ পৰা,
যৌথ পৰিয়ালৰ!
——————————
যাত্রা
অঞ্জনা ৰূপা দাস
           
জনমৰ আদিম পুৱাতে যাত্রা
পূবাকাশত ৰাঙলী অৰুণৰ আভা, 
পালোঁহি মাতৃৰ চেনেহী কোলা। 
কোলা পৰিত্যাগী আত্ম নিৰ্ভৰ হৈ
প্ৰকৃতিৰ শীতল কোলাত
দুভৰি থৈ যাত্রা কৰিলোঁ
আদিৰ পৰা অনাদিলৈ--
দেখা পোৱা দুটি সজল নয়নে
পৰ্বতৰ উচ্চ শিখৰলৈ, 
কঠিন, শিলাময় পথ
অতিক্রমি এই যাত্রা-
বিচাৰি উচ্চতকৈ উচ্চতম শিখৰ। 
কিন্তু! প্ৰাপ্যৰ ভাণ্ডাৰ চোন
অৰ্দ্ধখালি হৈ ৰ'ল! 
 দুপৰৰ দুৰ্ভেদ্য ভাঙ্গি
পুনৰ দৃষ্টি নিক্ষেপ কৰিলোঁ-
সুগভীৰ সাগৰৰ নীলাভ নয়নলৈ। 
উত্তাল তৰঙ্গ ৰাজিয়ে
মোকেইচোন হাত বাউলি মাতিছে। 
নদী হৈ বুকুত জাঁজৰি লৈ
বাগৰিলোঁ ক'ত দিন? 
লক্ষ্য সাগৰৰ স'তে সহবাসৰ কামনা। 
সাগৰৰ মণি-মুকুতাবোৰে
ঝন্ ঝনাই কৈ উঠিল-
এই জীৱন দুদিনীয়া, 
চক্ চকীয়া উজ্জ্বলতা 
সত্যৰ সমীপত মূল্যহীন। 
 আকৌ আৰম্ভিলো উভতনি যাত্রা-
 এতিয়া আবেলি-
এইবাৰ যাত্রা কৰিলোঁ
সেউজীয়া অৰণ্য ফালি
বন্য,হিংসুজীৱৰ ত্ৰাসৰ
গৰ্জন ভেদি
কাঁইটীয়া দুৰ্গম পথক
হেলাৰঙে অতিক্রমি 
বুদ্ধৰ বোদ্ধিদ্ৰুমৰ তললৈ
জ্ঞানামৃতৰ সন্ধান বিচাৰি-
লক্ষ্য মোৰ সৎ, 
নাজানো সফলতাৰ চাবি- কাঠি ক'ত? 
নিবিচাৰি সুখৰ ঠিকনা, 
বিচাৰি মাত্র শান্তিৰ বন্যা।
———————————
ভোক 
অপৰূপা দত্ত 

উঠন বুকুৰ ফিচিকা চোলাত 
ছাইৰঙী সপোনৰ বাহ 
স্নিগ্ধ ৰাতিৰ নগ্ন জোনাকত 
তাইৰ ৰঙাবোৰত এজাৰ 
শেষ ৰাতিৰ ভয়াবহতাত
ভোকৰ ভাতসাঁজ হয় 
তাই ভাতসাঁজ ভালকৈয়ে খাই আজিকালি 
নজহা নপমা এসোপা বিষাদ মাথোঁ দুচকুত ।
———————————
গভীৰ নিশাৰ সপোন
মুক্তিস্নাতা শৰ্মা 

গভীৰ নিশাৰ
গভীৰ টোপনিত
সপোন গভীৰ
দিঠকত সকলো দেখোঁ
ওলট-পালট
নাহিবি নিশা
নালাগে  টোপনি
হৃদয়ত গোপনে 
কাৰ খোপনি
মনে নুবুজে প্ৰেম
হৃদয়ত তোৰেই
দপদপনি
বাস্তৱ সত্যই নামানে
ই যে এটি নিভাজ প্ৰেমৰ
বিৰল কাহিনী...
——————————
মানুহ দেখিছোঁ বহুত মানুহ
ইনু দত্ত

মানুহ দেখিছোঁ বহুত মানুহ 
দুচকুত হাজাৰটা 
সপোন লৈ ফুৰা মানুহ ,
সপোন দেখে সকলোৱে 
জীয়াই থকাৰ  ।
কাৰোবাৰ সপোন বাস্তৱ হয়
কাৰোবাৰ নহয় ।
কোনোৱে পায়
কোনোৱে পায়ো হেৰুৱায় ।
সপোন দেখে কোনোৱে 
ধনী হোৱাৰ  
হয় জানো সকলো ধনী!

আকাশত চাঙ পাতে
ৰজা হোৱাৰ,
কিন্তু সকলো জানো ৰজা হয় !
বৰ বৰ দালান সজাবোৰে
সপোন দেখে আৰু ধনী
হোৱাৰ  ,
চালিৰ তলত থকাবোৰে
দুবেলা দুমুঠি খাই জীয়াই 
থকাৰ সপোন দেখে।
জনতাৰ শোষণ কৰি 
টকাৰ পাহাৰ গঢ়াৰ সপোন দেখে৷
 খাতি খোৱা জনতাই 
 নুবুজে সিহঁতৰ মিছা আস্থা ।
ভোল যায় আকৌ সপোন দেখে 
কিবা এটা পোৱাৰ আশাত ।
নৈ পৰিয়াই সপোন দেখে 
এইবাৰ বান নহাৰ ,
কিন্তু
সেই আকৌ নিৰাশা ,
হতাশাৰ হুমুনিয়াহ ।
আশা-নিৰাশাৰ মাজতে 
জীয়াই থকাৰ সপোন দেখে 
সকলোৱে।
________________________
হোষ্টেলৰ এনিশা...
নৱকমল হাজৰিকা

নিশা হ'লেই
উদাস উদাস লগা
হোষ্টেলৰ কোঠাৰ দেৱালত ওলমি ৰয় 
সদ্যোজাত ডেকা যৌৱনৰ হুমুনিয়াহবোৰ…
কোঠাই কোঠাই সৃষ্টি হয় স্বপ্নবিহীন কোলাহলৰ…
সন্ধিয়া হ'লেই খোজৰ গিৰিপনিত আকৌ এবাৰ
প্ৰাণ পাই উঠে সৰীসৃপৰ দৰে শুই পৰা দীঘল কৰিড'ৰতো…
দুৱাৰৰ ধক্ ধকনিত গাভৰু হয় নিশাৰ জোনাক…
প্ৰজেক্ট,এছাইনমেন্টৰ চাকনৈয়াত তেঁওলোক হেৰাই কৰ'বাত…
প্ৰেমৰ ওজন সহিব নোৱাৰা কোনো মাতাল বন্ধুয়ে ঢালি লয় স্ফটিকৰ গ্লাছত অলপমান বিষাদ…
হয়তো কোনোৱে গুৱেভেৰা নাইবা লেনিনক সুৱঁৰি আত্মগোপন কৰে নিজৰ মাজত…
আৰু  উইলছৰ ধোঁৱাৰে এখন ধূসৰ আকাশ  গঢ়ি মনত পেলাবলৈ চেষ্টা কৰে বিচ্ছেদিত প্ৰেমৰ অতীতক…
নিশা হ'লেই…
হোষ্টেলৰ প্ৰাংগনত 
মাৰ্কশ্বিটৰ কঠোৰ চাবুকৰ কোব পাহৰি আকৌ  এবাৰ জন্ম হয় একো একোটা জীৱনৰ…
চাৰিওফালে সিচঁৰিত হয় 
প্ৰাণোচ্ছল হাঁহিৰ টুকুৰাবোৰ…
আঙুলিৰ পৰশত কাৰোবাৰ গীটাৰত সৃষ্টি হয় এটাৰ পিছত আনটো সুৰৰ। 
নিশাবোৰ চুটি হৈ আহে ক্ৰমশঃ…
বুকুত ভিৰ কৰেহি হেজাৰ সপোনে,ভৱিষ্যতৰ এক সেউজীয়া কল্পনাই…
ভাগৰুৱা দেহাৰে পুৱতি নিশা ঢলি পৰে মলিয়ন শেতেলিত…
কাইলৈ আকৌ এবাৰ জীৱনটোৰ লগত নতুনকৈ যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিৰে।
——————————— 
প্ৰেমৰ পদ্য 
গকুল চৌধুৰী 

যদি আকৌ এবাৰ জনম লওঁ
এই পৃথিৱীত
আজন্ম প্ৰেমিক হৈ ফুলি ৰ’ম 
তোমাৰ মন-পদূলিত  ৷
মনৰ মৰম-ভালপোৱাৰে 
আজীৱন আবৰি ৰাখিবা
মোক
তোমাৰ মনৰ মৰম 
ভালপোৱাত সাৰে ৰ’ম মই 
প্ৰতিটো ছাঁ-পোহৰত  ৷
মোক চাই চাই তুমি তোমাৰ
বেয়া হৈ থকা মনটো ভাল 
 কৰি ল’বা 
মোক চাই চাই তুমি দুখৰ
মাজতো সুখী হৈ ৰ’বা  ৷
অ প্ৰিয়ত্তমা  অ প্ৰাণাধিকা 
প্ৰেম প্ৰতিজ্ঞা কৰি
দিলোঁ কথা
থাকিল প্ৰতিশ্ৰুতি
যদি আকৌ এবাৰ জনম লওঁ
এই পৃথিৱীত
পৰ জনমৰ শুভ লগনত 
লগ হ’ম 
 স্নিগ্ধ জোনাক ভৰা পূৰ্ণিমা 
 নিশাটিত  ৷
———————————
'কমৰেড' ইতিহাস সুঁৱৰি
ৰাহুল কোঁৱৰ

লগন উকলি গ’ল 
তেওঁক লগ পোৱাই যে নহ’ল
দেশৰ কথা,মাটি কথা,মোৰ মাতৃভাষাৰ গানৰ কথা 
পাতিব যে নহ’ল ...
কমৰেড জন বাৰু ক’ত হেৰাল 
নিখিলৰ সুৰে সুৰে,
মলয়াৰ কাণে কাণে 
স্বদেশ,স্বজাতি ভাষা কৈয়ে তেওঁ যে গুছি গ’ল 
কবিতাৰ ছন্দৰে লিখি,গীতৰ আখলৰ সুৰ তুলি 
আইমাতৃ চৰণত নৃত্য কৰি
ছন্দে ছন্দে বিপ্লৱী সংগ্ৰামী জীৱনৰ কাৰাবাসো খাটি !
তেওঁক লগ পোৱাই যে নহ’ল
লগন উকলি গ’ল ৷

লগন উকলি গ’ল
তেওঁক লগ পোৱাই যে নহ’ল
যাৰ সুৰত বাজে হালোৱা-হজুৱাৰ কেচাঁ মাটি ভাষা 
তেওঁৰ মহান আত্মাক শ্রদ্ধাৰে সুৱঁৰিছোঁ ৷
এতিয়া আমি য’ত আছো,ইয়াতেই হৈছে বৰ পোতাশাল 
ৰবি উদয়াচলৰ পোহৰতো ৰাজ আলিয়েদি যোৱা বাই-ভনী 
বোৱাৰী-জীয়ৰী সংগ্ৰাম কৰে ,
লক্ষ্যধিক ৰাৱণৰ পৰা ৰক্ষা পাবলৈ 
নৱতম বিপ্লৱীয়ে কি কৰিব পাৰে ধনৰ মোহৰে পুুুতি যে দিয়ে ,
এতিয়াও মাজ নিশা, দিনে পোহৰে জীৱনৰ কল্লোল 
যিয়ে যায় অসত্য আন্দোলনৰ বিপৰীতে সিয়ে যায় তেওঁৰ দৰে হেৰাই চিৰযুগমীয়া 
তেওঁ দিনৰ দৰে আজিও ৰাজপথত নৱ উন্নেষ ধ্বনি  
হেজাৰ বিপ্লৱী সংগ্ৰামী শিল্পী অবিৰাম কুৰুলি 
কমৰেডজন বাৰু ক’ত হেৰাল 
এতিয়াও প্ৰায়োজন নৱজীৱনি প্ৰৱেশদ্বাৰত 
তেওঁক লগ পোৱাই যে নহ’ল
লগন উকলি গ’ল ৷

লগন উকলি গ’ল
তেওঁক লগ পোৱাই যে নহ’ল
সাহিত্য ভাষাৰে আন্দোলন,গীতৰ তুলিকাৰে আন্দোলন ,নাটকৰে আন্দোলন কৰি সচা আবেগৰ ৰোল বন্দী শিল্পীৰ বেদনাত জাগে 
যাউতিযুগীয়া হৈ তেজেৰে লিখি থৈ যায় সুৱৰ্ণময়
ইতিহাস 
সেই জন কমৰেড বাৰু ক’ত হেৰাল 
তেওঁ বাবে নাছিল কোন জাতি ভেদ 
কৈছিল ? অন্তৰ ভেদি সোঁত বোৱাম 
ভেদাভেদৰ প্ৰাচীৰ ভাঙি 
হিন্দুুু-মুুুছলমান,খ্রিষ্টান ভেদ কৰি  
সাম্যৰ সৰগ ৰচিম 
স্বদেশ,স্বজাতি সুৰৰে দেউলৰে 
সোণৰ জাতি,মাটি,ভেটি,কৱচৰে 
অগ্নিবাণী বিপ্লৱৰ মুক্তি হওঁক নির্যাতিতৰ 
তেওঁক লগ পোৱাই যে নহ’ল
লগন উকলি গ’ল ৷
— ——————————
হঠাৎ
অংকুৰ দাস

নায়িকাক লগ পায় হঠাৎ এদিন ৰেষ্টুৰেণ্টত অথবা পাৰ্কত
কিতাপৰ বোজা বুকুত সাৱটি
কলেজৰ বাৰান্দাত
চহৰৰ মাজমজিয়াত এক্সিডেণ্টেলি

হঠাৎ খবৰ আহে ৰমেনদা নিখোজ হ'ল
লেণ্ডস্লাইডত পোত গ'ল দুখন বাহন
স্বৰ্গগামী হ'ল কোনো দূৰণিৰ আত্মীয় পক্ষাঘাতগ্ৰস্ত ৰোগী

আঁৰি দিলে চাটাই হোৱা শ্ৰমিকৰ তালিকা বহুজাতিক কোম্পানীয়ে
নোটবন্দী দেশজুৰি
একেটা শাৰীতে থিয় হয় মালিক কৰ্মচাৰী

বঙ্গোপসাগৰত উৰ্মি
ইণ্ডোনেছিয়াত ভূইকঁপ চুনামিৰ জাননী
হঠাৎ নিলম্বন ঘটে উচ্চ পদবীধাৰী কোনো বিষয়াৰ
সীমান্তত গুলি

বেতাঁৰত খবৰ আহে
তাচখণ্ডত নিহত হ'ল আমাৰ শাস্ত্ৰী
ৰহস্যৰ আৱৰণ নোখোলে কোনেও
অৰ্ধশতিকাজুৰি

গৃহহীন হ'ল বস্তিৰ পিছত বস্তি
মুকলি আকাশেই আৱৰণ হ'ল 
হা হতোস্মি

খবৰ পালে প্ৰমোশ্যন হ'ল আপোনাৰ 
এইবাৰ বৰবাবু অথবা বেংক মেনেজাৰ
নামি আহে কাল অমানিশা
পুত্ৰহীনা দৰিদ্ৰ হতভাগাৰ

লগ পাই যাব পাৰে ফুটপাথত কোনোদিন
শৈশৱৰ বন্ধু অনন্তক প্ৰিয়তমা পত্নীৰ লগত
অথবা আহিব খবৰ নৱজাতকৰ
দৈৱকীৰ অষ্টম সন্তানৰ হঠাৎ এদিন।
——————————
লহৰ 
ৰুমী সেনাপতি ভূঞা

বহু ইতিহাস সামৰি,
সোৱনশিৰি আজিও প্ৰৱাহমান,
ব্ৰহ্মপুত্ৰ-বুঢ়ীদিহিং ,কলং-কপিলী ,
নৈ - উপনৈ উচ্চলতাৰে ধাবমান ,
নীলিম সাগৰ ধীয়াই ,

বাৰিষাৰ ভৰা নৈৰ ,
উচ্চলিত অস্বচ্ছ বিশাল পৰিধি ,
ভীতিবিহ্বলতাৰে মাঁথো চাই ৰওঁ ,
আকাশৰ প্ৰতিবিম্ব বাৰু ক’ত  !
স্বচ্ছ জলৰাশিত দেখা মোহনীয় আভা ,


ভৰা নৈৰ খৰস্ৰোতা গতি ,
সোঁতৰ সতে জীৱনেও 
স্বকীয়তা হেৰুৱায় ,
উচ্চলতাৰে মাঁথো বৈ যায় ,
গতিময়তাত প্ৰাণ পায় ইপ্সিত লক্ষ্যই !

" জীৱন " অভিজ্ঞতাৰে কৰ্ষিত কৰ্মশালা ,
সুখ - দুখ , প্ৰাপ্তি - অপ্ৰাপ্তি , ক্ষোভ - অভিমান ,
আশা - অনুভৱ - কল্পনাৰে যেন বৰ্ণিল স্বৰূপ ,
পৰিস্থিতি পৰিণতিৰ দিশে ধাবিত  হয় ,
জীৱনৰে ভাসমান অনন্য স্বৰূপ!
——————————
কলম
ইৰা দেৱী

সুমধুৰ চিন্তাক সজাই
বাক্য বোৰে তুলি আনে
মহাকাব্যৰ আকাশ। 
শব্দৰ সাগৰত পোখামেলি
কলমে হিয়াৰ কথা কয়, 
আনন্দ-অভিমান, 
তোমাৰ যাদুৱে  স্পৰ্শ কৰি হৃদয়
কাগজৰ পাতত সজায়। 
 
ইতিহাসৰ পৃষ্ঠাত বাৰে বাৰে
সৃষ্টিৰ পথেৰে চলে
প্ৰেমৰ খবৰ
বেদনাৰ গাথা
সময় অসময় চিৰদিন ৰয়। 
তুমি মোৰ সখা দামোদৰ, 
প্ৰতি হৃদয়ত উৰি ফুৰে বতাহৰ মায়াজাল। 
মৌন কাহিনী তোমাৰ
সাঁজিছা শব্দৰ সাকোঁ
আঁকিছা জীৱনৰ ৰং
---------------
অনন্যা
দিপ্তী মনি গোস্বামী

নাৰী তুমি অনুপমা,
তোমাৰ গুণৰ নহয় তুলনা।
তুমি অনন্যা
মানৱ জাতিৰ হৃদয়ৰ তুমিয়েই গুৰি ধৰোতা ।
তোমাৰ  কোলাতেই অংকুৰিত ভৱিষ‍্যতৰ বীজ,
সৃষ্টিৰ পথাৰ শুৱনি  কৰিবলৈ সীঁৰলুত প্ৰধান খোজ। 
তুমি তুলনাবিহীন সন্ধিক্ষণ ,                  
নদী আৰু নাৰীৰ সম‍্যক বিশ্লেষণ ।               
লেখবিহীন  ভ্ৰূক্ষেপেৰে  নিৰলে
অলস ভাৱে বৈ যোৱা গভীৰৰ পৰা গভীৰতলৈ ।
তুমিয়েই উজাগৰী নিশাৰ প্ৰাণোচঞ্চল কবিতা ,
পক্ষীৰ কাকলিৰ সুন্দৰ মালিতা ।
যোগ সূত্ৰ  জন্মৰ পৰা  জন্মান্তৰলৈ ,
আদৰৰ জীৰ পৰা আৰ্দশ বোৱাৰীলৈ ।
দ্বিতীয় ঘৰৰ দুৱাৰত  গৌৰৱেৰে  ধ্বজ্বা উৰাই,
আৰ্দশ পত্নীৰ পৰা আৰ্দশ মাতৃলৈ ।
মমতাৰ চাদৰেৰে সমস্ত ব‍্যাপি ,
তুমি নিঁভাজতম এটি কৰুণ সুৰৰ মিঠা কবিতা ।
———————————
মাতৃত্ব
মৰমী কাকতি

পথাৰখনে বোকাৰে খেলিছে
বোকাৰে লেটিপেটি পথাৰৰ মটীয়া গা
কৃষ্টিকলাত নিমগ্ন পথাৰত মুঠি মুঠি কঠীয়াৰ
সেউজ শৈলী বা
কুমলীয়া কঠীয়াডৰাই ফেনেকি ফেনেকি চুপিছে
পথাৰৰ অমৃত বুকু
পথাৰ যে সহ্যশীলা মা
উদাৰ গৰ্ভৰ সোণালী শইচৰ জুৰণীয়া ছাঁ
——————————
বাৰ্ধক্যৰ স্বপ্নাতীত জিঞ্জিৰি
জ্যোতিস্মিতা বৰা

লাহে লাহে দেহৰ অংগবোৰ
উৱলি যাব ধৰিছে,
নিসংগতাক মই ভয় কৰিছিলোঁ
আজি এজন এজনকৈ সকলো হেৰাইছে।

পৃথিৱী কাৰ বাবে সৃষ্টি হৈছিল
মানুহ পঙ্গু হ'বলৈ জন্ম হৈছিল,
মৃত্যুৰ শেতেলিয়ে মোক নিমন্ত্ৰণ কৰিছিল
অকলে জীয়াই থকাৰো হাবিয়াস নাছিল।

জীৱনৰ একঘেঁয়তাবোৰ সামৰি
এমুঠি লোকালয়ৰ বৰণ বিচাৰি
স্বপ্নাতীত পৃথিৱীৰ শেষত সন্ধান কৰি,
আজি পুত্ৰই সকলো উভতালে
জীৱনৰ অন্তিম বেলাৰ শেষ ঠিকনা ওলালে।

এয়াই যে অবান্তৰ আশা,
বৃদ্ধাশ্ৰমৰ দুৱাৰ খোলা।

শব্দবোৰো কোনোবা বন্ধ পঁজাত সোমালে
সম্পৰ্কৰ নামত জিঞ্জিৰি বান্ধিলে,
কাৰ বাবে ইমান কষ্ট কৰা হৈছিল
আজি জীৱনৰ পুণ্যতাবোৰে  
নেদেখা দিগন্তৰ সিপাৰে হাহাকাৰ কৰে।

আজি যৌতুকৰ তাৰণাত 
দেহৰ ক্ষত বিক্ষত অংগই
ইতিকিং কৰি হাঁহিব লাগিছে,
ইফালে পুত্ৰ গৰ্ভস্থ কৰাৰ হাবিয়াসবোৰে 
তপত উশাহ হৈ বৃদ্ধাশ্ৰমৰ দেৱালত 
বিকৃত হাঁহিৰে প্ৰতিধ্বনি হ'ব ধৰিছে।

কন্যা জন্ম দি লাভ নাই
এদিন অন্য ঘৰৰ আলহী হ'ব গৈ,
এই অভয় বাণীৰ প্ৰয়োজন কিয়!
এই আলহীয়েই এদিন জন্ম দিয়ে পুৰুষক
পুৰণিকলীয়া খালী কলহ ডিঙিত বান্ধি লৈ।

পাষণ্ড, ভদ্ৰতাৰ সমাজ
সকলো দেখোন নাৰীৰ সৃষ্টি
তেন্তে কোন সতে বৃদ্ধাশ্রমৰ
নেদেখা জোনাকত মাতৃৰ হিয়াই উঠে উচুপি!


তেতিয়া তেওঁলোকে পুৰুষ মহিলাৰ পাৰ্থক্য আনিব পাৰেনে,
ভোকত বলিয়া হৈ মঞ্চই মঞ্চই
ভদ্ৰতাৰ বক্তৃতা প্ৰদান কৰে,
ৰাতি দেখোন মাতৃ ভগ্নী তুল্য
অংগনাই  তৃষ্ণা দূৰ কৰে
তেন্তে তেওঁলোক ভদ্ৰ মানুহ কোন সতে।
তেন্তে কাৰ ভুল!
সমাজৰ ভুল!
মানুহৰ ভুল! 
সময়ৰ ভুল!
নিয়তিৰ আহ্বানত জীৱন আকুল।

কোন সভ্যতাৰ শিখৰত সভ্য মানৱৰ আহ্বানত
হৃদয় এক বিজ্ঞাপন সৃষ্টি হৈছে,
আজি গ্ৰাহকে বজাৰত কিনিব লাগিছে
আৱেগৰ মূৰ্ত প্ৰকাশ, জ্ঞানৰ ভাণ্ডাৰ ধোঁৱা চাঙত 
মাথোঁ সুলভ মূল্য বেহাৰৰ সন্ধান।
একেবাৰে বেমাৰী কণ্ঠস্থৰ পৰা
পাহাৰত প্ৰতিধ্বনিত শব্দলৈকে
নদীৰ মোহনাৰ পৰা সাগৰত মিলা লৈকে
মাত্ৰ একেটি ছায়া, একেটি মুখা 
মাত্ৰ ভিন্ন জনৰ বয়সৰ হিচাপত
গণনাৰ পাৰ্থক্য, সম্পৰ্কৰ ব্যাকুল অৰ্থ,
তাৰ বাদে আছে কি জীৱনৰ সাৰমৰ্ম...
———————————————————

Post a Comment

0 Comments