—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
স্বীকৃতি, সন্মান –আমাৰ সকলোৰে কাম্য।সৃষ্টিৰ পথাৰত খোজ নিগাজি কৰিবলৈয়ে আমাৰ অত কচৰৎ। চৰ্চা, সাধনাৰ পাছতো যদি আপুনি অৱেহেলিত হৈছে,আপোনাৰ সাধনাৰ ফচল কাৰোবাৰ ডাষ্টবিনৰ এচুক পুৰাইছে,আপোনাতকৈ বেয়া লেখাই যদি আপোনাতকৈ বেছি মান্যতা পাইছে,তেতিয়া বাৰু আপুনি কাব্যচৰ্চা এৰি দিয়াৰ কথা মনলৈ আনে নেকি ? ভাবে নেকি–'মই কিয় লিখি আছো ?'লিখিনো হৈছে কি ?
তেনে ভাব নানিব। লিখি যাওক। জীৱন নিজৰ। এবাৰেই পায়। গ’লেই গ’ল,পাবলৈ নাই।শেষত মাথোঁ ধোঁৱা আৰু ধূলি। সকলো হেৰুৱাৰ পাছতো যিকণ ৰৈ যায়,তাৰে জীয়াব পাৰি জীৱন। কবিতাতো জীৱনৰ এটি অংশহে। গতিকে কবিতাৰ বাবেই কবিতা লিখি থাকক। জীৱন উদযাপন কৰক। কেৱল কবিতাই জীৱন নহয়। কিন্তু জীৱনটোৱে এক কবিতা।
বিনীত–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
'এতিয়াও বহুদূৰ বাকী'ত নতুন কণ্ঠস্বৰ
কবিতা এটি পঢ়োঁতে -- ৰসগ্ৰাহী, মননশীল পঢ়ুৱৈয়ে মূলত: কি বিচাৰে? ভাষাৰ অভিনৱত্ব, (সদৰ্থক) চিন্তাৰ নতুনত্ব আৰু শব্দ-প্ৰয়োগৰ সাংকেতিক কৌশল ; শব্দৰ যি ব্যৱহাৰে কল্পচিত্ৰ, উপমা, প্ৰতীক আদিক মনোমুগ্ধকৰ কৰি তুলিব পাৰে।
কবিতাত, প্ৰকৃতিৰ সম্পদ -- নৈ, জোন, মাটি, পাহাৰ, সাগৰ আদিক উল্লেখ কৰি লিখোঁতে -- প্ৰতিবাৰে, সিবোৰক ভিন ভিন দৃষ্টিকোণেৰে চাব পৰাটো কবিৰ নিপুণতাৰ পৰিচায়ক। 'নৈ'ক লৈয়ে অলেখ কবিতাৰ সৃষ্টি হৈছে ; হৈ থকিব। পিছে, এগৰাকী কবিয়ে তেওঁৰ কবিতাত 'নৈ'ক বহুবাৰ উল্লেখ কৰোঁতে -- প্ৰতিবাৰে তাক নতুন দৃষ্টিৰে, ন ন ব্যাখ্যা (Interpretation)ৰে বাঙ্ময় কৰিব পাৰিলেহে সি ৰুচিকৰ আৰু ৰসাল হৈ উঠিব। 'শিল' শব্দটোৰ ব্যৱহাৰত -- শিলটোৰ আকাৰ, আয়তন, ওজন, চৰিত্ৰও পঢ়ুৱৈৰ চকুত ভাহি উঠিব পাৰিব লাগিব।
অৰ্চনা ঠাকুৰীয়াই এইবোৰ কথা জানিও যেতিয়া লিখে :
'চেপি ধৰা শিলৰ ফাঁকেৰে / বৈ আহে এছাটি গৰম বতাহ' ('জেউতি ঘৰলৈ...') -- সেই শিলৰ আকৃতি, ওজন আদি ধৰিব নোৱৰাৰ কাৰণেই -- 'গৰম বতাহ'ছাটিৰ প্ৰকোপলৈ পাঠকৰ মন সহানুভূতিশীল হৈ নুঠিবও পাৰে।
কবিতাত, কোনোএটা বস্তুক লক্ষ্য কৰোঁতে -- আন এটি বস্তুৰ মাজেৰে নিৰীক্ষণ কৰিব পৰাটো কবিৰ দক্ষতা ; আৰু, 'আন বস্তু'টো পঢ়ুৱৈৰ উপৰিপাওনা। অৰ্চনাৰ কবিতাৰ এনে ৰূপকীয় আকৰ্ষণে পাঠকৰ মন চুব। যেনে -- 'প্ৰতিটো আঙুলি / একোটি সূৰ্য' ('বৈদ্য-শব্দ'), 'বিথোভেনৰ দুচকু / দুখন আকাশ হ'ল' ('বিথোভেন'), 'চিন্তাবোৰ আকাশ' ('লীলাৱতী') আদি। 'দুচকু'ক তেওঁ 'দুখন আকাশ'ৰ মাজেৰে চাব পাৰিছে (ইয়াত 'আকাশ' হ'ল 'উপৰিপাওনা')। বিপৰীতে -- 'দুখৰ বেলি', 'নীলৰঙী অপবাদ', 'কৌণিক অৱসাদ', 'দুখৰ চৰাইজাক' আদি নিৰ্জীৱ-নিৰ্বাক কল্পচিত্ৰলৈ তেওঁ সতৰ্ক হোৱা প্ৰয়োজন। কিয়নো, 'অৱসাদ'টো 'কৌণিক' বুলি কৈ দিলে, পাঠকৰ ভাবিবলৈ একোকে নাথাকিব! শব্দক লৈ চিন্তা-চৰ্চা কৰোঁতে -- লোকজীৱনত প্ৰচলিত 'মলা-তাংখু' ('মলা-ধঁপাত') ; 'ঔফুলীয়া হাঁহি', 'কেঁচুৱা জোন'ৰ দৰে সুন্দৰ চিত্ৰকল্প আৰু, নগৰীয়া-জীৱনত সঘনাই উচ্চাৰিত ইংৰাজী শব্দও তেওঁ ব্যৱহাৰ কৰি চাইছে। যেনে -- ৰিমোট-ক'ণট্ৰল, ৰেল-ট্ৰেক, চাইক্লিক, কমিতেড, কেলকুলেটেড, ষ্ট্ৰেইট, ষ্টাইল, ফ্লাইঅ'ফাৰ আদি।
শ্ৰীমতী ঠাকুৰীয়াই, তেওঁৰ ভালেমান কবিতাত সৰল ভাষাৰেই উত্থাপন কৰিছে অনেক আখ্যান, কিংবদন্তি, 'এমৎ কল্যাণ' আদিৰ দৰে সঙ্গীতৰ নানানটা ৰাগ, ভাৰতীয় মহাকাব্যৰ কেইবাটাও চৰিত্ৰ, সাধুকথাৰ 'কাঞ্চনী', 'জনা গাভৰুৰ গীত', লীলাৱতী, প্লেটো, পিকাছোৰ ছবিৰ প্ৰাসঙ্গিকতা। সাধাৰণ এজোপা আঁহতগছ অতীত হোৱাক লৈ তেওঁ নষ্টালজিক হোৱাৰ পৰিৱৰ্তে -- 'দ্বৈপায়ন-চাৰ্বাকৰ দুৰ্দান্ত পুৰাণ' শুনোৱা গছজুপিৰ মূঢ়াটোক 'ধ্যানস্থ এগৰাকী ঋষিৰ দৰে' আখ্যা দি, গোটেই দৃশ্যটোকে অসাধাৰণ কৰি তুলিব পৰাটো বখানিবলগীয়া কৌশল ('দ্বৈপায়ন')।
ধৰ্মমূলক, বুৰঞ্জীমূলক আদি পৌৰাণিক কাহিনী একোটাক কবিতাৰ শৰীৰেৰে আকৌ 'কাহিনী' কৰাৰ সলনি -- সেই কাহিনীক, তাৰ চৰিত্ৰসমূহক আজিৰ বাস্তৱতাৰ লগত খাপ খুৱাই, সোণালী ভৱিষ্যতৰ সন্ধান কৰিব পৰাটেহে অধিক ফলপ্রসূ হ'ব বুলি ভাব হয়।
'পুৰাণকল্প'মতে (যজ্ঞৰপৰা উদ্ভৱ হোৱা) অসুৰ 'বৃত্ৰ' আৰু 'ইন্দ্ৰ' ( ঋগ্বেদৰ সকলোতকৈ জনপ্রিয় অসুৰ। পাছলৈ -- দেৱতাসকলৰ ৰজা)ৰ মাজত বহুকালধৰি যুদ্ধ চলিছিল। শেষত, বিষ্ণুৰ উপদেশমতে দধীচি মুনিৰ অস্থিৰে বিশ্বকৰ্মাই নিৰ্মাণ কৰা বজ্ৰৰদ্বাৰা ইন্দ্ৰই, অসুৰ বৃত্ৰক বধ কৰিছিল। এনে কাহিনীৰ আধাৰতে -- জিঘাংসা বা সন্ত্ৰাসৰ সৃষ্টি কৰোঁতা আজিৰ দানৱক প্ৰতীকী অৰ্থত 'বৃত্ৰাসুৰ' আখ্যা দিব পৰাটোহে নিশ্চয়কৈ প্ৰাসঙ্গিক। অৰ্চনাই লিখা : 'দধীচিৰ অস্থিৰে বৃত্ৰাসুৰ নিধন-যজ্ঞ সফল হ'ল' ('মই কেনি যাওঁ কৃপাল') বোলাত, সি কাহিনী এটাৰ স্থিৰ-চিত্ৰহে মাথোন হৈ থাকিল!
কবিতা একোটাৰ আৰম্ভণি আৰু সামৰণি খুবেই গুৰুত্বপূৰ্ণ। আৰম্ভণিৰ কৌতূহল বা ৰহস্যময়তাই যিদৰে কবিতা এটিৰ ভিতৰলৈ পঢ়ুৱৈৰ মন টানি নিব পাৰে -- তেনেদৰে, কবিৰ অভিব্যক্তি থকা সামৰণিখিনিয়ে পাঠকক ভবাই তোলে। 'চেপি ধৰা শিলৰ ফাঁকেৰে / বৈ আহে এছাটি গৰম বতাহ' ('জেউতি... ') : এনে নাটকীয় আৰম্ভণিৰ ঔৎসুক্য -- 'সাৰস্বত সাধক', 'অঘাটৰ... নাও', 'দুখৰ বেলি', 'বালিমাহী' আদি চিত্ৰৰ মাজত থাকিবলগীয়া ভাবৰ সংহতি (Internal cohesion)ৰ অভাৱত, পিছলৈ ম্লান। তেনেদৰে, 'এটা বিশেষ কথা জানো' ('ক'বলগীয়া বিশেষ কথাটো') বোলাৰ উত্তেজনা -- 'নীলৰঙী অপবাদ', 'নি:সঙ্গ পতাকা', 'তৰা আৰু জোন' আদি কল্পচিত্ৰৰ যোগসূত্রৰ অভাৱত ধূসৰ! ব্যক্তি-পৰ্যায়তে থকাহেতু, তেওঁৰ কোনো কোনো কবিতাৰ সামৰণিটো দুৰ্বল। যেনে -- 'মিলন-বিৰহৰ খেলখনত তুমিও আঁকিব পাৰা / ইচ্ছাৰ আল্পনা' ('উপছায়া'), 'চুই চালোঁ তেওঁক / আৰু নিজকো' (' ভালপোৱাবোৰো... ')।
এগৰাকী কবিয়ে, তেওঁৰ কবিতাত নিজ-ঠাঁচ বা কণ্ঠস্বৰ এটি গঢ় ল'ব ধৰাৰ আগেয়ে -- বিষয়ৰ বৈচিত্র্যৰে কবিতাৰ কথনশৈলীলৈও নজৰ দিলে, কবিতাৰ ৰুচি বা জুতি সলনি হৈ, কবি নিজেই সমৃদ্ধ হ'ব। সমাজৰ দুৰ্যোগ, মানুহৰ দুৰ্দশা, অন্যায়, নৃশংসতা আদি দেখিও কোনো কবি নিৰ্বিকাৰ হৈ থাকিব নোৱাৰে। এনেবোৰ বিষয়েও কবিতাক বিচিত্ৰতা দিব পাৰে। যিদৰে পাৰে -- ৰাজনীতি, ইতিহাস, ব্যঙ্গাত্মক ৰসবোধ (Wit) আদিয়ে।
কেন্দ্রীয় বিষয় এটাকে কেন্দ্র কৰি বিৱৰি থকাৰ পৰিৱৰ্তে -- প্ৰসঙ্গক্ৰমে আন আনুষঙ্গিক কথা, উপমা, চিত্ৰকল্প আৰু দৃশ্যলৈ পঢ়ুৱৈৰ মন তাৎক্ষণিকভাৱে টানি নিব পৰাটো অৰ্চনা ঠাকুৰীয়াৰ কবিতাৰ শুভলক্ষণ। কিম্বদন্তীমূলক চৰিত্ৰৰে ঠাহ খাই থকাটোৱেই তেওঁৰ কবিতাৰ অন্য আকৰ্ষণ।
নগাঁৱৰ শঙ্কৰদেৱ প্ৰকাশনে ২০২৩ চনত প্ৰকাশ কৰি উলিওৱা -- কিতাপখনৰ দাম : ১৬৫ টকা আৰু, পৃষ্ঠাসংখ্যা :৫৮ । অৰ্চনা ঠাকুৰীয়াৰ এই প্ৰথমখন কবিতা পুথিত -- পঢ়ুৱৈয়ে, তেওঁৰ প্ৰতিভাৰ উমান পাবই।
—————————————————
অনুবাদ কবিতা
ক্লান্ত শিল্পীৰ প্ৰতি
মূল হিন্দীঃ ধৰ্মবীৰ ভাৰতী
অনুবাদঃ গণেশ বৰ্মন
সৃজনৰ ক্লান্তি পাহৰি যোৱা দেৱতা !
ধৰিত্ৰী এতিয়াও আধাসজা
পলকতে ফুলি নুঠে
নৱ-কল্পনাৰ মধুৰ জোনাক
এতিয়াও আধাফুলা জ্যোৎস্নাৰ কলি
জীৱন-সুগন্ধিৰে সুবাসিত হোৱা নাই--
ধৰিত্ৰী এতিয়াও আধাসজা ,
আধৰুৱা পৃথিৱীত নাই ক'তো
সৰগৰ ভেটিৰ ঠিকনা
সৃজনৰ ক্লান্তি পাহৰি যোৱা দেৱতা !
তুমি ৰৈ গ'লে ৰৈ যাব জগতৰ সৃজন
তিমিৰাছন্ন চকুৰে বকিয়া নমনি
ক'ৰবাত হেৰাই যায় পোহৰৰ ৰেঙণি
মেঘৰ আঁৰত হেৰাই যায়
নতুন সৃষ্টিৰ সাতৰঙী সপোন
স্তব্ধ হৈ পৰে জগতৰ সৃজন
আধৰুৱা সৃজনেৰে নিৰাশা কি কাৰণ ,
যেতিয়া আধৰুৱাই হয় সম্পূৰ্ণতা
সৃজনৰ ক্লান্তি পাহৰি যোৱা দেৱতা !
প্ৰলয়ৰ বাবে তোমাৰ নিৰাশা
ব্যাকুলতা ভৰা উশাহৰ জালত
সবল প্ৰাণৰ মিনতি হেৰাল
ক্লান্ত বাহুত আধৰুৱা প্ৰলয়
আধৰুৱা সৃজনৰ আঁচনি হেৰাল
প্ৰলয়ৰ বাবে তোমাৰ নিৰাশা
এই ধ্বংসতে মূৰ্ছিতা ক'ৰবাত
পৰি আছে , নতুন জীৱন , কি ঠিক ?
সৃজনৰ ক্লান্তি পাহৰি যোৱা দেৱতা !
——————————
কবিতা
জিনমানৱ
গাৰ্গী ভূঞা
বৈয়ামত সোমাই থকা এটা জিনে
চিচাৰ পৰ্দাৰে মানুহ চাই আছিল
আৰু মানুহেবোৰে চাই আছিল
বটলত ধৰি ৰখা এটা ভূত-পোৱালি!
বটলত জিন পোহাৰ ইচ্ছা সকলোৰে আছে
"কি হুকুম মোৰ মালিক" বুলি শুনি
অহমিকাৰ যি দুই ইঞ্চি বাঢ়ি যায়
সেই গৰ্বেৰে ময়োটো মানুহ
বৈয়ামৰ ঢাকন খোলাত
জিনে পাইছিল
নিজ হিমকায় আকাৰ
পিছে মই মানুহ পৰুৱাৰ দৰেই
মানুহৰ আদেশ আৰু জিনৰ মান্যতাৰে
যি সাগৰ এখনৰ উৎপত্তি হ'ল
সেই লোভৰে পানী ঢুকি
ময়ো এতিয়া জিন পুহা মানৱ।
——————————
চখ
সীমা গগৈ
ভোগৰ দিনৰ নে
দুখৰ দিনৰ চকুলো সৰিছে এয়া...
যেন বতাহত গছপাত সৰিছে !
গছপাতৰো সময় আহে
সেউজীয়াৰ পৰা হালধীয়ালৈ
ঠিক বোপা-ককাৰ দৰেই
চেৰেকীৰ পাকত বোধৰ ঠিকনা
খুঁচৰি থকাৰ সময়তে
ভগাই আছোঁ
নিজেই নিজক
অলপ অলপকৈ...
অলপ অলপকৈ আগলৈ গৈ আছোঁ
অলপ অলপকৈ হুহুকি আহিছোঁ
এতিয়াতো মিলি থকাৰে দিন
কি আচল
কি ভেজাল
চকু থাকিও মণিব নোৱৰাটো
হয়তোবা চকুৰেই দোষ !
আমাৰ মনবোৰ হালধীয়া হোৱাৰেপৰা
সেউজ অৰণ্যখন
আমি নিবিচৰা হʼলোঁ
অৰণ্যই হেনো ঢাকি ধৰে বৈভৱ !
এতিয়াতো মিলি থকাৰে দিন
কি আড়ম্বৰ
কি আকাল
আমাৰ জিভাত এতিয়া একবিংশৰ জুতি
সোৱাদ সলাব কোনে ?
সংকল্পৰ কুহুমীয়া আবেদনত
জ্বলিছে
পুৰিছে
এঙেৰুৱা মন
পানীৰ দোৱাৰবোৰ কেনেকৈ খুলে ?
পাৰলৈ তুলি ললোঁহেঁতেন এটি
পানীৰ কবিতা !
ভোকৰ এডৰা ধান
কাৰ বাবে বিলাম
থাপনাৰ প্ৰথমটো প্ৰাৰ্থনা
কাৰ বাবেনো গাম
কোননো আপোন
কোননো পৰ?
বোপা-ককাই কৈ গৈছিল
ভাল মানুহ হʼবি
সকলোৰে মাজত মিলি-জুলি থাকিবি...
আমি সাধাৰণ মানুহ
চখ বুলিবলৈ এটাই আছে ।
———————————
চিন্তাবিভ্ৰাট
বিভা দেৱী
হিন্দু -মুছলমান
জাতি-জনজাতি
উজনি-নামনি
সৰ্বত্ৰ বিয়পি
সকলো আছে
মাথো,
মানুহ নাই
জনতা-,ভোটদাতা
নীতিহীন ৰাজনীতি
ভোগতন্ত্ৰ ৰাজতন্ত্ৰ
শিক্ষাত বেজমন্ত্ৰ
এদল স্তাৱক
সুবিধাবাদৰ পিছে পিছে
আধুনিকতাবাদৰ এয়াই
উত্তম প্ৰবন্ধ।
—————————
ভ্ৰমতে
বন্দনা কৌশিক বৰদলৈ
ভ্রমৰ পৃথিৱী খনত
পুৱতি নিশা ভাহি অহা চৰাইৰ মাতটো তোৰ
দুপৰ নিশাৰ চেঁচাত কুচিমুচি মেৰিয়াই লোৱা উমাল কাপোৰখন
সেইখনো তোৰ
ভ্ৰমৰ পৃথিৱীখনত ,তই কোৱা কথাবোৰ ম'ৰা চৰাইৰ পাখি
শুনি উজ্বলি উঠা মোৰ সুখবোৰ
পাৰ ভাঙি গতি কৰা নদী।
এদিন তই কৱ
ভ্ৰমতহে কোনোবা কাৰোবাৰ
ভ্ৰমতহে মানুহ মানুহত ডুবে
জলছবি এখন আঁকে
কথাবোৰ শুনি মই ভাবো
সূৰ্যৰ চাৰিওকাষে ঘূৰি থকা পৃথিৱীৰ কথাটো
কেনেবাকৈ যদি ভ্রম হ'ল হেঁতেন..
যদি ভ্রম হ'ল হেঁতেন...
—————————————
ভূমিকা
দিলাল আহমেদ
Follow your inner moonlight
Don't hide madness-- এলেন গিন্সবাৰ্গ
মোৰ মৃত্যুৰ বাবে
কোনোবা নহয় কোনোবা তো দায়ী৷
কাগজৰ টুকুৰাটোত লিখা আছিল
কাৰোবাৰ নাম৷
চুলিৰ ভিতৰত ঘন ক’লা ৰং
মনৰ ভিতৰখন অন্ধকাৰ৷
তুমি তো ওৰে ৰাতি
নিদ্ৰা আৰু জাগৰণত আছিলা নিৰ্বিকাৰ৷
হঠাৎ অহা প্লাৱনত নিহিত সোঁতে
যেনেকৈ পায় বৰ্ষামুখ
আৰু উঠুৱাই নিয়ে অন্তঃপুৰ৷
মই ভাৱিছিলোঁ--
মোৰেই আছিল ফৰকাল বতৰ
আৰু উজ্জ্বল সময়বোৰ!
—————————
কবিতা
দেৱ দাস
১.
আকাশৰ তৰা
জিল মিল জোনাক
ফুলৰ পাহিয়ে পাহিয়ে
ঝৰনা
উবুৰিখোৱা প্ৰাণৰ পিয়াহ
হেঁপাহতে
বতাহ উদ্মাদ
অকলে উচুপি নেথাকিবি
নাওৰ পৰাও নেনামিবি
চৈদিয়া নাও
আন্ধাৰ নৈৰ পাৰ
জৌ জৌকে সৰে জোনাক
আকাশৰ তৰা
টোপা টোপে সৰিপৰি কুঁৱলী
ৰিহা ফালি ৰঙা ঘোঁৰাৰ দৌৰ
ৰঙচুৱা পূৱাৰ আকাশ
২.
তোমাৰ পদূলিমুখত
ফুল ফুলিছিল
ৰঙীয়াল
সপোনে সাজোন কাচে
উমলিব খোজা পৰ
আকাশত তৰা ফুটিছিল
জোনটোৰ ইকাষে সিকাষে
তৰাৰ নাচোন
নিজানত বাঁহীৰ সুৰ
বসন্ত বাৰিষা শৰৎ হেমন্ত
বুজি নোপোৱাকৈ
পাখি লগা কাড়ৰ আঘাতত
ৰঙা ঘোঁৰাৰ দৌৰ
ৰৈ আছোঁ
তোমাৰ পদুলিত
ফুলৰ সুবাস ।
———————
বৰষুণ আৰু পাণ-তামোলৰ দোকানখন
ৰমেশ চন্দ্ৰ ৰায়
মই নিতিতাকৈ আছোঁ
যদিওবা মোৰ দুভৰি তিতিছে
মোৰ দোকানখন তিতা নাই
যদিওবা তামোল থোৱা পাত্ৰটো তিতিছে
তিতিছে পাণৰ পাত্ৰটোও
মই বৰষুণৰপৰা মোৰ ভৰিদুখন নবচাও
তামোল থোৱা পাত্ৰটো নবচাও
নবচাও পাণ ৰখা পাত্ৰটোও
মোৰ ইমানখিনিয়েই ভাগ
মই নিজে তিতিম অথবা ভৰি দুখন
দোকানখন অথবা পাত্ৰবোৰ
———————————
চিত্ৰপট
চয়নিকা ভূঞা
সোণাৰুবুলীয়া দুপৰ এটাত
নোকোৱাকৈ থকা কথাৰ হেন্দোলোপদোপ
কাহিনী শুনাত সকলো অভ্যস্ত
সকলো ব্যস্ত
কওঁ বুলি সকলো কথা কৈ দিব নোৱাৰি
সীমাবদ্ধতা সকলোৰে থাকে
কথাৰো
নিঃশব্দতাত
গধূলিগোপাল জোপা বৰকৈ বাঢ়িছে
তিনিআলি মুখত খোৱা কামোৰা
কোনোৱে ৰাজপাটক লৈ
কোনোৱে জীৱনক লৈ
ইফালে
নিয়ন লাইটৰ পোহৰত
জিকাফুলীয়া গধূলিটো গাভৰু হ'ল ।
———————————
তুমি
(বিষ্ণু ৰাভা দিৱসৰ উপলক্ষত)
পৰাণ জ্যোতি ভূঞা
তেজপুৰৰ সেই
গৰ্ভৱতী নির্দয় ৰাতিত
অকস্মাতে,নিস্তব্ধতা ভাঙি;
এটা ফেঁচাই চিঞৰি উঠিল
তুমি হেনো নাই, চিৰদিনৰ বাবে
দীঘল জিহ্বা মেলি মৃত্যুয়ে গিলি থ’লে
ব্ৰজনিনাদি উঠা অনন্ত সুৰ
তোমাৰ চিফুং বাঁহীৰ।
সাক্ষী মাথোঁ মৰা ভৰালী আৰু লুইতৰ অশ্রুপাত
অহোৰাত্ৰ, দুগালেদি পৰি ৰ'ল,বৈ গ'ল
আমাৰ বেদনাছন্ন হৃদয়ত
পৰিতৃপ্ত -ক্ষীণ আশা
সঞ্জীৱনী তোমাৰ ভাষা -
"বিষ্ণুৰাভা নমৰে ,মই আকৌ আহিম"
এটি মাথোঁ সাধুকথা হৈ
আমাৰ আশাৰ কীটবোৰৰ কলৰৱ
আৰু প্রশ্ন অনর্গল -
'"তুমি জানো আকৌ আহিবা
সিঁচিবলৈ অগ্নিবর্ষা বীজ
কৃষ্টিৰ কঠিয়াতলীত"
কলা-সংস্কৃতিৰ পথাৰত আজি কাকতি ফৰিঙৰ জাক
অফুৰন্ত দুঃখৰ সময়
তোমাৰ স্মৃতি মাথো এটা স্কেছ, আমাৰ শূন্য হৃদয়ত।
——————————
মানুহবোৰ যেতিয়া হেৰাই যায়
জাহ্নৱী হাজৰিকা
মানুহবোৰ চাগে এনেকৈয়ে হেৰাই যায়
খং অভিমান ইগ'ৰ ভৰ বব নোৱাৰি নোৱাৰি
অন্তৰৰ সৰলতা কৰবাত লুকায়।
সৰল অন্তৰখনৰ চকুলো ওলায়।
কাৰোবাৰ হাঁহি নোহোৱা হয়।
আনতকৈ অলপ বেলেগ বুলি
এসময়ত কোৱা কথাবোৰেও ভেঙুচালি কৰে।
এৰা! মানুহবোৰ হেৰাই যায়।
সঁচাকৈয়ে কৰবাত হেৰাই যায়।
মানুহবোৰ ভিৰত সোমায়।
যি ভিৰত বিৰ দি বাট পাবলৈ নাই।
বিচাৰি বিচাৰি ডিঙি বিষায়।
তথাপিও মানুহবোৰ বিচাৰিয়ে নাপায়।
মানুহবোৰ কৰবাত হঠাতেই হেৰাই যায়।
হাত মেলিলেই ঢুকি পোৱা দূৰত্বৰ পৰা
কোনো অজান মুলুকলৈ।
মানুহবোৰ বৰ দুখ লগাকৈ হেৰাই যায়।
কবলৈ থকা কথাবোৰ
জমা হৈ হৈ গাপ লাগি যায়।
কথাবোৰত ভেঁকুৰ লাগে।
কথাবোৰত মামৰ লাগে।
ক্ৰমাৎ কথাবোৰ নিঃশ্চিহ্ন হৈ যায়।
ক’বলৈ কোনো মানুহ নাথাকে।
কথাৰ লগতে শুনাবলৈ বিচৰা মানুহবোৰো কৰবাত হেৰাই থাকে।
নিজান বাঁহীৰ সুৰত সেই মানুহবোৰলৈ কেতিয়াবা হঠাতেই মনত পৰে।
দুখৰ হুমুনিয়াহ এটাৰ বাদে
আন একোৰে অনুভৱ নহয়।
কেনেকৈ যে হেৰাই যায় মানুহবোৰ
জীৱন অভিধানৰ পৰা!
এসময়ত জীৱন অভিধানৰ
প্ৰতি পৃষ্ঠা জুৰি থকা মৰমবোৰ
হঠাতেই নিৰস হৈ পৰে।
আছেনে তেনে কোনো বাট?
যি বাটেৰে উভতি আহিব পাৰে
হেৰোৱা মৰমবোৰ!
যি পথেৰে ঘূৰি আহিব পাৰে হেৰোৱা মানুহবোৰ!
যন্ত্ৰৰ মাজতো আৱেগৰ পৃথিৱী এখনত জীয়াবলৈ সকলোৰে মন যায়।
আৱেগৰ ভৰত দোঁ খাই খাই
আকলুৱা মৰমবোৰেও ৰৈ থাকে
এধানি উশাহৰ বাবে...
যি উশাহত পুনৰ জী উঠিব পৃথিৱী।
যি উশাহত ভিৰ কমিব।
যি উশাহত হেৰোৱা মৰমে উভতি বাট ল’ব।
যি উশাহৰ বাটেৰে পুনৰ
উভতি আহিব হেৰোৱা মানুহবোৰ...
অন্তৰৰ সৰলতাৰে উপচি থাকিব
হাঁহি-মৰম-ভালপোৱাবোৰ।
—————————————————
আমাৰ গোঁসাইলিয়া
ড° কমল চন্দ্ৰ নাথ
ব'হাগতে গোঁসাইলিয়া
বিহুৰ পিছত আহে
নাম কামে পৰিচয়
সেই নামেই মানে
সকলোৰে গা-মন সাতখন আঠখন কৰে
হুঁচৰি গাই সাঁচে ধন অন্যবোৰ এৰে
আমাৰ এই গোঁসাইলিয়া ৰজা দিনৰ মান
আজি কালি মেলা ৰূপে হৈছে মহীয়ান
ৰজা দিনৰ কৃষ্টি-সংস্কৃতি আমি মানি আছোঁ
ইতিহাসত লিপিবদ্ধ নামানি কিয় থাকো
বহাগ জেঠৰ এই বাৰ্তা সদায় যুগমীয়া
ঢাল-বাৰুৰ পৰম্পৰা চালে চকু ৰোৱা
টোপাকুচি বাৰপূজীয়া তিহুলীয়া মেলা
চৰাইবাহীৰ ঢালবাৰুৱে কৰিছে যুগমীয়া
মধ্য মণি খেলপথাৰত গোঁসাইৰ আগমন
নীতি নিয়মত আৱদ্ধ কৰে নিৰ্দ্ধাৰণ
উদুলি-মুদুলি গাঁৱৰ পদূলি
মাহী পেহী আলহী অতিথি
গিজ-গিজাই থাকে ঘৰ
মাছে-মঙহে উভৈনদী কোনো নহয় পৰ
পিঠা-পনা দৈ জলপান গোটাই বিধে বিধে
বোৱাৰী জীয়ৰী মোমাই ভাগিনে খাইছে দবানিকে
মেলাত পাবা জেলেপী গৰম গৰম খাবা
মিঠা পাণ এখন ভৰাই
ৰজন-জনাই থাকা!
————————
আলিংগন কৰিম কাক
ইভা গন্ধীয়া ফুকন
খিৰিকীমুখৰ ৰ'দে মাতে
তানপুৰা বাজে
মনে নামানে
শিখাই শিখাই জিলিকে
প্ৰসাধনী চন্দ্ৰবদনী
কোন আহে গোপনে
ভৰিৰ নুপুৰত
মাতাল ৰাতি খহে
অকস্মাত ওলাই গ'লো
এজাক বৰষুণ পৰা ৰাতি
আলিংগন কৰিম কাক
আন্ধাৰ নে পোহৰক
নে হিৰন্ময় আকুলতাক
মাতি আনিম কাক
সৌ চহৰৰ মাজ ৰাতিৰ গণিকাক
অকস্মাত
সত্তাৰ মাজত অনুভৱ কৰোঁ সত্তাৰ শৃংখল
অনুভৱ কৰোঁ এৰি অহা স্মৃতিৰ দোকমোকালি
য'ত সূৰ্যৰ পোহৰত ফল পকে
হাঁহি ধেমালিৰ গুঞ্জনত
ঘৰৰ চৌহদ উৰে
দূৰৈত যেন মাৰ যায়
স্বাধীনতাৰ ৰক্তাক্ত বেদনা !
——————————
মৃত্যুলৈ কিহৰ ভয়
ৰুমী কলিতা দত্ত
মৃত্যুলৈ তোমাৰনো কিহৰ ভয়
এদিন সকলোৰে মৃত্যু হ'ব
আকৌ এটি নতুন জীৱন পাব।
আত্মাৰ জানো মৃত্যু হয়
মৃত্যু হেনো দেহৰহে হয়
তেনে আমি মৃত্যুক ভয় কৰোঁ কিয় ?
আমাৰ প্ৰতিজনৰে চাগৈ
ধুনীয়া পৃথিৱীখন এৰি যোৱাৰ ভয়,
পৃথিৱীৰ হাজাৰটা যন্ত্ৰণা থাকিলেও
সেই আনন্দৰ ক্ষণবোৰে আমাক
জী থাকিবলৈকে কয়
সেয়ে হয়তো আমাৰ মৃত্যুলৈ ভয়।
বহু যুগলৈ জিলমিলাই থাকে
হেঁপাহৰ আলফুলীয়া সপোনবোৰে
সৃষ্টি কৰে এখন অলিখিত অভিধান।
এই পৃথিৱীৰ বাবে প্ৰয়োজন হয়
প্ৰতিজন জীৱশ্ৰেষ্ঠ মানুহক
আই ধৰিত্ৰীৰ বুকুত শীতলতাৰ পৰশ দিবলৈ।
সেয়ে চাগৈ মৃত্যুলৈ মই নকৰো ভয়
আইৰ চৰণ সেৱিবলৈ মোৰো মনে কয়,
পিছে নৰখাদকৰ ৰুদ্ৰ মূৰ্তি দেখি
কেতিয়াবা আমাৰ জীৱনো ভয়াৰ্ত হয়।
———————————
প্ৰাপ্তি
বন্তি গোস্বামী
নিষ্ঠুৰ মানব তুমি
নিৰপৰাধী হৈ ৰ’বা
তুমি জানো কেতিয়াবা
আনৰ সঁহাৰি হ'ব পাৰিবা
শুনা বন্ধু,
কৃত্ৰিম প্ৰেমক অকৃত্ৰিম
নকৰিবা
সঁচা মিছাৰ সাধু
তুমি মোক নুশুনাবা
বিশ্বই তোমাকে হাঁহিব
শুনি জানো তুমি
ভাল পাবা।
মনৰ কষ্ট আৰু চকুপানী
কাকো মই নেদেখুৱাও
সুখ আৰু দুখৰ বোজা
কোনেওটো নোলোৱা
গছৰ ছাঁত আশ্ৰয় লৈ
আগবাঢ়িব খোজো
ক'ৰবাত প্ৰাপ্তি আৰু
ক'ৰবাত বিষাদ লৈ
কিবা পোৱাৰ আশাৰে
ৰং ছটিয়ালো।
———————
এখন অৰণ্যৰ মৃত্যুত
নিবেদিতা হাজৰিকা
উফ কি মৰ্মান্তিক
কিযে হৃদয় বিদাৰক
দুবাহু মেলি গঢ় লৈ উঠা
সেউজী অৰণ্যখনি
নিঃশেষ হৈ গ'ল
অথচ
ইয়াতেই আমি
নিজকে মানুহ সজালোঁ
ঠিক ইয়াতেই
গছবোৰক আদিপাঠ
চৰাইবোৰক আপোনমনে
সুঁহুৰি মাৰিবলৈ
গান গাবলৈ শিকাইছিলোঁ।
সেইযে নদীখন
সেইযে হাবিখন
সেই চিনাকি চৰাইজনীৰ
প্ৰাণচঞ্চল হাঁহিবোৰ
অতীত হৈ ৰ'ব।
পাষাণ সভ্যতাৰ ভেঙুচালিত নিষ্ঠুৰতাত
অৰণ্য ধ্বংসৰ খবৰো যেন
নিৰুদ্বেগ, উষ্মহীন খবৰ।
ধৰ্ষিতা হৈ ৰ'ল
গান ভালপোৱা
চৰাইজনীৰ জীৱন।
অবিশ্বাসত হেৰাইছিল
নদীৰ সঠিক ঠিকনা।
চকুৰ সন্মুখতে জ্বলাই
দিয়া হৈছিল হাবিখনৰ
মঙহাল শৰীৰ নিষ্ঠুৰতাৰে।
ঠিক ইয়াতেই, এনেদৰেই
জ্বলাই দিয়া হৈছিল
দুবাহু মেলি গঢ়ি উঠা
সেউজ অৰণ্যখনি।
——————————
আশা
চন্দন বৰ্মন
মই জানো, তুমি আহিবা
আমাৰ দেখা হ'ব এদিন
এবছৰ দুবছৰ হয়তো বা
এটি শতাব্দীৰ অন্তত।
মোৰ বিশ্বাস তুমি আহিবা।
মই জানো আমাৰ দেখা হ'ব এদিন
সুবিশাল আকাশৰ তৰাৰ দেশত
শুষ্ক চাহাৰাৰ হৃদয় ভাঁজত
অথবা ভূমধ্যসাগৰৰ উপকূলত ।
আজিৰ দৰে ইমান কঠিনতা
সিদিনা নাথাকিব তোমাৰ মুখত
দুয়োৰে দুগালে ধাৰাসাৰে বৈ যাব
নিঃশব্দে আনন্দৰ জল সোঁত।
সিদিনা সমগ্ৰ পৃথিৱীয়ে দেখিব
হাতত হাত থোৱাৰ মহা
উৎসৱ।
মই জানো
তুমি আহিলেই
তৰাৰ হাঁহি জিলিকিব শেঁতা পৰা ওঁঠত
সেউজ গজিব ৰিক্ত মৰুৰ শুষ্ক বুকুত ।
মোৰ ৰক্ত সিক্ত চকুত
জিলমিল কৰিছে এটি দুৰ্বাৰ আশা
আমাৰ এদিন দেখা হ’ব ।
এই আশাই এক মাত্র সম্পদ
যাৰ হাত ধৰি উশাহ লৈ থাকে জীৱন ।
———————————
ভগৱান ক’ত থাকে
প্ৰবীন চন্দ্ৰ তালুকদাৰ
ব্যতিব্যস্ত কৰি তুলিব লাগিছে
প্ৰতিটো ক্ষণতে মোক অন্তাৰাত্মাই
বিচাৰি উত্তৰ, এইকেইটা প্ৰশ্নৰ
'ভগৱান ক’ত থাকে?'
গছৰ তলত,পানীৰ তলত?
দানপাত্ৰৰ ভিতৰত, নে মানৱ হৃদয়ত?
অনুসন্ধানত লাগি গ’লে
উত্তৰ উলিয়াবলৈ
ব্যৱহাৰিক ক্ষেত্ৰখনতে আমাৰ দৈনন্দিনৰ!
অন্ধ ,লেঙেৰা, বোবা ভিক্ষাৰী কেইজনমান লগ পালো
ভাবিলোঁ মনতে
দিব পাৰিব নেকি তেওঁলোকে
সন্তোষজনক হমম
মোৰ প্ৰশ্ন কেইটিৰ!
নহয়,ভাবিলোঁ এবাৰ,
থাকিব পাৰে ভগৱান
ডাঙৰ কোনো গছৰ তলত, সাধুবাবাৰ বেশত
লোকেও দলিয়ায় টকা তাতে, দিলোঁ বুলি ভগৱানক !
ভাবিলোঁ আকৌ
থাকিব পাৰে তেওঁ
পানীৰহে তলত
সেয়েহে হয়তো লোকে দলিয়ায় টকা পানীলৈ
তুষ্ট কৰিবলৈ পানীৰ তলৰ ভগৱানক!
আকৌ এবাৰ ভাবিলোঁ, একোকে নহয় সিবোৰ
ভগৱান সঁচাকৈ থাকিব পাৰে,দানপাত্ৰৰহে ভিতৰত!
নহ’লেনো ভৰায় নে টকা, লোকে তাত মন্দিৰলৈ গৈ
দিবলৈ একেবাৰে চিধাচিধিকৈ
ভগৱানে পাতি থোৱা চন্দুকটোত!
কিন্তু এইবাৰহে পালোঁ মই,সত্যৰ সন্ধান
লগতে প্ৰশ্নৰো উত্তৰ,
মোৰ অন্তাৰাত্মাৰ
দেখিছিলো যেতিয়া
লেঙেৰী ভিক্ষাৰী এজনীয়ে
কৰিলে দান
অন্য এক অন্ধ ভিক্ষাৰীনীক
বহি আছিল যিয়ে,
পেটৰ ভোকৰ তাড়নাত
পথৰ দাঁতিত এটি পইচাৰ আশাত!
কৈ উঠিছিল তেতিক্ষণে মোৰ অন্তাৰাত্মাই
“ ভগৱানে বাস কৰে চোৱা,সদায় মানৱ হৃদয়ত’’৷
———————————
জীৱন নহয় তেঙৰাজেলি
ড° আদিল আলী
জীৱনৰ বিষাক্ত বেদনাবোৰ
হুইছকীৰ পানীয়ৰে ধুম বুলি সংকল্প লৈছো
উভতি গৈছো শৈশৱৰ সোণসেৰীয়া আলি কেঁকুৰি লৈ
মাজৰাতি মিঠা স্মৃতিৰ সপোন ভঙা বিষাদত উচুপিছো
দুখৰ জালফালি সেউজীয়া বুটলিছো
পুৱাৰ নিঃসংগতাত থমকি ৰৈছো
যেতিয়া ৰ'দৰ পিঠিত উঠি অহা বতাহী ঘোঁৰাৰ শব্দ শুনিছো
চকুযুৰি ৰঙা সূৰুযৰ পোহৰত থৈ
বিষণ্ণতাৰ পাৰস্তম্ভ জুখিছো
তুমি কাষত থকাহেতেন !
মোৰ থমকি যাব ধৰা
দূৰন্ত ডুলডুল ঘোঁৰাৰ পিঠিত চাবুক দিছো
হুমুনিয়াহ এৰি
ইচ্ছা-আকঙ্ক্ষাৰ সোণালী গতিপথত বাট বুলিছো
জীৱন নহয় তেঙৰাজেলি,
তুমি আছিলা পূৱৰ ৰঙা সূৰুযৰ সাহসী চেতনাৰ অফুৰন্ত ধ্বনি
ইফাল-সিফাল
অস্থিৰ মন
সেয়ে থাউকতে সুধিছো ৰঙা সূৰুযক, "দিবা জানো পয়লগা শৰীৰত অক্ষয় সঞ্জীৱনীৰ জীৱন ৰস্"
এয়া দিগন্তৰ বা, দোলন কাল।
——————————
সুখৰ মধুৰ পল
মৰমী কাকতি
সোণাপুৰলৈ বুলি
বাটৰ দুফালে অৰণ্যই কবিতা মাতে
হালধীয়া প্ৰেমৰ কবিতা
আমি দৌৰি আছো
হালধীয়া কোৰাচ গাই অৰণ্যৰ আত্মা লৰি আহি আছে আমাক আদৰিবলৈ
বৰষুণৰ মন্দাকিনী ৰূপ
গীতৰ কলি গুণগুণ
ৰুণুকজুনুক পায়েল জুনজুন
সোণৰ ফুলৰ পেলৱ জোনাক
পোৱাঁতী গছবোৰৰ গাত পুৱাৰ উজ্জ্বল কিৰণ
থোপা থোপা সোণৰ গহনা চৌখিন গাভৰু দেহত
দোপালপিটা বৰষুণজাকত তিতি আমি বনহংস হৈ উৰি উৰি হালধীয়াৰ মিছিলত হেৰাই গৈছো
সোণাৰুৰ কথকতাত আমি ডুবি গৈ আছো...
সোণৰ কাৰেং ঘৰত এপলক সুখৰ সময়
এটা ৰূপকথাৰ বিয়লিবেলা।
———————————
নিৰবধি
দিপ্তী মনি গোস্বামী
অবিৰত,
বিৰামহীন,অবিৰাম যাত্ৰাত...
নদী আৰু নাৰী ।
নদীবোৰ চুমি চুমি
নদীখন বৈ যায় সাগৰলৈ,
বালিৰ দ'মৰ সৈতে
শিল,কুণ্ডা বুকুত বান্ধি ।
এচমকা কলীয়া ডাৱৰ বুকুত পিন্ধি
নাৰীবোৰে সকলো সম্বন্ধৰে চৰণ ধোৱাই
মুখত এমুকুৰা ভেজাল হাঁহি পিন্ধি ।
নিৰবধি নদী আৰু নাৰী
প্ৰাচুৰ্য্যৰ পাহাৰত উভৈনদী
ভাগৰি পৰাৰ অকনো নাই আহৰি,
বিচাৰিবলৈ...
নিৰ্ভীক কোণত খুন্দিয়াই থকা
এটি সপোনৰ হাঁহি ।
———————————
নিদ্ৰাহীন ৰাতিৰ সুঁহুৰি
নীলাঞ্জনা শৰ্মা বৰুৱা
তোমাৰ লঘোণীয়া সপোনৰ
চেপা কান্দোন শুনি
বাংময় যন্ত্ৰণাত মোৰ
হৃদয়খন ভৰুণ হয়।
তোমাৰ নিদ্ৰাহীন ৰাতিৰ
সুঁহুৰিত প্ৰতি নিশাই
মোৰ সিক্ত বুকুখন
ঘাতমাউৰা হয়।
অঘৰী বতাহ এজাকে
যেতিয়া দুপৰ নিশা
কঢ়িয়াই আনে
আত্মীয়তাৰ সুঘ্ৰাণ
জানানে তেতিয়া
জী উঠে
বিষণ্ণ প্ৰহৰতো
একুঁকি ভালপোৱাৰ মায়া।
তোমাৰ সুখৰ জোলোঙাটো
পূৰ্ণ কৰিবলৈকে
বন্ধকত থৈছো
মোৰ সাতামপুৰুষীয়া উশাহৰ পেৰা।
অনুভৱৰ বকিয়াইদি
দেও দি গৈ প্ৰতিনিয়ত
তোমাৰ ফুলনিত
আঁকি দি আহোঁ প্ৰাঞ্জল শব্দৰ
আবেগ ভৰা চুমা।
তোমাৰ ঘৰ্মাক্ত দেহৰ
লুণীয়া নদীত যিদিনা
জীউটো পখালিব পাৰিম
সিদিনা পি খাম তোমাৰ চকুপানী
আৰু সময়ৰ বলুকাত
বুকুৰ তেজেৰে লিখি থৈ যাম
শ্বাশ্বত প্ৰেমৰ
সকৰুণ কাহিনী।
———————————
এজাৰ নে কৃষ্ণচূড়া
ডাঃ বন্দনা তামূলী
এটি অচিনাকি ঘাট
প্ৰথম লগ পাইছিলোঁ তোমাক তাত
মোক যে প্ৰশ্ন কৰিছিলা তুমি
এজাৰ ভালপোৱা নে কৃষ্ণচূড়া
আৰু বহু কথাই সুধিছিলা
বহু কথাই চকুৰে বুজাই দিছিলা
মনেৰে মোৰ মনটোক তুমি সাৱটি লৈছিলা।
মনত পৰেনে সেই জোনাক নিশা
মনত পৰেনে নৈৰ গৰা খহনীয়াৰ দৰে
আমাৰ মন দুটা খহি গৈ থকাৰ কথা
সেয়েহে এজাৰ ফুলা দেখি
বেজাৰ কৰা নাছিলো মই
কিয়নো তুমি কৃষ্ণচূড়াৰ ৰঙেৰে তুলিছিলা
মোৰ হৃদয়ৰ চাৰিওকোঠা ভৰাই।
অপেক্ষা কৰিছিলোঁ বহুদিন
সেই অচিন ঘাটত
বিচাৰি ফুৰিছিলোঁ তোমাক
ব্ৰহ্মপুত্ৰৰ বালিচৰত
সন্ধিয়া চহৰৰ পাৰ্কবোৰত
বাৰিষাৰ বিজুলীৰ পোহৰত
ধুমুহাৰ প্ৰচণ্ড গতিবেগত
গাঁৱৰ একা-বেঁকা বাটত।
এফালে নিৰ্মেঘ আকাশ
আনফালে মোৰ ক’লা মনাকাশ
ভয়ত কঁপি উঠে মোৰ হৃদয়
শুনি জিলিৰ মাত
আশাত নাচি উঠে মোৰ মন
কিজানিবা শুনোঁ তোমাৰ মাত।
এতিয়াও সৰ্বত্ৰে বিয়পি আছে
সেই কলা বোবা প্ৰেম
প্ৰতি প্ৰহৰ প্ৰতি পল
এতিয়াও চঞ্চল মোৰ মন
লগ পামনে বাৰু এবাৰ তোমাক
অ’ মোৰ সৰুধন।
—————————————————
সুখৰ সমাধি
মৌচুমী দাস
মই হৰিণী এজনী হৈ
ডেও দি দি
গুচি গৈছিলোঁ
অৰণ্যৰ গভীৰৰ পৰা গভীৰতমলৈ ।
সুখবোৰ সৰি সৰি
সেউজীয়া দলিচা হৈ পৰিছিল।
দলিচাত বহি এজাক ৰূপোৱালী চৰায়ে
সোনোৱালী কাকলি জুৰিছিল।
না না ৰঙী পখিলাবোৰে মোক চুই চাইছিল।
এটি নীল ৰঙী চৰায়ে মোক গীত শুনাইছিল।
পোৱা- নোপোৱা ,সুখ-দুখ , মান-অভিমান,আনন্দ - বিষাদৰ।
মই পখিলাবোৰ আৰু নীল ৰঙী চৰাইটো
বুকুত সাবটি শুই থাকিম
অনন্ত কাললৈ...
—————————
ঈদ উল আজহা
মুহাম্মাদ আফজাল
আহা, আহা, ওলাই আহা,
আহিছে পৱিত্ৰ ঈদ উল আজহা;
সৰু-বৰ সকলোৱে আনন্দ মনে
ঈদগাহলৈ গৈ সমূহীয়া নামাজ পঢ়োঁ,
মুক্ত আকাশৰ তলত হাত পাতি
বিশ্বশান্তিৰ বাবে দোৱা মাগোঁ।
আহা, আহা, ওলাই আহা,
আহিছে পৱিত্ৰ ঈদ উল আজহা;
আত্মত্যাগৰ অপূৰ্ব নিদৰ্শন ক্বুৰবানী
পালন কৰোঁ আল্লাহৰ নিৰ্দেশ মানি।
আহা, আহা, ওলাই আহা,
আহিছে পৱিত্ৰ ঈদ উল আজহা;
আমাৰ প্ৰভু সবাতোকৈ মহান,
তাকবীৰ আল তাশ্বৰীক আওৰাই
গাওঁ মাথোঁ তেওঁৰে গুণ-গান।
———————————————
সকলোলৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভকামনা জনালোঁ—
0 Comments