———————————————————
সম্পাদনা সমিতি
উপদেষ্টা
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
যুগললোচন দাস
ড০ ৰমেশ কুমাৰ কাকতি
চন্দন ভাগৱতী
গুণাৰাম শইকীয়া
সম্পাদক-নৱ ৰাজন
প্ৰকাশক-প্ৰদীপ চন্দ্ৰ শৰ্মা
কাৰ্যবাহী সম্পাদক-গীতাঞ্জলি বৰকটকী
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক-সীমা গগৈ
অনামিকা ৰায়
সহযোগী সম্পাদক -অৰ্চনা ঠাকুৰীয়া
অনিতা দেৱী মিশ্ৰ
বিভাগীয় সম্পাদক- ভাৰ্গব কুমাৰ নাথ
ভূমিকা দাস
বিশেষ শুভাকাংক্ষী–পবিত্ৰ কুমাৰ নাথ ,জয়ন্ত কুমাৰ বৰ্মন,ৰঞ্জন বৰা, হেমেন নাথ, বিশ্বজিৎ গগৈ, সংগীতা বৰা , বিনীতা গোস্বামী ,
আছমা জাফ্ৰি, ৰুমী দেৱী, দীপাংকৰ ভূঞা
———————————————————
বেটুপাতৰ ফটো-ধ্ৰুৱজ্যোতি শইকীয়া
———————————————————
বেটুপাত
সম্পাদকীয়
ডিজিটেল মাধ্যমে ছপা মাধ্যমলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে নৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা গ্ৰন্থপ্ৰীতি সঁচাকৈয়ে আশাব্যঞ্জক। শেহেতীয়াকৈ গ্ৰন্থমেলাবোৰতো পাঠকৰ যোগাত্মক সঁহাৰি দেখা গৈছে।
" ৰাজহুৱা পুথিভঁৰাল"ৰ প্ৰতি পাঠকৰ আদৰ কমি যোৱাৰ বিপৰীতে প্ৰতিজন সচেতন পাঠকে নিজৰ গৃহত একোটিকৈ "ব্যক্তিগত পুথিভঁৰাল" নিৰ্মাণ কৰাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে।
বিগত ৫ মাৰ্চ তাৰিখে যোৰহাটৰ এলেংমৰা গাঁৱত ,তেনে এটি বৃহৎ "ব্যক্তিগত পুথিভঁৰাল"ৰ সান্নিধ্য লাভ কৰাৰ পৰম সৌভাগ্য ঘটে। যদিও পুথিভঁৰালটি ব্যক্তিগত,কিন্তু এটি ৰাজহুৱা পুথিভঁৰালতকৈ কোনো গুণে কম নহয়। ইতিহাস, বুৰঞ্জী, আধ্যাত্মিক, সামাজিক সকলো দিশকে প্ৰতিনিধিত্ব কৰা গ্ৰন্থৰাজিৰ মেটমৰা সংগ্ৰহ-সেই পুথিভঁৰালটি। বিশিষ্ট লেখক ,বিষয় শিক্ষক তথা অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক,সু-সংগঠক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰাদেৱৰ উক্ত পুথিভঁৰালটি দৰ্শন কৰি এক বুজাব নোৱৰা অভিজ্ঞতাৰে সমৃদ্ধ হ’লোঁ।
অসমৰ আটাইকেইখন মান্য আলোচনীৰ প্ৰতিটো সংখ্যাৰ লগতে অসমৰ বৰণ্য সাহিত্যিকসকলৰ ৰচনা সমগ্ৰ পুথিভঁৰালটিৰ অন্যতম দিশ।
প্ৰায় দুঘন্টা সময় উক্ত পুথিভঁৰালটিত বৰাদেৱৰ সৈতে আমাৰ সাহিত্য বিষয়ক বিভিন্ন বিষয়ৰ আলোচনা হয়। কাব্যম প্ৰকাশৰ প্ৰকাশক ,কবি প্ৰদীপ চন্দ্ৰ শৰ্মাদেৱো আমাৰ সৈতে উপস্থিত আছিল। বৰাদেৱৰ গোটেই ঘৰখন গ্ৰন্থৰ সুবাসেৰে সুবাসিত।তেখেতৰ পৰিবাৰ,পুত্ৰ সেই সুবাসৰে সমৃদ্ধ।
বহু সাহিত্যিকে নবীনৰ উপহাৰ-গ্ৰন্থবোৰ অৱহেলা কৰাৰ অভিযোগ বিভিন্ন সময়ত শুনা যায়।কিন্তু বৰাদেৱে বৰণ্যৰ পৰা নবীনলৈ ,প্ৰতিজনৰে গ্ৰন্থসমূহ খুউব শৃংখলিতভাৱে পুথিভঁৰালটিত সংৰক্ষণ কৰি ৰাখিছে।
"ড° সত্যনাথ গগৈ সোঁৱৰণী পুথিভঁৰাল" নামেৰে আন এটি ব্যক্তিগত পুথিভঁৰাল বিগত জানুৱাৰী মাহত বিশ্বনাথ চাৰিআলিৰ কল্যাণপুৰত পৰিয়ালবৰ্গই নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰা বুলি সামাজিক মাধ্যমৰ পৰা জানিব পাৰিছো। সেই পুথিভঁৰালটিত একেলগ পোন্ধৰজন পাঠকে পঢ়াৰ সুবিধা আছে।
বৰাদেৱৰ উক্ত পুথিভঁৰালটি দৰ্শন কৰাৰ পাছত আমি অনুভৱ কৰিছোঁ-যদি আমি প্ৰতিগৰাকী সচেতন পাঠকে নিজৰ সামৰ্থৰে এনেকৈ নিজৰ ঘৰে ঘৰে পুথিভঁৰালৰ পৰিবেশ গঢ়ি তুলি, আমাৰ সন্তানক সৰুৰে পৰা তাত নিমজ্জিত কৰিব পাৰো,তেনেহ’লে শিশুটি ডাঙৰহৈ বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা বহু পৰিমানে কমি যায়। সমাজত গা কৰি উঠা যুৱ-বিশৃংখলতাৰ বহু পৰিমানে লাঘৱ কৰিব পৰা যাব ,যদিহে সৰুতেই শিশুসকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষণ কৰিব পাৰোঁ।
এইক্ষেত্ৰত চিচাৰৰ কথাষাৰ প্ৰণিধানযোগ্য–"আপোনাৰ ঘৰত যদি এটি পুথিভঁৰাল আৰু এখন বাগিচা আছে,তেন্তে আপোনাৰ প্ৰয়োজনীয় সকলো আছে।"
ধন -ঐৰ্শয্যৰে সমৃদ্ধিশালী হৈও বেছিভাগ মানুহহেই সম্প্ৰতি অসুখী। সাম্প্ৰতিক ডিজেটল যুগত, ভিৰৰ মাজত থাকিও মানুহবোৰ হৈ পৰিছে নিসংগ। নিসংগতাই বহুতকে ভিতৰি ভিতৰি নিঃশেষ কৰিছে।
কিন্তু গ্ৰন্থপ্ৰেমী মানুহবোৰ কেতিয়াও নিসংগ নহয়। নিৰ্জনতাই তেওঁলোকক কোঙা কৰিব নোৱাৰে।
সেয়ে, শিশুকালৰে পৰা গ্ৰন্থবিপ্লৱৰ সূচনা কৰাৰ সময় সমাগত।
নৱ ৰাজন
সম্পাদক
বৰ্ণৰাগ
———————————————————
ভাৰতীয় সাহিত্য-সভ্যতা-সংস্কৃতিত পুৰাণৰ স্থান
পুষ্পাঞ্জলি গোস্বামী
পুৰাণ শব্দটোৱে আদিম আখ্যান বা পুৰণি কাহিনীকে সূচায়। প্ৰাচীন আখ্যানবিশিষ্ট গ্ৰন্থ হোৱা বাবেই এই শ্ৰেণীৰ কাব্যক পুৰাণ বুলি কোৱা হয়।পুৰাণ সমূহৰ আধাৰ হৈছে বেদ। বেদৰ পিছতেই পুৰাণৰ স্থান নিৰ্ণয় কৰা হৈছে। চিন্তাৰ উচ্চতা আৰু ভাষাৰ দুৰ্বোধ্যতাৰ বাবে বেদৰ অধ্যয়ন মুষ্টিমেয় লোকৰ মাজতেই সীমাবদ্ধ হৈ থকাত পৰৱৰ্তী পণ্ডিতসকলে সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ ইয়াৰ অৰ্থ সহজ-সৰল ভাষাত আৰু কাহিনীৰ মাধ্যমেৰে ব্যাখ্যা কৰিবলৈ কৰা প্ৰচেষ্টাৰেই ফচল এই পুৰাণ গ্ৰন্থসমূহ। বেদৰ একোটা বাক্য বা বাক্যাংশই পুৰাণত কাহিনীৰ ৰূপ লৈছে।প্ৰাচীন ভাৰতীয় সভ্যতা-সংস্কৃতিৰ দাপোনস্বৰূপ এই পুৰাণসমূহ। ইয়াতেই প্ৰতিবিম্বিত হৈ আছে ভাৰতবৰ্ষৰ আধ্যাত্মিক, নৈতিক, সামাজিক মূল্যবোধৰ এখন স্পষ্ট ছবি। সংস্কৃত ভাষাত ৰচিত এই পুৰাণসমূহ খ্ৰীষ্টপূৰ্ব চতুৰ্থ বা পঞ্চম শতিকাৰ পৰা খ্ৰীষ্টীয় দশম শতিকাৰ ভিতৰত সম্পূৰ্ণৰূপে লিপিবদ্ধ হোৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। সামান্য মতভেদ থাকিলেও অধিকাংশ পণ্ডিতৰ মতে মহাপুৰাণৰ সংখ্যা ওঠৰখন আৰু উপপুৰাণৰ সংখ্যাও ওঠৰখন।
বেদ ভাৰতীয় দৰ্শনৰ অভিকেন্দ্ৰস্বৰূপ। এই বেদসমূহক ভিত্তি কৰিয়েই ৰচিত হৈছিল পুৰাণসমূহ। বেদৰ প্ৰকৃত তাৎপৰ্য হৃদয়ংগম কৰিবলৈ হ'লে পুৰাণসমূহৰ অনুশীলন নিতান্তই প্ৰয়োজনীয়। এই পুৰাণসমূহতেই নিহিত হৈ আছে প্ৰাচীন ভাৰতবৰ্ষৰ বিষয়ে অন্বেষণৰ পৰিপূৰ্ণ সমল।
প্ৰাচীন ভাৰতীয় সাহিত্যক সাধাৰণতে সাতোটা ভাগত ভাগ কৰা হয়। এই সাত প্ৰকাৰৰ সাহিত্যৰ ভিতৰত পুৰাণ অন্যতম। বেদৰ পিছতেই পুৰাণৰ স্থান। বেদৰ ভাষাৰ জটিলতা আৰু চিন্তাৰ উচ্চতাৰ বাবে সাধাৰণ মানুহৰ বাবে ই সহজবোধ্য নাছিল। সেয়েহে পৰৱৰ্তী কালত বেদৰ বিষয়বস্তু আৰু ভাষাক সহজ-সৰল ৰূপত সকলোৰে বোধগম্য হোৱাকৈ এক শ্ৰেণীৰ সাহিত্যৰ জন্ম হয় আৰু তাৰেই নাম পুৰাণ। বেদৰ একোটা বাক্য বা বাক্যাংশই পুৰাণত কাহিনীৰ ৰূপ লৈছে। এই কাহিনীসমূহ চিত্তাকৰ্ষক আৰু নীতিশিক্ষামূলক। সাহিত্যই জাতিৰ দাপোন বোলা কথাষাৰকেই প্ৰতিপন্ন কৰি ইয়াৰ আখ্যান-উপাখ্যানবোৰত স্পষ্টৰূপত প্ৰতিফলিত হৈছে ভাৰতীয় জীৱন-ধাৰাৰ ছবিখন। তেনেদৰে সহজ-সৰল ভাষা আৰু কাহিনীৰ মাধ্যমেৰে সাধাৰণ মানুহৰ মন জয় কৰা পুৰাণসমূহ হৈ পৰিছে 'কলা জীৱনৰ বাবেহে, কলা কলাৰ বাবে নহয়' নীতিৰ প্ৰতিভূ। সেইবাবেই ভাৰতীয় সাহিত্যজগতত পুৰাণসমূহ অনবদ্য।
ভাৰতীয় জ্ঞান-ভাণ্ডাৰত যিবোৰ প্ৰাচীন গ্ৰন্থ আছে পুৰাণসমূহ তাৰ ভিতৰত অমূল্য সম্পদ । অতি প্ৰাচীন আৰু চহকী ভাৰতীয় সভ্যতাৰ উপাদেয় ফচল এই পুৰাণ গ্ৰন্থসমূহ খ্ৰীষ্টজন্মৰ বহু পূৰ্বে জনসমাজত স্বীকৃত আৰু সমাদৃত হৈছিল। ভাৰতীয় সমাজত প্ৰচলিত ধৰ্মশাস্ত্ৰ আৰু স্মৃতিগ্ৰন্থসমূহত পুৰাণৰ কৰ্তৃত্ব আৰু মহত্ব বৰ্ণিত হৈছে।প্ৰাচীন ভাৰতীয় আৰ্য সভ্যতাৰ ৰাজনীতি, অৰ্থনীতি, আয়ুৰ্বেদ, ধনুৰ্বেদ, আদি সকলো বিষয়েই আলোচিত হৈছে এই পুৰাণগ্ৰন্থসমূহত। জ্যোতিষ, শিল্প, সামুদ্ৰিক শাস্ত্ৰ সকলো বিষয়ৰে তত্ব ইয়াত উপস্থাপন কৰা হৈছে। ভাৰতীয় সভ্যতাৰ উচ্চ স্তৰীয় চিন্তাপ্ৰসূত পৃথিৱীৰ তত্ব, কল্প-কল্পান্তৰৰ বিৱৰণ, পদাৰ্থ বিদ্যা , শৰীৰবিদ্যা, ব্যাকৰণ আদিৰ বিষয়েও তথ্য সন্নিৱিষ্ট হৈছে পুৰাণসমূহত। সেইবাবেই ক'ব পাৰি প্ৰাচীন ভাৰতীয় সভ্যতাৰ হৃদস্পন্দনৰ অনুৰণন শুনা যায় এই পুৰাণ গ্ৰন্থসমূহত।
প্ৰাচীন ভাৰতীয় আৰ্য সভ্যতাৰ মূল আধাৰ আছিল সনাতন হিন্দু ধৰ্ম বা সংস্কৃতি। হিন্দু ধর্মৰ ভেটিস্বৰূপ বেদসমূহকে উপজীব্য হিচাপে লৈ ৰচিত হৈছে পুৰাণসমূহ। সেয়েহে মানুহৰ আদৰ্শ, চিন্তা, দৰ্শন, চেতনা, ৰুচি-অভিৰুচি আদিয়ে গঢ়ি তোলা ভাৰতীয় সংস্কৃতিৰ আত্মপ্ৰকাশ ঘটিছে এই পুৰাণসমূহত। ৰাজ পৰম্পৰা, ঋষিকুল, সামাজিকভাবে মানুহৰ জীৱন-যাপনৰ পদ্ধতি, ঈশ্বৰ বিশ্বাস আদিৰ প্ৰতিফলন ঘটা দেখা যায় এই শ্ৰেণীৰ গ্ৰন্থত। সেইবাবেই পুৰাণ গ্ৰন্থসমূহৰ পাতে পাতে ভাৰতীয় সংস্কৃতিৰ প্ৰতিচ্ছবি দেখা যায়।
ভাৰতীয় সাহিত্য-সভ্যতা-সংস্কৃতিৰ সঁচা অৰ্থত মূল আধাৰ হ'ল পুৰাণসমূহ। এই শ্ৰেণীৰ গ্ৰন্থসমূহ হিন্দু ধৰ্মৰ ভেটিস্বৰূপ বেদৰ অনুগামী হৈও সাৰ্বজনীন। গভীৰ আৰু জটিল তত্বকো সৰলভাবে প্ৰকাশ কৰি লাভ কৰা এই সাৰ্বজনীনতাত নিহিত হৈ আছে সামগ্ৰিক ভাৰতীয়ত্বৰ স্বৰূপ।
———————————————————
বৌদ্ধিক আড্ডাৰ ঐতিহ্য
পৰেশ বৈশ্য
বৌদ্ধিক আড্ডা হ'ল ব্যক্তিৰ বৌদ্ধিক উত্তৰণৰ কাৰখানা স্বৰূপ।ই হ'ল জ্ঞানৰ সমূহীয়া সংগ্ৰাহক। আড্ডাত আলোচিত বিষয়ৰ মৌলিকতা, বিচিত্ৰতা, অভিনৱত্ব আৰু সৃজনীশীলতাৰ ওপৰত বৌদ্ধিক আড্ডাৰ মান নিৰূপিত হয়। বৌদ্ধিক আড্ডাত ভাগ ল'বলৈ গভীৰ জীৱন- জিজ্ঞাসা,পৈণত চিন্তা আৰু অধ্যয়নৰ প্ৰয়োজন। ভাল আড্ডা এক প্ৰকাৰ জ্ঞান সমুদ্ৰ। আড্ডাত জটিল আৰু নিৰস বিষয়ো সহজকৈ আৰু ৰসালকৈ আলোচনা হয়। ভাল বৌদ্ধিক আড্ডাই সৃষ্টিশীল কামৰ বাবে অনুপ্ৰেৰণা দিয়ে, ব্যক্তিক বিনাশৰ গৰাহৰ পৰা তুলি আনে। আড্ডাই মস্তিষ্কৰ কচৰৎ কৰায়।বহু ক্ষেত্ৰত আড্ডাই জীৱনৰ দুখ নিৰাময় কৰে, মনলৈ প্ৰশান্তি আনে।ভাল বৌদ্ধিক আড্ডা বহুতৰ বাবে সঞ্জীৱনী সুধা। অৱশ্যে আড্ডাৰ নেতিবাচক দিশো আছে। আড্ডাত পৰচৰ্চা বা পৰনিন্দা হ'ব পাৰে। কিন্তু উন্নত মানৰ বৌদ্ধিক আড্ডাই পৰচৰ্চাকো সৃষ্টিশীল কৰি তুলিব পাৰে। সাধাৰণতে আড্ডাত নাথাকে থিৰাং বিষয়বস্তু, নাথাকে নিৰ্দিষ্ট কাৰ্যসূচী।
আড্ডাৰ ইতিহাস প্ৰায় আঢ়ৈ হাজাৰ বছৰ পুৰণি। পৃথিৱীৰ আটাইতকৈ আড্ডাবাজ ব্যক্তিজন আছিল গ্ৰীক দাৰ্শনিক ছক্ৰেটিছ।বোধহয়, ছক্ৰেটিছৰ আড্ডাই আছিল মানৱ সভ্যতাৰ ঐতিহ্যময় আড্ডা। তেওঁ বজাৰত, গছৰ তলত বা ৰাস্তাৰ দাঁতিত য'তেই মানুহৰ জুম পাইছিল, তাতেই আড্ডা পাতিছিল। আড্ডাত আপোনভোলা হৈ পলমকৈ ঘৰ সোমোৱা ছক্ৰেটিছে পত্নীৰ তৰ্জন- গৰ্জন শুনিবলগীয়া হৈছিল। কেতিয়াবা কেতিয়াবা খঙত অগ্নিশৰ্মা হৈ পত্নীয়ে হেনো ছক্ৰেটিছৰ মূৰত ঠাণ্ডা পানী ঢালি দিছিল।ইয়াৰ উপৰিও এসময়ত ইউৰোপীয় দেশসমূহত ভালেমান বৌদ্ধিক আড্ডা চলাৰ তথ্য পোৱা যায়। সেই সমূহৰ ভিতৰত মাৰমেইড টেভাৰ্ণৰ ফ্ৰাইডে ষ্টিট ক্লাবৰ আড্ডা, ফ্ৰাঞ্চিছ বেকনৰ আড্ডা আদি উল্লেখযোগ্য। ঊনবিংশ শতিকাৰ ফৰাচী কবি এচামৰ মাজতো আড্ডা চলিছিল। সেইসমূহৰ ভিতৰত টিউজডে ইভিনিং, লেইক প'য়েটছ আড্ডা, ব্লুমছবেৰি গ্ৰুপৰ আড্ডা আদি উল্লেখযোগ্য। সাধাৰণতে বৌদ্ধিক আড্ডাত মহিলাৰ অংশগ্ৰহণ নাছিল যদিও পশ্চিমীয়া দেশৰ আড্ডা কিছুমানত পুৰুষ আৰু মহিলা উভয়ে ভাগ লৈছিল। উদাহৰণস্বৰূপে লেইক প'য়েটছ আড্ডাত কবি উইলিয়াম ৱডৰ্ছৱৰ্থৰ ভনীয়েক ডৰ'দি ৱডৰ্ছৱৰ্থ আছিল নিয়মীয়া সদস্য। পশ্চিমীয়া দেশত দুই চাৰিটা কেৱল মহিলাৰ আড্ডা আছিল। তাৰ ভিতৰত ১৮ শতিকাৰ মিছেছ মণ্টেগুৰ ঘৰত বহা আড্ডাটো আছিল অন্যতম মহিলা আড্ডা।অভিজাত লেখিকাসকলৰ এই আড্ডাটোৰ নাম আছিল ব্লু ষ্টকিং ক্লাব।
আনহাতে ব্ৰিটিছসকলৰ আগমণৰ পাছত আমাৰ দেশতো বৌদ্ধিক আড্ডাৰ সূচনা হয়। বিশেষকৈ ব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতাত হোৱাৰ সুবাদতেই পাশ্চাত্য সভ্যতা আৰু সাহিত্য -সংস্কৃতিৰ ঢৌৱে বংগদেশক প্ৰভাৱিত কৰিছিল। ফলত বংগদেশ সাহিত্য, সংস্কৃতি, ইতিহাস, অৰ্থনীতি বা বিজ্ঞান আদি সকলো বিষয়তে ভাৰতৰ ভিতৰত আগবঢ়া আছিল। সেয়ে ব্ৰিটিছ -ভাৰতৰ ৰাজধানী কলিকতাত বৌদ্ধিক আড্ডা গঢ় লৈ উঠিছিল। এই ক্ষেত্ৰত কলিকতাৰ কৰ্ণৱালিছ ষ্ট্ৰীটৰ ( বৰ্তমান বিধান সৰণী) আড্ডা আৰু এলবাৰ্ট হলৰ আড্ডা স্মৰণীয়।১৮৭৬ চনত আৰম্ভ হোৱা কলেজ ষ্ট্ৰীটৰ এলবাৰ্ট হলৰ আড্ডাৰ নিয়মীয়া সদস্য আছিল বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সুভাষ চন্দ্ৰ বসু।১৯৪২ চনত এলবাৰ্ট হল কফী হাউছলৈ ৰূপান্তৰিত হয়। ১৯৪৭ চনত ই স্বতন্ত্ৰ কফী হাউচৰ আড্ডা হৈ পৰে। ঊনবিংশ শতিকাত বংগীয় নৱজাগৰণৰ সময়ত কফী হাউছৰ আড্ডাই সাহিত্য- সংস্কৃতিৰ উত্তৰণত প্ৰভূত অৰিহণা যোগাইছিল।এই কফী হাউছৰ আড্ডাত পিছলৈ সত্যজিত ৰায়, মৃণাল সেন, বুদ্ধদেৱ বসু, সুনীল গাংগুলী আদিৰ সমাৱেশ ঘটিছিল। কলিকতাৰ চাহ দোকান, ৰাস্তাৰ দাঁতিত আড্ডা অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে পূৰ্বৰ কলিকতীয়া মধ্যবিত্তসকলে চাহ নাখাইছিল,মদ খাইছিল। আনকি ব্ৰাহ্ম সমাজৰ লোকসকলে চাহক 'বনুৱাৰ তেজ' বুলি ঘৃণা কৰিছিল। আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে চাহ খোৱা কাৰ্যক বিষ পানৰ সমতুল্য বুলি কৈছিল। কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পাছত চাহ কোম্পানীয়ে চাহৰ বিক্ৰী বঢ়াবলৈ অভিনৱ পদ্ধতি লৈছিল। চাহৰ প্ৰতি কলিকতীয়াসকলক আকৃষ্ট কৰিবলৈ চাহ কোম্পানীয়ে ধুনীয়া গাড়ীত চাহ লৈ গৈ য'তেই বাটৰুৱা দেখে বিনামূলীয়াকৈ চাহ খুৱাবলৈ ধৰে। এনেদৰে কলিকতীয়াবাসীৰ মাজত চাহ খোৱাৰ অভ্যাস গঢ়ি উঠে। কিন্তু তেওঁলোকে ঘৰত চাহ প্ৰস্তুত কৰিবলৈ নজনাৰ বাবে চাহ কোম্পানীয়ে প্ৰশিক্ষণ দিয়া মানুহৰ জৰিয়তে ঠায়ে ঠায়ে চাহৰ দোকান খুলি দিয়ে। এইদৰে চাহ দোকানত চাহ খাবলৈ আহি কলিকতাৰ বৌদ্ধিক মহলে তাতেই আড্ডা মাৰিবলৈ ধৰে। এনেদৰেই কলিকতাৰ চাহ দোকান,কফী হাউছত আড্ডাৰ আৰম্ভণি হৈছিল। স্বাধীনতা আন্দোলনৰ সময়ত কৌতুক অভিনেতা কুমাৰ মিত্ৰৰ নেতৃত্বত আৰম্ভ হৈছিল এক বৌদ্ধিক আড্ডা। ই 'কুমাৰদাৰ আড্ডা' বুলি বিশেষভাৱে জনাজাত আছিল। জয়প্ৰকাশ নাৰায়ণ, ৰামমোহন লোহিয়া,অসমৰ জ্যোতিপ্ৰসাদ আগৰৱালা আদিয়ে এই আড্ডাত ভাগ লৈছিল। আনকি ঊনবিংশ শতিকাত আড্ডাৰ প্ৰসংগত বংগদেশত "ঠাণ্ডা ভাত, গিন্নী গৰম" বুলি এটি মুখৰোচক প্ৰবচন বৰ জনপ্ৰিয় হৈ পৰিছিল।কলিকতীয়া আড্ডাবাজ সকলে আড্ডাৰ পৰা মাজৰাতি আহি ঠাণ্ডা ভাত খোৱাৰ লগতে গিন্নীৰ (পত্নীৰ) তীক্ষ্ণ বাক্যবাণত ধৰাশয়ী হ'ব লগা হৈছিল। ঊনবিংশ শতিকাত কলিকতাত আন কেবাটাও আড্ডাই জনপ্ৰিয়তা লাভ কৰিছিল।তাৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তি নিকেতনৰ আড্ডা, পৰিচয় আড্ডা আৰু কৃষ্ণকমল ভট্টাচাৰ্যৰ আড্ডা আদি উল্লেখযোগ্য। শান্তি নিকেতনৰ আড্ডাত পুৰুষ আৰু মহিলা উভয়ে ভাগ লৈছিল। পৰিচয় নামৰ আড্ডাটো বিশ্ব সাহিত্যৰ পণ্ডিত সুবীন্দ্ৰ নাথ দত্তক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। কৃষ্ণ কমল ভট্টাচাৰ্যৰ আড্ডাত দৰ্শন বিষয়ক আলোচনাই বিশেষ গুৰুত্ব পাইছিল। কৃষ্ণ কমল ভট্টাচাৰ্য আছিল দৰ্শন শাস্ত্ৰৰ বিদগ্ধ পণ্ডিত। কলিকতাৰ আন এটি ঐতিহ্যমণ্ডিত আড্ডা আছিল হেনৰি ডিৰ'জিঅ'ৰ আড্ডা। এওঁ আছিল এজন পৰ্তুগীজ যুৱক। তেওঁ হিন্দু কলেজৰ শিক্ষক আছিল। প্ৰথমতে তেওঁৰ বাসভৱনত এই আড্ডা চলিছিল।পিছত এই আড্ডা বহে বাগানবড়িত। পিছলৈ এই আড্ডাৰ নাম দিয়া হয় একাডেমিক এচোছিয়েশ্যন। ঊনবিংশ শতিকাৰ শেষৰ ফালে কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলেও আড্ডা পাতিছিল। ১৮৮৮চনত ৬৭নং মিৰ্জাপুৰ ষ্ট্ৰীটত(বৰ্তমান সূৰ্যসেন ষ্টীট) অসমীয়া ছাত্ৰৰ মাজত চাহমেল হৈছিল। তাতেই সেই চনৰ ২৫ আগষ্টত গঠন হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা। ইয়াৰ জৰিয়তে অসমীয়া ভাষা- সাহিত্যৰ চৰ্চা চলিছিল। ইয়াৰ পূৰ্বে আসাম ষ্টুডেণ্টছ লিটাৰেৰী এচোছিয়েশ্যনত আড্ডা হৈছিল অসমীয়া ছাত্ৰৰ। আড্ডাত সহযোগ কৰা সকলৰ ভিতৰত চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ৰাধানাথ ফুকন, ৰজনীকান্ত বৰদলৈ আদি উল্লেখযোগ্য। আনহাতে চলচ্চিত্ৰ পৰিচালক সত্যজিত ৰায়ৰ দেউতাক সুকুমাৰ ৰায়ে "মানডে ক্লাব" নামৰ এটি বৌদ্ধিক আড্ডা বহুৱাইছিল। অসমতো যোৱাটো শতিকাৰ ষাঠি আৰু সত্তৰৰ দশকত গুৱাহাটীৰ পানবজাৰৰ কল্পনা ৰেষ্টুৰেণ্ট, গুৱাহাটী ডায়েৰী, মহামায়া, ৰবীন কেবিন , মধুমিতা, অশোকা হোটেল কাডফা, ডিলাইট, মালিগাঁৱৰ মিষ্টিমুখ আদি চাহৰ দোকানত বৌদ্ধিক আড্ডা চলিছিল।এই আড্ডাসমূহত ভাগ লোৱা সকলৰ সৰহ ভাগেই অসমৰ বৌদ্ধিক জগতত সুনাম অৰ্জন কৰিছে। সেই দৰে যোৰহাটৰ পেৰাডাইজ হোটেল, তেজপুৰৰ হিৰণ্য ৰঞ্জনৰ কুটিৰ আদিত আড্ডা হৈছিল। সম্প্ৰতি অসমত আড্ডাৰ অৱস্থা মৰণমুখী । কিন্তু এসময়ত এই আড্ডাসমূহে সাহিত্য সেৱী সকলক সৃষ্টিশীল কামত অনুপ্ৰেৰণা যোগাইছিল। ২০২২ চনৰ ৩১ জানুৱাৰীত গুৱাহাটীৰ পামহীত অনুষ্ঠিত হৈছিল এক স্মৰণীয় বৌদ্ধিক আড্ডা।এই আড্ডাত ড. দয়ানন্দ পাঠক, ড. অৱনী কুমাৰ ভাগৱতী, পৰেশ বৈশ্য, ড. দীনেশ বৈশ্য, থানেশ্বৰ মালাকাৰ, অপূৰ্ব ঠাকুৰীয়া, খগেন্দ্ৰ নাথ তালুকদাৰ আদিয়ে ভাগ লৈ জীৱনবোধ, সমাজ ,শিক্ষা আৰু সাহিত্যৰ বিভিন্ন দিশ আলোকপাত কৰিছিল। বহু বছৰৰ বিৰতিত গুৱাহাটীত হোৱা এইখন আছিল এক সফল বৌদ্ধিক আড্ডা।
লেখক দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।
ফোন নম্বৰ :৯৮৫৯২ - ৬৩৯৭৩
—————————————————
মানুহৰ অন্তিম বাসনা আৰু ভগৱানৰ কৃপা
অলকানন্দা দত্ত
ফোন নং ৯১০১৬৯৬৯৫৬
পাঁচ ছয় বছৰমান আগৰ কথা,মোৰ ওচৰলৈ উজনি অসমৰ এখন চহৰৰ পৰা এজন অৱসৰপ্ৰাপ্ত কলেজৰ অধ্যক্ষ আহিছিল এটা ৰহস্যজনক বিষয়লৈ।মানুহজনৰ দেউতাকৰ মৃত্যুৰ পিছত বৰ ভয় আৰু সংশয়ৰ মাজেদি কাল কটাবলগীয়া হৈছিল।অথচ উচ্চ শিক্ষাৰে শিক্ষিত মানুহজনে আন কোনো বেলেগ মানুহৰ লগত কথাটো আলোচনাও কৰিব নোৱাৰে, কিজানি অন্ধবিশ্বাসী বুলি কোনোবাই তেওঁক আখ্যা দিয়ে? তেতিয়া বৰ লজ্জাবোধত ভুগিবলগীয়া হ'ব, অথচ বিষয়টো তেওঁৰ কাৰণে বৰ চিন্তাৰ কাৰণ হৈছে আৰু দিনে দিনে বৰ গুৰুত্বপূৰ্ণ হৈ উঠিছিল,সেয়ে মোৰ লগত আলোচনা কৰিবলৈ আহিবলগীয়া হৈছিল। তেওঁৰ বিশ্বাস,মই যেন তেওঁৰ সমস্যাটো কিবা প্ৰকাৰে সমাধান কৰিব পাৰিম।
মানুহজনৰ দেউতাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ গাঁৱৰ ঘৰত ৰাতি ৰাতি দহালৈকে(দশকৰ্ম) টিঙৰ চালৰ ওপৰত কোনোবাই ধোম ধোম শব্দ কৰি খোজকাঢ়ি থকাৰ দৰে শব্দ হৈছিল।প্ৰথম প্ৰথম হেনো মানুহজনেহে শব্দটো শুনিছিল যদিও পিছত অৱশ্যে ভায়েক দুজনেও শুনিবলৈ পাইছিল। আচৰিত কথা বাকী গাৱঁৰ মানুহ বা ৰখীয়া হৈ থকা ভতিজাক জনেও শুনা নাছিল। মানুহজনৰ তিনিজন ভায়েকৰ ভিতৰত দুজন ভাৰতৰ ভিতৰতে মুম্বাই আৰু বাঙ্গালোৰত আছে।সৰুজন ভায়েক ভাৰতৰ বাহিৰত কানাডাত থাকে, তেওঁ তাৰে ছোৱালী বিয়া কৰাই নাগৰিকত্ব লৈ বাস কৰিছিল। মৃত্যুৰ খৱৰ পায়ো বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিল হেনো।শ্ৰাদ্ধ কৰ্ম শেষ হোৱাৰ পিছত মানুহজন আৰু তেওঁৰ ভায়েক দুয়োজন নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ গুছি যোৱাৰ পিছত গাঁৱৰ ঘৰত থকা ভতিজাক জনে কিন্তু একো শব্দই শুনা নাছিল।
আচৰিত কথা মোৰ ওচৰলৈ অহা অধ্যক্ষজনে গাঁৱৰ পৰা দহ কিলোমিটাৰ দূৰৰ চহৰৰ ঘৰখনত কিন্তু মাজ ৰাতিৰ পৰা ঘৰৰ চাঁদত কোনোবাই ধোম ধোমকৈ খোজ কঢ়াৰ নিছিনা শব্দ শুনিবলৈ পাইছিল ,পত্নী আৰু একমাত্ৰ পুত্ৰয়ো ভালকৈ শব্দটো শুনিবলৈ পাইছিল। আৰু দিন যোৱাৰ লগে লগে ঘৰখনত সৰু সুৰা ঘটনাবোৰ হৈ থাকিবলৈ ধৰাত আটায়ে বিবুধিত পৰাৰ দৰে হৈছিল। কিন্তু আটাইতকৈ ভয় খাইছিল আৰু দুখ পাইছিল চৌবিশ বছৰ বয়সীয়া একমাত্ৰ পুত্ৰৰ মটৰ চাইকেলৰ দূৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি ভঙা বাবে দীৰ্ঘদিন হস্পিতালত থাকিবলগীয়া হোৱা বাবে মনতে বৰ কষ্ট পাইছিল। বিশেষকৈ হস্পিতালৰ পৰা অহাৰ পিছতো বহুদিনলৈ পেং লৈ খোজ কাঢ়ি থাকিবলগীয়া হোৱা বাবে স্বামী স্ত্ৰী দুয়োজন ভীষণ অনুশোচনাত দগ্ধ হৈ থাকিবলগীয়া হৈছিল। তেওঁলোকে ধৰিয়েই লৈছিল যে মৃতকৰ দোষ বা কিবা শাওপাত লাগি আছে তেওঁলোকৰ ঘৰখনত,নহলেনো এনেদৰে অপায় অমঙ্গল বোৰ হৈ থাকে নে?অধ্যক্ষজনৰ পত্নীয়ে ও হেনো ভীষণ অনুশোচনাত ভুগি আছিল,কিয় মৃত্যু পথৰ যাত্ৰী শহুৰেকক বিছনাত পৰি থাকোতেই এবাৰো চাবলৈ যোৱা নাছিল। তেওঁলোকে কৰা ভুলবোৰ নিজেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।কাৰণ তেওঁলোকে অপৰাধবোধত ভুগি ভীষণ ভয় আৰু সন্ত্ৰাসৰ মাজত কাল কটাব লগা হৈছিল।পিছলৈ তেওঁলোকে ধৰিয়েই লৈছিল দেউতাকৰ আত্মাৰ দ্বাৰাই এই অবাঞ্চনীয় কাণ্ডবোৰ হ'ব ধৰিছিল।কাৰণ মানুহ হৈছে অৱস্থাৰ দাস,পৰিস্থিতিয়ে মানুহক ক'ত যে কি কথা বিশ্বাস কৰিবলৈ বাধ্য কৰায়।সেয়ে মৃত দেউতাকৰ প্ৰতি এক ধৰণৰ ক্ষোভৰ ভাবো সৃষ্টি হৈছিল।
আত্মাৰ কথা ওলালেই এটা সময়ত বিস্ময় পঢ়ি থকা মানুহবোৰৰ মোলৈ মনত পৰে নেকি? সেইকাৰণেই বোধকৰোঁ অধ্যক্ষজনে ফোন কৰি মোক সুধিছিল, মই ইয়াৰ যথাযথ উত্তৰ দিব পাৰিম নেকি?
মই যিমান পাৰো জোৰ দি পতিয়ন নিয়াবলৈ কৈছিলো, নহয় নহয় এইবিলাক কাকতালীয় সংযোগ,মিছাতে ভয় খাব নালাগে।মোৰ উত্তৰত তেখেতৰ মন:পুত হোৱা নাছিল নেকি! সেয়ে বৰ আগ্ৰহেৰে সুধিছিল, অলপতে কিবা কামত গুৱাহাটীলৈ যোৱাৰ কথা আছে হেনো , তেতিয়া মোক লগ কৰিবলৈ অহাৰ কথা ভাবিছে। মই মুখেৰে আহিব বুলি ক’লো যদিও চিন্তাও হৈছিল,মানুহজনৰ মনৰ সংশয় আঁতৰাব পাৰিমনে?মোৰ এই বিষয়ত উপায়ো নাছিল,কাৰণ অসমত একমাত্ৰ মইহে আত্মাৰ অস্তিত্বৰ বিষয়ে কাগজে পত্ৰই লিখি থাকো বাবে মানুহবিলাকে মোকেই এনেধৰণৰ কথা সুধিব বিচাৰে।ময়ো নিবিচাৰোঁ মৃতকৰ আত্মাক কোনোবাই ভূত প্ৰেত হিচাপে ভয় কৰক।ভূত প্ৰেত এইবোৰ হৈছে মানুহৰ ধাৰণা....ইয়াৰ মাজতো যে এটা সত্য নিহিত হৈ থাকে তাক মানুহে উপলদ্ধি কৰিব নোৱাৰে অজ্ঞতাৰ হেতুকে, মই সেই কথাবোৰ বুজাই দিবলৈ চেষ্টা কৰো।
সঁচাকৈয়ে মানুহজন আতুৰত পৰি আমাৰ ঘৰলৈ আহিব লগা হৈছিল।সুন্দৰ স্বাস্থ্যৰ দেখনিয়াৰ মানুহজনৰ মুখত লাগি আছিল ভয়ৰ প্ৰতিচ্ছবি।দেখি প্ৰথমতে মই কিছু বিব্ৰত অনুভৱ কৰিছিলোঁ যদিও একেবাৰে সহজ হৈ মই তেওঁক প্ৰশ্ন কৰিছিলোঁ, কাৰণ বিষয়টো ভালদৰে বুজি পাব লাগিব।
অধ্যক্ষজনৰ পৰা জানিবলৈ পাইছিলোঁ দেউতাকে ৯২ বছৰ বয়সত মৃত্যু বৰণ কৰিছিল,চাবলৈ গ'লে পূৰ্ণপ্ৰাপ্ত আয়ুস পাইছিল কাৰণে দুখ পাবলগীয়া বিষয়ো নাছিল, কিন্তু দেউকতাৰ মৃত্যুৰ পিছত গাঁৱৰ মানুহবিলাকৰ পৰা যেতিয়া তেখেতৰ অন্তিম বাসনাবোৰৰ বিষয়ে জানিব পাৰিছিল তেতিয়া তেওঁ খুউব দুখ অনুভৱ কৰিছিল।দেউতাকে হেনো গাঁৱৰ মানুহৰ আগত আগতেই কৈ থৈছিল,শতায়ু নগৰাকৈ কেতিয়াও মৃত্যু নহয়,যদিহে কেতিয়াবা কিবা কাৰণে মৃত্যু পথলৈও যাবলগীয়া হয়, তেওঁ যেন বিছনা ল'ব লগীয়া নহয় আৰু যদিহে বিছনা ল'বলগীয়া হৈ কন্ঠৰোধ হৈয়ো যায়, তেতিয়া গাঁৱৰ মানুহবিলাকে তেওঁক পৰ দি বিছনাৰ কাষতে নাম কীৰ্তন কৰি থাকিব লাগিব, যাতে তেওঁ হাঁহি মুখেৰে এই পৃথিৱীৰ পৰা বিদায় ল'ব পাৰে। কোনো কাৰণতে তেওঁক যেন হস্পিতাললৈ নিয়া নহয়। গাঁৱৰ মানুহবিলাকে তেখেতে বিচৰা নিচিনাকৈ বৰ আস্হাৰে মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিল।
অধ্যক্ষজনে কোনো কথাৰে লুকধাক নকৰাকৈ মোৰ আগত কথাবোৰ কৈ যাবলৈ ধৰিলে। দুবছৰৰ আগতে তেখেতৰ মাতৃৰ বিয়োগ হৈছিল। তেতিয়া তেওঁ দেউতাকক নিজৰ চহৰৰ ঘৰলৈ লৈ যাব বিছাৰিছিল, কিন্তু তেখেত যাবলৈ মান্তি হোৱা নাছিল।গাঁৱৰে অবিবাহিত ভতিজাক এজনৰ লগত অকলেই প্ৰকাণ্ড ঘৰখনত পৰম শান্তিৰে আছিল।শেষ বয়সলৈকে দেউতাকজন বৰ হৃষ্ট পুষ্ট স্বাস্থ্যাবান পুৰুষ আছিল।সেই বয়সতো ৰাতিপুৱা প্ৰাত:ভ্ৰমণ কৰিবলৈ গৈ দুই তিনিখন গাওঁ ফুৰি চাকি মানুহৰ খা খৱৰ লৈ ভাল পাইছিল।কোনোবাই কিবা বিপদ আপদতত পৰিলে মুখেৰে দিহা পৰামৰ্শ দিয়াৰ উপৰিও পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব পাৰিছিল।বৰ পৰোপকাৰী মানুহ আছিল।এয়েই আছিল তেওঁৰ দৈনন্দিন কৰ্ম পদ্ধতি। মানুহবিলাকে তেওঁক ঈশ্বৰ দেখাদি দেখিছিল।সেয়ে তেৱোঁ গাঁৱৰ মানুহ বিলাকৰ মাজত থাকি ভাল পাইছিল, তেখেতৰ ঘৰখনেই শান্তিৰ আলয় যেন লাগিছিল। বোধকৰো মৰণৰ দিনলৈকে তেওঁ তাতেই থকাৰ বাসনা মনত পুহি ৰাখিছিল।এই কথাত পুতেকে ক্ষুণ্ণ হৈ ভাবিছিল,দেউতাকনো ইমান জেদী মানুহ হ'ব লাগেনে,নিজৰ পুত্ৰৰ লগত থাকিবলৈ অমান্তি হ'ব লাগেনে?শেষ বয়সত নিশ্চয় উপায় নাপায় তেওঁৰ লগতে থাকিবলৈ যাব লাগিব।নিজৰ পুত্ৰ বোৱাৰী নাতি থাকোতেই গাঁৱৰ মানুহ খিনিহে তেওঁৰ আপোন হবনে?সেয়ে মনতে দেউতাকৰ প্ৰতি একধৰণৰ ক্ষোভ তেওঁৰ আছিলেই, তথাপিও সঘনাই গাঁৱৰ ঘৰখনলৈ দেউতাকক খবৰ কৰিবলৈ নগলেও তিনি চাৰি মাহৰ মূৰে মূৰে গৈ আছিল।সেই সময়ত অধ্যক্ষজনে কিন্তু দেউতাকৰ মন:স্তত্বৰ একো ভূকে পোৱা নাছিল। এইদৰেই দিনবোৰ সুকলমে গৈ আছিল,হঠাতে এদিন গাঁৱৰ মানুহৰ পৰা খবৰ পাইছিল,ঘৰৰ গাধোৱা ঘৰত পিচলি পৰি দেউতাকে ককালত বৰ বেয়াকৈ দুখ পাই উঠিব নোৱাৰা অৱস্হা হৈছিল আৰু লগে লগে মূৰ্চা গৈছিল।অধ্যক্ষজনে খবৰ পাই দৌৰা দৌৰিকৈ গৈ দেখে দেউতাকৰ ককালৰ তলচোৱা একেবাৰে অসাৰ হ'ল। তেওঁৰ হেনো দেখিয়েই চূৰ্তি হেৰাই যোৱাৰ নিছিনা লাগিছিল আৰু ততা তয়াকৈ হস্পিতাললৈ নিবলৈ যো জা কৰিবলৈ ধৰিছিল ।দেউতাকে জ্ঞান পাই কথাবোৰ শুনি হস্পিতাললৈ যাৱলৈ ঘোৰ আপত্তি কৰিবলৈ ধৰিলে। দেউতাক কিন্তু অতিকে নাচোৰ বান্দা,হস্পিতাললৈ যাবলৈ কোনোপধ্যে মান্তি নহ’ল ।উপায় নাপায় দেউতাকৰ ওপৰত ক্ষুণ্ণ হৈ ঘুৰি আহিবলৈ বাধ্য হ'ব লগা হৈছিল।
পুনৰ দুই তিনি দিনৰ পাছত অধ্যক্ষজন অকলে দেউতাকক চাবলৈ গৈছিল যদিও তেওঁৰ পত্নী আৰু একমাত্ৰ ল’ৰাজনে ইচ্ছা কৰিয়েই চাবলৈ যোৱা নাছিল। তেওঁলোকৰ যুক্তি হস্পিতাললৈ যাবলগীয়া মানুহজনে জেদতে গাঁৱৰ মানুহবিলাককে সাবটি থাকি ভাল পাইছে থাকক,আমি গৈনো কি কৰিমগৈ,আমি তেওঁৰ আপোন নহয় বুলি ভাবিছে।মানুহজনৰও খং উঠিলেও উপায় নথকাত দেউতাকক চাবলৈ যাবলৈ বাধ্য হৈছিল।গৈ মানুহজনে দেখিবলৈ পাইছিল দেউতাক ওপৰলৈ মূৰ কৰি শুই আছিল,প্ৰকাণ্ড মানুহজন দুদিনতে একেবাৰে শুকাই ক্ষীণাই গৈছিল।বিছনাৰ কাষতে গাঁৱৰ মানুহ বিলাকে মাটিতে বহি নাম গুণ গাই হৰি কীৰ্তন কৰি আছিল,দুজনে তেখেতক হাত ভৰি পিটিকি পৰিচৰ্যা কৰি আছিল। তেখেতৰ মুখত লেশমানো যন্ত্ৰণাৰ চিন পৰিলক্ষিত হোৱা নাছিল।পুত্ৰকক দেখাৰ লগে লগে সন্তোষৰ ভাব মুখমণ্ডত বিয়পি পৰিছিল যদিও বোৱাৰী আৰু নাতিক নেদেখি ক্ষন্তেক পিছতে মুখখন গোমা হৈ পৰিছিল,মানুহজনে বুজি পাইছিল যদিও দেউতাকৰ ওপৰত অভিমানো হৈছিল,নিজৰ পুতেক বোৱাৰীয়েক থাকোতেই গাঁৱৰ মানুহবিলাকহে আপোন হ'ব লাগেনে? শুনিবলৈ পাইছিল ঘটনাটো হোৱা দিন ধৰি তেখেতে গোটা বস্তু একো মুখত দিয়া নাছিল।প্ৰথমতে ডাবৰ পানী আৰু গাখীৰ খাইছিল যদিও পিছলৈ পানীৰ বাদে একো খোৱা নাছিল।মাথো অস্পষ্ট কন্ঠৰে ভগৱানক কাতৰৰে মাতি মৃত্যু বিচাৰিছিল। তেখেতে কাৰো বাবে দীৰ্ঘদিন বিছনাত পৰি হাড়মাল হৈ থাকিব নিবিচাৰিছিল,স্বজ্ঞানেৰে আনন্দ মনেৰে এই পৃথিৱীৰ পৰা বিদায় ল'ব বিচাৰে।এনে ধৰণৰ কথাবোৰ শুনি পুতেকে দেউতাকক যিমান পাৰে বুজাবলৈ চেষ্টা কৰিছিল যদিও তেখেতে মৌন হৈ থাকি পিছত জোৰ কৰি চকু দুটা মুদি দিছিল,তাৰ অৰ্থ তই মোক দিগদাৰ দি নাথাকিবি। তেতিয়া পুতেকে দেউতাকৰ প্ৰতি ভীষণ খৰ্গ হস্ত হৈ খঙতে বকা বকি কৰি আৰু চাবলৈ নাহো বুলি কৈ অভিমান কৰি গুছি আহিছিল।আচলতে গাঁৱৰ মানুহবিলাকৰ আগত পুত্ৰ হিচাপে তেওঁ ভীষণ লজ্জাবোধ কৰিছিল। তেওঁ মাথো নিজৰ অভিমানটোহে বুজি পাইছিল,দেউতাকৰ অন্তৰৰ কথা হৃদয়ঙ্গম কৰিব পৰা নাছিল।কিয় দেউতাকে গাঁও এৰি চহৰলৈ যাব বিচৰা নাছিল?জীৱন মৰণৰ এই সন্ধিক্ষণটো কিয় গাঁৱৰ মানুহবোৰক এৰি থৈ চহৰলৈ যাব বিচৰা নাছিল?কি পাইছিল গাঁৱৰ মানুহবিলাকক মাজত?
তাৰ দুদিন পিছতে তেওঁ শুনিবলৈ পাইছিল,কাকো এষাৰো কথা নোকোৱাকৈ,পানী এটোপাও নোখোৱাকৈ স্বজ্ঞানেৰে ৰাম হৰি নাম লৈ সিপুৰীলৈ গতি কৰিছিল।এজন স্থিতপ্ৰজ্ঞ মানুহৰ ইচ্ছা মৃত্যু হৈছিল।চাৰিওফালৰ পৰা সেই অঞ্চলৰ মানুহ আহি উবুৰি খাই পৰিছিল,সকলোৱে শ্ৰদ্ধা ভক্তি নিবেদন কৰিছিল।
খবৰ পাই পুত্ৰই দৌৰা দৌৰিকৈ আহিছিল,বেজাৰত তেওঁৰ হিয়াখন ফাটি যোৱাৰ দৰে লাগিছিল।হাজাৰ হওক তেওঁৰ নিজৰেই পিতৃ, যিমানেই জেদী নহওক কিয় বিনা চিকিৎসাৰে তিল তিলকৈ মৃত্যু বৰণ কৰিব লগা হোৱাত তেওঁ ভীষণ অনুতপ্ত হৈছিল।দুদিনৰ পিছতে ভাৰততে থকা দুয়োজন ভায়েক আহি পাইছিল যদিও কানাডাত থকা মেম বিয়া কৰোৱা সৰু পুতেক আহিব পৰা নাছিল।এটা সময়ত মানুহজনে শিক্ষিত পুত্ৰহঁতৰ কথা কৈ কিমান গৰ্ববোধ কৰিছিল।
মোৰ ওচৰলৈ অহা অধ্যক্ষজনে হেনো দেউতাক ঢুকুৱাৰ প্ৰথম দিনাই গভীৰ নিশা ঘৰৰ টিঙত ধোম ধোমকৈ মানুহে খোজ কঢ়াৰ দৰে শব্দ শুনিছিল।পিছত ভায়েক দুটায়ো হেনো সেই শব্দ শুনিবলৈ পাইছিল। কিন্তু অতিকে আচৰিত কথা গাঁৱৰ মানুহে হেনো সেই শব্দ শুনা নাছিল যদিও কৌতূহল বশত: কেইবাজনো ডেকা লৰাই পাঁচ বেটেৰীয়া টৰ্চ লাইট জ্বলাই নিৰীক্ষণ কৰি থাকোতেই একো দেখা পোৱা নাছিল যদিও দহদিনৰ দহাকৰ্মৰ দিনলৈকে আটাইকেইজন ভায়েক ককায়েকে শব্দটো শুনি আছিল। আধুনিক শিক্ষাৰে শিক্ষিত তিনিওজনে কিন্তু পেটে পেটে বৰ ভয় খাইছিল যদিও বাহিৰত সেইভাব প্ৰকাশ কৰিবলৈ দিদ্ধাবোধ কৰিলেও নিজৰ কাণ দুখনক ঠিকেই বিশ্বাস কৰিছিল কাৰণেই কিবা এক নাম নজনা অনুশোচনাত আটাই কিজনে ভুগি আছিল।কোনেজনেই মাক ঢুকুৱাত পিছত দেউতাকক তেনকৈ খবৰ কৰা নাছিল।
মোৰ ওচৰলৈ অহা অধ্যক্ষজনে আপোন মনে কথাবোৰ কৈ গৈছিল, মই একো বাধা দিয়া নাছিলো। তেওঁ কৈছিল, মোৰ খুব ভুল হৈছিল জানেনে,মাথো দহ কিলোমিটাৰ আঁতৰতে মই চহৰত আছিলো, নিয়মমতে মই প্ৰত্যেক দিনাই দেউতাক চাবলৈ যাব পাৰিলোহেঁতেন, চাকৰিৰ পৰাও অৱসৰ লৈছিলো,মোৰ তেনে কামো নাছিল, মই দেউতাৰ ওচৰত বহি হাত ভৰি পিটিকি দি তেখেতৰ মনৰ বুজ ল'ব লাগিছিল,কিজানি বা তেওঁ মোৰ লগত আহিবলৈ মান্তি হ’লেইহেঁতেন? কথাবোৰ কৈ যাওঁতে মানুহজনক বৰ অনুতপ্তৰ দৰে লাগিছিল।সেইসময়ত মোৰ পত্নী আৰু পুত্ৰয়ো মোৰ দেউতাৰ আকোৰ খোজ স্বভাৱৰ কথা কৈ মোক পাৰে মানে ইতিকিং কৰিছিল।গাঁৱৰ ঘৰখনলৈ গৈ দেউতাৰ খা খবৰ কৰাৰ বিষয় লৈ তেওঁলোকে মোক একেবাৰে উৎসাহিত কৰা নাছিল।সেইসময়ত মোৰ বিবেকে ইমানেই কাম কৰা নাছিল যে আওপাকে তেওঁলোকৰ কথাতে হয়ভৰ দিছিলোঁ।এতিয়া ঘৰখনত ইটোৰ পিছত সিটো পয়মাল হৈ থকা দেখি আৰু ৰাতি চাঁদৰ ওপৰত যথেষ্ট শব্দ কৰি খোজ কঢ়াৰ নিছিনা শব্দ শুনি শুনি পত্নী আৰু লৰায়ো বাৰুকৈয়ে আতংকিত হৈ ক’বলৈ ধৰিছিল,মৰণ পথৰ যাত্ৰীজনক চাবলৈ নগৈ আমি খুউব ভুল কাম কৰিছিলোঁ।
অধ্যক্ষজনে বহা ঠাইতে দুবাৰ মান লৰচৰ কৰি বেছ আবেগ প্ৰৱণ হৈ কৈছিল,___দেউতাই চাগৈ মনত বহুত বোৰ ক্ষোভ লৈয়েই এই পৃথিৱীৰ পৰা বিদায় মাগিছিল নহয়নে?।কোৱা শুনিছোঁ ক্ষোভিতজনে মৃত্যুৰ পিছত আপোন জনৰ শত্ৰু হৈ পৰে,হয় নেকি কথাটো?
মানুহজনৰ অৱস্হাতো দেখি মোৰ বেয়া লাগিছিল,সেয়ে মই জোৰ জোৰকৈ মূৰটো লৰাই কৈছিলো, নহয় নহয় কোনো বাপেকেই মৃত্যুৰ পিছত শত্ৰু হ'ব নোৱাৰে ,এইবোৰ মানুহৰ মাজত প্ৰচলিত ভ্ৰান্ত ধাৰণা,এইবোৰ আপোনাৰ মনৰো ভ্ৰম।কথাবোৰ শুনি যি বুজি পাইছো আপোনাক মনৰ বাঘেহে ভয় খুৱাই আছে। আপোনাৰ পত্নী আৰু ল'ৰা জনেও অনুশোচনাত দগ্ধ হৈছে,ই কম ডাঙৰ কথা নহয়।আটায়ে জীৱনৰ কাৰণে এটা উৎকৃষ্ট নীতিশিক্ষা আহৰণ কৰিলে,ধৰি লওক যি হৈছিল সি ভালৰ কাৰণেই হ'ল।আজিৰ বাদে কালিলৈ আপুনিও বৃদ্ধ হ'ব, ভৱিষ্যতে আপোনাৰ লৰাই আপোনাক আওকাণ কৰিব পাৰিবনে, কেতিয়াও নোৱাৰে....।ইয়ো এটা ইতিবাচক দিশ নহয়নে?
মন কৰিছিলো,অত দেৰি ভীতিগ্ৰষ্ট যেন হৈ থকা মানুহজনৰ মুখত যেন এটা ম্লান হাঁহিৰ ৰেখা বিয়পি পৰিছিল।এইবাৰ মানুহজনে দুগুণ উৎসাহেৰে কৈ উঠিছিল, মই আচলতে আপোনাৰ "আত্মাৰ অনুসন্ধান" কিতাপখন পঢ়িছিলোঁ, তাত আপুনি মৃত্যুৰ পিছতো আত্মা সক্ৰিয় হৈ থাকে বুলি লিখিছিল, এতিয়া আপুনি মোক বুজাবলৈ চেষ্টা কৰিছে যি হৈছে সকলো কাকতালীয় আৰু শুনি থকা শব্দবোৰ ভ্ৰম।
মই তেতিয়া ভালদৰে বুজি উঠিছিলোঁ,ইমান উচ্চ শিক্ষাৰে শিক্ষিত মানুহজনক মই যি যুক্তিৰে নুবুজাও কিয় মানি ল'বলৈ টান পাব, যদিও তেওঁ এটা সমস্যাত পৰি মোৰ পৰা কিবা সমিধান পাবলৈকে আহিছে। মই বহু গভীৰলৈ সোমাই মন:পুত উত্তৰ দিবই লাগিব যাতে সাপো মৰে লাঠিও নাভাঙে।
মই বৰ দৃঢ়তাৰে কৈছিলোঁ,আত্মা মানে ভয় লাগিব লগীয়া ভূত প্ৰেত নহয়,আত্মাক মনেৰে শুদ্ধ অন্তৰৰে স্বীকাৰ কৰিবই লাগিব। আপোনাৰ মুখৰ পৰাই মই যি বুজিব পাৰিছো আপোনাৰ দেউতাকৰ এটা বাসনা আছিল। বিশেষকৈ শতায়ু গৰকা আৰু অন্তিম সময়ত উপযুক্ত মানুহৰ সৈতে পৰিবেষ্টিত থাকি নামৰ জড়িয়তে ভগৱানৰ কৃপা পোৱা।তেখেতো শিক্ষিত মানুহ, হাইস্কুলৰ হেডমাষ্টৰ আছিল।জীৱন জোৰা অধ্যৱসায়ৰ দ্বাৰা জানিছিল মৃত্যুৰ বৈতৰণীখন কেনেকৈ পাৰ হ'ব লাগে, কিন্তু তেখেতৰ আশা আংশিক পূৰ্ণ নহ'ল কাৰণে নিজৰ ওপৰতে কিজানি অভিমান কৰিছিল? আকস্মিক দূৰ্ঘটনাটো নোহোৱা হ'লে তেখেতে বৰগছৰ পৰাদি পৰি থাকিব নালাগিলহেঁতেন?কোনে জানে সেই ক্ষোভ কিজানি মনতে থাকি গৈছিল?সেয়ে কিজানি মৃত্যুৰ পিছত কিবা শব্দৰে বুজাব বিচাৰিছিল,মোৰ পুত্ৰহঁত তহঁতে চা, মই সেই কেইটাদিনহে অসহায়ৰ দৰে পৰি আছিলোঁ, এতিয়া ময়ো বলবান আৰু মোৰ আত্মাও সক্ৰিয় হৈ আছে। আপোনাৰ পৰা যি বুজিছো,মানসিক ভাবেও মানুহজন আছিল অত্যন্ত শক্তিমন্ত পুৰুষ আৰু একেবাৰে অন্তিম সময়তো মৃত্যুক তেখেতে আঁকোৱালি ল'ব পাৰিছিল অত্যন্ত সাহসেৰে নিজৰ বাসনাৰ মাজেৰে। আপুনি কৈ যাওঁতে মই শুনি স্তম্ভিত হৈ পৰিছো।তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো।
এতিয়াৰ পৰা ধৰি লওক মৃতকে শব্দবোৰ কৰি আপোনালোকক ভয় খুৱাবলৈ চেষ্টা কৰা নাই,হয়তো আপোনালোকক ভবাই তুলিবলৈ হে ইচ্ছা কৰিছে।এনেজন পৰোপকাৰী সৎ মানুহে মৃত্যুৰ পিছতো নিজৰ পৰিয়ালৰ বাবে এক সুন্দৰ নিদৰ্শন হে বুজাব বিচাৰিছে।আপোনালোকৰ মনৰ প্ৰতিক্ৰিয়া , আৰু মই ভাবো এইবোৰ আপোনালোকৰ নিজৰ নিজৰ মানসিক অৱস্থাৰ কথা। এতিয়াৰ পৰা মনলৈ ভয়ৰ ভাব নানি তেখেতক ভক্তিভাৱেৰে ভাবিবলৈ লওক। তেখেতৰ আত্মা এতিয়াও সক্ৰিয় হৈ আছে, এই কথা বিশ্বাস কৰিবলৈ লওক শ্ৰদ্ধা সহকাৰে।এটা কথা আপুনি হয়তো নাজানিবও পাৰে,কিয় মাক দেউতাকৰ মৃত্যু হ'লে এবছৰলৈ মঠ মন্দিৰ ইত্যাদি লৈ যাব নাপায় বুলি হিন্দু ধৰ্মৰ মানুহে পৰম্পৰা হিচাপে বিশ্বাস কৰি আহিছে।আচলতে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত ভগৱানক ভাবিলেও প্ৰাৰ্থনা কৰিলেও ভগৱানৰ ওচৰ নাপাইগৈ হেনো, কাৰণ মধ্যম স্হানত থাকে মৃতক জন, তেওঁক আৰাধনা কৰিলেই সকলো সিদ্ধি হয়।এতেকে এতিয়াৰ পৰা মনত কোনো কপটতা নৰখাকৈ দেউতাক স্তুতি প্ৰাৰ্থনা কৰক, সকলো মনৰ ভয় সংশয় তেওঁৱেই আপোনাৰ আতৰাই দি শান্তি প্ৰদান কৰিব।
অধ্যক্ষজনে মোৰ কথা অতিকে মন দি শুনি আছিল।লাহে লাহে তেওঁৰ মনটো ফৰকাল হৈ আহিল আৰু কিছু সময় মৌন ভাবে অতিক্ৰম কৰাৰ পিছত মোক বহুত ধন্যবাদ জনাই হাঁহি মুখেৰে মোৰ পৰা বিদায় ল’লে।
মোৰ নিজৰো দ্বিগবিজয় কৰাৰ দৰে লাগিল,নাজানো মোৰ মুখেৰে কথাবোৰ কেনেকৈ ওলাই আছিল, হয়তো মানুহজনৰ সংকটত পৰা মনটো উদ্ধাৰৰ বাবে ভগৱানেই কৃপা কৰিছিল, কাৰণ মই সকলো কথা ভগৱানক অৰ্পণ কৰিয়েই কাৰ্যক্ষেত্ৰত আগ বাঢ়ো,কাৰণ বিষয়টো বৰ জটিল আৰু অবিশ্বাস্য ধৰণৰ আছিল।
(সত্য ঘটনাৰ ওপৰত আধাৰিত হ'লেও নাম প্ৰকাশ কৰিব বিচৰা নাই।)
————————————
ঢুলীয়াৰ বিষয়ে সংক্ষেপে
ভূমিকা দাস
লোকনৃত্য আৰু লোক অভিনয় উভয়েৰে দাবী পূৰণ কৰি অহা ঢুলীয়া পৰম্পৰাগত ভাৱে অতি প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত সমাদৃত হৈ আহিছে। ঢুলীয়া দলে সভা- মেলা ,বিয়া বাৰু আদিৰ প্ৰসংগত নৃত্য গীত সহ ঢোল বজোৱাৰ উপৰিও চাৰ্কাছ কুচি আদি প্ৰদৰ্শন কৰে। ঢুলীয়া ভাওনা দলত কিমান শিল্পী থাকে তাৰ নিৰ্দিষ্ট হিচাপ নাই।চাৰি পাঁচ জনৰ পৰা ৬০/৭০জন পৰ্যন্ত থাকিব পাৰে।ঢুলীয়া ভাওনাৰ প্ৰচলিত ঠাই হৈছে কামৰূপ আৰু দৰং।
অসমৰ ঐতিহ্য বহনকাৰী আন এটা মূল্যবান কৃষ্টি হ'ল কামৰূপৰ ঢুলীয়া।ই সম্পূৰ্ণৰূপে লৌকিক আৰু বৰ জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্যব্যংগ কৌতুকবোৰেই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। এনে এটি মনোৰঞ্জক অনুষ্ঠান সম্প্ৰতি মৃতপ্ৰায়।
অসমৰ মঠ মন্দিৰবোৰত দেৱতাৰ বন্দনাৰ সময়ত অনান্য বাদ্যযন্ত্ৰৰ লগতে মুখ্য বাদ্য ঢোলো ব্যৱহাৰ কৰা হৈছিল।
কামৰূপীয়া ঢুলীয়া অনুষ্ঠানৰ কেন্দ্ৰস্থল হ'ল নলবাৰী।ভাও দিয়া ঠাইখিনিক খলা বোলা হৈছিল।খলা সজাবৰ বাবে কলগছ আৰু কলপাত ব্যৱহাৰ কৰা হৈছিল। ঢুলীয়া অনুষ্ঠানত পুতলা নাচৰ সাদৃশ্য থকালৈ চাই বহুতে ইয়াক পুতলা নাচৰ ক্ৰমবিকশিত ৰূপ বুলি ক'ব খোজে। অনুষ্ঠানটিত বহুত মানুহৰ দল এটা থাকে।
ঘাই ঢুলীয়া,খৰমাৰা ঢুলীয়া, কুস্তিদিয়া জুলীয়া,টেমেকা মহলধাৰী
সূত্ৰধাৰ আৰু অন্যান্য ভালেমান ব্যক্তিৰদ্বাৰা ই গঠিত হয়। তেওঁলোক স্বভাৱ শিল্পী। তেওঁলোকৰ কাহিনীৰ কোনো লিখিত ৰূপ নাই। মৌখিকভাৱে আৰু কোনো অনুশীলন নকৰাকৈ তেওঁলোকে কাহিনী প্ৰদৰ্শন কৰিব পাৰিছিল। অনুষ্ঠান প্ৰদৰ্শন কৰাৰ বাবে লাগতীয়াল সামগ্ৰীবোৰও তেওঁলোকে নিজে যোগাৰ কৰি লৈছিল।ঢোল আৰু অভিনয়ৰ বাবে প্ৰয়োজনীয় লাঠি, কাড়,মাৰি যাঠি জোং জাতীয় বস্তু বোৰ নিজে যতনাই লৈছিল।
ঢুলীয়াই পদ গাই কাহিনী ব্যাখ্যা কৰে। কিন্তু ঢুলীয়া অনুষ্ঠানৰ কোনো লিখিত বিৱৰণ নথকাৰ ফলত ইয়াৰ প্ৰাচীনত্ব কিমান দূৰ ৰক্ষা পৰিছে তাক সততাই কোৱা টান।
দৰং অঞ্চলত চেপা ঢুলীয়া এবিধ বিশেষ ধৰণৰ নৃত্য সংগীত অনুষ্ঠান। দৰঙৰ বৰ ঢুলীয়াই নৃত্য গীত পৰিৱেশন কৰাৰ সময়ত ঢোলৰ বাদীৰ ছেৱে ছেৱে বান্দৰৰ পুতলা নচুৱাই বিদ্ৰুমাত্মক
গীত পদ পৰিৱেশন কৰে। এই নৃত্য ভংগী সমূহৰ ভিতৰত "বোৱনী," "ৰোৱনী, ""খেতি ""গৰিয়া "সৰকি, তুঙল মোচৰা , "উঘা ঘূৰণি, "ভেকুলী জাপ ্শিয়াল ভুমুকি বা বুলনি,বহিনাচন, চকোৱা পাক, বোন্দা পাক আদি নাচ উল্লেখযোগ্য। এই বিধ ঢুলীয়াই নাচৰ ভিন্নতা অনুসৰি ঢোলত বিভিন্ন বাদীৰ সৃষ্টি কৰে।
উদাহৰণ স্বৰূপে দেৱবাদী,গোৰবাদী,পাতালবাদী ইত্যাদি..।
কামৰূপৰ ঢুলীয়াৰ দৰে দৰঙৰ ঢুলীয়াই অভিনয় নকৰে।
-------------------------------------------------------
সংস্কৃত শিকাৰ সহজ পাঠ -৭
চিন্ময়ী দাস
কামৰূপ, অসম
(আগৰ সংখ্যাৰ পৰা ...)
মানৱ শৰীৰৰ অংগসমূহৰ নাম সংস্কৃত ভাষাত কিদৰে কোৱা হয় । তাক আমি আজি জানিম । তলত সংস্কৃত ভাষাত নামবোৰ আৰু অসমীয়া ভাষাত ইয়াৰ নাম তথা উচ্চাৰণ দিয়া হʼল ।
अंगुलिः (অংগুলি) - আঙুলি
अंगुष्ठः (অংগুষ্ঠ:) - বুঢ়া আঙুলি
अस्थिः (অস্থি) - হাড়
उदरम् (উদৰম্) - পেট
वक्षःस्थलम् (বক্ষ:স্থলম্) - বুকু
ओष्ठः (ঔষ্ঠ) - ওঁঠ
कटिः (কটি:) - ককাল
कण्ठः (কণ্ঠ:) - কণ্ঠ
कपोलः (কপোল:) - গাল
करः (কৰ:) - হাত
करतलम् (কৰতলম্) - হাতৰ তলুৱা
कर्णः (কৰ্ণ: ) - কাণ
कूर्चम् (কুৰ্চম্) - দাড়ি
केशः - (কেশ:) - চুলি
ग्रीवाः (গ্ৰীবা:) - ডিঙি
चर्मः (চৰ্ম) - ছাল
चित्तम् (চিত্তম্) - মন
चिबुकम् (চিবুকম্) - থুতুৰী
जानुः (জানু:) - আঁঠু
जिह्वाः (জিহ্বা:) - জিভা
दन्तः (দন্ত:) - দাঁত
नखः (নখ:) - নখ
नासिकाः (নাসিকা:) - নাক
नेत्रम् (নেত্তম্) - চকু
पादः (পাদ:) - ভৰি
पृष्ठम् (পৃষ্ঠম্) - পিঠি
भुजः (ভূজ:) - বাহু
भ्रूः (ভ্ৰু:) - ভ্ৰু
रक्तम् (ৰক্তম্) - তেজ
অসমীয়া ভাষাত এষাৰি কথা আছে - "দেহা থাকিলে বেহা" । শৰীৰ থাকিলে বেমাৰে দেখা দিবই , তলত কেইটামান অতি বেছি পৰিমাণে সকলো মানুহৰে গাত দেখিবলৈ পোৱা বেমাৰ-আজাৰৰ নাম দিয়া হ'ল। লগতে সংস্কৃত ভাষাত ব্যৱহাৰ হোৱা উচ্চাৰণ আৰু ইয়াৰ অসমীয়া ভাষাৰ অৰ্থ -
शीतला (শীতলা) - ঠাণ্ডা লগা বা পানী লগা
छिक्का (ছিক্কা) - হাঁচি অহা
पाण्डुः = पीलिया
पिडिका (পিডিকা) - ফোঁহা
अजीर्णम् (অজীৰ্ণম্) - হজম নোহোৱা
शोथः (শোথ:) - ফুলি উঠা
कासः (কাস:) - কাহ
मधुमेहः (মধুমেহ:) - ডাইবেটিচ
रक्तचापः (ৰক্তচাপ:) - বিপি বা ব্লাডপ্ৰেচাৰ
विद्रधिः (বিদ্ৰধি:)- কেন্সাৰ
विसूचिका (বিসুচিকা) - হাইজা
हिक्का (হিক্কা) - হেকেটী
अतिसारः (অতিসাৰ:) - গ্ৰহণী
प्रतिश्यायः (প্ৰতিশ্য়ায়:) - আঘাতপ্ৰাপ্ত
(আগলৈ...)
———————————————————
উপন্যাস
জংচন
-এটি আশাৰ আৰম্ভণি
প্ৰদীপ চন্দ্ৰ শৰ্মা
প্ৰথম খণ্ড
এনেদৰেই দিন আহে চৰাইৰ কাকলিত। মন্দিৰ,মছজিদত মঙ্গলধ্বনি বাজে। পূৱে ধলফাট দিয়াৰ ফালে ওখকৈ পাহাৰৰ টিংটিয়ে অলপপৰ ৰ' লাগি চায়,তাৰ পাছত চহৰখনলৈ চাই মিচিকিয়াই আৰু সেই মিচিকি হাঁহিৰ পৰশত চহৰখনে লাহে লাহে সাৰ পায়।আৰম্ভ হয় চিৰন্তনহৈ পৰা লৰা -ধপৰা। কোনোবাই এঙামুৰি দিওঁতেই কাৰোবাৰ দৌৰ আৰম্ভ হয়। যান্ত্ৰিক চহৰত যন্ত্ৰৱত সকলো, পিছলৈ ঘূৰি চোৱাৰ কাৰো সময় নাই - মাথোন আগুৱাই যোৱাৰ প্ৰতিদ্বন্দিতা।
এইখন পিছে অন্যজগত, ইয়াত দিন-ৰাতিৰ কোনো চিন নাই।ৰাতি আৰু দিনৰ পাৰ্থক্য মাথোন মুষ্টিমেয় কেইজনমানৰ বাবেহে।নিশাৰ খেপত কৰ্ত্তব্য কৰি ৰঙাচকু, বিশৃংখল চুলি আৰু শ্ৰান্ত-ক্লান্ত দেহাটোৰে এখিনি শ্ৰমিক আৰু আনফালে ৰাতিপুৱাৰ খেপত কৰ্ত্তব্যলৈ বুলি দোকমোকালিতে ঘৰৰপৰা ওলাই অহা এখিনি শ্ৰমিক।বিজুলী- চাকিৰ পোহৰে দিন যেন কৰিৰখা পোহৰৰ মাজতে সলনি হয়, এই শ্ৰমিকসকলৰ দায়িত্বৰ সলনা - সলনি, অৰ্থাৎ ৰাতিৰ দায়িত্ব সামৰি দিনৰ দায়িত্ব অৰ্পণ।হয়, এই জগতখনৰ নাম - ৰেল আস্থান বা ৰেলৱে ষ্টেচন,য'ত যাত্ৰী উঠা - নমা কৰাৰ বাবে ট্ৰেইন ৰখোৱা হয়।ওপৰুৱাকৈ চালে একো নাই - অকণমান মন দিলেই দেখা যায় ইয়াৰ বিচিত্ৰ ৰূপ - এক অদ্ভূত জগৎ।
এইখন জগতক একেষাৰে না ভাল বুলিব পাৰি না বেয়া বুলিব পাৰি।আনঠাইৰ দৰে জীৱন ইয়াতো আছে - আছে হাঁহি আৰু কান্দোন।
হয়, আপুনি ঠিকেই ধৰিছে, ইয়াৰ মানুহে তীব্ৰ বিষাদময় উচুপনিতো হাঁহে।পৰ্বতসম পুঞ্জীভূত বেদনা বুকুত বান্ধি হাঁহিব পাৰে এটুকুৰা ৰুটি বা অকণমান এৰেহা খাদ্যৰ বাবে...
কোৱা শুনো ' দেউতা '
বৰ মনজুৰুৱা শব্দ
অতিকৈ আৰাধ্যা আই
কোনেনো বুজিব
বুকুৰ বেদনা
কোনে দিব মোক
মৰমৰ ঠিকনা
ষ্টেচনৰ পেলনীয়া
পোৱালিযে মই ...
ক্ষীণ-মিন ল'ৰাটো দৌৰিছে।
হাতত এটা শিলগুটি।
চকু - মুখত তীব্ৰ জিঘাংসা ফুটি উঠিছে।মুখত বাৰে ভচহু কথাৰে অবাইচ গালি।সেই ল'ৰাজনতকৈ অলপ ডাঙৰ আগে আগে দৌৰিযোৱা ল'ৰাজন অকাই - পকাই দৌৰি কোনোবাখিনি পালেগৈ। হঠাতে ক্ষীণমিন ল'ৰাজনৰ ৰছীৰে গাঁঠিদিয়া পটলুঙটো কঁকালৰপৰা খহি পৰিল।বাটৰ মাজতে ল'ৰাজন নাঙঠহৈ কান্দি কান্দি বহি পৰিল।
বাটৰুৱা এজনে সুধিলে,–' ঐ ল'ৰা তোৰ নাম কি? '
ঠিক সেই সময়তে তীব্ৰ উকিমাৰি ৰেলগাড়ী এখন ষ্টেচনৰ পৰা ওলাই গ'ল।
( আগলৈ )
———————————————————
গল্প
ভকত
(W.Somerset Maugham-ৰ The Verger গল্পৰ দ্বাৰা অনুপ্ৰাণিত)
প্ৰণৱ ফুকন
বেংক মেনেজাৰজন এক প্ৰকাৰ জপিয়াই উঠিল; মূৰে-কপালে হাত দি মাত্ৰ ক’লে: “OMG!”
সৰু ল’ৰাটো অকলেই গাঁৱৰ কাষৰ শাখা সত্ৰখনলৈ আহি বাহিৰতে বহি মনোযোগেৰে নাম-কীৰ্ত্তন, ঘোষা সকলো শুনি থাকে; সাষ্টাঙ্গে প্ৰণাম জনায় ৷ মাহ-প্ৰসাদ যি দিয়ে খাই গুছি যায় ৷ ল’ৰাটোক সকলোৱে চিনি পায়; কাষৰ বনগাঁৱত তাৰ ঘৰ; মাক-দেউতাকৰ একমাত্ৰ ল’ৰা ৷ দেউতাক আছিল মৌজাদাৰৰ ঘৰৰ হালোৱা; মাকে মৌজাদাৰৰ ঘৰত লিগিৰীৰ বন আৰু ৰোৱণী-দাৱনীৰ কাম কৰিছিল ৷ পাছে বানপানীৰ পাছতে অহা কলেৰা মহামাৰীত মাক-দেউতাকে তাক ঘাট মাউৰা কৰি গুছি গ’ল ৷ তাৰ পাছৰে পৰা সি যেয়ে যি দিয়ে তাকে খায়; য’তে ৰাতি ত’তে কাটিৰ দৰে চলি আছিল ৷ শাখা সত্ৰৰ ডেকা অধিকাৰে কেবাবাৰো ল’ৰাটোৰ ফালে মন কৰিছিল ৷ এদিন এজন ভকতৰ জৰিয়তে তাক মাতি আনি সুধিলে: “তোমাৰ নাম কি, বাপু?” ল’ৰাটো আচৰিত হ’ল,এয়েই প্ৰথম তাক কোনোবাই তুমি বুলি মাতিলে ৷ ইমান দিনে এই ল’ৰা, এই মাউৰাটো বুলি মানুহে মতা শুনি থকা ল’ৰাটো থতমত খালে ৷ মনত পেলাবলৈ চেষ্টা কৰিলে তাৰ নামটো কি আছিল বাৰু? ল’ৰা নে মাউৰা নে আন কিবা? অকণমান সময় তভক মাৰি থাকিল; মনত পৰিল মাকে তাক মৰমতে বগাই বুলি মাতিছিল; গাঁৱৰ আনবোৰ ল’ৰাতকৈ যে সি বগা আছিল ৷ দেউতাকে আকৌ বাবাটো বুলিয়েই মাতিছিল ৷ তথাপি মাকে মতা নামটোৱে তাৰ নাম হ’ব যেন লাগিল তাৰ; কিন্তু একো উত্তৰ নিদিলে ৷ নেদেখাজনেহে যেন ল’ৰাটোক তেওঁৰ কাষলৈ পঠাইছে, এনে এটা ভাৱ আহিল ডেকা অধিকাৰৰ মনলৈ ৷ তেওঁৰ মুখত অজানিতে উচ্চাৰিত হ’ল: “নাৰায়ণ” ৷ তেতিয়াৰে পৰা ল’ৰাটোৰ নাম হৈ পৰিল নাৰায়ণ ৷ ডেকা অধিকাৰৰ মৰম পাই সি লাচনি-পাচনি কৰি, বিশেষকৈ ডেকা অধিকাৰ প্ৰভুৰ প্ৰয়োজনীয় সকলোখিনি কাম তৎপৰতাৰে কৰি সকলোৰে মৰমৰ হৈ সত্ৰৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিল ৷ নাম-কীৰ্ত্তন, ঘোষা পাঠৰ সময়ত নাৰায়ণক কিন্তু কোনেও লৰাব নোৱাৰে; এটা চুকত বহি চকু মুদি সকলো শুনি নিজকে পাহৰি যায় ৷ চাওঁতে- চাওঁতে নামঘোষা, কীৰ্ত্তন আদি সকলো তাৰ কণ্ঠস্থ হৈ পৰিল ৷ বৰগীতৰ প্ৰতি যেন নাৰায়ণৰ বিশেষ ধাউতি! সকলোবোৰ ধুনীয়াকৈ গাব পৰা হ’ল আৰু নাৰায়ণৰ সুললিত কণ্ঠৰ বৰগীতে সকলোৰে মন মুহিলে ৷ প্ৰয়োজন হ’লে কেতিয়াবা নামৰো গুৰি ধৰিব পৰা হ’ল ৷ ওচৰ-পাজৰৰ সকলো গাঁৱতে “নাৰায়ণ ভকত” বুলিলে চিনি নোপোৱা মানুহ নাই ৷ বয়স বাঢ়ি অহাৰ লগে-লগে নাৰায়ণ ভকত যেন ভগৱন্তৰহে কাষ চাপি গৈ থাকিল ৷ এইদৰে কেতিয়া নাৰায়ণ চফল ডেকা হ’ল, কেতিয়া বহু লোকে তাক বৰভকত বুলি মাতিবলৈ ল’লে নাৰায়ণে গমেই নাপালে ৷
এনেতে অথন্তৰ ঘটিল! মূল সত্ৰৰ অধিকাৰ প্ৰভুৰ বৈকুণ্ঠ প্ৰয়াণত শোকাকুল হৈ পৰিল সকলো ৷ ডেকা অধিকাৰক এইবাৰ মূল সত্ৰৰ অধিকাৰ পতা হ’ল ৷ ডেকা অধিকাৰ আছিল চিৰকুমাৰ; গতিকে তেখেতৰ দদায়েকৰ পুতেক ডেকা অধিকাৰ হৈ আহিল ৷ নতুন প্ৰজন্মৰ চিন্তাৰে উদ্বুদ্ধ নতুন ডেকা অধিকাৰ অলপ কঢ়া আৰু অনুশাসনৰ প্ৰতি বেছি মনোযোগী বুলি সকলোৱে শুনিলে ৷ সময়ত নতুন ডেকা অধিকাৰক শাখা সত্ৰলৈ গায়ন-বায়নেৰে আদৰি অনা হ’ল ৷ সকলো পৰিদৰ্শন কৰি গা তিয়াই মণিকূটত সেৱা জনালেগৈ ৷ খোৱা-বোৱা কৰি কিছু সময় জিৰণি লৈ সন্ধিয়াৰ নাম-প্ৰসঙ্গৰ আয়োজনৰ ওপৰত চোকা দৃষ্টি ৰাখিলে ৷
পাছদিনা নাৰায়ণৰ ডাক পৰিল ৷ তেওঁ বৰ সুন্দৰকৈ কীৰ্ত্তনৰ প্ৰতিটো অধ্যায় পাঠ কৰিব পাৰে বুলি ডেকা অধিকাৰে শুনিছিল ৷ সেয়ে নাৰায়ণৰ আগত ঠগিখন থৈ পুথি মেলিলে আৰু নাৰায়ণক পাঠ কৰিবলৈ ক’লে ৷ নাৰায়ণে হাতযোৰ কৰি সুধিলে :“প্ৰভু, এইটি বা কোনটি অধ্যায়?“ অধিকাৰ প্ৰভুৱে বিনয়েৰে ক’লে: “বাপ, পুথিখন দেখোন আপোনাৰ আগতে মেল খাই আছে ৷“ নাৰায়ণে হাতযোৰ কৰিয়েই ক’লে: ”প্ৰভু, মইতো পঢ়িব নাজানোঁ ৷“ ডেকা অধিকাৰ যেন সৰগৰ পৰাহে পৰিল! “কৃষ্ণ, কৃষ্ণ৷ এইয়া মই কি শুনিছোঁ! এজন নিৰক্ষৰ ভকতক নামৰ গুৰি ধৰিবলৈ দিয়া হয় ইয়াত? আমি সমাজক কেনে উদাহৰণ দেখুৱাইছোঁ? সত্ৰ হ’ব লাগে সমাজৰ পথ- প্ৰদৰ্শক; কেৱল ধৰ্মৰ ক্ষেত্ৰতে নহয়, শিক্ষা-দীক্ষা, সাহিত্য-সস্কৃতি সকলোতে ৷ গুৰু দুজনাই জানো আমাক তাকেই শিকাই থৈ যোৱা নাই? কিন্তু আমি কেনে পথ প্ৰদৰ্শন কৰিছোঁ? কৃষ্ণ, কৃষ্ণ!“
কিছু সময়লৈ সকলো ফালে কাহ পৰি জিন যোৱাৰ নিস্তব্ধতা বিৰাজ কৰিলে ৷ বহু সময় তভক মাৰি থাকি অধিকাৰে ভগৱন্তৰ চৰণত দীঘল দি পৰি নিৰক্ষৰ এজনক গুৰি ধৰিবলৈ দিয়াৰ বাবে যেন ক্ষমা বিচাৰিলে ৷ উঠি কিছু সংযত হৈ ক’লে: “এজন নিৰক্ষৰ ভকতক নামৰ গুৰি ধৰিবলৈ দিয়া উচিত হোৱা নাই ৷ এইজন বাপৰ ভক্তিৰ প্ৰতি মোৰ কোনো সন্দেহ নাই; তেখেত এতিয়াৰ পৰা সত্ৰতে থাকি লাচনি- পাচনি কৰি সেৱা কৰি যাওক ৷“ “লাচনি- পাচনি“ শব্দ দুটাই যেন নাৰায়ণৰ বুকুত খুন্দিয়ালে ৷ এসময়ত লাচনি- পাচনি কৰিয়েই জানো তেওঁ সত্ৰৰ সেৱা আৰম্ভ কৰা নাছিল? তাৰ মানে... কি কয়? অ, পুনৰ্মুচিকো ভৱ ৷ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল ৷ অলপ সময় তলমূৰ কৰি থাকি অধিকাৰক ক’লে: “প্ৰভু, অকণমান গাঁৱৰ ফালে ওলাই যাব পাৰোঁনে?” অধিকাৰে মূৰ দুপিয়ালে ৷
কোনফালে কিমান দূৰ আহিল নাৰায়ণে গমেই নাপালে ৷ হঠাতে বহুদিনৰ মূৰত তেওঁৰ তামোল এখন খাবলৈ মন গ’ল ৷ গাঁৱৰ যিকোনো এঘৰলৈ গ’লে তেওঁক তামোলহে নেলাগে, ভালকৈ সিধা এটাও দি পঠাব বুলি তেওঁ জানে ৷ কিন্তু মনৰ এই অৱস্থাত তেওঁৰ কাৰো ঘৰত সোমাবৰ মন নগ’ল; ভাৱিলে ওচৰে-পাজৰে তামোল-পাণৰ দোকান ক’ত আছেনো? যিমান দূৰলৈকে মনত পৰিল ক’তো তেনে দোকান নাই ৷ গমি-পিতি চাই বুজিলে তেওঁ তেতিয়া বালিগাঁৱত; গতিকে গাওঁবুঢ়াৰ ঘৰলৈ যোৱাই উচিত হ’ব বুলি খোজ ল’লে ৷ তেওঁৰ মুখেৰে সকলো কথা শুনি গাওঁবুঢ়াই মূৰে-কপালে হাত দিলে; ভাৱিলে এইহেন মানুহটোৰ বাৰু এনে গতি হ’ব লাগেনে? নাৰায়ণৰ পৰা গাওঁবুঢ়াই বুজিলে যে ভকতৰ সত্ৰলৈ উলটি যাবলৈ ইচ্ছা নাই ৷ নাৰায়ণে তেওঁৰ আগত তামোল-পাণৰ দোকান এখন দিব খোজাৰ কথাও কৈছিল ৷ গাওঁবুঢ়াই ওচৰ-পাজৰৰ দুজনমান বয়সীয়া মানুহক তেওঁৰ ঘৰলৈ মাতি পঠালে ৷ সকলোৱে আলোচনা কৰি নাৰায়ণৰ দোকানৰ প্ৰস্তাৱত হয়ভৰ দিলে ৷ সকলোৱে মিলি ভকতক আলিৰ মূৰতে এখন দোকান পাতি দি নিজ-নিজ বাৰীৰ তামোল-পাণো গোটাই দিবলৈ ঠিক কৰিলে ৷ ভৱা মতেই কাম; দুদিনমান পাছত ভকতৰ দোকানৰ শুভাৰম্ভ হ’ল; সেই কেইদিন নাৰায়ণ গাওঁবুঢ়াৰ ঘৰতে থাকিল ৷ দোকান আৰম্ভ কৰাৰ আগতে পুৱা ডেকা অধিকাৰৰ পৰা আশীৰ্বাদ লৈ আহিল ৷ এতিয়া তেওঁ ৰাতিটো দোকানতে কোচ-মোচ খাই পৰি থাকে; নিজেই চাউল এমুঠি সিজাই শুদাই-নিকাই খায় ৷ গাওঁবুঢ়াকে ধৰি দুজনমানে দোকানৰ বাহিৰতে বাঁহৰ বেঞ্চি এখনত বহি কথাৰ মহলা মাৰে ৷
লাহে-লাহে দোকান ভালদৰে চলিবলৈ ধৰিলে; নাৰায়ণে সকলোকে অনুৰোধ কৰিলে যাতে তেওঁক ভকত বুলি মতা নহয় ৷ গতিকে তেওঁ হৈ পৰিল নাৰায়ণ দোকানী ৷ কাতি বিহু ইতিমধ্যে পাৰ হৈছিল; অকণ-অকণ জাৰো পৰিছিল ৷ এদিন কথাৰ মহলাৰ মাজতে এজনে ক’লে: “চাহ এটোপা পোৱা হ’লে ভাল আছিল; এতিয়া ঘৰলৈহে যাব লাগিব ৷” গাওঁবুঢ়াই কিবা এটা ভাৱিলে; ক’লে: “হেৰি দোকানী, আপুনি ইয়াতে চাহৰ খোলা এটা নেপাতে কিয়?” নাৰায়ণে উত্তৰ দিলে: “মই কেতিয়াও চাহ খাই পোৱা নাই; এইবোৰ আপদ কেনেকৈ চপাই লওঁ?” তাতে বহি থকা মনেশ্বৰ বুঢ়াই মাত লগালে: “আমাৰ গাঁৱৰে ভাল ল’ৰা এটা আছে; বেচেৰা ঘাট মাউৰা ৷ তাকে লগত ৰাখিলেচোন সিয়েই এইবোৰ জাজ মাৰিব পাৰিব ৷” পাছদিনা ভোগেশ্বৰ নামৰ সৰু ল’ৰা এটা দোকান পালেহি; তাক দেখি নাৰায়ণৰ নিজৰ অতীতলৈ চেৰেংকৈ মনত পৰি গ’ল ৷ আহিয়েই ল’ৰাটোৱে তেওঁক ককাইদেউ বুলি মাতিলে ৷ নাৰায়ণে ক’লে: “তুমি মোক ককাইদেউ বুলিছা যেতিয়া তুমি হ’লা মোৰ অনুজ ৷” সেইদিনাৰ পৰাই ভোগেশ্বৰ হৈ পৰিল অনুজ ৷ তাকো লৈ দোকানখনত শোৱা-মেলাত অসুবিধা হ’ল; গতিকে নাৰায়ণে নিজৰ উছন যোৱা পুৰণি ঘৰখনৰ হাবি-বন কাটি তাতে পজা এটি সাজিলে; সৰুকৈ গোঁসাইঘৰ এখনো পাতিলে আৰু দুয়োটি প্ৰাণী থাকিবলৈ ল’লে ৷
ইতিমধ্যে নাৰায়ণৰ দোকানৰ পৰা অনতিদূৰত গাঁৱলীয়া বেংক এটাই শাখাও খুলিলে ৷ তাত চাকৰি কৰা ল’ৰা কেইজনে নাৰায়ণৰ দোকানতে তামোল খায়; অনুজে বেংকতে নি চাহৰ যোগান ধৰে ৷ অনুজো চেঙেলীয়া হৈ আহিল; এদিন ৰাইজে মহলা মৰাৰ সময়তে সি ক’লে: “ককাইদেউ, বেংকৰ ল’ৰাকেইটাই সুধিছিল আমাৰ দোকনত বিড়ি-চুৰট নেৰাখে নেকি? গাঁৱৰ বেছিভাগ ডেকায়ো বিড়ি-চুৰট খাই হেনো ৷” কথাষাৰ নাৰায়ণৰ বাবে আছিল অদ্ভূত, অশ্ৰাব্য ৷ তেওঁ “কৃষ্ণ, কৃষ্ণ” বুলি চিঞৰি উঠিল ৷
পাছে ৰত্নেশ্বৰ বুঢ়াই ক’লে: “হওতে কথাটো মিছা নহয়; পাছে দোকানীয়েতো সেইবোৰ নেবেচে ৷” গাওঁবুঢ়াই মাত লগালে: “দোকানী, আপুনি চাহৰ খোলাটোতো পাতিছেই; সেইটিওতো এবিধ নিচা ৷ এতিয়া বিড়ি-চুৰটো ৰাখক; আপুনি নাৰাখিলে আন কোনোবাই ৰাখিব ৷ কি তিফাইটটো* হ’ব?” লাহেলাহে নাৰায়ণৰ দোকানত তেওঁ বেয়া পোৱা বস্তুবোৰ আহিল ৷
এদিন মনেশ্বৰ বুঢ়াই ক’লেহি: “দোকানী, কাষৰ এলেংমৰা গাঁৱৰ বলোভদ্ৰৰ মিঠাতেল, কাৰ্চিন তেল পোৱা দোকান এখন আছিল ৷ তেওঁ বৈকুণ্ঠী হোৱাৰ পাছত এনেয়েই পৰি আছে; ল’ৰাই বোলে চহৰত পিয়নৰ চাকৰি পাইছে, দোকান নচলায় ৷ আপুনিয়েই দোকানখন কিনি নলয় কিয়?” নাৰায়ণে ক’লে: “কিনিলেইতো নহ’ব; চলাব কোনে?” অনুজে যেন বাট চাইহে আছিল: “ককাইদেউ, মই আছোঁ নহয় ৷” “ইয়াত মোৰ লগত কোন থাকিব?”: নাৰায়ণে সুধিলে ৷ গাওঁবুঢ়াই ক’লে: “আমাৰ গাঁৱৰে চেঙেলীয়া ল’ৰা এটা আছে; মই লৈ আহিম ৷” পাছদিনা আহি হেমকান্ত হাজিৰ! দোকানীয়ে বলোভদ্ৰৰ ঘৈণীয়েক আৰু পুতেকৰ লগত কথা পাতি দোকানখন কিনি অনুজক তাত ৰাখিলে ৷ কিছুদিন পাছতে আকৌ কাষৰ চাহ বাগিচাখনৰ আলিৰ মূৰত হেমকো এখন দোকান পাতি দিলে আৰু তেওঁৰ লগলৈ আহিল ইন্দ্ৰ ৷ চাই থাকোঁতেই কেতিয়া ইন্দ্ৰৰ বাবেও এখন দোকান হ’ল আৰু অলপ ভোদা ক’লাই তেওঁৰ লগলৈ আহিল, নাৰায়ণে যেন তৰ্কিবই নোৱাৰিলে ৷ সদায় লগত থকা ক’লাই এতিয়া হ’লগৈ দামোদৰ ৷
এইদৰে পাঁচটি প্ৰাণী গোট খালে; নাৰায়ণৰ ঘৰত ডাঙৰ কোঠা এটা যোগ দিয়া হ’ল ৷ গোসাঁইঘৰৰ কাষৰ সৰু কোঠাটোতে তেওঁ পাটি এখন পাৰি পৰি থাকে; ল’ৰাহঁত ডাঙৰ কোঠাটোত থাকে ৷ আটায়ে মিলি-জুলি ভাতমুঠি ৰান্ধে ৷ ল’ৰাহঁতে মাছ-মাংস খাব খুজিলে বাৰীৰ চুকত বেলেগকৈ ৰান্ধেগৈ ৷ আগতে তেওঁ চহৰলৈ গৈছিল বস্তু-বাহানি আনিবলৈ; পাছত ল’ৰাহঁত যাব পৰা হ’ল ৷ এতিয়া আকৌ চহৰৰ মহাজনে নিজেই মাল পঠাই দিয়ে ৷ আজি-কালি মোবাইল বোলা কিবা এটা ওলাল নহয়! ল’ৰাহঁতে নাৰায়ণক এটা লৈ দিলে ৷ সেইটোৰে চহৰৰ মহাজনক কৈ দিলেই হ’ল; বচ, সব আহি যায় ৷ তেওঁৰ দোকনত আৰু বহুতো কিবা-কিবি সোমাল; বিন্দী, কাজল, গোন্ধতেল; ক’ল্ড দ্ৰিংক, চানাচূড় আৰু কিবা-কিবি ৷ ল’ৰাহঁতে নিজৰ দোকানত গেলামালো ৰাখিবলৈ লৈছে ৷ নাৰায়ণৰ লগতে চাৰিটিকৈ ল’ৰাৰ গতি লগাত ৰাইজে বৰ সন্তোষ পালে; সকলোৱে কোৱা-কুৱি কৰিলে বোলে অনাখৰী নাৰায়ণক সৰগৰ নাৰায়ণেহে ব্যৱসায়ী বুদ্ধি দিলে ৷
বেংকৰ শাখা খোলাৰ পাছত বেংকৰ ল’ৰাকেইটাই একপ্ৰকাৰ জোৰকৈয়ে নাৰায়ণৰ একাউণ্ট এটা খুলি দিছিল ৷ পাছে এতিয়া তেওঁ তাৰ বাবে ল’ৰাকেইটাৰ শলাগ লয় ৷ তেওঁলোকেও নাৰায়ণক বৰ সন্মান কৰে ৷ বেংকতে তেওঁ আটাইকেইখন দোকানৰ দৈনন্দিন টকাকেইটা সাঁচি থয়; চহৰৰ মহাজনে মাল পঠালে মানুহটোক লগত লৈ গৈ বেংকৰ পৰাই টকা উলিয়াই দিয়ে ৷ মাজেমাজে একাউণ্টত কিমান জমা হৈছে সোধে আৰু সৰহীয়াখিনি ফিক্স কৰি থয় অনুজ, হেমকান্ত, ইন্দ্ৰ আৰু দামোদৰৰ নামত সমানে ৷ বেংকটোৰো বহুত উন্নতি হৈছিল; বেংকৰ ল’ৰাকেইটাই গাঁৱে-গাঁৱে ঘূৰি মানুহৰ একাউণ্ট খুলিলে ৷ বহুতে খেতি-বাতিৰ বাবে ঋণো পালে ৷ আগৰ মেনেজাৰজনৰ পদোন্নতি হৈ বদলি হৈ গ’ল।
বেংকলৈ এজন নতুন মেনেজাৰ আহিল ৷ এদিন নাৰায়ণ বেংকলৈ যাওঁতে বেংকৰ ল’ৰাকেইটাই তেওঁক মেনেজাৰৰ কাষলৈ নি চিনাকি কৰি দিলে; মেনেজাৰেও তেওঁৰ একাউণ্ট চাই সন্তোষৰ হাঁহি মাৰিলে ৷ দুই-এষাৰ কথা পতাৰ পাছত মেনেজাৰে ক’লে : “ডাঙৰীয়া, আপোনাৰ KYC update কৰিব লাগিছিল ৷” নাৰায়ণে একো বুজি নাপাই সুধিলে: “সেইটোনো কি?” মেনেজাৰে বুজাই দিলে: “আপোনাৰ আধাৰ কাৰ্ডৰ এটা কপিত তাৰিখৰ সৈতে চহী কৰি দিলেই হ’ল ৷ যেতিয়াই পাৰে কপি কৰি জমা দিব ৷” নাৰায়ণে ক’লে: “অ’, সেইটো কথা ৷ মই চহৰলৈ গ’লে কপি কৰায়েই থওঁ; মোনাতে আছে ৷” আধাৰৰ কপি এটা উলিয়াওতেই মেনেজাৰে প্ৰশংসা কৰি কৈ উঠিল: “এইয়াহে সময়ৰ সৎ ব্যৱহাৰ! নিসন্দেহে এইবোৰ কাৰণতেই আপুনি ব্যৱসায়ত ইমান আগবাঢ়িব পাৰিছে ৷ বৰ ভাল লাগিল, ডাঙৰীয়া ৷” কপিটো টেবুলত থৈ নাৰায়ণে ষ্টাম্প পেডটো চপাই অনা দেখি মেনেজাৰে ক’লে: “ডাঙৰীয়া, চহী কৰিব লাগে, টিপচহী নহয় ৷” নাৰায়ণে তেওঁলৈ কৰুণভাৱে চাই ক’লে: “মেনেজাৰ চাহাব, মইতো লেখা-পঢ়া কৰিব নাজানো ৷” বেংক মেনেজাৰজন এক প্ৰকাৰ জপিয়াই উঠিল; মূৰে-কপালে হাত দি মাত্ৰ ক’লে: “OMG!” কিছু সময় নাৰায়ণলৈ চাই থাকি মেনেজাৰজনে ক’লে: “লেখা- পঢ়া নজনাকৈয়ে আপুনি ইমানখিনি কৰিছে; লেখা- পঢ়া কৰিব পাৰিলে যে আপুনি ক’ত থাকিলহেঁতেন!”
নাৰায়ণে বিনয়েৰে ক’লে: “মেনেজাৰ চাহাব, আখৰ চিনি পোৱা হ’লে আজি মই সত্ৰৰ ভকত হ’লোঁহেতেন!”
(*তিফাইত হ’ল profit-ৰ গ্ৰাম্য অসমীয়া ৰূপ)
———————————————————
এই সময় সেই সময়
ঋতুস্মিণ চেতিয়া
প্ৰণয়ে চাহৰ গিলাচটোত শুহা মাৰি মাৰি শীতৰ প্ৰকোপত তাপৰ উমানে তৃপ্তি লভিলে । পাঁচ টকাত পোৱা সৰু কাচৰ গিলাচটোত কিমান কণনো চাহ ধৰে ভাল কৈ নেলুটোকে নিতিতে , ৰেৱতীলৈ চাহৰ গিলাচটো আগবঢ়াই দি সি আৰু অলপ চাহ বিচাৰিলে। ৰেৱতীয়ে কেটলিটো পৰা চাহ পানী অলপ বাকি দি ক'লে এই কাপৰ দাম বেলেগকৈ দিব লাগিব দেই , হব হব দিম, পৃথিৱীত পানীৰ অভাৱ হোৱা নাই চাৰি ভাগৰ তিনিভাগৰ আধা অংশয়েই পানী পিছে এতিয়া সেই পানীকণো আমি পইচা দি কিনি খাব লগা হয় । ৰেৱতীয়ে তপকৈ কৈ পেলালে পিছে ইয়াত থকা চেনী, গাখীৰ, চাহপাত বজাৰত এনেই নেপায় আৰু লগতে মেহনত আছে । অকল পানীয়ে চাহ নবনে, আপোনাক চাহ খাবলৈ মই ইয়ালৈ মাতি অনা নাই নিজেই আহিছে । ওৱা কি হে আপুনি দোকান চলাইছে ইফালে গ্ৰাহকক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাকো নাজানে সামান্য জ্ঞান খিনিও নাই । প্ৰণয়ৰ কথাত খঙৰ ভমকতে তাই গাল মুখ ৰঙা চিঙা পৰিল । ৰেৱতী মনত আৰু দুগুণে খং বাঢ়ি আহিল , হব আগতে পানী টকা দি কিনা কথা মই কৈছিলো নে আপুনি কৈছিল , কোন গ্ৰাহকক কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে আপুনি নক'লেও মই জানোঁ । অ' পইচা নালাগে? মৰ পুৱাতে নো ইয়াত কি কাৰণে আছোঁ নাজানে নেকি! দহ টকা হল দিয়ক চিগাৰেটৰ? অ' পাহৰিছোঁ পোন্ধৰ টকা ।
চিগাৰেটতো জ্বলাই জ্বলাই প্ৰণয়ে আকৌ সুধিলে ইয়াত যে বাঁহৰ স্কুল এখন আছিল এতিয়া ক'ত গল , আছে অলপ আগলে গ'লেই দেখা পাব । কিয় !আপুনি আগতে এই ঠাই খনলৈ আহিছিলে নেকি?হয় মোৰ শৈশৱৰ স্মৃতি এই ঠাই খনতেই জড়িত হৈ আছে । ঠাইডোখৰ এতিয়া বহুত পৰিৱৰ্তন হল । তেওঁ কথা আগ ভেটা দি ৰেৱতীয়ে ক'লে সময়ৰ লগে লগে ঠাই-মানুহ পৰিৱৰ্তন হবয়েই সেইটো কথা সকলোৱে জানে ,পিছে আপুনি ইয়ালৈ যি সকামত আহিছে সেই কামত যাওঁক , মা' আহিব সময় হৈছে , মতা মানুহৰ লগত কথা পাতি থকা তেওঁ পচন্দ নকৰে । সৌৱা আহিছে সোনকালে বাহিৰ হওঁক। অ' সময় মোৰো হল যি লাগে পিছত মা' আহিলে লৈ লব, মই যাওঁ আপুনি বাহিৰতে ৰ'ব কথাখিনি তাই বিনম্ৰ কৈ থলে । মাক ওচৰ আহি পোৱাত তাই মাকক পোনে পোনে কৈ পেলালে এখেতৰ চাহ চিগাৰেটৰ টকা ললোঁ, বাকী কিবা লাগিলে দি দিবি মা, মই যাওঁ মোৰ স্কুল খোলা সময় হল ।
জানকীয়ে ল'ৰাজনলৈ চাই সুধিলে আপোনাক আৰু কিবা লাগিব? নাই নালাগে পানী বটল আছে নেকি এটা দিয়ক। জানকীয়ে পানী বটলতো আগবঢ়াই দি ক'লে পিছে আপুনি ইয়ালৈ কি কামত আহিছে , নে ঠাই চাবলৈ বুলিয়েই আহিছে আমাৰ এইখন ঠাই চাবলৈ বহুত দূৰৰ পৰাৰ মানুহ আহে । ইয়াৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ ভ্ৰমণকাৰী সকলৰ বাবে প্ৰিয় । প্ৰণয়ে তৎক্ষণাত উত্তৰ দিলে নাই নাই মই ইয়ালৈ ঠাই চাম বুলি অহা নাই মই এইখন জিলালৈ নতুনকৈ অহা শিক্ষাৰ বিভাগৰ আই এছ বিষয়া। ইয়াত এখন পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আছে সেই খনৰ বে চৰকাৰী পৰা এতিয়া চৰকাৰীলৈ নাম আহিছে তাৰ কামৰ বাবে আহিছোঁ। অ' আমাৰ মাজনীয়ে কৰা বিদ্যালয় খনৰ কথাকে কৈছে । আপোনাৰ ছোৱালীয়ে তাতে শিক্ষকতা কৰে নেকি? হয় এতিয়া যে অলপ আগতে লগ পোৱা ছোৱালী জনী তাই মোৰ ছোৱালী। তাই আজি স্নাতক ডিগ্ৰী লোৱা চাৰি বছৰ হল তাত বিজ্ঞান বিষয়তো শিক্ষক নাছিল আমাৰ এইকে প্ৰধান শিক্ষকজনে তালৈ মাতি নি কাম দিলে এতিয়া দহজন শিক্ষক শিক্ষয়িত্ৰী এজন চকীদাৰে বিদ্যালয় খন চলাই আছে । মানুহ গৰাকী মুখৰ পৰাৰ উৎফুল্লিত হৈ ওলাই অহাৰ কথা খিনিত প্ৰণয়ে তেওঁ মুখত এটা আশাৰ ৰেঙনি দেখা পোৱা যেন লাগিল । সি আকৌ সুধিলে বিদ্যালয় খনত কিমান ল'ৰা ছোৱালী আছে জানে নেকি বাৰু, হব তিনিশ ষাঠি আশি মান । পিছে অফিচৰ কামত আপুনি পুৱাই আহিলে যে , ব'লক তালৈ যোৱা বাটতো আপোনাক দেখোৱাই আগবঢ়াই আঁহো । নালাগে হব মোৰ গাড়ী আছে মই নিজেই জাম পিছে আপোনাৰ ঘৰটো ওচৰতে নহয়, আপোনাৰ ঘৰলৈকে যাওঁ বলক , জানকীয়ে নিও নিনিও কৈ প্ৰণয়ক লৈ গ'ল । ৰেৱতী ঘৰৰ পদূলি মুখ পাই প্ৰণয়ৰ অতীতৰ কথাবোৰ মনলৈ আহিল । জানকীক চিধায়ে সুধি পেলালে ওচৰত থকা থানা খন এতিয়া ক'লৈ গ'ল । জানকীয়ে আচৰিত হৈ সুধিলে আপোনাৰ এই ঠাইখন পুৰণি চিনাকী হয় নেকি? হয় সেই থানা খনৰ অ'চি ৰক্তিম ৰঞ্জন বৰুৱা এক পুত্ৰ মই প্ৰণয় কুমাৰ বৰুৱা , আপোনাক মই আঠ বছৰৰ বয়সতে লগ পোৱা মনত পৰিছে। আপুনি থানা গাড়ী চলোৱা ডাইভাৰ নৱীন খুড়া খুড়ী নহয় জানোঁ ,এতিয়া খুড়া ঘৰতে আছে নে ? জানকীয়ে কিছু সময় মৌ হৈ ৰ'লাগি প্ৰণয়লৈ চাই ৰ'ল । তাই নিৰৱে ক'বলৈ ধৰিলে তেখেত এতিয়া এই সংসাৰত নাই , মানুহজন নিৰ্দোষী আছিল, ডিমাপুৰৰ পৰা তোমাৰ দেউতা স'তে অনা ক'লা ধন খিনিত মোৰ মানুহ জনৰ চকু পৰে বুলি তেওঁ লোকে গোটেই ৰাতি থানাত পাৰ্টি কৰি সন্দেহত অত্যাচাৰ চলালে। তেতিয়া আছিল পুহ মহীয়া থেটুৱৈ লগা ঠাণ্ডা , জাৰত মানুহ জন অচেতন হোৱাত তেওঁ লোকে থানা পিছফালে এজোপা গছত ওলোমাই থলে। কথা খিনি কৈ তাই কলিজা ফালি চিঞৰি দিবলৈ মন গ'ল ,তেতিয়া দুপৰীয়া প্ৰায় দেৰ মান বাজিছিল মছজিদ পৰাৰ আজানৰ ৰোল ভাঁহি আহিছিল , তাই আল্লাক স্মৰণ কৰি চকুহাল মুদি আবেগক সংযম কৰি ৰাখিলে ।
ঋতুস্মিণ চেতিয়া
মহাৰাষ্ট্ৰ
—————————————————
অনাথ
দিপ্তীমণি গোস্বামী
প্ৰতিটো জন্মদিনতেই কংকণাক দুটা ভাল ব্ৰেন্ডৰ দামী ফ্ৰক উপহাৰ দিয়ে ,সেই দাদা জন আৰু বাইদেউ জনীয়ে । তাইক বহুত মৰম কৰে ,আশ্ৰমত থকা আন লৰা ছোৱালীত কৈ । দামী দামী চকলেট দিয়ে ,তাই কি খায় ভাল পায় ,কি বেয়া পায় তাৰো হিচাব ৰাখে । সেই কাৰনে অনাথ আশ্ৰমত থকা আনবিলাক লৰা ছোৱালীয়ে পেটে পেটে তাইক হিংসা কৰে । তাইৰ কনমানি মগজটোৱে সেই বিলাক একো বুজি নাপায় । তাই মাথোঁ অধিক মৰম পায় মৰমৰ আকলুৱা হে হৈ পৰে ।
প্ৰতি বছৰে তাইৰ জন্ম দিন আহে যায়,তাই দুটা ভাল ফ্ৰক পাই ফুৰ্তিত কব নোৱাৰা হৈ যায়,চকলেটৰ ৰ্কাটনটো লগৰীয়াৰ লগত বিলাই খায় । আশ্ৰমৰ পৰিচালিকা বাইদেউৰ পৰাও তাই আনতকৈ বেছি মৰম পায় । তাই পৰিচালিকা গৰাকীক জেঠাই বুলি মাতে , তাইৰ মুখত প্ৰথম মাৰ পৰিৰ্বতে জেঠাই শব্দটোৱেই ফুটিছিল ।
তেনেকৈয়ে দিন গৈ এদিন তাই গাভৰু হ’ল, সংসাৰৰ হাল জাললো বুজি পোৱা হল ,তাইৰ অনুসন্ধিৎসু মনে অহৰহ কিবা এটা অনুসন্ধানৰ অভিযানত ৰ্বতী হল ।
আশ্ৰমৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰা হৈছিল , তালৈ অনেক গণ্য মাণ্য অতিথি আহিছিল।
তাইক মৰম কৰা দাদা বাইদেউ দুজনো আহিছিল ।
নিশাৰ সাংস্কৃতিক অনুষ্ঠানত তাইৰ নৃত্যত ভূয়সী প্ৰশংসা কৰিছিল ,মোটা পইচাৰে সন্মানিত কৰিছিল ,সাবটি গালে মুখে চুমা খাইছিল ।
তাইৰ সফলতাত সংগীবোৰ জ্বলি পুৰিও মৰিছিল ।
অনুষ্ঠান শেষ হোৱাৰ পিছত সকলো ঘৰাঘৰি গল,আশ্ৰমৰ সকলো নিজৰ নিজৰ বিচনালৈ গ’ল,তাই জেঠাইয়েকৰ লগতে শুওঁ বুলি জোৰ কৰিলে আৰু শুৱাৰ আগে আগে বুদ্ধি কৰি জেঠায়েকক ৰঙীন পানীয় অকনমান খোৱাই দিলে।
(আশ্ৰমত সেইবিলাক বস্ত নচলে ,তাই দিনতে বুদ্ধি কৰি নি থৈছিল আৰু জুচ্ বুলি কৈ খোৱাইছিল )
পানীয়ৰ পৰশত জেঠাইৰ মনটো ৰঙীন হৈ উঠিল হাঁহি ফূৰ্তি আৰম্ভ কৰিলে তাৰ সুযোগ গ্ৰহণ কৰি কংকণাই জেঠায়েকক টেটুগুৰিলৈকে পানীয় পিয়ালে আৰু তাইৰ মনৰ মাজত থুপ খাই থকা সন্দেহ বোৰ উলিওৱাৰ অভিযান আৰম্ভ কৰিলে।
জেঠাইয়েকে নিচাৰ কৱলত পৰি ইমান দিনে লুপ্ত হৈ থকা আন্ধাৰৰ ইতিহাসবোৰ এফালৰ পৰা তাইৰ আগত কবলৈ আৰম্ভ কৰিলে ।
জেঠাইয়েকৰ মুখৰ পৰা তাই গম পাই গল তাইৰ জন্ম বৃটান্ত । গুৱাহাটীৰ মাজ মজিয়াৰ বিশিষ্ট ব্যৱসায়ী উদিয়মান যুৱ নেতা অক্লান্ত হালৈ আৰু
ৰং তুলিকা বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা ৰৌজী নেছাৰ গোপন অভিসাৰৰ আঘোষিত চেঁকুৰা তাই । অন্ধকাৰৰ সাজযোৰ গোপনে থৈ ,তাত লগা চেঁকাটো অনাথ আশ্ৰমৰ পৰিচালিকাৰ হাতত সমজাই দি শুভ্ৰসাজেৰে দুয়ো সমাজত এতিয়াও ঘূৰি ফুৰে এখন উচ্চ আসন লৈ ।
তাইৰ জন্মৰ আগৰ সাত মাহ ৰৌজীয়ে কলেজৰ ট্ৰেনিঙৰ অজুহাত দেখুৱাই মায়ানগৰী মুম্বাইত আছিল গৈ আৰু পংকজো ব্যৱসায়ৰ খাতিৰত সঘনে মুম্বাইলৈ গৈ আছিল আৰু কংকণাক জন্ম দি এমাহ হওঁতে অসমলৈ ঘূৰি আহিছিল ,কথাটো কিন্তু কোনেও ঘুণাক্ষৰেও গম নাপালে । প্লেনৰ পৰা নামি দুয়ো জনে বাহিৰে বাহিৰে অনাথ আশ্ৰমলৈ গৈ পৰিচালিকাৰ হাতত তাইক গতাই দিছিল কিন্তু লোকচক্ষুৰ আঁৰ লৈ তাইৰ সমস্ত দায়িত্ব তেওঁ লোকেই লৈ আছিল ,গোপনে অতি মনে মনে । এটা মোটা অংকৰ বিনিময়ত পৰিচালিকাৰ মুখ বন্ধ কৰি ৰাখিছিল ।
অৰ্নগল কৈ কৈ জেঠাইৰ টোপনি আহিল ,কংকণাই জেঠাইয়েকৰ মুখৰ পৰা গম পাই গ’ল যে তাইক মৰম কৰা দাদা বাইদেউ হালেই তাই
অখ্যাত মাতা পিতা । তাইৰ মনত এক ঘৃণা ভাৱে ঠাই ল’লে মানুহহালৰ প্ৰতি । সেইদিন ধৰি তাই ভাবুক হৈ পৰিল ,একোতে মন বহাব নোৱাৰা হ’ল ।
আজি কংকণাৰ জন্ম দিন, প্ৰতি বছৰৰ দৰে আজিও পংকজ আৰু ৰৌজী আহিছে ,তাইলৈ ফ্ৰক ,চকলেট আনিছে ।তাই আজি তেওঁলোকৰ পৰা যিমান পাৰে আঁতৰি ফুৰিছে, উপহাৰটো হাতেয়ে নুচোলে । মানুহহাল কন্দনামুৱা হৈ গৈছে তথাপিও তাইৰ অন্তৰ নগলিলে ।
অৱশেষত তেওঁলোক যাবলৈ ওলাল,তেতিয়া কংকণাই তেওঁলোকক ৰাষ্টা আগছি ধৰি কলেগৈ,
আজিৰ পৰা
আপোনালোক মোৰ জন্ম দিনলৈ নাহিব,মোলৈ ইমান দামী উপহাৰ নানিব মই পিতৃ মাতৃ পৰিচয়হীন এজনী দুৰ্ভগীয়া অনাথ ছোৱালী মোক কাৰো পুতৌ নালাগে । আমাৰ দৰে অনাথ বোৰ মৰম পোৱাৰ যোগ্য নহয় ,আমি নিশ্চয় কাৰোবাৰ আন্ধাৰৰ গোপন অভিসাৰৰ ঘৃনিত তেজৰ চেঁকুৰা ,মুখাৰ আঁৰ মুখখন উলংগ হোৱাৰ ভয়ত চাগৈ আমাক ইয়াত পেলাই থৈ যায়হি । আপোনালোকৰ দৰে সভ্য ,ভদ্ৰ মানুহৰ পৰা আমি মৰম স্নেহ নিবিছাৰো !
কথাখিনি একেউশাহে কৈ কংকণাৰ বুকুখন বৰ পাতল পাতল লাগিল কিন্তু সেই মানুহহালৰ বুকুখনত মস্ত এটা শিলে খুন্দা মৰা যেন লাগিল ।
এটি দীঘল হুমুনিয়াহ এৰি তেওঁলোকে খোজ ললে ,তাইক এবাৰ মৰমে স্পর্শ কৰাৰ সাহসও
গোটাব নোৱাৰিলে !
দিপ্তীমনি গোস্বামী
লখিমপুৰ
————————————
সোনালী অতীত
গীতামণি কলিতা
আজি অলকাৰ সেই দিনটোলৈ বৰকৈ মনত পৰিছে ।আৰু মনত পৰিলেই তাই অতীত ৰোমন্থন কৰে ।
তেতিয়া ,অলকা এজনী স্নাতক মহলাৰ কলেজীয়া ছাত্ৰী ।তাই বাছেৰেই কলেজলৈ অহা যোৱা কৰে, ,কেতিয়াবা অকলে আৰু কেতিয়াবা লগৰ কেইজনীৰ লগত ।তাই দেখাত মৰম লগা, লাহি দেহা , দুটা বিৰিয়াগজা দাঁত , গাৰ ৰঙ বগা আৰু কথা পাতিলে সহজতে আপোন কৰিব পৰা এজনী সহজ সৰল অমায়িক ছোৱালী আছিল ।সেইদিনাও তাই কলেজলৈ বুলি ঘৰৰ পৰা ওলাই আহিল আৰু আনদিনাৰ দৰেই বাছত উঠি কলেজৰ দিশে আগবাঢ়িল ।হঠাৎ গাড়ীখন ৰখাই দিয়াত এজন সুন্দৰ সুঠাম যুৱক আহি তাইৰ কাষৰ চিটটো খালী হৈ থকা দেখি বহিব পাৰিমনে বুলি সুধিলে, ,আৰু তাইও নিশ্চয় পাৰিব ...আহক বুলি কাষৰ চিটত বহিবলৈ দিলে ।ধীৰ গতিত গাড়ীখন আগবাঢ়িল,তেনেতে কাষৰ চিটৰ যুৱকজনে অলকাক নামটোৰ লগতে কি পঢ়ি আছে সুধিলে, ,আৰু তাইও নম্ৰভাবে তেখেতৰ প্ৰশ্নৰ উত্তৰ দিলে ।হঠাৎ অলকাৰ গাড়ীৰ পৰা নামিবৰ হ'লত যুৱকজনক আপুনি যাব বুলি কৈ তাই গাড়ীৰ পৰা নামি আহিল ।সেয়াই আছিল সিহঁতৰ প্ৰথম দেখা ।
আবেলি অলকাৰ ক্লাছ শেষ হোৱাত কলেজৰ পৰা লগৰ কেইজনীৰ লগত ওলাই আহোঁতে হঠাত্ পাতল সেউজীয়া ৰঙৰ চাৰ্ট পিন্ধা সেই যুৱকজনক পুনৰ দেখা পালে ।তাই আচৰিত হ'ল, ,প্ৰথমতে অলপ ভয়ো খাইছিল যুৱকজনে তাইৰ পিছ লৈছে বুলি ।কিন্তু যুৱকজনে নিজেই এটা হাঁহি মাৰি আহিলা বুলি তাইক মাত দিলে আৰু তাইও লাজে ভয়ে হয় বুলি মূৰ দুপিয়ালে ।কিছুদুৰ যোৱাৰ পিছত তাই ঘূৰি চাই দেখে যুৱকজনে তাইৰ ফালে চাই আছে আকৌ দুয়োজনৰ মুখত দুটা মিঠা হাঁহি বিৰিঙি উঠিল ।
পিছদিনাখনো অলকা কলেজলৈ আহি ক্লাছ শেষ হোৱাত লগৰ কেইজনীৰ লগত কলেজৰ ওচৰৰে এখন সভাত ককায়েকৰ গানৰ প্ৰগেম চাবলৈ বুলি সভালৈ আহিল ।সভাত সোমাই অলকাৰ চকু শিল পৰা কপৌৰ দৰে থৰ লাগিল ,কি আচৰিত ..কালি লগ পোৱা যুৱকজনে হাতত মাইক্ৰফোন লৈ মঞ্চত এনাউনচ্ কৰি আছে আৰু যুৱকজনে অলকাক দেখি মঞ্চৰ পৰাই এটা মিঠা হাঁহিৰে সম্ভাষণ জনালে আৰু তাইও ।মঞ্চত প্ৰগেম চলি থকা সময়তে যুৱকজন তাইৰ ওচৰলৈ আহি বহিছা বুলি মাত লগালেহি আৰু তাইও অ ,বুলি সৰুকৈ ক'লে।হয়তো ইজনে -সিজনক দেখি আনন্দ পাইছিল ।অলকাই ককায়েকৰ গানৰ প্ৰগেম চাই সভাৰ পৰা ওলাই আহিল ।হঠাৎ ,তাইক পিছফালৰ পৰা যাব হ'লেইনে? আৰু প্ৰগেম নোচোৱা নেকি?যুৱকজনৰ এটি মিঠা কন্ঠস্বৰ শুনিবলৈ পালে ।তায়ো ঘূৰি চাই ..অ..যাওঁ ঘৰলৈ যাবলৈ দেৰি হ'ব...আহোঁ .. বুলি কৈ গাড়ীত উঠিলহি ।যুৱকজনে তাই উঠা গাড়ীখন সেই স্থানৰ পৰা নোযোৱা লৈকে তাইলৈ চাই থাকিল আৰু তাইও ।গাড়ীখন লাহে লাহে স্টাৰ্ট দিলে আৰু দুয়োজনেই হাত জোকাৰি দুয়োকে বিদায় জনালে।
হয়তো ...সেয়া আছিল দুয়োজনৰ বুজা-নুবুজা মাজৰ এটি ভাল লগা মুহূৰ্ত ।তাৰপিছত অলকাই কলেজ আহিবলৈ এৰিছিল কাৰণ এমাহৰ পিছত তাইৰ বিয়া ।কিন্তু তাইৰ মনত এতিয়াও এটা কথাই বৰকৈ আমনি কৰি থাকে,যুৱকজনে বাৰু তাইক বিচাৰি ফুৰিছিল নেকি? তাই ভৱাৰ দৰে বাৰু যুৱকজনে ভাৱিছিল নে? বাৰু যিকি নহওক হয়তো...এতিয়া অলকাৰ দৰে যুৱকজনো ভীষণ ব্যস্ত ।আৰু তেওঁ চাগে মাজে মাজে অলকাৰ দৰে অজানিতে অন্তৰৰ নিভৃত কোনত ভাল লগা মুহূৰ্তৰ কথা উপলব্ধি কৰি অতীত ৰোমন্থন কৰে।
গীতামণি কলিতা
যোৰহাট, ,ভাতেমৰা পথ
ফ'ন নং=8876332409
————————————
চোৰকে গোচৰ
জোনমনি মহন্ত
ৰমলাই বোৱাৰী পুৱাতে চোতালখন সাৰি থকা দেখি চুবুৰীয়া বৰানীয়ে গোচৰ দিবলৈ ধৰিলে,"গম পাইছেনে বাইদেউ, হ'ল বুলি মাঘৰ বিহুৰ উৰুকাৰ ৰাতি আমাৰ জেওৰাখনৰ গোঁজ কেইডালহে চুৰ কৰিব লাগেনে! অতবোৰ মানুহৰ জেওৰা জপনা আছে, সেইবোৰ নেদেখে।"
কথা শুনি ৰমলাই ক'লে,"বাহিৰত সকলোৱে ভোজ ভাত খাই আছে, আপোনালোকে নিজকে ডাঙৰলোক বুলি ভাবি ওচৰলৈ নাযায়, তাতে ঠাণ্ডা বুলিও বাহিৰখন নাচাইও। সেই সুযোগতে মাঘৰ বিহু বুলি ধেমালিতে তাকে কৰিলে দিয়ক।বেয়া পাব নালাগে বৰানী, বিহু বুলিহে নিছে।"
ৰমলাৰ কথাষাৰ শুনি বৰাণীয়ে ক'লে, "যিহে বাঁহৰ দাম, এতিয়া সেই মাঘৰ বিহু উৰুকা বুলি চুৰ কৰা দিন নাইহে।
তেতিয়া ৰমলাই ক'লে, "সেই দিনবোৰ আচলতে চোৰ বুলি নাছিল; আছিল মাত্ৰ মৰম একতা আৰু আনন্দৰ। কিন্তু এতিয়া সেই এনাজৰীদালকে নাইকিয়া হৈ পৰিছে।বেয়া মনোভাৱ লৈ আপোনাৰ জেওৰা খুঁটি চাৰিটা নিয়া নাই চাগে।"
চোতালখন সাৰি শেষ কৰি ৰমলাই উপলব্ধি কৰিলে যে আচলতে সেই ধেমালি ৰমলাইহে কৰিছিল। বৰানীৰ কথাবোৰ ভাবি নিজকে তাইৰ অপৰাধী যেন লাগিলে।
জোনমণি মহন্ত
তেজপুৰ
———————————————————
লোন
মীৰা দাস
নীলাই অভ্যাসবশতঃ চিঠিৰ বাকচটোত কাৰ কাৰ চিঠি আহিছে চাওঁতে মাকৰ চিঠিখন পাই নপঢ়িম বুলি ভাবিও পঢ়ি চালে.. একেই কথা।
"... টকা অলপ জমা কৰিবি.. কামত আহিব.. অযথা খৰচ নকৰিবি..বিয়া বাৰুৰ কথা আছে..ইত্যাদি।"
আজি পিছে চিঠিখন অলপ বেলেগ ধৰণৰ আছিল। মাকে লিখিছে- ভনীয়েকৰ বিয়া ঠিক হ'ল... লোন ল’ব লাগে...দৰা ভাল...গতিকে লগত দিয়া বস্তু কেইপদ অলপ ভাল দিব লাগিব...
মূৰে কপালে হাত দিলে নীলাই...
ভনীয়েকৰ বিয়া...
তাইৰ বিয়াৰ কথাও ভাবিব পাৰিলেহেঁতেন মাকে!
হাতত থকা চিঠিখন মুহাৰি দূৰলৈ দলিয়াই দিলে। আজি মাকৰ ওপৰত যথেষ্ট খং উঠিল।বেজাৰো লাগিল। তাই ভাবিলে-হ’ল
বুলি মানুহ ইমান selfish কেনেকৈ হ’ব পাৰে! মানুহ নহৈ যেনিবা টকা ঘটা মেচিনহে।
উপায় নাছিল তাইৰো.. মাকলৈ লিখিলে– "চিন্তা নকৰিবা মই আছোঁ... ভবাৰ দৰেই বিয়াখনৰ কাম কাজ সুকলমে হ’ব.. মই আজিয়ে লোনৰ আবেদন কৰিম।"
———————————————————
শিশুৰ ৰহঘৰা
———————————————————
পুথিভঁৰাল
দীপ্তি ঠাকুৰ গোস্বামী
খিৰিকীখনেৰে দেখিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা আশীৰ ঊৰ্দ্ধৰ আইতাই লাখুটি দালত ভৰ দি হাতত মোনা এটা লৈ আমাৰ ঘৰলৈ সোমায় অহাত মই দৌৰি গৈ আইতাক গেট খন খুলি দি সহায় কৰি, ভিতৰলৈ লৈ আহি আসনত বহুৱাই তেখেত অসময়ত আমাৰ ঘৰলৈ অহাৰ উদ্দেশ্য সোধিলোঁ। যিহেতু আজিকালি আইতা ক'ৰণা হোৱাৰ পিছৰ পৰাই ঘৰৰ ভিতৰৰ পৰাই ওলাই অহা নেদেখাঁ। বোপা মোৰ এটা বিশেষ কামত তোমাৰ ওচৰলৈ আহিছোঁ। মোৰ মনোবাঞ্ছা তুমি পূৰণ কৰিবা বুলি বহু দিনৰ পৰাই আশা এটা পুহি ৰাখিছোঁ । মই তিনিকুৰি বছৰে সাঁচি ৰখা ধনৰ টোপোলা তোমাক দিবলৈ আহিছোঁ। যিহেতু মোৰ বাৰীৰ থৰক বৰক হ'ল। মই আইতাৰ কথা শুনি হতভম্ব হ’লো। মই এটা সৎ উদ্দেশ্য লৈহে তোমাৰ ওচৰলৈ আহিছোঁ। মই আজি তিনিকুৰি বছৰে কিছু টকা পেড়াত থৈছিলোঁ আৰু কিছু টকা বেংকত জমা কৰি থৈছিলোঁ। পেড়াত থকা টকাখিনি মাজে মাজে উলিয়াই নতুন কৰি থওঁ। মই নিজে আনন্দ উপভোগ নকৰি এটা উদ্দেশ্যত টকা খিনি থৈছো। এয়া মোৰ কষ্টৰ ধন, ওৰেটো জীৱন আনৰ ঘৰত কাম কৰি পোৱা টকা কেইটা লগতে গৰুৰ গাখীৰ বিক্ৰী কৰা, বাৰীৰ বাঁহ, ঘৰত পুহি ছাগলী বিক্ৰী কৰা, শাক পাচলি বিক্ৰী কৰি লগতে তাঁত শালত কাপোৰ বৈ এয়া টকা জমা ৰাখিছোঁ। মই বাপধনৰ দ্বাৰা বেংকত থকা পঞ্চাশ হেজাৰ টকা উলিয়াই আনিছো বিপদে আপদে সি মোক কমখন সহায় কৰেনে।
মোৰ এটা ইচ্ছা গাঁৱত এটা পুথিভঁৰাল সাজি তাত বিদ্বান লোকসকলৰ কিতাপ সংৰক্ষণ কৰা আৰু সেই কিতাপেৰে আমাৰ গাৱঁৰ সন্তান সকলে অধ্যয়ন কৰি জ্ঞানৰ বন্তিৰে উজ্জীৱিত হৈ এখন সুন্দৰ সমাজ গঢ়াৰ চিন্তাত এটা সপোন মই বহুদিন পুহি ৰাখিছোঁ। সেয়েহে মোৰ সপোন বাস্তৱত ৰূপ দিয়াৰ মানসেৰে টকাখিনি তোমাৰ হাতত তুলি দিছোঁ তেওঁ জানে মই সৎ আৰু ন্যায়ৰ পথৰ পৰা কেতিয়াও বিছলিত হোৱা নাই। আইতাই সেয়ে কলে , " বিশ্বাসৰ ওপৰতহে এটা সুন্দৰ পৃথিৱীখন সুন্দৰ ৰূপত জীয়াই আছে ।"
আইতা কৃপণ বুলি গাঁৱত সকলো লোকে জানে । কিন্তু তেওঁ হৃদয়ৰ মাজত ইমান সৎ উদ্দেশ্য এটা পুহি ৰাখিছিল বুলি গাঁৱৰ লোকৰ সপোনৰো বাহিৰত ।
আইতাৰ ধনৰ টোপোলাতো হাতত স্পৰ্শ কৰাৰ লগে লগেই এনে ভাৱ হল যেন এগছি জ্ঞানৰ বন্তিৰ পোহৰত উজ্জ্বলি উঠিছে আমাৰ গাঁও। মনতে ভাবিলো অতি কম সময়ৰ ভিতৰতেই আইতাৰ মনোবাঞ্ছা পূৰণ কৰিম।
———————————————————
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
ত্ৰৈলোক্য শৰ্মা
পকামূৰা চাৰিআলি
যোৰহাট
প্ৰাচীন কালত মগধত এগৰাকী বহু গুণসম্পন্ন যাযাবৰী মুনি আছিল! তেওঁ ভিক্ষা কৰিয়েই জীৱন ধাৰণ কৰিছিল। কিন্তু এই মহাত্মাজনে নিজেই নেখাইও আন খুৱাইহে পৰম সন্তোষ লভিছিল। অৱশ্যে খাৱৰীয়াজনে যদি অৱশিষ্ট আহাৰ এৰি থৈ যায়, তেতিয়া সেয়াকে আনন্দেৰে খাই আনন্দ লাভ কৰিছিল।
এদিন মুনিজনে ভিক্ষা বিচাৰি গৈ এগৰাকী হৃদয়হীনা তিৰোতাৰ ঘৰত উপস্থিত হ'লগৈ। নীচ মনৰ অধিকাৰী তিৰোতাজনীয়ে যিকোনো বস্তু অন্যলোকক দিবলৈ টান পাইছিল। আলহী অতিথি তেওঁৰ ঘৰলৈ অহাটো মুঠেই কামনা নকৰিছিল। আচলতে এইগৰাকী তিৰোতা ধনৰ গৰাকী হ'লেও, মনৰ গৰাকী হ'ব নোৱাৰিছিল। মৰম-স্নেহ, দয়া-দাক্ষিণ্য, কৰুণা, সততা, মানৱতা উদাৰতা, পৰোপকাৰিতা আন্তৰিকতাৰে পৰিপূৰ্ণ ভাৱবোৰ যিজনৰ মন অথবা হৃদয়ত থাকে সেইজনেহে প্ৰকৃত মানুহ হ'ব পাৰে। এই গুণৰাজি সকলোৰে অন্তৰত থাকিলে যিকোনো একোখন সমাজত শান্তিৰে বিৰাজ কৰে। তিৰোতা গৰাকীৰ ধনিষ্ঠামানো এনে সুগুণৰ অধিকাৰী নাছিল। সেইবাবে তেওঁ আছিল মনৰ দুখীয়া।
মুনিজনে যে আহাৰ গ্ৰহণ কৰাৰ আগতে আনক খুৱাইহে ভাল পায় এই কথা এই দুষ্টমতী, নীচমতী, নিৰ্দয়া তিৰোতাগৰাকীয়ে মুঠেই নেজানিছিল। তেওঁ সেইদিনা মহাত্মাগৰাকীক কপট অন্তৰে অলপমান চাউল দি বিদায় দিলে।অন্য এদিন পুনৰ ধাৰ্মিক মুনিজনে তেওঁৰ ঘৰলৈকে ভিক্ষা বিচাৰি আহিল। তেতিয়া তিৰোতাগৰাকী খঙত পাগলীৰ দৰে হ'ল।তাই মনৰ খং মনতে ৰাখি পঁচা চাউল অলপকে মুনিগৰাকীক দিলে আৰু আঁৰ চকুৰে মুনিজনলৈ পোন্দোৱাকৈ চালে।
তৃতীয় বাৰৰ বাবে আৰু এদিন তিৰোতা গৰাকীৰ ঘৰত মুনিজনে পদাৰ্পণ কৰাত নীচমতী তিৰোতা গৰাকীৰ দুষ্ট বুদ্ধিটো জাগ্ৰত হ'ল। ল'ৰালৰিকৈ ভিতৰলৈ গৈ ৰান্ধি থোৱা খোৱা বস্তু অলপ ল'লে আৰু মহা পাতকী নাৰী গৰাকীয়ে সেই আহাৰখিনিতে বিহ মিহলালে। অ'কল এয়ে নহয়, মৰম, আদৰ=সাদৰ দেখুৱাই টোপোলা এটা কৰিলে আৰু মুনিজনৰ জোলোঙাত ভৰাই কৃত্ৰিম হাঁহি বোলাই বিদায় দি ক'লে,' এয়া ঘৰতে খাবগৈ'। মুনিহজনে যে
মুনিজনে যে নিজে আহাৰ গ্ৰহণ কৰাৰ আগতে আনক খাবলৈ দিব পাৰিলেহে আনন্দ পাইছিল সেই কথা দুষ্টমতী তিৰোতা গৰাকীয়ে নেজানিছিল।খাদ্য গ্ৰহণৰ আগতে তেওঁ ঘৰলৈ কোনোবা অতিথি আহিছেনেকি সেয়া চাবলৈ তেওঁ বাহিৰলৈ তিনিবাৰ চাইছিল। সেইদিনাও মুনিহজনে তেওঁ থকা অস্থায়ী জুপুৰীটোলৈ আহি খাদ্য গ্ৰহণৰ আগতে প্ৰথমে ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু বাহিৰত কোনোবা অতিথিক দেখে নেকি চালে। কিন্তু কাকো নেদেখিলে। কিন্তু তিৰোতাগৰাকীয়ে দিয়া টোপোলাটো খুলি আহাৰখিনি গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ পৰতে হঠাতে ভ্ৰমণত শ্ৰান্ত-ক্লান্ত হৈ বাটৰুৱা এজন জুপুৰীটোৰ ফালে আহি তেওঁৰ চোতালতে থিয় হোৱাটো বেৰৰ জলঙাৰে দেখিলে। তেওঁ আনন্দেৰে বাহিৰলৈ ওলাই আহিল। অতিথিজনক বঢ়িবলৈ এখন দলিছা দিলে।অতিথিজনে খাবৰ বাবে অলপ পানী খুজিলে।মুনিহজনে উল্লাসিত মনেৰে ভিতৰলৈ গৈ খাবলৈ এঘটি পানী আনি দিলে। ইয়াৰ পিছত তিৰোতাগৰাকীয়ে দিয়া আহাৰৰ টোপোলাটোকে অতিথিজনলৈ আগবঢ়াই আহাৰখিনি খাবলৈ অনুৰোধ কৰিলে। ভাগৰুৱা পথিকজনৰ যথেষ্ট ভোক লাগিছিল। তেওঁ বৰ আহ্লাদিত হ'ল আৰু আহাৰখিনি পৰম আনন্দৰে গ্ৰহণ কৰি মুনিজনক কৃতজ্ঞতা জনালে আৰু ক্ষন্তেক পিছতে ঘৰমুৱা হ'ল। মুনিজন লঘোনত থাকিল যদিও তেওঁ এগৰাকী অতিথিক আহাৰ খুৱাবলৈ পায় ভগৱৎ সুখ অনুভৱ কৰিলে।
কিন্তু পথিকজনে নিজৰ ঘৰত উপস্থিত হৈয়ে অসুস্থ অনুভৱ কৰিলে আৰু দুৱাৰ ডলি পাওঁতেই অচেতন হৈ ঢলি পৰিল। ভিতৰৰ পৰা তেওঁৰ মাতৃ ওলাই আহি পুতেকে মুখেৰে ফেনাই থকা দেখিলে। পুতেকক ক'ত কি খাইছিল বুলি বাৰে বাৰে সুধিলে। পুতেকে সেহাই সেহাই মুনিজনৰ ঘৰত আহাৰ খোৱাৰ কথা ক'লে। পুতেকৰ কথা শুনি ' আইঔ! মই কি কৰিলোঁ অ'।' বুলি আটাহ পাৰি উঠিল। পুতেকে চটফটাবলৈ ধৰিলে। তেওঁ তৰা- নৰা চিঙি মুনিজনৰ ঠিকনা আক-তাক সুধি পাঁচোখন মান গাঁও পাৰ হৈ এজোপা বট বূক্ষৰ তলত বাস কৰা মুনিহজনৰ ঘৰ পালেগৈ। সেই সময়ত ধ্যানত থকা মুনিহজনে ঘটনাটো বিষয়ে সবিশেষ জানিব পাৰিলে! চকুমেলি তিৰোতাগৰাকীক দেখি ক'লে,-' তুমি বৰ নীচ মনৰ তিৰোতা! তিৰোতা এগৰাকীৰ গাত মাতৃত্বসুলভ গুণ থাকিব লাগে। তাৰ বিপৰীতে তোমাৰ অন্তৰ কপটতাৰে ভৰপূৰ। তুমি বৰ নিৰ্দয়া তিৰোতা। যি নহওক আজিৰ পৰা এনে পাপ কৰ্ম কেতিয়াও নকৰিবা। হোৱা, এই ঔষধ পালি লোৱা আৰু তোমাৰ ল'ৰাক লগে লগে খুৱাই দিয়াগৈ।' তেতিয়াও ক্ষমা কৰিবলৈ তিৰোতা গৰাকীক অনুনয় বিনয় কৰি থকা দেখি মুনিহজনে টান সুৰত ক'লে-' তৎক্ষণাত ঘৰলৈ গৈ ল'ৰাটোক ঔষধ পালি খুৱাই দিয়াগৈ।' তিৰোতা গৰাকী লগে লগে ঘৰমুখী হ'ল আৰু ল'ৰাটোক ঔষধ পালি খুৱালেগৈ। এক সপ্তাহৰ পিছত তেওঁৰ ডেকা পুতেক সুস্থ হৈ উঠিল। পিছত মাকৰ পৰা ঘটনাটোৰ বিষয়ে সবিশেষ জানি মাকক বৰ ককৰ্থনা কৰিলে। তিৰোতাগৰাকীয়ে দোষী দোষী ভাৱেৰে ল'ৰাটোক লগতে লৈ মুনিহজনক ক্ষমা কৰিবলৈ আৰু কৃতজ্ঞতা জনাবলৈ আহিল! কিন্তু মুনিহগৰাকীয়ে সেই ঠাই কেতিয়াবাই ত্যাগ কৰি অজান দেশলৈ গ'ল! মাক আৰু পুতেক বিমৰ্ষ হৈ পৰিল! ইয়াকে কয়-'লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি।'
দূৰভাষ-৯৮৫৪৬৭৫৭২৫
———————————————————
ক'ৰণা কালত হাতীৰ শপত
গায়ত্ৰী দেৱী বৰঠাকুৰ
ফুৰিবলৈ গৈ হাতী এটাৰ হঠাৎ লাগিল পানী।আলহীৰ ঘৰত খৰধৰকৈ লেপখনকে গালৈ আনিলে টানি।তেনেকৈয়ে পৰি থাকিল হাতী তিনি দিন -তিনি ৰাতি ।ইকাটি নাই, নাই সিকাটি; নলৰাই আনকি চকুৰো পিৰিকটি।
কথাৰ গতি বিষম দেখি গৃহস্থই আনিলে মলুৱা বেজক মাতি।মেলেকী মলুৱাই খপ্ জপতে লেপখনকে দিলেহি নহয় দাঙি।
তৎমূহুৰ্ততে ঠাণ্ডা লাগি বিছনাতে ঘপ্ কৰে বহিলে উঠি হাতী।তলা-নলা বুজিব নোৱাৰি ৰ'ল মাথো ভেবা লাগি।মেলেকীয়ে বোলে,"চুই চাবলৈও তুমি আছা গোটেইটো ঘামি- জামি।ওচৰলৈ নাহিবা বোপা হাতী, তোমাৰ ক'ৰণায়েই হৈছে কিজানি।ক'ৰণাৰ নাম শুনি হাতীৰ লাগিল বহুত ভয়।শপত ল'লে ,"টলৌ- টলৌকে আৰু ঘূৰি নফুৰো মই। "
হাতীৰ কথাত সকলোৰে বৰকৈ লৰিল গা।" নিজকে কৰিব ৰক্ষা কৰাৰ একমাত্ৰ উপায় জানা সাৱধানতা "।ভেলেকী মাৰি সুখী হ'ল আমাৰ বুধিয়ক মলুৱা বেজ ।আনন্দতে লৰাই দিলে নহয় নিজৰ দীঘল নেজ ।গল হেকাৰি মাৰি ক'লে ,"খেক- খেক- খেক , 'ভেকচিন' ওলালেও ক'ৰণাক আৰু আপোনা সবেও নিদিব অকণো চেগ ।" মলুৱা বেজৰ কথাত হাতীয়েও দিলে সন্মতি।"আপদ উদ্ধাৰৰ আপোনা সবেও মাতিব মন্ত্ৰটি।মাস্ক পিন্ধিব , চেনিটাইজাৰ লগাব আৰু ঘনাই ধুব হাত।আপদৰ দিনত দিবচোন সকলোকে মৰমৰ এষাৰি মাত। "
গায়ত্ৰী দেৱী বৰঠাকুৰ।
তেজপুৰ।
শোণিতপুৰ- 784001
8822943064
———————————————————
ভাস্বতী দাসৰ আখল
ক'জি পৰিচ্চতু -
দক্ষিণ ভাৰতৰ মালাবাৰ উপকুলৰ প্ৰসিদ্ধ সুস্বাদু ব্যঞ্জনত মই দিয়া এটি নৰূপ
উপকৰণঃ
৫০০ গ্রাম মুৰ্গী মাংস
২ টেবুল চামুচ জলকীয়া গুৰি
১/৪ টেবুল চামুচ হালধি গুৰি
২ টেবুল চামুচ কৰ্নফ্লাৰ (corn flour) গুৰি
১ টেবুল চামুচ নেমুৰ ৰস
১/২ টেবুল চামুচ গৰম মচলা
৭ টা কেছা জলকীয়া
১ টেবুল চামুচ সৰু সৰু কৈ কাটি লোৱা পিয়াজ
২ টেবুল চামুচ আদা নহৰু বটা
১ সৰু চামুচ সৰিয়হ
১ টেবুল চামুচ ট'মেটো চচ্
১ টেবুল চামুচ চিলি চচ্
১ টেবুল চামুচ চয়া চচ্
নিমস সোৱাদ অনুসৰি
৩ টেবুল চামুচ তেল
এমুঠি নৰসিংহৰ পাত
-প্রথমতে মুৰ্গীৰ মাংস খিনি ভালদৰে চাফা কৰি লওক।
-নিমখ, নেমুৰ ৰস, কৰ্ন ফ্লাৰ (corn flour), গৰম মচলা, জলকীয়া গুৰি, আৰু হালধি গুৰিৰে মাংস খিনি ভালদৰে মেৰিনেট কৰি লওক
- কেৰাহীত তেল গৰম কৰি আদা নহৰু বটা খিনি দি ২ মিনিট ৰ কাৰনে লৰাই থাকিব
- তাৰ পিছত মাংস খিনি ভালদৰে ১২ মিনিট ভাজি লওক
-চচ্ বনোৱা প্ৰনালী-এতিয়া বেলেগ এটি পেনত বা কেৰাহীত তেল অকমান দি লৈ সৰিয়হ, পিয়াজ, আৰু নৰসিংহৰ পাত খিনি ২ মিনিটৰ কাৰনে ভাজি লওক ।ওপৰত উল্লেখ কৰা গোটেই কেইটা চচ্ দি দিয়ক।
- আগতে ভাজি থোৱা মাংস খিনি বনাই লোৱা চচ্ খিনি ৰ লগত মিক্স কৰি ২ মিনিট ৰ কাৰনে low flame ত ভাজি লওক।
(নিমস দিওতে অলপ সাৱধান কাৰন চচ্ ত নিমস আগৰে পৰা থাকে)
- এতিয়া ওপৰত honey glaze কৰি গৰমে গৰমে পৰিৱেশন কৰক।
———————————————————
অ’ আমাৰ গড়গাঁও
মানস শইকীয়া
গড়গাঁওঃ-
আমি সকলোৱে শিৱসাগৰলৈ পুৰণি কৃতিচিহ্নবোৰ চাবলৈ গৈছোহঁক । নহলেও আজি কালি কিতাপে-পত্ৰয়ে, মোবাইল, টিভিয়ে শিৱসাগৰ ৰ কথা নজনাকৈ বা নুহুনাকৈ থকা নাই, শিৱসাগৰ ৰ বিষয়ে সকলোৱে জনিলেও গড়গাঁৱৰ কথা আমি বেছি ভাগেই নাজানো l
গড়গাঁও আহোম ৰাজ্যৰ তৃতীয় ৰাজধানী আছিল । ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন কৰিছিল । গড়গাঁও শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে তেতিয়াৰ আহোমৰ ৰাজধানী গড়গাঁৱত কাৰেংঘৰ নিৰ্মাণ কৰিছিল । ১৫৪০ চনতে স্বৰ্গদেউ চুক্লেংমুঙে কাঠ আৰু শিলেৰে এই কাৰেংঘৰ নিৰ্মাণ কৰিছিল । তাৰ পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াক ইটাৰে পুনৰ নিৰ্মাণ কৰিছিল । তেওঁ গড়গাঁও কাৰেঙৰ চাৰিওফালে প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইটাৰ দেৱাল আৰু প্ৰবেশদ্বাৰ নিৰ্মাণ কৰিছিল ।
গড়গাঁৱৰ পুৰণি কালৰ নাম আছিল হেমেনাবাৰী । বহুতে কয় ৰাজধানী হোৱাৰ আগত হেমেনা নামৰ মানুহ এজনৰ মাটি আছিল ।কথিত আছে যে স্বৰ্গদেউ চুক্লেনমুঙৰ পত্নী চাওচিঙে সমসাময়িক চীন দেশৰ শান ৰাজ্যৰ ৰাজপ্ৰসাদৰ আৰ্হিত নতুন ৰাজধানী নক্সা সাজি উলিয়াইছিল। গড়গাঁৱৰ নিৰাপত্তা ব্যৱস্থা অতি সুৰক্ষিত আছিল। তেওঁৰ পৰামৰ্শ অনুসৰি গড়গাঁৱৰ চাৰিওফালে খাৱৈ খান্দি ওখ গড় বন্ধা হৈছিল। গড়গাঁও নামৰ মূল বিশেষত্ব এই যে গড় মাৰি ৰাজধানী পতাৰ বাবেই এই ঠাইৰ নাম গড়গাঁও হ’ল।চাৰিওদিশে খাৱৈ খান্দি গড় বন্ধোৱা প্ৰথা টাই আহোম সকলৰ মাজত প্ৰচলিত। গড়গাঁৱক সুৰক্ষিত কৰি ৰাখিবলৈ গড়ৰ বাহিৰে পানী থকা পুখুৰীৰ সমান দ আৰু বহল খাৱৈ খান্দি ৰাখে আৰু বৰষুণৰ ফলত যাতে গড়ৰ মাটি খহি নাযায় আৰু গড়ৰ মাজেদি যাতে শত্ৰুপক্ষ সোমাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গড়ৰ ওপৰত কোটোহা বাঁহ ৰোৱা হৈছিল। ৰাজধানী সুৰক্ষাৰ বাবে বাজ গড়, ভিতৰ গড় আৰু ইটা গড়কে আদি কৰি তিনিখাপৰ গড় নিৰ্মাণ কৰি লৈছিল। গড়গাঁৱৰ কাৰেংঘৰ পূৰ্বে কাঠ–বাঁহৰ এটা দুমহলীয়া চাংঘৰ আছিল। পিছত স্বৰ্গদেউ প্ৰতাপ সিংহয়ে গড়গাওঁ নগৰ সুৰক্ষিত কৰিবৰ উদ্দেশ্যে নগৰৰ চাৰিওকাষে বাঁহগড় নিৰ্মাণ কৰাই দহখন দুৱাৰ আৰু তিনিখন সিংহদুৱাৰ স্থাপন কৰিছিল। পিছলৈ স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬—১৭১৪খৃঃ) গড়গাঁৱত পকী পূজাঘৰ আৰু গোবিন্দ দৌল নিৰ্মাণ কৰাইছিল ।
মানস শইকীয়া
গোলাঘাট
———————————————————
পাঠকৰ দৃষ্টিত- "চেঙেলীয়া বৰদেউতা"
ভাৰ্গৱ কুমাৰ নাথ
"চেঙেলীয়া বৰদেউতা" গল্পপুথিখন দুলাল চন্দ্ৰ নাথৰ অন্যতম সৃষ্টি। ১৫টা হাস্যৰসাত্মক কাহিনীৰে পাঠকৰ মন জয় কৰা "চেঙেলীয়া বৰদেউতা" মূলতঃ চহা গ্ৰাম্য জীৱনৰ ওপৰত আধাৰিত গল্পপুথি।আমাৰ প্ৰিয় গল্পপুথিৰ ভিতৰত অন্যতম।
"চেঙেলীয়া বৰদেউতা" পুথিখনত গল্পকাৰ দুলাল চন্দ্ৰ নাথদেৱৰ সূক্ষ্ম চিন্তাৰ সুন্দৰ প্ৰতিফলন ঘটিছে। গ্ৰাম্য জীৱনৰ চহা কৃষক সকল মূলতঃ সহজ-সৰল,মধুভাষীক তথা মৰমীয়াল।সমাজৰ এই সাধাৰণ শ্ৰেণীৰ লোকসকলৰো সুখ-দুখ, আনন্দ-বিষাদৰ অনেক অপ্ৰকাশিত কাহিনী আছে। এনে বহু কাহিনী সময়ৰ গতিত অপ্ৰকাশ হৈয়ে ৰৈ যায়। "চেঙেলীয়া বৰদেউতা" ত গ্ৰাম্য জীৱনৰ সেই সহজ-সৰল,মাটিৰ মানুহ সকলৰ অপ্ৰকাশিত ৰসাল ১৫টা গল্প গল্পকাৰে তেখেতৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত পাঠক সমাজলৈ আগবঢ়াই দিছে।গল্পপুথিখনত মূলতঃ চহা জীৱনৰ ভাৱ-ভাষায়েই প্ৰাধান্য লাভ কৰিছে।
বৰ্তমান ব্যস্ততাৰ সময়ত মানুহে হাঁহিবলৈও পাহৰি যোৱাৰ উপক্ৰম হৈছে।প্ৰায় মানুহে হাঁহিবলৈ পাহৰি গৈছে।এটা ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতেই সীমাবদ্ধ বৰ্তমান প্ৰজন্মৰ হাস্যৰসৰ বাবে "চেঙেলীয়া বৰদেউতা" গল্পপুথিখনে নিশ্চয় সহায় কৰিব। আমি নিশ্চিত যে গল্পপুথিখনে পাঠক সমাজক মানসিক ভাৱে নিশ্চয়কৈ উপকাৰ সাধন কৰিব। হাঁহিৰে জীৱন জিনাৰ সপোন "চেঙেলীয়া বৰদেউতা"ৰ পাঠকে নিশ্চয় দেখিব।
ভাৰ্গৱ কুমাৰ নাথ
চৰাইবাহী,
মৰিগাঁও
৬০০১৮৭৫৫৭৮
——————————————————
0 Comments