———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়
যুদ্ধবিধ্বস্ত ইউক্ৰেইন । যুদ্ধৰ দামামাত উদ্বিগ্ন সমগ্ৰ বিশ্ব। সকলোৰে এটাই আহ্বান-"আমাক
যুদ্ধ নালাগে,আমাক শান্তি লাগে।"
তাৰপাছতো ধাৰাবাহিকভাৱে অব্যাহত আছে যুদ্ধৰ বিভীষিকা।
ৰাছিয়া দোষী নে ইউক্ৰেইন,সেয়া এতিয়া বিচাৰ্য বিষয় নহয়।বৰ্তমানৰ চিন্তনীয় প্ৰশ্নটো হৈছে-এই যুদ্ধৰ অৱসান কেতিয়া? নে আমি তৃতীয় বিশ্বযুদ্ধৰ দিশে অগ্ৰসৰ হৈছোঁ?
একেই ভাষা ,একেই ধৰ্ম । তাৰপাছতো এই বৰ্বৰ হত্যা। মাৰো বুলিয়েই মানুহে মানুহক মাৰি পেলাইছে। বাদ পৰা নাই বিদ্যালয়,বাদ পৰা নাই চিকিৎসালয়।
দুখনকৈ বিশ্বযুদ্ধৰ পাছতো মানৱসমাজে একো শিক্ষা নল’লে।
ক্ষমতা ।মাথো ক্ষমতাৰ খক। নিজৰ প্ৰভুত্ব বিস্তাৰৰ অঘোষিত প্ৰতিযোগিতা আগশাৰীৰ দেশবোৰৰ মাজত।আমি ভাবি চোৱা নাই- পৃথিৱীখনেই যদি নাথাকে তেনে আমি কাৰ ওপৰত প্ৰভুত্ব দেখুৱাম ?
মহাত্মাৰ অহিংস নীতি, মাডাৰ টেৰেছাৰ শান্তি বাণী আজি যেন অসাৰ।
প্ৰগতিৰ চূড়ান্ত শিখৰত অৱস্থান কৰিছো ঠিকেই, কিন্তু শান্তিৰ বাণীবোৰ কিতাপৰ পাততে আবদ্ধ।
যুদ্ধ নহয়, বুদ্ধহে আমাৰ কাম্য।
আমি সকলোৱে মনৰ বুদ্ধক জাগ্ৰত কৰাৰ সময় সমাগত।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————————————
কবিতাৰ আড্ডা
ভাষাৰ মসৃণতা বা সাৱলীলতা
উদয় কুমাৰ শৰ্মা
কাব্যভাষা অৰ্থপূৰ্ণ নহ'লে, সি যিদৰে উকা বাক্যহে হয় -- তেনেদৰে, গভীৰ অৰ্থযুক্ত বাক্য এটিও শুৱলা, ৰমণীয় বা মধুৰ নহ'লে, সি পঢ়ুৱৈৰ মন সহজে টানি নিব নোৱাৰে। অৰ্থাৎ, কবিতাৰ ভাবাৰ্থক সুন্দৰভাবে উপস্থাপন কৰি আকৰ্ষণীয় কৰি তোলে ভাষাইহে। এনে ভাষা, বন্ধুত্বসুলভ ( Eco-friendly) হ'লেহে বুজাতো সহজ হয় বাবে -- পাঠকৰো আগ্রহ বাঢ়ে। আনহাতে, সকলো লেখাৰেই আন এক মূল উদ্দেশ্যই হৈছে -- পঢ়ুৱৈক প্ৰভাৱান্বিত কৰা। কবিতাৰ ভাষাই, অৰ্থক মধুৰ কৰি তোলাৰ লগতে শব্দৰো শক্তি বা মাত্রা বঢ়ায়।
ভাষাৰ চমকলগা সাৱলীলতাৰ দুটি উদাহৰণ হ'ল : (ক) 'কাৰ পৰশত ফুলিলি বান্ধৈ /
অ' মোৰ সাদৰী ফুলাম পাহি' [ 'গোলাপ', ৰঘুনাথ চৌধাৰী ]
(খ) 'তুমি আই, লাখুটিত ভৰ দি / খুপি খুপি বিচাৰিছা কি? /
... ... ...
মই বিচাৰিছোঁ, বিচাৰিছোঁ কি / তই নুবুজিবি, নুবুজিবি সোণ '
[ 'আইতা', হেম বৰুৱা : 'মন ময়ূৰী', পৃ: ৩৭ ]
এতিয়া, তলত উল্লেখ কৰা অমসৃণ বা আখজা ভাষাৰ গাঁথনিয়ে কিদৰে অৰ্থলৈও বিসঙ্গতি আনিছে, চোৱা যাওক :
ক) ভেঁকুলীৰ দৰে বৰষুণৰ টোপাল গাত লাগিলেই / অৰ্কেষ্ট্ৰা বজায় থৈয়ানথৈয়াকৈ
খ) এজাক প্ৰেমৰ বতাহ
গ) চাৰিটা প্ৰেমৰ স্তৱক
ঘ) এটা চেকুৰ মেলা ঘোঁৰাৰ পিঠিত...
ঙ) মই চালে পানী কটা ঘৰৰ ল'ৰা
চ) মোৰ শঙ্কৰদেৱৰ পদ এফাকিলৈ / মনত পৰে
উপৰিউক্ত বাক্যকেইটাৰ -- (ক) 'ভেঁকুলীৰ দৰে বৰষুণৰ টোপাল' -- এনে কথা অদ্ভুত ; হ'ব লাগিছিল -- বৰষুণৰ টোপাল গাত লাগিলেই / ভেকুলীৰ দৰে অৰ্কেষ্ট্ৰা বজায়... । (খ) 'এজাক প্ৰেমৰ' নহয় ; 'প্ৰেমৰ এজাক বতাহ'হে। (গ) 'চাৰিটা প্ৰেমৰ' ঠাইত --- 'প্ৰেমৰ চাৰিটা স্তৱক' হ'লেহে, সি মিহি হ'লহেঁতেন। (ঘ) 'এটা চেকুৰ' নে 'এটা ... ঘোঁৰা' ? ( ঙ) 'চালে পানী কটা ঘৰৰ ল'ৰা মই' অথবা, 'চালে, পানী কটা ... ' । কিয়নো, 'মই চালে পানী কটা' বুলি উচ্চাৰিত হ'লে -- পাঠক বিমোৰত পৰিব পাৰে। (চ) শঙ্কৰদেৱ কাৰো নিজৰ নহয় বাবে -- বাক্যটিৰ গাঁথনি হ'ব লাগিছিল -- 'মোৰ শঙ্কৰদেৱৰ ... ' বা, 'শঙ্কৰদেৱৰ পদ এফাকিলৈ / মোৰ ... ' ।
এনেদৰে, ভাষাৰ বিন্যাসে যাতে বিৰূপ অৰ্থ প্ৰকাশ নকৰে, তালৈ সতৰ্ক হোৱাটো প্ৰয়োজন।
———————————————————
অনুবাদ কবিতা
“THE ROSE FAMILY”
ROBERT FROST
The rose is a rose,
And was always a rose.
But the theory now goes
That the apple’s a rose,
And the pear is, and so’s
The plum, I suppose.
The dear only knows
What will next prove a rose.
You, of course, are a rose –
But were always a rose.
গোলাপ
মূলঃ কৱি ৰবাৰ্ট ফ্ৰষ্ট
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
গোলাপ গোলাপেই,
আৰু অনাদি কালৰপৰাই গোলাপ আছিল,
কিন্তু এতিয়া সেই সূত্ৰ নাখাটে
যে আপেল এটিও গোলাপ,
আৰু নাচপতি হয়, আৰু সেইদৰেই
টকৌ গছ,
মোৰ ধাৰণা
প্ৰেয়সীয়েহে জানে
ইয়াৰ পিছত গোলাপে কি প্ৰমাণ কৰিব৷
তুমি, অৱশ্যেই এটি গোলাপ-
সৰ্বকালেই এটি গোলাপ হৈ আছিলা৷
————————————
অপেক্ষা
মূল: জয় গোস্বামী (বাংলা)
অসমীয়া অনুবাদ :ৰুবুল দাস
যিমানবাৰ বে'ল বাজে
ভাবোঁ তুমি আহিছা
পিছে দুৱাৰ খুলি দেখোঁ--
তুমি নহয়,অইন কোনোবা
মনত ঢউ উঠে,মনতে
মাৰ যায় ঢউ
[ জয় গোস্বামী:
'জীৱনানন্দ'ৰ পৰৱৰ্তী সময়চোৱাত যিগৰাকী কবিয়ে বাংলা কাব্য সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে তেওঁ হ'ল--জয় গোস্বামী| জয় গোস্বামীৰ জন্ম--১৯৫৪ ইং,চনৰ ১ম নৱেম্বৰত পশ্চিমবঙ্গৰ ৰাণাঘাট নামৰ ঠাই এটুকুৰাত| "পাগলী,তোমাৰ সঙ্গে" , "মালতীবালা বালিকা বিদ্যালয়", "মেঘবালিকাৰ জন্য ৰূপকথা" আদি তেওঁৰ বিখ্যাত কবিতা| বিভিন্ন ধৰণৰ বঁটাৰে সন্মানিত এইগৰীকী কবিক "সাহিত্য অকাডেমী "য়ে ২০০০ ইং, চনত 'পাগলী তোমাৰ সঙ্গে' কাব্য সংকলনখনৰ বাবে 'সাহিত্য অকাডেমী বঁটা'ৰে সন্মানিত কৰে| ]
————————————
মহানিমৰ গছ
মূল: বাংলা, শঙ্খ ঘোষ
অনুবাদ: অনসূয়া বৰঠাকুৰ
ঈশানে নৈঋতে দুয়োহাত মেলি,
মাটিৰফালে মুখ কৰি,
শেষ ৰাতি মুকলি অৰণ্যত
তেওঁ এতিয়া শুই আছে।
আৰু কোনো নাই।
মাথোঁ তেওঁৰ পিঠিৰ দিশত
আকাশৰ লাখ লাখ তৰা।
হাতৰ ঠাৰিত লাগি আছে
সেউজীয়া ঘাঁহ,
ছাতিৰ দৰে বুকুৱে স্পৰ্শ কৰিছে পলসুৱা মাটি।
যেন কোনোদিনে, কেতিয়াও, ক'তো
অলপো কোমলতা নাছিল!
তাৰপিছত...
আকাশ আৰু পৃথিৱীৰ আৱৰণ খুলি
বেলিটোৱে ভুমুকি মাৰিলে!
আৰু এইয়া চোৱা..
যি ঠাইত তেওঁ ভৰি দুখন থৈছিল,
ঠিক সেইখিনিতেই
কাল বিয়লিৰ শেষ প্ৰহৰত
পৰি আছে এজোপা অবিনশ্বৰ মহানিমৰ গছ!
———————————————————
কবিতা
যুদ্ধ ভালপোৱা মানুহবোৰ
ভাৰতী চক্ৰৱৰ্তী
যুদ্ধ ভালপোৱা মানুহবোৰে ভাল পায়
চকুলোৰ সাগৰত উটি যোৱা
কাতৰ কলিজাবোৰৰ প্ৰাৰ্থনা
তেজ ছাঁইৰ পৰা ভাহি অহা
বুকু মোচৰ খোৱা উচুপনি
চকুত জুই লৈ
সিহঁতে খেদি ফুৰে শূন্যতা
যুদ্ধ ভালপোৱা মানুহবোৰে
ভাল পায়
বতাহত শিপা মেলা অন্ধকাৰ
তেজৰ বৰষুণ
সমুখৰ বাটেৰে বৈ অহা
দুৰ্গন্ধময় এজাক বতাহ
যুদ্ধ ভালপোৱা মানুহবোৰে
ভাল পায়
একাকীত্ব নিসংগতা
সিহঁতৰ শিল যেন দুহাতত
নতজানু সময়
সিহঁতে নাজানে
আমাৰ বুকুত খুন্দিয়াই থকা
এখিনি শোক
যাৰ নাম ভালপোৱা
যি বন্ধ কৰিব পাৰে
চিৰকাললৈ
সিহঁতে সাজি দিয়া শ্মশানৰ দুৱাৰ আৰু নীলযন্ত্ৰণা।
————————————
আলাপ
সীমা গগৈ
অলপ আগতে আমি যি কথা পাতিলো
সেয়া মাথোঁ আৰম্ভণি
কথাবোৰ কৈ পেলোৱাৰ পাছতো থাকি যায় বহু কবলগীয়া কথা
সিদিনা আপুনি দুপৰীয়া এটি লগত লৈ আহিছিল..
সেই দুপৰৰ বিৰিয়াত
উলমি আছিল
বহুতো ভঙা-পতা কথা
পাক নধৰা কথাবোৰ থুৰিয়াই বান্ধি
আপুনি অহাবাটেৰে যেতিয়া উভতি গৈছিল
বিষণ্ণতাত ডুব গৈছিল এটি ৰংঢলা আবেলি
এই যে মৰি মৰি জী থকা মানুহবোৰ
আৰু জীয়াই থাকিও মৰাৰদৰে মানুহবোৰৰ
পাৰ্থক্য বিচাৰি কত আলাপ কৰিলোঁ
চহৰখনৰ কোলাহলৰ কথা
গাওঁবোৰৰ চহৰমুখী কথা
আমি বহুপৰ পাতিলো
এই শীতৰ ঠেৰেঙা জাৰত বাছ আস্থান নতুবা ৰেলৱে প্লেটফৰ্মত
কঁপি কঁপি শুই থকা মানুহবোৰৰ কথা
অথবা
একুৰিয়ামত বন্দী মাছবোৰৰ কথা
পাতি থাকোতেই আঁত হেৰুৱা সূতাদালৰ দৰে কথাবোৰ কʼৰবাত হেৰায় থাকে
অথচ
তাৰ ঠিক পিছতেই পুনৰ আগবাঢ়ে
মনৰ চেৰেকীত মেৰখাই থকা অগণিত কথা
কʼত শেষ হʼব এনে কথা..
যি ঘটি গʼল
যি ঘটি আছে আৰু চিৰকাল ঘটি থাকিব !
এনেদৰেই সময়ে সাজ সলায়
কথাবোৰে পাক সলায়
যেন এখন নদী
এটি জুৰি
একাবেকাকৈ বৈ গৈ থাকে কোনোবা অচিন চহৰলৈ !
————————————
ফাগুনী আল্পনা
অৰ্চনা ঠাকুৰীয়া
ধূলিবোৰ পথানত সামৰি
আবেগৰ ঢৌবোৰে হাঁহি আহে
সংকল্পৰ কামধেনু হৈ
'অৱৰোহন'লৈ আৰোহণ কৰাৰ দুশ্চিন্তাবোৰে
থিয় দঙা দিবলৈ নৌ পাওঁতেই
ফাগুনী পছোৱাই উৰুৱাই নিয়ে
নীলা মুখৰ ক'লীয়া ধূলি
পঙ্কৰ মাজত পংকজ হোৱাৰ সাধনাক
আদবাটত যতি নলগোৱাকৈ
কঢ়িয়াই নিও অসীম সীমনালৈ... নিৰ্দোষ ভাগৰবোৰে মোৰ মূৰত হাতুৰীৰে কোবায়
এনেতে পলাশ ফুলে,
শিমলু ফুলে
হেঙুল হাইতালেৰে তেওঁ
মোৰ হৃদয়ত আল্পনা আঁকে
আমাৰ মাজৰ
ক্লান্তিময় দূৰত্ব আঁতৰি যায়
মোৰ ভাগৰ নীলাখিনি পান কৰি
তেওঁ গুলপীয়াখিনি মোক দিয়ে
আমি এক হওঁ
ধূলিৰ ধুমুহাৰ মাজত
ক'লীয়া মেঘৰ ওৰণিৰ আঁৰত
বৰ্তমানক নিত্য বৰ্তমান কৰি ৰখাৰ সময়ত...
————————————
তৰুণিমা
অনিতা মেধি মিশ্র
খিৰিকীৰ সুৰুঙাৰে সৰকি
বেলিটোয়ে চেলেকি গৈছিল
কুহুমবুলীয়া তাইৰ দুগাল
বতাহত গোপনে তেতিয়া মিলি গৈছিল
তাইৰ সেউজীয়া উশাহ।
খিৰিকীৰ বাটে মুকলি
পাখিগজা তাইৰ দুভৰি
বতাহত খেপিয়াই তাই
পখিলা ফুটুকী....
কাৰশালি বনত বকুলফুল সী
সুবাস লৈছিল তাই চুলিত আঁৰি
মুখ চাই দাপোনত মাকৰ ৰিহা পিন্ধি
নিজকে তাই নচুৱাই অৰণ্যৰ মাজত
কোনোবা যেন তাই সুন্দৰী বনৰাণী।
এদিন পাচচোতালত কলপুলি পোতি
উৰুলিৰে আয়তীয়ে আঁকিছিল
কপালত তাইৰ ৰঙা বেলি।
বেলিটোৰ এডোখৰ লাজতে পৰিছিলহি
তাইৰ গালে-মুখে খহি ।
যাওঁ বুলি এতিয়া
যাব নোৱাৰে তাই
আহিনৰ বাটত...
পথৰুৱা উশাহত
নামি আহিছিল
সৰুকীয়া বাটৰে
দুচকুত নিশাৰ জোন
খিৰিকীখন জপাই থ'লেও
তাইৰ বুকুত জাগিছিল
নেদেখা সাগৰৰ ঢৌ...
(কাৰশালি>এবিধ লাহী বন)
————————————
সোণাৰু
স্বপ্নম জ্যোতি কলিতা
সোণাৰুৰ জুই হালধীয়া চকু দুটা
সুলকি পৰিব খোজা নাছিল নে
এটোপাল পানীত
হালধীয়া নদী এখন হাউলি
পৰিব খোজা নাছিল নে
টুটি আহিব খোজা নাছিল নে
আমাৰ সকলো স্মৃতি;
এটুকুৰা বাঢ়ি অহা মঙহৰ অগা-ডেৱা
পণিয়ল কাঁইটেৰে বিন্ধা কবিৰ দুচকুত
পখিলা পাখিৰ চাদৰত সোণ বিৰিঙা ৰ'দ
জুনুকা পিন্ধা জাল ডিঙিত সুমুৱাই
চেনিপুঠিৰ আত্মগোপন
'আই মোৰ ডিঙি কুটেকুটাই'
এ দেউ ৰʼল
কাণকটা কোনফালে গ'ল
আন্ধাৰতহে দেখি পোহৰৰ ভিতৰ
পোহৰত আন্ধাৰ দেখিনে?
নে পোহৰ আন্ধাৰ আন্ধাৰতকৈও
অʼ মোৰ ফুলে কাঁচনমতী
মেখেলা দাঙি পটেশ্বৰী
কাৰ ডিঙিত মঙহৰ ভাৰ দি
মূৰ-পোলোকা মাৰি আছিলি
চকুৰ পানীৰে লেও দি
কাৰ মমতাত শুই আছিলি
শিয়ালে কটা বাট লুংলুঙীয়া
(জীৱনৰো বাট?)
কবিতা এতিয়া তুমি আমাক শাও দিব পাৰা!
————————————
বাল্মিকী
কৃষ্টিঞ্জয় বৰা
এৰি আহিছিলোঁ
এটি পথ
এইটো পথটো পাইহে বুজিলোঁ
সিটো আছিল বিপথ।
নিজৰ লগত যুঁজিব
নাজানিলে
ৰাজহাড় হালি পৰে
এই কথা
কাৰ কাণে কাণে নক'লে
ৰত্নাকৰে
বুকুৰ জুইকুৰা নুমাই গ'লে
বাল্মিকী জাগিব নোৱাৰে।
——————————
মাৰোঁ বুলিয়েই মাৰি পেলালে ল’ৰাটোক
ইলামণি শইকীয়া
মাৰোঁ বুলিয়েই মাৰি পেলালে ল’ৰাটোক
কেৱল মৰিবৰ বাবেই জীয়াই আছিল ইমানদিন-
---আইৰ বুকুৰ কলিজাটো হৈ
বোপাইৰ জীৱন জীওৱা উশাহটি হৈ!
তাৰ আশে-পাশে তেজপিয়াই পিয়াপি দি ফুৰিছিল
ল’ৰাটোৱে ভৱা নাছিল৷
নিতৌ দেখা মুখৰ আঁৰৰ মুখাবোৰে
বঙহৰ আগমঙহ চোবোৱাৰ হেঁপাহকণ
ল’ৰাটোৱে চিনা নাছিল
বেলিটো মূৰত লৈ
ওলাই অহা ল’ৰাটোৱে
জনা নাছিল দুপৰতে বেলি মাৰ যাব
মনুষ্যত্ব সূৰ্যৰ
ইমানৰ পাছতো যদি আপুনি উন্মাদ হৈ নাযায়
ইমানৰ পাছতো যদি আপুনি কয় মানুহ মানুহৰ বাবে
ইমানৰ পাছতো যদি আপুনি মুৰ্গীৰ লেগ পিছত কামোৰ দি
খবৰটো চৰ্বিত চৰ্বন কৰিব পাৰে
তেন্তে কওঁ আপুনিহে জীয়াই থকাৰ যোগ্য
ইমানৰ পাছত “মানুহ“বোৰে আত্মজাহৰ আয়োজন কৰা উচিত
ইমানৰ পাছত 'মানুহ’বোৰে বন্ধ্যাকৰণৰ শপত লোৱা উচিত
ইমানৰ পাছত আচলতে পৃথিৱী তল যোৱা উচিত
সাতখন পাতালৰ তলিত৷
(বি.দ্ৰ.এতিয়া চকুপানী কম হ’ব,আত্মজাহো হয়তো কম হ’ব ইমান শোকৰ সাগৰ নুমুৱাবলৈ অ’ অনিমেষ নামৰ সপোন দেখি ভালপোৱা ল’ৰাটো)
————————————
কবিতালৈ
লক্ষ্যহীৰা শইকীয়া
-- কেতিয়াবা গৈ থাকিও
ৰৈ যাওঁ হঠাৎ
ৰৈ থাকিও হেৰুৱাওঁ বাট
তোৰ বাবেই ...
বতাহলৈ হাত মেলোঁ
কাঁইটে বিন্ধে
পানীলৈ চালেই নৈখন
কঁপি উঠে
তোৰ বাবেই ...
চুই দিলেই কুঁৱলীবোৰ
হৈ পৰে তেজ
কুঁহিপাতবোৰ জৰজৰাই সৰে
আন্ধাৰে ছানি ধৰে আকাশ
তোৰ বাবেই ...
তই আহিছ বুলিয়েই
বাৰে বাৰে পদূলিলৈ চাওঁ
ধূলিৰ ধুমুহাজাকৰ বাদে
একোচোন দেখাই নাপাওঁ ...
তই নহ'লে যে
অকালতে হেৰাব কোমল কলিজা
কবিতা অ' ,
অমানিশা আঁতৰাই
এবাৰ মাথোঁ মোৰ দুচকুলে'
উভতি চা ...
নৈখন
নৈ হৈ থাকোঁতেই
অকণমান উজাই যা ।
————————————
ফাগুনৰ পাৰফেক্টচন
জ্যোতিৰ্ময় শৰ্মা৷
মই এখন ছবি আঁকিছো
—ফাগুনৰ
ধূলিৰে ধূসৰিত গছবোৰ
উদং পথাৰ
ৰঙা হৈ পৰা পলাশ, শিমলু
ফাগুনৰ সেই ৰিঙাৰিঙা ভাবটো!
এইবোৰেটো ফাগুন?
ৰঙবোৰ মিলাবলৈ মগজুৰ কচৰৎ
কোনোবাখিনিত কিবা এটা মিলা নাই
লঠঙা গছবোৰ?
ফাগুনৰ জুই কিছুমানে উজলাই ৰাখে বহু সময়
মই ভাবোঁ
ছবিখন নিখুঁত কৰিব পৰা হ’লে ভাল
আমাৰ সেই বৰপুখুৰীৰ পাৰৰ চিন্তা
এইবোৰ এনেদৰে গৈ থাকিব
একো নহ’লেও
পছোৱাই লঠঙা কৰা গছবোৰত
কুঁহিপাতেই স্থান পাব ছবিখনত৷
——————————————————
অসম_কাব্যকাননৰ_অনন্য_অনুষ্ঠান
কথোপকথন
আজিৰ অতিথি : জনপ্ৰিয় কবি বৰ্ণালী বৰগোঁহাই
___________________________________
সাক্ষাৎগ্ৰহণ: ■ অনামিকা ৰায়
---------------------------------------------------------
অসমৰ আগশাৰীৰ প্ৰায় সকলোবোৰ আলোচনীত কবিতা প্ৰকাশ হোৱা বৰ্তমান সময়ৰ এগৰাকী প্ৰতিষ্ঠিত কবি,'আখৰ প্ৰকাশ ' নামৰ প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী বৰ্ণালী বৰগোঁহাই বাইদেউ |
◼️প্ৰকাশিত কাব্যগ্ৰন্থ : ১) হাতত ধৰা শুভ্ৰ শংখৰ (যুটীয়াকৈ)
২) পানী ৰঙৰ ছবিবোৰ আৰু
৩) জুইখেল
প্ৰিয় কবি বাইদেউগৰাকীৰ সৈতে হোৱা আমাৰ কথোপকথন আপোনালোকলৈ আগবঢ়ালোঁ |
◼️অ:কা:কা:প্ৰথমে আপোনাৰ পিতৃ মাতৃৰ স'তে আপোনাৰ চমু পৰিচয়তো দিব।
🔹বৰ্ণালী বৰগোঁহাই: মোৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাপুলত ৷ মা-দেউতা দুয়ো শিক্ষকতা কৰি বৰ্তমান অৱসৰ লৈছে ৷ মই গড়গাঁও কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈছোঁ ৷ বিবাহসূত্ৰে পাঠশালাৰ আৰু কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীৰ বাসিন্দা ৷
◼️অ:কা:কা:-আপুনি কেতিয়াৰ পৰা কবিতা লিখিবলৈ ল'লে? কবিতাৰ প্ৰতি এনে কি আকৰ্ষণ অনুভৱ কৰিলে যাৰ বাবে আপুনি কবিতাৰ পৃথিৱীখন আঁকোৱালি ল'লে?কবিতাৰ বাহিৰেও আপুনি কি কি বিষয়ত ৰুচি ৰাখে?
🔹বৰ্ণালী বৰগোঁহাই: কেতিয়াৰপৰা কবিতা লিখিবলৈ আৰম্ভ কৰিলো সঠিক মনত নাই ৷ প্ৰাথমিক বিদ্যালয়ত এখন বহি বনাই লৈছিলো ৷তাতে যি মন যায় তাকেই লিখি গৈছিলোঁ ৷ সেইখন আচলতে মনৰ ভাব প্ৰকাশ কৰা বহীহে আছিল ৷ দৈনিক বাতৰিৰ শিশু পৃষ্ঠাসমূহ বা ৰেডিঅত প্ৰচাৰিত অনুষ্ঠানসমূহে বোধহয় মোক প্ৰভাৱিত কৰিছিল ৷শিশু আলোচনীবোৰ পঢ়িছিলো ৷ সাহিত্যৰ অন্যান্য ঠাল-ঠেঙুলীতকৈ কবিতাকেই কিয় বাচি ললো সেয়াও সজ্ঞানে ক’ব নোৱাৰিম ৷ কিজানি অৱচেতন মনত কবিতাইহে মন মগজুত খেলা কৰিছিল ৷ কবিতাৰ শৰীৰ এটাক কল্পনা কৰি মই বেছি ভাল পাইছিলোঁ ৷ আৰু নিসংগ হ’ব নোৱাৰাকৈ প্ৰচুৰ কিতাপ পাইছিলো৷
ৰুচি বহুত আছে ৷ মই বিভিন্ন ঠাই ফুৰি আৰু অধ্যয়ন কৰি ভালপাওঁ ৷ লেখা-মেলাও কৰি থাকো ৷
◼️অ:কা:কা: ফেচবুকৰ কবিতাই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰিব বুলি আপুনি ভাবে নে??এই বিষয়ে আপোনাৰ ধাৰণা কি?
🔹বৰ্ণালী বৰগোঁহাই: মাধ্যম কেতিয়াও উৎকৃষ্ট সাহিত্য হেঙাৰ হ’ব নোৱাৰে ৷ ব্যক্তিগতভাৱে এইকথা মই কেতিয়াও বিশ্বাস নকৰোঁ ৷ ভাল সৃষ্টি এটাই এদিন নহয় এদিন নিজৰ ঠাই লবই ৷ তেনেহলে ফেচবুকৰ সাহিত্যও স্বীকৃত সাহিত্য ৷
সেইবুলি ফেচবুকৰ সকলো সাহিত্যক মই সামৰি লোৱা নাই ৷
◼️অ:কা:কা: নৱপ্ৰজন্মৰ কোন কবিৰ কবিতাই আপোনাক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে? বৰ্তমান সময়ৰ কবিতা সম্পৰ্কত আপুনি কেনেধৰণৰ মতামত দিব?
🔹বৰ্ণালী বৰাগোঁহাই: নবপ্ৰজন্মৰ কেইবাজনো কবিৰ কবিতা মই ভাল পাওঁ ৷ তেওঁলোকৰ কবিতা পঢ়িলে অধ্যয়নৰ বিশালতা ধৰা পৰে৷ মই নাম লোৱাৰপৰা বিৰত থাকিলো৷
কবিতাক লৈ মোৰ নিজৰ বহুত উচ্চ ধাৰণা আছে ৷ অসমৰ বাহিৰৰ কেইবাটাও অনুষ্ঠানত ভাগ লবলৈ গৈ পোৱা অভিজ্ঞতাৰে কওঁ আমাৰ কবিতা আনতকৈ সঁচাই চহকী৷
◼️অ:কা:কা: আপোনাৰ কবিতাৰ চৰ্চাত প্ৰধানতঃ কাৰ দ্বাৰা অনুপ্ৰেৰিত হৈছে ?
🔹বৰ্ণালী বৰগোঁহাই:
প্ৰথম প্ৰেৰণা নিজৰ পৰাই আহে ৷ তাৰ পাচত সমাজ জীৱনৰপৰা৷ কি লিখো কাৰ বাবে লিখো বা কেনেদৰে লিখো সেই প্ৰভাৱ আমি মচিব নোৱাৰাকৈ ৰৈ যায় ৷
◼️অ:কা:কা:আধুনিক কবিতা বোৰ জটিল। অধিক মাত্ৰত প্ৰতীক চিত্ৰকল্পৰ প্ৰয়োগৰ ফলত আধুনিক কবিতা বেছি জটিল হৈ পৰিছে বুলি ভাবে নেকি? এই সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰোঁ।
🔹বৰ্ণালী বৰগোঁহাই:এই অভিধাতো আগৰপৰাই আছে ৷ কবিতা হৃদয়ৰ নে মগজুৰ তাক লৈ কৰা চৰ্চা এতিয়াৰ নহয় ৷ মই কথাটো এনেদৰে ভাবো যিদৰে উৰাজাহাজ এখন মই চলাব নোৱাৰো বা দক্ষতাৰে পকী ইমাৰত এটা সাজিব নোৱাৰো ঠিক তেনেকৈ কবিতা বুজা কাৰবাৰটোও সকলোৰে বাবে নহয় ৷ কবিতা বুজি পাবলৈয়ো কচৰতৰ দৰকাৰ ৷ অধ্যয়নে বোধহয় জটিল কবিতাবোৰ সহজ কৰি তুলিব ৷মই এনে কেইবাজনো কবিক জানো যি সহজকৈ লিখো বুলিও লিখিব নোৱাৰে কিছুমানে টানকৈ লিখো বুলিও লিখি উলিয়াব নোৱাৰে ৷
◼️অ:কা:কা: কবিতা লিখোঁ বুলি লিখিব পাৰিনে ?এটা কবিতা লিখোতে আপোনাৰ কিমান সময়ৰ প্ৰয়োজন হয়?
🔹বৰ্ণালী বৰগোঁহাই: লিখো বুলিয়ে কবিতা লিখিব নোৱাৰোঁ ৷ এটা কবিতাক বহু দিন মনৰ ভিতৰত পাগুলি থকাৰ দৰে হয় ৷ লিখাৰ পাচতো পুনঃ লিখা হয় ৷ কিমানদিন লাগে তাৰ ঠিকনা নাই ৷ কিছুমানে অৱশ্যে কমদিনতে লিখিব পাৰে |
◼️অ:কা:কা: শেহতীয়াকৈ দুখনমান আলোচনীৰ কবিতাই নিজৰেই আগৰ মানদণ্ড হেৰুৱা বুলি সচেতন পাঠকৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। দুখন বিশেষ আলোচনীত কেইবাটাও সংখ্যাত বহু তৰল মানৰ কবিতা প্ৰকাশিত হৈছে |এই ক্ষেত্ৰত আপোনাৰ মতামত?
🔹বৰ্ণালী বৰগোঁহাই: এই বিতৰ্ক মোৰ চকুতো পৰিছে ৷ পাঠকে যদি ভাবিবলগীয়া হৈছে তেনে এইটো গুৰুত্ব দিবলগীয়া কথাই ৷ মই ভাবো উপৰোক্ত আলোচনীকেইখনে এই কথাবোৰ চালি জাৰি চাব ৷
◼️অ:কা:কা: 'সাহিত্যৰ সৌন্দৰ্য আৰু মহত্ব' এইটো বিষয়ৰ ওপৰত আপোনাৰ ধাৰণা কি?
🔹 বৰ্ণালী বৰগোঁহাই: সাহিত্যও এবিধ সুকুমাৰ কলা ৷ প্ৰতিটো সুকুমাৰ কলাই সৌন্দৰ্যৰ সাধনা কৰে ৷ সাহিত্যৰ এই সৌন্দৰ্য্যই এদিন মহত্ত্ব প্ৰাপ্তি লাভ কৰে ৷
◼️অ:কা:কা: শেষত "অসম কাব্য কানন" নামৰ গোটটোৰ বিষয়ে আপোনাৰ মতামত... আৰু গোটৰ পাঠসকলোলৈ আপোনাৰ প্ৰিয় স্বৰচিত কবিতাটো দিবলৈ অনুৰোধ জনালোঁ |
🔹বৰ্ণালী বৰগোঁহাই:
’অসম কাব্য কানন’ গোটটোৰ সকলো প’ষ্ট মই নেদেখোঁ ৷ কোনোবাই শ্বেয়াৰ কৰিলেহে দেখোঁ ৷ সকলোৰে নিজৰ লক্ষ্য আৰু উদ্দেশ্য আছে ৷ দায়িত্বও আছে ৷ সেইমতে আগুৱাই গ’লেই হ’ল ৷ ’অসম কাব্য কানন’ লৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ |
প্ৰিয় কবিতা:
সৰু
তেতিয়া সৰুৰ বয়স আছিল আঠ
মোৰ প্ৰায় দহ
এখন চোতালত খেলি আমনি লাগিলে
সিখনলৈ দৌৰি খেলাৰ বয়স
চোতাল বাগৰি আমি খেলো আৰু
সন্ধিয়া নামঘৰৰ চাকিগছ জ্বলাৰ আগেয়ে
উভতি আহো |
পানী লাগি চেকচেকোৱা ভৰিহাল ধুই
পঢ়াৰ মেজত বহোতেই হুৱাদুৱা লাগিল
খোলা দুৱাৰেদি সোমাই অহা পুতুকণ দদাইদেৱে
হেফাই ফেফাই সুধিলে
সৰুৰ লগত ক'ত ক'ত খেলিছিলি
প্ৰথমতে ঘৰে ঘৰে বিচাৰিলে
গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিচাৰি
শেষ হওঁতে মানুহবোৰৰ মুখবোৰ
কেহৰাজ বৰণ ললে
ককাইদেউহঁতে জোঁৰ লৈ পানীত নামিল
পিতনিৰ পৰা আধা খন্দা হোৱা পুখুৰীটোলৈকে
পানীত থকাবোৰে পানীৰ দোংবোৰ চাই সুধি আছিল
পালিনে পালিনে
বহাগৰ নপানী ফুটি চপচপীয়া হোৱা পথাৰ
যেতিয়া কিনকিনীয়া বৰষুণজাকত মানুহবোৰ তিতিল
মানুহবোৰেও কান্দি কান্দি মাতি থাকিল
সৰু সৰু
শেষ পানীৰ পৰা উঠি অহা ককাইদেউহতে
ভাবি আছিল আৰু ক'ত বিচাৰো....
তেতিয়াই লেম এটা লৈ সৰু ওলাইছিলহি
নতুনকৈ সখী হোৱা তাইৰ সখীৰ দেউতাকৰ লগত
সিখন গাঁৱৰ পৰা
পাছৰখিনি মোৰ মনত নাই
কাৰণ তাইৰ যেতিয়া বয়স আঠ মোৰ প্ৰায় দহ
এতিয়াও এনেকৈ হেৰাই থাকে সৰু নামৰ ছোৱালীবোৰ | সিহঁতকো এনেকৈ বিচাৰি পোৱা হ'লে |মৰমতে দবিয়াই কোৱা হ'লে ---"ঘৰত কৈ আহিছনে নাই ,কোৱা নাই যদি থৈ আহো ব'ল|"
◼️অ:কা:কা: সদৌ শেষত আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে লগতে আমাৰ প্ৰশ্ন সমূহৰ যথাযথ উত্তৰ প্ৰদান কৰাৰ বাবে অসম কাব্যকাননৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে আপোনাৰ কলমেৰে জীপাল হৈ উঠাৰ কামনা কৰিলোঁ-অসমীয়া ভাষা সংস্কৃতিৰ বিশাল পথাৰ খন।সাহিত্যৰ জগতত আপুনি এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰওঁক।
জয়তু অসম কাব্য কানন |
———————————————————
ফাগুনত ব’হাগৰ ৰং
পবিত্র কুমাৰ নাথ
গছৰ ডালত গুণ গুণ গান
বতাহত কঁপে তাৰ ছাঁ
সৰাপাতত সপোন বিভোৰ
উন্মনা ফাগুনৰ বা।
ফাগুন আহিলেই ৰঙাকৈ জ্বলে
পলাশ শিমলুৰ উদং বুকু
মদাৰৰ সুহুৰিত ফাগুনে সানে
মহা জীৱনৰ ৰঙীন ফাকু।
ধূলিয়ৰি শুকুলা চাদৰ
পছোৱাত উৰে আকাশ ধিয়াই
ঋতুৱে ঋতুৱে মেঘৰ মাদল
ফাগুনে গুপুতে নিৰলে বজায়।
ডালে ডালে বহিছে চৰাইৰ মেল
কি সাজ পিন্ধাব, কি সাজ শুৱায়
আদৰৰ প্ৰকৃতি ৰাণীক হায়
বহাগলৈ যে বেছি দিন নাই !
----------------------------
আবেলি ছবি
ঋতুস্মিন চেতিয়া
মহাৰাষ্ট্ৰ
আকাশে কমলা ৰিহা পিন্ধিলে
দৰিকৰ মাতত ডুব যায়
আবেলি হেলনীয়া বেলি
উজাই মোহনাত চাপিলে সাউদৰ নাও
বেৰৰ জলঙাই দীপ শিখাই পোহৰাই
আশা পজাঁ চালৰ ফুটাইদি
জোন তৰাক উজ্জ্বলাই
যদি হব পাৰিলোঁ হেঁতেন মুদৈ সন্তান
বৰনৈ পাৰত বালিভাত খাই
তৰা তৰাৱলী লৈ চাই
গালো হেতেঁন ডাৱৰৰ নাও খেলা গান
চিকি মিকি সন্ধ্যাস্নাতাত
বলুকাত জিৰণীয়া প্ৰতি সন্ধি
জাকি মাৰি ধৰালৈ নামিলে এজাক তৰা
আই বসুমতাৰী ক'লা সাজত জিলিকাই মুকুতা
আলিয়ে আলিয়ে ম'হে লানি লোৱা বেলা
ডেকা চাঙত বাজি উঠা এটা চিফুঙৰ শিঙা
সুদূৰত শুকুলা পাখি ৰহন চৰা ঘৰ মুৱা বগলীয়ে
পোহৰ হেৰুৱা এলান্ধুৰ বাটত।
————————————
পৰিসমাপ্তি
প্ৰাঞ্জল নাথ
বুদ্ধই হাঁহিছে
এজোপা বেংছতা দেখি বুদ্ধই হাঁহিছে
কিমান বুদ্ধি হ’লে নিজে নিজৰ বিনাশ ঘটাব পাৰে ?
নিজৰ পেট কাটি নিজে শুকুৱাব পাৰে জানো ?
বুদ্ধ আজি আচৰিত
বিদ্যা-বুদ্ধিৰ অপপ্ৰয়োগ জানো নিজৰেই বিনাশ নহয় ?
কিমান আৰ্জিলে মানুহৰ ভোক কমে ?
ভোক
পেটৰ
ধনৰ
নাৰীৰ
বাৰীৰ
ক্ষমতাৰ
লালসাৰ... ...
বুদ্ধই মাথোঁ হাঁহিবহে পাৰিছে আজি ৷
————————————
শুভ জন্মদিন
ৰিংকু সমাদ্দাৰ
তোমাৰ জন্মদিন।
অ’. টি. ৰ পৰা ভাহি অহা
তোমাৰ প্ৰথম কান্দোন,
সাতাইশ ফাগুনৰ অপেক্ষাৰ
অধীৰ চুবুৰি
...আৰু আমাৰ বুকুৰ ধপধপনি,
উগুল থুগুল হৃদয়ৰ
থৌকি-বাথৌ কোঠালি।
ধাইগৰাকীয়ে দুহাতেৰে তোমাক
মোৰ কোঁচত তুলি দিয়াৰ
মধুৰ পল অনুপল,
দিঠকত দেউতা হোৱাৰ অনুভৱ।
মই তোমালৈ আৱেশেৰে চাওঁ,
তুমিও মোলৈ চকু মেলি চোৱা,
এটা সেউজীয়া সপোনৰ বাটচ'ৰা
জান-নাজানকৈ ফেঁকুৰি উঠা
জীৱন নামৰ পঢ়াশালিৰ আধাৰশিলা।
১১ মাৰ্চ,২০২২
আজি তোমাৰ তিনি বছৰীয়া জন্মদিন,
তোমাৰ লিহিৰি হাতৰ আঙুলিৰ পৰশ,
মা-দে'তা, ককা-আইতা আৰু
থুনুক থানাক মাত,
ডালিম গুটীয়া তোমাৰ হাঁহিৰ আঁৰত
মই দেখো তোমাক মানুহ কৰাৰ সপোন।
শুভ জন্মদিন ৰ'দ...।
——————————
এখন নীলা চাদৰৰ সিপাৰে
জয়শ্ৰী বৰা
চকুলোৰে মালা গাঁঠি ডাৱৰে হেন্দোলনি তুলিছে,
নিশাৰ গভীৰতাত নিৰৱতাও উচুপি উঠিছে...
সময়বোৰো যেন আজি দুঃসময়লৈ ধাৱমান!
হঠাৎ আইলৈ চেৰেং চেৰেংকৈ মনত পৰিছে।
দুৰৈৰ বাঁহীৰ সুৰে ৰাতিৰ এন্ধাৰত
মনক বৰকৈ আমনি কৰিছে।
আই !
তই যোৱাৰ পৰা ঘৰখন বৰ উৰুঙা অ'
চৌদিশৰ সেউজীয়া,চৰাইৰ কাকলিতো
সমূলি বুকু শাঁত নপৰে ...
উদাস,মাথো----- উদাস।
আই,
শৰতৰ শেৱালিৰ সুবাসে
তোৰ আলফুলীয়া হাতৰ পৰশ
প্ৰতিপলে ৰিঙিয়াই মাতে,
তই ৰুই যোৱা পদূলিৰ তগৰৰ সুগন্ধত
যন্ত্ৰণাকাতৰ হৃদয়ত অশ্ৰুয়েও বাগৰ সলায়।
বাৰীৰ চুকৰ নেমুজোপায়ো ঠেহ পাতিছে আজি,
বটলত ভৰাই তেল,নিমখ দিবলৈ আহৰি
থাকিও চোন মনেই নাযায়...
তই যে মোৰ কাষত নাই,আই---!
শব্দবোৰো চকুৰ পলকতে হেৰায়
ওঁঠ আৰু চকুত ওলমি ৰয়
অমাৱশ্যাৰ এখন ৰিক্ত আকাশ।
অবুজন দুনয়নে বাধা নামানে অ'
আই!
খিচ্-খিচীয়া বুটা বচা মুগাৰঙী কাপোৰসাজ
পিন্ধিলেই মুখে-গায়ে তোৰ নিভাঁজ
মৰমবোৰে বৰকৈ আঁচোৰ মাৰে।
ভাগৰুৱা দেহা,তেজৰঙী কপালত
চেনেহৰ চুমা এটা আঁকি দে চোন...অ'
কিজানি
তোৰ ওমাল বুকুৰ কোমল পৰশত
অনুভৱৰ ভোক-পিয়াহবোৰ ম্লান পৰিয়ে যায়!
শৈশৱৰ সপোনবোৰক হাতে- হাত ধৰি
মৌ-মিঠা তোৰ সুৰীয়া মাত,সুখময় কোলাই
জীৱন-যৌৱনৰ ভালপোৱাৰ আদিপাঠ শিকায়।
আই,
আজিকালি দাপোণখনেই মোৰ সহোদৰ,
অথচ–
দাপোণলৈ ওভতি নোচোৱাৰ
দিন,মাহ,বছৰেই হ’ল
কেঁচা কলিজাত কান্দোনৰ ৰাউচি
নিজকেই তই বুলি...
দাপোণক সাৱটি
প্ৰগলভা তোৰ প্ৰাণৰ জীয়ৰী।
তই নথকা পৰত জীৱনৰ
ৰঙবোৰে অস্তাচলত উৰা মাৰে।
পুৱাৰ পোহৰ লৈ
বাস্তৱক সংগী কৰি জীয়াই থকাৰ প্ৰতিশ্ৰুতিৰে
ওপচি পৰক পানীৰে
প্ৰতিখন তৃষ্ণাতুৰ উদাসী নদী
গজি উঠক নতুনৰ কুঁহিপাত
জীপাল হওঁক
ধৰাৰ বুকু।
——————————
মোৰ গাঁৱলৈ ফাগুন নামিছে
কৰবী ভূঞা
ধূলিৰ ধুমুহাই বুকু সী যায়,
সৰাপাতৰ চিঠিত সমীৰে বতৰা আনে,
মোৰ গাঁৱলৈ ফাগুন নামিছে সংগোপনে।
গাঁৱৰ আলিটোত ধূসৰিত হয় পছোৱাৰ খেলাত,
মেঘৰ মোহনাত পূৰ্ণিমা জোনৰ আলিংগন।
লঠঙা ফাগুনৰ ৰং লাগে
জোনাকৰ ফেৰেঙনিত জোৰোণ নামে,
নিশাচৰ ৰাতিটোত গুমৰাগৰ সুৰ ভাহে,
গাৱলীয়া বাঁহীৰ আৱাহনত জীৱনে বাট বুলে
ফাগুনৰ ৰঙাবোৰ বাখৰুৱা,
ভাগৰুৱা সময়ক ৰাগি লগাই ফাগুনে
গাঁৱলৈ ফাগুন নামিছে
পানীযুৱলিত ৰঙৰ আবিৰ সানে তৰাং নৈয়ে।
ফাগুন উন্মুক্ত হয় হাজাৰ বিলাসৰ উন্মদনাত।
—————————
গৃহবন্দী
ৰাজশ্ৰী সেনাপতি গগৈ
সকলো যেন সলনি হ'ল ।
গছ, বৃক্ষ, ডাল পাতবোৰ
যেন হৈ পৰিল স্তব্ধ ।
মৃদুপৱনৰ যি মৃদু লহৰ
সেইবোৰো যেন গ'ল হেৰায় ।
আজিচোন পৃথিৱীৰ হাঁহিটি নাই ।
সকলো যেন সলনি হ'ল ।
ডাৱৰৰ আঁৰে-আঁৰে
আজি যেন যুদ্ধ বিশ্বৰ ।
চৌদিশে কেৱল ভয়ৰ তাণ্ডৱ
এই সময়যে দুঃসময়
তাণ্ডৱ দেখিছো এতিয়া
মহামাৰী ৰূপলৈ মানৱ জীৱনত
সুন্দৰ পৃথিৱীখনত,
আনিছে পৰিবৰ্তন ।
সময়ৰ পৰিৱৰ্তন ।
সমাজৰ পৰিবৰ্তন ।
সকলো যেন সলনি হ'ল
ভাতৃত্ববোধ, ন্যায় নীতি
সকলো যেন লীন গ’ল
সময়ৰ কোৱাল সোঁতত ।
মাথোঁ মই হাজাৰ জনৰ
শব্দ শুনো আৱদ্ধ কোঠালিত
ক্ৰন্দন মাথোঁ ক্ৰন্দন।
শোক তাপেৰে ভৰা পৃথিৱীখন
চাব নিবিচাৰোঁ মই
বিলাব বিচাৰো চৌপাশে কোৱল আনন্দ ।
সকলো যেন সলনি হ'ল
——————————
ভৰলু
ড° জ্যোতিশিখা দত্ত
এদিন গোটেই গুৱাহাটীখনেই
ইয়াতে উশাহ লৈছিল
দেউতাই চাৰি অনা দি
এটোপোলা মাছ পোৱাৰ দিনত
তাই ভৰ যৌৱনা
পৰিস্কাৰ শৰীৰটোত
সেয়ে কিমান প্ৰাণীৰ প্ৰাণোচ্ছল হাঁহি
"হৰিণাৰ মাংসই বৈৰী"
ফঁকৰা যোজনাটিৰ পম খেদি দেখিলো
কিছুমান লুভীয়া হায়েনা আৰু এটা নিৰ্জু প্ৰাণ
ফালি চিৰি তেজ শুহি
তাইক নিস্প্ৰাণ কৰা হ'ল
মৃতদেহৰ উৎকট গোন্ধত এতিয়া
হায়েনা জাকৰ উশাহ চুটি হয় l
নাম: ড০ জ্যোতিশিখা দত্ত
সম্পূৰ্ণ ঠিকনা: ঘৰ নং :৪০, শান্তি পথ
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
দূৰভাষ : ৭০০২১২০০২১
ই-মেইল : jyotisikhadatta@gauhati.ac.in
——————————————————
বিভেদ
দিপ্তী মনি গোস্বামী
জল,পানী ,
একেই অৰ্থৰ যমজ দুই জীৱনদায়িনী ।
সকলোৱে পান কৰো আমি ,
আকাৰ পাত্ৰৰ ভেদাভেদ নগণি
সুবিশাল বিশ্বৰ
আকাশৰূপী ছাতিৰ তলত আমি অৱস্থান কৰোঁ ।
সমানে তাপ পোহৰ পাওঁ আমি ,
নাথাকে তাত ধনী দুখীয়া
জাতি- অজাতিৰ ভেদাভেদ
আদিতে আছিল
আদম ইভ দুজন প্ৰাণী ,
তাৰেই শিপা ,শাখা প্ৰশাখা আমি ।
ৰীতি- নীতি ,কৃষ্টি- সংস্কৃতিৰ ,
সূচল ক্ষেত্ৰতলৈ আহিল বিভাজন বৰঙনি ।
মা ৰূপে ধৰিত্ৰী
ভাৰত মাতা একেজনী ।
একেই শিপাৰ পূণ্যভূমি ,
অসমী আই আমাৰ জননী ।
ধন্যে ,পূণ্যে আমি অগ্ৰগামী ,
আই মাতৃৰ চৰণ চুমি ।
একেই মাতৃৰ সন্তান আমি ,
মানৱ নামে প্ৰখ্যাত জীৱ শ্ৰেষ্ঠৰ ভূষন টানি।
একেই পথৰ যাত্ৰী আমি ,
এধানি পোহৰ সন্ধানী ।
টুলুঙা নাৱত বহি চলাইছো ,
একেই অভিযান একেই লঙ্গৰ টানি ।
———————————————————
খৰাং
ৰূপজ্যোতি গগৈ
অন্তহীন ক্লান্তি আৰু এবোজা বিষাদ লৈ
ধীৰে ধীৰে টোপনিত পৰিছে কলম
খৰাং আকাশ
খৰাং পথাৰ
খৰাং হৃদয় উপবন
এপুখুৰী পানী
এটা শিলগুটি
অলপ ভাবৰ বুৰবুৰণি
অলপতে টোপনিত পৰে গৰৈ মাগুৰ ভেচেলি
শিমলুৰ জোলাবোৰ উৰি ঘূৰি
বতাহত নমাইছে বসন্তৰ বাতৰি
অনুভৱৰ পৃথিৱীত জগা নাই
ন কুঁহিৰ কঁপনি
ইমান গভীৰ ঘুমটি
আপদমস্তক শূন্য কীটৰ কুট্-কুটনি
— আই মোৰ ভৰি কুট-কুটাই
— আই মোৰ হিয়া ৰমৰমাই
— সোণৰ নূপুৰ, পাটৰ ৰিহা কোনেনো পিন্ধায়
—নিপিন্ধায় নিপিন্ধায়
অব্যক্ত অনুভৱত
কলম
শেতেলিত থাকে ছটফটাই !
————————————
সুখ বিচাৰি যাওঁ
দীপাংকৰ ভূঞা
সুখ হেনো কিনিব পাৰি
য'তে ত'তে সহজলভ্য
দেশ বিদেশত
দোকান বজাৰত
ৰাজ হাউলিত
বাঁহতল কলাতলত
এমুঠিমান টকাৰে !
দেখাক দেখি উঠে গা
সাতখন আঠখন কৰে গা
যোৱাৰ আয়োজন কৰিলো
সুখ অলপ বিচাৰি
টকা কেইটিমান যোগাৰ কৰি
মোনাটি লৈ ওলালো
বিচাৰি পালেই ভৰাম বুলি !
দেশ বিদেশ ফুৰিলো
দোকান বজাৰ ঘূৰিলো
ৰাজ হাউলিত সোমালো
ক'তো নাপালো
শূন্য মোনাটো লৈ
পালোহি ঘৰ !
বুঢ়ীয়ে আঠে বেঠে লগালে মাত
লগত লৈ এমোনা সুখ
কিনো হ'ল কিনো ঘটিল
আদ্যোপান্ত ক'লো বিবৰি
বুঢ়ীয়ে ক'লে..
কিনো বুঢ়া অকৰা
এইটো দেখোন মোনা
ঘৰত এৰি পৰত বিচাৰি আছা !
————————
বিষ্ময়
অজন্তা চৌধুৰী
সেইদিনা কিবা এটা হৈছিল
সকলোবোৰ যেন অলপ বেলেগ আছিল
আকাশত উৰি থকা চৰাইটোৱে,
পৃথিৱীলৈ চাই থমকিব খুজিছিল
নৈখনো অলপ সময়ৰ বাবে চাগে স্তব্ধ হৈছিল
ঘনক'লা এচপৰা ডাৱৰে সূৰ্যটো ঢাকি ধৰিছিল ,
নিস্তব্ধ হাবিখনেও বুজিছিল
পশু-পক্ষীবোৰ যে বিষন্ন হৈছিল
মানবীয়তাৰ চৰম অৱক্ষয় ঘটিছিল ,
পথত পৰি থকা তেজৰাঙলী মৃতদেহটোৱে সাক্ষ্যদান কৰিছিল
সেইদিনা যে কিবা এটা হৈছিল ।
(অসমত গণপহাৰত মৃত্যুহোৱা লোকৰ নামত উসৰ্গিত ।)
————————————
কেনেকৈ কওঁ পছন্দ কৰোঁ বুলি
আমিনুৰ ৰহমান
মদাৰ ফুলিবলৈ হ’ল
তথাপি ;
একোৱেই পৰিবৰ্তন নেদেখিলোঁ
স্বভাৱ-চৰিত্ৰত
যি আছিল তেনেই আছে
মাজতে মাথোন
গছৰ পাতবোৰ সৰি
পৰিবৰ্তনৰ নামত প্ৰকৃতিহে নাঙঠ হ’ল
যিয়েই নিজকে কৰিব নোৱাৰে পৰিবৰ্তন
সিনো
আনৰ পৰিবৰ্তনত
কেনেকৈনো দেখিব পাৰে সেউজ সপোন
এতিয়া তুমিয়েই কোৱাচোন
মই নো কেনেকৈ কওঁ পছন্দ কৰোঁ বুলি
মোৰোতো ব্যক্তিত্ব বুলি
আছে এটি নিজস্ব সত্তা।
————————————
পানীৰ সাধু
ৰুবী শইকীয়া দাস
বিশ্বনাথ চাৰিআলি
মোৰ কলিজাত এটা ৰঙা সূৰ্য আছে
জাৰে-জহে সি মোক সেকি থাকে
জীয়াই থাকিব পৰাকৈ।
কেতিয়াবা মই কওঁ তাক
মোৰ বন্ধুৰ গাটো বেয়া বুলি।
সি হাঁহে।
মোৰ খং উঠে তাৰ হীনতা দেখি।
এদিন সি মোক কৈছিল_
"এইখন মোৰ কলিজা
তোক জীয়াই কেনেকৈ ৰাখোঁ
তই জাননে ?
মোৰ সমস্ত তপ্ত তোক দিহে মই
জীয়াই থকাৰ কথা ভাৱোঁ।"
মই তেতিয়া তাক কৈছিলোঁ মোৰ পানীৰ সাধুটো,
আৰু সি তেতিয়া কান্দিছিল।
মোৰ কলিজাত এটা ৰঙা সূ্ৰ্য আৰু এটা পানীৰ সাধু আছে,
জাৰে-জহে, সুখে-দুখে জী থাকিব পৰাকৈ।
————————————
স্তৱক
ৰূপা গগৈ
ঘিলামৰা, লখিমপুৰ
(১)
চেচুকীয়া কলিজাৰ যদি হোৱা তুমি
এচেৰেঙা কোমল ৰ'দালি
আলফুল দুহাতে ল'ম বুকুতে সাৱটি
তোমাৰ উত্তাপত মৰহা কলিজাটি উঠিব ঠন ধৰি।
(২)
ভালপাওঁ তোমাক ক'ব যে নোৱাৰো খুলি
ক'লেই কিজানি কথাষাৰি মুখ খুলি
তুমি যোৱা আঁতৰি
সেয়ে মনতে থৈছোঁ সাঁচি তুমিয়েই মোৰ প্ৰিয়তম বুলি ।
(৩)
হোৱা হ'লে তোমাৰ আশ্ৰয়
মোৰ ঘৰৰ সিপাৰে
মন গ'লেই আহিলোহেঁতেন চাই গোপনে তুমি নজনাকৈ ।
(৪)
যাওঁ বুলি যাব পৰা হ'লে তোমাৰ কাষলৈ
দিওঁ বুলি দিব পৰা হ'লে মৰমবোৰ
তোমাৰ সঁহাৰি নোপোৱাকৈ
বুকুৰ মৰমবোৰে নাথাকিলহেঁতেন খুন্দিয়াই কোমল কলিজাত
শিতানৰ গাৰুটিয়েও ধুব নালাগিলহেঁতেন দুভাগ ৰাতি গা।
(৫)
ক'বা নে এবাৰলৈ মোক ভালপাওঁ বুলি
দিবানে বঢ়াই তোমাৰ হাত এখনি
লিখিব পৰাকৈ এটি প্ৰেমৰ কবিতা তোমাৰেই নামত।
————————————
স্বস্তি
শুৱলা দাস
যোৰহাট
সুভ্ৰ,শুকুলা,শান্ত,বৰফাবৃত
এক স্বচ্ছ উপলব্ধিৰে
আহ্লাদিত এক চেতনাবোধ।
এক শীতল নিৰবতা
কোমল পুৱাৰ মাদকতা
নাই কোনো জটিল
ৰহস্যঘন আন্ধাৰৰ
কুটিলতা!
পাৰ্থিৱ সুখৰ
উন্মাদ হাবিয়াহৰ চাকনৈয়াত
লিপ্ত থকা অপ্ৰাপ্তিৰ
অসন্তুষ্টিত ,
হাহাকাৰ কৰা জীৱনৰ
অনেক নিমিলা অংকৰ জোৰা-তাপলি...
ধেৎ !সকলো বালিঘৰ!
বালিঘৰৰ মায়াতে
পাৰ হয় অমূল্য সময় !
অৰ্থহীন আকাংক্ষা
ভ্ৰম স্বপ্নৰ বাতুলতা
আৰু দুৰুহ বাস্তৱত
পংগু বিবেকৰ পৰিচালনাত
সাজি তোলা বালিৰ অট্টালিকা!!
নিমিষতে চাৰসাৰ!
চকুৱে -মুখে বালিৰ কনাই
কৰি তোলা জীৱনৰ অস্থিৰতা!
ধেৎ! লক্ষ্যভ্ৰস্ত !
এনেকৈয়ে ভাল।
ধীৰ ভাৱেৰে
কৰণীয় কামেৰে
জীৱন আৰু জগতৰ পৰিমিত সমন্বয়ত
আহাচোন হাতে হাত ধৰি
পাৰ হওঁ সময়ৰ সাঁকো
সুভ্ৰ,শান্ত
নিৰৱ ,শীতল চেতনাবোধৰ
আধাৰত...।
প্ৰশান্তিয়ে যাৰ একমাত্ৰ লক্ষ্য !
————————————
উইল ইউ বি মাই ভেলেন্টাইন?
বন্দিতা তালুকদাৰ
"উইল ইউ বি মাই ভেলেন্টাইন?"
কিমানটা কবিতাই মোৰ গোপন বুকুত আত্মহত্যা কৰে তুমি জানা?
জাৰজ মোৰ কলমে নিতৌ নিশা হত্যা কৰে মোৰ গৰ্ভত অপৈণত কবিতাৰ ভ্ৰুণ।
আৰু তুমি সোধা তোমালৈ মোৰ প্ৰেমৰ কবিতা ক'ত!
কিয় ৰোমিঅ'ৰ চহৰৰ প্ৰতিহাল দম্পত্তি কি প্ৰেমেৰে বন্ধা?
তুমি ক'ব পাৰিবা কিমান জনী জুলিয়েটে ৰোমিঅ'ৰ মৃত্যুত নিজক হেৰুৱাইছে,
কিমান জনী লেইলাই মজনুৰ নামত পাইছে সম্পূৰ্ণতা ?
নে তুমি বিচৰা ছাহজাহানৰ দৰে মোৰ বাবেও প্ৰেমৰ তাজমহল সাজিব?
যদি বিনিময়ত দিব লগা হয় মোৰ জীৱন,নালাগে
মই আনৰ অপ্ৰিয় হৈয়ে ঠিকে আছোঁ।
শ্বেক্সপীয়েৰৰ প্ৰেমৰ পাণ্ডুলিপিৰ মই সেই বিশাল হৃদয়ৰ নায়িকা নহয়,
মোৰ বাবে প্ৰেমৰ উপমা জোন,আকাশ,তৰাও নহয়,
মোৰ বুকুত আছে এসাগৰ বিষ,সুগভীৰ যন্ত্ৰণা!
কোৱা পাৰিবা মোৰ নামত প্ৰতিটো দিন হাঁহি এৰি চকুলো মচি পাৰ কৰিব?
যেতিয়া, আঁউসীৰ এন্ধাৰত নিজক বিচাৰি মোৰ বুকুখন হাহাকাৰ কৰি উঠিব,
যেতিয়া নিজৰ যন্ত্ৰণাত জ্বলি ছাই হ'ব ধৰা মোৰ বাউলী ৰূপটোৱে
ওৰেটো নিশা শান্তিৰ কোমলতা বিচাৰি তোমাৰ কান্ধখনত মূৰটো থ'ব,
তুমি তেনেকৈ সুখী হ'ব পাৰিবা?
দিনৰ সোণবৰণীয়া মোৰ উজ্জ্বল মুখখন ৰাত্ৰিৰ মৌনতাত ম্লান পৰিব,
মোৰ দীঘল ক'লা চুলিটাৰি তেতিয়া আৰু প্ৰেম সুবাসী নহয়,হ'ব
মোৰ ভিতৰৰ চূৰ্ণ-বিচূৰ্ণ ক্লান্ত আত্মাৰ প্ৰতিচ্ছবি।
অইন প্ৰেমিকাৰ দৰে তোমাৰ অধৰত চুমা আঁকি দিবলৈ মোৰ বুকুয়ে উচুপিব,
তোমাৰ প্ৰেমাস্পৰ্শৰ কোমল হাতখনো মোৰ অনুভূতিয়ে ভাৱি ল'ব সান্ত্বনা আৰু সমৰ্থন,
উত্তেজিত হৈ পৰিব পৰাকৈ মোৰ আত্মা শুদ্ধ নহয়।
মৰি-মৰি জী উঠিব বিচৰা শৰীৰটো জানো প্ৰেমৰ ঘৰ হ'ব পাৰিব?
আকৌ, এইযে বিষ
এয়া তোমাৰ অকন মাথোঁ অৱহেলাত হৈ পৰিব শিলাৰূপী,
প্ৰতি পল নতুন এটা ভয়ে খুলি খুলি খাব মোৰ হৃদয়
যদি মই হৈ পৰোঁ আকৌ তুমিবিহীন!
সংগী হৈয়ো নিসংগ হোৱাৰ বেদনা বহু বেছি!
আৰু কোৱা এতিয়াও ক'বানে তুমি মোক?
"Will you be my Valentine?"
————————————
খোজ
এ আমান
মৰিগাঁও
মই গৈ থকা বাটবোৰে মোট সলায়
অচিনাকি নতুন বাটেৰে বাট বুলোঁ মই
আয়ুকাল বৃদ্ধিৰ লগে লগে
নতুন বাটে পথ দেখুৱায়
নকৈ দিয়া খোঁজবোৰে
সন্ধান দিয়ে সৌন্দৰ্য আৰু কলুষতাৰ
যেন সদ্য ভূমিষ্ট এখন পৃথিৱী
চৌপাশে সুন্দৰীৰ লয়লাস সুবাস বিলায়
কেতিয়াবা মই বিচৰণ কৰোঁ সৰ্গত
পান কৰি আলি কাষৰ সুষমা
দৰ্শন কৰি তৃপ্তিৰে ওমলা ল'ৰালি
শ্ৰৱন কৰি ন-কইনাৰ লাজুকী হাঁহি
আমোলমোল পুষ্পৰ মাধুৰ্য শুঙি
কেতিয়াবা দেখা পাওঁ মন বিদীৰ্ণ কৰা দৃশ্যৰাশি:
বাহনে হত্যা কৰা পোৱালিক মাতৃ কুকুৰে অপেক্ষা কৰা
অবাধ্য চালকে পথচাৰীক ঘুণীয়া কৰা
লুটেৰাই কোনো জনক অভিগ্ৰহ কৰা
মোৰ বাবে মই ভোগ কৰোঁ জীৱন
পৃথিৱীৰ বাবে থাকোঁ জীয়াই
সুস্থতা বা ঐশ্বৰ্য নহয় লক্ষ্য মোৰ
সুখকৰ আনন্দময় শান্তিৰ পৃথিৱী মোৰ কাম্য...
———————————
তুমি অহাৰ পৰত
মনচুমী কলিতা নাথ
ফাগুনৰ পছোৱাত হালি জালি নাচি আছিল
মিঠা মিঠা সুবাসভৰা সুমথিৰা আবেলিটো
নদীয়েদি বাট বুলি পথৰুৱা আলিয়েদি
সুহুৰিয়াই সুহুৰিয়াই তুমি আহিছিলা
আশা ভৰা মনেৰে সপোন খেদি
তুমি অহাৰ বাটত বসন্ত নামিছিল
গুণগুণ গানৰ অমিয়া সুৰত
নাহৰ তগৰ ফুলবোৰ আগতীয়াকৈ ফুলিছিল
তোমাৰ বাঁহীৰ মধুৰ মূৰ্চ্ছনাত
মোৰ ভৰুণ বুকুলৈ প্ৰেম নামিছিল
পেঁপাৰ সুৰে ৰাইজাই কৰিছিল গা
তোমাৰ হাঁহিত মোৰ বুকুৱেদি
বৈ গৈছিল চেনেহৰ ভোগদৈ
তোমাৰ আবেগভৰা চাৱনিত হেলনীয়াকৈ নামি আহিছিল হেঙুলীয়া বেলি
হিয়াৰ মাজত জকমকাই ফুলিছিল
হাজাৰ গোলাপৰ ৰঙা ৰঙা পাহি
চকুৰ ভাষাৰেই কৈ গ'লা তুমি কাষলৈ আহি
মই তোমাক ভালপাওঁ ভালপাওঁ বুলি
মই মোৰ হৈ নোৱাৰিলো থাকিব
তুমি মোক লৈ গ'লা
মোৰ পৰা চুৰ কৰি
সেই তেতিয়াৰ পৰাই
বুকুতে সামৰি ৰাখিছো এটি সপোন
সেই সপোনৰ অন্য এটি নাম ফাগুন ।
——————————
লৃগাং তই আহিবি
ৰশ্মি দলে (ৰ'জ্ঐয়াও)
ঢকুৱাখনা, লখিমপুৰ
ৰঙালী-পলাশ, শিমলু-মদাৰ
ফুলিল
লঠঙা গছত
ন! কুঁহিপাত
লৃগাং তই অহাৰ
এইয়াই নেকি আগ জানি?
ফাগুন মাহৰ
প্ৰথমটো বুধবাৰলৈ
অধীৰ আগ্ৰহেৰে
বাট চাওঁ
তুমি আহিবা বুলি
লৃগাং তই বৰ অভিমানী!
ফাগুনৰ উতনুৱা বতাহত
হালি-জালি
ডেকা-গাভৰুৰ
নৃত্যৰ মদিৰা।
লৃগাং তই অহা বাটত
তোক আদৰিবলৈ
ডেকা-গাভৰুসতে ৰৈ আছে
গাতে মিবু-গালুক, য়াকান এগে,
ৰঙা ৰিবিং গাছেং পিন্ধি
পুৰাং আপিন, চাই মদ
আৰু গাহৰি মাংসৰ আঞ্জাৰে
তোলৈ যে ৰৈ আছে অ'
লৃগাং তই আৰু অভিমানী নকৰিবি
নহ'লে ৰাঙলী-পলাশ
শিমলু-মদাৰবোৰ ৰং বিহীন হ'ব!
লৃগাং তই আহিব অ'!
লৃগাং, তই আহিবি।
———————————
এটি জোনাকী আজিকোপতি
গিৰিজা শৰ্মা,
কলিতাপাৰা, গোৱালপাৰা
হেৰুওৱাৰ দুখ ৰাতিতকৈ বেছি কোনে বুজে
এন্ধাৰ মানেই বেজাৰ
এন্ধাৰ আজুৰি-আবুৰি
এটি জোনাকী
চাকি চায় ৰাতিৰ দুখ
চুই চায় এন্ধাৰৰ আয়ুস
এটি এটি ৰাতি
দুখত কাতি
এটি জোনাকী
পোহৰাব খোজে ৰাতিৰ মুখ
নিচুকাব খোজে হেৰুওৱাৰ দুখ ৷
————————————
ধূলিয়ৰি বাটে আনন্দৰ বতৰা
চিন্ময় ডেকা,
টংলা, ওদালগুৰি
আশাৰ সঞ্জীৱনী হৈ
নতুনত্বৰ ঢল নমাই আনিছে
পছোৱা ফাগুনে,
সৰা পাতে নেদেখা কৰি পেলাইছে
প্ৰকৃতিৰ চিৰ বিনন্দীয়া ৰূপ
চৌদিশে হাহাকাৰ
অস্বস্তিকৰ পৰিবেশত
হৃদয়ৰ উমাল বুকুত।
ৰঙা শিমলু ফুলৰ সুবাসে আমোল-মোলাই
ক'ত কিমান পলাশ, মদাৰ
এই মাহতেই শুভ্ৰ পুলকিত হৈ গজালি মেলে
সৰা পাতে ধৰণীলৈ,
বিষাদৰে ভৰা পছোৱা ফাগুন নামে
উলাহতে মন উৰুঙা
ধূলিয়ৰি বাটে আনন্দৰ বতৰা
মৌনতাত অফুৰন্ত বসন্তৰ আগমনৰ আখৰা।
————————————
খোপনিটো ধৰি আছোঁ বাবেই আজিও
ৰবিন কুমাৰ চেতিয়া
আই পিতাইৰ এঠাদৈ মৰমৰ জীওটো হৈ
পৃথিৱীৰ পোহৰ দেখাৰে পৰা মোক
শিকোৱা হৈছিল খোপনি ধৰিবলৈ
জীৱনৰ অ আ ক খ শিকোতেও
আঙুলিত ধৰি ধৰি শিকোৱা হৈছিল মোক
খোপনি ধৰাৰ আদিমন্ত্ৰ
খোপনি ধৰাতো বৰ সহজ কথা নহয়
এবাৰ খোপনি হেৰালে
তজবজীয়া সময়বোৰো হ'ব পাৰে দু:সময়
মোক শিকোৱা হৈছিল
চাৰিওফালৰ পোৱা নোপোৱাবোৰ সাৱতি
জীৱনৰ পুলিটো ৰুবলৈ
হাউলি নোযোৱাকৈ
বৰগছৰ কলিজাটো হৈ ওৰেটো জনমলৈ
জীৱনৰ পথাৰখন চহাবলৈ যাওঁতেও
পিতায়ে শিকাইছিল মোক
নাঙলৰ মুঠিত ধৰাৰ কিটিপ
জীৱনৰ চাকনৈয়াত উঠা নমা কৰোঁতেও
দিবলৈ শিকাইছিল আঙুলিৰ টিপ
পিছল বাটত খুপি খুপি
আজিও পেলাইছোঁ দুভৰিৰ খোজ
একেটা খোপনিতে খামি ডাঠ হৈ
সময়ৰ নদীত ডিঙা মেলিছোঁ
একলব্য গতিৰ নাৱৰীয়া হৈ
এন্ধাৰৰ কোলাহলত পোহৰৰ কণিকা বিচাৰি
সমুখৰ বাট মনিব পৰাকৈ
চকুলোবোৰ সামৰি সুতৰি ৰাখিছোঁ
বৰ যতনেৰে ধৰি ৰাখিছোঁ
হৃদয়ৰ হোঁহকা পিছলা খোপনি
সম্বন্ধৰ বাখৰবুলীয়া ৰেণুবোৰ
মৰহিবলৈ দিয়া নাই
সুখতো , দুখতো
জহি খহি যাবলৈ দিয়া নাই
কলিজাৰ সাঁচতীয়া সুৰ
জীৱনৰ জোৱাৰ ভাটাত
অচিনাকী আবেগৰ জিকিমিকি আনন্দত
উটিবলৈ দিয়া নাই কাহানিও
আই পিতাইৰ ছকঠীয়া সপোন
সূৰ্য্যমূখী হাঁহিৰে পখালিছোঁ নিতৌ
প্ৰতিটো সেমেকা পুৱা
বুৰুলিত উৰুলি দি
পিতায়ে বন্ধা হেঁপাহৰ চালিখন আজিও মেলিছোঁ
কজলা ৰ'দ
চেলাপতীয়া বৰষুণত
খোপনিটো আছে বাবেই আজিও
আকাশখন আকাশ হৈ আছে
নৈখন নৈ
আৰু ময়ো আছোঁ মই হৈ
আশাবোৰ এদিন এনেকৈয়ে জীপাল হ'ব
অন্ত:সত্বা হ'ব নৈখনৰ দুয়োটি পাৰ
ফেঁহুজালি সপোনে জোনাকত হাঁহিব
এটোপ এটোপকৈ
মাটিৰ খোপনি নেহেৰুৱাকৈ ...
———————————
আত্ম কথা
পূৰবী শইকীয়া বৰুৱা
সোনাৰী ,চৰাইদেউ জিলা
১)
কি নাম এই যাত্ৰাৰ
কি বিচাৰি
বাৰে বাৰে গুচি যায়
অন্তৰীক্ষৰ সেই নভোনীল শব্দৰ পম খেদি ।
২)
এখন অভেদ্য দুৱাৰ
য'ত হাজাৰ বছৰৰ স্তুপিকৃত
অকথিত কাহিনী য়ে
কথা ক'ব খোজে ।
৩)
পোহৰৰ বেদীত
সময়ৰ সমৰ্পনত
সকলো উল্লাসিত
কিন্তু আন্ধাৰত
কিয় নিমাত, মৌন।
৪)
পলাশৰ ৰঙেৰে
আকাশ মুখৰ
ফাগুনী প্ৰাণত তেন্তে কিয় বা অভিমানৰ ভৰ ।
————————————
ছদ্মনাম
ইৰা দেবী
ৰাংছালী,বিশ্বনাথ
ছদ্মনামৰ কোনো জ্যোতিষ নাই,
নাই চিনাকি আকৰ্ষণ,
আত্ম পৰিচয় লুকুৱাই,
তেঁও ঘূৰিফুৰে
খেয়ালি মন এটা লৈ,
বিশ্বাস আৰু প্ৰত্যয়েৰে ভৰা,
এখন সুকীয়া পৃথিবীত।
পৃথিবীৰ অন্য নাম বোৰৰ সতে
সহবাস নকৰে তেঁও,
নামবোৰে যদি বিদীৰ্ণ কৰে
খেয়ালি কবিৰ স্বপ্নময়তা।
সেয়ে,
সংবেদনশীল কিছু
সামাজিক চেতনা,
কিছু বৈপ্লৱিক চিন্তাৰে,
নিজেই নিৰ্মাণ কৰে
নিজস্ব পৰিচয়।
গোপন আত্ম পৰিচয়েৰে
উন্মুক্ত কৰে,
বহু গোপনীয়তা,
গোপনে গোপন কৰে,
নিজস্ব গোপন সত্তা।
————————————
নিৰঙ্কুশ
সুশান্ত দাস
শিৱসাগৰ
জীৱনৰ স্বাচ্ছন্দ্য গতিত বৈ যোৱাৰ আশা
এৰা নাই এতিয়াও
জীয়াৰ আনন্দৰ বন্যা
বৈ আছে হৃদয় নদীত,
আশাই বাট ভেটা নাই মোৰ
সেই কুমুদৰ ৰঙীন পাহি
মোৰ প্ৰিয় হৈ পৰিছে,
যেন সকলোকে ভাল পাব পৰা শক্তি
মোৰ সিৰে সিৰে,
সেইবাবেই চিঞৰি কৈছোঁ
নিজান নদীৰ পাৰত
“মই নিৰঙ্কুশ।”
যাযাবৰী জীৱন নহয় মোৰ
কিন্তু...
সময়ৰ গতিৰ কোনো
কোনো নিৰস ঠাইত
অনুভৱ হয় মোৰ
মই যেন যাযাবৰী অনন্ত কালৰ!
জীৱন সোঁতৰ কিছু অংশত
মই যেন যাযাবৰী জীৱনৰ প্ৰতীক!
নীৰৱ সেই ক্ষণবোৰ
নীৰৱ সেই সময়ৰ সোঁত
কিন্তু যেতিয়া বৈ থকাৰ অনুভৱ হয়
তেতিয়াহে ভাবো
আৰু ভাবি ভাবি পাওঁ
“মই নিৰঙ্কুশ।”
জীৱনৰ শেহান্ততো মই বৈ যাম নীৰৱে,
বৈ যাম বাধাহীন হৈ,
নীৰলে বৈ যোৱা সময় নামৰ নদীখন
আজি পৰ্যন্ত বৈয়েই আছে
আৰু ময়ো!..
বাধাহীনতা থকাৰ বাবে
এই নদীত ময়ো বঠা লৈ
গৈ আছোঁ জীৱন নাৱত,
আশাৰ কিৰণ বিচাৰি
নীৰৱ ক্ষণত বাগৰি।।
এই যেন মই সকলো সময়তে বাধাহীন
সেইবাবে মই নীৰৱ!
সেইবাবেই মই বৈ যাওঁ
জীৱনৰ স্বাচ্ছন্দ্য গতিত,
আৰু বাৰে বাৰে চিঞৰি কও মই
“মই নিৰঙ্কুশ!”
————————————
যন্ত্ৰনা
ৰিংকু বৰুৱা
লক্ষীমপুৰ
সামৰি লৈছোঁ শোক-দুখ
বেদনাক নিজৰ সংগী কৰি
আগুৱাই যাৱ খোজোঁ
জীৱনৰ ঘাত-প্ৰতিঘাত আউকান কৰি
স্ৰোতস্বিনী নদীৰ দৰেই
সতীত্ব হেৰুওৱা অৱলাৰ
দুৰ্বাৰ প্ৰতিবাদ কৰি কৰি পাৰ কৰিছোঁ বহু
উজাগৰী নিশা
মনৰ মাজত পোৱা নোপোৱা
সপোনৰ অগা-ডেৱা
যন্ত্ৰনাত মৰ, মৰ কৈ ভাগে
বুকুৰ মাজত নীৰৱে শুই থকা
কান্দোন আৰু বিশ্বাসহীনতা ।
————————————
বিবৰ্ণ বিশ্বাস
নিৰ্মালী বৰা
আচলতে মই দুহাতেৰে আজুৰি
আনিব খোজা নাছিলো
তোমাৰ পৰা ভালপোৱাবোৰ
আত্মাৰে গিলিছিলো
তোমাৰ আত্মাভিমানী মৰম তৃষা
জোনৰ নাভিত গজা অৰণ্যৰ সেঙেটাৰে
মই সাৱটি থাকিলো বিশ্বাসৰ গছ
চিৰকাল সেউজীয়া হোৱাৰ প্ৰত্যাশাৰে
বিশ্বাসহীনতাৰ দোষত
তাতে তুমি সানি দিলা নিৰ্জনতা...!
অভিমানৰ আতিশয্যত আজি তুমি নাই
মনটোৱে স্বীকাৰ কৰি লৈছে
চেচুকীয়া বাস্তৱ.....!
মোৰ কবিতাৰ কাব্যিক চেতনাত
প্ৰতিটো শাৰীয়ে শাৰীয়ে তুমিহীনতাৰ
অযথা পঙ্গু প্ৰলাপ
শুনিছোঁ ,
বতৰে সলালে হেনো
তোমাৰ বিশ্বাসৰ ৰং!
জীৱন মূল্যায়ণৰ নথিবোৰত
কেঁচা তেজেৰে ময়ো লিখি ৰাখিছো
মৰা জোনৰ বহু কেইটা হিচাপ...
প্ৰতিপদৰ পৰা অমাৱস্যালৈ...!
ওৰে ৰাতি কঙাল সপোনবোৰে
ৰৈ ৰৈ উচুপে মনৰ ফেৰোঙত
বোধকৰোঁ, বঞ্চনাৰ কুঠাৰাঘাটত
এনেকৈয়ে
জীৱনে হেৰুৱাযই ৰঙৰ সাৰ্থকতা!
———————————
জীৱন বৰ অনুপম
তানিয়া মধুকল্য
কেতিয়াবা নিজৰে প্ৰতিচ্ছবি
আঁকো
কেতিয়াবা নিজকে হেৰুৱাই
পেলাওঁ,
কেতিয়াবা আকৌ নিজক বিচাৰি পাওঁ
সচাঁকৈ বৰ অনুপম এই জীৱন।
জীৱনটো এক বহুৰঙী,
বহুৰূপী
এক বিশাল ৰঙ্গমঞ্চ!
ৰঙীন কাঠত সজোৱা
সৰু পুতলাবোৰৰ দৰে
নানা ধৰণৰ বেশ ধৰি
জীৱন নামৰ এই নাট্যমঞ্চত
আমিবোৰেও নাটক
কৰিবলগিয়া হয়
সচাঁকৈয়ে বৰ অনুপম এই জীৱন।
জীৱনে যদি কেতিয়াবা হহুৱাঁই
সেই জীৱনেই আকৌ
কেতিয়াবা কালৰূপী বস্ত্ৰ
পিন্ধি বৰকৈ কন্দুৱাই।
সচাঁকৈয়ে কি আচৰিত
এই জীৱন!
কেতিয়াবা জীৱনটো
সুখৰ নৈ হৈ বৈ যায়
কেতিয়াবা আকৌ
দুখৰ বথা বায়!
জীৱনটো সুখ-দুখৰ
মাজৰে পাৰ হৈ যোৱা
এক ক্ষন্তেকীয়া অনুভূতি।
সচাঁকৈয়ে এই বহুৰঙী
জীৱন বৰ অনুপম।।
তানিয়া মধুকল্য
তৃতীয় ষাণ্মাসিক
ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয় বিহপুৰীয়া,লক্ষীমপুৰ
————————————
স্বাগতম
আৰতি টুকৰীয়া
আইয়ে কৈছিল
বহু দিন ঘৰ খনত
গুৰু ভকতৰ পদধূলা
নপৰিলে হেনো
পদুলি বাটত দুৱৰি বন গজে !
জানানে
মোৰ চোতালৰ দুৱৰি ডৰাওঁ লহপহ কৈ বাঢ়িছে ;আৰু ফুল বোৰো জকমকাই ফুলিছে !
কোনেওঁ নিচিঙে !
ৰাজপথত প্ৰাতঃভ্ৰমনৰ
পথিক নাই যে !
আজি সন্ধিয়া তুমি আহবা নে?
মোৰ পদুলিত তৃতীয় ব্যক্তিৰ পদধূলা নপৰা
প্ৰায় এবছৰেই হল!
জোন গলি জোনাক হোৱা আকাশ বিয়পা
স্নিগ্ধ আলোকেৰে
ৰুপোৱালী তৰা ফুলৰ
মালা ধাৰেৰে তোমাক স্বাগতম জনাম ;
মনৰ হেপাহেৰে !
আৰু লহপহ কৈ বাঢ়ি অহা চোতালৰ দুৱৰি ডৰাতে বহি মত বিনিময়
কৰিম ;বহু দিন নপতা কথাৰে ।
আহিবানে তুমি?
কি কলা ;ঘৰটো পাহৰিলা?একেবাৰে সহজ ;গড়আলি এৰি
আহি আৱৰ্ত্ত ভ্ৱন পাবা
আৱৰ্ত্তভৱনৰ পৰা বিশ
খোঁজ নিলগতে মোৰ পজা পাবা !
তুমি আহিবা ;মই অধীৰ আগ্ৰ্হেৰে বাট চাম ।
আৰু তেতিয়াই আইয়ে
কোৱা গুৰু ভকত তোমাকে মানিম ।
(ক'ৰোনা কালত মানুহৰ স্ংস্পৰ্শ লৈ আহিব নোৱাৰা বেজাৰত লিখা!)
————————————
বিভেদ
দিপ্তী মনি গোস্বামী
লখিমপুৰ,লালুক
জল,পানী ,
একেই অৰ্থৰ যমজ দুই জীৱনদায়িনী ।
সকলোৱে পাণ কৰো আমি ,
আকাৰ পাত্ৰৰ ভেদাভেদ নগণি ।
সুবিশাল বিশ্বৰ
আকাশৰূপী ছাটিৰ তলত আমি অৱস্থান কৰোঁ ।
সমানে তাপ পোহৰ পাওঁ আমি ,
নাথাকে তাত ধনী দুখিয়া
,জাতি অজাতিৰ ভিন্নতা ভেদা ভেদ খিনি ।
আদিতে আছিল
আদম ইভ দুজন প্ৰাণী,
তাৰেই শিপা ,শাখা প্ৰশাখা আমি ।
ৰীতি- নীতি ,কৃষ্টি, সংস্কৃতিৰ ,
সুচল ক্ষেত্ৰতলৈ আহিল বিভাজন বৰঙনি ।
মা ৰূপে ধৰিত্ৰী
ভাৰত মাতা একেজনী ।
একেই শিপাৰ পূণ্যভূমি ,
অসমী আই আমাৰ জননী ।
ধন্যে ,পূণ্যে আমি অগ্ৰগামী ,
আই মাতৃৰ চৰণ চুমি ।
একেই মাতৃৰ সন্তান আমি ,
মানৱ নামে প্ৰখ্যাত জীৱ শ্ৰেষ্ঠৰ ভূষন টানি ।
একেই পথৰ যাত্ৰী আমি ,
এধানি পোহৰ সন্ধানী ।
তুলুঙা নাঁৱত বহি চলাইছো ,
একেই অভিযান একেই লঙ্গৰ টানি ।
————————————
সহিব পৰা নাই
জোনমণি মহন্ত
শব্দবোৰ যেতিয়া নুবুজা সাঁথৰ হয়
বান্ধি থোৱা যন্ত্ৰণাবোৰ গড়ালৰ ৰূপ লয়
তেতিয়া ভাব হয়
আঁকোৱালি লোৱা সময়ক
সময়ে কিয় কৰ্কশ হৈ টনা আঁজোৰা কৰে !
অনুভৱবোৰে খোপনি পুতি ল'ব বিচৰা জুপুৰিত
অশান্ত মন ঢলি পৰিব নিবিচাৰে ,
কাহানিও হেৰুওৱাৰ দুখ সহিব নোৱাৰে
মায়াত বন্দী হোৱা সময়ৰ লিপিবদ্ধ পৃষ্ঠাবোৰ লুটিয়াই চাওঁতে
উজাগৰী ৰাতি
এটি এটিকৈ লিখা শব্দবোৰ মলিয়ন হৈ পৰে
অতীতৰ স'তে মিহলি কৰা বৰ্তমানক
উজুটিত তেজ বিৰিঙিবলৈ ধৰে
অথচ সহিব নোৱাৰি হেৰুওৱা অতীত
যদিও ভঙা পঁজাটোত তৰা লিখা আছিল।
———————————
শেষ ঠিকনা
ৰিতুমণি কলিতা
শেষ ঠিকনা বিচাৰি খাইছোঁ হাবাথুৰি
পাহাৰ-ভৈয়ামত নিতৌ ঘুৰিছোঁ অনাই-বনায়
কেতিয়াবা কৃষ্ণচুড়াৰ দেশৰ ৰঙীন ফুলৰ দৰে হৈ পৰে জীৱন
কেতিয়াবা আকৌ মৰাসুঁতিৰ দৰে।
কোনদিশে ধাৱমান নাজানো নিজেই
যদি শেষ ঠিকনা মৃত্যুৱে হয়
তেনেহ'লে ইমান সুখ-দুখৰ পাটিগণিত কিহৰ বাবে?
কিহৰ বাবে ফুলশয্যাৰ আয়োজনত মগ্ন সমাজ?
কিহৰ তাড়নাত প্ৰেমত ফুলে শতদল?
কাৰ প্ৰৰোচনাত পলে পলে নষ্ট হয় ভালপোৱা?
ঘৰমুৱা পক্ষী জাকে জানে
বভূক্ষ হৈ ৰৈ আছে পোৱালিবোৰ
ঠিক তেনেকৈ জীৱনো ৰৈ থাকে
মৃত্যুৰ বাবে অপেক্ষাৰত হৈ
যেতিয়া চিতাৰ জুইকুৰা দপদপাই জ্বলে
তেতিয়া দৰ্শন কৰোঁ মৃত্যুৰ বিভৎস ৰূপ
কামনাত লিপ্ত হোৱা শৰীৰ
অনুৰাগৰ বাসনাত উন্মুক্ত যৌৱন
নিমিষতে পৰিণত হৈ পৰে ভস্মত।
চহৰৰ গলিত দেহোপজীৱীয়ে
গ্ৰাহকৰ উমাল সান্নিধ্যৰে
এখন্তেক সুখ অৰ্জন কৰে, ক্ষুধাৰ তাড়নাত ।
এই সুখৰবা সংজ্ঞা কি?
সিহঁতে টকাৰে বিনিময় কৰে সুখ-দুখৰ ।
বিক্ৰী কৰে উন্মুক্ত দেহ ,
অন্তিম অবনতি সকলোৰে কেৱল মৃত্যু!
দূৰ্বল মনৰ অধিকাৰী
প্ৰতাৰিত হোৱাজনে ইচ্ছামৃত্যুক
স্বীকাৰ কৰে পৰম সত্যক আগতীয়াকৈ গমন কৰে
শেষ ঠিকনালৈ।
সংগীবিহীন
ধূসৰ পথৰ পথিক হ'বলৈ
প্ৰত্যেকেই যাত্ৰা কৰোঁ
দুদিনীয়া জীৱনত
ছয় ৰিপুক দমন কৰাৰ আখৰাৰে
গৈ আছোঁ ভাৱৰীয়া হৈ এখন জীয়া নাটকৰ।
চৰিত্ৰৰ মাজত সোমাই অশ্ৰু নিগৰাই
নিৰ্জন ৰাতি চলাথ কৰিছোঁ
চলনাময়ী জীৱনৰ শেষ ঠিকনা।
———————————————————
0 Comments