পষেকীয়া কাব্যকানন ৪ৰ্থ বৰ্ষ ৮ম সংখ্যা


সম্পাদনা সমিতি


সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ

বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয় 

   ২০১৮ চনত  শিৱসাগৰত অনুষ্ঠিত হোৱা অসম কাব্য কাননৰ ত্ৰৈমাসিক অধিৱেশনত জনপ্ৰিয় সাংবাদিক ছায়ামণি ভূঞাই কৈছিল–'"আত্মসমাচনাৰ সমান্তৰালকৈ আমাক আত্মপ্ৰশংসাৰো প্ৰয়োজন।" নিজক অধিক গতিশীল কৰি ৰাখিবলৈ আমি আমাক উজ্জীৱিত কৰি থকা অতীব প্ৰয়োজন।
    যোৱা ১৬ জানুৱাৰীত হোজাই জিলাৰ লামডিঙত অসম কাব্য কাননৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ শুভ উদ্বোধন হয়। ফেচবুকত জন্ম লৈ  পাঁচবছৰৰ ভিতৰত এইদৰে স্থায়ী ঠিকনা পাবলৈ সক্ষম হোৱাটো সঁচাকৈয়ে প্ৰশংসনীয় বুলি অনুষ্ঠানত সমৱেত শ্ৰদ্ধাৰ অতিথিসকলে একেমুখে স্বীকাৰ কৰে। অসম কাব্য কাননৰ প্ৰকাশন গোষ্ঠী কাব্যম প্ৰকাশৰ প্ৰকাশক প্ৰদীপ চন্দ্ৰ শৰ্মাদেৱৰ অহোপুৰুষাৰ্থৰ ফচল–কাব্যকাননৰ কেন্দ্ৰীয় কাৰ্যালয়।
     যোৱাবছৰৰ ১৯ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি সাহিত্য অকাডেমী বঁটা বিজয়ী বৰণ্য সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেৱেও নবীন-প্ৰবীণ সকলোকে লগত লৈ কৰা কাব্যকাননৰ প্ৰয়াসৰ প্ৰশংসা কৰিছিল। বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীদেৱে  উক্ত অনুষ্ঠানতে নবীনসকলৰ বাবে এখন মঞ্চ প্ৰস্তুত কৰাৰ বাবে অসম কাব্য কাননৰ শলাগ লোৱাৰ লগতে তেখেতে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ধন্য হোৱা বুলি জনাইছিল।
     এয়া আমাৰ বাবে পৰম আশীৰ্বাদ। সঞ্জীৱনী সুধা।
     কাব্যম প্ৰকাশে যোৱাবছৰ দহখন কিতাপ পাঠকৰ মাজলৈ আগবঢ়াই দিছে।অনাগত সময়ত আৰু বহুকেইখন মূল্যবান গ্ৰন্থ আপোনালোকলৈ আগবঢ়াবলৈ পৰিকল্পনা কৰিছে। 
     এই সকলোবোৰ সাফল্যমণ্ডিত হোৱাৰ  মূলতে আপোনালোক।আপোনালোকৰ সহায় সহযোগিতা তথা আশীৰ্বাদৰ অবিহনে আমাৰ পক্ষে এয়া একেবাৰে সম্ভৱ নহ’লহেঁতেন।
     নাজানো,আমি কিমাৰ দূৰ সফল হৈছোঁ।কিন্তু, চিৰ চেনেহী ভাষা জননীৰ হকে আমি অহোপুৰুষাৰ্থ কৰি আহিছোঁ।
      আহক, হাতত হাত ধৰি আগুৱাই যাওঁ।
 গঢ়ি তোলো-এক সুস্থ কাব্যিক পৰিৱেশ।

নৱ ৰাজন
সম্পাদক
কাব্যকানন
—————————————–––––––
কবিতাৰ আড্ডা 
উদয় কুমাৰ শৰ্মা

ভাষাৰ মসৃণতা বা সাৱলীলতা

কাব্যভাষা অৰ্থপূৰ্ণ নহ'লে, সি যিদৰে উকা বাক্যহে হয় -- তেনেদৰে, গভীৰ অৰ্থযুক্ত বাক্য এটিও শুৱলা, ৰমণীয় বা মধুৰ নহ'লে, সি পঢ়ুৱৈৰ মন সহজে টানি নিব নোৱাৰে। অৰ্থাৎ, কবিতাৰ ভাবাৰ্থক সুন্দৰভাবে উপস্থাপন কৰি আকৰ্ষণীয় কৰি তোলে ভাষাইহে। এনে ভাষা, বন্ধুত্বসুলভ ( Eco-friendly) হ'লেহে বুজাতো সহজ হয় বাবে -- পাঠকৰো আগ্রহ বাঢ়ে। আনহাতে, সকলো লেখাৰেই আন এক মূল উদ্দেশ্যই হৈছে -- পঢ়ুৱৈক প্ৰভাৱান্বিত কৰা। কবিতাৰ ভাষাই, অৰ্থক মধুৰ কৰি তোলাৰ লগতে শব্দৰো শক্তি বা মাত্রা বঢ়ায়। 
    ভাষাৰ চমকলগা সাৱলীলতাৰ দুটি উদাহৰণ হ'ল : (ক) 'কাৰ পৰশত ফুলিলি বান্ধৈ /
অ' মোৰ সাদৰী ফুলাম পাহি' [ 'গোলাপ', ৰঘুনাথ চৌধাৰী ]
  (খ) 'তুমি আই, লাখুটিত ভৰ দি / খুপি খুপি বিচাৰিছা কি? /
 ...    ...    ... 
মই বিচাৰিছোঁ, বিচাৰিছোঁ কি / তই নুবুজিবি, নুবুজিবি সোণ '
 [ 'আইতা', হেম বৰুৱা : 'মন ময়ূৰী', পৃ: ৩৭ ]

   এতিয়া, তলত উল্লেখ কৰা অমসৃণ বা আখজা ভাষাৰ গাঁথনিয়ে কিদৰে অৰ্থলৈও বিসঙ্গতি আনিছে, চোৱা যাওক :
   ক) ভেঁকুলীৰ দৰে বৰষুণৰ টোপাল গাত লাগিলেই / অৰ্কেষ্ট্ৰা বজায় থৈয়ানথৈয়াকৈ
   খ) এজাক প্ৰেমৰ বতাহ
   গ) চাৰিটা প্ৰেমৰ স্তৱক
   ঘ) এটা চেকুৰ মেলা ঘোঁৰাৰ পিঠিত... 
   ঙ) মই চালে পানী কটা ঘৰৰ ল'ৰা
   চ) মোৰ শঙ্কৰদেৱৰ পদ এফাকিলৈ / মনত পৰে

   উপৰিউক্ত বাক্যকেইটাৰ -- (ক) 'ভেঁকুলীৰ দৰে বৰষুণৰ টোপাল' -- এনে কথা অদ্ভুত ; হ'ব লাগিছিল -- বৰষুণৰ টোপাল গাত লাগিলেই / ভেকুলীৰ দৰে অৰ্কেষ্ট্ৰা বজায়... । (খ) 'এজাক প্ৰেমৰ' নহয় ; 'প্ৰেমৰ এজাক বতাহ'হে। (গ) 'চাৰিটা প্ৰেমৰ' ঠাইত --- 'প্ৰেমৰ চাৰিটা স্তৱক' হ'লেহে, সি মিহি হ'লহেঁতেন। (ঘ) 'এটা চেকুৰ' নে 'এটা  ... ঘোঁৰা'  ? ( ঙ) 'চালে পানী কটা ঘৰৰ ল'ৰা মই' অথবা, 'চালে, পানী কটা  ... ' । কিয়নো, 'মই চালে পানী কটা' বুলি উচ্চাৰিত হ'লে -- পাঠক বিমোৰত পৰিব পাৰে। (চ) শঙ্কৰদেৱ কাৰো নিজৰ নহয় বাবে -- বাক্যটিৰ গাঁথনি হ'ব লাগিছিল -- 'মোৰ শঙ্কৰদেৱৰ  ... ' বা, 'শঙ্কৰদেৱৰ পদ এফাকিলৈ / মোৰ  ... ' । 

   এনেদৰে, ভাষাৰ বিন্যাসে যাতে বিৰূপ অৰ্থ প্ৰকাশ নকৰে, তালৈ সতৰ্ক হোৱাটো প্ৰয়োজন।
———————————————————
                         কবিতা 
দেশৰ মাটিৰ গান
চন্দন গোস্বামী

যি ভূমিলৈ ভ্ৰমণ কৰে 
সাগৰ তলিৰ কণ্ঠ এটুকুৰা  
যিয়ে  পঞ্চবিধ জলত হেন্দুলি ৰয়
এটি সুৰ 
ধ্যানৰ 
জীৱনৰ
যুদ্ধৰো

যি ভূমিলৈ ভ্ৰমণ কৰে 
কাছ
গাহৰি
দশাৱতাৰ

যি ভূমিলৈ ভ্ৰমণ কৰে 
মৰুভূমিৰ উষ্ণ বতাহ
তুষাৰে জী ৰাখে 
শিলে- শিলে নিনাদিত
বেদৰ মন্ত্ৰ
উপনিষদৰ মন্ত্ৰ
গীতা 

যি ভূমিলৈ ভ্ৰমণ কৰে 
হেজাৰ হেজাৰ বছৰৰ 
শৌৰ্য বীয্যৰ কল্প - বিজ্ঞান
ভাস্কৰ্য
চৌষষ্ঠিকলা

যি ভূমিলৈ ভ্ৰমণ কৰে
প্ৰতিটো জীৱৰ বীজ
পখীৰ উৰণ 
জ্ঞানৰ 
সভ্যতাৰ

যি ভূমিলৈ ভ্ৰমণ কৰে
ঘাঁহ
প্ৰাচীন
ৰোমান্টিক
আধুনিক
উত্তৰাধুনিক
কবি
কৰুক্ষেত্ৰৰ

যি ভূমিলৈ ভ্ৰমণ কৰে
মানুহ
ধ্বংস
আৰু
সৃষ্টি
মহাজাগতিক
ব্লেক হু‘ল

যি ভূমিলৈ ভ্ৰমণ কৰে 
 প্ৰাণৰ প্ৰাণ
অমৃত যৌৱন
পৃথিৱীৰো

যি ভূমিলৈ ভ্ৰমণ কৰে
মহাত্মা
অহিংসা
স্বাধীনতাৰ

যি ভূমিলৈ ভ্ৰমণ কৰে
শিল
দিন - ৰাতি
যন্ত্ৰণা আৰু যন্ত্ৰণা
ৰাগ- বিৰাগৰ
স্মৃতি- বিভ্ৰমৰো

যি ভূমিলৈ ভ্ৰমণ কৰে
পৰিব্ৰাজক
বিথ‘ভেন
মুৰ্জাত
ক্যেমু
হুইটমেন
আইনস্টাইন
হকিং
মেণ্ডেলা

যি ভূমিলৈ ভ্ৰমণ কৰে 
ডিজিটেল ভোক
চিন্তা - চেতনা
শোকৰ
পৰিত্ৰাণৰো
————————————
শংখ ফুকি ঘোষণা কৰা হ'ল এই চহৰৰ বিষাদ

দাদুল ভূঞা
গহপুৰ

শংখ ফুকি ঘোষণা কৰা হ'ল চহৰখনৰ বিষাদ
চহৰখনত সঘনে সলনি হৈছে দিন ৰাতিৰ তফাৎ

প্ৰচণ্ড ভিৰৰ মাজত হেৰাই যোৱা চহৰখন
শূন্যতাৰ শৱ যাত্ৰাত বৰফ হৈ ঢলি পৰিছে

চহৰখনৰ একাষে পৰি ৰোৱা শিলবোৰত
কৰবাত শিল-ফুল হৈ শেলুৱৈ গজিছে
আকৌ ক'ৰবাত উঁইপোকে হাফলু সাজিছে

প্লাষ্টিকৰ হাতখন কোনোবাই হাতুৰীৰে কোবাইছে
বেকা নোহোৱালৈকে অথবা নভগালৈকে

হাতুৰীৰ কোব সহি সহি ভাগৰুৱা হোৱা মোৰ চকুযুৰিত
নিৰন্ন আকাশৰ মেঘে দোলা দি ধৰি
নাচিছে গাইছে
কৰ্ণ কুহৰত কিহৰ ইমান গুণ-গুণনি
বুজিও নুবুজি যি

তধা লাগি চাই ৰোৱা চকুযুৰিত
বিষন্নতাৰ দেওলগা  সময়
তেজৰ বৰষুণত
গোটেই চহৰখনত বিষাদৰ আৰাও
————————————
চাৰিটা সৰু কবিতা
দেৱ দাস

[১]
ওৰেটো ৰাতি
বিলাসী ৰাগীত মতলীয়া

ফুলে তৰাই গীতৰ অন্তৰা

এটিয়ে আনটিৰ
ঠিকনাত হাঁহাকাৰ

[২]
ওৰনি আতৰাই ৰঙচুৱা

খিৰিকীৰ আয়না জ্বলে

চনা চটকাদি 
বাঁহীৰ মাত

[৩]
কাড়ীবোৰৰ চকু
সৰিয়হ ফুলৰ নিচিনা

সৰিয়হ ফুল হালধীয়া

[৪]
এনেদৰেই
পশিমৰ বেলি লহিয়ায়

দিনবোৰ
শুভেইচ্ছাবোৰ
মাথোঁ পাবলগা
দিনৰ মাণিক সম্ভাৰ
——————————
মহামহিম
ইলামণি শইকীয়া
ম.ন.৮০১১৯৫৮৩১১

মহামহিম...
 বাটটো ক’ত,শিলৰ বাটটো
যিদিনা বাটটোৰ কথা ভাবোঁ
সিদিনা আমি শুব নোৱাৰো
যিদিনা আমি শুব নোৱাৰোঁ
সিদিনা বাটটোৰ বাবে
পোতাশালৰ দুৱাৰ ভঙাৰ কথা ভাৱোঁ
পিতনিৰ ঘূলি এৰি
আকাশমুৱা হ’ব নোৱাৰা ভৰ বুকুখন
নিৰ্ভাৰ কৰিবলৈ
বিভ্ৰান্ত চেতনাত পিষ্ট সত্বাৰ পৰিচৰ্যাৰ বাবে
আমাক বাটটো লাগে৷

ঘৰৰ পৰা ওলাওঁতে
বাটটো সঠিক যেন লাগিছিল
পোহৰৰ বাট
গীৰ্জাৰ ঘণ্টা,মছজিদৰ আজান,নামঘৰৰ ডবা,বুদ্ধৰ অহিংস ধ্বনিয়ে
বাটটো বাট কৰি ৰাখিছিল
বাটৰ কথা কওঁতে ককাদেউতাই প্ৰায়ে কৈছিল
বাটে পোৱালি দিয়ে বাট
গৈ থকাৰ বাবে বাটেই উত্তম
বাটে বাটে আহি ইমান দূৰ পালোহি
ঘূৰি যোৱাৰ উপায় নাই
সমুখত হেজাৰ বাটে পোৱালি দিয়া বাট
(বাট নে অবাট!)
বাটটো...
কোন বাটেৰে গ’লে বুকুত গৰজিব হেজাৰ ক্ৰীতদাসৰ চেঁপা ইতিহাস
কোন বাটত শান্তিৰ বাণী বুকুত গুজি ৰৈ থাকিব
হেঁপেহুৱা সভ্যতাৰ প্ৰথম হৌম্য
মহামহিম...
যি বাটত তোমালোকে খোজ দিয়া
সেই বাট আমাক চিনাই নিদিয়া
যি বাটৰ সন্ধানত 
পীৰি পীৰি অস্থিৰ,উন্মাদ

শেষৰখন কুৰুক্ষেত্ৰ শেষ কৰিবলৈ
পাৰ্থৰ সাৰথিয়ে চিনাই দিয়া
পুৰাতন বাটটোৰে আমাক আগবঢ়াই নিয়া
মহামহিম...
————————————
কঁপনি
ডাঃ হেমন্ত কুমাৰ গোস্বামী

এখন টুলুঙা নাৱত উঠি
জীৱন-নদীত মোৰ অনিশ্চিত যাত্ৰা ,
পলে-পলে বাঢ়ে-টুটে বিপদৰ মাত্ৰা ,
দুহাতেৰে ব'ঠা মাৰোঁ ,
যৌৱনৰ গান গা‌ওঁ ,
পানীত সাতোৰোঁ,
মেটেকা আতৰাই উলিয়া‌ওঁ পথ ;
তথাপি অতৃপ্ত মোৰ মন !

এটা ঘাটত তুমি মোৰ সহযাত্ৰী হ'লা ,
মোৰ টুলুঙা নাৱত তুমি
প্ৰেম আৰু বিশ্বাসৰ পাল তৰিলা ,
দিনত দেখা পালোঁ তোমাৰ চুলিত কজলা মেঘ
আৰু দুচকুত ৰামধেনু ,
ৰাতি দেখা পালোঁ বালিচৰত তিৰবিৰাই থকা
দুডাল যোৰ-সাপৰ নৃত্য !
নৈৰ পানীত খলকনি উঠিল ,
আমাৰ নাওখন কঁপি উঠিল ;
সেই কঁপনিৰ মাজতে
মই যেন বিচাৰি পালোঁ জীৱনৰ ছন্দ !

লাহে লাহে আমাৰ ছাঁ পূবলৈ দীঘল হ'ল
আৰু নদীখন চুটি হৈ আহিল ।
লাহে লাহে কঁপনি কমি আহিল ,
টুলুঙা নাওখন স্হিৰ হৈ বালিত ৰৈ গ'ল ,
শেষ হ'ল অনিশ্চয়তাৰ যাত্ৰা ,
শেষ হ'ল জীৱনৰ মাদকতা ।

জীয়াই থাকিবলৈ কঁপনি লাগে ,
হৃদয়ৰ কঁপনি ;
অলপ অনিশ্চয়তা আৰু অতৃপ্তিৰ কঁপনি ।
ফোন : ৯৪৩৫৩১৯৮৪৩  
৬০০১৭০৭৩৫১
——————————
অব্যক্ত 
ড° ৰমেশ কুমাৰ কাকতি

সুখৰ কি অনুভূতি 
থৌকি-বাথৌ মন
তৃপ্ততাৰ আৱৰণ 
খুলিব নোখোজে ।

স্রোতশ্বিনী ধাৰাৰে 
চিৰপ্ৰৱাহিতা হৈ
অনন্ত কাল জুৰি যেন
বৈ থাকিব খোজে।

থকাৰ কাৰণ বোৰো
তেনেই থুনুকা
স্মৃতিৰ দুৱাৰ খুলি
ভূমুকিয়াই চায়।

বাজে নেকি নুপুৰৰ মাত
ঢোল পেপাৰ  সুৰৰ  
লহৰে লহৰে 
গগনা বজায়।

মইতো পাহৰা নাই
নেযাঁও পাহৰি
সময়ৰো নাই অভাৱ
সদায়েই আহৰি।

মন মোৰ বিশাল আকাশ 
হতাশাই নকৰে আমনি
সুখ-দুখ একোতেই
নেলাগে জনাব সহাঁৰি ।

যুদ্ধ বুলি ভাবি ল'লে,
জয় বা পৰাজয় হব
দুখী হোৱাৰ কাৰণ নাই
সকলোবোৰ ঘৰতে থাকিব।

মোৰ বিশ্বাসে কয়      
শুদ্ধচিতে শুদ্ধভাৱে 
সহৃদয়তাৰে দিয়াখিনি
উভতি আহিব।

সচাকৈয়ে বিশ্বাসৰ 
গভীৰতাত মই
নিজকে বিলাই হওঁ 
আপোন পাহৰা।

মৌন ওঠৰ ভাষা
হৃদয়তে লিখা আছে 
হৃদয় পঢ়িলেই পোৱা যায়
সকলো বতৰা।

ড° ৰমেশ কুমাৰ কাকতি 
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ
—————————
দু:সময়
ৰঞ্জন গোস্বামী

সোঁৱৰণীৰ এখিলা সৰাপাতত
মোৰ বকুলফুলীয়া শৈশৱ ।
হঠাত স্তব্ধ হয়,
আৱেগৰ ভৰত উশাহে গতি হেৰুওৱা সময় ।

নিশব্দে খহি পৰে প্রতিশ্রুতিৰ বাখৰ ।
আওচেৰিয়া সময়ে চিগা বীণাত বায়,
জীৱনৰ বেসুৰা সুৰ।

বুকুৰ পৰা বুকুলৈ শিপায় জৰঠ শব্দবোৰ।
সন্তৰ্পণে নামি আহে,
পদূলিৰ গুলচ জোপাত ওলমি থকা গধুলিটো।

মোৰ বুকুত গেজেপনি মৰা এন্ধাৰ ।
প্রতীনিয়ত শূণ্যতাত বুৰ যায়, 
এবুকু সোণাৰুবুলীয়া হাঁহিত গুজি লোৱা 
জীৱনৰ সোণোৱালী সপোন ।

আঁত বিচাৰোঁতেই হেৰাই বাট।
জীয়া বিষাদৰ ধলত বাকৰুদ্ধ হৃদয় ।
কাৰ বুকুত ধৰফৰাই আহত পক্ষী এটা?
——————————
লিমাৰিক
ফাৰুল হুছেইন 
(১)
মদৰ নিচাত কাতিৰামে ৰাতি সাত  হাল বায়
ৰাতি পুৱালে কোনো উমঘাম নাই
মদৰ কি যে ৰাগি
দিনত মাৰিব পাৰি বাগি
মদ নাপালে ৰাতিৰামে পৰি থাকে লাংখায়৷

(২)

চকীত বহি বৰবাবুৰ মুখৰ অমিয়া মাত
টেবুলৰ তলেদি দিবলৈ নাপাহৰে হাত
কপালত চন্দন
মুখত ভজন
কাণপাতি শুনি থাকে মদাহী পুতেকৰ অবাইচ মাত৷
—————————
অসম_কাব্যকাননৰ_অনন্য_অনুষ্ঠান 
কথোপকথন

আজিৰ অতিথি : নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি, 'ভূমিৰ কবিতা'ৰ সম্পাদক মাননীয় দিগন্ত নিবিড় |
___________________________________

সাক্ষাৎকাৰ গ্ৰহণ: ■ অনামিকা ৰায় 
---------------------------------------------------------

   প্ৰান্তিককে ধৰি অসমৰ আগশাৰীৰ কেইবাখনো আলোচনীত কবিতা প্ৰকাশ হোৱা বৰ্তমান  সময়ৰ এজন প্ৰতিষ্ঠিত জনপ্ৰিয় কবি দিগন্ত নিবিড় পেছাত এজন শিক্ষক |

#প্ৰকাশিত কাব্যগ্ৰন্থ-◆কথনবেলা ( ২০১৯)
 

শ্ৰদ্ধাৰ কবিজনৰ সৈতে হোৱা আমাৰ কথোপকথন আপোনালোকলৈ আগবঢ়ালো |

◼️অঃকাঃকাঃ- নমস্কাৰ ।অসম কাব্য কাননৰ জনপ্ৰিয় শিতান #কথোপকথনলৈ আপোনাক স্বাগতম জনালোঁ ।  পোন প্ৰথমে আপোনাৰ পৰিচয়টি দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ

🔹দিগন্ত নিবিড়ঃ- কাব্য কাননলৈ আন্তৰিক ধন্যবাদ জনালোঁ। মোৰ পৰিচয় হ'ল: নাম দিগন্ত নিবিড়, ঘৰ বৰপেটা জিলাৰ পাঠশালাত। পেচাত এজন শিক্ষক।

◼️অঃকাঃকাঃ- আচাৰ্য কুন্তকৰ অনুসৰি "শব্দাৰ্থৌ কাব্যং, বাচকো বাচ্যং চেতি দ্বৌসংমিলিতৌ কাব্যম্" । অৰ্থাৎ শব্দাৰ্থই কাব্য আৰু বাচক আৰু বাচ্য দুয়ো মিলিত হৈ কাব্য হয় ।  কবিতাৰ এই সংজ্ঞাটোক আপুনি কেনেদৰে গ্রহণ কৰিব.? আপোনাৰ মতে কবিতা কি ?
🔹দিগন্ত নিবিড়ঃ- কবিতাৰ ক্ষেত্ৰত কোনো সংজ্ঞাই মই গ্ৰহণ নকৰোঁ। আৰু কোনোবাই কোনো বিশেষ পৰিবেশ বা আবৰ্তৰ ভিতৰত থাকি কবিতাৰ সংজ্ঞা দিলে তাক নস্যাৎ কৰাৰ অধিকাৰো মোৰ নাই। 
কবিতাৰ বিষয়ে মোৰ মতেই নাই। মই অন্ত:কৰণেৰে উপলব্ধি কৰোঁ কবিতাৰ বিষয়ে যাক মই বৰ্ণনা কৰিব নোৱাৰোঁ। কৰিবলৈ গ'লেই ই এটা ঠেক গণ্ডিত সোমাই পৰিব। কিন্তু কবিতা বিশ্ব ব্ৰহ্মাণ্ডতকৈও বিশাল।

◼️অঃকাঃকাঃ- এটা তত্বগধুৰ আলোচনা বা কবিতাৰ ক্ষেত্ৰত ভাষা অন্তৰায় হ'ব পাৰে বুলি ভাবেনে ?
🔹দিগন্ত নিবিড়ঃ-সাহিত্যৰ ভাষা বুলি ক'লে আমি দুই ধৰণৰ ভাষাক বুজিব পাৰোঁ। এটা হ'ল যিটোৰ মাধ্যমেৰে আমি লিখো আৰু আনটো হ'ল যিটোৰ মাধ্যমেৰে আমি ভাবোঁ। গতিকে কবিতা বা কোনো এক আলোচনাৰ ক্ষেত্ৰত চকুৰে দেখা বা লিখা ভাষাটোৰ অন্তৰায় থাকিলেও মনৰ বা বোধৰ ভাষাটোৰ কেতিয়াও অন্তৰায় নহয়।

◼️অঃকাঃকাঃ- সাহিত্যৰ জগতত কবিতা , প্ৰবন্ধ , উপন্যাস আদিৰ যিদৰে চৰ্চা হয় বা গুৰুত্ব দিয়া হয় , ঠিক সেইদৰে শিশু সাহিত্যৰ ওপৰত সমানে চৰ্চা কৰা বা গুৰুত্ব দিয়া হোৱা নাই যেনে অনুভৱ হয় । যিহেতু আমি সকলোৱে জানোঁ আজিৰ শিশু কালিলৈ আমাৰ ভৱিষ্যত , গতিকে শিশু সকলক এই দিশটোৰ পৰা বঞ্চিত কৰা হৈছে বুলি আপুনি ভাবে নেকি , লগতে এই ক্ষেত্ৰত আমাৰ শিক্ষাগুৰু আৰু অভিভাৱক সকলৰ কৰণীয় কি বুলি আপুনি ক'ব ?
🔹দিগন্ত নিবিড়ঃ- আচলতে আজিকালি প্ৰশ্নবোৰ কৰিব লাগে বাবে কৰা হয় আৰু উত্তৰবোৰো যিমান পাৰি সিমান ধুনীয়াকৈ দিবলৈ চেষ্টা কৰা হয়। মানে কথাটো এনেকুৱা যে সকলোৱে শিশুৰ বিকাশ, শিশুৰ যতন তথা শিশু সাহিত্যৰ কথা কয় কিন্তু মুষ্টিমেয়কেইজনৰ বাহিৰে সকলোৱে বিষয়টোৰ পৰা আতৰি চলে। আমাৰ অসমৰ পটভূমিত শিশু সাহিত্যক ভৰপূৰ মাত্ৰাত আগুৱাই নিয়াৰ থল এতিয়াও আছে। কেৱল মন মেলিলেই হ'ল, তেতিয়া শিশুসকল বৌদ্ধিক বিকাশৰ পৰা বঞ্চিত নহ'ব। 
শিক্ষাগুৰু আৰু অভিভাৱকসকল তেওঁলোকৰ কৰণীয় বিষয়ত ক'বলগীয়া বিশেষ নাথাকে; তেওঁলোকৰ নিজস্ব পৰিবেশত নিজৰ ধৰণে এশ শতাংশই শিশুৰ বাবে কষ্ট কৰে। 

◼️অঃকাঃকাঃ-আপোনাৰ সৃষ্টিত আপোনাৰ প্ৰেৰণা কোন লগতে আপোনাৰ প্ৰিয় কবি আৰু কবিতা কোনটো?
🔹দিগন্ত নিবিড়ঃ- মোৰ সৃষ্টিত প্ৰথম প্ৰেৰণা মোৰ মনটো। পাছলৈ আৰু অনেকে মোৰ প্ৰেৰণা বহুগুণে বঢ়াত সহায় কৰিছে। মোৰ প্ৰিয় কবি দিগন্ত নিবিড়, আৰু আছিল কেইজনমান কিন্তু ক'বলৈ প্ৰশ্নটোত অনুমতি নাই। প্ৰিয় কবিতা বহুত আছে।

◼️অঃকাঃকাঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিলে । তেওঁলোকৰ দ্বাৰা ৰচিত গ্ৰন্থ সমুহৰ আদৰ আজিও আছে যদিও কিছু পৰিমাণে কমিছে যেন অনুভৱ হয় । হয়তো এই গ্ৰন্থ সমূহক ধৰ্ম গ্ৰন্থ হিচাপে এক বিশেষ স্থানত সংৰক্ষণ কৰি থোৱাৰ বাবে সাধাৰণ মানুহে পঢ়াৰ সুবিধা পোৱা নাই বা নৱ প্ৰজন্মই এই গ্ৰন্থ সমূহ পঢ়িবলৈ আগ্ৰহ প্ৰকাশ নকৰে।  আমি শুনিবলৈ পোৱা মতে এই গ্ৰন্থ সমূহত পৃথিৱীৰ সকলো সমস্যাৰ সমাধান পোৱা যায় । গতিকে আমাৰ জাতিৰ এই সংকটৰ সময়ত মহাপুৰুষ দুজনাৰ সৃষ্টিৰ জৰিয়তে জাতিটোৱে এটি শুদ্ধ পথ বিচাৰি পাব বুলি আপুনি ভাৱে নে ? এই ক্ষেত্ৰত আমাৰ কবি সাহিত্যিক সকলৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত ।
🔹দিগন্ত নিবিড়ঃ- প্ৰথম সমস্যাটো হ'ল শংকৰদেৱ, মাধৱদেৱৰ প্ৰতি আদৰ কিয় কমিছে! আৰু তেখেতসকলৰ গ্ৰন্থসমূহ মন্দিৰত সজাই থোৱাৰ ধাৰণা যিয়ে পোষণ কৰি আছে তেওঁলোকেই শংকৰদেৱ মাধৱদেৱক হত্যা কৰিছে। আমি যদি সম্পূৰ্ণ শুদ্ধ মনোভাৱ এটাৰে মহাপুৰুষসকলৰ সৃষ্টিক অধ্যয়ন কৰোঁ, হৃদয়ংগম কৰোঁ তাতেই আমাৰ সকলো উত্তৰ আছে। কবি সাহিত্যিক সকলৰ কৰণীয় অনেক থাকে; কি কৰা উচিত বুলি এটা বিশেষ কাম দেখুৱাই দিবলৈ অসুবিধা হয় কিছু ক্ষেত্ৰত। সকলোৱে নিজৰ বুৎপত্তিৰে পৰীক্ষা-নিৰীক্ষা কৰি যেনেকৈ সম্ভৱ আমাৰ অসমীয়া ভাষা জাতিৰ গৌৰৱময় সেই অমৰ সৃষ্টিসমূহৰ প্ৰচাৰ কৰক, ৰাইজৰ মাজলৈ লৈ যাওক।

◼️অঃকাঃকাঃ- সাম্প্ৰতিক সময়ৰ সাহিত্য সম্পৰ্কে আপোনাৰ দৃষ্টিভঙ্গী কি? সাহিত্যত লবীবাদ সম্পৰ্কে আপুনি কি মত দিব ?
🔹দিগন্ত নিবিড়ঃ- সাম্প্ৰতিক সময়ৰ সাহিত্য সম্পৰ্কে ক'বলৈ গ'লে এটা পৰিসৰলৈ ভালেই দেখা যায়। মাজত কিছু অনাই বনাই সৃষ্টি হৈ আছে সাহিত্যৰ নাম আৰু ৰূপ লৈ। কিন্তু সঠিক উত্তৰ সময়ে দিব।
মই ভাবোঁ সাহিত্যত লবীবাদ নাথাকে, থাকে সাহিত্যিকৰ গাত। লবীৰে সাহিত্য কৰিব নোৱাৰে কোনেও।

◼️অঃকাঃকাঃ- ভাষা সাহিত্যৰ উন্নতিৰ স্বাৰ্থত এটা প্ৰশ্ন উত্থাপন হৈছে যে ফেচবুক কাব্যচৰ্চাৰ গোট আৰু কিছুমান কাব্যালোচনীয়ে কবি আৰু কবিতাৰ অপকাৰ কৰিছে |এই ক্ষেত্ৰত আপুনি কি ক'ব?   সম্প্ৰতি ফেচবুকৰ কবি , কবিতা আৰু কবিতা চৰ্চাৰ গোট সমুহক লৈ আপুনি সুখী নে ? এই ক্ষেত্ৰত আপুনি কিবা দিহা পৰামৰ্শ আগবঢ়াব নেকি ?

🔹দিগন্ত নিবিড়ঃ- কাব্য চৰ্চা গোটসমূহে ৮০ শতাংশই ক্ষতি কৰিছে আৰু ২০ শতাংশ ভাল কামো কৰিছে। সাম্প্ৰতিক সময়ত বহু ফেচবুক গোট ওলাই আছে কিন্তু ভাল সাহিত্যৰ অধ্যয়নমূখিতা আৰু চৰ্চাৰ পক্ষ বহুতেই নাই।
দিহা দিব পৰা হোৱা নাই বাৰু মই এতিয়ালৈ তথাপিও কওঁ, কথাবোৰ আৱেগৰ পক্ষত থিয় হৈ ভাবিলে নহয়, বাস্তৱে আমাক ৰেহাই নিদিয়ে কেতিয়াও। এতিয়া এনেকুৱা হ'ল যে কোনেও এষাৰ সমালোচনা হজম কৰিব নোৱাৰে, কেৱল মিছা সান্তনাৰে উপচাই দিলে ভৰি চুবলৈও সাজু। এনেকুৱা হ'ব নালাগে। মন মগজু সাহিত্যৰ ভালৰ বাবে দান কৰক নিজৰ ভালৰ বাবে নহয়। নিজৰ ভালটো সাহিত্য বাদ দিও কৰিব পাৰি।

◼️অঃকাঃকাঃ- শেষত অসম কাব্য কাননৰ আজিৰ শিতানলৈ অতিথি হিচাপে আহি আপোনাৰ বহুমূলীয়া সময়েৰে অতি গভীৰ আৰু সময়োপযোগী আলোচনা আগবঢ়াই আমাক উপকৃত কৰাৰ বাবে আমি আপোনাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ।  
ধন্যবাদ ।
———————————————————
ধোঁৱাৰঙী ছবি এখন 
কেশৱ বৰুৱা 

আইতাৰ কঁপা ওঁঠেৰে 
যেতিয়া শীত নামে 
সেঙেটা লগা আঙুলি কেইটাই 
খেপিয়াই ফুৰে একুৰা জুই 
যি কুৰা ,
আজি মোৰ জুহালত নজ্বলে 
নজ্বলে চোতালত 
সেয়েহে নেদেখো মই শীতৰ মুখ 
দাও দাওকৈ জ্বলা 
আটাইতকৈ ওখ জুইকুৰা 
মোৰ পথাৰত, 
আজিকালি জ্বলো নজ্বলোকৈ জ্বলে 
সেয়েহে কেতিয়াবা নেদেখো 
আমাৰ গাঁওৰ মুখ 
সন্ধ্যাৰ মুখ দেখা জুইকুৰা
তাহানিতে জ্বলিছিল শীতত 
অঙঠা এটা খুঁচৰি 
সেক লোৱা হৃদয়খনে 
কেনেকৈনো পাহৰে একুৰা জুইৰ উম
——————————
তেওঁ মানুহক ভাল পায়
জাকিৰ হুছেইন 
উত্তৰ লখিমপুৰ

তেওঁ ছবি আঁকি ভাল পায় 
ছবি দুচকুত তিৰবিৰ। 

তপত উশাহবোৰ বালিত গুঁজি 
পানী নিগৰায় মৰুত 
গজি উঠক 
সেউজীয়া অৰণ্য ৷

তেওঁ ৰং ভাল পায় 
দুহাতৰ দহ আঙুলিত অযুত ৰং।

চিলা উৰুৱাই এৰি দিয়ে আকাশত 
পৰকগৈ ৰঙীন চিলা 
উকা হৃদয়ত 
ফুলনি পাতক ৷

তেওঁ গীত ভাল পায় 
বীণাত ওলমি থাকে গীতৰ কলি ৷

সা-ৰে-গা-মা  ৰেৱাজ কৰে 
শুকান সুৰৰ
আল-পৈচান 
মিঠা হওক হৃদয়ৰ ভাষা ৷

তেওঁ মানুহক ভাল পায় 
মনৰ কুঁকিত লৈ ফুৰে ভালপোৱাৰ বীজ ৷

দুখবোৰ উটুৱাই দি 
পাহৰি যায় 
দুখৰ উৎস 
ৰং বোলায় মানুহৰ 
ধৰি ৰাখে সৰু সৰু সুখ 
এনেকৈয়ে তেওঁ সুখ বঢ়ায় ৷
——————————
গোপন কষ্টৰ চিঠি 
গৌতম মালাকাৰ
কৰিমগঞ্জ

বৃষ্টি মানেইতো স্মৃতিৰ প্লাৱন
হৃদয় বিহ্বল কৰা গল্পৰ অনুৰণন!

শৈশৱৰ ভোক,
কৈশোৰৰ বন্ধু,
আধাকেঁচা যৌৱনৰ ঘাট-প্ৰতিঘাট...

ঝৰ ঝৰকৈ পৰে 
ফুটফুটীয়া পাখিৰ
পৰ্বত-শিখৰত উৰাৰ
সেই অপূৰ্ণ হাবিয়াস...

তপ্ত দীৰ্ঘশ্বাসৰ আপদালত
ধীৰে ধীৰে ক্ষান্ত হয় অশান্ত মন...
মুষলধাৰ বৰষুণে মলিনতা ধুই নিয়া
অন্য এখন স্বচ্ছ পৃথিৱী চোৱাৰ আপাহত।
——————————
প্ৰেম আৰু খিৰিকীৰ কথাৰে... 
মনোজ এম্ 

ইখন খিৰিকীৰ ৫৬ গজ সিপাৰে 
আন এখন খিৰিকী 
পৰ্দাখন গুটিফুলিয়া 
সিখন খিৰিকীৰ পছন্দৰ 

দুয়োখন খিৰিকীৰে প্ৰথম দেখা, চা-চিনাকি প্ৰেমৰ সাক্ষী 
এই ছাপ্পন্নগজ দূৰত্ব...। 

দুয়োখন খিৰিকী খোলা থাকিলে 
বতাহত ভাহি ফুৰে প্ৰানোচ্ছল খিল্ খিল্ গুঞ্জন 
দুয়োখন খিৰিকীয়ে কথা পাতে 
চকুৱে চকুৱে হৃদয়ৰ ব্যথাৰে... 
কথা পাতে, প্ৰেমৰ কথা 
শিমলু ফুলাৰ কথা 
কথাবোৰ চকুৰ পৰা বুকুৱেদি শিপাই 
কলিজাত অংকুৰিত হয় শিমলু এজোপা! 
ক্ৰমশঃ ফলে-ফুলে জাতিষ্কাৰ হয় 
বীজবোৰ পুৰঠ হয় 
ফাটি কমোৱা তুলাবোৰ বতাহত মিলি যায়... 
দুয়োখন খিৰিকীৰে গভীৰ বিশ্বাস 
প্ৰেমবোৰ হেনো শিমলু গছে তৈয়াৰ কৰে...।

আজি আকাশত সূৰ্য ঘোঁৰা নাই 
মেঘ ওন্দোলাই বহি আছে বিষাদ । 
আজি হেনো সিখন খিৰিকীৰ অসুখ
ইখন খিৰিকী খোলা অথচ মনটোহে মৰা।
ফুৰফুৰীয়া বতাহত ভাহি অহা বকুলৰ সুবাসেও দেহা জুৰ পেলাব পৰা নাই।
উচপিচনিত অথন্তৰ 
প্ৰতিটো মুহূৰ্ত হৈ পৰিছে দুৰ্বিষহ 
আৰু সময়ে সময়ে খিৰিকীৰ ফাঁকেৰে 
কুণ্ডলি পকাই ওলাই পৰিছে হা-হুমুনিয়াহ...।
—————————
ভৰলু
ড০ জ্যোতিশিখা দত্ত

এদিন গোটেই গুৱাহাটীখনেই
ইয়াতে উশাহ লৈছিল

দেউতাই চাৰি অনা দি
এটোপোলা মাছ পোৱাৰ দিনত
তাই ভৰ যৌৱনা

পৰিস্কাৰ শৰীৰটোত
সেয়ে কিমান প্ৰাণীৰ প্ৰাণোচ্ছল হাঁহি

"হৰিণাৰ মাংসই বৈৰী"
ফঁকৰা যোজনাটিৰ পম খেদি দেখিলোঁ
কিছুমান লুভীয়া হায়েনা আৰু এটা নিৰ্জু প্ৰাণ

ফালি চিৰি তেজ শুহি
তাইক নিস্প্ৰাণ কৰা হ'ল

মৃতদেহৰ উৎকট গোন্ধত এতিয়া 
হায়েনা জাকৰ উশাহ চুটি হয় l 

ড০ জ্যোতিশিখা দত্ত
সম্পূৰ্ণ ঠিকনা: ঘৰ নং :৪০, শান্তি পথ
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
দূৰভাষ : ৭০০২১২০০২১
ই-মেইল : jyotisikhadatta@gauhati.ac.in
—————————
কথা
চয়নিকা ভূঞা

কথাটো বতাহক কোৱাৰ পৰতে
আউল লাগিছিল কথাটোত
কথাটো তেতিয়া 
কথাৰ স্থানত নাছিল 

বহু যোজন বাট 
অতিক্ৰম কৰা 
কথাটোৰ বুকুত 
তেতিয়া
নিৰৱে বাজে 
নীৰৱতাৰ গান 

কথাৰ আঁৰৰ বহু কথা 
এতিয়া 
বতাহৰ বুকুত সিঁচৰতি 
সিঁচৰতি
হৃদয়ৰ কথোপকথন

কথাটো বতাহক কোৱাৰ পৰৰ কথা
ন-কৈ গাভৰু হোৱা 
ছোৱালীৰ উঠন বুকুৰ বহু গোপন কথা 
এতিয়া
কথাৰ আঁৰৰ কথা ৷
——————————
এমুঠিমান স্তৱক
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ 

          (১)
খোলা খিৰিকীৰে সোমাই অহা 
হিম-চেঁচা বতাহ জাকত,
উচুপে মোৰ কবিতাৰ 
স্তব্ধ স্তৱক ।
        (২)
কোনে সংগোপনে আনে 
শীতৰ ঠেঁটুৱৈয়ে ধৰা ৰাতি, 
মোৰ দুচুকত অপেক্ষাৰত 
নিদ্ৰাহীনতাৰ আমনি, 
কোনে সংগোপনে আনে 
শেষ নিশা আকাশত 
জ্বলি জ্বলি শেষ হোৱা 
পুৱতি তৰাৰ সকৰুণ বিননি ।
        (৩)
গধুৰ বতাহ ভেদি 
আৰু এজাক ধুমুহা আহিব, 
ধুমুহাৰ শেষত 
বোবা মানুহৰ মুখত
ন-প্ৰভাতৰ জেউতি চৰিব ।
         ( ৪)
যেতিয়াই মই জীৱন-মৰুৰ তপ্ত বালিত 
অকলশৰে আগুৱাই যাওঁ, 
তেতিয়াই মই দুহাতৰ পাতি 
ধূসৰ স্মৃতিবোৰ আঁকোৱালি লওঁ ।
——————————
শৰতৰ স্নেপশ্বট
যোগেশ্বৰ লাগাছু

নিয়ৰ সনা বাট
আহিনৰ মাহ
আশাৰ জোৱাৰ সেউজ সম্ভাৰ
গাভীনী ন-কন্যা ধান...

শেৱালিৰ সুৱাসী মলমলীয়া সন্ধ্যা
তুলসীৰ তলে তলে চাকি ধূপ-ধূনাৰে
আইৰ অসুয়া-অমঙ্গলৰ মঙ্গল বন্দনা...

এবোজা বোকা সিঁচা মতলীয়া নদীখনে
নিজৰ মনোকামনা পূৰণ কৰি
আহিনত শান্ত-শিষ্ট সম্ৰাট
নৈ পাৰৰ ৰাজপ্ৰসাদত লাহিপাহি
কঁহুৱাৰ কোমল হাঁহি...

গৰখীয়াৰ সুৰীয়া বাঁহীৰ মাত
সন্ধিয়া আকাশত গৃহমুখী বগা বগলী
সুগন্ধি ধূলি উৰোৱা গৰুৰ জাক
সুনীল আকাশ চুমি চুমি
মন আলোড়িত শুকুলা ঘোঁৰাৰ লৱৰি
কিযে মনোমুগ্ধকৰ ! আহিনৰ মাহ
সেয়ে গুণগুণাব নোৱাৰো
মেঘে ঢকা আকাশৰ বেদনাদায়ক গান...

আহিনৰ সেউজী সুৰীয়া গানে
মৰীচিকাৰ উদাসী মনক
সুৰ তুলি তুলি লৈ যাই
অন্য এক সেউজীয়া ধৰণীলৈ
য'ত প্ৰতি প্ৰহৰ বাজি থাকে
বৰ্ণনাতীত পোহৰ জিলমিল গান
সেউজীয়া জোৱাৰৰ মেটমৰা গান

সুৰীয়া সেই গানৰ তালে তালে
কলীয়া মেঘৰ আন্ধাৰ ছিঙি
মোৰেই জিল্‌মিল্‌ জোনাকী দুটিও নাচে...

আহিনৰ সেউজীয়া গানে আনে
কুঁহিপাত বসন্তৰ বতৰা
এক জীৱন জীয়াৰ আখৰা ।
——————————
জীৱনঘৰ
শুভাষিণী ডেকা

হ’ব পাৰে কঠিন 

শিলৰো গুণ আছে 

বুকুত শিল বান্ধি আগুৱাম 
লাহে লাহে  নীৰৱে 

সজাবলৈ জীৱনঘৰ
প্ৰয়োজন হয় এক শিলাময় হদয়ৰ  ।
——————————
শূৰ্পুনখা বনাম কুন্তী
পিংকি কলিতা

সময়ৰ দেওলগা পাখিত ধৰি তুমি মই
গতি নিৰন্তৰ..
প্ৰত্যাহ্বানৰ দোপালপিতা বৰষুণত
আমি জটায়ু...
অভিমানৰ চহৰত আমি ধৃতৰাষ্ট্ৰ..
জীৱনৰ পৰীক্ষাত হৈ সীতা
কৰি আছোঁ ধৈর্য্যপৰীক্ষা

আঘোণ অথবা ফাগুন
নাই ব'হাগৰ নাচোন!
কংক্ৰীট হৃদয়ৰ দাৱানলত
বিকৃত মগজুৰ পদচালন
স্ৰষ্টা শূৰ্পুনাখা হয় যদি কুন্তী
হৰণ-ভগণৰ তেজীঘোঁৰাই ল'ব মন্থৰ গতি

সম্ভবনাময় দ্ৰুপদী..
চিৰযুগৰ পঞ্চপাণ্ডবৰ পত্নী
নকৰি ভিন-পৰ
একতা হওঁক শ্ৰেষ্ঠ
তেহে সম্ভৱ সময়ৰ সৈতে ফেৰ পাতিব।
——————————
জীৱনৰ সিমূৰৰ বন্ধনী
শর্মীষ্ঠা বর্মন

জীৱন এটি বন্ধনী ,
ইমূৰত জন্ম আৰু সিমূৰত মৃত্যু ;
ভিতৰত আছে ৰং-ৰহইচ , সুখ-দুখ ,
শৈশৱ-কৈশোৰ , যৌৱন-বার্দ্ধক্য ৷

চিৎকাৰময় যদিও
জন্মই জীৱন উৎসৱৰ শুভাৰম্ভ ,
অথচ মৃত্যু হৈছে বন্ধনীৰ সিমূৰত 
নিশব্দ , চিৰশান্ত আৰু স্বাধীন ;
সেইবাবেই আহে নেকি ই
হাতত সাৰে ভৰিত সাৰে !
মন গ'লে গতানুগতিকভাৱে
কেতিয়াবা বন্ধনী উজাই অকস্মাতে !
——————————
কোলাহল পৃথিৱীত বন্দী মই
অঞ্জলিকা চক্ৰৱৰ্তী

কোলাহলৰ পৃথিৱীত বন্দী মই......
মায়াময় পৃথিৱীত মায়াহীন জীৱন
দেখিও নেদেখাৰ ভাও জোৰা
জীৱন নাটৰ ভাৱৰীয়া মই
চকুত পটী বান্ধি গান্ধাৰীয়ে কৰা আত্মগোপনৰ
পক্ষপাতীও যে নহয় মই।
তথাপিও নেদেখো যেন দিনকণা জীৱন বাটৰ
খলা- বমা পাহৰণি মোৰ 
জীৱন সঙ্গী অতীত ৰোমন্থনৰ
নাই হাবিয়াস যি য’তে আছে
তাতেই থাকক, পাহৰণিৰ গৰ্ভত সোমাই থকা কোলাহলৰ পৃথিৱীত 
বন্দী মই....।

অঞ্জলিকা চক্ৰৱৰ্তী
৯১০১৭৯৯৫৯৫
—————————— 
মনৰ শংকা
মানসী বৰঠাকুৰ 

জীৱনত আগুৱাই যাবলৈ যেন দুভৰি থমকিছে
এক অজান ভয়ে মনটো আবৰিছে।
নাজানো আৰু এনেকৈ কিমান দিন,কিমান বছৰ,
কৰুনা,জিকা,মেলেৰিয়া আৰু শেহতীয়াকৈ আহিছে অমিক্ৰণৰ সংহাৰ।
নিশেষ কৰিবহি  নি বাৰু নতুন বছৰটো ও আগৰ দুটা বছৰৰ দৰেই,
হে প্ৰভু কৃপা কৰা আৰু
উদ্ধাৰ কৰা জনতাক অমিক্রণৰ পৰা
দিয়া এক নতুন পৃথিৱী 
নতুনত্বই ভৰা।

মানসী বৰঠাকুৰ
উত্তৰ গুৱাহাটী
——————————
চকুলো
প্ৰস্তুতি শৰ্মা

তোমাক হেৰুৱাৰ দূখত আজিকালি মই সলনি হ'লো 
তোমাক নোপোৱাৰ বাবে 
আজিকালি মোৰ চহৰখন ব্যস্ত জানা

কেৱল তোমাৰ বাবে।
কিয় আহিছিলা মোৰ জীৱনলৈ 
জোনাক বোৰ আজিকালি ধূসৰ হ'ল জানা তোমাৰ বাবেই ।

ৰঙা-নীলা বটলবোৰ সংগী হ'ল । মই এতিয়া ৰঙীন পৃথিৱীৰ এটি প্ৰাণী ।

কিন্তু কিয় হ'ল মোৰ লগত এনেকুৱা ।
ভাল লগা সময়েনো আশাহঁত কৰেনে? 

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
—————————
মলাটৰ কথাৰে
সুশান্ত দাস

মই মলাটে কৈছোঁ,
চিনি পাইছা নিশ্চয়,
সেই যে তোমাৰ ককাই গঢ়ি দিয়া কাঠৰ টেবুলখনত,
সেই যে টেবুলখন যিখন তুমি এৰি দিছা,
সেই তাত পৰি থকা তোমাৰ অনুভৱৰ কিতাপখনৰ
মালিন্য হৈ থকা মলাট খনে কৈছোঁ মই।

তুমি আজি কালি মোক দেখোন পাহৰি গ'লা,
মনত পেলোৱাচোন;
মোক যে সদায় তুমি অনুভৱ লিখা কিতাপ খনৰ অনুভৱেৰে উপচাই তুলি
শেষৰ সময়ত মৰমেৰে হাত বুলাই থৈ গৈছিলা।
মই আজি কালি বৰ মলিন হৈ গৈছো,
ধুলিৰে পূত খাই নহয়,
তোমাৰ দুখ ভৰা বেদনাৰ লিখনিত।। 
কিয় তুমি মন মাৰি থাকা?
মসৃণ পৃষ্ঠ খন মোহাৰি মোহাৰি কি কৰা তুমি?
তুমি ভাৱনাত ডুব গৈ
কি কৰিছা গম নাই পোৱা নেকি?
তোমাৰ মুখৰ সেই হাঁহিটো দেখোন ম্লান 
পৰি গৈছে!
আচলতে কি হৈছে তোমাৰ মই ধৰিব পৰা নাই,,
মোক অলপ মোহাৰি দিবাচোন,
মই ভালদৰে বুজিম তোমাৰ বেথা।

মই মলাট বুলি হেয়জ্ঞান কৰিছা নেকি?
মই কিতাপৰ বকলা যদিও মোৰো অনুভৱ আছে,
তোমাৰ মনৰ কথাখিনি মই বুজিব পাৰিছোঁ।
প্ৰেম নহয় জানো!
সেই বলিয়া বতাহ জাক,
যিয়ে নিৰন্তৰে আমনি কৰে!
হয় মই সেই প্ৰেমক অৱজ্ঞা কৰোঁ 
কাৰণ সি মনক খুলি-খুলি খায়।

মই মলাটে কৈছোঁ!
ক'বলৈ বাধ্য হৈছোঁ!
তুমি মোক মনত নেপেলোৱা হ'লা,
মোৰ বেয়া লাগে,জানানে
ক'ত জানিবা নিজৰ অস্ফুত ধাৰণাত ডুব গৈ পাহৰিলা মোক,
কিয় জানো তোমাৰ স্পৰ্শ নাপালে মই,
বৰ অকলশৰীয়া অনুভৱ
কৰোঁ!
হয় আজি মই 
উগ্ৰ হৈছোঁ ,
কেৱল তোমাৰ বাবেই 
তুমি উভতি আহা
ভাৱনাৰ জগত খনৰ পৰা
সেইটোৱেই মোৰ কামনা।

সুশান্ত দাস
শিৱসাগৰ
——————————
 মাঘৰ বিহু ভোগালী
( উৎসৰ্গাঃ যন্ত্ৰণাৰ ভোগালীত যিসকল ভাগি পৰা নাই ; সেই সকলৰ হাতত)
ৰাজীৱ দত্ত

মাঘৰ বিহু ভোগালী

ভোগ্য সংস্কৃতিৰ
পৰম্পৰাৰে ,
বেদনাৰ উৰুকা উৰুৱাই
আমি পাতো 
মাঘৰ বিহু ভোগালী৷

ভোগৰ অন্ত নাই
এই জীৱনত ৷

সুখৰ ভেলাঘৰ সাজি
ৰৈ থাকো আমি
আহিব এদিন সচাঁকৈয়েই
মাঘৰ বিহু ভোগালী৷

সকলোৰে বাবেই 
আহে এনেকৈ
জীৱনৰ ভোগালী ৷

আশাৰ কঙালে পিষ্ট কৰা
ৰঙালী হেৰোৱা 
জীৱনৰ বাবে 

ভোগালীৰ বৱ নোৱাৰা
ভগা সপোনৰ বোজা। 

মাঘৰ বিহু ভোগালী
কত অব্যক্ত বেদনাৰ উৰুলী ৷

মেটমৰা ভাৰ  বৈ 
পৰো ভাগৰি৷

ইযে অভুক্ত জীৱনৰ 
 দুখাবহ  ভোগালী ৷

আহক ,পাতো আমি
মাঘৰ বিহু ভোগালী৷
——————————
মানুহ
ৰেখা বৰকটকী
 
পানী ৰঙৰ মোনাটোত
ওলোমাই ৰাখো
স্মৃতিৰ কাঁজলিভৰা জোনাক
চ'ৰাঘৰত সজাই
বাৰে বাৰে ফঁহিয়াই চাওঁ!
শেতেলিত শুই থকা সুৱাগী সময়
জিলমিল জোনাকী পঁজা
মানুহৰ হৃদয়,.... 
সাৰ পালেই সোঁৱৰায় মোক।
মানুহ যে মোৰ প্ৰিয় বিষয়!
নিৰূপম  জীৱন মোৰ
এৰি দিও প্ৰাণৰ  পাঞ্চৈ...
নিতে নতুন মানুহ
নৱ উল্লাস
বুটলো কস্তুৰী হিয়াৰ
বিপুল সম্ভাৰ...
কাকনো পাহৰিম কাকেইবা সুঁৱৰিম
পাটৰ দীঘ কপাহী বাণি
মানুহ মোৰ জীয়া সূতলাহি
বাট চাওঁ সদায় মানুহলে'
আন্তৰিকতাত বুটা বাছোঁ
আৱেগেৰে  !
মানুহৰ হৈ জীয়াই থকাৰ হেঁপাহ
মানুহৰ বাবেই কঢ়িয়াই ফুৰিছো
হৃদয়ত  সুগন্ধি  সুবাস!
অনুপম জীৱন মোৰ
মানুহৰ সংগ চিৰন্তন...    
——————————
অভিমানৰ কম্বলখন লৈ
জোনমনি বৰা 

অভিমানৰ কম্বল খন লৈ
তুমি শুই আছা পুহৰ 
ঠেঁটুৱৈ ধৰা জাৰত 

ভোগৰ ভোগজৰা 
হেঁপাহৰ ভোগালী বিহুটি
পদূলি মুখত আছেহি ৰৈ ৷

মনত নাই হেঁপাহ উৎকণ্ঠা 
কিয় বা মন নাই?
তথাপিও প্ৰশ্ন কৰিছোঁ
এজন অসমীয়া হৈ
আন এজন স্বাভিমানী অসমীয়াক ৷

মহামাৰীৰ মহাত্ৰাসে
বাৰে বাৰে আঘাত হানি
আমাৰ হেপাঁহ আৰু
স্বাভিমানত সানিছে
নিৰ্মম আঘাত ৷

সেয়েহে কম্পিত হৃদয়
স্বাভিমানী অসমীয়া সত্ত্বা ৷

ভয়ে লাগে হষ উল্লাস
আনন্দ বন্যাত যদি
নামি আহে কাল অমানিশা৷
দোষিম নো কাক

সেয়েহে অভিমানৰ
অলসতা নিদ্ৰাত ৷
——————————
মোহময়ী চনকা 
ৰবিন কুমাৰ চেতিয়া

ৰিণি ৰিণি শুনিছিলো তোমাৰ মাত 
চকামকাকৈ দেখিছিলো লিহিৰি বাউলী হাত 
ইতিহাস বিজড়িত মায়ঙৰ গৌৰৱ গাঁথা 
সুখৰ দিনত বিনয়ৰ সেউজীয়া আহ্বান 
কেতিয়াবা জানো পাৰি কৰিবলৈ আওকান 

ষ্টিয়েৰিঙত সুমনৰ আত্মবিশ্বাসী দুহাত 
গহীন গম্ভীৰ আলাপেৰে কাষত 
দিক্ দৰ্শক অসীমৰ মাত
মৃদুমধুৰ স্বৰত বতাহ থেলি থেলি 
মিউজিক চিষ্টেমত ভাঁহিছিল হালি জালি 
মোৰ অন্যতম প্ৰিয় গীত 
"য়ে কাঁহা আ গয়ে হম
    য়ুঁহি চাথ চলতে চলতে "
তোমাৰ হাঁহিয়ে মাতিছিল হাতবাউলী 
বান্ধৈ আৰু মোক 
প্ৰেমবলীয়া আমি যেন দুটি যাযাবৰী পথিক 

অঁকোৱা পকোৱা ওখ চাপৰ 
লুংলুঙীয়া বাটেৰে ভাঙিছিলো যেন 
লুইতৰ পানীয়ে নিতৌ চুমা অঁকা 
সুবিশাল পাহাৰৰ চনকা পাথৰ 

কানাই বৰশী বোৱা শিলত  উঠি 
ময়ো যেন বিচাৰিছিলো লিৰিকি বিদাৰি 
ল'ৰালিৰ সাঁচতীয়া উমাল সপোন 
আকলুৱা দুহাতেৰে মুঠি মুঠি 

অৱশেষত আমাৰ দেখাদেখি হ'ল 
উজাগৰী বহু ভাল লগা সময় 
স্মৃতিৰ মণিকোঠত ওলমি ৰ'ল 
তথাপিও কিয় জানো 
এনেহে লাগিছে আজি মোৰ 
শেষ হৈও শেষ নোহোৱা বহু কথা 
তোমাক যেন নোকোৱাকৈয়ে থকি গ'ল 

দুৰু দুৰু আৱেগত তিতিছিল মোৰ 
আলসুৱা উৎসুক মন 
তোমাৰ মনোমোহা নৈসৰ্গিক শোভাই 
আকৌ এবাৰ কৰিলে ধন্য জীৱন 

মোহময়ী চনকা তুমি প্ৰকৃতিৰ ৰাণী 
কোনোদিনে নহ'ব যেন পূৰ
হিয়াখনি মোৰ 
চুমি চুমি তোমাৰ ভালপোৱাৰ বাণী 
হৃদয় জুৰোৱা তুমি অপৰূপা মেদিনী ...
——————————————————
কোকা
অজন্তা তামুলী ফুকন

কোকা, প্ৰকৃতিৰ এক ৰম্যভূমি
সহস্ৰ শিলৰ বুকুৱে বুকুৱে
নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰি
অনাদি কালৰপৰা নিৰৱিচ্ছিন্ন ভাৱে
প্ৰৱাহিত হোৱা জলৰাশি

শিলে শিলে ঠেকা খাই 
নাচি বাগি সুমধুৰ গীত জুৰি
অসংখ্য গুণমুগ্ধক বাউলি কৰা
তুমিয়েইটো ৰূপহী কপিলী 

কপিলী কপিলী ৰাংঢালী ছোৱালী
হাজাৰ জনতাৰ হৃদয়ৰ নাচনী
ভুপেন ককাইদেউৰ প্ৰেমৰ ৰাগিনী
তোমাৰে মায়াতে গীত ৰচি,
জগতত তোমাৰ মহিমা বন্দনা কৰিলে

একাবেকা পথেৰে পাহাৰে পাহাৰে 
তোমাৰ লাবণ্যময়ী নয়নাভিৰাম দৃশ্য
উপভোগ কৰিবলৈ ব্যাকুল হৈ পৰে
নদী প্ৰেয়সী হাজৰ সেউজী প্ৰাণে।
—————————————————
আচলতে
ৰূপা গগৈ

মোৰ দিবলৈ একো নাই
আচলতে ,ল'বলৈও মোৰ হাত খালী নাই।

মোৰ ভালপোৱা অভাৱ নাই
ওহোঁ , মিছা কথা 
আচলতে , মোক ভালপোৱাকৈ মই কাৰো ভাল লগা হোৱা নাই ।

ভাবিছে কথাবোৰ পাতিছোঁ
ওহোঁ , নাই পতা ভুল ভাবিছে
আচলতে , কথাবোৰ কৈ থকাহে হৈছে ।

আপুনি যি ভাবিছে সেইয়া নহয়
কিন্তু , নভবা আৰু ভবা কথাবোৰো সিমান নোহোৱা নহয় 
আচলতে , আপুনি সঠিককৈ ভাবিব পৰা নাই ।

এই যে কথাবোৰ 
ঠিক বানপানী ৰুধিবলৈ দিয়া বালি ভেটাৰ দৰে ।

যেনেকৈ তেল পানীত ওপঙি থকাৰ নিচিনা
আচলতে , কথাটো এনেকুৱা
মোক মোৰ বুলিবলৈ নোৱাৰাৰ দৰে ।

ৰূপা গগৈ
ঘিলামৰা / লখিমপুৰ
——————————            
মোক এখন আকাশ দিয়া
গণেশ বৰ্মন

তোমাৰ অনুভৱত 
নদীয়ে গীত গায়
নিজৰাই নুপুৰ বজায়
সাগৰে বাগৰ সলায়
বতাহে কাণে-কাণে
গোপন বাতৰি বিলায়
বেলিয়ে ভমকায়
জোনে নিচুকায়
গছ-ফুল-পাতে দিয়ে
জীৱন-বোধৰ মোহন মন্ত্ৰ
দুচকুৰ নীলাভ দ্যুতিত 
ভাঁহি উঠে
পথাৰৰ ভৰুণ আশাবোৰ
ফুল-তৰাৰ সুন্দৰতা
চৰাইৰ কাকলিৰ মধুৰতাই
হিয়াত বজায় 
আপোন বাঁহীৰ সুৰ 
উপলব্ধিৰ সংগমত অৱগাহন কৰি
দেখোঁ ' গোষ্পদে নভোমণ্ডলম '
পাৰ বাগৰি যোৱা আকুলতা 
ক'তেইবা ৰাখিম 
মোক এখন আকাশ দিয়া
তাতেই সাঁচি থ'ম
অন্তৰৰ ফল্গুধাৰা  ।
——————————
সংঘৰ্ষ 
ৰিংকু বৰুৱা

জীৱনৰ সংঘৰ্ষৰ কয় 
যাত্ৰা পথৰ ঠিকনা
বিচ্ছেদৰ বিৰাম হীন                      
শোভাযাত্ৰা
নিলৰ্জ্জ আৱৰণ আৰু
একুৰি যান্ত্ৰণা
তথাপিও জীয়াই থকাৰ চেষ্টা
বেয়া শব্দবোৰ মোৰ বাবে           
মুকুতা মালা
শেষ হৱ খোজা
জীৱনৰ আধাৰশিলা
তৃষ্ণাতুৰ পখীৰ দৰে 
থমকি ৰৱ খোজে
আৰু হৃদয় দুখ বোৰ
থোপা থোপে ফুলে ।
——————————
সুহুৰি এটা ৰিঙিয়াই থাকে
ৰূপালী বৰঠাকুৰ

আয়ে কোলা শুৱনি কৰি 
শেলেঙি বোৱাই 
সাধু শুনাৰ চোতালৰ 
মৌ সনা
সুহুৰি এটা 
ৰিঙিয়াই থাকে 
কিনো নাছিল 
আছিল সকলো 
চেংগুটিৰ পৰা
কইনা দৰা
ভেকুলীৰ বিয়াৰ পৰা 
হৈ গুদু 
আখলৰ লাগনিৰ পৰা 
পোৰা আলু
জুতি লোৱালৈকে 
কথাবোৰ সাধু হ'ল 
আখলৰ চাং শুৱনি 
ডিঙি দীঘল 
থুপুকা টেকেলিৰ 
আদৰ নোহোৱা হ'ল 
উত্তৰসুৰীক
কিমান নো কম 
তাত এখন অৰণ্য
আছিল বুলি
তাতেনো কি হ'ল
পিতাইৰ পৰশত
ভঙা কাঠিৰ গাধৈৰ 
টমালৰ বান্ধটো 
নিকপকপীয়া হৈ 
ৰৈ গ'ল ।
——————————
শীতৰ শেতেলি
কৰবী ভূঞা

হেমন্তৰ কুহুমীয়া ৰ'দছাটি পলকতে উমলে,
লঠঙা শীতে বাট কাটে।
পুৰণি হ’ব খোজা দস্তাবেজে পৃষ্ঠা লুটিয়াই !
নতুনক আদৰাৰ নৱতম আয়োজনৰ পয়োভৰ।
জুহালৰ জুইকুৰা উমাল হৈ উঠে,
আইতাৰ সেলেঙীত শীতৰ পাক উঠে।
তুঁহ দিয়া জুইকুৰাত কুৱলিৰ আভৰণ জুৰে
ধোৱা বোৰে বাট হেৰুৱাই হাবাথুৰি খায়।
শুকান গছৰ ফেৰেঙনিত জোনটো ওলমি ৰয়
সেউজ গছৰ পাতবোৰ থৰ লাগিল,
শীতে বাট বোলে,বসন্তক আদৰিবলৈ;
ঠেঁটুৱৈ ধৰা শীতত জোনাকী পৰুৱা হেৰায়।
শেতেলিলৈ জোনাক নামিল
পঁজাবাটত পুৱতি তৰাটোৱে মুখ লুকাই অজানিতে।

———————————————
নতুন দিনৰ প্ৰত্যাশা
ৰমেন দাস

জীৱন নদীৰ ঘাটৰ
এটি এটি পল অনুপল

যোৱা সময়চোৱা কেনি গ'ল
যেনি গ'ল - তেনি গ'ল
ফঁহিয়াই চোৱা ভাল মুহূৰ্তবোৰ
যি শিকিলোঁ ভালেই হ'ল

আগুৱাবলৈ লোৱা পণ
এটি নতুন আশাৰে
পুৰণি দুঃসময়ৰ জপনা জপাই
সমুখ সমৰ হ'ক প্ৰগতিৰ ৰণ

নতুন সময়ক আদৰা 
নতুন বছৰক আদৰা
নতুন জপনাখন মেলা
নতুন সংকল্পৰে গঢ়া
 
নতুন উদ্দীপনাৰে
সমৃদ্ধি সহযোগিতাৰে
আশাৰ বন্তি গছি উজলি উঠক
সপোনবোৰ দিঠক হ'ক
অতীতক বিদাৰি
প্ৰাপ্তি-অপ্ৰাপ্তিৰ এই ক্ষণত।
———————————————
অৱসাদৰ হুমুনিয়াহ
জয়শ্ৰী বৰা

বুকুৰ খিৰিকীখন মেলি দিলো
মকৰাই জালবন্ধা ধূলিৰ ধূসৰিত বাটেৰে;
দিনৰ পোহৰ সোমাই আহিল।
এজাক তেজৰঙী ৰ'দেৰে
পকী দেৱালবোৰো সিৰ-সিৰাই উঠিল.....
যুগ-যুগান্তৰৰ অধীৰ অপেক্ষাৰ অৱসাদ ভাঙি
নামি আহিল যেন অনাকাংক্ষিত ৰৌদ্ৰ স্নান।

এপলক থমকি ৰৈ এবাৰ চৌদিশে চাওঁ...
কিজানি নিজকে স্বাধীনমনে বিচাৰি পাওঁ।
আজি মোৰ মনগহ্বৰত লুকাই আছে;
এখন মায়াবি নগৰ
যত প্ৰতি পল বিধ্বস্ত হয় শান্তিৰ নিজৰা।
হয়তো,ব্যস্ততাৰ কোলাতেই জিৰাই
চলি থাকে দৈনন্দিন জীৱনবাটৰ আখৰা।

অৱসাদৰ ধূলিৰ ফাঁকেৰে
মূৰ তুলি চাই দেখিলোঁ,
দিনটোৰ পিছে-পিছে বেগাই
খোজকাঢ়ি ঘূৰি ফুৰা, 
যন্ত্ৰবৎ শৰীৰটোক কংক্ৰিট কোলাহলৰ
ছাঁয়াই গিলি পেলাইছে।
কেতিয়াবা হয়তো এনে লাগে,
মৰহি যোৱা গোলাপৰ পাহিত
লাগি আছে নেকি
উন্মুত অতীতৰ সোণোৱালী পাখিলাহী ক্ষণ?
ক'ৰবাত আজিও স্মৃতি হৈ আছে নেকি...
অতিক্ৰমি জীৱনৰ ওঠৰতা বসন্তৰ পৰিমাপন।

হেৰাই যোৱা চিৰসেউজ স্মৃতিৰ অৱসাদে  
মোক নিৰাশাত মুক কৰি পেলাইছে।
ধূসৰ হৈ পৰিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে পুনৰ সোঁৱৰাই,
নিষ্ঠুৰ সময়ৰ গতিশীলতা....!
মানৱৰ এমুঠি জোনাক বিচাৰি হাবাথুৰি
খোৱাৰ ক'ত যে যন্ত্ৰণা...!
——————————
যৌৱনৰ স্পৃহা
অংশু কাশ্যপ খাউন্দ

সৰ্বস্ব প্ৰাপ্তিৰ আকাংক্ষাত
এক জীৱন,
য'ত প্ৰাপ্তি কেৱল মুক্তি
জীৱনৰ তৃপ্তি
আৰু এক
অবাধ স্বাধীনতা!

যʼত স্পৰ্শ হʼব কেৱল শিথিলতা

মই থাকো নিৰৱতাত
কিন্তু,
নিৰৱতাৰ অৰ্থ
মোৰ দূৰ্বলতা নহয়।

নিয়তিৰ বিধানত
ভাগ্য হয় সলনি,
কিন্তু মই নিয়তিৰ উৰ্দ্ধত
কাৰণ?
নিয়তিৰ দাসত্ব মানেই
এই জীৱন এক প্ৰহেলিকা মাথোঁন।
এক অব্যক্ত বেদনা!
আৰু এক অস্পষ্ট কান্দোন!
  
অংশু কাশ্যপ খাউন্দ
যোৰহাট :৭৮৫০০১
————————————
শ্বাসৰুদ্ধ কোঠালিত
নৱজিৎ দাস

গাঁওখন নিহপালী দি শুই থকা সময়ত 
শ্বাসৰুদ্ধ কোঠালিত সাৰে থাকে অসংখ্য সপোন!

ক্ষুধা-বুভুক্ষা অথবা জীৱন জীয়াৰ সংগ্ৰামত 
অৰ্হতা একেই থাকে‌, শাসক আৰু শোষকো একেই
 
নতুন বটলৰ পুৰণি মদ ঢালি নিচাত মাতাল হোৱা সময়ৰ
শ্বাসৰুদ্ধ কোঠালিত সাৰে থকা অসংখ্য সপোনৰ চিৎকাৰত 
নিহপালী দিয়া গাঁওৰ ঘুমটি ভাঙে নে নাভাঙে জনা নাযায়!

কিন্তু ফেঁহুজালিত কোলাহল নামি অহা গাঁৱত 
ৰাজহাড় পোনাই থিয় দিব নোৱাৰা অসংখ্য সপোনে 
শ্বাসৰুদ্ধ কোঠালিৰ ঘূণে খোৱা আলমিৰাৰ পুৰণি ফাইলত 
টিঘিল-ঘিলাই পিয়াপি দিয়ে সংগোপনে 

গণতন্ত্ৰৰ কাৰখানাৰ নতুন বটলৰ পুৰণি মদৰ নিচাত 
প্ৰতি সন্ধ্যা গাঁওখন পুনৰ নিহপালী দি শুই পৰে  
শ্বাসৰুদ্ধ কোঠালিত কেৱল মাত্ৰ সাৰে থাকে অসংখ্য সপোন!
———————————
পৃথক
কনচেং বৰগোহাঁই

অনাদি কালৰ পৰা
মুখামুখিকৈ থাকিও
আকাশে পৃথিবীক চুব পৰা নাই
যিদৰে একেটা শৰীৰত 
জন্মই মৃত্যুক চুব পৰা নাই;
জন্মতে মোক কোনোবাই আইৰ পৰা পৃথক কৰিলে
তথাপি আই মোৰ হৈ ৰ’ল
মই আইৰ হৈ ৰ’লো চিৰদিন !
তুমি তোমাৰ পথৰ পথিক আছিলা
পথৰ দাঁতিত ৰৈ তুমি মোৰ হৃদয়ত আঙুলি থ’লা
আৰু মই তোমাৰ হৈ গ’লো 
জীৱনটোক এক কৰি ললো 
এলজেব্ৰা সমীকৰণৰ দৰে
জটিল চলকবোৰ বাঢ়ি গ’ল 
লাহে লাহে 
মোৰ পৰা মই পৃথক হৈ পৰিলোঁ,
আজৰি পৰত মই নিজকে চাওঁ
কেতিয়া বাৰু মই মোৰ আছিলো !
————————————
কথা - বতৰা
এ আমান

মোৰ সুহৃদ,
মাত্ৰ ক্ষন্তেকৰ বাবে
মোক অকণ সময় দিয়া
মানুহৰ কথাৰে 
মানুহৰ কথা পাতিবলৈ
ক্ষন্তেক কথা-বতৰা প্ৰাণখুলি
প্ৰাণৰ ভাৱেৰে
প্ৰাণৰ ভাষাৰে...

আমাৰ এই এন্ধাৰ চোলা খুলি
দেশৰ বোকা সনা খালি গাৰেই
যান্ত্ৰিক শব্দ এৰি
চিঠিৰ কথাৰে
ঈশ্বৰৰ পৃথিৱীৰ বাসিন্দা
সহোদৰৰ কথাৰেই পাতিম ক্ষন্তেক কথা

সিহঁতৰ চকুলো মচিবলৈ
সিহঁতৰ জাৰ কঁপা দেহা উমাবলৈ
বিক্ষত সপোন আঁকিবলৈ
ভয়াৰ্ত কলিজা শাঁত পেলাবলৈ
হেপাহৰ ভোক পূৰাবলৈ
শক্তি নাই
তোমাৰো
মোৰো
কিন্তু আমাৰ আছে প্ৰেমময় মন
মৰমৰ মাত
সান্তনাৰ হাত

বিপন্ন কালত
আশ্বাসেই ভাত
সাক্ষাতেই অযুত
জীৱন জিনাৰ পথ...

সেয়ে সজ্জন মোৰ
আহা ক্ষন্তেক 
আচুতীয়া পৰত
পিন্ধি মানুহৰ বেশ
একেসতে কৰোঁ ক্ষন্তেক
মানুহৰ আলাপ...
———————————
পিতাইলৈ বাৰ্তা
প্ৰাঞ্জল কুমাৰ নাথ

দুখ নকৰিবি পিতাই
তই বনাই যোৱা ঘৰখন আগৰদৰেই আছে ৷
মাথোঁ ঠায়ে ঠায়ে উৰুখিছে
মাৰলিৰ বাঁহডালত অলপ ঘুণে ধৰিছে ৷
তই ৰুই যোৱা নিমজোপাত
এহালি কপৌৱে বাহ লৈছে ৷
বগৰীজোপাহে হাউলি পৰিল ৷

পিতাই
তই কৈ যোৱা ধৰণে ঘৰটোৰ চালখন চাব নোৱাৰিলো 
এডাল অজগৰে বাহ ল’লে পিতাই ৷
মোক নুদুখিবি ৷
অহা বহাগত বৰদৈচিলাজনী আহিলে
চালখন উৰুৱাই নিব অ’ পিতাই ৷
মোক অজগৰৰ পৰা মুক্তি লাগে পিতাই ৷
মুক্তি লাগে ৷
————————
সূৰ্যাস্তত ডুব যোৱা আবেলিটো
তানিয়া মধুকল্য 
                      
গধূলি নামি অহাৰ পৰত
সূৰ্য্যাস্তৰ হেঙুলীয়া আভাত

ডুব গ'ল ৰহনসনা 
এটা মিঠা আবেলি 

আবেলিটোৰ পিছে-পিছে
গুচি গ'ল  
আঘোণৰ সোণবৰণীয়া পথাৰখন

গ'লগৈ দেহ-মন উতলোৱা 
ফাগুণৰ পলাশৰ ৰঙা ৰঙবোৰ।

আবেলিটোৰ পিছে-পিছে গ'লগৈ 
এজাক মুষলধাৰ বৰষুণৰ চেঁচা অনুভৱবোৰ।

সূৰ্য্যাস্তত ডুব যোৱাৰ পৰত 
আবেলিটোৱে এৰি থৈ গ'ল
আকাশত এখন হেঙুলীয়া 
ইন্দ্ৰধেণু

বেলি লহিয়াৰ পৰত
জুম বান্ধি পক্ষীবোৰো 
ঘৰমুৱা হ'ল।

আৰু তাৰ লগে-লগেই 
এটা সুন্দৰ দিনৰ সামৰণি 
পৰিল ।

আবেলিটো নোহোৱাত 
আকাশখনৰ ৰংবোৰো
কমি আহিল

নিশাৰ শেষত উদ্দেলিত হ'ব
এটি নতুন সূৰুয ।

আৰম্ভ হ'ব আৰু এটি 
নতুন দিনৰ

তাৰ শেষত  পুনৰ  আহিব
সেই সূৰ্যাস্তত ডুব যোৱা 
আবেলিটো।

সেই ৰহণ সনা আবেলিটোৰ 
অপেক্ষাত মই আজিও 
ৰৈ আছো অধিৰ আগ্ৰহেৰে।

তানিয়া মধুকল্য
তৃতীয় ষাণ্মাসিক
ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া
————————————
দেখোঁ অন্ধকাৰ পৃথিৱী
ইকবাল হোচেইন খান

অতনা ধৰ্ম আছে পৃথিৱীত
তথাপিও কিয় নেবাজে শান্তিৰ এফাকি গান
অহৰহ কিয় হিংসাৰ চাবুকে গৰ্জি ৰাখে পৃথিৱী 
শান্তি কিয় উৎসৰ্গিত নহয় মানুহৰ মন মগজুত 
মানুহে কিয় বাৰে বাৰে  কৰে উন্মাদ আচৰণ
হিংসুক জন্তুৰ দৰেই।

অচিৰেই ধ্বংস হ'ব নেকি মানুহৰ পৃথিৱী
ধৰ্ম ধৰ্ম কৰি কৰে নিষ্ঠুৰ আচৰণ
ৰজাৰ মুখতো ধৰ্ম প্ৰজাৰ মুখতো ধৰ্ম
নিজৰ ধৰ্মই বোলে শ্ৰেষ্ঠ
সকলোৱে কৰে তাৰে কচৰৎ
তাৰবাবেই যেন প্ৰতিষ্ঠা হ'ব শান্তিহীন পৃথিৱী ।

তাকেই ভাবোঁ অকলে অকলে ভাবোঁ
নীৰৱে নীৰৱে ভাবোঁ 
দেখোঁ ধ্বংসৰ আগজাননী
অন্ধকাৰ পৃথিৱী ।

ইকবাল হোচেইন খান
খন্দকাৰ পাৰা,বৰপেটা 
————————————
অংগৰাগ
ইন্দুপ্ৰভা দত্ত অধিকাৰী

জোন ওলোৱাৰ বাটেৰে
আহিবাচোন এদিন
আকাশৰ বুকুত
এপলক চকু থৈ
ভগ্ন হৃদয়ৰ হিচাপ-নিকাচ কৰিম
অশ্ৰুৰ দলিচাত প্ৰাপ্তি-অপ্ৰাপ্তিৰ শব্দবোৰ
ছতিয়াই দিম৷
জীৱন জীয়াৰ অকবিতাবোৰ
অশ্ৰুৰ দলিচাত
ধুই পখালি
অলংকৃত কৰিম

ইন্দুপ্ৰভা দত্ত অধিকাৰী
বৰপেটা
7002277428
———————————
আধৰুৱা জীৱন
নিবেদিতা দাস লাহন
সোনাপুৰ

বুকুখন সিব পৰাকৈ এটি পানী বেজিৰ অভাৱ।
পাৰ দুটিৰ ওঁঠত  গোপন প্ৰেমৰ আলাপ
সিহঁতে জানে জীৱন যে অনুপম।
টঙি জালখনত উঠি ৰ'ল এজাক পোনামাছ।
আধৰুৱা জীৱন ।
পেটৰ ভোক সিহঁতৰ কাম‍্য নহয়।
জালখন কুটিবলৈ সিহঁতৰ নাই 
তীক্ষ্ণ দাঁতৰ আঁচোৰ।
মন্দিৰৰ দুৱাৰত মানুহৰ ভীৰ।
ভিক্ষুকৰ দুচকুত আশাৰ জালিকটা বেলিৰ কিৰণ।
ভঙা থালিত পৰি ৰোৱা
অচল টকাৰ নোটবোৰ খামুচি
সিহঁতে দি গ'ল কুশঁলে থকাৰ আৰ্শীবাদ।
অহাৰ বাটত মুকহৈ ৰ'ল 
অমানৱৰ অষ্পষ্ট পদচিহ্ন।
————————————
সহোদৰ ভাই
ভৃগু কুমাৰ নাথ

তুমিয়েইতো আছিলা মোৰ সহোদৰ ভাই

কিন্তু, এতিয়া কেনেকৈ ক’বা
তুমি মোৰ সহোদৰ ভাই বুলি 
এতিয়া পৰিচয় কেনেকৈ দিবা?

পাৰিবা জানো সঁচা পৰিচয় দিবলৈ, 
তুমি মোক সকলোৰে আগত সঁচাকৈ
সঁচা পৰিচয় দিবলৈ...

নোৱাৰা এতিয়া একো কবলৈ!

কাৰণ!
 তুমি এতিয়া 
স্বাৰ্থলোভী হ’লা ।

সেয়ে হয়তো পৰিচয় দিব নোৱৰা,
তুমি মোৰ সহোদৰ ভাই বুলি ক’বলৈ...

এতিয়া মাথোঁ নিজে নিজক চিনাকি 
দিয়া নিজক বুজিবলৈ
নিজ সংসাৰৰ বুজা ল’বলৈ...

তথাপিও নালাগে দিবলৈ 
সঁচা পৰিচয়ৰ চিনাকি
নালাগে তোমাৰ দৰে সহোদৰ ভাই বুলিবলৈ...
————————————————
অনুবাদ কবিতা 

“THE ROSE FAMILY”
ROBERT FROST 

The rose is a rose,
And was always a rose.
But the theory now goes
That the apple’s a rose,
And the pear is, and so’s
The plum, I suppose.
The dear only knows
What will next prove a rose.
You, of course, are a rose –
But were always a rose.

গোলাপ
মূলঃ কৱি ৰবাৰ্ট ফ্ৰষ্ট
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

গোলাপ গোলাপেই,
আৰু অনাদি কালৰপৰাই গোলাপ আছিল,
কিন্তু এতিয়া সেই সূত্ৰ নাখাটে
যে আপেল এটিও গোলাপ,
আৰু নাচপতি হয়, আৰু সেইদৰেই 
টকৌ গছ, 
মোৰ ধাৰণা
প্ৰেয়সীয়েহে জানে
ইয়াৰ পিছত গোলাপে কি প্ৰমাণ কৰিব৷
তুমি, অৱশ্যেই এটি গোলাপ-
সৰ্বকালেই এটি গোলাপ হৈ আছিলা৷
◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦°°°°°°◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦◦

Post a Comment

0 Comments