পষেকীয়া বৰ্ণৰাগ ৬

——————————————————
সম্পাদনা সমিতি

উপদেষ্টা 
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
যুগললোচন দাস
ড০ ৰমেশ কুমাৰ কাকতি 
চন্দন ভাগৱতী 
গুণাৰাম শইকীয়া 

সম্পাদক-নৱ ৰাজন

প্ৰকাশক-প্ৰদীপ চন্দ্ৰ শৰ্মা 

কাৰ্যবাহী সম্পাদক-গীতাঞ্জলি বৰকটকী 
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক-সীমা গগৈ 
অনামিকা ৰায় 

সহযোগী সম্পাদক -অৰ্চনা ঠাকুৰীয়া 
অনিতা দেৱী মিশ্ৰ

বিভাগীয় সম্পাদক- ভাৰ্গব কুমাৰ নাথ 
ভূমিকা দাস 

বিশেষ শুভাকাংক্ষী–পবিত্ৰ কুমাৰ নাথ, জয়ন্ত কুমাৰ বৰ্মন,ৰঞ্জন বৰা, হেমেন নাথ, বিশ্বজিৎ গগৈ, সংগীতা বৰা , বিনীতা গোস্বামী ,আছমা জাফ্ৰি, ৰুমী দেৱী, দীপাংকৰ ভূঞা ।
———————————————————
বেটুপাতৰ ফটো –দেৱজিত নাথ 
অঙ্গসজ্জা –নৱ ৰাজন 
———————————————————

——————————————————
বেটুপাত 
সম্পাদকীয়...

প্ৰসংগঃ সুখ 

    এই যে আমি নিৰন্তৰ দৌৰি আছোঁ;কিহৰ বাবে ? এটি সুখী জীৱন যাপনৰ বাবে নহয় জানো ! দুখী জীৱন আমাৰ কাৰোৰে কাম্য নহয়। কিন্তু এই সুখ প্ৰাপ্তিৰ পাছতো আমি সুখী হ'ব নোৱাৰো। সুখী হ'লেও ,সেয়া যেন তেনেই ক্ষন্তেকীয়া। 
  এই সুখৰ আধাৰ কি বাৰু ! আৱেগ, অনুভৱ,আনন্দ এইবোৰেতেই সুখ কেন্দ্ৰীভূত হৈ থাকে নেকি ? যদি আনন্দই এজন ব্যক্তিক সুখী কৰি তোলে, তেনে আমি ইপ্সিত আনন্দ প্ৰাপ্তিৰ পাছত ,কিছুপৰ সুখী হোৱাৰ পাছত, কিয় আকৌ দুখী হৈ পৰো? উদাহৰণস্বৰূপে এখন গাড়ী লোৱাৰ সপোন আমি সকলোৱে দেখোঁ;সেই হিচাপে এদিন যেতিয়া এই সপোন দিঠকত পৰিণত হয়,তেতিয়া আমি অপাৰ আনন্দ অনুভৱ কৰোঁ। নিজকে পৃথিৱীৰ সবাতোকৈ সুখী মানুহজন যেন অনুভৱ হয় ।কিন্তু এই সুখানুভৱ বাৰু  কিমান দিনলৈ...?
    সুখী হ'বলৈকে আমি সৰুৰে পৰা এটি ঈর্ষণীয় জীৱিকাৰ সন্ধানত থাকোঁ। এটি ভাল বৃত্তি পোৱাটোৱে যেন আজিৰ সমাজত শিক্ষাৰ মূল উদ্দেশ্য। জীৱন নিৰ্বাহৰ বাবে আমাক এটি ভাল বৃত্তিৰ খুবেই প্ৰয়োজন।কিন্তু , সপোন সাকাৰ কৰি এটি উৎকৃষ্ট বৃত্তিত নিয়োজিত হোৱাৰ পাছতো কিয় আমি সুখী হ'ব নোৱাৰো ?ভিৰৰ মাজত থাকিও আমি কিয় অকলশৰীয়া অনুভৱ কৰোঁ? জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰাৰ পাছতো, আৰ্থিক ভাবে স্বচ্ছল হোৱা স্বত্তেও ,কোনো কোনোৱে আত্মহত্যাৰ দৰে পথ কিয় বাচি ল'ব লগা হয় ? 
    ভিতৰি দুখ কঢ়িয়াই,বহুতে সুখৰ অভিনয় কৰে। সেয়ে, হাঁহিমুখীয়া মানুহ মানেই সুখী বুলি ক'ব নোৱাৰি। আমি যিবোৰ বস্তুত সুখ বিচাৰি হাবাথুৰি খাওঁ, আচলতে তাত সুখ নাথাকেই ।যাৰবাবে ক্ষণিক আনন্দ লাভ কৰাৰ পাছতে আকৌ দুখী হৈ পৰো। কোনোৱে ভগা পঁজাত থাকি,এসাঁজ লঘোণে থাকিও সুখী আৰু কোনোৱে ওখ দালানত মাছে-মঙহে খায়ো দুখী ।কোনো বিবাহ পাশত আবদ্ধ হৈ যদি সুখী;কোনোৱে বিবাহ বিচ্ছেদ কৰিহে সুখী। তেনে সুখ কি ? 
       আমি  গভীৰভাৱে বিবেচনা কৰিলে 
দেখিম যে সুখৰ উৎস বাহিৰৰ জগতত নাই ;
সুখৰ উৎস আমাৰ নিজৰ মাজতে বিৰাজমান। আমি মিছাতে বাহিৰত সুখৰ উৎস বিচাৰি হাবাথুৰি খাওঁ। নিজতকৈ চহকীজনৰ সৈতে তুলনা কৰি 
ধন উপাৰ্জনৰ দৌৰত জপিয়াই পৰো আৰু নিজৰ ধন-ঐশ্বৰ্য আনৰ আগত প্ৰদৰ্শন কৰি সুখী অনুভৱ কৰোঁ। যেতিয়া চুবুৰীয়াজনে আমাতকৈ উন্নত প্ৰদৰ্শনত নামি পৰে ,তেতিয়া নিমিষতে পমযোৱা বেলুনৰ দৰে আমাৰ সুখ মাটিত লীন যায়; আৰু আমি পুনৰ দুখী হৈ পৰো।কোটিপতি এজনতকৈ নিৰোগী দৰিদ্ৰ এজন প্ৰকৃতাৰ্থত  চহকী। কিন্তু ধনৰ পাছত দৌৰি, আমি ৰুগীয়া হৈ পৰো। দেহা নাথাকিলে  সা-সম্পত্তি সকলো মিছা। সম্পত্তি অর্জনৰ নামত মিছা সুখ বিচাৰি ,শৰীৰৰ প্ৰতি কোনো গুৰুত্ব নিদি,দুদিনতে ৰুগীয়া হৈ পৰো।
     সুখৰ আধাৰ- অনুভৱ (fillings), সন্তুষ্টি(satisfaction) বা ক্ষন্তেকীয়া আনন্দ (pleasure)  নহয়; সুখৰ আধাৰ- সত্যৰ ওপৰত প্ৰতিষ্ঠিত বোধ( understanding)।           
      "  ইমান দুৰ্যোগৰ মাজতোযে মই সুস্থ সৱলভাবে জীয়াই আছোঁ।  মোৰ দুখন ভৰি,দুখন হাত, এটি চকু, দুখন কাণ আছে। মই স্ৰষ্টাৰ অনন্য সৃষ্টিক অনুধাৱন কৰিব পাৰো।মই প্ৰকৃতিৰ অনবদ্য অৱদান উপভোগ কৰিবলৈ পাৰিছোঁ।
   মই  প্ৰকৃতিৰ উপহাৰ। ভগৱানৰ সন্তান।"-এয়াই  জীৱনৰ চিৰন্তন সত্য । জীৱনৰ প্ৰকৃত বোধ।  

 কোনো স্বাৰ্থ নোহোৱাকৈ প্ৰকৃতিয়ে আমাক অম্লজানকে আদি কৰি খাদ্য সম্ভাৰ যোগান ধৰি আহিছে। কিন্তু আমি তাৰ পৰিৱৰ্তে কি দিছোঁ ?  
    প্ৰকৃতিৰ এই চিৰন্তন সত্যক হৃদয়ৰে উপলব্ধি কৰিব পাৰিবই লাগিব। প্ৰকৃতিৰ লগত আমাৰ যি ওতঃপ্ৰোত সম্পৰ্ক ,তাক অনুধাৱন কৰিব পাৰিব লাগিব।
বাহ্যিক ৰং ধেমালি, আনন্দ, ধন-ঐশ্বৰ্যত সুখৰ উৎস নিবিচাৰি, এই পৰম সত্যটো যেতিয়া অনুধাৱন কৰিব পাৰিম; তেতিয়াই নিজৰ মাজত প্ৰকৃত সুখৰ উৎস বিচাৰি পাম । 
    অৰ্থাৎ,সুখ আমাৰ মনৰ অৱস্থাৰ (state of mind) লগত পোনপটীয়াকৈ জড়িত। বাহ্যিক কাৰক (যেন ধন-সম্পত্তি, চাকৰি আদি)ৰ ওপৰত নিৰ্ভৰশীল নহয়। মানসিক ভাবে সবল ব্যক্তিসকল সেয়ে আনতকৈ সুখী। 
    2-3 নম্বৰ কম পোৱাৰ বাবেই বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়েও আত্মহত্যাৰ পথ বিচাৰি লোৱাৰ বিপৰীতে বহু ছাত্ৰ ছাত্ৰী যেনে তেনে পৰীক্ষাত উৰ্ত্তীণ হৈও সুখী হয়। বিভিন্ন ধুমুহা হেলাৰঙে সহি বহুজন সুখেৰে জীৱন উদযাপন কৰাৰ বিপৰীতে কিছুমানৰ সকলো থকাৰ পাছতো  অসুখী হৈ চিৰ জীৱন কটায়।
     আমি আমাৰ দুখবোৰ আনৰ সৈতে ভাগ বতৰা কৰি দুখ পাতলাবলৈ চেষ্টা কৰো।কিন্তু ইয়াৰ দ্বাৰা একো লাভ নহয়;কিয়নো কোনেও কাৰো দুখৰ বিষয়ে জানিবলৈ আগ্ৰহী নহয়। 
    সেয়ে, আমি সদায়ে সুখেৰে থাকিবলৈ হ'লে 
বাহিৰত সুখৰ সন্ধান কৰি, সময়ৰ অপচয় কৰাতকৈ, জীৱনৰ পৰম সত্যৰ অনুধাৱন কৰাহে শ্ৰেয়। 
  মুঠতে,সুখ হৈছে আমাৰ মনৰ অৱস্থা; যাৰ বাহিৰৰ জগতৰ লগত কোনো সমন্ধ নাই । 

নৱ ৰাজন
সম্পাদক 
বৰ্ণৰাগ
ভ্ৰাম্যভাষ-9854776119
——————————————————
————————————————————
প্ৰবন্ধঃ
বিষ্ণুৰাভাৰ গীতত সামাজিক ঐক্য  আৰু জাতীয়তাবাদ 
     
মনিষা চুতীয়া
স্নাতকোত্তৰ
ৰাজনীতি বিজ্ঞান বিভাগ
জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়, নতুন দিল্লী

      ১৯৪৮ চনৰ কথা। স্বাধীনতাৰ প্ৰথম বৰ্ষপূৰ্তি পাৰ হওঁ হওঁ। ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ বেলি ইতিমধ্যে মাৰ গ'ল। অসমতো স্বাধীনতাৰ প্ৰভাৱ সোঁৱে-বাওঁৱে  পৰিল। তথাপিতো সকলোতে কিবা যেন আধৰুৱা, বাকী আছে কেওপিনে আৰু বহুদূৰ....!সেইদিনা আছিল দেওবাৰ। ১৯৪৮ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখ। নগা ছাত্ৰ সন্মিলনীয়ে নগা পাহাৰৰ মুককচাঙত এক অনুষ্ঠানৰ আয়োজন কৰিলে। বহু দূৰৰ পৰা ৰাইজ আহি গোট খালেহি। ৪০ মাইল মান দূৰৰ পৰা বাটকুৰিবাই এজন জনজাতীয় তেজগোৰা ডেকাও উপস্থিত হ'লহি।অনুষ্ঠানত উপস্থিত থাকি ডেকাজনে অনুষ্ঠানৰ শোভা বৰ্ধন কৰিলে।নগাসকলক অসমী আইৰ হিয়াৰ আমঠু বুলি উদ্দেশ্যি উদাত্ত কন্ঠে সমূহ ৰাইজৰ আগত গাই গ'ল

"জাগিব লাগিব তই কছাৰী মিকিৰ
খাছী ৰাভা গাৰো মিৰি কুকি নগা বীৰ
খামটি মিচিমি আৰৰ লালুং লুচাই
চিংফৌ চিংটেং মণিপুৰী টাই
তিপৰা ডিমাচা অকা ডফলা  ককাই
চুতীয়া দেউৰী  টোতোলা কোঁচ হাজং কছাৰী
জাগিব লাগিব তই ভাগ।
ল চোন আগভাগ।"

    এনেদৰে স্বাধীনতাৰ পাছত  অসমৰ সমূহ জাতি জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি  সমন্বয়ৰ জয়গান গোৱা সুঠাম তেজগোৰা জনজাতীয় ডেকাজনেই আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ সৰ্বপল্লী ৰাধা কৃষ্ণই ১৯৩৯ চনত তেওঁৰ নটৰাজ নৃত্যত  বিমুগ্ধ হৈ কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল। শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাৰ পাছতেই অসমীয়া কলা সংস্কৃতি আৰু জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা সমন্বয়ৰ ধজ্জাবাহক সব্যসাচী গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা উনুকিয়াব পাৰি।
     সৰ্বগুণসম্পন্ন সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা একাধাৰে বিশিষ্ট শিল্পী , কবি, সাহিত্যিক , নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা  আৰু মুক্তি যুঁজাৰু আছিল। অসমীয়াকে ধৰি আন ১৬ টা ভাষাত 
সলসলসলিয়াকৈ ক’ব পৰা বিচক্ষণতাই বিপ্লৱী শিল্পী বিষ্ণুৰাভাৰ অসমৰ ভিন্ন জাতি সত্তাৰ প্ৰতি থকা  অপৰিসীম প্ৰেম আৰু শ্ৰদ্ধাকে সূচায়।

            তাহানি দিনতে হেৰুৱা জাতিসত্তাক প্ৰাণ দি গানেৰে ৰূপান্তৰৰ বিপ্লৱ আনিব খোজা  মনীষী বিষ্ণুৰাভাই বৃহত্তৰ অসমীয়া জাতি গোষ্ঠীক অ’ৰ ত’ৰ পৰা বুটলি আনি ঐক্যৰ এনাজৰীৰে বৰ অসম গঢ়াৰ সপোন দেখিছিল।ঐক্যতাৰ এই ফুলাম মালাডালি বাৰু সম্পূৰ্ণ হ'লনে আজি?বিষ্ণুৰাভাৰ বৰ অসম বাস্তৱায়িত হ'বলৈ আৰু কিমান বাকী?

             ঊনবিংশ শতিকাৰ শেষ ভাগত আৰু বিংশ শতিকাৰ আদি ভাগত পাশ্চাত্যৰ চিন্তা চেতনাৰ প্ৰভাৱত আৰু ব্ৰিটিছ
ঔপনিবেশিকতাৰ ফলস্বৰূপে অসমত যি বুৰ্জোৱা জাতীয়তাবাদী শক্তিৰ জন্ম হৈছিল, এই শক্তিক প্ৰতিহত কৰি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক এক সমন্বয়ৰ ৰূপ দিবলৈ বিষ্ণু ৰাভা উঠি পৰি লাগিছিল।কাৰণ ৰাভাই জানিছিল  অসমীয়া জাতিৰ সুৰক্ষা কৱজ জনজাতীয় হোজা গাঁৱলীয়া অসমীয়া মানুহৰ হাততহে সীমাবদ্ধ। অসমৰ মিকিৰ ,মিচিং ,মেচ , চুতীয়া ,কছাৰী, লালুং, সোণোৱাল, নগা , খাচি আদি জনজাতীয় ভাইহঁতহে অসমীয়া ভাষা সংস্কৃতি আৰু সত্বাক ভৱিষ্যত প্ৰজন্মলৈকে অৱহেলিত নোহোৱাকৈ জীয়াই ৰাখিব পাৰিব বুলি ৰাভা দেৱে বিশ্বাস কৰিছিল।ইয়াৰোপৰি ৰাভা দেৱৰ দৰে জাতীয় নায়কে অনুভৱ কৰিছিল যে , সম্ভাব্যবাদত উটি অহা ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আগ্ৰাসনক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী বোৰে একক ভাবে প্ৰতিৰোধ কৰিবলৈ অসমৰ্থ হ'ব আৰু  উপায়হীন হৈ সাম্ৰাজ্যবাদৰ বিশাল ঢৌত জাহ যাবলৈ বাধ্য হ'ব।এইক্ষেত্ৰত অৰুণাচল আৰু ত্ৰিপুৰা ইতিমধ্যে এক জলন্ত উদাহৰণৰ সাক্ষী হৈ  থিয়  হৈ থিয় দিছে । এনে শংকাৰ   পৰিপ্ৰেক্ষিতত অসমৰ সমূহ জাতি  জনগোষ্ঠী সম্প্ৰদায়ৰ সামূহিক ঐক্যৰ  প্ৰয়োজনীয়তাটো ৰাভাদেৱে ঠিক স্বাধীনতাৰ পাছতেই অনুভৱ কৰিছিল।

     ঊনবিংশ শতিকাৰ শেষ ভাগত আগমন ঘটা বুৰ্জোৱা জাতীয়তাবাদী শক্তিয়ে আমাৰ চুকে কোণে থকা আপুৰুগীয়া কলা সংস্কৃতিৰ জাতি মাটি ভেটি আমাৰ বুকুৰ উমৰ পৰা কাঢ়ি লৈ আমাক বিশ্বত বহুৱা সজালেহেঁতেন আজি। পাশ্চাত্যৰ ধামধুম আৰু ঔপনিবেশিকতাৰ চাকনৈয়াত উদ্গীৰিত  হোৱা গোলকীকৰণৰ আৰু উদ্যোগীকৰণত অসমীয়া জাতিৰ জাতীয় চেতনা আৰু জাতীয়বাদ বিস্মৃতিৰ কৰাল গ্রাসত পুত গ'লহেঁতেন। কিন্তু বিষ্ণুৰাভাৰ দৰে জাতিৰ খনিকৰে জাতিৰ সংকটৰ সময়ত মূৰপুলুকা নমাৰি হাবিয়ে বননিয়ে, গাঁৱে  ভুয়ে, চহৰে নগৰে , পাহাৰে ভৈয়ামে  সিঁচৰতি হৈ থকা জাতি গোষ্ঠীক একত্ৰিত কৰি ভাষা সংস্কৃতি , পৰস্পৰে ইটোৱে সিটোক আঁকোৱালি ল'বলৈ আদৰ্শ  দিলে ,চেতনা দিলে, অনুপ্ৰেৰণা দিলে।এক কথাত ৰাভা দেৱে আৰু সেই সময়ৰ আন আন মহা পুৰুষে অসমীয়া জাতিক শান্তিৰে জীয়াই থাকিবলৈ জীৱন দিলে, দিলে প্ৰাণ। স্বাধীনতাৰ পাছত অসমৰ দৰে এখন বহু জাতি জনগোষ্ঠীৰ ৰাজ্যত ভিন্ন জাতি গোষ্ঠী সম্প্ৰদায়ক একত্ৰিত কৰি সকলোকে পমি অসমী আইৰ সন্তান বুলি পৰিচয় দি বৰ অসম গঢ়িবলৈ দু:সাহস কৰাটো বৰ সহজ কাম নাছিল।কিন্তু ৰাৱদেৱকে ধৰি আন আন অসমীয়া পুৰুষে  অসমীয়া উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি "বৰ অসম" গঢ়িবলৈ যতপৰোনাস্তি চেষ্টা চলাইছিল।
   ৰাভা দেৱৰ গীতত প্ৰকট ভাবে  প্ৰকৃতি প্ৰেম, স্বদেশ প্রেম, বিদ্ৰোহ, জাতীয়তাবাদ, সামাজিক চেতনা জীপাল হৈ উঠিছিল। তেওঁৰ কণ্ঠ বা গান সমূহ  যেন আছিল একো একোটা অস্ত্ৰ বা মাধ্যম, যাৰ জৰিয়তে ৰাভাদেৱে তেওঁৰ মাজত নিহিত থকা ভাৱবোৰ, ক্ষোভবোৰ জনসমাজত গানৰ মধ্যেমেৰে প্ৰকাশ কৰিছিল।তেওঁৰ গান আছিল জনজাগৰণৰ, , বিপ্লৱৰ। তেওঁৰ জ্ঞান আছিল জাতীয়তাবাদৰ, শোষণ নিষ্পেষনৰ।

   গানৰ মধ্যেমেৰে জনতাৰ হৃদয়ত স্বদেশপ্ৰেম জাগ্ৰত কৰিবলৈ পৰিমানে চেষ্টা কৰিছিল। তেওঁৰ " অ' অসমীয়া ডেকা দ'ল" ," আই মোৰ  ভাৰত জননী", " নিচলা আইৰে আমি খাটি অসমীয়া", বিশ্ব ছন্দে ছন্দে মহানন্দে আনন্দে নাচা ," অ পূজাৰী আদৰি" , আদি  গীতত ৰাৱদেৱৰ অসমী আইৰ প্ৰতি থকা  স্বদেশ প্ৰেমৰ ভাগ জাগি উঠিছে । আনহাতে বিপ্লৱী শিল্পী ৰাভাদেৱৰ  গীতসমূহত শ্ৰেণী সংগ্ৰামৰ যুঁজখনো  প্ৰতিফলিত হৈছে। ৰাভাদেৱে তেওঁৰ গীতৰ মাজেৰে শোষক আৰু শোষিতৰ যুঁজখনো কঢ়িয়াই লৈ ফুৰিছে। কুৰি শতিকাৰ তৃতীয়  দশকত ভাৰতবৰ্ষৰ সামাজিক , ৰাজনৈতিক আকাশত  অভ্যুদয় হোৱা মাৰ্ক্সবাদী চিন্তা চেতনাক অনুসৰণ কৰি অসমৰ ক্ষেত্ৰত উপলব্ধি কৰিছিল যে ইংৰাজ- ভাৰতীয়, অসমীয়া-বঙালী, বড়ো মিছিং এনে জাতীয়তাবাদী পরিচয়ৰ যুঁজ খনৰ উপৰিও এই সকলোৰে মাজত শোষকো আছে শোষিতও আছে, শাসকো আছে শাসিতও আছে , ধনী জমিদাৰ পুঁজিপতিও আছে, হালোৱা, হজোৱা ,কৃষ্ণক বনোৱাও আছে।কেৱল ব্ৰিটিছেই শত্ৰু নহয় অসমত। সেয়ে তেওঁ লিখিছিল...
   
        "ৰাজ্যৰ আছে দুইটি পাঠা/ একটি কালো একটি সাদা/ ৰাজ্যৰ যদি মংগল চাওঁ/ দুইটি পাঠাই বলি দাও।"
           বিদেশী পুঁজিপতি আৰু স্বদেশী পুঁজিপতি ৰ শোষকৰ বিৰুদ্ধে তেওঁ শ্ৰেণী চেতনাৰ ধাৰণাটো নতুনকৈ অসমৰ জাতীয়তাবাদত সাঙুৰি লৈছিল। ৰাভাদেৱৰ স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত " আমি বিপ্লৱী পথৰে যাত্ৰী"  নামৰ কবিতাটিত বিপ্লৱৰ ভাৱধাৰা প্ৰকটমান হৈ থিয় দিছে। ইয়াৰোপৰি , সুৰৰে দেউলৰে ৰূপৰে শিকলি, হে বিপ্লৱী বীৰ অধিনায়ক হে, তেজৰে বোলেৰে লিখি যাম ইতিহাস , ব'ল ব'ল ব'ল কৃষক শক্তি দল, ভাং ভাং ভাং ভাং ,আমি বিপ্লৱ পথেৰে আগুৱাম আদি কালজয়ী গীতত ৰাভাদেৱৰ শোষক আৰু শোষিতৰ যুঁজখন প্ৰতিভাত হৈ উঠিছে।
       বিষ্ণু প্ৰসাদ ৰাভাৰ সামাজিক ঐক্য আৰু বৰ অসম গঢ়াৰ প্ৰচেষ্টাক ড০ হীৰেন গোঁহাইদেৱে এনেদৰে লিখিছে....
" ৰাভাদেৱৰ বৰ অসমৰ ভেটি শোষণ মুক্ত  সমাজতন্ত্ৰতহে নিৰ্ভৰ । ৰাভাদেৱৰ  মতে শোষণমুক্ত  সমাজতন্ত্ৰতহে জাতি সমূহৰ মুক্তি, সমতা, উন্নতি আৰু মহামিলন সম্ভৱ। সমাজতন্ত্ৰ হৈছে জাতিসমূহৰ মুক্তি আৰু মিলনৰ অবিচ্ছেদ্য চৰ্ত। অথচ জাতীয়তাবাদী হিচাপে ৰাভাক থিয় কৰাই তেওঁৰ সমাজতন্ত্ৰবাদী বিশ্বাস আৰু ভূমিকা বহুতে ঢাকি ৰাখিবলৈ বিচাৰে"। (ড০ হীৰেন গোঁহাই সম্পাদিত, সৈনিক শিল্পী বিষ্ণুৰাভা, গুৱাহাটী , জাৰ্ণাল এম্পৰীয়াম , পৃষ্ঠা- ১০৯।) সাম্প্ৰতিক সময়ত অসমত সামাজিক ঐক্য আৰু সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত ৰাভাদেৱৰ কালজয়ী গীতসমূহ অতি প্ৰাসংগিক । ৰাভাদেৱ  প্ৰকৃত অৰ্থত মানুহৰ শিল্পী। সোণৰ চামুচ মুখত লৈ ওপজা ৰাভাদেৱে , দুখীয়া , শোষিত নিষ্পেষিত কৃষক সকলৰ বাবে তেওঁৰ ২৫০০ বিঘা মাটি দান কৰি থৈ গৈছে । উল্লেখযোগ্য যে বৰ্তমান নামজ্বলা উচ্চ শিক্ষা অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ও ৰাভাদেৱৰ অনুদিত ভূমিতে প্ৰতিষ্ঠা কৰা হৈছে। ৰাৱদেৱ আছিল এক বিশাল অনুষ্ঠান। তেওঁ বটবৃক্ষৰ দৰে অসমীয়া ভাষা সংস্কৃতি, জাতি ,মাটি, ভেটি প্ৰসাৰ আৰু প্ৰচাৰৰ নামত নিজৰ জীৱনটো উচৰ্গা কৰিছিল। আজিৰ দিনত তেওঁৰ দৰে সৈনিক শিল্পী নগন্য। অসমৰ দৰে এখন সুবিধাবাদীৰ মঞ্চত তেওঁৰ উপস্থিতি অতি কাম্য।
    যি কি নহওক, ৰাভাদেৱৰ সুৰত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজখন কিমানদূৰ সম্পূৰ্ণ হ'ল নাজানো। আমি জনতাই তেওঁক কিমান এই ক্ষেত্ৰত উৎসাহিত কৰিলোঁ তাকো নাজানো। কিন্তু লজ্জাজনকভাৱে অসম চৰকাৰে মাওবাদী সজাই পঘাৰে ৰাস্তাত চুচৰাই নিয়া ৰাভাক আমি ৰখাব নোৱাৰিলোঁ। দেশ মাতৃৰ প্ৰতি জীৱন দিয়া সৈনিক শিল্পীৰ এয়া উত্তম পুৰস্কাৰ নেকি চৰকাৰৰ পৰা? সখা, কেতিয়াবা বুকুখন খুন্দা মাৰি ধৰেনে আজি? শুনা পালে দূৰৈত বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
————————————
অসমৰ জাতীয় উৎসৱ "বিহু"— এক চমু অৱলোকন
বিশ্বজিৎ গগৈ
গোগামুখ

              অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বিহু। এই বিহু অবিহনে অসমীয়াৰ পৰিচয়ে বা ক'ত?সেয়েহে বিহুক বাদ দি অসমীয়াৰ প্ৰকৃত সংজ্ঞা দিয়াটোও কঠিন প্ৰত্যাহ্বান। সাংস্কৃতিক চেতনাৰ দিশেদি অসমীয়া মানুহৰ অন্তর্জগতখনত ভুমুকি মাৰিলে প্রথমে বিহুৰ কথাকেই  মনলৈ আহিব। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা অসম নামৰ এই ভূ-খণ্ডত বিভিন্ন নৃগোষ্ঠীয় লোকে তেঁওলোকৰ উৎসৱ-অনুষ্ঠান সমূহ পালন কৰি আহিলেও সাম্প্রতিক সময়ত জাতি, বর্ণ, ধর্ম নির্বিশেষে অসমৰ মানুহে জাতীয় উৎসৱ বুলি আদৰি লোৱা উৎসৱটিয়েই হ’ল বিহু। ভাৰতবর্ষৰ বিভিন্ন স্থানতো ‘বিহু’ অসমীয়া মানুহৰ অন্যতম সাংস্কৃতিক পৰিচয়। তাহানিৰ মুকলি পথাৰ আৰু গছতলৰ বিহুৱে এতিয়া দুৰদর্শন-ইন্টাৰনেটটো প্রৱেশ কৰিলে। তদুপৰি প্রৱাসী অসমীয়া সকলৰ জৰিয়তে বিহুৱে আজি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশৰ মঞ্চতো  প্ৰৱেশ কৰি সেই মঞ্চ কঁপাবলৈ সক্ষম হৈছে। স্বাভাৱিক ভাবেই এনেবোৰ কাৰণতে বিহুক কেৱল সাংস্কৃতিক চেতনাৰ দিশেদিয়েই নহয়, জাতীয় চেতনা উদ্দীপনৰো অন্যতম বাহক হিচাপে অভিহিত কৰিব পাৰি। কাৰণ বিহু হ’ল অসমৰ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক। ই একক আৰু অনন্য। ভাৰতবর্ষৰ আন আন ঠাইত এনে উৎসৱৰ চানেকি বিৰল। স্বাভাৱিকতেই গো-বলয়ৰ আর্যীকৰণ তত্ত্বক নস্যাৎ কৰি অসমীয়া জাতি-সত্বাক পৃথকভাৱে গঢ়ি তোলাৰ ক্ষেত্রত সবাতোকৈ বৃহৎ অৱদান ৰখা উৎসৱটিয়েই হ’ল- বিহু । যিটো অসমৰ জাতীয় উৎসৱ।
                  আমাৰ বহুতৰে মনত সততে এক প্রশ্ন উদয় হয় যে প্রাচীন অসমত ইমানবোৰ জাতি -জনগোষ্ঠীৰ লোকাচাৰ, অনুষ্ঠান, উৎসৱ আদি থাকোঁতে বিহুনো কিয় জাতীয় উৎসৱ হ’ল? বিহুৰ পৰিবর্তে অন্যান্য উৎসৱেওটো জাতীয় উৎসৱৰ মর্যদা পাব পাৰিলেহেতেন! এই প্রশ্নৰ উত্তৰ পাবলৈ বিহুৰ উৎস আৰু ঐতিহাসিক পটভূমি সম্পর্কে অধ্যয়নৰ বাহিৰে গত্যন্তৰ নাই। কাৰণ বর্তমান সময়ত ব্যাপক পৰিসৰ লাভ কৰা  বিহুৱে এদিনতে আজিৰ পর্যায় পোৱাহি নাছিল। যুগ-যুগান্তৰৰ পৰা এই ভূ-খণ্ডত বাস কৰা প্রতিটো জনগোষ্ঠীৰ বহুমূলীয়া উপাদানেৰে আমাৰ চেনেহৰ বিহুটিক চহকী কৰি আহিছে।
                এসময়ত বিহু শব্দটো সংস্কৃত শব্দ ‘বিষু’ বা ‘বিষুবণ’ৰ পৰা আহিছে বুলি বহু হিন্দু পণ্ডিতে কৰা মন্তব্যক বিশ্বাস কৰিছিলো যদিও বিস্তৃত অধ্যয়ন আৰু প্রনালীবদ্ধ গৱেষনাই এনে মতবাদৰ সাৰশূন্যতাক প্রমান কৰিলে। দৰাচলতে বিহুত আর্যমুলীয় উপাদান নিতান্তই গৌণ, কাৰণ বিহু হ’ল মূলতঃ মংগোলীয় সকলৰ উৎসৱ। অষ্ট্রীক সকলৰ পিছতে অসমৰ এই ভূ-খণ্ডলৈ অহা তীব্বত-বর্মী আৰু তাই বা শ্যাণ সকলেই বিহুক অসমত প্রতিষ্ঠা কৰিছিল।তীব্বত-বর্মী সকলৰ বড়ো, মিচিং, চুতীয়া, মৰাণ, মটক, কছাৰী, ডিমাচা, তিৱা, ৰাভা আদি আৰু তাইসকলে বিহুক বৈছাগু, আলি-আয়ে-লিগাং, বিছু, বুচু, বিছুৱা, দোমাহী, পয়হু, পিহু আদি বিভিন্ন নামেৰে অতীজৰে পৰা পালন কৰি আহিছিল। এই সকলোবোৰ উৎসৱেই বসন্তকালীন আৰু কৃষিভিত্তিক উৎসৱ। এনে পটভূমিত, গৰিষ্ঠ সংখ্যক মংগোলীয় মূলৰ বাসিন্দাৰে ভৰা ৰাজ্য এখনত মংগোলীয় সকলৰ উৎসৱ বিহুৱে জাতীয় উৎসৱৰ মর্যদা লাভ কৰা বুলি ভাবিবৰ থল আছে।
               সি যি কি নহওঁক, অসমীয়া জাতীয় উৎসৱ বিহু মূলতঃ তিনি প্ৰকাৰৰ। বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল-ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠি সেউজীয়া হোৱাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্রান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্রান্তিত মাঘ বিহু পালন কৰা হয়।
              
ব’হাগ বিহু:
     
         ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান আৰু অধিক প্রিয়। বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায়।বসন্তৰ আগমনত প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে। চাৰিও দিশ কুলি কেতেকীৰ সুললিত  সুৰত মুখৰিত হৈ পৰে। 
              প্রকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্রেম-প্রীতিৰ ভাৱ জাগি উঠে; মন কমোৱা তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে। জনবিশ্বাসমতে ডেকা- গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্রকৃতি(পৃ্থিৱী)ক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্রক্রিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে।
                 ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে। এইবোৰৰ বাবে বহাগ বিহুক সুকীয়া মাদকতা প্ৰেৰণ কৰিছে। বহাগ মানেই উলাহ। বহাগ মানেই বসন্তৰ উশাহ ।
                 ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয়। চ’তৰ মাজমানৰ পৰাই বিহুৰ প্রস্তুতি চলে বাবে ইয়াক চ’তৰ বিহু নামেৰেও জনা যায়। বহাগ বিহুৰ সাত দিনত সাতটা বিহু পালন কৰা হয়। সাতদিনৰ বিহুৰ প্রত্যেকৰে সুকীয়া নাম  আছে । সেয়া হৈছে___
গৰু বিহু, মানুহ বিহু,গোঁসাই বিহু,তাঁতৰ বিহু,নাঙলৰ বিহু,জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু।
                এই সাতটা বিহুকে “সাতবিহু” নামে জনা যায়। আজিকালি অৱশ্যে বিহু সাতদিনহে পালন কৰে, এনে নহয়; গাঁৱে-ভূঞে, নগৰে-চহৰে বিহু গোটেই ব’হাগ মাহ ধৰি চলি থাকে। আৰু কোনো কোনো বছৰ জেঠ মাহ পৰ্য্যন্ত ৰঙালী বিহু চলিয়েই থাকে। মানুহে আনুষ্ঠানিক বিদায় জনালেও বহাগ বিহুৰ অন্ত নপৰে বহুতৰ অন্তৰৰ পৰা। এয়াই বহাগ বিহুৰ বৈশিষ্ট্য। যি সময়ৰ বহু আগতেই  আৰম্ভ হয় আৰু সময়ৰ বহু পাছতহে শেষ হয়। অসমীয়াৰ অন্তৰত উলাহৰ জোৱাৰ তোলে। সমন্বয়ৰ ভেঁটি গঢ়ে, প্ৰীতিৰ এনাজৰী  গঢ়ে। 
                ঢোল তাল পেঁপাৰ মাতত ৰজনজনাই থাকে অসমৰ চুকে কোণে, চহৰে নগৰে, গাঁৱে ভূঞে। এই বিহুত কেৱল নাচ বাগেই যে হয় তেনে নহয়। বিভিন্ন ধৰণৰ খেল- কণী যুজঁ, মহৰ যুজঁ, পাৰ চৰাই যুজঁ ইত্যাদি ইত্যাদি। বিভিন্ন ধৰণৰ খাদ্যাভ্যাসৰ আয়োজন- পিঠা, চিৰা, দৈ  ইত্যাদি ইত্যাদি। ইয়াৰ উপৰিও এশ এডাল শাকৰ আঞ্জা, সৰুয়ে ডাঙৰক সেৱা কৰা, আৰ্শীবাদ লোৱা, ঘৰে ঘৰে হুঁচৰি গোৱা, গৰুক গা ধুৱাই নতুন তৰালী পঘাৰে বন্ধা, মাখিয়তী, দিঘলটি পাতেৰে গৰু খেদা, চাত সাজি লাও খা, বেঙেনা খা কৰি গৰুৰ গাত দলিয়াই কৰা নানান পৰম্পৰা। এনে বহু লোকাচাৰ এই বিহুৰ বিশেষত্ব। 
             অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত মংগোলীয় আৰু আৰ্য সংস্কৃতিৰ সংমিশ্ৰণ আছে। বিহুৰ বিৱৰ্তনৰ মাজেৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল'বলৈ শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ'ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বৰ্মীয় মংগোলীয়সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। উল্লেখযোগ্য যে অসমত বৰ্তমান কোনো অষ্ট্ৰ-এচিয়াটিক ভাষা গোষ্ঠী দেখা পোৱা নাযায় আৰু ডি.এন.এ. প্ৰমাণৰ অনুসৰি পুৰ্বৰসকল তিব্বতীয়-বৰ্মীয় সকলৰ মাজত বিলীন হৈ গʼল। পিছলৈ বিহু আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। আগৰ দিনত বিহুৰ সময়ত ডেকা-গাভৰু মিলি চ'ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল যদিও ধৰ্ম আৰু কৃষিও সমান্তৰাল ভাবে জড়িত আছিল।
          বিহুৰ‌‌ উৎপত্তি প্ৰাচীন কালৰ 'বিচু'ৰ পৰা হৈছিল বুলি জনা যায়। বৰ্তমানৰ বিহুৰ সৃষ্টি হৈছিল উজনি অসমত। হলিৰাম ঢেকিয়াল ফুকনে লিখিছে, "বিহু কামৰূপে নাই, সৌমাৰে(উজনি অসম) অধিক" । বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচু দৰে উজনি অসমৰ বড়ো মূলীয় জনজাতি চুতীয়া, দেউৰী, মৰাণ,‌ সোণোৱালসকলে বিহু/বিচু উৎযাপন কৰি আহিছে। পূৰ্বতে চুতীয়া ৰাজ্যৰ দিনত এই বিহু প্ৰধান উৎসৱ হিচাপে গঢ়ি উঠিছিল।
            পৌৰাণিক বিহুৰ ৰীতি-নীতি অনুসৰি  আগৰ দিনত চ’ত মাহত মানুহে ৰাতি বিহু উৎযাপন কৰিছিল। এই বিহু গাঁৱৰ পথাৰত চাকি জ্বলাই বা দেউৰী পূজাৰী ঘৰৰ চোতালত নাচি উৎযাপন কৰা হৈছিল। চ’তৰ বিহুৰ অন্তৰত ব’হাগৰ প্ৰথম বুধবাৰৰ দিনা থানঘৰত পূজা আৰম্ভ কৰা হৈছিল। পুৱাৰ ভাগত গৰু গা ধুৱাই গৰু বিহু পালন কৰা হৈছিল যিটো নিয়ম আজিও একে আগৰ দৰে পালন কৰা হয়। এই প্ৰথা বড়োসকলৰ বৈচাগু উৎসৱতো কৰা হয়। এই দিনা আবেলি বিহু গাই গাই থানঘৰৰ চোতাললৈ বিহু লৈ যোৱা হৈছিল আৰু কেঁচাই-খাতি (কলিমতী) দেৱীকে ধৰি চাৰি শাল গোসানীক স্বৰ্গৰ পৰা পৃথিৱীলৈ বিহুৰ আশীৰ্বাদ দিবলৈ নমাই অনা হৈছিল। এইয়াই "বিহু নমাই অনা"। কিছু প্ৰচলিত বিহু নামত আজিও কলিমতী (কেঁচাই-খাতি)ৰ আগমণৰ কথা উল্লেখ কৰা হয়। তেনে এক বিহু নাম হৈছে,

"কলিমতী এ বাই ঘূৰি ব’হাগলৈ
আহিবি নে নাই?
আমি থাকিম আমি থাকিম
বাটলৈ চাই।"
       বৃহস্পতি বাৰৰ পৰা বলি দিয়া কাৰ্য আৰম্ভ কৰা হৈছিল। সেই দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা দুপৰীয়া ‘দেওধনি’ আৰু ‘বাৰিকে’ গাঁৱৰ ডেকা-গাভৰুক থানঘৰৰ বিহুলৈ যাবলৈ নিৰ্দেশ দিছিল। দেউধনিসকলে আবেলি বলি-বিধান শেষ হোৱাৰ অন্তত সাজ-পাৰ পিন্ধি, মণিকুটত ৰখা ৰূপৰ ফুল মুৰত আৰু কাণত কেৰু পিন্ধিছিল। বলি কটা স্থানত বহি গাঁৱৰ কুশল-মংগল অথবা বিপদ-আপদৰ সন্দৰ্ভত বাতৰি কোৱা হৈছিল। বাতৰি শেষ কৰি দেউধনিয়ে নৃত্য কৰিছিল আৰু বিষয়ববীয়াসকলে সহযোগ কৰিছিল। ঢুলীয়াই ঢোলৰ চেৱত ঢোল বজাইছিল। থানঘৰৰ চোতালৰ পুৰুষ আৰু মহিলাৰ নাচৰ চেও বেলেগ বেলেগ আছিল। দেউধনি নৃত্য অন্ত পৰা পাছত গাঁৱৰ ডেকা-গাভৰু বিহুৱাসকলে গাঁৱৰ ঘৰে ঘৰে গৈ বিহু কৰিছিল। সেইটোকে হুঁচৰি বুলি কোৱা হয়। পিছৰ সপ্তাহৰ বুধবাৰৰ দিনা সকলোৱে পুনৰ বাৰ থানঘৰৰ পৰা বিহু উলিয়াই লৈ আহিছিল আৰু গাঁৱৰ এমুৰত থকা নদী অথবা পুখুৰীৰ পাৰত বিহু থৈ আহিছিল। সেই সময়ত প্ৰতিবছৰে বিহুত হুঁচৰি নাগাইছিল, কেৱল দেওধনিৰ নিৰ্দেশ পালেহে সেই বছৰত হুঁচৰি গোৱা হৈছিল। শেষৰ দিনা কল ঢকুৱাৰে নাও সাজি নাওখনত জবা আৰু তগৰ ফুলেৰে সজাই তোলা হৈছিল আৰু লগতে এটা সৰু কুকুৰা পোৱালি নাৱতে বান্ধি উটুৱাই দিয়া হৈছিল। তাৰ পাচত ঢোল-পেঁপা সামৰি বিহুৱা সমাজ গাঁৱলৈ ঘূৰি আহিছিল।
      বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোক কথা প্ৰচলিত আছে। সেই লোক কথা অনুসৰি বৰদৈচিলা এই ভূমিৰ দেৱতাৰ জীয়ৰী আছিল আৰু কোনোবা সুদূৰ দেশলৈ বিয়া হৈ গৈছিল। প্ৰত্যেক বছৰে বসন্ত ঋতুত বৰদৈচিলা মাকৰ ঘৰলৈ আহে (ধুমুহা আহে) । সেই দিনটোতে বিহুৰ আৰম্ভণি হয় বুলি বিশ্বাস কৰা হয়। বৰদৈচিলা ঘূৰি যোৱা দিনা বিহুৰ সামৰণি পৰে। উল্লেখযোগ্য যে 'বৰদৈচিলা' শব্দটি প্ৰকৃততে বড়ো মূলীয় শব্দ 'বৰদৈচিখলা'ৰ‌ পৰা অহা হয় যাৰ অৰ্থ হৈছে "বায়ু (বৰ)-পানীৰ (দৈ) ছোৱালী (চিখলা)" অৰ্থাৎ এবিধ ধুমুহা আৰু একে লোক কথা বড়োসকলৰ মাজতও প্ৰচলিত হৈ আছে। বড়ো জনগোষ্ঠীৰ লোকসকলে বিহু/বৈচাগুৰ সময়ত "বৰদৈচিখলা" নামৰ এটি নৃত্য কৰা দেখা যায়। ইয়াৰ পৰা বিহু এটি বড়ো মূলীয় উৎসৱো যে হয়, সেই কথা স্পষ্ট হৈ যায়।
      বিহুৰ ইতিহাসত উল্লেখ থকা অসমীয়া সমাজত এটি জনপ্ৰবাদ প্ৰচলিত আছে ___

"ঢোল বাই কʼত? ৰতনপুৰত।
খোল বাই কʼত? ৰতনপুৰত। "

ৰতনপুৰ আছিল চুতীয়া ৰজা ৰত্নধ্বজপালে গঢ়া নগৰ।এসময়ত সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ় লৈছিল আৰু ঢোল, খোল, ইত্যাদি বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা হৈছিল। উল্লেখযোগ্য যে ৰতনপুৰৰ কাঠেৰে নিৰ্মিত (মনিপুৰ আৰু মায়ামৰা সকলৰ দৰে) খোল পৰৱৰ্তীকালত শংকৰদেৱে উত্তৰ ভাৰতৰ আন ৰাজ্যৰ দৰে মাটিৰে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে আৰু নৃত্য, নাট, ইত্যাদিত ব্যৱহাৰ কৰিবলৈ লয়। এই কথাষাৰৰ পৰা স্পষ্ট হৈ যায় যে বিহু বা বিহুৰ ঢোলে উজনি অসমৰ ৰাইজৰ মাজত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ‌

     ১৯৩৫ চনত লখিমপুৰ জিলাৰ ঘিলামৰা অঞ্চলত উদ্ধাৰ হোৱা ভূমি দানৰ তামৰ ফলিৰ মতে, চুতীয়া ৰজা সত্যনাৰায়ণৰ পুত্ৰ উগ্ৰবীৰ্য লক্ষ্মীনাৰায়ণে ১৪০১ খ্ৰীষ্টাব্দত 'পবিত্ৰ বিহু'ৰ দিনা ব্ৰাহ্মণক ভূমি দান কৰিছিল।

"এতস্মৈ শাসনপ্ৰাদা লক্ষ্মীনাৰায়ণো নৃপঃ
উৎসৃজ্য বিষুবে (বিহুৱে) পুণ্য ৰবিদেৱ দ্বিজন্মনে...। "

অৰ্থাৎ তাম্ৰপত্ৰ কৰাই ৰজা লক্ষ্মীনাৰায়ণে দ্বিজ ৰবিদেৱক পুণ্য বিহুৰ‌ দিনা মাটি দান কৰিছিল। ইয়াৰ পৰা বুজা যায় বিহু উজনি অসমৰ উত্থান-পতন,‌‌‌‌‌‌‌‌‌‌‌ জীৱন-মৰণৰ সৈতে জড়িত হৈ আহিছে।

সেই প্ৰাচীন চুতীয়া যুগৰ কেইটামান উল্লেখযোগ্য বিহু নাম হৈছে:

"গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এ আগে বাচিলোঁ সেউতী মালতী
এ আগে বাচিলোঁ ফুল।
এ আগে বাচিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এ আগে বাচিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। "

"এলেং চেলং সৰু সূতাৰ চেলেং
কোনে বৈএ দিব পাৰে ল' হইয়া
আয়ে সৰু সূতা কাটে ল’ হইয়া
তোৰে চেলেংখনি মোকে ঐ নেলাগে
পাইছো ছোৱালী কাজি ল' হইয়া। "

"উৰণ পুৰণ চৰাই হালধীয়া
ঘৰ চৰাই লেতেৰা পাখি ল' হইয়া
এ আগে বাচিলোঁ বাঘে কি ভালুকে
এ আগে বাচিলো ডালৰে মইনা
উৰি শদিয়ালৈ যায়..
এজনী পুহিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ গ'লে চাৰি শাল গোঁসানী
দেউৰী পূজাৰী নিতৌ পূজা কৰে। "

"কোনে আনি দিব লোণে আমলখি
কোনে আনি দিব জৰা,
কোনে আনি দিব ধনৰে বাতৰি
শদিয়া ৰণৰে পৰা।
বাৰীৰে ঢাপতে গছে আমলখি
আনি দিম মহঙৰ লোণ,
শদিয়া ৰণলৈ চিন্তিব নালাগে
তোমাকনো বুলি যাওঁ সোণ।
নৈৰ ৰঙা গড়া দলনি দোপনি
হৰিণা চিঞৰে বনত,
তোমাৰে সন্তাপত থাকিব নোৱাৰোঁ
মৰিমগৈ শদিয়া ৰণত।
ডিবুৰুৰ ৰণেখন শদিয়াত লাগিলে
মিৰিয়নী কান্দিলে চাঙত
সৰুৰে পৰা পীৰিতি কৰিলোঁ
নেৰিবা দুখৰে কালত। "

"ভগা জাপি লৈ যাং কি কৈ বাই ঐ
কোনে আনি দিব শুৱাই না ঐ হেই হেইয়া
জাপিয়ে নেৰখাই দবা বৰষুণক
সেইবুলি খুজিলোঁ ভাল না ঐ হেই হেইয়া…। "

"হুঁচৰি ঐ চʼত আছিলি ক'ত?
শদিয়াৰ আঁহতৰ তলত।
হুঁচৰি ঐ চʼত আছিলি ক'ত?
আমি যে ওলমো যʼত
দূবৰি নগজে তʼত। "

"কুণ্ডিলৰ আগৰিত ওখকৈ শিমলু
তাতে লয় কুৰুৱাই বাহ।
শদিয়া ৰাজত ঐ চাৰিশাল গোসাঁনী
তালৈ নমস্কাৰ কৰোঁ।
সোণৰে জখলা, ৰূপৰ হেতামাৰি
আহে চাৰিশালি নামি। "

"হয় ধন হালধীয়া মোৰ ধন বিন্দনীয়া
কটাৰী আনিবা হালধীয়া ঐ হেই হেইয়া
তামোল কাটিবৰে হাতৰে দাব কটাৰী
পানে কাটিবলৈ চুৰি না ঐ হেই হেইয়া..."

"হুৰাই ল' কৰি খাং বুঢ়ী
শৰাইখন মুকলি কৰ ঐ চৰাই চপাই কৰি
চৰাইয়ে তুলিলে চহৰা পোৱালি
গছৰ ডাল শুৱনি কৰি সৰিলৰ..."

"ভৰিৰ গিৰিপনি মাৰা ভালেকৰি
গৰুচৰ ৰাজলৈ শুনে।
কুণ্ডিলত উপজিল কুণ্ডিলৰ দেউৰী
মঙহত উপজিল লোণ।
শামুকৰ পেটত মাণিক উপজিল
মৰি মৰি উপজিল জোন।
জোনৰে সাৰথি জোনাকী পৰুৱা।
সৰগৰ সাৰথি তৰা।
আমাৰে গোসাঁনী আমাৰে সাৰথি।
গা ধুই কৰি যাওঁ সেৱা।
শদিয়াত আছে ঐ চাৰিশাল গোসাঁনী।
তালৈ কৰিছোঁ সেৱা। "

   দেওধাই অসম বুৰঞ্জী আৰু সুকুমাৰ মহন্তৰ ঘৰত পোৱা বুৰঞ্জী অনুসৰি ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগৰ দিনা চুতীয়া সেনাপতি গজৰাজ বৰুৱাই আহোম সেনাপতি ফ্ৰাচেংমুঙ বৰগোঁহাইক চুতীয়া ৰজাই আশ্ৰয় লৈ থকা জেগা দখৰ দেখুৱাই দিছিল। ১৫২৪ চনত সেই দিনা আছিল 'ওজা বিচু'। ইয়াৰ পাছত কিছু অন‌্য চুতীয়ালোকৰ পৰামৰ্শত ফ্ৰাচেংমুঙে আত্মসমৰ্পণ কৰা চুতীয়া সৈনিকক পৰ্বত বগাই ঘিলাগছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। ইয়াৰ ফলত পাহাৰত আশ্ৰয় লৈ থকা চুতীয়া ৰজা আৰু সৈন্যসকলে যুদ্ধত জয় লাভ হʼল বুলি ভাবি বিহু নাচিবলৈ ধৰে আৰু শেষত গাপ লৈ থকা আহোমৰ হাতত পৰাজিত হয়। পাছৰ পৰ্যায়ত শদিয়াৰ কিছু লোক ঢকোৱাখনালৈ আহি এই বিহু হাৰ্হি দেৱালয়ত পাতিবলৈ ধৰে আৰু শেষত মহঘুলী চাপৰিলৈ বিয়পি 'ফাট বিহু'ৰ ৰূপ লয়। আহোম ৰজা ৰুদ্ৰ সিংহই এই বিহুকে ৰংঘৰৰ বাকৰিলৈ আনে।
       উজনি অসমৰ এই বিহুৰ প্ৰভাৱ এসময়ত মান দেশৰ লৈকে আছিল বুলি ধৰিব পৰা যায়। এই কথা এটি বিহু গীতত উল্লেখ কৰা হয়।

“লাহে লাহে ঐ
বিহু কোনে ঢালে আহে।
পূৱে পশ্চিমে উত্তৰে দক্ষিণে
বিহু কোনে ঢালে আহে।
মান দেশত মানতৰা এযুৰি
আছিলে নৰিয়াত পৰি,
যেতিয়া শুনিলে বিহুৰে বতৰা
আহিলে লাখুটি ধৰি। ”
         অৰ্থাৎ বিহু উৎসৱ ইমানে আকৰ্ষণীয় আছিল যে বিহুৰ কথা শুনিলে মান দেশৰ (Myanmar) বেমাৰত (নৰিয়াত) পৰি থকা মান (Burmese) বুঢ়া-বুঢ়ীসকলো লাখুটি লয় বিহু চাবলৈ আহিবলৈ মন কৰিছিল। সেইবাবে বুঢ়া-বুঢ়ীসকলে গম নোপোৱাকৈ লাহে লাহে বিহু নাচিবলৈ কোৱা হৈছিল।
       ১৬ শতিকাৰ শেষ ভাগত শংকৰদেৱে প্ৰচাৰ কৰা এক‍শৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে, বিহুলৈকো আমূল পৰিৱৰ্তন আহিছিল। আনহাতে বিহুৰ নৃত্যগীতৰ প্ৰভাৱো গুৰুজনা কৃত বৈষ্ণৱ সংস্কৃতিত নপৰাকৈ নাথাকিল। এই সময়তে বিহুৱে এক পূৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পায় আৰু উজনি অসমৰ বড়োমূলীয়সকলৰ মাজৰ পৰা অসমৰ বাকী জনগোষ্ঠীৰ মাজত প্ৰচলিত হয়। এই যুগৰ পৰা বিহুনামসমূহত পূৰ্বৰ "গোসাঁনী"ৰ স্থানত 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হ’ল। এই বিষয়ে শঙ্কৰদেৱৰ 'কীৰ্ত্তন উৰেষা বৰ্ণন' আৰু ৰামচৰণ ঠাকুৰে লিখা 'গুৰু চৰিত'ত এনেদৰে লিখা হৈছে।

     উৰেষা বৰ্ণনাত লিখিছে-
"বিষুদিনা বিধিমতে পঞ্চতীৰ্থ কৰি
শুদ্ধ মনে দেখয়ে শুভদ্ৰা ৰাম হৰি
সিয়োজনে সমন্ত যজ্ঞৰ ফল পাইৰ
পাতক নিস্তাৰি বিষ্ণুৰ ভুৱনক যাইব। ""
গুৰু চৰিতত লিখিছে-
"এহিবুলি তিনিজনে কৰন্ত কাতৰ
শুনি সৰ্বজয় বুলি মাতিলা শঙ্কৰ
চৈত্ৰ বিষু সংক্ৰমণে 

কাতি বিহু :
               কাতি বিহু জাতীয় জীৱনৰ অন্যতম এক প্ৰাণৰ উৎসৱ। আহিনৰ শেষৰ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে। এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি – সংস্কৃতি। অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰ সমূহে সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে। কৃষিজীৱী জনতাই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহেৰে সম মৰ্য্যদা প্ৰদান কৰিছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে।
      জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ। মূৰৰ ঘাম মাটিত পেলাই হাড়ভাঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰ খনত ভূঁই ৰুই অন্ত কৰে। অন্তৰত হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, শেষ হ’ব অকালৰ দিন। এই সপোন দেখা খেতিয়কে শৰতৰ বতৰত উৎফুল্লিত হয়। শইচৰ ফুল দুলে, সোণগুটি লাগিবৰ হয়। এনে সময়ত শস্যৰ নষ্টকাৰী কীট – পতংগৰো উৎপাত বেছি হয়, পোক – পৰুৱা, চৰাই – চিৰিকটি, নিগনি – এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গ সমূহে  নকৈ ফুলাম হৈ পৰা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হয়। শস্যৰৰ নিৰাপত্তাৰ বাবে বিধি – বিধান পালন কৰে।
       অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰি আহিছে। এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে। সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে।
       ডাকৰ বচনেও কয় – ‘আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী’। - শস্যৰ সুৰক্ষা আৰু মংগলৰ বাবে মান্ধাতা যুগৰেই পৰাই জুইৰ ব্যৱহাৰ হৈছে খেতিয়কৰ শস্য ৰক্ষাৰ প্ৰধান সাৰথি। এই জুইৰ ব্যৱহাৰ ক্ৰ্মশঃ পৰিৱৰ্তন ঘটি মাটিৰ চাকিলৈ সলনি হৈছে বুলি অনুমান কৰিব পাৰি। এই মাটিৰ চাকিগছিয়েই তাহানিৰ বৃহৎ জুইকুৰাৰ প্ৰতীক, যিগছী চাকি কাতি বিহুৰ দিনা শইচৰ পথাৰত সভক্তিৰে জ্বলোৱা হয়।
           কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ – দুৱাৰ, আলি – পদূলি, পৰিষ্কাৰ – পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয়। লোক – বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ – দুৱাৰ, চোতাল – পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।
      আহিনৰ শেষ দিনাটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়। চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই মচি – কাচি নিকা কৰি থয়। কোনো কোনোৱে তুলসী – ভেটিৰ চাৰিও ফালে চাৰিটা কলৰ পুলিও ৰোৱে। সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ – ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়। চাকি জ্বলোৱাৰ উদ্দেশ্যে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয়। আমাৰ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে।
      আবেলি পথাৰ খন চাই অহাৰ নিয়ম। নহ’লে মখিমীয়ে গিৰিহঁত নাই বুলি ভাবে। আৰু তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয়। ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ – কষ্ট হয়। সেয়ে ঘৰৰ মূল মহিলা গৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায়। তিনি খন থুৰিয়া তামোল আগলি কলপাতত আগ বঢ়াই ধাননি – পথাৰত আয়ে সেৱা লয়, আই লখিমীক গৃহলৈ আমন্ত্ৰণ জনায়। অজ্ঞাতে অকা দোষ – ক্ৰুটিৰ মাৰ্জনা বিচাৰে।

সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি – প্ৰজ্বলন। পথাৰত ওখকৈ বাঁহৰ জোঁজ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে। ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উচৰ্গা কৰে। লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে কৃষকে এই নিয়ম পালন কৰে। একেদৰে লখিমী অহাৰ পথ পোহৰাই তুলিবৰ বাবেই আগতে উল্লেখ কৰা মতে পদূলি মুখ, দুৱাৰ মুখ, ঢেকী শাল, গোঁসাই ঘৰ আদিত মাটিৰ চাকি জ্বলোৱা হয়। আই সৰস্বতীয়ে লগ দিয়ক বুলি পঢ়া কোঠাৰ ভিতৰতো মাটিৰ প্ৰদীপ জ্বলোৱা হয়। সেই দিনা ৰান্ধনী ঘৰো পৰিষ্কাৰ কৰি লখিমী অহাৰ বাট সুগম কৰি ৰখা হয়। সেই দিনা খেতিয়কে চৰু – কেৰাহী, কলহ – ঘটি উদং হৈ থাকিলে লখিমী অসন্তষ্ট হয় আৰু তেনে লোকৰ কেতিয়াও দুখ নুগুচে। এই কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়।        

মাঘ বিহু:
           অসমৰ জাতীয় উৎসৱ সমূহৰ ভিতৰত মাঘ বিহু অন্যতম। আঘোণৰ পকাধানৰ গোন্ধ নৌযাওঁতেই মাঘ বিহুৱে সিঁচি দিয়ে অসমৰ গ্ৰাম্য জীৱনক এক অনন্য সুবাস। চৌদিশ উখল-মাখল হয় মাঘ বিহুৰ সময়ছোৱাত। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সূৰ্যই। সূর্য দেৱতাই গতি কৰে উত্তৰমুৱা হৈ। সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বোলা হয়। এই সংক্রান্তিক মাঘী সংক্রান্তি বোলা হয়। পুহ মাহৰ হাড় কাপোৱা জাৰে মেলানি মাগে। উত্তাপৰ আগমন হয় এই মাঘ মাহতে। আনন্দ-স্ফূর্তিৰে চেঙেলীয়া ল’ৰাহঁতে পথাৰত থকা শুকান নৰাবোৰ গোটাই এটা সুন্দৰ ঘৰ সাজে। যাক কোৱা হয় মেজিঘৰ বা ভেলাঘৰ। কামৰূপত ইয়াক ‘হাৰলী ঘৰ’ নামেৰে জনা যায়। নামনি অসমত কোনো কোনো অঞ্চলত ইয়াক ‘মেজি পুজি" বা ভেলা পুজি’ বুলি কয়। হাবি বা জংঘলৰ পৰা কাঠৰ টুকুৰা সংগ্ৰহ কৰি চেঙেলীয়াহঁতে সাজি উলিয়ায় মেজি। নামনিৰ কোনো কোনো ঠাইত গছৰ ডাল-পাতেৰে মেজি তৈয়াৰ কৰা হয়। উদ্দেশ্য-শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবৰ বাবে অগ্নি দেৱতাক পূজা কৰা। বহুতৰ মতে অসমলৈ প্ৰব্ৰজন কৰা আৰ্যসকলেহে প্রথম পুহ-মাঘৰ সংক্ৰান্তিৰ আগদিনা অগ্নি উৎসৱ পালন কৰিছিল। শাস্ত্রীয় মতানুসৰি অগ্নিক ‘জাতবেদ’ বোলা হয়। মেজি জ্বলোৱাৰ সময়ত গোৱা অগ্নিপুৰাণৰ মন্ত্ৰটো হৈছে-

অগ্নি প্রজ্জ্বলিতং বন্দে চতুবৰ্ণ হতাশনম,

সুবৰ্ণ বৰ্ণমমলং জ্যোতি ৰূপায়তে নমঃ।।

       এই ফালৰ পৰা অগ্নি পূজাৰ পৰম্পৰা আৰ্যসকলৰ সময়ৰ পৰা অহা বুলি ধৰি ল’লেও প্ৰকৃততে ব’হাগ আৰু কাতি বিহুৰ নিচিনাকৈ ইয়ো এটা কৃষিভিত্তিক অনুষ্ঠান। দোক্‌মোকালিৰ সময়ত এজনে গা-পা ধুই এযোৰ পাণ-তামোল আৰু টকা এটা মেজিটোৰ তলত অৰ্পণ কৰে আৰু জয়ধ্বনি দি অগ্নিদেৱতালৈ প্ৰাৰ্থনা জনাই মেজি জ্বলায়। কণ কণ ল’ৰা-ছোৱালীহঁতে ন-সাজ পৰিধান কৰি অনা তিল পিঠা, তেল পিঠা, মাহ কৰাই আনি প্ৰথমতে জ্বলি থকা মেজিটোলৈ আগবঢ়োৱাৰ পিছতহে উপস্থিত ৰাইজক বিলাই দিয়ে। অৱশ্যে মেজি জ্বলোৱাৰ আগতে ল’ৰাহঁতে ভেলাঘৰ জ্বলাই দিয়ে।
         মাঘ বিহুৰ পৰম্পৰা অতি পুৰণি। বহুতে ক’ব বিচাৰে যে অসমলৈ পোনপ্ৰথমে অগ্নি পূজাৰ পৰম্পৰা কঢ়িয়াই আনিছিল নেগ্রীতু (নর্দিক) জাতিৰ আংগামী নগাসকলে। যি কি নহওক, বড়ো ভাষাৰ ‘মাজি' শব্দৰ পৰা ‘মেজি’ শব্দৰ উৎপত্তি বুলি অভিহিত কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে। বড়োসকলে এই উৎসৱক ‘দমাছী’ বুলি কয়। ড০ মহেশ্বৰ নেওগদেৱে ‘মেজি’ শব্দটো সংস্কৃত ‘মেধা শব্দৰ পৰা আহিছে বুলি মতপোষণ কৰিছে। ড০ লীলা গগৈদেৱৰ মতে আলপাইনসকলে পূজা কৰা অগ্নিক ‘মেজিক’ মেজাই বুলিছিল, তাৰ পৰা মেজি শব্দটো উৎপত্তি। ড০ ডিম্বেশ্বৰ শৰ্মাদেৱে তেওঁৰ ‘Religious Fairs and Festivals of Assam নামৰ প্ৰবন্ধত লিখিছে 'This is a relic of the Fireworship bequeathed by the so-called Aryan race, our ancestors.' তাই আহোমসকলে মেজিক ‘বাপু মেজি’ বা ‘মাইকু-ছোংফাই’ বুলি কয়। আর্যসকলে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ মহাব্ৰত অনুষ্ঠান অনুষ্ঠিত কৰি অগ্নি পূজা কৰিছিল।
      অসমৰ মাঘ বিহু উদ্‌যাপিত হৈ থকা সময়ছোৱাত ভাৰতৰ অন্যান্য জাতি-জনগোষ্ঠীৰ মাজতো অগ্নি পূজা চলি থকা দেখিবলৈ পোৱা যায়। বাঙালীসকলে মাঘ বিহুক পৌষ সংক্রান্তি বুলি কয়। তেনেদৰে উড়িয়াসকলেও পৌষ সংক্রান্তি অনুষ্ঠিত কৰে। তামিলসকলে ‘পুংগল’ নামেৰে এক ভোগৰ উৎসৱ পালন কৰে। পৌষ সংক্রান্তিত চাহ জনগোষ্ঠীসকলে উদযাপন কৰা ‘টুচু পৰৱ" অগ্নিৰ লগত জড়িত।
            অগ্নি উংসৱ কেৱল ভাৰততে নহয় বিশ্বৰ অন্যান্য প্ৰান্ততো পালন কৰা হয়। শস্যৰ শ্ৰীবৃদ্ধিৰ হেতু জাৰ্মানীৰ কোনো কোনো অঞ্চলত অগ্নি পূজা অনুষ্ঠিত কৰা হয়। ছুইজাৰলেণ্ডত লেণ্ট'ৰ প্রথম দেওবাৰে জুমুঠি বা মেঘৰ জ্বলোৱাৰ পৰম্পৰা অতি পুৰণি। ফ্ৰান্সৰ কোনো কোনো অঞ্চলত শস্য পথাৰত সোমাওঁতে জোঁৰ লৈ যোৱাটো এক প্ৰকাৰৰ নিয়ম। ইয়ো অগ্নি পূজাৰে নামান্তৰ। তেনেদৰে ‘বিড়লী দাহ’ নামৰ একপ্ৰকাৰৰ প্ৰথা ইউৰোপৰ অঞ্চলবিশেষে পালন কৰা দেখা যায়।
            মেজি জ্বলোৱাৰ আগদিনা নিশা সকলোৱে মিলিজুলি দেখা শুনাকৈ ভোজ খাই সকলোৱে সমন্বয়ৰ সাকোঁডাল অধিক সুচল কৰিব বিচাৰে। ঢোল, পেঁপা, বাঁহী আদি বজাই সকলোৱে পুহ মাহৰ শীতকো নেওচি আনন্দত মতলীয়া হৈ পৰে।
            অসমৰ মানুহে বিভিন্নধৰণৰ আলু খাবলৈ পায়। যেনে— মোঁৱা আলু, মিৰি আলু, বাদাম আলু, গুটি আলু, ৰহা আলু, কাঠ আলু,  গঁৰিয়া আলু, পাঁচপতিয়া আলু, ৰঙা বা মিঠা আলু আদি। ইয়াৰ ভিতৰত মাঘ বিহুত ৰঙা বা মিঠা আলু, কাঠ আলু, মোৱা আলু বিশেষভাৱে ব্যৱহৃত হয়। মাঘ বিহুত কাঠ আলু নাখালে পিছত গাহৰি জনম ল’ব লগা হয় বুলি গ্ৰামাঞ্চলৰ লোকসকলে বিশ্বাস কৰে। মোৱা আলুৰ ওপৰৰ অংশত অসংখ্য দাড়িৰ দৰে শিপা থাকে। খাবলৈ সুস্বাদু মোঁৱা আলু মাঘ বিহুত খোৱাটো একপ্ৰকাৰৰ নিয়ম। মিঠা আলুৰ খেতি সম্প্রতি অসমত কমি আহিছে যদিও কোনো কোনো অঞ্চলত অৱশ্যে কম-বেছি পৰিমাণে এই খেতি কৰা দেখিবলৈ পোৱা যায়। অতি সুস্বাৰু এই আলুৰ চালখন দেখিবলৈ ৰঙা হোৱাৰ বাবেই ইয়াক ৰঙা আলু বুলিও কোৱা হয়। জুইত পুৰি অথবা গৰম পানীত সিজাই গৰম গাখীৰ লগত খালে বৰ তৃপ্তিদায়ক হয়। মাঘ বিহুত কোনো কোনো অঞ্চলত কণী যুঁজ, ম'হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ, শেন যুঁজ আদি অনুষ্ঠিত হয়। নগাঁও, মৰিগাঁও আৰু গোলাঘাট জিলাৰ কছাৰীহাটৰ বনগাঁও আৰু জীয়ামৰীয়া গাঁৱত ম’হ যুঁজ পতা দেখিবলৈ পোৱা যায়। অসমৰ ম’হবোৰক টাকুৰীশিঙীয়া, হাতীশিঙীয়া, বগলীশিঙীয়া, লোডোৰা, তেজী আদি নামেৰে জনা যায়। ম'হ যুঁজে দৈহিক শক্তিৰ উমান দিয়ে। তেনেদৰে কণী হ’ল প্ৰজনন শক্তিৰ প্ৰতীক। 

            গছৰ তলৰ বিহু বুলি জনা বিহু এদিন চোতাল বিহু আৰু আজি মঞ্চ বিহুত পৰিণত হ'ল। যদিও সম্পূৰ্ণৰূপে বিহুৰ মৰ্য্যদা ম্লান পৰা নাই আজিপৰ্যন্ত তথাপি দ্ৰুত গতিত হোৱা বিহুৰ পৰিবৰ্তনে বিহুৰ ঐতিহ্য শেষ কৰিবলৈ আৰু বেছি সময়ৰ যে প্ৰয়োজন নহ'ব ই ধূৰুপ। গতিকে বিহুৰ বিশেষকৈ ৰঙালী বিহুৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ সময় আহিল। মঞ্চ বিহুত অসমীয়া শিপিনীয়ে তাঁত শালত বোৱা গামোচা পিন্ধাৰ বিপৰীতে ৰাজস্থানীয়ে মেচিনত তৈয়াৰ কৰা গামোচা ব্যৱহাৰ কৰি প্ৰকৃত বিহুক ধ্বংসৰ গ্ৰাসত ঠেলি আধুনিক বিহুক উত্থান কৰিলে নহ'ব। এই কাৰ্যই অদূৰ ভৱিষ্যতে বিহুৰ প্ৰকৃত পৰিচয় হেৰুৱাই পেলাব। এই কথা প্ৰতি অসমীয়াই হৃদয়ঙ্গম কৰাৰ সময় সমাগত।
——————————
বেদৰ মতে সূৰ্য উপাসনাৰ বিধি বিধান 
অলকানন্দা দত্ত

    ৰোগ নিবাৰণৰ বাবে সূৰ্যৰ কৱচ,আদিত্য হৃদয় স্তোত্ৰ,সূৰ্যাঘ্য,পূৰ্ণ মন্ত্ৰ জপ ইত্যাদি প্ৰয়োগ কৰা হয়।চকুৰ যিকোনো ৰোগৰ বাবে পুৱাৰ সূৰ্যৰ কোমল ৰশ্মি প্ৰয়োগ কৰিবলৈ যি বিধান দি গৈছে সি সঁচাকৈয়ে বৰ অতুলনীয়।আমাৰ গুৰু ভৃগুগিৰি মহাৰাজে নিশ্চয় সেই নিৰ্দেশ পালন কৰি আহিছিল, কাৰণ ৯০বছৰ বয়সলৈকে বাবাই চশ্মা ব্যৱহাৰ নকৰাকৈ পঢ়া আৰু লিখা কামটো সহজতে কৰি অহা দেখিবলৈ পাইছিলো।বাবাই প্ৰায়ে আমাক কৈছিল, যিসকলে সূৰ্যৰ বিধানবোৰ একাগ্ৰচিত্তে পালন কৰিব পাৰিব ,সেই সকলেই তেজস্বী হৈ জ্ঞান বুদ্ধিৰে দীপ্তি হৈ চাৰিওদিশে উজ্বলাই পেলাব পাৰিব।সূৰ্য প্ৰণামে শাৰীৰিক ভাবেই নহয় মানসিক ভাবেও বহুত উৎকৰ্ষ সাধন কৰিব পাৰে। তেনেলোকৰ দুয়োটা চকু দীপ্ত আৰু উজ্জ্বল হৈ থাকিব, কাৰণ সূৰ্যৰ পুৱাৰ কুমলীয়া কিৰণ চকুত পৰে,যাৰ দ্বাৰা জ্ঞান বুদ্ধি আয়ত্ব কৰিব পৰা বাবেই তেওঁৰ বুদ্ধি দীপ্তি চকু আকৰ্ষণীয় হৈ পৰে।বহুতৰে মাজতো তেওঁ কমনীয়তাৰ বাবে উজ্বলি থকা দেখা যায়।কাৰণ জ্ঞানৰ ভড়াল তেওঁৰ মগজুত আহি থিতাপি লয়হি।
    
    নীতি নিয়মবোৰ কেনেকৈ পালন কৰিব লাগিব?

  প্ৰাত:কালত সূৰ্য উদয় হোৱাৰ আগতেই মানুহৰ সমাগমৰ পৰা আঁতৰত যিকোনো এখন পবিত্ৰ ঠাইত, সুবিধা কৰিব নোৱাৰিলে নিজৰ ঘৰৰ চাঁদত, সেইখিনিও সুবিধা কৰিব নোৱাৰিলে নিজৰ নিজৰ দৈনিক আৰাধনা কক্ষত ৰাজহাড় পোন কৰি আসনত বহি ল'ব লাগে। প্ৰথমতে দহ- বাৰমান দীঘলীয়া কৈ উশাহ-নিশাহ ল'ব লাগে। অৱশ্যে  যিসকল প্ৰাণায়মত অভ্যস্ত তেখেতসকলে দুই তিনি মিনিট ল'লেই হ'ব। ইয়াৰ দ্বাৰা সুষস্মা নাড়ীত প্ৰাণৰ সঞ্চাৰ হ'বলৈ ধৰে। তাৰপিছত মেৰুদণ্ড পোন কৈ ৰাখি প্ৰণৱ(ওংকাৰ) অথবা 'সো' হম মন্ত্ৰ শ্বাসৰ মাজেদি নি পাঁচ মিনিট মৌন হৈ সূৰ্যক ধ্যান কৰি জপ কৰিব লাগে। তেতিয়া সেইঅৱস্থাত নিজৰ নাভি কেন্দ্ৰত অৱস্থিত সূৰ্য চক্ৰত হালধীয়া উজ্বল পদূম ফুলপাহৰ কথা চিন্তা কৰি একাগ্ৰ চিত্তেৰে ধ্যান কৰিব লাগে। আৰু মনেৰে
  ভাবি থাকিব লাগে মোৰ পৰম আৰাধ্য সূৰ্য্য দেৱতা, তুমি জাগি উঠা, জাগি থাকা,জাগি থাকা,মোৰ মাজতেই বিলীন হৈ যোৱা বুলি কৈ থাকোতেই শৰীৰত এটা মৃদু জোকাৰ মাৰিব পাৰে, নতুবা শৰীৰৰ ভাৰসাম্য নথকাৰ দৰে লাগিব পাৰে,তেতিয়া বুজিব লাগিব যে আমাৰ আৰাধনা সঠিক হৈছে।মনেৰে দৃঢ়ভাৱে ভাবি নিজৰ চেতনাক সূৰ্যচক্ৰত কেন্দ্ৰীভূত কৰিব লাগিব।লগে লগে আনন্দৰ এক লহৰ দেহাৰ মাজত অনুভৱ কৰিবও পাৰিব।সেই সময়তে নিজৰ উশাহটোক বৰ লাহে লাহে হৃদয় তথা হাওঁফাওঁৰ মাজেৰে পেটলৈ লৈ যাব লাগে,সেই সময়ত নিজৰ কাম্যববস্তুৰ বাবে,নতুবা জ্ঞান বুদ্ধিৰ বাবে,সুখ, শান্তি,প্ৰাণশক্তি,আনন্দময়,সফলতা, আৰোগ্যতা আৰু লগতে সকলো কামনা সিদ্ধিৰ বাবে পৰমানুবোৰক,প্ৰকৃতিৰ ভড়ালৰ পৰা সেইবোৰ আকৰ্ষিত কৰি সূৰ্যচক্ৰত  সেইবোৰ সঞ্চয় আৰু সংগ্ৰহ কৰি থব পাৰি।নিজে এনেকৈও ভাবিব লাগে এতিয়া মোৰ প্ৰাণ উৰ্দ্ধগামী হৈ শৰীৰৰ সমষ্ট অংগ -প্রত্যঙ্গত  বিয়পি পৰিছে।এনেকৈয়ে উশাহ-নিশাহ ৰ লগে লগে এবাৰ জোৰকৈ টানি লৈ অলপ অলপকৈ এৰি থাকিব লাগিব। এনেকৈ নিতৌ বিধি নিয়মৰ মাজেৰে কৰি থাকিব  পাৰিলে মনত যথেষ্ট মনত প্ৰভাৱ পৰিবলৈ ধৰে আৰু ক্ৰমে ক্ৰমে মস্তিষ্কতো অদ্ভুত প্ৰভাৱ পৰিবলৈ ধৰে।ভক্তি আৰু শ্ৰদ্ধা সহকাৰে নিতৌ কৰি থাকিলে স্বৰ্গীয় গুণ বিলাকৰ বৃদ্ধি পোৱাৰ লগতে আন দহজনক অভয় প্ৰদান কৰি সহায় কৰিব পাৰে।সেয়ে সকলোৱে সূৰ্য প্ৰণাম,সূৰ্য ধ্যান কৰি তেওঁৰ অলৌকিক গুণৰাশি পাৰ্যমানে ধাৰণ কৰিবলৈ   যত্ন কৰিব পাৰিলে মনৰ পৰা সকলো অপায় অমঙ্গল অশান্তি দূৰ হ'ব,মনলৈ সাহস আহিব ই সত্যকথা।
  এইখিনিতে কৈ থওঁ মানুহে বিপদত পৰিলে,ৰোগ ব্যাধিয়ে কষ্ট দি থাকিলে,মানসিক সংঘাতত জুৰুলা হ'লে,ভয় ভাবে আতুৰত পেলালে,অযথা গ্লানি সহ্য কৰিব লগা হৈ ভাগি পৰিলে, তেতিয়া কোনোবা উপযুক্ত মানুহৰ পৰা সূৰ্য প্ৰণামৰ বিষয়ে শিকি ল'ব পাৰিলে নতুবা তেনে যোগী মানুহৰ সান্নিধ্য পালে তেওঁৰ আগত মনৰ সমস্ত অসুবিধা ব্যক্ত কৰিব পাৰিলেও অলপ হ'লেও উদ্ধাৰৰ পথ দেখিবলৈ পাব।মাথোঁ মনেৰে সম্পূৰ্ণকৈ কথাবোৰ বিশ্বাস কৰিব পাৰিব লাগিব।
————————

বিশিষ্ট গীতিকাৰ তফজ্জুল আলিৰ স্বৰচিত
গীত – " খেয়ালী মোৰ মনৰ আকাশ " —এক চমু বিশ্লেষণ
ঋতুস্মিণ চেতিয়া 

     অসমীয়া সংগীত জগতৰ প্ৰসিদ্ধ গীতিকাৰ শ্ৰদ্ধাৰ তফজ্জুল আলি এজন বিশিষ্ট শিক্ষাবিদ আছিল ।  দৰং জিলাৰ ভূটীয়াচাং চাহ বাগিচাত  ১৯২৯ চনৰ ১০ অক্টোবৰত তেখেতৰ জন্ম হৈছিল। তেখেত গীতিকাৰ লগতে সংগীত পৰিচালকো আছিল,  ‘পুতলা ঘৰ’ , ‘সোণৰ হৰিণ’ , ‘অনল’ আৰু ‘মৃত্যুহীন জীৱন’ কথাছবিত সংগীত পৰিচালনা কৰিছিল। তফজ্জুল আলী দেৱৰ গীতৰ পুথি সংকলন মন্দাক্ৰান্তা,অনুষ্টুপ,সোণালী চৰাই, অঘৰী ককাইদেউৰ গীত,বহুদিন বকুলৰ গোন্ধ পোৱা নাই( নিৰ্বাচিত গীতৰ সংকলন)  । ইয়াৰ উপৰিও তেখেতে অসমীয়া সাহিত্য জগতলৈ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে , তেখেতে ৰচনা কৰা নাট সমূহ:বেদ নম্বৰ ফাইভ,নেপাতি কেনেকৈ থাকোঁ, বাসন্তীৰ বিয়া, 
কড়ি আৰু কোমল ।অসমীয়া সাহিত্য-সংস্কৃতিলৈ তেখেতৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেখেতক  “বিষ্ণু ৰাভা বঁটা”ৰে সন্মানিত কৰিছিল । তেখেতে “শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ”ৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ উপৰিও  “জ্যোতি চিত্ৰবন ফিল্মচ চ’ছাইটী”ৰ আজীৱন সভ্য আছিল।গীতিকাৰ গৰাকীয়ে “অসম নাট্য সন্মিলন”ৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৮ চনৰ ৬ জুলাইত গুৱাহাটীত তেখেতৰ মৃত্যু হৈছিল ।মৰণোত্তৰ পিছত ২০০৯ চনত তেখেতে ভাৰত চৰকাৰৰ পৰাৰ পদ্মশ্ৰী বঁটা সন্মান অৰ্জন  কৰি অসমীয়া সংগীত, নাট সাহিত্যত তেওঁ এখন সুকীয়া আসন দখল কৰি থৈ গৈছে।
          গীতিকাৰ গৰাকী সৃষ্টি ৰাজিত অসমীয়া সংগীত জগতত দি যোৱা চিৰসুন্দৰ গীত সমূহ ভিতৰত "খেয়ালী মোৰ মনৰ আকাশ " গীতটি মোৰ অন্যতম প্ৰিয় গীত । চিৰসেউজীয়া গীতটি সৰ্বপ্ৰথমে প্ৰথমে  অনাতাঁৰ কেন্দ্ৰ কণ্ঠ শিল্পী শ্ৰদ্ধাৰ জ্যোতিষ ভট্টাচাৰ্য্য দেৱে কণ্ঠ দান কৰিছিল,  ২য় বাৰলৈ  আন এগৰাকী  অনাতাঁৰ  কণ্ঠ শিল্পী   সান্ত্বনা বৰুৱাই শ্ৰুতিমধুৰ গীতটিত পুনৰ বাৰ কণ্ঠ নিগৰাইছিল ।তাৰ পিছতে নতুন প্ৰজন্মৰ  উদীয়মান কণ্ঠ শিল্পীয়ে গীতটি বহু বাৰ বাণীবদ্ধ কৰা শুনিবলৈ পোৱা যায়  ।   মন জুৰুৱা এই সুৱদী সুৰীয়া গীতটিয়ে  অসমীয়া সংগীত জগতত আজিও  যথেষ্ট সমাদৰ লাভ কৰি আহিছে । 
      গীতটিত নিহিত হৈ থকা  ভাষা শৈলী  ইমান সুকোমল শ্ৰুতিমধুৰ প্ৰতিটো শব্দ প্ৰণিকাই শ্ৰোতাৰ খেয়ালী  মনত এখন  আবিৰ সনা  ছবি আঁকি যায়।ঠিক তেনেকৈ গীতটি  সুৰৰ বৈশিষ্ট্য সুকীয়া   মাদকতাৰে  ভৰা শ্ৰোতাৰ  মন প্ৰাণ হৰি নিয়া ।
      " খেয়ালী মোৰ মনৰ আকাশ 
       ক্ষণে ক্ষণে বৰণ সলাই
      মাধৱীয়ে কুসুম বনত 
       মনে মনে চৰণ পেলাই....!"
       
             গীতিকাৰ গৰাকীয়ে গীতটি মাজেৰে অস্থিৰ    মনত ভাঁহি থকা   এখন নানন্দিক  দৃশ্যপট অংকন  কৰিছে। আকাশে বতাহে  খেলি থকা মনটি প্ৰকৃতি বিনন্দীয়া মোহত বিভূৰ হৈ গীতিকাৰে  প্ৰকৃতি  সন্ধান বিচাৰি নীলিমা আকাশলৈ উৰা মাৰিছে  । 
"উতলা এই সমীৰ জাকে 
তোমাৰ খোপাৰ সুবাস আনে 
চকুৰ পাহিৰ কুসুম প্ৰাণৰ 
পৰিমলৰ আবিৰ সানে 
চকামকা মৰমৰ ছবি আঁকি যায় ...!"

  উতলা  ফাগুনৰ সমীৰ জাকত  গীতিকাৰ চঞ্চলা মনে     আকাশত শুকুলা ডাৱৰ স'তে  ভাৱ ভাৱনাই ডেউকা মেলে ।   গীতিটিৰ মাজেদি গীতিকাৰ মনৰ তৰুণীক  ফাগুন বনত  কুসুম পাহি হৈ ফুলা দুচকুত ভাঁহি আহিছে ,তৰুণী খোপাৰ বাবৰী ফুলৰ সুবাসে গীতিকাৰ  মনলৈ প্ৰশান্তি বোৱাই আনিছে     ।    সৌষ্ঠৱ সমৃদ্ধৰে আবিৰ সনা  তেওঁ মনৰ কামিনীয়ে সৌন্দৰ্য্য উদঙাই বিৰিঙি উঠা ওঁঠত হাঁহিত ফুলাম চানেকি ফুল ফুলা দেখা পাইছে । আশাৰ বতৰা কঢ়িয়াই অনা  ফাগুনৰ   সৰা পাতৰ চিঠি  খনিয়ে বসন্তক আদৰণি অনা সংকেত দিছে লগতে বহু জনৰ মন প্ৰাণত আলৰি ছন্দ তুলিছে ।  মেঘৰ জলঙাই সৰকি অহা ৰ'দৰ পোহৰক তৰুণী   
ওঁঠত মুকুতা সৰা হাঁহি লগত ৰিজাই তেওঁ উল্লেখ কৰিছে ....
"সুদূৰ নীলিম আকাশ খনি 
বিৰিঙিলে মেঘৰ হাঁহি 
তোমাৰ ওঁঠত ফুলে যদি
এটি হাঁহিৰ ফুলাম পাহি
সৰা পাতত চিঠি লিখি দিবা উৰুৱাই।'

উতলা ফাগুনৰ সমীৰ জাকে উৰুৱাই অনা খালেৰা পাত এটি  গীতিকাৰ হৃদয়ৰ কোনোবা অন্তঃকোণত   আজিও  ওন্দোলি আছে । প্ৰেম আৰু যৌৱনক সাক্ষী কৰি   গীতিকাৰে ফাগুনৰ আকাশ খনৰ স'তে নিজকে বিদাৰি সুখৰ মদিৰা পান কৰিছিল । একেইখন আকাশৰ তলতে জীৱন পণ কৰাৰ  প্ৰেয়সীৰ বুকুলৈ ৰঙীণ আবিৰ নামি অহা ক্ষণলৈ  ক্ষণ গণি থকা পৰত গীতিকাৰ মনৰ বনত প্ৰেয়সীয়ে হৃদয়ৰ দুৱাৰ খুলি চৰণ পেলাইছিল  ।গীতিকাৰৰ মতে যেন সেইয়া ফাগুনৰ বাকৰিত সংগোপনে ফুলা হৃদয় ৰঙোৱা  এপাহি কুসুম।    শ্ৰদ্ধাৰ তফজ্জুল আলী "দেৱৰ খেয়ালী মোৰ মনৰ আকাশ" অসমীয়া সংগীত জগতলৈ দি যোৱা অন্যতম এটি সাৰ্থক সোণসেৰীয়া  শ্ৰুতিমধুৰ গীত । 
অৱশেষত যশস্বী গীতিকাৰ জনালৈ  সশ্ৰদ্ধৰে প্ৰণাম জনালোঁ।
——————————————
সমৃদ্ধিশালী ভাষাই নিৰূপণ কৰে জাতীয় চেতনা আৰু জাতিৰ ভৱিষ্যৎ
অশোক ভৰালী             

        "ভাষা" এটা জাতিৰ পৰিচয় আৰু সংস্কৃতিৰ দাপোণ । এটা জাতিক  প্ৰতিনিধিত্ব কৰিবলৈ হলে সেই জাতিৰ এক নিজশ্ব ভাবধাৰা থাকিব লাগিব । এই নিজস্ব ভাবধাৰাৰ স্বকীয়তা জীয়াই ৰাখিবলৈ নিজস্ব এটা ভাষাৰ প্ৰয়োজন আছে । ভাষাই পৰিচয় কৰাই উৰ্দ্ধগামী জাতিৰ অস্তিত্ব, সংস্কৃতি, পৰম্পৰা আৰু অনুশাসন । সমৃদ্ধিশালী ভাষাই নিৰূপণ কৰে জাতীয় চেতনা । এই জাতীয় চেতনা জগাই ৰাখিবলৈ প্ৰয়োজন হয় এখন সমাজ, এটা মাধ্যম নাইবা এখন মঞ্চৰ ।  ভাষাৰ স্বকীয়তা বজাই ৰাখিবলৈ আটাইতকৈ সহজ উপায় হৈছে সংবাদ।সংবাদে হৈছে  বিশ্বৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ ।  সংবাদ অবিহনে এটা জাতিৰ অস্তিত্বই কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে । সংবাদ পৰিবেশন কৰাৰ ভিন্নতা থাকিলেও মুল লক্ষ্য কিন্তু মানুহৰ মন আৰু মগজু জয় কৰা।
          বৰ্তমান সময়ত সামাজিক সংবাদ মাধ্যমৰ উত্থানে ব্যক্তিকেন্দ্ৰিক প্ৰচাৰৰ মুখ্য ভুমিকা পালন কৰিলেও মঞ্চ সংবাদে অতীজৰে পৰা এটা জাতিৰ ভাষা, সংস্কৃতি,  পৰম্পৰাৰ বাহক ৰূপে চিহ্নিত হৈ আহিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সামাজিক সংবাদৰ গুৰুত্ব বুজিয়ে ভাওনা ৰচনা কৰি জাতীয় কৃষ্টি সংস্কৃতিৰ বৰঘৰ সাজিছিল । এই পৰিবৰ্তনশীল সমাজ ব্যৱস্থাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা , নটসূৰ্য ফনি শৰ্মা দেৱে মঞ্চ সাজি সংবাদ বিলাইছিল । বাটৰ নাটকৰ স্ৰষ্টা ৰত্ন ওজাদেৱে ৰাইজৰ পদূলিয়ে পদূলিয়ে নাটকৰ জৰিয়তে সংবাদ বিলাইছিল কৃষ্টি সংস্কৃতিৰ ‌ । সচেতনতা আনিছিল অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু শিক্ষা ব্যৱস্থাৰ । নৱ প্ৰজন্মক সন্ধান দিছিল জীৱন আৰু জীৱিকাৰ । সামাজিক দায়বদ্ধতা, নৈতিকতাৰ পাঠ আৰু এটা জাতিৰ অনুশাসন সচেতনতাৰ ওপৰত নিৰ্ভৰশীল হলেও ভাষাৰ বিকাশ অবিহনে অসম্ভৱ এটা জাতিৰ পৰিচয়।
         সমাজৰ অৰ্থনৈতিক বিকাশ সাধন কৰিবলৈ যেনেদৰে এখন বজাৰৰ  প্ৰয়োজন, ঠিক তেনেদৰে এটা জাতিক প্ৰতিনিধিত্ব কৰিবলৈ এটা ভাষাৰ প্ৰয়োজন । ভাষাৰ মূল্যাংকনে এটা জাতিৰ ভৱিষ্যৎ নিৰূপণ কৰে । এই মূল্যাংকন নিৰূপণ কৰিবলৈ হলে ভাষাৰ উৎকৰ্ষ সাধন কৰিব লাগিব । "ভাষা ন’হলে এটা জাতি জীয়াই নেথাকে" প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, সমাজ সচেতক , ৰাজনৈতিক হেমচন্দ্ৰ বৰুৱাদেৱে এই বাক্য শাৰীৰ গভীৰতা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল । তাৰ জলন্ত উদাহৰণ অসমীয়া ভাষাৰ প্ৰথমখন অভিধান "হেমকোষ"। ভিন্ন সময়ত ভিন্ন ধৰণৰ সংবাদ পৰিৱেশন কৰাৰ পদ্ধতি বেলেগ  হ’লেও আটাইতকৈ বেছি গুৰুত্ব লাভ কৰিছিল মঞ্চ সংবাদে । মঞ্চ সংবাদে প্ৰত্যক্ষ ভাবে মানুহৰ মনত ৰেখাপাত কৰিছিল । মহাপুৰুষ জনাৰ ভাওনায়ে হওঁক বা ৰূপকোঁৱৰ, নটসুৰ্য দেৱৰ মঞ্চ , ৰত্ন ওজাদেৱৰ বাটৰ  নাটক , প্ৰত্যেকেই একো একোখন মঞ্চ তৈয়াৰ কৰি লৈছিল  যাতে দৃশ্যমান চৰিত্ৰৰ সৈতে ভাষাৰ সামাজিক বিকাশ সাধন কৰিব পাৰি । 
     ক্ৰমবিকাশৰ   পৰিবৰ্তনে মানুহৰ ৰুচিৰ পৰিবৰ্তন ঘটালেও আজিও মঞ্চ সংবাদে মানুহৰ মন মগজুত ৰেখা পাত কৰি আহিছে । ভ্ৰাম্যমাণ অস্থায়ী ৰঙ্গ মঞ্চই আটাইতকৈ মুখ্য ভূমিকা পালন কৰিছিল ভাষা আৰু জাতীয় কৃষ্টি সংস্কৃতিৰ বিকাশ সাধন কৰাৰ । চৰিত্ৰ আৰু সংবাদৰ এক মধুৰ সম্পৰ্ক গঢ়ি  পতিয়ন নিয়াবলৈ সক্ষম হৈছিল এটা জাতিৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ ভাষাৰ প্ৰয়োজনীয়তা কিমান । বৰ্তমান সময়ত এই অস্থায়ী ৰঙ্গ মঞ্চ মৃতপ্ৰায়  হ’ব ধৰিছে । এয়া আমাৰ জাতিৰ বাবে দুৰ্ভাগ্যজনক । জীৱন আৰু জীৱিকাৰ চালিকা শক্তি এই অস্থায়ী ৰঙ্গ মঞ্চই কেৱল ৰুচি বোধে মনোৰঞ্জনে কৰায়ে নহয় ই এটা জাতিক ঐক্যবদ্ধ কৰি সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ সক্ষম হৈ আহিছে । ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰদেৱে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত ঠিয় কৰাইছিল । য'ত শ্বেইকছপীয়েৰৰ দৰে মহান নাট্যকাৰে দপদপাই আছিল সেই দেশত মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰদেৱে অসমীয়া ভাষাৰে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।  পৰিচয় দাঙি ধৰিছিল নিজৰ ভাষা সংস্কৃতি আৰু পৰম্পৰাৰ  । অসমীয়া ভাষাক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনা  অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীদেৱে  অসমীয়া জাতীয় সত্তাক সৰ্বহাৰা জনতাৰ আৰ্তনাদ হিচাপে ঠিয় কৰাইছিল  । ভাষা এটা জাতিৰ মেৰুদণ্ড । কৃষ্টি সংস্কৃতিৰ মহান পূজাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱে লোক সংস্কৃতিক সৰ্বহাৰা জনতাৰ প্ৰতিবাদী কণ্ঠ হিচাপে ব্যৱহাৰ কৰিলেও নিজৰ ভাষা আৰু সংস্কৃতিক বিশ্বৰ দৰবাৰত সৰোজৰে উপস্থাপন কৰিবলৈ সক্ষম হৈছিল ।  শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পদাংকন অনুসৰণ কৰি ডঃ ভূপেন হাজৰিকা দেৱে গাইছিল -----
   
 "আমি অসমীয়া নহওঁ দুখীয়া'
বুলি সান্ত্বনা লভিলে নহʼব
আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব।"

         এই বিপৰ্যয়ৰ সময়ত আজি প্ৰজন্মই আমাৰ জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰি এখন দাপোণ হৈ ঠিয় দিছে যাৰ মাজেৰে আমাৰ পৰিচয় দাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে। কেইজনমান সচেতন ব্যক্তি বিশেষে গঢ় দিয়া এই বৰ্ণৰাগৰ মূল লক্ষ্য আৰু উদ্দেশ্য সামাজিক সমন্বয় ঐক্যতা, শৈক্ষিক পৰিৱেশ, সচেতনতা  আৰু ভাষাৰ উৎকৰ্ষ সাধন কৰা । আজি বৰ্ণৰাগ এটা অনুষ্ঠান হৈ উঠিছে । নানা ঘাত প্ৰতিঘাতৰ মাজেৰে এক নিজস্ব শৈলীৰে বৰ্তমান সময়ত এটা অনুষ্ঠান জীয়াই ৰখাটো অত্যন্ত কঠিন আৰু কষ্টকৰ যদিও কেইজনমান দায়িত্বশীল সচেতন ব্যক্তিৰ নেৰানেপেৰা চেষ্টাৰ ফলত বৰ্ণৰাগ এটা অনুস্থানলৈ পৰিবৰ্তন হোৱাটো  নিশ্চিত ভাবে অসমীয়া জাতিৰ বাবে এক গৌৰৱৰ বিষয় । বৰ্ণৰাগৰ এই অবিৰত যাত্ৰা  অনাগত সময়ত এইদৰে নিজৰ অস্তিত্বৰ সংগ্ৰাম খনত এক অগ্ৰণী ভূমিকা পালন কৰি আমাৰ অসমীয়া ভাষাৰ যি স্বকীয়তা তাৰ পৰিচয় বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ দায়বদ্ধতা প্ৰত্যেক জন অসমীয়াৰ  হোৱাৰ প্ৰয়োজন আছে কাৰণ  সমৃদ্ধিশালী ভাষাৰ অবিহনে এটা জাতিৰ ভৱিষ্যৎ কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে ।
———————————————
————————————————

শৰাই
ভূমিকা দাস

অসমীয়া সমাজ জীৱনৰ আপুৰুগীয়া সম্পদ। অসমীয়া লোক সংস্কৃতিৰ এক অনবদ্য সম্পদ। দেৱতাক নৈবদ্য দিয়া বা কোনো মহৎ গ্ৰন্থ ৰখা আৰু ডাঙৰ মানুহক মান ধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্ৰ। ই একেধাৰে সন্মানৰ প্ৰতীক,
থাপনাৰ আসন তথা গৃহ সজ্জাৰ কলাত্মক সামগ্ৰী।
  ইতিহাসত শৰাইৰ প্ৰথম উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়।১৫২৩ চনত চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ শৰাই উপহাৰ দিছিল। চুহুংমুং ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল কৰিও আন সামগ্ৰীৰ লগতে শৰাই লাভ কৰিছিল। ইয়াৰ উপৰিও ১৫২৪ চনত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে মাইহাং শৰাই পোৱা উল্লেখ আছে। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ শৰাইৰ ব্যৱহাৰ কৰা হৈছিল।
নিৰ্মাণ
    পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মান কৰিলেও পিতলৰ শৰাইৰ 
নিৰ্মাণ অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়।ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়।
ব্যৱহাৰ
  অসমত শৰাইৰ প্ৰচলন  কেতিয়া হ'ল বিতং তথ্য পোৱা নাযায়। অসমীয়া সমাজত  বৰ্তমান সময়ত সামাজিক কৰ্ম আদি যেনে পূজা পাৰ্বন, সকাম উৎসৱ আদিত নৈবেদ্য বা প্ৰসাদ আদি বজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাবে কৰা হয়।
আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব'হাগ বিহুৰ সময়ত  হুচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পাণ সহ টকা এটি শৰাইত আগবঢ়োৱাটো অসমীয়া সমাজৰ পুন্যৰ কাম..

জাপি
জাপি অসমীয়া সংস্কৃতিৰ বাহক। অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ৰূপে সৰ্বজনবিদিত। বহুদিন আগতে জাপি দেখিবলৈ হেনো টুপিৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ,ৰং তৈয়াৰ কৰা 
সঁজুলি ভিন্ন ধৰণৰ হ'ল। বাহ বেত,গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ।কোনো কোনো দেশত গছপাত আৰু জন্তুৰ ছালেৰে জাপি সজা হয়। ৰূপসজ্জাৰ ফালৰ পৰাও ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা জাপি। জাপিৰ বিষয়ে অধ্যয়ন কৰিলে গম পোৱা যায় যে 
আগৰ দিনত জাপি বিভিন্ন প্ৰকাৰৰ ব্যৱহাৰ হৈছিল।বৰদৈয়া জাপি,
সৰুদৈয়া জাপি আদিও আছিল। ইয়াৰ ওপৰি পানী জাপি আদিৰ প্ৰচলন আছিল।জাপি সাধাৰণতে টকৌ পাতেৰে সজা হয়।
 হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল।১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল । ইয়াৰ পিছত চুহুংমুং ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল কৰি বহুতো জাপি লাভ কৰিছিল। 
  বৰ জাপি ব্যৱহাৰ কৰিছিল সমাজৰ বৰমূৰীয়া সকলে। বিভিন্ন উৎসৱ- পাৰ্বন আদিত সম্ভ্ৰান্ত ঘৰৰ লোকসকলে বৰজাপি ব্যৱহাৰ কৰিছিল। বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই আদি পদবীৰ লোকসকলে সোণৰ চুলাৰে নিৰ্মিত  জাপি ব্যৱহাৰ কৰিছিল ।আনহাতে বৰফুকন পদবীৰ বিষয়াসকলে ৰূপৰ চুলাৰে নিৰ্মিত জাপি ব্যৱহাৰ কৰিছিল।

কৃষক তথা বনুৱা সকলে বিভিন্ন কামত নিয়োজিত হৈ থকাৰ সময়ত
ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ উকা জাপি ব্যৱহাৰ কৰিছিল।এই জাপিক হালোৱা জাপি বা গৰখীয়া জাপি বোলা হয়।
বৰ্তমান আটাইতকৈ জনপ্ৰিয় জাপি হৈছে   ফুলাম জাপি অথবা সৰুদৈয়া জাপি। সৰু বাঁহৰ দৈ অথবা  মিহি কাঠীৰে এনে জাপি সজা হয় বাবে ইয়াক সৰুদয়া জাপি হিচাপেও জনা যায়। চ'ৰাঘৰ শুৱনি কৰিবলৈ অথবা  বিহু নৃত্যত এই জাপি সৰ্বাধিক ব্যবহাৰ কৰা হয়।
অসমৰ জাতীয় জীৱনত জাপিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
বিহুৰ লগত ওতঃপ্ৰোত ভাবে জড়িত জাপিৰ  বিহু নৃত্যৰ লগতে বিহু গীত বোৰতো  উল্লেখ আছে। ফুলাম জাপি অসমীয়া সংস্কৃতিৰ
সন্মানৰ প্ৰতীক।
                                                     
ভূমিকা দাস                             
গুৱাহাটী
—————————————————
সংস্কৃত শিকাৰ সহজ পাঠ (৪)

চিন্ময়ী দাস
কামৰূপ, অসম
(ফোন - ৮৪৭৪৮২৫৩১১)

(আগৰ সংখ্যাৰ পৰা ...)

২৩) 'भ ' (ভ) ৰ সংযুক্ত আখৰবোৰ-
_ + भ
ग् + भ = ग्भ प्राग्भवनम् (প্ৰাগ্ভবনম্)
द् + भ = द्भ सद्भिः (সদ্ভি:)
म् + भ = म्भ स्तम्भः (স্তম্ভ:)
र् + भ = र्भ अर्भकः (অৰ্ভক:)
ल् + भ = ल्भ  प्रगल्भा (প্ৰগল্ভা)

২৪) 'म ' ( ম ) ৰ সংযুক্ত আখৰবোৰ-
_ + म 
क् + म = क्म रुक्म (ৰুক্ম)
च् + म = च्म  वच्मि (বচ্মি)
त् + म = त्म आत्मनः (আত্মন:)
द् + म = द्म पद्म (পদ্ম)
ध् + म = ध्म दध्मौ (দধ্মৌ)
न् + म = न्म चिन्मयः (চিন্ময়:)
प् + म = प्म पाप्मन् (পাপ্মন্)
म् + म = म्म मन्मथः (মন্মথ:)
र् + म = र्म धर्मः (ধৰ্ম:)
ल् + म = ल्म गुल्मः (গুল্ম:)
श् + म = श्म अश्मन् (অশ্মন্)
ष् + म = ष्म ऊष्मा (ঊষ্মা)
स् + म = स्म अस्मिन् (অস্মিন)
ह् + म = ह्म ब्रह्म (ব্ৰহ্ম)

২৫) 'य ' ( য় ) ৰ সংযুক্ত আখৰবোৰ-
क् + य = क्य वाक्यं (বাক্য)
ख् + य = ख्य आख्या (আখ্যা)
ग् + य = ग्य भाग्यम् (ভাগ্যম)
च् + य = च्य वाच्यम् (বাচ্যম)
ज् + य = ज्य वाणिज्यं (বাণিজ্যং)
ण् + य = ण्य पुण्यं (পুণ্যং)
त् + य = त्य दैवत्य (দৈবত্য)
थ् + य = थ्य तथ्यं (তথ্যং)
द् + य = द्य विद्या (বিদ্যা)
ध् + य = ध्य बाध्यः (বাধ্য:)
न् + य = न्य अन्यः (অন্য:)
प् + य = प्य गोप्यः (গোপ্য:)
भ् + य = भ्य आरभ्य (আহভ্য)
म् + य = म्य रम्यं (ৰম্য়ং)
य् + य = य्य विगणय्य (বিগণয়্য়)
र् + य = र्य कार्यं (কাৰ্য)
ल् + य = ल्य बाल्यं (বাল্যং)
व् + य = व्य काव्यं (কাব্যং)
श् + य = श्य अवश्यं (অৱশ্যং)
ष् + य = ष्य प्रेष्यः প্ৰেষ্য়ং)
स् + य = स्य परस्य (পৰস্য)
ह् + य = ह्य ऐतिह्यम् (ঐতিহ্যম্)

২৬) 'ৰ' ( ৰ) ৰ সংযুক্ত আখৰবোৰ-
_ + र
क् + र = क्र चक्रं (চক্ৰং)
ग् + र = ग्र अग्रं (অগ্ৰং)
घ् + र = घ्र व्याघ्रः (ব্যাঘ্ৰ:)
ज् + र = ज्र वज्रं (বজ্ৰং)
ड् + र = ड्र ओड्रम (ঔড্ৰম)
ढ् + र = ढ्र मेढ्रकः (মেঢ্ৰক:)
त् + र = त्र छत्रं (ছত্তং)
द् + र = द्र निद्रा (নিদ্ৰা)
ध् + र = ध्र ग्रध्र (গ্ৰধ্ৰ)
प् + र = प्र प्रजया (প্যজয়া)
ब् + र = ब्र ब्रह्म (ব্ৰহ্ম)
भ् + र = भ्र शुभ्रः (শুভ্ৰ:)
म् + र = म्र आम्रं  (আম্ৰং)
व् + र = व्र व्रतं (ব্ৰতং)
श् + र = श्र श्रमः (শ্ৰম:)
स् + र = स्र सहस्रं (সহস্ৰং)
ह् + र = ह्र ह्रदः (হ্ৰদ:)

২৭) 'ल' ( ল ) ৰ সংযুক্ত আখৰবোৰ-
_ + ल 
क् + ल = क्ल शुक्ल (শুক্ল)
प् + ल = प्ल प्लावन (প্লাৱন)
म् + ल = म्ल आम्लः (আম্ল:)
श् + ल = श्ल श्लोक (শ্লোক)
ह् + ल = ह्ल आह्लादित (আহ্লাদিত)

২৮) 'व ' ( ব/ৱ ) ৰ সংযুক্ত আখৰবোৰ-
_ + व 
क् + व = क्व पक्वम् (পক্বম্)
त् + व = त्व सत्वं (সত্বং)
द् + व = द्व द्वादश (দ্বাদশ)
ध् + व = ध्व अध्वर्युः (অধ্বৰ্যু:)
न् + व = न्व सुधन्वा (সুধন্বা)
प् + व = प्व प्वादि (প্বাদি)
र् + व = र्व गर्व (গৰ্ব)
ल् + व = ल्व पल्लवः (পল্লব:)
श् + व = श्व अश्वः (অশ্ব:)
ष् + व = ष्व कुरुष्व (কুৰুষ্ব)
स् + व = स्व स्वप्नं (স্বপ্নং)
ह् + व = ह्व गह्वर (গহ্বহ)

২৯) 'श'  (শ) ৰ সংযুক্ত আখৰবোৰ-
 _ + श 
र् + श = र्श अर्शः  (অৰ্শ:)

৩০) 'ष' (ষ) ৰ সংযুক্ত আখৰবোৰ-
_ + ष
क् + ष = क्ष ईक्षणं (ঈক্ষণ্)
र् + ष = र्ष हर्षं (হৰ্ষ)

৩১) 'स' (স) ৰ সংযুক্ত আখৰবোৰ-
_ + स
क् + स = क्स वाक्सारः (বাক্সাৰ:)
त् + स = त्स उत्सवः (উৎসৱ:)
प् + स = प्स जुगुप्सा (জুগুপ্সা)
स् + स = स्स दुस्सहः (দুস্সহ:)

৩২) 'ह ' ( হ) ৰ সংযুক্ত আখৰবোৰ-
_ + ह
र् + ह = र्ह एतर्हि (এতৰ্হি)
ल् + ह = ल्ह विल्हणः  (বিল্হণ:)

সংস্কৃত ভাষাত ব্যৱহাৰ হোৱা যুক্তাক্ষৰবোৰ ভালকৈ জানিবলৈ যুক্তাক্ষৰযুক্ত কেইটামান সংস্কৃত শব্দ  আৰু ইয়াৰ অসমীয়া উচ্চাৰণ আৰু অৰ্থ তলত দিয়া হ'ল -
১) प्रसविनी : প্ৰসবিনী    (উৎপাদন কৰোঁতা)
২) स्त्राविणी : স্তাবিণী     (যি বৈ যায় যেনে - নদীৰ পানী )
৩) वेदान्त : বেদান্ত     ( বেদৰ সাৰ বা শেষভাগ )
৪) स्त्रोतस्विनी : স্তোতস্বিনী ( নিজৰা )
৫) प्रदायिनी : প্ৰদায়িনী       (যি দান বা প্ৰদান কৰে)
৬) प्रमुख : প্ৰমুখ     (মুখ্য বা প্ৰধান)
৭) क्षुरः : ক্ষূৰঃ       ( ক্ষূৰ)
৮) पर्वतः : পৰ্ৱতঃ      (পৰ্বত)
৯) आचार्य : আচাৰ্য়      (গুৰু / শিক্ষাক)
১০) अङ्कनी : অঙ্কনী      (পেঞ্চিল, কাঠ পেঞ্চিল)
১১) पुष्पम् : পুষ্পম্      (পুষ্প, ফুল)
১২) चित्रम् : চিত্ৰম্         (চিত্ৰ/ছবি)
১৩) नेत्रम् : নেত্ৰম্         (চকু)
১৪) आम्रम् : আম্ৰম্       (আম)
১৫) अभ्युत्थानम्: অভ্যুত্থানম্      (উত্থান)
১৬) समाप्य :সমাপ্ত       (শেষ বা সমাপ্ত)
১৭) निर्भरम् : নিৰ্ভৰয়্      (নিশ্চিন্তমনে)
১৮) प्रांगण : প্ৰাংগণ       (চোতাল)
১৯) गर्दभ: গদৰ্ভ       (গাধ)
২০ ) स्वामिनम् : স্বামিনম্     (গৰাকী)
২১) चर्चा : চৰ্চা        (আলোচনা)
২২) निर्वृत: : নিৰ্বৃত:       (সন্তুষ্ট হৈ থাকি)
২৩) परित्राणाय :  পৰিত্ৰাণায়     (ৰক্ষাৰ্থে বা প্ৰতিৰক্ষাৰ বাবে)
২৪) दुर्निग्रहम् : দুৰ্নিগ্ৰহম্     (শাসন বা দমন কৰিবলৈ জটিল)
২৪) वैराग्येण : বৈৰাগ্যেণ      (বৈৰাগ্যৰ দ্বাৰা)
২৫) श्रेष्ठ: : শ্ৰেষ্ঠ:      (মহান, শ্রেষ্ঠ)
২৬) अनुवर्त्तते  : অনুবৰ্ত্ততে      (অনুসৰণ কৰা)
২৭) कर्माणि : কৰ্মাণি      (কাম)
২৮) ध्रुवा : ধ্ৰুবা      (স্থিৰ, সত্য)
২৯) उपेक्षा :  উপেক্ষা    (অৱহেলা)
৩০) मदोद्धता : মদোদ্ধতা    (অহংকাৰী)
৩১) दैवदुर्विपाकात् : দৈৱদুৰ্বিপাকাত্  (দুৰ্ভাগ্যবশত:)
৩২) दग्धा : দগ্ধা (পুৰি যোৱা)
৩৩) पद्मिनी : পদ্মিনী   (পদুম ফুল)
৩৪) वैद्य:  বৈদ্য     (চিকিৎসক)
৩৫) आकर्ण्य : আকৰৰ্ণ্য    (শুনি)
৩৬) अन्त: : অন্ত:    ( তিতৰত)

(আগলৈ ...)
————————————————— 
নষ্টালজিয়া 

সতী যোৱা গছৰ ভয় আৰু বৃত্তি পৰীক্ষা নিদিয়াৰ ভয়
ড° অৰ্চনা পূজাৰী 

    আমাৰ খেতিৰ পথাৰৰ ঠিক মাজত নহ’লেও এটা ডাঙৰ ঢিপত এজোপা প্ৰকাণ্ড জৰীগছ আছিল৷ হালোৱা ৷ৰোৱনী দাৱনী সকলোৱে এই অঞ্চলত দিনৰ আগবেলাতে কামখিনি কৰেগৈ৷বেলি লহিয়াবলৈ ধৰিলে আৰু সেই ওখ ঢিপত থকা প্ৰকাণ্ড জৰীগছৰ ফালে কোনেও ভুলতো নাযায়৷আমিও যোৱা নাছিলোঁ৷আমাৰ কণ কণ হৃদয়ত অজান ভয়ৰ সঞ্চাৰ হৈছিল৷প্ৰকাণ্ড গছজোপাৰ আকাৰে আমাৰ মন আন্ধাৰ কৰি তুলিছিল৷আইতাক আহি সুধিছিলো -- সতী যোৱা মানে কি আইতা ? আইতাই দুখেৰে কৈছিল, এগৰাকী সাধ্বী নাৰীয়ে গিৰিয়েকৰ মৃত্যুৰ দুখৰ গিৰিয়েকৰ চিতাত নিজেও আত্ম জাহ গৈছিল৷ সেই জীয়া তিৰোতাজনী জুইত জাহ গৈ মৰিল যদিও তাইৰ আত্মাই ৰাতি ৰাতি বিনাই থাকে ৷সেই অদ্ভুত কাহিনীয়ে আমাকো সন্ত্ৰস্ত কৰি তুলিছিল৷ পিছলৈ হাইস্কুলত ভাৰত বুৰঞ্জী পঢ়োতেহে ভাৰতৰ অন্যান্য ঠাইত  সতীযোৱা প্ৰথা থকাৰ কথা পঢ়িছিলোঁ৷সেইবোৰ অঞ্চলত গিৰিয়েকৰ মৃত্যু হ’লে ঘৈণীয়েকক জোৰ জৱৰদস্তি কৰি চিতাত উঠাই পুৰি মৰাৰ বীভৎস ঘটনাৰ বৰ্ণনা পঢ়ি আচৰিত হৈছিলোঁ৷
       প্ৰাইমেৰী স্কুলত পঢ়াশুনাত ভাল আছিলোঁ বাবে বৃত্তি পৰীক্ষালৈ স্কুলৰ পৰা বাছনি কৰিছিল ৷কিন্তু মোৰেই দুৰ্ভাগ্য যে বৃত্তি পৰীক্ষাৰ সময়ত বসন্ত ওলাই বিচনাত পৰি থাকিব লগা হোৱাৰ বাবে পৰীক্ষাত বহিব নোৱাৰিলো৷মনত বৰ দুখ লাগিছিল। হাইস্কুললৈ যাব পাৰিম নে নোৱাৰিম ভাবি  উৱাদিহ পোৱা নাছিলোঁ৷ কিন্তু বৃত্তি পৰীক্ষালৈ বাছনিত উঠাৰ বাবেই মোক হাইস্কুলত নাম লিখাবলৈ  অনুমতি দিছিল। ৷
অৰ্থাৎ তৃতীয় শ্ৰেণীৰ কোনো পৰীক্ষা নিদায়াকৈ চতুৰ্থ শ্ৰেণীত উঠিছিলোঁ৷
  শৈশৱতে পঢ়াশুনাত ভাল আছিলোঁ ঠিকেই, কিন্তু আইতাক ঘৰত এৰি স্কুলত ৩বজালৈ থকা কথাটো মোৰ বাবে বৰ কষ্টকৰ আছিল।মোৰ মনটো কান্দি উঠিছিল। আইতাৰ যদি কিবা এটা হয় ? কিন্তু আইতা সেইসময়ত এগৰাকে সুস্থ মানুহ আছিল ৷ আজি ভাবিছো সেইয়া হয়তো মোৰ 'স্কুল ফবিয়া'হে আছিল নেকি ?
————————————————
মেৰাইনড্ৰাইভৰ সন্ধিয়াবোৰ
মৌচুমী দাস

 মুম্বাইৰ অন্যতম আকৰ্ষণ মেৰাইনড্ৰাইভ । যাক কুইন নেকলেচ বুলিও কোৱা যায় । নেতাজী সুভাস চন্দ্ৰ বসু পথক আবৰি তিনি কিলোমিটাৰ দুৰত্বৰ  মেৰাইন ড্ৰাইভ ।
 
   সন্ধিয়া হ'লেই সপোন সপোন লগা যেন পৰিবেশ বিৰাজ হোৱা এই জেগাত বহুতো মানুহৰ সমাগম হয়।আমি থকা ঠাইৰ পৰা বহুত দুৰ নহয়। যাও বুলিলেই যাব পৰা দুৰত্ব । মই আৰু ছোৱালীয়ে  আজৰি সময় পালেই সন্ধিয়াৰ শীতল সাগৰীয় বতাহ  ল'বলৈ যোৱা হয় মাজে মাজে । দিনতকৈ সন্ধিয়াৰ ব্যস্ততা যেন বেছি সাগৰৰ অস্তবেলিৰ সৌন্দৰ্য্য  উপভোগ কৰিব অহা লোক সকলৰ । সাগৰীয় বতাহত আমেজ লৈ খোজ কঢ়া লোক সকলৰ বিপৰীতে মুল পথত গাড়ীৰ সঘনে অহা যোৱা কৰা ছবিয়ে সুকীয়া সৌন্দৰ্য্য প্ৰদান কৰে এই ঠাইখিনিত।

          পাৰত বান্ধি থোৱা তিনিমুৰীয়া শিলত (Tetrapods) সাগৰৰ ঢৌৱে খুন্দা মৰা দৃশ্য, অদু্ৰত অস্তবেলিৰ সৌন্দৰ্য্য , শাৰী শাৰীকৈ বহি থকা লোক সকলৰ  বিচিত্ৰ ভাব ভংগী , প্ৰেমিক প্ৰেমিকাৰ হৃদয়ৰ আলাপৰ স্থান , সান্ধ্য ভ্ৰমণৰ সুবিধা,চাইক্লিং ,  এই সকলো বোৰেই পৰ্য্যতকক আকৰ্ষণ কৰে। তাৰোপৰি  বিভিন্ন খোৱাবস্ত চাহ বিক্ৰেতাই বিক্ৰী কৰাও দেখা যায় । সাগৰ সীমনাত অস্তবেলি   চাই চাই ভাবো পৃথিবীৰ সৌন্দৰ্য্য  । আৰ চকুৰে প্ৰেমিক প্ৰেমিকাক দেখি ভাব হয়  ডান্টে বিয়েট্ৰিচৰ প্ৰেম বা লাইলা মজনুৰ প্ৰেমৰ গভীৰতাৰ কথা ।
                        
           মূল পথৰ এফালে  সাগৰ আৰু আনফালে  বহুতো নামী দামী হোটেল দেখিবলৈ পোৱা যায় এই ঠাইখিনিত । সদা ব্যস্ত ঠাইখিনিত পৰ্য্যটকৰ বাবে আছে চাবলগীয়া বৃহৎ একুৰিয়াম গৃহ "তাৰাপুৰৱালা" (Taraporevala Aquarium ) । ওচৰতে  ক্ৰিকেট ষ্টেডিয়াম ( Wankhede stedium ) অবস্থিত । টাটাৰ ৰাষ্ট্ৰীয়  কলাকৃষ্টি প্ৰদৰ্শনৰ বৃহৎ কক্ষ (NCPA )এই মেৰাইন ড্ৰাইভৰ এলেকাতে  অবস্থিত । এই হলত সৌভাগ্যক্ৰমে  এবাৰ আমাৰ অসমীয়া কলা কৃষ্টিৰ প্ৰদৰ্শনৰ অনুষ্ঠান "যাযাবৰ" "চোৱাৰ সুবিধা হৈছিল । বলিউদৰ  কেইবাজনো বিখ্যাত শিল্পীয়েও  এই অনুস্থানত অংশ গ্ৰহণ কৰিছিল । উষা মংগেশকাৰে গীত পৰিবেশন কৰা " চিনাকী চিনাকী মোৰ মনৰ মানুহ " এতিয়াও যেন কাণত বাজি আছে ।                  
             "উইলচন কলেজো " এই এলেকাতে অবস্থিত । এই কলেজৰ চাৰিবেৰৰ মাজতো এবাৰ সোমোৱাৰ সুবিধা পাইছিলোঁ । কলেজৰ ৰেকৰ্ড বৰ্ডত কোনোবা এটা বছৰৰ এজন অসমীয়া ছাত্ৰৰ নাম দেখি গৰ্ব অনুভব কৰিছিলো ।
            কেইবাটাও  জিমখানাৰ ওচৰা ওচৰি অবস্থিতিও দেখিব পোৱা যায় ।          
         নাৰিমেন পইন্টৰ ( Nariman point)ৰ পৰা গিৰগাঁৱ বিচ্চ ( Girgaon beach ) লৈকে মেৰাইনড্ৰাইভ  এলেকা সাঙুৰা হয় ।             
   প্ৰায়েই বিদেশীলোককো মেৰাইন ড্ৰাইভত পদাৰ্পন কৰা দেখা যায় । বিলাসী গাড়ী , বিদেশী লোক , প্ৰেমিক প্ৰেমিকা সকল , লাহ বিলাহৰ সাজ পোছাক পৰিধান কৰা কিছু লোক , যিকোনো বয়সৰ , ভাৰতৰ যিকোনো জেগাৰ মানুহৰ সমাগমে মায়াবী নগৰীৰ এই মেৰাইন ড্ৰাইভে  যেন  সকলোৰে  জীৱনত  মায়া সানি যায় । অদুৰত সাগৰীয় জাহাজৰ লগতে সন্ধিয়া  জিলিকি  উঠা  মাছমৰীয়া নাওৰ উপস্থিতিয়ে  সাগৰৰ সৌন্দৰ্য্যত যেন সোণত সুৱগা  চৰাই  ।
——————————————————
নিদানৰ ভুৰুকা
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

অৱশেষত আকৌ শীত আহিল৷ এই কালছোৱাত শিশু আৰু বৃদ্ধসকলৰ কাঁহে সকলোকে জীয়াতু ভূগায়৷ বিভিন্নজনে বিভিন্ন চিৰাপ খায়ো উদ্ধাৰ নোপোৱা হয়৷ এনে অৱস্থাত এই ঘৰুৱা নিদানটো ব্যৱহাৰ কৰিলে সুফল পাব৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব মৌজোল আৰু কাগজি নেমু অথৱা গোল নেমু৷
মৌজোলত প্ৰচুৰ এণ্টিবেক্টেৰীয়েল উপাদান নিহিত হৈ থাকে৷ তাৰ উপৰিও মৌজোলত কেলচিয়াম, আয়ৰ’ণ, মেগনেছিয়াম, প’টাচিয়াম আদি বলিষ্ঠ খনিজ পদাৰ্থও নিহিত থাকে৷
আনহাতে আমি সকলোৱে জানোঁ নেমু এবিধ ভিটামিন চি যুক্ত ফল৷ এইবিধ ভিটামিনে চৰ্দ্দি কাঁহ আদি বীজাণুঘটিত ৰোগৰ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায়৷ সেয়ে মৌজোল আৰু নেমু মিলি কাঁহ নিৰ্মূল কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰে৷
প্ৰণালীঃ আধাকাপ মৌজোল, ১০মিলি লিটাৰ নেমু ৰস আৰু এক চতুৰ্থাংশ কাপ কুহুমীয়া পানী লওক৷
* মৌজোল আৰু নেমুৰসখিনি ৰূম টেম্পাৰেচাৰত ৰাখক৷
* এইবাৰ এটি কাঁচৰ গিলাচত কুহুমীয়া পানীখিনি লৈ মৌজোল আৰু নেমু ৰসখিনি মিহলাই ভালকৈ মিহলাই লওক৷
* এইবাৰ এই গাঢ় তৰলখিনি কাঁচৰ বটলত ভৰাই লৈ তাৰেপৰা দিনে  এচামোচকৈ চাৰিবাৰ কিছু দিনলৈ খালে সুফল পাব৷
**এইবিধ ঔষধ ডায়েবেটিছ থকা মানুহক খাব নিদিব৷
–ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
সভাপতি 
অসম কাব্য কানন
——————————————————
————————————————————
গল্প
এটা গল্পৰ সন্ধানত
অৰ্চনা ঠাকুৰীয়া


আজি আকৌ নঘটিবলগীয়া ঘটনা এটা ঘটি গ'ল। যিবোৰ কথাৰ পৰা মই প্ৰায়ে আঁতৰি ফুৰো সেই পৰিস্থিতিৰেই বাৰে বাৰে মুখামুখি হওঁ। বৰ অস্বস্তিকৰ এই পৰিবেশ।এইটো বয়সত আৰু এইবোৰ সহ্য কৰিবপৰা যায়নে! বহুদিন ধৰি একো এটা লিখিব পৰা নাই। লিখিব নোৱাৰিলেচোন বুকুখনত কিবা এটাই খোচ মাৰি ধৰা যেন পাওঁ। মই বাৰু কোনো প্ৰতিষ্ঠিত লেখক নহয়...পিছে মাজে সময়ে দুই এটা প্ৰবন্ধ কাকত আলোচনীবোৰত ওলাই থাকে।ছপা আখৰত নিজৰ নামটো দেখিলে বুকুখন অলপ ফুলি উঠা যেন অনুভৱো হয়। হ'লেওনো কি ডাল হ'ব? আজিলৈকে গল্প এটাকে লিখিব পৰা নাই...কবিতাৰ কথা নকলোৱেই বা! সেইবিধকটো দূৰৰ পৰাই নমস্কাৰ। বহুদিনৰ পৰা বন্ধু চিত্ৰবাণীয়ে গল্প এটা লিখাৰ কথা কৈ আছিল।সেয়ে, গল্পৰ প্লট এটা বিচাৰি যাও বুলি ওলাইছিলোঁহে।দিলে নহয় মানুহজনীয়ে বজাৰ কৰিবলৈ দীঘলীয়া এখন লিষ্ট। মই বোলো আজি বজাৰ নকৰোঁ...কাইলৈ অফিচৰ পৰা আহোঁতে যি লাগে লৈ আহিম।সেই সৰু কথাটোক লৈয়ে মোৰ চৈধ্য পুৰুষ উজাৰি গালিবোৰ দিব লাগেনে...ক'ত যে থাকে ইমানবোৰ গালি! বুজিলোঁ, মোৰেই দোষ। এটা কথা কওকচোন, আমাৰ কাজিয়াৰ মাজলৈ মোৰ মৃত মা-দেউতাক টানি নানিলে নহয়নে... ইমান বছৰে তেওঁক এই কথাটোকে বুজালো; নাই নুবুজে। মোক বোলে আৰ্হিয়ে খেদিছে; মই অকৰ্মণ্যৰ জাত... তাইৰ ভাগ্য ভাল বুলিহে মইহেন সুদৰ্শন পুৰুষজন পাইছে। মাহে মাহে মোটা অংকৰ ধনৰাশিতো নিজৰ মতেই খৰছ কৰে। ইমান গুণী দুটাকৈ পুত্ৰ সন্তানৰ বাপেক মই...এজন ইঞ্জিনীয়াৰ আৰু আনজন হায়াৰ চেকেণ্ডাৰী চায়েন্সত পঢ়ি আছে। মোৰ জহতে সিহঁত দুটাক পাইছে– এইবোৰ বাৰু কম কথা নেকি? সহ্য কৰিব পৰা নাযায় বুজিছেনে? সেয়ে  আবেলিৰ চাহকাপ নোখোৱাকৈয়ে গল্পৰ প্লট বিচাৰি ভঙাঘৰৰ পৰা ফুটপাথেৰে খোজ ললোঁ। সুতীক্ষ্ণ দৃষ্টি মোৰ...সোঁৱে-বাওঁৱে চাইছোঁ।হঠাৎ পাই যাবও পাৰো গল্প লিখিব পৰা ধৰণৰ কোনো প্লট। 
           খোজ কাঢ়ি গৈ গৈ বৰাচাৰ্ভিছ পালোঁ। ভাবিলোঁ ফুটব্ৰীজ খনত উঠি লৈ তাৰ পৰাই প্লটৰ অনুসন্ধান কৰোঁ। ব্ৰীজৰ ওপৰৰ ৰেলিঙত ভেজা দি কল্পনা কৰিবলৈও ভাল লাগিব। এইবুলি খটখতি বগাবলৈ ধৰিলোঁ। 
 –ছি: ছি: কোনেনো এই কামফেৰা ইয়াত কৰিলে...কুকুৰ বা আন কোনো জন্তুইতো আৰু এইটো কাম কৰিবলৈ ব্ৰীজৰ ওপৰলৈ উঠি নাহে! নিশ্চয় আমাৰ দুঠেঙীয়া জন্তুৰে এই কাম হ'ব। নাকটো ৰুমালেৰে ঢাকি নামি আহিলোঁ। দেখিলো ব্ৰীজৰ তলত  মলিয়ন পোছাক পিন্ধা এজন মানুহে কম্বল এখন লৈ শুই আছে। 
–পাই গলোঁ, গল্পৰ প্লট পাই গলোঁ। শুই থকা মানুহজনক দেখি মনটো ভাল লাগি গ'ল। কিছু সময় তাতেই থিয় হৈ মানুহজনক লক্ষ্য কৰি থাকিলোঁ। হঠাৎ,মানুহজন উঠি বহিল আৰু মোক আচৰিত কৰি পকেটৰ পৰা বেজী এটা লৈ নিজৰ বাউসীতে হান মাৰি দিলে।মই ভয়ত চকু মুদি দিলোঁ। ফুটপাথত থকা মানুহ কেইজনমানে আলোচনা কৰা শুনিলোঁ যে সি হেনো ড্ৰাগছ এদিক্টেদ। পুলিচে ধৰি নি অলপ মাৰ-পিত কৰে আৰু দুদিন লকআপত ৰাখি পুনৰ থৈ যায়। আচৰিত! ইয়াত আৰু একমুহুৰ্তও থাকিব নোৱাৰি। ভাবিলোঁ, ই মোৰ গল্পৰ প্লট হ'ব নোৱাৰে।
–খোজ খৰকৈ দিলোঁ। কোনসময়ত কিবাবোৰ ভাবি ভাবি লাচিত নগৰৰ হনুমান মন্দিৰটো পালোঁ তলকিবই নোৱাৰিলোঁ। মন্দিৰৰ ফালে চাই সভক্তিৰে সেৱা এটা কৰিলোঁ।
          ডিঙিটো শুকুৱা যেন লাগিল। চাহ একাপেই খোৱা যাওক–বুলি ভাবি পকেটত হাত ভৰালোঁ।
ছে: পাৰ্চটো ঘৰতেই থাকি আহিল।এনেওনো মই নিজেই এইবিলাক ক'তনো মনত ৰাখোঁ।তেওঁহে ক'ৰবালৈ গ'লে এপদ এপদকৈ বস্তুৰ যোগান ধৰে; মানুহজনীলৈ মনত পৰি মনটো সেমেকি উঠিল। 
–হেৰি, এইজন শইকীয়া নহয়নে? মূৰ তুলি চাই দেখিলো এয়াচোন যোৰহাট ইঞ্জিয়াৰিং কলেজৰ  হোষ্টেল ওৱানৰ মোৰ ৰুমমেট অবিনাশ চলিহা যাক মই মহাজন বুলি মাতিছিলোঁ।
–হেই মহাজন,তই ইয়াত যে..ক চোন ক..তই এতিয়া ক'ত কি কিয় বিখ্যাত
–ৰচোন, মইহে তোক সুধিব লাগে...খোজ কাঢ়ি কাঢ়ি ক'লৈ গৈ আছ? ওচৰতে মোৰ ঘৰ। ব'ল মোৰ ঘৰলৈ । চাহ একাপ খাই যাবি।
–ঠিক আছে, ব'ল বাৰু। 
মই ভালেই পালোঁ।এনেয়ো ভাগৰ আৰু পিয়াহে মোক জুৰুলা কৰিছে। ইমান বছৰৰ মূৰত মহাজনক লগ পাইছোঁ..কম কথানে। আজি মন খুলি কথা পাতিব পাৰিম।
           হনুমান মন্দিৰৰ সন্মুখতে থকা বিনায়ক ফাৰ্নিছিঙৰ কাষেৰে সোমাই যোৱা ৰাস্তাটোৰ চাৰি নাম্বাৰ ঘৰটোৱেই মহাজনৰ ।  সুন্দৰ,সু- শ্ৰী দু- মহলীয়া এটি ঘৰ। ঘৰটোৰ সন্মুখত এখন ডাঙৰ ল'ন। ল'নৰ দুয়োকাষে দুখন বাৰী।এখন পাচলিৰ আৰু আনখন ফুলৰ। ছোৱালী এজনীয়ে দুৱাৰখন খুলি দিলে। বোধহয় কাম কৰা ছোৱালী। 
–হে ৰা শুনিছানে..চোৱাচোন এয়া কোন আহিছে।মোৰ বহু পুৰণি বন্ধু। মহাজন! আমি কিমান যে ফুৰ্তি কৰিছিলোঁ সেই সময়ত!
             ভিতৰৰ পৰা ভদ্ৰ মহিলা এগৰাকী ওলাই আহিল।প্ৰায় মোৰজনীৰ বয়সৰে হ'ব–৪৫-৫০ বছৰৰ ভিতৰত। বৰ গহীন। নিদিলে নহয় বাবেই যেন নমস্কাৰ এটা দি ভিতৰলৈ গ'ল ...পৰিৱেশটো বৰ এটা সহজ যেন নালাগিল। 
          –চাহ খাওক। গোজোং কৈ  ক'লে। 
যেন মই কিবা তেওঁৰ ঘৰলৈ চাহ খাবলৈহে আহিছোঁ। অসন্মানবোধ কৰিলোঁ। এইফালে মহাজনে তাৰ সংসাৰৰ কথাবোৰ কৈ গ'ল।মোৰহে একো কাণত নোসোমালে। চাহকাপ খাই মই যাবলৈ ওলালোঁ। 
           –অলপ ৰহ। মই তোক থৈ আহিম। খ্ৰীষ্টানবস্তিত অলপ কামো আছে। 
               মই ভালেই পালোঁ। ৰাতিও হ'ল অলপ।এইফালে পকেটত পইচাও নাই। কিবাকে ঘৰলৈ যাব পাৰিলেই ভাল। আমি দুয়ো গাড়ীত বহিলোঁ।
মহাজনে তাৰ দুখৰ কথাবোৰ ক'বলৈ ধৰিলে।
             বুজিছনে শইকীয়া, মানুহজনীৰ পৰা মোৰ আৰু শান্তি নোহোৱা হ'ল। ইমান যে চাফা আৰু চিজিল বুজিছনে? ৰাতিপুৱাই আজি বেলতলালৈ গৈছিলোঁ।দেওবৰীয়া বজাৰ বুলি। সৰু সৰু লোকেল মাছ দেখি কিনি আনিলোঁ এক কেজি। লগতে লোকেল জীয়া মুৰ্গী এটাও আনিলোঁ। বুজিছনে, সেইবোৰ দেখি ফুৰ্তি লাগিব দূৰৰ কথা গালিৰ বৰষুণ এজাকে তিয়াই দিলেহি নহয় মোক।বোলে কিহে পাইছে তোমাক ইমানবোৰ মাছে মঙহে আনিবলৈ। বুজিছনে শইকীয়া,মাছ  বাচিবলৈ এলাহ; এইবোৰৰ কামৰ  ভয়। আৰু যোৱা সপ্তাহত মই অফিচৰ কলিগ এজনৰ ঘৰলৈ গৈছিলোঁ।আহি বিচনাখনত বাগৰটো দিছিলোঁহে মাত্ৰ। কাপোৰ নসলোৱাকৈ কিয় বিচনাত উঠিলা বুলি বকিলে নহয় একসোপামান। ছোফাখনত অলপ বাগৰিলেও অশান্তি, বিচনাত বাগৰিলেও অশান্তি। দস্তুৰমত নিজৰ ঘৰ; নিজৰ বাৰী।মই নিজৰ মতেই চলিম; নিজৰ মতেই শুম ; নিজৰ মতেই বহিম।এইখন মোৰেই সাম্ৰাজ্য;ময়েই ৰজা।তাই কোন মোক ক'বলৈ কেলা...
        মহাজন! উপায় নাই বুজিছ? মোৰো একেই।
এনেতে মহাজনৰ মোবাইলত কাৰোবাৰ ফোন।যিহেতু গাড়ী চলাই আছিল সি লাউড স্পীকাৰটো অন কৰিলে।
        হেল্লো, শুনিছানে...গাড়ী লাহে লাহে চলাবা।আৰু তোমাৰ প্ৰেচাৰৰ টেবলেট শেষ হৈছে । আহোঁতে লৈ আহিবা। 
         মহাজনে মোৰ ফালে চালে আৰু ময়ো। এনেকুৱাই আমাৰ দুজনী।উপায় নাই আৰু, বুজিছ।
       ময়ো ভাবিলোঁ; এইখনেই সংসাৰ।যিয়ে এবাৰ সোমালে ইয়াৰ পৰা ওলাও বুলিও আৰু ওলাব নোৱাৰে। অহ, গল্পৰ কথা পাহৰিয়ে গৈছিলোঁ। গল্প লিখিবলৈ বিশেষ প্লটৰেই সন্ধান নাপালোঁ।সকলোবোৰচোন গল্প গল্পই লাগি গ'ল...।
————————————
———————————
মানৱতাৰ অপমৃত্যু
জয়শ্ৰী বৰা 

দোভাগ নিশা
ৰাজপথ নিজম-নিতাল।

নিশা যিমানেই গভীৰ হৈছে,সিমানেই দশোদিশৰ পৰিবেশো নিঃশব্দ হৈ পৰিছে।

  ঘৰখনৰ চাৰিওফালে কুকুৰৰ ভুক্-ভুকনি,ক'ৰবাত যদি ফেউৰাৰ চিঞৰ,আন ক'ৰবাত যেন শিয়ালৰ আৰ্তনাদ,টিঙৰ ওপৰত আকৌ মেকুৰিৰ কাজিয়াৰ প্ৰতিযোগিতা।বিপদৰ ৰাতি যেন নাযায়,নুপুৱায়।ভয়তে তৰা আৰু জীয়েক বিৰিণাৰ মেল। চকুত ৰাতিপুৱাৰ সূৰ্যৰ কিৰণে ভুমুকি মাৰিলে।

   ইফালে আগদিনাৰ পৰাই অলিয়া-বলিয়াকৈ গিৰীয়েকক বিচাৰি নিমাখিত,অসহায় তৰাৰ দুচকুত আজি কেৱল চকুপানীৰ বন্যা।বুকুতো যেন এবুকু অবুজ বেদনা আৰু শংকাৰ হুমুনিয়াহ।আগলৈ পাছলৈ নিচলা মাক-জীয়েকৰ মহিকান্তই একমাত্ৰ ঘৰৰ গুৰি ধৰোঁতা।আজি পিছে ক'লৈ গ'ল?

     বাটৰ দূৱৰি বন ভৰিৰ খোজত জঁই পৰাৰ অৱস্থা।অথচ,শান্ত-সুন্দৰ-ধীৰ-গম্ভীৰ মহিকান্তৰ কোনো উৱাদিহেই নাই।নঙলা মুখলৈ চাওঁতে-চাওঁতে তৰা আৰু কণমানি বিৰিণাৰ চকুৰ পুৰণি উঠিছে।ক'ৰবাত ঘটংকৈ শব্দ শুনিলেই এনে লাগে...!

       মহিকান্তৰ নিৰুদ্দেশৰ খবৰটো বনজুইৰ দৰে সমগ্ৰ গাঁৱত বিয়পি পৰিল।কিন্তু কাৰো যেন লেশমাত্ৰাও দায়িত্ব-কৰ্তব্য নাই।সকলো নিজৰ নিজৰ নৈমিত্তিক জীৱনযাত্ৰাত ব্যস্ত।

    হঠাৎ,তেতেলিসৰা গাঁৱত হেনো মানুহৰ লানি নিচিগা সোঁত।মানুহৰ ভিৰৰ মাজত কাৰো যেন মুখ কোনেও নেদেখাৰ নিচিনা।কেৱল দেখি মাথোঁ,অগণন মানুহৰ হাতত থকা ম’বাইলত ফটো তোলাৰ অফুৰন্ত 
হেতা ওপৰা।

      অকস্মাৎ ভিৰৰ মাজৰ পৰা অসহায় এজনৰ আৰ্তনাদ...

         মোক নামাৰিবি অ'...
         মোক নামাৰিবি...
         মোৰ কোনো দোষ নাই...

          এজন দৰিদ্ৰ ব্যক্তি।ব্যৱসায় কৰি জীৱনটো সুকলমে উদযাপন কৰি আছিল।চাইকেলৰ চকাটো বাইকখনত লাগিল বুলিয়েই, যেন নিমিষতে এচাম যুৱক তেওঁৰ ওপৰত জঁপিয়াই পৰিল। অজানিতে হোৱা ভুলৰ বাবেই নৃশংসভাৱে চৰিয়াই,গুৰিয়াই,
ভুকু-কিল্ সোধাই নিৰপৰাধী ব্যক্তি জনৰ ওপৰত নিৰ্মম প্ৰহাৰ চলালে।নাকে-মুখে,কোমল কলিজা ফালি কেৱল তেজৰ এখন বোৱঁতি নৈ।চৌদিশে মানুহৰ কোলাহল। কিন্তু,পথৰ দাঁতিত পৰি লবেজান হৈ মৃত্যুৰ সৈতে যুঁজি থকা নিমাখিতজনক উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰি প্ৰাণ বচাবলৈ এজনো মানুহ আগবাঢ়ি নাহিল।কিন্তু ভিন্ন জনৰ ভিন্ন- ভিন্ন মতামত,যুক্তি-তৰ্কৰ পয়োভৰ।

      কোনোৱে যদি কয়,এইবোৰ জামেলাত সোমাই আমি মৰিব নোৱাৰো।
অন্য এজনে...
       ঐ,পুলিচক খবৰ দিব লাগিছিল।
          নাই,নাই..তই কি কৰিব খুজিছ?
     বাটৰ কাঁইট,গাত ঘঁহাই লৈ নমৰিবি দেই...
      ম’বাইলত ভিডিঅ' কৰিছোঁ,নহয়।এক ছেকেণ্ডতে সকলোতে বিয়পি পৰিব।

    ব'ল...বাদ্ দে।ক'ৰ মানুহ,কি কথা,দোষ কাৰ,নিজে ভুল কৰি খুন্দা-পিতা খাইছে নে,অইন কিবা?
   ইয়াৰ পৰা যাওঁ ব'ল...ব'ল!

       এটুপি পানী-পানীকৈ নৰপিশাচৰূপী দানৱৰ হাতত দুৰ্ভগীয়া মানৱৰ অসহায় কাৰুণ‍্য।সেই মুহূৰ্তত মৃতপ্ৰায়ব্যক্তি জনৰ নিসংগতাৰ সংগী মাথোন দুচকীয়া চাইকেলখন। ছট্-ফটাই ৰাস্তাৰ দাঁতিতেই ঢলি পৰি,অৱশেষত প্ৰাণ হেৰুৱালে।

         সিদিনা দেওবৰীয়া হাটৰ দিন। জনসমাগমৰ ভিৰ নেওচি ঘৰমুৱা এজন পৰিচিত আদহীয়া পদাৰোহীৰ মহিকান্তৰ পদুলিমুখত তৰাক উদ্দেশ্যি–
         ঐ, বিৰিণাৰ মাক...কথা এটা শুনিলোঁ অ'!

    আখলত চাহ-জলপানৰ যোগাৰত ব্যস্ত তৰাৰ হৃদপিণ্ডটো যেন দ্ৰুত গতিত ঢিপিং-ঢিপিংকৈ কঁপিবলৈ ধৰিলে।শেঁতা পৰা মুখ,চলচলীয়া চকুজুৰি লৈ, ছোৱালীজনীৰ সৈতে দৌৰি আহিল।প্ৰত্যক্ষদৰ্শীৰ ভাষ্য–
   এক্সিডেন্ট এটা দেখি আহিলোঁ অ' আই।
চাইকেল আৰু এজন বাইক আৰোহীৰ।মানুহজনক দেখা নাপালোঁ।ভিৰৰ মাজত চকুৰে টলকিবই নোৱাৰিলোঁ।কিন্তু,এটা কথাই শুনিলোঁ তেওঁ হেনো নিৰপৰাধী।বৰ্বৰতাৰে হানি-খুচি,হলা গছ পাই,বাগী কুঠাৰ মাৰিলে।তই খবৰটো কৰিবি আই, সেই দুৰ্ভগীয়া কোন ?

       কথাষাৰ শুনি তৰাৰ মূৰত যেন ব্ৰজপাতহে পৰিল।তাতে গাওঁৰ ঘৰ,মানুহৰ মাজত ইঘৰ-সিঘৰৰ সঘন অহা-যোৱা,খবৰ বাতৰি দিয়া মানুহৰ অভাৱ নাই।লগে-লগে অলপ আগতে ঘটি যোৱা মৰ্মস্পৰ্শী হৃদয়বিদাৰক ঘটনাটো ছ'ছিয়েল নেটৱৰ্কীয় মাধ্যম সমূহত প্ৰচাৰিত হ'ল।

   কিন্তু,হাজাৰ বিপৰ্যয় হ'লেও আজিও যেন তৰাই ৰঙাকৈ সেন্দুৰৰ ফোঁটতো ল'বলৈ পাহৰা নাছিল। হাজাৰজনৰ ভিৰৰ মাজত,গছ পাতৰ সুৰুঙাইদি জিলিকি থকা তৰাৰ দক্-মকীয়া তেজ ৰঙী ফোঁটটো আৰু কপালত নাই। এসাঁজ খাই,এসাঁজ লঘোন যদিও,সংসাৰত সুখৰ অভাৱ নাছিল।কিন্তু আজি আশাৰ ঘৰ পলকতে থানবান, নিয়তিয়ে কাঢ়ি লৈ গ'ল তাইৰ বুকু উদং কৰি নিৰপৰাধী মহিকান্তক।

   দুখীয়াৰ কপালত সঁচাই হাঁহকণীৰ কুহুম নাই অ'...
নিজ বাহুবলেৰে শাক-পাচলি বিক্ৰী কৰি তেখেতে পৰিয়ালটোৰ জোৰা টাপলি মাৰিছিল।কাকো কেতিয়াও অন্যায় কৰা নাছিল।কিন্তু আজি সাধাৰণ কথা এটাত মোৰ স্বামীক এই নাৰকীয় হত্যাকাণ্ড।তাই  চিঞৰি-চিঞৰি মাটিত ঢলি পৰিল–            
    "মোক ন্যায় লাগে...ন্যায় লাগে!
উচিত বিচাৰ...
শাস্তিৰ দণ্ডৰে
অপৰাধীক ফাঁচিৰ হুকুম দিয়ক।
   টকা দান দি আমাৰ দৰে দুখীয়া-নিচলাৰ পেটৰ ক্ষুধা আঁতৰাব নালাগে। মোক লাগে মাথোঁ নৃশংস,বৰ্বৰতা, দুৰ্নীতি,হত্যাৰ বিপক্ষে প্ৰতিবাদী কণ্ঠৰে সংগ্ৰাম কৰি মুকলি আকাশৰ তলত জীয়াই থকাৰ নিজস্ব স্বাধীনতা।
    আজি  মানুহৰ জীৱনৰ মূল্যই বা ক'ত?সমাজত কেৱল বীৰত্ব,দাদাগিৰি,
ভণ্ডামিৰ চক্ৰবেহুত আৱদ্ধ এজাক শোষকৰ দল।তেজপিয়াৰলেখীয়া সিহঁতৰ বাবে মৃত্যুও যেন এক আমোদজনক খেল। 
     মোৰ স্বামীৰ দৰে অন্ধশাসন আৰু ভণ্ডশাসকৰ অৰ্থলোভৰ নগ্ন স্বাৰ্থান্বেষী যুঁজত অন্য এজন নিমাখিত,নিৰপৰাধী ব্যক্তিৰ যেন পুনৰবাৰ প্ৰাণ বিসৰ্জন নহওঁক,অভিযুক্তই উপৰ্যুপৰি শাস্তি পাওঁক।দেশত শান্তি-শৃংখলা অটুট ৰাখি,নিৰ্দোষীক ‍নায্য প্ৰদান কৰি পুনৰ মানৱতাৰ আকৌ এবাৰ জয়গান হওঁক।"
————————————————
——————————————————
পৰিতুষ্টি
পূৰবী শইকীয়া

  নিথৰ নদীখন বৈ যাব লাগে বাবেই যেন বৈ গৈছে তাইৰ দৰেই । আনদিনৰ দৰে  আজিও পুৱাৰ বাহী বন কৰি গা-টো ধুবলৈ বুলি বকুল নদীলৈকে গ'ল । শিলটোতে থুকুচি থুকুচি কাপোৰ কেইটা ধুই থাকোঁতে তাইৰ নিজৰ কণমানি দুটাৰ হৃদয়খনকে থুকুচা যেন লাগিল ।
           কেতিয়াবা মানুহক টানকৈ  কথা শুনোৱাৰ পিছত তাইৰ এনে হয় , অৱশ্যে সকলোবোৰ কথাত নহয় । খঙৰ ভমকত কোৱা বোৰত বেছিকৈ হয় । তেতিয়া এক অজানা দুখবোধে হেচি ধৰে বুকুত । আজি বাৰু তাই তেনেকৈ নোকোৱা হ'লেনো কি আছিল সিহঁত হালক ,,।  পুৱাতেই কিহে জানো পাইছিল তাইক____মোৰ মূৰটো খাবলৈ জনম ললি তহঁতে বুলি হেকাতন পাৰিল সিহঁতক । সিহঁতৰ চলচলিয়া চকু হাল ‌ চকুৰ আগত ভাহি আহিল বকুলৰ ।
পানী দুচাটি মাৰি চকু দুটা ধুই ল'লে । চকু পানী বোৰ নৈৰ পানীয়ে উটুৱাই লৈ যাওঁক ।
       মাজে মাজে নিজৰ জীৱন টোলৈ তাইৰ পুতৌ জন্ম হয়  বকুলৰ । এনে জীৱন হ'ব বুলি তাই সপোনতো ভবা নাছিল কেতিয়াও । সৰুৰে পৰা গাভৰু হোৱা লৈকে বিশেষ অভাৱ অনাটন নোপোৱাকৈ ডাঙৰ হৈছিল তাই । গাত কাপোৰ লোৱাৰ পাছত য'ত ত'ত নাযাবলৈ মাকে সতকাই সঁকিয়াই থাকিছিল মাকে ।তাইক বুজাইছিল গাভৰু হোৱাৰ পিছত ছোৱালীয়ে নিজকে কেনেকৈ গা। বচাই ফুৰা উচিত সেই কথা । তাইৰ হে জানো কি ৰকচ লাগিছিল, মাক দেউতাকৰ মৰম নেওচি ৰূপকৰ লগত পলাই আহিবলৈ ।
     সেই বোৰ বহুত কথা । তাই তেতিয়া গাঁৱৰ হায়াৰ চেকেণ্ডেৰী স্কুল খনত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিছিল হে... গাঁৱৰ ৰাস্তা ঘাট বোৰ নতুন চৰকাৰে নতুনকৈ বনাইছিল । ফলত গাঁৱত দুই চাৰি খন বেটেৰী ৰিক্সা চলাচল কৰিবলৈ লৈছিল । মানুহ বোৰে আগতে অতখন দূৰ খোজকাঢ়ি বা চাইকেল চলাই গৈ বেংকৰ কাম, মেডিকেল যোৱা, বজাৰ কৰা আদি কাৰ্যবোৰ কৰিছিল । এতিয়া আৰু এই অসুবিধা আঁতৰ হ'ল।
    এই ৰাস্তাতেই ৰূপকেও বেটেৰী ৰিক্সা চলাই মাক দেউতাক, ভায়েকৰ পোহপাল দিছিল । তেনেকৈয়ে এবাৰ স্কুলৰ স্বৰস্বতী পূজাত চিনাকি হৈ আপোন হৈ পৰা ৰূপক আৰু বকুলে এদিন মনে মনে মন্দিৰত বিয়া কৰাইছিল ।
বহু বছৰ কাল ঘৰৰ মানুহ বোৰে সিহঁতক এৰাই চলিছিল, হয়তো অভিমানত । সুন্দৰকৈ চলিছিল সিহঁতৰ সংসাৰ ।
সিদিনা  ঘটা ঘটনাটো নঘটা হলেনো ভগৱানৰ কি ক্ষতি হ'লহেঁতেন ...! ৰান্ধনী শালৰ এচুকত পাতি থোৱা থাপনা ভাগৰ আগত মূৰ দোৱাই বহু দিন ভগৱানক কেৱল এইষাৰ কথা সুধিয়েই কান্দিছিল বকুলে । দুটা এমাদিমা সন্তানৰ ভবিষ্যতৰ  চিন্তাত নিশাৰ টোপনি হেৰাই গৈছিল । ৰূপকো যেন এডাল নিৰ্জীৱ কাঠলৈ পৰিবৰ্তন হৈছিল । তাৰ কৰুণ চকুহাল, আৰু চিগি যোৱা ভৰি খন চাবলৈ তাইৰ ভয় লাগিছিল। কাৰ ভুলৰ বলি হৈছিল সি আজিও নাজানে সিহঁতে । নিজৰ ভাগ্যকে দোষ দি সংসাৰ খন চলাই গৈছিল ।।
গাঁৱৰ দুই এজন মানুহৰ দিহা মতে জনপ্ৰতিনিধিৰ কাষ চাপিছিল তাই।    কিন্তু কি হ'ব ইখনৰ পাছত সিখনকৈ কাগজ বিচৰাত তাইও অত তত ঘূৰিও একো ফল নাপালে । আজি কৰি দিম কালি কৰি দিম বুলি মাহ মাহ পৰ্যন্ত কৰি নিদিয়া অফিচ বোৰলৈ তাইৰো বিৰক্তি উপজিল ।
    এটা সময়ত কিবা ভাগ্যৰ বলতে হ'বপাই স্কুলৰ ৰান্ধনীৰ কামটো পালে। ঘৰখনলৈ কিঞ্চিৎ হাঁহি ঘূৰি আহিছিল। ল'ৰা-ছোৱালীহালকো তাতেই নামভৰ্তি কৰাই দিছে।
আজিকালি চৰকাৰে স্কুলবোৰত ইউনিফৰ্ম, কিতাপ,বহী আদিৰ যোগান বিনামূলীয়া কৈ দিছে । তাইৰ নিচিনা মানুহৰ বাবে এয়া কম সকাহ নে!
        খৰ ধৰকৈ বকুলে কাপোৰ কেইটা মেলি দি জুইত ভাত কেইটা বঢ়াই দিলে ‌।কালি স্কুলত হেড বাইদেউ নে জাতিলাও এটা আৰু লগতে আৰু কিবা টিভি শাক অলপ দি পঠাইছিল তাকেই আদখৰীয়াকৈ বনাই দিব, লাওটো কাটি থাকোতে বকুলে হিচাপ এটাও মনতে আওৰালে।
মাজে মাজে সিহঁত দুটাৰ মন মাৰি থকা মুখ দুখনে আমনি কৰি থাকিল । তাই ভাবিলে আনৰ ল'ৰা ছোৱালীবোৰত কৈ তাই অৱশ্যে ভাগ্যৱতী , অইনৰ বোৰৰ দৰে ইহঁত দুটাই আজিলৈকে কোনো দাবী কৰা দেখা নাই,যি দিয়ে তাকে খায়।
 বকুলৰ মনটো তথাপিও দুখ লাগিল, কাৰণ তাই বুজে সিহঁতৰ শিশু মনে বহুত কল্পনা কৰে, বহুত কিবাকিবি ভাল পায়, ।আজিও চাগে  সেয়েহে মাকক তেনেকৈ কথাটো কৈছিলহে , তাইহে আকৌ পটককৈ ডবিয়াই উঠিল । সঁচাকৈয়ে আজিকালি ইমান ধুনীয়া ধুনীয়া লাইট লগায় মানুহৰ ঘৰত পূজাত, দেখিয়েই ভাল লাগে। বকুলহঁতৰ ঘৰত অতদিনে পদূলি মূৰত  চাৰি পাঁচ গচি চাকি জ্বলাই দিয়ে দেৱালী মানিছিল পৰম্পৰা বুলি । আগতে অৱশ্যে ৰূপক ভাল হৈ থকা অৱস্থাত অলপ  ফূৰ্তি কৰিছিল । তাৰ এনে হোৱাৰ পৰা এনেকৈয়ে পালে দেৱালী সিহঁতে। 
    বকুলৰ মনটো কিবা এটা ভাল লাগি থাকিল,  । সাউতকৈ গৈ গছৰ পৰা  সৰু সৰু অমিতা ১৫ টা মান কাটি আনিলে । আটাইকেইটা দুফাল কৰি ৩০ খন মান চাকিৰ জোখাৰে হ'ব।সৰুতে অমিতাৰ ,ঔ-টেঙাৰ,নাহৰ গুটিৰ চাকি জ্বলাইছিল । মনে মনে মনতে হিচাপ এটাও কৰি ল'লে তাই, মিঠাতেল এক লিটাৰ, মিঠাই অলপ, দুয়োটালৈ সৰু সৰু উপহাৰ দুটা ৫০০টকাৰ ভিতৰত হৈ যাব দুটকামান থাকিবগৈও  হাতত ।
    মনটো ভাল লাগিল তাইৰ, ।তেলৰ দাম বৃদ্ধি হৈছে তাই জানে। সিহঁতৰ দৰে মানুহে এফুট তেলতে তৰকাৰী ৰান্ধে, দাইলত টেঙা চেপি খায় , তেনে স্থলত আজি একলিটাৰ তেলেৰে চাকি জ্বলাবলৈ লৈ তাইৰ বেয়া নাইলগা বৰঞ্চ  ভালহে লাগিল । মিঠাতেলৰ দামতকৈ সিহঁতৰ উজ্বলি থকা  মুখ দুখনৰ কল্পনা কৰিয়েই ভাল লাগিল বকুলৰ ।
আজিকালি তাই বৰ বেছি চিন্তা কৰি নাথাকে, সময়ে সাহসী কৰিছে, তাই ভাবে সৰু সৰু সুখ বোৰ গোটাই য়ে জীৱনটোক জীয়াই ৰাখিব লাগিব। তাতে সন্তানৰ মুখৰ হাঁহি চাবলৈ মাক দেউতাকৰ হেঁপাহৰ কথা তাই নিজেও অনুভৱ কৰিব পাৰে। 
     আটাইকেইটাকে খুৱাই বুৱাই আজৰিহলত বকুলে কোবাকুবিকৈ টাউনলৈ বুলি ওলাল ।
    ৰিক্সা খনত বহি গৈ থাকোতে ওৰে বাটটো তাইৰ মনত এখন ছবিয়ে অগাদেৱা কৰি থাকিল__শাৰী শাৰী  মাটিৰ চাকিৰ পোহৰ, কণমানি দুটাৰ হাঁহি ভৰা উজ্বল চকু দুটাৰ
পোহৰ তাত একাকাৰ হৈ পৰিল ।
—————————————————
—————————————————
বলৎকাৰ 
অমৰজ্যোতি ঘোষ

             চহৰখনৰ এক চিনাকী নাম পিংকি পাগলী। সকলোৱেই চিনি পাই তাইক। সৰুৰ পৰা বৃদ্ধলৈকে। চহৰখনৰ অলিয়ে গলিয়ে তাইৰ অবাধ বিচৰণ। তাইক যিয়েই যি দিয়ে তাকেই খাই জীয়াই আছে তাই। ভাল-বেয়াৰ কোনো কথা নাই। কোনো বাচ-বিচাৰ নাই। কেৱল পেট ভৰিলেই হ'ল। কোনোৱে যদি বাহি ৰুটি দিয়ে,কোনোৱে দিয়ে পইতা ভাত। তাৰ মাজতে দুই এজন মানৱতাবোধ থকা ব্যক্তিয়ে ভাল বস্তুও নিদিয়া নহয়!
                               আচলতে পিংকি পাগলী নাছিল। তাই ভাল ঘৰৰ ভাল ছোৱালী আছিল। দেখাই শুনাই তাই বৰ মৰম লগা আছিল। কিন্তু নিয়তিৰ কি যে পৰিহাস‌‌! আজিৰ পৰা প্ৰায় পাঁচ/ছয় বছৰ আগতে তাইৰ মাক দেউতাক এটি পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। দেউতাক আছিল এজন শিক্ষক। মাক আছিল গৃহিনী। মাক দেউতাকৰ অকাল মৃত্যুৰ চিন্তাত ষোল্ল বছৰীয়া পিংকি একপ্ৰকাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। মানসিক ভাৰসাম্য হেৰুৱা পিংকিক এটা সময়ত খুৰাক-খুড়ীয়েক হতেও অবহেলাৰ দৃষ্টিৰে চাব ধৰিলে। যাৰ বাবে তাই এটা সময়ত ঘৰৰ পৰা আঁতৰি চহৰখনৰ ফুটপাথৰ বাসিন্দা হ'ল। ফুটপাথেই এতিয়া তাইৰ ঘৰ। চহৰখনে তাইৰ নাম থলে পিংকি পাগলী। চহৰখনৰ ইজন-সিজনৰ পৰা ইটো-সিটো খাই চলি আছে পিংকিৰ এতিয়া জীৱন। দিন-ৰাতি। 
              কিন্তু এইয়া কি? কোনে কৰিলে তাইৰ এই অৱস্থা? উলঙ্গ শৰীৰ, ফটা-চিটা কাপোৰ! কাপোৰত তেজৰ দাগ! পৰি আছে অচেতন হৈ পথৰ দাঁতিত। পুৱাই তাইৰ এই অৱস্থা দেখি চহৰখনৰ মানুহবোৰ জুম বান্ধিল তাইৰ চাৰিওফালে। কোনো কোনোৱে কোৱা-কোই কৰিছে এই কাণ্ড চহৰখনৰ ধনীৰ দুলাল লম্পট ড্ৰাগছ আসক্ত ৰাণা আৰু তাৰ পাৰ্টনাৰবোৰৰ কামেই হ'ব! নহলে....
              জুম পতা মানুহবোৰৰ মাজৰে কেইজনমান লোকে পিংকি পাগলীৰ সেই অৱস্থা দেখি ততাতৈয়াকৈ চৰকাৰী hospital ত লৈ গ'ল। চিকিৎসা চলিল দ্ৰুত গতিত। কিছু সুস্থ হ'ল তাই। তাইৰ দুচকুৰে চকুলো নিগৰি আহিল। চিকিৎসকে জনালে যে___
তাই হেনো কোনো লম্পটৰ দ্বাৰা দলবদ্ধ বলৎকাৰৰ বলি হ'ল !             
——————————————————
সন্দেহ
বিদ্যাৰ্থী মহন্ত

                                             
      চিটি বাছৰ পৰা নামি ঘৰমুৱা  হওঁতেহে সমূদ্ৰই গম পালে তাৰ মূল্যৱান স্মাৰ্টফোনটো লগত নাই। সেই ফোনটো মাত্ৰ দুদিন আগতে তাৰ জন্মদিনৰ উপহাৰ হিচাপে মাক দেউতাকে দিছিল । সেয়েহে সি থানাত এজাহাৰ দিবলৈ  আহিছে । তাৰ সন্দেহ ___ ক'ব  গ'লে বিশ্বাসেই যে বাছত তাৰ কাষৰ চিটটোত  বহি অহা যাত্ৰীজনেই তাৰ ফোনটো চুৰি কৰিছে । " কিন্তু তুমি ইমান ডাঠি  কেনকৈ কৈছা ? " থানাৰ অ'চিয়ে সোধাত  সমূদ্ৰই ক'লে , " ছাৰ মানুহজনৰ শৰীৰ - ভাষা  আৰু মোৰ ফোনটোলৈ বাৰম্বাৰ চাই থকা ধৰণৰ পৰাই মই অনুমান কৰিব পাৰিছো তেওঁৰ বাহিৰে আন কোনো হ'বয়ে নোৱাৰে । মোৰ বোধেৰে তেওঁ এজন চানা বেপাৰী কিয়নো চানা  কঢ়িওৱা  বাকচটো তেওঁৰ লগতেই আছিল। ইহঁতে মাত্ৰ সুবিধা বিচাৰি থাকে,  ছাৰ ।  মই  টোপনি যোৱাৰ সুযোগ লৈ মানুহজনেই যে ফোনটো চুৰি কৰিছে সেয়া মই নিশ্চিত । ৰ'বা মানুহজনক সাধাৰন দেখিয়েই,  কোনো প্ৰমাণ নোহোৱাকৈ তেওঁক চোৰ কোৱাটৌ ঠিক হোৱা নাই । তুমি যিহেতু তোমাৰ  স্মাৰ্টফোনৰ সবিশেষ  আমাক দিছায়ে এতিয়া তুমি ঘৰলৈ যোৱা । আমি সোনকালেই ফোনটোৰ সুংসূত্ৰ উলিয়াম । "অ'চিয়ে  দিয়া  আশ্বাসত   সামান্য হ'লেও স্বস্তিৰ নিশ্বাস পেলাই সমূদ্ৰ ঘৰলৈ উভতিল।
         ঘৰ  আহি সমূদ্ৰই দেখিলে মাক দেউতাক দুয়ো বাৰান্দাতে উৎকন্ঠাৰে তালৈ বাট চাই  আছে । দেউতাকে চোকা দৃষ্টিৰে তাৰ পিনে চাই সুধিলে, " ইমান দেৰি ক'ত আছিলি ? ফোন এটা কৰিব পৰা  নাই? " সমূদ্ৰই কিবা এটা উত্তৰ দিব খোজোতেই , দেউতাকে ব্যংগ সুৰেৰে পুনৰ ক'ব ধৰিলে , " হয় দে ফোন কৰিবিনো  কেনেকৈ  যেতিয়া উপহাৰত পোৱা বস্তু বাছতে এৰি থৈ আহিছ ।" সমূদ্ৰই পিতৃৰ কথাত স্তম্ভিত হৈ তেওঁলৈ ৰ লাগি ছোৱাত,  দেউতাকে ক'লে যে কিছু সময়ৰ আগতে এজন অজান ব্যক্তিয়ে  সমূদ্ৰৰ ফোনৰ পৰাই তেওঁক যোগাযোগ কৰি ক'লে যে সমূদ্ৰই বাছতে ফোনটো এৰি  থৈ আহিছে ।  ভদ্ৰলোকজনে সমূদ্ৰৰ  পিতৃৰ পৰা তেওঁলোকৰ  ঘৰৰ ঠিকনা  লৈ নিজেই আহি ঘৰতে তাৰ দামী স্মাৰ্টফোনটো গতাই দিছিল । যিহেতু  সমূদ্ৰই দেউতাকৰ ফোন নম্বৰটো নিজৰ ফোনত '  Deuta ' বুলি চেভ্ কৰি ৰাখিছিল সেয়েহে ব্যক্তিজনে দেউতাকক যোগাযোগ কৰিব পাৰিলে । " তোৰ ভাগ্য ভাল যে এজন ভাল সহযাত্ৰীয়ে তোৰ ফোনটো পালে । মানুহজন পেচাত এজন সাধাৰন চানা বেপাৰী... কিন্তু নৈতিক জ্ঞানত বহুত শিক্ষিত মানুহতকৈও শ্ৰেষ্ঠ । , " এইবুলি কৈ দেউতাকে স্মাৰ্টফোনটো  পুতেকক গতাই দিলে ।সমূদ্ৰৰ যেন সকলো খেলি মেলি লাগিছিল । দোধোৰ মোধেৰে সি পিতৃক সুধিলে, " সহযাত্ৰী ? " দেউতাকে মূৰ দুপিয়াই  উত্তৰ দিলে,  "অ বাছত তোৰ কাষৰ চিটটোতে বহি আহিছিল বুলি ব্যক্তিজনে  আমাক কৈছিল ।  তই পিছে ইমান সময় ক'ত কি কৰি আছিলি ।  সমূদ্ৰই কোনো উত্তৰ নিদি স্মাৰ্টফোনটোলৈকে চাই থাকিল । লাজ , শংকা আৰু নিজৰ ওপৰতে খং  উঠাত সি কি ক'ব, কি কৰিব একো ধৰিব পৰা নাই ।
———————————————————
সাংস্কৃতিকী
                           আলাপ


বৰ্ণৰাগ আলোচনীৰ আলাপত
এইবাৰৰ অতিথি
জনপ্রিয় কন্ঠশিল্পী ৰিচা ভৰদ্বাজ

সমুদ্ৰ:- পোনপ্ৰথমে আপোনাক বৰ্ণৰাগ আলোচনীৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনাইছোঁ।
ৰিচা ভৰদ্বাজ:- আন্তৰিক ধন্যবাদ। আপোনালোককো জনালোঁ  মোৰ সশ্ৰদ্ধ  নমস্কাৰ।

সমুদ্ৰ:- আমি আপোনাৰ পৰা আপোনাৰ শৈশৱ আৰু কৈশোৰৰ বিষয়ে জানিব বিচাৰিছোঁ?

ৰিচা ভৰদ্বাজ:- শৈশৱ বুলি ক'লে মোৰ জন্মস্থান মৰিগাঁৱৰ কথাই মই ক'ব লাগিব। স্কুলীয়া শিক্ষা যিহেতু মৰিগাঁৱতেই সম্পূৰ্ণ কৰিছিলোঁ গতিকে শৈশৱ কালচোৱা মই মৰিগাঁৱতেই অতিবাহিত কৰিব লগা হৈছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি নগাঁৱত অতিবাহিত কৰিছিলোঁ মোৰ কৈশোৰ কালৰ বেছিভাগ সময়।গতিকে শৈশৱ আৰু কৈশোৰৰ বেছিভাগ সময় মই নগাঁও আৰু মৰিগাঁৱতেই কটাইছিলো।

সমুদ্ৰ:- আপোনাৰ সংগীতৰ এই বৰ্ণিল যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল?

ৰিচা ভৰদ্বাজ:- সংগীতৰ যাত্ৰা বুলি ক'লে আচলতে মই সৰুতেই এই পথত খোঁজ পেলাইছিলো বুলি ক'ব লাগিব। সৰুতেই মই সংগীতৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলো। তেতিয়াই মই সংগীতৰ প্ৰাথমিক শিক্ষা গ্ৰহণ  কৰিছিলো। তেতিয়াৰ পৰা স্কুল-কলেজকে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিছিলোঁ।
সমুদ্ৰ:- আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ?

ৰিচা ভৰদ্বাজ:- আমাৰ পৰিয়ালটো পাঁচজনীয়া সদস্যৰ। মা-দেউতা,বা,ভাইটি আৰু মই।মোৰ লগত সকলোৰে যি সহযোগিতা আছে সেয়া মোৰ বাবে আটাইতকৈ ডাঙৰ শক্তি বুলি ক'ব লাগিব।

সমুদ্ৰ:- আপুনি কন্ঠদান কৰা "বাৰীতে মাৰিম পাক" এই গীতটি অসমৰ সংগীত প্ৰেমীৰ মাজত যথেষ্ট জনপ্ৰিয়।এই গীতটি ইমান জনপ্রিয় হোৱাৰ ৰহস্য আপুনি কি বুলি ভাবে?

ৰিচা ভৰদ্বাজ:- আচলতে জনপ্ৰিয় হোৱাৰ বিশেষ ৰহস্য থাকে বুলি মই ব্যক্তিগতভাৱে নাভাবো।ৰহস্য থকা হ'লে এই ৰহস্য উদঘাটন কৰি কোনোৱে প্ৰতিটো গীতেই জনপ্ৰিয় কৰি তুলিব পাৰিলেহেঁতেন।মই ভাবো এটা গীত জনপ্ৰিয় তেতিয়া হ'ব যেতিয়া শ্ৰুতাই কোনো এটা গীত আদৰি ল'ব আৰু শ্ৰুতাই এটা গান তেতিয়াহে আদৰি ল'ব যেতিয়া গীতটোৱে শ্ৰুতাৰ অন্তৰ জয় কৰিব পাৰে।আপুনি যিহেতু "বাৰীতে মাৰিম পাক" গীতটোৰ কথা সুধিছে সেই সন্দৰ্ভত মই কম সহজ-সৰল শব্দৰ প্ৰয়োগেৰে সুন্দৰ সুৰ দি সৃষ্টি কৰা সকলোৰে উপভোগ্য এটা গীত হোৱা বাবে ৰাইজে গীতটো আঁকোৱালি লৈছে।এই কাৰণে মই অসমবাসীৰ ওচৰত চিৰকৃতজ্ঞ।

সমুদ্ৰ:- আপোনাৰ দৃষ্টিত প্ৰেমৰ সংজ্ঞা কি?

ৰিচা ভৰদ্বাজ:- প্ৰেম আচলতে এক সংজ্ঞাবিহীন স্বৰ্গীয় অনুভূতি।ইয়াৰ বিশেষ কোনো সংজ্ঞা নাই।বহুতৰে ভূল ধাৰণা প্ৰেম বুলিলে কেৱল প্ৰেমিক-প্ৰেমিকাৰ কথাই ভাবে।কিন্তু প্ৰেম অকল প্ৰেমিক-প্ৰেমিকা বা স্বামী-স্ত্ৰীৰ মাজতেই সীমাবদ্ধ নাথাকে।প্ৰতিটো সম্পৰ্কতে প্ৰেম বিৰাজমান।মাক-দেউতাকৰ পৰা আৰম্ভ কৰি ভাতৃ-ভগ্নীলৈকে সকলো সম্পৰ্কতে প্ৰেম অপৰিহাৰ্য।

সমুদ্ৰ:- আপোনাৰ গীতবোৰৰ মাজেৰে অসমবাসী ৰাইজক কেনেকুৱা সংগীতৰ তৃপ্তি দিবলৈ আপুনি প্ৰয়াস কৰে?

ৰিচা ভৰদ্বাজ:- অসমৰ সংগীতজগতখন দিনে-দিনে আগুৱাই গৈ আছে।অভিজ্ঞ শিল্পী সকলৰ আশীৰ্বাদত নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ লগতে কলা-কৌশলী সকলেও তেওঁলোকৰ নিজ নিজ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে।মই যিমান পাৰো মোৰ অৱদান ১০০শতাংশৰে আগৱঢ়াবলৈ চেষ্টা কৰিম।কষ্ট কৰি আছো,সাধনা অব্যাহত ৰাখিছো।নিশ্চয়কৈ মানুহৰ বাবে মানুহে ভালপোৱা কিছুমান গীত আপোনালোকে মোৰ কন্ঠত শুনিবলৈ  পাব।

সমুদ্ৰ:- অসমবাসী ৰাইজে আপোনাক কি বুলি মনত ৰখাটো বিচাৰে?
ৰিচা ভৰদ্বাজ:- অসমবাসী ৰাইজৰ পৰা মই আচলতে আশীৰ্বাদ আৰু মৰম-চেনেহ বিচাৰিম আৰু সেই আশীৰ্বাদ লৈ মই নতুন নতুন সৃষ্টি কৰি যাম।সংগীত জগতৰ লগতে অভিনয় জগততো অসমৰ ৰাইজে আঁকোৱালি লোৱা সৃষ্টি সদায় কৰি যোৱাৰ প্ৰয়াস কৰি যাম।এতিয়া অসমৰ ৰাইজে মোক কি বুলি মনত ৰাখে সেয়া তেওঁলোকৰ হাতত এৰিলো।

সমুদ্ৰ:- অনাগত দিনবোৰত অসমীয়া সংগীত জগতখনত কেনে ধৰণে আগুৱাই নিয়া বাবে আপুনি পৰিকল্পনা গ্ৰহণ কৰিছে?

ৰিচা ভৰদ্বাজ:- যিহেতু অসমৰ সংগীত জগতখনত মই নতুন বুলিয়েই ক'ব লাগিব। পৰিকল্পনা বহুত আছে।সংগীতৰ সকলো তৃপ্তি মই দিবলৈ চেষ্টা কৰিম মোৰ অনাগত দিনবোৰত।

সমুদ্ৰ:- শেষত বৰ্ণৰাগ আলোচনীলৈ আপোনাৰ এটা শুভেচ্ছাবাণী আশা কৰিছোঁ।

ৰিচা ভৰদ্বাজ:- শুভেচ্ছা সদায় আছে।ভাল কামবোৰ কৰি যাওঁক।বৰ্ণৰাগ লৈ আন্তৰিক শুভকামনা জনাইছোঁ।বৰ্ণৰাগ আলোচনীয়ে নিজ বাটেৰে বাট বুলি প্ৰতিজন অসমীয়াৰ হৃদয়ত স্থান পাওঁক।লগতে বৰ্ণৰাগ লৈ ধন্যবাদ।

সাক্ষাৎকাৰ গ্ৰহণ:-
সমুদ্ৰ মনি নেওগ
———————————————————
————————————————————

                       শিশুৰ ৰহঘৰা 

আইতা গৈছে ফুৰিবলৈ 
অয়নীশ কৃষ্ণাত্ৰেয়

আইতা গৈছে ফুৰিবলৈ 
পুতলা আনিব আমালৈ

আমি আছোঁ বাট চায়
আইতা তুমি আহিছা নে নাই

ডাঙৰ হৈ  আইতা আমিও    দেশ - বিদেশ ফুৰিম
 তোমালৈ  আইতা দীঘল চিঠি  লিখিম 

অয়নীশ কৃষ্ণাত্ৰেয় তেজপুৰ।
শোণিতপুৰ--784001
————————————
পেঙ্গুইন অ' পেঙ্গুইন 
গায়ত্ৰী দেৱী বৰঠাকুৰ 

পেঙ্গুইন অ' ,শুনাচোন শুনা
ক'লা - বগা চোলা পিন্ধি ক'লৈ বাৰু যোৱা 

চহৰলৈ জানানে বহু  দূৰ  বাট 
 পানী- ডুনি নোহোৱাকৈ কেনেকৈনো   থাকিবা বাৰু  তাত

কথা এটি  শুনিছোঁ সঁচা নে মিছা কোৱা 
খোজকাঢ়ি তুমি হেনো বৰ ভালপোৱা 

উৰিব নোৱাৰাৰ বাবে  লাগে চাগে   তোমাৰ বৰ দুখো
উঠে চাগে মাজে- মাজে অকণমান খঙো

সাতুৰিও বোলে  তুমি  বৰ ভালপোৱা 
ভোক লাগিলে বোলে সাগৰীয় মাছ খোৱা

আইচক্ৰীম খায়ো হেনো তুমি ভালপোৱা বৰ
কাম- কাজটো হেনো তুমি বৰ খৰধৰ

বেছিকৈ আইচক্ৰীম খালে পিছে    তোমাৰ লাগিব  পানী 
ডাক্তৰে আহি  দিবহি খচ্ কৈ এটি  বেজি

পানী লগা ভাল হ'লে তোমাক চকলেট দিম
গাড়ীত উঠাই এপাক বাৰু ফুৰাবলৈকো নিম

তোমাক কোলাত ল'বলৈ জানা বৰ মন যায় 
সেয়ে তোমালৈ থাকোঁ ৰ' লাগি চায়

সকলোৱে কয় তুমি হেনো উকীল চৰাই
দিয়াচোন পাখি দুখন অকণমান লৰাই

গায়ত্ৰী দেৱী বৰঠাকুৰ। তেজপুৰ।
———————————

এজনী টেঙৰী প্ৰতিপ্ৰাণা চৰাই -  
 ত্ৰৈলোক্য শৰ্মা
   এজোপা জোপোহা গছত এহাল চৰায়ে বাস কৰিছিল।সিহঁতৰ দুটি সন্তান। কিন্তু সিহঁতৰ দুয়োৰে মাজত স্বভাৱ-চৰিত্ৰৰ সমূলি মিল নাছিল।মাইকীজনীয়ে কঠোৰ পৰিশ্ৰম কৰিছিল। তাই প্ৰতিদিনে য'ৰে তৰে পৰা ধান, চাউল, মাহ, বিভিন্ন সুস্বাদু গছৰ গুটি বাঁহটোলৈ কঢ়িয়াই আনিছিল আৰু সেইবোৰ সজাই পৰাই সকলোকে সমানে ভগাই খাবলৈ দি তাই পৰম আনন্দ অনুভৱ কৰিছিল। অৱশ্যে কণমানি পোৱালী কেইটাক তাইয়েই খুৱাই দিছিল।কিন্তু মতা চৰাইটো বৰ এলেহুৱা,লুভীয়া আৰু স্বাৰ্থপৰ আছিল। সি কোনো কাম-বন নকৰিছিল। অথচ সুযোগ পালেই ঢাঁহি-মুহি বাঁহলৈ অনা সকলো খাদ্য খাই পেলাইছিল।কণমানি পোৱালী কেইটাৰ প্ৰতিও সি কোনো দিনেই সদয় ভাৱ পোষণ নকৰিছিল।
         এদিন মাইকী চৰাইজনীয়ে আতৰতে কিছু গছৰ সু স্বাদু গুটি থুপ খাই থকা দেখি অলপ অলপকৈ আনি বাঁহটোৰ এচুকত থ'বলৈ ল'লে। তাই দেখিলে মতাটো বাঁহৰ ওচৰে পাজৰেও নাই। সেইবাবে এই সুযোগতে তাই গ্ৰহণ কৰি বাঁহলৈ খাদ্য আনিবলৈ ল'লে। অৱশে মতাটো থাকিলেহে তাই সকলোৱে একেলগে খাদ্য খোৱাৰ কাম আৰম্ভ কৰে।সেইদিনা তাই শেষবাৰৰ বাবে খাদ্যখিনি আনিবলৈ যাওঁতেই মতাটো ক'ৰবাৰ পৰা আহি বাঁহত সোমালেহি চুকত একাষৰীকৈ গোটাই থোৱা খাদ্যবোৰ দেখিলেহি। তাৰ ঠোঁটেৰে লোভৰ পানী বাগৰিবলৈ ধৰিলে।মাইকীজনী নথকাৰ সুযোগতে সি সকলো খাদ্য তপাতপে সোঁপাসোপে খাই পেলালে। আনকি ভোকতে কলমলাই থকা আৰু তাক দেখি কিৰকিৰাই থকা অকণমানি পোৱালী কেইটাৰ কথাও সি অকণোৱেই নেভাৱিলে।
           ক্ষন্তেক পিছতে মাইকীজনী আহি আহাৰখিনি নেদেখি আচৰিত হ'ল।মাকক দেখি কিৰ কিৰাবলৈ ধৰিলে।তাই পোৱালী কেইটাক শেষত অনা খাদ্যকণকে খুৱাই দি মতাটোক সুধিলে-'আহাৰবোৰ কোনে খালে?'
মতা চৰাই : মইতো বাঁহতে নাছিলোঁ।এতিয়া এয়া পাইছোহিহে।কোনোবাই খালে চাগে।'
মাইকী চৰাই : কোনে আহি খাব ? আমাৰ পোনাকণ কেইটাও নিচেই সৰু। সিহঁতি উৰাটো বাদেই, খোজ কাঢ়িবলৈকো শিকা নাই দেখোন'।
মতা চৰাই : তোমাৰ মোৰ ওপৰত সন্দেহ যদি হৈছে,তেন্তে এটা পৰীক্ষাকে কৰোঁ আহা ।
মাইকী চৰাইজনী পেটে পেটে খুব খং উঠিছিল। সিহঁতৰ বাঁহত প্ৰায়ে এইদৰে খাদ্যৰ হৰণলুকি হয়। সেইবাবে মতাটোৰ প্ৰস্তাৱত তাই সন্মতি প্ৰকাশ কৰিলে।
       আলোচনাৰ অন্তত সিহঁতি দুজোপা গছক সংযোগ কৰি এডাল ক্ষীণ সূতা বান্ধি ল'লে। সূতাদাল অলপমান পানী থকা এটাৰ কুঁৱাৰ ওপৰে বন্ধা হৈছিল।সিধান্ত হ'ল- সিহঁতি এটা এটাকৈ সেই সূতাদালত ওলমি ওলমি পাৰ হ'ব আৰু যিটোৰ শৰীৰ গধুৰ সেইটোৱেই সহজে তললৈ সৰি পৰিব। প্ৰথমে মাইকীজনী পৰীক্ষাত অৱতীৰ্ণ হ'ল। তাইৰ সুকলমে সূতাদাল পাৰ হ'ল।একোকে ঘটনা সংঘটিত নহ'ল।
         ইয়াৰ পিছত মতাটোৰ পাল পৰিল।সি ওলমি ওলমি সূতাদালৰ মাজ পাওঁতেই, সূতাদাল পটককৈ ছিগিল আৰু সি ধুপুচকৈ কুঁৱাটোৰ ভিতৰত পৰিলগৈ। ইপিনে খোৱা খাদ্যবোৰৰ বাবেও তাৰ পেট গধুৰ হৈ আছিলেই। নাদৰ পানীত সি জুৰুলি-জুপুৰি হ'ল আৰু তাৰ পৰা ওলাব নোৱৰা হ'ল। মাইকীজনী তেতিয়া বিমোৰত পৰিল। হাজাৰ হ'লেও তাইৰে স্বামী। সতী সাধ্বী প্ৰতিপ্ৰাণা চৰাইজনীয়ে স্বামীক উদ্ধাৰ কৰিবলৈ তৎপৰ হ'ল। তাই চিন্তা কৰিলে। অকণমানি ঠোঁটৰে সমান আকাৰৰ মতা চৰাইটোকনো কেনেকৈ উদ্ধাৰ কৰি তুলি আনে! তথাপি তাই ধৈৰ্য নেহেৰুৱালে। বিপদত ধৈৰ্যই মূল সাৰথি। খন্তেক সময় চিন্তা কৰাৰ পিছতে এটা বোন্দা তাইৰ ফালে আহি থকা দেখিলে। বুদ্ধিমতী চৰাইজনীয়ে বোন্দাক সানুনয়ে ক'লে-'মোমাদেউ, অ'মোমাদেউ অনুগ্ৰহ কৰি মোক অকণমান সহায় কৰিবনে?'অচিন চৰাইজনীৰ মুখত 'মোমাদেউ' সম্বোধন শুনি বোন্দা প্ৰয়োজনতকৈ অধিক গহীন হ'ল আৰু সুধিলে-'তোক কি সহায় কৰিব লাগে? মোৰ সময় নাই।সোণকালে ক'।চৰাইজনীয়ে চকুলো বোৱাই ক'লৈ :-'মোৰ স্বামীক এই কুঁৱাটোত পৰিল। আপুনি তুলি আনি সহায় কৰিবনে?'।' অচিন ধুনীয়া চৰাইজনীৰ মুখত 'বিনয় দেখি বোন্দা এইবাৰে আৰু গহীন হ'ল। গপতে গঙ্গাটোপ হৈ পৰিল। সি গহীনাই ক'লে,ঠিক আছে বাৰু। পিছে মই বাৰু বাৰু তাক তুলি আনিম। কিন্তু তুলি অনাৰ পিছত তাক মোক খাবলৈ দিব লাগিব।দিবিনে? বোন্দাৰ প্ৰশ্নত চৰাইজনীয়ে বিপদটোৰ পৰা উদ্ধাৰৰ কথা ভাৱিলে। ।তাই বুজি পালে বোন্দাৰ ওচৰত বিনয় প্ৰদৰ্শনেৰে কাম নিসিজিব দেখিছোঁ।লুভীয়াটো লগত অভিনয়হে কৰিব লাগিব।
বোন্দায়ে পুনৰ ক'লে :- তই মোক খোৱাৰ বেলিকা খুটিবলৈ নাহিবি আকৌ। তাক মই যাতে শান্তিৰে খাবলৈ পাওঁ। নহ'লে তোকো খাম। শান্তিৰে খাবলৈদিবিনে নিদিয় ক'। বোন্দাৰ কথাত চৰাইজনী ক্ষন্তেক তভক মাৰি বোন্দাৰ ওচৰত অভিনয় কেনেকৈ কৰিম ভাৱিলে। অলপ পিছতে তাই ক'লে  :- ' ঠিক আছে, সেয়াই হ'ব। মই ভালেই পাওঁ। কাৰণ পোৱালী কেইটালৈ মই কষ্টৰে অনা খাদ্যবোৰ এওঁ প্ৰায়ে খাই পেলায়। আজি নাইখোৱা বুলি মিছা মাতিছিল। সেইবাবে প্ৰকৃত দোষী কোননো বুলি পৰীক্ষা পাতোতে এওঁ কুঁৱাত পৰিল আৰু ধৰা পৰিল।এনে স্বাৰ্থপৰ স্বামীৰ লগত বসবাস কৰি অশান্তিহে ভূগি আহিছোঁ।'চৰাইজনীৰ কথা শুনি মাংস খাবলৈ পোৱাৰ লোভত বোন্দাৰ মন নাচি উঠিল। সি অকণো পলম নকৰি কুৱাঁটোৰ ভিতৰলৈ জাপ মাৰি মতা চৰাইটোক বৰ কষ্টৰে তুলি আনিলে। এইক্ষেত্ৰত তাৰ নিজৰে গাটোত পকী কুৱাঁৰ ওৱালৰ কঠিন শিলত গহনি খাই অলপ-অচৰপ ঘাঁ লাগিল। যি নহওক মাংসৰ লোভত সি সকলো বিষ-যটনা সহ্য কৰিলে। যি নহওক,স্বত্ব অনুসৰি তুলি অনা মতা চৰাইটোক সি ভক্ষণ কৰিবলৈ তৎপৰ হ'ল। বিপদৰ পৰিস্থিতি দেখি  মাইকী চৰাইজনীয়ে লগে লগে ক'লে-' মোমাদেউ, ইমান ততাতৈয়া কিয় কৰিব লাগে? ক্ষন্তেক ৰওকচোন। দেখা নাইনে এওঁ তিতি বুৰি জাৰত সেঙেটা লাগি আছে। এইদৰে খালে পাখীয়ে-চাখিয়ে আপোনাৰ পেট পাবগৈ। এইদৰে খাই ফেওৰাৰ দৰে ফেও ফেও কৰিব লগা  হ'লে এই মৰমৰ ভাগিনীকহে আপুনি দূষিবগৈ। এওঁ শৰীৰটো ৰ'দত টঙাই লওক দিয়ক ।'
        বোন্দাটোৱে চৰাইজনীৰ পৰামৰ্শ মানি ল'লে।। মাংস খোৱাৰ লোভত সি বিশেষ চিন্তা নকৰি তাইৰ পৰামৰ্শকে মানি ল'লে। অলপ পৰ ৰোৱাৰ পিছত বোন্দা পুনৰ মতাটোক খাবলৈ সাজু হ'ল।চৰাইজনীয়ে পুনৰ ক'লে :- এতিয়াও এওঁ ভিজিয়েই আছে মোমাদেউ। ঠাণ্ডা বস্তু খোৱাতকৈ ৰ'দত শুকাই গৰমে গৰমে খালে তৃপ্তিও পাব আৰু আপোনাৰ শৰীৰটোৰ বাবেও মঙ্গলজনক হ'ব।' চৰাইজনীৰ মৰমসনা কোমল মাত-কথাত বোন্দা বাৰুকৈয়ে ভোল গ'ল।
            অলপ পিছত মতাটোৰ পাখী-চাখি শুকাই টনকীয়াল হৈ পৰিল। সি ভালদৰে উৰিব পৰা হ'ল। চৰাইজনী সকলো সময়তে সজাগ আৰু সচেতন হৈ আছিল। তাই মতাটোক চেগ বুজি ইংগিত দিলে। মতাটোৱে পৰস্থিতি বুজি ভূৰুঙকৈ চকুৰ পচাৰতে আকাশলৈ উৰা মাৰিলে।মাইকীজনীয়েও  বোন্দাক-'মোমাদেউ, টা টা দেই। ভালদৰে থাকিবা' বুলি মতাটোৰ পিছে পিছে উৰি গ'ল। সিহঁত ভুৰুং কৰি উৰা মৰা দেখি লুভীয়া বোন্দাই ঠোঁট চেলেকি চেলেকি ৰ'ল। অৱশেষত সি হতাশ মনেৰে সেই ঠাই এৰিলে।
       বাঁহত মতা চৰাইটোৱে তাৰ সকলো দোষ বুজি পালে আৰু ক্ষমা খুজিলে।মাইকীজনীৰো আনন্দতে চকুলো বাগৰি আহি মতা চৰাইটোক ক'লে -'আজিৰ পৰাহে আমাৰ বাঁহটো সুখ-শান্তিৰ আলয় হৈ পৰিব ।সঁচাকৈয়ে তেতিয়াৰে পৰা সিহঁতৰ পৰিয়ালটোৱে সুখ-শান্তিৰে, মৰম-স্নেহেৰে দিন নিয়াবলৈ ধৰিলে।

ত্ৰৈলোক্য শৰ্মা 
ম'বাইলঃ- নং-৯৮৫৪৬৭৫৭২৫, পকামূৰা চাৰিআলি
যোৰহাট-৪
——————————
মোহন আৰু ৰামু
দীপাংকৰ ভূঞা
                     
তাহানিৰ কথা।এজন মহাজনৰ ঘৰ।ঘৰখন ধনে-ধানে নদন-বদন। তেনেদৰে ঘৰখন
লগোৱা-লিকচৌৰে ভৰি আছিল। তাৰে মাজৰে
দুজন মোহন আৰু ৰামু। মোহনে ঘৰখনৰ হিচাপ-নিকাচ ৰাখে আনহাতে ৰামুৱে বাকী যাবতীয় কাম-কাজবোৰ কৰে। এইদৰেই মহাজনৰ ঘৰখন সুন্দৰ ভাবে অতিবাহিত হৈ চলি আছিল।
                  এদিনৰ কথা। ৰামুৰ মগজুত এটা চিন্তা সোমাল। চিন্তাৰ কাৰণটো হ'ল যে সি দিনৰ দিনটো কাম কৰে আনহাতে মোহনে টেবুলৰ সন্মুখত আৰামত বহি হিচাপ-নিকাচ কৰি থাকে কিন্তু সি দৰমহা মোহনতকৈ বহুত কম পায়। সেই চিন্তাৰ সমাধান বিচাৰি ৰামু মহাজনৰ ওচৰ চাপিল আৰু আপত্তি দৰ্শালে। মহাজনে ৰামুক বিশেষ একো নকৈ থুলমূলকৈ ক'লে যে ইয়াৰ কাৰণ নিশ্চয়কৈ আছে আৰু সি তাৰ উত্তৰ অতি সোনকালে পাব। সেইবুলি কৈ ৰামুক মহাজনে তেওঁৰ ওচৰৰ পৰা বিদায় দিলে আৰু তাক তাৰ কামত লাগিবলৈ নিৰ্দেশ দিলে।
            অন্য এদিনৰ কথা। মহাজনে খবৰ পালে যে তেওঁৰ ছাগলী এজনীয়ে পথাৰত কেইটামান পোৱালি জন্ম দিছে। গতিকে মহাজনে ৰামুক তাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ এইটোৱেই সুবৰ্ণ সুযোগ বুলি ভাবি তেওঁ তৎক্ষণাত ৰামুক মাতি ছাগলী জগাৰ খবৰটো দিলে আৰু তাক পথাৰলৈ গৈ চাই আহিবলৈ ক'লে। ৰামু পথাৰলৈ দৌৰ ল'লে আৰু
ঘূৰি আহি মহাজনক ক'লে যে ছাগলী জনীয়ে কেইটামান সুন্দৰ পোৱালি জগাইছে। মহাজনে সুধিলে কেইটা পোৱালি জন্ম হৈছে। ৰামুৱে উত্তৰ দিলে যে সি পোৱালি কেইটা জন্মিছে হিচাপ নকৰিলে। সি আকৌ পথাৰলৈ লৰ দিলে আৰু মহাজনক চাৰিটা পোৱালি বুলি ক'লেহি।এইবাৰ মহাজনে সুধিলে মতা আৰু মাইকী পোৱালিৰ সংখ্যা কিমান। ৰামুৰ মুখত উত্তৰ নাইকিয়া হ'ল। সি পুনৰ পথাৰলৈ লৰ দিলে আৰু মহাজনক মতা-মাইকীৰ সংখ্যা দুটা দুটা বুলি ক'লেহি।মহাজনে পুনৰ সুধিলে সিহঁতৰ ৰং কি কি। এইবাৰো ৰামুৱে
উত্তৰ দিবলৈ সক্ষম নহ'ল আৰু পথাৰলৈ লৰ দিলে। ঘূৰি আহি মহাজনক উত্তৰ দিলে তিনিটা বগা এটা ক'লা। এইবাৰ ৰামুক ওচৰতে ৰাখি মোহনক মাতিলে আৰু ছাগলী জগাৰ খবৰটো দি পথাৰলৈ গৈ চাই আহিবলৈ ক'লে। মোহন পথাৰলৈ গ'ল আৰু সকলো কথা বহীত সুন্দৰকৈ লিখি মহাজনক জনালেহি। মহাজনে মোহনক বিদায় দি ৰামুক বুজাই দিলে যে যিটো কাম কৰিবলৈ সি চাৰিবাৰ পথাৰলৈ দৌৰা দৌৰি কৰিব লগা হ'ল সেই একেটা কামকে কৰিবলৈ মোহন মাত্ৰ এবাৰ যাব লগা হ'ল। ৰামুৱে বৰ লাজ পালে আৰু মহাজনক তাৰ ভুলৰ বাবে ক্ষমা খুজি সি নিজৰ কামত লাগিলগৈ।নীতি শিক্ষা :- 
"শিক্ষাৰ মূল্য সদায় থাকিব "
——————————
চুকুৰ কাহিনী
হিৰণ ভূঞা

      চুকু আৰু মুনু নামৰ দুটি চৰাই পোৱালি আছিল। সিহঁত এডাল ডাঙৰ গছত বাহ কৰিছিল। চুকুৰ কেইবাজনো দাদাক বায়েক আছিল। পোৱালিবোৰ  একে বয়সৰ হলেও সমানে ডাঙৰ হোৱা নাছিল। চাৰিটা একে সময়তে পাখি মেলি উৰিব পৰা হৈছিল। কিন্তু মুনু আৰু চুকু ডাঙৰ হোৱাত লেহেম হৈছিল। চুকুৱেটো খাবলৈও মন নকৰে সেইবাবে আটাই কেইটাৰ ভিতৰত দুৰ্বল  আছিল। সিহঁতৰ মাক দেউতাকেও তাক লৈ বৰ চিন্তা কৰিছিল। চুকুহতৰ ডাঙৰ কেইটাই বাহিৰলৈ ওলাই গৈ দিনটো বাহিৰত ঘুৰি ফুৰি পেট পুৰাই খাই গধুলি বাহলৈ আহে।  সিহঁতে চুকুহতক দিনটোৰ ঘটনাবোৰ কয়হি। মুনু আৰু চকুৱে বৰ আগ্ৰহেৰে সিহঁতৰ বাহটোৰ বাহিৰৰ পৃথিৱীৰ কথাবোৰ শুনে। মনতে ভাবে কেতিয়ানো সিহঁতেও বাহিৰলৈ যাব পাৰিব। দুপাখি মেলি নীল আকাশত উৰিব পাৰিব? লাহে লাহে মুনুৱে মাকৰ লগত বাহিৰলৈ যাব পৰা হ'ল। তায়ো বাহিৰত দেখা ধুনীয়া পৃথিৱীৰ কথা আহি তাক কয়হি। বেচেৰা চুকুৰ  অৱস্থা নাই। সি ধৰফৰাই থাকে, কোনদিনা সিনো   বাহিৰলৈ যাব - -?  এদিন মাকে চকুক'  ক'লে, চুকু বাবু কালি মুনুৰ সৈতে একেলগে ওলাবা তোমাকো বাহিৰলৈ লৈ যাম। চাওঁচোন তুমি কিমান উৰিব পৰা! তোমাৰ  ভাগৰ লাগিলে উভটি আহিম। সেইদিনা ৰাতি চুকুৰ চকুত টোপনি নাই। ৰাতি ভালকৈ টোপনি নাহিলেই। পিছদিনা সকলোতকৈ আগতে ওলাই যাবলৈ সাজু হৈছিল। মুনু আৰু মাকৰ সৈতে চুকু বাহিৰলৈ ওলাল। তাৰ সৰু দেউকা দুখন কোৱাই কোৱাই আনন্দৰে উৰিব লৈছিল। তাৰ কি ফুৰ্তি? মূৰটো ইফালে সিফালে কৰি চাৰিওফালে চাই চাই উৰি গৈছিল। মাকে কৈছিল, চুকু লাহে লাহে যোৱা, নহ' লে  ভাগৰ লাগিব ।কিন্তু চুকুৰ চকুৱে চাব বিচাৰিছিল নীল আকাশক। বেচেৰাই অলপ দুৰ গৈয়ে ভাগৰি তলত পৰি গ'ল। মাকে মুখেৰে কামুৰি তাক ঘৰলৈ লৈ আহিল। সেইদিনা চুকুৱে বুজিছিল  যে তাৰ পাখিত শক্তি নাথাকিলে উৰিবলৈ ইচ্ছা কৰিলে নহ'ব। আৰু মাকে কোৱাৰ দৰে লাহে লাহে হে আগবাঢ়িব লাগিছিল। সি বেগাই যাব বিচৰা বাবে সোনকালে ভাগৰি গ'ল। দুদিনমান জিৰণি লোৱাৰ পিছত মাক দেউতাক বাহিৰত যোৱাৰ পিছত মুনু আৰু চুকু অলপ বাহিৰৰ পৰা ফুৰি আহিল। এনেদৰে কেইদিনমান অলপ অলপ ফুৰিবলৈ গৈ থাকিল। মাক দেউতাকেও ভাল পালে যে চুকুৱে দুনাই ভুল কৰা নাই। এদিন আকৌ মুনুৰ লগত চুকু ওলাল। তাৰ মনটো ভাল। সেইদিনা পাখিত জোৰ বেছিকৈ পোৱা যেন পালে। দুয়ো আনন্দেৰে ফুৰি আহিল। মুনুৱে অলপ কিবা খায় শুই পৰিলে। চুকুৰ ভাগৰ নাই - - তাক তাৰ নীলা আকাশে হাতবাউল দি মাতি আছে। অকমানি চৰাই পোৱালি সিনো কেনেকৈ জানিব আকাশৰ যে সীমা নাই আৰু কিমান ওপৰত। তাক লাগে নীলা আকাশ চুবলৈ। মুনুৱে শুৱাৰ পিছত সি লাহেকৈ বাহৰ পৰা ওলাই দিলে উৰণ। মুক্ত আকাশ অকলে অকলে সি য'লৈ যাবলৈ মন যায় যাব ধৰিলে। চুকু গৈ আছে, গৈ আছে, গৈ গৈ ঘৰৰ পৰা কিমান দুৰলৈ আহিলে গমকে নাপালে। সি সুখী হৈছিল এইবাবে যে সি বহু দুৰলৈ উৰি আহিব পাৰিলে। লাহে পোহৰ কমি আহিল। সকলো ফালে আন্ধাৰে আগুৰি ধৰিলে তেতিয়াহে তাৰ গাত হুচ  আহিল। সি কলৈ আহিছে গমকে নাপায়। তাৰ ঘৰ বা ক'ত  ? সি কান্দিবলৈ ধৰিলে - - কিন্তু তাৰ কান্দোন কোনে শুনিব.? ইফালে মাক দেউতাকে বাহলৈ আহি চুকুক দেখা নাপায় আকৌ বিচাৰি গ' ল। ইফালে সিফালে বিচাৰি নাপায় দুয়ো দুখ মনে উভটি আহিল। মাকে চুকু চুকু বুলি ইনাই বিনাই কান্দিলে। কাৰণ চুকুক আৰু কোনো দিনেই উভতাই নাপায় সেইটো বুজিছিল। মুনু আৰু বাকী দাদা আৰু বাইদেউ
কেইজনীও কান্দি কান্দি শুই থাকিলে। সেইদিনা সিহঁতৰ কোনোৱে একো নাখালে।বেচেৰী মাকজনী শুব পৰা নাছিল বাহৰ দুৱাৰ মুখতে বহি আছিল কিজানি সি উভতি আহেই। ইফালে চুকুই যিডাল গছত বহি কান্দি আছিল সেই গছত বাহ কৰা চৰাইৰ এজনী মাক তাৰ কাষলৈ আহি সিনো কিয় কান্দি আছে  সুধিলে । সি কান্দি কান্দি সকলো ক'লে । কান্দি কান্দি সেই চৰাই মাকজনীক কলে পেহী 'মাৰ কাষলৈ লৈ বলা না।' তেতিয়া চৰাই মাকজনীয়ে তাক ক' লে যে এতিয়া আন্ধাৰ হ'ল নহয় কালি পুৱাই তাক মাকৰ কাষলৈ লৈ যাব। সিহঁতৰ বাহলৈ লৈ আনি তাইৰ পোৱালি কেইটাৰ লগত খেলিব ক'লে  আৰু নিজৰ পোৱালি কেইটাক ক'লে যে, আলহি ভাইটিক মৰম কৰি ৰাখা সি নিজৰ পথ হেৰুৱাইছে। সিহঁতেও মূৰ জোকাৰি মাকক সহাৰি  জনাই নতুন ভাইটিৰ লগত খেলিব ল'লে কিচিৰ মিচিৰ নুবুজা শব্দৰে। ইফালে চুকুৰ ভাগৰ আৰু দুখত চকু জাপ খালে। খালি পেটে শুই থাকিলে। পুৱা আটাইয়ে উঠাৰ পিছতহে সি সাৰ পালে। তেতিয়ালৈকে নতুন চিনাকী পেহীয়ে পোৱালি কেইটাৰ বাবে আহাৰ বিচাৰি ওলাই গৈছিল। নতুন চিনাকি দাদা কেইজনে তাক কালিৰ  কাহিনী ক বোলাত সি কান্দিবলৈ ধৰিলে। তাৰ  মাকলৈ, মুনুলৈ মনত পৰিছিল। সি পেহীয়েক অহালৈ বাট চালে...
 তেওঁ তাক মাকৰ কাষলৈ লৈ যোৱাৰ কথা আছিল। কিন্তু সেইদিনাও তাৰ ঘৰলৈ যোৱা নহ'ল। সি অকলে অকলে কান্দি থাকিল। পিছদিনা আটাই কেইটা তললৈ ফুৰিবলৈ গ' ল। কিন্তু চুকুৱে দুৰলৈ নগৈ বাহটোৰ কাষতে উৰি থাকিল। সি আকৌ পেহীয়েকক হেৰুৱাব নিবিচাৰিলে।
       সেইবাবে ডাঙৰকে কিবা কলে শুনিব লাগে। মাক - দেউতাকৰ কথা শুনিব লাগে। সন্তান যিমানে ডাঙৰ নহওঁক কিয় মাক দেউতাকে বেছি জানেই। নহ’লে চুকুৰ দৰে হেৰুৱাবলগীয়া হ' ব। 
————————————————
পাহি আৰু কণমানি জলকুঁৱৰী 
শিশু উপন্যাস 
ৰিঞ্জুমণি  নেওগ বৰা
ষষ্ঠ খণ্ড 

ঃ দেউতা ! দেউতা !
ঃ কোৱা পাহি !
ঃ মোৰ সোণালী মাছজনীৰ কাৰণে এটা ডাঙৰ একুৱাৰিয়াম লাগে ।
ঃকিয় ?
ঃ মোৰ সোণালী মাছজনী ডাঙৰ হ'ব 
 নহয় । তাই ইমান সৰু  কাঁ‌চৰ পাত্ৰটোত কেনেকৈ থাকিব? আৰু কালি ৰাতি তাই পানীৰ পৰা জঁ‌পিয়াই  মোৰ বিছনাত পৰি গৈছিল জানানে ! 
ঃ অহ্ ! হয় নেকি ! 
ঃ হয়তো আকৌ ! কেনেবাকৈ মাটিত পৰাহেঁ‌তেন তাই মৰিয়েই থাকিলহেঁ‌তেন ।
ঃ ঠিক আছে বাৰু । সন্ধ্যা ওলাবা । তুমি, মা আৰু মই যাম ,একুৱাৰিয়াম আনিবলৈ । 
ঃ কিন্তু এটা কথা !
ঃকি কথা বা!
ঃ একুৱাৰিয়ামটো কিন্তু মোৰ ৰুমতে থাকিব । যাতে ৰাতিপুৱা উঠিয়েই মই সোণালীক চাব পাৰোঁ‌ ।
ঃ হা হা হা হা! হয় নেকি ? বাৰু বাৰু ! তোমাৰ ৰুমতে ৰাখিবা । কিন্তু ড্ৰইং ৰুমত থোৱা হ'লে ভাল আছিল নেকি!   সকলোৱে দেখিলেহেঁ‌তেন ! তোমাৰ ধুনীয়া মাছজনী । 
ঃ নাই নাই ! তাই মোৰ ৰুমতে থাকিব ।
ঃ হ'ব দিয়া ।
ভিতৰৰ পৰা মাকে তেওঁলোকৰ কথা শুনি আছিল । তেৱোঁ‌ অফিচলৈ ওলাইছে । তেওঁলোকৰ কথাত ভাগ ল'ব পৰা নাই ।অফিচলৈ যোৱাৰ সময় । গতিকে সময় নষ্ট কৰিব বিচৰা নাই । তেওঁ একেবাৰে সাজু হৈ বাৰাণ্ডালৈ ওলাই আহিল । পাহিৰ গালত মৰম কৰি ক'লে,
ঃ সোণজনী । এই কৰোনা মহামাৰীৰ সময়ত তুমি বজাৰলৈ যাব নালাগে । মই আৰু দেউতাৰাই তোমাৰ সোণালীৰ বাবে একুৱাৰিয়াম এটা লৈ আনিম ।তোমাৰ ৰুমতে ৰখাৰ ব্যৱস্থাও কৰি দিম । তুমি নিজৰ পঢ়াশুনা কৰিবা,সময়মতে খোৱাবোৱা কৰিবা আৰু সোণালীকো চাই থাকিবা দেই !
ঃ হ'ব মা ! থেংক ইউ !
ঃ যাও দেই ! ভালকৈ থাকিবা । মণিবাক দিগদাৰ নিদিবা 
ঃ মোৰ খেলাৰ লগৰী আহি গ'ল যেতিয়া মণিবাক কিয়নো দিগদাৰ দিম 
 কোৱাচোন ? 
ঃ যোৱা দেই ভিতৰলৈ । আমি আহোঁ‌ । বাই বাই !
মাক-দেউতাক যোৱাৰ পাছত পাহি দৌৰি তাইৰ কোঠা পালেগৈ । মণিবা এতিয়া পাকঘৰত ব্যস্ত ।গতিকে তাইও এতিয়া সোণালীৰ লগত ব্যস্ত থাকিব পাৰিব। তাই তাইৰ কোঠাত সোমাই দুৱাৰৰ তলফালৰ হুকডাল লগাই সোণালীয়ে সাঁ‌তুৰি থকা কাঁ‌চৰ পাত্ৰটোৰ ওচৰ পালেগৈ ।
ঃ  সোণালী ! আজি সন্ধ্যা মা-দেউতা অফিচৰ পৰা আহোঁতে তোমাৰ বাবে এটা ডাঙৰ একুৱাৰিয়াম লৈ আহিব । তাত তুমিযিমান মন যায় সিমান সাঁ‌তুৰিব
  পাৰিবা । 
ঃ  বাঃ ! বৰ ভাল লাগিব । কিন্তু কিন্তু একুৱাৰিয়ামৰ অকণমান পানীত সাঁ‌তুৰি মোৰ কিনো ভাল লাগিব কোৱা ।একুৱাৰিয়ামটো সাগৰ নহয়  ।
ঃ আগতে তুমি কি সাগৰত আছিলা নেকি?
ঃ ওঁ‌ ! মইতো সাগৰৰে প্ৰাণী ।
ঃ কোন সাগৰত আছিলা তুমি ? 
ঃ বংগোপসাগৰত ।
ঃ  হি হি হি ! কিযে কোৱা ! ক'ত বংগোপসাগৰ আৰু ক'ত ককাহঁ‌তৰ দলনি পথাৰ !  সাগৰৰ পৰা দলনি পথাৰ কেনেকৈ  পালাহি কোৱাচোন ?
ঃ সেয়া বহুত কথা ! 
ঃ কোৱানা সোণালী !
————————————————
———————————————————
                           অণুগল্প
আশ্ৰয়
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ 

(দুয়োটা চৰিত্ৰ গল্পই বিচৰা ধৰণে কাল্পনিক)

       ৰাতি দুপৰত সদ্য বৈধব্যৰ শুভ্ৰ সাজ পিন্ধা প্ৰতিভাৰ ঘৰৰ বাঁহৰ ভগা দুৱাৰত কেৰেকৈ শব্দ এটা হ'ল আৰু এন্ধাৰে মুধাৰে কোনোবা এজন ভিতৰলৈ সোমাই গ'ল ।
————————————
     ৰাতিপুৱা যোগেশ বৰুৱাই অভ্যাসবশতঃ পাচ বজাতেই উঠি মুখ হাত ধুৱাৰ পিছতেই তেওঁৰ ঘৰত কাম কৰা প্ৰতিভাই একাপ গৰম চাহ আনি বৰুৱাৰ হাতত তুলি দিয়াত বৰুৱাই হতচকিত হৈ প্ৰতিভাৰ মুখৰ ফালে চাই থাকিল । 
———————————
     যোৱা ৰাতি প্ৰতিভাই বৰুৱাৰ  ঘৰতেই আশ্ৰয় লৈ আছিল কিবা এটা দুৰ্যোগৰ উমান পাই ।
————————————
প্ৰতাৰণা 

       ইমান গভীৰ প্ৰেম আছিল জিৎ আৰু ৰূপাৰ।জিতে তাইক সদায়েই কয় জিতৰ হৃদয়ত তাইৰ প্ৰতি কিমান ভালপোৱা সি বুজাব নোৱাৰে । সেই দুৰ্বাৰ প্ৰেমৰ আশ্বাসত তাই মৰমৰ ঘৰখন চিৰদিনলৈ এৰি গুচি আহিছিল প্ৰেমাষ্পদ জিতৰ ওচৰলৈ। কথাবোৰ ভাবি ভাবি ডাঠকৈ চকুত কাজল লগাই চকুলোবোৰ ঢাকিলে আৰু ওঁঠত আকৰ্ষণীয়কৈ লিপষ্টিক সানি সন্ধিয়াৰ বাবে সাজু হ'ল ।
বৰষা গগৈ
———————————
 ক’লাজ
            গভীৰ নিশা ৰহিমলাই কিবা আপদীয়া
শব্দ এটাত খকমককৈ সাৰপাই বিছনাত বহি দিলে। ঘিটমিটিয়া আন্ধাৰত কাষৰ বিছনাখনলৈ কিছু সময় থৰ লাগি চাই উমান কৰিলে সৰুতেই পিতৃহাৰা তাইৰ সপোন বলীয়া একমাত্ৰ পুত্ৰ উদয়ণ আজিও নাহিল। কোনো নিষিদ্ধ সংগঠনৰ গুৰু দায়িত্ব লৈ সি কিমান দিন এনেকৈ তাইৰ বুকুত আঁকি দিছে এখন উকা ছবি... এটি গধুৰ হুমুনিয়াহ এৰি তাই পুনৰ বাগৰ দিয়ে...।

টেজেন হাজৰিকা
গহপুৰ 
মো- 8638185914
————————————
নৈপৰীয়া সপোন
      ৰাতিপুৱাৰ কোমল বেলিটো খাওঁ খাওঁ মূৰ্ত্তি ধৰি ৰঙা হৈ দুপৰীয়া হ’লহি ৷ ভীষণ গৰম পৰিছে এইকেইদিন ৷ ধনবৰে আঘোণৰ সোণালী পথাৰখনলৈ এবাৰ আৰু নদীখনলৈ এবাৰ চালে - সিপাৰৰ পৰা ঐনিতমৰ সুৰ এটি ভাহি আহিছে  ৷ যোৱা দুমাহে সি ইমান কষ্ট কৰিছে এইবাৰৰ খেতি ভাল কৰিবলৈ ৷ নদীখনৰ সিপাৰে ধনবৰহঁতৰ গাওঁ ৷ তাতেই  ৰংমিলিৰো ঘৰ ৷ ধনবৰৰ সুঠাম বুকুত তাইৰ সপোনৰ ঘৰ ৷ 
      পথাৰখন আঘোণত সোণবৰণীয়া হৈ তাৰ ভঁড়ালৰ লখিমী হ’ব ৷ তাৰ লগতে এটি মিঠা সপোনে তাৰ অন্তৰত থিতাপি লৈছে ৷সি ভবামতেই বজাৰৰ দৰ দাম  হ’লে ৰংমিলি  তাৰ ঘৰৰ লখিমী হ’ব ...৷

মৃদুস্মিতা শৰ্মা 
বোকাখাত
——————————————
বনজুই 
দিগন্ত বৈশ্য (মুনু)
        এতিয়াহে জোনালী দুৱৰাই সাৰ পাবলৈ  সক্ষম হ'ল। ইমান উচ্চশিক্ষিতা, ডক্টৰেট ডিগ্ৰীধাৰী  আৰু এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ অধ্যাপিকা হৈয়ো কিদৰে তেওঁ সুন্দৰভাবে বাঢ়ি অহা ঘৰ এখন নিজৰ হিংসাৰ দাবা নলৰ বাবেই পুৰি ছাই কৰি পেলালে।কি নাছিল তেওঁৰ? মৰমেৰে 
গিজগিজাই থকা এখন ঘৰ, মৰমিয়াল শহুৰ-শাহু, ভালপোৱাৰে আৱৰি ৰখা উচ্চশিক্ষিত অধ্যাপক তথা লেখক স্বামী, ননদ, দেওৰ আৰু নিজৰ কণমানি ৰিম্ জিম -এই সকলো থকাৰ পিছতো স্বামীৰ ঘৰখনৰ প্ৰতি থকা মৰম তথা দায়বদ্ধতাৰ বাবেই আটাইৰে মনৰ মাজত বিষবাষ্প বিয়পাই তেওঁ ঘৰ এখন নি:চিহ্ন কৰি পেলালে। এতিয়া 
অনুশোচনা কৰাৰ বাহিৰে তেওঁৰ আৰু কোনো বিকল্প নাই।
    এক পাৰাপাৰহীন চিন্তাত ডুবি এদিন মাজৰাতি জোনালী দুৱৰাই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। মৃত্যুৰ পূৰ্বে চুইচাইড নোটত লিখি থৈ গ'ল –" আনৰ সুখ কাঢ়ি নিজে সুখী হ'ব নোৱাৰি"-- জোনালী।
——————————————————
———————————————————
অনুভৱৰ পৃষ্ঠা লুটিয়াই...

কাউৰী 
ভাগ্ৰশ্ৰী পাঠক 

আমাৰ প্ৰাকৃতিক জগত খনৰ বিশেষ চৰাইবোৰৰ ভিতৰত অন্যতম হ'ল কাউৰী। জ্ঞানীজনে কয় আমাৰ বাবে উপকাৰী চৰাই হ'ল কাউৰী। কাৰন কাউৰীৰ পৰা আমি বহুত জ্ঞান লাভ কৰিব পাৰো।
  কাউৰীৰ বৈজ্ঞানিক নাম হ'ল- Canvus নামৰ জিনৰ পৰা সৃষ্টি হোৱা বুলি কব পাৰি। প্ৰায় ৪০ বিধ কাউৰী পৃথিৱীত দেখা পোৱা যায়। মধ্য এছিয়া আদি বাসস্থান কাউৰীৰ। আমি সচাৰাচৰ দেখা কাউৰীৰবোৰ হ'ল ঢোঁৰা কাউৰী আৰু পাতি কাউৰী। ইয়াৰে ঢোঁৰা কাউৰী মাতটো কৰ্কশ আৰু দেখিবলৈ কিচকিচিয়া ক'লা। পাতি কাউৰীবোৰ আকৌ ডিঙিৰ পৰা বুকুলৈ ৰংটো ফুটটাইৰ দৰে আৰু গাটো লাহী পাতল ক'লা। চৰাইৰ ভিতৰত কাউৰী চতুৰ বুলি কোৱা হয়।
 অলাগতিয়াল আৰু পেলনীয়া বস্তু হৈছে কাউৰীৰ প্ৰিয় খাদ্য। আমাৰ পৰিবেশিক বুলি ক  পাৰি কাউৰীক। গোৱালপৰীয়া জনসমাজত কাউৰীক লৈ ইয়াৰ প্ৰবাদ আছে-
      কাউৰীৰ বাহঁতে 
      ককিলৰ চাৱ                      
      কাউৰীৰ বাহাতে 
      ককিলৰ চাৱালে
      কাঢ়ে ৰাও
ইয়াৰ অৰ্থ হৈছে কাউৰীৰ বাহত কুলিৰ পোৱালীৰ মাত। কাৰণ কাউৰীৰ কণী দেখাত কুলিৰ কণীৰ দৰে নীলা ৰঙৰ।
     অসমীয়া সহিত্যত কাউৰীক লৈ
লিখা বহুতো গল্প, কবিতা  আছে। কাউৰীক লৈ সাধু কথাও আছে। 
  আকৌ কাউৰীক লৈ জনবিশ্বাস মূলক কথাও আছে। পাতি কাউৰীয়ে গছত পৰি যদি কলকলাই থাকে জনবিশ্বাস মতে কোনো আলহী আহিব বুলি সাজু হয়। আৰু ৰাতি কাউৰীয়ে মাতিলেও অমঙ্গলৰ চিন বুলি জনবিশ্বাস আছে।
  কাউৰী সদায় আমাৰ পৰিবেশিক বন্ধু হৈ থাকক।
————————————
ধিক্কাৰ এই সমাজ

   জ্ঞানৰ অভাবে যে সমাজ এখনক কিমান তললৈ লৈ যাব পাৰে তাৰ উমান সাম্প্ৰতিক সময়তেই নিজ চকুৰে প্ৰত্যক্ষ কৰি আহিছো।সঁচাকৈ কবলৈ আৰু ভাষা নাই,নিজৰ স্বাৰ্থৰ বাবে,কেইটা মান টকাৰ বাবে মানুহেই মানুহক ইমান নৃশংস প্ৰহাৰ কেনেকৈ কৰিব পাৰে,ভাবিলেই আচৰিত লাগে।নিজৰ ৰাজ্য খনত,নিজৰ দেশ খনত,নিজৰ জাতিটোৰ মাজতেই যদি আমি সুৰক্ষিত নহও তেন্তে বহিঃ শত্ৰুয়ে সুযোগ পাবলৈ আৰু বাকী নাই।সকলোৰে কেৱল এটাই মনোভাৱ,
"মোক লাগে মই খাওঁ"।অসংখ্য ধন টকাৰে সহায় কৰি মানৱতাবোধ প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাই,মাথোঁ আপোনাৰ অন্তৰ খনত মানৱীয় ভাৱ জাগ্ৰত কৰক,কিয়নো এই ত্ৰিজগতত মানৱীয় ধৰ্মত কৈ আৰু কোনো উচ্চ ধৰ্ম নাই।
               সময়ৰ গতিত ইন্টাৰনেট আৰু প্ৰযুক্তি বিদ্যাই যে ব্যক্তিৰ মানৱতা আৰু ব্যৱহাৰিক জ্ঞান ক্ৰমান্বয়ে হ্ৰাস কৰিছে তাৰ প্ৰমাণ এতিয়া চকুৰ প্ৰচাৰত।ৰাজপথৰ মাজ মজিয়াত দুৰ্ঘটনা,মাৰপিট ইত্যাদি ঘটনা সংঘতিত হ'লে কাৰোবাক বিপদৰ পৰা উদ্ধাৰ কৰাৰ পৰিৱৰ্তে প্ৰথমে হাতত ম'বাইল ফ'নেৰে ৰেকৰ্ড কৰাৰ ব্যস্ত হৈ যায়।কিয়!শিক্ষাৰ পৰিসৰ কেৱল মাৰ্কশ্বিতত হে সীমাবদ্ধ নেকি?উপযুক্ত শিক্ষা গ্ৰহণ কৰি যদি সেই শিক্ষা মন মগজুত সোমোৱাই লৈ সমাজত ব্যৱহাৰ কৰিব পৰা নাই তেনেহ'লে আপোনাৰ সেই শিক্ষাৰ কোনো মূল্য নাই।আপুনি কিমান শিক্ষিত সেয়া আপোনাৰ মাৰ্কশ্বিতে স্বিকৃতি হে দিয়ে,কিন্তু আপোনাৰ শিক্ষাৰ গুণাগুণৰ পৰিচয় আপোনাৰ ব্যৱহাৰ আৰু কৰ্মত প্ৰতিফলন ঘটে।

নীল আকাশ কলিতা
শুৱালকুছি
————————————
দুখীয়া সুখেৰেই ধনী

    দুখীয়াক ধনী হ'বলৈ ধন নালাগে, লাগে মাথোঁ সুখ।যেতিয়া সুখে এখন ঘৰত বাস কৰিব সকলো সমস্যা দূৰ হয় আৰু সদায়েই এক আনন্দমুখৰ পৰিৱেশ হয়। দুখীয়া হলেও দুবেলা-দুমুঠি খোৱাটোৱেই দুখীয়াশ্ৰেণীৰ লোকৰ বাবে সৌভাগ্যৰ কথা।কিছু ধনী লোকেও ধন থকা স্বত্বেও ঘৰুৱা জঞ্জালৰ পৰা সুখী হোৱাটো দূৰৰ কথা আনকি দুবেলা-দুমুঠি শান্তিৰে খাব নোৱাৰে, ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে সেই সুখৰ কথাটো ভাবিব পাৰি কাৰণ ঘৰ খনত সুখেই নাই শান্তি পাব কেনেকৈ? দুবেলা-দুমুঠি আহাৰ গ্ৰহণ কৰাৰ ক্ষমতা কেনেকৈ পাব যদি ঘৰত সুখে আশ্ৰয় নলয়।ধনে মানৱ জাতিক উপকাৰ কৰিছে যদিও ধনেই মানুহক কপটীয়া কৰে আৰু অসৎ প্ৰবৃত্তিৰো ভাগিদাৰ বনায়।যদি ঘৰ এখনত আনন্দই নাথাকে তেনেহলে ধন থাকিলেনো হ'ব কি? এইবোৰ পৰিস্থিতি বৰ্তমান আধুনিক সমাজত বৰকৈ বিম্বিত হৈছে।
সাই বাবাৰ এক অভূতপূৰ্ব লীলা আছিল এই কথাখিনি বুজনি দিবৰ বাবে,মই সেইখিনিকে অলপ সংক্ষিপ্ত ৰূপত বৰ্ণন দিব বিচাৰিছোঁ।

এসময়ৰ কথা। সাই বাবাই এজন মুছলমানৰ লগত শিৰডীৰ পৰা তাৰ দাঁতিকাষৰীয়া এলেকাৰ গাঁও এখ্নলৈ গৈ আছিল।।দূৰ যাত্ৰাৰ অন্তত তেওঁলোক এখন গাঁৱত থমকি ৰ'লহি। মুছলমানজনৰ বৰকৈ ভোক লাগিছিল সেইকাৰণে আৰু খোজ কাঢ়িব নোৱাৰে বুলি সাই বাবাক কৈছিল। তাতে সাই বাবাই এজন দৰিদ্ৰ শ্ৰেণীৰ এজন লোকৰ ঘৰ দেখিলে আৰু কাষ চাপি গ'ল। সাই বাবাই অতি কোমল মাতেৰে দুৱাৰত টুকুৰিয়াই মাত লগালে।। এজন সহজ সৰল মনৰ লোক সেই পঁজাটোৰ পৰা ওলাই আহিল আৰু এটি সুন্দৰ হাঁহি মাৰি কলে: “হয় বাবা,কি সহায় কৰিব পাৰোঁ?” সাই বাবাই ক'লে মোৰ সহযাত্ৰীৰ বৰকৈ ভোক লাগিছে আপুনি বাৰু কিবা এমুঠিৰ ব্যৱস্থা কৰিব পাৰিব নেকি? দুখীয়া লোকজনে কলে:”হয় বাবা নিশ্চয় পাৰিম,,”এইবুলি তেখেতে দুয়োজনকে সেই সৰু পঁজাটি লৈ আদৰি লৈ গ'ল। পঁজাটোৰ ভিতৰত সোমাই দেখিলে এজনী তিৰোতাই চৌকাৰ কাষত বহি খাদ্যৰ যোগাৰ কৰিব লৈছে।তিৰোতা গৰাকীয়ে কলে:“হে বাবা,আজি আমাৰ অকল শুকান  ৰুটী,, আজি শুকানে খাব লাগিব।” সেইবুলি কৈ তেখেতে পাত্ৰ এটাৰ পৰা প্ৰায় তিনি মুঠিমান আটা উলিয়াই আৰু পাত্ৰটো জোঁকাৰি দিয়াত অকণমানো আটা নোলাল হ'লেও তেওঁ আলহী সুশ্ৰষা কৰিবলৈ সেইকেইটা মথিব ধৰিলে। তেনেতে মুছলমানজনে মাত লগালে: “ আই এইয়া দেখোন আটা নায়েই আমাক দিলে আপুনি কি খাব? ভোক লাগিব নহয় পাছত তেতিয়া কি কৰিব?”তেতিয়া দুখীয়া লোক জনে কলে:“অতিথি ভগৱানৰ সমান! আমাৰ ঘৰলৈ আহিছে যেতিয়া সুশ্ৰষা কৰি পঠিয়াম,
আপোনালোকৰ পেট ভৰিল মানে আমাৰ পেট ভৰিল। ঘৰৰ চৌহদত এজোপা  মধুৰীআমৰ গছ আছে সেইজোপাত ফলো লাগি আছে,, সেইয়াই আমাৰ  পেট ভৰাব। প্ৰকৃতিৰ পৰা আমি যি পাইছো সেইয়াই যথেষ্ট।”তেতিয়া সাই বাবাই হাঁহিয়েই আছিল,,তেওঁৰ সেই আনন্দমুখৰ ৰূপ দেখি দুখীয়া লোকজন বাৰুকৈয়ে আকৰ্ষিত হৈছিল,আৰু ভগৱান অহা বুলি গণ্য কৰিছিল। ৰুটী বনাই থকাৰ অৱস্থাত সেই দম্পতিৰ দুহিতা আৰু তনয় আহি উশাহ নসলোৱাকৈ ক'বলৈ ধৰিলে: মা! মা! আজি মন্দিৰৰ প্ৰসাদ হিচাপে নাৰিকল এফাল পালোঁ, দেউতাক চাটনি বনাব কোৱা,,দেউতাৰ হাতৰ চাটনি খাই মোৰ বৰ তৃপ্তি লাগে।” তেতিয়া দেউতাকে মাত লগালে আৰু ক'লে: হে বাবা দেখিছা তোমালোক অহা দেখি ভগৱানে আজি ৰুটিৰ লগত খাবলৈ নাৰিকল দি পঠাইছে।” সাই বাবাই হাঁহিৰে হয়ভৰ দিলে।তাৰ পাছত সাই বাবাই আৰু তেওঁৰ সংগীয়ে আহাৰ গ্ৰহণ কৰিলে। তেতিয়া সেই ল'ৰা-ছোৱালীহালে পাতি আছে: ল'ৰাজনে কৈছে -“মোৰ দেউতা হাতৰ চাটনি খাই ইমান আনন্দ লাগে যে বিভিন্ন ধৰণৰ পাকৱান(পকৰী)ও ইয়াৰ সোৱাদক চেৰ পেলাব নোৱাৰে। তেতিয়া ছোৱালী জনীয়ে ক'লে - তই জানো পকৰি খাইছ' যে তাৰ সোৱাদ গম পালি! সি উত্তৰত ক'লে নাই খোৱা কিন্তু মোৰ দেউতা হাতৰ সেই চাটনিৰ সোৱাদটো আৰু ক'তো নাই।সকলোৱে হাঁহিব ধৰে।তাৰ পৰা সাই বাবা আৰু মুছলমানজন যাব ওলাল ।ঘৰৰ বাহিৰত সাই বাবাই ক'ব ধৰিলে: আজি ইমানখিনি সহায় কৰাৰ বাবে ধন্যবাদ! আজি যদি তুমি সহায় নকৰিলাহেঁতেন আমি হয়তো মূৰ্চিত হ'লো হয়। তেতিয়া দুখীয়া ব্যক্তি জনে কলে: আমাৰ ওচৰত প্ৰকৃতিযে দিয়া সকলো আছে,, সেইবোৰৰ ওপৰতেই আমি নিৰ্ভৰশীল। আমাক কোনো ডাঙৰ ব্যক্তিৰ আগত সন্মান নালাগে,,সুখে যেতিয়া আমাৰ ঘৰত বাস কৰে তেতিয়াহ'লে ভৌতিক বস্তু আৰু ক্ষণস্থায়ী সুখৰ কি প্ৰয়োজন।অতিথি দেৱৰ তুল্য! আপোনালোকক সুশ্ৰষা কৰিব পায় ভাল লাগিল।" আকৌ সেই মুছলমান জনে ক'লে: বেটাহঁত তোমালোকে ভালকৈ থাকিবা,,তোমাৰ দেউতাক মই কামৰ সুবিধা কৰি দিম।মোৰ কম্বল বনোৱা উদ্যোগত তেওঁক সংস্থাপন দিম।” দেউতাক আনন্দত ক'বলৈ ধৰিলে: মই কাম পালোঁ! মই কাম পালোঁ!” দুহিতা আৰু তনয়ে কলে: আপুনি আমাৰ ইয়ালৈ আহি থাকিব আপোনালোকৰ বাবে আমাৰ ঘৰৰ দুৱাৰ সদায়েই খোলা আছে"। সাই বাবাই আশীৰ্বাদ দিলে আৰু আকৌ যাত্ৰা আৰম্ভ কৰিলে। সাই বাবাৰ ‌লীলা অপাৰ। যেতিয়া পৰিয়ালটোৱে সাই বাবা আৰু মুছলমানজনক আগবঢ়াই ঘৰ পালেহি তেওঁলোকৰ চকু কপালত উঠিল! তেওঁলোকে দেখিলে যে ঘৰৰ ভিতৰত শাক-পাচলি, ফল-মূল‌ আৰু অন্যান্য সামগ্ৰী দেখিলে আৰু আনন্দত  চকুৰে চকু পানী  নিগৰিবলৈ ধৰিলে।  তেওঁ ক'লে আমাৰ ঘৰলৈ সাক্ষাৎ ভগৱান আহিছিল!বাটত যাওঁতে  মুছলমানজনে সুধিলে: সাই বাবা, এই যে দুখীয়া পৰিয়ালটো, কোনো ধৰণৰ দুখ নথকাকৈ কেনেকৈ আছে? সাই বাবাই উত্তৰ দিলে:হে বৎস, তেওঁলোক সত্য-নিষ্ঠাৰে কৰ্ম কৰি জীয়াই আছে।কোনো ভৌতিক বস্তুৰ প্ৰতি কোনো মোহ নাই। আনকি কিবা কৰি সন্মান নিবিচাৰে কিন্তু জীয়াই থকাৰ স্বাধীনতা বিচাৰে। দিনটো দুবেলা-দুমুঠি খাই সুখেৰে ঘৰখন সমৃদ্ধ  কৰি ৰাখিব যত্ন কৰিছে,,টকা পইছাই সকলো নহয়,,সুখ থকাটো আচল কথা।”এইবুলি তেওঁলোক গন্তব্য স্থান পালেহি।

   কাহিনীটোৰ জৰিয়তে আমি সাই বাবাৰ লীলা জানিব পাৰিছোঁ আৰু আমি বুজিছোঁ যে দুখীয়া সুখেৰে ধনী; ধনেৰে নহয়।তেওঁলোকে কোনো ধৰণৰ বিলাসীতা নকৰে।সুখ থাকিলে ঘৰৰ এখন সদায় ভাস্বৰ  হৈ থাকে। সেই ঘৰখনক আনন্দৰ বন্যাই পিছ নেৰে। নিজ কৰ্মদক্ষতা অনুসাৰে ব্যক্তি ধনী হয়,, সেইবুলি নিজৰ গুণ নিজে গোৱাটোও কোনো ভালৰ লক্ষণ নহয়।সুখ কবিতাটোত সুখ কেনেদৰে আহৰণ কৰে, সুখ কত থাকে? সুখৰ সংজ্ঞা এইবোৰ দেখা যায়। মানুহ ধন থাকিলেই যে সুখী নহয় এই কথা সাই বাবাৰ মাহাত্ম্য কথনত বৰ্ণিত আছে। মানুহ দুখীয়া হলেও সুখেৰেই ধনী,ধনৰ বলত নহয়।

সুশান্ত দাস
শিৱসাগৰ
————————————
———————————————

মই যিদৰে ভাবো...
অনুসূয়া বৰুৱা
একাদশ শ্ৰেণী
ডনবক্স' চিনিয়ৰ চেকেণ্ডাৰী স্কুল

           ২০২১চন । ইংৰাজীত ক'বলৈ গ'লে 21st century-ৰ 21st বছৰ । সমাজখন বহুত সলনি হ'ল । পুৰণি খেৰ-মাটিৰ ঘৰ গুচি বৃহৎ অট্টালিকা  হ'ল ।কেঁচা ৰাস্তা গুচি পকী ৰাস্তা হ'ল ।ৰেডিঅ' গুচি টি.ভি /চিনেমা হল হ'ল ।চাকিৰ পোহৰ গুচি বিজুলীৰ লাইট হ'ল । মুঠতে  সা-সামগ্ৰী বুলিবলৈ মেচিন শব্দটোৰ অবিহনে সম্পূৰ্ণ শুদ্ধ বুলিবই নোৱাৰি । 
     কিন্তু অকল সামগ্ৰীৰেই সালসলনি হোৱা নাই আৰু বহুতো পৰিবৰ্তন  আহিছে মানুহৰ সাংস্কৃতিক জীৱনশৈলীত । যেনে-ভাষা , গীত মাত আদি ।
পুৰণি গীতে উজলাই তুলিছিল মানুহৰ সুখ-দুখৰ এখনি জীৱন্ত ছবি । যেনে ধৰি ল'লো ড০ভূপেন হাজৰিকাৰ' এন্ধাৰ কাতিৰ নিশাতে' অথবা জ্যোতিষ ভট্টাচাৰ্যদেৱৰ ' মই এটি দিনৰ জোনাকী' । কিন্তু বৰ্ত্তমান সময়ত মানুহৰ বাবে গীত হৈ পৰিছে 'Consumer product' । অসমীয়া ভাষাৰ স্হান  লৈছে কোনোদিন নুশুনা অবাইচ মাতে । ভাৰতৰ বিভিন্ন ভাষাৰ ওপৰত দখল থকা ড০ ভূপেন হাজৰিকাদেৱে এৰি থৈ যোৱা নৱপ্ৰজন্মৰ মুখত সংমিশ্ৰিত অসমীয়া।ভাৰতৰ ভাষা বোৰতকৈয়ো  তেওঁ লোকৰ  ধাউতি ক'ৰিয়েন, জাপানী বা আন ভাষাত । আন্ত:ৰাষ্ট্ৰীয়  ভাষা শিকাটো বেয়া নহয় যদিহে ছাত্র বা ছাত্রী গৰাকীৰ অসমীয়া ভাষা বা সংস্কৃতিক সুন্দৰ ভাৱে আগুৱাই নিয়াৰ হেপাহ তথা সামৰ্থ থাকে ।
        অতিকৈ দুঃখজনক কথাটো হ'ল ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসত অনুষ্ঠানবোৰত পেৰডি, প্ৰেম প্ৰীতিৰ গীত গাই নৃত্য কৰা হয় । পৱিত্র ৰাস মহোৎসৱত অশ্লীল মনোভাৱ তথা ঘৃণনীয় কাণ্ড দেখাটো আজিকালি স্বাভাৱিক ।কিন্তু কিয় ? গুৰুজনাৰ জন্মোৎসৱক কিয় কেৱল শংকৰী সমাজৰ বাবে বুলি ধৰা হয়? শংকৰদেৱটো সমগ্ৰ অসমৰ শিৰোমণি স্বৰূপ । তেতিয়া হ'লে কিয় বাৰু গুৰু জন্মোসৱত  ৰাজ্যিক বন্ধৰ বাহিৰে আন একো মহত্ব দিয়া নহয়? শাক্ত , শৈৱ ,বৈষ্ণৱ হ'লেও অসমীয়া জানো নহয় ? দেৱীপূজা কৰিলেও গুৰুজনাৰ পদৰেণুটো  সকলোৰে বাবে মুকলি।
ইয়াত আহি পৰে ভেদভাৱ । জাতি , ধৰ্ম , ভাষাৰ মাজত ভেদভাৱ ।মই আহোম , মই কোচ ,মই বড়ো, মই কছাৰী, মই হিন্দু , মই মুছলিম । কিয় বাৰু অসমীয়াই পাহৰি যায় যে হৰিজন ,পাহাড়ী, হিন্দু মুছলিম,কছাৰী আহোম কোঁচ এই সকলো বিলাক একেটা দোলেৰেই  বন্ধা হৈছে ।যি দোলৰ নাম অসমীয়া ।
          বিপথে পৰিচালিত কেৱল চহৰৰেই নহয়, গ্ৰাম্যাঞ্চলৰ ছাত্র ছাত্রীও হৈছে ।অধিকাংশ গাঁৱত   দেখা যায় যে  গাঁৱত থাকিয়ো ছাত্র ছাত্রী সকলে কীৰ্তন পুথি বা ধৰ্মীয় কোনো ধৰণৰ গ্ৰন্থৰ প্ৰতি অনুৰাগী নহয় ।অথচ সেই গাঁৱতে হয়তো বয়োজ্যেষ্ঠ সকলে প্ৰত্যেক উৎসৱত চৈধ্য প্ৰসংগ কৰে বা পুথি পাঠ কৰে ।
          তথাকথিত যে যি সন্তানে নিজৰ তিনিগৰাকী মাতৃক সন্মান নকৰে তাৰ জীয়াই থকাৰ অধিকাৰ নাই । আৰু সেই তিনিগৰাকী মাতৃ হ'ল জন্মদাত্রী মাতৃ, মাতৃভাষা তথা জন্মভূমি । মাতৃ ৰক্ষা আজিও লাচিতৰ দিনৰ দৰেই আৱশ্যকীয়। যি অসমীয়াই নিজৰ ভাষাটোকেই ভালদৰে নাজানে, সি অসমীয়াৰ কি মান ৰাখিব? আৰু যি অসমীয়াই অসমকে ভালদৰে নিচিনে, সি ভাৰতক কি চিনিব ? আৰু যি ভাৰতিয়ই ভাৰতকেই নিচিনে সি দক্ষিণ কোৰিয়া, জাপান বা আমেৰিকাক কি চিনিব?
ইয়াৰ বাবে অকল শুনিলেই বা ক'লেই নহ'ব । জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আদিৰ ৰচনাসমূহ জীয়াই ৰখাটো অত্যন্ত জৰুৰী । আৰু এই কাম সম্পন্ন কৰিব কোনে? নৱ যুগৰ নৱ পুৰুষ নাৰীয়ে ।
ড° হাজৰিকাৰ ভাষাত ক'বলৈ গ'লে–
" তুমি নতুন পুৰুষ, তুমি নতুন নাৰী 
  অনাগত দিনৰ জাগ্ৰত প্ৰহৰী"
—————————————————
                       ধেৎতেৰি 
(ৰসৰচনা)

আলু ভজাৰ বিভিন্ন মতামত
আশা কাকতি দাস

আলু ভাজাৰ প্ৰতিযোগিতা চলে মাজে মাজে আদ্দাত৷ তাৰ মাজতে এদিন নৰোত্তমে বিশেষ ভাবে ক’লে, বৰষুণ বতৰ 2 কেজি আলু ভাজ খাওঁ দে ,কিন্তু কথা এটা আলু বোৰ ভালকৈ সিজিব লাগিব,ভজা আলুৰ এটা মচমচীয়া গোন্ধ ওলাই থাকিব লাগিব ,তেহে খাই জুতি লাগিব৷নৰোত্তমৰ কথাই বাণী গতিকে সকলো লাগি গ’ল আলু ভজাৰ উপকৰণ যোগাৰত৷আলু ভজা সঁচাকৈ দেখাত বৰ সুন্দৰ আৰু সুস্বাদু হ’ল৷নৰোত্তমৰ চেষ্টা কেতিয়াও বিফল  নহয়৷প্ৰতিযোগিতাৰ মাজেৰে শিকাই দিয়ে পাৰফেক্ট কি??বৰ হৃদয়বান তেওঁ৷
"এক ক’লো লেখি
এক ক’লো দেখি
হাদৈ বোলোতে ওলাল হাৰ
এতিয়া আহিল ফৰিঙৰ মৰণৰ পাল""৷

এইবাৰ আদ্দাত আলু ভজাৰ প্ৰতিযোগিতা 
পাঁচকেজিকৈ আলু৷আদ্দাৰ সকলোৱে লাগি গ’ল নানান উপকৰণেৰে নিজৰ ভাগৰ আলুৰ কোনে কিমান সুস্বাদু কৈ ৰান্ধিব৷ইয়াতো নৰোত্তমৰ সাৱধান বানী !আলু সিজিবই লাগিব আৰু আলুৰ মলমলীয়া গোন্ধ থাকিব লাগিব৷যথা সময়ত আলু ভাজি ৰেডি৷প্ৰতিযোগি সকলেও সুন্দৰ সাজ পাৰেৰে নিজৰ নিজৰ পাত্ৰত(কোনোবাই চৰিয়াত,কোনোবাই বাটিত,কোনোবাই কাঁহীত,সুন্দৰ সুন্দৰ পাত্ৰ)ভৰাই ,ৰৈ আছে বিশেষ অতিথি বৃকোদৰ সতীশ সেনাপতিলৈ !যথা সময়ত বৃকোদৰ আহিল সকলো পাত্ৰৰ আলু ভজা খালে লগে লগে আমাৰ নৰোত্তমেও খালে৷আটাইকে বাঃ বাঃ দিলে৷সকলো সুখী বৃকোদৰৰ বাণীত৷তেওঁ আয়োজকৰ দিয়া বহীত খচখচাই নম্বৰ দি দিলে৷আয়োজকে ঘোষণা কৰাৰ লগে লগে আটায়ে নিজৰ আলু এৰি সেই বিশেষ উৎকৃষ্ট পুৰস্কৃত হোৱা আলু খাবলৈ হেতা ওপৰা লগালে৷প্ৰতেককেই আলু মুখত ভৰাই মুখবোৰ বেকেটাই গ’ল৷কাৰো মুখত মাত বোল নাই৷শেষত এজনে সাহ কৰি বৃকোদৰক ক’লে মহোদয় ,আপুনি পুৰস্কৃত কৰা আলুবোৰ চোন সিজা নাই৷
বৃকোদৰ সতীশ সেনিপতিৰ মুখেৰে কি ক’লে শুনক–"মই পাঁচ বছৰীয়া চেফ পাঠ্যক্ৰমত পঢ়ি আহিছোঁ ,মোক শিকাবা??সিজা নিসিজা কথা নাই ,ভজাৰ ৰংটো বৰ সুন্দৰ হৈছে ৷আৰু একো চাব লগা নাই৷"
আমাৰ নৰোত্তমেৰ জানো কি হ’ল,সদায় পাৰফেক্ট পাৰফেক্ট কৰা জনেওঁ বৃকোদৰত সুৰত সুৰ মিলাই ক’লে, হয় হয় বৃকোদৰ !ডিজিটেল যুগ গতিকে এই আলু ভজাৰ ফটোবোৰ fb দিলে লাইক আৰু কমেণ্টৰে প্ৰথম এওঁ পাব৷গতিকে হাত চাপৰি বজাই দিয়া৷আটাইবোৰ জানিলে বৃকোদৰৰ আগত আমাৰ নৰকা নেচেল৷আটাইৰে মৰমৰ নৰকা আজি এজনৰ মৰমৰ হ’ল৷
   হায়ৰে নৰকা তই যে ইমান দিনে আলু সিজবা লাগবোই,গোন্ধ ওলাব লাগিবই এইবোৰ কোন খন মুখেৰে কৈছিলি৷সেইখান তোৰ মুখ আছিল না----আছিল৷

আগলৈ...
——————————————————
ভেবেলা ভেবেলিৰ কাহিনী
ৰুমী দেৱী

         এটা সুন্দৰ দিনত ভেবেলা আৰু ভেবেলি ফেচবুক ফ্ৰেইন্দ হ'ল। ভেবেলাই সুপ্ৰভাত দিয়ে। ভেবেলিও দিয়ে। দিল খুচ। কিছুদিন যোৱাৰ পিছত ভেবেলাই মাজে মাজে টুক্কা মাৰে। মাজে মাজে সুপ্ৰভাত নিদিয়ে। ভেবেলিয়ে ভেবেলাৰ মৰমত কান্দি পেলায়। ভেবেলি স্কুলৰ শিক্ষয়িত্ৰী। ভেবেলিৰ কেতিয়াবা এনে হয় মন বেয়া লাগি দুৰ্বল হৈ স্কুললৈ যাব নোৱাৰা হয়। বহুদিন আগত বিয়া এখনত যাওতে ভেবেলাই ভেবেলিক এষাৰ কথা কৈছিল। সেই কথাষাৰত সন্তুষ্টহৈ ভেবেলিয়ে সুপ্ৰভাত, শুভ দুপৰীয়া, শুভসন্ধ্যা সকলো দিয়া কৰিলে। পিছে ভেবেলাই মোবাইলটো নাচায়েই। কেতিয়াবা  সুপ্ৰভাতটো দিয়ে আৰু কোনোমতে। ভেবেলিয়ে  তেনে অৱস্থাত কান্দোতে কান্দোতে বাঢ়ি চুগাৰ তুংগত পালে। ভেবেলি হস্পিতালাইজ হ'ল । নদিনৰ মূৰত ভাল পাই ঘৰলৈ আহিল। আকৌ আগৰ দৰে সুপ্ৰভাত দিয়া  আৰম্ভ হ'ল। ভেবেলাই মাজে মাজে দিয়ে, মাজে মাজে নিদিয়ে ।এতিয়া কি হ'ল-ভেবেলিয়েও মাজে মাজে নিদিয়া হ'ল। সেইদেখি ভেবেলাই আৰু কেতিয়াও নিদিয়া হ'ল। কেতিয়াবা উপায় নাপালেহে দিয়ে আৰু। 
যা হওক এনেকৈয়ে চলি থাকিল।
          এতিয়া হৈছে কি ভেবেলিয়ে কাব্যকাননত পুৱাৰ ৰেঙণি দিয়ে , ভেবেলাৰ চাবলৈ সময় নহয় ,কমেন্ট কৰিবলৈ সময় নহয়, ৰাতিপুৱা সকলোৱে সকলোকে সুপ্ৰভাত দি ফ্ৰেচ হৈ লয়, আমাৰ ভেবেলাই আকাশ পাতাল ভাবি  নিত্য নৈমিত্তিক কামখিনি কৰি বা নকৰি অফিচলৈ যায়, প্ৰথমতে মোৰ বেয়া লাগিছিল, এতিয়াহে গম পাইছোঁ ভেবেলা অকল ভেবেলাই নহয় ভোদা, বেল সকলো হয়। কাৰো কবিতা নপঢ়ে, কমেন্ট নকৰে বেল ,ভোদা , ভেবেলাটোৱে।
           মই ভেবেলিয়ে সাতটা, আঠটা মেছেজ দিলেও নাচায়, বিছটা, ত্ৰিশটা মেছজ দি মাতিলেও নামাতে ভোদা , বেল, ভেবেলাটোৱে। এইফালে ভেবেলিয়ে হিয়া
ঢাকুৰি ঢাকুৰি কান্দে।  কিন্তু এতিয়া বুজি পালে এইটো ভেবেলা, বেল আৰু ভোদাৰহে প্ৰতাপ।
      এতিয়া পিছে ভেবেলাই ভেবেলিক দেখিব নোৱাৰা হ'ল। কিন্তু ভেবেলিয়ে ভেবেলাক আঁচলত বান্ধি ৰাখিছে। কেতিয়াবা হয়তো আঁচলৰ বান্ধ খুলি উৰি যাবও পাৰে বহু দূৰলৈ...।
ভেবেলিয়ে সেই  আশংকাত ভূগিছে।
——————————————————
মৌচুমী শৰ্মা কাশ্যপৰ সৌন্দৰ্য চৰ্চা 

শৰীৰৰ ছাল সতেজ উজ্জ্বল আৰু আকৰ্ষণীয় কৰি তোলাৰ  ৭টা উপায়-

১/এটা আলু ভালদৰে পিহিলৈ ৰস উলিয়াই লব। এতিয়া এই ৰসখিনি গোটেই মুখমণ্ডলত ভালদৰে সানি লব। অলপ সময় ৰাখি পৰিস্কাৰ পানীৰে ধুই দিব। আলুৰ ৰসে ছালৰ কলা দাগবোৰ নোহোৱা কৰা লগতে ছালখন উজ্বল কৰি তোলাত সহায় কৰে।
২/অলপ গাখীৰৰ সৰ আৰু মৌজোল মিহলাই মিশ্ৰণ এটা তৈয়াৰ কৰি লব। এতিয়া এই মিশ্ৰণটো গোটেই মুখত সানি লব,অলপ সময় পাছত পানীৰে ধুই পৰিস্কাৰ কৰি লব।
৩/অলপমান কেচা হালধীৰ ৰসৰ লগত অলপ গোলাপ জল মিহলাই গোটেই মুখত ভালদৰে সানি লব। অলপ সময় শুকাবলৈ দিব আৰু পাছত পানীৰে ধুই পৰিস্কাৰ কৰি লব।
৪/বেচন ২চামুচ, গোলাপ জল ২চামুচ আৰু কেঁচা গাখীৰ ২চামুচ ভালদৰে মিহলাই লব। এতিয়া এই মিশ্ৰণটো গোটেই মুখত ভালদৰে সানি ল’ব, অলপ সময় ৰাখি শুকাবলৈ দিব। পাছত পানীৰে ধুই পৰিস্কাৰ কৰি লব।
৫/অলপমান মচুৰ দাইল পানীত তিয়াই পিহি লব আৰু তাতে এটা বিলাহীৰ ৰস মিহলাই মিশ্ৰণ তৈয়াৰ কৰি লব। এতিয়া এই মিশ্ৰনখিনি গোটেই মুখত সানি অলপ সময় শুকাবলৈ দিব, পাছত পৰিস্কাৰ পানীৰে ধুই লব।
৬/১চামুচ চন্দনৰ গুৰি,১চামুচ গোলাপ জল আৰু ১চামুচ বিলাহীৰ ৰস মিহলাই ল’ব। এই মিশ্ৰনখিনি মুখত ভালদৰে  সানি লব আৰু শুকাবলৈ দিব,পাছত পানীৰে ধুই পৰিস্কাৰ কৰি ল’ব।
৭/২চামুচ মূলতানি মাটি,২চামুচ গোলাপ জল, ২চামুচ হালধীৰ গুৰি আৰু ২চামুচ মৌজোল মিহলাই মিশ্ৰণ এটা তৈয়াৰ কৰি ল’ব। এতিয়া এই মিশ্ৰনখিনি ভালদৰে মুখত সানি লব, অলপ সময় ৰাখি শুকাবলৈ দিব পাছত পানীৰে ধুই লব।
     এনেদৰে ওপৰত দিয়া মিশ্ৰণ বোৰ সপ্তাহত ২-৩ ব্যৱহাৰ কৰিলে সুফল পাব।
———————————————————
সংগীতা বৰপাত্ৰগোঁহাইৰ আখল 

অসমীয়া থলুৱা জুতি–
ঔটেঙা মাছৰ সিদ্ধ

উপকৰণঃ– 
ঔটেঙা- ১ ফাল
 মাছ - ৫ টুকুৰা
আলু - ২ টা (মজলীয়া আকাৰৰ)
নিমখ - সোৱাদ অনুসাৰে
হালধি - ১ চিকুট
নহৰু - ২  ফূটা

প্ৰণালীঃ–
     কেৰাহীত পানী উতলাই লব, আৰু তাত ঔটেঙা আৰু আলু দিব। উতল অহাত, নহৰু কুটি নিমখ আৰু হালধি দিব। আলু সিজাৰ পিছত মাছৰ পিচ্ কেইটাও দি দিব। আলুৰ টুকুৰা কেইটামান ভাঙি দিব। অলপ দেৰি কেৰাহীৰ ঢাকনী মাৰি আৰু অলপ সিজিবলৈ দিব। তাৰ পিছত নমাই পৰিবেশন কৰিব।
———————————————————
————————————————————
—————————————————————

Post a Comment

0 Comments